Politics of Globalization Unit 1 বিশ্বায়নৰ ধাৰণা

Politics of Globalization Unit 1 বিশ্বায়নৰ ধাৰণা Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Politics of Globalization Unit 1 বিশ্বায়নৰ ধাৰণা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Politics of Globalization Unit 1 বিশ্বায়নৰ ধাৰণা Question Answer can be of great value to excel in the examination.

Politics of Globalization Unit 1 বিশ্বায়নৰ ধাৰণা

Join Telegram channel

Politics of Globalization Unit 1 বিশ্বায়নৰ ধাৰণা Notes cover all the exercise questions in UGC Syllabus. The Politics of Globalization Unit 1 বিশ্বায়নৰ ধাৰণা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Concept of Globalization

POLITICAL SCIENCE

POLITICS OF GLOBALIZATION

বিশ্বায়নৰ ৰাজনীতি

অতি চমু প্রশ্নোত্তৰঃ

১। গোলকীকৰণ শব্দটো কোনে পোনপ্ৰথমে উদ্ভাৱন কৰিছিল?

উত্তৰঃ থিওডোৰ লেভিট (Theodore Levitt)।

২। LPGৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ Liberalization Privatization and Globalization.

৩। গোলকীকৰণৰ দুটা উপাদানৰ নাম লিখা।

উত্তৰঃ (ক) জন প্রবাহ (Flow of people)। 

(খ) প্রযুক্তি বিদ্যাৰ বিকাশ (Advancement of Technology)।

৪। ‘The Race to the Top: The Real story of Globalization,’ কিতাপখনৰ ৰচক কোন?

উত্তৰঃ টমাচ লাচন (Thomas Larsson)।

৫। ‘Proto-Globalization’ৰ ধাৰণাটো কোনে আগবঢ়াইছিল?

উত্তৰঃ এ. জে. হপকিনচ আৰু ক্রিস্টোফাৰ বেলি (A. G. Hopkins and Christopher Bayly)।

৬। ‘GATT’ ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ General Agreement on Tariffs and Trade.

৭। WTO ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ World Trade Organization.

৮। “World Systems Theory” কোনে আগবঢ়াইছিল

উত্তৰঃ ৱালাৰস্টেইন (Wallerstein)।

৯। TRIPSৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ Trade-Related Aspects of Intellectual Property Rights.

১০। OPEC ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ Organisation of the Petroleum Exporting Countries.

১১। “Globalization and its Discontents” কিতাপখনৰ ৰচক কোন?

উত্তৰঃ যোচেফ ষ্টিগলিটজ (Joseph Stiglitz)।

১২। “Making Globalisation Work”— কিতাপখনৰ ৰচক কোন?

উত্তৰঃ যোচেফ ষ্টিগলিটজ (Joseph Stiglitz)।

১৩। বিশ্বায়নৰ এগৰাকী সমালোচকৰ নাম লিখা।

উত্তৰঃ জেমছ পেট্ৰাছ (James Petras)।

১৪। WSF ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ World Social Forum.

১৬। SDR ৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ Special Drawing Rights.

১৫। সীমাবিহীন পৃথিৱী (Borderless World)ৰ ধাৰণা কোনে আগবঢ়াইছিল?

উত্তৰঃ Kenichi Ohmae.

১৭। MDGৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ Millennium Development Goals.

১৮। বিশ্ববেংক কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰঃ ২৭ ডিচেম্বৰ ১৯৪৫।

১৯। বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক’ত?

উত্তৰঃ ওৱাচিংটন ডি.চি.

২০। GATS ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ General Agreement on Trade in Service.

২১। TRIM ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ Trade Related Investment Measures.

২২। GATT ক আঁতৰাই কোনটো সংগঠন গঠন কৰা হৈছিল?

উত্তৰঃ World Trade Organization (WTO)।

২৩। ‘Multilateral Investment Guarantee Agency’ কেতিয়া গঠন হৈছিল?

উত্তৰঃ ১৯৮৮ চনত।

২৪। NAFTA ৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ North American Free Trade Agreement.

২৫। IBRD ৰ সম্পূৰ্ণ ৰূপটো লিখা?

উত্তৰঃ International Bank for Reconstruction and Development.

২৬। বিশ্বায়ন মানে কি?

উত্তৰঃ বিশ্বায়ন মানে হ’ল বিশ্বব্যাপী আন্তঃসংযোগ।

২৭৷ ৰাষ্ট্ৰৰ সামৰ্থৰ ওপৰত বিশ্বায়নৰ এটা সকাৰাত্মক প্ৰভাৱ উল্লেখ কৰা ।

উত্তৰঃ প্রযুক্তি ব্যৱহাৰ কৰি ৰাষ্ট্ৰই নাগৰিকসকলক প্রয়োজনীয় তথ্যপাতি প্ৰদান কৰিব পাৰে।

২৮। সাংস্কৃতিক বৈসাদৃশ্যতা মানে কি?

উত্তৰঃ বিশ্বৰ সংস্কৃতি একে নহয়। বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জাতি, জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ ভিন্ন ভিন্ন সংস্কৃতি পৰিলক্ষিত হয়।

২৯। বিশ্বায়নে কিদৰে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক প্ৰভাৱিত কৰে?

উত্তৰঃ বিশ্বায়নৰ ফলত ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব ক্ষমতা সীমিত হৈ পৰিছে বুলি কোৱা হয়। ৰাষ্ট্ৰই কেৱল আইন শৃংখলা নিয়ন্ত্ৰণ আৰু নাগৰিকৰ জীৱনৰ সুৰক্ষাৰ দায়িত্বতে সীমাৱদ্ধ হ’ব লগা হৈছে। জনকল্যাণমুখী ৰাষ্ট্ৰৰ ঠাইত এতিয়া বজাৰকেন্দ্ৰিক ৰাষ্ট্ৰৰ সৃষ্টি হোৱাৰ অভিযোগ উঠিছে।

৩০। বিশ্বায়নে কেনেকৈ বিশ্বৰ সংস্কৃতিৰ প্ৰতি ভাবুকি আনিছে?

উত্তৰঃ বিশ্বায়নে একে ধৰণৰ সংস্কৃতি সৃষ্টি কৰে বুলি আশংকা কৰা হয়। পৰম্পৰাগত আৰু স্থানীয় সংস্কৃতি বিলুপ্ত হোৱাৰ এক পৰিস্থিতি সৃষ্টি হয়।

৪১। বিশ্বায়নৰ সাংস্কৃতিক ফলাফলসমূহ সদায়েই নেতিবাচক বুলি তুমি ভাবা নেকি?

উত্তৰঃ বিশ্বায়নৰ সাংস্কৃতিক প্রভাৱ নেতিবাচক বুলি কোৱা হয়, কাৰণ সংস্কৃতি স্থিতিশীল নহয়। ই বাহিৰৰ প্ৰভাৱবিলাকক সকলো সময়তে গ্ৰহণ কৰে আৰু আমাৰ পছন্দবোৰ সংকুচিত কৰে বা কমাই আনে।

৪২। “বিশ্বায়নৰ এটা গুৰুত্বপূৰ্ণ উপাদান হ’ল প্রযুক্তি।” হয় নে নহয় লিখা।

উত্তৰঃ হয়।

৪৩। বিশ্বায়নৰ প্ৰভাৱ সকলোতে সমান বুলি তুমি ভাবা নেকি?

উত্তৰঃ বিশ্বায়নৰ প্ৰভাৱ সমান নহয়। ই কিছুমান সমাজক অন্যতকৈ বেছিকৈ ক্রিয়ান্বিত কৰে আৰু সমাজৰ কিছুমান ভাগকো অন্যতকৈ বেছিকৈ প্ৰভাৱিত কৰে।

৪৪। বিশ্বায়নৰ প্ৰতি আমূল দৃষ্টিভংগী কি?

উত্তৰঃ বিশ্বায়নৰ প্ৰতি আমূল দৃষ্টিভংগীৰ অৰ্থ হৈছে কঠোৰ চৰকাৰী নিয়ম আৰু নিয়মৰ অধীনত ৰাজ্যসমূহৰ মাজত একত্ৰীকৰণ আৰু যোগাযোগ। উদাহৰণস্বৰূপে কঠোৰ চৰকাৰী নিয়ন্ত্রণত বিদেশী বিনিয়োগকাৰীসকলৰ বাবে ব্যৱসায় মুকলি কৰা।

৪৫। উদাৰ প্ৰতিষ্ঠানবাদ তত্ত্ব কি?

উত্তৰঃ প্রতিষ্ঠানগত উদাৰবাদ বা উদাৰ প্ৰতিষ্ঠানবাদ হৈছে আন্তর্জাতিক সম্পৰ্কৰ এক আধুনিক তত্ত্ব যিয়ে দাবী কৰে যে আন্তর্জাতিক প্রতিষ্ঠান আৰু সংগঠন যেনে ৰাষ্ট্ৰসংঘ (ইউএন), উত্তৰ আটলান্টিক চুক্তি সংগঠন (নাটো) আৰু ইউৰোপীয় ইউনিয়নে (ইউৰোপীয় ইউনিয়ন) ৰাজ্যসমূহৰ মাজত সহায় আৰু সহযোগিতা বৃদ্ধি কৰিব পাৰে।

৪৬। বিশ্বায়নৰ ৭ টা মুখ্য প্ৰকাৰ কি?

উত্তৰঃ বিত্তীয় বিশ্বায়ন, অর্থনৈতিক বিশ্বায়ন, প্রযুক্তিগত বিশ্বায়ন, ৰাজনৈতিক বিশ্বায়ন, সাংস্কৃতিক বিশ্বায়ন, সমাজতাত্ত্বিক বিশ্বায়ন, পাৰিপাৰ্শ্বিক বিশ্বায়ন।

৪৭। সাংগঠনিক সমন্বয় কর্মসূচীৰ দুটা লক্ষ্য উল্লেখ কৰা।

উত্তৰঃ লক্ষ্য দুটা হ’ল–

(ক) বজাৰভিত্তিক অর্থনীতিৰ প্ৰৱৰ্ত্তন কৰা।

(খ) গোলকীকৰণৰ মাধ্যমেৰে দেশ এখনৰ অৰ্থব্যৱস্থাক আন্তর্জাতিক প্রতিযোগিতাৰ বাবে পুনৰ গঠন কৰা।

চমু আৰু প্ৰশ্নোত্তৰঃ

১। প্রযুক্তিবিদ্যাই কিদৰে বিশ্বায়নক উদ্‌গণি যোগায়?

উত্তৰঃ প্ৰযুক্তিবিদ্যাৰ বিশ্বায়নৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰত থকা মানুহৰ মাজত বিজুলী ডাক, কথা পতা যন্ত্র, টেলিভিছন, ইণ্টাৰনেট, ই-মেইল, ফেক্স আদিয়ে এটা তাৎক্ষণিক যোগাযোগৰ ভূমিকা লৈছে। প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ বাবেহে বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ মানুহৰ মাজত আদৰ্শ, সম্পত্তি বা দ্ৰব্য আদিৰ মাজত হোৱা তাৎক্ষণিক আন্দোলন, সম্ভৱ হৈছে। ডিজিটেল আৰু খবৰৰ বিপ্লবে পৃথিৱীৰ শিক্ষাৰ ব্যৱস্থাটোও সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে। তাৰোপৰি বেপাৰ-বাণিজ্যৰ যোগাযোগৰ ক্ষেত্ৰতো যথেষ্ট পৰিৱৰ্তন আহিছে। কম্পিউটাৰেও শৈক্ষিক লগতে যোগাযোগৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।

২। প্রযুক্তিবিদ্যাই কিদৰে বিশ্বায়নক উদ্‌গনি যোগায়?

উত্তৰঃ প্ৰযুক্তিবিদ্যাৰ বিশ্বায়নৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰত থকা মানুহৰ মাজত বিজুলী ডাক, কথা পতা যন্ত্র, টেলিভিছন, ইণ্টাৰনেট, ই-মেইল, ফেক্স আদিয়ে এটা তাৎক্ষণিক যোগাযোগৰ ভূমিকা লৈছে। প্রযুক্তিবিদ্যাৰ উন্নতিৰ বাবেহে বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ মানুহৰ মাজত আদৰ্শ, সম্পত্তিবা দ্ৰব্য আদিৰ মাজত হোৱা তাৎক্ষণিক আন্দোলন সম্ভৱ হৈছে। ডিজিটেল আৰু খবৰৰ বিপ্লবে পৃথিৱীৰ শিক্ষাৰ ব্যৱস্থাটোও সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে। তাৰোপৰি বেপাৰ-বাণিজ্যৰ যোগাযোগৰ ক্ষেত্ৰতো যথেষ্ট পৰিৱৰ্তন আহিছে। কম্পিউটাৰেও শৈক্ষিক লগতে যোগাযোগৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।

৩। বিশ্ব সামূহিক সম্পদ বুলিলে কি বুজা? এই সম্পদবোৰ সংৰক্ষণৰ উপায় উল্লেখ কৰা।

উত্তৰঃ সামূহিক বা ৰাজহুৱা সম্পদ বুলিলে সেই সম্পদক বুজোৱা হয় যিবোৰ কোনো ব্যক্তিৰ বাবে নহয় বৰং এটা সম্প্রদায়ে ভোগ কৰে। এখন নদী, এখন উদ্যান, এটা সামূহিক কেন্দ্ৰ আদি সামূহিক বা ৰাজহুৱা সম্পদৰ ভিতৰত পৰে। বিশ্বত এনে বহুতো অঞ্চল আছে যিবোৰ কোনো সাৰ্বভৌম ৰাষ্ট্ৰৰ চাৰিসীমাৰ ভিতৰত অৱস্থিত নহয় আৰু সেয়েহে বিশ্বসমূদায়ে সামূহিকভাবে এনে অঞ্চলবোৰ শাসন কৰা প্ৰয়োজন। এনে সম্পদবোৰক বিশ্বৰ সামূহিক সম্পদ বোলা হয়। বিশ্বৰ এনে সামূহিক সম্পদসমূহৰ ভিতৰত পৃথিৱীৰ জলবায়ু এণ্টাকটিকা মহাদেশ, বৰফাকৃত অঞ্চল আৰু মহাকাশ অন্যতম।

পৰামৰ্শ–

(ক) বিশ্বৰ উত্তৰ আৰু দক্ষিণৰ ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি আৰু ঐক্যমত স্থাপন।

(খ) উপকূলীয় অঞ্চলত জনবসতিৰ পৰিমান হ্ৰাস কৰি প্ৰদূষণ ৰোধ কৰা।

৪। পাৰিপাৰ্শ্বিক সমস্যাটো সমাধানৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ ভূমিকা উল্লেখ কৰা।

উত্তৰঃ বিশ্বত এক সস্থ আৰু স্বাস্থ্যসন্মত পাৰিপাৰ্শ্বিক পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই আৰম্ভণিৰে পৰাই এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ৰাষ্ট্ৰসংঘই মানৱ জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ হ’লে এক সেউজ পৰিৱেশৰ প্ৰয়োজনীয়তা সম্পৰ্কে ৰাষ্ট্ৰসমূহৰ মাজত সজাগতা সৃষ্টি আৰু সহযোগিতা স্থাপনৰ ওপৰত প্ৰচেষ্টা চলাই আহিছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় কাঠাম চুক্তিপত্ৰৰ কথা উল্লেখযোগ্য।

৫। গোলকীকৰণ বুলিলে কি বুজা?

উত্তৰঃ বৰ্তমান গোলকীকৰণ বা বিশ্বায়নৰ যুগ। গোলকীকৰণ এক বহুমুখী প্ৰক্ৰিয়া। ইয়াৰ কোনো এক নির্দিষ্ট সংজ্ঞা দিয়াটো সহজ নহয় ৷ গোলকীকৰণৰ অৰ্থ ইয়াৰ ব্যৱহাৰৰ পৰিপ্ৰেক্ষিতত নিৰ্ভৰ কৰে৷ গোলকীকৰণ বা বিশ্বায়নে (Globalization) সাধাৰণতে এক অবিৰত প্ৰৱাহক বুজায়৷ এনে প্ৰৱাহ বিভিন্ন ধৰণৰ হ’ব পাৰে। যেনে— পৃথিৱীৰ কোনো এক প্ৰান্তৰ পৰা ৰীতি-নীতি তথা ধ্যান-ধাৰণাৰ আন এক প্রান্তলৈ হোৱা গতি, দুখন বা ততোধিক ঠাইৰ মাজৰ পুঁজি বিনিয়োগ, এখন দেশৰ উৎপাদিত সামগ্ৰী আন এখন দেশৰ বজাৰত মুকলি, জীৱিকাৰ সংক্ৰান্তত এখন ঠাইৰ জনসাধাৰণৰ আন এখন ঠাইলৈ চলাচল, কোনো এখন সমাজৰ কৃষ্টিসংস্কৃতি আন কোনো সমাজৰ দ্বাৰা অনুকৰণ ইত্যাদি। সকলোবোৰেই হৈছে একো একোটা প্ৰৱাহ৷ এনে প্ৰৱাহৰ ফলত সমগ্ৰ বিশ্বখনেই এক সার্বজনীন ব্যৱস্থাৰ অন্তৰ্ভুক্ত হয় আৰু পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। এই বহুমুখী প্ৰক্ৰিয়াটোৱে হৈছে গোলকীকৰণ বা বিশ্বায়ন (Globalization)।

৬। গোলকীকৰণৰ সংজ্ঞা দিয়া।

উত্তৰঃ জন বেইলিছ (John Baylis) আৰু ষ্টিভ স্মিথ (Steve Smith)ৰ মতে, গোলকীকৰণ হ’ল এনে এটা প্রক্রিয়া, য’ত বিভিন্ন সমাজৰ মাজত ক্ৰমান্বয়ে পাৰস্পৰিক নিৰ্ভৰশীলতা স্থাপিত হয়, যাৰ ফলত বিশ্বৰ কোনো এক প্ৰান্তৰ ঘটনাই বহু দূৰত অৱস্থিত অন্য দেশৰ জনসাধাৰণ নাইবা সমাজৰ ওপৰত প্ৰভাৱ পেলায়।

৭। গোলকীকৰণ (Globalization) ৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ গোলকীকৰণৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা হ’ল—

(ক) গোলকীকৰণ এক বহুমুখী প্রক্রিয়া (Globalization is a Multidimensional Process) – অর্থনৈতিকভাৱে গোলকীকৰণে দেশীয় বজাৰ মুকলি কৰা, মুক্ত বজাৰ, ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্য আৰু দেশীয় অর্থনীতিৰ বিশ্ব অর্থনীতিৰ সৈতে সংহতিক বুজায়। ৰাজনৈতিকভাৱে ই ৰাষ্ট্ৰৰ সীমিত ক্ষমতা আৰু কাৰ্য, ব্যক্তিৰ অধিক অধিকাৰ প্ৰদান আৰু ব্যক্তিগত খণ্ডৰ বিকাশক বুজায়; সাংস্কৃতিকভাৱে ই সমাজৰ মাজত নাইবা ৰাষ্ট্ৰৰ মাজত সাংস্কৃতিক প্ৰমূল্যৰ আদান-প্রদানক বুজায় ৷

(খ) সীমাবিহীন পৃথিৱী (Borderless World) – গোলকীকৰণে এক সীমাহীন পৃথিৱীক সূচায় ৷ ৰাষ্ট্ৰ সীমাৰ বাধা অতিক্ৰম কৰি ই আন্তঃসম্পর্ক সৃষ্টি কৰাত সহায় কৰে।

৮। গোলকীকৰণৰ দুটা ইতিবাচক দিশ উল্লেখ কৰা।

উত্তৰঃ গোলকীকৰণৰ দুটা ইতিবাচক দিশ তলত উল্লেখ কৰা হ’ল—

(ক) ক্ষীপ্র অর্থনৈতিক বিকাশ (Rapid Economic Development) – গোলকীকৰণে প্রত্যেক মানুহকে কামত সচেতন আৰু সক্ৰিয় কৰি তোলে। প্ৰতিযোগিতাৰ যুগত অংশীদাৰ হৈ তেওঁলোকে বেছি উৎপাদন আৰু বিক্ৰী কৰিব চেষ্টা কৰে। গোলকীকৰণৰ মূল নীতিয়ে হ’ল যে প্রত্যেকে নিজক আনতকৈ শ্রেষ্ঠ প্রতিপন্ন কৰা। যাৰ ফলস্বৰূপে অৰ্থনীতিৰ ক্ষীপ্র বিকাশ হয়।

(খ) সাংস্কৃতিক সহসম্পর্ক (Cultural linkage) – যিহেতু গোলকীকৰণে ৰাষ্ট্ৰৰ সীমাৰ বাধা অতিক্রম কৰে; সেইবাবে এখন ৰাষ্ট্ৰৰ সংস্কৃতি আন এখন ৰাষ্ট্ৰলৈ প্ৰবাহিত হোৱাটো সহজ হয়। ৰাষ্ট্ৰসমূহৰ মাজত ধাৰণা বা প্ৰমূল্যৰ প্ৰবাহৰ ফলত এক নতুন সংস্কৃতি গঢ় লৈ উঠে। আৰু তেওঁলোকৰ মাজত থকা সাংস্কৃতিক পাৰ্থক্যবোৰও কমি যায়।

৯। গোলকীকৰণৰ দুটা নেতিবাচক দিশ লিখা।

উত্তৰঃ গোলকীকৰণৰ নেতিবাচক দিশ দুটা হ’ল–

(ক) অনুন্নত ৰাষ্ট্ৰসমূহক শোষণ (Exploitation of Underdeveloped countries) – গোলকীকৰণে উন্নত ৰাষ্ট্ৰসমূহক অনুন্নত ৰাষ্ট্ৰসমূহৰ শোষণৰ বাট মুকলি কৰি দিছে। বৃহৎ উদ্যোগ গোষ্ঠীয়ে অনুন্নত ৰাষ্ট্ৰৰ পৰা কম মূল্যত কেঁচা সামগ্ৰী ক্রয় কৰে। আৰু সেই কেঁচা সামগ্ৰীসমূহ প্ৰস্তুত কৰি নিজৰ ৰাষ্ট্ৰলৈ আনি বেছি দামত অনুন্নত ৰাষ্ট্ৰবোৰত বিক্ৰী কৰে। অৱশ্যে এনে বৃহৎ উদ্যোগসমূহৰ ভিন্ন শাখা অনুন্নত ৰাষ্ট্ৰসমূহত স্থাপন কৰা হৈছে যদিও তাৰ স্থানীয় কৰ্মচাৰীক অতি কম মজুৰি প্ৰদান কৰা হয়।

(খ) ধনী-দুখীয়াৰ মাজৰ অন্তৰাল বৃদ্ধি (Lidening of Rich-Poor Gap) – গোলকীকৰণে ধনী শ্রেণীকহে বেছি লাভান্বিত কৰিছে। যিসকল ধনী শ্রেণী তেওঁলোকে গোলকীকৰণ প্ৰক্ৰিয়াৰ লাভ ভোগ কৰিব পাৰে; কিন্তু দুখীয়া শ্রেণী দুখীয়া হৈয়ে ৰয়।

১০। গোলকীকৰণৰ দুটা ৰাজনৈতিক প্ৰভাৱ সম্পৰ্কে লিখা।

উত্তৰঃ গোলকীকৰণৰ দুটা ৰাজনৈতিক প্ৰভাৱ হ’ল—

(ক) গোলকীকৰণৰ ফলত ৰাষ্ট্ৰসমূহৰ চৰকাৰৰ কাৰ্যাৱলী ক্রমান্বয়ে সংকুচিত হৈ আহিছে। বৰ্তমান কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা সীমিত ৰাষ্ট্ৰ (Minimal State) লৈ পর্যবসিত হৈছে আৰু ৰাষ্ট্ৰ কাৰ্যাৱলী মাত্ৰ কেইটামান ঐচ্ছিক কার্য যেনে দেশৰ ভিতৰত আইন-শৃংখলা ৰক্ষা কৰা আৰু জনসাধাৰণক নিৰাপত্তা দিয়া আদিতে সীমাবদ্ধ হৈ পৰিছে।

(খ) তদুপৰি ৰাষ্ট্ৰৰ অৰ্থনৈতিক আৰু সামাজিক কল্যাণমূলক কার্যসমূহ সম্পাদনৰ বাবে ৰাষ্ট্ৰৰ পৰিৱৰ্তে অগ্ৰাধিকাৰ লাভ কৰিছে বিভিন্ন বহুজাতিক কোম্পানীসমূহে।

১১। গোলকীকৰণৰ দুটা অৰ্থনৈতিক প্ৰভাৱ লিখা।

উত্তৰঃ গোলকীকৰণৰ দুটা অৰ্থনৈতিক প্ৰভাৱ হ’ল—

(ক) গোলকীকৰণৰ ফলত ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্যিক লেন-দেন আৰু আদান-প্রদান ক্রমাগতভাৱে বৃদ্ধি পাই আহিছে। ফলত উন্নত আৰু পুঁজিবাদী দেশসমূহৰ পুঁজি বিনিয়োগকাৰীসকলে নিজৰ দেশৰ উপৰি অন্যান্য অনুন্নত আৰু উন্নয়নশীল দেশসমূহতো পুঁজি বিনিয়োগ কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।

(খ) কম্পিউটাৰ, ইণ্টাৰনেট আদি সেৱাসমূহৰ উপলব্ধতাই সমগ্ৰ মানৱ সমাজৰ চিন্তা-চৰ্চাৰ আদান-প্ৰদানত এক নতুন যুগৰ সুচনা কৰে।

১২। গোলকীকৰণৰ দুটা সাংস্কৃতিক প্ৰভাৱ উল্লেখ কৰা।

উত্তৰঃ গোলকীকৰণৰ দুটা সাংস্কৃতিক প্ৰভাৱ হ’ল–

(ক) গোলকীকৰণ প্ৰক্ৰিয়াই এখন সমাজৰ পৰা আন এখন সমাজলৈ ৰীতি-নীতি, ধ্যান-ধাৰণাৰ আদান-প্ৰদানৰ দ্বাৰা সংহতি গঢ়ি তোলাত সহায় কৰিছে।

(খ) সাংস্কৃতিক গোলকীকৰণৰ ফলত সাংস্কৃতিক একত্ৰীকৰণ গঢ় লৈ উঠাৰ লগতে বিশ্ব দৰবাৰত প্ৰত্যেক দেশৰ সংস্কৃতিয়ে নিজৰ স্বকীয় অস্তিত্ব দাঙি ধৰিবলৈ সক্ষম হৈছে।

১৩। গোলকীকৰণৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ গোলকীকৰণৰ দুটা কাৰণ হ’ল—

(ক) বিজ্ঞান আৰু প্ৰযুক্তি, বিশেষকৈ তথ্য প্রযুক্তিৰ অদ্ভুত বিকাশে গোলকীকৰণৰ প্ৰধান চালিকা শক্তি হিচাপে কাম কৰিছে।

(খ) জনসাধাৰণৰ বৰ্দ্ধিত সচেতনতাও গোলকীকৰণৰ অন্য এক কাৰণ। বিজ্ঞান আৰু প্রযুক্তিবিদ্যাই মানৱ সমাজলৈ যিখিনি অৱদান আগবঢ়াইছে, সেয়া সচেতন জনসাধাৰণ অবিহনে সম্ভৱ নহয়। জনসাধাৰণে অর্থনৈতিক হওক বা অন্য ক্ষেত্রতে হওক কেৱল নিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দিছে।

১৪। গোলকীকৰণৰ ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ গোলকীকৰণ শব্দটো ১৯৮০ ৰ দশকৰ পৰা জনপ্রিয় হয়। গোলকীকৰণে ৰাষ্ট্ৰসমূহৰ মাজত জনসাধাৰণ, জ্ঞান, ধাৰণা, সামগ্ৰী আদিৰ বৰ্দ্ধিত প্ৰবাহক বুজায়। ই বিশ্ব জনসাধাৰণৰ মাজত অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক সহসম্পৰ্কক সূচায়।

যদিও গোলকীকৰণৰ ধাৰণাক অৰ্থনৈতিক অৰ্থত বুজা যায়; কিন্তু ইয়াৰ বহু সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থা যোগ্যত আছে।

বহুতে গোলকীকৰণক ‘আধুনিকীকৰণ’ বা পাশ্চাত্যকৰণৰ সৈতে সংযুক্ত কৰিব খোজে।

গোলকীকৰণ এক বহুমুখী প্ৰক্ৰিয়া৷ গোলকীকৰণ বুলিলে কেৱল অর্থনৈতিক বা সাংস্কৃতিক ক্ষেত্ৰতেই ইয়াক সীমাবদ্ধ কৰিব নোৱাৰি। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেখা যায় যে, কোনো এখন দেশৰ ৰাজনৈতিক অস্থিৰতাই আন দেশৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰতো উল্লেখনীয় পৰিবৰ্তন আনে। অর্থাৎ গোলকীকৰণ প্ৰক্ৰিয়াই পৃথিৱীৰ প্ৰত্যেক ৰাষ্ট্ৰকে আন এখন ৰাষ্ট্ৰৰ লগত বান্ধি ৰাখিছে।

১৫। গোলকীকৰণৰ ৰাজনৈতিক প্ৰভাৱ সম্পর্কে লিখা।

উত্তৰঃ গোলকীকৰণৰ ৰাজনৈতিক প্ৰভাৱ আলোচনা কৰা হ’ল–

(ক) ৰাষ্ট্ৰৰ ক্ষমতাত সীমাবদ্ধতা – গোলকীকৰণে ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতাৰ ক্ষেত্ৰত সীমাবদ্ধতা আনি দিছে। বহু ক্ষেত্ৰতে ৰাষ্ট্ৰৰ সিদ্ধান্তৰ ওপৰত বহুজাতিক প্ৰতিষ্ঠানৰ পৰোক্ষ প্ৰভাৱ পৰা দেখা যায়।

(খ) ৰাষ্ট্ৰৰ কল্যাণকামী কাৰ্যসূচী সংকুচিত – গোলকীকৰণৰ মাজেৰে সোমাই অহা উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ প্ৰক্ৰিয়াই ৰাষ্ট্ৰৰ কল্যাণকামী কাৰ্যসূচীক সংকুচিত কৰিছে।

(গ) ব্যক্তিগত ক্ষেত্ৰত গুৰুত্ব – গোলকীকৰণৰ ফলত বিভিন্ন দেশৰ চৰকাৰে ব্যক্তিগত আৰু বহুজাতিক পুঁজিৰ সেৱাত অধিকভাৱে ব্যস্ত হৈ পৰে।

(ঘ) ব্যাপক দুর্নীতি – গোলকীকৰণৰ ফলত বিভিন্ন দেশৰ ৰাজনীতিত ব্যাপক দুৰ্নীতিৰো সূচনা কৰিছে।

১৬। গোলকীকৰণৰ অৰ্থনৈতিক ফলশ্ৰুতি সম্পর্কে লিখা।

উত্তৰঃ গোলকীকৰণ প্রক্রিয়াই দেশীয় তথা আন্তর্জাতিক অর্থনীতিত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰে—

(ক) বজাৰ অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীলতা : গোলকীকৰণৰ ফলত পৃথিৱীৰ বিভিন্ন দেশৰ অৰ্থনীতি বজাৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে।

(খ) আন্তর্জাতিক প্রতিষ্ঠানৰ ওপৰত নিৰ্ভৰশীলতা : গোলকীকৰণৰ ফলত আন্তর্জাতিক মুদ্ৰানিধি তথা বিশ্ববেংকৰ দৰে আন্তর্জাতিক প্রতিষ্ঠানে বিভিন্ন দেশৰ অৰ্থনীতিৰ ওপৰত/বিভিন্ন ধৰণে নিয়ন্ত্ৰণ সাব্যস্ত কৰিছে।

(গ) বৈষম্য নীতি : গোলকীকৰণৰ মাজেৰে গঢ়ি উঠা বিশ্ব বাণিজ্য ব্যৱস্থাত বিভিন্ন ধৰণৰ বৈষম্য গঢ়ি উঠিছে। এই বাণিজ্য ব্যৱস্থাই উন্নত পুঁজিবাদী দেশসমূহক অধিকভাৱে সহায় কৰিছে।

(ঘ) দেশৰ মাজত অসমতা : বিশ্বায়ণৰ মাজেৰে নামি অহা উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ প্রক্রিয়াই বিভিন্ন দেশ তথা দেশৰ ভিতৰতে বিভিন্ন বৰ্গৰ মাজত অসমতাৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত কৰিছে।

১৭। গোলকীকৰণৰ সাংস্কৃতিক ফলশ্ৰুতিৰ বিষয়ে সংক্ষেপে লিখা।

উত্তৰঃ গোলকীকৰণৰ সাস্কৃতিক ফলাফল তলত আলোচনা কৰা হ’ল–

(ক) সাংস্কৃতিক সমন্বয় : গোলকীকৰণে ৰাষ্ট্ৰসমূহৰ মাজত সাংস্কৃতিক ক্ষেত্ৰৰ দ্বাৰা সমন্বয় সৃষ্টি কৰিছে।

(খ) থলুৱা সংস্কৃতিৰ ওপৰত প্ৰভাৱ : গোলকীকৰণৰ ফলত থলুৱা সংস্কৃতিত পশ্চিমীয়া ধাৰাৰ অধিক প্ৰভাৱ পৰা দেখা যায়।

(গ) থলুৱা সংস্কৃতিৰ আন্তৰ্জাতিক পৰিচয় : গোলকীকৰণৰ ফলত আমাৰ থলুৱা সংস্কৃতিয়ে আন্তর্জাতিক ক্ষেত্ৰত গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছে।

(ঘ) মিশ্র সংস্কৃতিৰ উদ্ভৱ : গোলকীকৰণৰ ফলত বহু ৰাষ্ট্ৰৰ থলুৱা সংস্কৃতিৰ লগত মানুহে পৰিচিত হ’ব পাৰিছে৷ যাৰ ফলত ৰাষ্ট্ৰসমূহৰ লগত সমন্বয় সাধন হোৱাৰ লগতে এক নতুন মিশ্র সংস্কৃতিৰ উদ্ভৱ হৈছিল।

(ঙ) মানুহৰ জীৱন শৈলীৰ পৰিবৰ্তন : গোলকীকৰণে মানুহৰ জীৱন শৈলীৰ আমূল পৰিবৰ্তন আনিছে। ইয়াৰ ফলত বিভিন্ন সংস্কৃতিৰ ধাৰণাৰ দ্বাৰা মানুহে প্ৰভাৱিত হৈছে। নতুন প্রযুক্তিৰ উদ্ভাৱন, অন্য সংস্কৃতিৰ আদৰ্শ আদিৰ দ্বাৰা মানুহৰ জীৱন ধাৰণাৰ প্ৰণালীৰ পৰিবৰ্তন সাধন হৈছে।

১৮। “বিশ্বায়নৰ বিৰুদ্ধে বিশ্বব্যাপী প্রতিবাদ হৈছে” — ব্যাখ্যা কৰা।

উত্তৰঃ বিশ্বায়নে গোটেই বিশ্বব্যাপী সমালোচনাৰ মুখামুখী হৈছে। বাওঁপন্থীসকলে যুক্তি আগবঢ়াইছে যে সমসাময়িক বিশ্বায়নে এটা বিশেষ সময়ৰ বিশ্ব পুঁজিবাদক প্রতিনিধিত্ব কৰে যিয়ে ধনীসকলক বেছি ধনী আৰু দুখীয়াসকলক বেছি দুখীয়া কৰে। ৰাষ্ট্ৰৰ দুৰ্বলতাই দুখীয়াৰ স্বাৰ্থক সুৰক্ষা দিব পৰা ৰাষ্ট্ৰৰ সামৰ্থ কমাই দিয়ে। বিশ্বায়নৰ সমালোচকসকলৰ ৰাজনৈতিক সোঁপন্থীসকলে ইয়াৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক ফলাফল সম্পর্কে উদ্বেগ প্রকাশ কৰিছে। ৰাজনৈতিক দৃষ্টিকোণেৰে তেওঁলোকে ৰাষ্ট্ৰৰ দুৰ্বলতাৰ বাবেও ভয় খাইছে। অর্থনৈতিকভাৱে তেওঁলোকে আত্মবিশ্বাস আৰু সুৰক্ষাবাদলৈ ঘূৰি অহাটো বিচাৰে, অন্ততঃ অৰ্থনীতিৰ কিছুমান ক্ষেত্ৰত সাংস্কৃতিকভাৱে তেওঁলোকে ভয় খাইছে যে পৰম্পৰাগত সংস্কৃতিৰ ক্ষতি হ’ব আৰু জনসাধাৰণে তেওঁলোকৰ বহু বছৰ পুৰণি মূল্যবোধ আৰু পথ হেৰুৱাব।

১৯৯৯ চনত বিশ্ব বাণিজ্য সংস্থাৰ মন্ত্ৰীস্তৰীয় সন্মিলনত অর্থনৈতিকভাৱে শক্তিশালী ৰাষ্ট্ৰবোৰে ব্যৱসায়ৰ ক্ষেত্ৰত অন্যায় নীতি অৱলম্বন কৰাৰ বাবে দোষাৰোপ কৰি বিস্তৃত প্ৰতিবাদ কৰা হৈছিল। এইটো যুক্তি আগবঢ়োৱা হৈছিল যে ক্রমবিকাশশীল বিশ্ব অর্থনৈতিক ব্যৱস্থাও উন্নয়নশীল বিশ্বৰ স্বাৰ্থক যথেষ্ট গুৰুত্ব দিয়া নহয় ।

বিশ্বৰ সামাজিক ফ’ৰাম আন এখন বিশ্ব মঞ্চ, যিয়ে এটা বিস্তৃত সংযোজন কৰিছে মানৱ অধিকাৰৰ কৰ্মীসকল, পৰিৱেশবিদসকল, শ্রমিক, ডেকা আৰু মহিলা কর্মীসকলক একেলগ কৰি ই নতুন উদাৰনৈতিক বিশ্বায়নৰ বিৰোধিতা কৰে।

১৯। বিশ্বায়নৰ পৰিপ্ৰেক্ষিতত উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ পৰিবৰ্ধিত আৰু সংকুচিত ভূমিকা আলোচনা কৰা।

উত্তৰঃ বিশ্বায়নৰ ফলত উন্নয়নশীল ৰাষ্ট্ৰসমূহে যি আঁচনি গ্ৰহণ কৰিবলৈ ইচ্ছা কৰে তাৰ ওপৰত এক প্ৰভাৱ বিস্তাৰ কৰে। কাৰণ এখন দেশে অন্য এখন দেশৰ লগত ব্যৱসায়িক সম্পর্ক স্থাপনৰ বেলিকা দুইখন দেশৰ চৰকাৰৰ মাজত থকা চুক্তিসমূহৰ প্ৰতি বিবেচনা কৰিব লাগে। এই ক্ষেত্ৰত বিশ্ব বাণিজ্যিক সংস্থা, বিশ্ব শ্রমিক সংস্থা আদিৰ নীতি-নিয়মৰ দ্বাৰা চৰকাৰ প্রভাৱিত হয়। বহু সময়ত এই আন্তর্জাতিক সংস্থাই শ্ৰমিকৰ নিৰাপত্তা আৰু ব্যৱসায়িক কাম-কাজৰ সুস্থ পৰিৱেশৰ বাবে ৰাজনৈতিক নীতি-নিয়মক সলনি কৰিবলৈ হেঁচা প্ৰয়োগ কৰে। উদাহৰণস্বৰূপে আন্তর্জাতিক ব্যৱসায়-প্রতিষ্ঠানসমূহৰ প্ৰভাৱ বৃদ্ধি হোৱাৰ লগে লগে চৰকাৰৰ সিদ্ধান্তৰ এক প্ৰভাৱ আৰোপ কৰিছে। অৱশ্যে বিশ্বায়নে সকলো সময়তে চৰকাৰৰ ক্ষমতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। 

সেয়ে উন্নয়নশীল ৰাষ্ট্ৰসমূহে দেশৰ আইন আৰু নীতিৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তাক বজাই ৰাখিবলৈ প্ৰয়োজন হোৱা সকলো কাৰ্যাৱলী গ্ৰহণ কৰিব পাৰে। আনহাতে, বিশ্বায়নৰ ফলত উন্নতি হোৱা প্ৰযুক্তি ক্ষেত্ৰখনৰ সহায়ত চৰকাৰে নিজৰ নীতি-নিয়মসমূহক অধিক সু-পৰিকল্পিতভাৱে বাস্তৱ ক্ষেত্ৰত ৰূপায়ন কৰিবলৈ সমৰ্থ হৈছে। সেয়ে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বেলিকা বিশ্বায়নৰ পাচত অধিক শক্তিশালী আৰু ফলপ্ৰসুভাৱে নিজৰ ৰাষ্ট্ৰীয় আঁচনিসমূহ ৰূপায়ন কৰি লক্ষ্যত উপনীত হ’ব পাৰিছে।

২০। গোলকীকৰণৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ গোলকীকৰণৰ মূল বৈশিষ্ট্যসমূহ হ’ল–

(ক) উদাৰীকৰণ : গোলকীকৰণ প্ৰক্ৰিয়াই অৰ্থনীতিৰ উদাৰীকৰণ ব্যৱস্থাক গুৰুত্ব দিয়ে। ইয়াত ব্যক্তি বা প্রতিষ্ঠানে উদ্যোগ স্থাপন, ব্যৱসায়, সম্পদ বিনিময় আদিৰ ক্ষেত্ৰত এখন দেশৰ লগত আন এখন দেশৰ সম্পৰ্ক স্থাপন কৰিবলৈ স্বাধীনতা লাভ কৰে।

(খ) মুক্ত বাণিজ্য : মুক্ত বাণিজ্য গোলকীকৰণ প্ৰক্ৰিয়াৰ অন্য এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্যৰ ক্ষেত্ৰত ৰাষ্ট্ৰ এখনৰ চৰকাৰৰ অত্যাধিক হস্তক্ষেপ নাথাকে। বাণিজ্যৰ ক্ষেত্ৰত ৰাষ্ট্ৰসমূহক মুক্ত নীতি গ্ৰহণ কৰা দেখা যায়।

(গ) অর্থনৈতিক কার্যকলাপৰ গোলকীকৰণ : ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ অৰ্থনৈতিক কাৰ্য-কলাপৰ দ্বাৰা নিয়ন্ত্রিত; ৰাষ্ট্ৰীয় অর্থনীতি আৰু বিশ্ব অর্থনীতিৰ সহযোগিতা আদি গোলকীকৰণৰ জড়িয়তে সম্ভৱ হৈ পৰিছে।

(ঘ) সীমাবিহীন পৃথিৱী : গোলকীকৰণে দেশীয় সীমাৰ বাধা অতিক্ৰম কৰি আন্তঃৰাষ্ট্ৰীয় সংযোগ সাধন কৰিছে। সেয়েহে গোলকীকৰণৰ যুগত সম্পূর্ণ পৃথিৱীখনক সীমাবিহীন পৃথিৱী বুলি কোৱা হয়।

(ঙ) এক বহুমুখী প্রক্রিয়া : গোলকীকৰণ এক বহুমুখী প্ৰক্ৰিয়া৷ ই কেৱল অর্থনৈতিক দিশকে নহয়; ৰাজনৈতিক, সাংস্কৃতিক দিশকো সামৰি লয়।

(চ) সংযোগিতা : গোলকীকৰণে এটা অঞ্চলক আন এটা অঞ্চলৰ সৈতে এখন দেশক আন এখন দেশৰ সৈতে সংযোগিতা কৰে।

(ছ) এক যৌগিক প্রক্রিয়া : গোলকীকৰণ এক যৌগিক প্ৰক্ৰিয়া। ই জাতীয় ৰাষ্ট্ৰসমূহক উমৈহতীয়া অর্থনৈতিক, বাণিজ্যিক, ৰাজনৈতিক, সাংস্কৃতিক আদি ক্ষেত্ৰৰ দ্বাৰা সংযোগ কৰি ৰাখে।

(জ) আমদানি-ৰপ্তানি ব্যৱস্থাৰ উদাৰীকৰণ : গোলকীকৰণ প্ৰক্ৰিয়াই সামগ্ৰীৰ আমদানি বা ৰপ্তানিৰ ক্ষেত্ৰত থকা পূৰ্বৰ বাধ্যবাধকতা বহুখিনি হ্ৰাস কৰিছে। ই ৰাষ্ট্ৰসমূহৰ সীমাৰ বাহিৰত সামগ্ৰী আৰু সেৱাৰ মুক্ত প্ৰবাহৰ সুবিধা প্ৰদান কৰিছে।

(ঝ) ব্যক্তিগতকৰণ : গোলকীকৰণ প্ৰক্ৰিয়াই ৰাষ্ট্ৰসমূহক উৎপাদন আৰু বিতৰণ ব্যৱস্থাৰ পৰা নিলগত ৰাখি মুক্ত বাণিজ্য, উদ্যোগ স্থাপন তথা অন্য অর্থনৈতিক কাৰ্যৰ ক্ষেত্ৰত ব্যক্তিগত প্ৰতিষ্ঠানৰ ভূমিকা বৃদ্ধিত অৰিহণা যোগাইছে।

(ঞ) বৰ্দ্ধিত সহযোগিতা : গোলকীকৰণ প্ৰক্ৰিয়াই আধুনিকীকৰণ, উন্নয়ন আৰু প্ৰযুক্তিৰ উন্নয়ন সাধন কৰাৰ বাবে উদ্যোগীসকলৰ মাজত সহযোগিতা বৃদ্ধিৰ পোষকতা কৰে।

(ট) অর্থনৈতিক সংস্কাৰ : মুক্ত বাণিজ্য, মুক্ত উদ্যোগ আৰু বজাৰসমূহৰ বিকাশৰ বাবে গোলকীকৰণে অর্থনৈতিক আৰু বিত্তীয় সংস্কাৰৰ প্ৰতি গুৰত্ব প্ৰদান কৰে।

গোলকীকৰণে মুক্ত বাণিজ্য, বিশ্বৰ বজাৰত অংশগ্ৰহণৰ সুবিধা আৰু ৰাষ্ট্ৰৰ সীমাৰ বাহিৰত বিনিয়োগৰ প্ৰবাহৰ পোষকতা কৰে। ই বিশ্ব সংস্কৃতিৰ, অৰ্থনীতিৰ আৰু আন্তঃগাথনিৰ সংহতি আৰু গণতান্ত্ৰিকৰণ সমৰ্থন কৰে।

২১। গোলকীকৰণৰ সুফলসমূহ লিখা।

উত্তৰঃ গোলকীকৰণৰ সুফলসমূহ তলত উল্লেখ কৰা হ’ল–

(ক) ক্ষীপ্র অর্থনৈতিক বিকাশ (Rapid Economic Development) : গোলকীকৰণে সকলো মানুহকে সচেতন আৰু কৰ্মতৎপৰ কৰি তুলিছে। প্রতিযোগিতাৰ অংশীদাৰ হৈ প্ৰত্যেকে আৰু অধিক উৎপাদনৰ প্ৰচেষ্টা চলায়। পৃথিৱীৰ প্ৰত্যেক ৰাষ্ট্ৰৰ অৰ্থনৈতিক উন্নতিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

(খ) বিনিয়োগ বৃদ্ধি (More of investment) : মুক্ত অর্থনীতিয়ে বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰে। ধনী দেশবোৰে দুখীয়া দেশবোৰতে মূলধন বিনিয়োগৰ উপৰি উদ্যোগ প্রতিষ্ঠা কৰা দেখা যায় ।

(গ) কর্মসংস্থাপন বৃদ্ধি (More of Employment) : উন্নয়নশীল ৰাষ্ট্ৰবোৰত উদ্যোগ স্থাপনে কর্মসংস্থাপন বৃদ্ধিত অৰিহণা যোগায়। দক্ষতাসম্পন্ন যোগ্য ব্যক্তিয়ে বিভিন্ন উদ্যোগত কর্মসংস্থাপন পাবলৈ সক্ষম হয়।

(ঘ) ঘৰুৱা উদ্যোগৰ দক্ষতা বৃদ্ধি (Increase in the Efficiency of Domestic Companies) : ঘৰুৱা উদ্যোগবোৰে বহুজাতিক কোম্পানীৰ সৈতে প্ৰতিযোগিতাত অবতীর্ণ হয়; যাৰ ফলত ইয়াৰ কৰ্মদক্ষতা বৃদ্ধি পায় ।

(ঙ) সাংস্কৃতিক সংযোগ (Cultural linkage) : যিহেতু গোলকীকৰণে দেশীয় সীমাৰ বাধা অতিক্রম কৰে; সেইবাবে এখন দেশৰ সংস্কৃতিক আন দেশলৈ প্ৰবাহিত হোৱাত সহায়ক হয়। ধাৰণা, মূল্যবোধ, পৰম্পৰা আদিৰ আদান-প্ৰদানৰ ফলত এক নতুন সংস্কৃতি গঢ় লৈ উঠে আৰু তেওঁলোকৰ মাজত থকা সাংস্কৃতিক বিভিন্নতা হ্রাস পায়।

(চ) এক পৃথিৱী (One World) : গোলকীকৰণে গোটেই পৃথিৱীখনক এক কৰাত সফল হৈছে। ই জাতীয় সীমাৰ বাধা অতিক্ৰম কৰিছে আৰু সকলো ৰাষ্ট্ৰকে বন্ধুত্ব, সহযোগিতাৰে বান্ধি ৰাখিছে।

(ছ) গণতন্ত্রক শক্তিশালী কৰে (Strengthening of Democracy) : গোলকীকৰণৰ ফলত গণতন্ত্র শক্তিশালী হয়। গণতন্ত্রই মূলতঃ ৰাজনৈতিক স্বাধীনতাক বুজায়; আৰু অর্থনৈতিক স্বাধীনতা অবিহনে ৰাজনৈতিক স্বাধীনতা অর্থহীন। যিহেতু গোলকীকৰণে জনসাধাৰণক অর্থনৈতিক স্বাধীনতা প্ৰদান কৰে; সেয়ে ই গণতান্ত্রিক ব্যৱস্থাত সক্রিয় অংশ গ্ৰহণৰ সুবিধা প্ৰদান কৰে।

(জ) চৰকাৰ অধিক দক্ষ হয় (The Government becomes more efficient) : গোলকীকৰণে চৰকাৰক পৰম্পৰাগত ধীৰ, দুৰ্নীতিগ্ৰস্ত, প্রকৃতি সলনি কৰিবলৈ বাধ্য কৰাইছে। উদাৰীকৰণ আৰু গোলকীকৰণৰ ফলত চৰকাৰ অধিক স্বচ্ছ আৰু সক্ৰিয় হৈছে।

২২। গোলকীকৰণৰ দুৰ্বলতা বা দোষসমূহ আলোচনা কৰা।

উত্তৰঃ গোলকীকৰণৰ দোষসমূহ তলত আলোচনা কৰা হ’ল—

(ক) অনুন্নত ৰাষ্ট্ৰসমূহক শোষণ (Exploitation of underdeveloped Countries) : বৃহুজাতিক উদ্যোগসমুহে অনুন্নত ৰাষ্ট্ৰৰ পৰা কম মূল্যত কেঁচা সামগ্ৰী ক্ৰয় কৰে আৰু নিজ ৰাষ্ট্ৰলৈ আনি সামগ্রী উৎপাদন কৰে। সেই উৎপাদিত সামগ্ৰী পুনৰ অনুন্নত ৰাষ্ট্ৰলৈ অধিক লাভত বিক্ৰী কৰে ৷ গতিকে বৃহৎ পৰিমাণৰ লাভ এই বহুজাতিক প্রতিষ্ঠানসমূহে লাভ কৰে।

(খ) বৰ্দ্ধিত কর্মসংস্থাপনহীনতা (Increase in Unemployment) : বৃহৎ উদ্যোগ প্রতিষ্ঠানবোৰে কৰ্মচাৰীৰ হাৰ কমাবলৈ অত্যাধুনিক যন্ত্রপাতিৰ ব্যৱহাৰ কৰে। তদুপৰি উন্নয়নশীল ৰাষ্ট্ৰৰ চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগৰ পৰা বিনিয়োগ কমাই আনিছে। এনেবোৰ কাৰণতে এই দেশসমূহত কৰ্মসংস্থাপনৰ অভাৱ ঘটা দেখা যায়।

(গ) ধনী-দুখীয়াৰ ব্যৱধান বৃদ্ধি (Livening of Rich-Poor Gap) : গোলকীকৰণে ধনী আৰু দুখীয়াৰ মাজৰ ব্যৱধান বৃদ্ধি কৰিছে। যিবোৰ ইতিমধ্যে চহকী তেওঁলোকে গোলকীকৰণৰ সুবিধা লাভ কৰি আৰু অধিক চহকী হৈ গৈ আছে। আনহাতে দুখীয়া শ্রেণী দুখীয়া হৈয়ে আছে।

(ঘ) সামাজিক নিৰাপত্তা আৰু সামাজিক কল্যাণত প্ৰভাৱ (Adverse Effects on Social security and social Welfare) : ব্যক্তিগতকৰণৰ প্ৰভাৱত, বহু উন্নয়নশীল ৰাষ্ট্ৰই সামাজিক কল্যাণমূলক কাম পৰিহাৰ কৰিছে। ব্যক্তিগত প্রতিষ্ঠানসমূহে বর্তমান শিক্ষা, স্বাস্থ্য আৰু অন্যান্য উন্নয়নশীল ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিছে। যাৰ ফলস্বৰূপে, দুখীয়া লোকসকল বহু সমস্যাৰ সন্মুখীন হৈছে। এনে লোকসকলে শিক্ষা আৰু স্বাস্থ্যৰ বাবে অত্যাধিক ব্যয় বহল কৰিবলৈ সক্ষম নহয়। তেওঁলোকে দৰিদ্ৰতাৰ বাবে স্বাস্থ্যৰ বিমাৰ বাবেও যাব নোৱাৰে। সেইকাৰণে গোলকীকৰণৰ ফলত সামাজিক কল্যাণ বহু পৰিমাণে হ্রাস পাইছে।

(ঙ) পৰিবেশ ধ্বংস (Destruction of Environment) : গোলকীকৰণে পৰিবেশ ধ্বংস কৰিছে। অর্থনৈতিক উন্নতিৰ নামত পৰিবেশৰ ওপৰত বিদ্রুপ প্ৰভাৱ পৰিছে। বৃহৎ উদ্যোগ আৰু বান্ধসমূহ নিৰ্মাণৰ নামত পৰিবেশৰ ওপৰত বৃহৎ প্ৰভাৱ পেলাইছে।

(চ) ক্ষুদ্র উদ্যোগ আৰু ক্ষুদ্ৰ ব্যৱসায় আদিৰ ওপৰত বেয়া প্ৰভাৱ (Harmful Effects on small Industries and small Business) : বৃহৎ উদ্যোগসমূহে সমগ্ৰ বজাৰখন দখল কৰে। ক্ষুদ্র উদ্যোগবোৰে বৃহৎ উদ্যোগৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম নহয়।

২৩। ভাৰতৰ অৰ্থনৈতিক বিকাশত বিশ্ব বেংকে কেনেদৰে অৰিহণা আগবঢ়াইছে?

উত্তৰঃ বিশ্ব বেংকে (World Bank) প্রত্যেক্ষ বা পৰোক্ষভাৱে ভাৰতৰ পৰিকল্পিত অর্থনৈতিক বিকাশত অৰিহণা আগবঢ়াই আহিছে। বিশ্ব বেংকৰ অৰিহণাসমূহ তলত উল্লেখ কৰা ধৰণৰ —

(ক) প্রতিস্থাপক সদস্য (Funder-Member) : Bretton Woods ৰ যুটীয়া সংস্থা– IMF আৰু World Bankৰ ভাৰত প্ৰতিষ্ঠাপক সদস্য। ভাৰতৰ বিশ্ব বেংক (World Bank)ৰ Executive Boardত এক স্থায়ী স্থান আছে।

(খ) ঋণ (Loan) : ভাৰত হৈছে বিশ্ব বেংক (World Bank)ৰ পৰা বিকাশৰ বাবে অর্থ সাহায্য পোৱা বৃহৎ ৰাষ্ট্ৰ। ১৯৪৪ চনত সকলো ৰাষ্ট্ৰৰ ভিতৰত ভাৰতে লাভ কৰা মুঠ ধাৰৰ ১৫ শতাংশ।

(গ) International Development Association (IDA) ৰ সাহায্য : ভাৰতক International Development Associationএ ঋণ প্ৰদান কৰি আহিছে। ১৯৮০-৮১ত IDAৰ পৰা ৫২২ কোটি ঋণ লাভ কৰিছিল। এই পৰিমাণটো ১৯৮৫- ৮৬ চনত ১১৯৮ কোটি আৰু ১৯৯৭-৯৮ চনত ৩০৬৪ কোটিলৈ বৃদ্ধি পাইছিল ।

(ঘ) কাৰিকৰী সহযোগিতা (Technical Assistance) : ভাৰতীয় বিকাশৰ পৰিকল্পনাত বিশ্ব বেংকে (World Bank) কাৰিকৰী সহযোগিতা আগবঢ়ায়। ইভাৰতৰ অৰ্থনৈতিক বিকাশৰ আঁচনি আৰু বৈদেশিক বিনিময়ৰ বিষয়ে পৰ্যালোচনা কৰিবলৈ বহুতো অভিযান প্ৰেৰণ কৰে।

(ঙ) বিকাশৰ বাবে ঋণ (Purpose of Loans) : বিশ্ব বেংকে বিকাশৰ উদ্দেশ্যে সহযোগিতা আগবঢ়ায়। বিশ্ব বেংকৰ নিধি (finance) মূলত বৃহৎ প্রকল্প যেনে— ৰে’লৱে, শক্তি উৎপাদন, লো আৰু ষ্টিল, বন্দৰ উন্নয়ন (Port development) ইত্যাদি।

ইয়াৰোপৰি বিশ্ব বেংকে (World Bank) বিত্তীয় অনুষ্ঠান যেনে- Industrial Development Bank of India (IDBI) and Industrial Credit and Investment Corporation of India (ICICI) আদিক ও ঋণ প্ৰদান কৰে।

২৪। গোলকীকৰণৰ ঐতিহাসিক দৃষ্টিভংগী ব্যাখ্যা কৰা ।

উত্তৰঃ বিংশ শতিকাৰ শিল্প বিপ্লৱে পলিচ ৰাষ্ট্ৰ (police state)ৰ ধাৰণাক কল্যাণকামী ৰাষ্ট্ৰত (welfare state) পৰিবৰ্তন কৰিছে। সমাজৰ অৰ্থনৈতিক কার্যত ৰাষ্ট্ৰ এক সক্রিয় নায়ক হিচাপে পৰিণত হয়। সমাজতান্ত্রিক দেশত, ৰাষ্ট্ৰৰ নিয়ন্ত্রিত উৎপাদন আৰু বিতৰণ ব্যৱস্থা, সামাজিক অর্থনৈতিক বিকাশৰ বাবে প্ৰয়োজনীয় পন্থা হিচাপে কাম কৰে। আনকি বহুতো ৰাষ্ট্ৰত জনসাধাৰণক ভাল সেৱা প্ৰদানৰ কাৰণে বহু উদ্যোগ ৰাষ্ট্ৰীয়কৰণ কৰা হৈছে। ৰাষ্ট্ৰই বিভিন্ন সামাজিক-অর্থনৈতিক কাৰ্য কৰিবলৈ আৰম্ভ কৰে।

ভাৰতত অৰ্থনীতিৰ ক্ষেত্ৰত মিশ্র অর্থনৈতিক আৰ্হিগ্ৰহণ কৰা হয়, য’ত মুখ্য উদ্যোগৰ মালিকীস্বত্ব ৰাষ্ট্ৰৰ হাতত আছে। আনকি জনসাধাৰণক উৎকৃষ্ট সেৱা আগবঢ়াবলৈ বীমা আৰু বেংক ব্যৱস্থাও ৰাষ্ট্ৰীয়কৰণ কৰা হৈছে।

কিন্তু, লাহে লাহে মিশ্ৰ অৰ্থনীতিৰ আৰু ৰাজহুৱা নিয়ন্ত্রিত অর্থনীতিক নিৰ্দিষ্ট লক্ষ্য পূৰণৰ বাবে পৰ্যাপ্ত নহয় বুলি ধাৰণা কৰা হয়। ১৯৮৫ চনৰ সময়ত ভাৰতৰ অৰ্থনীতি লাহে লাহে পৰিবৰ্তনৰ দিশে ধাৱবান হ’ব ধৰিলে৷ ভাৰতৰ ৰাজহুৱা খণ্ডৰ অৱস্থা বেয়া হ’বলৈ ধৰিলে আৰু বিদেশী বিনিময়ৰ হাৰ কমি আহিবলৈ ধৰিলে।

এনে এক সময়তে, বিশ্বখনে এক নতুন পৰিবৰ্তনৰ দিশে অগ্ৰসৰ হৈছে। বিশেষকৈ সমাজতান্ত্রিক ব্যৱস্থা, ছোভীয়েট অর্থনীতি আৰু ৰাজনৈতিক ব্যৱস্থা ধ্বংস হ’বলৈ ধৰে। সকলো সমাজবাদী ৰাষ্ট্ৰই সমাজবাদী আদৰ্শৰ পৰিত্যাগ কৰে। ৰাজনীতি আৰু অৰ্থনীতিৰ উদাৰীকৰণক এক গুৰুত্বপূৰ্ণ ধাৰণা হিচাপে গ্ৰহণ কৰা হয়। সকলোবোৰ দেশে বজাৰ অৰ্থনীতি, মুক্ত বাণিজ্য, ব্যক্তিগতকৰণ, উদাৰীকৰণ, উদ্যোগ আদিৰ প্ৰয়োজনীয়তা অনুভৱ কৰিবলৈ লয়।

১৯৯১ চনৰ জুলাই মাহত ভাৰত চৰকাৰে অৰ্থনীতিৰ উদাৰীকৰণৰ দিশে অগ্ৰসৰ হয়। এটা নতুন অর্থনৈতিক আঁচনি গ্রহণ আৰু নিৰ্মাণ কৰা হয়, যিয়ে অর্থনৈতিক সংস্কাৰৰ ওপৰত গুৰুত্ব দিয়ে ৷ ভাৰতৰ অৰ্থনৈতিক বিকাশত ১৯৯১ চনৰ সংস্কাৰ নীতিয়ে নতুন যুগৰ সূচনা কৰিছে। কিছুমান নতুন সংস্কাৰ নীতি যেনে— গোলকীকৰণ, ব্যক্তিগতকৰণ, বজাৰ অর্থনীতি, মুক্ত বাণিজ্য, আদিয়ে ভাৰতত এক মুক্ত অৰ্থনীতিৰ পৰিবেশৰ সূচনা কৰে।

২৫। গোলকীকৰণৰ বিপক্ষে যুক্তিসমূহ আলোচনা কৰা ।

উত্তৰঃ গোলকীকৰণৰ সমালোচকসকলে গোলকীকৰণক বৃহৎ নিগমৰ কাৰ্যসূচী বুলি অভিহিত কৰে। ইয়াত বৃহৎ ব্যৱসায় গোষ্ঠীয়ে আন্তর্জাতিক অর্থনৈতিক ব্যৱস্থাক নিয়ন্ত্ৰণ কৰে।

গোলকীকৰণৰ বিপক্ষে থকা মূল যুক্তিসমূহ তলত আলোচনা কৰা হ’ল–

(ক) ধনী-দুখীয়াৰ মাজৰ ব্যৱধান বৃদ্ধি : গোলকীকৰণ ব্যৱস্থাই বৃহৎ ব্যৱসায় গোষ্ঠীক নিজৰ লাভালাভ আদায় কৰাত সহায় কৰাইছে। বৃহৎ কোম্পানীবোৰ নিজৰ লাভালাভৰ উদ্দেশ্য আগত ৰাখি ব্যৱসায়ত লিপ্ত হয়। যাৰ ফলত সমাজৰ এটা শ্ৰেণীৰ হাততহে পুঁজি পঞ্জীভূত হৈ পৰে। গোলকীকৰণৰ যুগত ৰাষ্ট্ৰসমূহৰ মাজত আয়ৰ পৰিমাণত ব্যৱধান অহা পৰিলক্ষিত হয়।

(খ) বৰ্দ্ধিত অর্থনৈতিক সংকট : এই নতুন অর্থনৈতিক ব্যৱস্থাত বহুত অর্থনৈতিক সংকটৰ মুখামুখি হ’ব লগা হৈছে। উদাহৰণস্বৰূপে ১৯৮০ৰ দশকত তৃতীয় বিশ্বৰ ঋণৰ সংকটৰ পৰা ১৯৯৪-৯৫ ৰ মেক্সিকান ভাঙোনলৈ অর্থনৈতিক সংকট বেছিভয়াৱহ হৈ পৰিছে। ব্যক্তিগতকৰণ বৃদ্ধি পোৱাৰ লগে লগে ব্যক্তিগত খণ্ডৰ হাতত অৰ্থনৈতিক শক্তি পঞ্জীভূত হৈ পৰিছে আৰু এই ব্যক্তিগত খণ্ডৰ নিয়ন্ত্ৰণ বৃদ্ধি পাইছে। যাৰ ফলত দেশত কল্যাণমূলক আঁচনি হ্রাস তথা অর্থনৈতিক সংকট দেখা দিছে।

(গ) বৃহৎ ব্যৱসায় গোষ্ঠীৰ নিয়ন্ত্ৰণ : গোলকীকৰণ ব্যৱস্থাই বৃহৎ উদ্যোগ গোষ্ঠীৰ ভূমিকা বৃদ্ধি কৰিছে। এই বৃহৎ উদ্যোগ গোষ্ঠীয়ে ৰাষ্ট্ৰৰ কাৰ্যত বৎ পৰিমাণে হস্তক্ষেপ কৰা দেখা যায়। বহু সময়ত ৰাজনৈতিক দলসমূহ উদ্যোগ শ্ৰেণীৰ কথা মতে পৰিচালিত হোৱা দেখা যায়।

(ঘ) সা-সুবিধাৰ অসম বিতৰণ : গোলকীকৰণে মুষ্ঠিমেয় শ্ৰেণীৰ স্বাৰ্থহে পূৰণ কৰে। গোলকীকৰণে অতি ক্ষীপ্ৰতাৰে গণতন্ত্রক দুর্বল কৰি আনিছে। ব্যৱসায় গোষ্ঠীৰ হস্তক্ষেপে কল্যাণকামী কাৰ্যসূচীত ব্যাঘাত জন্মাইছে। ৰাষ্ট্ৰৰ সা-সুবিধাসমূহ কেৱল এটা শ্ৰেণীয়েহে লাভ কৰিছে। বাকী সংখ্যক ইয়াৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে।

(ঙ) সামাজিক নিৰাপত্তাৰ পৰিৱৰ্তে ব্যক্তিগত লাভালাভ : গোলকীকৰণ ব্যৱস্থাই সামাজিক নিৰাপত্তাৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডক লাভ আদায়ৰ দুৱাৰ মুকলি কৰি দিছে।

২৬। বিশ্ব ৰাজনীতিত পাৰিপাৰ্শ্বিকতা বিষয়টোৱে গুৰুত্ব পোৱাৰ কাৰণবোৰ কি কি?

উত্তৰঃ ১৯৯০ দশকৰ পৰা ৰাষ্ট্ৰসমূহৰ মাজত বিশ্ব পাৰিপাৰ্শ্বিকতা সংৰক্ষণৰ বিষয়টোৱে গুৰুত্ব পাবলৈ আৰম্ভ কৰা কাৰণসমূহ হ’ল —

(ক) সমগ্ৰ বিশ্বজুৰি কৃষিভূমি ক্রমান্বয়ে হ্রাস পাই আহিছে। যিখিনি কৃষিভূমি বৰ্ত্তমানো আছে তাৰ এটা বৃহৎ অংশই উৰ্ব্বৰতা হেৰুৱাই পেলাইছে। কৃষি ভূমিৰ লগতে নৈ, বিল আদিৰ দৰে মৎস্য উৎপাদন কৰা হৈছে সমগ্ৰ বিশ্বৰ জলভাণ্ডাৰ ক্ষিপ্ৰ গতিত কমি অহাৰ লগতে জল প্ৰদূষণো বৃদ্ধি পাইছে যাৰ ফলত খাদ্য উৎপাদন যথেষ্ট হ্রাস পাইছে।

(খ) উন্নয়নশীল দেশসমূহৰ ১.২ বিলিয়ন বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ থকাৰ লগতে ২.৬ বিলিয়ন লোকৰ অনাময়ৰ সুবিধা নাই আৰু ইয়াৰ ফলত সৃষ্টি হোৱা বিভিন্ন ৰোগত প্ৰতি বছৰে প্ৰায় তিনি মিলিয়ন শিশুৰ মৃত্যু ঘটে।

(গ) প্রাকৃতিক অৰণ্যই জলবায়ুক স্থিৰতা প্ৰদান কৰে। ই পানীৰ যোগান নিয়মিত কৰাৰ লগতে পৃথিৱীত জৈৱ বৈচিত্ৰতা সৃষ্টি কৰে। কিন্তু সাম্প্ৰতিক সময়ত প্ৰাকৃতিক অৰণ্যসমূহ কাটি তহিলং কৰা হৈছে। যাৰ ফলত জৈৱ বৈচিত্ৰতা লোপ পাইছে। জীৱ-জন্তু বা উদ্ভিদৰ স্বাভাৱিক বাসস্থানবিলাক ধ্বংস কৰাৰ ফলতো জৈৱ বৈচিত্ৰতা লোপ পাইছে।

(ঘ) বায়ুমণ্ডলত অ’জন গেছৰ পৰিমাণ কমি অহাৰ ফলত বায়ুমণ্ডলৰ অ’জন স্তৰত কিছুমান ফুটা বা বিন্ধাৰ সৃষ্টি হৈছে৷ এনে বিন্ধাসমূহেদি সূৰ্য্যৰ অতি বেঙুনীয়া ৰশ্মি পৃথিৱীলৈ আহি অকল মানুহৰ স্বাস্থ্যৰ প্ৰতিয়েই নহয় বৰং সমগ্ৰ পৰিস্থিতিতন্ত্ৰটোলৈ ভাবুকি কঢ়িয়াই আনিছে।

(ঙ) সমগ্ৰ বিশ্বৰে সাগৰ-মহাসাগৰৰ উপকূলীয় অঞ্চলবিলাকৰ প্ৰদুষণ ক্রমান্বয়ে বৃদ্ধি পোৱা দেখা গৈছে। যদিও সাগৰ- মহাসাগৰবোৰৰ মাজ অংশ তুলনামুলকভাৱে পৰিষ্কাৰ, কিন্তু উপকূল অঞ্চলত গঢ়ি উঠা জনবসতিয়ে এই অঞ্চলসমূহ প্ৰদূষিত কৰিছে। সমগ্র বিশ্বতে উপকূলীয় অঞ্চলত গঢ়ি উঠা এনে জনবসতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে সাগৰীয় পৰিৱেশ আৰু বেছি দূষিত হৈ পৰিব।

২৭। বিশ্বায়নৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক প্ৰভাৱসমূহ আলোচনা কৰা।

উত্তৰঃ সমসাময়িক বিশ্বায়নৰ প্ৰতিক্ৰিয়াৰ ফলস্বৰূপে সৃষ্টি হোৱা, এটা বিতৰ্কৰ প্ৰচলিত ৰাজনৈতিক প্ৰভাৱৰ সৈতে সম্পর্ক আছে। কেনেকৈ বিশ্বায়নে ৰাষ্ট্ৰীয় সার্বভৌমত্বৰ পৰম্পৰাগত ধাৰণাৰ ওপৰত প্ৰভাৱ পেলায়। তাৰ তিনিটা দিশ আছে।

আটাইতকৈ সহজ পর্যায়ত বিশ্বায়নৰ ফলত ৰাষ্ট্ৰীয় সামর্থ কমি যায় সেইটো হ’ল, চৰকাৰে যি কৰে সেইখিনি কৰাৰ সামৰ্থ। গোটেই পৃথিৱীতেই পুৰণা জনকল্যাণকামী ৰাষ্ট্ৰই এতিয়া এখন বেছি ক্ষুদ্ৰ ৰাষ্ট্ৰলৈ পথ উলিয়াই দিছে যিয়ে কিছুমান প্রধান কার্য সম্পাদন কৰে। যেনে— আইন শৃংখলা নিয়ন্ত্ৰণ কৰা আৰু ইয়াৰ নাগৰিকৰ সুৰক্ষা। অৱশ্যে ই এতিয়া আগৰ বহুতো অর্থনৈতিক আৰু সামাজিক বিকাশৰ লগত জড়িত কার্যক বাদ দিছে। জনকল্যাণকামী ৰাষ্ট্ৰৰ ঠাইত এতিয়া বজাৰসমূহে অর্থনৈতিক আৰু সামাজিক অগ্ৰাধিকাৰসমূহ নিৰ্ণয় কৰে। বহুজাতিক নিগমবোৰৰ আগমন আৰু ইয়াৰ বৰ্দ্ধিত ভূমিকাই গোটেই বিশ্বতে চৰকাসমূহৰ নিজে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত থকা কিমাই পেলাইছে।

একে সময়তে, বিশ্বায়নে সদায় ৰাষ্ট্ৰীয় সামৰ্থক নকমায়। ৰাজনৈতিক জনসমাজৰ বাবে ৰাষ্ট্ৰৰ প্ৰাধান্যৰ এতিয়াও এটা প্ৰত্যাহ্বান জনাব নোৱাৰা ভেটি। বিশ্ব ৰাজনীতিত ৰাষ্ট্ৰসমূহৰ মাজত থকা পুৰণা হিংসা আৰু প্ৰতিদ্বন্দ্বিতাৰ কোনো গুৰুত্ব নাই। ৰাষ্ট্ৰই একেৰাহে ইয়াৰ মুখ্য কাৰ্যসমূহ পালন কৰি আছে (আইন শৃংখলা, ৰাষ্ট্ৰীয় সুৰক্ষা) আৰু ই সচেতন ভাবেই ইচ্ছা কৰা কিছুমান দিশক বাদ দিছে । ৰাষ্ট্ৰ একেদৰেই গুৰুত্বপূৰ্ণ।

প্রকৃতপক্ষে বিশ্বায়নৰ ফলস্বৰূপে কিছু ক্ষেত্ৰত ৰাষ্ট্ৰীয় সামৰ্থৰ মূল্য বৃদ্ধি হৈছে, বৰ্দ্ধিত প্রযুক্তিক পর্যাপ্তভাবে ব্যৱহাৰ কৰি ৰাষ্ট্ৰই ইয়াৰ নাগৰিকসকলৰ সকলো খবৰ সংগ্ৰহ কৰিব পাৰে। এই খবৰবোৰৰ সৈতে ৰাষ্ট্ৰই ভালকৈ শাসন কৰিবলৈ কম নহয় বেছি সামৰ্থবান হ’ব। এইদৰে নতুন প্রযুক্তিবিদ্যাৰ ফলস্বৰূপে ৰাষ্ট্ৰ আগতকৈ বেছি ক্ষমতাশালী হৈছে।

বিশ্বায়নৰ ফলত বিভিন্ন দেশৰ মাজত অর্থনৈতিক আদান-প্রদান বৃদ্ধি পাইছে। মূলধন চলাচল সূচল হৈছে আৰু বজাৰকেন্দ্ৰিক অর্থনীতি গঢ় লৈ উঠিছে। এখন দেশৰ পৰা আন এখন দেশলৈ সম্পদ আমদানিৰ ক্ষেত্ৰত বাধা-নিষেধসমূহ আঁতৰোৱা হৈছে। বহুজাতিক কোম্পানীসমূহে বজাৰ দখল কৰিছে।

বিশ্বায়নে উন্নত দেশসমূহৰ পৰা অনুন্নত দেশসমূহলৈকে সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আনিছে। বিশ্বায়নে আমাৰ ঘৰত আমাক প্ৰভাৱান্বিত কৰে। আমি যি খাওঁ, যি পিন্ধো, যি চিন্তা কৰো, সকলোকে বিশ্বায়নে স্পৰ্শ কৰিছে।

২৮। বিশ্বায়নে ভাৰতত কেনেকুৱা প্ৰভাৱ পেলাইছে?

উত্তৰঃ বিশ্বায়নে ভাৰতক বিভিন্ন পথেৰে ক্ৰিয়া কৰিছে। সেইবোৰ হ’ল—অর্থনৈতিকভাৱে, সামাজিকভাৱে আৰু সাংস্কৃতিকভাৱে। স্বাধীনতাৰ পিছত ভাৰত চৰকাৰে “মিশ্ৰ অৰ্থনীতি” নীতি অৱলম্বন কৰিছিল মূলতঃ ভাৰতক অর্থনৈতিক ফালৰ পৰা সবল কৰিবৰ বাবে। আৰু তেতিয়াই ৰাজহুৱা খণ্ডত বহুতো ডাঙৰ ডাঙৰ উদ্যোগ গঢ়ি উঠিছিল। তাৰোপৰি ব্যক্তিগত খণ্ডৰ উন্নতিৰ হকেও বহুতো সুবিধা দিছিল। যদিও ইমানখিনি সুবিধা এই নীতি (Policy) টোৰ জৰিয়তে পাইছিল তথাপি ভাৰতে উন্নতি কৰিব পৰা নাছিল। ১৯৯১ চনত ভাৰতে এটা অর্থনৈতিক সংকটৰ মুখামুখী হৈছিল আৰু বহুতো লোকচান ভৰিবলগীয়া হৈছিল। সেয়ে ভাৰতে উচ্চ অর্থনৈতিক বিকাশৰ ইচ্ছাৰ বাবে অর্থনৈতিক সংশোধনৰ এখন নতুন আঁচনি কৰিলে যিয়ে ব্যৱসায় আৰু বহিঃ বিনিয়োগকে ধৰি বিভিন্ন বিষয়ত বৰ্দ্ধিতভাৱে অনিয়ন্ত্ৰনৰ ব্যৱস্থা কৰিলে ৷ বৈদেশিক মূলধনৰ আন্দোলনৰ বাধাবোৰ হ্ৰাস কৰিবৰ কাৰণে ভাৰত বহুতো বহুজাতিক কোম্পানী গঢ় লৈ উঠিছিল। বহুতো ভাৰতীয় বিদেশলৈ কাম বিচাৰি গৈছিল আৰু তাত কাম কৰিব আৰম্ভ কৰিছিল।

আমেৰিকাৰ সংস্কৃতিৰ লগতে অন্য ইউৰোপৰ দেশবোৰৰ সংস্কৃতিও ভাৰতত বিয়পি পৰিছিল। ফলস্বৰূপে ভাৰতীয় সকলৰ সাজ-পোচাকৰ লগতে খাদ্যৰ অভ্যাসো সলনি হৈ পৰিছিল। বাৰ্গাৰ খোৱা, মচালা দোচা খোৱা আৰু নীলা জিনচ্ পিন্ধা আদিহে আমাৰ জীৱন-যাপনত আচৰিত ধৰণে পৰিৱৰ্তন আনিছিল। বিশ্বায়নে আমাৰ পৰিয়ালৰ দৈনন্দিন জীৱন-যাপনতো যথেষ্ট পৰিৱৰ্তন আনিছিল। যৌথ পৰিয়ালৰ ঠাইত একক পৰিয়ালৰ সৃষ্টি হৈছিল।

অন্যহাতে ভাৰতে বিশ্বয়ানক প্ৰভাৱান্বিত কৰিছিল। ভাৰতত বহুতো খবৰৰ প্ৰযুক্তিবিদ্যাৰ লগতে মহাকাশত প্রযুক্তিবিদ্যা বৃদ্ধি হৈছিল। ভাৰতে বেপাৰ-বাণিজ্য আদিৰ ক্ষেত্ৰত মুখ্য ভূমিকা লৈছিল।

ভাৰতত বিশ্বায়নলৈ প্ৰতিবদ্ধ বিভিন্ন ক্ষেত্ৰৰ পৰা আহিছে। ইয়াত বাওঁপন্থীসকলৰ অৰ্থনৈতিক উদাৰতাবাদলৈ বিৰোধিতা আহিছে যিবোৰ ৰাজনৈতিক দলবোৰৰ দ্বাৰা ভাৰতীয় সামাজিক ফ’ৰামৰ দৰে ফ’ৰামৰ দ্বাৰা ব্যক্ত কৰিছে। উদ্যোগিক শক্তিৰ ব্যৱসায় সংঘ আৰু যিবোৰে কৃষকৰ স্বাৰ্থক প্রতিনিধিত্ব কৰে সেইবোৰে বহুৰ্জাতিক নিগমবোৰ সোমোৱাৰ বিৰুদ্ধে প্রতিবাদ সংঘটিত কৰিছে। নিমৰ দৰে কিছুমান গছৰ কৃতিস্বত্ব আমেৰিকা আৰু ইউৰোপৰ ফার্মসমূহে লাভ কৰাৰো বহু পৰিমাণে বিৰোধিতা কৰিছে।

ৰাজনৈতিক অধিকাৰৰ পৰাও বিশ্বায়নলৈ প্ৰতিবাদ আহে। এইবিলাকে বিভিন্ন সাংস্কৃতিক প্ৰভাৱলৈ আপত্তি জনায় – বিদেশী দূৰদৰ্শনৰ বিভিন্ন চেনেলৰ পৰ্যাপ্ততা যিয়ে কেৱল নেটৱৰ্কৰ সুবিধা দিয়ে ৷ ভেলেনটাইন দিনৰ আনন্দোৎসৱ আৰু স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ সাজ-পোচাকৰ পছন্দত পাশ্চাত্যত পৰিলক্ষিত হয়।

২৯। চাৰ্কৰ গঠন, ক্ষমতা আৰু কাৰ্যৱলীসমূহ উল্লেখ কৰা ।

উত্তৰঃ দক্ষিণ এছিয়াৰ আঞ্চলিক সহযোগিতাৰ অনুষ্ঠান বিলাকৰ ভিতৰত ১৯৮৫ চনৰ ডিচেম্বৰ মাহত গঠিত চার্ক এক অতি উল্লেখযোগ্য আঞ্চলিক সংস্থা। এই সংস্থাটোত ভাৰত, নেপাল, ভূটান, শ্রীলংকা, পাকিস্তান, মালদ্বীপ আৰু বাংলাদেশ এই সাতখন দেশ লৈ গঠিত হয়।

চাৰ্কৰ মুখ্য লক্ষ্যবোৰ হৈছে–

(ক) এই সংস্থাভুক্ত দেশবোৰৰ অৰ্থনৈতিক বিকাশৰ গতি দ্ৰুত কৰি তোলা।

(খ) জনসাধাৰণৰ জীৱন নিৰ্বাহৰ মালদণ্ড উন্নত কৰা।

(গ) আর্থ সামাজিক আৰু সাংস্কৃতিক উন্নয়ন সাধন কৰা।

(ঘ) সমূহীয়া আত্ম প্ৰত্যয়ৰ লক্ষ্যত উপনীত হোৱা।

(ঙ) দেশবোৰৰ মাজত মুক্ত আঞ্চলিক বাণিজ্যিক উন্নয়ন সাধন কৰা।

(চ) উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ মাজৰ সম্পৰ্ক উন্নত কৰা।

(ছ) একে উদ্দেশ্যৰ আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ লগত সহযোগিতা স্থাপন কৰা।

(জ) ইয়াৰ অন্তৰ্গত দেশবোৰৰ মাজত ৰাজনৈতিক সম্বন্ধৰ লগতে সকলো দিশতে সহযোগিতা শক্তিশালী কৰি তোলা।

(ঝ) দেশবোৰৰ অৰ্থনৈতিক বিকাশৰ গতি খৰতকীয়া কৰি তোলা।

(ঞ) মানৱ সম্পদৰ ব্যৱহাৰৰ বাবে যথোপযুক্ত ব্যৱস্থা কৰা আৰু সুবিধা প্ৰদান কৰা ।

চাৰ্কৰ কাৰ্যাৱলী – ছাক অনুষ্ঠিত হোৱাৰ পাছৰ পৰা ইয়াৰ কেইবাখনো অধিৱেশন তথা সন্মিলন অনুষ্ঠিত হয়। এই ছাৰ্কৰ কাৰ্যাৱলীসমূহ অধিৱেশনত নিৰ্দ্ধাৰণ কৰা হয়। ইয়াৰ কাৰ্যাৱলীসমূহ হৈছে—

(ক) ছার্কে বিভিন্ন আলোচনা-বিলোচনাৰ মাধ্যমেৰে ইয়াৰ অন্তৰ্গত দেশবোৰৰ মাজত বুজাবুজিৰ ভাৱ বৃদ্ধি আৰু দেশবোৰত থকা সমস্যাৰ ক্ষেত্ৰত উত্তেজনা হ্রাস কৰাত সহায় কৰে।

(খ) ছাৰ্কৰ কাৰ্যকলাপ নিয়মীয়া কৰিবৰ বাবে নেপালৰ ৰাজধানী কাঠমাণ্ডুত ইয়াৰ সচিবালয় পাতিছে আৰু যৎপৰোনাস্তি চেষ্ট চলাইছে।

(গ) ছাৰ্কৰ অন্তৰ্গত দেশকেইখনৰ মাজত ব্যৱসায় বাণিজ্য সহজ কৰি তুলিবৰ বাবে সপ্তাহৰ দৰে চুক্তি সম্পাদন কৰিছে আৰু তাক কাৰ্যকৰী কৰাত মনোনিৱেশ কৰিছে।

(ঘ) বহুতো কাৰিকৰী সমিতি গঠন কৰি ইয়াৰি অন্তৰ্ভুক্ত দেশকেইখনৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ চেষ্টা কৰিছে।

(ঙ) খাদ্য নিৰাপত্তা ভঁৰাল স্থাপন, সন্ত্রাসবাদী দমন চুক্তিৰ সংশোধন, ভ্ৰমন সম্পৰ্কীয় চুক্তি, উচ্চতন ন্যায়ালৰ বিচাৰক আৰু সংসদ সদস্যক ভিচা নোহোৱাকৈ ইয়াৰ অন্তৰ্ভুক্ত দেশবোৰ ভ্ৰমণৰ সুবিধা প্ৰদান আদি কাৰ্যবোৰ সম্পাদন কৰে।

(চ) কৃষি, বিজ্ঞান, কাৰিকৰী প্রশিক্ষণ, প্রযুক্তিবিদ্যা, তথ্য সৰবৰাহ সমিতি গঠন কৰা আদি কাৰ্য ই সম্পাদন কৰে। এই সমিতিৰ পৰামৰ্শ ইয়াৰ অন্তৰ্ভুক্ত দেশবোৰে মানি চলিব লাগে।

(ছ) এই সংস্থাই ড্ৰাগছ সেৱন কাৰ্যক প্ৰতিৰোধ কৰা বিষয়ক চুক্তি সম্পাদন কৰি কাৰ্যকৰী কৰাৰ চেষ্টা চলায় ৷

(জ) ই চৰকাৰী আৰু বেচৰকাৰী পৰ্যায়ৰ দেশবিলাকৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধি আৰু উন্নত কৰাৰ চেষ্টা চলায়।

(ঝ) ইয়াৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰকেইখনৰ মাজত ঘটিত হোৱা প্ৰাকৃতিক দুর্যোগ হ্ৰাস কৰা, পৰিৱেশ উন্নয়ন কৰা, মানৱ সম্পদৰ বিকাশ সাধন কৰা আদিৰ কাৰণেও ব্যৱস্থা গ্ৰহণ কৰে।

(ঞ) ইয়াৰ অন্তৰ্ভুক্ত বেচৰকাৰী পৰ্যায়ৰ দেশকেইখনৰ মাজত চেমিনাৰ, কৰ্মশালা, প্রশিক্ষণ ব্যৱস্থা, বৈজ্ঞানিক সকলৰ মাজত বৈঠক পতা আদি কাম সম্পাদন কৰে ইত্যাদি।

৩০। দক্ষিণ এছিয়া দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ ববে ছার্কে কেনে ভূমিকা পালন কৰে?

উত্তৰঃ দক্ষিণ এছিয়া দেশসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ বাবে ছাৰ্কে নিম্নলিখিত দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যেনে–

(ক) ছাৰ্কে দক্ষিণ এছিয়া দেশসমূহৰ মাজত বন্ধুত্ব, বিশ্বাস আৰু বুজাবুজিৰ মাধ্যমেৰে বিভিন্ন কাম সম্পাদনৰ বাবে এখন ক্ষেত্ৰত প্ৰদান কৰিছে।

(খ) দক্ষিণ এছিয়া দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে ছাৰ্কে ইয়াৰ অন্তৰ্ভুক্ত দেশসমূহৰ আৰ্থিক আৰু সামাজিক দিশৰ প্ৰগতি খৰতকীয়া কৰিব বিচাৰে।

(গ) প্ৰথম অৱস্থাত ছাৰ্কে কেৱল সামুহিক ভেটি স্থাপনৰ বাবে কাৰ্যকৰী সহযোগিতাৰ ওপৰত অধিক গুৰুত্ব দিছিল যদিও বর্তমানেই কৃষি, যোগাযোগ, শিক্ষা, সংস্কৃতি, খেলা-ধূলা, পৰিৱেশ আৰু বতৰ বিজ্ঞান, স্বাস্থ্য আৰু জনসংখ্যা সম্পৰ্কীয় কার্যাৱলী আদিৰ জৰিয়তে দেশবোৰৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে।

(ঘ) ছাৰ্কে ইয়াৰ অধীনত এঘাৰখন কাৰ্যকৰী সমিতি গঠন কৰি তথ্যৰ আদান প্রদান আৰু আঁচনি প্ৰস্তুত কৰা নিজস্ব ক্ষেত্ৰসমূহৰ প্ৰকল্প প্রস্তুত কৰাৰ বাবে বাৰ্ষিক দিনপঞ্জী প্ৰস্তুত কৰাৰ দায়িত্ব অর্পণ কৰিছে ।

(ঙ) ছাৰ্কে মাদক দ্রব্য বোধ, গাঁও অঞ্চলৰ উন্নতি সাধন, মহিলাৰ উন্নতি সাধন, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰগতি, পর্যটন আৰু পৰিবহন ব্যৱস্থাৰ উন্নতি আৰু প্ৰগতিৰ বাবে যথেষ্ট প্ৰগতিমূলক আঁচনি হাতত লৈছে।

(চ) ছাৰ্কেইয়াৰ অন্তৰ্ভুক্ত দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে কৃষি সম্বন্ধীয় তথ্যপাতিৰ বাবে ঢাকাত, টি. বি, প্ৰতিৰোধৰ বাবে কাঠমাণ্ডুত। ছাৰ্কৰ স্বাৰ্থ জড়িত তথ্যপাতিৰ বাবে দিল্লীত আৰু বতৰ বিজ্ঞান গৱেষণাৰ ববে ঢাকাত মুঠ চাৰিটা আঞ্চলিক কেন্দ্ৰ স্থাপন কৰিবলৈ সক্ষম হৈছে।

(ছ) ছাৰ্কে মানৱ সম্পদ উন্নয়নৰ বাবে পাকিস্তানত আন এটা কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত লৈছে।

অৱশ্যে ছাৰ্কৰ কাৰ্যসমূহ লেহেমীয়া গতিত সংঘটিত হয়। তথাপি ই ইয়াৰ অন্তৰ্ভুক্ত দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে যথেষ্ট প্ৰচেষ্টা হাতত লৈছে।

৩১। বিশ্বায়নৰ প্ৰতি উদাৰ দৃষ্টিভংগী কি?

উত্তৰঃ উদাৰবাদীসকলে বিশ্বায়নৰ প্ৰতি নিৰন্তৰ ইতিবাচক মনোভাৱ গ্ৰহণ কৰে। অৰ্থনৈতিক উদাৰবাদীসকলৰ বাবে, বিশ্বায়নে ‘অযৌক্তিক’ ৰাষ্ট্ৰীয় আনুগত্য আৰু ‘স্বেচ্ছাচাৰী’ ৰাজ্যিক সীমাৰ ওপৰত বজাৰৰ বিজয় প্রতিফলিত কৰে। বজাৰৰ অলৌকিক তাৎপর্য হৈছে যে ই সম্পদবোৰ তেওঁলোকৰ আটাইতকৈ লাভজনক ব্যৱহাৰৰ দিশত আকর্ষণ কৰে, এনেদৰে ব্যক্তি, পৰিয়াল, কোম্পানী আৰু সমাজৰ বাবে সমৃদ্ধি আনিব। সেয়েহে অর্থনৈতিক বিশ্বায়নৰ আকৰ্ষণ হৈছে যে ইবজাৰসমূহক বিশ্বব্যাপী কাম কৰিবলৈ অনুমতি দিয়ে, মুক্ত বাণিজ্যৰ ‘অগভীৰ’ একত্ৰীকৰণ আৰু একক গোলকীয় অৰ্থনীতিৰ ‘গভীৰ’ একত্ৰীকৰণৰ সৈতে পাৰস্পৰিক নিৰ্ভৰশীলতা তীব্ৰ কৰে। 

বৰ্ধিত উৎপাদনশীলতাৰ দ্বাৰা উৎপন্ন হোৱা প্ৰতিযোগিতাই ইয়াৰ ভিতৰত অংশগ্ৰহণ কৰা সকলো সমাজক লাভান্বিত কৰে, যি প্ৰদৰ্শন কৰে যে অর্থনৈতিক বিশ্বায়ন হৈছে ইতিবাচক পৰিমাণৰ খেল, বিজয়ী আৰু বিজয়ীৰ খেল। উদাৰবাদীসকলে এইটোও বিশ্বাস কৰে যে বিশ্বায়নে সামাজিক আৰু ৰাজনৈতিক লাভালাভ আনিছে। সমগ্র বিশ্বতে তথ্য আৰু ধাৰণাসমূহৰ মুক্ত প্রবাহে ব্যক্তিগত আত্ম-বিকাশৰ সুযোগ বহল কৰে আৰু অধিক গতিশীল আৰু শক্তিশালী সমাজ সৃষ্টি কৰে। তদুপৰি, উদাৰ দৃষ্টিকোণৰ পৰা, বজাৰ পুঁজিবাদৰ প্ৰসাৰ উদাৰ গণতন্ত্ৰৰ অগ্ৰগতি, অর্থনৈতিক স্বাধীনতাৰ ৰাজনৈতিক স্বাধীনতাৰ দাবীৰ সৈতে সদায়ে সম্পর্কিত। উদাৰবাদীসকলৰ বাবে, বিশ্বায়নে বিশ্ব ইতিহাসত এক জলবিভাজিকা চিহ্নিত কৰে, য ত ই সেই সময়ছোৱাত সমাপ্ত হয় য’ত ৰাষ্ট্ৰ ৰাজ্য প্ৰভাৱশালী গোলকীয় আছিল ।

অভিনেতা শক্তিৰ এক (স্বাভাৱিকভাৱে অস্থিৰ) ভাৰসাম্যৰ দ্বাৰা বিশ্ব শৃংখলা নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বিপৰীতে, গোলকীয় যুগত শাস্তি আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰতি প্ৰৱণতা আৰু লগতে বিশ্বশক্তিৰ বিচ্ছুৰণৰ দ্বাৰা, বিশেষকৈ উদ্ভৱৰ জৰিয়তে চিহ্নিত কৰা হয়। গোলকীয় নাগৰিক সমাজ আৰু আন্তর্জাতিক সংগঠনসমূহৰ বৰ্ধিত গুৰুত্ব।

৩২। বিশ্বায়নৰ প্ৰতি মৌলিক দৃষ্টিভংগী কেনেকুৱা?

উত্তৰঃ বিশ্বায়নৰ মধ্যমীয়া বিৱৰণে স্বীকাৰ কৰে যে সমসাময়িক গোলকীয় অর্থনীতিত ৰাষ্ট্ৰ ৰাজ্যসমূহ মুখ্য খেলুৱৈ হৈ আছে’ থিচিছৰ মৌলিক সংস্কৰণবোৰে অৱশ্যে এক স্বায়ত্তশাসিত সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা হিচাপে ৰাজ্যখনৰ অৱনতিৰ ওপৰত জোৰ দিয়ে। এনে মৌলবাদী তত্ত্ববোৰৰ ভিতৰত আছে বিশ্বায়নক আকৰ্ষণ কৰা লেখকসকল আৰু যিসকলে যুক্তি দিয়ে যে ইবহুজাতিক কেম্পানী (এমএনচি) আৰু অৰ্থনৈতিক সমৃদ্ধিৰ আটাইতকৈ কাৰ্যক প্ৰদানকাৰী ৰাজ্য নহয়৷ তেওঁলোক বিশ্বায়নৰ কট্টৰ সমালোচকৰ পৰাও আহিছে যিয়ে তথাপিও স্বীকাৰ কৰে যে বিশ্বায়নে নাটকীয় সামাজিক পৰিৱৰ্তনলৈ লৈ গৈছে। বিশ্বায়নৰ প্ৰতি আমূল দৃষ্টিভংগীৰ অৰ্থ হৈছে কঠোৰ চৰকাৰী নিয়ন্ত্ৰণত বিদেশী বিনিয়োগকাৰীসকলৰ বাবে ব্যৱসায় মুকলি কৰা। চৰকাৰ সকলো সিদ্ধান্ত লোৱা আৰু পৰিকল্পনাত সক্রিয়।

বিশ্বায়নৰ প্ৰতি আমূল দৃষ্টিভংগীৰ অৰ্থ হৈছে কঠোৰ চৰকাৰী নিয়ম আৰু নিয়মৰ অধীনত ৰাজ্যসমূহৰ মাজত একত্ৰীকৰণ আৰু যোগাযোগ। উদাহৰণস্বৰূপে কঠোৰ চৰকাৰী নিয়ন্ত্ৰণত বিদেশী বিনিয়োগকাৰীসকলৰ বাবে ব্যৱসায় মুকলি কৰা।

বিশ্বায়নৰ মধ্যমীয়া বিৱৰণে স্বীকাৰ কৰে যে ‘ৰাষ্ট্ৰ-ৰাজ্যসমূহ সমসাময়িক গোলকীয় অর্থনীতিত মুখ্য খেলুৱৈ হৈ আছে’ । অৱশ্যে থিচিছৰ মৌলিক সংস্কৰণবোৰে এক স্বায়ত্তশাসিত সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা হিচাপে ৰাজ্যখনৰ অৱনতিৰ ওপৰত জোৰ দিয়ে।

এনে মৌলবাদী তত্ত্ববোৰৰ ভিতৰত আছে বিশ্বায়নক আকৰ্ষণ কৰা লেখকসকল আৰু যিসকলে যুক্তি দিয়ে যে ই বহুজাতিক কোম্পানী (এমএনচি) আৰু অৰ্থনৈতিক সমৃদ্ধিৰ আটাইতকৈ কাৰ্যকৰী প্ৰদানকাৰী ৰাজ্য নহ্য। তেওঁলোক বিশ্বায়নৰ কট্টৰ সমালোচকৰ পৰাও আহিছে যিয়ে তথাপিও স্বীকাৰ কৰে যে বিশ্বায়নৰ ফলত নাটকীয় সামাজিক পৰিৱৰ্তন হৈছে ।

৩৩। আমূল বিশ্বায়নে কোনবোৰ কাৰকৰ ওপৰত গুৰুত্ব আৰোপ কৰে?

উত্তৰঃ (ক) ফাইবাৰ-অপটি কেবল, ফেক্স মেচিন, ডিজিটেল ট্রেন্সমিচন আৰু উপগ্ৰহৰ দৰে কম ব্যয়ৰ টেলিকমমু- নিকেচন প্ৰযুক্তিৰ বিকাশ আৰু বিস্তৃত উপলব্ধতা,যাৰ অৰ্থ হৈছে যে ৰাজ্যসমূহৰ জনসংখ্যা ক্রমান্বয়ে এক ‘গোলকীয় সংস্কৃতি’ৰ অধীন হৈ পৰিছে যি নিয়ন্ত্ৰণ ৰখাৰ বাবে ব্যক্তিগত শাসন-শক্তিৰ বাহিৰত।

(খ) ২. এম. এন. চি.ৰ উত্থান যাৰ এতিয়া বহুতো ৰাজ্যক প্রতিদ্বন্দিতা কৰাৰ বাবে সম্পদ আছে, কিন্তু ৰাজ্যবোৰৰ বিপৰীতে ভূগোলত নিহিত নহয় আৰু স্থানান্তৰিত চাহিদা আৰু সস্তীয়া মজুৰী ব্যয়, কম ব্যৱসায়কৰ আৰু দুৰ্বল ট্রেড ইউনিয়নৰ দৰে স্থানীয় সুবিধাৰ উপলদ্ধতা অনুসৰি তেওঁলোকৰ প্ৰকল্পবোৰ সহজে স্থানাত্তৰ কৰিবলৈ সক্ষম হয়।

(গ) বাণিজ্যৰ ক্রমবর্ধমান বিশ্বব্যাপী প্রকৃতি, যাৰ ফলত ৰাজ্যসমূহে কাৰ্যকৰী অৰ্থনৈতিক নীতি বিকশিত কৰিবলৈ অক্ষম হৈছে। ৰাজ্যবোৰে তেওঁলোকৰ নিয়ন্ত্ৰণৰ বাহিৰৰ কাৰক যেনে এম এনচিৰ ইম্পো-টিভি আৰু বিশ্বৰ বিত্তীয় বজাৰৰ তাৰতম্যৰ প্ৰতি ক্রমান্বয়ে সঁহাৰি দিব লাগিব। সামগ্রিকভাৱে, এইটো দাবী কৰা হয় যে বিশ্ববজাৰ আৰু এম এনচিবোৰ ৰাজ্যতকৈ আন্তর্জাতিক বিয়য়ত অধিক শক্তিশালী শক্তি আৰু বিশ্বায়নৰ এই নতুন শক্তিবোৰ কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰি ।

৩৫। গোলকীয় ৰাজনীতিৰ প্ৰতি উদাৰ দৃষ্টিভংগীৰ মূল বৈশিষ্ট্যবোৰ বৰ্ণনা কৰা ৷

উত্তৰঃ বিশ্বৰ ৰাজনীতিৰ প্ৰতি উদাৰ দৃষ্টিভংগীৰ ভিতৰত আছে পাৰস্পৰিকভাৱে লাভজনক ফলাফল প্রাপ্ত কৰাৰ বাবে ৰাষ্ট্ৰ-ৰাজ্যসমূহৰ মাজত সহযোগিতাৰ ওপৰত বিশ্বাস। বাস্তৱবাদী আৰু নৱ-বাস্তৱবাদী তত্ত্বৰ বিপৰীতে, উদাৰ তাত্ত্বিকসকলে আপেক্ষিক লাভৰ সলনি পৰমৰ ওপৰত গুৰুত্ব দিয়ে, যাৰ অৰ্থ হ’ব যে ৰাষ্ট্ৰবোৰে আন্তর্জাতিক ক্ষেত্ৰত তেওঁলোকৰ স্থানতকৈ লাভজনক ফলাফলৰ বাবে অধিক যত্ন লয়; উদাৰবাদীসকলৰ বাবে, আন্তর্জাতিক ৰাজনীতি এক শূণ্য ৰাশিৰ খেল নহয়। ৰাষ্ট্ৰসংঘৰ উদাৰ দৃষ্টিভংগীৰ দ্বাৰা ইয়াক সৰ্বশ্ৰেষ্ঠভাৱে দেখুওৱা হৈছে, যাৰ দ্বাৰা ৰাষ্ট্ৰসমূহে গোলকীয় সমস্যাৰ হিংসাত্মক সমাধানৰ ওপৰত গুৰুত্ব নিদিয়াকৈ সহযোগিতা কৰিব পাৰে। 

উদাৰবাদৰ এই দিশটো ইমানুৱেল কান্টৰ দ্বাৰা প্ৰাৰম্ভিক ৰূপত প্ৰচাৰ কৰা হৈছিল, যিয়ে এক বিশ্বজনীন পৃথিৱীৰ থিঅ’ৰাইজ কৰিছিল য’ত দেশবোৰে আন্তর্জাতিক বিভাজন হ্ৰাস কৰিবলৈ সহযোগিতা কৰিব পাৰে। গোলকীয় ৰাজনীতিৰ প্ৰতি উদাৰ দৃষ্টিভংগীয়ে ব্যক্তিজনৰ ওপৰত দুটা ধৰণে গুৰুত্ব দিয়ে; তেওঁলোকৰ সাৰ্বভৌমত্ব আৰু তেওঁলোকৰ অ-আক্রমণাত্মক মানৱ প্ৰকৃতি। উদাৰবাদী দার্শনিক জন লকে ব্যক্তিগত সার্বভৌমত্বৰ এজন গধুৰ প্ৰবক্তা আছিল, আনকি ৰাজ্যৰ ওপৰতো “প্ৰতিজন মানুহৰ নিজৰ ব্যক্তিৰ এটা সম্পত্তি আছে”। মানৱ অধিকাৰ আৰু বিশ্বায়নৰ উদ্ভৱত অধিক আধুনিক সময়ত ব্যক্তিৰ অধিকাৰ আৰু সাৰ্বভৌমত্বৰ সপক্ষে ৰাষ্ট্ৰীয় সার্বভৌমত্ব হ্রাস হোৱা দেখা গৈছে। মানৱ প্ৰকৃতিৰ প্ৰতি উদাৰ দৃষ্টিভংগী, একেদৰে, বাস্তৱবাদী তাত্ত্বিকসকলৰ তুলনাত অধিক আশাবাদী। 

থমাছ হব ছৰ নিৰাশাবাদী দৃষ্টিভংগীৰ বিপৰীতে যে প্ৰকৃতিৰ অৱস্থা “বেয়া, নিষ্ঠুৰ আৰু চুটি”, উদাৰবাদীসকলে এইকথাৰ ওপৰত গুৰুত্ব দিয়ে যে আমি স্বাভাৱিকভাৱে সহযোগিতা কৰিব পাৰোঁ আৰু যেতিয়া আন্তর্জাতিক ক্ষেত্ৰলৈ অনুবাদ কৰা হয় ৰাষ্ট্ৰবোৰ নিৰন্তৰ ‘যুদ্ধৰ অৱস্থা’ত নাথাকে৷ এইটো সম্ভৱতঃ কিউবাৰ মিছাইল সংকটত আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে দেখা গৈছে, য’ত দুটা বিৰোধিতা কৰা মহাশক্তিয়ে পাৰমাণৱিক যুদ্ধ এৰাই চলিছিল, যদিও কোনো উমৈহতীয়া ভিত্তি নাছিল। সেয়েহে, উদাৰ তাত্ত্বিকসকলে জোৰ দি কয় যে যুদ্ধ অনিবার্য নহয়, আৰু এক শান্তিপূৰ্ণ মানৱ প্ৰকৃতিয়ে এনেধৰণৰ বহুতো সংঘৰ্ষ উদ্ভৱ হোৱাত বাধা দিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top