Political Theory: Concepts And Debates Unit 3 Indispensability of Justice

Political Theory: Concepts And Debates Unit 3 Indispensability of Justice Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Theory: Concepts And Debates Unit 3 Indispensability of Justice Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Theory: Concepts And Debates Unit 3 Indispensability of Justice Question Answer can be of great value to excel in the examination.

Political Theory: Concepts And Debates Unit 3 Indispensability of Justice

Join Telegram channel

Political Theory: Concepts And Debates Unit 3 Indispensability of Justice Notes cover all the exercise questions in UGC Syllabus. The Political Theory: Concepts And Debates Unit 3 Indispensability of Justice provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Indispensability of Justice

POLITICAL SCIENCE

POLITICAL THEORY: CONCEPTS AND DEBATES

ৰাজনৈতিক তত্ত্বঃ ধাৰণা আৰু বিতৰ্ক

Very Short type questions 

1. Characteristics of plato’s theory of Justice.

Ans: প্লেটোৰ ন্যায় ধাৰণাটো আদৰ্শ ৰাষ্ট্ৰৰ বাবে অতি প্রয়োজনীয় ধাৰণা। প্লেটোৰ আগতেও বিভিন্ন দার্শনিকে ন্যায়ৰ ধাৰণাটো দাঙি ধৰিছিল।

চিফোলাচৰ মতে ন্যায় হ’ল সত্য কথা কোৱা আৰু ধাৰ পৰিশোধ কৰা, যাৰ যি প্ৰাপ্য দিয়াই ন্যায়।

পলিমার্কাছে নৈতিকতাকেই ন্যায় বুলি অভিহিত কৰিছিল।

থ্ৰেচিমেকাছৰ মতে ন্যায়ে শক্তিশালী লোকৰ স্বাৰ্থ ৰক্ষা কৰে। 

গ্লউকনৰ মতে ন্যায় দুৰ্বলীলোকৰ ঐক্যবদ্ধ শক্তিৰ লগত শক্তিশালী লোকৰ চুক্তিৰ ফল।

কিন্তু প্লেটোৱে এই সকলোবোৰ সংজ্ঞা নাকচ কৰি কৈছে ন্যায়ে শত্ৰুক বেয়া ব্যৱহাৰ কৰাটো নুবুজায়। বা ন্যায় শক্তিশালী লোকৰ স্বাৰ্থ ৰক্ষা কৰাৰ উপায়ো নহয়। বা ন্যায় কোনো এক নৈতিকতাও নহয়৷

প্লেটোৱে ন্যায়ৰ নিজস্ব ধাৰণা আগবঢ়াইছে। ন্যায় আদৰ্শ ৰাষ্ট্ৰৰ লগতহে জড়িত। এখন আদৰ্শ ৰাষ্ট্ৰত চাৰিটা গুণ থাকে— জ্ঞান, সাহস, ক্ষুধা বা পৰিমিতাচাৰ আৰু ন্যায়। প্লেটোৰ মতে আদর্শ ৰাষ্ট্ৰৰ বাবে জ্ঞান বা যুক্তিৰ অতি প্রয়োজন। সকলো মানুহৰ জ্ঞান নাথাকে। অভিভাৱক শ্ৰেণীৰহে জ্ঞান থাকে। জ্ঞানী মানুহে সুন্দৰভাৱে প্ৰশাসন কাৰ্য পৰিচালনা কৰে আৰু নাগৰিকৰ সা সুবিধাৰ প্ৰতি চকু দিয়ে। গতিকে জ্ঞানী লোকক শাসনৰ দায়িত্ব। দিব লাগে।

সাহস ৰাষ্ট্ৰৰ দ্বিতীয় গুণ। সমাজত কিছুমান লোক সাহসী। এই ব্যক্তিসকলক লৈ দেশৰ প্ৰতিৰক্ষা বাহিনী গঠন কৰি দেশ ৰক্ষাৰ ব্যৱস্থা কৰিব লাগে।

ক্ষুধা ৰাষ্ট্ৰৰ তৃতীয় বৈশিষ্ট্য। সমাজত এই শ্ৰেণীৰ লোকৰ সংখ্যাই বেছি। ক্ষুধা বা প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত লোকসকলে দেশ শাসন বা দেশ ৰক্ষাৰ বাবে উপযুক্ত নহয়। সেইবাবে কৃষক, বনুৱা, উৎপাদনকাৰী শ্ৰেণীটোৱে শস্য আৰু অন্যান্য সামগ্ৰী উৎপাদনত ব্যস্ত থাকিব লাগে।

সৰ্বশেষত ৰাষ্ট্ৰৰ চতুৰ্থ গুণ হ’ল ন্যায়। যেতিয়া প্রথম তিনিটা শ্রেণীয়ে নিজ নিজ দায়িত্বত থকা কামবোৰ কৰে, সৰ্বশ্ৰেষ্ঠ গুণ জ্ঞানৰ অধীনত থাকে আৰু আনৰ কামত হস্তক্ষেপ নকৰে তেতিয়াই চতুৰ্থ গুণ ন্যায়ৰ উদ্ভৱ হয়।

ন্যায় দুই প্ৰকাৰৰ ব্যক্তিগত ন্যায় আৰু সামাজিক ন্যায়।

 2. Marxist theory of justice. ন্যায়ৰ মার্ক্সবাদী তত্ত্ব।

Ans: কালমার্ক্স আৰু তেওঁৰ অনুগামীসকলে ৰাষ্ট্ৰক শোষণৰ আহিলা বুলি গণ্য কৰে। ৰাষ্ট্ৰত পুঁজিপতিসকলে দৰিদ্ৰসকলক শোষণ কৰে আৰু শোষণৰ পথ প্ৰশস্ত কৰি লয়। পুঁজিপতিসকলে উৎপাদনৰ উপাদানসমূহ নিয়ন্ত্ৰণ কৰি ব্যক্তিগত সম্পত্তি বৃদ্ধি কৰিবলৈ সমাজত শোষণ নিপীড়ন বজাই ৰাখে। শ্রেণীবিভক্ত সমাজত পুঁজিপতিসকলে শ্রমিকসকলক বঞ্চিত কৰি লাভৰ অংশটো হস্তগত কৰে। বুৰ্জোৱাসকলে তেওঁলোকৰ স্বাৰ্থ ৰক্ষা কৰিব পৰা ব্যৱস্থাটোক সৰ্বজনীন কৰি ৰাখিব খোজে। এইদৰে তেওঁলোকে দৰিদ্ৰ শ্ৰেণীক শোষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে।

শাসকশ্রেণীয়ে প্রচলিত সমাজ ব্যৱস্থাৰ সপক্ষে ন্যায়ৰ ব্যাখ্যা কৰে। কিন্তু মার্ক্সবাদীসকলে পুঁজিবাদী ব্যৱস্থাত পিষ্ট হোৱা, শোষিত শ্ৰেণীৰ উদ্ধাৰৰ বাবে সাম্যবাদী ব্যৱস্থাৰ পোষকতা কৰে। ব্যক্তিগত সম্পত্তিৰ উচ্ছেদ সাধন কৰি ৰাজহুৱা মালিকীস্বত্বৰ যোগেদি শ্রমিক আৰু কৃষকসকলক পুঁজিপতিসকলৰ পৰা উদ্ধাৰ কৰা ব্যৱস্থাটোক মার্ক্সবাদীসকলে ন্যায়সংগত বুলি বিবেচনা কৰে। গতিকে ন্যায় বুলিলে মার্ক্সবাদীসকলৰ মতে শোষণহীন, শ্রেণীহীন এক সমাজব্যৱস্থা। এনে ব্যৱস্থাত পুঁজিবাদৰ অন্ত পৰিব আৰু শোষণহীন, শ্রেণীহীন সৰ্বহাৰা শ্ৰেণীৰ শাসন প্রতিষ্ঠা হ’ব। সাম্যবাদ প্রতিষ্ঠা হ’লেহে সকলো আর্থ-সামাজিক বৈষম্য নাইকিয়া হ’ব আৰু ন্যায় প্রতিষ্ঠা হ’ব।

3. Utilitarian theory of justice. ন্যায়ৰ উপযোগিতাবাদী তত্ত্ব।

Ans: ন্যায়ৰ উপযোগিতাবাদী তত্ত্ব [Utilitarian theory of Justice] : ন্যায়ক বহু লেখকে উপযোগিতাৰ ফালৰ পৰা আলোচনা কৰিছে। এই দৃষ্টিভংগীক উপযোগিতাবাদী বুলি আখ্যা দিয়া হয়। আইনৰ বিধিসমূহ বা অন্যান্য কাম-কাজসমূহ উপযোগিতাৰ ফালৰ পৰাহে বিচাৰ কৰিব লাগে বুলি উপযোগিতাবাদীসকলে মত প্রকাশ কৰে। ডেভিড হিউমে ৰাজহুৱা উপযোগিতাই ন্যায়ৰ প্ৰধান উৎস বুলি গণ্য কৰে। যিবিলাক কামে ৰাজহুৱাভাৱে অভাৱ পূৰণ কৰিব পাৰে, যিবিলাক কামে, জনসাধাৰণৰ সন্তুষ্টি বৃদ্ধি কৰিব পাৰে সেইবোৰ কামেই ন্যায়পৰায়ণ। সম্পত্তিয়ে মানুহৰ সন্তুষ্টি বৃদ্ধি কৰে। সেইকাৰণে সম্পত্তি সম্পর্কীয় নিয়ম কানুন মানি চলাটো ন্যায়পৰায়ণতা। হিউমৰ মতে ন্যায়ৰ ধাৰণাটো এক প্রাচীন ধাৰণা। চৰকাৰৰ ধাৰণাটো জন্ম হোৱাৰ আগতেও মানুহে সমাজ পাতি বাস কৰিছিল। তেনে সমাজতো ন্যায়ৰ প্ৰচলন আছিল। তেতিয়াও জনসাধাৰণৰ উপযোগিতা বৃদ্ধি কৰা কামবোৰক ন্যায়পৰায়ণ বুলি গণ্য কৰা হৈছিল।

আন এজন উপযোগিতাবাদী জেৰেমী বেন্থামে [Jeremy Bentham] গৰিষ্ঠসংখ্যক লোকক সন্তুষ্টি প্রদান কৰাটোত গুৰুত্ব আৰোপ কৰিছিল। কোনো বিশেষ সিদ্ধাস্ত বা ব্যৱস্থাই কিমান লোকক আনন্দ বা সন্তুষ্টি দিব পাৰিব সেই বিষয়টোত বেন্থামে অধিক গুৰুত্ব দিছিল। সৰহ সংখ্যক লোকক আনন্দ দিব পৰা বিষয়টোৱেই বেন্থামৰ মতে গ্রহণযোগ্য।

জন ষ্টুৱাৰ্ট মিলে [J.S.Mill] ন্যায়ক উপযোগিতাৰ লগত জড়িত কৰিছিল। মিলে মানুহৰ নিৰাপত্তাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। নিজৰ নিৰাপত্তাৰ বাবে মানুহে কিছুমান নিৰাপত্তামূলক ব্যৱস্থা লয়। যিবোৰ ব্যৱস্থাই জনসাধাৰণক অধিক নিৰাপত্তা দিব পাৰে সেইবোৰ ব্যৱস্থা অধিক ন্যায়সংগত। নিৰাপত্তাৰ লগত ন্যায়ক জড়িত কৰাৰ বাবে মিলৰ ন্যায়ৰ ধাৰণাটো অন্য উপযোগিতাবাদীসকলতকৈ সুকীয়া। মিলৰ মতে ব্যক্তিগত স্বতন্ত্ৰতাৰ নিৰাপত্তা দিব পৰা ব্যৱস্থাটো অধিক ন্যায়সংগত। মিলৰ মতে “ন্যায় এক শ্ৰেণীৰ নৈতিক নিয়মৰ নাম, যি মানুহৰ মংগলৰ লগত জড়িত থাকে আৰু সেই হেতুকে অতি পালনীয়।”

কোনো এটা বিষয়ৰ ন্যায়সংগতা লৈ বিবাদ হ’লে সামাজিক মংগল বা উপযোগিতাক মাপকাঠী ৰূপে ব্যৱহাৰ কৰিবলৈ মিলে মতামত আগবঢ়াইছে। অর্থাৎ সমাজৰ বাবে অধিক সুবিধাজনক, মংগলজনক ব্যৱস্থাটোক গ্ৰহণ কৰিলে। তেতিয়াই ন্যায়সংগত ব্যৱস্থা গ্ৰহণ কৰা বুলি ধৰি ল’ব পাৰি।

4. Legal theory of justice. ন্যায়ৰ আইনগত তত্ত্ব।

Ans: এই তত্ত্ব অনুসৰি ন্যায় সম্পূৰ্ণ আইনৰ লগত জড়িত। আইন প্রণয়ন কৰোঁতে আৰু ন্যায়ালয়ত এইবোৰ ব্যৱহাৰ কৰোঁতে কিছুমান শুদ্ধ নিয়ম বা প্রক্রিয়া মানি চলা হয়। প্ৰক্ৰিয়া মানি চলাৰ বাবে ইয়াক প্রক্রিয়াত্মক ন্যায় [Procedural Justice] বোলা হয়। এনে ন্যায়ৰ উৎস হৈছে অভিজ্ঞতাবাদ [Empiricism] । এনে ন্যায়ৰ ধাৰণাটো ১৮শ শতিকাৰ পৰা আৰম্ভ কৰি বৰ্তমান উন্নত স্তৰত উপনীত হৈছে। বৰ্তমান আইন আৰু ন্যায়ৰ সম্পৰ্কৰ বিষয়ত আৰু আইনৰ উপযুক্ত প্ৰক্ৰিয়াৰ বিষয়ে সকলোতে আলোচনা হয়। বর্তমান আইনৰ উপযুক্ত প্ৰক্ৰিয়াৰ [ Due process of Law] ধাৰণাটো বহুলভাৱে মানি চলা হয়। এই প্ৰক্ৰিয়াৰ যোগেদি কোনো কর্তৃপক্ষ, গোট বা ব্যক্তিয়ে উপযুক্ত ন্যায় পাব পাৰে।

ন্যায়ালয়সমূহত কিদৰে আইন ব্যৱহৃত হয় তাক জানিব পাৰিলে প্রক্রিয়াত্মক ন্যায় সম্পর্কে সম্যক জ্ঞান লাভ কৰিব পাৰি। এজন ব্যক্তিয়ে যিকোনো আইনৰ অৱস্থিতি আৰু অৰ্থৰ সম্পৰ্কে জনাৰ সুযোগ লাভ নকৰা বুলি প্ৰমাণ হ’লে তেনে ব্যক্তিক ন্যায়ালয়ত দোষী সাব্যস্ত কৰিব নোৱাৰিব। অৱশ্যে যথেষ্ট সুযোগ থকা সত্বেও এজন ব্যক্তিয়ে কোনো আইনৰ বিষয়ে যদি নাজানে তেন্তে অজ্ঞতাৰ বাবে তেওঁ দোষৰ শাস্তিৰ পৰা ৰেহাই পাব নোৱাৰে। এজন ব্যক্তি কোনো দোষত অভিযুক্ত হ’লে সেই ব্যক্তিজনক তেওঁৰ বিৰুদ্ধে থকা অভিযোগ আৰু ইয়াৰ প্ৰমাণ সম্পৰ্কে অভিযুক্তজনক জানিবলৈ দিব লাগিব। অভিযুক্তজনে নিজৰে নির্দোষিতা প্ৰমাণ কৰিবলৈ সুযোগ পাব লাগিব। আর্থিক অৱস্থা বেয়া হ’লে অভিযুক্তজনে বিনামূলীয়া ওকালতিৰ ব্যৱস্থা পাব লাগিব।

ইমানুৱেল কান্টৰ [Kant] ন্যায়ৰ সূত্ৰটো মন কৰিবলগীয়া । কাণ্টে ‘ফিলছফী অব্ ল’ [Philosophy of Law] নামৰ গ্ৰন্থত আদৰ্শ আইনৰ ব্যাখ্যা দিছে। ‘মেটাফিজি’ অব্ মৰেলছ’ [Metaphysics of Morals] নামৰ গ্ৰন্থত তেওঁ ন্যায়ৰ ব্যাখ্যা দিছে। তেওঁৰ মতে স্বতন্ত্ৰতা আৰু সমতাৰ ভিত্তিত প্রতিষ্ঠিত আইন এক ব্যৱস্থা। স্বতন্ত্রতা আৰু সমতাৰ সমন্বয় সাধন কৰিব নোৱৰা আইন আৰু অনুষ্ঠানবোৰ অন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁৰ মতে, “আনৰ স্বতন্ত্রতাই সীমিত প্ৰতিজন মানুহৰ বাহ্যিক স্বতন্ত্রতাই হৈছে ন্যায়।” [“Justice is the external liberty of each person limited by the liberty of others.”] আন এজন বিখ্যাত ন্যায়তত্ত্ববিদ হেন্‌ছ কেলচনৰ মতে ন্যায় হৈছে এক আন্তর্জাতিক ধাৰণা।

5. Discuss the natural theory of Justice. ন্যায়ৰ প্ৰাকৃতিক তত্ত্বটো আলোচনা কৰা।

Ans: মানুহে নিজৰ প্ৰয়োজন সাপেক্ষে কিছুমান আইন প্রণয়ন কৰি লয়। কিন্তু স্থান, কাল, পাত্র ভেদে মানুহৰ প্ৰয়োজন বেলেগ বেলেগ হয়। সেইবাবে আইনবোৰো দেশ কাল ভেদে বেলেগ বেলেগ কিন্তু কিছুমান আইন বিভিন্ন দেশৰ মাজত প্রায় একে হয়। কিছুমান কাম সকলো দেশতে ভাল কাম বুলি গণ্য কৰা হয় আৰু কিছুমান কামক বেয়া কাম বুলি গণ্য কৰা হয়। অর্থাৎ কিছুমান কামক ভাল কাম বুলি কোৱা বা বিবেচনা কৰাৰ কিছুমান মান আছে। এনে মানৰ সহায়ত কিছুমান কামক ন্যায়সংগত আৰু কিছুমান কামক অন্যায় বুলি বিবেচনা কৰা হয়। স্থান, কাল, পাত্ৰৰ উৰ্দ্ধত থকা এনে মানক মানুহে প্ৰণয়ন কৰা আইন বিচাৰত ব্যৱহাৰ কৰা হয়। প্ৰকৃতিৰ লগত সম্পৰ্ক ৰক্ষা কৰাত সহায় কৰাৰ কাৰণে এনে মানক প্রাকৃতিক নিয়ম বুলি কোৱা হয়। এনে প্রাকৃতিক নিয়মে অনুমোদন কৰা ন্যায়ক প্রাকৃতিক ন্যায় বুলিব পাৰি। অৰ্থাৎ স্থান, কাল, পাত্রভেদে যি কৰা উচিত, যি শুদ্ধ, যি গ্রহণযোগ্য সেইবোৰ প্রাকৃতিক ন্যায়।

যি মানৰ সহায়ত ন্যায় অন্যায় বিচাৰ কৰা হয় সেই মানৰ বিষয়ে অধ্যাপক জুলেটাই এনেদৰে কৈছে— ইয়াক মানুহৰ প্রকৃতিয়ে আৰোপ কৰে। মানুহৰ স্বভাৱ আৰু সহজাত প্রবৃত্তিৰ লগত যুক্তিৰ সমন্বয়েই প্রাকৃতিক আইন।” এৰিষ্ট’টল আৰু ষ্টমীকসকলৰ লেখনীত আৰু পিছৰ যুগৰ ৰোমানসকলে এনে মানৰ বিষয়ে আলোচনা কৰিছিল। ৰোমানসকলে এনে মানক প্রাকৃতিক ন্যায় [Justice naturale] বুলি গণ্য কৰিছিল।

6. Discuss the modern justice. আধুনিক ন্যায়ৰ ধাৰণাৰ আলোচনা কৰা।

Ans: আধুনিক যুগত পুনৰ জাগৰণ আৰু সংস্কাৰবাদী আন্দোলনবোৰে ন্যায় প্রতিষ্ঠাত গুৰুত্ব প্ৰদান কৰি আহিছে। ফৰাচী বিপ্লৱত সাম্য মৈত্ৰী আৰু স্বাধীনতাত গুৰুত্ব আৰোপ কৰা হৈছিল। এনে প্ৰমূল্যসমূহৰ লগত ন্যায়ক একাকাৰ কৰা হৈছিল। আমেৰিকাৰ স্বাধীনতা যুদ্ধই একে ধৰণৰ ন্যায় প্রতিষ্ঠাত গুৰুত্ব দিছিল। উনৈশ শতিকাৰ সমাজবাদী আন্দোলনবোৰে সমাজৰ বৈষম্য, অসমতাৰ বিৰুদ্ধে সমতাৰ ভিত্তিত সামাজিক আৰু অর্থনৈতিক ক্ষেত্ৰত ন্যায় প্রতিষ্ঠাত জড়িত কৰিছে। পুঁজিপতিসকলে শ্রমিকসকলক শোষণ কৰে। মার্ক্সৰ মতে শ্রমিকসকলে সংগবদ্ধ হৈ শোষক পুঁজি পতিসকলৰ বিৰুদ্ধে সংগ্ৰাম কৰিলেহে সৰ্বহাৰাৰ (শ্রমিক শ্ৰেণীৰ) একনায়কত্ববাদ প্রতিষ্ঠা হ’ব। তেতিয়াহে শোষণহীন, শ্রেণীহীন আৰু বৈষম্যহীন সমাজ ব্যৱস্থাৰ সৃষ্টি হ’ব; অর্থাত ন্যায় প্রতিষ্ঠা হ’ব। গতিকে মার্ক্সে শ্রমিক শ্ৰেণীৰ অৰ্থনৈতিক ন্যায়ৰ ধাৰণা বিশ্লেষণ কৰিছে। প্রয়োজনীয়তা পুৰণ কৰাত গুৰুত্ব দি ন্যায়ৰ ধাৰণা বিশ্লেষণ কৰিছে।

গণতান্ত্রিক শাসন ব্যৱস্থাত ন্যায়ক ব্যক্তিৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক দিশৰ লগত জড়িত কৰা হয়। এইবোৰ দিশৰ লগত সাম্য মৈত্ৰী আৰু স্বাধীনতাৰ ধাৰণাক সামৰি লোৱা হয়। বাৰ্কাৰৰ [Barker) মতে– “প্রথমতে ন্যায় তাৰ পিছত স্বাধীনতা, সমতা আৰু মৈত্ৰীৰ আইনে ন্যায়ৰ অনুসৰণ কৰে।” ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত ন্যায়ৰ লগত তিনিটা ধাৰণা সংযুক্ত কৰা হৈছে। সেইকেইটা হৈছে— সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক। সামাজিক ন্যায়ে অস্পৃশ্যতা বর্জন, বৈষম্য দূৰ কৰা, আইনৰ দৃষ্টিত সকলো সমান এনে অর্থ প্রকাশ কৰে। অর্থনৈতিক ন্যায়ে জীৱন ধাৰণৰ পৰ্যাপ্ত সুবিধা প্ৰদান কৰা, পিছপৰা শ্ৰেণীৰ লোকসকলক বিশেষ সুবিধা প্ৰদান কৰা বুজায়। ৰাজনৈতিক ন্যায়ে ৰাজনৈতিক ক্ষেত্ৰত সম অধিকাৰ বুজায়। গতিকে দেখা যায় যে আধুনিক যুগত ন্যায়ে বিভিন্ন দিশ সামৰি লয়। ভাৰতৰ প্ৰখ্যাত আইনবিদ বখছিছ সিঙৰ মতে— ন্যায় হ’ল “প্রচলিত আইনৰ অধীনত ব্যক্তিৰ বৈধ আশা-আকাংক্ষা পূৰণ কৰা আৰু সেই আইনেও প্রতিশ্রুতি দিয়া সুবিধাখিনি উপভোগ কৰাৰ সুবিধা কৰি দিয়া আৰু অধিকাৰসমূহ ভংগ কৰিব নোৱৰাকৈ বা হস্তক্ষেপ কৰিব নোৱৰাকৈ তেওঁক সুৰক্ষা দিয়া”।

বিভিন্ন সংজ্ঞাবোৰ অধ্যয়ন কৰিলে ন্যায়ৰ বিভিন্ন অর্থ প্রকাশ পায়। নিজৰ প্ৰাপ্য প্রদান কৰা, ব্যক্তিগত স্বাধীনতা প্রদান কৰা,সকলোকে সমব্যৱহাৰ কৰাটো ন্যায়। শোষণৰ পৰা মুক্তি বিচাৰি স্বাধীনতা পোৱাটো ন্যায়। নিৰপেক্ষভাৱে বিচাৰ কৰি নিৰ্দোষীক যুক্তি ন্যায় এটা আদর্শ। সুস্থ সসাজৰ এক উপাদান।

7. Criticism of Aristotle’s theory of Justice?

Ans: ১। যোগ্যতাৰ ভিত্তিত চৰকাৰে পদৱী বিতৰণক এৰিষ্ট টলে ন্যায়ৰ আখ্যা দিছে। কিন্তু ন্যায়ৰ ধাৰণাৰ লগত আইনৰ, ন্যায়ালয় প্ৰক্ৰিয়াৰ সম্বন্ধ আছে। এই দিশত এৰিষ্ট’টলৰ ধাৰণা সুকীয়া।

২। ন্যায় ধাৰণাৰ লগত স্বতন্ত্ৰতা আৰু সমতা জড়িত থাকিব লাগে। এৰিষ্ট টলে ব্যক্তি স্বতন্ত্রতাৰ লগত ন্যায়ক জড়িত কৰা নাই। সমতাৰ ওপৰতহে গুৰুত্ব দিছে।

৩। এৰিষ্ট’টলৰ মতে, ৰাষ্ট্ৰভেদে ন্যায়ৰ মাপকাঠী বেলেগ বেলেগ হয় বুলি উল্লেখ কৰিছে। প্ৰকৃততে ন্যায়ৰ তত্ত্ব এই ক্ষেত্ৰত সর্বজনীন নহয়। তত্ত্ব সকলো ঠাইতে, সকলো সময়তে প্রযোজ্য হ’ব লাগে। 

৪। মার্ক্সবাদীসকলৰ মতে যোগ্যতাই ন্যায়ৰ একমাত্র মাপকাঠী হ’ব নোৱাৰে। ধনী-দুখীয়াৰ মাজত বৈষম্য নাইকিয়া হ’লেহে, শোষণহীন সমাজতহে ন্যায় প্রতিষ্ঠা সম্ভব।

৫। এৰিষ্ট’টলৰ ন্যায়ৰ ধাৰণা বৃহত্তৰ ৰাষ্ট্ৰবিলাকত প্রয়োজ্য নহয়। ক্ষুদ্ৰ নগৰ ৰাষ্ট্ৰতহে এনে ন্যায় প্রয়োগ কৰিব পাৰি।

8. What is Plato’s Social Justice ?

Ans : প্লেটোৰ সামাজিক ন্যায় ব্যক্তিগত ন্যায়ৰ পৰিণতি। মানুহৰ আত্মাৰ তিনিটা গুণৰ পৰা সমাজত তিনি শ্রেণী মানুহৰ সৃষ্টি হয়। জ্ঞান বা যুক্তিৰ পৰা জ্ঞানী শ্রেণী, সাহসৰ পৰা সৈনিক শ্ৰেণী আৰু ক্ষুধাৰ পৰা উৎপাদক শ্রমিক শ্রেণী। প্লেটোৰ মতে, যেতিয়া প্রত্যেক তিনিটা শ্রেণীয়ে নিৰ্ধাৰিত গুণ অনুসৰি নিজৰ দায়িত্ব পালন কৰে আৰু আনৰ কামত হস্তক্ষেপ নকৰে, তেতিয়াই সামাজিক ন্যায়ৰ উৎপত্তি হয়।

হিব্রু বাইবেলত ন্যায়ৰ ধাৰণাটোক সদগুণ হিচাপে ব্যৱহাৰ কৰিছে। এই বাইবেলৰ মতে ন্যায় এক নিয়ম প্ৰণালীৰ দ্বাৰা নিৰ্দেশিত হ’ব লাগে। ন্যায়সংগত বুলি পৰিগণিত হ’বলৈ হ’লে এটা কাৰ্য নৈতিক হোৱাৰ লগতে জনসাধাৰণৰ অনুমোদন থাকিব লাগিব। জনসাধাৰণৰ মংগলৰ লগত জড়িত কাম কাজবোৰ আৰু নীতি নিয়মবোৰে জনসাধাৰণৰ অনুমোদন লাভ কৰে। গতিকে হিব্রু বাইবেলৰ ন্যায়ৰ ধাৰণাই ব্যক্তি আৰু গোষ্ঠীৰ ওপৰত সদগুণ হিচাপে সামাজিক কল্যাণমূলক কৰ্তব্য আৰোপ কৰে।

হিব্রু বাইবেলৰ ধাৰণাই সকলো ধৰণৰ দমন-শোষণ নীতিৰ বিৰোধিতা কৰে। এই ধাৰণা মতে এজন ন্যায়পৰায়ণ লোকে আনক দমন, শোষণ বা অত্যাচাৰ কৰিব নোৱাৰিব। সকলোকে সমান সুবিধা প্ৰদান কৰিব লাগিব। হিব্রু বাইবেলৰ ন্যায়ৰ ধাৰণাই সাধুতা,সততা আৰু পৰোপকাৰৰ গুণ প্ৰকাশ কৰা বুজায়। লগতে এনে ন্যায়ে ইশ্বৰৰ নিৰ্দেশ অনুযায়ী কাম কৰাৰ স্পৃহাৰ ওপৰত গুৰুত্ব দিয়ে। ।

মধ্যযুগৰ গীৰ্জাৰ বিশ্বাস অনুসৰি ন্যায় ইশ্বৰৰ সৃষ্টি। ছেইণ্ট থমাছ একুইনাছৰ মতে ঈশ্বৰৰ নিয়মাৱলী ধর্মগ্রন্থসমূহত প্রতিফলিত হয়। সেইবোৰ মানি চলাটো ন্যায়। ঈশ্বৰৰ আদেশ অমান্য কৰাটো অন্যায়। ঈশ্বৰে নিজেই মানুহৰ আত্মাত থাকি যুক্তিৰ অৱতাৰণা কৰে আৰু ঈশ্বৰৰ আদেশ পালন কৰিবলৈ অনুপ্ৰাণিত কৰে। ঐশ্বৰিক বিধিবোৰ মানি চলাটো ন্যায়। মানুহে প্ৰণয়ন কৰা বিধিবোৰ যাতে ঐশ্বৰিক বিধিৰ বিৰোধী নহয় তাৰ প্ৰতি মানুহে চকু ৰাখিব লাগে। কোনো আইনে ইশ্বৰৰ বিধি উলংঘা কৰিলে তেনে আইন প্ৰজাই বাধা দিব লাগে। জনসাধাৰণে তেনে আইন অমান্যও কৰিব পাৰে ৷ অৱশ্যে জনসাধাৰণে অন্যায় বুলি ভবা আইনো গীর্জাই অনুমোদন জনালে জনসাধাৰণে মানি চলিব লাগে। অৱশ্যে এনে ন্যায় ধৰ্মনিৰপেক্ষতাৰ বিৰোধী ।

9. What is Economic Justice?

Ans : অর্থনৈতিক ন্যায় বুলি ক’লে সমাজত অর্থনৈতিক অসমতা নথকাকে বুজায়। অর্থনৈতিক ন্যায়ে দুটা কথা বুজায়—

১) কোনো বিশেষ শ্রেণী লোকৰ বাবে বিশেষ সুবিধা থাকিব নালাগে। আৰু

২) সকলো শ্ৰেণীৰ লোকে জীৱন ধাৰণৰ ন্যূনতম সুবিধাখিনি পাব লাগে।

চমুকৈ ক’বলৈ গ’লে বিশেষ শ্রেণীৰ বাবে বিশেষ ব্যৱস্থা নৰখাকৈ সকলোৱে জীৱন ধাৰণৰ নিম্নতম সুবিধা পোৱাটোৱেই হ’ল অর্থনৈতিক ন্যায়। অর্থনৈতিক সমতাইহে অর্থনৈতিক প্রতিষ্ঠা কৰিব পাৰে। সেইবাবেৰষ্ট্ৰত বাস কৰা ব্যক্তিৰ মাজত সম্পত্তি আৰু আয়ৰ যথাযোগ্য সমবিতৰণৰ ব্যৱস্থা কৰিব পাৰিলে অর্থনৈতিক সমতা প্রতিষ্ঠা হ’ব আৰু তেতিয়াহে অর্থনৈতিক ন্যায় সম্ভৱ হ’ব পুঁজিবাদী ব্যৱস্থাত বৈষম্য থকা বাবে অর্থনৈতিক ন্যায় সম্ভৱ নহয়। সমাজবাদী ৰাষ্ট্ৰত অৰ্থনৈতিক ন্যায় প্রতিষ্ঠা কৰিবলৈ যত্ন কৰা হয়।

10. Discuss the Aristotle’s concept of Distributive Justice? 

Ans: সামাজিক, ৰাজনৈতিক, অর্থনৈতিক পদমর্যাদা, স্থান, সম্পত্তিৰ ভাগ ব্যক্তিৰ যোগ্যতা অনুসৰি হ’ব লাগে। অন্যহাতেদি এজন ব্যক্তিৰ সমাজৰ প্ৰতি আগবঢ়োৱা অৱদানৰ ভিত্তিতো ব্যক্তিজনৰ প্ৰাপ্য নিৰ্ধাৰণ হোৱা উচিত। ধনী-দুখীয়া, পুৰুষ-স্ত্রী নির্বিশেষে সকলো ব্যক্তিৰ যোগ্যতাৰ ভিত্তিত চৰকাৰী পদ লাভৰ সমান সুবিধা থাকিব লাগে। মানুহৰ এই ক্ষেত্ৰত বৈষম্য ৰাখিব নালাগে। প্রতিজন ব্যক্তিয়ে নিজৰ প্ৰাপ্য অংশ পাইছে বুলি ভাবিব লাগে। বঞ্চনাৰ অনুভূতি ন্যায় হ’ব নোৱাৰে। সম্পত্তি বা উত্তৰাধিকাৰী সূত্ৰে পোৱা সুবিধা ন্যায়সংগত নহয় ।

গণতন্ত্ৰ আৰু স্বৈতন্ত্র শাসন এৰিষ্ট’টলে সমৰ্থন কৰা নাছিল। গণতন্ত্ৰত সকলো মানুহ সমান বুলি গণ্য কৰা হয়। সেইবাবে গণতন্ত্রক তেওঁ অজ্ঞ মানুহৰ শাসন বুলি নাকচ কৰিছিল। এনে গণতন্ত্রত অযোগ্য লোকে শাসনত যোগ্য লোকৰ নিচিনাকৈ অংশ গ্ৰহণৰ দাবী কৰে। আনহাতে স্বৈতন্ত্রতশাসকে নিজ পছন্দ অনুসৰি চাকৰিত নিযুক্তি দিয়ে। সেইবাবে এৰিষ্ট’টলে যোগ্যতাৰ ভিত্তিত আৰু সমাজৰ প্রতি অৰিহণাৰ ভিত্তিত ব্যক্তিৰ মাজত ৰাজনৈতিক স্থান, সামাজিক মর্যাদা আৰু অর্থনৈতিক বিতৰণ ব্যৱস্থা কৰিলেহে ন্যায় প্রতিষ্ঠা হ’ব বুলি বিশ্বাস কৰিছিল। এনে ব্যৱস্থাই বৈষম্য, বঞ্চনা বা অন্যায়ৰ পৰিবৰ্তে ন্যায় প্রতিষ্ঠা কৰিব পাৰিব। ৰাষ্ট্ৰ মানুহৰ সুস্থ আৰু সুখী জীৱনৰ বাবে প্ৰয়োজনীয় শক্তিশালী অনুষ্ঠান। সেইকাৰণে ব্যক্তিগত আৰু সামাজিক ন্যায় প্রতিষ্ঠা হ’লেহে এনে সুখী আৰু সুস্থ জীৱনৰ সম্ভব হয়।

এনেদৰে যোগ্যতাৰ ভিত্তিত চৰকাৰী পদৱী বিতৰণ, যোগ্যতাৰ ভিত্তিত প্ৰাপ্য অধিকাৰ প্ৰদানেই এৰিষ্ট’টলৰ মতে বিতৰণমূলক ন্যায়।

ব্যক্তি অৰিহণা নিৰ্ধাৰণ কৰাৰ মাপকাঠী, যোগ্যতা নিৰ্ধাৰণৰ মাপকাঠী ভিন ভিন ৰাষ্ট্ৰত ভিন ভিন হ’ব পাৰে বুলি এৰিষ্ট’টলে মত প্রকাশ কৰিছিল। উদাহৰণস্বৰূপে, গণতন্ত্ৰত সমতা, স্বল্পতন্ত্র বা ধনিকতন্ত্ৰত সম্পত্তি আৰু অভিজাততন্ত্ৰত যোগ্যতাৰ ভিত্তিত সামানুপাতিক ন্যায় মানি চলা হয়।

এৰিষ্ট’টলৰ ন্যায় তত্ত্বটো বিশ্লেষণ কৰিচালে দেখা যায় যে তেওঁ বিতৰণমূলক ন্যায়ৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। 

11. Describe the feature of John Brawl’s theory of Justice?

Ans: জন ৰ’লচৰ ন্যায়িক তত্ত্বৰ বৈশিষ্ট্যসমূহ : ৰ’লছৰ ন্যায়ৰ ধাৰণাৰ কেতবোৰ মৌলিক বৈশিষ্ট্য পৰিলক্ষিত হয়। এইবিলাক তলত উল্লেখ কৰা হ’ল—

(১) ৰ’লছৰ মতে, নিৰপেক্ষতা আৰু সুন্দৰতাই হৈছে ন্যায় ৷

(২) ৰ’লছৰ ন্যায়ৰ ধাৰণা অনুসৰি এখন সমাজ মুক্ত আৰু সমান লোকৰ ওপৰত প্ৰতিষ্ঠিত।

(৩) স্বতন্ত্ৰতা আৰু সমতা স্থাপনৰ নীতিৰ অন্বেষণ কৰাই ৰ’লছৰ ন্যায়িক তত্ত্বৰ অন্যতম প্রধান বৈশিষ্ট্য।

(৪) ন্যায়ৰ ধাৰণাই ধৰি লয় যে স্বতন্ত্ৰতা আৰু সমতা আৰু বুজাবুজিৰ ওপৰত ভিত্তি কৰি মানুহৰ মাজত সৃষ্টি হোৱা হোৱা সহযোগৰ ফলশ্রুতিয়েই হৈছে ন্যায়। তেওঁৰ মতে, ন্যায়ৰ মূল কাম হৈছে স্বাধীনতা আৰু অসমতাক উপযুক্তভাৱে বিতৰণ কৰা হৈছে সকলো শ্ৰেণীৰ লোকৰ কাৰণে স্বাধীনতাৰ উপলব্ধি কৰোৱাই ন্যায়ৰ প্রধান লক্ষ্য।

(৫) সমাজৰ মৌলিক প্রয়োজনসমূহ পূৰণ কৰাৰ ওপৰত ব’লছৰ ন্যায়িক তত্ত্বই গুৰুত্ব দিয়ে। তেওঁৰ মতে, সমাজত প্রাথমিক প্রয়োজনসমূহ বিতৰণৰ সমস্যাৰ কাৰণেই সমাজত সংঘাতৰ সূত্ৰপাত হয়।

(৬) অসমতাৰ নীতিৰ প্ৰয়োগ ৰ’লছৰ ন্যায়তত্ত্বৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। ৰ’লছৰ ন্যায় তত্বত সমাজৰ দুৰ্বল পিছপৰা শ্ৰেণীৰ লোকৰ উপলব্ধি হোৱকৈ বিশেষ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।

Essay type question Answer

1. Examine St. Augustine’s conception of “peace and Justice”. 

Ans: চেইণ্ট আগষ্টাইনে ন্যায়ৰ সম্পৰ্কত নিজৰ মতামত দাঙি ধৰিছে যদিও তেওঁ প্লেটোৰ ন্যায়ৰ ধাৰণাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। কিন্তু প্লেটোৰ ন্যায় ধাৰণাৰ লগত আগষ্টাইনে ধর্মীয় অনুভূতি সন্নিৱিষ্ট কৰিছে। গতিকে ক’ব পৰা যায় আগষ্টাইনৰ ন্যায় ধাৰণাৰ পৰা ধৰ্মীয় দিশ বাদ দিলে প্লেটোৰ ন্যায়ৰ ধাৰণা পাব পাৰি। প্লেটোৱে ন্যায়ৰ লগত ধৰ্মক জড়িত কৰা নাছিল। কিন্তু আগষ্টাইনে ন্যায়ক খ্ৰীষ্টিয়ান ধৰ্মৰ লগত জড়িত কৰিছিল। ইয়াৰ অৰ্থ হ’ল এজন মানুহে খ্ৰীষ্টিয়ান ধৰ্মত দীক্ষিত হ’লেহে ন্যায় লাভ কৰিব পাৰে।

প্লেটোৱে ৰাষ্ট্ৰৰ লগত গীর্জা ঘৰৰ সম্পৰ্ক অস্বীকাৰ কৰিছিল। কিন্তু আগষ্টাইনে ৰাষ্ট্ৰক গীর্জা ঘৰৰ বহতীয়া কৰিছিল।

নিজ নিজ দায়িত্ব নিষ্ঠাৰে পালন কৰাটোৱেই প্লেটোৱে ন্যায়। আখ্যা দিছে। অর্থাৎ যিজন মানুহ যিটো কামৰ বাবে যোগ্য সেই কামটো কৰাই হ’ল ন্যায়। কিন্তু ব্যক্তিয়ে পালন কৰিব লগা দায়িত্ব ৰাষ্ট্ৰই নিৰ্ধাৰণ কৰি দিয়ে। আগষ্টাইনৰ মতেও ন্যায় বুলি ক’লে প্রতিজন লোকে নিজ নিজ দায়িত্ব সঠিকভাৱে পালন কৰাটোকেই বুজায়। সেইবাবে ক’ব পাৰি আগষ্টাইনৰ ন্যায় ধৰ্মীয় দিশটো বাদ দি প্লেটোৰ ন্যায় পোৱা যায়। অৱশ্যে দুয়োৰে ন্যায়ৰ মাজত অনেক বৈসাদৃশ্য আছে।

আগষ্টাইনে তেওঁৰ The Civitate Dei নামৰ গ্ৰন্থৰ ১৯ নং খণ্ডত মন্তব্য কৰিছে যে ন্যায়ৰ অবিহনে এখন ৰাষ্ট্ৰক প্ৰকৃত ৰাষ্ট্ৰ বুলিব নোৱাৰি। ৰাষ্ট্ৰ এখন ন্যায় নীতিৰ ওপৰত প্ৰতিষ্ঠিত হ’ব লাগিব, ন্যায় নীতিৰ দ্বাৰা পৰিচালিত হ’ব লাগিব, সেই ৰাষ্ট্ৰই ন্যায় প্ৰদান কৰিব লাগিব। ভগৱানক সেৱা কৰিবলৈ আগ্ৰহ নথকা ৰজাৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰই ন্যায় প্রতিষ্ঠা কৰিব নোৱাৰে। ডকাইতৰ শাসন আৰু ৰজাৰ শাসনৰ মাজৰ পাৰ্থক্য হ’ল ডকাইতৰ শাসনত ন্যায় পোৱা নেযায় কিন্তু ৰজাৰ শাসনত ন্যায় প্রতিষ্ঠা হয়। গতিকে দেখা যায় আগষ্টাইনে ব্যাখ্যা কৰা ন্যায়ৰ লগত ঐশ্বৰিক উপাদান জড়িত হৈ আছে।

ন্যায়ে এখন সমাজক গঢ় দিয়ে। এখন সমাজক নৈতিকভাৱে একত্ৰিত কৰি ৰাখিবলৈ ন্যায়ৰ প্ৰয়োজন হয়। খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰতি যিখন সমাজত মানুহৰ আস্থা নাই তেনে সমাজত ন্যায় থাকিব নোৱাৰে। খ্ৰীষ্টিয়ান ধৰ্মৰ সমাজতহে ন্যায় প্রতিষ্ঠা সম্ভৱ। খ্ৰীষ্টিয়ান ধৰ্মীয় গীর্জাই মানৱ জাতিক একত্ৰিত কৰাত সহায় কৰে। গীর্জাই বিভিন্ন শ্রেণীৰ মানুহৰ মাজত একতাৰ ডোলেৰে বান্ধি ৰাখে। ইয়াৰ অৰ্থ হ’ল খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰতি আসক্তি থকা লোকৰ মাজত একতা থাকে।

আগষ্টাইনৰ মতে নিজ দায়িত্বৰ প্ৰতি থকা শ্রদ্ধাই ন্যায়ক বুজায়। সমাজৰ প্ৰতিজন ব্যক্তিয়ে নিজ নিজ দায়িত্ব সুকলমে পালন কৰিলে ন্যায় প্রতিষ্ঠা হ’ব। অৱশ্যে কোনো ব্যক্তি সম্পূৰ্ণকৈ ন্যায়মান হ’ব নোৱাৰে। এজন ব্যক্তিয়ে একে সময়তে তেওঁৰ পৰিয়ালৰ প্ৰতি বা ৰাষ্ট্ৰৰ প্ৰতি ন্যায়ৱান হ’ব নোৱাৰে। সম্পূৰ্ণ ন্যায় কোনেও লাভ কৰিব নোৱাৰে। কিন্তু ভগৱানৰ ৰাজ্যত প্ৰকৃত ন্যায় লাভ কৰা সম্ভৱ। আগষ্টাইনৰ মতে Absolute justice is only possible in a universal society, a society of all members under the headship of god. ভগৱানৰ ৰাজ্যত সার্বজনীন আইন পালন কৰা হয়। কোনো ৰাষ্ট্ৰই এনে সাৰ্বজনীন নিৰ্দেশ ভংগ কৰিব নোৱাৰে। সাৰ্বজনীন নিৰ্দেশ আৰু ৰাষ্ট্ৰৰ নিৰ্দেশৰ মাজত বিবাদ হ’লে সার্বজনীন নিদেশ কার্যকৰী হয়।

ভগৱানৰ ৰাজ্যৰ দুটা প্রধান বৈশিষ্ট্য হৈছে ন্যায় আৰু শান্তি। পাৰ্থিৱ ৰাজ্য যিহেতু ভগৱানৰ ৰাজ্যৰ অন্তৰ্ভূক্ত সেইকাৰণে পার্থিৱ ৰাজ্যৰ শাসন কৰ্তাই সকলো সময়তে ভগৱানৰ আইন সম্পর্কে আগবঢ়োৱা ধৰ্মগুৰুসকলৰ ব্যাখ্যা বিনাবাক্যে গ্ৰহণ কৰিব লাগে আৰু কাৰ্যকৰী কৰিব লাগে। আগষ্টাইনৰ মতে ভগৱানৰ আইনৰ বিৰোধীতা কৰা যিকোনো আইন ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত নহয়। ইয়াৰ দ্বাৰাই এইটো প্ৰতীয়মান হয় যে একমাত্ৰ খ্ৰীষ্টিয়ান ৰাষ্ট্ৰতহে প্রকৃত ন্যায় সম্ভৱ।

 আগষ্টাইনৰ মতে পাৰ্থিৱ ৰাজ্যত সম্পূর্ণ ন্যায় সম্ভৱ নহয়। এনে ৰাষ্ট্ৰত আপেক্ষিক ন্যায়হে সম্ভৱ। আকৌ এজন মানুহে পৰিয়াল আৰু ৰাষ্ট্ৰ দুয়োটাৰ প্ৰতি ন্যায় কৰিব নোৱাৰে। সম্পূৰ্ণ ন্যায় একমাত্ৰ ভগৱানৰ ৰাজ্যতহে সম্ভৱপৰ মূৰ্তি পূজক ৰাষ্ট্ৰত ন্যায় সম্ভৱ নহয় কাৰণ ইয়াত সাৰ্বজনীন আইন মানি চলা নহয়।

আগষ্টাইনৰ মতে ন্যায়ৰ লগত আইন জড়িত হৈ আছে। ন্যায় প্রতিষ্ঠা নহ’লে সমাজত যেনেকৈ শান্তি নেথাকে তেনেকৈ আইন নেথাকিলেও সমাজত ন্যায় প্রতিষ্ঠা নহয়। ন্যায় আৰু আইনৰ মাজত এক যোগসূত্র আছে।

আগষ্টাইনে যিবোৰ কৰ্তব্য সম্পাদন কৰিলে ন্যায় প্রতিষ্ঠা হ’ব বুলি বিবেচনা কৰে সেইবিলাক ধৰ্মীয় কৰ্তব্য আৰু সেই কৰ্তব্য গীজাৰ নিৰ্দেশৰ লগত জড়িত।

আগষ্টাইনে ন্যায় ধাৰণা অধ্যয়ন কৰিলে এইটো স্পষ্ট হয় যে খ্রীষ্টিয়ান ধর্মক বাদ দি ন্যায়ৰ ধাৰণা উপলব্ধি কৰিব নোৱাৰি। গতিকে আগষ্টাইনৰ ন্যায়ৰ ধাৰণাৰ পৰিসৰ অতি সীমিত। কিন্তু আধুনিক যুগৰ ন্যায়ৰ লগত ধৰ্মৰ সম্পৰ্ক নাই। ৰাষ্ট্ৰীয় আইন মানি চলা, সংবিধানিক আইন মানি চলা, সমাজৰ দৰিদ্ৰ পিছপৰা লোকসকলক আর্থিক সামাজিক ৰাজনৈতিক সুবিধা প্ৰদান কৰা, সামাজিক আৰু আৰ্থিক বৈষম্য নোহোৱা ব্যৱস্থাকহে বর্তমানে ন্যায় বোলা হয়।

2. Discuss Aristotle’s theory of Justice.

Ans: এৰিষ্ট’টলৰ ন্যায় তত্ত্ব [Aristotle’s theory of Justice] : প্লেটোৰ শিষ্য এৰিষ্ট’টলৰ ধাৰণাসমূহ বহু ক্ষেত্ৰত প্লেটোৰ ধাৰণাৰ পৰা পৃথক আছিল। এৰিষ্ট টলৰ ধাৰণা বহু ক্ষেত্ৰত বাস্তৱবাদী আৰু বিজ্ঞানসন্মত আছিল। এৰিষ্ট’টলৰ ন্যায় ধাৰণাটো প্লেটোৰ ধাৰণাৰ লগত সম্পূৰ্ণ পৃথক আছিল । এৰিষ্ট’টলৰ মতে যোগ্যতা অনুসৰি চৰকাৰী বিভাগসমূহৰ বিতৰণেই হ’ল ন্যায়। গতিকে তেওঁৰ ন্যায়ক বিতৰণমূলক ন্যায় [ Distributive justice] বুলিবও পাৰি। সমান পৰ্যায়ৰ মানুহৰ মাজত সমমূল্যৰ বস্তুৰ বিতৰণ কৰাটোও ন্যায়। আধুনিক যুগৰ আনুপাতিক সমতাৰ ধাৰণাটোৰ লগত এৰিষ্ট’টলৰ ন্যায় তত্ত্বৰ সাদৃশ্য আছে।

ন্যায়ৰ ধাৰণা ব্যাখ্যা কৰিবলৈ এৰিষ্ট’টলে ন্যায়ক দুটা ভাগত ভাগ কৰিছে।

১) সম্পূর্ণ ন্যায়।

২) বিশেষ ন্যায়।

১) সম্পূর্ণ ন্যায় : মানৱ জীৱনৰ নৈতিক শ্ৰেষ্ঠতাই হ’ল সম্পূৰ্ণ ন্যায়। এনে ন্যায় সমাজৰ লগত, ৰাজহুৱা জীৱনৰ লগত জড়িত। সভ্য আৰু শৃংখলাবদ্ধ জীৱনৰ বাবে আইন মানি সভ্য জীৱন যাপন কৰাই সম্পূর্ণ ন্যায়। সম্পূর্ণ ন্যায়ক সামাজিক ন্যায়ৰ সমপৰ্যায়ত ৰাখিব পাৰি।

২) বিশেষ ন্যায় : বিশেষ ন্যায় সমতা নীতিৰ ওপৰত প্ৰতিষ্ঠিত। সমাজৰ জনসাধাৰণৰ মাজত সমতাৰ ওপৰত ভিত্তি কৰি অৰ্থাৎ সমানুপাতিক সমতাৰ ওপৰত ভিত্তি কৰি ন্যায়ৰ বিতৰণক বিশেষ ন্যায় হিচাপে এৰিষ্ট’টলে অভিহিত কৰিছিল। বিশেষ ন্যায়ক আকৌ দুটা শ্ৰেণীত ভগাব পাৰি―

ক) সংশোধনমূলক ন্যায়।

খ) বিতৰণমূলক ন্যায়।

(ক) সংশোধনমূলক ন্যায় : এজনে আন এজনৰ কামত বা স্বতন্ত্ৰতাত বাধা দিলে ন্যায় প্রতিষ্ঠা নহয়। এনে ব্যৱস্থাৰ সংশোধন হ’লেহে ন্যায় প্রতিষ্ঠা সম্ভৱ হ’ব। যেতিয়া এজনে আন এজনৰ বিৰুদ্ধে অপৰাধ কৰে, অপৰাধীজনক বিচাৰ কৰি শাস্তি প্ৰদান কৰিলেহে ন্যায় ৰক্ষা হ’ব। ৰাষ্ট্ৰই আইন ভংগ কৰোতাজনক, আননৰ স্বাধীনতাত হস্তক্ষেপ কৰোঁতাজনক বাধা দিব পাৰিলে, অন্যান্য লোকৰ অধিকাৰ সুৰক্ষিত হ’ব। তেতিয়া সংশোধনমূলক ন্যায় উপভোগ কৰিব পাৰি। এনেদৰে আনক হস্তক্ষেপ নকৰাকৈ নিজৰ সীমাৰ মাজত থাকি সমাজৰ প্ৰতি যি পৰিমাণৰ সেৱা আগবঢ়ায়, সেই পৰিমাণ অনুসৰি ব্যক্তিয়ে পুৰস্কাৰ পাব লাগে। এনে ন্যায়ক সংশোধনমূলক ন্যায় বোলা হয়। 

(খ)বিতৰণমূলক ন্যায : সামাজিক, ৰাজনৈতিক, অর্থনৈতিক পদমর্যাদা, স্থান, সম্পত্তিৰ ভাগ ব্যক্তিৰ যোগ্যতা অনুসৰি হ’ব লাগে। অন্যহাতেদি এজন ব্যক্তিৰ সমাজৰ প্ৰতি আগবঢ়োৱা অৱদানৰ ভিত্তিতো ব্যক্তিজনৰ প্ৰাপ্য নিৰ্ধাৰণ হোৱা উচিত। ধনী-দুখীয়া, পুৰুষ-স্ত্রী নির্বিশেষে সকলো ব্যক্তিৰ যোগ্যতাৰ ভিত্তিত চৰকাৰী পদ লাভৰ সমান সুবিধা থাকিব লাগে। মানুহৰ এই ক্ষেত্ৰত বৈষম্য ৰাখিব নালাগে। প্রতিজন ব্যক্তিয়ে নিজৰ প্ৰাপ্য অংশ পাইছে বুলি ভাবিব লাগে। বঞ্চনাৰ অনুভূতি ন্যায় হ’ব নোৱাৰে। সম্পত্তি বা উত্তৰাধিকাৰী সূত্ৰে পোৱা সুবিধা ন্যায়সংগত নহয় ।

গণতন্ত্ৰ আৰু স্বৈতন্ত্র শাসন এৰিষ্ট’টলে সমৰ্থন কৰা নাছিল। গণতন্ত্ৰত সকলো মানুহ সমান বুলি গণ্য কৰা হয়। সেইবাবে গণতন্ত্রক তেওঁ অজ্ঞ মানুহৰ শাসন বুলি নাকচ কৰিছিল। এনে গণতন্ত্ৰত অযোগ্য লোকে শাসনত যোগ্য লোকৰ নিচিনাকৈ অংশ গ্ৰহণৰ দাবী কৰে। আনহাতে স্বৈতন্ত্রতশাসকে নিজ পছন্দ অনুসৰি চাকৰিত নিযুক্তি দিয়ে। সেইবাবে এৰিষ্ট’টলে যোগ্যতাৰ ভিত্তিত আৰু সমাজৰ প্ৰতি অৰিহণাৰ ভিত্তিত ব্যক্তিৰ মাজত ৰাজনৈতিক স্থান, সামাজিক মর্যাদা আৰু অৰ্থনৈতিক বিতৰণ ব্যৱস্থা কৰিলেহে ন্যায় প্রতিষ্ঠা হ’ব বুলি বিশ্বাস কৰিছিল। এনে ব্যৱস্থাই বৈষম্য, বঞ্চনা বা অন্যায়ৰ পৰিবৰ্তে ন্যায় প্রতিষ্ঠা কৰিব পাৰিব। ৰাষ্ট্ৰ মানুহৰ সুস্থ আৰু সুখী জীৱনৰ বাবে প্ৰয়োজনীয় শক্তিশালী অনুষ্ঠান। সেইকাৰণে ব্যক্তিগত আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা হ’লেহে এনে সুখী আৰু সুস্থ জীৱনৰ সম্ভৱ হয়।

এনেদৰে যোগ্যতাৰ ভিত্তিত চৰকাৰী পদৱী বিতৰণ, যোগ্যতাৰ ভিত্তিত প্ৰাপ্য অধিকাৰ প্ৰদানেই এৰিষ্ট’টলৰ মতে বিতৰণমূলক ন্যায়।     

ব্যক্তি অৰিহণা নির্ধাৰণ কৰাৰ মাপকাঠী, যোগ্যতা নিৰ্ধাৰণৰ মাপকাঠী ভিন ভিন ৰাষ্ট্ৰত ভিন ভিন হ’ব পাৰে বুলি এৰিষ্ট’টলে মত প্রকাশ কৰিছিল। উদাহৰণস্বৰূপে, গণতন্ত্ৰত সমতা, স্বল্পতন্ত্র বা ধনিকতন্ত্ৰত সম্পত্তি আৰু অভিজাততন্ত্ৰত যোগ্যতাৰ ভিত্তিত সামানুপাতিক ন্যায় মানি চলা হয়।

এৰিষ্ট’টলৰ ন্যায় তত্ত্বটো বিশ্লেষণ কৰিচালে দেখা যায় যে তেওঁ বিতৰণমূলক ন্যায়ৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে।

সমালোচনা :

১। যোগ্যতাৰ ভিত্তিত চৰকাৰে পদৱী বিতৰণক এৰিষ্ট’টলে ন্যায়ৰ আখ্যা দিছে। কিন্তু ন্যায়ৰ ধাৰণাৰ লগত আইনৰ, ন্যায়ালয় প্ৰক্ৰিয়াৰ সম্বন্ধ আছে। এই দিশত এৰিষ্ট’টলৰ ধাৰণা সুকীয়া।

২। ন্যায় ধাৰণাৰ লগত স্বতন্ত্ৰতা আৰু সমতা জড়িত থাকিব লাগে। এৰিষ্ট’টলে ব্যক্তি স্বতন্ত্ৰতাৰ লগত ন্যায়ক জড়িত কৰা নাই। সমতাৰ ওপৰতহে গুৰুত্ব দিছে।

৩। এৰিষ্ট’টলৰ মতে, ৰাষ্ট্ৰভেদে ন্যায়ৰ মাপকাঠী বেলেগ বেলেগ হয় বুলি উল্লেখ কৰিছে। প্ৰকৃততে ন্যায়ৰ তত্ত্ব এই ক্ষেত্ৰত সর্বজনীন নহয়। তত্ত্ব সকলো ঠাইতে, সকলো সময়তে প্রযোজ্য হ’ব লাগে। ।

৪ । মার্ক্সবাদীসকলৰ মতে যোগ্যতাই ন্যায়ৰ একমাত্র মাপকাঠী হ’ব নোৱাৰে। ধনী-দুখীয়াৰ মাজত বৈষম্য নাইকিয়া হ’লেহে শোষণহীন সমাজতহে ন্যায় প্রতিষ্ঠা সম্ভৱ।

৫। এৰিষ্ট’টলৰ ন্যায়ৰ ধাৰণা বৃহত্তৰ ৰাষ্ট্ৰবিলাকত প্রয়োজ্য নহয়। ক্ষুদ্ৰ নগৰ ৰাষ্ট্ৰতহে এনে ন্যায় প্রয়োগ কৰিব পাৰি।

অৱশ্যে যোগ্যতাৰ ভিত্তিক বা সমানুপাতিক সমতাৰ ভিত্তিক গুৰুত্ব প্ৰদান কৰি এৰিষ্ট’টলে আধুনিক সমতাৰ ধাৰণা বিকাশত অৰিহণা যোগালে।

3. Examine the kinds of justice. ন্যায়ৰ প্ৰকাৰসমূহ আলোচনা কৰা।

Ans: ন্যায়ৰ প্ৰকাৰ বা শ্ৰেণীবিভাজন [Kinds of Justice] : অতীতকালৰে পৰা ন্যায়ক বিভিন্ন দৃষ্টিকোণৰ পৰা বিভিন্ন চিন্তাবিদে আলোচনা কৰি আহিছে। সেইবাবে ন্যায়ৰ ধাৰণাটো বিস্তৃত এক ধাৰণা। ন্যায়ক কেইবা প্ৰকাৰত ভগাব পাৰি। ন্যায়ৰ প্ৰকাৰবোৰ তলত আলোচনা কৰা হ’ল—

১) প্রাকৃতিক ন্যায় [Natural Justice] : প্রাকৃতিক আইনৰ ধাৰণাৰ পৰা প্ৰাকৃতিক ন্যায় সৃষ্টি হৈছে। মানুহ সামাজিকপ্রাণী। সমাজপাতি বাস কৰোঁতে মানুহে কিছুমান ৰীতি-নীতি মানি চলিব লগা হয়। সমতা, সাধুতা,সদ আচৰণৰ ভিত্তিত গঢ়ি উঠা এই নীতি- নিয়মেই হ’ল প্রাকৃতিক ন্যায়। উদাহৰণস্বৰূপে এজনে আনৰ পৰা যেনে ব্যৱহাৰ পাব বিচাপে আনকো তেনে আচৰণ কৰিব লাগে। গতিকে এনে সমব্যৱহাৰ প্ৰাকৃতিক ন্যায়।

২) সামাজিক ন্যায় [Natural Justice] : ৰাষ্ট্ৰত বাস কৰা সকলো লোককে জাতি, ধর্ম, বর্ণ, গোষ্ঠী, লিংগ নিবিশেষে সমান সুযোগ-সুবিধা আৰু অধিকাৰ দিয়াটোৱেই সামাজিক ন্যায় উচ্চ-নীচ, ধনী দুখীয়াৰ মাজত বৈষম্য থাকিলে, বৰ্ণৰ বৈষম থাকিলে সমাজত ন্যায় প্রতিষ্ঠা নহয়। এক শ্রেণী লোকক অধিকাৰৰ পৰা বঞ্চিত কৰিলে সেই শ্ৰেণীৰ প্ৰতি অন্যায় কৰা হ’ব। পুঁজিবাদী সমাজ ব্যৱস্থাত ধনী-দুখীয়াৰ বৈষম্য থকা বাবে ন্যায় বিচাৰি পোৱা নাযায়। জি.ডি. এইচ কোলে [G.D. H. Cole] সামাজিক ন্যায়ৰ সংজ্ঞা দি কৈছে। “বাক্তিৰ সামাজিক জীৱনৰ সকলো দিশতে সম মর্যাদা আৰু সমান সুযোগৰ নিশ্চয়তা প্ৰদান কৰা ব্যক্তিৰ এক জীৱন পদ্ধতি।”

৩) আইনগত ন্যায় [Legal Justice] : ৰাষ্ট্ৰত বসবাস কৰা সকলো লোকৰ বাবে উমৈহতীয়া যুক্তিসংগত আইন প্রণয়ন কৰি সকলোকে সম দৃষ্টিৰে চোৱাটোকে আইনগত ন্যায় বুলি কোৱা ই হয়।আইনৰ চকুত সকলো সমান। ৰাষ্ট্ৰৰ সকলো ব্যক্তি আইনৰ অধীন। প্রধানমন্ত্রী বা ৰাষ্ট্ৰপতিও আইনৰ উদ্ধত নহয়। এনে আইনগত বা বৈধ ন্যায় আদালতৰ দ্বাৰা বলৱৎ কৰা হয়। আদালতে বিচাৰ কৰি দোষীক উপযুক্ত শাস্তি দিয়ে আৰু নিৰ্দেষীক ৰক্ষা কৰি ন্যায় প্রতিষ্ঠা কৰে। যুক্তিযুক্ত আইন প্ৰণয়ন কৰা আৰু । নিৰপেক্ষভাবে বিচাৰ কৰাৰ ওপৰত আইনগত ন্যায় নিৰ্ভৰ কৰে।

৪) অর্থনৈতিক ন্যায় [ Economic Justice] : অর্থনৈতিক ন্যায় বুলি ক’লে সমাজত অর্থনৈতিক অসমতা নথকাকে বুজায়। অর্থনৈতিক ন্যায়ে দুটা কথা বুজায়— 

১) কোনো বিশেষ শ্রেণী লোকৰ বাবে বিশেষ সুবিধা থাকিব নালাগে। আৰু

২) সকলো শ্ৰেণীৰ লোকে জীৱন ধাৰণৰ ন্যূনতম সুবিধাখিনি পাব লাগে।

চমুকৈ ক’বলৈ গ’লে বিশেষ শ্রেণীৰ বাবে বিশেষ ব্যৱস্থা নৰখাকৈ সকলোৱে জীৱন ধাৰণৰ নিম্নতম সুবিধা পোৱাটোৱেই হ’ল অর্থনৈতিক ন্যায়। অর্থনৈতিক সমতাইহে অর্থনৈতিক ন্যায় প্রতিষ্ঠা কৰিব পাৰে। সেইবাবে ৰাষ্ট্ৰত বাস কৰা ব্যক্তিৰ মাজত সম্পত্তি আৰু আয়ৰ যথাযোগ্য সমবিতৰণৰ ব্যৱস্থা কৰিব পাৰিলে অর্থনৈতিক সমতা প্রতিষ্ঠা হ’ব আৰু তেতিয়াহে অর্থনৈতিক ন্যায় সম্ভৱ হ’ব পুঁজিবাদী ব্যৱস্থাত বৈষম্য থকা বাবে অর্থনৈতিক ন্যায় সম্ভৱ নহয়। সমাজবাদী ৰাষ্ট্ৰত অৰ্থনৈতিক ন্যায় প্রতিষ্ঠা কৰিবলৈ যত্ন কৰা হয়।

৫) ৰাজনৈতিক ন্যায় [Political Justice] : ৰাষ্ট্ৰৰ প্ৰশাসনত সকলো জনসাধাৰণকে জাতি, ধর্ম, বর্ণ, লিংগ নির্বিশেষে অংশগ্রহণৰ সুবিধা দিয়াটোৱেই ৰাজনৈতিক ন্যায় বুলি কব পাৰি। প্ৰশাসনত অংশগ্ৰহণৰ সুবিধা দিবলৈ হ’লে সকলো প্রাপ্তবয়স্ক নাগৰিককে ভোটদানৰ অধিকাৰ, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ, চৰকাৰক সমালোচনা কৰা অধিকাৰ, ৰাজনৈতিক দল গঠনৰ অধিকাৰ, ইত্যাদি অধিকাৰ প্ৰদান কৰিব লাগিব। এই অধিকাৰসমূহ প্ৰদান কৰাটোৱেই হ’ল,ৰাজনৈতিক ন্যায়। গণতান্ত্ৰিক ৰাষ্ট্ৰৰবোৰত এই ৰাজনৈতিক ন্যায় এক গুৰুত্বপূৰ্ণ বিষয়।

৬) দার্শনিক ন্যায় [Philosophical Justice] : ধর্মগ্রন্থসমূহত আৰু দৰ্শন শাস্ত্ৰত বর্ণিত ধর্মীয় নীতি-নিয়ম, সততা, সৎ চিন্তা, আদর্শবাদিতা আদিয়েই দাৰ্শনিক ন্যায় ৷ ধৰ্ম আৰু দৰ্শনত সৎ জীৱন-যাপনৰ চিত্তা আৰু পদ্ধতিৰ বৰ্ণনা থাকে। এইবোৰক মানি চলাটো ন্যায়সংগত বুলি ভবা হয়। গ্রীক দার্শনিক প্লেটোৱে ন্যায়ৰ ব্যাখ্যা এনেদৰে দিছিল— যিজন ব্যক্তি যিটো কামৰ উপযুক্ত তেওঁ সেই কাম কৰা আৰু আনৰ কামত হস্তক্ষেপ নকৰাটোৱেই ন্যায়। এৰিষ্ট’টলৰ মতে ৰাষ্ট্ৰ প্ৰতি আগবঢ়োৱা সেৱা আৰু যোগ্যতাৰ ভিত্তিত ব্যক্তিক সন্মান, মর্যাদা আৰু পদবী প্ৰদান কৰাটোৱেই ন্যায়। 

৭) জাতীয় ন্যায় [National Justice] : প্রত্যেক জাতিয়ে স্বাধীনভাৱে জীয়াই থকাটোৱেই জাতীয় ন্যায়। এটা জাতিক আন এটা জাতিয়ে পৰাধীন কৰি ৰখাটো অন্যায়। সেইবাবেই জাতিৰ আত্ম নিয়ন্ত্ৰণৰ [Self determination] অধিকাৰটোক জাতীয় ন্যায় বুলিব পাৰি। প্ৰত্যেক জাতিয়ে নিজে নিজক শাসন কৰাৰ অধিকাৰ আছে। এনে ন্যায়ৰ স্বাধীনতা লাভ কৰিছিল। উন্নত ৰাষ্ট্ৰবোৰে উন্নয়নশীল আৰু অনুন্নত ৰাষ্ট্ৰক বিভিন্ন বিষয়ত সাহায্য দিয়াটো এক জাতীয় ন্যায়।

4. Discuss the Philosophical theory of Justice. ন্যায়ৰ দাৰ্শনিক তত্ত্বটো আলোচনা কৰা ।

Ans: ন্যায়ৰ দাৰ্শনিক তত্ত্ব [Philosophical theory] : গ্রীক দার্শনিক প্লেটোৱে ন্যায়ক সদগুণ হিচাপে [Justice as virtue ] আলোচনা কৰিছে। তেওঁ মানুহৰ তিনিটা সদৃগুণৰ বিষয়ে আলোচনা কৰিছে।

কিন্তু প্লেটোৱে এই সকলোবোৰ সংজ্ঞা নাকচ কৰি নিজস্ব সংজ্ঞা আগবঢ়াইছে। প্লেটোৱে ‘The Republic’ নামৰ গ্ৰন্থত ন্যায়ৰ আলোচনা কৰিছে। প্লেটোৰ মতে ন্যায় হ’ল— “প্রত্যেকেই নিজৰ দায়িত্ব পালন কৰা আৰু আনৰ কামত হস্তক্ষেপ নকৰা।”

প্লেটোৱে ন্যায়ক দুই ভাগত বিভক্ত কৰিছে— ব্যক্তিগত ন্যায় আৰু সামাজিক ন্যায়। 

ব্যক্তিগত ন্যায় :

প্লেটোৱে কৈছে যে সমাজৰ প্ৰত্যেক ব্যক্তিৰ আত্মাত তিনিটা গুণ থাকে। এই কেইটা হ’ল যুক্তি, সাহস আৰু ক্ষুধা প্রত্যেক ব্যক্তিৰ আত্মাত এই তিনিটা গুণ কম বেছি পৰিমাণে থাকে আৰু এটা গুণ প্ৰবল হৈ থাকে। সেই প্রধান গুণটোৱে মানুহক প্ৰভাৱান্বিত কৰে। যুক্তি প্রবল মানুহজনক যুক্তি প্রভাবিত লোক [ Man of reason], সাহস প্রবল মানুহজনক সাহস প্রভাবিত লোক | Man of spirit] আৰু ক্ষুধা প্রবল লোকজনক ক্ষুধা প্রভাৱিত লোক [Man of Appetite] বোলা হয়। এনেদৰে কোনো এটা গুণৰ দ্বাৰা প্ৰভাৱিত হৈ নিজৰ কৰ্তব্য পালন কৰিলে আৰু আনৰ কামত হস্তক্ষেপ নকৰিলে ব্যক্তিগত ন্যায়ৰ সৃষ্টি হয়। প্লেটোৰ মতে, ন্যায় হ’ল, “Minding one’s own business and not interfering with the business of others.”

সামাজিক ন্যায় :

প্লেটোৰ সামাজিক ন্যায় ব্যক্তিগত ন্যায়ৰ পৰিণতি। মানুহৰ আত্মাৰ তিনিটা গুণৰ পৰা সমাজত তিনি শ্রেণী মানুহৰ সৃষ্টি হয়। জ্ঞান বা যুক্তিৰ পৰা জ্ঞানী শ্রেণী, সাহসৰ পৰা সৈনিক শ্ৰেণী আৰু ক্ষুধাৰ পৰা উৎপাদক শ্রমিক শ্রেণী। প্লেটোৰ মতে, যেতিয়া প্রত্যেক তিনিটা শ্রেণীয়ে নিৰ্ধাৰিত গুণ অনুসৰি নিজৰ দায়িত্ব পালন কৰে আৰু আনৰ কামত হস্তক্ষেপ নকৰে, তেতিয়াই সামাজিক ন্যায়ৰ উৎপত্তি হয়।

হিব্রু বাইবেলত ন্যায়ৰ ধাৰণাটোক সদগুণ হিচাপে ব্যৱহাৰ কৰিছে। এই বাইবেলৰ মতে ন্যায় এক নিয়ম প্ৰণালীৰ দ্বাৰা নিৰ্দেশিত হ’ব লাগে। ন্যায়সংগত বুলি পৰিগণিত হ’বলৈ হ’লে এটা কাৰ্য নৈতিক হোৱাৰ লগতে জনসাধাৰণৰ অনুমোদন থাকিব লাগিব। জনসাধাৰণৰ মংগলৰ লগত জড়িত কাম কাজবোৰ আৰু নীতি নিয়মবোৰে জনসাধাৰণৰ অনুমোদন লাভ কৰে। গতিকে হিব্রু বাইবেলৰ ন্যায়ৰ ধাৰণাই ব্যক্তি আৰু গোষ্ঠীৰ ওপৰত সদগুণ হিচাপে সামাজিক কল্যাণমূলক কৰ্তব্য আৰোপ কৰে।

হিব্রু বাইবেলৰ ধাৰণাই সকলো ধৰণৰ দমন-শোষণ নীতিৰ বিৰোধিতা কৰে। এই ধাৰণা মতে এজন ন্যায়পৰায়ণ লোকে আনক দমন, শোষণ বা অত্যাচাৰ কৰিব নোৱাৰিব। সকলোকে সমান সুবিধা প্ৰদান কৰিব লাগিব। হিব্রু বাইবেলৰ ন্যায়ৰ ধাৰণাই সাধুতা,সততা আৰু পৰোপকাৰৰ গুণ প্ৰকাশ কৰা বুজায়। লগতে এনে ন্যায়ে ইশ্বৰৰ নিৰ্দেশ অনুযায়ী কাম কৰাৰ স্পৃহাৰ ওপৰত গুৰুত্ব দিয়ে। ।

মধ্যযুগৰ গীৰ্জাৰ বিশ্বাস অনুসৰি ন্যায় ইশ্বৰৰ সৃষ্টি। ছেইণ্ট থমাছ একুইনাছৰ মতে ঈশ্বৰৰ নিয়মাৱলী ধর্মগ্রন্থসমূহত প্রতিফলিত হয়। সেইবোৰ মানি চলাটো ন্যায়। ঈশ্বৰৰ আদেশ অমান্য কৰাটো অন্যায়। ঈশ্বৰে নিজেই মানুহৰ আত্মাত থাকি যুক্তিৰ অৱতাৰণা কৰে আৰু ঈশ্বৰৰ আদেশ পালন কৰিবলৈ অনুপ্ৰাণিত কৰে। ঐশ্বৰিক বিধিবোৰ মানি চলাটো ন্যায়। মানুহে প্ৰণয়ন কৰা বিধিবোৰ যাতে ঐশ্বৰিক বিধিৰ বিৰোধী নহয় তাৰ প্ৰতি মানুহে চকু ৰাখিব লাগে। কোনো আইনে ইশ্বৰৰ বিধি উলংঘা কৰিলে তেনে আইন প্ৰজাই বাধা দিব লাগে। জনসাধাৰণে তেনে আইন অমান্যও কৰিব পাৰে ৷ অৱশ্যে জনসাধাৰণে অন্যায় বুলি ভবা আইনো গীর্জাই অনুমোদন জনালে জনসাধাৰণে মানি চলিব লাগে। অৱশ্যে এনে ন্যায় ধৰ্মনিৰপেক্ষতাৰ বিৰোধী ।

5. Discuss the Philosophical theory of Justice. 

Ans: জন ৰ’লচে বিতৰণমূলক ন্যায়ৰ তত্ত্বটো তেওঁৰ ১৯৭১ চনত প্ৰকাশিত “A Theory of Justice” শীৰ্ষক গ্ৰন্থখনত উল্লেখ কৰিছে। উপযোগিতাবাদী দর্শনক সমালোচনা কৰি ‘উদাৰতাবাদ’ৰ আদৰ্শৰ ভিত্তিতে উদাৰতাবাদৰ বিপৰীতে গা কৰি উঠা সমস্যাবোৰৰ সমাধান কল্পে তেওঁ উক্ত গ্ৰন্থখনত ন্যায়ৰ ধাৰণাটোৰ এক বিশদ ব্যাখ্যা দাঙি ধৰিছে। ৰ’লচৰ ন্যায়ৰ তত্ত্ববটোৱে ব্যক্তিগত আৰু সমূহীয়া অধিকাৰসমূহৰ সুৰক্ষাৰ ক্ষেত্ৰত এক স্বতন্ত্র বুনিয়াদ হিচাপে কাম কৰিছিল। 

ন্যায় সম্পৰ্কীয় তত্ত্বটো উপস্থাপন কৰিবলৈ যাওঁতে ৰ’লচে এক কাল্পনিক চিন্তাৰ আশ্ৰয় লৈছে। তেওঁ ন্যায় বিতৰণৰ বাবে এক সামাজিক পৰিকাঠামোড় [ Social Framework] তৈয়াৰ কৰিছিল যি অর্থনৈতিক গাঁঠনি, মালিকীস্বত্ব আৰু ইয়াৰ পৰিৱৰ্তনৰ নিয়ম,স্বাস্থ্য, শিক্ষা আদিৰ দৰে বিভিন্ন সেৱা খণ্ডসমূহৰ লগতে এজন ব্যক্তিক প্ৰদান কৰা সাংবিধানিক অধিকাৰসমূহো সামৰি লয়। মানুহৰ নৈতিক আৱেগৰ পৰিপ্ৰকাশকে ন্যায় বুলি অভিহিত কৰি ৰ’লচে কৈছে যে এই নৈতিক আবেগ হৈছে মৌলিক পৰিস্থিতি [Original Position] হোৱা এক মৌলিক চুক্তিৰ ফলশ্রুতি। উল্লেখ্য যে সামাজিক চুক্তি মতবাদ কাৰী দার্শনিক হবছ,লক্, ৰুছোৰ সামাজিক চুক্তিত বর্ণিত প্রকৃতি-ৰাজ্য সদৃশ ৰলৰ এই মৌলিক পৰিস্থিতিৰ ধাৰণাটোৱেও প্ৰকৃততে এক কল্পনাপ্রসূত পৰিস্থিতিক সূচায়। 

ৰলচৰ মতে মৌলিক পৰিস্থিতিত থকা লোকসকলে যুক্তিবাদৰ ওপৰত আধাৰিত সঠিক আৰু ন্যায়সংগত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে যদিও কিছুমান মানুহে অজ্ঞতাৰ বলি হৈ সঠিক সিদ্ধান্ত গ্ৰহণত ব্যর্থ হয়।ৰলচে মানুহৰ জীৱনলৈ অহা এনে অনিশ্চিত, উৱাদিহ নোপোৱা এই ছিন্নমূল অৱস্থাক ‘অজ্ঞতাৰ আঁৰ কাপোৰ’ [Veil of lenorance] আখ্যা দিছে । ইএক কল্পনাপ্রসূত ধাৰণা য’ত ব্যক্তিয়ে নিজৰ লগতে আনৰো গুণাগুণ তথা মযাদা সম্পর্কে নাজানে। এই মানুহখিনিয়ে সমাজত প্ৰচলিত অন্যায় অবিচাৰ আৰু বৈষম্যৰ বিষয়েও সম্পূৰ্ণৰূপে অজ্ঞ। বিতৰণমূলক ন্যায়ৰ ৰীতি অনুসৰি গুৰুত্বপূৰ্ণ প্রয়োজনত থকা ব্যক্তিৰ প্ৰতি সমাজৰ এক দায়িত্ব আছে আৰু একেদৰে সমাজৰ সকলো ব্যক্তিৰেই গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাত আন ব্যক্তিৰ প্ৰতি দায়িত্ব আছে। সম্পদ বিতৰণৰ ক্ষেত্ৰতো ব্যক্তিৰ প্রতি সমাজৰ দায়বদ্ধতা অনস্বীকার্য। গতিকে ৰলচৰ মতে, সমাজৰ লোকসকলে যেতিয়া সমাজত তেওঁৰ নিজৰ বা আন লোকসকলৰ স্থিতি সম্পর্কে অজ্ঞ হৈ থকাৰ সময়ত তেওঁলোকে এনে মধ্যম পন্থা গ্ৰহণ কৰ। উচিত, যাৰ জৰিয়তে সমাজৰ সকলো শ্ৰেণীৰ লোক উপকৃত হ’ব পৰাকৈ সম্পদ বিতৰণৰ এক কৌশল নিৰ্ধাৰণ কৰিব পৰা যায়।

প্ৰসংগক্ৰমে ৰ’লচে উল্লেখ কৰিছে যে মৌলিক পৰিস্থিতিত ব্যক্তিৰ কাম-কাজ আৰু সিদ্ধান্তসমূহ মূলতঃ দুটা নির্দিষ্ট নীতিৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচালিত হ’ব। ৰলচৰ মতে, সমাজৰ সম্পন্ন তথা মৌলিক সুযোগ সুবিধা সমূহৰ ন্যায্য বিতৰণৰ বাবেও এই দুটা মৌলিক নীতি গ্রহণ কৰা উচিত। ইয়াৰে প্ৰথমটো নীতিৰ সমতাৰ নীতি (Principle of equality) আৰু দ্বিতীয়টো নীতিৰ অসমতাৰ নীতি [Principle of Equality] নামেৰে জনা যায়।

(ক) সমতাৰ নীতি (Principle of Equality) : সমতাৰ নীতি অনুসৰি প্ৰত্যেক ব্যক্তিৰেই আনৰ দৰে স্বতন্ত্ৰতাৰ অধিকাৰ থাকিব লাগিব। [Each person is to have an equal right to the most extensive basic liberty, compatible with a similar system of liberty for all social values, Liberty and opportunity, income and wealth and the bases of self-respect are to be distributed equally unless on unequal distribution of any, or all of these values is to be every one’s advantage.] অর্থাৎ কোনো লোকে আনৰ স্বাৰ্থত নিজৰ স্বাধীনতাক ত্যাগ কৰিব নালাগে। ন্যায়ৰ এই নীতিয়ে মতপ্রকাশৰ স্বাধীনতা, সমৱেত হোৱাৰ স্বাধীনতা,ৰাজনৈতিক স্বাধীনতা সম্পত্তি গ্ৰহণৰ স্বাধীনতা, চিন্তা প্ৰকাশৰ স্বাধীনতা আদিৰ সমবিতৰণৰ ওপৰত গুৰুত্ব দিছিল। বলচৰ মতে, ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ নীতি আৰু যিকোনো পৰিস্থিতিতে এই নীতিৰ লংঘন কৰিব নালাগে। বলচৰ মতে, ন্যায়ৰ দ্বিতীয় নীতিৰ লগত সংঘাত হ’লেও ইয়াক প্রাধান্য দিব লাগে।

(খ) অসমতাৰ নীতি [Principle of Inequality] : ৰলচৰ ন্যায়ৰ প্ৰথমটো নীতিয়ে স্বাধীনতাৰ অসমান বিতৰণক সমর্থন কৰা নাছিল। কিন্তু দ্বিতীয়টো নীতিয়ে অসমান বিতৰণক প্রাধান্য দিয়ে। ন্যায়ৰ এই অসমতাৰ নীতি অনুসৰি সামাজিক আৰু অর্থনৈতিক অসমতাক এনেদৰে ব্যৱস্থাপিত কৰিব লাগে যাতে তাৰদ্বাৰা সমাজৰ অনগ্ৰসৰ দুৰ্বল শ্ৰেণীৰ লোকসকল অধিকভাবে লাভান্বিত হয়। আন কথাত সামাজিক আৰু অৰ্থনৈতিক অসমতা এনে এক ব্যৱস্থা হ’ব লাগে যাতে এইবিলাক –

(ক) সকলোৰে সুবিধাৰ বাবে (সমাজৰ পিছপৰা শ্ৰেণীৰ অধিক সুবিধাৰ বাবে) হয় । আৰু 

(খ) পদ আৰু মৰ্যদা সকলোৰে বাবে মুকলি থাকে। একে সময়তে সমাজত সকলো শ্ৰেণীৰ লোকৰে আত্ম মদ সুৰক্ষিত হৈ থকা উচিত ।

ৰলছে উল্লেখ কৰা ন্যায়ৰ এই নীতি দুটা ভালদৰে বিশ্লেষণ কৰিলে দেখা যায় যে প্ৰথমটো নীতিৰ জৰিয়তে ৰলচে মৌলিক স্বাধীনতা [Basic liberty] ৰ সমবিতৰণৰ বিষয়ে কৈছে। তেওঁ ইয়াৰ জৰিয়তে উদাৰনৈতিক গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাত নাগৰিকৰ মৌলিক অধিকাৰসমূহ সুনিশ্চিত কৰিব বিচাৰিছে। এই নীতিৰ ভিতৰত বহু সংস্কৃতিবাদ আৰু ন্যায়ৰ সম্পৰ্ক নিহিত হৈ আছে। আনহাতে, দ্বিতীয়টো পাৰ্থিৱ সম্পদৰাজিৰ বিতৰণৰ ক্ষেত্ৰত প্রয়োগ কৰা হয় । এই নীতিৰ জৰিয়তে সমাজৰ আটাইতকৈ পিছপৰা অৱহেলিত শ্ৰেণীটো সববাধিক সুবিধা প্ৰদানৰ চেষ্টা বৰা হৈছে। অর্থ সমাজৰ গুল শ্ৰেণীটোৱে যাতে সম্পদৰ সৰ্বাধিক বিতৰণৰ সুযোগ লাভ কৰে তাৰ ওপৰত বলছে গুৰুত্ব আৰোপ কৰিছে।

এনেদৰে বিশ্লেষণ কৰি চালে দেখা যায় যে বলছে সমাজৰ অনগ্ৰসৰ শ্ৰেণীৰ লোক সকলক জীৱনৰ আৰ্থ-সামাজিক নিৰাপত্তা তথা উপযুক্ত সুযোগ সুবিধা প্ৰদানৰ লগত ন্যায়ৰ ধাৰণাটোক সংস্কৃত কৰিছে। বলছৰ বিতৰণমূলক ন্যায়ৰ তত্ত্বটিয়ে সংখ্যালঘু আৰু মাত্রায়িত | Marginalised] গোটৰ সদস্যসকলে ঐতিহাসিকভাৱে সন্মুখীন হোৱা বৈষম্যমূলক আচৰণৰ পৰা মুক্ত কৰাৰ পোষকতা কৰিছে। বহুত্ববাদী ৰাজনৈতিক ব্যৱস্থাত ন্যায়ব নিশ্চয়তা প্ৰদানৰ বেলিকা বলছৰ ন্যায়ৰ তত্ত্ব অনুসৰি পোনতেই সকলো লোকৰ বাবে মৌলিক স্বাধীনতা [Basic Liberty] এনেদৰে সুনিশ্চিত কৰিব লাগিব যাতে কোনো লোকেই কোনো কাৰণতেই তেওঁলোকৰ এই স্বাধীনতা উপভোগৰ পৰা বঞ্চিত নহয়, তাৰ প্রতি লক্ষ্য ৰাখিব লাগে। 

কিন্তু বহুত্ববাদী ব্যৱস্থাত কেবল মাত্র মৌলিক অধিকাৰৰ ধাৰণাটো বাস্তৱায়িত কৰিব পাৰিলেও সকলোৱে যে প্রকৃতার্থত ন্যায় লাভ কৰিব সেয়া আশা কৰিব নোৱাৰি। সেয়ে ৰলচে কৈছে যে সংখ্যালঘিষ্ঠ আৰু মাত্রায়িত গোটৰ সদস্যসকলৰ কাৰণে বিশেষ সুযোগ সুবিধা প্ৰদান কৰিব লাগে যাতে তেওঁলোকে সন্মুখীন হোৱা প্রতিকূল পৰিবেশ পৰিস্থিতিৰ অৱসান ঘটোৱাত সহায়ক হয়। অৱশ্যে বলচে স্পষ্টভাৱে উল্লেখ কৰিছে যে ন্যায়ৰ অসমতাৰ নীতিক স্থায়ীভাৱে প্রয়োগ কৰা অনুচিত। মাত্রায়িত আৰু সংখ্যালঘু শ্ৰেণীৰ লোকসকলক সংখ্যাগৰিষ্ঠসকলৰ সমমর্যদালৈ উন্নীত হোৱাৰ লগে লগে অসমতাৰ নীতি প্ৰত্যাহাৰ কৰিব লাগে। ৰলচে বিশ্বাস কৰে যে এই পদ্ধতিৰে বহুসংস্কৃতি সম্পন্ন ৰাষ্ট্ৰ ব্যৱস্থাত ন্যায় প্রতিষ্ঠা কৰিব পৰা যায়।

6. Criticism of Rawlins theory of Justice?

Ans: ৰ’লছৰ ন্যায়তত্ত্বৰ অৱধাৰণাটোক বিভিন্ন চিন্তাবিদ সকলে নানা দৃষ্টিকোণৰ সমালোচনা কৰিছে—

(১) ব্যক্তি স্বাধীনতাৰ প্ৰবক্তা ৰবাৰ্ট নজিকে তেওঁৰ “ Anarchy, State and Utopia” শীৰ্ষক গ্ৰন্থখনিত ৰ’লছৰ ন্যায়তত্ত্বৰ ধাৰণাক সমালোচনা কৰি তেওঁৰ “Entitlement Theory” আগবঢ়াইছে। তেওঁৰ মতে, ৰ’লছে ৰাষ্ট্ৰক শক্তিশালী কৰাৰ অৰ্থত অসমতাৰ নীতি কাৰ্যকৰী কৰাৰ বাবে যি মতামত আগবঢ়াইছে সি প্ৰকৃততে ব্যক্তিৰ স্বতন্ত্রতাক সংকুচিতহে কৰিব।

(২) মার্ক্সবাদী সকলৰ সমালোচনা : মার্ক্সবাদীসকলে ৰ’লচৰ ন্যায়তত্ত্বক সমালোচনা কৰি কৈছে যে পুঁজিবাদী সমাজব্যৱস্থাত ৰ’লছে কোৱাৰ দৰে ব্যক্তিগত অধিকাৰৰ ব্যৱস্থা প্ৰৱৰ্তন কৰি সকলোৰে বাবে মঙ্গলজনক ভাৱে সামাজিক ন্যায় প্ৰৱৰ্তন কৰাটো সম্ভৱপৰ নহয়।

(৩) ৰ’লচে ব্যক্তিৰ স্বাভাৱিক গুণৰাজি আৰু সামৰ্থ্যতাক উপযুক্তভাবে পুৰস্কৃত কৰাৰ মত পোষণ কৰিছে। কিন্তু সমালোচকসকলে যুক্তি দুর্বল এই স্বাভাৱিক সামর্থ্যতা সামগ্ৰিকভাৱে সমাজৰ আৰু বিশেষকৈ পিছপৰা দুৰ্বল শ্ৰেণীক কিদৰে উপকৃত কৰিব সেয়া স্পষ্ট নহয়। তদুপৰি সমাজৰ কোন শ্ৰেণীৰ লোকক পিছপৰা দুৰ্বল শ্ৰেণী বুলি গণ্য কৰা হ’ব আৰু এইসকলক কোনে বাচনি কৰিব এইখিনিও ৰ’লচৰ ন্যায়ৰ তত্ত্বত সু-স্পষ্ট নহয়।

(৪) ৰ’লছে যুক্তি দৰ্শাইছে যে সমাজৰ সকলো । শ্ৰেণীৰ কল্যাণ সাধন কৰাৰ লক্ষ্যৰে যিকোনোধৰণৰ অসমতা গ্রহণযোগ্য। ৰ’লছে নিজেই “প্রত্যেকৰে সুবিধা” [ Everyone’s Advantages] আৰু “সকলোৰে বাবে মুক্ত” [Open to all] অভিধা দুটা দ্ব্যর্থৰোধক। বুলি মন্তব্য প্ৰকাশ কৰিছে।

(৫) ৰ’লছৰ ন্যায়তত্ত্বৰ বিশ্লেষণৰ পৰা এটা কথা উপলব্ধি হয়। যে দক্ষতাৰ কাৰ্যকৰীকৰণৰ জৰিয়তেহে ন্যায় প্ৰতিষ্ঠাৰ লক্ষ্যত উপনীত হ’ব পাৰি। কিন্তু সমালোচকসকলৰ মতে এই দক্ষতাক কোনো বাস্তৱত ৰূপায়িত কৰিব? উৎপাদন আৰু বিতৰণ ব্যৱস্থাৰ গৰাকীয়ে দক্ষতা নিশ্চিতকৰণৰ অৰ্থে পৰিচালনাৰ দায়িত্ব অধিক দক্ষ ব্যক্তিজনৰ হাতত অৰ্পণ কৰিবনে? যদিহে উৎপাদন ব্যৱস্থা এটাক অধিক দক্ষ আৰু সৱল কৰাৰ স্বাৰ্থত উৎপাদন আৰু বিতৰণ ব্যৱস্থাৰ স্বত্বাধিকাৰীয়ে আন কোনো দক্ষ ব্যক্তিক পৰিচালনাৰ দিশটো তদাৰকীকৰণৰ বাবে আহ্বান কৰা হয়বুলি ধাৰণা কৰা হয়। তেন্তে সেয়া কল্পনা প্রসূত ধাৰণা বুলিহে সমালোচকসকলে মত দিছে।

(৬) সমালোচকসকলৰ মতে, ৰ’লছে ভবাৰ দৰে দুৰ্গত সমাজৰ কাৰণে সুদীর্ঘ কালৰ বাবে সাংবিধানিক সুৰক্ষাৰ বা সংৰক্ষণৰ ব্যৱস্থা বাহাল ৰাখিলে সমাজত তাৰ বিৰূপ প্ৰতিক্ৰিয়া হোৱাৰ সম্ভাৱনা থাকে। কিয়নো, সমাজৰ পিছপৰা অনগ্ৰসৰ সম্প্ৰদায়ৰ নামেৰে চিৰকালৰ বাবে কোনো জনগোষ্ঠীৰ স্বাৰ্থত দীঘলীয়া সময়ৰ বাবে সংৰক্ষণ ব্যৱস্থা গ্রহণযোগ্য নহয়।

(৭) আন একাংশ সমালোচকৰ মতে, ৰ’লছে কোৱাৰ দৰে সমাজৰ অনগ্ৰসৰ শ্ৰেণীটো বাচি উলিওৱা সহজ নহয়। যদিহে ৰ’লচে কোৱাৰ দৰে আয় আৰু সম্পদক অনগ্ৰসৰ শ্ৰেণীটো বাচি উলিওৱাৰ ক্ষেত্ৰত একমাত্র মাপকাঠি হিচাপে ধৰি লোৱা হয় তেন্তে আবেগিক আৰু মানসিকভাৱে নিৰাপত্তা অনুভৱ কৰা সকলৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব এই ক্ষেত্ৰত ৰ’লছে মৌনতা অৱলম্বন কৰা দেখা যায়।

মূল্যায়ন [Evaluation] : ৰ’লছৰ ন্যায়ৰ ধাৰণাটোক সমালোচকসকলে বিভিন্ন দিশৰ পৰা সমালোচনা কৰিলেও ইয়াৰ গুৰুত্ব কোনো প্ৰকাৰে নুই কৰিব নোৱাৰি। ৰ’লছে ন্যায়ৰ ধাৰণাটোক প্ৰকৃতাৰ্থত সকলোৰে ক্ষেত্ৰত বলৱৎ হোৱাকৈ বহল পৰিসৰত ব্যাখ্যা কৰাৰ চেষ্টা কৰিছে। ব্যক্তি তথা সমাজ উভয়ৰে মংগলৰ স্বাৰ্থত তেওঁ ন্যায়ৰ ধাৰণাটোক প্ৰয়োগ কৰাৰ প্ৰয়াস কৰিছিল । ব্যক্তিস্বতন্ত্র্যবাদ আৰু সামূহিকতাবাদৰ পৰা কিছু দূৰত্ব বজাই ৰাখি তেওঁ এক মাধ্যম পন্থা অৱলম্বন কৰিছিল। ব্যক্তিবাদৰ প্ৰতি সমৰ্থন জনাই তেওঁ এফালে ব্যক্তিৰ স্বাধীনতাক অধিক প্রাধান্য দিছে। অন্যহাতেদি সামূহিকতাবাদী সকলৰ দৰে সামূহিক স্বার্থ সুৰক্ষাৰ খাতিৰত তেওঁ সমতাৰ নীতিৰ ওপৰতো সমানে গুৰুত্ব আৰোপ কৰিছে। মুঠতে ৰ’লছে তেওঁৰ বিতৰণমূলক ন্যায়ৰ ধাৰণাটোৰ জৰিয়তে সমাজে শক্তিশালী আৰু পিছপৰা দুৰ্বল শ্ৰেণী উভয়ৰে স্বাৰ্থৰ সুৰক্ষাৰ ওপৰত যথোচিত ভাৱে গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে। গতিকে ৰ’লছৰ দৃষ্টিভংগীৰে বিশ্লেষণ কৰি চালে জাতিভিত্তিক সাংবিধানিক সুৰক্ষাৰ পৰিৱৰ্তে আৰ্থ-সামাজিক মাদাৰ ভিত্তিত সকলো জনগোষ্ঠীৰেই দুৰ্বল শ্ৰেণীসমূহৰ বাবে সাংবিধানিক সুৰক্ষাৰ ব্যৱস্থা কৰিব পাৰিলেহে প্রকৃতার্থত সামাজিক ন্যায় প্রতিষ্ঠা হব বুলি ভবাৰ যথেষ্ট স্থল আছে। ৰ’লচৰ ন্যায় তত্ত্বৰ ওপৰত এন.ডি আৰোৰা আৰু এচ. এচ. আৱাস্থিয়ে আগবঢ়োৱা মন্তব্য প্রণিধানযোগ্য। তেওঁলোকৰ মতে, “Such a distribution of benefits, Rawls feels, is not only fair, but is also accordance with the norms of Justice”.

7. Distinction between Procedural and Substantive Justice.

Ans: প্রক্রিয়াত্মক ন্যায় ব্যৱস্থাৰ সমৰ্থক সকলে যুক্তিসংগত আৰু সকলোৰে গ্ৰহণযোগ্য পদ্ধতি অনুসৰণ কৰি সামাজিক সা-সুবিধা বা সন্মানৰ সমবিতৰণ ব্যৱস্থাৰ পোষকতা কৰে। ন্যায়সংগত গ্রহণযোগ্য পদ্ধতিৰে সম্পদ তথা সেৱাৰ সমবিতৰণ হ’লে প্রক্রিয়াত্মক ন্যায় বুলিব পাৰি। কিন্তু অর্থবহ ন্যায়ৰ সমৰ্থক সকলে সম্পদ তথা সেৱাৰ সমবিতৰণতকৈ ন্যায্য পদ্ধতিৰে সামাজিক সা-সুবিধা, সম্পদ তথা সেৱাৰ আবণ্টনৰ ওপৰতহে গুৰুত্ব দিয়ে। উদাহৰণ স্বৰূপে, পৰীক্ষা নিয়ন্ত্ৰক এজনৰ বাবে পৰীক্ষাটোত কিমান ছাত্ৰ ভালদৰে উত্তীৰ্ণ হ’ব সেয়া গুৰুত্বপূৰ্ণ নহয়। পৰীক্ষাটো ন্যায়সংগতভাৱে অনুষ্ঠিত কৰাটোহে গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত কোনো পক্ষপাতিত্ব নাথাকিব। উল্লেখিত উদাহৰণটোৰ পৰা এটা কথা স্পষ্ট হয় যে প্রক্রিয়াগত ন্যায় ব্যৱস্থাত মূল্যবোধৰ প্রশ্ন জড়িত হৈ থাকে।

আন এটা দিশতো পদ্ধতিগত ন্যায় আৰু অৰ্থবহ ন্যায়ৰ মাজত পার্থক্য আছে। পদ্ধতিগত ন্যায়ৰ লগত মুক্ত প্ৰতিযোগিতা, ৰাষ্ট্ৰৰ নিৰপেক্ষতা জড়িত হৈ থকাৰ বিপৰীতে অৰ্থৱহ ন্যায়ৰ লগত ৰাষ্ট্ৰত বসবাস কৰ। সকলো জনসাধাৰণৰ কল্যাণৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ দায়বদ্ধতা আৰু উপযুক্ত নীতি জড়িত হৈ আছে।

প্ৰক্ৰিয়াত্মক ন্যায়ৰ সমৰ্থকসকলে মুক্ত বজাৰ অৰ্থনীতিৰ লগত ৰাষ্ট্ৰৰ সম্পদৰাজিৰ সঠিক ব্যৱহাৰৰ ক্ষেত্ৰত মুক্ত বজাৰ ব্যৱস্থাৰ প্রয়োজনীয়তা আছে বুলি বিশ্বাস কৰে। কিন্তু অর্থবহ বা সামাজিক ন্যায়ৰ সমৰ্থকসকলে প্ৰতিযোগিতাৰ পৰিৱৰ্তে সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ আৰ্থ-সামাজিক সমতা স্থাপনৰ ওপৰতহে গুৰুত্ব দিয়ে।

প্রক্রিয়াত্মক ন্যায়-ব্যৱস্থাই সকলোৰে সমমর্যাদাৰ নীতি সমর্থন কৰে যদিও অবাধ প্ৰতিযোগিতাৰো পোষকতা কৰে। সেই দৃষ্টিকোণৰ ফালৰ পৰা প্ৰক্ৰিয়াত্মক ন্যায়ক পুঁজিবাদী ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত যেন অনুমান হয়। কিন্তু অর্থবহ বা সামাজিক ন্যায়ৰ ধাৰণাটো সামাজিক ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত ইয়াত সম-উন্নয়ন, সম-অধিকাৰ তথা সমতা নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

অর্থবহ ন্যায়ক এক ন্যায়সংগত আৰু গ্ৰহণযোগ্য আচৰণ বুলিব পাৰি। জনসাধাৰণক অর্থবহ তথা প্ৰয়োজনীয় ফলাফল প্রদান কৰাটো বাস্তৱ ন্যায়ৰ ওপৰত নিৰ্ভৰ কৰে। আনহাতে, প্ৰক্ৰিয়াত্মক ন্যায় বুলিলে সম্পদ তথা সেৱাৰ সমবিতৰণ ব্যৱস্থাক সূচায়।

8. Distinction between Procedural and Distributive Justice.

Ans: প্ৰক্ৰিয়াত্মক ন্যায়ৰ সমৰ্থক সকলৰ মতে, ৰাষ্ট্ৰৰ সম্পদ, বিভিন্ন সেৱা তথা সা-সুবিধা সমূহ সঠিক বিতৰণৰ ক্ষেত্ৰত এক সর্বজনগৃহীত পদ্ধতি থকাটো বাঞ্ছনীয়। উপযুক্ত পদ্ধতি অবিহনে সম্পদ আৰু সেৱাৰ সঠিক বিতৰণ হ’ব নোৱাৰে আৰু সমাজত ন্যায় প্রতিষ্ঠা সম্ভৱ নহয়। ন্যায়ৰ উদাৰতাবাদী চিন্তাবিদসকলে বিশ্বাস কৰে যে ব্যক্তি আৰু ব্যক্তি সমষ্টিৰ মাজত সম্পৰ্ক ৰক্ষাই ন্যায়ৰ মূল উদ্দেশ্য আৰু সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ ন্যায়সংগত নীতি-নিয়ম নিৰূপণ কৰিব পাৰিলে ন্যায় সম্ভৱ হ’ব। প্ৰক্ৰিয়াত্মক ন্যায়ৰ সমৰ্থক সকলে জাতি, বর্ণ, ভাষা, ধৰ্মৰ নামত বৈষম্য হোৱাটো নিবিচাৰে আৰু আৰু সকলোৰে প্ৰতি সম-মর্যাদাৰ সমৰ্থন কৰে। এই দৃষ্টিভংগীৰে বিশ্লেষণ কৰি চালে প্ৰক্ৰিয়াত্মক ন্যায়ৰ ধাৰণাটো প্রগতিশীল যেন লাগে যদিও ই অনিয়ন্ত্রিত প্রতিযোগিতা সমর্থন কৰে। আনকি প্রতিযোগিতা মনুষ্যত্বহীন পর্যায়লৈ গ’লেও তেওঁলোকে অন্যায় বুলি গণ্য নকৰে। 

হায়েকে উল্লেখ কৰিছিল যে ৰাষ্ট্ৰ এখনে সমাজত মুক্ত প্রতিযোগিতাৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰিব লাগে আৰু ৰাষ্ট্ৰই এনে প্ৰতিযোগিতা বন্ধ কৰি ৰাষ্ট্ৰীয় সম্পদসমূহক বিতৰণমূলক বা সামাজিক ন্যায় পর্যায়লৈ যাব নালাগে। এচাম ব্যক্তিৰ অশেষ কষ্টৰ বিনিময়ত সৃষ্টি হোৱা সম্পদৰাজি সকলোৰে মাজত বিতৰণ কৰাটো অযুক্তিকৰ আৰু অযোগ্যসকলৰ ক্ষেত্ৰতো সম্পদৰ সমবিতৰণ কৰিবলৈ হ’লে ৰাষ্ট্ৰখনৰ উন্নতিৰ পৰিৱৰ্তে অধোন্নতিহে হ’ব বুলি হায়েকে বিশ্বাস কৰিছিল। বিশিষ্ট চিন্তাবিদ ৰবাট নজিকেও যোগ্যসকলে উৎপাদন কৰা সম্পদসমূহ অযোগ্যসকলৰ মাজত বিতৰণ কৰা উচিত নহয় বুলি মত পোষণ কৰিছিল। আনকি হার্বাট স্পেন্সাৰে দুৰ্গত লোকসকলৰ ক্ষেত্ৰত ৰাষ্ট্ৰ দায়বদ্ধ নহয় বুলি উল্লেখ কৰিছিল।

আনহাতে বিতৰণমূলক ন্যায় বা সামাজিক ন্যায়ৰ সমৰ্থকসকলে ক’ব খোজে যে ন্যায়ৰ ধাৰণাটো সমাজবাদী আদৰ্শৰ ওপৰত নিৰ্ভৰশীল। সমাজ এখনত বসবাস কৰা সকলো শ্ৰেণীৰ লোকৰ, জাতি, ধৰ্ম, বৰ্ণৰ বৈষম্য নৰখাকৈ সৰ্বাংগীণ কল্যাণ সাধনৰ লগত ন্যায় ধাৰণাটো জড়িত হৈ আছে। গতিকে সমাজত বসবাস কৰা দুৰ্বল শ্ৰেণীৰ লোক সকলৰো অন্য শ্ৰেণীৰ লোক সকলৰ দৰে উন্নতি সাধনৰ ওপৰত প্ৰক্ৰিয়াত্মক ন্যায়ৰ সমৰ্থক সকলে গুৰুত্ব আৰোপ কৰে। বৰ্তমান বিশ্বৰ প্ৰায়বিলাক দেশতেই বিতৰণমূলক ন্যায় প্রতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰা পৰিলক্ষিত হয়।

9. Relationship between Justice, Equality and Liberty.

Ans: বাৰ্কাৰৰ মতে, ন্যায় হ’ল স্বতন্ত্রতা, সমতা আৰু ভাতৃত্ববোধৰ এক সমন্বয়। ন্যায় হ’ল সমতা, স্বতন্ত্রতা আৰু ভাতৃত্ববোধৰ প্ৰাথমিক ভেঁটি । সমতা বা স্বতন্ত্ৰতাৰ অধিকাৰ ভোগ কৰিবলৈ ন্যায়ৰ নিতান্তই প্রয়োজন। যুক্তিসংগতভাৱে মানৱ সম্পর্ক গঢ়িবলৈ উঠিবলৈ ন্যায়ৰ প্ৰয়োজন। ন্যায়ে মানুহৰ মৰ্যাদাৰ স্বীকৃতি দিয়ে। আইনগতভাৱে সমাজত বসবাস কৰা প্ৰতিজন ব্যক্তিকে সমান আচৰণ কৰা নিতান্তই প্ৰয়োজন আৰু কোনো এজন ব্যক্তিয়েই অন্য ব্যক্তিতকৈ শ্রেষ্ঠ নহয়। জাতি, ধর্ম, বর্ণ, শিক্ষা, লিংগ, ভাষা, ধনী- দুখীয়া- নির্বিশেষে সমাজৰ প্ৰতিজন ব্যক্তিয়ে নিজা সামর্থ্য অনুযায়ী সমাজৰ ভালৰ কাৰণে অৱদান আগ বঢ়ায়। মানুহে যেতিয়ালৈকে সমতা আৰু স্বতন্ত্ৰতাৰ অধিকাৰ ভোগ কৰিবলৈ সুবিধা নাপায়, তেতিয়ালকৈ ন্যায় প্রতিষ্ঠা হ’ব নোৱাৰে। স্বতন্ত্ৰতাৰ ধাৰণাটো সমতা নীতিৰ ওপৰত প্ৰতিষ্ঠিত। সমতা নোহোৱাকৈ স্বাধীনতা উপভোগ কৰিলে সমাজত ন্যায় প্রতিষ্ঠা হ’ব নোৱাৰে, বঞ্চ এক বিশৃংখল পৰিস্থিতিৰহে সৃষ্টি হয়।

আকৌ ন্যায়ৰ বাবে সমতাই একমাত্র নীতি নহয়। সাধাৰণতে, সমতাই বৈষম্যহীনতাৰ কথা বুজায়। আইনৰ চকুত সকলো সমান ৷ সকলোৰে ভোটাধিকাৰ ইত্যাদি ধাৰণাৰ দ্বাৰা সমতাৰ ধাৰণাক উপলব্ধি কৰিব পাৰি। কিন্তু কেৱল বৈষম্যহীনতাই ন্যায় প্রতিষ্ঠা কৰিব নোৱাৰে। সমাজত বসবাস কৰা ব্যক্তি সকল যেতিয়া ব্যক্তিগত সম্পত্তিৰ বাবে বিভাজিত হৈ থাকিব (যত এচাম ব্যক্তিয়ে বিশেষ সুবিধা লাভ কৰাৰ বিপৰীতে আন এচাম প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থাকিব) তেনে সমাজত ন্যায় প্রতিষ্ঠা হ’ব নোৱাৰে। এই ক্ষেত্ৰত যি সকলব্যক্তি বঞ্চিত হৈ আছে, সেই সকল ব্যক্তিক বিশেষ সুবিধা প্ৰদান কৰিলেহে ন্যায় প্রতিষ্ঠা হ’ব। অর্থাৎ ধনী ব্যক্তি সকলে যাতে দুখীয়া ব্যক্তি সকলৰ অধিকাৰ খৰ্ব কৰিব নোৱাৰে, তেওঁলোকেও যাতে প্রাপ্য সুবিধা সমূহ লাভ কৰে, তাৰ প্ৰতি ব্যৱস্থা কৰিলেহে ন্যায় প্রতিষ্ঠা হ’ব।

স্বতন্ত্রতা হ’ল ন্যায়ৰ প্ৰথম চৰ্ত ব্যক্তি স্বতস্তুতা উলংঘন কৰাটো ন্যায়সংগত নহয়। বিশ্বত বৰ্তমানলৈকে স্বতন্ত্ৰতাৰ বাবে বহু সংগ্রাম হৈ আহিছে আৰু ন্যায়ৰ বাবে কৰা সংগ্ৰামক ন্যায়সংগত বুলিব পাৰি। উদাহৰণস্বৰূপে, অষ্টাদশ শতিকাৰ শেষৰ ফালে আমেৰিকাৰ জনসাধাৰণে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল, তাক ন্যায়সংগত বুলিব পাৰি ।

সামাজিক নীতি-নিয়মৰ আধাৰত এখন শৃংখলাবদ্ধ সমাজ গঠন কৰাৰ ক্ষেত্ৰত ব্যক্তি স্বাধীনতাৰ যথেষ্ট গুৰুত্ব আছে। যি কি নহওক, ব্যক্তি স্বাধীনতা সামাজিক ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত হ’ব লাগে। ব্যক্তি স্বাধীনতা তেতিয়াহে ন্যায়সংগত হ’ব, যেতিয়া ই সামজিক ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত হ’ব।

সমতাৰ ধাৰণাটো প্ৰত্যেক সমাজ ব্যৱস্থাতে একে নহয়। সমাজ ভেদে সমতাৰ পাৰ্থক্য ইয়াৰ সামাজিক গুৰুত্বও বেলেগ বেলেগ ৷ উদাহৰণস্বৰূপে, গ্ৰীক দার্শনিক প্লেটো আৰু এৰিষ্ট’টলে ‘দাস প্রথা’ ন্যায়সংগত বুলি উল্লেখ কৰাৰ বিপৰীতে বর্তমান সময়ত ইয়াক যুক্তিসংগত বুলি বিবেচনা কৰা নহয়।

এনেদৰে বিশ্লেষণ কৰি চালে দেখা যায় যে ন্যায়, সমতা আৰু স্বতন্ত্ৰতাৰ মাজত ঘনিষ্ঠ সম্পর্ক আছে। এটা আনটোৰ পৰিপূৰক । সমতা নীতিৰ আধাৰত ব্যক্তিয়ে যেতিয়া স্বাধীনভাৱে ব্যক্তিত্ব বিকাশৰ পৰ্যাপ্ত সুযোগ বা অধিকাৰ লাভ কৰে তেতিয়াই সমাজত ‘ন্যায়’ প্রতিষ্ঠা হয়।

10. Definition of Justice.

Ans: সাধাৰণতে ‘ন্যায়’ৰ ধাৰণাটোৱে নাৰ্য, শুদ্ধ আৰু যুক্তিসংগত কোনো ৰাজনৈতিক মূল্যবোধক বুজায়। ইয়াক অন্যায়, অশুদ্ধ-কৰ্ম, অযুক্তিকৰ ধাৰণাৰ বিপৰীত চিন্তাধাৰা বুলিব পাৰি।

নাৰ্য শব্দটো গ্ৰীক ভাষাৰ ‘Dikaiosume’ শব্দৰ পৰা উৎপত্তি হৈছে আৰু ইয়াৰ অৰ্থ হ’ল আনৰ অন্যায় নকৰাকৈ সংভাৱে নিজৰ দায়িত্ব পালন কৰা ।

ন্যায়ৰ এক সর্বজনগ্রহণযোগ্য সংজ্ঞা আগবঢ়োৱাতো জটিল। বিভিন্ন সময় আৰু প্ৰসংগত ন্যায় সম্বন্ধে সুকীয়া সুকীয়া সংজ্ঞা আগবঢ়োৱা হৈছে। ন্যায়ৰ ধাৰণাটো পৰিৱৰ্তনশীল সময় আৰু পৰিস্থিতিৰ পৰিৱৰ্তনৰ লগে লগে ন্যায়ৰ অৰ্থৰো পৰিৱৰ্তন হৈছে।

প্লেটো [Plato]ৰ মতে, ন্যায় হৈছে আদৰ্শ ৰাষ্ট্ৰৰ এক সদগুণ। যেতিয়া প্রতিজন ব্যক্তিয়ে নিজৰ জীৱনত নিজ নিজ কর্তব্যসমূহ আন ব্যক্তিৰ কৰ্তব্যৰ ওপৰত হস্তক্ষেপ নকৰাকৈ সম্পাদন কৰে তেতিয়া ন্যায় প্রতিষ্ঠা হয় [“When every individual discharge. his own duties without interfering others duties in every station of his life then Justice can be established”] 

কনফুচিয়াছ (Confucius)ৰ মতে, ‘ৰজাই অন্যায়কাৰীক দণ্ড দি গুণী সকলক পুৰস্কৃত কৰাটোয়েই ন্যায়’।

ছিফেলাছ (Cephalus)ৰ মতে, “সত্যবাদিতা আৰু আনৰ ঋণ পৰিশোধ কৰাটোৱেই হৈছে ন্যায়। [“Justice means speaking the truth and paying one’s debt to God and men”]

গ্লু’কন (Glukon)ৰ মতে, “ন্যায় হৈছে মানুহৰ কৃত্ৰিম সৃষ্টি, ই হৈছে সামাজিক প্ৰথা আৰু পৰম্পৰাসমূহৰ ফলশ্রুতি। [Justice is an artificial thing, it ts the product of social customs and Conventions”]

এৰিষ্ট’টলৰ মতে, সমাজৰ প্ৰতি থকা অৱদানৰ ভিত্তিত মানুহৰ স্থান নিৰ্ণয় কৰাটোৱে ন্যায়। প্রত্যেক ব্যক্তিৰে যোগ্যতা বেলেগ বেলেগ আৰু যোগ্যতা অনুসৰি তেওঁলোকক পদমর্যাদা অৰ্পণ কৰা উচিত। প্রত্যেক ব্যক্তিয়ে যাতে যোগ্যতা অনুসৰি পদমর্যাদা পায় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। এৰিষ্ট’টলৰ এই ন্যায়ৰ ধাৰণাক বিতৰণমূলক [Distributive] আৰু সংশোধনমূলক ন্যায় (Corrective Justice) হিচাপে দুটা ভাগত বিভক্ত কৰা হয় ।

আধুনিক কালৰ নৱজাগৰণ আৰু সংস্কাৰকামী আন্দোলনসমূহে সামাজিক ন্যায় প্রতিষ্ঠাত গুৰুত্ব আৰোপ কৰিছে। এই সামাজিক ন্যায় যুক্তিবাদৰ আধাৰত প্ৰতিষ্ঠিত। কিন্তু মানুহৰ যুক্তিবাদী গুণাৱলী সমসাময়িক সময়ৰ সামাজিক সচেতনতাৰ আধাৰত গঢ়ি উঠে। এনেদৰে চালে দেখা যায় যে ন্যায়ৰ প্ৰকৃত অৰ্থ প্রচলিত সামাজিক চেতনাবোধৰ লগত সংপৃক্ত হৈ আছে। 

ডি ডি ৰাফেল [D D Raphael]ৰ মতে, “ন্যায়ে ব্যক্তিৰ অধিকাৰ আৰু লগতে সমাজৰ শৃংখলা ৰক্ষা কৰে।” [“Justice protects the rights of the individual as well as the order of the Society”]

জে. এচ. মিল (J.S.Mill)ৰ মতে— “ন্যায়ে শুদ্ধভাৱে কাম সম্পাদন কৰা, অশুদ্ধবোৰ সম্পাদন কৰাৰ পৰা বিৰত থকা আৰু আন কোনো ব্যক্তিয়ে আমাৰ পৰা তেওঁৰ নৈতিক অধিকাৰ বুলি দাবী কৰিব পৰা কাম সম্পাদন কৰাক বুজায়।” [“Justice implies something which it is not only right to do and wrong not to do, but which some individual person can claim from us as his moral rights”]

ওপৰৰ সংজ্ঞা সমূহ পর্যালোচনা কৰি চালে দেখা যায় যে প্রাচীন দার্শনিক সকলে ন্যায়ক নৈতিক, সামাজিক আৰু ৰাজনৈতিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰাৰ বিপৰীতে আধুনিক চিন্তাবিদ সকলে বৌদ্ধিক, সামজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশৰ পৰা বিচাৰ কৰে। যি কি নহওক, দৃষ্টিকোণৰ পৰাই বিচাৰ কৰা নহওক কিয় বিভিন্ন দার্শনিক-চিন্তাবিদ সকলে আগবঢ়োৱা কোনো এটা ধাৰণাকেই শুদ্ধ বুলি ক’ব নোৱাৰি। কাৰণ ন্যায় বুলিলে প্ৰাচীন কালত যি বুজা হৈছিল, বৰ্তমানৰ ধাৰণা বেলেগ। ঠিক সেইদৰে বৰ্তমানে যাকন্যায় বুলি উল্লেখ কৰা হৈছে, ভবিষ্যতে হয়তো এই ধাৰণাৰো পৰিৱৰ্তন হ’ব গতিকে ন্যায়ৰ ধাৰণাটো এক গতিশীল ধাৰণ আৰু স্থানভেদে ইয়াৰ পৰিৱৰ্তন হ’ব পাৰে । ন্যায়ৰ লগত যিহেতু নৈতিক, সামাজিক নৈতিক,অর্থনৈতিক, ধর্মীয় স্বতন্ত্রতা, সমতা আদিৰ দৰে অৱধাৰণাসমূহ জড়িত হৈ আছে। গতিকে সময় আৰু পৰিবেশৰ পৰিৱৰ্তনৰ লগে লগে ইয়াৰ অৰ্থও পৰিৱৰ্তন হোৱাতো একো অস্বাভাৱিক নহয়।

গতিকে ক’ব পাৰি যে, ব্যক্তিৰ সমতা আৰু স্বতন্ত্ৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি, নিৰপেক্ষভাৱে যোগ্য ব্যক্তিক প্রাপ্য সুবিধা প্ৰদান কৰাকে ন্যায় বুলিব পাৰি। আন কথাত আনৰ প্ৰতি অন্যায় অবিচাৰ নকৰাকৈ নিজৰ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাটোৱে হৈছে ন্যায়।

সামৰণিত আমি ক’ব পাৰো যে সমাজত বাস কৰা সকলো শ্ৰেণীৰ লোকৰ মাজত সেৱা, সামগ্ৰী, সুযোগ-সুবিধা, পুৰস্কাৰ, দায়বদ্ধতা, বোজা আৰু জৰিমনাসমূহৰ নি আৰু সঠিক বিতৰণেই হৈছে ন্যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top