Rethinking Development Unit 1 Unpacking Development

Rethinking Development Unit 1 Unpacking Development, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Rethinking Development Unit 1 Unpacking Development Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Rethinking Development Unit 1 Unpacking Development Question Answer can be of great value to excel in the examination.

Rethinking Development Unit 1 Unpacking Development

Join Telegram channel

Rethinking Development Unit 1 Unpacking Development Notes cover all the exercise questions in UGC Syllabus. The Rethinking Development Unit 1 Unpacking Development provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Unpacking Development

SOCIOLOGY

RETHINKING DEVELOPMENT

উন্নয়নৰ পুনৰচিন্তন

1. চাইমন কুজনেট্‌ছে আগবঢ়োৱা অর্থনৈতিক বিকাশৰ ছটা বৈশিষ্ট্য আলোচনা কৰা ?

উত্তৰঃ (১) উচ্চ হাৰত জনমুৰি উৎপন্ন আৰু জনসংখ্যা বৃদ্ধি [High rates of growth of per capita income and population growth] :- কুজনেছে চলোৱা অধ্যয়নৰ পৰা ধৰা পৰিছে যে অষ্টাদশ শতিকাৰ শেষৰ পৰা উন্নত দেশসমূহত উচ্চ হাৰত জনসংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে উচ্চ হাৰত জনমূৰি আয়ো বৃদ্ধি পাইছে। কুঁজনেট্‌ছে দেখুৱাইছে, প্ৰাক-আধুনিক কালৰ তুলনাত আধুনিক কালত ফৰাচীৰ বাদে তেৰখন উন্নত দেশত জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক। আনহাতে অষ্ট্ৰেলিয়াৰ বাদে এই কেইখন দেশৰ জনমূৰি আয়ৰ দশকীয় বৃদ্ধিৰ হাৰ তেৰ শতাংশতকৈ বেছি। জনমূৰি আয় আৰু জনসংখ্যাৰ সমকালীন বৃদ্ধিয়ে মুঠ উৎপন্ন বৃদ্ধি পোৱাটো সূচায়।

(২) উৎপাদনশীলতা বৃদ্ধি [High growth of Productivity] :- আধুনিক অর্থনৈতিক বৃদ্ধিৰ এটা প্রধান লক্ষণ হ’ল উৎপাদনশীলতা বৃদ্ধি। উৎপাদনৰ উপাদানসমূহৰ বিশেষকৈ শ্ৰমিকৰ উৎপাদিকা শক্তিৰ বৃদ্ধিৰ বাবেই বিগত দুটা শতিকাত উন্নত দেশসমূহত জাতীয় আয়ৰ দ্রুত বৃদ্ধি সম্ভৱ হৈ পৰিল। আনহাতে উচ্চ স্তৰত জাতীয় আয়ৰ বৃদ্ধিয়ে মূলধন গঠনৰ বৃদ্ধিত অৰিহণা যোগাইছে। মূলধন গঠন বৃদ্ধিয়ে আকৌ শ্ৰমিকৰ উৎপাদিকা শক্তি বৃদ্ধিত অৰিহণা যোগাইছে। উন্নত দেশসমূহত উৎপাদনত প্ৰয়োগ হোৱা জনমূৰি শ্ৰম ঘণ্টাৰ হাসে শ্রমিকৰ দক্ষতা তথা উৎপাদিকা শক্তি বৃদ্ধি হোৱাটোকে বুজায়।

(৩) উচ্চ হাৰত অৱগাঁথনিমূলক ৰূপান্তৰণ [High rates of Structural transformation] :- আধুনিক অর্থনৈতিক অৱগাঁথনিমূলক ৰূপান্তৰণ। উন্নত দেশসমূহত মুঠ উৎপন্নত প্রাথমিক খণ্ডৰ অৱদান কমি উদ্যোগখণ্ডৰ অৱদান বদ্ধি পাইছে। অষ্ট্ৰেলিয়াৰ বাদে আন সকলো উন্নয়নশীল দেশতে এনে পৰিৱৰ্তন পৰিলক্ষিত হয়। অৱশ্যে সেৱাখণ্ডৰ এক নির্দিষ্ট প্ৰৱণতা দেখা নাযায়। শ্রমশক্তিৰ বিতৰণত উদ্ভৱ হোৱা পাৰ্থক্যৰ জৰিয়তে অৱগাঁথনিমূলক পৰিৱৰ্তনৰ আভাস পাব পাৰি।

(৪) নগৰীকৰণৰ সম্প্ৰসাৰণ [Growth of Urbanization] :- প্ৰাম্য অঞ্চলৰ পৰা নগৰ অঞ্চললৈ জনম্ৰোতৰ বৃদ্ধিয়ে নগৰীকৰণৰ সম্প্ৰসাৰণ ঘটায়। আধুনিক অর্থনৈতিক বৃদ্ধিৰ আন এটা বৈশিষ্ট্য হ’ল নগৰীকৰণৰ সম্প্ৰসাৰণ । উদ্যোগখণ্ডৰ সম্প্ৰসাৰণৰ বাবেই নগৰীকৰণ ক্ষীগ্ৰতৰ হৈ উঠে। নগৰীকৰণৰ সম্প্ৰসাৰণে জন্মৰ হাৰ কমাই পৰিয়ালৰ আকাৰ সৰ্চ হোৱাত সহায় কৰে। ভিন্ন ঠাইৰ লোকে একে ঠাইত গোট খাই পৰস্পৰে পৰস্পৰক বুজিবলৈ ধৰে আৰু সহযোগিতা বৃদ্ধি পায়। ইয়াৰ লগে লগে বৌদ্ধিক বিকাশে সভ্যতাৰ উত্তৰণ ঘটায়। নগৰীকৰণে শ্রম বিভাজন, শ্ৰমৰ বিশেষীকৰণ আৰু বজাৰমুখী লেন-দেন বৃদ্ধি হোৱাত সহায় কৰে।

(৫) উন্নত দেশৰ বহিসম্প্ৰসাৰণ [Extension of Developed Countries] :- উন্নত দেশসমূহত অর্থনৈতিক উন্নতি সমানে সম্পন্ন হোৱা নাই। অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্দ্ধত ইংলেণ্ডত সম্পন্ন হোৱা শিল্প বিপ–ৱে আধুনিক বিজ্ঞান আৰু কলা-কৌশলৰ উন্নতি সাধন কৰে। ইয়াৰ প্ৰভাৱৰ ফলস্বৰূপে পৰৱৰ্তীকালত ইউৰোপৰ বাকী দেশসমূহে অর্থনৈতিক উন্নয়নৰ সুফল ভোগ কৰে। এই ইউৰোপীয় দেশসমূহত কাৰিকৰী বিপ–ৱে যাতায়ত আৰু যোগাযোগত আমূল পৰিৱৰ্তন আনে। উন্নত দেশসমূহৰ বহিসম্প্ৰসাৰণে অনুন্নত তথা দুখীয়া দেশসমূহৰ ওপৰত শোষণ চলোৱাৰ পথ মুকলি কৰে। কিন্তু এই সুবিধা অনুন্নত দেশসমূহৰ বাবে উপলব্ধ নহ’ল। কাৰণ অনুন্নত দেশসমূহত কোনো সুস্থিৰ ৰাজনৈতিক ব্যৱস্থা নাছিল। আনহাতে, উন্নত দেশসমূহে উপনিৱেশিক দেশ সমূহত প্রাধান্য বিস্তাৰ কৰাৰ বাবে এই উপনিৱেশিক দেশসমূহে ৰাজনৈতিক । আৰু অৰ্থনৈতিক স্বতস্তুতা ভোগ কৰিব পৰা নাছিল।

(৬) মানুহ, দ্ৰব্য আৰু মূলধনৰ আন্তর্জাতিক প্ৰৱাহ [International flow of human, product and capital] :- উন্নত দেশসমূহৰ মাজত উনবিংশ শতিকাৰ শেষৰ পৰা মানুহ, দ্ৰব্য আৰু মূলধনৰ প্ৰৱাহ বৃদ্ধি হবলৈ ধৰে। ১৮৪৬-৫০ আৰু ১৯০৬-১৫ এই দুছোৱা সময়ত আন্তঃৰাষ্ট্ৰীয় প্ৰবজন আছিল ক্রমে বার্ষিক ২৫ লাখ আৰু ১.৫ নিযুত। প্রথম বিশ্বযুদ্ধৰ ঠিক আগলৈকে আন্তর্জাতিক প্ৰবজন বার্ষিক দুই নিযুতলৈ বৃদ্ধ পায়। অৱশ্যে আমেৰিকাৰ দৰে উন্নত দেশত অর্থনৈতিক অৱস্থাৰ উন্নতিয়ে এই প্ৰব্ৰজনত অধিক অৰিহণা যোগায়। প্রথম বিশ্বযুদ্ধৰ সময়ৰ পৰা মানুহৰ প্ৰৱজন প্রায় বন্ধ হৈ পৰে। ইয়াৰ কাৰণ হ’ল বিধিসম্মত নিষেধকৰণ আৰু মহাযুদ্ধৰ উপস্থিতি।

উপৰোক্ত আলোচনাৰ পৰিপ্ৰেক্ষিতত কব পাৰি যে অর্থনৈতিক বিকাশে সদায় এখন দেশৰ মানুহৰ জীৱন-যাপনৰ মানদণ্ড উন্নত কৰিবৰ বাবে প্রচেষ্টা চলায়। সমাজৰ প্ৰত্যেকজন ব্যক্তিয়েই যাতে এটা সন্তোষিত জীৱন-যাপন কৰিব পাৰে তাৰ ওপৰত অৰ্থনৈতিক বিকাশে দৃষ্টি ৰাখে।

2. মানৱ উন্নয়নৰ সূচক বুলিলে কি বুজা? ইয়াৰ গঠন প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰা ?

উত্তৰঃ জীৱন প্রত্যাশা, শিক্ষা আৰু আয় এই তিনিটা সূচকৰ সমন্বয়ত United Nations of Development Programme গঠন কৰা যৌগিক সূচকটোকে মানৱ উন্নয়ন সূচক বোলা হয়। পাকিস্তানৰ Mahbub ul Haq হ’ল এই সূচক গঠনৰ আঁৰত থকা মুখ্য অর্থনীতিবিদজন। তেখেতে Paul streeten, Frances Stewart, Gustav Ranish, Keith Griffin, Sudhir Anand, Meghnad Desai প্রমুখ্যে উন্নয়ন অর্থনীতিবিদ সকলক একগোট কৰি এক নিৰ্দিষ্ট সূচকৰ ভিত্তিত উন্নয়ন জুখি বিশ্ব দেশবিলাকৰ মাজত এক তুলনামূলক প্রতিবেদন প্রস্তুত কৰাৰ বাবে আগভাগ লয়। প্রথম অৱস্থাত ড° অমর্ত্য সেনে এনে এক সূচক গঠন কৰাটো সম্ভৱ নহয় বুলি মত পোষণ কৰিছিল যদিও পৰৱৰ্তী অৱস্থাত এনে সূচক গঠনত বৰঙণি যোগায়।

বৰ্তমান সময়ত অর্থনৈতিক উন্নয়ন ধাৰণাৰ পৰিৱৰ্তে মানৱ উন্নয়ন ধাৰণাই অধিখ গুৰুত্ব লাভ কৰিছে। পূৰ্বতেৰাষ্ট্ৰ এখনে জাতীয় আয় কিমান বৃদ্ধি কৰিব পাৰিছে তাৰ ওপৰত দৃষ্টি ৰখা হৈছিল, কিন্তু বৰ্তমান দেশখনৰ মানুহৰ উন্নতি হৈছেনে নাই তাৰ ওপৰত দৃষ্টি ৰখা হয়। কিয়নো জাতীয় আয় বা জনমূৰি আয়ে মানৱ উন্নয়নৰ পূৰ্ণ চিত্র প্ৰকাশ কৰিৱ নোৱাৰে। ই কেৱল মৌদিক দিশটোহে সামৰি লয়। ইয়াৰ পৰিৱৰ্তে মানৱ উন্নয়ন সূচাকংক গঠনৰ দিহা কৰা হৈছে৷ 1990 চনৰ বৰ্তমান প্ৰকাশ পোৱা মানৱ উন্নয়ন প্রতিবেদন (Human Development Report) ত এই সূচক সন্নিৱিষ্ট কৰা হয়। উল্লেখনীয় যে, মানৱ উন্নয়নৰ ধাৰণাটো ইয়াৰ সূচকতকৈ অধিক বহল। অর্থাৎ মানৱ উন্নয়ন সূচকতকৈ মানৱ উন্নয়ন ধাৰণাই অধিক বিষয় সামৰি লয়। তথাপিও ব্যৱহাৰিক দিশৰ পৰা মানৱ উন্নয়ন সূচকৰ গুৰুত্ব অপৰিসীম। কিয়নো ই মানৱ উন্নয়ন সমস্যা আলোকপাত কৰা আৰু ইয়াৰ গভীৰতা অনুধাৱন কৰাত সহায় কৰে। HDI গঠনৰ প্ৰক্ৰিয়া আলোচনা কৰাৰ আগত ইয়াৰ গঠনত অনুসৰণ কৰা নীতিবোৰ হ’ল—

1. মানুহৰ পছন্দ প্রকাশ ক্ষেত্ৰৰ প্ৰসাৰণ জোখোতে HDI গঠনে সহায় কৰিব লাগিব। পছন্দ প্ৰকাশৰ ক্ষেত্ৰবোৰ যেনে— দীর্ঘ জীৱন প্রত্যাশা, জ্ঞান আহৰণ, আৰামপূর্ণ জীৱন নিৰ্বাহ, উৎপাদনক্ষম সংস্থান, ৰাজনৈতিক মুক্ততা, আদি। সেয়েহে ইয়াৰ বাহিৰেও অন্ততঃ আন কিছুমান উপাদানৰ সহায়ত মানৱ উন্নয়ন সূচক গঠন কৰা হয়, যাতে ই প্ৰগতিৰ এক উপযুক্ত মাপ প্ৰদান কৰে। গতিকে HDI হ’ল এক যৌগিক সূচক, একক নহয়।

2. HDI গঠন সহজ কৰিবৰ বাবে আৰু গাণিতিক সৰলতা ৰক্ষাৰ বাবে ইয়াত অর্ন্তভুক্ত কৰা চলকৰ সংখ্যা সীমিত কৰি ৰখা হয়।

3. HDI ৰ সহায়ত একক সূচক গঠনৰ প্ৰচেষ্টা চলোৱা হয়। অৱশ্যে ইয়াৰে সমস্যাৰ উদ্ভৱ হয়। কাৰণ GNP গণনাত মুদ্ৰাই সাধাৰণ মাপকাঠি হিচাপে কাম কৰে। কিন্তু HDI গঠনত অন্তর্ভূক্ত কৰা উপাদানসমূহৰ মুদ্ৰাৰ দৰে সাধাৰণতে মাপকাঠি পোৱা নাযায়। জীৱন প্ৰত্যাশা প্ৰকাশ কৰা হয় বছৰত, সাক্ষৰতা প্ৰকাশ কৰা হয় প্রাপ্তবয়স্কৰ শিক্ষাৰ হাৰৰ দ্বাৰা, প্রকৃত আয় নিৰ্ধাৰণ কৰা হয় ডলাৰত প্ৰকাশ কৰা জনমূৰি আয়ৰ দ্বাৰা। এই সমস্যাৰ পৰা হাত সাৰিবলৈ প্ৰতিটো সূচকৰ সহায়ত লক্ষ্য আৰু প্ৰকৃততে কার্যকাৰী হোৱা মানৰ পাৰ্থক্যৰ আপেক্ষিক মান নিৰ্ধাৰণ কৰা হয়। প্ৰতিটো সূচকৰ পৰ্যবেক্ষিক মান (observed value) শূণ্যৰ পৰা একৰ ভিতৰত বুলি ধৰি লৈ ইয়াৰ ভিতৰত দেশবিলাকৰ অৱস্থান নিৰ্ধাৰণ কৰা হয়। তিনিওটা সূচকৰ গুৰুত্ব সমান হোৱা বাবে পৃথকে ভাৰ নিৰ্ণয় কৰা হয়।

4. HDI গঠনত আর্থিক আৰু সামাজিক এই দুই প্ৰকাৰৰ পছন্দ প্রকাশ বিবেচনা কৰা হয়। অর্থনৈতিক উন্নয়নৰ লগে লগে অর্থনৈতিক সম্পদ বৃদ্ধি পায়। আৰু সামাজিক প্ৰগতিৰ বাবে পছন্দ প্ৰকাশ ক্ষেত্ৰৰ প্ৰসাৰণ ঘটায়। আনহাতে, সামাজিক প্রগতিয়ে আকৌ অর্থনৈতিক উন্নয়নৰ বাবে অনুকূল পৰিৱেশ ৰচনা হোৱাত সহায় কৰে।

HDI ৰ গঠন

HDI = চলকৰ প্ৰকৃত মান-চলকৰ নিম্নতম মান / চলকৰ সর্বোচ্চ মান- চলকৰ নিম্নতম মান গতিকে তিনিটা চলকৰ বাবে পৃথক সূচাকাংক হ’ল—

জীৱন প্রত্যাশা সূচক (LEI) = সংশ্লিষ্ট দেশৰ প্ৰকৃত জীৱন প্রত্যাশা-জীৱন প্ৰত্যাশাৰ নিম্ন সীমা জীৱন প্রত্যাশাৰ উচ্চতম সীমা জীৱন প্রত্যাশাৰ নিম্নতম সীমা প্রাপ্তবয়স্ক সাক্ষৰতাৰ সূচক (ALI) = প্রাপ্ত বয়স্কৰ সাক্ষৰতাৰ প্ৰকৃত হাৰ- প্রাপ্তবয়স্ক সাক্ষৰতাৰ নিম্ন হাৰ/ প্রাপ্তবয়স্কৰ সাক্ষৰতাৰ নিম্নহাৰ/উচ্চতম হাৰ-প্ৰাপ্তবয়স্ক সাক্ষৰতাৰ নিম্নহাৰ সমাযোজিত প্রকৃত জনমুৰি আয় সূচক (ARPII)

= সংশ্লিষ্ট দেশৰ ডলাৰ মানত সমাযোজিত প্ৰকৃত জনমূৰি আয় -100/সংশ্লিষ্ট দেশৰ ডলাৰ মানত সমাযোজিত উচ্চতম জনমুৰ আয়-100

প্রাথমিক, উচ্চতৰ আৱু উচ্চ শিক্ষাৰ যৌথ নামভৰ্তিকৰণ অনুপাত সূচক (CERI)= সংশ্লিষ্ট দেশৰ নাম ভৰ্তিকৰণ অনুপাত/100

ইয়াত, শৈক্ষিক অৰ্হতা সূচক (EAI) = 2 X ALI+CERI/3  মানৱ উন্নয়ন সুচক (HDI)= LEI+EAI+ARPII/3

LEI= Life Expectancy Index

EAI- Educational Attainment Ratio

ALI= Adult Literacy Index CERI Combined Enrolment Ratio Index

ARPII= Adjusted Real per capita income index 

3. অর্থনৈতিক উন্নয়ন আৰু অর্থনৈতিক বিকাশৰ প্রতিবন্ধকতাসমূহ কি কি? আলোচনা কৰা ?

উত্তৰঃ অর্থনৈতিক বিকাশ আৰু উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ [Obstacles of Economic Growth and Development]: অর্থনৈতিক বিকাশ আৰু উন্নয়নৰ প্ৰতিবন্ধকসমূহৰ বিষয়ে আলোচনা কৰাৰ আগতে বিকাশ আৰু উন্নয়নৰ সংজ্ঞাসমূহ জানি লোৱাতো উচিত হ’ব। যদিও এই শব্দ দুটাক বহু ক্ষেত্ৰত একে অৰ্থত ব্যৱহাৰ কৰা হয় তথাপি ইহঁতৰ মাজত পার্থক্য আছে। অর্থনৈতিক উন্নয়ন [Economic Development] বিকাশ [growth] ৰ তুলনাত এক বহল পৰিসৰৰ ধৰণা। আনহাতে অর্থনৈতিক বিকাশ তুলনামূলকভাৱে কিছু কম পৰিসৰৰ বিষয়। বিকাশৰ হাৰ স্থিৰভাৱে বৃদ্ধি পাই থকা অৱস্থাত দৰৰ স্থিতাৱস্থা, কম নিবনুৱা সমস্যা আৰু অনুকূল লেনদেনৰ সমতাই অর্থনৈতিক বিকাশৰ নিৰ্ণায়ক। Economic Growth simply means that rate of growth increases continuously and there is price stability, low level of unemployment and equilibrium in the Balance of Payment. তাৰ বিপৰীতে অর্থনৈতিক উন্নয়নে আন আন সূচকসমূহ যেনে, সাক্ষৰতা, জনসংখ্যা বৃদ্ধি, অর্থনৈতিক অসমতা, স্বাস্থ্যগত স্থিতি, আইন ব্যৱস্থা, জীৱন-নিৰ্বাহৰ মানদণ্ড আদিকো অধ্যয়নৰ পৰিসৰ হিচাপে বাচি লয়। Development is a wider term and it includes both quantitative and qualitative indicators. In contrast, economic growth is only a quantitative term which can be objectively measured.

গোলকীয় অর্থনৈতিক অসমতাৰ কাৰণসমূহ চিহ্নিত কৰি সেইবোৰৰ প্ৰতিকাৰৰ ব্যৱস্থা ল’লৈ অৰ্থনৈতিক সমতাৰ পথ সুচল হ’ব। অভুতপূর্ব মানৱ-সম্পদ আৰু প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্যতাৰে ভৰি থকা সত্বেও আফ্ৰিকা, লেটিন আমেৰিকা আৰু এছিয়াৰ বহু দেশ এতিয়াও অনুন্নত। তাৰ কাৰণ বিচাৰি গৈ অর্থনীতিবিদসকলে অর্থনীতিবিদসকলে উন্নয়ন আৰু বিকাশৰ তলত দিয়া প্রতিবন্ধক্য বাধাসমূহ বিচাৰি পাইছে।

১: কম সাক্ষৰতা হাৰ [Lower Literacy Rate] :- আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, গ্রেট ব্রিটেইন, অষ্ট্রেলিয়াকে আদি কৰি উন্নত দেশসমূহৰ অভিজ্ঞতাৰ পৰা স্পষ্ট হৈছে যে চকুত লগা অর্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাবে দেশখনৰ নাগৰিকসকল শিক্ষিত হোৱা অতিকে প্রয়োজনীয়। শিক্ষিত নাগৰিকসকল কর্মঠ, স্বাস্থ্যবান, সজাগ, দায়িত্বশীল আৰু অৰ্হতাসম্পন্ন হয় যি দেশৰ অৰ্থনৈতিক উন্নয়নত পোনপটীয়াকৈ বৰঙনি আগবঢ়ায়। তাৰ বিপৰীতে, নিৰক্ষৰতাই অর্থনৈতিক উন্নয়নত প্রতিবন্ধকতাৰ সৃষ্টি কৰে। অশিক্ষিত লোকসকল স্বাস্থ্যৰ প্ৰতিয়ো আওকণীয়া হয়, তদুপৰি চৰকাৰী আচনি আদিৰ প্ৰতিও অকনো সজাগ নোহোৱাৰ বাবে Fiscal policy, মুদ্রানীতি [Monetary Policy] আদিও যিমান কাৰ্যকৰী [effective] হ’ব লাগিছিল, সিমান নহয়গৈ। যিহেতু শিক্ষিত লোকসকল দেশৰ মানৱসম্পদ, নিৰক্ষৰতাই দেশখন মানৱ সম্পদত দুখীয়া কৰি তোলে। আফ্রিকা, লেটিন আমেৰিকা আৰু এছিয়াৰ দেশসমূহৰ মাজত দেখা দিয়া অর্থনৈতিক স্থৱিৰতাৰ বাবে নিৰক্ষৰতা বহু পৰিমাণে জগৰীয়া।

২: অনিয়ন্ত্রিত জনসংখ্যা বৃদ্ধি [Uncontrolled Population Growth] :- অর্থনৈতিক উন্নয়ন আৰু বিকাশত মানৱ সম্পদে সকলোতকৈ গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়ায় যদিও অনিয়ন্ত্রিত হাৰত জনসংখ্যা বৃদ্ধিয়ে দেশৰ অৰ্থনীতিলৈ বিপর্যয় হে কঢ়িয়াই আনে। জনসংখ্যাৰ ঘনত্ব বাঢ়িলে জনমুৰি কৃষিভূমি [Per-Capita land ownership], আৰু জনমুৰি খাদ্য [Per-Capita Food Availability] কমি যায়। তদুপৰি জনসংখ্যা বৃদ্ধিৰ অনুপাতে দেশৰ জাতীয় আয় নেবাঢ়িলে জনসংখ্যা বৃদ্ধিৰ ফলত জনমুৰি আয় [Per-Capita Income] নিম্নগামী হয়। ইয়াৰ ওপৰিও শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো জনসংখ্যা বৃদ্ধিৰ ঋণাত্মক প্রভাৱ সুদুৰপ্ৰসাৰী।

৩: প্রাকৃতিক সম্পদ উপযুক্ত উদঘাটন আৰু ব্যৱহাৰৰ অভাৱ [Lack of Efficient Extraction and Use of Natural Resources] :-  আফ্রিকান দেশসমূহ প্রাকৃতিক সম্পদত অতিকে চহকী হোৱা সত্বেও অর্থনৈতিক উন্নয়নত পিছপৰা হোৱাৰ মূল কাৰণ হৈছে প্ৰাকৃতিক সম্পদ অনুপযুক্ত উদ্ঘাটন আৰু ব্যৱহাৰ। অনাবিষ্কৃত প্রাকৃতিক সম্পদ পৰা দেশ এখনৰ একো লাভ নহয়। সম্পদসমূহ সঠিক সময়ত উদ্ঘাটন কৰি সাৰ্থকভাৱে কামত ব্যৱহাৰ কৰিব পাৰিলেহে অর্থনৈতিক উন্নয়নৰ পথ সুচল হয়।

৪: প্রতিকূল ভৌগোলিক অৱস্থা [Adverse Geographical Property] :- প্রতিকূল ভৌগোলিক অৱস্থাই অর্থনৈতিক বিচ্ছিন্নতাৰ সৃষ্টি কৰে। অর্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাবে দেশখনৰ ভিতৰত আর্থিক সম্পদসমূহৰ বাধাহীন পৰিৱহন অতিকে প্রয়োজনীয়। ভৌগোলিক প্রতিকূলতাই এই ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। দুর্গম পাহাৰীয়া ঠাই প্ৰাকৃতিক সম্পদেৰে ভৰি থাকিলেও সেইবোৰ উদঘাটন কৰাটো অতিকে কঠিন আৰু ব্যয়বহুল হৈ পৰে। তদুপৰি পৰিৱহন ব্যৱস্থাই ঢুকি নোপোৱা বাবে সেইবোৰ অঞ্চলৰ পৰা সম্পদসমূহ আন ঠাইলৈ কঢ়িয়াই নিয়াটোও অতিকে সমস্যাৰ কথা হৈ পৰে।

৫: অনুন্নত বজাৰ ব্যৱস্থা [Underdeveloped Market System] :- বৰ্তমানৰ অৰ্থনৈতিক প্রেক্ষাপটত বিচাৰ কৰিলে দেখা যায় যে বজাৰ ব্যৱস্থাই আধুনিক অৰ্থনীতিত মূল নিৰ্ণায়কৰ ভূমিকা লয়। বিত্তীয় বজাৰ উত্থান-পতনে সমগ্র অর্থনীতিকে জোকাৰি যায়। যিবোৰ দেশৰ বজাৰ ব্যৱস্থাৰ আন্তগাঁথনি টনকিয়াল, তেনে দেশৰ অৰ্থনৈতিক উন্নয়ন অৱধাৰিত। আনহাতে অনুন্নত বজাৰ ব্যৱস্থা দেশৰ অৰ্থনৈতিক উন্নয়ন আৰু বিকাশৰ পৰিপন্থী।

৬: উগ্রপন্থী সমস্যা [ Problem of Terrorism] :- প্রাকৃতিক সম্পদত ঈর্ষণীয়ভাৱে চহকী যদিও ইৰাক, ইৰাণ, কুৱেইট আদি দেশসমূহ চমকপ্রদ অর্থনৈতিক উন্নয়নৰ পথত আগবাঢ়ি যোৱাত বিফল হৈছে। তাৰ কাৰণ উগ্রপন্থী সমস্যা। এই সমস্যাই মুক্ত অর্থনীতি আৰু উদ্যোগীকৰণৰ পথত হেঙাৰ হৈ থিয় দিয়ে। ভাৰতবৰ্ষৰ উত্তৰ পূৱৰ দেশসমূহৰ উদ্যোগীকৰণতো এই সমস্যাটোৱে জটিলতাৰ সৃষ্টি কৰি আহিছে।

৭: পিছপৰা পৰিৱহণ আৰু যোগাযোগ ব্যবস্থা [Poor 9 Transport and Communication System] :- অর্থনৈতিক উন্নয়ণৰ বাবে এক উন্নত পৰিৱহণ আৰু যোগাযোগ ব্যৱস্থা অত্যাৱশ্যকীয় চৰ্ত। সম্পদৰ উদঘাটন, সৰবৰাহ আৰু বিতৰণৰ বাবে এক উন্নত পৰিৱহণ ব্যৱস্থা অত্যাৱশ্যকীয়। সেইদৰে লেনদেন সম্বন্ধীয় বিত্তীয় কার্যকলাপৰ বাবে উন্নত যোগাযোগ ব্যৱস্থা পূৰ্বনিৰ্ধাৰিত চৰ্ত।

৮: আনুষ্ঠানিক বিফলতা [Institutional Failure] :- এটা অর্থনীতি সামগ্রীক গতিপথ দেশখনৰ অনুষ্ঠানসমূহৰ কার্যকলাপৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। D. North ৰ মতে “Institutions means all the roles which govern human behavior.” আক্ষৰিক অৰ্থত দেশখনৰ চৰকাৰৰ পৰা আৰম্ভ কৰি আইন কানুন, কৰ্মচাৰীসকলৰ কৰ্তব্যনিষ্ঠা সকলোবোৰ অনুষ্ঠানৰ ভিতৰত পৰে। দুৰ্নীতি, শিথিল আইন-কানুন, কৰ্তব্যত গাফিলতি আদি আনুষ্ঠানিক বিফলতাৰ উদাহৰণ। অনুৰূপ সম্পদৰ প্ৰাচুৰ্যৰে ভৰি থাকিলেও কিছুমান দেশ আন দেশৰ তুলনাত আনুষ্ঠানিক বিফলতাৰ বাবে পিছ পৰি যায়।

4. অর্থনৈতিক উন্নয়ন আৰু অর্থনৈতিক বিকাশৰ মাজত থকা পার্থক্যসমূহ আলোচনা কৰা ?

উত্তৰঃ ১। অর্থনৈতিক উন্নয়নে উন্নয়নশীল অৰ্থনীতিৰ প্ৰগতিত দেখা দিয়া সমস্যাৰ সমাধান আৰু অৰ্থনৈতিক বৃদ্ধিয়ে উন্নত দেশসমূহত অর্থনৈতিক,প্রগতিত দেখা দিয়া সমস্যাৰ সমাধানক বুজায়। এই প্রসংগত মেডিচিনে কৈছে যে -“The raising of income levels is generally called economic growth in rich countries, and in poor ones it is called economic development.” অনুন্নত তথা উন্নয়নশীল দেশৰ অৰ্থনৈতিক প্ৰগতিত থকা প্রধান সমস্যা হ’ল অব্যৱহৃত তথা অনুদঘাটিত সম্পদৰাজিৰ বিকাশ ঘটাই জ্ঞাত ক্ষেত্ৰত কাম্যভাৱে ব্যৱহাৰ কৰি আয় আৰু নিয়োগ বৃদ্ধি কৰাটো। অন্যহাতে, উন্নত আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বী দেশত অর্থনৈতিক প্রগতিত প্রধান সমস্যা হ’ল ইতিমধ্যে উদ্ঘাটিত তথা বিকশিত, সম্পদৰ ব্যৱহাৰ কাম্য কৰি অর্থনৈতিক অৱস্থাৰ উত্তৰণ ঘটোৱা।

২। আর্থিক বৃদ্ধি বুলি ক’লে অর্থনীতিখনত কোনো বিশেষ চেষ্টা নকৰাকৈ হোৱা সাধাৰণ আৰু গতানুগতিক বৃদ্ধি বুলি ধৰা হয়। অন্যহাতে অর্থনৈতিক উন্নয়ন বুলি ক’লে সাংগঠনিক পৰিৱৰ্তনৰ কথা বুজা যায়। এই সম্পর্কত অর্থনীতিবিদ চুমপিটাৰে উল্লেখ কৰিছে যে “উন্নয়ন হৈছে ঞ্চ এক স্থিৰ, বিচ্ছিন্ন আৰু স্বতঃফঁত পৰিৱৰ্তন, যিবিলাকে পূৰ্বৰে পৰা চলি অহা সাম্য অৱস্থাৰ [Equilibrium] পৰিৱৰ্তন সাধন কৰে। আনহাতে বৃদ্ধি হৈছে দীৰ্ঘকাল ধৰি ক্ৰমাগতভাৱে হোৱা পৰিৱৰ্তন, যি সঞ্চয় আৰু জনসংখ্যাৰ সাধাৰণ হাৰ বৃদ্ধিৰ ফলত উদ্ভৱ হয়।” [Development is a discontinuous and spontaneous change in the stationary state which forever alters and displaces the equilibrium state previously existingË, while growth is a gradual and steady change in the long run which comes about by general increase in the rate of savings and population]

৩। Kindly Burger ৰ মতে অর্থনৈতিক বৃদ্ধিয়ে অধিক আয়ক বুজায়। আনহাতে, অর্থনৈতিক উন্নয়নে কেৱল উৎপন্ন তথা আয় ষ্ঠ বৃদ্ধিকে নুবুজায়, একে সময়তে ই উৎপাদনত সহায় কৰা কাৰিকৰী ব্যৱস্থাপনা আৰু আয় বা উৎপন্ন বিতৰণত জড়িত আনুষ্ঠানিক ব্যৱস্থাৰ পৰিৱৰ্তনকো বুজায়। অর্থাৎ অর্থনৈতিক বৃদ্ধিয়ে এখন অৰ্থনীতিৰ সামর্থ্য তথা দক্ষতা বৃদ্ধিৰ পৰিনামস্বৰূপে উদ্ভৱ হোৱা অৰ্থনৈতিক প্ৰগতিক বুজায়। কিন্তু অর্থনৈতিক উন্নয়নে কেৱল উৎপাদন বৃদ্ধি হৈ সূচনা হোৱা প্ৰগতিকে নুবুজায়, লগতে এই জোঁটৰ গঠন আৰু খণ্ড বিশেষে উৎপাদকৰ বিতৰণৰ ইতিবাচক পৰিৱৰ্তনকো বুজায়।

৪। অর্থনৈতিক বৃদ্ধিয়ে এখন অৰ্থনীতিৰ শ্রমশক্তি, ভোগ, মূলধন, ব্যৱসায় ইত্যাদিৰ সম্প্ৰসৰণৰ উপস্থিতিত জাতীয় আয় তথা জনমুৰি আয় বৃদ্ধিক বুজায়। অন্যহাতে অর্থনৈতিক উন্নয়নৰ ধাৰণাটো বহল অৰ্থত প্ৰয়োগ কৰা হয়। অর্থনৈতিক উন্নয়নে উৎপাদন তথা জাতীয় আয়ৰ বিকাশৰ লগতে, অর্থনৈতিক দ্রব্য, অভাৱ, অনুষ্ঠান ইত্যাদিৰ গুণগত পৰিৱৰ্তনকৌ বুজায়।

৫। অর্থনৈতিক বৃদ্ধিয়ে কেৱল এখন অৰ্থনীতিৰ উত্থানৰ দিশটো আলোচনা কৰে। অন্যহাতে অর্থনৈতিক উন্নয়নে উত্থান আৰু পতন দুয়োটা দিশকে আলোচনা কৰে। এখন অৰ্থনীতিত অর্থনৈতিক বৃদ্ধি থাকিলেও অর্থনৈতিক উন্নয়ন নাথাকিবও পাৰে। কাৰণ অৰ্থনীতিখনত আয় আৰু উৎপন্ন বৃদ্ধি হোৱা সত্বেও কাৰিকৰী আৰু আনুষ্ঠানিক পৰিৱৰ্তনৰ অভাৱৰ বাবে দৰিদ্ৰতা, নিবনুৱা, বৈষম্যতা ইত্যাদি তীৱতৰ ৰূপত থাকি যাবও পাৰে। অৰ্থনৈতিক উন্নয়নে দৰিদ্ৰতা, নিবনুৱা, বৈষম্য ইত্যাদিৰ ক্ৰমশঃ অৱসান সূচনা হোৱা অৱস্থাত সম্পাদিত অর্থনৈতিক বৃদ্ধিক বুজায়। গতিকে অর্থনৈতিক উন্নয়নে উত্থান-পতন দুয়োটা দিশকে সামৰি লয়।

৬। প্ৰকৃততে অর্থনৈতিক উন্নয়ন আৰু অৰ্থনৈতিক বৃদ্ধি ধাৰণা দুটাৰ মাজত পাৰ্থক্য বিচাৰ কৰাটো বৰ এটা সহজ নহয়। দুয়োটা ধাৰণাই বৰ্ধনমুখী পৰিৱৰ্তনকে বুজায়। উভয়ে জাতীয় আয় বৃদ্ধিৰ কথাকে বুজায়। পৰিবৰ্তনৰ প্ৰকৃতিত থকা পার্থকাইহে দুইটা ধাৰণাৰ মাজত থকা পাৰ্থক্যৰ উমান দিয়ে।

5. অর্থনৈতিক পুনর্গঠন নীতিসমূহক প্রধানকৈ কেইটাভাগত ভগাব পাৰি— আলোচনা কৰা ? 

উত্তৰঃ অর্থনৈতিক পুনর্গঠন নীতিসমূহক প্রধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি—

1. স্থিৰতাভিত্তিক পুনর্গঠন কর্মপন্থা (Stabilization Measures of Reforms)

2. গাঁথনিভিত্তিক কর্মপন্থা (Structural Measures of Reforms)

স্থিৰতাভিত্তিক পুনর্গঠন কর্মপন্থা স্থিৰতাভিত্তিক কর্মপন্থা হৈছে হ্রস্বম্যাদী পুর্নগঠন ব্যৱস্থা। ইয়াৰ যোগেদি ভাৰতৰ বৈদেশিক বাণজ্যিত সৃষ্টি হ’বলৈ পোৱা লেন দেন। সমতাৰ ক্রমবর্ধমান ঘাটি পূৰণ কৰিবলৈ তৎকালীন ভাৱে কিছুমান পুনর্গঠন নীতি হাতত লোৱা হৈছিল যাৰ উদ্দেশ্য আছিল আমদানি সামগ্ৰীৰ মূল্য তথা বৈদেশিক ঋণ সময়মতে পৰিশোধ কৰিব পৰা ক্ষমতা সৃষ্টি কৰিবলৈ যথেষ্ট পৰিমাণে বৈদেশিক মুদ্ৰাৰ পুঁজি বৃদ্ধিৰ কৰাৰ সৈতে ভাৰতৰ ক্রমবর্ধমান মুদ্রাস্ফীতিৰ বৃদ্ধি হাৰ হ্ৰাস কৰা । সেইবাবে ভাৰতলৈ বৈদেশিক মুদ্ৰাৰ প্ৰৱাহ বৃদ্ধি কৰিবলৈ অৰ্থনৈতিক পুর্নগঠন কর্মসূচীত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছিল আৰু মুদ্রাস্ফীতিৰ তীব্রতা নিয়ন্ত্ৰণ কৰিবলৈ বস্তু সামগ্ৰীৰ যোগান ব্যৱস্থা উন্নত তথা আমদানি বৃদ্ধিৰ বিভিন্ন উপায় অৱলম্বন কৰা হৈছিল। সেইবাবে স্থিৰতাভিত্তিক কর্মপন্থা আছিল চাহিদা দিশৰ পৰিচালনা যাৰ ভিতৰত থকা ব্যৱস্থাবোৰ হৈছে—

1. মুদ্রাস্ফীতি নিয়ন্ত্রণ ।

2. বিত্তীয় সংশোধন ।

3. বৈদেশিক মুদ্ৰাৰ লেন-দেন থকা সমতা স্থিতিৰ উন্নতি । 

গাঁথনিভিত্তিক পুনর্গঠন কর্মপন্থা :- পুনর্গঠন গাঁথনিভিত্তিক কর্মপন্থা হৈছে দীৰ্ঘম্যাদী ব্যৱস্থা যিখিনিৰ আধাৰত অর্থনৈতিক উদাৰীকৰণ, উৎপাদনৰ ব্যক্তিগতকৰণ আৰু মুক্ত বাণিজ্য তথা বিশ্বমুখীকৰণৰ বাবে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে ভাৰতৰ অর্থনৈতিক উন্নয়নৰ পথত থকা বাধাসমূহ দূৰ কৰিবলৈ লোৱা হৈছিল। এই সমূহ কর্মপন্থাৰ যোগেদি ভাৰতৰ অর্থনৈতিক দক্ষতা তথা ক্ষমতা বৃদ্ধি আৰু যিসমূহ চৰকাৰী নিয়ন্ত্ৰণত উদ্যোগসমূহৰ বিকাশত স্থৱিৰ্তাই দেখা দিছিল সেইসমূহ প্রত্যাহাৰ কৰি আন্তজাতিক উদ্যোগৰ সৈতে প্রতিযোগিতা কৰাৰ শক্তি বৃদ্ধি তথা দ্ৰুতহাৰে ৰপ্তানিজাত সামগ্ৰীৰ উৎপাদন, অধিক পৰিমাণে বৈদেশিক বিনিয়োগ আৰু ৰাজহুৱা খণ্ডৰ পুনর্গঠন কৰিবলৈ লোৱা হৈছিল। এইসমূহ গাঁথনিভিত্তিক নীতি প্রধানত: যোগান দিশৰ সুস্থ পৰিচালনা নিশ্চিত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছিল। এইবোৰ হ’ল—

1. বাণিজ্য তথা মূলধন প্রবাহ পুর্নগঠন ।

2. নিয়ন্ত্রণমুক্ত ওদ্যোগিক পুর্নগঠন ।

3. ৰাজহুৱা খণ্ডৰ পুনৰ বিন্যাস তথা নিধি নিয়োগ । আৰু

4. বিত্তীয় খণ্ডৰ পুনগঠন ।

পুনগঠনৰ গাঁথনিভিত্তিক কর্মপন্থাৰ মূল লক্ষ্য আছিল চৰকাৰী নিয়ন্ত্রণ তথা আমোলাতান্ত্রিক প্রতিবন্ধক আঁতৰ কৰা আৰু চৰকাৰী কাৰ্যক্ৰমত থকা বিলম্বতা দূৰ কৰি সিদ্ধান্ত প্ৰক্ৰিয়াক দক্ষতাপূর্ণ তথা, স্পষ্ট কৰি তোলা।

অর্থনৈতিক পুনগঠনৰ লক্ষ্যসমূহ –

(Aims of Economics Reforms) :- অর্থনৈতিক পুনগঠনৰ লক্ষ্যসমূহ আছিল তলত দিয়া ধৰণৰ—

1. উৎপাদন খণ্ডসমূহত প্রতিযোগিতামুখী পৰিৱেশ সৃষ্টি আৰু উদ্যোগৰ বাবে বজাৰত সোমোৱা বাট আৰু উন্নয়নৰ পথত থকা বাধাসমূহ নিৰ্মূল কৰা। 

2. ব্যক্তিগত খণ্ডক সম্পাসৰিত কৰিবলৈ ৰাজহুৱা খণ্ডৰ এলকো সীমিত কৰা উদ্যোগ নীতি উদাৰ কৰি তুলিবলৈ লাইচেন্স ব্যৱস্থা প্রত্যাহাৰ কৰা।

3. দ্ৰৱ্য্যমূল্যতে স্থিৰতা ঘুৰাই আনিবলৈ বিত্তীয় ঘাটি সময় ভিত্তিকভাৱে হ্রাস কৰা। 

4. প্রত্যক্ষ বৈদেশিক বিনিয়োগ আকৃষ্ট কৰি তুলিবলৈ চৰকাৰী সুবিধাবোৰ সৃষ্টিৰ জৰিয়তে বৈদেশিক মূলধন প্ৰৱাহ উৎসাহিত কৰা। 

5. ঘৰুৱা উদ্যোগৰ সংৰক্ষণ নীতি শিথিল কৰা আৰু বৈদেশিক বাণিজ্য শুল্ক হ্রাস তথা আমদানিৰ ওপৰত থকা নিয়ন্ত্রণ কমাই বৈদেশিক বাণিজ্যক মুক্ত কৰি তোলা।

1991 চনৰ নতুন অর্থনৈতিক নীতিৰ আধাৰত ইতিমধ্যে উল্লেখ কৰা গাঁথনিভিত্তিক পুনগঠন কর্মপন্থাৰ লক্ষ্য আছিল অর্থনৈতিক দক্ষতা বৃদ্ধিৰ সৈতে ভাৰতীয় অর্থনীতিৰ বিভিন্ন দিশত থকা কঠোৰতা দূৰ কৰি ইয়াৰ আন্তৰ্জাতিক প্রতিযোগিতা শক্তি বৃদ্ধি কৰি কৰা। এইবোৰ লক্ষ্য অর্জন কৰা বাবে ভাৰত চৰকাৰে যিবোৰ নীতি গ্ৰহণ কৰিছে সেইবোৰক প্রধানত তিনিটা ভাগত ভাগ কৰিব পাৰি যিবোৰ হৈছে—

1. উদাৰকৰণ (Liberalization). 

2. ব্যক্তিগতকৰণ (Privatization).

3. গোলকীয়ক ৰণ (Globalization).

ৰাও মনমোহন উন্নয়ন আৰ্হিৰ নতুন অর্থনৈতিক নীতিত আন্তৰাষ্টীয় মুদ্রানীতি আৰু বিশ্ব বেংক নির্দেশ অনুসৰি ভাৰতত পৰিকল্পনা প্রস্তুতকর্তাসকলে-

(a) সামুহিক স্থিৰতা লক্ষ্য । 

(b) ৰপ্তানি সম্প্ৰাসৰণ ।

(c) উদ্যোগৰ সংস্কাৰ সাধন কৰি অধিক প্রতিযোগিতা মূলক কৰি তোলা।

(d) বিত্ত ব্যৱস্থাৰ সংস্কাৰ সাধন 

(e) আন্তঃগাঁথনিৰ সংস্কাৰ সাধন ইত্যাদিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

6. মানব উন্নয়নৰ সূচকসমূহৰ পৰিচয় দিয়া ?

উত্তৰঃ অর্থনীতি এটাৰ উন্নয়নৰ প্ৰকৃত ছবিখন পাবৰ বাবে সেইখন দেশৰ মানৱ সম্পদ কেনে ধৰণৰ উন্নয়ন সাধন হৈছে সেয়া জনাটো আৱশ্যক। মানৱ সম্পদ হৈছে অর্থনৈতিক উন্নয়নৰ লক্ষ্য আৰু আহিলা দুয়োটাই। সেয়েহে মানৱ সম্পদ উন্নয়ন অর্থনৈতিক বিকাশ আৰু উন্নয়নৰ বাবে অত্যাৱশ্যকীয়। এতিয়া প্রশ্নটো হ’ল কোনো এখন দেশত মানৱ সম্পদ উন্নয়ন হৈছে নে নাই কিদৰে জানিব পাৰি? নতুবা মানব সম্পদ উন্নয়নৰ সূচক বা পৰিচায়কবোৰ কি কি?

কোনো এখন দেশত মানৱ সম্পদ উন্নয়ন সাধন হৈছে নে নাই। তাক জানিবৰ বাবে বিভিন্ন সুচক আগবঢ়োৱা হৈছে। সেইবোৰৰ ভিতৰত ৰাষ্ট্ৰসংঘৰ সংযুক্তৰাষ্ট্ৰ উন্নয়ন অনুষ্ঠান (United Nations Development Programme, UNDP) য়ে আগবঢ়োৱা মানব উন্নয়ন সূচক (Human Development Index) আটাইতকৈ জনপ্ৰিয় আৰু বিস্তৃতভাৱে ব্যৱহৃত।

UNDP যে আগবঢ়োৱা মানব উন্নয়নৰ এই জনপ্রিয় সূচকটোৰ স্ৰষ্টা আছিল পাকিস্তানৰ বিখ্যাত অর্থনীতিবিদ মহবুব উল হক। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ য়াল বিশ্ববিদ্যালয়ৰ গুস্তভ ৰানিছ আৰু লণ্ডন স্কুল অব ইকনমি’ৰ মেঘনাদ দেশাইৰ সহযোগত এই বিশেষ সূচকটোৰ বিকাশ সাধন কৰিছিল।

UNDP ৰ মানৱ উন্নয়ন সূচক HDI হৈছে বিভিন্ন দেশসমূহে অৰ্জন কৰা মানৱ উন্নয়নৰ তুলনা কৰিব পৰা এক সর্বসন্মত সূচক। এই বিশেষ সূচকবিধ গণনা কৰোঁতে মানৱ উন্নয়নৰ বাবে অত্যাৱশ্যকীয় তিনিটা মূল দিশ (Dimension) অন্তর্ভুক্ত কৰা হৈছে। সেইকেইটা হৈছে – স্বাস্থ্য, শিক্ষা আৰু জীৱন ধাৰণৰ মানদণ্ড। দেশ এখনে এইকেইটা দিশত অৰ্জন কৰা সফলতাৰ গাণিতিক গড় লৈ HDI গণনা কৰা হৈছে। এই দিশকেইটা কিদৰে গণনা কৰি গঢ় দিয়া হৈছে সেয়া তলত আলোচনা কৰা হ’ল।

স্বাস্থ্য (Health) :- মানৱ উন্নয়নত স্বাস্থ্যৰ মূল ভূমিকা আছে। সুস্বাস্থ্যৰ অধিকাৰী লোক এজনেহে উপযুক্ত শিক্ষা আহৰণ কৰি দেশৰ অৰ্থনীতিলৈ নিজা অৱদান আগবঢ়াব পাৰে। সেয়েহে স্বাস্থ্যক সম্পদৰ লগত তুলনা কৰা হয় (Health is Wealth) |

HDI য়ে মানুহৰ জন্মৰ সময়ত জীৱন প্রত্যাশা কাল (Life Expectancy at Birth) ক স্বাস্থ্যৰ নিৰ্দেশক (indicator) হিচাপে গণনা কৰে। জীৱন প্রত্যাশা কাল হ’ল কোনো বিশেষ দেশ এখনত এজন লোকে জীয়াই থকাৰ প্রত্যাশিত গড় আয়ুস। ই সেইখন দেশৰ স্বাস্থ্যজনিত সা-সুবিধা, পৰিপুষ্টিৰ উপলব্ধতা, পৰিৱেশ আদিৰ ওপৰত নিৰ্ভৰ কৰে।

শিক্ষাঃ মানৱ সম্পদ উন্নয়নত শিক্ষাৰ অবিচ্ছেদ্য ভূমিকা আছে। শিক্ষাৰ যোগেদি কেৱল শিক্ষা গ্ৰহণ কৰোঁতাজনেই উপকৃত নহয়, শিক্ষিত লোকসকলে গোটেই সমাজখনলৈকে বৌদ্ধিক পৰিৱৰ্তন আনে। শিক্ষিত লোকসকল স্বাস্থ্য, অর্থনীতি, ৰাজনীতি, সংস্কৃতি – আদি সকলো দিশতে সজাগ হয়। গণতন্ত্রৰ সফলতাৰ বাবেও দেশৰ জনসাধাৰণ শিক্ষিত হোৱাটো অতি আৱশ্যকীয়।

শিক্ষাৰ নিৰ্দেশক হিচাপে HDI য়ে দুটা বিষয় গণনাত অন্তর্ভুক্ত কৰে। প্ৰথমটো হ’ল- ২৫বছৰীয়া প্রাপ্তবয়স্ক লোকসকলে বিদ্যালয়লৈ যোৱা গড় বছৰ (Mean Year of Schooling) আৰু দ্বিতীয়টো হ’ল —বিদ্যালয়ৰ জীৱন আৰম্ভ কৰা পৰত শিশু এটিয়ে কিমান বছৰ বিদ্যালয়লৈ যাব তাৰ সম্ভাৱনা থকা প্রত্যাশা কাল (Expected Year of Schooling)।

জীৱন ধাৰণৰ মানদণ্ড (Standard of Living): জীৱন ধাৰণৰ মানদণ্ড আৰু মানৱ উন্নয়নৰ মাজত পোনপটীয়া সম্পর্ক আছে। এটি উচ্চ মানদণ্ডপূর্ণ জীৱনে মানুহক ভাল খাদ্য, উচিত স্বাস্থ্যসম্পন্ন অভ্যাগ গঢ় দিয়ে। ইয়াৰোপৰি মানদণ্ডপূর্ণ জীৱনে নতুন বৌদ্ধিক চিন্তাৰ বিকাশ সাধন কৰে, বৈজ্ঞানিক মানসিকতাৰ জন্ম দিয়ে।

জীৱন ধাৰণৰ মানদণ্ডৰ নিৰ্দেশক হিচাপে HDI য়ে মুঠ ৰাষ্ট্ৰীয় আয়ক (Gross National Income) দেশৰ জনসংখ্যাৰে ভাগ কৰি জনমূৰি আয় নিৰ্ণয় কৰি লয়। জনমূৰি আয়ক জীৱন ধাৰণৰ মানদণ্ডৰ সূচক হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। জনমূৰি আয় ভেদে জীৱন ধাৰণৰ মানদণ্ড ভিন ভিন হয়। উদাহৰণ স্বৰূপে চহকী লোকসকলৰ জনমূৰি আয় বেছি থাকে বাবে তেওঁলোকে এটি উচ্চ মানদণ্ডৰ জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হয়।

7. অর্থনৈতিক উন্নয়নৰ এটা উপাদান হিচাপে জনসংখ্যা— এটি আলোচনা আগবঢ়োৱা ? (Population as a factor of Economic Development)

উত্তৰঃ জনসংখ্যা বৃদ্ধিয়ে কোনো এখন দেশৰ বিকাশ প্ৰক্ৰিয়াত পৰস্পৰ বিৰোধী ভূমিকা পালন কৰে। ই অর্থনীতি এখনৰ উন্নয়নৰ এক উদ্দীপক অথবা প্রতিবন্ধক দুই ধৰণে কাম কৰে। অর্থনীতিবিদসকলে এই সম্পর্কে পৰস্পৰবিৰোধী মত প্ৰদান কৰে। প্ৰায় 2500 বছৰৰ আগতে গ্রীক দার্শনিক সকলে জনসংখ্যা বৃদ্ধিয়ে অর্থনৈতিক বিকাশত বিৰূপ প্ৰভাৱ পেলায় বুলি মন্তব্য কৰিছিল, সেয়ে তেওঁলোকৰ বাবে জনসংখ্যা বৃদ্ধি অনাকাংক্ষিত আছিল। প্লেটোৰ মতেও জনসংখ্যা এক নিৰ্দিষ্ট স্তৰৰ অতিক্ৰম কৰা উচিত নহয়। Malthus য়েও জনসংখ্যা বৃদ্ধিক অর্থনৈতিক বৃদ্ধিৰ প্ৰতিবন্ধক আখ্যা দিছিল। আনহাতে, Sir William Petty জনসংখ্যা বৃদ্ধিৰ বিষয়ে এক আশাবাদী দৃষ্টিভংগী উপস্থাপন কৰিছিল। Adam Smith য়েও জনসংখ্যা বৃদ্ধিক সম্পদৰ ভিত্তি হিচাপে বিবেচনা কৰিছিল। Colin Clark, Lewis আদি অর্থনীতিবিদসকলে দেখুওৱাইছে যে জনসংখ্যাৰ বৃদ্ধিয়ে অর্থনৈতিক প্রগতিত সহায় কৰে। জনসংখ্যাৰ বৃদ্ধিয়ে শ্ৰমিকৰ যোগান বৃদ্ধি কৰে, মজুৰীৰ হাৰ নিম্নতম নিৰিখত স্থিৰ কৰি ৰাখে। বজাৰৰ আয়তন বঢ়ায় আৰু এইবোৰৰ বাবেই বিনিয়োগ বৃদ্ধি পায়। অৱশ্যে তেওঁলোকৰ এই মত ব্রাজিল, অষ্টেলিয়া আদি দেশৰ ক্ষেত্ৰত বেছিভাগ সত্য হলেও ভাৰত আদি দেশত ই প্রযোজ্য নহয়।

জনসংখ্যা বৃদ্ধিৰ লাভ (Benefits of Population Growth) জনসংখ্যা বৃদ্ধিয়ে তলত দিয়া ধৰণে অর্থনৈতিক বিকাশ প্ৰক্ৰিয়াত সহায় কৰে—–

1. জনসংখ্যা বৃদ্ধি হ’লে কোনো এখন দেশৰ কৰ্মীলোকৰ সংখ্যাও বৃদ্ধি হয়। অর্থাৎ, দেখখনব অর্থনৈতিক বৃদ্ধি তথা বিকাশ প্ৰক্ৰিয়াত অংশগ্রহণকাৰীৰ সংখ্যা বৃদ্ধি কৰে। 

2. দ্বিতীয়তে, ক্রমবর্ধমান জনসংখ্যাই দেশখনৰ প্ৰায় সকলো দ্ৰৱ্য্য আৰু সেৱাৰ বজাৰৰ আকাৰ বৃদ্ধি কৰে। আৰু আমি জানো যে বজাৰ পৰিধিৰ দ্বাৰা শ্ৰমৰ বিভাজন সীমাবদ্ধ। বজাৰৰ আকাৰ বিস্তৃতিয়ে মূলধনী বজাৰ আৰু যন্ত্রপাতিৰ ওপৰত অধিক বিনিয়োগ কৰিবলৈ উদ্যেক্তাসকলক উৎসাহিত কৰিব পাৰে। ফলত ব্যৱসায়িক ক্রিয়াকলাপ উৎসাহিত হ’ব। ফলস্বৰূপে, এই প্রক্রিয়াত অধিক আয় আৰু কর্ম সংস্থাপনৰ সৃষ্টি হ’ব। তদুপৰি ই উদ্যোগবোৰক বৃহৎ পৰিসৰৰ আৰু কৌশলী কৰি তুলিব। মুঠৰ ওপৰত ই দেশৰ অৰ্থনীতিত এক অনুকূল প্ৰভাৱ পেলাব।

3. আধুনিক যুগৰ একাধিক পণ্ডিতে জনসংখ্যা বৃদ্ধিক অর্থনৈতিক উন্নয়নৰ উপাদান হিচাপে ইংগিত কৰিছে। বিংশ শতাব্দীৰ শেষ তিনিটা দশকত Harvard Initiative for global health য়ে দিয়া প্রতিবেদন মতে, সমগ্র বিশ্বৰ জনসংখ্যা দুগুণ হোৱাৰ পৰিপ্ৰেক্ষিতত জনমূৰি আয়ো দুই তৃতীয়াংশ বৃদ্ধি পায়। ই নিশ্চয়কৈ ইয়াকো বুজায় যে গৰ্ভৱতী মহিলা, শিশুৰ মৃত্যুৰ হাৰ কম। জনসংখ্যা বৃদ্ধিৰ ফলচ দেশৰ উন্নয়নৰ অন্য এটা লক্ষণ হ’ল ই দেশৰ বাণিজ্যিক গগাঁথনিৰ উন্নতি সাধন কৰে। অধিক জনসংখ্যা থকা দেশত অধিক কর্মী সংখ্যাও থাকে। উদাহৰণস্বৰূপে চীনৰ কথা কব পাৰি। চীন দেশত জনসংখ্যাৰ প্ৰবৃদ্ধি খুৱ বেছি আৰু বৰ্তমান বিশ্বৰ বৃহত্তম এখন অর্থনীতি আৰু বিশ্বৰ শীৰ্ষ ৰপ্তানিকাৰী দেশবোৰৰ মাজৰ এখন।

4. জনসংখ্যা বৃদ্ধিৰ বিৰোধীসকলে প্ৰায়েই জনসংখ্যাক সম্পদৰ ওপৰত বোজা হিচাপে মন্তব্য কৰে। যদিও, ডেনমাৰ্কৰ অৰ্থনীতিবিদ Ester Boserup যুক্তি প্ৰদান কৰিছিল যে, ক্রমবর্ধমান জনসংখ্যাই জনসাধাৰণক অধিক ভালদৰে সেৱা প্ৰদান কৰাৰ বাবে সমাজক উদ্ভাৱনৰ বাবে হেঁচা প্রয়োগ কৰে। উদাহৰণ স্বৰূপে, ক্রমবর্ধমান জনসংখ্যাৰ প্ৰয়োজন পুৰণ কৰিবলৈ খাদ্য উৎপাদন বৃদ্ধিৰ বাবে উচ্চ ফলদায়ী বীজ (High-Yield crops) ৰ বিকাশ সাধন কৰা হৈছিল।

5. প্রত্যক্ষভাৱে নহলেও জনসংখ্যা বৃদ্ধিয়ে দেশ এখনৰ উন্নত স্বাস্থ্য ব্যৱস্থাৰ ইংগিত দিয়ে। ই চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিক মাধ্যমত মৃত্যুৰ হাৰ হ্ৰাস হোৱাক বুজায়।

6. জনসংখ্যা বৃদ্ধিৰ ফলাফল ইতিবাচক হ’বলৈ হ’লে বৃদ্ধিৰ অভিজ্ঞতা অর্জনকাৰী দেশখন পৰিচালনা কৰিবৰ বাবে সুদৃঢ় নীতিৰ আৱশ্যক হয়। দেশ এখনে ইয়াৰ জনসংখ্যা বৃদ্ধিৰ লগত তাল মিলাই উন্নত স্বাস্থ্যসেৱা, শক্তিশালী অর্থনৈতিক পৰিকল্পনা তথা অন্যান্যা সামাজিক উন্নতি কৰিব পাৰে।

জনসংখ্যা বৃদ্ধিৰ অসুবিধাসমূহ : (Costs of Population Growth)

ভাৰতৰ জনসংখ্যাৰ গতিধাৰা বিশ্লেষণ কৰিলে দেখা যায় যে জনসংখ্যাৰ বৃদ্ধিয়ে ভাৰতৰ অৰ্থনীতিত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিছে। ই ভাৰতৰ অৰ্থনীতিত নেতিবাচক প্রভাৱ পেলাইছে যেনে— 

1. জনমূৰি আয় (Per Capita Income) :- জনসংখ্যা বৃদ্ধিয়ে দেশৰ জনমূৰি আয়ৰ বৃদ্ধিৰ গতি লেহেমীয়া কৰি তোলে। 1970-71 চনৰ পৰা 2000-01 চনলৈকে পৰিকল্পনাৰ 30 বছৰৰ ভিতৰত আমাৰ জাতীয় আয় 360 শতাংশ বৃদ্ধি পায়। কিন্তু এই সময়ছোৱাৰ ভিতৰত জনসংখ্যা প্রায় 84 শতাংশ বৃদ্ধি পোৱা হেতুকে বছৰীয়া জনমূৰি আয় বাঢ়িছে মাত্ৰ শতকৰা 2.3 শতাংশকৈ।

2. খাদ্য সমস্যা (Food Shortage) :- মালথাছৰ সময়ৰ পৰাই অর্থনীতিবিদসকলে জনসংখ্যা আৰু খাদ্য যোগানৰ মাজৰ সম্বন্ধ সম্পর্কে চিন্তা কৰিছে। জনসংখ্যা বৃদ্ধি হোৱাৰ বাবে ভাৰতৰ জনমূৰি আবাদী মাটিৰ পৰিমাণ ক্রমে হ্রাস পাই আহিছে। সেয়েহে খাদ্য যোগানৰ দিশত জনসংখ্যা বৃদ্ধিয়ে খাদ্য সমস্যাৰ সৃষ্টি কৰিছে। বৰ্ধিত জনসংখ্যাৰ তুলনাত খাদ্য সামগ্ৰীৰ যোগান বৃদ্ধি পোৱা নাই। জনসংখ্যা বৃদ্ধিয়ে খাদ্য দ্ৰৱ্যৰ চাহিদা বৃদ্ধি কৰাৰ ফলত ভাৰতত খাদ্য দ্ৰৱ্যৰ মূল্য বৃদ্ধি পাইছে।

3. জনসংখ্যা বৃদ্ধি আৰু নিবনুৱা (Population and Unemployment) :- জনসংখ্যা বৃদ্ধি হলে শ্রমিকৰ যোগান বাঢ়ে। সেয়ে নিৱনুৱা সমস্যা দূৰ কৰা টান হৈ পৰে। উদাহৰণ স্বৰূপে, দ্বিতীয় পৰিকল্পনাৰ শেষত কাম নোপোৱাকৈ ৰৈ যোৱা নিবনুৱা লোকৰ সংখ্যা আছিল প্রায় 70 লাখ আৰু অপূর্ণ নিবনুৱা লোকৰ সংখ্যা আছিল প্রায় 15 18 নিযুত। তৃতীয় পৰিকল্পনাৰ কালত অতিৰিক্ত শ্রমিকৰ প্ৰৱেশ হ’ল 17 নিযুত। 2000-01 চনৰ অৰ্থনৈতিক জৰীপ অনুযায়ী ভাৰতত নিবনুৱাৰ সংখ্যা প্রায় 40 নিযুত আৰু তাৰে 50 শতাংশ অর্থাৎ 20 নিযুত হ’ল শিক্ষিত নিৱনুৱা ।

4. জনসংখ্যা আৰু জাৱিকা নির্বাহৰ মানদণ্ডঃ (Population and Standard of Living) :- জনসংখ্যা বাঢ়িলে শিশুৰ সংখ্যা বাঢ়ে আৰু সেই কাৰণে শিক্ষা, স্বাস্থ্য আৰু গৃহ নির্মাণত অতিৰিক্ত সম্পদ নিয়োগ কৰিবলগীয়া হয়। গৃহ নিৰ্মাণৰ ব্যয় বাঢ়িলে যে কেৱল বৰ্তমানৰ খৰচহে বাঢ়ে এনে নহয়, ইয়াৰ ফলত খেতিৰ মাটিৰ পৰিমাণো সংকুচিত হৈ পৰে। জনসংখ্যাৰ অস্বাভাৱিক হেঁচাত জীৱিকা নির্বাহৰ মানদণ্ড অন্যান্য উন্নত দেশসমূহৰ তুলনাত অতি নিম্ন।

5. মূলধন গঠন (Capital Formation) :- উচ্চহাৰৰ জনসংখ্যা বৃদ্ধিয়ে মূলধনৰ গঠনতো নেতিবাচক প্ৰভাৱ পেলায়। জনসাধাৰণাৰ সঞ্চয়ৰ দ্বাৰা মূলধন গঠন হয়। কিন্তু ভাৰতৰ জনমূৰি আয় কম হোৱা বাবে সঞ্চয়ৰ সামর্থ্যও কম হয়। ই অর্থনৈতিক প্ৰগতিত বাধাৰ সৃষ্টি কৰে।

6. সামাজিক সমস্যা (Social Problem) :- উচ্চ হাৰৰ জনসংখ্যা বৃদ্ধিয়ে বিভিন্ন সামাজিক সমস্যাৰ সৃষ্টি কৰে। যেনে শিক্ষাৰ দিশত, স্বাস্থ্যৰ দিশত বসবাসৰ উপযোগী ঠাইৰ ক্ষেত্ৰত, পানী যোগানৰ দিশত ইত্যাদি। জনসংখ্যা বৃদ্ধিৰ পৰিণতিত কৃষিভূমি মানুহৰ বসতিস্থানৰ বাবে ব্যৱহাৰ কৰা হৈছে। ফলত উৎপাদনৰ পৰিমাণ হ্রাস হোৱাৰ লগতে জনসাধাৰণৰ বসবাসৰ উপযোগী ঠাইৰো অভাৱ ঘটিছে ফলত স্বাস্থ্য সমস্যাৰ সৃষ্টি হৈছে।

তদুপৰি অসমত জনসংখ্যা বৃদ্ধিয়ে আয় আৰু সম্পদ বৈষম্য বৃদ্ধি কৰাটো সহায় কৰিছে। ধনী আৰু দুখীয়া শ্ৰেণীৰ মাজত থকা শ্রেণী বৈষম্য দিনে দিনে বৃদ্ধি পাই গৈ আছে।

8. অর্থনৈতিক উন্নয়নত বেচৰকাৰী বৈদেশিক মূলধন বা বিনিয়োগৰ ভূমিকা কি ? আলোচনা কৰা ?

উত্তৰঃ অনুন্নত দেশবোৰত অৰ্থনৈতিক উন্নয়নৰ মন্থৰ গতিৰ এটা প্ৰধান কাৰণ হৈছে– মূলধনৰ অভাৱ। দৰিদ্ৰ চক্ৰৰ প্ৰভাৱৰ কাৰণে এনে দেশবোৰৰ সঞ্চয় আৰু মূলধন গঠনৰ হাৰ অতি নিম্ন হয় আৰু এনে অৱস্থাত কেৱল ঘৰুৱা উৎসৰ পৰা সংগ্ৰহ হোৱা পুঁজিয়ে অর্থনৈতিক উন্নয়নৰ সমুদায় ব্যয়খিনি পৰিপূৰ্ণ কৰিব নোৱাৰে। গতিকে অধিকাংশ অনুন্নত আৰু উন্নয়নশীল দেশেই অৰ্থনৈতিক উন্নয়নৰ অৰ্থে প্রয়োজন হোৱা পুঁজিৰ এক বুজন অংশ বৈদেশিক উৎসৰ পৰা সংগ্ৰহ কৰে। বৈদেশিক মূলধন নামেৰে পৰিচিত এই উৎসটোৱে যুদ্ধোত্তৰ কালছোৱাত পৃথিৱীৰ অনুন্নত আৰু উন্নয়নশীল দেশবোৰৰ আৰ্থ সামাজিক উন্নয়নৰ আঁচনিসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ বৰঙণি যোগাই আহিছে। দেশৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰাৰম্ভিক অৱস্থাত বৈদেশিক মূলধনৰ প্ৰয়োজনীয়তা সকলো দেশেই অনুভৱ কৰে। বৰ্তমান উন্নয়নৰ শীৰ্ষ পৰ্যায়ত থকা ইউৰোপৰ কেইবাখনো দেশে প্রাথমিক স্তৰত বৈদেশিক মূলধন সহায় গ্ৰহণ কৰাৰ উদাহৰণ আছে। অৱশ্যে এইটোও উল্লেখযোগ্য যে জাপান আৰু ৰাছিয়াই বৈদেশিক মূলধনৰ সাহাৰ্য গ্ৰহণ নকৰাকৈ নিজৰ অৰ্থনৈতিক উন্নয়ন সম্ভৱপৰ কৰি তুলিছিল। জাপানৰ মানুহৰ কঠোৰ পৰিশ্ৰম, বুদ্ধিমত্তা আৰু উচ্চ সঞ্চয়ৰ কাৰণে বৈদেশিক মূলধন গ্রহণ নকৰাকৈ উক্ত দেশৰ অর্থনৈতিক উন্নয়ন সম্ভৱপৰ হৈছিল। ছোভিয়েট ৰাছিয়াৰ চৰকাৰী নিয়ন্ত্ৰণৰ অধীনত গ্ৰহণ কৰা কিছুমান বাধ্যতামূলক ব্যৱস্থাই উন্নয়নৰ লক্ষ্যত বৈদেশিক মূলধনৰ সহায় গ্ৰহণ নকৰাকৈ পৰিপূৰক কৰাটো সম্ভৱপৰ কৰি তুলিছিল। অৱশ্যে মুক্ত বা মিশ্রিত অর্থব্যৱস্থা গ্ৰহণ কৰা পৃথিৱীৰ অধিকাংশ অনুন্নত আৰু উন্নয়নশীল দেশেই নিজৰ অৰ্থনৈতিক উন্নয়নৰ অৰ্থে বৈদেশিক মূলধনৰ সহায় গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ অৰ্থে সংগ্ৰহ কৰা বৈদেশিক মূলধনক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হয়। উক্ত ভাগকেইটা হৈছে— 

(ক) ব্যক্তিগত বৈদেশিক মূলধন।

(খ) আন্তঃৰাষ্ট্ৰীয় চৰকাৰী বৈদেশিক ঋণ। আৰু

(গ) আন্তর্জাতিক অনুষ্ঠানসমূহৰ পৰা লাভ কৰা ঋণ।

ব্যক্তিগত বৈদেশিক মূলধনক প্রত্যক্ষ বৈদেশিক বিনিয়োগ বিনিময় আৰু বৈদেশিক সহযোগ হিচাপে দুটা ভাগত ভাগ কৰা হয়। এখন দেশৰ অৰ্থনৈতিক উন্নয়নত ব্যক্তিগত বৈদেশিক মূলধনৰ গুৰুত্ব সাম্প্রতিক কালছোৱাত উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। বিশেষকৈ নব্বৈৰ দশকটোৰ পৰবৰ্তী কালছোৱাত বিশ্ব অর্থনীতিত উদাৰীকৰণ আৰু গোলকীকৰণৰ প্ৰাধান্য বৃদ্ধিয়ে ব্যক্তিগত বৈদেশিক মূলধনৰ গুৰুত্বতা উল্লেখযোগ্যভ্যৱ বৃদ্ধি কৰিছে। কাৰণ উদাৰ অৰ্থনৈতিক নীতি গ্ৰহণ কৰাৰ পৰবৰ্তী কালছোৱাত আন্তঃচৰকাৰী ঋণৰ পৰিমাণ ক্রমান্বয়ে হ্রাস পাইছে। অধিকাংশ দেশতে ঔদ্যোগীকৰণৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ প্ৰাধান্য বৃদ্ধি পাইছে আৰু এই খণ্ডটোৱে পুঁজি আৰু প্রযুক্তি-কৌশলৰ নাটনি দূৰ কৰিবৰ অৰ্থে বর্ধিত হাৰৰ ব্যক্তিগত বৈদেশিক মূলধনৰ সহায় গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। অনুন্নত আৰু উন্নয়নশীল দেশবোৰলৈ ব্যক্তিগত বৈদেশিক মূলধন প্রবাহ একাংশ দেশৰ ঔদ্যোগীকৰণ লক্ষ্য পৰিপূৰণ কৰাত সহায় কৰিছে। অৱশ্যে দেশবোৰেহে সিঁহতৰ উন্নয়নৰ পাৰম্ভিক অৱস্থাত ব্যক্তিগত বৈদেশিক মূলধনৰ পৰা অধিকভাৱে উপকৃত হৈছে।

ওপৰত উল্লেখ কৰা হৈছে যে ব্যক্তিগত বৈদেশিক মূলধন দুই প্ৰকাৰৰ হ’ব পাৰে। যেতিয়া কোনো বহু ৰাষ্ট্ৰীয় কোম্পানী বা বৈদেশিক প্রতিষ্ঠানে নিজৰ শাখা-প্রশাখা অনুন্নত বা উন্নয়নশীল দেশত স্থাপন কৰি উক্ত দেশখনৰ ঔদ্যোগিককৰণত বৰঙণি যোগায়, তেতিয়া উক্ত বিনিয়োগক প্রত্যক্ষ ব্যক্তিগত বুলি কোৱা হয়। তদুপৰি কোনো ঘৰুৱা কোম্পানী বা প্ৰতিষ্ঠানৰ অংশপত্ৰ ক্ৰয়ৰ দ্বাৰাও দেশখনত বৈদেশিক বিনিয়োগকাৰীয়ে নিজৰ মূলধন বিনিয়োগ কৰিব পাৰে। অংশপত্ৰৰ বিনিয়োগ নামেৰে পৰিচিত এই প্ৰকাৰৰ বিনিয়োগ প্রত্যক্ষ ব্যক্তিগত বিনিয়োগৰ অন্তৰ্ভুক্ত হয়। এনে ব্যৱস্থাই দেশীয় উদ্যোগটোৰ মালিকীস্বত্ব বৈদেশিক বিনিয়োগকাৰীলৈ হস্তান্তৰ কৰে। দ্বিতীয়তে, কোনো দেশীয় উদ্যোগ স্থাপন আৰু উন্নয়নত বৈদেশিক সহযোগ হ’ব পাৰে। যেতিয়া দেশৰ কোনো উদ্যোগপতিয়ে স্থাপন কৰিব বিচৰা উদ্যোগৰ অর্থে কোনো বিদেশী বিনিয়োগকাৰীয়ে মূলধন যোগান আৰু প্ৰযুক্তি বিচৰা উদ্যোগৰ অৰ্থে কোনো বিদেশী বিনিয়োগকাৰীয়ে মূলধন যোগান আৰু প্রযুক্তি বিদ্যাৰ যোগানৰ মাধ্যমৰ অংশীদাৰ হোৱাৰ ব্যৱস্থা কৰে, তেতিয়া তাক ব্যক্তিগত বৈদেশিক সহযোগৰ অন্তৰ্ভুক্ত কৰা হয়।

অভিজ্ঞতাৰ পৰা দেখা গৈছে যে উন্নয়নৰ প্ৰাৰম্ভিক অৱস্থাত চৰকাৰী বৈদেশিক মূলধনৰ দৰেই ব্যক্তিগত বৈদেশিক মূলধনৰ বৰঙণি অতি গুৰুত্বপূৰ্ণ হয়। অনুন্নত আৰু উন্নয়নশীল নাটনিৰ যি সমস্যা উক্ত সমস্যা কেৱল চৰকাৰী স্তৰৰ বৈদেশিক মূলধনৰ প্ৰৱাহে সমাধান কৰিব নোৱাৰে। ব্যক্তিগত বৈদেশিক মূলধনৰ সহযোগতহে উক্ত সমস্যা সমাধান কৰা সম্ভৱপৰ হয়। উল্লেখযোগ্য যে যিবোৰ উদ্যোগত ব্যক্তিগত বৈদেশিক মূলধনে অংশগ্রহণ কৰে সেইবোৰৰ পৰিচালনাৰ ব্যৱস্থা অতি দক্ষতাপূৰ্ণ হয়। এনে ব্যৱস্থাৰ কাৰণে ব্যক্তিগত বৈদেশিক মুলধনৰ দ্বাৰা এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰ কৰি তোলাটো সম্ভৱপৰ হয়। অভিজ্ঞতাৰ পৰা দেখা গৈছে যে ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰত চৰকাৰী বৈদেশিক মূলধনৰ অপচয় পৰিলক্ষিত হয়, কিন্তু মুনাফা লক্ষ্যৰ দ্বাৰা পৰিচালিত ব্যক্তিগত বৈদেশিক মূলধন যিবোৰ উদ্যোগ আৰু ব্যৱসায় প্রতিষ্ঠানত নিয়োজিত হৈছে সেইবোৰে ইয়াৰ এনেভাৱে অপচয় ঘটাব নোৱাৰে। এনে দৃষ্টিকোণৰ পৰা বিচাৰ কৰি চালে এইটো সহজে ক’ব পৰা যায় যে দুখন অর্থনৈতিক উন্নয়নৰ হাৰ খৰতকীয়া কৰি তুলিবৰ অৰ্থে ব্যক্তিগত বৈদেশিক মূলধনৰ বিনিয়োগ ব্যৱস্থা অতিশয় উত্তম ব্যৱস্থা।

বৈদেশিক বিনিয়োগে অনুন্নত দেশত কিছুমান প্রত্যক্ষ সুবিধা প্রদান কৰা উপৰি বাহ্যিক মিতব্যয়িতা সৃষ্টিৰ মাধ্যমত অর্থনৈতিক উন্নয়নত বৰঙণি যোগায়। ব্যক্তিগত বৈদেশিক বিনিয়োগ বৃদ্ধিয়ে অনুন্নত দেশৰ মূলধন গঠন আৰু বৈদেশিক মুদ্ৰাৰ যোগানক সহায় কৰাৰ উপৰি উৎপাদন ব্যৱস্থাৰ পৰিচালনাৰ দক্ষতা, কাৰিকৰী জ্ঞানসম্পন্ন ব্যক্তি, কাৰিকৰী জ্ঞান বৃদ্ধি, প্রশাসনিক ব্যৱস্থাৰ উন্নতি আৰু নতুন দ্ৰব্য আৰু প্রযুক্তি-কৌশলৰ অৱতাৰণাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ বৰঙণি আছে। ব্যক্তিগত বৈদেশিক বিনিয়োগৰ মাধ্যমত এখন দেশে যি প্রশাসনিক আৰু কাৰিকৰী জ্ঞান লাভ কৰে তাৰ সুপ্ৰভাৱ দেশৰ আনবোৰ খণ্ডতো পৰিলক্ষিত হয়। ব্যক্তিগত বৈদেশিক বিনিয়োগে আগবঢ়োৱা এনে বাহ্যিক সুবিধাৰ ভিতৰত কেইটামান গুৰুত্বপূৰ্ণ সুবিধাৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল।

(ক) নতুন প্রযুক্তি-কৌশল, উদ্যোগ সম্পর্কে জ্ঞান আৰু নতুন ধ্যান-ধাৰণা প্ৰবৰ্তন কৰাৰ ক্ষেত্ৰত এনে মূলধনে গুৰুত্বপূৰ্ণ বৰঙণি যোগাই আহিছে। উন্নত দেশৰ ব্যক্তিগত বিনিয়োগকাৰীসকলে যেতিয়া অনুন্নত দেশত মূলধন বিনিয়োগৰ অৰ্থে আহে তেতিয়া তেওঁলোকে লগতে নতুন প্রযুক্তি-কৌশল আৰু পৰিচালনাৰ ব্যৱস্থা আমদানি কৰে। এনে প্ৰকাৰৰ আমদানিয়ে অনুন্নত দেশৰ উদ্যোগৰ দৰে গুৰুত্বপূৰ্ণ উৎপাদনখণ্ডৰ বিকাশ আৰু উন্নতিত ইতিবাচক বৰঙণি যোগায়।

(খ) থলুৱা বিনিয়োগকাৰী আৰু উদ্যোক্তাসকলকো ব্যক্তিগত বিনিয়োগকাৰীসকলে মূলধন বিনিয়োগৰ অৰ্থে অনুপ্রাণিত কৰে। থলুৱা উদ্যোগীৰ লগত বৈদেশিক বিনিয়োগকাৰীয়ে দ্রব্য-সামগ্ৰীৰ উৎপাদনৰ ক্ষেত্ৰত সহযোগ কৰা দেখা যায়। তদুপৰি কিছুমান দ্রব্য সামগ্ৰীৰ প্ৰতি চাহিদা সৃষ্টি কৰি উক্ত দ্রব্য-সামগ্ৰীসমূহ উৎপাদন কৰিবলৈ থলুৱা উদ্যোগীসকলক অনুপ্রাণিত কৰে।

(গ) শ্ৰমিকৰ দক্ষতা বৃদ্ধি আৰু মূলধন গঠনৰ ক্ষেত্ৰতো ব্যক্তিগত বৈদেশিক মূলধনৰ গুৰুত্বপূৰ্ণ বৰঙণি আছে। উল্লেখযোগ্য যে অনুন্নত দেশৰ উন্নয়নৰ প্ৰধান হেঙাৰ হৈছে দক্ষতাবিহীন শ্রমিকৰ উপস্থিতি আৰু নিম্নহাৰৰ মূলধন গঠন। যেতিয়া এনে দেশত ব্যক্তিগত বৈদেশিক মূলধন বিনিয়োগ হয় তেতিয়া এনে মূলধনে নতুন প্রযুক্তি-কৌশলৰ প্রবর্তন কৰে। এনে নতুন প্রযুক্তি-কৌশলৰ অধীনত উৎপাদন কার্য চলাবলৈ এক দক্ষতাসম্পন্ন শ্রমিক শ্ৰেণীৰ প্ৰয়োজন হয়। বৈদেশিক বিনিয়োগকাৰীয়ে নিজৰ প্ৰয়োজনত এনে এটা শ্ৰেণী থলুৱাভাৱে সৃষ্টি কৰি দেশৰ উৎপাদনৰ হাৰ বৃদ্ধিত সহায় কৰে। তদুপৰি বৈদেশিক ব্যক্তিগত মূলধনৰ বিনিয়োগৰ হাৰ বৃদ্ধিয়ে থলুৱা সম্পদ নিয়োগৰ হাৰ বৃদ্ধিৰ মাধ্যমত মানুহৰ উপাৰ্জন বৃদ্ধি আৰু দেশৰ মূলধন গঠনৰ হাৰ বৃদ্ধিত সহায় কৰে।

(ঘ) অনুন্নত আৰু উন্নয়নশীল দেশবোৰে উন্নয়নৰ প্ৰথমস্তৰত বৈদেশিক বাণিজ্যৰ ঘাটিৰ সমস্যাৰ সন্মুখীন হয়।

9. দৰিদ্ৰতা কি ? দ্ৰৰিদ্ৰতাৰ শ্রেণীবিভাজন কৰা? ভাৰতত অর্থনৈতিক উন্নয়নৰ প্রতিবন্ধকতা হিচাপে দৰিদ্ৰতাৰ কাৰণসমূহ নিৰ্ণয় কৰা ?

উত্তৰঃ দৰিদ্ৰতা এনে এটা সামাজিক অৱস্থা য’ত কিছুসংখ্যক লোকে তেওঁলোকৰ নিম্ন আয়ৰ যোগেদি অত্যাৱশ্যকীয় প্রয়োজনীয়াতখিনি পূৰণ কৰাত ব্যর্থ হয়। সমগ্র বিশ্বতে সকলোৱে ব্যৱহাৰ কৰা দৰিদ্ৰতাৰ এটা নির্দিষ্ট সংজ্ঞা নাই। দৰিদ্ৰতাক বেলেগ বেলেগ দেশে বেলেগ বেলেগ ধৰণে ব্যাখ্যা কৰিছে। দৰিদ্ৰতা ভাৰতৰ এক জ্বলন্ত সমস্যা। ১৯৬২ চনৰ পৰিকল্পনা আয়োগে তেতিয়াৰ মূল্যসুচীত এগৰাকী লোকে যদি মাহেকত ২০ টকা মূল্যৰ কম সামগ্ৰী উপভোগ কৰে তেন্তে তেওঁক দৰিদ্ৰ আখ্যা দিয়া হৈছিল। পৰৱৰ্তী সময়ত ভাৰতবৰ্ষত দৰিদ্র সীমাৰেখা ধাৰণা ব্যৱহাৰ কৰা হয়। এই ধাৰণা মতে এগৰাকী গ্রামাঞ্চলৰ ব্যক্তিয়ে যদি দৈনিক ২৪০০ কেলৰী খাদ্য গ্ৰহণ কৰিব নোৱাৰে তেন্তে তেওঁক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা বুলি ধৰা হয় আৰু চহৰৰ এজন লোকে দিনে ২১০০ কেলৰি খাদ্য গ্রহণ কৰিব নোৱাৰিলে তেওঁক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা বুলি কোৱা হয়। ১৯৯৯-২০০০ চনত এজন ব্যক্তিৰ ভোগ ব্যয় প্রতি মাহে গ্রামাঞ্চলত ৩২৪ টকা আৰু চহৰ অঞ্চলত ৪৫৪ টকাক দৰিদ্ৰ সীমাৰেখা হিচাপে নিৰ্ধাৰণ কৰা হৈছিল।

দৰিদ্ৰতাৰ শ্ৰেণীবিভাজন :- দৰিদ্ৰতাৰ শ্ৰেণীবিভাজন বিভিন্ন ধৰণেৰে কৰা হয়। কিছুমান অর্থনীতিবিদে দৰিদ্ৰক তলত দিয়া ধৰণে ভাগ কৰিছে– (ক) কিছুমান মানুহ চিৰাচৰিতভাৱে বা সদায় দুখীয়া (Always Poor)। 

(খ) কিছুমান সচৰাচৰ দুখীয়া (usually poor) :- ইয়াৰে কিছুমানে মাজে সময়ে সামান্য অধিক মুদ্রা অৰ্জন কৰে। সেইসকল হ’ল— দীর্ঘদিনীয়া দুখীয়া (Chronic poor)। ইয়াৰ উদাহৰণ হ’ল অনিয়মীয়া শ্ৰমিকসকল। কিছুমান বনুৱা আকৌ দৰিদ্ৰতাত্‌ পতিত হয় আৰু কেতিয়াবা মুক্ত হয়। এনে দুখীয়াসকলক ঘূর্ণায়মান দৰিদ্ৰ (Churning poor) বোলে। আন কিছুমান লোক যিসকলে অধিকাংশ সময় আর্থিকভাৱে স্বচ্ছল

হৈ থাকে কিন্তু মাজে সময়ে দুর্দশাত পৰে তেনেসকলক উপলক্ষজনিত দুখীয়া (occasionally poor) বোলে। এই ঘূর্ণায়মান দৰিদ্ৰ আৰু উপলক্ষিজনিত দৰিদ্ৰক একেলগে সাময়িক দৰিদ্ৰ (Transient poor) বোলে। ইয়াৰ উপৰিও কিছুমান লোক আছে যি কেতিয়াও দৰিদ্ৰ বা দুখীয়া নহয়। তেনে লোকক অদুখীয়া বা ধনী বোলে।

ভাৰতৰ দৰিদ্ৰতাৰ কাৰণসমূহ :- ভাৰতবৰ্ষত বৰ্তমান প্রায় ২৬ শতাংশ মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে। ভাৰতত দৰিদ্ৰতাৰ মূল কাৰণসমূহ হ’ল—

(ক) দ্রুত জনসংখ্যা বৃদ্ধি :- ভাৰতত জনসংখ্যা বৃদ্ধিৰ হাৰ বছৰি দুই শতাংশৰো বেছি। নিম্ন মধ্য বিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ মাজতে জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি। গতিকে তেওঁলোকে অতিৰিক্ত জনসংখ্যাক ভৰণ পোষণ দিব নোৱাৰে আৰু জীৱনধাৰণৰ বাবে অত্যাৱশ্যকীয় সামগ্রী ক্রয় কৰাতো ব্যর্থ হয়।

(খ) মূলধনৰ অভাৱ :- ভাৰতত মূলধন গঠনৰ হাৰ কম হোৱা বাবে বিনিয়োগ কম আৰু বিনিয়োগ কম হোৱা বাবে নিয়োগৰ সুবিধা কম। ফলস্বৰূপে বহুসংখ্যক লোক দৰিদ্ৰ হয়।

(গ) যুগ্ম পৰিয়াল ব্যৱস্থা :- পৰম্পৰাগতভাৱে চলি অহা যুগ্ম পৰিয়াল ব্যৱস্থাত দেখা যায় যে এনে পৰিয়ালৰ শ্ৰম বিভাজন নহয় আৰু পৰস্পৰ নিৰ্ভৰশীল। ফলত এনে পৰিয়ালৰ লোক দৰিদ্ৰৰ ফালে গতি কৰে।

(ঘ) কৃষি ব্যৱস্থা :- ভাৰতৰ প্ৰায় ৬৫ শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল যদিও দেশখনত কৃষি ব্যৱস্থাৰ উন্নতি হোৱা নাই। কৃষিৰ ওপৰত অতিৰিক্ত জনসংখ্যাৰ হেঁচা বা বোজা বৃদ্ধি পাই আহিছে আৰু ছদ্মবেশী নিবনুৱাৰ সৃষ্টি হৈছে। ফলত বহুলোক দৰিদ্ৰ হৈ পৰে।

(ঙ) নিৰক্ষৰতা :- ভাৰতৰ প্ৰায় ৩৫ শতাংশ লোক নিৰক্ষৰ। এই নিৰক্ষৰ লোকসকলৰ উৎপাদনশীলতা কম আৰু বেছিভাগেই সংস্থাপনহীন। ফলস্বৰূপে এনে বহু লোক দৰিদ্র সীমাৰেখাৰ তলত বাস কৰে। 

(চ) ভাৰতৰ পৰিকল্পনা ব্যৱস্থা :- আসোঁৱাহপূৰ্ণ হোৱা বাবে দৰিদ্ৰতা সমস্যা সমাধানত দেশখন সফল হোৱা নাই।

(ছ) আসোঁৱাহপূর্ণ শিক্ষা ব্যৱস্থা :- ভাৰতৰ শিক্ষা ব্যৱস্থা নিয়োগৰ বাবে বা আত্মসংস্থাপনৰ বাবে উপযোগী নহয়। বৃত্তিমুখী শিক্ষাৰ অভাৱত। বহুলোক পিছৰ সময়ছোৱাত নিবনুৱা হৈ থাকিব লাগে আৰু ই দৰিদ্ৰতাৰ সমস্যা বৃদ্ধি কৰে।

(জ) দৰিদ্ৰতা নিৰ্মূলকৰণ আঁচনিৰ উপযুক্ত ৰূপায়ণৰ অভাৱ :- ভাৰত চৰকাৰে দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে বহুতো আঁচনি ৰূপায়ণ কৰিছে আৰু হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰিছে। কিন্তু ৰঙাফিটাৰ মেৰপাকত এনে আঁচনিৰ সঠিক ৰূপায়ণ হোৱা নাই।

10. আর্থ-সামাজিক উন্নয়নৰ বিভিন্ন উপাদানসমূহ আলোচনা কৰা ?

উত্তৰঃ (ক) জনসংখ্যা বৃদ্ধি :- সামাজিক উন্নয়নৰ ক্ষেত্ৰত জনসংখ্যা বৃদ্ধিয়ে শ্ৰমৰ যোগান ধৰাত বৰঙণি যোগায়। শ্রমিকৰ অবিহনে উৎপাদন কাৰ্য ফলপ্ৰসূ হৈ নুঠে। অৱশ্যে জনসংখ্যা বৃদ্ধিৰ হাৰটো স্বাভাৱিক হোৱাটো উচিত। অন্যথা অতিমাত্রা জনসংখ্যা বৃদ্ধিয়ে দেশত খাদ্য সমস্যা, বাসস্থানৰ সমস্যা আদিকে ধৰি বহুতো সমস্যাৰ সৃষ্টি কৰিব পাৰে। ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশসমূহত জনসংখ্যা বৃদ্ধি হৈছে এক জলন্ত সমস্যা। যাৰ ফলত উন্নত দেশবোৰৰ তুলনাত ভাৰতত উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট বাধাই দেখা দিয়ে।

(খ) প্রাকৃতিক সম্পদ :- যিকোনো এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ লেখত ল’বলগীয়া। প্রাকৃতিক সম্পদ উপযুক্ত আৰু সুপৰিকল্পিত ব্যৱহাৰে দেশ এখনৰ অৰ্থনৈতিক উন্নয়ন সাধনত যথেষ্ট সহায় কৰে। ভাৰতবৰ্ষ হৈছে প্ৰাকৃতিক সম্পদৰে এখন ভৰপূৰ দেশ। এই প্রাকৃতিক সম্পদসমূহ যদিহে সঠিকভাৱে ব্যৱহাৰ কৰা যায় তেন্তে ভাৰতে অর্থনৈতিক ক্ষেত্ৰত যথেষ্ট অগ্রগতি লাভ কৰিবলৈ সক্ষম হ’ব।

(গ) শিক্ষাৰ প্ৰসাৰ :- অর্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত শিক্ষাৰ ভুমিকা অপৰিহাৰ্য। শিক্ষাৰ প্ৰসাৰৰ ফলস্বৰূপে অতীতৰ অনগ্ৰসৰ সমাজবোৰে বৰ্তমানৰ আধুনিক অৱস্থা এটা লাভ কৰিবলৈ সক্ষম হৈছে। উন্নত দেশসমূহত শিক্ষা লাভৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হয়। উন্নত মানৱ শিক্ষাই মানুহৰ মনৰ পৰা পুৰণিকলীয়া চিন্তা-চৰ্চাসমূহ দূৰ কৰি বৈজ্ঞানিক চিন্তাৰ উন্মেষ ঘটায়। যাৰ ফলত সমাজৰ উন্নয়নত সুবিধা হয়।

(ঘ) মানৱ সম্পদ :- অর্থনৈতিক উন্নয়নৰ বাবে ভাল গুণসম্পন্ন তথা দক্ষতাপূর্ণ জনসংখ্যাৰ প্ৰয়োজন হয়। দ্রুত অর্থনৈতিক উন্নয়নৰ বাবে জনসম্পদ তথা মানৱ সম্পদ অতি দৰকাৰী। প্রশিক্ষণপ্রাপ্ত শ্রমিকেহে দেশৰ উৎপাদন বৃদ্ধিত অৰিহণা যোগাৰ পাৰে। সেইবাবে দেশৰ জনসাধাৰণক উপযুক্ত প্রশিক্ষণ প্ৰদান কৰাটো নিতান্তই প্রয়োজনীয়।

(ঙ) আইন আৰু শৃংখলা :- এখন দেশৰ আইন শৃংখলাৰ প্ৰকৃতিৰ ওপৰত দেশখনৰ উন্নয়ন বহু পৰিমাণে নিৰ্ভৰ কৰে। সমাজত সঘনে সংঘটিত হৈ থকা দুনীর্তিমূলক কার্য-কলাপসমূহ নিয়ন্ত্ৰণ কৰিবৰ বাবে সুস্থ আইন শৃংখলা প্রয়োগৰ গুৰুত্বতা যথেষ্ট আছে। অপ্রীতিকৰ কাৰ্য কলাপসমূহে সমাজখন বিশৃংখল কৰি তোলে যাৰ ফলত তেনে সমাজৰ সামগ্রিক উন্নয়নত যথেষ্ট বাধা আহি পাৰে। সেইবাবে প্রত্যেক দেশতে এক সুস্থিৰ আইন শৃংখলা বৰ্তাই ৰখাটো অতি দৰকাৰী।

11. চমু টোকা লিখা ?

(ক) অর্থনৈতিক উন্নয়ন আৰু নগৰীকৰণৰ সম্পৰ্ক (Relationship between economic Development and urbanisation)

উত্তৰঃ নগৰ অঞ্চলত বসবাস কৰা লোকৰ সংখ্যা বৃদ্ধি হ’ল নগৰীকৰণৰ এটা প্রধান বৈশিষ্ট্য। এনে লোকৰ সংখ্যা বৃদ্ধি হোৱা বাবেও ঘন জনবসতিৰ সম্প্ৰাসৰণ হৈ নগৰীকৰণ সম্প্ৰাসৰণ ঘটে। নগৰীকৰণ আৰু অৰ্থনৈতিক উন্নয়নৰ মাজত এক ওতঃপ্রোত সম্পর্ক আছে। উদ্যোগীকৰণে নগৰীকৰণ বৃদ্ধি কৰাৰ লগতে অর্থনৈতিক উন্নয়ত দ্রুত কৰি তোলে। নগৰীকৰণ আৰু অর্থনৈতিক উন্নয়নৰ মাজত থকা সম্পর্ক তলত উল্লেখ কৰা হ’ল।

(1) উদ্যোগীকৰণে নগৰীকৰণৰ সৃষ্টি কৰে। উদ্যোগিক তথা অর্থনৈতিক উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিসমূহে নগৰীয়া জনসাধাৰণৰ জনমুৰি আয় বৃদ্ধি কৰি জীৱনধাৰণৰ মানদণ্ড উন্নত হোৱাত সহায় কৰে।

(2) জনমূৰি আয় বৃদ্ধিয়ে বিভিন্ন ধৰণৰ উদ্যোগ উৎপাদিত দ্ৰৱ্য্যৰ আৰু সেৱাৰ চাহিদা বৃদ্ধি কৰে। চাহিদা বৃদ্ধিয়ে উৎপাদন বৃদ্ধি কৰি উদ্যোগীকৰণৰ জৰিয়তে অর্থনৈতিক উন্নয়নৰ পথ মুকলি কৰে।

(3) নগৰীকৰণে বৰ্তমানৰ সুবিধাসমূহৰ সম্প্ৰাসৰণ হোৱাত সহায় কৰে যিবোৰ অৰ্থনৈতিক উন্নয়নৰ বুনিয়াদী সুবিধাসমূহ যোগান ধৰে। যাতায়ত, বিদ্যু যোগান, পৰিৱহণ, গৃহ নির্মাণ আদিৰ দৰে সুবিধাবোৰ আগবঢ়াওতে ই পৰোক্ষভাৱে পুনৰ উদ্যোগীকৰণত সহায় কৰে।

(4) নগৰীকৰণে নিবনুৱাৰ পৰিমাণ হ্রাস হোৱাত সহায় কৰে। নগৰ অঞ্চলত স্থাপিত হোৱা উদ্যোগ বা ব্যৱসায় সংক্রান্তত গাৱঁৰপৰা জনসাধাৰণ চহৰলৈ গতি কৰে। ই গাৱঁত কৃষিখণ্ডত উদ্ভৱ হোৱা ছদ্মবেশী নিবনুৱা হ্রাস কৰে। অৱশ্যে নগৰীকৰণে সদায় অর্থনৈতিক উন্নয়নত সু প্ৰভাৱ পেলাই বুলি ক’ব নোৱাৰি। যেনে

(1) নগৰীকৰণে নিবনুৱাৰ পৰিমাণ যথোপযুক্তভাৱে হ্ৰাস কৰিব পৰা নাই। বর্ধিত নিবনুৱাৰ তুলনাত নিয়োগ সুবিধা সীমিত হোৱা বাবে ঠগ, প্ৰৱঞ্চক, চোৰ ডকাইতি ইত্যাদিৰ দৰে সামাজিক সমস্যা বৃদ্ধি পায়। ফলত চৰকাৰে প্ৰতিৰক্ষামুলক ব্যয় বৃদ্ধি কৰিবলৈ যাওঁতে উন্নয়নমূলক ব্যয় হ্রাস পায়।

(2) নগৰীকৰণে বক্তি অঞ্চলত জনসংখ্যাৰ পৰিমাণ বৃদ্ধি কৰে। বস্তি অঞ্চলসমূহ অতি লেতেৰা আৰু পাৰিপাৰ্শ্বিক অৱস্থাৰ অৱনতিৰ কাৰণ হৈ পৰে।

(3) পৌৰ প্ৰশাসনসমূহে নগৰীকৰণৰ ফলত বৃদ্ধি পোৱা জনসংখ্যাৰ প্রাথমিক সুবিধাসমূহ পূৰ্ণ কৰিবলৈ যাওঁতে উন্নয়নমূলক আঁচনিসমূহৰ গুৰুত্ব হ্রাস পায়। আলোচনাৰ পৰা দেখা যায় যে নগৰীকৰণে অর্থনৈতিক উন্নয়নত সহায় কৰে যদিও ইয়াৰ কিছুমান কু-প্ৰভাৱ নথকা নহয়। এই কু প্ৰভাৱ সমূহ দূৰ কৰিবলৈ চৰকাৰে চেষ্টা কৰিব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top