Rethinking Development Unit 3 Development Regimes in India

Rethinking Development Unit 3 Development Regimes in India, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Rethinking Development Unit 3 Development Regimes in India Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Rethinking Development Unit 3 Development Regimes in India Question Answer can be of great value to excel in the examination.

Rethinking Development Unit 3 Development Regimes in India

Join Telegram channel

Rethinking Development Unit 3 Development Regimes in India Notes cover all the exercise questions in UGC Syllabus. The Rethinking Development Unit 3 Development Regimes in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Development Regimes in India

SOCIOLOGY

RETHINKING DEVELOPMENT

উন্নয়নৰ পুনৰচিন্তন

1. পুর্নগঠন কালত ভাৰতৰ অৰ্থনীতি : এক মূল্যায়ন কৰা ? (Indian Economy During Reform: An Assessment)

উত্তৰঃ ভাৰতৰ নতুন অর্থনৈতিক পুর্নগঠনৰ অভিজ্ঞতাপ্রায় দুই দশকৰ। ভাৰতৰ অৰ্থনৈতিক পুর্নগঠনৰ কৰ্মপন্থা আছিল উদাৰকৰণ, বেচৰকাৰীকৰণ তথা বিশ্বমুখীকৰণ। পুর্নগঠনৰ পিছত বহু এলেকাত যদিও অর্থনীতিখনে যথেষ্ট অগ্ৰগতি লাভ কৰিছে, কিন্তু অন্য কিছুমান ক্ষেত্ৰত যথেষ্ট পৰিমাণে সাফল্য অর্জন কৰিব পৰা নাই। সেইবাবে পুনগঠনৰ সময়ছোৱাত অর্থনৈতিক অগ্ৰগতিৰ এটা মূল্যায়নৰ আৱশ্যক।

1. অর্থনৈতিক উন্নয়ন :- অর্থনৈতিক পুনগঠনৰ জৰিয়তে ভাৰতত ৰাষ্ট্ৰীয় আয়ৰ বছেৰেকীয়া উন্নয়নৰ হাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। 1991 চনত থকা উন্নয়নৰ হাৰ মাত্ৰ 1.3 শতাংশৰ পৰা দশম পঞ্চ বার্ষিকী পৰিকল্পনাত 7.2 শতাংশলৈ বৃদ্ধি পায়। 2007-12 চনৰ সময়ছোৱাত বছেৰেকীয়া গড় উন্নয়নৰ হাৰ আছিল 7.5 শতাংশ 2012-13 চনত উন্নয়নৰ হাৰ আছিল 4.7 শতাংশ। যিটো 2013-14 চনত 6.2 শতাংশলৈ বৃদ্ধি পাইছিল আৰু 2014-15 চনত 7.2 শতাংশলৈ বাঢ়িছিল।

2. বৈদেশিক প্রত্যক্ষ বিনিয়োগ আৰু গোলকীয় সংহতি :- বৈদেশিক বিনিয়োগ (যাৰ ভিতৰত বৈদেশিক প্রত্যক্ষ বিনিয়োগ আৰু বৈদেশিক প্রতিষ্ঠানভিত্তিক বিনিয়োগ অন্তভূক্ত) 1990-91 চনত থকা প্ৰায় 100 বিলিয়ন আমেৰিকান ডলাৰৰপৰা 2003-04 চনত 150 বিলিয়ন ডলাৰলৈ বৃদ্ধি হয়। আনহাতে, ভাৰত বৰ্তমানে বিশ্ব অর্থনীতিৰ সৈতে অনেক বেছি পৰিমাণে সংহতিপূৰ্ণ হোৱা বাবে বিভিন্ন প্ৰকাৰে উপকৃত হৈছে।

3. বৈদেশিক মুদ্রা পুঁজি বৃদ্ধি আরু বিত্তীয় ঘাটিৰ হ্ৰাস :- অর্থনৈতিক পুনগঠনৰ পূৰ্বে ভাৰতৰ বিত্ত সংকট দূৰ কৰিবলৈ ঋণ লোৱাৰ সময়ত আর্ন্তজাতিক মুদ্ৰানিধি আৰু বিশ্ববেংক বৈদেশিক মুদ্ৰাৰ পুঁজি বৃদ্ধি আৰু বিত্ত ঘাটি হ্রাস কৰাৰ যি চৰ্ত আৰোপ কৰিছিল সেইটো বিষয়ত নতুন অর্থনৈতিক নীতিৰ যোগেদি ভাৰত প্ৰয়োজনতকৈ অধিক পৰিমাণে সাফল্য অর্জন কৰিবলৈ সমৰ্থ হৈছে। সেইবাবে বৈদেশিক মুদ্ৰাৰ পুঁজি যিখিনি 1991 চনত মাত্র 1800 নিযুত ডলাৰলৈ নামি আহিছিল সেইখিনি ক্রমাৎ উচ্চহাৰে আগবাঢ়ি 2006 চনত 165.3 বিলিয়ন ডলাৰলৈ আৰু 2009 চনৰ ডিচেম্বৰ মাহত 283 বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে।

ভাৰতৰ আন এক উল্লেখযোগ্য সাফল্য হৈছে মুদ্রাস্ফীতিৰ নিয়ন্ত্ৰণ যত 1991 চনত থকা মুদ্রাস্ফীতি বৃদ্ধিৰ হাৰ 16.8 শতাংশৰ পৰা 2000 চনত 4.8 শতাংশলৈ হ্রাস পাইছিল, যদিও তাৰ পিছত কিছু বৃদ্ধি পোৱা দেখা গৈছিল। বিত্তীয় ঘাটি 1991 চনত থকা ৰাষ্ট্ৰীয় আয়ৰ 8.5 শতাংশৰ পৰা 2007-08 চনত 2.7 শতাংশলৈ কমি আহিছিল যদিও 2008-09 টনত 6 শতাংশলৈ বৃদ্ধি পাইছিল। 

4. উৎপাদন খণ্ডত প্রতিযোগিতা বৃদ্ধি :- ভাৰতৰ অৰ্থনৈতিক পুনর্গঠনে উদ্যোগসমূহত আৰু উদ্যোগী লোকৰ মাজত প্ৰতিযোগিতা বৃদ্ধি কৰাৰ বাবে বস্তু সামগ্ৰীৰ গুণ মান আৰু উৎপাদন দক্ষতা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। উৎপাদন খণ্ডসমূহ যেনে মটৰ গাড়ীৰ সা-সাৰঞ্জম, বস্ত্ৰ উদ্যোগ, ঔষধ ইত্যাদি। যি সমূহত প্রতিযোগিতা স্পৃহা বিশেষভাৱে বৃদ্ধি পাইছে সেইবোৰ হৈছে উদ্যোগখণ্ডৰ প্রধান শক্তি।

2. নতুন অর্থনৈতিক নীতিৰ বিফলতা (Failures of New Economic Reforms) :- পুনর্গঠন কালত ভাৰতৰ কিছুমান মৌলিক সমস্যা যেনে নিয়োগ, কৃষি,উদ্যোগ, আন্তঃগাঁথনিক বিকাশ, বিত্তীয় পৰিচালনা ইত্যাদি ক্ষেত্ৰত বিশেষ মনযোগ দিয়া হোৱা নাছিল। সেইবাবে পুনর্গঠন প্রক্রিয়া বিশেষভাৱে সমালোচিত হৈছে।

1. নিয়োগ সংস্থান আৰু পুর্নগঠন (Employment and Reforms) :- যদিও পুনর্গঠন কালত অর্থনৈতিক উন্নয়নৰ হাৰ যথেষ্ঠ পৰিমাণে বৃদ্ধি পাইছে, কিন্তু বিশেষজ্ঞসকলৰ মতে পুনর্গঠনজনিত উন্নয়ন বিশেষ কোনো কৰ্ম সংস্থানৰ সুযোগৰ সৃষ্টি কৰিব পৰা নাই। ভাৰতৰ উন্নয়ন প্ৰক্ৰিয়া অর্ন্তভুক্তপৰায়ণ (Inclusive) হোৱা নাছিল আৰু বহুতে ইয়াক নিয়োগবিহীন উন্নয়ন বুলি আখ্যা দিব বিচাৰে। 1982-83 আৰু 1999-2000 চনৰ সময়ছোৱাত যদিও শ্রম শক্তিৰ অনুপাত হিচাপে নিবনুৱাৰ সংখ্যা 8.33 শতাংশৰ পৰা 7.32 শতাংশলৈ হ্রাস পাইছে। কিন্তু সৰ্বমুঠ সংখ্যাৰ নিয়োগ বিচৰা লোক 21.7 নিযুতৰপৰা এইখিনি সময়ত 26.6 নিযুতলৈ বৃদ্ধি পাইছিল। 

2. কৃষিখণ্ডত পুনর্গঠন (Reforms in Agricultural Sector) :- পুনর্গঠন আমোলাত কৃষিখণ্ডৰ উন্নতি হোৱা নাছিল। কৃষিৰ উন্নয়নৰ হাৰ ক্ৰমাত কমি আহিছে আৰু কিছুমান অঞ্চলত কৃষি সংকট তথা গ্ৰাম্য দুৰৱস্থাৰ সৃষ্টি হৈছে। এফালে কৃষি সামগ্ৰীৰ তাকৰীয়া বজাৰ মূল্য আৰু কম সুতাহৰত ঋণ সম্পদৰ দুস্প্রাপ্যতা আৰু আনফালে নিম্নস্তৰৰ কৃষি আয়ৰ ফলত কৃষক শ্ৰেণীৰ বাবে ঋণৰ বোজা অত্যাধিক হৈছে। বৃহৎ হাৰে দুৰ্গতি হোৱা বাবে কৃষষসমূহ বিস্তৃত হাৰে প্ৰৱজন কৰিবলৈ বাধ্য হৈছে।

তলত উল্লেখ কৰা কাৰণসমূহৰ বাবে অর্থনৈতিক পুনর্গঠনত কৃষিখণ্ড বিশেষ একো উপকৃত হোৱা নাই।

a. পুর্নগঠন কালছোৱাত কৃষিখণ্ডত বিশেষকৈ আন্তঃগাঁথনি যাৰ ভিতৰত জলসিঞ্চন, বিদ্যুশক্তি, ৰাস্তা নির্মাণ, বজাৰ সংযোজন তথা গৱেষণা আৰু বিকাশ অন্তৰ্ভূক্ত তাত ৰাজহুৱা সম্পদ বিনিয়োগ কমি আহিছে।

b. উদাৰকৰণৰ ফলস্বৰূপে ক্ষুদ্ৰ কৃষকসমূহ আন্তর্জাতিক বজাৰ য’ত বস্তু সামগ্ৰীৰ দাম হ্রাস পাইছে তাৰ লগত প্ৰতিযোগিতা কৰিবলৈ বাধ্য হৈছে কিন্তু অন্যহাতে চৰকাৰী সাহাৰ্য (ছাবছিডি) হ্রাস পোৱা বাবে উৎপাদন মূল্যও বৃদ্ধিও পাইছে।

c. বিভিন্ন ধৰণৰ নীতিগত পৰিৱৰ্তন যেনে কৃষিসামগ্ৰীৰ ওপৰত থকা আমদানি কৰৰ হ্ৰাস, চৰকাৰীভাৱে কৃষিসামগ্ৰীৰ নুন্যতম মূল্য নিৰ্ধাৰণ নীতিৰ প্ৰত্যাহাৰ তথা পৰিমাণগত আমদানি নিয়ন্ত্রণ উঠাই লোৱা ইত্যাদিৰ বাবে ভাৰতীয় কৃষকসকলৰ আন্তর্জাতিক প্রতিযোগিতা জনক ভীতি বৃদ্ধি পাইছে।

d. ৰপ্তানিকেন্দ্ৰিক উন্নয়নে খাদ্যশস্যৰ উৎপাদনতকৈ নগদী শস্যৰ উৎপাদনক অনেক বেছি উৎসাহিত কৰিছে। ইয়াৰ ফলত খাস্য শস্যৰ মূল্য বৃদ্ধি পাইছে।

3. উদ্যোগখণ্ডত পুর্নগঠন (Reforms in Industry) :- পুনগঠনৰ কালছোৱাত উদ্যোগখণ্ডৰ উন্নয়নৰ হাৰো শিথিল হৈ পৰিছে। উৎপাদন বৃদ্ধিৰ গতি মন্থৰ হোৱাৰ মুখ্য কাৰণ আছিল।।

(a) অর্থনৈতিক বিশ্বমুখীকৰণে বৈদেশিক সামগ্ৰী তথা সেৱাসমুহ মুক্ত গতিৰ অনুকুল পৰিস্থিতিৰ সৃষ্টি কৰিছিল। ইয়াৰ ফলত উন্নয়নশীল দেশবোৰৰ স্থানীয় উদ্যোগসমূহ বেয়াকৈ ক্ষতিগ্রস্থ হয়।

(b) যিহেতু বিশ্বমুখীকৰণৰ ফলত ঘৰুৱা বজাৰত সস্তীয়া আমদানি দ্ৰৱ্য যথেষ্ট পৰিমাণে পোৱা গৈছে সেইবাবে স্থানীয় উদ্যোগজাত সামগ্ৰীৰ চাহিদা কমি আহিছে।

(c) ভাৰতৰ আন্তঃগাঁথনিৰ সুবিধা যেনে বিদ্যুশক্তি, উন্নতমানৰ ৰাস্তা ইত্যাদিৰ বাবে পর্যাপ্ত পৰিমাণে সম্পদ বিনিয়োগ কৰা হোৱা নাই।

(d) ভাৰতৰ দৰে উন্নয়নশীল দেশ অনা শুল্ক ধৰণৰ বাধা তথা নিয়ন্ত্ৰণৰ সন্মুখীন হবলগাত উন্নত দেশসমূহৰ বজাৰত এতিয়াও সোমাব পৰা নাই। উদাহৰণস্বৰূপে যদি বস্ত্ৰ উদ্যোগ সামগ্ৰীৰ ৰপ্তানিৰ ওপৰত থকা ইণ্টাকেন্দ্রিক যাবতীয় নিয়ন্ত্রণ ভাৰতৰ ফালৰ পৰা উঠাই লোৱা হৈছে। কিন্তু আমেৰিকা যুক্তৰাষ্টই ভাৰতৰ পৰা আমদানিকৃত বস্তুত উদ্যোগ সামগ্ৰীৰ বাবে থকা ক’টা নিয়ন্ত্ৰণ প্ৰত্যাহাৰ কৰা নাই।

4. নিৰ্বিনিয়োগকৰণ আৰু পুনর্গঠন (Disinvestment and Reform) :- প্রতি বছৰতেই ৰাজহুৱা সংস্থাসমূহৰ নিৰ্বিনিয়োগৰ বাবে চৰকাৰে এটা পৰিমাণগত লক্ষ্যমাত্রা স্থিৰ কৰে। উদাহৰণস্বৰূপে 1991-92 চনত যদিও নিৰ্বিনিয়োগৰ লক্ষ্যমাত্ৰা আছিল 2500 কোটি টকা কিন্তু প্ৰকৃততে ইকুইটিশ্বেয়াৰ বিক্ৰীৰ পৰা 3080 কোটি টকা, কিন্তু সংগ্রহ কৰা হৈছিল। একেধৰণৰ 1998-99 চনত নিৰ্বিনিয়োগৰ ধাৰ্য কৰা পৰিমাণ থকা 5000 কোটি টকাৰ বিপৰীতে প্রকৃত সংগ্ৰহৰ পৰিমাণ 5400 কোটি টকা । 2010-11 চনৰ বাজেটত নিৰ্বিনিয়োগৰ পৰিমাণ 40000 কোটি টকা হ’ব বুলি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আশা কৰিছে।

সমালোচনসমূহৰ বক্তব্য অনুযায়ী ৰাজহুৱা সংস্থাসমূহৰ সম্পত্তি ব্যক্তিগত খণ্ডলৈ কম মূল্যত বিক্ৰী কৰা হৈছে। ইয়াৰ অৰ্থ হ’ল যে নিৰ্বিনিয়োগৰ যোগেদি চৰকাৰৰ প্ৰচুৰ লোকচান হৈ আছে। তাৰোপৰি নিৰ্বিনিয়োগৰ পৰা যিখিনি সম্পদ সংগ্ৰহ কৰা হৈছে সেইখিনি ৰাজহুৱা সংস্থাসমূহৰ বিকাশ তথা আমাৰ দেশৰ সামাজিক আন্তঃগাঁথনি সৃষ্টি বা উন্নত কৰাৰ বাবে ব্যৱহাৰৰ পৰিৱৰ্তে চৰকাৰী ব্যয়ত হোৱা ঘাটিহে পুৰণ কৰা হৈ আছে।

5. পুনর্গঠন আৰু বিত্তীয় নীতি (Reforms and Fiscal Policies) :- পুনগঠন আমোলৰ এটা উল্লেখযোগ্য কৃতিত্ব হৈছে 2003 চনৰ বিত্তীয় দায়িত্ব তথা বাজেট পরিচালনা এক্ট (Fiscal Responsibility and Budget Management Act 2003) কার্যকাৰী কৰা আৰু ফলাফল বাজেট প্ৰৱৰ্তন কৰা। কিন্তু ৰাজহুৱা ব্যয় বিশেষকৈ সামাজিক খণ্ডৰ বাবে সীমিত হৈ আহিছে। পুনগঠনৰ সময় ছোৱাত কৰ ফাঁকি হ্ৰাস তথা মুঠ ৰাজহ বৃদ্ধিৰ বাবে কৰ দিওঁতা শ্রেণীক উৎসাহিত কৰিবলৈ কৰৰ হাৰ হ্ৰাস কৰাৰ ফলস্বৰূপে চৰকাৰৰ কৰ ৰাজহ বৃদ্ধি পোৱা নাই। ৰাজহ সংগ্ৰহ কমি অহাৰ মুখ্য কাৰণসমূহ আছিল তলত দিয়া ধৰণৰ :

(a) পুনর্গঠনৰ আমোলাত কৰ ভাৰ লাঘৱ কৰিলেও চৰকাৰৰ কৰা ৰাজহ বৃদ্ধি হোৱা নাছিল। 

(b) পুনর্গঠন নীতিত আমদানি কৰ হ্ৰাস কৰাৰ ফলস্বৰূপে বাণিজ্যিক শুল্কৰ পৰা ৰাজহ সংগ্ৰহত সুযোগ কমি আহিছে।

(c) বৈদেশিক বিনিয়োগ উৎসাহিত কৰাৰ বাবে বাহিৰা দেশ সমূহৰ বিনিয়োগ কাৰীলৈ যি কৰ সুবিধা আগবঢ়োৱা হৈছিল তাৰ ফলত কৰ ৰাজহ বৃদ্ধিৰ সুযোগ অধিক পৰিমাণে সীমিত হৈছে। এইসমূহ কাৰণত ভাৰতৰ অর্থনৈতিক বিকাশ তথা সামাজিক কল্যাণৰ বাবে যিখিনি চৰকাৰী ব্যয়ৰ প্ৰয়োজন সেইখিনিৰ ওপৰত নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হৈছে।

6. আন্তগাথনিৰ অপর্যাপ্ততা (Inadequacy of Infrastructure) :- ভাৰতৰ ৰাস্তা-ঘাট, ৰেলৱে, পৰিবহণ, জাহাজ বন্দৰ, বিমানবন্দৰ, শক্তি যোগান, যোগাযোগ ব্যৱস্থা আদি আন্তঃগাঁথনি সুবিধাসমূহক বিশ্বৰ প্ৰতিযোগী দেশসমূহৰ লগত তুলনা কৰিব নোৱাৰি। উন্নতমানৰ আন্তঃ গাঁথনি ভাৰতৰ বাবে এটা বিৰাট প্ৰত্যাহ্বান।

7. দৰিদ্ৰ লোকলৈ অত্যাৱশ্যকীয় ৰাজহুৱা সেৱাৰ যোগান (Supply of Essential Public Services to the Poor) :- ভাৰতৰ সৰ্বাত্মক প্রাথমিক শিক্ষায়েই যথেষ্ট নহয় ইয়াৰ সর্বাত্মকভাৱে মাধ্যমিক শিক্ষাৰো অতি আৱশ্যক। স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বহু ধৰণৰ সুবিধা যেনে বিশুদ্ধ খোৱা পানীযোগান, গ্রাম্য অঞ্চলত স্বাস্থ্যসেৱা কেন্দ্ৰ ইত্যাদি উন্নত দেশসমূহৰ তুলনাত অতি নগণ্য।

2. Means of peoples participation in ad ministration.

উত্তৰঃ প্রশাসনত জনঅংশগ্ৰহণৰ আৰ্হি বা নিৰ্ধাৰক 

(Means/modes of People’s Participation) প্ৰশাসনত জনঅংশগ্ৰহণৰ উপায় প্ৰধানকৈ চাৰি ধৰণৰ— 

(ক) সিদ্ধান্ত গ্রহণত অংশগ্ৰহণ (Participation in Decision Making) :- প্রশাসনীয় সিদ্ধান্ত গ্রহণ আৰু আঁচনি প্ৰস্তুতকৰণত গ্রামীণ জনসাধাৰণৰ অংশগ্ৰহণ গ্ৰামোন্নয়নৰ অন্যতম পূৰ্বচত। সংবিধানৰ ৭৩নং সংশোধনী গৃহীত হোৱাৰ পাছৰ পৰা সিদ্ধান্ত গ্রহণ প্রক্রিয়াত স্থানীয় জনগণৰ অংশগ্ৰহণ তথা সহযোগিতা ক্রমাগতভাৱে বৃদ্ধি পাইছে। সাধাৰণতে প্রধান চাৰিটা বিষয় ক্ৰমে সমস্যা বাছনিকৰণ, সমস্যা সমধানৰ প্ৰস্তাৱ গ্ৰহণ, অগ্ৰাধিকাৰ নিৰূপণ কৰা আৰু প্ৰকল্প ৰূপায়ণ কৰা বিষয়ত কৰ্তৃত্ব প্ৰয়োগ কৰিবলৈ জনসাধাৰণে আগবাঢ়ি আহিলেহে সিদ্ধান্ত গ্ৰহণত জনসাধাৰণৰ অংশগ্ৰহণ হোৱা বুলিব পাৰি। 

(খ) প্রকল্প ৰূপায়ণত জনঅংশগ্রহণ (Participation in Implementation of Projects) :- গ্রামীণ অঞ্চলৰ উন্নয়নৰ বাবে ৰূপায়ণ কৰা উন্নয়নমুখী আঁচনি তথা প্রকল্পবিলাকৰ সফল কার্যকৰীকৰণত গ্রাম্য দৰিদ্ৰ হিতাধিকাৰীসকলৰ অংশগ্ৰহণ প্ৰশাসনৰ জনঅংশগ্ৰহণৰ অন্যতম নিৰ্ধাৰক। অৱশ্যে এইক্ষেত্ৰত গ্রামাঞ্চলৰ জনগণে বিভিন্ন আঁচনিবিলাক জানিবলৈ আগ্ৰহী হ’লে আঁচনিসমূহ কিমানদূৰ অগ্ৰগতি লাভ কৰিছে তথা আঁচনিসমূহ ৰূপায়ণৰ বাবে কিমান পৰিমাণৰ পুঁজি ধার্য কৰা হৈছিল আৰু সেই পৰিমাণ ব্যয় কৰা হৈছেনে নাই আদিৰ বিষয়ে নানান তথ্য জনগণে লাভ অধিকাৰ সাব্যস্ত কৰিব পাৰিলেহে আঁচনি কার্যকৰীকৰণৰ জনগণৰ অংশগ্ৰহণ অধিক ফলপ্রসূ হয়। 

(গ) আঁচনিৰ তদাৰকীকৰণ আৰু মূল্যায়নমূলক কামত অংশগ্রহণ (Participation in Monitoring and Evaluation of Plans) :- গ্রামীণ জনগণৰ প্ৰশাসনৰ অংশগ্ৰহণৰ আন এক নিৰ্ধাৰক হৈছে আঁচনি, প্রকল্পসমূহৰ কাৰ্যকৰীকৰণক পর্যবেক্ষণ, তদাৰকীকৰণ আৰু মূল্যায়নকৰণ। সাধাৰণতে আঁচনি এখন কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত আঁচনিখন কেনেদৰে কাৰ্যকৰী কৰা হৈছে, আঁচনি অনুসৰি কাৰ্যকৰী কৰা হৈছেনে নাই, নিৰ্ধাৰিত হিতাধিকাৰীসকল উপকৃত হৈছেনে নাই এই সকলোবিলাক বিষয় জড়িত থাকে। আঁচনিৰ কাৰ্যকৰীকৰণৰ লগতে জনগণে আঁচনিৰ তদাৰকীকৰণ তথা মূল্যায়ন কাৰ্যতো অংশগ্ৰহণ কৰিব লাগে। বর্তমান ভাৰতৰ সংবিধানৰ ৭৩নং আৰু ৭৪নং সংশোধনী অধিনিয়মৰ জৰিয়তে স্বায়ত্ত শাসিত সংস্থাবিলাকৰ কাৰ্য ব্যৱস্থাত জনসাধাৰণে তদাৰক কৰাৰ লগতে মূল্যায়ন কৰাৰ ক্ষমতা লাভ কৰিছে। তদাৰক কমিটী, মূল্যায়ন সমিতি গঠন কৰা, সামাজিক পৰীক্ষা সমিতি গঠন কৰাৰ জৰিয়তে জনগণে তদাৰকী ব্যৱস্থাত অংশগ্ৰহণ কৰিব পাৰে।

(ঘ) বিকাশৰ সুফল ভাগ বিতৰণৰ ক্ষেত্ৰত অংশগ্ৰহণ (Participation in Sharing) :- গ্রামীণ জনসাধাৰণৰ উন্নয়নমূলক কার্যত অংশগ্ৰহণৰ অন্যতম প্রধান নিৰ্ধাৰক হ’ল— বিকাশ তথা উন্নয়নৰ সুফল ভাগ-বাটোৱাৰাৰ ক্ষেত্ৰত অংশগ্রহণ। সাধাৰণতে চৰকাৰৰ বিভিন্ন উন্নয়নমুখী আঁচনিবিলাকৰ পৰা জনসাধাৰণে লাভান্বিত হ’লেহে সমাজৰ বিশেষকৈ দুৰ্বল সম্প্ৰদায়ৰ জনসাধাৰণে স্ব-ইচ্ছাৰে আৰু অংশগ্ৰহণৰ বাবে আগ্রহী হয়। এইক্ষেত্ৰত বলবন্ত ৰায় মেহতা সমিতিৰ প্ৰতিবেদনত উল্লেখিত মন্তব্য প্রণিধানযোগ্য। স্থানীয় স্বাৰ্থ ৰক্ষাৰ খাতিৰত, স্থানীয় সমস্যা সমাধানৰ বাবে স্থানীয় জনগণৰ অংশগ্ৰহণৰ প্ৰয়োজন আৰু ইয়াৰ সপক্ষে পুঁজি ব্যয় কৰাৰ নিশ্চয়তা প্ৰদান কৰাৰ কাৰ্য যেতিয়ালৈকে সম্ভৱ নহয়, যেতিয়ালৈকে স্থানীয় প্রশাসনক উপযুক্ত ক্ষমতা আৰু পুঁজিৰ যোগান ধৰিব পৰা এক প্রতিনিধিত্বমূলক গণতান্ত্রিক অনুষ্ঠানৰূপে গঢ়ি তোলা নহয়, তেতিয়ালৈকে স্থানীয় এলেকাৰ উন্নতিৰ ক্ষেত্ৰত স্থানীয় জনসাধাৰণৰ সহায়-সহযোগিতা আশা কৰিব নোৱাৰি।

3. Major problems of peoples participation in administration.

উত্তৰঃ প্রশাসনত জনঅংশগ্ৰহণৰ প্ৰধান সমস্যা (Problems of People’s Participation in Administration) জনঅংশগ্ৰহণৰ সমস্যা ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহত দেখা দিয়া সমস্যাবিলাকৰ ভিতৰত অন্যতম প্ৰশাসনৰ জনসাধাৰণৰ অংশগ্ৰহণৰ ক্ষেত্ৰত কিছুমান সমস্যাই হেঙাৰৰূপে দেখা দিয়ে। এই সমস্যাবিলাক তলত উল্লেখ কৰা ধৰণৰ—

(ক) নিৰক্ষৰতা আৰু অজ্ঞতা (Illiteracy and Ignorance) :- প্রশাসনত জনঅংশগ্রহণ আৰু সহযোগিতা অভাৱৰ প্ৰধান কাৰণ হৈছে জনসাধাৰণৰ নিৰক্ষৰতা আৰু অজ্ঞতা। ভাৰতৰ দৰে উন্নয়নশীল দেশত প্ৰায়সংখ্যক লোকেই নিৰক্ষৰ হোৱা দেখা যায়। নিৰক্ষৰতাৰ লগতে তেওঁলোক সমান্তৰালভাৱে অজ্ঞ। প্ৰশাসনত এনে নিৰক্ষৰ আৰু অজ্ঞলোকৰ অংশগ্ৰহণ আশা কৰিব নোৱাৰি।

(ক) দৰিদ্ৰতা (Poverty) :- গ্ৰামোন্নয়নৰ প্ৰশাসনত নাগৰিকৰ অংশগ্ৰহণৰ ক্ষেত্ৰত দেখা দিয়া অন্য এক সমস্যা হৈছে গ্রামীণ জনসাধাৰণৰ দৰিদ্ৰতা। দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বর্তমানেও ভাৰতত শতকৰা ৩৫ জন লোকে বসবাস কৰে। দৰিদ্ৰতাৰ বাবেই এনে দৰিদ্ৰ শ্ৰেণীৰ জনসাধাৰণে জীৱন-ধাৰণৰ ন্যূনতম প্ৰয়োজনখিনি পূৰণ কৰাৰ ওপৰত গুৰুত্ব দিয়ে, যাৰ কাৰণে তেওঁলোকে বিভিন্ন প্রশাসনীয় কার্যত অংশগ্ৰহণ কৰিব নোৱাৰে।

(খ) প্রশাসন সম্পর্কে যথোপযুক্ত জ্ঞানৰ অভাৱ (Lack of Knowledge in Administration) :- অজ্ঞতাৰে পৰিপুষ্ট গ্রামীণ জনসাধাৰণৰ উপযুক্ত প্ৰশাসনীয় জ্ঞানৰ অভাৱ হয়। প্রশাসন কেনেদৰে পৰিচালিত হয়, প্ৰশাসনৰ পৰা তেওঁলোকৰ প্ৰাপ্যখিনিৰ বিষয়ে সৰহসংখ্যক জনসাধাৰণে নাজানে। গতিকে প্রশাসনীয় জ্ঞানৰ অভাৱ থকা জনসাধাৰণৰ পৰা চৰকাৰৰ প্ৰশাসনীয় কার্যকলাপৰ অংশগ্ৰহণ তথা সহযোগিতা আশা কৰিব নোৱাৰি।

(ঘ) জনসাধাৰণৰ ৰাজনৈতিক সচেতনতাৰ অভাৱ (Lack of Political Awareness) :- নিৰক্ষৰ আৰু অজ্ঞ লোকসকলৰ ৰাজনৈতিকভাবে সচেতন নহয়। ৰাজনৈতিক সচেতনতাৰ অবিহনে জনসাধাৰণৰ প্ৰশাসনত ৰাজনৈতিক অংশগ্রহণ সম্ভৱপৰ হৈ নুঠে। চৰকাৰৰ কাৰ্যকলাপত জনগণৰ মতামতৰ প্ৰয়োজনীয়তাৰ বিষয়ে ভালদৰে বুজি উঠি তেওঁলোকে ৰাজনৈতিকভাৱে সংগঠিত হ’লেহে ৰাজনৈতিক কার্যকলাপত অংশগ্রহণ কৰিব পাৰিব। যাৰ অভাৱৰ বাবেই গ্রামোন্নয়নৰ প্ৰশাসনত নাগৰিকৰ অংশগ্রহণ সম্ভৱ হৈ উঠা নাই। কিয়নো ৰাজনৈতিক সজাগতা আৰু সচেতনতা ৰাজনৈতিক অংশগ্ৰহণৰ পূৰ্ব চৰ্ত।

4. Major characteristics of self help group. 

উত্তৰঃ আত্মসহায়ক গোট বুলিলে সাধাৰণতে কিছুমান উমৈহতীয়া লক্ষ্য সাধনৰ অৰ্থে কিছুমান ব্যক্তিৰ সমষ্টিৰ ক্ষুদ্ৰ গোটে স্বেচ্ছাকৃতভাৱে গঠন কৰা সংস্থা বা সংগঠনক বুজায়।

এক আদর্শ আত্মসহায়ক গোটৰ নিম্নলিখিত বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয়— 

(ক) এক ভাল বা আদর্শ আত্মসহায়ক গোট ১২-২০ জনৰ ভিতৰতে সদস্য সীমাবদ্ধ থাকে।

(খ) গোটৰ সদস্যসকল একে আর্থ-সামাজিক পৰ্যায়ৰ বা মর্যাদাৰ লোক হ’ব লাগে। 

(গ) আত্মসহায়ক গোট পুৰুষ আৰু মহিলাৰ বাবে সুকীয়া সুকীয়া হ’ব লাগে।

(ঘ) গোটৰ সদস্যৰ মাজত ঐক্য আৰু সম্প্ৰীতি থাকিব লাগে।

(ঙ) বিবেচনাপূৰ্ণ আৰু যুক্তিবাদী লোকক নেতৃত্ব দিয়াত উৎসাহিত কৰিব লাগে।

(চ) সদস্যসকলে নিয়মিতভাৱে সঞ্চয় কৰিব লাগে। এনে গোটসমূহ সামাজিকভাবে সুবিধাজনক আৰু বিকাশমুখী হ’ব লাগিব।

(জ) গোটসমূহৰ সিদ্ধান্ত গ্রহণ প্রক্রিয়া গণতান্ত্রিক হ’ব লাগে। 

(ঝ) কোনো ৰাজনৈতিক হস্তক্ষেপ আত্মসহায়ক গোটত থাকিব নেলাগে। 

(ঞ) কাম সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে গোটে নিজে নীতি-নিয়ম প্রস্তুত কৰিব লাগে। 

5. Major objectives of self help group.

উত্তৰঃ আত্মসহায়ক গোট বুলিলে সাধাৰণতে কিছুমান উমৈহতীয়া লক্ষ্য সাধনৰ অৰ্থে কিছুমান ব্যক্তিৰ সমষ্টিৰ ক্ষুদ্ৰ গোটে স্বেচ্ছাকৃতভাৱে গঠন কৰা সংস্থা বা সংগঠনক বুজায়। এক আদর্শ আত্মসহায়ক গোটৰ নিম্নলিখিত কিছুমান প্রধান লক্ষ্য হৈছে—

(ক) গ্রাম্য দৰিদ্ৰ জনসাধাৰণৰ মাজত আত্মসহায়, আত্ম মর্যাদা আৰু আত্মবিশ্বাস গঢ়ি তুলি উদ্যোগী কৰি তোলা।

(খ) অংশগ্ৰহণৰ মনোবৃত্তি জাগ্রত কৰি তোলা।

(গ) ব্যক্তিগত আর্থ-সামাজিক সমস্যাৱলীক সামূহিক সমস্যাৰূপে গণ্য কৰাৰ চেতনা জাগ্রত কৰা।

(ঘ) সমাজৰ অতি দৰিদ্ৰ শ্ৰেণী লোকৰ বাবে আত্মসহায়ক গোট ব্যক্তিগত আৰু সামূহিক কল্যাণ সাধন কৰাৰ কৌশল। 

(ঙ) সমাজৰ দুৰ্বল শ্রেণী লোকৰ বাবে ক্ষুদ্র ঋণৰ ব্যৱস্থা কৰি মূলধন গঠন আৰু উৎপাদনমূলক কার্যত উদ্‌গনি দিয়া। 

(চ) দৰিদ্ৰ শ্ৰেণীৰ লোকৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা।

(ছ) মহিলা পৰিচালিত পৰিয়ালৰ সদস্যসকলৰ বাবে ঋণ লাভৰ ব্যৱস্থা সৰলীকৰণ কৰা।

(জ) প্রয়োজনীয় সময়ত ঋণ প্ৰদান কৰা যাতে ইয়াৰ দ্বাৰা সম্পদৰ সদ্ব্যৱহাৰ আৰু উৎপাদন কাৰ্যৰ প্ৰাৰম্ভিক খৰচ লাভ কৰিব পৰা যায়।

(ঝ) বিত্তীয় প্ৰতিষ্ঠানৰ যোগেদি মিতব্যয়ী ব্যৱস্থা গ্ৰহণ কৰা।

6. Importance role of self help groups in rural development.

উত্তৰঃ সাধাৰণতে কিছুমান সমূহীয়া লক্ষ্য পূৰণৰ অৰ্থে কেইজনমান ব্যক্তিৰ ক্ষুদ্ৰ গোটে স্বেচ্ছাকৃতভাৱে গঠন কৰা সংগঠনসমূহকে আত্মসহায়ক গোট বুলি কোৱা হয়।

ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰসমূহত আত্মসহায়ক গোটবিলাকৰ প্রয়োজনীয়তাৰ সম্বন্ধে তলৰ দিশসমূহৰ পৰা পৰিস্ফুট হ’ব— 

(ক) জনঅংশগ্রহণ সুনিশ্চিত কৰে :- আত্মসহায়ক গোটবিলাকে জনঅংশগ্রহণ সুনিশ্চিত কৰাত সহায় কৰে। জনঅংশগ্রহণ অবিহনে কোনো চৰকাৰী কাৰ্যব্যৱস্থা ফলপ্ৰসূ হ’ব নোৱাৰে। জনসাধাৰণে অংশগ্রহণ কৰাৰ আহিলা হিচাপে আত্মসহায়ক গোটে নিজৰ বিত্তীয় সমস্যা টনকিয়াল কৰাৰ লগতে সামাজিক সহযোগিতা বৃদ্ধিত সহায় কৰিব পাৰে।

(খ) দৰিদ্ৰ জনসাধাৰণৰ সবলীকৰণত সহায় হয় :- দৰিদ্ৰ জনগণে আত্মসহায়ক গোটৰ দ্বাৰা নিজকে সবল কৰি তুলিব পাৰে। এই গোটসমূহে সদস্যবৰ্গৰ আত্মবিশ্বাস বৃদ্ধি কৰি নিজকে অধিক সক্রিয়ভাৱে নিয়োজিত কৰাত সহায় কৰে।

(গ) জনগণৰ মাজত সঞ্চয়ৰ প্ৰৱণতা বৃদ্ধি কৰে :- সঞ্চয়ৰ প্ৰৱণতা জনগণৰ মাজত বৃদ্ধি কৰাৰ ক্ষেত্ৰতো গোটবিলাকৰ গুৰুত্ব আছে। এই ক্ষুদ্র সঞ্চয় ব্যৱস্থাই দেশৰ অৰ্থনীতিত অৰিহণা যোগোৱাৰ লগতে দৰিদ্ৰ জনগণৰ বিকাশতো সহায় কৰে। 

(ঘ) নিয়োগৰ সুবিধা সম্প্ৰসাৰণত সহায়ক হয় :- গ্ৰাম্য জনসাধাৰণৰ মাজত আত্মসহায়ক গোটবিলাকৰ গঠন কাৰ্যই গ্রামীণ ৰাইজৰ মাজত নিয়োগৰ সুবিধা সম্প্ৰসাৰণ কৰাৰ জৰিয়তে তেওঁলোকৰ উপার্জন বৃদ্ধিত সহায় কৰিব পাৰে।

(ঙ) গণতান্ত্রিক প্রক্রিয়াক সৱলীকৰণত সহায় হয় :-  আত্মসহায়ক গোট গঠনে গোটৰ সদস্যসকলৰ মাজত নিজস্ব মতামত প্ৰকাশ কৰা, সামাজিক কামত মতামত প্ৰকাশ কৰাৰ সামৰ্থতা বৃদ্ধি কৰাৰ লগতে গণতান্ত্রিক প্রক্রিয়াক অধিক সৱলীকৰণ কৰাত অধিক ভূমিকা গ্ৰহণ কৰিব পাৰে। এনেবোৰ কাৰণতে আত্মসহায়ক গোটবিলাক গঠন কৰাৰ প্রয়োজনীয়তা আছে। 

7. Major characteristics of Non-Governmental Organization?

উত্তৰঃ সাধাৰণতে চৰকাৰৰ নিয়ন্ত্ৰণৰ পৰা বাহিৰত থাকি সংঘবদ্ধ হোৱা ব্যক্তি সমষ্টি তেওঁলোকৰ সামূহিক স্বাৰ্থ পূৰণৰ হকে ইচ্ছাকৃতভাৱে সদস্যপদ লাভ কৰি সংঘবদ্ধ হয় তেনে ব্যক্তি সমষ্টিৰ গোটকে অনাচৰকাৰী সংস্থা বোলা হয়। উল্লেখনীয় যে এই সংস্থাসমূহৰ কাম-কাজবিলাক লাভ আহৰণৰ প্ৰকৃতিৰ লগত জড়িত নহয়। এনে ধৰণৰ বেচৰকাৰী সংস্থাসমূহৰ তলত উল্লেখ কৰাৰ দৰে কেতবোৰ বৈশিষ্ট্য পৰিলক্ষিত হয়।

NGOৰ বৈশিষ্ট্যসমূহঃ

(ক) স্বেচ্ছামূলক সংগঠন :- NGOবিলাক হৈছে কেইজনমান ব্যক্তিৰ সহমতৰ ওপৰত ভিত্তি কৰি স্বেচ্ছামূলকভাৱে গঠন কৰা সংস্থা। নিৰ্ধাৰিত লক্ষ্য পূৰণৰ অৰ্থে সহমতৰ ভিত্তিত কেইটামান ব্যক্তিয়ে সেবামূলক কার্যসম্পাদন কৰিবলৈ আগবাঢ়ি আহে।

(খ) নমনীয়তা :- নমনীয়তা NGO বিলাকৰ অন্যতম প্রধান বৈশিষ্ট্য। কঠোৰ নীতি নিয়মৰ মাধ্যমেৰে পৰিচালিত হোৱাৰ পৰিৱৰ্তে NGO বিলাকে সময়ৰ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন নীতি-নিয়ম কাৰ্যসূচী আদি নিৰ্ধাৰণ কৰি ল’ব পাৰে।

(গ) স্বতন্ত্রতা :- স্বাধীনতা NGO বিলাকৰ অন্যতম বৈশিষ্ট্য। এই সংগঠনবিলাকে নিৰ্ধাৰণ কৰা কৰ্মক্ষেত্ৰৰ পৰিসৰৰ ভিতৰত সম্পাদন কৰিব বিচৰা কাৰ্যসমূহ নিজ ৰুচি মতে বাচি ল’ব পাৰে আৰু ইয়াৰ প্ৰক্ৰিয়াও নিজেই নিৰ্ণয় কৰি ল’ব পাৰে।

(ঘ) ক্ষিপ্র সিদ্ধান্ত গ্রহণ :- ই NGO বিলাকৰ আন এক বৈশিষ্ট্য। সমাজৰ আৰ্থ-সামাজিক স্বাৰ্থ আৰু NGO প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি NGO বিলাকে তাৎক্ষণিক সিদ্ধান্ত ল’ব পাৰে আৰু তাৰ ভিত্তিত যাৱতীয় সেৱাবিলাক সময়মতে দিব পাৰে।

(ঙ) জনসাধাৰণকেন্দ্রিক :- NGO বিলাক জনসাধাৰণকেন্দ্ৰিক সংগঠন। জনসাধাৰণৰ লগত একত্ৰিত হৈ NGO বিলাকে বিভিন্ন বিকাশমুখী আঁচনি ৰূপায়ণ কৰাৰ লগতে জনগণৰ জৰিয়তে যিবোৰ কাৰ্যকৰীকৰণৰ ব্যৱস্থা কৰে। অৰ্থাৎ ক’ব পাৰি যে NGO বিলাক হৈছে জনসাধাৰণৰ কাৰণে জনসাধাৰণে গঠন কৰা জনসাধাৰণৰ সংগঠন।

8. What are the problems associated with Non- Governmental Organization? 

উত্তৰঃ গ্রামোন্নয়নমুখী বিভিন্ন কার্যকলাপ সম্পাদন তথা পৰিচালনা কৰাৰ ক্ষেত্ৰত অনা-চৰকাৰী সংগঠনবিলাকে কেতবোৰ সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। এই সমস্যাৱলীসমূহ তলত আলোচনা কৰা হ’ল–

(ক) অর্থনৈতিক সীমাবদ্ধতা :- বেচৰকাৰী সংগঠনসমূহে উন্নয়নমূলক আঁচনিৰ ক্ষেত্ৰত সহযোগিতা দিবলৈ যাওঁতে বিত্তীয় নাটনিৰ বাবে বাধাগ্রস্ত হ’ব লগা হয়। কাৰণ এনে সংগঠনবোৰ বিত্তীয় দিশত শক্তিশালী অনুষ্ঠান নহয়। বহু সময়ত গ্ৰহণ কৰা কাৰ্যসূচী ৰূপায়ণত এনে সংগঠনে বিত্তীয় নাটনিৰ বাবে পৰিত্যাগ কৰিব লগা হয়। চৰকাৰে যথাযোগ্য বিত্তীয় সাহায্য আগবঢ়ালে বেচৰকাৰী সংগঠনে অধিক সফলভাৱে কার্য সম্পাদন কৰিব পাৰিব।

(খ) সুস্থ প্রশাসন তথা স্বচ্ছলতাৰ অভাৱ :- বেচৰকাৰী সংগঠনবোৰ পৰিচালনাৰ নীতি কঠোৰন হয়। প্ৰশাসনীয় গাঁথনিৰ ওপৰত আৰু সুস্থ প্ৰশাসনৰ ওপৰত ইয়াৰ গুৰুত্ব দিয়া নহয়। আন এটা অসুবিধা হ’ল এই সংগঠনবোৰৰ স্বচ্ছতাৰ অভাৱ দেখা যায়। বিত্তীয় দিশত মানি চলা নীতি-নিয়মবোৰ নমনীয় হোৱাৰ বাবে স্বচ্ছতাৰ অভাৱ পৰিলক্ষিত হয়।

(গ) দায়িত্বশীল মনোভাবৰ অভাৱ :- বেচৰকাৰী সংগঠনসমূহে যিসকল লোকৰ বাবে কাম কৰে, যিসকল লোকক লক্ষ্যৰূপে লৈ বিকাশমূলক কার্যকলাপত নিয়োজিত হয় সেইসকল লোকৰ প্ৰতি দায়বদ্ধ নহয়। বহু সময়ত এনে সংগঠনে দাতাৰ ইচ্ছা অভিৰুচি অনুসৰিহে কাম কৰে। জনসাধাৰণৰ প্ৰতি দায়বদ্ধ নহ’লে সংগঠন কার্যক্ষম হ’ব নোৱাৰে। দায়বদ্ধতাহে জনসাধাৰণৰ বাবে 

(ঘ) উপযুক্ত প্রশিক্ষণপ্রাপ্ত কৰ্মচাৰীৰ অভাব :- প্রস্তুত কৰা উন্নয়নমূলক আঁচনি ৰূপায়ণৰ প্ৰধান প্রয়োজনীয় দিশ।

সাধাৰণতে বেচৰকাৰী সংগঠন ব্যক্তিৰ দ্বাৰা গঠন কৰা হয়। জনসাধাৰণৰ সমস্যা, সমস্যা সমাধানৰ উপায়, চৰকাৰী আঁচনি আৰু ব্যৱস্থাৱলী, বিভিন্ন বিষয়ৰ কাৰিকৰী আৰু দক্ষতা জ্ঞানৰ বিষয়ে অৱগত নহ’লে এটা সংগঠনে দৰিদ্ৰ জনসাধাৰণ জড়িত থকা বিভিন্ন সমস্যা সমাধান সম্ভৱ নহয়। প্রশিক্ষণপ্রাপ্ত কৰ্মচাৰীৰ অভাৱৰ বাবেই বেচৰকাৰী সংগঠনে বাধাৰ সন্মুখীন হৈছে।

(ঙ) অনাচৰকাৰী সংস্থাবিলাকৰ কাৰ্যসূচীত জন অংশগ্রহণ তথা সহায়-সহযোগিতাৰ অভাৱ ইবিলাকে সুদক্ষভাৱে প্ৰশাসন পৰিচালনা কৰিব নোৱাৰাৰ অন্যতম কাৰক।

9. What do you mean by self help group. Examine the role of women in self help group.

উত্তৰঃ আত্মসহায়ক গোটৰ অৰ্থ (Meaning of self help group) :- আত্মসহায়ক গোট বুলিলে কিছুমান উমৈহতীয়া লক্ষ্য সাধনৰ অর্থে কেইজনমান ব্যক্তিৰ গোটে স্বেচ্ছাকৃতভাৱে গঠন কৰা সংস্থা বা সংগঠনক বুজায়। সাধাৰণতে একে অর্থনৈতিক অৱস্থাসম্পন্ন আৰু পাৰস্পৰিক সম্পর্কযুক্ত ওচৰ-চুবুৰীয়া একে গাঁৱৰে ১০-১২ জন সদস্যৰ মাজত এনে গোটবিলাক গঠন কৰা হয়। ৰাষ্ট্ৰীয় কৃষি আৰু গ্রামোন্নয়ন বেংক বা চমুকৈ NABARD (National Bank for Agriculture and Rural Development) ৰ মতে আত্মসহায়ক গোট হৈছে— একে আর্থিক গাঁথনিৰ অন্তৰ্গত দৰিদ্ৰ জনসাধাৰণে স্বেচ্ছাকৃতভাৱে গঠন কৰা একো একোটা ক্ষুদ্র গোট যাৰ জৰিয়তে পাৰস্পৰিক সন্মতিৰ ভিত্তিত এক উমৈহতীয়া পুঁজিত সঞ্চয় কৰি আৰু ইয়াৰ সদস্যসকলক গোটৰ সিদ্ধান্তমৰ্মে ঋণ প্ৰদানৰ ব্যৱস্তা কৰি আৰ্থ সামাজিক প্রগতি সাধনৰ পথ প্রশস্ত কৰা হয়। (“A self help group is a small, economically homogeneous and affinity group of rural poor, voluntarily formed, to save and mutually agree to contribute to a common fund, to be lent to its members as per group decision for their socio-economic development.”- NABARD এছ মণ্ডল আৰু জি এল ৰয়ৰ মতে, আত্মসহায়ক গোট হ’ল দুই বা ততোধিক লোকৰ মাজৰ পাৰস্পৰিক বুজাবুজি আৰু যোগাযোগৰ মাধ্যমেৰে গঠন কৰা একো একোটা গোট।

আত্মসহায়ক গোট আৰু মহিলা (Self Help Group and Women) :- ভাৰতবৰ্ষত ১৯৯০ চনৰ পিছৰে পৰা চৰকাৰী আৰু বেচৰকাৰী প্রচেষ্টাত আত্মসহায়ক গোটসমূহ গঠনৰ প্ৰচেষ্টা আৰম্ভ হয়। ভাৰত চৰকাৰে স্বৰ্ণজয়ন্তী গ্রামীণ স্বৰোজগাৰ যোজনা আঁচনিখন গ্ৰহণ কৰাৰ পিছৰে পৰা আত্মসহায়ক গোট গঠনত মহিলাসকলে অধিক আগবাঢ়ি অহা পৰিলক্ষিত হৈছে।

ভাৰতৰ দৰিদ্ৰ জনসাধাৰণৰ অধিকাংশই গ্রাম্য এলেকাত বসবাস কৰে। ইয়াৰে সৰহ সংখ্যক মহিলা। অর্থাৎ দৰিদ্ৰতাৰ সমস্যাটোক নাৰীকৰণ বা মহিলাকৰণ কৰা হৈছে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ পৰিকল্পনা আয়োগে প্রতি পাঁচ বছৰৰ মূৰে মূৰে গ্ৰহণ কৰা পৰিকল্পনা বিলাকত নাৰী সবলীকৰণৰ দৃষ্টিভংগী আৰু কাৰ্যসূচী গ্রহণ কৰিছে। দৰিদ্ৰতাৰ বিৰুদ্ধে সংগ্রাম কৰাৰ মানসেৰে দৰিদ্ৰতা দূৰীকৰণৰ বাবে আত্মসহায়ক গোট গঠনৰ কাৰ্যসূচী চৰকাৰে ইতিমধ্যে উদ্ভাৱন কৰিছে। এই গোট গঠনৰ আন্দোলনৰ মুখ্য পৃষ্ঠপোষক হৈছে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক। মহিলাসকলে গঠন কৰা এই গোটসমূহক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগ, ৰাষ্ট্ৰীয়কৃত বাণিজ্যিক বেংক, আঞ্চলিক বেংক, সমবায় বেংক, বেচৰকাৰী সংস্থাসমূহে বিত্তীয় ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত সহায়-সহযোগিতা কৰিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত হয়। এই দৃষ্টিকোণৰ পৰা আত্মসহায়ক গোটবিলাকক উপার্জন বৃদ্ধি, গ্রামীণ নিয়োগৰ সুবিধা, আয়ৰ বিতৰণ তথা নাৰীৰ সবলীকৰণৰ শ্রেষ্ঠ সুবিধা প্রদানকাৰী সংস্থা।

দৰিদ্ৰতা দূৰীকৰণ আৰু গ্ৰাম্য উন্নয়নৰ বাবে এক কৌশল হিচাপে ভাৰত চৰকাৰে আত্মসহায়ক গোট গঠনত গুৰুত্ব দিছিল। ভাৰতৰ গ্ৰাম্য এলেকাৰ দৰিদ্ৰ পৰিয়ালসমূহৰ প্ৰাচুৰ্য কৃষিভূমিৰ অভাৱৰ লগতে আৰ্থ-সামাজিক নিৰাপত্তাহীনতা দেখা যায়। এনে পৰিপ্ৰেক্ষিতত গ্ৰাম্য জনসাধাৰণে গ্ৰাম্য সুদখোৰ মহাজন, সুবিধাশালী শ্ৰেণীৰ পৰা অধিক সুদৰ হাৰত ঋণ লৈ ঋণগ্ৰস্ততাত ভুগিবলগীয়া হৈছিল। সেয়েহে এনে অৱস্থা দূৰ কৰি সহজ ক্ষুদ্র ঋণ প্ৰদান কৰা, ৰাজ সাহায্যৰ ব্যৱস্থা কৰাৰ জৰিয়তে গ্রামীণ পৰিয়ালসমূহক স্বনিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ বাবে উমৈহতীয়া কাৰ্যব্যৱস্থাৰ দ্বাৰা আৰ্থ-সামাজিক উন্নয়নৰ বাবে আত্মসহায়ক সংস্থাবিলাক গঠনৰ ব্যৱস্থা কৰাৰ ওপৰত ভাৰত চৰকাৰে গুৰুত্ব দি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছিল সাধাৰণতে দেখা যায় যে গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ পৰিয়ালবিলাকৰ ভিতৰত মহিলাসকলে অধিক দৰিদ্ৰতা আৰু শোষণৰ বলি হ’ব লগা হয়। গতিকে মহিলাসকলে এনে আত্মসহায়ক গোট গঠনৰ জৰিয়তে নিজকে শোষণৰ কবলৰ পৰা মুক্ত হ’ব পাৰে। ভাৰতত দৰিদ্ৰ মহিলাসকলক নাবার্ড, বিত্তীয় প্রতিষ্ঠানবিলাকৰ দ্বাৰা আত্মসহায়ক গোট বিলাকৰ মাজত ক্ষুদ্র ঋণ, ৰাজ সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিবৰ বাবে এক আন্দোলন হিচাপে যদিওবা গোটবিলাকক গঠন কৰা হৈছিল তথাপি পৰৱৰ্তী কালত ই মহিলা সবলীকৰণ আৰু দৰিদ্ৰতা দূৰীকৰণৰ এক কৌশল হিচাপে গ্ৰহণ কৰা হৈছিল।

এনেদৰে গোটবিলাক গঠন কৰাৰ জৰিয়তে মহিলাসকলৰ সঞ্চয়ৰ অভ্যাস বৃদ্ধি পোৱাৰ লগতে গ্রাম্য সুদখোৰ ঋণদাতাসকলৰ কবলৰ পৰা মুক্তি পালে। ইয়াৰোপৰি এই গোটসমূহ গঠন কৰাৰ জৰিয়তে নিজৰ পৰিয়ালৰ অৰ্থনৈতিক প্ৰগতি সাধন কৰাৰ উপৰি সামাজিক প্রগতি সাধনতো অৰিহণা যোগাইছে। এই গোটসমূহৰ যোগেদি গোটৰ সদস্যাসকলে নিজৰ সবলীকৰণৰ লগতে জৰুৰীকালীন সময়ত একেলগে কাম কৰিবলৈ সামাজিক কার্যত নিয়োজিত হ’বলৈ বিত্তীয় প্ৰতিষ্ঠানৰ লগত যোগাযোগ কৰিবলৈ এক উপযুক্ত সঞ্চয় লাভ কৰিবলৈ সক্ষম হৈছে। আত্মসহায়ক গোট গঠনৰ যোগেদি মহিলাসকলে দেশৰ আৰ্থিক প্ৰগতিত সামাজিক দায়িত্ব পালনত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে। তাৰোপৰি মহিলা সম্পৰ্কীয় বিভিন্ন সমস্যা যেনে— শিশু কল্যাণ, স্বাস্থ্য, শিক্ষা, যৌতুক প্রথা, সামাজিক অসমতা আদিৰ বিষয়ে মহিলাসকলে আলোচনা কৰি যাৱতীয় কার্যত অংশ লোৱাৰ সুবিধা লাভ কৰিছে।

আত্মসহায়ক গোটবিলাকৰ গঠন কাৰ্যই গোটৰ সদস্য সদস্যাসকলক আর্থিক ক্ষেত্ৰৰ স্বাৱলম্বী কৰি তোলাৰ যাৱতীয় সুবিধা প্ৰদান কৰিছে। সকলো বিত্তীয় বা অনাবিত্তীয় সমস্যাৰ সমাধানত মহিলাসকলে সিদ্ধান্ত গ্রহণত অংশগ্ৰহণ কৰি নিজৰ আৰ্থিক অভাৱ পূৰ্ণ কৰিবলৈ সমৰ্থ হৈছে। বর্তমান মহিলাসকলে সাংসাৰিক কার্যকলাপৰ লগতে একে সময়তে সংগঠক, পৰিচালক আৰু সিদ্ধান্ত সহকাৰী ৰূপত অৱতীৰ্ণ হ’ব পাৰিছে। এনে সংস্থাবিলাকৰ সহায়ত মহিলাসকলে তৃণমূল পর্যায়ত সমগ্ৰ দেশৰ উন্নয়নশীল প্রক্রিয়াত পৰিৱৰ্তনৰ বাহকৰূপে নিজকে সংস্থাপিত কৰিবলৈ সমৰ্থ হৈছে।

আত্মসহায়ক গোটসমূহ গঠনৰ আগতে মহিলাসকলৰ যি স্থিতি আছিল গোটবিলাক গঠনৰ পৰৱৰ্তী কালত তেওঁলোক অধিক উদ্যোগী হৈ নিজৰ স্থিতি শক্তিশালী কৰি তুলিবলৈ সমৰ্থ হৈছে। এনে গোটসমূহ গঠন কৰাৰ পিছৰে পৰা মহিলাসকলে সংগঠিত হৈ অন্যান্য সামাজিক সমস্যাৱলীসমূহৰ সমাধানৰ ক্ষেত্ৰতো নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। এনেদৰে মহিলাসকলে গোটবিলাকৰ যোগেদি অর্থনৈতিক বিকাশতে সীমাবদ্ধ নাথাকি সামগ্রিকভাৱে সামাজিক পৰিৱৰ্তনৰ আহিলা হিচাপে নিজকে প্রতিষ্ঠিত কৰিবলৈ আগবাঢ়ি আহিব পাৰিছে। এনেদৰে এই গোটবিলাকৰ সহায়ত গ্রাম্য মহিলাসকলে সামগ্রিক গণতান্ত্রিক প্ৰক্ৰিয়াত নেতৃত্ব বহন কৰিবলৈ অগ্ৰসৰ হোৱা পৰিলক্ষিত হয়। সম্পদ আহৰণৰ ক্ষেত্ৰখনৰ লগত চিনাকি হোৱাৰ লগতে মহিলাসকলে উন্নত কৌশল আৰু প্ৰযুক্তিৰ লগত পৰিচিত হৈ আৰ্থিক আৰু সামাজিক বিকাশত শক্তিশালী বৰঙণি যোগাব পাৰে। আত্মসহায়ক গোটৰ যোগেদি মহিলাসকলে গ্রামাঞ্চলত আৰ্থ-সামাজিক বিপ্লৱৰ সূচনা কৰিব পাৰে। সামাজিক দৃষ্টিভংগীৰ পৰিৱৰ্তনত, ঐক্য সম্প্ৰীতি প্রতিষ্ঠাত স্বাস্থ্য, পুষ্টি, শিক্ষা পৰিৱেশ সুৰক্ষা, সংস্কৃতিৰ বিকাশত মহিলাই এক প্রগতিশীল ভূমিকা গ্ৰহণ কৰিব পাৰে।

10. ভাৰতৰ ঔপনিবেশিক উন্নয়ন সম্পর্কে আলোচনা কৰা? 

উত্তৰঃ 1.ঔপনিবেশিক শাসন কালত নিম্ন স্তৰৰ অৰ্থনৈতিক উন্নয়ন (Low level of Economics Development under the colonial Rule) :- ইংৰাজসকলৰ আগমনৰ আগতে ভাৰতত এক স্বাধীন অৰ্থব্যৱস্থাই বিৰাজ কৰিছিল। যদিও বেছিভাগ লোকেই কৃষিৰ জৰিয়তে জীৱন নিৰ্বাহ কৰিছিল, কাৰিক্ৰীজাত বস্তুৰ উৎপাদন ভিত্তিক উদ্যোগবোৰ বিশেষভাৱে উন্নত আছিল। ভাৰতবৰ্ষ বিশেষকৈ কপাহ আৰু ৰেচমৰ বস্ত্ৰশিল্প তথা বিভিন্ন ধাতু আৰু মূল্যবান মণি আদিৰ দৰে হস্তশিল্পত বিখ্যাত আছিল। সেই সামগ্ৰী সমূহৰ কাৰু কাৰ্য আৰু উৎপাদনত ব্যৱহৃত কেচাঁমালৰ উন্নত মানৰ বাবে সমগ্ৰ বিশ্বতে ইহঁতে বজাৰ লাভ কৰিব পাৰিছিল। অন্যান্য হস্তশিল্প যিসমূহে বিশ্বময় খ্যতি অৰ্জন কৰিছিল সেইবোৰৰ মাজত সৰ্বাধিক উল্লেখযোগ্য হৈছে ধাতু তথা প্ৰস্তৰ শিল্প আৰু কাঠৰ ওপৰত কাৰুকাৰ্য্য ইত্যাদি।

ভাৰতৰ ঔপনিৱেশিক চৰকাৰে অনুসৰণ কৰা অৰ্থনৈতিক নীতিসমূহে ভাৰতীয় অর্থব্যৱস্থাৰ উন্নতি কৰাতকৈ বিটিছসকলৰ আৰ্থিক স্বাৰ্থৰ সুৰক্ষা আৰু অগ্ৰগতিত অধিক গুৰুত্ব আৰোপ কৰিছিল। এনেধৰণৰ নীতিবোৰে দেশখনক ইংলেণ্ডলৈ কেঁচামাল যোগানকাৰী আৰু ইংলেণ্ডত উৎপাদিত সামগীৰ গ্ৰাহকত পৰিণত কৰি ভাৰতীয় অর্থব্যৱস্থাৰ সংগঠনলৈ এক মৌলিক পৰিৱৰ্তন আনিছিল। স্পষ্টত : ঔপনিৱেশিক চৰকাৰে ভাৰতবৰ্ষৰ জাতীয় তথা জনমূৰি আয় গণনাৰ বাবে কেতিয়াও আন্তৰিকতাৰে প্ৰচেষ্টা হাতত লোৱা নাছিল। এই ক্ষেত্ৰত ব্যক্তিগত পর্যায়ত চলোৱা কিছুমান প্ৰচেষ্টাৰ ফলাফল আছিল পৰস্পৰ বিৰোধী আৰু অসংলগ্ন। দাদাভাই নৌৰাজী (Dadabhai Naoroji) উইলিয়াম ডিগ্‌বি (William Digby) ফিণ্ডলে চিৰাজ (Findlay Shiras), ভি.কে. আৰ. ভি. আৰ. (V. K. R. V. Ras) আৰু আৰ চি দেশাই (R.C. Desai) আদি এনেধৰণৰ উল্লেখযোগ্য গণনাকাৰী সকলৰ ভিতৰত ৰাওৱে কৰা গণনাকে ঔপনিৱেশিক শাসনকালত ভাৰতৰ জাতীয় তথা জনমূৰি আয়ৰ তাৎপৰ্যপূৰ্ণ গণনা হিচাপে ধৰা হয় । উপৰোক্ত আয় হিচাপৰ প্ৰায় সকলো অধ্যয়নতেই দেখা যায় যে বিংশ শতিকাৰ প্ৰথমার্ধত ভাৰতৰ মুঠ প্রকৃত উৎপাদনৰ বছেৰেকীয়া গড় বৃদ্ধি হাৰ আছিল দুই শতাংশৰো তলত আৰু জনমুৰি আয়ৰ বৃদ্ধি আছিল মাত্র আধা ( 0.5%) শতাংশ।

২. কৃষিখণ্ড (Agricultural Sector) :- ব্ৰিটিছৰ ৰাজত্বকালত ভাৰতৰ অৰ্থনীতি মূলত : কৃষিভিত্তিক হৈয়ে আছিল। দেশখনৰ মুঠ জনসংখ্যাৰ প্ৰায় 85 শতাংশ লোকেই বিশেষকৈ গ্রামাঞ্চলত বাস কৰিছিল আৰু তেওঁলোকে প্রত্যক্ষ আৰু পৰোক্ষভাৱে কৃষিৰ ওপৰত ভিত্তি কৰি জীৱন নিৰ্বাহ কৰিছিল। ইমান সৰহ সংখ্যক লোকৰ জীৱিকাৰ উপায় হোৱাৰ পিছতো কৃষিখণ্ডৰ উৎপাদনত স্থৱিতা তথা অৱনতিয়েই পৰিলক্ষিত হৈছিল। কৃষিৰ উৎপাদনশীলতা বৰ্ধিত হাৰত হ্রাস পাইছিল। অৱেশ্য কৃষিভূমিৰ সম্প্ৰাসাৰণ হোৱা সেতুকে মুঠ হিচাপে এই খণ্ডটোৰ কিছু পৰিমাণে বৃদ্ধি ঘটিছিল। কৃষিখণ্ডত স্থৱিতাৰ মূল কাৰণ আছিল ঔপনিৱেশিক চৰকাৰে সৃষ্টি কৰা ভূমি স্বত্বৰ বিভিন্ন ব্যৱস্থা।

a. জমিদাৰী প্ৰথা (1793 চনত লৰ্ড কৰ্ণওৱালিচে প্ৰৱৰ্তন কৰা)।

b. মহালওৱাৰী প্ৰৰ্থা।

c. ৰায়তাৰী প্ৰথা।

3. উদ্যোগ খণ্ড (Industrial Sector) :- ঔপনিৱেশিক শাসনৰ অধীনত ভাৰতবৰ্ষই কৃষি আৰু নিৰ্মাণ খণ্ডসমূহৰ দৰেই সুস্থ ঔদ্যোগিক ভেটিও গঢ়ি তুলিব নোৱাৰিলে। দেশখনৰ বিশ্ববিখ্যাত হস্তশিল্পৰ উদ্যোগসমূহ হ্রাস পালে, অথচ তাৰ অভাৱ পূৰণ কৰিব পৰা অনুৰূপ কোনো আধুনিক উদ্যোগিক ভেটি গঢ়ি উঠিবলৈ দিয়া নহল। ঔপনিৱেশিক চৰকাৰে ভাৰতৰ উদ্যোগসমূহ সুপৰিকল্পিতভাৱে ধ্বংস কৰাৰ অন্তৰালত দুটা মুখ্য উদ্দেশ্য আছিল। প্ৰথমতে, ভাৰতবৰ্ষক মাথোন ইংলেণ্ডত গঢ়ি উঠা আধুনিক উদ্যোগ সমূহৰ বাবে প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ কেচা সামগ্ৰীবোৰৰ ৰপ্তানিকাৰীৰ পৰ্যায়লৈ অৱনমিত কৰা; আৰু দ্বিতীয়তে সেই উদ্যোগসমূহৰ উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ বাবে ভাৰতবৰ্ষক এখন বিশাল বজাৰ হিচাৰে সৃষ্টি কৰা যাতে বিট্ৰেইনৰ উদ্যোগসমূহে ক্ৰমাৎ বিস্তাৰ লাভ কৰে আৰু ব্ৰিটিছৰ মাতৃভূমিয়ে উচ্চতম সুবিধা ভোগ কৰিবলৈ পায়। ফলস্বৰূপে ভাৰতৰ অৰ্থনীতিত এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। শিল্প উদ্যোগৰ পতনৰ ফলত ঔপনিৱেশিক ভাৰতত তলত দিয়া ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল—

(i) হস্তশিল্প উদ্যোগসমূহত কাম কৰা লোকসকল নিবনুৱা হৈ পৰিছিল আৰু বিকল্প কোনো বৃত্তি গঢ়ি নুঠা বাবে এওঁলোক অর্থনৈতিকভাৱে দুর্দশাগ্রস্ত হৈ পৰিছিল। 

(ii) স্থানীয়ভাৱে হস্ত শিল্পজাত সামগ্রী উৎপাদন বন্ধ হৈ যোৱাৰ ফলত এখন নতুনকৈ ভোক্তা বজাৰৰ সৃষ্টি হৈছিল। 

(iii) ইংলেণ্ডত উৎপাদন হোৱা উদ্যোগজাত সামগ্ৰী ভাৰতীয় বজাৰত যথেষ্ট পৰিমাণে আমদানি হ’বলৈ ধৰে আৰু ভোক্তাৰ চাহিদা পূৰণ কৰিবলৈ ইংলেণ্ডৰ উদ্যোগসমূহ ক্ৰমাৎ সম্প্ৰাসৰিত হ’বলৈ ধৰে।

(iv) ভাৰতৰ পৰা প্ৰচুৰ পৰিমাণে কেচামাল ৰপ্তানি বাধ্যতামূলক হৈছিল।

(v) যিহেতু ইংলেণ্ডত শিল্প বিপ্লৱৰ ফলত উদ্যোগসমূহ আধুনিক প্রযুক্তি ব্যৱহাৰৰ যোগে অপেক্ষাকৃতভাৱে কম ব্যয়ত দ্ৰৱ্য সামগ্রী উৎপাদন কৰিছিল সেই বাবে ভাৰতত এইবোৰ সস্তা দামত পোৱা বাবে ভাৰতৰ ভোক্তা বজাৰেও যথেষ্ট প্ৰসাৰ লাভ কৰে।

4. বৈদেশিক বাণিজ্য (Foreign Trade) :- পুৰণিকালৰ পৰাই ভাৰত এখন গুৰুত্বপূৰ্ণ ব্যৱসায়কেন্দ্রিক দেশ হিচাপে বিবেচিত হৈ আহিছে। কিন্তু সামগ্রী উৎপাদন, বৈদেশিক বাণিজ্য আৰু শুক্লৰ ক্ষেত্ৰত ঔপনিৱেশিক চৰকাৰে গ্ৰহণ কৰা ৰক্ষণশীল নীতিয়ে ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ৰূপ, গঠন আৰু পৰিমাণৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছিল। ফলস্বৰূপে, ভাৰতবৰ্ষ প্রাথমিক বস্তু সামগ্রী; যেনে কেচা ৰেছম, কপাহ, উণ, চেনি,নীল, মৰাপাট ইত্যাদিৰ ৰপ্তানিকাৰী আৰু কপাহী ৰেছমী আৰু উণৰ কাপোৰ আদি চূড়ান্ত ভোগ্য বস্তু সমূহ তথা মেচিনৰ দৰে যন্ত্রপাতিজাত উৎপাদক মূলধন সামগ্ৰী ইংলেণ্ডৰ পৰা আমদানীকাৰী হৈ পৰিছিল। প্ৰকৃততে সকলো ব্যৱহাৰিক অৰ্থত ইংলেণ্ডে ভাৰতৰ পৰা আমদানী আৰু ৰপ্তানিৰ ওপৰত একচেটিয়া নিয়ন্ত্ৰণ সাব্যস্ত কৰিছিল। ফলস্বৰূপে, ভাৰতবৰ্ষৰ অধিকাংশ পৰিমাণৰ বৈদিশিক বাণিজ্য ব্ৰিটেইনৰ সুবিধাৰ বাবে সীমিত ৰখা হৈছিল আৰু বাকীখিনি অন্য কিছুমান দেশ যেনে-চীন, শ্রীলংকা, আৰু পাৰস্য (ইৰাণ)ৰ বাবে অনুমোদন কৰা হৈছিল। ১৮৬৯ চনত ভূমধ্য সাগৰ আৰু লোহিত সাগৰৰ সংযোজক ছুয়েজ খাল (Suez Canal) কাৰ্যকৰী হোৱাৰ পিছত ভাৰতৰ বৈদেশিক বাণিজ্যত ব্ৰিটিছৰ নিয়ন্ত্রণ অধিক শক্তিশালী হৈছিল।

সমগ্ৰ ঔপনিৱেশিক কালজুৰি ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল বৃহৎ পৰিমাণৰ ৰপ্তানি উদ্বৃত্তৰ সৃষ্টি; কিন্তু দেশখনৰ অৰ্থব্যৱস্থাৰ বিস্তৰ মূল্যৰ বিনিময়তহে এই উদ্বৃত্ত সম্ভৱ হৈছিল।

5. জনসংখ্যামূলক অবস্থা [Demographic Condition] :- 

ভাৰতৰ জনসংখ্যা বিষয়ৰ বিৱৰণ তথা বিভিন্ন দিশ লোকপিয়লৰ জৰিয়তে প্ৰকাশ কৰা হয়। ব্ৰিটিছ ৰাজত্বৰ বেছিভাগ সময়ৰে জনসংখ্যাৰ তথ্য-পাতি পোৱা নাযায়। চৰকাৰীভাৱে প্ৰথমবাৰ 1881 চনতহে ভাৰতত লোকগণনা অনুষ্ঠিত হৈছিল। 1881 চনৰ পিছৰেপৰা প্ৰতি দহ বছৰৰ অন্তত লোকপিয়ল অনুষ্ঠিত হৈছিল।1921 চনৰ আগত ভাৰতবৰ্ষ, জনসংখ্যা সঞ্চৰণ (Demographic Transition) ৰ প্ৰথম স্তৰত আছিল। জনসংখ্যা সঞ্চৰণৰ দ্বিতীয় স্তৰ 1921 চনৰ পিছৰ পৰা আৰম্ভ হয়। সি যি কি নহওক এই স্তৰত ভাৰতৰ মুঠ জনসংখ্যা অথবা জনসংখ্যা বৃদ্ধিৰ হাৰ কোনোটোৰে উচ্চহাৰত বৃদ্ধি হোৱা নাছিল। সেই সময়ত জনসংখ্যাৰ বৃহৎ অংশৰ বাবে জনস্বাস্থ্যৰ সুবিধাৰ কোনো ব্যৱস্থা নাছিল আৰু কেতিয়াবা থাকিলেও অত্যন্ত তাকৰীয়া আছিল। ফলত পানী আৰু বায়ুৰ দ্বাৰা সৃষ্টি হোৱা বেমাৰ আজাৰ সমূহে প্ৰচণ্ড মূৰ্তি ধাৰণ কৰি বৃহৎ সংখ্যক মানুহৰ মৃত্যু ঘটাইছিল। আচৰিত হ’ব লগা নাই যে সামগ্রিক মৃত্যুৰ হাৰ যথেষ্ট উচ্চ আছিল। বিশেষকৈ, শিশুৰ মৃত্যুৰ হাৰ যথেষ্ট ভয়াৱহ আছিল। প্রতি হাজাৰত প্ৰায় 218 টা শিশুৰ মৃত্যু হৈছিল।

6. বৃত্তিগত গাঁথনি (Occupational Structure) :- বৃত্তিগত গাঁথনি, অর্থাৎ ঔপনিৱেশিক সময়ত ভাৰতবৰ্ষত বিভিন্ন উদ্যোগ তথা খণ্ডৰ মাজত কৰ্মৰত লোকৰ বিতৰণত পৰিৱৰ্তনৰ কোনো চিনাকি নাছিল৷ মুঠ শ্ৰমিকৰ এক বৃহৎ অংশ অর্থাৎ প্রায় 70 75 শতাংশ কেৱল কৃষিখণ্ডত নিয়োজিত আছিল। আনহাতে নির্মাণ খণ্ড তথা সেৱা খণ্ডত যথাক্রমে 10 শতাংশ আৰু 15-20 শতাংশ নিয়োজিত আছিল। বর্ধিত আঞ্চলিক বৈষম্য আছিল আন এটা চকুত পৰা দিশ। তেতিয়াৰ মাদ্রাজ প্রেচিডেন্সী (বৰ্তমানৰ তামিলনাড়ু, অন্ধ্ৰপ্ৰদেশ, কেৰেলা, আৰু কৰ্ণাটকৰ) কিছু অংশ মহাৰাষ্ট আৰু পশ্চিমবংগত শ্ৰমিকৰ কৃষিখণ্ডত নিৰ্ভৰশীলতা হ্রাস পাইছিল আৰু সম অনুপাতত নিৰ্মাণ খণ্ড আৰু সেৱা খণ্ডত শ্ৰমিকৰ সংখ্য বৃদ্ধি পাইছিল। অৱশ্যে একে সময়তে উৰিষ্যা, ৰাজস্থান, পঞ্জাৱ আদি অন্যান্য ৰাজ্যত কৃষিখণ্ডত শ্ৰমিকৰ অংশ বৃদ্ধি পাইছিল। সেইবাবে ভাৰতৰ বৃত্তি গাঁথনিত ঔপনিৱেশিক কালত এফালে স্থৱিৰতা আৰু আনফালে ভাৰসাম্যহীনতা থকা দেখা গৈছিল। 

7. আন্তঃগাঁথনি (Infrastructure) :- অর্থনৈতিক আন্তঃগাঁথনি বুলিলে সেইবোৰ উদ্যোগক সূচায় যি সমূহৰ বিকাশে অন্যান্য সকলো উদ্যোগ প্রতিষ্ঠান বৃদ্ধি পোৱাত সহায় কৰে। ঔপনিৱেশিক শাসন কালত ভাৰতবৰ্ষৰ মূল আন্তঃ গাঁথনি মূলক ব্যৱস্থাসমূহ যেনে— ৰেল, বন্দৰ, জল পৰিৱহণ, ডাক-তাঁৰ, সেৱা ইত্যাদিৰ উন্নতি ঘটিছিল। অৱশ্যে এনে উন্নয়নৰ অন্তর্নিহিত উদ্দেশ্য জনসাধাৰণলৈ মৌলিক সা-সুবিধা আগবঢ়োৱাটো নাছিল; বৰঞ্চ বিভিন্ন ঔপনিৱেশিক স্বাৰ্থ পুৰণ কৰাটোহে আছিল। ব্ৰিটিছ শাসনৰ পূৰ্বে যিখিনি ৰাস্তা নিৰ্মাণ কৰা হৈছিল সেইখিনি আধুনিক পৰিবহণৰ বাবে অযোগ্য আছিল।

বিত্তৰ অভাৱত ঔপনিৱেশিক প্রশাসনেও এইক্ষেত্ৰত বিশেষ একো কৰিব পৰা নাছিল। যিবোৰ পথ নিৰ্মাণ কৰা হৈছিল সেই পথসমূহ মূলতঃ ভাৰতবৰ্ষলৈ সৈন্য আনিবলৈ আৰু গ্ৰামাঞ্চলৰ পৰা কেঁচামাল ওচৰৰ ৰেল ষ্টেচনলৈ বা বন্দৰলৈ নি সেইসমূহ ইংলেণ্ড তথা অন্যান্য লোভনীয় বিদেশী ৰাষ্ট্ৰলৈ পঠোৱাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। বৰ্ষাৰ সময়ত গাওঁ অঞ্চলৰ লগত পথ পৰিবহণ সম্পর্ক বজাই ৰখা কেতিয়াও সম্ভৱ নাছিল। কাৰণ সম্পূর্ণ বছৰৰ উপযোগী ৰাস্তা সদায় শোচনীয়ভাৱে সীমিত আছিল। সেয়ে, স্বাভাবিক ভাবেই এই সমূহ এলেকাত থকা মানুহখিনি প্রাকৃতিক দুর্যোগ বা দুর্ভিক্ষৰ সময়ত সীমাহীন দুর্গতিৰ কবলত পৰিব লগা হৈছিল।

1850 চনত ইংৰাজসকলে ভাৰবৰ্ষত ৰে’লপথৰ সূচনা কৰে আৰু ই ইংৰাজসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৰঙণিবোৰৰ ভিতৰত অন্যতম আছিল। ৰে’লপথে ভাৰতবৰ্ষৰ অৰ্থব্যৱস্থাৰ গাঁথনিত দুই ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল। প্রথমতে, এই পৰিবহণ ব্যবস্থাই দেশখনৰ জনসাধাৰণক বহু দূৰ দুৰণিলৈ ভ্ৰমণত সহায় কৰিছিল আৰু সেয়েহে ভৌগলিক আৰু সাংস্কৃতিক প্ৰাচীৰ নাইকিয়া হৈছিল। দ্বিতীয়তে এই ব্যৱস্থাই ভাৰতীয় কৃষিৰ বাণিজ্যকৰণক উৎসাহিত কৰাৰ ফলত ভাৰতবৰ্ষৰ গ্ৰাম্য অৰ্থব্যৱস্থাৰ তুলনামুলক স্বনিৰ্ভৰশীলতাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছিল। বেল পৰিৱহণ ব্যৱস্থা যুগত কৰাৰ ফলত ভাৰতৰ ৰপ্তানি বাণিজ্যই নিশ্চয় প্ৰসাৰ লাভ কৰিছিল কিন্তু ইয়াৰ সুবিধাখিনি মুঠেই ভাৰতীয় জনসাধাৰণে পোৱা নাছিল। সেইবাবে যিখিনি সামাজিক সুবিধা ভাৰতীয় লোকে উপভোগ কৰিবলৈ পাইছিল। সেইখিনিতকৈ দেশৰ অৰ্থনৈতিক লোকচান যথেষ্ট বেছি আছিল।

মটৰ পথ আৰু ৰেল পৰিৱহণ লগতে ঔপনিৱেশিক চৰকাৰে আভ্যন্তৰীণ আৰু সাগৰীয় জল পৰিৱহণৰো বিকাশ ব্যৱস্থা হাতত লৈছিল কিন্তু এই ব্যৱস্থা মুঠেই সন্তোষজনক নাছিল। আভ্যন্তৰীণ জলপথসমূহো সময়ে সময়ে অমিতব্যয়ী বুলি প্রমাণিত হৈছিল। উদাহৰণস্বৰূপে উৰিষ্যা উপকূলৰ উপকূলীয় নলাৰ কথা আঙুলিয়াব পাৰি। ৰাজকোষৰ বৃহৎ ব্যয়ৰে এই নলাটো নিৰ্মাণ কৰা হৈছিল যদিও ইয়াৰ সমান্তৰালভাৱে শীঘ্ৰে সমগ্র অঞ্চল অতিক্রম কৰা ৰেলপথৰ লগত ফেৰ মাৰিবলৈ ই ব্যৰ্থ হৈছিল; আৰু সেয়েহে অৱশেষত ইয়াক পৰিত্যাগ কৰিবলগীয়া হৈছিল। তেনেদৰে বহু ব্যয়সাধ্য বৈদ্যুতিক তাঁৰবাৰ্তাৰ যোগাযোগ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ প্ৰধান উদ্দেশ্য আছিল ভাৰতত আইন শৃংখলাৰ প্ৰশাসন ভালদৰে পৰিচালনা কৰা। আনহাতে ডাক-সেৱা ব্যৱস্থাই যদিও ভাৰতৰ জনসাধাৰণৰ এটা প্ৰয়োজনীয়া চাহিদা পূৰণ কৰিছিল কিন্তু এই সুবিধাটো সদায় অপর্যাপ্ত আছিল।

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়লৈকে দুই শতিকাজোৰা ঔপনিৱেশিক শাসনৰ প্ৰভাৱৰ বীজ ইতিমধ্যে দেশৰ অৰ্থব্যৱস্থাৰ সকলো দিশতে ৰোপিত হৈছিল। কৃষিখণ্ডটো ইতিমধ্যে উদ্বৃত্ত শ্রম আৰু অত্যন্ত নিম্ন উৎপাদনশীলতাৰ দ্বাৰা ভাৰক্ৰান্ত হৈ উঠিছিল। উদ্যোগখণ্ডই আধুনিকীকৰণ, ভিন্নকৰণ সক্ষমতাবৰ্ধন আৰু বৰ্ধিত ৰাজহুৱা বিনিয়োগৰ বাবে উদ্ধাউল হৈছিল। বিখ্যাত ৰেল ব্যৱস্থাকে ধৰি আন্তঃগাথনিৰ উন্নয়ন সম্প্ৰাসৰণ আৰু জনমুখীকৰণৰ প্ৰয়োজন হৈছিল। তীব্ৰ দৰিদ্ৰতা আৰু নিবনুৱা সমস্যাৰ ব্যাপকতাৰ বাবে চৰকাৰী অৰ্থনীতিৰ প্ৰয়োজন হৈছিল। মুঠতে দেশখন বিপুল সামাজিক আৰু অর্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল।

11. মিশ্ৰ অৰ্থনীতিৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা? 

উত্তৰঃ (১) মিশ্ৰ অৰ্থনীতিত সমাজবাদ আৰু পুঁজিবাদ— এই উভয় অৰ্থব্যৱস্থাৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। অর্থাৎ ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ড এই দুয়োটাই মিশ্ৰ অৰ্থনীতিত সহাৱস্থান কৰে। সাধাৰণতে ৰাজহুৱা কল্যাণমূলক কৰ্মৰ উপৰি মূল উদ্যোগ, সামাজিক বুনিয়াদ নিৰ্মাণ উদ্যোগ, প্ৰতিৰক্ষা উদ্যোগ, অস্ত্র-শস্ত্ৰ নিৰ্মাণ উদ্যোগ, আণৱিক শক্তি উদ্যোগ আদিৰ দৰে জাতীয় স্বাৰ্থজড়িত বিষয়সমূহ ৰাজহুৱা খণ্ডৰ অধীনত থকাৰ বিপৰীতে কম গুৰুত্বপূৰ্ণ অর্থনৈতিক কার্যকলাপ আৰু কৃষি খণ্ড বেচৰকাৰী বা ব্যক্তিগত খণ্ডৰ অধীন হয়। আকৌ কিছুমান উদ্যোগ চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ যুটীয়া প্ৰচেষ্টা আৰু পৰিচালনাত নিয়ন্ত্রিত হয়। অর্থাৎ মিশ্ৰ অৰ্থনীতিত ৰাজহুৱা খণ্ড (Public Sector), ব্যক্তিগত খণ্ড (Private Sector) আৰু যুটীয়া খণ্ড (Joint Sector) পৰিলক্ষিত হয়। 

(২) মিশ্ৰ অৰ্থনীতিত পৰিকল্পনাৰ ভিত্তিত ৰাজহুৱা আৰু ব্যক্তিগত, খণ্ডৰ আঁচনি আৰু লক্ষ্যসমূহ প্ৰস্তুত কৰা হয়। অৱশ্যে এনে পৰিকল্পনা সর্বাত্মক নহয়, গণতান্ত্রিক হয়। পৰিকল্পনাৰ মাধ্যমেৰে চৰকাৰী আৰু বেচৰকাৰী উভয় খণ্ডৰ মাজত সমন্বয় সাধন কৰি সামূহিক কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বেচৰকাৰী খণ্ডক প্রত্যক্ষভাৱে পৰিকল্পনাৰ অধীনলৈ অনা নহয় যদিও প্রয়োজন সাপেক্ষে ব্যক্তিগত খণ্ডক পর্যবেক্ষণ আৰু নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা থাকে।

(৩) মিশ্ৰ অৰ্থনীতিত চৰকাৰী খণ্ডৰ উৎপাদন, দৰ নিৰ্ধাৰণ আদি বিষয়সমূহ চৰকাৰৰ আৰ্থিক নীতি আৰু আয়-ব্যয় সংক্রান্তীয় নীতিৰ দ্বাৰা সামাজিক কল্যাণৰ উদ্দেশ্যেৰে পৰিচালিত হয়। আনহাতে, ব্যক্তিগত খণ্ডৰ উৎপাদন, উপভোগ, দৰ, বিনিয়োগ আদি বিষয়সমূহ প্ৰতিযোগিতাৰ মাধ্যমেৰে লাভৰ প্ৰত্যাশাৰে নিৰ্ধাৰিত হয় যদিও অনুজ্ঞাপত্ৰ, মুদ্ৰ আৰু ৰাজকোষীয় নীতি আদিৰ ভিত্তিত আইন প্রণয়নৰ দ্বাৰা এইসমূহ নিয়ন্ত্ৰণ কৰিব পৰা যায়। দ্রব্য-সামগ্ৰীৰ নাটনিৰ সময়ত চৰকাৰে দৰ নিয়ন্ত্রণ কৰাৰ লগতে প্রয়োজন সাপেক্ষে ৰেছনিঙৰ ব্যৱস্থা কৰিব পাৰে।

(৪) মিশ্ৰ অৰ্থনীতিত ৰাষ্ট্ৰীয় নীতি-নিৰ্দেশনাৰ সীমাৰ ভিতৰত ব্যক্তিগত ঔদ্যোগিক স্বাধীনতা প্রদানেৰে কৰ্মপ্ৰেৰণা প্ৰদান কৰা হয়। এইক্ষেত্ৰত ব্যক্তিগত লাভৰ প্ৰত্যাশা আৰু সামাজিক কল্যাণৰ মাজৰ বিৰোধ আঁতৰাই এক সমন্বয়ৰ অৰ্থনীতি গঢ়ি তোলাৰ প্ৰচেষ্টা চলোৱা হয়। ব্যক্তিগত আৰু ৰাজহুৱা—উভয় খণ্ডই যাতে সুস্থ প্রতিযোগিতাৰে জাতীয় স্বার্থ সুৰক্ষিত কৰি অৰ্থনৈতিক বিকাশ সাধন কৰিব পাৰে। তাৰবাবে মিশ্ৰ অৰ্থনীতিত ব্যৱস্থা গ্ৰহণ কৰা হয়। 

12. মিশ্ৰ অৰ্থনীতিৰ চাৰিটা সুবিধা বা গুণ কি কি ?

উত্তৰঃ (১) মুক্ত বজাৰ অৰ্থনীতিত ব্যক্তি স্বাধীনতাক সর্বাধিক গুৰুত্ব আৰোপ কৰা হয়। ইয়াত সকলো বিক্রেতা বা উদ্যোক্তাই স্বাধীনভাৱে লাভ সর্বাধিক কৰাৰ সুযোগ পায় আৰু সকলো ক্রেতাই স্বাধীনভাৱে ক্ৰয় কাৰ্যৰে সৰ্বাধিক সন্তুষ্টি অর্জন কৰাৰ সুযোগ পায়। উদ্যোক্তা আৰু উপভোক্তাই কি দ্রব্য, কিমান পৰিমাণত উৎপাদন বা উপভোগ কৰিব সেই সম্পর্কে উভয়ে স্বাধীনভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। অৰ্থাৎ ইয়াত আর্থিক স্বাধীনতাৰে মানৱ অধিকাৰ সুৰক্ষিত হয়। 

(২) মুক্ত বজাৰ অৰ্থনীতিত উদ্যোক্তাসকলৰ মাজত হোৱা প্ৰতিযোগিতাৰ ফলত দেশৰ সকলো সম্পদ (প্রাকৃতিক সম্পদ, মানৱ সম্পদ প্রভৃতি) যুক্তিসংগত বণ্টন (rational allocation of resources) সম্ভব হয়। সম্পদ বণ্টনৰ উদ্দেশ্য হ’ল সম্পদৰ কাম্যতম ব্যৱহাৰ কৰা। এইক্ষেত্ৰত উদ্যোক্তাসকলে সর্বাধিক লাভৰ প্ৰত্যাশাৰে নিম্নতম ব্যয়ত উৎপাদনৰ পৰিমাণ সৰ্বাধিক কৰি ক্ৰেতাসকলৰ চাহিদা পূৰণ কৰাৰ প্ৰচেষ্টা চলায়। প্ৰকৃততে মুক্ত বজাৰ অৰ্থনীতিত সম্পদৰ প্ৰকৃত সদব্যৱহাবৰ মাধ্যমেৰে বজাৰ চাহিদা আৰু যোগানৰ মাজৰ ভাৰসাম্য বৰ্তাই ৰখা সহজ হয়।

(৩) মুক্ত বজাৰ অৰ্থনীতি এক গতিশীল অর্থনীতি (Dynamic Economy)। এনে অৰ্থনীতিত লাভৰ প্ৰত্যাশা আৰু প্ৰতিযোগিতাই উদ্যোক্তাসকলক প্ৰভাৱান্বিত কৰে। সম্পদৰ কাম্যতম বণ্টন স্তৰ (optimum resource allocation level) লাভৰ প্ৰয়াসেৰে ইয়াত যথেষ্ট পৰিমাণে গৱেষণা আৰু উদ্ভাৱন কার্য সম্পাদন কৰা হয়; ফলত নিত্য-নতুন প্রযুক্তি প্ৰৱৰ্তনৰ লগতে নতুন উৎসাহ আৰু আশাৰ সঞ্চাৰ ঘটি অর্থনীতিখনে গতিশীলতা লাভ কৰে।

(৪) মুক্ত ৰজাৰ অৰ্থনীতিত উৎপাদন ব্যবস্থাতো দক্ষতাপূৰ্ণভাৱে পৰিচালিত হয়। উদ্যোগসমূহ সৰ্বাধিক লাভ অৰ্জনৰ প্ৰচেষ্টাৰে সতৰ্কতাৰে বিনিয়োগ কৰে বাবে অৰ্থৰ অপব্যয় কম হয়। ব্যক্তি আৰু প্ৰতিষ্ঠানে দক্ষতাপূৰ্ণভাৱে কৰা কৰ্মৰ ফলত পুৰস্কৃত হয় আৰু ইয়ে শ্ৰমিকসকলৰ কর্মস্পৃহা বৃদ্ধি কৰে।

(৫) বৈদেশিক বাণিজ্য মুক্ত বজাৰ অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ বিষয়। বিশ্ব বাণিজ্যত সকলো দেশেই বাণিজ্যিক প্রতিযোগিতাত অংশগ্ৰহণ কৰি ৰপ্তানিৰ পৰিমাণ বৃদ্ধিৰ প্ৰচেষ্টা চলায়। এইক্ষেত্ৰত আমদানি-ৰপ্তানি বাণিজ্যত শুল্ক বাধা [tariff wall) নাৰাখি দেশৰ বাণিজ্যক বিশ্বয়নমুখী (Globalised) কৰাৰ ক্ষেত্ৰত মুক্ত বজাৰ অৰ্থনীতি যথেষ্ট সুবিধাজনক। বিশ্বায়নে অৰ্থনীতিৰ দ্ৰুত উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

৬) বৰ্তমান সময়ত ৰাজনৈতিক স্বাধীনতাৰ লগতে অর্থনৈতিক স্বাধীনতাৰ ওপৰত অত্যধিক গুৰুত্ব আৰোপ কৰা হয়। মুক্ত বজাৰ অর্থনীতি এইক্ষেত্ৰত আদৰ্শ স্বৰূপ হ’ব পাৰে। সেয়েহে বিশ্বৰ সমাজতন্ত্র দেশসমূহেও বৰ্তমান বজাৰ অৰ্থনীতিক আদৰি লৈছে। পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ পতনৰ পাছত ৰাছিয়াকে ধৰি ইউৰোপৰ অন্যান্য দেশত বজাৰ অৰ্থনীতি ক্রমশঃ প্রতিষ্ঠিত হৈছে। আনকি গণ-প্রজাতন্ত্র চীন দেশতো বজাৰ অৰ্থনীতি সম্প্ৰসাৰিত হৈছে।

13. মিশ্ৰ অৰ্থনীতিৰ চাৰিটা অসুবিধা বা দোষ কি কি ? 

উত্তৰঃ (১) মুক্ত বজাৰ অৰ্থনীতিত আয় আৰু সম্পদৰ বিতৰণৰ ক্ষেত্ৰত অসমতা থকা দেখা যায়। সম্পদৰ ওপৰত ব্যক্তিৰ প্ৰাধান্য, মুক্ত প্রতিযোগিতা আৰু উত্তৰাধিকাৰী স্বত্বই ধনী আৰু ক্ষমতাশালী পুঁজিপতিসকলক অধিক ধনী আৰু ক্ষমতাশীল কৰি তোলাৰ বিপৰীতে দুর্বল শ্রমিক শ্রেণী অধিক দুখীয়া হৈ পৰে। অৰ্থনৈতিক অসমতাৰ ফলত সামাজিক আৰু ৰাজনৈতিক অসমতাৰ সৃষ্টি হয়। পুঁজিপতি শ্ৰেণীটোৱে সাধাৰণতে শ্রমিক শ্ৰেণীৰ ওপৰত শোষণ কৰাৰ ফলত শ্রেণী সংঘাত (Class struggle)ৰ দৰে সমস্যাৰ উদ্ভৱ হয়।

(২) মুক্ত বজাৰ অৰ্থনীতিত উদ্যোক্তাসকলৰ মাজত হোৱা প্ৰতিযোগিতাৰ নিশ্চিত ফল হ’ল একচেটিয়া ব্যৱসায়ৰ উদ্ভৱ। মুক্ত প্ৰতিযোগিতাৰ ফলত দুৰ্বল আৰু অদক্ষ উৎপাদনকাৰীসকল উৎপাদন ক্ষেত্র ত্যাগ কৰিব লগা হয় আৰু বজাৰত কিছুসংখ্যক উৎপাদনকাৰীয়ে আধিপত্য বিস্তাৰ কৰে। এনেদৰে বজাৰ দখলকাৰী একচেটিয়া ব্যৱসায়ীয়ে উৎপাদনৰ উপাদানৰ পূৰ্ণতম ব্যৱহাৰ নকৰি সম্পদৰ অপচয় কৰিব পাৰে। অত্যাৱশ্যকীয় দ্রব্যৰ তুলনাত লাভ সৰ্বাধিক হোৱা কম আৱশ্যকীয় বা অনাৱশ্যকীয় দ্রব্য (যেনে-বিলাসী দ্রব্য)ৰ উৎপাদনত দেশৰ সম্পদ অধিক পৰিমাণে ব্যৱহাৰ কৰিব পাৰে। তদুপৰি একচেটিয়া ব্যৱসায়ীয়ে কৃত্ৰিম নাটনিৰ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে। 

(৩) মুক্ত বজাৰ অৰ্থনীতিত চাহিদা আৰু যোগানৰ ওপৰত কোনো নিয়ন্ত্রণ নাথাকে বাবে সকলো সময়তে বজাৰত ভাৰসাম্য বৰ্তি থকাৰ কোনো নিশ্চয়তা নাথাকে; ফলত অর্থনৈতিক অস্থিৰতা আৰু অনিশ্চয়তাৰ উদ্ভৱ হয়। উৎপাদনৰ আধিক্য বা অৱনতিৰ সময়ত শ্রমিকসকল কর্মচ্যুত হোৱাৰ সম্ভাৱনা থাকে; অর্থাৎ নিবনুৱা সমস্যা মুক্ত বজাৰ অৰ্থনীতিৰ ক্ষেত্ৰত এক স্বাভাৱিক অৱস্থা।

(৪) মুক্ত বজাৰ অৰ্থনীতিৰ ক্ৰেতাৰ সাৰ্বভৌমত্ব (Consumer Sovereignty) আৰু গণতান্ত্রিক অর্থনৈতিক অধিকাৰ কেৱল মাত্র এক তাত্বিক ধাৰণাহে। ব্যৱহাৰিক ক্ষেত্ৰত উদ্যোক্তাসকলে বিজ্ঞাপন, প্ৰচাৰ আৰু বিভিন্ন বজাৰ কৌশল (Marketing Strategy) ৰ সহায়ত উপভোক্তাসকলক প্ৰভাৱান্বিত কৰি তেওঁলোকৰ ৰুচি-অভিৰুচিক নিয়ন্ত্রণ কৰে। তদুপৰি দুখীয়া গ্ৰাহকসকলৰ ক্রয় ক্ষমতা সীমিত হোৱা বাবে তেওঁলোক উপভোগৰ পৰা বঞ্চিত হয়।

14. অর্থনৈতিক পৰিকল্পনাৰ উদ্দেশ্যসমূহ (Objectives of Economic Planning) কি কি? আলোচনা কৰা ? 

উত্তৰঃ ১। দ্ৰুত অর্থনৈতিক উন্নয়ন (Rapid Economic Development) :- অর্থনৈতিক পৰিকল্পনাৰ প্ৰথম আৰু প্ৰধান লক্ষ্য হ’ল দ্রুত আর্থিক বিকাশ। বিশেষকৈ উন্নয়নশীল আৰু অনুন্নত দেশসমূহৰ মুক্ত বজাৰ ব্যৱস্থাৰ যোগেদি কাম্য আর্থিক প্রগতি সম্ভৱ নহয়। গতিকে সীমিত সম্পদৰ উপযুক্ত ব্যৱহাৰৰ যোগেদি বিভিন্ন খণ্ডৰ উন্নয়ন সাধন কৰি সামগ্ৰিকভাৱে অৰ্থনীতিৰ এক দ্রুত বিকাশ পৰিকল্পনাৰ যোগেদি কঢ়িয়াই আনিব পৰা যায়। অনুন্নত দেশসমূহৰ কৃষিৰ অনগ্ৰসৰতা, পাছপৰা কাৰিকৰী জ্ঞান, মূলধনৰ অভাৱ, উদ্যোগীকৰণৰ সমস্যা আদি নানান সমস্যা সমাধান অবিহনে অর্থনৈতিক উন্নয়ন সম্ভৱ নহয়। পৰিকল্পনাৰ যোগেদি এনে সমস্যাসমূহ সমাধান কৰিব বিচৰা হয়।

২। দৰিদ্ৰতা দূৰীকৰণ (Poverty alleviation) :- অর্থনৈতিক পৰিকল্পনাৰ আন এক উদ্দেশ্য হ’ল দৰিদ্ৰতা দূৰ কৰা। অনুন্নত দেশসমূহত দৰিদ্ৰতাৰ পাকচক্র দেখা যায়। এনে পাকচক্ৰৰ পৰা ওলাই 84 Answer Bank of 3rd sem. Sociology (GE) আহি অর্থনৈতিক উন্নয়ন কৰা অসম্ভৱ, কিয়নো অধিকাংশ লোক দৰিদ্ৰ আৰু তেওঁলোকৰ উপাৰ্জন কম কাৰণে মূলধন গঠনৰ হাৰ কম। মূলধন গঠন নিম্ন হোৱাৰ ফলত বিনিয়োগ কম। আকৌ বিনিয়োগ কম হোৱাৰ কাৰণে নিয়োগৰ পৰিমাণ কম আৰু নিয়োগ কম কাৰণে উপাৰ্জনৰ পৰিমাণ কম। এনে দৰিদ্ৰতাৰ চক্ৰবেহুৰ মাজত সোমাই থকা দেশসমূহে দৰিদ্ৰতাৰ পাকচক্ৰ অতিক্ৰম কৰি ওলাই আহিবৰ কাৰণে অর্থনৈতিক পৰিকল্পনাৰ আৱশ্যক হৈ পৰে।

৩। প্রাকৃতিক সম্পদ উপযুক্ত ব্যৱহাৰ (Proper Utilization of Natural Resources) :- উন্নয়নশীল দেশসমূহ যদিও অনুন্নত, এনে দেশসমূহত কিন্তু প্ৰচুৰ পৰিমাণৰ প্ৰাকৃতিক সম্পদ জমা হৈ থাকে। এনে প্রাকৃতিক সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰৰ যোগেদি উন্নয়নশীল দেশসমূহে দ্রুত আর্থিক বিকাশ লাভ কৰিব পাৰে। গতিকে প্রাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰ অৰ্থনৈতিক পৰিকল্পনাৰ অন্যতম উদ্দেশ্য।

৪। কৃষিৰ উন্নয়ন (Agricultural Development) :- উন্নয়নশীল দেশসমূহৰ অধিকাংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু এনে দেশসমূহৰ কৃষি ব্যৱস্থা পৰম্পৰাগত তথা আন্তঃগাঁথনিৰ অভাৱ দেখা যায়। কৃষি ক্ষেত্ৰত আধুনিক কাৰিকৰী কৌশল ব্যৱহাৰৰ অভাৱ, বজাৰ-ব্যৱস্থাৰ আসোঁৱাহ, কৃষকৰ নিৰক্ষৰতা আদিৰ কাৰণে কৃষি ব্যৱস্থাৰ উন্নয়ন স্থবিৰ হৈ পৰে। গতিকে অর্থনৈতিক পৰিকল্পনাৰ এটা প্রধান উদ্দেশ্য হ’ল কৃষিক্ষেত্ৰৰ উন্নয়ন।

৫। বুনিয়াদী সুবিধাৰ উন্নয়ন (Infrastructural Development) :- এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰধান চৰ্ত হ’ল দেশখনৰ বুনিয়াদী সা-সুবিধাৰ উন্নতি। পৰিবহণ, যোগাযোগ, বিদ্যুৎ আদি খণ্ডৰ উন্নয়নৰ ওপৰতেই দেশ এখনৰ অৰ্থনৈতিক উন্নয়নো বহু পৰিমাণে নিৰ্ভৰ কৰে। অৰ্থনৈতিক পৰিকল্পনাৰ যোগেদি এখন দেশৰ বুনিয়াদী সা-সুবিধাৰ উন্নতি ঘটাবৰ কাৰণে প্রচেষ্টা চলোৱা হয়।

৬। নিয়োগৰ সুবিধা সৃষ্টি (To Create Employment Opportunity) :- নিবনুৱা সমস্যা সমাধান তথা অতিৰিক্ত নিয়োগৰ সুবিধা সৃষ্টি কৰা পৰিকল্পনাৰ অন্যতম উদ্দেশ্য। ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ নিয়োগ আঁচনি, গ্ৰাম্য উন্নয়নৰ আঁচনি গ্ৰহণ কৰিব লগা হয়। উন্নয়নশীল দেশৰ অতিৰিক্ত জনসংখ্যাক প্রয়োজনীয় নিয়োগৰ সুবিধা প্ৰদান কৰাত পৰম্পৰাগত খণ্ডবিলাক ব্যর্থ হয়। গতিকে নিয়োগ সৃষ্টি কৰা পৰিকল্পনাৰ অন্যতম লক্ষণ।

৭। ঔদ্যোগিক উন্নয়ন (Industrial Development) :- ঔদ্যোগিক উন্নয়ন হ’ল উন্নয়নশীল দেশ এখনৰ অৰ্থনৈতিক উন্নয়নৰ ছাবিকাঠী। কিন্তু এনেবোৰ দেশত বজাৰ অৰ্থনীতিৰ যোগেদি ঔদ্যোগিক খণ্ডৰ বিকাশ সাধন নহয়। গতিকে অর্থনৈতিক পৰিকল্পনাৰ এক উদ্দেশ্য হ’ল ঔদ্যোগিক খণ্ডৰ উন্নয়ন কৰা।

৮। সামাজিক সেৱা ( Social Service) :- পৰিকল্পনাৰ আন এক লক্ষ্য হ’ল সামাজিক সেৱা প্ৰদান কৰা। স্বাস্থ্যসেৱা, শিক্ষা, পৰিয়াল কল্যাণ, ৰুগীয়া, নিবনুৱা, বৃদ্ধ, গৃহহীন, দৰিদ্ৰ লোকৰ কাৰণে সেৱা আগবঢ়োৱাটো পৰিকল্পনাৰ লক্ষ্য। ইয়াৰ কাৰণে চিকিৎসালয় স্থাপন, শিক্ষানুষ্ঠান প্রতিষ্ঠা, গৃহহীন লোকৰ গৃহ নির্মাণ, নিবনুৱা লোকলৈ নিয়োগ আঁচনি, বৃদ্ধ কল্যাণ আঁচনি আদি গ্ৰহণ কৰিব লাগে।

৯। অর্থনৈতিক সুস্থিৰতা (Economics Stability) :- অর্থনৈতিক উন্নয়নৰ কাৰণে অর্থনৈতিক সুস্থিৰতা অতি প্রয়োজন। কিন্তু দেশত সামগ্রিক যোগানৰ তুলনাত সামগ্রিক চাহিদা অধিক হ’লে মুদ্রাস্ফীতি আৰু সামগ্রিক চাহিদাৰ তুলনাত যোগান অধিক হ’লে মুদ্রা সংকোচনে দেখা দিব পাৰে। এনে অর্থনৈতিক অস্থিৰতাই দেশত অর্থনৈতিক প্রগতি বাধাগ্রস্ত কৰি তুলিব পাৰে। বিশেষকৈ উন্নয়শীল দেশসমূহত বজাৰ অৰ্থনীতিত এনে অস্থিৰতাই দেখা দিব পাৰে। গতিকে উন্নয়নশীল দেশসমূহত অৰ্থনৈতিক সুস্থিৰতা ৰক্ষা কৰাটো অৰ্থনৈতিক পৰিকল্পনাৰ প্ৰধান উদ্দেশ্য। অৱশ্যে উন্নয়শীল দেশসমূহৰ লগতে উন্নত দেশসমূহতো অর্থনৈতিক সুস্থিৰতা ৰক্ষাৰ সমানে গুরুত্ব আছে। 

১০। অন্যান্য উদ্দেশ্য (Other Objectives) :- কেৱল ওপৰত উল্লেখ কৰা উদ্দেশ্যসমূহেই নহয়। অর্থনৈতিক পৰিকল্পনাত আন বিভিন্ন উদ্দেশ্য আছে। প্রতিখন দেশৰ স্থানীয় প্রয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি ভিন ভিন উদ্দেশ্য আগত ৰাখি অর্থনৈতিক পৰিকল্পনা গ্ৰহণ কৰা হয়। বৈদেশিক লেনদেনৰ ঘাটি পূৰণৰ উদ্দেশ্যে আমদানি বিকল্প তথা ৰপ্তানি বৃদ্ধি, ধনী-দুখীয়াৰ প্ৰভেদ হ্ৰাস কৰিবৰ কাৰণে জাতীয় আয়ৰ সমবিতৰণ, জনসংখ্যা বৃদ্ধি ৰোধ, দ্রুত হাৰত মূলধন গঠন, বিভিন্ন অঞ্চলৰ মাজত থকা আঞ্চলিক বৈষম্য হ্রাস কৰা, দৰ সুস্থিৰতা ৰক্ষা, প্ৰতিৰক্ষা ব্যৱস্থাৰ উন্নয়ন, গ্ৰাম্য উন্নয়ন, বস্তিসমূহৰ উন্নয়ন, একচেটীয়া ক্ষমতাৰ নিয়ন্ত্ৰণ, কাৰিকৰী কৌশলৰ উন্নয়ন, মানৱ সম্পদ উন্নয়ন আদি নানান উদ্দেশ্যৰে অৰ্থনৈতিক পৰিকল্পনা গ্রহণ কৰা হয়। শেহতীয়াকৈ বহনযোগ্য উন্নয়ন আৰু পৰিবেশ সুৰক্ষা অর্থনৈতিক পৰিকল্পনাৰ উদ্দেশ্য হৈ পৰিছে। তদুপৰি বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উন্নয়নো অর্থনৈতিক পৰিকল্পনাৰ লক্ষ্য।

15. অর্থনৈতিক পৰিকল্পনাৰ বৈশিষ্ট্য (Properties of Economic Planning) সমূহ কি কি? ব্যাখ্যা কৰা ?

উত্তৰঃ ভাৰতবৰ্ষত মিশ্র অর্থনৈতিক নীতি গ্রহণ কৰা হৈছে। গতিকে ভাৰতীয় অর্থনৈতিক পৰিকল্পনা হ’ল মিশ্ৰ অৰ্থনীতিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰা অৰ্থনৈতিক পৰিকল্পনা। ১৯৫১ চনত প্ৰথম পঞ্চবার্ষিক পৰিকল্পনা গ্ৰহণ কৰাৰ পৰা বৰ্তমানলৈকে পৰিকল্পনাৰ লক্ষ্য, উদ্দেশ্য, অগ্ৰাধিকাৰ, কৌশল আদিৰ পৰিৱৰ্তন হৈছে যদিও ভাৰতবৰ্ষৰ পৰিকল্পনাৰ বৈশিষ্ট্যসমূহ প্রায় অবিকল আছে। এই বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল।

১। গণতান্ত্রিক পৰিকল্পনা (Democratic Planning) :- ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনাৰ প্ৰধান বৈশিষ্ট্য হ’ল এই পৰিকল্পনা গণতান্ত্রিক পৰিকল্পনা। ভাৰত হ’ল বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক দেশ। গতিকে প্ৰতিটো পৰিকল্পনা সম্পৰ্কীয় সিদ্ধান্ত চৰকাৰে আলোচনা বিলোচনাৰ যোগেদি গ্ৰহণ কৰে। পঞ্চবার্ষিক পৰিকল্পনা গ্ৰহণৰ ক্ষেত্ৰত চৰকাৰৰ লগতে ইয়াৰ বিভিন্ন অনুষ্ঠান, সংগঠন, দক্ষতাপূৰ্ণ ব্যক্তি আদিৰ সহযোগ থাকে।

২। বিকেন্দ্রীকৃত পৰিকল্পনা (Decentralised Planning) :- প্ৰতিখন পঞ্চবার্ষিক পৰিকল্পনাতে জনসাধাৰণৰ অংশগ্ৰহণৰ সুযোগ ভাৰতীয় পৰিকল্পনাৰ অন্যতম বৈশিষ্ট্য। পৰিকল্পনা ৰূপায়ণৰ ক্ষেত্ৰত বিকেন্দ্রীকৃত নীতি মানি চলা হয়। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু জিলা মহকুমা তথা আঞ্চলিক পর্যায়লৈ অর্থনৈতিক পৰিকল্পনা বিকেন্দ্ৰীকৰণ কৰা হয়। গাঁও বা তৃণমূল পর্যায়লৈকে পৰিকল্পনাক বিকেন্দ্ৰীকৰণ কৰাৰ ফলত পৰিকল্পনা ৰূপায়ণত জনসাধাৰণৰ সহযোগিতা বৃদ্ধি হয়।

৩। নিয়ন্ত্ৰণৰ ব্যৱস্থা (Regulatory Mechanism) :- ভাৰতবৰ্ষৰ পৰিকল্পনা আয়োগে পৰিকল্পনা ৰূপায়ণৰ ক্ষেত্ৰত এক নিয়ন্ত্ৰক হিচাপে কাম কৰে। ই সমগ্ৰ পৰিকল্পনা ব্যৱস্থাটোকে প্রয়োজনীয় নিৰ্দেশনা দিয়াৰ লগতে প্রয়োজন সাপেক্ষে নিয়ন্ত্রণো কৰে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত সমন্বয় ৰক্ষাৰ কাৰণে ১৯৫২ চনত ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ (National Development Council) গঠন কৰা হৈছে। পৰিকল্পনা আয়োগে গ্ৰহণ কৰা পৰিকল্পনাৰ খচৰাত ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদে অনুমোদন জনাব লাগে।

৪। কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰিকল্পনাৰ অৱস্থিতি (Existence of Central and State Plan) :- কেন্দ্রীয় পৰিকল্পনা আৰু ৰাজ্যিক পৰিকল্পনা— এই দুইতৰপীয়া পৰিকল্পনা ব্যৱস্থা ভাৰতীয় অর্থনৈতিক পৰিকল্পনাৰ অন্যতম বৈশিষ্ট্য। প্রতি পাঁচ বছৰৰ পৰিকল্পনাত কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ কাৰণে পৃথকে ব্যয় নিৰ্ধাৰণ কৰা হয়। কেন্দ্ৰীয় পৰিকল্পনাৰ পৰিকল্পনা আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণত থকাৰ বিপৰীতে ৰাজ্যিক পৰিকল্পনাৰ পৰিকল্পনা আয়োগ আৰু ৰাজ্য চৰকাৰসমূহৰ হাতত ন্যস্ত থাকে।

৫। ৰাজহুৱা বা ব্যক্তিগত খণ্ড (Public and Private Sector) :- অন্য এক উল্লেখযোগ্য বৈশিষ্ট্য হ’ল ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ কাৰণে পৃথককৈ ব্যয় নিৰ্ধাৰণ কৰা হয়। প্রতি পাঁচ বছৰৰ কাৰণে ৰাজহুৱা খণ্ডৰ বিনিয়োগ আৰু ব্যক্তিগত খণ্ডৰ বিনিয়োগ নিৰ্ধাৰণ কৰা হয়। আৰু এই দুই প্ৰকাৰৰ বিনিয়োগৰ সমষ্টিয়েই হ’ল পৰিকল্পনাৰ মুঠ বিনিয়োগৰ পৰিমাণ।

৬। নির্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য (Define Objectives and Aims) :- প্রতিখন অর্থনৈতিক পৰিকল্পনাৰে নিৰ্দিষ্ট উদ্দেশ্য আৰু লক্ষ্য আছে। এনে লক্ষ্য-উদ্দেশ্যবোৰৰ ভিতৰত উচ্চ হাৰত অৰ্থনৈতিক উন্নয়ন আহৰণ, আর্থিক অসমতা হ্রাস, আত্মনির্ভৰশীল অর্থনীতি গঢ়ি তোলা, লেনদেনৰ ঘাটিৰ সংশোধন, নিয়োগ, সৃষ্টি, দৰিদ্ৰতা দূৰীকৰণ, আধুনিকীকৰণ আদি প্রধান।

৭। পাঁচ বছৰীয়া পৰিকল্পনা (Five Year Planning) :- ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনাৰ এটা প্ৰদান বৈশিষ্ট্য হ’ল একোখন অর্থনৈতিক পৰিকল্পনা পাঁচ বছৰৰ কাৰণে গ্ৰহণ কৰা হয়। বর্তমান দশম পঞ্চবার্ষিক পৰিকল্পনা চলি আছে। অৱশ্যে ইয়াৰ মাজতে ৰাজনৈতিক, অর্থনৈতিক অস্থিৰতাৰ বাবে চতুর্থ, ষষ্ঠ আৰু অষ্টম পঞ্চবার্ষিক পৰিকল্পনা সময়মতে আৰম্ভ কৰিব পৰা হোৱা নাছিল আৰু পঞ্চম পৰিকল্পনা এবছৰৰ পূৰ্বে বন্ধ কৰি দিয়া হৈছিল।

16. অর্থনৈতিক উন্নয়নত বেচৰকাৰী বৈদেশিক মূলধন বা বিনিয়োগৰ ভূমিকা কি ? আলোচনা কৰা ? 

উত্তৰঃ অনুন্নত দেশবোৰত অৰ্থনৈতিক উন্নয়নৰ মন্থৰ গতিৰ এটা প্ৰধান কাৰণ হৈছে— মূলধনৰ অভাৱ। দৰিদ্ৰ চক্ৰৰ প্ৰভাৱৰ কাৰণে এনে দেশবোৰৰ সঞ্চয় আৰু মূলধন গঠনৰ হাৰ অতি নিম্ন হয় আৰু এনে অৱস্থাত কেৱল ঘৰুৱা উৎসৰ পৰা সংগ্ৰহ হোৱা পুঁজিয়ে অর্থনৈতিক উন্নয়নৰ সমুদায় ব্যয়খিনি পৰিপূৰ্ণ কৰিব নোৱাৰে। গতিকে অধিকাংশ অনুন্নত আৰু উন্নয়নশীল দেশেই অর্থনৈতিক উন্নয়নৰ অৰ্থে প্ৰয়োজন হোৱা পুঁজিৰ এক বুজন অংশ বৈদেশিক উৎসৰ পৰা সংগ্ৰহ কৰে। বৈদেশিক মূলধন নামেৰে পৰিচিত এই উৎসটোৱে যুদ্ধোত্তৰ কালছোৱাত পৃথিৱীৰ অনুন্নত আৰু উন্নয়নশীল দেশবোৰৰ আৰ্থ সামাজিক উন্নয়নৰ আঁচনিসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ বৰঙণি যোগাই আহিছে। দেশৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰাৰম্ভিক অৱস্থাত বৈদেশিক মুলধনৰ প্ৰয়োজনীয়তা সকলো দেশেই অনুভৱ কৰে। বৰ্তমান উন্নয়নৰ শীৰ্ষ পৰ্যায়ত থকা ইউৰোপৰ কেইবাখনো দেশে প্রাথমিক ভৰত বৈদেশিক মুলধন সহায় গ্ৰহণ কৰাৰ উদাহৰণ আছে। অৱশ্যে এইটোও উল্লেখযোগ্য যে জাপান আৰু ৰাছিয়াই বৈদেশিক মূলধনৰ সাহাৰ্য গ্ৰহণ নকৰাকৈ নিজৰ অৰ্থনৈতিক উন্নয়ন সম্ভৱপৰ কৰি তুলিছিল। জাপানৰ মানুহৰ কঠোৰ পৰিশ্ৰম, বুদ্ধিমত্তা আৰু উচ্চ সঞ্চয়ৰ কাৰণে বৈদেশিক মূলধন গ্রহণ নকৰাকৈ উক্ত দেশৰ অৰ্থনৈতিক উন্নয়ন সম্ভৱপৰ হৈছিল। ছোভিয়েট ৰাছিয়াৰ চৰকাৰী নিয়ন্ত্ৰণৰ অধীনত গ্ৰহণ কৰা কিছুমান বাধ্যতামূলক ব্যৱস্থাই উন্নয়নৰ লক্ষ্যত বৈদেশিক মূলধনৰ সহায় গ্ৰহণ নকৰাকৈ পৰিপূৰক কৰাটো সম্ভৱপৰ কৰি তুলিছিল। অৱশ্যে মুক্ত বা মিশ্রিত অর্থব্যৱস্থা গ্ৰহণ কৰা পৃথিৱীৰ অধিকাংশ অনুন্নত আৰু উন্নয়নশীল দেশেই নিজৰ অৰ্থনৈতিক উন্নয়নৰ অৰ্থে বৈদেশিক মূলধনৰ সহায় গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ অৰ্থে সংগ্ৰহ কৰা বৈদেশিক মূলধনক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হয়। উক্ত ভাগকেইটা হৈছে—

(ক) ব্যক্তিগত বৈদেশিক মূলধন।

(খ) আন্তঃৰাষ্ট্ৰীয় চৰকাৰী বৈদেশিক ঋণ। আৰু

(গ) আন্তর্জাতিক অনুষ্ঠানসমূহৰ পৰা লাভ কৰা ঋণ। ব্যক্তিগত বৈদেশিক মূলধনক প্রত্যক্ষ বৈদেশিক বিনিয়োগ বিনিময় আৰু বৈদেশিক সহযোগ হিচাপে দুটা ভাগত ভাগ কৰা হয়।

এখন দেশৰ অৰ্থনৈতিক উন্নয়নত ব্যক্তিগত বৈদেশিক মূলধনৰ গুৰুত্ব সাম্প্রতিক কালছোৱাত উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। বিশেষকৈ নব্বৈৰ দশকটোৰ পৰবৰ্তী কালছোৱাত বিশ্ব অর্থনীতিত উদাৰীকৰণ আৰু গোলকীকৰণৰ প্ৰাধান্য বৃদ্ধিয়ে ব্যক্তিগত বৈদেশিক মূলধনৰ গুৰুত্বতা উল্লেখযোগ্যভা্যৱ বৃদ্ধি কৰিছে। কাৰণ উদাৰ অৰ্থনৈতিক নীতি গ্ৰহণ কৰাৰ পৰবৰ্তী কালছোৱাত আন্তঃচৰকাৰী ঋণৰ পৰিমাণ ক্রমান্বয়ে হ্রাস পাইছে। অধিকাংশ দেশতে ঔদ্যোগীকৰণৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ প্রাধান্য বৃদ্ধি পাইছে আৰু এই খণ্ডটোৱে পুঁজি আৰু প্রযুক্তি-কৌশলৰ নাটনি দূৰ কৰিবৰ অৰ্থে বর্ধিত হাৰৰ ব্যক্তিগত বৈদেশিক মূলধনৰ সহায় গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। অনুন্নত আৰু উন্নয়নশীল দেশবোৰলৈ ব্যক্তিগত বৈদেশিক মূলধন প্রবাহ একাংশ দেশৰ উদ্যোগীকৰণ লক্ষ্য পৰিপূৰণ কৰাত সহায় কৰিছে। অৱশ্যে দেশবোবেহে সিঁহতৰ উন্নয়নৰ পাৰম্ভিক অৱস্থাত ব্যক্তিগত বৈদেশিক মূলধনৰ পৰা অধিকভাৱে উপকৃত হৈছে।

ওপৰত উল্লেখ কৰা হৈছে যে ব্যক্তিগত বৈদেশিক মূলধন দুই প্ৰকাৰৰ হ’ব পাৰে। যেতিয়া কোনো বহু ৰাষ্ট্ৰীয় কোম্পানী বা বৈদেশিক প্রতিষ্ঠানে নিজৰ শাখা-প্রশাখা অনুন্নত বা উন্নয়নশীল দেশত স্থাপন কৰি উক্ত দেশখনৰ ঔদ্যোগিককৰণত বৰঙণি যোগায়, তেতিয়া উক্ত বিনিয়োগক প্রত্যক্ষ ব্যক্তিগত বুলি কোৱা হয়। তদুপৰি কোনো ঘৰুৱা কোম্পানী বা প্ৰতিষ্ঠানৰ অংশপত্ৰ ক্ৰয়ৰ দ্বাৰাও দেশখনত বৈদেশিক বিনিয়োগকাৰীয়ে নিজৰ মূলধন বিনিয়োগ কৰিব পাৰে। অংশপত্ৰৰ বিনিয়োগ নামেৰে পৰিচিত এই প্ৰকাৰৰ বিনিয়োগ প্রত্যক্ষ ব্যক্তিগত বিনিয়োগৰ অন্তৰ্ভুক্ত হয়। এনে ব্যৱস্থাই দেশীয় উদ্যোগটোৰ মালিকীস্বত্ব বৈদেশিক বিনিয়োগকাৰীলৈ হস্তান্তৰ কৰে। দ্বিতীয়তে, কোনো দেশীয় উদ্যোগ স্থাপন আৰু উন্নয়নত বৈদেশিক সহযোগ হ’ব পাৰে। যেতিয়া দেশৰ কোনো উদ্যোগপতিয়ে স্থাপন কৰিব বিচৰা উদ্যোগৰ অর্থে কোনো বিদেশী বিনিয়োগকাৰীয়ে মূলধন যোগান আৰু প্ৰযুক্তি বিচৰা উদ্যোগৰ অৰ্থে কোনো বিদেশী বিনিয়োগকাৰীয়ে মূলধন যোগান আৰু প্রযুক্তি বিদ্যাৰ যোগানৰ মাধ্যমৰ অংশীদাৰ হোৱাৰ ব্যৱস্থা কৰে, তেতিয়া তাক ব্যক্তিগত বৈদেশিক সহযোগৰ অন্তৰ্ভুক্ত কৰা হয়।

অভিজ্ঞতাৰ পৰা দেখা গৈছে যে উন্নয়নৰ প্ৰাৰম্ভিক অৱস্থাত চৰকাৰী বৈদেশিক মুলধনৰ দৰেই ব্যক্তিগত বৈদেশিক মূলধনৰ বৰঙণি অতি গুরুত্বপূর্ণ হয়। অনুন্নত আৰু উন্নয়নশীল নাটনিৰ যি সমস্যা উক্ত সমস্যা কেৱল চৰকাৰী স্তৰৰ বৈদেশিক মূলধনৰ প্ৰৱাহে সমাধান কৰিব নোৱাৰে। ব্যক্তিগত বৈদেশিক মূলধনৰ সহযোগতহে উক্ত সমস্যা সমাধান কৰা সম্ভৱপৰ হয় ।

উল্লেখযোগ্য যে যিবোৰ উদ্যোগত ব্যক্তিগত বৈদেশিক মূলধনে অংশগ্রহণ কৰে সেইবোৰৰ পৰিচালনাৰ ব্যৱস্থা অতি দক্ষতাপূর্ণ হয়। এনে ব্যৱস্থাৰ কাৰণে ব্যক্তিগত বৈদেশিক মূলধনৰ দ্বাৰা এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰ কৰি তোলাটো সম্ভৱপৰ হয়। অভিজ্ঞতাৰ পৰা দেখা গৈছে যে ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰত চৰকাৰী বৈদেশিক মূলধনৰ অপচয় পৰিলক্ষিত হয়, কিন্তু মুনাফা লক্ষ্যৰ দ্বাৰা পৰিচালিত ব্যক্তিগত বৈদেশিক মূলধন যিবোৰ উদ্যোগ আৰু ব্যৱসায় প্রতিষ্ঠানত নিয়োজিত হৈছে সেইবোৰে ইয়াৰ এনেভাৱে অপচয় ঘটাব নোৱাৰে। এনে দৃষ্টিকোণৰ পৰা বিচাৰ কৰি চালে এইটো সহজে ক’ব পৰা যায় যে দুখন অর্থনৈতিক উন্নয়নৰ হাৰ খৰতকীয়া কৰি তুলিবৰ অৰ্থে ব্যক্তিগত বৈদেশিক মূলধনৰ বিনিয়োগ ব্যৱস্থা অতিশয় উত্তম ব্যৱস্থা।

বৈদেশিক বিনিয়োগে অনুন্নত দেশত কিছুমান প্রত্যক্ষ সুবিধা প্রদান কৰা উপৰি বাহ্যিক মিতব্যয়িতা সৃষ্টিৰ মাধ্যমত অর্থনৈতিক উন্নয়নত বৰঙণি যোগায়। ব্যক্তিগত বৈদেশিক বিনিয়োগ বৃদ্ধিয়ে অনুন্নত দেশৰ · মূলধন গঠন আৰু বৈদেশিক মুদ্ৰাৰ যোগানক সহায় কৰাৰ উপৰি উৎপাদন ব্যৱস্থাৰ পৰিচালনাৰ দক্ষতা, কাৰিকৰী জ্ঞানসম্পন্ন ব্যক্তি, কাৰিকৰী জ্ঞান বৃদ্ধি, প্রশাসনিক ব্যৱস্থাৰ উন্নতি আৰু নতুন দ্ৰব্য আৰু প্রযুক্তি-কৌশলৰ অৱতাৰণাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ বৰঙণি আছে। ব্যক্তিগত বৈদেশিক বিনিয়োগৰ মাধ্যমত এখন দেশে যি প্রশাসনিক আৰু কাৰিকৰী জ্ঞান লাভ কৰে তাৰ সুপ্ৰভাৱ দেশৰ আনবোৰ খণ্ডতো পৰিলক্ষিত হয়। ব্যক্তিগত বৈদেশিক বিনিয়োগে আগবঢ়োৱা এনে বাহ্যিক সুবিধাৰ ভিতৰত কেইটামান গুৰুত্বপূৰ্ণ সুবিধাৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল।

(ক) নতুন প্রযুক্তি-কৌশল, উদ্যোগ সম্পর্কে জ্ঞান আৰু নতুন ধ্যান-ধাৰণা প্ৰবৰ্তন কৰাৰ ক্ষেত্ৰত এনে মূলধনে গুৰুত্বপূৰ্ণ বৰঙণি যোগাই আহিছে। উন্নত দেশৰ ব্যক্তিগত বিনিয়োগকাৰীসকলে যেতিয়া অনুন্নত দেশত মূলধন বিনিয়োগৰ অৰ্থে আহে তেতিয়া তেওঁলোকে লগতে নতুন প্রযুক্তি-কৌশল আৰু পৰিচালনাৰ ব্যৱস্থা আমদানি কৰে। এনে প্ৰকাৰৰ আমদানিয়ে অনুন্নত দেশৰ উদ্যোগৰ দৰে গুৰুত্বপূৰ্ণ উৎপাদনখণ্ডৰ বিকাশ আৰু উন্নতিত ইতিবাচক বৰঙণি যোগায়।

(খ) থলুৱা বিনিয়োগকাৰী আৰু উদ্যোক্তাসকলকো ব্যক্তিগত বিনিয়োগকাৰীসকলে মূলধন বিনিয়োগৰ অৰ্থে অনুপ্রাণিত কৰে। থলুৱা উদ্যোগীৰ লগত বৈদেশিক বিনিয়োগকাৰীয়ে দ্রব্য-সামগ্ৰীৰ উৎপাদনৰ ক্ষেত্ৰত সহযোগ কৰা দেখা যায়। তদুপৰি কিছুমান দ্রব্য সামগ্ৰীৰ প্ৰতি চাহিদা সৃষ্টি কৰি উক্ত দ্রব্য-সামগ্ৰীসমূহ উৎপাদন কৰিবলৈ থলুৱা উদ্যোগীসকলক অনুপ্রাণিত কৰে।

(গ) শ্ৰমিকৰ দক্ষতা বৃদ্ধি আৰু মূলধন গঠনৰ ক্ষেত্ৰতো ব্যক্তিগত বৈদেশিক মূলধনৰ গুৰুত্বপূৰ্ণ বৰঙণি আছে। উল্লেখযোগ্য যে অনুন্নত দেশৰ উন্নয়নৰ প্ৰধান হেঙাৰ হৈছে দক্ষতাবিহীন শ্ৰমিকৰ উপস্থিতি আৰু নিম্নহাৰৰ মূলধন গঠন। যেতিয়া এনে দেশত ব্যক্তিগত বৈদেশিক মূলধন বিনিয়োগ হয় তেতিয়া এনে মূলধনে নতুন প্রযুক্তি-কৌশলৰ প্রবর্তন কৰে। এনে নতুন প্রযুক্তি-কৌশলৰ অধীনত উৎপাদন কার্য চলাবলৈ এক দক্ষতাসম্পন্ন শ্রমিক শ্ৰেণীৰ প্ৰয়োজন হয়। বৈদেশিক বিনিয়োগকাৰীয়ে নিজৰ প্ৰয়োজনত এনে এটা শ্ৰেণী থলুৱাভাৱে সৃষ্টি কৰি দেশৰ উৎপাদনৰ হাৰ বৃদ্ধিত সহায় কৰে। তদুপৰি বৈদেশিক ব্যক্তিগত মূলধনৰ বিনিয়োগৰ হাৰ বৃদ্ধিয়ে থলুৱা সম্পদ নিয়োগৰ হাৰ বৃদ্ধিৰ মাধ্যমত মানুহৰ উপাৰ্জন বৃদ্ধি আৰু দেশৰ মূলধন গঠনৰ হাৰ বৃদ্ধিত সহায় কৰে।

(ঘ) অনুন্নত আৰু উন্নয়নশীল দেশবোৰে উন্নয়নৰ প্ৰথমস্তৰত বৈদেশিক বাণিজ্যৰ ঘাটিৰ সমস্যাৰ সন্মুখীন হয়।

17. What is non governmental organization? Discuss the contributions of NGOs towards the development of rural sector. 

উত্তৰঃ সাধাৰণ অৰ্থত অনাচৰকাৰী বা বেচৰকাৰী সংগঠন

বুলি ক’লৈ চৰকাৰী সংস্থাবিলাক বা স্বায়ত্ত শাসিত গোটবিলাকৰ নিয়ন্ত্ৰণৰ পৰা আঁতৰত থাকি সম্প্ৰদায়ক বিত্তীয় আৰু অনাবিত্তীয় সেৱা আগবঢ়োৱাত নিয়োজিত হোৱা সংস্থাসমূহকে বুজায়।

গতিকে ক’ব পাৰি যে চৰকাৰী নিয়ন্ত্ৰণৰ পৰা আঁতৰত থাকি সংগঠিত হোৱা ব্যক্তিৰ সমষ্টি যিসকলে তেওঁলোকৰ উমৈহতীয়া স্বাৰ্থ পূৰণৰ বাবে সংঘবদ্ধ হয় আৰু য’ত সদস্য পদটো ইচ্ছাকৃত হয়। ইয়াৰ কাম-কাজবিলাক মুনাফা আহৰণৰ প্ৰকৃতিৰ লগত জড়িত নহয়। এনেদৰে NGO বুলিলে সেই সংগঠনবিলাকক বুজায়। যিবোৰে কিছুমান স্বেচ্ছাসেৱী কার্য সামাজিক কাৰ্য আৰু সামাজিক আন্দোলনৰ পৰা সূচনা কৰে।

বেচৰকাৰী সংস্থাৰ সংজ্ঞা সম্পৰ্কীয় ওপৰোক্ত পর্যালোচনাৰ পৰা ক’ব পাৰি যে বেচৰকাৰী সংগঠন বুলি ক’লে এনে সংগঠনসমূহক বুজায় যিয়ে স্বেচ্ছাসেৱী কাৰ্য, সামাজিক কাৰ্য আৰু সামাজিক আন্দোলনৰ কাৰ্য আঁচনি গ্ৰহণ কৰে।

গ্রামোন্নয়নত বেচৰকাৰী সংস্থাবিলাকৰ ভূমিকা (Role of NGO’s the Rural Development) ভাৰতবৰ্ষ, বাংলাদেশ, মালয়েছিয়া আদিৰ নিচিনা তৃতীয় বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহত বেচৰকাৰী সংগঠনসমূহে গ্রামীণ পৰ্যায়ত কৃষি শিক্ষা, স্বাস্থ্য বাণিজ্য সম্প্ৰসাৰণ, যাতায়ত আদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়বিলাকত জনসাধাৰণক অংশগ্ৰহণ কৰাই জনসচেতনতা আৰু অধিকাৰ সাব্যস্ত কৰিব পৰাকৈ তেওঁলোকক সজাগ কৰি তুলিবলৈ সক্ষম হৈছে।

ভাৰতৰ গ্ৰামোন্নয়নৰ প্ৰশাসনৰ অন্যতমকাৰী সংস্থাবিলাকে গ্রহণ কৰা ভূমিকা সম্বন্ধে নিম্নলিখিত দিশসমূহৰ পৰা অনুধাৱন কৰিব পাৰি। কৃষিক্ষেত্ৰৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত NGO বিলাকে এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা দেখা যায়। ভাৰতবৰ্ষৰ দৰে কৃষিপ্রধান অর্থনীতিত অধিকাংশ গ্ৰাম্য জনসাধাৰণেই কৃষিক প্ৰধান জীৱিকা হিচাপে গ্রহণ কৰে। বর্তমানেও গ্রামীণ কৃষকসকলে কৃষিকাৰ্যৰ ক্ষেত্ৰত পৰম্পৰাগত পদ্ধতিৰ প্ৰয়োগৰ প্ৰথা অব্যাহত ৰাখিছে, যাৰ ফলশ্ৰুতিত কৃষিখণ্ডৰ নিম্ন হাৰত বিকাশ দেখা যায়। সেয়ে কৃষিক্ষেত্ৰত উৎপাদন বৃদ্ধিৰ বাবে নতুন বিজ্ঞানসন্মত পদ্ধতি, কৌশল আদি প্ৰয়োগৰ আৱশ্যকতা আছে। এইক্ষেত্ৰত বেচৰকাৰী সংগঠনবিলাকে গ্রামীণ কৃষকসকলক উন্নত মানদণ্ডৰ কৌশল, উন্নত জাতৰ বীজ আদি যোগান ধৰাৰ ব্যৱস্থা কৰিব পাৰে। ইয়াৰোপৰি কৃষক প্রশিক্ষণৰ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে। এনেদৰে বেচৰকাৰী সংস্থাবিলাকে কৃষি সম্প্ৰসাৰণৰ শিক্ষা প্ৰসাৰত অৰিহণা যোগাব পাৰে।

দৰিদ্ৰতা দূৰীকৰণৰ ক্ষেত্ৰতো বেচৰকাৰী সংস্থাবিলাকে এক বলিষ্ঠ পদক্ষেপ গ্রহণ কৰিব পাৰে। ভাৰতৰ গ্ৰাম্য এলেকাসমূহত দৰিদ্ৰতাৰ সমস্যাটো বেছিকৈ উপলব্ধি কৰা হয়। গ্রাম্য অঞ্চলসমূহত দৰিদ্ৰতাৰ হাৰ ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ এক প্ৰৱণতা হৈছে জনসংখ্যা বৃদ্ধি। দৰিদ্ৰতাৰ দূৰীকৰণৰ বাবে অনাচৰকাৰী সংস্থাবিলাকে কৰা আন্দোলনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। এইক্ষেত্ৰত সংস্থাবিলাকক বিশ্ববেংকে এক বৃহৎ পৰিমাণৰ পুঁজিৰ যোগান ধৰে। এনে পুঁজিৰ উপযুক্ত ব্যৱহাৰৰ দ্বাৰা অনাচৰকাৰী সংগঠনবিলাকে জনসাধাৰণৰ মাজত শিক্ষা সম্প্ৰসাৰণৰ দ্বাৰা দৰিদ্ৰতাৰ কাৰণ বিশ্লেষণৰ লগতে নিৰাময়কৰণত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণত সহায় কৰিব পাৰে।

গ্ৰাম্য ৰাইজৰ মাজত শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰতো অনাচৰকাৰী সংগঠনবিলাকে বিশেষ ভূমিকা পালন কৰিব পাৰে। গ্রাম্য এলেকাৰ ভালেসংখ্যক জনসাধাৰণ নিৰক্ষৰতাত ভোগাৰ বাবেই চৰকাৰে গ্ৰহণ কৰা নানা উন্নয়নমুখী আঁচনিবিলাকৰ একো আভাস নাপায়। সেয়ে চৰকাৰী আঁচনিসমূহৰ সুফল লাভ কৰিবলৈ আগবাঢ়ি তেওঁলোকে আহিব নোৱাৰে। এনেক্ষেত্ৰত বেচৰকাৰী সংগঠনবিলাকে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষা প্ৰসাৰৰ জৰিয়তে গ্ৰাম্য জনগণক শিক্ষিত কৰি তুলিবৰ বাবে প্ৰচেষ্টা ল’ব পাৰে। NGO বিলাকে প্রাথমিক শিক্ষা, মহিলা শিক্ষা আৰু প্ৰাপ্তবয়স্ক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰি, গ্রন্থাগাৰৰ ব্যৱস্থা কৰি গ্ৰাম্য এলেকাত শিক্ষা প্রসাৰৰ বাবে প্রয়োজনীয় কার্য ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। 

উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ স্বাস্থ্যৰক্ষাৰ লগতে পৰিয়াল কল্যাণ আঁচনিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত NGO বিলাকে যাৱতীয় তথ্যপাতি তথা প্রশিক্ষণ দি এক নিৰ্ধাৰিত জনসংখ্যা গোট গঠন কৰি নিৰ্দিষ্ট উদ্দেশ্য পূৰণ কৰাত সহায় কৰে। ভাৰতবৰ্ষতো NGO বিলাকে জনশিক্ষা তথা পৰিয়াল পৰিকল্পনা সম্বন্ধে জনসাধাৰণক উপলব্ধি কৰোৱায়।

জনসাধাৰণৰ অংশগ্ৰহণৰ অবিহনে প্রশাসনে কেতিয়াও বিকাশশীল উদ্দেশ্যত উপনীত হ’ব নোৱাৰে। উন্নয়নশীল ৰাষ্ট্ৰসমূহত গ্ৰাম্য অঞ্চলৰ বিভিন্ন কল্যাণকামী আঁচনি হাতত লয়। এনে আঁচনিসমূহ সফলভাৱে ৰূপায়ণ কৰিবৰ বাবে জনসাধাৰণৰ প্ৰত্যক্ষ সহযোগিতাৰ প্রয়োজন। NGO বিলাকে বিকাশশীল প্রক্ৰিয়াত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে প্ৰয়োজনীয় ক্ষেত্র প্রদান কৰি তেওঁলোকৰ অধিকাৰ আৰু দায়িত্বৰ বিষয়ে সচেতনতা বৃদ্ধি কৰে।

বিগত শতিকাৰ শেষৰ দশকৰ ফালে ভাৰতীয় অর্থনীতিত এক আমূল পৰিৱৰ্তন ঘটিছে। ভাৰতক গোলকীকৰণ আৰু অৰ্থনৈতিকভাৱে টনকিয়াল কৰিবৰ বাবে বিকেন্দ্ৰীভূত পৰিকল্পনাৰ জৰিয়তে আঁচনিবিলাক নিৰ্ধাৰণ আৰু কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত জনসাধাৰণ জড়িত হৈ পৰিছে। ভাৰতৰ সংবিধানৰ ৭৩নং আৰু ৭৪ নং সংশোধনীয়ে বিকেন্দ্ৰীকৰণৰ ব্যৱস্থাক সাংবিধানিক স্বীকৃতি প্ৰদান কৰিছে। এনে বিকেন্দ্রীভূত ব্যৱস্থাক বাস্তৱায়িত কৰি তুলিবৰ বাবে অনা চৰকাৰী সংস্থাবিলাক আগবাঢ়ি আহিছে। আঁচনি প্ৰস্তুতকৰণ, কাৰ্যকৰীকৰণ, তদাৰকীকৰণ, মূল্যায়নকৰণ কার্যত জনসাধাৰণৰ সক্রিয় সহায়-সহযোগিতাৰ লক্ষ্যৰে এনে সংস্থাবিলাকে শক্তিশালী ভূমিকা ল’বলৈ আগবাঢ়ি আহিছে।

সমাজৰ মহিলা আৰু অন্যান্য পিছপৰা সম্প্ৰদায়ৰ স্বাৰ্থ সুৰক্ষা তথা সবলীকৰণৰ ক্ষেত্ৰত বেচৰকাৰী সংস্থাবিলাকে সাম্প্রতিক সময়ছোৱাত বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখা যায়। প্রাচীন ৰীতি নীতি, চিন্তা-চৰ্চা আৰু নিজকে পৰিৱৰ্তন কৰিবলৈ অপাৰগ হোৱা এই পিছপৰা শ্ৰেণীৰ জনসাধাৰণে চৰকাৰী কাৰ্যসূচী আৰু গ্ৰামোন্নয়নৰ আঁচনিসমূহত সক্রিয়ভাৱে অংশগ্ৰহণ কৰি প্ৰাপ্য সকলোবিলাক সুযোগ সুবিধা আদায় কৰিব পৰাকৈ সক্ষম কৰি তোলাত বেচৰকাৰী সংস্থাবিলাকে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। SEWA, WWF আদি বেচৰকাৰী সংস্থাবিলাকে এনেধৰণৰ কাৰ্য ৰূপায়ণ কৰি আহিছে।

পৰিৱেশ সংৰক্ষণৰ সমস্যা ভাৰতৰ দৰে উন্নয়নশীল দেশবিলাকৰ ক্ষেত্ৰত এক ভয়াৱহ সমস্যা হিচাপে পৰিগণিত হৈছে। সচেতন জনগণৰ জৰিয়তেহে এক শক্তিশালী পৰিৱেশ গঢ়ি তুলিব পৰাতো সম্ভৱপৰ। এইক্ষেত্ৰত বেচৰকাৰী সংস্থাসমূহে এক বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে। পৰিৱেশীয় সুৰক্ষাৰ বাবে গ্ৰাম্য জনগণক পৰিৱেশীয় শিক্ষা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। পৰিৱেশ সুৰক্ষাৰ প্রয়োজনীয়তা সম্পর্কে বেচৰকাৰী সংস্থাবিলাকে জনগণৰ মাজত শিক্ষা প্ৰচাৰত সহায় কৰিব পাৰে। কিয়নো এক সুস্থ আৰু প্ৰদূষণমুক্ত পৰিৱেশেহে এখন সুস্থ সবল সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত অগ্রণী ভূমিকা গ্ৰহণ কৰিব পাৰে।

আত্মসহায়ক গোটবিলাক গঠন আৰু কাৰ্যকাৰিতাৰ বিষয়তো বেচৰকাৰী সংস্থাবিলাকে গ্রহণ কৰা ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। NGO বিলাকে আত্মনিয়োগৰ সুবিধা আৰু গ্ৰাম্য দৰিদ্ৰসকলৰ আৰ্থিক সবলীকৰণৰ লগতে গ্ৰাম্য অঞ্চলৰ আৰ্থ-সামাজিক পৰিস্থিতি সম্পর্কে আলোচনা কৰি সিবিলাক সমাধানৰ অৰ্থে প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়ায়। আত্মসহায়ক গোটবোৰে দৰিদ্ৰতা নিবাৰণ আৰু নিবনুৱা সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ওপৰৰ পৰ্যালোচনাৰ অন্ততঃ ক’ব পাৰি যে দেশৰ উন্নয়নমূলক, সাংগঠনিক, পৰামৰ্শমূলক আৰু সেৱামূলক কাৰ্যসমূহত বেচৰকাৰী সংস্থাবিলাকে নিঃসন্দেহে এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে। বিত্তীয় সীমাৱদ্ধতা, দায়বদ্ধশীল লোকৰ অভাৱ, সুদক্ষ প্রশিক্ষণপ্রাপ্ত বিষয়া-কৰ্মচাৰীৰ অভাৱ, প্রশাসনিক স্বচ্ছলতাৰ অভাৱ আদি কেতবোৰ বিশেষ সমস্যাৰ সন্মুখীন হ’লেও এই সংস্থাবিলাকে দৰিদ্ৰ জনগণৰ মাজত আত্মসচেতনতা, আত্মবিশ্বাস, কর্মোদক্ষ গঢ়ি তোলাৰ অবিৰাম প্রচেষ্টা অব্যাহত ৰাখিছে। বৃহৎ সমাজৰ এক ক্ষুদ্র অংশ হিচাপে অনাচৰকাৰী সংস্থাবিলাকে দৰিদ্ৰ গ্ৰাম্য অঞ্চলৰ জনগণৰ সামাজিক ন্যায় আৰু অৰ্থনৈতিক প্ৰগতিৰ বাবে বৰঙণি যোগাব পাৰে। জনগণৰ উন্নয়নৰ বাবে ৰূপায়ণ কৰা নানা উন্নয়নমুখী আঁচনিসমূহৰ সফলতা নিৰ্ভৰ কৰে সংশ্লিষ্ট জনগণৰ সক্রিয় সহযোগিতাৰ ওপৰত। জনগণৰ সক্রিয় অংশগ্রহণ বৃদ্ধিৰ বাবে অহৰহ প্ৰচেষ্টা এই সংগঠনবিলাকে অব্যাহত ৰাখিছে। এনে দৃষ্টিকোণৰ পৰা পৰ্যালোচনা কৰি চালে ক’ব পাৰি যে গ্রামোন্নয়নৰ প্ৰশাসনত বেচৰকাৰী সংগঠনবিলাকে গ্রহণ কৰা ভূমিকা অতিশয় গুৰুত্বপূর্ণ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top