প্ৰণৱ মুখার্জী ৰচনা | Pranab Mukherjee Essay in Assamese

প্ৰণৱ মুখার্জী ৰচনা | Pranab Mukherjee Essay in Assamese

Join Telegram channel

২০১২ চনৰ ২৫ জুলাই তাৰিখত পূৰ্বৰ ৰাষ্ট্ৰপতি প্রতিভা দেৱী সিং পাটিলৰ ঠাইত প্ৰণৱ মুখার্জীয়ে ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ইন্দিৰা গান্ধীৰ দ্বাৰা ভাৰতীয় জাতীয় কংগ্ৰেছলৈ অহা ৰাজনীতিজ্ঞ প্ৰণৱ মুখার্জী ভাৰতীয় গুণী-জ্ঞানীসকলৰ ভিতৰত আন এক সুৰভিত কুসুম।

প্ৰণৱ মুখার্জী ৰচনা | Pranab Mukherjee Essay in Assamese

জন্ম, শৈশৱৰ, শিক্ষা আৰু বিবাহ | Birth, Childhood, Education and Marriage

বৰ্তমান পশ্চিমবংগৰ বীৰভূম জিলাৰ মিৰাতি নামৰ গাঁৱত ১৯৩৫ চনৰ ১১ ডিচেম্বৰৰ দিনা প্ৰণৱ মুখাৰ্জীয়ে জন্মগ্ৰহণ কৰে। এটা ব্ৰাহ্মণ পৰিয়ালৰ কামদাকিংকৰ মুখাৰ্জীৰ ঔৰসত আৰু ৰাজলক্ষ্মী মুখার্জীৰ গৰ্ভত প্ৰণৱ মুখার্জীয়ে জন্মগ্রহণ কৰে। পিতৃ কামদাকিংকৰ আৰু মাতৃ ৰাজলক্ষ্মীৰ সুযোগ্য সন্তান আজি ভাৰত ৰাষ্ট্ৰৰ মুৰব্বী।

নিজৰ জন্মস্থান মিৰাতি গাঁৱতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰি প্ৰণৱ মুখাৰ্জীয়ে বিদ্যাসাগৰ কলেজৰ পৰা কলেজীয়া শিক্ষা গ্ৰহণ কৰে আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান আৰু বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি সেইখন বিশ্ববিদ্যালয়ৰ পৰাই এল এল বি ডিগ্রীও লাভ কৰে। ১৯৫৭ চনত তেওঁ শুভ্রা মুখার্জীৰ লগত বিবাহপাশত আৱদ্ধ হয় আৰু তেওঁলোক দুটি ল’ৰা আৰু এজনী ছোৱালীৰ পিতৃ-মাতৃ হয়।

Read Also: ড° ভবেন্দ্ৰনাথ শইকীয়া ৰচনা | Dr. Bhabendra Nath Shaikia Essay in Assamese

কৰ্মজীৱন

প্ৰণৱ মুখাৰ্জীৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ হৈছিল ১৯৬৯ চনত, যেতিয়া তেওঁক ইন্দিৰা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছলৈ আনিছিল। তেতিয়াই তেওঁ ৰাজ্যসভাৰ সদস্য হিচাপে প্ৰথমবাৰৰ বাবে নির্বাচিত হয়। ইয়াৰ পাছতো ১৯৭৫, ১৯৮১, ১৯৮৩ আৰু ১৯৯৯ চনত ৰাজ্যসভাৰ সদস্য হিচাপে পুনৰ নিৰ্বাচিত হয়। ১৯৭৩ চনৰ পৰা ১৯৭৮ চনলৈকে তেওঁ ঔদোগিক বিকাশ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ১৯৭৪ চনত ইউনিয়ন মিনিষ্টাৰ অৱ শিপিং এণ্ড ট্রেন্সপৰ্ট, ১৯৭৪-৭৫ চনত বিত্তমন্ত্রী, ১৯৭৫-৭৭ চনত ইউনিয়ন মিনিষ্টাৰ অৱ ৰেভিনিউ এগু বেংকিং, ১৯৮২-৮৪ চনত পুনৰ বিত্তমন্ত্ৰী, ১৯৮৪ চনত ইউনিয়ন মিনিষ্টাৰ অৱ কমাৰ্চ এণ্ড চাপ্লাই, ১৯৯৩-৯৫ চনত পুনৰ ইউনিয়ন মিনিষ্টাৰ অৱ কমাৰ্চ, ১৯৯৫-৯৬ চনত আৰু ২০০৬-০৯ চনত ইউনিয়ন মিনিষ্টাৰ অৱ এক্সাটার্ণেল এফেয়াৰ্চ, ২০০৪-০৬ চনত ইউনিয়ন মিনিষ্টাৰ অৱ ডিফেন্স আৰু ২০০৯-১২ চনত পুনৰ বিত্তমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। ২০১২ চনত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।

ব্যক্তিগত জীৱন

গান শুনা, কিতাপ পঢ়া আৰু বাগিচাৰ কাম কৰাই প্ৰণৱ মুখার্জীৰ প্ৰধান অভিৰুচী। প্ৰতিবছৰে তেওঁ জন্মগ্ৰহণ কৰা গাঁওখনত দুর্গাপূজা পালন কৰে আনকি ৰাষ্ট্ৰপতি হৈও নিজেই পুৰোহিত হৈ দুৰ্গাপূজা কৰে।

লেখক হিচাপে প্ৰণৱ মুখার্জী

সুনিপুণ ৰাজনীতিজ্ঞ আৰু ৰাজনৈতিক নেতা প্ৰণৱ মুখার্জী এগৰাকী বিশিষ্ট লেখকো। ভাৰতীয় অর্থনীতিৰ বিষয়ত ইতিমধ্যে তেওঁৰ দ্বাৰা ৰচিত কেইবাখনো গ্রন্থ প্ৰকাশ পাইছে। সেইবোৰৰ ভিতৰত ‘মিড টার্ম প’ল’, ‘বিয়ণ্ড চার্ভাইভেল’, এমাজিং ডাইমেনচন অৱ ইণ্ডিয়ান ইক’নমি’, ‘অৱ দ্যা ট্ৰেক’, ‘চেলেঞ্জ বিফৰ দ্যা নেচন আদি অন্যতম।

Read Also: Class 12 Sociology Solution

সামৰণি

ভাৰতৰ ৰাজনৈতিক ইতিহাসত এটা লেখত ল’বলগীয়া নাম প্ৰণৱ মুখার্জী। তেওঁৰ ৰাজনৈতিক অৱদানে ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নিঃসন্দেহে এক বিশেষ ভূমিকা গ্রহণ কৰিছে। বৰ্তমান ভাৰতৰ প্ৰথম নাগৰিক এই ব্যক্তিগৰাকীৰ জীৱন পৰিক্ৰমা বহুজনৰ বাবে অনুপ্ৰেৰণা আৰু এক আদৰ্শস্বৰূপ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top