Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি

Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Question Answer can be of great value to excel in the examination.

Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি

Join Telegram channel

Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Notes cover all the exercise questions in UGC Syllabus. The Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

৭১। ১৯৯৬ চনৰ নিৰ্বাচনৰ সময়ত ভাৰতৰ নিৰ্বাচনী আয়োগে কেইটা দলক জাতীয় দল হিচাবে স্বীকৃতি প্রদান কৰিছিল? (During the 1996 elections, how many parties did the National Election Commission recognize as national parties?) 

উত্তৰঃ মুঠ ৬ টা দলক জাতীয় দল হিচাবে স্বীকৃতি প্ৰদান কৰিছিল ৷

৭২। ১৯৯৬ চনৰ নিৰ্বাচনৰ সময়ত ভাৰতৰ নিৰ্বাচনী আয়োগে জাতীয় দল হিচাবে স্বীকৃতি প্ৰদান কৰা যিকোনো এটা দলৰ নাম লিখা। (Write the name of any party that was recognized as a national party in the Election Commission of India during the 1996 elections.)

উত্তৰঃ ভাৰতীয় জনতা দল (BJP)।

৭৩। এটা আঞ্চলিক দলৰ নাম লিখা। (Write the name of one regional party.)

উত্তৰঃ অসম গণ পৰিষদ (AGP)।

৭৪। অসমৰ এটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম উল্লেখ কৰা । (Mention the name of one regional political party of Assam.) 

উত্তৰঃ অসম গণ পৰিষদ (AGP)।

৭৫। ভাৰতৰ কোনটো ৰাজনৈতিক দলে স্বাধীনতাৰ পাছৰ পৰা একেৰাহে তিনি দশক কাল শাসনৰ গাদীত বৰ্তি থাকিবলৈ সক্ষম হৈছিল? (Which Indian political party was able to remain in the grip of the rule for almost three decades after independence?)

উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছ।

৭৬৷ ভাৰতৰ কোনটো ৰাজনৈতিক দলে স্বাধীনতা আন্দোলত বৃটিছ শাসনৰ পৰা মুক্ত কৰাত বৰঙণি যোগাইছিল? (Which political party of India contributed to the release from British rule in Independence movement?) 

উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছ।

৭৭। ভাৰতৰ দলীয় ব্যৱস্থাক বহুদলীয় ব্যৱস্থাৰ পৰিৱৰ্তে একদলীয় শাসন ব্যৱস্থা বুলি ক’বলৈ প্ৰয়াস কৰা ৰাজনীতি বিজ্ঞানী এজনৰ নাম লিখা। (Name one of the political scientist who tried to call India’s party system a one party dominant system rather than a multiparty system.) 

উত্তৰঃ মাইৰণ ওৱেইনাৰ।

৭৮ ৷ কিমান চনত জনতা দলে প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ পৰা শাসনভাৰ কাঢ়ি ল’বলৈ সক্ষম হৈছিল? (In which year was the Janata Party able to take over from congress for the first time?) 

উত্তৰঃ ১৯৭৭ চনত৷

চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। ৰাজ্যিক বিধান পৰিষদৰ সদস্যসকলৰ অৰ্হতা কি কি? (What are the qualifications of all the members of the State Legislative Council?)

উত্তৰঃ ৰাজ্যিক বিধান পৰিষদৰ সদস্য হ’বৰ বাবে এজন ব্যক্তিৰ তলত দিয়া অৰ্হতাসমূহ থাকিব লাগে।

(ক) তেওঁ ভাৰতীয় নাগৰিক হ’ব লাগিব।

(খ) তেওঁৰ বয়স ৩০ বছৰৰ কম হ’ব নোৱাৰিব।

(গ) সি ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ অধীনত কোনো বেতনভোগী চাকৰিয়াল হ’ব লাগিব।

(ঘ) একে সময়তে দুখন সদনৰ সদস্য হ’ব নোৱাৰিব।

২। ৰাজ্যৰ বিধানসভালৈ নিৰ্বাচিত হ’ব বিচৰা ব্যক্তিৰ অৰ্হতাসমূহ কি কি? (What are the qualifications of a person to be elected to the State assembly?)

উত্তৰঃ ৰাজ্যিক বিধানসভালৈ নিৰ্বাচিত হ’ব বিচৰা কোনো ব্যক্তিৰ তলত দিয়া অৰ্হতা থাকিব লাগে।

(ক) তেওঁ ভাৰতীয় নাগৰিক হ’ব লাগিব।

(খ) তেওঁৰ বয়স ২৫ বছৰৰ কম হ’ব নালাগিব।

(গ) ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ অধীনত চাকৰি কৰা হ’ব নালাগিব।

(ঘ) মানসিক বিকাৰগ্ৰস্ত বা দেউলীয়া হ’ব নালাগিব ।

৩। ‘নীতি আয়োগ’ৰ বিষয়ে চমু টোকা লিখা। (Write in brief note about the Policy Commission.) 

উত্তৰঃ ভাৰতৰ বৰ্তমান প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোজনা আয়োগৰ সলনি গঠন কৰা ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্থা হ’ল নীতি আয়োগ। ভাৰতবৰ্ষৰ আৰ্থিক যোজনাসমূহৰ প্ৰতি লক্ষ্য ৰাখি আৰু ৰাজ্যিক আয়ৰ বাবে কৰিবলগীয়া চিন্তা-চৰ্চাৰ বাবে এই আয়োগৰ গঠন কৰা হৈছে।নীতি আয়োগৰ অধ্যক্ষতা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজে সম্বোধন কৰে। ১ জানুৱাৰী ২০১৫ ত নীতি আয়োগৰ স্থাপন কৰা হয় আৰু ৮ ফেব্ৰুৱাৰীত প্ৰথমখন বৈঠক অনুস্থিত হয়। নীতি আয়োগৰ যোজনাসমূহ আয়োগৰ অধিকাৰীসকলে সাৰ্বজনীনভাৱে প্ৰকাশ কৰে৷ ইয়াৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত। ইয়াৰ পূৰ্ববর্তী সংস্থা পৰিকল্পনা আয়োগ।

৪। অসমত বিধান পৰিষদ গঠনৰ সপক্ষে তিনিটা যুক্তি দাঙি ধৰা ৷ (Discuss three arguments in favour of forming a Legislative Assembly in Assam.)

উত্তৰঃ (ক) অসম নামৰ ৰাজ্যখন হ’ল বিভিন্ন সৰু সৰু জাতি জনজাতি, বিভিন্ন ভাষা, উপভাষাৰ সংমিশ্ৰণত গঢ় লৈ উঠা ৰাজ্য৷ প্ৰত্যেক জনজাতি বা গোষ্ঠী আৰু ভাষা-উপভাষীৰ মানুহে বিধানসভাত প্ৰতিনিধিত্ব পোৱাৰ সুবিধা নাপায়। গতিকে বিধান পৰিষদ গঠন কৰি সকলো জাতি, জনজাতি বা গোষ্ঠী আৰু ভাষা-ভাষীৰ লোকক প্রতিনিধিত্ব দিয়াৰ সুযোগ দিব লাগে। 

(খ) বিধান পৰিষদ গঠন হ’লে অসমৰ বিভিন্ন শ্ৰেণীৰ যোগ্য ব্যক্তিসকলক বিধানমণ্ডলত স্থান দিব পৰা যায়। বিধানসভা হ’ল এখন নির্বাচিত আৰু জনপ্রিয় সদন। কিন্তু বিধান পৰিষদত কলা, সাহিত্য, বিজ্ঞান, সমাজ সেৱা, সংস্কৃতি আদিৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা থকা ব্যক্তিক মনোনীত কৰিলে বিধানমণ্ডলত অভিজ্ঞ আৰু জ্ঞানী ব্যক্তিয়ে স্থান পাব পাৰে। ফলত বিধানমণ্ডলে সফলতা আৰু কাৰ্যকাৰিতা দেখুৱাব পাৰে।

(গ) দুখন সদন থাকিলে বিধানসভাত গৃহীত বিধেয়কবোৰ বিধান পৰিষদে পুংখানুপুংখভাৱে পৰীক্ষা কৰি খুটি নাটিবোৰ দূৰ কৰিব পাৰে। উচ্চসদনে নিম্নসদনক খৰখেদা কৰি আইন প্ৰণয়নত বাধা দি সুস্থ আৰু নিৰ্ভুল আইন প্রণয়নত সহায় কৰে।

(ঘ) বিধান পৰিষদত সংখ্যালঘু সম্প্রদায়ক উচিত প্রতিনিধিত্বৰ সুযোগ দিব পৰা যায় ৷

৫। কেন্দ্রীয় শাসিত অঞ্চলসমূহ কিদৰে শাসন কৰা হয়? (How are the Union Territories governed?) 

উত্তৰঃ ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ শাসন ব্যৱস্থা বিষয়ে উল্লেখ আছে। এই অঞ্চলসমূহ পোনপটীয়াভাৱে কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্রণাধীন। ৰাষ্ট্ৰপতিয়ে প্ৰত্যক্ষভাৱে এই অঞ্চলসমূহৰ শাসন পৰিচালনা কৰে। এই অঞ্চলসমূহৰ প্ৰশাসন কাৰ্য পৰিচালনা কৰাৰ বাবে ৰাষ্ট্ৰপতিয়ে প্রশাসক নিয়োগ কৰে। কিছুমান কেন্দ্রীয় শাসিত অঞ্চলত এই শাসকজনক উপৰাজ্যপাল আৰু কিছুমানত চীফ কমিচনাৰ বোলে৷ সংবিধান অনুসৰি সংসদে আইন প্রণয়নৰ জৰিয়তে কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে বিধানমণ্ডল আৰু মন্ত্ৰীপৰিষদৰ সমপৰ্যায়ৰ নহয়। সংসদে আইন প্রণয়ন কৰি কোনো কেন্দ্রীয় শাসিত অঞ্চলক ৰাজ্যৰ মৰ্যাদা অৰ্পণ কৰিব পাৰে।

৬। বহুদলীয় ব্যৱস্থা বুলিলে কি বুজা? (What is meant by multi-party system?) 

উত্তৰঃ এটা গণতান্ত্ৰিক ৰাষ্ট্ৰত যেতিয়া দুটাতকৈ বেছি দলে ৰাজনৈতিক ক্ষমতা লাভৰ যুদ্ধত কাৰ্যকৰী ভূমিকা পালন কৰে, তেতিয়া তাক ‘বহুদলীয় ব্যৱস্থা’ বোলে। বহুদলীয় ব্যৱস্থাত সাধাৰণতে নিৰ্বাচনত কোনো দলেই একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিব নোৱাৰে। ফলত নিৰ্বাচনত জয় লাভৰ বাবে বহু সময়ত একমত দলসমূহৰ সমন্বয়ত ‘সন্মিলিত চৰকাৰ’ গঠিত হয় । ফ্রান্স, ইটালি, বাংলাদেশ, ভাৰত, পাকিস্তান প্রভৃতি দেশত এনেধৰণৰ বহুদলীয় ব্যৱস্থা বিদ্যমান আছে।

৭। একক দলীয় ব্যৱস্থা কাক বোলে? (What is meant by one-party system?) 

উত্তৰঃ যেতিয়া ৰাষ্ট্ৰত এটা মাত্র দল থাকে তেতিয়া তাক একদলীয় ব্যৱস্থা কোৱা হয়। একনায়কতান্ত্রিক শাসন ব্যৱস্থাত এটা মাত্র দল থাকে। এই ধৰণৰ ব্যৱস্থাত বিৰোধী দলৰ অস্তিত্ব স্বীকাৰ কৰা নহয়। আন কোনো ৰাজনৈতিক দলৰ কাৰ্যকলাপ সম্পূৰ্ণভাৱে নিষিদ্ধ থাকে ৷ কোনো দলৰ উদ্ভৱ হ’লেও সেয়া উৎপাদন কৰা হয়। দ্বিতীয় মহাযুদ্ধৰ পূৰ্বত ইটালীৰ ফ্যাচিষ্ট আৰু জাৰ্মানীৰ নাৎসী দল এই ব্যৱস্থাৰ উদাহৰণ। একদলীয় ব্যৱস্থাত দলীয় প্রধান সাধাৰণতে চৰকাৰ প্ৰধান হৈ থাকে।

৮। ৰাজনৈতিক দলসমূহৰ দুটা কাৰ্য লিখা । (Write two functions of political parties.) 

উত্তৰঃ ৰাজনৈতিক দলসমূহৰ দুটা কাৰ্য হ’ল— 

(ক) জনমত গঠনত সক্রিয় আহিলা হিচাপে কাম কৰা। 

(খ) ৰাজনৈতিক দলসমূহে দলীয় আদৰ্শ আৰু নীতি সম্বন্ধে জনসাধাৰণৰ মাজত ব্যাখ্যা দাঙি ধৰে আৰু নিজ নিজ দলৰ নীতি আদৰ্শৰ প্ৰতি জনমত গঠনৰ চেষ্টা কৰে।

৯। ভাৰতীয় দলীয় পদ্ধতিত নেতাৰ গুৰুত্ব কি? (What is the importance of the leader in the Indian Party System?)

উত্তৰঃ ভাৰতীয় দলীয় পদ্ধতিৰ এক বৈশিষ্ট্য হৈছে নেতাকেন্দ্ৰীক ৰাজনীতি।ইয়াৰ ৰাজনৈতিক দলবিলাক নেতাজনৰ জনপ্ৰিয়তা আৰু কৰ্মৰাজীৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল হোৱা দেখা যায়। পশ্চিমীয়া দেশবিলাকৰ দৰে আদৰ্শ বা কৰ্ম আঁচনিৰ ওপৰত নিৰ্ভৰ নকৰে। উদাহৰণস্বৰূপে ক’ব পৰা যায় যে কংগ্ৰেছ দলে জনপ্রিয়তা আৰু কৃতকাৰ্যতা লাভ কৰাৰ মূলতে আছিল জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীয়ে এই দলটোক দিয়া নেতৃত্ব ৷ বৰ্তমান ভাৰতীয় জনতা দলৰ উত্থানৰ মূলতে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে নিকা ভাবমূৰ্ত্তিয়ে এই দলটোক দিয়া নেতৃত্বৰ কথা উল্লেখ কৰিব পাৰি ।

১০। হিন্দু মহাসভা দলটো গঠন হোৱাৰ কাৰণ কি? (What was the reason for the formation of Mahasabha party?) 

উত্তৰঃ ব্ৰিটিছ শাসনৰ কালছোৱাত মুছলিমসকলৰ স্বাৰ্থক সুৰক্ষিত কৰাৰ উদ্দেশ্যে ‘মুছলিম লীগ’ নামেৰে আন এটা ৰাজনৈতিক দলে জন্ম লাভ কৰিছিল। এই দলটো গঠন কৰাৰ মূল ব্যক্তিজনৰ নাম আছিল চাৰ চৈয়দ আহমদ খান৷ এই দলটো গঠন হোৱাৰ লগে লগে ইয়াৰ সমান্তৰালভাৱে হিন্দুসকলেও নিজাববীয়াকৈ এটা দল গঠন কৰিলে আৰু এই দলটোৰ নাম দিয়া হ’ল ‘হিন্দু মহাসভা।

১১৷ ভাৰতত ৰাজনৈতিক দলৰ জন্ম লাভ কেনেকৈ হৈ উঠিছিল? (How was the political party of India born?) 

উত্তৰঃ গণতান্ত্রিক শাসন ব্যৱস্থাত ৰাজনৈতিক দলৰ আৱশ্যকতা আৰু গুৰুত্ব অত্যাধিক। এটাই আনটোক এৰাই চলিব নোৱাৰে৷ মুঠতে দুয়োটাই একেটা পইচাৰ ইপিঠি-সিপিঠি বুলি ক’লে ভুল নহয়৷ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত সংসদীয় গণতান্ত্রিক শাসন ব্যৱস্থাৰ লগতে প্রাপ্তবয়স্ক ভোটাধিকাৰ ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগে ৰাজনৈতিক দলৰ আৱশ্যকতা আৰু গুৰুত্ব অধিক বৃদ্ধি পালে৷ ফলত ভাৰতবৰ্ষত বহুতো ৰাজনৈতিক দলৰ জন্ম লাভ হৈছিল।

১২৷ নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া বুলি কি বুজায়? (What is meant by election and election process?) 

উত্তৰঃ আমাৰ দেশৰ সংবিধানৰ পঞ্চদশ অধ্যায়ত ৩২৪ৰ পৰা ৩২৯ লৈ এই দুয়োটা অনুচ্ছেদ অন্তৰ্ভুক্ত কৰা আছে। এই অনুচ্ছেদসমূহত ভাৰতৰ নিৰ্বাচন ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা আছে। ১৯৫১ চনৰ জনপ্রতিনিধিত্ব আইনতো এই সম্পৰ্কত কিছুমান ব্যৱস্থা সন্নিৱিষ্ট কৰা আছে। সেয়েহে সংবিধানৰ পঞ্চদশ অধ্যায় আৰু জনপ্রতিনিধিৰ আইনকে আমাৰ দেশৰ নিৰ্বাচন ব্যৱস্থাৰ ভেঁটি হিচাবে বিবেচনা কৰা হয় । নির্বাচন ব্যৱস্থাই হৈছে সাম্প্ৰতিককালৰ গণতন্ত্ৰৰ ভেঁটি। প্রাচীন কালত প্ৰত্যক্ষ গণতন্ত্ৰৰ প্ৰচলন আছিল, সেই সময়ত দেশসমূহৰ আকাৰ আছিল সৰু সৰু আৰু জনসংখ্যাও কম আছিল। 

সেয়েহে তেওঁলোকে নিৰ্দিষ্ট ঠাইত সমবেত হৈ বিধি-বিধান ৰচনা কৰিব পাৰিছিল। কিন্তু সাম্প্ৰতিক কালৰ দেশসমূহ ডাঙৰ আৰু ইয়াৰ জনসংখ্যাও বহুত বেছি। সেয়েহে বর্তমান কালৰ দেশসমূহত পৰোক্ষ গণতন্ত্র বা প্রতিনিধিত্বমূলক গণতন্ত্ৰৰ প্ৰচলন কৰা হৈছে। পৰোক্ষ গণতন্ত্ৰৰ প্ৰচলন থকা দেশত নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে নিৰ্বাচন অনুষ্ঠিত কৰা হয় । নিৰ্বাচনত জয়লাভ কৰা দলে দেশ শাসন কৰাৰ অধিকাৰ পায়। নির্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে দেশৰ ভোটাৰসকলেও নীতি নিৰ্ধাৰণ কৰাৰ বিষয়ত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰে৷ নিৰ্বাচনৰ জৰিয়তে জনসাধাৰণৰ সাধাৰণ ইচ্ছাৰ প্ৰকাশ পায়।

১৩৷ ভাৰতবৰ্ষত প্রচলিত নির্বাচনী ব্যৱস্থাসমূহ চমুকৈ আলোচনা কৰা ৷ (Briefly discuss the conventional electoral system in India?) 

উত্তৰঃ ভাৰতবৰ্ষত কিছুমান গুৰুত্বপূৰ্ণ নির্বাচন আছে। সেইবোৰ হ’ল—

(ক) লোকসভাৰ নিৰ্বাচন। 

(খ) বিধানসভাৰ নিৰ্বাচন।

(গ) ৰাজ্যসভাৰ নিৰ্বাচন।

(ঘ) ৰাষ্ট্ৰপতিৰ নির্বাচন। 

(ঙ) উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন। আৰু 

(চ) স্থানীয় চৰকাৰ নিৰ্বাচন ।

ইয়াৰ উপৰিও অন্য কিছুমান নির্বাচন আছে। যেনে- লোকসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ নির্বাচন আদি।

উপৰোক্ত নিৰ্বাচনতসমূহ লোকসভাৰ নিৰ্বাচন, বিধানসভাৰ নিৰ্বাচন আৰু স্থানীয় চৰকাৰে নিৰ্বাচনত জনসাধাৰণে পোনপটীয়াকৈ অংশগ্ৰহণ কৰে। অন্যহাতে ৰাষ্ট্ৰপতিৰ নিৰ্বাচন উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন আৰু ৰাজ্যসভাৰ নিৰ্বাচনত জনসাধাৰণে নিৰ্বাচিত কৰি পঠিওৱা প্রতিনিধিসকলেহে অংশগ্ৰহণ কৰে ৷

নিৰ্বাচনৰ স’তে জড়িত আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল কিমান ভোট লাভ কৰিলে কোনো এজন প্রার্থী নির্বাচিত হয়। উদাহৰণস্বৰূপে ধৰা হওঁক এখন বিধানসভাৰ সমষ্টিৰ নিৰ্বাচনত মুঠ বৈধ প্রতিদ্বন্দ্বিতা কৰিছে। এই পাঁচজন প্ৰাৰ্থীয়ে লাভ কৰা ভোটৰ সংখ্যা হ’ল ক্ৰমে ৩৫০০, ৩০০০০, ২৫০০, ৭০০ আৰু ৩০০। এই নিৰ্বাচনত ৩৫০০ ভোট পোৱা অৰ্থাৎ আটাইতকৈ বেছি ভোট লাভ কৰা প্ৰাৰ্থীজনে নিৰ্বাচিত হ’ব। এইখিনি কথাৰ পৰা বুজা যায় যে ভাৰতীয় সংবিধানে বিভিন্ন পদবী বা সদস্যৰ নিৰ্বাচনৰ বাবে বেলেগ বেলেগ পদ্ধতি বলবৎ কৰিছে।

১৪। ফাষ্ট পাষ্ট দ্য পোষ্ট চিষ্টেম আৰু আনুপাতিক পদ্ধতিৰ নিৰ্বাচনৰ মাজত তুলনা কৰা। (Compare the selection of fast past the post system and proportional method.)

উত্তৰঃ ফাষ্ট পাষ্ট দ্য পোষ্ট চিষ্টেম হ’ল—

(ক) গোটেই দেশখনক সৰু সৰু ভৌগোলিক গোটত ভাগ কৰা হয় আৰু ইয়াক সমষ্টি বুলি কোৱা হয় ৷

(খ) প্ৰতিটো সমষ্টিয়ে এজন মাত্র প্রতিনিধি নির্বাচিত কৰে।

(গ) ভোটাৰসকলে প্রার্থীক ভোট দিয়ে।

(ঘ) কোনো দলে নির্বাচন লাভ কৰা মুঠ ভোটৰ আনুপাতিকতকৈ অধিক বা কম আসন লাভ কৰিব পাৰে ৷

(ঙ) নির্বাচিত প্রার্থীজনে সংখ্যাগৰিষ্ঠ ভোট নাপাবও পাৰে।

উদাহৰণঃ বৃটেইন, ভাৰতবৰ্ষ।

আণুপাতিক প্রতিনিধিত্বৰ পদ্ধতি হ’ল—

(ক) বৃহৎ এটা ভৌগোলিক অঞ্চলক এটা সমষ্টি বুলি ধৰা হয় ৷ গোটেই দেশখনো এটা মাত্ৰ সমষ্টি হ’ব পাৰে।

(খ) এটা সমষ্টিৰ পৰা একাধিক প্ৰাৰ্থী নিৰ্বাচিত কৰা হয় ।

(গ) ভোটাৰ সকলে ৰাজনৈতিক দলক ভোট দিয়ে।

(ঘ) প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনত লাভ কৰা ভোটৰ শতাংশৰ অনুপাতে বিধানমণ্ডলত আসন লাভ কৰে।

(ঙ) নির্বাচিত প্রার্থীয়ে সংখ্যাগৰিষ্ঠ ভোট লাভ কৰে।

উদাহৰণঃ  ইজৰাইল, নেদাৰলেণ্ড৷

১৫। ভাৰতবৰ্ষত নির্বাচন আয়োগৰ গঠন আৰু কাৰ্যকাল সম্পৰ্কে চমুকৈ আলোচনা কৰা ৷ (Briefly discuss the composition and tenure of the Election Commission of India?)

উত্তৰঃ আমাৰ দেশৰ সংবিধান প্রণেতাসকলে নির্বাচন পৰিচালনাৰ দায়িত্ব এটা স্বাধীন আৰু নিৰপেক্ষ আয়োগক দিয়াৰ ব্যৱস্থা কৰিছে। নির্বাচন পৰিচালনা কৰাৰ দায়িত্ব দিয়া এই আয়োগক নির্বাচন আয়োগ বোলা হয়। নির্বাচন আয়োগৰ গঠনঃ সংবিধানৰ ৩২৪-নং অনুচ্ছেদত উল্লেখ কৰামতে এজন মুখ্য নির্বাচন আয়ুক্ত নাইবা মুখ্য নির্বাচন আয়ুক্ত আৰু কেইজনমান আয়ুক্তৰ নিৰ্বাচন আয়োগ গঠন কৰা হয়। নির্বাচন আয়োগৰ সদস্য সংখ্যা নিধন্ধাৰণ কৰাৰ দায়িত্ব ৰাষ্ট্ৰপতিক দিয়া হৈছে । একাধিক সদস্যৰ গঠিত আয়োগত মুখ্য নির্বাচন আয়ুক্তই চেয়াৰমেন হিচাবে কাৰ্যনিৰ্বাহ কৰিব। কেন্দ্ৰীয় বিধানমণ্ডলে ৰচনা কৰা আইনৰ ভিত্তি ৰাষ্ট্ৰপতিয়ে নির্বাচন আয়োগৰ সদস্য নিয়োগ কৰিব লাগে।

১৯৯৩ চনৰ নিৰ্বাচন আয়ুক্ত শোষণৰ কিছুমান সিদ্ধান্তত অসন্তুষ্ট হৈ চৰকাৰে আয়োগৰ সদস্য বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। মন্ত্ৰীসভাৰ সিদ্ধান্তৰ ভিত্তি সেই সময়ৰ ৰাষ্ট্ৰপতি শংকৰদয়াল শৰ্মাই এখন অধ্যাদেশৰ জৰিয়তে একাধিক সদস্যৰে নিৰ্বাচন আয়োগ গঠন কৰাৰ ব্যৱস্থা কৰিছিল ৷ সেইসময়ৰ পৰা তিনিজন আয়ুক্তৰে নিৰ্বাচন আয়োগ গঠন কৰাৰ ব্যৱস্থা প্ৰচলন হৈ আহিছে। নির্বাচন কার্য সুকলমে পৰিচালনা কৰাৰ উদ্দেশ্যেআঞ্চলিক নির্বাচন আয়ুক্ত নিয়োগ কৰাৰ ব্যৱস্থা আছে। সাধাৰণতে প্রত্যেক জিলাৰ কাৰণে জিলাভিত্তিক নির্বাচন আয়ুক্ত গঠন কৰাৰ ব্যৱস্থা আছে।

সংসদে ৰচনা কৰা আইনত আয়োগৰ সদস্যসকলৰ কাৰ্যকালৰ বিষয়ে উল্লেখ কৰা আছে। ৰাষ্ট্ৰপতিয়ে সংসদে ৰচনা কৰা আইনৰ ভিত্তি তেওঁলোকৰ কাৰ্যকাল নিৰ্ধাৰণ কৰে৷ বৰ্তমান নির্বাচনী আয়োগৰ সদস্যসকলৰ কাৰ্যকাল হৈছে দুই বছৰ। 

কাৰ্যকাল শেষ হোৱাৰ আগতে তেওঁলোকে পদত্যাগ কৰিব পাৰে আৰু তেওঁলোকক পদচ্যুত কৰিব পাৰে। মুখ্য নির্বাচনী আয়ুক্তৰ বিৰুদ্ধে কোনো অভিযোগ উত্থাপন কৰা হ’লে কেন্দ্ৰীয় বিধানমণ্ডলৰ দুয়োখন সদনে সেই অভিযোগ ভোটত গৃহীত কৰিব লাগে। এইদৰে গৃহীত অভিযোগ সদনৰ একক সংখ্যাগৰিষ্ঠ ভোটত গৃহীত হ’ব লাগে। এনেদৰে গৃহীত হোৱা প্ৰস্তাৱৰ ভিত্তি ৰাষ্ট্ৰপতিয়ে মুখ্য নির্বাচনী আয়ুক্তক কার্যকাল উকলি যোৱাৰ আগতে পদচ্যুত কৰিব লাগে। আয়োগৰ আন আন সদস্যক মুখ্য নির্বাচনী আয়ুক্তৰ পৰামৰ্শ ভিত্তিতহে ৰাষ্ট্ৰপতিয়ে পদচ্যুত কৰিব পাৰে।

১৬৷ “ৰাজনৈতিক দল আৰু সংসদীয় গণতন্ত্ৰ পৰস্পৰ নিৰ্ভৰশীল।”— যুক্তি দিয়া। (“Political party and parliamentary democracies are interdependent”. – Give arguments.) 

অথবা (or)

ৰাজনৈতিক দলক সংসদীয় গণতন্ত্ৰৰ প্ৰাণকেন্দ্ৰ বুলি কিয় আখ্যা দিয়া হয়? (Why do political party call the centre of parliamentary democracy?)

উত্তৰঃ ৰাজনৈতিক দল আৰু সংসদীয় গণতন্ত্ৰ পৰস্পৰ নিৰ্ভৰশীল। এটাৰ অবিহনে আনটো টিকি থাকিব নোৱাৰে৷ দুয়োটাৰে মাজত নিবিড় সম্পর্ক আছে। সংসদীয় গণতান্ত্ৰিক চৰকাৰক দলীয় চৰকাৰ বুলি কোৱা হয়। বাকাৰে ৰাজনৈতিক দলৰ সংজ্ঞা আগবঢ়াই কৈছে যে ৰাজনৈতিক দল হ’ল একে ৰাজনৈতিক আদৰ্শ আৰু মৰ ব্যক্তিৰ দ্বাৰা জাতীয় স্বাৰ্থ ৰক্ষাৰ কাৰণে সংগঠিত এক ৰাজনৈতিক অনুষ্ঠান । ৰাজনৈতিক দলসমূহৰ উদ্দেশ্য গণতান্ত্রিক পদ্ধতিৰ দ্বাৰা নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰি চৰকাৰ গঠনৰ জৰিয়তে শাসনত অধিষ্ঠিত হোৱা। ৰাজনৈতিক দলক জনমত গঠনৰ এক সক্ৰিয় আহিলা বুলি ক’ব পাৰি। ৰাজনৈতিক দলসমূহে দলীয় আদৰ্শ আৰু নীতি সম্বন্ধে জনসাধাৰণৰ মাজত ব্যাখ্যা দাঙি ধৰে আৰু নিজ নিজ দলৰ নীতি আদৰ্শৰ প্ৰতি জনমত গঠনৰ চেষ্টা কৰে। সেয়ে ৰাজনৈতিক দলক সংসদীয় গণতন্ত্ৰৰ প্ৰাণকেন্দ্ৰ বুলি আখ্যা দিয়া হয়।

১৭। ভাৰতবৰ্ষত বহুদলীয় প্ৰথা গঢ় লৈ উঠাৰ কাৰণ কি? (What is the reason for the multi-party system in India?) 

উত্তৰঃ ভাৰতবৰ্ষত বহুদলীয় প্রথা প্ৰৱৰ্তিত কৰা হৈছে। সেয়ে বর্তমান দেখা যায় ভাৰতবৰ্ষত যিমানবিলাক ৰাজনৈতিক দল গঠন হৈছে সিমান সংখ্যক দল আন যিকোনো গণতান্ত্রিক দেশতে দেখিবলৈ পোৱা নাযায়। সংসদীয় গণতন্ত্ৰৰ সাফল্যৰ বাবে দ্বি-দলীয় প্রথা অত্যন্ত ফলপ্রসূ যদিও আমাৰ ভাৰতবৰ্ষত সেইটো দেখা নাযায়। গ্রেট-ব্রিটেইন বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে আমাৰ দেশত দ্বি-দলীয় ব্যৱস্থাই গঢ় লৈ উঠা নাই। ফ্ৰান্স বা ইটালীৰ দৰে বহুদলীয় প্ৰথাহে প্ৰৱৰ্তিত হৈছে। বৰ্তমান ভাৰতবৰ্ষত দুশতকৈও অধিক সৰু-ডাঙৰ ৰাজনৈতিক দলে ৰাজনৈতিক ক্ষেত্ৰখনত কাম-কাজ চলাই আছে বুলিব পাৰি। এনেদৰে বহুতো দল গঠন হোৱাৰ কাৰণ বিচাৰি গ’লে দেখা যায় যে স্বাধীনতা আন্দোলনত জাতীয় কংগ্ৰেছৰ লগত একেলগে কাম কৰি থকা বহুতো সংগঠনে স্বাধীনতাৰ পিছত কংগ্ৰেছৰ পৰা আঁতৰি আহি নিজা নিজা ৰাজনৈতিক দল গঠন কৰিবলৈ ল’লে৷ আকৌ কিছুমান ব্যক্তিয়ে নিজৰ ৰাজনৈতিক প্ৰভাৱ বৃদ্ধি কৰাৰ অৰ্থে ৰাজনৈতিক দল গঠন কৰিবলৈ ধৰিলে ৷ 

সেইদৰে প্ৰাপ্তবয়স্ক ভোটাধিকাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ফলত সংখ্যাগৰিষ্ঠ জাতিসমূহে ৰাজনৈতিক ক্ষমতাৰ অংশীদাৰ হোৱাৰ আশাৰে নিজাববীয়াকৈ ৰাজনৈতিক দল গঠন কৰাৰ প্ৰতি আগ্ৰহী হৈ উঠিল। এইবিলাকৰ উপৰি সংবিধানে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে আইন সভাত আসন সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তয়ো এই জাতিসমূহক নিজাকৈ দল গঠন কৰাত উৎসাহ যোগাইছিল৷ নিজ স্বাৰ্থ ৰক্ষাৰ বাবে আনকি জমিদাৰ শ্ৰেণী তথা বহিষ্কৃত ৰজা-মহাৰাজসকলেও ভালেমান দল গঠন কৰিলে। এইসকলোবিলাক দলৰ বাহিৰেও ভাৰতবৰ্ষত এনে কিছুমান ৰাজনৈতিক দলে জন্মলাভ কৰিলে যিবিলাকক সাম্প্রদায়িক দল হিচাপে গণ্য কৰিব পৰা যায় । এই দলবিলাকে সাম্প্রদায়িকতাকে মূল ভেঁটি কৰি ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱেশ কৰিছে এই দলবিলাকৰ ভিতৰত মুছলিম লীগ, জমিয়ত-ই-ইছলামী, মুছলিম ইউনাইটেড ফ্রন্ট, আকালি দল, শিৱসেনা, সংযুক্ত সংখ্যালঘু মৰ্চা, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ আদিৰ নাম বিশেষভাৱে ল’ব পাৰি। এইবোৰ কাৰণতে ভাৰতবৰ্ষত বহুদলীয় প্রথা গঢ় লৈ উঠিছে।

১৮৷ ধৰ্ম, ভাষা আৰু জাত-পাতৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা ৰাজনৈতিক দলবিলাকৰ নাম লিখা। (Name the political parties based on religion, language, caste etc.)

উত্তৰঃ ভাৰতবৰ্ষত বৰ্তমানে যিবিলাক ৰাজনৈতিক দলে কাম-কাজ চলাই আছে সেইবিলাকৰ বহুতেই ধর্ম, ভাষা, জাত-পাত আদিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দল। এই দলবোৰৰ নাম হ’ল – ‘হিন্দু মহাসভা’, ‘ৰামৰাজ্য পৰিষদ’, ‘মুছলীম লীগ’, ‘জমিয়ত-ই-ইচলামী’, আদি দলবিলাকক ধৰ্মৰ ভিত্তিত, ‘আকালি দল’, ‘তেলেগু দেশম’, আদি ভাষাৰ ভিত্তিত, ‘নেচনেল ডেমক্রেটিক দল’, ‘কেৰেলা কংগ্ৰেছ’, ‘ৰিপাব্লিকান দল’ (কেৰেলা), আদি জাত-পাতৰ ভিত্তিত গঠন হোৱা বুলি ক’ব পাৰি। সামাজিক তথা অর্থনৈতিক উন্নয়নৰ কোনো আঁচনি এইদল বিলাকৰ নাই বুলিব পাৰি ৷

১৯৷ ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ সদস্য সংখ্যা সীমিত হোৱাৰ কাৰণ কি? (What is the reason for the limited membership of India’s political parties.)

উত্তৰঃ উন্নত দেশবিলাকৰ তুলনাত ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ সদস্য সংখ্যা অতি সীমিত। ইয়াৰ প্ৰধান কাৰণ হিচাবে আমি ক’ব পাৰো যে ভাৰতৰ জনসাধাৰণে এতিয়াও ৰাজনৈতিক সচেতনতাৰ ক্ষেত্ৰত বেছি আগুৱাব পৰা নাই। নগৰ অঞ্চলত বাস কৰা শিক্ষিত জনসাধাৰণে ৰাজনৈতিকভাৱে সচেতন হৈছে যদিও গ্ৰাম্য অঞ্চলত ইয়াৰ এক ওলোটা ছবি দেখিবলৈ পোৱা যায়। অৱশ্যে নগৰ অঞ্চলত বাস কৰা লোকসকলেও কোনো এটা নির্দিষ্ট ৰাজনৈতিক দলক সমৰ্থন জনোৱাৰ পৰিৱৰ্তে নিজ স্বার্থ সুৰক্ষাৰ বাবে বিভিন্ন দললৈ বৰঙণি আগবঢ়াই সুবিধা আদায় কৰাৰ চেষ্টা কৰা দেখা যায়। ফলত ৰাজনৈতিক দল বিলাকৰ সদস্য সংখ্যা সীমিত হৈ পৰে।

২০৷ ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ মাজত শৃংখলাৰ অভাৱ কিয় দেখা গৈছে? (Why is there a lack of discipline among the political parties of India?)

উত্তৰঃ ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ মাজত শৃংখলাৰ অভাৱ দেখা যায়। প্রায়বিলাক দলতে আভ্যন্তৰীণ কন্দল বিৰাজ কৰি থকাতো এক স্বাভাৱিক ঘটনাত পৰিণত হৈছে। সদস্যসকলৰ মাজত ঐক্য আৰু দলটোৰ প্ৰতি তেওঁলোকৰ আনুগত্যতা এক প্ৰকাৰ নাইকিয়া বুলিয়েই ক’ব পৰা যায় । ইয়াৰ মূল কাৰণ হিচাবে দলবিলাকৰ আদৰ্শ, কৰ্ম আঁচনি একে ধৰণৰ হোৱাতো উল্লেখ কৰিব পাৰি। কাৰণ, সদস্যসকলে বাৰুকৈয়ে বুজি পায় যে দলে তেওঁলোকৰ ওপৰত কোনো শাস্তিমূলক ব্যৱস্থা ল’লে অন্য যিকোনো এটা দলত যোগদান কৰাত তেওঁলোকৰ অসুবিধা হয় ৷ সেয়ে বর্তমান দলে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত কৰিবলৈ থিৰ কৰিলে সদস্যসকলে দল ত্যাগৰ ভাবুকিৰে সেই সিদ্ধান্ত বাতিল কৰিবলৈ দলক বাধ্য কৰে। দলবিলাকত ঐক্য-শৃংখলা আৰু আনুগত্যৰ অভাৱৰ বাবে সদস্যসকলে দল-বাগৰা ৰাজনীতিত লিপ্ত হোৱাৰ সুযোগ অধিক হৈ পৰে আৰু এনে হোৱাৰ ফলত বহুসময়ত চৰকাৰখনত অচলাৱস্থাৰ সৃষ্টি হোৱা দেখা যায়।

২১। এখন ৰাষ্ট্ৰতশক্তিশালী বিৰোধী দলে কেনেদৰে প্ৰভাৱ পেলায়? (How does a strong opposition influence a state?) 

উত্তৰঃ সংসদীয় গণতন্ত্ৰৰ কৃতকাৰ্যতাৰ বাবে এটা সুসংগঠিত আৰু শক্তিশালী বিৰোধী দলৰ আৱশ্যক। কাৰণ শক্তিশালী বিৰোধী দলেহে শাসনাধিষ্ঠ দলক বিভিন্ন অগণতান্ত্রিক, অনীতি আৰু কু-কৰ্ম বিলাকৰ পৰা আঁতৰাই ৰাখিব পাৰে। অন্য অৰ্থত ক’বলৈ হ’লে শক্তিশালী বিৰোধী দলৰ উপস্থিতিয়ে শাসনাধিষ্ঠ দলটোক কোনো এখন আঁচনি যুগুতোৱাৰ সময়ত বা কোনো এখন বিধেয়ক উত্থাপন কৰাৰ আগতে অধিক সতর্ক হ’বলৈ বাধ্য কৰে। কিন্তু অতি পৰিতাপৰ কথা যে স্বাধীনতাৰ পাঁচ দশক কাল অতিক্ৰম কৰাৰ পিছতো ভাৰতবৰ্ষত এক শক্তিশালী বিৰোধী দল গঠন নহ’ল। এই ক্ষেত্ৰত আমি ৰাজনৈতিক নেতাসকলৰ ব্যক্তিকেন্দ্ৰিক আৰু স্বাৰ্থপৰ মনোভাৱকে জগৰীয়া কৰিব পাৰো। এই নেতাসকলে দেশৰ স্বাৰ্থতকৈ নিজ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়াতহে বেছি আগ্রহী।

২২৷ ভাৰতত আম আদমি পাৰ্টিৰ ভূমিকা কি? (What is the role of Aam Aadmi Party in India?) 

উত্তৰঃ দিল্লীত ক্ষমতাত অধিষ্ঠিত সেৱাৰ অতি কম সময়ৰ ভিতৰতে আম আদমি পার্টিয়ে পাঞ্জাৱত নিজৰ স্থিতি শক্তিশালী কৰিবলৈ সক্ষম হৈছিল আৰু ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত পাঞ্জাৱত অনুষ্ঠিত হোৱা ৰাজ্যিক বিধানমণ্ডলৰ নিৰ্বাচনত অধিক উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছিল। অৱশ্যে ২০১৫ চনত দলৰ ভিতৰ চৰাত অন্তঃকলহৰ সূত্ৰপাত হৈছিল আৰু দলৰ একাংশ সতীৰ্থ আৰু নিৰ্বাচিত সাংসদে দল ত্যাগ কৰিছিল। দলবিৰোধী কার্যকলাপত লিপ্ত থকাৰ অভিযোগত দলৰ দুই জ্যেষ্ঠ নেতা ক্ৰমে যোগেন্দ্ৰ যাদব আৰু শান্তি ভূষণক দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল।

২৩। ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়োগৰ ক্ষমতা আৰু কাৰ্যাৱলী চমুকৈ আলোচনা কৰা ৷ (Briefly discuss the powers and functions of the Election Commission of India?)

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানত নিৰ্বাচনী আয়োগৰ কিছুমান ক্ষমতা আৰু কাৰ্যাৱলী তলত উল্লেখ কৰা হ’ল—

(ক) সংবিধানত উল্লেখ কৰা মতে নিৰ্বাচনৰ কাৰণে ভোটাৰ তালিকা প্রস্তুত কৰা আৰু প্রয়োজন মতে সংশোধন কৰাৰ দায়িত্ব এই আয়োগে পালন কৰিব লাগে ৷

(খ) নির্বাচন পর্যবেক্ষণ কৰা, নিৰ্বাচনৰ বিষয়ে নিৰ্দেশ দিয়া আৰু নিৰ্বাচন নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব নিৰ্বাচনী আয়োগৰ ৷

(গ) আয়োগে নিৰ্বাচনৰ দিন, মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ আৰু নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব বহন কৰে।

(ঘ) নিৰ্বাচনী আয়োগে ৰাজনৈতিক দলসমূহক প্রতীক নিৰ্ধাৰণ কৰে। যদি কোনো দলৰ বিভাজন হৈ দুটা দলৰ সৃষ্টি হয় তেনেক্ষেত্ৰত কোনটো দলে দলীয় প্রতীক ব্যৱহাৰ কৰিব এই বিষয়ে আয়োগে সিদ্ধান্ত গ্রহণ কৰে। নির্দলীয় প্ৰাৰ্থীসকলৰ প্ৰতীকও আয়োগে নিৰ্ধাৰণ কৰি দিয়ে৷

(ঙ) নির্বাচন আয়োগে নিৰ্বাচনৰ ফল ঘোষণা কৰে।

(চ) নির্বাচন শৃংখলাবদ্ধভাৱে পৰিচালনা কৰাৰ উদ্দেশ্যে ৰাজনৈতিক দল, দলীয় প্রার্থী, চৰকাৰী কৰ্মচাৰী আৰু ভোটাৰসকলৰ কাৰণে আয়োগে আচৰণবিধি প্ৰস্তুত কৰি ঘোষণা কৰিব পাৰে।

(ছ) নিৰ্বাচনৰ আগে আগে কোনো দলীয় প্ৰাৰ্থীৰ মৃত্যু হ’লে, আয়োগে সংশ্লিষ্ট সমষ্টিৰ নির্বাচন স্থগিত ৰাখিব পাৰে।

২৪৷ ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগৰ স্বাধীনতাৰ বিষয়ে চমুকৈ লিখা। (Write briefly about the independence of the Election Commission of India.)

উত্তৰঃ নির্বাচনী আয়োগে যাতে স্বাধীন আৰু নিৰপেক্ষভাৱে নিজৰ দায়িত্ব পালন কৰিব পাৰে, সেই উদ্দেশ্যে সংবিধানত কিছুমান ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। নির্বাচন আয়োগৰ স্বাধীনতা ৰক্ষাৰ ব্যৱস্থাসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) মুখ্য নির্বাচন আয়ুক্তক কাৰ্যকাল শেষ হোৱাৰ আগতে ৰাষ্ট্ৰপতিয়ে পদচ্যুত কৰিব পাৰে যদিও, তেওঁক পদচ্যুত কৰাটো সহজ নহয় । উচ্চতম আদালতৰ বিচাৰপিতসকলক যি পদ্ধতিৰে পদচ্যুত কৰিব পৰা যায়, মুখ্য নির্বাচন আয়ুক্তক কৰিবলৈ সেই একে পদ্ধতি অৱলম্বন কৰিব লাগে।

(খ) আয়োগৰ আন সদস্য আৰু আঞ্চলিক আয়ুক্তসকলক পদচ্যুত কৰিবলৈ হ’লে মুখ্য নির্বাচন আয়ুক্তৰ পৰামৰ্শৰ প্ৰয়োজন ৷

(গ) কেন্দ্ৰীয় বিধানমণ্ডলে ৰচনা কৰা আইনৰ ভিত্তিত ৰাষ্ট্ৰপতিয়ে নির্বাচন আয়ুক্ত আৰু আঞ্চলিক আয়ুক্তসকলৰ চাকৰিৰ চৰ্ত আৰু কাৰ্যকাল নিৰ্ধাৰণ কৰে। অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে বিধানমণ্ডলে ৰচনা কৰা আইনৰ ভিত্তিতহে আয়ুক্তসকলৰ চাকৰিৰ চৰ্ত আৰু কাৰ্যকাল নিৰ্ধাৰণ কৰিব পাৰে।

(ঘ) নিযুক্ত হোৱাৰ পিছত নিৰ্বাচন আয়োগৰ সদস্যসকলৰ বেতন আৰু অন্যান্য সুবিধাসমূহ তেওঁলোকৰ স্বাৰ্থৰ বিৰুদ্ধে পৰিৱৰ্তন কৰিব পৰা নাযায় ৷

(ঙ) নিৰ্বাচন আয়োগৰ সদস্যসকলৰ দৰমহা আৰু অন্যান্য খৰচ ভাৰতৰ সঞ্চিত নিধিৰ পৰা দিয়া হয়।

২৫। বর্তমান ভাৰতবৰ্ষৰ নিৰ্বাচন ব্যৱস্থাৰ দোষবিলাক চমুকৈ লিখা। (Briefly describe the faults of the present electoral system in India.)

উত্তৰঃ সাম্প্ৰতিক কালৰ গণতন্ত্ৰৰ নিৰ্বাচন হৈছে এটা অপৰিহাৰ্য অংগ। পৰোক্ষ বা প্রতিনিধিমূলক গণতান্ত্রিক শাসনব্যৱস্থাত নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে ভোটাৰ সকলে নিজৰ নিজৰ সমষ্টিৰ পৰা একোজন প্রতিনিধি বিধানমণ্ডললৈ নিৰ্বাচন কৰি দিয়ে। এইদৰে নিৰ্বাচিত হোৱা প্ৰতিনিধি সকলৰ সদনে দেশৰ শাসনকার্য পৰিচালনা কৰে। কিন্তু আমাৰ দেশৰ নিৰ্বাচন ব্যৱস্থাত কিছুমান দোষ আছে। আমাৰ দেশৰ নিৰ্বাচন ব্যৱস্থাত তলত দিয়া ধৰণে আসেংাৱাহ দেখা যায়—

(ক) আমাৰ দেশৰ নিৰ্বাচন ব্যৱস্থাত প্ৰাৰ্থীৰ দক্ষতা অভিজ্ঞতা আৰু ব্যক্তিত্বৰ পৰিৱৰ্তে ধনে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰে। জনবহুল সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিবলৈ হ’লৈ প্ৰাৰ্থীয়ে বেছি পৰিমাণৰ ধন খৰচ কৰিব পাৰে, তেনে প্ৰাৰ্থীৰহে জয়লাভ কৰাৰ সম্ভাৱনা বেছি। ফলত কেতিয়াবা কেতিয়াবা অনুপযুক্ত প্ৰাৰ্থীৰ নিৰ্বাচিত আৰু উপযুক্ত প্ৰাৰ্থীৰ পৰাজিত হ’ব লগা হয়।

(খ) ১৯৫৬ চনৰ কোম্পানী আইন মতে কোম্পানীবোৰ নিজৰ লাভৰ কিছু পৰিমাণৰ ধন ব্যক্তিগত হিচাবে কোনো প্ৰাৰ্থীক বা ৰাজনৈতিক দলআৰু দলীয় প্ৰাৰ্থীক ৰাজনৈতিক উদ্দেশ্য দান কৰিব পাৰে। কিন্তু দেখা পোৱা যায় যে জয়লাভ কৰা সদস্যসকলে নিজৰ সমষ্টিৰ ভোটাৰক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে ধনী শ্ৰেণীৰ লোককহে প্রতিনিধিত্ব কৰে৷ এনে ধৰণৰ প্রতিনিধিত্ব গণতান্ত্রিক প্ৰমুখ্যৰ লগত সংগতি থকা বিধৰ নহয় ৷

(গ) ধনবল উপৰিও বল প্রয়োগেও নির্বাচন অনুষ্ঠিত কৰাত বাধাৰ সৃষ্টি কৰে। নিৰ্বাচনৰ দিনত ভোটকেন্দ্ৰ দখল কৰা, কিছুমান দলৰ এজেণ্টসকলৰ ওপৰত আক্ৰমণ কৰা, দুখীয়া আৰু দুৰ্বল শ্ৰেণীৰ লোকক ভীতি প্ৰদৰ্শন কৰি ভোটদান কাৰ্যত বাধা দিয়াও দেখা যায় ৷ 

(ঘ) নির্বাচনী আয়োগে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ অধীনত কাৰ্যনিৰ্বাহ কৰিব লগা হোৱা পৰিস্থিতিকো সাম্প্ৰতিক কালৰ নিৰ্বাচন ব্যৱস্থাৰ এটা আসোঁৱাহ হিচাবে উল্লেখ কৰা হয়।

(ঙ) আমাৰ দেশৰ নিৰ্বাচন ব্যৱস্থাৰ আন এক আসোঁৱাহ এই যে চৰকাৰ গঠন কৰাৰ কাৰণে কোনো দলে সংখ্যাগৰিষ্ঠ ভোট লাভ কৰাৰ প্ৰয়োজন নাই।

(চ) নিৰ্বাচনৰ সময়ত অসৎ উপায়ে অৱলম্বন কৰা, ভোটৰ বাকচ কাঢ়ি নিয়াৰ চেষ্টা কৰা আদি বিভিন্ন ধৰণৰ অন্যান্য নীতি-নিয়মৰ আশ্ৰয় ল’বলৈ কিছমানে চেষ্টা কৰে।

(ছ) চৰকাৰী ধনৰ অপব্যৱহাৰ আমাৰ দেশৰ নিৰ্বাচনৰ সময়ৰ আন এক আসোঁৱাহ।

(জ) জাতি-ধর্ম-ভাষা-গোষ্ঠী আদিৰ ভিত্তিত কোনো প্ৰাৰ্থীৰ হকে ভোটদান কৰিবলৈ আৱেদন। কৰিব নোৱাৰে প্ৰতিনিধিত্ব আইনৰ মতে। কিন্তু দেখা যায় যে জাতি-ধর্ম-ভাষা-গোষ্ঠী আদিৰ ভিত্তিত প্রার্থী মনোনীত কৰা হয় আৰু প্ৰাৰ্থীৰ হকে ভোটদান কৰিবলৈ আৱেদন কৰা হয়, এয়া আন এক আসোঁৱাহ আমাৰ দেশৰ নিৰ্বাচনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top