Rethinking Development Unit 4 Issues in Development Praxis

Rethinking Development Unit 4 Issues in Development Praxis, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Rethinking Development Unit 4 Issues in Development Praxis Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Rethinking Development Unit 4 Issues in Development Praxis Question Answer can be of great value to excel in the examination.

Rethinking Development Unit 4 Issues in Development Praxis

Join Telegram channel

Rethinking Development Unit 4 Issues in Development Praxis Notes cover all the exercise questions in UGC Syllabus. The Rethinking Development Unit 4 Issues in Development Praxis provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Issues in Development Praxis

SOCIOLOGY

RETHINKING DEVELOPMENT

উন্নয়নৰ পুনৰচিন্তন

1. স্থানান্তৰীকৰণৰ ফলত উদ্ভৱ হোৱা সমস্যাসমূহ কি কি ? 

উত্তৰঃ (১) নিবনুৱা অৱস্থা :- বহু সময়ত প্রতিস্থিত উদ্যোগ বা বিভিন্ন প্রকল্পই তেওঁলোকৰ কাম কাজৰ বাবে কৃষি ভূমি অধিগ্রহণ কৰে। উদ্যোগ ক্ষেত্ৰত নিয়োগৰ বাবে শ্রমিকৰ বিশেষ দক্ষতাৰ প্ৰয়োজন হয়। দক্ষতাহীনতাৰ ফলত কৃষক সকল উদ্যোগৰ নিয়োগ লাভ কৰিবলৈ সক্ষম নহয়। ইয়াৰ ফল স্বৰূপে তেওঁলোকে জীৱিকাৰ পথ হেৰুৱাই।

(২) গৃহহীনতা :- স্থানান্তৰকৰণৰ ফলস্বৰূপে বহু লোক গৃহহীন হৈ পৰে। বহু লোক বজ্যৰৰ শস্য উৎপাদন কৰি জীৱন নিবহি কৰে কিন্তু গৃহহীনতাৰ ফলত তেওঁলোকে সকলোবোৰ হেৰুৱাই। বহু লোকে পঞ্জীয়ন নোহোৱা মাটিতো কৃষি কাৰ্য কৰি জাৱন নিবহি কৰি থাকে। পঞ্জীয়নভূক্ত মাটিৰ বিনিময়ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা থাকে। ইয়াৰ ফলস্বৰূপে ব্যক্তিৰ অৰ্থনৈতিক সংকটৰ সৃষ্টি হয়।

(৩) সম্পদৰ নাটনি :- স্থানান্তৰ্তিকৰণৰ ফলত সম্পদৰ নাটনিয়ে দেখা দিব পাৰে। যি ঠাইত তেওঁলোকে অতীজৰে পৰা বসবাস কৰি আছিল কৰি আছিল সেই ঠাইৰ সম্পদ সমূহ তেওঁলোকে মুক্ত মনে ব্যৱহাৰ কৰিছিল। কিন্তু স্থানান্তৰিত কৰণৰ ফলস্বৰূপে তেওঁলোকে সুবিধাৰ পৰা বঞ্চিত হয়।

(৪) সামাজিক বিঘটন :- স্থানান্তৰ কৰণৰ ফলস্বৰূপে সামাজিক বিঘটন হয়। এটা ব্যক্তি সমূহে এখন ঠাইত সামাজিক সম্বন্ধৰে বান্ধ খাই থাকে। তেওঁলোকৰ মাজত আন্তৰ্কিতা, বুজাপৰা, সংস্কৃতিৰ সাদৃশ্যতা, ধর্মীয় সাদৃশ্যতা থাকে। তেওঁলোকৰ মাজত কিছু ক্ষেত্ৰত বৈচিত্ৰতা থাকিলেও একে সমাজৰ অন্তৰ্গত হোৱাৰ বাবে সামাজিক সম্বন্ধৰে বান্ধ খাই থাকে। কিন্তু স্থানান্তৰিত কৰণৰ ফলত ব্যক্তিক পিজৰ স্থানৰ পৰা আন স্থানলৈ যাবলৈ বাধ্য কৰোৱা হয়। ফলত এখন ঠাইৰ ব্যক্তিসমূহক বিভিন্ন ঠাইত পুনৰ সংস্থাপন কৰিব পাৰে ইয়াৰ ফলত সামাজিক বিঘটন সৃষ্টি হয়।

(৫) শিক্ষাৰ সমস্যা :- স্থানান্তৰিতকৰণে শিক্ষাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰে। নিজৰ স্থানীয় শিক্ষানুষ্ঠানত শিক্ষাগ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰী সকলে স্থানান্তৰ্তিকৰণৰ ফলত শিক্ষানুস্থান সলনি কৰিব লগা হয়। ইয়াৰ ফলত তেওঁলোকৰ সমাযোজনৰ সমস্যা, শিক্ষানুস্থানৰ সমস্যা, শিক্ষাৰ মাধ্যমৰ সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়।

(৬) সাংস্কৃতিক দিশত প্ৰভাৱ :- স্থানান্তৰ্তিকৰণে সংস্কৃতিৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰে। সংস্কৃতিৰ বিভিন্ন স্থানৰ পৰা স্থানান্তৰিত কৰা হয় আৰু আন ঠাইত পুনঃসংস্থাপন কৰা হয় তেতিয়া নতুন ঠাইত তেওঁলোকৰ সংস্কৃতিৰ লগত জড়িত বস্তু সমূহ উপলব্ধ নহবও পাৰে তেনে পৰিপ্ৰেক্ষিতত নিজৰ সংস্কৃতিক কিছুমান উপাদান এৰাই চলিব লগা হয়। আকৌ গোটিটো যদি আন ঠাইত সংখ্যা লঘু গোট হৈ পৰে তেতিয়া তেওঁলোকৰ ভাবা, ধর্ম আদি বিপন্ন হয়।

(৭) অপসাৰণ :- স্থানান্তৰিতকৰণৰ ফলত ব্যক্তি সকল নিজৰ ভূমি, সংস্কৃতি আদিৰ পৰা অপনাৰিত হয়। তেওঁলোকে নিজৰ দৈনন্দিন জীৱন যাত্ৰাৰ পৰাও অপসাৰিত হয়।

2. স্থানান্তৰীকৰণৰ ফলত উদ্ভৱ হোৱা সমস্যাসমূহ দূৰীকৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহ কি কি ?

উত্তৰঃ (ক) এখন সমাজৰ উন্নয়নৰ বাবে বিকাশমূলক আঁচনিসমূহৰ প্ৰয়োজন৷ ইয়াৰ জৰিয়তে সৃষ্টি হোৱা সমস্যাসমূহ কম বেছি পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যায়। উন্নয়নৰ বাবে প্রয়োজন হোৱা ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত কিছু বিশেষ নীতি গ্রহণ কৰিব লাগে আৰু সকলোকে সমান সুযোগ সুবিধাৰ ব্যৱস্থা কৰিব লাগে। যদিও এই সংক্রান্তত বিভিন্ন নীতি-নিদের্শনা আছে সেই সমূহ সফল ৰূপায়ন কৰা দেখা নাযায়।

(খ) যিসকল লোকে কৃষি কাৰ্যৰ জৰিয়তে নিজৰ জীৱিকা অৰ্জন কৰে তেওঁলোক স্থানান্তৰিত হোৱাৰ ফলত কৃষি ভূমি হেৰুৱাই অর্থনৈতিক সংকটত ভোগে। তেওঁলোকক অধিগ্ৰহণ কৰা ভূমিৰ বিনিময়ত কৃষিৰ বাবে ভূমিৰ ব্যৱস্থা কৰিব লাগে নাইবা কৃষি ভূমিৰ উচিত মূল্য দিয়াৰ লগতে স্বাৱলম্বী হোৱাৰ অন্য বিশেষ উপায়ৰ ব্যৱস্থা কৰি দিব লাগে।

(গ) যিসকল দক্ষ লোক তেওঁলোকক উদ্যোগ নাইবা উন্নয়নমূলক আঁচনিসমূহত কৰ্মৰ বাবে নিয়োগ কৰিব লাগে। 

(ঘ) তেওঁলোককক শিক্ষাৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিব লাগে কাৰণ বহু ছাত্ৰ-ছাত্ৰীয়ে নিজৰ শিক্ষানুষ্ঠান ত্যাগ কৰি অন্য অনুষ্ঠানত নামভৰ্তি কৰাতো তেওঁলোক বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব পাৰে। সেই সমস্যাসমূহৰ প্ৰতি চৰকাৰে লক্ষ্য ৰাখিব লাগে।

(ঙ) ব্যক্তিসকলৰ স্বাস্থ্য আৰু আৱেগিক দিশসমূহৰ ওপৰতো বিশেষ গুৰুত্ব প্ৰদান কৰা প্ৰয়োজন। নিজৰ ঠাইখনৰ সৈতে ব্যক্তিৰ আৱেগিক সম্পর্ক থাকে। নিজৰ ঠাইখনৰ অনুৰূপ তেওঁলোকে সকলো সা-সুবিধা লাভ কৰে ইয়াৰ প্ৰতি গুৰুত্ব দিব লাগে। নতুন ঠাইত থকা চিকিৎসা ব্যৱস্থাই নতুনকৈ সংস্থাপিত হোৱা লোকসকল উপকৃত কৰিব পাৰে নে নোৱাৰে ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। যদি নোৱাৰে তেওঁলোকৰ বাবে চিকিৎসালয়ৰ ব্যৱস্থা কৰিব লাগে।

চমুটোকা লিখাঃ

(ক) ৰাজনৈতিক সবলীকৰণ (Political Empowerment)

উত্তৰঃ ৰাজনৈতিক সবলীকৰণ হ’ল সবলীকৰণৰ এক গুৰুত্বপূৰ্ণ প্ৰকাৰ। ৰাজনৈতিক সবলীকৰণ এজন ব্যক্তিৰ বিভিন্ন শক্তিৰ উপাদান অৰ্থত সম্পদ, সামৰ্থ আৰু প্ৰতিষ্ঠা প্ৰদান কৰে আৰু সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াত অংশ গ্ৰহণৰ সুবিধা প্রদান কৰে। আমাৰ সমাজত কিছুমান লোকক দুর্বল শ্রেণী হিচাপে গণ্য কৰা হয় আৰু তেওঁলোক ক্ষমতাৰ পৰা বঞ্চিত হৈ থাকিব লগা হয়। দুর্বল শ্রেণী বুলিলে আমি সাধাৰণতে মহিলা, অন্যান্য পিছপৰা শ্ৰেণী, অনুসুচীত জাতি জনজাতি আদি লোকৰ কথাই বুজো এওঁলোকে প্রায়ে সামর্থ থাকিলেও সিদ্ধান্ত গ্রহণ প্রক্রিয়াত অংশ গ্ৰহণৰ সুবিধা লাভ নকৰে। সাংবিধানিক সুবিধা আৰু সংৰক্ষণৰ জৰিয়তে দুৰ্বল শ্ৰেণীৰ লোক সকলক সবলীকৰণৰ বাবে চেষ্টা কৰা হয়। ৰাজনৈতিক ক্ষেত্ৰটো আসন সংৰক্ষণৰ জৰিয়তে তেওঁলোকক সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে অনুপ্রাণিত কৰা হয়। উদাহৰণ স্বৰূপে নাৰীসকলৰ বাবে “That Women’s Reservation Bill” (১০৮ৰ সংশোধনী মতে) ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণ কৰা হয় যাতে তেওঁলোকে তৃণমূল প্ৰযয়িৰ পৰা ৰাজনৈতিক ক্ষেত্ৰত অংশ গ্ৰহণৰ সুবিধা লাভ কৰে আৰু সিদ্ধান্ত গ্রহণ প্রক্রিয়াত অংশগ্ৰহণ কৰিব পাৰে। ঠিক একেদৰেই অনুসূচীত জাতি-জনজাতি ইত্যাদি লোকসকলৰ বাবেও শিক্ষা, বৃত্তি, ৰাজনৈতিক আদি দিশ সমূহত আইনগত ভাৱে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হয়।

(খ) সামাজিক সবলীকৰণ (Social Empowerment) :-

উত্তৰঃ সামাজিক সবলীকৰণ হ’ল সবলীকৰণৰ এক অন্যতম প্ৰকাৰ। ই হ’ল এক প্ৰক্ৰিয়া য’ত সকলো লোকক সামাজিক ক্ষেত্ৰত সম সুৰক্ষা, সম অধিকাৰ আৰু সম অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰা হয়। দেখা যায় যে এখন সমাজ বিভিন্ন স্তৰত বিভক্ত হৈ থাকে। এচাম লোক সামাজিকভাৱে যোগ্য আৰু এচাম লোক সামাজিকভাৱে অযোগ্য। উচ্চ স্থানৰ ব্যক্তিসকলৰ সামাজিক জীৱন যাপন, অর্থনৈতিক সা-সুবিধা উচ্চমানদণ্ডৰ । এওঁলোক সমাজৰ সবল ব্যক্তি। এওঁলোকে পৰম্পৰাগত ভাৱেই কৰ্তৃত্ব লাভ কৰে। উদাহৰণ স্বৰূপে ভাৰতীয় সমাজ ব্যৱস্থাৰ কথাই ক’ব পাৰি। পৰম্পৰাগতভাৱে জাতিৰ ভিত্তিত লোক সকলক উচ্চ, নিম্ন আদি ভাগত বিভক্ত কৰা হয়। উচ্চ জাতিৰ লোক সমাজত উচ্চ স্থান লাভ কৰাৰ লগতে তেওঁলোক অৰ্থনৈতিক দিশ, ৰাজনৈতিক দিশটো প্ৰভাৱশালী। সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াত তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হয়। সমাজৰ উচ্চ পৰ্যয়িৰ কাম অথ যাগ-যজ্ঞ, পূজা-অর্চনা, অধ্যয়ন আদি কামবোৰ তেওঁলোকে কৰে।

তেওঁলোকে অন্যান্য লোক সকলক অস্পৃশ্য জ্ঞান কৰি শোষণ কৰে। খেতি মাটিৰ মালিকীস্বত্ব তেওঁলোকৰ হাততেই পঞ্জীভূত হোৱাৰ বাবে তেওঁলোক অর্থনৈতিক ভাৱে সবল আৰু সমাজৰ কিছুমান শ্ৰেণীৰ লোক সদায়ে শোষিত হ’ব লগা হয়। তেওঁলোকৰ সামাজিক স্থান নিম্ন। জাতিয়ে নিদ্ধৰিণ কৰা বৃত্তি নিম্ন মানদণ্ডৰ। মাটিৰ মালিকীস্বত্ব নথকাৰ বাবে কৃষি শ্রমিক হিচাপে কাম কৰিব লগা হয়। ৰাজনৈতিক সামাজিক অর্থনৈতিক এই সকলো দিশতে তেওঁলোক পিছপৰা, আধুনিক শিক্ষাৰ প্ৰসাৰতা, নতুন সাংবিধানিক নীতি, ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিকল্পনা সমূহৰ আৰম্ভণিৰ পৰা সমাজৰ এই নিম্ন শ্রেণী হিচাপে পৰিগণিত লোক সকলৰ সবলীকৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উপনিৱেশিক কালৰে পৰা ব্যক্তিৰ মাজত থকা পবিত্রতা, অপবিত্ৰতাৰ ধাৰণা লুণ্ড কৰিবলৈ চেষ্টা চলোৱা হৈছিল। “অস্পৃশ্যতাক অপৰাধ হিচাপে গন্য কৰি অস্পৃশ্য হিচাপে গন্য কৰা লোক সকলক সামাজিক সবলীকৰণ কৰিবলৈ চেষ্টা কৰা হয়। সবলীকৰণৰ এটা অন্যতম ভিত্তিহ’ল সমৰ্থতা পৰম্পৰাগত সমাজ ব্যৱস্থাত শিক্ষা কেৱল উচ্চ শ্ৰেণীৰ লোকৰ মাজতেই সীমাবদ্ধ আছিল কিন্তু আধুনিক শিক্ষা ব্যৱস্থাৰ জৰিয়তে সকলোকে শিক্ষা গ্ৰহণৰ। সম-অধিকাৰপ্ৰদান কৰা হ’ল।

সংবিধানৰ নীতিৰ জৰিয়তে তেওলোকৰ | বাবে শিক্ষানুষ্ঠানতআসন সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। শিক্ষা গ্ৰহণৰ ফলত তেওঁলোকে নিজৰ পৰম্পৰাগত বৃত্তিৰ পৰিৱৰ্তে আধুনিক বৃত্তি | গ্ৰহণৰ সুবিধা লাভ কৰিলে আৰু তাৰ ফলস্বৰূপে সমাজৰ নিম্ন শ্রেণী | হিচাপে পৰিগণিত লোক সকল অর্থনৈতিকভাৱে সফল কৰি তোলে। শিক্ষাই তেওঁলোকক প্রাপ্য অধিকাৰৰ প্ৰতি সচেতন কৰিলে। নিম্ন | শ্ৰেণীৰ লোক সকলেও সিদ্ধান্ত গ্রহণ প্রক্রিয়াত অংশ গ্ৰহণৰ বাবে প্রচেষ্টা চলালে। ভাৰতীয় সংবিধাননেও এই ক্ষেত্ৰত সহায় আগবঢ়াইছে। | সংবিধানত অনুসূচীত জাতি, জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী সকলৰ | বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে, ভোটাধিকাৰ প্ৰদান কৰিছে আৰু এনে ব্যৱস্থাৰ ফলত সমাজৰ নিম্ন প্ৰস্থিতিৰ লোক সকলে নিজৰ অধিকাৰ আৰু যোগ্যতাৰ প্ৰতি সজাগ হোৱাৰ সুবিধা লাভ কৰিছে। 

(খ) অর্থনৈতিক সবলীকৰণ (Economic Empowerment) :- 

উত্তৰঃ সবলীকৰণৰ এক অন্যতম প্ৰকাৰ হ’ল অর্থনৈতিক সবলীকৰণ। অর্থনৈতিক সবলীকৰণৰ জৰিয়তে সাধাৰণতে সম্পদৰ ওপৰত নিয়ন্ত্ণ আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা লাভ কৰে। ই এজন ব্যক্তিক অর্থনৈতিক কাম কাজ সমূহত কাৰ্য কৰিবলৈ স্বাধীনতা প্রদান কৰে। কোনো এক দিশত আলোচনা কৰাৰ কৰ্তৃত্ব প্রদান কৰে। অর্থনৈতিক সবলীকৰণে বিশেষকৈ কোনো এটা সংগঠন বা উদ্যোগ প্ৰতিষ্ঠানৰ লগত জড়িত শ্রমিক, কৰ্মচাৰী, নাৰী সকলৰ ওপৰত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰা দেখা যায়। এই প্ৰক্ৰিয়াৰ জৰিয়তে কৰ্মচাৰী সকলক শক্তি বিতৰণ কৰা হয় আৰু ইয়াৰ জৰিয়তে কৰ্মচাৰী সকলৰ আত্মবিশ্বাস বৃদ্ধিৰ চেষ্টা কৰা হয়। কৰ্মচাৰী সবলীকৰণৰ লগতে অর্থনৈতিক সবলীকৰণৰ ক্ষেত্ৰত উল্লেখ কৰিব লগী আন এক দিশ হ’ল নাৰী সকলৰ অৰ্থনৈতিক দিশত কৰা সবলীকৰণ ব্যৱস্থা। দেখা যায় যে ভাৰতীয় সমাজ হ’ল পুৰুষ প্রধান সমাজ। অতীজৰ পৰা ভাৰতীয় সমাজত নাৰী সকলক অর্থনৈতিক কাম কাজ সমূহ অংশগ্ৰহণত বাধা প্ৰদান কৰি অহা হৈছে। পৰম্পৰাগত ভাৰতীয় সমাজত উচ্চ জাতিৰ নাৰী সকলক ঘৰৰ বাহিৰতআত্মনিয়োগ কৰিব লগা হৈছিল। কিন্তু সেই সময়ছোৱাত মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত মহিলা সকলে কৃষি কাৰ্য্য, কুটিৰ শিল্প সমূহত কাম কৰাৰ স্বাধীনতা লাভ কৰিছিল। যি সমূহ সেই সময়ৰ ভাৰতীয় গ্ৰাম্য অৰ্থনীতিৰ প্ৰাণকেন্দ্ৰ আছিল। কিন্তু পুৰুষ প্রধান সমাজে নাৰী সকলক এই সহযোগৰ কথা স্বীকাৰ কৰা নাছিল। সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াত নাৰী সকলে অংশগ্ৰহণ কৰাত বাধা আৰোপ কৰিছিল।

সময়ৰ পৰিৱৰ্তন লগে লগে নাৰী সকলৰ সবলীকৰণৰ বাবে চেষ্টা চলোৱা হয়। ইংৰাজ সকলৰ আগমনৰ পাছত ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ প্ৰসাৰ হ’ল আৰু নাৰী সকলেও শিক্ষাৰ অধিকাৰ লাভ কৰিলে। তেওঁলোকে নিজৰ অধিকাৰৰ বিষয়ে জ্ঞান লাভ কৰিলে। উন্নত শিক্ষা লাভ কৰি নাৰী সকলেও সংস্থাপন লাভৰ সুবিধা লাভ কৰিলে। স্বাধীনতাৰ পাছত ভাৰতীয় সংবিধানেও নাৰীৰ সবলীকৰণৰ বাবে নানা পদক্ষেপ গ্ৰহণ কৰিছে। সপ্তমপঞ্চবার্ষিক পৰিকল্পনাত পোন প্ৰথম বাৰৰ বাবে Women Empowerment ধাৰণা বিকাশ পৰিকল্পনা হিচাপে বিবেচনা কৰা হয়। এই পৰিকল্পনাৰ আধাৰত “Women’s Development Corporation” গঠন কৰা হৈছিল। এই প্রতিষ্ঠানটোৱে নাৰীৰ কৰ্মক্ষেত্ৰত আইনগত সুবিধা, বেংকৰ খান প্রদান, প্রযুক্তি প্ৰয়োগৰ সুবিধা আদি প্ৰদান কৰি নাৰীৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থা বিকাশ কৰাৰ চেষ্টা কৰিছিল। পৰৱৰ্তী সময়ত বিভিন্ন চৰকাৰী আঁচনি যেনে-প্রধানমন্ত্ৰী সংহত নগৰীয়া মহিলাৰ দৰিদ্ৰতা দূৰীকৰণ আঁচনি, মহিলা সমৃদ্ধি যোজনা। বর্তমান সময়ত বিভিন্ন আত্ম সহায়ক গোঁট সমূহৰ জৰিয়তেও নাৰী সকলে অর্থনৈতিকভাৱে সবল হৈ পৰিছে।

(ঘ) সাংস্কৃতিক সবলীকৰণ (Cultural Empowerment) :-

উত্তৰঃ সাংস্কৃতিক সবলীকৰণ হ’ল সবলীকৰণৰ এক গুৰুত্বপূৰ্ণ প্ৰকাৰ। এই সবলীকৰণৰ বিশেষকৈ ভাষা, খাদ্যাভাস, সাজপাৰ, ধৰ্ম ৰাজনীতি আৰু ইতিহাস আদি দিশসমূহৰ সৈতে জড়িত হৈ থাকে। ভাৰতবৰ্ষ হ’ল বিভিন্ন জাতি জনজাতিৰ সংগমস্থল আৰু এই প্রত্যেক জাতি আৰু জনজাতিৰে কেতবোৰ নিৰ্দিষ্ট খাদ্যাভাস, ধর্ম পদ্ধতি, সাজপাৰ, নিজা ভাষা বা দোৱান আছে। কিন্তু বর্তমান সময়ত প্রাশ্চাত্যকৰণ, গোলকীকৰণ আদিৰ প্ৰভাৱত এই জনগোষ্ঠী সমূহে নিজৰ খাদ্যাভাস, সাজপাৰ, ভাষা আদি হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে। যি সমূহে তেওঁলোকক এক সুকীয়া অস্তিত্ব প্ৰদান কৰিছিল। গতিকে তেওঁলোকৰ অস্তিত্ব ৰক্ষাৰ বাবে বর্তমান সময়ত সাংস্কৃতিক সবলীকৰণৰ ধাৰণাটোৱে যথেষ্টা গুরুত্বপূর্ণ স্থান গ্রহণ কৰিবলৈ সক্ষম হৈছে।

সাংস্কৃতিক সবলীকৰণে জনসাধাৰণক নিজৰ সাংস্কৃতিৰ প্ৰতি সচেতন কৰি তোলে। দেখা যায় যে ডাঙৰ ধৰ্মীয় গোষ্ঠী সমূহৰ হেচাত সৰু সৰু ধৰ্মবোৰ অর্থাৎ বিশেষকৈ জনগোষ্ঠীয় নিজস্ব ধর্ম পদ্ধতি সমূহ বিলুপ্ত হোৱাৰ উপক্ৰম হৈছে। বিশেষকৈ জনজাতীয় সমাজত খ্ৰীষ্টান ধৰ্মৰ অধিক প্ৰভাৱ পৰা দেখা যায়। ঠিক একেদৰে ভাষাৰ ক্ষেত্ৰটো আধুনিক শিক্ষা আৰু বৃত্তি সমূহৰ প্ৰভাৱত তেওঁলোকে নিজস্ব ভাষাৰ ঠাইত অন্য চৰকাৰী ভাষা সমূহ গ্ৰহণ কৰিছে ফলত তেওঁলোকৰ ভাষা সমূহ দুৰ্বল হৈ পৰিছে। সাংস্কৃতিক সবলীকৰণে জনসাধাৰণৰ মাজত নিজস্ব ভাষা, খাদ্যাভাস, ধর্ম আদি অক্ষুণ্ণ ৰখাত সহায় কৰে। এই প্রক্রিয়াই জনসাধাৰণক নিজৰ সংস্কৃতিৰ প্ৰতি সজাগতা বৃদ্ধি কৰে আৰু সমাজত নিজৰ সংস্কৃতিৰ মুক্ত প্ৰকাশৰ বাবে উৎসাহিত কৰে। আধুনিক ৰাজনৈতিৰ ব্যৱস্থাই এই ক্ষেত্ৰত বিশেষ ভাৱে সহায় কৰা দেখা যায়। ভাৰতীয় সংবিধানেসকলোকে ধৰ্মৰ ক্ষেত্ৰত স্বাধীনতা প্ৰদান কৰিছে।

বর্তমান সময়ত প্ৰায়ভাগ জনগোষ্ঠীয়েই নিজৰ সংস্কৃতি ৰক্ষাৰ বাবে চেষ্টা চলায়। তেওঁলোকে বিভিন্নজনগোষ্ঠীয় মেলা আয়োজন কৰি পৰম্পৰাগত খাদ্য সম্ভাৰ সমূহৰ অস্তিত্ব ৰক্ষাৰ বাবে চেষ্টা কৰিছে। তেওঁলোকে নিজৰ ভাষাক শক্তিশালী কৰি তুলিবৰ বাবে সাংবিধানিক স্বীকৃতিৰ বাবে চৰকাৰক হেঁচা প্ৰয়োগ কৰি আহিছে। এনে ধৰণৰ সজাগতা সমূহে এটা গোষ্ঠীক উন্নয়নৰ দিশলৈ আগবঢ়াই নিবলৈ সক্ষম হয়।এনে ধৰণৰ সজাগতা সমূহৰ পৰাই তেওঁলোকৰ মনত আত্মবিশ্বাসী, স্বাধীন, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আদি গুণ সমূহৰ উদয়ত সহায় হয় যি এখন সমাজৰ উন্নয়নৰ কাৰক হিচাপে কাৰ্য কৰে।

1 thought on “Rethinking Development Unit 4 Issues in Development Praxis”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top