Political Processes And Institutions In Comparative Perspective Unit 5 যুক্তৰাষ্ট্ৰবাদ

Political Processes And Institutions In Comparative Perspective Unit 5 যুক্তৰাষ্ট্ৰবাদ Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Processes And Institutions In Comparative Perspective Unit 5 যুক্তৰাষ্ট্ৰবাদ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Processes And Institutions In Comparative Perspective Unit 5 যুক্তৰাষ্ট্ৰবাদ Question Answer can be of great value to excel in the examination.

Political Processes And Institutions In Comparative Perspective Unit 5 যুক্তৰাষ্ট্ৰবাদ

Join Telegram channel

Political Processes And Institutions In Comparative Perspective Unit 4 গণতান্ত্ৰিকৰণ Notes cover all the exercise questions in UGC Syllabus. The Political Processes And Institutions In Comparative Perspective Unit 5 যুক্তৰাষ্ট্ৰবাদ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

৩৪। বে-চৰকাৰী সংস্থাৰ সীমাবদ্ধতাৰ বিষয়ে লিখা । (Write about the limitations of the private organization.)

উত্তৰঃ বে-চৰকাৰী সংস্থাৰ বিভিন্ন দিশত সীমাবদ্ধতাও আছে আৰু সেই সীমাবদ্ধতাসমূহ হ’ল –

(ক) এই সংস্থাবিলাকৰ পুঁজি লাভ কৰাত কোনো নিশ্চয়তা নাথাকে। ই অধিকভাৱে ৰাইজৰ দান-বৰঙণিৰ ওপৰত নিৰ্ভৰ কৰিব লাগে।

(খ) পুঁজিৰ অপব্যৱহাৰ আৰু দুৰ্নীতি হয় ।

(গ) ইয়াৰ লগত স্থানীয় ৰাজনৈতিক কর্মকর্তা বা ৰাজহুৱা কৰ্মীৰ লগত বিভিন্ন বিষয় লৈ সংঘাত হয়।

(ঘ) বহুক্ষেত্ৰত হিতাধিকাৰীয়ে স্বেচ্ছাসেৱী সংগঠনৰ কামত অসহযোগিতা কৰাৰ ফলত ই সময় মতে কাম সম্পাদন কৰিব নোৱাৰে।

(ঙ) ইয়াৰ নীতি-নিয়ম বিলাক অধিক কটকটীয়া নহয়। ইয়াৰ প্ৰশাসনীয় গাঁঠনি আৰু সুস্থ প্ৰশাসনৰ ওপৰত অধিক গুৰুত্ব নিদিয়ে।

৩৫। ১৯৯৪ চনৰ অসম পঞ্চায়ত আইনখনৰ বিভিন্ন বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰা ৷ (Discuss the various features of the 1994 Assam Panchayat Act.)

উত্তৰঃ ১৯৯৪ চনৰ অসম পঞ্চায়ত আইনখনৰ বিভিন্ন বৈশিষ্ট্যসমূহ হ’ল—

(ক) ১৯৯৪ চনৰ পঞ্চায়ত আইন ভাৰতীয় সংবিধানত ৭৩ তম্ সংশোধনীৰ আধাৰত প্ৰণয়ন কৰা হৈছে। এই সংশোধনীৰ দ্বাৰা পঞ্চায়তবিলাকক সাংবিধানিক মর্যাদা প্ৰদান কৰা হৈছে।

(খ) পূৰ্বৰ আইনৰ অধীনত মহকুমা পৰ্যায়তৰ মহকুমা পৰিষদ গঠনৰ বিধান আছিল । কিন্তু ১৯৯৪ চনৰ আইনখনে মহকুমা পৰিষদৰ পৰিৱৰ্তে জিলা ভিত্তিত জিলা পৰিষদ গঠনৰ বিধান কৰিছে। ইয়াৰ ফলত প্রত্যেকখন জিলাত জিলা পৰিষদ গঠন কৰিব পাৰিব।

(গ) পঞ্চায়তবিলাকক আগৰ তুলনাত অধিক ক্ষমতা দিয়া হৈছে।

(ঘ) পঞ্চায়তৰ কাৰ্যকাল পূৰ্বৰ আইনবিলাকত ৪ বছৰ আছিল। নতুন আইনখনে পঞ্চায়তৰ কাৰ্যকাল ৫ বছৰলৈ বৃদ্ধি কৰে।

(ঙ) পঞ্চায়তৰ তিনিভাগৰ এক অংশ আসন মহিলা প্ৰাৰ্থীৰ কাৰণে সংৰক্ষিত হ’ব। 

(চ)পঞ্চায়তৰ নিৰ্বাচন, ৰাজ্যিক নির্বাচনী আয়োগে পৰিচালনা কৰিব লাগিব।

(ছ) পঞ্চায়তবিলাকৰ মাজত ধন বিতৰণৰ কাৰণে চৰকাৰৰ পৰামৰ্শ দিবলৈ এটা বিত্তীয় আয়োগ গঠন কৰিব লাগিব ।

(জ) চৰকাৰে কোনো পঞ্চায়তৰ প্ৰশাসনৰ দায়িত্ব ল’ব লাগিব, কিন্তু পঞ্চায়ত ভংগ হ’লে ছয় মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব।

৩৬। বে-চৰকাৰী সংস্থা বুলিলে কি বুজা? বে-চৰকাৰী সংস্থাৰ বিভিন্ন বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰা। (What do you mean by private organization? Discuss the various features of the private organization.) 

উত্তৰঃ ভাৰতবৰ্ষ এখন কল্যাণকামী ৰাষ্ট্ৰ । এনে কল্যাণকামী ৰাষ্ট্ৰত চৰকাৰে জনসাধাৰণৰ সকলো জনকল্যাণমূলক কাম সম্পাদন কৰিব নোৱাৰে ৷ গতিকে জনসাধাৰণৰ বিভিন্ন দিশৰ কল্যাণ সাধন কৰিবৰ কাৰণে বে-চৰকাৰী সংস্থা গঠিত হৈছে। ইংৰাজসকলৰ ৰাজত্ব কালৰে পৰা ভাৰতত বে-চৰকাৰী সংস্থা গঠিত হৈ আহিছে। কোনো ক্ষেত্ৰত চৰকাৰৰ বিভিন্ন আঁচনি কাৰ্যকৰী কৰাত সহায় কৰিবৰ কাৰণে বে-চৰকাৰী সংস্থাবিলাক গঠিত হয়। আধুনিক কালত ভাৰতবৰ্ষত বিশেষকৈ চৰকাৰৰ গ্ৰামোন্নয়ন সম্পৰ্কীয় বিভিন্ন আঁচনিবিলাক কার্যকৰী কৰিবৰ কাৰণেও বে-চৰকাৰী সংস্থা গঠিত হৈছে। কিছুমান সংস্থা বন্যপ্রাণী সংৰক্ষণ, বায়ু প্ৰদূষণ প্ৰতিৰোধ আদিৰ কাৰণে গঠিত হৈছে এনে সংস্থাবিলাক দৰিদ্ৰতা দূৰীকৰণ, আত্মসংস্থাপন, সামাজিক ন্যায় প্রতিষ্ঠাৰ কাৰণেও গঠিত হৈছে।

বেচৰকাৰী সংস্থা হ’ল – যিবিলাক চৰকাৰী নিয়ন্ত্ৰণত বাহিৰত থাকি জনসাধাৰণৰ সৰ্বতোপ্ৰকাৰ কল্যাণৰ কাৰণে কাৰ্যনিৰ্বাহ কৰে।

এজন লেখকৰ মতে বে-চৰকাৰী সংস্থাই চৰকাৰৰ সংস্থা বা স্বায়ত্ত শাসিত গোটবিলাকৰ প্রত্যক্ষ নিয়ন্ত্ৰণৰ বাহিৰত থাকি সমাজৰ বিত্তীয় বা অনা-বিত্তীয় সেৱাত নিয়োজিত হয় । গতিকে দেখা যায় যে চৰাকৰী সংস্থাবিলাক চৰাকীৰ বা স্বায়ত্তশাসিত সংস্থাবিলাকৰ নিয়ন্ত্ৰণৰ বাহিৰত থাকি স্বতন্ত্ৰভাৱে জনসাধাৰণৰ কল্যাণৰ কাৰণে বিভিন্ন কাম সম্পাদন কৰে। 

বে-চৰকাৰী সংস্থাৰ বৈশিষ্ট্যসমূহ হ’ল –

(ক) ৰাজনৈতিক দল নহয়ঃ বে-চৰকাৰী সংস্থাক কোনো ৰাজনৈতিক দল বুলি অভিহিত কৰিব নোৱাৰি, ই এটা অৰাজনৈতিক সংস্থা ।

(খ) জনকল্যাণ কামৰ লগত জড়িত : বে-চৰকাৰী সংস্থাবিলাক সামাজিক জনকল্যাণ কামৰ কাৰণে গঠিত হয়।

(গ) সামাজিক কামঃ এই অনুষ্ঠানটো কোনো ব্যক্তিগত লাভালাভৰ কাৰণে গঠিত নহয়, ই ৰাজহুৱা কামৰ কাৰণে গঠিত হয় ।

(ঘ) অপৰাধমূলক কামৰ লগত জড়িত নহয় : বে-চৰকাৰী সংস্থা কোনো প্ৰকাৰে অপৰাধমূলক কামৰ লগত জড়িত নহয়৷ সেইদৰে এনে সংস্থা কোনো উগ্রপন্থী কার্যকলাৰ কাৰণেও গঠিত নহয় ৷

(ঙ) স্বতন্ত্র সংস্থাঃ বে-চৰকাৰী সংস্থাবিলাক স্বতন্ত্র সংস্থা। চৰকাৰে ইয়াৰ কাম কাজত প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰিব নোৱাৰে।

(চ) ব্যক্তিগত উদ্যোগঃ বে-চৰকাৰী সংগঠনবিলাক ব্যক্তিগত উদ্যোগতহে গঠিত হয়। সাধাৰণতে সমাজসেৱাৰ মনোভাৱাপন্ন কিছুসংখ্যক লোকক লৈ এনে সংগঠন গঠিত হয়।

(ছ) আর্থিক সাহায্যঃ বহুক্ষেত্ৰত এই সংগঠনবিলাকে চৰকাৰ বা তেনে কোনো বৃহৎ স্বেচ্ছাসেৱী সংগঠনৰ পৰা আর্থিক সাহায্য লাভ কৰে ৷

(জ) শিক্ষামূলকঃ বে-চৰকাৰী সংস্থাবিলাক শিক্ষা, জনস্বাস্থ্য, পৰিৱেশ, গ্ৰাম্য আৰু নগৰ উন্নয়নৰ কামৰ লগত জড়িত থাকিব পাৰে৷

(ঝ) উন্নয়নমূলকঃ এই সংস্থাবিলাক উন্নয়নমূলক কামৰ লগত জড়িত ৷ 

(ঞ) নিঃস্বাৰ্থপৰঃ বে-চৰকাৰী সংস্থাবিলাক কোনো স্বাৰ্থৰ লগত জড়িত নহয়। এই সংস্থাবিলাকে নিঃস্বার্থভাৱে কাম সম্পাদন কৰে।

৩৭। গ্রামোন্নয়নত মহিলাৰ ভূমিকা আৰু অংশগ্ৰহণৰ বিষয়ে লিখা। (Write about the role and participation of women in rural development.)

উত্তৰঃ গ্রামোন্নয়নত মহিলাৰ বিশিষ্ট ভূমিকা আছে, যেনে—

(ক) শিক্ষিত হাৰ বৃদ্ধিঃ আগৰ তুলনাত ভাৰতবৰ্ষত মহিলাৰ শিক্ষিতৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে। ২০০১ চনৰ পিয়ল অনুসৰি ভাৰতত বৰ্তমান মহিলাৰ শিক্ষিতৰ হাৰ ৬৫.৩৫ শতাংশ। গতিকে এই মহিলাসকল চৰকাৰৰ বিভিন্ন কাম-কাজ তথা আঁচনিৰ বিষয়ে অৱগত।

(খ) ৰাজনৈতিক সচেতনতাঃ আজিকালি মহিলাসকল ৰাজনৈতিক আৰু সামাজিকভাৱে সচেতন হোৱাৰ কাৰণে তেওঁলোকেও পুৰুষৰ সমানে গ্রামোন্নয়নৰ কাম-কাজত অংশগ্ৰহণ কৰিব পাৰে।

(গ) আসন সংৰক্ষণঃ অসম পঞ্চায়ত আইনে পঞ্চায়তৰ নিৰ্বাচনৰ ক্ষেত্ৰত ৩৩% আসন সংৰক্ষিত কৰিছে। গতিকে তেওঁলোকে পঞ্চায়তৰ সদস্যা হিচাপে পঞ্চায়তৰ দ্বাৰা ৰূপায়ণ কৰিবলৈ লোৱা বিভিন্ন গ্রামোন্নয়নৰ আঁচনিত অংশগ্ৰহণ কৰিব পাৰে।

(ঘ) মহিলাৰ সমান অধিকাৰঃ ভাৰতীয় সংবিধানতো পুৰুষ-মহিলাৰ মাজত কোনো বৈষম্য ৰখা নাই সকলো ক্ষেত্ৰতে পুৰুষ-মহিলাৰ সমান অধিকাৰ আছে। সেই দৃষ্টিকোণৰ পৰাও মহিলাই পুৰুষৰ লগতে গ্রামোন্নয়নৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰাটো বাঞ্ছনীয় ।

(ঙ) গ্রামোন্নয়নৰ আঁচনিত মহিলাৰ গুৰুত্বঃ ইন্দিৰা আৱাস যোজনাৰ অধীনত যিবিলাক ঘৰ নিৰ্মাণ কৰি হিতাধিকাৰীক দিয়ে তেনে ঘৰ পুৰুষৰ পৰিৱৰ্তে মহিলাৰ নামতহে আবন্টন দিয়ে।

(চ) মহিলা সৱলীকৰণঃ চৰকাৰে মহিলা সৱলীকৰণৰ কাৰণে বহুতো আইন প্ৰৱৰ্তন কৰিছে। সেই দৃষ্টিকোণৰ পৰা মহিলা গ্রামোন্নয়ন কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো সৱলীকৰণ কৰাৰ এক পদক্ষেপ বুলি অভিহিত কৰিব পাৰি ৷

(ছ) মহিলাৰ দায়বদ্ধতাঃ গাঁৱৰ বিভিন্ন দিশত উন্নতি সাধন কৰটো কেৱল পুৰুষৰে দায়িত্ব নহয় । পুৰুষৰ লগতে মহিলায়ো সমানে অংশগ্রহণ কৰিলেহে গাঁৱৰ সামগ্রিক উন্নতিৰ আশা কৰিব পাৰি।

(জ) মহিলাৰ সক্রিয় অংশগ্রহণঃ গ্রামোন্নয়ন মন্ত্ৰী দপ্তৰে বহুতো গ্রামোন্নয়ন আঁচনি মহিলাসকলৰ সক্রিয় অংশগ্ৰহণৰ কাৰণে প্ৰস্তুত কৰিছে। গতিকে তেনে আঁচনিৰ কৃতকাৰ্যতাৰ কাৰণে মহিলাই সক্রিয়ভাৱে অংশগ্ৰহণ কৰিব লাগে।

(ঝ) শিক্ষা সম্পৰ্কীয় আঁচনিঃ মহিলাসকলে সৰ্বশিক্ষা অভিযান আঁচনিৰ যোগেদি ৬ বছৰৰ পৰা ১৪ বছৰ বয়সৰ ল’ৰা ছোৱালীক বিনামূলীয়া বাধ্যতামূলক শিক্ষা দিব পাৰিব। 

বিভিন্ন আঁচনিত মহিলাৰ অংশগ্ৰহণঃ

(ক) ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিঃ এই আঁচনিৰ অধীনত শ্ৰমিকৰ তালিকা প্রস্তুত কৰোঁতে পুৰুষতকৈ মহিলাক প্রাধান্য দিয়াৰ ওপৰত গুৰুত্ব দিছে। আইনখনৰ মতে মুঠ হিতাধিকাৰীৰ ভিতৰত তিনিভাগৰ এক অংশ কাম মহিলাক দিব লাগে। এই আঁচনিৰ অধীনত ২০০৭ চনৰ জানুৱাৰী মাহলৈকে এনেকামত ৩৯ শতাংশ মহিলাই অংশগ্রহণ কৰিছিল।

(খ) সম্পূৰ্ণ গ্রামীণ ৰোজগাৰ যোজনাঃ এই আঁচনিখনৰ অধীনতো ৩০ শতাংশ নিয়োগ মলিাৰ কাৰণে সংৰক্ষিত কৰিব লাগে। এই আঁচনিৰ অধীনত ২০০৬-০৭ চনৰ জানুৱাৰী মাহলৈকে ২৩২০.৭৬ লাখ কর্মদিন ধার্য কৰিছিল। ইয়াৰ ভিতৰত ৬০৫.১৩ লাখ কৰ্মদিনৰ কাম মহিলাৰ কাৰণে সংৰক্ষিত আছিল।

(গ) ইন্দিৰা আৱাস যোজনাঃ এই আঁচনিৰ অধীনত গাঁৱৰ দৰিদ্ৰ ৰেখাৰ তলত বাস কৰা লোকক গৃহ নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা আছে। আঁচনিখনৰ এই ঘৰবিলাক মহিলা আৰু বিধৱাক দিয়াৰ ক্ষেত্ৰত প্ৰাধান্য দিব লাগে। এই আঁচনিখনৰ অধীনত ২০০৬-০৭ চনৰ জানুৱাৰীলৈকে মুঠ ৮৯৫২৩৬ টা ঘৰ নিৰ্মাণ কৰিছিল। ইয়াৰ ভিতৰত ৫৫৪২৭৭ (৬১.৯১ শতাংশ) ঘৰ মহিলাৰ নামত আবন্টন দিছিল।

(ঘ) ভাৰতীয় মহিলা যোজনাঃ এই যোজনাখন ১৯৯৫ চনৰ পৰা সূচনা কৰিছে। যোজনাখনৰ মূল উদ্দেশ্য হৈছে মহিলাসকলক শিক্ষা দিয়া হৈছে। তদুপৰি দমকল বহুওৱাৰ কাৰণে স্থান বাছনি কৰাৰ ক্ষেত্ৰতো মহিলাক প্রাধান্য দিয়া হৈছে।

(ঙ) ৰাষ্ট্ৰীয় মহিলা কোষঃ এই কোষৰ দ্বাৰা মহিলাসকলক উৎপাদনশীল কামত জড়িত কৰাবৰ কাৰণে ঋণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি এই কোষৰদ্বাৰা আত্মসহায়ক গোটবিলাকৰ উন্নতি সাধন কৰাৰ, লগতে গাঁও আৰু নগৰৰ মহিলাৰ মাজত চৰকাৰৰ বিভিন্ন উন্নয়নবিলাক আঁচনিৰ প্ৰতি সজাগতা বৃদ্ধিৰ ওপৰতো প্রাধান্য দিছে।

(চ) গ্রামাঞ্চলত মহিলা আৰু ল’ৰা ছোৱালীৰ উন্নয়ন আঁচনিঃ এই আঁচনি মতে মহিলা আৰু ল’ৰা-ছোৱালীক ঋণ আৰু অৰ্থনৈতিক সাহায্য দি তেওঁলোকৰ প্ৰতিভা আৰু যোগ্যতা প্ৰতিপন্ন কৰিবলৈ সুবিধা দিবলৈ বিচৰা হৈছে।

৩৮ ৷ ভাৰতীয় সংবিধানৰ ৭৩ তম্ সংবিধান সংশোধনী আইনখনৰ বিভিন্ন দিশৰ ইয়াৰ গুৰুত্ব বিষয়ে লিখা ৷ (Write about the importance of various aspects of the 73rd Amendment of the constitution of India.) 

উত্তৰঃ ভাৰতীয় সংবিধানৰ ৭৩তম্ সংশোধনী আইনখনৰ গুৰুত্ব কোনো প্ৰকাৰে অস্বীকাৰ কৰিব নোৱাৰি।

(ক) এই আইনখনে সমগ্ৰ দেশতে একেধৰণৰ পঞ্চায়ত প্ৰণয়নৰ ওপৰত গুৰুত্ব দিছে। আইনখন প্ৰণয়নৰ আগলৈকে ভাৰতৰ বিভিন্ন ঠাইত দুই-তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থা আছিল ৷ কিন্তু নতুন আইনখনে একেধৰণৰ তিনি তৰপীয়া পঞ্চায়ত গঠনৰ ব্যৱস্থা কৰে।

(খ) আন এটা দিশতো আইনখনৰ গুৰুত্ব আছে। আইনখন প্রণয়ন কৰাৰ আগলৈকে পঞ্চায়তবিলাকৰ কোনো সাংবিধানিক স্বীকৃতি নাছিল। কিন্তু নতুন আইনৰ ফলক পঞ্চায়তবিলাকে সাংবিধানিক স্বীকৃতি লাভ কৰে।

(গ) আইনখনে পঞ্চায়তৰ কাৰ্যকালৰ ক্ষেত্ৰতো পৰিৱৰ্তন আনে। আগতে পঞ্চায়তৰ কাৰ্যকাল তিনিবছৰৰ পৰা পাঁচ বছৰীয়া আছিল। এতিয়া সকলো ৰাজ্যৰ পঞ্চায়ত আইনৰ অধীনত পঞ্চায়তৰ কাৰ্যকাল পাঁচ বছৰ কৰাৰ বিধান কৰিছে।

(ঘ) আন এটা দিশতো আইনখনৰ গুৰুত্ব আছে। আইনখনে পঞ্চায়তবিলাকত ক্ষমতা বহু পৰিমাণে বৃদ্ধি প্ৰয়াস কৰিছে। ইয়াৰ ফলত বিভিন্ন পঞ্চায়তবিলাকে জনসাধাৰণৰ কল্যাণৰ কাৰণে বহুতো উন্নয়নমূলক কাম কৰিবলৈ সক্ষম হ’ব।

(ঙ) আইনখনে মহিলাৰ প্ৰতিনিধিত্বৰ ওপৰত গুৰুত্ব দিছে। পূৰ্বতে পঞ্চায়তবিলাকত মহিলা প্রতিনিধি নিৰ্বাচনৰ কোনো নিশ্চয়তা নাছিল। কিন্তু নতুন আইনখনৰ আধাৰত মহিলাৰ কাৰণে ৩৩ শতাংশ আসন সংৰক্ষণ কৰাৰ ফলত পুৰুষৰ লগতে মহিলায়ো পঞ্চায়তৰ কাম কাজত অংশগ্ৰহণ কৰিব পাৰিব।

(চ) আন এটা উল্লেখযোগ্য দিশ হ’ল যে চৰকাৰে কোনো কাৰণত নিদিষ্ট কাৰ্যকালৰ আগতে ভংগ কৰি দিব পাৰে অৱশ্যে কোনো পঞ্চায়ত নিৰ্দিষ্ট কার্যকালৰ আগতে ভংগ হ’লে চৰকাৰে ছয় মাহৰ ভিতৰত নতুন পঞ্চায়ত গঠন কৰিব পাৰে ৷

(ছ) আইনখনত পঞ্চায়তবিলাকৰ গঠন নিয়মীয়া কৰিবৰ কাৰণে এটা নিৰ্বাচনী আয়োগ গঠনৰ ওপৰত গুৰুত্ব দিছে৷ ইয়াৰ ফলত পঞ্চায়তবিলাক গঠনৰ ক্ষেত্ৰত কোনো অনিশ্চয়তা নাথাকিব।

(জ) আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল যে আইনখনত এটা বিত্তীয় আয়োগ গঠনৰো ব্যৱস্থা কৰা হৈছে । এই আয়োগে পঞ্চায়তৰ বিত্তীয় দিশটোৰ প্ৰতি লক্ষ্য ৰাখিব ৷ তদুপৰি পঞ্চায়বিলাকক ৰাজ্যিক সঞ্চিত পুঁজিৰ পৰা সহায়ক অনুদান দিয়াৰ ব্যৱস্থা কৰা হৈছে ।

(ঝ) আইনখনত অনুসূচীত জাতি আৰু জনজাতি লোকৰ কাৰণে আসন সংৰক্ষণৰ বিধান থকাত এই শ্ৰেণীৰ লোক নিজ জনসংখ্যা অনুপাতে পঞ্চায়তবিলাকত প্রতিনিধিত্ব কৰিব পাৰিব।

(ঞ) পঞ্চায়ত নির্বাচনী কাৰণে ভোটাৰ তালিকা প্রস্তুত কৰা আৰু নিৰ্বাচন পৰিচালনা কৰা দায়িত্ব ৰাজ্যিক নির্বাচনী আয়োগক অৰ্পণ কৰাৰ ফলত পঞ্চায়তৰ নিৰ্বাচনবিলাক নিয়মীয়া হ’ব।

(ট) ৭৩তম্ সংবিধান সংশোধনী আইনখনে ভাৰতৰ সকলো ৰাজ্যতে পঞ্চায়তৰাজ অনুষ্ঠান গঠনৰ বিধান কৰিছে যদিও বিহাৰৰ নিচিনা ৰাজ্যই আইনখনৰ সকলো দিশ কাৰ্যকৰী নকৰাটোৱে চৰকাৰৰ গণতান্ত্রিক বিকেন্দ্ৰীকৰণ ধাৰণা বিকাশৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে।

৩৯। আত্মসহায়ক গোট কেনেকৈ গঠন কৰা হয়। আত্মসহায়ক গোটৰ বৈশিষ্ট্যৰ বিষয়ে লিখা। (How is the self-help group formed? Write about the characteristics of a self-help group.)

উত্তৰঃ আত্মসহায়ক গোট হ’ল কোনো সমূহীয়া লক্ষ্য সাধনৰ কাৰণে গাঁৱৰ জনসাধাৰণে স্ব-ইচ্ছাই গঠন কৰা এই স্বেচ্ছাসেৱী সংগঠন। ইয়াৰ দ্বাৰা আৰ্থ সামাজিক দিশটো উন্নয়ন কৰিবলৈ সমুহীয়া সিদ্ধান্তৰে এটা পুঁজি গঠন কৰি সঞ্চয় কৰা হয় ইয়াৰ সদস্যক গোটৰ সমূহীয়া সিদ্ধান্ত অনুসৰি ঋণ প্ৰদান কৰে ৷

এই গোট গঠনৰ প্ৰধান উদ্দেশ্য হ’ল গাঁৱৰ দুখীয়া লোকে দৰিদ্ৰতা দূৰ কৰিবৰ বাবে একেলগে কাম কৰিবলৈ লোৱা সামূহিক প্রচেষ্টা। এই গোটবিলাক চৰকাৰী আৰু বে-চৰকাৰী প্ৰচেষ্টাত ১৯৯০ চনৰ পৰাই গঠন কৰা হৈছে।

এই গোটবিলাকক বৰ্তমান ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক, সমবায় বেংক আৰু ছ’চাইটি, ৰাষ্ট্ৰীয়কৃত বেংক, কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ বিভিন্ন বিভাগ, আঞ্চলিক গ্রাম্য বেংক আদিৰ পৰা সাহায্য লাভ কৰিছে।

আত্মসহায়ক গোটৰ গঠনঃ আত্মসহায়ক গোট ১০-২০ জন দৰিদ্ৰ লোকক লৈ গঠন কৰা হয়। এনে গোট মহিলাইও পৃথকে গটন কৰিব পাৰে। সাধাৰণতে আত্মসহায়ক গোট একেগাঁৱৰে বা অঞ্চলৰে আগৰে পৰা চিনাকি থকা লোকৰ মাজত গঠন কৰা হয়। এনে গোট গঠন কৰাৰ পিছত প্ৰথম কাম হ’ল সঞ্চয় কৰা। এই ধন বেংকত সঞ্চয় কৰে। এই ধন প্রয়োজন সাপেক্ষে সদস্যসকলক ঋণ দিয়া হয়। ঋণৰ পৰিমাণ কিমান হ’ব সেইটো আত্মসহায়ক গোটে নিজে সিদ্ধান্ত লয় ৷ সেই অনুপাতে আত্মসহায়ক গোটে ঋণ পৰিশোধৰ সময়ো নিৰ্দ্ধাৰণ কৰি দিয়ে৷ গোটে বেংকত ধন জমা থোৱা ছয় মাহৰ পিছৰ পৰা ঋণ দিয়াৰ ব্যৱস্থা কৰে। এইদৰে আত্মসহায়ক গোটে বেংকৰ পৰা ঋণ লৈ দৰিদ্ৰতা দূৰ কৰিবলৈ প্ৰসায় কৰাৰ লগতে আত্মসংস্থাপনৰো ব্যৱস্থা কৰিব পাৰে। গতিকে আত্মসহায়ক গোট হ’ল নিজে নিজকে সহায় কৰা গোট। প্রথম পর্যায়ত এই গোটবিলাকে বাহিৰৰ পৰা আর্থিক সাহায্য লৈ কাম আৰম্ভ কৰে যদিও পিছত এনে সাহায্য সম্পূৰ্ণভাৱে উঠাই দি আত্মনিৰ্ভৰশীল হৈ পৰে।

আত্মসহায়ক গোটৰ বৈশিষ্ট্য সমূহ হ’ল –

(ক) বিভিন্ন গোট গঠন।

(খ) গোটবিলাকৰ মুঠ সদস্যৰ সংখ্যা দহ জন বা বিশ জন হ’ব।

(গ) পৰিস্থিতি সাপেক্ষে পাঁচ জন লোক লৈও একোটা আত্মসহায়ক গোট গঠন কৰিব পাৰি ৷ 

(ঘ) যিবিলাক লোকে আত্মসহায়ক গোট গঠন কৰিব, তেওঁলোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোক হ’ব লাগে। প্রয়োজন সাপেক্ষে একোটা আত্মসহায়ক গোটৰ ৩০ শতাংশ সদস্য দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোক হ’ব লাগে। যদি গোটটোত দৰিদ্ৰ সীমাৰেখাৰ ওপৰত থকা কোনো লোক থাকে, তেন্তে তেওঁলোকে ৰাজসাহায্য লাভ কৰিব নোৱাৰিব।

(ঙ) এটা গোটত একেটা পৰিয়ালৰে এজনতকৈ অধিক সদস্য থাকিব নোৱাৰিব। 

(চ) প্ৰতিটো গোটৰে এখন নিয়মাৱলী থাকিব আৰু সেই নিয়মাৱলীখন তেওঁলোকে নিজেই প্ৰস্তুত কৰি ল’ব পাৰিব।

(ছ) আঁচনিখনত উপাৰ্জন বৃদ্ধি কৰাৰ লগতে জমাধনৰ পুঁজি বৃদ্ধি কৰাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে।

(জ) অৰ্থকাৰী কাম কাজ বৃদ্ধিৰ ওপৰতো গুৰুত্ব দিয়া হৈছে।

(ঝ) গোটটোৱে সমূহীয়াভাৱে কোনো বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। 

(ঞ) গোটটোৱে নথি-পত্ৰবিলাক সংৰক্ষণ কৰিব।

(ট) গোটটোৰ সদস্যসকলে ঋণ পৰিশোধ কৰিবৰ কাৰণে জমা পুঁজিৰ ব্যৱহাৰ কৰিব পাৰিব। 

(ঠ) আঁচনিখনে ঋণ পৰিশোধৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।

(ড) প্রতি সপ্তাহতে নিয়মমতে সদস্যসকলে সঞ্চয় কৰিব লাগে। 

(ঢ) পুৰুষ আৰু মহিলাৰ কাৰণে পৃথক পৃথক গোট গঠন কৰিব লাগে ৷

৪০। ৭৩ তম্ সংবিধান সংশোধনী আইনখনৰ বিভিন্ন বৈশিষ্ট্যৰ বিষয়ে লিখা। (Write about the various features of the 73rd Amendment to the constitution.)

উত্তৰঃ ৭৩ তম্ সংবিধান সংশোধনী আইনখনৰ বিভিন্ন বৈশিষ্ট্যসমূহ হ’ল—

(ক) পঞ্চায়ত এলেকাঃ প্রতিখন পঞ্চায়তত এক নির্দিষ্ট এলেকা চৰকাৰে নিৰ্দ্ধাৰণ কৰিব পাৰিব। যিবিলাক এলেকাত সংবিধানৰ ২৪৪ আৰু ২৪৪ অনুচ্ছেদ কাৰ্যকৰী হৈ আছে, যেনে — নগালেণ্ড, মিজোৰাম, মেঘালয় আৰু আন জনজাতীয় অঞ্চল, তেনে ৰাজ্য বা অঞ্চলত পঞ্চায়ত গঠন কৰিব নোৱাৰিব।

(খ) গাঁওসভাঃ প্রত্যেক গাঁৱতে এখন গাঁওসভা গঠিত হ’ব আৰু এনে গাঁওসভাবিলাকে ৰাজ্যিক চৰকাৰে প্ৰণয়ন কৰা পঞ্চায়ত আইনে যি ক্ষমতা দিয়ে সেই ক্ষমতা প্রয়োগ কৰিব পাৰিব ।

(গ) নির্বাচনঃ সকলো পৰ্যায়ৰ পঞ্চায়তৰ সদস্য প্রত্যক্ষভাৱে নিৰ্বাচিত হ’ব। সেই অনুপাতে গাঁও পঞ্চায়তৰ সভাপতিৰ নিৰ্বাচনো প্রত্যক্ষ হ’ব। আনহাতে মধ্যৱৰ্তী পৰ্যায়ৰ পৰা জিলা পৰিষদৰ সভাপতি নির্বাচন পৰোক্ষ হ’ব।

(ঘ) সাংবিধানিক মৰ্যাদাঃ ভাৰতীয় সংবিধানৰ ৭৩তম্ সংশোধনী আইনে পঞ্চায়তবিলাকক সাংবিধানিক মর্যাদা প্রদান কৰিছে। পঞ্চায়তবিলাকে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যিক চৰকাৰৰ পিছত প্ৰশাসনৰ তৃতীয় স্তৰ হিচাপে মৰ্যাদা লাভ কৰিছে।

(ঙ) আসন সংৰক্ষণঃ অনুসূচীত জাতি আৰু জনজাতি লোকৰ কাৰণে তেওঁলোকৰ জনসংখ্যা অনুপাতে আসন সংৰক্ষণ কৰিব পাৰিব। আনহাতে মহিলাৰ কাৰণে ৩৩% আসন সংৰক্ষিত হ’ব। অর্থাৎ প্ৰতিটো পঞ্চায়তে নির্বাচনতে মহিলাৰ কাৰণে একেটা সমষ্টি সংৰক্ষণ কৰিব নালাগিব।

(চ) বিত্তীয় আয়োগঃ পঞ্চায়তবিলাকত এখন বিত্তীয় আয়োগ গঠন কৰিব পাৰিব। এনে বিত্তীয় আয়োগৰ কাৰ্যকাল পাঁচ বছৰ হ’ব। কোনো পঞ্চায়ত ভংগ হ’লে নতুন পঞ্চায়ত গঠন কৰিবৰ কাৰণে ছয় মাহৰ ভিতৰতে নির্বাচন অনুষ্ঠিত কৰিব লাগিব। সেইদৰে পঞ্চায়তৰ নিৰ্বাচন ইয়াৰ পাঁচ বছৰীয়া কাৰ্যকাল অন্ত পৰাৰ আগতে অনুষ্ঠিত কৰিব লাগিব ৷

(ছ) পৃথক নির্বাচনী আয়োগঃ পঞ্চায়তৰ নিৰ্বাচন নিয়মীয়াকৈ অনুষ্ঠিত কৰিবৰ কাৰণে এখন পৃথক নির্বাচনী আয়োগ গঠন কৰিব পাৰিব ।

(জ) ন্যায়াধীকৰণ গঠনঃ পঞ্চায়তৰ নিৰ্বাচন সম্পৰ্কীয় গোচৰবিলাক নিষ্পত্তি কৰিবৰ কাৰণে পৃথক ন্যায়াধীকৰণ গঠনো বিধান আছে।

(ঝ) ২৯ টা বিষয় অন্তর্ভুক্ত : ৭৩ তম্ সংশোধনী আইনৰ আন এটা বৈশিষ্ট্য হ’ল যে ভাৰতীয় সংবিধানৰ একাদশ অনুসূচীত থকা ২৯ টা বিষয় পঞ্চায়তবিলাকৰ হাতত অৰ্পণ কৰা হৈছে। 

(ঞ) জিলা পৰিকল্পনা সমিতিঃ আইনখনৰ আন এটা বৈশিষ্ট্য হ’ল যে প্ৰতিখন জিলাতে এখনকৈ জিলা পৰিকল্পনা সমিতি গঠন কৰিব পাৰিব। এই সমিতিখনে আগন্তুক পঞ্চায়তবিলাকৰ হাতত অৰ্পণ কৰা হৈছে।

(ট) প্ৰাৰ্থীৰ বয়সঃ আইনখত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীৰ ব্যৱস্থা নিৰ্দ্ধাৰণ কৰি দিছে। ২১ বছৰ প্ৰাপ্ত লোক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। অৱশ্যে দেউলীয়া লোকে নির্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে।

(ঠ) অধিক ক্ষমতাঃ পঞ্চায়তবিলাকক পূৰ্বৰ তুলনাত অধিক ক্ষমতা প্ৰদান কৰিছে। পঞ্চায়তত কৰ আৰোপ আৰু সংগ্ৰহ কৰাৰ কৰ্তৃত্ব থাকিব ৷ তদুপৰি পঞ্চায়তবিলাকে ৰাজ্যখনৰ সঞ্চিত পুঁজিৰ পৰা সহায়ক অনুদান দিব পাৰিব।

৪১। আত্মসহায়ক গোটৰ বিভিন্ন দিশৰ বিষয়ে লিখা। (Write about different aspects of self-help groups.) 

উত্তৰঃ আত্মসহায়ক গোট বিভিন্ন দিশসমূহ হ’ল –

(ক) প্ৰাক্-গঠনৰ স্তৰ।

(খ) গঠনৰ স্তৰ।

(গ) সুস্থিৰতা স্তৰ প্ৰথম পর্যায়।

(ঘ) সুস্থিৰতা দ্বিতীয় স্তৰ।

(ঙ) বিকাশ আৰু বিস্তৃতিৰ স্তৰ।

(ক) প্ৰাক্-গঠনৰ স্তৰঃ এই স্তৰটোৰ কাম দুমাহৰ ভিতৰত সম্পন্ন কৰা হয়। এই স্তৰত গাঁৱলীয়া লোকসকল সমবেত হৈ গোট গঠনৰ ব্যৱস্থা কৰে। বিশেষকৈ এই স্তৰতে গাঁৱৰ দুখীয়া লোকক চিনাক্ত কৰি তেওঁলোকৰ মাজত গোট গঠন কৰা হয় ৷

(খ) গঠনৰ স্তৰঃ এই স্তৰটোৰ কাম তিনিমাহৰ পৰা ছয় মাহৰ ভিতৰত সম্পন্ন কৰা হয়। এই স্তৰটোতে গোটটোৰ নেতা নির্বাচন কৰি ইয়াৰ নীতি-নিয়মবিলাক ঠিক কৰা হয় এই পৰ্যায়ত গোটৰ সভা আহ্বান কৰি সঞ্চয় আৰম্ভ কৰি ইয়াৰ সদস্যক ঋণ দিয়াৰ ব্যৱস্থা কৰা হয়। তদুপৰি গোটৰ মাজত সমন্বয় আৰু সহযোগিতা বৃদ্ধি কৰা হয়। গোটৰ হিচাপ ৰখাৰ ব্যৱস্থাও কৰা হয়।

(গ) সুস্থিৰতা স্তৰ প্ৰথম পৰ্যায়ঃ এই স্তৰটোৰ কাম সাত মাহৰ পৰা ১০ মাহৰ ভিতৰত কৰা হয়। এই স্তৰতে গোটটোৰ নেতা আৰু ইয়াৰ সদস্যসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়। গোটৰ মাজত আলোচনা হয়। বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ লগত যোগাযোগ ৰক্ষা কৰা হয়। কোনো বে-চৰকাৰী প্ৰতিষ্ঠানে কম সুদত ঋণ দিয়াৰ ব্যৱস্থা থাকিলে তেওঁলোকৰ লগতো এই বিষয়ে যোগাযোগ কৰিব পাৰে। তদুপৰি এই পৰ্যায়তে ঋণ প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে যিবিলকে ঋণ পৰিশোধ কৰিব নোৱাৰে তেওঁলোকক ঋণ পৰিষোধ কৰিবলৈ সহায় কৰা হয়।

(ঘ) সুস্থিৰতা দ্বিতীয় স্তৰঃ এই স্তৰটোৰ বিকাশৰ কাৰ্যকাল ১৩ মাহৰ পৰা ১৮ মাহ । এই সময়ছোৱাত বিশেষকৈ উপাৰ্জন কৰিব পৰা আঁচনি কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব দিয়া হয় ৷ তদুপৰি ঋণৰ কাৰণে বেংকৰ লগত যোগাযোগ কৰা, গোটবিলাকে উৎপাদন কৰা সামগ্ৰী প্রদর্শন নতুন নতুন গোট গঠনৰ কাৰণে অনুপ্রাণিত কৰাৰ ওপৰত গুৰুত্ব দিয়ে। 

(ঙ) বিকাশ আৰু বিস্তৃতিৰ স্তৰঃ গোটৰ আৰম্ভণি ১৯ মাহৰ পিছৰ পৰা এই স্তৰটো আৰম্ভ হয়। এই স্তৰটোত বেংকৰ লগত যোগাযোগ উন্নত কৰাৰ লগতে সম্পদ আহৰণৰ ওপৰতো প্রাধান্য দিয়া হয় । নতুন নতুন গোট গঠনৰ কাৰেণ গাঁৱৰ দুখীয়া লোকক অনুপ্রাণিত কৰা হয় ৷ এই স্তৰৰ কামৰ পিছতে সাধাৰণতে আত্মসহায়ক গোটবিলাক স্বতন্ত্ৰ আৰু আত্মনিৰ্ভৰশীল হৈ পৰে।

৪২। গ্রামোন্নয়ন বুলিলে কি বুজা? গ্রামোন্নয়নত জনসাধাৰণৰ অংশগ্ৰহণৰ গুৰুত্বৰ বিষয়ে লিখা। (What do you mean by rural development? Write about the importance of public participation in rural development.) 

উত্তৰঃ ভাৰত এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে জনসাধাৰণৰ কল্যাণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে। ভাৰতবৰ্ষত গ্রামাঞ্চলত অধিক সংখ্যক দুখীয়া লোক বাস কৰে আৰু এই দুখীয়া লোকসকলৰ সকলো দিশতে উন্নতি সাধন কৰাটো চৰকাৰৰ কৰ্তব্য। লোকৰ কাৰণে বহুতো আঁচনি গ্ৰহণ কৰিছে যদিও এই আঁচনিবিলাক জনসাধাৰণৰ অংশগ্ৰহণৰ অবিহনে কৃতকাৰ্য হোৱাৰ সম্ভাৱনা নাথাকে । গতিকে চৰকাৰে গ্ৰামোন্নয়নৰ কাৰণে যিবিলাক আঁচনি, প্রকল্প আদি গ্ৰহণ কৰিছে, সেইবিলাকৰ কাৰ্যকাৰিতাৰ বিভিন্ন পৰ্যায়ত অংশগ্ৰহণ কৰাকে জনসাধাৰণৰ অংশগ্রহণ বুলি কোৱা হয় ।

গ্রামোন্নয়নত জনসাধাৰণৰ অংশগ্ৰহণ সম্পর্কে বিভিন্ন চিন্তাবিদে বহুতো সংজ্ঞা দিছে । ৰাম. পি. যাদৱ নামে এজন চিন্তাবিদৰ মতে জনসাধাৰণৰ অংশগ্ৰহণৰ অৰ্থ হ’ল গ্ৰামোন্নয়নৰ কামত জনসাধাৰণৰ প্ৰত্যক্ষ অংশ গ্রহণ। ই জনসাধাৰণৰ নিৰ্বাচিত প্রতিনিধিয়ে পৰোক্ষভাৱে অংশ গ্ৰহণৰ কথা প্ৰকাশ নকৰে । জনসাধাৰণৰ অংশ গ্রহণ ওপৰৰ পৰা জাঁপি দিয়া হ’ব নোৱাৰে ৷ অংশগ্রহণ জনসাধাৰণৰ ইচ্ছা সাপেক্ষে স্বেচ্ছামূলক হ’ব লাগে।

ইউনেস্কোৰ মতে, “প্ৰগতিৰ দ্বাৰা হোৱা লাভৰ যথাযোগ্য বিতৰণৰ দৰে কিছুমান উমৈহতীয়া লক্ষ্য সাধন কৰাৰ লক্ষ্যৰে সামূহিক আৰু অবিৰত কামৰ জড়িত থকা কাৰ্য।”

জনসাধাৰণৰ অংশগ্ৰহণৰ গুৰুত্বসমূহ হ’ল—

(ক) সচেতনতা বৃদ্ধিঃ জনসাধাৰণে চৰকাৰী আঁচনিত অংশগ্ৰহণ কৰিলে তেওঁ সমাজ সচেতনতা বৃদ্ধি পায় ৷ জনসাধাৰণ যে চৰকাৰৰ বিভিন্ন আঁচনিৰ সুফল আৰু কুফলৰ বিষয়ে অৱগত সেই বিষয়ে জনাত সহায় হয়। জনসাধাৰণ সচেতন হ’লে চৰকাৰৰ বিভিন্ন আঁচনিবিলাক সফলভাৱে ৰূপায়ণ কৰিব পৰাৰ লগতে ৰাজহুৱা ধনৰো অপ-ব্যৱহাৰ নহয় ।

(খ) আঁচনিৰ মূল্যায়নঃ আন এটা দিশৰ পৰাও চৰকাৰী কামত জনসাধাৰণৰ অংশগ্ৰহণৰ আৱশ্যকতা আছে। জনসাধাৰণৰ অংশগ্রহণে চৰকাৰী আঁচনিবিলাকৰ উচিত মূল্যায়ন কৰাত সহয় হয়। যদি আঁচনিবিলাক জনসাধাৰণৰ গ্ৰহণযোগ্য নহয়, তেন্তে সেইবিলাক সংশোধিত ৰূপত কাৰ্যকৰী কৰিব পাৰিব। গতিকে দেখা যায় যে জনসাধাৰণৰ অংশগ্রহণে চৰকাৰক জনসাধাৰণৰ যোগ্য আঁচনি কাৰ্যকৰী কৰিবলৈ বাধ্য কৰায়।

(গ) প্ৰশাসনীয় অভিজ্ঞতা লাভঃ জনসাধাৰণে চৰকাৰৰ কাম-কাজত অংশগ্ৰহণ কৰিলে। তাৰ পৰা প্ৰশাসনীয় অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ’ব। সাধাৰণতে গ্রামোন্নয়নৰ লগত বিভিন্ন অনুষ্ঠান, যেনে – গাঁও পঞ্চায়ত, উন্নয়ন খণ্ড, জিলা গ্রামোন্নয়ন অভিকৰণ, জিলা প্রশাসন প্রত্যক্ষভাৱে জড়িত থাকে। 

(ঘ) সমাজ সৱলীকৰণঃ জনসাধাৰণৰ অংশগ্রহণে সমাজ সৱলীকৰণ কৰাতো অৰিহণা যোগায়৷ চৰকাৰৰ আঁচ লাকত জনসাধাৰণে আন্তৰিকতাৰে অংশগ্ৰহণ কৰিলে তেওঁলোকৰ মনৰ পৰা পুৰণি ধ্যান-ধাৰণা নোহোৱা হয় ।

(ঙ) মৌলিক অভাৱ পূৰ্ণঃ জনসাধাৰণৰ অংশগ্রহণে তেওঁলোকৰ মৌলিক অভাৱ বিলাক পূৰ্ণ কৰিব। জনসাধাৰণৰ অংশগ্রহণে জনসাধাৰণ জীৱনৰ মানদণ্ড উন্নত কৰাৰ লগতে আর্থ-সামাজিক দিশতো তেওঁলোকৰ বিকাশ হ’ব।

(চ) দৰিদ্ৰ সীমাৰ লোক লাভৱান হোৱাঃ আমাৰ সমাজত যিবিলাক লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰিছে সেইসকল লোকে গ্রামোন্নয়নৰ কামত অংশগ্ৰহণ কৰিলে তাৰপৰা লাভবান হ’ব পাৰিব।

(ছ) গণতন্ত্ৰৰ ভেঁটিঃ জনসাধাৰণৰ অংশগ্রহণে এখন দেশৰ গণতান্ত্রিক শাসন ব্যৱস্থা সুদৃঢ় কৰি তোলে।

(জ) গতিশীল প্রশাসনঃ চৰকাৰী প্ৰশাসনীয় যন্ত্ৰক গতিশীল কৰিবৰ কাৰণেও জনসাধাৰণৰ গুৰুত্ব আছে। বহুক্ষেত্ৰত জনসাধাৰণ সচেতন নোহোৱাৰ কাৰণে গ্রামোন্নয়নৰ পুঁজি অপব্যৱহৃত হৈছে।

(ঝ) জনসাধাৰণৰ আঁচনিঃ চৰকাৰে যিবিলাক উন্নয়ন আঁচনি গ্ৰহণ কৰিছে সেই আঁচনিবিলাক প্ৰকৃততে নিশ্চিত ৰূপত যে জনসাধৰাণৰ আঁচনি সেইটো প্ৰতিষ্ঠা কৰিবলৈ হ’লে জনসাধাৰণে সেই আঁচনিবিলাকত অংশগ্ৰহণ কৰাটো আৱশ্যকীয়।

৪৩। গ্রামোন্নয়নৰ বিভিন্ন ক্ষেত্ৰত জনসাধাৰণৰ অংশগ্ৰহণৰ বিষয়ে লিখা । (Write about public participation in different areas of rural decvelopment.)

উত্তৰঃ গ্রামোন্নয়নৰ কাৰণে জনসাধাৰণে বিভিন্ন ক্ষেত্ৰত অংশগ্ৰহণ কৰিব পাৰে । 

(ক) চৰকাৰৰ উন্নয়নমূলক আঁচনি আৰু প্ৰকল্প কাৰ্যকৰী কৰাৰ বিষয়ত অংশগ্ৰহণ কৰিব পাৰে এনে আঁচনিক জনসাধাৰণে অংশগ্ৰহণ কৰিলে তেওঁলোকে নিজে উপকৃত হোৱাৰ লগতে গাঁওখনৰো সামগ্ৰীক উন্নতি সাধন কৰিব পাৰে। সেইদৰে এই আঁচনি বিলাকে নিয়োগৰ সুবিধাও বৃদ্ধি কৰে।

(খ) জনসাধাৰণে পৰিকল্পনা যুগুত কৰা আৰু প্ৰশাসনীয় সিদ্ধান্তগ্ৰহণ কৰা বিষয়ত অংশগ্রহণ কৰাটো বাঞ্চনীয় এইক্ষেত্ৰত জনসাধাৰণে অংশগ্ৰহণ কৰিবলৈ পৰিকল্পনা যুগুত কৰা আৰু প্ৰশাসনীয় সিদ্ধান্ত কার্যকৰী কৰাৰ ব্যৱস্থাটো তলৰ পৰ্যায় প্রশাসনীয় গোটলৈকে বিকেন্দ্ৰীকৰণ কৰিব লাগে।

(গ) চৰকাৰে গ্ৰামোন্নয়নৰ কাৰণে যিবিলাক আঁচানি বা প্রকল্প কাৰ্যকৰী কৰে। সেই আঁচনিবিলাকৰ ফল জনসাধাৰণে ভোগ কৰিবলৈ সুবিধা পাব লাগে। যদি জনসাধাৰণে এই আঁচনিবিলাকৰ পৰা কোনো ফল ভোগ কৰাৰ সুবিধা নাপায় তেন্তে সেই আঁচনিবিলাক কাৰ্যকৰী কৰিলেও তেওঁলোকে তাত সহযোগ নকৰিব পাৰে। সাধাৰণতে জনসাধাৰণে কাৰণে চৰকাৰৰ দীর্ঘম্যাদী আঁচনিতকৈ হ্রস্বম্যাদী আঁচনিৰহে অধিক প্রয়োজন। গাঁৱৰ দুখীয়া লোকসকলে সদায় দুবেলা দুসাজ যোগৰ কৰাত ব্যস্ত থাকে গতিকে বিভিন্ন আঁচনিৰ ক্ষেত্ৰতো তাৰ পৰা হোৱা লাভালাভ সোনকালে বা প্ৰত্যক্ষভাৱে ভোগ কৰাৰ প্ৰতিহে তেওঁলোক আগ্রহী হয়।

(ঘ) আন এটা দিশতো জনসাধাৰণে গ্রামোন্নয়নৰ আঁচনিত সহযোগ কৰিব পাৰে। চৰকাৰে বিভিন্ন সময়ত জনসাধাৰণে কল্যাণ তথা গ্রামোন্নয়নৰ কাৰণে বহুতো আঁচনি কাৰ্যকৰী কৰিছে। কিন্তু এই আঁচনিবিলাক কিদৰে কাৰ্যকৰী হৈছে, জনসাধাৰণে এই আঁচনিবিলাকৰ ফল ভোগ কৰিবলৈ পাইছেনে নাই, চৰাকৰে এই আঁচনিবিলাক কার্যকৰী কৰিবৰ কাৰণে হিতাধিকাৰীক অৱশ্যকীয় ৰাজসাহায্য বা ঋণ দিছেনে নাই, সময়মতে এই আঁচনিবিলাক কাৰ্যকৰী কৰিছেনে নাই আদি দিশবিলাক তদাৰকী আৰু মূল্যায়ন কৰাৰ ক্ষেত্ৰতো জনসাধাৰণে অংশগ্ৰহণ কৰিব পাৰে।

গতিকে দেখা যায় যে আঁচনি বা প্ৰকল্পৰ তদাৰকী আৰু মূল্যায়নৰ ক্ষেত্ৰত জনসাধাৰণে অংশগ্ৰহণ অৱশ্যকতা কোনো প্ৰকাৰে নুই কৰিব নোৱাৰি। এই ক্ষেত্ৰত জনসাধাৰণে অংশগ্ৰহণৰ ওপৰত আঁচনিৰ কৃতকাৰ্যতা তথা গ্রামোন্নয়ন বহু পৰিমাণে নিৰ্ভৰশীল ৷

৪৪। স্থানীয় চৰকাৰ কাক বোলে? স্বায়ত্ত শাসনৰ প্ৰকৃতি আৰু পৰিসৰ আলোচনা কৰা ৷ (What is the local government? Discuss the nature and scope of autonomy.)

উত্তৰঃ স্থানীয় চৰকাৰ হৈছে যুক্তৰাষ্ট্ৰীয় দেশবোৰৰ সেইটো অংশ য’ত ৰাজ্য চৰকাৰৰ তলতীয়া স্থানীয় কাৰ্য প্ৰশাসনৰ লগত প্ৰধানকৈ জড়িত। স্থানীয় কর্তৃপক্ষ ৰাজ্যৰ যোগ্য বাসিন্দাৰ দ্বাৰা নির্বাচিত হয়। নাইবা তেওঁলোক আংশিকভাবে নির্বাচিত বা আংশিকভাৱে মনোনীত বা সম্পূৰ্ণকৈ মনোনীত সদস্য। সাধাৰণতে স্থানীয় কর্তৃপক্ষৰ প্ৰশাসনৰ ক্ষেত্ৰত স্থানীয় এলেকাৰ ভিতৰত ৰাজ্য চৰকাৰৰ অধিকাৰ ক্ষেত্ৰ নাথাকে। ৰাজ্যিক কৰ্তৃত্বই ক্ষমতা লাভ কৰা একে ভোটাৰৰ পৰা স্থানীয় কৰ্তৃত্বইও ক্ষমতা লাভ কৰে। কিন্তু স্থানীয় কৰ্তৃত্বই ৰাজ্যিক চৰকাৰৰ অনুমোদন অবিহনে একো কাম কৰিব নোৱাৰে।

স্থানীয় চৰকাৰৰ অনুষ্ঠানক বিভিন্ন নামেৰে জনা যায়। ভাৰতবৰ্ষত স্থানীয় স্বায়ত্ত শাসন (Local Self Government) নামেৰে জনা যায়; ইংলেণ্ডত স্থানীয় কর্তৃপক্ষ (Local authorities) আৰু আন আন ঠাইত স্থানীয় চৰকাৰ (Local Government) বুলি কোৱা হয়৷ ভাৰতবৰ্ষত প্রাদেশিক চৰকাৰক স্থানীয় চৰকাৰ বুলি জনা যায় ৷

হৰিচ (Harish) ৰ মতে স্থানীয় চৰকাৰ হৈছে প্ৰতি পদ্ধতি যাৰ তলত স্থানীয় লোক কিছুমানে দায়িত্ব গ্ৰহণ কৰি কিছুমান কাৰ্য কৰে আৰু খৰচবোৰ পুঁজি বৃদ্ধিৰ জৰিয়তে সমাধা কৰে৷

ভি. ভেংকটৰাওৰ মতে “স্থানীয় চৰকাৰ হৈছে ৰাজ্য চৰকাৰৰ সেইটো ভাগ যি প্ৰধানকৈ স্থানীয় কাৰ্যৰ লগত জড়িত আৰু ৰাজ্য চৰকাৰৰ তলতীয়া স্থানীয় যোগ্যতা সম্পন্ন অধিবাসীসকলে স্বাধীনভাৱে নিৰ্বাচিত কৰা কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত।

গতিকে যেতিয়া এখন দেশক ভাগ ভাগ কৰি প্ৰত্যেক অংশৰ শাসনভাৰ পৰিচালনাৰ দায়িত্ব সেই অঞ্চলৰ লোকৰ হাতত অৰ্পণ কৰা হয় আৰু তাক স্থানীয় শাসন বা স্থানীয় স্বায়ত্ত শাসন বোলা হয়। অর্থাৎ কোনো এটা বিশেষ স্থানীয় অঞ্চলৰ প্ৰশাসনীয় অনুষ্ঠানকে চমুকৈ স্থানীয় স্বায়ত্ত শাসন বোলা হয়। স্থানীয় স্বায়ত্ত শাসন বুলিলে সাধাৰণতে স্থানীয় যোগ্য লোকৰ দ্বাৰাই ক্ষুদ্র অঞ্চল একোটাৰ প্ৰশাসনৰ কাৰ্য্য চলোৱাকে বুজোৱা হয়। স্থানীয় স্বায়ত্ত শাসন হৈছে কোনো এটা বিশেষ অঞ্চলৰ গাঁও, নগৰ বা চহৰৰ সমস্যাৰ সমাধানকল্পে তাৰ স্থানীয় অৰ্হতা সম্পন্ন অধিবাসীসকলৰ দ্বাৰা নিৰ্বাচিত আৰু চৰকাৰৰ দ্বাৰা মনোনীত সদস্যক লৈ গঠিত প্ৰশাসনৰ অনুষ্ঠান। যি নিৰ্বাচক মণ্ডলীয়ে ৰাজ্যিক কৰ্তৃপক্ষক নির্বাচিত কৰে সেই একে নির্বাচক মণ্ডলীৰ এটা অংশৰ দ্বাৰা স্থানীয় কর্তৃপক্ষ নিৰ্বাচিত হৈ নিজৰ নিজৰ কৰ্তৃত্ব লাভ কৰে। স্থানীয় স্বায়ত্ত শাসনৰ গোটসমূহ হৈছে ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ তলতীয়া ৷

স্থানীয় স্বায়ত্ত শাসনৰ প্ৰকৃতি আৰু পৰিসৰ (Nature and scope of local government) স্থানীয় প্রশাসনৰ পৰিধি কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰতকৈ স্থানীয় অঞ্চলৰ কাৰ্য যেনেঃ ৰাস্তা-ঘাট নিৰ্মাণ, খোৱা পানীৰ যোগান, জন্ম-মৃত্যুৰ হিচাপ ইত্যাদিৰ লগত স্থানীয় প্রশাসন জড়িত। স্থানীয় প্ৰশাসনৰ কৰ্মকৰ্তা বা সদস্যসকলক স্থানীয় যোগ্যসম্পন্ন অধিবাসীসকলে নির্বাচিত কৰে।

স্থানীয় প্রশাসনৰ প্ৰকৃতি কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ পৰা পৃথক। কেন্দ্ৰীয় প্ৰশাসনে ভাৰ লোৱা কাম বিলাকত সমগ্ৰ দেশবাসীৰ সমূহীয়া স্বার্থ নিহিত থাকে। যেনে -প্ৰতিৰক্ষা, মুদ্ৰা, ৰেলৱে, অন্য ৰাষ্ট্ৰৰ সৈতে বন্ধুত্ব আৰু শান্তিপূর্ণ সম্বন্ধ স্থাপন কৰা ৷ এনে ধৰণৰ সকলোবিলাক কৰ্মই কেন্দ্ৰীয় চৰকাৰৰ গণ্ডীৰ ভিতৰত পৰে। এই বিলাকত প্রশাসনিক ক্ষমতাও থাকিব লাগে। এই কাৰ্যবিলাক সমাধা কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰহে যথোচিত জ্ঞান, ক্ষমতা আৰু সুবিধা আছে। এই বিষয়বোৰৰ পৰা সমগ্র দেশবাসী উপকৃত হয়। কিন্তু স্থানীয় প্রশাসনৰ ওপৰত ন্যস্ত কৰা কাৰ্যসমূহ সাধাৰণতে স্থানীয় লোকৰ সুবিধা আৰু স্বাৰ্থৰ কাৰণেহে। এই ধৰণৰ কাৰ্যসমূহৰ দায়িত্ব সাধাৰণতে স্থানীয় শাসনৰ ওপৰত ন্যস্ত কৰা হয় । সেয়েহে ই স্থানীয় সমস্যাসমূহক লৈ কাম কৰে। ই স্থানীয় জনসাধাৰণৰ পৰা কৰ-কাটল আদায় কৰি স্থানীয় সমস্যাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰে। স্থানীয় সমস্যা সমাধানৰ উদ্দেশ্যে স্থানীয় প্রশাসনে প্রয়োজনীয় উপবিধি ৰচনা কৰিব পাৰে। তাৰোপৰি ই নিজৰ বাবে বাজেট যুগুত আৰু নিৰ্দ্ধাৰণ কৰিব পাৰে।

উদাহৰণস্বৰূপে, অসম ৰাজ্যিক চৰকাৰৰ তুলনাত অসম বহুতো পৌৰ, নিগম, জিলা পৰিষদ আৰু পঞ্চায়ত আছে । ৰাজ্যিক চৰকাৰৰ তুলনাত স্বায়ত্ত শাসনৰ এলেকা ইয়াৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী একেবাৰে সীমিত। এখন গাও বা এখন নগৰক লৈ স্বায়ত্ত শাসন গঠন কৰিব পাৰি।

সেইদৰে কমসংখ্যক জনতাক লৈয়ে এটা স্থানীয় স্বায়ত্ত শাসিত গোট গঠন কৰিব পাৰি। স্বায়ত্ত শাসিত অনুষ্ঠানৰ ক্ষমতা আৰু কাৰ্যাৱলী একেবাৰে সীমিত। সামান্য পুঁজিৰ দ্বাৰা স্বায়ত্ত শাসিত অনুষ্ঠানৰ কাম-কাজ পৰিচালনা কৰাত কোনো অসুবিধা নহয় ৷

৪৫। ভাৰতবৰ্ষত পঞ্চায়তৰ গঠন আৰু নিৰ্বাচন সম্পর্কে বর্ণনা কৰা ৷ (Describe the formation and election of Panchayats in India.) 

উত্তৰঃ ভাৰতবৰ্ষৰ সকলো প্ৰকাৰৰ উন্নতি কৰিবলৈ হ’লে সঠিকভাৱে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰিব লাগিব৷ দেশৰ গ্ৰাম্য অঞ্চলত ক্ষমতাৰ এনে বিকেন্দ্ৰীকৰণ সম্ভৱ হ’ব পাৰে একমাত্ৰ পঞ্চায়তীৰাজ ব্যৱস্থাৰ অৰ্থবহ আৰু সঠিক প্রয়োগেৰেহে।

প্রাচীন কালৰ পৰাই ভাৰতবৰ্ষত বিভিন্ন ৰূপত আনুষ্ঠানিকেই হওঁক বা অনানুষ্ঠানিক ভাবেই হওঁক পঞ্চায়তীৰাজ ব্যৱস্থা চলি আহিছে। এই পঞ্চায়তীৰাজ অনুষ্ঠানসমূহে সামাজিক ন্যায় সাধনৰ অৰ্থে কাম কৰি অহাৰ লগতে স্থানীয় সৰু-সুৰা বিবাদ নিষ্পত্তি কৰাৰ ক্ষেত্ৰতো স’ততে আগ্ৰহী ভূমিকা লোৱা দেখা গৈছিল৷ ‘পঞ্চায়তীৰাজ’ শব্দটো পোন প্ৰথমে ব্যৱহাৰ কৰিছিল জৱাহৰলাল নেহেৰুৱে৷ কাৰণ ইয়াত জনসাধাৰণৰ আবেদন আছিল ৷

পঞ্চায়তৰ গঠন (Composition of Panchayat) : পঞ্চায়তৰ ৭৩ তম সংশোধনী আইনমতে ৰাজ্যিক চৰকাৰে পঞ্চায়ত গঠনৰ বাবে আইন প্ৰস্তুত কৰিব পাৰে। অৱশ্যে জনসংখ্যা আৰু ভূখণ্ড এলেকাৰ মাজত যিকোনো পৰ্যায়ৰ পঞ্চায়ত আৰু আসনৰ সংখ্যা নিৰ্বাচনৰ দ্বাৰা পুৰোৱা হয় আৰু ৰাজ্যৰ সকলোতে একে পদ্ধতি অৱলম্বন কৰা হয়। অৱশ্যে ৰাজ্যিক বিধানসভাই তলত উল্লেখ কৰা বিভাগ মতে প্রতিনিধি দিয়ে –

(১) গাঁও পৰ্যায়ৰ পঞ্চায়তৰ সভাপতি মধ্যৱৰ্তী পৰ্যায়ত আৰু (যিবিলাক ৰাজ্যৰ মধ্যৱৰ্তী পর্যায় নাই) জিলা পর্যায়ত পঞ্চায়ত।

(২) মধৱৰ্তী পঞ্চায়তৰ সভাপতি আৰু জিলা পৰ্যায়ত পঞ্চায়ত ৷

(৩) ৰাজ্যিক সমষ্টিৰ প্ৰতিনিধি, লোকসভাৰ সদস্য আৰু বিধানসভাৰ সদস্য যি আংশিকভাবে বা সম্পূর্ণভাবে পঞ্চায়তত থাকে।

(৪) ৰাজ্যসভাৰ সদস্য আৰু বিধানসভাৰ সদস্যসকলে পঞ্চায়তৰ ভোটৰ হিচাপে পঞ্জীভূত হয়। 

মন কৰিবলগীয়া যে পঞ্চায়তৰ সভাপৰি আৰু পঞ্চায়তৰ আন আন সদস্যৰ (পঞ্চায়ত এলেকাৰ সমষ্টিৰ পৰা প্ৰত্যক্ষভাবে নির্বাচিত) পঞ্চায়তৰ সভাত ভোট দিয়াৰ অধিকাৰ থাকিব। গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচনৰ পদ্ধতি ৰাজ্যিক বিধানসভাৰ ওপৰত নিৰ্ভক কৰে। কিন্তু মধ্যৱৰ্তী পৰ্যায়ত আৰু জিলা পৰ্যায়ত সভাপতিক পঞ্চায়তৰ নিৰ্বাচিত সদস্যসকলে নির্বাচিত কৰে ৷ আইনখনে মহিলাসকলৰ বাবে এক-তৃতীয়ংশ আসন সংৰক্ষণ আৰু সংৰক্ষণ ব্যৱস্থা পুনঃ নিৰ্দ্ধাৰণ ব্যৱস্থাৰ দ্বাৰা চালিত কৰে। আইনমতে অনুসূচী জাতি আৰু অনুসূচীত জনজাতিৰ মহিলাৰ কাৰণে এক-তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা থাকিব৷ গাঁও পঞ্চায়ত আৰু আন আন পৰ্যায়ৰ সভাপতিৰ আসনৰ বাবে অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু মহিলাৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা আছে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰয়োজনীয় আইন প্রস্তুত কৰিব পাৰিব। ৰাজ্য চৰকাৰে পঞ্চায়তৰ পিছপৰা শ্ৰেণীৰ আসন সংৰক্ষণৰ বাবে ব্যৱস্থা কৰিব পাৰে। এই আইন অনুসৰি অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ জনসংখ্যাৰ অনুপাত অনুসৰি এক-তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হয় ।

পঞ্চায়তৰ নিৰ্বাচন (Election of Panchayat) : পঞ্চায়তৰ নিৰ্বাচনৰ তত্ত্বাৱধানৰ দায়িত্ব, নিৰ্দেশনা আৰু নিয়ন্ত্ৰণ পঞ্চায়তৰ সকলো নিৰ্বাচনৰ প্ৰস্তুতি, নিয়ম-নীতি ৰাজ্যপালে নিয়োগ কৰা ৰাজ্যিক নির্বাচন আয়োগৰ ওপৰত ন্যস্ত কৰা হয়। নিকা আৰু নিৰপেক্ষ নিৰ্বাচনৰ বাবে ৰাজ্যিক নির্বাচনী আয়োগক কাৰ্যকালৰ নিৰাপত্তা প্ৰদান কৰিছে আৰু তেওঁক কোনেও তেওঁৰ চৰিত্ৰৰ বাবে উচ্চ ন্যায়ালয়ৰ বিচাৰকৰ বাহিৰে কাৰ্য্যকলাৰ ভিতৰত আতৰাব নোৱাৰে। আনকি ৰাজ্যিক নির্বাচন আয়োগৰ কাৰ্যকালৰ সেৱাত কোনেও পৰিৱৰ্তন কৰিব নোৱাৰে ৷ আইনখনে ৰাজ্যিক বিধানমণ্ডলক পঞ্চায়তৰ নিৰ্বাচনৰ সকলো ব্যৱস্থা কৰিবলৈ ক্ষমতা প্ৰদান কৰিছে। বিশেষকৈ পঞ্চায়তৰ নিৰ্বাচনী বিষয়ৰ ওপৰত হস্তক্ষেপ কৰিবলৈ আদালতকো বিৰত কৰা হৈছে।

৪৬। স্থানীয় স্বায়ত্তশাসনৰ বৈশিষ্ট্য আলোকৰা। (Discuss the characteristics of local autonomy.) 

উত্তৰঃ স্বায়ত্ত শাসনৰ বৈশিষ্ট্যঃ বিশ্বৰ অন্যান্য ৰাষ্ট্ৰৰ দৰে ভাৰত চৰকাৰ তথা ৰাজ্য চৰকাৰসমূহেও স্বায়ত্তশাসনৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা যায়। এই স্বায়ত্তশাসন ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ – তলত আলোচনা কৰা হ’ল –

(ক) সামাজিক সন্থাঃ স্বায়ত্ত শাসনৰ এটা বৈশিষ্ট্য হৈছে এই যে ই এক সামাজিক সন্থা। ইয়াৰ এটা সংগঠিত সত্তা আছে। স্থানীয় প্রশানৰ আইনৰ দ্বাৰা গঠিত আৰু স্বীকৃতি প্রাপ্ত এটা সামাজিক সন্থা। ই নিজৰ কাৰণে আইন ৰচনা কৰিব পাৰে আৰু এইবোৰ নিজ এলেকাত বলবৎ কৰিব পাৰে। স্থানীয় প্রশাসনৰ নিজা নিজা চাব মোহৰ আছে। এই চাব-মোহৰ মাৰি নিজৰ কৰ্তৃত্বৰ দ্বাৰা কাৰ্যবোৰ সুচাৰুৰূপে পালন কৰে।

(খ) প্ৰশাসনমূলক স্বভাৱঃ স্থানীয় প্রশাসনৰ অনুষ্ঠানবোৰ কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰ যি নীতিৰ ওপৰত প্ৰতিষ্ঠিত সেই একে নীতিৰ ওপৰতে প্রতিষ্ঠিত হয়। এইবোৰৰ একোখনকৈ ‘নিজা নিজা সভা পৰিষদ থাকে। স্থানীয় প্রশাসনৰ কৰ্মচাৰী/ সদস্যবোৰৰ এক নিৰ্দিষ্ট সময়ৰ বাবে স্থানীয় যোগ্য অধিবাসীসকলে নির্বাচিত কৰে৷

(গ) স্বতন্ত্রতাঃ স্বায়ত্ত প্ৰশাসনৰ স্বতন্ত্ৰতা আছে আৰু এনে স্বতন্ত্ৰতা আৰ্থিক আৰু প্ৰশাসনীয় ক্ষেত্ৰত পৰিলক্ষিত হয়। ই নিজে প্ৰস্তাৱ, উপবিধি প্রণয়ন, বাজেট যুগুত আৰু নিৰ্দ্ধাৰণ আদি কাৰ্য স্বতন্ত্রভাবে কৰিব পাৰে৷ আৰ্থিক দিশৰো এই অনুষ্ঠানৰ স্বতন্ত্রতা আছে। ইনিজৰ অঞ্চলটোৰ ৷ উন্নয়নৰ বাবে নিজৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত ৰাজহ সংগ্ৰহ কৰাৰ উদ্দেশ্যে কৰ আৰোপ আৰু সংগ্ৰহ কৰিব পাৰে।

(ঘ) স্থানীয় বৰঙণিঃ স্থানীয় প্রশাসনৰ আন এটা বৈশিষ্ট্য হৈছে স্থানীয় বৰঙণি। স্থানীয় প্রশাসনে স্থানীয় অধিবাসীসকলৰ কৰ কাটলৰ পৰা পোৱা পুঁজিৰ দ্বাৰা উন্নয়নমূলক কাৰ্যবোৰ কৰিব লাগে। ই চৰকাৰৰ ঋণ আৰু অনুদানৰ ওপৰতে চলি থাকিবলগীয়া হ’লে ইয়াৰ আৰ্থিক আৰু প্ৰশাসনীয় স্বাধীনতা থাকিব নোৱাৰে।

(ঙ) অসার্বভৌমঃ স্থানীয় প্রশাসন স্বাধীন হ’লেও সার্বভৌম নহয়৷ ই কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্যিক চৰকাৰৰ তলতীয়া৷ চৰকাৰে তিনি প্ৰকাৰে স্থানীয় প্ৰশাসনক নিয়ন্ত্ৰণ কৰিব পাৰে। যেনে – প্রশাসনীয় নিয়ন্ত্ৰণ, আইনসভাৰ নিয়ন্ত্ৰণ আৰু ন্যায়িক নিয়ন্ত্ৰণৰ দ্বাৰা স্থানীয় প্ৰশাসনৰ সৰ্বোচ্চ ক্ষমতা নাই ৷ই ৰাজ্যিক চৰকাৰে দিয়া ক্ষমতাৰ ওপৰত নিৰ্ভৰশীল।

(চ) স্থানীয় সমস্যাঃ স্থানীয় প্রশাসন স্থানীয় সমস্যাৰ লগতহে জড়িত। ই জাতীয় বা আন্তঃৰাষ্ট্ৰীয় সমস্যাৰ লগত জড়িত নহয়। স্থানীয় প্রশাসনে স্থানীয় সমস্যা, অভাৱ-অভিযোগ দূৰ কৰিব পাৰে। ইয়াৰ উপকাৰো ভোগ কৰে সেই ঠাইৰ অধিবাসী সকলেহে। এটা স্থানীয় প্রশাসনে আন এটা স্থানীয় প্ৰশাসনৰ কাৰ্যত হাত নিদিয়ে ।

(ছ) স্থানীয় প্ৰশাসনৰ প্ৰকৃতি পৃথকঃ যদিও স্থানীয় প্রশাসনৰ স্বভাৱ চৰকাৰৰ নিচিনা তথাপি বহু ক্ষেত্ৰত ই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা পৃথক। কিয়নো চৰকাৰে সকলো জনসাধাৰণৰ সমস্যাৰ কথা চিন্তা কৰিব লাগে।

কিন্তু স্থানীয় প্রশাসনে মাত্র স্থানীয় বাসিন্দাসকলৰ সমস্যাৰ কথাহে চিন্তা কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰৰ এলেকা বুলিলে গোটেই দেশখনকে সামৰি লয় আনহাতে স্থানীয় প্রশাসনৰ এলেকা অতি ক্ষুদ্র। সংগঠনৰ ফালৰ পৰাও চৰকাৰৰ তিনিটা বিভাগে যেনে – কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা থকাৰ বিপৰীতে স্থানীয় স্বায়ত্ত শাসনৰ মাত্ৰ এখন সভা বা পৰিষদ থাকে। চৰকাৰৰ কঠিন নিয়ম-কানুনৰ নিচিনা স্থানীয় প্রশাসনৰ নিয়ম কানুনবোৰ কঠিন নহয়।

(জ) ক্ষমতা পৃথকীকৰণ নহয়ঃ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে সাধাৰণতে ক্ষমতা পৃথকীকৰণ নীতি মানি চলে ৷ ক্ষমতাবোৰ আৰু দায়িত্ববোৰ কাৰ্যকৰী কৰাৰ বাবে কার্যপালিকা বিধানমণ্ডল আৰু ন্যায়পালিকাৰ মাজত সংবিধানে ক্ষমতাবোৰ ভাগ কৰি দিয়ে। কিন্তু স্থানীয় স্বায়ত্ত শাসনে এটা গোট হিচাপে সকলোবোৰ কাৰ্য কৰে। স্থানীয় কৰ্তৃপক্ষই বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা উভয়ৰে কাম কৰে ৷

(ঝ) অবৃত্তিক শাসনঃ স্থানীয় প্রশাসনৰ কৰ্মকৰ্তা বা সদস্যসকলে পেচাদাৰী নহয় ৷ তেওঁলোক কম শিক্ষিত আৰু অভিজ্ঞতা নথকা লোক। যিবিলাক লোক সামাজিক কামৰ প্ৰতি আগ্রহী সাধাৰণতে সেইসকল লোকক স্থানীয় প্রশাসনৰ বাবে নিৰ্বাচিত কৰা হয় ৷

(ঞ) অবৈতনিক কৰ্মঃ স্থানীয় প্রশাসনৰ কৰ্মচাৰীবোৰক কেন্দ্ৰীয় বা ৰাজ্যিক বিধানমণ্ডলৰ সদস্যসকলক দিয়াৰ দৰে বেতন দিয়া নহয়। অৱশ্যে তেওঁলোকে কিছুমান ভাত্তা লাভ কৰে। 

(ট) অংশকালীন কামঃ স্বায়ত্ত শাসনৰ কামবিলাক অংশকালীন। ইয়াৰ সকলো সময়তে কাম নাথাকে।সেয়েহে ইয়াৰ কামবোৰ সাময়িক কৰ্মচাৰীৰ দ্বাৰা কৰোৱা হয়। উদাহৰণস্বৰূপে, গাঁও পঞ্চায়তৰ সভাপতি সদস্য আদিয়ে প্রত্যেক মাহতে দুৱাৰ বা এবাৰ মিলিত হৈ ইয়াৰ কাম পৰিচালনা কৰিব পাৰে।

(ঠ) জনতাৰ নিয়ন্ত্ৰণঃ স্থানীয় প্রশাসনৰ ওপৰত জনতাৰ অধিক নিয়ন্ত্রণ থাকে। যদি স্থানীয় বাসিন্দাসকলে কোনো কামৰ বিৰোধিতা কৰে, তেন্তে স্থানীয় প্রশাসনে জনমতৰ বিৰুদ্ধে গৈ সেই কাম কৰিব নোৱাৰে। সেয়েহে স্থানীয় কৰ্তৃপক্ষই সদায় স্থানীয় মতামতৰ ওপৰত আস্থা ৰাখি কাম কৰে।

(ড) ক্ষুদ্ৰ চৰকাৰঃ স্থানীয় স্বায়ত্ত শাসনৰ আন এটা বৈশিষ্ট্য হৈছে যে ই এটা ক্ষুদ্ৰ চৰকাৰ। ৰাজ্যিক চৰকাৰৰ গঠন, আয়তন আৰু কাৰ্যৰ ফালৰ পৰা চাবলৈ গ’লে স্থানীয় প্রশাসন এটা ক্ষুদ্ৰ চৰকাৰ বুলি ক’ব পাৰি। এটা ক্ষুদ্ৰ অঞ্চলক লৈয়ে স্থানীয় প্রশাসন গঢ়ি উঠিব পাৰে। তাৰোপৰি স্থানীয় প্রশাসনৰ পুঁজিও অতি সামান্য।

(ঢ) ৰাজনৈতিক দলৰ সক্ৰিয় সহযোগিতাৰ পৰা মুক্ত : স্থানীয় প্রশাসন ৰাজ্যিক বা কেন্দ্রীয় চৰকাৰৰ নিচিনাকৈ ৰাজনৈতিক দলৰ সক্ৰিয় সহযোগিতাৰ পৰা মুক্ত। স্থানীয় প্রশাসনে ৰাজনৈতিক দলৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকি স্থানীয় ৰাইজৰ সহযোগত কাৰ্যবোৰ কৰে। স্বায়ত্ত শাসনত মন্ত্ৰী পৰিষদ নথকাৰ বাবে ৰাজনৈতিক দলৰ পয়োভৰ কম ।

(ণ) গণতন্ত্ৰৰ ভেঁটিঃ স্থানীয় প্রশাসনক গণতন্ত্ৰৰ ভেটি আখ্যা দিয়া হয়। কিয়নো স্থানীয় প্ৰশাসনত অংশ গ্ৰহণ কৰি স্থানীয় বাসিন্দাসকলে বিভিন্ন অভিজ্ঞতা লাভ কৰিব পাৰে। ইয়াৰ জৰিয়তে জনসাধাৰণে জনমত গঠন কৰিবলৈ সুবিধা লাভ কৰাই নহয় গণতান্ত্রিক শিক্ষা লাভ কৰিবলৈ সক্ষম হয়। স্থানীয় স্বায়ত্ত শাসনে জনসাধাৰণৰ ৰাজনৈতিক চেতনাও বৃদ্ধি কৰে।

৪৭। স্থানীয় স্বায়ত্তশাসনৰ সাফল্যৰ চৰ্তাৱলী আলোচনা কৰা ৷ (Discuss the conditions success of Local autonomy?) 

উত্তৰঃ যদিও স্থানীয় প্রশাসনক আধুনিক গণতান্ত্রিক দেশৰ অতি আৱশ্যকীয় অনুষ্ঠান বুলি কোৱা হয় তথাপিও স্থানীয় প্রশাসন সফল হ’বলৈ কেইটামান চৰ্তৰ দৰকাৰ। এই চৰ্তাৱলীৰ অবিহনে স্থানীয় প্রশাসন সফল হ’ব নোৱাৰে ৷

স্থানীয় প্রশাসনৰ সাফল্যৰ দৰকাৰী চৰ্তাৱলীসমূহ উল্লেখ কৰা হ’ল –

(ক) উপযুক্ত সম্পদঃ উপযুক্ত সম্পদ অবিহনে স্থানীয় প্রশাসনে সাফল্য লাভ কৰিব নোৱাৰে৷ সেইবাবে এই অনুষ্ঠানবোৰৰ আয়ৰ উপযুক্ত উৎস থকা দৰকাৰ। স্থানীয় প্রশাসনৰ পুঁজি আহৰণৰ সম্পদ থাকিলেহে জনকল্যাণমূলক কামবোৰ কৰিব পাৰিব।

(খ) উপযুক্তভাবে তদাৰকঃ চৰকাৰে স্থানীয় প্রশাসনৰ কাৰ্যৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে। এই অনুষ্ঠানবোৰে কেনেধৰণে কামবোৰ কৰে, পুঁজিৰ সৎ ব্যৱহাৰ হৈছে নে নাই এইবোৰ দিশত চৰকাৰে চকু দিব লাগে ৷

(গ) উৎসাহিত কৰাঃ স্থানীয় প্রশাসনক চৰকাৰে সকলো ফালৰ পৰা পৰামৰ্শ আৰু উৎসাহিত কৰিব লাগে। ৰাষ্ট্ৰীয় চৰকাৰে উৎসাহ, উদ্‌গণি, অনুপ্ৰেৰণা আৰু আৰ্থিক অনুদান আগবঢ়ালেহে এই অনুষ্ঠানবোৰে কৃতকাৰ্যতা লাভ কৰিব পাৰিব।

(ঘ) অর্থনৈতিক স্বাধীনতাঃ স্থানীয় স্বায়ত্ত শাসনৰ সাফল্যৰ কাৰণে স্থানীয় কর্তৃপক্ষৰ অর্থনৈতিক দিশ টনকিয়াল হ’ব লাগিব। এই অনুষ্ঠানবোৰৰ কৰ সংগ্ৰহৰ ব্যৱস্থা যথেষ্ট সক্ষম হ’ব লাগিব৷ স্থানীয় বাসিন্দাসকলে নিয়মীয়াকৈ কৰ প্ৰদান কৰিব লাগিব ৷

(ঙ) জনসাধাৰণৰ স্বাৰ্থঃ স্থানীয় স্বায়ত্ত শাসন কৃতকার্য হ’বলৈ হ’লে স্থানীয় জনসাধাৰণে স্থানীয় সমস্যাসমূহ সমাধানৰ উদ্দেশ্য আগবাঢ়ি আহিব লাগিব। স্থানীয় জনসাধাৰণৰ স্বাৰ্থ নাথাকিলে এই অনুষ্ঠানসমূহ কৃতকার্য হ’ব নোৱাৰে। স্থানীয় লোকৰ বুদ্ধিমত্তা, বিচক্ষণতা আৰু শিক্ষাৰ ওপৰত ইয়াৰ কৃতকাৰ্যতা বহুখিনি নিৰ্ভৰ কৰে৷

(চ) জনচেতনাঃ স্থানীয় স্বায়ত্ত শাসন কৃতকার্য হ’বলৈ হ’লে স্থানীয় জনসাধাৰণৰ জনচেতনা থাকিবই লাগিব ৷ স্থানীয় জনসাধাৰণে সচেতন হৈ নিৰ্বাচিত প্রতিনিধিসকলে কার্যবোৰ ঠিকমতে কৰিছেনে নাই, আঁচনিবোৰ ঠিকমতে ৰূপায়ণ হৈছেনে নাই আদি দিশবোৰৰ প্ৰতি চকু দিব লাগিব ৷ এইটো সম্ভৱ শিক্ষিত জনসাধাৰণৰ ক্ষেত্ৰতহে।

(ছ) স্থানীয় অনুষ্ঠানৰ স্বাধীনতাঃ স্থানীয় স্বায়ত্তশাসন কৃতকার্য হ’বলৈ হ’লে এই অনুষ্ঠানবোৰক স্বাধীনতা প্ৰদান কৰিব লাগিব। সকলো ক্ষেত্ৰতে যদি চৰকাৰে স্থানীয় প্রশাসনৰ কাৰ্যত হস্তক্ষেপ কৰে তেতিয়াহ’লে এই অনুষ্ঠানবোৰ সফল হ’বলৈ অসুবিধা হ’ব । নিজৰ আয় বৃদ্ধি কৰিবলৈ এই অনুষ্ঠানবোৰক সুযোগ দিব লাগিব।

(জ) নির্বাচিত সদস্যসকলৰ ভূমিকাঃ স্বায়ত্ত শাসন কৃতকার্য হ’বলৈ হ’লে নির্বাচিত প্রতিনিধিসকল দুৰ্নীতিপৰায়ণ হ’ব নালাগিব। তেওঁলোকে স্থানীয় অঞ্চলৰ উন্নতিত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব লাগিব আৰু উন্নয়নমূলক কাৰ্যসমূহ প্ৰত্যক্ষ ৰূপত তদাৰক কৰিব লাগিব। এনে কৰিলে কাৰ্যসূচীসমূহ সঠিক ৰূপত ৰূপায়ণ হয়।

৪৮। স্বায়ত্তশাসনৰ মূল্য আৰু গুৰুত্ব আলোচনা কৰা। (Discuss the value and importance of autonomy.) 

উত্তৰঃ স্থানীয় স্বায়ত্ত শাসনে স্থানীয় জনসাধাৰণক কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ নিয়ন্ত্ৰণ নোহোৱাকৈ মুকলিমূৰীয়াকৈ সেই অঞ্চলৰ উন্নতি কৰিবলৈ সুযোগ দিয়ে। সেইবাবে বর্তমান বিশ্বৰ প্ৰায়বোৰ ৰাষ্ট্ৰতে স্থানীয় প্রশাসন ব্যৱস্থাৰ প্ৰচলন দেখিবলৈ পোৱা যায় ৷

স্থানীয় স্বায়ত্ত্ব শাসনৰ মূল্য আৰু গুৰুত্বৰ বিষয়ে আলোচনা কৰা হ’ল –

(ক) জনসাধাৰণৰ লগত ঘনিষ্ঠ সম্পর্কঃ এই ব্যৱস্থাত স্থানীয় জনসাধাৰণে স্থানীয় সমস্যা সমাধানৰ কাৰণে ইয়াৰ কৰ্তৃপক্ষ বা কৰ্মচাৰীসকলক অতি সহজে লগ কৰিব পাৰে আৰু তেওঁলোকৰ লগত আলাপ আলোচনাৰ জৰিয়তে স্থানীয় সকলোবোৰ সমস্যা সমাধান কৰিব পাৰে৷ কিন্তু কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ ক্ষেত্ৰত এইটো সম্ভৱ নহয়। কিয়নো কেন্দ্রীয় বা ৰাজ্যিক চৰকাৰৰ লগত জনসাধাৰণে ঘনিষ্ঠ সম্পর্ক গঢ়ি তুলিব নোৱাৰে৷

(খ) মার্জিত জীৱন গঢ়াত সহায়ঃ স্থানীয় প্রশাসনে স্থানীয় অঞ্চলৰ লোকৰ মাৰ্জিত জীৱন গঢ়াত সহায় কৰে। মসৃণ প্ৰশাসনীয় কাৰ্যৰ দ্বাৰা স্থানীয় অঞ্চলৰ জনসাধাৰণৰ সুখ, সমৃদ্ধি বৃদ্ধি কৰিব পাৰি । কৰ্ম-কুশল, বিচক্ষণ স্থানীয় প্রশাসনে জনসাধাৰণৰ মৃত্যুৰ হাৰ কমায়, মহামাৰী বা তেনেধৰণৰ সোঁচৰা ৰোগসমূহ দূৰ কৰিবলৈ সমর্থ হয়। স্থানীয় স্বায়ত্তশাসনে বাটপথৰ উন্নতিসাধন কৰে, বিশুদ্ধ খোৱা পানীৰ যোগান ধৰি জনসাধাৰণৰ জীৱনযাত্ৰা উন্নত কৰি তোলে।

(গ) সকলোৱে অংশগ্ৰহণ কৰিব পাৰেঃ স্থানীয় স্বায়ত্ত শাসনত সকলোৱে সহজে অংশ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰে৷ নগৰীয়া অঞ্চলত পৌৰ নিগম, গাওঁ পঞ্চায়ত থকা গাওঁ সভা আদি ইয়াৰ এলেকাভুক্ত সকলো লোকে স্থানীয় স্বায়ত্ত শাসনত অংশ গ্ৰহণ কৰিব পাৰে। কিন্তু ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসনৰ কাৰ্যত জনসাধাৰণে প্ৰত্যক্ষভাৱে অংশ গ্ৰহণ কৰিব নোৱাৰে । তাৰোপৰি কম সংখ্যক লোকে স্থানীয় শাসনৰ সদস্যক নির্বাচন কৰাত তেওঁলোকে নিজা প্রতিনিধিৰ লগত অঞ্চলটোৰ উন্নয়নৰ বাবে সকলো কথা আলোচনা কৰিব পাৰে ৷

(ঘ) শিক্ষামূলকঃ স্থানীয় প্রশাসন শিক্ষামূলক। স্থানীয় প্রশাসন এটা ৰাজনৈতিক জনপ্রিয় শিক্ষানুষ্ঠান ৷ জনসাধাৰণে প্ৰত্যক্ষভাৱে এনে শাসন ব্যৱস্থাত জড়িত কাৰণে বহুতো কথা জানিব পাৰে । গণতান্ত্রিক নাগৰিক প্ৰশিক্ষণৰ কাৰণে এইটো আটাইতকৈ উত্তম পন্থা। ইয়ে নাগৰিকৰ অন্তৰত দেশ প্ৰেমৰ ভাব জগাই তোলাত ইন্ধন যোগায়।

নির্বাচন কি, নির্বাচন কেনেকৈ পৰিচালনা কৰে। প্ৰশাসন কেনেকৈ কৰিব লাগে, নাগৰিকৰ অধিকাৰ, কৰ্তব্য আদিৰ বিষয়ে স্থানীয় প্রশাসনৰ দ্বাৰা জ্ঞান লাভ কৰিব পাৰি। স্থানীয় প্রশাসনে স্বতন্ত্র ক্ষমতা বৃদ্ধি কৰে, প্ৰশাসনীয় দক্ষতা বঢ়ায় ।

(ঙ) পৰিসংখ্যা সংগ্ৰহত সহায়ঃ স্থানীয় স্বায়ত্ত প্ৰশাসনে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক বিভিন্ন বিষয়ত পৰিসংখ্যা যোগান ধৰিব পাৰে। স্থানীয় প্রশাসনে নিজ এলেকাৰ বিভিন্ন তথ্য সংগ্ৰহ কৰাত বিশেষ অসুবিধা নহয়৷ সেইকাৰণে স্থানীয় স্বায়ত্ত শাসনক স্থানীয় কৰ সংগ্ৰহৰ কেন্দ্ৰ বুলি ক’ব পাৰি । স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তেহে চৰকাৰে দেশৰ সকলো সমস্যাৰ বিষয়ে তন্ন তন্নকৈ জানিবলৈ সক্ষম হয়। ইয়ে চৰকাৰক সেই সমস্যাবোৰ সমাধানৰ পথ উলিওৱাত সহায় কৰে। স্থানীয় প্রশাসন অবিহনে এখন দেশৰ সকলো অঞ্চলৰ ৰাইজৰ সমস্যাৰ বিষয়ে জনাটো সম্ভৱ নহয় ।

(চ) ক্ষমতা বিকেন্দ্ৰীকৰণঃ স্থানীয় স্বায়ত্ত শাসনে ক্ষমতা বিকেন্দ্ৰীকৰণতো সহায় কৰে। ক্ষমতা বিকেন্দ্ৰীকৰণৰ দ্বাৰা স্বায়ত্ত শাসনলৈ ক্ষমতা হস্তান্তৰ কৰা হয়। ইয়াৰ ফলত চৰকাৰৰ কামৰ বোজা বহুখিনি লাঘৱ হয়। চৰকাৰ এখনে দেশৰ সকলো অঞ্চলৰ লোকৰ সমস্যাৰাজি সমাধান কৰাটো সম্ভৱ নহয়৷ সেয়েহে ক্ষমতা বিকেন্দ্ৰীকৰণৰ জৰিয়তে দেশৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অঞ্চলক স্বায়ত্ত শাসন প্ৰদান কৰি সেই অঞ্চলবোৰৰ বিভিন্ন উন্নয়নমূলক কাৰ্য্য কৰিবৰ সুবিধা প্রদান কৰা হৈছে।

(ছ) নিয়মাৱলী সালসলনিঃ স্থানীয় স্বায়ত্ত শাসনৰ নিয়মাৱলী পৰিৱেশৰ লগত খাপ খুৱাই সাল সলনি কৰিব পাৰি।ইয়াৰ বিধি, উপবিধি অৱস্থাৰ লগত খাপ খুৱাই ৰচনা কৰা হয় যদিও সময়ে সময়ে পৰিস্থিতি সাপেক্ষে সংশোধন কৰিব পাৰি। স্থানীয় স্বায়ত্ত শাসনৰ কৰ্তৃপক্ষ আৰু জনসাধাৰণৰ মাজত এক ঘনিষ্ঠ সম্পর্ক থাকে।

এই শাসন ব্যৱস্থাত কাৰ্য অনুসৰি সুকীয়া অনুষ্ঠান স্থাপন কৰি ল’ব পাৰে। জনসাধাৰণে অতিসহজে স্থানীয় স্বায়ত্ত শাসনৰ কৰ্মচাৰী / সদস্যসকলক লগ ধৰি বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰি সমাধানৰ পথ উলিয়াব পাৰে।

(জ) কামৰ জটিলতা নাইঃ স্বায়ত্ত শাসন ব্যৱস্থাৰ কাৰ্যসমূহৰ কোনো জটিলতা নাই। ইয়াৰ কামবোৰ পৰিচালনা কৰিবৰ বাবে সাধাৰণ অশিক্ষিত লোকেও সমস্যাৰ সন্মুখীন নোহোৱাকৈ কৰিব পাৰে। কিয়নো স্বায়ত্ত শাসনৰ কামবোৰ সহজ আৰু সৰল । কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ দৰে ইয়াত কামবোৰ কৰোতে ৰঙা ফিটাৰ মেৰপাক বা জটিলতা দেখা নাযায়।

(ঝ) ব্যয় বহুল নহয়ঃ স্থানীয় শাসন ব্যৱস্থাত কাম-কাজবোৰ কৰিবলৈ অধিক ধনৰ প্ৰয়োজন নহয় ৷ কম খৰচতে ইয়াৰ কাম-কাজবোৰ কৰিব পাৰি। কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ তুলনাত স্থানীয় শাসন ব্যৱস্থাত অতি নূন্যতম খৰচতে ইয়াৰ বিভিন্ন উন্নয়নমূলক কামবোৰ কৰিব পাৰি৷ সেয়েহে স্থানীয় প্রশাসনক মিতব্যয়ী বুলি কোৱা হয়। স্থানীয় শাসন ব্যৱস্থাৰ কৰ্মচাৰীৰ সংখ্যা কম তথা চৰকাৰৰ তুলনাত ইয়াৰ বিভাগো কম। স্থানীয় ৰাইজৰ সহযোগ স্থানীয় স্বায়ত্ত শাসনৰ কৰ্মচাকীৰসকলে কার্য সমাধা কৰে৷

(ঞ) নেতাৰ জন্মঃ স্থানীয় প্রশাসনত অংশগ্ৰহণ কৰা সদস্য সকলেই এদিন দেশৰ সাংসদ আৰু বিধায়কৰ আসন অলংকৃত কৰিব পাৰে। এই অনুষ্ঠানবোৰ ভৱিষ্যতে সাংসদ আৰু বিধায়কৰ বাবে প্ৰাথমিক শিক্ষাৰ কেন্দ্ৰ হিচাপে কাৰ্য কৰে। এনে অনুষ্ঠানে ভৱিষ্যতে নেতাৰ জন্ম দিয়ে আৰু ইয়াৰ পৰাই সদস্যসকলে ৰাজনীতিৰ প্ৰাথমিক জ্ঞান লাভ কৰে ।

(ট) দায়িত্ববোধ বৃদ্ধিঃ স্থানীয় স্বায়ত্তশাসনে নাগৰিক সু-নাগৰিক হোৱাৰ বাবে প্রশিক্ষণ দিয়ে ৷ জনসাধাৰণে স্থানীয় প্রশাসনৰ সকলো কাৰ্যৰ লগত প্ৰত্যক্ষভাবে জড়িত হৈ কোনটো কাম কেনে ধৰণৰ হ’ব লাগে সকলো কথা স্থানীয় প্রশাসনৰ কৰ্মকৰ্তাৰ লগত আলোচনা কৰে । অৰ্থাৎ জনসাধাৰণ এই কামবোৰৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰে। ইয়াৰ ফলত তেওঁলোকৰ দায়িত্ববোধ বৃদ্ধি হয় ৷

(ঠ) সাংস্কৃতিক অৱদানঃ স্থানীয় স্বায়ত্ত শাসনৰ সাংস্কৃতিক দিশতো বিভিন্ন অৱদান দেখিবলৈ পোৱা যায় ৷ পৌৰ অনুষ্ঠানবোৰে নাগৰিকৰ অৱসৰ বিনোদনৰ বাবে বিভিন্ন সাংস্কৃতিক কার্যসূচী হাতত লয়। এই সাংস্কৃতিক কাৰ্যবোৰৰ দ্বাৰা লোকৰ মাজত একতা সম্প্ৰীতি গঢ়ি উঠাৰ লগতে ব্যক্তিৰ বিকাশত সহায় হয় ।

(ড) আমোলাতন্ত্ৰৰ প্ৰভাৱ কমঃ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাত আমোলাতন্ত্ৰৰ প্ৰভাৱ কম দেখা যায়। কিয়নো স্বায়ত্ত শাসনৰ লগত জনসাধাৰণৰ প্ৰত্যক্ষ সম্পর্ক থাকে। কেন্দ্ৰীয় ৰাজ্যিক চৰকাৰৰ প্ৰশাসনৰ ক্ষেত্ৰত জনসাধাৰণৰ সম্পৰ্ক পৰোক্ষ আৰু আনুষ্ঠানিক হোৱাৰ বাবে আমোলাতন্ত্ৰৰ প্ৰভাৱ থাকে। কেন্দ্ৰীয় ৰাজ্যিক চৰকাৰৰ প্ৰশাসনৰ ক্ষেত্ৰত জনসাধাৰণৰ সম্পৰ্ক পৰোক্ষ আৰু আনুষ্ঠানিক হোাৰ বাবে আমোলাসকলৰ প্ৰভাৱ থাকে। আমোলাসকলে চৰকাৰৰ বিভিন্ন দিশত মন্ত্ৰীসকলক দিহা পৰামৰ্শ প্ৰদান কৰে। কিন্তু স্থানীয় প্রশাসনত আমোলাৰ সংখ্যা কম হোৱাৰ বাবে চৰকাৰৰ নিচিনা ইয়াত কৰ্তৃত্ব খটুৱাব নোৱাৰে।

(ণ) অর্থনৈতিক দিশত লাভঃ স্থানীয় স্বায়ত্ত শাসনত অর্থনৈতিক দিশতো যথেষ্ট লাভ দেখা যায়৷ এই অনুষ্ঠানবোৰৰ জৰিয়তে সম্পদৰ উচিত ব্যৱহাৰ কৰিব পাৰি। যদি ঠিকমতে জনসাধাৰণৰ পৰা কৰ সংগ্ৰহ কৰিব পৰা যায় আৰু অৰ্থনৈতিক কার্যাৱলী সম্পাদিত হয় তেতিয়া হ’লে অনুষ্ঠানবিলাক আত্মনিৰ্ভৰশীল হ’বলৈ বেছিদিন নালাগিব।

গতিকে স্থানীয় প্রশাসনে বিভিন্ন উন্নয়নমূলক কাৰ্যৰ জৰিয়তে গোটেই দেশৰ কাৰণে প্ৰৱৰ্তন কৰা প্ৰশাসনীয় যন্ত্ৰ শক্তিশালী কৰাত যথেষ্ট সহায় কৰিবলৈ সক্ষম হৈছে৷ স্থানীয় স্বায়ত্ত্ব শাসন মানৱ সমাজৰ সভ্যতাৰ নিদর্শন।

৪৯৷ ৰাজীৱ গান্ধীৰ প্ৰচেষ্টা (৭৩ তম ভাৰতৰ সংবিধানৰ সংশোধন) (Discuss the Rajiv Gandhi’s Efforts. (73rd Amendment to the Constitution of India.)

উত্তৰঃ ভাৰতবৰ্ষই ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰাৰ পিছত ১৯৫৯ চনত ভাৰতত প্ৰথম পঞ্চায়তীৰাজ আৰম্ভ কৰা হৈছিল যদিও মহাৰাষ্ট্ৰ আৰু গুজৰাটত এই ব্যৱস্থা কিছু পৰিমাণে কৃতকাৰ্য হৈছিল। ইয়াৰ বাহিৰে বাকী ৰাজ্যবোৰত পঞ্চায়ত ব্যৱস্থা কৃতকার্য হোৱা নাছিল ৷ সেয়েহে এই বিষয়ে অধ্যয়ন কৰি পৰামৰ্শ দিবলৈ অশোক মেহতাৰ সভাপতিত্বত জনতা চৰকাৰে ১৯৭৭ চনত এখন কমিটি গঠন কৰি পঞ্চয়তীৰাজ ব্যৱস্থাক শক্তিশালী কৰিবলৈ কিছুমান পৰামৰ্শ আগবঢ়াইছিল। কিন্তু সেই সময়ৰ কংগ্ৰেছ চৰকাৰে অশোক মেহতা কমিটিৰ পৰামৰ্শক গুৰুত্ব নিদিলে। প্রধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নেতৃত্বত পৰিচালিত হোৱা কংগ্ৰেছ চৰকাৰে ১৯৮৬ চনত এল-এম-শিংবিৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছিল আৰু এই কমিটিক পঞ্চায়তীৰাজ সম্পৰ্কত পৰামৰ্শ দিবলৈ দায়িত্ব দিছিল। 

এই কমিটিয়ে পঞ্চায়তীৰাজ ব্যৱস্থাক সাংবিধানিক মর্যাদা দিবলৈ পৰামৰ্শ আগবঢ়াইছিল। চৰকাৰে এই পৰামৰ্শৰ গুৰুত্ব উপলব্ধি কৰিছিল আৰু পঞ্চায়তীৰাজ ব্যৱস্থাক সাংবিধানিক মৰ্যাদা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই উদ্দেশ্যে ৰাজীৱ গান্ধী চৰকাৰে ১৯৮৯ চনত সদনত এই বিধেয়কখন উত্থাপন কৰিছিল। লোকসভাত এই বিধেয়ক গৃহীত হৈছিল যদিও ৰাজ্যসভাত এই বিধেয়ক গৃহীত নহ’ল। ১৯৯১ চনত পি. ভি. নৰসিংহ ৰাওঁৰ নেতৃত্বাধীন মৰ্চা চৰকাৰে অন্যান্য প্রধান বিৰোধী দল কেইটাৰ লগত হোৱা আলোচনা মর্তে ৭৩ তম সংশোধন বিধেয়ক ১৯৯১ চনত গ্ৰহণ কৰে। এই বিধেয়কখন প্রস্তুত কৰে নাথুৰাম মিৰ্ধাৰ অধ্যক্ষতাত সংসদৰ যুটীয়া সমিতি এখনে। উল্লেখযোগ্য যে ১৯৫৯ চনত সদনত এই বিধেয়কখন উত্থাপন কৰিছিল। 

লোকসভাত এই বিধেয়ক গৃহীত হৈছিল। যদিও ৰাজ্যসভাত এই বিধেয়ক গৃহীত নহ’ল। উল্লেখযোগ্য যে ১৯৫৯ চনত ৰাজস্থানৰ নাগোৰত যেতিয়া ভাৰতৰ প্ৰথম পঞ্চায়তখন উদ্বোধন কৰা হৈছিল, তেতিয়া মির্ধা আছিল ৰাজস্থানৰ পঞ্চায়ত মন্ত্ৰী। ভাৰতীয় সংবিধানৰ ১৯৯২ চনৰ ৭৩ তম সংশোধন হৈছিল ভাৰতবৰ্ষৰ স্থানীয় স্বায়ত্ত শাসনৰ এটি উল্লেখযোগ্য পৰিবৰ্তন। ৭৩ তম সংশোধনী বিধেয়কখন পঞ্চায়ত ব্যৱস্থাক সাংবিধানিক স্বীকৃতি আৰু বিকেন্দ্ৰীভূত গণতান্ত্রিক ব্যৱস্থাক অধিক মজবুত কৰাৰ বাবে অধিক ক্ষমতা প্ৰদানৰ বাবে গ্ৰহণ কৰা হৈছিল।

৭৩ তম পঞ্চায়ত বিধেয়কখন ১৯৯২ চনৰ ডিচেম্বৰ মাহত সংসদে গ্ৰহণ কৰে আৰু ১৯৯৩ চনৰ মে মাহত ৰাজিক্য বিধানমণ্ডলসমূহৰ ৫০ শতাংশৰ সন্মতি লাভ কৰিবলৈ এই বিধেয়কখনে সক্ষম হয়।

১৯৯৪ চনৰ ২৩ মার্চ তাৰিখে কমেও শতকৰা ৫০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আগতে থকা পঞ্চায়তীৰাজ বিধেয়কখন সংশোধন আৰু নতুন বিধেয়ক প্রণয়ন কৰি ৭৩ তম বিধেয়কখন বলবৎ কৰা হয়। এই সংশোধনী মতে সংবিধানৰ ৪০ নং অনুচ্ছেদত ৰাজ্য চৰকাৰক গাওঁ পঞ্চায়ত গঠন কৰি স্বাধীনভাবে কাম কৰিবলৈ সংবিধানে ক্ষমতা প্ৰদান কৰে৷ পঞ্চায়তীৰাজ বিধেয়কে পঞ্চায়তীৰাজ অনুষ্ঠানৰ গণতান্ত্রিক কাৰ্যক স্বীকৃতি প্রদান কৰে।

এই পঞ্চায়তীৰাজ আইনে তিনি খলপীয়া পঞ্চায়তী পদ্ধতিৰ ব্যৱস্থা কৰে। পূৰ্বৰ আইনত জিলা ভিত্তি কোনো স্বায়ত্ত শাসিত অনুষ্ঠান গঠনৰ বিধান নাছিল। কিন্তু নতুন আইনখনে মহকুমা পৰিষদৰ কলেবৰ বৃদ্ধি কৰি জিলা ভিত্তিক জিলা পৰিষদৰ গঠনৰ বিধান কৰিছে। অৱশ্যে ২০ লাখৰ তলত থকা সৰু ৰাজ্যবোৰৰ ক্ষেত্ৰত আঞ্চলিক পঞ্চায়ত গঠন নকৰাৰ বাবে সুবিধা দিয়া হৈছে।

যেতিয়া ৰাজ্যবোৰে বিচাৰে তেতিয়া এই আইনে অনুসূচীত এলেকা আৰু কিছুমান নিশ্চিত অনুসূচিত জনজাতি এলেকা হিচাপে নিৰ্দ্ধাৰণ কৰা হয়। যেনে – নাগালেণ্ড ৰাজ্য, মেঘালয়, মিজোৰাম, মণিপুৰৰ কিছুমান পৰ্বতীয়া এলেকা য’ত কিছুমান জিলা কাউন্সিল আছে, আৰু পশ্চিমবঙ্গ ৰাজ্যৰ দাৰ্জিলিং জিলাৰ পৰ্ব্বতীয়া এলেকা য’ত দাৰ্জিলিং গৰ্খা পৰ্বতৰ কাউন্সিল আছে ৷ অৱশ্যে এই এলেকা আইনৰ দ্বাৰা নিৰ্দ্ধাৰণ কৰা হয় । পঞ্চমতে অন্ধ্রপ্রদেশ, ছত্তিছগড়, গুজৰাট, হিমাচল প্রদেশ, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, মধ্য প্রদেশ, উৰিষ্যা আৰু ৰাজস্থানৰ জনজাতি এলেকাৰ প্ৰসাৰণ ঘটায়। ভাৰতবৰ্ষৰ সকলোবোৰ ৰাজ্যই আইন প্রণয়ন কৰি ১৯৯৬ আইনৰ ৪০ নং ধাৰাত থকা ব্যৱস্থাবোৰ বলবৎ কৰে।

৭৩ নং সংবিধান সংশোধনৰ বৈশিষ্ট্যসমূহঃ

(ক) ২০ লাখ জনসংখ্যাৰ বেছি নোহোৱা ৰাজ্যৰ বাহিৰে সকলো ৰাজ্যতে তিনি খলপীয়া পঞ্চায়ত বাধ্যতামূলক। যেনে – গাওঁ পঞ্চায়ত, পঞ্চায়ত সমিতি আৰু জিলা পৰিষদ ৷ 

(খ) ৰাজ্য চৰকাৰে পঞ্চায়ত গঠনৰ আইন প্রণয়ন কৰিব 

যিবিলাক গ্ৰামীন পঞ্চায়ত যেনে – গ্রামসভা, গাওঁ সভা, পলি সভাৰ বাবে প্ৰত্যক্ষ নিৰ্বাচনৰ ব্যৱস্থা কৰা হয় ৷

আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত পঞ্চায়তে MLA আৰু MP বোৰক সভাপতি হিচাপে লৈ গোট গঠন কৰে।

(গ) গ্ৰাম সভা হৈছে গ্রাম পঞ্চায়তৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰৰ ভোটাৰৰ দ্বাৰা গঠিত গাওঁ পঞ্চায়ত যিটো গাওঁ আৰু গাওঁৰ গোটৰ মাজত প্ৰসাৰিত হয় ৷

(ঘ) আসনবোৰ সংৰক্ষিত হ’ব অনুসূচীত জাতি আৰু অনুসূচিত জনজাতিৰ জনসংখ্যা অনুপাতে। মহিলাৰ বাবে অতি কমেও এক-তৃতীয়াংশ আসন সংৰক্ষিত হ’ব। সংৰক্ষিত সমষ্টিসমূহ প্ৰকৃততে ঘূৰণীয়া ধৰণৰ হয়। এইটো এটা মন কৰিবলগীয়া বৈশিষ্ট্য এই যে সংৰক্ষিত আসন আৰু ভোটাৰৰ দৃষ্টিভঙ্গী ৰাজ্যিক বিধানসভা আৰু লোকসভাৰ পদ্ধতিকে অনুসৰণ কৰা হয় ।

(ঙ) আসনবোৰ পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষিত হ’ব পাৰে। এই সংৰক্ষণ সংবিধানৰ ৩৩৪ অনুচ্ছেদত সময়সীমা পাৰ হৈ গ’লে বন্ধ কৰা হ’ব। কিন্তু মহিলাৰ সংৰক্ষণ চলি থাকিব ৷

(চ) পঞ্চায়ত কার্যকাল পাঁচ বছৰ আৰু পঞ্চায়তৰ নিৰ্বাচন পঞ্চায়ত ভংগ হোৱাৰ ছয় মাহৰ ভিতৰত পাতিব লাগে।

(ছ) এই সংশোধনীয়ে উল্লেখ কৰে যে নির্বাচনী আয়োগে এই নির্বাচনসমূহ নিকা আৰু পৰিপাতিভাবে পৰিচালনা কৰিব। উচ্চ ন্যায়ালয়ৰ বিচাৰকক যেনেকৈ মহা অভিযোগৰ দ্বাৰা ক্ষমতাৰ পৰা আতৰোৱা হয় ঠিক তেনেদৰে নিৰ্বাচনী আয়োগকো আতঁৰোৱা হয় ।

(জ) স্থানীয় চৰকাৰৰ এই অনুষ্ঠানসমূহ, কাৰ্যসমূহৰ বাহিৰে যেনে – অর্থনৈতিক উন্নয়নৰ – পৰিকল্পনা আৰু সামাজিক ন্যাস আৰু অৰ্থনৈতিক উন্নয়নৰ আঁচনিৰ ৰূপায়ণ আৰু সামাজিক ন্যায়ৰ আঁচনিৰ ৰূপায়ণৰ লগত জড়িত।

(ঝ) ভাৰতৰ সংবিধানৰ ১১ নং অনুসূচীত বিভিন্ন ৰাজ্যৰ পঞ্চায়তত ২৯ টা বিষয় সন্নিবিষ্ট কৰা হৈছে। সেইকেইটা হ’ল

(১) কৃষি, কৃষি সম্প্ৰসাৰণ।

(২) ভূমি উন্নয়ন, ভূমি সংস্কাৰৰ ৰূপায়ণ, ভূমি উদ্ধাৰ আৰু ভূমি সংৰক্ষণ।

(৩) ক্ষুদ্র জলসিঞ্চন, জল পৰিচালনা আৰু জলচ্ছেদ উন্নয়ন।

(৪) পশুপালন, দুগ্ধ উৎপাদন আৰু হাঁহ-কুকুৰা পালন।

(৫) মীন পালন।

(৬) সামাজিক বনানীকৰণ আৰু গছ উদ্যান।

(৭) ক্ষুদ্র বন উদ্যোগ।

(৮) ক্ষুদ্র উদ্যোগ, খাদ্য প্রস্তুত উদ্যোগৰ অন্তৰ্ভুক্তি।

(৯) খাদী, গ্ৰাম্য আৰু কুটীৰ উদ্যোগ।

(১০) গ্রাম্য গৃহ।

(১১) খোৱা পানী।

(১২) ইন্ধন আৰু পশু খাদ্য।

(১৩) ৰাস্তা, কালভার্ট, দলং, ফেী জাহাজ, জলপথ আৰু যোগাযোগৰ আন মাধ্যম।

(১৪) গ্ৰাম্য বৈদ্যুতিকৰণ, লগতে বিদ্যুতৰ বিতৰণ।

(১৫) অপৰম্পৰকাগত শক্তিৰ উৎস।

(১৬) দৰিদ্ৰতা দূৰীকৰণ কাৰ্যসূচী।

(১৭) প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়লৈ শিক্ষা।

(১৮) কাৰিকৰী প্রশিক্ষণ আৰু বৃত্তিমূলক শিক্ষা।

(১৯) প্রাপ্তবয়স্ক আৰু অনানুষ্ঠানিক শিক্ষা।

(২০) পুথিভঁৰাল।

(২১) সাংস্কৃতিক কার্যাৱলী।

(২২) ৰজাৰ আৰু মেলা।

(২৩) চিকিৎসালয়, প্রাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু ডিচপেন্‌চাৰিকে ধৰি স্বাস্থ্য আৰু স্বাস্থ্য ৰক্ষামূলক বিষয়।

(২৪) পৰিয়াল কল্যাণ।

(২৫) মহিলা আৰু শিশু বিকাশ।

(২৬) সামাজিক কল্যাণ, শাৰীৰিকভাবে অক্ষম আৰু মানসিকভাবে বাধাগ্রস্থ সকলোকে ধৰি।

(২৭) অনুসূচীত জাতি আৰু অনুসূচিত জনজাতিক ধৰি পিছপৰা শ্রেণী কল্যাণ সাধন।

(২৮) জন বিতৰণ ব্যৱস্থা।

(২৯) সামূহিক সম্পত্তিৰ তত্ত্বাৱধান ৷

(ঞ) ৰাজ্যিক চৰকাৰে পঞ্চায়তৰ পুঁজিৰ বাবে কৰ আৰু মাচুল আৰোপ কৰাৰ ক্ষমতা লাভ কৰে। কিন্তু ৰাজ্য চৰকাৰৰ বাবে এইখিনিয়েই যথেষ্ট নহয়। সেইবাবে কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক আয়োগ গঠন কৰি প্ৰতি ৫ বছৰৰ মূৰে মূৰে কৰ ধাৰ্য আৰু ৰাজ্যিক পৰ্যায়ত সাহায্য দিয়াৰ বাবে ব্যৱস্থা কৰিছে ।

(ট) এই সংশোধনীয়ে সংবিধানত এটা নতুন অংশ অনুসূচী সংযোগ কৰে৷ এনে ব্যৱস্থা অনুসৰি অংশ ৯/১১ আৰু অনুসূচী ৭৩ তম সংশোধনীৰ বাবে সংবিধানত সংযোগ কৰা হয় । 

(ঠ) এই সংশোধনীৰ মাজেৰে (আৰু ৭৪ তম সংশোধনী) স্থানীয় স্বায়ত্ত শাসনে “স্থানীয় স্তৰ” হিচাপে সাংবিধানিক স্বীকৃতি লাভ কৰে। সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে স্থানীয় নিকায়সমূহক ইচ্ছা অনুসৰি ভাঙি দিয়া নাইবা স্থানীয় নিকায়ৰ নিৰ্বাচন অনুষ্ঠিত নকৰা আদি অসুবিধাসমূহ ইয়াৰ ফলত নোহোৱা হয় ।

(ড) গাওঁ পঞ্চায়তৰ সভাপতি গৰাকীক প্ৰত্যক্ষভাৱে নিৰ্বাচনৰ ব্যৱস্থা।

(ঢ) পঞ্চায়তৰ প্ৰাথমিক গোট হিচাপে গাওঁ সভাৰ ব্যৱস্থা।

১৯৯২ চনৰ ৭৩ তম সংবিধান সংশোধনী বিধেয়ক বলবৎ হোৱাৰ পৰা গোটেই ভাৰতবৰ্ষতে, ২,২৬,১০৮ খন গাওঁ পঞ্চায়ত, ৫৭৩৫ খন মধ্যৱৰ্তী পঞ্চায়ত আৰু ৪৫৭ খন জিলা পৰিষদ কৰা হৈছে । এই পঞ্চায়ত সমূহৰ মধ্যমীয়া পৰ্যায়ত ৩৪ লাখ প্রতিনিধি আৰু ১৫,৯৩৪ জন প্রতিনিধিয়ে জিলা পৰ্যায়ত প্রতিনিধিত্ব কৰিছে।

সমালোচনাঃ এই আইনখনৰ বিৰুদ্ধে নানা ধৰণৰ সমালোচনা আগবঢ়োৱা হয়। যেনে-

(ক) এই আইনৰ জৰিয়তে গাওঁ পৰ্যায়ত ক্ষমতা লাভৰ কাৰণে প্ৰতিযোগিতাৰ সৃষ্টি কৰিব বিচৰা হৈছে।

(খ) এই আইনৰ ফলত স্থানীয় স্ব-শাসিত গোটসমূহ ৰাজনৈতিক নেতাই ক্ষমতা দখল সুবিধা পাব আৰু এই নেতৃত্বস্থানীয় ব্যক্তিসকলে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ সুযোগ গ্রহ কৰিব পাৰিব।

(গ) সমষ্টি নিৰ্দ্ধাৰণৰ বিষয়ত আৰু এই গোটসমূহত আসন নিৰ্দ্ধাৰণৰ বিষয়ত ৰচনা কৰা আইনৰ ওপৰত আদালতৰ ক্ষমতা প্রয়োগৰ সুবিধা নাথাকে ৷

(ঘ) গান্ধীজীয়ে যি গ্ৰাম্য স্বৰাজৰ কল্পনা কৰিছিল, সেই কল্পনাক কাৰ্যকৰী কৰিবলৈ এই আইনৰ জৰিয়তে চেষ্টা কৰা হোৱা নাই। অর্থাৎ এই আইনৰ জৰিয়তে স্থানীয় লোকৰ উপকাৰ কৰাতকৈ স্থানীয় নেতাসকলৰ উপকাৰ কৰিবলৈহে চেষ্টা কৰা হৈছে।

৫০৷ স্বাধীনতাৰ পিছৰ পৰা নগৰীয়া স্থানীয় প্ৰতিষ্ঠানৰ উন্নয়নৰ বিষয়ে আলোচনা কৰা। (Discuss the development of Urban Local institutions since Independence.)

উত্তৰঃ নগৰ স্থানীয় চৰকাৰে নিৰ্বাচিত পৰিনিধিসকলৰ মাধ্যমত জনগণৰ দ্বাৰা এটা নগৰ অঞ্চল পৰিচালনা বুজায় ৷ ৭৪ তম সংবিধান সংশোধন আইন, ১৯৯২ স্থানীয় নগৰ সংস্থাসমূহক সাংবিধানিক মর্যাদা দিছে। আইনৰ মূল বিধানসমূহ দুটা বিভাগৰ অধীনত দলবদ্ধ কৰা যাব পাৰে। 

(ক) বাধ্যতামূলক।

(খ) স্বেচ্ছাসেৱী। 

সমগ্ৰ ৰাজ্যৰ ওপৰত বাধ্যতামূলক বিধানসমূহ হৈছে – স্থানান্তৰ অঞ্চলত নগৰ, পঞ্চায়ত, পৌৰসভা পৰিষদ আৰু পৌৰ কর্পোৰেছন গঠন, এক তৃতীয়াংশ মহিলাৰ কাৰণে আসন সংৰক্ষণ। পঞ্চায়তী ৰাজ সংস্থাৰ আৰ্থিক বিষয় লৈ কাম কৰাৰ কাৰণে ৰাজ্য ফিনান্স কমিছন স্থানীয় নগৰ স্ব-শাসন সংস্থাৰ আৰ্থিক বিষয়সমূহ আছে। এই সংস্থাসমূহত ইউনিয়ন আৰু ৰাজ্য আইনসভাৰ সদস্যসকলক প্রতিনিধিত্ব কৰা।

জনসাধাৰণে চৰকাৰৰ কাম-কাজত অংশগ্ৰহণ কৰিলে তাৰ পৰা প্ৰশাসনীয় অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ’ব। গাওঁ পঞ্চায়ত উন্নয়ন খণ্ড, জিলা প্রশাসন প্রত্যক্ষভাৱে জড়িত থাকে।

ভাৰতৰ স্থানীয় সংস্থাসমূহক বিস্তৃতভাবে দুটা ভাগত শ্ৰেণীবদ্ধ কৰা হৈছে স্থানীয় পৰিকল্পনা উন্নয়নৰ কাৰণে স্থানীয় সংস্থা গঠিত হয়। পল্লী অঞ্চলত প্ৰশাসন পল্লী স্থানীয় সংস্থা যা স্থানীয়সকলৰ বাবে গঠিত হয়। চহৰ অঞ্চলত পৰিকল্পনা, উন্নয়ন আৰু প্ৰশাসনৰ উল্লেখ কৰা হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top