Politics of Globalization Unit 4 বিশ্বায়ন আৰু গণতন্ত্র

Politics of Globalization Unit 4 বিশ্বায়ন আৰু গণতন্ত্র Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Politics of Globalization Unit 4 বিশ্বায়ন আৰু গণতন্ত্র Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Politics of Globalization Unit 4 বিশ্বায়ন আৰু গণতন্ত্র Question Answer can be of great value to excel in the examination.

Politics of Globalization Unit 4 বিশ্বায়ন আৰু গণতন্ত্র

Join Telegram channel

Politics of Globalization Unit 4 বিশ্বায়ন আৰু গণতন্ত্র Notes cover all the exercise questions in UGC Syllabus. The Politics of Globalization Unit 4 বিশ্বায়ন আৰু গণতন্ত্র provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Globalization And Democracy

POLITICAL SCIENCE

POLITICS OF GLOBALIZATION

বিশ্বায়নৰ ৰাজনীতি

অতি চমু প্রশ্নোত্তৰঃ

১। UNEP ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ United Nations Environment Programme (ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনি)।

২। ‘সার্বভৌমত্ব’ (Sovereignty) শব্দটো কোনটো ভাষাৰ পৰা আহিছে?

উত্তৰঃ লেটিন ভাষাৰ পৰা ।

৩। সার্বভৌমত্ব (Sovereignty) ৰ ধাৰণাটো কোনে পোন প্রথমে আগবঢ়াইছিল?

উত্তৰঃ জিন বোডিন (Jean Bodin)।

৪। “ক্ষমতা হৈছে সামাজিক সম্পৰ্কৰ ভিতৰত থাকি এজন ব্যক্তিয়ে বিভিন্ন প্ৰতিৰোধৰ মাজতো নিজৰ ইচ্ছা বা স্বাৰ্থ সম্পাদনা কৰাৰ স্থিতিত থকা সম্ভাবনা।”— এই উক্তিটো কাৰ?

উত্তৰঃ মেক্স ৱেবাৰৰ।

৫। জনসাধাৰণে কিয় প্ৰব্ৰজন কৰে?

উত্তৰঃ উন্নত আৰু নিৰাপদ জীৱনৰ সন্ধানত।

৬। ক্ষমতাৰ ভাৰসাম্যৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰঃ ক্ষমতাৰ ভাৰসাম্যই এক স্থিতাবস্থা বাহাল ৰখাত গুৰুত্ব দিয়ে।

৭। ক্ষমতাৰ ভাৰসাম্য ৰক্ষাৰ এটা পদ্ধতি উল্লেখ কৰা।

উত্তৰঃ মিত্ৰতা স্থাপন।

৮। ‘ক্ষমতাৰ বিকাশ, বৃদ্ধি আৰু প্ৰকাশেই হৈছে ৰাষ্ট্ৰৰ উদ্দেশ্য।’— এই কথাষাৰ কোনে কৈছিল।

উত্তৰঃ এৰিক কাফমেনে।

৯। মৰগেনথোৰ সামূহিক নিৰাপত্তা নীতিটো উল্লেখ কৰা।

উত্তৰঃ প্রত্যেকেই সকলোৰে বাবে আৰু সকলোৱে প্ৰত্যেকৰ বাবে।

১০। মৰগেনথোৱে আদৰ্শক কেইটা ভাগত ভাগ কৰিছে।

উত্তৰঃ তিনিটা।

১১। “The Future of Power’ কিতাপখন কোনে লিখিছিল?

উত্তৰঃ যোচেফ নোই।

১২। জার্মানীয়ে কেতিয়া পোলেণ্ড আক্রমণ কৰিছিল?

উত্তৰঃ 1939 চনৰ 1 ছেপ্তেম্বৰত।

১৩। আমেৰিকা যুক্তৰাষ্ট্ৰই কেতিয়া ইৰাক আক্ৰমণ কৰিছিল?

উত্তৰঃ 2003 চনত ।

১৪। উন্নয়ন ৰাষ্ট্ৰবোৰৰ অন্য এটা নাম কি?

উত্তৰঃ তৃতীয় বিশ্ব ।

১৫। “Global Governance: Why? What? Whither?” কিতাপখন কোনে লিখিছিল?

উত্তৰঃ থমাচ জি ৱেইচ (Thomas G. Weiss)।

১৬। ভূ-সম্মিলন মানে কি?

উত্তৰঃ ভূ-সন্মিলন হ’ল ১৯৯২ চনৰ জুনত ব্ৰাজিলৰ ৰিঅ’দি জেনেইৰ’ত ৰাষ্ট্ৰসংঘই অনুষ্ঠিত কৰা পৰিৱেশ আৰু উন্নয়ন সম্পর্কীয় সন্মিলন।

১৭। সেউজগৃহ গেছ নির্গত মানে কি?

উত্তৰঃ পৃথিৱীয়ে এৰি দিয়া গেছসমূহ বাহিৰলৈ যাব নোৱাৰি বায়ুমণ্ডলত থাকি যায়। এই গেছকে সেউজীগৃহ গেছ বোলে।

১৮। UNFCCC ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ United Nations Framework Convention on Climate Change (ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সভা) ।

১৯। বিশ্বজনীন উষ্ণতা বৃদ্ধিৰ কাৰক হিচাপে থকা দুটা গেছৰ নাম লিখা।

উত্তৰঃ কার্বন ডাই অক্সাইড (CO₂), মিথেন।

২০। কেতিয়াৰ পৰা পৰিৱেশ সম্পৰ্কীয় বিষয়সমূহে বিশেষ গুৰুত্ব লাভ কৰিছিল?

উত্তৰঃ ১৯৭২ চনৰ ষ্টকহম ঘোষণা পত্ৰৰ পিছৰে পৰা ।

২১। ব্রিটানিক এনচাইক্লোপেডিয়াৰ মতে পৰিৱেশ কি?

উত্তৰঃ ব্রিটেনিকা এনচাইক্লোপেডিয়াৰ মতে— “পৰিৱেশ বুলিলে জীৱ জগতত প্ৰভাৱ বিস্তাৰ কৰা সমস্ত বাহ্যিক প্ৰভাৱ (জৈৱিক আৰু অজৈৱিক) বা জনসমাজৰ চাৰিওকাষে থকা প্রাকৃতিক শক্তিসমূহক বুজা যায়”।

২২। ‘গোলকীয় উমৈহতীয়া’ শব্দটো কোনটো শব্দৰ পৰিৱৰ্তে প্ৰয়োগ কৰা হয়?

উত্তৰঃ পৰিৱেশ শব্দটোৰ পৰিৱৰ্তে।

২৩। গোলকীয় উমৈহতীয়া বুলিলে কি বুজায়?

উত্তৰঃ সাধাৰণতে গোলকীয় উমৈহতীয়াই বিশ্বৰ সমস্ত জৈৱ সমাজত প্ৰভাৱ বিস্তাৰ কৰিব পৰা প্ৰাকৃতিক ব্যৱস্থাক বুজায়। গতিকে গোলকীয় উমৈহতীয়া বুলিলে সমগ্ৰ মানৱ জাতিয়ে একেলগে ব্যৱহাৰ কৰা বায়ুমণ্ডল, জলমণ্ডল, ভূ-মণ্ডল আৰু জীৱমণ্ডলক বুজায়।

২৪। কেতিয়াৰ পৰা বিশ্ব সম্প্রদায়ে পৰিৱেশজনিত সমস্যাৰ ওপৰত গুৰুত্ব দিছিল?

উত্তৰঃ ১৯৭২ চনৰ ষ্টকহম সন্মিলনৰ পিছৰ পৰাই বিশ্ব সম্প্রদায়ে পৰিৱেশজনিত সমস্যাৰ ওপৰত গুৰুত্ব দিছিল।

২৫। প্ৰদূষণ বুলিলে কি বুজায়?

উত্তৰঃ সাধাৰণতে প্ৰদূষণ বুলিলে জৈৱিক, ৰাসায়নিক আৰু জৈৱিক পৰিৱেশৰ ওপৰত হোৱা কৃত্ৰিম পৰিৱৰ্তনক বুজায়।

২৬। ষ্টকহ’ম সন্মিলনৰ প্ৰধান উদ্দেশ্য কি আছিল?

উত্তৰঃ ষ্টকহ’ম সন্মিলনৰ প্ৰধান উদ্দেশ্য আছিল মানৱ পৰিৱেশৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহক উদ্‌গণি যোগোৱা আৰু ইয়াৰ বাবে প্ৰধানকৈ মানি চলিবলগীয়া বিধিসমূহ প্ৰস্তুত কৰি উলিওৱা।

২৭। ষ্টকহম সন্মিলনৰ এটা পৰামৰ্শ উল্লেখ কৰা।

উত্তৰঃ ষ্টকহ’ম সন্মিলনৰ এটা পৰামৰ্শ হ’ল— পৰিৱেশ প্ৰদূষণ ৰোধ কৰা ।

২৮। UNEP ৰ এটা কাৰ্যাৱলী লিখা।

উত্তৰঃ UNEP ৰ এটা কাৰ্যাৱলী হ’ল— পৰিৱেশ সম্পৰ্কীয় কাৰ্যসমূহ সম্পাদনৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰা আৰু প্ৰয়োজন সাপেক্ষে উপযুক্ত নীতি নিৰ্দ্ধাৰণ কৰা।

২৯। কিমান চনত পৰিচালনা পৰিষদে বাসস্থান সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰিছিল?

উত্তৰঃ ১৯৭৬ চনত পৰিৱেশ সম্পৰ্কীয় পৰিচালনা পৰিষদে বাসস্থান সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰিছিল৷

৩০। বিশ্ব পৰিৱেশ দিৱস উদ্যাপন কৰাৰ মূল্য লক্ষ্য কি আছিল?

উত্তৰঃ বিশ্ব পৰিৱেশ দিৱস উদ্যাপন কৰাৰ মূল লক্ষ্য আছিল পৰিৱেশ সংবৰ্দ্ধন আৰু সংৰক্ষণৰ বাবে বিশ্বৰ জনগণক সচেতন কৰি তোলা।

৩১। মানৱ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত জড়িত থকা দুটা বেচৰকাৰী অনুষ্ঠানৰ নাম লিখা।

উত্তৰঃ দুটা বেচৰকাৰী অনুষ্ঠানৰ নাম হ’ল— আন্তর্জাতিক ক্ষমাদান আৰু মানৱ অধিকাৰ প্ৰহৰী বা জাগৰণ।

৩২। কিমান তাৰিখত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়?

উত্তৰঃ ৫ জুন তাৰিখত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় ।

৩৩। কিমান চনৰ, কোন সম্মিলনতে আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে জলবায়ু পৰিৱৰ্তন চুক্তিপত্র স্বাক্ষৰ কৰিছিল?

উত্তৰঃ ১৯৯২ চনৰ ৰিঅ’ সম্মিলনতে আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে জলবায়ু পৰিৱৰ্তন চুক্তিপত্র স্বাক্ষৰ কৰিছিল।

৩৪। বসুন্ধৰা সন্মিলনৰ এটা গুৰুত্বপূৰ্ণ ব্যৱস্থাৱলী লিখা।

উত্তৰঃ বসুন্ধৰা সন্মিলনৰ এটা গুৰুত্বপূৰ্ণ ব্যৱস্থাৱলী হ’ল অৰণ্য সম্পৰ্কত গ্ৰহণ কৰা অৰণ্য ব্যৱস্থাপনা, সংৰক্ষণ আৰু সুস্থিৰ বিকাশ সম্পৰ্কীয় দলিল।

৩৫। কেতিয়া আৰু ক’ত ৩৯ নং আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ ব্যৱস্থাৱলীৰ সম্মিলন অনুষ্ঠিত হৈছিল?

উত্তৰঃ ২০০৯ চনৰ ১২-১৬ জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জর্জিয়াত ৩৯ নং আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ ব্যৱস্থাৱলীৰ সন্মিলনখন অনুষ্ঠিত হৈছিল।

৩৬। সেউজ জলবায়ু পুঁজি গঠনৰ মুখ্য উদ্দেশ্য কি আছিল?

উত্তৰঃ সেউজ জলবায়ু পুঁজি গঠনৰ মুখ্য উদ্দেশ্য আছিল দুখীয়া আৰু উন্নয়নমূলক ৰাষ্ট্ৰসমূহক কার্বন নির্গতকৰণ ৰহিত শক্তি ব্যৱহাৰ প্ৰণালী অৱলম্বন কৰাত সহায় কৰা ।

৩৭। সহযোগিতামূলক নিৰাপত্তা মানে কি?

উত্তৰঃ সহযোগিতাৰ জৰিয়তে নিৰাপত্তা নিশ্চিত কৰিব বিচৰা প্ৰয়াস বা প্রচেষ্টাক সহযোগিতামূলক নিৰাপত্তা বুলিব পাৰি ।

৩৮। যোছেফ ন্যেইয়ে ক্ষমতাক কেইটা ভাগত ভাগ কৰিছে?

উত্তৰঃ তিনিটা ভাগত –

(ক) কঠিন ক্ষমতা (Hard Power)।

(খ) নৰম ক্ষমতা (Soft Power) ।

(গ) বুদ্ধিমান ক্ষমতা (Smart Power)।

৩৯। কোনে কৈছিল, “গোলকীয় প্রশাসন হৈছে গোলকীয় চৰকাৰৰ অনুপস্থিতিত গোলকীয় প্ৰক্ৰিয়া বা আন্তঃৰাষ্ট্ৰীয় প্ৰক্ৰিয়া পৰিচালনা কৰা এটা ব্যৱস্থা।”

উত্তৰঃ আদিল নাজম এ (Adil Nazam)।

৪০৷ পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজত পার্থক্য কি?

উত্তৰঃ পৰম্পৰাগত নিৰাপত্তাই ৰাষ্ট্ৰৰ নিৰাপত্তা, জাতীয় নিৰাপত্তা বা সামৰিক নিৰাপত্তাক বুজায়, কিন্তু অপৰম্পৰাগত নিৰাপত্তাই জনসাধাৰণৰ দৈনন্দিন জীৱনৰ অস্তিত্বৰ লগত জড়িত দিশবোৰক বুজায়।

৪১। বিশ্বায়নে উন্নয়নশীল দেশসমূহক কিদৰে ভাৱিত কৰিছে?

উত্তৰঃ বিশ্বায়নে উন্নয়নশীল দেশবোৰক তেওঁলোকৰ অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰাত, তেওঁলোকৰ দেশৰ দৰিদ্ৰতাৰ সমস্যা সমাধান কৰাত সহায় কৰে। বহুতো উন্নয়নশীল ৰাষ্ট্ৰই শুল্ক আঁতৰাই আৰু তেওঁলোকৰ অৰ্থনীতি মুক্ত কৰি তেওঁলোকৰ বজাৰ খুলিবলৈ পদক্ষেপ ল’বলৈ আৰম্ভ কৰিছিল।

৪২। উন্নয়নশীল দেশবোৰত বিশ্বায়ন কি?

উত্তৰঃ বিশ্বায়নক এক প্ৰক্ৰিয়া হিচাপে সংজ্ঞায়িত কৰা হয় যি আন্তর্জাতিক বর্ণনীতিৰ ওপৰত আধাৰিত কৰি, বিশ্বব্যাপী স্তৰত ব্যৱসায়িক কার্যকলাপ সম্প্ৰসাৰিত কৰাৰ লক্ষ্য ৰাখে, আৰু প্রযুক্তিগত উন্নতি আৰু আৰ্থসামাজিক, ৰাজনৈতিক আৰু পাৰিপাৰ্শ্বিক বিকাশৰ বাবে বিশ্বব্যাপী সুবিধাৰ দ্বাৰা অৱনমিত হৈছিল।

৪৩। বিশ্বায়ন উন্নয়নশীল দেশসমূহৰ বাবে বেয়া নেকি?

উত্তৰঃ সাধাৰণতে, বিশ্বায়নে উন্নয়নশীল দেশবোৰত জীৱনধাৰণৰ মানদণ্ড বৃদ্ধি কৰা দেখা গৈছে, কিন্তু কিছুমান বিশ্লেষকে সতৰ্ক কৰি দিছে যে বিশ্বায়নে স্থানীয় বা উদীয়মান অর্থনীতি আৰু ব্যক্তিগত শ্ৰমিকৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।

৪৪। উন্নয়নশীল দেশসমূহৰ বাবে বিশ্বায়ন কিয় বেয়া?

উত্তৰঃ উন্নয়নশীল দেশবোৰে বিশেষ বিপদাশংকাৰ সন্মুখীন হয়। বিশ্বায়ন আৰু বজাৰ সংস্কাৰ যি বিশ্ব অর্থনীতিত তেওঁলোকৰ একত্ৰীকৰণ প্ৰতিফলিত আৰু শক্তিশালী কৰে, অতি কমেও কম সময়ৰ বাবে বৈষম্য বৃদ্ধি কৰিব আৰু বৈষম্যৰ ৰাজনৈতিক ব্যয় ইয়াৰ সৈতে সম্পর্কিত সামাজিক উত্তেজনা বৃদ্ধি কৰিব।

৪৫। ৰাজনৈতিক বিশ্বায়ন প্রক্রিয়া কি?

উত্তৰঃ ৰাষ্ট্ৰসংঘ বা বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে আন্তর্জাতিক সংগঠনৰ বিকাশ আৰু বৰ্ধিত প্ৰভাৱৰ অৰ্থ হৈছে চৰকাৰী পদক্ষেপ আন্তর্জাতিক পর্যায়ত সংঘটিত হয়।

৪৬। উন্নয়নশীল দেশসমূহত বিশ্বায়নৰ মুখ্য প্ৰত্যাহ্বানবোৰ কি?

উত্তৰঃ আন্তর্জাতিক নিয়োগ, কৰ্মচাৰী ইমিগ্ৰেচন পৰিচালনা কৰা, শুল্ক আৰু ৰপ্তানি মাচুল বহন কৰা, বেতন আৰু অনুপালন প্রত্যাহ্বান, সাংস্কৃতিক পৰিচয় হেৰুওৱা, বিদেশী শ্রমিক শোষণ, বিশ্ব্যাপী সম্প্ৰসাৰণৰ অসুবিধা, ইমিগ্ৰেচন প্ৰত্যাহ্বান আৰু স্থানীয় চাকৰি হেৰুওৱা।

৪৭। উন্নয়নশীল দেশসমূহৰ বাবে অর্থনৈতিক বিশ্বায়নৰ নেতিবাচক প্ৰভাৱ কি?

উত্তৰঃ মূলধন প্ৰবাহৰ পৰিমাণ আৰু অস্থিৰতাই বেঙ্কিং আৰু মুদ্ৰা সংকটৰ বিপদাশংকা বৃদ্ধি কৰে, বিশেষকৈ দুৰ্বল বিত্তীয় প্রতিষ্ঠান থকা দেশবোৰত। বিদেশী বিনিয়োগ আকৰ্ষিত কৰিবলৈ উন্নয়শীল দেশবোৰৰ মাজত প্ৰতিযোগিতাৰ ফলত “তললৈ দৌৰ” হয় য’ত দেশবোৰে বিপদজনকভাৱে পৰিৱেশৰ মানদণ্ড হ্ৰাস কৰে।

চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰঃ

১। যুদ্ধ পৰিহাৰ কৰাৰ বাবে কেইটামান পৰামৰ্শ উল্লেখ কৰা।

উত্তৰঃ যুদ্ধৰ ভাবুকিৰ প্ৰত্যুতৰ দিবলৈ এখন চৰকাৰৰ প্ৰধানত তিনিটা বিকল্প থাকে। সেইকেইটা হ’ল—

(ক) আত্মসমর্পণ কৰা ।

(খ) যুদ্ধত অতিমাত্রা ব্যয় হ’ব বুলি ঘোষণা কৰি প্ৰতিপক্ষক আক্ৰমণৰ পৰা বিৰত ৰখা৷

(গ) যেতিয়া প্ৰকৃততে যুদ্ধ হয় নিজকে প্ৰতিৰক্ষা প্ৰদান কৰি আক্ৰমণকাৰী ৰাষ্ট্ৰৰ উদ্দেশ্য ব্যৰ্থ কৰা আৰু আক্ৰমণকাৰী শক্তিক ওভোতাই পঠোৱা নাইবা সম্পূৰ্ণৰূপে পৰাস্ত কৰা।

২। বাহ্যিক নিৰাপত্তাৰ পৰা ভাবুকি অহা পৰম্পৰাগত নিৰাপত্তাৰ ক্ষেত্ৰত থকা চাৰিটা উপাদান কি কি?

উত্তৰঃ বাহ্যিক নিৰাপত্তাৰ পৰা ভাবুকি অহা পৰম্পৰাগত নিৰাপত্তাৰ ক্ষেত্ৰত থকা চাৰিটা উপাদান হ’ল—

(ক) সামৰিক ব্যৱস্থা।

(খ) প্ৰতিৰোধ আৰু প্ৰতিৰক্ষা।

(গ) ক্ষমতাৰ ভাৰসাম্য।

(ঘ) মিত্ৰ জোঁট গঠন।

৩। মানৱ অধিকাৰৰ বিভিন্ন প্ৰকাৰসমূহ কি কি?

উত্তৰঃ গঠন মানৱ অধিকাৰ তিনি প্ৰকাৰৰ—

(ক) অসামৰিক আৰু ৰাজনৈতিক অধিকাৰ।

(খ) সাংস্কৃতিক, অর্থনৈতিক আৰু সামাজিক অধিকাৰ।

(গ) সামূহিক অধিকাৰ।

৪। ক্ষমতাৰ ভাৰসাম্য মানে কি? এখন ৰাষ্ট্ৰই এইটো কেনেকৈ লাভ কৰে?

উত্তৰঃ ক্ষমতাৰ ভাৰসাম্যই ক্ষমতা অটুট ৰখাৰ এটা পদ্ধতিক বুজায়৷ ই বৃহৎ আৰু শক্তিশালী দেশসমূহক নিয়ন্ত্ৰণ কৰাৰ এটা উপায়, যাতে কোনো এখন দেশ অধিক শক্তিশালী হৈ নুঠে। এখন ৰাষ্ট্ৰই তলত উল্লেখ কৰা উপায়বোৰৰ জৰিয়তে ক্ষমতাৰ ভাৰসাম্য অৰ্জন কৰে।

(ক) মিত্ৰতা স্থাপন।

(খ) বিভাজন আৰু শাসন।

(গ) অস্ত্ৰ আহৰণ।

(ঘ) নিৰস্ত্ৰীকৰণ

(ঙ) দুই শক্তিশালী ৰাষ্ট্ৰৰ মাজত সৰু ৰাষ্ট্ৰ।

(চ) যুদ্ধ।

(ছ) আভ্যন্তৰীণ হস্তক্ষেপ।

৫। “নিৰাপত্তাৰ অপৰম্পৰাগত ধাৰণাটোৱে নিৰাপত্তাৰ প্ৰতি পৰিবৰ্তনশীল ভাবুকিবোৰৰ ক্ষেত্ৰত মনোযোগ দিছে”। এই নতুন ভাবুকিবোৰ কি কি?

উত্তৰঃ অপৰম্পৰাগত ধাৰণাই নিৰাপত্তাৰ ভাবুকিৰ পৰিৱৰ্তনীয় প্ৰকৃতিৰ বিষয়ে উল্লেখ কৰিছে। যেনে—

(ক) সন্ত্রাসবাদ।

(খ) পৰিৱেশ অৱক্ষয়।

(গ) মানৱ অধিকাৰ উলংঘন।

(ঘ) গণহত্যা।

(ঙ) দৰিদ্ৰতা।

(চ) উচ্চ হাৰত জনসংখ্যা বৃদ্ধি।

(ছ) শৰণাৰ্থী সমস্যা।

(জ) মহামাৰী ৰোগ যেনে – এইচ.আই.ভি., এইডছ।

৬। নিৰাপত্তা পৰিষদৰ কাৰ্যসমূহ কি কি?

উত্তৰঃ নিৰাপত্তা পৰিষদৰ কাৰ্যসমূহ হ’ল—

(ক) শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা ।

(খ) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ কাৰণে কোনো ৰাষ্ট্ৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা প্ৰয়োগ কৰা।

(গ) নিৰস্ত্ৰীকৰণ আৰু অস্ত্র-শস্ত্ৰ নিয়ন্ত্ৰণৰ বাবে আঁচনি প্ৰস্তুত কৰা।

(ঘ) নির্বাচন সংক্রান্ত কাৰ্য্য।

৭। ২০০১ চনৰ মহিলা সৱলীকৰণ নীতিৰ চাৰিটা উদ্দেশ্য বর্ণনা কৰা ।

উত্তৰঃ মহিলা সবলীকৰণ নীতি ২০০১ ৰ চাৰিটা বৈশিষ্ট্য হ’ল—

(ক) লিংগ বৈষম্য আঁতৰ কৰা।

(খ) সম-মর্যদা প্রদান কৰা।

(গ) অর্থনৈতিক স্বাৱলম্বিতা অৰ্জন কৰা।

(ঘ) ৰাজনৈতিক ক্ষমতা প্ৰদান কৰা ।

৮। জৈৱ বৈচিত্ৰতাৰ চুক্তিপত্ৰৰ মূল ব্যৱস্থাৱলীসমূহ কি কি?

উত্তৰঃ জৈৱ বৈচিত্ৰতাৰ চুক্তিপত্ৰৰ মূল ব্যৱস্থাৱলীসমূহ হ’ল–

(ক) জৈৱিক সম্পদসমূহৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় আইন বা তেনে নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা।

(খ) কোনো ৰাষ্ট্ৰৰ ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহে অন্য ৰাষ্ট্ৰৰ পৰিৱেশৰ ওপৰত পেলোৱা প্ৰভাৱৰ বাবে আইনী দায়বদ্ধতা আৰোপ কৰা।

(গ) উন্নত প্রযুক্তিসমূহ ৰেহাই মূল্যত হস্তান্তৰ কৰা।

(ঘ) জৈৱ প্ৰযুক্তিৰ কোম্পানীসমূহক নিয়ন্ত্ৰণ কৰা ।

(ঙ) জৈৱিক সামগ্ৰীসমূহৰ মালিকীস্বত্ত্ব আৰু এইসমূহৰ উপলব্ধকৰণ।

(চ) উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ জৈৱিক সামগ্ৰীসমূহ উদ্ঘাটন কৰাৰ বাবদ ক্ষতিপূৰণ প্ৰদান, ইত্যাদি।

৯। ৰাষ্ট্ৰসংঘৰ চনদত মানৱ অধিকাৰসমূহ কি কি?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ চনদত মানৱ অধিকাৰ সমূহক তিনি ভাগত ভাগ কৰি দেখুওৱা হৈছে। সেইসমূহ তলত আলোচনা কৰা হ’ল—

(ক) পৌৰ আৰু ৰাজনৈতিক অধিকাৰ : এই অধিকাৰবোৰ মানুহৰ জীৱনৰ অধিকাৰ আৰু ব্যক্তি স্বাধীনতা সুৰক্ষাৰ লগত নিবিড়ভাৱে জড়িত। ব্যক্তিৰ স্বাধীনতা আৰু জীৱনৰ সুৰক্ষা, অধিকাৰ, গোপনীয়তাৰ অধিকাৰ, সম্পত্তি অৰ্জনৰ অধিকাৰ, চিন্তা, বিবেচনা, নির্যাতন আৰু অমানৱীয় কাৰ্যৰ বিৰুদ্ধে অধিকাৰ, ধৰ্মীয় স্বাধীনতা আৰু পৌৰ আৰু ৰাজনৈতিক অধিকাৰৰ অন্তর্ভুক্ত।

(খ) সামূহিক অধিকাৰ : মানৱ অধিকাৰৰ তালিকাত অন্তৰ্ভুক্ত যিবিলাক অধিকাৰ ব্যক্তিসকলে সংঘবদ্ধভাৱে ভোগ কৰিব পাৰে তেনে অধিকাৰক সামূহিক অধিকাৰ বোলা হয়। এই অধিকাৰৰ ভিতৰত উন্নতি, শান্তি, নিৰাপদ পৰিৱেশ, মানৱীয় সহায়ত লাভ কৰা অধিকাৰ, ৰাষ্ট্ৰবিহীন ব্যক্তিৰ অধিকাৰ, মহিলাৰ অধিকাৰ, ভূমিপুত্ৰৰ অধিকাৰ, শৰনাৰ্থীৰ অধিকাৰ আদিক অন্তৰ্ভুক্ত কৰা হয়।

(গ) সাংস্কৃতিক, অর্থনৈতিক আৰু সামাজিক অধিকাৰ : এই কেইটাৰ অধিকাৰ মানৱ অধিকাৰসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ। উপযুক্ত খাদ্য, বস্ত্র, বাসস্থানৰ অধিকাৰ, ক্ষুধা নিবাৰণৰ অধিকাৰ, কৰ্মৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, সামাজিক নিৰাপত্তাৰ অধিকাৰ আদি এই কেইটা অধিকাৰৰ অন্তৰ্ভুক্ত কৰিব পাৰি ইত্যাদি।

১০। ৰাষ্ট্ৰসংঘৰ সংস্কাৰ প্ৰধানকৈ নিৰাপত্তা পৰিষদৰ পুনৰ সংস্কাৰ বুজায়। তুমি এই উক্তিটোৰ লগত একমত নে? ইয়াৰ সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া ।

উত্তৰঃ ওপৰোক্ত উক্তিটোৰ সৈতে মই একমত। নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ এটা মুখ্য ভাগ, যিটো বিশ্বত শান্তিৰ প্ৰতিষ্ঠাৰ বাবে দায়িত্ববদ্ধ। ই ১৫ জন সদস্যৰ দ্বাৰা গঠিত— ৫ জন স্থায়ী আৰু ১০ জন অস্থায়ী সদস্য ইয়াত আছে। তাৰোপৰি এই সদস্যবোৰক সাধাৰণ সভাই ২ বছৰৰ বাবে নিৰ্বাচিত কৰে। ৫জন স্থায়ী সদস্যই ‘ভেটো’ ক্ষমতা উপভোগ কৰিব পাৰে কিন্তু যদিও সেই সদস্যসমূহৰ কোনো এজন সদস্যই ঋণাত্মক দৃষ্টিভঙ্গীৰে ভোট দিয়ে তেন্তে কোনো সিদ্ধান্ত ল’ব পৰা নাযায়। নিৰাপত্তা পৰিষদে কোনো স্থায়ী সদস্যৰ বিৰুদ্ধে কোনো সিদ্ধান্ত ল’ব নোৱাৰাটোৱে ই বুজায়। দুখন নাইবা তাতোধিক কোনো দেশৰ মাজত যদি কিবা ঘটনা ঘটে নাইবা যুদ্ধ হয় তেতিয়া নিৰাপত্তা পৰিষদে শান্তিৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে। সেই কাৰণে নিৰাপত্তা পৰিষদক ৰাষ্ট্ৰসংঘৰ এটা মুখ্য শক্তিশালী বিভাগ বুলি গণ্য কৰা হয়। ৰাষ্ট্ৰসংঘৰ মাজে মাজে সংস্কাৰ হোৱাটো এই কাৰণেই জৰুৰী কিয়নো ইয়াৰ সদস্য সংখ্যা বঢ়াৰ লগতে পৃথিৱীৰ বিভিন্ন দেশক ইয়াৰ সদস্যভুক্ত কৰা হয়।

১১। মানৱ পৰিৱেশ সম্পৰ্কত ঘোষণাপত্ৰৰ প্ৰধান গুৰুত্বপূৰ্ণ নীতিসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ মানৱ পৰিৱেশ সম্পৰ্কত ঘোষণাপত্ৰৰ প্ৰধান গুৰুত্বপূৰ্ণ নীতিসমূহৰ বিষয়ে তলত আলোচনা কৰা হ’ল—

(ক) মানৱীয় দায়বদ্ধতা (Human Responsibility) : প্রত্যেক ব্যক্তিৰে সুস্থ আৰু মর্যাদাসম্পন্ন জীৱন যাপনৰ বাবে এক সুস্থ গুণ সম্পন্ন পৰিৱেশত জীৱন ধাৰণৰ উপযুক্ত সুবিধা লাভৰ অধিকাৰ আছে। সেয়ে প্রত্যেকজন ব্যক্তিয়েই বৰ্তমানৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবেও পৰিৱেশৰ ৰক্ষা আৰু উন্নত কৰাৰ দায়িত্বও আছে। অর্থাৎ সুস্থ পৰিৱেশ লাভ কৰাটো যেনেদৰে আমাৰ অধিকাৰ তেনেদৰে পৰিৱেশ সুস্থ কৰি ৰখাটো আমাৰ দায়িত্ব।

(খ) প্রাকৃতিক জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষা (Safeguard of natural ecosystem) : এই পৃথিৱীত উপলব্ধ প্রাকৃতিক সম্পদসমূহ, যেনে— বায়ু, পানী, ভূমি, জলাশয়, জানজুৰিকে ধৰি আমাৰ প্ৰাকৃতিক জৈৱ বৈচিত্ৰতাক সুৰক্ষিত কৰিব লাগে যাতে বৰ্তমানৰ লগতে ভৱিষ্যত প্রজন্ময়ো ইয়াক ভোগ কৰিব পাৰে।

(গ) পৰিৱেশ প্ৰদূষণ ৰোধ কৰা (Prevention of Environmental Pollution) : মানৱৰ লগতে জলস্থলৰ জীৱকূলৰ জীৱন বিপন্ন কৰিব পৰাকৈ বায়ু, জল আৰু স্থল প্ৰদূষণ ৰোধৰ বাবে ৰাষ্ট্ৰসমূহে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব।

(ঘ) ৰাষ্ট্ৰৰ অধিকাৰ (Right of the States) : প্রত্যেক ৰাষ্ট্ৰৰে নিজা চাৰিসীমাৰ ভিতৰত উপলব্ধ প্রাকৃতিক সম্পদৰ ওপৰত অধিকাৰ আছে। কিন্তু এই অধিকাৰ প্ৰয়োগ কৰিবলৈ যাওঁতে চাব লাগিব যাতে তেনে কার্যই আন ৰাষ্ট্ৰৰ অধিকাৰ খৰ্ব নকৰে বা নিজ ৰাষ্ট্ৰীয় চাৰিসীমাৰ বাহিৰত গৈ ইয়াক প্ৰয়োগৰ ব্যৱস্থা কৰা নহয়।

(ঙ) আন্তঃৰাষ্ট্ৰীয় বাধ্যবাধকতা (International liabilities) : ৰাষ্ট্ৰসমূহে কোনো ৰাষ্ট্ৰইনিজা ৰাষ্ট্ৰীয় এলেকাৰ বাহিৰত কৰা পৰিৱেশৰ হানিকাৰক সম্পৰ্কীয় কাৰ্যৰ বাবে পৰিৱেশ ক্ষতি কৰা ৰাষ্ট্ৰখনৰ প্ৰতি গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাপনাৰ লগতে ভুক্তভোগী ৰাষ্ট্ৰখনৰ প্ৰাপ্য ক্ষতিপূৰ্ণ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় আইন প্ৰস্তুত কৰাত সহযোগিতা আগবঢ়াব।

গতিকে দেখা যায় যে মানৱ পৰিৱেশ সম্পৰ্কীয় ষ্টকহ’ম ঘোষণাপত্ৰই ৰাষ্ট্ৰসমূহে পৰিৱেশ প্ৰদূষণ আদি সম্পৰ্কত পালন কৰিবলগীয়া দায়িত্ব আৰু কৰ্তব্যসমূহ স্পষ্ট কৰি দিছে । অৱশ্যে ষ্টকহ’ম ঘোষণাপত্ৰৰ নীতিসমূহ ৰাষ্ট্ৰসমূহে মানি চলিবলৈ বাধ্য নহয় যদিও আন্তঃৰাষ্ট্ৰীয় সজাগতা সৃষ্টি তথা বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত এই দিশসমূহে প্রধান বিষয় হিচাপে বিবেচিত হোৱাত এই দিশসমূহ মানি চলিবলৈ ৰাষ্ট্ৰসমূহে এক প্ৰকাৰৰ বাধ্য হৈ পৰিছে।

১১। পৰিৱেশ সুৰক্ষাৰ বাবে কৰা কেতবোৰ আনুষ্ঠানিক আৰু বিত্তীয় ব্যৱস্থাপনাৰ ব্যৱস্থা সম্পর্কে লিখা।

উত্তৰঃ পৰিৱেশ সুৰক্ষাৰ বাবে কৰা কেতবোৰ আনুষ্ঠানিক আৰু বিত্তীয় ব্যৱস্থাপনাৰ ব্যৱস্থা সমূহ হ’ল—

(ক) পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীৰ বাবে পৰিচালনা পৰিষদ (Governing Council for Environment Programme) : ষ্টকহ ম সম্মিলনে পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীৰ বাবে এখন পৰিচালনা পৰিষদ গঠনৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত প্ৰস্তাৱ উত্থাপন কৰাৰ সিদ্ধান্ত লয়। এই পৰিচালনা পৰিষদখন ৫৪ জন সদস্যৰে গঠিত হ’ব আৰু ইয়াৰ কাৰ্যকাল তিনিবছৰীয়া হ’ব। বিশ্বৰ ভৌগোলিক অঞ্চলসমূহৰ পৰা সমানুপাতিক প্রতিনিধিত্বৰ ভিত্তিত এই ৫৪ জন সদস্য নির্বাচিত কৰা হ’ব। এই পৰিচালনা পৰিষদৰ মুখ্য কাৰ্য হ’ব বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ চৰকাৰৰ মাজত পৰিৱেশ সম্পৰ্কীয় দিশত সহযোগিতা বৃদ্ধি কৰা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন সংগঠনৰ দ্বাৰা কাৰ্যকৰী কৰা বিভিন্ন কাৰ্যসূচীৰ সুসমন্বয় সাধন কৰা।

(খ) পৰিৱেশ সম্পৰ্কীয় সচিবালয় (Environment Secretary) : ষ্টকহ’ম সন্মিলনে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ দ্বাৰা এখন পৰিৱেশ সচিবালয় প্ৰতিষ্ঠাৰ বাবে পৰামৰ্শ আগবঢ়ায়। এনে পৰিৱেশ সচিবালয়ৰ মুখ্যকাৰ্য হৈছে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীসমূহৰ সমন্বয় সাধন কৰা। আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহক পৰামৰ্শ দিয়া, বিশ্বৰ বিজ্ঞানীসকলৰ মাজত সহযোগিতা বৃদ্ধি কৰা, ৰাষ্ট্ৰসংঘৰ দ্বাৰা কাৰ্যকৰীকৰণৰ বাবে হ্রস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনা প্রস্তুত কৰা ।

(গ) পৰিৱেশ সম্পৰ্কীয় পুঁজি (Environmental Fund) : বিশ্ব পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীসমূহ বাস্তৱত কাৰ্যকৰী কৰিব পৰাকৈ অতিৰিক্ত পুঁজি যোগান ধৰিব পৰাকৈ এক পৰিৱেশ সম্পৰ্কীয় পুঁজি গঠনৰ পৰামৰ্শ আগবঢ়ায়। সন্মিলনৰ সিদ্ধান্ত মৰ্মে এই পুঁজি ইচ্ছাধীন বৰঙণিৰ দ্বাৰা গঠন কৰা হ’ব।

(ঘ) পৰিৱেশ সম্পৰ্কীয় সহযোগিতা বোর্ড (Environmental Coordination Board) : ষ্টকহ’ম সন্মিলনে বিশ্ব পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীসমূহ ৰূপায়ণ তথা সমন্বয় সাধন কৰাৰ বাবে এখন পৰিৱেশ সম্পৰ্কীয় বোর্ড গঠনৰ বাবে পৰামৰ্শ আগবঢ়ায়।

১২। ধৰিত্ৰী সম্মিলনে গ্ৰহণ কৰা চূড়ান্ত দলিলৰ প্ৰধান বিষয়সমূহ লিখা।

উত্তৰঃ ধৰিত্ৰী সন্মিলনে গ্ৰহণ কৰা চূড়ান্ত দলিলৰ প্ৰধান বিষয়সমূহ তলত উল্লেখ কৰা হ’ল—

(ক) দলিলখনৰ মতে উন্নত ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰত কেৱল সেউজ গৃহ গেছৰ নিৰ্গতকৰণ হ্ৰাসৰ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত আইনগতভাৱে বাধিত হোৱা অৰ্থপূৰ্ণ, বাস্তৱিক আৰু সামানুপাতিক লক্ষ্য সমূহহে (Legally binding, meaningful, realistic and equitable targets) বিবেচনা কৰিব।

(খ) ধৰিত্ৰী সম্মিলনৰ পিছতো বাদ পৰি যোৱা ৰাষ্ট্ৰসমূহেও চুক্তিপত্ৰখনৰ অনুমোদন জনাব আৰু কাৰ্যকৰী কৰিব।

(গ) বিষাক্ত ৰাসায়নিক পদাৰ্থসমূহৰ ক্ষেত্ৰত সুৰক্ষিত বিকল্পৰ সন্ধান কৰিব আৰু উদ্ভাৱন হোৱা তেনে প্রযুক্তি অনুন্নত বা দুখীয়া ৰাষ্ট্ৰসমূহলৈও হস্তান্তৰ কৰিব।

(ঘ) উন্নয়নশীল ৰাষ্ট্ৰসমূহলৈ পৰিৱেশনৰ ফালৰ পৰা উপযুক্ত বুলি বিবেচিত প্রযুক্তিসমূহ হস্তান্তৰৰ বাবে উন্নত ৰাষ্ট্ৰসমূহৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব।

(ঙ) জৈৱ বৈচিত্ৰতা ৰক্ষাৰ বাবে কার্যক্ষম ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আপুৰুগীয়া বা লুপ্তপ্রায় জীৱসমূহ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব ।

(চ) উন্নত ৰাষ্ট্ৰসমূহে সেউজ গৃহ গেছ নিৰ্গতকৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ দ্বাৰা নিৰ্ণিত লক্ষ্যত (০.৭ শতাংশ) উপনীত হ’বৰ বাবে চেষ্টা চলাব।

(ছ) ৰাষ্ট্ৰসংঘৰ সুস্থিৰ বিকাশ আয়োগৰ (UN Commission on Sustainable Development) অধীনত অৰণ্যানিৰ সুৰক্ষাৰ বাবে আন্তঃচৰকাৰী মঞ্চ (Intergovernmental Forum) গঠন কৰিব ইত্যাদি।

১৩। ভিয়েনা চুক্তিপত্ৰৰ অনুচ্ছেদ ২ত চুক্তি স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ দ্বাৰা মানি চলিবলগীয়া প্রধান বাধ্যবাধকতাসমূহ কি কি?

উত্তৰঃ ভিয়েনা চুক্তিপত্ৰৰ অনুচ্ছেদ ২ ত চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ দ্বাৰা মানি চলিবলগীয়া প্রধান বাধ্যবাধকতাসমূহ হ’ল—

(ক) অ’জন স্তৰৰ পৰিৱৰ্তনৰ ফলস্বৰূপে মানুহৰ স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত পৰা প্ৰভাৱসমূহ ভালদৰে অনুধাৱন কৰা আৰু ইয়াৰ উপযুক্ত মূল্যায়নৰ বাবে শৃংখলাবদ্ধ পর্যবেক্ষণ, গৱেষণা আৰু তথ্য সৰবৰাহত সহযোগিতা আগবঢ়োৱা।

(খ) অ’জন স্তৰৰ ক্ষয়ীভৱন ৰোধকৰণৰ বাবে ল’বলগীয়া সাৱধানতা তথা কৌশলসমূহৰ কাৰ্যকৰীকৰণৰ বাবে প্রত্যেক ৰাষ্ট্ৰৰ চৰকাৰে ৰাষ্ট্ৰীয় আইন প্রণয়ন আৰু কাৰ্যকৰীকৰণ কৰা।

(গ) অ’জন স্তৰৰ ক্ষয়ীভৱন ৰোধৰ কাৰণে আক্তৰাষ্ট্ৰীয় সম্প্রদায়ে সম্মতি জনোৱা ব্যৱস্থাৱলী কাৰ্যকৰীকৰণৰ বাবে সহযোগিতা আগবঢ়োৱা।

(ঘ) চুক্তি স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গঠন কৰা উপযুক্ত কর্তৃপক্ষৰ প্রতি সহযোগিতা আগবঢ়োৱা যাতে চুক্তিপত্ৰখনৰ ব্যৱস্থাৱলীসমূহ কাৰ্যকৰী কৰিব পৰা যায়।

১৯৮৫ চনৰ ভিয়েনা চুক্তিপত্ৰখনৰ জৰিয়তেই বিশ্ববাসীয়ে পোনপ্ৰথমবাৰৰ বাবে অ’জন স্তৰৰ প্ৰতি থকা দায়বদ্ধতা প্ৰকাশ কৰে। ইয়াৰ পিছতে ১৯৮৭ চনত অ’জন স্তৰৰ ক্ষয়ীভৱন সম্পৰ্কত মন্ত্ৰিয়ালত Montreal Protocol বা মন্ত্ৰিয়াল আচৰণবিধি গ্ৰহণ কৰা হয় যাক ১৯৯০ চনত লণ্ডন সম্মিলনত সংশোধন কৰা হয়। তদুপৰি ১৯৮৭ চনৰ এই Montreal Protocol on Substances that Deplete the Ozone Layer ক ১৯৯২ আৰু ১৯৯৫ চনত পুনৰবাৰ কোপেনহেগেন আৰু ভিয়েনা সন্মিলনত সংশোধন কৰা হয়। ১৯৯২ চনৰ জুন মাহত ভাৰতে মন্ত্ৰিয়াল আচৰণবিধিত স্বাক্ষৰ দান কৰে।

১৪। ৰাষ্ট্ৰসংঘৰ চনদত সামূহিক নিৰাপত্তাৰ বাবে কি কি ব্যৱস্থাৰ উল্লেখ আছিল বহলাই আলোচনা কৰা ।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰৰ চনদতো সামূহিক নিৰাপত্তা সম্পর্কে উল্লেখ কৰিছে। ৰাষ্ট্ৰসংঘৰ চনদৰ সপ্তম অধ্যায়ত সামূহিক নিৰাপত্তাৰ সম্পৰ্কে আলোচনা কৰা হৈছে। চনদখনত নিৰাপত্তা পৰিষদৰ হাততহে আন্তর্জাতিক শান্তি আৰু নিৰাপত্তাৰ প্ৰধান দায়িত্ব ন্যস্ত কৰিছে। এইক্ষেত্ৰত নিৰাপত্তা পৰিষদে বিশ্বশান্তিৰ বাহক হিচাপে দায়িত্ব পালন কৰিব লাগে। চনদৰ এক অনুচ্ছেদ অনুসৰি শান্তিৰ কাৰণে দেখা দিয়া ভাবুকি আঁতৰ কৰা আৰু বাধা দিবৰ কাৰণে সমূহীয়া ব্যৱস্থা গ্ৰহণ কৰিব পাৰে৷ আন কথাত নিৰাপত্তা পৰিষদে কি পৰিস্থিতিত শক্তি প্ৰয়োগৰ সিদ্ধান্ত গ্রহণ কৰিব লাগে, সেই সম্পৰ্কে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এনে সিদ্ধান্ত সকলো সদস্য ৰাষ্ট্ৰৰ ক্ষেত্ৰতে প্রযোজ্য।

নিৰাপত্তা পৰিষদে শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। নিৰাপত্তা পৰিষদে সামৰিক ব্যৱস্থা গ্ৰহণ কভি পাৰে। সামৰিক ব্যৱস্থাৰ উপৰি নিৰাপত্তা পৰিষদৰ অসামৰিক ব্যৱস্থা আছে। এনে ব্যৱস্থাৰ ফলত নিৰাপত্তা পৰিষদে অর্থনৈতিক যোগাযোগ ৰেল, ডাক, তাঁৰ, ৰেডিঅ’, জাহাজ বা বিমানৰ যোগাযোগ আক্ৰমণকাৰী ৰাষ্ট্ৰৰ লগত আংশিক বা সম্পূৰ্ণৰূপে বন্ধ কৰিব পাৰে। যদি আক্রমণকাৰী দেশখনৰ ক্ষেত্ৰত উপৰোক্ত ব্যৱস্থাৱলী যথেষ্ট নহয় তেন্তে সদস্য ৰাষ্ট্ৰবিলাকৰ সৈন্যবাহিনীৰ সমাবেশ বা অৱেৰাধ কাৰ্যসূচী গ্রহণ কৰিব পাৰে।

নিৰাপত্তা পৰিষদৰ অধীনত এখন সামৰিক ৰক্ষা সমিতি থাকিব আৰু সেই সমিতিখনে বিশ্বশান্তিৰ কাৰণে নিৰাপত্তা পৰিষদে বিচৰামতে ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত ৰাষ্ট্ৰবোৰে সামৰিক সাহাৰ্য দিব। আন কথাত বিশ্বশান্তি আৰু নিৰাপত্তা ৰক্ষাৰ কাৰণে প্ৰয়োজন সাপেক্ষে নিৰাপত্তা পৰিষদে আক্ৰমণকাৰী ৰাষ্ট্ৰৰ বিৰুদ্ধে সামৰিক ব্যৱস্থাও গ্ৰহণ কৰিব পাৰে।

তদুপৰি ৰাষ্ট্ৰসংঘৰ ৪৩ অনুচ্ছেদ অনুসৰি এই বিষয়তে নিৰাপত্তা পৰিষদক আন কর্তৃত্বও প্রদান কৰা হৈছে। এই অনুচ্ছেদ অনুসৰি বিশ্বশান্তি আৰু নিৰাপত্তা ভংগ হ’লে সেই সম্পর্কে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই বিষয়ত নিৰাপত্তা পৰিষদৰ একচেটীয়া কৰ্তৃত্ব আছে। এই বিষয়ত কোনো আঞ্চলিক সংগঠনৰ কৰ্তৃত্ব নাই। কোনো আঞ্চলিক সংগঠনে নিৰাপত্তা পৰিষদৰ অনুমতি নোলোৱাকৈ বিশ্বশান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত পৃথকে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। অৱশ্যে নিৰাপত্তা পৰিষদৰ এই ব্যৱস্থাৰ বিষয়ত দুটা ব্যতিক্রম আছে । ইয়াৰে এটা ব্যতিক্রম হ’ল যে, ৰাষ্ট্ৰবিলাকে ব্যক্তিগত বা সমূহীয়াভাৱে তেওঁলোকৰ বিৰুদ্ধে কোনো সশস্ত্র আক্ৰমণ হ’লে নিৰাপত্তা পৰিষদে বিশ্বশান্তি আৰু নিৰাপত্তা সম্পর্কে কোনো ব্যৱস্থা গ্রহণ নকৰালৈকে আত্মৰক্ষাৰ কাৰণে ব্যক্তিগত বা সমূহীয়াভাৱে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আন কথাত ৰাষ্ট্ৰসংঘৰ কোনো সদস্য ৰাষ্ট্ৰৰ বিৰুদ্ধে সশস্ত্র আক্রমণ হ’লে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাকৈ ৰাষ্ট্ৰখনে ব্যক্তিগত বা সমূহীয়াভাৱে আত্মৰক্ষাৰ কাৰণে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

আন এটা ব্যতিক্রম হ’ল যে দ্বিতীয় মহাযুদ্ধৰ সময়ত বৰ্তমান ৰাষ্ট্ৰসংঘৰ জনতখনৰ কোনো স্বাক্ষৰকাৰী শত্ৰ দেশ হয় তেন্তে ইয়াৰ সদস্য ৰাষ্ট্ৰখনে সেই ৰাষ্ট্ৰখনৰ বিৰুদ্ধে যেই কোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। গতিকে উপৰোক্ত আলোচনাৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে, ৰাষ্ট্ৰসংঘৰ চন্দত জাতিসংঘতকৈয়ো অধিক উন্নত ব্যৱস্থা গ্ৰহণ কৰাৰ বিধান আছে।

ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা সামুহিক নিৰাপত্তাৰ ব্যৱস্থাৱলীৰ কাৰ্যকৰীতাতৰ সম্পৰ্কে পর্যালোচনা কৰি চালে দেখা যায় এই ব্যৱস্থাৱলী লীগৰ তুলনাত অধিক কার্যক্ষমতাৰ আভাস পাব পাৰি। নিৰাপত্তা পৰিষদে কোৰিয়া যুদ্ধৰ সময়ত কেনো ব্যৱস্থা গ্ৰহণ কৰিছিল, সেই বিষয়ে তলত দিয়া ঘটনাৰ পৰাই স্পষ্ট আভাস পাব পাৰি। ১৯৫০ চনৰ জুন মাহত যেতিয়া উত্তৰ কোৰিয়াৰ সৈন্যবাহিনীয়ে দক্ষিণ কোৰিয়া আক্রমণ কৰে, তেতিয়া নিৰাপত্তা পৰিষদে কোৰিয়াক শাস্তিভংগ হৈছে বুলি দক্ষিণ কোৰিয়াৰ পৰা উত্তৰ কোৰিয়াৰ সৈন্যবাহিনী অপসাৰণৰ দাবী কৰে। নিৰাপত্তা পৰিষদে তেওঁলোকৰ এই প্ৰস্তাৱ কাৰ্যকৰী কৰিবৰ কাৰণে ইয়াৰ সদস্যভুক্ত ৰাষ্ট্ৰবোৰক সামৰিক সাহায্য দিয়াৰ আবেদন জনায় আৰু ইয়াৰ ফলত যুক্তৰাষ্ট্ৰৰ নেতৃত্বত ১৬ খন ৰাষ্ট্ৰই কিছুসংখ্যক সৈন্য কোৰিয়াত শান্তি স্থাপনৰ কাৰণে প্ৰেৰণ কৰে। এনে পৰিস্থিতিত চীনে নিজৰ নিৰাপত্তা বিপদাপন্ন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকেও প্রতি আক্রমণ কৰিছিল। অৱশ্যে শেষত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিশদে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ ফলত কোৰিয়াত শান্তি স্থাপন হ’ল।

উপৰোক্ত আলোচনাৰ পৰা দেখা যায় যে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সামূহিক নিৰাপত্তাৰ যি ব্যৱস্থা আছে, সেই ব্যৱস্থা অধিক ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰাটো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যসকলৰ ঐক্যমতৰ ওপৰত নিৰ্ভৰশীল। যদি নিৰাপত্তা পৰিষদে গ্ৰহণ কৰা প্ৰস্তাৱৰ ক্ষেত্ৰত স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনে সমৰ্থন কৰে তেন্তে সেই প্ৰস্তাৱ কাৰ্যকৰী কৰা বিষয়লৈ কোনো সমস্যাৰ উদ্ভৱ নহয়৷ আনহাতে যদি নিৰাপত্তা পৰিষদৰ স্থায়ী ৰাষ্ট্ৰকেইখনৰ কোনো এখনে ভেটো ক্ষমতা প্রয়োগ কৰে তেন্তে তাক কাৰ্যকৰী কৰিব নোৱাৰে। অৱশ্যে ৰাষ্ট্ৰসংঘই শেহতীয়া শান্তি প্ৰতিষ্ঠাৰ বাবে যি প্ৰস্তাৱ গ্ৰহণৰ কৰ্তৃত্ব সাধাৰণ সভাৰ হাতত ন্যস্ত কৰিছে ইয়াৰ ফলত বিশ্বৰ নিৰাপত্তা আৰু শাস্তি ভংগৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰস্তাৱ কাৰ্যকৰী কৰা বিষয়লৈ নিৰাপত্তা পৰিষদে ভেটো প্ৰয়োগ কৰিলেও তাক সাধাৰণ পৰিষদে পৃথক প্ৰস্তাৱ গ্ৰহণ কৰি কাৰ্যকৰী কৰিব পাৰে।

১৫। ৰাষ্ট্ৰসংঘৰ চনদত সামূহিক নিৰাপত্তাৰ বাবে কেনে ব্যৱস্থা আছিল লিখা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ চনদৰ সপ্তম অধ্যায়ত সামূহিক নিৰাপত্তাৰ সম্পৰ্কত উল্লেখ আছিল। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ হাততে আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ সকলো দায়িত্ব থাকে। তলত সামূহিক নিৰাপত্তা ৰক্ষাৰ বাবে থকা ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰা হ’ল—

(ক) নিৰাপত্তা পৰিষদে বিশ্বশান্তি ৰক্ষাৰ আৰু নিৰাপত্তা ৰক্ষাৰ বাবে শান্তি ৰক্ষাৰ ক্ষেত্ৰত দেখা দিয়া বাধা আঁতৰাবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

(খ) নিৰাপত্তা পৰিষদে সামূহিক স্বাৰ্থ ৰক্ষাৰ বাবে সামৰিক আৰু অসামৰিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে৷

(গ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে অর্থনৈতিক, ৰেল, ডাক তাঁৰ, ৰেডিঅ’, জাহাজ, বিমান আদিৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ লগত যোগাযোগ বন্ধ কৰিব পাৰে।

(ঘ) আক্ৰমণকাৰী ৰাষ্ট্ৰৰ সৈন্যবাহিনীৰ সমাবেশ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে।

(ঙ) নিৰাপত্তা পৰিষদৰ অধীনত থকা সামৰিক ৰক্ষা সমিতিয়ে বিশ্বশান্তিৰ কাৰণে সদস্যভুক্ত ৰাষ্ট্ৰবোৰে নিৰাপত্তা পৰিষদে সামৰিক সাহায্য দিব পাৰে।

(চ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে বিশ্বশান্তিৰক্ষাৰ বাবে আক্ৰমণকাৰী ৰাষ্ট্ৰৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ।

(ছ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে বিশ্বশান্তি ৰক্ষাৰ ক্ষেত্ৰত একচেটীয়া কৰ্তৃত্ব গ্ৰহণ কৰিব পাৰে।

(জ) ৰাষ্ট্ৰসংঘৰ কোনো আঞ্চলিক সংগঠনে নিৰাপত্তা পৰিষদৰ বিনা অনুমতিত বিশ্বশান্তি ৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত পৃথক ব্যৱস্থা ল’ব নোৱাৰে।

(ঝ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে আত্মৰক্ষাৰ কাৰণে ব্যক্তিগত বা সমূহীয়াভাৱে ব্যৱস্থা গ্ৰহণ কৰি বিশ্বশান্তি ৰক্ষাৰ ব্যৱস্থা কৰিব পাৰে।

(ঞ) ৰাষ্ট্ৰসংঘত স্বাক্ষৰকাৰী কোনো ৰাষ্ট্ৰই শত্ৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে যেই কোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

১৬। নিৰঞ্জীকৰণ ব্যৱস্থাৰ কাৰণে জাতিসংঘই কেনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে?

উত্তৰঃ নিৰস্ত্ৰীকৰণ ব্যৱস্থাৰ ক্ষেত্ৰত জাতিসংঘই নিম্নলিখিত ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰে।

(ক) জাতিসংঘৰ লীগে ১৯২০ চনত সামৰিক, নৌ আৰু বিমানবাহিনীৰ বিশেষজ্ঞক লৈ এখন স্থায়ী নিৰস্ত্ৰীকৰণ পৰামৰ্শকাৰী আয়োগ গঠন কৰে। এই আয়োগে নিৰস্ত্ৰীকৰণ সম্পৰ্কত বৰ্তমান অতি জৰুৰী পৰামৰ্শ আগবঢ়ায়।

(খ) নিৰস্ত্ৰীকৰণ সম্পৰ্কত অস্ত্র সীমিতকৰণ কৰিবৰ বাবে ১৯২০ চনত এখন মিশ্রিত আয়োগ গঠন কৰা হয়। এই আয়োগে স্থায়ী আয়োগৰ লগত যুটীয়াভাৱে কাম কৰি পাৰস্পৰিক সহযোগিতা অস্ত্রসীমিতকৰণৰ বাবে পৰামৰ্শ দিয়ে।

এই অস্থায়ী মিশ্রিত আয়োগে অস্ত্ৰ সীমিতকৰণৰ বাবে তলৰ নীতিসমূহ দাঙি ধৰিছিল—

(ক) যিকোনো নিৰস্ত্ৰীকৰণ আঁচনি সাৰ্বজনীনভাৱে কাৰ্যকৰী হ’ব লাগিব।

(খ) অস্ত্ৰ সীমিত কৰিবলৈ হ’লে ৰাষ্ট্ৰৰ চৰকাৰবিলাক নিৰাপদ হ’ব লাগিব।

(গ) অস্ত্ৰ সীমিতকৰণৰ ক্ষেত্ৰত সাধাৰণ চুক্তি সম্পাদন কৰিব লাগিব।

(ঘ) ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰৰ লগত প্ৰতিৰক্ষামূলক চুক্তি সম্পাদন কৰি তৎকালীন সাহার্য নিশ্চিত কৰিব লাগিব ইত্যাদি।

১৯২৪ চনত জাতিসংঘই জেনেভা প্ৰট’কল গ্ৰহণ কৰিছিল। অস্ত্ৰ নিৰস্ত্ৰীকৰণ সম্পৰ্কত এই প্ৰট’কল কিছুমান নীতি গ্ৰহণ কৰিছিল।

এই নীতিসমূহ হ’ল—

(ক) যুদ্ধৰ আশ্ৰয় লোৱাটো যিকোনো পৰিস্থিতিত নিষিদ্ধ কৰিব লাগে।

(খ) আক্রমণকাৰীক চিনাক্ত কৰিব লাগে আৰু যদি ৰাষ্ট্ৰখনে পৰিষদে নিৰ্দ্ধাৰণ কৰা ব্যৱস্থাৱলী গ্ৰহণ নকৰে তেন্তে সেই দেশখনকে আক্ৰমণকাৰী বুলি চিনাক্ত কৰিব লাগে।

(গ) আক্ৰমণকাৰী হিচাপে নিৰ্দ্ধাৰণ কৰাৰ পিছত দেশখনৰ ওপৰত বাধ্যতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

১৭। সামূহিক স্বার্থ সিদ্ধিৰ বাবে কেনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি আলোচনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰৰ সামূহিক স্বাৰ্থ ৰক্ষাৰ বাবে নিম্নলিখিত প্ৰায়বিলাক তথা ব্যৱস্থাবিলাক গ্রহণ কৰিব পাৰি।

(ক) শাস্তিমূলক ব্যৱস্থা – ৰাষ্ট্ৰই নিজস্বাৰ্থ পূৰণৰ বাবে নিজ দেশৰ ভিতৰতে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে। যিখন দেশৰ বিৰুদ্ধে এনে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হয় তেনে ৰাষ্ট্ৰৰ ওপৰত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ নপৰে। ঠিক সেইদৰে এখন দেশে আনএখন দেশৰ ওপৰত নিজ স্বাৰ্থ পূৰণৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰে তাৰ প্ৰভাৱ প্ৰত্যক্ষভাৱে পৰে।

আনহাতে প্রত্যক্ষ প্ৰভাৱ পৰা ব্যৱস্থাৰ দ্বাৰা নিজৰ স্বাৰ্থ পূৰণৰ বাবে ৰাষ্ট্ৰখনৰ ওপৰত সামৰিক শক্তি প্ৰয়োগ কৰাৰ ব্যৱস্থা কৰে। এনে ব্যৱস্থাৰ দ্বাৰা শত্ৰু ৰাষ্ট্ৰখনৰ নিজ দেশত থকা সম্পত্তি বাজেয়াপ্ত কৰা, ক্ষতিপূৰণ কৰা, চুক্তি ৰদ কৰা, জাহাজ জব্দ কৰা আদি শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰিব পাৰে ৷

(খ) কুটনৈতিক সম্পর্ক – এখন দেশে আন এখন দেশৰ লগত কুটনৈতিক সম্পর্ক স্থাপনৰ জৰিয়তেও সামূহিক স্বাৰ্থ ৰক্ষা কৰিব পাৰে। এই ক্ষেত্ৰত দুয়োখন দেশে আমদানি-ৰপ্তানি সম্পৰ্কীয় চুক্তিত সম্পাদন কৰিব পাৰে।

(গ) মৈত্রী চুক্তি – কোনো দুই বা ততোধিক ৰাষ্ট্ৰৰ মাজত মৈত্রিক চুক্তি স্বাক্ষৰ কৰিও সামূহিক স্বাৰ্থ ৰক্ষা কৰিব পাৰি।

(ঘ) প্ৰচাৰ – ৰাষ্ট্ৰৰ সামূহিক স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে চলোৱা প্ৰচাৰ কাৰ্যই সহায় কৰে।

(ঙ) অর্থনৈতিক সাহার্য – উন্নত ৰাষ্ট্ৰবিলাকে অর্থনৈতিকভাৱে দুৰ্বল ৰাষ্ট্ৰবোৰক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰি নিজ স্বাৰ্থ পূৰণ কৰিব পাৰে।

(চ) সামূহিক নিৰাপত্তা – আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰিবৰ বাবে বহুতো ৰাষ্ট্ৰই সামূহিক নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰে। এনে ব্যৱস্থাইও ৰাষ্ট্ৰৰ সামূহিক স্বাৰ্থ ৰক্ষাত সহায় কৰে।

১৮। নিৰস্ত্ৰীকৰণ ব্যৱস্থা কি কি কাৰণে সফল হোৱা নাই? নিৰস্ত্ৰীকৰণ ব্যৱস্থাৰ কাৰণে জাতিসংঘই কেনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে?

উত্তৰঃ নিৰস্ত্ৰীকৰণ ব্যৱস্থা বিফল হোৱাৰ কিছুমান কাৰণ তলত আলোচনা কৰা হ’ল—

(ক) দেশবিলাকৰ মাজত দেখা দিয়া গুৰুত্বৰ অৰ্থনৈতিক সংকটৰ সমস্যাত ভূগিবলগীয়া হোৱাৰ বাবে অর্থনৈতিক সংকট দূৰীকৰণতহে বেছি গুৰুত্ব আৰোপ কৰে। নিৰস্ত্ৰীকৰণ বিষয়টোত বিশেষ গুৰুত্ব নিদিয়ে।

(খ) শান্তি চুক্তি বর্জিত হোৱা জাৰ্মানীৰ দৰে ৰাষ্ট্ৰই প্রতিহিংসাৰ মনোভাৱ গ্ৰহণ কৰাৰ ফলত জার্মান ইটালীৰ মাজত পুনৰ যুদ্ধ হোৱাৰ সম্ভাৱনা থকাৰ বাবে নিৰস্ত্ৰীকৰণৰ ঠাইত সেই দেশে অস্ত্র সুসজ্জিত কৰাতহে গুৰুত্ব আৰোপ কৰে।

(গ) জাপানে নিৰস্ত্ৰীকৰণৰ নীতিসমূহক গ্ৰহণ নকৰি আক্রমণাত্মক নীতিক বেছি প্রশ্রয় দিয়াৰ ফলতো নিৰস্ত্ৰীকৰণ ব্যৱস্থা সফল হ’ব পৰা নাই।

(ঘ) জাতিসংঘই আক্ৰমণকাৰীৰ ওপৰত ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাৰ ফলত আৰু জাতিসংঘৰ নীতি উলংঘাকাৰীক দোষাৰোপ কৰাত ব্যৰ্থ হোৱাৰ ফলতো নিৰস্ত্ৰীকৰণ ব্যৱস্থা বিফল হয় ।

(ঙ) নিৰস্ত্ৰীকৰণ সম্পৰ্কত বৃহৎশক্তিগোষ্ঠীৰ মাজত থকা মতবিৰোধৰ বাবেও অস্ত্ৰ নিৰস্ত্ৰীকৰণ ব্যৱস্থা সফল হোৱা নাছিল।

(চ) জাতিসংঘৰ লীগৰ বাহিৰে ভিতৰে হোৱা নিৰস্ত্ৰীকৰণ সন্মিলনত বৃহৎ শক্তিগোষ্ঠীৰ মূৰব্বীসকলে অংশসমূহ দুৰ্বল হৈ পৰে। ফলত এই ব্যৱস্থা বিফল হয়।

(ছ) পুঁজিবাদী দেশবিলাকে ব্যৱসায়িক দৃষ্টিভংগীৰে যুদ্ধৰ সঁজুলি প্ৰস্তুত কৰি ধন উপাৰ্জন কৰিবলৈ কৰা প্ৰচেষ্টাৰ ফলত অনুন্নত দেশবিলাকলৈও এনে অস্ত্র-শস্ত্ৰৰ ৰপ্তানি কৰে যাৰ ফলত নিৰস্ত্ৰীকৰণ ব্যৱস্থা বিফল হয়।

(জ) সৰু সৰু ৰাষ্ট্ৰবিলাকে নিৰস্ত্ৰীকৰণ ব্যৱস্থাৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰদৰ্শন নকৰাৰ বাবেও এনে ব্যৱস্থা বিফল হৈছে।

(ঝ) নিৰস্ত্ৰীকৰণ বুলি ক’লে প্ৰকৃততে কোনবিলাক দিশ অন্তর্ভুক্ত হ’ব সেই সম্পর্কে এটা নিৰ্দিষ্ট সংজ্ঞা নথকাৰ বাবেও এই ব্যৱস্থা বিফল হয়।

(ঞ) বৰ্তমান বৈজ্ঞানিক আৱিস্কাৰৰ ফলত দিনক দিনে বৃদ্ধি পোৱা যুদ্ধৰ সামগ্ৰীৰ বাবে সীমাৱদ্ধতা আৰোপ কৰাটো সম্ভৱপৰ হোৱা নাই। এনেবোৰ দিশৰ পৰিপ্ৰেক্ষিততো নিৰস্ত্ৰীকৰণ ব্যৱস্থা বিফল হয়।

নিৰস্ত্ৰীকৰণ ব্যৱস্থাৰ ক্ষেত্ৰত জাতিসংঘই নিম্নলিখিত ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰে।

(ক) জাতিসংঘৰ লীগে ১৯২০ চনত সামৰিক, নৌ আৰু বিমানবাহিনীৰ বিশেষজ্ঞক লৈ এখন স্থায়ী নিৰস্ত্ৰীকৰণ পৰামৰ্শকাৰী আয়োগ গঠন কৰে। এই আয়োগে নিৰস্ত্ৰীকৰণ সম্পৰ্কত বৰ্তমান অতি জৰুৰী পৰামৰ্শ আগবঢ়ায়।

(খ) নিৰস্ত্ৰীকৰণ সম্পৰ্কত অস্ত্ৰ সীমিতকৰণ কৰিবৰ বাবে ১৯২০ চনত এখন মিশ্রিত আয়োগ গঠন কৰা হয়। এই আয়োগে স্থায়ী আয়োগৰ লগত যুটীয়াভাৱে কাম কৰি পাৰস্পৰিক সহযোগিতা অস্ত্ৰসীমিতকৰণৰ বাবে পৰামৰ্শ দিয়ে।

এই অস্থায়ী মিশ্রিত আয়োগে অস্ত্ৰ সীমিতকৰণৰ বাবে তলৰ নীতিসমূহ দাঙি ধৰিছিল—

(ক) যিকোনো নিৰস্ত্ৰীকৰণ আঁচনি সাৰ্বজনীনভাৱে কাৰ্যকৰী হ’ব লাগিব।

(খ) অস্ত্ৰ সীমিত কৰিবলৈ হ’লে ৰাষ্ট্ৰৰ চৰকাৰবিলাক নিৰাপদ হ’ব লাগিব।

(গ) অস্ত্ৰ সীমিতকৰণৰ ক্ষেত্ৰত সাধাৰণ চুক্তি সম্পাদন কৰিব লাগিব।

(ঘ) ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰৰ লগত প্ৰতিৰক্ষামূলক চুক্তি সম্পাদন কৰি তৎকালীন সাহার্য নিশ্চিত কৰিব লাগিব ইত্যাদি।

১৯২৪ চনত জাতিসংঘই জেনেভা প্ৰট’কল গ্ৰহণ কৰিছিল। অস্ত্ৰ নিৰস্ত্ৰীকৰণ সম্পৰ্কত এই প্ৰট’কল কিছুমান নীতি গ্ৰহণ কৰিছিল । এই নীতিসমূহ হ’ল—

(ক) যুদ্ধৰ আশ্ৰয় লোৱাটো যিকোনো পৰিস্থিতিত নিষিদ্ধ কৰিব লাগে।

(খ) আক্ৰমণকাৰীক চিনাক্ত কৰিব লাগে আৰু যদি ৰাষ্ট্ৰখনে পৰিষদে নিৰ্দ্ধাৰণ কৰা ব্যৱস্থাৱলী গ্ৰহণ নকৰে তেন্তে সেই দেশখনকে আক্ৰমণকাৰী বুলি চিনাক্ত কৰিব লাগে।

(গ) আক্ৰমণকাৰী হিচাপে নিৰ্দ্ধাৰণ কৰাৰ পিছত দেশখনৰ ওপৰত বাধ্যতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top