Psychological Foundations Of Education Unit 2 শিক্ষণ আৰু অভিপ্রায়

Psychological Foundations Of Education Unit 2 শিক্ষণ আৰু অভিপ্রায়, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Psychological Foundations Of Education Unit 2 শিক্ষণ আৰু অভিপ্রায় Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Psychological Foundations Of Education Unit 2 শিক্ষণ আৰু অভিপ্রায় Question Answer can be of great value to excel in the examination.

Psychological Foundations Of Education Unit 2 শিক্ষণ আৰু অভিপ্রায়

Join Telegram channel

Psychological Foundations Of Education Unit 2 শিক্ষণ আৰু অভিপ্রায় Notes cover all the exercise questions in UGC Syllabus. The Psychological Foundations Of Education Unit 2 শিক্ষণ আৰু অভিপ্রায় in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

20. What is meant by learning by conditioning. Write briefly the educational implication of Pavlov’s conditioned response theory. অনুবন্ধনৰ দ্বাৰা শিকন বুলিলে কি বুজায়? পেভলভৰ অনুবদ্ধিত প্রতিক্রিয়া তত্ত্বৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে চমুকৈ লিখা।

Ans:- অনুবন্ধন পদ্ধতিক নিয়ন্ত্রিত প্ৰভাৱৰ দ্বাৰা শিকা পদ্ধতি বুলিও কোৱা হয়। শিশু শিক্ষাৰ বাবে এই পদ্ধতি বিশেষভাৱে প্রযোজ্য। পদ্ধতিটো মূলতঃ Pavlov ৰ অনুবন্ধিত প্রতিক্রিয়া তত্ত্বৰ পৰাই উদ্ভাৱন কৰা হৈছে। ব্যক্তিয়ে যিটো উদ্দীপকৰ প্ৰতি এটা বিশেষ প্রতিক্রিয়া কৰে, সেই উদ্দীপকৰ অবিহনে ব্যৱহাৰ কৰা অন্য এটা উদ্দীপকৰ প্ৰতি এটা বিশেষ প্রতিক্রিয়া কৰে, সেই উদ্দীপকৰ অবিহনে ব্যৱহাৰ কৰা অন্য এটা উদ্দীপকৰ সহায়তো যেতিয়া একেই প্রতিক্রিয়া আদায় কৰা হয় তেতিয়া তেওঁৰ সেই প্রতিক্রিয়াক অনুবন্ধিত প্রতিক্রিয়া বোলা হয়। এটা উদ্দীপকৰ লগত আন এটা উদ্দীপক একেলগে উপস্থাপন কৰিলে পাছলৈ সেই দুটা উদ্দীপকৰ যিকোনো এটা ব্যৱহাৰ কৰিয়েই পূৰ্বৰ দৰে এক প্ৰতিক্ৰিয়া পাব পাৰি। এই ক্ষেত্ৰত উদ্দীপক দুটাৰ মাজত অনুসংগই প্রতিক্রিয়া প্রতিফলিত কৰাত সহায় কৰে। বিদ্যালয়ৰ সময়ত ব্যৱহাৰ কৰা শ্ৰব্য-দৃশ্য সঁজুলিয়ে অনুবন্ধনৰ কাম কৰে। বিষয় একোটাৰ লগত খাপ খোৱাকৈ শিক্ষকে ব্যৱহাৰ কৰা বিশেষ ধৰণৰ অঙ্গী-ভঙ্গী, ব’ৰ্ডত আঁকি দিয়া ছবি ইত্যাদিয়ে মূল বিষয়ৰ বিকল্প উদ্দীপকৰূপে কাম কৰিব পাৰে। কিণ্ডাৰগার্টেন পদ্ধতিত অঙ্গী-ভঙ্গী, আবৃত্তি, আদিৰ ব্যৱহাৰৰ যোগেদি শিক্ষাৰ্থীসকলৰ আগ্ৰহ বৃদ্ধি কৰাৰ অন্তৰালত অনুবন্ধনৰ প্ৰভাৱ লক্ষ্য কৰিব পাৰি, কিছুমান ভাল কামৰ অভ্যাস গঠনৰ বাবে কামটোৰ লগত পুৰস্কাৰ ঘোষণা কৰা হয়। প্ৰথম অৱস্থাত পুৰস্কাৰ লাভ কৰাৰ বাসনাই কামটোৰ প্ৰতি আগ্ৰহী কৰি তোলে। কামটোৰ কৃতকাৰ্যতাই মনলৈ যেতিয়া সন্তুষ্টি আনে তেতিয়া পুৰস্কাৰৰ কথা পাহৰি যোৱাটোও অস্বাভাৱিক নহয়। আৰম্ভণিতে কৃতকার্যতা আৰু পুৰস্কাৰ দুয়োটাই কামত প্ৰবৃত্ত কৰাবৰ বাবে ব্যৱহাৰ কৰা উদ্দীপক আছিল যদিও পাছলৈ কৃতকাৰ্যতাৰ পৰা পোৱা সন্তুষ্টিয়েই তেনে ধৰণৰ কামৰ প্ৰতি উৎসাহিত কৰিবলৈ যথেষ্ট উদ্দীপনা দিয়ে।

কেতিয়াবা বিষয় একোটাৰ লগত শিক্ষকৰ ব্যক্তিত্বও অনুবন্ধিত হৈ পৰে। বিষয়টো জটিল হ’লেও শিক্ষকৰ ব্যক্তিত্বৰ আকৰ্ষণৰ বাবে তেওঁ পঢ়োৱা বিষয়টো সহজ যেন লগা হয় আৰু পাছলৈ সেই বিষয়টোৰ লগত আকর্ষণীয় ব্যক্তিত্বৰ শিক্ষকজনৰ স্মৃতি জড়িত হৈ বিষয়টোৰ প্ৰতি আগ্ৰহ বঢ়াই তোলা। এনে ধৰণৰ বিভিন্ন উদাহৰণৰ পৰা বুজিব পাৰি যে অনুবন্ধন পদ্ধতি শিক্ষাগ্ৰহণৰ বাবে এটা উপযুক্ত পদ্ধতি।

অনুবন্ধনৰ শৈক্ষিক তাৎপর্য [Educational Significance of Conditioning] : শিকনৰ ক্ষেত্ৰত এই তত্ত্বৰ বিশেষ তাৎপর্য আছে। তেওঁলোকৰ মতে আমাৰ দৈনন্দিন জীৱনত বহুতো অনুবন্ধিত ক্রিয়া সংঘটিত হৈ থাকে। দেখা যায় যে প্রথম অৱস্থাত এটি শিশুৱে কিছু মান অর্থহীন শব্দহে উচ্চাৰণ কৰে। কিন্তু সিহঁত ডাঙৰ হৈ অহাৰ লগে লগে অনুভৱ কৰে যে সিহঁতে উচ্চাৰণ কৰা শব্দবোৰৰ বিপৰীতে অন্য ব্যক্তিয়ে বেলেগ বেলেগ প্রতিক্ৰিয়া প্ৰদৰ্শন কৰে। ফলত শিশুটোৱে বহু কথা শিকিবলৈ সক্ষম হয়। পেভলভ, ৱাটচ্‌ন প্রভৃতি মনোবিদে সেই শিকন কার্যক অনুবন্ধিত ক্রিয়া বুলি মত পোষণ কৰে। তেওঁলোকৰ মতে ব্যক্তিৰ অভ্যাস, ভয়, বিতৃষ্ণা, পছন্দ-অপছন্দ, খং-ৰাগ, হিংসা আদি অনুবন্ধিত ক্ৰিয়াৰ ফলতে সৃষ্টি হয়। ঠিক সেইদৰে শিশুৰ মৌলিক আচৰণ, সামাজিক আচৰণ, আবেগিক আচৰণ আদিতো অনুবন্ধিত ক্ৰিয়াৰ প্ৰভাৱ দেখা যায়। মানুহৰ অন্ধবিশ্বাসেও অনুবন্ধনত যথেষ্ট সহায় কৰে; যেনে- কিবা এটা শুভ কামৰ বাবে ১৩ তাৰিখটো অশুভ, গতিকে ১৩ তাৰিখত শুভ কাম কৰিবলৈ ল’লে আমাৰ মনত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এনে প্রতিক্রিয়া হ’ল অনুবন্ধিত প্রতিক্রিয়া। অনুবন্ধনৰ ক্ষেত্ৰত আকৌ আনুষংগিক ক্রিয়া, অনুশীলন, মনোভাৱ, ভাষা-শিক্ষা আদিয়েও সহায় কৰে। দেখা যায় যে, উচ্চ বুদ্ধিসম্পন্ন শিক্ষার্থীয়ে সুযোগ-সুবিধা পালেই অনুবন্ধিত প্ৰতিক্ৰিয়া গঠন কৰে। কিন্তু কম বুদ্ধিসম্পন্ন শিক্ষার্থীয়ে সুযোগ-সুবিধা পালেই অনুবন্ধিত প্রতিক্রিয়া গঠন কৰে। কিন্তু কম বুদ্ধিসম্পন্ন শিক্ষার্থী এই ক্ষেত্ৰত ব্যর্থ হয়। শিকনৰ এই তত্ত্বই শিকন প্ৰক্ৰিয়াক শিক্ষকৰ নিজৰ আয়ত্তলৈ অনাত সহায় কৰে। অন্যহাতেদি আকৌ বিভিন্ন পুৰস্কাৰেও শিক্ষার্থীক অনুবন্ধন শিকনত সহায় কৰে।

21. সংজ্ঞানাত্মক ক্ষেত্ৰৰ বিভিন্ন স্তৰসমূহৰ বিষয়ে লিখা?

Ans:- চিকাগো বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° বেঞ্জামিন ব্লুমে ১৯৫৬ চনত শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত উৎকর্ষ সাধন কৰিবলগীয়া আচৰণসমূহৰ ওপৰত ভিত্তি কৰি সংজ্ঞানাত্মক ক্ষেত্ৰত কেইটামান বিশেষ উদ্দেশ্য তথা দিশ অন্তৰ্ভুক্ত কৰিছে। তেওঁ এইসমূহক ছটা স্তৰত শ্রেণী বিভাজন কৰিছে। সেইসমূহ তলত আলোচনা কৰা হ’ল—

জ্ঞান (Knowledge) : জ্ঞান হৈছে সংজ্ঞানাত্মক ক্ষেত্ৰত আটাইতকৈ সংকীৰ্ণ আৰু নিম্নতম স্তৰ। এই জ্ঞান শব্দটোৱে বিভিন্ন তথ্য, সূত্র, সংজ্ঞা আদি খবৰজাতীয় জ্ঞান আহৰণ কৰাকে বুজায়। ইয়াত বিষয়বস্তু সম্পর্কে জানিলেই হ’ল, বুজি পোৱাৰ বিশেষ কথা নাথাকে। এই জ্ঞান কৃতকার্যতাৰে আহৰণ কৰাসকলে প্ৰয়োজন অনুসৰি ভৱিষ্যতে জানি থোৱা কথা কৈ, লিখি বা কামৰ জৰিয়তে ব্যক্ত কৰিব পাৰি। এই স্তৰত স্মৰণ, চিনাক্তকৰণ, বিশেষীকৰণ, সার্বজনীনতা, নক্সা, প্রক্রিয়া, ধাৰণা, ঘটনা আদি অন্তৰ্ভুক্ত হৈ আছে। ব্যক্তিয়ে এই স্তৰত কেৱল মুখস্থ কৰিলেই হয়।

বোধ (Comprehension) : বোধ জ্ঞানতকৈ বেছি উন্নত স্তৰ। বোধ মানে হৈছে শিক্ষার্থীয়ে বিভিন্ন তথ্য, সূত্র, সংজ্ঞা, কোনো কথা, ঘটনা, নীতি, ধাৰণা, তত্ব আদিৰ অৰ্থ বুজি পোৱা, হৃদংগম কৰা বা বোধগম্য হোৱাৰ ক্ষমতা। ব্যক্তিয়ে এই স্তৰত জনা কথা কেৱল মুখস্থ কৰাই নহয়, বৰং সেইবোৰৰ গূঢ়ার্থ, পাৰস্পৰিক সম্বন্ধ আদিক উপলব্ধি কৰে। অৰ্থাৎ এই স্তৰত ব্যক্তিয়ে তথা শিক্ষার্থীয়ে মূৰ্ত শিক্ষণ লাভ কৰি মূৰ্ত মাধ্যমেৰে তথা অৰ্থকৰণ, ভাবানুবাদ, ব্যাখ্যাকৰণ আদিৰ জৰিয়তে বিষয়বস্তুক নিজে সহজ-সৰলভাৱে বুজি লৈ জ্ঞান অর্জন কৰে।

প্রয়োগ (Application) : প্রয়োগ বুলি কলে জনা বা বুজি পোৱা কথাক বিভিন্ন ক্ষেত্ৰত উপস্থাপন বা ব্যৱহাৰ কৰি বা নতুন সমস্যাক বাস্তৱ পৰিস্থিতিত প্ৰয়োগ কৰাক বুজায়। অভিজ্ঞতা বা জ্ঞানক যদি সাৰ্থকভাৱে প্ৰয়োগ কৰিব পাৰিছে তেন্তে জানিব লাগিব যে তেওঁ জ্ঞান আৰু বোধৰ স্তৰ কৃতকার্যতাৰে অতিক্ৰম কৰিছে৷

বিশ্লেষণ (Analysis) : কোনো এটা জটিল সমস্যা বা পৰিস্থিতি, তথ্য বা ধাৰণা বা পদ্ধতিক ভালকৈ বুজি তাক ফঁহিয়াই চালি-জাৰি চাই মনতে সৰল উপাদানলৈ ভাঙি ল’ব জনা পদ্ধতিকে বিশ্লেষণ বোলা হয়। এনেদৰে সৰল উপাদানলৈ ভাঙি লোৱাৰ পাছত সেইসমূহৰ গাইগুটীয়া বৈশিষ্ট্য আৰু সিঁহতৰ মাজত থকা পাৰস্পৰিক সম্বন্ধ সহজেই উপলব্ধি কৰিব পাৰিব। যি ব্যক্তিয়ে উপযুক্তভাৱে বিশ্লেষণ কৰিব পাৰে, তেওঁ জটিল প্রক্রিয়াত কি ঘটিছে আৰু ই কেনেদৰে ক্ৰিয়া কৰিছে। সেয়া সহজে বুজিব পাৰে। ই শিক্ষাৰ্থীৰ যুক্তি সামৰ্থৰ উন্নতি ঘটায়।

সংশ্লেষণ (Synthesis) : বিশ্লেষণৰ বিপৰীত প্ৰক্ৰিয়াক সংশ্লেষণ বুলি কোৱা হয়। সংশ্লেষণে কোনো বস্তু বা সমস্যাৰ প্রয়োজনীয় অংশসমূহ বা সৰল উপাদানসমূহক প্ৰণালীৱদ্ধভাৱে একত্ৰিত কৰি এক অৰ্থপূৰ্ণ ৰূপ দান কৰাকে বুজায়। ই সামগ্রিকভাৱে শিক্ষাৰ্থীৰ সৃজণাত্মক সামৰ্থৰ উন্নতি ঘটায়। সংশ্লেষণৰ কাৰণে শিক্ষার্থীয়ে বস্তু বা সমস্যাটোৰ উপাদানসমূহৰ মাজৰ সাদৃশ্য, পাৰস্পৰিক সম্বন্ধ, নিৰ্ভৰশীলতা আদিক স্পষ্টকৈ উপলব্ধি কৰিব লাগিব। সেয়ে সংশ্লেষণে শিক্ষার্থীক অন্তদৰ্শনৰ জৰিয়তে সামগ্রিকভাৱে নতুন ধ্যান-ধাৰণা সৃষ্টি কৰাৰ সামৰ্থতাৰ ওপৰত গুৰুত্ব দিয়ে।

মূল্যায়ন (Evaluation) : সংজ্ঞানাত্মক ক্ষেত্ৰৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীৰ উপযুক্ততা বিচাৰ কৰা, যুক্তিকৰণ, শুদ্ধ সংশ্লেষণ, বিশ্লেষণ, তুলনা, সাধাৰণীকৰণ আদি দিশসমূহৰ উন্নতিকৰণত সহায় কৰা। যাৰ জৰিয়তে শিক্ষাৰ্থীৰ মনঃস্তাত্বিক আৰু বৌদ্ধিক সামৰ্থৰ উন্নতি ঘটিব। মূল্যায়ন মানে যিকোনো বৌদ্ধিক সমস্যা বা পৰিস্থিতিত আটাইবিলাক দিশ ভালকৈ বিচাৰ-বিশ্লেষণ কৰি সামগ্ৰিকভাৱে বুজি পোৱা আৰু সেইসমূহ সম্পূৰ্ণভাৱে আয়ত্ব কৰি সম্ভাব্য সমাধান আগবঢ়াব পৰা দক্ষতা। ই হ’ল সংজ্ঞানাত্মক ক্ষেত্ৰত শেষ আৰু উন্নত স্তৰ।

22. শিক্ষা-বিষয়ক বৰ্গীকৰণ [Taxonomy of Educational Objectives] হিচাপে সংক্রিয়াত্মক ক্ষেত্র (Psychomotor Domain) সম্পর্কে আলোচনা কৰা?

Ans:- ১৯৬৮ চনত ভাৰতীয় শিক্ষাবিদ এইচ. আৰ. ডেভে সংক্ৰিয়াত্মক ক্ষেত্ৰৰ কেইবাটাও স্তৰ চিনাক্তকৰণ কৰে। ইশিক্ষাৰ্থীৰ ক্রিয়াত্মক যোগ্যতা, কর্ম কৌশল আদিৰ ওপৰত গুৰুত্ব দিয়ে যিবোৰে শিক্ষাৰ্থীৰ মানসিক প্ৰক্ৰিয়াৰ ওপৰত বিশেষভাৱে নিৰ্ভৰশীল। ইয়াৰ বিভিন্ন স্তৰসমূহ তলত দিয়া হ’ল—

প্ৰৱণতা (Impulsion) : ইন্দ্ৰিয় শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীৰ শাৰীৰিক মানসিক আৰু আধ্যাত্মিক প্ৰৱণতাৰ মাজত ইন্দ্ৰিয়সমূহৰ সমাযোজন ঘটোৱা আৰু কৰ্মপ্ৰৱণতাৰ প্ৰতি মনোযোগ গঢ়ি তোলা।

অনুকৰণ (Imitation) : শিক্ষাৰ্থীৰ শিক্ষা আহৰণৰ ওপৰত নিৰ্ভৰ কৰি কৰ্ম নিৰ্দেশনাৰ প্ৰতি শুদ্ধ অনুকৰণ গঢ়ি তোলাত সহায় কৰা।

হস্তনিপুণতা (Manipulation) : হস্ত নিপুণতাৰ জৰিয়তে শিক্ষাৰ্থীক কৰ্মৰ প্ৰতিটো দিশত কৌশলপ্ৰিয় আৰু সহনশীল কৰি তোলা যাতে তেওঁলোকে ভৱিষ্যতে স্বাৱলম্বী হ’ব পাৰে।

সমন্বয় (Coordination) : শিক্ষাৰ্থীৰ 5H’s আৰু 7R’sৰ ক্রমবিকাশ ঘটাই ভৱিষ্যতে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পৰাকৈ বৈজ্ঞানিক দৃষ্টিভংগীৰে মানৱীয় মূল্যবোধসমূহৰ প্ৰতি সচেতন কৰি তোলা।

নিয়ন্ত্রণ (Control) : জটিল পৰিৱেশক নিয়ন্ত্ৰণ কৰা । অৰ্থাৎ জাতীয় উন্নয়নৰ বাবে শিক্ষাক উৎপাদনশীলতাৰ লগত সংযোজিত কৰাই শিক্ষাৰ জৰিয়তে সামাজিক আৰু জাতীয় ঐক্য শক্তিশালী কৰা।

অভ্যাস গঠন (Habit Formation) : শিক্ষাৰ জৰিয়তে স্বতঃস্ফুর্তভাৱে শিক্ষার্থীয়ে সু-অভ্যাস গঠন কৰা কৰ্মত স্বাভাৱিকীকৰণ কৰি তোলা, যাতে তেওঁলোকে সম্পূর্ণ জীৱন যাপন কৰিব পাৰে।

23. What do you mean by transfer of learning. 

শিকনৰ স্থানান্তৰণ মানে কি?

Ans:- আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীয়ে লাভ কৰা জ্ঞান, অভিজ্ঞতা, কলা-কৌশল আদিয়ে ভৱিষ্যতে বাস্তৱ জীৱনৰ বিভিন্ন সমস্যা সমাধান কৰাত সহায় কৰিব পাৰে। ইয়াক শিকনৰ স্থানান্তৰণ বোলা হয়। উদাহৰণস্বৰূপে, সমাজবিদ্যাৰ জ্ঞান আহৰণৰ জৰিয়তে একোজন শিক্ষার্থী ভৱিষ্যতে দেশৰ এজন সু-নাগৰিক হ’ব পাৰে, গণিতৰ শিক্ষাৰ জৰিয়তে জোখ-মাখ, টকা পইচাৰ লেনদেন কৰিব পাৰে আৰু যুক্তিবাদী হ’ব পাৰে, তর্কশাস্ত্ৰ অধ্যয়নৰ জৰিয়তে ভৱিষ্যতে যিকোনো সমস্যা যুক্তিৰে বিশ্লেষণ কৰি সমাধান কৰিব পাৰে। এনেদৰে এটা পৰিস্থিতিত আহৰণ কৰা শিক্ষা, অভিজ্ঞতা, কৌশল, মনোভাৱ আদিক অন্য এক পৰিস্থিতিত আহৰ কৰা শিক্ষা, অভিজ্ঞতা, কৌশল, মনোভাৱ আদিলৈ ৰূপান্তৰিত কৰা অৱস্থাটোকে শিকনৰ স্থানান্তৰণ বুলিব পাৰি। অৱশে শিক্ষানুষ্ঠানত শিক্ষার্থীয়ে যিবোৰ জ্ঞান আহৰণ কৰে সেইবোৰে ভৱিষ্যত জীৱনৰ সকলো কামতে সহায় কৰিব নোৱাৰে। কাৰণ শিক্ষাৰ্থীক আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে ভৱিষ্যত জীৱনৰ বিভিন্ন পৰিৱেশত নিজকে খাপ খুৱাই ল’ব পৰাকৈ সকলো ধৰণৰ জ্ঞান আৰু কৌশল প্ৰদান কৰাটো সম্ভৱ নহয়। সেয়ে শিক্ষা মনোবিজ্ঞানীসকলে কিছুমান প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা অনুভৱ কৰে যিবোৰৰ যোগেদি শিক্ষাৰ্থীয়ে আয়ত্ত কৰা জ্ঞান, কৌশল, দক্ষতা,মনোভাৱ আদিয়ে জীৱনৰ বিভিন্ন ক্ষেত্ৰত সহায় কৰিব পাৰে। এনেদৰে কোনো এক বা একাধিক বিষয়ত দিয়া প্রশিক্ষণে অন্য এক বা একাধিক বিষয়ৰ জ্ঞান, কৌশল, দক্ষতা, মনোভাৱ আদি আয়ত্ত কৰাত সহায় কৰা ধাৰণাটোকে শিকনৰ স্থানান্তৰণ বা প্ৰশিক্ষণৰ স্থানান্তৰণ বোলা হয়।

মুঠৰ ওপৰত এটা কথা স্পষ্টভাৱে ক’ব পাৰি যে এজন শিক্ষার্থী বা এজন ব্যক্তিয়ে কোনো এক নিৰ্দিষ্ট বিষয় অধ্যয়ন কৰি লাভ কৰা জ্ঞান, অভিজ্ঞতা জীৱনৰ অন্যান্য সমস্যা সমাধানৰ অভিজ্ঞতালৈ স্থানান্তৰিত হয়। কিয়নো কোনো এটা মৌলিক বিষয়ৰ অধ্যয়নে শিক্ষার্থী বা ব্যক্তিৰ মানসিক উৎকর্ষ সাধন কৰে, যাৰ জৰিয়তে তেওঁ এক বিশেষ পৰিস্থিতিত লাভ কৰা জ্ঞান, অভিজ্ঞতা, দক্ষতা আদি ভৱিষ্যত জীৱনৰ অন্যান্য ক্ষেত্ৰত প্ৰয়োগ হ’ব পাৰে। গতিকে, এটা কথা স্পষ্ট যে শিকন প্রক্রিয়াত পাঠ্যক্ৰমৰ সহায়ত লাভ কৰা জ্ঞান অভিজ্ঞতা ব্যক্তিৰ জীৱনৰ সমস্যা সমাধানৰ অভিজ্ঞতালৈ স্থানান্তৰিত হয় আৰু এনেকৈ এটা বিশেষ পৰিস্থিতিত লাভ কৰা জ্ঞান অভিজ্ঞতা,দক্ষতা, মনোভাৱ, কৌশল আদি জীৱনৰ অন্য পৰিস্থিতিলৈ স্থানান্তৰিত কৰি সেই পৰিস্থিতিৰ সন্মুখীন হোৱা কাৰ্যকে শিকনৰ স্থানান্তৰণ বোলা হয়। মুঠৰ ওপৰত পূৰ্বৰ শিক্ষণে নতুন শিকনত পেলোৱা প্ৰভাৱেই হ’ল শিকনৰ স্থানান্তৰণ।

24. Write about the types of transfer. স্থানান্তৰণৰ প্ৰকাৰসমূহ কি কি?

Ans:- শিকনৰ যোগে লাভ কৰা অভিজ্ঞতাৰ স্থানান্তৰণ সকলো বিষয় বা সকলো সময়তে সমভাৱে হৈ নুঠে। শিকনৰ স্থানান্তৰণ শিক্ষাৰ উপাদান, বিষয়বস্তু পৰিস্থিতি আৰু অন্যান্য কাৰণৰ পৰিপ্ৰেক্ষিতত ভিন ভিন ৰূপত সংঘটিত হ’ব পাৰে। মনোবিদ এইচ. চি এলিচে তেওঁৰ “The Transfer of Learning” নামৰ গ্ৰন্থত তিনিবিধ স্থানান্তৰণৰ কথা উল্লেখ কৰিছে।

১। ধনাত্মক বা ইতিবাচক স্থানান্তৰণ [Positive Transfer]

২। খণাত্মক বা নেতিবাচক স্থানান্তৰণ [Negative Transfer] আৰু

৩। শূন্য স্থানান্তৰণ [Zero Transfer]

অৱশ্যে বহু মনোবিদে এই তিনিবিধৰ উপৰিও আৰু কেইবিধমান স্থানান্তৰণৰ কথা উল্লেখ কৰিছে। যেনে–

৪। অবিকল বা পার্শ্বৱৰ্তী স্থানান্তৰণ [Lateral Transfer]

৫। দ্বি-মবিকল বা দ্বি-পাক্ষিক স্থানান্তৰণ [Bi-lateral Transfer]

৬। অনুক্রমিক স্থানান্তৰণ [Sequential Transfer]

৭। লম্ব স্থানান্তৰণ [Vertical Transfer]

৮। আনুভূমিক স্থানান্তৰণ [Horizontal Transfer]

৯। প্রায়োগিক স্থানান্তৰণ [Applicational Transfer]

25. What is positive transfer. ধনাত্মক স্থানান্তৰ মানে কি?

Ans:- পূর্বে আয়ত্ত কৰা জ্ঞান, কৌশল, অভ্যাস, মনোভাৱ আদিয়ে পৰৱৰ্তী কালত অন্য এক বেলেগ বিষয়বস্তু আয়ত্ত কৰাত বা কোনো নতুন বিষয় বা পৰিস্থিতিৰ সন্মুখীন হোৱাত সহায়ক হৈ উঠিলে তেনে পৰিস্থিতিক ধনাত্মক বা ইতিবাচক স্থানান্তৰণ বোলা হয়। উদাহৰণস্বৰূপে, অসমীয়া ব্যাকৰণৰ জ্ঞানে হিন্দী বা ইংৰাজী  ব্যাকৰণ শিকাত সহায় কৰে। ঠিক সেইদৰেই যদি পূর্বতে শিকার আৰু পাছত শিকা বিষয়বস্তুৰ মাজত বা অভিক্ষমতাৰ পৰিস্থিতিৰ মাজত উপাদানৰ সাদৃশ্য থাকিলে ধনাত্মক বা ইতিবাচক স্থানান্তৰণ  হৈ উঠিব পাৰে। উদাহৰণস্বৰূপে, যোগ অংক আৰু পূৰ্ণ অংকৰমাজত যিহেতু উপাদানগত মিল আছে, সেয়ে যোগ অংকৰ জ্ঞানে পূৰ্ণ অংক কৰাত সহায় কৰে।

26. Write about the factors affecting transfer.

শিকনৰ স্থানান্তৰণত প্ৰভাৱিত কৰা দিশসমূহ কি কি লিখা।

Ans:- সকলো ব্যক্তি, বিষয় বা পৰিস্থিতি ক্ষেত্ৰত শিকনৰ স্থানান্তৰণ সন্তোষজনক হোৱাটো সম্ভৱপৰ নহয়। শিকনৰ স্থানান্তৰণৰ ক্ষেত্ৰত বিষয়বস্তু, দেহ, মানসিক অৱস্থা, শিকন পৰিস্থিতি আদিয়ে বিশেষ ভাৱে প্ৰভাৱ পেলায়।তলত শিকনৰ স্থানান্তৰণ প্ৰক্ৰিয়াৰ প্ৰভাৱিত কৰা দিশসমূহ আলোচনা কৰা হ’ল—

১। শিকনৰ লক্ষ্য : শিকনৰ স্থানান্তৰণ কাৰ্যকৰী আৰু অৰ্থৱহ কৰি তুলিবৰ বাবে শিক্ষা গ্ৰহণকাৰী তথা শিক্ষাৰ্থীৰ মনত শিকনৰ লক্ষ্য, উদ্দেশ্য আদিৰ ধাৰণা স্পষ্ট হোৱাটো প্ৰয়োজন৷

২। শিক্ষাৰ্থীৰ ইচ্ছাশক্তি : শিকনৰ স্থানান্তৰণ ফলাফল তেতিয়াহে আশানুৰূপ হয় যেতিয়া শিক্ষা গ্ৰহণৰ বাবে শিক্ষাৰ্থীৰ মনত ভৱিষ্যতৰ বাবে উপযুক্ত প্রস্তুতি আৰু প্ৰৱল ইচ্ছাশক্তি থাকে। শিক্ষাৰ্থীৰ প্ৰৱল ইচ্ছাশক্তিয়েহে ভৱিষ্যৎ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।

৩। শিক্ষা গ্রহণ পদ্ধতি : শিক্ষা গ্ৰহণৰ পদ্ধতিয়েও শিক্ষাৰ স্থানান্তৰণ প্ৰক্ৰিয়াত বিশেষভাৱে প্ৰভাৱ পেলায়। শিক্ষা অভিজ্ঞতা স্থানান্তৰিত হ’বলগীয়া দুটা বিষয়বস্তুৰ মাজত একে পদ্ধতি অৱলম্বন কৰি শিক্ষা গ্ৰহণ কৰিলে প্রথমে আহৰণ কৰা অভিজ্ঞতা পিছৰ বিষয়লৈ সঞ্চাৰিত হোৱাত সহায়ক হৈ উঠে। ঠিক সেইদৰে উপাদানৰ সাদৃশ্য থকা দুটা বিষয়ৰ অভিজ্ঞতা অৰ্জন কৰিবলৈ শিকনৰ ভিন ভিন পদ্ধতি অৱলম্বন কৰিলে শিকনৰ স্থানান্তৰণ বাধাপ্রাপ্ত হোৱাৰহে সম্ভাৱনা থাকে।

৪। শিকনৰ প্ৰাপ্তি : সকলো লোকৰে শিক্ষাৰ প্ৰাপ্তি বা পৰিণতি একে নহয়। শিক্ষাগ্রহণৰ পৰা বহু লোক অধিক লাভৱান হয় আৰু বহুলোকৰ শিক্ষাৰ প্ৰাপ্তি তেনেই নগণ্য হয়। কোনো দুজন ব্যক্তিৰ মানসিক সামর্থ যিহেতু একে নহয়, সেয়ে এনে ব্যক্তিগত পার্থক্যৰ ভিত্তিত শিক্ষাৰ প্ৰাপ্তিৰ ক্ষেত্ৰতো পার্থক্য পৰিলক্ষিত হয়। ফলত সেই অনুসৰিহে শিকনৰ স্থানান্তৰণ হয়।

৫। বৌদ্ধিক মানদণ্ড : শিক্ষাৰ্থীৰ বৌদ্ধিক মানদণ্ড উন্নত মানবিশিষ্ট হ’লৈহে তেওঁলোকৰ মনত শিক্ষা গ্ৰহণৰ উদ্দেশ্যৰ স্পষ্টতা, মনৰ দৃঢ়তা আৰু প্ৰৱল ইচ্ছাশক্তি গঢ়ি উঠে, যাৰ ফলত স্থানান্তৰণ প্ৰক্ৰিয়া অধিক ফলপ্রসূ হৈ উঠে। কাৰণ তেনে শিক্ষাৰ্থীয়েহে আশানুৰূপ স্থানান্তৰণৰ প্ৰতি চোকা নজৰ ৰখাৰ লগতে ইয়াৰ ফলাফল নিশ্চিত কৰি তুলিবলৈ সক্ষম হয়।

৬। স্থানান্তৰ-সচেতন শিক্ষাদান : শিক্ষাদান আৰু শিক্ষা গ্রহণ সদায় উদ্দেশ্য সচেতন হ’ব লাগে। তেনে শিক্ষা দান আৰু শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াইহে অভিজ্ঞতাৰ স্থানান্তৰণ অধিক ফলপ্রসূ কৰি তুলিব পাৰে। ইয়াৰ বাবে শিক্ষকে শিক্ষাদান প্রক্রিয়াক যান্ত্রিক, একপক্ষীয়,জীৱন বিচ্ছিন্ন, বাস্তৱ বৰ্জিত বা পুথিকেন্দ্ৰিক কৰি তোলাৰ পৰিৱৰ্তে শিক্ষাৰ্থীয়ে লাভ কৰা অভিজ্ঞতাক স্থানান্তৰিত হোৱাৰ প্ৰতিহে সতর্ক দৃষ্টি ৰাখিব লাগে।

৭। সামান্যীকৰণ যোগ্যতা : শিক্ষার্থীয়ে আহৰণ কৰা অভিজ্ঞতাৰ প্ৰতি তেওঁৰ মনত নিৰীক্ষণ বা সামান্যীকৰণ দৃষ্টি থকাৰ ওপৰতো শিকনৰ স্থানান্তৰণ প্ৰক্ৰিয়া প্ৰভাৱিত হয়। শিক্ষাৰ্থীৰ মনত শিক্ষা বিষয়ৰ প্ৰতি থকা বহল দৃষ্টিভংগীয়েহে শিকনৰ প্ৰাপ্ত অভিজ্ঞতাক তেওঁৰ জীৱনৰ বহল কর্মক্ষেত্ৰত প্ৰয়োগ কৰাৰ দৃষ্টি দান কৰিব পাৰে। এনে সামান্যীকৰণ যোগ্যতাৰ অবিহনে ব্যক্তিয়ে আর্জিত অভিজ্ঞতাক নিজ কর্মক্ষেত্ৰলৈ স্থানান্তৰণ কৰাত ব্যৰ্থ হ’ব পাৰে।

27. Write about the theory of mental discipline.

মানসিক অনুশাসন তত্ত্বৰ সম্পৰ্কে লিখা।

Ans:- শিকনৰ স্থানান্তৰণ তত্ত্বৰ ভিতৰত ই হৈছে অতি পুৰণি। এই তত্ত্বৰ উল্লেখ প্লেটোৰ বিখ্যাত গ্রন্থ ‘Republic’ ত পোৱা যায়। এই মানসিক তত্ত্বৰ অনুসৰি মানুহৰ মন হৈছে চিন্তা, যুক্তি, স্মৃতিশক্তি, সমস্যা সমাধান ক্ষমতা, বিচাৰশক্তি, বিমূর্ত ক্ষমতা, যুক্তিপ্ৰৱণতা, পর্যবেক্ষণ ক্ষমতা, কল্পনাপ্ৰৱণতা, তুলনা কৰাৰ শক্তি আদি কিছুমান শক্তি-ক্ষমতা আৰু যোগ্যতাৰ আধাৰস্বৰূপ। জন্মতে প্রত্যেক ব্যক্তিয়ে এই শক্তি-ক্ষমতা আৰু যোগ্যতাসমূহ কম-বেছি পৰিমাণে আহৰণ কৰে যদিও এইবোৰ বিশৃংখল, অনুশাসনহীন আৰু শিক্ষাবিহীন, অৱস্থাত থাকে। সেয়ে এনে দিশবোৰক শিকন আৰু মানসিক অনুশাসনৰ যোগেৰে অধিক কার্যক্ষম আৰু সক্ষম কৰি জীৱনৰ বিভিন্ন কর্মক্ষেত্ৰত যোগ্যতাৰে প্ৰয়োগ কৰিব পাৰে। ইয়াৰ বাবে পাঠ্যক্ৰমত এনে কিছুমান মৌলিক বিষয় অন্তর্ভুক্ত কৰিব লাগে যিবোৰে মানসিক শক্তি ক্ষমতাবোৰক প্ৰশিণপ্রাপ্ত কৰি তুলিব পাৰে। তেনে কৰিলেহে ব্যক্তিৰ বৌদ্ধিক যোগ্যতাবোৰক অধিক তীক্ষ্ণতাৰে আৰু কাৰ্যক্ষম কৰি তুলি সেইবোৰক জীৱনৰ কৰ্মক্ষেত্ৰত সফলতাৰে প্ৰয়োগ কৰিবলৈ সক্ষম হ’ব। এয়ে হৈছে মানসিক অনুশাসন তত্ত্বৰ মূল ধাৰণা।

মানসিক অনুশাসন তত্ত্বক শক্তিতত্ত্ববাদী মনোবিজ্ঞান হিচাপেও জনা যায়। শক্তিতত্ত্ববিদসকলৰ মতে কিছুমান শিকনীয় বিষয় দেখাত শিক্ষাৰ্থীৰ ভৱিষ্যৎ জীৱনৰ লগত সম্পৰ্ক নাথাকিলেও সেইবোৰক পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিব লাগে। কিয়নো এনে বিষয়বোৰৰ অধ্যয়নে ব্যক্তিৰ মানসিক দিশবোৰৰ শক্তি বৃদ্ধি কৰিব পাৰে। সেয়ে পুৰণা পাঠ্যক্ৰমত কিছুমান জটিল বিষয়বস্তু সন্নিবিষ্ট কৰা হৈছিল, যিবোৰৰ কোনোধৰণৰ পোনপটীয়া প্রায়োগিক দিশ নাই, কিন্তু সেইবিলাকক জটিল বাবেই প্রয়োজনীয় বুলি গণ্য কৰা হৈছিল। সেয়ে লেটিন, গ্রীক, সংস্কৃত, ব্যাকৰণ, গণিত, দর্শন, ইতিহাস আদি বিষয়বোৰক মৌলিক সম্ভাৱনীয়তাপূৰ্ণ বুলি ভবা বিষয়বোৰ অধ্যয়ন কৰিলে শিক্ষাৰ্থীয়ে শিক্ষাৰ পৰা জীৱনলৈ বেছি পৰিমাণৰ উপাদান স্থানান্তৰিত কৰিব পাৰিব বুলি বিশ্বাস কৰা হৈছিল।

এই দার্শনিক তত্ত্বক আনুষ্ঠানিক অনুশাসন তত্ত্ব বুলিও কোৱা হয়। এই তত্ত্ব অনুশাসিত কৰিব পাৰে। অনুশাসন আয়ত্ব কৰিব পাৰিলেই জীৱনৰ সকলোবিলাক সমস্যা কৃতকার্যতাৰে সমাধান কৰিব পাৰিব।

28. Write about the theory of identical element.

সম-উপাদান তত্ত্বৰ বিষয়ে লিখা।

Ans:- বিখ্যাত মনোবিদ থনডাইক আৰু উদ্ভৱৰ্থে তেওঁলোকৰ বিস্তৃত পৰীক্ষণ কাৰ্যৰ ওপৰত ভিত্তি কৰি শিকনৰ স্থানান্তৰণৰ সমউপাদান তত্ত্বটো আগবঢ়ায় তেওঁলোকৰ মতে যদি দুটা শিকন পৰিস্থিতিৰ মাজত যথেষ্ট অভিন্ন বা একেধৰণৰ উপাদান থাকে তেনে ক্ষেত্ৰত শিকনীয় অভিজ্ঞতাৰ স্থানান্তৰণ সন্তোষজনক তথা ধনাত্মক হয় ৷ থর্নডাইকে সম-উপাদান বোলোঁতে শিক্ষনীয় বিষয়বস্তু আৰু শিকন পদ্ধতি এই । উপাদানৰ কথা উল্লেখ কৰিছে। প্ৰকৃততে সম-উপাদান বুলি ক’লে প্ৰতিটো বিষয়ৰ মাজত অধ্যয়ন বা অভিজ্ঞতা আহৰণৰ কিছুমান সূক্ষ্ম উপাদান থাকে যিবোৰৰ আন এটা বিষয়ৰ লগত কম-বেছি পৰিমাণে মিল থাকে। যদিহে দুটা বিষয়ৰ মাজত এনেবোৰ উপাদানৰ অধিক সাদৃশ্য থাকে তেন্তে প্ৰথমটো বিষয়ৰ শিকন অভিজ্ঞতাই দ্বিতীয়টো বিষয়ৰ প্ৰতি স্থানান্তৰণ হয় । উদাহৰণস্বৰূপে, যোগ অংক দক্ষতাৰে কৰিব পৰা জনে পূৰণ অংক সহজে কৰিব পাৰে। কাৰণ যোগ অংক কৰোঁতে ব্যৱহাৰ কৰিবলগীয়া কৌশল, পর্যবেক্ষণ আদি উপাদানবোৰ পূৰণ অংক কৰোঁতেও ব্যৱহাৰ কৰিবলগীয়া হয়। থর্নভাইক আৰু উদ্ভৱৰ্থে মত পোষণ কৰে যে, ‘সাধাৰণভাৱে স্থানান্তৰণ প্ৰচেষ্টা ক্ষতিকাৰক হৈ উঠিব পাৰে। কিন্তু যদিহে প্ৰভাৱ আৰু প্ৰভাৱিত ক্ৰিয়াৰ মাজত সম-উপাদান থাকে তেন্তে অভিজ্ঞতাৰ স্থানান্তৰণ হ’ব পাৰে” (“Spread of practice occurs only where elements are consumed in influencing and influenced functions.”)

উল্লেখযোগ্য যে লেংডন আৰু য়েটচ নামৰ দুজন বিশেষজ্ঞই তেওঁলোকৰ অনুসন্ধানৰ পৰা জানিব পাৰে যে দুটা বিষয়ৰ মাজত সম-উপাদান থাকিলেও শিকনৰ কোনো তাৎপর্যপূর্ণ স্থানান্তৰণ নোহোৱাকৈ থাকিব পাৰে। কেৱল দুটা বিষয়ৰ মাজত উপাদানৰ সাদৃশ্য থাকিলেই স্থানান্তৰণৰ বাবে যথেষ্ট নহ’বও পাৰে। গতিকে, উপাদানৰ সাদৃশ্যৰ লগতে দুয়োটা বিষয়ৰ শিকন পদ্ধতি, শিকন আহিলা আদিৰ মাজতো সাদৃশ্য থাকিব লাগিব। থনডাইক আৰু উডৱৰ্থে ১৯৩৮ চনত কৰা তেওঁলোকৰ পৰৱৰ্তী অনুসন্ধানৰ পৰা এই তত্ত্বত পূৰ্বতে Element বা উপাদানৰ পৰিৱৰ্তে ইয়াতকৈ বহল অর্থসূচক Constituent বা গাঁথনিক উপাদান শব্দ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এনে শব্দৰ সহায়ত বিষয়বস্তুৰ অভেদতা আৰু শিক্ষা পদ্ধতিৰ অভেদতা দুয়োটাকে বিবেচনা কৰা হয়। বিখ্যাত মনোবিদ জেমচ ৰচেও মন্তব্য কৰে যে কেৱল সম-উপাদানেই স্থানান্তৰণৰ বাবে যথেষ্ট নহয়, ইয়াৰ বাবে দুয়োটা বিষয় ব্যৱহাৰ কৰা পৰিস্থিতি আৰু তাৰ শিকন পদ্ধতিৰো মিল থাকিব লাগে আৰু তাৰ প্ৰতি মনোযোগ দিব লাগে।

29. Write about the theory of generalization.

সামান্যীকৰণ তত্ত্বৰ বিষয়ে লিখা।

Ans:- শিকনৰ স্থানান্তৰণৰ অভিজ্ঞতাৰ সামান্মীকৰণ তত্ত্বটো দাঙি ধৰে মনোবিদ চার্লচ্ জুদে। তেওঁৰ মতে কোনে। বিষয়ৰ শিক্ষা আহৰণ কৰাৰ পাছত সেই বিষয়টো সম্পর্কে মনত যি সাধাৰণ ধাৰণাৰ সৃষ্টি হয় সেই ধাৰণাৰ সহায়ত উক্ত বিষয়টোৰ লগত সম্পর্ক থকা অন্যান্য বিষয়বোৰৰ প্ৰতিও এটা ধাৰণা কৰি ল’ব পাৰি। ইয়াকে সামান্যীকৰণ বোলা হয়। জুদৰ তত্ত্ব অনুসৰি যিটো বিষয়ৰ শিক্ষা বহল সামান্যীকৰণৰ অভিজ্ঞতাৰ দৃষ্টিৰে লাভ কৰা হয়, সি মানসিক প্ৰশিক্ষণৰ ফালৰ পৰা অধিক উপযোগী। আনহাতে যি বিষয়ত শিক্ষা কোনো বিশেষ প্ৰশিক্ষণৰ দৃষ্টিৰে লাভ কৰা হয় আৰু সামান্যীকৰণত উৎসাহ যোগাব নোৱাৰে সি শিকনৰ ফালৰ পৰা বিফল আৰু অৰ্থহীন। মুঠৰ ওপৰত এই তত্ত্বৰ মূল কথা হ’ল এয়ে যে, যেতিয়ালৈকে কিবা এটা বিশেষ কৌশল শিকা, কিবা এটা বিশেষ তথ্য বুজি পোৱা, কিবা এটা বিশেষ মনোভাৱ গঢ়ি তোলা প্রক্রিয়া একো একোটা নিৰ্দিষ্ট বিষয় বা কাৰ্যৰ লগত জড়িত হৈ থাকে তেতিয়ালৈকে এইবিলাকৰ স্থানান্তৰণ হ’ব পৰা গুণ কম হৈ থাকে। আনহাতে, যেতিয়া একেধণৰ কৌশল বা তথ্য বা মনোভাৱ আদি বিভিন্ন ক্ষেত্ৰলৈ প্ৰয়োগ কৰি সেইবিলাকৰ সামান্যীকৰণ কৰা হয় তেতিয়া সেইবিলাকৰ স্থানান্তৰণ হ’ব পৰা গুণ বৃদ্ধি পায়। উদাহৰণস্বৰূপে, সময়ানুৱৰ্তিতা শিকিবৰ বাবে শিক্ষাৰ্থীয়ে কেৱল শ্রেণীত সময় মতে উপস্থিত থাকিলেই নহ’ব। ইয়াৰোপৰি তেওঁলোকে শিক্ষানুষ্ঠানৰ ভিতৰ আৰু বাহিৰৰ বিভিন্ন কাৰ্যসূচীত সময়মতে উপস্থিত গুণৰ সামন্যীকৰণ হ’ব। এনেদৰে সামান্যীকৰণ হোৱাৰ পাছতহে সেই গুণ অন্য পৰিস্থিতিলৈ স্থানান্তৰণ হ’ব।

30. Write about the educational significance of the theory of transfer. স্থানান্তৰণ তত্ত্বৰ শৈক্ষিক তাৎপর্য কি লিখা।

Ans:- স্থানান্তৰণ তত্ত্ববোৰৰ শৈক্ষিক তাৎপর্যঃ শিকনৰ স্থানান্তৰণৰ তত্ত্ববোৰে আধুনিক শিক্ষাজগতলৈ এক নতুন দৃষ্টিভংগী কঢ়িয়াই আনিছে। এই তত্ত্বসমূহৰ যি প্রায়োগিক মূল্য সেইবোৰ শিক্ষাথী আৰু শিক্ষাবিদসকলে সুন্দৰভাৱে অনুভৱ কৰি তাৰ গ্রহণযোগ্যখিনি শিক্ষাত প্ৰয়োগ কৰিলে শিক্ষাৰ প্ৰতিটো দিশ অধিক অর্থপূর্ণ, উদ্দেশ্যধৰ্মী আৰু ফলপ্ৰসূ বিধৰ হৈ উঠাৰ সম্ভাৱনা থাকে।

১। পাঠ্যক্রম প্রস্তুতিৰ নীতি গ্ৰহণ কৰি স্থানান্তৰণ নীতি অৱলম্বন কৰিব লাগে। পাঠ্যক্ৰমত কিছুমান মৌলিক বিষয়ক বাধ্যতামূলকভাৱে অধ্যয়নৰ বাবে অন্তর্ভুক্ত কৰিব লাগে। অৱশ্যে সেইবোৰ বিষয়কহে মৌলিক বিষয়ৰূপে অন্তৰ্ভুক্ত কৰিব লাগে যিবোৰ অধ্যয়ন কৰিলে শিক্ষাৰ্থীৰ মানসিক শক্তি তীক্ষ্নতৰ হৈ উঠে। ইয়াৰোপৰি শিক্ষাৰ পাঠ্যক্ৰমৰ তাত্বিক আৰু প্ৰায়োগিক বিষয়বোৰৰ মাজত সমন্বয় সাধন কৰিব লাগে, যাতে শিক্ষার্থীয়ে শ্রেণীকক্ষত আহৰণ কৰা জ্ঞান-অভিজ্ঞতা, মূল্যবোধ, মনোভাৱ, চিন্তা-ভাৱনা, ক্ৰিয়া পটুতা আদি জীৱন বিচ্ছিন্ন বিধৰ নহৈ জীৱনত সন্মুখীন হোৱা সমস্যাবোৰ সমাধান কৰিব পৰা বিধৰ হৈ উঠে।

২। পাঠ্যক্ৰমৰ বিভিন্ন বিষয় পৃথক আৰু বিশেষীকৰণ দৃষ্টিভংগীৰে প্ৰদান কৰিব নালাগে৷ বৰঞ্চ শিকন প্ৰক্ৰিয়াত সেইবোৰ সহ-সম্বন্ধৰ নীতি অৱলম্বন কৰিহে প্ৰদান কৰিব লাগে। পাঠ্যক্ৰমৰ বিষয়সমূহ পৃথক পৃথক নকৰি পাঠৰ বিষয়ৰ মাজত থকা সম – উপাদানবোৰ বাছি উলিয়াই শিক্ষাদান কৰিলে তেনে শিক্ষা কম খৰচী আৰু অধিক ফলপ্রসূ হ’ব পাৰে। ঠিক সেইদৰে শিক্ষকে অৱলম্ফন কৰা শিকন পদ্ধতিৰ মাজত সামঞ্জস্য ৰখাৰ পৰিৱৰ্তে যদি বিশেষীকৰণ প্ৰক্ৰিয়া অৱলম্বন কৰে তেনে ক্ষেত্ৰত শিক্ষাৰ্থীসকলক জ্ঞানৰ সামগ্ৰিকতা প্ৰদানত শিক্ষকসকল আৰু শিক্ষা ব্যৱস্থা ব্যর্থ হ’ব। এনে পৰিস্থিতিত শিক্ষাৰ্থীৰ মনত কৃত্ৰিম আৰু সংকীর্ণতা ভাবৰ সৃষ্টি হৈ শিক্ষা অভিজ্ঞতাৰ ঋণাত্মক স্থানান্তৰণ হোৱাটো স্বাভাৱিক৷ সেয়ে স্থানান্তৰণ প্ৰক্ৰিয়া অতি প্ৰণালীৱদ্ধভাৱে প্ৰয়োগ কৰিব লাগে।

৩। শিক্ষকে অধ্যয়নৰ বিভিন্ন বিষয়বোৰৰ মাজত থকা উপাদানবোৰৰ সাদৃশ্য চিনাক্ত কৰি সেইবোৰৰ প্ৰতি লক্ষ্য ৰাখি পাঠদানৰ সময়ত পাঠৰ সহ-সম্বন্ধৰ নীতি আৰু তাৰ কাৰ্যকৰী পদ্ধতি অৱলম্বন কৰিব লাগে। স্থানান্তৰণ প্ৰক্ৰিয়াৰ সহায়ত বিভিন্ন বিষয় আৰু পাঠৰ মাজত সহ-সম্বন্ধৰ নীতি প্ৰয়োগ কৰি শিকনীয় বিষয়ক শিক্ষকে অধিক সৰল, স্পষ্ট, মনোগ্রাহী, মিতব্যয়ী আৰু ফলপ্ৰসূ বিধৰ কৰি তুলিব পাৰে। গতিকে, শিক্ষকে পাঠ্য বিষয়ৰ তাত্ত্বিক আৰু প্ৰায়োগিক শিক্ষা উপাদানবোৰৰ মাজত সহ-সম্বন্ধ  স্থাপন কৰি শিক্ষাৰ্থীক অধ্যয়নৰ বিষয়বস্তুৰ এক প্রায়োগিক ধাৰণা  দিব পাৰে।

৪। জুদৰ দৃষ্টিকোণৰ পৰা শিক্ষাৰ্থীয়ে আহৰণ কৰা শিক্ষা-  অভিজ্ঞতা সামান্যীকৰণমূলকভাৱে বহল পৰিসৰৰ কৰি তুলিব লাগে,  যাতে তেওঁলোকে সেই অভিজ্ঞতাক জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ বা দিশলৈ স্থানান্তৰিত আৰু প্ৰসাৰিত কৰিব পাৰে। সীমিত আৰু সংকীৰ্ণ দিশৰ বিশেষীকৰণমূলক জ্ঞান-অভিজ্ঞতা যিহেতু জীৱনৰ বিভিন্ন কর্মক্ষেত্ৰলৈ স্থানান্তৰিত কৰিব পৰা নাযায় সেয়ে শিক্ষার্থীক  সামান্যীকৰণ দৃষ্টিৰে ভাষা, গণিত, বিজ্ঞান আদিৰ শিক্ষা প্রদান  কৰিব লাগে।

৫। গেষ্টাল্টবাদীসকলৰ মতে কোনো বিষয়ৰ অধ্যয়ন কৰোঁতে তাৰ পৃথক পৃথক উপাদানবোৰক পৃথকে বিচাৰ নকৰি সামগ্রিকভাৱেহে নিৰীক্ষণ কৰিব লাগে। তেনে কৰিলেহে শিক্ষা অভিজ্ঞতা আন বিষয় বা পৰিস্থিতিলৈ স্থানান্তৰিত হৈ উঠিব।

৬। বাগলিৰ দৃষ্টিভংগীৰে আদৰ্শপ্ৰেৰিত শিক্ষাহে স্থানান্তৰিত হ’ব পাৰে। সেয়ে শিক্ষা আহৰণৰ প্ৰচেষ্টা তাৰ অন্তর্নিহিত আদর্শ,মনোভাৱ, মূল্যবোধ আদিৰ দ্বাৰা অনুপ্ৰাণিত হৈ উঠিব লাগে। ব্যক্তিৰ জ্ঞান আহৰণৰ প্ৰতি স্পৃহা, কষ্ট সহিষ্ণুতা, সত্যৰ অনুসন্ধান আদি আদৰ্শ আৰু মনোভাৱে শিক্ষা আহৰণক অধিক ফলপ্রসূ কৰি তুলিব পাৰে, যাৰ স্থানান্তৰণৰ পৰিণতি ধনাত্মক বা ইতিবাচক হয়। আনহাতে আদর্শহীন শিক্ষা যান্ত্রিক, উদ্দেশ্যবিহীন, প্ৰেৰণাহীন হয় যাৰ স্থানান্তৰণৰ পৰিণতি ঋণাত্মক বা নেতিবাচক হয়।

৭। শিক্ষকৰ শিক্ষাদান পদ্ধতিৰ ওপৰতে শিকনৰ স্থানাস্তৰণ প্ৰক্ৰিয়া নিৰ্ভৰ কৰে। সেয়ে শিক্ষকৰ এই স্থানান্তৰণৰ তত্ত্ব সম্পর্কে গভীৰ জ্ঞান, বাস্তৱ অনুভৱ আৰু ইয়াৰ সম্ভাৱনীয়তা সম্বন্ধে গভীৰ জ্ঞান থাকিব লাগিব। তেতিয়াহে তেওঁ শিক্ষার্থীক উপযুক্ত শিক্ষা নির্দেশনা দি কোনবোৰ বিষয়ৰ জ্ঞান অভিজ্ঞতা স্থানান্তৰণৰ বাবে সম্ভাৱনীয়তাপূৰ্ণ আৰু কোনবোৰ সম্ভাৱনীয়তাপূর্ণ নহয় তাক বুজি উঠাত শিক্ষার্থীক সহায় কৰিব পাৰে।

৮। স্থানান্তৰণৰ প্ৰায় সকলোবোৰ তত্ত্বই এটা কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যে পাঠ্যক্ৰম প্ৰস্তুত কৰোঁতে আৰু পাঠ্যক্ৰমৰ ভিত্তিত শিক্ষা প্ৰদান কৰোঁতে সেইবোৰ বিষয়ৰ ওপৰতহে গুৰুত্ব দিব লাগে। যিবোৰে শিক্ষাৰ্থীৰ মনৰ যুক্তিপ্ৰৱণতা, পৰ্যবেক্ষণ ক্ষমতা, স্মৃতি, বোধগম্যতা আদি দিশৰ ওপৰত প্ৰভাৱ পেলোৱাৰ উপৰিও ভৱিষ্যত জীৱনত অৱলম্বন কৰিব লগা বৃত্তি সম্পৰ্কত সজাগ,সচেতন তথা সাজু কৰি তুলিব পাৰে।

31. Write about the role of teacher in transfer.

স্থানান্তৰণত শিক্ষকৰ ভূমিকা কি?

Ans:- স্থানান্তৰণৰ ক্ষেত্ৰত শিক্ষকে ল’ব লগা ভূমিকাঃ শিক্ষকে গ্ৰহণ কৰা ভূমিকাৰ ওপৰতে শিকনৰ স্থানান্তৰণৰ ইতিবাচক বা নেতিবাচক পৰিণতি প্ৰভাৱিত হয়। শিক্ষার্থী তথা ব্যক্তিৰ শিকন অভিজ্ঞতাৰ ইতিবাচক স্থানান্তৰণৰ বাবে শিক্ষকে ল’ব লগা ভূমিকা সম্পর্কে তলত উল্লেখ কৰা হ’ল—

১। কোনো এটা বিষয়ৰ শিক্ষা প্ৰদান কৰাৰ আৰম্ভণিতে শিক্ষকে শিক্ষা আহৰণ বা অধ্যয়নৰ উদ্দেশ্য, লক্ষ্য আৰুপ্ৰয়োজনীয়তা সম্বন্ধে এক স্পষ্ট ধাৰণা শিক্ষাৰ্থীক দিব লাগে।

২। শিক্ষাৰ জৰিয়তে শিক্ষার্থীসকলক কেৱল একোটা বৃত্তিৰ বাবে উপযুক্ত কৰি তোলাৰ লগতে তেওঁলোকৰ জীৱনত কিছুমান ভাল অভ্যাস গঠন, সুস্থ মনোভাৱৰ সৃষ্টি কৰা, সুস্থ আদৰ্শৰ প্ৰতি আস্থাশীল কৰি তোলাৰ ওপৰত শিক্ষকে গুৰুত্ব আৰোপ কৰিব লাগে।

৩। শিক্ষাৰ্থীৰ আৰ্জিত জ্ঞান অভিজ্ঞতাক যাতে জীৱনৰ বাস্তৱ পৰিস্থিতিলৈ স্থানান্তৰিত কাৰব পাৰে তাৰ বাবে শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, সামাজিক আদি সকলো দিশৰে সমানে বিকাশ লাভ কৰোৱাব পৰাকৈ উপযুক্ত ব্যৱস্থা শিক্ষকে গ্ৰহণ কৰিব লাগে।

৪। শিক্ষকে শিক্ষাদান কৰাৰ সময়ত পুথিগত জ্ঞান অভিজ্ঞতাক ব্যাৱহাৰিক আৰু বাস্তৱ জীৱনৰ লগত সংগতি স্থাপন কৰি দেখুৱাব লাগে।

৫। শিক্ষার্থীয়ে শিক্ষাকালত অর্জন কৰা সদাচাৰ, কর্তব্যনিষ্ঠা, অনুশাসন প্রিয়তা আদি যাতে ভৱিষ্যত জীৱনৰ বাবে প্রয়োজনীয় সম্পদ হিচাপে থাকি যায় তাৰ প্ৰতি দৃষ্টি ৰাখি শিক্ষকে এনে সদৃগুণবোৰক স্থানাত্তৰণৰ সম্ভাৱনীয়তা বিচাৰ কৰি শিক্ষা পদ্ধতি যুগুত কৰা উচিত।

৬। শিক্ষকে শিক্ষার্থীক বহল পৰিসৰৰ সামান্যীকৰণমূলক অভিজ্ঞতা প্ৰদান কৰিব লাগে যাতে সি তেওঁলোকৰ জীৱনৰ বহল কর্মক্ষেত্ৰলৈ স্থানান্তৰিত কৰিব পৰা বিধৰ হৈ উঠে। ইয়াৰ বাবে শিক্ষকে পাঠদানৰ সময়ত পাঠৰ বিষয়বস্তুৰ বিভিন্ন অংশ আলোচনা কৰোঁতে নানান উদাহৰণ, প্রায়োগিক দিশ আদিলৈ আঙুলিয়াই শিক্ষাৰ্থীক এইবোৰৰ লগত জড়িত জ্ঞান, কৌশল, মনোভাৱ আদিৰ সামান্যীকৰণ কৰাৰ সহায় কৰিব লাগে।

৭। স্থানান্তৰণৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষকে শিক্ষাৰ্থীক পাঠ্যক্ৰমৰ বিষয় নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ আৰু নিৰ্দেশনা দিব লাগে।

৮। শিক্ষকে শিক্ষার্থীয়ে কেতিয়া আৰু কেনেকৈ স্থানান্তৰণৰ আশা কৰিব পাৰে আৰু স্থানান্তৰণৰ পৰা উদ্ভৱ হ’ব পৰা উপকাৰিতা কেনেধৰণৰ হ’ব পাৰে, পাঠ্যক্ৰমৰ লগত বাহ্যিক জগতখনৰ কেনে সম্পর্ক আছে আদি দিশবোৰ স্পষ্টভাৱে অনুভৱ কৰাবলৈ চেষ্টা চলাব লাগে।

৯। শিক্ষকে যিমান পাৰে পাঠ্যবিষয়ৰ অধ্যয়নৰ উপাদানসমূহক শিক্ষাৰ্থীৰ প্ৰায়োগিক জীৱনৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰি তুলিব লাগে৷

১০। শিক্ষকে শিক্ষাদান কৰোঁতে সমস্যা সমাধান, আলোচনা, প্রশ্নোত্তৰ আদি পদ্ধতি ব্যৱহাৰ কৰিব লাগে যাতে সেইবোৰৰ পৰা শিক্ষার্থীয়ে বিষয়টোক বহল ৰূপত চাবলৈ সক্ষম হ’ব পাৰে আৰু সর্বাধিক স্থানান্তৰণ বৃদ্ধিত সহায়ক হৈ উঠিব পাৰে।

১১। অন্যান্য বিষয় অধ্যয়নৰ প্ৰতি শিক্ষকৰ মনোভাৱ সংকীর্ণ, নেতিবাচক আৰু পক্ষপাতমূলক হোৱাৰ পৰিৱৰ্তে বহল, উদাৰ আৰু আগ্ৰহৰ মনোভাৱ গঢ়ি তুলিব লাগে।

১২। শিক্ষকে পাণ্য বিষয়ৰ তাত্বিক নীতি, সূত্ৰ আদিৰ ব্যাখ্যা দিবলৈ যাওঁতে ব্যাৱহাৰিক আৰু বাস্তৱ দিশ সম্পর্কে উপযুক্ত উদাহৰণ দাঙি ধৰিব লাগে।

১৩। শিক্ষকে পাঠ্য বিষয়ক চিন্তাপ্রধান আৰু মৌখিক বিধৰ কৰি তোলাৰ পৰিৱৰ্তে আত্ম-ক্ৰিয়া আৰু আত্ম- অনুসন্ধানমূলক কৰি তুলিব লাগে। এনে কৰিলে শিক্ষকে নিজেই জ্ঞানৰ প্ৰায়োগিকতাৰ দিশ সম্বন্ধে স্পষ্ট ধাৰণা ল’ব পাৰিব।

১৪। গতানুগতিক নীতি নিয়মৰ অনুৱৰ্তী হৈ চলিবলৈ শিকোৱাৰ পৰিৱৰ্তে গতিশীল আৰু নমনীয় নীতি গ্ৰহণ কৰি নতুন ৰ সৃষ্টিশীল আৰু উদ্ভাৱনশীল কৰি তুলিব লাগে।

১৫। শিক্ষকে শিক্ষার্থীক ঐতিহাসিকস্থান, সংগ্ৰহালয়, শিল্পউদ্যোগ, বিজ্ঞানৰ গৱেষণা প্রতিষ্ঠান আদিলৈ শিক্ষামূলক ভ্রমণ আৰু ক্ষেত্রভিত্তিক অধ্যয়নৰ বাবে লৈ যাব লাগে যাতে শিক্ষার্থীয়ে শ্রেণীকক্ষৰ শিক্ষা বহিঃজগতৰ বাস্তৱ পৰিস্থিতিলৈ সম্প্ৰসাৰিত কৰি তুলিব পাৰে।

১৬। স্থানান্তৰণৰ বাবে পোনপটীয়া অনুশীলনৰ প্ৰয়োজন। সেয়ে শিক্ষকে শিক্ষাৰ্থীৰ আহৃত জ্ঞান প্ৰয়োগ কৰাৰ সামৰ্থ জুখিব পৰা প্ৰশ্নৰ ব্যৱহাৰ, শিক্ষক নিয়ন্ত্রিত আলোচনা, প্রকল্প পদ্ধতি আদি ব্যৱহাৰ কৰিব লাগে।

32. শিক্ষাবিদ বা মনোবিদসকলে শিক্ষা-বিষয়ক বৰ্গীকৰণ [Taxonomy of Educational Objectives] কেনেকৈ কৰিছে আলোচনা কৰা?

Ans:- শিক্ষাবিদ তথা মনোবিদসকলে শিক্ষণৰ উদ্দেশ্যৰ ক্ষেত্ৰত তথা শিক্ষণ কার্যৰ সফলতা অর্জনৰ ক্ষেত্ৰত তিনিটা বহল দিশ বা ক্ষেত্র ভিত্তিত শিক্ষাক বৰ্গীকৰণ কৰিছে। এই তিনিওটা ক্ষেত্রক শিক্ষণক প্ৰভাৱিত কৰা মুখ্য দিশ হিচাপে বিবেচনা কৰা হৈছে।

সংজ্ঞানাত্মক ক্ষেত্র (Cognitive Domain) বা সংজ্ঞানাত্মক শিক্ষণ-

চিকাগো বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° বেঞ্জামিন ব্লুমে, ১৯৫৬ চনত শিক্ষার্থীসকলে শিক্ষাৰ ক্ষেত্ৰত উৎকর্ষ সাধন কৰিবলগীয়া আচৰণসমূহৰ ওপৰত ভিত্তি কৰি সংজ্ঞানাত্মক ক্ষেত্ৰত কেইটামান বিশেষ উদ্দেশ্য তথা দিশ অন্তৰ্ভুক্ত কৰিছে। তেওঁ এইসমূহক ছটা স্তৰত শ্রেণী বিভাজন কৰিছে। সেইসমূহ তলত আলোচনা কৰা হ’ল—

জ্ঞান (Knowledge) জ্ঞান হৈছে সংজ্ঞানাত্মক ক্ষেত্ৰত আটাইতকৈ সংকীৰ্ণ আৰু নিম্নতম স্তৰ। এই জ্ঞান শব্দটোৱে বিভিন্ন তথ্য, সূত্র, সংজ্ঞা আদি খবৰজাতীয় জ্ঞান আহৰণ কৰাকে বুজায়। ইয়াত বিষয়বস্তু সম্পর্কে জানিলেই হ’ল, বুজি পোৱাৰ বিশেষ কথা নাথাকে। এই জ্ঞান কৃতকার্যতাৰে আহৰণ কৰাসকলে প্ৰয়োজন অনুসৰি ভৱিষ্যতে জানি থোৱা কথা কৈ, লিখি বা কামৰ জৰিয়তে ব্যক্ত কৰিব পাৰি। এই স্তৰত স্মৰণ, চিনাক্তকৰণ, বিশেষীকৰণ, সার্বজনীনতা, নক্সা, প্রক্রিয়া, ধাৰণা, ঘটনা আদি অন্তর্ভুক্ত হৈ আছে। ব্যক্তিয়ে এই স্তৰত কেৱল মুখস্থ কৰিলেই হয়।

বোধ (Comprehension) বোধ জ্ঞানতকৈ বেছি উন্নত স্তৰ। বোধ মানে হৈছে শিক্ষার্থীয়ে বিভিন্ন তথ্য, সূত্র, সংজ্ঞা, কোনো কথা, ঘটনা, নীতি, ধাৰণা, তত্ব আদিৰ অৰ্থ বুজি পোৱা, হৃদংগম কৰা বা বোধগম্য হোৱাৰ ক্ষমতা। ব্যক্তিয়ে এই স্তৰত জনা কথা কেৱল মুখস্থ কৰাই নহয়, বৰং সেইবোৰৰ গূঢ়ার্থ, পাৰস্পৰিক সম্বন্ধ আদিক উপলব্ধি কৰে। অৰ্থাৎ এই স্তৰত ব্যক্তিয়ে তথা শিক্ষার্থীয়ে মূৰ্ত শিক্ষণ লাভ কৰি মূৰ্ত মাধ্যমেৰে তথা অৰ্থকৰণ, ভাবানুবাদ, ব্যাখ্যাকৰণ আদিৰ জৰিয়তে বিষয়বস্তুক নিজে সহজ-সৰলভাৱে বুজি লৈ জ্ঞান অর্জন কৰে।

প্রয়োগ (Application) প্রয়োগ বুলি কলে জনা বা বুজি পোৱা কথাক বিভিন্ন ক্ষেত্ৰত উপস্থাপন বা ব্যৱহাৰ কৰি বা নতুন সমস্যাক বাস্তৱ পৰিস্থিতিত প্ৰয়োগ কৰাক বুজায়। অভিজ্ঞতা বা জ্ঞানক যদি সাৰ্থকভাৱে প্ৰয়োগ কৰিব পাৰিছে তেন্তে জানিব লাগিব যে তেওঁ জ্ঞান আৰু বোধৰ স্তৰ কৃতকার্যতাৰে অতিক্ৰম কৰিছে।

বিশ্লেষণ (Analysis) কোনো এটা জটিল সমস্যা বা পৰিস্থিতি, তথ্য বা ধাৰণা বা পদ্ধতিক ভালকৈ বুজি তাক ফঁহিয়াই চালি-জাৰি চাই মনতে সৰল উপাদানলৈ ভাঙি ল’ব জনা পদ্ধতিকে বিশ্লেষণ বোলা হয়। এনেদৰে সৰল উপাদানলৈ ভাঙি লোৱাৰ পাছত সেইসমূহৰ গাইগুটীয়া বৈশিষ্ট্য আৰু সিঁহতৰ মাজত থকা পাৰস্পৰিক সম্বন্ধ সহজেই উপলব্ধি কৰিব পাৰিব। যি ব্যক্তিয়ে উপযুক্তভাৱে বিশ্লেষণ কৰিব পাৰে, তেওঁ জটিল প্রক্রিয়াত কি ঘটিছে আৰু ই কেনেদৰে ক্ৰিয়া কৰিছে। সেয়া সহজে বুজিব পাৰে। ই শিক্ষাৰ্থীৰ যুক্তি সামৰ্থৰ উন্নতি ঘটায়।

সংশ্লেষণ (Synthesis) বিশ্লেষণৰ বিপৰীত প্ৰক্ৰিয়াক সংশ্লেষণ বুলি কোৱা হয়। সংশ্লেষণে কোনো বস্তু বা সমস্যাৰ প্রয়োজনীয় অংশসমূহ বা সৰল উপাদানসমূহক প্ৰণালীৱদ্ধভাৱে একত্ৰিত কৰি এক অৰ্থপূৰ্ণ ৰূপ দান কৰাকে বুজায় ৷ ই সামগ্রিকভাৱে শিক্ষাৰ্থীৰ সৃজণাত্মক সামৰ্থৰ উন্নতি ঘটায়। সংশ্লেষণৰ কাৰণে শিক্ষার্থীয়ে বস্তু বা সমস্যাটোৰ উপাদানসমূহৰ মাজৰ সাদৃশ্য, পাৰস্পৰিক সম্বন্ধ, নিৰ্ভৰশীলতা আদিক স্পষ্টকৈ উপলব্ধি কৰিব লাগিব। সেয়ে সংশ্লেষণে শিক্ষার্থীক অন্তদৰ্শনৰ জৰিয়তে সামগ্ৰিকভাৱে নতুন ধ্যান-ধাৰণা সৃষ্টি কৰাৰ সামৰ্থতাৰ ওপৰত গুৰুত্ব দিয়ে।

মূল্যায়ন (Evaluation) সংজ্ঞানাত্মক ক্ষেত্ৰৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীৰ উপযুক্ততা বিচাৰ কৰা, যুক্তিকৰণ, শুদ্ধ সংশ্লেষণ, বিশ্লেষণ, তুলনা, সাধাৰণীকৰণ আদি দিশসমূহৰ উন্নতিকৰণত সহায় কৰা। যাৰ জৰিয়তে শিক্ষাৰ্থীৰ মনঃস্তাত্বিক আৰু বৌদ্ধিক সামৰ্থৰ উন্নতি ঘটিব। মূল্যায়ন মানে যিকোনো বৌদ্ধিক সমস্যা বা পৰিস্থিতিত আটাইবিলাক দিশ ভালকৈ বিচাৰ-বিশ্লেষণ কৰি সামগ্ৰিকভাৱে বুজি পোৱা আৰু সেইসমূহ সম্পূৰ্ণভাৱে আয়ত্ব কৰি সম্ভাব্য সমাধান আগবঢ়াব পৰা দক্ষতা। ই হ’ল সংজ্ঞানাত্মক ক্ষেত্ৰত শেষ আৰু উন্নত স্তৰ।

আনুভূতিক ক্ষেত্র (Affective Domain) শিক্ষাৰ আনুভূমিক ক্ষেত্ৰই শিক্ষাৰ্থীৰ ইচ্ছা, আগ্রহ, অনুভূতি, প্রকাশভংগী, সমাযোজন আদিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। ১৯৬৪ চনত ক্ৰেথৱেল আৰু তেখেতৰ লগৰীয়াসকলে শিক্ষণৰ আনুভূতিক ক্ষেত্ৰৰ কেইটামান স্তৰৰ কথা উল্লেখ কৰিছে। সেইবেৰ হ’ল—

গ্ৰহণ কৰা (Receiving) উদ্দীপনা গ্ৰহণ কৰিবৰ বাবে কোনো বিশেষ বিষয় বা উদ্দীপকৰ প্ৰতি শিক্ষাৰ্থীৰ ইচ্ছা, মনোযোগৰ বাবে আগ্রহ, মনোবল আদিৰ প্ৰতি মনোভাৱ গঢ়ি তোলা; যেনে, ছাত্রই শুনে, প্রশ্ন সোধে, ভালকৈ শুনিবলৈ বা দেখিবৰ বাবে পোন হৈ বহে, মনোযোগেৰে চাই আদিয়ে আন্তৰিকতাৰ পৰিচয় দিয়ে বাবে সেইবোৰত গুৰুত্ব দিয়ে।

প্রতিক্রিয়া (Responding) প্রতিক্রিয়াাা মানে শিক্ষণীয় বিষয়ৰ প্ৰতি শিক্ষার্থীক সক্রিয়ভাৱে অংশ গ্ৰহণ কৰাৰ বাবে আগ্রহ জন্মোৱা আৰু আনন্দিত কৰি তোলা; যেনে, ছাত্ৰই প্ৰশ্নৰ উত্তৰ দিয়া, আদেশ পালন কৰা, পঢ়া, লিখা, মানি চলা আদি কাৰ্যৰ সমষ্টিয়েই হ’ল প্ৰতিক্ৰিয়া প্ৰদৰ্শন।

মূল্য আৰোপ কৰা (Valuing) শিক্ষাৰ্থীৰ আচৰণৰ সংশোধন ঘটোৱা আৰু বিভিন্ন কথাত মূল্য আৰোপ কৰাৰ সামৰ্থ আহৰণত সহায় কৰা। মূল্য আৰোপ কৰাৰ লগতে ব্যক্তিগত মনোভাৱ আৰু সামাজিক বিচাৰ জড়িত হৈ আছে। ছাত্রই সমৰ্থন কৰা, পছন্দ কৰা, সন্মতি প্ৰকাশ কৰা, যুক্তিৰে চালি-জাৰি চোৱা, সংকল্প গ্ৰহণ কৰা ইত্যাদি প্ৰতিক্ৰিয়াৰ জৰিয়তে বিভিন্ন কথাত বিভিন্ন ধৰণেৰে মূল্য আৰোপ কৰিছে।

সংগঠন (Organisation) শিক্ষাৰ্থীৰ জ্ঞান আহৰণৰ মানসিক প্রক্রিয়াসমূহ; যেনে, সংবেদন, সংবোধন আৰু সংপ্ৰত্যয়ন দিশ সংগঠিত কৰি তোলা। অর্থাৎ বিভিন্ন দিশত দিয়া অকলশৰীয়া মূল্যসমূহক একগোট কৰা, সেইবিলাকৰ তুলনা আৰু সম্বন্ধ স্থাপন কৰাৰ সামৰ্থই হ’ল সংগঠন।

বৈশিষ্ট্যকৰণ (Characterisation) বৈশিষ্ট্যকৰণ মানে বিভিন্ন দিশত গঢ়ি উঠা মূল্যবোধসমূহক একত্রিত কৰি নিৰ্দিষ্ট জীৱন দৰ্শন সৃষ্টি কৰাৰ সামৰ্থ গঢ়ি তোলা। ছাত্ৰই সেৱা আগবঢ়োৱা, কার্য সম্পাদনা কৰা, আত্মচেতনা প্ৰকাশ কৰা, প্ৰভাৱ বিস্তাৰ কৰা আদি প্ৰক্ৰিয়া প্ৰদৰ্শন কৰাৰ পৰাই বুজিব পাৰি যে সিহঁতে বিভিন্ন দিশত মূল্যবোধ আয়ত্ব কৰি এক নিৰ্দিষ্ট ব্যক্তিত্ব আয়ত্ব কৰিলে।

সংক্রিয়াত্মক ক্ষেত্র (Psychomotor Domain) ১৯৬৮ চনত ভাৰতীয় শিক্ষাবিদ এইচ. আৰ. ডেভে সংক্ৰিয়াত্মক ক্ষেত্ৰৰ কেইবাটাও স্তৰ চিনাক্তকৰণ কৰে। ইশিক্ষাৰ্থীৰ ক্রিয়াত্মক যোগ্যতা, কৰ্ম কৌশল আদিৰ ওপৰত গুৰুত্ব দিয়ে যিবোৰে শিক্ষাৰ্থীৰ মানসিক প্ৰক্ৰিয়াৰ ওপৰত বিশেষভাৱে নিৰ্ভৰশীল। ইয়াৰ বিভিন্ন স্তৰসমূহ তলত দিয়া হ’ল—

প্ৰৱণতা (Impulsion) ইন্দ্ৰিয় শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীৰ শাৰীৰিক মানসিক আৰু আধ্যাত্মিক প্ৰৱণতাৰ মাজত ইন্দ্ৰিয়সমূহৰ সমাযোজন ঘটোৱা আৰু কৰ্মপ্ৰৱণতাৰ প্ৰতি মনোযোগ গঢ়ি তোলা।

অনুকৰণ (Imitation) শিক্ষাৰ্থীৰ শিক্ষা আহৰণৰ ওপৰত নিৰ্ভৰ কৰি কৰ্ম নিৰ্দেশনাৰ প্ৰতি শুদ্ধ অনুকৰণ গঢ়ি তোলাত সহায় কৰা।

হস্তনিপুণতা (Manipulation) হস্ত নিপুণতাৰ জৰিয়তে শিক্ষাৰ্থীক কৰ্মৰ প্ৰতিটো দিশত কৌশলপ্ৰিয় আৰু সহনশীল কৰি তোলা যাতে তেওঁলোকে ভৱিষ্যতে স্বাৱলম্বী হ’ব পাৰে।

সমন্বয় (Coordination) শিক্ষাৰ্থীৰ 5H’s আৰু 7R’sৰ ক্রমবিকাশ ঘটাই ভৱিষ্যতে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পৰাকৈ বৈজ্ঞানিক দৃষ্টিভংগীৰে মানৱীয় মূল্যবোধসমূহৰ প্ৰতি সচেতন কৰি তোলা।

নিয়ন্ত্রণ (Control) জটিল পৰিৱেশক নিয়ন্ত্ৰণ কৰা। অৰ্থাৎ জাতীয় উন্নয়নৰ বাবে শিক্ষাক উৎপাদনশীলতাৰ লগত সংযোজিত কৰাই শিক্ষাৰ জৰিয়তে সামাজিক আৰু জাতীয় ঐক্য শক্তিশালী কৰা।

অভ্যাস গঠন (Habit Formation) শিক্ষাৰ জৰিয়তে স্বতঃস্ফুর্তভাৱে শিক্ষাৰ্থীয়ে সু-অভ্যাস গঠন কৰা কৰ্মত স্বাভাৱিকীকৰণ কৰি তোলা, যাতে তেওঁলোকে সম্পূর্ণ জীৱন-যাপন কৰিব পাৰে।

33. শিকনৰ অৰ্থ আৰু সংজ্ঞা দিয়া? [Meaning and Definitions of learning] :

Ans:- শিকন হৈছে এক জীৱনজোৰা প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ জৰিয়তে ব্যক্তিয়ে পৰিৱৰ্তিত পৰিৱেশৰ লগত খাপ খাব পৰাকৈ নিজৰ পূৰ্বৰ আচৰণৰ পৰিৱৰ্তন সাধন কৰি নতুন আচৰণ আয়ত্ত কৰে। ব্যক্তিয়ে নতুন পৰিৱেশত খাপ খাব পৰাকৈ সহজাত প্রবৃত্তিৰ সংশোধন সাধন কৰি উন্নত আচৰণ লাভ কৰাই হৈছে শিকন। আমি শিকনৰ সহায়ত দৈনন্দিন জীৱনত সন্মুখীন হোৱা যিকোনো সমস্যা সমাধান কৰিব পাৰোঁ। পূৰ্বৰ অভিজ্ঞতাৰ সহায়েৰে নতুন বিষয় আয়ত্ত কৰা আৰু নতুন পৰিৱেশ-পৰিস্থিতিৰ লগত সংগতি বিধানৰ দক্ষতা লাভ কৰাটোৱেই হ’ল শিকন। শিকন কাৰ্যৰ দ্বাৰা আমি কোনো নতুন কৌশল আয়ত্ত কৰিবলৈ সক্ষম হওঁ আৰু কোনো বিষয়ত দক্ষ হৈ উঠোঁ; যেনে- সাঁতোৰা, টাইপ কৰা, গাড়ী  চলাবলৈ শিকা ইত্যাদি। গতিকে দেখা যায় যে পৰিৱৰ্তিত পৰিৱেশৰ লগত নিজকে সংগতি সাধন কৰিবৰ কাৰণে মানুহে নিজৰ প্ৰতিক্ৰিয়া আৰু আচৰণৰ সাল-সলনি কৰা প্ৰক্ৰিয়াকে শিকন বোলা হয়। ঠিক সেইদৰেই যিবিলাক উদ্দীপকে আমাক বেছি উদ্দীপিত কৰে, সেইবিলাকৰ প্ৰতিক্ৰিয়া স্বৰূপে আমাৰ আচৰণৰ পৰিৱৰ্তন সাধন কৰা ধাৰণাবিলাকেই হৈছে শিকন।

শিকন সম্পর্কে বিভিন্ন মনোবিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। সেইবোৰৰ ভিতৰৰ কেইটিমান সংজ্ঞা তলত উল্লেখ কৰা হ’ল—

মনোবিদ এডৱাদ গেইট মতে, “অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধন কাৰ্যই হ’ল শিকন” [Learning is the modification of behaviour through experience and training.]। গিলফোর্ড[Guilford] ৰ মতে, “আচৰণৰ পৰিণতিস্বৰূপে পৰৱৰ্তী আচৰণৰ যিকোনো পৰিৱৰ্তনেই হ’ল শিকন” [Learning’ is any change in behaviour resulting from behaviour.]

কলভিনৰ মতে, “অভিজ্ঞতাৰ যোগেদি জীৱৰ প্ৰতিক্ৰিয়াসমূহৰ সংশোধন সাধনেই হ’ল শিকন।” [Learning is the modification of the reactions of an organism through experience.]।

মনোবিদ ৰবাৰ্ট এছ. উদ্ভৱৰ্থ [Robert S. Woodworth] ৰ মতে, “যিকোনো ক্রিয়াকেই শিকন বুলিব পাৰি, যি বাক্তিৰ ভালবেয়া যিকোনো দিশতে বিকাশ ঘটাব পাৰে আৰু তেওঁৰ আচৰণ আৰু অভিজ্ঞতা আগতকৈ পৃথক কৰি তুলিব পাৰে” [Any activity can be called Learning so far as it develops the individual in any respect, good or bad and makes his behaviour and experience different from what that otherwise have been.]

মনোবিদ স্কিনাৰ [Skinner] ৰ মতে, “অভ্যাস, জ্ঞান আৰু মনোভংগীৰ আয়ত্তকৰণ আৰু সংৰক্ষণেই হৈছে শিকন।” [Learning is both acquisition and retention of habit, knowledge and attitude.]

স্মিথৰ [Smith] ৰ মতে, “অভিজ্ঞতাৰ ফলত নতুন আচৰণ আয়ত্তকৰণ আৰু পুৰণি আচৰণৰ শক্তিবৃদ্ধি বা হাস কৰা প্ৰক্ৰিয়াকে শিকন বোলা হয়” [Learning is the acquisition of new behaviour or the strengthening and weakening of old behaviour as the result of experience.] I

ক্ৰো আৰু ক্ৰো [Crow and Crow] ৰ মতে, “অভ্যাস আৰু মনোভংগী আয়ত্তকৰণৰ লগতে নতুনভাৱে (কোনো কার্য সম্পাদন কৰাৰ দক্ষতাকে শিকন বোলা হয়।” [Learning involves the acquisition of habit knowledge and attitude, it involves new ways of doing things.]।

ৰাইবাৰ্ন [Rybum]ৰ মতে, “শিকন হৈছে ইয়াৰ সৰলতম্ পৰ্যায়ত পৰিস্থিতিৰ প্ৰতি প্রতিক্রিয়া কৰা বা ইয়াৰ উৎকর্ষ সাধন কৰিবলৈ পূৰ্বৰ আচৰণৰ সংশোধন সাধন কার্য।” [In its simplest stages learning is a matter of making a response to a situation of modifying a previous response in order to bring about an improvement.] |

গার্ডেন মার্ফি [Garden Murphy] ৰ মতে, “এজন ব্যক্তিয়ে পৰিবেশত সমাযোজন কৰিৰৰ বাবে ৰকীৰ হোৱা আচৰণৰ প্ৰত্যেকটো পৰিৱৰ্তনকে শিক্ষণে সাঙুৰি লয়।” [The term learning covers every modification in behaviour to meet environmental requirements.]

বিখ্যাত মনোবিদ ফৰিমেনৰ মতে, “শিকন হ’ল এনে এক প্ৰক্ৰিয়া য’ত ব্যক্তিয়ে পৰিবেশৰ যিকোনো পৰিস্থিতিত মুখামুখি হ’বলৈ বিকাশ লাভ কৰিব পাৰে।”

এৰিকচনৰ মতে, “শিকন হৈছে এক প্রক্রিয়া আমাৰ কৰ্ম কৰা আৰু সমাযোজন সাধন কৰাৰ ক্ষমতা বৃদ্ধি কৰে।” [Learning is a process which improves our efficiency of working and making adjustment.]

উইঙ্গোৰ মতে, “শিকন হ’ল কিছু পৰিমাণে প্রত্যক্ষণ, কিছু পৰিমাণে বৌদ্ধিক, কিছু পৰিমাণে আৱেগিক আৰু কিছু পৰিমাণে সঞ্চালনমূলক অভিজ্ঞতাৰ মাজেদি দেখা, অনুভৱ কৰা আৰু কাম কৰাৰ মৌলিক ক্ষমতাৰ পৰিৱৰ্তন” [ Learning can be defined as changing one’s potential for seeing, feeling and doing through experience party perceptual, partly intellectual, partly emotional and partly motor.]

মেকগক আৰু আইৰায়ন [Mcgeoch and Iron] ৰ মতে, “বাস্তৱ কৰ্ম, অনুশীলন আৰু অভিজ্ঞতাৰ যোগেদি সম্পাদিত পৰিৱৰ্তনকে শিকন বুলি ক’ব পাৰি” [Learning is a process of change in performance through conditions of activity, practice and experience.]

মনোবিজ্ঞানী গেৰেট [Garret] ৰ মতে, “শিকন হৈছে আহৰণৰ সংগঠন।” [Learning is an organisation of behaviour.]

কিংছলে আৰু গেৰী [Kingsley and Garry] ৰ মতে, “শিকন হৈছে এক সমাযোজন প্রক্রিয়া।” [Learning is an adjustment process.] তেওঁলোকৰ মতে, “শিকন হৈছে জীৱৰ এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা প্ৰাণীয়ে নিজৰ অভিপ্ৰায়বোৰ পূৰণৰ বাবে পৰিস্থিতিৰ লগত নিজকে খাপ-খুৱাই লয় অথবা সমাযোজন কৰে আৰু তাৰ যোগেদি উপস্থিত বাধা-বিঘিনি অতিক্ৰম কৰিবৰ বাবে নিজ আচৰণ সংশোধন কৰে।” [Learning is a process by which an organism in satisfying his motivation adopts or adjusts to a situation in which it must modify its behaviour in order to overcome obstacles or barriers.] 1

মনোবিজ্ঞানী মান [MunnJৰ মতে, “শিকন হৈছে আচৰণ আৰু অভিজ্ঞতাৰ পৰিৱৰ্তন।” [To learn is to modify behaviour and experience.]

কিম্বল [Kimble]ৰ মতে, “শিক্ষণে কম-বেছি পৰিমাণে অনুশীলনৰ পৰা হোৱা আচৰণৰ স্থায়ী পৰিৱৰ্তনকে সূচায়।” 

গেটাৰ [Gater] ৰ মতে, “শিক্ষণে অভিজ্ঞতাৰ মাজেদি আচৰণৰ পৰিৱৰ্তন সাধে।” [Learning is modification of behaviour through experience.]

শিকনৰ সংজ্ঞাসমূহৰ পৰা দেখা যায় যে, জীৱই নতুন পৰিৱেশত নিজকে উপযুক্তভাৱে খাপ খাবলৈ পূৰ্বৰ আচৰণক সংশোধন,কৰি নতুন, ক্রিয়া আচৰণৰ অভিজ্ঞতা আহৰণ কৰা জৈৱিক আচৰণৰ পৰিৱৰ্তনৰ পৰিণিতিয়েই হ’ল শিকন।

33. চমু টোকা লিখা।

(ক) প্ৰচেষ্টা আৰু ভুল পদ্ধতি (Trial and Error method)

Ans:- শিক্ষামনোবিদ থর্নডাইকে শিক্ষাগ্রহণ প্রক্রিয়াক উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংযোগ স্থাপনৰ প্ৰক্ৰিয়াৰূপে বৰ্ণনা কৰে। উদ্দীপক-প্ৰতিক্ৰিয়াৰ সংযোগ সাধন কৰিবৰ বাবে ব্যক্তিয়ে প্ৰচেষ্টা চলাব লগা হয়। প্রথম প্রচেষ্টাত সফল নহ’লে দ্বিতীয়বাৰ যত্ন কৰে, দ্বিতীয়বাৰ নোৱাৰিলে তৃতীয় বাৰত আৰু এনেকৈ সফল নোহোৱা পর্যন্ত প্ৰচেষ্টাৰ সংখ্যা বঢ়াই নি থকা হয়। প্রচেষ্টা বাঢ়ি গৈ থকাৰ লগে লগে আগৰ কেইবাৰত হোৱা ভুলৰ সংখ্যাও কমি যায়। এটা সময়ত এটাও ভুল নকৰাকৈ ইপ্সিত ফল লাভ কৰাত সমর্থ হয়। এনেকৈয়ে নানা যত্নৰ মূৰত একোটা সমস্যা সমাধান কৰিব পৰা হয়। সৰু সৰু ল’ৰা-ছোৱালীয়ে সাধাৰণতে প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰেই শিকে। কিছুমান সমস্যা সমাধান কৰিবৰ বাবে প্রাপ্তবয়স্ক আৰু মেধাসম্পন্ন সকলৰ ক্ষেত্ৰতো প্রচেষ্টা আৰু ভুল পদ্ধতি প্রয়োগৰ প্ৰয়োজন হয়। আনুষ্ঠানিক শিক্ষা পদ্ধতিত প্ৰাথমিক আৰু মাধ্যমিক স্তৰৰ শিক্ষাৰ্থীসকলক লিখা, পঢ়া, অংক কৰা, ছবি অঁকা আদি কামবোৰ আত্মপ্ৰচেষ্টাৰে সমাধান কৰিবলৈ দি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলে দেখা যায় যে, কিছুমান ছাত্র-ছাত্রীয়ে অলপ যত্ন কৰিয়েই শুদ্ধকৈ কামবোৰ কৰি পেলাইছে আৰু আন কিছুমানৰ বাবে হয়তো যথেষ্ট কষ্টৰ প্ৰয়োজন হৈছে। সাধাৰণতে হীনবুদ্ধিসকলৰ বাবে বেছি প্ৰচেষ্টাৰ প্ৰয়োজন হয়। এওঁলোকক ‘মন্থৰ শিকাৰু’ হিচাপে চিহ্নিত কৰা হয়।

(খ) অন্তর্দৃষ্টি পদ্ধতি (Insightful method)

Ans:- প্রচেষ্টা আৰু ভুল পদ্ধতি সম্পর্কে কৰা আলোচনাত এইটো প্ৰতিফলিত হৈছে যে কিছুমান বিশেষ কৌশল (যেনে— সাঁতোৰা, চাইকেল, চলোৱা আদি) আয়ত্ব কৰাৰ বাহিৰে যিকোনো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বুধিয়কসকলে কণামুনাকৈ যত্ন কৰি থকাৰ পৰিৱৰ্তে নিজৰ বুদ্ধি খটুৱাই সমস্যা সমাধা কৰিব পাৰে। সামগ্রিকতাবাদী মনোবিদসকলে মত পোষণ কৰে যে কোনো বুদ্ধিসম্পন্ন ব্যক্তিয়ে যিকোনো সমস্যা সমাধান কৰিবৰ বাবে থনডাইকে কোৱাৰ দৰে প্ৰচেষ্টা আৰু ভুল পদ্ধতি আশ্রয় নলয়। বৰং তেওঁলোকে প্রথমে সমস্যাটো আঁতি-গুৰি মাৰি বুজিবলৈ যত্ন কৰে আৰু সমাধানৰ পথ উলিওৱাৰ চিন্তা কৰে। চিন্তাৰ ফলস্বৰূপে মনৰ ভিতৰত সমাধানৰ পথে ভুমুকি মাৰে। মনত সমাধানৰ পথে নিজে ভুমুকি মৰাৰ এই মানসিক বৈচিত্ৰক সামগ্রিকতাবাদীসকলে অন্তর্দৃষ্টি বুলিছে। তেওঁলোকৰ মতে বুধিয়কসকলে অন্তর্দৃষ্টিৰ সহায়তে শিকিব পাৰে।

আনুষ্ঠানিক শিক্ষাৰ বিভিন্ন পৰ্যায়ৰ বাবে যুগুত কৰা পাঠ্যক্ৰমৰ জটিলতা যিমানে বৃদ্ধি পায়, উচ্চ মেধাসম্পন্ন শিক্ষাৰ্থীসকলৰ অন্তর্দৃষ্টিৰ প্ৰয়োগো সিমানে বেছি হয়। প্রচেষ্টা আৰু ভুল পদ্ধতিৰে শিকিব লগা হোৱাসকলতকৈ বহু আগতে মেধাসম্পন্নসকলে তেওঁলোকৰ পাঠ্যক্রম শেষ কৰিব পাৰে। সেয়ে সকলো স্তৰতে প্ৰতিভাসম্পন্নসকলৰ বাবে বিশেষ পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা হয়।

(গ) অনুবন্ধন পদ্ধতি (Conditioning method)

Ans:- অনুবন্ধন পদ্ধতিক নিয়ন্ত্ৰিত প্ৰভাৱৰ দ্বাৰা শিকা পদ্ধতি বুলিও কোৱা হয়। শিশু শিক্ষাৰ বাবে এই পদ্ধতি বিশেষভাৱে প্রযোজ্য। পদ্ধতিটো মূলতঃ Pavlov ৰ অনুবন্ধিত প্রতিক্রিয়া তত্ত্বৰ পৰাই উদ্ভাৱন কৰা হৈছে। ব্যক্তিয়ে যিটো উদ্দীপকৰ প্ৰতি এটা বিশেষ প্রতিক্রিয়া কৰে, সেই উদ্দীপকৰ অবিহনে ব্যৱহাৰ কৰা অন্য এটা উদ্দীপকৰ প্ৰতি এটা বিশেষ প্রতিক্রিয়া কৰে, সেই উদ্দীপকৰ অবিহনে ব্যৱহাৰ কৰা অন্য এটা উদ্দীপকৰ সহায়তো যেতিয়া একেই প্রতিক্রিয়া আদায় কৰা হয় তেতিয়া তেওঁৰ সেই প্রতিক্রিয়াক অনুবন্ধিতপ্রতিক্রিয়া বোলা হয়। এটা উদ্দীপকৰ লগত আন এটা উদ্দীপক একেলগে উপস্থাপন কৰিলে পাছলৈ সেই দুটা উদ্দীপকৰ যিকোনো এটা ব্যৱহাৰ কৰিয়েই পূৰ্বৰ দৰে এক প্ৰতিক্ৰিয়া পাব পাৰি। এই ক্ষেত্ৰত উদ্দীপক দুটাৰ মাজত অনুসংগই প্রতিক্রিয়া প্রতিফলিত কৰাত সহায় কৰে। বিদ্যালয়ৰ সময়ত ব্যৱহাৰ কৰা শ্ৰব্য-দৃশ্য সঁজুলিয়ে অনুবন্ধনৰ কাম কৰে। বিষয় একোটাৰ লগত খাপ খোৱাকৈ শিক্ষকে ব্যৱহাৰ কৰা বিশেষ ধৰণৰ অঙ্গী-ভঙ্গী, ব’ৰ্ডত আঁকি দিয়া ছবি ইত্যাদিয়ে মূল বিষয়ৰ বিকল্প উদ্দীপকৰূপে কাম কৰিব পাৰে। কিণ্ডাৰগার্টেন পদ্ধতিত অঙ্গী-ভঙ্গী, আবৃত্তি, আদিৰ ব্যৱহাৰৰ যোগেদি শিক্ষাৰ্থীসকলৰ আগ্রহ বৃদ্ধি কৰাৰ অন্তৰালত অনুবন্ধনৰ প্ৰভাৱ লক্ষ্য কৰিব পাৰি, কিছুমান ভাল কামৰ অভ্যাস গঠনৰ বাবে কামটোৰ লগত পুৰস্কাৰ ঘোষণা কৰা হয়। প্ৰথম অৱস্থাত পুৰস্কাৰ লাভ কৰাৰ বাসনাই কামটোৰ প্ৰতি আগ্রহী কৰি তোলে। কামটোৰ কৃতকাৰ্যতাই মনলৈ যেতিয়া সন্তুষ্টি আনে তেতিয়া পুৰস্কাৰৰ কথা পাহৰি যোৱাটোও অস্বাভাৱিক নহয়। আৰম্ভণিতে কৃতকার্যতা আৰু পুৰস্কাৰ দুয়োটাই কামত প্ৰবৃত্ত কৰাবৰ বাবে ব্যৱহাৰ কৰা উদ্দীপক আছিল যদিও পাছলৈ কৃতকাৰ্যতাৰ পৰা পোৱা সন্তুষ্টিয়েই তেনে ধৰণৰ কামৰ প্ৰতি উৎসাহিত কৰিবলৈ যথেষ্ট উদ্দীপনা দিয়ে।

কেতিয়াবা বিষয় একোটাৰ লগত শিক্ষকৰ ব্যক্তিত্বও অনুবন্ধিত হৈ পৰে। বিষয়টো জটিল হ’লেও শিক্ষকৰ ব্যক্তিত্বৰ আকৰ্ষণৰ বাবে তেওঁ পঢ়োৱা বিষয়টো সহজ যেন লগা হয় আৰু পাছলৈ সেই বিষয়টোৰ লগত আকর্ষণীয় ব্যক্তিত্বৰ শিক্ষকজনৰ স্মৃতি জড়িত হৈ বিষয়টোৰ প্ৰতি আগ্ৰহ বঢ়াই তোলা। এনে ধৰণৰ বিভিন্ন উদাহৰণৰ পৰা বুজিব পাৰি যে অনুবন্ধন পদ্ধতি শিক্ষাগ্ৰহণৰ বাবে এটা উপযুক্ত পদ্ধতি।

(ঘ) অনুকৰণ পদ্ধতি (Imitation method)

Ans:- নিজ প্রচেষ্টাৰে শিকিবলৈ অক্ষম হ’লে বা নিজৰ বুদ্ধিৰে কাম একোটা কৰিবলৈ সক্ষম নহ’লে আনে কেনেকৈ কৰিছে তাক পর্যবেক্ষণ কৰে আৰু আনে কৰাৰ দৰে কামটো কৰাৰ প্ৰৱণতা বহুতৰে থাকে। ইয়েই হ’ল অনুকৰণ। অনুকৰণ দুই প্ৰকাৰে সম্ভৱ হয়। স্বতঃস্ফুর্ত আৰু ইচ্ছাকৃতভাৱে। সৰু সৰু ল’ৰা ছোৱালীৰ অনুকৰণ স্বতঃস্ফুর্ত। মাক-দেউতাক, অভিভাৱক, শিক্ষক আৰু অন্যান্য জেষ্ঠসকলৰ ব্যক্তিগত সংস্পৰ্শলৈ অহা শিশুৱে তেখেতসকলৰ কথা-বতৰা, চাল-চলন আদি আচৰণবোৰ নিজৰ আচৰণত প্ৰতিফলিত কৰে। শিশুৰ আচৰণ যে তেওঁক লালন-পালন কৰা অভিভাৱকৰ দৰেই হৈছে সেই কথা শিশুৱে নিজেও গম নাপায়। এনে ধৰণৰ অনুকৰণেই স্বতঃস্ফূর্ত। আনহাতে বয়স বাঢ়ি অহাৰ লগে লগে শিশুৱে ভাল-বেয়া বিচাৰ কৰিব পৰা হয়। আনৰ যিবোৰ আচৰণ তেওঁলোকৰ ভাল লাগে সেইবোৰ অনুকৰণ কৰে। বেয়া লগাবোৰৰ পৰা আঁতৰত থাকিবলৈ বিচাৰে। এনেদৰে বাচ-বিচাৰ কৰি কৰা অনুকৰণেই ইচ্ছাকৃত অনুকৰণ । মাধ্যমিক পৰ্যায়ৰ ল’ৰা-ছোৱালীয়ে ইচ্ছাকৃতভাৱে অনুকৰণ কৰি বহুত কথা আৰু কৌশল আয়ত্ব কৰে। সেয়ে এই পৰ্যায়ৰ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ প্ৰতি প্ৰদৰ্শন কৰা তেওঁলোকৰ ব্যৱহাৰত সতর্ক হ’ব লাগে, যাতে তেওঁলোকক অনুকৰণ কৰিবলৈ বিচৰা শিক্ষাৰ্থীসকল সজ-আচৰণৰ পৰা বঞ্ছিত হ’ব লগা নহয়। শিক্ষার্থীসকলে কেৱল ভাল লগা অনুভূতিৰ বাবেই প্রয়োজনীয় আচৰণ কিছুমান যাতে অনুকৰণ নকৰে, তাৰ প্ৰতিও সজাগ হ’ব লগা হয়। আনে কাম কৰাৰ পদ্ধতি একোটা কেৱল ভাল লাগে বাবেই অনুকৰণ কৰিবলৈ গৈ নিজৰ শক্তি সামৰ্থৰ প্ৰতি অৱহেলা কৰা হয়। যিটো বিষয়ত নিজৰ সামর্থ প্ৰকাশ কৰাৰ সুবিধা থাকে তেনে বিষয়ত আনক অনুকৰণ কৰাৰ ফলস্বৰূপে নিজৰ বুদ্ধিবৃত্তি বিকাশত নিজেই হেঙাৰ হৈ পৰে। গতিকে শিক্ষার্থীসকলক যিমান দূৰলৈকে পাৰি নিজ প্রচেষ্টাৰে কোনো কাম কৰিবলৈ দিব লাগে। আনৰ ভাল কামক আৰ্হি হিচাপে গ্রহণ কৰিব পৰাটো আদৰ্শ অনুকৰণৰ পৰিচায়ক আৰু কোনো আদৰ্শগত কাৰণ নথকাকৈ কেৱল ভাল লাগে বাবেই অনুকৰণ কৰাটো হ’ল অন্ধ অনুকৰণৰ চিন। এই দ্বিতীয় বিধ অনুকৰণ বৰ্জন কৰিবলৈ চেষ্টা কৰিব লাগে।

শিক্ষাগ্ৰহণৰ বাবে ব্যৱহাৰ কৰা ওপৰোক্ত পদ্ধতিবোৰ পৰস্পৰ বিৰোধী নহয় । বৰং ইটো সিটোৰ পৰিপূৰকহে। শিক্ষাৰ্থীৰ মানসিক পৰিপক্কতা, সময় আৰু সুবিধা অনুপাতে বিভিন্ন বিষয়ত পাৰদৰ্শিতা লাভ কৰিবলৈ আটাইবোৰ পদ্ধতিৰে প্ৰয়োজন হয়। বিভিন্ন পৰ্যায়ৰ শিক্ষার্থীসকলে কোনটো পদ্ধতিৰে অধিক ফলপ্রসূভাৱে শিকিব পাৰে সেইটো লক্ষ্য কৰি সেই পদ্ধতিকে নির্ভুলভাৱে ব্যৱহাৰ কৰিবলৈ উৎসাহ যোগাব লাগে।

(ঙ) ফলাফলৰ নীতি (Law of effect)

Ans:- উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ ভিতৰত যি সংযোগ স্থাপিত হয় সেই সংযোগ যদি শিক্ষাৰ্থীৰ বাবে সন্তোষজনক আৰু তৃপ্তিদায়ক হয় তেতিয়া সেই সংযোগ দৃঢ়তৰ হয় আৰু যদি ই বিৰক্তিকৰ হয় তেন্তে উক্ত সংযোগ শিথিল হৈ পৰা দেখা যায়। কিয়নে মনোবিজ্ঞানীসকলৰ মতে প্ৰাণীয়ে নিজ কার্যৰ সুখজনক নাইব দুখজনক ফল লাভ সন্দৰ্ভতহে সেই কাৰ্যৰ প্ৰতি নিজৰ আচৰণ প্ৰদৰ্শন কৰে। মাছ আৰু মেকুৰীৰ উদাহৰণটোত দেখা গৈছে যে কোঠালিৰ পৰা ওলাব পাৰিলেই মেকুৰীটোৱে মাছ খাবলৈ পায় আৰু তৃপ্তি অনুভৱ কৰে। গতিকে যি কিটিপেৰে সি কোঠালিৰ বাহিৰলৈ আহিব পাৰে সেই কিটিপটো তাৰ মনত স্থায়ী হৈ পৰে আৰু যিবিলাক ভুল সংযোগৰ দ্বাৰা সি তাৰ অভীষ্ট খাদ্য পোৱাত বিফল হৈছিল সেইবোৰ ক্ৰমে পাহৰিবলৈ লয়। এই সূত্ৰক পুৰস্কাৰ আৰু শাস্তি সম্পৰ্কীয় সূত্র (Law of Reward and Punishment) বুলিও জনা যায়। শিক্ষাৰ ক্ষেত্ৰত এই সূত্ৰৰ বিশেষ গুৰুত্ব আছে। শিক্ষার্থীক যিবিলাক প্ৰতিক্ৰিয়াৰ বাবে পুৰস্কৃত কৰা হয় সেইবোৰে তাক তৃপ্তি দিয়ে। সেইকাৰণেই এই প্ৰতিক্ৰিয়াবোৰ সিহঁতৰ আচৰণত স্থায়ী হৈ পৰে। আনহাতে যি প্ৰতিক্ৰিয়াৰ ফলত সিহঁতে শাক্তি পাই বিৰক্তি অনুভৱ কৰে সেইবোৰ সিহঁতৰ চৰিত্ৰৰ পৰা মচ খাই যায়। গতিকে কোনো গুৰুত্বপূৰ্ণ বিষয়ৰ শিক্ষা দিওঁতে ছাত্রক শাস্তি দি উদ্যমহীন কৰাৰ পৰা শিক্ষকসকল বিৰত থাকিব লাগে আৰু আনহাতে অবাঞ্ছনীয় আচৰণ আৰু কাৰ্য বৰ্জন কৰিবৰ কাৰণে মাজে-সময়ে শাস্তিৰ ব্যৱস্থা কৰিব লাগে।

(চ) অনুশীলনৰ নীতি (Law of practice)

Ans:- এটা বিশেষ উদ্দীপকৰ লগত যদি বিশেষ প্রতিক্রিয়াক সংযুক্ত কৰা যায় তেতিয়া সিহঁতৰ মাজত এটা বন্ধন বা সংযোগ স্থাপিত হয়। আনহাতে কোনো উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ ভিতৰত যদি বহুদিন ব্যাপি কোনো সংযোগ স্থাপিত নহয় তেন্তে পূৰ্বৰ সেই সংযোগ শিথিল হৈ পৰে। থনডাইকৰ এই নীতিৰ দুটা ভাগ হ’ল ব্যৱহাৰৰ নীতি (Law of use) আৰু অব্যৱহাৰৰ নীতি (Law of disuse)। ইয়াৰ মূল কথা হ’ল যে অনুশীলনৰ দ্বাৰা উদ্দীপক প্ৰতিক্ৰিয়াৰ বন্ধন (S. R. Bond) দৃঢ়তৰ কৰিব পাৰি। আনহাতে অনুশীলনৰ অভাৱতে এই বন্ধন নাইকিয়া হৈ যায়। সাঁতোৰা, গাড়ী চলোৱা, কাপোৰ বোৱা ইত্যাদি কাম বহুত দিন নকৰিলে পাহৰি যোৱা যায় আৰু চৰ্চা থাকিলে সহজে কৰিব পৰাৰ দক্ষতা থাকে। শিক্ষাক্ষেত্ৰত এইদৰে দেখা যায় যে এটা কাম শিকি তাৰ চর্চা বা পুনঃ পুনঃ অনুশীলন কৰাৰ অত্যন্ত প্রয়োজন। কথাতে কয় বোলে—ঘঁহি থাকিলে শিলো ক্ষয় যায়। শিক্ষকসকলে এই সূত্ৰ মনত ৰাখি এবাৰ পঢ়োৱা পাঠ পুনৰাবৃত্তি কৰিব লাগে যাতে অভ্যাসৰ কাৰণে শিক্ষার্থীয়ে শিকা কথা পাহৰি নাযায়।

(ছ) প্রস্তুতিৰ নীতি (Law of readiness)

Ans:- কোনো এটা উদ্দীপকৰ লগত ভাল উপযোগী প্ৰতিক্ৰিয়াৰ সংযোগ কৰিবলৈ মনৰ প্ৰস্তুতিৰ বিশেষ প্রয়োজন। যেতিয়া আমাৰ এই মানসিক প্রস্তুতি থাকে তেতিয়া শিক্ষাকার্যই মনলৈ সন্তোষ আনে আৰু যেতিয়া প্ৰস্তুতিৰ অভাৱ হয় তেতিয়া মন বিৰক্তিৰে ভৰি পৰে। এই প্রস্তুতিৰ দ্বাৰা মানসিক প্রস্তুতিৰ বাহিৰেও জীৱৰ দৈহিক আৰু স্নায়ৱিক প্ৰস্তুতিকো ধৰা হৈছে।

শিক্ষাৰ ক্ষেত্ৰত এই সূত্ৰৰ বিশেষ গুৰুত্ব আছে, কাৰণ ছাত্ৰৰ যদি শিক্ষা লাভৰ কাৰণে মানসিক প্রস্তুতি নাথাকে,তেন্তে সি শিক্ষাৰ পৰা কোনো সুফল নাপায়। গতিকে শ্রেণীত শিক্ষাদান কৰোঁতে শিক্ষকসকলে শিক্ষাৰ্থীৰ মনৰ প্ৰস্তুতিৰ কাৰণে যত্ন কৰিব লাগে শিকাবলগীয়া পাঠটিৰ প্ৰতি ছাত্ৰক আকৰ্ষিত কৰিব পাৰিলেই সিহঁতৰ মন শ্ৰেণীৰ পাঠগ্ৰহণৰ বাবে প্ৰস্তুত হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top