Religions and festivals of Assam | অসমৰ ধৰ্ম আৰু উৎসৱ

অসমৰ ধৰ্ম আৰু উৎসৱ [ Part – 3 ]

1. বহাগী আৰু বিহু উৎসৱৰ গুৰুত্বপূৰ্ণ অংশটো কি ?

Join Telegram channel

উত্তৰঃ  দেওধানী নৃত্য।

2.  মেজি কি ?

উত্তৰঃ  মাঘ বিহুৰ আগদিনা প্রীতিভোজ  খোৱাৰ বাবে  ৰাতি মানুহে একেলগ হৈ খেৰ- নৰাৰে এক ঘৰ সাজে ইয়াকে ‘মেজি’ বোলে।

3. ‘আলি-আই-লৃগাং’ কোন জনগোষ্ঠীৰ  উৎসৱ ?

উত্তৰঃ  মিচিং জনগোষ্ঠীৰ ।

4. ‘ৰজনী গব্রা’ আৰু’ হাৰ্নি গব্রা’ কোন জনগোষ্ঠীৰ  উৎসৱ ?

উত্তৰঃ  ডিমাচা জনগোষ্ঠীৰ ।

5.  ‘বৈশাগু’ কোন জনগোষ্ঠীৰ  উৎসৱ ?

উত্তৰঃ  বড়ো আৰু কছাৰীসকলৰ।

6. ‘ৰংকাৰ’ কোন জনগোষ্ঠীৰ উৎসৱ ?

উত্তৰঃ কার্বি জনগোষ্ঠীৰ ।

7. ‘বাইখো’ কোন জনগোষ্ঠীৰ  উৎসৱ ?

উত্তৰঃ  দেউৰীসকলৰ।

8.  চকলং অনুষ্ঠানত কেইটা বন্তি  জ্বলোৱা হয় ?

উত্তৰঃ  ১০১ টা।

9. কামাখ্যা দেৱীৰ মন্দিৰত তান্ত্ৰিক শক্তিৰ ধৰ্মীয় অনুষ্ঠানিকতাৰে পালন কৰা অদ্বিতীয় উৎসৱটো কি ?

উত্তৰঃ  অম্বুবাচী মেলা।

10.  কোনজন অসমীয়া চলচিত্ৰ নিৰ্মাতাই পোন প্রথমবাৰ বিহু পতাকা অংকন কৰিছিল ?

উত্তৰঃ  নিপ বৰুৱাই।

11.  অসমৰ জাতীয় উৎসৱ কি ?

উত্তৰঃ  বিহু।

12.  শ্ৰীমন্ত শংকৰদেৱে কিমান বছৰ বয়সত বৈকুণ্ঠ প্রয়াণ কৰে ?

উত্তৰঃ  ১১৯ বছৰ বয়সত।

13.  অসমীয়া সমাজত কোন জীৱক উৰ্বৰতাৰ প্রতীক হিচাপে  বিশ্বাস কৰে ?

উত্তৰঃ  মাছক।

14.  অসমীয়া মানুহে কোন জন্তু বাটত দেখিলে যাত্ৰা মংগলময় হয় বুলি বিশ্বাস কৰে ?

উত্তৰঃ  হাতী।

15.  অসমত সামাজিক আৰু ধৰ্মীয় আন্দোলনৰ গুৰি ধৰোঁতা মুছলমান সাধু পুৰুষজনৰ নাম কি ?

উত্তৰঃ  আজান পীৰ (আজান পীৰক ‘শ্বাহ আউলীয়া’ বুলিও কোৱা হয়।)

16. বশিষ্ঠাশ্রম  পুখুৰীত গা-ধোৱাৰ তাৎপৰ্য কি ?

উত্তৰঃ  এই পুখুৰীত গা ধূলে দীৰ্ঘ জীৱন লাভ হয় বুলি বহুতে বিশ্বাস কৰে।

17.  তাঁতশালত বোৱা অসমীয়া সংস্কৃতিৰ প্রতীক কি ?

উত্তৰঃ  গামোচা।

18.  অসমীয়া পুৰুষসকলে পৰিধান কৰা মুখ্য পোছাক কি ?

উত্তৰঃ  ধুতি-চুৰিয়া।

19.  অসমীয়া মহিলাৰ প্রধান সাজ-পোছাক  কি ?

উত্তৰঃ  মেখেলা-চাদৰ।

20.  অসমীয়া সমাজত বিয়াৰ আগদিনা ৰাতি পালন কৰা অনুষ্ঠানটোৰ  নাম কি ?

উত্তৰঃ  অধিবাস।

Suggested Read: Communication of Assam GK – অসমৰ যোগাযোগ ব্যৱস্থা

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top