Politics of Globalization Unit 2 আন্তর্জাতিক প্রতিষ্ঠান/শাসন

Politics of Globalization Unit 2 আন্তর্জাতিক প্রতিষ্ঠান/শাসন Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Politics of Globalization Unit 2 আন্তর্জাতিক প্রতিষ্ঠান/শাসন Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Politics of Globalization Unit 2 আন্তর্জাতিক প্রতিষ্ঠান/শাসন Question Answer can be of great value to excel in the examination.

Politics of Globalization Unit 2 আন্তর্জাতিক প্রতিষ্ঠান/শাসন

Join Telegram channel

Politics of Globalization Unit 2 আন্তর্জাতিক প্রতিষ্ঠান/শাসন Notes cover all the exercise questions in UGC Syllabus. The Politics of Globalization Unit 2 আন্তর্জাতিক প্রতিষ্ঠান/শাসন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

International Institutions/Regimes

POLITICAL SCIENCE

POLITICS OF GLOBALIZATION

বিশ্বায়নৰ ৰাজনীতি

অতি চমু প্রশ্নোত্তৰঃ

১। অর্থনৈতিক বিশ্বায়ন মানে কি?

উত্তৰঃ পৃথিৱীৰ বিভিন্ন দেশসমূহৰ মাজত থকা অর্থনৈতিক আদান-প্রদান।

২। সাংস্কৃতিক সমৰূপতা মানে কি?

উত্তৰঃ বিশ্বায়নৰ ফলত সাংস্কৃতিক আদান-প্ৰদানৰ জৰিয়তে সাংস্কৃতিক সমৰূপতা সৃষ্টি হয়।

৩। বিশ্ব বাণিজ্য সংস্থা (WTO) কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ ১ জানুৱাৰী ১৯৯৫ চনত।

৪। বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় কত?

উত্তৰঃ জেনেভা, চুইজাৰলেণ্ড।

৫। ভাৰতে কেতিয়া অর্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল?

উত্তৰঃ ১৯৯১ চনত।

৬। বিশ্ব সামাজিক ফ’ৰাম কি?

উত্তৰঃ উদাৰনৈতিক বিশ্বায়নৰ বিৰোধিতা কৰা এখন বিশ্বমঞ্চ।

৭। ব্রিটন উড্চ সমাৱেশ কোন চনত অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৪৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত।

৮। আন্তর্জাতিক মুদ্রা নিধি কোন চনত গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৪৫ চনৰ ২৭ ডিচেম্বৰ তাৰিখে।

৯। বিশ্ব বেংক কোন চনত গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৪৫ চনৰ ২৭ ডিচেম্বৰ তাৰিখে।

১০। বিশ্ব বাণিজ্য সংস্থা কোন চনত স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯৯৫ চনৰ ১ জানুৱাৰী তাৰিখে।

১১। আন্তর্জাতিক মুদ্রা নিধিৰ সদৰ কাৰ্য্যলয় ক’ত অৱস্থিত?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাছিংটনত অৱস্থিত।

১২। বিশ্ব বেংকৰ সদৰ কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাছিংটনত অৱস্থিত।

১৩। বিশ্ব বাণিজ্য সংস্থাৰ সদৰ কাৰ্যালয় কত অৱস্থিত?

উত্তৰঃ জেনেভাত অৱস্থিত।

১৪। আন্তর্জাতিক মুদ্রা নিধিৰ সদস্য সংখ্যা কিমান?

উত্তৰঃ ১৮৫ খন।

১৫। IMF সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ International Monetary Fund.

১৬। IMF কেতিয়া গঠন হৈছিল?

উত্তৰঃ ১৯৪৫ চনৰ ডিচেম্বৰত ।

১৭। IMF কেতিয়া কাৰ্যকৰী হৈছিল?

উত্তৰঃ ১৯৪৭ চনৰ মাৰ্চত।

১৮। ভাৰতে কেতিয়া আন্তর্জাতিক মুদ্রানিধি (IMF)ত যোগদান কৰিছিল?

উত্তৰঃ ২৭ ডিচেম্বৰ ১৯৪৫।

১৯। আন্তর্জাতিক মুদ্রা নিধিৰ (IMF) বর্তমান সদস্যৰ সংখ্যা কিমান?

উত্তৰঃ ১৯০ জন।

২০। আন্তর্জাতিক মুদ্রানিধিৰ (IMF) মুখ্য কার্যালয় ক’ত?

উত্তৰঃ ওৱাচিংটন ডি.চি.।

২১। বিশ্ব বাণিজ্য সংস্থাৰ সদস্য সংখ্যা কিমান?

উত্তৰঃ ১৫৩ খন।

২২। বিশ্বায়নৰ অৰ্থনৈতিক দিশসমূহ কি কি?

উত্তৰঃ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক।

২৩। বিশ্ব সামাজিক ফ’ৰাম কি?

উত্তৰঃ বিশ্ব সামাজিক ফ’ৰাম হ’ল এখন উদাৰনৈতিক বিশ্বায়নৰ বিৰোধিতা কৰা এখন বিশ্বমঞ্চ।

২৪। সামাজিক আৰু অৰ্থনৈতিক সমস্যাৰ লগত জড়িত থকা ৰাষ্ট্ৰসংঘৰ দুটা অভিকৰণৰ নাম লিখা।

উত্তৰঃ দুটা বিশেষ অভিকৰণ হ’ল : IMF আৰু WHOT।

২৫। কেতিয়াৰ পৰা জাপাটিষ্টা আন্দোলন আৰম্ভ হৈছিল?

উত্তৰঃ 1994 চনৰ, জানুৱাৰী মাহৰ পৰা ।

২৬। জাপাটিষ্টা নেচনেল লিবাৰেচন আৰ্মী চমুকৈ জাপাটিষ্টা কেতিয়া প্রতিষ্ঠা হৈছিল?

উত্তৰঃ 1983, 17 নৱেম্বৰত।

২৭। ছিঅটলৰ প্ৰতিবাদ কেতিয়া হৈছিল?

উত্তৰঃ 1999 চনৰ, 30 নৱেম্বৰত।

২৮। বিশ্ব সামাজিক মঞ্চ কেতিয়া গঠন হৈছিল?

উত্তৰঃ 2001 চনৰ, জানুৱাৰী মাহত।

২৯। বিশ্ব সামাজিক মঞ্চৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰঃ পোর্টো এলেগ্রে, ব্রাজিলত।

৩০। বিশ্ব সামাজিক মঞ্চৰ প্ৰথমখন বৈঠক ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ 2001 চনৰ জানুৱাৰী মাহত পোর্টো এলেগ্রেত।

৩১। বিশ্ব সামাজিক সংস্থাৰ প্ৰথমখন বৈঠকৰ শ্ল’গান কি আছিল?

উত্তৰঃ অন্য এক পৃথিৱীৰ সম্ভাৱনা আছে। (Another world is possible)।

৩২। বিশ্ব সামাজিক সংস্থাৰ চতুৰ্থখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰঃ 2004 চনত, ভাৰতত ।

৩৩। ভাৰতীয় সামাজিক মঞ্চ কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ 2006 চনৰ, নৱেম্বৰ মাহত ।

৩৪। এমনেষ্টি ইন্টাৰনেচনেল কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ 1961 চনত ।

৩৫। এমনেষ্টি ইন্টাৰনেচনেলৰ ভাৰতীয় ছেক্ৰেটাৰী জেনেৰেল কোন আছিল?

উত্তৰঃ শলিল চেট্টী।

৩৬। অলপতে এমনেষ্টি ইণ্টাৰনেচনেলে ক’ত তেওঁলোকৰ কাৰ্যালয় বন্ধ কৰিছে?

উত্তৰঃ ভাৰতবৰ্ষ।

৩৭। এমনেষ্টি ইন্টাৰনেচনেলৰ বৰ্তমানৰ ছেক্ৰেটাৰী জেনেৰেল কোন?

উত্তৰঃ এগনেচ্ কালামার্ড।

চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। অর্থনৈতিক বিশ্বায়নৰ দুটা উপাদান উল্লেখ কৰা।

উত্তৰঃ অর্থনৈতিক বিশ্বায়নৰ দুটা উপাদান হ’ল–

(ক) বিশ্ববেংক।

(খ) আন্তর্জাতিক মুদ্রানিধি।

২। আন্তর্জাতিক মুদ্ৰা নিধিৰ দুটা উদ্দেশ্য লিখা।

উত্তৰঃ আন্তর্জাতিক মুদ্রা নিধিৰ দুটা উদ্দেশ্য হ’ল—

(ক) সদস্য ৰাষ্ট্ৰসমূহৰ মাজত অর্থনৈতিক সহযোগিতা স্থাপন কৰা ।

(খ) বৈদেশিক বিনিময় হাৰৰ অস্থিৰতা দূৰ কৰি আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সমতা স্থাপন কৰা।

৩। বিশ্বায়নৰ প্ৰতি আমূল দৃষ্টিভংগী কি?

উত্তৰঃ বিশ্বায়নৰ প্ৰতি আমূল দৃষ্টিভংগীৰ অৰ্থ হৈছে কঠোৰ চৰকাৰী নিয়ম আৰু নিয়মৰ অধীনত ৰাজ্যসমূহৰ মাজত একত্ৰীকৰণ আৰু যোগাযোগ। উদাহৰণস্বৰূপে কঠোৰ চৰকাৰী নিয়ন্ত্রণত বিদেশী বিনিয়োগকাৰীসকলৰ বাবে ব্যৱসায় মুকলি কৰা ।

৪। উদাৰ প্ৰতিষ্ঠানবাদ তত্ত্ব কি?

উত্তৰঃ প্ৰতিষ্ঠানগত উদাৰবাদ বা উদাৰ প্ৰতিষ্ঠানবাদ হৈছে আন্তর্জাতিক সম্পৰ্কৰ এক আধুনিক তত্ত্ব যিয়ে দাবী কৰে যে আন্তর্জাতিক প্রতিষ্ঠান আৰু সংগঠন যেনে ৰাষ্ট্ৰসংঘ (ইউএন), উত্তৰ আটলান্টিক চুক্তি সংগঠন (নাটো) আৰু ইউৰোপীয় ইউনিয়নে (ইউৰোপীয় ইউনিয়ন) ৰাজ্যসমূহৰ মাজত সহায় আৰু সহযোগিতা বৃদ্ধি কৰিব পাৰে।

৫। বিশ্বায়নৰ ৭ টা মুখ্য প্ৰকাৰ কি?

উত্তৰঃ বিত্তীয় বিশ্বায়ন, অর্থনৈতিক বিশ্বায়ন, প্রযুক্তিগত বিশ্বায়ন, ৰাজনৈতিক বিশ্বায়ন, সাংস্কৃতিক বিশ্বায়ন, সমাজতাত্ত্বিক বিশ্বায়ন, পাৰিপাৰ্শ্বিক বিশ্বায়ন।

৬। বিশ্ব বেংকৰ দুটা উদ্দেশ্য লিখা।

উত্তৰঃ বিশ্ব বেংকৰ দুটা উদ্দেশ্য হ’ল—

(ক) যুদ্ধ বিধ্বস্ত অর্থনীতিসমূহৰ পুনৰ গঠন।

(খ) অনুন্নত ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক উন্নয়নত সাহাৰ্য প্রদান।

৭। বিশ্ব বাণিজ্য সংস্থাৰ তিনিটা কাৰ্য উল্লেখ কৰা।

উত্তৰঃ বিশ্ব বাণিজ্য সংস্থাৰ তিনিটা কাৰ্য হ’ল—

(ক) বাণিজ্য শুল্ক আৰু অন্যান্য বাণিজ্যিক বাধাসমূহ হ্রাস কৰা।

(খ) বহনক্ষম উন্নয়নৰ বাবে বিশ্বৰ সমাদৰপূৰ্ণ ব্যৱহাৰ সহজ কৰি তোলা।

(গ) আন্তর্জাতিক বাণিজ্যক সম্পৰ্কৰ ক্ষেত্ৰত বিভেদমূলক ব্যৱস্থাসমূহ দূৰ কৰা ।

৮। বিশ্ব বাণিজ্য সংস্থাৰ প্ৰধান তিনিটা আইনগত ব্যৱস্থা কি কি?

উত্তৰঃ বিশ্ব বাণিজ্য সংস্থাৰ প্ৰধান তিনিটা আইনগত ব্যৱস্থাসমূহ হ’ল–

(ক) শুল্ক আৰু বাণিজ্যৰ সাধাৰণ চুক্তি।

(খ) সেৱা আৰু বাণিজ্যসংক্রান্ত সাধাৰণ চুক্তি।

(গ) বুদ্ধি-বৃত্তি সম্পর্কিত সম্পত্তিৰ অধিকাৰসমূহৰ সাধাৰণ চুক্তি।

৯। বিশ্ব বেংকৰ (World Bank) কার্যসমূহ লিখা।

উত্তৰঃ বিশ্ব বেংকৰ (World Bank) কাৰ্যসমূহ তলত দিয়া ধৰণৰ—

(ক) বিধ্বংসী ৰাষ্ট্ৰসমূহৰ পুনৰ নিৰ্মাণৰ বাবে ঋণ প্ৰদান কৰা ।

(খ) অনুন্নত ৰাষ্ট্ৰৰ বিকাশৰ বাবে ঋঋণ প্ৰদান কৰা।

(গ) চৰকাৰী কাৰ্যসূচী যেনে কৃষি, শক্তি, যাতায়াত, পানীযোগান, শিক্ষা, স্বাস্থ্য আৰু জলসিঞ্চন আদিৰ বাবে ঋণ প্ৰদান কৰা।

(ঘ) নির্দিষ্ট প্ৰকল্পৰ কাৰণে ঋণ প্ৰদান কৰা। দীৰ্ঘম্যাদী বিকাশৰ প্ৰকল্পৰ বাবে ৫ৰ পৰা ২০ বছৰ সময় সীমালৈ ঋণ প্ৰদান কৰা।

(ঙ) অনুন্নত ৰাষ্ট্ৰৰ অৰ্থনৈতিক সংস্কাৰ সাধন কৰি ঔদ্যোগিক বিকাশ সাধন কৰা।

(চ) সদস্য ৰাষ্ট্ৰসমূহৰ বিবাদ নিষ্পত্তি কৰা।

(ছ) সদস্য ৰাষ্ট্ৰসমূহলৈ কাৰিকৰী সেৱা আগবঢ়োৱা।

(জ) অর্থনৈতিক, কাৰিকৰী আৰু বিত্তীয় আদিৰ নিৰ্দিষ্ট প্ৰকল্পৰ বাবে সদস্য ৰাষ্ট্ৰসমূহক দিহা-পৰামৰ্শ প্ৰদান কৰা ।

১০। আন্তর্জাতিক মুদ্রা নিধিৰ (IMF) দুটা কাৰ্য উল্লেখ কৰা।

উত্তৰঃ আন্তর্জাতিক মুদ্ৰানিধিৰ দুটা কাৰ্য হ’ল—

(ক) এটা স্থায়ী সংস্থাৰ জৰিয়তে আন্তর্জাতিক মুদ্ৰাৰ সহযোগিতা স্থাপন কৰা; যিয়ে আন্তর্জাতিক মুদ্রিক সমস্যাৰ পৰামৰ্শ দান আৰু সহযোগিতাৰ আহিলা হিচাপে কাম কৰে।

(খ) বিনিময়ৰ স্থিৰতা উন্নত কৰা, সদস্যসমূহৰ মাজত বিনিময়ৰ সুশংখলিত ব্যৱস্থা কৰা ।

১১। বিশ্ব বেংক (World Bank) ৰ দুটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ বিশ্ব বেংকৰ দুটা কাৰ্য হ’ল–

(ক) ব্যক্তিগত বিনিয়োগকাৰীৰ বিনিয়োগক গেৰাণ্টি প্ৰদান কৰি ব্যক্তিগত বিনিয়োগক উৎসাহিত কৰা ।

(খ) অঞ্চলসমূহৰ পুনঃগঠন আৰু বিকাশৰ বাবে পুঁজিৰ বিনিয়োগৰ সুবিধা প্ৰদান কৰা ।

১২। বিশ্ব বেংকৰ দুটা কাৰ্য লিখা।

উত্তৰঃ বিশ্ব বেংকৰ দুটা কাৰ্য হ’ল—

(ক) ধ্বংসমুখী ৰাষ্ট্ৰসমূহৰ পুনঃ নিৰ্মাণৰ বাবে ঋণ প্রদান।

(খ) অনুন্নত ৰাষ্ট্ৰসমূহক উন্নয়নমূলক ঋণ প্রদান।

১৩। বিশ্ব বাণিজ্য সংস্থাৰ দুটা উদ্দেশ্য লিখা।

উত্তৰঃ বিশ্ব বাণিজ্য সংস্থাৰ দুটা উদ্দেশ্য হ’ল–

(ক) প্রত্যেক দেশকে সুবিধা প্ৰদানৰ বাবে বিশ্ব বাণিজ্যৰ প্ৰসাৰ কৰা।

(খ) পৃথিৱীৰ সম্পদসমূহৰ বিস্তাৰিত আৰু সৎ ব্যৱহাৰ কৰা ।

১৪। ভাৰতৰ কৃষি পণ্যৰ বাণিজ্যৰ ওপৰত বিশ্ব বাণিজ্য সংস্থাৰ প্ৰভাৱ আলোচনা কৰা ।

উত্তৰঃ প্ৰভাৱ সমূহ মিশ্ৰ প্ৰকৃতিৰ। এই সমূহ তলত আলোচনা কৰা হ’ল–

(ক) বিশ্ব বাণিজ্য সংস্থা গঠনৰ তিনি বছৰৰ পিছত কৃষি পণ্যৰ আমদানি উৰ্দ্ধমুখী হ’বলৈ ধৰে আৰু ৰপ্তানি ক্ষিপ্ৰ গতিত হ্রাস পায়। আন্তর্জাতিক বজাৰত কৃষি সামগ্ৰীৰ দাম দ্রুত গতিত হ্রাস পোৱাৰ ফলত ভাৰতৰ কৃষি পণ্যৰ ৰপ্তানি অধিকভাৱে ক্ষতিগ্রস্থ হয়।

(খ) ভাৰতৰ সাধাৰণ চাউল আৰু গমে আন্ত: ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ সন্মুখীন হ’ব পৰা নাই। ৰপ্তানি সামগ্ৰীসমূহ, যেনেঃ চাহ, কফি আদিৰ আর্ন্তজাতিক বজাৰৰ দাম হ্ৰাস পোৱাৰ ফলত পৰিমাণগত ভাৱে ৰপ্তানি হ্রাস নাপালেও বিদেশী মুদ্ৰা অৰ্জনত ভাৰত ক্ষতিগ্রস্থ হৈছে।

(গ) আন্তর্জাতিক বজাৰত কৃষি পণ্যৰ চৰকাৰী আর্থিক সাহাৰ্য্য বন্ধ কৰি, বাণিজ্য শুক্ল হ্রাস কৰি আৰু বিভিন্ন চৰকাৰী বাধা-নিষেধ আঁতৰাই বিশ্ব বাণিজ্য সংস্থাই আন্তর্জাতিক বজাৰখন অধিক শক্তিশালী আৰু প্ৰতিযোগিতা পূৰ্ণ কৰি তোলাৰ লক্ষ্য আগত ৰাখিছে।

১৫। অর্থনৈতিক উন্নয়নত আন্তর্জাতিক মুদ্ৰা নিধিৰ ভূমিকা বর্ণনা কৰা ।

উত্তৰঃ বৈদেশিক লেন-দেনৰ মৌলিক ভাৰসাম্যহীনতা দূৰীকৰণৰ লগত অনুন্নত ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰতো আন্তর্জাতিক মুদ্রানিধিয়ে এক অগ্রণী ভূমিকা পালন কৰি আহিছে। মুখ্য ভূমিকাসমূহ হ’ল–

(ক) এই আন্তর্জাতিক অনুষ্ঠানটোৱে সদস্য ৰাষ্ট্ৰসমূহৰ দ্বাৰা মুদ্ৰাৰ ভাণ্ডাৰ ৰূপে স্বীকৃতি লাভ কৰিছে।

(খ) এই নিধিৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰৰ পৰা সদস্য ৰাষ্ট্ৰসমূহে বৈদেশিক মুদ্ৰাৰ চাহিদা পূৰণ কৰাত ভালেখিনি সক্ষম হৈছে।

(গ) বৈদেশিক মুদ্ৰাৰ মাধ্যমেৰে ঋণ আগবঢ়াই আন্তর্জাতিক মুদ্রানিধিয়ে সদস্য দেশবোৰৰ হ্রস্বকালীন বৈদেশিক লেন-দেনৰ ভাৰসাম্যহীনতাৰ সমস্যা সমাধান কৰাত সহায় কৰিছে।

(ঘ) বৈদেশিক বিনিময় মূল্যৰ স্থিৰতা ৰক্ষা আৰু বিশ্বৰ বাণিজ্যস্তৰৰ উন্নতি সাধন আৰু প্ৰসাৰ সাধন কৰি সদস্য ৰাষ্ট্ৰসমূহৰ বহিৰ্বাণিজ্যৰ স্থিৰতাৰ লগত আভ্যন্তৰীণ সুস্থিৰতা ৰক্ষাত আন্তর্জাতিক মুদ্ৰানিধিৰ ভূমিকা উল্লেখনীয়।

১৬। ভাৰতৰ কৃষিপণ্যৰ বাণিজ্যৰ ওপৰত বিশ্ব বাণিজ্য সংস্থাৰ প্ৰভাৱ আলোচনা কৰা।

উত্তৰঃ প্ৰভাৱসমূহ মিশ্ৰ প্ৰকৃতিৰ । এইসমূহ তলত আলোচনা কৰা হ’ল—

(ক) বিশ্ব বাণিজ্য সংস্থা গঠনৰ তিনি বছৰৰ পিছত কৃষি পণ্যৰ আমদানি উৰ্দ্ধমুখী হ’বলৈ ধৰে আৰু ৰপ্তানি ক্ষিপ্ত গতিজ্ঞ হ্রাস পায়। আন্তর্জাতিক বজাৰত কৃষি সামগ্ৰীৰ দাম দ্ৰুত গতিত হ্রাস পোৱাৰ ফলত ভাৰতৰ কৃষি পণ্যৰ ৰপ্তানি অধিকভাৱে ক্ষতিগ্রস্থ হয়।

(খ) ভাৰতৰ সাধাৰণ চাউল আৰু গমে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ সন্মুখীন হ’ব পৰা নাই। ৰপ্তানি সামগ্ৰীসমূহ যেনে: চাহ, কফি আদিৰ আন্তর্জাতিক বজাৰৰ দাম হ্রাস পোৱাৰ ফলত পৰিমাণগতভাৱে ৰপ্তানি হ্রাস নাপালেও বিদেশী মুদ্ৰা অৰ্জনত ভাৰত ক্ষতিগ্রস্থ হৈছে।

(গ) আন্তর্জাতিক বজাৰত কৃষিপণ্যৰ চৰকাৰী আৰ্থিক সাহায্য বন্ধ কৰি, বাণিজ্য শুক্ল হ্ৰাস কৰি আৰু বিভিন্ন চৰকাৰী বাধা- নিষেধ আঁতৰাই বিশ্ব বাণিজ্য সংস্থাই আন্তর্জাতিক বজাৰখন অধিক শক্তিশালী আৰু প্ৰতিযোগিতা পূৰ্ণ কৰি তোলাৰ লক্ষ্য আগত ৰাখিছে।

১৭। বর্তমান যুগত ৰাষ্ট্ৰসংঘক এক অতি প্রয়োজনীয় সংগঠন বুলি ভাৱানে? যুক্তি দিয়া।

উত্তৰঃ বৰ্তমান বিশ্বত ৰাষ্ট্ৰসংঘক এক গুৰুত্বপূর্ণ আন্তর্জাতিক সংগঠন হিচাপে বিবেচনা কৰা হয়। সমগ্র বিশ্ববাসীৰ চকুত ই মানৱ জাতিৰ শান্তি আৰু প্ৰগতিক প্রতিনিধিত্ব কৰা অতি অপৰিহাৰ্য্য অনুষ্ঠান। এই ৰাষ্ট্ৰসংঘ নামৰ আন্তর্জাতিক অনুষ্ঠানটো শান্তি আৰু সহযোগিতাৰ বাবে অতি লাগতিয়াল অনুষ্ঠান। ৰাষ্ট্ৰসংঘৰ নেতৃত্বৰ ৰাষ্ট্ৰবোৰৰ সহযোগিতাই বিশ্ববাসীৰ বাবে শান্তিপূর্ণ জীৱন নিৰ্বাহৰ ব্যৱস্থাৰ সূচনা কৰিছে। ৰাষ্ট্ৰবোৰৰ মাজৰ সমস্যা আৰু বিবাদবোৰ আলোচনা-বিলোচনাৰ জৰিয়তে যুদ্ধ পৰিহাৰ কৰি শান্তিপূর্ণ সমাধানৰ পথ নিৰ্ণয় কৰাত ৰাষ্ট্ৰসংঘৰ ভূমিকা অপৰিসীম।

১৮। এক মেৰুৰ বিশ্বত ৰাষ্ট্ৰসংঘ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে ভাৰসাম্য বুলি ভাবানে? কাৰণ দর্শোৱা।

উত্তৰঃ ৰাষ্ট্ৰসংঘত আমেৰিকাৰ স্থান সম্পৰ্কে লক্ষ্য কৰিলে দেখা যায় যে ৰাষ্ট্ৰসংঘৰ ই অতি প্ৰভাৱশালী সদস্য। নিৰাপত্তা পৰিষদৰ ই স্থায়ী সদস্য আৰু সেইবাবে এই ৰাষ্ট্ৰৰ ভেটো ক্ষমতা আছে। ৰাষ্ট্ৰসংঘলৈ আগবঢ়োৱা আমেৰিকাৰ অর্থনৈতিক অৱদান উল্লেখনীয়। তদুপৰি আন্তর্জাতিক ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ অনুমোদনৰ অবিহনে নিজাব্বীয়াকৈ আমেৰিকাই কোনো কোনো ক্ষেত্ৰত সামৰিক কাৰ্য চলাইছে। তথাপি ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই । গতিকে এনে পৰিস্থিতিত এই ৰাষ্ট্ৰসংঘৰ দৰে আন্তর্জাতিক সংগঠনটোৰ অস্তিত্ব সংকটাপন্ন হ’ব বুলি বহুত লোকে সন্দেহ প্রকাশ কৰে আৰু ৰাষ্ট্ৰসংঘ যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে ভাৰসাম্য নহয় সেই মতামত ব্যক্ত কৰে।

১৯। গোলকীয় নাগৰিক সমাজৰ কেইটামান বৈশিষ্ট্য লিখা।

উত্তৰঃ গোলকীয় নাগৰিক সমাজৰ কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য হ’ল–

(ক) গোলকীয় নাগৰিক সমাজে ব্যক্তি, সংগঠন, বেচৰকাৰী সংগঠন, সামাজিক আন্দোলনৰ বৃহৎ সমূহ আৰু নেটৱৰ্কক বুজায় যিয়ে আন্তর্জাতিক উদ্দেশ্যৰ বাবে কাম কৰে।

(খ) গোলকীয় নাগৰিক সমাজ হৈছে গোলকীকৰণৰ বিশ্বত নাগৰিকৰ অংশগ্ৰহণৰ এক নতুন ৰূপ। ই ৰাজ্যিক বা ৰাষ্ট্ৰীয় সীমা অতিক্রমি কাম কৰে।

(গ) গোলকীয় নাগৰিক সমাজক ‘সমাজৰ সমাজ’ নাইবা ‘বিশ্বজনীন সমাজ’ বুলিও ক’ব পাৰি। ই এতিয়াও গোলকীয়, স্থানীয়, ৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত বিকশিত হৈ আছে।

(ঘ) গোলকীয় নাগৰিক সমাজে আন্তর্জাতিক সম্পৰ্কত অন্যান্য ৰাজ্য MNC বা TNC, আৰু আন্তর্জাতিক সংগঠনতকৈ এক বিশেষ ভূমিকা পালন কৰে।

(ঙ) বেছিভাগ গোলকীয় সামাজিক আন্দোলনে গোলকীয় নাগৰিক সমাজৰ মাধ্যমেৰে প্ৰচাৰিত হয়।

২০। গোলকীয় সামাজিক আন্দোলনৰ কেইটামান উদাহৰণ দিয়া। (Give some examples of Global Social Movement.)

উত্তৰঃ গোলকীয় সামাজিক আন্দোলনৰ কেইটামান উদাহৰণ হ’ল–

(ক) 1999 চনৰ চিঅ’ টলৰ প্ৰতিবাদ।

(খ) জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে প্রতিবাদ।

(গ) পৰিৱেশ প্ৰদূষণৰ বাবে প্ৰতিবাদ।

(ঘ) নিবনুৱা সমস্যা বৃদ্ধিৰ বিৰুদ্ধে প্রতিবাদ।

২১। কেইটামান আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থাৰ নাম লিখা।

উত্তৰঃ কেইটামান আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা হ’ল–

(ক) বিশ্ব সামাজিক মঞ্চ।

(খ) গ্রাণপিচ।

(গ) এমনেষ্টি ইণ্টাৰনেচনেল।

(ঘ) ৰেইনবো এলায়েঞ্চ।

(ঙ) স্মাইল ফাউণ্ডেচন।

(চ) গিভ ফাউণ্ডেচন।

(ছ) হেলপ এজ ইণ্ডিয়া।

(জ) ক্রাইইত্যাদি।

২২। আন্তর্জাতিক মুদ্রানিধি আৰু বিশ্ববেংক মানে কি?

উত্তৰঃ আন্তর্জাতিক মুদ্ৰানিধি আৰু বিশ্ব বেংক ১৯৪৪ চনৰ ব্রিটন উড্চ সমাৱেশত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী ১৯৪৫ চনৰ ২৭ ডিচেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ সদৰ কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাহিংটনত। বিশ্বৰ মুদ্ৰা ব্যৱস্থাৰ স্থিৰতা ৰক্ষা, আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ উন্নয়ন আৰু সদস্য ৰাষ্ট্ৰসমূহৰ বৈদেশিক লেন-দেনৰ ভাৰসাম্য ৰক্ষা কৰা আন্তর্জাতিক মুদ্ৰানিধিৰ মূল লক্ষ্য। আনহাতে, বিশ্ব বেংকৰ মূল উদ্দেশ্য হ’ল সদস্য ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক উন্নয়নত সাহাৰ্য প্ৰদান, দৰিদ্ৰতা আৰু দুৰ্নীতি দূৰীকৰণ ইত্যাদি। আন্তর্জাতিক মুদ্ৰানিধিয়ে বিত্তীয় সাহাৰ্য আগবঢ়োৱাৰ লগতে বা পূর্ব চৰ্ত হিচাপে সাধাৰণতে কিছুমান অর্থনৈতিক সংস্কাৰৰ প্ৰস্তাৱ সদস্য ৰাষ্ট্ৰখনৰ আগত উত্থাপন কৰে। সংস্কাৰমূলক এই ব্যৱস্থাটো হৈছে আন্তর্জাতিক মুদ্ৰানিধিৰ “সাংগঠনিক সমন্বয় ব্যৱস্থা”। আনহাতে, বিশ্ব বেংকৰ কাৰ্যসমূহ কৃষি খণ্ডৰ উন্নয়ণৰ পৰা বাণিজ্য নীতি আৰু জনস্বাস্থ্য আৰু শিক্ষাৰ পৰা শক্তি আৰু খনিজ সামগ্ৰীৰ উৎপাদনলৈ সম্প্ৰসাৰণ কৰা হৈছে। বিশ্ব বেংকৰ অন্তৰ্ভুক্ত আন্তর্জাতিক উন্নয়ন সংস্থাই নিম্ন আয়ৰ দেশবোৰক কম সুতৰ হাৰত বা সুতবিহীন ঋণ গ্ৰহণৰ সুবিধা প্ৰদান কৰে। বিশ্ববেংকে পুঁজিবন্টন প্রণালী আৰু পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰত স্বচ্ছতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

২৩। বিশ্ব বাণিজ্য সংস্থা কি?

উত্তৰঃ ১৫৩ খন ৰাষ্ট্ৰ লৈ ১৯৯৪ চনৰ ১ জানুৱাৰী তাৰিখে বিশ্ব বাণিজ্য সংস্থা স্থাপন কৰা হয়। ইয়াৰ সদৰ কাৰ্যালয় জেনেভাত। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাধাসমূহ দূৰ কৰি বাণিজ্যিক উদাৰীকৰণ আৰু অবাধ বাণিজ্য ব্যৱস্থাৰ প্ৰৱৰ্ত্তন কৰা ইয়াৰ মূল উদ্দেশ্য। ভাৰতবৰ্ষ বিশ্ব বাণিজ্য সংস্থাৰ এখন প্ৰতিষ্ঠাপক সদস্য রাষ্ট্র। মৰক্কোৰ মাৰাকেশত অনুষ্ঠিত বিশ্ব বাণিজ্য সংস্থাৰ অধিৱেশনত কৃষিৰ তিনিটা ক্ষেত্ৰ চিহ্নিত কৰি দিয়া হয়—বজাৰ প্ৰৱেশ, ৰাষ্ট্ৰীয় সমর্থন আৰু ৰপ্তানি সাহাৰ্য। কিন্তু আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক সংকটৰ পৰা ভাৰতৰ কৃষি পণ্যৰ বাণিজ্য প্ৰভাৱ মুক্ত হ’ব পৰা নাই। নিম্নগামী কৃষি পণ্যৰ ৰপ্তানি আৰু উৰ্দ্ধগামী কৃষিপণ্যৰ আমদানিৰ ফলত ভাৰতবৰ্ষৰ বাণিজ্যক লেন-দেনৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰপ্তানি সামগ্ৰী সমূহ যেন–চাহ, কফি আদিৰ আন্তর্জাতিক বজাৰৰ দাম হ্রাস পোৱাৰ ফলত পৰিমাণগতভাবে ৰপ্তানি হ্রাস নাপালেও বিদেশী মুদ্ৰা অৰ্জনত ভাৰত ক্ষতিগ্ৰস্ত হৈছে। অৱেশ্যে, কৃষি পণ্যৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ এনে সংকটজনক অৱস্থা যাতে দীর্ঘস্থায়ী নহয়, তাৰ বাবে বিশ্ব বাণিজ্য সংস্থাই প্রচেষ্টা লোৱা উচিত।

২৪। বিশ্বায়নৰ অৰ্থনৈতিক প্রভাৱসমূহ কি কি?

উত্তৰঃ অর্থনৈতিক বিশ্বায়ন মূলতঃ পৃথিৱীৰ বিভিন্ন দেশৰ মাজত থকা অর্থনৈতিক সোঁতৰ লগত জড়িত। এই সোঁতটো নাইবা আদান-প্ৰদানবোৰে বস্তু সামগ্ৰী, মূলধন মানুহ আৰু আদৰ্শৰ বিভিন্ন ৰূপ ল’ব পাৰে।

ইয়াৰ মূল লক্ষণসমূহ হল–

(ক) বিশ্বায়নত বিশ্বৰ চাৰিওকাষৰ বৃহৎ সামগ্ৰীৰ ব্যৱসায় জড়িত হৈ থাকে। আন দেশৰ পৰা সম্পদ আমদানিৰ ক্ষেত্ৰ ত বিভিন্ন ৰাষ্ট্ৰই আৰোপ কৰা বাধা নিষেধসমূহ ইয়াত কমোৱা হয়।

(খ) একেদৰে বিভিন্ন ৰাষ্ট্ৰৰ মাজত মূলধনৰ চলাচলৰ ক্ষেত্ৰত থকা বাধাবোৰো কমোৱা হয়।

(গ) কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ জৰিয়তে বিশ্বায়নে জাতীয় সীমা পাৰ হৈ ভাৱৰ আদান-প্রদান নিশ্চিত কৰে।

(ঘ) বিশ্বায়নৰ ফলত আন্তর্জাতিক সংগঠন যেনে বিশ্ববেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্রানীতি আৰু বিশ্বস্বাস্থ্য সংস্থা আদিৰ সৃষ্টি হয় যাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা গোটেই পৃথিৱীতেই আছে।

(ঙ) উন্নত ৰাষ্ট্ৰবোৰে সাৱধানেৰে ভিচা নীতিৰ দ্বাৰা নিজৰ সীমা পহৰা দিছে এইটো নিশ্চিত কৰিবৰ বাবে যাতে অন্য ৰাষ্ট্ৰৰ নাগৰিকে আহি তেওঁলোকৰ ৰাষ্ট্ৰৰ নাগৰিকৰ পদবীসমূহ লৈ যাব নোৱাৰে।

(চ) অর্থনৈতিক বিশ্বায়নে গোটেই পৃথিৱীতে মতামতৰ ক্ষেত্ৰত এটা গভীৰ বিভাজনৰ সৃষ্টি কৰিছে।

(ছ) অর্থনৈতিক বিশ্বায়নে গোটেই পৃথিবীতে মতামতৰ ক্ষেত্ৰত এটা গভীৰ বিভাজনৰ সৃষ্টি কৰিছে। যিবিলাক সামাজিক ন্যায় সম্পর্কে উদ্বিগ্ন তেওঁলোক অর্থনৈতিক বিশ্বায়নৰ প্ৰক্ৰিয়াৰ কাৰণে ৰাষ্ট্ৰৰ ব্যাপক প্ৰত্যাহাৰক লৈ চিন্তিত। তেওঁলোকে দেখুৱাই দিছে যে ইয়াৰ দ্বাৰা জনসাধাৰণৰ মাত্ৰ এটা সৰু অংশহে লাভ হ’ব পাৰে। য’ত যিসকলে পদবী আৰু কল্যাণৰ বাবে চৰকাৰৰ ওপৰত নিৰ্ভৰশীল (শিক্ষা, স্বাস্থ্য, স্বাস্থ্যপদ ইত্যাদি) তেওঁলোকক দুখীয়া কৰিছিল। তেওঁলোকে আনুষ্ঠানিক সুৰক্ষা সুনিশ্চিত কৰাৰ ওপৰত জোৰ দিছিল অথবা ‘সামাজিক সুৰক্ষা কাল’ৰ সৃষ্টি কৰাৰ ওপৰত যিয়ে অর্থনৈতিকভাৱে দুৰ্বলসকলৰ ওপৰত বিশ্বায়ন নেতিবাচক প্ৰভাৱক কম কৰিব পাৰে।

(জ) অর্থনৈতিক বিশ্বায়নৰ বক্তাসকলে যুক্তি দৰ্শায় যে অর্থনৈতিক বিশ্বায়নে জনসাধাৰণৰ এটা বৃহৎ অংশৰ বাবে ব্যাপক অর্থনৈতিক বিকাশ আৰু কল্যাণ সাধন কৰিছে যেতিয়া তাত অনিয়ন্ত্ৰণ আছে। ৰাষ্ট্ৰবোৰৰ মাজত হোৱা বৃহৎ ব্যৱসায়ে প্রত্যেকখন ৰাষ্ট্ৰৰ অৰ্থনীতিকে ইয়াৰ যিমান ভাল কৰিব পাৰে কৰিব দিছে। ই গোটেই বিশ্বৰেই মঙ্গল কৰিব।

১৯৯১ চনত এটা অর্থনৈতিক সংকটৰ মুখামুখি হওঁতে আৰু উচ্চ অর্থনৈতিক বিকাশৰ ইচ্ছাৰ বাবে ভাৰতে অর্থনৈতিক সংশোধনৰ এখন নতুন আঁচনি কৰিলে যিয়ে ব্যৱসায় আৰু বহি বিনিয়োগকে ধৰি বিভিন্ন বিষয়ত বৰ্দ্ধিতভাৱে অনিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিলে। এই আঁচনিখনৰ অধীনত ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ কোম্পানীৰ বাবে কিছু কাম মুকলি কৰি অনা হৈছিল। এটা বৃহৎ আকাৰৰ ৰাজহুৱা খণ্ডৰ কোম্পানিয়ে লোকচান ভৰিবলগীয়া হৈছিল। তাৰোপৰি ব্যক্তিগত খণ্ডটোক বহুতো বাধাৰ পৰা মুক্ত কৰি দিয়া হৈছিল। উদ্যোগীকৰণ আৰু অন্য দেশৰ ব্যৱসায়িক ঘৰবোৰে ভাৰতত তেওঁলোকৰ নিজৰ বস্তুবোৰ উৎপাদন আৰু বিক্ৰী কৰিবৰ বাবে আৰু চাকৰি কৰিবৰ বাবে ভাৰত দৰ্শন কৰিছিল। শেষৰ কেইটামান বছৰত বহুতো বিদেশী কোম্পানীয়ে ভাৰতত মোবাইল, খবৰৰ প্ৰযুক্তিবিদ্যাৰ উৎপাদনৰ বাবে ভাৰতত খোপনি পুতিছে।

২৫। উন্নয়নশীল ৰাষ্ট্ৰৰ অৰ্থনৈতিক উন্নয়নত বিশ্ব বেংকৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ বিশ্ব বেংকৰ স্থাপনৰ প্ৰধান উদ্দেশ্য আছিল যুদ্ধ বিধবস্থ ইউৰোপৰ অৰ্থনৈতিক পুনৰ গঠন আৰু অনুন্নত ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰা। বিশ্ব বেংকৰ মুখ্য ভূমিকাসমূহ হ’ল–

(ক) বিশ্ব বেংকৰ পৰা পুঁজিৰ সাহায্য লৈ উন্নয়নশীল ৰাষ্ট্ৰসমূহে বিভিন্ন উন্নয়নমূলক প্ৰকল্পসমূহৰ ৰূপায়ণত সক্ষম হ’ব পাৰিছে।

(খ) বিশ্ব বেংকৰ অন্তৰ্ভুক্ত আন্তর্জাতিক উন্নয়ন সংস্থাই নিম্ন আয়ৰ দেশবোৰক কম সুদৰ হাৰত বা সুদবিহীন মধ্যকালীন আৰু দীৰ্ঘকালীন ঋণ গ্ৰহণৰ সুবিধা প্ৰদান কৰে।

(গ) বিশ্ব বেংকে কৃষি, শক্তি, পৰিবহন, যোগাযোগ, উদ্যোগ, পানীযোগান, নগৰ উন্নয়ণ আদিৰ ক্ষেত্ৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহক যথেষ্ট সুযোগ-সুবিধা আগবঢ়াইছে।

(ঘ) দুৰ্নীতি দুৰীকৰণৰ অৰ্থে বিশ্ব বেংকে ৰাজনৈতিক দায়বদ্ধতা, সামাজিক সচেতনতা বৃদ্ধি, ব্যক্তিগত খণ্ডৰ মাজত প্ৰতিযোগিতাৰ বৃদ্ধি, নিৰপেক্ষ বিচাৰ ব্যৱস্থাৰ প্ৰৱৰ্তন আৰু ৰাজহুৱা খণ্ডৰ দক্ষ পৰিচালনাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

(ঙ) বিশ্ববেংকে পুঁজিৰ বিতৰণ প্ৰণালী আৰু পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰতো স্বচ্ছতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

(চ) কোনো সদস্যৰাষ্ট্ৰলৈ ঋণ প্ৰদান কৰোতে বিশ্ব বেংকে ৰাষ্ট্ৰখনৰ ঋণ পৰিশোধ ক্ষমতা আৰু সুদ আদায়ৰ ওপৰতো গুৰুত্ব দিয়ে।

২৬। আন্তর্জাতিক বিত্ত প্ৰতিষ্ঠানসমূহৰ সদস্যৰাষ্ট্ৰ হিচাপে ভাৰতৰ সুবিধা আৰু অসুবিধা সমূহ উল্লেখ কৰা ।

উত্তৰঃ সুবিধাসমূহ—

(ক) ভাৰতীয় অর্থনীতিয়ে কৃষি, উদ্যোগ, শক্তি, পৰিবহণ, যোগাযোগ আদিৰ নিৰ্দিষ্ট প্রকল্পসমূহৰ উন্নয়নত অগ্ৰগতি লাভ কৰিছে।

(খ) বৈদেশিক মুদ্ৰাৰ প্ৰয়োজন আৰু বৈদেশিক লেন-দেনৰ ঘাটি পূৰণ কৰিবলৈ চৰকাৰে সুবিধা অৰ্জন কৰিছে৷

(গ) বিশ্ব বেংকৰ নেতৃত্বত গঠিত ‘ভাৰত সাহায্য সংস্থা’ৰ পৰা ভাৰতে 1993 চনলৈ মুঠ 6700 নিযুত ডলাৰলৈ ঋণ সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে।

(ঘ) ঋণ প্ৰদানৰ পূৰ্বচৰ্ত ৰূপে আন্তর্জাতিক মুদ্ৰানিধি আৰু বিশ্ববেংকে ‘সাংগঠনিক সমন্বয় কৰ্মসূচী’ ভাৰত চৰকাৰৰ আগত উত্থাপন কৰে আৰু ফলস্বৰূপে 1991 চনত ভাৰতীয় অর্থনীতিৰ সংস্কাৰ আৰম্ভ কৰা হয়।

(ঙ) আভ্যন্তৰীণ ব্যক্তিগতখণ্ড আৰু বৈদেশিক বিনিয়োগৰ পৰিসৰ বঢ়াই দিয়া হয়।

(চ) ঔদ্যোগিক উৎপাদনত ৰাজহুৱা খণ্ডৰ পৰিৱৰ্তে ব্যক্তিগতখণ্ডৰ প্ৰাধান্য দি উদ্যোগস্থাপনৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা প্রত্যাহাৰ কৰা হয়।

অসুবিধাসমূহ –

(ক) ভাৰতবৰ্ষই মিশ্ৰ অৰ্থনীতিৰ লক্ষ্য পূৰণ কৰাত অসমৰ্থ হৈছে।

(খ) উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ঋণ পৰিশোধ ক্ষমতা কম। সেয়েহে, বৈদেশিক লেন-দেনৰ ভাৰসাম্যহীনতাৰ সমস্যা দূৰ কৰাৰ উদ্দেশ্যেৰে আগবঢ়োৱা হ্রস্বম্যাদী ঋণ ব্যৱস্থাই সমস্যা সমূহ আৰু অধিক জটিল কৰি তুলিছে।

(গ) বিশ্ব বেংকে দুৰ্নীতি দূৰীকৰণৰ নীতি গ্ৰহণ কৰিলেও বাস্তৱ ক্ষেত্ৰত পুঁজিৰ বিতৰণ আৰু পুঁজিৰ ব্যৱহাৰ স্বচ্ছ হোৱা নাই।

(ঘ) আন্তর্জাতিক বিত্ত অনুষ্ঠানসমূহৰ সাংগঠনিক সমন্বয় কর্মসূচীয়ে দাৰিদ্র্য দূৰীকৰণ আৰু দুৰ্নীতি দূৰীকৰণ, এই উভয় ক্ষেত্ৰতেই ব্যৰ্থ হৈছে।

২৭। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি কি? আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ উদ্দেশ্যসমূহ লিখা।

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি হৈছে ৰাষ্ট্ৰসংঘৰ আন এটা বিশেষ অংগ। ১৯৪৪ চনত অনুষ্ঠিত হোৱা ব্রেটন উদছ সন্মিলনৰ সিদ্ধান্ত মতে এই সংগঠনটো প্ৰতিষ্ঠা কৰা হৈছিল। দ্বিতীয় মহাসমৰৰ সময়ছোৱাত যুদ্ধত জড়িত দেশ কিছুমানে আন দেশৰ পৰা ঋণ লৈছিল আৰু নিজৰ দেশৰ সুবিধা মতে এই ঋণ পৰিশোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। বিভিন্ন দেশৰ মুদ্ৰাৰ মানদণ্ড আছিল বেলেগ বেলেগ। সেয়েহে বিনিময়ৰ হাৰো আছিল বেলেগ বেলেগ। বিভিন্ন দেশে যাতে নিজৰ সুবিধা হোৱাকৈ বিনিময় হাৰৰ পৰিৱৰ্তন কৰিব নোৱাৰে আৰু এই বিষয়ত যাতে স্থিৰতা থাকে, সেই উদ্দেশ্যে বিত্তীয় নীতি গ্ৰহণ কৰাৰ ওপৰত কিছুমান দেশে গুৰুত্ব দিছিল। উমৈহতীয়া বিত্তীয় অনুষ্ঠান এটাৰ সৃষ্টি কৰাৰ বিষয়ত সক্রিয় ভূমিকা গ্ৰহণ কৰিছিল ইংলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্টই। এই উদ্দেশ্যে ১৯৪৪ চনত ব্রেটন উদছত এখন সন্মিলন অনুষ্ঠিত কৰা হৈছিল। 

এই সন্মিলনৰ সিদ্ধান্তৰ ভিত্তিতেই আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ সৃষ্টি কৰা হৈছিল। সেই সন্মিলনৰ সিদ্ধান্তটোতে প্রত্যেক সদস্যৰাষ্ট্ৰই এই নিধিলৈ নিজৰ বৰঙণি আগবঢ়াব লাগিব। বৰঙণিৰ শতকৰা ২৫ভাগ সোণেৰে দিব লাগিব আৰু বাকী অংশ নিজৰ দেশৰ মুদ্ৰাৰে দিব পাৰিব। এই নিধিৰ পৰা ঋণ ল’ব পৰা ধনৰ পৰিমাণ এই সন্মিলনে নিৰ্ধাৰণ কৰি দিছিল। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ উদ্দেশ্য হৈছে তলত দিয়া ধৰণৰ—

(ক) স্থায়ী সংগঠন এটাৰ জৰিয়তে ধনৰ লেন-দেনৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সৃষ্টি কৰা ৷

(খ) আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়-বাণিজ্যৰ প্ৰসাৰণ ঘটোৱা।

(গ) সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বিনিময় হাৰৰ স্থিৰতা ৰক্ষা কৰা।

(ঘ) আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়-বাণিজ্যৰ সম্প্ৰসাৰণত বিনিময় হাৰে সৃষ্টি কৰা বাধাক আঁতৰ কৰা।

(ঙ) সদস্য ৰাষ্ট্ৰসমূহলৈ প্ৰয়োজনীয় ঋণ আগবঢ়োৱা ।

২৮। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ গঠন আৰু কাৰ্যাৱলী আলোচনা কৰা।

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ গঠনঃ ৰাষ্ট্ৰসংঘৰ আন আন বিশেষ অংগবোৰৰ দৰে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিও তিনিটা বিভাগেৰে গঠিত। এই বিভাগ তিনিটা হৈছে ক্রমান্বয়ে—বর্ড অৱ গৱৰ্ণৰছ, পৰিচালন সঞ্চালক আৰু মেনেজিং ডাইৰেক্টৰ। বৰ্ড অৱ গৱৰ্ণৰছ এই সংগঠনৰ শ্রেষ্ঠ অংগ। প্রত্যেক সদস্য ৰাষ্ট্ৰই ইয়াত ভোটদান কৰিব পাৰে। কিন্তু যি সদস্য ৰাষ্ট্ৰই এই নিধিলৈ অধিক পৰিমাণৰ ধন আগবঢ়ায়, সেই সদস্য ৰাষ্ট্ৰৰ ভোটৰ পৰিমাণো বেছি। অর্থাৎ ধনী দেশবোৰৰ ইয়াত প্ৰাধান্য আছে। বছৰত এবাৰ এই ব’ৰ্ডৰ সভা অনুষ্ঠিত হোৱাৰ নিয়ম। এই ব’ৰ্ডৰ সদস্যসকলক পাঁচ বছৰৰ কাৰণে নিযুক্ত কৰা হয়। এই মুদ্ৰানিধিৰ কাৰ্যপালিকা হৈছে পৰিচালন সঞ্চালকসকল। সপ্তাহত দুই তিনিবাৰ সঞ্চালকসকলৰ অধিৱেশন অনুষ্ঠিত হয়। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিলৈ বেছি পৰিমাণৰ ধন আগবঢ়োৱা সদস্য ৰাষ্ট্ৰৰ পৰা এজনকৈ সদস্য নির্বাচন কৰাৰ নিয়ম। বাকী সদস্যসকলক গৱৰ্ণৰ ব’ৰ্ডে নির্বাচন কৰে। এই সংগঠনৰ তৃতীয় বিভাগ হৈছে সঞ্চালক প্রধান। তেওঁ কাৰ্যপালিকাৰ চেয়াৰমেন হিচাপেও কার্যনির্বাহ কৰে । আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ আন আন কৰ্মচাৰীসকলক তেওঁ নিয়োগ কৰে।

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ কাৰ্যাৱলী– ব্লটেন উদ্ছ সন্মিলনত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ তিনিটা কাৰ্যৰ বিষয়ে উল্লেখ কৰা হৈছিল। কিন্তু এই তিনিটাৰ উপৰিও এই সংগঠনে আন কিছুমান দায়িত্বও পালন কৰে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ দায়িত্ব আৰু কৰ্তব্য তলত উল্লেখ কৰা হ’ল—

(ক) বিনিময় হাৰ নিৰ্ধাৰণ কৰাৰ বিষয়ে নির্দিষ্ট নীতি-নিয়ম প্রচলন কৰা।

(খ) সদস্য ৰাষ্ট্ৰসমূহলৈ ঋণ আগবঢ়োৱা ।

(গ) আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাৰ বিষয়ত আলোচনা কৰাৰ কাৰণে উমৈহতীয়া মঞ্চৰ সৃষ্টি কৰা।

(ঘ) ঋণ পৰিশোধ কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰসমূহক ধাৰ দিয়া ।

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিত ধনী দেশসমুহৰ প্ৰাধান্য আছে যদিও অনুন্নত আৰু উন্নয়নশীল দেশসমূহলৈও কম পৰিমাণৰ সূতত ধন ধাৰে দি এনে দেশৰ অৰ্থনৈতিক বিকাশত এই সংগঠনে ভালেখিনি সহায় কৰি আহিছে। এই সংগঠনৰ পৰা পোৱা ঋণৰ সহায়ত দেশ কিছুমানৰ অর্থনৈতিক ভাৰসাম্য ৰক্ষা কৰাটো সম্ভৱ হৈছে। মুদ্ৰা সম্পৰ্কীয় আৰু অৰ্থনৈতিক নীতি সম্পৰ্কীয় আলোচনাৰ উমৈহতীয়া মঞ্চ হিচাপে এই সংগঠনে কাৰ্যনিৰ্বাহ কৰে। বিভিন্ন দেশৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সম্প্ৰসাৰণৰ বিষয়তো এই সংগঠনে সহায় কৰি আহিছে।

২৯। ‘ৰিঅ’ ’শীর্ষ সন্মিলনৰ ফলাফলবোৰ কি কি?

উত্তৰঃ ১৯৯২ চনৰ জুন মাহত ব্ৰাজিলৰ ৰাজধানী চহৰ ৰিঅ’দা জেনেৰিঅ’ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন বিষয়ক সভাখনে বিশ্বৰাজনীতিত পৰিৱেশ সংক্রান্তীয় বিষয়সমূহক গুৰুত্ব সহকাৰে প্ৰতিষ্ঠিত কৰাত প্ৰভূত বৰঙণি আগবঢ়ায়। বিশ্বৰ ১৭০ খন ৰাষ্ট্ৰ, হাজাৰোধিক বে-চৰকাৰী সংস্থা আৰু ভালে সংখ্যক বহুজাতিক প্রতিষ্ঠানে অংশগ্ৰহণ কৰা এই ৰিঅ’ সভাখনক ভূ-শীৰ্ষ সন্মিলন বুলি জনা যায়। ৰিঅ’ শীৰ্ষ সন্মিলন অনুষ্ঠিত হোৱাৰ পাঁচ বছৰ পূৰ্বে অৰ্থাৎ ১৯৮৭ চনত প্ৰকাশ হোৱা “আমাৰ সমুহীয়া ভৱিষ্যত” শীৰ্ষক Bruht, land Report ত সকলোকে সষ্ঠম কৰি দিয়া হৈছিল যে পৰম্পৰাগত অৰ্থনৈতিক বিকাশৰ আৰ্হিটো দীৰ্ঘদিনৰ বাবে আৰু চলি নাথাকে—বিশেষকৈ দক্ষিণ গোলাৰ্ধৰ ৰাষ্ট্ৰসমূহৰ উদ্যোগীকৰণৰ দাবীৰ পৰিপ্ৰেক্ষিতত। ৰিঅ’ শীৰ্ষ সন্মিলনত এইটো স্পষ্ট হৈ পৰিছিল যে পৰিৱেশ সংক্রান্তীয় বিষয়সমূহত বিশ্বৰ উত্তৰ গোলাৰ্ধৰ উন্নত ৰাষ্ট্ৰসমূহৰ দৃষ্টিভংগী আৰু দক্ষিণ গোলাৰ্ধৰ দুখীয়া উন্নয়নশীল (তৃতীয় বিশ্বৰ) দেশসমূহৰ দৃষ্টিভংগীৰ মাজত পাৰ্থক্য আছে। উত্তৰৰ ধনী ৰাষ্ট্ৰসমূহ সাধাৰণতে গোলকীয় উষ্ণতা বৃদ্ধি আৰু অ’জন স্তৰ হ্ৰাসৰ দৰে বিষয়সমূহ লৈ বেছি চিন্তিত য’ত দক্ষিণৰ দৰিদ্ৰ পিছপৰা ৰাষ্ট্ৰসমূহ মুলতঃ আৰ্থিক উন্নয়ন আৰু পাৰিপাৰ্শ্বিক ব্যৱস্থাপনাৰ মাজৰ সম্পৰ্ককলৈহে বেছি উদ্বিগ্ন।

ভূ-শীৰ্ষ সন্মিলনে জলবায়ু পৰিৱৰ্তন, জৈৱ বৈচিত্ৰতা, বনানীকৰণ আদিৰ দৰে বিষয়সমূহ অন্তৰ্ভুক্ত কৰি এক ২১ দফীয়া কাৰ্যসূচী গ্ৰহণ কৰিছিল। কিন্তু ই বহুতো অমীমাংসাত জটিল বিষয় এৰাই চলিলে। অৱশ্যে আর্থিক উন্নয়নৰ লগত পাৰিপাৰ্শ্বিক দায়বদ্ধতা সাঙুৰি লোৱাৰ ক্ষেত্ৰত ৰিঅ’ শীৰ্ষ সন্মিলনে ঐক্যমত পোষণ কৰে। পাৰিপাৰ্শ্বিকতা বিনষ্ট নকৰাকৈ কৰা উন্নয়নৰ ধাৰণাটোক “বহনক্ষম উন্নয়ন” বুলি কোৱা হয়। অৱশ্যে এইক্ষেত্ৰত মূল সমস্যাটো হ’ল কেনেকৈ পৰিৱেশ সন্তুলিত বিকাশ লাভ কৰিব পৰা হ’ব। কিছুমান সমালোচকে ২১ দফীয়া কাৰ্যসূচীক পাৰিপাৰ্শ্বিকতা সংৰক্ষণৰ তুলনাত আৰ্থিক উন্নয়নৰ প্ৰতিহে বেছি আগ্রহী বুলি মত প্ৰকাশ কৰিছে।

৩০। গোলকীয় প্ৰতিৰোধৰ বিষয়ে সমালোচনামূলক ব্যাখ্যা আগবঢ়োৱা।

উত্তৰঃ গোলকীয় প্ৰতিৰোধ বৰ্তমান সময়ত প্ৰচলিত এটি অতি বহুলভাৱে প্ৰচলিত অৱধাৰণা । অৰ্থগত দিশৰ পৰা চালে ই গোলকীকৰণ বা বিশ্বায়নৰ প্ৰতিৰোধ কৰা বুজায়। অর্থাৎ সচাঁ অৰ্থত ক’বলৈ গ’লে গোলকীয় প্ৰতিৰোধ হৈছে গোলকীকৰণৰ বিৰুদ্ধে ব্যৱহৃত এক ধাৰণা। গোলকীকৰণ হৈছে, নব্য উদাৰতাবাদৰ এক পৰিণতি। গোলকীকৰণে মূলতঃ ৰাজ্য বা দেশৰ পৰিসৰ বৃদ্ধিৰ ওপৰত লক্ষ্য ৰাখিয়েই সৃষ্টি হৈছিল। ইয়াৰ জৰিয়তে বিশ্বৰ সামগ্ৰী, উৎপাদিত দ্রব্য, চাকৰি, সেৱা, মূলধন, শ্ৰম আৰু জনসাধাৰণৰ মাজত আন্তঃৰাষ্ট্ৰীয় বজাৰৰ ঐক্য স্থাপন হোৱাটোৱেই হ’ল মূল উদ্দেশ্য। প্রকৃতাৰ্থত, দেশসমূহে অর্থনৈতিক উন্নতিৰ বাবেই ইয়াৰ প্ৰসাৰতাৰ ওপৰত গুৰুত্ব দিয়ে। গোলকীকৰণক গ্ৰহণ কৰাৰ মুখ্য উদ্দেশ্য এয়ে আছিল যে, অর্থনৈতিক উন্নয়নৰ জৰিয়তে জনসাধাৰণৰ জীৱন নিৰ্বাহ উন্নত হ’ব। কিন্তু এই উন্নয়নৰ চাবি কাঠী প্ৰভাৱশালী অনুষ্ঠান প্রতিষ্ঠান, ব্যক্তিগত খণ্ড, প্ৰভাৱশালী নেতাৰ প্ৰভাৱতহে থকা দেখা গ’ল। যদিওবা গোলকীকৰণৰ ফলত সৰ্বোন্নয়নৰ আশা কৰা হৈছিল কিন্তু বাস্তৱত ইয়াৰ সম্পূর্ণ ওলোটা প্ৰতিচ্ছৱিহে পৰিলক্ষিত হয়। 

অর্থাৎ ইয়াৰ সকাৰাত্মক দিশৰ পৰিৱৰ্তেভালেমান ক্ষেত্ৰত নাৰ্থক দিশৰ উমান পোৱা গ’ল। উন্নয়নৰ মুখ্য দিশবিলাক যেনে খাদ্য, পানী, আশ্রয়স্থল ইত্যাদিত কোনো বিশেষ উন্নয়ন পৰিলক্ষিত ন’হল। তাৰ পৰিৱৰ্তে পুঁজিবাদৰ এক নব্য ৰূপৰ উত্থান দেখা গ’ল। সেয়েহে বিভিন্ন বেচৰকাৰী সংস্থা, সমূহ ইত্যাদিৰ দ্বাৰা ইয়াৰ প্রতিবাদ সৃষ্টি হ’ল যাক অন্য অৰ্থত গোলকীয় প্ৰতিৰোধ বুলি জনা যায়। অৰ্থাৎ গোলকীয় প্ৰতিৰোধৰ উদ্ভৱ হৈছিল গোলকীকৰণ আৰু পুঁজিবাদৰ নাৰ্থক প্ৰভাৱৰ বিৰুদ্ধে। এই প্ৰতিৰোধক এইবাবে গোলকীয় কোৱা হ’ব যে ইয়াৰ প্ৰতিবাদ বা প্ৰতিৰোধসমূহ কোনো নির্দিষ্ট দেশত সীমাবদ্ধ নাথাকি সকলো দেশতে এক সমূহীয়া সমস্যা ৰূপে প্ৰতিবাদৰ আৰম্ভ হৈছিল। অৱশ্য 1990 চনৰ শেষভাগৰ পৰাহে গোলকীয় প্ৰতিৰোধৰ জনপ্ৰিয়ভাৱে বহিঃপ্রকাশ ঘটে।

1990 দশকৰ পৰাই নব্য উদাৰতাবাদী গোলকীকৰণৰ ফলাফল সমূহৰ এক অসামঞ্জস্যতা দেখা গৈছিল। কিয়নো গোলকীকৰণৰ নামত চৰকাৰসমূহে গ্ৰহণ কৰা নীতিবোৰ যিবোৰে আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু ব্যক্তিগত খণ্ডৰ ওপৰত উন্নয়নৰ দায়িত্ব দিছিল, যিবোৰে কেৱল ব্যক্তিগত লাভালাভ আৰু পুঁজিবাদৰ ওপৰত গুৰুত্ব দিছিল। ইয়াৰ ফলত বিভিন্ন ঠাইত বিভিন্ন কাৰণত প্ৰতিবাদৰ সৃষ্টি হয় আৰু বিশ্বব্যাপী মনোনীত হয়। এই প্রতিবাদ বা প্ৰতিৰোধসমূহ বিভিন্ন বেচকাৰী সংস্থা, গোলকীয় নাগৰিক সংস্থা আৰু গোলকীয় সামাজিক আন্দোলনৰ জৰিয়তে প্ৰকাশ হৈছিল।

উদাহৰণস্বৰূপে মেক্সিকোত 1994 চনত হোৱা জাপাটিষ্ঠা আন্দোলনৰ কথা ক’ব পাৰি। জাপাটিষ্ঠা আন্দোলনৰ মূলতঃ আছিল মেক্সিকো প্রশাসনে গ্ৰহণ কৰা NAFTA চুক্তি। ইয়াৰ দ্বাৰা গোলকীকৰণৰ লগত খোজ মিলোৱাৰ অৰ্থে দেশৰ অৰ্থনৈতিক উন্নয়নৰ বাবে মেক্সিকো প্রশাসনে NAFTA গ্ৰহণ কৰি আমেৰিকা আৰু কানাডাৰ সৈতে আন্তঃসংযোগী মুক্ত ব্যৱসায়ৰ চুক্তি কৰিছিল। চুক্তিৰ এক অংশ অনুসৰি মেক্সিকোৰ থলুৱা ভূমি ব্যক্তিগত খণ্ডই ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰিব। কিন্তু এই চুক্তিয়ে থলুৱা লোকসকলৰ জীৱিকা নিৰ্বাহৰ প্ৰতি ভয়ৰ সৃষ্টি কৰিছিল কাৰণ এই ভূমি ব্যৱহাৰে ব্যক্তিগত খণ্ডকহে লাভান্বিত কৰিব আৰু ক্ৰমান্বয়ে থলুৱা লোকসকলৰ স্বাধীনতা খর্ব হ’ব। সেয়েহে, জাপাটিষ্টাসকলে নব্য উদাৰতাবাদ আৰু বিশ্বায়নৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল। গোলকীয় প্ৰতিৰোধৰ এইটো আছিল এটা অন্যতম আৰম্ভণি।

গোলকীয় প্ৰতিৰোধৰ অন্য এক নিদৰ্শন হৈছে, চিঅটল প্রতিবাদ। 1999 চনত চিঅটলত বিশ্ব স্বাস্থ্য সংস্থাৰ এক মন্ত্রীসভাত অর্থনৈতিকভাৱে শক্তিশালী ৰাজ্যৰ অন্যায়মূলক ব্যৱসায়িক প্ৰক্ৰিয়াৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী হৈছিল। এই প্রতিবাদৰ মুখ্য কাৰণ আছিল যে, গোলকীকৰণ আৰু নব্য উদাৰতাবাদৰ জৰিয়তে আৰম্ভ হোৱা ব্যৱসায়ৰ দ্বাৰা বিকাশমূলক গোলকীয় ব্যৱস্থাত উন্নয়নশীল দেশসমূহক গুৰুত্ব দিয়া হোৱা নাছিল ।

গোলকীয় প্ৰতিৰোধৰ উদ্দেশ্যৰ বহুত্বতাৰ যোগেদি ইয়াৰ পৰিচয়ৰ প্ৰকাশ ঘটে। নব্য উদাৰতাবাদৰ আৰু গোলকীকৰণৰ লাভসমূহ কেৱল পুঁজিপতিৰ হাততেই সীমাবদ্ধ হৈ থাকিল৷ সেয়েহে, বিভিন্ন ৰাজনৈতিক পণ্ডিতে ৰাষ্ট্ৰক আকৌ আগৰ অৱস্থালৈ (ৰাষ্ট্ৰৰ হাতত সকলো ক্ষমতা) ঘূৰাই অনাৰ সমৰ্থন কৰে। কিয়নো নব্য উদাৰতাবাদৰ নীতিসমূহৰ দ্বাৰা অধিক ক্ষেত্ৰতে অন্যায়হে দেখা যায়। সেয়েহে, নব্য উদাৰতাবাদৰ নামত চলা পুঁজিবাদৰ দৌৰাত্ম্যৰ বিৰুদ্ধে বিভিন্ন গোলকীয় সামাজিক আন্দোলনৰ আৰম্ভ হ’ল। এই আন্দোলনসমূহক আগুৱাই লৈ যায় বিভিন্ন বেচৰকাৰী সংস্থা বা সমূহে।

৩১। চমু টোকা লিখাঃ

(ক) মুক্ত বাণিজ্যৰ অসুবিধা।

উত্তৰঃ (ক) উন্নয়নশীল আৰু অনুন্নত দেশবোৰৰ উন্নয়নৰ নীতিৰ প্ৰধান লক্ষ্য হৈছে আত্মনিৰ্ভৰশীলতা, কিন্তু মুক্ত বাণিজ্যনীতিয়ে কোনো দেশকেই আত্মনিৰ্ভৰশীলতাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব নোৱাৰে।

(খ) মুক্ত বাণিজ্যনীতিয়ে কৃষি প্রধান দেশসমূহক মাথো কৃষিৰ বিকাশতহে সহায় কৰিব। ইয়াৰ ফলত অর্থনৈতিক উন্নতি মন্থৰ হ’ব।

(গ) উন্নয়নশীল দেশৰ দিশৰ পৰা মুক্ত বাণিজ্য অনুকূল নহয়।

(ঘ) যদি বৈদেশিক বাণিজ্য নিয়ন্ত্ৰণ কৰা নহয় তেন্তে অনিষ্টকাৰী দ্ৰব্যৰ আমদানিত কোনো বাধা নাথাকিব আৰু এনে দ্ৰব্যৰ ব্যৱহাৰ বা ভোগে জনসাধাৰণৰ কল্যাণ হ্রাস কৰিব।

(ঙ) অনুন্নত দেশসমূহৰ প্ৰতিকূল বাণিজ্যৰ হাৰৰ অৱস্থাত এখন দেশে মুক্ত বাণিজ্যৰ নীতি গ্ৰহণ কৰি বাণিজ্যৰ সুবিধা বৃদ্ধি কৰিব নোৱাৰে।

(চ) অনুন্নত দেশ আৰু উন্নয়নশীল দেশসমূহে উদ্যোগীকৰণ নীতি গ্ৰহণ কৰা বাবে দেশীয় চালুকীয়া উদ্যোগসমূহক ৰক্ষণা বেক্ষণ দিয়াত ই সহায় নকৰে। মুক্ত বাণিজ্য নীতিৰ অধীনত এই উদ্যোগসমূহ ধ্বংসপ্রাপ্ত হ’ব পাৰে।

(ছ) মুক্ত বাণিজ্যই আন্তর্জাতিকভাৱে একচেটীয়া ব্যৱসায়ৰ সৃষ্টি কৰিব পাৰে আৰু ইয়াৰ ফলস্বৰূপে দেশীয় স্বাৰ্থ ব্যাহত হ’ব পাৰে ।

(জ) কিছুমান দেশে মুক্ত বাণিজ্য নীতি গ্ৰহণ কৰি কিছুমানে সংৰক্ষণ নীতি গ্ৰহণ কৰিলে সংৰক্ষণ নীতি মানি চলা দেশসমূহে লোকৰ সন্মুখীন হ’ব লাগিব।

(ঝ) মুক্ত বাণিজ্যই আমদানি সংকোচনত সহায় কৰিব নোৱাৰে। প্ৰতিকূল বাণিজ্যৰ লেনদেনৰ ভাৰসমতা দূৰ কৰিবৰ অৰ্থে আমদানি সংকোচন আৰু ৰপ্তানি বৃদ্ধি কৰিব নোৱাৰে।

(ঞ) ই এখন দেশৰ উন্নয়নৰ বাবে উদ্যোগীকৰণৰ বিকাশ হোৱাত সহায় নকৰে।

(খ) বিশ্ব বাণিজ্য সংস্থা।

উত্তৰঃ ১৯৮৬ চনৰ ৮ চেপ্তেম্বৰত উৰুগুৱেত GATTৰ অষ্টমলানি আলোচনা চক্র অনুষ্ঠিত হয় যাক ‘উৰুগুৱে ৰাউণ্ড’ নামে জনা যায়। GATT গঠন কৰাৰ পাছৰ পৰা বিশ্ববাণিজ্যৰ গাঁথনিত সদস্য ৰাষ্ট্ৰসমূহৰ জাতীয় আয়ত গৌণ আৰু সেৱাখণ্ডৰ আপেক্ষিক অৱস্থান উন্নত হ’বলৈ ধৰে আৰু কৃষিজাত দ্ৰব্যৰ ঠাইত যন্ত্ৰজাত দ্ৰব্যৰ আদান-প্রদান যথেষ্ট পৰিৱৰ্তন হয়। এনে পৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত GATT ৰ উৰুগুৱে আলোচনা সমিতি ১৫ টা বিষয়ৰ ওপৰত মনোনিৱেশ কৰাৰ লগতে তিনিটা নতুন দিশৰ উল্লেখ কৰে৷ যেনে—

(ক) বৌদ্ধিক সম্পত্তিভিত্তিক ক্ষমতাৰ বাণিজ্যিক দিশ।

(খ) বাণিজ্য সম্পর্কিত বিনিয়োগৰ দিশ । আৰু

(গ) সেৱাবিশেষ বাণিজ্যক ইয়াৰ অন্তৰ্ভুক্ত কৰা হয় ।

উৰুগুৱে ৰাউণ্ডে বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত আনিব খোজা প্রস্তাৱিত পৰিৱৰ্তনে চূড়ান্ত ৰূপ প্ৰদান কৰোতে প্রায় আঠ বছৰ সময়ৰ প্ৰয়োজন হয়। শেষত GATT ৰ মুখ্য পৰিচালক আৰ্থাৰ ডানকালে উমৈহতীয়া সমৰ্থন থাকিব পৰা বিষয়বোৰ বাচি লৈ এখন খচৰা চূড়ান্ত আইন প্ৰস্তুত কৰে। ১৯৯৪ চনৰ এপ্ৰিলত ১০৪ খন ৰাষ্ট্ৰই এই প্ৰস্তাৱৰ সমৰ্থনত স্বাক্ষৰ কৰে। ভাৰতে ১৯৯৪ চনৰে ৩০ ডিচেম্বৰত এই প্ৰস্তাৱৰ সমৰ্থনত স্বাক্ষৰ কৰে। ইয়াৰ যোগেদি বিশ্ব বাণিজ্য সংস্থা গঠনৰ পথ প্ৰশস্ত হয়।

বিশ্ব বাণিজ্য সংস্থা গঠনে কোনো দেশকে সন্তুষ্ট কৰিব পৰা নাই। বিশ্ব বাণিজ্য সংস্থাই ইয়াৰ পৰৱৰ্তী বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত উন্নত দেশবোৰৰ নিজৰ মাজত, উন্নয়নশীল দেশবোৰৰ নিজৰ মাজত আৰু উন্নত আৰু উন্নয়নশীল দেশৰ মাজত সততে বিবাদৰ সূত্ৰপাত হৈছে। সমালোচকসকলে বিশ্ব বাণিজ্য সংস্থাৰ কাৰ্যকলাপৰ মুল্যায়ন কৰি তলত উল্লেখ কৰা দুর্বলতাসমূহ আঙুলিয়াই দিছে–

(ক) বিশ্ব বাণিজ্য সংস্থাই কৃষিজাত সামগ্ৰীক লৈ যিবোৰ বিধি ব্যৱস্থাপনা গ্ৰহণ কৰিছে সেইবোৰেও উন্নত দেশৰ স্বাৰ্থ পুৰণ হোৱাতহে সহায় কৰিছে।

(খ) বিশ্ব বাণিজ্য সংস্থাৰ বিবাদ মীমাংসা প্রক্রিয়া সমানে শক্তিশালী হোৱা দুই বা ততোধিক পক্ষৰ ক্ষেত্ৰতহে উপযুক্ত।

(গ) বিশ্ব বাণিজ্য সংস্থাৰ নিয়ম-কানুনবিলাক এনেদৰে প্ৰস্তুত কৰা হৈছে যাৰ ব্যৱহাৰে উন্নয়নশীল দেশৰ তুলনাত উন্নত দেশসমূহ অধিক উপকৃত কৰে।

(ঘ) বিশ্ববাণিজ্য সংস্থাই উন্নয়নশীল দেশৰ নীতি নিৰ্দ্ধাৰণ অৰ্থাৎ উন্নয়নশীল দেশ এখনে অৰ্থনৈতিক উন্নয়নৰ বাবে শুল্ক নিৰ্দ্ধাৰণ, অনুদান প্রদান ইত্যাদিৰ মাধ্যমত নিজকৈ অনুসৰণ কৰিব পৰা কৌশলসমূহৰ ক্ষেত্ৰত থকা স্বতন্ত্ৰতা ভংগ কৰিছে।

(ঙ) বিশ্ব বাণিজ্য সংস্থা গঠনৰ পাছৰ পৰা শুষ্ক আৰু অনাশুল্ক প্রতিবন্ধকতাসমূহৰ এনেকৈ পুনৰ গঠন কৰা হ’ল যাৰ পৰিণামস্বৰূপে উন্নয়নশীল দেশসমূহৰ ৰপ্তানিৰ পথ ৰোধ হোৱাৰ বিপৰীতে উন্নত দেশসমূহৰ পৰা আমদানি কৰাৰ পথ মুকলি ৰাখিবলগীয়া হ’ল। সেইবোৰে উন্নয়নশীল দেশসমূহক অধিক লোকচানৰ সন্মুখীন কৰাইছে।

(চ) ইয়াৰ জৰিয়তে ধনী দেশসমূহ অধিক লাভৱান হৈছিল কাৰণ এইবোৰ দেশে ৰপ্তানিকৃত দ্ৰব্যৰ উৎপাদনত ৰাজসাহাৰ্য দিয়াৰ পৰিমাণ একবাৰে নগণ্য।

(গ) মুক্ত বাণিজ্যৰ অসুবিধা।

উত্তৰঃ মুক্ত বাণিজ্যৰ অসুবিধা হ’ল–

(ক) উন্নয়নশীল আৰু অনুন্নত দেশবোৰৰ উন্নয়নৰ নীতিৰ প্ৰধান লক্ষ্য হৈছে  আত্মনিৰ্ভৰশীলতা, কিন্তু মুক্ত বাণিজ্য নীতিয়ে কোনো দেশকেই আত্মনিৰ্ভৰশীলতা লক্ষ্যত উপনীত হোৱাত সহায় কৰিব নোৱাৰে।

(খ) মুক্ত বাণিজ্যনীতিয়ে কৃষি প্রধান দেশসমূহক মাথো কৃষিৰ বিকাশতহে সহায় কৰিব। ইয়াৰ ফলত অর্থনৈতিক উন্নতি মন্থৰ হ’ব ।

(গ) উন্নয়নশীল দেশৰ দিশৰ পৰা মুক্ত বাণিজ্য অনুকূল নহয়।

(ঘ) যদি বৈদেশিক বাণিজ্য নিয়ন্ত্ৰণ কৰা নহয় তেন্ত অনিষ্টকাৰী দ্ৰব্যৰ আমদানিত কোনো বাধা নাথাকিব আৰু এনে দ্ৰব্যৰ ব্যৱহাৰ বা ভোগে জনসাধাৰণৰ কল্যাণ হ্রাস কৰিব।

(ঙ) অনুন্নত দেশসমূহৰ প্ৰতিকূল বাণিজ্যৰ হাৰৰ অৱস্থাত এখন দেশে মুক্ত বাণিজ্যৰ নীতি গ্ৰহণ কৰি বাণিজ্যৰ সুবিধা বৃদ্ধি কৰিব নোৱাৰে।

(চ) অনুন্নত দেশ আৰু উন্নয়নশীল দেশসমুহে উদ্যোগীকৰণ নীতি গ্ৰহণ কৰা বাবে দেশীয় চালুকীয়া উদ্যোগসমূহক ৰক্ষণা-বেক্ষণ দিয়াত ই সহায় নকৰে। মুক্ত বাণিজ্য নীতিৰ অধীনত এই উদ্যোগসমূহ ধ্বংসপ্রাপ্ত হ’ব পাৰে ৷

(ছ) মুক্ত বাণিজ্যই আন্তর্জাতিকভাৱে একচেটীয়া ব্যৱসায়ৰ সৃষ্টি কৰিব পাৰে আৰু ইয়াৰ ফলস্বৰূপে দেশীয় স্বাৰ্থ ব্যাহত হ’ব পাৰে ।

(জ) কিছুমান দেশে মুক্ত বাণিজ্য নীতি গ্ৰহণ কৰি কিছুমানে সংৰক্ষণনীতি গ্ৰহণ কৰিলে সংৰক্ষণ নীতি মানি চলা দেশসমূহে লোকৰ সন্মুখীন হ’ব লাগিব ।

(ঝ) মুক্ত বাণিজ্যই আমদানি সংকোচনত সহায় কৰিব নোৱাৰে। প্ৰতিকূল বাণিজ্যৰ লেনদেনৰ ভাৰসমতা দূৰ কৰিবৰ অৰ্থে আমদানি সংকোচন আৰু ৰপ্তানি বৃদ্ধি কৰিব নোৱাৰে।

(ঞ) ই এখন দেশৰ উন্নয়নৰ বাবে উদ্যোগীকৰণৰ বিকাশ হোৱাত সহায় নকৰে।

(ঘ) বিশ্ব বাণিজ্য সংস্থা (WTO)।

উত্তৰঃ ১৯৮৬ চনৰ ৮ চেপ্তেম্বৰত উৰুগুৱেত GATT ৰ অষ্টমলানি আলোচনা চক্র অনুষ্ঠিত হয় যাক ‘উৰুগুৱে ৰাউণ্ড’ নামে জনা যায়। GATT গঠন কৰাৰ পাছৰ পৰা বিশ্ববাণিজ্যৰ গাঁথনিত সদস্য ৰাষ্ট্ৰসমূহৰ জাতীয় আয়ত গৌণ আৰু সেৱা খণ্ডৰ আপেক্ষিক অৱস্থান উন্নত হ’বলৈ ধৰে আৰু কৃষিজাত দ্ৰব্যৰ ঠাইত যন্ত্ৰজাত দ্ৰব্যৰ আদান-প্রদান যথেষ্ট পৰিৱৰ্তন হয়। এনে পৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত GATT ৰ উকগুৱে আলোচনা সমিতি ১৫ টা বিষয়ৰ ওপৰত মনোনিবেশ কৰাৰ লগতে তিনিটা নতুন দিশ যেনে—

(ক) বৌদ্ধিক সম্পত্তি ভিত্তিক ক্ষমতাৰ বাণিজ্যিক দিশ।

(খ) বাণিজ্য সম্পর্কিত বিনিয়োগৰ দিশ। আৰু

(গ) সেৱাবিশেষ বাণিজ্যক ইয়াৰ অন্তৰ্ভূক্ত কৰা হয়।

উৰুণ্ডৱে ৰাউণ্ডে বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত আনিব খোজা প্রস্তাৱিত পৰিৱৰ্তনে চূড়ান্তৰূপ প্ৰদান কৰোতে প্রায় আঠ বছৰ সময়ৰ প্ৰয়োজন হয়। শেষত GATT ৰ মূখ্য পৰিচালক আৰ্থাৰ ডানকালে উমৈহতীয়া সমৰ্থন থাকিব পৰা বিষয়বোৰ বাচি লৈ এখন খচৰা চূড়ান্ত আইন প্রস্তুত কৰে। ১৯৯৪ চনৰ এপ্ৰিলত ১০৪ খন ৰাষ্ট্ৰই এই প্ৰস্তাৱৰ সমৰ্থনত স্বাক্ষৰ কৰে। ভাৰতে ১৯৯৪ চনৰে ৩০ ডিচেম্বৰত এই প্ৰস্তাৱৰ সমৰ্থনত স্বাক্ষৰ কৰে। ইয়াৰ যোগেদি বিশ্ব বাণিজ্য সংস্থা গঠনৰ পথ প্ৰশস্ত হয়।

বিশ্ব বাণিজ্য সংস্থা গঠনে কোনো দেশকে সন্তুষ্ট কৰিব পৰা নাই । বিশ্ব বাণিজ্য সংস্থাই ইয়াৰ পৰৱৰ্তী বিশ্ববাণিজ্যৰ ক্ষেত্ৰত উন্নত দেশবোৰৰ নিজৰ মাজত, উন্নয়নশীল দেশবোৰৰ নিজৰ মাজত আৰু উন্নত আৰু উন্নয়নশীল দেশৰ মাজত সততে বিবাদৰ সূত্ৰপাত হৈছে। সমালোচকসকলে বিশ্ব বাণিজ্য সংস্থাৰ কাৰ্যকলাপৰ মূল্যায়ন কৰি তলত উল্লেখ কৰা দুর্বলতাসমূহ আঙুলিয়াই দিছে–

(ক) বিশ্ব বাণিজ্য সংস্থাই কৃষিজাত সামগ্ৰীক লৈ যিবোৰ বিধি ব্যৱস্থাপনা গ্ৰহণ কৰিছে সেইবোৰেও উন্নত দেশৰ স্বাৰ্থ পূৰণ হোৱাতহে সহায় কৰিছে।

(খ) বিশ্ব বাণিজ্য সংস্থাৰ বিবাদ মীমাংসা প্ৰক্ৰিয়া সমানে শক্তিশালী হোৱা দুই বা ততোধিক পক্ষৰ ক্ষেত্ৰতহে উপযুক্ত।

(গ) বিশ্ব বাণিজ্য সংস্থাৰ নিয়ম-কানুনবিলাক এনেদৰে প্ৰস্তুত কৰা হৈছে যাৰ ব্যৱহাৰে উন্নয়নশীল দেশৰ তুলনাত উন্নত দেশসমূহ অধিক উপকৃত কৰে।

(ঘ) বিশ্ববাণিজ্য সংস্থাই উন্নয়নশীল দেশৰ নীতি নিৰ্দ্ধাৰণ অৰ্থাৎ উন্নয়নশীল দেশ এখনে অর্থনৈতিক উন্নয়নৰ বাবে শুষ্ক নিৰ্দ্ধাৰণ, অনুদান প্রদান ইত্যাদিৰ মাধ্যমত নিজকৈ অনুসৰণ কৰিব পৰা কৌশলসমূহৰ ক্ষেত্ৰত থকা স্বতন্ত্রতা ভংগ কৰিছে।

(ঙ) বিশ্ব বাণিজ্য সংস্থা গঠনৰ পাছৰ পৰা শুল্ক আৰু অনাশুল্ক প্রতিবন্ধকতাসমূহৰ এনেকৈ পুনৰ গঠন কৰা হ’ল যাৰ পৰিণামস্বৰূপে উন্নয়নশীল দেশসমূহৰ ৰপ্তানিৰ পথ ৰোধ হোৱাৰ বিপৰীতে উন্নত দেশসমূহৰ পৰা আমদানি কৰাৰ পথ মুকলি ৰাখিবলগীয়া হ’ল। সেইবোৰে উন্নয়নশীল দেশসমূহক অধিক লোকচানৰ সন্মুখীন কৰাইছে।

(চ) ইয়াৰ জৰিয়তে ধনী দেশসমূহ অধিক লাভৱান হৈছিল কাৰণ এইবোৰ দেশে ৰপ্তানিকৃত দ্ৰব্যৰ উৎপাদনত ৰাজসাহাৰ্য দিয়াৰ পৰিমাণ একবাৰে নগণ্য।

৩২। আন্তর্জাতিক মুদ্ৰানিধিৰ কাৰ্যসমূহ লিখা।

উত্তৰঃ আন্তর্জাতিক মুদ্ৰানিধিৰ কাৰ্যসমূহ তলত আলোচনা কৰা হ’ল—

(ক) এটা স্থায়ী সংস্থাৰ জৰিয়তে আন্তর্জাতিক মৌদ্রিক সহযোগিতাৰ উন্নতি কৰা; যিয়ে আন্তর্জাতিক বিত্তীয় সমস্যাসমূহ সমাধানৰ বাবে পৰামৰ্শ দান আৰু সহযোগিতাৰ আহিলা প্ৰদান কৰে।

(খ) আন্তর্জাতিক বাণিজ্য প্ৰসাৰ আৰু ভাৰসাম্য বিকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা আৰু উচ্চ স্তৰৰ নিয়োগ, প্ৰকৃত আয় বৃদ্ধি আৰু অৰ্থনৈতিক আঁচনিৰ মূল লক্ষ্য হিচাপে সকলো সদস্যৰে উৎপাদিত সম্পদৰ বিকাশ সাধন কৰা।

(গ) বিনিময়ৰ সুস্থিৰতা উন্নত কৰা, সদস্যসকলৰ মাজত পৰিপাৰ্টিকৈ বিনিময়ৰ ব্যৱস্থা কৰা আৰু প্ৰতিযোগিতামূলক বিনিময় মূল্যৰ হ্ৰাস পৰিহাৰ কৰা ।

(ঘ) আন্তর্জাতিক মুদ্ৰানিধিৰ সাধাৰণ সম্পদসমূহক অস্থায়ীভাৱে উপলভ্য কৰি ইয়াৰ সদস্যসকলক সাহস দিয়া আৰু তেওঁলোকৰ টকা পৰিশোধৰ ভুলবোৰ শুধৰাবৰ বাবে সুবিধা দিয়া।

(ঙ) সদস্যসকলৰ টকা পৰিশোধৰ ভাৰসাম্যতাৰ ক্ষেত্ৰত সময় আৰু অসমতাৰ পৰিমাণ কম কৰা।

৩৩। বিশ্ব বেংকৰ কাৰ্যসমূহ উল্লেখ কৰা।

উত্তৰঃ বিশ্ব বেংকৰ মূল কাৰ্যসমূহ তলত দিয়া ধৰণৰ—

(ক) বিধ্বংস ৰাষ্ট্ৰসমূহৰ পুনৰ নিৰ্মাণৰ কাৰণে ঋণ প্ৰদান কৰা।

(খ) অনুন্নত ৰাষ্ট্ৰসমূহক উন্নয়নমূলক ঋণ প্ৰদান কৰা।

(গ) চৰকাৰী কাৰ্যক্ৰম যেনে কৃষি, শক্তি, যাতায়াত, জনসিঞ্চন, শিক্ষা আৰু স্বাস্থ্য আদিৰ বাবে ঋণ প্ৰদান কৰা।

(ঘ) কিছুমান নির্দিষ্ট প্ৰকল্পৰ বাবে ঋণ প্ৰদান কৰা। দীৰ্ঘম্যাদী উন্নয়নশীল প্ৰকল্পৰ বাবে ৫-২০ বছৰ সময় সীমাৰ ঋণ প্ৰদান কৰা হয়।

(ঙ) সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বিবাদ নিষ্পত্তি কৰা।

(চ) সদস্য ৰাষ্ট্ৰসমূহলৈ বিভিন্ন কাৰিকৰী সহায় আগবঢ়োৱা।

(ছ) অর্থনৈতিক, কাৰিকৰী আৰু বিত্তীয় ক্ষেত্ৰত জড়িত নিৰ্দিষ্ট প্ৰকল্পত সদস্য ৰাষ্ট্ৰসমূহক উপদেশ দিয়া।

৩৪। বিশ্ব বেংকৰ উদ্দেশ্যসমূহ লিখা।

উত্তৰঃ বিশ্ব বেংকৰ উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) সদস্য ৰাষ্ট্ৰৰ পুনঃনিৰ্মাণ আৰু বিকাশৰ বাবে বিত্তৰ বিনিয়োগ কৰা; উৎপাদনমূলক কার্যসমূহ যেনে—

১। যুদ্ধৰ দ্বাৰা ধ্বংস হোৱা অৰ্থনীতিৰ পুনৰুদ্ধাৰ ৷

২। উৎপাদনমূলক সুবিধাসমূহ শক্তিপূর্ণ প্রয়োজনলৈ পুনঃপৰিবৰ্তন বা সলনি কৰা।

৩ ম অনুন্নত ৰাষ্ট্ৰবোৰত উৎপাদনমূলক সুবিধা আৰু সম্পদৰ উন্নয়নৰ বাবে উৎসাহিত কৰা।

(খ) ব্যক্তিগত বিনিয়োগকাৰীসকলক ঋণৰ অংশগ্ৰহণ বা নিশ্চয়তা প্রদান কৰি ব্যক্তিগত বিনিয়োগক উৎসাহ যোগোৱা।

(গ) সদস্য ৰাষ্ট্ৰসমূহৰ ক্ষুদ্ৰ আৰু বৃহৎ গোটসমূহক অন্য প্ৰকল্পৰ বাবে ঋণ প্ৰদান কৰা।

(ঘ) যুদ্ধৰ সময়ৰ পৰা শান্তিৰ অৰ্থনীতিলৈ সহজে হস্তান্তৰ কৰিবলৈ উন্নয়নশীল প্ৰকল্পৰ প্ৰয়োগ কৰা।

(ঙ) পৰিশোধৰ ভাৰসাম্যতাৰ সমতা আৰু আন্তর্জাতিক বাণিজ্যৰ ভাৰসাম্য বিকাশৰ বাবে দীৰ্ঘম্যাদী মূলধনৰ বিনিয়োগ হ্রাস কৰা।

৩৫। বিশ্ব বেংকৰ গোট পাঁচটাৰ নাম লিখা।

উত্তৰঃ বিশ্ব বেংকৰ পাঁচটা গোট আছে। সেইকেইটা হ’ল–

(ক) International Bank for Reconstruction and development (IBRD).

(খ) International Development Association (IDA).

(গ) International Finance Corporation (IFC).

(ঘ) Multilateral Investment Guarantee Agency (MIGA).

(ঙ) International Centre for Settlement of Investment Disputes (ICSID).

৩৬। ভাৰত আৰু আন্তর্জাতিক মুদ্ৰানিধিৰ সম্পৰ্ক চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতে ১৯৪৫ চনৰ ২৭ ডিচেম্বৰত আন্তর্জাতিক মুদ্ৰানিধিত যোগদান কৰিছিল। ভাৰত আৰু IMFৰ সম্পৰ্ক সন্নিহিত হৈ আছে, যেতিয়া ভাৰতে ইয়াৰ আন্তর্জাতিক সন্মান আৰু বিত্তীয় নীতি শক্তিশালী কৰিবলৈ অৰ্থনৈতিক সংস্কাৰৰ সহায় বিচাৰিছিল। IMFৰ সৈতে লগ লাগি ভাৰতে অর্থনৈতিক সংস্কাৰৰ কাৰণে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ এক সন্নিহিত ধাৰণা গ্ৰহণ কৰিছিল। যেতিয়াই ভাৰতে অর্থনৈতিক সংকটত ভুগিছিল, তেতিয়াই IMFএ ভাৰতক সহায়ৰ হাত আগবঢ়াই আহিছিল। ১৯৮১ চনত ভাৰতে IMFৰ পৰা বৃহত্তম ঋণ লাভ কৰিছিল, যিটো অন্য উন্নয়নশীল ৰাষ্ট্ৰৰ তুলনাত সৰ্বাধিক আছিল৷ তদুপৰি ১৯৫০ৰ দশকত যেতিয়া ভাৰতত খাদ্য যোগানৰ অসুবিধা সৃষ্টি হৈছিল, তেতিয়া ই খাদ্য যোগানৰ বাবে আমেৰিকাৰ কাষ চাপিছিল।

৩৭। আন্তর্জাতিক মুদ্রানিধিৰ সফলতাসমূহ লিখা।

উত্তৰঃ আন্তর্জাতিক মুদ্ৰানিধিৰ সফলতাসমূহ হ’ল–

(ক) আন্তর্জাতিক বিত্তীয় ক্ষেত্ৰত আন্তর্জাতিক মুদ্রানিধিয়ে (IMF) এক দক্ষ পৰামৰ্শদাতা হিচাপে কাম কৰিছে। এইদৰে ইয়াৰ সদস্য ৰাষ্ট্ৰবোৰৰ অৰ্থনৈতিক সমস্যা আদি আলোচনা কৰিবলৈ ই এক ক্ষেত্ৰ প্ৰদান কৰিছে।

(খ) আন্তর্জাতিক বিত্ত নিধিয়ে বিত্তীয় নিয়মানুবর্তিতা বজায় ৰখাত আৰু ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা ৰক্ষা কৰাত গুৰুত্ব দিয়ে।

(গ) অন্য এক গুৰুত্বপূর্ণ অবদান হ’ল, আন্তর্জাতিক মুদ্ৰানিধিয়ে সদস্য ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিত্তীয় নীতিত পৰোক্ষ বা প্রত্যক্ষভাৱে হস্তক্ষেপ নকৰে।

(ঘ) আন্তর্জাতিক মুদ্ৰানিধিৰ অন্যতম সফলতা হ’ল যেই অনুন্নত ৰাষ্ট্ৰসমূহৰ সমস্যাসমূহ দূৰ কৰাৰ বাবে পুঁজিৰ যোগান ধৰে।

(ঙ) অর্থনৈতিক সমস্যাত ভুগি থকা ৰাষ্ট্ৰসমূহৰ কাৰণে আন্তর্জাতিক মুদ্ৰানিধিয়ে এক নতুন বাট মুকলি কৰি দিছে।

(চ) আন্তর্জাতিক মুদ্রানিধিয়ে সদস্য ৰাষ্ট্ৰবোৰক প্ৰযুক্তিগত সমৰ্থন আৰু সহায় আগবঢ়ায়। ই ৰাষ্ট্ৰবোৰৰ নতুন অর্থনৈতিক নীতিৰ ক্ষেত্ৰত পৰামৰ্শদাতা হিচাপে কাম কৰে।

(ছ) অর্থনৈতিক সংকটৰ সময়ত আন্তর্জাতিক মুদ্ৰানিদিয়ে ঋণ প্রদান কৰে। যাৰ ফলত উৰুগুৱে ৰাউণ্ডে বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত আনিব খোজা প্রস্তাৱিত পৰিৱৰ্তনে চূড়ান্তৰূপ প্ৰদান কৰোতে প্রায় আঠ বছৰ সময়ৰ প্ৰয়োজন হয়। শেষত GATT ৰ মূখ্য পৰিচালক আৰ্থাৰ ডানকালে উমৈহতীয়া সমৰ্থন থাকিব পৰা বিষয়বোৰ বাচি লৈ এখন খচৰা চূড়ান্ত আইন প্ৰস্তুত কৰে। ১৯৯৪ চনৰ এপ্ৰিলত ১০৪ খন ৰাষ্ট্ৰই এই প্ৰস্তাৱৰ সমৰ্থনত স্বাক্ষৰ কৰে। ভাৰতে ১৯৯৪ চনৰে ৩০ ডিচেম্বৰত এই প্ৰস্তাৱৰ সমৰ্থনত স্বাক্ষৰ কৰে। ইয়াৰ যোগেদি বিশ্ব বাণিজ্য সংস্থা গঠনৰ পথ প্ৰশস্ত হয়।

বিশ্ব বাণিজ্য সংস্থা গঠনে কোনো দেশকে সন্তুষ্ট কৰিব পৰা নাই। বিশ্ব বাণিজ্য সংস্থাই ইয়াৰ পৰৱৰ্তী বিশ্ববাণিজ্যৰ ক্ষেত্ৰত উন্নত দেশবোৰৰ নিজৰ মাজত, উন্নয়নশীল দেশবোৰৰ নিজৰ মাজত আৰু উন্নত আৰু উন্নয়নশীল দেশৰ মাজত সততে বিবাদৰ সূত্ৰপাত হৈছে। সমালোচকসকলে বিশ্ব বাণিজ্য সংস্থাৰ কাৰ্যকলাপৰ মূল্যায়ন কৰি তলত উল্লেখ কৰা দুর্বলতাসমূহ আঙুলিয়াই দিছে।

(ক) বিশ্ব বাণিজ্য সংস্থাই কৃষিজাত সামগ্ৰীক লৈ যিবোৰ বিধি ব্যৱস্থাপনা গ্ৰহণ কৰিছে সেইবোৰেও উন্নত দেশৰ স্বাৰ্থ পূৰণ হোৱাতহে সহায় কৰিছে।

(খ) বিশ্ব বাণিজ্য সংস্থাৰ বিবাদ মীমাংসা প্ৰক্ৰিয়া সমানে শক্তিশালী হোৱা দুই বা ততোধিক পক্ষৰ ক্ষেত্ৰতহে উপযুক্ত।

(গ) বিশ্ব বাণিজ্য সংস্থাৰ নিয়ম-কানুনবিলাক এনেদৰে প্ৰস্তুত কৰা হৈছে যাৰ ব্যৱহাৰে উন্নয়নশীল দেশৰ তুলনাত উন্নত দেশসমূহ অধিক উপকৃত কৰে।

(ঘ) বিশ্ববাণিজ্য সংস্থাই উন্নয়নশীল দেশৰ নীতি নিৰ্দ্ধাৰণ অৰ্থাৎ উন্নয়নশীল দেশ এখনে অর্থনৈতিক উন্নয়নৰ বাবে শুল্ক নিৰ্দ্ধাৰণ, অনুদান প্রদান ইত্যাদিৰ মাধ্যমত নিজকৈ অনুসৰণ কৰিব পৰা কৌশলসমূহৰ ক্ষেত্ৰত থকা স্বতন্ত্রতা ভংগ কৰিছে।

(ঙ) বিশ্ব বাণিজ্য সংস্থা গঠনৰ পাছৰ পৰা শুষ্ক আৰু অনাশুল্ক প্রতিবন্ধকতাসমূহৰ এনেকৈ  পুনৰ গঠন কৰা হ’ল যাৰ পৰিণামস্বৰূপে উন্নয়নশীল দেশসমূহৰ ৰপ্তানিৰ পথ ৰোধ হোৱাৰ বিপৰীতে উন্নত দেশসমূহৰ পৰা আমদানি কৰাৰ পথ মুকলি ৰাখিবলগীয়া হ’ল। সেইবোৰে  উন্নয়নশীল দেশসমূহক অধিক লোকচানৰ সম্মুখীন কৰাইছে।

(চ) ইয়াৰ জৰিয়তে ধনী দেশসমূহ অধিক লাভৱান হৈছিল কাৰণ এইবোৰ দেশে ৰপ্তানিকৃত দ্ৰব্যৰ উৎপাদনত ৰাজসাহাৰ্য দিয়াৰ পৰিমাণ একবাৰে নগণ্য।

৩৮। অর্থনৈতিক উন্নয়নত আন্তর্জাতিক মুদ্ৰা নিধিৰ ভূমিকা বর্ণনা কৰা ।

উত্তৰঃ বৈদেশিক লেন-দেনৰ মৌলিক ভাৰসাম্যহীনতা দূৰাকৰণৰ লগত অনুন্নত ৰাষ্ট্ৰসমূহৰ অর্থনৈতিক উন্নয়নৰ ক্ষেত্ৰতো আন্তর্জাতিক মুদ্রা নিধিয়ে এক অগ্রণী ভূমিকা পালন কৰি আহিছে।

মুখ্য ভূমিকা সমূহ হ’ল–

(ক) এই আন্তর্জাতিক অনুষ্ঠানটোৱে সদস্য ৰাষ্ট্ৰসমূহৰ দ্বাৰা মুদ্ৰাৰ ভাণ্ডাৰ ৰূপে স্বীকৃতি লাভ কৰিছে।

(খ) এই নিধিৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰৰ পৰা সদস্য ৰাষ্ট্ৰসমূহে বৈদেশিক মুদ্ৰাৰ চাহিদা পূৰণ কৰাত বালেখিনি সক্ষম হৈছে।

(গ) বৈদেশিক মুদ্ৰাৰ মাধ্যমেৰে ঋণ আগবঢ়াই আন্তর্জাতিক মুদ্রা নিধিয়ে সদস্য দেশবোৰৰ হুস্বকালীন বৈদেশিক লেন- দেনৰ ভাৰসাম্যহীনতাৰ সমস্যা সমাধান কৰাত সহায় কৰিছে।

(ঘ) বৈদেশিক বিনিময় মূল্যৰ স্থিৰতা ৰক্ষা আৰু বিশ্বৰ বাণিজ্যস্তৰৰ উন্নতি সাধন আৰু প্ৰসাৰ সাধন কৰি সদস্য ৰাষ্ট্ৰসমূহৰ বৰ্হিবাণিজ্যৰ স্থিৰতাৰ লগত আভ্যন্তৰীণ সুস্থিৰতা ৰক্ষাত আন্তর্জাতিক মুদ্ৰা নিধিৰ ভূমিকা উল্লেখনীয়।

৩৯। উন্নয়নশীল ৰাষ্ট্ৰৰ অৰ্থনৈতিক উন্নয়নত বিশ্ব বেংকৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ বিশ্ব বেংকৰ স্থাপনৰ প্ৰধান উদ্দেশ্য আছিল যুদ্ধ বিধবস্থ ইউৰোপৰ অৰ্থনৈতিক পুনৰ গঠন আৰু অনুন্নত ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰা।

বিশ্ব বেংকৰ মুখ্য ভূমিকা সমূহ হ’ল–

(ক) বিশ্ব বেংকৰ পৰা পুঁজিৰ সাহায্য লৈ উন্নয়নশীল ৰাষ্ট্ৰসমূহে বিভিন্ন উন্নয়নমূলক প্ৰকল্পসমূহৰ ৰূপায়ণত সক্ষম হ’ব পাৰিছে।

(খ) বিশ্ব বেংকৰ অন্তৰ্ভূক্ত আন্তর্জাতিক উন্নয়ন সংস্থাই নিম্ন আয়ৰ দেশবোৰক কম সুদৰ হাৰত বা সুদ বিহীন মধ্যকালীন আৰু দীর্ঘকালীন ঋণ গ্ৰহণৰ সুবিধা প্ৰদান কৰে।

(গ) বিশ্ব বেংকে কৃষি, শক্তি, পৰিবহন, যোগাযোগ, উদ্যোগ, পানীযোগান, নগৰ উন্নয়ণ আদিৰ ক্ষেত্ৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহক যথেষ্ট সুযোগ-সুবিধা আগবঢ়াইছে।

(ঘ) দুৰ্নীতি দূৰীকৰণৰ অৰ্থে বিশ্ব বেংকে ৰাজনৈতিক দায়বদ্ধতা, সামাজিক সচেতনতা বৃদ্ধি, ব্যক্তিগত খণ্ডৰ মাজত প্ৰতিযোগিতাৰ বৃদ্ধি, নিৰপেক্ষ বিচাৰ ব্যৱস্থাৰ প্ৰৱৰ্ত্তন আৰু ৰাজহুৱাখণ্ডৰ দক্ষ পৰিচালনাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

(ঙ) বিশ্ববেংকে পুঁজিৰ বিতৰণ প্ৰণালী আৰু পুঁজি ব্যৱহাৰৰ ক্ষেত্র তো স্বচ্ছতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

(চ) কোনো সদস্য ৰাষ্ট্ৰলৈ ঋণ প্ৰদান কৰোতে বিশ্ব বেংকে ৰাষ্ট্ৰখনৰ ঋণ পৰিশোধ ক্ষমতা আৰু সুদ আদায়ৰ ওপৰতো গুৰুত্ব দিয়ে।

৪০। আন্তর্জাতিক বিত্ত প্রতিষ্ঠানসমূহৰ সদস্য ৰাষ্ট্ৰ হিচাপে ভাৰতৰ সুবিধা আৰু অসুবিধা সমূহ উল্লেখ কৰা।

উত্তৰঃ সুবিধাসমূহ –

(ক) ভাৰতীয় অর্থনীতিয়ে কৃষি, উদ্যোগ, শক্তি, পৰিবহণ, যোগাযোগ আদিৰ নিৰ্দিষ্ট প্রকল্পসমূহৰ উন্নয়নত অগ্ৰগতি লাভ কৰিছে।

(খ) বৈদেশিক মুদ্ৰাৰ প্ৰয়োজন আৰু বৈদেশিক লেন-দেনৰ ঘাটি পূৰণ কৰিবলৈ চৰকাৰেসুবিধা অৰ্জন কৰিছে।

(গ) বিশ্ব বেংকৰ নেতৃত্বত গঠিত ‘ভাৰত সাহাৰ্য্য সংস্থা’ৰ পৰা ভাৰতে 1993 চনলৈ মুঠ 6700 নিযুত ডলাৰলৈ ঋণ সাহাৰ্য্য লাভ কৰিবলৈ সক্ষম হৈছে।

(ঘ) ঋণ প্ৰদানৰ পূৰ্ব চৰ্ত ৰূপে আন্তর্জাতিক মুদ্ৰা নিধি আৰু বিশ্ববেংকে ‘সাংগঠনিক সমন্বয় কর্মসূচী’ ভাৰত চৰকাৰৰ আগত উত্থাপন কৰে আৰু ফলস্বৰূপে, 1991 চনত ভাৰতীয় অৰ্থনীতিৰ সংস্কাৰ আৰম্ভ কৰা হয়।

(ঙ) আভ্যন্তৰীণ ব্যক্তিগত খণ্ড আৰু বৈদেশিক বিনিয়োগৰ পৰিসৰ বঢ়াই দিয়া হয়।

(চ) ঔদ্যোগিক উৎপাদনত ৰাজহুৱা খণ্ডৰ পৰিৱৰ্ত্তে ব্যক্তিগতখণ্ডৰ প্ৰাধান্য দি উদ্যোগস্থাপনৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা প্ৰত্যাহৰ কৰা হয়।

অসুবিধাসমূহঃ

(ক) ভাৰতবৰ্ষই মিশ্ৰ অৰ্থনীতিৰ লক্ষ্য পূৰণ কৰাত অসমৰ্থ হৈছে।

(খ) উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ঋণ পৰিশোধ ক্ষমতা কম। সেয়হে, বৈদেশিক লেন-দেনৰ ভাৰসাম্যহীনতাৰ সমস্যা দূৰ কৰাৰ উদ্দেশ্যেৰে আগবঢ়োৱা হ্রস্বম্যাদী ঋণ ব্যৱস্থাই সমস্যা সমূহ আৰু অধিক জটিল কৰি তুলিছে।

(গ) বিশ্ব বেংকে দুর্নীতি দূৰীকৰণৰ নীতি গ্ৰহণ কৰিলেও বাস্তৱ ক্ষেত্ৰত পুঁজিৰ বিতৰণ আৰু পুঁজিৰ ব্যৱহাৰ স্বচ্ছ হোৱা নাই।

(ঘ) আন্তর্জাতিক বিত্ত আনুষ্ঠানসমূহৰ সাংগনিক সমন্বয় কর্মসূচীয়ে দাৰিদ্র্য দূৰীকৰণ আৰু দুর্নীতি দূৰীকৰণ, এই উভয় ক্ষেত্র তেই ব্যৰ্থ হৈছে।

৪১। ভাৰতৰ কৃষি পণ্যৰ বাণিজ্যৰ ওপৰত বিশ্ব বাণিজ্য সংস্থাৰ প্ৰভাৱ আলোচনা কৰা।

উত্তৰঃ প্ৰভাৱ সমূহ মিশ্ৰ প্ৰকৃতিৰ। এই সমূহ তলত আলোচনা কৰা হ’ল–

(ক) বিশ্ব বাণিজ্য সংস্থা গঠনৰ তিনি বছৰৰ পিছত কৃষি পণ্যৰ আমদানি উৰ্দ্ধমুখী হ’বলৈ ধৰে আৰু ৰপ্তানি ক্ষিপ্ৰ গতিত হ্রাস পায়। আন্তর্জাতিক বজাৰত কৃষি সামগ্ৰীৰ দাম দ্ৰুত গতিত হ্রাস পোৱাৰ ফলত ভাৰতৰ কৃষি পণ্যৰ ৰপ্তানি অধিকভাৱে ক্ষতিগ্রস্থ হয়।

(খ) ভাৰতৰ সাধাৰণ চাউল আৰু গমে আন্তঃ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ সন্মুখীন হ’ব পৰা নাই। ৰপ্তানি সামগ্ৰীসমূহ, যেনে– চাহ, কফি আদিৰ আন্তর্জাতিক বজাৰৰ দাম হ্রাস পোৱাৰ ফলত পৰিমাণগত ভাৱে ৰপ্তানি হ্রাস নাপালেও বিদেশী মুদ্ৰা অৰ্জনত ভাৰত ক্ষতিগ্রস্থ হৈছে।

(গ) আন্তর্জাতিক বজাৰত কৃষি পণ্যৰ চৰকাৰী আর্থিক সাহাৰ্য্য বন্ধ কৰি, বাণিজ্য শুক্ল হ্রাস কৰি আৰু বিভিন্ন চৰকাৰী বাধা-নিষেধ আঁতৰাই বিশ্ব বাণিজ্য সংস্থাই আন্তর্জাতিক বজাৰখন অধিক শক্তিশালী আৰু প্ৰতিযোগিতা পূৰ্ণ কৰি তোলাৰ লক্ষ্য আগত ৰাখিছে।

৪২। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি কি? আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ উদ্দেশ্যসমূহ লিখা।

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি হৈছে ৰাষ্ট্ৰসংঘৰ আন এটা বিশেষ অংগ। ১৯৪৪ চনত অনুষ্ঠিত হোৱা ব্রেটন উদছ সন্মিলনৰ সিদ্ধান্ত মতে এই সংগঠনটো প্ৰতিষ্ঠা কৰা হৈছিল। দ্বিতীয় মহাসমৰৰ সময়ছোৱাত যুদ্ধত জড়িত দেশ কিছুমানে আন দেশৰ পৰা ঋণ লৈছিল আৰু নিজৰ দেশৰ সুবিধা মতে এই ঋণ পৰিশোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। বিভিন্ন দেশৰ মুদ্ৰাৰ মানদণ্ড আছিল বেলেগ বেলেগ। সেয়েহে বিনিময়ৰ হাৰো আছিল বেলেগ বেলেগ। বিভিন্ন দেশে যাতে নিজৰ সুবিধা হোৱাকৈ বিনিময় হাৰৰ পৰিবৰ্তন কৰিব নোৱাৰে আৰু এই বিষয়ত যাতে স্থিৰতা থাকে, সেই উদ্দেশ্যে বিত্তীয় নীতি গ্ৰহণ কৰাৰ ওপৰত কিছুমান দেশে গুৰুত্ব দিছিল। উমৈহতীয়া বিত্তীয় অনুষ্ঠান এটাৰ সৃষ্টি কৰাৰ বিষয়ত সক্রিয় ভূমিকা গ্ৰহণ কৰিছিল ইংলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্টই। এই উদ্দেশ্যে ১৯৪৪ চনত ব্রেটন উদছত এখন সন্মিলন অনুষ্ঠিত কৰা হৈছিল। এই সন্মিলনৰ সিদ্ধান্তৰ ভিত্তিতেই আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ সৃষ্টি কৰা হৈছিল। সেই সন্মিলনৰ সিদ্ধান্ত মতে প্রত্যেক সদস্য ৰাষ্ট্ৰই এই নিধিলৈ নিজৰ বৰঙণি আগবঢ়াব লাগিব। বৰঙণিৰ শতকৰা ২৫ভাগ সোণেৰে দিব লাগিব আৰু বাকী অংশ নিজৰ দেশৰ মুদ্ৰাৰে দিব পাৰিব। এই নিধিৰ পৰা ঋণ ল’ব পৰা ধনৰ পৰিমাণ এই সন্মিলনে নিৰ্ধাৰণ কৰি দিছিল।

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ উদ্দেশ্য হৈছে তলত দিয়া ধৰণৰ–

(ক) স্থায়ী সংগঠন এটাৰ জৰিয়তে ধনৰ লেনদেনৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সৃষ্টি কৰা।

(খ) আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়-বাণিজ্যৰ প্ৰসাৰণ ঘটোৱা ।

(গ) সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বিনিময় হাৰৰ স্থিৰতা ৰক্ষা কৰা৷

(ঘ) আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়-বাণিজ্যৰ সম্প্ৰসাৰণত বিনিময় হাৰে সৃষ্টি কৰা বাধাক আঁতৰ কৰা।

(ঙ) সদস্য ৰাষ্ট্ৰসমূহলৈ প্ৰয়োজনীয় ঋণ আগবঢ়োৱা।

৪৩। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ গঠন আৰু কাৰ্যাৱলী আলোচনা কৰা ।

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ গঠনঃ ৰাষ্ট্ৰসংঘৰ আন আন বিশেষ অংগবোৰৰ দৰে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিও তিনিটা বিভাগেৰে গঠিত। এই বিভাগ তিনিটা হৈছে ক্রমান্বয়ে—ব’ৰ্ড অৱ গৱৰ্ণৰছ, পৰিচালন সঞ্চালক আৰু মেনেজিং ডাইৰেক্টৰ। ব’ৰ্ড অৱ গৱৰ্ণৰছ এই সংগঠনৰ শ্ৰেষ্ঠ অংগ। প্রত্যেক সদস্য ৰাষ্ট্ৰই ইয়াত ভোটদান কৰিব পাৰে। কিন্তু যি সদস্য ৰাষ্ট্ৰই এই নিধিলৈ অধিক পৰিমাণৰ ধন আগবঢ়ায়, সেই সদস্য ৰাষ্ট্ৰৰ ভোটৰ পৰিমাণো বেছি। অর্থাৎ ধনী দেশবোৰৰ ইয়াত প্ৰাধান্য আছে। বছৰত এবাৰ এই ব’ৰ্ডৱ সভা অনুষ্ঠিত হোৱাৰ নিয়ম। এই ব’ৰ্ডৰ সদস্যসকলক পাঁচ বছৰৰ কাৰণে নিযুক্ত কৰা হয়। এই মুদ্ৰানিধিৰ কাৰ্যপালিকা হৈছে পৰিচালন সঞ্চালকসকল। সপ্তাহত দুই তিনিবাৰ সঞ্চালকসকলৰ অধিবেশন অনুষ্ঠিত হয়। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিলৈ বেছি পৰিমাণৰ ধন আগবঢ়োৱা সদস্য ৰাষ্ট্ৰৰ পৰা এজনকৈ সদস্য নির্বাচন কৰাৰ নিয়ম। বাকী সদস্যসকলক গৱৰ্ণৰ ব’ডে নিৰ্বাচন কৰে। এই সংগঠনৰ তৃতীয় বিভাগ হৈছে সঞ্চালক প্ৰধান। তেওঁ কাৰ্যপালিকাৰ চেয়াৰমেন হিচাপেও কার্যনির্বাহ কৰে । আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ আন আন কৰ্মচাৰীসকলক তেওঁ নিয়োগ কৰে।

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ কাৰ্যাৱলী – ব্রটেন উদছ সন্মিলনত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ তিনিটা কাৰ্যৰ বিষয়ে উল্লেখ কৰা হৈছিল। কিন্তু এই তিনিটাৰ উপৰিও এই সংগঠনে আন কিছুমান দায়িত্বও পালন কৰে।

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ দায়িত্ব আৰু কৰ্তব্য তলত উল্লেখ কৰা হ’ল—

(ক) বিনিময় হাৰ নিৰ্ধাৰণ কৰাৰ বিষয়ে নিৰ্দিষ্ট নীতি-নিয়ম প্রচলন কৰা ।

(খ) সদস্য ৰাষ্ট্ৰসমূহলৈ ঋণ আগবঢ়োৱা ।

(গ) আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাৰ বিষয়ত আলোচনা কৰাৰ কাৰণে উমৈহতীয়া মঞ্চৰ সৃষ্টি কৰা।

(ঘ) ঋণ পৰিশোধ কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰসমূহক ধাৰ দিয়া।

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিত ধনী দেশসমূহৰ প্ৰাধান্য আছে যদিও অনুন্নত আৰু উন্নয়নশীল দেশসমূহলৈও কম পৰিমাণৰ সূতত ধন ধাৰে দি এনে দেশৰ অৰ্থনৈতিক বিকাশত এই সংগঠনে ভালেখিনি সহায় কৰি আহিছে। এই সংগঠনৰ পৰা পোৱা ঋণৰ সহায়ত দেশ কিছুমানৰ অৰ্থনৈতিক ভাৰসাম্য ৰক্ষা কৰাটো সম্ভৱ হৈছে। মুদ্রা সম্পৰ্কীয় আৰু অৰ্থনৈতিক নীতি সম্পৰ্কীয় আলোচনাৰ উমৈহতীয়া মঞ্চ হিচাপে এই সংগঠনে কার্য নির্বাহ কৰে। বিভিন্ন দেশৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সম্প্ৰসাৰণৰ বিষয়টো এই সংগঠনে সহায় কৰি আহিছে।

৪৪। অর্থনৈতিক উন্নয়নত আন্তর্জাতিক মুদ্ৰা নিধিৰ ভূমিকা বর্ণনা কৰা ।

উত্তৰঃ বৈদেশিক লেন-দেনৰ মৌলিক ভাৰসাম্যহীনতা দূৰাকৰণৰ লগত অনুন্নত ৰাষ্ট্ৰসমূহৰ অর্থনৈতিক উন্নয়নৰ ক্ষেত্ৰতো আন্তর্জাতিক মুদ্রা নিধিয়ে এক অগ্রণী ভূমিকা পালন কৰি আহিছে।

মুখ্য ভূমিকা সমূহ হ’ল–

(ক) এই আন্তর্জাতিক অনুষ্ঠানটোৱে সদস্য ৰাষ্ট্ৰসমূহৰ দ্বাৰা মুদ্ৰাৰ ভাণ্ডাৰ ৰূপে স্বীকৃতি লাভ কৰিছে।

(খ) এই নিধিৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰৰ পৰা সদস্য ৰাষ্ট্ৰসমূহে বৈদেশিক মুদ্ৰাৰ চাহিদা পূৰণ কৰাত বালেখিনি সক্ষম হৈছে।

(গ) বৈদেশিক মুদ্ৰাৰ মাধ্যমেৰে ঋণ আগবঢ়াই আন্তর্জাতিক মুদ্ৰা নিধিয়ে সদস্য দেশবোৰৰ হ্ৰস্বকালীন বৈদেশিক লেন-দেনৰ ভাৰসাম্যহীনতাৰ সমস্যা সমাধান কৰাত সহায় কৰিছে।

(ঘ) বৈদেশিক বিনিময় মূল্যৰ স্থিৰতা ৰক্ষা আৰু বিশ্বৰ বাণিজ্যস্তৰৰ উন্নতি সাধন আৰু প্ৰসাৰ সাধন কৰি সদস্য ৰাষ্ট্ৰসমূহৰ বৰ্হিবাণিজ্যৰ স্থিৰতাৰ লগত আভ্যন্তৰীণ সুস্থিৰতা ৰক্ষাত আন্তর্জাতিক মুদ্ৰা নিধিৰ ভূমিকা উল্লেখনীয়।

৪৫। উন্নয়নশীল ৰাষ্ট্ৰৰ অৰ্থনৈতিক উন্নয়নত বিশ্ব বেংকৰ ভূমিকা আলোচনা কৰা ।

উত্তৰঃ বিশ্ব বেংকৰ স্থাপনৰ প্ৰধান উদ্দেশ্য আছিল যুদ্ধ বিধবস্থ ইউৰোপৰ অৰ্থনৈতিক পুনৰ গঠন আৰু অনুন্নত ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰা।

বিশ্ব বেংকৰ মুখ্য ভূমিকা সমূহ হ’ল—

(ক) বিশ্ব বেংকৰ পৰা পুঁজিৰ সাহায্য লৈ উন্নয়নশীল ৰাষ্ট্ৰসমূহে বিভিন্ন উন্নয়নমূলক প্ৰকল্পসমূহৰ ৰূপায়ণত সক্ষম হ’ব পাৰিছে।

(খ) বিশ্ব বেংকৰ অন্তর্ভূক্ত আন্তর্জাতিক উন্নয়ন সংস্থাই নিম্ন আয়ৰ দেশবোৰক কম সুদৰ হাৰত বা সুদ বিহীন মধ্যকালীন আৰু দীর্ঘকালীন ঋণ গ্ৰহণৰ সুবিধা প্ৰদান কৰে।

(গ) বিশ্ব বেংকে কৃষি, শক্তি, পৰিবহন, যোগাযোগ, উদ্যোগ, পানীযোগান, নগৰ উন্নয়ণ আদিৰ ক্ষেত্ৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহক যথেষ্ট সুযোগ-সুবিধা আগবঢ়াইছে।

(ঘ) দুৰ্নীতি দূৰীকৰণৰ অৰ্থে বিশ্ব বেংকে ৰাজনৈতিক দায়বদ্ধতা, সামাজিক সচেতনতা বৃদ্ধি, ব্যক্তিগত খণ্ডৰ মাজত প্ৰতিযোগিতাৰ বৃদ্ধি, নিৰপেক্ষ বিচাৰ ব্যৱস্থাৰ প্ৰৱৰ্তন আৰু ৰাজহুৱাখণ্ডৰ দক্ষ পৰিচালনাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

(ঙ) বিশ্ববেংকে পুঁজিৰ বিতৰণ প্ৰণালী আৰু পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰ তো স্বচ্ছতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

(চ) কোনো সদস্য ৰাষ্ট্ৰলৈ ঋণ প্ৰদান কৰোতে বিশ্ব বেংকে ৰাষ্ট্ৰখনৰ ঋণ পৰিশোধ ক্ষমতা আৰু সুদ আদায়ৰ ওপৰতো গুৰুত্ব দিয়ে।

৪৬। আন্তর্জাতিক বিত্ত প্রতিষ্ঠানসমূহৰ সদস্য ৰাষ্ট্ৰ হিচাপে ভাৰতৰ সুবিধা আৰু অসুবিধা সমূহ উল্লেখ কৰা।

উত্তৰঃ সুবিধাসমূহ–

(ক) ভাৰতীয় অর্থনীতিয়ে কৃষি, উদ্যোগ, শক্তি, পৰিবহণ, যোগাযোগ আদিৰ নিৰ্দিষ্ট প্রকল্পসমূহৰ উন্নয়নত অগ্ৰগতি লাভ কৰিছে।

(খ) বৈদেশিক মুদ্ৰাৰ প্ৰয়োজন আৰু বৈদেশিক লেন-দেনৰ ঘাটি পূৰণ কৰিবলৈ চৰকাৰে সুবিধা অৰ্জন কৰিছে।

(গ) বিশ্ব বেংকৰ নেতৃত্বত গঠিত ‘ভাৰত সাহাৰ্য্য সংস্থা’ৰ পৰা ভাৰতে 1993 চনলৈ মুঠ 6700 নিযুত ডলাৰলৈ ঋণ সাহাৰ্য্য লাভ কৰিবলৈ সক্ষম হৈছে।

(ঘ) ঋণ প্ৰদানৰ পূৰ্ব চৰ্ত ৰূপে আন্তর্জাতিক মুদ্ৰা নিধি আৰু বিশ্ববেংকে ‘সাংগঠনিক সমন্বয় কর্মসূচী’ ভাৰত চৰকাৰৰ আগত উত্থাপন কৰে আৰু ফলস্বৰূপে, 1991 চনত ভাৰতীয় অৰ্থনীতিৰ সংস্কাৰ আৰম্ভ কৰা হয়।

(ঙ) আভ্যন্তৰীণ ব্যক্তিগত খণ্ড আৰু বৈদেশিক বিনিয়োগৰ পৰিসৰ বঢ়াই দিয়া হয়।

(চ) ঔদ্যোগিক উৎপাদনত ৰাজহুৱা খণ্ডৰ পৰিৱৰ্ত্তে ব্যক্তিগতখণ্ডৰ প্ৰাধান্য দি উদ্যোগস্থাপনৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা প্ৰত্যাহৰ কৰা হয়।

অসুবিধাসমূহ–

(ক) ভাৰতবৰ্ষই মিশ্ৰ অৰ্থনীতিৰ লক্ষ্য পূৰণ কৰাত অসমৰ্থ হৈছে।

(খ) উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ঋণ পৰিশোধ ক্ষমতা কম। সেয়হে, বৈদেশিক লেন-দেনৰ ভাৰসাম্যহীনতাৰ সমস্যা দূৰ কৰাৰ উদ্দেশ্যেৰে আগবঢ়োৱা হ্রস্বম্যাদী ঋণ ব্যৱস্থাই সমস্যা সমূহ আৰু অধিক জটিল কৰি তুলিছে।

(গ) বিশ্ব বেংকে দুৰ্নীতি দূৰীকৰণৰ নীতি গ্ৰহণ কৰিলেও বাস্তৱ ক্ষেত্ৰত পুঁজিৰ বিতৰণ আৰু পুঁজিৰ ব্যৱহাৰ স্বচ্ছ হোৱা নাই।

(ঘ) আন্তর্জাতিক বিত্ত আনুষ্ঠানসমূহৰ সাংগনিক সমন্বয় কর্মসুচীয়ে দাৰিদ্র্য দূৰীকৰণ আৰু দুৰ্নীতি দূৰীকৰণ, এই উভয় ক্ষেত্র তেই ব্যৰ্থ হৈছে।

৪৭। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি কি? আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ উদ্দেশ্যসমূহ লিখা।

উত্তৰঃ ‘আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি হৈছে ৰাষ্ট্ৰসংঘৰ আন এটা বিশেষ অংগ। ১৯৪৪ চনত অনুষ্ঠিত হোৱা ব্রেটন উদছ সন্মিলনৰ সিদ্ধান্ত মতে এই সংগঠনটো প্ৰতিষ্ঠা কৰা হৈছিল। দ্বিতীয় মহাসমৰৰ সময়ছোৱাত যুদ্ধত জড়িত দেশ কিছুমানে আন দেশৰ পৰা ঋণ লৈছিল আৰু নিজৰ দেশৰ সুবিধা মতে এই ঋণ পৰিশোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। বিভিন্ন দেশৰ মুদ্ৰাৰ মানদণ্ড আছিল বেলেগ বেলেগ। সেয়েহে বিনিময়ৰ হাৰো আছিল বেলেগ বেলেগ। বিভিন্ন দেশে যাতে নিজৰ সুবিধা হোৱাকৈ বিনিময় হাৰৰ পৰিবৰ্তন কৰিব নোৱাৰে আৰু এই বিষয়ত যাতে স্থিৰতা থাকে, সেই উদ্দেশ্যে বিত্তীয় নীতি গ্ৰহণ কৰাৰ ওপৰত কিছুমান দেশে গুৰুত্ব দিছিল। উমৈহতীয়া বিত্তীয় অনুষ্ঠান এটাৰ সৃষ্টি কৰাৰ বিষয়ত সক্রিয় ভূমিকা গ্ৰহণ কৰিছিল ইংলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্টই। 

এই উদ্দেশ্যে ১৯৪৪ চনত ব্রেটন উদ্ছত এখন সন্মিলন অনুষ্ঠিত কৰা হৈছিল। এই সন্মিলনৰ সিদ্ধান্তৰ ভিত্তিতেই আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ সৃষ্টি কৰা হৈছিল। সেই সন্মিলনৰ সিদ্ধান্ত মতে প্রত্যেক সদস্য ৰাষ্ট্ৰই এই নিধিলৈ নিজৰ বৰঙণি আগবঢ়াব লাগিব। বৰঙণিৰ শতকৰা ২৫ভাগ সোণেৰে দিব লাগিব আৰু বাকী অংশ নিজৰ দেশৰ মুদ্ৰাৰে দিব পাৰিব। এই নিধিৰ পৰা ঋণ ল’ব পৰা ধনৰ পৰিমাণ এই সন্মিলনে নিৰ্ধাৰণ কৰি দিছিল।

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ উদ্দেশ্য হৈছে তলত দিয়া ধৰণৰ—

(ক) স্থায়ী সংগঠন এটাৰ জৰিয়তে ধনৰ লেনদেনৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সৃষ্টি কৰা।

(খ) আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়-বাণিজ্যৰ প্ৰসাৰণ ঘটোৱা।

(গ) সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বিনিময় হাৰৰ স্থিৰতা ৰক্ষা কৰা।

(ঘ) আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়-বাণিজ্যৰ সম্প্ৰসাৰণত বিনিময় হাৰে সৃষ্টি কৰা বাধাক আঁতৰ কৰা।

(ঙ) সদস্য ৰাষ্ট্ৰসমূহলৈ প্ৰয়োজনীয় ঋণ আগবঢ়োৱা।

৪৮। আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সম্প্ৰসাৰণত মুদ্ৰানিধিৰ সংগঠনটো কেনেকৈ সহায় কৰিছিল?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ আন আন বিশেষ অংগবোৰৰ দৰে আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধিও তিনিটা বিভাগেৰে গঠিত। এই বিভাগ তিনিটা হৈছে ক্ৰমান্বয়ে—ব’ৰ্ড অৱ গৱৰ্ণৰছ, পৰিচালন সঞ্চালক আৰু মেনেজিং ডাইৰেক্টৰ। ব’ৰ্ড অৱ গৱৰ্ণৰছ এই সংগঠনৰ শ্ৰেষ্ঠ অংগ। প্রত্যেক সদস্য ৰাষ্ট্ৰই ইয়াত ভোটদান কৰিব পাৰে। কিন্তু যি সদস্য ৰাষ্ট্ৰই এই নিধিলৈ অধিক পৰিমাণৰ ধন আগবঢ়ায়, সেই সদস্য ৰাষ্ট্ৰৰ ভোটৰ পৰিমাণো বেছি। অৰ্থাৎ ধনী দেশবোৰৰ ইয়াত প্ৰাধান্য আছে। বছৰত এবাৰ এই ব’ৰ্ডৰ সভা অনুষ্ঠিত হোৱাৰ নিয়ম। এই ব’ৰ্ডৰ সদস্যসকলক পাঁচ বছৰৰ কাৰণে নিযুক্ত কৰা হয় । এই মুদ্ৰানিধিৰ কাৰ্যপালিকা হৈছে পৰিচালন সঞ্চালকসকল। সপ্তাহত দুই তিনিবাৰ সঞ্চালকসকলৰ অধিবেশন অনুষ্ঠিত হয়। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিলৈ বেছি পৰিমাণৰ ধন আগবঢ়োৱা সদস্য ৰাষ্ট্ৰৰ পৰা এজনকৈ সদস্য নির্বাচন কৰাৰ নিয়ম। বাকী সদস্যসকলক গৱৰ্ণৰ ব’ডে নিৰ্বাচন কৰে। এই সংগঠনৰ তৃতীয় বিভাগ হৈছে সঞ্চালক প্রধান। তেওঁ কাৰ্যপালিকাৰ চেয়াৰমেন হিচাপেও কাৰ্যনিৰ্বাহ কৰে । আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ আন আন কৰ্মচাৰীসকলক তেওঁ নিয়োগ কৰে।

ব্রটেন উদছ সন্মিলনত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ তিনিটা কাৰ্যৰ বিষয়ে উল্লেখ কৰা হৈছিল। কিন্তু এই তিনিটাৰ উপৰিও এই সংগঠনে আন কিছুমান দায়িত্বও পালন কৰে।

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ দায়িত্ব আৰু কৰ্তব্য তলত উল্লেখ কৰা হ’ল—

(ক) বিনিময় হাৰ নিৰ্ধাৰণ কৰাৰ বিষয়ে নির্দিষ্ট নীতি-নিয়ম প্রচলন কৰা।

(খ) সদস্য ৰাষ্ট্ৰসমূহলৈ ঋণ আগবঢ়োৱা ।

(গ) আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাৰ বিষয়ত আলোচনা কৰাৰ কাৰণে উমৈহতীয়া মঞ্চৰ সৃষ্টি কৰা।

(ঘ) ঋণ পৰিশোধ কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰসমূহক ধাৰ দিয়া ।

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিত ধনী দেশসমূহৰ প্ৰাধান্য আছে যদিও অনুন্নত আৰু উন্নয়নশীল দেশসমূহলৈও কম পৰিমাণৰ সূতত ধন ধাৰে দি এনে দেশৰ অৰ্থনৈতিক বিকাশত এই সংগঠনে ভালেখিনি সহায় কৰি আহিছে। এই সংগঠনৰ পৰা পোৱা ঋণৰ সহায়ত দেশ কিছুমানৰ অর্থনৈতিক ভাৰসাম্য ৰক্ষা কৰাটো সম্ভৱ হৈছে। মুদ্ৰা সম্পৰ্কীয় আৰু অৰ্থনৈতিক নীতি সম্পৰ্কীয় আলোচনাৰ উমৈহতীয়া মঞ্চ হিচাপে এই সংগঠনে কাৰ্য নিৰ্বাহ কৰে। বিভিন্ন দেশৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সম্প্ৰসাৰণৰ বিষয়টো এই সংগঠনে সহায় কৰি আহিছে।

৪৯। উন্নয়নশীল দেশসমূহৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত বিশ্ব বাণিজ্য সংস্থাৰ ভূমিকাৰ মূল্যায়ন কৰা।

উত্তৰঃ উন্নয়নশীল দেশ সমূহৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত লোৱা বিশ্ব বাণিজ্যৰ ভূমিকা তলত আলোচনা কৰা হ’ল–

(ক) ৰূপান্তৰশীল অর্থনীতি সমূহক সহায় আৰু উন্নয়ন সাধন কৰা।

(খ) ৰপ্তানি বৃদ্ধিৰ বাবে বিশেষ সহায় আগবঢ়োৱা।

(গ) বিশ্বৰ অৰ্থনৈতিক নীতি নিৰ্ধাৰণত সহযোগিতা আগবঢ়োৱা ।

(ঘ) সম্পাদিত চুক্তিৰ ৰূপায়ণ পৰ্যবেক্ষণ কৰা।

(ঙ) আন্তঃ ৰাষ্ট্ৰীয় বাণিজ্যৰ মুল নীতিসমূহ বজাই ৰাখা।

(চ) ৰপ্তানি বৃদ্ধিৰ বাবে বিশেষ সহায় আগবঢ়োৱা বিশ্ব বাণিজ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ প্রায় ৭৫% ৰাষ্ট্ৰ উন্নয়শীল ৰাষ্ট্ৰ। বিশ্ব বাণিজ্য সংস্থাই এই উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বিশেষ প্ৰয়োজন আৰু সমস্যাসমূহৰ প্ৰতি যথোচিত গুৰুত্ব দিয়ে আৰু বিভিন্ন ধৰণে সহায় আগবঢ়ায়।

(ছ) বিশ্বৰ অৰ্থনৈতিক নীতি নিৰ্ধাৰণত সহযোগিতা আগবঢ়োৱা ৷

(জ) সম্পাদিত চুক্তিৰ ৰূপায়ণ পৰ্যবেক্ষণ কৰা বিশ্ব বাণিজ্য সংস্থাই আন্তঃ ৰাষ্ট্ৰীয় আইনী দলিল হিচাপে স্বীকৃত প্রায় ৬০ খন চুক্তিৰ তত্ত্বাৱধান কৰে।

(ঝ) আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ মূল নীতিসমূহ বৰ্তাই ৰখা।

(ঞ) বিবাদ মীমাংসাকাৰী কাৰ্য সংস্থা হিচাপে WTO এ কাম কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top