Psychological Foundations Of Education Unit 3 বুদ্ধি আৰু সৃজনশীলতা

Psychological Foundations Of Education Unit 3 বুদ্ধি আৰু সৃজনশীলতা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Psychological Foundations Of Education Unit 3 বুদ্ধি আৰু সৃজনশীলতা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Psychological Foundations Of Education Unit 3 বুদ্ধি আৰু সৃজনশীলতা Question Answer can be of great value to excel in the examination.

Psychological Foundations Of Education Unit 3 বুদ্ধি আৰু সৃজনশীলতা

Join Telegram channel

Psychological Foundations Of Education Unit 3 বুদ্ধি আৰু সৃজনশীলতা Notes cover all the exercise questions in UGC Syllabus. The Psychological Foundations Of Education Unit 3 বুদ্ধি আৰু সৃজনশীলতা in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Intelligence And Creativity

EDUCATION

PSYCHOLOGICAL FOUNDATIONS OF EDUCATION

শিক্ষা মনোবিজ্ঞানৰ ভিত্তি

1. বুদ্ধি মানে কি? What is intelligence?

Ans:- বুদ্ধি হৈছে ব্যক্তিৰ জ্ঞান আহৰণ কৰিব পৰা আৰু বিমূর্ত বিষয়ৰ চিন্তা কৰিব পৰা ক্ষমতা। বুদ্ধি হৈছে ব্যক্তিৰ অনুভূতি, চিন্তা আৰু ক্ৰিয়া-আচৰণত প্ৰভেদৰ সৃষ্টি কৰিব পৰা এক সহজাত দেহ-মানসিক শক্তি বা গুণ। বুদ্ধিৰ দ্বাৰা ব্যক্তিয়ে পৰিৱেশৰ পৰিস্থিতিত সমযোজন স্থাপন কৰি সমস্যাসমূহৰ সন্মুখীন নিজস্বভাৱে তাৰ সমাধান কৰি উঠে।

আলফ্রেড বিনেট (Alfred Binet)ৰ মতে — ‘বুদ্ধি হৈছে এক বিচাৰশক্তি অথবা সাধাৰণ কাণ্ডজ্ঞান, উদ্যোগ আৰু জীৱনৰ নতুন অৱস্থা আৰু পৰিস্থিতিত নিজকে অনুকূলন কৰি তুলিব পৰা ক্ষমতা।’

2. বুদ্ধিৰ অৰ্থ লিখা। What is the meaning of intelligence?

Ans:- বুদ্ধিৰ এক সৰ্বসন্মত সংজ্ঞা বৰ্তমানলৈকে কোনো মনোবিজ্ঞানীয়ে আগবঢ়াব পৰা নাই। যোৱা ৫০ বছৰে বিভিন্ন মনোবিদে বুদ্ধি সম্পর্কত বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। কিন্তু তেওঁলোকে বুদ্ধিৰ এক সৰ্বসন্মত সিদ্ধান্তত উপনীত হ’ব পৰা নাই। সেয়ে বিভিন্নজনে বিভিন্ন সময়ত বুদ্ধিৰ স্বৰূপ বিচাৰি অহৰহ প্রচেষ্টা চলাই আহিছে। গতিকে বুদ্ধিৰ অৰ্থ, স্বৰূপ আৰু প্ৰকৃতি সম্পৰ্কত ভিন্নমত দেখা যায়।

বুদ্ধি হৈছে ব্যক্তিৰ অনুভূতি, চিন্তা আৰু ক্ৰিয়া আচৰণৰ দিশত প্রভেদ সৃষ্টি কৰা এক সহজাত দেহ-মানসিক গুণ, শক্তি বা প্রভাৱ। ইয়াৰ যোগেদি ব্যক্তিয়ে পৰিৱেশৰ পৰা অভিজ্ঞতা আহৰণ কৰি তাক উপযুক্তভাৱে প্ৰয়োগ কৰি সমস্যা সমাধান কৰিবলৈ সক্ষম হয়। বুদ্ধি সম্পর্কত বিভিন্ন মনোবিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। তেওঁলোকৰ ভিতৰত; ফ্ৰান্সৰ মনোবিজ্ঞানী আলফ্রেড বিনে যাক বুদ্ধি পৰিমাপনৰ পথ প্ৰদৰ্শক বুলিব পাৰি তেওঁৰ মতে, “বুদ্ধি হৈছে” উপযুক্তভাৱে কৰা যুক্তি দৰ্শোৱা আৰু সম্যকভাৱে আত্মসমালোচা কৰিব পৰা ক্ষমতা ।” [“Intelligence is judgement or good sense initiative, the ability to comprehend and to reason well and to adopt one’s self to circumstance.”]

ৱেক্সলাবৰ মতে, “উদ্দেশ্যপূৰ্ণভাৱে কাম কৰা, যুক্তিপূৰ্ণভাৱে চিন্তা কৰা আৰু নিজ পৰিৱেশত উপযুক্তভাৱে আচৰণ প্ৰদৰ্শন কৰিব পৰাৰ সামগ্রিক সামৰ্থই হৈছে বুদ্ধি।” [Intelligence is the aggregate on global capacity to act purposefully to think rationally and to deal effectively with his environment.”]

ইংলেণ্ডৰ বিখ্যাত মনঃসমীক্ষণকাৰী চিৰিল বাটৰ মতে, “বুদ্ধি হৈছেএঞক নমনীয় সমাযোজন ক্ষমতা।” [Intelligence is the capacity for flexible adjustment.”]

3. বুদ্ধিৰ পাঁচটা সংজ্ঞা উল্লেখ কৰা। Mention any five definition of intelligence?

Ans:- মানুহৰ এক বিশেষ মানসিক শক্তি বৃদ্ধিৰ কোনো সৰ্বসন্মত সংজ্ঞা আজিলৈকে মনোবৈজ্ঞানিকসকলে দিব পৰা নাই। নিজৰ অনুসন্ধান, অধ্যয়ন আৰু পৰীক্ষা-নিৰীক্ষাৰ ওপৰত নিৰ্ভৰ কৰি খ্যাতনামা মনঃসমীক্ষকসকলে নানাধৰণে এই বিমূৰ্ত শক্তিৰ সংজ্ঞা দিবলৈ প্ৰয়াস কৰিছে। তাৰে পাঁচটা উদ্ধৃতি তলত দিয়া হ’ল—

সু-প্ৰসিদ্ধ মনোবৈজ্ঞানিক টাৰমানৰ (Terman) মতে, বুদ্ধি হ’ল বিমূৰ্ত চিন্তনৰ ক্ষমতা। (Intelligence is the capacity for abstract thinking.)

বিনেৰ বিবেচনাত, বুদ্ধি হ’ল বিচাৰৰ ক্ষমতা, প্রথম পদক্ষেপ গ্ৰহণৰ ক্ষমতা, সংযোজনাৰ ক্ষমতা, উপলব্ধিৰ ক্ষমতা আৰু যুক্তি প্ৰদৰ্শন ক্ষমতা। (Intelligence is judgment of common sense, initiative, the ability to adapt oneself, to judges well, understand well, and reason well.)

স্পিয়াৰমেনৰ মতে, বুদ্ধি হ’ল ত্ৰিবিধ মানসিক ক্রিয়া সম্পাদনৰ ক্ষমতা। এই ত্রিবিধ মানসিক ক্রিয়া হ’ল— অভিজ্ঞতা আহৰণ, সম্বন্ধ নিৰ্ণয়ন আৰু সহসম্বন্ধ বোধকৰ নিৰ্ণয়ন। (Intelligence is the ability for apprehension of experience, education of relation and education of correlates.).

ৰেক্স নাইটৰ মতে, বুদ্ধি হ’ল কোনো লক্ষ্যত উপনীত হ’বৰ কাৰণে কৰা সম্বন্ধমূলক সৃষ্টিধর্মী চিন্তনৰ ক্ষমতা। (Intelligence is the capacity for relation constructive thinking directed to the attainment of some end.)

থৰ্নডাইকৰ মতে, সত্য আৰু বাস্তৱতাৰ দৃষ্টিকোণৰপৰা উত্তম প্ৰক্ৰিয়া কৰাৰ ক্ষমতাকে বুদ্ধি আখ্যা দিব পাৰি। (Intelligence of the ability of the individual to make good responses from the standpoint of truth of fact.)

4. বুদ্ধিৰ বৈশিষ্ট্য সমূহ কি কি? What are the characteristics of intelligence?

Ans:- ১। বুদ্ধি অনর্জিত বা মৌলিক শক্তি।

২। বুদ্ধি পাৰিবেশিক প্ৰভাৱমুক্ত এক উচ্চ-স্তৰীয়া মানসিক ক্ষমতা।

৩। বুদ্ধিৰ মাজত সমূহ মানসিক প্ৰক্ৰিয়াৰ সুস্থ সংগঠন দেখিবলৈ পোৱা যায়।

৪। বুদ্ধিৰ সৰ্বব্যাপকতা আৰু পৰিৱৰ্তনশীলতা বিশেষভাৱে লক্ষণীয়।

৫। বুদ্ধিয়ে নতুন সমস্যাৰ সমাধানত সহায় কৰে।

৬। বুদ্ধিৰ সহায়ত নতুন পৰিস্থিতিত উপযুক্ত সংগতি বিধান কৰাটো সম্ভৱ হয়।

৭। উচ্চ-স্তৰীয় মানসিক প্ৰক্ৰিয়াবোৰক কাৰ্যকৰীভাৱে প্ৰয়োগ কৰি বা বাস্তৱত সেইবোৰৰ উন্নত ব্যৱহাৰ সম্ভৱ কৰি বুদ্ধিয়ে ব্যক্তিক সহায় কৰে।

৮। অমূৰ্ত চিন্তনৰ ক্ষমতাৰে ব্যক্তিক সজ্জিত কৰি বুদ্ধিয়ে সভ্যতাৰ অগ্ৰগতিত অৰিহণা যোগায়।

৯। বুদ্ধিৰ দ্বাৰাই সম্বন্ধমূলক চিন্তা কৰাটো সম্ভৱ হয়।

১০। উচ্চ-স্তৰীয় মানসিক কার্যত প্ৰয়োগ হোৱা প্ৰক্ৰিয়া যেনে— বিশ্লেষণ, পৃথকীকৰণ, সামান্যকৰণ ইত্যাদি বুদ্ধিৰ সহায়তহে সম্ভৱপৰ হয়।

১১। অতীত অভিজ্ঞতাৰ দ্বাৰা উপকৃত হ’বৰ ক্ষমতাও বুদ্ধিৰে পৰিচায়ক।

১২। বিচাৰৰ ক্ষমতা, যুক্তিৰ ক্ষমতা, উপলব্ধিৰ ক্ষমতা- সকলো বুদ্ধিৰে প্ৰকাশ।

১৩। প্ৰখৰ বুদ্ধিৰ মাজত কঠিনতম কাৰ্য কৰাৰ ক্ষমতা আৰু দ্ৰুতভাৱে কাৰ্য সম্পাদনৰ ক্ষমতাৰ প্ৰকাশ দেখা যায়।

5. বুদ্ধিৰ প্ৰকৃতি সম্পর্কে লিখা। What about the nature of intelligence?

Ans:- বুদ্ধি সম্পর্কত বিভিন্ন মনোবিদে আগবঢ়োৱা সংজ্ঞা আৰু বুদ্ধিৰ বৈশিষ্ট্যসমূহ বিশ্লেষণ কৰিলে বুদ্ধিৰ কিছুমান প্ৰকৃতি পৰিলক্ষিত হয়।

১। বুদ্ধিৰ সৰ্বব্যাপকতা [Comprehensiveness of Intelligence] : বুদ্ধিৰ উৎপত্তি আৰু ক্ৰমবিৱৰ্তনৰ ইতিহাস পর্যবেক্ষণ কৰিলে বুদ্ধিৰ উপযোগিতা সম্বন্ধে এটি মূল্যবান তথ্য পোৱা যায়। প্রাচীন দার্শনিকসকলে বিশ্বাস কৰিছিল যে সৃষ্টিৰ আৰম্ভণিৰ কালৰে পৰাই বুদ্ধি মানুহৰ মনত স্থিতি আছিল। কিন্তু, জীৱবিজ্ঞানীসকলে বিৱৰ্তন প্ৰক্ৰিয়াৰ ওপৰত কৰা গৱেষণাৰ পৰা এই কথা প্রমাণিত হৈছে যে প্ৰাণীৰ বিকাশৰ আদিম স্তৰত বুদ্ধিৰ কোনো অস্তিত্ব নাছিল। সেই সময়ত প্ৰৱণতাকহে মানুহে পৰিৱেশৰ সৈতে সংগতি বিধানৰ একমাত্ৰ অস্ত্ৰ হিচাপে ব্যৱহাব কবিছিল। মানুহে প্ৰবৃত্তিৰ দ্বাৰাই খাদ্য অন্বেষণ, আত্মৰক্ষা, বংশবৃদ্ধি আদি জীয়াই থকাৰ প্রাথমিক কার্যসমূহ সংঘটিত কৰিছিল। কিন্তু সময় পৰিৱৰ্তন হোৱাৰ লগে লগে পৰিৱেশ যিমানেই জটিল হ’বলৈ ধৰিলে সিমানেই পৰিৱেশৰ সৈতে প্রবৃত্তিৰ দ্বাৰা সংগতি বিধানৰ কাৰ্যকাৰিতা কমি আহিবলৈ ধৰিলে। এই সময়তে প্ৰাণীৰ জীৱন সংগ্ৰামৰ নতুন আৰু অধিক শক্তিশালী অস্ত্ৰৰূপে বুদ্ধিয়ে তেওঁলোকৰ মনত দেখা দিলে। গতিকে ইয়াৰ পৰাই প্রমাণ হয় যে বুদ্ধিৰ প্ৰাথমিক আৰু প্ৰধান কাম হ’ল প্রাণীক জটিল আৰু নতুন নতুন পৰিৱেশৰ সৈতে উপযুক্তভাৱে খাপ খুৱাত সহায় কৰা। এই উদ্দেশ্য সাধনৰ বাবেই বুদ্ধিৰ জন্ম হৈছে। এটা কথা দেখা যায় যে, মানুহে যেতিয়া পুৰণি প্ৰবৃত্তিমূলক আচৰণৰ যোগেদি পৰিৱেশৰ সৈতে খাপ খাবলৈ অক্ষম হয় তেতিয়াই মানুহে বুদ্ধিৰ দ্বাৰা পৰিচালিত হৈ পিৰৱেশৰ সৈতে খাপ খাবলৈ সক্ষম হয়।

প্রবৃত্তিয়ে মানুহ তথা প্রাণীক পৰিবেশৰ সৈতে সংগতি বিধান কৰি সুন্দৰভাৱে জীয়াই থকাত সহায় কৰে। কিন্তু যেতিয়াই প্ৰবৃত্তিৰ দ্বাৰা মানুহে কোনো সমস্যা সমাধান বা পৰিৱেশৰ লগত খাপ খোৱাত ব্যৰ্থ হয় তেতিয়াই বুদ্ধিয়ে ফলপ্ৰসূভাৱে কাম কৰে। ইয়াৰ মূল কাৰণ হৈছে বুদ্ধিৰ সৰ্বব্যাপকতা গুণ। গতিকে, প্রবৃত্তিৰ প্ৰচেষ্টাক যান্ত্ৰিক আৰু সংকীৰ্ণ গভীৰ মাজত আৱদ্ধ বা এটা কামতে সীমাবদ্ধ বুলি ক’ব পাৰি। কিন্তু বুদ্ধিৰ প্ৰচেষ্টা বিচিত্ৰধৰ্মী আৰু ইয়াৰ কৰ্ম পৰিধি সৰ্বব্যাপক তথা সীমাহীন।

২। নতুন আৰু পৰিৱৰ্তিত পৰিবেশৰ সৈতে সংগতি বিধান [Adjustment with the New and Changing Environment] : মনোবিজ্ঞানীসকলে এটা কথা মানি লৈছে যে কোনো নতুন আৰু পৰিৱৰ্তিত পৰিৱেশৰ সৈতে সংগতি বিধান কৰিবলৈ জীৱক প্রথমে বুদ্ধিয়েহে ফলপ্ৰসূঁভাৱে সহায় কৰে। মনোবিজ্ঞানী বার্ট [Burt] এ মত পোষণ কৰিছে যে, “বুদ্ধি হৈছে দেহ আৰু মনৰ মাজত নতুন সম্বন্ধ স্থাপনৰ মাধ্যমেৰে নতুন পৰিস্থিতিৰ সৈতে সংগতি বিধানৰ সাধাৰণধৰ্মী শক্তিবিশেষ মাথোন।”

ষ্টার্ন [Stern] ৰ মতে, “বুদ্ধি হৈছেনতুন পৰিস্থিতি আৰু সমস্যাৰ সৈতে খাপ খুউৱাৰ এক ক্ষমতা।”

গডার্ড [Goddard] ৰ মতে, “বুদ্ধিয়ে প্রাণীক আসন্ন সমস্যাৰ সমাধান কৰা আৰু ভৱিষ্যৎ সমস্যা সম্পর্কে ধাৰণা গঠন কৰাত সহায় কৰে।”

৩। মানসিক প্রক্রিয়াসমূহৰ উন্নতৰ ব্যৱহাৰ [Developed Behaviour of Mental Processes] : বুদ্ধিয়ে ব্যক্তিক বিভিন্ন মানসিক প্ৰক্ৰিয়াসমূহৰ উন্নতৰ ব্যৱহাৰ প্ৰদৰ্শনত সক্ষম কৰি তোলে। প্রত্যেক ব্যক্তিয়ে কিছুমান মানসিক প্রক্রিয়া যেনে— সংবোধন, চিন্তন, বিচাৰকৰণ, অনুমান, সমস্যা সমাধান আদি সম্পন্ন কৰাৰ সামৰ্থ লৈ জন্মগ্রহণ কৰে। এইবিলাকৰ উন্নতৰ ব্যৱহাৰৰ পৰাই পৰিৱেশৰ সৈতে সুস্থ আৰু কাৰ্যকৰী সংগতি বিধানে দেখা দিয়ে। পৰিৱেশৰ বিভিন্ন শক্তিসমূহক নিয়ন্ত্ৰিত আৰু বাস্তৱ সমস্যা সমাধানত নিয়োজিত কৰিব পাৰে একমাত্ৰ মনৰ এই বিভিন্ন প্ৰক্ৰিয়াসমূহৰ উন্নত ব্যৱহাৰৰ যোগেদি।

৪। অমূর্ত চিন্তন [Abstract Thinking] : বিখ্যাত মনোবিজ্ঞানী টাৰমেনৰ মতে, “বুদ্ধি হ’ল অমূৰ্ত চিন্তন কৰাৰ ক্ষমতা।” চিন্তনৰ সময়ত সাধাৰণতে আমি আমাৰ ভাষা, প্ৰতিৰূপ প্রভৃতি নানা মূর্ত বস্তুৰ সহায় লওঁ। কিন্তু বহুসময়ত আমি কোনোধৰণৰ মূৰ্ত বস্তুৰ সহায় নোলোৱাকৈও চিন্তা কৰোঁ। যেনে- গণিত বা দৰ্শনৰ খুব সূক্ষ্ম তত্ত্ব সম্বন্ধে চিন্তা কৰৌতে কোনো ধৰণৰ মূৰ্ত বস্তুৰ সহায় লোৱা নহয়। এই ক্ষেত্ৰত বিশেষ ধৰণৰ অমূৰ্ত বস্তু বা মাধ্যমৰহে সহায় লোৱা হয়। এনে ধৰণৰ চিন্তাকে অমূৰ্ত চিন্তন বোলা হয় আৰু বুদ্ধিৰ অবিহনে এই ধৰণৰ উন্নত প্ৰকৃতিৰ চিন্তন প্ৰক্ৰিয়া সম্ভৱ নহয়।

৫। সম্বন্ধমূলক চিন্তন [Relative Thinking] : বুদ্ধিৰ দ্বাৰা সম্বন্ধ নির্ণয়মূলক চিন্তন কৰা সম্ভৱপৰ হয়। দুই বা ততোধিক বস্তু, ব্যক্তি বা ধাৰণাৰ মাজত পাৰস্পৰিক সম্বন্ধ নিৰ্ণয় কৰাৰ সময়ত বুদ্ধিৰ সহায় লোৱা অতি আৱশ্যকীয়। সম্বন্ধ যিমানে জটিল হয় সিমানে বুদ্ধিৰ প্ৰয়োজনীয়তাও বৃদ্ধি পায়।

বিখ্যাত মনোবিজ্ঞানী স্পিয়েৰমেনৰ মতে, “বুদ্ধি বুলি কওঁতে তিনিবিধ মানসিক প্রক্রিয়া সম্পাদনৰ শক্তিকে বুজা যায়।এই মানসিক শক্তি তিনিবিধ হৈছে—

১। অভিজ্ঞতা আহৰণ।

২। সম্বন্ধ নিৰ্ণয়ন। আৰু

৩। সহ-সম্বন্ধ বোধকৰ নিৰ্ণয়।

স্পেয়াৰমেনে মনৰ এই তিনিবিধ প্ৰক্ৰিয়াক জ্ঞান বিকাশৰ সূত্ৰাৱলী [Neogenetic Laws] বুলি নামকৰণ কৰিছে। তেওঁৰ মতে আমাৰ জটিল আৰু অজটিল সকলোধৰণৰ জ্ঞান এই তিনিবিধ পন্থাৰ যোগেদি আৰ্জিত কৰা হয়।

৬। মানসিক প্রক্রিয়াৰ দ্ৰুততা [Speed of Mental Processes] : বুদ্ধিৰ লগত মানসিক প্ৰক্ৰিয়াৰ দ্ৰুততাৰ এক ঘনিষ্ঠ সম্পর্ক আছে। বুদ্ধিৰ ওপৰতেই বিচাৰকৰণ, অনুমান, সংবোধন প্রভৃতি মানসিক প্রক্রিয়াসমূহৰ দ্ৰুত সম্পাদন নিৰ্ভৰ কৰে। কম বুদ্ধিসম্পন্ন লোকে একেই মানসিক প্রক্রিয়া যিমান সময়ত সম্পন্ন কৰিব, বেছি বুদ্ধি সম্পন্ন লোকে তাতকৈ বহুকম সময়ৰ ভিতৰতে সেই প্রক্রিয়া সম্পন্ন কৰিবলৈ সক্ষম হ’ব।

৭। উন্নত মানসিক সংগঠন [Developed Mental Organisation] : বুদ্ধিৰ দ্বাৰাহে পৰিস্থিতিয়ে প্ৰয়োজনীয়তা অনুযায়ী দেহ আৰু মনৰ আটাইতকৈ উন্নত সংগঠন বা সমন্বয় সম্পন্ন হয়। বুদ্ধিয়েহে মনৰ সমস্ত দিশসমূহৰ মাজত সমন্বয় সাধন কৰে আৰু তেনেদৰে গঢ়ি উঠা সমন্বয়ৰ মাধ্যমেদি পৰিৱেশৰ আটাইতকৈ উপযোগী প্রতিক্রিয়া নির্ণয় কৰে। কোনো প্রাণী বা ব্যক্তিয়ে যেতিয়া কোনো সমস্যাৰ সন্মুখীন হয় তেতিয়া বুদ্ধিয়ে তেওঁৰ মানসিক প্ৰক্ৰিয়াসমূহৰ মাজত এটি সমন্বয় সৃষ্টি কৰি সেইবিলাকক আসন্ন সমস্যা সমাধানৰ বাবে ফলপ্ৰসৃভাৱে ব্যৱহাৰ কৰিব পৰাকৈ সজাই-পৰাই তোলে। সামগ্রিকতাবাদী মনোবিজ্ঞানীসকলে বুদ্ধিৰ এই মানসিক সমন্বয় সাধনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে৷

৮। পৃথকীকৰণ আৰ সাধাৰণীকৰণ [Abstraction and Generalisation] : বুদ্ধিৰ দ্বাৰা পৃথকীকৰণ আৰু সাধাৰণীকৰণ এই দুই প্ৰকাৰৰ মানসিক প্রক্রিয়া সম্পন্ন কৰিব পাৰি। কোনো বস্তুৰ পৰা অপ্রয়োজনীয় গুণসমূহ বাদ দি প্রয়োজনীয় গুণসমূহ বেলেগ কৰি দিয়া প্ৰক্ৰিয়াটোক পৃথকীকৰণ বোলা হয় আৰু সেই পৃথকীকৃত গুণসমূহ সমশ্রেণীভুক্ত সকলো বস্তুৰ ওপৰত প্ৰয়োগ কৰাৰ প্ৰক্ৰিয়াটোৱেই হ’ল সাধাৰণীকৰণ। এই প্রক্রিয়া কোনো বস্তু বা ব্যক্তি সম্বন্ধে ধাৰণা গঠন কৰাৰ ক্ষেত্ৰত অপৰিহাৰ্য।

৯। বিচাৰকৰণ [Reasoning] : বিচাৰকৰণ প্রক্রিয়া সম্পন্ন কৰাত বুদ্ধিয়ে ব্যক্তিক সহায় কৰে। বিচাৰকৰণ মানে কোনো বিশেষ সমস্যাৰ সমাধান কৰা। বিচাৰকৰণ দুই প্ৰকাৰৰ, যেনে- আগমন আৰু নিগমন। আগমন অনুসৰি ঘটনাৰ পৰ্যবেক্ষণৰ পৰা কোনো এটা সত্যত উপনীত হোৱা যায়৷ আনহাতে নিগমন অনুসৰি সামান্য সত্যৰ পৰা কোনো এটা বিশেষ সত্যত উপনীত হ’ব পাৰি। আমাৰ নতুন জ্ঞান অৰ্জন আৰু বুদ্ধিৰ পক্ষে এই দুয়োবিধ বিচাৰকৰণ পদ্ধতি অতিপ্ৰয়োজনীয় আৰু আমাৰ বুদ্ধি বৃত্তিৰ ওপৰত উভয় প্রক্রিয়া বিশেষভাৱে নিৰ্ভৰশীল।

১০। বর্তমান পৰিস্থিতিত অতীত জ্ঞানৰ প্ৰয়োগ [Use of Past Knowledge in the Present Situation] : বুদ্ধি আৰু জ্ঞানৰ মাজত পাৰ্থক্য আছে। ব্যক্তিয়ে শিক্ষাৰ মাধ্যমেদি যি গুণ, শক্তি বা দক্ষতা লাভ কৰে প্ৰকৃততে সিয়ে জ্ঞান। আনহাতে বুদ্ধি হৈছে এক মানসিক শক্তি আৰু ই এক সহজাত গুণ। বুদ্ধি আৰু জ্ঞানৰ মাজত পাৰ্থক্য থাকিলেও এই দুয়োটাৰ মাজত এক নিবিড় সম্বন্ধ আছে। একমাত্র বুদ্ধিৰ দ্বাৰাই জ্ঞানৰ প্ৰয়োগ সম্ভৱপৰ হয়। বুদ্ধিয়ে ব্যক্তিয়ে অতীততে লাভ কৰা জ্ঞান বৰ্তমানৰ সমস্যা সমাধানৰ বাবে ব্যৱহাৰ কৰাত সহায় কৰে। অৱশ্যে জ্ঞানক যথাযোগ্যভাৱে প্ৰয়োগ কৰিব নোৱাৰিলে সমাধানো সম্ভৱ নহয়। সেয়ে এটা কথা স্পষ্ট যে বুদ্ধিয়ে সহায় কৰে।

6. বুদ্ধি আৰু জ্ঞানৰ মাজৰ পাৰ্থক্য কি কি? What are the differences between knowledge and intelligence?

Ans:- বুদ্ধিৰ স্বকীয় বৈশিষ্ট্যক অধিক স্পষ্ট কৰি তুলিবৰ বাবে জ্ঞান আৰু বুদ্ধিৰ মাজত থকা পার্থক্যক বিশ্লেষণ কৰি চোৱাটো অতি দৰকাৰী এই দুয়োটাৰ মাজত থকা পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ’ল—

১। বিভিন্ন পৰিৱেশৰ পৰা ব্যক্তিয়ে নিজ প্রচেষ্টাৰে জ্ঞান আহৰণ কৰিবলৈ সক্ষম হয়। আনহাতে, বুদ্ধি ব্যক্তিয়ে জন্মগতভাৱে বা বংশগতভাৱে লাভ কৰে।

২। এজন ব্যক্তিৰ জ্ঞানৰ পৰিমাণ বিভিন্ন বিষয়ৰ ক্ষেত্ৰত ভিন ভিন হ’ব পাৰে। কিন্তু এজন ব্যক্তিয়ে নিজৰ বুদ্ধিক বিভিন্ন বিষয়ৰ প্রতি সমানে প্রয়োগ কৰিব পাৰে।

৩। এজন জ্ঞানী লোক জ্ঞানৰ পৰিসৰ অনুসৰি বুদ্ধিয়ক নহ’বও পাৰে। আনহাতে, এজন বুদ্ধিয়ক লোক বুদ্ধিয়ক হোৱাৰ লগে লগে জ্ঞানীও হৈ উঠিব পাৰে।

৪। জ্ঞান হৈছে অতীত অভিজ্ঞতাৰ প্রতিনিধিত্বমূলক। আনহাতে, বুদ্ধিয়ে ভৱিষ্যৎ সম্ভাৱনীয়তাৰ ইঙ্গিত বহন কৰে।

৫। জীৱনৰ প্ৰতিটো সমস্যাই সমাধান কৰাত এজন জ্ঞানীলোক সক্ষম নহ’বও পাৰে। কিন্তু, এজন বুদ্ধিয়ক লোকে জীৱনৰ প্ৰতিটো সমস্যাই সহজে সমাধান কৰিবলৈ সক্ষম হয়।

৬। ব্যক্তিক অধিক বা উচ্চ বুদ্ধিমান কৰি তোলাত অধিক জ্ঞানে সহায় নকৰিবও পাৰে। কিন্তু, একোজন উচ্চমানৰ বুদ্ধিয়ক লোকে অধিক জ্ঞান আহৰণ কৰিব।

৭। জ্ঞানক বস্তুনিষ্ঠভাৱে পৰিমাপ কৰিব পাৰি। কিন্তু, বুদ্ধিক বস্তুনিষ্ঠভাৱে পৰিমাপ কৰাটো সহজ নহয়।

৮। জ্ঞানত সংস্কৃতিৰ প্ৰভাৱ পৰে। আনহাতে, বুদ্ধিত কোনোধৰণৰ সংস্কৃতিৰ প্ৰভাৱ নপৰে।

৯। জ্ঞানে অভিজ্ঞতাক সংগ্ৰহ কৰাকে বুজায় কিন্তু, বুদ্ধিয়ে অভিজ্ঞতাক প্ৰয়োগ কৰাক বুজায়।

7. বুদ্ধিক প্ৰভাৱিত কৰা(Factors Affecting Intelligence) দিশ হিচাপে পৰিৱেশৰ প্ৰভাৱ বিচাৰ কৰা?

Ans:- বুদ্ধিৰ ওপৰত বংশগতিৰ প্ৰভাৱ বেছি বুলি ধৰি ল’লেও এনেকুৱা কিছুমান ক্ষেত্ৰ পোৱা যায় য’ত পৰিৱেশৰ বৈষম্যৰ বাবে বুদ্ধিৰ ক্ষেত্ৰতো পার্থক্য দেখা যায়। নিউমেন, ফিমেন আদি মনোবিজ্ঞানীসকলে চলোৱা পৰ্যবেক্ষণৰ পৰা দেখা হৈছে যে বহুক্ষেত্ৰত পৰিৱেশৰ বিভিন্নতাৰ বাবেই সমকোষী যমজ সন্তানৰ মাজত ১০ ৰ পৰা ২০ পইণ্ট পর্যন্ত বুদ্ধ্যাংক পার্থক্য থাকে। কোনো কোনো ক্ষেত্ৰত এই পার্থক্য ৩০ পইণ্ট পর্যন্ত পোৱা যায়।

আধুনিক মনোবিদসকলে সিদ্ধান্ত কৰে যে বুদ্ধিৰ বিকাশত বংশগতিৰ প্ৰভাৱ অনস্বীকার্য যদিও এই ক্ষেত্ৰত পৰিৱেৰো যথেষ্ট প্ৰভাৱ আছে। ১৯৩০ চনত নিউমেন, ফ্রিমেন হলজিনগাৰে একেটা পৰিৱেশতে ডাঙৰ-দীঘল আৰু পালিত হোৱা ৫০ টা ভিন্নকোষী যমজ আৰু ৫০ টা সমকোষী যমজ আৰু ভিন্ন পৰিৱেশত পালিত ১৯টা সমকোষী যমজৰ ওপৰত পৰ্যবেক্ষণ কৰি এটা সিদ্ধান্তত উপনীত হয় যে বুদ্ধিৰ বিকাশত কোনো কোনো ক্ষেত্ৰত বংশগতিৰ প্ৰভাৱ বেছি হয় আৰু কোনো কোনো ক্ষেত্ৰত পৰিৱেশৰ প্ৰভাৱেই বেছি হয়। উদাহৰণস্বৰূপে, কোনো এটা ভাল পৰিৱেশৰ লোক হোৱা সত্ত্বেও এটা ল’ৰাৰ বুদ্ধ্যাংক ৭০ তকৈ বেছি নহ’ল। এই ক্ষেত্ৰত বুজিব লাগিব যে বংশধাৰা পৰিৱেশৰ তুলনাত অধিক প্ৰভাৱশালী। ঠিক সেইদৰেই আকৌ ১০০ বুদ্ধাংকসম্পন্ন এজন ল’ৰাই ভাল পৰিৱেশৰ মাজত থকাৰ ফলত তাৰ বুদ্ধ্যাংক ১২০ বা ১৩০ লৈ বৃদ্ধি পালে। এই ক্ষেত্ৰত বুজিব লাগিব যে পৰিৱেশৰ প্ৰভাৱে বংশগতিক নিয়ন্ত্ৰিত আৰু পৰিৱৰ্তিত কৰি তুলিছে।

বুদ্ধিৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ সম্পৰ্কত মতভেদ থাকিলেও ব্যক্তিত্বৰ অন্যান্য দিশসমূহৰ ওপৰত যে পৰিৱেশৰ প্ৰভাৱ যথেষ্ট গুৰুত্বপূৰ্ণ এই বিষয়ে আধুনিক মনোবিজ্ঞানীসকল একমত সাধাৰণতে দেখা যায় যে এখন উন্নত ঠাইত বসবাস কৰা, ডাঙৰ – দীঘল হোৱা শিশুৰ মানসিক বিকাশ যিদৰে ঘটে, সমাজৰ আঁতৰত থকা শিশুৰ মানসিক বৈশিষ্ট্যসমূহৰ বিকাশ সেইদৰে নঘটে। গতিকে উপযুক্ত সামাজিক, সাংস্কৃতিক পৰিৱেশ নাপালে যে বুদ্ধিৰ বিকাশ হ’ব নোৱাৰে সেই কথা নিশ্চিত।

ইংলেণ্ডৰ কানাল বোটৰ ল’ৰা-ছোৱালী বা সুদূৰ পাৰ্বত্য অঞ্চলৰ অধিবাসীৰ ল’ৰা-ছোৱালীৰ যিবোৰে শৈশৱকালত উন্নত পৰিৱেশ নাপায় সেইসকলক পৰ্যবেক্ষণ কৰি দেখা গৈছে সে সাধাৰণ বুদ্ধিমাতাৰ ল’ৰা-ছোৱালীতকৈ তেওঁলোক যথেষ্ট পিছ পৰি থাকে।

আয়োৱা বিশ্ববিদ্যালযৰ শিশুৰ মংগল প্রতিষ্ঠানটোত শিশুৰ ওপৰত নাৰ্ছাৰী স্কুলৰ প্ৰভাৱ সম্পৰ্কে যি দীর্ঘদিনীয়া গৱেষণা চলোৱা হৈছিল, তাৰ পৰা এটা সিদ্ধান্তত উপনীত হোৱা যায় যে, যি সকল ল’ৰা-ছোৱালীয়ে নাৰ্ছাৰী স্কুলৰ সুনিয়ন্ত্রিত আৰু উন্নত পৰিৱেশৰ সুবিধা পায় সেইসকল তেনে সুযোগ-সুবিধাৰ পৰা বঞ্চিত হোৱা ল’ৰা-ছোৱালীৰ মানসিক দিশৰ তুলনাত বহু উন্নত হয়। এই সিদ্ধান্ত অনুসৰি পৰিৱেশৰ প্ৰভাৱ যে বুদ্ধিৰ ক্ষেত্ৰত কিমান গুৰুত্বপূৰ্ণ তাক বুজিব পাৰি।

8. বুদ্ধি আৰু অভিক্ষমতাৰ পাৰ্থক্য কি কি? What are the difference between intelligence and aptitude?

Ans:- বুদ্ধি আৰু অভিক্ষমতাৰ মাজৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা ধৰণৰ—

১। বুদ্ধি জন্মগত আৰুবংশগত পৰিৱেশৰদ্বাৰা ই প্ৰভাৱিত নহয়। আনহাতে, অভিক্ষমতা জন্মগত আৰু বংশগত যদিও পৰিৱেশৰ প্ৰভাৱ পৰে অৰ্থাৎ পৰিৱেশেহে ইয়াক প্ৰকাশ কৰি তোলে।

২। বুদ্ধিৰ অভিজ্ঞতা আৰু প্ৰভাৱ বহল পৰিসৰৰ। কিন্তু, অভিক্ষমতাৰ অভিক্ষমতা আৰু প্ৰভাৱ সীমিত পৰিসৰৰ।

৩। বুদ্ধিৰ প্ৰভাৱ অ-পৰিৱৰ্তনীয় আৰু স্থিতিশীল। আনহাতে, অভিক্ষমতাৰ প্ৰভাৱ পৰিৱৰ্তনীয় আৰু গতিশীল।

৪। বুদ্ধি হৈছে এক সাধাৰণ মানসিক যোগ্যতা। আনহাতে, অভিক্ষমতা হৈছে বিশিষ্ট মানসিক যোগ্যতা।

৫। কোনো ব্যক্তিৰ বুদ্ধি অব্যক্ত অচিনাক্ত হৈ নাথাকে। কিন্তু, যিকোনো ব্যক্তিৰে অভিক্ষমতা অব্যক্ত আৰু অচিনাক্ত হৈ থাকিব পাৰে।

৬। বুদ্ধিৰ উপাদানবোৰৰ মাজত একক আৰু অ-বিভাজ্য সম্বন্ধ থাকে। আনহাতে, অভিক্ষমতাৰ উপাদানবোৰৰ পৃথক আৰু মৌলিক অস্তিত্ব থকা পৰিলক্ষিত হয়।

৭। বুদ্ধিৰ উৎকর্ষ সাধন প্ৰশিক্ষণৰ যোগেদি কৰা সম্ভৱপৰ নহয়। আনহাতে, অভিক্ষমতাৰ প্ৰকাশ আৰু বিকাশ প্ৰশিক্ষণৰ যোগেদি কৰিব পৰা যায়।

9. বুদ্ধিৰ প্ৰকাৰ সমূহৰ সম্পৰ্কে লিখা। Write about difference types of intelligence?

Ans:- বিভিন্ন ক্ষেত্ৰত আৰু পৰিস্থিতিত ব্যক্তিয়ে বৌদ্ধিক ক্ষমতা প্ৰয়োগ কৰাৰ বাবে যি যোগ্যতাৰ প্ৰয়োজন হয় তাৰ প্ৰতি লক্ষ্য ৰাখি মনোবিদ এডৱাৰ্ড লী থনডাইকে বুদ্ধিক তিনিটা ভাগত ভাগ কৰিছে। এই তিনি প্ৰকাৰৰ বুদ্ধিক চমুকৈ তলত বৰ্ণনা কৰা হ’ল—

১। বস্তুবাচক বুদ্ধি [Concrete Intelligence] : বস্তুবাচক বুদ্ধি বুলিলে বাস্তৱ জগতৰ মূৰ্ত বস্তু, বিষয় আৰু পৰিস্থিতি সম্বন্ধে প্ৰয়োগ কৰা বুদ্ধিকে বুজা যায়।

এইবিধ বুদ্ধিক আকৌ আমাৰ বাস্তৱ জগতৰ ব্যাৱহাৰিক ক্রিয়াকলাপত প্ৰয়োগ কৰাৰ বাবেই প্রায়োগিক বুদ্ধি [Practical Intelligence] বুলিও জনা যায়। এইবিধ বুদ্ধিক আমাৰ বাস্তৱ জগতত দেখা দিয়া সমস্যাসমূহ হাতে-কামে সমাধান কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। এইবিধ বুদ্ধিক ক্রিয়া সম্পাদনমূলক অভীক্ষাৰ দ্বাৰা পৰিমাপ কৰিব পাৰি। ব্যাৱহাৰিক জগতৰ লগত জড়িত, যেনে- কাৰিকৰী বিজ্ঞানী, অভিযন্তা বিজ্ঞানী আদি ব্যক্তিসকলে এই প্রায়োগিক বুদ্ধিক প্ৰয়োগ কৰে।

২। ভাবাত্মক বুদ্ধি [Abstract Intelligence] : ভাবাত্মক বুদ্ধিক বিমূর্ত বুদ্ধি বোলা হয়। এইবিধ বুদ্ধিত মূৰ্ত বস্তুৰ অভাৱ দেখা যায়। শব্দজ্ঞান, ভাষাজ্ঞান, সংখ্যাজ্ঞান আদি প্ৰয়োগৰ সময়ত এইবিধ বুদ্ধিৰ প্ৰয়োজন হয়। দৰ্শন, গণিত আদি বিষয়ৰ অধ্যয়নত ভাবাত্মক বুদ্ধি প্ৰয়োগ কৰা হয়। ভাবাত্মক বুদ্ধিক দার্শনিক, বিজ্ঞানী, গণিতজ্ঞ, গৱেষক আদি মহান লোকসকলে প্ৰয়োগ কৰিব লাগে ভাবাত্মকবুদ্ধি পৰিমাপন কৰিবৰ বাবে ষ্টেণ্ডফোর্ড বিনেৰ বুদ্ধি পৰীক্ষা প্ৰয়োগ কৰিব পাৰি।

৩। সামাজিক বুদ্ধি [Social Intelligence] : সামাজিক বুদ্ধি বুলিলে ব্যক্তিৰ সামাজিক জীৱনৰ পৰিস্থিতি আৰু সমস্যাবোৰৰ সন্মুখীন আৰু সমাধানৰ বাবে যি বুদ্ধিৰ প্ৰয়োজন হয় তাকে বুজা যায়। এই সামাজিক বুদ্ধিয়ে সমাজৰ বিভিন্ন লোকৰ প্ৰতি প্ৰতিক্ৰিয়া আৰু আচৰণ প্ৰদৰ্শন কৰা, সমাযোজন স্থাপন কৰা আৰু সুস্থ ব্যক্তিত্বক গঢ় দি তোলাত সহায় কৰে। এইবিধ বুদ্ধিৰ অভাৱত ব্যক্তিয়ে সামাজিক বিভিন্ন পৰিস্থিতিত অপসমাযোজিত হৈ পৰিব লগা হয়। তদুপৰি এইবিধ বুদ্ধি বহির্মুখী ব্যক্তিত্বৰ লোকৰ ক্ৰিয়া আচৰণত অভিব্যক্ত হৈ উঠে। সামাজিক বুদ্ধিয়ে ব্যক্তিক সমাজকনেতৃত্ব দানৰ বাবেও সহায় কৰে।

10. বুদ্ধিৰ মতবাদৰ সম্পৰ্কে লিখা। Write about the concept of intelligence?

অথবা

বুদ্ধিৰ তত্ত্ব সমূহ আলোচনা কৰা। Discuss about the theories of intelligence?

Ans:- বুদ্ধি সম্পর্কে মনোবৈজ্ঞানিকসকলে আগবঢ়োৱা মতবাদকেইটা তলত চমুকৈ আলোচনা কৰা হ’ল-

১। ৰাজতন্ত্রমূলক তত্ত্ব (Monarchic Theory) : এই তত্ত্বৰ মতে বুদ্ধি এটি সর্বশক্তিমান মানসিক শক্তি আৰু ইয়াৰ অধীনত থাকি অন্যান্য মানসিক প্রক্রিয়াসমূহে কাৰ্য পৰিচালনা কৰে৷

২। অভিজাতমূলক তত্ত্ব (Oligarchic Theory) : এই তত্ত্ব মতে বুদ্ধি হ’ল কিছুমান বিশেষ বিশেষ শক্তিৰ সমন্বয় আৰু এই সন্মিলিত শক্তিয়ে ব্যক্তিৰ মানসিক কার্য পৰিচালিত কৰে।

৩। অৰাজকতাবাদ তত্ত্ব (Anarchic Theory) : এই তত্ত্বৰ উদ্ভাৱনকাৰী স্পিয়ামেনৰ মতে বুদ্ধি হ’ল ‘সাধাৰণ’ আৰু ‘বিশেষ’ এই উপাদানৰ সমষ্টি, অর্থাৎ সমস্ত বৌদ্ধিক ক্রিয়া-কৰ্মত সাধাৰণভাৱে এক সামূহিক শক্তিৰ প্ৰকাশ দেখা যায়। -এই শক্তিকে তেওঁ ‘G’ নামৰ দিছে আৰু কৈছে যে মানসিক সক্রিয়তাসম্পন্ন সকলো কার্যতে ইয়াৰ প্ৰয়োগ দেখা যায়। দ্বিতীয়তে কিছুমান বিশেষ বিশেষ ক্ৰিয়াৰক্ষেত্ৰত কিছুমান বিশেষ ধৰ্মী শক্তি নিয়োজিত হয়। এই শক্তিক তেওঁ ‘s’ বুলি কৈছে ‘G’ আৰু ‘S’ এই দুই উপাদানৰ ভেটিত গঢ়ি উঠা কাৰণে এই সিদ্ধান্তক দ্বি-উপাদান তত্ত্ব বুলি জনা যায়। প্রত্যেক ব্যক্তিয়ে এটি ‘G’ উপাদানৰ ভাণ্ডাৰ লৈ জন্মগ্রহণ কৰে, কিন্তু ‘s’ উপাদানৰ ক্ষেত্ৰত ইয়াৰ ব্যক্তিগত বিভিন্ন লক্ষণীয়।

৪। প্রাথমিক শক্তিবাদ তত্ত্ব (Primary Ability theory) : মার্কিন মনোবিজ্ঞানী থার্ষ্টোনে (Thurston) যি তত্ত্ব উদ্ভাৱন কৰিছে তাক প্রাথমিক শক্তিবাদ বুলি জনা যায় আৰু ই সাতোটি মূল যোগ্যতা বা সামৰ্থৰ ভেঁটিত গঢ় লৈ উঠিছে। তেওঁৰ মতে বুদ্ধি হ’ল এই সাতোটি প্রাথমিক শক্তিৰ সমষ্টি সেই সাতোটি শক্তি হ’ল—

১। ভাষাবোধ (Verbal comprehension)

২। সংখ্যা ব্যৱহাৰ (Number facility)

৩। স্থান (Space)

৪। ভাষা উৎকর্ষ (Word fluency)

৫। সহযোগী স্মৃতি (Associative memory)

৬। উপলব্ধিমূলক শক্তি (Perceptual ability)

৭। আগমনমূলক বিচাৰ (Inductive reasoning)

৫। বহুকাৰক তত্ত্ব (Multiple Factor theory) : থমচন (Thurston) নামৰ এগৰাকী মনোবৈজ্ঞানিক এই তত্ত্বৰ জনক। তেওঁৰ মতে বুদ্ধি এটা শক্তি নহয়— ই বহু সংখ্যক বিশেষ শক্তিৰ যোগফল মাথোন। এই অসংখ্য মানসিক শক্তিৰ বৰ্ণনা কৰাটো সম্ভৱপৰ নহয় ৷

৬। সমূহ উপাদান তত্ত্ব (Group Factor theory) : এই তত্ত্ব অনুসৰি কিছুমান মানসিক যোগ্যতা ‘G’ উপাদান নাইবা ‘খ’ উপাদান এটাৰো ভিতৰত নপৰে। অথচ সিহঁতৰ লগত সাধাৰণ বুদ্ধি আৰু বিশেষ বুদ্ধিৰ কিছু সম্পর্ক থাকে। ইয়াকে স্পিয়েৰমেনে সমূহকাৰক তত্ত্ব বুলি কয়।

11. বুদ্ধিৰ আধুনিক তত্ত্বৰ কেইটা কি কি?

What are the modern theories of intelligence?

Ans:- আধুনিক কালত যুগান্তকাৰী মনোবিজ্ঞানীসকলে কৰা বিভিন্ন গৱেষণা আৰু পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে বুদ্ধি সম্পর্কে বিভিন্ন মতবাদ আগবঢ়াইছে। বুদ্ধি সম্পৰ্কীয় আধুনিক মতবাদসমূহ হৈছে –

১। স্পেয়াৰমেনৰ দ্বি-উপাদান তত্ত্ব [Spearman’s Two Factor Theory]

২। থাৰ্‌ৰ্টোনৰ প্ৰাথমিক যোগ্যতা তত্ত্ব [Thurston’s Primary Ability Theory]

৩। থমচনৰ প্ৰতিদৰ্শ সংগ্ৰহকৰণ তত্ত্ব [Thurston’s Sampling Theory]

৪। গিলফৰ্ডৰ ত্ৰিমাত্ৰীয় আৰ্হি [Guilford’s Theory of Dimensional Model]

৫। থনডাইকৰ বহু উপাদান তত্ত্ব [Thorndike’s Multifactor Theory]

৬। ভাৰননৰ ক্ৰম পর্যায় তত্ত্ব [Hierarchical Theory of Vernon]

12.  স্পিয়েৰমেনৰ দ্বি-উপাদান তত্ত্বৰ সম্পর্কে লিখা?

Write about the Spearman’s Two Factor theory of intelligence?

Ans:- বিখ্যাত ইংৰাজ মনোবিজ্ঞানী চাৰ্লছ এডৱাৰ্ড স্পেয়াৰমেনে বুদ্ধিৰ দ্বি-উপাদান তত্ত্বটো ১৯০৪ চনত দাঙি ধৰে। তেওঁ তেওঁৰ বিখ্যাত গ্রন্থ ‘The Abilities of Man’ ত দ্বি-উপাদান তত্ত্বৰ এক বিশদ বিশ্লেষণ দাঙি ধৰে। তেওঁৰ মতে বুদ্ধিক দুটা কাৰক বা উপাদানত ভাগ কৰিব পাৰি, যি সকলো ধৰণৰ বৌদ্ধিক কার্য সম্পাদনত সহায় কৰে। এই দুই উপাদান হৈছে — সাধাৰণ মানসিক যোগ্যতা [General Mental Ability] বা ‘G’ উপাদান [G Factor] আৰু বিশেষ মানসিক যোগ্যতা [Specific Mental Ability] বা ‘S’ উপাদান [S Factor]। প্রত্যেক ব্যক্তিৰ বুদ্ধিতেই বহল পৰিসৰৰ ‘G’ উপাদান আৰু সংকীৰ্ণ পৰিসৰৰ ‘S’ উপাদান নিহিত হৈ থাকে।

G উপাদান বা সাধাৰণ শক্তি সকলো ধৰণৰ বৌদ্ধিক কার্যত প্রয়োগ হয় যদিও ইয়াৰ পৰিমাণ কায এলোজন বা ধৃতি অনুযায়ী ভিন ভিন হ’ব পাৰে। অৱশ্যে G উপাদান সকলো বিশিষ্ট ক্ৰিয়াৰ প্রতি সমানে প্রয়োগ কৰিব নোৱাৰি যদিও ই সকলো কামতে সমানে প্রয়োজন নহয়। ই জন্মগত, পৰিৱৰ্তনীয় আৰু স্থায়ী গুণবিশিষ্ট। গতিকে ব্যক্তিয়ে সকলোবোৰ বিশিষ্ট ক্রিয়া সম্পন্ন কৰিবৰ বাবে G উপাদানৰ প্ৰভাৱ অপৰিহাৰ্য। এজন ব্যক্তিৰ যদিহে G উপাদানৰ মানদণ্ড উন্নত গুণমানৰ হয় তেন্তে ই ব্যক্তিজনৰ সকলোবোৰ বিশিষ্ট হে অনুৰূপ প্ৰভাৱ পেলায়।

আনহাতে বুদ্ধিৰ S উপাদান হ’ল কোনো বিশেষ কামৰ বাবে উপযোগী এক বিশেষধর্মী শক্তি। এই S উপাদান বা শক্তি সেই বিশেষ কামৰ বাহিৰে আন কোনো কামতে ব্যৱহাৰ নহয়। সেয়ে প্ৰতিটো কাৰ্য সম্পাদনৰ বাবে ব্যক্তিৰ একো একোটা সুকীয়া S উপাদান থাকে। অর্থাৎ প্ৰত্যেকটো বৌদ্ধিক কামৰ বাবে একোটা স্বতন্ত্র ‘S’ উপাদান থাকে; যেনে-অংক কৰিবৰ বাবে অংকৰ S, খেলা-ধূলাৰ ক্ষেত্ৰত খেলাৰ S, নৃত্য-গীতৰ ক্ষেত্ৰত নৃত্য-গীতৰ ‘s’ ইত্যাদি । গতিকে ই শিক্ষা-সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত, পৰিৱর্তনীয় আৰু অস্থায়ী বিধৰ। এই যোগ্যতা বা শক্তি এজন ব্যক্তিৰ ক্ষেত্ৰত ক্রিয়াভেদে পৃথক পৃথকভাৱে অন্তর্নিহিত হৈ থাকে। যেতিয়া এজন ব্যক্তিৰ সাধাৰণ যোগ্যতা নিম্নমানৰ হয় তেতিয়া সি সকলো বিশেষ বিশেষ ক্রিয়া বা ‘S’ উপাদান বা কাৰকক সেই অনুপাতে প্ৰভাৱিত কৰে।

মানুহৰ জীৱন বৈচিত্র্যময়। এই বৈচিত্য্যময় জীৱনত প্ৰত্যেক লোকেই বিভিন্ন ধৰণৰ অসংখ্য বৌদ্ধিক কামত লিও হ’বলগীয়া হয়। সেয়ে স্পেয়াৰমেনে তেওঁৰ তত্ত্বত ব্যক্তিৰ কামৰ বিভিন্নতাৰ বাবে ‘S’ উপাদান অসংখ্য হ’ব পাৰে বুলি কয়। ই এটা হ’লেও সকলো কামতে থাকে আৰু সকলো কামৰ বাবে অপৰিহাৰ্য তথা ই সকলো কামতে নিয়োজিত হয়, কিন্তু সমান পৰিমাণে নহয়। 

তেওঁ ভাবিছিল যে প্রত্যেক ব্যক্তিয়ে ‘G’ উপাদান বা শক্তিৰ এটা পূৰ্ণ ভাণ্ডাৰ লৈ জন্মগ্রহণ কৰে। ব্যক্তিয়ে সেয়ে কোনো এটা কাম কৰিবৰ সময়ত ‘G’ উপাদানে সাধাৰণভাৱে কাম কৰে আৰু ইয়াৰ লগত ব্যক্তিয়ে কৰা বিশেষ কামৰ বিশেষ শক্তি ‘S’ উপাদানে সহায় কৰে, যাৰ ফলত কামটোৱে পূৰ্ণতা লাভ কৰে; যেনে- পঢ়া-শুনা কৰাৰ সময়ত G শক্তি + পঢ়া শুনাৰ বিশেষ ‘S’ শক্তি, অংক কৰাৰ কামৰ সময়ত G শক্তি + অংক কৰাৰ বিশেষ ‘S’ শক্তি, ছবি অঁকাৰ সময়ত ‘G’ শক্তি + ছবি অঁকাৰ বিশেষ ‘S’ শক্তি ইত্যাদি।

স্পেয়াৰমেনৰ এই তত্ত্বটোক G আৰু S এই দুটা উপাদানৰ কাৰণেই দ্বি-উপাদান তত্ত্ব [Two-Factor Theory] বুলি জনা যায়। স্পেয়াৰমেনৰ এই তত্ত্বটোক প্রাচীন ৰাজতস্তবাদী তত্ত্বৰ লগত তুলনা কৰিব পাৰি । ৰাজতন্ত্রবাদী তত্ত্বত যিদৰে এটা শক্তিয়েই সকলোধৰণৰ বৌদ্ধিক কাৰ্য নিয়ন্ত্ৰণকৰে ঠিক সেইদৰেই স্পেয়াৰমেনৰ তত্ত্বতো মূলতঃ ‘G’ উপাদানেই সকলো কাৰ্যননিয়ন্ত্ৰণকৰে আৰু ইয়াত ‘’ ৰ’স্থান গৌণ ।

13. থার্ষ্টোনৰ প্ৰাথমিক যোগ্যতা তত্ত্বৰ সম্পর্কে লিখা?

Write about the Thomson’s primary ability theory of intelligence?

Ans:- প্রসিদ্ধ মার্কিন মনোবিজ্ঞানী লউইচ লিয়ন থার্ষ্টোন [Louis Leon Thurstone] এ বুদ্ধিক এক একক শক্তি বুলি মানি লোৱা নাই। থনডাইকে তেওঁৰ সহযোগী টি. জি. থাৰ্টটোনৰ লগ লাগি বুদ্ধিক এক সমূহীয়া তত্ত্ব বুলিহে অভিহিত কৰে। সেয়ে থাৰ্ষ্টোনৰ এই তত্ত্বটোক বুদ্ধিৰ সমূহীয়া উপাদান তত্ত্ব [Group Factor Theory of Intelligence] বুলিও জনা যায়। থার্ষ্টোনে তেওঁৰ ১৯৩৮ চনত প্রকাশিত বিখ্যাত গ্রন্থ ‘Primary Mental Abilities’ ত এই তত্ত্বৰ বিশদ ব্যাখ্যা দাঙি ধৰে৷ থাষ্টোৰ্নৰ এই তত্ত্ব গাণিতিক ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁ বিভিন্ন মানসিক কাৰ্যৰ ফলাফলৰ মাজত সহ-সম্বন্ধৰ মান নিৰ্দ্ধাৰণ কৰাৰ উদ্দেশ্যই PMA [Primary Mental Ability] নামে এক অভীক্ষা প্রস্তুত কৰি উলিয়ায়৷ তেওঁ চিকাগো বিশ্ববিদ্যালয়ৰ ২৪০ জন শিক্ষাৰ্থীৰ ওপৰত অভীক্ষা প্ৰয়োগ কৰি ব্যক্তিৰ প্ৰাথমিক মানসিক ক্ষমতা সম্বন্ধে অনুসন্ধান চলায়। তেওঁ ৬০ টা অভীক্ষাৰ সহায়ত অনুসন্ধান চলায় এক স্থিৰ সিদ্ধান্তত উপনীত হৈছিল যে বুদ্ধি স্পেয়াৰমেনে কোৱাৰ দৰে কেৱল দুটা শক্তিৰ সমষ্টি নহয়; বৰঞ্চ ই ন (৯)টা মানসিক শক্তিৰ সমষ্টিহে। প্রত্যেকটো মানসিক শক্তি বা গোটৰে একো একোটা “প্রাথমিক মানসিক ক্ষমতা” [Primary Mental Ability] বা মৌলিক ক্ষমতা আছে। এনেধৰণৰ এটা বা ততোধিক মানসিক শক্তিয়ে একগোট হৈ সমূহীয়াভাৱে যিকোনো ধৰণৰ মানসিক কার্য সম্পাদন কৰিব পাৰে। কিন্তু কামৰ প্ৰকৃতিৰ ওপৰতহে কেনেকৈ কি ধৰণেৰে মানসিক শক্তিসমূহ একত্রিত হ’ব সেইটো নিৰ্ভৰ কৰিব।

থাৰ্ষ্টোন আৰু তেওঁৰ সহযোগীয়ে কৰা অনুসন্ধানৰ প্ৰথম পৰ্যায়ত প্রাথমিক মানসিক ক্ষমতা বিশিষ্ট সাতটা উপাদানৰ গোট আৱিষ্কাৰ কৰে। যেনে;

১। স্থানগত সম্বন্ধ [Space Relation or S]

২। উপলব্ধিমূলক ক্ষমতা [Perceptual Ability or P]

৩। ভাষাবোধ ক্ষমতা [Verbal Ability or V]

৪। সাংখ্যিক ক্ষমতা [Numerical Ability or N]

৫। স্মৃতিশক্তি [Memory or M]

৬। শব্দ ব্যৱহাৰৰ দক্ষতা [Word Fluency or W]

৭। যুক্তিৰ ক্ষমতা [Reasoning Power or R]

থাষ্টোনে ওপৰত উল্লেখ কৰা সাতোটা প্রাথমিক ক্ষমতাবিশিষ্ট সমূহীয়া গোটৰ উপৰিও পৰৱৰ্তী অনুসন্ধানত দুটা বিশেষ প্রাথমিক মানসিক উপাদান চিনাক্ত কৰে। সেই দুটা হৈছে-

১। আগমন আৰু নিগমন যুক্তি [Inductive and Deductive Reasoning] আৰু 

২। সমস্যা সমাধান ক্ষমতা [Problem Solving Ability]

থাৰ্ষ্টোনে বিশ্বাস কৰিছিল যে যিকোনো এটা কার্য সম্পাদন কৰিবলৈ হ’লে বা এটা সমস্যা সমাধান কৰিবলৈ হ’লে আটাইকেইটা মানসিক ক্ষমতাৰ প্ৰয়োজন কেতিয়াবা আকৌ কোনো কামৰ বাবে ৯ টা মানসিক ক্ষমতাৰ ভিতৰত ২ টা বা তিনিটাহে অত্যন্ত দৰকাৰী। অৱশ্যে এটা কার্যত কোন কেইটা ক্ষমতাৰ প্ৰয়োজন হ’ব সেই কথা নিৰ্ভৰ কৰিব কামৰ প্ৰকৃতিৰ ওপৰতহে। উদাহৰণস্বৰূপে অংক শিকিবলৈ সংখ্যাজ্ঞান, আগমনাত্মক আৰু নিগমনাত্মক যুক্তিৰ প্রয়োজন অন্যান্য ক্ষমতা বা শক্তিতকৈ বেছি প্রয়োজন হয়।

থার্ষ্টোনে অৱশ্যে প্ৰথম অৱস্থাত প্ৰাথমিক ক্ষমতাসমূহৰ মাজত পাৰস্পৰিক সম্বন্ধ নাই বুলি কৈছিল যদিও পিছৰ উপাদান ফলাফলৰ বিশ্লেষণত এইবোৰৰ মাজত থকা পাৰস্পৰিক সম্বন্ধৰ স্পষ্ট লক্ষণ পৰিলক্ষিত হয়। প্রাথমিক গোটসমূহৰ পাৰস্পৰিক সম্বন্ধৰ মূলতে আছে আন এক প্ৰকাৰৰ উপাদান, যাক থাৰ্ষ্টোনে ‘দ্বিতীয় পৰ্যায়ৰ মানসিক উপাদান’ [Second Order General Factor] বুলি নামকৰণ কৰিছে। তেওঁৰ মতে প্রাথমিক মানসিক উপাদান [Second order General Factor] আৰু সমূহ উপাদানৰ গোটবিলাকৰ মাজৰ সম্বন্ধ ৰক্ষা কৰা সাধাৰণ উপাদানসমূহক দ্বিতীয় পৰ্যায়ৰ মানসিক উপাদান [Second Order General Factor] বোলা হয়।

থার্ষ্টোনৰ এই তত্ত্বৰ ব্যাৱহাৰিক দিশ উচ্চ মানসম্পন্ন সেয়ে ই বুদ্ধি পৰিমাপনৰ ক্ষেত্ৰত সন্তোষজনক ফল লাভ কৰিবলৈ সক্ষম হৈছে। উচ্চ ব্যাৱহাৰিক গুণৰ বাবেই এই তত্ত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিয়েই প্ৰায়বোৰ মানসিক যোগ্যতা অভীক্ষা প্রস্তুত কৰা হৈছে। থার্ষ্টোনৰ এই তত্ত্বৰ গুৰুত্ব মানসিক পৰিমাপনৰ ক্ষেত্ৰত যথেষ্ট কার্যকৰী বুলি বিবেচিত হৈছে। সেয়েহে থাৰ্ষ্টোনৰ এই তত্ত্বই মানসিক পৰিমাপনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য স্থান অধিকাৰ কৰি আহিছে।

14. থম্‌চনৰ প্ৰতিদর্শ সংগ্রহকৰণৰ তত্ত্বৰ বিষয়ে লিখা?

Write about the Thomson’s sampling theory of intelligence?

Ans:- প্রসিদ্ধ ব্ৰিটিছ মনোবিজ্ঞানী গডফ্রে থমচনে [Godfray Thomson] বিভিন্ন তাত্ত্বিক দৃষ্টিকোণক সমন্বয় সাধনকাৰী স্বৰূপে প্রতিদর্শ সংগ্রহকৰণ তত্ত্বটো আগবঢ়ায়। তেওঁ ১৯৩৯ চনতেই “The Factorial Analysis of Human Abilities” নামৰ যোগেদি এই দৃষ্টিভংগী দাঙি ধৰে। থমচনৰ মতে বুদ্ধিৰ কোনো একক শক্তি নাই; ই অসংখ্য মানসিক শক্তিকণাৰ সমষ্টিহে। তেওঁৰ মতে প্রত্যেকটো মানসিক শক্তি বা উপাদানৰে স্বকীয় বৈশিষ্ট্য আছে আৰু প্ৰত্যেকটোৰে ঠেক বা বহল নিৰ্দিষ্ট পৰিসীমা আছে। তদুপৰি এই উপাদানসমূহৰ মাজত এক এৰাব নোৱৰা পাৰস্পৰিক সম্পৰ্ক আছে। ইয়াক ইংৰাজীত ‘Bonds of The Mind’ বুলি কোৱা হয়৷ থমচনৰ মতে কোনো বৌদ্ধিক কার্য সম্পাদন কৰোঁতে এই উপাদানসমূহৰ পৰা প্ৰয়োজন অনুসৰি বিভিন্ন উপাদান নির্বাচন কৰিবলগীয়া হয়। এই নির্বাচিত উপাদানসমূহকে ‘নমুনা সংগ্রহ’ বা প্রতিদর্শ সংগ্ৰহ’ বা ‘Sample of Bond’ বোলা হয়। সেইবাবেই থম্‌চনৰ তত্ত্বক নমুনা সংগ্রহকৰণ তত্ত্ব বা প্রতিদৰ্শ সংগ্ৰহকৰণ তত্ত্বৰ বুলি কোৱা হয়। অসংখ্য উপাদানৰ মাজৰ পৰা কামৰ প্ৰকৃতি অনুযায়ী প্রয়োজনীয় উপাদানসমূহ নির্বাচন কৰিবলগীয়া হয় বাবেই এই তত্ত্বক আকৌ নির্বাচনমূলক তত্ত্ব বুলিও কোৱা হয়।

উল্লেখযোগ্য যে থমচনৰ এই তত্ত্বটিত বহুশক্তি তত্ত্বৰ অস্তিত্বক স্বীকাৰ কৰি লোৱা হৈছে। মনোবিদ থর্নডাইকেও এই তত্ত্বটোক বহুশক্তি তত্ত্ব বুলি মানি লৈছে। গতিকে, থমচন আৰু থনডাইকৰ তত্ত্বৰ দুটাক অভিন্ন বুলি ক’ব পাৰি।

15. গিলফৰ্ডৰ ত্ৰিমাত্ৰীয় আৰ্হিৰ সম্পৰ্কে লিখা?

Write about the Guilford’s three Dimensional Model of intelligence?

Ans:- জয় পল গিলফর্ড [Joy Paul Guilford] আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ কেৰ’লিনা বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল। তেওঁ বিভিন্ন বুদ্ধি পৰীক্ষাত কৰা উৎপাদন বিশ্লেষণৰ অভিজ্ঞতাৰে বুদ্ধিৰ ত্রিমাত্ৰীয় আৰ্হি তত্ত্বক দাঙি ধৰে। তেওঁ ১৯৫৬ চনৰ পৰা বুদ্ধি সম্পৰ্কে পৰীক্ষাগাৰত অধ্যয়ন, বিশ্লেষণ, সংশোধন আৰু বিকাশ সাধন কৰি ১৯৬৬ চনত ইয়াৰ সিদ্ধান্তক প্রকাশ কৰে।

গিলফৰ্ডে তেওঁৰ সহযোগীসকলৰ সৈতে বুদ্ধিৰ প্ৰকৃতি সম্পৰ্কে কৰা গৱেষণাৰ ফলতেই বুদ্ধিৰ ত্ৰিমাত্ৰীয় আৰ্হি তত্ত্বই জন্ম লাভ কৰে। এই তত্ত্ব অনুসৰি তিনিটা মূল পৰিসীমাযুক্ত [Three Basic Parameters] উপাদানৰ সমষ্টিয়ে হৈছে বুদ্ধি। গিলফৰ্ডৰ মতে যিকোনো বৌদ্ধিক কার্যতে তিনিটা উপাদান সন্নিৱিষ্ট হৈ থাকে। সেইকেইটা হৈছে –

(ক) বিষয়বস্তু [Content]

(খ) প্রক্রিয়া [Operation]

(গ) পৰিণাম [Product]

তেওঁ বুদ্ধিৰ গঠন সম্পৰ্কে দাঙি ধৰা আৰ্হিটো হৈছে তিনি পৰিসীমাযুক্ত ঘনক্ষেত্ৰ আকৃতিৰ ৷ এই তিনিটা পৰিসীমাক উল্লিখিত তিনিটা ভাগত ভাগ কৰিছে। ইয়াৰে আকৌ বিষয়বস্তুত ৪টা উপাদান, প্ৰক্ৰিয়াত ৫টা উপাদান আৰু পৰিণাম বা পৰিণতিত ৬টা উপাদান চিনাক্ত কৰা হৈছে। অর্থাৎ, কোনো বৌদ্ধিক কার্য সম্পাদন কৰোঁতে সৰ্বমুঠ ১২০টা উপাদান থাকিব পাৰে বুলি গিলফৰ্ডে মত পোষণ কৰে।

(ক) বিষয়বস্তু [Content] : বৌদ্ধিক উপাদানবোৰত চাৰিবিধ বিষয়বস্তু জড়িত হৈ থাকে। সেইকেইটা হৈছে—

১। আকৃতিমূলক [Figural]

২। প্রতীকমূলক [Symbolic]

৩। শব্দার্থমূলক [Semantic]

৪। আচৰণমূলক [Behavioural]

(খ) প্রক্রিয়া [Operation] : প্রক্রিয়া পাঁচ প্ৰকাৰৰ, যাৰ যোগেদি বৌদ্ধিক যোগ্যতা প্রয়োগ সম্ভৱ হয়। যেনে;

১। প্রজ্ঞান [Cognition]

২। স্মৃতি [Memory]

৩। অপসাৰী চিন্তন [Divergent Thinking]

৪। অভিসাৰী চিন্তন [Convergent Thinking]

৫। মূল্যায়ন [Evaluation]

(গ) পৰিণাম [Product] : কোনো এক প্ৰকাৰৰ বৌদ্ধিক কার্য সম্পাদন কৰিলে ছয় প্রকাৰে পৰিণাম বা পৰিণতি লাভ হয়। যেনে;

১। একক [Units]

২। শ্রেণী [Classes]

৩। সম্বন্ধ [Relations]

৪। প্রণালী [System]

৫। ৰূপান্তৰ [Translation]

৬। তাৎপর্য [Implications]

16. থনডাইকৰ বহু উপাদান তত্ত্বটো আলোচনা কৰা।

Discuss the thorndike’s Multifactor theory of intelligence?

Ans:- বুদ্ধিৰ বহু উপাদান তত্ত্বটোৰ জন্মদাতা হৈছে মার্কিন যুক্তৰাষ্ট্ৰৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক বিখ্যাত মনোবিজ্ঞানী এডৱাৰ্ড লি থনডাইক [Edward Le Thorndike]। তেওঁ তেওঁৰ বিখ্যাত গ্রন্থ The Measurement of Intelligence ৰ যোগেদি ১৯২৭ চনতেই বুদ্ধিৰ এই বহু উপাদান তত্ত্বটো দাঙি ধৰে। তেওঁ বুদ্ধিক সাধাৰণ মানসিক যোগ্যতা বা একক মানসিক যোগ্যতা বুলি স্বীকাৰ কৰা নাই। ইয়াৰ বিপৰীতে তেওঁ অসংখ্য ক্ষুদ্র ক্ষুদ্র মানসিক উপাদানৰ সমষ্টিকে বুদ্ধি বুলি কয়। এই উপাদানবোৰৰ অস্তিত্ব পৃথক আৰু স্বতন্ত্ৰ বিধৰ। এই উপাদানবোৰত এটাৰ লগত আনটোৰ কোনো সম্বন্ধ নাথাকে এনে নিজস্ব বৈশিষ্ট্যপূৰ্ণ উপাদানৰ উৎস হৈছে জৈৱিক আৰু স্নায়ৱিক যোগ্যতা। থনডাইকৰ মতে বুদ্ধিত কোনো সাধাৰণ উপাদানৰ প্ৰভাৱ নাথাকে। ইয়াৰ পৰিৱৰ্তে বুদ্ধিত অসংখ্য ক্ষুদ্র ক্ষুদ্র বিশেষ উপাদান আছে যিবোৰে নিজ অস্তিত্ব আৰু স্বকীয় বৈশিষ্ট্যক ৰক্ষা কৰি প্রয়োজন অনুসৰি একব্জিত হৈ বিশেষ মানসিক সম্পাদন কৰে। সেয়েহে বুদ্ধিৰ উপাদানবোৰৰ সূক্ষ্মতা, ভিন্নতা আৰু স্বতন্ত্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ এইবোৰক ‘এটমিক’ বা পাৰমাণৱিক উপাদান স্বৰূপে বর্ণনা কৰে। এনে বর্ণনাৰ ভিত্তিতে থনডাইকৰ বুদ্ধিৰ তত্ত্বটোক মানসিক শক্তিৰ পৰমাণু তত্ত্ব [Atomistic Theory] বুলিও কোৱা হয়।

থর্নডাইকে পুনৰ মত পোষণ কৰিছে যে কিছুমান কার্য সম্পাদন কৰোঁতে কিছুমান উপাদান সাধাৰণতে সকলো কার্যতে কেন্দ্রীভূত হৈ থাকে। এনেবোৰ উপাদানক একগোট হিচাপে ধৰি প্ৰত্যেককে পৃথক পৃথকভাৱে নামাকৰণ কৰিছে। যেনে;

১। ভাষিক অর্থ [Verbal Meaning]

২। গাণিতিক যুক্তি [Arithmetical Reasoning]

৩। বোধগম্যতা [Comprehensiveness], প্রত্যক্ষ আৰু

৪। উপলব্ধিমূলক সম্বন্ধ বিচাৰ ক্ষমতা [Visual and Perceptual Relation] ইত্যাদি।

থৰ্নডাইকে তেওঁৰ বহু উপাদান তত্ত্বত বৰ্ণনা কৰা বৈশিষ্ট্যসমূহ ব্যাৱহাৰিক দিশতকৈ চিত্তামূলক কার্যৰ বাবেহে বেছি উপযোগী বুলি মত পোষণ কৰে। তেওঁ বহু উপাদান নিহিত বুদ্ধিক পৰিমাপ কৰিবৰ বাবে ‘CAVD অভীক্ষা প্রস্তুত কৰে। ইয়াত তেওঁ চাৰিটা পৃথক উপাদানৰ গোটৰ বাবে চাৰিটা উপ-অভীক্ষা {Sub-test] তৈয়াৰ কৰে। সেইকেইটা হৈছে—

1। C — বাক্য সম্পূৰ্ণ [Sentence Completion]

2। A — গাণিতিক যুক্তি [Arithmetic]

3। V — শাব্দিক ক্ষমতা [Vocabulary]

4। D — নির্দেশনা অনুসৰণ [Following Direction]

17. বুদ্ধিক প্রভাৱিত কৰা বিভিন্ন দিশসমূহৰ বিষয়ে আলোচনা কৰা?

Ans:- ব্যক্তিৰ বুদ্ধি এক জন্মগত মানসিক শক্তি। এই বুদ্ধি বিভিন্ন উপাদানৰদ্বাৰা প্রভাবিত হ’ব পাৰে। যেনে —

১। বংশগতি [Heredity]

২। পৰিৱেশ [Environment]

৩। ঘৰ বা পৰিয়াল [Home] [

৪। বিদ্যালয় [School]

৫। সমাজ বা সম্প্রদায় [Community]

এই উপাদানকেইটাৰ সম্পৰ্কে তলত এক চমু আলোচনা দাঙি ধৰা হ’ল—

১। বংশগতি [Heredity] : বুদ্ধিৰ ফালৰ পৰা ব্যক্তিৰ ব্যক্তিত্ব নিৰ্ণয় কৰাৰ ক্ষেত্ৰত বংশগতিৰ প্ৰভাৱ যথেষ্ট গুৰুত্বপূৰ্ণ। বহু মনোবিজ্ঞানীয়ে বুদ্ধিৰ ওপৰত পৰিৱেশৰ কোনো বিশেষ প্ৰভাৱ নাই বুলি মত পোষণ কৰে। সমকোষী আৰু ভিন্নকোষী যমজ সন্তান, একে পিতৃ-মাতৃৰ সন্তান, একে পৰিয়ালৰ বাই-ভনী,ভাই-ককাই আদিৰ ওপৰত প্ৰয়োগ কৰা বুদ্ধি অভীক্ষাৰ ফলাফলৰ লগত বুদ্ধি অভীক্ষাৰ ফলাফল তুলনা কৰি দেখা গৈছে যে অভীক্ষাৰ্থীৰ মাজত বংশগতিৰ সমতা যিমান বেছি হয়, বুদ্ধি অভীক্ষাৰ ফলাফলো তাৰ ওচৰে-পাঁজৰে হয়।

২। পৰিবেশ [Environment] : বুদ্ধিৰ ওপৰত বংশগতিৰ প্ৰভাৱ বেছি বুলি ধৰি ল’লেও এনেকুৱা কিছুমান ক্ষেত্ৰ পোৱা যায় য’ত পৰিৱেশৰ বৈষম্যৰ বাবে বুদ্ধিৰ ক্ষেত্ৰতো পার্থক্য দেখা যায়। নিউমেন, ফিমেন আদি মনোবিজ্ঞানীসকলে চলোৱা পৰ্যবেক্ষণৰ পৰা দেখা হৈছে যে বহুক্ষেত্ৰত পৰিৱেশৰ বিভিন্নতাৰ বাবেই সমকোষী যমজ সন্তানৰ মাজত ১০ ৰ পৰা ২০ পইণ্ট পর্যন্ত বুদ্ধ্যাংক পার্থক্য থাকে। কোনো কোনো ক্ষেত্ৰত এই পার্থক্য ৩০ পইণ্ট পর্যন্ত পোৱা যায়।

আধুনিক মনোবিদসকলে সিদ্ধান্ত কৰে যে বুদ্ধিৰ বিকাশত বংশগতিৰ প্ৰভাৱ অনস্বীকার্য যদিও এই ক্ষেত্ৰত পৰিৱেৰো যথেষ্ট প্ৰভাৱ আছে। ১৯৩০ চনত নিউমেন, ফ্রিমেন হলজিনগাৰে একেটা পৰিৱেশতে ডাঙৰ-দীঘল আৰু পালিত হোৱা ৫০ টা ভিন্নকোষা যমজ আৰু ৫০ টা সমকোষী যমজ আৰু ভিন্ন পৰিৱেশত পালিত ১৯টা সমকোষী যমজৰ ওপৰত পৰ্যবেক্ষণ কৰি এটা সিদ্ধান্তত উপনীত হয় যে বুদ্ধিৰ বিকাশত কোনো কোনো ক্ষেত্ৰত বংশগতিৰ প্ৰভাৱ বেছি হয় আৰু কোনো কোনো ক্ষেত্ৰত পৰিৱেশৰ প্ৰভাৱেই বেছি হয়। উদাহৰণস্বৰূপে, কোনো এটা ভাল পৰিৱেশৰ লোক হোৱা সত্ত্বেও এটা ল’ৰাৰ বুদ্ধ্যাংক ৭০ তকৈ বেছি নহ’ল। এই ক্ষেত্ৰত বুজিব লাগিব যে বংশধাৰা পৰিৱেশৰ তুলনাত অধিক প্ৰভাৱশালী। ঠিক সেইদৰেই আকৌ ১০০ বুদ্ধাংকসম্পন্ন এজন ল’ৰাই ভাল পৰিৱেশৰ মাজত থকাৰ ফলত তাৰ বুদ্ধ্যাংক ১২০ বা ১৩০ লৈ বৃদ্ধি পালে। এই ক্ষেত্ৰত বুজিব লাগিব যে পৰিৱেশ প্ৰভাৱে বংশগতিক নিয়ন্ত্ৰিত আৰু পৰিৱৰ্তিত কৰি তুলিছে।

বুদ্ধিৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ সম্পৰ্কত মতভেদ থাকিলে ব্যক্তিত্বৰ অন্যান্য দিশসমূহৰ ওপৰত যে পৰিৱেশৰ প্ৰভাৱ যথেষ্ট গুৰুত্বপূৰ্ণ এই বিষয়ে আধুনিক মনোবিজ্ঞানীসকল একমত সাধাৰণতে দেখা যায় যে এখন উন্নত ঠাইত বসবাস কৰা, ডাঙৰ দীঘল হোৱা শিশুৰ মানসিক বিকাশ যিদৰে ঘটে, সমাজৰ আঁতৰত থকা শিশুৰ মানসিক বৈশিষ্ট্যসমূহৰ বিকাশ সেইদৰে নঘটে। গতিকে উপযুক্ত সামাজিক, সাংস্কৃতিক পৰিৱেশ নাপালে যে বুদ্ধিৰ বিকাশ হ’ব নোৱাৰে সেই কথা নিশ্চিত।

ইংলেণ্ডৰ কানাল বোটৰ ল’ৰা-ছোৱালী বা সুদূৰ পাৰ্বত্য অঞ্চলৰ অধিবাসীৰ ল’ৰা-ছোৱালীৰ যিবোৰে শৈশৱকালত উন্নত পৰিৱেশ নাপায় সেইসকলক পৰ্যবেক্ষণ কৰি দেখা গৈছে সে সাধাৰণ বুদ্ধিমাতাৰ ল’ৰা-ছোৱালীতকৈ তেওঁলোক যথেষ্ট পিছ পৰি থাকে।

আয়োৱা বিশ্ববিদ্যালযৰ শিশুৰ মংগল প্রতিষ্ঠানটোত শিশুৰ ওপৰত নাৰ্ছাৰী স্কুলৰ প্ৰভাৱ সম্পৰ্কে যি দীৰ্ঘদিনীয়া গৱেষণা চলোৱা হৈছিল, তাৰ পৰা এটা সিদ্ধান্তত উপনীত হোৱা যায় যে, যি সকল ল’ৰা-ছোৱালীয়ে নাৰ্ছাৰী স্কুলৰ সুনিয়ন্ত্ৰিত আৰু উন্নত পৰিৱেশৰ সুবিধা পায় সেইসকল তেনে সুযোগ-সুবিধাৰ পৰা বঞ্চিত হোৱা ল’ৰা-ছোৱালীৰ মানসিক দিশৰ তুলনাত বহু উন্নত হয়। এই সিদ্ধান্ত অনুসৰি পৰিৱেশৰ প্ৰভাৱ যে বুদ্ধিৰ ক্ষেত্ৰত কিমান গুৰুত্বপূৰ্ণ তাক বুজিব পাৰি।

ঘৰ বা পৰিয়াল [Home] : শিশু তথা ব্যক্তিৰ বুদ্ধিত ঘৰখনৰ প্ৰভাৱ তাৎপর্যপূর্ণ। ঘৰ বা পৰিয়াল বুলি কওঁতে শিশু পিতৃ-মাতৃ, ভাই-ভনী, আত্মীয় কুটুম সকলোকে বুজা যায়। ঘৰখনৰ পিতৃ-মাতৃ বা আন লোকসকলৰ বুদ্ধিৰ পৰিমাণ যদি বেছি হয় তেন্তে তেওঁলোকৰ সন্তানো বুদ্ধিয়ক হোৱাৰ সম্ভাৱনা থাকে। সাধাৰণতে দেখা যায়, উন্নত বুদ্ধিৰ মাক-দেউতাকৰ উন্নত বুদ্ধিসম্পন্ন ল’ৰা-ছোৱালীৰ জন্ম হয়। ঠিক সেইদৰে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ বৃত্তি, সামাজিক মর্যদা, জীৱন নিৰ্বাহৰ প্ৰণালী আদিয়েও শিশু তথা ল’ৰা-ছোৱালীৰ বুদ্ধিত প্ৰভাৱ পেলায়। যিখন ঘৰত সদায় সৃজনাত্মক, গঠনাত্মক, বৌদ্ধিক দিশৰ চিন্ত চৰ্চা থাকে, যিখন ঘৰে শিশুৰ বুদ্ধিৰ বিকাশৰ বাবে শিশু তথা ল’ৰা-ছোঁৱালীকবুদ্ধি প্রয়োগ কৰি সমাধান কৰিবলগীয়া সমস্যাৰ সন্মুখীন হোৱাৰ সুবিধা আৰু উৎসাহ দিয়ে তেনে ঘৰৰ ল’ৰা-ছোৱালী সাধাৰণতে বুদ্ধিয়ক হয়। বুদ্ধি প্রয়োগ কৰি কৰিব পৰা কামবোৰ কৰিবলৈ ল’ৰা-ছোৱালীক সুবিধা দিলে, তেওঁলোকক মুক্ত আৰু স্বতঃস্ফূর্তভাৱে সেইবোৰ কৰাৰ সুবিধা দিলে তেওঁলোকে সেইবোৰ নিজাববীয়াকৈ সমাধান কৰিবলৈ যাওঁতে নতুন নতুন বুদ্ধি প্ৰয়োগ কৰিব লগীয়া হয়। এনে পৰিৱেশত ল’ৰা-ছোৱালীৰ বুদ্ধিৰ বিকাশ সম্ভৱ হৈ উঠে। ইয়াৰ বিপৰীতমুখী ঘৰত ল’ৰা-ছোৱালীৰ বুদ্ধিৰ বিকাশ হ’ব নোৱাৰে।

বিদ্যালয় [School] : ল’ৰা-ছোৱালীৰ বুদ্ধিৰ বিকাশত বিদ্যালয়ৰ প্ৰভাৱো মন কৰিবলগীয়া। উপযুক্ত বিদ্যালয়ত ল’ৰা-ছোৱালীৰ বুদ্ধিৰ বিকাশ সম্ভৱ হয়। আয়োৱা বিশ্ববিদ্যালয় শিশুমংগল প্রতিষ্ঠানটিত শিশুৰ ওপৰত নাৰ্ছৰী স্কুলৰ প্ৰভাৱ সম্পৰ্কত এক দীর্ঘদিনীয়া গৱেষণা চলোৱা হৈছিল। এই গৱেষণাৰ পৰাই এটা সিদ্ধান্ত কৰিব পৰা হৈছিল যে যি সকল ল’ৰা-ছোৱালীয়ে নাৰ্ছাৰী স্কুলৰ উন্নত আৰু নিয়ন্ত্ৰিত পৰিৱেশ পাইছে সেইসকল তেনে পৰিৱেশৰ পৰা বঞ্চিত ল’ৰা-ছোৱালীতকৈ মানসিক শক্তিৰ ক্ষেত্ৰত যথেষ্ট উন্নত হয়। সাধাৰণতে দেখা যায় যে এখন সাধাৰণ স্কুলত শিক্ষা আহৰণ কৰা ল’ৰা-ছোৱালীতকৈ এখন উন্নত স্কুলত শিক্ষ আহৰণ কৰা ল’ৰা-ছোৱালীৰ বুদ্ধি যথেষ্ট উন্নত হয়। গতিকে স্কুলৰ প্ৰভাৱ বুদ্ধিৰ ক্ষেত্ৰত যে যথেষ্ট পৰিমাণে পৰে তাত কোনো সন্দেহৰ থল নাই।

সমাজ বা সম্প্রদায় [Community] : ল’ৰা-ছোৱালীৰ বুদ্ধিৰ ক্ষেত্ৰত সমাজৰ প্ৰভাৱো যথেষ্ট তাৎপর্যপূর্ণ। এখন স্কুল, উন্নত ধ্যান-ধাৰণা, ভাব-অনুভূতি, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, ভাষাসংস্কৃতি, সামাজিক গোট স্থাপন, বিবাহ, উৎসৱ-পাৰ্বণ, পূজা-পাতল আদি ব্যৱস্থাই সমাজৰ ল’ৰা-ছোৱালীৰ মানসিক শক্তিৰ উৎকর্ষ সাধনত যথেষ্ট প্ৰভাৱ পেলায়। সেয়ে এখন উন্নত সমাজৰ ল’ৰা-ছোৱালীবোৰৰ ধ্যান-ধাৰণা, চিন্তা-চৰ্চাও উন্নত মানদণ্ডৰ হয়। যিমানে সমাজত বসবাস কৰা লোকসকলৰ সামাজিক মর্যদা, বৃত্তি আদি উন্নত আৰু অনুকৰণীয় বিধৰ হয়, ধ্যান-ধাৰণা, চিন্তা আদি সৃষ্টিমূলক আৰু গঠনাত্মক হয় সেইখন সমাজৰ ল’ৰা-ছোৱালীবোৰেও সেইবোৰ শিকিবলৈ সুবিধা পায় আৰু সেইবোৰৰ আলমতে নতুন উদ্ভাৱনৰ বাবে চিন্তা কৰিব পাৰে আৰু বুদ্ধিৰ প্ৰয়োগেৰে নতুন সৃষ্টিত অৱদান আগবঢ়াব পাৰে আৰু সমাজক প্ৰগতিৰ দিশত আগুৱাই নিব পাৰে। আনহাতে পৰম্পৰাগত অন্ধবিশ্বাসক অনুকৰণ কৰা এখন সমাজৰ ল’ৰা-ছোৱালীৰ বুদ্ধিৰ বিকাশ বিচৰা মতে সম্ভৱ হৈ নুঠে । গতিকে এটা কথা স্পষ্ট যে সামাজিক পৰিৱেশ, সামাজিক মানদণ্ড আদিয়েও সেই সেই সমাজৰ ল’ৰা-ছোৱালীৰ বৌদ্ধিক, মানসিক দিশৰ সুস্থ বিকাশত যথেষ্ট প্ৰভাৱ পেলায়।

18. সৃজনশীলতাৰ কি? What is Creativity.

Ans:- ‘শুনিবলৈ সহজ যেন লাগিলেও এটা নিৰ্দিষ্ট সংজ্ঞাৰে বৰ্ণনা দিবৰ বাবে ‘সৃজনশীলতা’ দৰাচলতে এটা জটিল ধাৰণা। বিশ্ববিশ্রুত পদার্থ-বিজ্ঞানী এলবাট আইনষ্টাইনে আপেক্ষিকতাবাদৰ সূত্ৰ উদ্ভাৱন কৰাটোও এক প্ৰকাৰ সৃজনশীলতা আৰু আনহাতে, ঘৰত গৃহিনীয়ে কোঠাত আগৰ চকী-মেজ-পদাখিনিকে সম্পূর্ণ নতুন এক ধৰণেৰে সজোৱাটোও সৃজনশীলতা। অৱশ্যে সৃজনশীলতাৰ এই দুয়োটা উদাহৰণৰ মাজত বহু পৰিমাণৰ, গুণগত পার্থক্য আছে। একেখিনি শব্দৰ পৰাই বিভিন্ন কবিতা ৰচনা কৰা, একেখিনি ৰঙৰ পৰাই বিভিন্ন চিত্ৰ নিৰ্মাণ কৰা, একেখিনি সূতাৰ পৰাই কাপোৰত বিভিন্ন প্ৰকৃতিৰ ফুলবছা, একে কেইটা মৌলিক সুৰৰ পৰাই বিভিন্ন সংগীত ৰচনা কৰা আদি কাৰ্য সৃজনশীলতাৰ উদাহৰণ। কিন্তু সাধাৰণ স্তৰৰ এজন কবি বা চিত্ৰকৰ বা সংগীতজ্ঞ বা এগৰাকী শিপিনীক কার্যত আমি উচ্চ পৰ্যায়ৰ সৃজনশীলতা দেখিবলৈ নাপাওঁ; তেওঁলোকে গতানুগতিক চিন্তাৰেই মাত্র সামান্যভাৱে নতুন কিবা এটা সৃষ্টি কৰিবলৈ সক্ষম হয়। আনহাতে, পৃথিবীৰ বিভিন্ন সময়ত অনেক প্রতিভাবান ব্যক্তিয়ে সাহিত্য, দর্শন, বিজ্ঞান, সংগীত, সুকুমাৰ কলা, আদিৰ ক্ষেত্ৰত এনে কিছুমান কাম কৰি গৈছে যিবিলাকৰ স্থানসৃজনশীলতাৰ মাপকাঠিৰে সদায় উচ্চ শিখৰত। এই সকল সৃজনশীল লোকৰ জীৱনী অধ্যয়ন কৰিলে দেখা যায় যে এওঁলোকে গভীৰভাৱে চিন্তাশীল। যি চিন্তনৰ ফলস্বৰূপে গতানুগতিকতাৰ পৰিৱৰ্তে নতুন আৰু মৌলিক কথাৰ উৎপত্তি হয় সেই চিন্তনেই হ’ল সৃজনশীলতা।

19. সৃজনশীলতাৰ স্তৰসমূহ কি কি? Discuss the steps of creativity?

Ans:- মানৱ জীৱনৰ বিভিন্ন ক্ষেত্ৰত সাৰ্থকভৱে সৃজনশীল প্ৰতিভা প্ৰদৰ্শন কৰা লোকসকলৰ কাৰ্যকলাপ সূক্ষ্মভাৱে বিশ্লেষণ কৰি চালে উপলব্ধি কৰিব পাৰি যে প্ৰায় প্ৰতিটো সৃজনশীল কার্যতে চাৰিটা স্পষ্ট স্তৰ সন্নিষ্টি হৈ থাকে। এই স্তৰকেইটা তলত বৰ্ণনা কৰা হৈছে

১। প্রস্তুতি [Preparation] : তুলনামূলকভাৱে ওপৰে ওপৰে চালে দেখাত গুৰুত্বহীন যেন লগা কোনো এক নির্দিষ্ট বিষয়বস্তু অধ্যয়ন বা অনুসন্ধানৰ বাবে উপযুক্ত বুলি ঠাৱৰ কৰা। কবিতা লিখিবৰ বাবে, সংগীত ৰচনাৰ বাবে বা সেইদৰে ছবি আঁকিবৰ বাবে কোনো এটা বিষয় মনৰ কল্পনাতে বাচি উলিওৱা ।

আহাৰ দেখা বা আহাৰৰ গোন্ধ পোৱাৰ আগতেই কেৱল আহাৰ কঢ়িয়াই অনা মানুহজনৰ খোজৰ শব্দ শুনিয়েই কুকুৰৰ মুখত লালটি ওলোৱাটো ৰুছ চিকিৎসক পেভলতে অধ্যয়নৰ এক গুৰুত্বপূৰ্ণ বিষয় বুলি চিনাক্ত কৰিছিল। পকি গছৰ পৰা তললৈ সৰি পৰা আপেলটো লক্ষ্য কৰি ইংৰাজ পদার্থবিধ নিউটনে মাধ্যাকর্ষণক অধ্যয়নৰ এক বিষয়বস্তু হিচাপে গ্ৰহণ কৰিছিল। ঠিক সেইদৰে কণ কণ শিশুৰ আচৰণ পৰ্যবেক্ষণ কৰি শিশুকালতে যৌন জীৱন আৰম্ভ হয় বুলি অষ্ট্ৰিয়াৰ মনোৰোগ চিকিৎসক ফ্ৰয়ডে সিদ্ধান্ত কৰিছিল। এই তিনিও উদাহৰণতে আমি দেখিবলৈ পাওঁ যে অধ্যয়নৰ বাবে একোটা সম্পূর্ণ নতুন ক্ষেত্র ব্যক্তিজনে পোণ প্ৰথম বাৰৰ বাবে নিজে বাট কাটি উলিয়াইছে। ইয়েই হ’ল পৃস্তুতি। বিজ্ঞান, সাহিত্য, সুকুমাৰ কলা, প্রযুক্তিবিদ্যা আদি সকলো ক্ষেত্ৰৰপৰাই প্ৰস্তুতৰ আৰু অনেক উদাহৰণ দাঙি ধৰিব পাৰি।

২। সুপ্তাৱস্থা [Incubation] : অধ্যয়নৰ বাবে উপযুক্ত বুলি নিৰ্দ্ধাৰণ কৰা বিষয়বস্তুক মনতে পাগুলি থকা, খাওঁতে, যাওতে, বহোতে, শোওতে একেটা কথাকে বিভিন্ন দিশৰপৰা বিবেচনা কৰা, একেটা কথাকে বিভিন্ন উপাদানৰ বৈশিষ্ট্য মনৰ ভিতৰতে তুলনা কৰা, একেটা কথাকে লুটিয়াই ‘বগৰাই তাৰ আটাইবিলাক দিশৰ সম্ভাব্য তাৎপর্য বুজিবলৈ চেষ্টা কৰা।

ওপৰত বৰ্ণনা বা এইবিলাক প্রক্রিয়া সফল নহ’লে ব্যক্তিয়ে সমস্যা সমাধানৰ চেষ্টা সচেতন মনৰপৰা ত্যাগ কৰে, কিন্তু এই চেষ্টা তেওঁৰ অৱচেতন মনত পূর্ণোদ্যম চলি থাকে। আন কথাত ক’বলৈ গ’লে, ব্যক্তিৰ প্ৰচেষ্টাই এক সুপ্তাৱস্থা লাভ কৰে। অৱচেতন মনত যে আমাৰ বহুতো প্রচেষ্টা আপোনা আপুনি চলি থাকে সেই কথা আমি (সৃজনশীল হওঁয়েইবা বা নহওঁৱেই) সঁকলোৱেই উপলব্ধি কৰিব পাৰোঁ। কেতিয়াবা সেই চেষ্টা চেতন মনৰপৰা পৰিহাৰ কৰোঁ। কিন্তু কিছু সময়ক পাছত দেখা যায় যে মনত পেলাবলগীয়া কথাটো আপোনা আপুনি আমাৰ মনলৈ আহিছে। এই কথাই ইয়াকে প্রমাণ কৰে যে অৱচেতন মনত চলি থকা প্রচেষ্টা কৃতকার্য হ’লে শুদ্ধ উত্তৰটো অৱচেতন মনে চেতন মনলৈ আগবঢ়াই দিয়ে। অৱচেতন মনত চলি থকা প্ৰচেষ্টাই হ’ল সুপ্তাৱস্থা। সুপ্তাৱস্থা বৰ বেছি দীঘলীয়া হ’লৈ কেতিয়াবা আমি তাৰপকা লাভৱান হ’বলৈ অপাৰগ হওঁ। উদাহৰণস্বৰূপে পৰীক্ষাৰ উত্তৰকাকত দাখিল কৰাৰ পাছত পৰীক্ষাৰ্থীৰ বহুতো নতুন কথা মনত পৰে, বক্তৃতা শেষ কৰাৰ পাছত বক্তাজনে কথাখিনি আৰু বেছি সুন্দৰকৈ জুকিয়াওৱাৰ ধৰণৰ আৱিষ্কাৰ কৰে। কিন্তু এনে ‘চোৰ গলে বুদ্ধি, বৰষুণ গ’লে জাপি’ৰ কোনো উপাকাৰিতা নাই।

৩। প্ৰেৰণা [Inspiration] : মনতে ভাবি থকা বা চেতন মনৰ সাময়িকভাৱে পৰিহাৰ কৰা বিষয়বস্তুৰ বা সমস্যাৰ এক উপযুক্ত সমাধান অতর্কিতে মনত উদয় হোৱা। লিখিম বুলি ভাবি থকা কিতাপখনৰ, ৰচিম বুলি ভাবি থকা কবিতাটোৰ বা আঁকি বুলি ভাবি থকা ছবিখনৰ বিভিন্ন দিশ, বিভিন্ন বৈশিষ্ট্য বানপানীৰ ঢল অহাদি মনলৈ অহা।

গ্রীক বিজ্ঞানী আর্কিমিডিচে ৰজাই সমাধান কৰিবলৈ দিয়া এক সমস্যাৰ উপযুক্ত উত্তৰ গা ধুই থকা অৱস্থাতে মনৰ মাজত বিচাৰি পাইছিল আৰু গা ধোৱা চৰিয়াৰ পৰাই তেওঁ ‘ইউৰেকা, ইউৰেকা’ (অর্থাৎ পালোঁ; পালোঁ) বুলি চিঞৰি বাজপ্রাসাদলৈ লৰ ধৰিছিল। সেইদৰে কেকিউলে [Kekule] নামৰ কসায়নবিদজনে সপোনতে বেনজিনৰ ৰাসায়নিক গঠনৰ প্ৰকৃতি উপলব্ধি কৰিছিল। হাউচমেন নামৰ কবিয়ে নিজেই কৈছিল যে বেছিভাগ কবিতা তেওঁৰ মনত সম্পূর্ণ কবিতা আকৃতিতে উদয় হৈছিল। উপযুক্ত পৰিবেশত বীজ অংকুৰিত হোৱাৰ দৰে জ্ঞান আৰু অভিজ্ঞতাৰে ভৰপুৰ চিন্তাশীল ব্যক্তিৰ উৰ্বৰ মস্তিষ্কত নতুন সমস্যাৰ সমাধানে আপোনা-আপুনি থিত লয়।

৪। সাব্যস্তকৰণ [Reverie] : মনলৈ অহা ভাৱ আৰু ধ্যানধাৰণাক বাস্তৱত ৰূপ দিয়া, অভিনৱ পন্থা প্ৰয়োগ কৰি সমস্যা সমাধান কৰা, মনত খেলোৱা নতুন পদ্ধতি অনুযায়ী কবিতা লিখা বা চিত্ৰ অঁকা, মনত উদয় হোৱা ভাৱ অনুসৰি পূৰণা সামগ্ৰীক নতুন ধৰণেৰে সজাই নতুন ৰূপ দিয়া। আন কথাত ক’বলৈ গ’লে, তৃতীয় স্তৰত অতর্কিতে পোৱা প্ৰেৰণাৰ সত্যতা প্রমাণ কৰি তাক বাস্তৱত ৰূপ দিয়া।

20. সৃজনশীলতা আৰু বুদ্ধিৰ মাজৰ সম্বন্ধ কি? What are the relations between creativity and intelligence?

Ans:- মানুহৰ বুদ্ধি আৰু সৃজনশীলতা আদি সংলক্ষণ জুখিবৰ বাবে মনোবিদসকলে আজিকালি ভালেমান অভীক্ষা নিৰ্মাণ কৰি উলিয়াইছে। এইবিলাক অভীক্ষাত ব্যক্তিয়ে লাভ কৰা নম্বৰকে সেইসকল ব্যক্তিৰ বুদ্ধি, সৃজনশীলতা আদিৰ পৰিমাণ বুলি গণ্য কৰা হয়। গতিকে সৃজনশীলতা আৰু বুদ্ধিৰ মাজৰ সম্বন্ধৰকথা ক’বলৈ যাওঁতে প্ৰকৃততে এই দুই অভীক্ষাত লাভ কৰা নম্বৰৰ মাজৰ সহসম্বন্ধৰ কথাহে ক’বলৈ বিচৰা হৈছে। বিভিন্ন গোটৰ ওপৰত মনোবিদসকলে বুদ্ধি আৰু সৃজনশীলতাৰ অভীক্ষা প্ৰয়োগ কৰি এই দুই, সংলক্ষণৰ মাজৰ সম্বন্ধ বুজিবলৈ চেষ্টা কৰি আহিছে। এতিয়ালৈকে কৰা গৱেষণাৰপৰা বুদ্ধি আৰু সৃজনশীলতাৰ মাজত থকা সহসম্বন্ধ প্রকৃতি আৰু পৰিমাণ সম্বন্ধে তেখেতসকলে এতিয়াও এক বিবাদবিহীন সন্তোষজনক সিদ্ধান্তত উপনীত হ’ব পৰা নাই। নিম্ন বুদ্ধিসম্পন্ন আৰু উচ্চ বুদ্ধিসম্পন্ন দুয়োবিধ ব্যক্তিৰ মাজতেই সৃজনশীলতাৰ অৱস্থিতি দেখা পোৱা যায়। এই সন্দৰ্ভত বুদ্ধি আৰু সৃজনশীলতা জুখিবৰ বাবে ব্যৱহাৰ হোৱা অভীক্ষাই দুই এটা মৌলিক পার্থক্যৰ কথা উনুকিয়াব পাৰি।

বুদ্ধি অভীক্ষাত সন্নিৱিষ্ট হোৱা প্ৰশ্ন পদবিলাকৰ উত্তৰ কৰিবৰ বাবে অভিসাৰী চিন্তনৰ আৱশ্যক হয়, অর্থাৎ অভীক্ষাৰ্থীয়ে প্ৰতিটো প্ৰশ্নৰ শুদ্ধ উত্তৰটোত উপনীত হ’বলৈ চেষ্টা কৰিবলগীয়া হয়। এনে অভীক্ষাত অপসাৰী চিন্তনৰ কোনো প্রয়োজন নাই। আনহাতে, সৃজনশীলতা অভীক্ষাত সন্নিৱিষ্ট হোৱা প্ৰশ্নপদে অভীক্ষাৰ্থীৰ অপসাৰী চিন্তনৰ জোখ ল’বলৈ বিচাৰে; এনে অভীক্ষাই অভীক্ষাৰ্থীৰপৰা এটা শুদ্ধ উত্তৰ দাবী কৰাৰ পৰিবৰ্তে বিভিন্ন সম্ভাব্য উত্তৰ দাবী কৰে। গতিকে ইয়াৰপৰা দেখা যায় যে বুদ্ধি আৰু সৃজনশীলতাৰ অভীক্ষাই দুটা বিপৰীত সামৰ্থ জুখিবলৈ চেষ্টা কৰে। এইখিনিতে কোনোবাই অৱশ্যে প্রশ্ন তুলিব পাৰে যে গিলফার্ডে কোৱাৰ দৰে অভিসাৰী আৰু অপসাৰী চিন্তন দৰাচলতে দুটা পৰস্পৰ বিৰোধী গুণ হয় জানো? নে ইহঁত দুয়োটা একেটা মৌলিক গুণৰে দুটা ভিন ভিন প্রকাশহে মাত্র? এনেবিলাক প্ৰশ্নৰ সদুত্তৰ পাবৰ বাবে অধিক অনুসন্ধানৰ প্ৰয়োজন।

বুদ্ধি আৰু সৃজনশীলতা অভীক্ষাৰ পাৰ্থক্যৰ ক্ষেত্ৰত আৰু এটা গুৰুত্বপূৰ্ণ দিশলৈ আমাৰ দৃষ্টি আকৰ্ষিত হয়। বুদ্ধি অভীক্ষা ধৰাবন্ধা সময়সীমা আৰু কটকটীয়া নীতি-নিয়মৰ মাজত আবদ্ধ থাকি পৰিচালনা কৰা হয়। কিন্তু এনে পৰিবেশত অপসাৰী চিন্তনে বিকাশ লাভ কৰিবলৈ সক্ষম নহয় আৰু সেইবাবে এনে অভীক্ষাত অভীক্ষাৰ্থীৰ সৃজনশীল গুণ অৱদমিত হৈ থাকিবলৈ বাধ্য হয়। সৃজনশীলতা আৰু বুদ্ধি অভীক্ষা পৰিচালনা কৰিবৰ বাবে আচলতে বেলেগ বেলেগ ধৰণৰ পৰিবেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰা দৰকাৰ।

১৯৬২ চনত গেজেচ [J. Getzels] আৰু জেকচন [P. Jackson] নামৰ দুজন আমেৰিকান মনোবিদে ভালেমান ছাত্রছাত্ৰীৰ ওপৰত বুদ্ধি আৰু অৱসাৰী চিন্তনৰ অভীক্ষা প্ৰয়োগ কৰি ছাত্র-ছাত্রীবিলাকক দুভাগ কৰিছিল :

(ক) বুদ্ধিত নিম্ন কিন্তু অপসাৰী চিন্তনত উচ্চ নম্বৰ।

(খ) বুদ্ধিত উচ্চ কিন্তু অপসাৰী চিন্তনত নিম্ন নম্বৰ।

মনোবিদ দুজনে দেখিবলৈ পাইছিল যে এই দুই দলৰ ছাত্ৰছাত্ৰীসকলে বিদ্যালয়ৰ বিভিন্ন বিষয়ব পৰীক্ষাত লাভ কৰা নম্বৰৰ মাজত কোনো গুৰুত্বপূৰ্ণ পাৰ্থক্য নাই। অৱশ্যে দুয়োটা দলৰ ছাত্ৰছাত্রীবিলাকৰ মাজত আন কিছুমান চাৰিত্ৰিক পার্থক্য নথকা নহয়। উদাহৰণস্বৰূপে, তেখেতসকলে দেখিবলৈ পাইছিল যে প্ৰথমটো দলৰ অৰ্থাৎ অপসাৰী চিন্তনত উচ্চ নম্বৰ পোৱা দলৰ ছাত্ৰ ছাত্রীবিলাক কম বিধিগামী [Less conformist], শিক্ষক-শিক্ষয়িত্ৰীৰ ওচৰত কম জনপ্ৰিয় [Less popular with teachers], আৰু অধিক ৰসবোধসম্পন্ন [With a greater sense of humour]

21. সৃজনীলতাৰ বিকাশৰ বাবে শিক্ষাৰ ভূমিকাৰ বিষয়ে লিখা? Write about the role of education for development of creativity?

Ans:- ১। শিক্ষাৰ গতানুগতিকতা পৰিহাৰ : পৰম্পৰাগত শিক্ষাদান পদ্ধতি, শিক্ষকৰ দমনমূলক আৰু নিয়ন্ত্রণমূলক নীতিনিয়মে তথা অনুশাসন ব্যৱস্থাই শিক্ষার্থীক যান্ত্রিক, নতুনত্বহীন কৰি তোলে। ফলত এইবোৰে শিক্ষাৰ্থীৰ নিজস্ব প্ৰতিভাৰ সুস্থভাৱে বিকাশ কৰাত বাধাস্বৰূপ হৈ উঠে। সেয়ে শিক্ষকে শিক্ষাৰ্থীৰ সৃজন ক্ষমতাৰ সুস্থ, মুক্ত, গতিশীল আৰু নতুনৰ সৃষ্টি কৰিব লাগে।

২। মৌলিকতাত উৎসাহ প্রদান Encouraging on Originality] : শিক্ষক তথা বিদ্যালয় কর্তৃপক্ষই সৃজন ক্ষমতাসম্পন্ন শিক্ষাৰ্থীৰ ওপৰত নিজৰ ভাব-চিন্তাক বলপূর্বকভাৱে আৰু একপক্ষীয়ভাৱে আৰোপ কৰিব নালাগে। শিক্ষকে যিমান দূৰ সম্ভৱ যুক্তিহীন অনুকৰণ কৰোৱা, যান্ত্ৰিক স্মৃতি প্ৰয়োগ কৰা, তথ্যভিত্তিক জ্ঞান প্রদান আদি অৱস্থাবোৰ পৰিহাৰ কৰিব লাগে। কিয়নো এনে অৱস্থাই শিক্ষাৰ্থীৰ সৃজনশীল ক্ষমতাৰ বিকাশত হেঙাৰৰূপে থিয় দিব পাৰে। সেয়ে শিক্ষকে শিক্ষাৰ্থীৰ সৃজন ক্ষমতাক প্ৰয়োগ কৰি বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলৈ আৰু তাৰ বাস্তৱ সমাধানৰ উপায় নিৰীক্ষণ কৰিবলৈ উৎসাহ প্রদান কৰিব লাগে।

৩। কল্পনাৰ প্ৰসাৰত উৎসাহ প্রদান [Encouraging on Span of Imagination] : শিক্ষাৰ্থীৰ সৃজনশীলতাৰ বিকাশ সম্ভৱ কৰি তোলে তেওঁলোকৰ কল্পনাৰ মাজেৰে। কল্পনাৰ প্ৰসাৰ ঘটিলেহে শিক্ষাথথীয়ে নতুন সৃষ্টিক নিজকে নিয়োগ কৰিব পাৰে। কল্পনাৰ জৰিয়তেহে শিক্ষাৰ্থীয়ে নতুন পথ তথা নতুন দিশৰ সন্ধান পায়। গতিকে, শিক্ষার্থীয়ে যাতে গঠনাত্মক কল্পনাহে ব্যৱহাৰ কৰে আৰু ধ্বংসাত্মক কল্পনাক প্রশ্রয় নিদিয়ে তাৰ বাবে শিক্ষকে বিশেষ যত্ন ল’ব লাগে। শিক্ষার্থীয়ে যাতে প্রয়োগমূলক আৰু সৌন্দৰ্যমূলক ‘কল্পনা কৰিব পাৰে তাৰ বাবে গল্প, উপন্যাস লেখা, কবিতা লেখা, ছবি অঁকা, সৌন্দর্যমূলক বা শিল্পমূলক বস্তু সৃষ্টি কৰা আদি কামবোৰ কৰিবলৈ দিব লাগে।

৪। আত্ম-শিক্ষাৰ সুবিধা দান [Providing Situation for Self-learning] : শিক্ষকে শিক্ষাৰ্থীৰ সৃজন ক্ষমতা বিকশাই তুলিবৰ বাবে শিক্ষাৰ পৰিৱেশক অধিক আকর্ষণীয় আৰুপ্ৰণোদনমূলক কৰি তুলিব লাগে ৷ইয়াৰ বাবে শিক্ষকে অধ্যয়নসূচী আৰু কাৰ্যসূচীক উপযুক্তভাৱে প্ৰস্তুত কৰিব লাগে, শ্রেণীকক্ষত আনন্দময় আৰু অনুভূতি আদান-প্ৰদানৰ স্থান হিচাপে গঢ়ি তুলিব লাগে। শিক্ষাৰ্থীৰ আত্ম-শিকনৰ বাবে প্ৰয়োগশালা আৰু কৰ্মশালাবোৰক নিৰীক্ষণ, পৰীক্ষণ আৰুনতুনৰ উদ্ভাৱনমূলক স্থল হিচাপে ব্যৱহাৰ কৰিব লাগে। শিক্ষাৰ্থীৰ সৃজনশীলতাৰ চিনাক্তকৰণ আৰু আত্ম-প্ৰকাশৰ সুবিধা দানৰ বাবে বিভিন্ন সহ-পাঠ্যক্রমিক কাৰ্যাৱলীৰ ব্যৱস্থা কৰিব লাগে।

৫। খেলা-ধূলাত উৎসাহ প্রদান [Encouraging on Play] : শিক্ষকে শিক্ষার্থীক খেলা-ধূলা কৰা, ফুৰা-চকা কৰা আদিৰ প্ৰতি উৎসাহ যোগাব লাগে। শিশুৱে খেলা-ধূলাৰ বস্তু সংগ্ৰহ কৰা,বালি ঘৰ সজা, ফল-মুল গোটাই সজাই পৰাই ভালপোৱা, ডাঙৰক অনুকৰণ কৰি নিজকে মাক-বাপেক, শিক্ষক, চিকিৎসক আদি সজাই কৰা ধেমালিবোৰক উৎসাহ যোগাব লাগে। কাৰণ এনে খেলধেমালিয়ে শিশুৰ কল্পনাপ্ৰৱণতাৰ পৰিচয় দিয়ে, যি সৃষ্টি প্রতিভা বিকাশৰ কটকটীয়া স্বৰূপ হৈ উঠিব পাৰে।

৬। শিল্পী মন বিকাশ ঘটোৱা [Development of Artistic] : শিক্ষাৰ্থীৰ সৃজন ক্ষমতাৰ বিকাশৰ বাবে শিল্পী মনৰ বিকাশ ঘটোৱাতো অত্যন্ত দৰকাৰী। শিক্ষকে (অভিভাৱকে) বিভিন্ন ৰঙৰ কাগজেৰে নানা তৰহৰ ছবি আঁকিবলৈ বস্তু সাজিবলৈ দির লাগে, বোকামাটি, বীহৰ কাঠি আদি গোটাই ল’ৰা- ছোৱালীয়ে নিজে ভাল পোৱা বস্তু সাজিবলৈ দিব লাগে। এনে কৰিলে ল’ৰা-ছোৱালীৰ শিল্পী মনৰ বিকাশ ঘটাৰ লগতে তেওঁলোকৰ অন্তর্নিহিত সৃষ্টি প্ৰৱণতাৰো বিকাশ ঘটিব।

৭। নৈতিক অভ্যাস গঠন [Formation of Moral Habit] : সৃজনশীল তথা প্রতিভাশালী শিক্ষাৰ্থীৰ মনত কিছুমান নৈতিক আদর্শ, মূল্যবোধ আদি গঢ়ি তোলাৰ লগতে সেইবোৰৰ অভ্যাস গঠন কৰিবলৈ উৎসাহ যোগাব লাগে। শিক্ষকে শিক্ষাৰ্থীক ক্ৰিয়াৰ অধ্যৱসায়, অবিৰত প্রচেষ্টা, আত্মবিশ্বাস, আত্মনিৰ্ভৰশীলতা, কষ্ট সহিষ্ণুতা, পৰিশ্ৰমিতা, নিয়মানুবর্তিতা আদি গুণবোৰৰ অভ্যাস গঠন কৰাব লাগে। এনে অভ্যাস প্রতিবন্ধকতাক হেলাৰঙে অতিক্রম কৰাত সহায়ক হৈ উঠিব পাৰে।

৮। সৃষ্টিশীলপ্ৰৱণতা সক্ৰিয়কৰণ [Activation of the Creative] : সৃজনশীল প্রতিভাৰ অধিকাৰী শিক্ষাৰ্থীৰ সৃজনশীল প্ৰৱণতাক সজীৱ আৰু সক্ৰিয় কৰি তুলিবৰ বাবে শিক্ষকে কিছুমান বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব লাগে। শিক্ষাৰ্থীৰ সৃজন ক্ষমতা আৰু সম্ভাৱনীয়তাৰ ওপৰত শিক্ষকে আস্থা আৰু নিষ্ঠাৰ ভাব প্রকাশ কৰিব লাগে। শিক্ষকে সৃষ্টিশীল কলা, বিজ্ঞান, কাৰিকৰী আদি বিখ্যাত প্ৰতিষ্ঠানসমূহ ভ্ৰমণৰ পাঠ্যসূচী গ্ৰহণ কৰাৰ লগতে বিখ্যাত ব্যক্তিসকলৰ নতুনৰ উদ্ভাৱন সম্বন্ধে কথিকা আলোচনা চক্ৰ আদিৰ আয়োজন কৰিব লাগে, যাতে শিক্ষাৰ্থীৰ অহংকেন্দ্রিকত৷ গঠনাত্মক দিশত গঢ়ি তুলিব পাৰে।

৯। নতুন কৌশলৰ প্ৰয়োগকৰণ [Using of New Technique] : শিক্ষকে গতানুগতিক পদ্ধতি অৱলম্বন কৰি শিক্ষাৰ্থীৰ ক্ৰিয়া অভিজ্ঞতাক যান্ত্রিক আক সীমিত কৰি তুলিব নালাগে। শিক্ষকে সমস্যা সমাধানৰ সময়ত পৰম্পৰাগত সমাধান পদ্ধতিৰ পুনৰাবৃত্তি নকৰি বিভিন্ন উপায়, পদ্ধতি বা কৌশল প্রয়োগ কৰি তাৰ উন্নত সমাধান কৌশল গ্রহণ কৰিব লাগে।

22. সৃজনশীল ব্যক্তিৰ বৈশিষ্ট্যসমূহ কি কি? What are the characteristics of a creative person?

Ans:- (ক) সৃজনশীলতা ব্যক্তিৰ জন্মগত ক্ষমতা যদিও ইয়াক পৰিৱেশৰ অভিজ্ঞতাৰ দ্বাৰাহে উৎকর্ষ সাধন কৰি তুলিব পাৰি।

(খ) সৃজনশীল ব্যক্তিৰ বুদ্ধি উন্নত মানবিশিষ্ট যদিও সকলো বুদ্ধিমান লোক সৃজনশীল নহ’বও পাৰে।

(গ) সৃজনশীলতা হৈছে গতানুগতিকতাৰ পৰিৱৰ্তে নতুন আৰু মৌলিক কথাৰ উৎপত্তি কৰিব পৰা এক চিন্তন প্রক্রিয়া।

(ঘ) ব্যক্তিয়ে কিবা এক নতুনৰ চিন্তা কৰিব পৰা আৰু নতুন কিবা এটা সৃষ্টি কৰিব পৰা বিশিষ্ট অসাধাৰণ ক্ষমতাই হৈছে সৃজনশীলতা।

(ঙ) ব্যক্তিৰ সৃজনশীলতা কোনো বস্তু, ধাৰণা বা বিষয়ক নতুন ৰূপত নিৰীক্ষণ কৰি আৰু আৱশ্যকীয় সংশোধন কৰি তোলাৰ মাজেদিহে প্রকাশ পায়।

(চ) সৃজন ক্ষমতাৰ পৰিসৰ স্বাভাৱিকতেই বহল আৰু ব্যাপক।

(ছ) ই ব্যক্তিৰ অহংকেন্দ্ৰিকতা ভাৱক গঠনাত্মক ৰূপত অভিব্যক্ত হৈ উঠা সহায় কৰে।

(জ) সৃজন ক্ষমতাই ব্যক্তিক আত্মবিশ্বাসী কৰি তোলে।

(ঝ) সৃজন ক্ষমতাই ব্যক্তিক গতানুগতিকতা আৰু অন্ধ অনুকৰণৰ পৰা আঁতৰাই ৰাখে আৰু চিন্তা, ক্রিয়া মুক্ততা, নমনীয়তা আৰু গতিশীলতাৰ ভাৱ গ্ৰহণত সহায় কৰে।

(ঞ) সৃজন ক্ষমতাই সামাজিক সমস্যা সমাধান কৰি সমাজৰ তথা দেশক উন্নতি আৰু প্ৰগতিৰ পথত আগুৱাই যোৱাত সহায় কৰে।

(ট) সৃজন ক্ষমতা থকা ব্যক্তিয়ে জীৱনৰ বিভিন্ন ক্ষেত্ৰত আৰু বিভিন্ন পৰিস্থিতিত আনৰ সহায় নোলোৱাকৈ স্বতন্ত্রভাৱে চিন্তা কৰিব পাৰে।

(ঠ) সৃজন ক্ষমতা তথা সৃজনশীল আচৰণ কোনো বিশেষ বিষয় বা পন্থাতে সীমাৱদ্ধ হৈ নাথাকে।

23. সৃজনশীলতাৰ সংলক্ষণসমূহ কি কি? লিখা। What are the traits of creativity? Write about it?

Ans:- প্রসিদ্ধ মনোবিজ্ঞানী গিলফোর্ড আৰু তেওঁৰ সহযোগীসকলে কৰা বিস্তাৰিত গৱেষণাৰ ফলস্বৰূপে সৃজনশীলতাৰ প্রাথমিক সংলক্ষণসমূহৰ বিষয়ে জানিব পাৰি। সৃজনশীলতাৰ সংলক্ষণসমূহ তলত আলোচনা কৰা হ’ল—

১। চিন্তাৰ সাৱলীলতা [Fluency of Thinking] : সৃজনশীলতাৰ এক অতি গুৰুত্বপূৰ্ণ সংলক্ষণ হৈছে চিন্তাৰ সাৱলীলতা। ই ব্যক্তিৰ মনৰ ভাব বা চিন্তাৰ উৰ্বৰতাৰ ওপৰত নিৰ্ভৰশীল চিন্তা বা চিন্তনৰ সাৱলীলতাক চাৰিটা ভাগত ভাগ কৰিব পাৰি । সেয়া হৈছে-

(ক) শব্দমূলক সাৱলীলতা [Word Fluency] : এই সাৱলীলতাৰ জৰিয়তে নতুন শব্দ সৃষ্টি কৰাকে বুজা যায়। ইয়াৰ বাবে ব্যক্তিক এক নিৰ্দিষ্ট আখৰ যুক্ত শব্দ নির্বাচন আৰু সংযোজন কৰিবলৈ কোৱা হয়।

(খ) অনুসংগমূলক সাৱলীলতা [Associational Fluency] : এই সাৱলীলতাৰ ক্ষেত্ৰত একোটা প্রদত্ত শব্দৰ অৰ্থ উপলব্ধি কৰি সমার্থক শব্দ নির্ণয় কৰিব লাগে।

(গ) অভিব্যক্তিমূলক সাৱলীলতা [Expressional Fluency] : এই সাৱলীলতাক অভীক্ষাৰ্থীৰ বাক্য বা বাক্যাংশ গঠন শক্তিৰদ্বাৰা পৰিমাপন কৰা হয়।

(ঘ) ভাৱমূলক সাৱলীলতা [Ideational Fluency] : ইয়াৰ অর্থ হ’ল ব্যক্তিয়ে নিজৰ প্ৰয়োজনীয় ক্ষেত্ৰত কিমান দূৰ আৰু কিমান উপযোগী ভাব বা চিন্তাৰ সৃষ্টি কৰিব পাৰে। ই সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ক।

২। নমনীয়তা [Flexibility] : সৃজনাত্মক চিন্তাৰ ক্ষেত্ৰত ব্যক্তি নমনীয় হোৱা দৰকাৰ প্ৰয়োজন সাপেক্ষে পৰম্পৰাগত চিন্তাক ত্যাগ কৰি ব্যক্তিয়ে নতুন চিন্তাক গ্ৰহণ কৰিব লাগে। সেয়ে নমনীয়তাক এক অতি প্রয়োজনীয় সংলক্ষণ বুলি ক’ব পাৰি। নমনীয়তা দুই প্ৰকাৰৰ হ’ব পাৰে। যেনে-

(ক) স্বতঃস্ফূর্ত নমনীয়তা [Spontaneous Flexibility] : স্বতঃস্ফূর্ত নমনীয়তা বুলিলে ব্যক্তিয়ে বাধাহীনভাৱে বিভিন্ন প্ৰকাৰৰ ভাব বা চিন্তা কৰিব পৰাকে বুজা যায়। এই নমনীয়তা নাথাকিলে ব্যক্তিৰ চিন্তাৰ পৰিসৰ সীমাৱদ্ধ হ’ব পাৰে।

(খ) সংগতিমূলক নমনীয়তা [Adaptive Flexibility] : অপৰিচিত পৰিৱেশত কোনো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সংগতিমূলক নমনীয়তাৰ প্ৰয়োজন হয়। কোনো এটা সমস্যা সমাধান কৰিবলৈ প্ৰথম অৱস্থাত পৰম্পৰাগত চিন্তাই সহায় কৰিব বুলি ভবা হয় যদিও প্রকৃততে সেই সমস্যা সমাধানৰ বাবে নতুন পন্থা বা চিন্তাৰ প্ৰয়োজন হয়। ইয়াকে সংগতিমূলক নমনীয়তা বোলা হয় । সৃজনশীল আচৰণৰ ক্ষেত্ৰত এই সংগতিমূলক নমনীয়তাৰ ভূমিকা উল্লেখযোগ্য।

৩। স্বকীয়তা বা নিজস্বতা [Originality] : স্বকীয়তা বা নিজস্বতা সৃজনমূলক আচৰণৰ ক্ষেত্ৰত এক অতি গুৰুত্বপূৰ্ণ অংগস্বৰূপ। অভীক্ষাৰ্থীৰ এই শক্তিক তিনিটা পন্থা অৱলম্বন কৰি জানিব পৰা যায়। যেনে—

১। অভীক্ষাৰ্থীৰ প্ৰতিক্ৰিয়া বা উত্তৰৰ মাজত কিমান বিলাক অপ্রচলিত উত্তৰ আছে বা আন অভীক্ষার্থীতকৈ তেওঁ কিমান কম বা বেছি উত্তৰ দিছে। এই প্রতিক্রিয়াসমূহ ব্যক্তিৰ নিজস্বতা বা স্বকীয়তাৰ পৰিচায়ক।

২। অভীক্ষাৰ্থীৰ প্ৰদত্ত প্রতিক্রিয়া বা উত্তৰবোৰৰ মাজত কিমান দূৰৱৰ্তী প্ৰকৃতিৰ ব। সহজে প্রতীয়মান নোযোৱা বিধৰ উত্তৰ আছে। অর্থাৎ, যিবিলাক উত্তৰ সহজেই মনত পৰে বা যিবোৰৰ উত্তৰ দিওঁতে ব্যক্তিৰ নিজস্বতা প্ৰতিফলিত নহয় তেনেবোৰক প্রতীয়মান প্ৰকৃতিৰ বোলা হয়।

৩। অভীক্ষাৰ্থীৰ প্ৰদত্ত প্রতিক্রিয়া বা উত্তৰৰ মাজত কিমানখিনি চতুৰতা নিহিত হৈ আছে।

৪। পুনৰব্যাখ্যান [Redefinition] : সৃজনশীলতাৰ এক বিশেষ সংলক্ষণ বা উপাদান হৈছে পুনর্ব্যাখ্যান। কোনো পৰিচিত বস্তুৰ পুৰণি ব্যাখ্যাক ত্যাগ কৰি সেই বস্তুটোক নতুন পন্থা ব্যৱহাৰ কৰাটোও সৃজনশীলতাৰ এক উপাদান। মৃজনশীল আচৰণৰ ক্ষেত্ৰত বহু সময়ত কোনো বস্তুক পুৰণি পন্থা ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে নতুন পন্থা ব্যৱহাৰ কৰাৰ প্ৰয়োজন হয়।

৫। সম্প্ৰসাৰণ বা বিস্তাৰ [Elaboration] : সৃজনশীলতাৰ আন এক সংলক্ষণ বা উপাদান হৈছে সম্প্ৰসাৰণ বা বিস্তাৰ। এই উপাদান অনুসৰি প্ৰয়োজন হ’লে অতি কম পৰিমাণৰ উপকৰণৰ পৰা এক পূৰ্ণাংগ পৰিকল্পনা গঠন কৰিবলৈ সমৰ্থ হ’ব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top