Religions and festivals of Assam | অসমৰ ধৰ্ম আৰু উৎসৱ

Religions and festivals of Assam: Religions and festivals of Assam Police Exam, Religions and festivals of Assam GK Bank Exam, Assam Religions and festivals of Post Office Exam, Religions and festivals of Assam gk PNRD Exam, Religions and festivals of Assam gk Medical Exam, Assam Religions and festivals of Forest Guard Exam, Assam Religions and festivals of APDCL Exam, Assam Religions and festivals of Agriculture Exam, and other state exams.

Religions and festivals of Assam - অসমৰ ধৰ্ম আৰু উৎসৱ
Religions and festivals of Assam – অসমৰ ধৰ্ম আৰু উৎসৱ
Join Telegram channel

Assam is a land of fairs and festivals. Most of the festivals celebrated in Assam characterize the spirit of accommodation and togetherness in the diverse faith and belief of her inhabitants. This perfect fusion of heritage of her numerous races has made Assam the home of the most colorful festivals reflecting the true spirit, tradition, and lifestyle of the people of Assam.

The major festivals celebrated in Assam are Bihu, Baishagu, Ali-Ai-Ligang, Baikho, Rongker, Rajini Gabra Harni Gabra, Bohaggiyo Bishu, Ambubashi Mela and Jonbill Mela and so on. The people of Assam also celebrate Holi, Durga Puja, Diwali, Saraswati Puja, Lakshmi Puja, Kali Puja, Idd, Muharram, Me-Dam-Me-Phi, the birth and death anniversaries of Vaishnava Saints Srimanta Sankardev and Madhabdev. The tribals of Assam have their own colorful festivals like the Kherai Puja of the Bodos, the Baikhu, and Pharkantis of the Rabhas, Ali-ai-ligang, and Parag of the Mishing tribe, the Sagra-misawa wansawa and laghun of the Tiwas.

অসমৰ ধৰ্ম আৰু উৎসৱ [ Part – 1 ]

1.  ধৰ্ম বুলিলে কি বুজা ?

উত্তৰঃ ধৰ্ম হৈছে দৈৱ অনুপ্ৰাণিত ব্যক্তি বিশেষৰ  দ্বাৰা প্ৰনয়ণ কৰা এক জীৱন পদ্ধতি।

2. ‘পঞ্চতীৰ্থ’ কি ?

উত্তৰঃ গুৱাহাটী মহানগৰত থকা পাঁচোটা মন্দিৰ যথা- কামাখ্যা, উমানন্দ, নৱগ্ৰহ, উগ্ৰতৰা আৰু অশ্বক্লান্ত মন্দিৰক একেলগে ‘পঞ্চতীর্থ’ বুলি কোৱা হয়।

3.  গুৱাহাটীৰ কোন মন্দিৰ জনাৰ্দন দেৱালয়ৰ ওচৰত অৱস্থিত ?

উত্তৰঃ শুক্ৰেশ্বৰ মন্দিৰ।

4. গোপেশ্বৰ  দেৱালয় ক’ত অৱস্থিত ?

উত্তৰঃ তেজপুৰত।

5.  বিল্বেশ্বৰ দেৱালয় অসমৰ কোন ঠাইত অৱস্থিত ?

উত্তৰঃ নলবাৰীৰ বেলশৰ নামে ঠাইত।

6. ‘গোপেশ্বৰ  মন্দিৰ’ক আন কি নামেৰে জনা যায় ?

উত্তৰঃ গুপ্তেশ্বৰ মন্দিৰ।

7.  অসমত কোন ধৰ্মৰ লোক বেছি ?

উত্তৰঃ হিন্দু ধৰ্ম।

8.  মাধৱদেৱ কোন ?

উত্তৰঃ শংকৰদেৱৰ প্ৰধান শিষ্য আৰু ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰক।

9. বৈষ্ণৱ ধৰ্মৰ মুখ্য অনুষ্ঠানসমূহ  কি কি ?

উত্তৰঃ সত্ৰ আৰু নামঘৰ।

10.  মহাপুৰুষ শংকৰদেৱে ক’ত জন্ম গ্ৰহণ কৰিছিল ?

উত্তৰঃ নগাওঁ জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত।

11.  মহাপুৰুষ শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল ?

উত্তৰঃ ১৪৪৯ চনত।

12.  ভাগৱতী বৈষ্ণৱ ধৰ্মৰ এজন অন্যতম প্রচাৰক শ্ৰী শ্ৰী গোপালদেৱৰ দ্বাৰা অসমত কিমানখন সত্ৰ প্রতিষ্ঠা কৰা হৈছিল ?

উত্তৰঃ ১২ টা।

13.  অসমৰ প্রধান  ধৰ্ম সংস্কাৰকজনৰ নাম কি ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ।

14.  শংকৰদেৱে প্রচাৰ কৰা ধৰ্মটোৰ নাম কি ?

উত্তৰঃ এক শৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম।

15.  শংকৰদেৱে প্রচাৰ কৰা ধৰ্মৰ প্রধান মূলমন্ত্ৰ কি ?

উত্তৰঃ ‘এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ।’

16.  হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন ধৰ্মৰ লোকসকলৰ পৱিত্ৰ তীর্থস্থান বুলি গণ্য কৰা হয় ?

উত্তৰঃ হিন্দু আৰু বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ।

17.  অসমৰ কোনখন স্থানক  হিন্দু, ইছলাম আৰু বৌদ্ধ ধৰ্মৰ লোকসকলৰ একমাত্ৰ মিলনভূমি বুলি কোৱা হয় ?

উত্তৰঃ হাজো।

18.  শংকৰদেৱে ৰচনা কৰা গীতসমূহক কি বুলি কোৱা হয় ?

উত্তৰঃ বৰগীত।

19.  আজান পীৰৰ দৰগাহ ক’ত অৱস্থিত ?

উত্তৰঃ শিৱসাগৰৰ শৰাগুৰিত।

20.  শংকৰদেৱে ক’ত মহাপ্রয়াণ লাভ কৰিছিল ?

উত্তৰঃ কোচবিহাৰত।

Suggested Read: Geography of Assam GK – অসমৰ ভৌগোলিক তথ্য

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top