Political Process of India Unit 3 আঞ্চলিক প্রত্যাশা

Political Process of India Unit 3 আঞ্চলিক প্রত্যাশা Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Process of India Unit 3 আঞ্চলিক প্রত্যাশা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Process of India Unit 3 আঞ্চলিক প্রত্যাশা Question Answer can be of great value to excel in the examination.

Political Process of India Unit 3 আঞ্চলিক প্রত্যাশা

Join Telegram channel

Political Process of India Unit 3 আঞ্চলিক প্রত্যাশা Notes cover all the exercise questions in UGC Syllabus. The Political Process of India Unit 3 আঞ্চলিক প্রত্যাশা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Regional Aspirations

POLITICAL SCIENCE

POLITICAL PROCESS OF INDIA

ভাৰতৰ ৰাজনৈতিক প্ৰক্ৰিয়া

Objective Type Questions

1. When did NSCN was formed

Ans: 1980.

2. What is the full form of NSCN

Ans: National Socialists Council of Nagaland.

3. When and where ULFA formed.

Ans: In 1979 in historic place of Rang ghar.

4. Which regional Political party formed the government for the first time.

Ans: DMK.

5. When did Akali Dal was formed.

Ans: In 1920.

6. When did Assam accord was signed.

Ans: 1985.

7. Write the name of the state which was formed on the basis of Language for the first time.

Ans: Andhra Pradesh.

8. When did Punjab accord was signed

Ans: 1985.

9. In which year operation blue star was launched.

Ans: 1984.

10. What is the full form of DMK

Ans: Dravida, Munnetra, Kazhagam. 

11. When did BTAD was formed.

Ans: 2003.

12. What is the full form of BTAD

Ans. Bodoland Territorial Area Districts.

13. Regionalism is based on particular region. (State ‘True’ or False”).

Ans: True.

14. Mention a cause of Emergence of regional political party.

Ans: Backwardness of a region.

15. What is the strongest demand of regional aspiration in India?

Ans: Demand of Separate State.

16. Who formed Dravid organisation?

Ans: Dr. C. Natasa Mudaliar.

17. Who launched self respect movement?

Ans: Ramaswami Naicker Perrier.

18. Who demanded a separate Khalistan?

Ans: The Sikhs.

19. In which year the Akali Dal was bifurcated?

Ans: 1987.

20. Give one argument against Regionalism.

Ans: আঞ্চলিকতাবাদে কেতিয়াবা জাতীয় সংহতিৰ বিনষ্ট সাধন কৰে। এটা সময়ত আকালি দলে পঞ্জাৱৰ বাবে সুকীয়ালৈ স্বাধীনতা বিচাৰিছিল। বৰ্তমান নাগালেণ্ডৰ NNO আঞ্চলিকতাবাদে উত্তৰ পূৰ্বাঞ্চলত সংহতি বিনষ্ট কৰাৰ অৱস্থা হৈছে। শিৱ সেনাই ধৰ্মীয় উগ্রবাদৰ সহায় লৈছে।

21. One factor for the growth of Regionalism –

Ans: অর্থনৈতিক শোষণ [ Economic exploitation]

22. In India, residuary powers vested with ― [Centre / State].

Ans: Centre.

Short Type Questions

1. Write the two factors responsible for growth of regionalism in India.

Ans: আঞ্চলিকতাবাদী মনোভাৱ সুদৃঢ় কৰাৰ বহুতো কাৰণ থকা দেখা যায়। 

এই বিলাকৰ ভিতৰত কেইটামান বিশেষ কাৰণ তলত উল্লেখ কৰা হ’ল―

1. অর্থনৈতিক শোষণ [Economic exploitation]

2. ৰাজনৈতিক প্ৰতাৰণা [Political deprivation]

3. কৃষ্টি-সংস্কৃতি হেৰুৱাৰ ভয় [Fear of losing own Cultural identity]

4. ৰাজনীতিবিদসকলৰ ৰাজনৈতিক আকাংক্ষা [Political ambition of politicians]

অর্থনৈতিক শোষণ [Economic Exploitation] : অর্থনৈতিক শোষণক আঞ্চলিকাতাবাদী মনোভাৱ জাগৃত কৰাৰ এক বিশেষ কাৰণ হিচাপে গণ্য কৰিব পৰা যায়। কোনো এটা অঞ্চল বা এখন ৰাজ্যৰ প্ৰাকৃতিক সম্পদৰ পৰা যদি সেই অঞ্চলৰ বা ৰাজ্যখনৰ লোকক বঞ্চিত কৰি অন্য অঞ্চল বা ৰাজ্যৰ লোকে ভোগ কৰিবলৈ লয় তেন্তে প্ৰাকৃতিক সম্পদৰ গৰাকীসকলৰ অসন্তুষ্ট হোৱাতো স্বাভাৱিক আৰু এনে অসন্তুষ্টিৰ ভাৱে আঞ্চলিকতাবাদী মনোভাৱ গঢ় লৈ উঠাত অৰিহণা যোগায় আৰু শেষত ইয়াৰ পৰিত্ৰাণৰ বাবে জনসাধাৰণ আন্দোলনমুখী হৈ পৰে। সেয়ে বৰ্তমান বিভিন্ন অঞ্চল বা ৰাজ্যত এনে বহুতো সংগঠনে জন্ম লাভ কৰা দেখা যায় যিয়ে চৰকাৰী অৰ্দ্ধ চৰকাৰী, ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানৰ চাকৰি, ব্যৱসায়-বাণিজ্য আদিত থলুৱা লোকৰ নিযুক্তি দাবী কৰাব লগতে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ মুখ্য কার্যালয়সমূহ উৎপাদন থলিলৈ উঠাই অনাৰ বাবে দাবী জনাইছে। বর্তমান ভালেমান ৰাজ্য চৰকাৰে এই দাবীৰ পৰিপ্ৰেক্ষিতত, আৱশ্যকীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।

ৰাজনৈতিক প্ৰতাৰণা | Political Deprivation] : ৰাজনৈতিক প্ৰতাৰণায়ো আঞ্চলিকতাবাদী মনোভাৱ বৃদ্ধি কৰাত সহায় কৰি আহিছে বুলিব পাৰি। যেতিয়া কোনো এটা অঞ্চল ৰাজনৈতিক চল-চাতুৰীৰ ফলত বহুদিন ধৰি অনগ্ৰসৰ হৈ থাকে তেন্তে সেই অঞ্চলৰ জনসাধাৰণে অসন্তুষ্টি আৰু হতাশাৰ মনোভাৱ পোষণ কৰাতো স্বাভাৱিক আৰু শেষত এই অসন্তুষ্টি আৰু হতাশাই তেওঁলোকক আঞ্চলিকতাবাদী মনোভাৱ জগাই তুনিবলৈ বাধ্য কৰে। সেয়ে আজি আঞ্চলিকতাবাদৰ প্ৰতি আকৃষ্ট হৈ বহুতো অঞ্চলৰ জনসাধাৰণে নিজা ৰাজনৈতিক দল, সংগঠন জন্ম দি ইয়াৰ প্ৰতিকাৰৰ বাবে যত্নপৰ হোৱা দেখা গৈছে। আনকি কিছুমান সংগঠনে এই অৱস্থাৰ নিৰাময়ৰ বাবে সুখীয়া ৰাজা স্থাপনৰ বাবেও দাবী জনায় আহিছে আৰু ইতিমধ্যে কিছুমান সংগঠনৰ দাবী চৰকাৰে মনি লবলৈ বাধা হৈছে। 

2. Points out the two major areas of Centre State tensions in India.

Ans: কেন্দ্ৰ আৰু ৰাজ্য বিলাকৰ বিবাদৰ মূল কাৰণসমূহৰ দুটাৰ বিষয়ে তলত আলোচনা কৰা হ’ল―

(ক) ৰাজ্যপালৰ পক্ষপাতমূলক আচৰণ : ৰাজ্যৰ ৰাজ্যপালজন হৈছে ৰাজ্যখনৰ সাংবিধানিক মুৰব্বী। এই মুৰব্বীজনক কেন্দ্ৰই নিযুক্তি দিয়ে। সেয়ে ৰাজ্যপালজনে কেন্দ্রীয় চৰকাৰৰ ওচৰত দায়বদ্ধ হৈ কাৰ্যাৱলী পৰিচালনা কৰিবলৈ বাধ্য হৈ পৰে। ফলত ৰাজ্যৰ বিৰোধী দলৰ চৰকাৰ আৰু কেন্দ্ৰৰ সৈতে, একে দলৰ চৰকাৰৰ ক্ষেত্ৰত ৰাজ্যপালসকলৰ ভূমিকা বেলেগ হোৱা দেখা যায়। ৰাজ্যপালসকলে একেদলৰ চৰকাৰৰ বেলিকা নিজ ক্ষমতাৱলীৰ জৰিয়তে চৰকাৰখনক যি কোনো প্ৰকাৰে ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰে। কিন্তু সেই একেটা কাৰণতে বিৰোধীদলৰ চৰকাৰখন ভঙ্গ কৰাৰ বাবে উৎসাহী হৈ পৰে। উদাহৰণস্বৰূপে ক’ব পৰা যায় যে ১৯৬৭ চনত বিধানসভাত সংখ্যাগৰিষ্ঠতা প্রমাণ কৰিবলৈ দিয়া নিৰ্দেশ অমান্য কৰাৰ বাবে পশ্চিমবঙ্গৰ অজয় মুখাৰ্জীৰ সংযুক্ত চৰকাৰখন ৰাজ্যপালজনে ভঙ্গ কৰিছিল। 

কিন্তু অন্যহাতেদি ১৯৬৮ চনত মধ্যপ্ৰদেশৰ ডি. পি. মিশ্ৰৰ চৰকাৰ, ১৯৭০ চনত গোলাম মহম্মদ চাদিকৰ নেতৃত্বৰ জন্মু ও কাশ্মীৰৰ চৰকাৰ, ১৯৮২ চনত আনোৱাৰা, টাইমূৰৰ নেতৃত্বৰ অসমৰ চৰকাৰ কেইখন ৰক্ষা কৰাৰ উদ্দেশ্যে সেই ৰাজ্যৰ ৰাজ্যপালসকলে বিধানসভাত যাতে তেওঁলোকৰ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গৃহীত হব নোৱাৰে তাৰ বাবে বিধানসভাৰ অধিৱেশন হঠাতে স্থগিত কৰি দিছিল। কাৰণ এই কেইখন আছিল কংগ্ৰেছ দলৰ চৰকাৰ। গতিকে ক’ব

পৰা যায় যে ৰাজ্যপালসকলৰ কাৰ্যাৱলী আছিল সম্পূর্ণ পক্ষপাতমূলক যিটো, বিৰোধীদলৰ চৰকাৰবিলাকে তীব্র প্রতিবাদ। জনাবলৈ বাধ্য হৈছিল।

(খ) মুখ্যমন্ত্ৰীৰ নিযুক্তি বৰ্খাস্ত [Appointment and dismissal of the Chief Minister] : মুখ্যমন্ত্ৰীসকলৰ নিযুক্তি আৰু বৰ্খাস্তৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰক সন্তুষ্ট কৰি ৰখাৰ বাবে ৰাজ্যপালসকলে বিভিন্ন ধৰণৰ ভূমিকা পালন কৰা দেখা যায়। অর্থাৎ কেতিয়াবা তেওঁলোকে নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠ লাভ কৰা দলটোক আকৌ কেতিয়াবা পৰিস্থিতি অধ্যয়ন কৰি তেওঁলোকৰ ইচ্ছানুসৰি কোনো এজন নেতাক চৰকাৰ গঠনৰ বাবে আহ্বান জনায়। কবলৈ গলে যিটো নীতি গ্রহণ কৰিলে কেন্দ্ৰৰ শাসনাধিষ্ঠ দলটোৰ সপক্ষে যায় সেই নীতিকেই ৰাজ্যপালসকলে গ্ৰহণ কৰে। সেইদৰে মুখ্য মন্ত্ৰীসকলৰ বৰ্খাস্তৰ বেলিকাও একে নীতি গ্ৰহণ কৰা দেখা যায়। অর্থাৎ চৰকাৰখন বিৰোধী দলৰ হ’লে সেই দলৰ মুখ্যমন্ত্ৰীজনক কোনো কাৰণ নোহোৱাকৈও বৰ্খাস্ত কৰিবলৈ কুণ্ঠাবোধ নকৰে । কিন্তু অন্যহাতেদি যথেষ্ট কাৰণ থাকিলেও কেন্দ্ৰৰ সৈতে একে দলৰ চৰকাৰ হ’লে সেই চৰকাৰৰ মুখ্যমন্ত্ৰীজনক বৰ্খাস্ত কৰিবলৈ প্ৰস্তত নহয়। উদাহৰণস্বৰূপে ক’ব পৰা যায় যে ১৯৮৪ চনত অন্ধপ্ৰদেশৰ এন. টি. ৰামৰাও আৰু জন্মু ও কাশ্মীৰৰ মুখ্যমন্ত্ৰী দুজনক কোনো কাৰণ নোহোৱাকৈয়ে বৰ্খাস্ত কৰা হৈছিল। কিন্তু অন্যহাতেদি ১৯৮১ চনত আনোৱাৰা টাইমূৰৰ চৰকাৰখন (অসমৰ) বিধানসভাত পৰাস্ত হোৱাৰ পিচতো তেতিয়াৰ ৰাজ্যপাল এল.পি.সিঙে টাইমূৰৰ চৰকাৰখন (কংগ্ৰেছ চৰকাৰ) ভঙ্গ কৰা নাছিল।

3. Define regionalism.

Ans: আঞ্চলিকতাবাদ হৈছে মানুহৰ এটা ধাৰণা যাৰ দ্বাৰা নিজৰ অঞ্চলটোৰ মানুহৰ প্ৰতি ভালপোৱাৰ মনোভাব থাকে আৰু আন অঞ্চলৰ মানুহক ঘৃণাৰ চকুৰে চায়। আঞ্চলিকতাবাদ মানে হ’ল সমগ্ৰ দেশখনক সমানে ভালপোৱাৰ বিপৰীতে নিজৰ অঞ্চলটোক বা ঠাইখনক বেছি ভাল পোৱা, তেওঁলোকে দেশৰ সামগ্রিক উন্নয়নৰ বিপৰীতে নিজৰ অঞ্চলৰ উন্নতিহে কামনা কৰে। আৰু আঞ্চলিক উন্নয়নৰ পৰা নিজৰ লাভৰ আশা কৰে। আঞ্চলিকতাবাদে নিজৰ অঞ্চলটোৰ প্রশাসনিক আৰু অন্যান্য ক্ষেত্ৰত স্ব-নিয়ন্ত্ৰণৰ দাবী জনায় আৰু কোনো বাহিৰৰ লোকৰ সেই অঞ্চললৈ প্ৰব্ৰজন অথবা স্থায়ীভাৱে বসবাস কৰিবলৈ অহাটো কামনা নকৰে। বৰ্তমান আমাৰ ভাৰতত এনে কিছুমান ৰাজ্য আছে যিবিলাক ৰাজ্যত কিছুমান জনসাধাৰণে নিজকে ভূমিপুত্ৰ বুলি ভাবে। তেওঁলোকে তাত সকলো ধৰণৰ সুবিধা ভোদ কৰা আশা কৰে আৰু অন্য ঠাইৰ পৰা অহা লোকসকলক নিজৰ অধীনত ৰাখিব বিচাৰে। এইদৰে আঞ্চলিকতাবাদে সমগ্ৰ দেশৰ পৰিৱৰ্তে নিজৰ অঞ্চলৰ প্ৰতি ভালপোৱা মনোভাৱ জগাই তোলে।

According to Seligman and Thonson, “It is a counter movement to any exaggerated or oppressive form of centralisation.

ড° ইকলাব নাৰেনৰ মতে ভাৰতীয় পটভূমিত আঞ্চলিকতাবাদৰ দুটা দিশ আছে – ইতিবাচক আৰু নেতিবাচক ইয়াৰ ইতিবাচক দিশটোৱে কোনো অঞ্চলৰ লোকৰ পৃথক জাতিসত্তা, স্বকীয়ভাব, অর্থনৈতিক স্থিতি আদিৰ প্ৰতি লক্ষ্য ৰাখি আত্মশাসনৰ ওপৰত প্রাধান্য দিয়ে। আনহাতে আঞ্চলিকতাবাদৰ ধাৰণাৰ নেতিবাচক দিশটোৱে কেন্দ্ৰীয় বা ৰাজ্যতকৈ কোনো অঞ্চলৰ লগত অধিক আত্মীয়তা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়ে। বাস্তৱিকতে আঞ্চলিকতাবাদৰ নেতিবাচক দিশতকৈ ইতিবাচক দিশত অধিক গুৰুত্ব দিয়ে। বাস্তৱিকতে আঞ্চলিকতাবাদৰ নেতিবাচক দিশতকৈ ইতিবাচক দিশৰ গুৰুত্ব অধিক, কিয়নো ইতিবাচকে দিশতে একে ভাষা-ভাষী, ধর্ম, জাতিসত্তা বা উমৈহতীয়া ঐতিহাসিক পৰম্পৰা থকা লোকে একেলগ হৈ বসবাস কৰাৰ পোষকতা কৰে। নেতিবাচক আঞ্চলিকতাবাদে মুষ্টিমেয় লোকৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় শাসনৰ বিৰোধিতা কৰে। কোনো অঞ্চলৰ লোকৰ এনে বিৰোধিতা কেন্দ্ৰৰ পৰা বিচ্ছিন্ন হোৱা। সুকীয়া ৰাজ্য গঠন কৰা আন্তঃৰাজ্যিক সীমাবিবাদ নিষ্পত্তি কৰা আদি বিষয়ক কেন্দ্ৰ কৰি হ’ব পাৰে।

4. Write the four causes of the growth of regionalism.

Ans: আঞ্চলিকতাবাদ বিভিন্ন অঞ্চলত বেলেগ বেলেগ কাৰণত গঢ় লৈ উঠিব পাৰে। এই সকলোবিলাক কাৰণৰ বিষয়ে আলোচনা সম্ভৱ নহয় যদিও আঞ্চলিকতাবাদ সৃষ্টিৰ কেইটামান মূল কাৰণ তলত উল্লেখ কৰা হ’ল—

(ক) ভৌগোলিক অৱস্থান : ভাৰতৰ কিছুমান অঞ্চল এনে ঠাইত অৱস্থিত যে সেই ঠাইৰ লোকে নিজৰ অঞ্চলটোক এটা সুকীয়া অঞ্চল বুলি ভাবিব, বাধ্য হয়, যেনে— উত্তৰ-পূব ভাৰত। ভাৰতৰ এই অংশটো মাত্ৰ এক ঠেক ভূ-ভাগৰেহে ভাৰতৰ সৈতে সংলগ্ন হৈ আছে। এনে অঞ্চলত থকা লোকে নিজকে দেশৰ পৰা আঁতৰত থকা বুলি ভাবে আৰু সেয়ে আঞ্চলিকতাবাদে গা কৰি উঠে।

(খ) ঐতিহাসিক কাৰণ : ঐতিহাসিক কাৰণতো আঞ্চলিকতাবাদৰ সৃষ্টি হ’ব পাৰে। যেতিয়া এটা অঞ্চলৰ জনগোষ্ঠীয়ে গম পায় যে অতীতত তেওঁলোক ভাৰতীয় সমাজৰ ভিতৰুৱা নাছিল। এনে ভাৱধাৰাৰ ফলত তেওঁলোকৰ মনত আঞ্চলিকতাবাদে গঢ় লৈ উঠে।

(গ) ৰাজনৈতিক কাৰণ : ৰাজনৈতিক দৃষ্টিকোণৰ পৰা যদি এটা অঞ্চল আনবোৰ অঞ্চলতকৈ সুকীয়া বুলি ভাবে তেন্তে আঞ্চলিকতাবাদ সৃষ্টি হ’ব পাৰে। দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনে উত্তৰ ভাৰতৰ ৰাজ্যকেইখনে উত্তৰ ভাৰতৰ ৰাজ্যকেইখনতকৈ নিজকে সুকীয়া বুলি ভাবে, কাৰণ তেওঁলোকৰ ধাৰণা যে ৰাজনৈতিক সা-সুবিধাবিলাক তেওঁলোকতকৈ উত্তৰ ভাৰতে বেছি পায়।

(ঘ) মনস্তাত্ত্বিক কাৰণ : কোনো এটা অঞ্চলৰ জনসাধাৰণে যদি ভাবে যে ভাৰতীয় স্বাধীনতাই তেওঁলোকক সুফল দিব পৰা নাই নাইবা সৰ্বভাৰতীয় পদ্ধতিত যদি তেওঁলোকক মানসিকভাৱে সন্তুষ্ট কৰিব পৰা নাযায়,তেনে ক্ষেত্ৰত আঞ্চলিকতাবাদৰ জন্ম হ’ব পাৰে। যদি কাৰোবাৰ মনত আঞ্চলিক উন্নয়নৰ বাবে আঞ্চলিকতাবাদহে একমাত্র পথ বুলি যুক্তিৰে পতিয়ন যায়, তেনে ক্ষেত্ৰতো আঞ্চলিকতাবাদৰ উদ্ভৱ হ’ব পাৰে।

5. Write the four causes of the growth of regionalism in Assam. 

Ans: অসমত আঞ্চলিকতাবাদ বিকাশৰ কাৰণ :

১) প্রাকৃতিক সম্পদৰ কেন্দ্ৰৰ কৰ্তৃত্ব : অসম প্রাকৃতিক সম্পদত এখন চহকী ৰাজ্য । ইয়াত খাৰুৱা তেল, কয়লা, চূণশিল আদি খনিজাত পদাৰ্থৰ উপৰি আন প্ৰাকৃতিক সম্পদ, যেনে – চাহ, বেত, কাঠ আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। কিন্তু অসম প্রাকৃতিক সম্পদত চহকী হ’লেও অসমে এই সম্পদবিলাকৰ পৰা কেন্দ্ৰৰ পৰা সামান্য পৰিমাণৰ বাবে লিটিহে লাভ কৰে।

২) চাকৰিৰ সা-সুবিধা : অসমত বিভিন্ন উদ্যোগ, কল-কাৰখানা আদি স্থাপন নকৰাৰ কাৰণে ইয়াৰ শিক্ষিত যুৱক-যুৱতীসকলৰ কৰ্ম সংস্থাপনৰ অভাৱ। তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক প্রতিষ্ঠান আছে, সেইবিলাকতো অসমৰ যুৱক-যুৱতীয়ে কর্মসংস্থাপন লাভ কৰিবলৈ সক্ষম নহয়।

৩) গোষ্ঠীগত পৰিচয় অভাৱ : অসম এখন বিভিন্ন জনগোষ্ঠীৰ বসতি প্ৰধান ৰাজ্য হোৱাৰ কাৰণে প্ৰাৰম্ভিক অৱস্থাত বিভিন্ন জনগোষ্ঠীৰ মাজৰ মধ্যবিত্ত শ্ৰেণীৰ লোক নথকাৰ কাৰণে তেওঁলোকে নিজৰ গোষ্ঠীগত পৰিচয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাছিল। কিন্তু সময়ৰ লগে লগে বিভিন্ন জনগোষ্ঠীয়ে নিজ গোষ্ঠীগত পৰিচয়ৰ কাৰণে ‘সচেতন হোৱাৰ ফলত উপ আঞ্চলিকতাবাদ ধৰণাই প্রসাৰতা লাভ কৰিছে।

৪) সংৰক্ষণৰ ৰাজনীতি : ভাৰতীয় সংবিধানৰ অনুভূতিত্ব জাতি আৰু জনজাতিৰ লোকৰ কাৰণে সংৰক্ষণৰ বিধান আছে। ইয়াৰ ফলত অসমৰ আৰু এই কাৰণ লৈ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত পৃথক প্রশাসনীয় ব্যৱস্থাও লাভ কৰিছে। কিন্তু অসম এতিয়াও ইয়াৰ প্ৰধান জনগোষ্ঠী আহোম, চাহ জনগোষ্ঠী, কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া, প্ৰমুখ্য কৰি ৬ টা জনগোষ্ঠীয়ে অনুসূচীত, জাতিৰ মৰ্যাদা লাভ নকৰাত দীর্ঘদিন আন্দোলন কৰি আহিছে। গতিকে সংৰক্ষণৰ ৰাজনীতিয়েও আঞ্চলিকতাবাদ ধাৰণা বিকাশত সাৰ-পানী যোগাইছে।

6. Write the Four Different Forms of Regionalism.

Ans: ভাৰতবৰ্ষৰ ৰাজনীতিত বিৰাজমান আঞ্চলিকতাবাদক পৰ্যালোচনা কৰিলে আমি ইয়াৰ বিভিন্ন ধৰণৰ চাৰিত্ৰিক প্ৰকৃতি দেখিবলৈ পাওঁ। বিভিন্নধৰণৰ আঞ্চলিকতাবাদৰ বিষয়ে তলত সংক্ষেপে আলোচনা কৰা হ’ল—

(১) পৃথক ৰাজ্যৰ দাবী [Demand for Separate State] : ভাৰত যুক্তৰাষ্ট্ৰৰ ভিতৰত এখন নতুন ৰাজ্য গঠনৰ দাবীক কেন্দ্ৰ কৰি গঢ়ি উঠা আঞ্চলিকতাবাদক ভাৰতবৰ্ষৰ আটাইতকৈ জনপ্ৰিয় আঞ্চলিকতাবাদ বুলি কোৱা হয়। ১৯৫৬ চনৰ ৰাজ্য পুনৰ গঠন কৰাৰ সময়ৰ পৰা নতুন ৰাজ্য গঠনৰ দাবীত ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত এই আঞ্চলিকতাবাদে গা কৰি উঠিছে। এনে দাবী আৰু আঞ্চলিকতাবাদী মনোভাৱৰ বাবেই ভাৰতবৰ্ষৰ ৰাজ্যৰ সংখ্যা ১৯৫৬ চনৰ ১৬ খনৰ পৰা গৈ ১৯৮৯ চনত ২৫খন হয় আৰু ২০০০ চনত ২৪খন হয়গৈ। ভাৰতবৰ্ষত নতুন ৰাজ্য গঠনৰ দাবী এতিয়াও অব্যাহত আছে। ইয়াৰ ভিতৰত তেলেংগেনা, গোর্খালেণ্ড, বিদর্ভ, কমতাপুৰ, বড়োলেণ্ড আদি। এনেদৰে নতুন ৰাজ্য গঠনক কেন্দ্র কৰি আঞ্চলিকতাবাদে ভাৰতবৰ্ষত ন ন অঞ্চলত ন ন ৰূপত জন্ম লাভ কৰি আছে।

(২) স্বায়ত্ত শাসনৰ দাবী [Demand for Autonomy] : ভাৰত যুক্তৰাষ্ট্ৰ বিভিন্ন ৰাজ্যত স্বায়ত্ত শাসনক কেন্দ্ৰ কৰি গঢ়ি উঠা অন্য এক প্ৰকাৰৰ আঞ্চলিকতাবাদ দেখিবলৈ পোৱা যায়। ৰাজ্যত বসবাস কৰা নিৰ্দিষ্ট অঞ্চল বা জনগোষ্ঠী আৰু ভাষীক সম্প্রদায়ে নিজৰ বিকাশৰ বাবে সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি স্বায়ত্ত শাসনৰ দাবী উত্থাপন কৰে। ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক বিকাশ তথা সামাজিক ন্যায়ৰ দাবীত গঢ়ি উঠা এই আঞ্চলিকতাবাদে অঞ্চল বা স্ব-গোষ্ঠীৰ বিকাশ সাধনেই মূল উদ্দেশ্য। এই লক্ষ্যত উপনীত হ’বলৈ তেওঁলোকে বিভিন্ন পৰ্যায়ৰ আন্দোলনৰ কাৰ্যসূচীও হাতত লোৱা দেখা যায়।

(৩) আন্তঃৰাজ্যিক বিবাদ কেন্দ্রীক আঞ্চলিকতাবাদ [Inter State Disputes Oriented Regionalism] : আন্তঃৰাজ্যিক বিবাদক কেন্দ্ৰ কৰিও অন্য এক ধৰণৰ আঞ্চলিকতাবাদ ভাৰতবৰ্ষত দেখিবলৈ পোৱা যায়। এই আঞ্চলিকতাবাদে বিশেষকৈ ১৯৬৫ চনৰ পিছৰ পৰা বিশেষভাৱে প্রকট ৰূপ ধাৰণ কৰে। ভাষাভিত্তিক ৰাজ্যৰ পুনৰ গঠন কৰা হৈছিল যদিও ৰাজ্যৰ সীমা কেন্দ্রিক কিছুমান সমস্যা থাকি গ’ল। উদাহৰণ হিচাপে চণ্ডিগড় আৰু ফজিলদ অঞ্চলক কেন্দ্ৰ কৰি পঞ্জাব আৰু হাৰিয়ানা, ৰেংমা সংৰক্ষিত বনাঞ্চলক কেন্দ্ৰ কৰি অসম আৰু নগালেণ্ড সীমান্তৰ কিছু এলেকাকলৈ অসম মেঘালয় আৰু অসম অৰুণাচল প্রদেশ, মণিপুৰ নগালেণ্ডৰ কথা ক’ব পাৰি। কেন্দ্ৰীয় চৰকাৰ আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে এই সীমা সমস্যা সমাধান কৰিবলৈ তথ্যভিত্তিক আৰু সদিচ্ছাৰে। আগবাঢ়ি নহাত বিবাদমান ৰাজ্য কেইখনৰ জনসাধাৰণৰ মনত প্রচলিত ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত আস্থা কমি আহিছে আৰু এই সমস্যা সমাধান কৰিবলৈ আঞ্চলিকতাবাদৰ আশ্ৰয় গ্ৰহণ কৰিছে।

(৪) ভূমিপুত্ৰৰ সূত্র [Theory of Son of Soil] : ভূমিপুত্ৰৰ তত্ত্বক অন্য এক প্ৰকাৰৰ আঞ্চলিকতাবাদ বুলি কৰ পাৰি। জনসাধাৰণৰ মাজত শিক্ষা আৰু জ্ঞানৰ বিকাশ হোৱাৰ পিছৰে পৰা এই তত্ত্বই জনপ্ৰিয়তা লাভ কৰিছে। কোনো ৰাজ্য বা অঞ্চলত বসবাস কৰা খিলঞ্জীয়া জনসাধাৰণে সেই ৰাজ্য বা অঞ্চল তেওঁলোকৰ নিজৰ আৰু তাত সেই খিলঞ্জীয়াসকলৰ দাবী আৰু স্বার্থ সর্বস্তৰতে প্রতিপন্ন হ’ব লাগে বুলি বিশ্বাস কৰে। ৰাজ্যৰ বাহিৰৰ নাগৰিকে চৰকাৰী বা অৰ্ধ চৰকাৰী কোনো কার্যালয়, কল কাৰখানাত চাকৰি-বাকৰি পাব নালাগে বা ব্যৱসায়-বাণিজ্য আৰু ভূমিক্ৰয়ৰ অধিকাৰ পাব নালাগে বুলি বিশ্বাস কৰে। তেওঁলোকৰ দাবী হল সংশ্লিষ্ট ৰাজ্য বা অঞ্চলৰ নিবনুৱা সমস্যা সমাধান আৰু বাণিজ্যিক বিকাশ তথা নৃ-গোষ্ঠীয় পৰিচয় অটুট ৰাখিবলৈ থলুৱা ব্যক্তিক সকলোস্তৰতে অগ্ৰাধিকাৰ দিব লাগিব আৰু অঞ্চলৰ প্ৰথম শ্ৰেণী নাগৰিক হিচাপে তেওঁলোকৰ স্বাৰ্থ প্ৰথমে পূৰ্ণ হ’ব লাগিব। এই দাবী আৰু মনোভাৱৰ বাবে ভাৰতবৰ্ষৰ প্ৰায় সকলো অঞ্চলতে ভূমিপুত্র সূত্র বা তত্ত্বক কেন্দ্ৰ কৰি নতুন এক প্ৰকাৰৰ আঞ্চলিকতাবাদে মূৰ দাঙি উঠিছে।

7. Write the four Measures for checking Regionalism.

Ans: ভাৰতবৰ্ষৰ জাতীয় সংস্কৃতি আৰু অখণ্ডতাৰ বাবে আঞ্চলিকতাবাদ বোধ কৰা বা আঞ্চলিক সমস্যাসমূহ সমাধান কৰাটো অতি প্রয়োজন। অন্যথা আমাৰ পূর্বসূৰীসকলে সপোন দেখা অনৈক্যৰ মাজত ঐক্য, সামাজিক ন্যায়, এক ভাৰতীয় ধাৰণা আদিত সমস্যাৰ সৃষ্টি কৰিব। সেয়েহে ৰাষ্ট্ৰ আৰু জাতিৰ বৃহত্তৰ স্বাৰ্থত আঞ্চলিকতাবাদ ৰোধ কৰাৰ প্ৰয়োজন আছে। তলত আলোচনা কৰা উপায় বা পন্থাৰ দ্বাৰা আঞ্চলিকতাবাদ বোধ কৰিব পাবি। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰসমূহে গুৰুত্বপূর্ণ ভূমিকা ল’ব লাগিব।

(১) চৰকাৰৰ সমদৃষ্টি [Equal Treatment of Government] : আঞ্চলিকতাবাদ ৰোধ কৰিবলৈ হ’লে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব লাগিব। প্রত্যেকখন ৰাজ্য আৰু ভাৰতবৰ্ষৰ প্ৰত্যেকটো অঞ্চলক চৰকাৰে সমান দৃষ্টিৰে চাব লাগিব। চৰকাৰৰ দ্বাৰা গৃহীত উন্নয়নমূলক আঁচনি আৰু প্রকল্পসমূহে যাতে সমাজৰ সকলো সত্তৰৰ জনসাধাৰণক সামৰি লয় তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগিব। পাহাৰ-ভৈয়াম আদি মনোভাৱ সৃষ্টি নকৰি কোনো বৈষম্য নোহোৱাকৈ কেন্দ্ৰৰ আৰ্থিক অনুদান সমভাৱে বিতৰণ কৰিব লাগিব। প্রয়োজন সাপেক্ষে কোনো অঞ্চল বা ৰাজ্যৰ বাবে বিশেষ অর্থনৈতিক অনুদান আগবঢ়াব লাগিব। জনসাধাৰণে যাতে প্রাপ্য অধিকাৰৰ পৰা বঞ্চিত নহয় আৰু মৰ্যাদা সহকাৰে জীৱন ধাৰণ কৰিব পাৰে তাৰ বাবে পদক্ষেপ ল’ব লাগিব।

(২) ৰাষ্ট্ৰৰ সম উন্নয়ন [Equal Development of State] : আঞ্চলিকতাবাদ ৰোধ কৰাৰ অন্য এটি পন্থা হ’ল ৰাষ্ট্ৰখনৰ সকলো অঞ্চল আৰু জনসাধাৰণৰ সম উন্নয়ন। ভাৰতবর্ষ স্বাধীন হোৱাৰ পিছত যিবোৰ অঞ্চল সমৃদ্ধিশালী সেইবোৰ অঞ্চল দ্রুতভাবে আগবাঢ়ি যোৱাৰ বিপৰীতে অন্য কিছুমান অঞ্চল সাংঘাতিকভাবে পিছপৰি ৰ’ল। পিছপৰা অঞ্চলৰ জনসাধাৰণে বা সম্প্রদায়ে নিজৰ বিকাশ নিশ্চিত কৰিবৰ বাবেই আঞ্চলিকতাবাদৰ জন্ম দিছে। এই প্ৰৱণতা যাতে বৃদ্ধি নাপায় আৰু ৰাষ্ট্ৰৰ সকলো স্তৰৰে যাতে উন্নতি হয় তাৰ বাবে কেন্দ্ৰই বিশেষ পদক্ষেপ হাতত ল’ব লাগিব। পিছপৰা অঞ্চল আৰু জনসাধাৰণৰ বাবে বিশেষ অর্থনৈতিক আঁচনি, চৰকাৰী, অৰ্ধ,চৰকাৰী কাৰ্যালয়, উদ্যোগ, কল-কাৰখানা, ব্যৱসায় বাণিজ্যত তেওঁলোকক অগ্ৰাধিকাৰ দি কৰ্ম সংস্থাপনৰ ব্যৱস্থা হাতত ল’ব লাগিব।

(৩) ৰাজনৈতিক সদিচ্ছা [Political Good will] : আঞ্চলিক সমস্যাসমূহ সমাধান কৰাত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যিক চৰকাৰ আৰু সৰ্বভাৰতীয় ৰাজনৈতিক দলসমূহে সদিচ্ছা প্রকাশ কৰি ৰাজনৈতিক কাৰ্যসূচী হাতত ল’ব লাগিব। সৰ্বভাৰতীয় ৰাজনৈতিক দলবিলাকে ৰাষ্ট্ৰৰ খাতিৰত আঞ্চলিক সমস্যাসমূহো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্থান দিব লাগিব। চৰকাৰী কাৰ্যসমূহ মসৃণ আৰু সুনিপুণ হোৱাৰ উপৰি জনসাধাৰণৰ মন জয় কৰিব পৰা হ’ব লাগিব।

(৪) সাংস্কৃতিক বিকাশ [Development of Culture] : ভাৰতবৰ্ষৰ প্ৰত্যেক অঞ্চলৰ একো একোটা নিজস্ব সংস্কৃতি আছে। ভাষা-সাহিত্য, সংগীত আদিৰ মাধ্যমেৰে প্ৰকাশ পোৱা এই সংস্কৃতিক সুৰক্ষা আৰু বিকাশৰ বাবে চৰকাৰে কাৰ্যসূচী হাতত ল’ব লাগিব। লিপি সম্বলিত ভাষাক ৰাষ্ট্ৰীয় বা আঞ্চলিক ভাষাৰূপে স্বীকৃতি দি গোষ্ঠী বা জাতিৰ সংস্কৃতিক ৰাষ্ট্ৰীয় স্বীকৃতি প্রদান কৰিব লাগিব। তদুপৰি সিবিলাকৰ বিকাশৰ বাবে গৱেষণা কেন্দ্র, সাংস্কৃতিক প্রকল্প, আর্থিক অনুদান আদিৰ ব্যৱস্থা কৰিব লাগিব। নিজৰ ভাষাৰ মাধ্যমেৰে শিক্ষা গ্ৰহণ বা ভাৱ বিনিময় কৰিব পৰা ব্যবস্থা হাতত ল’ব লাগিব।

8. What is Sub-Regionalism?

Ans: ব্ৰিটিছসকলে ভাৰতবৰ্ষত সাম্রাজ্য বিস্তাৰ কৰা আগতে উত্তৰ-পূবৰ বিভিন্ন অঞ্চলত বিভিন্ন ৰজা-মহাৰজাই শাসন কৰি আছিল। ইয়াৰ পূৰ্বে আহোমসকলে অসমলৈ অহাৰ আগতে বিভিন্ন জনগোষ্ঠীৰ পৃথক ৰাজ্য আছিল। সামগ্রিকভাৱে পৰ্যবেক্ষণ কৰিলে আমি দেখিম প্ৰাক্‌-ব্ৰিটিছ আৰু প্ৰাক্‌- আহোম শাসনৰ কালতে উত্তৰ পূব তথা অসমৰ বিভিন্ন অঞ্চলত কোচ, কছাৰী, বৰাহী, চুতীয়া, মৰাণ, মটক, মণিপুৰী, নগা, খাছী, জয়ন্তীয়া, কাৰ্বি, ডিমাচা আদি জনগোষ্ঠীৰ পৃথক পৰিচয় আৰু পৃথক ৰাজ্য আছিল। কিন্তু বৃটিছ শাসন প্ৰৱৰ্তন হোৱাৰ পিছৰে পৰা এই জাতি জনগোষ্ঠীসমূহৰ ৰাজ্যসমূহ ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত কৰা হয়। তদুপৰি জাতি জনগোষ্ঠীসমূহ ভয় আৰু সন্ত্ৰাসৰ বাবে নিজৰ পৰিচয় দাঙি ধৰিবলৈ শংকাবোধ কৰিছিল। কিন্তু ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত এই জাতি-জনগোষ্ঠীসমূহে নিজৰ পৰিচয় প্ৰকাশ কৰিবলৈ ব্যগ্ৰ হৈ পৰে। তদুপৰি খ্ৰীষ্টান মিছনেৰীসকলে অবাধ গতিত খ্ৰীষ্টান ধর্ম প্ৰচাৰ আৰু ব্যাপক হাৰত হোৱা প্ৰব্ৰজন আদিৰ ফলত এই জনগোষ্ঠীসমূহে নিজৰ অস্তিত্ব জীয়াই ৰাখিবলৈ সচেতনভাৱে সংঘবদ্ধ হয় দেশে স্বাধীনতা লাভ কৰাৰ পিছত বিৰাজমান কৰা গণতান্ত্রিক বিধানিক ৰক্ষা কবচ ভাৰতবৰ্ষৰ অনান্য স্থানৰ লগতে উত্তৰ-পূব তথা অসমত আঞ্চলিকতাবাদ গঢ় লৈ উঠে। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে এই উপজাতীয়তাবাদ গঢ় লৈ উঠাত জাতি-জনগোষ্ঠীসমূহৰ আত্ম পৰিচয় যেনেদৰে সহায় কৰিছে। তেওঁলোকৰ শোচনীয় আর্থ-সামাজিক অৱস্থাটোৱেও বাধ্য কৰাইছে। উল্লেখযোগ্য যে এই জাতি জনগোষ্ঠীসমূহৰ আর্থ সামাজিক দিশ অন্যান্য অ-জনজাতীয়, লোকসকলতকৈ বহুত পিছপৰা আৰু অতি পুতৌলগা।

ভাৰতবৰ্ষৰ সংবিধানত সংযোজিত ষষ্ঠ অনুসূচীত জনজাতীয় লোকসকলৰ বাবে আত্মবিকাশৰ সুবিধা, শিক্ষা আৰু নিয়োগৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰাৰ বিষয়ে উল্লেখ কৰা আছে। কিন্তু কিছুমান নেতৃস্থানীয় ব্যক্তিয়ে এই ষষ্ঠ অনুসূচীৰ বিষয়ে ভুলকৈ ব্যাখ্যা আগবঢ়ায়। জাতি-জনগোষ্ঠীসমূহক আত্মনিয়ন্ত্রণ বা উপজাতীয়তাবাদ গঢ়ি তুলিবলৈ আগ্ৰহী কৰি তোলে। ফলস্বৰূপে অসমৰ বড়ো, মিছিং, দেউৰী, কাৰ্বি, ৰাভা, তিৱা আদি জনগোষ্ঠীসমূহে আত্মনিয়ন্ত্ৰণৰ দাবী উত্থাপন কৰাৰ উদ্দেশ্যে উপজাতীয়তাবাদ বা উপ আঞ্চলিকতাবাদ ধাৰণা গঢ়ি তুলিলে। এনে পৰিস্থিতিয়ে ভাৰতবৰ্ষৰ বৃহৎ জাতীয়তাবাদ বা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাতামপুৰুষীয়া সম্প্ৰীতিত ব্যাঘাত জন্মায়। একাংশ জাতি জনগোষ্ঠীয়ে ভাৰতবৰ্ষৰ ভিতৰতে থাকি উপ-জাতীয়তাবাদৰ যোগেদি নিজৰ আত্মপৰিচয় প্রতিষ্ঠা কৰিবলৈ প্ৰচেষ্টা চলোৱাৰ বিপৰীতে অন্য একাংশ জাতি-জনগোষ্ঠীয়ে পৃথক ৰাজ্য বা ৰাষ্ট্ৰ দাবী উত্থাপন কৰিছিল। সেয়েহে কোৱা যায় উপ-জাতীয়তাবাদ ভাৰত যুক্তৰাষ্ট্ৰৰ বাবে বৃহৎ প্ৰত্যাহ্বান।

9. Write the four causes of emergence of Sub Regionalism in Assam.

Ans: উপ-আঞ্চলিকতাবাদ সৃষ্টিৰ কাৰণ : উত্তৰ-পূৰ্বাঞ্চলৰ জাতি-জনগোষ্ঠীসমূহৰ মাজত গঢ়লৈ উঠা উপ জাতীয়তাবাদক কেন্দ্ৰ কৰি উপ-আঞ্চলিকতাবাদ গঢ় লৈ উঠিছে। উপ-আঞ্চলিকতাবাদ গঢ়ি উঠাৰ বহুতো কাৰণ আছে। এই কাৰণবিলাক উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ প্ৰেক্ষাপটৰ আলম কৰি তলত আলোচনা কৰা হ’ল—

(১) ৰাজনৈতিক [Political] : উপ-আঞ্চলিকতাবাদ গঢ়ি উঠাৰ প্ৰধান কাৰণ হ’ল ৰাজনৈতিক। যিহেতু সংসদীয় গণতান্ত্রিক ব্যৱস্থাত সংখ্যাগুৰুসকলে সদায় গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। ৰাষ্ট্ৰ ক্ষমতা প্রয়োগ আৰু সম্পদ বিতৰণৰ, ক্ষেত্ৰতো সংখ্যাগুৰুসকলেই আগস্থান লয়। সেয়েহে সংখ্যালঘু জাতি-জনগোষ্ঠীসমূহ ৰাজনৈতিক সিদ্ধান্ত গ্রহণ কৰাৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰৰ সম্পদৰ ভাগ হোৱালৈ বাধাৰ সন্মুখীন হ’ব লগা হয়। উদাহৰণস্বৰূপে অসমত যিকেইটা জাতি-জনগোষ্ঠীয়ে উপ-জাতীয়তাবাদৰ যোগেদি আত্মনিয়ন্ত্ৰণৰ অধিকাৰ দাবী সাব্যস্ত কৰিছে তেওঁলোকৰ সংখ্যা সামগ্ৰিকভাৱে অন্য লোকতকৈ কম। সেয়েহে এই জাতি-জনগোষ্ঠীসমূহ চৰকাৰী সা-সুবিধা, কর্মসংস্থাপন, নিয়োগ আদিৰ পৰা বঞ্চিত হৈ আহিছে। ফলস্বৰূপে তেওঁলোকে নিজৰ আত্মপৰিচয় তথা অস্তিত্ব জীয়াই ৰাখিবলৈ আঞ্চলিকতাবাদৰ আলম ল’বলগা হৈছে।

(২) ভৌগলিক অবস্থান [Geographical Location] : আমাৰ উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ ভৌগোলিক অবস্থানে আঞ্চলিকতা বাদ গঢ়ি উঠাত সহায় কৰিছে। যিহেতু এই অঞ্চলটো পর্বত, পাহাৰ সমভূমি, মালভূমি, ভৈয়াম অঞ্চল দেখিবলৈ পোৱা যায়। চিৰ সেউজ আৰু দুৰ্গম ভৌগলিক পৰিৱেশৰ বাবে অঞ্চলটোৰ সমগ্ৰ এলেকাত একেলগে একে সময়তে বিকাশ কৰি তোলা সম্ভব হৈ উঠা নাই। নামনি অঞ্চলৰ বিকাশ ক্ষিপ্রগতিত হোৱাৰ বিপৰীতে অন্যান্য পার্বত্য অঞ্চলৰ বিকাশৰ হাৰ অতি লেহেমীয়া। অসম তথা উত্তৰ-পূবৰ জনগাঁথনি পৰ্যবেক্ষণ কৰিলে দেখা যায় যে জাতি জনগোষ্ঠীসমূহৰ সাধাৰণ আৱাস পার্বত্য অঞ্চল, ভৈয়াম অঞ্চল, বনাঞ্চল, নৈ পৰীয়া অঞ্চল আদি। স্বাভাৱিকতে এই অঞ্চলসমূহৰ বিকাশ অতি ধীৰ। সেয়েহে সম বিকাশ আৰু সমন্যায়ৰ দাবীত এই অঞ্চলসমূহৰ জাতি-জনগোষ্ঠীসমূহে উপ-জাতীয়তাবাদ গঢ়ি তুলিছে। 

(৩) ঐতিহাসিক পটভূমি [Historical Background] : অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহু জনগোষ্ঠীৰ ঐতিহাসিক পৰিচয় তথা স্বকীয়তা আছে। এই জনগোষ্ঠীসমূহৰ গৰিষ্ঠসংখ্যকেই এটা সময়ত স্বাধীনভাৱে নিৰ্দিষ্ট ভূখণ্ডত ৰাজ্য পাতি বসবাস কৰিছিল। ৰাজকীয় গুণসম্পন্ন আকু স্বাধীনমনা এই জনগোষ্ঠীসমূহে এতিয়াও নিজকে স্বাধীনভাৱে পৰিচয় দিবলৈ ভাল পায়। আনকি বহু জনগোষ্ঠীয়ে বৃহৎ ভাৰতবৰ্ষৰ ভাৰতীয় হিচাপে চিনাকি দিবলৈ কুণ্ঠাবোধ কৰে। স্বকীয় অস্তিত্ব আৰু স্বাধীনতা পিয়াসী এই জনগোষ্ঠীসমূহে স্বাধীনভাৱে থকাৰ লক্ষ্য আগত ৰাখি আঞ্চলিকতাবাদ গঢ়ি তুলিছে।

(৪) চৰকাৰী নীতি [Policy of the Government] : চৰকাৰৰ নীতিৰ বাবেও ভাৰতবৰ্ষত উপ-আঞ্চলিকতাবাদ গঢ়ি উঠিছে। চৰকাৰে গ্রহণ কৰা আঁচনি প্রকল্প পৰিকল্পনা আদি বা কিছুমান বিধিগত আইনে জাতি-জনগোষ্ঠীসমূহৰ একাংশ অধিকাৰ আৰু সুবিধাৰ পৰা বঞ্চিত কৰাৰ বিপৰীতে আন কিছুমানত মানসিক তথা ৰাজনৈতিকভাৱে আঘাত কৰিছে। চৰকাৰে এনে বৈষম্যমূলক আইন আৰু উন্নয়নমূলক আঁচনিয়ে উপ-আঞ্চলিকতাবাদ গঢ়ি উঠাত ইন্ধন যোগাইছে।

10. উপ-আঞ্চলিকতাবাদ নিৰ্মূলৰ চাৰিটা উপায় উল্লেখ কৰা?

Ans: উপ আঞ্চলিকতাবাদ বা উপ-জাতীয়তাবাদ ৰাষ্ট্ৰীয় ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকিস্বৰূপ। ৰাষ্ট্ৰত একতা আৰু শান্তি স্থাপন কৰিবলৈ হ’লে উপ-আঞ্চলিকতাবাদ নির্মূল কৰিবই লাগিব। এই উপ-আঞ্চলিকতাবাদ নিৰ্মূলৰ বাবে তলত উল্লেখ কৰা পদক্ষেপসমূহ গ্রহণ কৰিব লাগিব—

(ক) অর্থনৈতিক বিকাশ : অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যিবোৰ জাতি-জনগোষ্ঠীয়ে উপ-আঞ্চলিকতাবাদ গঢ়ি তুলিছে সেই জাতি জনগোষ্ঠীসমূহৰ গৰিষ্ঠসংখ্যকেই ৰাজকীয় গুণসম্পন্ন বা অঞ্চলটোৰ নৃ-গোষ্ঠীয়মূলৰ। সেয়ে এই জাতি-জনগোষ্ঠীসমূহৰ এটা দাম্ভিক মানসিকতা আছে। ইয়াৰ ফলস্বৰূপে, অঞ্চলটোত আহোমসকলে সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ সময়ৰ পৰা বিটিছ ঔপনিৱেশিক সময়লৈকে এই জাতি-জনগোষ্ঠীসমূহে সাম্রাজ্য অধিকাৰী প্ৰশাসকসকলে আগৰচোৱা উন্নয়নমূলক আঁচনি আদি স্ব-ইচ্ছাই গ্ৰহণ কৰা নাছিল। ফলত এই জাতি-জনগোষ্ঠীসমূহৰ অৰ্থনৈতিক অৱস্থাটো অতি শোচনীয় হৈ পৰিল। উপ-আঞ্চলিকতাবাদ নাশ কৰিবলৈ এই জাতি জনগোষ্ঠীসমূহৰ অৰ্থনৈতিক বিকাশ নিশ্চিত কৰিব লাগিব । 

(খ) যাতায়াত-যোগাযোগ উন্নয়ন : অঞ্চলটোৰ জাতি জনগোষ্ঠীসমূহে নিজৰ ৰাজ্য তথা ৰাজনৈতিক ক্ষমতা হেৰুওৱাৰ পাছত নিজকে স্বকীয় পৰিচয়সহ জীয়াই থাকিবলৈ দুর্গম তথ্য পার্বত্য অঞ্চল, বনাঞ্চল, নদীপৰীয়া অঞ্চল আদিক বসতিৰ বাবে বাচি ল’লে। ফলস্বৰূপে, ৰাষ্ট্ৰত গঢ় লৈ উঠা সভ্যতা-সংস্কৃতি, আধুনিকতা আদিৰ পৰা এই জাতি-জনগোষ্ঠীসমূহ ৰাষ্ট্ৰৰ মূল সুঁতিৰ পৰা নিলগত অৱস্থান কৰি আছে। উপ-আঞ্চলিকতাবাদ বা উপ জাতীয়তাবাদ নিৰ্মূলৰ বাবে জাতি-জনগোষ্ঠীসমূহৰ লগত ৰাষ্ট্ৰৰ মূল সুঁতিৰ এটা নিবিড় সম্পর্ক গঢ় লৈ উঠিব লাগিব। সেয়েহে, জাতি-জনগোষ্ঠীসমূহ বসবাস কৰা অঞ্চলসমূহক সংযোগ কৰি যাতায়াত-যোগাযোগ ব্যবস্থা উন্নত কৰিব লাগিব যাতে দুয়োটা সম্প্ৰদায়ৰ মাজত এটা পাৰস্পৰিক সম্পৰ্ক গঢ় লৈ উঠে। যাতায়াত ব্যৱস্থা উন্নত হ’লেহে প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত মত-বিনিময় হ’ব আৰু ইয়াৰ দ্বাৰা সৎ‍ ভাব বিৰাজ কৰা এক পৰিৱেশ সৃষ্টি কৰা হ’ব।

(গ) শিক্ষাৰ প্ৰসাৰ : অঞ্চলটোত বসবাস কৰা জাতি জনগোষ্ঠীসমূহ শৈক্ষিক দিশত অতি পিছপৰা। ফলস্বৰূপে, তেওঁলোকৰ মন এলান্ধুকলীয়া আৰু কুসংস্কাৰপূৰ্ণ। আনহাতে, শৈক্ষিক দিশটোত পিছপৰা বাবে জাতি-জনগোষ্ঠীসমূহে বিভিন্ন কর্মসংস্থাপন যেনে— চৰকাৰী-বেচৰকাৰী চাকৰি, ব্যৱসায়-বাণিজ্য, কৃষি আদিৰ ক্ষেত্ৰত বঞ্চিত অথবা অতি পিছপৰা। জাতি জনগোষ্ঠীসমূহৰ মনৰ কুসংস্কাৰ, অযুক্তিকৰ স্বাভিমান দূৰ কৰিবলৈ জাতীয়তাবোধ সম্পন্ন শিক্ষা প্ৰদান কৰিব লাগিব। তদুপৰি, আৰ্জিত এই শিক্ষাৰ দ্বাৰা জাতি-জনগোষ্ঠীসমূহে নিশ্চিত কৰ্মসংস্থাপনৰ, সুবিধা পাই তাৰ ব্যৱস্থাও কৰিব লাগিব।

(ঘ) ৰাজনৈতিক সুবিধা : উপ-আঞ্চলিকতাবাদ বা উপ জাতীয়তাবাদ নির্মূলৰ বাবে অঞ্চলটোত বসবাস কৰা জাতি জনগোষ্ঠীসমূহৰ ৰাজনৈতিক সুবিধা প্ৰদান কৰিব লাগিব। ৰাষ্ট্ৰৰ স্থানীয় নিকায় নিগমৰ পৰা আৰম্ভ কৰি ৰাজ্য আৰু ৰাষ্ট্ৰৰ প্রতিনিধিলৈকে জাতি-জনগোষ্ঠীসমূহে প্রতিনিধিত্ব কৰাৰ সুবিধা পাই তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আনহাতে, জাতি জনগোষ্ঠীসমূহ যাতে কোনো প্ৰকাৰেই ৰাজনৈতিক শোষণৰ বলি নহয় তাৰ বাবে ৰাষ্ট্ৰই বিশেষ কার্যকৰী ব্যৱস্থা হাতত ল’ব লাগিব। 

11. ভাৰতৰ ৰাজনৈতিক আঞ্চলিকতাবাদৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ বৰ্তমান সময়ত ভাৰতবৰ্ষত আঞ্চলিকতাবাদৰ ভাৱধাৰাই সমগ্র সমাজব্যৱস্থাৰ ওপৰত প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়। ই সামাজিক, অর্থনৈতিক, সাংস্কৃতিক দিশত প্ৰভাৱ পেলোৱাৰ উপৰিও ৰাজনৈতিক ক্ষেত্ৰখনতো গভীৰভাৱে প্ৰভাৱ পেলাইছে। সত্তৰ দশকৰ আৰম্ভণিৰে পৰাই ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত আঞ্চলিক ৰাজনৈতিক দলৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। এনে ৰাজনৈতিক দলসমূহে আঞ্চলিক স্বার্থ সিদ্ধিৰ বাবে বা আঞ্চলিক সমস্যা সমাধান তথা নিজ অঞ্চলৰ জনগণৰ বিকাশ আৰু সুৰক্ষাৰ বাবে সৃষ্টি হৈছে। এনে ৰাজনৈতিক দলসমূহে নিজ দলৰ উদ্দেশ্য সিদ্ধিৰ বাবে অথবা নিজ অঞ্চলৰ বিকাশৰ বাবে বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দলৰ লগত চৰকাৰ গঠন প্ৰক্ৰিয়াত সংযুক্ত হৈ পৰে। এনে সংযুক্তকৰণ প্ৰক্ৰিয়াত আঞ্চলিক ৰাজনৈতিক দলসমূহে কিছুমান আঞ্চলিক স্বাৰ্থ আগত ৰাখি কাম কৰা পৰিলতি হয়।

বর্তমান সময়ত এনে বহু আঞ্চলিক ৰাজনৈতিক বিসমূহে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগত সংযুক্ত হৈ ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত গুৰুত্বপূর্ণ প্রভাৱ বিস্তাৰ কৰে। এনে ৰাজনৈতিক দলসমূহৰ ভিতৰত অন্ধ্ৰ প্ৰদেশৰ তেলেগু দেশম, পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ আদিয়ে বর্তমান সময়ত ৰাষ্ট্ৰীয় ৰাজনৈতিক প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

গতিকে উপযুক্ত আলোচনাৰ পৰা আমি ক’ব পাৰো যে বর্তমান সময়ত আঞ্চলিকতাবাদী ভাৱধাৰাৰ ফলত সৃষ্টি হোৱা আঞ্চলিক ৰাজনৈতিক দলসমূহে ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত উল্লেখনীয় ভূমিকা পালন কৰি আহিছে।

12. জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ আভ্যন্তৰীণ বিভাজন ব্যাখ্যা কৰা আৰু এইবোৰ কেনেদৰে বিভিন্ন আঞ্চলিক কাংক্ষাৰ সৃষ্টি কৰিছে বৰ্ণনা কৰা।

উত্তৰঃ জম্মু আৰু কাশ্মীৰৰ গঠনমূলকভাৱে তিনিটা ভাগত ভাগ কৰিব পাৰি — 

(ক) জম্মু। 

(খ) কাশ্মীৰ। 

(গ) লাডাখ অঞ্চল।

জম্মু আৰু লাডাখে তেওঁলোকৰ নিজা নিজা অঞ্চলৰ বাবে অধিক স্বায়ত্ততাৰ দাবী উত্থাপন কৰি আহিছে। অর্থাৎ সাম্প্ৰতিকভাৱে ৰাজ্যখনৰ বাবে স্বায়ত্ততাৰ দাবী উঠাৰ লগতে ৰাজ্যখনৰ ভিতৰতে আন্তঃঅঞ্চল স্বায়ত্ততাৰ দাবীও উত্থাপিত হৈছে।

কাশ্মীৰ অঞ্চলত বিশেষকৈ কাশ্মীৰী ভাষা কোৱা সংখ্যালঘু আৰু সংখ্যাগৰিষ্ঠ মুছলিম লোক বসবাস কৰে। জম্মু হ’ল পাহাৰৰ নামনি অংশ আৰু ভৈয়ামৰ এক “মিশ্রণ।

কিন্তু বর্তমান সময়ত এই তিনিও অঞ্চলত অর্থাৎ‍ সমগ্র জম্মু কাশ্মীৰ ৰাজ্যখনতে পৃথকতাবাদী ভাৱধাৰাৰ প্রচলন হোৱা দেখা যায়। কিছু সংখ্যক জনগণে ভাৰতবৰ্ষৰ লগত থাকিব বিচাৰে, কিছু সংখ্যকে আকৌ পাকিস্তানৰ সৈতে সংলগ্ন হোৱাৰ পক্ষপাতী আৰু কিছুসংখ্যক জনগণে পৃথক কাশ্মীৰ ‘কাশ্মীৰীয়ড’ গঠন কৰিব বিচাৰে। এনেদৰেই সমগ্ৰ ৰাজ্যখনক আঞ্চলিকতাবাদ বৃদ্ধি পাই গৈছে আৰু বৰ্তমানে এই অঞ্চলক লৈ ৰাজনীতিকৰণ আৰম্ভ হৈছে। পাকিস্তান আৰু ভাৰতবৰ্ষৰ মাজত এই অঞ্চলক লৈ বহুবাৰ বিতৰ্কও হোৱা পৰিলক্ষিত হয়।

13. ভাৰতত আঞ্চলিক দলৰ গুৰুত্ব বৃদ্ধিৰ কাৰণ চাৰিটা আলোচনা কৰা।

উত্তৰঃ বৰ্তমান সময়ত ভাৰতত আঞ্চলিক দলৰ গুৰুত্ব বৃদ্ধি পাই গৈ আছে। ইয়াৰ অন্তৰালত বহুতো কাৰণ নিহিত হৈ আছে।

এই কাৰণসমূহ হ’ল―

1. বৰ্তমান সময়ত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নেতৃত্বত গঠিত মৰ্চা ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলৰ অৱদান বৃদ্ধি পাই গৈছে। গতিকে এনে মৰ্চা চৰকাৰ গঠন প্ৰক্ৰিয়াত অংশ গ্ৰহণ বৃদ্ধি পোৱাৰ লগে লগে আঞ্চলিক ৰাজনৈতিক দলৰ গুৰুত্ব বৃদ্ধি পাইছে।

2. আঞ্চলিক ৰাজনৈতিক দলসমূহে নিজ নিজ অঞ্চলৰ সমস্যাসমূহ উত্থাপন কৰি সেইসময়ত সমাধানৰ বাবে প্ৰচেষ্টা হাতত ৰাখে। এনে কাৰ্যৰ বাবে জনসমাজত আঞ্চলিক ৰাজনৈতিক দলৰ জনপ্রিয়তা বৃদ্ধি পাইছে।

3. আঞ্চলিক ৰাজনৈতিক দলসমূহে নিজ অঞ্চলৰ ভাষা, সংস্কৃতি তথা নৃ-গোষ্ঠীয় স্বকীয়তা ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা দেখা যায়। এনে বিষয়সমূহক আগত ৰাখি আঞ্চলিক ৰাজনৈতিক দলসমূহে নিৰ্বাচনত জয়লাভ কৰাৰ পৰিকল্পনা কৰে। নিজ অঞ্চলৰ ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে এই দলসমূহে বহুতো পৰিকল্পনাত কাৰ্যকৰী কৰা পৰিলক্ষিত হয়। গতিকে নিজ অঞ্চলৰ প্রতি থকা এনে যোগাত্মক মনোবৃত্তিয়েও দলসমূহৰ জনপ্ৰিয়তা বৃদ্ধি কৰা দেখা যায়।

4. বর্তমান সময়ত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে সকলো অঞ্চলৰ জনগণক প্ৰত্যক্ষভাৱে যোগাযোগ ৰক্ষা কৰাত ব্যৰ্থ হৈছে। কিন্তু এনে ক্ষেত্ৰত আঞ্চলিক ৰাজনৈতিক দলসমূহে জনগণৰ মাজলৈ গৈ আন্তৰিকতাৰে যোগাযোগৰক্ষা কৰা পৰিলক্ষিত হৈছে।

গতিকে উপৰোক্ত কাৰকসমূহৰ বাবে বৰ্তমান সময়ত আঞ্চলিক ৰাজনৈতিক দলৰ গুৰুত্ব বৃদ্ধি পাইছে।

Essay Type Questions

1. Explain four factors responsible for growth of regionalism in India.

Ans: আঞ্চলিকতাবাদী মনোভাৱ সুদৃঢ় কৰাৰ বহুতো কাৰণ থকা দেখা যায়। 

এই বিলাকৰ ভিতৰত কেইটামান বিশেষ কাৰণ তলত উল্লেখ কৰা হ’ল―

1. অর্থনৈতিক শোষণ [Economic exploitation]

2. ৰাজনৈতিক প্ৰতাৰণা [Political deprivation]

3. কৃষ্টি-সংস্কৃতি হেৰুৱাৰ ভয় [Fear of losing own Cultural identity]

4. ৰাজনীতিবিদসকলৰ ৰাজনৈতিক আকাংক্ষা [Political ambition of politicians]

অর্থনৈতিক শোষণ [Economic Exploitation] : অর্থনৈতিক শোষণক আঞ্চলিকাতাবাদী মনোভাৱ জাগৃত কৰাৰ এক বিশেষ কাৰণ হিচাপে গণ্য কৰিব পৰা যায়। কোনো এটা অঞ্চল বা এখন ৰাজ্যৰ প্ৰাকৃতিক সম্পদৰ পৰা যদি সেই অঞ্চলৰ বা ৰাজ্যখনৰ লোকক বঞ্চিত কৰি অন্য অঞ্চল বা ৰাজ্যৰ লোকে ভোগ কৰিবলৈ লয় তেন্তে প্ৰাকৃতিক সম্পদৰ গৰাকীসকলৰ অসন্তুষ্ট হোৱাতো স্বাভাৱিক আৰু এনে অসন্তুষ্টিৰ ভাৱে আঞ্চলিকতাবাদী মনোভাৱ গঢ় লৈ উঠাত অৰিহণা যোগায় আৰু শেষত ইয়াৰ পৰিত্ৰাণৰ বাবে জনসাধাৰণ আন্দোলনমুখী হৈ পৰে। সেয়ে বৰ্তমান বিভিন্ন অঞ্চল বা ৰাজ্যত এনে বহুতো সংগঠনে জন্ম লাভ কৰা দেখা যায় যিয়ে চৰকাৰী অৰ্দ্ধ চৰকাৰী, ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানৰ চাকৰি, ব্যৱসায়-বাণিজ্য আদিত থলুৱা লোকৰ নিযুক্তি দাবী কৰাব লগতে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ মুখ্য কার্যালয়সমূহ উৎপাদন থলিলৈ উঠাই অনাৰ বাবে দাবী জনাইছে। বর্তমান ভালেমান ৰাজ্য চৰকাৰে এই দাবীৰ পৰিপ্ৰেক্ষিতত, আৱশ্যকীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।

ৰাজনৈতিক প্ৰতাৰণা | Political Deprivation] : ৰাজনৈতিক প্ৰতাৰণায়ো আঞ্চলিকতাবাদী মনোভাৱ বৃদ্ধি কৰাত সহায় কৰি আহিছে বুলিব পাৰি। যেতিয়া কোনো এটা অঞ্চল ৰাজনৈতিক চল-চাতুৰীৰ ফলত বহুদিন ধৰি অনগ্ৰসৰ হৈ থাকে তেন্তে সেই অঞ্চলৰ জনসাধাৰণে অসন্তুষ্টি আৰু হতাশাৰ মনোভাৱ পোষণ কৰাতো স্বাভাৱিক আৰু শেষত এই অসন্তুষ্টি আৰু হতাশাই তেওঁলোকক আঞ্চলিকতাবাদী মনোভাৱ জগাই তুনিবলৈ বাধ্য কৰে। সেয়ে আজি আঞ্চলিকতাবাদৰ প্ৰতি আকৃষ্ট হৈ বহুতো অঞ্চলৰ জনসাধাৰণে নিজা ৰাজনৈতিক দল, সংগঠন জন্ম দি ইয়াৰ প্ৰতিকাৰৰ বাবে যত্নপৰ হোৱা দেখা গৈছে। আনকি কিছুমান সংগঠনে এই অৱস্থাৰ নিৰাময়ৰ বাবে সুখীয়া ৰাজা স্থাপনৰ বাবেও দাবী জনায় আহিছে আৰু ইতিমধ্যে কিছুমান সংগঠনৰ দাবী চৰকাৰে মনি লবলৈ বাধা হৈছে। 

নিজস্ব কৃষ্টি-সংস্কৃতি হেৰুৱাৰ ভয় [Fear of losing own cultural Identity] : নিজস্ব কৃষ্টি-সংস্কৃতি হেৰুৱাৰ ভয়েও জনসাধাৰণৰ মত আঞ্চলিকতাবাদী মনোভাৱ জগাই তোলে। উদাহৰণস্বৰূপে অসমৰ কথাকে ডাঙি ধৰিব পাৰি। সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে বিদেশী বহিস্কাৰৰ বাবে সুদীৰ্ঘ ৬ বছৰীয়া এক আন্দোলনৰ নেতৃত্ব দিছিল আৰু ১৯৮৫ চনৰ ১৫ আগষ্টত এক ত্রিপাক্ষিক চুক্তিৰ জৰিয়তে আন্দোলনৰ সামৰণি পৰিছিল। এই আন্দোলন গঢ়ি উঠাৰ মুখ্য কাৰণ আছিল অসমলৈ প্ৰবৰ্জন কৰা বৃহৎ সংখ্যক মুছলিম লোকক বহিষ্কাৰ নকৰিলে অসমখন শীঘ্ৰেই এখন মুছলিম সংখ্যাগৰিষ্ঠ ৰাজ্যত পৰিণত হব আৰু এয়ে হলে অসমৰ অসমীয়া জনসাধাৰণ সংখ্যালঘুত পৰিণত হোৱাব লগতে নিজস্ব কৃষ্টি-সংস্কৃতিও হেৰুৱাব লাগিব। ত্ৰিপুৰাৰ ঘটনাৱলীয়ে অসমৰ জনসাধাৰণক অধিক সচেতন হ’বলৈ বাধ্য কৰিছে। দেখা যায় যে ত্ৰিপুৰাত ত্ৰিপুৰীসকলসকল বেঙ্গলীসকলৰ দ্বাৰা ইতিমধ্যে সংখ্যালখুত পৰিণত হ’ল। 

বর্তমান ত্ৰিপুৰীসকলে তেওঁলোকৰ স্বাৰ্থ ৰক্ষাৰ উদ্দেশ্যে ‘ত্ৰিপুৰা উপজাতি যুব সমিতি’ নামেৰে এক সংগঠন গঢ়ি তুলি ১৯৪৮ চনৰ পিছত ত্ৰিপুৰাত প্ৰৱেশ কৰা বিদেশীসকলক বহিস্কাৰ দাবী তুলিছে। অৰুণাচলবাসীয়েও ঠিক একেধৰণৰ ভয়ৰ বশবর্তী হৈ চাকমা,সকলক বাজানৰ পৰা বিতাৰিত কৰাৰ দাবী জনাইছে। মিজোৰামেও অনা মিজোসকলক মিজোৰাম ত্যাগ কৰাৰ বাবে জাননী জাৰি কৰিছে।

2. Points out the major areas of Centre State tensions in India.

Ans: কেন্দ্ৰ আৰু ৰাজ্য বিলাকৰ বিবাদৰ মূল কাৰণসমূহৰ দুটাৰ বিষয়ে তলত আলোচনা কৰা হ’ল―

(ক) ৰাজ্যপালৰ পক্ষপাতমূলক আচৰণ : ৰাজ্যৰ ৰাজ্যপালজন হৈছে ৰাজ্যখনৰ সাংবিধানিক মুৰব্বী। এই মুৰব্বীজনক কেন্দ্ৰই নিযুক্তি দিয়ে। সেয়ে ৰাজ্যপালজনে কেন্দ্রীয় চৰকাৰৰ ওচৰত দায়বদ্ধ হৈ কাৰ্যাৱলী পৰিচালনা কৰিবলৈ বাধ্য হৈ পৰে। ফলত ৰাজ্যৰ বিৰোধী দলৰ চৰকাৰ আৰু কেন্দ্ৰৰ সৈতে, একে দলৰ চৰকাৰৰ ক্ষেত্ৰত ৰাজ্যপালসকলৰ ভূমিকা বেলেগ হোৱা দেখা যায়। ৰাজ্যপালসকলে একেদলৰ চৰকাৰৰ বেলিকা নিজ ক্ষমতাৱলীৰ জৰিয়তে চৰকাৰখনক যি কোনো প্ৰকাৰে ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰে। কিন্তু সেই একেটা কাৰণতে বিৰোধীদলৰ চৰকাৰখন ভঙ্গ কৰাৰ বাবে উৎসাহী হৈ পৰে। উদাহৰণস্বৰূপে ক’ব পৰা যায় যে ১৯৬৭ চনত বিধানসভাত সংখ্যাগৰিষ্ঠতা প্রমাণ কৰিবলৈ দিয়া নিৰ্দেশ অমান্য কৰাৰ বাবে পশ্চিমবঙ্গৰ অজয় মুখাৰ্জীৰ সংযুক্ত চৰকাৰখন ৰাজ্যপালজনে ভঙ্গ কৰিছিল। 

কিন্তু অন্যহাতেদি ১৯৬৮ চনত মধ্যপ্ৰদেশৰ ডি. পি. মিশ্ৰৰ চৰকাৰ, ১৯৭০ চনত গোলাম মহম্মদ চাদিকৰ নেতৃত্বৰ জন্মু ও কাশ্মীৰৰ চৰকাৰ, ১৯৮২ চনত আনোৱাৰা, টাইমূৰৰ নেতৃত্বৰ অসমৰ চৰকাৰ কেইখন ৰক্ষা কৰাৰ উদ্দেশ্যে সেই ৰাজ্যৰ ৰাজ্যপালসকলে বিধানসভাত যাতে তেওঁলোকৰ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গৃহীত হব নোৱাৰে তাৰ বাবে বিধানসভাৰ অধিৱেশন হঠাতে স্থগিত কৰি দিছিল। কাৰণ এই কেইখন আছিল কংগ্ৰেছ দলৰ চৰকাৰ। গতিকে ক’ব পৰা যায় যে ৰাজ্যপালসকলৰ কাৰ্যাৱলী আছিল সম্পূর্ণ পক্ষপাতমূলক যিটো, বিৰোধীদলৰ চৰকাৰবিলাকে তীব্র প্রতিবাদ। জনাবলৈ বাধ্য হৈছিল।

(খ) মুখ্যমন্ত্ৰীৰ নিযুক্তি বৰ্খাস্ত [Appointment and dismissal of the Chief Minister] : মুখ্যমন্ত্ৰীসকলৰ নিযুক্তি আৰু বৰ্খাস্তৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰক সন্তুষ্ট কৰি ৰখাৰ বাবে ৰাজ্যপালসকলে বিভিন্ন ধৰণৰ ভূমিকা পালন কৰা দেখা যায়। অর্থাৎ কেতিয়াবা তেওঁলোকে নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠ লাভ কৰা দলটোক আকৌ কেতিয়াবা পৰিস্থিতি অধ্যয়ন কৰি তেওঁলোকৰ ইচ্ছানুসৰি কোনো এজন নেতাক চৰকাৰ গঠনৰ বাবে আহ্বান জনায়। কবলৈ গলে যিটো নীতি গ্রহণ কৰিলে কেন্দ্ৰৰ শাসনাধিষ্ঠ দলটোৰ সপক্ষে যায় সেই নীতিকেই ৰাজ্যপালসকলে গ্ৰহণ কৰে। 

সেইদৰে মুখ্য মন্ত্ৰীসকলৰ বৰ্খাস্তৰ বেলিকাও একে নীতি গ্ৰহণ কৰা দেখা যায়। অর্থাৎ চৰকাৰখন বিৰোধী দলৰ হ’লে সেই দলৰ মুখ্যমন্ত্ৰীজনক কোনো কাৰণ নোহোৱাকৈও বৰ্খাস্ত কৰিবলৈ কুণ্ঠাবোধ নকৰে । কিন্তু অন্যহাতেদি যথেষ্ট কাৰণ থাকিলেও কেন্দ্ৰৰ সৈতে একে দলৰ চৰকাৰ হ’লে সেই চৰকাৰৰ মুখ্যমন্ত্ৰীজনক বৰ্খাস্ত কৰিবলৈ প্ৰস্তত নহয়। উদাহৰণস্বৰূপে ক’ব পৰা যায় যে ১৯৮৪ চনত অন্ধপ্ৰদেশৰ এন. টি. ৰামৰাও আৰু জন্মু ও কাশ্মীৰৰ মুখ্যমন্ত্ৰী দুজনক কোনো কাৰণ নোহোৱাকৈয়ে বৰ্খাস্ত কৰা হৈছিল। কিন্তু অন্যহাতেদি ১৯৮১ চনত আনোৱাৰা টাইমূৰৰ চৰকাৰখন (অসমৰ) বিধানসভাত পৰাস্ত হোৱাৰ পিচতো তেতিয়াৰ ৰাজ্যপাল এল.পি.সিঙে টাইমূৰৰ চৰকাৰখন (কংগ্ৰেছ চৰকাৰ) ভঙ্গ কৰা নাছিল।

(গ) বিধানসভাৰ অধিবেশন আহ্বান কৰা, স্থগিত ৰখা বা বিধানসভা ভংগ কৰা : বিধানসভাৰ অধিৱেশন আহ্বান কৰা বা স্থগিত ৰখা বা বিধানসভা ভঙ্গ কৰাৰ ক্ষেত্ৰটো ৰাজাপালসকলৰ ভূমিকা বিতর্কমূলক হোৱা দেখা যায়। ৰাজ্যপালসকলে তেওঁলোকৰ এই ক্ষমতা সদায় পক্ষপাতিত্বমূলক ভাবেই ব্যৱহাৰ কৰি অহা দেখা যায়। অর্থাৎ কেতিয়াবা দল বাগৰা ৰাজনীতিৰ ফলত যদি চৰকাৰখন সংখ্যালঘূত পৰিণত হয় আৰু যদি সেই চৰকাৰখন বিৰোধী দলৰ চৰকাৰ হয় তেন্তে ৰাজ্যপালজনে অলপো সময় নষ্ট নকৰি সেই চৰকাৰৰ মুখ্য মন্ত্ৰীজনক বিধানসভাৰ সন্মুখীন হবলৈ আহ্বান জনায়। কিন্তু যদি কেন্দ্ৰৰ শাসকীয় দলটোৰ সৈতে একে দলৰ চৰকাৰ হয় তেন্তে বিৰোধী দলে বাৰম্বাৰ দাবী জনালেও সেই দাবী ৰাজ্যপালজনে অগ্ৰাহ্য কৰা দেখা যায়।

(ঘ) ৰাষ্ট্ৰপতিৰ অনুমোদন [Approval of the President] : ৰাজ্যসমূহে অধিক স্বায়ত্ব শাসনৰ দাবী জনোৱাৰ আন এটা কাৰণ হৈছে। সংবিধানৰ ২০১ অনুচ্ছেদ অনুসৰি ৰাজ্যিক বিধানসভাই গ্ৰহণ কৰা বিধেয়কবিলাক ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে সংৰক্ষিত কৰি ৰখাতো। এইখিনিতে ক’ব পৰা যায় যে যিবিলাক ৰাজ্যত বিৰোধীদলৰ চৰকাৰ থাকে সেই ৰাজ্যৰ ৰাজ্যপালসকলে চৰকাৰখনক শলঠেকত পেলোৱাৰ উদ্দেশ্য যি কোনো ধৰণৰ বিধেয়কেই ৰাষ্ট্ৰপতিৰ বিচাৰৰ বাবে সংৰক্ষিত ৰখাতো সাধাৰণ ঘটনাত পৰিণত হৈছে আৰু এই ব্যৱস্থাই বিৰোধী দলৰ চৰকাৰখনক কাৰ্যাৱলী ৰূপায়ণ কৰাত যথেষ্ট ব্যাঘাত জন্মায়। ফলত চৰকাৰখন জনসাধাৰণৰ অপ্ৰিয় হৈ পৰে আৰু ইয়েই হৈছে কেন্দ্ৰৰ শাসনাধিষ্ঠ দলটোৰ মূল উদ্দেশ্য। এইবিলাকৰ বাহিৰেও ৰাজ্যসমূহলৈ কেন্দ্ৰীয় অনুদান, উদ্যোগ, ঋণ আদি অনুমোদনৰ ক্ষেত্ৰতো বৈষম্যমূলক আচৰণ কৰা দেখা যায়। অৰ্থাৎ একে দলৰ চৰকাৰ হ’লে কেন্দ্ৰই সেই ৰাজ্যসমূহলৈ অধিক হাৰত সাহাৰ্য্য আগবঢ়োৱা দেখা যায় আৰু বিৰোধী দল শাসিত ৰাজ্য চৰকাৰৰ ক্ষেত্ৰত সংকোচিত নীতি গ্ৰহণ কৰা দেখা যায়।

3. Define regionalism. Discuss the causes of the growth of regionalism.

Ans: আঞ্চলিকতাবাদ হৈছে মানুহৰ এটা ধাৰণা যাৰ দ্বাৰা নিজৰ অঞ্চলটোৰ মানুহৰ প্ৰতি ভালপোৱাৰ মনোভাব থাকে আৰু আন অঞ্চলৰ মানুহক ঘৃণাৰ চকুৰে চায়। আঞ্চলিকতাবাদ মানে হ’ল সমগ্ৰ দেশখনক সমানে ভালপোৱাৰ বিপৰীতে নিজৰ অঞ্চলটোক বা ঠাইখনক বেছি ভাল পোৱা, তেওঁলোকে দেশৰ সামগ্রিক উন্নয়নৰ বিপৰীতে নিজৰ অঞ্চলৰ উন্নতিহে কামনা কৰে। আৰু আঞ্চলিক উন্নয়নৰ পৰা নিজৰ লাভৰ আশা কৰে। আঞ্চলিকতাবাদে নিজৰ অঞ্চলটোৰ প্রশাসনিক আৰু অন্যান্য ক্ষেত্ৰত স্ব-নিয়ন্ত্ৰণৰ দাবী জনায় আৰু কোনো বাহিৰৰ লোকৰ সেই অঞ্চললৈ প্ৰব্ৰজন অথবা স্থায়ীভাৱে বসবাস কৰিবলৈ অহাটো কামনা নকৰে। বৰ্তমান আমাৰ ভাৰতত এনে কিছুমান ৰাজ্য আছে যিবিলাক ৰাজ্যত কিছুমান জনসাধাৰণে নিজকে ভূমিপুত্ৰ বুলি ভাবে। তেওঁলোকে তাত সকলো ধৰণৰ সুবিধা ভোদ কৰা আশা কৰে আৰু অন্য ঠাইৰ পৰা অহা লোকসকলক নিজৰ অধীনত ৰাখিব বিচাৰে। এইদৰে আঞ্চলিকতাবাদে সমগ্ৰ দেশৰ পৰিৱৰ্তে নিজৰ অঞ্চলৰ প্ৰতি ভালপোৱা মনোভাৱ জগাই তোলে।

আঞ্চলিকতাবাদে দেশৰ জনসাধাৰণৰ মাজত বহুতো সমস্যা সৃষ্টি কৰে। তথাপি কিছুমান লোকে আঞ্চলিকতাবাদক সমর্থন কৰে আৰু আঞ্চলিকতাবাদৰ জৰিয়তে নিজৰ তথা অঞ্চলৰ উন্নতি কামনা কৰে। আঞ্চলিকতাবাদক জৰিয়তে কিছুমান আঞ্চলিক ৰাজনৈতিক আৰু ধৰ্মীয় দলে ৰাজ্যিক ক্ষমতাও দখল কৰিব পাৰিছে।

আঞ্চলিকতাবাদ সৃষ্টিৰ কাৰণসমূহ : আঞ্চলিকতাবাদ বিভিন্ন অঞ্চলত বেলেগ বেলেগ কাৰণত গঢ় লৈ উঠিব পাৰে। এই সকলোবিলাক কাৰণৰ বিষয়ে আলোচনা সম্ভৱ নহয় যদিও আঞ্চলিকতাবাদ সৃষ্টিৰ কেইটামান মূল কাৰণ তলত উল্লেখ কৰা হ’ল —

(ক) ভৌগোলিক অৱস্থান : ভাৰতৰ কিছুমান অঞ্চল এনে ঠাইত অৱস্থিত যে সেই ঠাইৰ লোকে নিজৰ অঞ্চলটোক এটা সুকীয়া অঞ্চল বুলি ভাবিবলৈ বাধ্য হয়; যেনে— উত্তৰ-পূব ভাৰত। ভাৰতৰ এই অংশটো মাত্ৰ এক ঠেক ভূ-ভাগৰেহে ভাৰতৰ সৈতে সংলগ্ন হৈ আছে। এনে অঞ্চলত থকা লোকে নিজকে দেশৰ পৰা আঁতৰত থকা বুলি ভাবে আৰু সেয়ে আঞ্চলিকতাবাদে গা কৰি উঠে।

(খ) ঐতিহাসিক কাৰণ : ঐতিহাসিক কাৰণতো আঞ্চলিকতাবাদৰ সৃষ্টি হ’ব পাৰে। যেতিয়া এটা অঞ্চলৰ জনগোষ্ঠীয়ে গম পায় যে অতীতত তেওঁলোক ভাৰতীয় সমাজৰ ভিতৰুৱা নাছিল। এনে ভাৱধাৰাৰ ফলত তেওঁলোকৰ মনত আঞ্চলিকতাবাদে গঢ় লৈ উঠে।

(গ) ৰাজনৈতিক কাৰণ : ৰাজনৈতিক দৃষ্টিকোণৰ পৰা যদি এটা অঞ্চল আনবোৰ অঞ্চলতকৈ সুকীয়া বুলি ভাবে তেন্তে আঞ্চলিকতাবাদ সৃষ্টি হ’ব পাৰে। দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনে উত্তৰ ভাৰতৰ ৰাজ্যকেইখনে উত্তৰ ভাৰতৰ ৰাজ্যকেইখনতকৈ নিজকে সুকীয়া বুলি ভাবে, কাৰণ তেওঁলোকৰ ধাৰণা যে ৰাজনৈতিক সা-সুবিধাবিলাক তেওঁলোকতকৈ উত্তৰ ভাৰতে বেছি পায়।

(ঘ) মনস্তাত্ত্বিক কাৰণ : কোনো এটা অঞ্চলৰ জনসাধাৰণে যদি ভাবে যে ভাৰতীয় স্বাধীনতাই তেওঁলোকক সুফল দিব পৰা নাই নাইবা সৰ্বভাৰতীয় পদ্ধতিত যদি তেওঁলোকক মানসিকভাৱে সন্তুষ্ট কৰিব পৰা নাযায়,তেনে ক্ষেত্ৰত আঞ্চলিকতাবাদৰ জন্ম হ’ব পাৰে। যদি কাৰোবাৰ মনত আঞ্চলিক উন্নয়নৰ বাবে আঞ্চলিকতাবাদহে একমাত্র পথ বুলি যুক্তিৰে পতিয়ন যায়, তেনে ক্ষেত্ৰতো আঞ্চলিকতাবাদৰ উদ্ভৱ হ’ব পাৰে।

(ঙ) পৰিবহন আৰু যোগাযোগ ব্যৱস্থা : কোনো এটা অঞ্চলৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা ভাৰতৰ অন্যান্য ঠাইতকৈ পিছপৰা হ’লে সেই অঞ্চলৰ জনসাধাৰণে সহজে বাহিৰৰ সমাজৰ লগত মিলামিছা কৰাৰ সুবিধা নাপায়। তেওঁলোকৰ মনত নিজকে পৃথক যেন ভাব হয় আৰু চৰকাৰে তেওঁলোকৰ নিয়ন্ত্ৰণৰ কাৰণে একোৱেই কৰা নাই বুলি ভাবে। এনে দৃষ্টিভংগীয়েও আঞ্চলিকতাবাদ প্ৰসাৰতা অৰিহণা যোগায়।

(চ) অর্থনৈতিক অৱস্থা : কোনো এটা অঞ্চলৰ লোক অৰ্থনৈতিকভাৱে দুৰ্বল হ’লে সেই অঞ্চলৰ জনসাধাৰণৰ মনত অর্থনৈতিক উন্নয়নৰ বাবে আঞ্চলিকতাবাদে গঢ় লয়। একেদৰেই এটা অঞ্চলৰ লোক আৰ্থিক দিশত আগবঢ়া হ’লে তেওঁলোকে আনৰ বাবে কৰিব লগা একো নাই বুলি ভাবে আৰু একোটা অঞ্চলত বাস কৰাৰ বাবে তেওঁলোকৰ মনতো আঞ্চলিকতাবাদৰ জন্ম হয়।

(ছ) বৃত্তি : যদি কোনো এটা অঞ্চলৰ প্ৰায়বোৰ জনসাধাৰণে প্ৰায় একে ধৰণৰ বৃত্তিকে অৱলম্বন কৰি প্ৰায় একে ধৰণৰ জীৱন নিৰ্বাণ কৰে তেন্তে তেওঁলোকৰ মাজতো সম্প্ৰীতি ভাৱ উদয় হৈ শেষত আঞ্চলিকতাবাদৰ সৃষ্টি হ’ব পাৰে। ব্যৱসায়, নিয়োগৰ সুবিধা আদিয়েও আঞ্চলিকতাবাদৰ জন্ম দিয়ে।

(জ) সামাজিক অৱস্থা : কোনো এটা অঞ্চলৰ প্ৰায়বোৰ জনসাধাৰণৰে সামাজিক অৱস্থা, যেনে— অর্থনৈতিক, ভাষা, সংস্কৃতি, শিক্ষা ব্যৱস্থা, ধর্ম, পৰিয়াল পদ্ধতি, বিবাহ পদ্ধতি আদি প্রায় একে হয় তেন্তে জনসমূহৰ মনতো আঞ্চলিকতাবাদৰ উদয় হয়।

(ঝ) খনিজ সম্পদ : কোনো এটা অঞ্চলৰ খনিজ সম্পদত বিশেষ আগবঢ়া হ’লে সেই অঞ্চলৰ জনসাধাৰণে নিজকে আনতকৈ উন্নত বা সুকীয়া বুলি ভাবে। এই ধাৰণাৰ ফলতো আঞ্চলিকতাবাদৰ জন্ম হয়।

এনেধৰণৰ কাৰণতে আঞ্চলিকতাবাদে গঢ় লৈ উঠিছিল। 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top