Religions and festivals of Assam | অসমৰ ধৰ্ম আৰু উৎসৱ

অসমৰ ধৰ্ম আৰু উৎসৱ [ Part – 2 ]

1. বিহুৰ আগদিনাক কি বুলি কোৱা হয় ?

Join Telegram channel

উত্তৰঃ উৰুকা।

2. কোন বিহুৱে নৱবৰ্ষৰ সূচনা কৰে ?

উত্তৰঃ বহাগ বিহুৱে।

3. গাগনি কি ?

উত্তৰঃ অসমীয়া সমাজত নৱজাতক এটিৰ জন্মৰ এঘাৰ দিনৰ দিনা পালন কৰা উৎসৱ।

4.  বহাগ বিহুৰ দ্বিতীয় দিনটোক কি বিহু বুলি কোৱা হয় ?

উত্তৰঃ মানুহ বিহু।

5.  দৌল উৎসৱক নামনি অসমত কি উৎসৱ বুলি কোৱা হয় ?

উত্তৰঃ হোলি উৎসৱ।

6.  খেতিয়কসকলে কেতিয়া পথাৰত আকাশ বন্তি  জ্বলায় ?

উত্তৰঃ কাতি বিহুত।

7.  ৰাভাসকলে পালন কৰা বসন্তঃ উৎসৱটোক কি উৎসৱ বুলি কোৱা হয় ?

উত্তৰঃ বাইখো উৎসৱ।

8.  টুচু পূজা কি ?

উত্তৰঃ ‘টুচু পূজা’ হৈছে অসমৰ চাহ জনজাতীয় লোকসকলে পালন কৰা এক উল্লেখযোগ্য উৎসৱ।

9.  কোন মাহত মাধৱদেৱৰ তিথি পালন কৰা হয় ?

উত্তৰঃ ভাদ মাহত।

10.  শংকৰদেৱক কোন নদীৰ পাৰত সৎকাৰ কৰা হৈছিল ?

উত্তৰঃ তৰোচা নদীৰ পাৰত।

11. শস্যৰ খেতি চপোৱাৰ লগত জড়িত থকা অসমৰ  উৎসৱটো কি ?

উত্তৰঃ বিহু।

12.  শংকৰদেৱৰ জন্মোৎসৱ কেতিয়া পালন কৰা হয় ?

উত্তৰঃ আহিন মাহত পূৰ্ণিমা তিথিত।

13.  কোন বিহুক ৰঙালী  বিহু বুলি কোৱা হয় ?

উত্তৰঃ বহাগ বিহুক।

14. কঙালী  বিহু কাক কোৱা হয় ?

উত্তৰঃ  কাতি বিহুক।

15. ভোগালী বিহু কাক কয় ?

উত্তৰঃ  মাঘ বিহুক।

16. ‘আলি- আই- লৃগাং’ উৎসৱৰ মুখ্য আকৰ্ষণ কি ?

উত্তৰঃ  গুমৰাগ নৃত্য।

17. ৰঙালী  বিহুৰ প্রথম দিনাক কি বিহু বুলি কোৱা হয় ?

উত্তৰঃ  গৰু বিহু।

18.  কোন বিহুত গৰুক নতুন পঘাৰে বন্ধা হয় ?

উত্তৰঃ  বহাগ বিহত।

19.  বহাগ বিহুৰ শেষ দিনটোত কি বিহু বুলি কোৱা হয় ?

উত্তৰঃ  চেৰা বিহু।

20. বড়ো-কছাৰীসকলে পালন কৰা ‘বৈশাগু’ উৎসৱৰ লগত জড়িত নৃত্য বিধৰ নাম কি ?

উত্তৰঃ বৈশাগু নৃত্য।

Suggested Read: I am Malala: The Story of the Girl Who Stood Up for Education

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top