Sahitya Tatya Unit 2 ধ্ৰুৱবাদ, ৰহস্যবাদ,ৰমন‍্যাসবাদ, বাস্তৱবাদ, আধুনিকতাবাদৰ সাধাৰণ পৰিচয়

Sahitya Tatya Unit 2 ধ্ৰুৱবাদ, ৰহস্যবাদ,ৰমন‍্যাসবাদ, বাস্তৱবাদ, আধুনিকতাবাদৰ সাধাৰণ পৰিচয়, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sahitya Tatya Unit Sahitya Tatya Unit 2 ধ্ৰুৱবাদ, ৰহস্যবাদ,ৰমন‍্যাসবাদ, বাস্তৱবাদ, আধুনিকতাবাদৰ সাধাৰণ পৰিচয় Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sahitya Tatya Unit Sahitya Tatya Unit 2 ধ্ৰুৱবাদ, ৰহস্যবাদ,ৰমন‍্যাসবাদ, বাস্তৱবাদ, আধুনিকতাবাদৰ সাধাৰণ পৰিচয় Question Answer can be of great value to excel in the examination.

Sahitya Tatya Unit Sahitya Tatya Unit 2 ধ্ৰুৱবাদ, ৰহস্যবাদ,ৰমন‍্যাসবাদ, বাস্তৱবাদ, আধুনিকতাবাদৰ সাধাৰণ পৰিচয়

Join Telegram channel

Sahitya Tatya Unit Sahitya Tatya Unit 2 ধ্ৰুৱবাদ, ৰহস্যবাদ,ৰমন‍্যাসবাদ, বাস্তৱবাদ, আধুনিকতাবাদৰ সাধাৰণ পৰিচয় Notes cover all the exercise questions in UGC Syllabus. The Sahitya Tatya Unit Sahitya Tatya Unit 2 ধ্ৰুৱবাদ, ৰহস্যবাদ,ৰমন‍্যাসবাদ, বাস্তৱবাদ, আধুনিকতাবাদৰ সাধাৰণ পৰিচয় in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

ধ্ৰুৱবাদ, ৰহস্যবাদ,ৰমন‍্যাসবাদ, বাস্তৱবাদ, আধুনিকতাবাদৰ সাধাৰণ পৰিচয়

ASSAMESE

সাহিত্যতত্ত্ব

(১) ধ্ৰুৱবাদ কি? ধ্ৰুৱবাদী দৃষ্টিভঙ্গীৰ প্ৰধান দিশসমূহৰ বিষয়ে আলোচনা কৰা?

উত্তৰঃ ক্লাচিচিজিমৰ পাৰভাষিক ৰূপ হিচাপে অসমীয়া ‘ধ্ৰুৱবাদ’ শব্দটো প্ৰয়োগ কৰা হৈছে। সংস্কৃত ধ্ৰুৱ শব্দটোৰ কেইবাটাও আভিধানিক অৰ্থ পোৱা যায়। পুং লিঙ্গত ধ্ৰুৱ শব্দই ধ্ৰুৱ নক্ষত্ৰক বুজায়।সেইদৰে ক্লীৱ লিঙ্গত ইয়াৰ অৰ্থ নিশ্চিত। আনহাতে শ্বাশ্বত অৰ্থত ধ্ৰুৱ শব্দটো তিনিওটা লিঙ্গতে ব্যৱহাৰ হয়। সম্ভৱতঃ এই তৃতীয় অৰ্থতেই ক্লাচিচিজিমৰ শব্দৰ পৰিভাষা হিচাপে ধ্ৰুৱবাদক গ্ৰহণ কৰা হৈছে। অৱশ্যে ধ্ৰুৱবাদে পশ্চিমীয়া ক্লাচিচিজিম শব্দৰ যথাৰ্থ স্বৰূপ কিমান গভীৰ আৰু সম্যকৰূপত বহন কৰিব পাৰিছে সিয়ো সন্দেহৰ উৰ্দ্ধত নহয়।

ক্লাচিচিজিমৰ কথা আলোচনা কৰোতে প্ৰাসঙ্গিকভাৱে আৰু দুটা শব্দ আহি পৰে ক্লাচিক আৰু ক্লাচিকেল। মূলতঃ ক্লাচিক শব্দৰ পৰাই ক্লাচিচিজিমৰ সৃষ্টি হৈছে। লিটাৰেৰী টাৰ্মছৰ অভিধানত ক্লাচিক শব্দৰ তিনিটা অৰ্থ পোৱা যায়।-

(১) প্ৰথম শ্ৰেণী।

(২) উচ্চমানৰ বাবে সাহিত্যৰ বুৰঞ্জীত স্থান পোৱা সাহিত্য অথবা সাহিত্যিক। আৰু

(৩) বিশেষভাৱে গ্ৰীক আৰু লেটিন সাহিত্য আৰু কলা।

সেইদৰে ক্লাচিকেল শব্দই শ্ৰেষ্ঠতাবাচক ৰূপত উচ্চমানৰ, উৎকৃষ্ট, কালজয়ী, পৌৰাণিক বা প্ৰাচীন আদি অৰ্থত বিশেষকৈ গ্ৰীক আৰু লেটিন সাহিত্যিক আৰু সাহিত্যৰাজিক বুজোৱা অৰ্থত ব্যৱহাৰ হ’বলৈ ধৰে। উদাহৰণ হিচাপে গ্ৰীক লেখক হোমাৰৰ ‘ইলিয়াড,’ ‘ওডিচি,’ সেইদৰে ভাৰ্জিলৰ ‘ইনীদ’ আদিক ক্লাচিকেল সাহিত্য হিচাপে আৰু লেখকসকলক ক্লাচিক সাহিত্যিক ৰূপে স্বীকৃতি দিয়া হয়। পাছলৈ অৱশ্যে গ্ৰীক আৰু লেটিন সাহিত্যৰ আদৰ্শৰ অনুকৰণত ৰচনা কৰা ফৰাচী, ইংৰাজী আদি অন্যান্য ইউৰোপীয়ান সাহিত‍্যৰাজিকো ক্লাচিকেল শব্দই সামৰি ল’লে। আদৰ্শবাদী সাহিত্য হিচাপে ভাৰতবৰ্ষৰ ৰামায়ণ, মহাভাৰত, কালিদাসৰ ৰচনা সম্ভাৰ অথবা শংকৰদেৱৰ সাহীত‍্যকীৰ্তিকো ক্লাচিকেল সাহিত্যৰ অন্তৰ্ভূক্ত কৰিব পাৰি।

ক্লাচিক, ক্লাচিকেলকে ধৰি ইয়াৰ গুণ বিশিষ্টতা আদৰ্শ, অনুগামী আদি সকলোখিনিকে সামৰি লৈছে ক্লাচিচিজিমে। দ্বিতীয় শতাব্দীৰ লেখক ঔলাচ গেলিয়াছৰ Noctes Activate নামৰ গ্ৰন্থখনতেই প্ৰথমে ক্লাচিকাচ শব্দটোৰ ব্যৱহাৰ পোৱা যায়। তেওঁ সাহিত্যৰ দুটা ভাগৰ কথা উল্লেখ কৰি প্ৰথমটোৰ বিষয়ে কৈছিল স্ক্ৰিপটৰ ক্লাচিকাচ অৰ্থাৎ সম্ভ্ৰান্তসকলৰ বাবে ৰচিত।আৰু আনটো নাম দিছিল স্ক্ৰিপটৰ প্ৰলেৰটিয়াচ অৰ্থাৎ সাধাৰণজনৰ বাবে ৰচিত। উচ্চ আৰু সম্ভ্ৰান্ত বুলিয়েই নহয় ইয়াৰ কিছুমান গুণ বিশগষ্টতাও আছে। এবাৰক্ৰম্বিয়ে ঔক্য আৰু ভাৰসাম্য বজাই ৰখা সুষমতাকেই ক্লাচিচিজিম বুলি অভিহিত কৰিছে।

ক্লাচিচিজিমৰ বিষয়ে অৱগত হ’বলৈ হ’লে ক্লাচিকেল সাহিত্যৰ বিষয়ে কিছু কথা জানি ল’লে বিষয়টো বুজাত সহজ হৈ পৰে।খ্ৰীষ্টপূৰ্ব বহু বছৰৰ আগতে গ্ৰীক সভ‍্যতাৰ পূৰ্ণ বিকাশৰ সময়তে এথেন্স চহৰক কেন্দ্ৰ কৰি ৰীতি-নীতি, নিয়ম-শৃংখলাৰ আধাৰত আদৰ্শবাদী সংযত সাহিত্যৰ সৃষ্টি হৈছিল। তেওঁলোকৰ আদৰ্শ আছিল এখন মাৰ্জিত সুস্থ সমাজ। সমূহীয়া আদৰ্শ বা সমাজ স্বীকৃত ধ্যান ধাৰণাৰে সৃষ্ট সাহিত্যকৰ্মৰ মাজেৰে জাতীয় অল‍্যাণ কামনাই আছিল তেওঁলোকৰ মুখ্য উদ্দেশ্য। এনে উদ্দেশ‍্যধৰ্মিতাৰ বাবে ক্লাচিক কল্পনা আছিল সংযত, সংহত,শান্ত, সমাহিত আৰু স্বচ্ছ।ব্যক্তি স্বাতন্ত্ৰ‍্যক নিয়ন্ত্ৰণ কৰি সামূহিক অভিব্যক্তিকহে তাত স্থান দিয়া হৈছিল। এনে কাৰণতে হাৰফৰ্ডে কৈছিল যে ক্লাচিকেলত সমাজ স্বীকৃত পৰম্পৰাগত জাতীয় ভাবেহে ঠাই পায়। সমূহীয়া অভিব্যক্তি অথবা সমাজ চেতনাই নিয়ন্ত্ৰণ কৰা বাবেই লেখকৰ ব্যক্তি মানসিকতাই মুক্ত অবাধ গতিত এই শ্ৰেণী সাহিত্যৰ মাজেদি আত্মপ্ৰকাশ কৰিব নোৱাৰিছিল। হাৰ্বাট গ্ৰীয়াৰছনে এই কথাষাৰকেই এছেজ এণ্ড এড্ৰেছত উল্লেখ কৰি গৈছে।

গ্ৰীক সভ্যতাৰ পিছত যেতিয়া ৰোমান সভ‍্যতা আৰু সংস্কৃতিয়ে বিকাশ লাভ কৰিছিল তেতিয়া ৰোমৰ লেখকসকলে আদৰ্শ হিচাপে গ্ৰহণ কৰিলে গ্ৰীক সাহিত‍্যাৰজিক বিশেষকৈ ৰোমান সম্ৰাট আগষ্টাছৰ সময়কেই ৰোমান সাহিত্যৰ উৎকৰ্ষৰ সম  বুলি ধৰা হয়। এই সময়তেই ভাৰ্জিল, হোৰেছ আদিয়ে গ্ৰীক সাহিত্যৰ আদৰ্শত সাহিত্য ৰচনা কৰি সুনাম অৰ্জন কৰে। তেওঁলোকৰ সাহিত‍্যতো সমাজ স্বীকৃত আদৰ্শ, নীতি-নিয়ম, জাতীয় ভাবধাৰা আৰু জাতীয় উৎকৰ্ষ সাধনৰ প্ৰেৰণা নিহিত হৈ আছিল বাবে এইখিনি সাহিত্যও ক্লাচিকেল সাহিত্যৰ গণ্ডাভূত হৈ পৰে।

পৰৱৰ্তীকালত ইউৰোপৰ নৱ জাগৰণৰ সময়ত ফ্ৰান্সতো পুৰণি গ্ৰীক আৰু ৰোমান সাহিত্যাদৰ্শৰ প্ৰেৰণাৰে ক্লাচিকেল সাহিত্যৰ সৃষ্টি হয়। অষ্টাদশ শতিকাৰ আগভাগত ইংলেণ্ডতো ফৰাচী সাহিত্যৰ অনুকৰণত এনে সাহিত্য সৃষ্টিৰ পোষকতা কৰি এদল সাহিত্যিকৰ সৃষ্টি হয়। বিশেষকৈ পোপ, ড্ৰাইডেল, জনছন, এডিচন, চুইফট আদিয়ে অনুকৰণ সৰ্বস্ব নীতি নিয়ম শৃংখলিত সাহিত্য ৰচনাৰে ইংলেণ্ডত ক্লাচিকেল সাহিত্যৰ জোৱাৰ তুলিলে।এই ভাবধাৰাক ইংৰাজী সাহিত্যৰ বুৰঞ্জীত নিয় ক্লাচিচিজিম আৰু কোনো কোনোৱে চেড’ ক্লাচিচিজিম বুলি অভিহিত কৰিছে। এই সময়ৰ ইংলেণ্ডৰ ক্লাচিকেল সাহিত্যই পোনপটীয়াকৈ গ্ৰীক আৰু ৰোমান ক্লাচিকেল সাহিত্যৰ পৰিৱৰ্তে ফৰাচী ক্লাচিকেল সাহিত্যিকহে আদৰ্শ কৰি লৈছিল। তদুপৰি অনুকৰণ সৰ্বস্ব হৈ পৰাৰ বাবে তাত জাতীয় ভাবৰ প্ৰকৃত চিত্ৰখন ফুটি উঠাৰ পৰিৱৰ্তে কেৱল নীতিবাদী সাহিত্য হৈ উঠিছিল। ক্লাচিকেল সাহিত্যৰ প্ৰাণস্পন্দন জাতীয় সত্তা আৰু আদৰ্শৰ সলনি উচ্চ শ্ৰেণী অথবা সম্ভ্ৰান্তসকলৰ প্ৰশংসাপৰ ৰচনাই এনে সাহিত্যক বহুপৰিমাণে প্ৰাণহীন আৰু গতানুগতিক কৰি পেলাইছিল। এই গতানুগতিকতাৰ পৰা মুক্ত বিচাৰিয়েই অষ্টাদশ শতিকাৰ শেষ দশকত ইংলেণ্ডৰ সাহিত্য জগতত ৰোমান্তিচিজিমৰ উখান হয়।

সি যি কি নহওক সামগ্ৰিকভাৱে ক্লাচিকেল সাহিত্য তথা ক্লাচিচিজিমৰ কিছুমান উল্লেখযোগ‍্য বৈশিষ্ট্য উল্লেখ কৰা হ’ল-

-ক্লাচিচিজিমত প্ৰাচীন তথা উচ্চ আদৰ্শক স্থান দিয়া হয়। অৱেশ‍্য সকলোবোৰ প্ৰাচীনেই ক্লাচিচিজিমৰ অন্তৰ্গত নহয়। সেইবোৰ প্ৰাচীনকহে ইয়াত গ্ৰহণ কৰা হয়, যিবোৰ উচ্চমানৰ তথা আদৰ্শ স্বৰূপ আৰু ঐতিহ‍্যবহনকাৰী। গ্ৰীক আৰু লেটিন সাহিত্যত এই আদৰ্শ নিহিত আছিল বাবেই সেইবোৰ ক্লাচিকেল। এই অৰ্থতেই পূৰ্বে উল্লিখিত ভাৰতীয় সাহিত্যৰ ৰামায়ণ, মহাভাৰত আদি ক্লাচিকেল সাহিত্যৰ অন্তৰ্গত।

-দ্বিতীয়তে ক্লাচিচিজিমৰ অন্তৰ্গত সাহিত‍্যৰাজি সু-সংযত আৰু সুশৃংখলিত। কল্পনাবিলাসী হৃদয়ানুভূতিক সংযত কৰি যুক্তিনিষ্ঠবাৱে সামূহিক আদৰ্শক ইয়াত প্ৰতিফলিত কৰা হয়।

-তৃতীয়তে সামূহিক দায়বদ্ধতাৰ বাবে ব‍্যক্তিস্বাতন্ত্ৰ‍্য অথবা ব‍্যক্তি মানসিকতাই অবাধ গতিত এই শ্ৰেণী সাহিত‍্যত আত্মপ্ৰকাশ কৰিব নোৱাৰিছিল। সমাজ স্বীকৃত কল‍্যাণকামী ভাব আদৰ্শকহে এই শ্ৰেণী সাহিত্যৰ গুৰুত্ব দিয়া হৈছিল।

-চতুৰ্থতে ক্লাচিকেল সাহিত্যৰ প্ৰকাশ ভঙ্গী হ’ব লাগিব প্ৰঞ্জল আৰু পোনপটীয়া। ইয়াৰ ৰচনা ৰীতিৰ ক্ষেত্ৰতো পূৰ্ব নিদিৰ্ষ্ট নীতি নিয়মৰ মাজেৰেহে প্ৰকাশিত হ’ব লাগিব। উদাহৰণ হিচাপে মহাকাব্য ৰচনা কৰোতে পূৰ্বে বান্ধি দিয়া নীতি নিয়ম অথবা ট্ৰেজেদী সৃষ্টিৰ ক্ষেত্ৰত নায়ক নায়িকা কেনে হ’ব লাগিব এইবোৰ পূৰ্বে পৰম্পৰা ৰক্ষা কৰি চলিব লাগিব।

-পঞ্চমতে ইয়াৰ বিষয়বস্তু মহৎ আৰু উচ্চ মানৰ হ’ব লাগিব।

-ষষ্ঠতে ই দেশ কালৰ সীমা চেৰাই সামগ্ৰিক মানৱ জাতিৰ বাবে গ্ৰহণযোগ্য হ’ব লাগিব। অৰ্থাৎ কালজয়ী গুণ আৰু সাৰ্বজনীনতা ইয়াৰ অন‍্যতম বৈশিষ্ট্য হিচাপে ধৰা হয়।

-সপ্তমতে ইংৰাজী ক্লাচিকেল সাহিত্যত ছন্দৰ ক্ষেত্ৰতো দেখা গৈছিল তেওঁলোকে কাব্যৰ হিৰয়িক কাপলেটহে ব্যৱহাৰ কৰিছিল। 

অতবোৰ বান্ধোনেৰে মাজত আবদ্ধ হৈ থাকিলেও ক্লাচিকেল সাহিত্যৰ কিছুমান সনাতন আৰু চিৰায়ত প্ৰমূল‍্য মন কৰিব লগীয়া।

সামগ্ৰিকভাৱে আদৰ্শ বা সমাজৰ কল‍্যাণ কামনা জড়িত হৈ থাকে বাবে এই শ্ৰেণীৰ সাহিত্য পৃথিৱীৰ সকলো মানুহৰে গ্ৰহণযোগ্য। সেইফালৰ পৰা ইয়াৰ সাৰ্বজনীন আবেদন স্বীকাৰ কৰিবলগীয়া। তদুপৰি মানুহৰ মৌলিক তথা সনাতন প্ৰয়োজনখিনি সকলো যুগতেই একেই, সেয়ে মানৱৰ সনাতন মূল‍্যক গুৰুত্ব দিয়া এই শ্ৰেণীৰ সাহিত্যই কালৰ পৰিধি ভাঙি যুগ যুগান্তৰলৈ প্ৰভাৱ বিস্তাৰ কৰি যুগজয়ী অথবা কালজয়ী গুণৰ অধিকাৰী হৈ পৰে। এই দুয়োটা গুণৰ অধিকাৰী সাহিত্যৰাজি স্বাভাৱিকতেই মহৎ আৰু উচ্চমানৰ হয়। এনেবোৰ গুণ বৈশিষ্ট্যৰ বাবেই সাহিত্যৰ জগতত সৰ্বতো কালৰ  বাবে ক্লাচিচিজিমৰ এক সুকীয়া প্ৰমূল‍্য চিৰ বিদ‍্যমান।

(২) ৰমন‍্যাসবাদৰ উদ্ভৱ আৰু বিকাশৰ সন্দৰ্ভত এটি আলোচনা কৰা?

উত্তৰঃ ইংৰাজী ৰোমাণ্টিচিজিমৰ অসমীয়া প্ৰতিশব্দ হ’ল ৰমন‍্যাসবাদ। ৰোমাণ্টিচিজিম শব্দটো ‘ৰোমান্স’ৰ পৰা সৃষি হৈছে। ‘ৰোমান্স’ শব্দটো মূলত ফৰাচী শব্দ। ইয়াৰ সাধাৰণতে দুটা অৰ্থ পোৱা যায়। প্ৰথমটোৱে প্ৰথম অৱস্থাতে ফৰাচী ভাষাক বুজাইছিল। পাছলৈ লেটিন ভাষাৰ পৰা উদ্ভৱ হোৱা স্পেনিচ, পৰ্তুগীজ, ইটালীয়ান, ৰুমানিয়াম, জাৰ্মান ভাষাকো বুজাবলৈ ল’লে। লগে লগে ই  লেটিন ভাষাসমূহত ৰচিত কবিতাকো  বুজাবলৈ ল’লে ।

দ্বিতীয় অৰ্থই মধ‍্যযুগীয় বীৰত্বব‍্যঞ্জক দুঃসাহসিক কাহিনীক বুজাইছিল। এই কাহিনীবোৰ মধ‍্যযুগীয় লোককথাৰ পৰা আহৰণ কৰা হৈছিল। কোনো বীৰ পুৰুষৰ দুঃসাহসিক বীৰত্বব‍্যঞ্জক কাৰ্যৰ পদ‍্যত বা  গদ্যত ৰচিত এই ৰোমান্সবোৰত বাস্তৱৰ ঘটনাতকৈ অতিলৌকিক অতিৰঞ্জিত ঘটনাৰ পয়োভৰ দেখা যায়। বিশেষকৈ প্ৰেম-পৰিণয় আৰু বীৰত্বব‍্যঞ্জক ঘটনাক লৈ এই ৰোমান্সবোৰৰচিত হৈছিল। ‘এনছাইক্লপেডিয়া ব্ৰিটেনিকা’থ উল্লেখ আছে যে ১১৩০ ৰ পৰা ১১৫০ খ্ৰীঃত ৰোমান্সৰ সৃষ্টি হয় ফ্ৰান্সত। তদুপৰি ‘অক্সফোৰ্ড ডিকচনেৰি’তো ৰোমাঞ্চৰ প্ৰথম অৰ্থ The vernarcular lan-guage of Farance বুলি দিয়া কথাষাৰে ইয়াৰ উৎপত্তি স্থল ফ্ৰান্স বুলিয়েই ইংগতি কৰে। পিছতহে ই লেটিনৰ পৰা উদ্ভূত অন্যান্য ভাষাকো বুজাবলৈ লৈছিল।

ৰোমাঞ্চ শব্দৰ বিশেষণ হ’ল ৰোমান্তিক। ইয়াৰ অৰ্থ হ’ল ৰোমাঞ্চ সম্পৰ্কীয় বা ৰোমাঞ্চৰ লক্ষণযুক্ত। সাহিত্য সমালোচনাত প্ৰথমে ৰোমান্তিক শব্দটো জাৰ্মান সমালোচক শ্লিগেলেই ব্যৱহাৰ কৰে।তেওঁ ক্লাচিকেলৰ বিপৰীতে ৰোমান্তিক শব্দটো ব্যৱহাৰ কৰিছিল। অসমীয়াত ৰোমান্তিক শব্দৰ প্ৰতিশব্দ হিচাপে ‘নৱন‍্যাসিক’ শব্দটো ব্যৱহৃত হৈছিল। মহেন্দ্ৰ বৰাই ‘নৱন‍্যাসিক’ৰ ঠাইত ‘ৰমণ‍্যাসিক ‘ শব্দটো ব্যৱহাৰ কৰে।

ৰোমাণ্টিক শব্দৰ পৰাই ৰোমাণ্টিচিজিমৰ জন্ম হয়। ৰোমান্তিচিজিময শব্দটো ৰোমান্তিক গুণ, ভাবধাৰা বা দৃষ্টিভঙ্গীৰ অৰ্থত ব্যৱহৃত হয়। ইয়াৰ অভিধানিক অৰ্থ হ’ল-

(১) ৰোমাণ্টিক কল্পনা বা ভাৱধাৰা।

(২) ৰোমাঞ্চ বা ৰোমাণ্টিক দৃষ্টিভঙ্গীৰ প্ৰতি প্ৰৱণতা।

(৩) কলা, সাহিত্য আৰু সঙ্গীতৰ ক্ষেত্ৰত ৰোমাণ্টিক গোষ্ঠীৰ বিশেষ গুণ বা ভাব।

ৰোমান্তিচিজিমৰ সংজ্ঞা বিভিন্নজনে বিভিন্নধৰণে দিছে ।ইয়াৰ সংজ্ঞাৰ সম্পৰ্কত F.L.Lucas এ Decline and of Romantic ideal গ্ৰন্থত ৰোমাণ্টিচিজিমৰ ১১,৩৯৬টা সংজ্ঞা পোৱা বুলি উল্লেখ কৰিছে। তলত কেইটামান সংজ্ঞা দাঙি ধৰা হ’ল-

ৱাল্টাৰ পেটাৰে তেওঁৰ Appreciations পুথিৰ PostScript নামৰ ৰচনাখনত ৰোমান্তিচিজিমৰ সংজ্ঞা দিছে এনেধৰণে-সুন্দৰৰ সৈতে অদ্ভূতৰ সংযোগ সাধনেই ৰোমান্তিচিজিমৰ। সীমাহীন কল্পনাৰে নিৰ্মিত চিত্তহাৰী ভাবনাকেই অদ্ভুত বা আশ্চৰ্যৰ অৰ্থত লোৱা হৈছে।

এবাৰক্ৰম্বি নামৰ আন এজন সমালোচক তেওঁৰ Romanticism নামৰ গ্ৰন্থত কৈছে বাহ‍্যিক অভিজ্ঞতাৰ পৰা আঁতৰি আহি আভ‍্যন্তৰীণ অভিজ্ঞতাত মনোনিবেশ কৰাই ৰোমান্তিচিজিম। ৰোমান্তিচিজিম হ’ল এক বিশেষ মনোভঙ্গীৰ কলাত্মক ৰূপ। সেই মনোভঙ্গীয়ে কোনো বস্তুৰ বাহ‍্যিক ৰূপত সন্তুষ্ট নহয়। বাহ‍্যিক ৰূপৰ পৰা।যিমানেই আঁতৰি অহা হয় সি সিমানেই মোহনীয় হৈ আমাৰ চকুত ধৰা দিয়ে। বাহ‍্যিক জগতক মনোজগতৰ অন্তৰ্ভুক্ত কৰাতকৈ মনোজগতকহে বাহ‍্যিক জগতৰ আগত ৰোমান্তিচিজিমে দাঙি ধৰে।

থিয়ডৰ ৱাটছ্ ডান্টনে আকৌ ৰোমান্তিচিজিমৰ সংজ্ঞা দিছে- বিস্ময়ৰ পুনৰ জাগৰণেই ৰোমান্তিচিজিম। বিস্ময়ৰ কাজলসনা চকুৰে ৰোমান্তিক কবিসকলে জগতৰ সৌন্দৰ্য নিৰীক্ষণ কৰে আৰু জীৱনৰ ৰহস‍্যই তেওঁলোকক বিস্ময়াভিভূত কৰে। তেওঁলোকে যুক্তিৰে নহয় শিশু সুলভ আপোনপাহৰা দৃষ্টিৰে জগতখন চায়। যুক্তিনিষ্ঠতাৰ বিপৰীতে অনুভূতিগ্ৰাহ‍্য কল্পনানিৰ্মিত ৰূপেহে চিত্তহাৰী ৰূপত জীৱনক সজাই তোলে।

ভিক্টৰ হিউগোৰ মতে-সাহিত‍্যত উদাৰতাবাদেই ৰোমান্তিচিজিম। অষ্টাদশ শতিকাৰ শেষৰ ফালে ইউৰোপত ক্লাচিকেল সাহিত্যৰ ধৰাবন্ধা ৰীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ব্যক্তিগত ৰুচি অনুযায়ী বিষয়বস্তু গ্ৰহণ কৰি উপস্থাপন কৰাৰ স্বাধীনতা লয় কিছুমান সাহিত্যিকে। বন্ধনযুক্ত হৈ বৈচিত্ৰ্য লাভ কৰাৰ বাবেই হিউগোৱে ইয়াক সাহিত্যত উদাৰতাবাদ আখ্যা দিয়ে।

জাৰ্মান সাহিত্যক গ‍্যেটোৰ মতে- ৰোমান্তিচিজিম হ’ল ৰোগ আৰু ক্লাচিচিজিম হ’ল স্বাস্থ্য। গ‍্যেটোৰ মতে ৰোমান্তিক কল্পনাই মানৱচিত্তক উদ্বেলিত কৰে, ক্লাচিক কল্পনাই সংযত আৰু সংহত কৰে। ৰোমান্তিক দৃষ্টিভংগী আবেগ বিহ্বল, তাৰ বিপৰীতে ক্লাচিকেল দৃষ্টিভংগী শান্ত সমাহিত আৰু স্বচ্ছ। ৰোমান্তিচিজিমত উত্তেজনা, উন্মাদনা আৰু প্ৰাণ প্ৰাচুৰ্যৰ হেন্দোলনি আছে তাৰ বিপৰীতে ক্লাচিচিজিমত আছে প্ৰশান্তি, সংযম আৰু স্থিৰতা। কিন্তু গ‍্যেটোৰ কথাষাৰ একে আষাৰে সমৰ্থন কৰিব নোৱাৰি, কিয়নো ক্লাচিকেল সাহিত‍্যৰো দোষ নথকা নহয়।

হাৰৰ্ফোডৰ মতে- কল্পনাশক্তিৰ অসাধাৰণ বিকাশেই ৰোমান্তিচিচিজিম। ৰোমান্তিচিজিমৰ বিভিন্ন সংজ্ঞাৰ ভিতৰত এইটো সংজ্ঞাই কিছু সন্তোষজনক। কল্পনাশক্তি নাথাকিলে কোনেও বিস্ময়বিমুগ্ধ দৃষ্টিৰে বস্তুৰ অন্তনিৰ্হিত মহিমামণ্ডিত ৰূপটো উপলব্ধি কৰিব নোৱাৰে। কল্পনাশক্তিৰ অবিহনে সৌন্দৰ্য আৰু অদ্ভূতৰ সংযোগ সাধন কৰা সম্ভৱ নহয়। কল্পনা অবিহনে স্বল্প সন্তুষ্ট মানুহে কেতিয়াও আত্মমুক্তিৰ প্ৰয়োজন অনুভৱ নকৰে। সেইদৰে কল্পনাশক্তি নহলে যিকোনো বস্তুক উদাৰতাৰে গ্ৰহণ কৰিবও নোৱাৰে। কল্পনাই মানুহক বৰ্তমানৰ বন্ধনৰ পৰা মুক্ত কৰি অতীতলৈ লৈ যাব পাৰে অথবা অনাগত ভৱিষ্যতৰ সোণালী সপোন বিভোৰ কৰি তুলিব পাৰে অথবা প্ৰকৃতিৰ সৌন্দৰ্য উপভোগত মগ্ন কৰি তুলিব পাৰে। মুঠতে কল্পনাই ৰোমান্তিচিজিমৰ অন্তনিৰ্হিত সত‍্যটোক প্ৰকাশ কৰিব পাৰে। ৰোমান্তিচিজিমৰ সংজ্ঞা আৰু বহুবোৰ পোৱা যায়। জাৰ্মান কবি হাইনেৰ মতে মধ‍্যযুগৰ জাগৰণেই হ’ল ৰোমান্তিচিজিম। অতীতত বিচৰণশীল প্ৰৱণতা বা মধ‍্যযুগীয় প্ৰীতি ৰোমান্তিচিজিমৰ এটা গুণ হিচাপে এইটো সংজ্ঞাই প্ৰমাণ কৰে।

ব্ৰণ্টিয়াৰৰ মতে ৰোমান্তিচিজিম হ’ল- আত্মমুক্তি। ব্যক্তি স্বতন্ত্ৰতাই ইয়াত প্ৰাধান্য লাভ কৰে বাবে ই মন্ময়ধৰ্মী হৈ পৰে।ৰোমান্তিচিজিমৰ বিভিন্ন সংজ্ঞাবোৰৰ পৰা কেইটামান বৈশিষ্ট্য আমাৰ দৃষ্টিত ধৰা পৰে। এই বৈশিষ্ট‍্যসমূহ আমি থোৰতে এনেদৰে জুকিয়াই ল’ব পাৰোঁ। কল্পনা প্ৰৱণতাৰ প্ৰাধান্য, সৌন্দৰ্যৰ উপাসনা, প্ৰকৃতি প্ৰীতি, মানৱপ্ৰেম, স্বদেশ প্ৰীতি, অতীত প্ৰীতি, উদাৰনৈতিক দৃষ্টিভঙ্গী, মন্ময়ধৰ্মিতা আদি। আনকি অতীন্দ্ৰিয়চেতনাকো ৰোমান্তিচিজিমৰ লক্ষণৰ অন্তৰ্ভুক্ত কৰিব পাৰি। ৰোমান্তিচিজিমৰ বিভিন্ন লক্ষণ বা বৈশিষ্ট্যৰ লগতে এটা কথা উল্লেখনীয় যে ই হ’ল ঊনবিংশ শতিকাৰ ইউৰোপীয় সাহিত্য জগতৰ এক আন্দোলন। এই আন্দোলনে কিছুমান ধৰা বন্ধা নীতি আদৰ্শৰ পৰা সাহিত্যক মুক্তিৰ সুযোগ প্ৰদান কৰে।

(৩) বাস্তৱবাদ কি? এই ধাৰাৰ মূল বিশেষত্বসমূহৰ বিষয়ে আলোচনা কৰা?

উত্তৰঃ বাস্তৱবাদ হ’ল ক্লাচিকেল আৰু ৰোমান্তিক সাহিত্যৰ বিপৰীতে গঢ় দশলৈ উঠা এক নতুন দৃষ্টিভংগীসম্ভূত সাহিত্য আন্দোলন। ক্লাচিকেল সাহিত্যৰ নৈতিকতা, তথাকথিত উচ্চ জীৱনাদৰ্শ আৰু ৰোমাণ্টিক সাহিত্যৰ কল্পনা বিলাসীতাৰ বিপৰীতে বাস্তৱবাদী সাহিত্যই বাস্তৱ জীৱনৰ যথাৰ্থ ছবি অঙ্কনত গুৰুত্ব দিছিল। বাস্তৱবাদীসকলৰ মতে ভাববিলাসিতা বা কল্পনাবিলাসিতাৰ বিপৰীতে সমকালৰ ঘটনা, বাতাবৰণ, ৰাজনৈতিক, সামাজিক সমস‍্যাৱলীৰ প্ৰতিহে দৃষ্টি দিব লাগে আৰু সেইবোৰ যথাযথ ৰূপত চিত্ৰণ কৰিব লাগে। ঊনবিংশ শতিকাত ইউৰোপীয় সাহিত্যত বাস্তৱবাদী এই দৃষ্টিভঙ্গীয়ে তোলপাৰ লগায়। ইম্মাৰমেন, বালজাক, ডিকেন্স আদি লেখকসকলে এই নতুন ধাৰাৰ সাহিত্যৰ যোগেদি জনগণৰ মন আকৰ্ষিত কৰে। এওঁলোকৰ আগতে কৰবেটে সাহিত্যত আদৰ্শবাদৰ বিৰোধিতা কৰিছিল। La Realism(১৮৫৭) নামৰ গ্ৰন্থত কেমফ্লুৰিয়ে উপন‍্যাস সাহিত্যৰ নায়ক সাধাৰণ খাপৰ মানুহৰ পৰা লোৱা উচিত বুলি মন্তব্য কৰিছিল।

বাস্তৱবাদী সাহিত্য ক্লাচিকেল আৰু ৰোমাণ্টিক সাহিত্যৰ পৰিপন্থী এটা বিশিষ্ট ধাৰা। বাস্তৱবাদী সাহিত্যই সাধাৰণতে মানুহৰ প্ৰাত‍্যহিক জীৱনৰ বাস্তৱ কিন্তু বিশিষ্ট ঘটনা বা দ্বন্দ্বৰ ওপৰত গুৰুত্ব দিবলৈ লয়। আনকি যুগ পৰিবৰ্তনৰ লগে লগে বাস্তৱবাদী সাহিত্যই সমাজৰ সকলো শ্ৰেণী মানুহৰ পৰিৱৰ্তে সমাজৰ দুৰ্বল শ্ৰেণীৰ ওপৰতহে অধিক গুৰুত্ব দিবলৈ লয়।

এই ধাৰণাটো জনপ্ৰিয় হৈ অহাৰ লগে লগে ইয়াৰ প্ৰতি মানুহৰ সংশয়ৰ ভাবো আহিবলৈ ধৰে। আনকি এই ধাৰাৰ প্ৰতিষ্ঠাতা কৰবেটকে আদি কৰি আনসকল কেমফ্লুৰি, ব’ডলেয়াৰ, এডমাণ্ড ডি গংকৰ্ট আদি বাস্তৱবাদৰ সমৰ্থকসকলেও এই ধাৰাটোৱে সাহিত্যৰ শিল্পগুণ খৰ্ব কৰিব বুলি সংশয় প্ৰকাশ কৰিবলৈ ল’লে। এটা সময়ত এই শ্ৰেণী সাহিত্যই বাস্তৱজীৱনৰ নামত কিছুমান আলোকচিত্ৰহে সৃষ্টি কৰিব বুলি তেওঁলোকে সন্দেহ প্ৰকাশ কৰে। কিন্তু এনে সময়তে গস্তাভ ফ্লৱাৰ ‘মডাম বভাৰি’ প্ৰকাশ হয়। ‘মাডাম বভৰী’ৰ যোগেদি ফ্লৱাৰে প্ৰমাণ কৰি দেখুৱালে যে বাস্তৱ জীৱন ভিত্তিক উৎকৃষ্ট সাহিত্য সৃষ্টি সম্ভৱ  হ’ব পাৰে। সমসাময়িকবাৱে বালজাক, এমিল জঁলা, মোপাছাঁ আদিয়েও জীৱনৰ বাস্তৱ সত‍্যক সাহিত্যত চিত্ৰিত কৰিবলৈ লয়।ৰাচিয়ান সাহিত‍্যত টলষ্টয়, গৰ্কী, গগল টুৰ্গেনিভ আদিয়ে বাস্তৱবাদী ধাৰাটো অধিক জনপ্ৰিয় কৰি তোলে।

উপন‍্যাসৰ জৰিয়তে জনপ্ৰিয় হৈ পৰা বাস্তৱবাদী ধাৰা নাটকৰ যোগেদিও প্ৰসাৰতা লাভ কৰিবলৈ ল’লে। হেনৰিক ইবছেন, বাৰ্নাড শ্ব, স্ত্ৰিণ্ডবাৰ্গ আদি নাট‍্যকাৰসকলে পূৰ্ব পৰম্পৰাৰ পৰা আঁতৰি আহি বাস্তৱবাদী নাটক ৰচনা কৰিবলৈ লয়।সমাজ জীৱন বিভিন্ন সমস্যা আৰু দ্বন্দ্বই মানুহক যেতিয়া বিব্ৰত কৰি তুলিবলৈ ল’লে তেতিয়া আৰু উচ্চ আদৰ্শ অথবা কল্পনাবিলাসী পলায়নবাদী মনোভাৱে মানুহক আকৰ্ষণ নকৰা হ’ল। মানুহে জীৱনৰ সমস‍্যাসমূহৰ বিশ্লেষণ বিভিন্ন দিশেৰে কৰিবলৈ ল’লে। ইয়াৰ ফলত সামাজিক মূল‍্যবোধৰ পৰিবৰ্তন হ’বলৈ ধৰিলে। বাস্তৱবাদী দৃষ্টিভঙ্গীক সবল কৰাত মাৰ্ক্সীয় বস্তুবাদী দৰ্শনেও ইন্ধন যোগালে। সমাজৰ কল‍্যাণৰ উদ্দেশ্যক মুখ্য স্থান দি ৰচনা কৰা বাস্তৱবাদী সাহিত্যক সামাজিক বাস্তৱবাদ সাহিত্য হিচাপে গণ্য কৰা হ’ল। আৰু ধাৰাটোক কোৱা হ’ল সামাজিক বাস্তৱবাদ।

আন এটা দিশেদি মানুহৰ মনৰ জগতখনৰ ওপৰত গুৰুত্ব দি বিশ্লেষণাত্মক সাহিত্যৰ সৃষ্টি হ’ল সি হ’ল মনস্তাত্বিক বাস্তৱবাদ। মনোজাগতিক বিশ্লেষণে অন্তৰ্মুখিন চেতনা জগতৰো বিশ্লেষণ কৰিবলৈ ল’লে। ফলত বাস্তৱবাদী সাহিত্যত চেতনাস্ৰোত আহি পৰিল।

এনেদৰে বাস্তৱবাদী দৃষ্টিভঙ্গীয়ে জীৱনৰ মূল‍্যবোধত সৰ্বাধিক গুৰুত্ব দি সাহিত্য সৃষ্টি কৰাত সহায় কৰিবলৈ ধৰে।ফলত সাহিত্যত বক্তব‍্যই প্ৰাধান্য পাবলৈ ধৰে। বক্তব্য স্পষ্ট কৰি তুলিবৰ বাবে বাস্তৱৰ ছবিখনো অধিক স্পষ্ট কৰি তোলা হয় । গতিকে সাহিত্যত বাস্তৱবাদ মানে পৰিস্থিতিৰ প্ৰত‍্যয়জনকভাৱে বাস্তৱৰূপত চিত্ৰত কৰাৰ লগতে জীৱনক অবিকল ৰূপত অঙ্কন কৰা অৰ্থও বহন কৰে। তথাপি বাস্তৱবাদী সাহিত্য বুলিলে বাস্তৱৰ হুবহু অনুকৰণ বুলি একে আষাৰে খোৱাতকৈ ক’ব পাৰি বাস্তৱবাদী সাহিত‍্যয়ো জীৱনৰ সত্য আৰু সৌন্দৰ্য অবিহনে সাহিত্য হ’ব নোৱাৰে। উৎকৃষ্ট বাস্তৱবাদী সাহিত‍্যত দুয়োটা গুণেই থকা দেখা যায়। সেয়ে এই শ্ৰেণীৰ সাহিত্য অধিক হৃদয়সংবেদী বুলি ক’ব পাৰি।

(৪) অতিবাস্তৱবাদ কি?এই দৃষ্টিভঙ্গীৰ মূল দিশসমূহ উল্লেখ কৰা?

উত্তৰঃ Surrealism  শব্দটোৰ প্ৰতিশব্দৰূপে অসমীয়া ভাষাত অধিবাস্তৱবাদ, অতিবাস্তৱবাদ আৰু পৰাবাস্তৱবাদ এই তিনিটা শব্দ ব‍্যৱহাৰ কৰা হৈছে।১৯১৭ খ্ৰীষ্টাব্দত Guillaume Apollinaire য়ে পোনপ্ৰথম Super- realism শব্দটো ব্যৱহাৰ কৰে। ইয়াৰ পৰাই পৰৱৰ্তীকালত Surrealism অভিধাটিৰ সৃষ্টি হয়। বিংশ শতিকাৰ ফৰাচী কবি আন্দ্ৰে ব্ৰেঁতোৰ এই মতবাদৰ মূল প্ৰবক্তা। চেম্বাচ অভিধানত Surrealism ৰ সম্পৰ্কে এইদৰে কৈছে- Drawing upon the sub-consious and escaping the control of reason are any pre- conception. ইউক্লিপ্ৰিডিয়া ব্ৰিটানিকাই অভিধানত কোৱা হৈছে-Its followers sought to suggest the mystery of the subconsciousness by translating ordinary objects into strange horrible are sentimental forms.

সুৰৰিয়ালিজিমৰ লক্ষণ বা বৈশিষ্ট্য :

(ক) মানুহৰ অৱচেতন মনত কামনা-বাসনাৰ প্ৰবৃত্তি বিৰাজমান। সাধাৰণ দৃষ্টিতে এইবোৰৰ প্ৰকাশ দেখা যায়। তাকে সুৰৰিয়ালিজি বুলি কোৱা হয়। হত্যা, ধৰ্ষণ, সমকামিতা, কদাৰ্য ভাবনা প্ৰভৃতি সমাজ জীৱনত যিবোৰক নিন্দনীয় বা অপৰাধযোগ‍্য কৰ্ম হিচাপে গ্ৰহণ কৰে, মানুহৰ অৱচেতন মনত এইবোৰ বন্দী হৈ থাকে। সুৰৰিয়ালিজিমে সেই অৱচেতন মনৰ কাৰাগাৰ ভঙ্গ কৰি মানুহৰ এনে প্ৰবৃত্তিবোৰক শিল্প সন্মতভাবে প্ৰকাশ কৰে।

(খ) অধিবাস্তৱবাদ বা সুৰৰিয়ালিজিমৰ মূল ভিত্তি হৈছে ফ্ৰয়েদীয় মনস্তত্ত্ব। তেওঁলোকে মানুহৰ চেতন আৰু অৱচেতন মনৰ সীমা ভাঙি নতুন কৌশল প্ৰতিষ্ঠা কৰে। অধিবাস্তৱবাদৰ মতে মানুহৰ চেতন মনটো বিভিন্ন নিয়ম আৰু সংস্কাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বাবে তাৰ মাজত প্ৰকৃত মানুহটোৰ পৰিচয় ফুটি নুঠে। অৱচেতন মনৰ মাজতহে সংস্কাৰ আৰু নীতি-অধিবাস্তৱবাদ অৰ্থাৎ চুপাৰ ৰিয়েলিজম।

(গ) প্ৰেম, প্ৰকৃতি, সৌন্দৰ্য, প্ৰচলিত মূল‍্যবোধ বৰ্জিত হৈ অধিবাস্তৱবাদত ফ্ৰয়েদীয় মনস্তত্ত্ব বা মনোবিজ্ঞানে গুৰুত্ব লাভ কৰিছে।

(ঘ) ডাডাবাদৰ বিৱৰ্তন ঘটিহে সুৰৰিয়ালিজিমৰ সৃষ্টি হৈছে। ডাডাইজম প্ৰাচীন কৃষ্টি, সংস্কৃতি আৰু মূলবোধৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে।

অধিবাস্তৱবাদ উৎপত্তি আৰু বিকাশ :

বাস্তৱবাদৰ সংশোধনৰ ফলত অধিবাস্তৱবাদৰ উৎপত্তি বুলি ভবা হয় যদিও ই ডাডাবাদৰ পৰাহে উৎপত্তি হৈছে। আনন্দ বৰমুদৈয়ে হানচ ৰিখটাৰৰ মন্তব্যৰ আধাৰত কৈছে যে ‘অধিবাস্তৱবাদ সুসজ্জিত আৰু জীৱন্ত ৰূপত ডাডাৰ বাওকাণৰ পৰা জাপ মাৰি ওলাই আহিল আৰু ৰাতিটোৰ ভিতৰতে হ’ল ডাডাবাদী- অধিবাস্তৱবাদ।’১৯১৭ খ্ৰীষ্টাব্দত Guillaume Apollinaire য়ে পোনপ্ৰথম Super-realism শব্দটো ব্যৱহাৰ কৰে। ইয়াৰ পৰাই পৰৱৰ্তীকালত Sur-realism অভিধাটিৰ সৃষ্টি হয়। বিংশ শতিকাৰ ফৰাচী কবি আন্দ্ৰে ব্ৰেঁতোৰ এই মতবাদৰ মূল প্ৰবক্তা।

(৫) আধুনিকতাবাদৰ ঐতিহাসিক পটভূমি বিচাৰ কৰি এটি প্ৰবন্ধ যুগুত কৰা?

উত্তৰঃ পাঁচশ খ্ৰীষ্টাব্দত ইউৰোপৰ ইতিহাসৰ  প্ৰাচীন যুগৰ সামৰণি ঘটাৰ পিছতো পঞ্চদশ শতিকালৈ মধ‍্যযুগীয় সমাজখন যুক্তি-জ্ঞান বৰ্জিত পৰম্পৰা আৰু অন্ধ বিশ্বাসৰ দাসত্ব বন্ধনৰ পৰা মুক্ত হ’ব পৰ। নাছিল। এহেজাৰ বছৰীয়া এই কালছোৱা ইউৰোপীয় সভ‍্যতা, সংস্কৃতি, ধৰ্ম, দৰ্শন আৰু মানুহৰ জীৱন ধাৰণৰ প্ৰধান চালিকা শক্তি আছিল খ্ৰীষ্টীয় গীৰ্জা আৰু খ্ৰীষ্টীয়ান যাজক সকল। খ্ৰীষ্ট ধৰ্মীয় কৰ্তৃত্বৰ মাজত সাধাৰণ মানুহে জীৱন অতিবাহিত কৰিছিল। ইউৰোপীয় নৱজাগৰণ বা ৰেণেছহি  মধ‍্যযুগৰ এই বন্ধনৰ পৰা। মানৱ আত্মাক মুক্তি দিয়াৰ লগতে আধুনিক চিন্তাধাৰাৰ সূচনা কৰে।

মানৱ সভ‍্যতাৰ বুকুত চিন্তা-চৰ্চাৰ অগ্ৰগতি বুজাবলৈ পুৰণি অথবা পৰম্পৰাৰ বিপৰীতে ‘আধুনিক’ শব্দটোৰ ব্যৱহাৰ কৰা হয়। আধুনিক শব্দটোৱে ‘আজি কালিৰ ‘, ‘নতুন’,  ‘নব‍্য’, ‘এতিয়াৰ” বা সাম্প্ৰতিক ‘ আদি অৰ্থ বহন কৰে। মধ‍্যযুগৰ পৰা সম্প্ৰসাৰিত হোৱা আধুনিকৰ ধাৰণা যুগে যুগে সলনি হৈ আহিছে। আধুনিক শব্দৰ আঁতিগুৰি বিচাৰি হাবামাৰ্চে খ্ৰীষ্টীয় পঞ্চম শতিকা পাইছে। সেই আধুনিকতা আছিল খ্ৰীষ্টীয় ধৰ্মীৰ প্ৰভাৱলৈ অহা তেতিয়াৰ বৰ্তমানক ৰোমান  অখ্ৰীষ্টীয় অতীতৰ পৰা পৃথক কৰি দেখুওৱা ধাৰণা।” ষষ্ঠদশ শতিকাৰ শেষৰফালে আধুনিক শব্দটো তুলনামূলক, ঐতিহাসিক অৰ্থত ব্যৱহাৰ হ’বলৈ ধৰে। সপ্তদশ শতিকাত ৰচিত হোৱা যুগজয়ী খ্ৰীষ্টীয় মহাকাব‍্যসমূহ আধুনিক সাহিত্য ৰূপে পৰিগণিত হয়। সেই সময়ত আধুনিকতাৰ প্ৰকাশ ঘটে খ্ৰীষ্টীয় ধ‍্যান-ধাৰণাৰ মাজেদি।

সপ্তদশ শতিকাৰ শেষৰফালে আৰু অষ্টাদশ শতিকাত প্ৰাচীন আৰু আধুনিকৰ মাজত হোৱা সংঘাতৰ সময়ত আধুনিক সকলে নিজকে প্ৰাচীন পন্থী সকলতকৈ উচ্চ পৰ্যায়ৰ বিচাৰ বুদ্ধিশীল বুলি ভাবিছিল। অষ্টাদশ শতিকাৰ শেষ আৰু উনবিংশ শতিকাৰ আৰম্ভণিত অথবা ‘ৰোমাণ্টিক’ৰ মাজেদি আধুনিকতাৰ নন্দন তত্ত্বই

পোখা মেলাৰ সময়তহে ঐতিহাসিক ভাবে আধুনিকতাই ধ্ৰুপদী ঐতিহ্যৰে প্ৰাচীনসকলক বিবেচনা কৰিবলৈ ধৰে। পৰম্পৰাবাদী চিন্তা আৰু বিশ্বাস আদিৰ প্ৰতি মোহভঙ্গ হোৱাৰ পিছত সময় সলনি হ’বলৈ ধৰে আৰু তাৰ লগে লগে বৰ্তমানৰ প্ৰতি আত্মসচেতনতা বৃদ্ধি পায়।

এইদৰে আধুনিকতাৰ ধাৰণাই নতুন আৰু পুৰণিৰ সম্পৰ্ক বিচাৰৰ মাজেদি আহি যুক্তি নিৰ্ভৰ জ্ঞানসমৃদ্ধ আধুনিক দৰ্শনৰ ভেটি প্ৰতিষ্ঠাৰ দিশলৈ আগবাঢ়ে। উনবিংশ শতিকাৰ শেষৰটো দশকতহে আধুনিকতাবাদ শব্দটোৰ ওপৰত হোৱা তৰ্কযুদ্ধৰ অৱসান ঘটাই এক নিৰপেক্ষ দৃষ্টিভঙ্গী গ্ৰহণ কৰা হয়। ইয়াৰ পিছতো শব্দটো অৱজ্ঞাসূচক ভাবে চলি থাকিল। ১৯০৭ চনত কেথলিক গীৰ্জা কৰ্ত্তৃপক্ষৰ দ্বাৰা আধুনিকতাবাদৰ ওপৰত কৰা নন্দাসূচক ভাব প্ৰদৰ্শনে শব্দটোৰ প্ৰয়োগৰ বিতৰ্কই যে লগ এৰা নাছিল সেই কথাকে প্ৰমাণ কৰে।১৯২০ চনৰ পিছৰ পৰাহে আধুনিকতাবাদ শব্দটোৰ গ্ৰহযোগ‍্যতা আৰু বৈধতা বহল পৰিসৰত হ’বলৈ ধৰে। গ্ধ প্ৰাচীন আৰু আধুনিক শব্দ দুটাই নিজৰ গণ্ডীৰ ভিতৰত থাকি একোটা ধাৰণা প্ৰকাশ কৰি থাকিল যদিও সমালোচক ৰিচাৰ্ড হাৰ্ডে সেই সময়ত ‘গথিক’ (Gothic) কলাক আধুনিক কলা হিচাপে মত প্ৰকাশ কৰে। ‘গথিক’ শব্দৰ যোগেদি আধুনিকতাক বুজোৱা হৈছিল। সমালোচক হাৰ্ডে ধ্ৰুপদী ৰীতি আৰু গথিক ৰীতিৰে কৰা কাব‍্যৰ শিল্পতত্ত্বৰ বিচাৰ প্ৰসঙ্গত তেওঁ গথিক ধাৰণাবোৰ অধিক প্ৰশংসনীয় বুলি উল্লেখ কৰে।

অষ্টাদশ শতিকাৰ ইউৰোপীয় যুক্তিজ্ঞান আৰু চিন্তাই আধুনিকতাৰ ভেটি গঢ়ি তোলে। এই শতিকাৰ শেষৰফালে আধুনিকতাৰ ধাৰণা সলনি হয়। ৰোমাণ্টিক যুগৰ বৌদ্ধিক  বিচাৰ বিশ্লেষণে পৰম্পৰাগত ধাৰণ। সমূহৰ ভেটি ভাঙি দিয়াত খ্ৰীষ্টীয় ধাৰণাৰ পৰা আধুনিকতা বিচ্ছিন্ন হৈ পৰে। পৰম্পৰাগত সামাজিক বন্ধনৰ পৰা মুক্তি আৰু ব্যক্তি  স্বাতন্ত‍্যৰ জয়গানেৰে নিজৰ অধিকাৰ সৃষ্টিৰ এক নৱ-বৌদ্ধিক চেতনা জাগ্ৰত হয় এই কালছোৱাত। ৰোমাণ্টিক চেতনাৰ মাজেদিয়ে আধুনিক ঐতিহ‍্যৰ এটি অবিচ্ছিন্ন ধাৰা প্ৰবাহিত হৈ আহিছে। ৰিচাৰ্ড এলমন আৰু ছাৰ্লচ ফিউলচনে ‘দ‍্য মডাৰ্ন ট্ৰেডিচন’ গ্ৰন্থত লিখিছে- “নৱন‍্যাস যুগ আৰু তাৰ আগলৈ প্ৰত‍্যাবৰ্তন কৰিও আধুনিক এতিহাৰ মাজত উপনীত হ’ব পাৰি।” উনবিংশ শতিকাৰ ‘ৰোমাণ্টিক’ শব্দটো আধুনিকৰ ঠাইত ব্যৱহাৰ হোৱাৰ উপৰিও ইয়াৰ মাজত মধ‍্যযুগীয় ধৰ্মীয় আদৰ্শৰ লগতে মহাকাব্য, ৰোমাঞ্চ, ডান্টে, পেট্ৰাৰ্ক, শ‍্যে’সীয়েৰ, মিল্টন আদিৰ অনুপ্ৰেৰণাও নিহিত হৈ আছে। ৰোমাণ্টিক আদৰ্শৰ মাজেদি আধুনিকতাৰ নন্দনতত্ত্বৰই গজালি মেলে।

‘আধুনিকতা’ এটা জটিল আৰু গুৰুত্বপূৰ্ণ বিষয়। ই কোনে বিষয়ৰ ৰূপ ৰীতি আৰু তাৰ পৰিবৰ্তনশীল দৃষ্টিভঙ্গীক নিৰ্দেশ কৰে। এই পৰিৱৰ্তন শিল্প-সাহিত্যৰ লগতে সমাজৰ মাত -কথা, আচাৰ-ব্যৱহাৰ, পিন্ধন-উৰণ, ঘৰ-দুৱাৰ, সাজ -সজ্জা, নাগৰিকৰ জীৱন-যাপন, উদ‍্যোগীকৰণ, বিজ্ঞান-প্ৰযুক্তি আদিৰ পৰিৱৰ্তনে হ’ব পাৰে। মেলকম ব্ৰেডবেৰী আৰু জেইমজ্ মাকফাৰলেন ৰ মতে স্বাভাৱিক অৰ্থত আধুনিকতা প্ৰায়ে ‘সামূহিক উন্নতি’ৰ সৈতে ব্যৱহাৰ কৰা হয়। আধুনিকতা থাকে বছৰ সমূহৰ গতি বেগৰ মাজত। তেওঁলোকে আধুনিকতাৰ পৰিবৰ্তনক জাহাজ এখনৰ ধনুভিৰীয়া তৰঙ্গ’ ৰাশিৰ লগত তুলনা কৰিছে। চলিত বছৰৰ যি আধুনিকতা সেয়া যোৱা বছৰটোৰ আধুনিকতা নহয়। আধুনিকতা এটা জটিল শব্দ কিন্তু ই পৰিস্থিতিৰ ব‍্যাখ্যাৰ লগত সংযুক্ত হৈ আছে যিবোৰ ব্যাখ্যা সলনি কৰা হ’ব পাৰে। ‘আধুনিক’ৰ অৰ্থবহ পৰিবৰ্তন ইমান সোনকালে হয় যে সদৃশভাবে তুলনীয় শব্দ ‘ৰোমাণ্টিক ‘অথবা ‘নব‍্য-ধ্ৰুপদী ত’কৈ ই দ্ৰুতবেগী। আধুনিকতা এটা নতুন সচেতনতা, মানৱ মনৰ এটা সজীৱ অৱস্থা, যিটো অৱস্থাত আধুনিক কলাৰ অনুসন্ধান হয়; কেতিয়াবা ইয়াৰ জৰিয়তে বিৰোধ প্ৰদৰ্শন কৰা হয়।”দেখা যায় কোনো নিৰ্দিষ্ট যুগ বা সময়ৰ মাজত মানুহৰ বিশ্বাস  ধাৰণা আৰু চিত্ত । 

আদৰ্শসমূহ চিৰদিন চিৰকাল একেদৰে নাথাকে। পৰিৱৰ্তনকামী চিন্তা-চেতনাই সাংস্কৃতিক মনোজগতত খলকনি তোলাৰ লগতে শিল্প -সাহিত্য দৰ্শনৰ মাজতো যুগজয়ী প্ৰভাৱ বিস্তাৰ কৰে। আধুনিকতাই সচেতন ভাবে পৰিৱেশ পৰিস্থিতি আৰু যুগধৰ্মৰ স্বৰূপ দাঙি ধৰে। ই গতিশীলতাৰ মাজেদি নতুনত্বক আদৰি লয়।এই নতুনত্বৰ মাজত থাকে যুগ-চিন্তাৰ পৰিৱৰ্তন, যুক্তি-জ্ঞান আৰু বৌদ্ধিক চিন্তাৰ কৰ্ষণ। সেইফালৰ পৰা আধুনিক শব্দটো আপেক্ষিক আৰু ব‍্যাপক অৰ্থত ই বৰ্তমানৰ লগত সম্পৰ্কযুক্ত। ক্ৰিষ্টোফাৰ ক’ডৱেলৰ মতে, ‘আধুনিক’ শব্দটোৱে ইউৰোপত আৰম্ভ হৈ পোন্ধৰ শতিকাৰ পৰা বৰ্তমানলৈকে সমগ্ৰ পৃথিৱীতে বিয়পি পৰা মানব সভ‍্যতাৰ সমগ্ৰ সাংস্কৃতিক ৰূপটোকে সামৰি লয়।

আধুনিকতাবাদ এটা সাহিত্যিক আন্দোলন হিচাপে কেতিয়াৰ পৰা। ক’ত আৰম্ভ হৈছিল সেই বিষয়ে সঠিকভাবে ক’বলৈ পণ্ডিত সমালোচকসকল সদায় বিবুধিত পৰা দেখা যায়। বেডবেৰী আৰু মাকফাৰলেন ‘মৰ্ডানিজিম’ গ্ৰন্থত উল্লেখ কৰিছে যে আধুনিকতাবাদ এই সাহিত্যিক আন্দোলনটোৱে উনবিংশ শতিকাৰ পৰা ক্ৰমবৰ্দ্ধমান ভাবে অগ্ৰগতি লাভ কৰে। পিছলৈ আধুনিকতাবাদী আন্দোলনটোৱে মহাদেশীয় ৰূপ লাভ কৰি বিভিন্ন সময়ত বিভিন্ন দেশত প্ৰসাৰ লাভ কৰে। ক’নলিৰ মতে ফ্ৰান্স আছিল আধুনিকতাবাদী আন্দোলনৰ পিতৃস্বৰূপ আৰু ধীৰ গতিৰে সীমা অতিক্ৰম কৰি আমেৰিকালৈ প্ৰসাৰিত হৈ স্বকীয় শক্তিৰে ই বৃহৎ ৰূপ ধাৰণ কৰে। ব্ৰেডবেৰী আৰু মাকফাৰলেনে ১৮৮০-১৯৫০ এই কালছোৱা আধুনিকতাবাদৰ সময় নিৰ্দ্ধাৰণ কৰিলেও ক’নলিয়ে উল্লেখ কৰা আধুনিকতাবাদৰ উপযুক্ত সময় ১৯১০-১৯২৫ কালছোৱাক অস্বীকাৰ কৰা। নাই আন একাংশ সমালোচকে ইংগ-মাৰ্কিন সাহিত্যত ১৮৯০-১৯২০ চনলৈ জেমচ্ জয়ছ, টি.এচ্ এলিয়ট, এজৰা পাউণ্ড সময়লৈকেআধুনিকতাবাদৰ সময় নিৰূপণ কৰিব বিচাৰে যদিও বিংশ শতিকাৰ অৰ্ধভাগলৈ ইয়াৰ প্ৰভাৱ অক্ষুণ্ণ আছিল।

বিংশ শতিকাৰ আৰম্ভণিৰে পৰা ‘আভী-গাৰ্ড’ ধাৰণাৰ বিকাশ সাধন হৈ প্ৰথম মহাসমৰৰ আশে-পাশে ই আধুনিকতাবাদ হিচাপে প্ৰতিষ্ঠা লাভ কৰে।নগেন শইকীয়াই ক’বৰ দৰে-“ইউৰোপত অৰ্ধ শতিকা জুৰি চলা শিল্প সাহিত্যৰ এই বহুমুখী আন্দোলনটোৰ অব‍্যৱহিত পৰৱৰ্তী সময়ছোৱাতহে আধুনিকতাবাদী আন্দোলন হিচাপে চিহ্নিত হ’বলৈ ধৰিলে। প্ৰতীতিবাদতে তাৰ আৰম্ভণি বুলিব পাৰি আৰু অস্তিত্ববাদতে তাৰ সামৰণি ঘটা বুলিব পাৰি। ইয়াৰ মাজৰ সময়ছোৱা- অভিব্যক্তিবাদ, বিমূৰ্ত্তবাদ, কিউবিকবাদ, ভৱিষ্যবাদ, ডাদাবাদ, অৱচেতনবাদ (চেতনা প্ৰবাহ ধাৰা),এবছাৰ্ড বাদ, অধিবাস্তববাদ আদি বিভিন্ন ধাৰাসমূহ। ইয়াৰ প্ৰতিটোৱে আধুনিকতাবাদী ধাৰা স্বৰূপে আৰু সকলো লগ লাগি আধুনিকতাবাদী আন্দোলন স্বৰূপে স্বীকৃত।১৯৩০ চনৰ পিছৰ পৰা আধুনিকতাবাদ এক ‘পপুলাৰ কালচাৰ’ৰ ৰূপ লাভ কৰে। ক্ৰমবৰ্দ্ধমান নাগৰিক সভতাৰ উখানে ইয়াক প্ৰতিদিনে নতুন বিষয় আৰু ৰীতিৰ মাজলৈ নি ন ন শিল্পী-সাহিত্যিকক প্ৰত‍্যাহথান জনায়। ‘দ‍্যা অ’ফ’ৰ্ড এনচাইক্ল’পেডিয়া অৱ বৃটিছ লিটেৰেচাৰ’ ৰ মতে আধুনিকতাবাদৰ সামৰণিৰ সময় ১৯৩৯ চন অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধ ইয়াৰ সময়সীমা বুলি ধৰা হয়।”

(৬) আধুনিকতাবাদৰ স্বৰূপ বিচাৰ কৰা?

উত্তৰঃ আধুনিকতাৰ স্বৰূপ বুজিবলৈ আধুনিক মানসিকতাক উপলব্ধি কৰাটো দৰকাৰ। সময়ৰ লগে লগে মানবীয় মূল‍্যবোধৰ তাৰতম্য ঘটাৰ দৰে আধুনিক মানসিকতাও সলনি হয় শিল্প-সাহিত্যিকৰ মাজত। নতুন জীৱনবোধ, নতুন সৃষ্টি আৰু নতুন মূল‍্যবোধৰ চেতনাসমৃদ্ধ আধুনিকতাই মানুহৰ জীৱন, সভ‍্যতা আৰু সংস্কৃতিক প্ৰভাৱন্বিত কৰি আহিছে। মানুহৰ জীৱন সম্পৰ্কে থকা ধাৰণা উনবিংশ শতিকাৰ শেষৰ ফালে সলনি হয়।এনে পৰিবৰ্তিত ধাৰণাৰ মাজেদি আধুনিকতাবাদী সকলে জীৱনটোক নতুনকৈ চোৱাৰ প্ৰয়াস কৰিলে। আধুনিকতাবাদীসকলৰ দৃষ্টিত জীৱনৰ সংজ্ঞাও সলনি হ’ল। আধুনিকতাবাদী উপন‍্যাসৰ প্ৰধান হোত্ৰী, ভাৰ্জিনিয়া উলফে জীৱন সম্পৰ্কে ক’লে- “জীৱনটো শাৰী শাৰীকৈ থোৱা সুসজ্জিত পোহৰৰ চাকি নহয়; জীৱনটো এটা দীপ্তিমান বৰ্ণবলয়, অৰ্ধ-স্বচ্ছ আচ্ছাদন-যি আমাক চেতনাৰ আৰম্ভণিৰ পৰা সামৰণিলৈ আৱৰি ৰাখে”।কলা-সাহিত্য সমালোচনাৰ ধাৰাটোত ‘আধুনিক’ৰ নতুন আংগিক বৈশিষ্ট্যৰ সংযোগ ঘটিল। আধুনিক মানসিকতাৰ দ্ৰতত পৰিৱৰ্তনে মানৱ আত্মাক গভীৰৰপৰা গভীৰতালৈ ঠেলি দিলে। এই গভীৰ তথা জটিল ভাব জগতৰ পৰা উপলব্ধ অনুভূতি প্ৰকাশৰ অৰ্থে তেওঁলোক আকৰ্ষিত হ’ল নতুন শৈলী আৰু ঢটেকনিকৰ সৈতে। আত্ম সচেতনতাৰ (internal self scepticism) অন্তৰ্মূখীকৰণৰমাজেদিয়ে আধুনিকতাবাদৰ যান্ত্ৰিক বহিপ্ৰকাশ ঘটে শৈলী, টেকনিক আৰু মৌলিকতাৰ মাজেদি। ব্ৰেডবেৰী আৰু মাকফাৰলেনে ইয়াকে ক’বলৈ আধুনিকতাবাদৰ কেইটামান কৌশলী দিশলৈ আঙুলিয়াই দিয়ে, তাৰ ভিতৰত-চিত্ৰকলাত প্ৰতিবিম্বনবাদ বিৰোধিতা, সঙ্গীতত স্বৰহীনতা, কবিতাত মুক্তক ছন্দ আৰু উপন‍্যাসত চেতনাপ্ৰৱাহ ৰীতি আদিয়ে উল্লেখযোগ্য। ১৮৭০ চনত ইংলেণ্ডত ৱাল্টাল পিটাৰ আৰু ইউৰোপৰ অন‍্যান‍্য চিন্তাবিদসকলে দেখিলে বহুতৰপীয়া এক সজীৱ সচেতনতা।

‘দ্যা মাইনড অৱ মৰ্ডানিজিম্’ প্ৰবন্ধত মাকফাৰলেনে হিউগো ভন হফমানস্তলৰ ১৮৯৩ চনত ‘আধুনিক’ৰ ধাৰণা এটি স্পষ্ট কৰাৰ প্ৰসঙ্গত দুটা বিশেষত্বৰ কথা উল্লেখ কৰিছে।সেয়া হৈছে-জীৱনৰ প্ৰতিফলন আৰু জীৱনৰ পৰা পলায়ন। হফমাস্তালে জীৱনৰ প্ৰতিফলনৰ বাবে ‘দৰ্পণ চিত্ৰকল্প”আৰু জীৱনৰ পৰা পলায়নৰ বাবে স্বপ্ন চিত্ৰকল্প’ ব্যৱহাৰৰ কথা কৈছে। উনবিংশ শতিকাৰ ‘আধুনিক’ৰ এনে ব‍্যাখ্যাৰ বৌদ্ধিক প্ৰতিফলন দেখা গৈছিল পৰৱৰ্তীকালৰ ভাৰ্জিনিয়া উলফৰ ‘দ‍্যা ৱেভচ্'(১৯৩১) উপন্যাসৰ বাৰ্ণাড চৰিত্ৰটিৰ মাজেদি য’ত আনন্দ আৰু বিষাদৰ এক সমাহাৰ হৈছে। আধুনিকতাবাদী বিতৰ্কৰ মাজত যি দুটা উপাদানে আৰম্ভণিৰে পৰা ক্ৰিয়া কৰিছিল তাৰ এটা হ’ল- ‘জীৱনৰ ভগ্নাংশ’ আৰু আনটো ‘ লেখকৰ স্বভাব’। প্ৰকৃতিবাদী আন্দোলনৰ কালছোৱাত উনবিংশ শতিকাৰ শেষাৰ্ধত প্ৰকৃতিবাদী তত্ত্ব অনুসৰি প্ৰকৃতি বা বিশ্বজগত যিদৰে নিজস্ব নিয়মৰ দ্বাৰা নিয়ন্ত্ৰিত মানুহৰ জীৱনটোও তাৰ সামাজিক পটভূমি আৰু পৰিৱেশৰ দ্বাৰা নিয়ন্ত্ৰিত বুলি ভবা হৈছিল।

ইউৰোপীয় শিল্প সাহিত্য জগতত আধুনিকতাবাদ কি পৰিস্থিতি আৰু পৰিৱেশত প্ৰতিষ্ঠা লাভ কৰিছে সেই পটভূমিৰ অনুসন্ধান অবিহনে আধুনিকতাবাদৰ পৰিচয় সম্পূৰ্ণ নহয়। আধুনিকতাবাদ এটা সাহিত্য আন্দোলন হিচাপে গঢ়ি উঠাৰ মূলতে আছিল মানুহৰ জীৱন সম্পৰ্কে থকা দৃষ্টিভঙ্গী আৰু জীৱনবোধ। এনে নতুন দৃষ্টিভঙ্গী আৰু জীৱনবোধ সৃষ্টিৰ অন্তৰালত সমকালীন সামাজিক আৰু বৌদ্ধিক পটভূমিকে জগৰীয়া কৰা হয়।

মানৱ সভ‍্যতাৰ বিকাশৰ বিভিন্ন স্তৰৰ মাজেদি আধুনিকতাক বিচাৰি পোৱা যায়।খ্ৰীষ্ট ধৰ্মীয় এঁতিহ‍্য পৰম্পৰা আৰু বিশ্বাস আদিৰ পৰা ফালৰি কাটি অহাৰ পিছত আধুনিকতাৰ গ্ৰাসত পৰি মানুহ হৈ পৰিছিল এক প্ৰকাৰ বিশ্বনিয়স্তাৰ দৰে। বিজ্ঞানৰ ন ন আবিস্কাৰ আৰু ইয়াৰ প্ৰভাবত মানুহে বিশ্ব প্ৰকৃতিক নিজৰ নিয়ন্ত্ৰণাধীন কৰিবলৈ চেষ্টা কৰে। ষোড়শ শতিকাত ইংৰাজ দাৰ্শনিক ফ্ৰান্সিছ বে’ককনে আধুনিকতাক আদৰণি জনাই মানৱ চিন্তা-জগতত খলকনি তোলে। আধুনিক মানুহৰ বাবে যুক্তি আৰু জ্ঞানৰ সৌধ নিৰ্মাণ কৰে সপ্তদশ শতিকাত ডেকাৰ্টৰ দাৰ্শনিক ধাৰণাই। হৰেকৃষ্ণ ডকাই ক’বৰ দৰে, ১৭শতিকাত ডেকাৰ্টৰ দাৰ্শনিক ধাৰণাৰ জৰিয়তে মনন  শক্তিৰ ওপৰত আধুনিক মানুহৰ বিশ্বাস পুষ্ট হৈছিল, যৌক্তিক বিচাৰ আহিছিল সত্য বিচাৰৰ কষটি শিল হৈ পাছলৈ মধ‍্যবিত্তৰ উখানৰ সুবিধা কৰি দিছিল যন্ত্ৰ যুগৰ অভ‍্যুখানে, ৰাজনৈতিক, নৈতিক ক্ষেত্ৰত ব্যক্তি স্বাত‍্যন্ত্ৰবাদৰ ধাৰণা গা কৰি উঠিছিল, উদ্যোগ আৰু বাণিজ্যিৰ বিকাশ হৈছিল, কিন্তু সেই বিকাশে ধনবাদী বাণিজ্যিক ৰাষ্ট প্ৰতিষ্ঠাত অৰিহণা যোগাইছিল। এই লক্ষণবিলাক প্ৰকট হৈ পৰা সামাজিক বিকাশৰ স্তৰটোৱেই Modernity বা আধুনিক স্তৰ।” অষ্টাদশ আৰু উনবিংশ শতিকাৰ চিন্তাবিদ-দাৰ্শনিক, সমালোচক তথা বিজ্ঞানীসকলৰ চিন্তা আৰু কৰ্মই সমাজ জীৱনত আধুনিক দৰ্শন প্ৰতিষ্ঠা কৰে। আধুনিকতাৰ ভেটি নিৰ্মাণত বিশেষ বৰঙনি যোগায় অষ্টাদশ শতিকাৰ বৌদ্ধিক চিন্তা ধাৰাই। এই শতিকাৰ ইউৰোপ আছিল যুক্তি জ্ঞানৰ যুগ। অষ্টাদশ শতিকাৰ চিন্তাবিদ সকলৰ আশা আছিল যে বিজ্ঞানৰ সৰ্বজনীন প্ৰমূল‍্য, কাৰণ আৰু যুক্তিৰ সহায়েৰে তেওঁলোকে সকলো অতিকথা তথা ধৰ্ম সম্পৰ্কীয় পবিত্ৰ ধাৰণাবোৰৰ পৰা মূক্ত হ’ব পাৰিব, যিবিলাকে মানৱ সমাজৰ প্ৰগতিত হেঙাৰ সৃষ্টি কৰিছিল।

তেওঁলোকে বিশ্বাস কৰিছিল বিজ্ঞান আৰু যুক্তিয়ে মানৱ সমাজৰ দুৰ্দশা, অন্ধ-বিশ্বাস, ধৰ্ম সকলোধৰণৰ অযুক্তিকৰ চিন্তা আৰু আচৰণৰ পৰা মুক্ত কৰিব।ইউৰোপীয় এনলাইটেনমেন্টৰ নেতৃত্ব লৈছিল ডেকা, ভল্টেয়াৰ, ডিডাৰ’, লিৱনিজ, ইমানুৱেল কান্ট, ফান্সিছ বেকন, জ’ন লক  প্ৰমুখ্যে চিন্তাবিদ দাৰ্শনিক সকলে অপৰীক্ষিত পৰম্পৰা, কু-সংস্কাৰ, ভিত্তিহীন বিশ্বাসৰ বিৰোধিতা কৰি বিজ্ঞান আৰু যুক্তিজ্ঞানৰ ওপৰত গভীৰ আস্থা প্ৰকাশ কৰিছিল এনলাইটেনমেন্ট চিন্তাবিদ-দাৰ্শনিক সকলে। ।গ্ধগ্ধ কিন্তু এনলাইটেনমেন্টৰ যুগৰ আধুনিকতাৰ ভেটি পৰৱৰ্তী কালত লাহে লাহে খহিবলৈ আৰম্ভ কৰে। বস্তুজগত আৰু মানৱ মনৰ অন্তৰ্লগতৰ সৈতে থকা সম্পৰ্ক সলনি হৈ সেই যুগৰ আধুনিকতাত মানুহে আস্থা হেৰুৱাবলৈ ধৰিলে। অন‍্যহাতে ইয়াৰ পৰৱৰ্তী কালত মানৱ সভ‍্যতাই প্ৰগতিৰ যি ক্ষয়ংকৰী ৰূপ দেখিবলৈ পালে সেই আধুনিকতাবাদ গঢ়ি উঠিল প্ৰশ্ন, সন্দেহ, সংশয়, অন্তদ্বন্দ্ব আৰু দ্বিধাগ্ৰস্ততাৰ মাজেৰে।

অষ্টাদশ- উনবিংশ শতিকাৰ পূৰ্বৰে পৰা ইউৰোপ আমেৰিকাৰ দেশসমূহত প্ৰগতিৰ জোৱাৰ আহিছিল।  যোগাযোগ তথা যাতায়াত ব্যৱস্থাৰ উন্নতি, জাতি ৰাষ্টসমূহৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন আৰু নগৰকেন্দ্ৰিক ধনী মধ‍্যবিত্ত  শ্ৰেণীৰ উখানে মধ‍্যযুগীয় সামন্ত তন্ত্ৰই ৰূপ সলাবলৈ আৰম্ভ কৰে। ৰাজনীতি, সমাজনীতি আৰু অৰ্থনীতিত আধুনিকতাৰ ৰূপছায়াই দৃশ‍্যপট সলনি কৰে। ধৰ্মীয় বিশ্বাসৰ কটকটীয়া বান্ধোনৰ বিপৰীতে ধৰ্মনিৰপেক্ষ শক্তিৰ উখানৰ ফলত হোৱা সংঘৰ্ষই সৃষ্টি কৰিলে আধুনিক জাতিৰাষ্ট্ৰসমূহৰ। ব্যক্তিস্বাতন্ত‍্যবাদ বা আত্মসচেতনতাই মূৰ দাঙি উঠাৰ লগে লগে আধুনিক সভ‍্যতা ধনতান্ত্ৰিক সভ‍্যতালৈ পৰ্যবসিত হৈ সৃষ্টি কৰিলে নগৰ মহানগৰ সমূহৰ। চহৰ-নগৰ সমূহৰ জীৱন ধাৰণৰ প্ৰণালীয়ে সলনি কৰিলে আধুনিক মানুহৰ মানসিক দৃষ্টিভঙ্গীৰ। “এই নগৰীয়া পটভূমিতেই আধুনিকতাৰ জন্ম হ’ল। ধনতন্ত্ৰৰ মূল ভেটি প্ৰযুক্তিবিদ্যা আৰু আধুনিক সাহিত্যও এই ধনতান্ত্ৰিক যুগৰে সাহিত্য-শিল্পকলা, স্থাপত‍্যবিদ‍্যা, সামাজিক অনুষ্ঠান, ধৰ্মীয় বিশ্বাস তথা দৈনন্দিন জীৱন ধাৰণৰ পৰম্পৰাগত শৈলী আওপুৰণি ব্যৱস্থাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি আধুনিকতাই শিল্প বাণিজ্যৰ পৰা আৰম্ভ কৰি সমাজতান্ত্ৰিক দৰ্শনলৈকে এইদৰে সকলোকে প্ৰভাৱিত কৰে।

আধুনিকতাবাদে সামাজিক প্ৰগতিৰ লগতে মানৱ চৰিত্ৰৰ বিকাশ সাধন আৰু সৃষ্টিশীলতাক অগ্ৰাধিকাৰ দিয়ে বিজ্ঞান, প্ৰযুক্তিবিদ্যাৰ পৰীক্ষা-নিৰীক্ষাৰ মাজেদি। এ.আলভাৰেজে ক’বৰ দৰে ” ‘ইলেকট্ৰনিক কালচাৰ’ৰ প্ৰভাৱে পৰম্পৰাগত দৃষ্টিভঙ্গীৰ বিষয়সমূহ ভাঙি টুকুৰা-টুকুৰ কৰি একপ্ৰকাৰ ভাবুকি স্বৰূপ হৈছিল যি কেৱল ধীৰগতিৰ বাহক হে আছিল।”

প্ৰথম মহাযুদ্ধৰ পূৰ্বৰ কালছোৱাও আছিল অতিকৈ গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত বিশ্বৰ বিশেষকৈ ইউৰোপ, আমেৰিকাৰ বিভিন্ন দেশসমূহৰ সামাজিক-সাংস্কৃতিক আৰু অৰ্থনৈতিক বিকাশৰ লগে লগে নগৰীয়া জীৱন- যাপন,ওদ‍্যোগীকৰণ, যোগাযোগ আৰু লগে নগৰীয়া জীৱন-যাপন, ওদ‍্যোগীকৰণ, যোগাযোগ আৰু প্ৰযুক্তিগত উন্নতিয়ে এক নতুন সভ‍্যতা গঢ়ি তোলে। লণ্ডন, পেৰিছ, বাৰ্লিন, নিউয়ৰ্ক, চিকাগ,’ ভিয়েনা, মস্কো, চেন্টপিটাৰ্চবাৰ্গ আদি বিশ্বৰ আগশাৰীৰ মহানগৰসমূহৰ দ্ৰুতগতিত বাঢ়ি অহা জনসংখ্যা আৰু তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰণালীয়ে আধুনিকতাক হাত বাউলি আহ্বান জনালে।

মেলকম্ বেডবেৰীয়ে ক’বৰ দৰে-“আধুনিকতাবাদ যদি বিশেষভাবে নগৰীয়া জীৱনৰ কলা, তেনেহ’লে কিছু পৰিমাণে হ’লেও আধুনিক শিল্পী আৰু তেওঁৰ সগোত্ৰীয়সকলে এই নগৰীয়া  জীৱনৰ প্ৰাণশক্তিক ধৰি ৰাখিছে, যিটো আধুনিক সমাজখনৰ এটা শক্তি হিচাপে গণ‍্য কৰিব পাৰি।”।

ইতিহাসবিদ এলান বুল’কে কুৰি শতিকাৰ প্ৰথমটো দশকৰ সামাজিক তথা মানসিক অৱস্থিতিৰ বিষয়ে অৱগত কৰিবলৈ দুখন স্ববিৰোধী চিত্ৰৰ প্ৰতি আমাৰ দৃষ্টি আকৰ্ষণ কৰিছে। তাৰে এখন হৈছে ১৯০৪ চনৰ গ্ৰীষ্মকালীন লণ্ডন মহানগৰীৰ ব্যস্ত জনপথৰ ছবি-য’ত কোট, পেন্ট, আৰু ভিন্ন আকাৰৰ টুপি পৰিহিত কৰ্মব্যস্ত মহানাগৰিকে ভিৰ কৰিছে। ৰাস্তাত ছবি এখন দাঙি ধৰিছে।দ্বিতীয় খন ১৯০৭চনত শিল্পী পিকাচ’ই অঁকা Les Demoiselles d’ Avignon’ যিখন ছবি কুৰি শতিকাৰ স্পেনিচ আৰু আফ্ৰিকাৰ দ্বাৰা অনুপ্ৰাণিত প্ৰকৃত ছবি হিচাপে ভূমুকি মাৰিছিল। পিকাচ’ৰ এই বিখ্যাত ছবিখনৰ কিউবিকবাদে বিশুদ্ধ বিমূৰ্ত কলা হিচাপে মুখ্য ভূমিকা গ্ৰহণ কৰে। এই দ্বৈত চিত্ৰকল্পই শব্দ গাঁথনি আৰু ৰেখাৰ মাজেদি পৰিৱৰ্তন হৈ দ্ৰুতভাবে সলনি হ’বলৈ ধৰা শতিকাৰ আৰম্ভণিৰ পৰা১৯১৪ চনৰ কালচোৱাক বিশেষভাবে প্ৰতিনিধিত্ব কৰিছে। এলান বুল’কৈ এই দ্বৈতচিত্ৰকল্পৰ ব্যাখ্যা প্ৰসংগত উল্লেখ কৰিছে যে প্ৰথমখন ১৯০০ চনৰ দ্ৰুতভাবে সলনি হ’বলৈ ধৰা অৰ্থনৈতিক বিকাশ, ৰাজনৈতিক চাপ আৰু নৱ-প্ৰযুক্তি উদ্ভাৱনৰ দ্বাৰা প্ৰভাৱিত এখন ছবি। দ্বিতীয়খন হৈছে এগৰাকী শিল্পীৰ মনৰ গভীৰত লুকাই থকা শিল্পী সত্তাক নতুন শৈলীৰে কৰা বৈপ্লবিক আত্ম প্ৰকাশৰ উদাহৰণ।’

উনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ আৰম্ভণি কালৰ বেছি সংখ‍্যক আধুনিক লেখকে সেই সময়ত লণ্ডন মহানগৰীত আহি থিতাপি লয়। পৃথিৱীৰ ভিতৰত বিলাস বহুল আৰু সম্ভ্ৰান্ত মহানগৰী হিচাপে তাত আধুনিকতাৰ পয়োভৰ ঘটিছিল।  হেনৰি জেমচ্ যোচেফ কনৰাড্ এজৰা পাউণ্ড, ডব্লিউ. বি.ইয়েটচ্,টি.এচ.ইলিয়ট আদি আধুনিকতাবাদী লেখকসকলে দ্ৰংতভাবে সলনি হ’বলৈ ধৰা আধুনিক নগৰীয়া জীৱনৰ প্ৰাণশক্তিক ভালকৈ অনুধাৱন কৰিছিল। এলান বুল’কৰ মতে “১৯০০চনত শিল্পী সাহিত্যিক চিন্তাবিদসকলৰ অতি উচ্চ খাপত বাঢ়ি অহা অনুভূতিশীলতাই সামাজিক, নৈতিক, বৌদ্ধিক আৰু আধ‍্যাত্মিক দিশত ইতিমধ্যে পৰিধি ভাঙি আৰম্ভ কৰা ধাৰাটোৰ প্ৰতি সহাঁৰি আছিল অভূতপূৰ্ব।নতুন শৈলী, নতুন ভাষাৰ যোগেদি আৰম্ভ কৰা যিটো প্ৰকল্প তেওঁলোকে সময়তকৈ কিছু আগতীয়াভাৱে দাঙি ধৰিব পাৰিছিল।’

নতুনকৈ গঢ় লৈ উঠা সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটত কলা-সাহিত্য, স্থাপত‍্যশিল্প ধৰ্মীয়বিশ্বাস, সামাজিক অনুষ্ঠান তথা দৈনন্দিক জীৱন ধাৰণৰ শৈলী সকলোবোৰতে পৰিবৰ্তন আহিল। পৰম্পৰাগত বিচাৰ ধাৰা আওপুৰণি হোৱা বুলি অনুভৱ কৰি আধুনিক কবি এজৰা পাউণ্ডে ঘোষণা কৰিলে Make it new.এই ঘোষণাই নতুন সৃষ্টিত যি প্ৰেৰণাই নিদিয়ক কিয় ই এক এতিহাসিক যুগৰ শুভাৰম্ভ কৰিলে। নতুন সাহিত্যিক শৈলী সৃষ্টি কৰিবলৈ হ’লে পুৰণিৰ পৰ। আঁতৰি আহিব লাগিব। 

অধিক সংখ্যক আধুনিকতাবাদী লেখকে তেওঁলোকৰ লেখন ভঙ্গী সলনি কৰি এটা নতুন যুগৰ বাবে নিজকে প্ৰস্তুত কৰিলে। প্ৰথম বিশ্বযুদ্ধৰ দ্বাৰা প্ৰভাৱান্বিত এই সকল লেখকে এফালে বস্তুবাদ আৰু আনফালে এক হতাশজনক পৰিস্থিতিৰ মাজত প্ৰৱেশ কৰে। আধুনিকতাবাদৰ ভেটি নিৰ্মাণকাৰী লেখক- সাহিত্যিক সকলৰ ভিতৰত ভাৰ্জিনিয়া উলফ্, জেমচ্ জয়চ্, জৰ্জ বাৰ্নাড শ্ব’, এইচ.জি.ওৱেলচ্, ই,এম. ফ’ৰষ্টাৰ, টি. এচ. এলিয়ট, এজৰা পাউণ্ড, ডব্লিউ. বি ইয়েটচ্, ৰিন্ধে, আৰ্নেষ্ট হেমিংওৱে আদিয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। লণ্ডন মহানগৰীত আধুনিকতাবাদৰ অগ্ৰগতিত বৃহৎ অৱদান আগবঢ়ায় এজৰা পাউণ্ডে।১৯০৮ চনৰ পৰা ১৯২০চনলৈ নণ্ডনত বসবাস কৰা এই গৰাকী আধুনিক কবিৰ “ইন এ ষ্টেচন অৱ দ্যা মেট্ৰো’ নামৰ দুশাৰীৰ বিখ্যাত কবিতাটিৰ যোগেদি চিত্ৰকল্পৰ আৰম্ভণি কৰাৰ কথা কবি গৰাকীয়ে নিজেই সদৰি কৰিছে। 

অন‍্যহাতে আধুনিকতাবাদৰ অন‍্যতম প্ৰৱক্তা টি.এচ. এলিয়টৰ ‘প্ৰৰ’ক এণ্ড আদাৰ অবজাৰভেচন্’ (১৯১৭),দ্যা ৱেষ্টলেণ্ড’ (১৯২২) আছিল আধুনিক নগৰীয়া জীৱনৰ অৱক্ষয় আৰু মোহভঙ্গৰ লগতে যুদ্ধোওৰ হতাশাৰ প্ৰতিচ্ছবি ৰূপায়িত হোৱা বিখ্যাত কবিতা। বডেলেয়াৰ, লাফাৰ্গ, মাৰ্লামে, পল ভেলেৰি আদিয়ে ১৮৯০ চনৰ ইংৰাজ কবিসকলক প্ৰভাৱান্বিত কৰি ৰাখিছে। ওপন‍্যাসিক জেমচ্ জয়চৰ ‘ইন্টেৰিয়’ৰ মন’লগ’ ভাৰ্জিনিয়া উলফৰ ‘চেতনাপ্ৰবাহ ৰীতি’ আছিল আধুনিকতাবাদৰ নতুন টেকনিক। তেওঁৰ ‘ডাব্লিনাৰচ্'(১৯১৪), ‘এ প’ট্ৰেইট অৱ দ্যা আৰ্টিষ্ট এজ এ ইয়ং ম‍্যন,'(১৯১৬)আৰু’ ‘ইউলিচিচ্'(১৯২২) আদিৰ এই সাহিত্যিক কলা-কোশলৰ সম্পৰীক্ষাই এটা যুগৰ সৃষ্টি কৰে। ভাৰ্জিনিয়া উলফ্,ডি.এইচ্ লৰেন্স আদি মনস্তাত্তিক ঔপন‍্যাসিক সকলেও চিগমাণ্ড ফয়েডৰ দৰে মনোবিজ্ঞানী সকলৰ দ্বাৰা প্ৰভাৱিত হৈছিল। উলফ্ৰ ‘মেচাৰ্চ ডল’ৱ’ (১৯২৫),দ্য ইয়াৰচ্’ (১৯৩৭)আৰু লৰেন্সৰ ‘চন্স এণ্ড লাভাৰচ্'(১৯১৩)আৰু ‘ওমেন ইন লাভ'(১৯২০) আদি উল্লেখযোগ্য।” উইলিয়াম ফকনাৰ, ইউজিন অ’নীল,জন ষ্টেইনবেক, জাৰ্মান নাট‍্যকাৰ বাটল্ট বেখট, ইংৰাজ নাট‍্যকাৰ বেকেট আদিয়ে আধুনিকতাবাদী লেখক হিচাপে আগবাঢ়ি আহিল।

এনেদৰে দেখা যায় যে মধ‍্যযুগীয় আধুনিকতাই বিবৰ্তনৰ ইতিহাস সামৰি লৈ মানৱ সভ‍্যতাৰ নিত্য নতুন চিন্তা ভাবনাৰে ধৰ্মীয় বিশ্বাস, পৰম্পৰা, জীৱন-ধাৰণৰ প্ৰণালী তথা সাহিত্য-শিল্প জগত সৰ্বদিশতে এক নৱ উন্মেষ ঘটায়। উনবিংশ শতিকাৰ শেষাৰ্ধৰ পৰা বিংশ শতিকাৰ মাজভাগলৈ ইউৰোপ-আমেৰিকাকে ধৰি পাশ্চাত্যৰ দেশ সমূহত সাহিত্য-শিল্প জগতৰ আন্দোলন এই আধুনিকতাবাদৰ অন্তৰালত আছে মানৱীয় চিন্তা চেতনাৰ অগ্ৰগতি, বৈজ্ঞানিক-দাৰ্শনিক মতবাদৰ নৱ উদ্ভাৱনে আনি দিয়া মানৱ সভ‍্যতাৰ পৰিৱৰ্তন। বিজ্ঞান, যুক্তিবাদ, প্ৰযুক্তি, সমাজ-বিজ্ঞান, মনোবিজ্ঞান আদিৰ বিকাশে প্ৰচলিত ধাৰণাত কুঠাৰাঘাত কৰি পৰম্পৰাগত ধাৰণা, মূল‍্যবোধ আৰু দৃষ্টিভঙ্গী সকলোতে এই আধুনিকতাবাদে পুৰণিৰ সামৰণি ঘোষণা কৰিলে। 

অষ্টাদশ শতিকাত গঢ়ি উঠা বৌদ্ধিক সমাজখনে যি বিকাশ  মুখী ছবি দাঙি ধৰিছিল উনবিংশ শতিকাৰ শেষাৰ্ধৰ পৰা মানৱ সভ‍্যতাৰ গতিত নৱ -বৌদ্ধিকচিন্তা আদৰ্শই ঠাই পালে। কুৰি শতিকাৰ আৰম্ভণিৰ লগে লগে মানৱ জীৱন ধাৰাত নতুন জীৱনবোধ তথা দৃষ্টিভঙ্গীৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া আৰম্ভ হয়। এই জীৱন বোধত আছে সচেতন ভাবে আৰু মানবীয় অন্তৰ্মুখিতাৰে কৰা। এতিহ‍্যৰ পুনৰ বিচাৰ। নতুন এই আধুনিক মানসিকতাই হৈছে আধুনিকতাবাদ। এই আধুনিকতাবাদ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক তথা বৌদ্ধিক  জগতৰ প্ৰেক্ষাপটত গঢ় লৈ উঠা শিল্প-সাহিত্যৰ এটা আন্দোলন।

(৭) উত্তৰ আধুনিকতাবাদী দৃষ্টিভঙ্গী গঢ়ি উঠাৰ কাৰণসমূহ কি কি?

উত্তৰঃ (ক) প্ৰথম মহাযুদ্ধৰ সময়ৰ পৰা বিংশ শতিকাৰ ষষ্ঠ দশকলৈকে পাশ্চাত্য শিল্প-সাহিত্যত আধুনিকতাবাদৰ জন্ম আৰু বিকাশ ঘটে। এই আধুনিকতাবাদে জীৱন-সম্পৰ্কে নেতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰিলেও জীৱনৰ এটা সামগ্ৰিক ৰূপ-সম্পৰ্কে সন্দেহ কৰা নাছিল।

(খ) সপ্তম দশকৰ পৰা ফ্ৰান্সত গঢ় লৈ উঠা নতুন বিদ‍্যায়তনিক দৃষ্টিভংগীয়ে জীৱনক খণ্ডিত ৰূপত বিচাৰ কৰিবলৈ লয়। আধুনিকতাবাদৰ পিছত গঢ় লৈ উঠা বাবে ইয়াক আন নাম নিদি উত্তৰ আধুনিকতাবাদ বুলি কোৱা হয়।

(গ) উত্তৰ আধুনিকতাবাদৰ প্ৰধান সূত্ৰটোৱেই হ’ল যে মানুহৰ জীৱনত বা যি কোনো বিষয়ত এটা প্ৰধান ৰূপ, বক্তব্য বা সূত্ৰ নাথাকে। যেনে এজন মাগুহ ব‍্যক্তিগতভাৱে এজন শিক্ষক, অভিযন্ত্ৰা, অভিনেতা বা যি কোনো এটা ক্ষেত্ৰৰ লগত জড়িত হৈ থাকিব পাৰে।  কিন্তু একে সময়তে তেওঁ এজন পিতৃ, এজন নাগৰিক, এজন স্বামী বা এজন খেলুৱৈ বা এজন প্ৰৱঞ্চক বা এজন শিল্পী ইত্যাদি যি কোনো এটা বা ততোধিক বিষয়ৰেও পৰিচিত বা প্ৰতিষ্ঠিত হ’ব পাৰে। অৰ্থাৎ তেওঁ একে সময়তে সমান গুৰুত্বৰে বিভিন্ন দায়িত্ব পালন কৰে। যি সময়ত তেওঁ যিটো দায়িত্ব পালন কৰে সেই সময়ত সেইটোৱেই তেওঁৰ প্ৰধান চৰিত্ৰ। এতেকে কোনোবা এটা দায়িত্বৰে তেওঁৰ সামগ্ৰিক পৰিচয় দিব নোৱাৰি আৰু দিয়া উচিত নহয়।

(ঘ) উত্তৰ আধুনিকতাবাদ যিহেতু এটা কৰ্তত্বশীল সূত্ৰ বা দৰ্শনৰ বিৰুদ্ধে থিয় দিছে সেইবাবে ই প্ৰতিটো বিষয়, প্ৰতিটো ঘটনাৰ স্বকীয় বিশেষত্বৰ ওপৰত সমান গুৰুত্ব দিয়ে।

(ঙ) উত্তৰ আধুনিকতাবাদে কাৰ্য আৰু কাৰণৰ স্বকীয়তা প্ৰতিপন্ন কৰে। যেনে কাটিলে তেজ ওলায়  এই ঘটনাটো কটাটো কাৰণ আৰু তেজ ওলোৱাটো তাৰ ফল বুলি ধৰা হয়। উত্তৰ আধুনিকতাবাদে কয় যে কটা কামটো স্বতন্ত্ৰ ঘটনা। এতেকে তেজ ওলাবনে নোলায় সেইটো কটা ক্ৰিয়াটোৰ বিচাৰ্য বিষয় নহয়। তেনেদৰে তেজ  ওলোৱাটো  স্বতন্ত্ৰ বিষয়; ই কটাৰ বাবে ওলাইছে নে আন কাৰণত ওলাইছে তাৰ লগত তেজৰ সম্পৰ্ক নাই। অৰ্থাৎ কটা কাৰ্য আৰু তেজ ওলোৱা কাৰ্য দুয়োটাই স্বতন্ত্ৰ ঘটনা আৰু সমান গুৰুত্বপূৰ্ণ ঘটনা।

(চ) সাহিত্য-শিল্পৰ ক্ষেত্ৰতো পাঠৰ কোনো এটা বিশেষ সত্য প্ৰধান হৈ থাকিব নোৱাৰে। পাঠকসকলে নিজৰ নিজৰ বিচাৰেৰে যি সত্য আৱিষ্কাৰ কৰে সেই সত্য প্ৰত‍্যেকৰে বাবে বেলেগ বেলেগ হ’লেও সমান গুৰুত্বপূৰ্ণ।

(ছ) মানুহৰ জীৱনৰ প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো ঘটনা আৰু প্ৰতিটো বিষয়েই স্বতন্ত্ৰ। এই স্বতন্ত্ৰতা প্ৰতিষ্ঠাৰ যোগেদি উত্তৰ আধুনিকতাবাদে যি কোনো বিষয়ৰ আধিপত্য ভাঙি দিছে আৰু এনেভাৱে জীৱনৰ আৰু সাহিত্য-শিল্পৰো প্ৰতিটো অংশ বা বিষয়ৰ স্বতন্ত্ৰতা আৰু গুৰুত্ব প্ৰতিষ্ঠা কৰিছে।

(জ) উত্তৰ আধুনিকতাবাদ প্ৰচলিত নিয়মৰ বিৰোধী।ঘৰ-দুৱাৰ, আচ-বাব, পোছাক-পৰিচ্ছদ, ৰীতি-নীতি আদি সকলো বিষয় একে ধৰণৰ হৈ থাকিব লাগিব এনে নিৰ্দেশ ভাঙি সকলো বিষয়তে স্বতন্ত্ৰভাৱে নতুন নতুন শৈলী আৰু দৃষ্টিভংগীৰ আৱিষ্কাৰত ই বিশ্বাসী।

(৮) আধুনিকতাবাদী সাহিত্যৰ ধাৰা হিচাপে চিত্ৰকল্পবাদে কবিতাৰ ভাষাৰ ক্ষেত্ৰত কেনে ধৰণৰ পৰিৱৰ্তনৰ সূচনা কৰিছিল ফঁহিয়াই লিখা।

উত্তৰঃ চিত্ৰকল্পবাদ হ’ল কবিতাৰ অন‍্যান‍্য উপাদানতকৈ কেৱল চিত্ৰকল্পৰ আধাৰত কাব্য-বিষয়ক স্পষ্ট কৰি তোলাৰ আৰু বৈপৰীত‍্যৰ পটভূমিত কঠিনভাৱে ৰূপায়ন কৰাৰ এটা আন্দোলন। ১৯০৯ ৰ  পৰা ১৯১৭ চনৰ ভিতৰত কেইজনমান ইংৰাজ আৰু আমেৰিকান কবিয়ে এই আন্দোলন গঢ়ি তুলিছিল। দৰাচলতে ৰমন‍্যাসবাদৰ আতিশয‍্যৰ বিৰুদ্ধে এই আন্দোলন গঢ়ি তোলা হৈছিল। টি.ই.হিউম, এজৰা পাউণ্ড, এমী লৱেল, হেল্ডা ডুলিটল, হেৰিয়েট মানৰ’,জে.জি. ফ্লেচ্চাৰ, ৰিছাৰ্ড এলিডিংটন- এইসকলেই আছিল এই আন্দোলনৰ গুৰি ধৰোতা। টি.এছ. এলিয়টো কিছু পৰিমাণে এই আন্দোলনৰ দ্বাৰা প্ৰভাৱিত হৈছিল। তেওঁলোকৰ ঘাই লক্ষ্যই আছিল ৰোমান্টিচিজমৰ মাজত থকা ধুঁৱলী- কুঁৱলী মায়াময়তা দূৰ কৰি একো একোটা চিত্ৰকল্পৰ আধাৰত কবিৰ বক্তব্য বা অনুভৱ শুদ্ধভাৱে স্পষ্ট ৰূপত কম কথাৰে দাঙি ধৰা।১৯১৫ চনত এমী লৱেলে চিত্ৰকল্পবাদৰ কাব‍্যাদৰ্শৰ কথা Some Imagist Poets  নামৰ গ্ৰন্থত সন্নিৱিষ্ট ইস্তাহাৰত এই বুলি ঘোষণা কৰিছিল যে

১. কবিতাত সাধাৰণ মানুহৰ মুখৰ ভাষা ব্যৱহৃত হ’ব লাগিব।

২. কবিতাত নতুন ছন্দস্পন্দ ব্যৱহৃত হ’ব লাগিব।

৩. কবিসকলে বিষয় নিৰ্বাচনত পূৰ্ণ স্বাধীনতা লাভ কৰিব।

৪. স্পষ্ট আৰু অৰ্থ সলাব নোৱাৰা কঠিন ৰূপৰ চিত্ৰকল্পৰে কাব্য শৰীৰ নিৰ্মিত হ’ব।

ইয়াৰ উপৰিও চিত্ৰকল্পবাদীসকলে কবিতাত ব‍্যৱহৃত সাংগীতিক লয়ৰ ঠাইত সাংগীতিক মূৰ্চ্ছনা বা সংকেত ব্যৱহাৰৰ পোষকতা কৰিছিল। ৰজ্ঝৰচ চনৰ পৰা এজৰা পাউণ্ডে প্ৰকাশ কৰা Poetry নামৰ আলোচনীখনত তেওঁ প্ৰতীকবাদীসকলে কৰিব নলগীয়া কেইটামান কামৰ পৰামৰ্শ আগবঢ়ায়। ইয়াৰ ভিতৰত, বিশেষকৈ ৰমন‍্যাসিক অস্পষ্টতা, ৰমন‍্যাসিক উচ্ছ্বাস, ৰমন‍্যাসিক শৈথিল‍্য, আৱেগৰ উদ্দামতা, ভাষাৰ মেদবহুল অলংকাৰ আদিক যাতে প্ৰশ্ৰয় নিদিয়ে, আৰু সকলো ক্ষেত্ৰতে যাতে স্পষ্ট, ঋজু আৰু ঘন ভাষা ব্যৱহাৰ কৰা হয়, আৱেগ সংযত কৰা হয় তাৰ প্ৰতি দিয়া সঁকীয়নি উল্লেখযোগ্য। ৰজ্ঝৰ চনৰ মাৰ্চৰ সংখ্যাত প্ৰকাশিত পাউণ্ডৰ এই পৰামৰ্শ প্ৰতীকবাদীসকলৰ বাবে আইনত পৰিণত হোৱাৰ দৰে হৈছিল। তেওঁ চিত্ৰকল্পবাদী আন্দোলনৰ গুৰি ধৰি কবিতাৰ নতুন আংগিক ৰচনাৰ বাট কাটি দিয়ে। 

মুখ‍্যতঃ চিত্ৰকল্পবাদীসকলে ধৰাবন্ধা কাব্য-ৰীতি প্ৰস্তুত কৰি নিদিলেও হিউমৰ দৰে চিত্ৰকল্পবাদীয়ে বিশ্বাস কৰিছিল যে ৰোমান্টিকতাৰ উচ্ছ্বাসৰ পৰিৱৰ্তে কবিতা হ’ব লাগে আৱেগহীন, ব্যক্তিনিষ্ঠতাহীন, বস্তুনিষ্ঠভাৱে কঠিন শিলত কাটি উলিওৱাৰ দৰে এক শিল্পকৰ্ম। পাউণ্ডে ১৯১৪চনত তেওঁৰ আলোচনীখনত লিখিছিল যে, চিত্ৰকল্পবাদী কবিতাই এটি নিখুঁট ভাস্কৰ্যৰ দৰে নাইবা ফ্লেমৰ মাজত আৱদ্ধ ছবিৰ দৰে কাব্য-বিষয় দাঙি ধৰে, যাতে পাঠকে শব্দৰ আধাৰত বৰ্ণিত বিষয় বা অনুভৱৰ স্পষ্ট ৰূপ এটা মনৰ মাজত দেখা পাব পাৰে। চিত্ৰকল্পবাদীসকলে বিমূৰ্ত ভাবনা পৰিহাৰ কৰি কবিতাৰ মাজত ভাবনাৰ স্পষ্ট মূৰ্তিমান ৰূপ দাঙি ধৰাৰ পক্ষপাতী আছিল। যদিও কোৱা হয় ফ্ৰান্সত গঢ় লৈ উঠা প্ৰতীকবাদী আন্দোলনৰ মাজতে চিত্ৰকল্পবাদী আন্দোলনৰ বীজ নিহত হৈ আছিল, দেখা যায় প্ৰতীকবাদী আন্দোলনৰ ঘাই চৰিত্ৰ শব্দৰ সাংগীতিক লয়ৰ প্ৰতীকী ৰূপৰ ব্যৱহাৰৰ পৰা এওঁলোক আঁতৰি আহি শব্দৰে গঢ়ি তোলা চিত্ৰৰূপৰ আশ্ৰয় ল’লেহি। এতেকে, চিত্ৰকল্পবাদী আন্দোলনটোৱে  কাব‍্যানুভূতিৰ চিত্ৰময় ৰূপৰ স্পষ্টতাৰ ওপৰতে অধিক গুৰুত্ব দিছিল। কিন্তু শেহৰ ফালে চিত্ৰকল্পৰ যান্ত্ৰিক ব্যৱহাৰৰ ফলত ইয়াৰ প্ৰাণ-শক্তি স্তিমিত হৈ পৰিছিল আৰু ১৯১৮ চনৰ পিছত এই আন্দোলনটোৰ প্ৰভাৱ স্বাভাৱিকভাৱে নাইকিয়া হৈছিল।

কবিতাত চিত্ৰকল্প সদায় আছে আৰু সদায় থাকিব। চিত্ৰকল্পক নিৰ্দিষ্ট সীমাৰ মাজত কঠোৰভাৱে প্ৰয়োগ কৰি গঢ়ি তোলা চিত্ৰকল্পবাদী আন্দোলনটো জীয়াই আছিল কেৱল ন-টা বছৰ।

(৯) প্ৰতীকবাদ কি? আধুনিকতাবাদী সাহিত্যৰ ধাৰা হিচাপে প্ৰতীকবাদ সম্পৰ্কে আলোচনা কৰা?

উত্তৰঃ প্ৰতীক শব্দটোৰ আভিধানিক অৰ্থ হ’ল কোনো এটা বিষয়ৰ প্ৰতিৰূপ বা প্ৰতিৰূপ বুজোৱা চিহ্ন। সাহিত্যই নহয় আনকি সাধাৰণভাৱে মানুহে কোৱা আৰু কৰা কথা আৰু কাম স্পষ্ট কৰিবৰ কাৰণে প্ৰতীকৰ ব্যৱহাৰ কৰে। লোক-সাহিত্যৰ পৰা আৰম্ভ কৰি শিষ্ট সাহিত্যলৈকে সাহিত্যৰ বিভিন্ন স্তৰত প্ৰতীকৰ ব্যৱহাৰ হৈ আহিছে। মূলভাৱ বা বিষয় বুজাবৰ বাবেই প্ৰতীক ব্যৱহৃত হয়। দৰাচলতে মানুহে উচ্চাৰণ কৰা সকলো শব্দ বা লিখা বৰ্ণ আটাইবোৰেই ভাব বা ধ্বনিৰ প্ৰতীক। ঠিক তেনেকৈ মানুহৰ বিভিন্ন ভাৱ, বিশ্বাস, সংস্কাৰ, ধাৰণা, কল্পনা আদি বুজাবৰ বাবে ব্যৱহাৰ কৰা ধ্বনি, শব্দ, বৰ্ণ কোনো বিষয়, আকৃতি, ৰং আদি আটাইবিলাকেই বহল অৰ্থত প্ৰতীক। পূজাৰ বিগ্ৰহ প্ৰতীকৰ বাহিৰে আন একো নহয়।

গণিতৰ সকলোবোৰ সংখ্যা একো একোটা প্ৰতীক মাত্ৰ। এতেকে কোনো বিষয় স্পষ্ট কৰি তুলিবৰ নিমিত্তে বা নিহিত অৰ্থ প্ৰকাশ কৰিবৰ নিমিত্তে  প্ৰতীকৰ ব্যৱহাৰ মানুহে চিৰদিন কৰি আহিছে। গুহাত বাস কৰা দিনৰে পৰা মানুহে অঁকা ছবিবোৰ বিষয়ৰ প্ৰতীক। ভাব বা অনুভূতি প্ৰকাশ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা সুৰ আৰু ৰাগ-ৰাগিণীবিলাকো বহল অৰ্থত একো একোটা প্ৰতীক মাত্ৰ। সাংকেতিক চিহ্নবিলাক তেনেকৈ কোনো বিষয়ৰ প্ৰতীক মাত্ৰ। কোনো অনুষ্ঠানক বুজাবলৈ ব্যৱহাৰ কৰা অংকিত কোনো চিহ্ন একো একোটা প্ৰতীক স্বৰূপেই ব্যৱহৃত হয়। এতেকে সাধাৰণভাৱে প্ৰতীকৰ ব্যৱহাৰ মানুহৰ জীৱনৰ বিভিন্ন স্তৰত বিভিন্নভাৱে জড়িত হৈ আহিছে।

সাহিত্যত, বিশেষকৈ কবিতাত ব্যৱহৃত প্ৰতীক একো একোটা ভাবনাৰ কল্পৰূপ। আনকি বহল অৰ্থত চিত্ৰকল্পবিলাককো ইয়াৰ অন্তৰ্ভুক্ত কৰি ল’ব পাৰি। কাৰ্ল য়ূঙে তেওঁৰ বিখ্যাত গ্ৰন্থ ‘মেন এণ্ড হিজ ছিম্বল’ত কৈছে, এটা শব্দ নাইবা এটা স্মৃতিয়ে যেতিয়া তাৰ বাহ‍্যিক ৰূপৰ উপৰিও অধিক অৰ্থ বহন কৰে তেতিয়া তাৰ ব্যৱহাৰ প্ৰতীক হৈ পৰে। তদুপৰি এনেকুৱা অজস্ৰ বিষয় আছে যিবোৰ মানুহক পোনপটীয়াকৈ বুজোৱা সম্ভৱ নহয়, তেনে বিষয়বোৰ প্ৰতীকী শব্দৰে বা পৰিভাষাৰে বুজাবলৈ যত্ন কৰা হয়। সকলো ধৰ্মত ব্যৱহৃত প্ৰতীকী ভাষা আৰু মূৰ্তিৰ প্ৰয়োজনো তাৰ নিহত ভাব বুজাবলৈকে ব্যৱহাৰ কৰা হয়। কাৰ্লয়ুঙৰ মতে মানুহে সপোনৰ যোগেদি তাৰ ভাবনা আৰু কল্পনাৰ প্ৰতীকী ৰূপ অচৈতন‍্য অৱস্থাত স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ কৰে।

প্ৰতীকবাদ হ’ল ঊনবিংশ শতিকাৰ শেষাৰ্ধত ফ্ৰান্সত গঢ় লৈ উঠা এটা আধুনিক সাহিত্য আন্দোলন। সচেতনভাৱে আৰু ইচ্ছাকৃতভাৱে প্ৰতীক ব্যৱহাৰৰ এক নতুন কৌশল আৰু শৈলীৰে ফ্ৰান্সৰ মালাৰ্মে, ভাৰ্লেইন, ৰিৰ্বা আদি কবিসকলে প্ৰয়োগ কৰা এই শৈলী দৰাচলতে বাস্তৱবাদ আৰু প্ৰকৃতিবাদৰ বিৰুদ্ধে গঢ়ি তোলা এটা সাহিত্য আন্দোলন। প্ৰতীকবাদৰ পথিকৃৎ চাৰ্ল বোডলেয়াৰে কৈছিল যে বহিৰ্বিশ্ব হ’ল এক ৰহস‍্যময় সত‍্যৰ ব্যঞ্জনা মাত্ৰ। তেওঁৰ মতে বৰ্ণ , গন্ধ, ধ্বনিৰ মাজত কোনো মূলগত প্ৰভেদ নাই। ই একো একোটা ধাৰণাৰ সংকেত মাত্ৰ। অৰ্থাৎ বৰ্ণই চকুৰে দেখা ৰঙৰ ধাৰণা, গন্ধই নাসিকাই লাভ কৰা অভিজ্ঞতাৰ ধাৰণা আৰু ধ্বনিৰ শ্ৰৱণেন্দ্ৰিয়ই লাভ কৰা অভিজ্ঞতাৰ ধাৰণা প্ৰকাশ কৰে। মূলতঃ মানুহৰ ইন্দ্ৰিয়ই লাভ কৰা ধাৰণাসমূহ আকৃতি আৰু প্ৰকৃতিত বেলেগ বেলেগ হ’লেও সিঁহতৰ মৌলিক চৰিত্ৰ একেটা। কবিসকলে ইন্দ্ৰিয়গ্ৰাহ‍্য বিষয়সমূহক উপমা হিচাপে ব্যৱহাৰ কৰি ইন্দ্ৰিয়গ্ৰাহ‍্য জগতৰ আঁৰত থকা প্ৰকৃত জগতখনক দাঙি ধৰিবলৈ যত্ম কৰিব লাগে। 

বোডলেয়াৰৰ এই ঘোষণাই কবিতা সম্পৰ্কে তেওঁৰ আৰু তেওঁৰ সৰ্তীৰ্থসকলৰ নতুন ধাৰণা প্ৰকাশ কৰে। সংবেদন, কল্পনা আৰু শব্দৰ অন্তনিৰ্হিত সংগীতময়তাৰ মিশ্ৰণেৰে এক অনুভূতি- নিৰ্ভৰ ব্যঞ্জনা সৃষ্টি এইসকল কবিৰ লক্ষ্য হৈ পৰিল। অৰ্থাৎ তেওঁলোকে ব্যৱহাৰ কৰা শব্দসমূহক তেওঁবিলাকৰ সংবেদন আৰু কল্পনা প্ৰকাশৰ বাবে কেৱল চাক্ষুষ প্ৰতীকী ৰূপেই নহয়, সাংগীতিক ব্যঞ্জনা সৃষ্টিৰ বাবেও সক্ষম কৰি তুলিবৰ নিমিত্তে তেওঁবিলাকে যত্ন কৰিছে। প্ৰশ্ন হ’ব পাৰে এই সাংগীতিক ব্যঞ্জনাটো কি?এই সাংগীতিক ব্যঞ্জনা হ’ল ব্যৱহৃত শব্দবোৰে কোনো বাহ‍্যিক সাংগীতিক স্পৰ্শ নথকাকৈয়ে তাৰ মাজত এটা সাংগীতময়তাৰ ভাব কঢ়িয়াই আনি কবিতাৰ অন্তৰ্নিহিত ভাৱৰ ওচৰলৈ পাঠকক লৈ যোৱাৰ বাবে ব্যৱহাৰ কৰা শব্দ-শক্তি। অৰ্থাৎ শব্দটোৰ উচ্চাৰণটোৱেই এটা সংগীতময়তাৰ ভাৱ কঢ়িয়াই আনিব লাগে।

প্ৰতীকবাদীসকলে শ্ৰৱণেন্দ্ৰিয়ই লাভ কৰিবলগীয়া এটা অভিজ্ঞতাৰ ব্যঞ্জনা এনেভাৱে প্ৰকাশ কৰিছে যে দৰ্শনেন্দ্ৰিয়ৰ অভিজ্ঞতাৰ লগত তাৰ কোনো মৌলিক পাৰ্থক্য নাইকিয়া হৈ গৈছে। তেওঁলোকে বিশ্বাস কৰিছিল যে যিহেতু এই দৃশ‍্যামান জগতৰ আঁৰত লুকাই থকা চিৰায়ত সত‍্যক কেৱল অনুভৱ কৰাৰ বাটহে উলিয়াই দিব পাৰি, সেইবাবে বিষয়ক অনুভৱযোগ‍্য কৰি তুলিবৰ নিমিত্তে শব্দৰ মাজত নিহত ধ্বনি-গুণকো এনে ব্যঞ্জনা সৃষ্টিৰ বাবে ব্যৱহাৰ কৰিব পাৰি। অনুভূতিৰ গভীৰতা আৰু জটিলতা প্ৰকাশ কৰিব পাৰি এক ঘনীভূত শব্দ-বিন‍্যাসৰ যোগেদিহে। কবিতাত এনেভাৱে ব্যৱহৃত শব্দ এটাক কেন্দ্ৰীয় ৰূপকৰ চাৰিওফালে সৰু সৰু ৰূপক বা কল্পচিত্ৰ ব্যৱহাৰ কৰি এটা মৌলিক ব্যঞ্জনাৰ প্ৰতীতি গঢ়ি তুলিবৰ কাৰণে এই কবিসকল যত্নপৰ হয়। তেওঁবিলাকে শব্দৰ সাংগীতিক ব্যঞ্জনাৰ ওপৰত দিয়া গুৰুত্বৰে ব্যৱহৃত প্ৰতীকসমূহক অৰ্থৱহ কৰি তুলিবলৈ আৰু কবিতাৰ গাঁথনিক এক নান্দনিক ৰূপ দিবলৈ যত্ন কৰিছিল।

প্ৰতীকবাদী কবিসকল বাস্তৱ জীৱনৰ পৰা বিচ্ছিন্ন, কবিতাৰ কলা-কৈবল‍্যবাদী চৰিত্ৰত বিশ্বাসী এক প্ৰকাৰ আধুনিক ৰোমান্টিকতাৰ প্ৰতিভূ আছিল। তেওঁবিলাকে সামাজিক আৰু নৈতিক বিষয়বস্তুক পৰিহাৰ কৰিছিল আৰু নৈতিক আৰু সামাজিক দায়িত্বৰ পৰা আঁতৰি সৌন্দৰ্যৰ এক গীতিময় সংবেদন সৃষ্টি কৰাটোৱেই কাব্যৰ লক্ষ্য বুলি গণ্য কৰিছিল। কোনো কোনো প্ৰতীকবাদী কবি মানসিকভাৱে ইমান সমাজ-বিচ্ছিন্ন হৈ পৰিছিল তেওঁবিলাকে ইচ্ছা কৰিয়েই সুৰাৰ উপৰিও অন‍্যান‍্য ৰাগীয়াল দ্ৰব্যতো আসক্ত হৈ পৰিছিল। ব্যক্তিগতভাৱে তেনে এটা স্তৰলৈ গ’লেও প্ৰতীকবাদী কবিসকলে এই আন্দোলনটোৰ যোগেদি কবিতাক শব্দ-শক্তিৰ এটা নতুন মাত্ৰা দিবলৈ সক্ষম হৈছিল। শব্দৰ অন্তৰ্নিহিত সাংগীতিক ধ্বনি ব্যঞ্জনাক কাব্য-ভাবনা প্ৰকাশত এনেভাৱে ব‍্যৱহাৰ কৰিছিল যে সেই ব্যঞ্জনাই কাব্য-ভাবনাৰ সংকতে বা প্ৰতীক হৈ পৰিছিল। এনে এক গুণ-সমৃদ্ধ কাব্য আন্দোলন প্ৰতীকবাদী কাব্য আন্দোলনলৈ স্বাভাৱিকতেই ৰূপান্তৰিত হৈছিল।

গটিয়েৰে প্ৰতীকবাদী আন্দোলনৰ পুৰোধা কবি বোডলেয়াৰৰ ৰজ্জ্বপ্তজ্জ্খ্ৰীষ্টাব্দত প্ৰকাশিত ‘ফ্লাৱাৰ্ছ অব ইভিল’ নামৰ গ্ৰন্থ সম্পৰ্কে। কৈছিল যে এই গ্ৰন্থখনত থকা নৈতিক বিচ্যুতি, ৰহস্যঘন দৃষ্টিভংগী আৰু খ্ৰীষ্টীয় প্ৰেম এইবিলাকে এই আন্দোলনটোক এটা প্ৰধান গতি-শক্তি দিলে। তদুপৰি লেখকসকলক পৰম্পৰাগত বিষয়ৰ পৰা মুক্ক কৰি নতুন বিষয় গ্ৰহণ কৰাৰ বাবে এই আন্দোলনে দুৱাৰ খুলি দিলে। প্ৰতীক আৰু সাংগীতিক লয় মিশ্ৰিত হৈ পৰিল। ফ্ৰান্সৰ পৰা এই আন্দোলন ইউৰোপৰ বিভিন্ন ঠাইলৈ সম্প্ৰসাৰিত হ’ল আৰু আনকি ইংৰাজ কবি য়েটছ্, জাৰ্মান কবি ৰিলকে আৰু ৰাছিয়ান কবি আঁদ্ৰে বেলিৰ ওপৰতো এই আন্দোলনৰ কিছু নহয় কিছু প্ৰভাৱ নপৰাকৈ নাথাকিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top