Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি

Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Question Answer can be of great value to excel in the examination.

Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি

Join Telegram channel

Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Notes cover all the exercise questions in UGC Syllabus. The Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

(ট) নতুন নতুন আঞ্চলিক আৰু সাম্প্রদায়িক দলৰ উৎপত্তিঃ ভাৰতৰ দলীয় ব্যৱস্থাৰ এক সৰ্ববৃহৎ আসোঁৱাহ ৷ আঞ্চলিক দলবিলাকে দেশৰ স্বাৰ্থ আওকাণ কৰি স্থানীয় বা আঞ্চলিক স্বাৰ্থক অধিক গুৰুত্ব দিয়ে। তদুপৰি সাম্প্ৰদায়িক দলবিলাকে ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰাৰ লগে লগে বিভাজনৰ সূত্ৰপাত হৈছে।

৫৫। ভাৰতীয় দলীয় ব্যৱস্থাৰ সাম্প্ৰতিক ধাৰা সম্পর্কে আলোচনা কৰা। (Discuss about the recent trends in Indian Party System.) 

উত্তৰঃ ২০১৪ বৰ্ষৰ মাজভাগৰ পৰা ভাৰতৰ ৰাজনৈতিক দলীয় ব্যৱস্থাত কেতবোৰ নতুন নতুন দিশ তথা ধাৰাৰ উন্মেষণ ঘটিছে। ২০১৪ চনৰ এপ্ৰিল-মে’ মাহত অনুষ্ঠিত হোৱা ষষ্ঠদশ

লোকসভা নিৰ্বাচনৰ পৰা ভাৰতৰ দলীয় ৰাজনীতিত কংগ্ৰেছ, চি পি আই, (C.P.I), চি পি এম, (C.P.M), বহুজন সমাজবাদী দল (B.S.P), আৰু অনান্য কেতবোৰ ৰাজনৈতিক দলৰ জনপ্ৰিয়তা আৰু শক্তিৰ বৃহৎ অৱনতিৰে এক নতুন দিশৰ সূচনা কৰিছে। উক্ত নিৰ্বাচনত কেন্দ্ৰ আৰু বহুকেইখন ৰাজ্যতে ক্ষমতা দখলেৰে ভাৰতীয় জনতা দলে ভাৰতীয় ৰাজনীতিত এক শক্তিশালী ভূমিকাত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে। 

উল্লেখ্য যে ষষ্ঠদশ লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত প্ৰায়বিলাক ৰাজনৈতিক দলেই এই বুলি মত পোষণ কৰিছিল এই নিৰ্বাচনত কোনো দলেই নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ’ব আৰু এক মৰ্চা চৰকাৰ কেন্দ্ৰত গঠিত হ’ব, কিন্তু ৰাজনৈতিক দলবিলাকে ভবাৰ দৰে মৰ্চা ৰাজনীতিৰ সূত্ৰপাত নঘটিল, বৰঞ্চ লোকসভাৰ ৫৪৩ খন আসনৰ ভিতৰত ২৮২ খন আসন লাভেৰে ভাৰতীয় জনতা দলে একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হ’ল এনেধৰণৰ ফলাফলে ভাৰতৰ বহুদলীয় ৰাজনৈতিক ব্যৱস্থাৰ নিম্নোক্ত সম্প্ৰতিক প্ৰৱণতাসমূহক সূচিত কৰে।

(ক) ভাৰতৰ দলীয় ৰাজনীতিত ভাৰতীয় জনতা দলৰ এক সবল স্থিতি।

(খ) এক স্পষ্ট আৰু বৃহৎ সংখ্যাগৰিষ্ঠতাৰ সমৰ্থনেৰে কেন্দ্ৰত চৰকাৰ গঠন ৷

(গ) সংযুক্ত চৰকাৰ গঠনঃ ভাৰতৰ দলীয় ৰাজনীতিত চৰকাৰ গঠন অবিৰত ধাৰা যদিও ষষ্ঠদশ লোকসভা নির্বাচনৰ পিছৰ পৰা ভাৰতৰ মৰ্চা ৰাজনীতিৰ ধাৰা কিছু পৃথক ৰূপত পৰিলক্ষিত হৈছে, উক্ত নিৰ্বাচনৰ পিছৰ পৰা কেন্দ্ৰত বি.জে.পি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা (National Democratic Alliance) ৰ চৰকাৰ গঠন হৈছে যদিও বি.জে.পিয়ে উক্ত নিৰ্বাচনত আৰু ২০১৯ চনৰ সপ্তদশ লোকসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠ দলৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে।

(ঘ) কংগ্ৰেছ দলৰ দুৰ্বল স্থিতিঃ লোকসভা আৰু কেতবোৰ ৰাজ্যৰ ৰাজ্যিক বিধানমণ্ডলৰ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দল ২০১৪ চনৰ লোকসভা নিৰ্বাচনত এক দুৰ্বল দল হিচাপে পৰিগণিত হ’ল। এনে এক প্রেক্ষাপটত অন্যান্য ৰাজনৈতিক দলবিলাকৰ লগত কংগ্ৰেছ দলৰ জোটবন্ধন অধিক শক্তিশালী আৰু সুৰক্ষিতকৰণৰ হকে কংগ্ৰেছ দলৰ আভ্যন্তৰীণ সাংগঠনিক গাঁঠ পুনঃ সংগঠিত কৰাৰ নিতান্তই প্ৰয়োজনীয়তা আছে। 

(ঙ) স্বীকৃতিপ্রাপ্ত বিৰোধীদলৰ স্থিতিৰ অৱলুপ্তিঃ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে লোকসভাত স্বীকৃতি প্রাপ্ত বিৰোধী দলৰ মৰ্যাদা হেৰুৱাবলগীয়া পৰিস্থিতিৰ উপক্ৰম হৈছে। বিৰোধী দলৰ মর্যাদা লাভ কৰিবলৈ আৱশ্যকীয় আসন কংগ্ৰেছ দলে লাভ কৰিবলৈ অপাৰগ হোৱাৰ প্রেক্ষাপটতে লোকসভাৰ অধ্যক্ষই কংগ্ৰেছ দলক বিৰোধী দলৰ স্বীকৃতি বিচাৰি জনোৱা দাবীক অগ্রাহ্য কৰিছিল৷

(চ) অনা-বিজেপি দলবিলাকৰ অৱনতিঃ ভাৰতীয় জনতা দলৰ বাহিৰে প্ৰায় সকলোবিলাক ৰাজনৈতিক দলৰে সংসদীয় আৰু ৰাজ্যিক বিধানমণ্ডলবিলাকৰ নিৰ্বাচনত জনপ্রিয়তা হ্রাস পাইছিল ৷ ভাৰতীয় জনতা দল আৰু ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ বিৰুদ্ধে শক্তিশালী বিৰোধী দলৰ স্থিতিত অৱতীৰ্ণ হোৱাৰ অৰ্থত উক্ত দলবিলাকে এক নতুন বহু দলীয় মৰ্চা (Multi Party Coalition) ৰ সন্ধান কৰিবলৈ বাধ্য হৈছে।

(ছ) আঞ্চলিক ৰাজনৈতিক দলৰ জনপ্ৰিয়তা হ্ৰাসঃ ডি.এম.কে., তেলেগু দেশম আদিৰ দৰে আঞ্চলিক ৰাজনৈতিক দলবিলাকৰ ৰাজ্যিক বিধানমণ্ডলৰ লগতে লোকসভাৰ নিৰ্বাচনৰ বেলিকা ২০১৪ চনৰ সংসদীয় নিৰ্বাচনৰ সময়ৰে পৰা পূৰ্বৰ তুলনাত জনপ্রিয়তা, ভোট আৰু আসনৰ সংখ্যা ক্রমাগতভাৱে হ্ৰাস পাই অহা পৰিলক্ষিত হৈছে।এনে প্ৰেক্ষাপটত এই দলবিলাকে অন্যান্য দলবিলাকৰ লগত ৰাজনৈতিক সমীকৰণ তথা মৰ্চা গঠনৰ প্ৰচেষ্টাত ব্ৰতী হোৱা দেখা যায়।

(জ) কেতবোৰ আঞ্চলিক ৰাজনৈতিক দলৰ শক্তিশালী স্থিতিঃ ভাৰতৰ দলীয় ৰাজনীতিত পশ্চিমবংগত তৃণমূল কংগ্ৰেছ, তামিলনাডুৰ AIADMK, উৰিষ্যাৰ BJD, অন্ধপ্ৰদেশৰ TDP, তেলেংগানাৰ TRS, মহাৰাষ্ট্ৰৰ শিৱসেনা, জম্মু আৰু কাশ্মীৰৰ PDP আৰু বিহাৰৰ JDU-RJD ৰ মিত্ৰজোঁট প্রভৃত্তি আঞ্চলিক দলবিলাকৰ অধিক শক্তিশালী দল হিচাপে অভ্যুত্থান ঘটিছে। ২০১৬ চনৰ ৰাজ্যিক বিধানমণ্ডলৰ নিৰ্বাচনত পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ, তামিলনাডুৰ AIADMK আৰু কেৰেলাৰ UDF দলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ চেষ্টা চলাইছিল যদিও আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম নহ’ল।

(ঝ) তৃতীয় মৰ্চাৰ ভূমিকাঃ ভাৰতৰ দলীয় ৰাজনীতিত তৃতীয় মৰ্চা বা বাওপন্থী নেতৃত্বাধীন মৰ্চ্চাই বিজেপি বিৰোধী আৰু কংগ্ৰেছ বিৰোধী মৰ্চা গঠনৰ প্ৰচেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে। ই সাম্প্ৰতিক ভাৰতীয় ৰাজনীতিৰ আন এক উল্লেখনীয় প্ৰৱণতা।

(ঞ) সংযুক্ত প্রগতিশীল মৰ্চাৰ পুনৰ গঠনঃ ২০১৪ আৰু ২০১৯ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে জনপ্রিয়তা হেৰুৱাৰ পিছৰে পৰা ইউ.পি.এ (সংযুক্ত প্রগতিশীল মৰ্চ্চা) ইয়াৰ সাংগঠনিক জোঁট সুদৃঢ়কৰণৰ বিষয়ে চিন্তা চৰ্চা কৰিবলৈ বাধ্য হৈছে। কংগ্ৰেছ দলে DMK, RIP, সমাজবাদী দল, ভাৰতীয় সমাজবাদী দলকে আদি কৰি বিজেপি বিৰোধী দল আৰু গুজৰাটৰ দৰে কেতবোৰ ৰাজ্যৰ ৰাজনৈতিকভাৱে সক্রিয় স্বার্থান্বেষী গোটবিলাকৰ লগত মিত্ৰতা স্থাপনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

(ট) জম্মু আৰু কাশ্মীৰত পোণ প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা দলৰ এক শক্তিশালী ৰাজনৈতিক শক্তি হিচাপে অভ্যুত্থান ঘটিছে। জম্মু আৰু কাশ্মীৰৰ PDP ৰ এক অংশীদাৰীত্ব হিচাপে BJP ক্ষমতাত অধিষ্ঠিত হৈছে। PDP দলৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী মহম্মদ মুফ’টিৰ দেহাৱসানৰ পিছত দুয়োটা মিত্রদলে সম্পর্ক গাঢ়তৰ কৰি তুলিবলৈ যথেষ্ট দীঘলীয়া আলাপ আলোচনাত মিলিত হ’বলগীয়া হৈছিল আৰু অৱশেষত PDP ৰ নেতা মেহবুবা মুফটিয়ে জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁৰ মন্ত্ৰীসভাত বি.জে.পি ৰ তৰফৰ পৰা উপ-মুখ্যমন্ত্ৰীৰ লগতে বহুকেইজন বি. জে. পি নেতৃত্বক মন্ত্রীত্ব প্ৰদান কৰা হৈছিল।

(ঠ) আম আদমি পাৰ্টিৰ ভূমিকাঃ দিল্লীত ক্ষমতাত অধিস্থিত সেৱাৰ অতি কম সময়ৰ ভিতৰতে আম আদমি পাৰ্টিয়ে পাঞ্জাৱত নিজৰ স্থিতি শক্তিশালী কৰিবলৈ সক্ষম হৈছিল আৰু ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত পাঞ্জাৱত অনুষ্ঠিত হোৱা ৰাজ্যিক বিধানমণ্ডলৰ নিৰ্বাচনত অধিক উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছিল। অৱশ্যে ২০১৫ চনত দলৰ ভিতৰ চৰাত অন্তর্কলহৰ সূত্ৰপাত হৈছিল আৰু দলৰ একাংশ সতীৰ্থ আৰু নিৰ্বাচিত সাংসদে দল ত্যাগ কৰিছিল। দলবিৰোধী কার্যকলাপত লিপ্ত থকাৰ অভিযোগত দলৰ দুই জ্যেষ্ঠ নেতা ক্রমে যোগেন্দ্র যাদব আৰু শান্তি ভূষণক দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল ।

(ড) চিপি এমৰ জনপ্ৰিয়তা হ্ৰাসঃ সাম্প্ৰতিক ভাৰতীয় ৰাজনীতিত চি পি এমৰ জনপ্ৰিয়তা ক্ৰমাৎ হ্রাস পাই অহা পৰিলক্ষিত হৈছে। ত্ৰিপুৰা, কেৰালা আৰু পশ্চিমবংগতেই চি. পি. এমৰ জনপ্রিয়তা তথা প্ৰভাৱ সীমিত থকা দেখা যায়।

(ঠ) ২০১৫ চনৰ নৱেম্বৰ-ডিচেম্বৰ মাহত বিহাৰ ৰাজ্যিক বিধানমণ্ডলৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। উক্ত নির্বাচনত বিজেপি আৰু ইয়াৰ মিত্ৰজোটৰ অংশীদাৰ দল ক্ৰমে BSP, LJSP, হিন্দুস্থানী আৱাম পাৰ্টিৰ বিপৰীতে সামূহিক প্রতিদ্বন্দিতা কৰাৰ লক্ষ্যৰে জনতা দল (সংযুক্ত), ৰাষ্ট্ৰীয় জনতা দল, ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু অন্যান্য কেতবোৰ ৰাজনৈতিক দলে একেলগ হৈ মহাগটবন্ধন (Mahagathbandhan) গঠন কৰিছিল। বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে নীতিশ কুমাৰ নেতৃত্বাধীন জে ডি ইউ দলে লালু প্রসাদ যাদৱৰ নেতৃত্বাধীন RJD ৰ লগত মিত্ৰতা স্থাপন কৰিছিল। ভাৰতীয় কংগ্ৰেছ দলেও এই মিত্ৰজোটৰ প্ৰতি বিজেপিক প্রতিহত কৰিবলৈ সহায়ৰ হাত আগবঢ়াইছিল। 

বিজেপি বিৰোধী এই ৰাজনৈতিক মিত্ৰজোটটোৱে বিজেপি আৰু ইয়াৰ মিত্ৰজোট NDA ক পৰাভূত কৰাৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছিল। বিজেপি আৰু ইয়াৰ মিত্ৰজোটে উক্ত নিৰ্বাচনত বিহাৰৰ মুঠ ২৪৩ খন আসনৰ ভিতৰত ৫৮ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰজোটে ১৭৮ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। উক্ত নিৰ্বাচনৰ ফলাফলে ভাৰতৰ দলীয় ৰাজনীতিত এক নতুন ধাৰাৰ সূচনা কৰিছিল আৰু বিহাৰত আঞ্চলিক দলবিলাকৰ যি ৰাজনৈতিক সমীকৰণ সেয়া আন আন ৰাজ্যৰ বিজেপি বিৰোধী দল বিলাকেও পৰীক্ষা নিৰীক্ষা কৰিবলৈ কুচ-কাৱাজ আৰম্ভ কৰিছিল। অৱশ্যে ২০১৭ চনত J.D.Uৰ নেতা তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে RJD ৰ পৰা ফালৰি কাটি আহি BJPত পুনৰ যোগদান কৰাৰ লগে লগে J.D.U-R.J.D আৰু কংগ্ৰেছৰ মিত্ৰতাত মোক্ষম আঘাত সানিলে। ফলস্বৰূপে, JDU-BJP মিত্রজোটে পুনৰ বিহাৰত চৰকাৰ গঠন কৰিলে৷ এই কাৰ্যই ভাৰতীয় ৰাজনীতিত বিজেপি বিৰোধী মহা মিত্ৰজোট গঠনত এক গভীৰ আঘাত হানিলে।

৫৬৷ ভাৰতৰ ৰাজনৈতিক দলীয় ব্যৱস্থা সম্পর্কে আলোচনা কৰা ৷ (Discuss about the Indian Political Party System.) 

উত্তৰঃ গণতান্ত্রিক শাসন ব্যৱস্থাত ৰাজনৈতিক দলৰ আৱশ্যকতা আৰু গুৰুত্ব অত্যাধিক। এটাই আনটোক এৰাই চলিব নোৱাৰে ৷ মুঠতে দুয়োটাই একেটা পইচাৰ ইপিঠি- সিপিঠি বুলি ক’লে আৰু ভুল নহ’ব। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত সংসদীয় গণতান্ত্রিক শাসন ব্যৱস্থাৰ লগতে প্রাপ্তবয়স্ক ভোটাধিকাৰ ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগে ৰাজনৈতিক দলৰ আৱশ্যকতা আৰু গুৰুত্ব অধিক বৃদ্ধি পালে৷ ফলত ভাৰতবৰ্ষত বহুতো ৰাজনৈতিক দলৰ জন্ম লাভ সম্ভৱ হৈ উঠিল।

ভাৰতবৰ্ষৰ ৰাজনৈতিক জন্ম বৃত্তান্ত বিচাৰিবলৈ হ’লে আমি ১৮৮৫ চনলৈ উভতি যাব লাগিব। কাৰণ এই বৰ্ষটোতেই সৰ্বভাৰতীয় ভিত্তিত এটা সংগঠনে জন্ম লাভ কৰিছিল আৰু এই সংগঠনটোক ভাৰতীয় জাতীয় কংগ্ৰেছ নামেৰে নামাকৰণ কৰা হৈছিল। ইয়াৰ আগলৈকে ভাৰতত যদি আৰু বহুতো সংগঠনে জন্ম লাভ কৰিছিল সেইবিলাকে সৰ্বভাৰতীয় সংগঠন হিচাপে স্বীকৃতি লাভ কৰা নাছিল৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে ভাৰতীয় জাতীয় কংগ্ৰেছে যদিও প্ৰথম অৱস্থাত প্ৰকৃত ৰাজনৈতিক দলৰ উদ্দেশ্য আৰু লক্ষ্য পূৰণ কৰাৰ হকে অর্থাৎ চৰকাৰী ক্ষমতা দখল কৰাৰ বাবে প্ৰচেষ্টা চলোৱা নাছিল তথাপিও দেশৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক সমস্যাবিলাকৰ ভিত্তিত সমগ্ৰ ভাৰতবাসীকে বৃটিছৰ বিৰুদ্ধে সমূহীয়া ভাৱধাৰাৰে উদ্বুদ্ধ হৈ এই সমস্যাবিলাকৰ সমাধান কিছু পৰিমাণে হ’লেও সম্ভৱ কৰি তুলিবলৈ সক্ষম হৈছিল।

উল্লেখযোগ্য যে বৃটিছ শাসনৰ কালছোৱাত মুছলীমসকলৰ স্বাৰ্থক সুৰক্ষিত কৰাৰ উদ্দেশ্যে ‘মুছলীম লীগ’ (Muslim League) নামেৰে আন এটা ৰাজনৈতিক দলে জন্ম লাভ কৰিছিল। এই দলটো গঠন কৰাৰ মূল ব্যক্তিজনৰ নাম আছিল চাৰ চৈয়দ আহমদ খান।

৫৭। ‘প্রথম জনেই বিজেতা পদ্ধতি’ (First Past the Post System) ৰ বিষয়ে চমুকৈ লিখা। (Write briefly about the ‘First Past the Post System.) 

উত্তৰঃ ‘প্রথম জনেই বিজেতা পদ্ধতি’ক বহুত্ববাদী পদ্ধতি বুলিও জনা যায়। ভাৰতবৰ্ষৰ সংবিধানত এই নির্বাচনী পদ্ধতিটোক গ্ৰহণ কৰা হৈছে। এই প্রথম জনেই বিজেতা পদ্ধতিত সমগ্ৰ দেশখনক সৰু সৰু ভৌগোলিক বিভাগত ভাগ কৰি লোৱা হয়, যাক সমষ্টি বা জিলা বুলি কোৱা হয়। তাৰ পিছত প্ৰতিটো সমষ্টিৰ পৰা এজনকৈ প্ৰতিনিধি নির্বাচন কৰা হয়। সমগ্র দেশৰ ভোটদাতাসকলে প্রতিনিধি প্ৰাৰ্থীৰ সপক্ষে ভোট দিয়ে। এই পদ্ধতিত যিজন প্রার্থীয়ে আন সকলতকৈ বেছি ভোট পায়, তেওঁকেই নির্বাচিত বুলি ঘোষণা কৰা হয়। জয় লাভ কৰা প্ৰাৰ্থীজনে সংখ্যাগৰিষ্ঠ ভোট পাব লাগিব বুলি কোনো কথা নাই যদিও এটা দলে বিধান মণ্ডলত লাভ কৰা ভোটতকৈ বেছি আসন লাভ কৰিব পাৰে। এই পদ্ধতিটোকে সাধাৰণতে প্রথমজনেই বিজেতা ( First Past the Post) (FPTP) পদ্ধতি বুলি কোৱা হয়। উদাহৰণস্বৰূপে ভাৰতীয় গণতন্ত্ৰৰ এটা ঐতিহাসিক মূহুৰ্তৰ কথা ক’ব পাৰি। ১৯৮৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে মুঠ আসনৰ প্ৰায় এক পঞ্চমাংশ আসন লাভ কৰিছিল। 

ই এইটো বুজায় যে প্রতি ৬ জন ভাৰতীয় ভোটদাতাৰ ভিতৰত ৪ জনেই কংগ্ৰেছ দলৰ সপক্ষে ভোট দিছিল। তাৰ পিছত বিজেপি দলে ৭.৪ শতাংশ ভোট লাভ কৰিছিল। ইয়াৰ আসন সংখ্যা ১ শতাংশতকৈও কম আছিল। আনহাতে আন দলসমূহৰ প্ৰদৰ্শনবোৰ যেনে— লোকদলে ৫.৭ শতাংশ, চি.পি.আই (এম্)য়ে ৫.৭ শতাংশ, তেলেগু দেশম দলে ৪.১ শতাংশ, আকালি আদি দলে ১.০ শতাংশ ভোট লাভ কৰিছিল। সেই বছৰৰ লোকসভা নির্বাচনত সৰ্বাধিক ভোট লাভ কৰা কংগ্ৰেছ দলক নির্বাচিত বুলি ঘোষণা কৰা হয়। উক্ত বছৰত কংগ্ৰেছ দলে ইয়াৰ ভোটৰ অংশতকৈ বেছি সংখ্যক আসন লাভ কৰিছিল। ইয়াৰ কাৰণ হ’ল—এই দলৰ প্ৰাৰ্থীয়ে জয় লাভ কৰা বহু সমষ্টিত তেওঁলোকে ৫০% তকৈ কম ভোট পাইছিল। 

যদি প্রার্থী কেবাজনো থাকে জয় লাভ কৰা প্ৰাৰ্থীজনে প্রায়ে ৫০% তকৈ যথেষ্ট কম ভোট পোৱা দেখা পায় ৷ পৰাজয় বৰণ কৰা প্ৰাৰ্থীসকলে পোৱা ভোটবোৰ অপচয় হয় কিয়নো দল বা প্ৰাৰ্থীসকলে সেই ভোটৰ দ্বাৰা কোনো আসন লাভ নকৰে৷

(FPTP) প্রথম জনেই বিজেতা পদ্ধতি সাধাৰণ ভোটদাতা সকলৰ বাবে সৰল আৰু পৰিচিত বুলি প্ৰতিপন্ন হৈছে। ই বৃহৎ দলবোৰক কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত স্পষ্ট বহু মত পোৱাত সহায় কৰে।

৫৮। আনুপাতিক প্রতিনিধিত্বৰ বিষয়ে চমুকৈ লিখা। (Write briefly about Proportional Representation.) 

উত্তৰঃ আনুপাতিক প্রতিনিধিত্ব পদ্ধতিত বৃহৎ ভৌগোলিক এলেকাক এটা সমষ্টি হিচাপে ভাগ কৰি লোৱা হয়৷ ইয়াত গোটেই দেশখনেই এটা সমষ্টিও হ’ব পাৰে। এই পদ্ধতিত এটা সমষ্টিৰ পৰা একাধিক প্রতিনিধি নির্বাচিত হ’ব পাৰে। ভোটদাতাসকলে দলৰ সপক্ষে ভোট দিয়ে। এবাৰ ভোট গণনা হৈ যোৱাৰ পাছত, প্ৰতিটো দলক ই লাভ কৰা ভোটৰ সমানুপাতিক ভাৱে সংসদত আসন দিয়া হয়। প্ৰতিটো দলে নিৰ্বাচনৰ আগতে ঘোষণা কৰা এখন পছন্দৰ তালিকাৰ পৰা প্ৰয়োজনীয় সংখ্যক মনোনীত প্রার্থীক বাছি লৈ ইয়াৰ ভাগৰ আসন পূৰ্ণ কৰে। এই ধৰণৰ নিৰ্বাচনক আনুপাতিক প্রতিনিধিত্ব পদ্ধতি বোলে৷ এই পদ্ধতিত এটা দলে ইয়াৰ ভোটৰ সমানুপাতিকভাৱে আসন লাভ কৰে ৷

আনুপাতিক প্রতিনিধিত্ব পদ্ধতিত সাধাৰণতে দুটা তাৰতম্য থাকিব পাৰে। কিছুমান দেশত, যেনে—ইজৰাইল বা নেদাৰলেণ্ডত সমগ্ৰ দেশখনকে এটা সমষ্টি বুলি ধৰি জাতীয় নির্বাচনত প্ৰতিটো দলে লাভ কৰা ভোটৰ অংশ অনুসৰি আসন দিয়া হয় । আন পদ্ধতিটো হ’ল যেতিয়া এখন দেশক আর্জেন্টিনা বা পর্তুগালৰ দৰে কেইবাটাও বহু সদস্যযুক্ত সমষ্টিত ভাগ কৰা হয় । প্ৰতিটো দলে নির্বাচিত হ’বলগীয়া প্ৰাৰ্থীৰ সংখ্যা অনুযায়ী প্ৰতিটো সমষ্টিৰ বাবে এখন প্ৰাৰ্থী তালিকা প্রস্তুত কৰে। এই উক্ত দুয়োটা ক্ষেত্ৰতে ভোটদাতাসকলে দলকহে নিৰ্বাচন কৰে, প্ৰাৰ্থীক নহয় ৷ এটা সমষ্টিত দুটা দলে লাভ কৰা ভোটৰ ওপৰত ভিত্তি কৰি সমষ্টিটোত আসন বিতৰণ কৰা হয় ।

আমাৰ ভাৰতত পৰোক্ষ নিৰ্বাচনৰ বাবে সীমিতভাৱে আনুপাতিক প্রতিনিধিত্ব (PR) পদ্ধতি গ্ৰহণ কৰা হৈছে। সংবিধানে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, ৰাজ্যপাল আৰু বিধান পৰিষদৰ সদস্যসকলৰ নিৰ্বাচনৰ বাবে তৃতীয় আৰু এক জটিল সমানুপাতিক প্রতিনিধিত্ব (PR) ব্যৱস্থা গ্ৰহণ কৰিছে। এই পদ্ধতিত প্রতিনিধিজনে সংখ্যাগৰিষ্ঠ ভোট পাব লাগিব।

৫৯। ভাৰতে ‘সৰ্বাধিক ভোটেৰে বিজয় হোৱা’ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি লিখা। (Write about the reasons for adopting FPTP method in India.) 

উত্তৰঃ ‘সৰ্বাধিক ভোটেৰে বিজয় হোৱা’ (FPTP) পদ্ধতিটোক বহুত্ব প্রথা বুলিও কোৱা হয় । সাধাৰণতে এই পদ্ধতিটো বৰ জটিল। সৰু সৰু দেশ এখনতহে এই পদ্ধতি কাৰ্যকৰী কৰা সম্ভৱ৷ কিন্তু ভাৰতৰ দৰে বিশাল ভূ-খণ্ড আৰু ভৌগোলিক বিচিত্ৰতা থকা দেশ এখনত ই কাৰ্যকৰী হোৱাটো কঠিন। FPTP— এই পদ্ধতিটোৰ অত্যাধিক জনপ্রিয়তা আছে। বর্তমান সময়ত ইয়াৰ জনপ্ৰিয়তা আৰু সফলতাৰ কাৰণ হ’ল— ইয়াৰ সৰলতা। সেইবাবে ৰাজনীতি আৰু নিৰ্বাচনৰ বিষয়ে সম্যক জ্ঞান নথকা সংকীর্ণ সাধাৰণ ভোটদাতাসকলেও সমগ্র নির্বাচন পদ্ধতিটো সহজতে বুজিব পাৰে। 

FPTP পদ্ধতিত নিৰ্বাচনৰ সময়ত ভোটদাতাসকলৰ সন্মুখত স্পষ্ট পছন্দ থাকে। ভোটদাতাসকলে ভোট দিওঁতে এজন প্রার্থী বা এটা দলক অনুমোদন কৰে। প্ৰকৃত ৰাজনীতিৰ প্রকৃতি অনুসৰি ভোটদাতাসকলে দলক বা প্ৰাৰ্থীক বেছি গুৰুত্ব দিব পাৰে বা দুয়োটাকে সমান গুৰুত্ব দিব পাৰে। এই সৰ্বাধিক ভোটেৰে বিজয় হোৱা পদ্ধতিয়ে ভোটদাতাসকলক যে কেৱল দলৰ মাজৰ পৰা নিৰ্বাচন কৰাৰ সুবিধা দিয়ে এনে নহয়, ই নিৰ্দিষ্ট প্ৰাৰ্থীৰ মাজৰ পৰা নিৰ্বাচনৰ সুবিধাও দিয়ে অন্য নির্বাচনী পদ্ধতিত, বিশেষকৈ (PR) আনুপাতিক প্ৰতিনিধিত্ব আৰু মিশ্র প্রতিনিধিত্ব পদ্ধতিত প্ৰায়ে ভোটদাতাসকলক এটা দল নির্বাচন কৰিবলৈ দিয়া হয় আৰু প্ৰতিনিধিসকলক দলীয় তালিকাৰ ভিত্তিত নিৰ্বাচিত কৰা হয়। এই কাৰ্যৰ ফলস্বৰূপে এটা এলেকাৰ কাৰণে এজন মাত্র প্রতিনিধি নাথাকে আৰু প্ৰতিটো দায়িত্বৰ প্ৰতি কেৱল তেৱেঁই দায়বদ্ধ নহয়। কিন্তু FPTP পদ্ধতিত ভোটদাতাসকলে তেওঁলোকৰ নিজৰ প্রতিনিধিজনক চিনি পায় আৰু তেওঁক নিজৰ দায়িত্ব পূৰণত দায়বদ্ধ কৰিব পাৰে ৷

ভাৰতৰ জনসাধাৰণৰ বাবে সংবিধান প্রণেতাসকলে (FPTP) ‘সর্বাধিক ভোটেৰে বিজয় হোৱা’ পদ্ধতিক স্বীকৃতি দিছিল৷ তেওঁলোকে ভাবিছিল যে ভাৰতৰ দৰে সংসদীয় পদ্ধতিৰ চৰকাৰ থকা দেশত আনুপাতিক প্রতিনিধিত্বমূলক নির্বাচনে স্থায়ী চৰকাৰ প্ৰদানৰ বাবে অসমৰ্থ হ’ব পাৰে। FPTP পদ্ধতিয়ে সংসদীয় চৰকাৰক সুচলভাৱে কাম কৰিবলৈ আৰু এখন সুস্থিৰ চৰকাৰ গঠন কৰিবলৈ সুবিধা দিয়ে। কাৰণ এই পদ্ধতিয়ে সাধাৰণতে সবাতোকৈ বৃহৎ দলটিক বা সন্মিলিত (চৰকাৰক) কিছুমান উপৰুৱা Bonus আসন দিব পাৰে, যিটো তেওঁলোকে পোৱা ভোটতকৈ বহুত বেছি। FPTP পদ্ধতিয়ে বেলেগ বেলেগ সামাজিক গোটৰ ভোটদাতা সকলক একগোট হৈ কোনো এটা অঞ্চলৰ পৰা জয় লাভ কৰাটো সম্ভৱ কৰি তোলাত উদ্‌গনি দিয়ে। এই FPTP পদ্ধতিটো সাধাৰণ ভোটদাতাসকলৰ বাবে বহু ক্ষেত্ৰতে সৰল আৰু পৰিচিত বুলি প্ৰতিপন্ন হৈছে। এই পদ্ধতিয়ে জাতি বা সম্প্ৰদায়ৰ ভিত্তিত ভোট লাভ কৰা ৰাজনৈতিক দলবোৰক নিৰুৎসাহ প্রদান কৰিছে। ইয়ে এক দ্বি-দলীয় পদ্ধতিৰ সৃষ্টি কৰে। 

যাৰ অৰ্থ হ’ল— ক্ষমতাৰ বাবে দুটা প্রধান প্রতিদ্বন্দ্বী দল থাকে আৰু সালসলনিকৈ দুয়োটা দলেই ক্ষমতা লাভ কৰে, নতুন বা তৃতীয় দলৰ বাবে প্ৰতিযোগিতাত ভাগ লোৱা আৰু ক্ষমতা ভাগ কৰা কঠিন হয়। তথাপি এই ক্ষেত্ৰত ভাৰতৰ অভিজ্ঞতা অকণমান বেলেগ। স্বাধীনতাৰ পিছত ভাৰতে এই FPTP পদ্ধতি গ্রহণ কৰিলে যদিও ইয়াত এক দলীয় প্রাধান্য মানে কংগ্ৰেছৰ আধিপত্যহে বৰ্তি থাকিল আৰু ইয়াৰ সমান্তৰালভাৱে বহুতো সৰু সৰু দল চলি থাকিল। ১৯৮৯ চনৰ পৰাহে ভাৰতত বহুদলীয় সন্মিলিত চৰকাৰৰ সূচনা হৈছে। সেই একে সময়তে লাহে লাহে বহু কেইখন ৰাজ্যত দ্বি-দলীয় প্রতিযোগিতা গঢ় লৈ উঠিছে। ভাৰতীয় দলীয় প্ৰথাৰ মূল বৈশিষ্ট্য হ’ল যে— FPTP প্রথা চলি থকা স্বত্ত্বেও সন্মিলিত চৰকাৰৰ উত্থানে নতুন আৰু সৰু দলবোৰক নির্বাচনী প্রতিযোগিতাত ভাগ ল’বলৈ সুযোগ প্ৰদান কৰিছে।

৬০। নির্বাচন কি? ই কেই প্ৰকাৰৰ আৰু কি কি? প্রত্যক্ষ আৰু পৰোক্ষ নিৰ্বাচনৰ গুণ আৰু দোষ আলোচনা কৰা । (What is election? How many types of it and what are they? Briefly discuss the merits and demerits of Direct election and Indirect election.) 

উত্তৰঃ সকলো নাগৰিকে প্ৰতিটো সিদ্ধান্ত গ্ৰহণ কৰাটো বা সকলো সিদ্ধান্তগ্ৰহণত প্ৰত্যক্ষভাৱে অংশ লোৱাটো অসম্ভৱ। সেইকাৰণে এই কাৰ্যৰ বাবে জনসাধাৰণৰ দ্বাৰা প্ৰতিনিধি নির্বাচন কৰা হয়। সেইকাৰণে নির্বাচন দেশৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰে। সাধাৰণতে নাগৰিকসকলে প্ৰতিনিধি নির্বাচন কৰে আৰু তেওঁলোকে সক্রিয়ভাৱে দেশৰ চৰকাৰ পৰিচালনা কৰাত-আৰু প্ৰশাসনত অংশগ্ৰহণ কৰে।এই প্রতিনিধিসকলক বাছনি কৰাৰ যি পদ্ধতি তাকেই নির্বাচন বুলি কোৱা হয় ।

নির্বাচন দুই প্ৰকাৰৰ— প্ৰত্যক্ষ আৰু পৰোক্ষ নির্বাচন।

(ক) প্রত্যক্ষ নির্বাচনঃ যেতিয়া ভোটদাতাসকলে তেওঁলোকৰ প্ৰতিনিধিক প্ৰত্যক্ষভাৱে ভোট দি জয়যুক্ত কৰি নিৰ্বাচন কৰে, তাকে প্রত্যক্ষ নির্বাচন বোলে৷ ভাৰতবৰ্ষত লোকসভাৰ প্রতিনিধিসকলক প্রত্যক্ষভাৱে নিৰ্বাচন কৰা হয়। এই প্রত্যক্ষ নির্বাচন প্রক্ৰিয়াৰ কেতবোৰ দোষ আৰু গুণ পৰিলক্ষিত হয়। তলত সেইবোৰ উল্লেখ কৰা হ’ল—

গুণ (Merits) :

(ক) এই প্ৰক্ৰিয়াত ভোটাৰসকলৰ প্ৰতিনিধিসকলৰ ওপৰত সম্পূর্ণ নিয়ন্ত্রণ থাকে। প্রতিনিধিসকলে ভোটাৰসকলক অৱজ্ঞা কৰিব নোৱাৰে। তেওঁলোকে সদায় ভোটাৰসকলৰ ইচ্ছাক প্রতিফলিত কৰিবলৈ যত্ন কৰিব লাগে।

(খ) প্রত্যক্ষ নির্বাচন প্রক্রিয়াত প্ৰতিনিধি আৰু ভোটদাতা (জনসাধাৰণ)সকলৰ মাজত প্রত্যক্ষ সম্পর্ক থাকে। প্রতিনিধিসকল জনসাধাৰণৰ ওচৰত কৃতজ্ঞ। যিটো এখন সাফল্য গণতন্ত্ৰৰ বাবে অতিকৈ জৰুৰী।

(গ) প্রত্যক্ষ নির্বাচন প্ৰক্ৰিয়াৰ বৰ্তমান সময়ত যথেষ্ট মূল্য আছে। এই প্রক্ৰিয়াৰ জৰিয়তে জনসাধাৰণে ৰাজনৈতিক প্ৰক্ৰিয়াৰ লগত জড়িত হৈ থাকিব পাৰে আৰু ৰাজনীতি সম্পৰ্কীয় জ্ঞান লাভ কৰিব পাৰে।

(ঘ) ই ইগণতান্ত্রিক নীতিৰ ওপৰত প্রতিষ্ঠিত। এই প্ৰক্ৰিয়াত জনসাধাৰণৰ ইচ্ছাৰ প্ৰতিফলন হয়।

দোষ (Demerits) :

(ক) এই প্রক্রিয়া সম্পূৰ্ণৰূপে ত্রুটিপূৰ্ণ নহয়। এই প্ৰক্ৰিয়াত নিৰ্বাচন সম্পন্ন কৰোতে অত্যাধিক সময়ৰ অপব্যয় হয়।

(খ) প্রত্যক্ষ নির্বাচন প্ৰক্ৰিয়াত বহু ভোটাৰে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে আৰু ইয়াৰ প্ৰচাৰ কাৰ্যত হোৱা ব্যয়ৰ পৰিমাণ অত্যাধিক।

(গ) বেছি সংখ্যক সংকীৰ্ণ আৰু লিখিত জনসাধাৰণে নিজকে নির্বাচনী প্ৰক্ৰিয়াৰ পৰা আঁতৰত ৰাখে৷ তেওঁলোকে ৰাজনীতিক বা প্রত্যক্ষ নির্বাচনী প্রক্রিয়াক এক অশান্তিৰ কাৰক ৰূপে গণ্য কৰে।

(ঘ) ভাৰতবৰ্ষৰ দৰে বিশাল জন-ভূখণ্ড দেশত এই প্ৰক্ৰিয়া সুচাৰুৰূপে চলাই নিয়াতো অবাস্তৱ ৷ আনহাতে, এখন দেশৰ সকলো জনসাধাৰণ সমানে ৰাজনৈতিকভাৱে জ্ঞানী নহয় ৷ ইয়াৰ ফলত যে প্রত্যক্ষ নিৰ্বাচনৰ যোগেদি এজন সু-প্রতিনিধি নির্বাচিত হয়, ইয়াক বিশ্বাসযোগ্য বুলি মানি ল’ব নোৱাৰি৷

(খ) পৰোক্ষ নির্বাচনঃ যেতিয়া ভোটদাতাসকলে তেওঁলোকৰ পছন্দৰ প্ৰতিনিধি নির্বাচন কৰিবলৈ কিছুসংখ্যক প্ৰাৰ্থী বাছি উলিয়াই, তাকে পৰোক্ষ নির্বাচন প্রক্রিয়া বোলে৷ সাধাৰণতে, দ্বি-সদনীয় বিধানমণ্ডল ব্যৱস্থাৰ উচ্চ সদনৰ প্ৰাৰ্থী বা নেতাসকলক পৰোক্ষভাৱে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচন কৰা হয় । পৰোক্ষ নির্বাচন পদ্ধতিত পৰিলক্ষিত হোৱা দোষ আৰু গুণসমূহ তলত উল্লেখ কৰা হ’ল—

গুণ (Metits) :

(ক) এই পদ্ধতিত যোগ্যতাপূৰ্ণ প্ৰাৰ্থী বাছনি হোৱাৰ সম্ভাৱনা অত্যাধিক। জনসাধাৰণৰ দ্বাৰা নিৰ্বাচনী গোট বনোৱা হয় প্রতিনিধি নির্বাচন কৰিবলৈ ৷ তেওঁলোকে নির্বাচনী জ্ঞানযুক্ত। সেয়েহে জনসাধাৰণতকৈ তেওঁলোকে উপযুক্ত প্রার্থী বাছনি কৰাৰ বেছিকৈ সম্ভাৱনা থাকে ৷

(খ) এই প্ৰক্ৰিয়াত কোনো ধৰণৰ দুৰ্নীতিয়ে স্থান নাপায়।

(গ) ভাৰতৰ দৰে জন বহুল ঠাইত এই প্ৰক্ৰিয়াৰ যথেষ্ট মূল্য থকা পৰিলক্ষিত হয়। কাৰণ সকলো ব্যক্তি সমানে শিক্ষিত নহয়, যাৰ ফলত তেওঁলোকে উপযুক্ত প্রার্থী বাছনি কৰাত ভুল কৰে। সেয়েহে তাত নিৰ্বাচনী গোটৰ দ্বাৰা বাছনি কৰা প্ৰাৰ্থীক উপযুক্ত বুলি ধৰা হয়। 

(ঘ) ইয়াত খৰচৰ পৰিমাণ কম। কাৰণ নিৰ্বাচনী প্ৰক্ৰিয়াত কমসংখ্যক লোকে অংশগ্রহণ

দোষ (Demerits) :

পৰোক্ষ নির্বাচনী প্ৰক্ৰিয়া অগণতান্ত্রিক৷ কাৰণ নিৰ্বাচনী প্ৰক্ৰিয়াত জনসাধাৰণ সন্তুষ্ট নহয়।

(খ) এই প্ৰক্ৰিয়াত নির্বাচনী পদ্ধতি ২ টা পৰ্যায়ৰ জৰিয়তে সম্পন্ন হয়, সেয়েহে ই অত্যাধিক সময়ৰ অপব্যয় কৰে।

(গ) পৰোক্ষ নির্বাচন পদ্ধতিত জনসাধাৰণে প্ৰত্যক্ষভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰে ৷ ফলত প্ৰতিনিধিজনকো নিজৰ পছন্দ অনুসৰি বাছনি কৰিব নোৱাৰে। এই পদ্ধতিৰ জৰিয়তে নির্বাচিত প্রতিনিধিজনে যে জনসাধাৰণৰ প্ৰয়োজনীয়তাক গুৰুত্ব দিব সেই কথা বিশ্বাসযোগ্য নহয় ৷

(ঘ) এই পদ্ধতি জটিল ৷ ইয়াত প্ৰাৰ্থীয়ে ব্যক্তিগত স্বাৰ্থৰ খাতিৰত ৰাজহুৱা স্বাৰ্থক অৱহেলা কৰে।

উপৰোক্ত আলোচনাৰ পৰা জনা যায় যে প্রত্যক্ষ আৰু পৰোক্ষ দুই ধৰণৰ নিৰ্বাচন প্রক্রিয়াতে দোষ অন্তর্নিহিত হৈ আছে । তথাপি প্রত্যক্ষ নির্বাচনক পৰোক্ষ নিৰ্বাচনতকৈ উপযুক্ত বুলি ধৰা হয় ৷ কাৰণ এনেকুৱা নিৰ্বাচনী প্ৰক্ৰিয়াত নাগৰিকে প্রত্যক্ষ অংশগ্ৰহণৰ জৰিয়তে নিজৰ পছন্দ অনুযায়ী প্রতিনিধি নির্বাচন কৰাৰ সুবিধা পায় ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top