Religions and festivals of Assam | অসমৰ ধৰ্ম আৰু উৎসৱ

অসমৰ ধৰ্ম আৰু উৎসৱ [ Part – 4 ]

1.  আহোমসকলৰ বিবাহ উৎসৱক কি বুলি কোৱা হয় ?

Join Telegram channel

উত্তৰঃ  চকলং।

2.  অসমীয়া সমাজত বিয়াৰ ‘জোৰোণ’ অনুষ্ঠানত  কইনালৈ দৰা ঘৰৰ পৰা গহণা আৰু কাপোৰৰ  সৈতে কি পঠোৱা হয় ?

উত্তৰঃ  মাছ।

3.  নৃত্য পৰিবেশনৰ সময়ত অসমীয়া তিৰোতাই হাতত কি পিন্ধে ?

উত্তৰঃ  গাম খাৰু।

4.  অসমৰ সত্ৰীয়া নৃত্যই কোন বৰ্ষত ৰাষ্ট্ৰীয়  স্বীকৃতি লাভ কৰে ?

উত্তৰঃ  ২০০০ চনত।

5.  অসমৰ সৰ্বোচ্চ  শিৱ মন্দিৰ কোনটো ?

উত্তৰঃ  শিৱসাগৰৰ শিৱদৌল।

6. পোৱা মক্কা ক’ত ?

উত্তৰঃ  হাজোত।

7.  হাজেত থকা পোৱা মক্কাৰ মছজিদটো কোনে প্রতিষ্ঠা  কৰিছিল ?

উত্তৰঃ  গিয়াচ উদ্দিন আউলীয়া নামৰ এজন মুছলমান সাধুয়ে।

8. ‘নৱগ্ৰহ মন্দিৰ’ ক’ত অৱস্থিত ?

উত্তৰঃ  গুৱাহাটীৰ চিত্ৰাচল পাহাৰত।

9.  কামাখ্যা মন্দিৰৰ আন নাম কি ?

উত্তৰঃ  যোনী পীঠ।

10.  মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল ?

উত্তৰঃ  বনাসুৰ নামে এজন ৰজাই।

11.  নটা গ্ৰহৰ মন্দিৰ কোনটো ?

উত্তৰঃ  নৱগ্ৰহ মন্দিৰ।

12.  ভাৰতৰ সৰ্ববৃহৎ শিৱলিঙ্গটো কোন মন্দিৰত অৱস্থিত ?

উত্তৰঃ  অসমৰ মহাভৈৰৱ মন্দিৰত।

13.  অসমৰ খাজুৰাহো কি ?

উত্তৰঃ  অসমৰ কামাখ্যা মন্দিৰক ‘খাজুৰাহো’ বুলি কোৱা হয়।

14.  অসমৰ সৰ্ববৃহৎ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কোনটো ?

উত্তৰঃ  কামাখ্যা মন্দিৰ।

15.  উমানন্দ এটা শিৱ মন্দিৰনে ?

উত্তৰঃ  হয়।

16. শিৱদ’ল, বিষ্ণুদ’ল আৰু দেৱীদ’ল অসমৰ ক’ত অৱস্থিত ?

উত্তৰঃ  শিৱসাগৰত।

17.  অসমীয়া সমাজত ল’ৰা সন্তান  জন্ম হ’লে সন্তানৰ পিতৃ-মাতৃয়ে কোনবিধ খাদ্য বস্তু আশীৰ্বাদৰ কামনা হিচাপে  বিতৰণ কৰে ?

উত্তৰঃ  মাছ।

18.  বিহুৰ গামোছাত তোলাৰঙা  ফুল কিহৰ প্রতীক ?

উত্তৰঃ  উবৰ্বৰতাৰ  প্ৰতীক।

19.  অসমীয়া সমাজত দৰা ঘৰে বিয়াৰ আগদিনা কইনা ঘৰলৈ গহনা, মাছ, কাপোৰ ইত্যাদি পঠিওৱাৰ নিয়মটোক কি বুলি কোৱা হয় ?

উত্তৰঃ  জোৰোণ।

20.  অসমীয়া সমাজত পৰিয়ালৰ শ্ৰেণী বিভাজনক কি বুলি কোৱা হয় ?

উত্তৰঃ  গোত্ৰ।

Suggested Read: Assam Sports GK – অসমৰ ক্ৰীড়া সাধাৰণ জ্ঞান

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top