Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি

Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Question Answer can be of great value to excel in the examination.

Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি

Join Telegram channel

Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Notes cover all the exercise questions in UGC Syllabus. The Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

৪৮। বহুদলীয় ব্যৱস্থাৰ গুণসমূহ আলোচনা কৰা? (Discuss the qualities of multi-party system.) 

উত্তৰঃ বহুদলীয় ব্যৱস্থাৰ গুণসমূহ হৈছে –

(ক) বহুদলীয় ব্যৱস্থাত মতামত প্ৰকাশৰ অবাধ স্বাধীনতা : বহুদলীয় ব্যৱস্থা মতামত প্ৰকাশৰ অবাধ স্বাধীনতা থাকে। জনগণে ইচ্ছামতে যিকোনো দলকে সমর্থন কৰি, তেওঁলোকৰ ব্যক্তিগত ইচ্ছাৰ বহিঃপ্রকাশ ঘটাব পাৰে ৷

(খ) সংখ্যাগৰিষ্ঠ দলৰ স্বেচ্ছাচাৰী হোৱৰ সম্ভাৱনা নাথাকেঃ বহুদলীয় ব্যৱস্থা প্রচলিত থাকিলে কোনো দলেই এককভাবে প্রাধান্য প্রতিষ্ঠা কৰিব নোৱাৰে, ইয়াৰোপৰি কোনে দলৰ সংখ্যা গৰিষ্ঠতা থাকিলেও ব্যাপক জনসমর্থনৰ লাভৰ মাধ্যমত স্বৈশাসন চলাব নোৱাৰে। 

(গ) ৰাজনৈতিক শিক্ষাৰ প্ৰসাৰ ঘটেঃ এই ব্যৱস্থাত বিভিন্ন ৰাজনৈতিক দলে তেওঁলোকৰ নীতি আৰু আদৰ্শ জনসাধাৰণৰ ওচৰত তুলি ধৰিব পাৰে। জনগণ ৰাজনৈতিক দলসমূহৰ বিভিন্ন আদৰ্শৰ কথা মনোযোগ সহকাৰে শ্ৰৱণ কৰাৰ পিছত নিজস্ব মতামত নিৰ্ধাৰণ কৰে। ইয়াত তেওঁলোকৰ ৰাজনৈতিক শিক্ষাৰ পথ সুগম হয়।

(ঘ) সংখ্যালঘুসকলৰ অংশগ্ৰহণঃ বহুদলীয় ব্যৱস্থাত সংখ্যালঘু সম্প্রদায় নিজৰ সুবিধা লাভৰ বাবে দল গঠন কৰিব আৰু একত্ৰিত হৈ তেওঁলোকৰ প্ৰতিনিধি নির্বাচন কৰিব পাৰে। 

(ঙ) জনপ্ৰিয় চৰকাৰ গঠনঃ বহুদলীয় ব্যৱস্থাত কেইবাটা দল মিলিত হৈ যৌথভাৱে চৰকাৰ গঠন কৰিব পাৰে। ইয়াত দেশৰ বিভিন্ন দলৰ জনপ্ৰিয় নেতাৰ সমন্বয়ত চৰকাৰ গঠনৰ সুবিধা পোৱা যায় ৷

৪৯৷ বহুদলীয় ব্যৱস্থাৰ দোষসমূহ আলোচনা কৰা ৷ (Discuss the demerits of multi-party system.) 

উত্তৰঃ বহুদলীয় ব্যৱস্থাৰ দোষসমূহ তলত আলোচনা কৰা হ’ল–

(ক) সুস্থ চৰকাৰ গঠনত অসুবিধাঃ বহুদলীয় ব্যৱস্থাত কোনো এটা দলে সহজে সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিব নোৱাৰে। অধিকাংশ সময়ত কেইবাটা দল মিলিত হৈ সন্মিলিত চৰকাৰ গঠন কৰে । সন্মিলিত চৰকাৰ ব্যৱস্থা দুৰ্বল চৰকাৰ। সুস্থ আৰু সবলভাৱে এই ধৰণৰ চৰকাৰে কাম কৰিব নোৱাৰে। এই ধৰণৰ শাসন ব্যৱস্থা স্থায়ী নহয়৷ কোনোবা সময়ত দলসমূহৰ মাজত মতাদৰ্শৰ পাৰ্থক্য দেখা দিয়ে আৰু চৰকাৰ ভঙ্গ হয় ৷

(খ) বহুদলীয় ব্যৱস্থাত বহুমতত বিশ্বাসীঃ বহুদলীয় ব্যৱস্থাত বহু মতৰ বাবে জাতি কৃত্ৰিমভাৱে বহু মতত বিভক্ত হয়। বহু মতৰ প্ৰবাহত জনসাধাৰণ বিভ্ৰান্ত হৈ পৰে ৷

(গ) ক্ষমতা দখলৰ প্ৰতিযোগিতাঃ এই ব্যৱস্থাত প্ৰায় ক্ষমতা দখলৰ বাবে নিম্নমানৰ প্রতিযোগিতা চলে। ফলত ৰাজনীতিৰ সামান্যতম পৱিত্ৰতা নাথাকে ।

(ঘ) প্রতিনিধি নিৰ্বাচনৰ অসুবিধাঃ বহুদলীয় ব্যৱস্থাত সংখ্যা বেছি থকাৰ বাবে ভোটাৰসকলে সঠিকভাৱে তেওঁলোকৰ প্ৰতিনিধি নির্বাচন কৰিব নোৱাৰে।

(ঙ) স্বজন প্ৰীতিৰ আশ্রয় কেন্দ্ৰঃ ক্ষমতাহীন দল সংখ্যাগৰিষ্ঠতা বজায় ৰখাৰ বাবে দলৰ সমৰ্থকসকলৰ নানা ধৰণৰ সুযোগ-সুবিধা প্রদান কৰে। ফলত দল দুৰ্নীতি আৰু স্বজনপ্ৰীতিৰ ৰণক্ষেত্ৰত পৰিণত হয়।

(চ) ৰাজনৈতিক ঐক্য বিনষ্ট হয়ঃ বহুদলীয় ব্যৱস্থাত বহু মতৰ বাবে ৰাজনৈতিক ঐক্য প্রতিষ্ঠিত নহৈ বিনষ্ট হয় । এই সুযোগ সেনাবাহিনী ক্ষমতা দখলৰ বাবে-আগুৱাই আহে।

৫০। ভাৰতীয় দলীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ বহলভাৱে আলোচনা কৰা । (Discuss in detail about the features of Indian Party System.) 

উত্তৰঃ ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল-

(ক) বহুদলীয় প্রথা (Multi-Party System) : ভাৰতবৰ্ষত বহুদলীয় প্ৰথা প্ৰৱৰ্তিত কৰা হৈছে৷ সেয়ে বৰ্তমান দেখা যায় ভাৰতবৰ্ষত যিমানবিলাক ৰাজনৈতিক দল গঠন হৈছে সিমান সংখ্যক দল আন যিকোনো গণতান্ত্রিক দেশতে দেখিবলৈ পোৱা নাযায়। সংসদীয় গণতন্ত্ৰৰ সাফল্যৰ বাবে যদিও দ্বি-দলীয় প্রথা অত্যন্ত ফলপ্রসূ আমাৰ ভাৰতবৰ্ষত সেইটো দেখা নাযায় ৷ গ্রেট-ব্রিটেইন বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে আমাৰ দেশত দ্বি-দলীয় ব্যৱস্থাই গঢ় লৈ উঠা নাই। ফ্রান্স বা ইটালীৰ দৰে বহুদলীয় প্ৰথাহে প্ৰৱৰ্তিত হৈছে। বর্তমান ভাৰতবৰ্ষত দুশতকৈও অধিক সৰু-ডাঙৰ ৰাজনৈতিক দলে ৰাজনৈতিক ক্ষেত্ৰখনত কাম-কাজ চলাই আছে বুলিব পাৰি ৷ এনেদৰে বহুতো দল গঠন হোৱাৰ কাৰণ বিচাৰি গ’লে দেখা যায় যে স্বাধীনতা আন্দোলনত জাতীয় কংগ্ৰেছৰ লগত একেলগে কাম কৰি থকা বহুতো সংগঠনে স্বাধীনতাৰ পিছত কংগ্ৰেছৰ পৰা আঁতৰি আহি নিজা নিজা ৰাজনৈতিক দল গঠন কৰিবলৈ ল’লে ৷ 

আকৌ কিছুমান ব্যক্তিয়ে নিজৰ ৰাজনৈতিক প্ৰভাৱ বৃদ্ধি কৰাৰ অৰ্থে ৰাজনৈতিক দল গঠন কৰিবলৈ ধৰিলে ৷ সেইদৰে প্ৰাপ্তবয়স্ক ভোটাধিকাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ফলত সংখ্যাগৰিষ্ঠ জাতিসমূহে ৰাজনৈতিক ক্ষমতাৰ অংশীদাৰ হোৱাৰ আশাৰে নিজাববীয়াকৈ ৰাজনৈতিক দল গঠন কৰাৰ প্ৰতি আগ্ৰহী হৈ উঠিল। এইবিলাকৰ উপৰি সংবিধানে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে আইন সভাত আসন সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তয়ো এই জাতিসমূহক নিজাকৈ দল গঠন কৰাত উৎসাহ যোগাইছিল। নিজ স্বাৰ্থ ৰক্ষাৰ বাবে আনকি জমিদাৰ শ্ৰেণী তথা বহিষ্কৃত ৰজা-মহাৰাজসকলেও ভালেমান দল গঠন কৰিলে। এইসকলোবিলাক দলৰ বাহিৰেও ভাৰতবৰ্ষত এনে কিছুমান ৰাজনৈতিক দলে জন্মলাভ কৰিলে যিবিলাকক সাম্প্রদায়িক দল হিচাপে গণ্য কৰিব পৰা যায়।

(খ) আদৰ্শৰ অভাৱ (Lack of Ideology) : ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ আন এটা বৈশিষ্ট্য হৈছে প্ৰাশ্চাত্যৰ ৰাজনৈতিক দলবিলাক যিদৰে এক আদৰ্শৰ ভিত্তিত গঢ়ি উঠিছে সেই আদৰ্শ ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ মাজত দেখা পোৱা নাযায়৷ গতিকে শ্রেণীস্বার্থ, মূল্যবোধ, গণতান্ত্রিক পমূল্য আদিৰ ভিত্তিত ভাৰতৰ ৰাজনৈতিক দলবিলাকক এটাৰ লগত আনটোক পৃথক কৰাতো অত্যন্ত জটিল। নির্বাচন বিলাকতো এই দলবিলাকে নীতি-আদৰ্শৰ পৰিৱৰ্তে কোনো এটা বিশেষ সাময়িক বিষয়ৰ ওপৰতে নিৰ্ভৰ কৰি প্ৰতিদ্বন্দ্বিতা কৰা দেখা যায়।‘গৰিবী হটাও’ (Garibi hatao), স্থায়ী আৰু অস্থায়ী চৰকাৰ (Stable Vs. UnStable Government), ‘গণতন্ত্র বনাম একনায়ত্ব’ (Democracy Vs.Authoritarian Government), বফর্ট কেলেংকাৰী, দুর্নীতি (Corruption ) আদিয়েই ইয়াৰ উদাহৰণ।

(গ) ধৰ্ম, ভাষা আৰু জাত-পাতৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা ৰাজনৈতিক দল (Political Parties based on Religion, Language, Caste etc) : ভাৰতৰ ৰাজনৈতিক দলৰ আন এটা মনকৰিবলগা বৈশিষ্ট্য হৈছে যে ভাৰতবৰ্ষত বর্তমানে যিবিলাক ৰাজনৈতিক দলে কাম-কাজ চলাই আছে সেইবিলাকৰ বহুতেই ধৰ্ম, ভাষা, জাতপাত আদিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দল। উদাহৰণস্বৰূপে— ‘হিন্দু মহাসভা’, ‘ৰামৰাজ্য পৰিষদ’, ‘মুছলীম লীগ’, ‘জমিয়ত-ই-ইচলামী’, আদি দলবিলাকক ধৰ্মৰ ভিত্তিত, ‘আকালি দল’,‘তেলেগু দেশম’, আদি ভাষাৰ ভিত্তিত, ‘নেচনেল ডেমক্রেটিক দল’, ‘কেৰেলা কংগ্ৰেছ’, ‘ৰিপাব্লিকান দল’ (কেৰেলা), আদি জাত-পাতৰ ভিত্তিত গঠন হোৱা বুলি ক’ব পাৰি। সামাজিক তথা অর্থনৈতিক উন্নয়নৰ কোনো আঁচনি এই দল বিলাকৰ নাই বুলিব পাৰি ৷

(ঘ) সীমিত সংখ্যক সভ্য (Limited Membership) : ভাৰতৰ ৰাজনৈতিক দলৰ আন এটা বৈশিষ্ট্য হ’ল উন্নত দেশবিলাকৰ তুলনাত ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ সদস্য সংখ্যা অতি সীমিত। ইয়াৰ প্ৰধান কাৰণ হিচাবে আমি ক’ব পাৰো যে ভাৰতৰ জনসাধাৰণে এতিয়াও ৰাজনৈতিক সচেতনতাৰ ক্ষেত্ৰত বেছি আগুৱাব পৰা নাই। নগৰ অঞ্চলত বাস কৰা শিক্ষিত জনসাধাৰণে ৰাজনৈতিক ভাৱে সচেতন হৈছে যদিও গ্ৰাম্য অঞ্চলত ইয়াৰ এক ওলোটা ছবি দেখিবলৈ পোৱা যায়। অৱশ্যে নগৰ অঞ্চলত বাস কৰা লোকসকলেও কোনো এটা নিৰ্দিষ্ট ৰাজনৈতিক দলক সমৰ্থন জনোৱাৰ পৰিৱৰ্তে নিজ স্বাৰ্থ সুৰক্ষাৰ বাবে বিভিন্ন দললৈ বৰঙণি আগবঢ়াই সুবিধা আদায় কৰাৰ চেষ্টা কৰা দেখা যায়। ফলত ৰাজনৈতিক দল বিলাকৰ সদস্য সংখ্যা সীমিত হৈ পৰে।

(ঙ) শৃংখলাৰ অভাৱ (Lack of Discipline) : ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ মাজত শৃংখলাৰ অভাৱ দেখা যায়। প্রায়বিলাক দলতে আভ্যন্তৰীণ কন্দল বিৰাজ কৰি থকাতো এক স্বাভাৱিক ঘটনাত পৰিণত হৈছে। সদস্যসকলৰ মাজত ঐক্য আৰু দলটোৰ প্ৰতি তেওঁলোকৰ আনুগত্যতা এক প্ৰকাৰ নাইকিয়া বুলিয়েই ক’ব পৰা যায়। ইয়াৰ মূল কাৰণ হিচাবে দলবিলাকৰ আদৰ্শ, কৰ্ম আঁচনি একে ধৰণৰ হোৱাতো উল্লেখ কৰিব পাৰি। কাৰণ, সদস্যসকলে বাৰুকৈয়ে বুজি পায় যে দলে তেওঁলোকৰ ওপৰত কোনো শাস্তিমূলক ব্যৱস্থা ল’লে অন্য যিকোনো এটা দলত যোগদান কৰাত তেওঁলোকৰ অসুবিধা হয়। সেয়ে বর্তমান দলে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত কৰিবলৈ থিৰ কৰিলে সদস্যসকলে দল ত্যাগৰ ভাবুকিৰে সেই সিদ্ধান্ত বাতিল কৰিবলৈ দলক বাধ্য কৰে। দলবিলাকত ঐক্য-শৃংখলা আৰু আনুগত্যৰ অভাৱৰ বাবে সদস্যসকলে দল-বাগৰা ৰাজনীতিত লিপ্ত হোৱাৰ সুযোগ অধিক হৈ পৰে আৰু এনে হোৱাৰ ফলত বহু সময়ত চৰকাৰখনে অচলাবস্তৰ সৃষ্ঠি হোৱা দেখা যায়।

(চ) নেতাৰ গুৰুত্ব (Importance of Leaders) : ভাৰতীয় দলীয় পদ্ধতিৰ আন এক বৈশিষ্ট্য হৈছে নেতাকেন্দ্ৰীক ৰাজনীতি। ইয়াৰ ৰাজনৈতিক দলবিলাক নেতাজনৰ জনপ্ৰিয়তা আৰু কৰ্মৰাজীৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল হোৱা দেখা যায়। পশ্চিমীয়া দেশবিলাকৰ দৰে আদৰ্শ বা কৰ্ম আঁচনিৰ ওপৰত নিৰ্ভৰ নকৰে। উদাহৰণস্বৰূপে ক’ব পৰা যায় যে কংগ্ৰেছ দলে জনপ্রিয়তা আৰু কৃতকাৰ্যতা লাভ কৰাৰ মূলতে আছিল জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীয়ে এই দলটোক দিয়া নেতৃত্ব। বৰ্তমান ভাৰতীয় জনতা দলৰ উত্থানৰ মূলতে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে নিকা ভাবমূর্তিয়ে এই দলটোক দিয়া নেতৃত্বৰ কথা উল্লেখ কৰিব পাৰি।

(ছ) দল-বাগৰা ৰাজনীতি (Politics of Defections) : দল-বাগৰা ৰাজনীতি ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য। ১৯৬৭ চনত অনুষ্ঠিত হোৱা চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ পিছৰ পৰা সদস্যসকলৰ দল-বাগৰা ৰাজনীতিয়ে জটিল ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিলে ৷ উল্লেখযোগ্য যে এই নির্বাচনত কংগ্ৰেছ দলে ভালেকেইখন ৰাজ্যত ক্ষমতা হেৰুওৱাৰ লগতে কেন্দ্ৰতো এই দলৰ শক্তি বহু পৰিমাণে কমিল। ফলত ৰাজ্যবিলাকত বিৰোধী দলবিলাকে সংযুক্ত মৰ্চা চৰকাৰ (United Front Government) বা মৰ্চা চৰকাৰ (Coalition Government) গঠন কৰাৰ সুবিধা লাভ কৰিলে৷ এইদৰে বিৰোধী দলৰ সংযুক্ত চৰকাৰ গঠনৰ লগে লগে ক্ষমতা লাভৰ আশাত বিভিন্ন দলৰ সদস্যই নিজ নিজ দল ত্যাগ কৰি মৰ্চা চৰকাৰৰ অংশীদাৰ দলবিলাকত যোগদান কৰিবলৈ হেতা-ওপৰা লগাবলৈ আৰম্ভ কৰিলে। এইদৰে বিভিন্ন দলৰ সদস্যসকলে সঘনে দল সলনি কৰিবলৈ লোৱাৰ ফলত বহুতো ৰাজ্যৰ চৰকাৰ অস্থিৰতাৰ সন্মুখীন হ’বলৈ বাধ্য হ’ল আৰু এটা সময়ত এই বিৰোধী দলৰ চৰকাৰ সমূহৰ পতন সম্ভৱ হৈ উঠিল।

(জ) শক্তিশালী বিৰোধী দলৰ অভাৱ (Lack of Strong Opposition Party) : শক্তিশালী বিৰোধী দলৰ অভাৱো ভাৰতৰ দলীয় ব্যৱস্থাৰ আন এক লেখত ল’বলগীয়া বৈশিষ্ট্য হিচাবে উল্লেখ কৰিব পাৰি। এইটো অনস্বীকার্য যে সংসদীয় গণতন্ত্ৰৰ কৃতকাৰ্যতাৰ বাবে এটা সুসংগঠিত আৰু শক্তিশালী বিৰোধী দলৰ আৱশ্যক। কাৰণ শক্তিশালী বিৰোধী দলেহে শাসনাধিষ্ঠ দলক বিভিন্ন অগণতান্ত্রিক, অনীতি আৰু কু-কৰ্ম বিলাকৰ পৰা আঁতৰাই ৰাখিব পাৰে৷ অন্য অৰ্থত ক’বলৈ হ’লে শক্তিশালী বিৰোধী দলৰ উপস্থিতিয়ে শাসনাধিষ্ঠ দলটোক কোনো এখন আঁচনি যুগুতোৱাৰ সময়ত বা কোনো এখন বিধেয়ক উত্থাপন কৰাৰ আগতে অধিক সতর্ক হ’বলৈ বাধ্য কৰে। কিন্তু অতি পৰিতাপৰ কথা যে স্বাধীনতাৰ পাঁচ দশক কাল অতিক্ৰম কৰাৰ পিছতো ভাৰতবৰ্ষত এক শক্তিশালী বিৰোধী দল গঠন নহ’ল ৷ এই ক্ষেত্ৰত আমি ৰাজনৈতিক নেতাসকলৰ ব্যক্তিকেন্দ্ৰিক আৰু স্বাৰ্থপৰ মনোভাৱকে জগৰীয়া কৰিব পাৰো। এই নেতাসকলে দেশৰ স্বাৰ্থতকৈ নিজ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়াতহে বেছি আগ্রহী।

(ঝ) সাংগঠনিক দুর্বলতা (Organisational Weaknesses) : ভাৰতৰ ৰাজনৈতিক দলৰ আন এক বৈশিষ্ট্য হিচাপে এইবিলাকৰ সাংগঠনিক দুৰ্বলতাৰ কথাও উল্লেখ কৰিব পাৰি ৷ ভাৰতৰ ৰাজনৈতিক দলবিলাক যে সুসংগঠিত নহয় তাৰ অলেখ প্ৰমাণ পোৱা যায়। এইবিলাকৰ ভিতৰত ক’ব পৰা যায় যে ভাৰতৰ ৰাজনৈতিক দলবিলাক নেতাজনৰ ওপৰতে নিৰ্ভৰশীল আৰু এই নেতাজনে তেওঁৰ অনুগতসকলৰ লগ লাগি দলটোক নিজ খেয়াল-খুচি মতে পৰিচালনা কৰাতো সম্ভৱ হৈ পৰে৷ উদাহৰণস্বৰূপে— জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীয়ে কংগ্ৰেছ দলক, চৰণ সিঙে লোক দলক, চন্দ্ৰবাবু নাইডুৱে তেলেগু দেশম দলক, কান্সিৰামে বহুজন সমাজ দলক ইত্যাদি। উল্লেখযোগ্য যে ভাৰতৰ ৰাজনৈতিক দলবিলাক আনকি দলীয় নির্বাচন অনুষ্ঠিত কৰিবলৈও আগ্রহী নহয়। ফলত বহুতো দলে সাংগঠনিক নির্বাচন অনুষ্ঠিত নকৰি মনোনীত বিষয়ববীয়াৰ দ্বাৰাই কাম-কাজ চলাই থকা দেখা যায়। সুখৰ কথা যে ভাৰতৰ নির্বাচন আয়োগৰ পূৰ্বৰ মুখ্য আয়ুক্ত টি. এন. শেষানে এই ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা লৈ ৰাজনৈতিক দলবিলাকক সাংগঠনিক নির্বাচন অনুষ্ঠিত কৰিবলৈ বাধ্য কৰিছিল।

(ঞ) বৃহৎ সংখ্যক আঞ্চলিক দলৰ উপস্থিতি (Presence of Large Number of Regional Parties) : বৃহৎ সংখ্যক আঞ্চলিক দলৰ উপস্থিতিকো ভাৰতৰ দলীয় ৰাজনীতিৰ এক বৈশিষ্ট্য বুলিব পাৰি। যোৱা দুটা দশকত ভাৰতৰ ৰাজনীতিত ভালেমান আঞ্চলিক দলৰ প্ৰৱেশ ঘটিছে৷ অৱশ্যে এইটো ঠিক যে কেৱল সংখ্যাগতভাৱেই আঞ্চলিক দলৰ বিকাশ ঘটা নাই। এই দলবিলাকে আশাতীতভাৱে চৰকাৰ গঠন কৰিবলৈও সক্ষম হৈছে। উদাহৰণস্বৰূপে— তেলেগু দেশম (অন্ধ্রপ্রদেশ), ডি. এম. কে. আৰু ডি. এম. কে. এ. আই. এ. (তামিলনাডু), আকালি দল (পঞ্জাৱ), অসম গণ পৰিষদ (অসম), নেচনেল কনফাৰেন্স (জম্মু আৰু কাশ্মীৰ), বহুজন সমাজ পার্টি (উত্তৰ প্ৰদেশ), চিকিম ডেমক্রেটিক ফ্রন্ট (চিকিম), মিজো নেচনেল ফ্রন্ট (মিজোৰাম), অৰুণাচল কংগ্ৰেছ (অৰুণাচল প্রদেশ) আদিৰ নাম উল্লেখ কৰিব পাৰি ৷ উল্লেখযোগ্য যে অষ্টম লোকসভা নির্বাচনত আঞ্চলিক দল তেলেগু দেশমে আনকি প্রধান বিৰোধী দল হিচাবে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। 

কেৱল সেয়ে নহয় ১৯৯৬ চনৰ পৰা শেষৰতো নিবাচনলৈকে আঞ্চলিক দল বিলাকে ৰাষ্ট্ৰীয় ৰাজনীতিত ভাবিব নোৱাৰা ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা দেখা গৈছে। বর্তমান এনে এক পর্যায়লৈ আগবাঢ়িছে যে আঞ্চলিক দলৰ সহযোগিতাৰ অবিহনে কেন্দ্ৰত চৰকাৰ গঠন হোৱাতো অসম্ভৱ হৈ পৰিছে। আনকি কেন্দ্ৰৰ এখন চৰকাৰৰ স্থায়িত্বও সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰিছে আঞ্চলিক দলৰ সমৰ্থনৰ ওপৰতে। বৰ্তমান কেন্দ্ৰত ভাৰতীয় জনতা দলৰ নেতৃত্বত যিখন চৰকাৰে কাম-কাজ চলাই আছে সেইখন হৈছে ২১ দলীয় সন্মিলিত চৰকাৰ আৰু এই চৰকাৰত যোগদান কৰা অধিক সংখ্যকেই আঞ্চলিক দল।

৫১। ভাৰতীয় বহু-দলীয় ব্যৱস্থা সম্পর্কে আলোচনা কৰা৷ (Discuss about Multi-Party System in India.)

অথবা

ভাৰতীয় বহুদলীয় ব্যৱস্থাত এটা দলৰ আধিপত্য কেনেকৈ হয় লিখা। প্রকৃত বহুদলীয় । ব্যৱস্থা আৰু বহুদলীয় জোঁটলৈ ইয়াৰ ৰূপান্তৰ কেনেকৈ হয় চমুকৈ আলোচনা কৰা। (Write how is one party dominated by the Indian multi-party system. Discuss shortly how does it transformed into a real multiparty system and multi-party coalition.)

উত্তৰঃ প্ৰাৰম্ভিক অৱস্থাত ৰাজনৈতিক দলীয় ব্যৱস্থাত প্ৰায় চাৰি দশক ধৰি এটা দলৰ আধিপত্য (কংগ্ৰেছ আধিপত্য) ৰে বহুদলীয় ব্যৱস্থা আছিল। পৰৱৰ্তী সময়ত এক প্ৰকৃত বহুদলীয় ব্যৱস্থাৰ চৰিত্ৰ আহৰণ কৰিলে আৰু বহু সংখ্যক সক্ৰিয় ৰাজনৈতিক দলে ভালেকেইখন ৰাজ্য আৰু কেন্দ্ৰত ক্ষমতা আহৰণৰ প্ৰচেষ্টা চলালে৷ এনে এক প্রেক্ষাপটতে বিকাশৰ বিষয়ে তলত কিছু বহলাই আলোচনা কৰা হ’ল—

(ক) ১৯৫০-১৯৮৯ সময়ছোৱাৰ এক দলীয় আধিপত্য কংগ্ৰেছ আধিপত্যৰে বহুদলীয় ব্যৱস্থা (One party dominant i.e. Congress dominated multi party system during 1950-1989) : ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পাছৰ চাৰিটা দশকত ভাৰতীয় দলীয় ব্যৱস্থাত এটা দলৰ আধিপত্যৰ বহুদলীয় ব্যৱস্থা প্ৰচলিত হৈছিল। ১৯৪৭১৯৮৯ চনৰ সময়ছোৱাত ভাৰতত কংগ্ৰেছ দলৰ আধিপত্য আছিল যিয়ে একেলেঠাৰিয়ে কেন্দ্ৰত আৰু প্ৰায় সকলোবোৰ ৰাজ্যতে ক্ষমতাত অধিস্থিত আছিল (ব্যতিক্রম হিচাপে জনতা পাৰ্টিয়ে ১৯৭৭ চনৰ এপ্ৰিলৰ পৰা ১৯৭৯ চনৰ ডিচেম্বৰলৈকে ক্ষমতাত আছিল।) সেই সময়ত অন্যান্য ৰাজনৈতিক দলবিলাক আছিল যদিও প্ৰতিটো দলেই সেই সময়ছোৱাত ৰাজনৈতিকভাৱে দুৰ্বল আছিল। প্ৰকৃততে সেই সময়ছোৱাত ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত সংঘবদ্ধ আৰু শক্তিশালী বিৰোধী দলৰ অভাৱ আছিল ৷

অৱশ্যে, ১৯৮৯ চনৰ সময়ছোৱাৰ পৰা কংগ্ৰেছ দলে পূৰ্ব্বৰ জনপ্ৰিয়তা হেৰুৱাৰ লগতে দলটোত খহনীয়াৰ সৃষ্টি হয়। লাহে লাহে লোকসভা আৰু বহুতো ৰাজ্যৰ বিধান সভাত এই দলৰ আসনৰ সংখ্যা কমি আহিবলৈ ধৰিলে। ১৯৮৯ চনৰ এই দল জনতা দলৰ হাতত পৰাজিত হয়। যদিও ১৯৯১-১৯৯৬ চনত এই দলে এখন সংখ্যালঘু চৰকাৰ গঠন কৰি দেশ শাসন কৰে। পৰৱৰ্তী সময়ত ইয়াৰ জনপ্ৰিয়তা আৰু শক্তি পুনৰ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হয়। ১৯৯৭ চনৰ পৰা ২০০৪ চনৰ সময়ছোৱাত কংগ্ৰেছ দলে কেন্দ্ৰ আৰু কেইবাখনো ৰাজ্যৰ শাসনৰ পৰা ক্ষমতাচ্যুত হৈ বিৰোধী দলৰ ভূমিকাত অৱতীৰ্ণ ল’ব লগা হয়। কেন্দ্ৰ আৰু বহুকেইখন ৰাজ্যত বহুদলীয় সন্মিলিত চৰকাৰৰ যুগটোৰ আৰম্ভ হ’ল। এনেদৰে দেশত বহুদলীয় পৰম্পৰাত কংগ্ৰেছ দলৰ স্থিতি ক্ৰমাৎ নিম্নগামী হয়। কংগ্ৰেছ দলে সেয়ে বাধ্য হৈ অন্যান্য কেইবাটাও আঞ্চলিক দল আৰু কেইটামান ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা কৰি তেওঁলোকৰ ৰাজনৈতিক ক্ষমতা বৃদ্ধি কৰিবলৈ যত্নপৰ হৈছিল। এই সিদ্ধান্তৰ ফলত তেওঁলোক মাত্ৰ এটা বহু-দলীয় জোঁট সংযুক্ত প্রগতিশীল মচ্চাৰ নেতা হিচাপে শাসকীয় দল হৈ থাকিল ৷

২০০৪ ৰ মে’ৰ পৰা, ২০১৪ চনৰ মাহলৈ কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ জোঁটৰ হাতলৈ কেন্দ্ৰত ক্ষমতা পুনৰ আহিল৷ অৱশ্যে এনে অনুকূল পৰিৱেশতো কংগ্ৰেছ দলে যোৱা দুবছৰে তেওঁলোকৰ সাংগঠনিক শক্তি বৃদ্ধি কৰিব আৰু অন্যান্য উন্নয়নমূলক কাম কৰিব নোৱাৰিলে যাৰ ফলস্বৰূপে জনসাধাৰণৰ মাজত ইয়াৰ জনপ্ৰিয়তা আৰু বিশ্বাসযোগ্যতা হ্রাস পালে ৷ সেয়েহে ২০১৪ চনত এই দলে পুনৰ ক্ষমতা হেৰুৱালে। প্ৰকৃততে ই বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চ্চা (NDA) ৰ হাতত ষষ্ঠদশ লোকসভা নিৰ্বাচনত এক বৃহৎ পৰাজয়ৰ সন্মুখীন হয়। একেদৰেই ২০১৪ চনৰ এপ্ৰিল-মে’ মাহত অনুষ্ঠিত কেইবাখনো ৰাজ্যৰ বিধানসভা নির্বাচনতো কংগ্ৰেছ দল পৰাজিত হয়। কংগ্ৰেছে লোকসভাত মাত্র ৪৪ খনহে আসন লাভ কৰিবলৈ সমৰ্থ হোৱাৰ বিপৰীতে কেইবাখনো ৰাজ্যত ক্ষমতা হেৰুৱাৰ উপক্রম হয়। এই ফলাফলে এটা সময়ত ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত আধিপত্য বিস্তাৰ কৰা দলটোৰ দুৰ্বল অৱস্থাকে সূচায়।

এনেদৰে বিগত ৭ টা দশকত ভাৰতীয় দলীয় ৰাজনীতিত কংগ্ৰেছ দলৰ জয়জয় ময়ময় অৱস্থা প্রত্যক্ষ কৰাৰ লগতে দলটোৰ অধঃপতন আৰু দুৰ্বলতাৰ অৱস্থাও প্রত্যক্ষ কৰা যায়। এনে ধৰণৰ পৰিৱৰ্তনৰ লগতে ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত বহুদলীয় জোঁট গঠন ব্যৱস্থা ক্রমশঃ বৃদ্ধি পাই আহিছে।

(খ) ১৯৫০-১৯৮৯ চনৰ কালছোৱাত ভাৰতীয় বহু-দলীয় ব্যৱস্থাত কংগ্ৰেছ দলে আধিপত্য বিস্তাৰ কৰা দলটোৰ কৰ্মক্ষমতা (Performance of the Congress during 19501989) : ১৯৫০-১৯৮৯ চনলৈ ভাৰতবৰ্ষৰ ৰাজনীতিত কংগ্ৰেছৰ আধিপত্য আছিল। স্বৰাজোত্তৰ কালৰ প্ৰথম দুটা দশকত দলটোৱে ভাৰতীয় ৰাজনীতিত কেন্দ্ৰ আৰু ৰাজ্যিক পৰ্যায়ত আধিপত্য বিস্তাৰ কৰিছিল।

১৯৪৭–৬৭ চনলৈ কেন্দ্ৰ আৰু সকলো ৰাজ্যতে কংগ্ৰেছৰ শাসন চতুৰ্থ সাধাৰণ নিৰ্বাচনত কেইবাখনো ৰাজ্যত অনা-কংগ্ৰেছী চৰকাৰ গঠন হোৱাৰ লগে লগে কংগ্ৰেছ দলে এক বিৰাট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। অনুৰূপ ধৰণৰ ঘটনা ১৯৬৯ চনতো পৰিলক্ষিত হয় ৷ অৱশ্যে এনেধৰণৰ অৱস্থা অস্থায়ীহে আছিল। ১৯৭১ চনৰ নিৰ্বাচনত কংগ্ৰেছে ৰাজ্যসমূহৰ লগতে কেন্দ্ৰীয় ৰাজনীতিতো পুনৰ নেতৃত্ব বজাই ৰাখিবলৈ সক্ষম হৈছিল। ১৯৭৭ চনৰ মাৰ্চত অনুষ্ঠিত নিৰ্বাচনত এই দল পুনৰ পৰাজয়ৰ সন্মুখীন হয়। এই দলে লোকসভাৰ মুঠ ৫৪২ খন আসনৰ ভিতৰত মাত্র ১৫৩ খন আসন দখল কৰে। এই নিৰ্বাচনত জনতা দল (সকলো অ-কংগ্ৰেছী দলৰ সমন্বয়ত গঠিত) ক্ষমতালৈ আহে ৷ ভাৰতীয় জনতাই ২২ মহীয়া (জুন ১৯৭৫ ৰ পৰা মার্চ ১৯৭৭) জৰুৰীকালীন অৱস্থাৰ শাস্তি হিচাপে দলটোক শাসনৰ অধিকাৰৰ পৰা বঞ্চিত কৰিলে। যদিও জনতা পাৰ্টিয়ে শাসন কৰাত ব্যৰ্থ হয় আৰু ১৯৭৯ চনত জনতাই তেওঁলোকক শাসনৰ পৰা বিতাৰিত কৰে। 

১৯৮০ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত নিৰ্বাচনত কংগ্ৰেছ দল পুনৰ ক্ষমতালৈ আহে ৷ তেওঁলোকে লোকসভাৰ মুঠ ৫২৫ খন আসনৰ ভিতৰত ৩৫১ খন আসন লাভ কৰে। ১৯৮১ চনত এই দলৰ এজন নেতা তথা প্রধান মন্ত্রী ইন্দিৰা গান্ধীৰ পুত্ৰ সঞ্জয় গান্ধীৰ মৃত্যুৰ ফলত দলটো বিপত্তিৰ সন্মুখীন হয়। এই লোকচানটো বহুগুণে বৃদ্ধি পালে যেতিয়া ১৯৮৪ চনৰ অক্টোবৰ মাহত প্রধান মন্ত্রী ইন্দিৰা গান্ধীয়ে তেওঁৰ দেহৰক্ষীৰ হাততে প্রাণ দিলে।

কংগ্ৰেছ নেতৃত্বত সৃষ্টি হোৱা শূন্যতা পূৰণ কৰিবলৈ ইন্দিৰা গান্ধীৰ জ্যেষ্ঠ পুত্ৰ ৰাজীৱ গান্ধীক দলৰ নেতৃত্ব প্ৰদান কৰা হ’ল। ১৯৮১ চনৰ নৱেম্বৰ মাহত তেওঁ ভাৰতৰ প্ৰধান মন্ত্ৰীৰ লগতে কংগ্ৰেছৰ অধ্যক্ষ হয়। ১৯৮৪ চনৰ নিৰ্বাচনত তেওঁৰ নেতৃত্বত দলটোৱে এক বৃহৎ জয় লাভ কৰে৷ এইদৰে লোকসভাৰ ৪১১/৫২৯ আসন অধিকাৰ কৰিবলৈ সক্ষম হয়। পুনৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক ব্যৱস্থাত কংগ্ৰেছ দলৰ আধিপত্য প্রতিষ্ঠিত হ’ল।যদিও ১৯৮৪-৮৯ চনৰ সময়ছোৱাত কংগ্ৰেছী কেন্দ্ৰীয় চৰকাৰখনে তেওঁলোকৰ দুৰ্দান্ত আৰু প্ৰভাৱশালী অস্তিত্ব বজাই ৰাখিব নোৱাৰিলে ৷ কিছুমান আঁচনি আৰু সিদ্ধান্ত লোৱাত বিলম্ব কৰা, কংগ্ৰেছৰ দলৰ সদস্যৰ মাজত অন্তঃকন্দল, কোনো কোনো নেতাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ, বফৰ্ছ কেলেংকাৰীত জড়িত থকাৰ অভিযোগ, সংৰক্ষিত বনাম অ-সংৰক্ষিত বিষয়ৰ বাদ-বিবাদ, অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণ আৰু জনতা দলৰ বাঢ়ি অহা জনপ্ৰিয়তা (যিটোৱে পাছলৈ জনতা দল নেতৃত্বাধীন নেশ্যনেল ফ্রণ্ট অর্থাৎ ভাৰতীয় দল ব্যৱস্থাত বহুদলীয় কংগ্ৰেছ বিৰোধী জোঁট বন্ধন গঠন কৰে) আৰু অন্যান্য বহুতো কাৰকৰ ফলত কংগ্ৰেছ দল দুৰ্বল হৈ পৰে আৰু ১৯৮৯ চনৰ নৱেম্বৰ মাহত লোকসভা নিৰ্বাচনত পৰাজিত হয়। প্রকৃততে এই ঘটনাই কংগ্ৰেছ দলৰ স্থান নিম্নগামী কৰে আৰু ভাৰতত বহুদলীয় জোঁট চৰকাৰৰ যুগৰ সূচনা কৰে।

(গ) কংগ্ৰেছ আধিপত্য ব্যৱস্থাৰ পতনৰ সূচনা ( Beginning of the United Progressive Alliance) : ১৯৮৯ চনৰ নৱেম্বৰত অনুষ্ঠিত নিৰ্বাচনত নেশ্যনেল ফ্রণ্ট (জনতা দল, তেলেগু দেশম, জনতা পার্টি, জনমৰ্চা, লোক দলৰ জোঁট) ক্ষমতালৈ আহে। এই চৰকাৰক বাহিৰৰ পৰা সমর্থন জনায় বাওঁপন্থী দল চিপিআই আৰু চিপিএম আৰু সোঁপন্থী দল বিজেপিয়ে । কংগ্ৰেছ দলে লোকসভাৰ ৫২৫ খন আসনৰ ভিতৰত মাত্ৰ ১৯৩ খন আসনহে নিৰ্বাচনত লাভ কৰিবলৈ সমৰ্থ হয়।ই যদিও লোকসভাৰ একক সংখ্যাগৰিষ্ঠ দল তথাপিও ই বিৰোধীৰ আসনত বহিবলৈ সিদ্ধান্ত কৰিলে। ইয়াৰ নেতা ৰাজীৱ গান্ধী লোকসভাৰ বিৰোধী দলৰ নেতা নির্বাচিত হ’ল। কংগ্ৰেছ দলে এক কাৰ্যকৰী বিৰোধীৰ ভূমিকা পালন কৰে। ৰাজ্যিক পৰ্যায়তো এই দলে উত্তৰ ভাৰতত বিপৰ্যয়ৰ সন্মুখীন হয়। মাত্র দক্ষিণ ভাৰতত ই কিছু শক্তি লাভ কৰে।

১৯৯০ চনৰ নৱেম্বৰত ৰাষ্ট্ৰীয় মৰ্চা (National Front) এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হয় যেতিয়া বিজেপি দলে অযোধ্যাৰ ৰাম মন্দিৰ বিষয়টো আৰু বিজেপি সভাপতি লাল কৃষ্ণ আদৱানীক গ্ৰেপ্তাৰৰ প্ৰতিবাদত সমৰ্থন প্রত্যাহাৰ কৰে। এই বিপৰ্যয়ৰ ফলত চৰকাৰ ভংগ হৈছিল। যেতিয়া চন্দ্ৰশেখৰ আৰু তেওঁৰ সমৰ্থকসকলে তেওঁলোকৰ লগ এৰি জনতা দল (সমাজবাদী) গঠন কৰে। কংগ্ৰেছ দলে বাহিৰৰ পৰা দিয়া সমৰ্থন লৈ চন্দ্ৰশেখৰে নতুন চৰকাৰ গঠন কৰে । যদিও মাত্র পাঁচ মাহৰ ভিতৰত কংগ্ৰেছ দলৰ লগত হোৱা সংঘাতৰ ফলত চৰকাৰখনে সাংবিধানিক সংকটৰ সন্মুখীন হয়৷ যেতিয়া প্রধান মন্ত্ৰী চন্দ্ৰশেখৰে পদত্যাগ কৰে, কংগ্ৰেছে বিকল্প চৰকাৰ গঠনৰ প্ৰস্তাৱ দিছিল যদিও তেওঁ মানি নল’লে৷ ইয়াৰ ফলস্বৰূপে নৱম লোকসভা ভংগ হয়।

১৯৯১ চনৰ মে’-জুন মাহত দশম লোকসভাৰ বাবে নিৰ্বাচন হয়। এই নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে কংগ্ৰেছ দলে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হয় ৷ যেতিয়া ২১ মে’, ১৯৯১ ত দলটোৰ নেতা ৰাজীৱ গান্ধী শ্ৰীলংকাৰ বিদ্রোহী সংগঠন এল টি টি ইৰ আত্মঘাতী বোমাৰুৰ হাতত নিহত হয়। কংগ্ৰেছ দলৰ নেতৃত্বত সৃষ্টি হোৱা শূন্যাৱস্থা পূৰণ কৰিবৰ বাবে পি ভি নৰসিংহ ৰাওক অধ্যক্ষ নির্বাচিত কৰা হয়।

১৯৯১ চনত অনুষ্ঠিত দশম লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে ২২৪ খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠ দল হোৱাত বিফল হ’ল। সেই সময়ত দলটোৱে কেন্দ্ৰত চৰকাৰ গঠনৰ সিদ্ধান্ত ল’লে । আনহাতে, ৰাজ্যিক নিৰ্বাচনত উত্তৰ পূৰ্বাঞ্চলত এই দল আংশিকভাৱেহে উদ্ধাৰ হ’ল । উত্তৰ প্ৰদেশত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিলে। তাৰ বিপৰীতে হাৰিয়ানাত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিলে।

পি ভি নৰসিংহ ৰাওৱে ১৯৯১ চনৰ ২১ জুনত ভাৰতৰ প্ৰধান মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিলে যদিও স্পষ্ট সংখ্যাগৰিষ্ঠতা আৰু বাহিৰৰ পৰা দৃঢ় আৰু পৰ্যাপ্ত সমৰ্থনৰ অভাৱত কংগ্ৰেছ দলটো বিকলাংগ হৈ পৰিল। যদিও প্ৰথম অৱস্থাত বাহিৰৰ পৰা সমৰ্থন লাভ কৰিছিল কিন্তু বহুকেইটা বিষয়ত দলবোৰৰ লগত মতানৈক্য হ’বলৈ ধৰিলে। দশম লোকসভাৰ অধ্যক্ষ হিচাপে শিৱৰাজ পাটিলৰ নিৰ্বাচন সফলতাৰে সম্পন্ন কৰিলে। লগতে বিজেপি সমর্থিত প্রার্থী মালিকার্জুন উপাধ্যক্ষৰ নিৰ্বাচনতো সফল হ’ল। কংগ্ৰেছে দলীয় অধিৱেশনতে উপাধ্যক্ষজন বিৰোধী দলৰ পৰা নিৰ্বাচিত কৰাৰ সিদ্ধান্ত লৈছিল৷ সেইমৰ্মে বিৰোধী দলৰ নেতা এল কে আদৱানীক সাংবিধানিকভাৱে বিৰোধী দলৰ নেতা নিৰ্বাচিত কৰা হয় আৰু কংগ্ৰেছে বিজেপি দলৰ মনোনীত সদস্যক সমর্থন আগবঢ়ালে। 

১৯৯১ চনৰ জুন মাহৰ পৰা ১৯৯৩ চনৰ নৱেম্বৰ মাহৰ এই সময়ছোৱাত এই দলটোৱে সংখ্যালঘু চৰকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰে, কিন্তু তেনে অৱস্থাতো দলটোৰ চৰকাৰখনে ভাৰতবৰ্ষত বহুকেইটা সুদূৰ প্ৰসাৰী অৰ্থনৈতিক সংস্কাৰ আৰু পৰিৱৰ্তনৰ কাম হাতত ল’লে ৷ পঞ্জাৱত এই দলে ১৯৯২ চনৰ ফেব্ৰুৱাৰী মাহত চৰকাৰ গঠন কৰে আৰু তেতিয়া সন্ত্রাসবাদী আন্দোলন সমাপ্ত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি জনসাধাৰণক কিছু সকাহ দিয়ে। ১৯৯২ চনৰ জুলাই মাহত কংগ্ৰেছ সমর্থিত প্রার্থী ড° শংকৰ দয়াল শৰ্মা ৰাষ্ট্ৰপতি নির্বাচিত হয়। ১৯৯২ চনৰ আগষ্ট মাহত এই দলৰ প্ৰাৰ্থী কে আৰ৷ নাৰায়ণন উপ-ৰাষ্ট্ৰপতি নির্বাচিত হয়।

১৯৯৩ চনৰ মাৰ্চ মাহত অযোধ্যাত বিবাদমান গাঁঠনি ধ্বংস আৰু মুম্বাই বিস্ফোৰণৰ পাছত জটিল পৰিস্থিতি কংগ্ৰেছ চৰকাৰে সফলতাৰে মোকাবিলা কৰে। ১৯৯৩ চনৰ নৱেম্বৰ মাহত এই দলৰ সংখ্যাগৰিষ্ঠ চৰকাৰ হয় যেতিয়া জনতা দল দুভাগত বিভক্ত হয় আৰু অজিত সিঙৰ নেতৃত্বাধীন অংশটোৱে কংগ্ৰেছক সমৰ্থন কৰে। কিন্তু ১৯৯৪ চনৰ নৱেম্বৰত কংগ্ৰেছ দলে চিকিম, গোৱা, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনত বৃহৎ লোকচানৰ সন্মুখীন হয়। ফেব্ৰুৱাৰী ১৯৯৫ চনত এই দলে সফলতাৰে উৰিষ্যা, মণিপুৰ, অন্ধ্ৰপ্ৰদেশত শাসনৰ গাদী লাভ কৰে। কিন্তু মহাৰাষ্ট্ৰ, গুজৰাট আৰু বিহাৰত পৰাজয় বৰণ কৰিব লগা হয়। এই দলে ১৯৯৫ চনৰ মে’ মাহত বিভাজনৰ সন্মুখীন হয় যেতিয়া অৰ্জুন সিং আৰু নাৰায়ণ দত্ত তিৱাৰীয়ে প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দল গঠন কৰে ।

৫২। কংগ্ৰেছ আধিপত্য দল ব্যৱস্থাৰ অৱসান আৰু প্ৰকৃত বহুদলীয় ব্যৱস্থাৰ আবিৰ্ভাৱ সম্পর্কে আলোচনা কৰা । (Discuss about the end of era of Congress dominated party system and emergence of a real multi-party system.)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top