SEBA Class 10 Assamese Sample Paper – 2 | দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নকাকত

SEBA Class 10 Assamese Sample Paper, HSLC Model Question Answer, দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নকাকত to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Assamese Sample Paper Class 10 SEBA can be of great value to excel in the examination.

SEBA Class 10 Assamese Sample Paper

Join Telegram channel

HSLC Model Question Paper provided is as per the Latest Assam Board Curriculum and covers all the questions from the SEBA Textbooks. Access the detailed SEBA Class 10 Assamese Sample Paper provided here and get a good grip on the subject. Access the SEBA Class 10 Assamese Sample Paper, Class X Model Question Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.

১০। তলৰ যিকোনো পাঁচটা প্ৰশ্নৰ উত্তৰ লিখা— 

( ক ) তলৰ যিকোনো দুটাত ‘ ণ ’ আৰু ‘ ষ ’ কি কাৰণে হৈছে বুজাই লিখা— 

বৃষভ , ধৰণ , কৰ্ষণ , প্রাণ । 

উত্তৰঃ বৃষভ : ‘ অ ’ – ‘ আ ’ ভিন্ন অন্য স্বৰবৰ্ণ , ‘ ক ’ অথবা ‘ ৰ ’ কাষৰ পিছৰ প্ৰত্যয়ৰ ‘ স ’ ‘ ষ ‘ হয় ।

ধৰণ : একেটা ‘ ঋ ’ , ‘ ৰ ’ , ‘ ষ ’ ৰ পিছত থকা ‘ ন ’ ‘ণ ’ হয় ।

কৰ্ষণ : ‘ ঋ ’ , ‘ ৰ ’ , ‘ ষ ’ ৰ পিছত একোটা পদতে থকা ‘ ন ’ ‘ণ ’ হয়। 

প্ৰাণ : ‘ ঋ ’ , ‘ ৰ ’ , ‘ ষ ’ আৰু ‘ ন ’ ৰ মাজত স্বৰবৰ্ণ থাকিলে শেষৰ ‘ ন’ ‘ণ ’ হয় ।

( খ ) ব্যাসবাক্যসহ সমাসৰ নাম লিখা ( যিকোনো দুটাৰ ) – 

ৰামলক্ষ্মণ , দিগম্বৰ , নিশাচৰ । 

উত্তৰঃ ৰামলক্ষ্মণ : ৰাম আৰু লক্ষ্মণ – ইতৰেতৰ দ্বন্দ্ব সমাস । 

দিগম্বৰ : দিক্ অম্বৰ যাৰ = সমানাধিকৰণ বহুব্রীহি সমাস । 

নিশাচৰ : নিশা চৰে যি = উপপদ তৎপুৰুষ সমাস ।

( গ ) যিকোনো দুটা শব্দৰ সন্ধি ভাঙা— 

শীতার্ত , পক্ষীন্দ্র , উচ্ছেদ । 

উত্তৰঃ শীতার্ত = শীত + ঋত

         পক্ষীন্দ্ৰ = পক্ষী + ইন্দ্ৰ 

          উৎ + ছেদ = উচ্ছেদ

( ঘ ) তলৰ যিকোনো দুটাৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা— 

গাগধুৰ , কথাচহকী , কাণ তাল মৰা ৷ 

উত্তৰঃ গা – গধুৰ ( এলেহুৱা ) : গা – গধুৰ লোকসকলে কেৱল কথাৰহে ফুলজাৰি ফুটায় । 

কথা – চহকী ( বৰকৈ কথা কোৱা লোক ) : কথা – চহকী মানুহজনে বিয়াঘৰত চিনাকি মানুহজনক পাই ভালেই পালে ৷

কাণ তাল মৰা ( ডাঙৰকৈ শব্দ হোৱা ) : বৰষুণ অহাৰ আগতে আকাশৰ মেঘৰ গাজনিৰ কাণ তলা মৰা শব্দত আমি বৰ ভয় খাইছিলো। 

( ঙ ) বিপৰীতাৰ্থ শব্দ লিখা ( যিকোনো দুটা )

অধম , অৱনতি , নিৰাশা । 

উত্তৰঃ অধম – উত্তম ।

         অৱনতি – উন্নতি ।

         নিৰাশা – আশা ।

( চ ) এটা শব্দত প্ৰকাশ কৰা ( যিকোনো দুটা ) 

গোটেই জীৱনব্যাপি ; ভিক্ষা মাগি পাবলৈ নাই ; মাটিৰ বাচন গঢ়োতা ৷ 

উত্তৰঃ গোটেই জীৱনব্যাপি – আজীৱন

          ভিক্ষা মাগি পাবলৈ নাই – দুর্ভিক্ষ ।

          মাটিৰ বাচন গঢ়োতা – কুমাৰ । 

( ছ ) যথাস্থানত যতি চিহ্ন দিয়া— 

সি পিছে নবহে আহিয়েই খাব । 

উত্তৰঃ সি পিছে নবহে আহিয়েই খাব ।

১১। ভাৱ সম্প্ৰসাৰণ কৰা— 

( ক ) সমগ্র প্রস্তুতি মানুহৰ জীৱনৰ সংকল্প বা লক্ষ্য কি হোৱা উচিত ?  চাপৰিলে মেঘ নাতৰে । 

নাইবা

( খ ) বায়েৰাৰ বিয়াৰ বাবে তুমি দুদিন স্কুললৈ আহিব পৰা নাছিল ৷ তাৰ বাবে ছুটি বিচাৰি বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ এখন আবেদন প্রস্তুত কৰা ৷ ( আবেদনত কাৰো নাম , ঠিকনা আদি নিলিখিবা ) 

উত্তৰঃ ( ক ) আলোচ্য কবিতাফাকি অসমীয়া ভাষাত সততে প্রচলিত এটি প্রবাদ বাক্য । বিপদৰ পৰা পলাই থাকিলে যে বিপদ আঁতৰি নাযায়, তাকেই কথাফাকিয়ে বুজায় । 

মেঘ আকাশত সৃষ্টি হৈ বৰষুণৰূপে পৃথিৱীত পৰেহি । আকাশত মেঘ জমা হ’লে বৰষুণ হ’বই । বৰষুণ আহিলে যদি উপযুক্ত উপায় গ্ৰহণ কৰা নহয় । এনেদৰে বিপদ আহিলে আমি কেতিয়াও সেই বিপদৰ পৰা পলাই সাৰিব নোৱাৰো । উপযুক্ত উপায়েৰে সেই বিপদৰ মুখামুখি হ’বলৈ মানুহ সাজু হ’ব লাগে । বিপদ আহিব বুলি পলাই ফুৰিলে এদিন নহয় এদিন সেই বিপদে মানুহজনক পাব । সেয়ে সন্মুখত বিপদ দেখি পলাই যাব । সাহসেৰে বিপদৰ মুখামুখি হোৱাজনহে প্রকৃত মানুহ । 

নাইবা 

( খ ) প্রতি , 

           ‘ ক ’ বিদ্যালয়ৰ মাননীয় প্রধান শিক্ষক মহোদয় । 

                                  স্থান : ‘খ’

                                   তাৰিখ : ১৪/০৪/২০১৩ 

বিষয় : ছুটিৰ আবেদন । 

মহোদয় , 

           সম্মানপূর্বক নিবেদন এই যে যোৱা ১২-০৪-২০১৩ তাৰিখ মংগল আৰু বুধবাৰে বাইদেউৰ বিয়াৰ বাবে মই বিদ্যালয়লৈ আহিব পৰা নাছিলো । সেয়েহে উক্ত দিন দুটাৰ ছুটি মঞ্জুৰ কৰিবলৈ মহোদয়ৰ ওচৰত আবেদন জনাব খুজিছো । দয়ালু মহোদয়ে উক্ত দিন দুটাৰ ছুটি মঞ্জুৰ কৰি মোক বাধিত কৰে যেন । এয়ে সৰল প্ৰাৰ্থনা । 

ইতি

অভিভাৱকৰ চহী                              

আপোনাৰ একান্ত বাধ্য ছাত্র

 শ্ৰী……………………

১২। তলত দিয়া যিকোনো এটি বিষয় বাছি লৈ এখন ৰচনা লিখা— 

( ক ) অসমৰ প্ৰাকৃতিক সম্পদ ।

( খ ) পুথিভঁৰাল ।

( গ ) পৰিৱেশ প্ৰদূষণ ।

উত্তৰঃ ( ক ) অসমৰ প্ৰাকৃতিক সম্পদ 

আৰম্ভণি : ভাৰতৰ ভিতৰত প্ৰাকৃতিক সম্পদত চহকী যিকেইখন ৰাজ্যৰ আছে তাৰ ভিতৰত অসম অন্যতম । অসম প্ৰকৃতিৰ লীলাভূমি। এনে এবিধ প্রাকৃতিক সম্পদ নাই যি অসমত নাই । তদুপৰি বহু প্রাকৃতিক সম্পদ অসমত এতিয়াও আৱিষ্কাৰ নোহোৱাকৈ আছে । দুখজনক কথা এয়াই যে অসমৰ যিখিনি প্ৰাকৃতিক সম্পদ আছে তাৰ পৰা অসমে কিন্তু বৰ বিশেষ লাভাৱান্বিত হোৱা নাই , লাভাৱান্বিত হৈছে ভাৰতবৰ্ষৰ অন্য ৰাজ্যসমূহ । কিন্তু সমগ্র বিশ্বই অসমৰ প্ৰাকৃতিক সম্পদক লৈ আশ্চর্যবোধ কৰে ৷ 

প্রাকৃতিক সম্পদৰ বিতৰণ : বনজাত , খনিজাত , জলজাত আৰু কৃষিজাত বস্তুবোৰেই হ’ল প্রাকৃতিক সম্পদ ৷ অসমৰ হাবিবোৰ নানান মূল্যবান গছ – গছনিৰে ভৰপূৰ । শাল , চেগুন , আজাৰ আদি অসমৰ উল্লেখযোগ্য বনজ সম্পদ । ইয়াৰ উপৰি কাগজ উৎপাদনৰ বাবে বাঁহ , জুইশালা কাঠীৰ বাবে প্রয়োজনীয় শিমলু গছ , মছলা জাতীয় গছ , বৰহ মথুৰি আদিৰ বাবেও অসম বিখ্যাত । 

অসমৰ পাহাৰ আৰু বনাঞ্চলসমূহত বিভিন্ন আপুৰুগীয়া প্ৰাণী পোৱা যায়।এইবোৰৰ ভিতৰত বাঘ , ভালুক , হাতী , গঁড় , পহু , ধনেশ , ময়ূৰ আদি উল্লেখযোগ্য । খনিজ সম্পদৰ ভিতৰত বিভিন্ন মাটি আৰু শিলৰ উপৰি চূণ , খাৰুৱা তেল আৰু কয়লা উল্লেখযোগ্য । 

জলজ সম্পদৰ ভিতৰত অসমৰ নদ – নদী আৰু ইয়াত থকা মাছ -কাছ আদিক ধৰা হয় । অসমৰ নদ – নদীৰ পৰা জলবিদ্যুৎ উৎপাদনৰ অসীম সম্ভাৱনা আছে । ইয়াৰ উপৰি অসমৰ মাটিত উৎপাদিত ধান , মাহ , আলু , মৰাপাট আদিকো প্রাকৃতিক সম্পদৰূপে গণ্য কৰিব পাৰি । অসমৰ চাহখেতি পৃথিৱী বিখ্যাত । 

দেশৰ উন্নতিত প্রাকৃতিক সম্পদৰ অৱদান এখন দেশৰ উন্নতিত প্রাকৃতিক সম্পদসমূহৰ যথেষ্ট অৱদান আছে । বিশেষকৈ আর্থিক দিশৰ উন্নতিত এই সম্পদসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে । অসমৰ হাবিত পোৱা শাল , চেগুন আদি গছৰ মূল্য যথেষ্ট । তদুপৰি কয়লা , পেট্ৰ’ল , ডিজেল আদিৰ পৰাও দেশে যথেষ্ট পৰিমাণৰ আৰ্থিক সকাহ লাভ কৰে । পৰ্যটনৰ ক্ষেত্ৰস্বৰূপে পৰিগণিত কাজিৰঙা , মানাহ্ , পবিতৰা আদি অভয়াৰণ্যৰ পৰাও দেশে বহুখিনি আর্থিক মুনাফা অর্জন কৰিবলৈ সক্ষম হয় । জলজ সম্পদ নদ – নদীৰ জৰিয়তে বিদ্যুৎ উৎপাদন হয় আৰু দেশে অতিৰিক্ত বিদ্যুৎ অন্য ৰাজ্যত বিক্ৰী কৰিব পাৰে । সেইদৰে ধান , ঘেঁহু , মৰাপাট , কপাহ , কুঁহিয়াৰ আদিৰ জৰিয়তে এখন দেশৰ অর্থনৈতিক বিকাশ সম্ভৱপৰ হয় ।

সামৰণি : এখন দেশৰ প্ৰাকৃতিক সম্পদসমূহ দেশখনৰ বাবে আর্থিক প্ৰগতিৰ কাৰক । এই প্রাকৃতিক সম্পদসমূহৰ পৰ্যাপ্ত উন্নতিৰ বাবে ৰাজ্য চৰকাৰে যথেষ্ট সতর্কতা অৱলম্বন কৰিব লাগে । সম্প্রতি অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ ওপৰত এচাম মানুহে যি ধৰণে অত্যাচাৰ চলাই নিজস্ব মুনাফা অৰ্জনৰ চেষ্টা চলাইছে তাৰ ফলত সমগ্ৰ দেশখনৰেই ক্ষতি হৈছে । সেয়ে আমাক এতিয়া প্রয়োজন এক দৃষ্টিভংগী যাৰ জৰিয়তে আমাৰ প্ৰাকৃতিক সম্পদসমূহক আৰু অধিক আর্থিক উপার্জনক্ষম কৰিব পাৰো । 

( খ ) পুথিভঁৰাল ।

উত্তৰঃ পুথিভঁৰাল

আৰম্ভণি : পুথিভঁৰাল জ্ঞানৰ এক অক্ষয় ভাণ্ডাৰ ৷ যি ঠাইত নানা ৰকমৰ গ্ৰন্থ একেলগে পোৱা যায় তাকে গ্রন্থাগাৰ বা পুথিভঁৰাল বোলে । পুথিভঁৰাল মানৱ জাতিৰ এক আপুৰুগীয়া সম্পদ । 

পুথিভঁৰালৰ ইতিহাস : অতি প্রাচীন কালৰে পৰাই পুথিভঁৰালৰ প্ৰচলন আছিল । বর্ণমালা , কাকত আদি আৱিষ্কৃত হোৱাৰ আগতেই বেদৰ বাণী প্ৰচাৰিত আৰু সংৰক্ষিত হৈছিল । বৰ্ণমালা আৱিষ্কাৰৰ পাছত মানুহে ভূজপত্র , তাল পাত , সাঁচিপাত , জন্তুৰ ছাল , শিল , তামৰ ফলি আদিত জ্ঞান সম্ভাৰ লিপিবদ্ধ কৰিছিল । 

অতি প্রাচীন কালত ভাৰতবৰ্ষ , মিছৰ আদি প্রাচীন উন্নত দেশসমূহৰ নানা ঠাইত ডাঙৰ ডাঙৰ পুথিভঁৰাল আছিল । ভাৰতত থকা বৌদ্ধ বিহাৰবোৰত আৰু নালন্দা বিশ্ববিদ্যালয় আদি শিক্ষাৰ কেন্দ্ৰবোৰত অসংখ্য পুথি গোটাই ৰখা হৈছিল । 

আজিকালি ফ্রান্স , জার্মানী , ইংলেণ্ড আদি উন্নত দেশবোৰত ডাঙৰ ডাঙৰ পুথিভঁৰাল স্থাপিত হৈছে । ফ্ৰান্সৰ ৰাজধানী পেৰিছ নগৰত ‘ Bibliothique Nationale ‘ নামেৰে যি পুথিভঁৰাল অৱস্থিত সি পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ বুলি জনা যায় । লণ্ডনৰ ‘ British Museum ‘ ও পৃথিৱী বিখ্যাত । 

পুথিভঁৰালৰ প্ৰকাৰ : পুথিভঁৰাল কেইবা শ্ৰেণীৰো আছে ; যেনে ৰাজহুৱা পুথিভঁৰাল , ব্যক্তিগত পুথিভঁৰাল আৰু শিক্ষানুষ্ঠানৰ পুথিভঁৰাল । ৰাজহুৱা পুথিভঁৰাল ৰাইজৰ সাহায্য আৰু চৰকাৰৰ পুঁজিৰ দ্বাৰা প্রতিষ্ঠিত হয় । ব্যক্তিগত পুথিভঁৰাল কোনো এজন ব্যক্তিৰ অধীনত প্রতিষ্ঠিত হয় । আনহাতে , শিক্ষানুষ্ঠানৰ পুথিভঁৰালসমূহ শিক্ষানুষ্ঠানৰ পুঁজিৰে প্ৰতিষ্ঠিত আৰু শিক্ষানুষ্ঠানৰ দ্বাৰা পৰিচালিত হয়৷ 

পুথিভঁৰাল পৰিচালনাৰ নিয়ম : পুথিভঁৰাল পৰিচালনাৰ নিৰ্দিষ্ট কিছুমান নিয়ম আছে ৷ সেই নিয়ম মানি নচলিলে নানা বাধাৰ সৃষ্টি হয়।ৰাজহুৱা পুথিভঁৰালত সদস্যসকলকহে গ্ৰন্থ পঢ়িবলৈ দিয়া হয় ৷ সেই গ্ৰন্থ পঢ়ুৱৈয়ে সৰ্বাধিক পোন্ধৰ দিন ৰখাৰ নিয়ম ৷ তাৰ পাছত ঘূৰাই দিব লাগে । ঠিক সেইদৰে শিক্ষানুষ্ঠানৰে পুথিসমূহ পুথিভঁৰাল পৰিচালকে শিক্ষাৰ্থীক বা পঢ়ুৱৈক নিৰ্দিষ্ট দিনৰ বাবে পঢ়িবলৈ দিয়ে । পুথিভঁৰালসমূহ সুস্থভাৱে পৰিচালনা কৰাটো গ্রন্থাগাৰিক অথবা পৰিচালকৰ মুখ্য কাম । 

পুথিভঁৰালৰ উপকাৰিতা : পুথিভঁৰাল সভ্য জগতৰ এক অতুলনীয় সম্পদ । পুথিভঁৰালে পাঠক সমাজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে । প্রত্যেক জ্ঞানপিপাসু লোকে বা পঢ়ুৱৈয়ে নিজৰ ব্যক্তিগত পুঁজিৰে সকলো প্ৰকাৰৰ গ্ৰন্থ , আলোচনী , বাতৰি কাকত আদি ক্ৰয় কৰি পঢ়া সম্ভৱ নহয় ৷ পুথিভঁৰালে তেনে পুথি পঢ়াৰ সুবিধা কৰি দিয়ে ৷ পুথিভঁৰালে আপুৰুগীয়া গ্ৰন্থৰাজিও সংগ্ৰহ কৰি ৰাখে । 

সামৰণি : শিক্ষিত সমাজ মাত্রেই পুথিভঁৰালৰ উপকাৰিতা সুন্দৰভাৱে জানে । গতিকে সকলো ঠাইতে উপযুক্ত পুথিভঁৰাল স্থাপন কৰি তাত পঢ়াৰ বিশেষ ব্যৱস্থা কৰি দুখীয়া ছাত্র – ছাত্রী তথা পাঠক সমাজৰ জ্ঞানৰ পৰিধি বৃদ্ধিত সহায় কৰা উচিত । 

( গ ) পৰিৱেশ প্ৰদূষণ ।

উত্তৰঃ পৰিৱেশ কি ? আমি বাস কৰা ঠাইৰ চাৰিওফালৰ বায়ু , পানী , মাটি আদিৰ অৱস্থা আৰু এইবোৰে দেখুওৱা ধৰ্মই সহজ – সৰল অৰ্থত পৰিৱেশ । মানুহ , জীৱ – জন্তু আৰু উদ্ভিদসমূহৰ জন্ম আৰু বিকাশৰ ওপৰত যিবোৰ বাহ্যিক কাৰকে প্রভাৱ বিস্তাৰ কৰে যি পাৰিপাৰ্শ্বিকতাত এইবোৰ ঘটে সেই আটাইবোৰকে একেলগে পৰিৱেশ বোলা হয় । ১৯৮৬ চনৰ ভাৰতৰ পৰিৱেশ সংৰক্ষণ অধিনিয়মত দিয়া সংজ্ঞা অনুসৰি মানুহ অন্যান্য জীৱ , পানী , বায়ু আৰু সেইবোৰৰ মাজত থকা সম্পর্ক তথা বিভিন্ন সম্পদৰ সমষ্টিক পৰিৱেশ বোলা হয় । 

পৰিৱেশ প্ৰদূষণ কেনেকৈ হয় : প্রকৃতিৰ ওপৰত মানুহে কৰা ধ্বংসাত্মক কাৰ্যৰ বাবে প্রাকৃতিক ভাৰসাম্য নোহোৱা হোৱাত পৰিৱেশৰ প্রতি প্রচণ্ড ভাবুকি আহি পৰিছে । পৃথিৱীত জুই আৱিষ্কাৰ হোৱাৰ পিছত অক্সিজেনৰ ধ্বংসলীলা আৰম্ভ হৈছে । ধোঁৱা আৰু ছাইৰ কণিকাই বায়ুমণ্ডল কলুষিত কৰি পৰিৱেশ প্ৰদূষণৰ সৃষ্টি কৰিছে । 

বিশ্বৰ বৰ্ধিত জনসংখ্যা পৰিৱেশ প্ৰদূষণৰ অন্যতম কাৰণ ৷ ইয়াৰ উপৰি কল – কাৰখানাত ব্যাপক হাৰত কয়লাৰ ব্যৱহাৰে পৰিৱেশ প্ৰদূষিত কৰি তোলে । তেল শোধনাগাৰ , কাগজৰ কল , চিমেণ্ট কাৰখানা আদি বৃহৎ উদ্যোগবোৰৰ পৰা নিৰ্গত লেতেৰা পদাৰ্থসমূহৰ বাবেও পৰিৱেশ প্ৰদূষণ হয় । যান – বাহনবোৰেও ব্যাপক মাত্ৰাত প্ৰদূষণ সৃষ্টি কৰে । ১৯৮৪ চনৰ ভূপালৰ গেছ দুৰ্ঘটনাৰ ফলত পৰিৱেশ প্ৰদূষিত হৈ বহু লোকৰ মৃত্যু হোৱাৰ উদাহৰণ আছে । 

বর্তমান পাৰমাণৱিক যুগত পাৰমাণৱিক বোমাৰ প্রয়োগে যথেষ্ট পৰিমাণে পৰিৱেশ প্ৰদূষিত কৰি পেলাইছে । বায়ুমণ্ডলৰ ওপৰ ভাগত ৰকেট নিক্ষেপণ , মহাকাশ অভিযান , উপগ্রহ নিক্ষেপণ , বিমান চলাচল আদিৰ ফলতো পৰিৱেশ প্ৰদূষিত হৈছে । 

সম্প্রতি পৰিৱেশ সম্পৰ্কীয় ভয়ানক সমস্যাটো হ’ল ক্রমাগতভাৱে বাঢ়ি অহা পৃথিৱীৰ উত্তাপ ৷ কার্বন ডাই অক্সাইডৰ দৰে গেছসমূহে সূৰ্যৰ উত্তাপ বায়ুমণ্ডলত ধৰি ৰাখি পৃথিৱীৰ উষ্ণতা বঢ়াই পৰিৱেশৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । 

প্ৰদূষণ ৰোধ কৰাৰ উপায় : বর্তমান যুগটো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ । এই যুগত যান্ত্রিক আহিলা , কল – কাৰখানাৰ প্ৰয়োজনীয়তা অস্বীকাৰ কৰিব নোৱাৰি । তথাপি পৰিৱেশ দূষিত নোহোৱাকৈ যান্ত্ৰিক কল – কাৰখানা স্থাপন কৰাৰ প্ৰচেষ্টা চলাব লাগিব । পৰিৱেশ প্ৰদূষণৰ মূল কাৰণ হৈছে আমাৰ অবৈজ্ঞানিক চিন্তাধাৰা । এই ক্ষেত্ৰত আমি যদি সজাগতা অৱলম্বন কৰি পৰিকল্পনাৰ সহায়ত আগবাঢ়িব পাৰো তেন্তে প্ৰদূষণৰ পৰা নিশ্চয় হাত সাৰিব পাৰিম । অৰণ্য ধ্বংসৰ পৰিৱর্তে ৰক্ষণাবেক্ষণ , জনসংখ্যা ৰোধৰ পৰিকল্পনা , মহাকাশত সীমিত ৰকেট নিক্ষেপণ , কয়লাৰ সীমিত ব্যৱহাৰ আদিৰ জৰিয়তে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পৰা যায় । 

সামৰণি : আলোচনাৰ অন্তত ক’ব পাৰি যে পৰিৱেশ প্ৰদূষণৰ বাবে প্রধানতঃ দায়ী মানুহ আৰু প্ৰদূষণ ৰোধৰ বাবে মানুহৰ হাততেই আছে অপৰিসীম ক্ষমতা । এই ক্ষেত্ৰত প্রত্যেকৰ বাবে প্রয়োজন সজাগতা । আমি প্রত্যেকে নিজে সজাগ হৈ বিনন্দীয়া পৃথিৱীখনক আৰু অধিক বিনন্দীয়া কৰি তুলিব পাৰো । এটা কথা মনত ৰখা প্রয়োজন যে প্রাকৃতিক ভাৰসাম্য ৰক্ষা হ’লেহে পৰিৱেশ জীৱৰ অনুকূলে থাকে আৰু প্রাকৃতিক ভাৰসাম্য হেৰাই গ’লে পৰিৱেশৰ লগতে জীৱকূলৰ মাজলৈও তীব্র সংকট নামি আহে । 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top