Political Sociology Unit 1 ৰাজনৈতিক সমাজতত্ত্বৰ পৰিপ্ৰেক্ষা

Political Sociology Unit 1 ৰাজনৈতিক সমাজতত্ত্বৰ পৰিপ্ৰেক্ষা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Sociology Unit 1 ৰাজনৈতিক সমাজতত্ত্বৰ পৰিপ্ৰেক্ষা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Sociology Unit 1 ৰাজনৈতিক সমাজতত্ত্বৰ পৰিপ্ৰেক্ষা Question Answer can be of great value to excel in the examination.

Political Sociology Unit 1 ৰাজনৈতিক সমাজতত্ত্বৰ পৰিপ্ৰেক্ষা

Join Telegram channel

Political Sociology Unit 1 ৰাজনৈতিক সমাজতত্ত্বৰ পৰিপ্ৰেক্ষা Notes cover all the exercise questions in UGC Syllabus. The Political Sociology Unit 1 ৰাজনৈতিক সমাজতত্ত্বৰ পৰিপ্ৰেক্ষা in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Contextualising the study of Politics

SOCIOLOGY

POLITICAL SOCIOLOGY

ৰাজনৈতিক সমাজতত্ত্ব

  1. Discuss the origin and development of political sociology.

Or

Discuss about the origin or emergence of political Sociology.

Ans : আন আন সমাজ বিজ্ঞানৰ দৰে ৰাজনৈতিক সমাজতত্ত্বৰো উৎপত্তি বা জন্মৰ নিৰ্দিষ্ট তাৰিখ সঠিকভাৱে উল্লেখ কৰিব নোৱাৰি। অৱশ্যে ঊনৈশ শ পৰা কিছুমান বিশিষ্ট চিন্তাবিদে ৰাজনৈতিক সমাজতত্ত্বক এক পৃথক বিষয় হিচাপে গঢ়ি তোলাত অৰিহণা যোগায়। এই চিন্তাবিদসকলৰ ভিতৰত কিছুমান ৰাজনীতিবিদ, কিছুমান ৰাজনীতি বিজ্ঞানী তথা সমাজতত্ত্ববিদ। এইসকলৰ ভিতৰত (Karl Marx), মেক্স ৱেবাৰ (Max Weber), হাবাৰ্ট স্পেনচাৰ (Herbert Spencer), অপেনহেইমাৰ (Oppenheimer) আদিৰ নাম বিষেকভাৱে উল্লেখযোগ্য। দৰাচলতে সমাজত্বৰ অধ্যয়নৰ ক্ষেত্ৰত থকা কিছুমান আসোঁৱাহ দূৰ কৰাৰ উদ্দেশ্যই এই বিষয়টোৰ বিকাশ সাধন হয়।বিষয় হিচাপে ৰাজনৈতিক সমাজত্বৰ উদ্ভৱ হয় প্ৰথম মহাসমৰৰ আশে-পাশে ,যদিও চিন্তাবিদসকলৰ মাজত ইয়াৰ বিকাশ সম্পৰ্কে মত পাৰ্থক্য পৰিলক্ষিত হয়। চিন্তাবিদ লিপচেট (Lipset) আৰু (Runciman) ৰ মতে শিল্প বিপ্লৱ আৰু সংস্কাৰ আন্দোলনে ৰাজনৈতিক সমাজতত্বৰ উৎপত্তিৰ পথ প্ৰশস্ত কৰে।

ষোল্ল শ শতিকাৰ ধৰ্ম সংস্কাৰ আন্দোলনে মধ্যযুগৰ ইউৰোপত ধর্মীয় কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ ভেটি কঁপাই তোলে। এই সময়ছোৱাত ইউৰোপৰ বিভিন্ন ঠাইত পৰম্পৰাগত নীতিৰ আঘাত হানি খ্ৰীষ্টান ধর্মীয় ৰাষ্ট্ৰ তথা মধ্যযুগীয় সাম্ৰাজ্যৰ ঠাইত জাতীয় সাৰ্বভৌম ৰাষ্ট্ৰৰ ধাৰণা গঢ়ি উঠাৰ লগে লগে সমাজ আৰু ৰাষ্ট্ৰ পাৰ্থক্য ওলাই পৰে।তদুপৰি ওঠৰ শ শতিকাৰ দ্বিতীয় ভাগত ইংলেণ্ডত সংঘটিত হোৱা শিল্প বিপ্লৱৰ পৰিণতি স্বৰূপে ইংলেণ্ডত হোৱা ঔদ্যোগিক বিকাশৰ আগলৈকে ইংলেণ্ডৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাত ধনীক শ্ৰেণীয় প্ৰাধান্য লাভ কৰিছিল যদিও শিপ্ল বিপ্লৱৰ পিছত গণতান্ত্ৰিক শাসন ব্যৱস্থাত ধনীক শ্ৰেণীৰ প্ৰাধান্যৰ ওৰ পৰে। আৰ্থ-সামাজিক তথা ৰাজনৈতিক ক্ষেত্ৰত দেখা দিয়া এনে পৰিৱৰ্তনে ৰাজনৈতিক সমাজত্বৰ বিকাশত অৰিহণা যোগায়।

ৰান্সিমেন (Runcimen) য়ে তেওঁৰ “Social Science and Political Theory” (1063) নামৰ গ্ৰন্থত ৰাষ্ট্ৰ আৰু সমাজৰ মাজত থকা পাৰ্থক্য ধৰা পৰাৰ সময়তেই ৰাজনৈতিক সমাজত্ত্বৰ উৎপত্তি হয় বুলি উল্লেখ কৰিছে। তেওঁ এই গ্ৰন্থখনত সমাজত্বৰ সৈতে ৰাজনৈতিক দৰ্শনৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰিছে। সমাজ বিজ্ঞানৰ বিভিন্ন বিষয়সমূহৰ ক্ষেত্ৰত থকা বহুতো আসোঁৱাহ দূৰ কৰাৰ বাবেও তেওঁ এই গ্ৰন্থখনৰ জৰিয়তে চেষ্টা চলায়। ৰান্সিমেনকে আদি কৰি বহুতো চিন্তাবিদে মত পোষণ কৰে যে ৰাজনৈতিক সমাজতত্ত্বৰ প্ৰকৃত বিকাশ সাধন হয় ঊনৈশ শ শতিকাৰ মাজভাগত।

ৰাজনীতি বিজ্ঞানৰ বৰ্দ্ধিত পৰিসৰে ৰাজনৈতিক সমাজতত্ত্বৰ বিকাশত অৰিহণা যোগায়। ৰাজনীতি বিজ্ঞানৰ উৎপত্তিৰ আৰম্ভণিতে ইয়াৰ অধ্যয়নৰ পৰিসৰ কেৱল নগৰ ৰাষ্টসমূহৰ মাজতেই সীমাবদ্ধ আছিল। কিন্তু সময়ৰ পৰিবৰ্তনৰ লগে লগে ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ ক্ষেত্ৰত পৰিৱৰ্তন আহি পৰে।লাস্কিৰ মতে সংগঠিত ৰাষ্ট্ৰৰ মানৱ জীৱনৰ লগত সম্পৰ্ক থকা সকলো আলোচনাই ৰাজনীতি বিজ্ঞানৰ অন্তৰ্ভূক্ত। দ্বিতীয় মহাযুদ্ধৰ পিছত বহুতো ৰাজনীতি বিজ্ঞানীয়ে, বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানীসকলে মত পোষণ কৰে যে কেৱল ৰাষ্ট্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি অধ্যয়ন বা ৰাজনৈতিক কাৰ্যকলাপ বিশ্লেষণ কৰি কোনো সিদ্ধান্তত উপনীত হোৱাটো সম্ভৱ নহয়। যাৰ কাৰণে ৰাজনীতি বিজ্ঞান অধ্যয়নৰ পৰিসৰক ৰাষ্ট্ৰপৰা আঁতৰাই ৰাজনৈতিক ব্যৱস্থালৈ লৈ আনে। 

প্ৰকৃতাৰ্থত ৰাজনৈতিক ব্যৱস্থাই এখন দেশৰ সকলো ধৰণৰ আনুষ্ঠানিক তথা অনানুষ্ঠানিক সংস্থাক সাঙুৰি লয়, যিবোৰৰ সৈতে ব্যক্তিৰ অনুষ্ঠানক প্ৰভাৱান্বিত কৰে সেইবোৰকে ৰাজনীতি বিজ্ঞানৰ সঠিক বিষয়বস্তু বুলি গণ্য কৰা হৈছে। সেইবোৰৰ ভিতৰত ব্যক্তিৰ আচৰণ, গোটসমূহৰ কাৰ্যকলাপ, নিৰ্বাচন, আইন প্ৰণয়ন আৰু বলবৎ ইত্যাদি।তদুপৰি ৰাজনীতি বিজ্ঞানৰ পৰিসৰৰ তালিকাত আৰু বহুতো নতুন নতুন বিষয় অন্তৰ্ভুক্ত হৈছে। তাৰ ভিতৰত ৰাজনৈতিক আধুনিকীকৰণ, ৰাজনৈতিক সামাজিকীকৰণ, ৰাজনৈতিক সংস্কৃতি, তুলনামূলক ৰাজনীতি আদি উল্লেখযোগ্য। মুঠৰ ওপৰত সংগঠিত মানুহৰ সামাজিক সম্পৰ্কৰ প্ৰায়বোৰ দিশেই ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ পৰিসৰৰ অন্তৰ্ভূক্ত হোৱাৰ লগে লগে ৰাজনৈতিক সমাজতত্ত্বক এক পৃথক বিষয় হিচাপে গঢ়ি তোলাত অৰিহণা যোগাইছে।

ৰাজনৈতিক সমাজতত্ত্বৰ বিকাশৰ অন্তৰালত দুজন বিশিষ্ট জাৰ্মান চিন্তাবিদৰ নাম বিষেকভাৱে উল্লেখযোগ্য।এওঁলোক হ’ল কাৰ্লমাৰ্ক্স আৰু মেক্স ৱেবাৰ (Max Weber)। মাৰ্ক্সে আগবঢ়োৱা বিভিন্ন তত্ত্ব যেনে – দ্বন্দ্বাত্মক বস্তুবাদ, ইতিহাসৰ অৰ্থনৈতিক ব্যাখ্যা, শ্ৰেণী সংগ্ৰামৰ তত্ব ইত্যাদিৰ জৰিয়তে সামাজিক বিচাৰ-বিশ্লেষণৰ মাজেৰে ৰাজনৈতিক ক্ষেত্ৰলৈ অৰিহণা আগবঢ়াইছে । তেওঁ ৰাষ্ট্ৰ আৰু ৰাজনৈতিক সমাজৰ অৰ্থনৈতিক গাথঁনিৰ ওপৰত ভিত্তি কৰি আলোচনা কৰিছিল। তেওঁৰ মতে ৰাষ্ট্ৰ তথা সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক অৱস্থা নিৰ্ভৰ কৰে সমাজৰ অৰ্থনৈতিক গাথঁনিৰ ওপৰত। মানুহৰ জীৱন ধাৰণ পদ্ধতিত যিবোৰ পৰিৱৰ্তন আহে,সেই পৰিবৰ্তনৰ প্ৰধান কাৰণ হৈছে অৰ্থনৈতিক। 

তেওঁৰ মতে অৰ্থনীতিৰ ওপৰতেই সমাজৰ মূল ভেটি গঢ়ি উঠে।অৱশ্যে তেওঁৰ তত্ত্বসমূহৰ ভেটি যদিও মূলতঃ অৰ্থনীতিৰ ওপৰত প্ৰতিষ্ঠিত আছিল, তথাপিতো তত্ত্বসমূহৰ বিশ্লেষণৰ ক্ষেত্ৰত সমাজ বিজ্ঞানৰ আন আন কিছুমান বিষয় যেনে – ইতিহাস, দৰ্শন আদিৰ অধ্যয়নৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছিল। মাৰ্ক্সৰ চিন্তাধাৰাত হেগেলৰ দ্বন্দ্বাত্মক বস্তুবাদে প্ৰভাৱ বিস্তাৰ কৰিছিল। অৱশ্যে মাৰ্ক্স আৰু হেগেলৰ দ্বন্দ্বাত্মক পদ্ধতিৰ মাজত পাৰ্থক্য আছিল। এই পদ্ধতিৰ জৰিয়তে সত্য উদঘাটন কৰাই আছিল হেগেলৰ উদ্দেশ্য। আনহাতে, মাৰ্ক্সৰ উদ্দেশ্য আছিল সমাজবাদ প্ৰতিষ্ঠা কৰা। দ্বন্দ্বাত্মক পদ্ধতিৰ সহায়ত এখন শ্রেণীহীন আৰু শোষণহীন সমাজ প্ৰতিষ্ঠা কৰা সম্ভৱ হ’ব পাৰে বুলি মাৰ্ক্সে বিশ্বাস কৰিছিল।

এনেদৰে মাৰ্ক্সৰ সমস্ত কৰ্মৰাজিয়ে ৰাজনৈতিক সমাজতত্ত্বৰ ভেটি নিৰ্মাণত সহায় কৰিছিল। তেওঁৰ চিন্তাধাৰাত ৰাজনীতিত সমাজতাত্ত্বিক বিশ্লেষণেই বিশেষভাৱে স্থান লাভ কৰিছিল।

মাৰ্ক্সৰ পিছতে ৰাজনৈতিক সমাজতত্ত্বৰ বিকাশৰ অৰিহণা আগবঢ়ায় মেক্স ৱেবাৰয়ে। তেওঁ মাৰ্ক্সৰ তত্ত্বসমূহৰ এগৰাকী লেখত ল’ব লগা সমালোচক হিচাপে ৰাজনৈতিক সমাজতত্ত্বৰ বিকাশলৈ অধিক অৰিহণা আগবঢ়ায়। মাৰ্ক্সে যেনেদৰে অৰ্থনৈতিক কাৰণকে ৰাজনৈতিক তথা সামাজিক বিশ্লেষণৰ কেন্দ্ৰবিন্দু বুলি ভাবিছিল তেনেদৰে ৱেবাৰে ক্ষমতাকহে ৰাজনৈতিক তথা সামাজিক বিশ্লেষণৰ কেন্দ্ৰবিন্দু হিচাপে গন্য কৰিছিল। 

১৯০৬  চনত প্ৰকাশিত তেওঁৰ “The Protestant Ethics and the spirit of capitalism” ত আদৰ্শ কেনেকৈনো বিষেকভাৱে সামাজিক পৰিবৰ্তনৰ কাৰক হ’ব পাৰে সেই কথা বিষেকভাৱে আগবঢ়াইছে। এই গ্ৰন্থখনৰ লগতে ৱেবাৰে এইটোও বিশ্লেষণ কৰি দেখুৱাইছে যে খ্ৰীষ্টান ধৰ্মৰ প্রটেষ্টান্ত পন্থাই কেনেকৈনো মানুহৰ মনত এটা মূল্যবোধৰ জন্ম দিছিল যিয়ে ইউৰোপত পুঁজিবাদী উৎপাদন ব্যৱস্থাৰ বিকাশ তৰাম্বিত কৰিছিল।

ৰাষ্ট্ৰৰ সংজ্ঞা আগবঢ়াবলৈ গৈ ৱেবাৰে কৈছে যে ৰাষ্ট্ৰ হৈছে এক মানবিক প্ৰতিষ্ঠান।নিৰ্দিষ্ট ভূখণ্ডৰ মাজত বৈধ অধিকাৰযুক্ত অনুষ্ঠানেই হ’ল ৰাষ্ট্ৰ।বৈধতাৰ ধাৰণাৰ তেওঁ আছিল এগৰাকী বিখ্যাত প্ৰৱক্তা।ক্ষমতা,কৰ্তব্য আৰু বৈধতা সম্পৰ্কীয় মেক্স ৱেবাৰৰ মৌলিক চিন্তাধাৰাই ৰাজনৈতিক সমাজতত্বৰ ভেটি গঢ়ি তোলাত অৰিহণা যোগাইছিল । ৰাজনৈতিক সমাজতত্বলৈ আগবঢ়োৱা বিশেষ বৰঙণিৰ বাবে তেওঁক ৰাজনৈতিক সমাজতত্বৰ পিতৃস্বৰূপ বুলি কোৱা হয়।

মেক্স ৱেবাৰৰ পিছতে ৰাজনৈতিক সমাজতত্বলৈ প্ৰভূত বৰঙণি আগবঢ়োৱা এজন বিশিষ্ট ফৰাচী চিন্তাবিদ হ’ল এলেক্সিজ ডি. টকভিল। টকভিলে তেওঁৰ  ‘The old Regime and the French Revolution’ (1856) নামৰ গ্ৰন্থখনত ফৰাচী বিপ্লৱৰ পিছৰ ফ্ৰান্সৰ ৰাজনীতি আৰু সমাজ ব্যৱস্থাৰ তুলনামূলক অধ্যায়ন আগবঢ়াইছিল। ওঠৰ শ শতিকাৰ ফৰাচী বিপ্লৱ বিশ্ব ৰাজনীতিৰ এক তাৎপৰ্যপূৰ্ণ ঘটনা। সেই সময়ছোৱাত যষ্ঠদশ লুই এজন অতি স্বেচ্ছাচাৰী ৰজা আছিল।

তেৰশ শতিকাতে তিনি শ্ৰেণীৰ লোক-গীৰ্জাৰ ধর্মযাজক, অভিজাত আৰু সাধাৰণ শ্ৰেণীৰ লোকক লৈ ফ্ৰান্সৰ এখন সংসদ গঠন কৰা হৈছিল যদিও সেই সংসদ ৰজাৰ ইচ্ছা অনুসৰি পৰিচালিত আছিল। যাৰ কাৰণে ১৭৮৯ ত ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ গঢ়ি উঠিছিল। এনেদৰে ১৭৯২ চনৰ ২২ ছেপ্টেম্বৰত ফ্ৰান্সৰ চৰম ৰাজতন্ত্ৰৰ ঠাইত গণৰাজ্য প্ৰতিষ্ঠা হৈছিল। ফ্ৰান্সত নতুন সংবিধান প্ৰণয়ন হৈছিল। জনসাধাৰণক ব্যক্তিগত স্বাধীনতা তথা মৌলিক অধিকাৰ প্ৰদান কৰা হৈছিল। তদুপৰি গীৰ্জাৰ অধিকাৰ আৰু স্বাধীনতা বহু পৰিমাণে সীমিত কৰা হৈছিল। প্ৰশাসনিক ক্ষেত্ৰত ভালেখিনি সংস্কাৰ সাধন কৰাৰ লগতে, শিক্ষাক ৰাষ্টীয়কৰণ কৰা ইত্যাদি সকলোবোৰৰ এক সবিশেষ আলোচনা দাঙি ধৰি ৰাজনৈতিক সমাজতত্বৰ বিকাশত অৰিহণা আগবঢ়াইছিল। 

তদুপৰি তেওঁ Democracy America’ নামৰ গ্ৰন্থখনত আমেৰিকাত গণতান্ত্ৰিক শাসন ব্যৱস্থাই কৃতকাৰ্যতা লাভ কৰাৰ অন্তৰালত কাৰণসমূহ বিশ্লেষণ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ সফলতাৰ কাৰণ বিশ্লেষণ কৰিবলৈ গৈ কিছুমান অ-ৰাজনৈতিক বিষয়ৰ ওপৰত বিষেষভাৱে গুৰুত্ব প্ৰদান কৰিছে। সেই কেইটা হ’ল– আমেৰিকা যুক্তৰাষ্ট্ৰ ঐতিহ্য, মানুহৰ চৰিত্ৰ, আচৰণ, ৰীতি-নীতি ইত্যাদি। এনেধৰণৰ কিছুমান অ-ৰাজনৈতিক বিষয়ক বাদ দি কেৱল জনসাধাৰণক গণতান্ত্ৰিক সুযোগ-সুবিধা প্ৰধান কৰিলেই এখন দেশত গণতান্ত্ৰিক ব্যৱস্থাই সফলতা লাভ কৰিব নোৱাৰে। তাৰ বাবে প্ৰয়োজন জনগণৰ সুস্থ মানসিকতা আৰু গণতন্ত্ৰ তথা প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাটোৰ প্ৰতি জনগণৰ আনুগত্য। এনেদৰে গণতান্ত্ৰিক ব্যৱস্থাৰ কৃতকাৰ্যতাৰ অন্তৰালত সমাজ ব্যৱস্থা তথা জনসাধাৰণৰ গুৰুত্ব আৰু ভূমিকাৰ বিষয়ে উল্লেখ কৰি, সমাজ ব্যৱস্থা আৰু ৰাজনৈতিক ব্যৱস্থাৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে উত্থাপন কৰি ৰাজনৈতিক সমাজতত্বৰ বিকাশত বৰঙনি যোগাইছিল। টকভিল সম্পৰ্কত অধ্যাপক আলি আশ্ৰৰফ আৰু অধ্যাপক এল. এন. শৰ্মাই মন্তব্য প্ৰকাশ কৰি কৈছে যে “Though he studied the social condition in America and France his observation regarding the nature of mass society and the dangers of conformity are of general significance. The problems of democracy in mass society focus on the concentration of power in the government and the atomization of the individual.” 

তেওঁৰ পিছত আন দুজন বিশিষ্ট চিন্তাবিদ ভেবলেনৰ ‘Imperial Germany and Industrial Revolution (1914) আৰু টালকট পাৰচনচৰ (The structure of social action)” (1937) নামৰ গ্ৰন্থকেইখনৰ জৰিয়তে ভেবলেনে ৰাজনৈতিক ব্যৱস্থা আৰু আৰ্থ-সামাজিক বিকাশৰ মাজত থকা আন্তঃ সম্বন্ধৰ বিষয়ে আলোচনা কৰাৰ লগতে, পাচৰন্চৰ সামাজিক ক্ৰিয়াৰ গাঁঠনি সম্বন্ধীয় নব্য ধ্যান-ধাৰণাই ৰাজনৈতিক সমাজতত্বৰ বিকাশত প্ৰভূত বৰঙণি যোগায়।

ঊনৈশ শ শতিকাৰ শেষৰফালে আৰু বিংশ শতিকাৰ আৰম্ভণিতে ইটালীত সৃষ্টি হোৱা নৱ্য মেকীয়া ভেলিয়ান চিন্তাধাৰাই ৰাজনৈতিক সমাজতত্বলৈ অৰিহণা যোগায়। আধুনিক যুগৰ প্রথম ৰাজনৈতিক চিন্তাবিদ হিচাপে ৰাজনীতি বিজ্ঞানলৈ মেকীয়া ভেলিয়ে যিবোৰ ধাৰণা আগবঢ়াইছিল

সেই ধাৰণাসমূহৰ পিছতে ইটালীৰ আন এজন বিখ্যাত চিন্তাবিদ তথা সমাজতানত্ত্বিক ভিলফ্ৰেড’ পেৰেটোৱে  (Vilfredo Pareto) য়ে সকলো ৰাজনৈতিক ব্যৱস্থাতে ৰাষ্ট্ৰ ক্ষমতা যে কেইজনমান মুষ্টিমেয় লোকৰ হাতত কেন্দ্ৰীভূত হৈ থাকে সেই কথাটো বিষেকভাৱে উল্লেখ কৰিছে।

প্ৰত্যেক সমাজত বিদ্যমান এনে ক্ষুদ্ৰ প্ৰভাৱশালী শ্ৰেণীটোক বুজাবলৈ পেৰেটোৱে পোন প্ৰথমে এলিট (Elite) শব্দটো প্ৰয়োগ কৰিছিল। যাৰ অসমীয়া অৰ্থ হৈছে বাছকবনীয়া অংশ বা সমাজৰ শ্ৰেষ্ঠ লোকসমষ্টি। তেওঁৰ পিছতে এলিট সম্বন্ধীয় ধাৰণা আগবঢ়াই নিছিল ইটালীৰ আন দুজন সমাজতাত্ত্বিক গেটানো মচকা আৰু ৰবাৰ্ট’ মিছেলয়ে। ৰাজনৈতিক সমাজতত্ত্বৰ বিকাশত তেওঁলোক আটায়ে সম্ভ্ৰান্ত তত্ত্বৰ অৱদান উল্লেখ কৰে। এই চিন্তাবিদসকলৰ মতে ক্ষমতা সদায় সমাজৰ বাছকবনীয়া অমুঠিমান লোকৰ হাতত কেন্দ্ৰীভূত হৈ থাকে আৰু এই লোকসকলে সমাজ, ৰাজনীতি, অৰ্থনীতি আদি সকলো ব্যৱস্থাকে নিয়ন্ত্ৰণ কৰে। লগতে তেওঁলোকে এইটোও উল্লেখ কৰে যে সমাজত এই এলিট শ্ৰেণীৰ স্থান বা মান সদায় একে নাথাকে। পেৰেটোৰ মতে ইতিহাস এলিট শ্ৰেণীৰ উত্থান-পতনৰ কাহিনীৰে ভৰা। পুৰণা এলিটে এলিটৰ ঠাই এৰি দিয়ে। যাক তেওঁ এলিটৰ আৱৰ্তন বুলি উল্লেখ কৰিছে। পেৰেটোৰ মতে এলিটৰ আৱৰ্তন দুটা দিশত চলি থাকে। এটা শাসক এলিটসকলৰ নিজৰ মাজত আনটো এলিট আৰু সৰ্বসাধাৰণৰ মাজত পেৰেটোৰ নিচিনাকৈ মচ্কাইও এলিটৰ আৱৰ্তনক এক শাশ্বত সত্য বুলি মানি লৈছে।

এইসকল সমাজতাত্ত্বিকৰ পিছৰ পৰ্যায়ত এলিটৰ বিষয়ে আলোচনা কৰি চি. ৰাইট. মিলিয়ে  ‘Power Elite’ আৰু জেমচ বাৰ্নহামে Managgerial Class ৰ ধাৰণা আগবঢ়াইছিল। মিলে তেওঁৰ ‘The Power Elite’ (1959) নামৰ গ্ৰন্থত ক্ষমতা এলিট Power Elite বুলি কওঁতে তেওঁ সেই সকল ব্যক্তিক বুজাব বিচাৰিছিল যিসকলে সমাজত কতৃত্বপূৰ্ণ উচ্চপদ অধিকাৰ কৰি থাকে। সেই সকল হ’ল বৃহৎ ব্যৱসায়িক গোষ্ঠীৰ মুৰবীসকল, ৰাজনৈতিক নেতা আৰু সামৰিক বহিনীৰ প্ৰধানসকল। তেওঁৰ এলিট সম্পৰ্কীয় ধাৰণা আমেৰিকাৰ গণতান্ত্ৰিক ব্যৱস্থাৰ ক্ষমতা বিভাজনৰ তত্বৰ ওপৰত প্ৰতিষ্ঠিত। 

আনহাতে জেমচ্ বাৰ্নহামে (James Burnham) য়ে তেওঁৰ ‘The Manageral Revolution’ (1941) নামৰ গ্ৰন্থখনত উদ্যোগ প্ৰতিষ্ঠানসমূহৰ পৰিচালনাৰ লগত জড়িত পৰিচালক মণ্ডলী (Managerial Class) নামৰ এক নতুন এলিট শ্ৰেণীৰ বিষয়ে উল্লেখ কৰিছে। এনেদৰে এলিট তত্ত্ব সম্পৰ্কীয় বিভিন্ন চিন্তাধাৰাই ৰাজনৈতিক সমাজতত্ত্বৰ বিকাশত উল্লেখযোগ্য অৱদান আগবঢ়ায়। প্ৰথম মহাযুদ্ধৰ পিছত মাৰ্কিন ৰাজনৈতিক চিন্তাধাৰাত ব্যাপক পৰিৱৰ্তনে দেখা দিয়ে। চাৰ্লচ মেৰিয়াম (Charles Merriam), হানচ গাৰ্থ (Hans Gerth) চিগমাণ্ড নিউমেন (Sigmund Newman), চিমুৰ মাৰ্টিন লিপটেচ (Seymour Martin Lipset) আদি মাৰ্কিন সমাজবিজ্ঞানীৰ উদ্যোগত আমেৰিকাত ৰাজনৈতিক বিষয়সমূহৰ বিজ্ঞানসন্মত অধ্যয়ন গা কৰি উঠে।

এই সময়ছোৱাত আমেৰিকাত বাস্তৱিক দৃষ্টিভংগীৰে মূল্যবোধ নিৰপেক্ষ ৰাজনৈতিক বিশ্লেষণ আৰম্ভ হয়। ইয়াৰ লগে লগে মাৰ্কিন গণতান্ত্ৰিক ব্যৱস্থাত থকা দুৰ্বলতাবিলাক ওলাই পৰে আৰু ৰাজনৈতিক ঘটনাৰাজিৰ সমাজতাত্ত্বিক আলোচনাবিলাক আমেৰিকাত  জনপ্ৰিয় হৈ উঠে। সেইবোৰৰ ভিতৰত ব্যক্তিৰ আচৰণ, ভোটাধিকাৰ আচৰণ, ৰাজনীতিত অংশগ্ৰহণ, ৰাজনৈতিক দল, প্ৰভাৱগোষ্টী তথা স্বাৰ্থ সম্বলিত গোষ্টী, ৰাজনীতিত গণমাধ্যমৰ ভূমিকা ইত্যাদি কেৱল ৰাজনীতি বিজ্ঞানৰ পৰিসৰৰ অন্তৰ্ভূক্ত হৈ নেথাকি ৰাজনৈতিক সমাজতত্ত্বৰো আলোচ্য বিষয় হৈ পৰে। তদুপৰি সেই সময়ছোৱাত পশ্চিম ইউৰোপত বিশেষকৈ ইটালীৰ সৃষ্টি হোৱা ফেচিবাদ আৰু জাৰ্মানীত সৃষ্টি হোৱা নাজীবাদে বিশ্বৰ ৰাজনৈতিক ব্যৱস্থালৈ অৰ্থাৎ গণতান্ত্ৰিক ব্যৱস্থালৈ কঢ়িয়াই অনা পৰিবৰ্তনেও ৰাজনৈতিক সমাজতত্বৰ বিকাশত প্ৰভাৱ পেলায়।

দ্বিতীয় মহাযুদ্ধৰ পিছত ৰাজনৈতিক সমাজতত্বৰ বিকাশত অৰিহণা যোগায় তৃতীয় বিশ্ব ৰাষ্টসমূহৰ আৰ্থ-সামাজিক তথা ৰাজনৈতিক ব্যৱস্থাই। কিয়নো দ্বিতীয় মহাযুদ্ধৰ পিছত এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ বহুতো দেশে স্বাধীনতা লাভ কৰাৰ লগে লগে এই দেশসমূহৰ বিভিন্ন সামাজিক সংগঠন, ৰাজনৈতিক সংগঠন তথা বাৰেবৰণীয়া সংস্কৃতিয়ে সমাজ বিজ্ঞানীসকলক আকৰ্ষিত কৰে। পূৰ্বৰে পৰা ইউৰোপ আৰু আমেৰিকাৰ ৰাজনৈতিক ব্যৱস্থাৰ বিষয়ে আলোচনা কৰি অহা ৰাজনীতি বিজ্ঞানীসকলৰ বাবে নতুনকৈ সৃষ্টি হোৱা ৰাষ্ট্ৰসমূহ গৱেষণাগাৰৰ লেখীয়া হৈ পৰে।

এই সময়ছোৱাত ঐতিহাসিক, ভৌগোলিক আৰু সাংস্কৃতিক পৰিৱেশৰ লগত সংগতি ৰাখি তৃতীয় বিশ্বৰ জটিল আৰ্থ-সামাজিক, ৰাজনৈতিক সমস্যাসমূহ অধ্যয়নৰ বাবে নতুন নতুন পদ্ধতিৰ সন্ধান কৰিবলগীয়া হয়। যাৰ কাৰণে এডৱাৰ্ড চিলচ্ য়ে এই সময়ছোৱাক  ‘Macro Sociological’ আলোচনাৰ সময় বুলি উল্লেখ কৰিছে। এই সময়ছোৱাত ৰাজনীতি বিজ্ঞান অধ্যয়ন পৰম্পৰাগত দৃষ্টিভংগীৰ ঠাইত আচৰণবাদী দৃষ্টিভংগীয়ে বিশেষ গুৰুত্ব লাভ কৰে। সমাজ বিজ্ঞানৰ বিভিন্ন শাখাত লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰি, জাতীয় তথা আন্তঃৰাষ্ট্ৰীয় সমস্যাসমূহ পৰ্যালোচনাৰ মাজেৰে সমাধানৰ পথ প্ৰশস্ত কৰাই আছিল আচৰণবাদৰ উদ্দেশ্য। এই উদ্দেশ্য সাধনৰ বাবে গেৱিয়েল আলমণ্ডে (Gabriel Almond) কাৰ্যবিষয়ক দৃষ্টিভংগী, (Structural Functional Approach), ডেভিদ ইষ্টনে ব্যৱস্থাপক দৃষ্টিভংগী, কাৰ্ল ডয়েচয়ে যোগাযোগ তত্ত্ব আদি আগবঢ়ায়। সামাজিক পটভূমিত বিশ্লেষণ কৰা ৰাজনীতি বিজ্ঞানৰ এই দৃষ্টিভংগীসমূহে ৰাজনৈতিক সমাজতত্ত্বৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।

ৰাজনৈতিক সমাজতত্ত্বৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে কৰা বিভিন্ন আলোচনাৰ লগতে ৰাজনৈতিক সমাজতত্ত্বৰ বিকাশত অৰিহণা যোগোৱা বিভিন্ন কাৰক বা ঘটনাৱলীৰ বিষয়ে তলত দিয়াৰ ধৰণে আলোচনা কৰিব পাৰি।

2. Discuses the important factors or circumstances that lead to the emergence of the subject of political sociology.

Ans : (ক) শিল্প বিপ্লৱ (Industrial Revolution) : ওঠৰ শতিকাত ইংলেণ্ডত সংগঠিত হোৱা শিল্প বিপ্লৱৰ পিছৰ পৰাই ইউৰোপত প্ৰকৃতাৰ্থত উদ্যোগিক প্ৰসাৰ বৃদ্ধি পাবলৈ ধৰে। ঔদ্যোগিক বিকাশৰ আগলৈকে ইংলেণ্ডৰ শাসন ব্যৱস্থাত ধনীক শ্ৰেণী (সামন্ত) য়ে প্ৰভাৱ বিস্তাৰ কৰিছিল। সেই সময়ত গণতান্ত্ৰিক অনুষ্ঠানসমূহে দুৰ্বল ভূমিকাহে পালন কৰি আছিল। কিন্তু শিল্প বিপ্লৱৰ পিছৰে পৰা শ্ৰমিক শ্ৰেণীৰ শক্তি বৃদ্ধিৰ লগে লগে ধনী শ্ৰেণীৰ শোষণৰ বিৰোধিতা হ’বলৈ ধৰে। ফলস্বৰূপে ধনী শ্ৰেণীৰ প্ৰাধান্যৰ ওৰ পৰে আৰু প্ৰকৃতাৰ্থত গণতান্ত্ৰিক শাসনৰ আৰম্ভ হ’বলৈ ধৰে। আৰ্থ-সামাজিক তথা ৰাজনৈতিক ক্ষেত্ৰত দেখা দিয়া এনে পৰিৱৰ্তনে ৰাজনৈতিক সমাজতত্বৰ বিকাশত অৰিহণা যোগায়।

(খ) উদাৰনৈতিক গণতন্ত্ৰৰ বিৰোধ (Opposition to Liberal Democracy) : ঊনৈশ শ শতিকাৰ আৰম্ভণিৰ আগলৈকে উদাৰনৈতিক গণতন্ত্ৰৰ কোনো আনুষ্ঠানিক নাম নাছিল। জন ষ্টৱাৰ্ট মিলৰ পূৰ্বৱৰ্তী উদাৰনীতিবিদকলৰ দ্বাৰা প্ৰচাৰিত উদাৰনীতিবাদক সনাতন উদাৰনৈতিক গণতন্ত্ৰ বুলি কোৱা হৈছিল। সেই সময়ছোৱাত বিশ্বৰ প্ৰায় প্ৰতিখন দেশতেই উদাৰনৈতিক গণতন্ত্ৰৰ উদ্ভৱ ঘটিছিল। যি গণতন্ত্ৰই চৰম ব্যক্তি স্বাতন্তবাদক সমৰ্থন কৰিছিল। কিন্তু ঊনৈশ শ শতিকাৰ শেষৰ পৰা বিশেষকৈ বিংশ শতিকাত সংঘটিত হোৱা প্ৰথম বিশ্বযুদ্ধৰ পিছৰ পৰা চৰম ব্যক্তি স্বাতন্ত্যবাদৰ তীব্ৰ বিৰোধিতা হ’বলৈ ধৰে। বিংশ শতিকাৰ শেষৰফালে সনাতন উদাৰনৈতিক গণতন্ত্ৰ যে জনকল্যান সাধনত ব্যৰ্থ সেই কথাটো মাৰ্ক্সবাদী, লেনিনবাদীসকলে জনসাধাৰণৰ ওচৰত প্ৰমাণ কৰে। এনে অৱস্থাত উদাৰনৈতিক গণতন্ত্ৰই নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে জনকল্যাণকামী ৰাষ্ট্ৰতত্ব প্ৰচাৰ কৰিবলৈ ধৰে। উদাৰনৈতিক গণতন্ত্ৰ সম্পৰ্কীয় সকলো চিন্তাধাৰাই ৰাজনৈতিক সমাজতত্বৰ বিকাশত অৰিহণা যোগোৱাত সহায় কৰে।

(গ) মাৰ্ক্সবাদৰ উত্থান (Rise of Marxism) : ১৮৪৮ চনত মাৰ্ক্স (Marx) আৰু এংগেলছৰ (Angels) ‘Communist Menifesto’ প্ৰকাশ পায়।মানুহৰ মাজত গণতন্ত্ৰ আৰু সমাজবাদী ভাৱধাৰাৰ বীজ সিঁচাত ‘Communist Menifesto’ ৰ অৱদান উল্লেখযোগ্য। এই গ্ৰন্থখনৰ মাজেৰে পুঁজিবাদী উৎপাদনী ব্যৱস্থাত ধনী শ্ৰেণীয়ে কেনেদৰে শ্ৰমিক শ্ৰেণীক শোষণ কৰে সেই সম্পৰ্কে উল্লেখ কৰাৰ লগতে ৰাষ্ট্ৰৰ ধনী শ্ৰেণীৰ শোষণৰ আহিলা হিচাপে গণ্য কৰে। মাৰ্ক্সে সমাজতান্ত্রিক গণতন্ত্ৰৰ পোষকতা কৰে। সমাজতান্ত্রিক গণতন্ত্ৰ বুলি কলে জনসাধাৰণৰ বৃহত্তম অংশৰ গণতান্ত্ৰ, শ্ৰমিক শ্ৰেণীৰ গণতান্ত্ৰক বুজায়। যি সাম্য, মৈত্ৰী, স্বাধীনতা আদি আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত। যি গণতন্ত্ৰই ৰাইজে আৰ্থ-সামাজিক তথা ৰাজনৈতিক ক্ষেত্ৰত অধিকাৰ আৰু স্বাধীনতা ভোগ কৰিবলৈ সুযোগ-সুবিধা পায়। আৰ্থ-সামাজিক তথা ৰাজনৈতিক দিশত কৰা মাৰ্ক্সীয় চিন্তাধাৰাই ৰাজনৈতিক সমাজতত্বৰ বিকাশত অৰিহণা যোগায়।

(ঘ) ৰাজনীতিৰ পৰিসৰ বৃদ্ধি (Extension of area of Politics) : গ্ৰীক দাৰ্শনিক পণ্ডিতসকলৰ দিনৰে পৰাই ৰাজনীতি এক বিষয় হিচাপে অধ্যয়ন চলি আহিছে। কিন্তু সময়ৰ পৰিবৰ্তনৰ লগে লগে ৰাজনীতি আৰু সমাজনীতিৰ মাজত পাৰ্থক্য ক্ৰমে হ্ৰাস পাই আহিছে। ফলত দুয়োটা বিষয়ৰ মাজত পাৰস্পৰিক সম্পৰ্ক বৃদ্ধি পাবলৈ ধৰিছে। বৰ্তমান গোটেই সমাজখনেই ৰাজনীতিৰ এক পথাৰ হিচাপে পৰিগণিত হৈছে। যাৰ কাৰণে ৰাজনৈতিক সংগঠন তথা বিষয়সমূহক সমাজতান্ত্রিক দৃষ্টিভংগীৰে অধ্যয়নৰ আৱশ্যকতা আহি পৰিছে।

(ঙ) সৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ (Universal Adult Suffrage) : গণতন্ত্ৰই ধাৰণাৰ বিকাশৰ লগে লগে সৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰে বিষেকভাৱে গুৰুত্ব লাভ কৰিছে, যাক কুৰি শতিকাৰ এটা পৰিঘটনা বুলি ধৰিব পাৰি। ১৯২৯ চনত ইংলেণ্ডৰ সৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ ব্যৱস্থাৰ উদ্ভাৱনৰ লগে লগে ই গণতান্ত্ৰিক ৰাষ্ট্যসমূহত গুৰুত্ব লাভ কৰে। ইয়াৰ মূলতে হৈছে ৰাজনীতি তথা সমাজ নীতিৰ মাজত এক ইয়াৰ সম্পৰ্ক। কিয়নো সৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰত ব্যৱহৃত পৰিসংখ্যামূলক পদ্ধতি, জৰীপ আৰু সমাজনীতিৰ সৈতেও জড়িত। তদুপৰি একোজন ব্যক্তিৰ ভোটাধিকাৰ আচৰণত বহু পৰিমাণে প্ৰভাৱ পেলায় সমাজৰ আৰ্থ-সামাজিক ভিত্তিয়ে । এই সকলোবোৰ কাৰণত সৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰক ৰাজনৈতিক সমাজতত্বৰ বিকাশৰ অন্যতম কাৰক বুলি ধৰিব পাৰি।

(চ) বৃহৎ পৰিসৰৰ আমোলাতন্ত্ৰ (Large Scale of Bureaucracy) : এখন সমাজৰ অ-ৰাজনৈতিক কাৰ্যপালিকা হৈছে আমোলাসকল। বৰ্তমান বিশ্বৰ সকলোবোৰ দেশতেই আমোলাসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কোনো এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ কৃতকাৰ্যতা ভালেখিনি নিৰ্ভৰ কৰে আমোলাসকলৰ শাসন নীতিৰ ওপৰত। সামাজিক পৰিবেশ, মানৱীয় প্ৰকৃতি তথা ৰাজনীতিৰ সেতে সামঞ্জস্য ৰক্ষা কৰি আমোলাসকলে প্ৰশাসনিক নীতি ৰচনা কৰে। তদুপৰি প্ৰশাসন পৰিচালনাৰ ক্ষেত্ৰত আমোলাসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ অন্তৰালত বহুতো আৰ্থ-সামাজিক তথা ৰাজনৈতিক কাৰণেই নিহিত হৈ থাকে। সেয়েহে আমোলাসকলৰ এনে সমস্যাৰ লগতে প্ৰশাসনিক ক্ষেত্ৰত লোৱা ভূমিকা সম্পৰ্কে অধ্যয়নৰ আৱশ্যকীয় বিষয় হিচাপে ৰাজনৈতিক সমাজতত্বই বিকাশ লাভ কৰে।

(ছ) ৰাষ্ট্ৰ আৰু সমাজৰ মাজত পাৰ্থক্য (Distinction between State and Society) : বিবয় হিচাপে ৰাজনীতি বিজ্ঞান অধ্যয়নৰ আৰম্ভণিতে অথবা বৰ্তমানৰ পৰা কিছুকাল আগলৈকে সমাজ আৰু ৰাষ্ট্ৰ মাজত কোনো ধৰণৰ পাৰ্থক্য সম্পৰ্কে অধ্যয়ন কৰা হোৱা নাছিল। তেনেদৰে এই দুয়োটাৰ মাজত সম্পৰ্কৰ বিষয়েও কোনো অধ্যয়ন বা আলোচনা হোৱা নাছিল। 

কাৰণ সমাজক সদায় ৰাষ্ট্ৰৰ অধীন হিচাপেহে গণ্য কৰা হৈছিল আৰু প্ৰত্যক্ষ বা পৰোক্ষভাৱে ৰাষ্ট্যই সমাজৰ সকলো দিশ সাঙুৰি লৈছিল। কিন্তু পোন্ধৰশ শতিকাৰ শেষৰ ফালে ইউৰোপ আৰু সোতৰশ শতিকাত হলেনুত হোৱা পৰিৱৰ্তনে এক নতুন অধ্যায়ৰ সূচনা কৰে। এই সময়ছোৱাত পৰম্পৰাগত এশ্বৰিক তথা খ্ৰীষ্টান ধৰ্মৰাষ্ট্ৰৰ ঠাইত স্বাধীন সাৰ্বভোম ৰাষ্ট্ৰৰ জন্ম হয়। স্বাধীন সাৰ্বভোম ৰাষ্ট্ৰ গঠনৰ লগে লগে ৰাষ্ট্ৰ আৰু সমাজৰ মাজত পাৰ্থক্য ওলাই পৰে।উনৈশ শ শতিকাৰ পৰা নতুন ৰাজনীতিবিদ আৰু সমাজতত্ববিধসকলে ৰাষ্ট্ৰ আৰু সমাজৰ মাজত সম্পৰ্ক আৰু পাৰ্থক্য সম্পৰ্কে অধ্যয়ন ওপৰত গুৰুত্ব প্ৰদান কৰে। ইয়ে অধ্যয়নৰ বাবে এক নতুন বিষয় হিচাপে ৰাজনৈতিক সমাজতত্বৰ বিকাশত অৰিহণা যোগায়।

(জ) ৰাষ্ট্ৰ আৰু সমাজৰ মাজত সম্পৰ্ক (Relation between State and Society) : ‘ৰাষ্ট্ৰ’ আৰু ‘সমাজ’ যদিও দুটা বেলেগ অৰ্থত দুটা বেলেগ শব্দ, তথাপি ৰাষ্ট্ৰ আৰু সমাজৰ মাজত থকা পাৰ্থক্যতকৈ এই দুটাৰ মাজত থকা সম্পৰ্কহে ৰাজনৈতিক সমাজতত্বৰ মূল ভেটি। দৰাচলতে এই দুয়োটাৰ মাজত থকা সম্পৰ্কত হৈছে ৰাজনৈতিক সমাজৰ মূল বিষয়বস্তু। মেকিয়াভেলীৰ মতে, ৰাষ্ট্যই সমাজ নিৰ্ধাৰণ কৰে, আনহাতে ৰ্মা’ৰ মতে,সমাজেহে ৰাষ্ট্ৰৰ গঠন আৰু প্ৰকৃতি নিৰ্ধাৰণ কৰে। ফৰাচী দাৰ্শনিক মন্টেস্কুৰ মতে ৰাষ্ট্ৰ অথবা সমাজ এই দুয়োটাৰ কোনোটোৱেই কাকো নিৰ্ধাৰণ নকৰে, বৰং এই দুয়োটা পৰস্পৰ নিৰ্ভৰশীল। ৰাষ্ট্ৰ আৰু সমাজ সম্পৰ্কীয় এনে আলোচনাও ৰাজনৈতিক সমাজতত্ব বিকাশৰ অন্যতম কাৰক।

(ঝ) ৰাজনৈতিক আৰু সামাজিক সম্পৰ্কৰ মাজত পাৰ্থক্য (Distinction between Political and Social Relation) : ৰাজনৈতিক আৰু সামাজিক সম্পৰ্কৰ মাজত পাৰ্থক্য ১৮৪০ ৰ ক্ষেত্ৰীয় ৰাষ্ট্ৰ সম্পৰ্কীয় ধাৰণাৰ বিকাশৰ পৰাহে চর্চা হ’বলৈ ধৰে। সমাজ নোহোৱাকৈ ৰাষ্ট্ৰ হ’ব নোৱাৰে যদিও সমাজ আৰু ৰাষ্ট্ৰ দুটা বেলেগ বেলেগ ধাৰণা। সমাজৰ সৈতে সামাজিক সম্পৰ্ক আৰু ৰাষ্ট্ৰৰ সৈতে ৰাজনৈতিক সম্পৰ্ক জড়িত। থমাচ পেইনৰ মতে সমাজৰ জন্ম হয় মানুহৰ প্ৰয়োজনৰ ভিত্তিত আৰু চৰকাৰৰ জন্ম হয় মানুহৰ আসোঁৱাহসমূহ দূৰ কৰাৰ বাবে। জাৰ্মান দাৰ্শনিক হেগেলৰ মতে সমাজ ৰাষ্ট্ৰ অধীনস্থ এক সংস্থা। আন এজন ইংৰাজ বিশিষ্ট চিন্তাবিদ আডাম ফাৰ্গমচনয়ে সমাজ সম্পৰ্কে সংজ্ঞা আগবঢ়াবলৈ গৈ পৰিয়াল আৰু ৰাষ্ট্ৰকো ইয়াৰ অন্তৰ্ভুক্ত বুলি গণ্য কৰিছিল। তেওঁ ৰাষ্ট্ৰক পৰিয়ালতকৈ ডাঙৰ সংগঠন হিচাপে উল্লেখ কৰাৰ বাহিৰে সামাজিক তথা ৰাজনৈতিক সম্পৰ্কৰ মাজত বিশেষ পাৰ্থক্য উল্লেখ কৰা নাছিল।

(ঞ) সামাজিক আৰু ৰাজনৈতিকৰ মাজত পাৰ্থক্য (Contrast between Social and Political) : সামাজিক আৰু ৰাজনৈতিকৰ মাজত পাৰ্থক্য সম্পৰ্কে কাল্পনিক সমাজতত্ববিদ চেইণ্ট চাইমনয়ে কৈছে যে সামাজিক আৰু ৰাজনৈতিক মাজত পাৰ্থক্য মানে দৰাচলতে প্ৰশাসন আৰু চৰকাৰৰ মাজত পাৰ্থক্য। থমাচ পেইনৰ মতে, “The society is born out of our needs and the government out of our evils.” ভনষ্টেইন (Vonstein) য়ে হ’ল প্ৰথম যিয়ে সমাজ সম্বন্ধে আগবঢ়োৱা ধাৰণা সম্পৰ্কে ক’বলৈ গৈ কৈছিল যে সমাজ হৈছে ৰাষ্ট্ৰ সম্পূৰ্ণ এক বিপৰীত ধাৰণা। 

ৰাজনৈতিক সমাজতত্বৰ পিতৃস্বৰূপ মেক্সৱেবাৰৰ মতে, “Politics is the effort to participate in the power influencing the distribution of authority between different groups.” বিশিষ্ট জাৰ্মান দাৰ্শনিক হেগেলৰ মতে ৰাষ্ট্ৰখনৰ সামূহিক স্বাৰ্থত মাজতেই নিহিত হৈ থাকে একোখন সমাজৰ বিশেষ স্বাৰ্থ। এনেদৰে কৈ হেগেলে পৌৰ সমাজক ৰাষ্ট্ৰৰ পৰা পৃথক কৰি দেখুৱাব বিচাৰিছিল। টকভিলে আমেৰিকাৰ গণতান্ত্ৰিক ব্যৱস্থাত থকা স্ব-শাসিত সংস্থা (Self governing association) সমূহৰ বিষয়ে ক’বলৈ লওঁতে,সকলো সামাজিক আৰু ৰাজনৈতিক অনুষ্ঠানৰ লগত থকা ইয়াৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰিছিল।

এনেদৰে বিভিন্ন সময়ত সামাজিক আৰু ৰাজনৈতিক শব্দকেইটাৰ বিভিন্ন প্ৰয়োগৰ মাজেৰে চিন্তাবিদসকলে ৰাজনৈতিক সমাজতত্বৰ বিকাশত অৰিহণা আগবঢ়ায়।

(ট) সৰসংখ্যক ৰাজনৈতিক দলৰ উত্থান (Rise of Mass Political Parties) : দলীয় ব্যৱস্থা ৰাজনীতি বিজ্ঞান অধ্যয়নৰ বিষয়বস্তুৰ অন্তৰ্গত। সময়ৰ গতিত ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি পাই যোৱাৰ লগে লগে ইয়াৰ বিষয়বস্তু কেৱল ৰাজনীতি বিজ্ঞানৰ মাজতেই সীমাবদ্ধ হৈ নেথাকি সামাজিক ক্ষেত্ৰলৈও প্ৰসাৰ লাভ কৰিছে। কিয়নো একো একোটা ৰাজনৈতিক দলৰ জন্ম, পতন,শক্তি তথা দুৰ্বলতা, দলীয় বিভাজন ইত্যাদি সকলো ক্ষেত্ৰতেই সামাজিক পৰিবেশৰ সম্পৰ্ক জড়িত হৈ থাকে।সমাজক বাদ দি কোনো ৰাজনৈতিক দল টিকি থাকিব নোৱাৰে।

অৰ্থাৎ সমাজৰ লোকসকলৰ সমৰ্থনৰ ওপৰতেই একো একোটা ৰাজনৈতিক দলৰ অস্তিত্ব জীয়াই থাকে। সৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ নিচিনাকৈ দলীয় ব্যৱস্থা অধ্যয়নৰ পটভূমি হৈছে সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থা।

(ঠ) মেক্স ৱেবাৰৰ বৰঙণি (Contribution of Max Weber) : মেক্স ৱেবাৰৰ মতে সকলো ৰাজনৈতিক সমস্যা তথা সামাজিক সমস্যা পৃথকে আলোচনা কৰাটো সম্ভৱপৰ নহয়।কিয়নো এই দুয়োটা বিষয়েই এটা আনটোৰ সৈতে সম্পৰ্কযুক্ত। তেওঁ ৰাজনৈতিক সমস্যাসমূহৰ সৈতে জড়িত সামাজিক সমস্যাসমূহৰ অধ্যয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। তদুপৰি ১৮০৬ চনত প্ৰকাশিত তেওঁৰ ‘The protestant Ethics and the spirit of capitalism’ নামৰ গ্ৰন্থখনৰ মাজেৰে ৰাজনীতি তথা সমাজ সম্পৰ্কে আগবঢ়োৱা মৌলিক চিন্তাধাৰাই ৰাজনৈতিক সমাজতত্বৰ ভেটি গঢ়ি তোলাত অৰিহণা যোগাইছিল। 

যাৰ কাৰণে তেওঁক ৰাজনৈতিক সমাজতত্বৰ পিতৃস্বৰূপ বুলি কোৱা হয়। তেঁও ৰাষ্ট্ৰক এটা মানবিক অনুষ্ঠান বুলি কৈ ৰাজনীতি বিজ্ঞানৰ সৈতে সমাজতত্বৰ সম্পৰ্ক স্থাপনত অৰিহণা যোগাইছিল।

(ড) তৃতীয় বিশ্বৰ দেশসমূহৰ ৰাজনৈতিক অনুষ্ঠানত চলোৱা অভিযান (Operation of Political Institution in Third World Countries) : ২ য় মহাযুদ্ধৰ আশে-পাশে এছিয়া, আফ্ৰিকা তথা লেটিন আমেৰিকাৰ বহুতো দেশে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে ২ য় মহাযুদ্ধৰ আগৰে পৰাই বহুতো ইউৰোপীয় ৰাষ্ট্যই গণতান্ত্ৰক এক আদৰ্শ চৰকাৰ হিচাপে গ্ৰহণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি, নতুনকৈ জন্ম লাভ কৰা এই ৰাষ্ট্যসমূহে তেনে ব্যৱস্থাকে গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহে। 

কিন্তু বহুদিন ধৰি বিটিছ শাসনৰ কৱলত থকা এই ৰাষ্টসমূহৰ আৰ্থ-সামাজিক তথা ৰাজনৈতিক অৱস্থাৰ বাবে নতুন শাসন ব্যৱস্থা গঢ়ি তোলাত ভালেখিনি অসুবিধাৰ সন্মুখীন হয়। সেয়ে কিছুমান বিশিষ্ট চিন্তাবিদে এই দেশসমূহৰ আৰ্থ-সামাজিক তথা ৰাজনৈতিক অৱস্থাৰ বিষয়ে অৱগত হোৱাৰ লগতে, পশ্চিমীয়া দেশসমূহত প্রচলিত গণতান্ত্ৰিক অনুষ্ঠানসমূহৰ কৃতকাৰ্যতা আৰু নতুনকৈ স্বাধীনতা লাভ কৰা ৰাষ্টসমূহত ইয়াৰ কাৰ্যকাৰীতা সম্পৰ্কে কৰা অধ্যয়নেই ৰাজনৈতিক সমাজতত্বৰ বিকাশত অৰিহণা যোগায়।

(ঢ) ক্ষেত্ৰ অধ্যয়নৰ আৱশ্যকতা (Need of Area Study) : ২ য় মহাযুদ্ধৰ আগলৈকে সামাজিক তথা ৰাজনৈতিক সংগঠন আৰু বিশ্বৰ ঘটনাৱলী সম্পৰ্কে প্ৰয়োজনীয় তথ্যপাতিৰ যোগান ধৰিছিল ইউৰোপীয় ৰাষ্টসমূহে। কিন্তু মহাযুদ্ধৰ পিছত বহুতো অনা-ইউৰোপীয় ৰাষ্ট্যয়ো ৰাজনৈতিক তথা সামাজিক সমস্যা সম্পৰ্কে বিশেষকৈ আধুনিকীকৰণ ,বিকাশ তথা জাতি গঠন সম্পৰ্কীয় বিষয়বস্তুসমূহৰ গৱেষণাৰ বাবে সুযোগ লাভ কৰে। এনে ধৰণৰ গৱেষণাৰ কাৰণে প্ৰয়োজন হৈ পৰে ক্ষেত্ৰ অধ্যয়নৰ আৱশ্যকতা। অৰ্থাৎ নতুন নতুন সমাজ আৰু ইয়াৰ ঐতিহাসিক ভৌগোলিক, সামাজিক, ৰাজনৈতিক তথা সাংস্কৃতিক পৰিবেশৰ সৈতে সম্পৰ্কযুক্ত সকলো দিশৰ অধ্যয়নৰ আৱশ্যকতাৰ ফলস্বৰূপে এনে এক বিষয়ে বিকাশ লাভ কৰে।

3. Define political sociology. Discuss the subject matter or scope of political sociology.

Ans : ৰাজনৈতিক সমাজতত্ব এটা আন্তঃসমাজধৰ্মী বিষয়।আন আন সমাজ বিজ্ঞানৰ সৈতে ইয়াৰ এক নিবিড় সম্পৰ্ক জড়িত হৈ আছে। ইতিমধ্যে ৰাজনৈতিক সমাজতত্বত আলোচনা কৰা বিষয়সমূহ আন কিছুমান বিষয়ৰ মাজেৰে আলোচিত হৈছে। দুটা বিষয়ৰ সংমিশ্ৰণত বিকাশ লাভ কৰা এই বিষয়টোৰ এটা সৰ্বসন্মত সংজ্ঞা দিয়াটো টান।অন্যান্য সমাজ বিজ্ঞানৰ দৰে ৰাজনৈতিক সমাজতত্বৰো সংজ্ঞা ইয়াৰ আলোচনাৰ বিষয়বস্তু আৰু পৰিসৰক লৈয়ে নিৰ্ধাৰণ কৰা হৈছে। এই বিষয়টোৰ এটা যথাৰ্থ আৰু সৰ্বসন্মত সংজ্ঞা দাঙি ধৰাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাৰ এটা কাৰণ হ’ল বিষয়টোৰ পৰিবৰ্তনশীলতা আৰু চিন্তাবিদসকলৰ মাজত থকা দৃষ্টিভংগীৰ বিভিন্নতা।

বিভিন্ন দৃষ্টিকোণৰ মাজেৰে চিন্তাবিদসকলে ৰাজনৈতিক সমাজতত্বৰ সংজ্ঞা এনেদৰে আগবঢ়াইছে – ডেভিদ ৰবাটচন য়ে তেওঁৰ ‘A Dictionary of Modern Politics’ নামৰ গ্ৰন্থত ৰাজনৈতিক সমাজতত্বক ৰাজনীতি বিজ্ঞানৰ এটা উপ-বিভাগ (A sub discipline political science) বুলি উল্লেখ কৰিছে।

উইলিয়াম চি. মিছেল (William C. Mitchell) ৰ মতে, ‘ৰাজনৈতিক সমাজতত্ব গঠিত হৈছে দৰাচলতে ৰাজনৈতিক সমাজতত্ববিদসকলে যি কৰে বা যি কৰি থকা বুলি দাবী কৰে (Political Sociology consists, of course, of whatever political sociologist do and or claim they are doing)।” 

আৰ. বেনডি’ৰ মতে, “ৰাজনৈতিক সমাজতত্বৰ আৰম্ভণি সমাজৰ সৈতে আৰু ইয়ে পৰীক্ষা কৰে কেনেদৰে ই ৰাষ্ট্ৰক প্ৰভাৱিত কৰে (Political Sociology starts with the society and examines how it affects the state)।” 

লুইচ. এ. ক’চাৰ (Lewis A. Coser) ৰ মতে, “ৰাজনৈতিক সমাজতত্ব হ’ল সমাজশাস্ত্ৰ সেইটো শাখা যি সমাজৰ ভিতৰত বা বিভিন্ন সমাজৰ মাজত ক্ষমতাৰ বণ্টনক প্ৰভাৱিত কৰা সামাজিক কাৰক আৰু ক্ষমতাৰ বন্টনত এইবোৰৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰাৰ লগতে ক্ষমতাৰ বন্টনক প্ৰভাৱিত কৰা সামাজিক আৰু ৰাজনৈতিক বিৰোধৰ বিষয়ে আলোচনা (Political Sociology is that branch of sociology, which is concern with the social causes and consequences of given power distribution within or between societies, and with the social and political conflicts that lead to changes in allocation of power)।”

এছ. এম. লিপচেট (S.M. Lipset) ৰ মতে, “ৰাজনৈতিক সমাজতত্ব হ’ল সমাজ আৰু ৰাজনীতি তথা সামাজিক সংৰচনাসমূহৰ লগত ৰাজনৈতিক অনুষ্ঠানসমূহৰ মাজত আন্তঃসম্বন্ধৰ অধ্যয়ন (Political Sociology is the study of inter-relationship between society and polity, between social structures and political institution)।”

স্কট গ্ৰীৰ (Scott Greer) আৰু পীটাৰ ওৰলীন (Peter Orlean) ৰ মতে, “ৰাজনৈতিক সমাজতত্বই ৰাষ্ট্ৰৰ গাঁথনিসমূহ,বৈধতাৰ প্ৰকৃতি আৰু চৰ্ত ক্ষমতাৰ প্ৰকৃতি আৰু বাষ্টৰ দ্বাৰা ইয়াৰ ব্যৱহাৰ, উপ-গোটসমূহৰ প্ৰকৃতি আৰু ৰাষ্ট্ৰৰ লগত এইবোৰৰ সম্বন্ধৰ বিষয়ে আলোচনা কৰে (Political Sociology is concerned with the structure of the state, the nature and condition of legitimacy, the nature of the monopoly of force and its use by the state, and the nature of the sub-units and their connection with the state)।”

অধ্যাপক অমল কুমাৰ মুখোপাধ্যায় (Prof. Amol Kumar Mukhopadhyay) ৰ মতে, “ৰাজনীতিৰ মুল অংশৰ এবিধ সামাজিক গঠন হিচাপে বিবেচনা কৰি ৰাজনীতিৰ ওপৰত সমাজৰ প্ৰভাৱ আৰু সমাজৰ ওপৰত ৰাজনীতিৰ প্ৰভাৱ অধ্যয়ন কৰা ৰাজনৈতিক সমাজতত্ব হ’ল সমাজততল আৰু ৰাজনীতি বিজ্ঞানৰ এবিধ সংমিশ্ৰণ (Political sociology is the product of a cross fertilization between sociology and political science that studies the impact of society on politics and also the reverse although viewing the substance of policies in a social forum)”।

এনড্ৰিউ এফৰট (Andrew Effrat) ৰ মতে, “ৰাজনৈতিক সমাজতত্বই সকলো সামাজিক ব্যৱস্থাতে ক্ষমতা আৰু কৰ্তৃত্ব বিতৰণ সম্বন্ধীয় আৰ্হি,ক্ষমতা আৰু কৰ্তৃত্বৰ এনে বিতৰণৰ কাৰণ আৰু ফলাফল আৰু ক্ষমতা আৰু কৰ্তৃত্বৰ কাৰ্যপ্ৰণালী সম্পৰ্কে আলোচনা কৰে (Political sociology is concerned with the causes, patterns and consequences of the distribution and process of power and authority in all social system) 1/4″এই সকলোবোৰ সংজ্ঞাৰ উপৰি Oxford Dictionary of Sociology ৰ মতে, “ৰাজনৈতিক সমাজতত্ব সমাজতত্বৰ এটা শাখা (Political Sociology is a branch of Sociology)।” আন কিছুমান চিন্তাবিদৰ মতে ৰাজনৈতিক সমাজতত্বৰ ৰাজনীতি বিজ্ঞানত সমাজতান্ত্রিক দৃষ্টিভংগীৰ প্ৰয়োগহে মাত্র।

এনেদৰে বিভিন্ন চিন্তাবিদে ৰাজনৈতিক সমাজতত্বৰ সম্বন্ধে বিভিন্ন সংজ্ঞা আগবঢ়ালেও এটা কথা সকলোৱে স্বীকাৰ কৰে যে ৰাজনৈতিক সমাজতত্বই সকলো ধৰণৰ ৰাজনৈতিক ব্যৱস্থাৰ সৈতে সমাজ তথা সমাজৰ সাংগঠনিক দিশসমূহৰ মাজত থকা আন্তঃক্ৰিয়া আৰু আন্তঃসম্বন্ধৰ বিষয়ে আলোচনা কৰে। প্ৰত্যক্ষ দেশৰে ৰাজনৈতিক ব্যৱস্থাই সামাজিক গোষ্টী তথা।গোটসমূহৰ কাৰ্যকলাপ নিয়ন্ত্ৰণৰ মাজেৰে সমাজত শৃংখলাবদ্ধতা বজাই ৰাখে। আনহাতে এই গোষ্টী তথা গোটসমূহৰ কাৰ্যকলাপে ৰাজনৈতিক ব্যৱস্থাসমূহৰ ওপৰত প্ৰভাৱ পেলায় থাকে। মুঠৰ ওপৰত সামাজিক ব্যৱস্থাৰ ওপৰত ৰাজনৈতিক ক্ষমতাৰ প্ৰয়োগ তথা ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত সমাজৰ প্ৰভাৱ সম্পৰ্কীয় আলোচনাই হৈছে ৰাজনৈতিক সমাজতত্ব।

ৰাজনৈতিক সমাজতত্ব বিষয়বস্তু (Subject Matter of Political Sociology) : ৰাজনৈতিক সমাজতত্ব হ’ল এক গতিশীল সমাজ বিজ্ঞান যাৰ কাৰণে বৰ্তমানেও ইয়াৰ পৰিসৰে পৰিপূৰ্ণতা লাভ কৰিব পৰা নাই। ই বিকশিত অৱস্থাত থকা বাবে ইয়াৰ বিষয়বস্তু সম্পৰ্কে ৰাজনৈতিক সমাজতান্ত্রিকসকলৰ মাজত মত পাৰ্থক্য আছে। ৰাজনীতি বিজ্ঞানীসকলৰ মতে ৰাজনীতিৰ বীজ সমগ্র সমাজৰ বহল ক্ষেত্ৰত সিঁচৰতি হৈ আছে। ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তুৰ পৰিসৰক ৰাজনৈতিক সমাজতত্বই বিষেকভাৱে সম্প্ৰসাৰিত কৰিছে। ৰাজনৈতিক সমাজতত্বই অ-ৰাজনৈতিক ৰাজনীতিৰ জৰিয়তে ইয়াৰ পৰিসৰ বৃদ্ধি কৰিছে। আচলতে অ-ৰাজনৈতিক ৰাজনীতি হ’ল সামাজিক ৰাজনীতি অ-ৰাজনৈতিক ৰাজনীতি হ’ল এক সামাজিক প্ৰক্ৰিয়া, য’ত সামাজিক প্ৰক্ৰিয়াৰ অধ্যয়নেই প্ৰাধান্য লাভ কৰে। 

সামাজিক প্ৰক্ৰিয়াৰ সৈতে আকৌ ৰাজনৈতিক প্ৰক্ৰিয়া তথা বিভিন্ন ৰাজনৈতিক উপাদান সম্পৰ্কযুক্ত হৈ থাকে।আৰ্থাৰ বেন্টিলৰ মতে ৰাষ্ট্ৰ উপাদানসমূহৰ মূল উৎস হ’ল সামাজিক গোষ্টীসমূহৰ ভিতৰত অবিৰাম চলি থকা আন্তঃক্ৰিয়া। সেই ফালৰ পৰা ৰাজনীতিক ৰাষ্ট্ৰকেন্দ্ৰিক বুলি কোৱাতকৈ সমাজকেন্দ্ৰিক বুলিহে কোৱাটো যোগ্যতা। 

গ্ৰীক আৰু ওৰলীনচ (Greer & Orleans) য়ে আকৌ ৰাষ্ট্ৰক এটা বিশেষ সামাজিক সংগঠন বুলি কৈ ৰাষ্ট্ৰ ধাৰণাক সমাজৰ পটভূমিত বিচাৰ-বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছে। এয়ে হ’ল অ-ৰাজনৈতিক ৰাজনীতি।ৰাষ্ট্ৰহীন ৰাজনীতি।অ-ৰাজনৈতিক ৰাজনীতিৰ ধাৰণাৰ মাজেদি ৰাজনৈতিক সমাজতত্বই ৰাষ্ট্ৰ আৰু সমাজৰ পাৰ্থক্য নাইকিয়া কৰি পেলাইছে। ৰাজনৈতিক সমাজতত্বৰ পৰিসৰ সম্পৰ্কে বেছিভাগ সমাজতত্ববিদে তলত উল্লেখ কৰা কিছুমান বিষয়ত একমত পোষণ কৰিছে।

১l ৰাজনৈতিক শৃংখলাবদ্ধতাৰ সামাজিক ভিত্তি : সাধাৰণতে সকলো দেশৰে ৰাজনৈতিক ব্যৱস্থা গঢ়ি উঠে প্ৰধানকৈ একোটা শৃংখলা ৰক্ষাকাৰী ব্যৱস্থা হিচাপে। শৃংখলা ব্যৱস্থা ৰক্ষাকাৰী হিচাপে ৰাজনৈতিক ব্যৱস্থা এটাই সমাজত উপস্থিত থকা কিছুমান সৰু-বৰ গোষ্টী ,অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰি থাকে। 

সেইফালৰ পৰা ৰাজনৈতিক সমাজতত্বই ৰাজনৈতিক ব্যৱস্থাৰ কাম-কাজৰ সামাজিক ভিত্তিৰ বিষয়ে আলোচনা কৰে। তদুপৰি ৰাজনৈতিক সমাজতত্বই জনগণে কিয় ৰাজনৈতিক ব্যৱস্থাক সমৰ্থন কৰে, ক্ষমতা,কৰ্তৃত্ব, বৈধতাৰ নিচিনা ৰাজনৈতিক বিষয়সমূহৰ ভিত্তি কি আদিৰ দৰে প্ৰশ্নসমূহৰ উত্তৰৰ সন্ধান কৰে।

২l ৰাজনৈতিক আচৰণৰ সামাজিক ভিত্তি : ব্যক্তিৰ ৰাজনৈতিক আচৰণৰ ওপৰত সামাজিক পৰিবেশৰ প্ৰভাৱ সম্পৰ্কে কৰা আলোচনা ৰাজনৈতিক সমাজতত্বৰ পৰিসৰৰ অন্তৰ্ভুক্ত। ব্যক্তিয়ে ভোট কিয় দিয়ে,ব্যক্তিয়ে ৰাজনৈতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত কিয় জড়িত হয় বা ৰাজনীতিত কিয় অংশগ্ৰহণ কৰে, কিয় কিছুমান মানুহ অন্য কিছুমানতকৈ বেছিকৈ ৰাজনীতিৰ সৈতে জড়িত হৈ পৰে ইত্যাদি প্ৰশ্নসমূহৰ সৈতে সমাজৰ ধৰ্মীয়,অৰ্থনৈতিক তথা অন্যান্য দিশ জড়িত হৈ থাকে।

৩l ৰাজনৈতিক প্ৰক্ৰিয়াৰ সামাজিক দিশ : ৰাজনৈতিক সমাজতত্বই ইয়াৰ অধ্যয়নৰ পৰিসৰৰ ভিতৰত ৰাজনৈতিক প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ থকা কিছুমান সামাজিক দিশ সাঙুৰি লৈছে। ৰাজনৈতিক প্ৰক্ৰিয়াৰ সৈতে সামাজিক দিশক সাঙুৰি লবলৈ যাওঁতে কিছুমান নতুন নতুন তত্বৰ উদ্ভাৱন হৈছে। সেই তত্বসমূহ হৈছে ৰাজনৈতিক সমাজিকীকৰণ (Political Communication), সম্ভ্ৰান্ত তত্ত্ব (Elite Theory) আদি।

ওপৰত উল্লিখিত তিনিটা বিষয়ৰ উপৰি ৰাজনৈতিক সমাজতত্বৰ প্ৰকৃতিলৈ চাই তলত উল্লিখিত কিছুমান নিৰ্দিষ্ট বিষয়ো ইয়াৰ পৰিসৰৰ অন্তৰ্ভুক্ত বুলি ক’ব পাৰি – 

ক) ক্ষমতা যদিও এক ৰাজনৈতিক বিষয় তথাপিতো ইয়াক ৰাজনৈতিক সমাজতত্বৰ কেন্দ্ৰীয় বিষয় হিচাপে অভিহিত কৰিব পাৰি।কেৱল ৰাজনৈতিক ক্ষেত্ৰতেই নহয়, সমাজৰ সকলো ক্ষেত্ৰতে ইয়াৰ অস্তিত্ব বিদ্যমান। ৰাজনৈতিক সমাজতত্বত সামাজিক প্ৰেক্ষাপটত ক্ষমতাৰ অধ্যয়ন কৰা হয়। 

ৰাজনৈতিক সমাজতত্বত ক্ষমতাক সমাজৰ দুটা শ্ৰেণীৰ লোকৰ মাজত সম্পৰ্কৰ বিষয় হিচাপে অভিহিত কৰা হয়।এটা হৈছে সমাজৰ ক্ষমতাশালী শ্ৰেণী বা গোষ্টী আনটো হৈছে যাৰ ওপৰত ক্ষমতা প্ৰয়োগ কৰা হয়। সমাজত ক্ষমতা কেনেদৰে কাৰ্যকৰী হয় সেই বিষয়ে উল্লেখ কৰিবলৈ গৈ ৰাজনৈতিক সমাজতত্ববিদসকলে প্ৰাথমিকসমূহ (Primary)আৰু দ্বিতীয়সমূহ (Secondary group)ৰ গুৰুত্ব সম্পৰ্কে আলোচনা আগবঢ়ায়।

খ) ক্ষমতা কেনেদৰে কৰ্তৃত্বত পৰিণত হয় সেই সম্পর্কীয় সকলো আলোচনা বা অধ্যয়ন ৰাজনৈতিক সমাজতত্বৰ পৰিসৰৰ অন্তৰ্ভুক্ত ক্ষমতাৰ বৈধ ৰূপেই হৈছে কৰ্তৃত্ব। সাধাৰণতে ক্ষমতা যি সকলৰ ওপৰত প্ৰয়োগ কৰা হয় তেতিয়া সেই ক্ষমতাই হৈ পৰে কৰ্তৃত্ব। ইয়াৰ পৰাই সৃষ্টি হয় সম্ভ্ৰান্ত তত্বৰ।অন্যান্য লোসকলৰ ওপৰত ক্ষমতা প্ৰয়োগ কৰে।

গ) আমোলাতন্ত্ৰক ৰাজনৈতিক সমাজতত্বৰ বিষয়বস্তু হিচাপে গন্য কৰা হয়। বৰ্তমান আমোলাতন্ত্ৰক সামাজিক সমূহ হিচাপে বিবেচনা কৰা হয়। ৰাজনৈতিক সমাজতত্বত আমোলাতন্ত্ৰক ৰাজনৈতিক প্ৰেক্ষাপটত বিশ্লেষণ নকৰি সামাজিক প্ৰেক্ষাপটত বিশ্লেষণ কৰা হয়। আমোলাসকল হ’ল অ-ৰাজনৈতিক কাৰ্যপালিকা। 

ৰাজনৈতিক কাৰ্যপালিকাৰ সকলো ধৰণৰ নীতি-পৰিকল্পনাৰ আদি যুণ্ডত কৰা আৰু কাৰ্যকৰী কৰাৰ বাবে অপৰিহাৰ্য। অৰ্থাৎ আমোলা অবিহনে চৰকাৰী কোনো কৰ্তৃপক্ষই কোনো নীতি-পৰিকল্পনা আদি প্ৰস্তুত বা কাৰ্যকৰী কৰিব নোৱাৰে আমোলাসকলে নীতি প্ৰস্তুত কৰে জনসাধাৰণৰ প্ৰয়োজনৰ ভিত্তিত।

ঘ) ৰাজনৈতিক সমাজতত্বত ৰাজনৈতিক সমাজিকিকৰণ আৰু ৰাজনৈতিক সংস্কৃতিৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হয়। আলমাণ্ড আৰু ভাৰ্বৰ মতে “Political socialization is the process by which political culture are maintained and changed.” এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ ৰাজনৈতিক সংস্কৃতিক প্ৰবাহিত কৰা প্ৰক্ৰিয়াকে ৰাজনৈতিক সমাজিকিকৰণ বোলে। ৰাজনৈতিক সমাজিকীকৰণ প্ৰক্ৰিয়াত চৰকাৰ তথা ৰাজনৈতিক দলৰ সৈতে ব্যক্তিৰ পৰিচয় ঘটে। চৰকাৰ তথা ৰাজনৈতিক দলৰ সৈতে হোৱা ব্যক্তিৰ প্ৰত্যক্ষ বা পৰোক্ষ সম্পৰ্কই ৰাজনৈতিক সংস্কৃতিৰ বিষয়ে জ্ঞান অর্জনত সহায় কৰে।

ঙ) ৰাজনীতিত অংশ গ্ৰহণৰ বিষয়ে ৰাজনৈতিক সমাজতত্বত আলোচনা কৰা হয়। ৰাজনৈতিক অংশ গ্ৰহণ বুলিলে ৰাজনৈতিক জীৱনত শাসক আৰু শাসিতৰ অংশগ্ৰহণক বুজায়। সাধাৰণতে সকলো সমাজ আৰু ৰাজনৈতিক ব্যৱস্থাত একে ধৰণৰ গণ অংশগ্ৰহণ নাথাকে। স্বাভাৱিকতে গণতান্ত্ৰিক শাসন ব্যৱস্থাত বিশেষকৈ প্ৰত্যক্ষ গণতন্ত্ৰত জনগণৰ ৰাজনৈতিক অংশগ্ৰহণ প্ৰত্যক্ষ হোৱা দেখা যায়। 

আনহাতে পৰোক্ষ গণতান্ত্ৰিক ব্যৱস্থাত বেছিভাগ ৰাজনৈতিক দলৰ মাধ্যমেৰে জনগণে ৰাজনৈতিক ব্যৱস্থাত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। তদুপৰি একনায়কতত্ববাদী বা সৰ্বাত্মক শাসন ব্যৱস্থাত জনগণৰ ৰাজনৈতিক অংশ গ্ৰহণ একেবাৰেই নাই বুলিয়ে ক’ব পাৰি। কিয়নো এনে শাসন ব্যৱস্থাত জনসাধাৰণৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰা হয়। 

চ) দলীয় ব্যৱস্থাক যদিও ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু বুলি ধৰা হয়, তথাপিতো সাম্প্ৰতিক কালত দলীয় ব্যৱস্থাক ৰাজনৈতিক সমাজতত্বৰ পৰিসৰৰ অন্তৰ্ভুক্ত বুলি বিবেচনা কৰা হয়। গণতান্ত্ৰিক শাসন ব্যৱস্থাত ৰাজনৈতিক দল অপৰিহাৰ্য গণতান্ত্ৰিক শাসন ব্যৱস্থা হ’ল জনগণৰ শাসন ব্যৱস্থা,য’ত ৰাজনৈতিক দলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থাকে। 

নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলসমূহে জনসাধাৰণৰ প্ৰয়োজনৰ ভিত্তিত দলীয় ইস্তাহাৰ প্ৰকাশ কৰে আৰু এনেদৰে ৰাজনৈতিক প্ৰক্ৰিয়া আৰু দলৰ প্ৰতি জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰে। প্ৰচলিত সামাজিক ব্যৱস্থাৰ সৈতে ৰাজনৈতিক প্ৰক্ৰিয়াৰ সম্পৰ্ক স্থাপন কৰাত ৰাজনৈতিক দলসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সম্প্ৰদায় ভিত্তিত সংগঠিত ৰাজনৈতিক দলসমূহে সম্প্ৰদায় ভিত্তিত ভোট প্ৰদান কৰিবলৈ জনসাধাৰণক উৎসাহিত কৰে।

ছ) ৰাজনৈতিক দলৰ নিচিনা প্ৰভাৱগোষ্টী তথা স্বাৰ্থসম্বলিত গোষ্টীসমূহেও গণতান্ত্ৰিক শাসন ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থাকে। প্ৰত্যক্ষ গণতন্ত্ৰ প্ৰচলন থকা সময়ত যেতিয়া নাগৰিকসকলে বিধি-বিধান ৰচনা কৰাত সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰিব পাৰিছিল যেতিয়া প্ৰভাৱগোষ্টীৰ প্ৰয়োজন নাছিল। 

কিন্তু বৰ্তমান প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ যুগ, য’ত ৰাজনৈতিক দলসমূহৰ নিজা নিজা আদৰ্শ আৰু কাৰ্যসূচী থাকে। সেয়েহে কোনো এটা দলেই জনসাধাৰণৰ সকলো ইচ্ছা বা আকাংক্ষা পূৰণ কৰিব নোৱাৰে। ফলত জনসাধাৰণে উমৈহতীয়া স্বাৰ্থ ৰক্ষাৰ কাৰণে সংঘবদ্ব হ’ব লগা হয়।এনেকুৱা সংঘ বা সংগঠনেই হৈছে প্ৰভাৱগোষ্টী।প্ৰভাৱগোষ্টীৰ নিচিনাকৈ কোনো নিৰ্দিষ্ট স্বাৰ্থ ৰক্ষাৰ কাৰণে সংগঠিত ব্যক্তি সমষ্টিৰ স্বাৰ্থসম্বলিত গোষ্টী আখ্যা দিয়া হয়। সাম্প্ৰতিক কালত প্ৰভাৱগোষ্টী তথা স্বাৰ্থ সম্বলিত গোষ্টী সম্পৰ্কীয় সকলো আলোচনাই ৰাজনৈতিক সমাজতত্বৰ পৰিসৰৰ অন্তৰ্ভুক্ত বুলি ধৰা হয়।

জ) সাম্প্ৰতিক কালৰ দেশসমূহত পৰোক্ষ বা প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ প্ৰচলন দেখা যায়। পৰোক্ষ গণতন্ত্ৰ প্ৰচলন থকা দেশৰ নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে নিৰ্বাচন অনুষ্ঠিত হয়। বৰ্তমান যুগৰ নিৰ্বাচন ব্যৱস্থাই হৈছে গণতন্ত্ৰৰ ভেটি। অংশ গ্ৰহণ কৰাৰ সুবিধা লাভ কৰে। নিৰ্বাচনৰ জৰিয়তে ভোটাৰসকলে চৰকাৰ অৰ্থাৎ প্ৰতিনিধিসকলৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰে। জনসাধাৰণে যাতে উপযুক্ত প্ৰতিনিধি নিৰ্বাচিত কৰিব পাৰে তাৰ কাৰণে নিৰ্বাচনী কার্য সদায় স্বাধীন আৰু নিৰপেক্ষ হ’ব লাগে। নিৰ্বাচন সম্পৰ্কীয় সকলো আলোচনা তথা অধ্যয়নক সাম্প্ৰতিক কালৰ ৰাজনৈতিক সমাজতত্বৰ ভিতৰুৱা বুলি বিবেচনা কৰা হৈছে।

ঝ) নিৰ্বাচনৰ সৈতে ওতপ্ৰেতভাৱে জড়িত হৈ থাকে ব্যক্তিৰ ভোটাধিকাৰ আচৰণ। নিৰ্বাচনৰ সময়ত প্ৰত্যক্ষ ব্যক্তি কিছুমান আৰ্থ-সামাজিক তথা ৰাজনৈতিক বিষয়ৰ দ্বাৰা প্ৰভাবৱান্বিত হয়, যিয়ে ব্যক্তিক ভোট প্ৰদানৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণত সুবিধা প্ৰদান কৰে। এইবোৰৰ ভিতৰত চৰকাৰী নীতি,দলীয় হেঁচা,সামাজিক প্ৰথা,জাতিবাদ তথা সাম্প্ৰদায়িকতাবাদ ,সমাজতত্বৰ আলোচনাৰ বিষয় হৈ পৰিছে।

ঞ) ৰাজনৈতিক সমাজতত্বৰ অন্যতম বিষয়বস্তু হৈছে জনমত। সাধাৰণ অৰ্থত জনমত মানে হ’ল জনসাধাৰণৰ মতামত। আধুনিক গণতান্ত্ৰিক ব্যৱস্থাত জনমতৰ গুৰুত্ব অপৰিসীম যদিও, বহু পুৰণি কালৰ পৰাই শাসন ব্যৱস্থা পৰিচালনাত জনসাধাৰণৰ মতামতৰ ওপৰত গুৰুত্ব দিয়া হৈ আহিছে। মধ্যযুগীয় শাসন ব্যৱস্থাত  ‘Vox populi, Vox die (Voice of the people in the people in the voice of the God)” বোলা বাক্যশাৰীয়ে শাসন ব্যৱস্থাত জনমতৰ গুৰুত্বকে প্ৰকাশ কৰে। সি যি নহওক,জনমত অৰ্থাৎ ইংৰাজীত ‘Public opinion’ বোলা শব্দটো কোনে কেতিয়া পোন প্ৰথমে প্রয়োগ কৰিছিল সেইটো স্পষ্টকৈ ক’ব নোৱাৰিলেও ফৰাছী দাৰ্শনিক ৰুছ’ই পোন প্ৰথমে ‘Public opinion’ শব্দটো ব্যৱহাৰ কৰিছিল বুলি ৰাজনৈতিক চিন্তাবিদসকলে অনুমান কৰে। জনমত গঠনত গণমাধ্যমসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ট) ৰাজনৈতিক সমাজতত্বত সামাজিক পৰিৱৰ্তন সম্পৰ্কেও অধ্যয়ন বা আলোচনা কৰা হয়। সামাজিক পৰিৱৰ্তনৰ কিছুমান বিশেষ কাৰক, যেনে- বিপ্লৱ, বিদ্ৰোহ, বিক্ষোভ,সংঘৰ্ষ বা সংঘাত ইত্যাদি একো একোটা ৰাজনৈতিক পৰিঘটনা যদিও ৰাজনৈতিক সমাজতত্ববিদসকলে এই পৰিঘটনাসমূহৰ সামাজিক বিশ্লেষণ দাঙি ধৰে। অৰ্থাৎ বিপ্লৱ বা বিদ্ৰোহ অথবা সংঘৰ্ষ বা সংঘাত আদি কিয় হয়, এই ঘটনাসমূহৰ অন্তৰালত কি কি সামাজিক কাৰকে প্ৰভাৱ বিস্তাৰিত কৰে ইত্যাদি সম্পৰ্কীয় সকলো অধ্যয়নেই বৰ্তমান ৰাজনৈতিক সমাজতত্বৰ আলোচ্য বিষয়বস্তু। ৰাজনৈতিক সমাজতত্বৰ সামঞ্জস্য প্ৰতিষ্ঠা কৰিব বিচাৰে।

ঠ) ৰাজনৈতিক আধুনিকীকৰণ ৰাজনৈতিক সমাজতত্বৰ অন্যতম আলোচ্য বিষয়। আধুনিকীকৰণ প্ৰক্ৰিয়া হৈছে এটা ব্যাপক প্ৰক্ৰিয়া। আগতে অৰ্থনৈতিক ক্ষেত্ৰত হোৱা পৰিৱৰ্তন, বিভিন্ন সামাজিক মূল্যবোধ আৰু সামাজিক আচৰণৰ ওপৰত তাৰ প্ৰভাৱ আৰু প্ৰতিক্ৰিয়াকে আধুনিকীকৰণ বুলি কোৱা হৈছিল। কিন্তু সাম্প্ৰতিক কালত ই আকৌ ৰাজনৈতিক ব্যৱস্থাৱলীৰ, সামাজিক জীৱনৰ, সামাজিক আৰু মনতাত্বিক দিশৰ ক্ষেত্ৰত হোৱা পৰিবৰ্তনকো সাঙুৰি লয়। আধুনিকীকৰণ প্ৰক্ৰিয়াৰ ফলস্বৰূপে ৰাজনৈতিক সংস্কৃতি আৰু ৰাজনৈতিক অনুষ্ঠানৰ পৰিৱৰ্তনক ৰাজনৈতিক আধুনিকীকৰণ বুলি কোৱা হয়। ৰাজনৈতিক আধুনিকীকৰণ প্ৰক্ৰিয়াৰ অধ্যয়নৰ জৰিয়তে এখন ৰাষ্ট্ৰৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তন সম্বন্ধে জানিব পাৰি।

ৰাজনৈতিক সমাজতত্বৰ পৰিসৰ সম্পৰ্কে আগবঢ়োৱা উপযুক্ত বিষয়সমূহৰ উপৰি কিছুমান সমাজতত্ববিদে নিৰ্দিষ্ট কিছুমান বিষয় ৰাজনৈতিক সমাজতত্বৰ পৰিসৰৰ অন্তৰ্ভুক্ত বুলি মত প্ৰকাশ কৰিছে।ইয়াৰ ভিতৰত আৰ. জি. ব্ৰংগাটৰ মতে ৰাজনৈতিক সমাজতত্বই তলত দিয়া বিষয়সমূহ সামৰি লয়।

১l ৰাজনীতিৰ সামাজিক মূলৰ মাজৰ গতিশীল সংস্থাসমূহ (The dynamic associations between and among social origin of politics)

২l ৰাজনীতি অথবা ৰাজনৈতিক প্ৰক্ৰিয়াৰ সংৰচনা (Structure of political or political process)

৩l সামাজিক পৰিৱেশ তথা সংস্কৃতিৰ ওপৰত ৰাজনীতিৰ প্ৰভাৱ (The effects of political on the surrounding society and culture)

স্কুট গ্ৰীক (Scott Greer) আৰু পিটাৰ ওৰলীনচ (Peter Orleans) ৰ মতে – 

১l ৰাষ্ট্ৰৰ গাঁথনি (Structure of the state)

২l বৈধতাৰ প্ৰকৃতি আৰু চৰ্ত (The nature and conditions of legitimacy)

৩l একচেটীয়া শক্তিৰ প্ৰকৃতি আৰু ৰাষ্ট্ৰৰ জৰিয়তে ইয়াৰ প্ৰয়োগ (The nature of monopoly of force and its use by the state)

৪l ৰাষ্ট্ৰৰ বিভিন্ন উপগোটমূহৰ প্ৰকৃতি আৰু ৰাষ্ট্ৰৰ সৈতে ইয়াৰ বিবাদ (The nature of the sub-units and their contention with the state)

লিপচেট আৰু বেনডিক্সৰ মতে ৰাজনৈতিক সমাজতত্ব অধ্যয়নৰ পৰিসৰৰ ক্ষেত্ৰত সাঙুৰি লোৱা কিছুমান বিষয় হ’ল – 

১l ভোটাধিকাৰ আচৰণ (Voting behavior)

২l অৰ্থনৈতিক ক্ষমতা আৰু ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণত মনোযোগ (Concentration of economic power and political decision making)

৩l স্বাৰ্থসম্বলিত গোট তথা ৰাজনৈতিক আন্দোলনৰ আদৰ্শ তত্ত্ব (Ideologies of political movement and interest group)

৪l ৰাজনৈতিক দল, স্বেচ্ছামূলক সংগঠন,স্বল্পতন্ত্ৰ সমস্যা তথা ৰাজনৈতিক আচৰণৰ মনোবৈজ্ঞানীক সম্পৰ্ক (Political parties, voluntary associations, the problems of oligarchy and psychological correlates of political behavior)

৫l চৰকাৰ তথা আমোলতন্ত্ৰৰ সমস্যা (Government and problem of bureaucracy)

ৰাজনৈতিক সমাজতত্বৰ পৰিসৰ সম্পৰ্কে ক’বলৈ গৈ শেষত ইয়াকে ক’ব পাৰি যে ৰাজনৈতিক সমাজতত্বৰ পৰিসৰ তুলনামূলকভাৱে ৰাজনীতি বিজ্ঞান আৰু সমাজতত্বতকৈ ব্যাপক।কিয়নো ৰাজনৈতিক সমাজতত্ব হৈছে দুটা বিষয়ৰ মাজৰ সংযোগ সাধন কৰি সৃষ্টি হোৱা বিষয়। ৰাজনৈতিক সমাজতত্বই ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তুৰ পৰিসৰক সমাজতান্ত্রিক বিশ্লেষণৰ জৰিয়তে আৰু অধিক সম্প্ৰসাৰিত কৰিছে। ৰাজনৈতিক সমাজতত্বৰ পৰিৱৰ্তনশীল প্ৰকৃতিৰ বাবে বৰ্তমানেও ইয়াৰ পৰিসৰ বৃদ্ধি হৈয়ে আছে।

4. Discuss the nature of political sociology.

Ans : ৰাজনৈতিক সমাজতত্বৰ প্ৰকৃতি আৰু বিষয়বস্তু (Nature of political Sociology) : ৰাজনীতি বিজ্ঞান আৰু সমাজতত্বৰ সংমিশ্ৰণত সৃষ্টি হোৱা আলোচ্য ৰাজনৈতিক সমাজতত্ব আন আন সমাজ বিজ্ঞানৰ তুলনাত আপেক্ষিকভাবে এটা নতুন বিষয়। ১ম মহাযুদ্ধৰ আশে-পাশে অধ্যায়ৰ এটা বিষয় হিচাপে বিকাশ লাভ কৰা ৰাজনৈতিক সমাজতত্বই। ২য় মহাযুদ্ধৰ পিছতহে এক সম্পূৰ্ণ সমাজ বিজ্ঞান হিচাপে স্বীকৃতি লাভ কৰে। ৰাজনৈতিক সমাজতত্ব কেৱল এটা নতুন বিষয়েই নহয়, ই হৈছে আন আন সমাজ বিজ্ঞানৰ দৰে এটা সম্পূৰ্ণ ৰূপে বিকশিত নোহোৱা এটা বিষয়। ইয়াৰ বিকাশ দ্ৰুতগতিত চলি আহিছে, যাৰ কাৰণে ইয়াৰ প্ৰকৃতি আৰু পৰিসৰ সলনি হৈ আছে। ৰাজনৈতিক সমাজতত্বৰ প্ৰকৃতিৰ বিষয়ে তলত দিয়া ধৰণে বুজিব পাৰি।

প্ৰকৃতি : 

১l ৰাজনৈতিক সমাজতত্ব হ’ল এটা বিশুদ্ধ আন্তঃ সমাজবিজ্ঞানধৰ্মী বিষয়। কিয়নো ৰাজনৈতিক ব্যবস্থাৰ বিভিন্ন দিশৰ বিষয়ে কৰা অধ্যয়নৰ লগে লগে ইয়াৰ আশে-পাশে থকা সামাজিক, অৰ্থনৈতিক তথা সাংস্কৃতিক পৰিবেশৰ মাজত ইয়াৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ত আলোচনা কৰা হয়।ৰাজনৈতিক তথা সামাজিক ক্ষেত্ৰৰ বিষয়সমূহৰ পাৰস্পৰিক সম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি ইটালীৰ বিশিষ্ট চিন্তাবিদ জি. চাৰটৰী (G. Sartori)য়ে ইয়াক ‘Inter-disciplinary hybrid’ বুলি মন্তব্য কৰিছে। তেনেদৰে বিশিষ্ট ভাৰতীয় চিন্তাবিদ অমল কুমাৰ মুখোপাধ্যায় (Amal Kumar Mukhopadhyay) ও ৰাজনৈতিক সমাজতত্বক ‘(Cross fertilization between sociology and political Science’বুলি কৈ ৰাজনৈতিক সমাজতত্বত এই দুয়োটা বিষয়ৰ আন্তঃ সম্পৰ্কৰ কথা উল্লেখ কৰিছে।

২l অন্যান্য সমাজ বিজ্ঞানৰ দৰে ৰাজনৈতিক সমাজতত্বৰ প্ৰকৃতি সম্পৰ্কে জানিবলৈ হ’লে ই কলা নে বিজ্ঞান সেই সম্পৰ্কে জনাটো প্ৰয়োজন। সাধাৰণতে এইটো কোৱা হয় যে সকলো ধৰণৰ শৃংখলাবদ্ধ জ্ঞান বা প্ৰণালীবদ্ধ অধ্যয়নেই হৈছে বিজ্ঞান। সেইফালৰ পৰা ৰাজনৈতিক সমাজতত্বক বিজ্ঞান আখ্যা দিব পাৰি।যদিও ভৌতিক বিজ্ঞানৰ কিছুমান বৈশিষ্ট্য, যেনে – প্ৰমানিক সত্য,মূল্যবোধ নিৰপেক্ষতা,সিদ্ধান্তৰ সৰ্বজনীনতা, পূৰ্ব কমনীয়তা আদিলৈ চাই ৰাজনৈতিক সমাজতত্বক একে আষাৰে বিজ্ঞান বুলি ক’ব নোৱাৰি। 

কিয়নো ভৌতিক বিজ্ঞানৰ বিষয়বস্তুসমূহক যেনেদৰে গৱেষণাগাৰৰ পৰা পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে প্ৰমাণিত সত্যত উপনীত হ’ব পাৰি তেনেকৈ ৰাজনৈতিক সমাজতত্বৰ বিষয়বস্তুসমূহক গৱেষণাগাৰত কৰা পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে কোনো সিদ্ধান্তত উপনীত হ’ব নোৱাৰি। তদুপৰি ভৌতিক বিজ্ঞানৰ প্ৰমাণিত বিষয়সমূহ যেনেদৰে সৰ্বজনীন বা মূল্যবোধ নিৰপেক্ষ, তেনেদৰে ৰাজনীতি বিজ্ঞানৰ যিকোনো সিদ্ধান্তই সৰ্বজনীন বা মূল্যবোধ পিৰপেক্ষ বুলি ক’ব নোৱাৰি। গতিকে সেই দৃষ্টিকোণৰ পৰা বিচাৰ কৰি চালে ৰাজনৈতিক হ’ব ।

৩l ৰাজনৈতিক সমাজতত্বৰ প্ৰকৃতিৰ বিষয়ে জানিবলৈ হ’লে ৰাজনৈতিক সমাজতত্ব আৰু ৰাজনীতিৰ সমাজতান্ত্রিক বিশ্লেষণৰ বিষয়ে জনাটো প্ৰয়োজন।ৰাজনীতিৰ সমাজতান্ত্রিক বিশ্লেষণ বুলিলে ৰাজনীতিৰ সমাজতান্ত্রিক বিশ্লেষণক ইংৰাজীত  ‘Sociology of Political’ বুলি কোৱা হয় আনহাতে ৰাজনৈতিক সমাজতত্বৰ ইংৰাজী প্ৰতিশব্দ হৈছে ‘Political Sociology’। বহুতো চিন্তাবিদে এই দুয়োটা পৰিভাষাৰ এটা অৰ্থ বুলি ক’ব খোজে যদিও আন বহুতো চিন্তাবিদৰ মতে এই দুয়োটা পৰিভাষাৰ অৰ্থ বেলেগ বেলেগ। 

অৱশ্যে এইখিনিতে এটা কথা উল্লেখ কৰাটো প্ৰয়োজন যে বিষয় হিচাপে ৰাজনৈতিক সমাজতত্বই বিকাশ লাভ কৰাৰ সময়ত ই ৰাজনৈতিক সমাজতত্ব হিচাপে বিকাশ লাভ নকৰি ই ৰাজনীতিৰ সমাজতান্ত্রিক বিশ্লেষণ (Sociology of Political) হিচাপেহে বিকাশ লাভ কৰে। যাৰ বাটকটীয়া আছিল কাৰ্লমাক্স। অৰ্থাৎ আৰম্ভণিতে ৰাজনৈতিক সমাজতত্বক সমাজশাস্ত্ৰৰ ভিতৰত বুলি ধৰি লৈহে আলোচনা কৰা হৈছিল। বেনডিক্স আৰু লিপচেট য়ে আগবঢ়োৱা সংজ্ঞাৰ পৰা এই কথাটো ভালকৈ বুজিব পাৰি। তেওঁলোকে কৈছিল, ‘Political sociology starts with society and examine how it affects the state.” ৰাজনীতিৰ সমাজতান্ত্রিক বিশ্লেষণে দৰাচলতে ৰাজনৈতিক সমাজতত্বৰ বিকাশৰ সেই নিৰ্দিষ্ট সময়ৰহে ইংগিত দিয়ে। কিন্তু বিষয় হিচাপে বিশ্বৰ প্ৰায় সকলো বিশ্ববিদ্যালয়ে ৰাজনৈতিক সমাজতত্ব শব্দটোহে ব্যৱহাৰ কৰে।

৪l ৰাজনৈতিক সমাজতত্বৰ অন্য এক প্ৰকৃতি হৈছে বিষয়বস্তুসমূহৰ গতিশীলতা আৰু জটিলতা। সাধাৰণতে সমাজ বিজ্ঞানৰ অন্তৰ্ভুক্ত বেছিভাগ বিষয়ৰেই প্ৰকৃতি গতিশীল। সেইফালৰ পৰা সমাজ বিজ্ঞানৰ অন্তৰ্ভুক্ত বিষয় হিচাপে ৰাজনৈতিক সমাজতত্বৰ প্ৰকৃতিও গতিশীল তদুপৰি ইয়াৰ বিষয়বস্তুসমূহক জটিল বুলি কোৱাৰ মূলতে হৈছে ইয়াৰ সৈতে জড়িত বিভিন্ন ৰাজনৈতিক ব্যৱস্থা তথা কাৰ্যাৱলী যাৰ সৈতে জড়িত হৈ থাকে মানৱীয় সম্পৰ্ক। গতিকে ৰাজনৈতিক সমাজতত্বৰ বিষয়বস্তু যেনে-সমাজ ,ৰাজনৈতিক ব্যৱস্থা, ৰাজনৈতিক দল, প্ৰভাৱগোষ্টী, সামাজিক বিৰোধ আদিৰ দৰে বিষয়সমূহ অত্যন্ত গতিশীল হোৱাৰ লগে লগে আধুনিক সমাজ ব্যৱস্থাত ই একেদৰে জটিল।

৫l ৰাজনীতি বিজ্ঞানীসকলৰ মতে ৰাজনৈতিক সমাজতত্বই ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত সামাজিক পৰিবেশ বা ঘটনাৱলীৰ পৰিণাম বা প্ৰভাৱ সম্পৰ্কে অধ্যয়ন চলায়। আনহাতে, সমাজতত্ববিদসকলে বিশ্বাস কৰে যে ই ৰাজনৈতিক তথা সামাজিক অনুষ্ঠানসমূহৰ মাজত আন্তঃ সম্পৰ্কৰ বিষয়ে অধ্যয়ন চলায়। এনেদৰে, ই ৰাজনীতিৰ সৈতে সামাজিক সম্পৰ্ক তথা সমাজৰ সৈতে সম্পৰ্কিত অৰ্থনৈতিক আৰু সাংস্কৃতিক বিষয়সমূহৰ অধ্যয়ন আগবঢ়ায়।

৬l পৰম্পৰাগত ৰাজনীতি বিজ্ঞানীসকলে চৰকাৰী যন্ত্ৰ তথা প্ৰশাসনিক কাৰ্যকলাপৰ বিষয়ে অধ্যয়ন। কিন্তু ৰাজনৈতিক সমাজতত্ব হ’ল এনে এক বিষয় য’ত ৰাজনীতি তথা সামাজিক প্ৰক্ৰিয়া (Social Structure) আৰু ৰাজনীতি তথা।সামাজিক প্ৰক্ৰিয়া (Social Process) ৰ পাৰস্পৰিক প্ৰতিক্ৰিয়া সম্পৰ্কে অধ্যয়ন চলোৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top