ৰামাস্বামী ভেঙ্কটৰমন জীৱনী – স্বাধীন ভাৰতৰ ৮ম গৰাকী ৰাষ্ট্ৰপতি | Ramaswamy Venkataraman

ৰামাস্বামী ভেঙ্কটৰমন | Ramaswamy Venkataraman Essay in Assamese | Biography of Ramaswamy Venkataraman in Assamese | ৰামাস্বামী ভেঙ্কটৰমন বিষয়ে জীৱনী | ৰামাস্বামী ভেঙ্কটৰমন বিষয়ে ৰচনা | ৰামাস্বামী ভেঙ্কটৰমনৰ চমু পৰিচয়।

Join Telegram channel

যিসকল ব্যক্তিৰ ব্যক্তিত্ব আৰু দেশ প্ৰেমৰ ফলশ্রুতিত ভাৰতবৰ্ষ এখন আধুনিক, শক্তিশালী দেশ হিচাপে গঢ় লৈ উঠিছে তাৰ ভিতৰত এজন অন্যতম ব্যক্তি হ’ল ৰামাস্বামী ভেঙ্কটৰমন (Ramaswamy Venkataraman)। সমগ্ৰ জীৱন ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত কৰা ৰামাস্বামী ভেঙ্কটৰমন আছিল এজন আপোচ বিহীন স্বাধীনতা সংগ্ৰামী, সুদক্ষ ৰাজনীতিবিদ, কৰ্মদক্ষ সাংসদ। উল্লেখ্য যে সমগ্ৰ জীৱন সমাজৰ বাবেই উৰ্চগিত ৰামাস্বামী ভেংকটৰমণ আছিল পেচাগত ভাৱে এজন অধিবক্তা। ইয়াৰ উপৰিও ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সূচনা হোৱা ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰীয় অংশগ্ৰহণ কৰি সক্ৰীয় ৰাজনীতিত প্ৰৱেশ কৰি কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৰামাস্বামী ভেংকটৰমণে। দেশৰ সৰ্বোচ্চ সন্মানীয় পদত অধিষ্ঠিত হোৱা ভেংকটৰমণে ভাৰতৰ অষ্টম ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ৰামাস্বামী ভেঙ্কটৰমন

ৰামাস্বামী ভেঙ্কটৰমন জীৱনী | Ramaswamy Venkataraman Biography

নামৰামাস্বামী ভেঙ্কটৰমন (Ramaswamy Venkataraman[1])
জন্ম চন৪ ডিচেম্বৰ ১৯১০ চন
জন্ম স্থানপাট্টুকট্টাই, ৰাজমাদাম গাঁও, তাঞ্জোৰ জিলা, তামিলনাডু
পিতৃশ্ৰী কে. ৰামাস্বামী লেয়াৰ
শিক্ষা১) চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, পাট্টুকট্টাই
২) নেশ্যনেল কলেজ, তিৰুচিৰাপল্লী
৩) লয়লা কলেজ, মাদ্ৰাজ বিশ্ববিদ্যালয়
৪) আইন মহাবিদ্যালয়, মাদ্ৰাজ
৫) মাদ্ৰাজ বিশ্ববিদ্যালয়, বৰ্ধমান বিশ্ববিদ্যালয়, নাগাৰ্জুন বিশ্ববিদ্যালয় আৰু ফিলিপাইনছ বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ।
বঁটা১) ১৯৬৭ চনত ছোভিয়েট ভূমি বঁটা লাভ Kamraj’s Journey to Soviet Countries শীৰ্ষক ভ্ৰমণকাহিনীৰ বাবে।
২) সাত সেৱা ৰত্ন উপাধি লাভ।
মৃত্যু২৭ জানুৱাৰী ২০০৯ চন

Also Read: জীৱনী: বৰাহগিৰি ভেংকট গিৰি – ভাৰতীয় স্বাধীনতা সংগ্ৰামী | Varahagiri Venkata Giri

ৰামাস্বামী ভেঙ্কটৰমন প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯১০ চনত তামিলনাডুৰ তাঞ্জোৰ জিলাৰ ৰাজামাডাম গাঁৱত জন্ম হৈছিল ৰামাস্বামী ভেংকটৰমণৰ। তেওঁ আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল পাট্টুকট্টাইৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। ইয়াৰ পৰৱৰ্তী সময়ত তিৰুচিৰাপল্লীস্থিত নেশ্যনেল কলেজৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ অৰ্থনীতি বিষয়ত চেন্নাইৰ লয়লা কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। সফলতাৰে স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত মাদ্ৰাজৰ আইন মহাবিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী সম্পূৰ্ণ কৰে আৰু ১৯৩৫ চনত মাদ্ৰাজ উচ্চ ন্যায়ালয়ত যোগদান কৰি বৃত্তিগত জীৱনৰ পাতনি মেলে ৰামাস্বামী ভেংকটৰমণে।

স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ

গুৰুত্বপূৰ্ণ কথা যে ৰামাস্বামী ভেংকটৰমণে আইন অনুশীলন কৰি থকাৰ সময়তেই  ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত আৰম্ভ হোৱা ব্ৰিটিছ  বিৰোধী স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। উল্লেখ্য যে, ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে দুবছৰৰ বাবে কাৰাবৰণ কৰিব লগা হৈছিল ৰামাস্বামী ভেংকটৰমণে।

কৰ্মজীৱন

উল্লেখ্য যে কৰ্মজীৱনৰ আৰম্ভনি পৰাই ৰামাস্বামী ভেঙ্কটাৰমন আছিল শ্ৰমিক আইনৰ প্ৰতি আগ্ৰহী। যাৰ বাবে ১৯৪৪ চনত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিয়েই তামিলনাডুত প্ৰাদেশিক কংগ্ৰেছ সমিতিৰ শ্ৰমিক শাখাৰ গঠন কৰাত বিশেষ ভূমিকা পালন কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ৰামাস্বামী ভেঙ্কটৰমনে ১৯৪৯ চনত লেৱাৰ ল’ জাৰ্ণেল প্ৰকাশ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ ওপৰিও ভেঙ্কটৰমন ট্ৰেড ইউনিয়নৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত আছিল।

আইন আৰু ট্ৰেড ইউনিয়নৰ বিভিন্ন কাৰ্যসূচীৰ লগত জড়িত হৈ থকাৰ বাবেই ভেঙ্কটৰমণ প্ৰত্যক্ষ ৰাজনীতিৰ লগত জড়িত হৈ পৰিছিল । উল্লেখ্য যে তেওঁ ভাৰতৰ সংবিধান সভাৰ সদস্য হিচাপেও দায়িত্ব পালন কৰিছিল । ১৯৫০ চনত ভেঙ্কটৰমণ ভাৰতৰ অস্থায়ী সংসদলৈ সাংসদ হিচাপে নিৰ্বাচিত হৈ  ১৯৫২ চনলৈকে দায়িত্ব পালন কৰিছিল আৰু স্বাধীনতাৰ পিছত ভাৰতৰ প্ৰথমখন সংসদলৈও ১৯৫২-১৯৫৭ চনত নিৰ্বাচিত হৈছিল ৰামাস্বামী ভেঙ্কটৰমন।

উল্লেখ্য যে ১৯৫২ চনত ৰামাস্বামী ভেঙ্কটৰমনে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংগঠনৰ মেটেল ট্ৰেড সমিতিৰ অধিৱেশনত  শ্ৰমিকৰ প্ৰতিনিধি হিচাপেও অংশগ্ৰহণ কৰিছিল। ইয়াৰ ওপৰিও ভেঙ্কটৰমনে নিউজিলেণ্ডত অনুষ্ঠিত হোৱা কমনৱেলথ সংসদীয় সন্মিলনত ভাৰতীয় সংসদীয় প্ৰতিনিধিদলৰ সদস্য হিচাপেও অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ  মাদ্ৰাজ বিধান পৰিষদৰ নেতৃত্ব প্ৰদান কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ভেঙ্কটৰমণে ১৯৬৭ চনত কেন্দ্ৰীয় পৰিকল্পনা আয়োগৰ সদস্য হিচাপে উদ্যোগ, শ্ৰম, শক্তি, পৰিবহন, যোগাযোগ আৰু ৰেলৱেৰ দপ্তৰৰ দায়িত্ব গ্ৰহণ কৰি ১৯৭১ চনলৈকে দায়িত্ব পালন কৰে।

ৰামাস্বামী ভেঙ্কটৰমনে ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈকে ‘স্বৰাজ্য’ এখন ৰাজনৈতিক আলোচনী সম্পাদনা কৰিছিল। উল্লেখ্য যে বিভিন্ন সময়ত ভেঙ্কটাৰমনে কেন্দ্ৰীয় কেবিনেটৰ ৰাজনৈতিক পৰিক্ৰমা সমিতি আৰু অৰ্থনৈতিক পৰিক্ৰমা সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি ১৯৭৭ চনত দক্ষিণ মাদ্ৰাজ সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈ বিৰোধী দলৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সমান্তৰালকৈ Public Accounts Committee -ৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮০ চনত ভেঙ্কটাৰমন ৰাষ্ট্ৰীয় ৰাজনৈতিক ক্ষেত্ৰত প্ৰৱেশ কৰি  লোকসভালৈ পুনৰ নিৰ্বাচিত হয় আৰু ইন্দিৰা গান্ধী চৰকাৰৰ বিত্ত দপ্তৰৰ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰে।ইয়াৰ পৰৱৰ্তী সময়ত ১৯৮৩ চনত ভেঙ্কটাৰমনে প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰি ভেঙ্কটৰমনে সমগ্ৰ মিছাইল প্ৰণালীটো ইণ্টিগ্ৰেটেড গাইডেড মিছাইল ডেভেলপমেণ্ট প্ৰগ্ৰামলৈ একত্ৰিত কৰি ভাৰতৰ মিছাইল কাৰ্যসূচীত আমূল পৰিৱৰ্তন সাধন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি থকাৰ সময়ত ভেঙ্কটৰমণেই ড° এ পি জে আব্দুল কালামক মহাকাশ কাৰ্যসূচীৰ পৰা মিছাইল কাৰ্যসূচীলৈ স্থানান্তৰ কৰিছিল। 

Also Read: জীৱনী: এ.পি.জে. আব্দুল কালাম – মিছাইলমেন | A. P. J. Abdul Kalam

ৰাজনৈতিক জীৱন

উল্লেখ্য যে ১৯৮৪ চনত ৰামাস্বামী ভেঙ্কটৰমনে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈছিল আৰু পৰৱৰ্তী সময়ত ১৯৮৭ চনৰ জুলাই মাহত ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰি ১৯৯২ চনলৈকে দায়িত্ব পালন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে ৰাষ্ট্ৰপতি হিচাপে ভেঙ্কটাৰমনে চাৰিজনকৈ প্ৰধানমন্ত্ৰীৰ লগত কাম কৰাৰ বাবে সুযোগ লাভ কৰিছিল।

ইয়াৰ উপৰিও ৰামাস্বামী ভেঙ্কটৰমন বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল।  আন্তৰ্জাতিক মুদ্ৰা নিধি, International Bank for Reconstruction and Development, এছিয়ান ডেভেলপমেণ্ট বেংকৰ গভৰ্ণৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ভেঙ্কটৰমনে।১৯৫৩, ১৯৫৫, ১৯৫৬, ১৯৫৮, ১৯৫৯, ১৯৬০ আৰু ১৯৬১ চনত ৰামাস্বামী ভেংকটৰমণে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাৰতৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিছিল। ১৯৫৮ চনত জেনেভাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সন্মিলনৰ ৪২ তম অধিৱেশনত ভেংকটৰমণে ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব বহন কৰিছিল। ইয়াৰ ওপৰিও ১৯৭৮ চনত ভিয়েনাত অনুষ্ঠিত আন্তঃসংসদীয় সন্মিলনতো ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ৰামাস্বামী ভেংকটৰমণে। উল্লেখ্য যে ৰামাস্বামী ভেংকটৰমণে ১৯৫৫ চনত ৰাষ্ট্ৰসংঘৰ প্ৰশাসনিক ন্যায়াধিকৰণৰ সদস্য হিচাপে নিযুক্ত হৈছিল আৰু ১৯৬৮ চনত ইয়াৰ সভাপতিৰ পদত অধিস্থিত হৈ ১৯৭৯ চনলৈকে দায়িত্ব পালন কৰে।

সাহিত্যৰাজি

সক্ৰীয় ৰাজনীতিত জড়িত থাকিলেও ৰামাস্বামী ভেংকটৰমণে বিভিন্ন গ্ৰন্থ প্ৰণয়নৰ জড়িয়তে সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াইছিল। তেওঁ ৰচনা কৰা উল্লেখ্য যোগ্য গ্ৰন্থ সমূহ হৈছে- ১৯৬৯ চনত প্ৰকাশিত Role of Planning in Industrial Development, ১৯৮৬ চনত প্ৰকাশিত The Role of a Private Member of Parliament, ১৯৯৫ চনত প্ৰকাশিত My Presidential Years – R Venkataraman, ১৯৯৬ চনত প্ৰকাশিত R. Venkataraman on Contemporary Issues, ১৯৯৮ চনত প্ৰকাশিত Relevance of Gandhi: And Other Essays.

গুৰুত্বপূৰ্ণ কথা যে মাদ্ৰাজ বিশ্ববিদ্যালয়, বৰ্ধমান বিশ্ববিদ্যালয়, নাগাৰ্জুন বিশ্ববিদ্যালয় আৰু ফিলিপাইনছ বিশ্ববিদ্যালয়ে ভেঙ্কটৰমণক আইন বিষয়ত সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল। ইয়াৰ ওপৰিও ভেঙ্কটাৰমন আছিল মাদ্ৰাজ চিকিৎসা মহাবিদ্যালয়ৰ এজন সন্মানীয় ফে’ল। ইয়াৰ ওপৰিও ভেঙ্কটাৰমনক University of Roorkee ৰ পৰা সমাজ বিজ্ঞান বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ প্ৰদান কৰা হৈছিল। উল্লেখ্য যে স্বাধীনতা আন্দোলনত সক্ৰীয় অংশগ্ৰহণৰ স্বীকৃতি স্বৰূপে ভেঙ্কটৰমণক তাম্ৰ পাত্ৰ বঁটা প্ৰদান কৰা হয়। গুৰুত্বপূৰ্ণ কথা যে ভেঙ্কটাৰমনে ১৯৬৭ চনত Kamaraj’s Journey to Soviet Countries শীৰ্ষক ভ্ৰমণকাহিনীৰ বাবে ছোভিয়েট ভূমি বঁটা লাভ কৰিছিল। এইসমূহৰ ওপৰিও শংকৰাচাৰ্যই ভেঙ্কটৰমণক “সাত সেৱা ৰত্ন” উপাধি প্ৰদান কৰিছিল।

২০০৯ চনৰ ২৭ জানুৱাৰী তাৰিখে ৯৮ বছৰ বয়সত, ভেঙ্কটৰমণ ইউৰ’চেপচিছ নামৰ এক জটিল ৰোগত আক্ৰান্ত হৈ নতুন দিল্লীত অৱস্থিত আৰ্মী হস্পিটেলত মৃত্যুবৰণ কৰে।

Also Read: জীৱনী: ড° বিৰিঞ্চি কুমাৰ বৰুৱা – অসমীয়া সাহিত্যিক | Birinchi Kumar Barua

সামৰণি

ৰামাস্বামী ভেংকটৰমণৰ মৃত্যু হ’লেও তেওঁৰ ৰাজনৈতিক সততা, প্ৰমূল্যবোধ , শক্তিশালী ব্যক্তিত্ব, আদৰ্শ নতুন প্ৰজন্মৰ মাজত সদায় চিৰ উজ্জীৱিত হৈ থাকিব।  ৰাজনীতিবিদ হিচাপে অৱদান আগবঢ়োৱাৰ সমান্তৰালকৈ বিশাল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি হিচাপে সমাদৃত ৰামাস্বামী ভেংকটৰমণৰ বৌদ্ধিক দৃষ্টিভংগী,কঠোৰ পৰিশ্ৰম তথা নম্ৰ ব্যৱহাৰৰ বাবে বৰ্তমান সময়তো তেওঁ চিন্তা-দৰ্শনৰ সদায় প্ৰাসংগিক। সমগ্ৰ জীৱন ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত কৰা ৰামাস্বামী ভেংকটৰমণ আছিল এজন আপোচ বিহীন স্বাধীনতা সংগ্ৰামী, সুদক্ষ ৰাজনীতিবিদ, কৰ্মদক্ষ সাংসদ, শ্ৰমিক শ্ৰেণীৰ অধিকাৰৰ হকে মাত মতা এজন শক্তিশালী নেতা তথা শ্ৰমিক শ্ৰেণীৰ এজন অভিভাৱক। অধিবক্তা, ৰাজনীতিবিদ, সাহিত্যৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা বিশাল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি হিচাপে সমাদৃত ভেঙ্কটাৰমনৰ বৌদ্ধিক দৃষ্টিভংগী,কঠোৰ পৰিশ্ৰম তথা নম্ৰ ব্যৱহাৰৰ বাবে বৰ্তমান সময়তো সকলোৰে মাজত জনপ্ৰিয় তথা বৰ্তমানো তেওঁৰ চিন্তাৰ প্ৰাসংগিকতা আছে। 

Also Read: জীৱনী: জৱাহৰলাল নেহৰু – স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধান মন্ত্ৰী | Jawaharlal Nehru

FAQs 

১) কেতিয়া ৰামাস্বামী ভেঙ্কটৰমন ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল?

উত্তৰ১৯৮৭ চনৰ জুলাই মাহত ৰামাস্বামী ভেংকটৰমণে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰি অষ্টম ৰাষ্ট্ৰপতি হিচাপে ১৯৯২ চনলৈকে দায়িত্ব পালন কৰিছিল।

২) ভাৰতৰ স্বাধীনতা সংগ্ৰামলৈ ৰামাস্বামী ভেংকটৰমণৰ অৱদান কি?

উত্তৰব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিবলৈ আন আন লোকসকলৰ দৰে ৰামাস্বামী ভেংকটৰমণে স্বাধীনতা আন্দোলনত সক্ৰীয় অংশগ্ৰহণ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে, ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে দুবছৰৰ বাবে কাৰাবৰণ কৰিব লগা হৈছিল ৰামাস্বামী ভেংকটৰমণে।

৩) ৰামাস্বামী ভেংকটৰমণে কোন অঞ্চলত জন্মগ্ৰহণ কৰিছিল?

উত্তৰ ১৯১০ চনৰ ৪ ডিচেম্বৰ তাৰিখে তামিলনাডুৰ তাঞ্জোৰ জিলাৰ ৰাজমাদাম গাঁওৰ পাট্টুকট্টাইত জন্মগ্ৰহণ কৰিছিল ৰামাস্বামী ভেংকটৰমণে।

৪) ৰামাস্বামী ভেংকটৰমণৰ কেতিয়া মৃত্যু হৈছিল?

উত্তৰ ২০০৯ চনৰ ২৭ জানুৱাৰী তাৰিখে ৯৮ বছৰ বয়সত ইউৰ’চেপচিছ নামৰ এক জটিল ৰোগত আক্ৰান্ত হৈ নতুন দিল্লীত অৱস্থিত আৰ্মী হস্পিটেলত মৃত্যুবৰণ কৰিছিল ৰামাস্বামী ভেংকটৰমণে।

৫) ৰামাস্বামী ভেংকটৰমণে সম্পাদনা কৰা ৰাজনৈতিক আলোচনী খনৰ নাম কি?

উত্তৰ- ৰামাস্বামী ভেঙ্কটৰমনে ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈকে সম্পাদনা কৰা ৰাজনৈতিক আলোচনী খনৰ নাম ‘স্বৰাজ্য’

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top