Political Process of India Unit 4 ধর্ম, জাতি আৰু ৰাজনীতি

Political Process of India Unit 4 ধর্ম, জাতি আৰু ৰাজনীতি Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Process of India Unit 4 ধর্ম, জাতি আৰু ৰাজনীতি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Process of India Unit 4 ধর্ম, জাতি আৰু ৰাজনীতি Question Answer can be of great value to excel in the examination.

Political Process of India Unit 4 ধর্ম, জাতি আৰু ৰাজনীতি

Join Telegram channel

Political Process of India Unit 4 ধর্ম, জাতি আৰু ৰাজনীতি Notes cover all the exercise questions in UGC Syllabus. The Political Process of India Unit 4 ধর্ম, জাতি আৰু ৰাজনীতি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Religion, Caste and Politics

POLITICAL SCIENCE

POLITICAL PROCESS OF INDIA

ভাৰতৰ ৰাজনৈতিক প্ৰক্ৰিয়া

Objective Type Questions

1.  What is Secularism?

Ans: ব্যক্তি, সমাজ, ৰাষ্ট্ৰ, আইন, শিক্ষা ব্যৱস্থা, কলা-কৃষ্টি সংস্কৃতি আদি ধৰ্মৰ সৈতে মুঠেই সম্পর্ক নথকা বা বিশেষ সম্পর্ক নথকা বিশ্বাস বা আদৰ্শক ধৰ্মনিৰপেক্ষতা বোলা হয়।

2. Write the one definition of Secularism?

Ans: ‘Oxford Advanced Learner’s Dictionary’ ত দিয়া অনুসৰি “ধৰ্মনিৰপেক্ষতা হৈছে এটা বিশ্বাস যে শিক্ষা, আইন আদি ধৰ্মৰ ভিত্তিত প্ৰতিষ্ঠিত হোৱাতকৈ তথ্য, বিজ্ঞান আদিৰ ভিত্তিত প্রতিষ্ঠিত হোৱা উচিত।

3. Write the one Characteristic of Secularism?

Ans: সকলো ধৰ্মৰ প্রতি সমান সন্মান প্ৰদৰ্শন কৰা।

4. India is a Secular State. (Yes/No)

Ans: হয়।

5. ধৰ্মনিৰপেক্ষতা অটুট ৰখাৰ যিকোনো এটা উপায় লিখা।

উত্তৰঃ ব্যক্তিগত সু-সম্পর্ক স্থাপন কৰি ধৰ্মনিৰপেক্ষতা মজবুত কৰিব পাৰি।

6. ভাৰতবৰ্ষত ধৰ্মনিৰপেক্ষতাৰ ধাৰণাৰ স্থপতি তথা মুখ্য প্রৱক্তাজন কোন আছিল?

উত্তৰঃ পণ্ডিত জৱাহৰলাল নেহৰু।

7. ভাৰতীয় সংবিধানত ‘ধৰ্মনিৰপেক্ষতা’ শব্দটো কিমান চনত সংযোজন কৰা হৈছিল।

উত্তৰঃ ১৯৭৬ চনত।

8. ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ পথত থকা যিকোনো এটা বাধা লিখা।

উত্তৰঃ সাম্প্ৰদায়িকতা।

9. ভাৰতত ধৰ্মনিৰপেক্ষতা শক্তিশালী কৰণৰ এটা উপায় লিখা।

উত্তৰঃ শিক্ষা ব্যৱস্থাৰ প্ৰয়োজনীয় সংস্কাৰ সাধন কৰা। 

10. ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ ক্ষেত্ৰত থকা এটা সমালোচনা বা ত্রুটি উল্লেখ কৰা।

উত্তৰঃ ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ অৰ্থৰ অস্পষ্টতা থকাটো ইয়াৰ এটা ত্রুটি।

Short notes

1.  Discuss the Characteristic of Secularism?

Ans: ১। সকলো ধৰ্মৰ প্ৰতি সমান সন্মান : ভাৰতীয় জাতিৰ জনক মহাত্মা গান্ধীৰ মতে, বিশ্বৰ সকলোবোৰ ধৰ্মমত সমানে শ্ৰদ্ধাৰ যোগ্য।

২। ৰাষ্ট্ৰ ধৰ্মৰ অনুপস্থিতি : পৃথিৱীৰ বহু ৰাষ্ট্ৰত থকাৰ নিচিনাকৈ ভাৰতত কোনো ৰাষ্ট্ৰ ধৰ্ম নাই।

৩। স্বতন্ত্রতা : সকলো নাগৰিক আনকি ভাৰতলৈ অহা বিদেশীসকলেও ভাৰতত থকাৰ সময়ত নিজৰ ধৰ্ম অনুসৰি প্ৰাৰ্থনা কৰাৰ স্বতন্ত্রতা লাভ কৰে।

৪। ধর্মীয় সংখ্যালঘুসকলৰ প্ৰতি সম ব্যৱহাৰ : ভাৰতীয় ধৰ্ম নিৰপেক্ষতাৰ ধাৰণা অনুসৰি ধৰ্মীয় সংখ্যা গৰিষ্ঠতা বা লঘিষ্ঠতাৰ ভিত্তিত পক্ষপাতিত্বমূলক আচৰণৰ কোনো স্থান নাই।

2. ভাৰতত ধৰ্মনিৰপেক্ষতাৰ বাধাসমূহৰ বিষয়ে আলোচনা কৰা।

Ans: ১। শিক্ষাৰ অভাৱ : বিশাল জনসংখ্যাৰ দেশ ভাৰতত এতিয়াও শিক্ষাৰ অভাৱত বহুসংখ্যক লোক অন্ধকাৰত ডুবি আছে।

২। সহিষ্ণুতাৰ অভাৱ : বহুধর্মীয় ভাৰতত বিভিন্ন ধৰ্মবোৰৰ মাজত আৰু একেটা ধৰ্মৰে বিভিন্ন পন্থাবোৰৰ মাজত থকা অসহিষ্ণুতাৰ ভাবে কেতিয়াবা কেতিয়াবা উগ্ৰৰূপ ধাৰণ কৰা দেখা যায়।

৩। সাম্প্রদায়িকতাবাদ : সমগ্ৰ জাতি বা ৰাষ্ট্ৰতকৈও নিজৰ ধৰ্ম বা ধৰ্মীয় গোটৰ স্বাৰ্থক অধিক গুৰুত্বপূৰ্ণ বুলি চিন্তা কৰা মনোবৃত্তিক সাম্প্রদায়িকতাবাদ বোলা হয়।

৪। জাতিভেদ প্রথা : হিন্দু ধৰ্মৰ শৰীৰত জাতিভেদ প্রথা এবিধ দুৰাৰোগ্য ঘাৰ নিচিনা। ইয়াক সাম্প্ৰদায়িকতাৰে নামান্তৰ বুলি ক’ব পাৰি।

৫। সামাজিক বৈষম্য : কোনো সমাজতে আর্থিক, বিদ্যায়তনিক, বৌদ্ধিক আদি দিশত সম্পূর্ণ সমতা দেখা নাযায়। 

3. ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হয়নে?

উত্তৰঃ ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হয়। ভাৰতৰ সংবিধানত ধৰ্মনিৰপেক্ষ শব্দটো অন্তৰ্ভুক্ত হৈ আছে। সংবিধানে ভাৰতবৰ্ষক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি ঘোষণা কৰিছে। ভাৰতবৰ্ষত কোনা চৰকাৰী বা ৰাষ্ট্ৰ ধৰ্ম নাই। ভাৰতৰ প্ৰতিজন নাগৰিকে নিজৰ বিবেক আৰু বিশ্বাস অনুযায়ী মুক্তভাৱে ধৰ্ম গ্ৰহণ, নিজ ধর্ম প্ৰচাৰ আৰু চৰ্চা কৰা, ধৰ্মীয় সংস্থা স্থাপন কৰাৰ অধিকাৰ আছে। চৰকাৰৰ দ্বাৰা পৰিচালিত কোনো শিক্ষানুষ্ঠানত ধর্মীয় শিক্ষা প্ৰদানত বাধা আৰোপ কৰা হৈছে। চৰকাৰে ধৰ্মৰ ভিত্তিত নাগৰিকক বৈষম্য ব্যৱহাৰ কৰিব নোৱাৰে।

4. জৱাহৰলাল নেহৰুৰ ধৰ্মনিৰপেক্ষতাবাদৰ দৃষ্টিভঙ্গী আলোচনা কৰা।

উত্তৰঃ ধৰ্মনিৰপেক্ষতা মানে ৰাষ্ট্ৰই কোনো ধৰ্মৰ পৃষ্ঠপোষকতা নকৰাকে বুজায়। জৱাহৰলাল নেহৰু ধৰ্ম নিৰপেক্ষতাবাদৰ সমৰ্থক আছিল। তেওঁৰ মতে ধৰ্মনিৰপেক্ষতাই চাৰিটা দিশক বুজায়। প্ৰথমতে, ভাৰতবৰ্ষত প্রচলিত সকলো ধর্মকে সমান মর্যাদা দিয়া।ধৰ্মৰ ভিত্তিত কোনো বিভাজন আৰু বৈষম্য থাকিব নালাগে। দ্বিতীয়তে, ৰাষ্ট্ৰই কোনো ধৰ্মৰ পৃষ্ঠপোষকতা কৰিব নালাগে। ৰাষ্ট্ৰই সকলো ধৰ্মৰ মানুহকে সমান অধিকাৰ প্ৰদান কৰিব লাগে। তৃতীয়তে, ধৰ্মনিৰপেক্ষতা এক মানসিক ধাৰণা। ই এটা ধৰ্মই আন এটা ধৰ্মক শ্ৰদ্ধা কৰা মনোভাৱক বুজায়। চতুৰ্থতে একেধৰণৰ আইন প্রণয়ন কৰি সকলো ধৰ্মৰ মানুহৰ মাজত একতা স্থাপনত গুৰুত্ব প্ৰদান কৰিব লাগে।

5. আধুনিক যুগত ধৰ্মনিৰপেক্ষতাৰ প্ৰয়োজনৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ধৰ্মনিৰপেক্ষতা বর্তমান যুগত বিভিন্ন কাৰণবিলাকৰ বাবে অতি প্রয়োজনীয়। যেনে: 

১। নৈতিকতাক সমৰ্থন কৰে।

২। ধৰ্মীয় স্বাধীনতাৰ বাবে উপযোগী।

৩। স্বেচ্ছাচাৰ বিৰোধী ধাৰণাক বাধা দিছে।

৪। গণতন্ত্রক সমর্থন কৰে।

৫। ৰাষ্ট্ৰক ধৰ্মৰ পৰা পৃথক কৰে।

৬। বিশ্ব ভাতৃত্ব ৰক্ষা কৰাত সহায় কৰে।

6. ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ উন্নতিৰ ক্ষেত্ৰত থকা কিছুমান ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ১। বেচৰকাৰী সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠান আৰু প্ৰচাৰ মাধ্যমসমূহে ধৰ্মনিৰপেক্ষতা ভাৱধাৰাৰ উন্নতিৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব।

২। যুৱ সম্প্ৰদায়ৰ মনত যাতে বেয়া প্রভাৱ নেপেলায় তাৰ বাবে পাঠ্যপুথিসমূহত থকা ধর্মীয় বিদ্বেষমূলক কথা বাদ দি সেইবোৰ নতুনকৈ লিখি উলিয়াব লাগিব।

৩। ধর্মীয় মৌলবাদী সংগঠনসমূহক বন্ধ কৰি দিব লাগিব আৰু চৰম আৱেগপূৰ্ণ আৰু সংঘৰ্ষ সৃষ্টিকাৰীসকলক কঠিন শাস্তি বিহিব লাগিব।

৪। ৰাজনৈতিক দলসমূহে দায়িত্বপূর্ণ ভূমিকা পালন কৰিব লাগিব আৰু ধৰ্মীয় বিদ্বেষ আৰু ঘৃণাৰ ভাৱৰ উদ্ৰেক কৰিব নালাগিব। ৰাজনীতিত ধৰ্মক সাঙুৰি লোৱা ৰাজনৈতিক দলবোৰক অযোগ্য ঘোষণা কৰি বাতিল কৰি দিব লাগিব।

7. What is Religion?

Ans: সাধাৰণতে ধর্ম শব্দটোৰে ইংৰাজী ‘Religion’ শব্দটোক বুজুৱা হয়। কিন্তু ইংৰাজী ‘Religion’ শব্দটো যি অৰ্থত ব্যৱহাৰ কৰা হয়, বহু সময়ত সেই একেই অৰ্থত ধৰ্ম শব্দটো ব্যৱহাৰ কৰা নহয়। সমাজ বিজ্ঞানৰ ‘Religion’ শব্দটোৰে ধৰ্মীয় আন্দোলনক বুজায়। ‘Religion’ ধৰ্মীয় আন্দোলনৰ পৰিণতি ৷ ইয়াৰ উৎপত্তি ইতিহাসৰ নিৰ্দিষ্ট এটা সময়ত হৈছিল। সমাজতত্ত্ব অনুসৰি Religion হৈছে কিছুমান বিশ্বাসৰ সমষ্টি। Religion শব্দটো অতিমানৱক আৰাধনা কৰা আৰু বিশ্বাস কৰা বুজাবলৈ ব্যৱহাৰ কৰা হয়। ‘Religion’ বুলিলে এক বৃহৎ সংখ্যক লোকে উমৈহতীয়া চিহ্ন, ইশ্বৰ, প্ৰতিষ্ঠাপক আদিক মানি চলাক বুজায়। আনহাতে ধর্ম শব্দটোৱে এক জীৱনশৈলীক বুজায়। এই জীৱনশৈলী সভ্যতাৰ বিকাশৰ সময়ৰ পৰাই চলি আহিছে। ধর্মই ব্যক্তিক এক নিৰ্দিষ্ট শৈলীৰে জীৱন-যাপন কৰাৰ জ্ঞান প্ৰদান কৰে । ধৰ্ম সত্যৰ ওপৰত প্ৰতিষ্ঠিত। ধৰ্ম ন্যায় প্ৰতিষ্ঠাৰ সৈতে জড়িত। 

সমাজতত্ত্বৰ দাৰ্শনিকসকলৰ মতে খ্ৰীষ্টান এটা Religion; আনহাতে হিন্দু এটা ধর্ম। অৱশ্যে এই অধ্যায়ত ধৰ্ম বুলি আলোচনা কৰোতে সমাজতত্ত্বৰ এই বিভাজনক গুৰুত্ব নিদি ধৰ্ম আৰু Religion এটা অৰ্থতে ব্যৱহাৰ কৰা হ’ব। গতিকে এই আলোচনাৰ বাবে ধর্ম বা Religion শব্দটোৱে কিছুমান ধৰ্মীয় চিন্তাধাৰা, পৰম্পৰা, ব্যক্তিৰ বিশ্বাস, আচৰণ আদিক বুজায়।

সাধাৰণতে কোৱা হয় যে ধৰ্ম এজন ব্যক্তিৰ ব্যক্তিগত বিশ্বাস। কিন্তু অতীজৰে পৰা ধৰ্ম আৰু ৰাজনীতিক মিশ্ৰিত কৰা দেখা গৈছে। সেয়ে ৰাজনীতি বিজ্ঞানৰ বিদ্যাৰ্থীসকলে ধৰ্ম আৰু ৰাজনীতি সম্পৰ্কে জনাৰ প্রয়োজন আছে।

8. Religion in Politics.

Ans: প্রাচীন সময়ৰ পৰাই ৰাজনীতিত ধৰ্মৰ প্ৰভাৱ সম্পৰ্কে আলোচনা চলি আহিছে। সাধাৰণতে ৰাজনীতি এক ৰাজহুৱা বিষয় আৰু ধৰ্ম ব্যক্তিগত বিষয় হিচাপে গণ্য কৰা হয় যদিও আগৰে পৰা ধর্মই ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰি অহা দেখা গৈছে। অৱশ্যে ধৰ্ম আৰু ৰাজনীতিক এক কৰাক বহু চিন্তাবিদে সমালোচনাও কৰা দেখা গৈছে। বহু চিন্তাবিদে ধৰ্ম আৰু ৰাজনীতিক একাকাৰ কৰাৰ সমৰ্থন কৰাও দেখা গৈছিল। ধৰ্ম আৰু ৰাজনীতিক একাকাৰ কৰি ‘City of God” ৰ দৰে ধাৰণাৰ বিকাশ হৈছিল। ৰাষ্ট্ৰক দৈৱিক উৎপত্তি তত্ত্বত ৰাজনীতি আৰু ধৰ্মক মিহলি কৰা দেখা গৈছে। আনহাতে গীর্জা আৰু ৰাষ্ট্ৰ বিবাদে ধৰ্মক ৰাজনীতি পৰা পৃথক কৰাৰ চেষ্টা কৰা দেখা গৈছে। ৰাজনীতি আৰু ধৰ্ম দুটা পৃথক বিষয়বস্তু। গতিকে এটাক আনটোৰ লগত মিশ্ৰিত কৰাটো যুক্তিসংগত নহয়; কিন্তু বর্তমান দেখা গৈছে ৰাজনীতি আৰু ধৰ্ম সম্পূর্ণ পৃথক হৈ থকা নাই। ধৰ্মই ৰাজনীতিত আৰু ৰাজনীতিয়ে ধৰ্মত প্ৰভাৱ বিস্তাৰ কৰা দেখা গৈছে। ধৰ্মৰ ভিত্তিতে বিভিন্ন ৰাষ্ট্ৰত জাতীয়তাবাদে গা কৰি উঠা দেখা দিছে। ধৰ্মৰ ভিত্তিতে পাকিস্তান গঠন হৈছিল। 

ধৰ্মক কেন্দ্র কৰি সন্ত্ৰাসবাদৰো সৃষ্টি হৈছে। ধর্মক ভেটি হিচাপে লৈ বিভিন্ন দেশত ৰাজনৈতিক দলৰ গঠন হৈছে। নিৰ্বাচনত ধৰ্মৰ ভিত্তিত প্রার্থিব প্ৰদান কৰা হয় বা ধৰ্মীয় বিষয়ৰ জৰিয়তে ভোটাৰৰ মন আকর্ষণ কৰিবলৈ চেষ্টা কৰা হয়। আনহাতে এটা ধৰ্মৰ লোকে আনটো ধৰ্মৰ লোকক শোষণ কৰিবলৈ চেষ্টা কৰাৰ ফলত ধৰ্মীয় ৰাজনীতিৰ সৃষ্টি হয়। সাম্প্রদায়িকতাবাদ ধৰ্ম আৰু ৰাজনীতিৰ মাজৰ কু-সম্পৰ্কৰ ফল। সেয়ে কোৱা হয় যে ধৰ্ম আৰু ৰাজনীতি পৃথক যদিও বর্তমান সময়ত এটাই আনটোত প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিছে।

বর্তমান সময়ত ধর্মীয় মৌলবাদে ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰিছে। ধৰ্মৰ নামত সন্ত্ৰাসবাদী সংগঠনৰ জন্ম হৈছে। এই সন্ত্ৰাসবাদী সংগঠনসমূহে ধৰ্মৰ নামত আন লোকৰ ওপৰত হিংসাৰ মাধ্যমেৰে ভয় বিয়পায়। ধৰ্মৰ ভিত্তিত ISIS ৰ দৰে সংগঠনৰ সৃষ্টি হৈছে। বৰ্তমান ISIS বিশ্ব ৰাজনীতিত এক সক্ৰিয় শক্তি।

গতিকে দেখা গৈছে যে ধৰ্ম আৰু ৰাজনীতি পৃথক হ’লেও এটাই আনটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে। ৰাজনৈতিক কাম কাজত ধর্মই হস্তক্ষেপ কৰিছে আৰু ধৰ্মীয় কাম-কাজত ৰাজনীতিয়ে হস্তক্ষেপ কৰিছে। গতিকে বর্তমান সময়ত মকিয়াভেলিয়ে বিচৰাৰ দৰে ধৰ্ম আৰু ৰাজনীতি পৃথক হৈ থকা নাই।

Essay Type Questions

1. Discuss the Impact of Religion in Indian politics.

Ans: ভাৰতৰ ৰাজনীতিত ধৰ্মৰ প্রভাৱ [Impact of Religion in Indian politics) : ধর্মই বিভিন্ন ধৰণেৰে ভাৰতৰ ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰি অহা দেখা গৈছে। ভাৰতত ধৰ্মৰ ভিত্তিত ৰাজনৈতিক দল গঠন হৈছে। ধৰ্মক কেন্দ্ৰ কৰি দলসমূহে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা দেখা গৈছে। ধৰ্মক কেন্দ্ৰ কৰিয়ে জাতীয়তাবাদৰ সৃষ্টি হৈছিল। ধৰ্মৰ ভিত্তিত ভাৰতত সাম্প্ৰদায়িক সংঘৰ্ষই দেখা দিছে। চৰকাৰে ধৰ্মীয় সংখ্যালঘুৰ সুৰক্ষা তথা বিকাশৰ বাবে কিছুমান বিশেষ আঁচনি লোৱা দেখা গৈছে। বিভিন্ন ধর্মৰ সভ্যতা-সংস্কৃতিক সুৰক্ষা দিব পৰাকৈ কিছুমান বিশেষ আইন বলৱৎ কৰা দেখা গৈছে। ভাৰতত ধৰ্মই শিক্ষা-ব্যৱস্থাৰ ওপৰতো প্রভাৱ পেলাইছে। বিগত কেইটামান দশকত ধৰ্মৰ ভিত্তিত ইতিহাসৰ পুনৰ ব্যাখ্যাৰ চেষ্টা কৰা দেখা গৈছে। বাৱৰি মছজিদৰ বিবাদ, তাজমহল বিবাদ এনে কিছুমান বিবাদ যিবোৰত ধৰ্মৰ জৰিয়তে ইতিহাসৰ পুনৰ ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা হৈছে। তলত ধৰ্মই ৰাজনীতিৰ বিভিন্ন বিষয়ৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে তাৰ আলোচনা কৰা হ’ল—

(ক) ধৰ্ম আৰু ভাৰতৰ ৰাজনৈতিক দল : ভাৰতবৰ্ষৰ সংবিধান তথা ভাৰতৰ বিভিন্ন আইন অনুসৰি ধৰ্মৰ ভিত্তিত ভাৰতত ৰাজনৈতিক দল গঠন কৰিব নোৱাৰে। কিন্তু বহু সময়ত দেখা গৈছে এক নিৰ্দিষ্ট ধৰ্মৰ লোকৰ স্বাৰ্থ ৰক্ষাৰ স্বাৰ্থত ভাৰতত বহুতো ৰাজনৈতিক দল গঠন হৈছে। এই দলসমূহে প্রত্যক্ষভাৱে ধৰ্মৰ ভিত্তিত প্রতিষ্ঠিত বুলি স্বীকাৰ নকৰে যদিও দলসমূহৰ সমৰ্থক, দলসমূহে বিশ্বাস কৰা নীতি-আদর্শ তথা নিৰ্বাচনী প্ৰচাৰসমূহৰ ভিত্তিত বুজিব পৰা যায় যে এই দলসমূহ ধৰ্মৰ ভেটিত প্রতিষ্ঠিত ৰাজনৈতিক দল।

(খ) ধৰ্ম আৰু নিৰ্বাচন : যদিও আইন অনুসৰি কোনো ৰাজনৈতিক দল বা প্রার্থীয়ে ধৰ্মৰ নামত নির্বাচনী প্ৰচাৰ চলাব নোৱাৰে, কিন্তু বাস্তৱত ধর্মই নির্বাচনত প্ৰভাৱ বিস্তাৰ কৰা দেখা গৈছে। ৰাজনৈতিক দলসমূহে বহু সময়ত প্রার্থিত্ব প্ৰদান কৰোঁতে ধৰ্মক গুৰুত্ব দিয়া দেখা যায়। এটা অঞ্চলত যিটো ধৰ্মৰ লোকৰ সংখ্যা বেছি, সেই ধর্মৰ লোককে দলসমূহে প্রার্থিত্ব প্ৰদান কৰে। ভোটাৰসমূহেও নিজৰ এখন অনলাইন [Online) আগ্রহ প্রকাশ কৰা দেখা গৈছে। ‘Firstpost’ নামৰ এখন অনলাইন সংবাদপত্ৰত ১৮ জুলাই, ২০১৮ত প্রকাশিত তথ্য অনুসৰি ভাৰতৰ ৫৫ শতাংশ লোকৰ নিজৰ ধৰ্মৰ লোকক ভোটদান কৰিব বিচাৰে। মাত্র ৩৭ শতাংশ ভোটদানৰ ক্ষেত্ৰত ধৰ্মৰ গুৰুত্ব নাই। ২০১৯ চনৰ ৩০ মে’ তাৰিখে ‘The Hindu’ নামৰ কাকতখনত প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৪ চনত হিন্দু ধৰ্মীয় লোকৰ ৩৬ শতাংশ ভোটাৰে বিজেপি দলক ভোট দিছিল আৰু ২০১৯ চনত ই বৃদ্ধি হৈ ৪৪ শতাংশ হয়। গতিকে দেখা গৈছে যে ভাৰতত ধৰ্মই নিৰ্বাচনত প্ৰভাৱ পেলায়।

(গ) ধৰ্ম আৰু আইন : ভাৰতৰ সংবিধান অনুসৰি সকলো ধৰ্মৰ লোক সমান যদিও এনে বহুতো আইন আছে যিবোৰ আইন কেৱল এটা নিৰ্দিষ্ট ধৰ্মৰ লোকৰ বাবেহে প্রযোজ্য।

(ঘ) ধৰ্ম আৰু হিংসা : ভাৰতবৰ্ষত ধৰ্মই হিংসাৰ ৰাজনীতি প্ৰসাৰ কৰা দেখা গৈছে। বহু সময়ত ভাৰতত ধৰ্মৰ নামত বিভিন্ন সম্প্ৰদায়ৰ মাজত সংঘর্ষ হোৱা দেখা গৈছে। ধৰ্মৰ নামত এজনে আনজনৰ ওপৰত অস্ত্ৰ প্ৰয়োগ কৰিছে। উদাহৰণস্বৰূপে হিন্দু মুছলমানৰ সংঘাতৰ কথা উল্লেখ কৰিব পাৰি। স্বাধীনতাৰ পাছৰে পৰা ভাৰতত এই দুয়োটা ধর্মৰ লোকে সংঘৰ্ষত লিপ্ত হৈ আহিছে আৰু বহু সময়ত ৰাজনৈতিক দলসমূহে ভাৰ সুবিধা আদায় কৰি অহা দেখা গৈছে। 

(ঙ) ধৰ্ম আৰু দেশ বিভাজন : ১৯৪৭ চনত ধৰ্মক কেন্দ্ৰ কৰিয়ে ভাৰত বিভাজন হৈছিল। ব্ৰিটিছ ভাৰতৰ মুছলমানসকলৰ একাংশই নিজকে এটা পৃথক জাতি বুলি পৰিচয় দি ভাৰতক দ্বিখণ্ডিত কৰি পাকিস্তান গঠন কৰিছিল। স্বাধীনতাৰ পাছতো ধৰ্মৰ ভিত্তিতে ভাৰতৰ পৰা জন্মু-কাশ্মীৰক পৃথক কৰি পাকিস্তানৰ লগত চামিল কৰাৰ দাবী এচাম লোকে কৰি অহা দেখা গৈছে। গতিকে ধর্মই ভাৰত বিভাজনৰ ৰাজনীতিত অৰিহণা যোগাইছে বুলি ক’ব পৰা যায়। 

(চ) ধৰ্ম আৰু নাগৰিকত্ব : ভাৰতত ধৰ্মৰ ভিত্তিত পাকিস্তান, বাংলাদেশ আদিৰ পৰা ধৰ্মৰ কাৰণে পলাই অহা লোকক নাগৰিকত্ব প্ৰদানৰ বিষয়টো ধৰ্মীয় ৰাজনীতিৰ লগত জড়িত।

(ছ) ধৰ্ম আৰু শিক্ষা : ভাৰতবৰ্ষত ধৰ্মই শিক্ষাৰ ওপৰতো প্ৰভাৱ পেলাইছে। ভাৰতৰ সংবিধান অনুসৰি সকলো ধৰ্মৰ লোকেই শিক্ষা গহণ কৰিব পাৰিব। আনহাতে ভাৰতত মুছলমানসকলৰ বাবে মাদ্ৰাছ স্কুলৰ ব্যৱস্থাও আছে। অৱশ্যে অতি কমসংখ্যক মুছলমানেহে মাদ্ৰাছাত শিক্ষা গ্ৰহণ কৰে। বৰ্তমান মাদ্ৰাছাত শিক্ষা-ব্যৱস্থাক লৈয়ো ৰাজনীতি হোৱা দেখা গৈছে। ২০১৫ চনত আলজাজিৰা নামৰ সংবাদপত্ৰত প্ৰকাশ পোৱা এক বাতৰি অনুসৰি মহাৰাষ্ট্ৰত বিজেপি চৰকাৰে মাদ্ৰাজা শিক্ষা-ব্যৱস্থাক অমান্য ঘোষণা কৰে। মাদ্ৰাছাসমূহত প্ৰায়ে হিংসা আৰু সন্ত্ৰাসৰ শিক্ষা দিয়া হয় বুলিও বহুসময়ত প্ৰচাৰ চলাই অহা হৈছে। আনহাতে কিছুমান শিক্ষা অনুষ্ঠানত হিন্দু ধর্মীয় অনুষ্ঠানসমূহৰ হস্তক্ষেপ পৰিলক্ষিত হৈছে। এনেবোৰ ঘটনাই ধৰ্মই শিক্ষাক লৈ ৰাজনীতি কৰাৰ প্ৰমাণ দিয়ে।

(জ) ধৰ্ম আৰু ইতিহাসৰ পুনৰলিখন : ধৰ্মই ৰাজনীতিত প্ৰভাৱ বিস্তাৰৰ আন এটা দিশ হ’ল ইতিহাসৰ ব্যাখ্যা ধৰ্মৰ ভিত্তিত ভাৰতৰ ইতিহাসৰ ব্যাখ্যা আগবঢ়াই বৰ্তমান ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা কৰা দেখা গৈছে। বাৱৰি মছজিদ বনাম ৰাম মন্দিৰৰ বিবাদ, তাজমহল বনাম হিন্দু মন্দিৰৰ বিবাদ আদিত ইতিহাসৰ পুৰণিখনৰ চেষ্টা কৰা হৈছে। বৰ্তমান উত্তৰপ্ৰদেশৰ ঠাইসমূহৰ নাম সলনি কৰি পুৰণি নাম দিয়াৰ এক পৰম্পৰা আৰম্ভ হৈছে। ইংৰাজী সংবাদপত্র ‘Economic Times’ ত ১১ নৱেম্বৰ, ২০১৮ চনত প্ৰকাশিত এক বাতৰি অনুসৰি ২০১৮ বৰ্ষটোত ভাৰতৰ ২৫ খন গাঁও বা চহৰৰ নাম সলনি কৰা হৈছিল। এই বছৰটোৰ শেষৰফালে এলাহাবাদৰ নাম প্ৰয়াগৰাজ কৰাৰ প্ৰস্তাৱক কেন্দ্ৰ চৰকাৰে সন্মতি জনাইছিল। আনহাতে ২০১৮ চনতে উত্তৰপ্ৰদেশ চৰকাৰে সন্মতি জনাইছিল। আনহাতে ২০১৮ চনতে উত্তৰ প্ৰদেশ চৰকাৰে ফাইজাবাদ জিলাৰ নাম সলনি কৰি অয্যোধা ৰাখিছিল। এই নামসমূহৰ পৰিৱৰ্তনৰ লগত ধৰ্মৰ ভিত্তিত ইতিহাসৰ পুনৰলিখনৰ ৰাজনীতি জড়িত হৈ আছে।

এনেদৰেই ধর্মই ভাৰতৰ ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰা দেখা গৈছে।

2.  Discuss the Impact of Religion in Indian politics.

Ans: ভাৰতত ধৰ্মীয় ৰাজনীতিৰ বৈশিষ্ট্য : ভাৰতৰ ধৰ্মীয় ৰাজনীতিক অধ্যয়ন কৰিলে কিছুমান বৈশিষ্ট্য দেখা পোৱা যায়। সেইসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) ভাৰতবৰ্ষৰ সংবিধানে ধৰ্ম আৰু ৰাজনীতিক পৃথক কৰি ৰাখিছে। সংবিধানে সকলো ধর্মকে সমান মৰ্যদা প্ৰদান কৰিছে। সেয়ে ভাৰতৰ কোনো ৰাষ্ট্ৰ ধৰ্ম নাই।

(খ) ভাৰতবৰ্ষৰ সংবিধানে সকলো ধর্মকে সমান জ্ঞান কৰিছে যদিও ভাৰতত ধৰ্মৰীভিত্তিত প্রযোজ্য আইন আছে। ভাৰতত কিছুমান আইন কেৱল হিন্দুসকলৰ বাবে, কিছুমান কেৱল মুছলমানৰ বাবে আৰু কিছুমান আইন কেৱল শিখসকলৰ বাবেহে প্রযোজ্য।

(গ) আইন মতে কোনো ৰাজনৈতিক দলে ধৰ্মৰ ভিত্তিত নিৰ্বাচনী প্ৰচাৰ কৰিব নোৱাৰিব। ধৰ্মৰ ভিত্তিত কোনো ৰাজনৈতিক দল গঠন কৰিব নোৱাৰিব; কিন্তু বাস্তৱত ভাৰতত ধৰ্মৰ ভিত্তিত ৰাজনৈতিক দল গঠন হোৱা দেখা গৈছে।

(ঘ) ভাৰতত ধৰ্মক কেন্দ্ৰ কৰি বহুতো সংগঠনৰ গঠন হৈছে। বিশ্ব হিন্দু পৰিষদ, বজৰং দল, ৰাষ্ট্ৰীয় স্বয়ম সেৱক সংঘ আদি এনে কিছু সংগঠন। এই সংগঠনসমূহে প্রত্যক্ষ বা পৰোক্ষভাৱে ৰাজনীতিত হস্তক্ষেপ কৰা দেখা যায়।

(ঙ) ভাৰতত ধৰ্মৰ ভিত্তিত ভোট বেংক সৃষ্টি হোৱা দেখা গেছে। কিছুমান ধৰ্মৰ মানুহে নিৰ্দিষ্ট এটা ৰাজনৈতিক দলক সমর্থন কৰা দেখা গৈছে। বৰ্তমান ভাৰতত হিন্দুসকলক ভাৰতীয় জনতা দল আৰু মুছলমানসকলক কংগ্ৰেছৰ ভোট বেংক বুলি কোৱা হয়। অৱশ্যে সকলো হিন্দুৱে ভাৰতীয় জনতা দলকে ভোটদান কৰে আৰু সকলো মুছলমানে কংগ্ৰেছ দলক ভোটদান কৰে বুলি ক’ব নোৱাৰি।

(চ) ভাৰতক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয়; কিন্তু ভাৰতীয় সমাজখন ধৰ্মনিৰপেক্ষ সমাজ বুলি কোৱা নহয়। ইয়াৰ কাৰণ হ’ল— সংবিধানৰ দিশৰ পৰা সকলো ধৰ্ম সমান আৰু কোনো ধর্মই প্রাধান্য নাপায়। কিন্তু ভাৰতীয় সমাজখন হিন্দুপ্রধান সমাজ। ভাৰতীয় সমাজ-সভ্যতাত হিন্দু লোকসকলে গুৰুত্ব লাভ কৰা দেখা গৈছে।

(ছ) ভাৰতত আন ৰাষ্ট্ৰৰ দৰে ধৰ্মক সম্পূৰ্ণৰূপে ৰাজনীতিৰ পৰা পৃথক কৰিব পৰা নাযায়। ইয়াৰ কাৰণ হ’ল ভাৰতৰ সভ্যতা, সমাজ আৰু ভাৰতৰ ইতিহাস। ভাৰতৰ প্ৰায় ৮০ শতাংশ লোক হিন্দু। হিন্দু কেৱল এটা ধর্ম নহয়; হিন্দু এক সভ্যতা, হিন্দু এক জীৱনশৈলী। এই জীৱনশৈলীৰ ৰাজনীতিৰ ওপৰত প্ৰভাৱ আছে; সেয়ে ধৰ্মক ভাৰতত ৰাজনীতিৰ পৰা পৃথক কৰিব পৰা নাযায়।

(জ) ভাৰতত ধৰ্মই কেৱল আভ্যন্তৰীণ ৰাজনীতিত প্রভাব পেলাইছে বুলি ক’ব পৰা নাযায়। ভাৰতত ধৰ্মই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিতো প্রভাৱ পেলাইছে। জন্মু-কাশ্মীৰৰ বিষয়টোৰ লগত ধৰ্ম জড়িত হৈ আছে আৰু এই জন্মু- কাশ্মীৰৰ বিবাদ এটা আন্তঃৰাষ্ট্ৰীয় বিবাদ। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰত বসবাস কৰা হিন্দুসকলক নাগৰিকত্ব দিয়া বিষয়টোত ধৰ্মৰ লগত জড়িত তথা এটা আন্তঃৰাষ্ট্ৰীয় বিষয়।

(ঝ) ভাৰতৰ ধৰ্ম আৰু ৰাজনীতিৰ সম্পৰ্ক অধ্যয়ন কৰিলে সংখ্যালঘু আৰু সংখ্যাগৰিষ্ঠৰ ৰাজনীতিৰ প্ৰমাণ পোৱা যায়। ভাৰতত হিন্দুসকল সংখ্যাগৰিষ্ঠ আৰু মুছলমান, খ্রীষ্টান, শিখ আদি সংখ্যালঘু। বহু সময়ত সংখ্যাগৰিষ্ঠই ভাৰতত সংখ্যালঘুৰ ওপৰত ধৰ্মৰ ৰাজনীতি কৰা দেখা যায়। ঠিক সেইদৰে সংখ্যালঘুক চৰকাৰে বিশেষ সা-সুবিধা প্রদান কৰি ধৰ্মীয় ৰাজনীতি কৰা দেখা যায়।

এইসমূহেই ভাৰতত ধৰ্মীয় ৰাজনীতিৰ প্ৰধান বৈশিষ্ট্য।

3. What is Meaning of Secularism?

Ans: প্রাচীন গ্ৰীকৰ সময়ৰ পৰাই ধৰ্মনিৰপেক্ষতাবাদ ধাৰণাটোৰ বিকাশ হৈছিল বুলি কোৱা হয়। ধৰ্মনিৰপেক্ষতাবাদ ধাৰণাই ধৰ্মৰ পৰিৱৰ্তে প্ৰকৃতি, যুক্তি, বিজ্ঞান আদিক গুৰুত্ব দিয়াটো সমর্থন কৰে। ৰাজনীতি বিজ্ঞানত ধৰ্মনিৰপেক্ষতাবাদে চৰকাৰ আৰু চৰকাৰী ব্যক্তি তথা অনুষ্ঠানসমূহ ধৰ্মৰ পৰা পৃথক হোৱাক বুজায়। আনকথাত ক’বলৈ গ’লে, ধৰ্মনিৰপেক্ষতাবাদে চৰকাৰ ধৰ্মৰ ক্ষেত্ৰত নিৰপেক্ষ হৈ থকাক বুজায়। চৰকাৰ বা ৰাষ্ট্ৰ‍ই কোনো ধৰ্মকে সমৰ্থন নকৰে বা ব্যক্তিক কোনো এটা নিৰ্দিষ্ট ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য নকৰে। ধৰ্মনিৰপেক্ষতাই ব্যক্তিক নিজৰ পছন্দ অনুসৰি যিকোনো ধৰ্ম গ্ৰহণ কৰাৰ, প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ অধিকাৰ প্ৰদান কৰে। ধৰ্মনিৰপেক্ষতাবাদ শব্দটো ইংৰাজী Secularism শব্দৰ অসমীয়া প্ৰতিশব্দ। ‘Secularism’ শব্দটো ১৮৫১ চনত লেখক জর্জ জেকব হলিয়কে ‘George Jacob Holyoake’ প্রথম কৰিছিল। তেওঁ ধৰ্মক সমালোচনা নকৰাকৈ ধৰ্মক এৰাই এটা সুকীয়া সামাজিক ব্যৱস্থাৰ কথা উল্লেখ কৰি ‘Secularism’ শব্দটো ব্যৱহাৰ কৰিছিল। 

ধৰ্মনিৰপেক্ষতাবাদে ৰাষ্ট্ৰ আৰু ধৰ্ম পৃথক বুলি স্বীকাৰ কৰে আৰু ৰাষ্ট্ৰই সকলো ধৰ্মৰ প্ৰতি সমান ভাব পোষণ কৰে। ধৰ্মনিৰপেক্ষতাৰ অৰ্থ হ’ল – ৰাষ্ট্ৰৰ কোনো নিজা ধর্ম নাথাকিব, ৰাষ্ট্ৰই কোনো এটা বিশেষ ধৰ্মৰ পৃষ্ঠপোষকতা নকৰিব আৰু কোনো ধর্মীয় আচৰণ বা নীতি-নিয়মৰ দ্বাৰা বা চৰকাৰ পৰিচালিত নহ’ব। ধৰ্মনিৰপেক্ষতাই সকলো নাগৰিককে ধৰ্মৰ সমান অধিকাৰ প্ৰদান কৰে। নাগৰিক হিচাপে প্ৰতিজন ব্যক্তিৰে নিজাকৈ ধৰ্মগ্ৰহণ, প্ৰচাৰ আৰু প্ৰসাৰণৰ স্বাধীনতা থাকে। এই নীতি অনুসৰি ৰাষ্ট্ৰই ধৰ্মৰ ভিত্তিত কাৰো প্ৰতি বৈষম্য আচৰণ নকৰে। ধৰ্মনিৰপেক্ষতাবাদৰ লগত ‘সর্বজনীন নাগৰিকত্ব আৰু ‘আইনৰ চকুত সকলো সমান’ ধাৰণাটো জড়িত আছে।

ধৰ্মনিৰপেক্ষতাৰ লগত ধৰ্মনৰপেক্ষ ৰাষ্ট্ৰ আৰু ধৰ্মনিৰপেক্ষ সমাজৰ ধাৰণাটো জড়িত হৈ আছে। অৱশ্যে ধৰ্মনিৰপেক্ষতাবাদৰ আলোচনাত ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ ধাৰণাই অধিক গুৰুত্ব লাভ কৰে। ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ ধাৰণাই ধৰ্ম আৰু ৰাজনীতি দুটা পৃথক বিষয়বস্তু বুলি বিশ্বাস কৰে। ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ ধাৰণা অনুসৰি ৰাষ্ট্ৰ কোনো নিজা ধর্ম নাথাকে, ৰাষ্ট্র শাসন ব্যৱস্থা ধর্মীয় ৰীতি-নীতিৰ দ্বাৰা পৰিচালিত নহয়, ৰাষ্ট্ৰৰ কোনো বিশেষ ধৰ্মৰ স’তে আনুষ্ঠানিক সম্পৰ্ক নাথাকে, ৰাষ্ট্ৰই কোনো বিশেষে ধৰ্মৰ ৰাজনৈতিক পৃষ্ঠপোষকতা আৰু ৰাষ্ট্ৰই সকলো ধর্মকে সমান সাহার্য প্রদান কৰে, সকলোৰে প্ৰতি সমান আচৰণ কৰে। অৱশ্যে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰই ধৰ্মবিৰোধী ৰাষ্ট্ৰক নুবুজায়। ধর্মবিৰোধী ৰাষ্ট্ৰ ই ধৰ্মৰ ধাৰণাটোকে নাকচ কৰে। আনহাতে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰই নাগৰিকসকলক ধর্মীয় স্বাধীনতা আৰু অধিকাৰ প্ৰদান কৰে। ৰাষ্ট্ৰই কোনো বিশেষ ধৰ্মক ৰাষ্ট্ৰীয় ধৰ্ম হিচাপে গ্ৰহণ কৰিলে তেনে ৰাষ্ট্ৰক ধর্মতান্ত্ৰিক ৰাষ্ট্ৰ বুলি কোৱা হয়।

আনহাতে ধৰ্মনিৰপেক্ষ সমাজ হৈছে এখন গণতান্ত্রিক সমাজ। এই সমাজত সকলো ধৰ্মই সমান মান-মর্যাদা লাভ কৰে। ধৰ্মনিৰপেক্ষ সমাজত এটা ধর্মই আন কোনো ধৰ্মৰ ওপৰত দমন বা শোষণ নচলায়। সকলো ধৰ্মৰ লোকৰ মাজত ভাতৃত্ববোধ থাকে আৰু সাম্প্ৰদায়িকতাবাদৰ সৃষ্টি নহয়।

ধৰ্মনিৰপেক্ষতাবাদৰ প্ৰধানতঃ দুটা আৰ্হি আছে— ভাৰতীয় আৰ্হি আৰু পশ্চিমীয়া আৰ্হি। ধৰ্মনিৰপেক্ষতাবাদৰ পশ্চিমীয়া আৰ্হি অনুসৰি ধৰ্ম আৰু ৰাষ্ট্ৰৰ মাজত এখন বৃহৎ প্ৰাচীৰ আছে। এই ধাৰণা অনুসৰি ৰাষ্ট্ৰ ধৰ্মৰ পৰা সম্পূর্ণভাৱে আঁতৰি থাকে আৰু ৰাষ্ট্ৰই ধৰ্মীয় প্রতিষ্ঠানক কোনোধৰণৰ সাহায্য প্ৰদান নকৰে। ধৰ্মই অনুগামীসকলৰ ওপৰত আৰোপ কৰা বাধা-নিষেধৰ ওপৰতো ৰাষ্ট্ৰই হস্তক্ষেপ নকৰে। কিন্তু ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদৰ আৰ্হিয়ে সকলো ধৰ্মৰ সৈতে সমান দুৰত্ব ৰখাক গুৰুত্ব দিয়ে।

4. Discuss the features of Indian Secularism.

Ans: ধৰ্মনিৰপেক্ষতাবাদ অধ্যয়ন কৰিলে কিছুমান বৈশিষ্ট দেখা পোৱা যায়। সেইসমূহ তলত উল্লেখ কৰা হ’ল—

(১) সকলো ধর্ম সমান : ভাৰতবৰ্ষৰ সংবিধানে সকলো ধর্মকে সমান মর্যাদা প্রদান কৰিছে। অর্থাৎ ভাৰতত কোনো ধর্ম সাংবিধানিকভাৱে উচ্চ বা নীচ নহয়। সকলো ধৰ্মৰে ৰীতি-নীতি, পৰম্পৰা, সংস্কৃতিক সমান গুৰুত্ব দিয়া হয়।

(২) কোনো ৰাষ্ট্রধর্ম নাই : ভাৰতত কোনো ৰাষ্ট্রধর্ম নাই; অর্থাৎ ভাৰতৰ সংবিধানে কোনো ধর্মকে ভাৰতৰ প্ৰধান ধৰ্ম বা ৰাষ্ট্ৰীয় ধৰ্ম হিচাপে স্বীকৃতি প্ৰদান কৰা নাই। ভাৰতৰ ৮০ শতাংশ লোক হিন্দু। অতীজৰে পৰা ভাৰতত হিন্দুধৰ্ম প্ৰৱৰ্তন হৈ আহিছে; কিন্তু ভাৰতৰ সংবিধানে হিন্দুক ৰাষ্ট্রধর্ম বা প্রধান ধৰ্মৰ মৰ্যাদা দিয়া নাই। অৰ্থাৎ ভাৰতৰ কোনো ৰাষ্ট্ৰধৰ্ম নাই।

(৩) ধর্মীয় বিশ্বাসত অহস্তক্ষেপ : ভাৰতত ধর্মীয় বিশ্বাসত হস্তক্ষেপ নকৰাৰ নীতি গ্ৰহণ কৰিছে। অৰ্থাৎ‍ এজন ব্যক্তিয়ে নিজৰ আৰু সমাজৰ অপকাৰ নকৰাকৈ এটা ধৰ্ম বিশ্বাস কৰিব বা পালন কৰিব পাৰিব। এই ক্ষেত্ৰত ৰাষ্ট্ৰই বাধা আৰোপ নকৰে বা কোনো নিৰ্দিষ্ট এটা ধৰ্ম পালন কৰিবলৈ হেঁচা প্ৰয়োগ নকৰে। ঠিক সেইদৰে ধর্মীয় আচাৰ-ব্যৱহাৰ বা ৰীতি-নীতিৰ ক্ষেত্ৰতো হস্তক্ষেপ নকৰে।

(৪) ধৰ্মৰ ব্যক্তিগত আৰু সামূহিক স্বাধীনতা : ভাৰতৰ সংবিধানে সকলো ধৰ্মৰ লোককে ব্যক্তিগত পর্যায়ত তথা সামূহিক পৰ্যায়ত সমান স্বাধীনতা প্ৰদান কৰিছে। ভাৰতৰ সংবিধানৰ তৃতীয় খণ্ডত মৌলিক অধিকাৰ হিচাপে ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰা হৈছে। ভাৰতৰ সংবিধানৰ ২৫ নং অনুচ্ছেদৰ পৰা ২৮ নং অনুচ্ছেদলৈ প্ৰদান কৰা ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ অনুসৰি ভাৰতত বসবাস কৰা লোকে যিকোনো ধর্ম গ্রহণ, প্ৰচাৰ আৰু পূজা-পাতল কৰিব পাৰে।

(৫) সমতাৰ অধিকাৰ : ভাৰতৰ সংবিধানৰ মৌলিক অধিকাৰে সমতাৰ অধিকাৰ প্ৰদান কৰিছে। সমতাৰ অধিকাৰ অনুসৰি জাতি, ভাষা, বৰ্ণ আদিৰ লগতে ধৰ্মৰ দিশৰ পৰাও সকলো ব্যক্তি সমান; অৰ্থাৎ সকলো ধৰ্মৰ লোক আইনৰ চকুত সমান। সকলো ব্যক্তি সমান সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰৰ গৰাকী ভিত্তিত অধিকাৰৰ ক্ষেত্ৰত কোনো ভেদাভেদ দেখিবলৈ পোৱা নাযায়।

(৬) কোনো ধৰ্মৰ বিৰোধ নকৰে : ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদ ধর্মবিৰোধী নহয়, ধৰ্মৰ পৰা দূৰত্বহে অর্থাৎ ভাৰতৰ সংবিধানে ভাৰতত ধৰ্মক নিষিদ্ধ কৰা নাই বা ভাৰতৰ সংবিধানে কোনো এটা ধৰ্মক অৱহেলা কৰাৰ সমৰ্থন কৰা নাই। তাৰ পৰিৱৰ্তে সংবিধানে ধৰ্মক সকলো ধৰ্মৰ পৰা দূৰত্ব বৰ্তাই ৰখাৰ কথা কৈছে। অর্থাৎ সংবিধানে ধর্মক অবিশ্বাস কৰা বা ধর্ম পালনত বাধা দিয়া নাই। কিন্তু এটা নির্দিষ্ট ধর্মক পৃষ্ঠপোষকতাত বাধা দিছে।

(৭) নাগৰিকত্ব : ভাৰতত সংবিধান অনুসৰি যিকোনো ধৰ্মৰ লোকে নাগৰিকত্ব গ্রহণ কৰিব পাৰে। ভাৰতৰ নাগৰিক হ’বলৈ হিন্দু, মুছলমান বা আন কোনো ধর্মত বিশ্বাস কৰিবলৈ বাধ্য নহয়। যিকোনো ধৰ্মৰ লোকে সংবিধানত উল্লিখিত নিয়ম অথবা নিৰ্ধাৰিত আইন অনুসৰি নাগৰিকত্ব গ্রহণ কৰিব পাৰে।

(৮) সার্বজনীন ভোটাধিকাৰ : ভাৰতবৰ্ষত সকলো ধৰ্মৰ নাগৰিককে ভোটদানৰ অধিকাৰ প্ৰদান কৰা হয়। এজন ভাৰতীয় নাগৰিকৰ বয়স ১৮ বছৰ হোৱাৰ পাছত তেওঁ যি ধৰ্মতে বিশ্বাসী নহওক কিয়, ব্যক্তিজনে ভোটাধিকাৰ লাভ কৰে; অর্থাৎ ধৰ্মৰ ভিত্তিত ভোটাধিকাৰ প্ৰদানৰ ক্ষেত্ৰত ভেদাভেদ কৰা নহয়।

(৯) সমাজ ধৰ্মনিৰপেক্ষ নহয় : ভাৰতৰ সংবিধান অনুসৰি ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ; কিন্তু ভাৰতৰ সমাজ ধৰ্মনিৰপেক্ষ সমাজ নহয়। সংবিধান অনুসৰি সকলো ধর্ম সমান কিন্তু বাস্তবত ভাৰতত কিছুমান ধৰ্মক আন ধৰ্মতকৈ নীচ জ্ঞান কৰা হয়। বিভিন্ন ধৰ্মৰ লোকৰ মাজত বিশ্বাসৰ অভাৱ দেখা পোৱা যায়। বিভিন্ন ধৰ্মৰ লোকৰ মাজত বিশ্বাস আৰু সদভাৱৰ অভাৱৰ বাবেই ভাৰতত সাম্প্ৰদায়িক সংঘর্ষ হোৱা দেখা গৈছে।

(১০) যুটীয়া নির্বাচকমণ্ডলী : ইংৰাজ শাসন কালত ভাৰতত সাম্প্রদায়িক নির্বাচক মণ্ডলীৰ ব্যৱস্থা আছিল। কিন্তু ভাৰত স্বাধীন হোৱাৰ পাছত সাম্প্ৰদায়িক নির্বাচকমণ্ডলী ব্যৱস্থাৰ অন্ত পৰে আৰু যুটীয়া নির্বাচকমণ্ডলী গঠন হয়। সেই অনুসৰি ভাৰতত সকলো ধর্ম একেলগ হৈ এটা সমষ্টিৰ পৰা এজন প্ৰতিনিধি নিৰ্বাচন কৰে।

(১১) ধৰ্মনিৰপেক্ষতা আৰু নিৰ্বাচনী ৰাজনীতি : যদিও ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ নিৰ্বাচনী ৰাজনীতিত ধৰ্মৰ সংযোগ কৰিব নালাগে, কিন্তু ভাৰতত প্ৰায়ে ধর্মই নির্বাচনী ৰাজনীতিত হস্তক্ষেপ কৰা দেখা যায়। নিৰ্বাচনত প্রার্থিত্ব দিয়াৰ ক্ষেত্ৰত, নির্বাচনী প্ৰচাৰৰ সময়ত, ভোটাৰৰ আচৰণ হিচাপে ধৰ্মক ব্যৱহাৰ কৰা দেখা গৈছে।

(১২) সংখ্যালঘূৰ সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ : ভাৰতবৰ্ষৰ সংবিধানৰ ২৯ নং অনুচ্ছেদে সকলো ধৰ্মৰ লোককে শিক্ষাৰ অধিকাৰ প্ৰদান কৰিছে। সংবিধান অনুসৰি ধৰ্মীয় সংখ্যালঘুসকলে নিজৰ সংস্কৃতি ৰক্ষা কৰাৰ অধিকাৰ লাভ কৰিছে। ৩০ নং অনুচ্ছেদে সংখ্যালঘু সমুদায়ক শিক্ষানুষ্ঠান স্থাপনৰ অধিকাৰ প্ৰদান কৰিছে; অর্থাৎ‍ ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদে সংখ্যালঘুক কিছুমান বিশেষ অধিকাৰ প্ৰদান কৰিছে।

ওপৰত উল্লেখ কৰা সমূহেই ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদৰ প্ৰধান বৈশিষ্ট।

5. Briefly highlight the major debates on Indian Secularism.

Ans: ভাৰতত ধৰ্মনিৰপেক্ষতাবাদক কেন্দ্ৰ কৰি বিভিন্ন বিবাদৰ সৃষ্টি হোৱা দেখা গৈছে। সেই বিবাদসমূহক সংক্ষেপে তলত দিয়াৰ দৰে বৰ্ণনা কৰিব পৰা যায়।

(ক) সংবিধানৰ প্ৰস্তাৱনা আৰু ধৰ্মনিৰপেক্ষতাবাদ : ভাৰতবৰ্ষৰ মূল সংবিধানখনত লিখিত প্ৰস্তাৱনাটোত ‘ধৰ্মনিৰপেক্ষতা’ শব্দটো নাছিল; ৪২ সংখ্যক সংশোধনীৰ পাছতহে সংবিধানৰ প্ৰস্তাৱনাত ইয়াক সংযোগ কৰা হৈছে। ইয়াৰ সুযোগ লৈ এচাম ধৰ্মনিৰপেক্ষতাবাদৰ বিৰোধী লোকে প্ৰস্তাৱনাৰ পৰা ‘ধৰ্মনিৰপেক্ষ’ শব্দটো আকৌ বাদ দিয়াৰ দাবী কৰি আহিছে। এনে পৰিৱেশত ধৰ্মনিৰপেক্ষতাবাদৰ সমৰ্থক আৰু বিৰোধীৰ মাজত বিতৰ্ক হোৱা দেখা দিছে।

(খ) হিন্দু ৰাষ্ট্ৰ গঠন : ভাৰতবৰ্ষৰ এচাম লোক আৰু কিছু সংগঠনে ভাৰতক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ কৰাৰ পৰিৱৰ্তে হিন্দু ৰাষ্ট্ৰ হিচাপেহে গঢ় দিব বিচাৰে। এইসকল লোকে ইয়াৰ সপক্ষে নানান যুক্তি দাঙি ধৰে। ফলস্বৰূপে ভাৰতত দুয়োপক্ষৰ মাজত বিতৰ্কৰ সৃষ্টি হোৱা দেখা গৈছে।

(গ) পাশ্চাত্য বনাম ভাৰতীয় আৰ্হি : বহু চিন্তাবিদে ধৰ্মনিৰপেক্ষতাবাদৰ পশ্চিমীয়া আৰ্হিকহে প্ৰকৃত আৰ্হি হিচাপে গ্রহণ কৰে। তেওঁলোকে ভাৰতীয় আৰ্হি সমালোচনা কৰে। আন এচাম চিন্তাবিদে ভাৰতৰ সমাজ আৰু পৰিৱেশত পশ্চিমীয়া আৰ্হিৰ পৰিৱৰ্তে ভাৰতীয় আৰ্হিহে উপযুক্ত বুলি গণ্য কৰে। এনে দুই পৃথক চিন্তাধাৰাই আলোচনাৰ বাট মুকলি কৰিছে।

(ঘ) ইতিহাসকেন্দ্রিক বিবাদ : ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষতাবাদৰ বিতর্কত ইতিহাস এটা গুৰুত্বপূর্ণ বিষয় হিচাপে থিয় দিছে। ভাৰতৰ এচাম ধর্মীয় চিন্তাধাৰাৰে পৰিচালিত চিন্তাবিদে অতীজৰে পৰা ভাৰত এখন হিন্দু দেশ, ভাৰতত আন ধৰ্মৰ চমু ইতিহাস, অতীতত থকা মঠ-মন্দিৰ-মছজিদ আদিৰ বিৱৰণ, অতীজৰ শাসন শোষণ আদিবোৰক কেন্দ্ৰ কৰি ধৰ্মনিৰপেক্ষতাবাদৰ বিতৰ্কই গা কৰি উঠা দেখা যায়।

(ঙ) পৃথকীকৰণ আৰু ধৰ্মনিৰপেক্ষতাবাদ : ভাৰতত ধৰ্মক ৰাজনীতিৰ পৰা সম্পূৰ্ণৰূপে পৃথক কৰা হোৱা নাই। যদিও ভাৰতত কোনো চৰকাৰী ধৰ্ম নাই, তথাপি চৰকাৰে বিভিন্ন সময়ত ধৰ্মীয় কাম-কাজ বা অনুষ্ঠানসমূহক আর্থিক সাহায্য প্রদান কৰে।ধৰ্মনিৰপেক্ষতাবাদৰ পশ্চিমীয়া আহিৰ চিন্তাবিদসকলে এই সম্পর্কক সমালোচনা কৰে। আনহাতে এচাম ভাৰতীয়ই ভাৰতীয় সমাজ ব্যবস্থা, সভ্যতা আৰু সংস্কৃতিৰ পৰিপ্ৰেক্ষিতত ই এক স্বাভাবিক অৱস্থা বুলি গণ্য কৰে। সেয়ে এই দুই চিন্তাধাৰাত বিশ্বাসীসকলৰ মাজত মতানৈক্য বা বিতৰ্কৰ সৃষ্টি হোৱা দেখা যায়।

(চ) সংখ্যালঘু আৰু সংখ্যাগুৰু ব্যৱস্থা : ভাৰতত হিন্দুসকল সংখ্যাগৰিষ্ঠ আৰু মুছলমান, শিখ, জৈন আদিসকল সংখ্যালঘু সমুদায়। ভাৰতত চৰকাৰে সংখ্যালঘুৰ বাবে কিছুমান বিশেষ ব্যৱস্থা লোৱা দেখা যায়; সমালোচক সকলে ইয়াৰ সমালোচনা কৰে। তেওঁলোকৰ মতে এখন গণতান্ত্রিক, সমতাৰ ভিত্তিত প্রতিষ্ঠিত ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত সংখ্যালঘু বা সংখ্যাগৰিষ্ঠসকলক বিশেষ সুবিধা প্ৰদান কৰাটো এটা অযুক্তিকৰ ব্যৱস্থা, গতিকে এনে ব্যৱস্থাৰ অন্ত পৰিব লাগে। 

(ছ) হিন্দুকেন্দ্ৰিক ধৰ্মনিৰপেক্ষতাবাদ : বৰ্তমান সময়ত এচাম ৰাজনৈতিক চিন্তাবিদে হিন্দুকেন্দ্ৰিক ধৰ্মনিৰপেক্ষকতা বাদৰ আৰ্হি দাঙি ধৰিছে। এই আৰ্হি অনুসৰি ভাৰতত হিন্দু ধৰ্মক প্রধান ধর্ম বা ৰাষ্ট্ৰধৰ্ম হিচাপে ঘোষণা কৰা হ’ব। অৱশ্যে আন ধর্মৰ লোকেও ভাৰতত সুখে-শান্তিৰে, সকলো অধিকাৰ ভোগ কৰি থাকিব পাৰিব। এইসকল লোকে সেয়ে ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে চিনাকি দিব বিচাৰে। কিন্তু ধৰ্মনিৰপেক্ষতা বাদৰ আন চিন্তাবিদসকলে এনে ৰাষ্ট্ৰৰ ধাৰণাক সমৰ্থন নকৰে। তেওঁলোকে যুক্তি দিয়ে যে হিন্দু ধর্মক প্ৰাধান্যৰ অৰ্থ আন ধৰ্মৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা। আন ধৰ্মৰ সভ্যতা-সংস্কৃতিক আঘাত কৰি ধৰ্মনিৰপেক্ষতাবাদ আগবাঢ়িব নোৱাৰে।

(জ) খাদ্য, উৎসৱ আৰ ধৰ্মনিৰপেক্ষতাবাদৰ বিতৰ্ক : ভাৰতৰ ধৰ্মনিৰপেক্ষতাবাদৰ বিতৰ্কত বৰ্তমান খাদ্য, বস্তু, উৎসৱ আদিয়ে স্থান লাভ কৰা দেখা গৈছে। বর্তমান ভাৰতত বিভিন্ন ধৰ্মৰ লোকসকলে পৰিধান কৰা লাভ কৰা ধৰ্মীয় বস্তুৰ সপক্ষে আৰু বিপক্ষে আলোচনা হোৱা দেখা গৈছে। ঠিক সেইদৰে বিভিন্ন উৎসৱসমূহ উদযাপনে আন ধৰ্মৰ লোকৰ ওপৰত পৰা প্ৰভাৱক কেন্দ্ৰ কৰি বিতৰ্ক হোৱা দেখা গৈছে। খাদ্যক লৈয়ো ভাৰতত ধৰ্মনিৰপেক্ষতাৰ বিতৰ্ক হোৱা দেখা গৈছে। ভাৰত চৰকাৰ গো মাংস নিষিদ্ধ কৰাত এচাম লোকে সমৰ্থন কৰাৰ পৰিৱৰ্তে উদাৰবাদীসকলে তাৰ সমালোচনা কৰে।

(ঝ) ধৰ্মনিৰপেক্ষতাবাদ আৰু দেশপ্রেম : ভাৰতৰ উগ্র জাতীয়তাবাদীসকলে বহুসময়ত ধৰ্মৰ লগত দেশপ্রেমক সংযোগ কৰা দেখা গৈছে। এটা নিৰ্দিষ্ট ধৰ্মৰ লোকক দেশদ্রোহী হিচাপে সন্দেহৰ চকুৰে চোৱা হয়। দেশপ্রেমমূলক বাণীক ধৰ্মৰ লগত মিলিত কৰা হয়। এনেবোৰ ঘটনাই ভাৰতত ধৰ্মনিৰপেক্ষতাবাদৰ অধ্যয়নকৰ্তাসকলৰ মাজত বিতৰ্কৰ সূত্ৰপাত কৰে।

(ঞ) অন্যান্য বিতর্ক : ওপৰত উল্লিখিত বিষয়সমূহৰ উপৰি আন কিছুমান কথাত ভাৰতত ধৰ্মনিৰপেক্ষতাৰ বিতৰ্কৰ সৃষ্টি হোৱা দেখা গৈছে। উদাহৰণস্বৰূপে ধৰ্মীয় সংগঠনসমূহৰ ৰাজনৈতিক সক্রিয়তা, ধর্মীয় আইন, নিৰ্বাচনী ৰাজনীতি, ধৰ্ম আদিবোৰ বিষয়ক লৈ চিন্তাবিদসকলৰ মাজত মতানৈক্য হোৱা দেখা যায়। এনে মতানৈক্যই ধৰ্মনিৰপেক্ষতাবাদৰ বিতৰ্কৰ ৰূপ লোৱা দেখা গৈছে।

6. Major Challenges before Secularism in India.

Ans: ভাৰত স্বাধীন হোৱাৰ সময়ৰ পৰাই ভাৰতত ধৰ্মনিৰপেক্ষ নীতি প্রচলিত হৈ আছে। ভাৰতৰ সংবিধানে ভাৰতৰ ধৰ্মনিৰপেক্ষতাবাদৰ ভেটি সুদৃঢ় কৰা দেখা গৈছে। ধৰ্মনিৰপেক্ষতাবাদৰ গভীৰ ইতিহাসে ভাৰতত ধৰ্মনিৰপেক্ষ নীতিৰ প্রয়োগত সহায় কৰিছে। অৱশ্যে ধৰ্মনিৰপেক্ষতাবাদক সংবিধানৰ এক মৌলিক আদর্শ হিচাপে আখ্যা দিয়াৰ পাছতো ভাৰতত ধৰ্মনিৰপেক্ষতাবাদে বিভিন্ন প্রত্যাহ্বানৰ সন্মুখীন হোৱা দেখা গৈছে। সেইসমূহ তলত আলোচনা কৰা হৈছে—

(১) সাম্প্রদায়িক শক্তি : ভাৰতত সাম্প্রদায়িকতাবাদে ধৰ্মনিৰপেক্ষতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। ভাৰতবৰ্ষৰ সাম্প্ৰদায়িক অপশক্তিসমূহে বিভিন্ন ধৰ্মৰ মাজত ভাতৃত্ববোধ জাগ্রত হোৱাত বাধা দিয়ে। এটা সম্প্রদায়ে আন এক সম্প্রদায়ক দমন কৰিবলৈ চেষ্টা কৰে।এনে ঘটনাই ধৰ্মনিৰপেক্ষতাবাদৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।

(২) তিক্ত ইতিহাস : ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে বিভিন্ন ধৰ্মৰ মাজত তিক্ততাপূর্ণ সম্পর্ক আছিল। ইংৰাজ শাসনৰ সময়ছোৱালৈ লক্ষ্য কৰিলে দেখা যাব যে হিন্দু আৰু মুছলমানৰ মাজত বিভিন্ন সময়ত শত্রুভাব জাগি উঠিছিল। স্বাধীনতা আন্দোলনৰ সময়ত ধৰ্মৰ ভিত্তিত মুছলিম লীগ গঠন হৈছিল আৰু ধৰ্মৰ ভিত্তিতে ভাৰতক দ্বিখণ্ডিত কৰা হৈছিল। এনে তিক্ততাপূর্ণ ইতিহাসে বিভিন্ন ধর্মৰ মাজত সদৃভাৱ জাগ্ৰত কৰি ধৰ্মনিৰপেক্ষতাৰ ভাৱ জগাই তোলাত বাধা দিয়ে। 

(৩) ধৰ্ম আৰু ৰাজনীতিৰ মাজৰ সম্পৰ্ক : ভাৰতবৰ্ষত ৰাজনীতিৰ পৰা ধৰ্ম সম্পূৰ্ণৰূপে পৃথক নহয়; বিভিন্ন সময়ত ধৰ্মই ৰাজনীতিত আৰু ৰাজনীতিয়ে ধৰ্মত প্ৰভাৱ বিস্তাৰ কৰা দেখা গৈছে। ধৰ্ম আৰু ৰাজনীতিৰ মাজত থকা এনে সম্পর্কই ভাৰতত ধৰ্মানিৰপেক্ষতাবাদৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰা দেখা গৈছে।

(৪) সংখ্যাগত পার্থক্য : ভাৰতত বিভিন্ন ধৰ্মৰ মাজত থকা সংখ্যাগত পার্থক্যয়ো ধৰ্মনিৰপেক্ষতাবাদৰ ক্ষেত্ৰত বাধা দিয়া দেখা গৈছে। ২০১১ চনৰ লোক পিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যা ১২১ কোটিৰ ৯৬.৬. কৌটি অর্থাৎ ৭৯.৮ শতাংশ লোক হিন্দু। ভাৰতৰ ১৪.২৩ শতাংশ লোক মুছলমান আৰু ২.৩০ শতাংশ লোক খ্ৰীষ্টিয়ান। আন আন ধর্মত বিশ্বাসী লোকৰ সংখ্যা ইয়াতকৈয়ো কম। গতিকে এটা ধৰ্ম সংখ্যাগৰিষ্ঠ আৰু আনবোৰ সংখ্যালঘু হোৱাৰ বাবে ধৰ্মনিৰপেক্ষতাবাদৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি হোৱা দেখা গৈছে।

(৫) ধর্মীয় সংগঠনসমূহৰ প্ৰভাৱ : ভাৰতবৰ্ষত কিছুমান ধৰ্মীয় সংগঠনে বিভিন্ন উপায়েৰে আন ধৰ্মৰ লোকৰ প্ৰতি ঋণাত্মক মনোভাৱ প্ৰচাৰৰ চেষ্টা কৰে। এনে কাৰ্যই ভাৰতত ধৰ্মনিৰপেক্ষতাবাদৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।

(৬) সামাজিক মাধ্যমৰ ভূমিকা: ভাৰতত প্ৰায়ে সামাজিক মাধ্যম, যেনে— ফেচবুক [Facebook], ওৱাটচএপ [WhatsApp] আদিবোৰত কিছুমান মিছা সাম্প্রদায়িক সংবাদ প্ৰচাৰ হোৱা দেখা যায়। এনে মিছা সাম্প্রদায়িক সংবাদসমূহে মানুহৰ মাজত হিংসাৰ ভাৱ বিয়পায়। এনে মিছা সংবাদসমূহে ভাৰতত ধৰ্মনিৰপেক্ষতাবাদৰ প্রতি ভাবুকিৰ সৃষ্টি কৰা দেখা গৈছে।

(৭) অধিক ধর্মপ্রাণ লোক : ভাৰতৰ জনসাধাৰণৰ ধৰ্মৰ প্ৰতি দুর্বলতা অধিক। ভাৰতীয় সমাজ-জীৱনত ধর্মই গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ব্যক্তিৰ ব্যক্তিগত আৰু সামাজিক জীৱনত ধৰ্মৰ প্ৰভাৱ অত্যন্ত বেছি হোৱাৰ বাবে ব্যক্তিয়ে ধৰ্মক এৰাই চলিব নোৱাৰে। ব্যক্তিৰ জীৱনৰ পৰা ধৰ্মক পৃথক কৰিব নোৱৰাৰ বাবেই ধর্মক ৰাজনীতিৰ পৰাও পৃথক কৰাত অসুবিধা হয়। ফলস্বৰূপে ভাৰতত ধৰ্মনৰপেক্ষতাবাদৰ প্রতিষ্ঠাত প্ৰত্যাহ্বানৰ সৃষ্টি হয়।

(৮) বহিঃৰাষ্ট্ৰৰ ভূমিকা : ভাৰতত ধৰ্মনিৰপেক্ষতাৰ আন এক প্ৰত্যাহ্বান হ’ল বিদেশী ৰাষ্ট্ৰৰ ভূমিকা। বহিঃৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত ভাৰতত ধৰ্মৰ নামত বিশৃংখল পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হয়। পাকিস্তানৰ ধৰ্মীয় সন্ত্রাসবাদে ভাৰতৰ ধৰ্মানৰপেক্ষতাবাদৰ পৰিৱেশত বাধা জন্মায়। গতিকে বহিঃৰাষ্ট্ৰৰ অনৈতিক হস্তক্ষেপে ভাৰতত ধৰ্মনিৰপেক্ষতাবাদৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে বুলি ক’ব পৰা যায়।

এইসমূহেই ভাৰতত ধৰ্মনিৰপেক্ষতাবাদৰ প্ৰধান প্ৰত্যাহ্বান। 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top