Rethinking Development Unit 3 Development Regimes in India

Rethinking Development Unit 3 Development Regimes in India, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Rethinking Development Unit 3 Development Regimes in India Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Rethinking Development Unit 3 Development Regimes in India Question Answer can be of great value to excel in the examination.

Rethinking Development Unit 3 Development Regimes in India

Join Telegram channel

Rethinking Development Unit 3 Development Regimes in India Notes cover all the exercise questions in UGC Syllabus. The Rethinking Development Unit 3 Development Regimes in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

18. What do you mean by people’s participation. Discuss its various types and means. 

উত্তৰঃ জনঅংশগ্ৰহণৰ অৰ্থ (Meaning of People’s Participation) :- এখন গণতান্ত্রিক শাসন ব্যৱস্থা প্ৰৱৰ্তিত থকা দেশত প্ৰশাসনীয় তথা উন্নয়নমূলক কার্যকলাপত জনসাধাৰণৰ সক্রিয় অংশগ্ৰহণ আৰু সহযোগিতা প্ৰশাসনৰ সফলতাৰ অন্যতম প্রয়োজনীয় চৰ্ত। চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমুখী আঁচনিসমূহৰ অগ্ৰাধিকাৰ ভিত্তিক আঁচনি প্রস্তুকৰণ, সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়া আৰু গ্ৰামোন্নয়নমুখী আঁচনিবিলাকৰ সফল কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত জনগণৰ অংশগ্রহণ অত্যন্ত প্রয়োজনীয়। জনঅংশগ্ৰহণৰ অৰ্থটো বিভিন্ন দৃষ্টিকোণৰ পৰা পৰ্যালোচনা কৰিব পাৰি। সাধাৰণ অৰ্থত জনঅংশগ্ৰহণৰ অৰ্থ হৈছে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে জনসাধাৰণৰ জীৱন নিৰ্বাহৰ মানদণ্ডত প্ৰভাৱ পেলোৱা বিভিন্ন আর্থ-সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক কার্যকলাপত জনসাধাৰণক জড়িত কৰা হয়। জনঅংশগ্রহণ বুলিলে এখন সমাজৰ সদস্যসকলে স্বইচ্ছাৰে চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কার্যকলাপ সমূহৰ নানান দিশ আৰু প্ৰক্ৰিয়াত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহযোগ কৰাকে সূচায়।

জনঅংশগ্ৰহণৰ সম্পর্কে বিভিন্নজনে ভিন্ন প্ৰকৃতিৰ সংজ্ঞা আগবঢ়াইছে। Aneeta Benningৰ মতে, জনঅংশগ্রহণ বুলিলে কোনো এক বৃহৎ অঞ্চল বা কোনো এক সম্প্রদায়ত সংঘটিত কার্যকলাপত জনসাধাৰণ জড়িত হোৱাৰ প্ৰক্ৰিয়াকেই বুজায়। এই অংশগ্রহণ সক্রিয় বা নিষ্ক্রিয় দুয়োটা ৰূপতে হ’ব পাৰে।

Stassen-ৰ ভাষাত প্রশাসনিক কাৰ্যসূচীত নাগৰিকসকলৰ একপ্ৰকাৰৰ হস্তক্ষেপকৰণেই হৈছে জনঅংশগ্রহণ। সাধাৰণতে জনঅংশগ্ৰহণৰ ধাৰণাতো সংকীৰ্ণ আৰু ব্যাপক এই দুয়ো অৰ্থত ব্যৱহৃত কৰা হয়। সংকীৰ্ণ অৰ্থত জনঅংশগ্রহণে চৰকাৰী অনুষ্ঠান বা পৰিচালনা গোটৰ সদস্য নোহোৱাকৈয়ে প্রশাসনীয় কার্যকলাপত নাগৰিকসকল জড়িত হোৱাক বুজায়। অর্থাৎ সংকীর্ণ অর্থত অংশগ্রহণে পৰোক্ষ জনঅংশগ্রহণক সূচায়। ইয়াৰ পৰিৱৰ্তে বহল অৰ্থত চৰকাৰী বিভিন্ন উন্নয়নমূলক কার্যকলাপসমূহত প্রত্যক্ষ আৰু স্বেচ্ছাকৃতভাৱে নাগৰিকসকলে অংশগ্ৰহণ কৰাকে জনঅংশগ্রহণ বুলি কোৱা হয়। অর্থাৎ ব্যাপক অর্থত সামূহিক জীৱন-নিৰ্বাহৰ আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ সকলো কাৰ্যব্যৱস্থাই জনঅংশগ্ৰহণৰ অন্তৰ্ভুক্ত। জনসাধাৰণৰ অংশগ্ৰহণৰ ধাৰণাতো প্রধানতঃ চাৰিটা দিশৰ পৰা অনুধাৱন কৰিব পাৰি—

(ক) সিদ্ধান্ত গ্রহণত অংশগ্রহণ। 

(খ) কাৰ্যকৰীকৰণত অংশগ্রহণ।

(গ) উন্নয়নমূলক আঁচনিসমূহৰ তদাৰকমূলক আৰু মূল্যায়নমূলক কার্যত অংশগ্রহণ।

(ঘ) উন্নয়নৰ সফল বিলাক বিতৰণ কৰি উপভোগ কৰাৰ ক্ষেত্ৰত অংশগ্রহণ।

জনসাধাৰণৰ অংশগ্ৰহণৰ প্ৰকাৰ (Types of People’s Participation) :- জনঅংশগ্রহণ প্ৰধানকৈ তিনি প্ৰকাৰৰ—

(ক) ৰাজনৈতিক অংশগ্রহণ (Political Participation). 

(খ)প্রশাসনত অংশগ্রহণ ( Participation in Administration).

(গ) সামাজিক অংশগ্রহণ (Social participation).

(ক) ৰাজনৈতিক অংশগ্রহণ (Political Participation) :- 

ৰাজনৈতিক অংশগ্রহণে সাধাৰণতে কিছুমান স্বেচ্ছাকৃত কাৰ্যসূচীক বুজায় যাৰ সহায়ত এখন সমাজৰ সভ্য হিচাপে সদস্যসকলে চৰকাৰৰ বিভিন্ন স্তৰৰ শাসকসকল বাছনিকৰণৰ কাৰ্যত অংশগ্ৰহণ কৰে আৰু যাৰ জৰিয়তে চৰকাৰৰ ৰাজহুৱা নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত প্রত্যক্ষ আৰু পৰোক্ষভাৱে সহায়-সহযোগিতা আগবঢ়ায়। সমাজৰ ৰাজনৈতিক পদ্ধতিৰ ওপৰত নাগৰিকৰ এই ৰাজনৈতিক অংশগ্রহণ নিৰ্ভৰশীল। এই প্ৰকাৰৰ অংশগ্ৰহণৰ মাত্ৰা গণতন্ত্রত অধিক প্রবল হোৱা দেখা যায়।

(খ) ৰাজনৈতিক অংশগ্রহণ (Participation in Administration) :- প্রশাসনত নাগৰিকৰ অংশগ্ৰহণ বুলিলে সাধাৰণতে চৰকাৰৰ নীতি নিৰ্ধাৰণ কাৰ্য, কাৰ্যকৰীকৰণত অংশগ্রহণ, আঁচনি আৰু প্রকল্পবিলাকৰ ৰূপায়ণত জনসাধাৰণৰ অংশগ্ৰহণ বুজায়। বৰ্তমানৰ পঞ্চায়তীৰাজ ব্যৱস্থাৰ অধীনত স্থানীয় শাসিত সংস্থাবিলাকৰ কার্যকলাপত জনগণে সক্রিয় অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে। ভাৰতীয় সংবিধানৰ ৭৩নং সংশোধনী আইন গৃহীত হোৱাৰ পাছৰে পৰাই মহিলাসকলে অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ লোকসকলে, দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে প্ৰশাসনীয় কার্যত অংশগ্ৰহণৰ সুবিধা পাইছে।

(গ) সামাজিক অংশগ্রহণ (Social Participation) :-

সামাজিক অংশগ্ৰহণৰ অৱধাৰণাতো সাধাৰণতে ব্যাপক অৰ্থত ব্যৱহাৰ কৰা হয়। সামাজিক অংশগ্রহণ সমাজৰ আৰ্থিক উন্নয়ন, সামাজিক ন্যায়, ৰাষ্ট্ৰীয় স্বার্থ আদি সামাজিক প্ৰমূল্যবোধৰ দ্বাৰা প্ৰভাৱান্বিত হোৱা নাগৰিকসকলৰ পাৰস্পৰিক বুজা-পৰা, দায়বদ্ধতা আদিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। এই সামাজিক অংশগ্ৰহণৰ অন্যতম প্রদান উপায় হ’ল সামাজিক প্রতিবাদ। ই এক কৌশল যাৰ জৰিয়তে সামাজিক কার্যকলাপত অংশগ্ৰহণৰ সহায়ক হয়।

প্রশাসনত জনঅংশগ্ৰহণৰ আৰ্হি বা নিৰ্ধাৰক (Means/modes of People’s Participation) :- প্ৰশাসনত জনঅংশগ্ৰহণৰ উপায় প্ৰধানকৈ চাৰি ধৰণৰ— 

(ক) সিদ্ধান্ত গ্রহণত অংশগ্রহণ (Participation in Decision Making) :- প্রশাসনীয় সিদ্ধান্ত গ্রহণ আৰু আঁচনি প্ৰস্তুতকৰণত গ্রামীণ জনসাধাৰণৰ অংশগ্ৰহণ গ্ৰামোন্নয়নৰ অন্যতম পূৰ্বচৰ্ত। সংবিধানৰ ৭৩নং সংশোধনী গৃহীত হোৱাৰ পাছৰ পৰা সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াত স্থানীয় জনগণৰ অংশগ্ৰহণ তথা সহযোগিতা ক্রমাগতভাৱে বৃদ্ধি পাইছে। সাধাৰণতে প্রধান চাৰিটা বিষয় ক্রমে সমস্যা বাছনিকৰণ, সমস্যা সমাধানৰ প্ৰস্তাৱ গ্ৰহণ, অগ্ৰাধিকাৰ নিৰূপণ কৰা আৰু প্ৰকল্প ৰূপায়ণ কৰা বিষয়ত কৰ্তৃত্ব প্ৰয়োগ কৰিবলৈ জনসাধাৰণে আগবাঢ়ি আহিলেহে সিদ্ধান্ত গ্রহণত জনসাধাৰণৰ অংশগ্ৰহণ হোৱা বুলিব পাৰি।

(খ) প্রকল্প ৰূপায়ণত জনঅংশগ্রহণ (Participation in Implementation of Projects) :- গ্রামীণ অঞ্চলৰ উন্নয়নৰ বাবে ৰূপায়ণ কৰা উন্নয়নমুখী আঁচনি তথা প্রকল্পবিলাকৰ সফল কার্যকৰীকৰণত গ্ৰাম্য দৰিদ্ৰ হিতাধিকাৰীসকলৰ অংশগ্ৰহণ প্ৰশাসনৰ জনঅংশগ্ৰহণৰ অন্যতম নিৰ্ধাৰক। অৱশ্যে এইক্ষেত্ৰত গ্রামাঞ্চলৰ জনগণে বিভিন্ন জানিবলৈ আগ্ৰহী হ’লে আঁচনিসমূহ কিমানদূৰ অগ্ৰগতি লাভ কৰিছে তথা আঁচনিসমূহ ৰূপায়ণৰ বাবে কিমান পৰিমাণৰ পুঁজি ধার্য কৰা হৈছিল আৰু সেই পৰিমাণ ব্যয় কৰা হৈছেনে নাই আদিৰ বিষয়ে নানান তথ্য জনগণে লাভ অধিকাৰ সাব্যস্ত কৰিব পাৰিলেহে আঁচনি কাৰ্যকৰীকৰণৰ জনগণৰ অংশগ্ৰহণ অধিক ফলপ্রসূ হয়।

(গ) আঁচনিৰ তদাৰকীকৰণ আৰু মূল্যায়নমূলক কামত অংশগ্রহণ (Participation in Monitoring and Evaluation of Plans) :- গ্রামীণ জনগণৰ প্ৰশাসনৰ অংশগ্ৰহণৰ আন এক নিৰ্ধাৰক হৈছে আঁচনি, প্রকল্পসমূহৰ কাৰ্যকৰীকৰণক পর্যবেক্ষণ, তদাৰকীকৰণ আৰু মূল্যায়নকৰণ। সাধাৰণতে আঁচনি এখন কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত আঁচনিখন কেনেদৰে কাৰ্যকৰী কৰা হৈছে, আঁচনি অনুসৰি কাৰ্যকৰী কৰা হৈছেনে নাই, নিৰ্ধাৰিত হিতাধিকাৰীসকল উপকৃত হৈছেনে নাই এই সকলোবিলাক বিষয় জড়িত থাকে। আঁচনিৰ কাৰ্যকৰীকৰণৰ লগতে জনগণে আঁচনিৰ তদাৰকীকৰণ তথা মূল্যায়ন কাৰ্যতো অংশগ্ৰহণ কৰিব লাগে। বর্তমান ভাৰতৰ সংবিধানৰ ৭৩নং আৰু ৭৪ নং সংশোধনী অধিনিয়মৰ জৰিয়তে স্বায়ত্ত শাসিত সংস্থাবিলাকৰ কাৰ্য ব্যৱস্থাত জনসাধাৰণে তদাৰক কৰাৰ লগতে মূল্যায়ন কৰাৰ ক্ষমতা লাভ কৰিছে। তদাৰক কমিটী, মূল্যায়ন সমিতি গঠন কৰা, সামাজিক পৰীক্ষা সমিতি গঠন কৰাৰ জৰিয়তে জনগণে তদাৰকী ব্যৱস্থাত অংশগ্ৰহণ কৰিব পাৰে।

(ঘ) বিকাশৰ সুফল ভাগ বিতৰণৰ ক্ষেত্ৰত অংশগ্রহণ (Participation in Sharing) :- গ্রামীণ জনসাধাৰণৰ উন্নয়নমূলক কার্যত অংশগ্ৰহণৰ অন্যতম প্রধান নিৰ্ধাৰক হ’ল— বিকাশ তথা উন্নয়নৰ সুফল ভাগ-বাটোৱাৰাৰ ক্ষেত্ৰত অংশগ্রহণ। সাধাৰণতে চৰকাৰৰ বিভিন্ন উন্নয়নমুখী আঁচনিবিলাকৰ পৰা জনসাধাৰণে লাভান্বিত হ’লেহে সমাজৰ বিশেষকৈ দুৰ্বল সম্প্ৰদায়ৰ জনসাধাৰণে স্ব-ইচ্ছাৰে আৰু অংশগ্ৰহণৰ বাবে আগ্রহী হয়। এইক্ষেত্ৰত বলবন্ত ৰায় মেহতা সমিতিৰ প্ৰতিবেদনত উল্লেখিত মন্তব্য প্রণিধানযোগ্য। স্থানীয় স্বাৰ্থ ৰক্ষাৰ খাতিৰত, স্থানীয় সমস্যা সমাধানৰ বাবে স্থানীয় জনগণৰ অংশগ্ৰহণৰ প্ৰয়োজন আৰু ইয়াৰ সপক্ষে পুঁজি ব্যয় কৰাৰ নিশ্চয়তা প্রদান কৰাৰ কাৰ্য যেতিয়ালৈকে সম্ভৱ নহয়, যেতিয়ালৈকে স্থানীয় প্রশাসনক উপযুক্ত ক্ষমতা আৰু পুঁজিৰ যোগান ধৰিব পৰা এক প্রতিনিধিত্বমূলক গণতান্ত্রিক অনুষ্ঠানৰূপে গঢ়ি তোলা নহয়, তেতিয়ালৈকে স্থানীয় এলেকাৰ উন্নতিৰ ক্ষেত্ৰত স্থানীয় জনসাধাৰণৰ সহায়-সহযোগিতা আশা কৰিব নোৱাৰি।

19. Examine the problems of people’s participation in rural development. Suggest measures for increasing participation of the people in rural development administration.

উত্তৰঃ প্রশাসনত জনঅংশগ্ৰহণৰ প্ৰধান সমস্যা (Problems of People’s Participation in Admin – Wistration) :- জনঅংশগ্ৰহণৰ সমস্যা ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহত দেখা দিয়া সমস্যাবিলাকৰ ভিতৰত অন্যতম প্ৰশাসনৰ জনসাধাৰণৰ অংশগ্ৰহণৰ ক্ষেত্ৰত কিছুমান সমস্যাই হেঙাৰৰূপে দেখা দিয়ে। এই সমস্যাবিলাক তলত উল্লেখ কৰা ধৰণৰ—

(ক) নিৰক্ষৰতা আৰু অজ্ঞতা (Illiteracy and Ignorance) :- প্রশাসনত জনঅংশগ্রহণ আৰু সহযোগিতা অভাৱৰ প্ৰধান কাৰণ হৈছে জনসাধাৰণৰ নিৰক্ষৰতা আৰু অজ্ঞতা। ভাৰতৰ দৰে উন্নয়নশীল দেশত প্ৰায়সংখ্যক লোকেই নিৰক্ষৰ হোৱা দেখা যায়। নিৰক্ষৰতাৰ লগতে তেওঁলোক সমান্তৰালভাৱে অজ্ঞ। প্ৰশাসনত এনে নিৰক্ষৰ আৰু অজ্ঞলোকৰ পৰা অংশগ্রহণ আশা কৰিব নোৱাৰি। জনগণৰ অধিকাংশই আঁচনিবিলাকৰ কথা নাজানে। একমাত্ৰ নিৰক্ষৰ আৰু অজ্ঞ হোৱাৰ বাবেই তেওঁলোকে নিজৰ অধিকাৰ আৰু ক্ষমতা সাব্যস্ত কৰিবলৈ সক্ষম নহয়। অৱশ্যে শিক্ষাৰ প্ৰসাৰ আৰু জনজাগৰণৰ জৰিয়তে প্ৰশাসনৰ জনঅংশগ্ৰহণ পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে।

(খ) দৰিদ্ৰতা (Poverty) :- গ্রামোন্নয়নৰ প্ৰশাসনত নাগৰিকৰ অংশগ্ৰহণৰ ক্ষেত্ৰত দেখা দিয়া অন্য এক সমস্যা হৈছে গ্রামীণ জনসাধাৰণৰ দৰিদ্ৰতা। দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বৰ্তমানেও ভাৰতৰ শতকৰা ৩৫ জন লোকে বসবাস কৰে। দৰিদ্ৰতাৰ বাবেই এনে দৰিদ্ৰ শ্ৰেণীৰ জনসাধাৰণে জীৱন- ধাৰণৰ ন্যূনতম প্ৰয়োজনখিনি পূৰণ কৰাৰ ওপৰত গুৰুত্ব দিয়ে, যাৰ কাৰণে তেওঁলোকে বিভিন্ন প্রশাসনীয় কার্যত অংশগ্ৰহণ কৰিব নোৱাৰে। দৰিদ্ৰ শ্ৰেণীৰ জনসাধাৰণে সামাজিকভাৱে সংগঠিত হ’লে বিভিন্ন চৰকাৰী আঁচনিৰ দ্বাৰা উপকৃত হ’ব পাৰিলেও বিভিন্ন কাৰণত তেওঁলোকে প্রশাসনীয় কার্যকলাপত অংশগ্ৰহণ কৰিবলৈ মুঠেই আগ্রহী নহয়। বর্তমান অৱশ্যে (NREGA) এনৰেগা আঁচনিৰ অধীনত দৰিদ্ৰ জনসাধাৰণক চৰকাৰী আঁচনিৰ অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰা হৈছে। 

(গ) প্রশাসন সম্পর্কে যথোপযুক্ত জ্ঞানৰ অভাৱ (Lack of Knowledge in Administration) :- অজ্ঞতাৰে পৰিপুষ্ট গ্রামীণ জনসাধাৰণৰ উপযুক্ত প্রশাসনীয় জ্ঞানৰ অভাৱ হয়। প্রশাসন কেনেদৰে পৰিচালিত হয়, প্ৰশাসনৰ পৰা তেওঁলোকৰ প্ৰাপ্যখিনিৰ বিষয়ে সৰহসংখ্যক জনসাধাৰণে নাজানে। গতিকে প্রশাসনীয় জ্ঞানৰ অভাৱ থকা জনসাধাৰণৰ পৰা চৰকাৰৰ প্ৰশাসনীয় কার্যকলাপৰ অংশগ্ৰহণ তথা সহযোগিতা আশা কৰিব নোৱাৰি।

(ঘ) জনসাধাৰণৰ ৰাজনৈতিক সচেতনতাৰ অভাৱ (Lack of Political Awareness) :- নিৰক্ষৰ আৰু অজ্ঞ লোকসকলৰ ৰাজনৈতিকভাৱে সচেতন নহয়। ৰাজনৈতিক সচেতনতাৰ অবিহনে জনসাধাৰণৰ প্ৰশাসনত ৰাজনৈতিক অংশগ্রহণ সম্ভৱপৰ হৈ নুঠে। চৰকাৰৰ কাৰ্যকলাপত জনগণৰ মতামতৰ প্ৰয়োজনীয়তাৰ বিষয়ে ভালদৰে বুজি উঠি তেওঁলোকে ৰাজনৈতিকভাৱে সংগঠিত হ’লেহে ৰাজনৈতিক কার্যকলাপত অংশগ্রহণ কৰিব পাৰিব। যাৰ অভাৱৰ বাবেই গ্রামোন্নয়নৰ প্ৰশাসনত নাগৰিকৰ অংশগ্রহণ সম্ভৱ হৈ উঠা নাই। কিয়নো ৰাজনৈতিক সজাগতা আৰু সচেতনতা ৰাজনৈতিক অংশগ্ৰহণৰ পূৰ্ব চৰ্ত।

(ঙ) আমোলা বিষয়াসকলে সাধাৰণ জনগণৰ প্ৰতি গ্ৰহণ কৰা উদাসীন দৃষ্টিভংগী (Unhelpful Attitude of the Bureaucrats) :- চৰকাৰী আমোলা বিষয়াসকলে সাধাৰণ শ্ৰেণীৰ জনগণৰ প্ৰতি গ্রহণ কৰা অৱহেলিত তথা অসহায় দৃষ্টিভংগীৰ বাবেও প্ৰশাসনৰ জনঅংশগ্ৰহণৰ সমস্যাই দেখা দিয়ে। চৰকাৰ প্ৰণোদিত বিভিন্ন উন্নয়নমুখী আঁচনিবিলাকৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত আমোলা-বিষয়াসকলে সাধাৰণ নাগৰিকসকলৰ লগত সহযোগিতা নকৰে। চৰকাৰী বিষয়াসকলে সাধাৰণ ৰাইজৰ তুলনাত নিজকে উচ্চ পৰ্যায়ৰ বুলি গণ্য কৰে যাৰ কাৰণে জনসাধাৰণে প্ৰশাসনৰ ওপৰত নিজৰ বিশ্বাস আৰু আস্থা হেৰুৱাই পেলাইছে।

(চ) নাগৰিকক প্ৰশাসনৰ পৰা বিচ্ছিন্নকৰণ (Alienation of the People from Administration) :- নাগৰিকৰ প্ৰশাসনত জড়িতকৰণৰ ক্ষেত্ৰত দেখা দিয়া ই এক গুৰুত্বপূর্ণ সমস্যা। প্রশাসনৰ পৰা যিহেতু গ্রামীণ দৰিদ্ৰ জনসাধাৰণে কল্যাণমূলক সেৱা আশা কৰিব নোৱাৰে। গতিকে নাগৰিকে প্রশাসন ব্যৱস্থাৰ ওপৰত আস্থা হেৰুৱায়। জনসাধাৰণৰ অভাৱ অভিযোগবিলাকৰ প্ৰতি অৱহেলা কৰিলে জনসাধাৰণে নিজকে প্ৰশাসনৰ পৰা নিসংগ কৰাৰ এক দৃষ্টিভংগী গ্ৰহণ কৰে।

গ্রামোন্নয়ন প্রশাসনত জনঅংশগ্রহণ বৃদ্ধিৰ বাবে পৰামৰ্শৱলী (Suggestions for Increasing People’s Participation in Rural Development Administration) গ্রামোন্নয়নৰ প্ৰশাসন ব্যৱস্থাত জনঅংশগ্রহণ বৃদ্ধিৰ বাবে নিম্নোক্ত পৰামৰ্শৱলী আগবঢ়োৱা হ’ল-

(ক) জনসাধাৰণৰ ৰাজনৈতিক সচেতনতা বৃদ্ধি :- গ্রাম্য জনগণৰ কল্যাণৰ হকে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক আঁচনি আৰু প্ৰকল্পবিলাকৰ বিষয়ে জনসাধাৰণক সজাগ কৰি তুলিব লাগিব আৰু এই উদ্দেশ্যে সজাগতা শিবিৰ কৰ্মশালা আদি সঘনে চৰকাৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত কৰিব লাগে।

(খ) গ্রামোন্নয়নৰ কৰ্তৃপক্ষ আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক সম্পৰ্ক তথা সহযোগিতা বৃদ্ধিৰ ব্যৱস্থা কৰিব লাগে। জনগণে যাতে প্রশাসনীয় পৰিকল্পনা, আঁচনিবিলাকৰ সফল ৰূপায়ণত অংশগ্রহণ যাতে কৰিব পাৰে তাৰ বাবে যাৱতীয় ব্যৱস্থা কৰিব লাগে।

(গ) গ্ৰাম্য এলেকাৰ উন্নয়নৰ বাবে অগ্ৰাধিকাৰ ভিত্তিক কোনো আঁচনি ৰূপায়ণ কৰাৰ পূৰ্বে গ্ৰামোন্নয়ন কর্তৃপক্ষই স্থানীয় জনসাধাৰণৰ লগত আলোচনা কৰিব লাগে আৰু উক্ত সময়ৰ ভিত্তিত আঁচনিৰ মডেল প্রস্তুত কৰি কাৰ্যকৰী কৰিব লাগে।

(ঘ) সংবাদ মাধ্যমবিলাকৰ সবল ভূমিকা :- গ্রামোন্নয়নৰ প্রশাসনত বর্ধিত জনঅংশগ্ৰহণৰ ক্ষেত্ৰত সংবাদ মাধ্যমবিলাকেও এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব লাগে। গ্রাম্য ৰাইজক চৰকাৰ প্ৰণোদিত আঁচনিবিলাকৰ বিষয়ে দৈনিক বাতৰি কাকত, মাহেকীয়া, পষেকীয়া, সাপ্তাহিক, আলোচনী আদিত নানা ধৰণৰ প্ৰবন্ধ, লেখনি আদি প্ৰকাশ কৰি, দূৰদৰ্শন, অনাতাঁৰ কেন্দ্ৰ আদিৰো ইবিলাক প্ৰকাশ কৰি জনগণক সচেতন কৰি তুলিব লাগে।

(ঙ) বেচৰকাৰী সংস্থাবিলাকৰ ভূমিকা :- প্রশাসনত জনঅংশগ্রহণ বৃদ্ধিৰ বাবে বেচৰকাৰী সংস্থাবিলাকেও এক গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰিব লাগে। ভাৰতত এই উদ্দেশ্যে ভালেমান বেচৰকাৰী সংস্থা গঢ়ি উঠিছে। এই সংস্থাসমূহে চৰকাৰৰ বিভিন্ন আঁচনি, প্রকল্পবিলাকৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা উচিত।

(চ) আঁচনিবিলাকৰ হিতাধিকাৰীসকলক প্রয়োজনীয় প্রশিক্ষণ প্ৰদান কৰি উপযুক্ত প্রশিক্ষণপ্রাপ্ত কৰি তুলিব লাগে। যাতে ইয়াৰ জৰিয়তে বিভিন্ন আঁচনিৰ আধাৰত হিতাধিকাৰীসকলক প্ৰদান কৰা সম্পদৰাজিৰ সদ্ব্যৱহাৰ কৰিব পৰাত সহায়ক হয়।

ওপৰৰ আলোচনাৰ অন্ততঃ ক’ব পাৰি যে গ্রামোন্নয়ননৰ প্রশাসনত নাগৰিকৰ অংশগ্রহণ তথা সহযোগিতা নিতান্তই আবশ্যকীয়। কিন্তু উল্লেখনীয় যে এই অংশগ্রহণ বাধ্যবাধকতাৰে প্ৰয়োগ কৰিব নোৱাৰি প্ৰশাসনত স্বেচ্ছাকৃত জনঅংশগ্রহণে উন্নত মানদণ্ডৰ সুফল আহৰণত সহায় কৰে। সেয়ে কোৱা হয় যে- Equal share of benefit of development is possible through equal participation both by the rich and by the poor.

20. মিশ্র অর্থনীতি (Mixed Economy) বুলিলে কি বুজা ? মিশ্ৰ অৰ্থনীতিৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ?

উত্তৰঃ মিশ্র অর্থনীতি হ’ল দুটা সুকীয়া আর্থিক চিন্তাধাৰা পুঁজিবাদ আৰু সমাজবাদৰ সংমিশ্ৰণত গঢ় লৈ উঠা এক নতুন অর্থনৈতিক অৱধাৰণা। এই ধাৰণা অনুসৰি, যি অর্থনৈতিক ব্যৱস্থাত পুঁজিবাদ আৰু সমাজবাদৰ ইতিবাচক বৈশিষ্ট্যবোৰ একত্ৰিত কৰি একে সময়তে উক্ত দুয়োটা পদ্ধতিৰ নেতিবাচক বৈশিষ্ট্যবোৰ এৰাই চলা হয় তাকে মিশ্র অর্থনীতি বোলে। মিশ্র অর্থনীতিত ব্যক্তি স্বাধীনতা, জীৱিকাৰ স্বাধীনতা, ব্যক্তিগত সম্পত্তি, প্রতিযোগিতা, লাভৰ প্রত্যাশা, অনুপ্ৰেৰণা আদিৰ অর্থে পুঁজিবাদী ব্যৱস্থা আৰু উৎপাদনৰ উপাদানসমূহৰ ওপৰত সামাজিক নিয়ন্ত্রণ, আয় আৰু সম্পত্তিৰ সমবিতৰণ, সামাজিক নিৰাপত্তা আৰু সামূহিক কল্যাণৰ উদ্দেশ্যেৰে সমাজবাদী ব্যৱস্থা গ্ৰহণ কৰা হয়।

মিশ্র অর্থনীতিত ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডৰ সহাৱস্থান পৰিলক্ষিত হয়। এনে অৰ্থনীতিত দেশৰ সমগ্র আর্থিক প্রণালীক তিনি ধৰণেৰে বিচাৰ কৰিব পৰা যায়। 

(i) অর্থনীতিৰ কিছু উৎপাদন আৰু বিতৰণৰ কাৰ্য সম্পূৰ্ণৰূপে ব্যক্তিগত খণ্ডৰ দ্বাৰা পৰিচালিত হয়।

(ii) সম্পূৰ্ণৰূপে ৰাজহুৱা বা ৰাষ্ট্ৰৰ ওপৰত কিছু উৎপাদন আৰু বিতৰণ কাৰ্য ন্যস্ত কৰা হয়। আৰু

(iii) ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ড— উভয়ে যুটীয়াভাৱে কিছু উৎপাদন আৰু বিতৰণ কাৰ্য সম্পাদন কৰে।

সুবিধা বা গুণ (Advantages or Merits) :-

(১) মিশ্র অর্থনীতিত সমাজবাদ আৰু পুঁজিবাদ উভয় ব্যৱস্থাৰ সুবিধাসমূহ ভোগ কৰিব পৰা যায়।

(২) মিশ্র অর্থনীতিত ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডৰ মাজত সুস্থ প্রতিযোগিতাৰ সৃষ্টি হৈ উভয় খণ্ডৰ উৎপাদন দক্ষতা (efficiency of production) বৃদ্ধি পায়।

(৩) মিশ্র অর্থনীতিত ব্যক্তিগত খণ্ডৰ উদ্যম, লাভৰ প্ৰত্যাশা আৰু আত্ম-স্বাৰ্থৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এনে অর্থনীতিয়ে ব্যক্তিৰ স্বাধীনতা আৰু অৰ্থনৈতিক স্বাধীনতা ৰক্ষা কৰে। অৱশ্যে এইক্ষেত্ৰত সামাজিক কল্যাণত ঋণাত্মক প্ৰভাৱ পেলাব পৰা ব্যক্তিগত খণ্ডৰ কাৰ্যসমূহ নিয়ন্ত্ৰণ কৰা হয়। প্রকৃততে ব্যক্তিগত কল্যাণ আৰু সামূহিক কল্যাণ উভয়কে মিশ্র অর্থনীতিত গুৰুত্ব প্ৰদান কৰা হয়।

(৪) গণতান্ত্রিকভাৱে গ্ৰহণ কৰা অৰ্থনৈতিক পৰিকল্পনাৰ ভিত্তিত মিশ্র অর্থনীতিত অর্থনৈতিক উন্নয়ন সাধন কৰিব পৰা যায়। এনে অৰ্থনীতিত পৰিকল্পনাৰ ভিত্তিত আয় আৰু সম্পদ সমবিতৰণ কৰাৰ লগতে জনসাধাৰণক দেশৰ উন্নয়ন প্ৰক্ৰিয়াৰ অংশীদাৰ কৰিব পৰা যায়।

(৫) মিশ্র অর্থনীতিত বাণিজ্য চক্ৰৰ (Business Cycle) :- ৰ ক্ষতিকাৰক বিষয়সমূহ নিয়ন্ত্ৰণ কৰা সম্ভৱ। এনে অর্থনীতিত মুদ্রাস্ফীতি বা মন্দাৱস্থাৰ দৰে সমস্যাসমূহ দূৰ কৰি এখন কল্যাণকামী ৰাষ্ট্ৰ (Welfare State) ৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব পৰা যায়।

অসুবিধা বা দোষ : (Disadvantages or Demerits) :- 

(১) সমাজবাদ আৰু পুঁজিবাদ— উভয় ব্যৱস্থাৰ গুণেৰে সমৃদ্ধ মিশ্র অর্থনীতি এক আকর্ষণীয় তাত্ত্বিক ধাৰণা। কিন্তু বাস্তৱিক প্ৰয়োগৰ ক্ষেত্ৰত এনে অৰ্থনীতিৰ সীমাবদ্ধতা আহি পৰে। চৰকাৰী ব্যৱস্থাৰ ক্রমবৰ্দ্ধমান সম্প্ৰসাৰণে মিশ্ৰ অৰ্থনীতিক সমাজবাদী অর্থনীতিলৈ আৰু দুৰ্বল চৰকাৰী খণ্ডৰ পৰিপ্ৰেক্ষিতত বেচৰকাৰী খণ্ডৰ ক্ৰমাগত উত্তৰণে মিশ্র অর্থনীতিক পুঁজিবাদী অর্থনীতিলৈ পৰ্যবেসিত কৰিব পাৰে৷ আন কথাত, নিজস্ব মৌলিক ভেঁটি নথকা বাবে মিশ্র অর্থনীতি, দীর্ঘকাললৈ বৰ্তি থকাটো সম্ভৱ নহয়।

(২) মিশ্র অর্থনীতি এক সু-সংগঠিত অর্থনৈতিক ব্যৱস্থা হিচাপে বিবেচনা কৰিব পৰা নাযায়। এনে অৰ্থনীতিৰ ৰাজহুৱা খণ্ডত বহু সময়ত আমোলাতন্ত্ৰৰ প্ৰভাৱ পৰিলক্ষিত হয়। ইয়ে অর্থনৈতিক কাম-কাজসমূহ ব্যাহত কৰি তোলাৰ লগতে দুৰ্নীতিৰ পয়োভৰ ঘটায়। আনহাতে, বেচৰকাৰী খণ্ডই উন্নয়নৰ অৰ্থে ৰাজহুৱা খণ্ডৰ ওপৰত বহু ক্ষেত্ৰত নিৰ্ভৰশীল হ’বলগীয়া হয় বাবে ব্যক্তিগত খণ্ডই নিজৰ উদ্যম হেৰনায়।

(৩) বেচৰকাৰী খণ্ডক যথাযথভাৱে নিয়ন্ত্ৰণ নকৰিলে অর্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতা কিছুসংখ্যক ব্যক্তিৰ হাতত কেন্দ্ৰীভূত হোৱাৰ সম্ভাৱনা থাকে। এনে অৱস্থাত ব্যক্তিগত খণ্ডই ৰাজনৈতিক শক্তিক নিয়ন্ত্ৰণ কৰি চৰকাৰৰ ওপৰত প্ৰতিপত্তি বিস্তাৰ কৰিব পাৰে। সেয়েহে বহু সময়ত চৰকাৰৰ ব্যৰ্থতা মিশ্ৰ অৰ্থনীতিৰ অন্যতম দুর্বল দিশ।

(৪) মিশ্র অর্থনীতিত যদিও ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডৰ মাজৰ সু-সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় তথাপি এনে বৈশিষ্ট্য বাস্তৱ ক্ষেত্ৰত পৰিলক্ষিত নহয়। দুয়োটা খণ্ডৰ মাজত সমন্বয়হীন প্রতিযোগিতাই সম্পদৰ অপচয় ঘটাই অর্থনৈতিক উন্নয়নক বাধাগ্রস্ত কৰি তুলিব পাৰে।

(৫) মিশ্ৰ অৰ্থনীতিত ৰাজহুৱা ব্যয়, বিনিয়োগ বৃদ্ধিৰ বাবে সঘনাই মুদ্রাস্ফীতিৰ উদ্ভৱ হয়। যদিও দৰৰ ওপৰত চৰকাৰৰ নিয়ন্তণ থাকে তথাপি ব্যক্তিগত খণ্ডৰ বিস্তৃত স্থিতিৰ ফলত চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰে। মুদ্রাস্ফীতিৰ সময়ত বিত্তৱান উদ্যোগীসকলে অধিক লাভৰ সুবিধা উপভোগ কৰে; ফলত মিশ্র অর্থনীতিত আয় আৰু সম্পদৰ মাজত অধিক বৈষম্য পৰিলক্ষিত হয়।

(৬) মিশ্র অর্থনীতিত শ্রেণীহীন সমাজ সৃষ্টি হোৱাটো সম্ভৱ নহয়। ধনী আৰু দুখীয়া বা পুঁজিপতি আৰু শ্ৰমিক— এই দুই শ্ৰেণীৰ অৱস্থিতি এনে অর্থনীতিত লক্ষ্য কৰা যায়।

21. Discuss the role of women in rural development.

উত্তৰঃ গ্রামোন্নয়নত মহিলাৰ অংশগ্ৰহণৰ বিষয়টোৱে বর্তমান ভাৰতীয় ৰাজনীতিত সময়ত এক তাৎপর্যপূর্ণ ভূমিকা গ্ৰহণ কৰিছে। যিহেতু দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় ৫০ শতাংশই মহিলা। কিন্তু গ্রামোন্নয়নত মহিলাসকলৰ পৰা যি সহযোগিতা আৰু সক্রিয় অংশগ্রহণ কামনা কৰা হৈছিল। বাস্তৱত তাৰ বিপৰীত প্ৰতিচ্ছবিহে পৰিস্ফুট হৈছে। সাধাৰণতে গ্রামোন্নয়নত নাৰী বুলি ক’লে গ্রামোন্নয়নৰ কাৰ্যসূচীৰ নাৰীৰ অংশগ্রহণ তথা সহযোগিতাক বুজায়। মহিলাৰ সহযোগিতা, ইয়াৰ বিস্তৃতি, অংশগ্ৰহণৰ প্ৰকৃতি বা ধৰণ আৰু যিসমূহ কাৰ্যত নাৰীয়ে অংশগ্ৰহণ কৰে সেই সকলোবিলাক প্রচলিত ধর্মীয় আচাৰ-ব্যৱহাৰ, পৰম্পৰা, আর্থিক অৱস্থা, নৃগোষ্ঠীয় ধাৰণা, ব্যৱসায়, সামাজিক মর্যাদা, শিক্ষা, জ্ঞান দক্ষতা আদি ব্যক্তিগত আৰু কেতবোৰ সামাজিক গুণাগুণৰ দ্বাৰা প্ৰভাৱিত হয়।

গ্রামোন্নয়নত নাৰীৰ অংশগ্ৰহণৰ বিষয়তো নিম্নোক্ত দিশসমূহৰ পৰা অনুধাৱন কৰিব পাৰি।ঐতিহাসিক তথ্যৰ পৰা বিশ্লেষণ কৰিলে দেখা যায় যে নাৰীয়ে সকলো সময়তে সকলো ধৰণৰ আৰ্থিক কাৰ্যসূচীতে অৱদান যোগাই আহিছে। কেৱল ঘৰুৱা পৰিৱেশৰ ভিতৰতে আৱদ্ধ থকাৰ পৰিৱৰ্তে মহিলাসকলে বর্তমান নানা উন্নয়নমুখী কাৰ্যসূচীৰে নিজকে নিয়োজিত কৰিছে। উৎপাদন পদ্ধতিত নাৰীৰ প্ৰচেষ্টা, পাৰিবাৰিক জীৱন তথা সামাজিক জীৱন গঢ়ি তুলিব পৰা সামৰ্থতাই নাৰীক পুৰুষৰ সমানে সমমর্যাদা লাভ কৰিবলৈ সুবিধা দিছে।,

উন্নয়নশীল কাৰ্যসূচীত মহিলাৰ অংশগ্ৰহণ তথা ভিন্নমুখী ভূমিকাৰ প্রতি আঁচনি প্রস্তুতকর্তাসকলে অধিক মনোযোগ নিদিয়ে। পুৰুষ আৰু মহিলাৰ ভূমিকা আৰু কাৰ্যসূচীসমূহ তলত দিয়া ধৰণে বিভক্ত কৰিব পাৰি।

(ক) কৃষি কাৰ্যত মহিলা :- কৃষিৰ প্ৰক্ৰিয়াত মহিলাসকলক কিছুমান বিশেষ কাৰ্যৰ যেনে— ধান ৰোৱা, বন নাইকিয়া কৰা, খেতি চপোৱা আৰু শস্য চপোৱাৰ পিছৰ কাৰ্যসমূহত পুৰুষৰ তুলনাত অধিকভাৱে নিয়োজিত কৰা হয়।

(খ) ঔদ্যোগিক ক্ষেত্ৰত মহিলা :- উন্নয়নশীল ৰাষ্ট্ৰসমূহত ঔদ্যোগিক প্রকল্পসমূহত বিশেষকৈ ক্ষুদ্র উদ্যোগসমূহত মহিলাসকলে পুৰুষৰ তুলনাত প্ৰধান শ্রমিক শক্তিৰ যোগান ধৰে। লঘু বস্ত্ৰ উদ্যোগ, খাদ্য সংৰক্ষণ আদি বিষয়সমূহত নাৰীসকল প্ৰধানকৈ নিয়োজিত হয়।

(গ) পাৰিবাৰিক জীৱনত মহিলা :- সন্তান প্রতিপালনৰ অপৰিহাৰ্য কাৰ্য ৰূপায়ণৰ উপৰি মহিলাসকলে পৰিয়ালৰ যাৱতীয় সা সামগ্রী সংগ্ৰহ কৰা, খাদ্য, বস্তু, খোৱাপানী, ইন্ধন আদিৰ ব্যৱস্থা কৰিব লাগে। এনে পৰিস্থিতিত দেখা যায় যে মহিলাৰ কাৰ্য সময় পুৰুষৰ তুলনাত অধিক। গ্ৰাম্য এলেকাৰ মহিলাসকলৰ ব্যক্তিগত উন্নতিয়েও গ্রামোন্নয়নৰ পথ প্ৰশস্ত কৰি তুলিব পাৰে। ৰাষ্ট্ৰীয় গ্রামীণ স্বৰোজগাৰ আঁচনিৰ দ্বাৰা বর্তমান নাৰীসকলে নিজৰ উপাৰ্জন বৃদ্ধিত অৰিহণা যোগাব পাৰে। বর্তমান মহিলাসকলে উক্ত আঁচনিৰ অধীনত আৰ্থিক আত্মনিৰ্ভৰশীলতাৰ কাৰণে আত্মসহায়ক গোট গঠনত অগ্ৰাধিকাৰ দিছে।

এই গোটবিলাক গঠনৰ জৰিয়তে সঞ্চয় কৰাৰ অভ্যাস কৰিছে আৰু বেংক, বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে ঋণ গ্ৰহণৰ সুবিধা আহৰণৰ লগতে পঞ্চায়তীৰাজ অনুষ্ঠানবিলাকৰ লগত যোগাযোগ স্থাপন কৰি নিজা সামৰ্থতা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। ইয়াৰোপৰিও আত্মসহায়ক গোটৰ সদস্যৰূপে উৎপাদনকৃত সামগ্রী বিক্ৰীৰ লগত জড়িত হ’বলৈ সুবিধা লাভ কৰিছে। সভা-সমিতি অনুষ্ঠিত কৰি পাৰস্পৰিক মতামত বিনিময় কৰাৰ লগতে মহিলাসকলৰ সজাগতা বৃদ্ধিৰ বাবে চৰকাৰে গ্ৰহণ কৰা কাৰ্য আঁচনিৰ বিষয়ে জানিবলৈ সক্ষম হৈছে। মহিলাসকলে সংগঠিত হৈ ৰাজনৈতিকভাৱে সজাগ সচেতনতা বৃদ্ধিৰ বাবে গ্ৰাম্য উন্নয়নৰ বাবে কাম কৰিবলৈ আগবাঢ়ি আহিবলৈ সুযোগ লাভ কৰিছে।

মহিলা উন্নয়ন বুলি ক’লে প্ৰাৰম্ভিক পৰ্যায়ত মহিলা কল্যাণকহে বুজোৱা হৈছিল। কিন্তু নব্বৈ দশকৰ আৰম্ভণি পৰ্যায়তে মহিলাৰ অৱদান আৰু ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি আৰ্থিক স্বাধীনতা আৰু স্বাৱলম্বী কৰি গঢ়ি তুলিবৰ বাবে মহিলাৰ প্ৰশিক্ষণ, নিযুক্তি তথা উপাৰ্জন বৃদ্ধিৰ প্রকল্প গ্ৰহণ কৰি তাক ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছিল। ভাৰতৰ মুঠ শ্রমিক শক্তিৰ এক তৃতীয়াংশ মহিলাসকলে যোগান ধৰি ভাৰতৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে। পুৰুষৰ তুলনাত মহিলাসকলেহে নিজৰ আৰ্জনৰ বৃহৎ অংশ পৰিয়ালৰ ভৰণ-পোষণত ব্যয় কৰে। গতিকে দৰিদ্ৰতা দূৰীকৰণত মহিলাসকলে পুৰুষৰ দৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।

গ্রামোন্নয়নৰ বিভিন্ন দিশত নাৰীসকলে ৰাজনৈতিকভাৱেও বিভিন্ন দিশত ভূমিকা পালন কৰিবলৈ সুবিধা লাভ কৰিছে। এইক্ষেত্ৰত সংবিধানৰ ৭৩নং সংশোধনীৰ জৰিয়তে মহিলাসকলে গাঁও পঞ্চায়তৰ কাৰ্যকলাপৰ অগ্রগতি সম্পর্কে পৰ্যালোচনা কৰাৰ লগতে আঁচনি আৰু ৰূপায়ণ আলোচনা কৰিবলৈ সুযোগ পাইছে। গাঁও পঞ্চায়ত এলেকাত বছৰি চাৰিবাৰকৈ অনুষ্ঠিত হোৱা গাঁও সভাৰ অধিৱেশনবিলাকৰ জৰিয়তে গ্ৰাম্য এলেকাৰ মহিলাসকলে উন্নয়নৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আৰু তেওঁলোকৰ অভাৱ- অভিযোগবিলাক সজোৰে উত্থাপন কৰিবলৈ সুযোগ আনি দিছে।

এনেদৰে বিকেন্দ্ৰীভূত গ্রামোন্নয়নৰ প্ৰক্ৰিয়াত স্ববিচাৰ বিবেচনাৰে মহিলাসকলে গ্রহণযোগ্য আঁচনি ৰূপায়ণৰ সুযোগ ল’ব পাৰে। ইয়াৰ উপৰি গ্ৰাম্য স্বায়ত্ত শাসিত সংস্থাবিলাকত / অংশ মহিলা প্রতিনিধি বাধ্যতামূলক হোৱাৰ বাবে মহিলাসকলৰ কল্যাণৰ কাৰণে গ্ৰহণ কৰা ব্যৱস্থাক অধিক ফলপ্রসূ কৰি তুলিবলৈ বিভিন্ন এলেকাসমূহত মহিলাসকল পুৰুষৰ সমানে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। গাঁও পঞ্চায়তবিলাকৰ দৰে জিলা পৰিষদ বিলাকতো নির্বাচিত মহিলা নিজ নিজ আঞ্চলিক সমস্যাবিলাক সজোৰে উত্থাপন কৰি মহিলাৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। তিনিতৰপীয়া গ্ৰাম্য স্বায়ত্ত শাসিত সংস্থাবিলাকত প্ৰতিটো স্তৰতে সভাপতিৰ কিছুমান আসন আনুপাতিকভাৱে মহিলাৰ বাবে সংৰক্ষণ কৰা হৈছে। এনেদৰে গ্ৰামীণ মহিলাসকলৰ বাবে প্ৰকল্প যুগুত কৰাৰ সময়ত ৰূপায়ণৰ সময়ত, মূল্যাংকনৰ বিষয়ত নির্বাচিত মহিলা প্রতিনিধিসকলে সক্রিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে। ইয়াৰ লগতে মহিলাসকলে বিভিন্ন উন্নয়ন সমিতি, সামাজিক কল্যাণ সমিতি সামাজিক ন্যায় সমিতিৰ সদস্য হিচাপেও গ্রামোন্নয়নৰ কাৰ্যকলাপত শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পাৰে।

ভাৰতৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰাম্য এলেকাৰ মহিলাৰ উন্নয়নৰ বাবে নানা ধৰণৰ আঁচনি গ্ৰহণ কৰিছে যদিও এই আঁচনিবোৰ কেতবোৰ অসুবিধাৰ বাবে এতিয়াও সফল ৰূপায়ণ সম্ভৱ হৈ উঠা নাই। এই অসুবিধাসমূহৰ অন্তৰালত কিছুমান কাৰণ আছে। সেইসমূহৰ ভিতৰত প্ৰধান কাৰণসমূহ হৈছে—

(ক) গ্রামোন্নয়নৰ আঁচনিবিলাক যিহেতু কেন্দ্রীয়ভাৱে প্ৰস্তুত কৰা হয় সেয়ে আঁচনিসমূহ সকলো ভৌগোলিক এলেকা তথা পৰিৱেশৰ বাবে উপযোগী নহয়।

(খ) যিহেতু আঁচনিবিলাক এক বিশেষ শ্ৰেণীৰ বাবে ৰূপায়িত কৰা হয় সেয়ে ইবিলাক এক দিশদর্শী হোৱা দেখা যায়।

(গ) কেৱল ঋণ প্ৰদান কৰা বা ৰেহাইৰ হাৰত ঋণপ্রদান কৰা ব্যৱস্থাই গ্রামোন্নয়নৰ আঁচনিৰ সফল ৰূপায়ণ সম্ভৱ নহয়। 

সমস্যা সমাধানৰ অৰ্থে পৰামৰ্শাবলী :- চৰকাৰৰ মহিলা উন্নয়ন সম্পৰ্কীয় আঁচনিৰ সফল ৰূপায়ণৰ কাৰণে গ্ৰহণ কৰিবলগীয়া কেতবোৰ পৰামৰ্শ তলত দাঙি ধৰা হ’ল— 

(ক) যিবিলাক বিষয়ত মহিলাসকল আগ্রহী, যিবিলাক কাম তেওঁলোকে কৰিবলৈ সামর্থ বুলি ভাবে তেনেবিলাক বিষয় আৰু কামত গ্ৰাম্য মহিলাসকলক প্রশিক্ষণ দি উপাৰ্জনৰ ব্যৱস্থা কৰিব লাগে। (খ) মহিলাৰ বাবে বাছি লোৱা আঁচনিবোৰ আৰু উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ ব্যৱস্থা সুবিধাজনক হ’ব লাগে। কিছুমান বিশেষ আঁচনি ৰূপায়ণৰ বাবে মহিলাসকলে একেলগে কাম কৰিব পৰাকৈ নিৰ্দিষ্ট কৰ্মস্থলৰ ব্যৱস্থা কৰিব লাগে। 

(গ) ভিন্নমুখী বৃত্তিমূলক মধ্যম শ্ৰেণীৰ (দালালী শ্রেণী) পৰা মুক্ত কৰিব লাগিব। উৎপাদিত সামগ্ৰীৰ বজাৰ ব্যৱস্থাৰ লগত পোনপটীয়া সম্পৰ্ক ৰক্ষা কৰিব লাগে। ওপৰৰ পৰ্যালোচনাৰ অন্ততঃ দেখা যায় যে গ্রামোন্নয়ন আৰু মহিলাৰ মাজত এক অবিচ্ছেদ্য সম্পর্ক আছে। সমাজৰ আধা সংখ্যক মহিলাৰ উন্নয়নৰ অবিহনে গ্রামোন্নয়ন অর্থপূর্ণ হ’ব নোৱাৰে। বৰ্তমান মানৱ অধিকাৰ উপভোগ কৰি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পৰাকৈ মহিলাসকলৰ সৱলীকৰণৰ ব্যৱস্থা কৰিব লাগিব। সামগ্রিক দৃষ্টিভংগীৰ ফালৰ পৰা মহিলাৰ স্থিতিৰ প্ৰতি দৃষ্টি দিব লাগিব। মহিলাৰ উন্নয়ন আন্দোলন অধিক শক্তিশালী কৰিব লাগিব যাতে মহিলাই আঁচনি ৰূপায়ণত আৰু চৰকাৰে ঘোষণা কৰা বিভিন্ন আর্থ-সামাজিক, আইনগত ব্যৱস্থাবোৰ তদাৰক কৰাত সতৰ্ক প্ৰহৰীৰ দৰে কাম কৰিব পাৰে। দীর্ঘকালীন কৌশল গ্রহণ কৰি ব্যাপক প্রচেষ্টাৰে গ্ৰামাঞ্চলৰ দৰিদ্ৰ মহিলাসকলে জাতীয় উন্নয়নত সক্রিয় অংশগ্রহণ কৰিব পৰা বাতাবৰণ সৃষ্টি কৰিলেহে গ্রামোন্নয়ন তথা মহিলা বিকাশ সম্ভৱ হয়। বর্তমান চৰকাৰী আৰু বেচৰকাৰী মহিলাসকলক পৰিচালনাৰ জ্ঞান প্রদান কৰিবলৈ Managerial চেমিনাৰৰ ব্যৱস্থা কৰিছে। মহিলা অধ্যয়ন কোষ গঠন কৰি মহিলাৰ সমস্যাসমূহ অধ্যয়ন কৰিবলৈ বিকাশৰ বাবে যথোপযুক্ত ব্যৱস্থা উদ্ভাৱনত গুৰুত্ব দিয়া হৈছে।

22. Examine the role of PRI in rural development.

Or

Critically examine the role of PRI in rural development.

উত্তৰঃ গ্রামোন্নয়নত পঞ্চায়তীৰাজ অনুষ্ঠানৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ (অপৰিসীম)। ভাৰতবৰ্ষ এখন বিশাল দেশ। দেশৰ সৰহসংখ্যক লোকে গাঁও অঞ্চলত বাস কৰে। গতিকে গ্রামীণ এলেকাৰ সামগ্রিক উন্নতিৰ অবিহনে দেশে প্রকৃততে কেতিয়াও সমৃদ্ধি লাভ কৰিব নোৱাৰে। ভাৰতবৰ্ষৰ দৰে বিশাল, জনবহুল আৰু বিভিন্ন সমস্যাৰে জৰ্জৰিত দেশৰ সৰ্বাংগীন উন্নয়নৰ অৰ্থে পঞ্চায়তীৰাজ অনুষ্ঠানৰ ব্যৱস্থা কৰা হয়। পঞ্চায়তীৰাজ ব্যৱস্থাই গণতান্ত্রিকভাৱে স্থানীয় পর্যায়ত নির্বাচিত প্রতিনিধিয়ে শাসন কৰাকে বুজায়। বর্তমানে, ৰাজ্য চৰকাৰে ক্ষমতা বিকেন্দ্ৰীকৰণ কৰি গ্ৰাম্য অঞ্চলৰ জনসাধাৰণক নিজে নিজক শাসন কৰা সুবিধা দিয়াটোকেই পঞ্চায়তীৰাজ ব্যৱস্থা বুলি কোৱা হয়।

তলত গ্রামোন্নয়নত পঞ্চায়তসমূহে গ্ৰহণ কৰা ভূমিকাসমূহ বহলাই তলত আলোচনা কৰা হ’ল— 

(ক) স্থানীয় সমস্যা নির্বাচন ( Selection of Local Problems ) :- পঞ্চায়তীৰাজ অনুষ্ঠানবোৰে নিজ নিজ অঞ্চলৰ সমস্যাসমূহ নির্বাচন কৰি সমাধান কৰে। বৃহৎ জনসংখ্যা আৰু মাটিকালিৰ ৰাষ্ট্ৰখনৰ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰসমূহে প্ৰত্যেকটো অঞ্চলৰ সমস্যাসমূহ বিচাৰ কৰি সকলোবোৰ সমস্যা সমাধান কৰাতো সম্ভৱপৰ নহয়। গতিকে পঞ্চায়তসমূহে নিজ নিজ অঞ্চলত প্রয়োজন হোৱা সমস্যাসমূহ নির্বাচন কৰি বিভাগীয় কর্তৃপক্ষ বা নিজে সমাধানৰ ব্যৱস্থা হাতত ল’ব পাৰে।

(খ) প্রকৃত গণতান্ত্রিক অনুষ্ঠান গঢ়াত পঞ্চায়তীৰাজ অনুষ্ঠানৰ ভূমিকা :- পঞ্চায়তীৰাজ অনুষ্ঠানসমূহে গণতন্ত্রক অধিক গণতান্ত্ৰিক কৰি তোলাত সহায় কৰে। এই অনুষ্ঠানবোৰে জনসজাগতা আৰু সচেতনতা বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰি আহিছে। বর্তমান সাংবিধানিক স্বীকৃতি পোৱাৰ পিছত গ্রামাঞ্চলৰ তৃণমূল পৰ্যায়ৰ লোকসকলে গাঁও সভাত আলাপ-আলোচনা কৰি, আঁচনি প্ৰস্তুত কৰি, আঁচনি ৰূপায়ণত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে। প্ৰশাসনত জনসাধাৰণক অংশগ্ৰহণ কৰিবলৈ দিয়াৰ বাবে জনসাধাৰণে মুক্তভাৱে অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। গতিকে বর্তমান পঞ্চায়তীৰাজ ব্যৱস্থাই গণতন্ত্ৰৰ ভেটি সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰি আহিছে। 

(গ) হিতাধিকাৰী নির্বাচন ( Selection of Beneficiary) :- গ্রামাঞ্চলৰ জনসাধাৰণৰ আৰ্থ-সামাজিক আৰু জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰসমূহে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিবোৰে সামৰি লোৱা হিতাধিকাৰীসকলক চিনাক্ত কৰি দিয়াতো পঞ্চায়তসমূহৰ আন এটা গুৰুত্বপূৰ্ণ কাম । প্ৰকৃত আৰু উপযুক্ত হিতাধিকাৰী নিৰ্বাচন কৰি পঞ্চায়তসমূহে আঁচনিখন সফল ৰূপায়ণ কৰাত সহায় কৰাৰ উপৰিও সমাজৰ দুখীয়া আৰু পিছপৰা লোকসকলৰ কল্যাণ সাধন কৰিব পাৰে।

(ঘ) আঁচনি প্ৰস্তুত কৰা, তদাৰক কৰাৰ ক্ষমতা বৃদ্ধিত পঞ্চায়তৰ ভূমিকা :- পঞ্চায়ত ৰাজ ব্যৱস্থাৰ অধীনত গ্ৰাম্য জনসাধাৰণে নিজ নিজ অঞ্চলৰ সমস্যাসমূহ বাচি লৈ অগ্ৰাধিকাৰ ভিত্তিত আঁচনি প্রস্তুত কৰিব পাৰে। জনসাধাৰণে নিজ নিজ অঞ্চলৰ প্ৰধান প্রধান | সমস্যাসমূহ বাচি লৈ অগ্ৰাধিকাৰ ভিত্তিত বিশেষজ্ঞৰ সহায় লৈ আঁচনি প্রস্তুত কৰিব পাৰে। প্রকল্প নিৰ্ধাৰণ কৰিব পাৰে, প্ৰকল্প ৰূপায়ণৰ বাবে চৰকাৰে যি আর্থিক সাহায্য দিয়ে, ৰূপায়ণকাৰী সংস্থাৰ লগ লাগি পঞ্চায়তীৰাজ অনুষ্ঠানে সাহায্যৰ ধন প্রকল্প অনুযায়ী খৰচ কৰা হৈছেনে | নাই তাৰ অগ্ৰগতিৰ খতিয়ান ল’ব পাৰে লগতে কাৰ্য ৰূপায়ণত তদাৰক কৰিব পাৰে।

(ঙ) জনসাধাৰণৰ সক্রিয় অংশগ্রহণত ভূমিকা :- পঞ্চায়তীৰাজ অনুষ্ঠানবোৰত জনসাধাৰণৰ সক্রিয় অংশগ্ৰহণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াৰ দ্বাৰা অংশগ্রহণকাৰী গণতন্ত্রক (Participatory Democracy) অধিক শক্তিশালী কৰাৰ লক্ষ্য আগত ৰাখি জনসাধাৰণক অধিক ক্ষমতাৰ অধিকাৰী কৰি তোলা হৈছে। এনে অনুষ্ঠানবোৰক নাগৰিকৰ গণতান্ত্রিক বুনিয়াদ গঢ়ি তোলাৰ মাধ্যমৰূপে গঢ় দিবলৈ বিচৰা হৈছে। ৭৩নং সংবিধান সংশোধনৰ পিছত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত প্ৰণয়ন কৰা আইনে পঞ্চায়তীৰাজ অনুষ্ঠানক গণতান্ত্রিক শিক্ষা প্ৰদানৰ কেন্দ্ৰৰূপেও গঢ় দিবলৈ বিচাৰিছে। গাঁও সভা অনুষ্ঠিত কৰি জনসাধাৰণে সক্রিয় অংশগ্ৰহণ কৰাত বৰ্তমান সুবিধা পাইছে।

(চ) বিকেন্দ্ৰীকৰণ ব্যৱস্থাত পঞ্চায়তীৰাজ ব্যৱস্থাৰ ভূমিকা :- ভাৰতৰ সংবিধানে বর্তমান পঞ্চায়তীৰাজ আইনৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ নিৰ্দেশ দিছে। অৱশ্যে ৰাজ্য চৰকাৰসমূহে নিজাববীয়াকৈ পঞ্চায়তৰ কাৰ্যাৱলী আৰু ক্ষমতা নিৰ্ধাৰণ কৰিব পাৰে। অৱশ্যে ৰাজ্য চৰকাৰে সংবিধানৰ মূল লক্ষ্য পৰিৱৰ্তন কৰিব নোৱাৰে। সংবিধান অনুসৰি পঞ্চায়তে গ্রাম্য জনসাধাৰণৰ অৰ্থনৈতিক উন্নতি আৰু সামাজিক ন্যায় প্রতিষ্ঠা কৰিব, পঞ্চায়তে আঁচনি অনুসৰি বিভিন্ন প্রকল্প ৰূপায়ণ কৰিব। পঞ্চায়ত ব্যৱস্থাত প্রকৃত স্বায়ত্ত শাসিত বিকেন্দ্রীকৃত অনুষ্ঠান হ’ব। বিকেন্দ্ৰীকৰণ বুলিলে চৰকাৰে স্থানীয় অনুষ্ঠানলৈ ক্ষমতা, স্বাধীনতা, পুঁজি, কাম আৰু কৰ্মচাৰীৰ সঠিক হস্তান্তৰ কৰাটোকে বুজায়। ইয়াৰ যোগেদি গ্রাম্য অনুষ্ঠানক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিবলৈ সুবিধা দিয়া হয়। স্থানীয় প্রশাসনে স্থানীয় লোকৰ অভাৱ পূৰণৰ বাবে ল’ব লগা ব্যৱস্থাসমূহ জানে আৰু ইয়াৰ বাবে প্রয়োজনীয় মানৱ সম্পদ যোগান দিব পাৰে।

(ছ) আন্তঃগাঁথনি উন্নয়নত পঞ্চায়তীৰাজৰ ভূমি :- পঞ্চায়তীৰাজ অনুষ্ঠানবোৰে স্থানীয় আন্তঃগাঁথনি উন্নয়নৰ বাবে (যেনে— ৰাস্তা-ঘাট, পৰিবহণ আৰু যোগাযোগৰ সুবিধা, পানীযোগান, বিদ্যুৎ যোগান আদিৰ কাম-কাজ) প্রয়োজনীয় কাম-কাজ অধিক দক্ষতাৰে কৰিব পাৰে। পঞ্চায়তীৰাজ অনুষ্ঠানবোৰে মাটিৰ সদ্ব্যৱহাৰ, জলসিঞ্চন, পশুপালন, মীন পালন, কুটীৰ উদ্যোগ, ঘৰুৱা উদ্যোগ, কৃষিজাত সামগ্রী, পৰিৱেশ সুৰক্ষা, ৰাজহুৱা কাম ইত্যাদি বিষয়ত মূল্যবান অৱদান যোগাব পাৰে। গ্ৰাম্য জনসাধাৰণৰ স্বাৰ্থ জড়িত বিষয়বোৰ গ্ৰাম্য জনসাধাৰণে জানে বাবে বিকেন্দ্ৰীকৰণ ব্যৱস্থাই অধিক ক্ষিপ্ৰ আৰু কাৰ্যদক্ষতাৰে কাৰ্য সম্পাদন কৰাত সহায় কৰে।

(জ) স্বাস্থ্য সজাগতা দিশত পঞ্চায়তীৰাজৰ ভূমিকা :- পঞ্চায়তীৰাজ ব্যৱস্থাই গ্ৰাম্য অঞ্চলৰ জনসাধাৰণৰ মাজত সু-স্বাস্থ্যৰ বাবে সঠিক সাংগঠনিক সমর্থন প্রদান কৰিব পাৰে। পঞ্চায়তে স্বাস্থ্য শিবিৰ সংগঠিত কৰিব পাৰে, স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত কৰিব পাৰে। বিনামুলীয়া চিকিৎসা শিবিৰ মুকলি কৰিব পাৰে। বৰ্তমান বহু অঞ্চলত ১০৮ মৃত্যুঞ্জয় গাড়ীৰ যোগেদি হঠাৎ চিকিৎসা কেন্দ্ৰলৈ আকস্মিক দুর্ঘটনাত পতিত লোকক, ৰোগীক নি সেৱা কৰাৰ ব্যৱস্থা কৰা হৈছে৷ বিনামূলীয়া টীকাকৰণ, পলিঅ’ৰ ঔষধ যোগান দিয়া, বিভিন্ন ৰোগৰ সপ্তাহজোৰা কাৰ্যসূচী গ্ৰহণৰ ব্যৱস্থা কৰি স্বাস্থ্যৰ বিষয়ত জনজাগৰণৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। এনেদৰে পঞ্চায়তীৰাজ ব্যৱস্থাই স্বাস্থ্য ৰক্ষা, স্বাস্থ্য সজাগতা বৃদ্ধিত অৱদান যোগাব পাৰে।

(ঝ) দুর্নীতি নিবাৰণত পঞ্চায়তীৰাজ ব্যৱস্থাৰ ভূমিকা :- দুৰ্নীতি নিবাৰণ কৰা, পঞ্চায়তীৰাজ ব্যৱস্থাৰ আন এক গুৰুত্বপূৰ্ণ ভূমিকা। চৰকাৰে ঘোষণা কৰা বিভিন্ন আঁচনিবোৰ বহু সময়ত বিত্তীয় বেমেজালি বা পুঁজিৰ অপব্যৱহাৰৰ বাবে বিফল হ’ব লগা বিষয়টো সকলোৰে জ্ঞাত। বিভিন্ন সময়ত চৰকাৰী ধন যিসকলৰ উদ্দেশ্যত খৰচ কৰা হয়। তেওঁলোকৰ ওচৰ নাপায়গৈ। সুবিধাবাদী এক শ্রেণী আমোলা বিষয়াৰ দুৰ্নীতিৰ বিৰুদ্ধে বহু তদন্ত চলিয়েই আছে। ৭৩নং সংবিধান সংশোধনীয়ে পঞ্চায়তবিলাকক কামৰ আঁচনি প্ৰস্তুত কৰা, কামৰ তদাৰক কৰা, মূল্যায়ন কৰাৰ ক্ষমতা প্ৰদান কৰিছে। DRDA আৰু উন্নয়ন খণ্ডবোৰ বৰ্তমান পঞ্চায়তৰ অধীন কৰা হৈছে। এনেদৰে গ্ৰামোন্নয়নৰ ধনৰ অসৎ ব্যৱহাৰ ৰোধ কৰাত পঞ্চায়তে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।

(ঞ) দৰিদ্ৰতা দূৰীকৰণ (Poverty Alleviation) :- দৰিদ্ৰতা প্ৰগতিৰ বৃহৎ অন্তৰায় ৷ পঞ্চায়তীৰাজ প্রতিষ্ঠানসমূহে দৰিদ্ৰতা দূৰীকৰণৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। দৰিদ্ৰতা দূৰীকৰণৰ বাবে পঞ্চায়ত প্রতিষ্ঠানসমূহে উপযুক্ত আৰু প্ৰয়োজন সাপেক্ষে আঁচনি গ্ৰহণ কৰি বিভাগীয় কর্তৃপক্ষৰ যোগেদি সম্পাদন কৰিব পাৰে। চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ বাবে উপযুক্ত হিতাধিকাৰী নির্বাচন কৰি তেওঁলোকক আবাসগৃহ, ভূমি আবণ্টন, কর্মসংস্থাপন, কম মূল্যত খাদ্য যোগানৰ ব্যৱস্থা কৰিব পাৰে। এই প্রতিষ্ঠানসমূহে দৰিদ্ৰলোকৰ তালিকা প্রস্তুত কৰি পৰ্যায়ক্রমে তেওঁলোকক মৌলিক প্রয়োজনসমূহ যোগান ধৰিব পাৰিলে দৰিদ্ৰতা নির্মূল কৰিব পৰা যাব।

(ট) সামাজিক ন্যায় প্রতিষ্ঠা (Ensuring Social Justice) :- সমাজ বা ৰাষ্ট্ৰৰ স্থায়ী শান্তি আৰু প্ৰগতিৰ বাবে সামাজিক ন্যায় প্রতিষ্ঠা কৰাটো অত্যন্ত প্রয়োজন। সামাজিক ন্যায় প্ৰতিষ্ঠাৰ মূল আধাৰ হ’ল আমাৰ মাজত থকা অসমতাসমূহ দূৰ কৰি সমতা স্থাপন কৰা। দুৰ্বল শ্ৰেণীৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বিশেষ আঁচনি, সামাজিক সবলীকৰণৰ বাবে সভা-সমিতি অনুষ্ঠিত কৰি সজাগতা বৃদ্ধি তথা কু সংস্কাৰ, অন্ধবিশ্বাস আৰু ধৰ্মান্ধতাৰ পৰা মুক্ত হ’বলৈ শিক্ষাৰ বিস্তাৰ কৰাটো যদি পঞ্চায়তসমূহে দায়িত্বসহকাৰে পালন কৰে তেতিয়া সামাজিক ন্যায় প্রতিষ্ঠা কৰা হ’ব।

বর্তমান পঞ্চায়তীৰাজ অনুষ্ঠানে অধিক দক্ষতাৰে কাৰ্যসম্পাদন কৰাত কিছুমান অসুবিধাৰ সন্মুখীন হ’ব লগা হ’ল। এই আঁসোৱাহসমূহ সংক্ষেপে তলত উল্লেখ কৰা হ’ল—

(ক) আইনগত কাঠামোৰ অভাৱ।

(খ) বিত্তীয় স্বায়ত্ততাৰ সমস্যা। 

(গ) প্রশাসনিক দুর্বলতা।

(ঘ) ৰাজনৈতিক সদ ইচ্ছাৰ অভাৱ।

(ঙ) পঞ্চায়তীৰাজ অনুষ্ঠানসমূহৰ কাৰ্যসূচীৰ স্থানীয় ৰাইজৰ অংশগ্রহণ তথা সহায়-সহযোগিতাৰ অভাৱ এই সংস্থাবিলাকে সুচাৰুৰূপে প্ৰশাসন পৰিচালনা কৰিব নোৱাৰাৰ অন্যতম কাৰণ। পঞ্চায়তীৰাজ অনুষ্ঠানবিলাকে প্রশাসন পৰিচালনাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাবিলাক সমাধানৰ বাবে নিম্নলিখিত পৰামৰ্শসমূহ আগবঢ়োৱা হ’ল-

(ক) পঞ্চায়তীৰাজ অনুষ্ঠানবিলাকৰ অধিক কাৰ্যদক্ষতা বৃদ্ধিৰ বাবে এই অনুষ্ঠানবিলাকক ৰাজ্যিক চৰকাৰে এক বুজন পৰিমাণৰ অৰ্থ সাহায্য যোগান ধৰা প্ৰয়োজন।

(খ) স্বায়ত্ত শাসিত সংস্থাবিলাকৰ কৰ্তৃপক্ষ আৰু স্থানীয় বাসিন্দাসকলৰ মাজত এক মধুৰ সম্পৰ্কৰ আৱশ্যক।

(গ) স্থানীয় শাসিত সংস্থাবিলাকে গ্রাম্য বাসিন্দাসকলৰ উন্নয়নৰ হকে ৰূপায়ণ কৰা বিভিন্ন উন্নয়নমুখী আঁচনিবিলাকৰ সফল কাৰ্যকৰীকৰণৰ বাবে জনসাধাৰণৰ অংশগ্ৰহণ তথা সহযোগিতা সুনিশ্চিত কৰিব লাগে।

(ঘ) পুঁজিৰ যাতে অপব্যৱহাৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন উন্নয়নমূলক শিতানত কৰা খৰচৰ উপযুক্ত অনুসন্ধান কৰিবৰ বাবে অনুসন্ধান সমিতি গঠনৰ ব্যৱস্থা কৰিব লাগে।

গতিকে ওপৰৰ আলোচনাৰ পৰা ক’ব পাৰি যে গ্রামোন্নয়নৰ প্রশাসনত স্থানীয় শাসিত সংস্থাসমূহ এক বিশেষ ভূমিকা পালন কৰিছে। গ্রামীণ সম্প্ৰদায়ৰ লোকসকলক গতিশীলতা প্ৰদান কৰাৰ লগতে স্বার্থন্বেষী গোটসমূহ বাচি উলিওৱা আৰু তেওঁলোকক দায়িত্বশীল, প্রগতিশীল গোট হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত পঞ্চায়তীৰাজ অনুষ্ঠানবিলাকৰ প্ৰয়োজনীয়তা আছে। সেয়েহে পঞ্চায়তীৰাজ ব্যৱস্থা স্বনিৰ্ভৰশীলতা, গণতান্ত্রিক সিদ্ধান্ত গ্রহণ, জনসাধাৰণৰ অংশগ্ৰহণ আৰু জনসাধাৰণৰ প্ৰতি চৰকাৰী বিষয়াৰ দায়িত্বশীলতা মনোভাবৰ লক্ষ্যৰ লগত জড়িত এক ভাবাদর্শগত নীতি বুলি অভিহিত কৰিব পাৰি।

23. ভাৰতীয় অর্থনৈতিক পৰিকল্পনাৰ সামূহিক উদ্দেশ্য সমূহ আলোচনা কৰা ? (Overall objectives of Indian economic Planning) 

উত্তৰঃ কার্যকাল নির্বিশেষে ভাৰতীয় পৰিকল্পনাত স্পষ্টকৈ কিছুমান নির্দিষ্ট লক্ষ্য থাকে। পঞ্চবার্ষিক পৰিকল্পনাসমূহৰ সামূহিক উদ্দেশ্যবোৰ হৈছে –

(1) উন্নয়ন।

(2) আধুনিকীকৰণ।

(3) স্ব-নিৰ্ভৰশীলতা।

(4) সমতা।

(5) নিবনুৱা হ্রাসকৰণ।

(6) দৰিদ্ৰতা নিৰ্মূলকৰণ ইত্যাদি। 

ইয়াৰ অৰ্থ এইটো নহয় যে সকলো পৰিকল্পনাই এইসমূহৰ প্ৰতিটো লক্ষ্যতেই সমান গুৰুত্ব আৰোপ কৰিছে। সম্পদৰ নাটনি থকা বাবে উপৰোক্ত কি কি লক্ষ্যত প্রাথমিক গুৰুত্ব দিয়া হ’ব সেই সম্বন্ধে সিদ্ধান্ত লবলৈ প্ৰতিটো পৰিকল্পনাত এটা উপযুক্ত বাছনি কৰিবলগা হয়। তথাপিও পৰিকল্পনাকাৰীয়ে এইটো কথা নিশ্চিত কৰিব লাগে যে পৰিকল্পনাৰ নীতিবোৰ যিমান দূৰ সম্ভৱ যেন এই লক্ষ্যৰ লগত পৰস্পৰ বিৰোধী নহয়। যি কি নহওক, পৰিকল্পনাৰ লক্ষ্য সম্বন্ধে অলপ বহলাই কোৱা নিতান্তই প্রয়োজন।

1. অর্থনৈতিক উন্নয়ন (Economic Growth) :- 

ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনাৰ সাধাৰণ উদ্দেশ্য হ’ল অর্থনৈতিক উন্নয়ন। প্ৰতিটো পঞ্চবার্ষিক পৰিকল্পনাতে আন আন উদ্দেশ্যৰ লগতে অর্থনৈতিক উন্নয়ন উদ্দেশ্যকে অধিক গুৰুত্ব আৰোপ কৰা হৈছে। অৱেশ্য অর্থনৈতিক উন্নয়নে আয় বিতৰণৰ ওপৰত কি প্ৰভাৱ পেলাব তাক বিবেচনা কৰা হোৱা নাই। ইয়াত ধৰি লোৱা হৈছে অর্থনৈতিক উন্নয়নে স্বয়ংক্রিয়ভাৱে আয় বিতৰণৰ সমতা ৰক্ষাত সহায় কৰিব। সেয়েহে অর্থনৈতিক উন্নয়নৰ স্বাৰ্থ পুৰণ হোৱাকৈ পৰিকল্পনাৰ জৰিয়তে সম্পদৰ সঞ্চালন কৰা হয় আৰু অৰ্থনৈতিক উন্নয়নৰ দৃষ্টি কোণৰ পৰাই পৰিকল্পনাৰ কাৰ্যকাৰিতা মূল্যায়ন কৰা হয়।

2. আত্মনির্ভশীলতা (Selfreliance) :- খাদ্য শস্য, মূলধানিক সা-সাৰঞ্জাম, বিনিয়োজিত পুঁজি এই তিনিটা দিশত ভাৰতে বিদেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। উল্লেখযোগ্য যে অর্থনৈতিক ভাৱে সমশক্তি দেশৰ মাজত সম্পন্ন হোৱা বহির্বাণিজ্যই আপেক্ষিকভাৱে দুর্বল অৱস্থান লাভ কৰা ভৰতৰ দৰে উন্নয়নশীল দেশক পৰনিৰ্ভৰশীল কৰি তোলে। তদুপৰি সবল আৰু দুৰ্বলৰ মাজত চলা দৰ-দামে সবলৰ স্বাৰ্থত বিনিময় হাৰ নিৰূপণ হোৱাত সহায় কৰে। সেয়েহে দ্ৰৱ্য সামগ্রী, সা-সাৰঞ্জাম পুঁজি ইত্যাদিৰ আমদানিৰ জৰিয়তে ভাৰতবৰ্ষ উন্নত ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীল হোৱাই নহয় ৰপ্তানি কৰিও বিশেষভাৱে লাভৱান হ’ব নোৱাৰে। সেয়েহে অর্থনৈতিক পৰিকল্পনাত ভাৰতীয় অর্থনীতিক অধিক আত্মনিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্য গ্ৰহণ কৰা হৈছে। প্ৰথম সাতখন পঞ্চবার্ষিক পৰিকল্পনাই আত্মনির্ভৰশীলতাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। 

3. নিবনুৱা দুৰীকৰণ (Removal of unemployment) :- ভাৰতৰ অন্যতম মূল সমস্যা হৈছে তীব্ৰহাৰত নিবনুৱাৰ উপস্থিতি। সেয়ে প্ৰতিখন পঞ্চবার্ষিক পৰিকল্পনাতে নিবনুৱা দূৰীকৰণক এক প্ৰধান উদ্দেশ্য হিচাপে গ্ৰহণ কৰা হৈছে। তদুপৰি নিবনুৱা সমস্যা দূৰীকৰণ বিষয়টো দৰিদ্ৰতা দূৰীকৰণ আৰু মানৱ সম্পদ উন্নয়নৰ লগত জড়িত হৈ আছে। পৰিকল্পনাৰ প্ৰাথমিক স্তৰত বিভিন্ন বিনিয়োগ আঁচনিৰ যোগেদি নিবনুৱা সমস্যা ৰোধ কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। অর্থাৎ নিবনুৱা সমস্যা ৰোধৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ পৃথক আঁচনি গ্ৰহণ কৰিছে।

নিয়োগ বৃদ্ধিৰ বাবে বিনিয়োগৰ আকাৰ নিৰ্ধাৰণেই যথেষ্ট নহয়, ইয়াৰ লগতে নিৰ্বাচন কৰিবলগীয়া উৎপাদন কৌশলৰো যথেষ্ট গুরুত্ব আছে। অঞ্চলভেদে, প্রকল্পভেদে উপযুক্ত উৎপাদন কৌশলৰ নিৰ্বাচনে যে নিবনুৱা সমস্যা লাঘৱ কৰিব পাৰে সেই বিষয়ে পৰিকল্পনা আয়োগে অধিক মনোনিৱেশ কৰিছিল।

4. আয় বিতৰণৰ অসমতা হ্রাস :- অর্থনৈতিক উন্নয়নৰ সমসাময়িকভাবে সামাজিক ন্যায় ৰক্ষা কৰাটো এতিয়া প্ৰতিখন দেশৰ চৰকাৰৰ আৱশ্যকীয় কর্তব্য হৈ পৰিছে। সামাজিক ন্যায় ৰক্ষাৰ প্ৰধান উপায় হ’ল আয় বিতৰণৰ সমতা ৰক্ষা। ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনাত আয় বিতৰণৰ অসমতা হ্রাসক এক প্রধান উদ্দেশ্য হিচাপে গ্ৰহণ কৰা হৈছে। চতুৰ্থ পঞ্চবার্ষিক পৰিকল্পনাত এই উদ্দেশ্যৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়। আৰু ৰাজকোষীয় নীতিক এই উদ্দেশ্য পুৰণৰ আহিলা হিচাপে গণ্য কৰা হয়। কিন্তু ইয়াৰ পৰৱৰ্তী পৰিকল্পনাসমূহত আয় বিতৰণৰ সমতাৰ ওপৰত প্ৰত্যক্ষ গুৰুত্ব কমাই দিয়া হয়। ইয়াৰ কাৰণ হ’ল পৰিকল্পনা প্রস্তুতকাৰীসকলে ধাৰণা কৰে যে অর্থনৈতিক উন্নয়নে স্বয়ংক্রিয়ভাবে আয় বিতৰণক অসমতা কমাব।

5. দৰিদ্ৰতা দূৰীকৰণ (Eradication of Poverty) :- ভাৰতৰ পঞ্চম পঞ্চবার্ষিকী খচৰা পৰিকল্পনাত দৰিদ্ৰতা দূৰীকৰণক এক উদ্দেশ্য হিচাপে গ্রহণ কৰা হয়। পৰিকল্পনাৰ প্ৰথম দুটা দশকত দৰিদ্ৰতা দূৰীকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হোৱা নাছিল আৰু এই দুটা দশকত সম্পন্ন হোৱা ভাৰতৰ অর্থনৈতিক উন্নয়নৰ পৰা দুখীয়া শ্রেণী উপকৃত হব পৰা নাছিল। প্রথম দুটা দশকত ভুল অর্থনৈতিক নীতিৰ বাবে একচেটিয়া অধিকাৰ বৃদ্ধি পাইছিল আৰু সেয়েহে অর্থনৈতিক সম্পদসমূহ মুষ্টিমেয় ব্যৱসায়ী গোষ্ঠীৰ হাতত কেন্দ্ৰীভূত হৈছে। তদুপৰি সময়ে সময়ে উদ্ভৱ হোৱা তীব্র মুদ্রাস্ফীতিয়ে দুখীয়া শ্ৰেণীৰ জীৱন নিৰ্বাহৰ ব্যয় বৃদ্ধি কৰিছে। এইবোৰ কাৰণতে চতুর্থ পৰিকল্পনাত দৰিদ্ৰতা দূৰীকৰণক পৃথক উদ্দেশ্য হিচাপে গ্রহণ কৰা হৈছিল।

6. আধুনিকীকৰণ (Modernization) :- ভাৰতৰ অর্থনৈতিক পৰিকল্পনাৰ প্ৰস্তুতকাৰীসকলে অর্থনৈতিক উন্নয়নৰ বাবে বিজ্ঞান আৰু কাৰিকৰী প্ৰযুক্তিৰ উন্নতি সাধন হোৱাটো অপৰিহাৰ্য বুলি ঘোষণা কৰে। সামগ্ৰী আৰু সেৱাৰ উৎপাদন বৃদ্ধি কৰিবলৈ হ’লে উৎপাদনকাৰীসকলে নতুন প্রযুক্তিবিদ্যা গ্ৰহণ কৰিব লাগিব। উদাহৰণস্বৰূপে এজন কৃষকে পুৰণি জাতৰ বীজৰ পৰিৱৰ্তে নতুন জাতৰ বীজ ব্যৱহাৰ কৰি কৃষিৰ উৎপাদন বৃদ্ধি কৰিব পাৰে। একেদৰে এটা উদ্যোগ নতুন জাতৰ বীজ ব্যৱহাৰ কৰি উৎপাদিত সামগ্ৰীৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। একেদৰে এটা উদ্যোগ নতুন ধৰণৰ যন্ত্রপাতি ব্যৱহাৰ কৰি উৎপাদিত সামগ্ৰীৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। নতুন প্রযুক্তিবিদ্যা গ্ৰহণ কৰাকে আধুনিকীকৰণ বুলি কোৱা হয়। বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ ব্যৱহাৰে উৎপাদিকা শক্তি বৃদ্ধি কৰে। স্বাধীনতাৰ সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ভাৰতবৰ্ষ যথেষ্ট পিছপৰা আছিল। কার্যত উৎপাদনত আওপুৰণি পদ্ধতি প্রয়োগ কৰা গৈছিল।

কৃষি উৎপাদন পদ্ধতিও আছিল পৰম্পৰাগত। এনে অৱস্থাত উৎপাদনত উন্নত কাৰিকৰী কৌশলৰ ব্যৱহাৰ কৰাটো অপৰিহাৰ্য আছিল। কিন্তু দেশীয়ভাৱে বিজ্ঞান আৰু কাৰিকৰী কৌশলৰ প্ৰগতি সাধন নোহোৱা বাবে বিদেশৰ পৰা ইয়াক আমদানি কৰিব লগীয়া হয়। ইয়াৰ পৰিণামস্বৰূপে আকৌ বৈদেশিক লেন দেন পৰিশোষৰ ঘাটি বৃদ্ধি পায়। এই অসুবিধাৰ পৰা হাত সাৰিবলৈ দেশীয়ভাৱে উন্নত গৱেষণাৰ ব্যৱস্থা কৰা হয়। অৱেশ্য এই ষষ্ঠ পৰিকল্পনাতহে বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নৰ দিশৰপৰা আধুনিকীকৰণৰ উদ্দেশ্য প্রথমে প্রকাশ্যভাৱে উল্লেখ কৰা হয়। এই পৰিকল্পনাত আধুনিকীকৰণৰ অৰ্থ গ্ৰহণ কৰা হয় এনেদৰে “The term modernization connotes a variety of structural and institutional changes in the framework of economics activity” অৱেশ্য কেৱল মাত্র নতুন প্রযুক্তিবিদ্যাৰ ব্যৱহাৰকে আধুনিকীকৰণ বুলি ক’ব নোৱাৰি। বৰঞ্চ সামাজিক দৃষ্টিভংগীৰো পৰিৱৰ্তন হোৱাটো উচিত। উদাহৰণস্বৰূপে, মহিলাসকলে পুৰষৰ লগত সমান অধিকাৰ পোৱা উচিত। পৰম্পৰাগত সমাজত পুষসকলহে কৰ্ম কৰে। মহিলাসকল ঘৰৰ ভিতৰত সোমাই থাকিব লগা হয়। আধুনিক সমাজে বেংক, স্কুল, কাৰখানা আদি কর্মক্ষেত্ৰত মহিলাসকলৰ প্ৰতিভা কামত খটুৱায়। এনে এখন সমাজ অধিক সভ্য আৰু উন্নত।

24. সংস্কাৰকালীন ভাৰতীয় অর্থব্যবস্থা : এক খতিয়ান দাঙি ধৰণ ? (Indian Economy During Reforms: An Assessment)

উত্তৰঃ সংস্কাৰ প্ৰক্ৰিয়া আৰম্ভ হ’বৰ প্ৰায় দুটা দশক পাৰ হ’বলগীয়া হৈছে। এই সময়ৰ ভিতৰত ভাৰতীয় অৰ্থব্যৱস্থাৰ প্ৰদৰ্শনত আমি ভূমুকি মাৰি চাওঁহক। অৰ্থ ব্যৱস্থাৰ বৃদ্ধি, ইয়াৰ মুঠ ঘৰুৱা উৎপাদনৰ (GDP) দ্বাৰা জোখা হয়। ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিভিন্ন সময়ত বৃদ্ধি দেখুৱাইছে। মুঠ ঘৰুৱা উৎপাদন ১৯৮০-১৯৯১ সময়ছোৱাৰ ৫.৬ শতাংশৰ পৰা ১৯৯২-২০০১ সময়ছোৱাত ৬.৪ শতাংশলৈ বৃদ্ধি পাইছে। এইটোৱে ইয়াকে সূচাইছে যে সংস্কাৰৰ সময়ছোৱাত সামগ্রিকভাৱে মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধি বাঢ়িছে। সংস্কাৰৰ কালছোৱাৰ ভিতৰত কৃষি আৰু উদ্যোগ খণ্ডৰ বৃদ্ধিৰ হাৰ কমিছে যদিও সেৱা খণ্ডত ই বৃদ্ধি পাইছে। এইটোৱে সূচায় যে সেৱাখণ্ডৰ বৃদ্ধিয়ে অর্থনৈতিক বৃদ্ধিক ত্বৰান্বিত কৰিছে। দশম পাঁচবছৰীয়া পৰিকল্পনাত (২০০২-২০০৭) মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰ ৮ শতাংশ ধার্য কৰা হৈছে। এই উচ্চ হাৰত উপনীত হ’বলৈ হ’লে কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত যথাক্রমে ৪৯.৫ আৰু ৯.১ শতাংশ বৃদ্ধিৰ হাৰত উপনীত হ’ব লাগিব। কিছুমান পণ্ডিতে আশংকা প্ৰকাশ কৰিছে যে এনে উচ্চ হাৰৰ বৃদ্ধি বজাই ৰখাটো সম্ভৱ নহ’ব।

অৰ্থ ব্যৱস্থাৰ উন্মুক্তকৰণে প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ আৰু বৈদেশিক বিনিয়মৰ ভঁৰাল দ্ৰুতভাৱে বৃদ্ধি কৰিছে। প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ আৰু সংস্থানিক বৈদেশিক বিনিয়োগ ১৯৯০-৯১ চনত ১০০ বিলিয়ন আমেৰিকান ডলাৰৰ পৰা ২০০৩-০৪ চনত ১৫০ বিলিয়ন ডলাৰলৈ বৃদ্ধি হয়। বিদেশী বিনিময়ৰ ভাণ্ডাৰ ১৯৯০-৯১ চনৰ ৬ বিলিয়ন ডলাৰৰ পৰা ২০০৪-০৫ চনত ১২৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষ বৰ্তমান বৈদেশিক বিনিময়ৰ ভাণ্ডাৰৰ ক্ষেত্ৰত ষষ্ঠ স্থানত আছে। সংস্কাৰৰ সময়ত ভাৰতবৰ্ষ যান-বাহনৰ অংশ, কাৰিকৰী সামগ্রী, তথ্য প্রযুক্তি ছফ্টৱেৰ আৰু বস্ত্ৰ সামগ্ৰীৰ সফল ৰপ্তানিকাৰী দেশ হিচাপে পৰিগণিত হৈছে। দৰ বৃদ্ধিও নিয়ন্ত্ৰণত আছে। আনহাতে নিয়োগ, কৃষি, উদ্যোগ, আন্তঃগাঁথনিৰ উন্নতি আৰু ৰাজস্ব পৰিচালনাৰ ক্ষেত্ৰত দেশখনে সম্মুখীন হোৱা কিছুমান মৌলিক সমস্যাৰ মোকাবিলা কৰাত অসমৰ্থ হোৱা বাবে সংস্কাৰ প্ৰক্ৰিয়া ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে।

বৃদ্ধি আৰু নিয়োগ :- সংস্কাৰৰ সময়ছোৱাত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি পাইছে। পণ্ডিতসকলে আঙুলিয়াই দিছে যে সংস্কাৰৰ ফলত GDP বৃদ্ধি পালেও দেশত পর্যাপ্ত পৰিমাণে নিযুক্তিৰ সুবিধা সৃষ্টি হোৱা নাই। তোমালোকে ইয়াৰ পিছৰ গোটত নিয়োগ আৰু বৃদ্ধিৰ বিভিন্ন দিশৰ মাজৰ সম্পৰ্ক অধ্যয়ন কৰিব পাৰিবা।

কৃষিত সংস্কাৰ :- সংস্কাৰে কৃষিৰ কোনো হিত সাধন কৰিব নোৱাৰাৰ বাবে ইয়াৰ বৃদ্ধিৰ হাৰ কমি আহিল। সংস্কাৰৰ সময়ছোৱাত কৃষিক্ষেত্ৰত ৰাজহুৱা বিনিয়োগ, বিশেষকৈ আন্তঃগাঁথনি যাৰ ভিতৰত জলসিঞ্চন, শক্তি, ৰাস্তা, বজাৰ সংযোগ আৰু গৱেষণা (যিয়ে নেকি সেউজ বিপ্লৱত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল) কমোৱা হ’ল। আনহাতে সাৰৰ ৰাজসাহায্য উঠাই দিয়াৰ বাবে উৎপাদন ব্যয় বৃদ্ধি পালে। ইয়াৰ ফলত ক্ষুদ্ৰ আৰু প্ৰান্তিক (Marginal) খেতিয়কসকলে বেয়াকৈ ক্ষতিগ্রস্ত হ’ল। ইয়াৰ উপৰিও বিশ্ব বাণিজ্য সংগঠনৰ কাৰ্য আৰম্ভ হোৱাৰে পৰা কৃষি খণ্ডত কেইবাটাও নীতিগত পৰিৱৰ্তন হ’ল। যেনে— – কৃষিজাত সামগ্ৰীৰ আমদানি শুল্ক হ্রাস, ন্যূনতম সমর্থন মূল্য উঠাই দিয়া আৰু কৃষিজাত সামগ্ৰীসমূহৰ ওপৰত থকা পৰিমাণগত প্রতিবন্ধক উঠাই লোৱা। ইয়াৰ ফলত ভাৰতীয় খেতিয়কসকল বর্ধিত আন্তর্জাতিক প্রতিযোগিতাৰ সন্মুখীন হ’বলগীয়া হোৱাৰ বাবে বেয়াকৈ ক্ষতিগ্রস্ত হ’ল।

ইয়াৰ উপৰিও কৃষিত ৰপ্তানিমুখী নীতিয়ে উৎপাদনৰ ক্ষেত্ৰত ঘৰুৱা বজাৰৰ পৰা ৰপ্তানি বজাৰলৈ কৃষকসকলক আকৰ্ষণ কৰিলে। ফলত খাদ্য শস্য উৎপাদনৰ পৰিবৰ্তে মুদ্রা অর্জনকাৰী শস্য উৎপাদনত কৃষকসকলে মনোনিবেশ কৰিলে। ই খাদ্য শস্যৰ দামৰ ওপৰত এক হেঁচা সৃষ্টি কৰিলে।

উদ্যোগত সংস্কাৰ :- উদ্যোগৰ বৃদ্ধিও নিম্নগামী হ’ল। ইয়াৰ কাৰণ বহুতো। উদাহৰণস্বৰূপে, আমদানিকৃত সামগ্ৰীৰ মূল্য কম হোৱা আৰু আন্তঃগাঁথনিত উপযুক্ত বিনিয়োগ নোহোৱাৰ বাবে উদ্যোগজাত সামগ্ৰীৰ চাহিদা হ্রাস পাই আহিছে। গোলকীকৃত বিশ্বত উন্নত দেশৰ পৰা বৃহৎ পৰিমাণে বস্তু আৰু মূলধন অনাৰ বাবে উন্নয়নশীল দেশসমূহৰ অৰ্থ ব্যৱস্থা মুকলি কৰি দিয়াৰ বাবে বাধ্য হয়। ফলত উন্নয়নশীল দেশসমূহৰ উদ্যোগবোৰ আমদানিকৃত সামগ্ৰীৰ আক্ৰমণত পৰে। ঘৰুৱা উৎপাদনে আমদানিকৃত সামগ্ৰীৰ লগত প্ৰতিযোগিতা কৰিবলগীয়া হৈছে। বিনিয়োগৰ অভাৱত আন্তঃগাঁথনি ব্যৱস্থা, যেনে— শক্তি যোগানৰ নিচিনা ব্যৱস্থা অযথোপযুক্ত হৈ আছে। এইদৰে দেখা যায় যে গোলকীকৰণে এনেকুৱা কিছুমান অৱস্থাৰ সৃষ্টি কৰিছে যাৰ ফলত বিদেশৰ সামগ্ৰী আৰু সেৱাই মুক্ত চলাচলৰ সুবিধা লাভ কৰিছে। ইয়াৰ ফলস্বৰূপে উন্নয়নশীল দেশসমূহৰ স্থানীয় উদ্যোগ আৰু নিযুক্তিৰ সুবিধাৰ ওপৰত এক কু প্ৰভাৱ পৰিছে।

ইয়াৰ উপৰিও ভাৰতবৰ্ষৰ নিচিনা উন্নয়নশীল দেশে উন্নত দেশসমূহৰ বজাৰত উচ্চ অনা-শুল্ক (Non Tariff) বাধাৰ বাবে প্ৰৱেশ কৰিব পৰা নাই। উদাহৰণস্বৰূপে, যদিও আমাৰ দেশৰ ফালৰ পৰা কাপোৰ বোৱা সূতা আৰু বস্ত্ৰৰ পৰা কোটা আঁতৰোৱা হ’ল, কিন্তু আমেৰিকাই ভাৰত আৰু চীন দেশৰ পৰা যোৱা সূতাৰ আমদানি কোটা আঁতৰ কৰা নাই।

চমু টোকা লিখাঃ

(ক) উদাৰীকৰণ (Liberalization) :-

উত্তৰঃ ভাৰতবৰ্ষত নিয়ম আৰু বিধিৰ দ্বাৰা অৰ্থনৈতিক কার্যকলাপ নিয়ন্ত্ৰণ কৰিবলৈ যাওঁতে অর্থনৈতিক বৃদ্ধি আৰু উন্নয়নত এক ডাঙৰ বাধাৰ সৃষ্টি হৈছিল। এই বাধাসমূহ দূৰ কৰিবৰ বাবে উদাৰীকৰণ আৰম্ভ কৰা হয়। ই ১৯৯১ চনত গ্ৰহণ কৰা এক আৰ্থিক সংস্কাৰ নীতি। এই উদাৰীকৰণ নীতিৰ যোগেদি চৰকাৰৰ অনাকাংক্ষিত নিয়ন্ত্রণ হ্ৰাস কৰিব বিচৰা হয়। উদাৰীকৰণ মানে হৈছে ভাৰতৰ অৰ্থনীতিক অধিক পৰিমাণে উদাৰ কৰি তোলা ৷ আশীৰ দশকতে কিছুমান ক্ষেত্ৰ যেনে— ঔদ্যোগিক অনুজ্ঞাপত্ৰ, আমদানি-ৰপ্তানি নীতি, প্রযুক্তি উন্নীতকৰণ, ৰাজস্ব নীতি, বিদেশী বিনিয়োগত উদাৰীকৰণ আৰম্ভ হৈছিল। কিন্তু ১৯৯১ চনত আৰু পিছত কিছুমান গুৰুত্বপূৰ্ণ খণ্ড যেনে— ঔদ্যোগিক খণ্ড, বিত্তীয় খণ্ড, কৰ সংস্কাৰ, বৈদেশিক বিনিময় বজাৰ, বাণিজ্য আৰু বিনিয়োগ খণ্ডই অধিক গুৰুত্ব লাভ কৰিছিল।

ঔদ্যোগিক খণ্ডত উদাৰীকৰণ বা নিয়ন্ত্ৰণ মুক্তকৰণ ১৯৯১ চনৰ পাছত মদ, ধপাত, ইলেক্ট্ৰ’নিকচ, স্বাস্থ্য ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্য আৰু ঔষধ জাতীয় সামগ্ৰীৰ বাহিৰে প্ৰায় সকলো ঔদ্যোগিক খণ্ডত অনুজ্ঞাপত্ৰ বাতিল কৰা হয়। সামৰিক অস্ত্র-শস্ত্র, আণৱিক শক্তি উৎপাদন, ৰেলৈ পৰিবহণ, উদ্যোগৰ ক্ষেত্ৰত সংৰক্ষণ ব্যৱস্থা ৰখা হৈছে। বহুতো উদ্যোগক বস্তুৰ বজাৰ দৰ নিৰ্ধাৰণৰ অনুমতি প্ৰদান কৰা হয়। ১৯৯১ চনৰ নতুন উদ্যোগ নীতিয়ে তলত দিয়া ধৰণে উদ্যোগখণ্ডত উদাৰীকৰণ আনে ৷ 

১। নিৰ্দিষ্ট ১৮ টা উদ্যোগৰ বাহিৰে সকলো উদ্যোগেৰে অনুজ্ঞাপত্ৰ বাতিল কৰা হয় আৰু উদ্যোগৰ বিক্ৰীৰ ক্ষেত্ৰত নিয়ন্ত্ৰণমুক্ত কৰা হয়। 

২। বজাৰৰ প্ৰয়োজন অনুসৰি উদ্যোগসমূহক সম্প্ৰসাৰণৰ অনুমতি দিয়া হয়।

৩। বজাৰৰ চাহিদা অনুসৰি উৎপাদকক উৎপাদনৰ সুবিধা দিয়ে।

৪। ইয়াৰ পাছত MRTP কোম্পেনীবিলাকে বিনিয়োগ সিদ্ধান্তৰ বাবে আগতীয়া প্ৰৱেশপত্ৰৰ প্ৰয়োজন নাই আৰু তেওঁলোকক তেওঁলোকৰ আকাৰ ব্যাপক কৰিবৰ বাবে অনুমতি দিয়া হয়।

৫। উদ্যোগবিলাকক মুক্ত বজাৰৰ পৰা বৈদেশিক বিনিয়োগ ক্ৰয়ৰ ক্ষেত্ৰত মুকলি কৰি দিয়া হয় আৰু মুকলিভাৱে প্রয়োজনীয় দ্রব্য আমদানিৰ সুবিধা দিয়ে। বজাৰত মুক্ত প্রতিযোগিতাৰ সন্মুখীন হ’ব পৰাকৈ আৰু উৎপাদনৰ দক্ষতা বৃদ্ধি কৰিবৰ বাবে উদ্যোগবিলাকে যাতে ক্ষন্তেকতে সিদ্ধান্ত ল’ব পাৰে এই ক্ষেত্ৰত নতুন উদ্যোগ নীতি উদাৰ হয়।

(খ) ব্যক্তিগতকৰণ (Privatization) :

উত্তৰঃ ব্যক্তিগতকৰণ ব্যৱস্থাৰ জৰিয়তে ৰাজহুৱা খণ্ডত প্রতিষ্ঠিত উৎপাদন প্রতিষ্ঠানক ব্যক্তিগত খণ্ডলৈ হস্তান্তৰিত কৰা হয়।। । চৰকাৰী মালিকী স্বত্বত থকা প্রতিষ্ঠানসমূহক উলিয়াই ব্যক্তিগত প্রতিষ্ঠান হিচাপে গঢ়ি তোলা। চৰকাৰী প্ৰতিষ্ঠানক ব্যক্তিগত প্রতিষ্ঠানলৈ দুই ধৰণে পৰিৱৰ্তন কৰিব পাৰি। (ক) ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ মালিকীস্বত্ব আৰু পৰিচালনাৰ পৰা চৰকাৰক আঁতৰাই অনা। (খ) ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহ বিক্ৰী কৰা।

ৰাজহুৱা খণ্ডৰ অধীনত থকা উদ্যোগসমূহৰ সমাংশ (equity) বিক্ৰী কৰাকে নিৰ্বিনিয়োগ (Disinvestment) বোলে। চৰকাৰৰ মতে এই বিক্ৰীৰ প্ৰধান উদ্দেশ্য হৈছে বিত্তীয় অনুশাসন আৰু আধুনিকীকৰণ। ৰাজহুৱা খণ্ডৰ অধীনত থকা উদ্যোগসমূহেও ব্যক্তিগত মূলধন আৰু দক্ষ পৰিচালনাই ইহঁতৰ কাৰ্যদক্ষতা বৃদ্ধি কৰিব পাৰে। চৰকাৰৰ মতে ব্যক্তিগতকৰণে প্রত্যক্ষ বৈদেশিক বিনিয়োগৰ আগমণত উদ্দীপিত কৰিব পাৰে। ৰাজহুৱা খণ্ডৰ অধীনত থকা উদ্যোগৰ ক্ষমতা বৃদ্ধিৰ বাবে। পৰিচালনাৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত চৰকাৰে এইবিলাকক স্বতন্ত্রতা প্ৰদানৰ প্ৰয়াস কৰিছে।

ব্যক্তিগতকৰণৰ প্ৰধান আঁচনিসমূহ হ’ল-

(ক) ৰাজহুৱা খণ্ডৰ বাবে সংৰক্ষিত উদ্যোগৰ পৰিমাণ ১৭টাৰ পৰা ৮টালৈ হ্ৰাস কৰা।

(খ) অষ্টম পৰিকল্পনাৰ ভিতৰত ব্যক্তিগত খণ্ডৰ বিনিয়োগ মুঠ বিনিয়োগৰ ৫৫ শতাংশলৈ বৃদ্ধি কৰা। 

(গ) চৰকাৰী অংশ-পত্ৰ শ্ৰমিক আৰু ব্যক্তিগত মালিকক বিক্রী কৰাৰ যোগেদি ব্যক্তিগত খণ্ডলৈ সহযোগ বৃদ্ধি কৰা। 

(ঘ) ৰাষ্ট্ৰীয় বিত্তীয় প্রতিষ্ঠানসমূহৰ পৰা ব্যক্তিগত খণ্ডলৈ ঋণৰ

যোগান ধৰা আৰু ব্যক্তিগত খণ্ডৰ দক্ষতা বৃদ্ধি কৰা।

24. Write on essay on- 73rd Amendment Act 1992. 

উত্তৰঃ ভাৰতবৰ্ষৰ পঞ্চায়তীৰাজ ব্যৱস্থাক অধিক গণতান্ত্রিক আৰু কাৰ্যক্ষম কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে বিভিন্ন সময়ত কেতবোৰ ব্যৱস্থাৱলী গ্ৰহণ কৰি আহিছে। এই ব্যৱস্থাৱলীসমূহৰ ভিতৰত সংবিধানৰ ৭৩নং সংশোধনী অধিনিয়ম, ১৯৯২ অত্যধিক গুৰুত্বপূৰ্ণ কিয়নো এই আইনখনৰ জৰিয়তে গ্ৰাম্য স্থানীয় স্বায়ত্ত শাসিত সংস্থাবিলাকক এক সুকীয়া তথা সাংবিধানিক মর্যাদা প্ৰদান কৰা হয়। ১৯৯২ চনৰ ৭৩নং সংবিধান সংশোধনী আইন কেতবোৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। 

(ক) গ্রামসভা গঠন :- গ্রাম সভা হৈছে গাঁৱৰ বা পঞ্চায়ত এলেকাৰ সকলো ভোটাৰ ৰাইজ উপস্থিত থকা এখন সভা। নতুন সংশোধনীৰ মতে এতিয়াৰ পৰা প্রত্যেক গাঁও পঞ্চায়তে গ্রাম সভা পাতিব লাগিব। গ্রামসভাৰ দ্বাৰা গাঁৱৰ ৰাইজক পঞ্চায়তৰ বিভিন্ন কার্যত পোনপটীয়াকৈ যোগদানৰ ব্যৱস্থা কৰা হৈছে।

(খ) তিনি তৰপীয়া পঞ্চায়ত গঠন :- বিশ লাখতকৈ অধিক জনসংখ্যা থকা সকলো ৰাজ্যতে তিনি খলপীয়া পঞ্চায়ত গঠন কৰিব লাগিব।

(গ) প্রত্যক্ষ নির্বাচন :- ভাৰতীয় সংবিধানৰ ৭৩নং সংশোধনী মতে পঞ্চায়তৰ প্ৰতিটো স্তৰতে সদস্য সদস্যাসকলক প্ৰত্যক্ষভাৱে নির্বাচন কৰাৰ ব্যৱস্থা কৰিছে। 

(ঘ) আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সভাপতি নির্বাচন :- আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ পোনপটীয়াকৈ নির্বাচিত হোৱা সদস্য, সদস্যাসকলে তেওঁলোকৰ মাজৰ পৰা আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদৰ সভাপতি বা সভানেত্রী নির্বাচিত কৰিব।

(ঙ) অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে আসন সংৰক্ষণ :- সংবিধান সংশোধনী অধিনিয়মখনে জনসংখ্যাৰ আনুপাতিক ভিত্তিত অনুসূচিত জাতি আৰু জনজাতিৰ লোকৰ কাৰণে তিনি তৰপীয়া পঞ্চায়তী ৰাজ অনুষ্ঠানসমূহত আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে। এই সংৰক্ষিত আসনসমূহৰ ভিতৰত সংশ্লিষ্ট জাতি জনজাতিৰ মহিলাৰ বাবেও এক তৃতীয়াংশ আসন সংৰক্ষণ কৰিব।

(চ) মহিলাৰ বাবে আসন সংৰক্ষণ :- পঞ্চায়তীৰাজ অনুষ্ঠানসমূহৰ প্ৰতিটো স্তৰত মহিলাৰ বাবে ৩৩শতাংশ আসন সংৰক্ষণ কৰা হ’ব। এই সংৰক্ষণ নীতি অনুসৰি প্ৰতিখন পঞ্চায়ত মুঠ দহটা ৱাৰ্ডৰ তিনিটা মহিলাৰ বাবে সংৰক্ষণ কৰা হ’ব। একেদৰে জিলাখনৰ মুঠ গাঁও পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধি আৰু জিলা পৰিষদৰ সদস্যৰ বাবেও ৩৩শতাংশ আসন মহিলাৰ কাৰণে সংৰক্ষিত থাকিব। একেদৰে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সভাপতিসকলৰ ক্ষেত্ৰতো এই নীতি প্রযোজ্য হ’ব।

(ছ) প্ৰাৰ্থীৰ বয়স :- নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে প্ৰাৰ্থীজনৰ বয়স ২১ বছৰ ধার্য কৰা হৈছে।

(জ) কার্যকাল :- প্রত্যেক পঞ্চায়তৰে কাৰ্যকাল ৫ বছৰ ধাৰ্য কৰা হৈছে। এই কাৰ্যকাল বৃদ্ধি কৰা নহয়। কোনো কাৰণতে পঞ্চায়তৰ ভাগ হ’লে ছমাহৰ ভিতৰত নির্বাচন অনুষ্ঠিত কৰি পঞ্চায়ত গঠন কৰিব লাগে।

(ঝ) পৃথক নির্বাচন আয়োগ আৰু ন্যায়াধীকৰণ গঠন :- সংবিধানৰ ৭৩নং সংশোধনীত উল্লেখিত দুটা প্রধান বাধ্যতামূলক ব্যৱস্থা হৈছে— পঞ্চায়তবিলাকৰ নিৰ্বাচনসমূহ অনুষ্ঠিত কৰাৰ লগতে অন্যান্য নির্বাচন সম্পৰ্কীয় কাৰ্যসমূহ পৰিচালনা কৰিবলৈ ৰাজ্যিক পর্যায়ত পৃথক নির্বাচনী আয়োগ গঠন কৰা আৰু এই নির্বাচনী প্ৰক্ৰিয়াৰ লগত জড়িত বিবাদবিলাক নিষ্পত্তিকৰণৰ বাবে পঞ্চায়ত ন্যয়াধীকৰণ গঠনৰ ব্যৱস্থা কৰা হয়। 

(ঞ) বিত্ত আয়োগ গঠন :- পঞ্চায়তৰ বিত্তীয় অৱস্থা টনকীয়াল কৰিবৰ বাবে বিভিন্ন দিহা পৰামৰ্শ দিবলৈ ৰাজ্যসমূহে প্রতি পাঁচ বছৰৰ মূৰে মূৰে একোখনকৈ বিত্তীয় আয়োগ গঠন কৰিব। আয়োগে কি কি কৰ পঞ্চায়তে গ্রহণ কৰিব, কি কি কৰৰ অংশ পাব, ৰাজ্যৰ একত্ৰিকৃত পুঁজিৰ পৰা কি ধৰণেৰে অংশ পাব, ৰাজ্যৰ একত্ৰিকৃত পুঁজিৰ পৰা কি ধৰণেৰে অংশ পাব তাৰ বাবে নীতি নিৰ্ধাৰণ কৰিব। 

(ট) জিলা পৰিকল্পনা সমিতি :- প্রতিখন জিলাত একোখনকৈ জিলা পৰিকল্পনা সমিতি গঠন কৰাৰ ব্যৱস্থা কৰা হ’ব, যি জিলাখনৰ আগত্তক বিত্তীয় বছৰৰ বাবে প্ৰয়োজনীয় পৰিকল্পনা প্রস্তুত কৰাৰ কৰ্তৃত্ব লাভ কৰিব। অৱশ্যে এইক্ষেত্ৰত গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তত গ্ৰহণ কৰা আঁচনিবিলাকৰ ওপৰত গুৰুত্ব দিহে জিলা পৰিকল্পনা সমিতিয়ে প্রকল্প প্রস্তুত কৰিব পাৰিব। 

সংবিধানৰ ৭৩নং সংশোধনীৰ সমালোচনা :- ভাৰতৰ সংবিধানৰ ৭৩নং সংশোধনী আইনখনক বিভিন্ন দৃষ্টিকোণৰ পৰা সমালোচনা কৰা হৈছে—

(ক) আইনখনৰ জৰিয়তে নিচেই সামান্য পৰিমাণৰহে ক্ষমতা, কৰ্তব্য আৰু সম্পদ পঞ্চায়তবিলাকলৈ স্বায়ত্ত শাসনৰ গোট হিচাপে অৰ্পণ কৰিছে। এই কাৰ্য আইনখনে ৰাজ্যিক বিধান মণ্ডললৈ ন্যস্ত কৰিছে। পূৰ্বৰ অভিজ্ঞতাৰ পৰা এইটো স্পষ্ট হয় যে ৰাজ্য চৰকাৰবিলাকে নিজৰ ক্ষমতা আনৰ হাতলৈ হস্তান্তৰ কৰাত মুঠেই আগ্রহী নহয়।

(খ) পঞ্চায়তীৰাজ অনুষ্ঠানবিলাকৰ সদস্য আৰু সভাপতিৰ আসন বিশেষ শ্রেণীৰ লোকৰ বাবে সংৰক্ষণৰ ব্যৱস্থাই ইবিলাকৰ সুচাৰুৰূপে কাৰ্য পৰিচালনাত বাধাৰ সৃষ্টি কৰিব।

(গ) অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ লোকসকল আৰু মহিলাসকলৰ প্ৰতিনিধিয়ে প্রতিখন পঞ্চায়ততে সভাপতি আৰু সদস্যপদৰ আসনলৈ ৰটেচনৰ দ্বাৰাহে আহে।

(ঘ) আইনখনে সাংসদসকল, বিধায়কসকল আদি পদেন সদস্যসকলক ভোটাধিকাৰ প্ৰদান কৰিছে।

(ঙ) পঞ্চায়তীৰাজ অনুষ্ঠানবিলাকৰ সাংগঠনিক দিশটোৰ ক্ষেত্ৰত আইনখন নমনীয় হোৱা দেখা যায়। বিভিন্ন ৰাজ্যবিলাকত পঞ্চায়তী অনুষ্ঠানবিলাক তিনিতৰপীয়া হ’ব নে দুই তৰপীয়া হ’ব এইটো বিবাদমান বিষয়বস্তু হৈ পৰিছে।

(চ) যদিও আইনখনৰ জৰিয়তে একাদশ অনুসূচিত অন্তর্ভুক্ত সকলো বিষয়ৰ ওপৰত সকলো ক্ষমতা আৰু দায়িত্ব পঞ্চায়তীৰাজ অনুষ্ঠানবিলাকৰ ওপৰত অৰ্পণ কৰা হৈছে, কিন্তু প্ৰকৃততে ৰাজ্য চৰকাৰে এই ক্ষমতাবিলাক এই স্বায়ত্ত শাসিত গোটবিলাকলৈ অৰ্পণ নকৰে।বিভিন্ন দৃষ্টিকোণৰ পৰা ৭৩নং সংবিধান সংশোধনক সমালোচনা কৰিলেও ভাৰতৰ গ্রামোন্নয়নৰ প্ৰশাসনত ইয়াৰ গুৰুত্ব নুই কৰিব নোৱাৰি। ৭৩নং সংবিদান সংশোধনী অধিনিয়মক বর্তমান ভাৰতৰ পঞ্চায়তীৰাজ অনুষ্ঠানৰ ইতিহাসত এক মেগনকাৰ্টা বুলি অভিহিত কৰিব পাৰি। ভাৰতৰ তৃণমূল স্তৰত ই এক নতুন নেতৃত্বৰ পদ্ধতিৰ পথ সুগম কৰি তুলিলে। নতুন পঞ্চায়তীৰাজ ব্যৱস্থাৰ ভৱিষ্যতৰ দিনবিলাক সম্পূর্ণভাৱে এই জনসাধাৰণৰ নিৰ্বাচনৰ প্ৰতিনিধিৰ ওপৰত বহুলভাৱে নিৰ্ভৰ কৰিব। 

25. বিশ্বায়ন আৰু ভাৰতীয় অর্থনীতি – এই সম্পর্কে এটি আলোচনা কৰা ? (Globalization and Indian Economy) 

উত্তৰঃ 90 দশকৰ আৰম্ভণিৰ পৰা ভাৰতত বিশ্বায়ন, উদাৰীকৰণ আৰু বিশ্ব অর্থনীতিৰ লগত ভাৰতৰ সমন্বয় ইত্যাদি বিষয়সমূহে ভাৰতৰ প্ৰসংগত কেৱল চিন্তা চর্চাতে আৱদ্ধ নাথাকি নতুন উদ্যোগিক নীতিৰ লগতে এই দিশসমূহৰ কম বেছি পৰিমাণে সমন্বয় সাধন কৰাৰ চেষ্টা কৰা হৈছে। সৰল অৰ্থত, বিশ্ব অর্থনীতিৰ লগত এখন দেশৰ অৰ্থনীতিৰ সমন্বয় সাধন হোৱাকে বিশ্বায়ন বোলা হয়। ভাৰতৰ দৃষ্টিকোণৰ পৰা বিশ্বায়নৰ অৰ্থ হ’ল বিভিন্ন ক্ষেত্র পুঁজি খটুৱাবলৈ দেশৰ অৰ্থনীতি বিদেশী বিনিয়োগকাৰীৰ বাবে মুক্ত কৰি দিয়া। ভাৰতৰ দিশৰ পৰা বিশ্বায়নৰ বৈশিষ্ট্যসমূহ হ’ল—

(1) বিদেশী বিনিয়োগকাৰীৰ প্ৰৱেশৰ পথ শিথিল কৰা। 

(2) বহুজাতিক বাণিজ্যিক সংস্থাসমূহৰ ক্ষেত্ৰত থকা বাধা নিষেধ লাঘৱ কৰা।

(3) বিদেশী কোম্পানীৰ সহযোগত ঘৰুৱা উদ্যোক্তাই দেশৰ ভিতৰত বা বাহিৰত ক্ষেত্ৰ মুকলি আৰু সম্প্ৰাসৰণ কৰা।

(4) আমদানিৰ ওপৰত থকা প্রতিবন্ধকতা হ্রাস কৰা।

(5) ৰপ্তানিকাৰীৰ ৰপ্তানি কার্যত উৎসাহ দিয়া নীতিৰ পৰিৱৰ্তে অনুকুল দিশত বৈদেশিক বিনিময় হাৰক সমাযোজন ঘটোৱা। 1911 চনৰ নতুন ওদ্যোগিক নীতিৰ দ্বাৰা ভাৰতত বিশ্বায়নৰ পথ মুকলি কৰা হয়। ইয়াৰ পৰৱৰ্তী কালত বিভিন্ন সংস্কাৰমুলক পদক্ষেপৰ এই বিশ্বায়নৰ গতি ক্ষীপ্ৰতৰ কৰি তোলা হৈছে। 

ভাৰতত বিশ্বায়নৰ পদক্ষেপসমূহ হ’ল— (1) চৰকাৰী হস্তক্ষেপৰ সহায় নোলোৱাকৈ চাহিদা আৰু যোগানৰ আন্তজাতিক সমাযোজনৰ জৰিয়তে মুদ্ৰাৰ বৈদেশিক বিনিময়ৰ হাৰ নিৰ্দ্ধাৰণৰ ব্যৱস্থা কৰা।

(2) আমদানি শুল্ক হ্রাস কৰা হয়। কিছুমান দ্ৰৱ্যৰ ক্ষেত্ৰত 1991 চনৰ 225 শতাংশৰ পৰা আমদানি শুল্ক 1993 চনলৈ 150 শতাংশলৈ হ্ৰাস কৰা হয়। প্ৰায়বোৰ দ্ৰৱ্যৰ ক্ষেত্ৰত 1997-98 চনৰ বাজেটলৈ আমদানি শুল্কৰ উচ্চসীমা 40 শতাংশলৈ হ্ৰাস কৰা হয়।

(3) বিদেশী বিনিয়োগকাৰীসকলৰ বাবে বিনিয়োগৰ দুৱাৰ মুকলি কৰি দিয়া হয়। বৈদেশিক মুদ্রা নিয়ন্ত্রণ আইনৰ দফাবোৰ শিথিল কৰা হয়। দেশীয় উৎপাদনী ক্ষেত্ৰত বিদেশী পুঁজিৰ অংশ 40 শতাংশৰ পৰ 51 শতাংশলৈ বৃদ্ধি কৰা হয়। সম্প্ৰতি আহৰণ আৰু ৰপ্তানিজাত দ্ৰৱ্যৰ লগত জড়িত উৎপাদনী ক্ষেত্ৰত 100 শতাংশলৈকে প্রত্যক্ষ বিদেশী বিনিয়োগৰ সুবিধা প্ৰদান কৰা হৈছে। আন কিছুমান বিশেষ ক্ষেত্ৰত প্ৰৱাসী ভাৰতীয়ক 100% বিনিয়োগৰ সুবিধা প্ৰদান কৰা হৈছে।

ৰাও মনমোহন উন্নয়ন আৰ্হি বা ৰপ্তানিৰ্বাহক উন্নয়ন আৰ্হি (Export led growth) যে ভাৰতবৰ্ষক যি গোলকীয়কৰণৰ দিশলৈ আগবঢ়াই লৈ গৈছিল সেয়া কাৰ্যকৰীকৰণৰ বাবে উপযুক্ত পৰিকল্পনা তথা আঁচনি প্রস্তুত কৰিবলগীয়া হৈছিল।

অষ্টম পৰিকল্পনাত (1990-1997) ৰাজহুৱা খণ্ডৰ ভূমিকা পুনৰীক্ষণ কৰা হৈছিল, কিয়নো ইয়াৰ পূৰ্বৰ পৰিকল্পনাসমূহ ৰাজহুৱা খণ্ডই বিশেষ কৃতিত্ব দেখুৱাৱ পৰা নাছিল। ৰাজহুৱা খণ্ডই মূলধন গঠনত সহায় কৰাটো বাদেই একাধিক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে আনকি বছৰৰ পিছত বছৰ ধৰি লোকচান ভৰি থাকিবলগীয়া হৈছিল। অষ্টম পৰিকল্পনা মতে ৰাজহুৱা খণ্ডই নিম্নোলিখিত ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰা উচিতঃ

(1) য’ত সামূহিক উন্নয়নত সহায় কৰা বুনিয়াদী সুবিধা প্ৰদানৰ লগত জড়িত কার্যকলাপত বিনিয়োগ কৰিবলগীয়া হয়।

(2) য’ত সমাজৰ দীৰ্ঘকালীন স্বার্থ জড়িত হৈ থাকে আৰু 

(3) য’ত দৰ কৌশল নিয়ন্ত্ৰণ কৰি দৰিদ্ৰ শ্ৰেণীৰ স্বাৰ্থ সুৰক্ষিত কৰিবলগীয়া হয়।

এনে দৃষ্টিকোণৰ পৰা কিছুমান অবাঞ্চিত ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপ বাতিল কৰি দৰ কৌশলক অধিক স্বতন্ত্রতা প্ৰদান কৰা হয়। উপাদানসমূহৰ কাম্য বণ্টনৰ বাবে অষ্টম পৰিকল্পনাত দৰ কৌশলক অনুমোদন কৰাৰ বিপৰীতে সামাজিক বুনিয়াদী প্রসুত নিয়ন্ত্ৰণৰ সমৰ্থন কৰা হয়। গতিকে অষ্টম পৰিকল্পনাত প্রত্যক্ষভাৱে মধ্যস্থতা কৰা বিষয়সমূহ হ’ল—

1. পৰিকল্পনাৰ জৰিয়তে পিছপৰা দৰিদ্ৰ শ্ৰেণীৰ ৰক্ষণাবেক্ষণ দিয়া আৰু ইয়াৰ দ্বাৰা দৰিদ্ৰতা দূৰীকৰণত সহায় কৰা।

2. আঞ্চলিক বৈষম্য দূৰ হোৱাকৈ সম্পদৰ বিতৰণ কৰা।

3. শক্তি পৰিৱহণ ইত্যাদি বস্তুগত বুনিয়াদ গঠন কৰা, যাতে ভৱিষ্যতৰ উন্নয়ন ব্যাহত নহয়।

নৱম পৰিকল্পনাটো (1997-98, 2001-02) অর্থনৈতিক উন্নয়নৰ এলানি নতুন ব্যবস্থা গ্রহণ কৰা হয়। দেশখনৰ অৰ্থনীতিত সামাজিক খণ্ডৰ উত্থান আৰু দৰিদ্ৰতা দূৰ হোৱাৰ প্ৰয়োজন আছিল। ইয়াৰ বাবে চৰকাৰী আৰু বেচৰকাৰী সকলো ব্যক্তি আৰু প্ৰতিষ্ঠানৰ উমৈহতীয়া প্ৰচেষ্টাৰো প্ৰয়োজন আছিল। নৱম পৰিকল্পনাত গ্ৰহণ কৰা মুখ্য উন্নয়ন কৌশলসমূহ আছিল—

(1) চৰকাৰী হস্তক্ষেপৰ জৰিয়তে প্ৰতিযোগিতামুলক ব্যৱস্থা গঢ়ি তোলা। ইয়াৰ বাবে একচেটিয়া অধিকাৰ সংৰক্ষণ আৰু আন নিয়ন্ত্রণমুলক ব্যৱস্থা শিথিল কৰিব লাগিব। তদুপৰি ভোগদ্ৰৱ্যৰ উৎপাদনত থকা লাইচেন্স ব্যৱহাৰ বাতিল কৰিব লাগিব।

(2) নৱম পৰিকল্পনাত সমবায়ভিত্তিক যুক্তৰাষ্ট্ৰ ব্যৱস্থা ধাৰণা গ্ৰহণ কৰা হৈছিল। এই ধাৰণা অনুসৰি বিনিয়োগ, অগ্ৰাধিকাৰ নিৰ্ণয়ৰ স্বতন্ত্রতা প্ৰদান কৰাই নহয় ইয়াৰ উপৰিও চৰকাৰী হস্তক্ষেপৰ ধৰণ দ্ৰৱ্য আৰু সেৱাৰ উৎপাদন ব্যৱস্থাৰ গঠন ইত্যাদিৰ ক্ষেত্ৰতো ৰাজ্যিক চৰকাৰক স্বতন্ত্রতা প্ৰদান কৰা হয়। ইয়াৰ বাবে পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ল।

(3) চৰকাৰী হস্তক্ষেপৰ মাত্রা কমোৱাৰ লগতে বিত্ত খণ্ডৰ ওপৰত থকা নিয়ন্ত্ৰণমুলক ব্যৱস্থাৰো কিছু শিথিল কৰা হ’ব। 

(4) উন্নয়ন প্রক্রিয়া কাৰ্যকৰী কৰা আৰু সামূহিক মংগল সাধন কৰাৰ লগতে পৰিৱেশ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা ইত্যাদি। দশম পৰিকল্পনাইও বহুবোৰ দিশত পূৰ্বতকৈ অধিক গুৰুত্ব আৰোপ কৰাৰ উপৰিও কিছুমান নতুন বিষয়ত কাৰ্যব্যৱস্থা হাতত লৈছিল। দশম পৰিকল্পনাই ব্যক্তিগত খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। উল্লেখযোগ্য যে মানৱ সম্পদৰ বিকাশ, সামজিক ন্যায় প্রতিষ্ঠা, পাৰিপাৰ্শ্বিকতাৰ সুৰক্ষা আদি বিভিন্ন দিশত দশম পৰিকল্পনাৰ লগতে ভৱিষ্যতদর্শী পৰিকল্পনাৰো সমন্বয় সাধন কৰা হৈছে। সেয়েহে দশম পৰিকল্পনাৰ সফলতা আৰু বিফলতা বহু পৰিমাণে ভৱিষ্যদর্শী পৰিকল্পনালৈকো প্ৰসাৰিত হৈছিল।

একাদশ পৰিকল্পনাৰ খচৰাখনত ” Towards faster and more inclusive growth” হিচাপে নামাকৰণ কৰা হৈছিল। আৰু ইয়াৰ ভিত্তিতে পৰিকল্পনা আয়োগ একাদশ পৰিকল্পনা প্রস্তুত কৰে। একাদশ পৰিকল্পনাৰ বিশেষত্ব আছিল যে ইয়াত পোনপ্ৰথমবাৰৰ বাবে অর্ন্তভুক্তি বৃদ্ধিৰ লক্ষ্য গ্ৰহণ কৰা হয়। ইয়াৰ মুলমন্ত্ৰই আছিল ” Towards faster and more inclusive growth”। অর্ন্তভুক্তি বৃদ্ধিয়ে মুলত বহল পৰিসৰ ভিত্তিক (broad based) সমাজৰ সকলো শ্ৰেণীয়ে ভাগ লব পৰা আৰু দুখীয়া পিছ পৰা সকলক উপকৃত কৰিব পৰা অর্থনৈতিক বৃদ্ধিক বুজায়। ই এহাতে দৰিদ্ৰতা কমায় আনহাতে উন্নয়ন প্ৰক্ৰিয়াত জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি কৰে।

একাদশ পৰিকল্পনাৰ কিছুমান দিশত সামগ্রিকভাৱে সফলতা থাকিলেও শেহতীয়া বছৰত দেশৰ ভিতৰৰ আৰু বাহিৰৰ কিছুমান কাৰকে অর্থনৈতিক অৱস্থা কিছু শোচনীয় কৰি তোলে। এফালে আভ্যন্তৰীণ মূল্যস্তৰ বৃদ্ধি আৰু আনহাতে বিশ্ব অর্থনীতিত দেখা দিয়া মহামন্দা ভাৰতীয় অর্থনীতিৰ বাবে প্ৰত্যাহ্বান হৈ পৰে তদুপৰি ইতিমধ্যে লাভ কৰা সফলতা অটুট ৰখা অন্তর্ভূক্তি উন্নয়নৰ লক্ষ্য অধিক কাৰ্যকৰী কৰা, অর্থনীতিখনৰ গাঁথনিৰ মৌলিক পৰিৱৰ্তনৰ লগত ঢাল মিলোৱা ইত্যাদি প্ৰত্যাহ্বানবোৰ আছিলেই। ইয়াৰ মাজতেই দ্বাদশ পৰিকল্পনা আৰম্ভ হয় । যত একাদশ পৰিকল্পনাই “faster and more inclusive growth”ৰ উদ্দেশ্য আগত ৰাখিছিল, দ্বাদশ পৰিকল্পনাৰ মূলমন্ত্র আছিল “faster, sustainable and more inclusive growth”। দ্বাদশ পৰিকল্পনাৰ মতে উৎপাদনশীলতা বৃদ্ধিৰ বাবে কৃষি, বৃহৎ ব্যৱসায়ৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিব লাগিব। দ্বাদশ পৰিকল্পনাত অন্তর্ভূক্তি অর্থনৈতিক বৃদ্ধিৰ বাবে পাঁচটা উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। সেয়া হ’ল-

1. দৰিদ্ৰতা দূৰীকৰণ। 

2. বিভিন্ন সামাজিক শ্ৰেণীৰ মাজত বৈষম্য দূৰীকৰণ।

3. আঞ্চলিক বৈষম্য দূৰীকৰণ।

4. পৰিৱেশ সুৰক্ষিত কৰণ।

5. জনসাধাৰণৰ মাজত সুযোগ সুবিধা বিতৰণত সমতা ৰক্ষা। সাম্প্রতিক সময়ত অধিক মাত্ৰাৰ পৰিৱেশ প্ৰদূষণ আৰু জলবায়ুৰ পৰিৱৰ্তনৰ ভাবুকি ভাৱে ‘পৰিৱেশ বহনক্ষমতা’ ধাৰণাটোৰ বহুলভাৱে চৰ্চিত হৈছে। এনে কাৰণতে দ্বাদশ পৰিকল্পনাইও “বহনক্ষমতাৰ” ওপৰত গুৰুত্ব আৰোপ কৰিছে।

26. ভাৰতীয় অর্থনীতিত গোলকীয়কৰণৰ ইতিবাচক পৰিণামসমূহ কি কি ? (Position impact of globalization in Indian Economy)

উত্তৰঃ 1. 1991 চনত নতুন অর্থনৈতিক নীতি গ্রহণ কৰাৰ পূৰ্বে ভাৰতীয় অর্থনীতি বিশ্ব অর্থনীতিৰ পৰা প্ৰায় বিচ্ছিন্ন হৈ আছিল। দ্ৰৱ্যৰ আমদানি, ৰপ্তানি আৰু মূলধনৰ আদান প্ৰদানৰ ক্ষেত্ৰত সততে সীমাবদ্ধতা আৰোপ কৰা হৈছিল। সেয়ে বৰ্হি বাণিজ্যতে ভাৰতৰ স্থান আছিল অতি দুখ লগা। সেয়েহে বিশ্বৰ বৰ্হি বাণিজ্যত ভাৰতৰ স্থান আছিল অতি দুখ লগা। 1991 চনত নতুন অর্থনৈতিক নীতি গ্রহণ কৰি বৰ্হিবাণিজ্য আৰু বিদেশী মূলধনৰ আগমনত সীমাবদ্ধতা শিথিল কৰি দিয়া বাবে দেশখনৰ বৰ্হিবাণিজ্য দোপত দোপে বৃদ্ধি পাবলৈ ধৰে আৰু ইয়াৰ পৰিণামস্বৰূপে বিশ্ব বহিবাণিজ্যত ভাৰতৰ স্থান সলনি হবলৈ ধৰে। বিশ্ব বাণিজ্য সংস্থা (WTO) হিচাপ অনুসৰি 2006 চনত বিশ্ব বহিবাণিজ্যত ভাৰতৰ শতকৰা অংশ হ’ল 1.2 শতাংশ।

2. মুলধনৰ সৰবৰাহত সীমাবদ্ধতা আৰোপ কৰা বাবে গোলকীয়কৰণ নীতি আৰোপ কৰাৰ পূৰ্বে ভাৰতত প্ৰত্যক্ষ বিনিয়োগৰ আকাৰ আছিল তেনেই সীমিত। উদাহৰণস্বৰূপে, 1985 চনৰ পৰা 1991 চনলৈ এই 6 টা বছৰত ভাৰতলৈ প্ৰৱাহিত হোৱা প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ আছিল মাথো 200 নিযুত ডলাৰ। 1911 চনৰ পৰৱৰ্তী কালছোৱা ভাৰতলৈ ব্যাপক ৰূপত প্ৰত্যক্ষ বৈদেশিক পূজি প্ৰৱাহিত হৈছে। 2006 চনত ভাৰতত প্ৰত্যক্ষভাৱে বিনিয়োগ হোৱা পুঁজি আছিল জাতীয় আয়ৰ 2 শতাংশ।

3. গোলকীয়কৰণ নীতি গ্ৰহণ কৰাৰ পাছত ভাৰতৰ পৰা প্ৰজ্ঞাধাৰী শ্ৰমৰ বৰ্হিপ্ৰৱাহ ঘটিছে আৰু ইয়াৰ যোগেদি প্ৰৱাসী ভাৰতীয়ৰ বিনিয়োগ দেশখনৰ বৃদ্ধি পাইছে। অতি সম্প্রতি উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ অর্থনৈতিক উন্নতি বহুপৰিমাণে প্ৰৱাসী বিনিয়োগৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে।

4. স্বাধীনোত্তৰ পৰৱৰ্তী কালত বৈদেশিক লেন-দেন পৰিশোধত ভাৰতে সদায় ঘাটিৰ সন্মুখীন হৈ আহিছিল। গোলকীয়কৰণৰ আশ্ৰয় লোৱাৰ পাছত বৈদেশিক লেন-দেন পৰিশোধত ভাৰতৰ অৱস্থা ক্রমশ উন্নত হবলৈ ধৰে। ইয়াত সহায় কৰে ভাৰতৰ ৰপ্তানি বৃদ্ধিয়ে ৷ 1990-91 চনত ভাৰতৰ ৰপ্তানি আয়ৰ জৰিয়তে আমদানি ব্যয়ৰ মাথো 66 শতাংশ পুৰণ কৰিব পৰা হৈছিল। 2002-03 চনত ৰপ্তানি আয়ৰ যোগেদি আমদানি ব্যয়ৰ 80.3 শতাংশ পুৰণ কৰিব পৰাটো সম্ভৱ হ’ল। আনহাতে ভাৰতলৈ প্ৰত্যক্ষ বিনিয়োগৰ প্ৰৱাহ বৃদ্ধি পোৱা বাবে আৰু প্ৰৱাসী বিনিয়োগৰ আগমণ ঘটা বাবে আমদানি ব্যয়ত থকা ঘাটি পুৰণ কৰাটো সম্ভৱ হ’ল আৰু সেয়ে সামগ্ৰিকভাৱে বৈদেশিক লেন দেন পৰিশোধত ঘাটি উদ্ভৱ হোৱাৰ সঘনতাও কমিল।

5. গোলকীয়কৰণৰ পৰিণামস্বৰূপে উদ্যোগখণ্ডত নিয়োজিত শ্ৰমিকৰ মজুৰি বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হ’ল তেওঁলোকৰ উৎপাদনশীলতা বৃদ্ধি।

6. ভাৰতৰ কৃষিখণ্ডক গোলকীয়কৰণৰ পৰা প্ৰায় নিলগত ৰখা হৈছে যদিও কৃষিখণ্ডয়ো গোলকীকৰণৰ ইতিবাচক পৰিণাম ভোগ কৰিবলৈ সমৰ্থ হৈছে। এতিয়া ভাৰতীয় কৃষকে উৎপাদিত সামগ্রী বিদেশৰ বজাৰলৈ পঠিয়াব পৰা হ’ল আৰু বিদেশৰ পৰা উন্নত তথা অধিক উৎপাদনক্ষম বীজ আৰু সজুলি কিনি আনিব পৰা হল। উদ্যোগ গোষ্ঠীৰ লগত হোৱা কৃষক বন্ধনে কৃষিখণ্ডৰ উন্নয়নত এক নতুন পথ প্ৰশস্ত কৰিলে। তদুপৰি গোলকীয়কৰণৰ পৰিণামস্বৰূপে সম্প্ৰাসৰিত হোৱা তথ্য প্রযুক্তিৰ সুফলসমূহ কৃষকসকলেও ভোগ কৰিব পৰা হল। বজাৰ দৰ, বতৰ ইত্যাদি কথাবোৰ কৃষকে এতিয়া দুভাষ, দূৰদৰ্শন, ইত্যাদি যোগে সহজে পাব পৰা হল। কৃষি পৰা হ’ল। গৱেষণা আৰু উন্নয়ন কেন্দ্ৰৰ লগত প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব পৰা হ’ল।

7. পূৰ্বতে বিদেশৰ লগত কৰা বাণিজ্যিক চুক্তিৰ ক্ষেত্ৰত অর্থনৈতিক কার্যকলাপহে প্রাধান্য লাভ কৰিছিল। কিন্তু বর্তমান গোলকীয়কৰণৰ আওহাত বাণিজ্যিক চুক্তি সম্পদান কৰিবলৈ যাওঁতে সামাজিক আৰু পৰিৱেশীয় কথাবিলাকেও প্রাধান্য লাভ কৰিছিল।

৪. পূৰ্বৰ তুলনাত এতিয়া ভাৰত চৰকাৰে গোলকীয়কৰণৰ আওতাত সেৱা, বৌদ্ধিক, সম্পত্তি আৰু যোগাযোগৰ সম্পৰ্কত অধিক দায়িত্ব ল’বলগা হ’ল।

9. ভাৰত চৰকাৰে এতিয়া বিশ্বৰ বজাৰ পৰিস্থিতি চকুৰ আগত ৰাখি অর্থনৈতিক নীতি প্ৰস্তুত কৰাৰ প্ৰয়োজন আহি পৰিল। পূৰ্বতে মূলত দেশীয় অৱস্থাৰ লগত সংগতি ৰাখি অর্থনৈতিক নীতি প্রস্তুত কৰিবলগীয়া হৈছিল।

10. ভাৰতে প্ৰজ্ঞা অৰ্থনীতিৰ পথত ভৰি দিব পৰা হ’ল আৰু সেয়ে বিশ্ব জুৰি ভাৰতীয় কলা-কুশলী লোকৰ যোগান ধৰাটো সম্ভৱ হৈ পৰিল।

11. গোলকীয়কৰণে ভাৰতৰ অৰ্থনৈতিক বিকাশত সহায় কৰিছে। গোলকীয়কৰণ পূৰ্বৰ দশকত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ আছিল বছৰি 3 শতাংশ। যোৱা দশকত দেশখনৰ অৰ্থনৈতিক বিকাশৰ হাৰ বছৰি 6 শতাংশলৈ বৃদ্ধি হয়। 

12. 90 ৰ দশকত উদ্যোগখণ্ডৰ পৰাহোৱা আয় আছিল 103 বিলিয়ন ডলাৰ। যোৱা দশকত ই 287 বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়।

13. দেশখনৰ ৰপ্তানি বৃদ্ধি হৈ বৈদেশিকলেন পৰিশোধৰ ঘাটি কমে। 2004-05 চনত 83.5 বিলিয়ন ডলাৰ। 2004-05 চনত ই 200 বিলিয়ন ডলাবলৈ বৃদ্ধি পায়।

14. গোলকীয়কৰণৰ পৰিণামস্বৰূপে যোৱা দুটা দশকত দেশখনলৈ বৃহৎ আকাৰত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ আগমণ ঘটিছে। উদাহৰণস্বৰূপে 2003-04 চনত ভাৰতলৈ আগমণ ঘটা প্রত্যক্ষ বৈদেশিক বিনিয়োগ আছিল 4.3 বিলিয়ন ডলাৰ। 2003-04 চনত ই 30 বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়।

15. দূৰ সংযোগ ব্যৱসায়ত ভাৰতে বিশ্বৰ ভিতৰতে তৃতীয় স্থান দখল কৰিবলৈ সমৰ্থ হৈছে। 1966 চনত মোবাইল ফোনৰ গ্ৰাহক আছিল 0.3 নিযুত আৰু বৰ্তমান 250 নিযুত।

16. গোলকীয়কৰণৰ পৰিণামস্বৰূপে দেশখনত খুচুৰা ব্যৱসায়ৰ দ্রুত সম্প্ৰাসৰণ ঘটিছে। উদাহৰণস্বৰূপে 2010 চনত দেশ খনত বহুজাতিক Shopping Mall আছিল 2001 2015 চনত ইয়াৰ সংখ্যা 715 লৈ বৃদ্ধি হোৱাৰ কথা।

17. দুচকীয়া বাহনৰ বজাৰত বিশ্বৰ ভিতৰতে ভাৰতে দ্বিতীয়, যান বাহনৰ বজাৰত চতুৰ্থ আৰু যাত্রীবাহী যানৰ বজাৰত একাদশ স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে।

18. টিভি বজাৰ গ্ৰাহকৰ প্ৰৱেশ বৃদ্ধিৰ হাৰ আছিল 1991 চনত 204 শতাংশ 2009 চনত ই 90 শতাংশলৈ বৃদ্ধি পায়। সকলোবোৰ চহৰত আৰু প্ৰায়বোৰ গাঁৱত Internet সেৱা উপলব্ধ হৈছে।

19. দূৰ সংযোগ আৰু Software উদ্যোগ দ্রুত বিকাশ লাভ কৰিছে। ভাৰতীয় কথাছবিয়ে বিশ্ব জুৰি প্ৰসাৰতা লাভ কৰিছে।

19. দূৰ সংযোগ আৰু Software উদ্যোগ দ্রুত বিকাশ লাভ কৰিছে। ভাৰতীয় কথাছবিয়ে বিশ্ব জুৰি প্ৰসাৰতা লাভ কৰিছে।

20, গোলকীয়কৰণ শিক্ষা খণ্ডত যথেষ্ট প্ৰভাৱ পেলাইছে। এটা দশকৰ পূৰ্বে উচ্চ শিক্ষাত প্ৰৱেশৰ হাৰ আছিল মুঠ শিক্ষাৰ্থীৰ 10 শতাংশৰো কম। সম্প্রতি ই 20 শতাংশৰ কাষ চাপিছে।

27. ভাৰতীয় অর্থনীতিত গোলকীয়কৰণৰ নেতিবাচক প্রভাৱসমূহ কি কি ? (Negative impact of Globalisation in Indian Economy)

উত্তৰঃ 1. অর্থনৈতিক বৈষম্য বৃদ্ধি পাইছে। বজাৰ অৰ্থনীতিৰ উত্থানৰ জৰিয়তে মধ্যবিত্ত শ্রেণী এটাৰ জন্ম হোৱা বাবে আয় বিতৰণৰ অসমতা বৃদ্ধি পাইছিল। 15 বছৰৰ পূৰ্বে মুঠ পৰিয়ালৰ 5 শতাংশ আছিল মধ্যবিত্ত আৰু বৰ্তমান 30 শতাংশ

2. দৰিদ্ৰতা নিবাৰণত বিশেষ প্ৰভাৱ পেলাব পৰা নাই। কাৰণ দেশ খনত স্বাধীনতাৰ সময়ত 50 শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত আছিল আৰু এতিয়াও টেণ্ডুলকাৰ কমিটিৰ প্ৰতিবেদন অনুসৰি 30 শতাংশ লোক দৰিদ্ৰতা সীমাৰেখাৰ তলত যোৱা 20 বছৰে এই সংখ্যাটোৰ বিশেষ হীন দেৰি হোৱা নাই।

3. গোলকীয়কৰণ নিয়োগ বৃদ্ধিৰ সহায় কৰিব পৰা নাই। এতিয়াও এক বৃহৎ সংখ্যক লোক নিবনুৱা হৈ আছে। আৰু আন বৃহৎ সংখ্যকে অসংগঠিত খণ্ডত অর্ধনিৱুনৱা আৰু ছদ্মবেশী নিৱনুৱা হিচাপে নিযুক্তি লাভ কৰিছে। উদ্যোগখণ্ডৰ বিকাশে নিয়োগ সুবিধা বৃদ্ধি কৰিব পৰা নাই।

4. গোলকীয়কৰণে উদ্যোগখণ্ডৰ বিকাশ দ্রুততৰ কৰি তুলিব পৰা নাই।দেশখনৰ জাতীয় আয়লৈ থকা বৰঙনিৰ ক্ষেত্ৰত উদ্যোগখণ্ডৰ অগ্রগতি মাথো 27 শতাংশ। বিগত 50 বছৰৰ প্ৰচেষ্টাৰ অন্তত ইয়াক মাথো 15 শতাংশৰ পৰা 27 শতাংশলৈ বৃদ্ধি কৰাটো সম্ভৱ হ’ল। 

5. কৃষিখণ্ডৰ ওপৰতো গোলকীয়কৰণৰ প্ৰভাৱ আশাপ্ৰদ বুলি ক’ব নোৱাৰি। কিয়নো স্বাধীনতাৰ সময়ত দেশখনৰ জাতীয় আয়লৈ কৃষিখণ্ডৰ বৰঙণি আছিল 50 শতাংশ আৰু ইয়াত 70 শতাংশ মানুহে নিৰ্ভৰ কৰিছিল। বৰ্তমানত জাতীয় আয়লৈ কৃষি খণ্ডৰ বৰঙণি 15 শতাংশ বৰঞ্চ এতিয়াও 67 শতাশ লোক এই কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰশীল। গতিকে গোলকীয়কৰণে কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰিব পৰা নাই। গতিকে গোলকীয়কৰণে কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব পৰা নাই। ই কৃষি উৎপাদিকা শক্তি নিম্ন হৈ থকা আৰু কৃষিখণ্ডত ব্যাপক ৰূপত ছদ্মবেশী নিৱনুৱা থকাটো প্ৰমাণ কৰে।

6. গোলকীয়কৰণে ভাৰতীয় অর্থনীতিক পৰমুখাপেখী কৰি তুলিলে। এহাতে এক বৃহৎ সংখ্যক ভাৰতীয় লোকৰ কৰ্মসংস্থাপন হ’ল উন্নত দেশৰ Outsourcing আৰু এক বৃহৎ অংকৰ মূলধন আহে বিদেশৰ পৰা । সংকট কালত এনে নিৰ্ভৰশীলতা বিপদৰ কাৰণ হৈ পৰে।

7. বহুজাতিক সংস্থাৰ আগমণে খুচুৰা ব্যৱসায় আৰু কৃষিখণ্ডৰ উন্নতি ভীতিগ্রস্ত কৰি তুলিছে। এই দুটা খণ্ডত বহুজাতিক প্রতিষ্ঠানৰ প্ৰৱেশে এহাতে নিবনুৱা আৰু আনহাতে বৈষম্য বৃদ্ধি কৰিব।

৪. গোলকীয়কৰণৰ এটা প্রধান বৈশিষ্ট্য হল যে Special Economic Zone ৰ উপস্থিতি। এনে অঞ্চলত উৎপাদন আৰু বিক্ৰীৰ ক্ষেত্ৰত থকা দেশীয় নীতি-নিয়ম শিথিল কৰি দিয়া হয়। পৰিণামস্বৰূপে এহাতে ই প্রাকৃতিক সম্পদসমূহৰ অবহনক্ষম মাত্ৰাত ব্যৱহাৰ হোৱাত আৰু শ্ৰমিকৰ শোষণ কৰাত সহায় কৰে। ই ভাৰতৰ সাৰ্বভৌমত্বক আঘাত কৰি নিজা এক সার্বভৌম স্থিতি গঢ়ি তোলে।

9. গোলকীয়কৰণৰ জৰিয়তে ভাৰতীয় অর্থনীতিৰ অৰিহণা বৃদ্ধি পাইছে। বজাৰ অৰ্থনীতৰ সূত্ৰৰে পৰিচালিত হোৱা বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত উদ্ভৱ হোৱা মন্দাৱস্থাই ভাৰতীয় অর্থনীতিকো জোকাৰি গৈছে। বৰঞ্চ ইয়াৰ বিৰুদ্ধে থিয় দিবলৈ চৰকাৰৰ হাতত পূৰ্বৰ দৰে ৰাজকোষীয় আৰু মৌদ্রিক ঢাল তৰোৱাল নিচেই কম। কাৰণ ভাৰতে এতিয়া গোলকীয়কৰণৰ আওটাত মুক্ত বজাৰ নীতি গ্রহণ কৰিছে।

10. গোলকীয়কৰণৰ পৰিণামস্বৰূপে ঔদ্যোগিক মূলধনৰ কেন্দ্ৰীয়কৰণ হৈছে। অর্থাৎ উৎপাদনৰ আহিলা আৰু মূলধনসমূহ গোষ্ঠী বিশেষৰ হাতত কেন্দ্ৰীভূত হৈছে। পূৰ্বতে পুঁজিপতিৰ হাতত উৎপাদনী আহিলাসমূহ থুপ খাইছিল আৰু সম্প্ৰতি সেয়া হৈছে বহুজাতিক কোম্পানীৰ হাতত। উন্নয়নশীলদেশত কৰ্মৰত অৱস্থাত থকা এনে বহুজাতিক কোম্পানী আছে যাৰ বাৰ্ষিক আয় সংশ্লিষ্ট উন্নয়নশীল দেশৰ জাতীয় আয়তকৈয়ো বেছি। কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতে এনে ২০০ বহুজাতিক কোম্পানী আছে যাৰ মুঠ আয়ৰ এক তৃতীয়াংশৰ সমান।

11. গোলকীয়কৰণে অসংগঠিত খণ্ডত নিয়োগ বৃদ্ধি কৰিছে যদিও সেই অনুপাতে শ্ৰমিকৰ সা-সুবিধা বৃদ্ধি কৰিব পৰা নাই। বৰঞ্চ নিয়োগকাৰীয়ে নিজৰ স্বাৰ্থ সিদ্ধি কৰিব পৰাকৈ নিয়োজনৰ পৰিৱেশহে চহকী কৰিছে। আনহাতে এই অনানুষ্ঠানিক খণ্ডটো শ্রমিক আইনৰ অধীন নহয়। সেয়ে এই খণ্ডৰ শ্ৰমিকে বছেৰেকেত কিমান দিন কাম কৰিব, দিনে কেই ঘণ্টা কাম কৰিব সেয়া নিয়োগকাৰীৰৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। সেয়ে গোলকীয়কৰণে অসংগঠিত খণ্ডত নিয়োজিত শ্ৰমিকৰ দুখ-দুর্দশা আৰু ক্ষতিৰ আশংকা বৃদ্ধি কৰিছে।

12. গোলকীয়কৰণৰ অশুভ পৰিণাম কৃষি শ্রমিকৰ ক্ষেত্ৰতো পৰিলক্ষিত হয়। কাৰণ গোলকীয়কৰণৰ আওটাত কৃষিজাত দ্ৰৱ্যৰ চাহিদা বৃদ্ধি পাইছে। বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ যাওঁতে কৃষি শ্রমিকৰ ওপৰত কামৰ বোজা বাঢ়িছে। কিন্তু সেই অনুপাতে শ্ৰমিকৰ মজুৰি আৰু আনুষাংগিক সা-সুবিধা বৃদ্ধি পোৱা নাই।

13. গোলকীয়কৰণৰ লগে লগে বিদেশী দ্রব্যই ভাৰতীয় বজাৰ দখল কৰিছে। অধিক বস্তু আৰু সা-সুবিধাৰ উপস্থিতিত অভাৱো বাঢ়ে, লগতে বাঢ়ে পছন্দ পৰিসৰ। এই সকলোবোৰ মিলি এক ভোগবহুল সমাজ ব্যৱস্থা গঢ় লৈ উঠিছে। ইয়াৰ পৰিণামস্বৰূপে অৱনতিৰ মাত্ৰা বৃদ্ধি পাইছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top