Psychological Foundations Of Education Unit 1 মনোবিজ্ঞান আৰু শিক্ষা

Psychological Foundations Of Education Unit 1 মনোবিজ্ঞান আৰু শিক্ষা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Psychological Foundations Of Education Unit 1 মনোবিজ্ঞান আৰু শিক্ষা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Psychological Foundations Of Education Unit 1 মনোবিজ্ঞান আৰু শিক্ষা Question Answer can be of great value to excel in the examination.

Psychological Foundations Of Education Unit 1 মনোবিজ্ঞান আৰু শিক্ষা

Join Telegram channel

Psychological Foundations Of Education Unit 1 মনোবিজ্ঞান আৰু শিক্ষা Notes cover all the exercise questions in UGC Syllabus. The Psychological Foundations Of Education Unit 1 মনোবিজ্ঞান আৰু শিক্ষা in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

11. Discuss about the subject matter of Educational Psychology. শিক্ষা মনোবিজ্ঞানৰ বিষয়বস্তু সম্পর্কে আলোচনা কৰা?

Ans:- শিক্ষা মনোবিজ্ঞানৰ বিষয়বস্তুৰ পৰিসৰ বহল। শিক্ষা মনোবিজ্ঞানৰ বিষয়বস্তুসমূহৰ আওতাত এইধৰণৰ দিশসমূহ সামৰি লোৱা হয়—

১। শিকন প্ৰক্ৰিয়াৰ প্ৰকৃতি সম্পর্কে অধ্যয়ন কৰা।

২। শিশু তথা ব্যক্তিৰ বৃদ্ধি আৰু বিকাশত বংশগতি আৰু পৰিৱেশৰ প্ৰভাৱ সম্পর্কে অধ্যয়ন কৰা।

৩। শাৰীৰিক আৰু মানসিক যোগ্যতাৰ পৰিপক্কতাৰ প্ৰকৃতি সম্পর্কে অধ্যয়ন কৰা।

৪। শৈক্ষিক আৰু মনোবৈজ্ঞানিক মূল্যায়নৰ বাবে বৈধ আৰু নিৰ্ভৰযোগ্য কৌশল উদ্ভাৱন কৰা।

৫। শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত থকা ব্যক্তিগত পার্থক্যৰ শৈক্ষিক তাৎপর্য সম্পর্কে অধ্যয়ন কৰা।

৬। শিক্ষাদান কৌশল আৰু শিকনৰ ফলাফলৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা।

৭। শিকনীয় পৰিৱেশত শিক্ষার্থীসকলৰ বিভিন্ন প্ৰকাৰৰ আচৰণৰ কাৰণ আৰু উৎস সম্পর্কে আলোচনা কৰা।

৮। ব্যক্তিৰ দেহ আৰু মনৰ সম্পৰ্ক কেনেকুৱা, মানসিক আচাৰ-ব্যৱহাৰৰ ওপৰত দৈহিক পৰিৱৰ্তনৰ প্ৰভাৱ কেনেকৈ পৰে সেই সম্পর্কে অধ্যয়ন কৰে।

৯। শিশু তথা ব্যক্তিৰ বুদ্ধিৰ প্ৰকৃতি আৰু স্বৰূপ সম্পর্কে অধ্যয়ন কৰা।

১০। ব্যক্তিৰ অচেতন মনৰ জটিলতা, অপসমাযোজনৰ সমস্যা কাৰণ আদি সম্পৰ্কে অধ্যয়ন কৰা আৰু তাৰ প্ৰতিকাৰ উদ্ভাৱন কৰা ইত্যাদি।

12. Discuss the contribution of educational psychology to the field of education at present times. বর্তমান কালত শিক্ষা জগতত শিক্ষা মনোবিজ্ঞানৰ অৱদানৰ বিষয়ে আলোচনা কৰা।

Ans:- শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত এক নিবিড় সম্পর্ক বিদ্যমান। সেইবাবেই অতি প্রাচীন কালৰ পৰাই শিক্ষা আৰু সামাজিক জীৱনৰ বিভিন্ন সমস্যাৱলী সমাধানৰ বাবে মনোবিজ্ঞানৰ প্ৰয়োগৰ প্ৰতি মানুহে দৃষ্টি দি আহিছে। বিংশ শতাব্দীৰ আৰম্ভণিৰ পৰা বিশ্বৰ সকলো প্ৰগতিশীল দেশেই শিক্ষাক মনোবিজ্ঞানসন্মত কৰি তোলাৰ ব্যাপক প্রচেষ্টা হাতত লৈছে আৰু বৰ্তমান এনে প্ৰচেষ্টাৰ ফলস্বৰূপেই শিক্ষা মনোবিজ্ঞানে গা কৰি উঠিছে।

শিক্ষা মনোবিজ্ঞানৰ জন্ম অতিসাম্প্ৰতিক হ’লেও ইয়াৰ পৰিকল্পনা আৰু সূচনা খুবেই প্রাচীন। শিক্ষাৰ পদ্ধতি যে মনোবিজ্ঞানৰ অনুমোদিত তথ্যৰ ওপৰত প্ৰতিষ্ঠিত এই কথা সকলো শিক্ষাবিদেই স্বীকাৰ কৰি আহিছে। প্ৰসিদ্ধ গ্ৰীক দার্শনিক এৰিষ্ট টল [384-322 BC] আৰু প্লেট’ [427-347] এ শিক্ষা ব্যৱস্থাক মনোবিজ্ঞানৰ লগত সম্বন্ধ ৰাখি গঠন কৰিবলৈ চেষ্টা কৰিছিল৷ এই দুয়োজনা মনীষীয়ে শিক্ষাৰ বিভিন্ন দিশ, যেনে— শিক্ষাৰ প্ৰকাৰ, শিক্ষাদানৰ প্ৰণালী, শিক্ষা আহৰণৰ প্ৰকৃতি, শিক্ষাদান বৃত্তি, চৰিত্ৰ গঠনৰ শিক্ষা, শিক্ষাত ঘৰুৱা পৰিৱেশৰ প্ৰভাৱ আদিৰ বিষয়ে প্রয়োজনীয় বহু কথা লিখি থৈ গৈছে। এৰিষ্ট টলে সংগীতক পাঠ্যক্ৰমৰ এক প্ৰধান অংগ হিচাপে অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ দিছিল। তেওঁৰ মতে ইয়াৰ প্ৰধান কাৰণ এয়ে আছিল যে, সংগীতে মনত আৱেগিক বোজা পাতল কৰে। ইয়াৰ জৰিয়তে মানসিক শান্তি লাভ কৰিব পাৰি আৰু শিক্ষা আহৰণ প্ৰক্ৰিয়া সহজ হৈ উঠে। এই পদ্ধতিক তেওঁ বিৰোচন [Catharsis] নাম দিছিল।

গ্রীক মনীষী ডিম’ক্ৰিটাছে [5th-4th centuries B.C.] আজিৰ পৰা প্ৰায় আঢ়ৈ হাজাৰ বছৰৰ পূৰ্বেই শিশুৰ ব্যক্তিত্ব গঠনত ঘৰা পৰিৱেশৰ প্ৰভাৱ উপলব্ধি কৰিছিল।

ৰোমান শিক্ষাবিদ এম. এফ. কুইন্টিলিনাচ [Marcus Fabius Quintilinus, 40A.D.-13A.D.] এ শিক্ষাৰ ক্ষেত্ৰত মনোবিজ্ঞানৰ ব্যাপক আৰু সুনির্দিষ্ট প্ৰয়োগৰ নিৰ্দেশ দি গৈছে। শিশুৰ শিক্ষা-ব্যৱস্থাত ব্যৱহৃত অনুশাসন ব্যৱস্থাই সময়ে সময়ে আমাক বিস্মিত কৰি তোলে। তেওঁৰ মতে শিশুক কিবা এটা শিকাবলৈ লোৱাৰ আগতে শিশুৰ কেনেধৰণৰ মানসিক ক্ষমতা আৰু সহজাত ক্ষমতা আছে তাৰ প্ৰতি দৃষ্টি ৰখা উচিত। শিশুৰ প্ৰাথমিক শিক্ষা খেলাৰ মাধ্যমেৰেহে আৰম্ভ হ’ব লাগে দৈহিক শাস্তিক শিক্ষাজগত তথা শিক্ষাৰ পদ্ধতিৰ পৰা সম্পূৰ্ণৰূপে বাদ দিব লাগে। শিশুৰ নিজস্ব আৰু অন্যান্য বৈশিষ্ট্যসমূহৰ ওপৰত ভিত্তি কৰিহে শিক্ষাৰ প্ৰকৃতি নিৰ্ধাৰণ কৰিব লাগে। আধুনিক যুগত স্বীকৃত শিক্ষা মনোবিজ্ঞানৰ বহুতো তত্ত্বৰ উল্লেখ কুইণ্টিলিনাচৰ শিক্ষা-ব্যৱস্থাৰ মাজত” পোৱা যায়।

তেশ শতিকাত চেইণ্ট থমাচ একুইনাচে [Saint Thomas Aquinas, 1225-1274 A.D.] এৰিষ্ট’ৰ্টলৰ শিক্ষা সম্বন্ধীয় সূত্ৰসমূহ সেই সময়ৰ শিক্ষা-ব্যৱস্থাৰ লগত খাপ খাব পৰাকৈ উপযুক্তভাৱে সাল-সলনি কৰি লৈছিল৷

ইউৰোপীয় শিক্ষাবিদ কমেনিয়াচ [Comenius, 1592-1670] এ শিক্ষাৰ পদ্ধতিক কেনেদৰে মনোবিজ্ঞানসন্মত কৰিব পাৰি সেই সম্পর্কে বিশদ আলোচনা কৰি গৈছে। তেওঁৱেই প্ৰথম ছবি থকা কিতাপৰ জৰিয়তে শিশুক আখৰৰ সৈতে পৰিচয় কৰি দিয়াৰ প্ৰথা প্ৰচলন কৰে। ইয়াৰোপৰি তেওঁ মত পোষণ কৰিছিল যে ধৰ্মীয় গোষ্ঠীসমূহে পৰম্পৰাৰ মাজত যুঁজ কৰিবলৈ এৰিলেহে জগতত শাস্তি স্থাপন হ’ব। তেওঁৰ মতে সৰ্বজনীন শিক্ষাৰ জৰিয়তেহে ই সম্ভৱ হৈ উঠিব। সেয়ে তেওঁ শিক্ষাৰ প্ৰসাৰ আৰু শিক্ষাদান পদ্ধতিৰ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল।

প্ৰসিদ্ধ ফৰাচী দার্শনিক ৰেনে ডেকার্টে [Rene Descartes] এ প্রাণীকো একোটা মেচিনৰ লগত তুলনা কৰিছিল। তেখেতৰ প্ৰাণীৰ প্ৰকৃতি সম্বন্ধীয় এই যান্ত্রিক সূত্রক আজিও বহুলোকে বিশ্বাস কৰে। তেওঁ অৱশ্যে অন্যান্য ইতৰ প্ৰাণীৰ তুলনাত মানুহক কম যান্ত্ৰিক বুলি ক’ব খোজে। ইয়াৰ কাৰণ হ’ল তেওঁ মানুহৰ এটা আত্মা আছে বুলি বিশ্বাস কৰে। তেওঁ স্থানাংক জ্যামিতিৰ জন্মদাতা আছিল। তেওঁৰ এটা প্রসিদ্ধ উক্তি ‘Cogito, ergo sum 1/4’ ৰ যোগেদি কৈছিল, “মই অনুভৱ কৰোঁ, সেইবাবেই মই আছো।” তেওঁ কেৱল বিচাৰ বা যুক্তি [reasoning] দ্বাৰাহে যথার্থ জ্ঞান অৰ্জন কৰিব পাৰি বুলি বিশ্বাস কৰিছিল। মানুহে কিছুমান সহজাত ধাৰণা [Inner ideas] লৈ জন্ম গ্ৰহণ কৰে আৰু পিছত এই ধাৰণাবোৰৰ ওপৰত ভিত্তি কৰিয়েই জগত সম্বন্ধে যথার্থ জ্ঞান আহৰণ কৰিব পাৰে বুলি ডেকার্টে বিশ্বাস কৰিছিল। লণ্ডনৰ দার্শনিক স্পিনোজা [Spinoza,1632-1677] আৰু জাৰ্মানৰ দাৰ্শনিক [Leibnitz, 1646-1716] লাইৱনিজ আনি বুদ্ধিবাদী দার্শনিকসকলেও ডেকাৰ্টেৰ দৰেই মানুহৰ কিছুমান ধাৰণা স্বতঃসিদ্ধ বা জন্মগত বুলি বিশ্বাস কৰিছিল।

প্ৰসিদ্ধ ফৰাচী মনীষী ৰুচো [Rousseau, 1712-1778] এ তেখেতৰ বিখ্যাত গ্রন্থ ‘এমিল’ [Emile]ত সেই সময়ৰ শিক্ষা-ব্যৱস্থা তথা শিক্ষা-পদ্ধতিৰ তীব্র সমালোচনা কৰে আৰু শিক্ষাৰ নানা সমস্যা সম্বন্ধে নিজৰ অভিমত আগবঢ়াই গৈছে। যদিও তেখেতৰ সিদ্ধান্তসমূহ বহু ক্ষেত্ৰত পৰস্পৰবিৰোধী, অবাস্তৱ আৰু আৱেগধৰ্মী, তথাপি শিক্ষাৰ অনেক সমস্যা সম্পৰ্কত তেখেতৰ অভিমত আৰু নিৰ্দেশে বৰ্তমান মনোবিজ্ঞানৰ তত্ত্বসমূহক প্রগতিশীল কৰি তোলাত যথেষ্ট সহায় কৰিছে। ৰুছোৰ মতে প্রথমে শিশুক ভালদৰে পৰ্যবেক্ষণ কৰাৰ পিছতহে শিক্ষাদান আৰম্ভ কৰিব লাগে। তেওঁ শিশুক শিশুৰ প্ৰকৃতি অনুসৰি প্ৰাকৃতিক পৰিৱেশত শিক্ষা দিব লাগে। শিশু বয়স্ক নোহোৱা পর্যন্ত শিশু হিচাপেই থাকিবলৈ দিব লাগে৷ তেওঁৰ এনে চিন্তাধাৰাৰ ভিত্তিতে যে শিক্ষা মনোবিজ্ঞানৰ আধুনিক সূত্ৰসমূহৰ উদ্ভৱ হৈছে তাত কোনো সন্দেহ নাই।

আধুনিক শিক্ষা মনোবিজ্ঞানৰ ভেঁটি প্রতিষ্ঠা কৰাত বিশেষভাৱে সহায় আগবঢ়োৱা চুইজাৰলেণ্ডৰ স্কুল শিক্ষকজন পেষ্টালজি [Johann Heinrich Pestalozzi, 1746-1827] ৰ নান উল্লেখযোগ্য। তেখেতক শিক্ষা মনোবিজ্ঞানৰ পিতৃ আখ্যা দিয়া হয়। তেখেতেই শিক্ষাক মনোবিজ্ঞানসন্মত কৰি তোলাৰ বাবে প্ৰথম আন্দোলনৰ আৰম্ভণি কৰে আৰু সেই আন্দোলনৰ বাস্তৱ ৰূপ দান কৰাৰ চেষ্টা কৰে। পেষ্টালজিয়ে শিক্ষাৰ্থীৰ প্ৰতি চকু ৰাখি শিক্ষাদান পদ্ধতিৰ সাল-সলনি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেখেতে ব্যক্তিগতভাৱে শিক্ষাদান কৰাতকৈ দলগতভাৱে শিক্ষাদান কৰাৰ ওপৰত গুৰুত্ব দিছিল। সেয়ে তেওঁ চিত্রাংকন, লিখন, সংগীত, বস্তু গোটোৱা, মানচিত্র অংকন কৰা, আৰ্হি প্ৰস্তুত কৰা, শাৰীৰিক ব্যায়াম, শিক্ষামূলক ভ্রমণ আদি দলগত কাৰ্যসমূহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল।

জার্মানীৰ হাৰ্বাট [Herbert, 1776-1841] মনোবিজ্ঞানৰ ওপৰত ভিত্তি কৰি প্ৰথম প্ৰণালীৱদ্ধ শিক্ষাদানৰ পদ্ধতি গঢ়ি তুলিছিল। তেখেতে উদ্ভাৱন কৰা শিক্ষাদানৰ পঞ্চখাপ পদ্ধতি শিক্ষকপ্ৰশিক্ষণৰ আৰু শিক্ষাদানৰ আটাইতকৈ সমাদৃত পদ্ধতি৷ জার্মানীৰ অধ্যাপক ফ্রেডৰিক ফ্ৰ’ৱেল [Friedrich Froebel, 1782-1852]এ মনোবিজ্ঞানৰ সূত্ৰৰ ওপৰত ভিত্তি কৰিয়েই কিণ্ডাৰ গাটেন [Kindergarten] পদ্ধতি উদ্ভাৱন কৰে। কিণ্ডাৰ মানে শিশু আৰু গার্টেন মানে বাগিচা। অর্থাৎ, বিদ্যালয় মানে শিশুৰ বাগিচা। ফুলনিত মালীয়ে যিদৰে ফুলৰ তত্ত্বাৱধান লয়, ঠিক সেইদৰেই  বিদ্যালয়ত শিক্ষকে শিশুক উপযুক্ত পৰিৱেশৰ যোগান ধৰি শিশুক  তত্ত্বাৱধান কৰিব লাগে। ফ্ৰৱেলৰ এই কিণ্ডাৰ গার্টেনৰ আলমতে বহুতো প্রাথমিক বিদ্যালয়ৰ প্ৰাক্‌-প্রাথমিক শ্ৰেণীক KG বুলি কোৱা হয়। ফ্ৰৱেলৰ শিশু শিক্ষাৰ ব্যৱস্থাটো শিক্ষা মনোবিজ্ঞানৰ সাৰ্থক প্ৰয়োগৰ এক আদৰ্শ দৃষ্টান্ত। ইটালীৰ শিক্ষাবিদ মাৰীয়া মণ্টেচৰী [Maria Montessori] এ শিক্ষাৰ যোগেদি শিশুৰ ইন্দ্ৰিয়সমূহৰ উপযুক্ত প্রশিক্ষণ হ’ব পৰাকৈ শিক্ষাদানৰ এক নতুন পদ্ধতি উদ্ভাৱন কৰে। এই পদ্ধতিটোক ‘মণ্টেছৰী পদ্ধতি” [Montessori Method] নামেৰে জনা যায়। এই পদ্ধতিৰে শিক্ষাদান কৰিবৰ বাবে কিছুমান বিশেষ আহিলাপাতি বা সঁজুলি ব্যৱহাৰ কৰিবলগীয়া হয়। এই সঁজুলিবোৰক ‘আত্ম-নির্দেশনামূলক’ [Didactic Apparatus] সঁজুলি বুলি কোৱা হয়। এনে সঁজুলি ব্যৱহাৰ কৰি ‘শিশুঘৰ’ত শিশুক শিক্ষা দিবৰ বাবে শিক্ষকৰ কাৰণে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা আছে।

শিক্ষাৰ্থীৰ বুদ্ধি, ব্যক্তিত্ব, মনোভাৱ, প্ৰৱণতা, ৰুচি-অভিৰুচি আদি পৰিমাপ কৰিবৰ বাবেও বহু-মনোবিজ্ঞানীয়ে বিভিন্ন অভীক্ষা প্ৰস্তুত কৰি উলিয়াইছে। এইসকলৰ ভিতৰত বিনে-চাইমন [Binet Simon], টাৰমান [Terman], কেটেল [Cattell], থার্ষ্টন [Thurston], ৰ’ৰচা [Rorschach] আদি উল্লেখযোগ্য। এইসকলৰ উপৰিও বিজ্ঞানসন্মত গৱেষণাৰে মনোবিজ্ঞানক বিভিন্ন দিশৰ পৰা সমৃদ্ধিশালী কৰি তোলা মনোবিজ্ঞানীসকলৰ ভিতৰত এবিংহাউচ [Ebbinghaus], ষ্টেনলি হ’ল [Stanley Hall], উইলিয়া জেমচ [William James], ফ্রান্সিচ গেল্টন [Francis Galton]É, হাবার্ট স্পেনচাৰ [Herbert Spencer], জন ডিউই [John Dewey], ফ্রান্সিচ পাৰ্কাৰ [Francis Parker], কিল ‘পেট্রিক [Killopatric] আদি উল্লেখযোগ্য। জিনপিয়াজেট [Jean Piaget], জয় প’ল গিলফর্ড [Joy Paul Guilford], এৰিকচন [Erikson], Bl2cas [Eysenck] আদি বিখ্যাত মনোবিজ্ঞানীয়ে শিক্ষা মনোবিজ্ঞানৰ ক্ষেত্ৰখনলৈ উল্লেখযোগ্য বৰঙনি আগবঢ়াই থৈ গৈছে। 

শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ প্ৰধান দিশকেইটা হৈছে- 

(১) শিকন প্রক্রিয়া [Learning process], অর্থাৎ মানুহে কেনেকৈ শিকে।

(২) পাঠ্যক্রম নিৰ্ধাৰণ [Curriculum construction] অর্থাৎ শিক্ষার্থীয়ে কি শিকিব তাক নিৰ্ধাৰণ কৰা। আৰু 

(৩) শিক্ষাৰ্থীৰ প্রকৃতি [Nature of the learner] অর্থাৎ শিক্ষা আহৰণ কৰা সকলৰ বিষয়ে বুজি পোৱা। শিক্ষা মনোবিজ্ঞানৰ বিকাশৰ প্ৰতিটো ক্ষেত্ৰতে এই তিনিটা দিশৰ ওপৰত মনোবিজ্ঞানীসকলে বিশেষ মনোনিৱেশ কৰা পৰিলক্ষিত হয়। শিক্ষাৰ ক্ষেত্ৰখনলৈ মনোবিজ্ঞানীসকলে আগবঢ়োৱা অৱদানৰ ফলশ্রুতিতে সম্প্রতি শিক্ষা মনোবিজ্ঞানৰ এক স্বতন্ত্ৰ ৰূপ সম্ভৱপৰ হৈছে।

13. Write about the significance of Educational Psychology. শিক্ষা মনোবিজ্ঞানৰ তাৎপর্য সম্পর্কে লিখা।

Ans:- শিক্ষা মনোবিজ্ঞানৰ তাৎপৰ্য [Significance of educational psychology] : শিক্ষাদান আৰু শিক্ষাগ্রহণ প্ৰক্ৰিয়াত শিক্ষা মনোবিজ্ঞানৰ তাৎপর্য অপৰিসীম। সাম্প্ৰতিক গতিশীল আৰু দ্রুত পৰিৱৰ্তনশীল প্রয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা-ব্যৱস্থাক অধিক বিজ্ঞানসন্মত আৰু ফলপ্রসূ কৰি তুলিবৰ বাবে শিক্ষা-মনোবিজ্ঞানৰ প্ৰয়োজন । শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ যোগেদিহে শিক্ষকে বৃত্তিমূলক যোগ্যতা তথা শিক্ষকৰ বাবে প্রয়োজনীয় যোগ্যতা লাভ কৰিব পাৰে। শিক্ষকৰ বাবে শিক্ষা-মনোবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা তথ। শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নে শিক্ষক কেনেদৰে সহায় কৰিব পাৰে সেই সম্পর্কে তলত উল্লেখ কৰা দিশবোৰৰ পৰা স্পষ্টকৈ উপলব্ধি কৰিব পাৰি।

১। শিশুক বুজি পোৱা [Understanding the child] : শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক শিশুক বুজি পোৱাত সহায় কৰে। শিশুৰ সামৰ্থ্য কিমান আৰু সেই সামর্থ্য কেনেদৰে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে সেই সম্পর্কে সম্যক জ্ঞান আহৰণ কৰি শিক্ষা প্রক্রিয়াক অধিক কার্যকৰী কৰি তোলাত শিক্ষা মনোবিজ্ঞানে সহায় কৰে।

২। ব্যক্তিগত বৈষম্যৰ বিবেচনা [Consideration of individual difference] : প্রত্যেক ব্যক্তিৰে মানসিক যোগ্যতাৰ ক্ষেত্ৰত বিভিন্নতা দেখিবলৈ পোৱা যায়। সেই বিভিন্নতা বা ব্যক্তিগত বৈষম্যৰ বিভিন্ন দিশবোৰ উপলব্ধি কৰি উপযুক্ত শিক্ষা-পদ্ধতি ব্যৱহাৰেৰে শিক্ষাক ফলপ্ৰস্ কৰি তোলাত শিক্ষা মনোবিজ্ঞানে শিক্ষকক বিশেষভাৱে সহায় কৰে।

৩। বংশগতি আৰু পৰিবেশৰ প্ৰভাৱ [Impact of heredity and environment] : বৃদ্ধি আৰু বিকাশত বংশগতি আৰু পৰিৱেশৰ প্ৰভাৱ আৰু শিশুৰ সৰ্বতোমুখী বিকাশত এইদুই শক্তিৰ অৱদান সম্পর্কে বুজি উঠাত শিক্ষা মনোবিজ্ঞানে সহায় কৰে।

৪। শিশু প্ৰকৃতিৰ জ্ঞান লাভ [Knowledge of child’s nature] : মনোবিজ্ঞানৰ যোগেদি শিক্ষকে শিশুৰ অন্তঃৰ্নিহিত সম্ভাৱনীয়তাসমূহৰ বিষয়ে জানিব পাৰে আৰু সেইমতে প্রয়োজনীয় শিক্ষাৰ ব্যৱস্থা কৰিব পাৰে। শিশুৰ বিকাশত সহায় কৰিবৰ বাবে শিশু প্ৰকৃতিৰ জ্ঞান লাভ কৰাটো শিক্ষকৰ বাবে অতি প্রয়োজনীয়। বিখ্যাত প্রকৃতিবাদী দার্শনিক ৰুচোৱে এই প্ৰসংগত মত পোষণ কৰিছিল যে, শিশুৱ প্ৰাপ্তবয়স্ক হৈ উঠাৰ পূৰ্বে সিহঁতক শিশু হিচাপেই ব্যৱহাৰ কৰিব লাগে। এই ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ জ্ঞানেহে শিক্ষকক সহায় কৰিব পাৰে।

৫। শিশুৰ প্ৰবৃত্তিৰ জ্ঞান [Knowledge of child’s instinct] : শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক শিশু বা ব্যক্তিৰ বিভিন্ন ধৰণৰ প্ৰবৃত্তিৰ বিষয়ে জনাত আৰু শিশুৰ বিকাশৰ বাবে সেই প্ৰবৃত্তিসমূহৰ দমন আৰু নিৰ্দেশনা কৰাত সহায় কৰে।

৬। শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ [Formulation of goals of education] : শিক্ষাৰ লক্ষ্য দৰ্শনে নিৰ্ধাৰণ কৰে যদিও শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষক, শিক্ষাবিদ, সমাজ সংগঠক সকলোকে শিক্ষাৰ বাস্তৱসন্মত লক্ষ্য নিৰ্ধাৰণত সহায় কৰে।

৭। শিশু আচৰণৰ সংশোধন [Modification of child’s behaviour] : শিশুৱে স্বাভাৱিকভাৱেই জৈৱিক প্ৰয়োজন পূৰণমুখী সহজাত প্রবৃত্তিৰ দ্বাৰা পৰিচালিত হয়; ফলত তেওঁলোকৰ আচৰণ আত্মকেন্দ্ৰিক হৈ উঠে। এনে আত্মকেন্দ্রিক আচৰণ প্ৰয়োজনীয় সংশোধন সাধন কৰি শিক্ষাৰ্থীৰ আচৰণ সমাজৰ বাবে গ্রহণযোগ্য কৰি তোলা আৰু শিক্ষাৰ্থীৰ সামাজিক ব্যক্তিত্ব গঢ়ি তোলাত শিক্ষা মনোবিজ্ঞানে শিক্ষকক সহায় কৰে।

৮। শিকনৰ নীতি সম্পৰ্কীয় জ্ঞান [Knowledge about laws of learning] : শিকন-শিকন প্রক্রিয়াক অধিক সফল কৰি তুলিবৰ বাবে শিকনৰ বিভিন্ন নীতি অনুসৰি শিকনৰ প্ৰণালী আৰু কৌশল উদ্ভাৱন আৰু ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক বিশেষভাৱে সহায় কৰে।

৯। আগ্ৰহ আৰু প্ৰণোদনৰ সৃষ্টিকৰণ [Creating interest and motivation] : শিক্ষাৰ্থীৰ শিক্ষাগ্রহণ কাৰ্য সফল কৰি তুলিবৰ বাবে তেওঁলোকৰ মনত আগ্ৰহ আৰু প্ৰণোদন সৃষ্টি কৰিব লাগে। তেতিয়াহে শিক্ষার্থীয়ে শিক্ষাগ্ৰহণৰ বাবে দেহ মানসিক দিশত প্ৰস্তুত হ’ব পাৰিব। এই ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ জ্ঞানেহে শিক্ষকক প্রয়োজনীয় সহায় আগবঢ়ায়।

১০) অন্তর্নিহিত গুণাৱলীৰ জ্ঞান [Knowledge of potentialities] : শিক্ষার্থীয়ে জন্মসূত্ৰে লাভ কৰা অন্তর্নিহিত গুণসমূহ জনাত পৰিমাপ কৰাত আৰু সেইমতে নির্দেশনা দিয়াত শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক সহায় কৰে।

১১। শিকনৰ উপযুক্ত পদ্ধতি গ্রহণ [Adopting suitable method of learning] : শিক্ষা মনোবিজ্ঞানৰ যোগেদি শিক্ষকে বর্তমান সময়ত উদ্ভাৱন হোৱা অধিক ফলপ্ৰস্ শিকন পদ্ধতিবোৰ অধ্যয়ন আৰু বিশ্লেষণ কৰি তাৰ গ্ৰহণযোগ্য নীতি আৰু পদ্ধতিবোৰ স্থিৰ কৰি ল’ব পাৰে৷

১২। শাস্তি আৰু পুৰস্কাৰ প্ৰয়োগকৰণ [Use of reward and punishment] : শিক্ষা মনোবিজ্ঞানে শিক্ষকক শাস্তি আৰু পুৰস্কাৰৰ প্ৰয়োজনীয়তা আৰু উপযুক্ততা সম্পৰ্কীয় জ্ঞানৰ যোগান ধৰে।

১৩। শিক্ষা নির্দেশনা [Educational guidance] : শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক শিক্ষাৰ্থীৰ দেহ-মানসিক স্বৰূপ, বিকাশৰ সম্ভাৱনীয়তা আৰু সীমাৱদ্ধতা আদি জানি উঠি সেইমতে তেওঁলোকক প্রয়োজনীয় নির্দেশনা আৰু পৰামৰ্শ প্ৰদানত সহায় কৰে।

14. What do you mean by Psychology. Explain the role of Psychology in Education. মনোবিজ্ঞান বুলিলে কি বুজা? শিক্ষাত মনোবিজ্ঞানৰ ভূমিকা ব্যাখ্যা কৰা।

Ans:- সাধাৰণতে মন সম্বন্ধীয় বিজ্ঞানসন্মত অধ্যয়নেই হ’ল মনোবিজ্ঞান। প্রত্যেক ব্যক্তিকেই মনোবিজ্ঞানে মনৰ বিষয়ে সম্ভেদ দিয়ে বুলি ভবা হয়। মনোবিজ্ঞান সম্বন্ধে বিভিন্ন সময়ত বিভিন্ন মনোবিদে বেলেগ বেলেগ সংজ্ঞা আগবঢ়াইছে যদিও প্রকৃতপক্ষে মনোবিজ্ঞানৰ এটা সুনির্দিষ্ট আৰু সুস্পষ্ট সংজ্ঞা পোৱা নাযায়। বহুতো মনোবিদে ভাবে যে মনোবিজ্ঞানৰ প্ৰধান কাম হ’ল এটা সুচিন্তিত আৰু সু-নির্দিষ্ট পথেৰে মনৰ গোপন ৰহস্য উদ্ঘাটন কৰা। মনোবিজ্ঞান বিজ্ঞান হিচাপে অতি নতুন আৰু ইয়াৰ বিষয়ে আলোচনা-বিলোচনা বহুদিনৰ পৰাই চলি আহিছে আৰু বৰ্তমানেও চলি আছে।প্রথমে গ্রীক দার্শনিক বিখ্যাত পণ্ডিত এৰিষ্ট টলে মনোবিজ্ঞান শব্দটো প্ৰৱৰ্তন কৰিছিল। বর্তমান মনোবিজ্ঞানে এটা সম্পূর্ণ সুকীয়া বিষয় হিচাপে স্বীকৃতি লাভ কৰিছে।

শিক্ষাত মনোবিজ্ঞানৰ ভূমিকাঃ শিক্ষা আৰু মনোবিজ্ঞান পৰস্পৰ জড়িত আৰু পৰিপূৰক হিচাপে শিক্ষা আৰু মনোবিজ্ঞানে বর্তমান জ্ঞানৰ জয়যাত্ৰাত প্ৰভূত্ব অৰিহণা যোগাইছে।

শিক্ষাৰ প্ৰধানত : তিনিটা ফাল আছে। সেইকেইটা হ’ল—

১। শিক্ষাৰ লক্ষ্য। 

২। শিক্ষা পদ্ধতি। আৰু 

৩। শিক্ষাৰ বিষয়বস্তু।

এই প্ৰতিটো বিষয়ৰ সৈতে শিক্ষা আৰু মনোবিজ্ঞান ওতপ্রোতভাৱে জড়িত হৈ আছে; যেনে-

প্ৰথমতে, দেহ আৰু মনৰ পৰিপূৰ্ণ বিকাশক যদি শিক্ষাৰ লক্ষ্য হিচাপে ধৰা হয়, তেন্তে সেই লক্ষ্যত উপনীত হ’বলৈ হ’লে মনোবিজ্ঞানৰ জ্ঞান অত্যন্ত প্রয়োজন; কিয়নো শিক্ষাদান আৰু গ্রহণকার্য কোনো নিষ্ক্রিয় পদাৰ্থৰ ভিতৰত আৱদ্ধ নহৈ জীৱন্ত মানৱৰ ভিতৰতহে হয়। গতিকে দেখা যায়, শিক্ষাৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে মনোবিজ্ঞানৰ জ্ঞান অত্যন্ত প্রয়োজন।

দ্বিতীয়তে, শিক্ষা পদ্ধতিতো মনোবিজ্ঞানৰ বিশেষ স্থান আছে; কিয়নো পাঠ্যপুথিৰ শিক্ষণীয় বিষয় কেতিয়া শিশুৰ সমুখত উপস্থাপন কৰিলে বিশেষ ফলপ্ৰদ হয়, কোনো বিষয়ত বেছি বুদ্ধিৰ প্ৰয়োজন ইত্যাদিবোৰ অতি গুৰুত্বপূৰ্ণ বিষয়ত মনোবিজ্ঞানৰ জ্ঞানে আমাক বিশেষ সহায় কৰে। এই জ্ঞানৰ সহায়ত শিশুৰ বিকাশ অনুযায়ী তাক শিক্ষা দিব আৰু তাৰ বাবে কাৰ্যকৰী ব্যৱস্থা হাতত ল’ব পাৰি।

তৃতীয়তে, মনোবিজ্ঞানে শিশুৰ মন আৰু প্ৰকৃতি বুজাত শিক্ষকক সহায় কৰে। শিক্ষকৰ কৰ্তব্য অকল ছাত্ৰক শিকোৱাটোৱেই নহয়। শিশুৰ ব্যক্তিত্ব যাতে সুপথে পৰিচালিত হ’ব পাৰে তাৰ প্ৰতিও শিক্ষকসকলে লক্ষ্য ৰাখিব লাগিব। বিষয়বস্তুৰ জ্ঞান দান কৰাৰ উপৰিও শিক্ষকে ছাত্ৰৰ চিন্তা আৰু কৰ্মৰ সু-অভ্যাস গঠন, নৈতিক চৰিত্ৰ দৃঢ় ভেটি স্থাপন, ব্যক্তিত্বত সুস্থ বিকাশ আদিৰ প্ৰতি সজাগ দৃষ্টি ৰাখিব লাগিব। সেই গতিকেই শিক্ষকে শিশুৰ অন্তৰ্নিহিত শক্তি আৰু সেই শক্তিৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ, শিশুৰ অনুৰাগ, মানসিক প্ৰক্ৰিয়াৰ প্ৰকৃত স্বৰূপ ইত্যাদি কথা জনা বিশেষভাৱে দৰকাৰ। ছাত্রই কেনেকৈ শিকে, মনঃসংযোগৰ প্ৰধান কাৰণ কি কি, বুদ্ধিৰ পৰিমাণ কাক কয়, স্মৃতি শক্তি বৃদ্ধিৰ উপায় কি কি ইত্যাদি কথা শিক্ষকে জানিলে শিক্ষাদান কার্যত বিশেষ ফলৱৰ্তী হয়।

চতুৰ্থতে, মনোবিজ্ঞানে শিক্ষকক নিজৰ মনৰ প্ৰক্ৰিয়া বুজাত সহায় কৰে। নিজৰ মনৰ লগত পৰিচয় নাথাকিলে আনৰ মন বুজাতো অসম্ভৱ। কিন্তু মনোবিজ্ঞনে শিক্ষকক আত্মবিশ্লেষণ কৰাত আৰু শিক্ষাৰ্থীৰো মন বুজাত বিশেষভাৱে সহায় কৰে।

পঞ্চমতে, শিশু মনৰ বিভিন্ন প্ৰক্ৰিয়া আৰু সেইবোৰৰ ক্ৰমবিকাশ, শিশু চৰিত্ৰৰ প্ৰধান বৈশিষ্ট্য ইত্যাদিৰ বিষয়ে সম্যক জ্ঞান লাভ কৰাত মনোবিজ্ঞানে শিক্ষকক বিশেষভাৱে সহায় আগবঢ়ায়।

ষষ্ঠতে, শিক্ষাৰ্থীৰ ব্যক্তিগত পার্থক্য, আগ্রহ, অভিৰুচি, ব্যক্তিৰ ওপৰত বক্তিৰ প্ৰভাৱ আৰু বিদ্যালয়ৰ সামাজিক জীৱনৰ প্ৰধান বিশেষত্বসমূহৰ বিষয়ে সুস্পষ্ট ধাৰণা দান কৰাত মনোবিজ্ঞানে বিশেষ সহায় কৰে।

সপ্তমতে, শিক্ষা পৰিৱেশনৰ ওপৰত থকা নিয়ন্ত্রণ ক্ষমতা সম্পর্কে শিক্ষকক অৱগত কৰাই, প্রয়োজন অনুসৰি তেনে পৰিৱেশৰ পৰিৱৰ্তন আৰু উন্নতিত অৰিহণা যোগাই মনোবিজ্ঞানে শিক্ষকক নানাভাৱে শিক্ষাদান কার্যত সহায় কৰে।

অষ্টমতে, শিশু-মনস্তত্বৰ জ্ঞানে শিক্ষাৰ বিভিন্ন বৈজ্ঞানিক প্ৰণালী আৰু তথ্যৰ বিষয়ে নানা বহুমূলীয়া নির্দেশ গ্ৰহণ কৰিবলৈ শিক্ষকক সমৰ্থ কৰে।

শিক্ষাৰ ক্ষেত্ৰত ব্যক্তিৰ ওপৰত সমষ্টিৰ আৰু সমষ্টিৰ ওপৰত ব্যক্তিৰ প্ৰভাৱে কেনেকৈ কাম কৰে, সেই সম্পর্কে প্রয়োজনীয় জ্ঞানো শিক্ষকে মনোবিজ্ঞানৰ পৰাই লাভ কৰে।

শিক্ষাৰ্থীৰ বাহ্যিক আচৰণ-ব্যৱহাৰ, ক্রিয়াকলাপ নিজ্ঞান মনৰ দ্বাৰা বহু পৰিমাণে প্ৰভাৱান্বিত হয়। গতিকে নিজ্ঞান মনৰ প্ৰকৃত স্বৰূপ উপলব্ধি আৰু সেইমতে কাৰ্যপন্থা হাতত লোৱাৰ কাৰণেও মনোবিজ্ঞানৰ জ্ঞান অতি প্রয়োজনীয়।

শিক্ষাৰ্থীৰ প্ৰৰোক্ষমূলক আচৰণে বহুত সময়ত শিক্ষানুষ্ঠানত সমস্যাৰ সৃষ্টি কৰা দেখা যায়। এই ক্ষেত্ৰতো মনোবিজ্ঞানৰ লগত পৰিচয় থাকিলে শিক্ষক বিশেষভাৱে উপকৃত হোৱা দেখা যায়।

শৈক্ষিক মূল্যায়নৰ মনোবৈজ্ঞানিক পদ্ধতি সম্পর্কে সম্যক জ্ঞান লাভ আৰু প্ৰয়োগ কার্যত মনোবিজ্ঞানে শিক্ষকক সহায় কৰে।

15. Explain ‘observation’ as a method of educational psychology.পর্যবেক্ষণক শিক্ষা মনোবিজ্ঞানৰ পদ্ধতি হিচাপে ব্যাখ্যা কৰা।

Ans:- শিশু বা ব্যক্তিৰ বাহ্যিক আচৰণ, কথা-বার্তা, ভাবগতি আদি পুংখানুপুংখভাৱে নিৰীক্ষণ কৰি তথ্য সংগ্ৰহ কৰা পদ্ধতিকে পর্যবেক্ষণ পদ্ধতি বোলে।এই পদ্ধতিৰে সংগ্ৰহ কৰা তথ্য শিশু শিক্ষাৰ ক্ষেত্ৰত অতি ফলপ্ৰসূ আৰু নিৰ্ভৰযোগ্য। নিৰীক্ষকৰ ব্যক্তিনিষ্ঠ প্ৰভাৱ এই পদ্ধতিত একেবাৰেই নাই বুলিব পাৰি। এই পদ্ধতিত নিৰীক্ষণ কৰিব লগা ব্যক্তিৰ আচৰণ সম্পর্কে কোনো পূর্ব ধাৰণা নোহোৱাকৈয়ে নিৰীক্ষণ কৰা তথ্য সংগ্ৰহ আৰু লিপিবদ্ধ কৰা হয়৷ এই পদ্ধতিৰ সহায়ত মানুহৰ মনৰ সম্যক জ্ঞান লাভ কৰিব পাৰি। মনোবিজ্ঞানৰ এই পদ্ধতিটোৱে হ’ল আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু গ্রহণযোগ্য পদ্ধতি।

পর্যবেক্ষণ পদ্ধতিৰ পর্যায় [Steps of Observation Method) – পৰ্যবেক্ষণ পদ্ধতিৰ কেইটামান ক্রিয়া পৰ্যায়ৰ মাজেদিহে সম্পন্ন কৰিব পাৰি। সেইকেইটা হৈছে-

১। পৰ্যবেক্ষণৰ বাবে উপযুক্ত পৰিকল্পনাকৰণ।

২। সঠিকভাৱে আৰু নিপুণতাৰে সেই পৰিকল্পনাৰ কাৰ্যকৰীকৰণ।

৩। নিৰীক্ষণৰ পৰা পোৱা তথ্যপাতিৰ যথাযথ লিপিৱদ্ধকৰণ।

৪। ফলাফলৰ উপযুক্ত ব্যাখ্যাকৰণ বা বিশ্লেষণকৰণ।

পর্যবেক্ষণ পদ্ধতিৰ সুবিধা বা সবলতা [Advantages of Observation Method] : পর্যবেক্ষণ পদ্ধতিৰ সুবিধা বা সবলতাসমূহ হৈছে-

১। এই পদ্ধতিৰে মানুহৰ আচৰণক স্বাভাৱিক পৰিস্থিতিত সহজসৰলভাৱে নিৰীক্ষণ আৰু অধ্যয়ন কৰিব পাৰি।

২। এই পদ্ধতি বৰ ব্যয়বহুল নহয়; কাৰণ এই পদ্ধতিৰে তথ্য সংগ্ৰহৰ বাবে পৰীক্ষাগাৰৰ জটিল নিয়ন্ত্ৰিত পৰিস্থিতি আৰু ব্যয়বহুল সা-সঁজুলিৰ প্ৰয়োজন নহয়।

৩। এই পদ্ধতিৰে সংগ্ৰহ কৰা তথ্যসমূহ ইন্দ্ৰিয়গ্রাহ্য আৰু বাস্তৱভিত্তিক হৈ উঠা বাবে স্বাভাৱিকতেই এইসমূহ বেছি বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য হয়।

৪। ইয়াত ব্যক্তিৰ অজ্ঞাতেই তেওঁৰ আচৰণ পৰ্যবেক্ষণ কৰিব পৰা হয় বাবে তেওঁৰ আচৰণত কৃত্রিমতাৰ প্ৰভাৱ পৰিব নোৱাৰে; ফলত তথ্যসমূহ শুদ্ধৰূপত পাব পাৰি।

৫। অত্যধিক আৱেগিক, লাজকুৰীয়া আৰু ভয়াতুৰ লোকেও ইয়াত স্বাভাৱিক ৰূপত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে।

৬। ইয়াৰ যোগেদি কমবয়সীয়া শিশুৰ জটিলতাহীন আচৰণ আৰু সমস্যাজনিত শিশুৰ আচৰণজনিত সমস্যা সহজে অধ্যয়ন কৰিব পাৰি।

৭। এই পদ্ধতি অৱলম্বন কৰি শিক্ষকে শ্রেণীকক্ষত আৰু খেলপথাৰত খেলি থকা অৱসকথাত শিক্ষাৰ্থীৰক আচৰণ আৰু প্রতিক্রিয়া নিৰীক্ষণ কৰিব পাৰে।

৮। ইয়াৰ জৰিয়তে ব্যক্তিৰ আচৰণক ব্যক্তিগতভাৱে আৰু দলগতভাৱে নিৰীক্ষণ কৰিব পাৰি।

৯। এই পদ্ধতিৰে সংখ্যাগত আৰু গুণগত দুয়োবিধ তথ্য সংগ্রহ কৰিব পাৰি।

১০। এই পদ্ধতিৰে কৰা পৰ্যবেক্ষণৰ ৰেকৰ্ড তাৎক্ষণিকভাৱে তৈয়াৰ কৰিব পাৰি।

পর্যবেক্ষণৰ অসুবিধা বা দুর্বলতা [Disadvantages of Observation Method] : পৰ্যবেক্ষণ পদ্ধতিৰ দুৰ্বলতাসমূহ হৈছে—

১। এই পদ্ধতিৰে যিকোনো পৰিস্থিতিত ব্যক্তিৰ আচৰণ আৰু প্রতিক্রিয়াক পর্যবেক্ষণ কৰি সংগ্ৰহ কৰা তথ্য নিৰ্ভৰযোগ্য নহয়। কাৰণ সময়ৰ পৰিৱৰ্তনৰ লগে লগে আৰু পৰিৱেশ-পৰিস্থিতি সাপেক্ষে ব্যক্তিৰ আচৰণ আৰু প্ৰতিক্ৰিয়া গতিশীল আৰু পৰিৱৰ্তনশীল হৈ উঠিব পাৰে।

২। এই পদ্ধতিৰে কেইজনমান ব্যক্তিৰ আচৰণৰ অধ্যয়ন কৰি সংগ্ৰহ কৰা তথ্য প্রতিনিধিত্ব মূল হৈ উঠিব নোৱাৰে।

৩। এই পদ্ধতিৰে ব্যক্তিৰ আচৰণ নিৰীক্ষণ কৰোঁতে পৰ্যবেক্ষণ যদি সচেতন আৰু অভিজ্ঞ নহয় তেন্তে পৰ্যবেক্ষণৰ বৈধতা আৰু নিৰ্ভৰযোগ্যতা হাস পাব পাৰে।

৪। নিৰীক্ষণকাৰীৰ ব্যক্তিনিষ্ঠতা, পক্ষপাতমূলক দৃষ্টিভংগী আৰু মনোভাৱ আদিয়ে পর্যবেক্ষণৰ পৰা পোৱা তথ্যক প্ৰভাৱিত কৰিব পাৰে।

৫। পর্যবেক্ষণ বা নিৰীক্ষণ কাৰ্য আৰু তাৰ প্ৰাপ্ত তথ্য লিপিৱদ্ধকৰণৰ মাজত সময়ৰ ব্যৱধান বেছি হ’লে বহু গুৰুত্বপূৰ্ণ কথা পাহৰি যোৱাৰ সম্ভাৱনা থাকে।

৬। এই পদ্ধতিৰে ব্যক্তিৰ বাহ্যিক আচৰণকহে পৰ্যবেক্ষণ কৰিব পাৰি, ব্যক্তিৰ মনৰ আভ্যন্তৰীণ অনুভৱক পর্যবেক্ষণ কৰিব নোৱাৰি।

৭। এই পদ্ধতিৰে ব্যক্তিৰ সমগ্ৰ ব্যক্তিত্বৰ স্বৰূপক নিৰীক্ষণ কৰিব পৰা নাযায়।

৮। এই পদ্ধতিৰে পৰ্যবেক্ষণ কৰোঁতে ব্যক্তিয়ে পর্যবেক্ষণ কৰা বুলি গম পালে অধিক সচেতন হৈ উঠে আৰু কৃত্ৰিম আচৰণ প্ৰদৰ্শন কৰিব পাৰে।

গতিকে, ব্যক্তিৰ স্বাভাৱিক আচৰণক অধ্যয়ন কৰিবৰ বাবে তেওঁলোক যাতে সচেতন হৈ উঠিব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে।

16. Explain any one method of educational psychology. শিক্ষা মনোবিজ্ঞানৰ যিকোনো এটা পদ্ধতি ব্যাখ্যা কৰা।

Ans:- শিক্ষা মনোবিজ্ঞান এক গৱেষণামূলক বিজ্ঞান। ৰসায়নবিদ্যা, পদার্থবিদ্যা, শৰীৰতত্ত্ব আদিৰ দৰে বৰ্তমান শিক্ষাতো পৰীক্ষণ পদ্ধতি বহুল ৰূপত ব্যৱহৃত হয়। বিশেষভাৱে কোনো নিয়ন্ত্ৰিত পৰিৱেশ বা মনোবিজ্ঞানৰ পৰীক্ষাগাৰত কোনো বিশেষ চৰ্তৰ অধীনত শিক্ষাৰ্থীৰ স্মৃতি, মনোযোগ, শিকন, বিস্মৃতি আদি দৈহিক, মানসিক প্ৰক্ৰিয়াৰ কাৰণ আৰু বিশেষত্ব নির্ণয় কৰা পদ্ধতিটোৱেই হ’ল পৰীক্ষণ পদ্ধতি।

এই পদ্ধতিৰ সহায়ত শিক্ষা মনোবিজ্ঞানে মানৱ আচৰণৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ সক্ষম হৈছে। এই পদ্ধতি সম্পূর্ণ ত্রুটিমুক্ত নহয় যদিও এই পদ্ধতিৰে সংগ্ৰহ কৰা তথ্যসমূহ তুলনামূলকভাৱে নির্ভুল আৰু নিৰ্ভৰযোগ্য।

পৰীক্ষণ পদ্ধতিৰ বৈশিষ্ট্য [Characteristics of Experimental Method) : পৰীক্ষণ পদ্ধতিৰ বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা ধৰণৰ। এই বৈশিষ্ট্যবোৰৰ পৰীক্ষণ পদ্ধতিৰ স্বৰূপক স্পষ্ট ৰূপত অনুধাৱন কৰিব পাৰি। যেনে—

১। ই হৈছে মনোবিজ্ঞানত আচৰণৰ এক নিৰীক্ষণ কার্য, যাক নিয়ন্ত্ৰিত পৰিৱেশ আৰু পৰিস্থিতিত সম্পাদন কৰা হয়।

২। ইয়াক কেৱল পৰীক্ষাগাৰৰ ভিতৰত পৰীক্ষকৰ নিয়ন্ত্রিত পৰিৱেশৰ অধীনতহে সম্পাদন কৰা হয়।

৩। ই হৈছে পৰিৱৰ্তনশীল পৰিস্থিতিক নিয়ন্ত্ৰণ কৰি ব্যক্তিৰ প্রতিক্রিয়া নিৰীক্ষণ কৰা কাৰ্য।

৪। পৰীক্ষণ কার্য সম্পাদনৰ বাবে পৰীক্ষণীয় আৰু পৰীক্ষাগ্রহণকাৰী এই দুজন ব্যক্তিৰ প্ৰয়োজন।

৫। এই পদ্ধতি সম্পাদনৰ বাবে পূৰ্বপৰিকল্পিত আঁচনি, পৰীক্ষণৰ উন্নত আৰু ব্যয়বহুল সা-সঁজুলি, পূর্বনির্ধাৰিত পৰীক্ষণীয় ব্যক্তি আৰু অভিজ্ঞ পৰীক্ষকৰ প্ৰয়োজন হয়।

৬। এই পদ্ধতিত মনোবৈজ্ঞানিক পৰীক্ষণৰ যোগেৰে মানুহৰ সজীৱ প্ৰতিক্ৰিয়া আৰু আচৰণৰহে নিৰীক্ষণ কৰা হয়।

পৰীক্ষণৰ পৰ্যায় [Steps Experiment] : পৰীক্ষণ কার্য যিহেতু পূর্ব পৰিকল্পিত, প্ৰণালীৱদ্ধ আৰু সুনিয়ন্ত্রিত বিধৰ, সেইয়ে এই কাৰ্য সুচাৰুৰূপে সম্পাদন কৰিবৰ বাবে তলৰ পৰ্যায়কেইটা অৱলম্বন কৰিব লগীয়া হয়।

১। সমস্যা স্থিৰ কৰা [Accepting Problem] : পৰীক্ষণ পদ্ধতিৰ প্ৰথম পৰ্যায়ত পৰীক্ষা গ্ৰহণকাৰীয়ে নিজ অধ্যয়ন কাৰ্যৰ বাবে একোটা সমস্যা স্থিৰ কৰিব লাগে।

২। সমস্যাৰ কাৰণৰ পূৰ্বানুমান [Accepting Hypothesis] : পৰীক্ষণ পদ্ধতিৰ দ্বিতীয় পর্যায়ত অধ্যয়নৰ বাবে লোৱা সমস্যাটোৰ লগত জড়িত সম্ভাৱ্য কাৰণবোৰ পূৰ্বানুমান বা কল্পনা কৰা হয়।

৩। কাৰকৰ প্ৰভেদ নিৰ্ণয় [Difference between Variables : এই পৰ্যায়ত পৰীক্ষাৰ বাবে লোৱা সমস্যাটোৰ লগত জড়িত নিৰ্ভৰশীল আৰু অনিৰ্ভৰশীল [Dependent and Independent] কাৰকবোৰৰ মাজৰ পাৰ্থক্য নির্ণয় কৰিব লাগে।

৪। নিয়ন্ত্ৰিত পৰিস্থিতিৰ সৃষ্টি [Creation of Controlled Situation] : পৰীক্ষণ পদ্ধতিৰ চতুৰ্থ পৰ্যায়ত পৰীক্ষা কার্য সম্পাদনৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন সা-সঁজুলি আৰু আৱশ্যকীয় পৰিৱেশৰ সৃষ্টি কৰি তুলিব লাগে।

৫। তথ্যৰ বিশ্লেষণ [Analysis of Data] : পৰীক্ষণ পদ্ধতিৰ পঞ্চম পর্যায়ত সংগৃহীত তথ্য সামগ্ৰীবোৰৰ ব্যাখ্যা বা বিশ্লেষণ কৰিব লাগে ৷

৬। সত্যাসত্য পৰীক্ষা [Examining the Truth] : এই পদ্ধতি শেষ পৰ্যায়ত সমস্যাৰ কাৰণ সম্পৰ্কীয় পূর্বানুমান বা কল্পনাবোৰৰ সত্যাসত্য পৰীক্ষা কৰি চাব লাগে।

পৰীক্ষণ পদ্ধতিৰ সুবিধা বা সবলতা [Advantages of Method] : পৰীক্ষণ পদ্ধতিৰ সুবিধা বা সবলতাসমূহ তলত উল্লেখ কৰা ধৰণৰ।

১। মনোবিজ্ঞানৰ পৰীক্ষণ পদ্ধতি হৈছে বিজ্ঞান ভিত্তিক, সেয়ে ইয়াক ভৌতিক বিজ্ঞানৰ বিষয়সমূহৰ সমস্যা অধ্যয়নৰ আৰ্হিৰে প্ৰস্তুত কৰি তোলা হৈছে যাৰ জৰিয়তে ব্যক্তিৰ আচৰণ সম্পৰ্কীয় নিৰ্ভৰযোগ্য আৰু গ্ৰহণযোগ্য তথ্য আহৰণ কৰিব পৰা যায়।

২। ইয়াত সঠিক তথ্য পাবৰ বাবে ব্যক্তিৰ আচৰণ প্ৰভাৱিত কৰিব পৰা অপৰিৱৰ্তনীয় পৰিস্থিতিসমূহক নিয়ন্ত্ৰণ ৰখা হয়।

৩। পৰীক্ষা পদ্ধতিৰ দ্বাৰা শিক্ষা মনোবিজ্ঞানে শিক্ষাৰ্থীৰ ভিন্নমুখী আচৰণৰ সঠিক কাৰণ জানিবলৈ সক্ষম হৈছে।

৪। এই পদ্ধতিৰে সংগ্ৰহ কৰা তথ্য সমূহ পৰীক্ষক আৰু পৰীক্ষণীয় ব্যক্তিৰ ব্যক্তিনিষ্ঠ প্ৰভাৱৰ পৰা বহু পৰিমাণে মুক্ত।

৫। এই পদ্ধতিৰ দ্বাৰা কোনো সমস্যাক বস্তুনিষ্ঠভাৱে আৰু পদ্ধতিগতভাৱে অধ্যয়ন কৰিব পাৰি।

৬। এই পদ্ধতিৰ জৰিয়তে লাভ কৰা তথ্যসমূহ আনে বিচাৰ কৰি চাব পাৰে।

৭। এই পদ্ধতিৰ জৰিয়তে লাভ কৰা তথ্যসমূহ বস্তুনিষ্ঠ আৰু সঠিক হোৱাৰ বাবে সেইবোৰৰ বিশ্লেষণ কম্পিউটাৰৰ সহায়ত কৰিব পাৰি।

৮। পৰীক্ষণ পদ্ধতিৰ দ্বাৰা প্ৰচলিত ধাৰণাসমূহৰ বিষয়ে বিশ্লেষণ কৰিব পাৰি আৰু নতুন বিষয় বা সমস্যাৰ বিষয়ে অধ্যয়নৰ দুৱাৰ মুকলি কৰিব পাৰি।

৯। ইয়াৰ যোগেদি ব্যক্তিয়ে মনোবৈজ্ঞানিক পৰিস্থিতিবোৰত প্ৰদৰ্শন কৰা আচৰণবোৰৰ কাৰণ আৰু তাৰ পৰিণতি সম্বন্ধে সম্যক জ্ঞান পাব পাৰি।

পৰীক্ষণ পদ্ধতিৰ অসুবিধা বা দুর্বলতা [Disadvantages of Experimental Method] পৰীক্ষণ পদ্ধতিৰ ওপৰোক্ত সবলতাসমূহ থাকিলেও ইয়াৰ নিম্নলিখিত দুৰ্বলতাসমূহো পৰিলক্ষিত হয়। যেনে— 

১। এই পদ্ধতিৰ জৰিয়তে ব্যক্তিৰ গতিশীল, পৰিৱৰ্তনশীল আৰু নতুনত্ব থকা বিধৰ আচৰণক সঠিক আৰু স্থায়ী ৰূপত পৰিমাপ কৰিব নোৱাৰি।

২। পৰীক্ষক আৰু পৰীক্ষণীয় ব্যক্তি দুয়োৰে মাজত উপযুক্ত বুজাবুজি নাথাকিলে এই পদ্ধতিৰ দ্বাৰা সঠিক আৰু বাঞ্ছিত ফল লাভ কৰিব পৰা নাযায়।

৩। এই পদ্ধতিৰ দ্বাৰা ব্যক্তিৰ ব্যক্তিগত আচৰণহে অধ্যয়ন আৰু নিৰীক্ষণ কৰিব পাৰি, দলগত আচৰণক নহয়।

৪। এই পদ্ধতিয়ে সম্পূর্ণ বস্তুনিষ্ঠতা আৰু নৈব্যৰ্ত্তিকতাক দাবী কৰিব নোৱাৰে। বহু সময়ত ইয়াত পৰীক্ষকৰ ব্যক্তিনিষ্ঠ প্ৰভাৱো পৰে।

৫। কম বয়সীয়া শিশুৰ ক্ষেত্ৰত পৰীক্ষণ পদ্ধতি প্রয়োগ কৰিব নোৱাৰি।

৬। এই পদ্ধতিৰে মনোবিজ্ঞানৰ সকলোবোৰ অধ্যয়নৰ বিষয়ৰেই প্রয়োজনীয় তথ্য পাব পৰা নাযায়।

৭। এই পদ্ধতিৰে মনোবিজ্ঞানীসকলে জন্তুৰ আচৰণ অধ্যয়ন কৰি পোৱা তথ্যক মানুহৰ আচৰণ ব্যাখ্যাত ব্যৱহাৰ কৰা হয় বাবে ই বিতর্কমূলক হৈ পৰিছে।

৮। এই পদ্ধতিৰ দ্বাৰা মানুহৰ আচৰণক সংশ্লেষণাত্মক বা সামগ্রিক ৰূপত অধ্যয়ন কৰাৰ পৰিৱর্তে বিশ্লেষণাত্মক বা আংশিকভাৱেহে অধ্যয়ন কৰে।

৯। অত্যধিক আৱেগপ্ৰৱণ লোকৰ ক্ষেত্ৰত এই পদ্ধতি প্রয়োগ কৰিব পৰা নাযায়।

17. Discuss the importance of psychology in education. শিক্ষাত মনোবিজ্ঞানৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা।

Ans:- আধুনিক শিক্ষা ব্যৱস্থাৰ প্ৰায় সকলোবোৰ দিশেই মনোবিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল। মনোবৈজ্ঞানিক চিন্তাধাৰাৰ ফলশ্রুতিতে শিক্ষাক্ষেত্ৰখনে নতুন নতুন দিশৰ সম্ভেদ পাইছে আৰু শিক্ষাৰ বিভিন্ন দিশৰ বিকাশ সম্ভৱ হৈ উঠিছে। শিক্ষাত মনোবৈজ্ঞানিক চিন্তাধাৰাৰ প্ৰয়োজনীয়তা তথা প্ৰভাৱ সম্পৰ্কে তলত উল্লেখ কৰা হ’ল—

১। মনোবৈজ্ঞানিক চিন্তাধার ফলতে শিক্ষাত শিশুকেন্দ্রিক শিক্ষাদান পদ্ধতিৰ সৃষ্টি হৈছে। যাৰ ফলত শিশুসকলক তেওঁলোকৰ প্ৰয়োজনীয়তা আৰু প্ৰকৃতিৰ প্ৰতি দৃষ্টি ৰাখি উপযুক্ত শিক্ষাদানৰ ব্যৱস্থা সম্ভৱ হৈছে।

২। মনোবৈজ্ঞানিক চিন্তাধাৰাৰ ফলতে ব্যক্তিৰ বিকাশৰ স্তৰ আৰু বৈশিষ্ট্য অনুসৰি কাৰ্যকৰীভাৱে শিক্ষাদান কৰিবৰ বাবে বহুতো দিশৰ উদ্ভাৱন সম্ভৱ হৈছে। ফলস্বৰূপে বিকাশৰ প্ৰতিটো স্তৰতে ব্যক্তিৰ শাৰীৰিক, মানসিক, সামাজিক, আৱেগিক আৰু বৌদ্ধিক দিশত পৰিলক্ষিত হোৱা পাৰ্থক্যৰ প্ৰতি দৃষ্টি ৰাখি উপযুক্ত শিক্ষা পৰিকল্পনা আৰু শিক্ষাদান সম্ভৱ হৈছে।

৩। গতানুগতিক শিক্ষা-ব্যৱস্থাত ব্যক্তিগত পার্থক্য বা বৈষম্যৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা নাছিল। কিন্তু শিক্ষাত মনোবৈজ্ঞানিক চিন্তাধাৰাৰ প্ৰয়োগে আধুনিক শিক্ষা-ব্যৱস্থাত ব্যক্তিৰপ্রকৃতিগত বৈষম্যৰ কথা মনত ৰাখি শিক্ষা বিষয়বস্তুক পৰিৱৰ্তনশীল আৰু বৈচিত্র্যময় কৰি তোলাটো সম্ভৱ কৰি তোলে৷

৪। শিক্ষাত মনোবৈজ্ঞানিক চিন্তাধাৰা প্ৰয়োগৰ ফলতে শিক্ষার্থী বা শিশুৰ ব্যক্তিত্ব গঠনত বংশগতি আৰু পৰিৱেশৰ প্ৰভাৱ সম্পর্কে জানিব পাৰি, যি সিহঁতৰ শাৰীৰিক আৰু মানসিক বৰ্দ্ধনত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰে।

৫। শিক্ষাত মনোবৈজ্ঞানিক চিন্তাধাৰাই অসাধাৰণ আৰু শাৰীৰিকভাৱে অক্ষম শিশুৰ বাবে উপযুক্ত আৰু প্ৰয়োজন ভিত্তিক শিক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ উপায় নির্দেশ কৰে।

৬। বিকাশৰ স্তৰ আৰু শিক্ষাৰ্থীৰ ৰুচি-অভিকচি, মানসিক সামৰ্থ, যোগ্যতা আদিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ পাঠ্যক্ৰম নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰতো মনোবৈজ্ঞানিক চিন্তাধাৰাৰ প্ৰভাৱ অপৰিহাৰ্য।

৭। আধুনিক শিক্ষাদান ব্যৱস্থাক অধিক সফল কৰি তুলিবৰ বাবে উন্নত আৰু প্ৰযুক্তিগত শিক্ষাদান সঁজুলিৰ ব্যৱহাৰৰ ধাৰণাও শিক্ষাত মনোবৈজ্ঞানিক চিন্তাধাৰাৰ প্ৰয়োগৰ ফলতে সম্ভৱ হৈছে।

৮। শিক্ষাত মনোবৈজ্ঞানিক চিন্তাধাৰাৰ উপযুক্ত প্ৰয়োগ আৰু শিক্ষা মনোবিজ্ঞানৰ গৱেষণাৰ জৰিয়তে শিশু তথা শিক্ষার্থীয়ে মনোযোগ দিয়া, মনত ৰখা, হৈছে। এইবিলাকে আধুনিক শিক্ষাদান পদ্ধতিক অধিক বিজ্ঞানসন্মত কৰি তোলাত সহায় কৰিছে।

৯। মনোবৈজ্ঞানিক চিন্তাধাৰাৰ প্ৰয়োগে তথা জ্ঞানে শিক্ষকক আত্ম-সচেতন আৰু আত্ম-বিশ্লেষণ কৰাৰ লগতে শিক্ষার্থীক সকলো দিশৰ পৰা বিশ্লেষণ কৰি চাই উপযুক্তভাৱে শিক্ষাদান কৰাৰ প্ৰেৰণা লাভ কৰিবলৈ সক্ষম হয়।

১০। শিক্ষার্থীক শৈক্ষিক আৰুবৃত্তীয় নির্দেশনা তথা পৰামৰ্শদানৰ ক্ষেত্ৰতো মনোবৈজ্ঞানিক চিন্তাৰ প্ৰভাৱ অপৰিসীম।

১১। মনোবৈজ্ঞানিক চিন্তাধাৰা প্ৰয়োগ কৰি শিক্ষার্থী তথা ব্যক্তিৰ মানসিক অসুস্থতাৰ কাৰণ নিৰ্ধাৰণ কৰি উপযুক্ত নিদানমূলক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিব পাৰি৷

উপৰিউক্ত দিশবোৰ বিশ্লেষণ কৰি ক’ব পাৰি যে শিক্ষাত মনোবৈজ্ঞানিক চিন্তাধাৰাৰ প্ৰয়োগ আৰু বিকাশৰ ফলস্বৰূপেই মনোবিজ্ঞানৰ অতি গুৰুত্বপূৰ্ণ শাখা শিক্ষা মনোবিজ্ঞানৰ জন্ম হয়।

18. Discuss the contribution of Gestalt to the development of educational psychology. শিক্ষাৰ ক্ষেত্ৰত সামগ্রিকতাবাদে আগবঢ়োৱা বৰঙনিৰ বিষয়ে লিখা।

Ans:- শিক্ষাজগতলৈ সামগ্রিকতাবাদ বা গেষ্টাল্টবাদৰ অৱদান [Contribution of Gestaltism to education] : শিক্ষা-জগতলৈ সামগ্রিকতাবাদৰ অৱদানসমূহ তলত কৰা ধৰণৰ।

১। সামগ্রিকতাবাদীসকলে শিকন তথা সংবোধনৰ ক্ষেত্ৰত বিষয়বস্তুৰ সম্পৰ্কৰ প্ৰত্যক্ষণ, সংগঠন আৰু সামগ্রিকতা আদিৰ ওপৰত গুৰুত্ব দিয়ে। সেয়ে তেওঁলোকৰ মতে শিক্ষকে শ্ৰেণীকোঠাত শিক্ষনীয় বিষয়বস্তু বা পাঠ্যবিষয় শৃংখলিতভাৱে আৰু সমগ্ৰৰূপে উপস্থাপন কৰিব লাগে।

২। সামগ্রিকতাবাদীসকলে যান্ত্রিক শিক্ষাৰ বিৰোধিতা করে আৰু শিক্ষাৰ্থীক নিৰীক্ষণ কৰি শিকাৰ ওপৰত গুৰুত্ব দিয়ে।

৩। সামগ্রিকতাবাদীসকলে শিকন আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত এক নতুন দৃষ্টিভংগীৰ যোগান ধৰে। তেওঁলোকৰ মতে শিক্ষাৰ্থীয়ে যেতিয়াই চিন্তা আৰু নিৰীক্ষণ ক্ষমতা প্ৰয়োগ কৰি সমস্যাৰ লগত জড়িত বিভিন্ন অংশ আৰু দিশসমূহ সামগ্ৰিক ৰূপত পর্যবেক্ষণ কৰিব পাৰিব তেতিয়াই তেওঁলোকে সমস্যা সমাধানৰ পথত আগবাঢ়িব পাৰিব। সমস্যা সমাধান ক্ষমতাইহে শিক্ষার্থীক সমাজমুখী আৰু সমাজৰ হিত সাধনকাৰী কৰি তুলিব পাৰে।

৪। সামগ্রিকতাবাদীসকলে সামাজিক শিকন আৰু দলগত আচৰণৰ দৃষ্টিভংগীৰ ওপৰত গুৰুত্বআৰোপ কৰে। সেয়ে তেওঁলোকেদলগত আচৰণ অধ্যয়ন কৰি শিক্ষাৰ্থীৰ উপকাৰ সাধিবলৈ যত্ন কৰে।

৫। সামগ্রিকতাবাদৰ দৃষ্টিভংগী শিক্ষাৰ উচ্চ পৰ্যায়ৰ বাবে অপৰিহাৰ্য। শিক্ষাৰ্থীয়ে নিজৰ পৰ্যবেক্ষণ, নিৰীক্ষণ, অন্তদর্শন ক্ষমতা প্ৰয়োগ কৰিহে নিজৰ অন্তর্নিহিত সৃজনীশীল গঠনাত্মক ক্ষমতাৰ বুজ ল’ব পাৰে। সেয়ে শিক্ষাৰ ক্ষেত্ৰত শিক্ষার্থীৰ সৃজনীশীল প্ৰতিভাক চিনাক্তকৰণৰ বাবে নিৰীক্ষণ আৰু অন্তদৰ্শন কাৰ্য প্ৰয়োগৰ সুবিধা দিব লাগে।

৬। সামগ্রিকতাবাদীসকলে অধ্যক্ষ, শিক্ষক আৰু শিক্ষার্থী সকলোৰে শিক্ষানুষ্ঠানৰ প্ৰগতিৰ বাবে একেলগে সামগ্রিকভাৱে কাম কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।

৭। সামগ্রিকতাবাদ মনোবিজ্ঞানৰ সিদ্ধান্ত অনুসৰিয়েই শিক্ষাত বিভিন্ন বিষয়ৰ মাজত পাৰস্পৰিক সম্বন্ধৰ ধাৰণা গঢ় লৈ উঠিল।

৮। সামগ্রিকতাবাদৰ মতে শিক্ষা আহৰণত লক্ষ্য আৰু উদ্দেশ্যৰ এক বিশেষ ভূমিকা আছে। সেয়ে শিক্ষকে শিক্ষাৰ্থীৰ সামৰ্থৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ বাবে উপযুক্ত লক্ষ্য উদ্দেশ্য স্থিৰ কৰি দিব লাগে। এনে লক্ষ্য-উদ্দেশ্যই শিক্ষাৰ্থীৰ মনত উদ্বেগৰ সৃষ্টি কৰে আৰু কৰ্মৰ দ্বাৰা শিক্ষার্থীয়ে সেই লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াস চলায় । ই শিক্ষার্থীক কৰ্মত লিপ্ত ৰাখে আৰু শিক্ষা আহৰণত সহায় কৰে।

৯। সামগ্রিকতাবাদীসকলৰ মতে শিক্ষাদানৰ সময়ত শিক্ষকে শিক্ষার্থীক নিজ চিন্তা, যুক্তি, বিচাৰশক্তি, পৰ্যবেক্ষণ-নিৰীক্ষণ ক্ষমতা আদি প্ৰয়োগৰ সুবিধা দিব লাগে। শিকনীয় বিষয়বস্তুব লগত শিক্ষাৰ্থীক পৰিচয় কৰাই দিব লাগে আৰু শিক্ষার্থীক সেইবোৰৰ সংগঠন, নিৰীক্ষণ, অন্তদৰ্শন আৰু নিজস্বভাৱে বিষয়বস্তুৰ অন্তৰ্গত সমস্যাবোৰ সমাধান কৰিবৰ বাবে শিক্ষার্থীক সুযোগ দিব লাগে।

১০। সামগ্রিকতাবাদে শিক্ষানুষ্ঠানৰ পৰিৱেশ শিক্ষাৰ অনুকূল কৰি গঢ়ি তোলাত গুৰুত্ব দিয়ে। সেয়ে শিক্ষকে শিক্ষাৰ্থীৰ উপযুক্ত সংবোধন হ’ব পৰাকৈ শিকনীয় ক্ষেত্ৰ এখন তৈয়াৰ কৰাৰ কৌশল আয়ত্ত কৰিব লাগে।

১১। সামগ্রিকতাবাদে শিকন কার্যত যান্ত্রিক অনুশীলন, অন্ধ অনুকৰণ আৰু গতানুগতিকভাৱে গঠন কৰা অভ্যাসৰ পৰিৱৰ্তে বাস্তৱ নিৰীক্ষণ আৰু পৰ্যবেক্ষণৰ যোগেদি শিক্ষার্থীয়ে আত্ম-প্রত্যয় গঢ়ি তোলাত সহায় কৰে।

১২। ই শিক্ষাত আত্ম-অনুশাসন দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব দিয়ে। বর্তমান শিক্ষাত এই নীতিৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হয়।

১৩। এই চিন্তাধাৰাই দলগত আচৰণ আৰু ইয়াৰ প্রয়োজনীয়তাক শিকনৰ এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে গণ কৰি শ্ৰেণীত সামাজিক শিকনৰ ওপৰত এক নৱ আলোকপাত কৰে।

19. What is psychology. Discuss the relation between education and Psychology. মনোবিজ্ঞান কি? শিক্ষা আৰু মনোবিজ্ঞানৰ সম্পর্ক আলোচনা কৰা।

Ans:- সাধাৰণতে মন সম্বন্ধীয় বিজ্ঞানসন্মত অধ্যয়নেই হ’ল মনোবিজ্ঞান। প্রত্যেক ব্যক্তিকেই মনোবিজ্ঞানে মনৰ বিষয়ে সম্ভেদ দিয়ে বুলি ভবা হয়। মনোবিজ্ঞান সম্বন্ধে বিভিন্ন সময়ত বিভিন্ন মনোবিদে বেলেগ বেলেগ সংজ্ঞা আগবঢ়াইছে যদিও প্রকৃতপক্ষে মনোবিজ্ঞানৰ এটা সুনির্দিষ্ট আৰু সুস্পষ্ট সংজ্ঞা পোৱা নাযায়। বহুতো মনোবিদে ভাবে যে মনোবিজ্ঞানৰ প্ৰধান কাম হ’ল এটা সুচিন্তিত আৰু সু-নিৰ্দিষ্ট পথেৰে মনৰ গোপন ৰহস্য উদ্ঘাটন কৰা। মনোবিজ্ঞান বিজ্ঞান হিচাপে অতি নতুন আৰু ইয়াৰ বিষয়ে আলোচনা-বিলোচনা বহুদিনৰ পৰাই চলি আহিছে আৰু বৰ্তমানেও চলি আছে।প্রথমে গ্রীক দার্শনিক বিখ্যাত পণ্ডিত এৰিষ্ট টলে মনোবিজ্ঞান শব্দটো প্ৰৱৰ্তন কৰিছিল। বর্তমান মনোবিজ্ঞানে এটা সম্পূর্ণ সুকীয়া বিষয় হিচাপে স্বীকৃতি লাভ কৰিছে।

শিক্ষা আৰু মনোবিজ্ঞানৰ সম্পৰ্ক [Relation Between Education and Psychology] : শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত এক অতি নিবিড় আৰু গভীৰ সম্পৰ্ক আছে।

১। শিক্ষা আৰু মনোবিজ্ঞান দুয়োটাই আচৰণৰ লগত জড়িত। মনোবিজ্ঞানে প্ৰাণীৰ আচৰণ সম্বন্ধে ব্যাখ্যা কৰে। কেনেদৰে প্ৰাণীৰ বিশেষ বিশেষ আচৰণ সংঘটিত হয়, কেনে বিশেষ পৰিস্থিতিত কেনে আচৰণৰ সৃষ্টি হয়, বিভিন্ন আচৰণসমূহৰ পৰা কোনো সর্বজনীন সূত্ৰ পোৱা যায় নেকি এই সমূহ তথ্য নিৰ্ণয় কৰাই হ’ল মনোবিজ্ঞানৰ প্ৰধান লক্ষ্য। সেই আচৰণসমূহৰ প্রায়োগিক দিশটোৱেই হ’ল শিক্ষাৰ বিষয়বস্তু। এই দিশৰ পৰা চালে মনোবিজ্ঞান যদি আচৰণৰ বিজ্ঞান তেন্তে শিক্ষা হ’ল আচৰণৰ প্ৰয়োগবিজ্ঞান। গতিকে দুয়োটা নিবিড়ভাৱে সম্পর্কযুক্ত।

২। মনোবিজ্ঞানে মানুহ তথা প্ৰাণীৰ আচৰণ অধ্যয়ন কৰে আৰু শিক্ষাই সেই আচৰণৰ পৰিবৰ্তন, পৰিশোধন আৰু উন্নতি সাধন কৰে। মনোবিজ্ঞানৰ জৰিয়তে শিশুৰ আচৰণ সম্বন্ধে জ্ঞান পোৱা যায় আৰু শিক্ষাৰ দ্বাৰা সেই আচৰণৰ পৰিশোধন কৰা হয়।

৩। শিক্ষাৰ লক্ষ্য দৰ্শনে নিৰ্দ্ধাৰণ কৰে যদিও এই লক্ষ্যত উপনীত হোৱাত মনোবিজ্ঞানেহে সহায় কৰে। শিশুক সৎ, নম্র, ভদ্ৰ আৰু সাৰ্থক আচৰণত অভ্যস্ত কৰি তোলাই শিক্ষাৰ লক্ষ্য। মনোবিজ্ঞানে শিশুৰ দৈহিক, মানসিক অৱস্থাৰ প্ৰকৃত বিৱৰণ দিয়াৰ পাছত শিক্ষাৰ দ্বাৰা সিহঁতৰ আচৰণ গঠন আৰু পৰিৱৰ্তন কৰা হয়।

৪। শিশুৰ আগ্ৰহ, প্ৰৱণতা, ৰুচি, অভিৰুচি, সামর্থ্য, যোগ্যতা, শিক্ষা আহৰণ ক্ষমতা ইত্যাদি জানিলেহে তেওঁলোকৰ সুস্থ বিকাশ সাধন হ’ব। লগতে শিশুক সামাজিক জীৱনৰ উপযোগী কৰি তুলিবৰ বাবেও শিক্ষাৰ প্ৰয়োজন। এই সমগ্ৰ দিশৰ বিকাশ তথা উন্নতি সাধন কৰাত মনোবিজ্ঞানৰ জ্ঞান অপৰিহাৰ্য। 

৫। শিক্ষাদানৰ আধুনিক-পদ্ধতিসমূহ, যেনে- মেডাম মেৰীয়া মণ্টেছৰীৰ ‘মণ্টেশ্বৰী পদ্ধতি’, ফেডৰিক ফ্ৰবেলৰ কিণ্ডাৰ গার্টেন পদ্ধতি, হেলেন পাৰাখাষ্টৰ ডেল্টন পদ্ধতি, জন ডিউইৰ প্ৰকল্প পদ্ধতি, মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষা পদ্ধতি আদি মনোবিজ্ঞানৰ নীতিৰ ওপৰত প্রতিষ্ঠিত।

৬। আনুষ্ঠানিক শিক্ষাৰ শ্ৰেণীসমূহৰ সময় বিভাজন, পাঠ্যক্রম প্রস্তুতকৰণ, শিক্ষাদানৰ আহিলাসমূহৰ ব্যৱহাৰ, বিষয় নির্বাচন ইত্যাদিৰ ক্ষেত্ৰত মনোবিজ্ঞানৰ প্ৰভাৱ অপৰিসীম।

৭। শিক্ষা-ব্যৱস্থাক অধিক বাস্তৱমুখী আৰুকাৰ্যকৰী কৰি তোলাৰ বাবে আৰু শ্ৰেণীৰ সমস্যা সমাধান কৰিবৰ বাবে শিক্ষাত মনোবিজ্ঞানৰ সূত্ৰ, তথ্য, পদ্ধতি, নীতি আদি প্ৰয়োগ কৰা হয়। শিক্ষাত মনোবিজ্ঞানৰ জ্ঞান আৰু উপযুক্ত প্রয়োগ, বিষয়বস্তু আৰু শিক্ষাৰ্থীৰ যোগ্যতা সম্পর্কে শিক্ষকৰ সম্পূৰ্ণ জ্ঞান থকাটো অত্যন্ত প্ৰয়োজনীয়। শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক, সামাজিক, আৱেগিক, পাৰিবাৰিক আদি দিশৰ সমস্যাসমূহৰ বিষয়ে শিক্ষকে মনোবিজ্ঞানৰ সহায়তহে জানিব পাৰে। গতিকে শিক্ষাৰ্থীৰ পূৰ্ণ বিকাশত মনোবিজ্ঞান অপৰিহাৰ্য।

৮। আধুনিক শিক্ষা শিশুকেন্দ্রিক। আকৌ মনোবিজ্ঞানে শিশুৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে।

৯। মনোবিজ্ঞানৰ জ্ঞানে ব্যক্তিগত পার্থক্য, বৃত্তি নির্বাচন, দলীয় মনোভাৱ, মানৱ জীৱনৰৰ বিকাশৰ স্তৰ অনুযায়ী শিক্ষা প্রদান, শিক্ষাত অনুশাসন বজায় ৰখা, শিকনৰ নীতি আৰু পদ্ধতি নির্বাচন ইত্যাদি ক্ষেত্ৰত জ্ঞান প্ৰদান কৰে। মুঠৰ ওপৰত মনোবিজ্ঞানে শিক্ষাত নতুন দৃষ্টিভঙ্গী প্ৰদান কৰে।

17. Write in brief the case-history. method of psychology. মনোবিজ্ঞানৰ ঘটনা-বিৱৰণী পদ্ধতিৰ বিষয়ে চমুকৈ লিখা।

Ans:- পুৰুষনামা বা ঘটনা বিৱৰণ পদ্ধতি [Case study or case History Method] : কোনো মানসিকভাৱে ৰোগগ্রস্ত লোক, অপৰাধপ্ৰৱণ শিশু, অসাধাৰণ কৃতিত্বসম্পন্ন ব্যক্তি কেনেকৈ এই অৱস্থা আহি পালে তাক জানিবৰ বাবে সেই বাক্তিৰ অতীত ক্রমবিকাশৰ ইতিহাস জনাটো দৰকাৰ। ইয়াৰ বাবেই এনে শিশু বা ব্যক্তিৰ ক্ৰমবিকাশৰ বিভিন্ন স্তৰ, ঘৰৰ পৰিৱেশ, সামাজিক ক্ষেত্র আদিৰ পৰা, তেওঁলোকৰ নিজৰ কথা-বাৰ্তাৰ প্ৰা, বন্ধু-বান্ধৱ, আত্মীয়-স্বজন, মিটিৰ-কুটুম্ব, প্রতিবেশী আদিৰ কথাৰ পৰা বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ কৰা হয়। এই সংগৃহীত তথ্যক একত্ৰিত কৰি শিশু বা ব্যক্তিজনৰ ক্ৰমবিকাশৰ এক পূর্ণাঙ্গ বুৰঞ্জী তৈয়াৰ কৰা হয়। এই পদ্ধতিকে পুৰুষনামা পদ্ধতি বোলা হয়। এই পদ্ধতিত ব্যক্তিয়ে নিজে কোৱা কথাবোৰ মিছা বা অতিৰঞ্জিতোও হ’ব পাৰে। এই পদ্ধতিৰে তথ্য সংগ্ৰহ কৰোঁতে খুব সাৱধান হ’ব লাগে।

এই পদ্ধতিত ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশত প্ৰভাৱ পেলোৱা পাৰিপাৰ্শ্বিক অৱস্থা আৰু বংশগতিৰ কাৰকসমূহ অধ্যয়ন কৰাৰ লগতে পৰিৱেশ আৰু বংশগতিৰ যুটীয়া প্ৰভাৱ সম্পর্কেও অধ্যয়ন কৰে। এই পদ্ধতিত ব্যক্তিৰ শাৰীৰিক, মানসিক, সামাজিক আৰু আৱেগিক জীৱনৰ এক ঐতিহাসিক অধ্যয়ন কৰা হয়। এনে অধ্যয়নৰ জৰিয়তে পৰিয়ালৰ ইতিহাস, ৰীতি-নীতি, পৰম্পৰা, পৰিয়ালৰ আকাৰ, সন্তান হিচাপে পৰিয়ালত স্থান, জৈৱিক বংশগতি, জন্মৰ প্রকৃতি, জন্মৰ সময়ৰ স্বাস্থ্য, বুদ্ধি-বৃত্তি, বেমাৰ-আজাৰ, অপৰাধপ্ৰৱণতা, সামাজিক, নৈতিক জীৱন, জন্ম-মৃত্যুৰ সংখ্যা আদি বিভিন্ন দিশৰ ওপৰত বিবেচনা কৰি ব্যক্তিৰ ব্যক্তিত্বৰ মূল্যায়ন কৰিবলৈ যত্ন কৰা হয়। এই পদ্ধতি সাধাৰণতে মানসিক ৰোগীৰ চিকিৎসাৰ বাবে মানসিক চিকিৎসালয়ত চিকিৎসকসকলে প্রয়োগ কৰে।

ঘটনা বিৱৰণ পদ্ধতিত যিহেতু একোজন ব্যক্তিৰ অতীত আচৰণ, শৈশৱ কালৰে পৰা আহৰণ কৰা বিভিন্ন অভিজ্ঞতা, বিভিন্ন সামাজিক পৰিৱেশ, গৃহ পৰিৱেশ, সমূহৰ বিষয়ে নিৰপেক্ষভাৱে তথ্য সংগ্ৰহ কৰা হয় আৰু তাৰ ভিত্তিত ব্যক্তিত্ব পৰিমাপ কৰাৰ চেষ্টা কৰা হয়, সেয়ে এনে পদ্ধতিত নিম্নলিখিত তথ্যাৱলী থকাটো বাঞ্ছনীয়।

১। ব্যক্তিৰ নাম,ঠিকনা, বয়স, জন্মস্থান, জন্মদিন ইত্যাদি।

২। যি সমস্যাৰ বাবে পৰ্যবেক্ষণ কৰা হৈছে তাৰ বিৱৰণ।

৩। ব্যক্তিৰ পাৰিবাৰিক তথ্য- মাক, দেউতাক, ভাই-ভনী, অন্যান্য আত্মীয়ৰ পৰিচয় আৰু ঘৰত অন্য ব্যক্তিৰপ্ৰতি মনোভাৱ কেনে ইত্যাদি।

৪। শিক্ষাগত যোগ্যতা, পাৰিবাৰিক আৰু ব্যক্তিগতৰ লগতে ব্যক্তিৰ নিজস্ব আদৰ্শ আৰু পাৰিবাৰিক শিক্ষাৰ আদৰ্শৰ মাজত কিবা মতানৈক্য আছে নেকি তাৰ বৰ্ণনা।

৫। স্বাস্থ্য, শাৰীৰিক বৈশিষ্ট্য আৰু দেহগত অন্যান্য তথ্য, যৌন বিকাশৰ বিৱৰণ।

৬। বুদ্ধিৰ মান আৰু বিকাশ।

৭। ব্যক্তিৰ প্ৰাক্ষোভিক বিকাশৰ প্ৰকৃতি।

৮। সামাজিক বিকাশৰ প্ৰকৃতি আৰু আচৰণমূলক সমস্যা আদি।

৯। বৃত্তি আৰু আৰ্থিক সংগতি।

১০। অভ্যাসমূলক বৈশিষ্ট্য আদি, বিশেষকৈ আগ্রহ, হবি ইত্যাদি।

ব্যক্তিসম্পর্কে এই তথ্যসমূহ সংগ্ৰহৰ বাবে বিভিন্ন আদর্শ কাম বা তালিকা ব্যৱহাৰ কৰা হয়।এই তথ্যসমূহ মূলতঃ বহিঃপর্যবেক্ষণ পদ্ধতিত সংগ্ৰহ কৰা হয়। এই পদ্ধতিত ব্যক্তিত্বক অনুশীলন কৰিলে তাৰ এটা সামগ্ৰিক ৰূপ পোৱা যায়। কাৰণ এই পদ্ধতিয়ে ব্যক্তি সম্পর্কে বিভিন্ন সূত্ৰৰ পৰা বহু তথ্য সংগ্ৰহ কৰে। অন্যহাতে ব্যক্তিত্ব বিকাশৰ ধাৰা, ব্যক্তিৰ সমাযোজন ক্ষমতাক এই পদ্ধতিৰ দ্বাৰা যথার্থভাৱে অনুশীলন কৰিব পাৰি। উপৰিউক্ত সকলো দিশ বিবেচনা কৰি এই পদ্ধতি ব্যক্তিত্ব পৰিমাপনৰ বাবে অত্যন্ত গুৰুত্ব দিয়া হয়।

ঘটনা বিৱৰণ পদ্ধতিৰ সুবিধা [Advantages of Case History Method] : এই পদ্ধতিৰ কিছুমান সুবিধা তলত উল্লেখ কৰা হ’ল—

১। এই পদ্ধতিৰ জৰিয়তে ব্যক্তিৰ অতীত জীৱনৰ তাৎপৰ্যপূৰ্ণ ঘটনাবোৰৰ তথ্যপাতি সংগ্ৰহ কৰি বৰ্তমানৰ ব্যক্তিত্ব সম্বন্ধে এক তাৎপৰ্যপূৰ্ণ ইংগিত পাব পাৰি।

২। এই পদ্ধতিব্যৱহাৰ কৰি ব্যক্তিৰ অতীতৰ বংশ পৰিয়ালৰ ইতিহাস, জৈৱিক বংশগতি স্বৰূপে লাভ কৰা স্বাস্থ্য আৰু বেমাৰআজাৰ আদিৰ প্ৰভাৱ, বুদ্ধি-বৃত্তি, আৱেগ-অনুভূতি, মানসিক সুস্থতা-অসুস্থতা, ৰোগ-ব্যাধি, অপৰাধপ্ৰৱণতা আদি বিভিন্ন দিশ সম্পৰ্কত তাৎপৰ্যপূৰ্ণ আৰু প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিব পাৰি।

৩। মানসিক ৰোগী বা অপসমাযোজিত ব্যক্তিত্বসম্পন্ন লোকৰ মানসিক চিকিৎসাৰ বাবে মনোৰোগৰ চিকিৎসকসকলক প্রয়োগ কৰি ৰোগ চিকিৎসা যথেষ্ট পৰিমাণে সফল হ’ব পাৰে।

৪। এই পদ্ধতিৰ দ্বাৰা ব্যক্তিয়ে পৰিৱেশৰ পৰা লাভ কৰা সামাজিক, সাম্প্রদায়িক, সাংস্কৃতিক, ধর্মীয়, শৈক্ষিক, অর্থনৈতিক আদি বিভিন্ন দিশৰ প্ৰভাৱ সম্পর্কে তথ্য সংগ্রহ কৰিব পাৰে, যি ব্যক্তিৰ ব্যক্তিত্ব সম্বন্ধে দৃষ্টি দান কৰিব পাৰে।

ঘটনা বিৱৰণ পদ্ধতিৰ অসুবিধা [Disadvantages of Case History Method] : ঘটনা বিৱৰণ পদ্ধতিৰ অসুবিধাবোৰ হৈছে—

১। এই পদ্ধতি ব্যৱহাৰ কৰোঁতে যথেষ্ট শ্ৰম আৰু সময়ৰ প্রয়োজন হয়।

২। এই পদ্ধতি প্রয়োগ কৰিবৰ বাবে দক্ষ আৰু অভিজ্ঞ প্রশিক্ষকৰ প্ৰয়োজন হয়।

৩। এই পদ্ধতি ব্যৱহাৰ কৰি মানসিকভাৱে ৰোগগ্রস্তু লোকসকলৰহে চিকিৎসা কৰিব পাৰি, ব্যক্তিৰ অন্যান্য সংলক্ষণ বা গুণসমূহৰ উপযুক্ত মূল্যায়ন কৰিব পৰা নাযায়।

18. Write briefly about the branches of psychology.

মনোবিজ্ঞানৰ বিভিন্ন শাখাসমূহ চমুকৈ আলোচনা কৰা।

Ans:- সাম্প্রতিক সময়ত মনোবিজ্ঞানৰ পৰিসৰ ব্যাপক আৰু সুদূৰপ্ৰসাৰী হৈ পৰিছে। বৰ্তমান মনোবিজ্ঞানৰ বিভিন্ন তথ্যপাতিসমূহ বেলেগ বেলেগ ক্ষেত্ৰত প্ৰয়োগ হোৱা পৰিলক্ষিত হয়। প্রয়োগ অনুসৰি আৰু অধ্যয়ন কৰা আচৰণৰ উৎস অনুযায়ী মনোবিজ্ঞানক তলৰ ভাগকেইটাত বিভক্ত কৰিব পাৰি।

১। সাধাৰণ মনোবিজ্ঞান [General Psychology] : মনোবিজ্ঞানৰ এই শাখাটোৱে স্বাভাৱিক আৱেগ,অনুভৱ, বোধশক্তি, স্নায়ুতন্ত্ৰ, বুদ্ধি আৰু ইয়াৰ পৰিমাপন, শিকন প্ৰক্ৰিয়া, স্মৃতি, কল্পনা, চিন্তন প্রক্রিয়া, মনোযোগ আদি স্বাভাৱিক আচৰণসমূহ অধ্যয়ন কৰে।

২। শিশু মনোবিজ্ঞান [Child Psychology] : ব্যক্তিৰ শিশুকাল তথা শিশুসকলৰ আচৰণ অধ্যয়ন কৰা মনোবিজ্ঞানৰ শাখাটোকে শিশু মনোবিজ্ঞান বোলে। এই শাখাটোৱে শিশুৰ বিকাশত বংশগতি, পিতৃ-মাতৃ, পৰিয়াল, লগৰীয়া আদিৰ প্ৰভাৱ সম্পর্কে অধ্যয়ন কৰে। লগতে শিশুৰ বিকাশৰ জৈৱিক, বৌদ্ধিক সামাজিক, আৱেগিক আদি প্ৰক্ৰিয়াত ভাষাৰ বিকাশ কেনেদৰে ঘটে, শিক্ষাকার্য কেনেদৰে সংঘটিত হয় এই দিশসমূহ অধ্যয়ন কৰে।

৩। দেহতত্ত্ব সম্পৰ্কীয় মনোবিজ্ঞান [Physiological Psychology] : মনোবিজ্ঞানৰ এই শাখাটোৱে মানুহৰ কৰ্ম আৰু মানুহৰ আচৰণৰ লগত সম্পর্কিত জ্ঞানেন্দ্রিয়, স্নায়ুতন্ত্র, মাংসপেশী আৰু গ্ৰস্থিসমূহৰ গঠন আৰু কাম-কাজ সম্পৰ্কে অধ্যয়ন কৰে।

৪। পশু মনোবিজ্ঞান বা তুলনামূলক মনোবিজ্ঞান [Animal Psychology or Comparative Psychology] : জীৱ-জন্তু তথা পশু-পক্ষীৰ আচৰণ অধ্যয়নৰ ভিত্তিত মানৱ আচৰণ সম্পর্কে জানিবলৈ আৰু ধাবণা ল’বৰ বাবেই পশু মনোবিজ্ঞান বা তুলনামূলক মনোবিজ্ঞানৰ ব্যৱস্থা কৰা হয়। বিখ্যাত মনোবিজ্ঞানী থর্নডাইক, কহলাৰ, কফকাৰ, ৱাৰ্থিমাৰ,স্কিনাৰ আদিয়ে মেকুৰী, কুকুৰ, চিম্পাজী, নিগনি আদি জীৱৰ আচৰণ সম্পর্কে জানিবলৈ বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰিছিল। এই পৰীক্ষা-নিৰীক্ষাৰ ফলাফল তেওঁলোকে মানুহৰ আচৰণৰ লগত তুলনা কৰি চাইছিল।

৫। সামাজিক মনোবিজ্ঞান [Social Psychology] : সামাজিক মনোবিজ্ঞানে এখন সমাজ বা সমাজৰ অন্যান্য গোট বা ব্যক্তিৰ দ্বাৰা প্ৰভাৱিত মানৱ আচৰণক অধ্যয়ন কৰে। ই সমাজৰ ৰাজহুৱা মতামত, ভাবভংগী, আন্তঃবংশ, আন্তঃদল, গোষ্ঠী, আন্তর্জাতিক সংঘাত আদি কার্যকলাপ অধ্যয়ন কৰে। সমাজ সংগঠক আৰু প্রশাসকসকলৰ বাবে এই মনোবিজ্ঞান অতি প্রয়োজনীয়।

৬। ব্যক্তিগত মনোবিজ্ঞান [Individual Psychology] : মনোবিজ্ঞানৰ এই শব্দটোৱে ব্যক্তিৰ ব্যক্তিগত আচৰণ আৰু মানসিক দিশত পৰিলক্ষিত হোৱা ভিন্নতা সম্পৰ্কে অধ্যয়ন কৰে।

৭। অস্বাভাবিক মনোবিজ্ঞান [Abnormal Psychology] : মনোবিজ্ঞানৰ এই শাখাটোৱে মানুহৰ অস্বাভাৱিক মানসিক আচৰণ সম্পর্কে অধ্যয়ন কৰে। মানুহৰ অস্বাভাৱিকতাৰ কাৰণ আৰু সেইসমূহৰ চিকিৎসা ব্যৱস্থা সম্বন্ধে অস্বাভাৱিক বা অসুস্থ মনোবিজ্ঞানে বিশেষ পৰীক্ষা-নিৰীক্ষা চলায়। কিছুমান মানুহৰ ক্ষেত্ৰত অস্বাভাৱিক আচৰণবোৰ যেতিয়া স্থায়ী হৈ পৰে তেতিয়া তেনে ব্যক্তিক পগলা [mad/lunatic] বোলা হয়। এনে লোকক প্রদান কৰা। চিকিৎসা ব্যৱস্থা মানসিক চিকিৎসা [Psychotherapy] বোলা হয়। এনে অস্বাভাৱিক আচৰণৰ বিষয়ে অধ্যয়ন কৰা মনোবিজ্ঞানীসকলৰ ভিতৰত ফ্ৰয়ড [Freud], এডলাৰ [Adler] আৰু ইয়ুং [Young] ৰ নাম উল্লেখযোগ্য।

৮। বংশানুক্রমিক মনোবিজ্ঞান [Genetic Psychology] : বংশানুক্রমিক মনোবিজ্ঞানে মানুহৰ জন্মৰ পৰা জীৱনৰ বিকাশৰ প্ৰতিটো স্তৰ, যেনে- শৈশৱকাল, বাল্যকাল, কৈশোৰকাল, বৃদ্ধকাললৈকে কেনেকৈ বিকাশ লাভ কৰে, কি কি উপাদানে আচৰণৰ বিকাশ আৰু বৰ্দ্ধনত সহায় কৰে এই সকলোবোৰ অধ্যয়ন কৰে।

৯। অপৰাধ মনোবিজ্ঞান [Criminal Psychology] : এই মনোবিজ্ঞান অপৰাধীসকলৰ অপৰাধমূলক আচৰণৰ উৎস, কাৰণ ইত্যাদি অধ্যয়ন কৰে। আৰক্ষী আৰু প্ৰশাসকসকলৰ বাবে এই মনোবিজ্ঞান অতি দৰকাৰী।

১০। নিৰীক্ষণ মনোবিজ্ঞান [Experimental Psychology] : নিৰীক্ষণ মনোবিজ্ঞানে নিয়ন্তিত বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা বা পৰীক্ষাগাৰত চলোৱা পৰীক্ষা-নিৰীক্ষাৰ যোগেদি মানুহৰ মানসিক প্ৰক্ৰিয়া আৰু আচৰণ সম্বন্ধে অধ্যয়ন চলায়।

১১। অতি মনোবিজ্ঞান [Parapsychology] : অতি মনোবিজ্ঞানে মানুহৰ ইন্দ্ৰিয়াতীত অভিজ্ঞতাসমূহ, যেনে- অদৃশ্য শক্তি প্রত্যক্ষ, কৰণ, আমূল প্ৰত্যক্ষ, জ্ঞানেন্দ্ৰিয়ৰ উপলব্ধি,জন্মাৰ্জিত জ্ঞান ইত্যাদি দিশবোৰ অধ্যয়ন ধৰে ।

১২। শিক্ষা মনোবিজ্ঞান [Educational Psychology] : মনোবিজ্ঞানৰ যিটো শাখাত শিক্ষা সম্বন্ধীয় নানা সমস্যা সমাধানৰ কাৰণে সাধাৰণ মনোবিজ্ঞানৰ তথ্য হয়।

১৩। ঔদ্যোগিক মনোবিজ্ঞান [Industrial Psychology] : শিল্প-উদ্যোগ, কল-কাৰখানা, ব্যৱসায়-বাণিজ্য আৰু বিভিন্ন উৎপাদনমূলক ক্ষেত্ৰৰ বাবে প্ৰয়োজনীয় ব্যক্তি নির্বাচন কৰা, এনে ক্ষেত্ৰবোৰত কাম কৰা শ্রমিক-প্রশাসকসকলৰ ক্ৰিয়া আচৰণ আদিৰ মনস্তত্ত্ব অধ্যয়ন কৰা, ব্যৱসায়ীসকলৰ লগত সমাজৰ অন্যান্য ব্যক্তিৰ সম্পৰ্ক কিদৰে উন্নতি কৰিব পাৰি তাৰ নিৰ্দেশনা প্রদান কৰিবৰ বাবে ঔদ্যোগিক মনোবিজ্ঞানৰ ব্যৱস্থা কৰা হয়। বিভিন্ন কর্মক্ষেত্ৰবোৰত প্ৰশাসনীয় নীতি-নিয়ম আৰু পদ্ধতি ৰচনা কৰা, কৰ্মচাৰীসকলৰ মনত কৰ্ম-প্ৰৱণতা জগাই তোলাৰ বাবে প্ৰণোদন প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰা, প্রশাসন আৰু পৰিচালনাৰ নীতি গ্ৰহণ কৰাৰ ক্ষেত্ৰত এইবিধ মনোবিজ্ঞানক কার্যকৰীভাৱে প্ৰয়োগ কৰা হয়।

১৪। নৈদানিক মনোবিজ্ঞান [Clinical Psychology] : মানসিক ভাৰসাম্য হেৰুৱাই অস্বাভাৱিক আচৰণ প্ৰদৰ্শন কৰা মানসিক ৰোগীসকলৰ ৰোগ নিৰ্ণয় কৰা, সেই ৰোগৰ উৎস সম্বন্ধে অধ্যয়ন কৰা আৰু ৰোগ নিৰাময়ৰ কৌশল অৱলম্বন কৰা মনোবিজ্ঞানৰ শাখাটোৱেই হৈছে নৈদানিক মনোবিজ্ঞান। এইবিধ মনোবিজ্ঞানে মানসিক ৰোগ সম্বন্ধীয় তাত্বিক আৰু প্ৰায়োগিক দিশক অধ্যয়ন কৰে। ফলস্বৰূপে সাম্প্ৰতিক ৰোগৰ চিকিৎসা কৰি ৰোগ নিৰাময় কৰিবৰ বাবে মনোবৈজ্ঞানিক নিদানসমূহ স্থাপন কৰা হৈছে।

১৫। অভিযান্ত্রিক মনোবিজ্ঞান [Engineering Psychology] : বর্তমান দ্রুতগতিত উন্নতি হোৱা আৰু জটিল ৰূপ ধাৰণা কৰা শিল্প উদ্যোগ আৰু কাৰিকৰী প্ৰতিষ্ঠানবোৰত ব্যৱহৃত অত্যাধুনিক সা-সঁজনি কৰা শিল্প উদ্যোগ আৰু কাৰিকৰী প্ৰতিষ্ঠানবোৰত ব্যৱহৃত অত্যাধুনিক সা-সঁজুলিবোৰ সফলভাৱে প্ৰয়োগ কৰিবৰ বাবে অভিযান্ত্রিক দিশত দক্ষ-কৌশলী মানৱ সম্পদৰ প্ৰয়োজন । বৰ্তমান এনে প্রতিষ্ঠানবোৰত অভিযান্ত্রিক ক্রিয়াকলাপৰ লগত জড়িত লোকসকলৰ মনোসঞ্চালনমূলক ক্ৰিয়াৰ স্বৰূপ নিৰ্ধাৰণ, পৰিমাপণ আৰু প্ৰয়োজনীয় প্রশিক্ষণ আদিক লৈ গঢ়ি উঠা প্রায়োগিক মনোবিজ্ঞানেই হৈছে অভিযান্ত্রিক মনোবিজ্ঞান। এই মনোবিজ্ঞানক কর্মমখী আৰু কৰ্ম-সংস্কৃতিমূলক বাক্তৱ জীৱনৰ বাবে প্রয়োজনভিত্তিক মনোবিজ্ঞানস্বৰূপে বৰ্ণনা কৰিব পাৰি।

১৬। কৈশোৰ মনোবিজ্ঞান [Adolescent Psychology] : কৈশোৰকালত পৰিলক্ষিত হোৱা দেহ-মানসিক বিকাশ আৰু পৰিৱৰ্তন, এই স্তৰৰ বিভিন্ন মনোবৈজ্ঞানিক সমস্যা, মনো-দৈহিক প্রয়োজন, মানসিক আৰু বৌদ্ধিক ক্ষমতাসমূহৰ বিকাশৰ স্বৰূপ, ৰুচি-অভিৰুচি, আৱেগ-অনুভূতিৰ প্ৰৱলতা আৰু গভীৰতা, সামাজিক প্ৰৱণতা, নৈতিক অনুভূতি, মনোভাব আৰু মূল্যবোধ আদিয়ে গঢ় দি তোলা ব্যক্তিত্ব আৰু এইবোৰৰ বিভিন্ন সমস্যা আদিৰ অধ্যয়নেই হৈছে কৈশোৰ মনোবিজ্ঞানৰ বিষয়বস্তু।

১৭) প্রাপ্তবয়স্ক মনোবিজ্ঞান [Adult Psychology] : প্রাপ্তবয়স্ক লোকসকলৰ আচৰণ, গতি-প্রকৃতি, প্রয়োজন, দেহ-মানসিক বিকাশ, সামাজিক বিকাশ আৰু সমাযোজনৰ স্থায়িত্বশীলতা, ক্রিয়া-প্রতিক্ৰিয়া,ৰুচি-অভিৰুচি, নৈতিক দিশৰ বিকাশ আদি অধ্যয়ন কৰিবৰ বাবে গঢ়ি উঠা শাখাটোৱেই হৈছে প্রাপ্তবয়স্ক মনোবিজ্ঞান ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top