Political Process of India Unit 5 ভাৰতৰ বিকাশৰ পৰিৱৰ্তিত ধাৰা

Political Process of India Unit 5 ভাৰতৰ বিকাশৰ পৰিৱৰ্তিত ধাৰা Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Process of India Unit 5 ভাৰতৰ বিকাশৰ পৰিৱৰ্তিত ধাৰা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Process of India Unit 5 ভাৰতৰ বিকাশৰ পৰিৱৰ্তিত ধাৰা Question Answer can be of great value to excel in the examination.

Political Process of India Unit 5 ভাৰতৰ বিকাশৰ পৰিৱৰ্তিত ধাৰা

Join Telegram channel

Political Process of India Unit 5 ভাৰতৰ বিকাশৰ পৰিৱৰ্তিত ধাৰা Notes cover all the exercise questions in UGC Syllabus. The Political Process of India Unit 5 ভাৰতৰ বিকাশৰ পৰিৱৰ্তিত ধাৰা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

The Changing Nature of the Indian State

POLITICAL SCIENCE

POLITICAL PROCESS OF INDIA

ভাৰতৰ ৰাজনৈতিক প্ৰক্ৰিয়া

Short Type Questions

1. Define welfare state.

Ans: সাধাৰণতে জনকল্যাণকামী ৰাষ্ট্ৰৰ অৰ্থ হ’ল জনসাধাৰণৰ মানসিক বিকাশ আৰু উন্নতিৰ পৰিকল্পনামূলক আঁচনি লৈ কাৰ্য পালন কৰা ৰাষ্ট্ৰ। বিভিন্ন লেখকে জনকল্যাণকামী ৰাষ্ট্ৰৰ সংজ্ঞা বিভিন্ন ধৰণে দাঙি ধৰিছে। 

টি ডব্লিউ কেণ্টৰ মতে, “যি ৰাষ্ট্ৰই জনসাধাৰণৰ কাৰণে অশেষ সামাজিক সেৱা আগবঢ়ায় তাকে জনকল্যাণকামী ৰাষ্ট্ৰ বোলে।

কেণ্টৰ মতে, – শিক্ষা, জনস্বাস্থ্য, চিকিৎসাৰ সা-সুবিধা, বৃদ্ধসকলৰ বাবে পাৰিতোষিক আৰু সামাজিক প্ৰতিৰক্ষা দিয়া, পানীযোগান, বিজুলী চাকি যোগান ইত্যাদি হ’ল সামাজিক কাম-কাজ।

জি. ডি. এইচ. কলৰ মতে, “যি সমাজত প্রত্যেক ব্যক্তিয়ে নিম্নতম জীৱন নিৰ্বাহৰ মানদণ্ড আৰু সা-সুবিধা লাভ কৰে তাকে জনকল্যাণকামী ৰাষ্ট্ৰ বোলে।”

গতিকে দেখা যায় যে জনকল্যাণকামী ৰাষ্ট্ৰৰ মূল লক্ষ্য হ’ল। জনসাধাৰণৰ সমূহীয়া মংগল সাধন কৰা আৰু মানসিক বিকাশৰ সুবিধা দিয়া। জনকল্যাণকামী ৰাষ্ট্ৰত কোনো বিশেষ ব্যক্তি, সংঘ, অনুষ্ঠান, দল, ধর্মীয়, সম্প্রদায় বা জাতিক বিশেষ ৰক্ষণাবেক্ষণ বা সা-সুবিধা দিয়া নহয়। জনকল্যাণকামী ৰাষ্ট্ৰত জাতি, ধর্ম, বর্ণ, আদর্শ নির্বিশেষে সকলো জনসাধাৰণে সমান সুবিধা লাভ কৰে।

2. Define globalisation.

Ans: বিশ্বায়নৰ শব্দটি বিভিন্ন অর্থ আৰু প্ৰসংগত ব্যৱহাৰ কৰা হয়। সেয়েহে ইয়াৰ এক সাৰ্বজনীন সংজ্ঞা আগবঢ়োৱা জটিল। তলত বিশ্বায়ন সম্বন্ধে বিভিন্ন চিন্তাবিদসকলে আগবঢ়োৱা বিভিন্ন সংজ্ঞাসমূহ দাঙি ধৰা হ’ল।

এডভার্ড এছ হাৰমেনৰ মতে — “বিশ্বায়ন মানে আন্তঃৰাষ্ট্ৰীয় পৰিসীমা অতিক্ৰম কৰি সংঘটিত পৰিচালনা আৰু পদ্ধতিৰ সম্প্ৰসাৰণ। একে সময়তে ই হৈছে অবিৰতভাৱে সম্প্ৰসাৰিত আৰু সমান্তৰালভাৱে পৰিৱৰ্তিত হৈ থকা সুযোগ সুবিধা আৰু অৰ্থনৈতিক সম্পর্ক।”

আর্নল্ড টয়েনবিৰ মতে, “বিশ্বায়নৰ অৰ্থ প্ৰভাৱশালী কেন্দ্ৰৰ লগত একত্ৰীকৰণ, বহু পাক্ষিক প্রক্রিয়া নহয়।”

আন এজন চিন্তাবিদ ডেভিদ হেল্ডয়ে বিশ্বায়নক সমসাময়িক সমাজ জীৱনৰ সকলো দিশতেই বিশ্বব্যাপি আন্তঃ নিৰ্ভৰশীলতাৰ সম্প্ৰসাৰণ আৰু সুদৃঢ়কৰণৰ এক প্ৰক্ৰিয়াক সূচাইছে।”

জন বেইলিছ আৰু স্থিৰ স্মিথৰ মতে বিশ্বায়ন হৈছে এনে প্ৰক্ৰিায় য’ত বিভিন্ন সমাজৰ মাজত ক্ৰমান্বয়ে পাৰস্পৰিক নির্ভৰশীলতা স্থাপিত হয়, যাৰ ফলত বিশ্বৰ কোনো এক প্রান্তত সংঘটিত ঘটনাই বহু দূৰত অৱস্থিত জনসাধাৰণ নতুবা সমাজৰ ওপৰত প্ৰভাব পেলায়।

3. Write the four features of globalisation.

Ans: বিশ্বায়নৰ প্ৰধান বৈশিষ্ট্যসমূহ তলত বহলাই আলোচনা কৰা হ’ল—

(১) বিশ্বায়ন এক অর্থনৈতিক প্রক্রিয়া : বিশ্বায়ন মূলতঃ এক অর্থনৈতিক প্ৰক্ৰিয়া য’ত প্ৰতিখন ৰাষ্ট্ৰৰ ঘৰুৱা অর্থনীতিক সম্পূৰ্ণভাৱে মুক্ত কৰি দিয়া হয়। আৰু ইয়াৰ ফলশ্ৰুতিত উৎপাদন, বিতৰণ আৰু বিনিময় এই সকলো বিলাকেই বজাৰ অৰ্থনীতিৰ স্বাভাৱিক নীতি-নিয়মত পৰিণত হয়। এনেদৰে বিশ্বায়নে ৰাষ্ট্ৰ এখনৰ ঘৰুৱা অৰ্থনীতিক বিশ্ব অর্থনীতিৰ লগত একীভূত কৰাৰ পোষকতা কৰে। সেয়ে বিশ্বায়ন বুলিলে মূলতঃ অর্থনৈতিক কাৰ্যকলাপৰ বিশ্বায়ন বুলি অভিহিত কৰা হয়। অর্থাৎ ই হৈছে এক অৰ্থনৈতিক আন্দোলন যাৰ জৰিয়তে প্ৰতিখন ৰাষ্ট্ৰই আন্তঃৰাষ্ট্ৰীয় বজাৰত নিজা ব্যৱসায় বাণিজ্য মুক্তভাৱে চলাই যাব পাৰে।

(২) মুক্ত বাণিজ্য : বিশ্বায়নে ৰাষ্ট্ৰবিলাকৰ মাজত  মুক্ত বাণিজ্যিক সম্পৰ্কৰ পোষকতা কৰে। বিশ্বায়ন প্ৰক্ৰিয়াৰ দ্বাৰা মুক্ত বাণিজ্যৰ প্ৰসাৰ, বাণিজ্যিক বাধা আৰু মাচুলৰ বাধা নিষেধ দূৰ কৰা ৰাষ্ট্ৰসমূহক বাণিজ্যিক সুৰক্ষা প্ৰদান কৰা হয়। তাৰোপৰি প্ৰতিখন ৰাষ্ট্ৰকেই Most favoured Nations বা চমুকৈ MFNৰ মৰ্যাদা মঞ্জুৰ কৰা হয়, যাতে মাত্ৰাধিক নিয়ন্ত্ৰণৰ পৰা পৰিত্ৰাণ পোৱাত সহায়ক হয়।

(৩) উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ : বিশ্বায়নৰ প্ৰক্ৰিয়াটো উদাৰীকৰণ আৰু ব্যক্তিগত কৰণৰ লগত অংগাংগীভাৱে মুক্ত হৈ আছে। উদাৰীকৰণে মুক্ত বাণিজ্য, ঘৰুৱা অর্থনীতি আৰু সম্পদৰ ওপৰত চৰকাৰী নিয়ন্ত্রণ হ্রাস, বৈদেশিক বিনিয়োগ আৰু বৈদেশিক ঋণ আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। উদাৰতাবাদে ৰাষ্ট্ৰ সীমাৰ ভিতৰত বা বাহিৰত যিকোনো উদ্যোগ বাণিজ্য প্রতিষ্ঠা তথা পৰিচালনা কৰাৰ স্বতন্ত্ৰতাৰ পোষকতা কৰে। আনহাতে ব্যক্তিগত কাৰণে ৰাষ্ট্ৰ এখনৰ ঘৰুৱা অৰ্থনীতিত বেচৰকাৰী খণ্ডৰ শ্বেয়াৰ বা অংশ বৃদ্ধি, বৈদেশিক কোম্পানীৰ আগমনক অনুমতি প্ৰদান কৰে। এনেদৰে ব্যক্তিগতকৰণৰ মাধ্যমত বিশ্বায়নে শিল্প প্রতিষ্ঠান আৰু উৎপাদনৰ সৈতে জড়িত প্রতিষ্ঠানসমূহক এক নিয়ন্ত্রণহীন পৰিৱেশৰ মাজলৈ অনাৰ প্ৰয়াস কৰে।

(৪) অর্থনৈতিক আন্তঃনির্ভৰশীলতা : বিশ্বায়নৰ পৰিণাম স্বৰূপে বিশ্বৰ ৰাষ্ট্ৰবোৰৰ অৰ্থ ব্যৱস্থা উন্মুক্ত হৈ পৰে ফলত বিভিন্ন ৰাষ্ট্ৰৰ মাজত অর্থনৈতিক ব্যৱস্থান মাজৰ সংহতিৰ এক পাৰস্পৰিক নিৰ্ভৰশীলতাৰ সূচনা হয়। বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰবিলাকৰ মাজৰ আৰ্থিক আন্তঃনিৰ্ভৰশীলতা আৰু একত্ৰীকৰণৰ এটাক আনটোৰ পৰিপূৰক বুলিব পাৰি ।

4. Write the four cause of globalisation.

Ans: বিশ্বায়নৰ ধাৰাটো উদ্ভৱ হোৱাৰ কাৰক সমূহ তলত বহলাই আলোচনা কৰা হ’ল―

(১) ছোভিয়েট ইউনিয়নৰ পতন আৰু পূৱ ইউৰোপত সাম্যবাদৰ অৱসান : ছোভিয়েট ইউনিয়নৰ পতনে বিশ্ববাসীক এটা কথাই বুজাইছিল যে সমাজবাদ আৰু সাম্যবাদৰ তুলনাত পশ্চিমীয়া পুঁজিবাদ আৰু উদাৰতাবাদ শ্রেষ্ঠ আৰু ইয়াৰ লগে লগে পৰিগণিত হৈছিল বিশ্বৰ আন ৰাষ্ট্ৰবিলাকে আমেৰিকাৰ মুক্ত বজাৰ অনুসৰণ কৰাৰ লগে লগে বিশ্বায়নৰ পথ প্রশস্ত হৈ পৰে, পূর্ব ইউৰোপৰ সাম্যবাদী শাসনৰ অবনতিৰ লগে লগে এই ৰাষ্ট্ৰবিলাকে নিজৰ ঘৰুৱা অর্থনীতিক গোলকীয় অর্থনীতিৰ লগত একীভূত কৰি লোৱাৰ লগে লগে বিশ্বায়নৰ উদ্ভৱ হোৱাৰ ক্ষেত্ৰ সাম্যবাদী শাসনৰ অৱনতিয়ে অনুঘটক হিচাপে ক্রিয়া কৰে।

(২) উদাৰীকৰণ নীতি : বিশ্বৰ ৰাষ্ট্ৰবিলাকে গ্ৰহণ কৰা উদাৰীকৰণ নীতিয়ে আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিৰ আদান-প্ৰদানৰ ক্ষেত্ৰত বাধা নিষেধসমূহ দূৰ কৰিছিল আৰু ইয়াৰ জৰিয়তে বিশ্বায়নৰ বিকাশৰ পথ প্ৰশস্ত হৈ পৰিছিল। বিশ্বায়নৰ প্ৰক্ৰিয়াটোৱে সাধাৰণতে ৰাষ্ট্ৰবিলাকৰ ঔদ্যোগিক আৰু অন্যান্য সেৱা খণ্ডসমূহৰ বিভিন্ন কার্যকলাপ সমূহৰ লগত জড়িত চৰকাৰী বিধি বিধানসমূহৰ শিথিলতাৰ কথা সূচায়। এই উদাৰীকৰণেই হৈছে একমাত্র চাবিকাঠি স্বৰূপ যাৰ সহায়ত তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহে গোলকীয় অর্থনীতিৰ পথত অগ্ৰসৰ হওঁতে বিশ্বায়নৰ প্ৰক্ৰিয়াটোৰ লগত একীভূত হৈ পৰিছে। এই উদাৰীকৰণে উৎপাদনৰ সুবিধাসমূহৰ একত্ৰীকৰণৰ লগতে বিভিন্ন ৰাষ্ট্ৰীয় বজাৰ বিলাকৰ একত্ৰীকৰণৰ ক্ষেত্ৰতো সুবিধা প্ৰদান কৰে। 

(৩) প্রযুক্তিগত উন্নতি : পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত হোৱা বিপ্লৱে সমগ্ৰ পৃথিৱীখনকে এখন গোলকীয় গাঁৱলৈ পৰিণত কৰি তুলিছে, যাৰ ফলত বিভিন্ন ৰাষ্ট্ৰৰ মাজত মূলধন, দ্রব্য সামগ্রী, মনৰ ভাৱনা আৰু জনসাধাৰণৰ পাৰস্পৰিক আদান-প্রদান ক্ষীপ্র গতিত সম্ভৱ হৈ উঠিছে। যোৱ দুই তিনিটা দশকজুৰি কাৰিকৰী আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত নাটকীয় পৰিৱৰ্তন সংঘটিত হৈছে। এইক্ষেত্ৰত আমি নিম্নোক্ত কাৰকসমূহ উল্লেখ কৰিব পাৰে৷— সহজলভ্য টেলিফোনক সেৱা, ই-মেইলৰ সুবিধা, পৰিকলন তীব্রএবগী আকাশীযান আৰু বৃহৎ জাহাজ এই সকলোবিলাকে ৰাষ্ট্ৰবিলাকৰ মাজত দ্রব্য সামগ্ৰী আৰু জনসাধাৰণৰ আদান-প্ৰদানৰ ক্ষেত্ৰত সকলোধৰণৰ বাধা নিষেধ সমূহৰ ক্ষেত্ৰত শিথিলতা আনি দিছে। 

অর্থনৈতিক ক্ষেত্র ধনত চালে দেখা যায় যে পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত প্রযুক্তিগত অগ্রগতিয়ে অতি ৰাষ্ট্ৰীয় ব্যৱসায়িক নিগমসমূহক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উৎপাদনৰ লগতে বজাৰকেন্দ্ৰিক কৌশল সমূহ উদ্ভাৱন কৰাৰ ক্ষেত্ৰত অধিক উৎসাহিত কৰি তুলিছে। বর্তমান সময়ত বিশ্বৰ আধাতকৈও বেছি সংখ্যক দ্রব্য সামগ্রী আৰু সেৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰূপায়িত পৰিকল্পনা, আৰ্হি উৎপাদন আৰু বিক্ৰীৰ কৌশলৰ ভিত্তিত উৎপাদিত হয়। এয়েই নহয় আনকি যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰতো অতি ৰাষ্ট্ৰীয় গণমাধ্যম নিগমসমূহেও ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰত সচেতনতা গঢ়ি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বহুলভাৱে ক’ব পাৰি যে, যোগাযোগ ব্যৱস্থাৰ বৈপ্লৱিক পৰিৱৰ্তনে বিশ্বৰ নানা ৰাষ্ট্ৰবিলাকৰ অৰ্থনীতিক একত্ৰীকৰণৰ ক্ষেত্ৰত সূচলতা আনি দিছে।  

5. Write the four globalisation affect the state sovereignty.

Ans: জাতীয় ৰাষ্ট্ৰবিলাকৰ সাৰ্বভৌমত্বৰ ওপৰত বিশ্বায়নে বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। এই প্ৰভাৱ সম্পৰ্কে আলোচনা কৰাৰ পূর্বে সার্বভৌমত্ব সম্পর্কে থুলমূল আভাস দিয়াতো প্রয়োজনীয় সাৰ্বভৌমত্বৰ ইংৰাজী পৰিষদ লেটিন ভাষাৰ “Superanus” শব্দৰ পৰা আহিছে যাৰ অর্থ হৈছে সর্বোচ্চ ক্ষমতা। ৰাষ্ট্ৰৰ হাতত এই সর্বোচ্চ ক্ষমতা ব্যস্ত হৈ থাকে বাবে ৰাষ্ট্ৰ সাৰ্বভৌমত্বৰ গৰাকী স্বৰূপ হৈ পৰে। ই ৰাষ্ট্ৰৰ গৌৰৱৰ বাবে এক অপৰিহাৰ্য উপাদান। সার্বভৌমত্ব হৈছে এখন ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতাৰ জৰিয়তে ৰাষ্ট্ৰখনে ইয়াৰ সকলো জনসাধাৰণ, ব্যক্তি বা অনুষ্ঠানৰ পৰা স্বাভাৱিক আনুগত্য লাভ কৰিবলৈ সক্ষম হয়। ৰাষ্ট্ৰৰ এনে আদেশ বা কর্তৃত্বক কোনো ব্যক্তি বা অনুষ্ঠান-প্রতিষ্ঠানে উলংঘন কৰে তেন্তে তেনে ব্যক্তি বা অনুষ্ঠান প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাষ্ট্ৰখনে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পৰা অধিকাৰ থাকে। 

ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ এই দিশটোক আভ্যন্তৰীণ সার্বভৌমত্ব বোলা হয়। সাৰ্বভৌমত্বৰ এই আভ্যন্তৰীণ দিশটোৰ লগতে এটা বাহ্যিক দিশ জড়িত হৈ আছে যাক কোৱা হয় বাহ্যিক সার্বভৌমত্ব ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ বাহ্যিক দিশটোৰ অর্থ হৈছে যে প্ৰতিখন ৰাষ্ট্ৰই সর্বোচ্চ ক্ষমতাৰ গৰাকী আৰু প্ৰত্যেকেই নিজৰ ভাগ্য নিজে নিয়ন্ত্ৰণ কৰিব পাৰে আৰু ৰাষ্ট্ৰৰ এই সৰ্বোচ্চ শক্তিৰ ওপৰত আন কোনো ৰাষ্ট্ৰ বা আন্তঃৰাষ্ট্ৰীয় সংগঠনে কর্তৃত্ব তথা শ্রেষ্ঠত্বৰ দাবী কৰিব নোৱাৰে। এনেদৰে ৰাষ্ট্ৰৰ আভ্যন্তৰীণ আৰু বাহ্যিক সাৰ্বভৌমত্বৰ জৰিয়তে ই ব্যক্তি, গোট আৰু আন সংগঠনবিলাকৰ ওপৰত অপ্ৰতিৰোধ ক্ষমতা প্ৰয়োগৰ জৰিয়তে অসীম ক্ষমতাৰ গৰাকী হৈ পৰে।

বিশ্বায়নৰ প্ৰভাৱৰ ফলত ৰাষ্ট্ৰীয় সার্বভৌমত্ব সংকুচিত হোৱাৰ ক্ষেত্ৰত কিছুমান কাৰকে প্রভাৱিত কৰিছে। এই কাৰকসমূহ তলত আলোচনা কৰা হ’ল।

(১) বিশ্বায়ন আৰু আঞ্চলিকতাবাদ : বিশ্বায়নে ৰাষ্ট্ৰবিলাকৰ মাজৰ আঞ্চলিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত অৰিহণা যোগাইছে। এই আঞ্চলিক সহযোগিতাৰ ফলত আঞ্চলিক ভিত্তিত ৰাষ্ট্ৰবিলাকৰ মাজত কেতবোৰ আঞ্চলিক সংগঠন যেনে SAARC, ASEAN আৰু EU আদিৰ জন্ম হৈছে। এই আঞ্চলিক সংগঠনবোৰে ইয়াৰ সদস্য ৰাষ্ট্ৰবিলাকৰ মাজত নীতি, আঁচনি আদি নিৰ্ধাৰণ আৰু ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সমন্বয় সাধনৰ চেষ্টা কৰে। ইয়াৰ ফলত এই সদস্য ৰাষ্ট্ৰবিলাক এক উর্ধ্বতন কর্তৃপক্ষৰ ওপৰত কাৰ্য পৰিচালনাৰ দায়িত্ব অর্পণ কৰে। ফলত সংশ্লিষ্ট ৰাষ্ট্ৰবিলাকৰ সার্বভৌম ক্ষমতা সংকুচিত হোৱা পৰিলক্ষিত হয়।

(২) ৰাষ্ট্ৰীয় নায়কসকলৰ আবির্ভাৱ : গোলকীয় পৰিচালনা ব্যৱস্থা ই ৰাষ্ট্ৰবিলাকৰ সাৰ্বভৌমত্বক সংকুচিত কৰাত অৰিহণা যোগাইছে। সাম্প্রতিক সময়ত সমষ্টিগত অৰ্থনীতিৰ নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি সংঘাত ব্যৱস্থাপনা, মানৱ অধিকাৰ আৰু পৰিৱেশীয় সুৰক্ষাৰ বাবে আন্দোলন আদিৰ দৰে বহলভাৱে চৰ্চিত বিষয়বিলাকৰ ক্ষেত্ৰত ৰাষ্ট্ৰযন্ত্ৰৰ তুলনাত সন্মিলিত ৰাষ্ট্ৰসংঘ, আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি বিশ্ব বাণিজ্য সংস্থা আৰু বিশ্ব বেংক আদিৰ দৰে অতি ৰাষ্ট্ৰীয় সংস্থাবিলাকে শক্তিশালী ভূমিকাত হ’বলৈ সক্ষম হৈছে, অনা চৰকাৰী সংগঠনসমূহ আৰু আন্তঃৰাষ্ট্ৰীয় অনা চৰকাৰী সংগঠন এই সকলোবিলাক ৰাষ্ট্ৰৰ সাৰ্বভৌম শক্তিক প্ৰভাৱিত কৰিছে ৷ 

(৩) অতি জাতীয় নিগমবিলাকৰ কাৰ্য, পদ্ধতি : বিশ্বায়নে অতি ৰাষ্ট্ৰীয় নিগমবিলাকৰ সংখ্যা দিনক দিনে বৃদ্ধি কৰাত ইন্ধন যোগাইছে। এই বহু জাতিক নিগমসমূহৰ কাৰ্যপদ্ধতি ৰাষ্ট্ৰীয় প্রতিষ্ঠানসমূহৰ পৰা বহু পৰিমাণে পৃথক। বিশ্বত এনে বহু ঔদ্যোগিক বহু জাতীয় প্রতিষ্ঠান আছে যিবিলাকে বার্ষিক দহ বিলিয়ন ডলাৰতকৈও অধিক বার্ষিক আয় আৰ্জন কৰিবলৈ সক্ষম হয়। IBM, GE, Microsoft, Walmart আদিৰ নিচিনা এনে ভালেসংখ্যক বহু ৰাষ্ট্ৰীয় নিগম আছে যিবিলাকে বিশ্বৰ বহু সার্বভৌম ৰাষ্ট্ৰৰ তুলনাত অধিক সবল ভূমিকাৰে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নিজৰ স্থিতি প্রতিপন্ন কৰিবলৈ সক্ষম হৈছে।

(৪) আন্তঃৰাষ্ট্ৰীয় সামাজিক আন্দোলনবিলাকৰ প্রভাৱ : ৰাষ্ট্ৰবিলাকৰ সাৰ্বভৌমত্বৰ ওপৰত সাম্প্ৰতিক সময়ত বিশ্বজুৰি গা কৰি উঠা গোলকীয় সামাজিক আন্দোলন বিলাকেও বিৰূপ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। বিভিন্ন ধৰণৰ আৰ্থ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু পাৰিপাৰ্শ্বিক বিষয় তথা সমস্যাসমূহক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এই সমাজতাত্বিক আন্দোলনবিলাকে বিশ্বায়নৰ সুফল সমূহৰ সোৱাদ গ্ৰহণ কৰাইও ৰাষ্ট্ৰীয় সার্বভৌমত্বৰ কৰ্তৃত্বক বহু পৰিমাণে সংকুচিত কৰিছে। উল্লেখযোগ্য যে এই সামাজিক আন্দোলনবিলাকে কিছু পৰিমাণে হ’লেও ৰাষ্ট্ৰবিলাকৰ সামাজিক কল্যাণমূলক নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।

6. Write the two positive and negative impact of globalisation.

Ans: বিশ্বায়নৰ সকাৰাত্মক প্ৰভাৱ : সামগ্ৰিকভাৱে বিশ্বায়নৰ সকাৰাত্মক প্ৰভাৱ সম্পর্কে নিম্নোক্ত যুক্তিসমূহ অৱতাৰণা কৰিব পাৰি—

(১) উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বাবে লাভজনক : বিশ্বায়নে বহু উন্নয়নশীল ৰাষ্ট্ৰৰ দৰিদ্ৰতা নিৰ্মূল কৰি ৰাষ্ট্ৰবিলাকৰ ঘৰুৱা অৰ্থনীতিৰ সবলীকৰণৰ ক্ষেত্ৰত অৱদান যোগাইছে। দুখীয়া ৰাষ্ট্ৰবিলাকৰ অৰ্থনীতি লগত উন্নত ৰাষ্ট্ৰবোৰ অৰ্থনীতিৰ একীভূতকৰণে দুখীয়া ৰাষ্ট্ৰবিলাকক জনগণৰ জীৱন নিৰ্বাহৰ মানদণ্ড উন্নীত কৰাৰ সুযোগ প্রদান কৰিছে। চীন, ভাৰতবৰ্ষ, মেক্সিকো আৰু হাংগেৰী আদি বহুবিলাক ৰাষ্ট্ৰই যাতে নিজা নিজা জনমূৰি আয় বৃদ্ধি কৰিব পাৰে তাৰ বাবে বিশ্ব বজাৰৰ পৰা যাৱতীয় সুবিধা লাভ কৰিব পৰাকৈ বিশ্ব বজাৰৰ নীতি নিৰ্দেশনাৰ লগত সামঞ্জস্য ৰাখি ৰাষ্ট্ৰীয় নীতি, আঁচনি আৰু সংগঠন আদি প্ৰস্তুত কৰি লৈছে।

(২) বৈদেশিক মূলধনৰ সোঁত : বিশ্বৰ উন্নত ৰাষ্ট্ৰবিলাকৰ পৰা অনুন্নত ৰাষ্ট্ৰবিলাকলৈ বৈদেশিক প্রত্যক্ষ বিনিয়োগৰ ৰূপত বৈদেশিক মূলধনৰ নিয়মিত যোগানক উৎসাহিত কৰে। মূলধনৰ বিনিয়োগৰ ফলস্বৰূপে উন্নত ৰাষ্ট্ৰবিলাকে লাভান্বিত হোৱাৰ সমান্তৰালভাৱে অনুন্নত ৰাষ্ট্ৰবিলাকৰ ক্ষেত্ৰত উৎপাদনমুখী কার্যকলাপত বিনিয়োগৰ পৰিমাণ বৃদ্ধি পায়। ইয়াৰ ফলত উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ উৎপাদনৰ মাত্ৰা ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হয় যি ৰাষ্ট্ৰখনৰ জনমুৰি আয়ৰ বৃদ্ধিৰ ক্ষেত্ৰতো সহায় কৰে।

বিশ্বায়নৰ নকৰাত্মক প্ৰভাৱ : অধ্যাপক জয়ন্তনুজ বন্দোপাধ্যায়ৰ মতে বিশ্বায়নৰ নকাৰাত্মক প্রভাৱ সম্পর্কে নিম্নোক্ত যুক্তিসমূহ উত্থাপন কৰিব পাৰি—

(১) ৰাষ্ট্ৰীয় সার্বভৌমত্বৰ ওপৰত কু-প্ৰভাৱ : বহু চিন্তাবিদে মত পোষণ কৰিছে যে, বিশ্বায়নে ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ ওপৰত অশুভ প্রভাৱ পেলায়। সাৰ্বভৌমত্বৰ একাত্মকবাদী তত্ত্বটিৰ সমর্থক সকলো ৰাষ্ট্ৰৰ সাৰ্বভৌম শক্তি অবিভাজ্য বুলি যুক্তি দর্শাইছিল। কিন্তু বিশ্বায়নৰ নীতিৰ পৰিপ্ৰেক্ষিতত সার্বভৌমত্বৰ এই দিশতো বেয়াকৈ প্ৰভাৱিত হৈছে। বিশ্বায়নৰ বাবে কোনো ৰাষ্ট্ৰই নিৰংকুশ সার্বভৌমত্বত তাৰ দাবী কৰিব নোৱাৰে।

(২) পুঁজিবাদী অর্থনীতিৰ পুনৰুত্থান : বিশ্বায়নে পুঁজিবাদী অর্থনৈতিক গাঁঠনিৰ পুনৰুত্থানৰ জৰিয়তে জাতীয় ৰাষ্ট্ৰবিলাকৰ মাজত আৰু ৰাষ্ট্ৰ এখনৰ ভিতৰতো ধনী-দুখীয়াৰ ব্যৱধান বৃদ্ধি কৰাত অৰিহণা যোগাইছে। বিশ্বায়নৰ যি অর্থনৈতিক মুনাফা সেয়া ধনী ৰাষ্ট্ৰবিলাকেহে উপভোগ কৰিছে। দুখীয়া আৰু উন্নয়নশীল ৰাষ্ট্ৰবিলাকে বিশ্বায়নৰ অৰ্থনৈতিক সুফল লাভৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। বিশ্ববেংকেও এইক্ষেত্ৰত সহমত প্রকাশ কৰিছে যে, বিশ্বায়নে এফালে ধনী আৰু দুখীয়া ৰাষ্ট্ৰবিলাকৰ মাজত আৰু আনফালে জাতীয় সমাজৰ ভিতৰতে বিভিন্ন শ্ৰেণীৰ জনসাধাৰণৰ মাজত অর্থনৈতিক ব্যৱধানৰ মাত্ৰা বৃদ্ধি কৰিছে।

Essay Type Questions

1. Functions of the welfare state.

Ans: আধুনিক যুগৰ ৰাষ্ট্ৰসমূহক পুলিচী ৰাষ্ট্ৰৰ পৰিৱৰ্তে কল্যাণকামী ৰাষ্ট্ৰ বোলা হয়। জনসাধাৰণৰ আৰ্থ-সামাজিক কল্যাণৰ উপৰিও জনসাধাৰণৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে জনকল্যাণকামী ৰাষ্ট্ৰই কাম কৰিব লাগে। সময়ৰ গতিশীলতাৰ লগে লগে আধুনিক ৰাষ্ট্ৰসমূহৰ কামৰ পৰিসৰ বৃদ্ধি পাইছে।

যিখন ৰাষ্ট্ৰই জনসাধাৰণ নিৰাপত্তা আৰু শান্তি ৰক্ষাৰ উপৰিও সামাজিক কল্যাণ আৰু ব্যক্তিত্ব বিকাশৰ বাবে নানা ধৰণৰ কাৰ্য সম্পাদন কৰে তেনে ৰাষ্ট্ৰকে কল্যাণকামী ৰাষ্ট্ৰ বুলি কোৱা হয়। জন সমাজৰ জাতি-ধর্ম-বর্ণ-লিংগ নির্বিশেষে সকলোৰে সৰ্বাংগীন উন্নতিৰ বাবে ৰাষ্ট্ৰই কাম কৰিব লাগে।

পুঁজিবাদী ৰাষ্ট্ৰসমূহত শ্রমিক, কৃষক আৰু অন্যান্য শ্ৰেণীসমূহৰ আর্থিক আৰু সামাজিক নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়। ৰাষ্ট্ৰপতি ৰুজভেল্টে কল্যাণকামী আদৰ্শ ৰূপায়ণৰ বাবে New Deal Legislation গ্ৰহণ কৰিবলৈ যত্ন কৰিছিল। ইংলেণ্ডত শ্রমিক দলৰ যোগেদি শ্রমিক শ্ৰেণীৰ মহিলা, শিশু, বৃদ্ধ আৰু অসহায়সকলৰ নিৰাপত্তা, অর্থনৈতিক আঁচনি, শিক্ষা, গৃহ নির্মাণ আদি ব্যৱস্থা গ্ৰহণ কৰি কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা কার্যকৰী কৰিছে।

সাম্যবাদী তৃতীয় বিশ্বৰ দেশসমূহত অর্থনৈতিক স্বাধীনতা প্রদান কৰি, অৰ্থনৈতিক আঁচনি আৰু বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ব্যৱস্থাৰ উন্নতি সাধন কৰি দুখীয়া শ্রেণীৰ নিৰাপত্তা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

কল্যাণকামী ৰাষ্ট্ৰসমূহৰ কাৰ্যাৱলীক দুটা ভাগত ভগাব পাৰি —

(১) বাধ্যতামূলক কাৰ্য। আৰু 

(২) ঐচ্ছিক কার্য।

১. বাধ্যতামূলক কার্য : জনসাধাৰণৰ নৰাপত্তা আৰু শান্তি ৰক্ষা কৰিবলৈ ৰাষ্ট্ৰই কৰিবলগীয়া অপৰিহাৰ্য কাৰ্যবোৰক বাধ্যতামূলক কার্য বোলা হয়। এই কামসমূহ হ’ল— জনসাধাৰণৰ শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা, ৰাষ্ট্ৰৰ স্বাধীনতা ৰক্ষা কৰা, জনসাধাৰণৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰা, কূটনৈতিক সম্পর্ক ৰক্ষা কৰা আৰু স্বতন্ত্র ন্যায়ালয় প্রতিষ্ঠা কৰা।

২. ঐচ্ছিক কার্য : এচ্ছিক কাৰ্যসমূহ হ’ল– শিক্ষা বিস্তাৰ আৰু শিক্ষানীতি গ্ৰহণ কৰা, কৃষি আঁচনি গ্ৰহণ আৰু বিকাশ সাধন, উদ্যোগ, ব্যৱসায় বাণিজ্যৰ বিকাশ কৰা, মহিলা-শিশু-বৃদ্ধ সকলৰ বাবে বিশেষ আঁচনি গ্রহণ কৰা, জনস্বাস্থ্য ৰক্ষা কৰা, শ্রমিক শ্ৰেণীৰ অভাৱ দূৰ কৰা, যোগাযোগ আৰু পৰিবহণ বিকাশ সাধন কৰা, সামাজিক কল্যাণ সাধন কৰা ইত্যাদি কাৰ্যসমূহ ঐচ্ছিক কাৰ্যৰ অন্তর্ভুক্ত।

2. Mention main features of Welfare state.

Ans: ঊনৈশ শতিকাৰ শেষৰ ফালে কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাই জন্ম লাভ কৰে। কল্যাণকামী ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণৰ হকে কার্যব্যৱস্থা গ্রহণ কৰে। ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল।

১. কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে ই ঊনৈশ শতিকাৰ ধাৰণা। ই ব্যক্তি স্বতন্ত্ৰতাবাদৰ বিৰোধিতা কৰে। কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাই ব্যক্তিক স্বতন্ত্র, আত্মনিৰ্ভৰশীল আৰু সমাজৰ বিচাৰক বুলি ধৰি নলয় । ব্যক্তিস্বতন্ত্রবাদী ধাৰণাই চৰকাৰৰ প্রধান দায়িত্ব আইন-শৃংখলা ৰক্ষা কৰা বুলি দাবী কৰে। ৰাষ্ট্ৰই ব্যক্তিৰ ক্ষেত্ৰত হস্তক্ষেপ কৰাটো ব্যক্তিস্বতন্ত্রতাবাদীসকলে বিৰোধিতা কৰে।

কিন্তু কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাই মত পোষণ কৰে যে ব্যক্তিয়ে সমাজৰ পৰা আঁতৰি থাকি নিজৰ ব্যক্তিত্ব বিকাশ কৰিব নোৱাৰে। সমাজৰ ব্যক্তিৰ মাজত পাৰস্পৰিক সহযোগিতাৰ মাজতহে ব্যক্তিয়ে পূর্ণতা লাভ কৰিব পাৰে।

২. জনকল্যাণকামী ৰাষ্ট্ৰৰ আন এটা বৈশিষ্ট্য হৈছে ই সামূহিকতাবাদৰ বিৰোধিতা কৰে। সামূহিকতাবাদে ৰাষ্ট্ৰক সৰ্বশক্তিমান বুলি ধৰি লয়। সামূহিকতাবাদে সৰ্বহাৰৰ এক নায়কত্ববাদৰ সমৰ্থন কৰে। ১৯১৭ চনৰ পিছত ছোভিয়েট ইউনিয়নত আৰু পিছত পূর্ব ইউৰোপৰ ভালেমান ৰাষ্ট্ৰই এই সামূহিকতাবাদ সমর্থন কৰিছিল। সামূহিকতাবাদে ব্যক্তি জীৱনৰ সকলো ক্ষেত্রতে নিয়ন্ত্রণ কৰে। কিন্তু কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাই ৰাষ্ট্ৰক সৰ্বশক্তিমান বুলি ধৰি নলয় । সেইবাবে কল্যাণকামী ধাৰণাক “halfway house between individualism and collectivism” বুলি বিবেচনা কৰা হয়।

৩. কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাই ৰাষ্ট্ৰক বা সমাজক ব্যক্তিৰ পৰা স্বতন্ত্ৰ আৰু পৃথক বুলি ধৰি লয়। ব্যক্তিক বাদ দি সমাজৰ সুকীয়া অস্তিত্ব থাকিব নোৱাৰে। ব্যক্তিৰ সমষ্টিয়েই সমাজ। ব্যক্তি সত্বা আৰু সামাজিক সত্বা পৰস্পৰ সম্পর্কযুক্ত।

৪. কল্যাণকামী ৰাষ্ট্ৰই এক নতুন স্বাধীনতাৰ মতবাদত বিশ্বাসী। পুৰণি দিনৰ স্বতন্ত্ৰতাই নকৰাত্মক আছিল। কিন্তু কল্যাণকামী ৰাষ্ট্ৰই সকাৰাত্মক স্বাধীনতাত বিশ্বাস কৰে। নতুন স্বতন্ত্রতাই survival of the fittest বা যোগ্য ভোগ্য বসুন্ধৰা নীতি সমৰ্থন নকৰে। কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাই ব্যক্তি স্বতন্ত্ৰতা আৰু সামাজিক কল্যাণৰ মাজত বিৰোধ মানি নলয় । এনে ৰাষ্ট্ৰত ব্যক্তি স্বতন্ত্ৰতাৰ বাবে প্রয়োজনীয় সুবিধা প্রদানত গুৰুত্ব দিয়াৰ লগতে সামাজিক ন্যায়ৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে।

3. What are the political consequences of globalisation.

Ans: বিশ্বায়নৰ ধাৰণাতো ৰাজনৈতিক কাৰ্যকলাপৰ লগত জড়িত আৰু বিশ্ব ৰাজনীতি ইয়াৰ সুদুৰপ্ৰসাৰী প্ৰভাৱ পৰিলক্ষিত হয়। ৰাষ্ট্ৰৰ ৰাজনীতি তথা ৰাষ্ট্ৰ ব্যৱস্থাৰ ওপৰত বিশ্বায়নে বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছে। এই প্রভাৱ সম্পর্কে বিভিন্ন বিতর্ক পৰিলক্ষিত হয়। বিশ্বায়নে ৰাজনীতি আৰু ৰাষ্ট্ৰ ব্যৱস্থাৰ ওপৰত পেলোৱা প্রভাৱ সম্পর্কে নিম্নোক্ত ধৰণে আলোচনা কৰিব পাৰি। বিশ্বায়নে জাতীয় ৰাষ্ট্ৰবিলাকৰ ক্ষমতা সংকুচিত কৰিছে। বিশ্বায়নৰ যুগত ৰাষ্ট্ৰৰ কাৰ্যাৱলী কেইটামান ঐচ্ছিক কার্য যেনে— আভ্যন্তৰীণ আইন শৃংখলা ৰক্ষা কৰা আৰু বহিঃ শত্ৰুৰ আক্ৰমণৰ পৰা নাগৰিকক ৰক্ষণাবেক্ষণ দিয়াতেই সীমাবদ্ধ। আন কথাত ক’ব পাৰি যে পূৰ্বৰ কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা বৰ্তমান সীমিত ৰাষ্ট্ৰ লৈ পর্যবসিত হৈছে। আনহাতে অর্থনৈতিক আৰু সামাজিক তথা জনকল্যাণকামী কার্যাৱলীসমূহ সম্পাদন কৰাৰ কাৰণে অনা চৰকাৰী সংস্থা আৰু বহু ৰাষ্ট্ৰীয় নিগম বিলাকে অগ্ৰাধিকাৰ লাভ কৰিছে। 

বিশ্ব বেংক, বিশ্ব বাণিজ্য সংস্থা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু অন্যান্য আনুসংগিক আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ নীতিৰ কাৰ্যকৰীকৰণৰ ফলস্বৰূপে জাতীয় ৰাষ্ট্ৰসমূহ বিশেষকৈ তৃতীয় বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰবিলাক উপায়ন্তৰ হৈ পৰিছে। সমাজবাদী ব্যৱস্থাৰ অৱসান ঘটাৰ ফলত সমগ্ৰ বিশ্ব মার্কিন পুঁজিবাদী ৰাষ্ট্ৰৰ পৰোক্ষ নিয়ন্ত্রণধীন হৈ পৰাত জাতীয় ৰাষ্ট্ৰবিলাকৰ সাৰ্বভৌমত্বৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰিছে। অর্থনৈতিক নিয়ন্ত্ৰণৰ সুযোগত তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক কার্যকলাপত আমেৰিকাৰ নিয়ন্ত্ৰণ স্পষ্ট হৈ পৰিছে। উদাহৰণস্বৰূপে পূব এছিয়াৰ ৰাষ্ট্ৰবিলাকত সাম্প্রতিক কালত সংঘটিত ঘটনাৱলীৰ বিষয়ে উল্লেখ কৰিব পাৰো। লিবিয়াত মোৱাম্মাৰ গাড্ডাফীৰ নেতৃত্বাধীন একনায়কত্ববাদৰ অৱসান, তুর্কী, ছিৰিয়া য়েমেন, গ্ৰীছ আদি ৰাষ্ট্ৰত আভ্যন্তৰীণ গৃহযুদ্ধ বিশ্বায়নৰ ৰাজনৈতিক ফলশ্ৰুতি বুলি অভিহিত কৰা যায়। এই ৰাষ্ট্ৰবিলাকক শাসক গোষ্ঠীৰ বিৰুদ্ধে একগোট কৰিবলৈ ইণ্টাৰনেট সমূহে এক মুখ্য ভূমিকা লৈছে বুলি ক’ব পাৰো।

ব্যক্তিগতকৰণ, মুক্ত বাণিজ্য আৰু নিঃজাতীয়কৰণৰ দৰে বিশ্বায়নৰ বৈশিষ্ট্যসমূহে ৰাষ্ট্ৰ অৰ্থনৈতিক নীতি নিৰ্ধাৰণৰ যি ক্ষমতা সেয়া অৱক্ষয় হোৱাত অৰিহণা যোগাইছে। দিওবা সার্বভৌমত্বৰ অৱক্ষয় হৈছে, তথাপি বাণিজ্যৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰ আৱশ্যকতা কৰিব নোৱাৰি। ৰাষ্ট্ৰই অবিৰতভাৱে অপৰিহাৰ্য কার্য সমূহ যেনে— আইন শৃংখলা ৰক্ষা কৰা, ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষা আদি দায়িত্বসমূহ নিয়াৰিকৈ পালন কৰি আহিছে। গতিকে ৰাজনৈতিক ক্ষেত্ৰত বিশ্বায়নৰ প্ৰভাৱক লৈ মত পার্থক্য থাকিলেও এই প্ৰক্ৰিয়াৰ ফলশ্ৰুতিত ৰাষ্ট্ৰৰ কাৰ্যৰ পৰিসৰ বৃদ্ধি পাইছে আৰু প্ৰতিখন ৰাষ্ট্ৰই দ্ৰুত গতিত আধুনিকতাৰ দিশে অগ্ৰসৰ হৈছে অনুৰূপ ধৰণে ৰাষ্ট্ৰবিলাকৰ কাৰ্যদক্ষতাত তুলনামূলকভাৱে বৃদ্ধি পাইছে।

4. Write about educational consequences of globalisation.

Ans: বিশেষতঃ উচ্চ শিক্ষাৰ ক্ষেত্ৰতো বিশ্বায়নৰ প্ৰভাৱ পৰিলক্ষিত হয়। বিশ্বায়নৰ ফলশ্ৰুতিত বিশ্বৰ বিভিন্ন প্ৰান্তৰ শৈক্ষিক ভাব-ধাৰণা, জ্ঞান-বিজ্ঞান অতি দ্রুতগতিত অন্যান্য প্রান্তত বিয়পি পৰিছে। বিশ্বায়নে শিক্ষক-ছাত্ৰৰ ভূমিকাৰো পৰিৱৰ্তন কৰিছে। পূৰ্বৰ দৰে শিক্ষা লাভ এতিয়া “Class Room Teaching”ত আৱদ্ধ নাথাকি আৰু অকল কিতাপত লিখা জ্ঞানৰ বাহিৰত বিদ্যাৰ্থীৰ উৎসাহৰ ভিত্তিত “Skill Development”ৰ ব্যৱহাৰিক শিক্ষাৰো প্রচলন হৈছে। কাৰিকৰী শিক্ষাৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰ সৈতে কাৰিকৰী শিক্ষাৰ জ্ঞানে বর্তমান ছাত্র সমাজক চাকৰিৰ ক্ষেত্ৰতো ভিন্নতা আৰু নিজক প্ৰকাশৰ সুযোগ দিছে। উন্নত শিক্ষা ব্যৱস্থাৰ ফলত তেওঁলোকৰ জীৱন-যাপনৰ মানদণ্ড উন্নত হোৱাৰ উপৰিও সমাজত এক বিশেষ মর্যাদা লাভ কৰিবলৈ সমৰ্থ হৈছে। শিক্ষাৰ বিশ্বায়নে উন্নয়নশীল দেশসমূহত পশ্চিমীয়া শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধি কৰিছে। শিক্ষাৰ ক্ষেত্ৰত বিশ্বায়নৰ প্ৰভাৱৰ বিষয়ে মন্তব্য কৰি David Orr য়ে “Western Education has in fact replaced indigenous forms of education throughout the world and focuses on PreParing students exclusively for an Urban Existence.”

আনহাতে পশ্চিমীয়া শিক্ষা ব্যৱস্থাই পাৰস্পৰিক শিক্ষাৰ গুৰুত্ব হ্ৰাস কৰিছে। ইয়াৰ ফলত বৰ্তমান যুৱ প্ৰজন্মৰ মাজত নৈতিকতাৰ অভাৱ পৰিলক্ষিত হয়। শিক্ষা এতিয়া এক Commodityত ৰূপান্তৰিত হৈছে। ব্যক্তিগত খণ্ডৰ হস্তক্ষেপত উচ্চ শিক্ষা লাভ এতিয়া বহুতৰ বাবে দুৰ্বহ হৈ পৰিছে।

5. Define welfare state. Discuss its functions.

Ans: সাধাৰণতে জনকল্যাণকামী ৰাষ্ট্ৰৰ অৰ্থ হ’ল জনসাধাৰণৰ মানসিক বিকাশ আৰু উন্নতিৰ পৰিকল্পনামূলক আঁচনি লৈ কাৰ্য পালন কৰা ৰাষ্ট্ৰ। বিভিন্ন লেখকে জনকল্যাণকামী ৰাষ্ট্ৰৰ সংজ্ঞা বিভিন্ন ধৰণে দাঙি ধৰিছে। 

টি ডব্লিউ কেণ্টৰ মতে, “যি ৰাষ্ট্ৰই জনসাধাৰণৰ কাৰণে অশেষ সামাজিক সেৱা আগবঢ়ায় তাকে জনকল্যাণকামী ৰাষ্ট্ৰ বোলে।

কেণ্টৰ মতে, – শিক্ষা, জনস্বাস্থ্য, চিকিৎসাৰ সা-সুবিধা, বৃদ্ধসকলৰ বাবে পাৰিতোষিক আৰু সামাজিক প্ৰতিৰক্ষা দিয়া, পানীযোগান, বিজুলী চাকি যোগান ইত্যাদি হ’ল সামাজিক কাম-কাজ।

জি. ডি. এইচ. কলৰ মতে, “যি সমাজত প্রত্যেক ব্যক্তিয়ে নিম্নতম জীৱন নিৰ্বাহৰ মানদণ্ড আৰু সা-সুবিধা লাভ কৰে তাকে জনকল্যাণকামী ৰাষ্ট্ৰ বোলে।”

গতিকে দেখা যায় যে জনকল্যাণকামী ৰাষ্ট্ৰৰ মূল লক্ষ্য হ’ল। জনসাধাৰণৰ সমূহীয়া মংগল সাধন কৰা আৰু মানসিক বিকাশৰ সুবিধা দিয়া। জনকল্যাণকামী ৰাষ্ট্ৰত কোনো বিশেষ ব্যক্তি, সংঘ, অনুষ্ঠান, দল, ধর্মীয়, সম্প্রদায় বা জাতিক বিশেষ ৰক্ষণাবেক্ষণ বা সা-সুবিধা দিয়া নহয়। জনকল্যাণকামী ৰাষ্ট্ৰত জাতি, ধর্ম, বর্ণ, আদর্শ নির্বিশেষে সকলো জনসাধাৰণে সমান সুবিধা লাভ কৰে।

জনকল্যাণকামী ৰাষ্ট্ৰৰ কাৰ্য দুই ধৰণে ভাগ কৰা হয়— 

ক) বাধ্যতামূলক কাৰ্যাৱলী (Essential functions) আৰু

খ) ঐচ্ছিক কাৰ্যাৱলী (Non-essential functions)

ক) বাধ্যতামূলক কার্য (Essential Functions) : এনে ৰাষ্ট্ৰই কিছুমান কাৰ্য পালন কৰিবলৈ বাধ্য। এই কার্যসমূহকে বাধ্যতামূলক কার্য বোলে। বাধ্যতামূলক কার্য এখন জনকল্যাণকামী ৰাষ্ট্ৰই যিকোনো প্ৰকাৰে পালন কৰিবই লাগিব। যিবিলাক কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰি ৰাষ্ট্ৰৰ চৰকাৰ বৰ্তি থাকে আৰু যিবিলাক কাৰ্যৰ অবিহনে জনসাধাৰণৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক দিশত উন্নতি সম্ভৱ নহয়। সেই কার্যকে বাধ্যতামূলক কার্য বোলে। বাধ্যতামূলক কার্যসমূহ তলত দিয়া ধৰণৰ—

১। জনসাধাৰণৰ জীৱন আৰু সম্পত্তি ৰক্ষা : জনসাধাৰণৰ জীৱন আৰু সম্পত্তি ৰক্ষা এখন জনকল্যাণকামী ৰাষ্ট্ৰৰ মুখ্য কর্তব্য। জনসাধাৰণৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ কাৰণেই ৰাষ্ট্ৰৰ সৃষ্টি হৈছে। এই প্ৰসংগত Aristotle কৈছিল “The state came into being for the sake of a mere life.” ৰাষ্ট্ৰই জনসাধাৰণৰ প্রাকৃতিক অধিকাৰ, জীৱন ৰক্ষা আৰু সম্পত্তি ৰক্ষাৰ দায়িত্ব পালন কৰি জনসাধাৰণক এক সভ্য জীৱন-যাপন কৰিবলৈ সুবিধা দিয়ে। ৰাষ্ট্ৰই জনসাধাৰণৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰিবৰ বাবে বিভিন্ন আইন প্রণয়ন কৰি এই দায়িত্ব পালন কৰে।

২। শান্তি আৰু শৃংখলা ৰক্ষা : শান্তি আৰু শৃংখলা ৰক্ষা জনকল্যাণকামী ৰাষ্ট্ৰৰ আন এটা মুখ্য কর্তব্য। শান্তি আৰু শৃংখলা নহলে জনসাধাৰণে কেতিয়াও এক সুস্থ পৰিৱেশত জীৱন নিৰ্বাহ কৰিব নোৱাৰে। ঠিক সেইদৰে শান্তি আৰু শৃংখলা নহ’লে এখন সমাজ বা ৰাষ্ট্ৰ কেতিয়াও উন্নতিৰ পথত আগবাঢ়িব নোৱাৰে। জনসাধাৰণৰ সহযোগ, ৰাষ্ট্ৰৰ আইন, নীতি-নিয়ম আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহায়ত এখন জনকল্যাণকামী ৰাষ্ট্ৰই শান্তি আৰু শৃংখলা ৰক্ষা কৰিবৰ কাৰণে প্ৰচেষ্টা চলায়। এখন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ অৱস্থা অশান্তি আৰু বিশৃংখলতাই বিষময় কৰি তুলিব পাৰে। আভ্যন্তৰীণ অৱস্থাত শান্তি আৰু শৃংখলা নহ’লে এখন জনকল্যাণকামী ৰাষ্ট্ৰই প্ৰশাসন কার্য সূচাৰুৰূপে পৰিচালনা কৰা সম্ভৱ নহয়। গতিকে জনসাধাৰণৰ সমূহীয়া উন্নতি আৰু ৰাষ্ট্ৰৰ বিকাশৰ বাবে আইন-শৃংখলা অটুট ৰখাটো আৱশ্যক।

৩। বহিঃশত্ৰুৰ পৰা ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব ৰক্ষা : এখন জনকল্যাণকামী ৰাষ্ট্ৰৰ আন এটা মুখ্য কৰ্তব্য হৈছে বহিঃশত্ৰুৰ পৰা ৰাষ্ট্ৰক ৰক্ষা কৰা। সেয়েহে এখন জনকল্যাণকামী ৰাষ্ট্ৰই বিদেশী শত্ৰুৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰাৰ বাবে সমৰ্থ হ’ব লাগিব। ইয়াৰ বাবে ৰাষ্ট্ৰই প্ৰতিৰক্ষা বাহিনী, অস্ত্ৰ-শস্ত্ৰ আদি মজুত ৰাখিব লাগিব। এখন জনকল্যাণকামী ৰাষ্ট্ৰই বহিঃশত্ৰুৰ পৰা ৰাষ্ট্ৰৰ পৰিসীমা ৰক্ষা কৰাৰ লগতে জনসাধাৰণৰ জীৱনো ৰক্ষা কৰাৰ দায়িত্ব পালন কৰিব লাগিব।

৪। বৈদেশিক কূটনৈতিক সম্পর্ক : সাম্প্রতিক কালছোৱাত আন্তর্জাতিক ৰাজনীতিয়ে এখন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ জীৱনত অধিক প্ৰভাৱ বিস্তাৰ কৰে। আন্তৰ্জাতিক সম্পৰ্ক অবিহনে সাম্প্রতিক কালছোৱাত এখন ৰাষ্ট্ৰ বৰ্তি থকা সম্ভৱ নহয়। ইয়াৰ কাৰণ হ’ল কোনো এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। প্ৰত্যেক ৰাষ্ট্ৰই নিজৰ চাহিদা পূৰণৰ কাৰণে আন্তর্জাতিক বুজাবুজি আৰু সহযোগিতাৰ অংশীদাৰ হ’বই লাগিব । আন্তর্জাতিক বুজাবুজি আৰু সহযোগিতাৰ ওপৰতেই নিৰ্ভৰ কৰিছে বিশ্ব শান্তি। গতিকে ৰাষ্ট্ৰসমূহৰ মাজত এক সৌহার্দ্যপূর্ণ সম্পর্ক থকাটো অতি আৱশ্যক। ওপৰৰ দৃষ্টিকোণৰ পৰা লক্ষ্য কৰি ক’ব পাৰি যে এখন জনকল্যাণকামী ৰাষ্ট্ৰ‍ই নিজৰ প্ৰতিৰক্ষাৰ উন্নতি আৰু বিশ্বশান্তিৰ বাবে এক সৌহার্দ্যপূর্ণ বৈদেশিক কূটনৈতিক সম্পর্ক, ব্যৱসায় বাণিজ্য, কলা-কৃষ্টি আৰু ৰাজনৈতিক চুক্তি সম্পাদন কৰি এক বন্ধুত্বপূর্ণ বৈদেশিক সম্পৰ্ক স্থাপন কৰাটো এখন জনকল্যাণকামী ৰাষ্ট্ৰৰ কৰ্তব্য।

৫। স্বাধীন ন্যায়ালয় স্থাপন : জনকল্যাণকামী ৰাষ্ট্ৰ আন এটা বাধ্যতামূলক দায়িত্ব হ’ল সমাজত ন্যায় প্ৰতিষ্ঠাৰ বাবে এক স্বাধীন আৰু নিৰপেক্ষ আদালত স্থাপন কৰা। দেৱানী আৰু ফৌজদাৰী আদালত স্থাপন কৰি ৰাষ্ট্ৰই সমাজত ন্যায় আৰু শান্তি প্রতিষ্ঠা কৰাৰ উপৰিও নাগৰিকৰ অধিকাৰ আৰু স্বাধীনতাৰ ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব পালন কৰিব লাগে। এক স্বাধীন আৰু নিৰপেক্ষ আদালত ব্যৱস্থাৰ জৰিয়তেহে নাগৰিকৰ অধিকাৰসমূহ ৰক্ষণাবেক্ষণ দিয়া আৰু সমাজত, শৃংখলা স্থাপন কৰা সম্ভৱ।

খ) ঐচ্ছিক কাৰ্যাৱলী (Non-essential Functions) : বাধ্যতামূলক কাৰ্যৰ উপৰিও এখন জনকল্যাণকামী ৰাষ্ট্ৰই বহুত কার্য পালন কৰিবলগীয়া হয়। অৱশ্যে এই কাৰ্যসমূহ ৰাষ্ট্ৰই পালন কৰিবলৈ বাধ্য নহয়। ইয়াতেই বাধ্যতামূলক আৰু ঐচ্ছিক কাৰ্যৰ পার্থক্য দেখা যায়। সেইবুলি ঐচ্ছিক কার্য সম্পাদন কৰাটো ৰাষ্ট্ৰৰ এটা নৈতিক কৰ্তব্য হৈ পৰিছে। কাৰণ ঐচ্ছিক কাৰ্যাৱলীৰ জৰিয়তে ৰাষ্ট্ৰই জনসাধাৰণৰ সামাজিক, ৰাজনৈতিক আৰু অর্থনৈতিক জীৱনৰ উন্নতি সাধন কৰি এক সুখী জীৱন-যাপন কৰিবলৈ সুবিধা কৰি দিয়ে। সেয়েহে জনকল্যাণকামী ৰাষ্ট্ৰ এখনৰ ঐচ্ছিক কাৰ্যাৱলীসমূহ বাধ্যতামূলক কাৰ্যাৱলীৰ সমানে আৱশ্যকীয়। ঐচ্ছিক কাৰ্যাৱলীৰ দ্বাৰা ৰাষ্ট্ৰই জনসাধাৰণৰ মানসিক বিকাশৰ ইন্ধন যোগোৱাৰ উপৰিও এক সুখী জীৱন-যাপন কৰিবলৈ সুবিধা কৰি দিয়ে। ঐচ্ছিক কার্যাৱলীসমূহ তলত দিয়া ধৰণৰ―

১। শিক্ষাৰ প্ৰসাৰ সাধন কৰা।

২। জনস্বাস্থ্য আৰু স্বাস্থ্যকৰ অৱস্থাত উৎকর্ষ সাধন।

৩। আমদানি, ব্যৱসায়, বাণিজ্য পৰিচালনা কৰা।

৪। আমদানি আৰু ৰপ্তানি ব্যৱস্থা পৰিচালনা আৰু তত্ত্বাৱধান কৰা।

৫। কৃষিৰ বিকাশ কৰা।

৬। প্রাকৃতিক সম্পদৰ ৰক্ষণাবেক্ষণ কৰা।

৭। শ্রমিক শ্ৰেণীৰ উন্নতি বিধান কৰা।

৮। জন আৱশ্যকীয় সেৱা যেনে — ডাক তাঁৰ বিভাগ, ৰে’লসেৱা, টেলিফোন, দূৰদৰ্শন আদিৰ পৰিচালনা আৰু আলি পদুলি, ৰাজহুৱা পুথিভঁৰাল, ৰাজহুৱা পার্ক, সংগ্ৰহালয়, চিৰিয়াখানা, পানীযোগান, বিজুলী চাকি আদি সেৱা আগবঢ়োৱা।

৯। দৰিদ্ৰতা দূৰীকৰণ।

১০। সামাজিক আৰু অৰ্থনৈতিক নিৰাপত্তাৰ ব্যৱস্থা কৰা।

6. Define globalisation. Discuss its features.

Ans: বিশ্বায়নৰ শব্দটি বিভিন্ন অর্থ আৰু প্ৰসংগত ব্যৱহাৰ কৰা হয়। সেয়েহে ইয়াৰ এক সাৰ্বজনীন সংজ্ঞা আগবঢ়োৱা জটিল। তলত বিশ্বায়ন সম্বন্ধে বিভিন্ন চিন্তাবিদসকলে আগবঢ়োৱা বিভিন্ন সংজ্ঞাসমূহ দাঙি ধৰা হ’ল।

এডভার্ড এছ হাৰমেনৰ মতে— “বিশ্বায়ন মানে আন্তঃৰাষ্ট্ৰীয় পৰিসীমা অতিক্ৰম কৰি সংঘটিত পৰিচালনা আৰু পদ্ধতিৰ সম্প্ৰসাৰণ। একে সময়তে ই হৈছে অবিৰতভাৱে সম্প্ৰসাৰিত আৰু সমান্তৰালভাৱে পৰিৱৰ্তিত হৈ থকা সুযোগ সুবিধা আৰু অৰ্থনৈতিক সম্পর্ক।”

আর্নল্ড টয়েনবিৰ মতে, “বিশ্বায়নৰ অৰ্থ প্ৰভাৱশালী কেন্দ্ৰৰ লগত একত্ৰীকৰণ, বহু পাক্ষিক প্রক্রিয়া নহয়।”

আন এজন চিন্তাবিদ ডেভিদ হেল্ডয়ে বিশ্বায়নক সমসাময়িক সমাজ জীৱনৰ সকলো দিশতেই বিশ্বব্যাপি আন্তঃনিৰ্ভৰশীলতাৰ সম্প্ৰসাৰণ আৰু সুদৃঢ়কৰণৰ এক প্ৰক্ৰিয়াক সূচাইছে।”

জন বেইলিছ আৰু স্থিৰ স্মিথৰ মতে বিশ্বায়ন হৈছে এনে প্ৰক্ৰিায় য’ত বিভিন্ন সমাজৰ মাজত ক্ৰমান্বয়ে পাৰস্পৰিক নির্ভৰশীলতা স্থাপিত হয়, যাৰ ফলত বিশ্বৰ কোনো এক প্রান্তত সংঘটিত ঘটনাই বহু দূৰত অৱস্থিত জনসাধাৰণ নতুবা সমাজৰ ওপৰত প্ৰভাব পেলায়।

বিশ্বায়নৰ প্ৰধান বৈশিষ্ট্যসমূহ তলত বহলাই আলোচনা কৰা হ’ল—

(১) বিশ্বায়ন এক অর্থনৈতিক প্রক্রিয়া : বিশ্বায়ন মূলতঃ এক অর্থনৈতিক প্ৰক্ৰিয়া য’ত প্ৰতিখন ৰাষ্ট্ৰৰ ঘৰুৱা অর্থনীতিক সম্পূৰ্ণভাৱে মুক্ত কৰি দিয়া হয়। আৰু ইয়াৰ ফলশ্ৰুতিত উৎপাদন, বিতৰণ আৰু বিনিময় এই সকলো বিলাকেই বজাৰ অৰ্থনীতিৰ স্বাভাৱিক নীতি-নিয়মত পৰিণত হয়। এনেদৰে বিশ্বায়নে ৰাষ্ট্ৰ এখনৰ ঘৰুৱা অৰ্থনীতিক বিশ্ব অর্থনীতিৰ লগত একীভূত কৰাৰ পোষকতা কৰে। সেয়ে বিশ্বায়ন বুলিলে মূলতঃ অর্থনৈতিক কাৰ্যকলাপৰ বিশ্বায়ন বুলি অভিহিত কৰা হয়। অর্থাৎ ই হৈছে এক অৰ্থনৈতিক আন্দোলন যাৰ জৰিয়তে প্ৰতিখন ৰাষ্ট্ৰই আন্তঃৰাষ্ট্ৰীয় বজাৰত নিজা ব্যৱসায় বাণিজ্য মুক্তভাৱে চলাই যাব পাৰে।

(২) মুক্ত বাণিজ্য : বিশ্বায়নে ৰাষ্ট্ৰবিলাকৰ মাজত  মুক্ত বাণিজ্যিক সম্পৰ্কৰ পোষকতা কৰে। বিশ্বায়ন প্ৰক্ৰিয়াৰ দ্বাৰা মুক্ত বাণিজ্যৰ প্ৰসাৰ, বাণিজ্যিক বাধা আৰু মাচুলৰ বাধা নিষেধ দূৰ কৰা ৰাষ্ট্ৰসমূহক বাণিজ্যিক সুৰক্ষা প্ৰদান কৰা হয়। তাৰোপৰি প্ৰতিখন ৰাষ্ট্ৰকেই Most favoured Nations বা চমুকৈ MFNৰ মৰ্যাদা মঞ্জুৰ কৰা হয়, যাতে মাত্ৰাধিক নিয়ন্ত্ৰণৰ পৰা পৰিত্ৰাণ পোৱাত সহায়ক হয়।

(৩) উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ : বিশ্বায়নৰ প্ৰক্ৰিয়াটো উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ লগত অংগাংগীভাৱে মুক্ত হৈ আছে। উদাৰীকৰণে মুক্ত বাণিজ্য, ঘৰুৱা অর্থনীতি আৰু সম্পদৰ ওপৰত চৰকাৰী নিয়ন্ত্রণ হ্রাস, বৈদেশিক বিনিয়োগ আৰু বৈদেশিক ঋণ আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। উদাৰতাবাদে ৰাষ্ট্ৰ সীমাৰ ভিতৰত বা বাহিৰত যিকোনো উদ্যোগ বাণিজ্য প্রতিষ্ঠা তথা পৰিচালনা কৰাৰ স্বতন্ত্ৰতাৰ পোষকতা কৰে। আনহাতে ব্যক্তিগত কাৰণে ৰাষ্ট্ৰ এখনৰ ঘৰুৱা অৰ্থনীতিত বেচৰকাৰী খণ্ডৰ শ্বেয়াৰ বা অংশ বৃদ্ধি, বৈদেশিক কোম্পানীৰ আগমনক অনুমতি প্ৰদান কৰে। এনেদৰে ব্যক্তিগতকৰণৰ মাধ্যমত বিশ্বায়নে শিল্প প্রতিষ্ঠান আৰু উৎপাদনৰ সৈতে জড়িত প্রতিষ্ঠানসমূহক এক নিয়ন্ত্রণহীন পৰিৱেশৰ মাজলৈ অনাৰ প্ৰয়াস কৰে।

(৪) অর্থনৈতিক আন্তঃনির্ভৰশীলতা : বিশ্বায়নৰ পৰিণাম স্বৰূপে বিশ্বৰ ৰাষ্ট্ৰবোৰৰ অৰ্থ ব্যৱস্থা উন্মুক্ত হৈ পৰে ফলত বিভিন্ন ৰাষ্ট্ৰৰ মাজত অর্থনৈতিক ব্যৱস্থান মাজৰ সংহতিৰ এক পাৰস্পৰিক নিৰ্ভৰশীলতাৰ সূচনা হয়। বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰবিলাকৰ মাজৰ আৰ্থিক আন্তঃনিৰ্ভৰশীলতা আৰু একত্ৰীকৰণৰ এটাক আনটোৰ পৰিপূৰক বুলিব পাৰি ।

(৫) নতুন উপনিৱেশিকতাবাদৰ নতুন কৌশল বৃদ্ধি : বহু চিন্তাবিদে ক’ব বিচাৰে যে বিশ্বায়নক উপনিবেশিকতাবাদৰ এক নতুন কৌশলৰ বাহিৰে আন একো নহয়। বিশ্বায়নৰ বোজা পৃথিৱীৰ উন্নত পুঁজিবাদী ৰাষ্ট্ৰসমূহে অন্যান্য অনুন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ ওপৰত জাপি দিয়া বুলি সমালোচনা কৰা হয়। উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ বজাৰ অধিগ্ৰহণ কৰি পুঁজি বিনিয়োগ কৰাই এই বিশ্বায়ন প্ৰক্ৰিয়াটোৰ মূল লক্ষ্য বুলি বহু চিন্তাবিদে মত প্রকাশ কৰিছে।

(৬) তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ সম্প্ৰসাৰণ : তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ সম্প্ৰসাৰণ তথা আৰু প্ৰযুক্তিগত বিপ্লৱে যোগাযোগ আৰু পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন কৰিছে। ইয়াৰ ফলত বিশ্বৰ এক প্ৰান্তৰ পৰা অন্য প্ৰান্তলৈ জনসাধাৰণে অতি কম সময়তে যোগাযোগ, যাতায়ত কৰিবলৈ সক্ষম হৈছে।

(৭) ভৌগোলিক ব্যৱধানৰ অস্বীকৃতি : বিশ্বায়নে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ মাজত থকা ভৌগোলিক পৰিসীমাৰ ব্যৱধানৰ নীতিত বিশ্বাস নকৰে। ই বিভিন্ন জাতীয় ৰাষ্ট্ৰবিলাকৰ ভৌগোলিক সীমাক আওকাণ কৰি নানান ৰাষ্ট্ৰৰ ভিন্নমুখী কাৰ্যকলাপৰ ওপৰত প্ৰভাৱ পেলোৱাৰ প্ৰচেষ্টা চলায়।

7. Critically analyse India as a welfare state.

Ans: প্রথম আৰু দ্বিতীয় মহাযুদ্ধৰ পিছত জনকল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাই এক স্পষ্ট ৰূপ ধাৰণ কৰাৰ লগতে পৃথিৱীৰ বিভিন্ন দেশত অধিক জনপ্রিয়তা লাভ কৰে। ভাৰতবৰ্ষৰ সংবিধান প্রণেতাসকলে এই ভাবধাৰাৰে প্রভাৱান্বিত হৈ ভাৰতবৰ্ষত জনকল্যাণকামী ৰাষ্ট্র গঠন কৰাৰ উদ্দেশ্য সংবিধানৰ মাধ্যমেৰে বহুতো ব্যৱস্থা হাতত লয়। ভাৰতবৰ্ষত জনকল্যাণকামী ৰাষ্ট্ৰ গঠনৰ উদ্দেশ্যে তেওঁলোকে সংবিধানত জনকল্যাণকামী ৰাষ্ট্ৰৰ নানা ধৰণৰ আদৰ্শ অন্তর্ভুক্ত কৰে।

প্রস্তাৱনাতে ভাৰতবৰ্ষক এখন সমাজবাদী ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দি ভাৰতবৰ্ষত জনকল্যাণকামী ৰাষ্ট্ৰ গঠনৰ বুনিয়াদ ৰচনা কৰে। ইয়াৰ উপৰি ৰাষ্ট্ৰৰ নিৰ্দেশনাত্মক নীতি আৰু মৌলিক অধিকাৰৰ জৰিয়তেও জনকল্যাণকামী ৰাষ্ট্ৰৰ মূল আদর্শসমূহ সংবিধানত সন্নিৱিষ্ট কৰা হৈছে। সংবিধানৰ প্ৰস্তাৱনাত ভাৰতবৰ্ষক এখন সমাজবাদী ৰাষ্ট্ৰ হিচাপে আখ্যা দিয়া হৈছে। পুঁজিবাদী সমাজত ধনীয়ে দুখীয়াৰ ওপৰত চলোৱা শোষণৰ অন্যায় ব্যৱস্থাৰ প্ৰতিবাদ হিচাপেই ভাৰতবৰ্ষত সমাজবাদ প্ৰতিষ্ঠাৰ পৰিকল্পনা হাতত লোৱা হৈছে। ভাৰতবৰ্ষত সমাজবাদ প্রতিষ্ঠাৰ মূল উদ্দেশ্য হৈছে অর্থনৈতিক বৈষম্য দূৰ কৰা। 

অর্থনৈতিক অসমতা দূৰীকৰণৰ উদ্দেশ্যে বৃহৎ উদ্যোগ, বেংক জাতীয়কৰণ, অর্থনৈতিক পৰিকল্পনাৰ আঁচনি গ্রহণ, জমিদাৰী প্রথা বিলোপ আদি জনকল্যাণকামী ৰাষ্ট্ৰৰ আদৰ্শসমূহ বাস্তৱত ৰূপায়িত কৰা হৈছে। প্ৰস্তাৱনাত সামাজিক ন্যায়ৰ কথা উল্লেখ কৰিও জনকল্যাণকামী ৰাষ্ট্ৰৰ এটা মুখ্য দায়িত্ব পালন কৰাৰ প্ৰয়াস কৰা হৈছে। ন্যায় বিচাৰ, স্বাধীনতা, সমতা আদি মহান আদর্শসমূহ প্রস্তাবনাত উল্লেখ কৰি ভাৰতবৰ্ষক জনকল্যাণকামী ৰাষ্ট্ৰ হিচাপে বাস্তৱ ৰূপত গঢ়ি তোলাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে।

সেইদৰে নাগৰিকৰ মৌলিক অধিকাৰৰ লগত আমাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, সাংস্কৃতিক আৰু শিক্ষামূলক অধিকাৰ আৰু চৰকাৰী কামৰ অধিকাৰ আদি বিভিন্ন। মৌলিক অধিকাৰ প্ৰদান কৰি জনকল্যাণকামী ৰাষ্ট্ৰ গঠনৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। 

গতিকে দেখা যায় যে সংবিধানৰ জৰিয়তে সংবিধান প্ৰণেতাসকলে ভাৰতবৰ্ষত এখন জনকল্যাণকামী ৰাষ্ট্ৰ গঢ়ি তুলিবলৈ সংবিধানত জনকল্যাণকামী ৰাষ্ট্ৰৰ মূল আদর্শসমূহ সন্নিৱিষ্ট কৰিছে। কিন্তু সংবিধানৰ পাতৰ পৰা আমি ভাৰতবৰ্ষ এখন জনকল্যাণকামী ৰাষ্ট্ৰ হয়নে নহয় তাৰ এটা সঠিক উত্তৰ দাঙি ধৰাটো যুক্তিসংগত নহ’ব। সংবিধানৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰি আমি ভাৰতবৰ্ষক এখন জনকল্যাণকামী ৰাষ্ট্ৰ বুলি ক’ব পাৰো।

কিন্তু বাস্তৱ ৰূপত আমি দেখিম যে ভাৰত স্বাধীন হোৱাৰ আজি ৪০ বছৰ পাৰ হৈ যোৱাৰ পিছতো জনকল্যাণকামী ৰাষ্ট্ৰৰ মূল আদর্শসমূহ বাস্তৱ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ৰূপায়িত নহ’ল। ভাৰতৰ জনসাধাৰণৰ শিক্ষিতৰ হাৰ আজিও উন্নত নহ’ল। নাগৰিকৰ জনমূৰি আয় সীমিত হৈয়ে থাকিল। ভাষা, কলা-কৃষ্টি বিকাশৰ নামত সংঘৰ্ষই দেখা দিলে। দৰিদ্ৰতা দূৰীকৰণ এটা শ্ল’গান হৈয়ে ৰ’ল। খেতিয়কৰ আৰ্থিক অৱস্থা শোচনীয় হৈয়ে থাকিল। শিক্ষা ব্যৱস্থা বৃত্তিমূলক নহ’ল। শ্রমিক-বনুৱাৰ উন্নতি নঘটিল। গাঁৱলীয়া অঞ্চলত বাস কৰা ভাৰতৰ সংখ্যাগৰিষ্ঠ জনতাৰ জীৱনৰ মানদণ্ডৰ উন্নতি নহ’ল। সামাজিক সমতা আৰু ন্যায় প্রতিষ্ঠা নহ’ল। ইয়াৰ বিনিময়ত পুঁজিপতিসকলৰ বৃহৎ উদ্যোগ আৰু অট্টালিকাস্বৰূপ বাসগৃহই দেখা দিলে। পঞ্চবার্ষিক পৰিকল্পনা আৰু বাজেটৰ কোটি কোটি টকা জনকল্যাণকামী ৰাষ্ট্ৰ গঠনত হাৰ মানিলে। চৰকাৰৰ আইন, নীতি, সিদ্ধান্ত আইন নীতি সিদ্ধান্ত হৈয়ে ৰ’ল। পঞ্চবার্ষিক পৰিকল্পনাৰ ৰং-বিৰঙৰ আঁচনিৰ টোপোলাই গাঁওলীয়া কৃষক আৰু দুখীয়া শ্ৰেণীৰ দৰিদ্ৰতাৰ লগত যুঁজি হাৰ মানিলে । গতিকে বাস্তৱ ক্ষেত্ৰত ভাৰতবৰ্ষক জনকল্যাণকামী ৰাষ্ট্ৰ বুলি ঘপহকৈ কৈ দিবলৈ সন্দেহ হয়।

8. What are the cause of globalization.

Ans: বিশ্বায়নৰ ধাৰাটো উদ্ভৱ হোৱাৰ কাৰক সমূহ তলত বহলাই আলোচনা কৰা হ’ল―

(১) ছোভিয়েট ইউনিয়নৰ পতন আৰু পূৱ ইউৰোপত সাম্যবাদৰ অৱসান : ছোভিয়েট ইউনিয়নৰ পতনে বিশ্ববাসীক এটা কথাই বুজাইছিল যে সমাজবাদ আৰু সাম্যবাদৰ তুলনাত পশ্চিমীয়া পুঁজিবাদ আৰু উদাৰতাবাদ শ্রেষ্ঠ আৰু ইয়াৰ লগে লগে পৰিগণিত হৈছিল বিশ্বৰ আন ৰাষ্ট্ৰবিলাকে আমেৰিকাৰ মুক্ত বজাৰ অনুসৰণ কৰাৰ লগে লগে বিশ্বায়নৰ পথ প্রশস্ত হৈ পৰে, পূর্ব ইউৰোপৰ সাম্যবাদী শাসনৰ অবনতিৰ লগে লগে এই ৰাষ্ট্ৰবিলাকে নিজৰ ঘৰুৱা অর্থনীতিক গোলকীয় অর্থনীতিৰ লগত একীভূত কৰি লোৱাৰ লগে লগে বিশ্বায়নৰ উদ্ভৱ হোৱাৰ ক্ষেত্ৰ সাম্যবাদী শাসনৰ অৱনতিয়ে অনুঘটক হিচাপে ক্রিয়া কৰে।

(২) উদাৰীকৰণ নীতি : বিশ্বৰ ৰাষ্ট্ৰবিলাকে গ্ৰহণ কৰা উদাৰীকৰণ নীতিয়ে আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিৰ আদান-প্ৰদানৰ ক্ষেত্ৰত বাধা নিষেধসমূহ দূৰ কৰিছিল আৰু ইয়াৰ জৰিয়তে বিশ্বায়নৰ বিকাশৰ পথ প্ৰশস্ত হৈ পৰিছিল। বিশ্বায়নৰ প্ৰক্ৰিয়াটোৱে সাধাৰণতে ৰাষ্ট্ৰবিলাকৰ ঔদ্যোগিক আৰু অন্যান্য সেৱা খণ্ডসমূহৰ বিভিন্ন কার্যকলাপ সমূহৰ লগত জড়িত চৰকাৰী বিধি বিধানসমূহৰ শিথিলতাৰ কথা সূচায়। এই উদাৰীকৰণেই হৈছে একমাত্র চাবিকাঠি স্বৰূপ যাৰ সহায়ত তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহে গোলকীয় অর্থনীতিৰ পথত অগ্ৰসৰ হওঁতে বিশ্বায়নৰ প্ৰক্ৰিয়াটোৰ লগত একীভূত হৈ পৰিছে। এই উদাৰীকৰণে উৎপাদনৰ সুবিধাসমূহৰ একত্ৰীকৰণৰ লগতে বিভিন্ন ৰাষ্ট্ৰীয় বজাৰ বিলাকৰ একত্ৰীকৰণৰ ক্ষেত্ৰতো সুবিধা প্ৰদান কৰে। 

(৩) প্রযুক্তিগত উন্নতি : পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত হোৱা বিপ্লৱে সমগ্ৰ পৃথিৱীখনকে এখন গোলকীয় গাঁৱলৈ পৰিণত কৰি তুলিছে, যাৰ ফলত বিভিন্ন ৰাষ্ট্ৰৰ মাজত মূলধন, দ্রব্য সামগ্রী, মনৰ ভাৱনা আৰু জনসাধাৰণৰ পাৰস্পৰিক আদান-প্রদান ক্ষীপ্র গতিত সম্ভৱ হৈ উঠিছে। যোৱ দুই তিনিটা দশকজুৰি কাৰিকৰী আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত নাটকীয় পৰিৱৰ্তন সংঘটিত হৈছে। এইক্ষেত্ৰত আমি নিম্নোক্ত কাৰকসমূহ উল্লেখ কৰিব পাৰে ৷ — সহজলভ্য টেলিফোনক সেৱা, ই-মেইলৰ সুবিধা, পৰিকলন তীব্রএবগী আকাশীযান আৰু বৃহৎ জাহাজ এই সকলোবিলাকে ৰাষ্ট্ৰবিলাকৰ মাজত দ্রব্য সামগ্ৰী আৰু জনসাধাৰণৰ আদান-প্ৰদানৰ ক্ষেত্ৰত সকলোধৰণৰ বাধা নিষেধ সমূহৰ ক্ষেত্ৰত শিথিলতা আনি দিছে। অর্থনৈতিক ক্ষেত্র ধনত চালে দেখা যায় যে পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত প্রযুক্তিগত অগ্রগতিয়ে অতি ৰাষ্ট্ৰীয় ব্যৱসায়িক নিগমসমূহক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উৎপাদনৰ লগতে বজাৰকেন্দ্ৰিক কৌশল সমূহ উদ্ভাৱন কৰাৰ ক্ষেত্ৰত অধিক উৎসাহিত কৰি তুলিছে। 

বর্তমান সময়ত বিশ্বৰ আধাতকৈও বেছি সংখ্যক দ্রব্য সামগ্রী আৰু সেৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰূপায়িত পৰিকল্পনা, আৰ্হি উৎপাদন আৰু বিক্ৰীৰ কৌশলৰ ভিত্তিত উৎপাদিত হয়। এয়েই নহয় আনকি যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰতো অতি ৰাষ্ট্ৰীয় গণমাধ্যম নিগমসমূহেও ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰত সচেতনতা গঢ়ি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বহুলভাৱে ক’ব পাৰি যে, যোগাযোগ ব্যৱস্থাৰ বৈপ্লৱিক পৰিৱৰ্তনে বিশ্বৰ নানা ৰাষ্ট্ৰবিলাকৰ অৰ্থনীতিক একত্ৰীকৰণৰ ক্ষেত্ৰত সূচলতা আনি দিছে।  

(৪) আন্তঃৰাষ্ট্ৰীয় সংগঠন বিলাকৰ ভূমিকা: বিশ্বায়নৰ বিকাশৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগঠনবিলাকৰ ভূমিকা লেখত ল’বলগীয়া বিশ্ব বাণিজ্য সংস্থা, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি, বিশ্ব বেংক আদিকে ধৰি ৰাষ্ট্ৰ সংঘৰ অন্যান্য সংস্থাবিলাক যেনে আন্তঃৰাষ্ট্ৰীয় বনুৱা সংস্থা, ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু বিকাশৰ পৰিষদ বা চমুকৈ UNCTAD আদি বিলাকে এনে এক আন্তঃৰাষ্ট্ৰীয় বাতাবৰণৰ সৃষ্টি কৰিছে যি বিশ্বায়নৰ প্ৰক্ৰিয়াটো উদ্ভাৱন হোৱাত অৱদান যোগাইছে। দ্বিতীয় মহাসাগৰ পৰৱৰ্তী সময়ৰ ব্রেটন উড্‌চ অনুষ্ঠান বিলাক যুক্ত যি অর্থনৈতিক শৃংখলা বৰ্তি আছিল তাৰ উদ্দেশ্য আছিল অর্থনৈতিক জাতীয়তাবাদৰ সম্প্ৰসাৰণ ৰোধ কৰি অৰ্থনৈতিক উদাৰীকৰণতাক উন্নীত কৰা যিয়েই অৰ্থনৈতিক বিশ্বায়নৰ বাবে যাৱতীয় আনুষ্ঠানিক ব্যৱস্থাপনাৰ যোগান ধৰিছিল এই প্ৰসংগতে উল্লেখ কৰা সমীচিন হ’ব যে দ্বিতীয় মহাসাগৰৰ অন্ত হোৱাৰ আগে আগে ১৯৪৪ চনত আমেৰিকাৰ ব্রেটন উড্‌চ নামৰ ঠাইত তথাকথিত মিত্ৰ শক্তিৰ চৰকাৰ সমূহে একত্ৰিত হৈ দুটা সংস্থাৰ সৃষ্টি কৰিছিল— 

(১) আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি। আৰু 

(২) পুনঃনিৰ্মাণ আৰু উন্নয়নৰ বাবে আন্তঃৰাষ্ট্ৰীয় বেংক। 

উল্লেখযোগ্য যে দ্বিতীয়টো সংস্থাক পৰৱৰ্তী সময়ত বিশ্ব বেংক নামেৰে নামাকৰণ কৰা হয়। পৰৱৰ্তী সময়ত বাণিজ্যিক আৰু ব্যৱসায়িক চুক্তি বা চমুকৈ GATTইয়াৰ অন্তৰ্ভুক্ত হয়। উল্লেখযোগ্য যে এই সংস্থাকেইটাক একেলগে ব্রেটন উড্‌চ অনুষ্ঠান বুলি অভিহিত কৰা হয়। তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাক যি ঋণৰ সংকটৰ সমস্যাৰ সন্মুখীন হৈছিল সেই সমস্যাই আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু বিশ্ব বেংকক সেই ৰাষ্ট্ৰবিলাকৰ ওপৰত অৰ্থনৈতিক উদাৰীকৰণৰ ধাৰা জাপি দিয়াৰ সুযোগ প্ৰদান কৰিছিল। 

(৫) মনস্তাত্ত্বিক একত্রীকৰণ : মনস্তাত্ত্বিক একত্ৰীকৰণো বিশ্বায়ন উদ্ভৱ হোৱাৰ আন আন এক প্রধান কাৰণ। বিশ্বায়ন যে কেৱল পর্যাপ্ত যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণৰ ফলশ্রুতি নে নহয়। ইয়াৰ উদ্ভৱ হোৱাৰ মূলতে হৈছে যে বিশ্বৰ বিভিন্ন অঞ্চলৰ জনসাধাৰণে আন আন অঞ্চলৰ জনসাধাৰণৰ লগত একত্ৰীকৰণৰ বিষয়ে অনুভৱ কৰিছে আৰু ইয়াক স্বীকাৰ কৰিছে। বৰ্তমান সময়ত দেখা যায় যে বিশ্বৰ কোনো এক প্রান্তত সংঘটিত হোৱা ঘটনাই তাৎক্ষণিকভাৱে আন আন অঞ্চল প্রভাৱিত কৰে। একেদৰে যেতিয়া কোনো এখন ৰাষ্ট্ৰত গুৰুত্বপূৰ্ণ অর্থনৈতিক ঘটনা সংঘটিত হয় তাৰ প্রভাৱ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুভৱ কৰা হয়। অতি ৰাষ্ট্ৰীয় গণমাধ্যম নিগমসমূহে বিশ্বায়ন সম্বন্ধীয় সচেতনথা জনসাধাৰণৰ মাজত বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে আৰু এনেদৰে বিশ্বৰ জনগণৰ মাজত মনস্তাত্বিক একত্ৰীকৰণৰ পথ প্রশস্ত কৰি তুলিছে।

9. How globalization affect the state sovereignty.. Discuss.

Ans: জাতীয় ৰাষ্ট্ৰবিলাকৰ সাৰ্বভৌমত্বৰ ওপৰত বিশ্বায়নে বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। এই প্ৰভাৱ সম্পৰ্কে আলোচনা কৰাৰ পূর্বে সার্বভৌমত্ব সম্পর্কে থুলমূল আভাস দিয়াতো প্রয়োজনীয় সাৰ্বভৌমত্বৰ ইংৰাজী পৰিষদ লেটিন ভাষাৰ “Superman’s” শব্দৰ পৰা আহিছে যাৰ অর্থ হৈছে সর্বোচ্চ ক্ষমতা। ৰাষ্ট্ৰৰ হাতত এই সর্বোচ্চ ক্ষমতা ব্যস্ত হৈ থাকে বাবে ৰাষ্ট্ৰ সাৰ্বভৌমত্বৰ গৰাকী স্বৰূপ হৈ পৰে। ই ৰাষ্ট্ৰৰ গৌৰৱৰ বাবে এক অপৰিহাৰ্য উপাদান। সার্বভৌমত্ব হৈছে এখন ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতাৰ জৰিয়তে ৰাষ্ট্ৰখনে ইয়াৰ সকলো জনসাধাৰণ, ব্যক্তি বা অনুষ্ঠানৰ পৰা স্বাভাৱিক আনুগত্য লাভ কৰিবলৈ সক্ষম হয়। ৰাষ্ট্ৰৰ এনে আদেশ বা কর্তৃত্বক কোনো ব্যক্তি বা অনুষ্ঠান-প্রতিষ্ঠানে উলংঘন কৰে তেন্তে তেনে ব্যক্তি বা অনুষ্ঠান প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাষ্ট্ৰখনে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পৰা অধিকাৰ থাকে। 

ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ এই দিশটোক আভ্যন্তৰীণ সার্বভৌমত্ব বোলা হয়। সাৰ্বভৌমত্বৰ এই আভ্যন্তৰীণ দিশটোৰ লগতে এটা বাহ্যিক দিশ জড়িত হৈ আছে যাক কোৱা হয় বাহ্যিক সার্বভৌমত্ব ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ বাহ্যিক দিশটোৰ অর্থ হৈছে যে প্ৰতিখন ৰাষ্ট্ৰই সর্বোচ্চ ক্ষমতাৰ গৰাকী আৰু প্ৰত্যেকেই নিজৰ ভাগ্য নিজে নিয়ন্ত্ৰণ কৰিব পাৰে আৰু ৰাষ্ট্ৰৰ এই সৰ্বোচ্চ শক্তিৰ ওপৰত আন কোনো ৰাষ্ট্ৰ বা আন্তঃৰাষ্ট্ৰীয় সংগঠনে কর্তৃত্ব তথা শ্রেষ্ঠত্বৰ দাবী কৰিব নোৱাৰে। এনেদৰে ৰাষ্ট্ৰৰ আভ্যন্তৰীণ আৰু বাহ্যিক সাৰ্বভৌমত্বৰ জৰিয়তে ই ব্যক্তি, গোট আৰু আন সংগঠনবিলাকৰ ওপৰত অপ্ৰতিৰোধ ক্ষমতা প্ৰয়োগৰ জৰিয়তে অসীম ক্ষমতাৰ গৰাকী হৈ পৰে।

বিশ্বায়নৰ প্ৰভাৱৰ ফলত ৰাষ্ট্ৰীয় সার্বভৌমত্ব সংকুচিত হোৱাৰ ক্ষেত্ৰত কিছুমান কাৰকে প্রভাৱিত কৰিছে। এই কাৰকসমূহ তলত আলোচনা কৰা হ’ল।

(১) বিশ্বায়ন আৰু আঞ্চলিকতাবাদ : বিশ্বায়নে ৰাষ্ট্ৰবিলাকৰ মাজৰ আঞ্চলিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত অৰিহণা যোগাইছে। এই আঞ্চলিক সহযোগিতাৰ ফলত আঞ্চলিক ভিত্তিত ৰাষ্ট্ৰবিলাকৰ মাজত কেতবোৰ আঞ্চলিক সংগঠন যেনে SAARC, ASEAN আৰু EU আদিৰ জন্ম হৈছে। এই আঞ্চলিক সংগঠনবোৰে ইয়াৰ সদস্য ৰাষ্ট্ৰবিলাকৰ মাজত নীতি, আঁচনি আদি নিৰ্ধাৰণ আৰু ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সমন্বয় সাধনৰ চেষ্টা কৰে। ইয়াৰ ফলত এই সদস্য ৰাষ্ট্ৰবিলাক এক উর্ধ্বতন কর্তৃপক্ষৰ ওপৰত কাৰ্য পৰিচালনাৰ দায়িত্ব অর্পণ কৰে। ফলত সংশ্লিষ্ট ৰাষ্ট্ৰবিলাকৰ সার্বভৌম ক্ষমতা সংকুচিত হোৱা পৰিলক্ষিত হয়।

(২) ৰাষ্ট্ৰীয় নায়কসকলৰ আবির্ভাৱ : গোলকীয় পৰিচালনা ব্যৱস্থা ই ৰাষ্ট্ৰবিলাকৰ সাৰ্বভৌমত্বক সংকুচিত কৰাত অৰিহণা যোগাইছে। সাম্প্রতিক সময়ত সমষ্টিগত অৰ্থনীতিৰ নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি সংঘাত ব্যৱস্থাপনা, মানৱ অধিকাৰ আৰু পৰিৱেশীয় সুৰক্ষাৰ বাবে আন্দোলন আদিৰ দৰে বহলভাৱে চৰ্চিত বিষয়বিলাকৰ ক্ষেত্ৰত ৰাষ্ট্ৰযন্ত্ৰৰ তুলনাত সন্মিলিত ৰাষ্ট্ৰসংঘ, আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি বিশ্ব বাণিজ্য সংস্থা আৰু বিশ্ব বেংক আদিৰ দৰে অতি ৰাষ্ট্ৰীয় সংস্থাবিলাকে শক্তিশালী ভূমিকাত হ’বলৈ সক্ষম হৈছে, অনা চৰকাৰী সংগঠনসমূহ আৰু আন্তঃৰাষ্ট্ৰীয় অনা চৰকাৰী সংগঠন এই সকলোবিলাক ৰাষ্ট্ৰৰ সাৰ্বভৌম শক্তিক প্ৰভাৱিত কৰিছে ৷ 

(৩) অতি জাতীয় নিগমবিলাকৰ কাৰ্য, পদ্ধতি : বিশ্বায়নে অতি ৰাষ্ট্ৰীয় নিগমবিলাকৰ সংখ্যা দিনক দিনে বৃদ্ধি কৰাত ইন্ধন যোগাইছে। এই বহু জাতিক নিগমসমূহৰ কাৰ্যপদ্ধতি ৰাষ্ট্ৰীয় প্রতিষ্ঠানসমূহৰ পৰা বহু পৰিমাণে পৃথক। বিশ্বত এনে বহু ঔদ্যোগিক বহু জাতীয় প্রতিষ্ঠান আছে যিবিলাকে বার্ষিক দহ বিলিয়ন ডলাৰতকৈও অধিক বার্ষিক আয় আৰ্জন কৰিবলৈ সক্ষম হয়। IBM, GE, Microsoft, Walmart আদিৰ নিচিনা এনে ভালেসংখ্যক বহু ৰাষ্ট্ৰীয় নিগম আছে যিবিলাকে বিশ্বৰ বহু সার্বভৌম ৰাষ্ট্ৰৰ তুলনাত অধিক সবল ভূমিকাৰে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নিজৰ স্থিতি প্রতিপন্ন কৰিবলৈ সক্ষম হৈছে।

(৪) আন্তঃৰাষ্ট্ৰীয় সামাজিক আন্দোলনবিলাকৰ প্রভাৱ : ৰাষ্ট্ৰবিলাকৰ সাৰ্বভৌমত্বৰ ওপৰত সাম্প্ৰতিক সময়ত বিশ্বজুৰি গা কৰি উঠা গোলকীয় সামাজিক আন্দোলন বিলাকেও বিৰূপ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। বিভিন্ন ধৰণৰ আৰ্থ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু পাৰিপাৰ্শ্বিক বিষয় তথা সমস্যাসমূহক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এই সমাজতাত্বিক আন্দোলনবিলাকে বিশ্বায়নৰ সুফল সমূহৰ সোৱাদ গ্ৰহণ কৰাইও ৰাষ্ট্ৰীয় সার্বভৌমত্বৰ কৰ্তৃত্বক বহু পৰিমাণে সংকুচিত কৰিছে। উল্লেখযোগ্য যে এই সামাজিক আন্দোলনবিলাকে কিছু পৰিমাণে হ’লেও ৰাষ্ট্ৰবিলাকৰ সামাজিক কল্যাণমূলক নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।

(৫) আণবিক অস্ত্ৰৰ প্ৰসাৰ : আণৱিক অস্ত্ৰ-শস্ত্ৰৰ ব্যাপক সম্প্ৰসাৰণে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সামগ্রিক ধাৰণাটোৰেই পৰিৱৰ্তন সাধন কৰিছে। ৰাষ্ট্ৰবিলাক অদূৰ ভৱিষ্যতৰ দিনবিলাকত অদমনীয় নহয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সাম্প্ৰতিক আৱিষ্কাৰসমূহ যেনে সুদূৰ প্ৰসাৰী তীব্ৰবেগী মিছাইলসমূহ আন্তঃমহাদেশীয় ক্ষেপণাস্ত্র চমুকৈ ICBM হ্ৰস্ব প্ৰসাৰী ক্ষেপণাস্ত্ৰ বা চমুকৈ SRBM, MIRVs আৰু অন্যান্য গণবিধ্বংসী অত্যাধুনিক অস্ত্র-শস্ত্র সমূহৰ আৱিষ্কাৰে সম্পূৰ্ণৰূপে ভৌগোলিক পৰিসীমাৰ ধাৰণাতো অপ্রাসংগিক কৰি তুলিছে।

(৬) আন্তঃৰাষ্ট্ৰীয় পৰিক্ষেত্ৰ বিলাকৰ প্ৰসাৰ : বিভিন্ন আন্তঃৰাষ্ট্ৰীয় শাসন পৰিক্ষেত্ৰ সমূহ যেনে— নিৰাপত্তামূলক, পৰিৱেশীয়, যোগাযোগৰ আৰু অৰ্থনৈতিক পৰিক্ষেত্ৰ আদিয়ে বিশ্বায়নৰ প্ৰক্ৰিয়াতো ক্ষীপ্ৰতৰ কৰি তুলিছে। এনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় শাসন পৰিক্ষেত্র বিলাকে ৰাষ্ট্ৰীয় সার্বভৌমত্বৰ ধাৰণাতো সংকুচিত কৰি তুলিছে।

(৭) সন্ত্রাসবাদী সংগঠনবিলাকৰ উদ্ভৱ : বিশ্বায়নে সন্ত্ৰাসবাদক আন্তঃৰাষ্ট্ৰীয় চৰিত্ৰ আহৰণ কৰাত সহায় কৰিছে। এই বিশ্ব সন্ত্ৰাসবাদ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত অধ্যয়নৰ অন্যতম গুৰুত্বপূৰ্ণ বিষয় হিচাপে প্ৰাধান্যতা লাভ কৰিছে। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ২০০১ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে বিশ্ব বাণিজ্যকেন্দ্ৰত ওচামা বিন লাডেনৰ নেতৃত্বৰ সন্ত্ৰাসবাদী সংগঠন অল কায়দাই চলোৱা কূটাঘাতমূলক কার্যকলাপৰ লগে লগে সন্ত্রাসবাদ আন্তঃৰাষ্ট্ৰীয় চৰিত্ৰ লাভ কৰে। এই বিশ্ব সন্ত্রাসবাদ সাম্প্রতিক বিশ্ব সমাজৰ বাবে ভয়ানক প্ৰত্যাহ্বান স্বৰূপ আৰু সেয়েহে ৰাষ্ট্ৰবিলাকে ভৌগোলিক পৰিধি অতিক্ৰম কৰি আন্তঃৰাষ্ট্ৰীয়ভাৱে ইয়াক ৰোধ কৰাৰ বাবে প্ৰচেষ্টা চলাইছে। 

10. Discuss about positive and negative impact of globalization.

Ans: বর্তমান যুগত বিশ্বায়ন এক বাস্তৱ সত্য। ইয়াক অস্বীকাৰ কৰা কোনোপধ্যেই সম্ভৱ নহয়। পৃথিৱীৰ সকলো ৰাষ্ট্ৰৰ ক্ষেত্ৰতেই বিশেষকৈ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰত বিশ্বায়নৰ প্ৰভাৱ অনস্বীকার্য। অৱশ্যে এই প্ৰভাৱ যে অকল সকাৰাত্মক এনে নহয়। বিশ্বায়নৰ সকাৰাত্মক আৰু নকাৰাত্মক এই দুই ধৰণৰ প্ৰভাৱ পৰিলক্ষিত হয়।

বিশ্বায়নৰ সকাৰাত্মক প্ৰভাৱ : সামগ্ৰিকভাৱে বিশ্বায়নৰ সকাৰাত্মক প্ৰভাৱ সম্পর্কে নিম্নোক্ত যুক্তিসমূহ অৱতাৰণা কৰিব পাৰি—

(১) উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বাবে লাভজনক : বিশ্বায়নে বহু উন্নয়নশীল ৰাষ্ট্ৰৰ দৰিদ্ৰতা নিৰ্মূল কৰি ৰাষ্ট্ৰবিলাকৰ ঘৰুৱা অৰ্থনীতিৰ সবলীকৰণৰ ক্ষেত্ৰত অৱদান যোগাইছে। দুখীয়া ৰাষ্ট্ৰবিলাকৰ অৰ্থনীতি লগত উন্নত ৰাষ্ট্ৰবোৰ অৰ্থনীতিৰ একীভূতকৰণে দুখীয়া ৰাষ্ট্ৰবিলাকক জনগণৰ জীৱন নিৰ্বাহৰ মানদণ্ড উন্নীত কৰাৰ সুযোগ প্রদান কৰিছে। চীন, ভাৰতবৰ্ষ, মেক্সিকো আৰু হাংগেৰী আদি বহুবিলাক ৰাষ্ট্ৰই যাতে নিজা নিজা জনমূৰি আয় বৃদ্ধি কৰিব পাৰে তাৰ বাবে বিশ্ব বজাৰৰ পৰা যাৱতীয় সুবিধা লাভ কৰিব পৰাকৈ বিশ্ব বজাৰৰ নীতি নিৰ্দেশনাৰ লগত সামঞ্জস্য ৰাখি ৰাষ্ট্ৰীয় নীতি, আঁচনি আৰু সংগঠন আদি প্ৰস্তুত কৰি লৈছে।

(২) বৈদেশিক মূলধনৰ সোঁত : বিশ্বৰ উন্নত ৰাষ্ট্ৰবিলাকৰ পৰা অনুন্নত ৰাষ্ট্ৰবিলাকলৈ বৈদেশিক প্রত্যক্ষ বিনিয়োগৰ ৰূপত বৈদেশিক মূলধনৰ নিয়মিত যোগানক উৎসাহিত কৰে। মূলধনৰ বিনিয়োগৰ ফলস্বৰূপে উন্নত ৰাষ্ট্ৰবিলাকে লাভান্বিত হোৱাৰ সমান্তৰালভাৱে অনুন্নত ৰাষ্ট্ৰবিলাকৰ ক্ষেত্ৰত উৎপাদনমুখী কার্যকলাপত বিনিয়োগৰ পৰিমাণ বৃদ্ধি পায়। ইয়াৰ ফলত উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ উৎপাদনৰ মাত্ৰা ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হয় যি ৰাষ্ট্ৰখনৰ জনমুৰি আয়ৰ বৃদ্ধিৰ ক্ষেত্ৰতো সহায় কৰে।

(৩)  জ্ঞানৰ সম্প্ৰসাৰণ : বিশ্বায়নতে উন্নয়নশীল ৰাষ্ট্ৰবিলাকে বর্ধিত জ্ঞানৰ জৰিয়তে অধিক প্ৰগতিৰ পথত আগবাঢ়ি যোৱাৰ বাবে এক নতুন সক্ষমতা প্ৰদান কৰিছে। এই জ্ঞানৰ বিস্ফোৰণে কাৰিকৰী আৰু প্ৰযুক্তিগত পৰিৱৰ্তনৰ ক্ষেত্ৰত আন্তঃক্ৰিয়া আৰু প্ৰতিযোগিতাৰ প্ৰকৃতিৰ পৰিৱৰ্তন কৰি উৎপাদনী দক্ষতা বৃদ্ধিত অৰিহণা যোগাইছে।

(৪) উপভোক্তাসকলৰ বাবে উপভোগ্য : বিশ্বায়নে উপভোক্তাসকলক উপভোগৰ বাবে বিভিন্ন ধৰণৰ দ্রব্য সামগ্ৰীৰ যোগান সহজলভ্য কৰি তুলিছে জনগণৰ জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত কৰিব পৰাকৈ উন্নত মানদণ্ডৰ দ্ৰব্য সামগ্ৰীৰ অতি ন্যূনতম দৰত প্ৰাচুৰ্যতা সহজ হৈ পৰিছে। তাৰোপৰি ৰাষ্ট্ৰ ভৌগোলিক সীমাৰেখাৰ বাহিৰৰ পৰা দ্রব্য সামগ্ৰীৰ যুক্ত আদান-প্রদানে ইবিলাকৰ মূল্য অধিক প্রতিযোগিতামুখী কৰি তোলাৰ লগতে উপভোক্তাসকলক নিজৰ পছন্দ অনুসৰি বহু বিকল্পৰ মাজৰ পৰা বাছনি কৰি লোৱাৰ সুযোগ প্ৰদান কৰিছে।

(৫) বহু ৰাষ্ট্ৰীয় নিগমসমূহৰ অংশগ্রহণ : বিশ্বায়নৰ ফলত বহু ৰাষ্ট্ৰীয় নিগমসমূহৰ অংশগ্ৰহণেৰে উৎপাদন আৰু বিতৰণ ব্যৱস্থাৰ বৃদ্ধি তথা উন্নীত কৰাতো সম্ভৱপৰ হৈ উঠিছে। এই বহু জাতিক প্রতিষ্ঠানসমূহৰ দ্বাৰা প্ৰতিষ্ঠিত উদ্যোগ, কল-কাৰখানা সমূহত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে নতুন নতুন কর্মসংস্থাপনৰ বাট মুকলি হৈছে। এই বহু জাতিক প্রতিষ্ঠানসমূহে উৎপাদন ব্যৱস্থাত নতুন নতুন প্রযুক্তিবিদ্যাৰ প্ৰয়োগৰ সূচনা কৰিছে। ইয়াৰ উপৰিও গৱেষণা আৰু উন্নয়নমূলক কার্যসূচীতো এই MNC বিলাকে বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছে। 

বিশ্বায়নৰ নকৰাত্মক প্ৰভাৱ : অধ্যাপক জয়ন্তনুজ বন্দোপাধ্যায়ৰ মতে বিশ্বায়নৰ নকাৰাত্মক প্রভাৱ সম্পর্কে নিম্নোক্ত যুক্তিসমূহ উত্থাপন কৰিব পাৰি—

(১) ৰাষ্ট্ৰীয় সার্বভৌমত্বৰ ওপৰত কু-প্ৰভাৱ : বহু চিন্তাবিদে মত পোষণ কৰিছে যে, বিশ্বায়নে ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ ওপৰত অশুভ প্রভাৱ পেলায়। সাৰ্বভৌমত্বৰ একাত্মকবাদী তত্ত্বটিৰ সমর্থক সকলো ৰাষ্ট্ৰৰ সাৰ্বভৌম শক্তি অবিভাজ্য বুলি যুক্তি দর্শাইছিল। কিন্তু বিশ্বায়নৰ নীতিৰ পৰিপ্ৰেক্ষিতত সার্বভৌমত্বৰ এই দিশতো বেয়াকৈ প্ৰভাৱিত হৈছে। বিশ্বায়নৰ বাবে কোনো

ৰাষ্ট্ৰই নিৰংকুশ সার্বভৌমত্বত তাৰ দাবী কৰিব নোৱাৰে।

(২) পুঁজিবাদী অর্থনীতিৰ পুনৰুত্থান : বিশ্বায়নে পুঁজিবাদী অর্থনৈতিক গাঁঠনিৰ পুনৰুত্থানৰ জৰিয়তে জাতীয় ৰাষ্ট্ৰবিলাকৰ মাজত আৰু ৰাষ্ট্ৰ এখনৰ ভিতৰতো ধনী-দুখীয়াৰ ব্যৱধান বৃদ্ধি কৰাত অৰিহণা যোগাইছে। বিশ্বায়নৰ যি অর্থনৈতিক মুনাফা সেয়া ধনী ৰাষ্ট্ৰবিলাকেহে উপভোগ কৰিছে। দুখীয়া আৰু উন্নয়নশীল ৰাষ্ট্ৰবিলাকে বিশ্বায়নৰ অৰ্থনৈতিক সুফল লাভৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। বিশ্ববেংকেও এইক্ষেত্ৰত সহমত প্রকাশ কৰিছে যে, বিশ্বায়নে এফালে ধনী আৰু দুখীয়া ৰাষ্ট্ৰবিলাকৰ মাজত আৰু আনফালে জাতীয় সমাজৰ ভিতৰতে বিভিন্ন শ্ৰেণীৰ জনসাধাৰণৰ মাজত অর্থনৈতিক ব্যৱধানৰ মাত্ৰা বৃদ্ধি কৰিছে।

(৩) শোষণৰ আহিলা হিচাপে বিশ্বায়ন : বিশ্বায়ন প্ৰক্ৰিয়াৰ জৰিয়তে পৃথিৱীৰ উন্নত ধনী ৰাষ্ট্ৰবিলাকে অনুন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰবিলাকলৈ অর্থনৈতিক সাহায্য প্রদান কৰাৰ জৰিয়তে উন্নত ৰাষ্ট্ৰবিলাকে দুর্বল ৰাষ্ট্ৰবিলাকৰ ওপৰত নিজৰ ভেটি সবল ৰূপত প্ৰতিষ্ঠা কৰে আৰু উন্নয়নশীল ৰাষ্ট্ৰবিলাকক শোষণ কৰাৰ পথ প্রশস্ত কৰে। এনেদৰে বিশ্বায়নে অর্থনৈতিক দিশৰ পৰা বিভাজিত পৃথিৱীত “উদাৰনৈতিক ধনতন্ত্র”ৰ ঘোষণা কৰে। বিশ্বায়নৰ সৈতে যুক্ত উন্নত প্রযুক্তিগত কৌশলসমূহেৰে কেৱল ধনী ৰাষ্ট্ৰবিলাকহে উপকৃত হয়। বিশ্বৰ অনুন্নত দেশসমূহ ইয়াৰ পৰা কোনোধৰণে উপকৃত নহয় আৰু সেয়েহে এই ৰাষ্ট্ৰবিলাকৰ বাবে বিশ্বায়ন প্রক্রিয়া আশীর্বাদ নহয় বৰং অভিশাপ স্বৰূপহে।

(৪) গোলকীয় অস্ত্ৰ-শস্ত্ৰৰ বজাৰৰ সম্প্ৰসাৰণ : বিশ্বায়নৰ প্ৰক্ৰিয়াটোৱে গোলকীয় অস্ত্ৰ-শস্ত্ৰৰ বৃদ্ধি প্রতিযোগিতা উচটনি দিছে। এই ধৰণৰ অস্ত্ৰ-শস্ত্ৰ বৃদ্ধিৰ বাবে কৰা প্ৰতিযোগিতাই বহু উন্নয়নশীল ৰাষ্ট্ৰৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ্ক বিঘ্নিত কৰি তুলিছে।

(৫) আন্তঃৰাষ্ট্ৰীয় সংগঠনবিলাকৰ ওপৰত ধনী ৰাষ্ট্ৰবিলাকৰ আধিপত্য বিস্তাৰ : বিশ্বায়নৰ ফলত আন্তঃৰাষ্ট্ৰীয় সংগঠনবিলাকো বেয়াকৈ প্ৰভাৱিত হৈছে। বিশ্বায়নৰ ফলত আন্তঃৰাষ্ট্ৰীয় সংগঠনবিলাক আৰু ইবিলাকৰ কার্যপদ্ধতি সমূহৰ ওপৰত উন্নত ধনী ৰাষ্ট্ৰবিলাক (আমেৰিকা)ৰ আধিপত্য বিস্তাৰক পুনৰজ্জীৱিত কৰি তুলিছে। তুলনামূলকভাৱে উন্নত ধনী সদস্য ৰাষ্ট্ৰবিলাকে নিজা নিজা স্বাৰ্থ সুৰক্ষিত তথা পূৰণ কৰিবৰ কাৰণে এই আন্তঃৰাষ্ট্ৰীয় সংগঠনবিলাকে ব্যৱহাৰ কৰিব পাৰে। 

(৬) ৰাষ্ট্ৰৰ অৰ্থনৈতিক সার্বভৌমত্বৰ ওপৰত বিৰূপ প্রভাৱ পেলায় : বিশ্বায়নে উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ অৰ্থনৈতিক সাৰ্বভৌমত্বৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। বিশ্ব বাণিজ্য সংস্থাই ইয়াৰ সদস্য ৰাষ্ট্ৰই বেংকৰ বিধি বিধান উলংঘা কৰা কাৰ্যৰ বৈধতা বিচাৰ কৰি অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষমতা বাণিজ্যিক আৰু ব্যৱসায়িক চুক্তি বা চমুকৈ GATTৰ ওচৰত অৰ্পণ কৰিছে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ধনী ৰাষ্ট্ৰবিলাকৰ তুলনাত ক্ষুদ্র ক্ষুদ্ৰ আৰু দুখীয়া ৰাষ্ট্ৰবিলাকহে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা মাত্রাধিক।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top