Political Processes And Institutions In Comparative Perspective Unit 5 যুক্তৰাষ্ট্ৰবাদ

Political Processes And Institutions In Comparative Perspective Unit 5 যুক্তৰাষ্ট্ৰবাদ Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Processes And Institutions In Comparative Perspective Unit 5 যুক্তৰাষ্ট্ৰবাদ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Processes And Institutions In Comparative Perspective Unit 5 যুক্তৰাষ্ট্ৰবাদ Question Answer can be of great value to excel in the examination.

Political Processes And Institutions In Comparative Perspective Unit 5 যুক্তৰাষ্ট্ৰবাদ

Join Telegram channel

Political Processes And Institutions In Comparative Perspective Unit 4 গণতান্ত্ৰিকৰণ Notes cover all the exercise questions in UGC Syllabus. The Political Processes And Institutions In Comparative Perspective Unit 5 যুক্তৰাষ্ট্ৰবাদ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Federalism

POLITICAL SCIENCE

POLITICAL PROCESSES AND INSTITUTIONS IN COMPARATIVE PERSPECTIVE

তুলনামূলক দৃষ্টিভংগীত ৰাজনৈতিক প্ৰক্ৰিয়া আৰু প্ৰতিষ্ঠানসমূহ

অতি চমু প্রশ্নোত্তৰঃ

১। ভাৰত যুক্তৰাষ্ট্ৰত মুঠ ৰাজ্যৰ সংখ্যা কিমান? (What is the number of states in India?)

উত্তৰঃ ২৮ খন ৷

২। ভাৰতৰ সংবিধানৰ কোনখন অনুসূচীত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যসমূহৰ চৰকাৰৰ মাজত ক্ষমতা বিতৰণৰ উল্লেখ আছে? (According to the constitution of India, which article mentioned the difference of power between central and state government?)

উত্তৰঃ সপ্তম অনুসূচীত।

৩। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়ে আইন প্রণয়ন কৰিব পৰা সূচীখনৰ নাম কি? (What is the name of index for both the central government and the state government to enact laws?) 

উত্তৰঃ সমৱৰ্তী সূচী।

৪। ভাৰত যুক্তৰাষ্ট্ৰত অৱশিষ্ট ক্ষমতা কাৰ হাতত দিয়া আছে? (Into which hands the power of India’s state control is given?) 

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰৰ হাতত দিয়া আছে।

৫। ৰাজ্যিক সূচীত থকা বিষয়সমূহৰ ওপৰত সংসদে আইন প্রণয়ন কৰিব পাৰেনে? (Can parliament on issues on the state index?) 

উত্তৰঃ পাৰে।

৬। কোনখন সূচীৰ অন্তৰ্ভুক্ত বিষয়ৰ ওপৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়ে আইন প্রণয়ন কৰিব পাৰে? (Both the central government and the state government may enact legislation on which subject matter of the index?) 

উত্তৰঃ সমৱৰ্তী সূচী।

৭। সংবিধানে ভাৰতীয় নাগৰিকক দ্বৈত নাগৰিকত্ব প্ৰদান কৰিছে। কথাষাৰ সঁচানে? (Is it true that the constitution has given dual citizenship to Indian citizens?)

উত্তৰঃ নহয় । সংবিধানে ভাৰতীয় নাগৰিকক এক নাগৰিকত্ব প্ৰদান কৰিছে।

৮। ভাৰতৰ ক্ষমতা বিতৰণৰ কোনখন সূচীত শিক্ষা বিষয়টো অন্তর্ভুক্ত? (Which of there issues of power distribution in India includes education?) 

উত্তৰঃ শিক্ষা।

৯। জনসাধাৰণে গ্রামোন্নয়নৰ কামত অংশগ্ৰহণ কৰাৰ এটা কাৰণ লিখা । (Write a reason for public participation in rural development.) 

উত্তৰঃ জনসাধাৰণে গ্ৰামোন্নয়নৰ কামত অংশগ্ৰহণ কৰাৰ এটা কাৰণ হ’ল গণতন্ত্ৰৰ ভেঁটি সুদৃঢ় কৰা।

১০৷ কেন্দ্ৰীয় সূচীত কিমানটা বিষয় সন্নিৱিষ্ট আছে? (How many matters are mentioned in central index?) 

উত্তৰঃ ৯৭ টা।

১১৷ ভাৰতৰ সংবিধানত যুক্তৰাষ্ট্ৰ শব্দটোৰ উল্লেখ আছেনে? (Is the term ‘Federal’ mentioned in the constitution of India?) 

উত্তৰঃ নাই । ভাৰতক ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হয় ।

১২। ৰাজ্যিক আইন আৰু কেন্দ্ৰীয় আইনৰ মাজত মতবিৰোধ হ’লে কোনখন আইন বাহাল থাকে? (If there is a disagreement between the state law and the central law, which law will be upheld?) 

উত্তৰঃ কেন্দ্ৰীয় আইন।

১৩৷ ভাৰত যুক্তৰাষ্ট্ৰৰ অংগৰাজ্যসমূহৰ নিজা নিজা সংবিধান আছেনে? (Do the states of India have their own constitution?) 

উত্তৰঃ নাই।

১৪ ৷ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা পোনপ্ৰথমতে কোন দেশত স্থাপিত হৈছিল? (In which country was the federal system first established?) 

উত্তৰঃ  আমেৰিকা যুক্তৰাষ্ট্ৰত।

১৫। সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতক সংঘ ৰাষ্ট্ৰ বুলি কোৱা হৈছিল? (In which article of the constitution was India called a union state?) 

উত্তৰঃ ১ নং অনুচ্ছেদত।

১৬। যুক্তৰাষ্ট্ৰৰ এটা মূল বৈশিষ্ট্য লিখা। (Write one feature of federal system?)

উত্তৰঃ লিখিত আৰু অনমনীয় সংবিধান।

১৭৷ ভাৰতবৰ্ষত ‘ৰাজ্য পুনগঠন আয়োগ’ কোন চনত গঠন কৰা হৈছিল? (In which year state reconstruction commission was set up in India?) 

উত্তৰঃ ১৯৫৩ চনত ।

১৮। “ৰাজ্যসমূহৰ সংঘ” এই ধাৰণাটো আমি কোনখন ৰাষ্ট্ৰৰ পৰা লৈছো? (From which country we have taken the idea of forming union of states?)

উত্তৰঃ কানাডা।

১৯। ভাৰত যুক্তৰাষ্ট্ৰৰ সংবিধানিকভাবে কি শব্দৰে জনা যায়? (By which name the Federalism of India is known in Constitution of India?) 

উত্তৰঃ ৰাজ্যসমূহৰ সংঘ।

২০। ভাৰতৰ অংগৰাজ্যবোৰে নিজৰ নিজৰ সংবিধান ৰচনা কৰিব পাৰেনে?(Can the states of India make their own constitution?)

উত্তৰঃ নোৱাৰে।

২১। কেন্দ্ৰীয় চৰকাৰে কোনো ৰাজ্যৰ শাসন ভাৰ নিজৰ হাতলৈ নিব পাৰে নে? (Can the central government can take the ruling control of a state in their hands?)

উত্তৰঃ পাৰে।

২২৷ ভাৰতৰ নাগৰিকে দ্বি-নাগৰিকত্ব ভোগ কৰেনে? (Can the Indian citizens enjoy dual citizenship?)

উত্তৰঃ নকৰে৷

২৩। ভাৰতীয় সংবিধানে ক্ষমতা বিভাজন কৰিছে নে? (Is the Indian constitution has divided the power?) 

উত্তৰঃ কৰিছে।

২৪। সাংগঠনিক দিশৰ পৰা ভাৰতক যুক্তৰাষ্ট্ৰ বুলিব পাৰি নে? (Organizationally, can India be called as the Federal State?)। 

উত্তৰঃ পাৰি ৷

২৫। ভাৰতৰ ৰাজ্যবোৰৰ বিলগ্ন হোৱাৰ অধিকাৰ আছে নে? (The states of India does have the right to get seperated?) 

উত্তৰঃ নাই।

২৬। কি পৰিস্থিতিত কেন্দ্ৰীয় বিধানমণ্ডলে ৰাজ্যিক সূচীৰ বিষয়ত আইন ৰচনা কৰিব পাৰে? (Under what circum stances can the central Legislature legistate on the state index.)

উত্তৰঃ জৰুৰী অৱস্থা ঘোষণাৰ সময়ত ।

২৭। ভাৰতৰ অংগ ৰাজ্যবোৰৰ যুক্তৰাষ্ট্ৰৰ অংগ ৰাজ্যৰ মৰ্যাদা আছে নে? (Can the different states of India draft their own constitution?) 

উত্তৰঃ নাই।

২৮ ৷ ভাৰতৰ কোনখন ৰাজ্যৰ নিজা সংবিধান আছে? (Which state of India have their own Constitution.

উত্তৰঃ জম্মু আৰু কাশ্মীৰৰ ৷

২৯। ভাৰতৰ সংসদৰ উচ্চ সদনত ৰাজ্যবিলাকৰ সমপ্ৰতিনিধিত্ব আছে নেকি? (Does the Rajya Sabha have equal representatives of the states?) 

উত্তৰঃ নাই।

৩০। আইন প্রণয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় সংসদ ৰাজ্যিক বিধানমণ্ডলসমূহতকৈ অধিক ক্ষমতাশালী হয় নে? (Is the Indian Parliament more capable than the state legislatures in the field of enacting laws?) 

উত্তৰঃ হয়।

৩১। ভাৰতৰ সংবিধানত ক্ষমতা বণ্টনৰ বাবে কেইখন সূচী আছে? (How many index are there for distribution of power in the constitution of India?) 

উত্তৰঃ তিনিখন ৷

৩২। কেন্দ্ৰীয় সূচীৰ বিষয়সমূহৰ ওপৰত কোনে আইন প্রণয়ন কৰিব পাৰে? (Who can legislate on the issues of the central index?) 

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰে।

৩৩৷ ৰাজ্যিক সূচীত থকা বিষয়সমূহৰ ওপৰত কোনে আইন প্রণয়ন কৰিব পাৰে? (Who can legislate on the issues of the state index?)  

উত্তৰঃ ৰাজ্যিক চৰকাৰে ৷

৩৪৷ সমবর্তী সূচীত থকা বিষয়সমূহৰ ওপৰত কোনে আইন প্রণয়ন কৰিব পাৰে? (Who can legislate on the issues of the current index?) 

উত্তৰঃ কেন্দ্ৰীয় আৰু ৰাজ্যিক উভয় চৰকাৰে৷ 

৩৫। ৰাজ্যিকসূচীত কিমানটা বিষয় অন্তর্ভুক্ত কৰা হৈছে? (How many subjects are included in the state index?) 

উত্তৰঃ ৬৬ টা বিষয়।

৩৬। ৰাজ্যিক আইন আৰু কেন্দ্ৰীয় আইনৰ মাজত মতবিৰোধ ঘটিলে কোন আইন বলবৎ হয়? (Which law is enforced when there is a difference of opinion between state law and central law.) 

উত্তৰঃ কেন্দ্ৰীয় আইন।

৩৭। বাতৰি কাকত কোনটো সূচীৰ অন্তৰ্গত? (Which article is included in the newspaper?)

উত্তৰঃ ১৯ নং সূচীত অন্তর্গত।

৩৮৷ ভাৰতীয় সংবিধানৰ ক্ষমতা বণ্টনৰ তিনিখন সূচীৰ নাম লিখা। (Write the names of the three distribution of powers in the Indian Constitution.)

উত্তৰঃ (ক) কেন্দ্ৰীয় সূচী।

(খ) ৰাজ্যিক সূচী। আৰু 

(গ) সমবৰ্তী সূচী।

৩৯। কেন্দ্ৰীয় সূচীৰ অন্তৰ্গত দুটা বিষয়ৰ নাম লিখা। (Write the names of the two subject in the central index.) 

উত্তৰঃ (ক) প্ৰতিৰক্ষাৰ বাবে প্ৰস্তুতি। আৰু 

(খ) পৰমাণু শক্তি ৷

৪০। শুদ্ধ উত্তৰটো লিখা (Write the correct answer:)

(ক) অসমৰ পঞ্চায়ত আইনখন ১৯৯৪/ ১৯৯০/ ১৯৮৬/ ১৯৭২ চনত প্ৰণয়ন কৰা হয়। (The Panchayat Act of Assam was enacted in 1994/1990/1986/ 1972.)

উত্তৰঃ অসমৰ পঞ্চায়ত আইনখন ১৯৯৪ চনত প্ৰণয়ন কৰা হয় ৷

(খ) ভাৰতীয় সংবিধান অনুসৰি আইনখন ৭০ তম্/৭৩ তম্/৭৪ তম্ সংশোধনী কৰা হয়। (According to the Constitution of India, the law was amended in the 70th/73th/74th.)

উত্তৰঃ ভাৰতীয় সংবিধান অনুসৰি আইনখন ৭৩ তম সংশোধনী কৰা হয় ।

(গ) জিলা পৰিষদৰ কাৰ্যকাল ৪/৫/৬ বছৰ। (The tenure of Zila Parishad is 4/5/6 years.) 

উত্তৰঃ জিলা পৰিষদৰ কাৰ্যকাল ৫ বছৰ।

(ঘ) ভাৰতবৰ্ষ এখন কল্যাণকামী ৰাষ্ট্ৰ (হয় বা নহয় লিখা) (In India a welfare Nation? (write yes/no.)

উত্তৰঃ ভাৰতবৰ্ষ এখন কল্যাণকামী ৰাষ্ট্ৰ হয়।

(ঙ) আত্মসহায়ক ১০-২০ জন লোকক লৈ গঠন কৰা হয় (হয় / নহয়) (Self Help Group is formed with 10-20 people (yes/no).) 

উত্তৰঃ আত্মসহায়ক গোট ১০-২০ জন লোকক লৈ গঠন কৰা হয।

(চ) আত্ম নিযুক্তিৰ মহিলা সংস্থা ১৯৭৪/১৯৭৫/১৯৮০ চনত গঠন কৰা হয় । (The Women’s Self Employment Organization was formed in 1974/1975/1980)

উত্তৰঃ আত্ম নিযুক্তিৰ মহিলা সংস্থা ১৯৭৪ চনত গঠন কৰা হয় ।

৪১। ২০০১ চনৰ পিয়ল অনুসৰি ভাৰতত শিক্ষিত মহিলাৰ হাৰ কিমান? (What is the rate of educated women in India following the 2001 census.)

উত্তৰঃ ২০০১ চনৰ পিয়ল অনুসৰি ভাৰতত শিক্ষিত মহিলাৰ হাৰ ৬৫.৩৫% ৷ 

৪২। নর্মদা বচাও আন্দোলন কিমান চনত হৈছিল? (In which year Narmada Bachao Andolan took place?) 

উত্তৰঃ নর্মদা বচাও আন্দোলন ১৯৮৬ চনত হৈছিল।

৪৩৷ নর্মদা বচাও আন্দোলনৰ নেতাজনৰ নাম কি? (What is the name of the leader of Narmada Bachao Andolan.) 

উত্তৰঃ মেধা পাটকাৰ ৷

৪৪। আত্মসহায়ক গোট বিকাশৰ কেইটা স্তৰ আছে। How many levels of self-help team development? 

উত্তৰঃ আত্মসহায়ক গোট বিকাশৰ ৫ টা স্তৰ আছে।

চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰঃ

১। ভাৰতীয় সংবিধানৰ দুটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য উল্লেখ কৰা। (Mention two non-state features of the Indian Constitution.) 

উত্তৰঃ ভাৰতীয় সংবিধানৰ দুটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য হ’লঃ

(i) এক নাগৰিকত্ব।

(ii) কেন্দ্ৰীয় চৰকাৰৰ প্ৰাধান্য ৷

২। ৰাজ্যিক সূচীত অন্তৰ্ভুক্ত দুটা বিষয়ৰ নাম লিখা ৷ (Write the names of two subjects included in the state index.) 

উত্তৰঃ ৰাজ্যিক সূচীত অন্তৰ্ভুক্ত দুটা বিষয়ৰ নাম হ’লঃ 

(i) কৃষি। 

(ii) জনস্বাস্থ্য।

৩। সমৱৰ্তী সূচীৰ অন্তৰ্গত দুটা বিষয়ৰ নাম লিখা। (Write the names of two subjects in the current index.) 

উত্তৰঃ সমৱৰ্তী সূচীৰ অন্তৰ্গত দুটা বিষয়ৰ নাম হ’লঃ

(i) শিক্ষা। 

(ii) বাতৰি কাকত।  

৪। ভাৰতৰ দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য উল্লেখ কৰা। (Mention two federal features of India.)

উত্তৰঃ ভাৰতৰ দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য হ’লঃ

(i) লিখিত সংবিধান আছে।

(ii) দুইধৰণৰ চৰকাৰ আছে — কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যসমূহৰ চৰকাৰ।

৫। যুক্তৰাষ্ট্ৰৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা । (Mention two features of the United States.) 

উত্তৰঃ যুক্তৰাষ্ট্ৰৰ দুটা প্ৰধান বৈশিষ্ট্য হ’ল – 

(ক) দুতৰপীয়া চৰকাৰ। আৰু 

(খ) ক্ষমতাৰ বিতৰণ ৷

৬। ভাৰত যে এখন যুক্তৰাষ্ট্ৰ তাৰ দুটা যুক্তি দিয়া। (Give two arguments that India is a United State.) 

উত্তৰঃ ভাৰত যে এখন যুক্তৰাষ্ট্ৰ তাৰ দুটা যুক্তিহ’ল—

(ক) লিখিত সংবিধানঃ লিখিত সংবিধান হ’ল যুক্তৰাষ্ট্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। ভাৰতৰ সংবিধানখন লিখিত। আমাৰ দেশৰ জনসাধাৰণৰ প্ৰতিনিধিৰে গঠিত সংবিধান সভাই ৰচনা কৰিছে।

(খ) দুই তৰপীয়া চৰকাৰঃ দুই তৰপীয়া চৰকাৰ ব্যৱস্থা যুক্তৰাষ্ট্ৰৰ আন এটা বৈশিষ্ট্য। ভাৰতীয় সংবিধানে আমাৰ দেশত দুই তৰপীয়া চৰকাৰৰ ব্যৱস্থা কৰিছে । যেনে— কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ।

৭। ‘ভাৰতবৰ্ষত ধৰ্মনিৰপেক্ষতাবাদ’ সম্বন্ধে চমু টোকা লিখা। (Write a short note on of India ‘Secularism’.)

উত্তৰঃ ধৰ্মনিৰপেক্ষ শব্দটো ভাৰতীয় মূল সংবিধানত স্থান পোৱা নাছিল, ৪২ নং সংশোধনী প্ৰস্তাৱৰ জৰিয়তে ইয়াক সন্নিবিষ্ট কৰা হৈছে। বিভিন্ন ধৰ্মৰ প্ৰতি সহিষ্ণুতা প্ৰদৰ্শন ভাৰতীয় সংবিধানৰ ধৰ্ম নিৰপেক্ষতা অৱলম্বন কৰা হয়। ইয়াত কোনো ৰাজধৰ্ম নাথাকে৷ এনে ৰাষ্ট্ৰত কোনা বিশেষ ধৰ্মৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা নহয় নাইবা কোনো ধৰ্মৰ প্ৰতি অৱহেলাও কৰা নহয়৷ ভাৰতবৰ্ষতো এনে ব্যৱস্থাৰ প্ৰচনল আছে। ইয়াত ধৰ্মৰ ভিত্তিত মানুহৰ ‘মাজত বৈষম্যৰ সৃষ্টি কৰা নহয়৷ ভাৰতবৰ্ষত ধৰ্মৰ ভিত্তিত কোনো ধৰণৰ চৰকাৰী শিক্ষানুষ্ঠান গঢ়ি তোলাৰ ব্যৱস্থা ভাৰতবৰ্ষত নাই। চৰকাৰী নিয়োগৰ ক্ষেত্ৰতো কোনো ধৰ্মকো বিশেষাধিকাৰ দিয়া নহয় । এনেবোৰ ব্যৱস্থাৰ পৰা সহজে অনুমান কৰিব পাৰি যে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ।

৮। শিশুসকলৰ শিক্ষাৰ অধিকাৰ কোন সংশোধনৰ জৰিয়তে মৌলিক অধিকাৰত অন্তৰ্ভুক্ত কৰা হৈছে?(The right to education of children has been included in the fundamental rights by which amendment?) 

উত্তৰঃ ৮৬ নং সংবিধান সংশোধনৰ জৰিয়তে ২১ (ক) নং অনুচ্ছেদত শিশুসকলৰ শিক্ষাৰ অধিকাৰ মৌলিক অধিকাৰত অন্তৰ্ভুক্ত কৰা হৈছে।

৯। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সপক্ষে দুটা যুক্তি দিয়া ৷ (Give two arguments in favor of the federal government.) 

উত্তৰঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সপক্ষে দুটা যুক্তি হ’ল—

(ক) বিভিন্নতাৰ মাজেদি একতাঃ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত জাতীয় ঐক্যৰ সৈতে আঞ্চলিক স্বাতন্ত্র্যৰ সমন্বয় সাধন কৰিব পাৰি।

(খ) গণতন্ত্ৰৰ বাবে উপযোগীঃ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাক গণতন্ত্ৰৰ বাবে উপযোগী বুলি বিবেচনা কৰা হয় ।

১০। যুক্তৰাষ্ট্ৰীয়বাদ কি? ভাৰতীয় যুক্তৰাষ্ট্ৰৰ প্ৰকৃতি আলোচনা কৰা । (What is Federalism? Discuss the nature of the Indian Federation?)

উত্তৰঃ যুক্তৰাষ্ট্ৰ হ’ল সৰু সৰু ৰাষ্ট্ৰবোৰ একত্ৰিত হৈ গঠন কৰা এখন ৰাষ্ট্ৰ। যুক্তৰাষ্ট্ৰত সাধাৰণতে এখন কেন্দ্ৰীয় চৰকাৰ আৰু বিভিন্ন ৰাজ্য (গোট)বোৰৰ বাবে পৃথক পৃথক চৰকাৰ থাকে। যুক্তৰাষ্ট্ৰীয়বাদৰ ধাৰণাটো ১৭৮৭ চনত মার্কিন যুক্তৰাষ্ট্ৰ প্ৰতিষ্ঠা হোৱাৰ পৰা আৰম্ভ হোৱা বুলি ক’ব পাৰি। যুক্তৰাষ্ট্ৰত থকা সৰু সৰু ৰাষ্ট্ৰবোৰ মিলিত হৈ তৈয়াৰ কৰা এটা সংস্থা, য’ত মিলিত ৰাষ্ট্ৰবোৰ নিজৰ স্বতন্ত্রতা অক্ষুণ্ণ ৰাখি উমৈহতীয়া উদ্দেশ্যত একত্রিত হয়। যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰখনৰ সমগ্ৰ ৰাজ্যক্ষেত্ৰৰ ওপৰত এখন কৰ্তৃত্বশীল কেন্দ্ৰীয় চৰকাৰ থকাৰ উপৰি ৰাষ্ট্ৰখনৰ বিভিন্ন অংশৰ ওপৰত কৰ্তৃত্বশীল আৰু বুজন পৰিমাণৰ কামৰ স্বতন্ত্রতা লাভ কৰা আন আন কেইবাখনো চৰকাৰ থাকে৷

এই যৌথ প্ৰশাসন ব্যৱস্থাটোক যুক্তৰাষ্ট্ৰীয় চৰকাৰ বোলা হয়।

যুক্তৰাষ্ট্ৰ এখন কেতবোৰ নিয়ম-নীতিৰ ভিত্তিত গঢ় লৈ উঠে, অৰ্থাৎ যুক্তৰাষ্ট্ৰৰ কেতবোৰ বৈশিষ্ট্য দেখিবলৈ পোৱা যায়, যেনে –

(ক) দুই ধৰণৰ শাসন ব্যৱস্থা ৷

(খ) দুই ধৰণৰ পৰিচয়।

(গ) লিখিত সংবিধান।

(ঘ) নিৰপেক্ষ ন্যায়ালয়।

ভাৰতীয় যুক্তৰাষ্ট্ৰৰ প্ৰকৃতি (Nature of the Indian Federation) : ভাৰতীয় সংবিধান আৰু শাসন ব্যৱস্থাৰ প্ৰকৃতি নিৰ্ধাৰণৰ ক্ষেত্ৰত সংবিধান বিশাৰদসকলৰ মাজত যথেষ্ট মতভেদ থকা দেখা যায়। কিছুমানৰ মতে ভাৰতবৰ্ষত ‘চৰম যুক্তৰাষ্ট্ৰীয়’ (Extremely Federal) শাসন ব্যৱস্থা প্ৰৱৰ্তিত হৈছে। বহুতে এই অভিমত মানি নলয়। কে. পি. মুখার্জীয়ে দৃঢ়ভাৱে এই মতপোষণ কৰিছে যে ভাৰতীয় সংবিধান ‘নিশ্চিতভাৱেই অ-যুক্তৰাষ্ট্ৰীয় বা এককেন্দ্ৰীয়’ (Definitely Federal or Unitary)। কে. শান্তানমেও এই ধৰণৰ অভিমত পোষণ কৰিছে। দুৰ্গাদাস বসুৱে উপৰোক্ত দুয়োটা মতকে গ্ৰহণ কৰা নাই৷ তেওঁৰ মতে ভাৰতবৰ্ষৰ সংবিধানক বিশুদ্ধ যুক্তৰাষ্ট্ৰীয় (purely federal) বা বিশুদ্ধ এককেন্দ্রীয় (purely federal) নুবুলি উভয়ৰ এটা সংমিশ্রণ (a combination of both) বুলি বৰ্ণনা কৰিব পাৰি ৷

ভাৰতীয় শাসন ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ ভালদৰে উপলব্ধি কৰিবৰ বাবে ইয়াৰ গঠন, প্রকৃতি আৰু বাস্তৱ ক্রিয়াকলাপ সম্বন্ধে আলোচনা কৰা প্ৰয়োজন৷ ভাৰতীয় শাসনব্যৱস্থাৰ গঠনৰ প্রকৃতি বিশ্লেষণ কৰিলে দেখা যায় যে প্ৰধানকৈ বিভক্তিকৰণ পদ্ধতিত (Process of disaggregation) অৰ্থাৎ এখন এককেন্দ্ৰিক ৰাষ্ট্ৰক কিছুমান কাৰ্যকৰী অঙ্গৰাজ্যত বিভক্ত কৰি ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। অৱশ্যে কিছুমান দেশীয় ৰাজ্য ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত ইয়াৰ অন্তৰ্ভুক্ত হৈছে। কিন্তু দেশীয় ৰাজ্যসমূহ প্ৰকৃতাৰ্থত স্বাধীন নাছিল । সেয়েহে ক’ব পাৰি যে ভাৰতীয় যুক্তৰাষ্ট্ৰ একত্ৰীকৰণ পদ্ধতিত গঠিত হোৱা নাই।

সংবিধান অনুযায়ী ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ। মুঠ ২৮ খন ৰাজ্য আৰু দিল্লীৰ সৈতে ৭ খন কেন্দ্রীয় শাসিত অঞ্চল লৈ এই যুক্তৰাষ্ট্ৰ গঠিত। ভাৰতীয় যুক্তৰাষ্ট্ৰৰ সকলো গতানুগতিক যুক্তৰাষ্ট্ৰীয় উপাদান থকা দেখা যায়। যেনে – এখন লিখিত আৰু অ-নমনীয় সংবিধান, দুই তৰপীয়া চৰকাৰ, কেন্দ্ৰ আৰু অঙ্গৰাজ্যসমূহৰ মাজত ক্ষমতা বণ্টন আৰু স্বাধীন আৰু নিৰপেক্ষ ন্যায়পালিকা। সেয়েহে কিছুমানৰ মতে ভাৰত প্ৰকৃতাৰ্থত এখন যুক্তৰাষ্ট্ৰ। ভাৰতীয় সংবিধানত যুক্তৰাষ্ট্ৰৰ মৌলিক বৈশিষ্ট্যসমূহক অতি স্পষ্টভাৱে থকা দেখা যায়। কিন্তু ভাৰতৰ বিশেষ ৰাজনৈতিক অৱস্থাৰ অধীনত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা গঢ়ি তোলাৰ ফলত অন্যান্য কিছুমান দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাতকৈ ইয়াৰ কিছুমান পার্থক্য লক্ষ্য কৰা যায়। অর্থাৎ ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ হ’লেও ইয়াৰ নিজস্ব কিছুমান বৈশিষ্ট্য আছে।

১১। ভাৰতীয় যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা । (Discuss the characteristics of Indian Federation.) 

উত্তৰঃ ভাৰতীয় যুক্তৰাষ্ট্ৰৰ কিছুমান নিজস্ব বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যসমূহৰ বাবেই ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাই বিশ্বৰ ভিতৰত বিশিষ্ট স্থান অধিকাৰ কৰিব পাৰিছে। ভাৰতীয় যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল –

(ক) ভাৰতৰ ৰাজ্যসমূহৰ সুকীয়া সংবিধান নাই। ভাৰতৰ সংবিধানত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাসমূহ থকাৰ উপৰিও ৰাজ্যিক চৰকাৰৰ ব্যৱস্থাসমূহকো সন্নিৱিষ্ট কৰা হৈছে। যুক্তৰাষ্ট্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ গাঁথনি একেটাই আৰু ইয়াৰ পৰা কোনো এটা অংগ ওলাই যাব নোৱাৰে ৷ যুক্তৰাষ্ট্ৰীয় গাঁথনিৰ ভিতৰতে অঙ্গৰাজ্যসমূহে কাৰ্যনিৰ্বাহ কৰিব লাগিব। অন্যান্য যুক্তৰাষ্ট্ৰৰ অঙ্গৰাজ্যসমূহে যি মর্যাদা ভোগ কৰে, ভাৰতীয় যুক্তৰাষ্ট্ৰৰ অঙ্গৰাজ্যসমূহে সেই মর্যাদা ভোগ নকৰে। ভাৰতৰ এখন অঙ্গৰাজ্য নিজৰ সংবিধানৰ ওপৰত বৰ্তি নাথাকে ।

(খ) ভাৰতৰ ৰাষ্ট্ৰপতিক এটা নির্বাচনী গোটে নির্বাচিত কৰে। তেওঁক পৰোক্ষভাৱে নিৰ্বাচিত কৰা হয়। ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ভাৰতীয় জনসাধাৰণৰ কোনো হাত নাই। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিক জনসাধাৰণে নিৰ্বাচিত কৰে।

(গ) ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা অনুযায়ী অংগ ৰাজ্যসমূহৰ ৰাজ্যপালসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্ত কৰে আৰু তেওঁলোকৰ কাৰ্যকাল ৰাষ্ট্ৰপতিৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰশীল। ৰাজ্যপালে ৰাজ্যিক বিধানমণ্ডলৰ দ্বাৰা গৃহীত কোনো বিধেয়ক ৰাষ্ট্ৰপতিৰ সন্মতিৰ কাৰণে পঠিয়াব পাৰে। ৰাজ্যপালে ৰাজ্যিক বিধানসভা ভঙ্গ কৰিব পাৰে। ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত ৰাজ্যপালসকলে কেন্দ্ৰীয় চৰকাৰৰ দূত হিচাবে কাৰ্যনিৰ্বাহ কৰে।

এই বিষয়সমূহ প্ৰকৃত যুক্তৰাষ্ট্ৰীয় নীতিবিৰুদ্ধ। আমেৰিকা যুক্তৰাষ্ট্ৰত এনে ধৰণৰ ব্যৱস্থা নাই। তাত ৰাজ্যপাল কেন্দ্ৰীয় চৰকাৰৰ দূত নহয়। তাৰ অঙ্গৰাজ্যসমূহৰ ৰাজ্যপালসকলক ৰাজ্যৰ জনসাধাৰণে নিৰ্বাচিত কৰে। অধ্যাপক ডি. এন. বেনাৰ্জীৰ মতে ভাৰতৰ সংবিধানখন দেখাত যুক্তৰাষ্ট্ৰীয় হ’লেও ইয়াৰ অ-যুক্তৰাষ্ট্ৰীয় চৰিত্ৰ আছে।

(ঘ) ভাৰতবৰ্ষৰ সংবিধানে দ্বি-নাগৰিকত্ব ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা নাই। কিন্তু আন কিছুমান যুক্তৰাষ্ট্ৰৰ নাগৰিকসকলে দ্বি-নাগৰিকত্ব ভোগ কৰে। ভাৰতবৰ্ষত দুই তৰপীয়া শাসন ব্যৱস্থা আছে, কিন্তু ইয়াৰ নাগৰিকসকলৰ দুই প্ৰকাৰৰ নাগৰিকত্ব স্বীকৃত হোৱা নাই। সংবিধানৰ ৫ নং অনুচ্ছেদ অনুযায়ী ভাৰতৰ প্ৰতিজন নাগৰিক অকল ভাৰতীয় নাগৰিক, কোনো এখন অঙ্গৰাজ্যৰ নাগৰিক নহয় ৷ তেওঁলোক অঙ্গৰাজ্যসমূহৰ স্থায়ী বাসিন্দাহে।

(ঙ) ভাৰতীয় যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় বিধানমণ্ডল দ্বি-সদনযুক্ত। ইয়াৰ উচ্চসদনৰ নাম হ’ল ৰাজ্যসভা। কিন্তু এই ৰাজ্যসভা যুক্তৰাষ্ট্ৰীয় নীতিত গঠন কৰা নাই।ই ৰাজ্যসমূহৰ প্ৰতিনিধিত্ব নকৰে, জনসাধাৰণৰহে প্রতিনিধিত্ব কৰে ৷

ইয়াত সকলো ৰাজ্যৰ সমান প্রতিনিধিত্ব নাই । গতিকে ভাৰতৰ উচ্চসদনে ৰাজ্যসমূহৰ স্বাৰ্থ ভালদৰে ৰক্ষা কৰিব নোৱাৰে ৷ কেন্দ্ৰীয় আইন সভাৰ উচ্চ সদনত ৰাজ্যসমূহৰ সমান প্রতিনিধিত্ব থাকিলে, ৰাজ্যসমূহ সমান মর্যাদাসম্পন্ন হয়। কিন্তু অংগৰাজ্যসমূহৰ অধিকাৰ সমতা সম্পৰ্কীয় কোনো প্ৰতিশ্ৰুতি ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত দিয়া হোৱা নাই। ইয়াৰ পৰা ভাৰতৰ অংগৰাজ্যসমূহৰ অসমতা আৰু গোটেই ৰাষ্ট্ৰৰ শাসন-ব্যৱস্থা এককেন্দ্ৰীকতাৰ প্ৰমাণ হয় ৷

(চ) ভাৰতবৰ্ষৰ সংবিধান এখন মিশ্রিত সংবিধান। ইয়াত একাত্মক আৰু যুক্তৰাষ্ট্ৰীয় দুয়ো ধৰণৰ শাসন ব্যৱস্থাৰ সংমিশ্ৰণ হোৱা দেখা যায়। সময় আৰু পৰিস্থিতি অনুসৰি ভাৰতীয় সংবিধানে একাত্মক বা দুখুৰাষ্ট্ৰীয় দুয়ো ৰূপ ধাৰণ কৰিব পাৰে। সাধাৰণ অৱস্থাত এই সংবিধানে যুক্তৰাষ্ট্ৰীয় সংবিধানৰ দৰে কাম কৰিব পাৰে, কিন্তু জৰুৰীকালীন অৱস্থাত ই একাত্মক সংবিধানলৈ ৰূপান্তৰিত হ’ব পাৰে। পৃথিৱীৰ আন কোনো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত যুক্তৰাষ্ট্ৰীয় চৰকাৰ একাত্মক চৰকাৰলৈ ৰূপান্তৰিত হ’ব পৰা ব্যৱস্থা নাই।

(ছ) ভাৰতীয় সংবিধানে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ক্ষমতা বণ্টন কৰিছে। কিন্তু এই অভিনৱ ব্যৱস্থা ভাৰতৰ বাহিৰে পৃথিৱীৰ আন কোনো যুক্তৰাষ্ট্ৰত দেখিবলৈ পোৱা নাযায়। এখন আদৰ্শ যুক্তৰাষ্ট্ৰত কেন্দ্ৰৰ হাতত কিছুমান ক্ষমতা ৰাখি অৱশিষ্ট, ক্ষমতাসমূহ ৰাজ্যসমূহৰ হাতত অৰ্পণ কৰা হয়। কিন্তু ভাৰতীয় সংবিধানে তিনিটা সূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ক্ষমতা বণ্টন কৰিছে। অৱশিষ্ট ক্ষমতাসমূহ কেন্দ্ৰীয় চৰকাৰে ভোগ কৰে। সমৱৰ্তী সূচীত থকা বিষয়সমূহৰ ওপৰত দুয়োবিধ চৰকাৰৰ সমান কৰ্তৃত্ব আছে। ভাৰতীয় সংবিধানে কেন্দ্ৰীয় চৰকাৰতকৈ ৰাজ্যসমূহক কম ক্ষমতা প্ৰদান কৰিছে৷ গতিকে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰ অধিক ক্ষমতাশালী।

(জ) ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক নিৰ্দেশ দিব পাৰে। কোনো ৰাজ্যৰ শাসন ব্যৱস্থা যদি সংবিধান অনুযায়ী পৰিচালনা কৰিব নোৱাৰি তেতিয়াহ’লে ৰাষ্ট্ৰপতিয়ে সেই ৰাজ্যত সাংবিধানিক অচল অৱস্থা সংক্ৰান্ত জৰুৰী ক্ষমতা প্রয়োগ কৰি সেই ৰাজ্যৰ শাসনভাৰ কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ লৈ আহিব পাৰে। কিন্তু প্রকৃত যুক্তৰাষ্ট্ৰত এনে ব্যৱস্থা প্রযোজ্য নহয় ৷ ভাৰতবৰ্ষত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহৰ মাজত ওতপ্রোতঃ সম্পর্ক আছে।

(ঝ) সাধাৰণতে যুক্তৰাষ্ট্ৰীয় সংবিধান দৃঢ় বা অনমনীয় হয়। ইয়াক সংশোধনৰ বাবে এটা জটিল পদ্ধতি অনুসৰণ কৰা হয়। কিন্তু ভাৰতবৰ্ষৰ সংবিধানৰ সংশোধন প্রণালী যিমান দৃঢ় নহয় ৷ প্ৰকৃতাৰ্থত ইয়াক নমনীয় সংবিধান বুলি ক’ব পাৰি। সংবিধান সংশোধনত ৰাজ্যসমূহে আগভাগ ল’ব নোৱাৰে।

(ঞ) ভাৰতীয় যুক্তৰাষ্ট্ৰৰ অংগৰাজ্যসমূহ প্ৰকৃতাৰ্থত স্বতন্ত্রসম্পন্ন নহয়। সাধাৰণ অৱস্থাত ৰাজ্যসমূহে স্বতন্ত্রতা ভোগ কৰে সঁছা, কিন্তু এইবোৰৰ ওপৰত সকলো ক্ষেত্ৰতে কেন্দ্রীয় নিয়ন্ত্ৰণ থকা দেখা যায়৷ ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰ হ’লেও ইয়াৰ মাজত একাত্মক চৰকাৰৰ লক্ষণ থকা দেখা যায়।

(ট) ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত প্ৰায় সকলো ক্ষেত্ৰতে সমৰূপতা দেখিবলৈ পোৱা যায় ৷ সমগ্ৰ ভাৰতৰ বাবে একে ধৰণৰ আইন ব্যৱস্থা, প্রশাসন ব্যৱস্থা আৰু ন্যায়িক ব্যৱস্থাক প্ৰৱৰ্তন । কৰা হৈছে। ভাৰতীয় সংবিধানে সৰ্বভাৰতীয় অসামৰিক সেৱাৰ সৃষ্টি কৰিছে। এই বিষয়াসকলৰ অৱস্থিতি ৰাজ্যিক প্ৰশাসনত দেখা যায় ৷

(ঠ) ভাৰতবৰ্ষক এখন সমবায় যুক্তৰাষ্ট্ৰ (Co-operative federation) বুলি বহুতে মতপ্ৰকাশ কৰে ৷ কাৰণ ইয়াত কেন্দ্ৰ আৰু ৰাজ্য উভয়েই উভয়ৰ ওপৰত নিৰ্ভৰশীল ৷ দুয়োবিধ চৰকাৰৰ মাজত সহযোগিতা অবিহনে দেশৰ শাসনকার্য পৰিচালনা কৰিব নোৱাৰি। ভাৰতবৰ্ষৰ সংবিধানখন এনেদৰে ৰচনা কৰা হৈছে যে কেন্দ্ৰ আৰু ৰাজ্যৰ সহযোগিতাৰ জৰিয়তেহে এই দেশৰ শাসনকার্য ভালদৰে পৰিচালনা কৰিব পাৰি।

আলোচনাৰ পৰা দেখা যায় যে ভাৰতীয় যুক্তৰাষ্ট্ৰৰ প্ৰায় সকলো যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে। কিন্তু ইয়াত কেন্দ্ৰীয় প্ৰৱণতা পৰিলক্ষিত হয়। ভাৰতবৰ্ষ দেখাত যুক্তৰাষ্ট্ৰ হ’লেও ইয়াৰ প্ৰকৃতি এককেন্দ্ৰীয়।

১২। ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচীত থকা ক্ষমতা বিতৰণৰ তিনিওখন সূচীৰ বিষয়ে আলোচনা আগবঢ়োৱা। (Discuss the three schedules of distribution of powers contained in the seventh index of the Indian constitution.) 

উত্তৰঃ ভাৰতীয় সংবিধানৰ একাদশ অধ্যায়ত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজৰ সম্পৰ্ক আলোচনা কৰা হৈছে। ভাৰতবৰ্ষত কেন্দ্ৰ ৰাজ্যৰ মাজত থকা প্ৰশাসনিক, আইন প্রণয়নিক আৰু ন্যায়িক সম্পর্কক পর্যালোচনা কৰিলে দেখা যায় সংবিধান প্রণেতাসকলে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় আৰু এককেন্দ্ৰীক শাসন-ব্যৱস্থাৰ এটা মিশ্ৰিত নীতি অৱলম্বন কৰিছে। সংবিধানত কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকিবলগীয়া আৰু ৰাজ্যিক চৰকাৰৰ হাতত থাকিবলগীয়া ক্ষমতাসমূহৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা কৰা আছে। এই বিষয়সমূহ সংবিধানৰ সপ্তম অনুসূচীত তিনিখন সূচীৰ অন্তৰ্ভুক্ত হৈছে আৰু সেই সূচী কেইখন হ’ল – কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচী।

এই তিনিখন সূচীৰ উপৰিও অৱশিষ্ট সূচী হিচাপে আন এখন সূচী আছে য’ত ওপৰোক্ত তিনিখন সূচীত অন্তর্ভুক্ত নোহোৱা কেতবোৰ অৱশিষ্ট হোৱা বিষয়সমূহৰ ক্ষমতা কেন্দ্রীয় চৰকাৰৰ হাতত আছে।

কেন্দ্রীয় সূচী (Union index) : কেন্দ্রীয় সূচীত সমগ্ৰ দেশৰ স্বাৰ্থ জড়িত হৈ থকা মুঠ ৯৭ টা বিষয় সন্নিৱিষ্ট কৰা আছে। তাৰে ভিতৰত উল্লেখযোগ্য বিষয়সমূহ হ’ল— প্ৰতিৰক্ষা, প্ৰতিৰক্ষা বাহিনী, অস্ত্র-শস্ত্র, বৈদেশিক সম্পর্ক, নাগৰিকত্ব, ৰেল ব্যৱস্থা, বিমান বিভাগ, লোকপিয়ল জৰীপ, বৈদেশিক ঋণ, পৰমাণু শক্তি, ৰিজাৰ্ভ বেংক, হিচাপ পৰীক্ষক, শিল্প নিয়ন্ত্ৰণ, জীৱন বীমা, খনি সাগৰত মাছ ধৰা, অৰ্কিডৰ খেতি, উৎপাদন আৰু ৰপ্তানি তেলৰ পুং, কথাছবি প্ৰদৰ্শনৰ অনুমতি, লোণ তৈয়াৰ, যোগান আৰু বিতৰণ, জাতীয় পুথিভঁৰাল, যাদুঘৰ আদি, বেনাৰস হিন্দু বিশ্ববিদ্যালয়, আলিগড় মুছলিম বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়, ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন, উচ্চতম ন্যায়ালয় বৈজ্ঞানিক আৰু কলা শিক্ষাৰ সংস্থা, সংসদৰ সদস্যসমূহৰ দৰমহা, কেন্দ্ৰীয় লোকসেৱা, ৰাষ্ট্ৰপতি, ৰাজ্যপাল, কেন্দ্ৰীয় মন্ত্ৰী আদিৰ দৰমহা ভাট্টা আদি, আয়কৰ, শুল্ক নিগম কৰ, বাতৰি কাকতৰ ক্রয়-বিক্রয় কৰ, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচীত অন্তৰ্ভুক্ত নকৰা অন্যান্য বিষয় কিছুমান। কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় সূচীত থকা বিষয়বোৰৰ ওপৰত আইন প্রণয়ন কৰাৰ একচেটিয়া ক্ষমতা উপভোগ কৰে। কোনো পৰিস্থিতিতেই ৰাজ্যিক চৰকাৰসমূহে এই বিষয়বোৰৰ ক্ষেত্ৰত আইন প্রণয়ন কৰিব নোৱাৰে। অৰ্থাৎ কেন্দ্ৰীয় সূচীৰ ক্ষেত্ৰত সংসদে অর্থাৎ কেন্দ্রীয় আইন সভাই সর্বেসর্বা।

ৰাজ্যিক সূচী (State Index) : ভাৰতীয় সংবিধানে ৰাজ্যবোৰৰ বাবে এখন ৰাজ্যিক সূচীৰ ব্যৱস্থা ৰাখিছে য’ত মুঠ ৬৬টা বিষয় অন্তর্ভুক্ত কৰা হৈছে। এই তালিকাভুক্ত উল্লেখযোগ্য বিষয়সমূহ হৈছে – আইন আৰু শৃংখলা, আৰক্ষী, কাৰাগাৰ, স্থানীয় প্রশাসন, কৃষি, জনস্বাস্থ্য, বনজ সম্পদ, বিশ্ববিদ্যালয়, পশু চিকিৎসা আৰু পশুপালন, পানী যোগান, জলসিঞ্চন, মীনক্ষেত্র, আভ্যন্তৰীণ ব্যৱসায়-বাণিজ্য, বস্তু উৎপাদন আৰু যোগান, হাট বজাৰ, বিধানমণ্ডলৰ সদস্য, অধ্যক্ষ উপাধ্যক্ষৰ দৰমহা, ৰাজ্যিক লোকসেৱা আয়োগ, ৰাজ্যৰ মন্ত্ৰী আৰু কৰ্মচাৰী বেতন, সঞ্চিত নিধিৰ পৰা দিবলগা দৰমহা, কৃষি আয়কৰ, ৰাজহৰ নিৰ্ধাৰণ আৰু সংগ্রহ, স্থানীয় কৰ, বিজুলী শক্তি, যানবাহন কৰ ইত্যাদি।

সংবিধানে প্ৰদান কৰা কৰ্তৃত্ব অনুসৰি ৰাজ্যৰ আইন সভাসমূহে ৰাজ্যিক সূচীৰ অন্তৰ্ভুক্ত বিষয়সমূহৰ ওপৰত আইন ৰচনা কৰিব পাৰে। অৱশ্যে কিছুমান বিশেষ পৰিস্থিতিত কেন্দ্ৰীয় আইনসভায়ো ৰাজ্যিক সূচীৰ অন্তৰ্ভুক্ত বিষয়ৰ ওপৰত আইন প্রণয়ন কৰিব পাৰে। সংবিধানৰ ২০০ নং অনুচ্ছেদ মতে ৰাজ্যিক বিধানমণ্ডলত গৃহীত হোৱা কোনো কোনো আইন ৰাজ্যপালে ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে পঠিয়াব পাৰে। ২০১ নং অনুচ্ছেদ অনুসৰি তেনে বিধেয়কত সন্মতি প্রদান কৰা বা নকৰাটো ৰাষ্ট্ৰপতিৰ বিবেচনাৰ ওপৰত নিৰ্ভৰশীল ৷ ৰাষ্ট্ৰপতিয়ে কোনো বিধেয়কত সন্মতি প্রদান নকৰি পুনৰ বিবেচনাৰ অৰ্থে ৰাজ্যিক বিধানমণ্ডললৈ ঘূৰাই পঠাব পাৰে। তেনেকৈ পঠোৱা বিধেয়কত ৰাজিক্য বিধানমণ্ডলে ৰাষ্ট্ৰপতিৰ নিৰ্দেশ কৰা মতে সংশোধন কৰি বা সংশোধন নকৰালৈয়ে গৃহীত কৰি পুনৰ ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে প্ৰেৰণ কৰিব লাগে ৷ তদুপৰি ৩০৪ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিৰ আগতীয়া অনুমোদন হ’লেহে ৰাজ্যিক বিধানমণ্ডলত বেহাবেপাৰ আৰু লেনদেন সম্পৰ্কীয় আইন প্রণয়নৰ উদ্দেশ্যে বিধেয়ক উত্থাপন কৰিব পাৰি।

সমৱৰ্তী সূচী (Current index) : সমৱৰ্তী সূচীৰ অন্তৰ্ভুক্ত কোনো বিষয়ত কেন্দ্রীয় বা ৰাজ্যিক আইন সভাই আইন প্রণয়ন কৰিব পাৰে। সংবিধান প্রণয়নৰ সময়ত সমৱৰ্তীসূচীত ৪৭টা বিষয় অন্তর্ভুক্ত কৰা হৈছিল যদিও পিছলৈ ইয়াৰ সংখ্যা ৫২ টা লৈ বৃদ্ধি কৰা হয় । এই বিষয়সমূহৰ উল্লেখযোগ্যবোৰ হ’ল – ফৌজদাৰী আইন, জন্ম মৃত্যুৰ হিচাপ, বিবাহ আৰু বিবাহ বিচ্ছেদ, মূল্য নিয়ন্ত্ৰণ, কাৰাবন্দী, ন্যাস আৰু ন্যাসৰক্ষকসকল, শিক্ষা, বৰ্ণানী, কৃষিভূমিৰ বাহিৰে আন সম্পত্তি হস্তান্তৰ, পুনৰ সংস্থাপন, গৰু, গছ-গছনি আদিৰ সংক্ৰামক ৰোগ, মূল্য নিয়ন্ত্ৰণ, আদালতৰ প্ৰতি অৱমাননা, আন্তঃৰাজ্যিক ব্যৱসায়, বাণিজ্য, সংবাদপত্ৰ আৰু ছপাশাল, সম্পত্তি অধিগ্রহণ, টিকট শুল্ক ইত্যাদি। সমৱৰ্তী সূচীৰ অন্তৰ্ভুক্ত বিষয়সমূহত কেন্দ্রীয় বা ৰাজ্যিক আইনসভাই আইন প্রণয়ন কৰিব পাৰে। কিন্তু সমৱৰ্তী সূচীভুক্ত কোনো বিষয় সম্পর্কে ৰাজ্যিক আইনসভা দ্বাৰা প্ৰণীত কোনো আইনৰ লগত যদি সংসদৰ দ্বাৰা প্ৰণয়ন কৰা কোনো আইনৰ বিৰোধ হয়, তেনেক্ষেত্ৰত সংসদৰ দ্বাৰা প্ৰণয়ন হোৱা আইনহে বলবৎ থাকিব।

কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচীৰ অন্তৰ্ভুক্ত নোহোৱা বিষয়সমূহক অৱশিষ্ট বিষয় বোলা হয়। এই অৱশিষ্ট বিষয়বোৰৰ ওপৰত আইন প্রণয়নৰ ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰা হৈছে। সেযেহে কেন্দ্ৰীয় চৰকাৰৰ হাতত থকা এই ক্ষমতাক অৱশিষ্ট ক্ষমতা (Residuary Powers) বোলা হয়। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজৰ আইন প্রণয়ন সম্পৰ্কে পর্যবেক্ষণ কৰিলে দেখা যায় কেন্দ্ৰীয় চৰকাৰে আইন প্রণয়নৰ ক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্যৰ সন্মতি অবিহনে বিশেষকৈ দুটা বিষয়ত আইন প্রণয়ন কৰিব নোৱাৰে। সেই বিষয় দুটা হ’ল – 

(ক) কোনো ৰাজ্যৰ নাম বা ৰাজ্যৰ ক্ষেত্ৰ পৰিবৰ্তনৰ কাৰণে। 

(খ) কোনো ৰাজ্যৰ ৰাজ্যক্ষেত্ৰ হস্তান্তৰৰ জৰিয়তে আন্তর্জাতিক চুক্তি বা সন্ধিৰ চৰ্ত পূৰণ কৰাৰ বাবে সংশ্লিষ্ট ৰাজ্যৰ বিনা সন্মতি সংসদে কোনো আইন প্রণয়ন কৰিব নোৱাৰে।

১৩৷ উত্তৰ ভাৰতৰ বেছিভাগ ৰাজ্য, যেনে ৰাজস্থান, মধ্যপ্রদেশ, উত্তৰ প্ৰদেশ আৰু বিহাৰত হিন্দী ভাষা কোৱা হয়। এই গোটেইকেইখন ৰাজ্য লগ লগাই এখন ৰাজ্য গঠন কৰিলে ই যুক্তৰাষ্ট্ৰীয় ধাৰণাৰ লগত খাপ খাবনে? যুক্তি দর্শোৱা। (Hindi is spoken in most of the states of North India like Rajasthan, Madhya Pradesh, Uttar Pradesh and Bihar. If all these states togethers from one state; will it fit the federal concept? Argue.)

উত্তৰঃ এই ধৰণে যুক্তৰাষ্ট্ৰ গঠন কৰিলে প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ লগত খাপ নাখাব । এখন প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত দুই ধৰণৰ ৰাজনৈতিক ব্যৱস্থা থাকে এখন হ’ল ৰাষ্ট্ৰীয় চৰকাৰ আনখন হ’ল ৰাজ্যিক চৰকাৰ। এই ব্যৱস্থাৰ দ্বাৰা বিভিন্নতাৰ মাজত একতা স্থাপন কৰিব পাৰি। যদি গোটেই কেইখন হিন্দী ভাষা কোৱা ৰাজ্য লগ লগাই এখন নতুন ৰাষ্ট্ৰ গঠন কৰা হয় ই যুক্তৰাষ্ট্ৰীয় চৰকাৰ নহ’ব ই এখন একাত্মক চৰকাৰলৈহে পৰিবৰ্তন হ’ব।

১৪। ৰাজ্য চৰকাৰতকৈ কেন্দ্ৰীয় চৰকাৰক অধিক ক্ষমতা প্ৰদান কৰা ভাৰতীয় সংবিধানৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা। (Mention four features of the Indian constitution which give more power to the central government than to the state government.)

উত্তৰঃ ৰাজ্য চৰকাৰতকৈ কেন্দ্ৰীয় চৰকাৰক অধিক ক্ষমতা প্ৰদান কৰা ভাৰতীয় সংবিধানৰ চাৰিটা বৈশিষ্ট্য হ’ল-

(ক) সংবিধানৰ কেন্দ্ৰীয় সুচীখনে ৰাষ্ট্ৰৰ অতি গুৰুত্বপূৰ্ণ বিষয়সমূহ সামৰি লৈছে আৰু এইবোৰে কেন্দ্ৰীয় চৰকাৰক অধিক শক্তিশালী কৰি গঢ়ি তুলিছে।

(খ) আইন প্রণয়নৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা বৃদ্ধিৰ প্ৰৱণতা পৰিলক্ষিত হয়। কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয়সূচীত থকা আৰু সূচীত নথকা বিষয়ৰ ওপৰত আইন প্রণয়ন কৰিব পাৰে।

(গ) সংবিধানৰ ২৫০ নং অনুচ্ছেদ মতে ৰাষ্ট্ৰপতিৰ দ্বাৰা ঘোষিত জৰুৰীকালীন অৱস্থাত ৰাজ্যিক সূচীভূক্ত যিকোনো বিষয়ৰ ওপৰত সংসদে আইন প্রণয়ন কৰিব পাৰে ৷

(ঘ) যদি ৰাজ্যপালে ৰাজ্যিক বিধানমণ্ডলৰ দ্বাৰা গৃহীত কোনো বিধেয়কত অনুমোদন নজনাই ৰাষ্ট্ৰপতিৰ মতামত জানিবৰ বাবে সংশ্লিষ্ট বিধেয়কখন ৰাষ্ট্ৰপতিৰ ওচৰলৈ পঠায়, তেতিয়াও ৰাজ্যৰ আইন প্রণয়নৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰাধান্য পৰিলক্ষিত হয় ।

১৫৷ ৰাজ্যপালৰ ভূমিকাৰ বাবে বহুতো ৰাজ্য অসন্তুষ্ট কিয়? (Why the largest states are displeased by the governor’s role?)

উত্তৰঃ ৰাজ্যপালৰ ভূমিকাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত মাজে সময়ে কাজিয়াৰ সূত্ৰপাত হোৱা দেখা যায়। কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পৰামৰ্শৰ মতে ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক নিযুক্তি দিয়ে আৰু তেওঁ কেন্দ্ৰীয় চৰকাৰৰ এজেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰে। গতিকে মাজে সময়ে ৰাজ্যপালে কেন্দ্ৰীয় চৰকাৰ আদেশ মতে ৰাজ্যৰ শাসন কাৰ্যত বাধাৰ সৃষ্টি কৰা দেখা যায় যাৰ ফলত ৰাজ্য চৰকাৰ ৰাজ্যপালৰ ওপৰত অসন্তুষ্ট হোৱা দেখা যায় ৷ সংবিধানৰ ৩৫৮ নং অনুচ্ছেদ প্ৰয়োগৰ ক্ষেত্ৰটো ৰাজ্যপালৰ ভূমিকাক সমালোচনা কৰা দেখা যায়। এই অনুচ্ছেদ প্রয়োগ কৰি ৰাজ্য চৰকাৰৰ বৰ্খাস্ত কৰি ৰাষ্ট্ৰপতিৰ শাসনকালত তেওঁ ৰাজ্যৰ সকলো ক্ষমতা নিজৰ হাতলৈ আনিব পাৰে৷ এইদৰে তেওঁ নিজৰ ক্ষমতাক অপব্যৱহাৰ কৰা দেখা যায়৷ ইয়াৰ ফলত ৰাজ্যিক চৰকাৰ ৰাজ্যপালৰ ওপৰত অসন্তুষ্ট হোৱা দেখা যায়।

১৬। অধিক স্বায়ত্তশাসনৰ বাবে ৰাজ্যবোৰে কি কি দাবী জনাইছে? (What are demands of the states for more autonomy?) 

উত্তৰঃ অধিক স্বায়ত্ত শাসনৰ বাবে ৰাজ্যবোৰে বিভিন্ন সময়ত বিভিন্ন দাবী জনাই আহিছে। ইয়াৰে ভিতৰত প্ৰধান কেইটামান হ’ল –

(ক) প্ৰাকৃতিক সম্পদৰ ওপৰত নিয়ন্ত্ৰণঃ উত্তৰ পূব ভাৰতৰ দৰে অঞ্চলত এই প্ৰশ্নটোৱে গুৰুত্ব পাইছে। উত্তৰ-পূব ভাৰতত জলসম্পদ, বনজ সম্পদ, কয়লা আৰু তৈল সম্পদত চহকী। এই সম্পদবোৰ কেন্দ্ৰীয় চৰকাৰে নিয়ন্ত্ৰণ কৰে। কিন্তু এনে সম্পদৰ নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰলৈ হস্তান্তৰ কৰাৰ দাবী উত্থাপন হৈ আহিছে।

(খ) ৰাজ্যসমূহলৈ অধিক ক্ষমতা হস্তান্তৰঃ ১৯৭০ চনৰ পৰাই এই দাবীটোৱে বিশেষ গুৰুত্ব লাভ কৰিছে। বিভিন্ন ৰাজ্যৰ বাওপন্থী দলসমূহে এনে দাবী উত্থাপনত বিশেষ ভূমিকা গ্ৰহণ কৰিছে।

(গ) স্বতন্ত্ৰ ৰাজহৰ উৎসৰ দাবীঃ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিকাশৰ কাৰ্যসূচী ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰৰ হাতত পৰ্যাপ্ত ধন নাই আৰু সেয়েহে কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহক সহায় কৰিব লাগে। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ উদাসীন মনোভাবৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত বহুবোৰ ৰাজনৈতিক দলে ৰাজ্য চৰকাৰৰ হাতলৈ স্বতন্ত্রভাবে ৰাজহ সংগ্ৰহৰ অধিক উৎস হস্তান্তৰৰ দাবী উত্থাপন কৰিছে।

(ঘ) ভাষিক আৰু সাংস্কৃতিক স্বায়ত্ততাঃ ভাৰতীয় সংবিধান সভাত ভাৰতবৰ্ষৰ বাবে কোনো ভাষাক চৰকাৰী আৰু জাতীয় ভাষা হিচাপে স্বীকৃত দিয়া হয় সেই প্রশ্নক কেন্দ্ৰ কৰি যথেষ্ট সমালোচনা হৈছিল। পিছত হিন্দী ভাষাক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰাত পৰৱৰ্তী সময়ত ইয়াৰ বিৰুদ্ধে বহুতো ৰাজ্যই সমালোচনা কৰিছে।

(ঙ) ৰাজ্যৰ ভিতৰতে ক্রমবর্ধিত স্বায়ত্ততাৰ দাবীঃ ভাৰতীয় যুক্তৰাষ্ট্ৰবাদৰ আলোচনাত সাধাৰণতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজৰ সম্পৰ্কই প্রাধান্য পায়। ক্ষমতা বিতৰণ অথবা স্বায়ত্ততাৰ প্ৰশ্নটো কেন্দ্ৰ আৰু ৰাজ্যৰ মাজতে সীমাবদ্ধতা হৈ ৰোৱা নাই ৷ ৰাজ্যৰ ভিতৰতে বহুবোৰ নৃগোষ্ঠীয়ে স্বায়ত্ত শাসনৰ দাবী কৰিছে।

১৭৷ ভাৰতৰ অযুক্তৰাষ্ট্ৰীয় বা একাত্মক বৈশিষ্ট্যবোৰ লিখা। (Write the non-state or unitary features of India.) 

উত্তৰঃ ভাৰতীয় সংবিধানত বহুতো অযুক্তৰাষ্ট্ৰীয় বা একাত্মক বৈশিষ্ট্য পৰিলক্ষিত হয়। সেইবোৰ হ’ল—

(ক) এক নাগৰিকত্বঃ ভাৰতীয় সংবিধনে এক নাগৰিকত্বৰ ব্যৱস্থা কৰিছে ৷ ভাৰতৰ সকলো মানুহ ভাৰতৰ নাগৰিক

(খ) ৰাজ্যপালৰ নিযুক্তিঃ সংবিধান অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক নিযুক্তি দিয়ে ৷ ৰাজ্যপালে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰে। কিন্তু প্রকৃত যুক্তৰাষ্ট্ৰত ৰাজ্যৰ মুৰব্বীসকলক ৰাজ্যৰ জনসাধাৰণে নিৰ্বাচিত কৰে।

(গ) উচ্চসদনত অসমান প্রতিনিধিত্বঃ প্রকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত সৰু-বৰ সকলো ৰাজ্যৰে উচ্চসদনত সমান প্রতিনিধি থাকে। কিন্তু ভাৰতবৰ্ষত উচ্চসদন ৰাজ্যসভাত ৰাজ্যসমূহৰ সম প্রতিনিধিত্ব নাই ।

(ঘ) জৰুৰীকালীন অৱস্থাঃ জৰুৰীকালীন অৱস্থা ঘোষিত হ’লে ভাৰতবৰ্ষ একাত্মক ৰাষ্ট্ৰৰ পৰিণত হয়। এই অৱস্থাত ৰাজ্যচৰকাৰৰ প্ৰশাসন সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ যায়। 

(ঙ) শক্তিশালী কেন্দ্ৰীয় চৰকাৰঃ ভাৰতীয় সংবিধানে কেন্দ্ৰীয় চৰকাৰক অধিক শক্তিশালী কৰি তুলিছে৷ অৱশিষ্ট ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰিছে।

(চ) ৰাজ্যসমূহৰ সীমা আৰু নাম পৰিৱৰ্তনঃ প্রকৃত যুক্তৰাষ্ট্ৰত ৰাজ্যসমূহৰ সীমা বা নাম কেন্দ্ৰীয় চৰকাৰে সলনি কৰিব নোৱাৰে। কিন্তু ভাৰতবৰ্ষত সংসদে অতি সহজে কোনো এখন ৰাজ্যৰ নাম, বা সীমা পৰিৱৰ্তন কৰিব পাৰে।

১৮। ৰাষ্ট্ৰপতি শাসন কি? কি পৰিস্থিতিত ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰা হয়? (What is presidential rule?Under what circumstances was presidential rule declared.) 

উত্তৰঃ কোনো ৰাজ্যৰ সাংবিধানিক শাসন ব্যৱস্থাত অচল পৰিস্থিতিৰ উদ্ভৱ হ’লে অথবা সাংবিধানিকভাৱে চৰকাৰ চলিব নোৱাৰা অৱস্থাৰ উদ্ভৱ হোৱা বুলি ৰাজ্যপালৰ পৰা লিখিত প্রতিবেদন পালে ৰাষ্ট্ৰপতিয়ে সংবিধানৰ ৩৫৬ নং অনুচ্ছেদ অনুসৰি ৰাজ্যত জৰুৰী অৱস্থা ঘোষণা কৰি ৰাজ্যৰ শাসন সংক্রান্ত সকলো ক্ষমতা নিজৰ হাতলৈ আনিব পাৰে। ইয়াকে ‘ৰাষ্ট্ৰপতিশাসন’ বুলি জনা যায়।

কেন্দ্ৰীয় বিষয়সমূহৰ প্ৰশাসনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক দিয়া নিৰ্দেশ ৰাজ্য চৰকাৰে অমান্য কৰিলেও ৰাষ্ট্ৰপতিয়ে এই বিধ জৰুৰী অৱস্থা বা ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব পাৰে ।

১৯৷ একাত্মক আৰুযুক্তৰাষ্ট্ৰীয় চৰকাৰৰ মাজৰ পাঁচটা পাৰ্থক্য লিখা ৷ (Write five differences between unitary and federal government.)

উত্তৰঃ একাত্মক আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ মাজৰ পাঁচটা পার্থক্য হ’লঃ 

(ক) একাত্মক আৰু যুক্তৰাষ্ট্ৰৰ মাজত মৌলিক পার্থক্য হ’ল ক্ষমতা বিভাজন নীতি। একাত্মক চৰকাৰৰ সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত ন্যস্ত থাকে ৷ আনহাতে যুক্তৰাষ্ট্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ সাংবিধানিক বিভাজন থাকে। 

(খ) একাত্মক চৰকাৰত মাত্ৰ এখন চৰকাৰ থাকে৷ কেন্দ্ৰীয় চৰকাৰেই সমগ্ৰ ৰাষ্ট্ৰখন শাসন কৰে। আনহাতে যুক্তৰাষ্ট্ৰত দুই ধৰণৰ চৰকাৰ থাকে। সমগ্ৰ ৰাষ্ট্ৰৰ বাবে এখন জাতীয় বা কেন্দ্ৰীয় চৰকাৰ আৰু অংগ ৰাজ্যসমূহৰ বাবে ৰাজ্যিক চৰকাৰ ৷

(গ) একাত্মক চৰকাৰত সংবিধান লিখিত বা অলিখিত হ’ব পাৰে। যুক্তৰাষ্ট্ৰীয় চৰকাৰত সংবিধান লিখিত হ’বই লাগিব ।

(ঘ) একাত্মক চৰকাৰত সংবিধান নমনীয় হয়। কিন্তু যুক্তৰাষ্ট্ৰীয় চৰকাৰত সংবিধান অনমনীয় হয়।

২০। যুক্তৰাষ্ট্ৰৰ বাবে ন্যায়পালিকাৰ স্বাধীনতা অপৰিহাৰ্য হয় নে? (Is independence of the judiciary essential for the United States.)

উত্তৰঃ যুক্তৰাষ্ট্ৰৰ বাবে ন্যায়পালিকাৰ স্বাধীনতা অপৰিহাৰ্য। যুক্তৰাষ্ট্ৰত ন্যায়পালিকাই সংবিধানৰ ৰক্ষক হিচাবে কাম কৰে। ন্যায়পালিকাৰ স্বাধীনতা অবিহনে যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা সফল হ’ব নোৱাৰে ৷ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত বিবাদৰ সৃষ্টি হলে ন্যায়পালিকাই মীমাংসা কৰে৷

২১। যুক্তৰাষ্ট্ৰবাদ মানে কি? যুক্তৰাষ্ট্ৰবাদৰ গুণ আৰু দোষ আলোচনা কৰা ৷ (What does federalism mean? Discuss the merits and demerits of federalism.)

উত্তৰঃ যুক্তৰাষ্ট্ৰবাদ এনে এক শাসন পদ্ধতি য’ত দুই ধৰণৰ চৰকাৰ থাকে। কেন্দ্ৰীয় স্তৰত এখন চৰকাৰ থাকে৷ আনহাতে ৰাজ্যিক স্তৰত ৰাজ্য চৰকাৰবোৰ থাকে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰবোৰে নিজৰ সাংবিধানিক পৰিসৰৰ ভিতৰত স্বাধীনভাৱে কাৰ্য কৰে।

যুক্তৰাষ্ট্ৰবাদৰ গুণঃ

(ক) বৈচিত্র্যতাৰ মাজত একতা স্থাপন কৰা হয়। সৰু সৰু ৰাজ্যবোৰক একত্ৰিত কৰি এখন যুক্তৰাষ্ট্ৰ গঠন হয় বাবে এই চৰকাৰত একতা আৰু শক্তি বৃদ্ধি পায় ৷

(খ) বৃহৎ ৰাষ্ট্ৰৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰ উপযোগী। বৃহৎ আকাৰৰ ৰাষ্ট্ৰ য’ত নানা ভাষাভাষী, সংস্কৃতি, ধৰ্মৰ লোক বাস কৰে তেনে ৰাষ্ট্ৰৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰ উপযোগী হয়। 

(গ) যুক্তৰাষ্ট্ৰীয় চৰকাৰত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰা হয়, ফলত অধিক সংখ্যকে শাসন কাৰ্যত অংশ গ্ৰহণৰ সুবিধা পায়।

(ঘ) কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰবোৰৰ মাজত ক্ষমতাৰ বিভাজন থকা বাবে কেন্দ্রীয় চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ সম্ভাৱনা নাথাকে ।

যুক্তৰাষ্ট্ৰবাদৰ দোষঃ

(ক) জাতীয় সংহতি অটুট ৰাখিবলৈ অসুবিধা হয়।

(খ) জৰুৰী অৱস্থাৰ সময়ত দ্রুত সিদ্ধান্ত ল’ব নোৱাৰে ফলত এই চৰকাৰ দুৰ্বল হয়। 

(গ)এই চৰকাৰ ব্যয় বহুল। দুহ ধৰণৰ চৰকাৰ থকা বাবে খৰচৰ মাত্ৰা বাঢ়ি যায়।

(ঘ) কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ আৰু ৰাজ্য চৰকাৰবোৰৰ মাজত সংঘাত আৰু বিৰোধৰ আশংকা থাকে।

২২৷ ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰ শক্তিশালী হোৱাৰ কাৰণ সমূহ উল্লেখ কৰা। (Mention the reasons why the central government is strong in the Indian federal system.)

উত্তৰঃ ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰ শক্তিশালী হোৱাৰ কাৰণ সমূহ হ’লঃ 

(ক) ৰাজ্যবোৰৰ অস্তিত্ব আৰু ভৌগোলিক অখণ্ডতা কেন্দ্ৰীয় সংসদে নিয়ন্ত্ৰণ কৰে। কেন্দ্ৰীয় সংসদে কোনো ৰাজ্যৰ নাম আৰু সীমা সাল-সলনি কৰিব পাৰে।

(খ) সংবিধানত থকা জৰুৰীকালীন ব্যৱস্থাই কেন্দ্ৰীয় চৰকাৰক শক্তিশালী কৰিছে। জৰুৰীকালীন অৱস্থা ঘোষণা হ’লে সমগ্ৰ ৰাষ্ট্ৰৰ শাসন কেন্দ্ৰীয় চৰকাৰে পৰিচালনা কৰে ৷

(গ) কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ ক্ষমতা আৰু দায়িত্ব লাভ কৰিছে। ৰাজহৰ প্ৰধান উৎসসমূহ কেন্দ্ৰীয় চৰকাৰৰ হাতত ন্যস্ত আছে। ফলত ৰাজ্য চৰকাৰবোৰ অৰ্থনৈতিকভাৱে দুৰ্বল। ৰাজ্যবোৰে প্ৰধানকৈ কেন্দ্ৰীয় চৰকাৰৰ অনুদান আৰু সাহায্যৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় ৷

(ঘ) কেন্দ্ৰীয় সংসদে ৰাজ্যিক সূচীৰ বিষয়তো প্রয়োজন সাপেক্ষে আইন প্রণয়ন কৰিব পাৰে। ৰাজ্য সভাই সন্মতি জনালে কেন্দ্রীয় সংসদে এনে আইন প্রণয়ন কৰিব পাৰে। 

২৩। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সংঘাত সৃষ্টি হোৱাৰ চাৰিটা কাৰণ উল্লেখ কৰা। (Mention four reasons for the conflict between the central government and the state government.)

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সংঘাত সৃষ্টি হোৱাৰ চাৰিটা কাৰণ তলত উল্লেখ কৰা হলঃ

(ক) কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ আইন শৃংখলা ব্যৱস্থাত হস্তক্ষেপ কৰাত ৰাজ্যিক চৰকাৰৰ সৈতে সংঘাত সৃষ্টি হয়। ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি ৰক্ষা কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত অযথা হস্তক্ষেপ কৰা বুলি ৰাজ্যসমূহে সদায়ে অভিযোগ কৰি আহিছে।

(খ) ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰি ৰাজ্যিক চৰকাৰ বৰ্খাস্ত কৰাৰ ফলতো কেন্দ্ৰ আৰু ৰাজ্যৰ সংঘাত হৈছে।

(গ) সংবিধানে ৰাজ্যবিলাকৰ তুলনাত কেন্দ্ৰীয় চৰকাৰক অধিক আয়ৰ অধিকাৰ দিছে। আনহাতে ৰাজ্য চৰকাৰসমূহে অধিক মাত্ৰাত উন্নয়নমূলক কাম-কাজ কৰিব লগা হোৱাত আৰ্থিক নাটনিৰ সন্মুখীন হৈছে।

(ঘ) অৱশিষ্ট ক্ষমতাসমূহ ৰাজ্য চৰকাৰৰ হাতত নথকাটো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সংঘাতৰ এটা কাৰণ৷

২৪। আইনী আৰু প্ৰশাসনিক পদ্ধতিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত পাৰ্থক্যৰ বিষয়ে আলোচনা কৰা ৷ (Discuss the differences between the Central and State Government in of Legislative and Administrative procedure.) 

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত পাৰ্থক্য হ’ল-

(ক) কেন্দ্ৰীয় চৰকাৰ ইউনিয়ন তালিকা বিষয়লৈ আইন কৰে য’ত ৰাজ্য তালিকা হিচাপত ৰাজ্য তালিকা বিষয় আইন প্রণয়ন হয়। একে যোগত তালিকাৰ বিষয়ত উভয়ই আইন প্রণয়ন কৰিব পাৰে ৷ কিন্তু বিৰোধৰ ক্ষেত্ৰত এইটো কেন্দ্ৰীয় চৰকাৰ আইন প্ৰচলিত হ’বলগা হৈছে।

(খ) কেন্দ্ৰত আমাৰ ৰাষ্ট্ৰৰ কাৰ্যনিৰ্বাহী প্রধান হিচাপে ৰাষ্ট্ৰপতি আৰু ৰাজ্যত এজন নির্বাহী প্ৰধান হিচাপে ৰাজ্যপাল থাকে।

(গ) কেন্দ্ৰত অ্যাটনি জেনাৰেল আছে আৰু ৰাজ্যত এডভোকেট জেনাৰেল আছে। 

(ঘ) কেন্দ্ৰ আইন প্রয়োগৰ বিষয়টো ভাৰতৰ সমগ্ৰ অংশত বিস্তৃত য’ত ৰাষ্ট্ৰীয় আইন কেৱল সেই ৰাজ্যৰ সীমানাত সীমাবদ্ধ ।

(ঙ) এম পি. নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে এজন প্ৰাৰ্থীক সেই নির্বাচন কেন্দ্র বা সেই ৰাজ্যৰ অন্তৰ্ভুক্ত থাকিব নালাগে, তেওঁ দেশৰ যি কোন ঠাইত থাকিব পাৰে, য’ত এম. এল’ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে, এজন প্ৰাৰ্থীক কেৱল সেই ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হয়।

২৫। ভাৰত এখন ৰাজ্য নে? তোমাৰ উত্তৰ দৰ্শোৱা? (Is India a Federal State? Justify your answer.) 

উত্তৰঃ ভাৰত ফেডাৰেল দেশ তাৰ কাৰণসমূহ হ’ল – চৰকাৰসমূহৰ স্তৰ আছে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু স্থানীয় চৰকাৰ। প্ৰত্যেকটো স্তৰৰ চৰকাৰী অঞ্চল একই অঞ্চলে পৰিচালনা কৰে কিন্তু প্রশাসন, কৰ আদায় আৰু আইন সংক্রান্ত বিষয়েও তেওঁলোকৰ নিজস্ব এখতিয়াৰ আছে। প্রতিটি স্তৰৰ চৰকাৰ দেশৰ সংবিধানৰ পৰা তাৰ ক্ষমতা গ্ৰহণ কৰে । সুতৰাং কেন্দ্ৰীয় চৰকাৰ সহজতেই ৰাজ্য বা স্থানীয় চৰকাৰবোৰৰ ক্ষমতাক হ্ৰাস কৰিব নোৱাৰে।

সংবিধানৰ মৌলিক নীতিসমূহ আৰু জনগণক যি অধিকাৰ দিয়া হৈছে সেয়া চৰকাৰৰ এক মাত্ৰাত পৰিবৰ্তন নহয়। ইয়াত উভয় স্তৰত চৰকাৰৰ সন্মতিৰ প্ৰয়োজন । চৰকাৰৰ উভয় স্তৰই দেশৰ সংবিধানৰ গাইড লাইন অনুসৰি জনগণৰ পৰা কৰ আদায় কৰিব পাৰে। ভাৰতীয় সংবিধানত তিনিটা তালিকা আছে যাৰ মাজত এনে এক বিষয় আছে য’ত ইউনিয়ন আৰু ৰাজ্য চৰকাৰ আইন তৈয়াৰ কৰিব পাৰে। কেৱল কেন্দ্ৰীয় চৰকাৰ ইউনিয়ন তালিকাত আৰু ৰাজ্য তালিকাত ৰাজ্য চৰকাৰ আইন তৈয়াৰ কৰে ৷

ভাৰত এখন বহু ভাষা, ধৰ্ম আৰু অঞ্চল লৈ গঠিত এটা দেশ। দীৰ্ঘ আৰু বেদনাদায়ক বিভাজনৰ পাছত স্বাধীন জাতি, ভাৰতক অঞ্চলসমূহৰ এটা ইউনিয়ন হিচাপে ঘোষণা কৰা হয়। আইন শৃংখলা ফেডাৰালিজমৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে।

২৬। বেচৰকাৰী সংস্থাৰ দুটা বৈশিষ্ট্য লিখা। (Write two characteristics of a private organization.) 

উত্তৰঃ বে-চৰকাৰী সংস্থাৰ বৈশিষ্ট্য দুটা হ’ল – 

(ক) বে-চৰকাৰী সংস্থাক কোনো ৰাজনৈতিক দল বুলি অভিহিত কৰিব নোৱাৰি ই এটা অৰাজনৈতিক সংস্থা।

(খ) এই অনুষ্ঠানটো কোনো ব্যক্তিগত লাভালাভৰ কাৰণে গঠিত নহয় ৷ ই ৰাজহুৱা কামৰ কাৰণে গঠিত হয় ৷

২৭৷ চৰকাৰী আৰু বে-চৰকাৰী সংস্থাৰ দুটা পার্থক্য লিখা। (Write two differences between public and private organization.)

উত্তৰঃ চৰকাৰী আৰু বে-চৰাকৰী সংস্থাৰ দুটা পার্থক্য হ’ল

(ক) বে-চৰকাৰী সংস্থাবিলাকে স্বতন্ত্রভাৱে বিভিন্ন আঁচনি ৰূপায়ণ কৰিব পাৰে। কিন্তু চৰকাৰী সংস্থাবিলাকে বিভিন্ন পক্ষৰ লগত বহু আলোচনা-বিলোচনাৰ পিছতহে কাম সম্পাদন কৰিব পাৰে।

(খ) বে-চৰকাৰী সংস্থাবিলাকে ইয়াৰ আঁচনি ৰূপায়ণ কৰোতে চৰকাৰী সংস্থাৰ লগত সম্পৰ্ক ৰাখিহে সম্পাদন কৰে। কিন্তু চৰকাৰী সংস্থাবিলাকে বে-চৰকাৰী সংস্থাৰ লগত কোনো সম্পৰ্ক নৰখাকৈ নিজ কার্য সম্পাদন কৰিব পাৰে৷

২৮। জিলা পৰিষদৰ পুঁজিৰ বিভিন্ন ধৰণৰ উৎসৰ বিষয়ে লিখা। (Write about the different sources of capital of the Zila Parisad.

উত্তৰঃ জিলা পৰিষদৰ পুঁজিৰ উৎসবোৰ হ’ল—

(ক) ৰাজ্যিক চৰকাৰে জিলা পৰিষদলৈ অনুদান দিব পাৰে ৷

(খ) জিলা পৰিষদে ইয়াৰ বিভিন্ন উন্নয়নমূলক কামৰ কাৰণে চৰকাৰৰ পৰা ঋণ লব পাৰে ৷ 

(গ) মাটিৰ খাজনা নাইবা জিলা পৰিষদৰ আন সা-সম্পত্তিৰ পৰা লাভ কৰা ধন।

(ঘ) জৰিমনাৰ পৰা লাভ কৰা ধন।

(ঙ) সুত আৰু জিলা পৰিষদে পৰিচালনা কৰা ব্যৱসায় আদিৰ পৰা পোৱা লাভালাভ ৷

২৯। ১৯৯৪ চনৰ অসম পঞ্চায়ত আইনৰ অধীনত গাঁও পঞ্চায়তৰ গঠনৰ বিষয়ে লিখা। (Write about the formation of Gaon Panchayat under the Assam Panchayat Act, 1994.)

উত্তৰঃ ১৯৯৪ চনত অসমৰ পঞ্চায়ত আইনৰ অধীনত গাঁও বিলাকত পঞ্চায়ত গঠনৰ বিধান কৰিছে। ১৯৯৪ চনৰ পঞ্চায়ত আইন অনুসৰি গাঁও পঞ্চায়তৰ মুঠ সদস্যৰ সংখ্যা ১০ জন। এই ১০ জন সদস্যক প্রত্যেকটো গাঁও এলেকাৰ আঞ্চলিক সমষ্টিৰ পৰা ভোটৰসকলে প্ৰত্যক্ষভাৱে নির্বাচিত কৰিব পাৰে। এই ১০ খন আসনৰ ভিতৰত তিনিভাগৰ এক অংশ আসন মহিলা প্ৰাৰ্থীৰ কাৰণে সংৰক্ষিত কৰি ৰাখিব লাগে। তদুপৰি অনুসূচীত জাতি আৰু জনজাতি লোকৰ কাৰণেও তেওঁলোকৰ জনসংখ্যা অনুপাতে সংৰক্ষণ কৰিব লাগে ৷

৩০। ১৯৯৪ চনৰ অসম পঞ্চায়ত আইনৰ অধীনত গাঁও পঞ্চায়তৰ ক্ষমতাৰ বিষয়ে লিখা। (Write about the powers of Gaon Panchayat under the Assam Panchayat Act, 1994.)

উত্তৰঃ ১৯৯৪ চনত অসম পঞ্চায়ত আইনখনে গাঁও পঞ্চায়তৰ হাতত কেতবোৰ ক্ষমতা ন্যস্ত কৰিছে—

(ক) গাঁও পঞ্চায়তে উপবিধি প্রণয়ন কৰিব পাৰে। 

(খ) গাঁও পঞ্চায়তে বছৰেকীয়া বাজেত প্ৰস্তুত কৰিব পৰা ক্ষমতা আছে। 

(গ) গাঁও পঞ্চায়তে কৰ আৰোপ আৰু সংগ্ৰহ কৰিব পাৰে।

(ঘ) বছৰেকীয়া উন্নয়নমূলক আঁচনি প্ৰস্তুত কৰিব পাৰে ৷ 

(ঙ) বিভিন্ন স্থায়ী সমিতি গঠন কৰাৰ ক্ষমতাও পঞ্চায়তৰ হাতত ন্যস্ত কৰিছে।

৩১। ১৯৯৪ চনৰ অসম পঞ্চায়ত আইনৰ অধীনত জিলা পৰিষদৰ কাৰ্যাৱলীৰ বিষয়ে লিখা। (Write about the functions of Zila Parishad under the Assam Panchayat Act, 1994.)

উত্তৰঃ জিলা পৰিষদৰ এক নিৰ্ধাৰিত কাৰ্যকাল আছে। ১৯৯৪ চনৰ পঞ্চায়ত আইন অনুসৰি জিলা পৰিষদৰ কাৰ্যকাল ৫ বছৰ। ১৯৯৪ চনৰ পঞ্চায়ত ৰাজ আইন অনুসৰি জিলা পৰিষদে তলত দিয়া কাম বিলাক সম্পাদন কৰিব পাৰে—

১। কৃষি উন্নয়নঃ

(ক) কৃষি পাম প্ৰতিষ্ঠা কৰা ৷

(খ) ভঁৰাল ঘৰ নিৰ্মাণ কৰা ।

(গ) কৃষক প্রশিক্ষণ দিয়া ।

২। শিল্প উদ্যোগ স্থাপনঃ

(ক) উদ্যোগকৰণৰ ব্যৱস্থা কৰা ৷ 

(খ) উৎপাদিত সামগ্রী বিক্ৰী কৰা।

৩। সামাজিক বনানীকৰণঃ

(ক) বৃক্ষৰোপণ ৷

(খ) গছ সংৰক্ষণ।

(গ) সামাজিকীকৰণ ৷

৪। পশু উন্নয়নঃ

(ক) পশু চিকিৎসাৰ ব্যৱস্থা কৰা ৷

(খ) হাঁহ, কুকুৰা পালন।

(গ) ছাগলী, গাহৰি আদি পালন ।

৫। শিক্ষাঃ

(ক) প্ৰাথমিক আৰু মাধ্যমিক স্কুল পৰিচালনা কৰা ৷

(খ) প্রাপ্তবয়স্ক শিক্ষা আঁচনি কাৰ্যকৰী কৰা ।

(গ) ল’ৰা-ছোৱালীৰ কাৰণে আশ্রম প্রতিষ্ঠা কৰা ৷

৩২। চৰকাৰী আঁচনিত মহিলাৰ অংশগ্ৰহণৰ অসুবিধাসমূহ লিখা। (Write down the disadvantages of women’s participation in government schemes.)

উত্তৰঃ চৰকাৰী আঁচনিত মহিলাৰ অংশগ্ৰহণৰ অসুবিধাসমূহ হ’ল-

(ক) জনসাধাৰণ শিক্ষিত নোহোৱাত গ্ৰামোন্নয়ন আঁচনিবিলাক কাৰ্যকৰী কৰাত অসুবিধা আছে। 

(খ) গাঁওৰ বহুতো লোকে দুবেলা দুসাজ খোৱাৰ চিন্তাত থকাৰ কাৰণে তেওঁলোকে চৰকাৰী আঁচনিত সহযোগ কৰিব নোৱাৰে। সেই অনুপাতে গাঁওৰ কিছুমান ধনী লোকে গাঁওৰ দুখীয়া লোকৰ অজ্ঞতাৰ সুযোগ লৈ চৰকাৰী বিভিন্ন আঁচনিৰ সুবিধা ভোগ কৰে৷

(গ) গাঁওৰ বহুতো লোক বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে অৱগত নহয়, এইক্ষেত্ৰত চৰকাৰে জনসাধাৰণক সহায় কৰিবৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা দেখা নাযায়।

(ঘ) গাঁও পঞ্চায়তৰ সদস্যসকলে আজিকালি প্রায় দলীয় ভিত্তিতহে কাম-কাজ কৰা দেখা যায়৷ ইয়াৰ ফলত যিবিলাক দলীয় সমর্থক তেওঁলোকে চৰকাৰী আঁচনিৰ সা-সুবিধা লাভ কৰে।

(ঙ) চৰকাৰৰ বিভিন্ন আঁচনি প্রায় একপক্ষীয়, এই আঁচনি বিলাকৰ যোগেদি নিদিষ্ট লক্ষ্য সাধনৰ ওপৰতহে গুৰুত্ব দিয়ে। প্রকৃততে মহিলা সকল উপকৃত হৈছেনে নাই তাৰ প্ৰতি গুৰুত্ব নিদিয়ে।

৩৩। ১৯৯৪ চনৰ অসম পঞ্চায়ত আইনৰ অধীনত জিলা পৰিষদৰ ক্ষমতাৰ বিষয়ে লিখা। (Write about the powers of Zila Parishad under the Assam Panchyat Act, 1994.)

উত্তৰঃ ১৯৯৪ চনত অসমৰ পঞ্চায়ত আইনত অধীনত জিলা পৰিষদৰ হাতত বিভিন্ন ক্ষমতা ন্যস্ত কৰিছে।

(ক) জিলা পৰিষদে কৰ আৰোপ সংগ্ৰহ কৰিব পাৰে।

(খ) ই মাচুল সংগ্ৰহ কৰিব পাৰে।

(গ) জিলা পৰিষদে লাইচেঞ্চ দিব পাৰে।

(ঘ) মাটি অধিগ্রহণ বা বিক্ৰী কৰিব পাৰে ৷

(ঙ) জিলা পৰিষদে জৰিমণা আৰোপ কৰিব পাৰে।

(চ) জিলা পৰিষদৰ আন এটা ক্ষমতা হ’ল যে ই ঋণ ল’ব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top