Political Processes And Institutions In Comparative Perspective Unit 1 তুলনামূলক ৰাজনীতি অধ্যয়ন কৰাৰ পদ্ধতি

Political Processes And Institutions In Comparative Perspective Unit 1 তুলনামূলক ৰাজনীতি অধ্যয়ন কৰাৰ পদ্ধতি Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Processes And Institutions In Comparative Perspective Unit 1 তুলনামূলক ৰাজনীতি অধ্যয়ন কৰাৰ পদ্ধতি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Processes And Institutions In Comparative Perspective Unit 1 তুলনামূলক ৰাজনীতি অধ্যয়ন কৰাৰ পদ্ধতি Question Answer can be of great value to excel in the examination.

Political Processes And Institutions In Comparative Perspective Unit 1 তুলনামূলক ৰাজনীতি অধ্যয়ন কৰাৰ পদ্ধতি

Join Telegram channel

Political Processes And Institutions In Comparative Perspective Unit 1 তুলনামূলক ৰাজনীতি অধ্যয়ন কৰাৰ পদ্ধতি Notes cover all the exercise questions in UGC Syllabus. The Political Processes And Institutions In Comparative Perspective Unit 1 তুলনামূলক ৰাজনীতি অধ্যয়ন কৰাৰ পদ্ধতি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

৩৩৷ তুলনামূলক ৰাজনীতি অধ্যয়নৰ আচৰণবাদৰ বৌদ্ধিক আধাৰশিলাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। (Mention the characteristics Intellectual Foundation Stone of study of Comparative Politics.)

উত্তৰঃ তুলনামূলক ৰাজনীতি অধ্যয়নৰ আচৰণবাদৰ বৌদ্ধিক আধাৰশিলাৰ বৈশিষ্ট্যসমূহ হ’ল—

(ক) আচৰণবাদীসকলৰ মতে ৰাজনৈতিক ব্যৱহাৰত কেতবোৰ সমৰূপতা আছে যিবোৰক তত্ত্বৰ ৰূপত প্ৰকাশ কৰি ৰাজনৈতিক ঘটনাৱলীৰ ব্যাখ্যা আৰু পূৰ্বানুমান কৰিব পাৰি ৷ 

(খ) আচৰণবাদীসকলে আঙুলিয়াই দিয়ে যে যিকোনো জ্ঞান বৈধ হ’বলৈ হ’লে ইঅভিজ্ঞতাবাদী পৰীক্ষাৰ ওপৰত প্ৰতিষ্ঠিত হ’ব লাগিব আৰু পৰ্যবেক্ষণৰ ওপৰত গুৰুত্ব দিব লাগিব৷

(গ) আচৰণবাদীসকলে আধাৰসামগ্ৰী অৰ্জন আৰু ব্যাখ্যাৰ বাবে শুদ্ধ কৌশল প্রয়োগ কৰাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে। তদুপৰি গৱেষণাৰ পদ্ধতিবোৰ এনে হ’ব লাগে যিয়ে বৈধ আৰু নিৰ্ভৰযোগ্য আধাৰসামগ্ৰী যোগান ধৰে। ইয়াৰ বাবে আচৰণবাদীসকলে কেতবোৰ আধুনিক গৱেষণাৰ পদ্ধতি ব্যৱহাৰ কৰাৰ ওপৰতো গুৰুত্ব দিয়ে।

(ঘ) আচৰণবাদীসকলে সংখ্যায়ন আৰু পৰিমাণৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰে । অন্যান্য সমাজবিজ্ঞানৰ দৰে ৰাজনীতি বিজ্ঞানৰ গৱেষণাৰ আধাৰসামগ্ৰী সাংখ্যিক হ’ব লাগে ৷

(ঙ) মূল্যমান নিৰপেক্ষতাক কেন্দ্ৰ কৰি আচৰণবাদী আৰু পৰম্পৰাবাদীসকলৰ মাজত যথেষ্ট বিতৰ্কৰ সূত্ৰপাত হৈছে। আচৰণবাদে অভিজ্ঞতামূলক বিশ্লেষণৰ নৈতিক মূল্যায়নক পৃথক কৰিব বিচাৰে৷ তেওঁলোকৰ মতে তথ্য আৰু প্ৰমূল্য (Facts and Value) দুটা সম্পূর্ণ বেলেগ ধাৰণা, যাক নেকি সদায় পৃথককৈ ৰাখিব লাগে ৷ কেতিয়াবা দুয়োটাকে অধ্যয়ন কৰিলেও এটাক আনটিৰ লগত লগা কৰিব নালাগে। গতিকে ৰাজনৈতিক আলোচনাক সদায় প্ৰমূল্য নিৰপেক্ষ কৰিব লাগে।

(চ) আচৰণবাদীসকলে আঙুলিয়াই দিয়ে যে ৰাজনীতি বিজ্ঞানৰ গৱেষণা সদায় প্ৰণালীবদ্ধ হ’ব লাগে, যাতে এনেকুৱা গৱেষণা তত্ত্ব নিৰ্মাণমুখী হয়। তেওঁলোকে কয় যে আচৰণবাদে তত্ত্বক অৱজ্ঞা কৰাৰ পৰিৱৰ্তে পৰম্পৰাবাদীসকলৰ তুলনাত তত্ত্বৰ ওপৰত অধিক গুৰুত্ব দিয়ে।

(ছ) আচৰণবাদীসকলে বিশুদ্ধ বৈজ্ঞানিক দৃষ্টিভংগীৰ ওপৰত যথেষ্ট মনোনিৱেশ কৰে যদিও তেনেকুৱা গৱেষণাক ন্যূনতম সামাজিক সমস্যাৰ বাবেও প্ৰয়োগ কৰিব নোৱাৰি ৷ 

(জ) আচৰণবাদীসকলে সামাজিক বিজ্ঞানসমূহৰ মাজত সংহতি স্থাপনৰ ওপৰত গুৰুত্ব দিয়ে ৷ তেওঁলোকৰ মতে ৰাজনৈতিক ঘটনাৰ প্ৰকৃত অধ্যয়নৰ বাবে সামাজিক, অর্থনৈতিক আৰু অন্যান্য পৰিৱেশৰ অধ্যয়নৰ প্ৰয়োজন। অন্যথা ইৰাজনৈতিক ঘটনাক নিখুঁতভাৱে অধ্যয়ন কৰিব নোৱাৰিব৷ এইটো সত্য যে আচৰণবাদী দৃষ্টিভংগীৰ প্ৰয়োগৰ ফলস্বৰূপে ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ পৰিসৰ অধিক প্ৰসাৰিত হোৱাৰ লগতে ৰাজনৈতিক বাস্তৱতাক বোধগম্য হোৱাৰ লগতে ব্যাখ্যা কৰাৰ ক্ষেত্ৰত বিষয়টোৰ প্ৰকৃতি অধিক স্পষ্টৰূপত প্ৰকট হৈ পৰিছিল।

৩৪। আচৰণবাদৰ বিপক্ষে আগবঢ়োৱা সমালোচনাসমূহ উল্লেখ কৰা। (Mention the Criticisms against behaviorism.) 

উত্তৰঃ আচৰণবাদৰ বিপক্ষে আগবঢ়োৱা সমালোচনাসমূহ তলত উল্লেখ কৰা ধৰণৰ—

প্ৰথমতে, আচৰণবাদৰ ওপৰত সমালোচনা আগবঢ়াই ওৱাচবিয়ে মন্তব্য দাঙি ধৰি কৈছিল যে আচৰণবাদীসকলে কোনো এটা বিষয় অধ্যয়ন বা গৱেষণাৰ ক্ষেত্ৰত কেনে ধৰণৰ কৌশল আৰু পদ্ধতি গ্ৰহণ কৰিব তাৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰে। তেওঁলোকে বিষয়টোৰ তাত্ত্বিক দিশৰ আৱশ্যকতাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে। গৱেষণাৰ ক্ষেত্ৰত যি বিষয়ৰ ওপৰত অত্যাধুনিক বিজ্ঞানসন্মত কৌশল আৰু অধ্যয়ন পদ্ধতি গ্ৰহণ কৰিব যায় আচৰণবাদীসকলে তেনে বিষয়হে গৱেষণাৰ বাবে বাছনি কৰি লয়৷ আনহাতে আচৰণবাদীসকলে গৱেষণাৰ জৰিয়তে উপনীত হোৱা সিদ্ধান্ত বা ফলাফলৰ ওপৰত বিশেষ গুৰুত্ব নিদিয়ে ।

দ্বিতীয়তে, আচৰণবাদীসকলে আনুষ্ঠানিক গুণৰ বিনিময়ত আচৰণবাদী গুণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে। আমেৰিকাৰ আচৰণবাদীসকলে সমাজৰ ওপৰত অনুষ্ঠানৰ প্ৰভাৱ স্বীকাৰ নকৰে। আনহাতে তেওঁলোকে কেৱল ব্যক্তি আৰু গোষ্ঠীৰ আচৰণৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰে।

তৃতীয়তে, আচৰণবাদৰ সমলোচকসকলে যুক্তি দাঙি ধৰি কৈছে যে ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন কেতিয়াও মূল্যবিহীন হ’ব নোৱাৰে। চিডনীৰ মতে, “Values are prior to investigation, whether in Politics or any other Area. 

চতুৰ্থতে, ব্যক্তিৰ আচৰণ চিৰ-পৰিৱৰ্তনশীল। সেয়ে, ব্যক্তিৰ সদা-পৰিৱৰ্তনশীল আচৰণ অধ্যয়ন কৰাটো এক জটিল সমস্যা। ব্যক্তিৰ চিন্তাধাৰা, আচাৰ-ব্যৱহাৰ, ভাৱাদৰ্শ, মন সদা-পৰিৱৰ্তনশীল। সেয়ে এজন ব্যক্তিৰ আচৰণ সম্পৰ্কে এটা সম্যক ধাৰণা দাঙি ধৰা সম্ভৱ নহয় ।

পঞ্চমতে, আচৰণবাদীসকলে সমাজৰ কোনো এটা বিষয়ৰ সাম্প্ৰতিক গতি প্ৰৱাহৰ ওপৰ গুৰুত্ব আৰোপ কৰি গৱেষণা কৰাতকৈ বিষয়টোৰ স্থিতাৱস্থাৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰে। সেয়ে আচৰণবাদীসকলে সাম্প্রতিক সমস্যাসমূহতকৈ স্থিতিশীল বিষয়সমূহৰ ওপৰত অধিক গুৰুত্ব দিয়ে।

৩৫। আচৰণবাদোক্তৰ দৃষ্টিভংগীৰ বিকাশৰ কাৰণসমূহ উল্লেখ কৰা। (Mention the reason for the development of post behavioural approach.)

উত্তৰঃ আচৰণবাদোক্তৰ দৃষ্টিভংগীৰ বিকাশৰ কাৰণসমূহ তলত দিয়া ধৰণৰঃ

(ক) বিশ্বৰ ব্যৱহাৰিক সমস্যাসমূহ বিশ্লেষণত আচৰণবাদৰ বিফলতা : আচৰণবাদীসকলে বিশ্বৰ ব্যাৱহাৰিক সমস্যাসমূহ দাঙি ধৰা আৰু সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ সূত্ৰ উদ্ভাৱনত বিফল হোৱাৰ ফলত পৰৱৰ্তী আচৰণবাদৰ জন্ম হয় বুলি ক’ব পাৰি। আচৰণবাদ যেনেধৰণে জনশ্ৰুতিবাদৰ বিপক্ষে এক বিপ্লৱ, ঠিক সেইদৰে উত্তৰ আচৰণবাদ— আচৰণবাদৰ বিপক্ষে এক বিপ্লৱ। কিন্তু উত্তৰ আচৰণবাদীসকলে জনশ্রুতিবাদ আৰু আচৰণবাদৰ মাজত এক নতুন পদ্ধতি উদ্ভাৱনৰ প্ৰচেষ্টা হাতত লৈছিল। ইয়াৰ ফলতেই উত্তৰ আচৰণবাদৰ জন্ম হয়।

(খ) আচৰণবাদৰ বিফলতা : প্রখ্যাত আচৰণবাদী ডেভিড ইষ্টনে ১৯৬৯ চনত আমেৰিকাৰ ৰাজনীতি বিজ্ঞান সংস্থাৰ বাৰ্ষিক অভিৱৰ্তন Annual Convention of the American Political Science Association ত ভাষণ দাঙি ধৰি আচৰণবাদৰ বিফলতাৰ কাৰণ দৰ্শাই এটা দীঘল বক্তৃতা দিছিল। ভাষণ প্রসংগত ডেভিড ইষ্টনে আচৰণবাদীসকলে আচৰণবাদী পদ্ধতি গ্ৰহণ কৰি পৰিচালনা কৰা ৰাজনীতি বিজ্ঞানৰ বিভিন্ন বিষয়ৰ গৱেষণা কাৰ্যৰ বিফলতা দাঙি ধৰে ৷ ডেভিড ইষ্টনৰ অনুগামী আচৰণবাদীসকলৰ একাংশই একমত দাঙি ধৰি জনশ্ৰুতিবাদ আৰু আচৰণবাদৰ মাজত এক উমৈহতীয়া পদ্ধতি উদ্ভাৱনৰ প্ৰচেষ্টা হাতত লয়; ফলত পৰৱৰ্তী আচৰণবাদৰ জন্ম হয়।

(গ) গৱেষণা পদ্ধতি কৌশলৰ ওপৰত অধিক গুৰুত্ব : আচৰণবাদীসকলে কোনো এটা বিষয় গৱেষণা কৰিবলৈ গৱেষণা পদ্ধতি আৰু কৌশলৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। আচৰণবাদীসকলে সদায় নতুন নতুন গৱেষণা পদ্ধতি আৰু কৌশল উদ্ভাৱন কৰাত অধিক গুৰুত্ব দিছিল৷ আচৰণবাদীসকলৰ বাবে গৱেষণা পদ্ধতি আৰু কৌশল অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছিল ৷ এনে সময়তে ডেভিড ইষ্টনকে ধৰি কেইগৰাকীমান আচৰণবাদীয়ে মত পোষণ কৰিছিল যে তেওঁলোকৰ গৱেষণা পদ্ধতি বাস্তৱ মানৱ জীৱনৰ পৰা বহুখিনি আঁতৰি আহিছে। সেয়ে তেওঁলোকে অমূল্য সময় নষ্ট নকৰি পৰৱৰ্তী আচৰণবাদৰ উদ্ভাৱনত মনোনিৱেশ কৰে।

(ঘ) আচৰণবাদৰ প্ৰতি গঢ়ি উঠা অসন্তুষ্টিয়ে উত্তৰ আচৰণবাদক জন্ম দিয়ে : আৰম্ভণিতে আচৰণবাদে আমেৰিকাত অধিক জনপ্রিয়তা লাভ কৰে যদিও পৰৱৰ্তী কালছোৱাত আচৰণবাদৰ প্রতি এক অসন্তুষ্টিৰ ভাব প্ৰকট হৈ উঠে। আচৰণবাদৰ প্ৰতি গঢ়ি উঠা এনে অসন্তুষ্ট মনোভাবৰ পৰাই উত্তৰ আচৰণবাদৰ জন্ম হয়। গৱেষণা কার্যত হেজাৰ লাখ টকা ব্যয় কৰি যেতিয়া আচৰণবাদীসকলে সমাজৰ সমস্যাসমূহৰ সমাধানৰ কোনো শুদ্ধ পথ বিচাৰি উলিয়াবলৈ অক্ষম হয় তেতিয়াৰ পৰাই আচৰণবাদৰ জনপ্ৰিয়তা লোপ পাই অসন্তুষ্টিৰ ভাবে গঢ়ি উঠিবলৈ ধৰে। সেয়ে উত্তৰ আচৰণবাদ— আচৰণবাদৰ বিপক্ষে এক বিপ্লৱ হিচাপেহে জন্ম লাভ কৰে বুলি কোৱা হয়৷

(ঙ) ৰাজনীতি বিজ্ঞানক সমস্যা সমাধানৰ বিজ্ঞানলৈ ৰূপান্তৰিত কৰাত বিফলতা : আচৰণবাদীসকলে সমাজৰ বিভিন্ন সমস্যা অধ্যয়ন কৰি এফালে যেনেকৈ সমস্যাসমূহ সমাধানৰ শুদ্ধ পথ বাছি উলিওৱাত বিফল হৈছিল, আনফালে তেনেকৈ ৰাজনীতি বিজ্ঞানক এক সমস্যা সমাধানৰ বিজ্ঞান হিচাপে ৰূপান্তৰিত কৰি তোলাতো বিফল হৈছিল। উত্তৰ আচৰণবাদীসকলৰ মতে আচৰণবাদীসকলে সাম্প্ৰতিক সামাজিক আৰু ৰাজনৈতিক সমস্যাসমূহ বুজি উঠাত বিফল হৈছিল। আচৰণবাদীসকলে অৰ্থ আৰু সময় নষ্ট কৰি সামাজিক আৰু ৰাজনৈতিক সমস্যা সমাধানৰ ক্ষেত্ৰত আশাপ্রদ ফল দেখুওৱাত ব্যৰ্থ হয়; ফলত উত্তৰ আচৰণবাদৰ জন্ম হয়।

৩৬। ডেভিড ইষ্টনে আগবঢ়োৱা উত্তৰ-আচৰণবাদৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। (According to David Easton mention the characteristics of Post behaviourism.)

উত্তৰঃ ডেভিড ইষ্টনে আচৰণবাদৰ বৈশিষ্ট্য সুকীয়াকৈ দাঙি ধৰাৰ দৰে উত্তৰ-আচৰণবাদৰো ৭টা বৈশিষ্ট্য দাঙি ধৰিছিল। এইকেইটা হ’ল—

(১) অধ্যয়নৰ উদ্দেশ্য আৰু অধ্যয়নৰ ফলাফল অধ্যয়ন পদ্ধতি আৰু কৌশলৰ তুলনাত অধিক গুৰুত্ব লাভ কৰা উচিত। 

(২) সামাজিক পৰিৱৰ্তনৰ ওপৰত অধিক গুৰুত্ব। 

(৩) বাস্তৱ ৰাজনীতিৰ লগত ৰাজনীতি বিজ্ঞানৰ প্ৰত্যক্ষ সম্পর্ক গঢ়ি তোলা। 

(৪) ৰাজনীতি বিজ্ঞান মূল্য-বিহীন হোৱা উচিত নহয়।

(৫) সভ্যতাৰ মানৱীয় মূল্যবোধ ৰক্ষণা-বেক্ষণ দিয়া ৰাজনীতি বিজ্ঞানৰ উদ্দেশ্য হোৱা উচিত।

(৬) চিন্তাশীল বা অধ্যয়নশীল হোৱাৰ সলনি কাৰ্যকৰী হোৱাৰ ওপৰত গুৰুত্ব আৰোপ।

(৭) অনুষ্ঠান-প্রতিষ্ঠান, সংস্থা, বিভিন্ন পেছা আদি ৰাজনীতিকৰণ কৰি তোলা।

৩৭৷ ডেভিড ইষ্টনৰ ব্যৱস্থাপক তত্ত্বৰ ধাৰণা সম্পর্কে বহলাই আলোচনা কৰা। (Discuss in details about the David Easton’s views on System Theory.)

উত্তৰঃ ৰাজনীতিৰ অধ্যয়নত ব্যৱস্থাপক দৃষ্টিভংগী প্ৰয়োগৰ পৃষ্ঠপোষকতা কৰা প্ৰধান প্ৰৱক্তা হ’ল ডেভিড ইষ্টন। তেওঁৰ বিখ্যাত গ্ৰন্থসমূহ ‘’ৰাজনৈতিক ব্যৱস্থা’ (Political System), ‘ৰাজনৈতিক বিশ্লেষণৰ এটা গাঁথনি’ (A framework for Political Analysis), ‘ৰাজনৈতিক জীৱনৰ এটি পদ্ধতিগত বিশ্লেষণ’ (A System Analysis of Political Life) আদিত এই দৃষ্টিভংগীৰ ধাৰণামূলক গাঁথনিৰ বিকাশ সাধন কৰিছিল। তেওঁ কৈছিল যে ৰাজনীতি বিজ্ঞানৰ পৰম্পৰাগত অধ্যয়নমূলক পদ্ধতিবোৰ অতি ঠেক পৰিসৰৰ আছিল, যাৰ অধ্যয়ন কেৱল আনুষ্ঠানিক ৰাজনৈতিক অনুষ্ঠানৰ অধ্যয়নতহে আবদ্ধ হৈ আছিল।

ডেভিড ইষ্টনৰ মতে, এখন সমাজত সকলো ধৰণৰ আন্তঃক্রিয়া থাকে ; কিন্তু এক বিশেষ ধৰণৰ আন্তঃক্ৰিয়াৰ জৰিয়তে ৰাজনৈতিক ব্যৱস্থাৰ সৃষ্টি হয় । সাধাৰণতে ৰাজনৈতিক সিদ্ধান্তৰ বন্ধনীয় প্ৰকৃতিয়ে ৰাজনৈতিক ব্যৱস্থাক অন্য অাজনৈতিক ব্যৱস্থাৰ পৰা পৃথক কৰে। তেওঁৰ মতে ৰাজনীতি হ’ল সমাজৰ বাকে মূল্যমানৰ প্ৰভুত্বজ্ঞাপক অংশনিৰূপণ আৰু এই ক্ৰিয়াটো পৰিয়াল, ৰাজনৈতিক দল, ছাত্র সংগঠন আদি সকলোতে পৰিস্ফুট হয়। তেওঁৰ মতে ৰাজনৈতিক ব্যৱস্থাই সমাজৰ মূল্যমানৰ প্ৰভুত্বজ্ঞাপক অংশ নিৰূপণকহে অধ্যয়ন কৰে; কিন্তু ৰাজনৈতিক ব্যৱস্থাৰ সংজ্ঞাৰ পৰা দল আৰু অন্যান্য ব্যৱস্থা আদি গঢ় লৈ উঠে। এই সকলো বাহ্যিক ব্যৱস্থাই ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱেশৰ সৃষ্টি কৰে। এই পৰিৱেশৰ লগত ৰাজনৈতিক ব্যৱস্থাৰ স্থায়ী আন্তঃক্রিয়া চলি থাকে।

ব্যৱস্থাপক দৃষ্টিভংগীৰ আলোচ্য বিষয় হৈছে ব্যৱস্থা। ডেভিড ইষ্টনৰ মতে, ৰাজনৈতিক ব্যৱস্থা হৈছে এক পাৰস্পৰিক প্ৰতিক্ৰিয়াৰ ব্যৱস্থা যাৰ জৰিয়তে প্ৰমূল্যৰ বাধ্যতামূলক আৰু কর্তৃত্ব বিতৰণৰ কাৰ্যাবলী সম্পাদনা কৰা হয়। সাধাৰণতেৰাজনৈতিক সিদ্ধান্তৰ বান্ধনমুখী প্রকৃতিয়ে ৰাজনৈতিক ব্যৱস্থা এটাক অন্যান্য অৰাজনৈতিক ব্যৱস্থাসমূহৰ পৰা পৃথক কৰে। ইষ্টনৰ মতে ৰাজনীতি হৈছে “সমাজৰ কাৰণে মূল্যমানৰ কৰ্তৃত্বসম্পন্ন বিতৰণ” আৰু এই প্ৰক্ৰিয়াটো পৰিয়াল, ৰাজনৈতিক দল,ছাত্র সংগঠন আদি সকলোতে বিৰাজমান।

ডেভিড ইষ্টনে ৰাজনৈতিক ব্যৱস্থাক এক মুক্ত ব্যৱস্থা হিচাপে অভিহিত কৰিছে। প্ৰতিটো ৰাজনৈতিক ব্যৱস্থাৰ ওপৰতে ইয়াৰ পৰিৱেশৰ প্ৰভাৱ পৰে। এই প্ৰসংগতে এইটো উল্লেখ কৰা সমীচীন হ’ব যে ৰাজনৈতিক ব্যৱস্থা সম্পর্কে আলোচনা কৰোঁতে ডেভিড ইষ্টনে পৰিৱেশৰ লগত ৰাজনৈতিক ব্যৱস্থাৰ সম্পৰ্কৰ বিষয়েও ব্যাখ্যা আগবঢ়াইছে। এই ক্ষেত্ৰত ইষ্টনে কৈছে যে প্ৰতিখন সমাজতে ৰাজনৈতিক ব্যৱস্থাৰ উপৰি আন কেতবোৰ ব্যৱস্থা থাকে যিবিলাকক সমাজৰ উপব্যৱস্থা বুলিব পাৰি আৰু এই উপব্যৱস্থাৱিলাকৰ জৰিয়তেই ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱেশৰ সৃষ্টি হয়। গতিকে ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ বুলি ক’লে সমাজৰ উপব্যৱস্থাসমূহৰ প্ৰভাৱসমূহকেই বুজায়। ডেভিড ইষ্টনে ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱেশক দুটা ভাগত বিভক্ত কৰিছে ; এবিধ হ’ল আন্তঃসামাজিক পৰিৱেশ য’ত অর্থনীতি, সংস্কৃতি, সামাজিক গাঁথনি আৰু ব্যক্তিত্বক সামৰি লোৱা হয়। 

সাধাৰণতে এইবিলাক হৈছে সমাজৰ পৰিধিৰ ভিতৰতে আৱদ্ধ যাৰ ৰাজনৈতিক ব্যৱস্থাও এক অংশ।এই আন্তঃসামাজিক পৰিৱেশে ৰাজনৈতিক ব্যৱস্থাৰ চলনশীলতা (Sensitivity) ৰ অৱস্থাক গভীৰভাৱে প্ৰভাৱান্বিত কৰি গঢ় দিয়ে। আনটো হৈছে বাহ্যিক সামাজিক পৰিৱেশ, যি সমাজৰ বাহ্যিক সকলো ব্যৱস্থাকে সামৰি লয়। সেইবোৰ সাধাৰণতে আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক ব্যৱস্থা আৰু আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক ব্যৱস্থাৰ ভিতৰত পৰে। উল্লেখ্য যে এই দুয়োটা পৰিৱেশেই ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱেশৰ সৃষ্টি কৰে ৷

ডেভিড ইষ্টনৰ মতে কোনো এটা ৰাজনৈতিক ব্যৱস্থাই নিজৰ স্থায়িত্ব বজাই ৰাখিবলৈ হ’লে ইয়াৰ উপকৰণ আৰু উপপাদৰ মাজত এক সামঞ্জস্য ৰখাটো নিতান্তই প্ৰয়োজনীয়। উপকৰণ হৈছে ৰাজনৈতিক ব্যৱস্থাৰ ওচৰত উত্থাপিত হোৱা দাবী বা চাহিদা আৰু ব্যৱস্থাৰ সমৰ্থনৰ ফলশ্ৰুতি । অৱশ্যে ৰাজনৈতিক কর্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰিলেই তেনে দাবী উপপাদত যে পৰিণত হয় তেনে নহয়, কর্তৃপক্ষই তেনে দাবী সমূহৰ প্ৰতি সমৰ্থন জনায় নে নজনায় অর্থাৎ কর্তৃপক্ষই তেনে দাবীসমূহ পূৰণ কৰিবলৈ সমর্থ হয় নে নহয় সেয়াও বিচাৰ-বিবেচনা কৰা আৱশ্যক । যি কি নহওক, ৰাজনৈতিক ব্যৱস্থাৰ জৰিয়তে উপকৰণ উপপাদত পৰিণত হয়। এই উপপাদসমূহ হৈছে প্ৰকৃততে ৰাজনৈতিক সিদ্ধান্ত আৰু বিধি-বিধানসমূহ। এই উপপাদসমূহ চাৰিশ্ৰেণীত বিভক্ত কৰিব পাৰি। প্ৰথমতে, আহৰণ (Extraction) যেনে— কৰ বা ব্যক্তিগত সেৱা । 

দ্বিতীয়তে, আচৰণ নিয়ন্ত্ৰণ (Regulation of Behaviour), তৃতীয়তে, সেৱা আৰু বস্তুৰ বিতৰণ বা অংশ নিৰূপণ (Service and Allocation of Commodities), চতুৰ্থতে, সাংকেতিক উপপাদ (Symbolic Output) যেনে— নীতি উক্তি, ৰাজনৈতিক প্রতীকসমূহৰ প্ৰতি সন্মান প্রদর্শন ইত্যাদি।

ডেভিড ইষ্টনৰ ব্যৱস্থাপক দৃষ্টিভংগীৰ আন এক অবিচ্ছেদ্য অংগ হৈছে তথ্য আৰু অভিজ্ঞতা প্ৰেৰক পথ (Feedback Mechanism) । ইষ্টনৰ মতে ৰাজনৈতিক ব্যৱস্থা এটাত উপপাদবিলাকে ক্রিয়া-প্রতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু এনে ধৰণৰ ক্ৰিয়া-প্রতিক্ৰিয়াৰ ফলাফলসমূহে ৰাজনৈতিক ব্যৱস্থাটোৰ পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায়, যাৰ ফলত উপপাদসমূহৰ পৰা নতুন নতুন উপকৰণৰ সৃষ্টি হয়। এই নতুন উপকৰণৰ পৰা নতুন নতুন উপপাদ সৃষ্টি হয় আৰু এই প্ৰক্ৰিয়াটো এনেদৰে চক্রাকাৰে (Cyclical) চলিয়েই থাকে। ডেভিড ইষ্টনৰ মতে এনেদৰে ৰাজনৈতিক ব্যৱস্থাই উপকৰণসমূহক উপপাদত পৰিণত কৰে। যি প্ৰক্ৰিয়াৰ মাধ্যমেৰে ৰাজনৈতিক ব্যৱস্থা আৰু পৰিৱেশৰ মাজত সমন্বয় সাধন কৰা হয়, তাক তথ্য আৰু অভিজ্ঞতা প্ৰেৰক পথ হিচাপে অভিহিত কৰা হয়। ডেভিড ইষ্টনৰ ব্যৱস্থাপক দৃষ্টিভংগীতো নিম্নোক্ত ৰেখাচিত্ৰৰ সহায়ত প্ৰকাশ কৰিব পাৰি ৷

ডেভিড ইষ্টনৰ মতে ৰাজনৈতিক ব্যৱস্থা সদায় মুক্ত (Open) আৰু উপযোগীমূলক (Adoptive)। 

তেওঁৰ মতে ৰাজনৈতিক ব্যৱস্থাৰ স্থিৰতা বজাই ৰাখিবলৈ হ’লে উপকৰণ আৰু উপপাদৰ মাজত সমতা ৰক্ষা কৰাটো নিতান্তই প্ৰয়োজনীয়। ৰাজনৈতিক ব্যৱস্থাত দেখা দিয়া সংকট আৰু তেনে সংকট প্ৰতিৰোধৰ বিষয়েও ডেভিড ইষ্টনে আলোচনা কৰিছে। প্ৰতি ৰাজনৈতিক ব্যৱস্থাতে দাবী আৰু সমৰ্থনৰ (Support) পৰা সংকটৰ সূচনা হ’ব পাৰে। সাধাৰণতে ৰাজনৈতিক ব্যৱস্থাত দাবীৰ পৰা দুই ধৰণৰ সংকটৰ সূত্ৰপাত হ’ব পাৰে। প্ৰথমতে, ৰাজনৈতিক ব্যৱস্থা এটাত ৰাজনৈতিক কর্তৃপক্ষই যদি সর্বাধিক সংখ্যক লোক নতুবা বিশেষ প্ৰভাৱশালী ব্যক্তিৰ দাবী পূৰণ কৰাৰ ক্ষেত্ৰত অসমৰ্থতা প্রতিফলিত হয় তেন্তে তেনে ব্যক্তিসকলৰ মাজতে অসন্তুষ্টিৰ মনোভাৱ জাগ্রত হ’ব পাৰে আৰু এই ব্যৱস্থাই সিদ্ধান্ত গ্ৰহণৰ ভেটি দুর্বল হোৱাত অৰিহণা যোগাব । 

দ্বিতীয়তে, কোনো ৰাজনৈতিক ব্যৱস্থাইৰাজনৈতিক কর্তৃপক্ষৰ ওচৰত সীমাহীন দাবী উত্থাপন কৰিলেও সংকটজনক পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা থাকে। কাৰণ কোনো ৰাজনৈতিক ব্যৱস্থাৰ পক্ষেই সীমাহীন দাবীক উপপাদত পৰিণত কৰাটো সম্ভৱ নহয় ৷ ডেভিড ইষ্টনৰ মতে প্ৰতিটো ৰাজনৈতিক ব্যৱস্থাতে দাবী সংক্রান্তীয় সংকটৰ দৰে সমৰ্থন সংক্রান্তীয় অসুবিধায়ো দেখা দিব পাৰে। সমৰ্থন হৈছে এনে এক গাঁথনি বা প্রক্রিয়া যিয়ে ৰাজনৈতিক ব্যৱস্থাক দাবীৰ লগত সামঞ্জস্য ৰাখিব পৰাকৈ প্ৰয়োজনীয় সামর্থ্য প্ৰদান কৰে।

৩৮৷ ৰাজনৈতিক ব্যৱস্থা সম্পর্কে আলমণ্ডে আগবঢ়োৱা সংজ্ঞাসমূহ বিশ্লেষণ কৰা ৷ (Explain the definitions given by Almond about the political system.)

উত্তৰঃ ৰাজনৈতিক ব্যৱস্থা সম্পর্কে আলমণ্ডে নিজস্ব ধৰণে সংজ্ঞা আগবঢ়াইছে৷ তেওঁৰ মতে,“ৰাজনৈতিক ব্যৱস্থা হৈছে সকলো স্বতন্ত্র সমাজতে বিদ্যমান এক পাৰস্পৰিক কাৰ্যব্যৱস্থা, যিয়েই নিয়োগিকীকৰণ নতুবা প্রয়োগীকৰণৰ ভাবুকিৰ জৰিয়তে একত্ৰীকৰণ আৰু উপযোগিতাৰ কাম সম্পন্ন কৰে।” আলমণ্ডে নিম্নোক্ত বৈশিষ্ট্যসমূহক ৰাজনৈতিক ব্যৱস্থাৰ বৈশিষ্ট্য হিচাপে অভিহিত কৰিছে–

(ক) ব্যাপকতা (Comprehensiveness) : আলমণ্ডৰ মতে ৰাজনৈতিক ব্যৱস্থাই সকলো পাৰস্পৰিক কাৰ্য সামৰি লয় ৷ যেনে – উপকৰণ, উপপাদ, পৰিণাম, দমনৰ ভাবুকি ইত্যাদি ৷ গতিকে ই সকলো ধৰণৰ পাৰস্পৰিক কাৰ্য সামৰি লয় ৷ 

(খ) আন্তঃনিৰ্ভৰশীলতা (Inter-dependence) : আলমণ্ডৰ মতে বিভিন্ন উপব্যৱস্থাই পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰে ৷ গতিকে সেইবোৰ স্বতন্ত্ৰ নহয়, বৰঞ্চ আন্তঃনিৰ্ভৰশীলহে।

(গ) সীমা (Boundary) : ই হ’ল এনে এটা বিন্দু য’ত এটা ৰাজনৈতিক ব্যৱস্থাৰ শেষ, হয় আৰু আন এটি ৰাজনৈতিক ব্যৱস্থাৰ আৰম্ভণি হয় ৷ আলমণ্ডৰ মতে ৰাজনৈতিক ব্যৱস্থাই সাত প্ৰকাৰৰ কাৰ্য সম্পাদন কৰে৷ ইয়াৰে চাৰি বিধ হৈছে উপকৰণ (ৰাজনৈতিক) কাৰ্য আৰু তিনিবিধ উপপাদ (চৰকাৰী) কাৰ্য।

উপকৰণ (ৰাজনৈতিক) কার্য (Input Functions) : (১) ৰাজনৈতিক সামাজিকীকৰণ‌ আৰু নিযুক্তি। 

(২) স্বাৰ্থ জোঁটনি। 

(৩) স্বার্থ সমষ্টিকৰণ।

(৪) ৰাজনৈতিক যোগাযোগ। 

(১) ৰাজনৈতিক সামাজিকীকৰণ আৰু নিযুক্তি (Political Socialisation and Recruitment) : ৰাজনৈতিক সমাজিকীকৰণ হ’ল এক মনস্তাত্ত্বিক ধাৰণা৷ ই সমাজৰ ৰাজনৈতিক সাংস্কৃতিক এটা প্ৰজন্মৰ পৰা আন এটি প্ৰজন্মলৈ হস্তান্তৰ কৰা হয়। ই প্রত্যক্ষ বা পৰোক্ষহ’ব পাৰে ৷ অৱশ্যে ৰাজনৈতিক সামাজিকীকৰণ সমাজৰ বিকাশৰ স্তৰৰ লগত জড়িত। ৰাজনৈতিক নিযুক্তিয়ে ৰাজনীতিত নতুন সদস্যক নিযুক্তি কৰা বুজায় ।

(২) স্বাৰ্থৰ জোঁটনি (Interest Articulation) : স্বাৰ্থ জোঁটনি হ’ল এনেকুৱা এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে ব্যক্তিসমষ্টি আৰু গোষ্ঠীয়ে ৰাজনৈতিক সিদ্ধান্ত নিৰ্ণয়কাৰীৰ ওপৰত দাবী উত্থাপন কৰে। সাধাৰণতে কেতবোৰ প্ৰভাৱগোষ্ঠী, যেনে— ধৰ্মীয় সংগঠন, বাণিজ্য সংস্থা, নৃগোষ্ঠীয় সংঘ আদিয়ে ৰাজনৈতিক কর্তৃপক্ষলৈ দাবী কঢ়িয়াই নিয়ে। যদি দাবীৰ সঁহাৰিস্বৰূপে অহা সিদ্ধান্ত সন্তোষজনক নহয় তেতিয়াহ’লে পুনৰ দাবী উত্থাপন কৰি চৰকাৰক সন্মত কৰোৱাৰ চেষ্টা কৰা হয়। যদি তেনে ক্ষেত্ৰতো দাবী পূৰণ কৰা নহয়, তেতিয়া সমাৰোহৰ জৰিয়তে ৰাজনৈতিক সিদ্ধান্ত নিৰ্ণয়কাৰীৰ দৃষ্টি আকৰ্ষণ কৰা হয় ।

(৩) স্বাৰ্থৰ সমষ্টিকৰণ (Interest Aggregation) : স্বাৰ্থ সমষ্টিকৰণে দাবীবোৰক সাধাৰণ নীতিলৈ পৰিৱৰ্তিত কৰে। এই প্ৰক্ৰিয়া প্ৰত্যেক ৰাজনৈতিক ব্যৱস্থাতে বিৰাজমান আৰু ৰাজনৈতিক দলে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আনহাতে সর্বাত্মকবাদী ৰাজনৈতিক ব্যৱস্থা য’ত ৰাজনৈতিক দলৰ অভাৱ, আমোলাতন্ত্রই স্বাৰ্থ সমষ্টিকৰণ কার্য সম্পাদন কৰে।

(৪) ৰাজনৈতিক যোগাযোগ (Political Communication) : ৰাজনৈতিক যোগাযোগেইহ’ল একমাত্র মাধ্যম যাৰ জৰিয়তে অন্য কার্য সম্পন্ন কৰা হয়। ইয়াৰ অৰ্থ এয়ে যে মানৱ দেহৰ ৰক্ত সঞ্চালনৰ দৰে সমাজৰ পৰা ৰাজনৈতিক ব্যৱস্থালৈ নিৰৱচ্ছিন্নভাৱে তথ্য প্রবাহিত হৈ থাকিব লাগিব।

উপপাদ কাৰ্যাৱলী (Output Functions) : (১) বিধি নির্মাণ। 

(২) বিধি প্রয়োগ।

(৩) বিধি ন্যায্যতাকৰণ।

(১) বিধি নির্মাণ (Rule Formulation) : বিধি নিৰ্মাণ কাৰ্যই পৰিৱৰ্তনৰ সূচনা কৰি পৰিৱেশক প্ৰভাৱান্বিত কৰে। এখন দেশৰ সৰল ৰাজনৈতিক ব্যৱস্থাত প্রাপ্তবয়স্ক সদস্যসকলে এই কাৰ্য সমাধা কৰে। বৰ্তমান সময়ৰ গণতান্ত্ৰিক ৰাষ্ট্ৰত সংসদে বিধি নির্মাণ কার্য সম্পন্ন কৰে।

(২) বিধি প্ৰয়োগ (Rule Application) : বিধি প্রয়োগে সিদ্ধান্ত নিৰ্ণয়কাৰীয়ে বিধি বলৱৎ কৰাক বুজায়। অৱশ্যে ইয়াৰ বাবে উচ্চ প্রশাসনিক দক্ষতাপূৰ্ণ আমোলাতন্ত্ৰৰ প্ৰয়োজন আৱশ্যম্ভাবী।

(৩) বিধি নায্যতাকৰণ (Rule Adjudication) : যিসকল লোকে বিধি নামানে বা ইয়াক উলংঘা কৰে তেনে লোকক শাস্তি প্রদান কৰা হয় ৷ গতিকে দোষী ব্যক্তিক শাস্তি প্রদান কৰিব লাগে।

৩৯। গাঁথনি কার্য বিষয়ক দৃষ্টিভংগীৰ এক সমালোচনাত্মক মূল্যায়ন আগবঢ়োৱা ৷ (Given a critical assessment of the structure work approach.)

উত্তৰঃ আধুনিক ৰাজনৈতিক বিশ্লেষণৰ ক্ষেত্ৰত আলমণ্ডৰ গাঁথনি কাৰ্য বিষয়ক দৃষ্টিভংগীটোক বিভিন্ন দৃষ্টিকোণৰ পৰা সমালোচনা কৰা হৈছে—

(ক) ৰাজনৈতিক ব্যৱস্থাৰ সংজ্ঞাত আলমণ্ডে কৈছে যে, ৰাজনৈতিক ব্যৱস্থা হ’ল সকলো স্বতন্ত্র সমাজতে বিৰাজমান এক পৰস্পৰ কাৰ্যব্যৱস্থা, যিয়ে নিয়োগ বা নিয়োগৰ ভাবুকিৰে একীকৰণ আৰু উপযোগিতাৰ কামো সম্পাদন কৰে। কিন্তু তেওঁ ‘স্বতন্ত্র সমাজ” শব্দৰ অৰ্থ ব্যাখ্যা কৰিব পৰা নাছিল ।

(খ) আলমণ্ডে দিয়া ৰাজনৈতিক ব্যৱস্থাৰ বৈশিষ্ট্যবোৰ সাধাৰণতে পাশ্চাত্য ৰাজনৈতিক ব্যৱস্থা মূলতঃ আমেৰিকা ৰাজনৈতিক ব্যৱস্থাৰ পৰা আহিছে। গতিকে এইবোৰক পাশ্চাত্য দেশৰ বাহিৰে অইন দেশৰ ৰাজনৈতিক ব্যৱস্থাৰ অধ্যয়নত প্ৰয়োগ কৰিব নোৱাৰি।

(গ) তেওঁ উপপাদ কাৰ্যৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে। কিন্তু দাবীয়ে কেনেকৈ ৰাজনৈতিক ব্যৱস্থাত প্ৰৱেশ কৰি উপকৰণ কার্য সম্পন্ন কৰে তাৰ ওপৰত গুৰুত্ব দিয়া হয় ।

(ঘ) তেওঁৰ তত্ত্বত ৰাজনৈতিক ব্যৱস্থাকহে অধ্যয়নৰ ঘাই একক হিচাপে লোৱা হৈছে। ইয়াৰ জৰিয়তে সীমাবদ্ধ দৃশ্যৰাজিৰেহে ৰাজনৈতিক বাস্তৱতাক অধ্যয়ন কৰিব পাৰি। সমাজৰ দৃষ্টিভংগীৰ ফালৰপৰা ৰাজনৈতিক ব্যৱস্থাৰ কাৰ্যাৱলীৰ ওপৰত আলোকপাত নকৰে। 

(ঙ) মার্ক্সীয় তত্ত্বই আলমণ্ডৰ তত্ত্বৰ বিৰোধিতা কৰে। মার্ক্সীয় দৰ্শনৰ মূল হ’ল শ্রেণী সংগ্রাম, কিন্তু গাঁথনি-কার্যগত বিশ্লেষণে ইয়াক গ্ৰহণ নকৰে। কাৰণ সংঘাতৰ পৰিৱৰ্তে ই ঐক্যমততহে বিশ্বাসী।

গাঁথনি কার্য বিষয়ক দৃষ্টিভংগীটোক বিভিন্ন দৃষ্টিকোণৰ পৰা সমালোচনা কৰিলেও ৰাজনৈতিক পদ্ধতিৰ বিশ্লেষণত নতুন কেতবোৰ ধাৰণামূলক আহিলাৰ উদ্ভাৱন কৰি তুলনামূলক ৰাজনীতি বিষয়টোক অধিক মূল্যৱান কৰিছে। ৰাজনৈতিক বাস্তৱতাক ই এক নতুন অন্তর্দৃষ্টি প্ৰদান কৰিছে। গতিকে ক’ব পাৰি যে গাঁথনি কার্য বিষয়ক দৃষ্টিভংগীটো এক বিস্তৃত দৃষ্টিভংগী যিয়েই সমসাময়িক তুলনামূলক ৰাজনীতিৰ অধ্যয়নক অধিক গতিশীলতা প্ৰদান কৰিছে।

৪০। তুলনামূলক ৰাজনীতি অধ্যয়নৰ পৰম্পৰাগত আৰু আধুনিক দৃষ্টিভংগীৰ মাজৰ প্ৰভেদসমূহ উল্লেখ কৰা ৷ (Mention the Differences between Traditional and Modern Approach to the Study of Comparative Politics.) 

উত্তৰঃ পৰম্পৰাগত দৃষ্টিভংগীঃ 

(ক) ৰাষ্ট্ৰৰ অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়া হয়। 

(খ) প্ৰধানকৈ ইউৰোপীয় ৰাষ্ট্ৰবিলাকৰ বিষয়ে অধ্যয়ন কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। 

(গ) ৰাষ্ট্ৰৰ সামাজিক গাঁথনিৰ অধ্যয়নৰ ওপৰত কম গুৰুত্ব দিয়া হয়। অর্থাৎ এই পদ্ধতিত অনুষ্ঠান আৰু সংবিধানৰ অধ্যয়ন কৰোঁতে সামাজিক পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়া হয়।

(ঘ) দৃষ্টিভংগীৰ সাংস্কৃতিক সীমা আছে। 

(ঙ) এই পদ্ধতিত মাত্ৰ কিছুমান দেশৰ সংবিধান আৰু অনুষ্ঠানবিলাকৰ নক্সা-ভিত্তিক অধ্যয়ন কৰা হয়।

(চ) অনুষ্ঠানৰ অধ্যয়ন।

(ছ) দৃষ্টিভংগী বিজ্ঞানসন্মত নহয়।

(জ) মূল্যবোধৰ ওপৰত গুৰুত্ব ৷

আধুনিক দৃষ্টিভংগীঃ

(ক) ৰাষ্ট্ৰৰ অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়া হয়। আধুনিক ৰাজনৈতিক বিশ্লেষণৰ পৰিসৰ বৰ বহল।ই কোনো ৰাজনৈতিক ব্যৱস্থাৰ আনুষ্ঠানিক আৰু অনা-আনুষ্ঠানিক আইন সম্পৰ্কীয় আৰু অনা-আইন সম্পৰ্কীয়, সাংবিধানিক আৰু সংবিধান বহির্ভূত বিষয়বিলাকৰ পৰ্যালোচনা কৰে ৷ 

(খ) পশ্চিমীয়া দেশবিলাকৰ বাহিৰে অন্যান্য দেশৰ বিষয়েও চৰ্চা কৰা হয় ।

(গ) সামাজিক পৰিস্থিতি বিবেচনা কৰা হয় ।

(ঘ) কোনো সাংস্কৃতিক সীমা নাই।

(ঙ) ইয়াত বহুতো ৰাজনৈতিক ব্যৱস্থাৰ সাদৃশ্যৰ ওপৰত গুৰুত্ব দিয়া হয়। ই সাধাৰণ ভাবৰ আৰু আৰ্হিমূলক।

(চ) ৰাজনৈতিক আচৰণৰ অধ্যয়ন।

(ছ) বিজ্ঞানসন্মত দৃষ্টিভংগী।

(জ) মূল্যবোধ নিৰপেক্ষ হোৱাৰ চেষ্টা।

৪১। তুলনামূলক ৰাজনীতি অধ্যয়নৰ মাৰ্ক্সীয় দৃষ্টিভংগী সম্পর্কে বহলাই আলোচনা কৰা। (Discuss in details Marxian Approach to the study of Comparative Politics.)

উত্তৰঃ বৈজ্ঞানিক সমাজবাদৰ পিতৃস্বৰূপ কার্ল মার্ক্সৰ তত্ত্বই আধুনিক ৰাজনৈতিক বিশ্লেষণৰ ক্ষেত্ৰত এক বিশেষ গুৰুত্বপূৰ্ণ স্থান গ্ৰহণ কৰিছে। যদিও প্ৰকৃতিৰ ক্ষেত্ৰত পৰম্পৰাগত আৰু আধুনিক দুয়োটা দৃষ্টিভংগীয়েই পৃথক তথাপি কিছু কিছু ক্ষেত্ৰত মার্ক্সীয় দৃষ্টিভংগীটোৰ পৰম্পৰাগত আৰু আধুনিক দৃষ্টিভংগীৰ লগত সামঞ্জস্য থকাও পৰিলক্ষিত হয়। এই দৃষ্টিভংগীটোৰ এক তাৎপর্যপূর্ণ বৈশিষ্ট্য হ’ল যে শ্ৰেণীসংগ্ৰামৰ ফলশ্ৰুতি হিচাপে উদ্ভৱ হোৱা ৰাষ্ট্ৰ হৈছে ৰাজনীতি বিজ্ঞান অধ্যয়নৰ মূল কেন্দ্রবিন্দু। সেয়েহে মার্ক্সীয় দৃষ্টিভংগীটোৱে এখন ৰাষ্ট্ৰবিহীন আৰু শ্রেণীবিহীন সমাজ প্রতিষ্ঠা কৰাৰ ওপৰত গুৰুত্ব দিয়ে আৰু উল্লেখ যে এই সমাজখনেই সামাজিক উন্নয়নৰ অন্তিম স্তৰ হিচাপে বিবেচিত হ’ব। তদুপৰি ইতিহাস, সমাজশাস্ত্ৰ, মনোবিজ্ঞান আৰু নীতিশাস্ত্ৰ আদিৰ দৰে অন্যান্য বিষয়সমূহত অর্থনীতিয়ে বিশেষভাৱে প্ৰাধান্য বিস্তাৰ কৰে। ৰাজনীতিৰ মূল অর্থনৈতিক গাঁথনিৰ লগত নিবিড়ভাৱে সম্পর্কিত আৰু উৎপাদনৰ শক্তি আৰু সম্পৰ্কৰ জৰিয়তে ইয়াৰ বহিঃপ্রকাশ ঘটে।

মার্ক্সীয় দৃষ্টিভংগীৰ এক বিশেষ তাৎপর্যপূর্ণ দিশটো হ’ল যে ই ৰাজনীতি অভিধাটোৰ বিশদ বিশ্লেষণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কোনো এক ৰাজনৈতিক ব্যৱস্থাৰ আনুষ্ঠানিক গাঁথনি (Formal Structure) আৰু উপ-গাঁথনি (Substructure) ৰ অধ্যয়নৰ পৰিৱৰ্তে মার্ক্সীয় দৃষ্টিভংগীয়ে ৰাজনৈতিক ব্যৱস্থা এটাৰ মূল শিপাডাল উদ্ঘাটন কৰাৰ ওপতহে গুৰুত্ব দিয়ে। এই দৃষ্টিভংগী অনুসৰি অৰ্থনৈতিক ব্যৱস্থাই সমাজক শ্ৰেণী গাঁথনিৰ নিৰ্দেশনা দিয়ে আৰু উৎপাদনৰ আহিলা, বিতৰণ আৰু ইয়াৰ বিনিময়ত উদ্ভৱ হোৱা পৰিৱৰ্তনৰ ফলশ্ৰুতিত সমাজৰ প্ৰচলিত শ্রেণী গাঁথনিৰ পৰিৱৰ্তন সাধন কৰে। যিহেত ক্ষমতাকেন্দ্রিক সংঘাত ৰাজনীতি অধ্যয়নৰ মূল বিষয়বস্তু, গতিকে প্রচলিত শ্রেণী গাঁথনি পৰিৱৰ্তনক দুয়োটা পৰস্পৰ বিৰোধী শ্ৰেণী (ধনী আৰু দুখীয়া)ৰ মাজত উদ্ভৱ হোৱা সংঘৰ্ষৰ ভিত্তিত অধ্যয়ন কৰিব লাগে। এই শ্ৰেণী সংঘাতৰ অৱস্থাৰ এখন সমাজবাদী সমাজ প্রতিষ্ঠাৰ পাছতহে অৱসান পৰিব। গতিকে স্বাভাৱিকতেই এইটো স্পষ্ট হয় যে মার্ক্সীয় দৃষ্টিভংগীটোৱে কেবল সামাজিক বিদ্বেষৰ ওপৰতহে যে আলোকপাত কৰে এনে নহয়, বৰং ইয়াৰ পৰা পৰিত্ৰাণ লাভৰ উপায়ৰো নিৰ্দেশনা দিছে। 

এনেদৰে মাৰ্ক্সীয় দৃষ্টিভংগীটোৱে এক নিদের্শনাত্মক চৰিত্ৰৰ ৰূপ লাভ কৰিছে। এনে দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰি চালে মার্ক্সীয় দৃষ্টিভংগীটোক এক ভাবাদর্শ হিচাপে গণ্য কৰিব পাৰি। এই দৃষ্টিভংগীটোৱে পুঁজিবাদী ব্যৱস্থাৰ সহজাত দুৰ্বলতা আৰু আসোঁৱাহসমূহ আঙুলিয়াই দিয়াতে ক্ষান্ত নাথাকি শোষিত আৰু নিষ্পেষিত শ্রেণীটোক একত্ৰিত হৈ পুঁজিপতি দাসত্বৰ শিকলি ছিঙি সৰ্বহাৰাৰ একনায়কত্ববাদ প্রতিষ্ঠা কৰিবৰ বাবে আহবান জনায়। 

তুলনামূলক ৰাজনীতি বিষয়টিয়ে তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ অধ্যয়নৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। তেনে পৰিপ্ৰেক্ষিতত মার্ক্সীয় দৃষ্টিভংগীটোৱে দীর্ঘদিন ধৰি সাম্ৰাজ্যবাদী অর্থনৈতিক শোষণ আৰু ৰাজনৈতিক নিপীড়নৰ বলি হৈ থকা আফ্ৰিকা আৰু এহিয়া মহাদেশৰ উন্নয়নশীল আৰু অনুন্নত ৰাষ্ট্ৰবিলাকৰ ৰাজনীতি অধ্যয়ন কৰাৰ প্ৰয়াস কৰা পৰিলক্ষিত হয়। বর্তমানেও এই উন্নয়নশীল আৰু অনুন্নত ৰাষ্ট্ৰসমূহ নব্য উপনিবেশিকতাবাদৰ গৰাহত। লেনিন (Lenin) য়ে সেয়েহে “সাম্ৰাজ্যবাদক পুঁজিবাদৰ শীৰ্ষ পৰ্যায়” বুলি অভিহিত কৰিছে। 

এনে পৰিস্থিতিৰ পৰিশ্ৰেক্ষিতত বিশ্বৰ অনগ্ৰসৰ ৰাষ্ট্ৰসমূহৰ ৰাজনীতি অধ্যয়ন কৰিবলৈ হ’লে আন্তঃৰাষ্ট্ৰীয় পৰিৱেশক প্ৰভাৱিত কৰা বাহ্যিক সামাজিক কাৰকসমূহৰ প্ৰেক্ষাপটত অধ্যয়ন কৰিব লাগিব। আমেৰিকা, গ্রেট ব্ৰিটেইন আৰু ফ্ৰান্সৰ দৰে ধনীক আৰু উন্নত ৰাষ্ট্ৰসমূহ এফালে আৰু আনফালে জাইৰে, জিম্বাৱে আৰু কাম্পু’ছিয়াৰ দৰে তৃতীয় বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰ। এই দুই শ্ৰেণীৰ ৰাষ্ট্ৰৰ ৰাজনৈতিক প্ৰক্ৰিয়া আৰু অনুষ্ঠানবিলাকৰ মাজৰ তুলনামূলক আলোচনা আগবঢ়োৱাৰ পৰিৱৰ্তে পৰিৱেশৰ পৰা অহা উপকৰণ আৰু ইয়াৰ ফলত সৃষ্ট উপপাদসমূহৰ ওপৰত ভিত্তি কৰিহে দুখীয়া আৰু অনগ্ৰসৰ ৰাষ্ট্ৰবিলাকৰ ৰাজনৈতিক ব্যৱস্থা অধ্যয়ন কৰা উচিত।

এনেদৰে মাৰ্ক্সবাদী দৃষ্টিভংগীটোৱে নিজকে প্রগতিশীল আৰু বিজ্ঞানসন্মত বুলি দাবী কৰে। এই দৃষ্টিভংগীটোৱে শোষণ, নিষ্পেষণ আৰু অসমতাৰ বিৰোধিতা কৰে আৰু ইয়াৰ পৰিৱৰ্তে সহযোগিতা আৰু পাৰস্পৰিক ঐক্যৰ ভিত্তিত এখন শোষণবিহীন সমতাৰ ভিত্তিত বৈষম্যহীন সমাজ প্রতিষ্ঠাৰ পোষকতা কৰে। এনেদৰে চালে মার্ক্সীয় দৃষ্টিভংগীটো দেখাত অভিজ্ঞতাবাদী যেন লাগিলেও ইয়াৰ এক আদৰ্শগত চৰিত্ৰ আছে। অভিজ্ঞতাবাদী প্ৰকৃতিৰ বাবে মার্ক্সীয় দৃষ্টিভংগীটো অধিক প্রশংসনীয়। একেদৰে আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক কাৰক বা শক্তিসমূহ যিবিলাকে ৰাষ্ট্ৰ এখনৰ ৰাজনৈতিক প্ৰক্ৰিয়াত প্ৰভাৱ পেলোৱা বাতাবৰণক প্ৰভাৱান্বিত কৰে সেইসমূহক আমি কোনো ক্ষেত্ৰতে আওকাণ কৰিব নোৱাৰোঁ। বহু ৰাষ্ট্ৰীয় নিগমসমূহ আৰু অতিৰাষ্ট্ৰীয় অভিকৰণসমূহক অর্থনৈতিক অধীনতাই ইবিলাকক নব্য সাম্ৰাজ্যবাদৰ ৰূপত ক্ৰিয়া-কলাপ চলাই অহাত অৰিহণা যোগাই আহিছে আৰু ইয়াৰ ফলশ্ৰুতিতেই ইণ্ডোনেছিয়া, চিলি, ইৰাণ আদিৰ দৰে ৰাষ্ট্ৰবিলাকত বিপ্লৱ আৰু প্ৰতিবিপ্লৱৰ সূত্ৰপাত হৈছিল ৷ 

মার্ক্সীয় দৃষ্টিভংগীৰ প্ৰাসংগিকতা সম্পর্কে সমসাময়িক ৰাজনীতি বিজ্ঞানীসকলৰ মাজত যথেষ্ট বিতৰ্কৰ সূত্ৰপাত হৈছে। কিছুমানৰ মতে ছোভিয়েট ৰাছিয়াৰ খণ্ডিতকৰণৰ লগে লগে এই দৃষ্টিভংগীয়ে ইয়াৰ পূৰ্বৰ প্ৰাসংগিকতা হেৰুৱাই পেলাইছে। এইচাম সমালোচকৰ মতে মার্ক্সীয় আদর্শ বর্তমান এটা মৃত মতবাদত পৰিণত হৈছে। যিয়ে নহওক কিয় ই এক বিতর্কমূলক বিষয়বস্তু৷ বিশেষকৈ শীতল যুদ্ধৰ অৱসান হোৱাৰ লগে লগে বহুতো সমালোচকে মার্ক্সীয় নীতিক অপ্রাসংগিক বুলি অভিহিত কৰিব খোজে।

দ্বিতীয় মহাসমৰৰ পিছত স্বাধীনতা লাভ কৰা বহুতো দেশে মার্ক্সীয় সামাজিক আৰু ত সমতাৰ নীতিৰ প্ৰতি আকৃষ্ট হৈছিল ৷ সেয়েহে এছিয়া-আফ্ৰিকাৰ বহুতো গণতান্ত্ৰিক ৰাষ্ট্ৰই এই দেশবোৰৰ সংবিধানত সন্নিৱিষ্ট কৰা মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশনাত্মক নীতিৰ দৰে কেতবোৰ নীতিক তেওঁলোকৰ নিজস্ব ৰাজনৈতিক ব্যৱস্থাৱলীৰ ভিতৰত সন্নিৱিষ্ট কৰিছিল।

স্বাভাৱিকতে তুলনামূলক ৰাজনীতি এক গতিশীল বিষয়৷ পৰিৱৰ্তনশীল ৰাজনীতিত মার্ক্সীয় দৃষ্টিভংগীৰ প্ৰাসংগিকতা নথকা বুলি ক’লে গোটেই বিষয়টোকেই অতিৰঞ্জিত কৰা হ’ব, কাৰণ সামাজিক আৰু অৰ্থনৈতিক নীতিৰ ক্ষেত্ৰত মার্ক্সীয় দৃষ্টিভংগীয়ে বহুতো লোকক এতিয়াও আকৃষ্ট কৰে।

মার্ক্সীয় দৃষ্টিভংগীৰ আন এটি আসোঁৱাহ এয়ে যে এই দৃষ্টিভংগীয়ে ইউৰোপীয় দেশৰ অধ্যয়নৰ ভিত্তিত সমাজবাদী বিপ্লৱ সম্পৰ্কে যি কাল্পনিক ধাৰণাৰ অনুমান কৰিছিল সি এক অশুদ্ধ অনুমান আছিল ৷ কাৰণ সৰ্বাধিক শোষণৰ কেন্দ্ৰস্থল এই পশ্চিমীয়া ঔদ্যোগিক দেশবিলাকত মার্ক্সে ভবাৰ দৰে সমাজবাদী বিল্পৱ সংঘটিত নহৈ ৰাছিয়াৰ দৰে এখন কৃষিভিত্তিক অৰ্থনীতিৰ দেশতহে সমাজবাদী বিপ্লৱে সফলতা লাভ কৰিছিল ।

৪২। ইউৰোকেন্দ্ৰিকতাবাদ বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্য উল্লেখ কৰা । (What do you mean by Eurocentrism? Mention its feature.)

উত্তৰঃ ইউৰোকেন্দ্ৰিকতাবাদ হৈছে ১৯৮০ ৰ দশকত উদ্ভাৱিত এক ৰাজনৈতিক অভিধা যি ইউৰোপীয় ব্যতিক্রমবাদ (European Exceptionalism) পশ্চিমীয়া সভ্যতাৰ এক বিশ্বব্যাপি ধাৰণাক সূচায়। আধুনিক যুগৰ আগভাগত ইউৰোপীয় ঔপনিবেশিক সাম্রাজ তুংগত থকাৰ সময়ছোৱাতেই ‘ইউৰোকেন্দ্ৰিকতা’ ধাৰণাটোৱে বিকাশ লাভ কৰিছিল। ১৯৭০ ৰ দশকৰ শেষৰ ফালে উন্মেষণ ঘটা ‘ইউৰোকেন্দ্ৰিকতাবাদ’ৰ এই ধাৰণাটো ১৯৯০ ৰ দশকৰ নিঃঔপনিবেশিকীকৰণ (De colonisation) আৰু উন্নয়নশীল ৰাষ্ট্ৰ সমূহলৈ (তৃতীয় বিশ্ব ঔদ্যোগিক ৰাষ্ট্ৰ সমূহে উন্নয়নমূলক আৰু মানৱতাবাদী সাহায্য যোগান ধৰাৰ পৰিপ্ৰেক্ষিতত প্রাসংগিক তথা বর্তি আছে।

ইউৰোকেন্দ্ৰিকতা অভিধাটোৰ অন্তৰ্নিহিত অৰ্থ বুজিবলৈ হ’লে ইয়াক নকাৰাত্মক দৃষ্টিভংগীৰে বিশ্লেষণ কৰা হয় । এই অভিধাটোৰ লগত তিক্ততা আৰু বিশ্বৰ অনা-ইউৰোপীয় সংস্কৃতিতকৈ শ্ৰেষ্ঠতা প্রতিকৰণ জড়িত হৈ থকাৰ লগতে অনা-ইউৰোপীয় সমাজৰ সংস্কৃতি আৰু জীৱনশৈলীৰ সমালোচনাক বুজোৱা হয় ।

কুৰি শতিকাৰ প্ৰথমভাগত ব্যৱহৃত ইউৰোপকেন্দ্ৰিক শব্দৰ ভিত্তিত দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত ঔপনিবেশিক পৰিসমাপ্তিৰ সময়ছোৱাত এই ‘ইউৰোকেন্দ্ৰিকতাবাদ’ অভিধাটো নতুনকৈ ব্যৱহাৰ কৰা হৈছিল।

ইউৰোকেন্দ্ৰিকতাবাদে ইউৰোপীয় সংস্কৃতি প্ৰমূল্যৰাজিক অনা-ইউৰোপীয় সমাজৰ ইতিহাসৰ আৰু পৰম্পৰাবোৰৰ পৰা পৃথক বুলি গণ্য কৰাৰ লগতে ইবিলাকৰ ব্যাখ্যাক এক অপ্রাসংগিক প্ৰৱণতা হিচাপে অভিহিত কৰিব খোজে। ইইউৰোপক এক সংস্কৃতিক সত্বা হিচাপে গণ্য কৰাৰ লগতে ইউৰোপীয় সভ্যতাৰ এক অনান্য ঐতিহাসিক সুবিধা আছে যিয়েই নেকি ইয়াক অনান্য সমগ্ৰ ৰাষ্ট্ৰৰ ওপৰত স্থায়ী শ্রেষ্ঠত্বৰ দিশে ধাৱিত কৰা বুলি যুক্তি পোষণ কৰে।

ইউৰোকেন্দ্ৰিকতাবাদত অন্তর্ভুক্ত উমৈহতীয়া বৈশিষ্ট্যবোৰ হ’ল—

(ক) অনা-ইউৰোপীয় সমাজবোৰক পাশ্চাত্যতকৈ নীচ হিচাপে উপেক্ষা বা তুচ্ছ-তাচ্ছিল্য কৰা। আৰু

(খ) এছিয়া আৰু আফ্ৰিকাৰ লোকসকলে নিজৰ সমাজত কি কৰে বা অনা-ইউৰোপীয় সমাজবিলাকৰ ইতিহাস প্রত্যক্ষ কৰি আৰু সেইবোৰক কেৱল ইউৰোপীয় দৃষ্টিভংগীৰে পৰ্যালোচনা কৰি বা ‘ইউৰোপৰ বিস্তাৰ’ৰ অংশ হিচাপে আৰু ইয়াৰ সভ্যতাৰ প্ৰভাৱৰ কাৰণে তেওঁলোকক উপেক্ষা বা তুচ্ছ জ্ঞান কৰে ৷

৪৩। কেবিনেট মিচনে সংবিধান সভা গঠনত কি কি নীতি অনুসৰণ কৰে? (What principles does the cabinet mission follow in the formation of the constituent assembly?) 

উত্তৰঃ সংবিধান সভা গঠনত কেবিনেট মিচনে চাৰিটা নীতি অনুসৰণ কৰে। যেনে—

(ক) ব্ৰিটিছ শাসিত প্ৰদেশ আৰু দেশীয় ৰাজ্যবিলাকৰ পৰা জনসংখ্যা অনুপাতে প্রতিনিধি নিৰ্ধাৰণ কৰা হ’ব।

(খ) সংবিধান সভাৰ সকলো আসন সাধাৰণ, মুছলমান আৰু শিখ এই তিনি সম্প্ৰদায়ৰ মাজত আনুপাতিক হাৰত ভাগ কৰা হ’ব।

(গ) প্রাদেশিক আইন সভাৰ প্ৰত্যেক সম্প্ৰদায়ৰ সদস্যসকল একক হস্তান্তৰযোগ্য সমানুপাতিক ভোটাধিকাৰৰ ভিত্তিত তেওঁলোকৰ প্রতিনিধি নির্বাচন কৰিব।

(ঘ) সংবিধান সভা আৰু দেশীয় ৰজাসকলৰ মাজত আলোচনাৰ ভিত্তিত প্ৰতিনিধি মনোনয়নৰ ব্যৱস্থা কৰা হ’ব আৰু দেশীয় ৰাজ্যবিলাকত ৯৩ জন প্রতিনিধি পঠোৱাৰ সুযোগ দিয়া হ’ব।

৪৪। বিভিন্ন প্ৰকাৰৰ প্রাতিষ্ঠানিকতা কি? (What are the different types of institutionalism?) 

উত্তৰঃ (ক) ঐতিহাসিক প্রাতিষ্ঠানিকতা।

(খ) সমাজতাত্ত্বিক প্রাতিষ্ঠানিকতা। 

(গ) নতুন প্রাতিষ্ঠানিকতা। 

(ঘ) বিসর্জনমূলক প্রাতিষ্ঠানিকতা। 

(ঙ) নির্মাণমূলক প্রাতিষ্ঠানিকতা। 

(চ) নাৰীবাদী প্রাতিষ্ঠানিকতা।

৪৫। ৰাজনৈতিক প্রাতিষ্ঠানিকতাৰ উপাদানবোৰ কি? (What are the elements of political institutionalism?) 

উত্তৰঃ ঐতিহাসিক প্রাতিষ্ঠানিকতা বিদ্যালয়খনে বিশ্বাস কৰে যে প্রাতিষ্ঠানিক কাৰকবোৰে ক্ৰুছ ৰাষ্ট্ৰীয় ৰাজনৈতিক ফলাফলৰ পাৰ্থক্যৰ বাবে নিৰ্ভৰ কৰে। ইয়াৰ দুটা উপাদান হ’ল—

(ক) প্রতিষ্ঠানসমূহে উৎসাহ সৃষ্টি কৰি, শক্তি পুণৰ বিতৰণ কৰি আৰু সাংস্কৃতিক প্ৰসংগক প্ৰভাৱিত কৰি অভিনেতাৰ পছন্দ গঠন কৰিব পাৰে ৷

(খ) ইতিহাস হৈছে পথ নিৰ্ভৰশীল। প্ৰক্ৰিয়াটোৰ আৰম্ভণিতে পছন্দ বা ঘটনাবোৰে এটা পথ কঢ়িয়াই দিব পাৰে যাৰ পৰা বিচ্যুত হোৱাটো ক্রমান্বয়ে কঠিন হৈ পৰে ৷

৪৬। গণতান্ত্রিক প্রতিষ্ঠানসমূহৰ বৈশিষ্ট্য আলোচনা কৰা ৷ (Discuss the characteristics of democratic institutions.) 

উত্তৰঃ সংবিধান সভাৰ অগ্নিগর্ভ, সুতীক্ষ্ণ বিতৰ্ক আৰু দীৰ্ঘম্যাদী আলাপ-আলোচনাৰ পৰিসমাপ্তিত যি সংবিধান ৰচনা কৰা হয় তাৰ প্ৰধান তিনিটা স্তম্ভ হ’ল কল্যাণমূলক প্রেক্ষিত সহ সংসদীয় গণতন্ত্র, যুক্তৰাষ্ট্ৰ আৰু ধৰ্মনিৰপেক্ষতা। সংবিধান সভাত বহু মতভেদৰ যথাযথ মীমাংসা সূত্ৰ নোপোৱাত গৃহীত সংবিধানৰ বহু ক্ষেত্ৰতেই অস্পষ্টতা বা অসঙ্গতি থাকি গৈছে। যেনে আম্বেদকাৰ, জগজীৱন ৰাম আৰু হনচ্ মেহেতা প্ৰমুখ্যৰ দাবী সত্বেও মৌলিক অধিকাৰৰ অধ্যায়ত সার্বজনীন প্রাপ্ত বয়স্ক ভোটাধিকাৰক অন্তৰ্ভুক্ত কৰা হোৱা নাই। শেষ পর্যন্ত সংবিধানৰ ৩২৬ নং ধাৰাত সাৰ্বজনীন প্রাপ্ত বয়স্কৰ ভোটাধিকাৰক অন্তৰ্ভুক্ত কৰা হয়। অনুৰূপভাৱে নাগৰিকৰ পৌৰ স্বাধীনতাৰ অধিকাৰ মৌলিক অধিকাৰৰ অধ্যায়ত অন্তৰ্ভুক্ত কৰা হয় বিভিন্ন প্রতিবন্ধকতা স্বৰূপ বিধি-নিষেধৰ সাপেক্ষে। সংবিধান সভাৰ একমাত্র কমিউনিষ্ট সদস্য সোমনাথ লাহিড়ীয়ে জনাইছে যে সেই বিধি-নিষেধ যিমানেই যুক্তিসংগত বুলি দাবী কৰা হওঁক শেষলৈ সেই বিধি-নিষেধবোৰ আচলতে পুলিচ কনষ্টিবলৰ দায়িত্ব পালন কৰে। 

তেওঁ জনাইছে যে জৰুৰী অৱস্থাত নিয়ন্ত্ৰণমূলক পৰিস্থিতিত নাগৰিকৰ নূন্যতম পৌৰ স্বাধীনতা আৰু নিয়ন্ত্ৰণৰ কবলত পৰে, গণমাধ্যমৰ স্বাধীনতাৰ কোনো ঘোষণা নাই আৰু বিনা বিচাৰত কাকো আটক কৰা নহ’ব ইয়াৰও কোনো ঘোষণা নাই। ধৰ্ম নিৰপেক্ষতা আৰু যুক্তৰাষ্ট্ৰীয় নীতিৰ ক্ষেত্ৰতো নানা ধৰণৰ অসঙ্গতি আৰু বিভ্ৰান্তি লক্ষ্য কৰা যায়। ১৯৪৯ চনত ২৬ নৱেম্বৰ সংবিধানৰ যি চূড়ান্ত খচৰা তৈয়াৰ হয় তাত এই দুটা নীতিৰ অনুপস্থিত অস্বাভাৱিক বুলি ভবা হয়। আম্বেদকাৰৰ সুপাৰিশ অনুযায়ী ৰাষ্ট্ৰৰ ধৰ্মীয় পৰিচিতিক সুস্পষ্টভাৱে খাৰিজ কৰা আৰু সেই সকলো ধাৰা সংযুক্ত কৰা যিকোনো ধৰ্মৰ সদস্য হোৱাৰ বা কোনো ধৰ্মীয় নির্দেশৰ অধীন হোৱা বা ধৰ্মীয় ক্ৰিয়া কৰ্মত চামিল হোৱাৰ বাধ্যবাধকতাক খাৰিজ কৰাৰ বিষয়টো যি ভাৰতবৰ্ষক প্ৰকৃত ধৰ্মনিৰপেক্ষ বুলি চিহ্নিত কৰে, যি লঘু কৰি দিয়া হয় নাগৰিক মৌলিক অধিকাৰ হিচাপত কোনো ধর্মমত গ্রহণ, অনুশীলন আৰু প্ৰচাৰৰ স্বাধীনতাক স্বীকৃতি দিয়াৰ। এই প্রসঙ্গত অধ্যাপক সুমিত চৰকাৰে মন্তব্য কৰিছিল এজন গান্ধীবাদীৰ হিন্দু অধিকাৰ ঝোঁফৰ আন্দোলন আৰম্ভ কৰাৰ বাবে ধর্মীয় সম্প্ৰদায়ৰ সংহতি আৰু শৃঙ্খলা ৰক্ষাৰ স্বাৰ্থত উদাৰ ব্যক্তি অধিকাৰবোৰৰ সুযোগ নিয়ন্ত্ৰণ কৰা হয়।

অনুৰূপভাৱে কেন্দ্ৰৰাজ্য সম্পর্ক বিষয়ে গৃহীত সংবিধানত যি ধাৰা-উপধাৰাবোৰ অন্তৰ্ভুক্ত কৰা হয় সেই সম্পর্কেও মত পার্থক্য লক্ষ্য কৰা যায়। কেন্দ্ৰ আৰু ৰাজ্যবোৰৰ মাজত নমনীয়ভাৱে ক্ষমতা বণ্টনৰ ফলত ৰাজ্যৰ স্বাধিকাৰ শক্তিশালী কেন্দ্ৰ সমৰ্থনত বহু ক্ষেত্ৰতেই পৰিমিত কৰা হৈছে।এই ক্ষেত্ৰতো সংবিধান সভাৰ মতাদৰ্শগতভাৱে ৰক্ষণশীল সদস্যসকল কংগ্ৰেছৰ ভিতৰত আৰু বাহিৰত নিৰাময় ভূমিকা পালন কৰিছিল। শ্যামা প্রসাদ মুখার্জী হিন্দুমহাসভাৰ স্পষ্টভাষী নেতা, কেন্দ্ৰীভূত জাতি ৰাষ্ট্ৰৰ সপক্ষে জোৰকৈ প্ৰশ্ন কৰিছিল যি কে. এম. মুন্সি, পুৰুষোত্তম দাস টেঙন আৰু অন্যান্যসকলৰ দ্বাৰা সমৰ্থিত হয়। আম্বেদকাৰ আৰু সোমনাথ লাহিড়ী এটা ভিন্ন মতামত দাঙি ধৰিছিল কিন্তু শেষলৈ কেন্দ্ৰীকৰণৰ বিষয়টো চূড়ান্তভাৱে সংবিধানত অন্তৰ্ভুক্ত কৰা হয়। সেইবাবে সংবিধানসভাৰ দাৰ্শনিক সূক্ষ্ম বিচাৰ বিবেচনাৰ ধৰ্মনিৰপেক্ষতা, যুক্তৰাষ্ট্ৰ সংক্রান্ত যি বিষয়বোৰ উঠিছিল সেয়া সংস্কৃতিৰ বহুত্ববাদী জাতি ৰাষ্ট্ৰত শেষ পর্যন্ত অপ্রাসঙ্গিক হৈ যায়। এইক্ষেত্ৰত আম্বেদকাৰ অলপ নিস্পৃহভাৱে চূড়ান্ত সিদ্ধান্ত মানি লৈছিল আৰু জনাইছিল যে যিমানেই কেন্দ্ৰৰ ক্ষমতাক অস্বীকাৰ কৰা হ’ব সিমানেই কেন্দ্ৰক শক্তিশালী হোৱাৰ পৰা বিৰত ৰখা সমস্যাপূৰ্ণ হ’ব। 

আধুনিক বিশ্ব পৰিস্থিতি অনুযায়ী ক্ষমতাৰ কেন্দ্ৰীভৱন হৈ উঠিছে। ভাৰত চৰকাৰৰ কাম-কাজৰ মাজত সেই পৰিস্থিতি নিশ্চিতভাৱে দেখা দিছে আৰু এইক্ষেত্ৰত বাধা দিয়াৰ ক্ষমতা কাৰো নাই। আনফালে আৰু এটা কথা সঁচা যে ভাৰতবৰ্ষৰ কেন্দ্ৰ প্ৰৱণতা প্রতিহত হোৱা প্ৰয়োজন। কেন্দ্ৰ আৰু ৰাজ্যৰ ক্ষমতা আৰু অধিকাৰৰ্গত বিষয়ত এটা ভাৰসাম্য থকা অৱশ্যেই প্রয়োজন। যদি কেন্দ্ৰৰ মাত্ৰা অতিৰিক্তভাৱে ক্ষমতাশালী হৈ পৰে আৰু তেতিয়া সেয়া ভাৰতবৰ্ষৰ দিশৰ পৰা অৱশ্যেই ভয়ানক সমস্যাৰ কাৰণ হ’ব।

৪৭। স্বাধীন ভাৰতবৰ্ষৰ সাম্য আৰু সামাজিক ন্যায় বিচাৰৰ প্রাতিষ্ঠানিকীকৰণৰ বিষয়ে আলোচনা কৰা। (Discuss the institutionalisation of equality and social justice in independent India.)

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীত ৩৯৫ টা ধাৰা, ৯ টা অনুসূচিত আৰু বিভিন্ন অংশ আৰু উপধাৰা আৰু তালিকাসহ ৩০০ পাতৰ সংবিধান কাৰ্যকৰী হয়। য’ত প্ৰতিদ্বন্দ্বী বিভিন্ন মতাদৰ্শৰ মাজত সুন্দৰকৈ ভাৰসাম্য ৰক্ষা কৰা হয়। স্বাধীনতাৰ সময়ত যিসকল বিষয় আৰু সমস্য সমাধান প্রত্যাশা কৰা হৈছিল সেইবোৰ সমাধানৰ ক্ষেত্ৰতো এটা সুন্দৰ বিন্যাস লক্ষ্য কৰা যায়। এই সম্পর্কে সংবিধান বিশেষজ্ঞই সংবিধানসভাৰ কাম আৰু ভূমিকা সম্পর্কে তেওঁ বিস্তৃত আলোচনিত জাতিক এটা লিখিত সংবিধান প্ৰদানৰ বিষয়টোৰ প্ৰশংসা কৰিছে আৰু জনায় যে সংবিধানৰ ৰূপকাৰসকল যি মতাদৰ্শগত অনুশীলনৰ স্বাক্ষৰ ৰাখিছিল সেয়া বৃহত্তৰ মতাদৰ্শৰ্গত প্ৰেক্ষিতৰূপে চূড়ান্তভাৱে দক্ষিণপন্থী বা বামপন্থী হোৱাৰ বিষয়টো প্রতিহত কৰিব সমর্থ হয়। এইক্ষেত্ৰত তেওঁলোকে সহমতৰ যি নীতি অনুসৰণ কৰিছিল সেয়া সংবিধান ৰচনাকালীন সময়ৰ দেশ বন্টন, সাম্প্রদায়িক সংঘর্ষ, দেশৰ বিভিন্ন অংশত কমিউনিষ্ট বিদ্রোহ আদিৰ কাৰণে যি দ্বিধা আৰু বিশৃঙ্খলা তৈয়াৰ হৈছিল তাক প্ৰতিহত কৰি ৰাজনৈতিক স্থায়িত্বৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব কাৰ্যকৰী হৈছিল। 

সীমাবদ্ধ পৌৰ আৰু ৰাজনৈতিক স্বাধীনতা আৰু খচৰাৰ অনিশ্চয়তাৰ বাদে বহু মৌলিৰ অধিকাৰৰ নিশ্চয়তাদান সহ সার্বজনীন প্রাপ্ত বয়স্কৰ ভোটাধিকাৰ ভিত্তিক সংসদীয় গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থা হিচাপে সংবিধানত স্বাধীন ভাৰতবৰ্ষক চিত্ৰিত কৰা হয় ৷ ৰাজ্যবোৰৰ কিছু স্বাঁধিকাৰ ৰক্ষাৰ বাবে সংবিধানত বিভিন্ন যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য অন্তৰ্ভুক্ত কৰা হয় । দেশৰ বৈচিত্ৰ্যৰ মাজত ঐক্য সংক্রান্ত সাংস্কৃতিক মনন বা মূলনীতি নিশ্চয়তা ৰক্ষা কৰি ধৰ্মীয় স্বাধীনতা সংখ্যা লঘুবোৰৰ বাবে কিছুমান শিক্ষাগত আৰু সাংস্কৃতিক অধিকাৰ ভোগৰ বিষয়টোকো সংবিধানত অন্তৰ্ভুক্ত কৰা হয়। গান্ধীজী আৰু আম্বেদকাৰৰ মাজত স্বাক্ষৰিত ১৯৩২ চনৰ ঐতিহাসিক ‘পুনা চুক্তি’ৰ মূলনীতিক গুৰুত্ব দিয়ে অস্পৃশ্য, আদিবাসী আৰু অন্যান্য সামাজিক আৰু শিক্ষাগতভাৱে অনগ্ৰসৰ সম্প্ৰদায়বোৰৰ বাবে বিশেষ সুযোগ-সুবিধাৰ বন্দোৱস্ত কৰা হয় ৷ এইক্ষেত্ৰত ১৯৩৫ চনৰ ভাৰত শাসন আইনৰ প্ৰতি লক্ষ্য ৰখা হয়। সংবিধানত জাতি ৰাষ্ট্ৰৰ সামাজিক ন্যায়, কল্যাণমূলক আৰু সাম্যদৰ্শবাদী কৰ্মৰ প্ৰতি দায়ৱদ্ধতাক স্বীকৃতি দিয়া হয়। বিশেষত সংবিধানত চতুৰ্থ অধ্যায়ত ৰাষ্ট্ৰ পৰিচালনাত নিৰ্দেশমূলক নীতিৰ মাধ্যমত সেই প্ৰতিশ্ৰুতিৰ প্ৰতি স্বীকৃতি জ্ঞাপন কৰা হয় ।

সংবিধান সভাত বিস্তাৰিতভাৱে বিবেচনা কৰাৰ আগতেই অধিকাংশ প্রাদেশিক আইন সভাত খচৰা সংবিধান আলোচনা কৰা হয়। এই প্ৰসংগত সংবিধান বিশেষজ্ঞ এম. ভি. পাইলি জনায় নতুন ভাৰতবৰ্ষৰ কাৰ্যকৰী নথি হিচাপে সংবিধানতাৰ মৌল বিষয়বোৰৰ নিৰ্ভৰযোগ্যতাৰ বিষয়ে মতামতৰ সাধাৰণৰ ঐক্য আৰু অদম্য আশা ব্যক্ত কৰিছিল। আচলতে সংবিধানৰ ৰূপকাৰসকলৰ বলশীল চিন্তা, সন্নিবেশিত বিশ্লেষণ, আলাপ-আলোচনা ইত্যাদিৰ মাধ্যমত সংবিধান চূড়ান্তভাবে আদৰ্শবাদ আৰু বাস্তৱবাদৰ এক অভূতপূর্ব সমন্বয়ৰ জন্ম হয়। এই সম্পৰ্কে সংবিধানৰ অন্যতম ৰূপকাৰ আম্বেদকাৰে জনায় যে তেওঁ ভাৱে এইটো কাৰ্যকৰী, এইটো নমনীয় আৰু শান্তিপূর্ণ আৰু যুদ্ধকালীন দুয়ো পৰিস্থিতিতেই দেশক ঐক্যৱদ্ধ ৰখাৰ ক্ষেত্ৰত যথেষ্ট শক্তিশালী। কিন্তু তৎসত্বেও যদি নতুন সংবিধানৰ অধীনত কিছু অনভিপ্রেত ঘটে তাৰ অৰ্থ এইটো নহয় যে আমাৰ সংবিধান বেয়া কিন্তু এয়া ক’ব যে মানুহেই বেয়া।

গণতন্ত্ৰৰ আলোচনাত এইটো অৱশ্যেই মনত ৰখা প্রয়োজন যে গণতন্ত্ৰৰ ৰাজনীতি তাৰ সংস্কৃতিৰ ভিত্তিতেই গঢ়ি উঠে। ঊনবিংশ শতাব্দীৰ প্ৰথম ফালত মার্কিন আৰু ইউৰোপীয় গণতন্ত্ৰৰ তুলনামূলক আলোচনাৰ সময়ত টক্‌ভিল আৰু মন্তেস্ক উভয়েই বিষয়টো স্পষ্ট কৰি দিছিল। ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ ধাৰণাটো সংকীৰ্ণ ৰাজনৈতিক অৰ্থানুযায়ী ঔপনিৱেশিক মতাদৰ্শৰ পৰা আৰ্হিত হয় আৰু দেশীয় ক্ষেত্ৰত সামাজিক আৰু সাংস্কৃতিক দিশ বাদ দি আক্ষৰিকভাৱে অনুবাদ কৰা হয়। ফলত যিসকলে সাংস্কৃতিক দিশ বাদ দি ৰাজনৈতিকভাৱে ঔপনিৱেশিকতা বিৰোধী আছিল সেই মুষ্টিমেয় মানুহসকলেই স্বাধীনতা উত্তৰ ভাৰতবৰ্ষৰ গণতন্ত্রক স্বাগত জনায়। এইক্ষেত্ৰত কে. এন. পানিক্কাৰ জনায় যে মধ্যযুগ আৰু আধুনিক ঐতিহাসিকগণ উভয়েই অষ্টাদশ শতাব্দীৰ প্ৰাক্‌ ঔপনিৱেশিক ঐতিহ্যক পাহৰি সাংস্কৃতিক পৰিৱেশক অগ্রাহ্য কৰি ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ সম্পৰ্কে উদাৰ জাতীয়তাবাদী দৃষ্টিভঙ্গীৰ অনুমোদন বা মার্ক্সীয় সমালোচনা কৰিছে। ভাষা আৰু ধৰ্ম দেশীয় সংস্কৃতিৰ এই দুইগুৰুত্বপূৰ্ণ উপাদানক ঔপনিৱেশিক মতাদৰ্শৰ অধীন কৰা হৈছে। এই ক্ষেত্ৰক উদাৰপন্থী বা মার্ক্সবাদী উভয় বুদ্ধিজীৱীসকলৰ সেই অধীনতাৰ সার্বিক বিৰোধিতাক সামগ্রিকভাৱেই উপেক্ষা কৰা হয় ।

গণতন্ত্ৰৰ মন্ত্ৰীসকলৰ দায়িত্বশীলতা সাৰ্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ বাদ দিয়েই সংসদীয় সার্বভৌমত্বক প্ৰতিষ্ঠা কৰা হয় আৰু কংগ্ৰেছৰ অভিভাৱকত্ব সেয়া পৰিণত কৰাৰ ফলত ‘উচ্চ’ আৰু ‘নিম্ন’ সংস্কৃতিৰ মধ্যৱৰ্তী দ্বন্দ্ব আৰু প্ৰকট আকাৰ গ্ৰহণ কৰে। পৰিণতি হিচাপে আমাৰ স্বাধীনতা উত্তৰ পৰ্বত গণতন্ত্ৰৰ দুটা ধাৰণা পোৱা যায়। উদাৰ ঔপনিৱেশিক হেপাহ সম্পৃক্ত গণতন্ত্ৰৰ চৰকাৰী ধাৰণা প্রান্তিক মানুহৰ বিৰুদ্ধে পক্ষপাত দুষ্ট আছিল। এইক্ষেত্ৰত ক্ষমতাৰ সচল উৎস বা সৰ্বৰ্ধৰণৰ উৎপন্ন বন্টনত কেন্দ্ৰীকৰণৰ বা জোৰ কৰি সমজাতীয়কৰণৰ প্ৰৱণতা স্পষ্টভাৱে লক্ষ্য কৰা হৈছিল। এইক্ষেত্ৰত অস্বীকাৰ কৰা নাযায় যে কংগ্ৰেছ আছিল একবাক্যত ভাৰতবৰ্ষৰ প্ৰতিনিধিত্বকাৰী সার্বিক সমন্বয়, কিন্তু এইটোও লক্ষ্যণীয় যে কংগ্ৰেছ আছিল ‘উচ্চ’ সংস্কৃতিৰ পৃষ্ঠপোষকৰ সমন্বয়। গণতন্ত্ৰৰ এই কেন্দ্ৰপ্ৰৱণ আধুনিক দৃষ্টিভঙ্গীত ওপৰৰ পৰা তললৈ দেখাৰ যি ধাৰণা চলি আছিল তাত শ্রমিক, কৃষক বা দলিতসকলৰ কোনো প্রতিনিধিত্ব নাছিল।

৪৮। ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ প্রাতিষ্ঠানিকীকৰণৰ অনুশীলন সম্পর্কে আলোচনা কৰা ৷ (Discuss the practice of institutionalizing democracy in India.) 

উত্তৰঃ গণতন্ত্ৰৰ এটা বিকল্প ধাৰণা তথাকথিত ‘নিম্ন’ সংস্কৃতিৰ সাপেক্ষে গঢ়ি উঠে আৰু তাৰ স্থায়িত্ব তৈয়াৰী হয় সেইসকল ঔপনিৱেশ বিৰোধী বা ৰাষ্ট্ৰবিৰোধী গণআন্দোলনৰ মাধ্যমত, যি গণতন্ত্ৰৰ চৰকাৰ, ৰাষ্ট্ৰীয় পৃষ্ঠপোষকতা সম্পৃক্ত মতাদৰ্শৰ ব্যাখ্যাক স্পৰ্ধা কৰিছিল। গণতন্ত্ৰৰ এই বিকল্প ধাৰণাৰ মাজতো একধৰণৰ গোট লক্ষ্য কৰা যায়, যদিও সেই গোট পূৰ্ব্ব পৃষ্ঠপোষকসকলৰ গোট নাছিল ৷ সেই গোটৰ সমিল আছিল বিভিন্ন প্ৰান্তৰ বিভিন্ন শ্ৰেণীৰ, বিভিন্ন জনজাতিৰ, বিভিন্ন সম্প্ৰদায়ৰ মানুহ আৰু তেওঁলোকৰ গোট বদ্ধতাৰ ভিত্তি আছিল উৎপন্নৰ যথাযথ বণ্টনৰ দাবী। মনত ৰখা প্রয়োজন যে এই গোট কৃত্রিমভাবে ক্ষমতা ব্যৱহাৰ কৰি গঢ়ি তুলা হোৱা নাই ইয়াৰ বিপৰীতে বণ্টন বৈষম্য আৰু অসম জাতীয়তাৰ কাৰণেই ইয়াৰ জন্ম হয়। 

এইক্ষেত্ৰত সন্দেহ নাই যে এই বিকল্প সংস্কৃতি জন্ম লগ্নত আছিল তৰলীকৃত আৰু ভক্ৰুৰ প্ৰকৃতিৰ। কিন্তু এইটো অস্বীকাৰ কৰা নাযায় যে ‘উচ্চ’ সংস্কৃতিৰ হাবিয়াহ সম্পন্ন গণতন্ত্ৰৰ বহিৰাগত ব্যাখ্যাক মোকাবিলা কৰা আৰু সংখ্যা গৰিষ্ঠ ভাৰতবাসীৰ নিজক ৰক্ষা কৰাৰ ক্ষেত্ৰত এইটোৱেই আছিল একমাত্র পছন্দ। ঔপনিৱেশিকতা উত্তৰ ভাৰতীয় ৰাষ্ট্ৰৰ আভ্যন্তৰীন আৰু বাহ্যিক সাজসজ্জাৰ দুই দশকৰ গণতান্ত্ৰিক পৰীক্ষা-নিৰীক্ষাৰ পিছত বৰ্তমানত এয়া প্ৰায়েই লক্ষ্য কৰা গৈছে যে ভাৰতবাসী শক্তিশালী কেন্দ্ৰক বিকেন্দ্ৰী কৰা আৰু ৰাষ্ট্ৰৰ বিৰোধিতা কৰাৰ বাবে গণতন্ত্ৰ দাবী কৰিছে। নব্বৈৰ দশকৰ শেষৰ ফালত কেন্দ্ৰীয় স্তৰত যি ৰাজনৈতিক স্থিতিশীলতাৰ অভাৱ লক্ষ্য কৰা গৈছে তাৰ পৰিপ্ৰেক্ষিতত বিকল্প গণতন্ত্ৰৰ যি ব্যাখ্যা তাত কিন্তু সেই অস্থিতিক স্বাগত জনোৱা হোৱা নাই। কিন্তু জনোৱা হয় যে উন্নয়ন আৰু সম্পদ বন্টনত ‘তলৰ পৰা ওপৰত’ যোৱাৰ দৃষ্টিভঙ্গী অনুসৰণকাৰী গোট দ্বাৰা যদি আঞ্চলিক চাহিদা আৰু প্ৰত্যাশাবোৰৰ সমন্বয় সাধন কৰা যায় তেতিয়া এটা সময়ত গণতন্ত্ৰৰ সাংস্কৃতিক চৰ্তবোৰ পূৰণ কৰা সম্ভৱ হ’ব আৰু সেয়া হ’ব ভাৰতীয় পৰিৱেশ উপযোগী। কিন্তু ইয়াৰ বাবে গোট গঢ়া বা গোট এৰা সকলো সংস্কৃতিৰ সমন্বয়ত দীৰ্ঘস্থায়ী আন্দোলনৰ প্ৰয়োজন। কৃষি ক্ষেত্ৰত ব্যক্তিগত মালিকানা আজিও একেভাবে প্রাধান্য বিস্তাৰ কৰি আছে। 

গ্ৰাম্যঞ্চলত মাটিৰ মালিকানা সামাজিক, ৰাজনৈতিক প্রাধান্য বিস্তাৰৰ মানদণ্ড। শিল্পক্ষেত্ৰত বৃহৎ বুর্জোৱাসকল অর্থনৈতিক ক্ষেত্ৰত প্ৰাধান্য অৰ্জন কৰিছে আৰু তেওঁলোকৰ হাততেই সম্পদ কেন্দ্ৰীভূত হৈছে। বিশ্বায়ন, বেচৰকাৰীকৰণ আৰু ভাৰতৰ অৰ্থনীতিৰ দৰ্জা, বিদেশী লগ্নীকাৰীসকলৰ ওচৰত খুলি দিয়াৰ নীতি ভাৰতীয় অর্থনীতিত দেশী আৰু বিদেশী একচেটিয়া পুঁজিপতিৰ প্ৰভাৱ বৃদ্ধি কৰিছে। এইক্ষেত্ৰত জাতীয় সম্পদ বৃদ্ধিৰ দাবী কৰা হ’লেও অর্থনৈতিক ক্ষমতাৰ কেন্দ্ৰীভৱন সম্পদ বন্টনত যি ব্যাপক বৈষম্য সৃষ্টি কৰিছে তাত জাতীয় সম্পদ বৃদ্ধি সাধাৰণ মানুহৰ জীৱ যাত্ৰাৰ মান বৃদ্ধি কৰা নাই। ৰাষ্ট্ৰ আৰু জাতি গঠনত দুটা পৃথিৱীৰ দৃশ্য লক্ষ্য কৰা যায়। ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ মুষ্টিমেয়ৰ স্বাৰ্থ ৰক্ষা কৰি সংখ্যাগৰিষ্ঠ মানুহক যেনেকৈ অৱহেলা আৰু উপেক্ষা কৰা হয় তাত গণতন্ত্ৰৰ কোনো সৰ্বজনগ্রাহ্য ধাৰণা নিৰ্মাণ কৰা নাযায়। বস্তুত ঔপনিৱেশিকতা আৰু ঔপনিৱেশিক প্ৰভাৱসমৃদ্ধ অনাবাসী ভাৰতীয় আৰু ভাৰতত বসবাসকাৰী অভাৰতীয় বিদেশী সংস্কৃতিৰ সাপেক্ষে গণতন্ত্ৰৰ সম্পৰ্কে সাধাৰণ মানুহৰ ভাষ্য বা গ্রহণযোগ্য ব্যাখ্যা বহু ক্ষেত্ৰতেই চাপ পৰিছে।

৪৯। তুলনামূলক ৰাজনীতিত প্রাতিষ্ঠানিক দৃষ্টিভংগীৰ বিকাশ সম্পর্কে আলোচনা কৰা । (Discuss the development of institutional perspectives in comparative politics.)

উত্তৰঃ সাধাৰণভাৱে ৰাষ্ট্ৰবিজ্ঞান আৰু বিশেষভাৱে তুলনামূলক ৰাজনীতিৰ ক্ষেত্ৰত গাঠনিগত ব্যৱহাৰিকতা আৰু প্ৰক্ৰিয়া বিশ্লেষণৰ দৃষ্টিভংগী বিলাকৰ আচৰণবিধি সংক্রান্ত বিশ্বাসৰ মাজত গঢ়ি উঠে। আনফালে, প্রাতিষ্ঠানিক দৃষ্টিভংগীৰ উদ্ভৱ হয় প্রাক্‌-আচৰণবিধিৰ যুগত। ইষ্টনে কৈছে যে ইয়াৰ জন্ম ৰাষ্ট্রবিজ্ঞানীৰ এই বিশ্বাসৰ পৰা যি ‘ৰাজনৈতিক জীৱনক বুজায় আৰু ব্যাখ্যা কৰা যায় যদি আমি নীতিৰ ওপৰত প্রাতিষ্ঠানিত ক্রিয়াকলাপৰ প্ৰভাৱক ভালদৰে বুজাৰ চেষ্টা কৰো’। যিবোৰ ৰাষ্ট্ৰবিজ্ঞানী বিশ্বাস কৰিছিল যে ৰাজনীতিৰ উদ্ভৱ আৰু তাক আকৃতি দিছে যিসকল প্ৰভাৱ সেইবোৰক সেই সময়ৰ প্রাতিষ্ঠানিক প্ৰক্ৰিয়াবোৰৰ মাজত স্থাপন কৰা যায়, সিহঁতক সাধাৰণতে ‘সনাতনপন্থী’ বা ‘প্রতিষ্ঠানপন্থী’ আখ্যা দিয়া হয় । এই গোষ্ঠীৰ মতে, নীতিক ৰূপ দিয়ে যে ৰাজনৈতিক পৰিস্থিতি বা ক্ষমতাৰ যি ধৰণ সেয়া বেছিভাগে নিৰ্ধাৰণ কৰে সমাজৰ বিভিন্ন প্রতিষ্ঠান আৰু সেই পৰিস্থিতিত কাম কৰা মানুহসকলৰ নহয় ৷

ঊনবিংশ শতিকাৰ শেষ চতুর্থাংশৰ পৰা মাৰ্কিন যুক্তৰাষ্ট্ৰত প্রাতিষ্ঠানিক দৃষ্টিভংগী লাহে লাহে বাঢ়ি উঠে। প্ৰথমতে প্রতিষ্ঠানপন্থীসকলে মনোযোগ দিছিল চৰকাৰী প্ৰতিষ্ঠানবোৰৰ ফালে ৷ অৰ্থাৎ সেইবোৰ প্ৰতিষ্ঠান, যিসকলৰ হাতত আনুষ্ঠানিকভাৱে আৰু আইনানুসাৰে আনুষ্ঠানিক নীতি নিৰ্ধাৰণ আৰু ৰূপায়ণৰ ভাৰ দিয়া হৈছে।

প্ৰথমতে এইচৰকাৰী প্ৰতিষ্ঠানবোৰক কেৱলমাত্র আনুষ্ঠানিক আইনী ভাষাত বৰ্ণনা কৰা হৈছিল। পৰৱৰ্তীকালত ইয়াত এক বাস্তৱধৰ্মী মাত্রা যোগ কৰা হয়, যেতিয়া এইবোৰ চৰকাৰী প্ৰতিষ্ঠানৰ প্ৰকৃত কাৰ্যকো অনুসন্ধানৰ অন্তৰ্ভুক্তত অনা হয়। ইয়াৰ পিছত প্ৰতিষ্ঠান পন্থীসকলে সিহঁতৰ অনুসন্ধানক আৰু বিস্তৃত কৰি ৰাজনৈতিক প্ৰক্ৰিয়াক সিহঁতৰ গৱেষণাৰ অন্তৰ্ভুক্ত কৰে য’ত বে-চৰকাৰী প্ৰতিষ্ঠান যেনে— সংগঠিত হেঁচাসৃষ্টিকাৰী গোষ্ঠী আৰু স্বার্থান্বেষী গোষ্ঠী বা অসংগঠিত সামাজিক শক্তি যেনে— শ্রেণী, ধৰ্মীয় বা জাতি গোষ্ঠীবোৰ ক্রিয়াশীল।

গাঠনিগত ব্যৱহাৰিকতা আৰু প্ৰক্ৰিয়া বিশ্লেষণৰ দৃষ্টিভংগীৰ লগত যদিও আমণ্ড আৰু ইষ্টনৰ দৰে কিছুমান একক পণ্ডিতৰ নাম জুৰি আছে তাত বহু ৰাষ্ট্ৰবিজ্ঞানী দীর্ঘ সময় জুৰি প্রাতিষ্ঠানিক দৃষ্টিভংগীৰ প্ৰতি সিহঁতৰ অৱদান ৰাখিছে৷ আৰম্ভণিৰ দিশৰ আইন দৃষ্টিভংগীক প্ৰাথমিকভাৱে প্ৰেৰণা যোগাইছিল বেনথাম আৰু ইংৰাজ উপযোগিতাবাদীসকল। সামাজিক সম্পৰ্কৰ নিয়ন্ত্ৰক হিচাপে আইনৰ ওপৰত তেওঁলোকৰ গভীৰ আস্থা আছিল। তেওঁলোকে বিশ্বাস কৰিছিল । এটা শক্তিশালী আইনী ব্যৱস্থা গঠন কৰিব পাৰিলে প্ৰত্যাশামূলক ফল পাবলৈ বাধ্য ।

বিংশ শতিকাত ৰাজনৈতিক প্ৰক্ৰিয়াৰ ধাৰণাটো ক্রমশ গঢ়ি উঠে। ইয়াৰ মতে ৰাজনৈতিক জীৱন চিহ্নিত হয় চৰকাৰী প্ৰতিষ্ঠান আৰু সামাজিক গোষ্ঠীবোৰৰ অবিৰাম আন্তঃক্ৰিয়াৰ দ্বাৰা ইয়াৰ যুক্তি হ’ল, ৰাজনৈতিক জীৱনক বুজিবৰ বাবে এইবোৰ গোষ্ঠী বিশেষত হেঁচাসৃষ্টিকাৰী আৰু স্বার্থান্বেষী গোষ্ঠীবোৰৰ ক্রিয়াকলাপ প্ৰকাশ কৰা আৱশ্যক। এই মত এই শতিকাৰ প্রথম দিশে ৰাজনীতি গৱেষকসকলৰ ৰাজনৈতিক দল আৰু স্বার্থান্বেষী হেঁচাসৃষ্টিকাৰী গোটবোৰৰ প্রতি গভীৰ আগ্ৰহৰ সৃষ্টি কৰে।

৫০৷ প্ৰতিষ্ঠানপন্থা আৰু তুলনামূলক ৰাজনীতিৰ সম্বন্ধ সম্পর্কে আলোচনা কৰা । (Discuss the relationship between institutionalism and comparative politics.)

উত্তৰঃ সমাজ আৰু শাসন ব্যৱস্থাৰ মাজৰ বিস্তৃত পৰিসৰত নানা ধৰণৰ ৰাজনৈতিক প্ৰতিষ্ঠানৰ অৱস্থান ৷ সুপৰিচিত ৰাজনৈতিক প্রতিষ্ঠানবোৰৰ মাজত আছে চৰকাৰৰ বিভাগবোৰ যেনে— আইন সভা, প্রশাসন বিভাগ, বিচাৰ বিভাগ এইবোৰ হ’ল বিধিবদ্ধ প্রতিষ্ঠান, যিবোৰ তেওঁলোকৰ গঠনতন্ত্র, ক্ষমতা আৰু কাৰ্যবিধি আহৰণ কৰিছে সংবিধান বা মৌলিক আইনৰ পৰা। তথাপিও অকলমাত্র আইনী কার্যবিধিবোৰৰ মাধ্যমত সম্পৰ্ক বুজা নাযায়, কাৰণ প্ৰায় চৰকাৰী প্ৰতিষ্ঠান, যেনে ৰাজনৈতিক দল আৰু প্ৰায়-সামাজিক প্রতিষ্ঠান যেনে— স্বেচ্ছাসেৱী গোষ্ঠী সিহঁতক লৈ প্ৰভাৱ সম্পৰ্কৰ এক জাল বিস্তাৰ কৰে। এই সম্পর্কবোৰ বিধিৱদ্ধ প্রতিষ্ঠানবোৰক সাংবিধানিক পথৰ পৰা বিচ্যুত কৰিবৰ বাবে অবিৰাম প্ৰয়াস কৰে।

এই কথা অৱশ্য ঠিক যে, প্রায় চৰকাৰী আৰু প্ৰায় সামাজিক প্রতিষ্ঠানবোৰ সংবিধান হিচাপে প্রতিষ্ঠিত্ব আইনী কার্যবিধিৰ বাহিৰত কাৰ্য কৰে। কিন্তু চৰকাৰী প্ৰতিষ্ঠানবোৰ তললৈ যাব পাৰে, সংবিধানৰ ওপৰ প্ৰতিষ্ঠানবোৰৰ নিৰ্ভৰতা বা আন কথাত ক’ব গ’লে প্রতিষ্ঠানবোৰৰ ওপৰত সাংবিধানিক নিয়ন্ত্ৰণ দুৰ্বল হৈ পৰে। সংবিধান নিজেই এক প্রতিষ্ঠানিকতাৰ মৌলিক বা ব্যাপক প্ৰভাৱশালী ধৰণৰ ৷

৫১। চমুটোকা লিখা (Write short note) :

(ক) ক্রীড়া তত্ত্বৰ মূল্যায়ন (Evaluation of Game Theory) : 

উত্তৰঃ খেল তত্ত্বৰ কেইবাটাও আসোঁৱাহ আছে। মূলতঃ ইহ’ল অনুমানমূলক। ফলস্বৰূপে অভিজ্ঞতাবাদী গৱেষণাত ইয়াক সফলতাৰে প্ৰয়োগ কৰিব নোৱাৰি। এই তত্ত্বই ধৰি লয় যে সিদ্ধান্ত নির্ণায়কসকল সম্পূর্ণভাৱে যুক্তিবাদী আৰু তেওঁলোকে সদায় নিখুঁত তথ্য সংগ্ৰহ কৰে। কিন্তু প্ৰকৃততে এইটো সম্ভৱ নহয়৷ আনকি শ্ৰেষ্ঠ খেলুৱৈয়েও কেতিয়াবা কোনো তথ্য বা ভুল সংবাদ পাব পাৰে। ফলস্বৰূপে তেওঁলোকে যুক্তিবাদী আচৰণ কৰিব নোৱাৰে ৷ তদুপৰি এই তত্ত্বৰ নীতিশাস্ত্ৰৰ লগত কোনো সম্পর্ক নাই। আনহাতে মানুহ হ’ল নীতি সম্বন্ধীয় জীৱ। বা প্ৰত্যয়ৰ লগত ইয়াৰ কোনো সম্পর্ক নাই, যিহেতু খেলৰ উদ্দেশ্য কেৱল পুৰস্কাৰ । লাভালাভহে। তদুপৰি আন এটা দিশৰপৰাও ইয়াক সমালোচনা কৰিব পাৰি৷ সেইটো হৈছে যেতিয়ালৈকে গৱেষণাৰ উদ্দেশ্য স্পষ্টভাৱে উল্লেখ কৰা নহয়, খেল তত্ত্বৰ ব্যৱহাৰ উপযোগী হয় নে নহয় তাক ঠাৱৰ কৰা টান। কার্ল ডিউট্‌ছে কৈছিল যে ৰাজনৈতিক অধ্যয়নত খেল তত্ত্বৰ ব্যৱহাৰ উপযোগী নহ’বও পাৰে ৷ 

(খ) তৃতীয় বিশ্ব বনাম তিনি বিশ্ব (Third World Vs Three Worlds) 

উত্তৰঃ আগতেই উনুকিয়াই অহা হৈছে যে চীনৰ মাও জে ডুঙে উদ্ভাৱন কৰা তিনি বিশ্বৰ মতবাদ (Three Worlds Theory) টো পশ্চিমীয়া বিশ্বৰ তৃতীয় বিশ্বৰ মতবাদৰ পৰা সম্পূৰ্ণৰূপে পৃথক। উদাহৰণস্বৰূপে, পশ্চিমীয়া মতবাদ অনুসৰি চীন আৰু ভাৰতবৰ্ষ ক্ৰমে দ্বিতীয় আৰু তৃতীয় বিশ্বৰ অন্তৰ্গত। কিন্তু মাওঁৰ তত্ত্ব অনুসৰি চীন আৰু ভাৰত উভয়েই তৃতীয় বিশ্বৰ অংশীদাৰ। উল্লেখ্য যে তেওঁ তৃতীয় বিশ্বক শোষিত ৰাষ্ট্ৰবিলাকৰ সংঘবদ্ধৰূপ হিচাপে সংজ্ঞায়িত কৰিছে।

(গ) তৃতীয় বিশ্ববাদ (Third Worldism)

উত্তৰঃ তৃতীয় বিশ্ববাদ হৈছে এনে এক ৰাজনৈতিক আন্দোলন যি প্রথম বিশ্বৰ ৰাষ্ট্ৰসমূহৰ প্ৰভাৱৰ বিৰুদ্ধে তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ ঐক্য আৰু আন ৰাষ্ট্ৰৰ ঘৰুৱা বিষয়ত অহস্তক্ষেপকৰণৰ নীতিৰ পোষকতা কৰে। উক্ত ধাৰণাটো গোষ্ঠী নিৰপেক্ষ আন্দোলন (NAM) আৰু G-77ৰ জৰিয়তে প্ৰকাশ কৰা হয় যিয়েই নেকি কেৱল তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ মাজতেই নহয় বৰং তৃতীয় বিশ্বৰ লগত প্ৰথম বিশ্ব আৰু দ্বিতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ মাজৰ সম্পৰ্ক আৰু কূটনীতিৰ এক ভেঁটি প্ৰদান কৰে।

(ঘ) ক্রীড়াতত্ত্ব (Game Theory)

উত্তৰঃ আধুনিক দৃষ্টিভংগীসমূহৰ ভিতৰত ক্রীড়াতত্ত্বকো এক দৃষ্টিভংগী হিচাপে বিবেচনা কৰা হয়। বৈজ্ঞানিক ভাৱাদৰ্শৰে অনুপ্রাণিত হোৱা আধুনিক ৰাজনীতি বিজ্ঞানীসকলক ক্রীড়া দৃষ্টিভংগীটোৱে বিশেষভাৱে প্ৰভাৱান্বিত কৰিছে। এছ.পি. বাৰ্মা (S.P. Verma) ৰ মতে ক্রীড়াতত্ত্ব হৈছে সংঘাতপূৰ্ণ আৰু প্ৰতিযোগিতাৰ স্থিতিত গ্ৰহণ কৰা যুক্তিযুক্ত সিদ্ধান্ত কৌশলৰ চিন্তাধাৰা৷ য’ত প্ৰতিজন অংশগ্রহণকাৰী বা খেলুৱৈয়ে নিচেই সীমিত পৰিমাণৰ লোকচান ভৰি সৰ্বোচ্চ লাভৱান হ’ব বিচাৰে। যি কি নহওঁক, ৰাজনীতি অধ্যয়নৰ ক্ষেত্ৰ ক্ৰীড়াতত্ত্বই গাণিতিক নমুনা ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰথমবাৰৰ বাবে ১৯২০ চনত ইমিল বলে নামৰ এজন চিন্তাবিদে তেওঁৰ লিখনীত ক্রীড়া তত্ত্বৰ বিষয়ে প্রকাশ পায়। পিছত জন নিউমেনে এই তত্ত্বৰ ব্যাপক প্ৰয়োগ কৰি জনপ্ৰিয় কৰি তোলে৷ ৰাজনৈতিক বিজ্ঞানত ডানকান লি, মার্টিন, শ্বুবিক, মার্টন কাপলান আদি পণ্ডিতসকলে এই তত্ত্বৰ ৰাজনৈতিক সমস্যা সমাধানত এক স্বকীয় স্থানত উপনীত কৰে। ক্রীড়াতত্ত্বৰ সৃষ্টি কেতবোৰ বৈঠক খেল, যেনে—ডা, কুকুৰা যুঁজ, তাচখেল আদি উদ্ভৱ হোৱা দেখা গৈছে, য’ত দুজন বা ততোধিক খেলুলৈৰ সিদ্ধান্ত অন্য সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। ফলস্বৰূপে কেন্দ্ৰীয় বিষয়বস্তু হ’ল খেলত অংশগ্ৰহণ কৰা বিভিন্ন খেলুৱৈসকলৰ সিদ্ধান্তৰ আন্তনির্ভৰশীলতা। এই ক্রীড়া তত্ত্বৰ মতে এনেকুৱা খেলৰ অসুবিধা এইখিনিতে যে এজন খেলুৱৈ কোনো পছন্দ কৰিব নোৱাৰে, কাৰণ তেওঁৰ প্ৰচণ্ড অন্য খেলুৱৈজনৰ পছন্দৰ ওপৰতহে ঘাইকৈ নিৰ্ভৰ কৰে। 

এনেকুৱা খেলত খেলুৱৈজনৰ মতামত লোৱাৰ পিছত নিজস্ব প্রচণ্ড স্থিৰ কৰিব লাগে। গতিকে তেওঁ বা খেলুৱৈজনে সমস্যাটোক অন্য মানুহজনৰ দৃষ্টিভংগীৰ পৰাহে চাব লাগিব, যাৰ অবিহনে তেওঁ নিজাকৈ একো সিদ্ধান্তত উপনীত হ’ব নোৱাৰে৷ এজন খেলুৱৈয়ে তেওঁৰ সিদ্ধান্ত অন্য মানুহজনৰ সাম্ভাৱ্য ক্ৰীড়াৰ ওপৰত ভিত্তি কৰি ল’ব লাগিব। গতিকে এনে স্থিতিত খেলুৱৈয়ে বৌদ্ধিক প্ৰত্যাহবানৰ সন্মুখীন হয়। গতিকে স্থিৰতা হ’ল এনেকুৱা খেলৰ কলা ৷

(ঙ) বিশ্লেষণাত্মক আৰু অভিজ্ঞতাবাদী অনুসন্ধান (Analytical and empirical investigation)

উত্তৰঃ তুলনামূলক ৰাজনীতিৰ অধ্যয়নত বিশ্লেষণাত্মক গৱেষণাৰ ওপৰত অত্যাধিকভাৱে গুৰুত্ব দিয়া হয় ৷ এনে বিশ্লেষণাত্মক আৰু অভিজ্ঞতাবাদী অনুসন্ধানমূলক অধ্যয়নৰ প্ৰয়োগে ইয়াৰ পৰিসৰ যথেষ্ট বিস্তৃত কৰি তুলিছে। ইকষ্টেইনৰ মতে ১৯ শতিকাৰ শেষ দশকত তুলনামূলক ৰাজনীতি বিজ্ঞানে বৰ্ণনামূলক অধ্যয়নৰ পৰা ওলাই আহিছে। বৰ্তমান সময়ত বৰ্ণনাত্মক অধ্যয়নৰ পৰিৱৰ্তে ৰাজনৈতিক অনুষ্ঠানসমূহক মূল্যাংকনৰ ভিত্তিত অধ্যয়ন কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে। কোনো এক ৰাজনৈতিক ব্যৱস্থা এখন সমাজৰ আৰ্থ-সামাজিক ভিত্তিৰ লগত কিদৰে ওতঃপ্ৰোতভাৱে সম্পর্কিত হৈ থাকে তাক অধ্যয়নৰ পৰিসৰৰ ভিতৰত সামৰি লোৱা হৈছে। যি কি নহওঁক, তুলনামূলক ৰাজনীতি অধ্যয়নত বিশ্লেষণাত্মক আৰু অভিজ্ঞতাবাদী অনুসন্ধানৰ প্ৰয়োগ বিষয়টোৰ আদৰ্শাত্মক (Descriptive) দিশটোৰ মাজৰ পৃথকীকৰণৰ ক্ষেত্ৰত সহায় কৰে।

1 thought on “Political Processes And Institutions In Comparative Perspective Unit 1 তুলনামূলক ৰাজনীতি অধ্যয়ন কৰাৰ পদ্ধতি”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top