প্ৰণৱ মুখাৰ্জী জীৱনী – ভাৰতৰ ১৩তম ৰাষ্ট্ৰপতি | Pranab Mukherjee

প্ৰণৱ মুখাৰ্জী | Pranab Mukherjee Essay in Assamese | Biography of Pranab Mukherjee in Assamese | প্ৰণৱ মুখাৰ্জী বিষয়ে জীৱনী | প্ৰণৱ মুখাৰ্জী বিষয়ে ৰচনা | প্ৰণৱ মুখাৰ্জীৰ চমু পৰিচয়।

Join Telegram channel

“ট্ৰাবল শ্বুটাৰ” হিচাপে পৰিচিত এক অসাধাৰণ জীৱন যাত্ৰাৰ অধিকাৰী ব্যক্তি আছিল প্ৰণৱ মুখাৰ্জী। এজন ক্লাৰ্কৰ পৰা ভাৰতৰ ১৩ সংখ্যাক ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল প্ৰণৱ মুখাৰ্জী (Pranab Mukherjee)। ছয় দশক জোৰা ৰাজনৈতিক জীৱন পৰিক্ৰমাৰে ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে দেশৰ বাবে উচ্চৰ্গিত মনোভাৱেৰে কাম কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে কেইবা দশক জুৰি ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰখনত বিশেষ ভূমিকা পালন কৰা প্ৰণৱ মুখাৰ্জীৰ নাম তেওঁৰ ৰাজনৈতিক জীৱনত বহু বেছি বিতৰ্কৰ সৈতেও সাঙোৰ খাই পৰা নাছিল। সততা আছিল তেওঁৰ ব্যক্তিত্বৰ এটা সবল অংশ।

প্ৰণৱ মুখাৰ্জী

প্ৰণৱ মুখাৰ্জী জীৱনী | Biography of Pranab Mukherjee

নামপ্ৰণৱ মুখাৰ্জী (Pranab Mukherjee[1])
জন্ম চন১১ ডিচেম্বৰ, ১৯৩৫ চন
জন্ম স্থানমিৰাতী গাঁও, বেংগল প্ৰেচিডেন্সি (বৰ্তমান বিৰভূম জিলা পশ্চিমবঙ্গ)
অভিভাৱকপিতৃৰ নাম – কামদা কিঙ্কৰ মুখাৰ্জী 
মাতৃৰ নাম – ৰাজলক্ষ্মী মুখাৰ্জী 
শিক্ষা১) সুৰী বিদ্যাসাগৰ মহাবিদ্যালয়
২) কলিকতা বিশ্ববিদ্যালয়
বঁটা১) পদ্ম বিভূষণ, ২০০৮ চন
২) ভাৰত ৰত্ন, ২০১৯ চন
৩) বাংলাদেশৰ Liberation War Honour, ২০১৩ চন
৪) আইভৰী কোষ্টৰ Grand Cross of National Order, ২০১৬ চন
৫) Grand Collar of the Order of Makarios II- Cyprus ৰ দ্বাৰা প্ৰদান কৰা মেৰিটৰ ওপৰত সৰ্বোচ্চ সন্মান
৬)  Euromoney আলোচনীৰ দ্বাৰা ১৯৮৪ চনৰ এক সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি বিশ্বৰ শ্ৰেষ্ঠ স্বাস্থ্য মন্ত্ৰী।
মৃত্যু৩১ আগষ্ট, ২০২০ চন

Also Read: জীৱনী: ৰামাস্বামী ভেঙ্কটৰমন – স্বাধীন ভাৰতৰ ৮ম গৰাকী ৰাষ্ট্ৰপতি | Ramaswamy Venkataraman

প্ৰণৱ মুখাৰ্জী পৰিয়াল তথা প্ৰাৰম্ভিক জীৱন

প্ৰণৱ মুখাৰ্জীৰ জন্ম হৈছিল ১৯৩৫ চনৰ ১১ ডিচেম্বৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ বেংগল প্ৰেচিডেন্সিৰ অন্তৰ্গত মিৰাতী গাঁও তথা বৰ্তমানৰ পশ্চিম বংগৰ বিৰভূম জিলাত। প্ৰণৱ মুখাৰ্জীৰ পিতৃৰ নাম হ’ল কামদা কিঙ্কৰ মুখাৰ্জী আৰু মাতৃৰ নাম হ’ল ৰাজলক্ষ্মী মুখাৰ্জী। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সূচনা হোৱা ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰীয় অংশগ্ৰহণ কৰা প্ৰণৱ মুখাৰ্জীৰ পিতৃ কামদা কিঙ্কৰ মুখাৰ্জীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে পশ্চিম বংগ বিধান পৰিষদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ১৯৫২ চনৰ পৰা ১৯৬৪ চনলৈকে।

শিক্ষা

প্ৰণৱ মুখাৰ্জীয়ে স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল সুৰী বিদ্যাসাগৰ মহাবিদ্যালয়ত ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান আৰু ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আহৰণ কৰাৰ লগতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰাই  এল.এল.বি. ডিগ্ৰীও লাভ কৰে।

বৈবাহিক জীৱন

১৯৫৭ চনৰ ১৩ জুলাইত সুভ্ৰ মুখাৰ্জীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল প্ৰণৱ মুখাৰ্জী। উল্লেখ্য যে প্ৰণৱ মুখাৰ্জীৰ পত্নী সুভ্ৰ মুখাৰ্জী ১০ বছৰ বয়সত বাংলাদেশৰ নাৰেইলৰ পৰা কলকাতালৈ প্ৰব্ৰজন হৈছিল। তিনিটা সন্তানৰ পিতৃ গৌৰৱান্বিত হোৱা প্ৰণৱ মুখাৰ্জী আৰু সুভ্ৰ মুখাৰ্জীৰ সন্তান কেইটাৰ নাম হ’ল – ইন্দ্ৰজিৎ মুখাৰ্জী, অভিজিত মুখাৰ্জী আৰু শৰ্মিষ্ঠা মুখাৰ্জী।

কৰ্মজীৱন

প্ৰণৱ মুখাৰ্জীয়ে বৃত্তিগত জীৱন আৰম্ভ কৰিছিল কলিকতাৰ ডেপুটি একাউণ্টেণ্ট-জেনেৰেলৰ কাৰ্যালয়ত আপাৰ ডিভিজন ক্লাৰ্ক হিচাপে। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৬৩ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিদ্যানগৰ মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞানৰ সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে। উল্লেখ্য যে প্ৰণৱ মুখাৰ্জীয়ে ‘Desher Dak’ নামৰ এখন কাকতত সাংবাদিক হিচাপে কাম কৰিছিল।

ৰাজনৈতিক জীৱন

আপাৰ ডিভিজন ক্লাৰ্ক হিচাপে বৃত্তিগত জীৱনৰ পাতনি মেলা প্ৰণৱ মুখাৰ্জীয়ে সক্ৰীয় ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱেশ কৰিছিল ১৯৬৭ চনত বাংলা কংগ্ৰেছৰ এজন প্ৰতিষ্ঠাপক সদস্য হিচাপে। ১৯৬৭ চনত নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰুদ্ধে ইউনাইটেড ফ্ৰণ্টৰ মিত্ৰতা গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল প্ৰণৱ মুখাৰ্জীয়ে। অৱশ্যে পৰৱৰ্তী সময়ত ইন্দিৰা গান্ধীৰ পৃষ্ঠপোষকতাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত বাংলা কংগ্ৰেছ চামিল হয়।

গুৰুত্বপূৰ্ণ কথা যে ১৯৬৯ চনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পৰামৰ্শ ক্ৰমে সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰিছিল প্ৰণৱ মুখাৰ্জীয়ে। ১৯৬৯ চনত প্ৰথমবাৰৰ বাবে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয় প্ৰণৱ মুখাৰ্জী। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৭৫ চন, ১৯৮১ চন, ১৯৯৩ চন আৰু ১৯৯৯ চনত পুনৰ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল প্ৰণৱ মুখাৰ্জী।ইন্দিৰা গান্ধীৰ আটাইতকৈ বিশ্বাসী নেতা প্ৰণৱ মুখাৰ্জীয়ে ১৯৭৩ চনত ইন্দিৰা গান্ধীৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় উদ্যোগিক উন্নয়ন মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে ১৯৭৫-৭৭ চনৰ বিতৰ্কিত আভ্যন্তৰীণ জৰুৰীকালীন অৱস্থাত মন্ত্ৰীসভাৰ এগৰাকী দায়িত্বশীল মন্ত্ৰী হিচাপে সক্ৰীয় ভূমিকা পালন কৰিছিল প্ৰণৱ মুখাৰ্জীয়ে।

১৭৭৯ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজ্যসভাৰ ডেপুটি লিডাৰ হিচাপে দায়িত্ব পালন কৰিছিল প্ৰণৱ মুখাৰ্জীয়ে। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৮০ চনৰ পৰা ১৯৮৫ চনলৈকে ৰাজ্যসভাৰ সদনৰ নেতৃত্ব বহন কৰিছিল প্ৰণৱ মুখাৰ্জীয়ে। গুৰুত্বপূৰ্ণ কথা যে ১৯৮২ চনৰ পৰা ১৯৮৪ চনলৈকে বিত্ত মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল তেওঁ। বিত্ত মন্ত্ৰী হৈ থকাৰ সময়ত আৰ বি আইৰ গৱৰ্ণৰ হিচাপে মনমোহন সিঙক নিযুক্তি দিছিল প্ৰণৱ মুখাৰ্জীয়ে। বিত্ত মন্ত্ৰী হিচাপে ভাৰতীয় বিত্তীয় অৱস্থাৰ উন্নতিৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছিল প্ৰণৱ মুখাৰ্জীয়ে। গুৰুত্বপূৰ্ণ কথা যে প্ৰণৱ মুখাৰ্জীৰ পদক্ষেপৰ বাবেই ভাৰতৰ প্ৰথম IMF ঋণৰ অন্তিম কিষ্টি উভতাই দিবলৈ সক্ষম হৈছিল ইন্দিৰা গান্ধী।

কিন্তু দুৰ্ভাগ্যবশতঃ ইন্দিৰা গান্ধীৰ হত্যাৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা আঁতৰাই ৰখা হৈছিল প্ৰণৱ মুখাৰ্জীক। ইন্দিৰা গান্ধীৰ পুত্ৰ ৰাজীৱ গান্ধীতকৈ ৰাজনৈতিক ভাৱে অভিজ্ঞ প্ৰণৱ মুখাৰ্জীক ইন্দিৰাৰ সম্ভাৱ্য উত্তৰাধিকাৰী বুলি গণ্য কৰা হৈছিল। এইসমূহ কাৰণৰ বাবেই প্ৰণৱ মুখাৰ্জীয়ে মন্ত্ৰীসভাত নিজৰ পদ হেৰুৱাইছিল। গুৰুত্বপূৰ্ণ কথা যে মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ দায়িত্ব থকা প্ৰণৱ মুখাৰ্জীক আঞ্চলিক পশ্চিম বংগ প্ৰদেশ কংগ্ৰেছ সমিতি পৰিচালনা কৰিবলৈ দায়িত্ব দিয়া হৈছিল। আৰু পৰৱৰ্তী সময়ত বিভিন্ন অভিযোগত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হৈছিল  প্ৰণৱ মুখাৰ্জীক।

ইয়াৰ পৰৱৰ্তী সময়ত ১৯৮৬ চনত প্ৰণৱ মুখাৰ্জীয়ে পশ্চিমবংগত ৰাষ্ট্ৰীয় সমাজবাদী কংগ্ৰেছ (RSC) নামৰ এটা নতুন দল গঠন কৰে। অৱশ্যে RSC গঠনৰ তিনিটা বছৰৰ পিছত ৰাজীৱ গান্ধীৰ পৃষ্ঠপোষকতাত ৰাষ্ট্ৰীয় সমাজবাদী কংগ্ৰেছ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ একত্ৰিত হৈছিল।

১৯৯১ চনত ৰাজীৱ গান্ধীৰ হত্যাৰ পিছত প্ৰণৱ মুখাৰ্জীয়ে ভাৰতীয় পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহন কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত নৰসিংহ ৰাওৰ মন্ত্ৰীসভাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে প্ৰণৱ মুখাৰ্জীয়ে দায়িত্ব পালন কৰিছিল ১৯৯৫ চনৰ পৰা ১৯৯৬ চনলৈকে। উল্লেখ্য যে ছোনিয়া গান্ধীয়ে কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব লোৱাৰ পিছত প্ৰণৱ মুখাৰ্জীক AICC ৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব গ্ৰহন কৰে ১৯৯৮-১৯৯৯ চনত।

উল্লেখ্য যে ২০০০ চনৰ পৰা ২০১০ চনলৈকে – প্ৰণৱ মুখাৰ্জীয়ে পশ্চিম বংগ কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ ওপৰিও ২০০৪ চনত প্ৰণৱ মুখাৰ্জীয়ে নিম্ন সদন অৰ্থাৎ লোকসভাৰ দায়িত্ব পালন কৰিছিল।

মনমোহন সিঙে প্ৰধান মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰাৰ পৰৱৰ্তী সময়ত মনমোহন সিঙৰ মন্ত্ৰীসভাত প্ৰণৱ মুখাৰ্জীয়ে প্ৰতিৰক্ষা, বিত্ত, বৈদেশিক পৰিক্ৰমা আদিৰ দৰে বিভিন্ন গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব পালন কৰিছিল। ইয়াৰ উপৰিও তেওঁ কংগ্ৰেছ সংসদীয় দল আৰু কংগ্ৰেছ বিধায়িনী দলৰ নেতৃত্ব বহন কৰিছিল।

এক সুদীৰ্ঘ সময় ভাৰতীয় ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা প্ৰণৱ মুখাৰ্জীয়ে ২০১২ চনৰ ২৫ জুলাই তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল। প্ৰণৱ মুখাৰ্জীয়ে ৰাষ্ট্ৰপতিত্বৰ কাৰ্যকাল সমাপ্ত হয় ২০১৭ চনৰ ২৫ জুলাই তাৰিখে। গুৰুত্বপূৰ্ণ কথা যে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা প্ৰণৱ মুখাৰ্জী আছিল প্ৰথম জন বঙালী ব্যক্তি।

Also Read: জীৱনী: নীলম সঞ্জীৱ ৰেড্ডী – ভাৰতৰ ৬ষ্ঠ গৰাকী ৰাষ্ট্ৰপতি | Neelam Sanjiva Reddy

ৰচিত গ্ৰন্থসমূহ

গুৰুত্বপূৰ্ণ কথা যে ৰাজনৈতিক তথা সামাজিক জীৱনত নানান অভিজ্ঞতাৰে পুষ্ট প্ৰণৱ মুখাৰ্জীয়ে কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল। তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ হ’ল – ১৯৮৬ চনত প্ৰকাশিত ‘Beyond Survival: Emerging Dimensions of Indian Economy’, ১৯৮৭ চনত প্ৰকাশিত ‘Off the Track: A Few Comments on Current Affairs’, ১৯৯৩ চনত প্ৰকাশিত ‘Challenges Before the Nation: Saga of Struggle and Sacrifice (Indian National Congress)’, আদিত্য মুখাৰ্জীৰ সৈতে একত্ৰিতভাৱে ৰচনা কৰা ২০১১ চনত প্ৰকাশিত ‘A Centenary History of the Indian National Congress’, ২০১১ চনত প্ৰকাশিত আন এখন গ্ৰন্থ হ’ল- ‘Congress and the Making of the Indian Nation’, ২০১৪ চনত প্ৰকাশিত ‘Thoughts and Reflections’, ২০১৫ চনত প্ৰকাশিত ‘The Dramatic Decade: The Indira Gandhi Years’, ২০১৬ চনত প্ৰকাশিত ‘The Turbulent Years: 1980–1996’, ২০১৭ চনত প্ৰকাশিত ‘The Coalition Years: 1996–2012’।

সামৰণি

উল্লেখ্য যে ভাৰতৰ সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে প্ৰণৱ মুখাৰ্জীক ২০০৮ চন চনত দ্বিতীয় শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মবিভূষণেৰে সন্মানিত কৰে আৰু ২০১৯ চনত ভাৰতৰ শ্ৰেষ্ঠ অসামৰিক সন্মান ভাৰতৰত্নৰে বিভূষিত কৰে। ইয়াৰ উপৰিও আন বহু কেইটা সন্মান লাভ কৰিছিল প্ৰণৱ মুখাৰ্জীয়ে। ২০১১ চনত Wolverhampton বিশ্ববিদ্যালয়ৰ পৰা ‘D.Litt’ উপাধি লাভ কৰিছিল তেওঁ, ২০১২ চনত অসম বিশ্ববিদ্যালয়ৰ পৰা D.Litt, ২০১২ চনত Visvesvaraya Technological বিশ্ববিদ্যালয়ৰ পৰা Doctorate in Science, ২০১৭ চনত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা D.Litt কে ধৰি বহু সন্মান লাভ কৰিছিল প্ৰণৱ মুখাৰ্জীয়ে।

২০২০ চনৰ ৩১ আগষ্ট তাৰিখে ৮৪ বছৰ বয়সত হাওঁফাওঁৰ সংক্ৰমণৰ ফলত হোৱা চেপটিক চকৰ বাবে দিল্লীৰ সেনা বাহিনীৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত ইহলীলা সম্বৰণ কৰে প্ৰণৱ মুখাৰ্জীয়ে।

Also Read: জীৱনী: ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ – স্বাধীন ভাৰতৰ ১ম গৰাকী উপ-ৰাষ্ট্ৰপতি | Sarvepalli Radhakrishnan

FAQs 

) ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথম বঙালী সম্প্ৰদায়ৰ ব্যক্তিজন কোন?

উত্তৰপ্ৰণৱ মুখাৰ্জী।

) প্ৰণৱ মুখাৰ্জীয়ে জন্মগ্ৰহণ কৰিছিল?

উত্তৰপ্ৰণৱ মুখাৰ্জীয়ে ১৯৩৫ চনৰ ১১ ডিচেম্বৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ বেংগল প্ৰেচিডেন্সিৰ অন্তৰ্গত মিৰাতী গাঁও তথা বৰ্তমানৰ পশ্চিম বংগৰ বিৰভূম জিলাত জন্ম গ্ৰহণ কৰিছিল।

) প্ৰণৱ মুখাৰ্জীৰ পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰ প্ৰণৱ মুখাৰ্জীৰ পিতৃৰ নাম হ’ল কামদা কিঙ্কৰ মুখাৰ্জী আৰু মাতৃৰ নাম হ’ল ৰাজলক্ষ্মী মুখাৰ্জী।

) প্ৰণৱ মুখাৰ্জীয়ে কেতিয়া ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল?

উত্তৰ প্ৰণৱ মুখাৰ্জীয়ে ২০১২ চনৰ ২৫ জুলাই তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰি ২০১৭ চনৰ ২৫ জুলাই তাৰিখলৈকে ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব পালন কৰিছিল।

৫) প্ৰণৱ মুখাৰ্জীৰ কেতিয়া মৃত্যু হৈছিল?

উত্তৰ- ২০২০ চনৰ ৩১ আগষ্ট তাৰিখে ৮৪ বছৰ বয়সত হাওঁফাওঁৰ সংক্ৰমণৰ ফলত হোৱা চেপটিক চকৰ বাবে দিল্লীৰ সেনা বাহিনীৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু বৰণ কৰিছিল প্ৰণৱ মুখাৰ্জীয়ে।

1 thought on “প্ৰণৱ মুখাৰ্জী জীৱনী – ভাৰতৰ ১৩তম ৰাষ্ট্ৰপতি | Pranab Mukherjee”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top