অসমীয়া কৃষকৰ সমস্যা ৰচনা | Problem of Assamese Farmers Essay in Assamese

অসমীয়া কৃষকৰ সমস্যা ৰচনা | Problem of Assamese Farmers Essay in Assamese

Join Telegram channel

অসমীয়া কৃষকৰ সমস্যা – কৃষকসকল দেশৰ মেৰুদণ্ড। বৰ সুন্দৰ আখ্যাৰে আখ্যায়িত কৰা হৈছে কৃষকসকলক। সঁচাকৈরে তেওঁলােক দেশৰ মেৰুদণ্ড। তেওঁলােকে কৃষি কাৰ্যৰে খাদ্যশস্য উৎপাদন কৰি দেশক জীয়াই ৰাখে। নহ’লে আকাল-মহামাৰীৰ গ্ৰাসত পৃথিৱীত প্ৰলয়ৰ সৃষ্টি হ’ব। মানুহ মৰি উপান্ত হ’ব। পৃথিৱী শ্মশানত পৰিণত হ’ব। অথচ এই মেৰুদণ্ডডাল চিৰদিনেই বেঁকা হৈ, বৰ বেঁকা হৈ আহিছে। তাক পােনাই সুস্থ-সবল কৃষক সমাজ গঢ়ি তােলাৰ দায়িত্ব, শিক্ষিত সমাজখনৰ, চৰকাৰৰ। কিন্তু বাস্তৱ ক্ষেত্ৰত কৃষকসকল অথই সাগৰত ভাহি ফুৰা একোচপৰা পুণি। এই ব্যৱস্থা আৰু কিমান দিন চলিব। কৃষকসকলে দুর্বিষহ দাৰিদ্ৰৰ মেটমৰা বােজাৰপৰা কেতিয়া মুক্তি লভিব?

অসমীয়া কৃষকৰ সমস্যা ৰচনা

অসমৰ মাটি আৰু নদ-নদীৰ গতি-প্রকৃতি

অসম কৃষি-প্রধান ৰাজ্য। ইয়াৰ শতকৰা ৭০ ভাগতকৈ অধিক লােক কৃষিজীৱী। ইয়াৰ মাটি সাৰুৱা, পলসুৱা। কম আয়াসতে অসমৰ মাটিত সােণসেৰীয়া শস্য ফলে | সকলাে প্ৰকাৰৰ খেতিৰ বাবেই ইয়াৰ মাটি উপযােগী। পাহাৰৰ দাঁতিৰ হিউমাচযুক্ত মাটিত প্ৰচুৰ চাহ খেতি হয়; অসম খাদ্য-শস্যৰ ভাণ্ডাৰ। অসংখ্য নদী-উপনদীৰে বিধৌত অসমৰ মাটিত প্ৰতি বছৰে পলস পৰে। নদ-নদীবােৰ প্রাকৃতিক সাৰৰ উৎস৷ গছ-গছনি, তৃণবন আদিৰ পাত-পত্ৰৰপৰাও সাৰ উৎপাদন হয়; নদীবােৰে সেইবােৰ উটুৱাই আনি অসমৰ মাটিত সিঁচি দিয়ে। নদীবােৰ মাছ-কাছ আদি খাদ্য-সম্ভাৰৰ ভাণ্ডাৰ। প্ৰকৃতিয়ে অসমক সুজলা-সুফলা, শস্য-শ্যামলা, গিৰি গুহা বিমণ্ডিতা কৰিয়ে সৃষ্টি কৰিছে। অথচ অসমৰ কৃষক ডাল দৰিদ্র। হাড়ক মাটি আৰু তেজক পানী কৰি কৃষিকার্য কৰে। তথাপি অসমৰ কৃষকে এসাঁজ খাই, এসাঁজ পেটত গামােচা বান্ধি থাকে। তাৰ কাৰণ কি ?

Read Also: কল্যাণকামী গণতান্ত্রিক ৰাষ্ট্র – ভাৰত ৰচনা | Welfare democratic state – India Essay in Assamese

অসমৰ কৃষকৰ সমস্যা বােৰ

কাৰণ বিচাৰি বহু দূৰলৈ যাব নালাগে। অসমীয়া কৃষকৰ সমস্যা প্রধানকৈ মাটি আৰু বানপানীৰ লগত জড়িত সমস্যা। বানপানীয়ে প্রতি বছৰে অসমীয়া কৃষকক, অসমীয়া জাতিক জোলােকে জোলােবে, পানী খুৱাইছে। তাৰ পৰিণতি-

1. অসমীয়া কৃষকসকল দুখীয়া। বহুতৰ খেতিৰ উপযােগী মাটি নিচেই কম। বহুতৰ নিজা কৃষিৰ উপযােগী মাটি নাই। বহুতৰ আকৌ নিজৰ ভাল হালােৱা গৰু এহালাে নাই। সেইবাবে আনৰ, বিশেষকৈ মহাজনসকলৰ মাটিত আধি, চুক্তি বা একতৃতীয়াংশ ভাগ-চর্তত খেতি কৰে। ফলত অধিক শ্ৰমৰ বিনিময়ত খেতিয়কে লাভ কৰে নিচেই সামান্য অংশ; তাৰে বছৰটোৰ হয়তাে তিনি মাহ বা চাৰি মাহৰ সংস্থান লাভ হয়! বাকী ৮/৯ মাহ হয় দিন হাজিৰা কৰি, নতুবা মহাজনৰপৰা ধাৰ কৰি চলিব লাগে। পিছৰ বছৰত সেই ধাৰ পৰিশােধ কৰােতেই, বছৰটোৰ উপাৰ্জনৰ ঘৰত ৰয় শুন্য। এই শূন্য বছৰৰ পিছত বছৰ ধৰি পৌনঃপুনিকভাৱে চলি থাকে। গতিকে ভৱিষ্যত হয় শুন্যময়, অন্ধকাৰময়।

2. বহু পৰিমাণৰ মাটি নদীৰপৰা খহনীয়াত প্রতি বছৰে নিশ্চিহ্ন হৈ গৈছে। তাৰ ফলত বহুলােক কেৱল যে মাটিহীনহে হৈছে, এনে নহয় বহুতে ভেটি মাটিও হেৰুৱাই সম্পূর্ণ নিঠৰুৱা হৈ পৰিছে।

3. বাৰিষা অসমৰ নদ-নদীবােৰে প্ৰায়ে প্রলয়ংকৰী ৰূপ ধাৰণ কৰে। বিশেষকৈ অপৰিকল্পিতভাৱে আৰু অদূৰদৰ্শিতাৰে তৈয়াৰ কৰা মথাউৰিবিলাকত বাধা পাই নদীবােৰে প্ৰবল ৰূপ ধাৰণ কৰে। সেই। চামুণ্ডা মূতিৰ সন্মুখত মথাউৰি উটি যায়, উটি যায় হাজাৰ হাজাৰ মানুহৰ ঘৰ-দুৱাৰ, গৰু-ম’হ, সা-সম্পত্তি। খেতি-বাতি পানীৰ তলত বােকাত পাত খায়, জহি যায়। প্রতি বছৰে বহু কোটি টকাৰ শস্য পানীত উটি যায় এইদৰেই। ফলত কৃষকৰ গৰ্ভ গেলি যায় বেদনাত, হতাশাত। বিনা মেঘে বজ্রপাত পাৰে মূৰত। বাৰিষাৰ ধল বয় দুচকুৱেদি।

4. অধিক সংখ্যক অসমীয়া কৃষক অশিক্ষিত। এই অশিক্ষাৰ কুফল প্রতিফলিত হৈছে বহুধা হৈ। তাৰে কেইটামান উদাহৰণ-

(ক) একেডৰা মাটিতে বছৰৰ পাছত বছৰ ধৰি একেবিধ খেতিকে কৰি থকাৰ ফলত যে মাটি উর্বৰা শক্তিহীন হৈ পৰে, তাৰ ভু অসমীয়া কৃষকে নাপায়।

(খ) উর্ব শক্তি বৃদ্ধিৰ বাবে মাটিত সাৰ দিয়াৰ কথা অসমীয়া কৃষকে নাজানে। বহুতৰ মাটিত গোহালিৰ গােবৰ দুচপৰাও নপৰে।

(গ) গৰুহালক দানা-পানী দি প্রতিপাল কৰিলেহে গৰুহালে টনা শক্তিকণ আহৰণ কৰিব পাৰে- এইকণ জ্ঞানাে অসমীয়া কৃষকৰ নাই।

(ঘ) নিঘুণী আৰু পৈণত বীজেহে লহপহীয়া শস্যৰ গছ গজাব পাৰে। তাৰ কাৰণে বীজ সংৰক্ষণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়ােজনীয়তা অসমীয়া কৃষকে অনুভৱ নকৰে।

(ঙ) কম মাটিতে অধিক শস্য উৎপাদনৰ বা একেড় মাটিতে বিভিন্ন ধৰণৰ শস্যৰ খেতি সাল-সলনিকৈ কৰাৰ প্ৰণালী অসমীয়া কৃষকে নাজানে।

(চ) উন্নত বীজ, উন্নত কৃষি পদ্ধতি, উন্নত সঁজুলি, মাটিত আধুনিক সাৰ প্ৰয়ােগ আদিৰ ভু সাধাৰণ খেতিয়কে নাপায়। অকাণে-পকাণে শুনিলেও সেইবােৰ ক্ৰয় কৰাৰ ক্ষমতা অধিকাংশ কৃষকৰে নাই।

(ছ) খেতিত পানী যােগান- অসমীয়া কৃষকৰ বাবে পৰ্বতত কাছৰ কণী। বাট চাই থাকে মৌচুমীলৈ। মৌচুমী সময় মতে নবলিলে, বতৰ খৰাং হলে, মুৰে কপালে হাত দি বহি থকাৰ বাহিৰে গত্যন্তৰ নাই।

(জ) অপৰিকল্পিত বৃহৎ পৰিয়ালৰ জীৱিকা-সংস্থানৰ বাবে বৃহৎ মাটিগিৰি হােৱাৰাে প্রয়ােজন। অথচ বর্ধিত জনসংখ্যাই বৃহৎ মাটিগিৰি হােৱাৰ কল্পনা আকাশ-কুসুমত পৰিণত কৰিছে।

(ঝ) স্বাস্থ্য-হীনতাৰ কাৰণেও বহুতাে সময় মতে আৰু ঠিক মতে খেতি কৰিব নােৱাৰে।

(ঞ) গৰুহাল বেমাৰত পৰিলে বা হঠাতে মৰি থাকিলে, আন এহাল যােগাৰ কৰাৰ ক্ষমতা বহুতাে কৃষকৰ নাই।

5. বহুতাে পৰিয়াল বিভক্ত হােৱাৰ পাছত, প্রতি পৰিয়ালে পৈতৃক মাটিডােখৰৰ যিকণ ভাগত পায়, তাৰ উৎপাদনেৰে এটা পৰিয়াল পােহপাল দিৱাটো অসম্ভব। আনহাতে অধিক পৰিমাণৰ খেতিৰ উপযােগী মাটি যােগাৰ কৰি লােৱাৰাে কোনাে উপায় নাই। পৰিয়াল বা লােক সংখ্যা বঢ়াৰ লগে লগেতাে পৃথিৱীখন বাঢ়ি নাযায়।

6. লাখ লাখ বেদখলকাৰীয়ে পতিত মাটিবােৰ দখল কৰাৰ ফলত অসমীয়া কৃষকৰ বৰ্দ্ধিত জনসংখ্যাৰ বাবে মাটিৰ নাটনি হৈ পৰিছে।

7. মহাজন, মজুতকাৰী, দালাল আৰু চোৰাং কাৰবাৰীসকলৰ প্ৰৰােচনাত কৃষকে বেচিব লগীয়া উৎপাদিত শস্যৰ বাবে উচিত মূল্য নাপায়। আনহাতেদি কৃষকে কিনিবলগীয়া ক্ষেত্ৰত দুই-তিনিও মূল্য দিব লাগে। অভাৱৰ তাড়নাত কৃষকে পথাৰতে শস্য বিক্ৰী কৰি দিয়াৰৰ উদাহৰণ বহুত।

8. চৰকাৰে বেংকৰ যােগেদি কৃষকসকললৈ আগবঢ়োৱা সা-সুবিধাবােৰ, দালাল আৰু প্রবঞ্চকবিলাকৰ প্ৰৰােচনাত অশিক্ষিত কৃষকসকলে প্রকৃতপক্ষে উপভােগ কৰিবলৈ নাপায়। বর্তমান ব্যৱস্থাসমূহ বহু ক্ষেত্ৰত তেলীয়া মূৰত তেল আৰু বহুক্ষেত্ৰত সুবিধাবাদীৰ স্বৰ্গত পৰিণত হৈছে।

Read Also: Class 11 Assamese Question Answer

অসমীয়া কৃষকৰ সমস্যা সমাধানৰ উপায়

অসমীয়া কৃষকসকলৰ এশ-এবুৰি সমস্যাৰ এয়া মাত্র কেইটামান প্রধান সমস্যা। এইবােৰ সমস্যাত জৰ্জৰিত অসমীয়া কৃষকে জীয়াই থকাৰ বাবে সংগ্রাম কৰােতেই জীৱন অতিবাহিত হয়। সুস্থ-স্বল, জীৱন-যাপনৰ কামনা তেওঁলােকৰ বাবে দূৰ-দিগন্তৰ স্বপ্ন। কিন্তু আজিৰ এই বিজ্ঞানৰ জয়-ডংকা পর্বতে- কন্দৰে, গুহাই-গহ্বৰে বাজি উঠাৰ যুগতাে অসমীয়া কৃষকৰ এই সমস্যাবােৰৰ সমাধানৰ কোনাে উপায় নহ’বনে? হ’ব লাগিব; অসমীয়া কৃষক সমাজ জীয়াই থাকিব লাগিব। দেশত কৃষক ৰাজ প্রতিষ্ঠা হ’ব লাগিব। তাৰ কাৰণে কিছুমান উপায়। অৱলম্বন কৰিব লাগিব। যেনেঃ

1. লাখ লাখ বে-আইনী দখলকাৰীৰ কবলত থকা লাখ লাখ বিঘা কৃষিৰ উপযােগী মাটি উদ্ধাৰ কৰি, প্রকৃত ভূমিহীন কৃষক আৰু গৰাখহনীয়াত ভূমিহীন হােৱা কৃষকৰ মাজত বিতৰণ কৰি প্রতিজন কৃষককে অন্ততঃ জীয়াই থাকিব পৰাকৈ শস্য উৎপাদন কৰিব পৰা নিম্নতম মাটিকণৰ অধিকাৰী কৰি তুলিব লাগিব।

2. অকৃষক মহাজনসকলৰ কবলত নিজ নামত আৰু ছদ্মনামত থকা হাজাৰ হাজাৰ বিঘা মাটি উদ্ধাৰ কৰি মাটিহীন প্রকৃত কৃষকৰ মাজত বিতৰণ কৰিব লাগিব।

3. বানপানী আৰু গৰাখহনীয়া স্থায়ী আৰু কাৰ্যকৰীভাৱে ৰােধ কৰিব লাগিব। তাৰ কাৰণে নদ-নদীসমূহ নিয়ন্ত্রণ কৰিব লাগিব। অসমৰ নদীসমূহ খস্রোতা; ইহঁতৰ অৱবাহিকা বিস্তীর্ণ। সেইবাবে সাধাৰণ মথাউৰিৰে নিয়ন্ত্রণ কৰাটো সম্ভৱ নহয়। দামােদৰ উপত্যকাৰ নিচিনা বিস্তৃত আৰু বহুমুখী আঁচনিৰ দ্বাৰাহে নিয়ন্ত্রণ সম্ভৱ হ’ব। প্রতি বছৰে মথাউৰি তৈয়াৰ কৰাত কোটি কোটি টকা ব্যয় নকৰি, তেনে ধৰণৰ স্থায়ী আঁচনি লােৱাহে উচিত হ’ব। তেনে আচনিৰ দ্বাৰা বান নিয়ন্ত্রণাে হ’ব; গৰাখহনীয়াও ৰােধ হ’ব। লগতে বিদ্যুৎ উৎপাদন, পানী যােগান, মীন উৎপাদন আদি বিভিন্ন কার্যও হ’ব।

4. ইতিমধ্যে গৰা খহনীয়াত উপায়ন্তৰ পৰিয়ালবােৰক চৰকাৰী পতিত মাটিত সংস্থাপনৰ আশু ব্যৱস্থা কৰা উচিত। অন্যথাই অসমত ভিক্ষাৰীৰ সংখ্যা বৃদ্ধি পাব, যিটো অসমীয়া জাতীয় জীৱনৰ কলংক হ’ব।

5. অশিক্ষিত কৃষকসকলক কৃষি বিষয়ৰ জ্ঞান দিয়াটো অত্যন্ত জৰুৰী সমস্যা বুলি গণ্য কৰিব লাগে। অসমত প্রাপ্ত বয়স্ক শিক্ষা আচনি ব্যৰ্থ হৈছে। এই আচনিৰ পৰিৱর্তে কৃষি-শিক্ষা আচনি প্রৱর্তন কৰি কৃষকসকলক জাগ্রত কৰাৰ আশু প্রয়ােজন হৈছে। এই আঁচনিৰ যােগেদি- 

(ক) বিভিন্ন সাৰ আৰু সেই সাৰ প্ৰয়ােগ কৰাৰ প্ৰণালী। 

(খ) একে মাটিতে সলনা-সলনিকৈ বিভিন্ন শস্যৰ খেতি কৰাৰ প্ৰণালী।

(গ) বীজ সংৰক্ষণ প্রণালী।

(ঘ) গাে-প্রতিপালন ব্যবস্থা। 

(ঙ) পানী যােগান ব্যবস্থা আৰু তাৰ উপকাৰিতা।

(চ) উন্নত বীজৰ যােগেদি উন্নত আৰু আধুনিক কৃষি কাৰ্যৰ প্ৰণালী। 

(ছ) শস্যৰ অপকাৰী কীটনাশক ঔষধৰ ব্যৱহাৰ ব্যৱস্থা। 

(জ) সমবায় পদ্ধতিত কৃষিকার্য- ইয়াৰদ্বাৰা মাটিহীন বা গহন দুয়াে শ্রেণীৰ কৃষক উপকৃত হব। 

(ঝ) স্বাস্থ্য ৰক্ষা সম্পর্কে জ্ঞানদান। 

এইবােৰ ব্যৱস্থাৰ যােগেদি কৃষকসকলে কৃষিকার্য সম্পর্কে বিস্তৃত ভান লাভ কৰি উন্নত কৃষিৰ অনুশীলন কৰিব পাৰিব; তেতিয়া কৃষকসকল চকু মুকলি হ’ব; কৃষকৰ কল্যাণ সাধন হ’ব। কিন্তু ইয়াৰ লগতে কৃষি। বিষয়াসকল ফাইলৰ মাজতে বা ডায়েৰী পূৰােৱাতে আবদ্ধ নাথাকি কৃষকসকলৰ লগতে পথাৰলৈ গৈ হাতে-কামে কৃষি প্রণালীবােৰ দেখুৱাব লাগিব। উপদেশৰ লগত কার্য প্রণালীৰ সামঞ্জস্য ৰখা একান্ত কৰ্তব্য।

6. গাঁৱে গাঁৱে সমবায় খাদ্য-শস্যৰ ভাণ্ডাৰ গঠন কৰাৰ ব্যৱস্থা কৰি খাদ্যাভাৱ, আকাল আদিত তৰণৰ কাৰ্যকৰী পন্থা কৃষকসকলক প্রদর্শন কৰিব লাগে। এইটো কৰিব পাৰিলে। মহাজন, দালাল, চোৰাংকাৰবাৰী আদিৰ প্ৰৰােচনা নির্মূল কৰিব পৰা হ’ব।

7. গৰুহালৰ অভাৱত যাতে কোনাে কৃষকেই মাটিডৰা চন পেলাই থ’বলগাত নপৰে, তাৰ সুব্যৱস্থা হােৱা বাঞ্ছনীয়। সমবায় কৃষি ব্যৱস্থাই এই অসুবিধা দূৰ কৰিব।

8. চৰকাৰ, বেংক আদিয়ে আগবঢ়োৱা কৃষি-ঋণ সাহাৰ্য আদি দূৰৰ পৰ্বত নহৈ, হাতে ঢুকি পােৱা আঙুৰ হ’ব লাগে। প্রকৃত আৰু অভাৱী কৃষকসকলে যাতে এইবােৰ সহজতে পাব পাৰে, তাৰ কাৰণে কৃষকৰ লগত পােনপটীয়া সংযােগ কৰা উচিত।

সামৰণি

দেশক খাদ্য যােগান ধৰােতা কৃষকসকলক দেশে মর্যাদা দান কৰিব লাগিছিল আৰু যি সা-সুবিধা আগবঢ়াই তেওঁলােকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব লাগিছিল, সেইখিনি কোনাে কালেই কৰা হােৱা নাই। স্বাধীনতাৰ পিছত ইমানকেইটা পাঁচ বছৰীয়া পৰিকল্পনা শেষ হ’ল; বহু হাজাৰ কোটি টকা কৃষকৰ সমস্যা সমাধান আৰু উন্নয়নৰ আঁচনিত খৰচ কৰা হ’ল; কিন্তু কৃষকসকল দৰিদ্ৰ হৈয়ে ৰ’ল। বঞ্চ দেশৰ আধাসংখ্যক কৃষকেই দৰিদ্ৰতাৰ সীমাৰেখাৰ বহু তললৈহে গ’ল। এই ব্যৱস্থা বৰ্তি থাকিলে, অসমীয়া কৃষক-সমাজ ভিক্ষাৰীত পৰিণত হ’ব।

গতিকে দেশ, সমাজৰ পৰম বন্ধু কৃষকসকলৰ সৰ্বাংগীণ উন্নয়নৰ কাৰণে চৰকাৰ আৰু বুদ্ধিজীৱীসকলে সুপৰিকল্পিত অচনি লৈ আগবাঢ়ি আহক।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top