Political Sociology Unit 2 মূল অৱধাৰণা

Political Sociology Unit 2 মূল অৱধাৰণা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Sociology Unit 2 মূল অৱধাৰণা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Sociology Unit 2 মূল অৱধাৰণা Question Answer can be of great value to excel in the examination.

Political Sociology Unit 2 মূল অৱধাৰণা

Join Telegram channel

Political Sociology Unit 2 মূল অৱধাৰণা Notes cover all the exercise questions in UGC Syllabus. The Political Sociology Unit 2 মূল অৱধাৰণা in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Basic Concepts

SOCIOLOGY

POLITICAL SOCIOLOGY

ৰাজনৈতিক সমাজতত্ত্ব

1. Define power. Explain the kinds or forms of power.

Ans : প্ৰাচীন কালৰে পৰাই ৰাজনীতিৰ অধ্যয়নত ‘ক্ষমতা’ পদটো ব্যৱহাৰ কৰি অহা হৈছে। এৰিষ্ট’টল, মেকিয়াভেলী,হবছৰ পৰা আধুনিক কাললৈকে ক্ষমতাই ৰাজনীতিৰ প্ৰধান বিষয় হিচাপে গণ্য হৈ আহিছে।

ক্ষমতা সম্পৰ্কে বিভিন্ন ৰাজনীতি বিজ্ঞানীয়ে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। কাৰ্ল ফ্ৰেডাৰিকৰ মতে ক্ষমতাই এক নিৰ্দিষ্ট ধৰণৰ মানৱীয় সম্পৰ্কক বুজায়।

টনি (Tawney)ৰ মতে- “কোনো ব্যক্তি বা ব্যক্তি গোষ্টীৰ আচৰণ আৰু কাৰ্যকলাপ নিজৰ ইচ্ছা অনুযায়ী পৰিচালনা কৰাৰ দক্ষতাকেই ক্ষমতা বোলে।”

ফ্ৰাংকেল (Frankel) ৰ মতে, “ব্যক্তি বা ৰাষ্ট্ৰৰ নিজা ইচ্ছা অনুযায়ী কোনো পৰিৱৰ্তন কৰিব পৰা বা কোনো ফলাফল লাভ কৰিব পৰা দক্ষতাই হৈছে ক্ষমতা।”

মৰগেনথ (Morgentha) ৰ “Power is a psychological relation between those who exercise it and those over whom it is exercised.”

লাচওৱেল আৰু কাপলানৰ মতে “Power is participation in the making of decisions.”সিদ্ধান্তত অংশগ্ৰহণ কৰি আনক সুবিধাৰ পৰা বঞ্চিত কৰাৰ ভয় দেখুৱাই বা ভীতি প্ৰদৰ্শন কৰি আনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰাৰ প্ৰক্ৰিয়াই হৈছে ক্ষমতা।”

সাধাৰণতে প্ৰায়োগিক দিশত ক্ষমতাক বিশ্লেষণৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হয়। বহু সময়ত প্ৰভাৱ আৰু ক্ষমতা একে যেন লাগিলেও দুয়োটাৰে পাৰ্থক্য আছে।প্ৰভাৱ ৰাজনৈতিক ক্ষমতালৈ পৰিৱৰ্তন হ’ব যদিহে প্ৰভাৱত ৰাষ্ট্ৰীয় ক্ষমতাৰ লগত জড়িত কৰিব পৰা যায়।

ক্ষমতাৰ লগত অনুশাসন জড়িত হৈ থাকে। নাগৰিকসকলে ৰাষ্ট্ৰীয় ক্ষমতা মানি চলে। কাৰণ অনুশাসনৰ বাবে পুৰস্কাৰ বা শাস্তিৰ ভয় থাকে। কিন্তু ভীতি প্ৰদৰ্শন ,শাস্তিৰ ভয়,পুৰস্কাৰৰ আশা বা প্ৰলোভন ,বলপূৰ্বক কাৰ্যব্যৱস্থা ক্ষমতাৰ অন্তৰ্ভুক্ত নহয়। এইবোৰ ক্ষমতা আহৰণৰ উপায়হে।

প্ৰয়োগৰ দিশৰ পৰা ক্ষমতাক ক্রেছপিনিয়ে ক্ষমতাক কেইবাটাও ভাগত ভাগ কৰিছে। সেইবোৰ হ’ল – 

১. প্ৰত্যয়জনক ক্ষমতা (Presuasive power) : যুক্তিৰ ভিত্তিত কোনো ব্যক্তিয়ে আন ব্যক্তিক নিজৰ ইচ্চামতে কাম কৰাবলৈ বাধ্য কৰাব পাৰে। যুক্তিৰ যোগেদি এজনে আনজনক প্ৰত্যয় জন্মই প্ৰভাৱ বিস্তাৰ কৰিব পৰা ক্ষমতাৰ সম্পৰ্কক প্ৰত্যয়জনক ক্ষমতা বোলা হয়।

২. বৈধ ক্ষমতা (Legitimate power relationship) : এজন ব্যক্তিয়ে আইনসংগতভাৱে আন এজন ব্যক্তিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। দ্বিতীয়জন ব্যক্তিয়ে প্ৰথমজন ব্যক্তিৰ ক্ষমতা প্ৰয়োগ কাৰ্যক বৈধ বুলি গ্ৰহণ কৰিলে ক্ষমতাৰ এনে প্ৰকাৰক বৈধ ক্ষমতা বোলা হয়। এই প্ৰকাৰ ক্ষমতাত ক্ষমতা প্ৰয়োগ কৰা হ’ব তেওঁ ক্ষমতা প্ৰয়োগৰ অধিকাৰক স্বীকৃতি দিব লাগিব।

৩. সন্মোহিনী ক্ষমতা (Attachment power) : শ্ৰদ্ধা, মৰম,ভক্তিভাব,আদিয়ে ক্ষমতা প্ৰয়োগত সহায় কৰে। এজন ব্যক্তিৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভক্তিৰ বাবে আন এজন ব্যক্তিয়ে প্ৰথমজনৰ নিৰ্দেশমতে কাম কৰিলে, তেতিয়া সেই দুজন ব্যক্তিৰ মাজৰ ক্ষমতাৰ সম্পৰ্কক সন্মোহিনী ক্ষমতা বোলা হয়। মাক-দেউতাকৰ প্ৰতি শ্ৰদ্ধা থকাৰ বাবে সন্তানে পিতৃ -মাতৃৰ নিৰ্দেশ মতে কাম কৰিলে সন্মোহিনী ক্ষমতা বুলিব পাৰি। এনে ক্ষমতাৰ অধিকাৰী হোৱাৰ বাবেই ভাৰতৰ মহাত্মা গান্ধী, নেহৰুৱে, মাংজেডঙে চীনত, লেনীন ছোভিয়েট ৰুছিয়াত সমগ্র জনসাধাৰণক প্ৰভাৱিত পাৰিছিল। 

৪. ভীতিমূলক ক্ষমতা (Coerceive power) : যেতিয়া ভয় দেখুৱাই ক্ষমতা প্ৰয়োগ কৰা হয় তেনে ক্ষমতাক ভীতিমূলক ক্ষমতা বোলা হয়। এখন ৰাষ্ট্যই ভয় দেখুৱাই আন এখন ৰাষ্ট্ৰক কোনো সিদ্ধান্ত গ্ৰহণত প্ৰভাৱ পেলাব পাৰে বা এজন ব্যক্তিয়ে আন ব্যক্তিক একেদৰে ভীতি প্ৰদৰ্শন কৰি ক্ষমতা প্ৰয়োগ কৰিব পাৰে।

৫. প্ৰৰোচিত ক্ষমতা (Inducive power) : এজন ব্যক্তিয়ে আন এজন ব্যক্তিক পুৰস্কাৰৰ লোভ দেখুৱাই প্ৰভাৱিত কৰিব পাৰে আৰু নিজৰ উদ্দেশ্য সাধনৰ বাবে ব্যৱহাৰ কৰিব পাৰে। এনে ক্ষমতাক প্ৰৰোচিত ক্ষমতা বোলা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰই ‘Marshall plan’ ৰ অধীনত উন্নয়নশীল দেশসমূহক অৰ্থনৈতিক সাহায্যৰ প্ৰতিশ্ৰুতি দি প্ৰভাৱ বিস্তাৰ কৰিছিল।

৬. প্ৰতিক্ৰিয়া সম্পৰ্কীয় ক্ষমতা (Reactional Power) : এনে জাতীয় সম্পৰ্কত প্ৰলোভন বা ভীতি প্ৰদৰ্শন নাথাকে। এজন ক্ষমতাশীল ব্যক্তিৰ নিৰ্দেশনামতে কাম কৰিলে হয়তো ভৱিষ্যত উপকাৰ হ’ব আৰু নিৰ্দেশ অমান্য কৰিলে হয়তো ভৱিষ্যতে বিপদত পৰিব। এনে প্ৰতিক্ৰিয়াৰ দ্বাৰা আনৰ মতে প্ৰভাৱিত হোৱা প্ৰতিক্ৰিয়া সম্পৰ্কীয় ক্ষমতা বোলা হয়। সাধাৰণতে কাৰ্যালয়ত কৰ্মচাৰীৰ মাজত এনেধৰণৰ ক্ষমতাৰ সম্পৰ্ক পৰিলক্ষিত হয়।

৭. প্রতিবন্দকতাৰ ক্ষমতা (Impediment power) : যেতিয়া কোনো এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ উদ্দেশ্য সাধনত বাধা দি সেই ব্যক্তিজনক নিজৰ উদ্দেশ্য সাধনত প্ৰয়োগ কৰে, তেতিয়া দুইজন ব্যক্তিৰ মাজৰ ক্ষমতাৰ সম্পৰ্কক প্রতিবন্দকতাৰ ক্ষমতা বোলে।

ক্রেছপিনিয়ে কৰা ক্ষমতাৰ বিভাজনৰ উপৰিও Russel এ বিভাজনৰ মাজত তলত দিয়া ধৰণে কৰিছে। মানুহক প্ৰভাৱিত কৰা ক্ষমতাক Russel এ তিনিটা শ্ৰেণীত ভাগ কৰিছে – 

১) মানুহৰ শৰীৰত পোনপটীয়াকৈ প্ৰভাৱিত কৰা শাৰীৰিক ক্ষমতা।

২) প্ৰলোভন বা পুৰস্কাৰ আৰু শাস্তিৰ ৰূপত প্ৰয়োগ কৰা ক্ষমতা আৰু

৩) প্ৰভাৱ আৰু অভিমতৰ ওপৰত প্ৰয়োগ কৰা ক্ষমতা।

ইয়াৰ উপৰিও ৰাছেলে আন কেইবিধমান পৃথক ক্ষমতাৰ কথা উল্লেখ কৰিছে। তেনে ক্ষমতা হ’ল – 

৪) পৰম্পৰাগত ক্ষমতা। ধৰ্ম, বিশ্বাস, অভ্যাস আদিৰ ওপৰত এনে ক্ষমতা নিৰ্ভৰশীল। এনে প্ৰকাৰৰ ক্ষমতাক তেওঁ ‘উলংগ’ ক্ষমতা বুলিও উল্লেখ কৰিছে। এনে ক্ষমতা সামৰিক ক্ষমতাৰ লগতো জড়িত হৈ থাকে। অৱশ্যে জনসাধাৰণৰ মাজত বিশ্বাস বা পৰম্পৰা থাকিলেহে এনে ক্ষমতা বৰ্তি থাকিব পাৰে। পৰম্পৰাগত ক্ষমতা বিফল হ’লে বিপ্লৱী ক্ষমতায় ঠাই লয়।

৫) বিপ্লৱী ক্ষমতা ক্ষমতাৰ আন এটা ভাগ। ব্যক্তি আৰু সংগঠনৰ ক্ষমতা আহৰণৰ পদ্ধতি অনুসৰি ৰাছেলে আকৌ ক্ষমতাক আন এটা শ্ৰেণীত ভাগ কৰিছে। এইবিধ ক্ষমতা হ’ল – 

৬) বংশানুক্ৰমিক বা উত্তৰাধিকাৰী সূত্ৰে আহৰণ কৰা ক্ষমতা। এইবিধ ক্ষমতাৰ ভেটি হৈছে জ্ঞান আৰু দক্ষতা। গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সংগঠনসমূহত উত্তৰাধিকাৰী সূত্ৰে দক্ষতা দখল কৰা ব্যক্তিজনে জ্ঞান আৰু দক্ষতাৰ বলত ক্ষমতা আহৰণ কৰে। এজন কূটনীতিবিদ বা এজন সেনানায়কৰ গাত যিবোৰ গুণ থকাৰ প্ৰয়োজন সেই গুণ অধিক পৰিমাণে থকাজনে ক্ষমতা আহৰণ কৰে।

আন এক শ্ৰেণী ক্ষমতা হৈছে – 

৭) ৰাজনৈতিক ক্ষমতা। এনে ক্ষমতা ৰাজনৈতিক নেতাৰ হাতত থাকে। উপদেষ্টা, চোৰাংচোৱা, উচ্চপদস্থ বিষয়াই এনে কিছু ক্ষমতা উপভোগ কৰে।

সাধাৰণতে ৰাজনীতি বিজ্ঞানীসকলে ৪টা কথাৰ ওপৰত ভিত্তি কৰি ক্ষমতাৰ শ্ৰেণীবিভাজন কৰিছে। সেইকেইটা হ’ল – 

(১) বৈধতা।

(২) অনুশাসন পদ্ধতি।

(৩) অনুশাসনৰ ব্যাপকতা।

(৪) ক্ষমতা প্ৰয়োগৰ মাধ্যম।

ক্ষমতাৰ শ্ৰেণীবিভাজন সম্পৰ্কে যথেষ্ট মতানৈক্য আছে। এই বিষয়ে এতিয়াও অধিক গৱেষণাৰ প্ৰয়োজন আছে।

2. What do you mean by Authority? Discuss about the type of Authority.

Ans : মেক্স ৱেবাৰৰ সমাজতত্বৰ আন এটা উল্লেখযোগ্য অৱধাৰণা হ’ল কতৃত্বৰ (Authority) ধাৰণাটো। সমাজৰ বিষয়ে সংজ্ঞা দি ৱেবাৰে কৈছে যে, “সমাজ সামাজিক সম্বন্ধৰ জালগোঁথনি স্বৰূপ (Sociology is cobe-wabe of social relationship)। অৰ্থাৎ যিকোনো এখন সমাজত কিছুমান লোক কোনো এটা সামাজিক সম্বন্ধৰে বান্দ খাই থকা যিকোনো গোটতে কোনো ব্যক্তিৰ আন ব্যক্তিৰ ওপৰত প্ৰভূত বিস্তাৰ কৰিব পাৰে। 

কোনো লোকৰ নিৰ্দেশ বাকীসকল সদস্যই মানি চলে; যেনে – পৰিয়াল ব্যৱস্থাত ‘মূৰব্বীৰ নিৰ্দেশ বাকীসকল সদস্যই মানি চলে। এনেকৈ সমাজৰ প্রতিটো গোট বা সংগঠনবোৰ পৰিচালনা কৰিবলৈ কিছুমান লোকৰ হাতত কিছু ক্ষমতা থাকে। ৱেবাৰে এই ক্ষমতাকেই  ‘কৰ্তৃত্ব’ বুলি অভিহিত কৰিছে। উদাহৰণস্বৰূপে – ৰাজনৈতিক, অৰ্থনৈতিক, ধৰ্মীয়, প্ৰতিৰক্ষা, খেলুৱৈ দল, যিকোনো এটা সামাজিক সংস্থা আদি সংগঠনবোৰ পৰিচালনা কৰিবলৈ কিছুমান লোকৰ হাতত ক্ষমতা প্ৰদান কৰা হয়।

এই ক্ষমতা থকা লোকসকলৰ নিৰ্দেশ বাকীসকলে মানি চলিব লাগে। ক্ষমতাৰ দ্বাৰা নিৰ্দেশ মানিবলৈ বাধ্য কৰাব পৰা গুনকে কৰ্তৃত্ব বুলি কোৱা হৈছে।

ৱেবাৰৰ মতে কৰ্তৃত্ব হ’ল এক বিশেষ ক্ষমতা, যি ক্ষমতাৰ যোগেদি কোনো ব্যক্তিৰ নিৰ্দেশ মানিবলৈ আন ব্যক্তিক বাধ্য কৰাব পাৰে। কৰ্তৃত্বসম্পন্ন লোকৰ নিৰ্দেশ নামানিলে সমাজত শাস্তি বিতৰণৰ ব্যৱস্থা আছে। উদাহৰণস্বৰূপে বিশেষ কৰ্তৃত্ব থকা ৰাজনৈতিক নেতাৰ নিৰ্দেশ নামানিলে ভয়ংকাৰীৰ দলৰ পৰা বহিস্কাৰ বা আন যিকোনো শাস্তি বিহিব পাৰে। 

ৱেবাৰৰ মতে নিয়মীয়াভাৱে এখন সমাজ চলি থাকিবলৈ কিছুমান লোকৰ হাতত কৰ্তৃত্ব প্ৰদান কৰা দৰকাৰ। ৱেবাৰৰ মতে কৰ্তৃত্বই সামাজিক নিয়ন্ত্ৰণত সহায় কৰে। কিয়নো কৰ্তৃত্বশীল ব্যক্তিৰ নিৰ্দেশ মানি চলিবলৈ তলৰ লোকসকল বাধ্য। উদাহৰণস্বৰূপে কোনো এটা সংগঠনত মুৰব্বীৰ কৰ্তৃত্ব নিম্ন শ্ৰেণীৰ সকলোৱেই মানিবলৈ বাধ্য; ই ব্যক্তিগত ইচ্ছা-অনিচ্ছাৰ ওপৰত নিৰ্ভৰ নকৰে; গতিকে কোনো লোকে ইচ্ছামতে কাম কৰিব নোৱাৰে। কাজেই কৰ্তৃত্বৰ জৰিয়তে এখন সমাজ নিয়ন্ত্ৰণ কৰি ৰখা সম্ভৱ হয়। এই কথাৰ পৰা বুজা যায় যে ক্ষমতাৰ বৈধতাৰ ৰূপটোৱেই কৰ্তৃত্ব; অৰ্থাৎ কৰ্তৃত্বৱান লোকৰ নিৰ্দেশৰ বৈধতা থাকিব লাগে। এই বৈধতা সমাজ, আইন, চৰকাৰ, বিভিন্ন সংগঠন আদিয়ে প্ৰদান কৰে; উদাহৰণস্বৰূপে – ধৰ্মগুৰুৰ নিৰ্দেশ অমান্য কৰাৰ বাবে যিকোনো লোকক বহিস্কাৰ কৰা হয়, তেন্তে সমাজৰ ব্যক্তিসকলেও তেওঁৰ লগত সামাজিক আদান-প্ৰদান বা ভক্ষাভক্ষ আদি নকৰে। গতিকে নিয়মীয়া সমাজ সংৰচনাত কৰ্তৃত্বৰ বিশেষ ভূমিকা আছে বুলি ৱেবাৰে ক’ব বিচাৰে।

কৰ্তৃত্বৰ প্ৰকাৰ (Types of Authority) : 

কোনো লোকৰ ওপৰত কৰ্তৃত্ব অৰ্পণ কৰা বা কৰ্তৃত্ব আহৰণ কৰাৰ প্ৰতি লক্ষ্য কৰি মেক্স ৱেবাৰে কৰ্তৃত্বক তিনিটা ভাগত ভাগ কৰিছে। সেইকেইটা হ’ল – 

১) আইনগত কৰ্তৃত্ব (Legal Authority)

২) পৰম্পৰাগত কৰ্তৃত্ব(Traditional Authority)

৩) বিশেষ গুণসম্পন্ন কৰ্তৃত্ব (Charismatic Authority)

তলত এই কৰ্তৃত্বকেইটাৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল।

১) আইনগত কৰ্তৃত্ব (Legal Authority) : আইনগত কৰ্তৃত্বৰ মূল আধাৰ হ’ল আইন, বিধি বা নিয়ম। যিকোনো এখন সমাজ শৃংখলাপূৰ্ণভাৱে চলিবলৈ নিৰ্দিষ্ট আইন বা বিধিৰ প্ৰয়োজন। সমাজৰ প্ৰয়োজনৰ খাতিৰত কিছুমান বিশেষ সংস্থা বা সংগঠনে আইন ৰচনা কৰে। এই আইন প্ৰণয়নৰ বাবে ৰাষ্ট্ৰ, চৰকাৰ বা সমাজে কিছুমান লোকক দায়িত্ব দিয়ে। এইদৰে দায়িত্ব পোৱা লোকসকলে আইন কাৰ্যকৰী কৰাৰ কৰ্তৃত্ব পায়। এইসকল লোকৰ কৰ্তৃত্ব আইনৰ জৰিয়তে পৰিচালিত হয়। কোনো লোকে এই কৰ্তৃত্ব নামানিলে আইনৰ ব্যৱস্থা মতে শাস্তি ভোগ কৰিব লাগে।

এইদৰে আইনৰ জৰিয়তে পৰিচালিত কৰ্তৃত্বক আইনগত কৰ্তৃত্ব বুলি ৱেবাৰে অভিহিত কৰিছে।

আইনগত কৰ্তৃত্ব থকা ব্যক্তিসকলে চৰকাৰ বা সমাজৰ হৈ কার্য পৰিচালনা কৰে। তেওঁলোকে একো একোজন সমাজ বা চৰকাৰৰ প্ৰতিনিধি। যিমান দিন তেওঁলোকে সেই পদত থাকিব সিমান দিনলৈকেহে তেওঁলোকৰ হাতত তেনে কৰ্তৃত্ব থাকিব। 

কৰ্তৃত্ব থকা পদৰ পৰা অব্যাহতি লোৱাৰ পাছত তেওঁ আন ব্যক্তিৰ কৰ্তৃত্ব সংশ্লিষ্ট বিষয়তহে প্ৰয়োজ্যে হয়, সকলো সমাজত সকলো কৰ্তৃত্ব প্রয়োজ্যে নহয়; উদাহৰণস্বৰূপে – এজন লোকক যদি ন্যায়ালয়ৰ বিচাৰপতি পতা হয় তেন্তে তেওঁ সেই পদত থকালৈকেহে নিজৰ কৰ্তৃত্ব খাটিব। এইদৰেই বিচাৰপতিৰ কৰ্তৃত্ব কেৱল ন্যায়ালয়তহে প্রয়োজ্যে, পৰিয়ালত বা অন্য সামাজিক সংগঠনত নহয়। চৰকাৰ বা সমাজে নিযুক্তি দিয়া লোকৰহে আইনগত কৰ্তৃত্ব থাকে বাবে এনে কৰ্তৃত্ব ব্যক্তিগত কৰ্তৃত্বৰ ঊৰ্ধবত।

আইনবিলাক নিয়মিত কাৰ্যকৰী হ’বৰ বাবে আইনগত কৰ্তৃত্ব প্ৰদান কৰা হয়। গতিকে দক্ষ আৰু যোগ্য ব্যক্তিকহে এনে কৰ্তৃত্ব প্ৰদান কৰা হয়। যিহেতু আইন সমাজৰ কল্যাণৰ বাবে ৰচনা কৰা হয়, সেয়ে আইনগত কৰ্তৃত্বৰ লগত যুক্তি-যুক্ততাৰ প্ৰশ্ন জড়িত হৈ থাকে উচিত-অনুচিতৰ বিচাৰ কৰিহে আইন ৰচনা কৰা হয়; গতিকে কাৰোবাৰ ব্যক্তিগত স্বাৰ্থত আঘাত পৰিলেও আইনগত আইনগত কৰ্তৃত্ব মানি চলিবলৈ বাধ্য হ’ব লাগে।

(২) পৰম্পৰাগত কৰ্তৃত্ব (Traditional Authority) : ক্ৰমবিৱৰ্তনৰ জৰিয়তেহে মানৱ সমাজে আজিৰ অৱস্থা পাইছেহি। অতীতৰ ওপৰত নিৰ্ভৰ কৰিয়েই বৰ্তমান গঢ় লৈ উঠিছে। অতীতক বাদ দি বৰ্তমানৰ কথা কল্পনাই কৰিব নোৱাৰি। গতিকে প্ৰতিখন মানৱ সমাজতে অতীতৰ পৰা পৰম্পৰাগতভাৱে কিছুমান ৰীতি-নীতি চলি থাকে। এনে ৰীতি-নীতি পালন কৰা উচিত বুলি কোৱা হয়। পৰম্পৰাগত কৰ্তৃত্ব আইনসিদ্ধ নহ’বও পাৰে। এনে কৰ্তৃত্ব নিৰ্ভৰ কৰে সামাজিক আদৰ্শৰ ওপৰত; ইয়াত কোনো যুক্তিযুক্ততাৰ প্ৰশ্ন নুঠে। 

অতীতৰ পৰা চলি অহা বাবে সমাজে এনে কৰ্তৃত্ব স্বীকাৰ কৰি লয়। উদাহৰণস্বৰূপে পৰম্পৰাগত হিন্দুধর্মত পুৰোহিতক উচ্চ প্রস্থিতি দিয়া হয়। ধৰ্মীয় ক্ৰিয়াকাণ্ড পুৰোহিতৰ নিৰ্দেশ মতেই পালন কৰা হয়। পুৰোহিতৰ নিয়ম অমান্য কৰিলে তেওঁৰ ওপৰত ধৰ্মীয় মত অনুসৰি শাস্তি বিধানৰ ব্যৱস্থা আছে। উচ্চ শিক্ষিত এজন ব্যক্তিয়ে অশিক্ষিত পুৰোহিতৰ নিৰ্দেশ মনাৰ ক্ষেত্ৰত যুক্তিযুক্ততা নাথাকিবও পাৰে। কিন্তু যুক্তিৰ ওপৰত নিৰ্ভৰ নকৰি সমাজে পৰম্পৰাগতভাৱে চলি অহা ৰীতিৰ বাবেই পুৰোহিতৰ নিৰ্দেশ মানি লয়। 

একেদৰেই পিতৃপ্ৰধান পৰিয়ালত পিতৃ বা পিতৃৰ অবিহনে জ্যেষ্ঠ পুৰুষজনেই পৰিয়ালৰ মুৰব্বী হয়। এইদৰে পুৰোহিত বা পৰিয়ালৰ মুৰব্বীয়ে আহৰণ কৰা কৰ্তৃত্বই হ’ল পৰম্পৰাগত কৰ্তৃত্ব।

কিছুমান পৰম্পৰাগত কৰ্তৃত্বৰ লগত আইনৰ সম্বন্ধে নাই।যিবিলাক পৰম্পৰাগত কৰ্তৃত্বৰ ওপৰত লক্ষ্য ৰাখি আইন ৰচনা কৰা হৈছে তেনে কৰ্তৃত্বক আইনে সুৰক্ষা নিদিয়ে। এনে কৰ্তৃত্বই পুৰুষানুক্ৰমে চলা ৰীতি-নীতি হিচাপেই মানিবলৈ সমাজ বাধ্য হয়।

(৩) বিশেষ গুণসম্পন্ন কৰ্তৃত্ব (Charismatic Authority) : বিশেষ গুণসম্পন্ন কৰ্তৃত্বক কোনো কোনোৱে মোহিনীযুক্ত কৰ্তৃত্ব বুলিও ক’ব বিচাৰে। চেৰিচমেটিক (Charismatic) শব্দৰ অৰ্থ হ’ল বিশেষ বা অসাধাৰণ গুণ। কিছুমান মানুহৰ অসাধাৰণ গুণৰ প্ৰভাৱত হেজাৰ হেজাৰ ব্যক্তিৰ অন্তৰ জয় কৰিব পাৰে। সকলো মানুহৰে এনে গুণ নাথাকে। এনে অসাধাৰণ গুণসম্পন্ন ব্যক্তিৰ কর্তৃত্ব সমাজে বিনা প্ৰতিবাদেৰেই গ্ৰহণ কৰে; উদাহৰণস্বৰূপে – মহাত্মা গান্ধী, স্বামী বিবেকানন্দ, মাৰ্টিন লুথাৰ, মাদাৰ টেৰেচা আদি ব্যক্তিসকল। 

এইসকল ব্যক্তিৰ অসাধাৰণ গুণৰ বাবে হাজাৰ হাজাৰ লোকে তেওঁলোকৰ নিৰ্দেশ মানি চলে। এনেদৰে নিজৰ অসাধাৰণ গুণৰ জৰিয়তে আহৰণ কৰা কৰ্তৃত্বক বিশেষ গুণসম্পন্ন কৰ্তৃত্ব বুলি কোৱা হয়।

বিশেষ গুণসম্পন্ন কৰ্তৃত্ব আইন বা পৰম্পৰাগত ৰীতি-নীতিৰ লগত সম্পৰ্ক নাই, নিজৰ গুণৰ বলেৰে এনে কৰ্তৃত্ব আহৰণ কৰে।সাধাৰণতে বাকপটুতা, কৰ্ম তৎপৰতা, ৰাজনৈতিক চতুৰতা, কলা – চর্চা, সমাজসেৱা আদি গুণবোৰ বিশেষভাৱে আহৰণ কৰাৰ ফলত এনে কৰতৃত্ব অধিকাৰী হয়। এনে কৰতৃত্ব অধিকাৰী লোক যিকোনো সমাজতে যিকোনো সময়তে আবিৰ্ভাৱ হ’ব পাৰে; কিন্তু দীৰ্ঘদিন ধৰি কোনো সমাজত এনে লোক নোলাবও পাৰে।যিকোনো প্ৰস্থিতিৰ লোক এনে কৰ্তৃত্বৰ অধিকাৰী হ’ব পাৰে।

মেক্স ৱেবাৰৰ মতে যিকোনো সমাজ পদ্ধতি বা সংগঠনেও ওপৰত উল্লেখ কৰা কোনো প্ৰকাৰৰ কৰ্তৃত্ব একেলগে চলি থাকিব পাৰে; কিন্তু কৰ্তৃত্ব প্ৰয়োগৰ দিশসমূহ বেলেগ বেলেগ হ’ব লাগিব। কেতিয়াবা একেজন ব্যক্তিয়ে তিনিও ধৰণৰ কৰ্তৃত্বৰ অধিকাৰী হ’ব পাৰে; যেনে – কোনো এজন আমোলাৰ আইনগত কৰ্তৃত্ব থাকে। একেজন মানুহ কোনো এটা পৰিয়ালৰ মুৰব্বীও হ’ব পাৰে আৰু একেজন মানুহৰে যদি বিশেষ কোনো গুণ থাকে তেন্তে তেওঁ বিশেষ গুণসম্পন্ন কৰ্তৃত্বৰ অধিকাৰীও হ’ব পাৰে। মুঠৰ ওপৰত সমাজ এখন সুস্থ আৰু নিয়মিত ৰূপত চলিবৰ বাবে কিছুমান লোকৰ ওপৰত কৰ্তৃত্ব প্ৰদান কৰা প্ৰয়োজন।

3. What do you mean by state? What are the elements of State?

Ans : ৰাষ্ট্ৰ হৈছে এক ৰাজনৈতিক সংগঠন।যি সংগঠনে জনসাধাৰণৰ ইচ্ছা-আকাংক্ষাসমূহ পূৰণ কৰে, যি নাগৰিকক সুৰক্ষা প্ৰদান কৰে, সেই সংগঠনকে ৰাষ্ট্ৰ বোলে। ব্যক্তিৰ জীৱন নিয়ন্ত্ৰণ কৰিব পৰা একমাত্ৰ আইনগত ৰাজনৈতিক অনুষ্ঠানটো হৈছে ৰাষ্ট্ৰ। ৰাষ্ট্ৰৰ অবিহনে কোনো ৰাজনৈতিক অনুষ্ঠান গঠন হ’ব নোৱাৰে। 

সহজ অৰ্থত নিৰ্দিষ্ট ভূখণ্ড , জনসাধাৰণ, চৰকাৰ আৰু সাৰ্বভৌমত্ব এই চাৰিটা উপাদানেৰে গঠিত ৰাজনৈতিক সংগঠনটোক ৰাষ্ট্ৰ বোলে; অৰ্থাৎ যি ৰাজনৈতিক সংগঠনৰ এখন চৰকাৰ থাকে আৰু সেই চৰকাৰৰ এক নিৰ্দিষ্ট ভূখণ্ড আৰু সেই ভূ-খণ্ডত থকা জনসাধাৰণৰ ওপৰত নিজৰ সাৰ্বভৌম ক্ষমতা প্ৰয়োগ কৰিব পাৰে, তেনে সংগঠক ৰাষ্ট্ৰ বোলে।

ৰাষ্ট্ৰ শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে ‘State’ এই  ‘State’ শব্দটো লেটিন শব্দ Status (ষ্টেটাছ) শব্দটোৰ পৰা আহিছে। Status শব্দটোৱে এক সামাজিক স্থান বা স্থিতিক বুজায়। পঞ্চম শতিকাৰ শেষৰফালে বিকাশ ৰোমান সাম্ৰাজ্য ভুগি টুকুৰা-টুকৰ হোৱাৰ পিছত টিউটণ (Teutons) জনজাতিসকলে প্ৰতিষ্ঠা কৰা সৰু ৰাজ্যক্ষেত্ৰক বুজাবলৈ ষ্টেট শব্দটো ব্যৱহাৰ কৰিছিল। ভাষাতত্ববিদসকলে বিশ্বাস কৰে যে এই টিউটনসকলৰ ‘ষ্টেটাচ’ ৰ পৰা ইংৰাজী State শব্দৰ উৎপত্তি হৈছিল। 

অৱশ্যে ষোল্লশ শতিকাৰ ইটাৰীল দাৰ্শনিক মেকিয়াভেলিয়ে (1469 – 1527) তেওঁৰ ‘প্ৰিন্স’ (The Prince, 1513) নামৰ গ্ৰন্থত পোনপ্ৰথমে ৰাষ্ট্ৰ শব্দটো ব্যৱহাৰ কৰিছিল। ৰাষ্ট্ৰৰ সম্পৰ্কে প্লেটো, এৰিষ্টটলৰ সময়ৰপৰাই চিন্তাধাৰা প্ৰকাশ পাই আহিছে। যদিও প্ৰাচীন গ্ৰীক আৰু বৰ্তমানৰ ৰাষ্ট্ৰৰ ধাৰণাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। খ্ৰীষ্টপূৰ্বৰ ৩০০-৪০০ ৰ ভিতৰত ৰাষ্ট্ৰৰ ধাৰণা আছিল অতি সীমিত। অৱশ্যে ১৭ শতিকাত ইউৰোপত যি ৰাজনৈতিক সাৰ্বভৌমত্ব ধাৰণাৰ বিকাশ হৈছিল, সেই ধাৰণাই ৰাষ্ট্ৰৰ বিকাশত সহায় কৰিছিল।

ৰাষ্ট্ৰৰ কিছুমান মৌলিক উপাদান বা অংগ আছে। এই মৌলিক উপাদানসমূহৰ দ্বাৰা ৰাষ্ট্ৰ সৃষ্টি বা গঠন হয়। ৰাষ্ট্ৰ এখন গঠন হ’বৰ বাবে কি কি মৌলিক উপাদানৰ প্ৰয়োজন সেই সম্পৰ্কে তলত আলোচনা কৰা হ’ল – 

(a) জনসমষ্টি (Population) : ৰাষ্ট্ৰ গঠনৰ প্ৰথমটো উপাদান হৈছে জনসমষ্টি বা ব্যক্তিৰ সমষ্টি। ব্যক্তিৰ অবিহনে ৰাষ্ট্ৰ গঠনৰ কথা কল্পনাও কৰিব নোৱাৰি। ৰাষ্ট্ৰ গঠন হ’বলৈ হ’লে কিছুমান ব্যক্তিয়ে একেলগ হৈ স্থায়ীভাৱে বসবাস কৰিব লাগিব। অৱশ্যে কিমান সংখ্যক ব্যক্তি থাকিব লাগিব তাৰ কোনো নিৰ্দিষ্ট ধৰা বন্ধা নীতি নাই। ৰাষ্ট্ৰত স্থায়ীভাৱে বসবাস কৰি থকা লোকক নাগৰিক বুলি কোৱা হয়। অৱশ্যে কিছু বিদেশী লোকেও ৰাষ্ট্ৰত বাস কৰি থাকে।

(b) নিৰ্দিষ্ট ভূ-খণ্ড (Definite Territory) : ৰাষ্ট্ৰৰ দ্বিতীয়টো অপৰিহাৰ্য উপাদান হৈছে নিৰ্দিষ্ট ভূ-খণ্ড। এডোখৰ নিৰ্দিষ্ট ভূ-খণ্ড বা ভৌগোলিক স্থান নাথাকিলে ৰাষ্ট্ৰ এখন গঠন হ’ব নোৱাৰে। প্ৰত্যেক ৰাষ্ট্ৰৰ এডোখৰ নিৰ্দিষ্ট ভূ-খণ্ড থাকে আৰু জনসাধাৰণে সেই নিৰ্দিষ্ট ভূ-খণ্ডত স্থায়ীভাৱে বসবাস কৰি থাকে।অৱশ্য ৰাষ্ট্ৰ এখনৰ ভূ-খণ্ড কিমান থাকিব লাগিব তাৰ কোনো সীমা নাই। চীন, ভাৰত, ৰাছিয়া, কানাডাৰ নিচিনা ব্যাপক আয়তনৰ ৰাষ্ট্ৰ আছে। আনহাতে শ্ৰীলংকা, নেপাল, ভূটান আদিৰ দৰে কম ভৌগোলিক অঞ্চলৰ ৰাষ্ট্ৰও আছে।

(c) চৰকাৰ (Government) : ৰাষ্ট্ৰ এখনৰ তৃতীয়টো অপৰিহাৰ্য অংগ বা উপাদান হৈছে চৰকাৰ। ৰাষ্ট্ৰ এখন পৰিচালনা আৰু ইয়াৰ বিভিন্ন নীতি বা আইন-শৃংখলা বৰ্তাই ৰাখিবৰ বাবে এখন চৰকাৰ থাকে। সেয়ে চৰকাৰক ৰাষ্ট্ৰৰ এটা যন্ত্ৰ বুলিব পাৰি। ৰাষ্ট্ৰয় চৰকাৰৰ দ্বাৰা সাৰ্বভৌমত্ব প্ৰয়োগ কৰে। ৰাষ্ট্ৰভেদে চৰকাৰৰ প্ৰকৃতি বেলেগ বেলেগ হ’ব পাৰে যদিও বৰ্তমান সময়ত প্ৰয়বোৰ ৰাষ্ট্ৰত গণতান্ত্ৰিক চৰকাৰ প্ৰচলন থকা দেখা যায়।

(d) সাৰ্বভৌমত্ব (Sovereignty) : ৰাষ্ট্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদানটো হৈছে সাৰ্বভৌমত্ব। জনসমষ্টি, নিৰ্দিষ্ট ভূ-খণ্ড আৰু চৰকাৰ থকাৰ পিছতো যদি সাৰ্বভৌমত্ব নাথাকে তেতিয়া তাক ৰাষ্ট্ৰ আখ্যা দিব নোৱাৰি। উদাহৰণ স্বৰূপে ভাৰতবৰ্ষ এখন ৰাষ্ট্ৰ,কিয়নো ইয়াৰ সাৰ্বভৌমত্ব আছে। কিন্তু অসম এখন ৰাষ্ট্ৰ নহয়, কিয়নো ৰাষ্ট্ৰৰ আন তিনিটা উপাদান (জনসমষ্টি, নিৰ্দিষ্ট ভূ-খণ্ড আৰু চৰকাৰ) থাকিলেও অসমৰ সাৰ্বভৌমত্ব নাই, গতিকে অসম ৰাষ্ট্ৰ নহয়। 

সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰ এখনৰ সৰ্বোচ্চ ক্ষমতা। সাৰ্বভৌমত্বই ৰাষ্ট্ৰ এখনৰ বাহ্যিক আৰু আভ্যন্তৰীণ সকলো হস্তক্ষেপৰ পৰা মুক্ত হোৱাটোকে বুজায়। কেৱল ৰাষ্ট্রৰহে সাৰ্বভৌমত্ব থাকে। সাৰ্বভৌমত্ব থকাৰ বাবেহে ৰাষ্ট্ৰক আন ৰাজনৈতিক সংগঠনৰ পৰা পৃথক কৰিব পাৰি।

ওপৰত আলোচনা কৰা চাৰিটা উপাদানেই হৈছে এখন ৰাষ্ট্ৰৰ প্ৰধান মৌলিক বা অপৰিহাৰ্য উপাদান। ইয়াৰে কোনো এটাৰ অবিহনেও এখন ৰাষ্ট্ৰ গঠন হ’ব নোৱাৰে।

4. Analyse the social contract theory of the origin of the state.

Ans : ৰাষ্ট্ৰ উৎপত্তি মতামতৰ ভিতৰত সামাজিক চুক্তি মতামতটো অতি গুৰুত্বপূৰ্ণ। এই মতামত অনুসৰি ৰাষ্ট্ৰ সামাজিক চুক্তিৰ ফলস্বৰূপে সৃষ্টি হৈছে। প্লেটো, কৌটিল্য, হুকাৰ, গ্ৰাটিয়াছ আদি চিন্তাবিদৰ লিখনিত চুক্তিৰ আভাস পোৱা যায়। কিন্তু ১৭ আৰু ১৮ শতিকাৰ হবছ, লক আৰু ৰুছো এই মতবাদৰ প্ৰধান প্ৰবক্তা আছিল।

ইংৰাজ দাৰ্শনিক হবছে ১৬৫১ চনত ‘Laviathan’ গ্ৰন্থত, লকে ১৬৯০ চনত ‘Two Treatise on Civil Government’ গ্ৰন্থত আৰু ফৰাচী দর্শনিক ৰুছোৱে ১৭৬২ চনত প্ৰকাশ কৰা ‘Social Contract’ নামৰ গ্ৰন্থত সামাজিক চুক্তি তত্বৰ আলোচনা কৰিছিল। তিনিওজন দাৰ্শনিকে নিজা ধৰণেৰে ৰাষ্ট্ৰ উৎপত্তিৰ ব্যাখ্যা ধৰিছে।

হবছৰ সামাজিক চুক্তি : হবছৰ মতে মানুহে আদিম অৱস্থাত প্ৰাকৃতিক ৰাজ্যত এক অৰাজকতাৰ মাজত বাস কৰিছিল। প্ৰকৃতিৰ ৰাজ্যত আইন শৃংখলাও নাছিল, শান্তিও নাছিল। দুৰ্বলৰ ওপৰত বলিৰ অত্যাচাৰ আৰু কথাত মৎস্যন্যায় আছিল। 

প্ৰকৃতি ৰাজ্যৰ মূল নীতি মানুহ স্বাৰ্থপৰ ধূৰ্ত, আত্মকেন্দ্ৰিক আৰু হিংস্ৰ আছিল, “Poor, solitary nasty, brutish and short” এনে অৰাজকতাৰ পৰা ৰক্ষা পাবলৈ, আইন-শৃংখলা আৰু নিৰাপত্তাৰ মাজেৰে সত্য জীৱন-যাপন কৰিবলৈ, সমাজৰ প্ৰত্যকজন মানুহে তেওঁলোকৰ ব্যক্তিগত অধিকাৰ এজন লোকৰ ওপৰত অৰ্পণ কৰি এখন চুক্তি সম্পাদন কৰিলে। 

যাৰ ওপৰত জনসাধাৰণে বিনাচৰ্তে অধিকাৰ অৰ্পণ কৰিলে তেঁও হ’ল সৰ্বশক্তিমান ৰজা। তেঁও চুক্তিৰ অন্তৰ্ভুক্ত নহয় বাবে ক্ষমতাচ্যুত কৰিব নোৱাৰি। আইন তেওঁৰ বহতীয়া কাৰণ ৰজাজন আইনৰ ঊৰ্ধবত।জনসাধাৰনে ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব নোৱাৰিব। এনেদৰে প্ৰকৃতি ৰাজ্যৰাজকতাৰ পৰা ৰক্ষা পাবলৈ জনসাধাৰণে এক চুক্তি কৰিলে আৰু ৰাষ্ট্ৰৰ সৃষ্টি হ’ল।

লকৰ সামাজিক চুক্তি : লকৰ মতে প্ৰকৃতি ৰাজ্যত মানুহে সত্য জীৱন-যাপন কৰিছিল। তাত শান্তি আৰু স্বাধীনতা বিৰাজ কৰিছিল।কিন্তু প্ৰকৃতি ৰাজ্যত নিয়ম ব্যাখ্যা কৰিবলৈ কোনো কৰ্তৃপক্ষ নোহোৱা বাবে, বিবাদ নিষ্পত্তি কৰিবলৈ কোনো কৰ্তৃপক্ষ নথকা বাবে নিৰাপত্তা নাছিল। সমাজত আইন প্ৰণয়ন কৰিবলৈ আৰু ব্যক্তিগত অধিকাৰ ৰখনবেক্ষণ দিবলৈ কোনো কৰ্তৃত্ব নাছিল। সেয়েহে মুক্তি প্ৰয়াসৰ বাবে জনসাধাৰণে দুটা চুক্তি কৰিলে– (১) প্ৰথম চুক্তি মতে জনসাধাৰণে চুক্তি কৰি নিজৰ মাজতে ৰাষ্ট্ৰৰ সৃষ্টি কৰিলে। 

(২) দ্বিতীয় চুক্তি অনুসৰি তেওঁলোকে ৰাষ্ট্ৰৰ শাসনভাৰ এজন ৰজাৰ হাতত অৰ্পণ কৰিলে। এনেদৰে চৰকাৰ গঠন হ’ল।ৰজা চুক্তিৰ অন্তৰ্ভুক্ত।ৰজাই জনসাধাৰণৰ জীৱন।সম্পত্তি আৰু স্বাধীনতা ৰক্ষা কৰিব লাগিব। অন্যথাই তেওঁলোকে ৰজাৰ পদচ্যুত কৰিব পাৰিব। এনেদৰে ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰি জনসাধাৰণে ৰজাক সীমিত ক্ষমতা অৰ্পন কৰিছিল।

ৰুছোৰ সামাজিক চুক্তি : ৰুছোৰ প্ৰকৃতি ৰাজ্যত মানুহ সৰল  আৰু বন্য আছিল। সকলো মানুহে প্ৰকৃতিৰ আইন মানি চলিছিল আৰু ব্যক্তি স্বাধীনতা অটুট আছিল। তাত শান্তি শৃংখলা বিৰাজ কৰিছিল। প্ৰকৃতি ৰাজ্য ভূ-স্বৰ্গৰ দৰে আছিল।

সম্পত্তিৰ আবিৰ্ভাৱৰ লগে লগে জীৱন যাত্ৰাত বাধা জন্মিল। জনসংখ্যাৰ বৃদ্ধি, ব্যক্তিগত সম্পত্তি আৰু তথাগঠিত সভ্যতাই নানা আৰ্থিক সামাজিক সমস্যাৰ সৃষ্টি কৰিলে। জনসাধাৰণৰ সুখ-শান্তি নাইকিয়া হ’ল। বিৰোধ, সংঘাত আৰু যুদ্ধই মানুহৰ নিৰাপত্তা বিপদাপন্ন কৰি তুলিলে। 

এনে অস্বাভাৱিক অৱস্থাৰ পৰা মুক্তি লাভ কৰি পুনৰ সুখ-শান্তি প্ৰতিষ্ঠা কৰিবলৈ জনসাধাৰণে তেওঁলোকৰ মাজত এক চুক্তি সম্পাদন কৰিলে। এই চুক্তিৰ ফলতেই ৰাষ্ট্ৰৰ সৃষ্টি হ’ল। ৰুছোৰ মতে জনসাধাৰণে তেওঁলোকৰ অধিকাৰ ব্যক্তি বা শাসনকৰ্তাৰ ওচৰত অৰ্পণ কৰা নাছিল। চুক্তিৰ মতে ‘সাধাৰণ ইচ্ছা’ৰ ওচৰতহে জনসাধাৰণে অধিকাৰ অৰ্পন কৰিলে। এই সাধাৰণ ইচ্ছাই হ’ল সাৰ্বভৌম শক্তি। অৰ্থাৎ ৰাষ্ট্ৰ জনসাধাৰণৰ ইচ্ছাৰ সৃষ্টি আৰু সাধাৰণ ইচ্ছা হ’ল জনসাধাৰণৰ সদ ইচ্ছা, জনকল্যান আৰু স্বাৰ্থ ৰক্ষা কৰাৰ ইচ্ছা। প্ৰাকৃতিক স্বাধীনতাই নাগৰিক স্বাধীনতাৰ ৰূপ পালে। জনসাৰ্বভৌমত্ব প্ৰতিষ্ঠিত হ’ল।ইয়াৰ যোগেদি চৰকাৰৰ ক্ষমতাক নিয়ন্ত্ৰণ কৰিব পৰা হ’ব চৰকাৰৰ ৰাজহুৱা সাৰ্বভৌমত্বৰ বহতীয়া হ’ব আৰু আইনগত সমগ্র জাতিৰ ইচ্ছাৰ প্ৰতিফলন হ’ব।

সমালোচনা : ১৮ শতিকাৰ শেষভাগত আৰু ১৯ শতিকাৰ আৰম্ভণিত বাৰ্কাৰ, অষ্টিন, গ্ৰীণ আদি চিন্তাবিদে এই মতবাদৰ সমালোচনা কৰিছে তলত এই মতবাদৰ সমালোচনাৰ প্ৰধান দিশসমূহ জুকিয়াই চোৱা হ’ল।

১. এই মতবাদ অনা-ঐতিহাসিক : হিউম আৰু হেনৰি মেইনে ইয়াক ইতিহাস বিৰোধী বুলি আখ্যা দিছে। ৰাজনৈতিক চেতনাবিহীন মানুহে কেতিয়াও চুক্তিৰ মাধ্যমত ৰাষ্ট্ৰ সৃষ্টি কৰাৰ উদাহৰণ ইতিহাসত পাবলৈ নাই।

২. চুক্তি শেষ পৰ্যায়হে : হেনৰি মেইনৰ মতে চুক্তি শেষ পৰ্যায়তহে কৰা হয়; আৰম্ভণিত চুক্তি কৰা নহয়। সমাজ বিৱৰ্তনৰ শেষ পৰ্যায়তহে চুক্তি সম্ভৱপৰ হ’ব পাৰে। চুক্তিৰ ধাৰণা কৰিবলৈ আদিম সমাজৰ মানুহ চেতনা পৰিপক্ক নাছিল।

৩. প্ৰকৃতি ৰাজ্য ধাৰণাটো আবাস্তৱ : প্ৰকৃতি ৰাজ্য কেতিয়াও নাছিল। হবছৰ মতেও এক কাল্পনিক ধাৰাহে। প্ৰকৃতিৰ মাজত ৰাজ্য থাকিব নোৱাৰে।ৰাজ্য ব্যৱস্থা অৰ্থ হ’ল প্ৰশাসন, স্বতন্ত্ৰতা, কৰ্তৃত্ব আদি থকা। কিন্তু প্ৰকৃতি ৰাজ্যত এইবোৰ নাছিল।

৪. ব্যক্তি স্বতন্ত্ৰতা থকা অসম্ভৱ : প্ৰকৃতি ৰাজ্যত ব্যক্তিৰ স্বতন্ত্ৰতা আছিল আৰু চুক্তিৰ দ্বাৰা সেই স্বতন্ত্ৰতা অৰ্পন কৰি ৰাষ্ট্ৰ সৃষ্টি কৰা মতবাদ শুদ্ধ নহয়। প্ৰকৃতি ৰাজ্যত সম্পত্তি উমৈহতীয়া আছিল। ব্যক্তিৰ সলনি সম্প্ৰদায়ে প্ৰভুত্ব বিস্তাৰ কৰিছিল।এনে অৱস্থাত ব্যক্তি স্বতন্ত্ৰতাৰ ধাৰণা কৰা অসম্ভৱ।

৫. ব্যক্তিৰ সমতা নাছিল : ৰাজ্যত মানুহ সুখী,মানুহ সম-মৰ্যাদাৰ অধিকাৰী, মানুহ স্বৰ্গ ৰাজ্যত বাস কৰা ধাৰণাসমূহ শুদ্ধ নহয়। জোৰ যাৰ মুলুক তাৰ নীতি প্ৰচলন থকা প্ৰকৃতি ৰাজ্যত সমতা থাকিব নোৱাৰে।

৬. চুক্তিৰ দ্বাৰা গঠিত স্থায়ী নহয় : চুক্তিৰ বাবে দুটা পক্ষ লাগে; হবছে কোৱাৰ দৰে এটা পক্ষ নহয়। দুটা পক্ষৰ মাজত হোৱা চুক্তি পিছৰ প্ৰজন্মৰ বাবে কাৰ্যকৰী নহয়। চুক্তি বাতিলৰ লগে লগে ৰাষ্ট্ৰও ধ্বংস হয়।

৭. ৰাষ্ট্ৰ ব্যক্তিগত কল্পনাৰ সৃষ্টি নহয় : বাৰ্কাৰৰ মতে ৰাষ্ট্ৰক ব্যৱসায়িক দৃষ্টিভংগীৰে এক যৌথ প্ৰচেষ্টা বুলি ধৰি লোৱা উচিত নহয়। যৌথ উদ্যোগ স্থায়ী ন’হব পাৰে। কিন্তু ৰাষ্ট্ৰ স্থায়ী আৰু ইয়াৰ উদ্দেশ্য সুদূৰপ্ৰসাৰী। ৰাষ্ট্ৰৰ সৈতে নাগৰিকৰ নিবিড় সম্পৰ্ক থাকে।চুক্তিৰ দ্বাৰা এনে সম্পৰ্ক স্থাপন কৰা সম্ভৱ নহয়।

৮. ৰাষ্ট্ৰ হঠাৎ গঠন কৰা সম্ভৱ নহয় : সামাজিক চুক্তিয়ে দাবী কৰাৰ দৰে ৰাষ্ট্ৰ সহজে চুক্তিৰ দ্বাৰা সৃষ্টি হোৱা নাই। পৰিয়াল, ধৰ্মৰ প্ৰভাৱত, সামাজিক প্ৰয়োজনীয়তাৰ খাতিৰত মানুহৰ মনত উমৈহতীয়া ভাবৰ সৃষ্টি হৈছিল। ক্ৰমে ক্ৰমে গঢ়ি উঠা চেতনাই বিৱৰ্তনৰ ফলত প্ৰয়োজন পূৰণৰ বাবে মানুহক একত্ৰিত কৰি ৰাষ্ট্ৰ সৃষ্টিত অৰিহণা যোগাইছিল।

৯. এই মতবাদ বিপদজনক : লকে কৈছে,জনসাধাৰণে প্ৰয়োজনবোধ কৰিলে বিদ্ৰোহ কৰি হ’লেও চৰকাৰক ওফৰাই দিয়াৰ কৰ্তৃত্ব থাকিব। কিন্তু ইয়াৰ পৰিণতি বিপদজনক।

১০. গণতন্ত্ৰ বিৰোধী : হবছে ৰাজতন্ত্ৰৰ সাৰ্বভৌমত্বক স্বীকাৰ কৰি ইংলেণ্ডৰ সেই সময়ৰ ৰাজতন্ত্ৰক ৰখনাবেক্ষণ দিছিল। ৰজাৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ জনসাধাৰণৰ নাথাকিব বুলি হবছে মত প্ৰকাশ কৰিছিল।এনে ধাৰণা গণতন্ত্ৰৰ পৰিপন্থী।

অৱদান : অৱশ্য এই মতবাদৰ প্ৰধান অৱদান হ’ল যে ই চৰকাৰ আৰু ৰাষ্ট্ৰৰ মাজত পাৰ্থক্য দেখুৱাইছে আৰু স্বেচ্ছাচাৰী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা জনসাধাৰণৰ অধিকাৰক স্বীকৃতি দিছে। জনসাধাৰণৰ সন্মতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি ৰুছোৱে গণতন্ত্ৰক শক্তিশালী কৰাত বৰঙণি যোগাইছে। চৰকাৰৰ যে জনসাধাৰণৰ সন্মতিৰ ওপৰত প্ৰতিষ্ঠিত আৰু আনুগত্যৰ বাবে চৰকাৰৰ কাৰ্যকলাপৰ ন্যায্যতা লাগে এই ধাৰণা দিয়াটোৱেই এই মতবাদৰ প্ৰধান অৱদান।

5.What do you mean by Governance? Mention the scope of Governance.

Ans : ৰাজনৈতিক সমাজতত্বৰ গুৰুত্বপূৰ্ণ অৱধাৰণাসমূহৰ ভিতৰত প্ৰশাসন (Governance) এক অন্যতম অৱধাৰণা। সাধাৰণ অৰ্থত এখন ৰাষ্ট্ৰই চৰকাৰৰ দ্বাৰা জনসাধাৰণক নিয়ন্ত্ৰণ তথা পৰিচালনা কৰা ব্যৱস্থাকেই প্ৰশাসন বোলা হয়। এখন ৰাষ্ট্ৰৰ বহুতো নীতি-নিয়ম বা আইন-কানুন থাকে। ৰাষ্ট্ৰখনৰ পৰিচালনাৰ উদ্দেশ্য চৰকাৰে বা কোনো ৰাজনৈতিক কৰ্তৃপক্ষই এই আইন বা নীতিসমূহ বলৱৎ কৰে। 

ৰাষ্ট্ৰ এখনৰ সামাজিক, ৰাজনৈতিক তথা অৰ্থনৈতিক দিশত উন্নতি সাধনৰ বাবে বিভিন্ন নীতি পৰিকল্পনা বা পদক্ষেপ লোৱাটো আৱশ্যক। তদুপৰি দেশৰ জনসাধাৰণৰ মাজত শান্তি-শৃংখলা আৰু নিৰাপত্তা ৰক্ষাৰ বাবে নীতি নিৰ্ধাৰণ বা আইন প্ৰণয়ন আৰু বলৱৎ কৰাটো গুৰুত্বপূৰ্ণ কার্য। এইদৰে দেশৰ আৰ্থ-সামাজিক উন্নতিৰ বাবে তথা জনসাধাৰণৰ কল্যাণৰ হকে চৰকাৰে বিভিন্ন নীতি নিৰ্ধাৰণ কৰি জনসাধাৰণক পৰিচালনা বা শাসন কৰা প্ৰক্ৰিয়াটোকে প্ৰশাসন (Governance) বোলে।

প্ৰশাসন শব্দটো এক তাত্বিক ধাৰণা। সাধাৰণতে প্ৰশাসন শব্দটোৱে এখন ৰাষ্ট্ৰৰ জনসাধাৰক শাসন নিয়ন্ত্ৰণ কৰাকে বুজায় যদিও বৰ্তমান এই প্ৰশাসন শব্দটো বহল শব্দত ব্যৱহৃত হয়। কোনো চৰকাৰী-বেচৰকাৰী সংস্থা,সংগঠন, সমিতি,অনুষ্ঠান, প্ৰতিষ্ঠান, বিভাগ আদি নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰা আৰু এইসমূহৰ উন্নতিৰ কাৰণে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ তথা কার্যপদ্ধতি প্ৰশাসনৰ অন্তৰ্গত। 

গতিকে এখন ৰাষ্ট্ৰৰ বা কোনো সংগঠনে ব্যক্তিক শাসন কৰাৰ ধৰণ বা পদ্ধতিয়েই হৈছে প্ৰশাসন। দেশৰ ৰাজনৈতিক নেতাসকলে তেওঁলোকৰ অনুগামীসকলৰ অথবা দেশৰ নাগৰিকৰ কল্যাণৰ কাৰণে কিছুমান ক্ষমতা বা কৰ্তৃত্ব প্ৰয়োগ কৰিব পাৰে। এই নেতাসকলে ৰাজহুৱা নীতি-নিৰ্দেশনা জাৰি কৰিব পাৰে, আইন, আদেশ তথা বিধি বলৱৎ কৰি জনসাধাৰণক পৰিচালনা কৰিব পাৰে। 

একেদৰে কোনো সংস্থা,সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, বিভাগ আদিৰ মুৰব্বীসকলৰ দ্বাৰা ক্ষমতা প্ৰয়োগ কৰি ব্যক্তি বা ব্যক্তিৰ সমূহক পৰিচালনা কৰা হয়। উদাহৰণস্বৰূপে, কোনো এক উদ্যোগ প্ৰতিষ্ঠানৰ মুৰব্বীয়ে প্ৰতিষ্ঠানটোৰ উৎপাদন বৃদ্ধিৰ বাবে কোনো ক্ষমতাসম্পন্ন কৰ্মচাৰী নিয়োগ কৰে, কেনে আঁচনি প্ৰস্তুত কৰে, কি ধৰণে কাৰ্যপন্থা গ্ৰহণ কৰে সেইটোৱেই তেওঁৰ প্ৰশাসন ব্যৱস্থা।

প্ৰশাসনৰ ইংৰাজী প্ৰতিশব্দ Governance শব্দটো গ্ৰীক শব্দ Kubernaein ৰ পৰা আহিছে, যাৰ অৰ্থ to steer অৰ্থাৎ নিয়ন্ত্ৰণ কৰা।গতিকে শব্দগত অৰ্থৰ পৰা ক’ব পাৰি যে প্ৰশাসনৰ হৈছে কোনো ৰাষ্ট্ৰ বা ব্যক্তিসমূহক পৰিচালনা কৰা আৰু নিৰ্দেশ দিয়া বা নিয়ন্ত্ৰণ বা শাসন কৰা ধৰণ বা পদ্ধতিকেই প্ৰশাসন বোলে।প্ৰাচীন গ্ৰীকৰ নগৰ ৰাষ্টসমূহৰ শাসনৰ সময়তে এই ধাৰণাটো উদ্ভৱ হৈছিল। বৰ্তমান সময়ত এই ধাৰণাটোৱে সমাজৰ সকলো খণ্ডৰে পৰিচালনা দিশসমূহ অন্তৰ্ভুক্ত হৈ থকাটোকে বুজায়।

প্ৰশাসনৰ পৰিসৰ (Scope of Governance) : 

সাধাৰণ অৰ্থত সিদ্ধান্ত গ্ৰহণ আৰু ইয়াৰ কাৰ্যকৰীকৰণ প্ৰক্ৰিয়াই হৈছে প্ৰশাসন। অৱশ্য ইয়াৰ পৰিসৰ ব্যাপক। সামাজিক, ৰাজনৈতিক তথা অৰ্থনৈতিক দিশত ইয়াৰ পৰিসৰ অন্তনিৰ্হিত হৈ আছে। প্ৰশাসন পদ্ধতি হৈছে এক বৃহৎ পৰিসৰৰ অৱধাৰণা, যি ৰাজহুৱা তথা ব্যক্তিগত খণ্ড বা বে-চৰকাৰী সংগঠন তথা সকলো ধৰণৰ অনুষ্ঠান-প্ৰতিষ্ঠানে সামূহিকভাৱে ইয়াৰ শাসনকাৰ্য পৰিচালনা কৰাক বুজায়।

পৰম্পৰাগতভাৱে ‘প্ৰশাসন’ চৰকাৰৰ সৈতে জড়িত এক অৱধাৰণা। সাহিত্যৰ ক্ষেত্ৰত প্ৰশাসন আৰু চৰকাৰ দুয়োটা অৱধাৰণা সালসলনিকৈ ব্যৱহৃত হয়। ১৯৮০ চনৰ পৰা ৰাজনৈতিক চিন্তাবিদসকলে এই অৱধাৰণাটো কেৱল চৰকাৰী কার্যতে ব্যৱহাৰ নকৰি সমাজৰ সকলো খণ্ডৰ কার্য পৰিচালনাৰ ক্ষেত্ৰত প্ৰয়োগ কৰি ব্যাপক অৰ্থত ব্যৱহাৰ কৰে। 

বৰ্তমান সময়ত প্ৰশাসন ব্যৱস্থাটো ৰাজহুৱা খণ্ড (ৰাষ্ট্ৰ আৰু সংস্থা) ব্যক্তিগত খণ্ড (কোম্পানী, পৰিয়ালবৰ্গ) আৰু বে-চৰকাৰী সংগঠন এই তিনিটা খণ্ডতে অন্তৰ্গত হৈ আছে।

প্ৰশাসন ব্যৱস্থা যিকোনো ৰাজনৈতিক পদ্ধতিৰ বাবে অতি গুৰুত্বপূৰ্ণ। প্ৰশাসন ব্যৱস্থাটো সংবিধানৰ তিনিটা মূল স্তম্ভৰ ওপৰত নিৰ্ভৰশীল; সেইকেইটা হ’ল কাৰ্যপালিকা (Executive), বিধায়নী মণ্ডল (Legislature), ন্যায়পালিকা (Judiciary)। বিধান মণ্ডলে আইন প্ৰণয়ন কৰে, কাৰ্যপালিকাই আইন কাৰ্যকৰী কৰে। আনহাতে ন্যায়পালিকাই আইনৰ অৰ্থ ব্যাখ্যা কৰে। এই তিনিটা ব্যৱস্থাৰ মাধ্যমেৰে প্ৰশাসন ব্যৱস্থাটো পৰিচালিত হয়।

6. What do you mean by Citizenship? What are the characteristics of citizenships?

Ans : নাগৰিক শব্দটো ঠেক আৰু বহল এই দুটা অৰ্থত ব্যৱহাৰ কৰা দেখা যায়। প্ৰাচীন কালত নাগৰিক শব্দটো ঠেক অৰ্থত ব্যৱহাৰ কৰা হৈছিল। ঠেক অৰ্থত নগৰত বাস কৰা লোকসকলক নাগৰিক বোলা হয়। প্ৰাচীন গ্ৰীছত নাগৰিক শব্দটো ঠেক অৰ্থত ব্যৱহাৰ কৰা হৈছিল। সেই সময়ত নগৰত বাস কৰা লোকসকলৰ ভিতৰত আকৌ অভিজাত সকলকহে নাগৰিক হিচাবে বিবেচনা কৰা হৈছিল। 

কিন্তু বহল অৰ্থত ৰাষ্ট্ৰৰ চাৰিসীমাৰ ভিতৰত বাস কৰা বিদেশীৰ বাহিৰে সকলো লোককেই নাগৰিক হিচাবে অভিহিত কৰা হয়। অৰ্থাৎ ৰাষ্ট্ৰৰ সদস্যসকলক নাগৰিক বোলা হয়। সাম্প্ৰতিক কালত ৰাষ্ট্ৰৰ সকলো সদস্যই নাগৰিক। আমাৰ দেশৰ উদাহৰণেৰে সাম্প্ৰতিক কালৰ নাগৰিকত্বৰ ধাৰণা কৰিব পাৰি। আমাৰ দেশৰ চাৰিসীমাৰ ভিতৰত থকা চহৰ,নগৰ, গাঁও সকলোতে বাস কৰা লোকসকল নাগৰিক। সেইদৰে পুৰুষ-মহিলা, উদ্যোগপতি-বনুৱা, ধনী-দুখীয়া, গাঁৱত বাস কৰা চহৰ-নগৰত বাস কৰা সকলো ভাৰতবাসীয়ে আমাৰ দেশৰ নাগৰিক। দেশৰ চাৰিসীমাৰ ভিতৰত বাস কৰা, দেশৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা, দেশৰ অসামৰিক, ৰাজনৈতিক অধিকাৰ ভোগ কৰা লোককেই নাগৰিক বোলা হয়।

নাগৰিকত্বৰ বৈশিষ্ট্য (Features of Citizenship) : নাগৰিকত্বৰ সংজ্ঞাসমূহ অধ্যয়ন কৰিলে ইয়াৰ কিছুমান মৌলিক বৈশিষ্ট্য পৰিলক্ষিত হয়। সেইসমূহ বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল।

(a) নাগৰিকত্বই এজন ব্যক্তিৰ এখন ৰাষ্ট্ৰৰ সদস্য হিচাপে বৈধতা প্ৰদান কৰে। নাগৰিক এজন ৰাষ্ট্ৰৰ আইনগত সদস্য।তেওঁ আইনগতভাৱে ৰাষ্টখনত বসবাস কৰে।

(b) নাগৰিক এজনে এখন ৰাষ্ট্ৰৰ স্থায়ী বাসিন্দা। সাধাৰণতে এখন দেশত জন্মগ্ৰহণ কৰি দীৰ্ঘদিন ধৰি সেই ৰাষ্টখনত বসবাস কৰি থাকিলে ব্যক্তিয়ে নাগৰিকত্বৰ মৰ্যাদা লাভ কৰিব পাৰে অৱশ্যে নাগৰিকত্ব লাভৰ অন্য উপায়ো আছে।

(c) নাগৰিকত্ব এজন নাগৰিকৰ একচেতিয়া মৰ্যাদা। নাগৰিকত্ব মৰ্যাদা কেৱল নাগৰিক এজনেহে লাভ কৰিব পাৰে।

(d) নাগৰিকত্ব ৰাজনৈতিক অধিকাৰৰ লগত জড়িত। নাগৰিকত্বই এজন ব্যক্তিক কিছুমান ৰাজনৈতিক অধিকাৰ প্ৰদান কৰে; যেনে-ভোটদানৰ অধিকাৰ, নিৰ্বাচনত অংশগ্ৰহণৰ অধিকাৰ আদি।

(e) নাগৰিকত্বই ব্যক্তিক কিছুমান ৰাজনৈতিক অধিকাৰৰ অংশীদাৰ কৰি তোলাৰ লগতে সমসাময়িকভাৱে নাগৰিকে কিছুমান কৰ্তব্যও পালন কৰিব লাগে।গতিকে নাগৰিকত্বৰ লগত নাগৰিকৰ কৰ্তব্য জড়িত হৈ আছে।

(f) নাগৰিকত্বৰ আন এক বৈশিষ্ট্য হ’ল নাগৰিকত্ব কেৱল গণতন্ত্ৰতহে সম্ভৱ, ৰাজতন্ত্ৰত নহয়। ৰাজতন্ত্ৰত জনসাধাৰণক নাগৰিক হিচাবে স্বীকৃতি দিয়াৰ বিপৰীতে প্ৰজা হিচাপেহে স্বীকৃতি দিয়া হয়।

7. Discuss about the methods of acquiring citizenship.

Ans : নাগৰিকতা অর্জনৰ পদ্ধতি

(METHODS OF ACQUIRING CITIZENSHIP) 

সাধাৰণতে নাগৰিকতা অর্জনৰ দুটি পদ্ধতি আছে – (১) জন্মসূত্রৰ দ্বাৰা নাগৰিকতা অর্জন আৰু (২) দেশীয়কৰণৰ মাধ্যমত অর্জিত নাগৰিকতা। ইয়াৰ বাহিৰেও কোনো এটি অঞ্চলৰ অন্তৰ্ভূক্তিৰ ফলতো নাগৰিকতা অর্জন কৰা যায়।

(১) জন্মসূত্ৰ : নাগৰিকতা অর্জনৰ প্ৰথম উপায়টো হ’ল জন্মসূত্ৰৰ দ্বাৰা : জন্মসূত্ৰতো নাগৰিকতা অর্জনৰ দুটা পদ্ধতি আছে। এটি হ’ল তেজৰ সম্পৰ্ক আৰু আনটো হ’ল জন্মস্থান নীতি। তেজৰ সম্পৰ্ক অনুসৰি কোনো ব্যক্তিয়ে পিতৃ-মাতৃৰ নাগৰিকত্ব গ্ৰহণ কৰে। 

জন্মস্থান য’তেই নহওক লাগে, পিতৃ-মাতৃৰ নাগৰিকত্ব এই নীতিৰ দ্বাৰা লাভ কৰিব পাৰি। জন্মস্থানৰ নীতি অনুসাৰে কোনো ব্যক্তি যি দেশত ভূমিষ্ঠ হয় তেওঁ সেই দেশৰ নাগৰিক। তেওঁৰ পিতৃ-মাতৃ কোন দেশৰ নাগৰিক সেইটো এই ক্ষেত্ৰত বিবেচ্য নহয়। এই দুয়োটা নীতিৰ কিছুমান সুবিধা আৰু অসুবিধা আছে। পৃথিৱীৰ প্ৰায়বিলাক ৰাষ্ট্ৰই এই দুয়োটা নীতি নাগৰিকতা প্ৰদানৰ ক্ষেত্ৰত পালন কৰা দেখা যায়।

(২) দেশীকৰণৰ দ্বাৰা নাগৰিকত্ব অর্জন (Naturalization) : নাগৰিকতা অর্জনৰ দ্বিতীয় উপায় হ’ল দেশীয়কৰণ। দেশীয়কৰণ কিছুমান উপায়ৰ সমষ্টি মাত্ৰ, এই উপায়কেইটা হ’ল – 

(ক) বিয়া : যদি কোনো তিৰোতাই ভিন দেশীয় পুৰুষক বিয়া কৰায় তেনেহ’লে তেওঁ স্বামীৰ নাগৰিকত্ব পাব।

(খ) চৰকাৰী চাকৰি গ্ৰহণ : যদি কোনো ব্যক্তিয়ে আন কোনো দেশৰ চৰকাৰৰ অধীনত চাকৰি গ্ৰহণ কৰে, তেনেহ’লে তেওঁৰ আগৰ নাগৰিকত্ব লোপ পায় আৰু তেওঁ যি ৰাষ্ট্ৰৰ অধীনত চাকৰি কৰিছে, সেই ৰাষ্ট্ৰৰ নাগৰিক হ’ব।

(গ) সৈনিকবৃত্তি গ্ৰহণ : যদি এখন দেশৰ নাগৰিকে অন্য ৰাষ্ট্ৰ সেনাবাহিনীত যোগদান কৰে, তেওঁৰ মতে তেওঁৰ আগৰ নাগৰিকত্ব লোপ পাব আৰু তেওঁ নতুন দেশৰ নাগৰিকত্ব অর্জন কৰিব।

(ঘ) সম্পত্তি ক্ৰয় : আন দেশত স্থায়ী সম্পত্তি কিনি এজন ব্যক্তিয়ে সেই দেশৰ নাগৰিকতা লাভ কৰিব পাৰে। তেওঁৰ স্থায়ী সম্পত্তি যি দেশত অৱস্থিত তেঁও সেই দেশৰ নাগৰিক হ’ব।

(ঙ) আইনানুযায়ী স্বীকৃতি : দেশীয়কৰণ পদ্ধতিটো ব্যাপক অৰ্থত ওপৰত কৈ অহা চাৰিটা উপায় সম্পৰ্কে ব্যৱহাৰ কৰা হয়। কিন্তু দেশীয়কৰণ শব্দটোক এটি সংকীৰ্ণ অৰ্থতো ব্যৱহাৰ কৰা হয়। সংকীৰ্ণ অৰ্থত দেশীয়কৰণ হ’ল এটি আনুষ্ঠানিক পদ্ধতি যাৰ জৰিয়তে এখন ৰাষ্ট্ৰৰ নাগৰিকে কিছুমান চৰ্তসাপেক্ষে আন এখন দেশৰ নাগৰিকতা লাভ কৰিব পাৰে। সাধাৰণতে পঞ্জীয়নৰ দ্বাৰা এই নাগৰিকত্ব প্ৰদান কৰা হয়।

(চ) স্থায়ী বসতি : কোনো বিদেশীয়ে এখন দেশত বহুবছৰ ধৰি স্থায়ীভাৱে বাস কৰিলে তেনে বিদেশীয়ে বাস কৰা দেশৰ নাগৰিকত্ব পাব পাৰে।

(ছ) ইচ্ছাৰ প্ৰকাশ : বিদেশী পিতৃ -মাতৃৰ সন্তানে নিজে জন্মগ্ৰহণ কৰা দেশৰ নাগৰিকত্ব পাব পাৰে।অৱশ্যে তেওঁলোকে সেই দেশৰ নাগৰিক হ’বলৈ ইচ্ছা প্ৰকাশ কৰিব লাগিব।

(জ) আবেদনৰ জৰিয়তে : আবেদনৰ জৰীয়তেও বিদেশীয়ে নাগৰিকত্ব লাভ কৰিব পাৰে।আমাৰ দেশত বাস কৰা কোনো বিদেশীয়ে আমাৰ দেশৰ নাগৰিক হ’বলৈ আবেদন কৰিব পাৰে; চৰকাৰে এই আবেদনৰ ভিত্তিত তেনে বিদেশীক নাগৰিকত্ব প্ৰদান কৰিব পাৰে।

(ঝ) আংশিক বা সম্পূৰ্ণ দেশীয়কৰণ : দেশীয়কৰণ পদ্ধতিৰে নাগৰিকতা লাভ কৰাটো আংশিক বা সম্পূৰ্ণ হ’ব পাৰে। দেশীয়কৰণ পদ্ধতিৰে লাভ কৰা ব্যক্তিয়ে যেতিয়া সকলো ধৰণৰ অধিকাৰ লাভ কৰাৰ পৰা বঞ্চিত হয়, তেনে নাগৰিকত্বক আংশিক নাগৰিকত্বক বোলা হয়। উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰত দেশীয়কৰণ পদ্ধতিৰে নাগৰিকত্ব লাভ কৰা লোকে আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ব নোৱাৰে।

(ঞ) ইংলেণ্ডৰ দেশীয়কৰণ আৰু স্থায়ীভাৱে বাস কৰা (Denegation) নাগৰিকৰ মাজত প্ৰভেদ আছে। দেশীয়কৰণ পদ্ধতিৰে নাগৰিকত্ব লাভ কৰা লোকে সেই দেশৰ সকলো অধিকাৰ ভোগ কৰিব পাৰে।কিন্তু কাৰ্যপালিকাৰ নিৰ্দেশ মতে নাগতিকত্ব লাভ কৰা লোকে সকলো ধৰণৰ অধিকাৰ ভোগ কৰাৰ সুবিধা নাপায়।অৰ্থাৎ দেশীয়কৰণতকৈ Denegation নিম্ন খাপৰ হিচাপে বিবেচনা কৰা হয়।

৩। কোনো অঞ্চলত অন্তৰ্ভূক্তিৰ ফলত নাগৰিকতা অর্জন : এই পদ্ধতি অনুযায়ী কোনো ৰাষ্ট্ৰ কোনো অঞ্চল বা ৰাষ্ট্ৰ সংযুক্ত হ’লে কোনো প্ৰথম ৰাষ্ট্ৰৰ সংশ্লিষ্ট অঞ্চলৰ নাগৰিকসকলক দ্বিতীয় ৰাষ্ট্ৰৰ নাগৰিক বুলি গণ্য কৰা হয়।যেনে – চিকিম ভাৰতৰ অন্তৰ্ভুক্ত হোৱাৰ ফলত চিকিমৰ নাগৰিকসকলে ভাৰতীয় নাগৰিকতা অর্জন কৰিছে। কোনো এখন ৰাষ্ট্যই এজন বিদেশীক সন্মানর্থে সেই দেশৰ নাগৰিকত্ব প্ৰদান কৰিব পাৰে। এইখিনিতে মনত উচিত যে এজন ব্যক্তিয়ে একে সময়তে দুখন ৰাষ্ট্ৰৰ নাগৰিকত্ব ভোগ কৰিব নোৱাৰে।

8. Discuss the differences between Citizen and Alien.

Ans: নাগৰিক আৰু বিদেশী : প্ৰত্যেক ৰাষ্ট্ৰত দুই শ্ৰেণীৰ অধিবাসী দেখা যায়। তেওঁলোক হ’ল নাগৰিক আৰু বিদেশী। নাগৰিকৰ ৰাষ্ট্ৰৰ স্থায়ী সদস্য।ৰাষ্ট্ৰৰ প্ৰতি তেওঁ আনুগত্য স্বীকাৰ কৰিব লাগে। এজন্য ব্যক্তি আন এখন ৰাষ্ট্ৰলৈ গৈ আস্থায়ীভাৱে বসবাস কৰিলে তেওঁক বিদেশী বোলা হয়। বিদেশী আন কোনো ৰাষ্ট্ৰৰ সদস্য। তেওঁৰ স্থায়ী আনুগত্য নিজৰ ৰাষ্ট্ৰৰ প্ৰতি। কোনো ৰাষ্ট্ৰত বসবাসকাৰী নাগৰিক আৰু বিদেশীৰ মাজত মৰ্যাদাগত পাৰ্থক্য আছে।

(১) নাগৰিক কোনো ৰাষ্ট্ৰৰ স্থায়ী অধিবাসী। বিদেশী বিদেশীয়ে অন্য ৰাষ্ট্ৰত আস্থায়ীভাৱে বসবাস কৰে। নিজৰ কাম শেষ হ’লে তেওঁ স্বদেশলৈ উভতি যায়। ৰাষ্ট্ৰৰ আইন অনুযায়ী কোনো বিদেশীয়েও নাগৰিকতা অর্জন কৰিব পাৰে।

(২) নাগৰিকে ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত সকলো অধিকাৰ ভোগ কৰিব পাৰে। বিদেশীক ৰাজনৈতিক অধিকাৰ ভোগ কৰিবলৈ দিয়া নহয় তেওঁলোকে পৌৰ অধিকাৰ ভোগ কৰিব পাৰে।

(৩) নাগৰিকে নিজৰ ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য প্ৰকাশ কৰে।বিদেশীয়ে তেওঁৰ নিজৰ ৰাষ্ট্ৰৰ আনুগত্য প্ৰকাশ কৰে।

(৪) স্বদেশ আৰু বিদেশত নাগৰিকৰ স্বাৰ্থ ৰক্ষা কৰে।কিন্তু ভাৰতত বাস কৰা বিদেশী অন্য ৰাষ্ট্ৰলৈ গ’লে তেওঁৰ ৰখনবেক্ষণৰ বাবে ভাৰত দায়ী নহয়।

(৫) নাগৰিকসকলে ৰাষ্ট্ৰৰ প্ৰতি কৰ্তব্য পালন কৰিবলৈ বাধ্য। ৰাষ্ট্যই তেওঁক যিকোনো দায়িত্ব পালন কৰিবলৈ বাধ্য কৰিব পাৰে। কিন্তু বিদেশীক কোনো কাম কৰিবলৈ বাধ্য কৰিব নোৱাৰি।অৱশ্যে, তেওঁ ৰাষ্ট্ৰৰ আইন-কানুন মানি চলিবলৈ বাধ্য।

(৬) বিদেশীক কোনো ৰাষ্ট্ৰৰ পৰা উলিয়াই দিব পাৰি।কিন্তু নাগৰিকৰ পৰা বহিস্কাৰ কৰিব নোৱাৰি।ৰাষ্ট্যই নাগৰিকৰ কঠোৰ শাস্তি দিব পাৰে।

(৭) ৰাষ্ট্যই যিকোনো সময়ত বিদেশীসকলৰ গতি-বিধি নিয়ন্ত্ৰণ কৰিব পাৰে।কিন্তু সামৰিক দিশৰ পৰা গুৰুত্বপূৰ্ণ অঞ্চলৰ বাহিৰে আন ঠাইত নাগৰিকৰ গতি- বিধিৰ স্বাধীনতা থাকে।

(৮) নাগৰিকে নিজৰ দেশৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে চলা-ফুৰা কৰিব পাৰে, কিন্তু এই বিষয়ত বিদেশীয়ে অনুমতি ল’ব লগা হ’ব পাৰে।

9. Write an essay on qualities of a good citizenship.

Ans : সু-নাগৰিকৰ গুণসমূহ

(QUALITIES OF A GOOD CITIZEN.)

গ্ৰীক দাৰ্শনিক এৰিষ্ট’টলৈ কৈ গৈছে যে নাগৰিকতা ৰাষ্ট্ৰ-ব্যৱস্থা সৈতে সম্পৰ্কিত। পৰৱৰ্তী কালত ফৰাচী লিখক ভল্টেয়াৰে (Voltaire) কৈছে যে, জনগণ যেনে ধৰণৰ চৰকাৰ পোৱাৰ যোগ্য তেওঁলোকে তেনে, ধৰণৰ চৰকাৰেই পায়। ইয়াৰ পৰা বুজা যায় যে নাগৰিকসকল ৰাষ্ট্ৰৰ অবিচ্ছেদ্য অঙ্গ। 

নাগৰিকসকল উন্নত চৰিত্ৰৰ হ’লে ৰাষ্ট্ৰ ব্যৱস্থাৰ উন্নতি হ’ব। উন্নত ৰাষ্ট্ৰ ব্যৱস্থাত উন্নত চৰিত্ৰৰ নাগৰিক থাকিব লাগিব। এতিয়া গণতান্ত্ৰিক শাসনব্যৱস্থা সৰ্বোৎকৃষ্ট বুলি পৰিগণিত হৈছে। এই ব্যৱস্থাত জনগণেই হ’ল সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী আৰু গণতন্ত্ৰৰ সাফল্য নাগৰিকসকলৰ গুণাৱলীৰ ওপৰত নিৰ্ভৰ কৰে।সুনাগৰিক নহ’লে গণতন্ত্ৰৰ কৃতকাৰ্য নহয়। সু-নাগৰিকৰ চৰিত্ৰৰ প্ৰধান বৈশিষ্ট্য হ’ল কৰ্তব্য পালনৰ ইচ্ছা আৰু সামৰ্থ্য।

গণতন্ত্ৰৰ বাবে নাগৰিকৰ সংখ্যা বিবেচ্য বিষয় নহয়। তেওঁলোকৰ গুণৰ মানেই একমাত্র বিবেচ্য বিষয়। বাৰ্ণচৰ মতে, সংখ্যাই একমাত্ৰ বিবেচ্য বিষয় হোৱা হ’লে এপাল ভোৰাক লৈ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সৃষ্টি হ’লহেঁতেন। বিচাৰ-বুদ্ধি আৰু বিবেকসম্পন্ন, আত্মসংযমী, স্বাধীন মনোভাবাপন্ন আৰু সমাজৰ স্বাৰ্থৰ প্ৰতি অংগীকাৰৱদ্ধ ব্যক্তিক সু-নাগৰিক বোলা হয়। এজন সু-নাগৰিক হ’বলৈ তেওঁৰ গাত কিছুমান গুণ থাকিব লাগিব।

(a) শিক্ষিত : সু-নাগৰিকত্বৰ এটা গুণ হ’ল তেওঁলোক শিক্ষিত। শিক্ষাৰ জৰিয়তে নাগৰিকসকল সৎ গুণৰ অধিকাৰী হ’ব পাৰে। অশিক্ষিত নাগৰিকে ৰাষ্ট্ৰখনৰ উন্নয়নৰ বিশেষ ভূমিকা গ্ৰহণ কৰিব নোৱাৰে। গতিকে শিক্ষিত হোৱাটো সু-নাগৰিকৰ এটা বিশেষ গুণ।

(b) সু-স্বাস্থ্য : এজন সু-নাগৰিক হ’বৰ বাবে সু-স্বাস্থ্যৰ অধিকাৰী হোৱাটো প্ৰয়োজন। ৰোগীয়া স্বাস্থ্যৰ কোনো কার্য সম্পাদন কৰাটো সম্ভৱ নহয়। ৰাষ্ট্ৰৰ প্ৰগতিৰ বাবে সৎ কৰ্ম, সৎ সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে ব্যক্তি সু-স্বাস্থ্যৱান হ’ব লাগিব। সেয়ে কোৱা হয় সুস্থ দেহতকৈ সুস্থ মন গঢ়ি উঠে।

(c) সৎ চৰিত্ৰ : সু-নাগৰিক হ’বৰ বাবে সৎ চৰিত্ৰৰ অধিকাৰী হ’ব লাগিব। চৰিত্ৰহীন এজন ব্যক্তি সু-নাগৰিক হ’ব নোৱাৰে। নাগৰিক এজন সৎ চৰিত্ৰৱান নৈতিক আদৰ্শৰ দ্বাৰা পৰিচালিত হ’ব লাগিব।

(d) সততা : সততা সু-নাগৰিকৰ আন এটা গুণ। এজন নাগৰিক সততাৰ পৰা বিচলিত হ’লে তেওঁ সু-নাগৰিক হ’ব নোৱাৰে। যুক্তিযুক্ত বিচাৰ ক্ষমতা আৰু ন্যায়ৰ পথত থকাটো সু-নাগৰিকৰ গুণ।

(e) কৰ্তব্য পৰায়ন : সু-নাগৰিকসকল কৰ্তব্যপৰায়ন হয়। তেওঁলোকে নিজৰ কৰ্তব্যক অৱহেলা নকৰে। নিজৰ কৰ্তব্য আৰু দায়িত্বৰ প্ৰতি তেওঁলোকে সচেতন হয়।

(f) ৰাজনৈতিক সচেতনতা : ৰাজনৈতিক সচেতনতা সু-নাগৰিকৰ আন এক গুৰুত্বপূৰ্ণ গুণ। সু-নাগৰিকৰ ৰাজনৈতিক জ্ঞান থকাটো আৱশ্যক। ৰাষ্ট্ৰখনৰ বিভিন্ন ৰাজনৈতিক কাম-কাজ, যেনে- চৰকাৰ গঠন, ভোটদান, সিদ্ধান্ত গ্ৰহণ আদিৰ বাবে নাগৰিকৰ ৰাজনৈতিক সচেতনতাই সহায় কৰে।

(g) নৈতিক সাহস : সু-নাগৰিকৰ আন এটা থাকিবলগীয়া গুণ হ’ল নৈতিক সাহসীকতা। এজন সু-নাগৰিক নৈতিকভাৱে সাহসী হয়। নাগৰিকৰ অন্যায়-অবিচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সাহস থকাটো প্ৰয়োজন।

(h) বুদ্ধিমত্তা : বুদ্ধিমত্তা সু-নাগৰিকৰ আন এক প্রয়োজনীয় গুণ। বুদ্ধিমত্তাই এজন নাগৰিকক সু-নাগৰিক হোৱাত সহায় কৰে। বুদ্ধিমত্তাই ব্যক্তিক ভাল-বেয়া, উচিত-অনুচিত বিচাৰ কৰিব পৰা ক্ষমতা প্ৰদান কৰে। গতিকে যিজন নাগৰিকৰ ভাল-বেয়া উচিত-অনুচিত বিচাৰ কৰি কোনো বিষয়ৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা ক্ষমতা থাকে তেওঁকে সু-নাগৰিক আখ্যা দিয়া হয়।

(i) বিবেকসম্পন্ন : এজন ব্যক্তি সু-নাগৰিক হ’বৰ বাবে তেওঁ বিবেকবান হ’ব লাগিব। ব্যক্তিয়ে বিবেকৰ দ্বাৰা যুক্তিযুক্তভাৱে যিকোনো কার্য সম্পাদন কৰিব লাগিব। নাগৰিকসকল বিবেকসম্পন্ন হ’লেহে এখন আদৰ্শ ৰাষ্ট্ৰ গঢ়ি তুলিব পৰা যায়।

(j) দেশপ্ৰেম : দেশপ্ৰেম সু-নাগৰিকৰ আন এক গুণ। দেশপ্ৰেমৰ অবিহনে এজন নাগৰিকক কেতিয়াও সু-নাগৰিক আখ্যা দিব নোৱাৰি। নিজৰ দেশৰ প্ৰতি থকা ভালপোৱাই এজন নাগৰিকক সু-নাগৰিক হিচাবে গঢ়ি তোলে। নাগৰিকসকলৰ দেশপ্রেমে ৰাষ্টখনৰ উন্নয়নত সহায় কৰে।

(k) বিজ্ঞানসন্মত চিন্তাধাৰা : এজন সু নাগৰিকে বিজ্ঞানসন্মত চিন্তাধাৰাত বিশ্বাস কৰে। সু-নাগৰিক অন্ধবিশ্বাসৰ বলি নহয়। সকলো কথাই তেওঁ বিজ্ঞানসন্মত যুক্তিৰে চালি-জাৰি চাই বিচাৰ-বিবেচনা কৰিহে বিশ্বাস কৰে। অযুক্তিকৰ আৰু অবিজ্ঞানসন্মত কথাত পতিয়ন নাযায়।

(l) ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য : নিজ ৰাষ্ট্ৰখনৰ প্ৰতি আনুগত্য প্ৰকাশ কৰাটো এজন সু-নাগৰিকৰ দায়িত্ব। এজন সু-নাগৰিকে দেশৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি দেশৰ আইন-কানুন তথা নীতি-নিৰ্দেশনা মানি চলে।

ওপৰত উল্লেখ কৰা গুণসমূহে এজন ব্যক্তিক সু-নাগৰিক হিচাবে গঢ়ি তোলে। ইয়াৰ উপৰি আত্মসংযম, সৎ আৰু উদাৰ মনোভাৱ, দয়ালু,আত্মত্যাগ, অন্ধবিশ্বাস আদি গুণসমূহেও এজন ব্যক্তিক সু-নাগৰিক কৰি গঢ়ি তুলিব পাৰে।

10. Define Elite Class.Discuss about the types of Elite Class according to Velfredo Pareto.

Ans : ৰাজনৈতিক সমাজতত্বৰ গুৰুত্বপূৰ্ণ অৱধাৰণাসমূহৰ ভিতৰত ‘সম্ভ্ৰান্ত শ্ৰেণী’ অন্যতম। বিশিষ্ট ইটালীৰ সমাজতত্ববিদ V. Pareto য়ে (Theory)। তেওঁৰ মতে সমাজৰ সকলো মানুহ কোনো ক্ষেত্ৰতে সমান নহয়। সমাজৰ প্ৰতিজন ব্যক্তিৰে অন্য ব্যক্তিসকলৰ তুলনাত শাৰীৰিক (Physical), মানসিক (Mental), নৈতিক (Moral) আৰু অন্যান্য দিশত বৈসাদৃশ্য আছে। 

কিছুমান মানুহ আন কিছুমানতকৈ বেছি বুদ্ধিমান, দক্ষতাসম্পন্ন, পৰিশ্ৰমি, কামত পাৰ্গত, সাহসী, ধনী আৰু সম্পদশালী ইত্যাদি। গতিকে সমাজৰ যিসকল লোক বেছি শিক্ষিত, বুদ্ধিমান, ধনী আৰু কৰ্মপটু লোকসকলেই সমাজৰ উচ্চ স্থান অধিকাৰ কৰি থাকে আৰু তেওঁলোকেই সমাজৰ সৰ্বেসৰ্বা হয়। সমাজৰ এই উচ্চ স্থান অধিকাৰী লোকসকলক কোৱা হয় সম্ভ্ৰান্ত (Elite) শ্ৰেণীৰ লোক।

পেৰিটৰ সম্ভ্ৰান্ত শ্ৰেণীটো ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক আদি সকলো দিশৰপৰা আগবঢ়া। তেওঁলোক বুদ্ধিমান (Intelligent), উপযুক্ত(Efficient), নৈতিক গুণসম্পন্ন (Moral qualities) আৰু ক্ষমতাশালী (Powerful) হয়। V. Pareto ৰ মতে সম্ভ্ৰান্ত শ্ৰেণীটোক সমাজৰ উচ্চ শ্ৰেণী আৰু তেওঁলোকে ৰাজনৈতিক (Political), অৰ্থনৈতিক (Economic) আৰু সমাজ পদ্ধতি (Social System) নিয়ন্ত্ৰণ কৰে। 

ইয়াৰ বিপৰীতে সমাজৰ যিসকল ব্যক্তিয়ে শাৰীৰিক মানসিক আৰু নৈতিকভাৱে উচ্চ সামাজিক স্থান লাভ কৰিব নোৱাৰে।

তেওঁলোকেই অ-সম্ভ্ৰান্ত বা সাধাৰণ শ্ৰেণীৰ লোক। এই শ্ৰেণীটো সমাজৰ নিম্ন শ্ৰেণীৰ লোক। সমাজত এই শ্ৰেণী লোকৰ সংখ্যা সৰ্বাধিক। এই শ্ৰেণীটোক সম্ভ্ৰান্ত শ্ৰেণীয়ে নিয়ন্ত্ৰণ কৰি থাকে।

ভেলফ্ৰেড পেৰিটৱে সম্ভ্ৰান্ত শ্ৰেণীটোক দুটা ভাগত ভাগ কৰিছে সেইকেইটা হ’ল – 

(i) চৰকাৰী বা শাসক সম্ভ্ৰান্ত শ্ৰেণী (Governing Elite)

(ii) অনা-চৰকাৰী সম্ভ্ৰান্ত শ্ৰেণী (Non-Governing Elite)

(i) চৰকাৰী বা শাসক সম্ভ্ৰান্ত শ্ৰেণী (Governing Elite) : যিসকল লোকে প্ৰশাসনীয় বা চৰকাৰী কাম-কাজত প্ৰত্যক্ষ বা পৰোক্ষভাৱে ক্ষমতা বিস্তাৰ কৰি এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি থাকে সেইসকল শাসক শ্ৰেণীক (Ruling class) সম্ভ্ৰান্ত লোক হিচাপে গণ্য কৰা হয়। উদাহৰণ স্বৰূপে প্ৰশাসনৰ সচিব (Secretary), আয়ুক্ত (Commissioner), উপায়ুক্ত(Deputy Commissioner) আদি।

(ii) অনা-চৰকাৰী সম্ভ্ৰান্ত শ্ৰেণী (Non-Governing Elite) : যিসকল লোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰশাসনিক বা চৰকাৰী কাম-কাজত জড়িত নহয়, অথচ নিজৰ গুণ, প্ৰতিভা আৰু ক্ষমতাৰ কাৰণে সমাজত উচ্চ স্থান লাভ কৰে আৰু প্ৰশাসনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে তেঁওলোককে অ-শাসক সম্ভ্ৰান্ত শ্ৰেণী (Non-Governing Elite)বুলি কোৱা হয়, উদাহৰণ স্বৰূপে বৃহৎ উদ্যোগপতি, ইত্যাদিসকল। 

এইসকল লোক প্ৰশাসনৰ লগত জড়িত নহয়, অথচ তেওঁলোকৰ মতামত আৰু চিন্তাধাৰাই প্ৰশাসনীয় বা চৰকাৰী কাম-কাজত প্ৰভাৱ বিস্তাৰ কৰি থাকে, গতিকে তেওঁলোকক অ-শাসক সম্ভ্ৰান্ত শ্ৰেণী বুলি কোৱা হয়।

V. Pareto ৰ মতে, সম্ভ্ৰান্ত শ্ৰেণীক সংকীৰ্ণ আৰু ব্যাপক দৃষ্টিকোণৰ পৰা ব্যাখ্যা কৰিব পাৰি। বহল অৰ্থত সমাজৰ বিভিন্ন ক্ষেত্ৰত নিজৰ প্ৰতিভা আৰু চেষ্টাৰ ফলত উচ্চ স্থান অধিকাৰ কৰি থকাসকল, যেনে – সফল ব্যৱসায়ী (Sucessful Businessman) লোক, সকল পেছাদাৰী উকীল, ডাক্তৰ, লেখক, অধ্যাপক, শিল্পী ইত্যাদি লোকসকলক সম্ভ্ৰান্ত শ্ৰেণী বোলে। 

আনহাতে সংকীৰ্ণ অৰ্থত শাসক শ্ৰেণীৰ (Rullingclass) লোকসকলক সম্ভ্ৰান্ত শ্ৰেণীৰ সদস্য হিচাপে গণ্য কৰা হয়। সেয়ে Pareto য়ে শাসক শ্ৰেণীটোক শাসক সম্ভ্ৰান্ত শ্ৰেণী (Governing Elite) আৰু পোনপটীয়াকৈ শাসনৰ লগত জড়িত নোহোৱা অথবা নিজ প্ৰচেষ্টাৰ ফলত সমাজত উচ্চ শাসন লাভ কৰা লোকসকলক অনা-শাসন সম্ভ্ৰান্ত শ্ৰেণী (Non-Governing Elite)বুলি কৈছে।

11. Write a note on formation of Elite Class.

Ans : Parte ৰ মতে,সম্ভ্ৰান্ত শ্ৰেণী গঠনৰ মূল দুটা উপাদান আছে; সেইকেইটা হৈছে বৌদ্ধিক শ্ৰেষ্ঠতা (Intellectual Superiority) আৰু বিত্তীয় সম্পদ (Riches)

(i) বৌদ্ধিক শ্ৰেষ্ঠতা (Intellectual Superiority) : পেৰিটৰ মতে, সম্ভ্ৰান্ত শ্ৰেণীত অন্তৰ্ভুক্ত হ’বৰ বাবে ব্যক্তিগত কিছুমান বিশেষ গুণ দক্ষতা থকাটো প্ৰয়োজন। যিসকল ব্যক্তি আনতকৈ বেছি তীক্ষ্ণ, বুদ্ধিমান, মোধাসম্পন্ন, মানসিকভাৱে শক্তিশালী, সেইসকল লোকেই শিক্ষা, ব্যৱসায় বাণিজ্য, কলা, সাহিত্য আৰু অন্যান্য বৌদ্ধিক দিশৰ কৰ্মত অধিক সফলতা অৰ্জন কৰিব পাৰে আৰু সেইহকলেই সমাজৰ উচ্চ স্থানত অধিষ্ঠিত হয়; উদাহৰণ স্বৰূপে উচ্চপদস্থ প্ৰশাসনিক বিষয়া, খ্যাতিসম্পন্ন চিকিৎসক, উকীল, অধ্যাপক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতা, সাহিত্যিক ইত্যাদি। এইসকল সমাজত সম্ভ্ৰান্ত লোক হিচাপে পৰিগণিত হয়।

(ii) বিত্তীয় সম্পদ (Riches) : পেৰিটৰ মতে, ব্যক্তি সম্ভ্ৰান্ত শ্ৰেণীত অন্তৰ্ভুক্ত হ’বৰ বাবে প্ৰয়োজন হোৱা অন্য এটা উপাদান হৈছে বিত্তীয় সম্পদ। সমাজৰ কিছুমান ব্যক্তি লক্ষণীয়ভাৱে সম্পদশালী হয়; উদাহৰণস্বৰূপে বৃহৎ উদ্যোগপতি (Industrialist), জমিদাৰ ইত্যাদি। এনে সম্পদশালী লোকসকলে দেশৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰি থাকে। ওপৰত আলোচনা কৰা দুয়োটা উপাদানৰ ভিত্তিতেই সমাজত সম্ভ্ৰান্ত শ্ৰেণীৰ গঠন হয়। সম্ভ্ৰান্ত শ্ৰেণীৰ লোকসকল সমাজৰ সৰ্বসাধাৰণ শ্ৰেণী লোকতকৈ সুকীয়া।

12. What is State?

Ans : ৰাষ্ট্ৰ হৈছে এক ৰাজনৈতিক সংগঠন। যি জনসাধাৰণৰ ইচ্ছা-আকাংক্ষাসমূহ পূৰণ কৰে, যি নাগৰিক সুৰক্ষা প্ৰদান কৰে, সেই সংগঠনকেই ৰাষ্ট্ৰ বোলে। ব্যক্তিৰ জীৱন নিয়ন্ত্ৰণ কৰিব পৰা একমাত্ৰ আইনগত ৰাজনৈতিক অনুষ্ঠানটো হৈছে ৰাষ্ট্ৰ। ৰাষ্ট্ৰৰ অবিহনে কোনো ৰাজনৈতিক অনুষ্ঠান গঠন হ’ব নোৱাৰে। সহজ অৰ্থত নিৰ্দিষ্ট ভূখণ্ড, জনসাধাৰণ, চৰকাৰ আৰু সাৰ্বভৌমত্ব এই চাৰিটা উপাদানেৰে গঠিত ৰাজনৈতিক সংগঠনটোক ৰাষ্ট্ৰ বোলে; অৰ্থাৎ যি ৰাজনৈতিক সংগঠনৰ এখন চৰকাৰ থাকে আৰু সেই চৰকাৰৰ এক নিৰ্দিষ্ট ভূ-খণ্ড আৰু সেই ভূ-খণ্ডত থকা জনসাধাৰণৰ ওপৰত নিজৰ সাৰ্বভৌম ক্ষমতা প্ৰয়োগ কৰিব পাৰে, তেনে সংগঠনক ৰাষ্ট্ৰ বোলে।

ৰাষ্ট্ৰ শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে ‘State’ শব্দটো লেটিন শব্দ Status (ষ্টেটাছ) শব্দটোৰ পৰা আহিছে। Status শব্দটোৱে এক সামাজিক স্থান বা স্থিতিক বুজায়। পঞ্চম শতিকাৰ শেষৰফালে বিশাল ৰোমান সাম্ৰাজ্য ভাগি টুকুৰা-টুকুৰ হোৱাৰ পিছত টিউটন (Teutons) জনজাতিসকলৰ প্ৰতিষ্ঠা কৰা সৰু ৰাজ্যক্ষেত্ৰক বুজাবলৈ ষ্টেট শব্দটো ব্যৱহাৰ কৰিছিল। ভাষাতত্ববিদসকলে বিশ্বাস কৰে যে এই টিউটনসকলৰ  ‘ষ্টেটাচ’ৰ পৰা ইংৰাজী State শব্দৰ উৎপত্তি হৈছিল। 

অৱশ্যে ষোল্লখ শতিকাত ইটালীৰ দাৰ্শনিক মেকিয়াভেলীয়ে (1469-1527) তেওঁৰ। ‘প্ৰিন্স’ (The prince 1513) নামৰ গ্ৰন্থত পোনপ্ৰথমে ৰাষ্ট্ৰ শব্দটো ব্যৱহাৰ কৰিছিল। ৰাষ্ট্ৰৰ সম্পৰ্কে প্লেটো, এৰিষ্টটলৰ সময়ৰ পৰাই চিন্তাধাৰা প্ৰকাশ পাই আহিছে। যদিও প্ৰাচীন গ্ৰীক আৰু বৰ্তমানৰ ৰাষ্ট্ৰৰ ধাৰণাৰ মাজত যথেষ্ঠ পাৰ্থক্য আছে। খ্ৰীষ্টপূৰ্বৰ ৩০০-৪০০ৰ ভিতৰত ৰাষ্ট্ৰৰ ধাৰণা আছিল অতি সীমিত।অৱশ্যে১৭ শতিকাত ইউৰোপত যি ৰাজনৈতিক সাৰ্বভৌমত্ব ধাৰণাৰ বিকাশ হৈছিল, সেই ধাৰণাই ৰাষ্ট্ৰৰ বিকাশত সহায় কৰিছিল।

ৰাষ্ট্ৰৰ সংজ্ঞা (Definition of State) : ৰাষ্ট্ৰৰ সম্পৰ্কত বিভিন্ন চিন্তাবিদসকলে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। যিহেতু প্ৰাচীন কালৰেপৰা বৰ্তমান সময়লৈকে ৰাষ্ট্ৰৰ ধাৰণা পৰিচালনা হৈ আহিছে, সেয়ে ভিন্ন ভিন্ন সময়ৰ চিন্তাবিদসকলে ৰাষ্ট্ৰৰ সংজ্ঞা ভিন্ন ভিন্ন ধৰণেৰে আগবঢ়াই আহিছে। তলত ৰাষ্ট্ৰৰ সম্পৰ্কত বিভিন্ন পণ্ডিতসকলে আগবৰুৱা কেইটামান সংজ্ঞা উল্লেখ কৰা হ’ল – 

গ্ৰীক দাৰ্শনিক এৰিষ্ট’টল (Sristotle) ৰ মতে, “The State is an association of families and valliages for the state of attaining a perfect and self sufficient existence.”অৰ্থাৎ ৰাষ্ট্ৰ হৈছে এক সামাজিক অনুষ্ঠান য’ত পৰিয়াল আৰু গাওঁসমূহ স্বয়ংসম্পূৰ্ণ হোৱাৰ লক্ষ্য আগত ৰাখি এক উৎকৃষ্ট জীৱন -যাপনৰ  প্ৰচেষ্টা চলায়।

দাৰ্শনিক ব্লাণ্টচলি (Bluntchil) ৰ মতে, “The State is a political organized people of definite territory.” অৰ্থাৎ ৰাষ্ট্ৰ হৈছে কোনো এক ভূ-খণ্ডত ৰাজনৈতিকভাৱে সংগঠিত জনসাধাৰণ।

অপেনহেইম (Oppenheim) ৰ মতে, “The State exists when a people is settled in country under it’s own sovereign government.” অৰ্থাৎ জনসাধাৰণ যেতিয়া সাৰ্বভৌমত্ব চৰকাৰৰ অধীনত এখন দেশত একগোট হৈ বাস কৰে তেতিয়া ৰাষ্ট্ৰৰ সৃষ্টি হয়।

আমেৰিকাৰ ভূতপূর্ব ৰাষ্ট্ৰপতি উদ্ৰ উইলচন (Woodrow Wilson) ৰ মতে, “A State is the people organised for law within a definite territory. “অৰ্থাৎ নিৰ্দিষ্ট ভূ-খণ্ডৰ ভিতৰত আইন-শৃংখলাৰ বাবে সংগঠিত জনসাধাৰণেই হ’ল ৰাষ্ট্ৰ।

বাজেছ (Burges) ৰ মতে, “The state is a particular portion of making viwed as an organized unit.” অৰ্থাৎ ৰাষ্ট্ৰ হৈছে এক নিৰ্দিষ্ট পৰিমাণৰ জনসমষ্টিৰ সাংগঠনিক গোট।

ব’ডিন (Bodin) ৰ মতে, “A state is an association of families and their common affairs, governed by a surprise power and by reason.” অৰ্থাৎ ৰাষ্ট্ৰ হ’ল কিছুমান পৰিয়াল আৰু সেই পৰিয়ালবোৰৰ ধন -সম্পত্তিৰ মিলিত সংগঠন, যি সংগঠন, চূড়ান্ত ক্ষমতা আৰু যুক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।

গাৰ্ণাৰ (Garner) ৰ মতে, “State is a community of persons more or less numerous, permanently occupying a definite portion of territory, independent,or nearly so of external control and possessing an organized government to which the great body of inhabitants render habitual obedience.”অৰ্থাৎ” ৰাষ্ট্ৰ হ’ল কম বা বেছি জনসাধাৰণক লৈ গঠিত এক সম্প্ৰদায়, যি নিৰ্দিষ্ট ভূ-খণ্ডত স্থায়ীভাৱে বসবাস কৰি বহিঃশক্তিৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হৈ এখন স্বাধীন চৰকাৰ প্ৰতিষ্ঠা কৰা আৰু সৰহসংখ্যক জনসাধাৰণে এই চৰকাৰৰ প্ৰতি আনুগত্য প্ৰকাশ কৰে।”

লাস্কি (Laski) ৰ মতে, “State is territorial society divided into government and subjects claiming within its politically allowed physical area, a supremacy over other Institution.”অৰ্থাৎ” ৰাষ্ট্ৰ হ’ল এনে এক ভৌগোলিক সমাজ যি চৰকাৰ আৰু প্ৰজাত বিভক্ত আৰু যি ভৌগোলিক সমাজে ৰাজনৈতিকভাৱে নিৰ্ধাৰিত ভূ-খণ্ডৰ ভিতৰত অৱস্থিত সকলো প্ৰতিষ্ঠানৰ ওপৰত কৰ্তৃত্ব দাবী কৰে।”

ওপৰৰ সংজ্ঞাসমূহৰ পৰ্যবেক্ষণ কৰিলে দেখা যায় যে ৰাষ্ট্ৰ হৈছে সমাজত আইন আৰু শান্তি-শৃংখলা ৰক্ষা কৰা আৰু জনসাধাৰণৰ সুৰক্ষাৰ বাবে গঠন হোৱা এক ৰাজনৈতিক সংগঠন। উপৰিউক্ত সংজ্ঞাসমূহৰ ভিতৰত গাৰ্ণাৰে আগবঢ়োৱা সংজ্ঞাটোৱে ৰাষ্ট্ৰৰ সকলোবোৰ দিশ সামৰি লৈছে বুলি ক’ব পাৰি। ৰাজনীতি বিজ্ঞানৰ পণ্ডিতসকলেও গাৰ্ণাৰৰ সংজ্ঞাটোক অধিক গ্ৰহণযোগ্য সংজ্ঞা হিচাপে আখ্যা দিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top