সর্বশিক্ষা অভিযান ৰচনা | Sarva Shiksha Abhiyan Essay in Assamese

সর্বশিক্ষা অভিযান ৰচনা | Sarva Shiksha Abhiyan Essay in Assamese

Join Telegram channel

শিক্ষা মানৱ জীৱনৰ এক অপৰিহাৰ্য অংগ। সেয়ে হয়তো ফৰাচী নাট্যকাৰ ব্ৰেখটে কৈছিল, “নিৰক্ষৰৰ হাতত কিতাপ তুলি দিয়া, তেওঁ হাতেৰে যি হৈ উঠিব, সিয়ে যুদ্ধাস্ত্ৰ৷’ শিক্ষাই মানুহৰ মনৰ অজ্ঞতা দূৰ কৰি বৌদ্ধিক দিগন্ত মুকলি কৰে। জগতৰ সৰ্বতোপ্ৰকাৰ মংগলৰ বাবে নিজকে যোগ্যৱান কৰি তোলাৰ একমাত্র মাধ্যম হ’ল শিক্ষা। শিক্ষাৰ প্ৰভাৱতে মানৱ জাতিয়ে পাশৱিক জীৱনৰ পৰা মুক্তি লাভ কৰি বিশ্বৰ সকলো প্ৰাণীৰ ভিতৰত শ্ৰেষ্ঠ প্রাণী হিচাপে পৰিগণিত হৈ সকলো প্ৰাণীৰ ওপৰত কৰ্তৃত্ব বিস্তাৰ কৰিছে। শিক্ষাৰ প্ৰভাৱতেই অগ্ৰগতিৰ পথত খোজ দি বর্তমান বিশ্বখনেই এখন গাঁৱলৈ পৰ্যৱসিত হ’বলৈ ধৰিছে। অন্ধৰ লাখুটিস্বৰূপ শিক্ষা সকলোৰে বাবে অতি আৱশ্যকীয়।

সর্বশিক্ষা অভিযান ৰচনা | Sarva Shiksha Abhiyan Essay in Assamese

সৰ্বশিক্ষাৰ সূচনা | The Beginning of Sarva Shiksha

বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ তুলনাত ভাৰতবৰ্ষ এতিয়াও শিক্ষাৰ ক্ষেত্ৰত পিছপৰি আছে। বিশেষকৈ ভিতৰুৱা অঞ্চলবিলাকত এতিয়াও বহু শিশু শিক্ষাৰ প্ৰভাৱৰ পৰা বহু দূৰৈত। এইক্ষেত্ৰত আমাৰ অসমো পিছপৰি থকা নাই ৷ সেয়ে কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো শিশুৱে শিক্ষাৰ পোহৰ পাবৰ বাবে ৰাজ্যিক চৰকাৰ তথা কেন্দ্রীয়শাসিত অঞ্চলৰ চৰকাৰক অংশীদাৰ হিচাপে লৈ ‘সৰ্বশিক্ষা অভিযান আঁচনিখনৰ ঘোষণা কৰিছিল। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে- প্রাথমিক শিক্ষা ব্যৱস্থাক সাৰ্বজনীন কৰা তথা ২০১০ চনৰ ভিতৰত ৬ৰ পৰা ১৪ বছৰ বয়সৰ সকলো শিশুকে উপযোগী আৰু যুক্তিযুক্ত প্রাথমিক শিক্ষা আৰু লিংগ বৈষম্য দূৰ কৰা। এই সৰ্বশিক্ষা আঁচনিখন পৰিচালনা কৰিবলৈ প্রত্যেক জিলাত একোখনকৈ জিলা প্রাথমিক শিক্ষা আঁচনি (DPEP) গঠন কৰা হৈছে।

Read Also: ভাৰতৰ জনসংখ্যা ৰচনা | Population of India Essay in Assamese

সৰ্বশিক্ষা অভিযানৰ উদ্দেশ্য | Objectives of Sarva Shiksha Abhiyan

সর্বশিক্ষা অভিযান আঁচনিখনৰ সফল ৰূপায়ণ হোৱাৰ কৰাৰ ক্ষেত্ৰত ভালেকেইটা উদ্দেশ্য আগত ৰখা হৈছে। বিশেষকৈ জনসাধাৰণৰ মাজত শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰোৱা, শিক্ষাদানত শিশুসকলক সুন্দৰভাৱে পৰিচালনা কৰা তথা শিক্ষকসকলক উপযুক্ত প্রশিক্ষণ দি উপযুক্ত কৰি তোলা, লিংগ বৈষম্য দূৰ কৰিবৰ বাবে তথা নাৰী শিক্ষাৰ বিকাশৰ বাবে ছোৱালীবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা, অনুসূচিত জাতি, জনজাতি, দৰিদ্ৰ সীমাৰেখাৰ তলৰ শিশুসকলক শিক্ষাদানৰ ক্ষেত্ৰত গুৰুত্ব দিয়া, সংহত শিক্ষা ব্যৱস্থাৰ মাধ্যমৰে শাৰীৰিকভাৱে অক্ষম শিশুসকলক গুৰুত্ব দিয়া, জনসাধাৰণ আৰু বিদ্যালয়ৰ মাজত সমন্বয়ৰ ভাবধাৰা গঢ়ি তোলাৰ বাবে সাক্ষৰতা, পুথিভঁৰাল, পৰিপুষ্টি; মহিলা সবলীকৰণ, খেলা-ধূলা আদি কাৰ্যসূচীৰ ব্যৱস্থা প্রদান, শিক্ষা ব্যৱস্থাটোক জীৱনৰ লগত জড়িত কৰি জীৱনধাৰণৰ দক্ষতা আদি বিভিন্ন উদ্দেশ্য সর্বশিক্ষা অভিযানে গুৰুত্ব আৰোপ কৰিছে।

সৰ্বশিক্ষাৰ প্ৰয়োজনীয়তা আৰু অসমত ইয়াৰ প্ৰসাৰ | The need for sarva shiksha and its spread in Assam

শিক্ষাৰ অবিহনে জীৱন অসাৰ। কাৰণ শিক্ষাই হৈছে জীৱন পৰিচালনাৰ মূল ছাবি-কাঠী। শিক্ষাই মানুহক মহান কৰে তথা আদৰ্শৱান কৰি তোলে। সর্বশিক্ষা অভিযান আঁচনিৰ দ্বাৰা দেশৰ প্ৰতিটো শিশুকে শিক্ষাৰ পোহৰেৰে পোহৰাই তোলাৰ প্ৰয়াস কৰা হৈছে, যাৰফলত অতি ভিতৰুৱা অঞ্চলৰ দৰিদ্ৰ শিশুৱেও আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিছে। সেয়ে ক’ব পাৰি যে সৰ্বশিক্ষাৰ দৰে আঁচনি আমাৰ দৰে উন্নয়নশীল দেশত যথেষ্ট প্রয়োজনীয়তা আছে।

সর্বশিক্ষা অভিযান আঁচনিখনে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো যথেষ্ট জনপ্রিয়তা আৰু প্ৰসাৰতা লাভ কৰিছে। এই আঁচনিৰ সফল ৰূপায়ণৰ উদ্দেশ্যে গুৱাহাটীৰ কাহিলিপাৰাস্থিত মুখ্য কাৰ্যালয়ত শিক্ষাদানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষা তথা প্ৰশিক্ষণৰ ব্যৱস্থা কৰি শিক্ষক তথা বিষয়াসকলক ৰাজ্যৰ বিভিন্ন ঠাইত নিযুক্তি দিছে। সেইসকলে শিশুৰ মানসিক মানৰ প্ৰতি লক্ষ্য ৰাখি অতি ভিতৰুৱা অঞ্চলত আঁচনিখন সফল ৰূপায়ণৰ প্ৰতি পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰেও বিভিন্ন প্ৰচাৰ মাধ্যমৰ যোগেদি আঁচনিখন সফল কৰি তুলিবলৈ বিজ্ঞাপন প্রচাৰৰ ব্যৱস্থা কৰিছে। তদুপৰি ছাত্ৰ-ছাত্ৰী বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত কৰিবলৈ (বিশেষকৈ দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি) বিদ্যালয়ত দুপৰীয়াৰ আহাৰৰ ব্যৱস্থাও কৰিছে। ফলস্বৰূপে সৰ্বশিক্ষা আঁচনখিন ৰূপায়ণত এশ শতাংশ নহ’লেও যথেষ্ট পৰিমাণে সফল হৈছে বুলি ক’ব পাৰি ।

Read Also: Class 11th Education Solution

সামৰণি

ভাৰতীয় সংবিধানমতে, শিক্ষা লাভৰ অধিকাৰ হৈছে- মৌলিক অধিকাৰ। এই অধিকাৰৰ পৰা কোনোৱে কাকো বঞ্চিত কৰিব নোৱাৰে। তদুপৰি ৪৫ নং ধাৰা মতে ১৪ বছৰ বয়সলৈকে সকলো শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। এনে নীতি-নির্দেশনা বাধ্যতামূলক কৰা সত্ত্বেও এতিয়াও আমাৰ দেশত নিৰক্ষৰতাৰ সংখ্যা হ্রাস হোৱা নাই। উল্লেখযোগ্য যে নিৰক্ষৰতা দূৰীকৰণত সৰ্বশিক্ষা আঁচনিখন যথেষ্ট সহায় কৰাৰ থল আছে। সেয়ে আমি প্রত্যেকেই এই আঁচনিখন সফল কৰি তুলিবলৈ চেষ্টা কৰা উচিত। শিক্ষাৰ প্ৰসাৰেহে সমাজলৈ নতুনত্ব আনিব আৰু উপযুক্ত শিক্ষাৰে শিক্ষিত হ’লেহে সমাজ, দেশ তথা জাতিৰ সৰ্বতোপ্ৰকাৰ উত্তৰণ সম্ভৱ হ’ব। শিশুসকল অনাগত ভৱিষ্যতৰ ধৰণীস্বৰূপ, সেয়ে প্ৰতিটো শিশুক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তোলাটো দেশৰ প্ৰতিজন নাগৰিকৰে প্ৰথম আৰু প্ৰধান কৰ্তব্য।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top