SEBA Class 10 Assamese Sample Paper – 3 | HSLC Model Question Answer

SEBA Class 10 Assamese Sample Paper, HSLC Model Question Answer, দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নকাকত to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Assamese Sample Paper Class 10 SEBA can be of great value to excel in the examination.

SEBA Class 10 Assamese Sample Paper

Join Telegram channel

HSLC Model Question Paper provided is as per the Latest Assam Board Curriculum and covers all the questions from the SEBA Textbooks. Access the detailed SEBA Class 10 Assamese Simple Paper provided here and get a good grip on the subject. Access the SEBA Class 10 Assamese Sample Paper, Class X Model Question Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.

দ্রুতপাঠ : বৈচিত্র্যময় অসম 

১৫। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা । 

( ক ) তিৱাসকলে পৰিধান কৰা পৰম্পৰাগত সাজ – পাৰ , আ – অলংকাৰ সম্পর্কে লিখা । 

উত্তৰঃ ভৈয়ামৰ মহিলাসকলে আকর্ষণীয় বিভিন্ন ফুল – চানেকীযুক্ত বুকুৰ ওপৰলৈকে বন্ধা মেখেলা আৰু ওপৰত চাদৰ , পৰিধান কৰে । বিশেষ অনুষ্ঠানত মান কাপোৰ , বৰকাপোৰ আৰু উৎসৱ আদিত কঁকালত ‘ থঙালি ’ পৰিধান কৰে । পুৰুষসকলৰ সাজ – পোছাক ভৈয়ামৰ আন লোকসকলৰ সৈতে প্রায় একে । আগতে পুৰুষে থানা , তালা , থেনাচ্ , ফালি ফাগা ইত্যাদি আৰু মহিলাই কাছ্যং , ফাছ্‌কাই , নাৰা ইত্যাদি পৰিধান কৰিছিল যদিও বৰ্তমান চার্ট , গেঞ্জী আদি আৰু লংপেন্ট পৰিধান কৰে । কেৱল বয়সীয়া লোকসকলেহে ধুতী পিন্ধে । অনুষ্ঠান বিশেষে ৰজাই মুগাৰ ধূতী , চোলা , পাগুৰি , কপাহী চাদৰ , ৰূপৰ গলপতা , গামখাৰু আৰু কাণত কেৰু আদি পৰিধান কৰে । আ – অলংকাৰৰ ভিতৰত কেইবাবিধৰ মণি যেনে — চাল , চিংলিল , কল্ পাস্থা তিৱাসকলে পৰিধান কৰে । খাইদং , ছন্যানে খাইদং আৰু ৰূফানে খাইনং নামৰ অলংকাৰ কেইবিধ কাণত পৰিধান কৰে । 

( খ ) ভাৰতৰ স্বাধীনতা সংগ্ৰামত ছবিলাল উপাধ্যায়ৰ অৱদানৰ বিষয়ে উল্লেখ কৰা ৷ 

উত্তৰঃ ১৮৮২ চনৰ ১২ মে ১ দিনা বৰ্তমানৰ বিশ্বনাথ জিলাৰ বুঢ়ীগাঙত জন্ম গ্রহণ কৰা ছবিলাল উপাধ্যায় আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম সেনানী । তেওঁ সেই সময়ৰ চন্দ্ৰনাথ শৰ্মা , ঘনশ্যাম বৰুৱা , লোকনায়ক অমিয় কুমাৰ দাস আদিৰ সান্নিধ্যত ভাৰতৰ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল । ব্ৰিটিছ চৰকাৰে দেশীয় জনগণৰ বিৰুদ্ধে চলোৱা নানা ধৰণৰ বৈষম্যমূলক কাম – কাজৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদ কৰি গৈছিল । ১৯২১ চনৰ ১৮ এপ্ৰিলৰ দিনা যোৰহাটত অনুষ্ঠিত হোৱা সভাত ‘ অসম এছোচিয়েচন’ৰ সভাত তেওঁ সভাপতিত্ব কৰিছিল । তেতিয়াই এই ‘ অসম এছোচিয়েচন ‘ ক অসম প্রদেশ কংগ্ৰেছ কমিটিলৈ ৰূপান্তৰিত কৰা হয় । ছবিলাল বাবু অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি হিচাপে নির্বাচিত হয় । কংগ্ৰেছত যোগদান কৰা বাবে উপাধ্যায়ক ব্ৰিটিছে গ্ৰেপ্তাৰ কৰে । ১৯২১ চনত যেতিয়া মহাত্মা গান্ধী অসমলৈ আহিছিল , তেতিয়া ব্ৰিটিছে অসমৰ সংগ্ৰেছৰ নেতাসকলক স্বাধীনতা আন্দোলনৰ পৰা আঁতৰাই আনিবলৈ নানা প্রলোভন দিছিল ৷ ছবিলালকো মৌজাদাৰ , কাউন্সিলাৰ , বৰলাট আদি লোভনীয় পদ যাচিছিল ।

তেওঁ এই সকলোবোৰ প্রত্যাখ্যান কৰি গান্ধীৰ নতৃত্বত চলা অসহযোগ আন্দোলনত স্বেচ্ছাসেৱীৰূপে জপিয়াই পৰিল আৰু ছমাহ কাৰাবাস খাটিলে । জেলৰপৰা ওলাই আহি তেওঁ বিদেশী বস্তু বর্জন কার্যসূচীত সহযোগ কৰে । অসমক ‘ চি ‘ গ্ৰুপৰ অন্তৰ্ভূক্ত কৰা চক্রান্ত তীব্র বিৰোধিতা কৰা উপাধ্যায়ে ‘ অখিল ভাৰতীয় গোর্খা লিগ ’ ব আহ্বানত তেজপুৰত ৩০ হাজাৰ নেপালীভাষী লোকক সমবেত কৰি জিন্নাৰ এই প্ৰস্তাৱৰ বিৰুদ্ধে শক্তি প্রদর্শন কৰে । 

১৬। যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ।

( ক ) মটকসকলৰ পৰম্পৰাগত ধৰ্মৰ বিষয়ে লিখা । 

উত্তৰঃ টাই মংগোলীয় জনগোষ্ঠী মটকৰ পৰম্পৰাগত ধৰ্ম হৈছে তাও । তেওঁলোকে প্রকৃতি জগতৰ গাঁঠিয়াল দেৱতাৰ পূজা কৰে । জীৱ – জন্তুৰ গৰাকী ভিন্ন দেৱতা , উপৰি গুৰুষ – মিতুক দেৱতা , জগত মাতৃ আই , লক্ষ্মী আই আদি ভিন্ন দেৱতাৰ বিশ্বাস কৰে । পাছলৈ মটকসকলে সপ্তদশ শতিকাত কাল সংহতিৰ প্ৰৱৰ্তৰ্ক গোপালদেৱৰ শিষ্য অনিৰুদ্ধদেৱে প্ৰচাৰ কৰা মায়ামৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিল । মায়ামৰা ধৰ্ম গ্ৰহণ কৰাৰ পাঠতো তেওঁলোকে মিশ্ৰিত ৰূপত নিজা পৰম্পৰাগত ধর্মীয় বিশ্বাসসমূহ ধৰি ৰাখিছে । 

( খ ) মৰাণসকলে বহাগৰ বিহু কেতিয়া কেনেকৈ পালন কৰে ? 

উত্তৰঃ বহাগৰ প্ৰথম মঙ্গলবাৰে দেৱ – দেৱীৰ পূজা – অৰ্চনা কৰি বিহু নমাইছিল আৰু মঙ্গলবাৰে উৰুকা , বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহ বিহুৰূপে সাত দিন , সাত ৰাতি বিহু মাৰিছিল আৰু এনেদৰে অন্যান্য অসমীয়াতকৈ ভিন্ন দিন বাৰত আজিও তেওঁলোকে বিহু পালন কৰে । অতি সম্প্রতি দেউৰীসকলৰ বিহুৰ দৰেই মৰাণসকলৰ বিহুক ‘ মৰাণ বিহু ’ নামৰে জনা যায় । 

১৭। যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ।

( ক ) মৰাণসকলৰ ঐতিহাসিক যুগৰ ৰাজ্যখনৰ চাৰিসীমা উল্লেখ কৰা । 

উত্তৰঃ চাওলুং চ্যুকাফা অহাৰ সময়ত মৰাণসকলৰ এখন স্বাধীন ৰাজ্য আছিল । ৰাজ্যখনৰ সীমা আছিল উত্তৰে বুঢ়ীদিহিং , দক্ষিণে দিচাং , পূবে চফ্ৰাই আৰু পশ্চিমে ব্ৰহ্মপুত্ৰ। 

( খ ) সোণোৱাল কছাৰীসকলক কিয় দ্বৈত ধৰ্মৰ বুলি কোৱা হয় ? 

উত্তৰঃ সোণোৱাল কছাৰীসকল ৮৩০ খ্রীষ্টাব্দৰ পৰা শাক্ত বা পুৰাতন ধৰ্মৰ উপাসক আছিল । কিন্তু ১৬৮১ চন ( ১৬০০ শক ) ত আহোমৰ স্বৰ্গদেউ গদাপানিৰ ৰাজৰোষত পৰি শ্ৰীশ্ৰীকেশৱদেৱ গোস্বামীদেৱে শদিয়াৰ , সোণোৱালসকলৰ অধ্যুষিত অঞ্চল আঁঠুকঢ়া চাপৰি বৰ্তমান কুণ্ডিল আৰু ব্ৰহ্মপুত্ৰৰ অৱবাহিকা অঞ্চলত আত্মগোপন ।

১৮। যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ৷ 

(ক) নেপালী বা গোর্খা জনগোষ্ঠীৰ লোকসকল কি কি নৃ – গোষ্ঠীয় লোকৰ সংমিশ্রণ ? 

উত্তৰঃ নেপালী বা গোর্খা জনগোষ্ঠীৰ লোকসকল আর্য – মঙ্গোল – কিৰাত নৃগোষ্ঠীয় লোকৰ সংমিশ্রণ । 

( খ ) দেউৰীসকলে নিজকে কি বুলি চিনাকি দিয়ে ? 

উত্তৰঃ দেউৰীসকলে নিজকে ‘ জিম’চণায়া ’ বুলি চিনাকি দিয়ে । 

Group – B ( খ – বিভাগ ) মূল্যাংক : ২৫  

১৯। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা— 

( ক ) ‘ যদি যুদ্ধ দিয়ে , আহিলা পাতি নাই , মোলৈ খুজি আহোক। তাক মই দিঞো— কোনে কি প্ৰসংগত কৈছিল বুজাই লিখা । 

উত্তৰঃ উল্লেখিত কথাখিনি ৰামসিংহই মোগল বাদছাহ ঔৰংজেৱৰ নিৰ্দেশমতে অসম জয় কৰিবৰ নিমিত্তে আহি আহোম সৈন্যৰ লগত কৰা আলাপ আলোচনাৰ অংশ বিশেষ । 

ৰামসিংহ আহি মানাহ নৈৰ পাৰত কোঠ মাৰি বৰফুকনলৈ সংবাদ পঠালে যে আহোম বিনাযুদ্ধে গুৱাহাটী এৰি দিলে তেওঁ নগদ তিনি লাখ টকা দিব । তদুপৰি মহালক্ষ্মী , মহাকালী আৰু মাধৱৰ নামত শপত খাই ক’লে যে তেওঁ গুৱাহাটীৰ পৰা আৰু এখোজো আগুৱাই নাযায় । কিন্তু আহোম বিষয়াসকল গুৱাহাটী এৰি দিবলৈ মাস্তি নোহোৱাত পুনৰবাৰ পণ্ডিতৰাইক পঠালে আৰু এইবাৰ বৰফুকনক চাৰিদণ্ড সময় সন্মুখ – সমৰ কৰিবৰ বাবে আহ্বান জনালে । লগতে যুদ্ধৰ বাবে ৰচদ পাতিৰ যোগান ধৰিব বুলিও ক’লে । 

( খ ) বিষাদ যোগ পাঠটোৰ নামৰ তাৎপর্য বিচাৰ কৰা । 

উত্তৰঃ ভট্টদেৱৰ কথা গীতৰ বিষাদ যোগ নামৰ প্ৰথম অধ্যায়টোৰ মাজত নামৰ তাৎপৰ্য ৰক্ষিত হৈছে । কুৰুক্ষেত্র যুদ্ধৰ আগমুহুৰ্তত কৌৰৱ আৰু পাণ্ডৱ বংশৰ সকলো সৈন্য , সেনাপতি আহি ৰনক্ষেত্ৰত থিয় হ’ল । পাণ্ডৱ বংশৰ অৰ্জুন তেওঁৰ ৰথৰ চালক শ্ৰীকৃষ্ণক দুয়োপক্ষৰ সৈন্যৰ মাজত ৰথখন ৰাখিবলৈ দিয়ে । যাতে তেওঁ যুদ্ধক্ষেত্ৰলৈ অহা আত্মীয়সকলক চাই কাৰ লগত যুদ্ধ কৰিব সেয়া চাব পাৰে । কিন্তু যুদ্ধক্ষেত্ৰত পিতা , পিতামহ , আচার্য , মাতুল , ভাই , পুত্র , পৌত্র , সখি , শৰ , সুহৃদ সকলক দেখি তেওঁৰ হাত – ভৰি কঁপিবলৈ ধৰিলে গাৰ নোম শিয়ঁৰি উঠিল , মুখ শুকাই গ’ল , হাতৰ পৰা গাণ্ডীব খহি পৰিল । অর্জুনে নিজৰ আত্মীয়সকলক হত্যা কৰি পাপ চপাইল’ব খোজা নাছিল । তেওঁ আত্মীয় হত্যা কৰা পাপ কৰিলে , গোটেই বংশই লোপ পাব ৷ এইদৰে অৰ্জুনে শ্ৰীকৃষ্ণৰ আগৰ দুখ প্ৰকাশ কৰি যুদ্ধ নকৰাৰ সংকল্প লৈ ৰথৰ ওপৰতে বহি পৰিল । 

অৰ্জুনৰ যুদ্ধক্ষেত্ৰত আত্মীয়সকলক দেখি যি বিষাদ উদ্ভৱ হৈছে , সেইবাবে এই অধ্যায়টোৰ নাম ‘ বিষাদ যোগ ’ আৰু ইয়াতেই নামৰ তাৎপৰ্য ৰক্ষিত হৈছে । 

( গ ) লেখক হেমচন্দ্র গোস্বামীদেৱৰ মতে প্রাচীন ভাৰতীয় শিক্ষা পদ্ধতি কেনেকুৱা আছিল ? 

উত্তৰঃ প্রাচীন ভাৰতীয় শিক্ষা তথা আর্য – শিক্ষাৰ মূলমন্ত্ৰ আছিল মোক্ষ লাভ । এই মোক্ষ লাভ কর্ম , ভক্তি আৰু জ্ঞানৰ ভিতৰেদি পোৱাৰহে বিধান আছিল । শিক্ষাৰ চৰম উদ্দেশ্য আছিল ত্যাগ কার্য । এই ত্যাগ কার্য অনাসক্ত ভোগৰ জৰিয়তেহে আহৰণ কৰা বুলি হিন্দুসকলে ধৰিছিল।শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ সজ বৃত্তিবোৰক ফুলাই তুলি অসৎ বৃত্তিবোৰক তুলি বা দলিয়াই পেলাই তেওঁক জীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু কৰা । 

প্রাচীন ভাৰতৰ শিক্ষা – দীক্ষাৰ বাবে বহুতো সৰু সৰু বিদ্যালয় আছিল যদিও ছখন নামজ্বলা বিশ্ববিদালয় আছিল । ইয়াত শিক্ষাগুৰুৱে কোনো খৰচ নোলোৱাকৈ শিক্ষাদান কৰিছিল আৰু ছাত্ৰবিলাকে বিনা খৰচে খাবলৈ আৰু থাকিবলৈ পাইছিল । ইয়াত ব্যাকৰণ , তর্কশাস্ত্র , চিকিৎসাশাস্ত্র , দর্শনশাস্ত্র আৰু আধ্যাত্মবিজ্ঞান , জোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল । কোনো কোনো বিশ্ববিদ্যালয়ত ভাস্কৰ বিদ্যা , চিত্রাংকন , মূর্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যা শিক্ষা দিয়া হৈছিল । মুঠতে আৰ্যশিক্ষাৰ ৬৪ কলা বিদ্যা শিক্ষা এই বিশ্ববিদ্যালয়ত তলত দিয়া ১১ বিভাগত শিক্ষা দিয়া হৈছিল । 

১। সাহিত্য ।

২। গৃহপাল বিদ্যা ।

৩। ৰন্ধন বিদ্যা ।

৪। সাজসজ্জা আৰু পৰিচ্ছদ বিদ্যা ।

৫। হাতেৰে কাম কৰা বিদ্যা ।

৬। শিল্প বিদ্যা ।

৭। বিজ্ঞান ।

৮। সংগীত বিদ্যা । 

৯। নাট্য বিদ্যা ।

১০। শিষ্টাচাৰ বিদ্যা । আৰু 

১১। শাৰীৰিক ব্যায়াম বিদ্যা । 

২০। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা – 

( ক ) মোগল কটকী পিৰোজ খাঁক ক’ত বন্দী কৰি ৰখা হৈছিল ? 

উত্তৰঃ মোগল কটকী পিৰোজ খাঁক লতাশিলত বন্ধী কৰি ৰখা হৈছিল । 

( খ ) নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষ গৰাকী কোন আছিল ? 

উত্তৰঃ শীলভদ্র নামে এজন উদাসীন পণ্ডিত নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষ আছিল । 

( গ ) কলক্ষয় দোষ কি ? 

উত্তৰঃ যিয়ে বংশ ধ্বংস কৰে অৰ্থাৎ যি দোষে বংশ এটা লঘু কৰে সেয়াই কুলক্ষয় দোষ । বন্ধু , আত্মীয়ক বধ কৰাতো কুলক্ষয় দোষৰ ভিতৰুৱা । 

২১। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা –

( ক ) “ মোহি জগত গুৰু      তেৰি সততে কৰু

                      মুকুতি মংগল বিধান ” 

– জগত গুৰু বুল কাককৈছে ? জগত গুৰুজনাৰ গুণানুকীর্তন ভটিমাটিত কেনেদৰে কৰা হৈছে তোমাৰ কথাৰে লিখা । 

উত্তৰঃ জগতগুৰু বুলি শ্ৰীকৃষ্ণক কৈছে । 

ভটিমাটিত শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰি শংকৰদেৱে কৰিছে । জগতগুৰু ৰূপী শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কেনেদৰে কৰা হৈছে । সেই বিষয়ে তলত উল্লেখ কৰা হ’ল— 

কালি দমন নাটৰ মুক্তি মঙ্গল ভটিমাটিত ভগৱান শ্ৰীকৃষ্ণই দৈৱকীৰ গৰ্ভত জন্ম লৈ বাল্যকালত গোকুলত থাকি কিদৰে অসুৰ , দৈত্য , নাগৰজাক বধ কৰি ধৰ্মৰক্ষা কৰিছিল , সেই বিষয়ে উল্লেখ আছে । 

দৈৱকীৰ গৰ্ভত জন্ম লৈ শ্ৰীকৃষ্ণই অঘ , বক , ধেনুক , কেলী আদি অসুৰক সবংশে ধ্বংস কৰাৰ লগতে কংস ৰজাকো প্ৰাণে ক্ষৰি ভকতক ৰক্ষা কৰিলে । যমুনাৰ পানীত সংগীসকলৰ সৈতে ৰং ধেমালি কৰা গোপিনীসকলো সেইজনা বালক কৃষ্ণৰ ওচৰত দুহাত যুৰি প্ৰাৰ্থনা কৰি ৰৈছে । অষ্টিক , শঙ্খচুড়ৰ প্ৰাণ লৈ শ্ৰীকৃষ্ণই দুষ্টক দমন কৰিলে । ভূমিৰ ভাৰ হৰণ কৰি নিজৰ কাম পূৰ্ণ কৰা শ্ৰীকৃষ্ণৰ নাম উচ্চাৰণ কৰিলেই পাপীৰ পাপো নাশ হয় । কলিৰ পাপ মোচনকাৰী দুখৰ মূল নির্মূলকাৰী শ্ৰীকৃষ্ণৰ তুলনা নাই । ধৰ্মকৰ্মৰ আশা দূৰ কৰি হৰিনাম লোৱাই শ্রেয় ৷ কিয়নো হৰি বিনে আন একো গতি নাই । ভগৱান শ্ৰীকৃষ্ণৰ চৰণত শৰণ লোৱাজনে দুৰ্গম সংসাৰ সাগৰৰ পৰাও নাওৰূপী কৃষ্ণৰ ভৰিত ধৰি উদ্ধাৰ পাব পাৰে ৷ শ্ৰী কৃষ্ণৰ নাম কীৰ্তন কৰা জনৰ কৌটি পাপো নাশ হয় । এইদৰে ভটিমাটিত জগত গুৰু শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰিছে । 

( খ ) কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বৰ্ণনা কৰা ৷ 

উত্তৰঃ কৃষ্ণ হ’ল ভগৱান বিষ্ণুৰ দশৱতাৰ মানৱীৰূপ । ইয়াৰও আগতেও কৃষ্ণই দুষ্টক দমন আৰু শান্ত পালন কৰাৰ নিমিত্তে বিভিন্ন ৰূপ ধাৰণ কৰিছিল ৷ সেই ৰূপবোৰৰ ভিতৰত আছিল আন্তশয্যাত নাৰায়ণৰূপে থাকি পদ্মনাভত ব্ৰহ্মাক ওপজাই তেওঁ বেদৰ জ্ঞান দিছিল । অসুৰৰ ভয়ত দেৱতাসকলে স্মৰণ কৰাৰ লগে লগে কৃষ্ণই অসুৰক বধ কৰি দেৱতাক উদ্ধাৰ কৰিছিল , চতুৰ্ভূজৰূপ ধৰি ত্ৰিদশক চমক লগাইছিল । তদুপৰি দেৱতাৰ কাৰ্য সাধনৰ অমৃত পান কৰাইছিল । কৃষ্ণই কর্দম আৰু দেৱহুতিৰ পুত্ৰ কপিলৰূপে জন্ম লৈ সাংখ্য দৰ্শনৰ জ্ঞান প্ৰদান কৰিছিল আৰু বাসনৰূপেৰে দানবীৰ বলিৰ অহংকাৰ নাশ কৰিছিল । সেই ৰূপতে তেওঁ নখেৰে গংগাক মৰ্তলৈ বোৱাই আনিছিল যাক বাটতে পাই শিৱই নিজৰ জঁটাত ধাৰণ কৰিছিল । ইয়াৰোপৰি কৃষ্ণই মানৱীৰূপে যশোদাৰ পুত্ৰৰূপে জন্ম লৈ যশোদাক কাঠবাজী বুলি পোৱা অপযশ দূৰ কৰিলে । 

( গ ) কৃষ্ণই বামন স্বৰূপে বলিক ছলনা কৰিছিল বৰ্ণনা কৰা । 

উত্তৰঃ বিষ্ণুৰ দশ অৱতাৰৰ এটি ৰূপ হ’ল বামন । বামন ৰূপত এওঁ দৈত্যৰাজ বলিৰ অহংকাৰ বা গৰ্ব খর্ব কৰিছিল ৷ সেয়ে বামনৰূপী বিষ্ণুৱে দৈত্যৰাজ বলিৰ ওচৰত উপস্থিত হৈ দানবীৰ বলিৰ পৰা দান স্বৰূপে তিনি পদ বিচাৰিলে । দাম্ভিক বলিৰাজে বিষ্ণুৰ মহিমা বুজিব নোৱাৰি একেমুখে তিনিপদ ভূমি দিবলৈ সাজু হোৱাত বামনে প্ৰথম পদ পৃথিৱীৰ বুকুত দি দ্বিতীয়পদ ৰাখিলে স্বৰ্গত আৰু তৃতীয় পদৰ বাবে ঠাই বিচৰাত বলিৰাজে নিজৰ শিৰকে আগবঢ়াই দিয়াত বামনে তৃতীয়পদ বলিৰ শিৰত থৈ বলিক পাতাললৈ পঠিয়াই বলিক নিধন কৰি দৰ্প চূর্ণ কৰে । 

২২। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা । 

( ক ) শঙ্খচূড়ক কোনে বধ কৰিছিল ? 

উত্তৰঃ শঙ্খচূড়ক শ্ৰীকৃষ্ণই বধ কৰিছল । 

( খ ) কপিল মুণিৰ মাতৃ কোন আছিল ? 

উত্তৰঃ কপিল মুনিৰ মাতৃ আছিল দেৱাহুতি । 

( গ ) কৃষ্ণৰ মোমায়েক কোন আছিল ? 

উত্তৰঃ শ্ৰীকৃষ্ণৰ মোমায়েক আছিল মথুৰাৰ ৰজা কংস । 

২৩। তলত দিয়া যিকোনো এটা বাক্য শুদ্ধ ৰূপত লিখা— 

( ক ) তোমাৰ দেউতা ঘৰত আছেনে ? 

উত্তৰঃ তোমাৰ দেউতাৰা ঘৰত আছেনে ? 

(খ) ভাত খাই স্কুল যাবা । 

উত্তৰঃ ভাত খাই স্কুললৈ যাবা । 

( খ ) উপসর্গ কাক বোলে ?

উত্তৰঃ যিবোৰ অব্যয় ধাতুৰ আগত বহি বিভিন্ন অর্থ প্রকাশ কৰে , সেইবোৰক উপসর্গ বোলে । উপসর্গ কুৰিটা ৷ ইহঁতে নিজে কোনো অর্থ প্ৰকাশ কৰিব নোৱাৰে ।

( গ ) অনুসর্গ যোগ কৰি দুটা শব্দ লিখা । 

উত্তৰঃ হঁক— খেলোহঁক ; দেই— যাওঁদেই ।

( ঘ ) ‘ নিশা ’ শব্দৰ এটা সমাৰ্থক ৰূপ লিখা । 

উত্তৰঃ নিশা– ৰাতি । 

( ঙ ) ‘ মাধৈ ’ নাইবা ‘ পুহাইল ’ শব্দৰ আধুনিক ৰূপ লিখা । 

উত্তৰঃ মাধৈ— মাধৱীলতা ; পুহাইল— পুৱাল । 

২৪। তলৰ যিকোনো দুটাৰ চমুটোকা লিখা— 

( ক ) পয়াৰ ।

( খ ) দুলড়ি ।

( গ ) অনুপ্ৰাস ।

( ঘ ) মিত্রাক্ষৰ ছন্দ ।

( ঙ ) অমিত্রাক্ষৰ ছন্দ ? 

উত্তৰঃ ( ক ) পয়াৰ : এইবিধ ছন্দ সজ্জাত একোটা স্তৱকত দুটাকৈ শাৰী বা চৰণ থাকে আৰু প্ৰত্যেক শাৰীতে চৈধ্যটাকৈ অক্ষৰ থাকে । শাৰীৰ প্ৰথম আঠটা অক্ষৰত এক পৰ্ব আৰু দ্বিতীয় ছটা আখৰত এক পৰ্ব , মুঠতে চাৰিটা পৰ্ব এই ছন্দৰ অন্তৰ্ভুক্ত । যেনে— 

লেখকৰ তুলাপাত । দোৱাত – কলম । 

অতি আদৰৰ বস্তু ৷ বান্ধৱ পৰম ৷ 

নীতিকথা , সজকথা । ক’লা , চিয়াঁহীৰে । 

কাকতত লেখি যায় । সহজ গতিৰে । ( কণ মৌ ) 

চৈধ্যটাতকৈ বেছি বা কম আখৰ থকা অৰ্থাৎ তেৰ আৰু পোন্ধৰ আখৰৰ পয়াৰো আছে । হ্রস্ব পয়াৰৰ এটি উদাহৰণ— 

জয় জয় গৰুড়াসন বনমালী 

জয় জয় মদন বিষধৰ কালী , 

জয় জয় যো হৰি নিজ অৱতাৰী , 

জয় জয় কেশৱ তোহাৰি । ( ভতিমা ) 

দীর্ঘ পয়াৰৰ উদাহৰণ— 

( খ ) দুলড়ি : দুলড়িত দুফাঁকি পদ থাকে । প্রতি ফাঁকিত তিনিটাকৈ পৰ্ব থাকে । সেই কাৰণে দুলড়িক ত্ৰিপদীও বোলে । প্ৰথম আৰু দ্বিতীয় পর্বত ছটাকৈ আৰু তৃতীয় পৰ্বত আঠটাকৈ অক্ষৰ থাকে । দুয়োফাকিতে ৬ + ৬ + ৮ আৰু ৬ + ৬ + ৮ = ৪০ টা অক্ষৰ থাকে । যেনে ―

( ১ ) স্বাৰ্থৰ বাটত দুখৰ কাঁইট 

       খোজে প্রতি বিদ্ধে হুলে , 

       নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি 

       সুগন্ধি কুসুম ফুলে । – ( আনন্দচন্দ্ৰ আগৰৱালা ) 

( ২ ) আহিছে মানুহ , গইছে মানুহ ৷

       মানুহ মায়াপী জীৱ ৷ 

       মানুহ সোঁতৰ অস্ত নাইকিয়া 

       বুলিলে মৰত কিয় ? — ( চন্দ্ৰকুমাৰ আগৰৱালা ) 

( গ ) অনুপ্ৰাস : শুনিবলৈ শুৱলা হোৱাকৈ সদৃশ ব্যঞ্জন বৰ্ণৰ ওচৰা – ওচৰিভাৱে বিন্যাস কৰাকে অনুপ্ৰাস বোলে । অনুপ্ৰাস শব্দৰ অৰ্থ হ’ল ৰসাদিৰ ন্যাস । গতিকে ৰসপুষ্টিৰ কাৰণে যেনে বৰ্ণৰ আবৃত্তি অর্থাৎ একাধিকবাৰ ব্যৱহাৰ কৰিলে ভাল হয় , তেনে বৰ্ণ ওচৰা – ওচৰিকৈ বিন্যাস কৰিব লাগে । 

( ঘ ) মিত্রাক্ষৰ ছন্দ : যিবোৰ ছন্দযুক্ত বাক্যৰ শেষ আখৰৰ মিল থাকে , সেইবোৰক মিত্রাক্ষৰ ছন্দ বোলে । আখৰৰ মিল অনুসৰি ইয়াক উত্তম , মধ্যম আৰু সাধাৰণ এই তিনি শ্ৰেণীত ভগাব পৰা যায় । পুৰণি অসমীয়া সাহিত্যত মিত্ৰাক্ষৰ ছন্দৰ যথেষ্ট উদাহৰণ আছে । উদাহৰণস্বৰূপে , তলত দুফাঁকি মিত্রাক্ষৰ ছন্দৰ উল্লেখ কৰা হ’ল—

( ১ ) ছয় পো বাৰ নাতি তেহে কৰিবা কুঁহিয়াৰৰ খেতি । – ( ডাকৰ বচন ) 

( ২ ) কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ শংখ – চক্র – গদা – পদ্ম কৰত তোমাৰ । – ( শিশুলীলা কীর্তন )

ৰোমাণ্টিক যুগৰ কবিতাতো মিত্রাক্ষৰ ছন্দৰ উদাহৰণ পোৱা যায় ।

         “ মোৰ বাবে তুমি নুৰুবা মালতী ফুল।

           জীৱনত কিয় মিছাতে বঢ়োৱা ভুল । ” – ( যতীন্দ্ৰনাথ দুৱৰা ) 

( ঙ ) অমিত্রাক্ষৰ ছন্দ : যিবোৰ ছন্দযুক্ত বাক্যৰ শেষ আখৰৰ মিল নাথাকে , তাক অমিত্রাক্ষৰ ছন্দ বোলা হয় । যেনে— 

লক্ষণ সীতা সহ পিতৃ সত্য পালি , 

দাশৰথি ৰঘুপতি , পঞ্চৱতী বনে 

তপস্বীৰ বেশে ভক্ষি বন্য ফলমুল 

তপস্বীৰ আহাৰ , যেবে ছিলা বনবাসে ।  ( সীতাহৰণ কাব্য )

Group – C ( গ – বিভাগ ) মূল্যাংক : ২৫ 

২৫। তলৰ যিকোনো এটা অনুচ্ছেদ তোমাৰ মাতৃভাষালৈ অনুবাদ কৰা—

( ক ) गदापाणिः पतिब्रदाया : भार्यायाः जयमत्याः अनुरोधात नागाचलम आरोहत। तत्र सः आत्मानम गोपायन सनिर्वेदम प्रणान अरक्षत । 

উত্তৰঃ গদাপাণিয়ে পতিব্ৰতা ভাৰ্যা জয়মতীৰ অনুৰোধ মর্মে নগা পাহাৰত আৰোহণ কৰিছিল । তাত তেওঁ আত্মগোপন কৰি নিৰাপদে প্ৰাণ ৰক্ষা কৰিছিল ।

( খ ) अलेक जेण्डारः अपृच्छत – त्यया सह कीहक व्यवहार्तव्यम हति । पुरु सगर्वम आभाषन महाबीर राजनम प्रति राजोचितव्यवहारः कार्यः हनि ।

উত্তৰঃ আলেকজেণ্ডাৰে সুধিছিল — তোমাৰ সৈতে কেনে ব্যৱহাৰ কৰা উচিত ? পুৰুৱে সগর্বে কৈছিল — হে মহাবীৰ ৰজাৰ প্ৰতি ৰাজোচিত ব্যৱহাৰ কৰা উচিত । 

২৬। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া ―

( ক ) ‘ षड सुखान ‘ – বুলিলে কি বুজা ? ইয়াৰ উৎসসমূহ মানুহে ক’ত কেনেদৰে বিচাৰি পায় ? 

উত্তৰঃ ছটা সুখ বুলিলে গৃহত উপলব্ধ হোৱা সুখকে বুজায় । গৃহলৈ নিতৌ প্রয়োজনীয় ধনাগম হোৱা , অৰ্থকৰী বিদ্যালাভ , চিব্ৰুগীৰ অভাৱ , বশ্যপুত্ৰ , প্রিয়াভাৰ্যা আৰু প্ৰিয়বাদীনি ভাৰ্যাৰ সংগই মানুহক চিৰকাল সুখ দিয়ে ।

( খ ) মানুহ এজনে পৰিহাৰ কৰিবলগীয়া ছটা দোষ কি কি ? 

উত্তৰঃ মানুহে পৰিহাৰ কৰিবলগীয়া ছটা দোষ — নিদ্রা , তন্দ্রা , ভয় , ক্রোধ , এলাহ আৰু কাম পিছলৈ পেলাই থোৱা ।

( গ ) ‘ सहति : कायसाधिका’— কথাষাৰৰ যথার্থতা প্ৰকাশ কৰি উদাহৰণসহ বুজাই লিখা । 

উত্তৰঃ অকলে বলে নোৱাৰা কাম লগ লাগি কৰিলে সহজ সিদ্ধ হয় । এটা পৰুৱাই অকলে দাঙিব নোৱাৰা খুদকণ এটাও যেতিয়া কেইবাটাও পৰুৱাই দাঙিবলৈ চেষ্টা কৰে তেতিয়া দাঙিব পাৰে । তৃণৰ মুঠি পকাই বলীয়া হাতীকো বান্ধিব পাৰি । 

২৭। তলৰ প্ৰশ্নবোৰৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া— 

( ক ) সজলোকৰ বচন কিহৰ লগত তুলনা কৰা হৈছে ?

উত্তৰঃ সজলোকৰ বচন শিলৰ ৰেখা । বেলি যদি পুবৰ সলনি পশ্চিমতো উদয় হয় , মেৰুৰো যদি দিশ সলনি হয় , পৰ্বতৰ টিঙতো যদি পদুম জন্মে তথাপি সজলোকৰ বচন লৰচৰ নহয় ।

( খ ) কি কি পাঁচটা বিষয় মানুহৰ জন্মৰ পূৰ্বতে নির্ধাৰিত হয় ? 

উত্তৰঃ মানুহৰ জন্মৰ পূৰ্বতে আয়ুস , কর্ম , বিত্ত , বিদ্যা আৰু নিধন নিৰ্ধাৰিত হৈ থাকে । বিধাতাৰ এই পাঁচটা নিৰ্ধাৰণ কৰে ।

২৮। তলৰ শ্লোকফাঁকিৰ খালি ঠাই পূৰণ কৰা ―

गुनी गुंण – न बन्ति  –I 

बली बलं वीन्ति न वीन्ति –I I

নাইবা 

पिकी – गुंण  न वायस: I 

करो च – बलं न – : I I

উত্তৰঃ ― বেত্তি ― নিৰ্গুন ― নিৰ্বল, নাইবা বসন্তস্য ― সংহস্য ― মুষক: ।

২৯। ( ক ) তলৰ যিকোনো তিনিটাৰ ব্যুৎপত্তি লিখা – 

( i ) आरीहत 1নং             ( a ) প্ৰশ্নত ।

( ii ) अरक्ष 1নং                ( a ) প্ৰশ্নত ।

( iii ) कार्य 1নং                 ( b ) প্রশ্নত । 

( iv ) अपृच्छत 1নং            ( b ) প্রশ্নত । 

( খ ) তলৰ যিকোনো দুটাৰ শব্দৰূপ লিখা— 

( i ) अमद ( ষষ্ঠী বহুবচন ) 

( ii ) मुमि ( তৃতীয় একবচন ) 

( iii ) भ्रातृ ( সপ্তমী একবচন ) 

( গ ) তলৰ যিকোনো দুটাৰ শব্দৰূপ লিখা— 

( i ) स्था + लोत हि 

( ii ) दृश + लङद 

( iii ) भु + लट अन्ति 

( ঘ ) তলৰ যিকোনো তিনিটা বিশেষ্য পদৰ পৰা তিনিটা বিশেষণ পদ গঠন কৰা ―

सुर्यः , दिन , अतिथि , मास ।

উত্তৰঃ ( ক ) আৰোহৎ— আ √ ৰুহ্ + লঙ্ দ অৰক্ষৎ— √ ৰক্ষ্‌ + লঙ্

          দকার্যঃ – √ কৃ + ণ্যৎ অপৃচ্ছৎ – √ প্ৰচ্ছ্ + লঙ্ দ

( খ ) অস্মদ্ ( ষষ্ঠী বহুবচন ) = অস্মাকম্ , নঃ 

        মুনি ( তৃতীয় একবচন ) = মুনিনা 

        ভ্রাতৃ ( সপ্তমী একবচন ) = ভ্রাতৰি 

( গ )  স্থা + লোট্ হি = তিষ্ঠ , 

         দৃশ্য + লঙ্ দ = অপশ্যৎ , 

         ভু + লট্ অস্তি = ভৱস্তি 

( ঘ ) সৌৰ , দিনময়ঃ , আতিথ্য , মাসিক ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top