Political Process of India Unit 2 নিৰ্বাচনসমূহ আৰু ৰাজনৈতিক আচৰণ

Political Process of India Unit 2 নিৰ্বাচনসমূহ আৰু ৰাজনৈতিক আচৰণ Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Process of India Unit 2 নিৰ্বাচনসমূহ আৰু ৰাজনৈতিক আচৰণ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Process of India Unit 2 নিৰ্বাচনসমূহ আৰু ৰাজনৈতিক আচৰণ Question Answer can be of great value to excel in the examination.

Political Process of India Unit 2 নিৰ্বাচনসমূহ আৰু ৰাজনৈতিক আচৰণ

Join Telegram channel

Political Process of India Unit 2 নিৰ্বাচনসমূহ আৰু ৰাজনৈতিক আচৰণ Notes cover all the exercise questions in UGC Syllabus. The Political Process of India Unit 2 নিৰ্বাচনসমূহ আৰু ৰাজনৈতিক আচৰণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Elections and Political Behaviour

POLITICAL SCIENCE

POLITICAL PROCESS OF INDIA

ভাৰতৰ ৰাজনৈতিক প্ৰক্ৰিয়া

Short Question

1. What is the ul form of BSP?

Ans: Bahujan Samaj Party.

2. Political Mobilisation in India has begun in 1905.[ State ‘True’ or ‘False’]

Ans: True.

3. In which year Indian National Congress was divided.

Ans: 1907.

4. What were the two fractions of Indian National Congress.

Ans: Extremist and Moderate. 

5. What was the aim of Muslim league.

Ans: To create a separate Muslim State for the Muslim. 

6. BJP follows Hindu ideology.[State ‘True’ or ‘False’]

Ans: True.

7. What is the full form of OBC. 

Ans: Other Backward Class. 

8. Who formed Kisan Mazdoor Praja Party[KMPP]

Ans: J.B. Kripalini.

9. Who formed Schedule Caste Federation.

Ans: B.R. Ambedkar.

10. J.P. Narayan was the founder of Socialist Party, [State ‘Ture’ or ‘False)

Ans: True.

11. Who formed Akali Dal.

Ans: Tara Singh.

12. National Conference is a political party of Jammu and Kashmir. [State ‘True’ or ‘False”]

Ans: True.

13. Who formed Telegu Desam Party. 

Ans: N.T. Rama Rao.

14. Who formed AIADMK

Ans: M.G Ramachandran.

Short Type Questions

1. Write the four Characteristics of Indian Election System?

Ans: আমাৰ দেশৰ সংবিধানৰ পঞ্চদশ অধ্যায়ত নির্বাচন ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা আছে। আমাৰ দেশৰ নিৰ্বাচন ব্যৱস্থাৰ কিছুমান বৈশিষ্ট্য আছে। সেইবোৰ তলত দিয়া ধৰণৰ―

১) দেশৰ নিৰ্বাচনৰ দায়িত্ব কার্যপালিকা বা বিধানমণ্ডলক দিয়াৰ পৰিৱৰ্তে এটা স্বাধীন আৰু নিৰপেক্ষ সংগঠনৰ ওপৰত দিয়া হৈছে। নিৰ্বাচন পৰিচালনাৰ দায়িত্ব নিৰ্বাচনী আয়োগৰ ওপৰত দিয়া হৈছে। সংবিধানৰ ৩২৪ নং অনুচ্ছেদত এই বিষয়ে উল্লেখ কৰা আছে।

২) সর্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ পদ্ধতিৰ প্ৰচলন আমাৰ দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ আন এটা অন্যতম বৈশিষ্ট্য। গণতান্ত্রিক চৰকাৰে ৰাইজৰ দ্বাৰা গঠিত চৰকাৰক বুজায়; সেয়েহে সীমিত ভোটাধিকাৰ পদ্ধতিৰ জৰিয়তে গঠিত চৰকাৰক ৰাইজৰ চৰকাৰ হিচাপে অভিহিত কৰিব নোৱাৰি। গণতান্ত্ৰিক চৰকাৰত প্ৰাপ্তবয়স্ক সকলো লোকৰে ভোটাধিকাৰ থকা উচিত। আমাৰ দেশৰ সংবিধানে দেশৰ প্ৰাপ্তবয়স্ক সকলো নাগৰিককে ভোটদানৰ অধিকাৰ দিছে। ১৮ বছৰ বয়সৰ যিসকল ভাৰতীয় নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে, তেওঁলোকৰ আটায়ে নিৰ্বাচনৰ সময়ত ভোটদান কৰিব পাৰে। সংবিধানৰ আৰম্ভণিতে ভোটাৰ সকলৰ বয়স নিৰ্ধাৰণ কৰা হৈছিল ২১ বছৰ কিন্তু সংবিধানৰ ৬১ নং সংশোধনী আইনৰ জৰিয়তে ১৮ বছৰৰ সকলো নাগৰিককে ভোটাধিকাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে। জাতি-বর্ণ-ধৰ্ম, জন্মস্থান নির্বিশেষে ১৮ বছৰৰ সকলো পুৰুষ-মহিলাকে ভোটাধিকাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে।

৩) আমাৰ দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ আন এটা বৈশিষ্ট্য এই যে আমাৰ দেশত প্ৰত্যক্ষ আৰু পৰোক্ষ এই দুই ধৰণৰ নিৰ্বাচন ব্যৱস্থাৰ প্রচলন আছে। লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ সদস্য সকলক প্রত্যক্ষ ভোটৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। কিন্তু ৰাজ্যসভাৰ সদস্য সকলক পৰোক্ষ ভোটৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। ৰাজ্যিক বিধানসভাৰ নির্বাচিত সদস্য সকলে ৰাজ্যসভাৰ সদস্যৰ নিৰ্বাচনত ভোটদান কৰে। ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনো পৰোক্ষ। কেন্দ্ৰীয় বিধানসভাৰ নিৰ্বাচিত সদস্য আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচিত সদস্য সকলে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ভোটদান কৰিব পাৰে। আনহাতে কেন্দ্ৰীয় বিধানমণ্ডলৰ সকলো সদস্যই উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ভোটদান কৰিব পাৰে। কিছুমান ক্ষেত্ৰত সীমিত ভোটাৰৰ জৰিয়তে সদস্য নিৰ্বাচন কৰা ব্যৱস্থাৰো প্ৰচলন আছে। উদাহৰণস্বৰূপে বিধান পৰিষদৰ প্ৰায় ১/৩ অংশ সদস্যক পৌৰসভা, জিলা পৰিষদ আৰু আন আন স্বায়ত্ব শাসিত সংগঠন সমূহে নিৰ্বাচন কৰে। প্ৰায় ১/৩ অংশ সদস্য বিধানসভাৰ সদস্যক বিধানসভাৰ সদস্য সকলে নির্বাচিত কৰে। প্ৰায় ১/১২ অংশ সদস্যক তিনি বছৰ বা তাতকৈ আগেয়ে স্নাতক হোৱা লোকসকলে নির্বাচিত কৰে। প্ৰায় ১/১২ অংশ নির্বাচিত হয় শিক্ষক সকলৰ দ্বাৰা। বাকী ১/৬ অংশ সদস্যক ৰাজ্যপালে মনোনীত কৰে।

৪) লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ কাৰণে একেখন ভোটাৰ তালিকাৰ প্ৰচলন আমাৰ দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ আন এটা বৈশিষ্ট্য। যিসকল নাগৰিকে ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত ভোটদান কৰে তেওঁলোকে নিজৰ নিজৰ সমষ্টিৰ লোকসভাৰ সদস্যৰ নির্বাচনতো ভোটদান কৰিব পাৰে।

2. Examine the four defects of Indian Electoral Reforms in India.

Ans: সাম্প্ৰতিক কালৰ গণতন্ত্ৰৰ নিৰ্বাচন হৈছে এটা অপৰিহাৰ্য অংগ। প্রাচীনকালৰ দেশ সমূহৰ জনসংখ্যা আছিল কম; সেয়েহে তেনে দেশত প্রত্যক্ষ গণতান্ত্রিক ব্যৱস্থাৰ প্ৰচলন কৰাটো সম্ভব হৈছিল। কিন্তু সাম্প্ৰতিক কালৰ দেশসমূহত হেজাৰ হেজাৰ লোক বাস কৰে। এনে ধৰণৰ জনবহুল দেশত প্ৰত্যক্ষ গণতান্ত্রিক পদ্ধতিৰ প্ৰচলন কৰাটো কেতিয়াও সম্ভৱ নহয়। সেয়েহে সাম্প্ৰতিক কালৰ দেশসমূহত পৰোক্ষ গণতন্ত্র বা প্রতিনিধিত্বমূলক গণতান্ত্রিক শাসন ব্যৱস্থাৰ প্ৰচলন কৰা হয়। পৰোক্ষ বা প্রতিনিধিত্বমূলক গণতান্ত্রিক শাসন ব্যৱস্থাত নিৰ্দ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে ভোটাৰ সকলে নিজৰ নিজৰ সমষ্টিৰ পৰা একোজন প্রতিনিধি বিধানমণ্ডললৈ নির্বাচন কৰি দিয়ে। এইদৰে নিৰ্বাচিত হোৱা প্ৰতিনিধিসকলৰ সদনে দেশৰ শাসন কাৰ্য পৰিচালনা কৰে। বিধানমণ্ডলত একক সংখ্যাগৰিষ্ঠতা লাভ কৰা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰে আৰু বাকী দলীয় সদস্য সকলে বিৰোধী দলৰ ভূমিকা গ্ৰহণ কৰে। কোনো দলে চৰকাৰ গঠন কৰাৰ কাৰণে প্ৰয়োজনীয় হোৱা নিৰ্দ্দিষ্ট আসন লাভ কৰিব নোৱাৰিলে, দুই বা ততোধিক দল লগ হৈ সংযুক্ত চৰকাৰ বা মৰ্চা চৰকাৰ গঠন কৰে। চৰকাৰৰ কাম-কাজত অসন্তষ্ট হোৱা ভোটাৰ ৰাইজে পিছৰ নিৰ্বাচনত আন দলক চৰকাৰ গঠন কৰাৰ সুবিধা দিব পাৰে।

আমাৰ দেশতো প্রতিনিধিমুলক চৰকাৰৰ প্ৰচলন আছে। প্রত্যেক পাঁচ বছৰৰ অন্তৰে অন্তৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ব্যৱস্থা আছে। ভাৰতবৰ্ষৰ বৰ্তমান জনসংখ্যা এশ কোটিৰো ওপৰ। সেয়েহে ভাৰতবৰ্ষক পৃথিৱীৰ ভিতৰত বৃহত্তম গণতান্ত্রিক দেশ হিচাপে অভিহিত কৰা হয়। কিন্তু আমাৰ দেশৰ নিৰ্বাচন ব্যৱস্থাত কিছুমান আসোঁৱাহ আছে। সেয়েহে নিৰ্বাচনী আয়োগৰ উপৰিও আন আন ৰাজনৈতিক দলেও নির্বাচন ব্যৱস্থাৰ তলত দিয়া ধৰণে আসোঁৱাহ দেখা যায়—

১) আমাৰ দেশৰ নিৰ্বাচন ব্যৱস্থাত প্ৰাৰ্থীৰ দক্ষতা, অভিজ্ঞতা আৰু ব্যক্তিত্বৰ পৰিৱৰ্তে ধনে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰে। সাম্প্রতিক কালত প্রত্যেক সমষ্টিতে ভোটাৰৰ সংখ্যা বাঢ়ি আহিছে। এনে জনবহুল সমষ্টিত প্ৰতিদ্বন্দ্ববিতা কৰি জয়লাভ কৰিবলৈ হ’লে ভালেখিনি ধন খৰচ কৰিবলগীয়া হয়। সেয়েহে যি প্রার্থীয়ে বেছি পৰিমাণৰ ধন খৰচ কৰিব পাৰে, তেনে প্ৰাৰ্থীৰহে জয়লাভ কৰাৰ সম্ভাৱনা বেছি। ফলত কেতিয়াবা কেতিয়াবা অনুপযুক্ত প্রার্থীও নিৰ্বাচিত হয় আৰু উপযুক্ত প্ৰাৰ্থীয়ো পৰাজিত হ’বলগা হয়।

২) ১৯৫৬ চনৰ কোম্পানী আইন মতে কোম্পানী বোৰে নিজৰ লাভৰ কিছু পৰিমাণৰ ধন ব্যক্তিগত হিচাপে কোনো প্রার্থীক নাইবা কোনো ৰাজনৈতিক দল আৰু দলীয় প্ৰাৰ্থীক ৰাজনৈতিক উদ্দেশ্যে দান কৰিব পাৰে। নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দল আৰু প্রার্থী সকলক আর্থিক সাহায্য দি কোম্পানী সমূহে এই সদস্য সকলৰ জৰিয়তে ৰাজনৈতিক বিষয়ত প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰে। ফলত নিৰ্বাচনত জয়লাভ কৰা সদস্য সকলে নিজৰ সমষ্টিৰ ভোটাৰক প্ৰতিনিধিত্ব কৰাৰ পৰিৱৰ্তে ধনীক শ্ৰেণীৰ লোককহে প্ৰতিনিধিত্ব কৰে। এনে ধৰণৰ প্ৰতিনিধিত্ব গণতান্ত্ৰিক প্ৰমুখ্যৰ লগত সংগতি থকা বিধৰ নহয়।

৩) ধনবলৰ উপৰিও বল প্রয়োগেও সুস্থ নির্বাচন অনুষ্ঠিত কৰাত অসুবিধাৰ সৃষ্টি কৰে। অৰ্থাৎ নিৰ্বাচন বেলট যুদ্ধৰ পৰিৱৰ্তে বুলেট যুদ্ধত পৰিণত হয়। কিছুমান প্রার্থীয়ে বল প্ৰয়োগ কৰি নিৰ্বাচনত জয়লাভ কৰিবলৈ চেষ্টা কৰে। নিৰ্বাচনৰ দিনত ভোটকেন্দ্ৰ দখল কৰা, কিছুমান দলৰ এজেণ্ট সকলৰ ওপৰত আক্ৰমণ কৰা, দুখীয়া আৰু দুৰ্বল শ্ৰেণীৰ লোকক ভীতি প্ৰদৰ্শন কৰি ভোটদান কার্যত বাধা দিয়া আৰু নির্দিষ্ট প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰিবলৈ বাধ্য কৰোৱা আদি ঘটনাৰ সৃষ্টি হোৱা দেখা যায়। আনকি এজনৰ ভোট আন জনে দিয়াৰ উদাহৰণো নথকা নহয়।

৪) নির্বাচনী আয়োগে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ অধীনত কাৰ্যনিৰ্বাহ কৰিবলগা হোৱা পৰিস্থিতিকো সাম্প্ৰতিক কালৰ নিৰ্বাচন ব্যৱস্থাৰ এটা আসোঁৱাহ হিচাপে উল্লেখ কৰা হয়। কিছুমান অঞ্চলত নিৰ্বাচন পৰিচালনা কৰিবলৈ নিযুক্ত হোৱা কৰ্মচাৰী সকলে কোনো নিৰ্দ্দিষ্ট দলৰ প্ৰাৰ্থীৰ সপক্ষে ভোটাৰক ভোটদান কৰিবলৈ ইংগিত দিয়াৰ উদাহৰণ পোৱা যায়। যিবোৰ ঠাইত বেলট বাকচ সমূহ ৰখা হয়, তাত পহৰা দিয়াৰ কাৰণে নিৰ্বাচনী আয়োগৰ কোনো বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা নহয়। চৰকাৰে নিযুক্ত কৰা পুলিচ নাইবা কেন্দ্রীয় পুলিচ বাহিনীৰ লোককহে পহৰা দিয়া কাৰ্যত নিযুক্ত কৰা হয়। ফলত কৰ্তৃত্ববিহীন লোকেও বেলট বাকচসমূহ খোলাৰ সম্ভাৱনা নথকা নহয়।

3. Explain your Four views regarding the Electoral Reforms in India.

Ans: আমাৰ দেশত নিৰ্দ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ব্যৱস্থা আছে যদিও, এই নির্বাচন ব্যৱস্থাৰ আসোঁৱাহ নথকা নহয়। নির্বাচন ব্যৱস্থাৰ সংস্কাৰৰ কাৰণে তলত দিয়া ধৰণৰ পৰামৰ্শ আগবঢ়াব পাৰি―

১) আমাৰ দেশৰ নিৰ্বাচন ব্যৱস্থাত ধনে গুৰুত্বপুর্ণ ভূমিকা গ্ৰহণ কৰে। ৰাজনৈতিক দল আৰু দলীয় নেতাসকলে পুঁজিপতিসকলৰ পৰা নিৰ্বাচনৰ কাৰণে ধন সংগ্ৰহ কৰে। ফলত তেওঁলোকে পুঁজিপতিসকলৰ সন্তুষ্টিৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্যনিৰ্বাহ কৰিবলগা হয়। এই ব্যৱস্থাই শোষণ আৰু দুৰ্নীতিত অৰিহণা যোগায়। সেয়েহে ক’লা ধনৰ ব্যৱহাৰক নাইকিয়া কৰাৰ উদ্দেশ্যে ৰাজকোষৰ পৰা প্ৰত্যেক দল আৰু প্ৰাৰ্থীক নিৰ্বাচনৰ কাৰণে ধন দিয়াৰ ব্যৱস্থা কৰিব পাৰি। পুঁজিপতি সকলৰ পৰা ধন সংগ্ৰহ কৰা নিয়ম বন্ধ কৰিব পাৰিলে নিৰ্বাচিত সদস্য সকলে স্বাধীন ভাৱে কার্যনির্বাহ কৰিব পাৰিব বুলি আশা কৰিব পাৰি।

২) নিৰ্বাচনৰ ফলাফলৰ বিষয়ত ধনৰ ভূমিকা হ্ৰাস কৰাৰ উদ্দেশ্যে ৰাজনৈতিক দলসমূহে প্ৰতিজন প্ৰাৰ্থীৰ কাৰণে কিমান পৰিমাণৰ ধন খৰচ কৰিব পাৰি তাৰ সীমা নিৰ্ধাৰণ কৰা উচিত। প্ৰাৰ্থীয়ে খৰচ কৰিব পৰা ধনৰ সীমা সময়ে সময়ে পুনৰ বিচাৰ কৰা উচিত। প্রত্যেক দলে এই বিষয়ত হিচাপ ৰখা উচিত। নিৰ্ধাৰিত পৰিমাণতকৈ বেছি ধন খৰচ কৰা প্ৰাৰ্থীক শাস্তি দিয়াৰ ব্যৱস্থা থকা উচিত।

৩) নিৰ্দ্দিষ্ট আইনৰ জৰিয়তে ৰাজনৈতিক দলসমূহক হিচাপ ৰখাৰ কাৰণে বাধ্য কৰা উচিত। ৰাজনৈতিক দলসমূহে খৰচ কৰা ধনৰ হিচাপ পৰীক্ষকৰ দ্বাৰা পৰীক্ষা কৰোৱাৰ ব্যৱস্থা থকা উচিত। এই ধনৰ হিচাপ নিৰ্বাচনী আয়োগৰ ওচৰত দাখিল কৰাৰ ব্যৱস্থা থকা উচিত। হিচাপ দাখিল নকৰা দলক নিৰ্বাচনত প্রতিদ্বন্দিতা কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা উচিত।

৪) প্ৰতিজন ভোটাৰকে নিজৰ নিজৰ ফ’টো সহ পদৱীৰ পত্ৰ দিয়াৰ ব্যৱস্থা কৰা উচিত। এই ব্যৱস্থাই জাল ভোটদান কৰা ব্যৱস্থা বন্ধ কৰিব পাৰে। এই ব্যৱস্থাক পর্যায়ক্রমে প্রচলন কৰা উচিত। ভোটাৰ তালিকা সংশোধন কৰাৰ বিষয়তো এই ব্যৱস্থাই সহায় কৰিব পাৰে।

4. Write the four voting Behaviour of the Indian Voters.

Ans: গণতান্ত্রিক শাসন পদ্ধতিত নির্দিষ্ট সময়ৰ অন্তৰে অন্তৰে নিৰ্বাচন অনুষ্ঠিত কৰি প্ৰতিনিধি নিৰ্বাচিত কৰা হয়। যিটো ৰাজনৈতিক দলে সদনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব পাৰে। সেই দলেই চৰকাৰ গঠন কৰাৰ সুবিধা পায়। চৰকাৰ গঠন কৰাৰ জোখাৰে কোনো দলে আসন লাভ কৰিব নোৱাৰিলে, দুই বা ততোধিক দলে লগ লাগি চৰকাৰ গঠন কৰিব পাৰে। এনে ধৰণৰ চৰকাৰক সংযুক্ত চৰকাৰ বোলে। যোগ্যতা সম্পন্ন ব্যক্তিক প্রতিনিধি হিচাপে নিৰ্বাচিত কৰিব পাৰিলে তেনে প্ৰতিনিধিৰে গঠিত চৰকাৰে দক্ষতাৰে শাসনকার্য পৰিচালনা কৰিব পাৰিব বুলি আশা কৰিব পাৰি। কিন্তু উপযুক্ত ব্যক্তি নির্বাচিত নহ’লে শাসনৰ মানদণ্ড নিম্নগামী হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে ভোটাৰ সকলে ক্ষুদ্ৰ স্বাৰ্থৰ জৰিয়তে পৰিচালিত নহৈ নিজৰ বিচাৰ বুদ্ধি প্ৰয়োগ কৰি উপযুক্ত প্ৰাৰ্থীক প্রতিনিধি হিচাপে নিৰ্বাচিত কৰিবলৈ চেষ্টা কৰা উচিত।

কিন্তু আমাৰ দেশৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ বিশ্লেষণ কৰিলে দেখা যায় যে ভোটাৰ সকলে সকলো সময়ত নিজৰ বিচাৰ বুদ্ধি প্ৰয়োগ কৰি ভোটদান নকৰে। ভোটাৰৰ বয়স, পৰিয়ালৰ ৰাজনৈতিক ঐতিহ্য, বন্ধু-বান্ধৱীৰ ৰাজনৈতিক প্ৰভাৱ, ধৰ্ম, ভাষা, আঞ্চলিক স্বার্থ, জাতি, ৰাজনৈতিক আদর্শ, আর্থিক ক্ষমতা আৰু প্ৰভাৱ, ৰাজনৈতিক নেতাসকলৰ ভাবমূৰ্তি আদি বিভিন্ন উপাদানে ভোটাৰ সকলৰ আচৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। আমাৰ দেশৰ ভোটাৰ সকলৰ আচৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা উপাদান সমূহৰ বিষয়ে তলত চমু আলোচনা কৰা হ’ল—

১) ধৰ্মৰ প্ৰভাৱ : আমাৰ দেশত ধর্মীয় আদৰ্শই ভোটাৰ সকলৰ আচৰণৰ ওপৰত ভালেখিনি প্ৰভাৱ বিস্তাৰ কৰে। ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ দেশ যদিও, নিৰ্বাচনৰ সময়ত এই ধাৰণাৰ ওপৰত ভোটাৰ সকলে গুৰুত্ব নিদিয়ে। প্রার্থী নিৰ্বাচনৰ পৰা আৰম্ভ কৰি ভোটদানৰ সময়লৈ ভোটাৰ সকলৰ আচৰণ পৰ্যালোচনা কৰিলে দেখা যায় যে তেওঁলোকে নিজৰ নিজৰ ধৰ্মৰ লোকক প্রতিনিধি নির্বাচিত কৰি পঠোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়ে। ৰাজনৈতিক দলবোৰেও যিটো সমষ্টিত সংখ্যালঘিষ্ট সকলৰ ভোটাৰৰ সংখ্যা বেছি সেই সমষ্টিত সংখ্যালঘিষ্ট সকলৰ মাজৰ পৰা কোনো লোকক প্রার্থী, হিচাপে মনোনীত কৰে। সেইদৰে যিটো সমষ্টিত সংখ্যাগুৰুসকলৰ ভোটাৰৰ সংখ্যা বেছি সেই সমষ্টিত সংখ্যাগুৰুসকলৰ মাজৰ পৰা প্রার্থী মনোনীত কৰে। প্ৰাৰ্থী মনোনয়নৰ সময়ত ধৰ্মীয় আদৰ্শ পাহৰি নাযায়। নিৰ্বাচনৰ আগৰ সময়ছোৱাত ধৰ্মগুৰুসকলৰ আশীৰ্ব্বাদ লবলৈ দলীয় নেতা সকলে পাহৰি নাযায়। ভোটাৰ সকলেও নিজৰ ধৰ্মৰ প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰে। অৰ্থাৎ ধৰ্মীয় আদৰ্শই আমাৰ দেশৰ ভোটাৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে।

২) জাতিৰ প্ৰভাৱ : আমাৰ দেশৰ মানুহৰ মাজত ধৰ্মৰ বিষয়ত বিভিন্নতা থকাৰ নিচিনা জাতিৰ বিষয়তো বিভিন্নতা আছে। সংবিধানত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বিষয়ে উল্লেখ কৰা আছে। যদিও মানুহৰ মাজৰ পৰা জাতিৰ ধাৰণা আঁতৰ হোৱা নাই। চহৰ নগৰ অঞ্চলত জাতিৰ প্ৰভাৱ কিছু পৰিমাণে কমি আহিছে যদিও গাঁও অঞ্চলৰ লোকৰ মাজত জাতিভেদৰ প্ৰভাৱ কমি যোৱা নাই। আমাৰ দেশৰ বিভিন্ন অঞ্চলৰ ভোটাৰৰ ওপৰত জাতিৰ ধাৰণাৰ প্ৰভাৱ আছে। উদাহৰণস্বৰূপে- উত্তৰ প্ৰদেশত ৰাজপুত, Braamhan যাদৱ, জাঠ, বিহাৰত ৰাজপুত, কায়স্থ, তামিলনাডুত Bramhan abraamyan, অন্ধ্রপ্রদেশত কায়া আৰু ৰেড্ডি, কৰ্ণাটকত লিংগায়েত আৰু ভোকালিংগা, আদি জাতিৰ ভিত্তিত নির্বাচনী আচৰণ নিয়ন্ত্ৰিত হয়। কিছুমান দলৰ প্ৰাৰ্থীয়ে জাতিক মূলধন হিচাপে ব্যৱহাৰ কৰি নিৰ্বাচনত জয়জুক্ত হবলৈ চেষ্টা কৰে।

৩) সম্প্ৰদায়ৰ প্ৰভাৱ : সাম্প্ৰদায়িক চিন্তাধাৰায়ো ভোটদাতাৰ আচৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। সাধাৰণ জাতি-ধৰ্ম-ভাষা, আদিৰ ভিত্তিতেই সম্প্ৰদায়ৰ সৃষ্টি হয়। ভোটাৰ সকলেও নিজৰ সম্প্ৰদায়ৰ লোকক প্রতিনিধি হিচাপে নির্বাচিত কৰাৰ কামনা কৰে। আমাৰ দেশৰ কোনো কোনো অঞ্চলত সাম্প্ৰদায়িক ৰাজনীতিৰ প্রচলন থকা দেখা যায়। উদাহৰণস্বৰূপে অন্ধ্রপ্রদেশত তেলেগু সম্প্ৰদায়ৰ স্বাৰ্থ ৰক্ষা কৰাৰ উদ্দেশ্যে এন.টি.ৰামাৰাওৱে “তেলেগু দশম” দলৰ সৃষ্টি কৰিছিল। সম্প্ৰদায়ৰ ভোটৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাৰ্থীক মনোনীত কৰা আৰু নিৰ্বাচনী প্ৰচাৰ কৰাৰ উদাহৰণ নথকা নহয়। সংক্ষেপতে কবলৈ হ’লে সাম্প্ৰদায়িক চিন্তাধাৰায়ো ভোটাৰ সকলৰ ৰাজনৈতিক আচৰণ নিয়ন্ত্ৰণ কৰে।

৪) ভাষাৰ প্ৰভাৱ : আমাৰ দেশৰ ভোটাৰ সকলৰ ৰাজনৈতিক আচৰণ নিয়ন্ত্ৰণ কৰাৰ বিষয়ত ভাষাৰ ভূমিকাও কম নহয়। ভাষাই প্রত্যক্ষ আৰু পৰোক্ষভাৱে ভোটাৰ সকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ গঠন কৰাৰ উদাহৰণ আমাৰ দেশত নথকা নহয়। সেইদৰে ভাষাই নিৰ্বাচনৰ ফলাফল নির্ণয় কৰাৰো উদাহৰণ আছে। উদাহৰণস্বৰূপে হিন্দী ভাষাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ অনুকূল ধাৰণা আৰু এই ভাষাক সৰ্বভাৰতীয় ভাষা হিচাপে প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰাৰ ফলত ১৯৬৭ চনত তামিলনাডুৰ নিৰ্বাচনত কংগ্ৰেছে শোচনীয় ভাৱে পৰাজয় বৰণ কৰিবলগীয়া হৈছিল। ভাষাৰ কাৰণে অসমত আন্দোলন হোৱাৰ উদাহৰণ আছে। সেয়েহে ভাষায়ো ভোটাৰ সকলৰ ৰাজনৈতিক আচৰণৰ ওপৰত নিয়ন্ত্রণ চলায়। 

5. Write the four different stages of Electoral Process in India.

Ans: ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰ্যায়সমূহ ভাৰতৰ নিৰ্বাচন সমূহ তলত উল্লেখ কৰা পৰ্যায়ৰ মাজেদি কাৰ্যকৰি হয়—

১) নির্বাচনী এলেকা সমূহৰ ঘোষণা : নিৰ্বাচনৰ প্ৰথম পদক্ষেপ হৈছে নির্বাচনী এলেকা সমূহৰ ঘোষণা। নির্বাচনী এলেকাসমূহ দুই ধৰণৰ—

(ক) সংসদীয় নির্বাচনী এলেকা।

(খ) বিধানসভাৰ নির্বাচনী এলেকা।

এখন নিৰ্বাচনী এলেকাৰ পৰা এজনে প্ৰাৰ্থী নির্বাচিত হয়। প্রয়োজন সাপেক্ষে চৰকাৰে এই নিৰ্বাচনী এলেকা সমূহৰ পুনৰগঠন কৰিব পাৰে।

২) ভোটাৰ তালিকাৰ প্ৰস্তুতকৰণ :  দ্বিতীয় পদক্ষেপ হিচাপে প্ৰতিটো সংসদীয় আৰু বিধানসভাৰ নিৰ্বাচনী এলেকাৰ বাবে ভোটাৰ তালিকা প্ৰস্তুত কৰা হয়। ১৮ বছৰ বয়সৰ সকলো ভাৰতীয় নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। প্ৰতিটো নিৰ্বাচনৰ আগত এই তালিকা প্ৰকাশ কৰা হয়, যাতে নাগৰিক সকলে নিজৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে নে নাই সেই সম্পৰ্কে অৱগত হ’ব পাৰে।

৩) নিৰ্বাচনৰ দিন ঘোষণা : আনুষ্ঠানিক ভাৱে নির্বাচনী প্রক্রিয়া আৰম্ভ হয় । যেতিয়া ৰাষ্ট্ৰপতিয়ে লোকসভাৰ বাবে আৰু ৰাজ্যপালে বিধানসভাৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰে। লগতে নিৰ্বাচন আয়োগে মনোনয়ন পত্ৰ দাখিল কৰা, পৰীক্ষা কৰা, আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ দিন ঘোষণা কৰে।

৪) নিৰ্বাচনী বিষয়া সকলৰ নিযুক্তি : নির্বাচনী প্রক্রিয়াক নিকা আৰু নিৰপেক্ষ ভাৱে পৰিচালনা কৰাৰ বাবে অস্থায়ীভাবে নির্বাচনী বিষয়া আৰু কৰ্মচাৰী সকলক নিযুক্তি দিয়া হয়। এওঁলোকে নির্বাচনী আয়োগৰ নিয়ন্ত্ৰণত কাৰ্য পৰিচালনা কৰে।

Essay Type Questions

1. Discuss the Characteristics of Indian Election System?

Ans: আমাৰ দেশৰ সংবিধানৰ পঞ্চদশ অধ্যায়ত নির্বাচন ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা আছে। আমাৰ দেশৰ নিৰ্বাচন ব্যৱস্থাৰ কিছুমান বৈশিষ্ট্য আছে। সেইবোৰ তলত দিয়া ধৰণৰ―

১) দেশৰ নিৰ্বাচনৰ দায়িত্ব কার্যপালিকা বা বিধানমণ্ডলক দিয়াৰ পৰিৱৰ্তে এটা স্বাধীন আৰু নিৰপেক্ষ সংগঠনৰ ওপৰত দিয়া হৈছে। নিৰ্বাচন পৰিচালনাৰ দায়িত্ব নিৰ্বাচনী আয়োগৰ ওপৰত দিয়া হৈছে। সংবিধানৰ ৩২৪ নং অনুচ্ছেদত এই বিষয়ে উল্লেখ কৰা আছে।

২) সর্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ পদ্ধতিৰ প্ৰচলন আমাৰ দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ আন এটা অন্যতম বৈশিষ্ট্য। গণতান্ত্রিক চৰকাৰে ৰাইজৰ দ্বাৰা গঠিত চৰকাৰক বুজায়; সেয়েহে সীমিত ভোটাধিকাৰ পদ্ধতিৰ জৰিয়তে গঠিত চৰকাৰক ৰাইজৰ চৰকাৰ হিচাপে অভিহিত কৰিব নোৱাৰি। গণতান্ত্ৰিক চৰকাৰত প্ৰাপ্তবয়স্ক সকলো লোকৰে ভোটাধিকাৰ থকা উচিত। আমাৰ দেশৰ সংবিধানে দেশৰ প্ৰাপ্তবয়স্ক সকলো নাগৰিককে ভোটদানৰ অধিকাৰ দিছে। ১৮ বছৰ বয়সৰ যিসকল ভাৰতীয় নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে, তেওঁলোকৰ আটায়ে নিৰ্বাচনৰ সময়ত ভোটদান কৰিব পাৰে। সংবিধানৰ আৰম্ভণিতে ভোটাৰ সকলৰ বয়স নিৰ্ধাৰণ কৰা হৈছিল ২১ বছৰ কিন্তু সংবিধানৰ ৬১ নং সংশোধনী আইনৰ জৰিয়তে ১৮ বছৰৰ সকলো নাগৰিককে ভোটাধিকাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে। জাতি-বর্ণ-ধৰ্ম, জন্মস্থান নির্বিশেষে ১৮ বছৰৰ সকলো পুৰুষ-মহিলাকে ভোটাধিকাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে।

৩) আমাৰ দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ আন এটা বৈশিষ্ট্য এই যে আমাৰ দেশত প্ৰত্যক্ষ আৰু পৰোক্ষ এই দুই ধৰণৰ নিৰ্বাচন ব্যৱস্থাৰ প্রচলন আছে। লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ সদস্য সকলক প্রত্যক্ষ ভোটৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। কিন্তু ৰাজ্যসভাৰ সদস্য সকলক পৰোক্ষ ভোটৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। ৰাজ্যিক বিধানসভাৰ নির্বাচিত সদস্য সকলে ৰাজ্যসভাৰ সদস্যৰ নিৰ্বাচনত ভোটদান কৰে। ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনো পৰোক্ষ। কেন্দ্ৰীয় বিধানসভাৰ নিৰ্বাচিত সদস্য আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচিত সদস্য সকলে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ভোটদান কৰিব পাৰে। আনহাতে কেন্দ্ৰীয় বিধানমণ্ডলৰ সকলো সদস্যই উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ভোটদান কৰিব পাৰে। কিছুমান ক্ষেত্ৰত সীমিত ভোটাৰৰ জৰিয়তে সদস্য নিৰ্বাচন কৰা ব্যৱস্থাৰো প্ৰচলন আছে। উদাহৰণস্বৰূপে বিধান পৰিষদৰ প্ৰায় ১/৩ অংশ সদস্যক পৌৰসভা, জিলা পৰিষদ আৰু আন আন স্বায়ত্ব শাসিত সংগঠন সমূহে নিৰ্বাচন কৰে। প্ৰায় ১/৩ অংশ সদস্য বিধানসভাৰ সদস্যক বিধানসভাৰ সদস্য সকলে নির্বাচিত কৰে। প্ৰায় ১/১২ অংশ সদস্যক তিনি বছৰ বা তাতকৈ আগেয়ে স্নাতক হোৱা লোকসকলে নির্বাচিত কৰে। প্ৰায় ১/১২ অংশ নির্বাচিত হয় শিক্ষক সকলৰ দ্বাৰা। বাকী ১/৬ অংশ সদস্যক ৰাজ্যপালে মনোনীত কৰে।

৪) লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ কাৰণে একেখন ভোটাৰ তালিকাৰ প্ৰচলন আমাৰ দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ আন এটা বৈশিষ্ট্য। যিসকল নাগৰিকে ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত ভোটদান কৰে তেওঁলোকে নিজৰ নিজৰ সমষ্টিৰ লোকসভাৰ সদস্যৰ নির্বাচনতো ভোটদান কৰিব পাৰে।

৫) সমান ভোটাধিকাৰৰ নীতি গ্রহণ আমাৰ দেশৰ নিৰ্বাচন ব্যৱস্থাৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য। আমাৰ দেশত বহু ভোট ব্যৱস্থাৰ প্ৰচলন নাই। প্রত্যেক ভোটাৰৰ ভোটৰ মূল্যক সমান হিচাপে বিবেচনা কৰা হয়। অর্থাৎ আমাৰ দেশত “এজন মানুহৰ এটা ভোট” এই নীতিৰ প্ৰচলন আছে। সাধাৰণ ভোটাৰ এজনৰ ভোটৰ মুল্য আৰু প্ৰধানমন্ত্রী বা ৰাষ্ট্ৰপতিৰ ভোটৰ মূল্যৰ মাজত প্ৰভেদ নাই।

৬) এলেকাভিত্তিক প্রতিনিধি নির্বাচন আমাৰ দেশৰ নির্বাচনী প্ৰক্ৰিয়াৰ আন এটা বৈশিষ্ট্য। লোকসভাৰ সদস্যৰ সংখ্যাৰ অনুপাতে দেশখনক নির্দিষ্ট সমষ্টিত ভাগ কৰি প্ৰত্যেক সমষ্টিৰ পৰা এজনকৈ প্রার্থীক লোকসভালৈ নিৰ্বাচিত কৰা হয়। সেইদৰে ৰাজ্যিক বিধানসভাৰ সদস্যসংখ্যা অনুপাতে ৰাজ্যখনক কেইটামান সমষ্টিত ভাগ কৰা হয় আৰু প্ৰতি সমষ্টিৰ পৰা এজনকৈ প্ৰাৰ্থীক বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত কৰা হয়। অনুসূচীত জাতি আৰু জনজাতিৰ লোকৰ কাৰণে আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা আছে; কিন্তু সংখ্যালঘু জাতিৰ লোকৰ কাৰণে আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা নাই।

৭) ভোটাৰৰ বয়স আৰু বিধানমণ্ডলৰ সদস্যৰ বয়সৰ মাজৰ প্ৰভেদ আমাৰ দেশৰ নিৰ্বাচন ব্যৱস্থাৰ আন এটা বৈশিষ্ট্য। সংবিধান গ্ৰহণ কৰাৰ সময়ত ভোটাৰৰ নিম্নতম বয়স নিৰ্ধাৰণ কৰা হৈছিল ২১ বছৰ। কিন্তু ১৯৮৮ চনত গ্ৰহণ কৰা ৬১ নং সংবিধান সংশোধনী আইন মতে ভোটাৰৰ নিম্নতম বয়স নিৰ্ধাৰণ কৰা হৈছিল ১৮ বছৰ। কিন্তু লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ প্ৰাৰ্থীৰ নিম্নতম বয়স নিৰ্ধাৰণ কৰা হৈছে ২৫ বছৰ। আনহাতে ৰাজ্যসভা আৰু ৰাজ্যিক বিধান পৰিষদৰ প্ৰাৰ্থীৰ নিম্নতম বয়স নিৰ্ধাৰণ কৰা হৈছে ৩০ বছৰ।

৮) আইনে নিৰ্ধাৰণ কৰি দিয়া অৰ্হতা থাকিলে ভাৰতৰ যিকোনো নাগৰিকে নিৰ্বাচনত প্ৰতিদ্বন্দ্ববিতা কৰিব পাৰে। ৰাজনৈতিক দলৰ সদস্যৰ উপৰিও ব্যক্তিগত ভাৱেও নির্বাচনত প্রতিদ্বন্দ্ববিতা কৰিব পৰা যায়। নিৰ্বাচনত প্ৰতিদ্বন্দ্ববিতা কৰাৰ কাৰণে প্ৰাৰ্থীৰ কোনো আর্থিক নাইবা শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই।

৯) আমাৰ দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ আন এটা বৈশিষ্ট্য এই যে নিৰ্বাচনৰ বাহিৰে আন কোনো উপায়ে ৰাজনৈতিক পদৱী লাভ কৰাৰ ব্যৱস্থা নাই। বিধানমণ্ডলৰ সদস্য সকল নির্বাচিত সদস্য হ’ব লাগে। অৱশ্যে বিধানমণ্ডলত মনোনীত সদস্যৰ ব্যৱস্থাও আছে। লোকসভাত ২ জন আৰু ৰাজ্যসভাত ১২ জন মনোনীত সদস্য থাকিব পাৰে।

১০) একোজন প্রার্থীয়ে এটা নাইবা ততোধিক সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব পাৰে। প্ৰতিদ্বন্দিতা কৰা সমষ্টিসমূহত জয়লাভ কৰিলেও এজন প্ৰাৰ্থীয়ে এটা সমষ্টিকহে প্ৰতিনিধিত্ব কৰিব পাৰে।

১১) নির্বাচনসংক্রান্তত বিবাদৰ সৃষ্টি হ’লে এই বিবাদ মীমাংসা কৰাৰ ব্যৱস্থাও আছে। সংবিধান বলবৎ কৰাৰ সময়ত নিৰ্বাচনী আয়োগে গঠন কৰি দিয়া ট্রিবুনেলক এই বিবাদ মিমাংসা কৰাৰ দায়িত্ব দিয়া হৈছিল। কিন্তু সাম্প্রতিক কালত এই ব্যৱস্থাৰ পৰিৱৰ্তন কৰি উচ্চ আদালতক এনে বিবাদ মীমাংসা কৰাৰ দায়িত্ব দিয়া হৈছে। 

১২) নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ হ’লে ৰাজনৈতিক দলসমূহে নির্বাচনী আয়োগৰ ওচৰত পঞ্জীয়ন কৰিব লাগে। আয়োগে কিছুমান দলক সৰ্বভাৰতীয় ৰাজনৈতিক দল আৰু কিছুমান দলক আঞ্চলিক দল হিচাপে স্বীকৃতি দিয়ে। এই দলসমূহক আয়োগে নির্দিষ্ট প্রতীক নিৰ্ধাৰণ কৰি দিয়ে আৰু এই প্রতীকত প্রার্থীয়ে প্রতিদ্বন্দিতা কৰে। অৱশ্যে নির্দলীয় হিচাপে প্ৰতিদ্বন্দিতা কৰাৰ ব্যবস্থাও আছে।

১৩) নির্বাচনী প্ৰচাৰ আমাৰ দেশৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ আন এটা বৈশিষ্ট্য। নির্বাচনী প্ৰচাৰৰ সময়ত প্রত্যেক দলে ভৱিষ্যতে গ্ৰহণ কৰিবলগীয়া দলীয় কাৰ্যসূচীৰ বিষয়ে জনসাধাৰণৰ ওচৰত প্ৰচাৰ কাৰ্য চলায়। ক্ষমতাত অধিষ্ঠিত দলে চৰকাৰৰ সদস্যৰ বিষয়ে প্ৰচাৰ কাৰ্য চলায়। প্রত্যেক দলেই জনসাধাৰণৰ সমৰ্থন লাভ কৰিবলৈ চেষ্টা কৰে। নিৰ্বাচনী আয়োগে নিৰ্ধাৰণ কৰি দিয়া নিয়ম মতে কোনো প্রার্থী বা দলে ধর্ম, জাতি সম্প্ৰদায় আদিৰ নামত নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাব নোৱাৰে। কিন্তু কোনো দলেই এনে ধৰণৰ নিয়মৰ ওপৰত গুৰুত্ব নিদিয়ে। জাতি-ধর্ম-সম্প্রদায় আদিৰ ভিত্তিত প্রার্থী মনোনীত কৰা আৰু নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলোৱা এটা সাধাৰণ নিয়মত পৰিণত হৈছে।

১৪) নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলে ১৯৫১ চনৰ জনপ্রতিনিধিত্ব আইনে নিৰ্ধাৰণ কৰি দিয়া আচৰণ বিধি মানি চলিব লাগে। প্রত্যেক প্রার্থীয়ে নিৰ্বাচনত ব্যয় কৰা ধনৰ হিচাপ দাখিল কৰিব লাগে। কিন্তু বাস্তৱ ক্ষেত্ৰত প্রার্থীসকলে নিৰ্ধাৰণ কৰি দিয়া ধনতকৈ বহুত বেছি ধন খৰচ কৰে। প্ৰত্যেক দলে খৰচ কৰা ধনৰ হিচাপ ৰাখিব লাগে।

2. examine the defects of Indian Electoral Reforms in India.

Ans: সাম্প্ৰতিক কালৰ গণতন্ত্ৰৰ নিৰ্বাচন হৈছে এটা অপৰিহাৰ্য অংগ। প্রাচীনকালৰ দেশ সমূহৰ জনসংখ্যা আছিল কম; সেয়েহে তেনে দেশত প্রত্যক্ষ গণতান্ত্রিক ব্যৱস্থাৰ প্ৰচলন কৰাটো সম্ভব হৈছিল। কিন্তু সাম্প্ৰতিক কালৰ দেশসমূহত হেজাৰ হেজাৰ লোক বাস কৰে। এনে ধৰণৰ জনবহুল দেশত প্ৰত্যক্ষ গণতান্ত্রিক পদ্ধতিৰ প্ৰচলন কৰাটো কেতিয়াও সম্ভৱ নহয়। সেয়েহে সাম্প্ৰতিক কালৰ দেশসমূহত পৰোক্ষ গণতন্ত্র বা প্রতিনিধিত্বমূলক গণতান্ত্রিক শাসন ব্যৱস্থাৰ প্ৰচলন কৰা হয়। পৰোক্ষ বা প্রতিনিধিত্বমূলক গণতান্ত্রিক শাসন ব্যৱস্থাত নিৰ্দ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে ভোটাৰ সকলে নিজৰ নিজৰ সমষ্টিৰ পৰা একোজন প্রতিনিধি বিধানমণ্ডললৈ নির্বাচন কৰি দিয়ে। এইদৰে নিৰ্বাচিত হোৱা প্ৰতিনিধিসকলৰ সদনে দেশৰ শাসন কাৰ্য পৰিচালনা কৰে। বিধানমণ্ডলত একক সংখ্যাগৰিষ্ঠতা লাভ কৰা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰে আৰু বাকী দলীয় সদস্য সকলে বিৰোধী দলৰ ভূমিকা গ্ৰহণ কৰে। কোনো দলে চৰকাৰ গঠন কৰাৰ কাৰণে প্ৰয়োজনীয় হোৱা নিৰ্দ্দিষ্ট আসন লাভ কৰিব নোৱাৰিলে, দুই বা ততোধিক দল লগ হৈ সংযুক্ত চৰকাৰ বা মৰ্চা চৰকাৰ গঠন কৰে। চৰকাৰৰ কাম-কাজত অসন্তষ্ট হোৱা ভোটাৰ ৰাইজে পিছৰ নিৰ্বাচনত আন দলক চৰকাৰ গঠন কৰাৰ সুবিধা দিব পাৰে।

আমাৰ দেশতো প্রতিনিধিমুলক চৰকাৰৰ প্ৰচলন আছে। প্রত্যেক পাঁচ বছৰৰ অন্তৰে অন্তৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ব্যৱস্থা আছে। ভাৰতবৰ্ষৰ বৰ্তমান জনসংখ্যা এশ কোটিৰো ওপৰ। সেয়েহে ভাৰতবৰ্ষক পৃথিৱীৰ ভিতৰত বৃহত্তম গণতান্ত্রিক দেশ হিচাপে অভিহিত কৰা হয়। কিন্তু আমাৰ দেশৰ নিৰ্বাচন ব্যৱস্থাত কিছুমান আসোঁৱাহ আছে। সেয়েহে নিৰ্বাচনী আয়োগৰ উপৰিও আন আন ৰাজনৈতিক দলেও নির্বাচন ব্যৱস্থাৰ তলত দিয়া ধৰণে আসোঁৱাহ দেখা যায়—

১) আমাৰ দেশৰ নিৰ্বাচন ব্যৱস্থাত প্ৰাৰ্থীৰ দক্ষতা, অভিজ্ঞতা আৰু ব্যক্তিত্বৰ পৰিৱৰ্তে ধনে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰে। সাম্প্রতিক কালত প্রত্যেক সমষ্টিতে ভোটাৰৰ সংখ্যা বাঢ়ি আহিছে। এনে জনবহুল সমষ্টিত প্ৰতিদ্বন্দ্ববিতা কৰি জয়লাভ কৰিবলৈ হ’লে ভালেখিনি ধন খৰচ কৰিবলগীয়া হয়। সেয়েহে যি প্রার্থীয়ে বেছি পৰিমাণৰ ধন খৰচ কৰিব পাৰে, তেনে প্ৰাৰ্থীৰহে জয়লাভ কৰাৰ সম্ভাৱনা বেছি। ফলত কেতিয়াবা কেতিয়াবা অনুপযুক্ত প্রার্থীও নিৰ্বাচিত হয় আৰু উপযুক্ত প্ৰাৰ্থীয়ো পৰাজিত হ’বলগা হয়।

২) ১৯৫৬ চনৰ কোম্পানী আইন মতে কোম্পানী বোৰে নিজৰ লাভৰ কিছু পৰিমাণৰ ধন ব্যক্তিগত হিচাপে কোনো প্রার্থীক নাইবা কোনো ৰাজনৈতিক দল আৰু দলীয় প্ৰাৰ্থীক ৰাজনৈতিক উদ্দেশ্যে দান কৰিব পাৰে। নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দল আৰু প্রার্থী সকলক আর্থিক সাহায্য দি কোম্পানী সমূহে এই সদস্য সকলৰ জৰিয়তে ৰাজনৈতিক বিষয়ত প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰে। ফলত নিৰ্বাচনত জয়লাভ কৰা সদস্য সকলে নিজৰ সমষ্টিৰ ভোটাৰক প্ৰতিনিধিত্ব কৰাৰ পৰিৱৰ্তে ধনীক শ্ৰেণীৰ লোককহে প্ৰতিনিধিত্ব কৰে। এনে ধৰণৰ প্ৰতিনিধিত্ব গণতান্ত্ৰিক প্ৰমুখ্যৰ লগত সংগতি থকা বিধৰ নহয়।

৩) ধনবলৰ উপৰিও বল প্রয়োগেও সুস্থ নির্বাচন অনুষ্ঠিত কৰাত অসুবিধাৰ সৃষ্টি কৰে। অৰ্থাৎ নিৰ্বাচন বেলট যুদ্ধৰ পৰিৱৰ্তে বুলেট যুদ্ধত পৰিণত হয়। কিছুমান প্রার্থীয়ে বল প্ৰয়োগ কৰি নিৰ্বাচনত জয়লাভ কৰিবলৈ চেষ্টা কৰে। নিৰ্বাচনৰ দিনত ভোটকেন্দ্ৰ দখল কৰা, কিছুমান দলৰ এজেণ্ট সকলৰ ওপৰত আক্ৰমণ কৰা, দুখীয়া আৰু দুৰ্বল শ্ৰেণীৰ লোকক ভীতি প্ৰদৰ্শন কৰি ভোটদান কার্যত বাধা দিয়া আৰু নির্দিষ্ট প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰিবলৈ বাধ্য কৰোৱা আদি ঘটনাৰ সৃষ্টি হোৱা দেখা যায়। আনকি এজনৰ ভোট আন জনে দিয়াৰ উদাহৰণো নথকা নহয়।

৪) নির্বাচনী আয়োগে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ অধীনত কাৰ্যনিৰ্বাহ কৰিবলগা হোৱা পৰিস্থিতিকো সাম্প্ৰতিক কালৰ নিৰ্বাচন ব্যৱস্থাৰ এটা আসোঁৱাহ হিচাপে উল্লেখ কৰা হয়। কিছুমান অঞ্চলত নিৰ্বাচন পৰিচালনা কৰিবলৈ নিযুক্ত হোৱা কৰ্মচাৰী সকলে কোনো নিৰ্দ্দিষ্ট দলৰ প্ৰাৰ্থীৰ সপক্ষে ভোটাৰক ভোটদান কৰিবলৈ ইংগিত দিয়াৰ উদাহৰণ পোৱা যায়। যিবোৰ ঠাইত বেলট বাকচ সমূহ ৰখা হয়, তাত পহৰা দিয়াৰ কাৰণে নিৰ্বাচনী আয়োগৰ কোনো বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা নহয়। চৰকাৰে নিযুক্ত কৰা পুলিচ নাইবা কেন্দ্রীয় পুলিচ বাহিনীৰ লোককহে পহৰা দিয়া কাৰ্যত নিযুক্ত কৰা হয়। ফলত কৰ্তৃত্ববিহীন লোকেও বেলট বাকচসমূহ খোলাৰ সম্ভাৱনা নথকা নহয়।

৫) প্রতিনিধিত্ব আইন মতে কোনো ৰাজনৈতিক দল, দলীয় প্ৰাৰ্থী নাইবা প্ৰাৰ্থীৰ এজেন্টে জাতি-ধৰ্ম-ভাষা, সম্প্রদায় আদিৰ ভিত্তিত কোনো প্ৰাৰ্থীৰ হকে ভোটদান কৰিবলৈ আৱেদন কৰিব নোৱাৰে নাইবা কোনো লোকক ভোটদান কৰাত বাধা দিব নোৱাৰে। কিন্তু ৰাজনৈতিক দল আৰু নেতা সকলে এই নীতিৰ ওপৰত কোনো গুৰুত্ব নিদিয়ে। জাতি-ধর্ম-ভাষা-গোষ্ঠী আদিৰ ভিত্তিত প্ৰাৰ্থী মনোনীত কৰা হয় আৰু সেই প্ৰাৰ্থীৰ হকে ভোটদান কৰিবলৈ আৱেদন কৰা হয়। ধৰ্মৰ ভিত্তিত ভোটদান কৰিবলৈ আৱেদন কৰি জয়লাভ কৰা প্ৰাৰ্থী এজেনক উচ্চতম আদালতে অবৈধ হিচাপে নিৰ্বাচিত হোৱা বুলি ৰায় দিয়াৰ উদাহৰণ আছে। 

৬) চৰকাৰী ধন খৰচ কৰি ভোট লাভ কৰাৰ চেষ্টাকো সাম্প্ৰতিক কালৰ নিৰ্বাচন ব্যৱস্থাৰ এটা আসোঁৱাহ হিচাপে উল্লেখ কৰা হয়। নির্বাচনী আয়োগে নির্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পিছত চৰকাৰে কোনো নতুন নতুন আঁচনি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিব নোৱাৰে যদিও, ইয়াৰ আগৰছোৱা কালত বিভিন্ন ধৰণৰ আঁচনি ঘোষ কৰাত বাধা নাই। সেয়েহে চৰকাৰে বিভিন্ন ধৰণৰ জনপ্ৰিয় আঁচনি আৰম্ভ কৰি ধন খৰচ কৰাৰ ব্যৱস্থা কৰে। এনে আঁচনিৰ জৰিয়তে ভোটাৰ সকলক আকৃষ্ট কৰিবলৈ চেষ্টা কৰা হয়। ধাৰ দিয়া সভাৰ আয়োজন কৰি বিভিন্ন জনক বেংকৰ পৰা ধাৰ দিয়াৰ উদাহৰণ আছে। সময়ত এনেবোৰ ধাৰ পৰিশোধ কৰিব নোৱাৰাৰ কাৰণে বেংক সমূহ লোকচানৰ সম্মুখীন হ’বলগা হয়। 

৭) আমাৰ দেশৰ নিৰ্বাচন ব্যৱস্থাৰ আন এটা আসোঁৱাহ এই যে চৰকাৰ গঠন কৰাৰ কাৰণে কোনো দলে সংখ্যাগৰিষ্ঠ ভোট লাভ কৰাৰ প্ৰয়োজন নাই। অর্থাৎ যিমান সংখ্যক ভোটাৰে ভোটদান কৰে; তাৰ আধাতকৈ বেছি ভোট নাপালেও কোনো দলে চৰকাৰ গঠন কৰিব পাৰে। এনে ধৰণৰ নীতি গণতান্ত্ৰিক প্ৰমূল্যৰ লগত সংগতি থকা বিধৰ নহয়।

৮) নিৰ্বাচনৰ আগতে ভোটাৰ তালিকা সংশোধন কৰাৰ নিয়ম যদিও, ভোটাৰ তালিকাত ভালেমান ব্যক্তিৰ নাম নাথাকে, আনহাতে মৃত ভোটাৰৰ নামো সন্নিবিষ্ট থাকে। ফলত ভালেমান লোক ভোটদান কৰাৰ অধিকাৰৰ পৰা বঞ্চিত হয়।

৯) নিৰ্বাচনৰ সময়ত অসৎ উপায় অৱলম্বন কৰা, ভোটৰ বাকচ কাঢ়ি নিয়াৰ চেষ্টা কৰা আদি বিভিন্ন ধৰণৰ অন্যান্য নীতি-নিয়মৰ আশ্রয় লবলৈ কিছুমানে চেষ্টা কৰে।

3. Explain your views regarding the Electoral Reforms in India.

Ans: আমাৰ দেশত নিৰ্দ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ব্যৱস্থা আছে যদিও, এই নির্বাচন ব্যৱস্থাৰ আসোঁৱাহ নথকা নহয়। নির্বাচন ব্যৱস্থাৰ সংস্কাৰৰ কাৰণে তলত দিয়া ধৰণৰ পৰামৰ্শ আগবঢ়াব পাৰি―

১) আমাৰ দেশৰ নিৰ্বাচন ব্যৱস্থাত ধনে গুৰুত্বপুর্ণ ভূমিকা গ্ৰহণ কৰে। ৰাজনৈতিক দল আৰু দলীয় নেতাসকলে পুঁজিপতিসকলৰ পৰা নিৰ্বাচনৰ কাৰণে ধন সংগ্ৰহ কৰে। ফলত তেওঁলোকে পুঁজিপতিসকলৰ সন্তুষ্টিৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্যনিৰ্বাহ কৰিবলগা হয়। এই ব্যৱস্থাই শোষণ আৰু দুৰ্নীতিত অৰিহণা যোগায়। সেয়েহে ক’লা ধনৰ ব্যৱহাৰক নাইকিয়া কৰাৰ উদ্দেশ্যে ৰাজকোষৰ পৰা প্ৰত্যেক দল আৰু প্ৰাৰ্থীক নিৰ্বাচনৰ কাৰণে ধন দিয়াৰ ব্যৱস্থা কৰিব পাৰি। পুঁজিপতি সকলৰ পৰা ধন সংগ্ৰহ কৰা নিয়ম বন্ধ কৰিব পাৰিলে নিৰ্বাচিত সদস্য সকলে স্বাধীন ভাৱে কার্যনির্বাহ কৰিব পাৰিব বুলি আশা কৰিব পাৰি।

২) নিৰ্বাচনৰ ফলাফলৰ বিষয়ত ধনৰ ভূমিকা হ্ৰাস কৰাৰ উদ্দেশ্যে ৰাজনৈতিক দলসমূহে প্ৰতিজন প্ৰাৰ্থীৰ কাৰণে কিমান পৰিমাণৰ ধন খৰচ কৰিব পাৰি তাৰ সীমা নিৰ্ধাৰণ কৰা উচিত। প্ৰাৰ্থীয়ে খৰচ কৰিব পৰা ধনৰ সীমা সময়ে সময়ে পুনৰ বিচাৰ কৰা উচিত। প্রত্যেক দলে এই বিষয়ত হিচাপ ৰখা উচিত। নিৰ্ধাৰিত পৰিমাণতকৈ বেছি ধন খৰচ কৰা প্ৰাৰ্থীক শাস্তি দিয়াৰ ব্যৱস্থা থকা উচিত।

৩) নিৰ্দ্দিষ্ট আইনৰ জৰিয়তে ৰাজনৈতিক দলসমূহক হিচাপ ৰখাৰ কাৰণে বাধ্য কৰা উচিত। ৰাজনৈতিক দলসমূহে খৰচ কৰা ধনৰ হিচাপ পৰীক্ষকৰ দ্বাৰা পৰীক্ষা কৰোৱাৰ ব্যৱস্থা থকা উচিত। এই ধনৰ হিচাপ নিৰ্বাচনী আয়োগৰ ওচৰত দাখিল কৰাৰ ব্যৱস্থা থকা উচিত। হিচাপ দাখিল নকৰা দলক নিৰ্বাচনত প্রতিদ্বন্দিতা কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা উচিত।

৪) প্ৰতিজন ভোটাৰকে নিজৰ নিজৰ ফ’টো সহ পদৱীৰ পত্ৰ দিয়াৰ ব্যৱস্থা কৰা উচিত। এই ব্যৱস্থাই জাল ভোটদান কৰা ব্যৱস্থা বন্ধ কৰিব পাৰে। এই ব্যৱস্থাক পর্যায়ক্রমে প্রচলন কৰা উচিত। ভোটাৰ তালিকা সংশোধন কৰাৰ বিষয়তো এই ব্যৱস্থাই সহায় কৰিব পাৰে।

৫) ভোটাৰ সকলৰ ভোটদান কৰাৰ সুবিধাৰ কাৰণে ভোটৰ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা উচিত। প্রত্যেক সমষ্টি আৰু প্ৰত্যেক ভোটাৰ কেন্দ্ৰৰ কাৰণে পর্যবেক্ষক নিয়োগ কৰা উচিত। ভোটদান কাৰ্যত বাধা দিয়াৰ ব্যৱস্থা নাইকিয়া কৰাৰ উদ্দেশ্যে নিৰ্বাচনী বিষয়া সকলক ক্ষমতা দিয়া উচিত।

৬) কোনো ৰাজনৈতিক দলে যাতে চৰকাৰী ক্ষমতা প্রয়োগ কৰি নিৰ্বাচনৰ সময়ত সুবিধা গ্ৰহণ কৰিব নোৱাৰে সেই উদ্দেশ্যে নিৰ্বাচনৰ আগতে ৰাষ্ট্ৰপতিৰ শাসন প্ৰয়োগ কৰা উচিত।

৭) আমাৰ দেশৰ বেছি সংখ্যক লোক অশিক্ষিত, ফলত ভালেমান ভোট নষ্ট হয়। এই ব্যৱস্থা বন্ধ কৰাৰ উদ্দেশ্যে ইলেক্ট্রনিক ভোটিং মেচিন ব্যৱহাৰ কৰা উচিত। 

৮) ৰাজনীতিৰ পৰা অপৰাধী সকলক বহিষ্কাৰ কৰাৰ উদ্দেশ্যে অপৰাধত জড়িত ব্যক্তিক নির্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ব্যৱস্থা থকা উচিত। বাতৰি কাকতত প্ৰকাশ পোৱা মতে বিধানমণ্ডলৰ কিছুমান সমস্যাৰ বিৰুদ্ধে বিভিন্ন গোচৰ পঞ্জীভূত কৰা আছে। এনে ব্যক্তিয়ে নির্বাচনত জয়লাভ কৰিব পাৰিলে ৰাজনৈতিক ক্ষমতা প্রয়োগ কৰি অপৰাধ মুক্ত হ’বলৈ চেষ্টা কৰিব পাৰে। সেয়েহে সামাজিক ন্যায় প্রতিষ্ঠা কৰা স্বাৰ্থৰ খাতিৰত অপৰাধত জড়িত ব্যক্তিক অপৰাধমুক্ত নোহোৱালৈকে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ব্যৱস্থা থকা উচিত।

৯) নির্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ সংখ্যা হ্ৰাস কৰাৰ উদ্দেশ্যে আমানতৰ ধন বৃদ্ধি কৰা উচিত। যিসকল প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত হয়, তেনে প্রার্থীক ভৱিষ্যতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা উচিত।

১০) শাসনৰ দায়িত্বত থকা দলে যাতে চৰকাৰী শাসন যন্ত্ৰ প্ৰয়োগ কৰি নিৰ্বাচনত সুবিধা গ্ৰহণ কৰিব নোৱাৰে, সেই বিষয়ত সতর্কতা অৱলম্বন কৰা উচিত।

১১) ভোটৰ কেন্দ্ৰ যাতে কোনো লোকে বলপূর্বক ব্যৱহাৰ কৰিব নোৱাৰে,সেই উদ্দেশ্যে প্রয়োজনীয় সংখ্যক সশস্ত্ৰ পুলিচৰ ব্যৱস্থা কৰা উচিত। সম্ভৱস্থলত ওচৰ-চুবুৰীয়া ৰাজ্যৰ কৰ্মচাৰীক নিৰ্বাচনৰ কামত নিয়োগ কৰা উচিত। নিৰ্বাচনৰ আগে আগে ভোটাৰ তালিকা সংশোধন কৰা উচিত।

১২) মুখ্য নির্বাচন আয়ুক্তই যাতে ৰাজনৈতিক হেঁচাৰ ওচৰত নতি স্বীকাৰ কৰি কাৰ্যনিৰ্বাহ কৰিব নালাগে, সেই উদ্দেশ্যে অকল প্রধানমন্ত্ৰীৰ পৰামৰ্শৰ ভিত্তিত মুখ্য নির্বাচন আয়ুক্তক নিযুক্ত কৰাৰ পৰিৱৰ্তে উচ্চতম আদালতৰ প্ৰধান বিচাৰপতি, প্রধানমন্ত্ৰী আৰু লোকসভাৰ বিৰোধী দলৰ নেতাৰ লগত আলোচনা কৰি মুখ্য নির্বাচন আয়ুক্তক নিয়োগ কৰা পদ্ধতিৰ প্ৰচলন কৰা উচিত।

১৩) অৱসৰ গ্ৰহণ কৰাৰ পিছত মুখ্য নির্বাচন আয়ুক্তক আন কামত নিয়োগ কৰাটো বন্ধ কৰা উচিত।

১৪) সংবিধানত মুখ্য নির্বাচন আয়ুক্তৰ কোনো ধৰণৰ অৰ্হতাৰ বিষয়ে উল্লেখ কৰা নাই। সেয়েহে চৰকাৰৰ প্রতি আনুগত্য থকা ব্যক্তিক আয়ুক্ত হিচাপে নিযুক্ত কৰাৰ সম্ভাৱনা নথকা নহয়। এই সম্ভাৱনাক আঁতৰ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় বিধানমণ্ডলে গ্ৰহণ কৰা আইনত মুখ্য নির্বাচন আয়ুক্তৰ অৰ্হতা, চাকৰিৰ ম্যাদ আৰু চাকৰিৰ চৰ্তাৱলীক নিৰ্ধাৰণ কৰা উচিত। 

4. Discuss the voting Behaviour of the Indian Voters.

Ans: গণতান্ত্রিক শাসন পদ্ধতিত নির্দিষ্ট সময়ৰ অন্তৰে অন্তৰে নিৰ্বাচন অনুষ্ঠিত কৰি প্ৰতিনিধি নিৰ্বাচিত কৰা হয়। যিটো ৰাজনৈতিক দলে সদনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব পাৰে। সেই দলেই চৰকাৰ গঠন কৰাৰ সুবিধা পায়। চৰকাৰ গঠন কৰাৰ জোখাৰে কোনো দলে আসন লাভ কৰিব নোৱাৰিলে, দুই বা ততোধিক দলে লগ লাগি চৰকাৰ গঠন কৰিব পাৰে। এনে ধৰণৰ চৰকাৰক সংযুক্ত চৰকাৰ বোলে। যোগ্যতা সম্পন্ন ব্যক্তিক প্রতিনিধি হিচাপে নিৰ্বাচিত কৰিব পাৰিলে তেনে প্ৰতিনিধিৰে গঠিত চৰকাৰে দক্ষতাৰে শাসনকার্য পৰিচালনা কৰিব পাৰিব বুলি আশা কৰিব পাৰি। কিন্তু উপযুক্ত ব্যক্তি নির্বাচিত নহ’লে শাসনৰ মানদণ্ড নিম্নগামী হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে ভোটাৰ সকলে ক্ষুদ্ৰ স্বাৰ্থৰ জৰিয়তে পৰিচালিত নহৈ নিজৰ বিচাৰ বুদ্ধি প্ৰয়োগ কৰি উপযুক্ত প্ৰাৰ্থীক প্রতিনিধি হিচাপে নিৰ্বাচিত কৰিবলৈ চেষ্টা কৰা উচিত।

কিন্তু আমাৰ দেশৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ বিশ্লেষণ কৰিলে দেখা যায় যে ভোটাৰ সকলে সকলো সময়ত নিজৰ বিচাৰ বুদ্ধি প্ৰয়োগ কৰি ভোটদান নকৰে। ভোটাৰৰ বয়স, পৰিয়ালৰ ৰাজনৈতিক ঐতিহ্য, বন্ধু-বান্ধৱীৰ ৰাজনৈতিক প্ৰভাৱ, ধৰ্ম, ভাষা, আঞ্চলিক স্বার্থ, জাতি, ৰাজনৈতিক আদর্শ, আর্থিক ক্ষমতা আৰু প্ৰভাৱ, ৰাজনৈতিক নেতাসকলৰ ভাবমূৰ্তি আদি বিভিন্ন উপাদানে ভোটাৰ সকলৰ আচৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। আমাৰ দেশৰ ভোটাৰ সকলৰ আচৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা উপাদান সমূহৰ বিষয়ে তলত চমু আলোচনা কৰা হ’ল—

১) ধৰ্মৰ প্ৰভাৱ : আমাৰ দেশত ধর্মীয় আদৰ্শই ভোটাৰ সকলৰ আচৰণৰ ওপৰত ভালেখিনি প্ৰভাৱ বিস্তাৰ কৰে। ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ দেশ যদিও, নিৰ্বাচনৰ সময়ত এই ধাৰণাৰ ওপৰত ভোটাৰ সকলে গুৰুত্ব নিদিয়ে। প্রার্থী নিৰ্বাচনৰ পৰা আৰম্ভ কৰি ভোটদানৰ সময়লৈ ভোটাৰ সকলৰ আচৰণ পৰ্যালোচনা কৰিলে দেখা যায় যে তেওঁলোকে নিজৰ নিজৰ ধৰ্মৰ লোকক প্রতিনিধি নির্বাচিত কৰি পঠোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়ে। ৰাজনৈতিক দলবোৰেও যিটো সমষ্টিত সংখ্যালঘিষ্ট সকলৰ ভোটাৰৰ সংখ্যা বেছি সেই সমষ্টিত সংখ্যালঘিষ্ট সকলৰ মাজৰ পৰা কোনো লোকক প্রার্থী, হিচাপে মনোনীত কৰে। সেইদৰে যিটো সমষ্টিত সংখ্যাগুৰুসকলৰ ভোটাৰৰ সংখ্যা বেছি সেই সমষ্টিত সংখ্যাগুৰুসকলৰ মাজৰ পৰা প্রার্থী মনোনীত কৰে। প্ৰাৰ্থী মনোনয়নৰ সময়ত ধৰ্মীয় আদৰ্শ পাহৰি নাযায়। নিৰ্বাচনৰ আগৰ সময়ছোৱাত ধৰ্মগুৰুসকলৰ আশীৰ্ব্বাদ লবলৈ দলীয় নেতা সকলে পাহৰি নাযায়। ভোটাৰ সকলেও নিজৰ ধৰ্মৰ প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰে। অৰ্থাৎ ধৰ্মীয় আদৰ্শই আমাৰ দেশৰ ভোটাৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে।

২) জাতিৰ প্ৰভাৱ : আমাৰ দেশৰ মানুহৰ মাজত ধৰ্মৰ বিষয়ত বিভিন্নতা থকাৰ নিচিনা জাতিৰ বিষয়তো বিভিন্নতা আছে। সংবিধানত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বিষয়ে উল্লেখ কৰা আছে। যদিও মানুহৰ মাজৰ পৰা জাতিৰ ধাৰণা আঁতৰ হোৱা নাই। চহৰ নগৰ অঞ্চলত জাতিৰ প্ৰভাৱ কিছু পৰিমাণে কমি আহিছে যদিও গাঁও অঞ্চলৰ লোকৰ মাজত জাতিভেদৰ প্ৰভাৱ কমি যোৱা নাই। আমাৰ দেশৰ বিভিন্ন অঞ্চলৰ ভোটাৰৰ ওপৰত জাতিৰ ধাৰণাৰ প্ৰভাৱ আছে। উদাহৰণস্বৰূপে- উত্তৰ প্ৰদেশত ৰাজপুত, Braamhan যাদৱ, জাঠ, বিহাৰত ৰাজপুত, কায়স্থ, তামিলনাডুত Bramhan abraamyan, অন্ধ্রপ্রদেশত কায়া আৰু ৰেড্ডি, কৰ্ণাটকত লিংগায়েত আৰু ভোকালিংগা, আদি জাতিৰ ভিত্তিত নির্বাচনী আচৰণ নিয়ন্ত্ৰিত হয়। কিছুমান দলৰ প্ৰাৰ্থীয়ে জাতিক মূলধন হিচাপে ব্যৱহাৰ কৰি নিৰ্বাচনত জয়জুক্ত হবলৈ চেষ্টা কৰে।

৩) সম্প্ৰদায়ৰ প্ৰভাৱ : সাম্প্ৰদায়িক চিন্তাধাৰায়ো ভোটদাতাৰ আচৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। সাধাৰণ জাতি-ধৰ্ম-ভাষা, আদিৰ ভিত্তিতেই সম্প্ৰদায়ৰ সৃষ্টি হয়। ভোটাৰ সকলেও নিজৰ সম্প্ৰদায়ৰ লোকক প্রতিনিধি হিচাপে নির্বাচিত কৰাৰ কামনা কৰে। আমাৰ দেশৰ কোনো কোনো অঞ্চলত সাম্প্ৰদায়িক ৰাজনীতিৰ প্রচলন থকা দেখা যায়। উদাহৰণস্বৰূপে অন্ধ্রপ্রদেশত তেলেগু সম্প্ৰদায়ৰ স্বাৰ্থ ৰক্ষা কৰাৰ উদ্দেশ্যে এন.টি.ৰামাৰাওৱে “তেলেগু দশম” দলৰ সৃষ্টি কৰিছিল। সম্প্ৰদায়ৰ ভোটৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাৰ্থীক মনোনীত কৰা আৰু নিৰ্বাচনী প্ৰচাৰ কৰাৰ উদাহৰণ নথকা নহয়। সংক্ষেপতে কবলৈ হ’লে সাম্প্ৰদায়িক চিন্তাধাৰায়ো ভোটাৰ সকলৰ ৰাজনৈতিক আচৰণ নিয়ন্ত্ৰণ কৰে।

৪) ভাষাৰ প্ৰভাৱ : আমাৰ দেশৰ ভোটাৰ সকলৰ ৰাজনৈতিক আচৰণ নিয়ন্ত্ৰণ কৰাৰ বিষয়ত ভাষাৰ ভূমিকাও কম নহয়। ভাষাই প্রত্যক্ষ আৰু পৰোক্ষভাৱে ভোটাৰ সকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ গঠন কৰাৰ উদাহৰণ আমাৰ দেশত নথকা নহয়। সেইদৰে ভাষাই নিৰ্বাচনৰ ফলাফল নির্ণয় কৰাৰো উদাহৰণ আছে। উদাহৰণস্বৰূপে হিন্দী ভাষাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ অনুকূল ধাৰণা আৰু এই ভাষাক সৰ্বভাৰতীয় ভাষা হিচাপে প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰাৰ ফলত ১৯৬৭ চনত তামিলনাডুৰ নিৰ্বাচনত কংগ্ৰেছে শোচনীয় ভাৱে পৰাজয় বৰণ কৰিবলগীয়া হৈছিল। ভাষাৰ কাৰণে অসমত আন্দোলন হোৱাৰ উদাহৰণ আছে। সেয়েহে ভাষায়ো ভোটাৰ সকলৰ ৰাজনৈতিক আচৰণৰ ওপৰত নিয়ন্ত্রণ চলায়। 

৫) শ্রেণীৰ প্ৰভাৱ : জাতি-ধৰ্ম-ভাষা আদিৰ নিচিনা শ্রেণীগত চিন্তাধাৰায়ো আমাৰ দেশৰ ভোটাৰ সকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। উদাহৰণস্বৰূপে সাম্যবাদী আদর্শ সমৰ্থন কৰা দলসমূহে শ্রমিক শ্ৰেণীৰ স্বাৰ্থৰক্ষাৰ ওপৰত গুৰুত্ব দিয়ে। ধনী আৰু দুখীয়াৰ মাজত থকা অৰ্থনৈতিক ব্যৱধান কমাই অনা নীতিৰ প্ৰতি এই দলে সমর্থন জনায়। সেয়েহে শ্রমিক শ্ৰেণীৰ ভোটাৰ সকলে এনে ধৰণৰ ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰে। আনহাতে ধনীক শ্ৰেণীৰ লোকসকলে সমাজৰ দ্ৰুত পৰিৱৰ্তন সমৰ্থন নকৰে। তেওঁলোকে নিজৰ স্বাৰ্থ ৰক্ষাৰ ওপৰত গুৰুত্ব দিয়ে। সেয়েহে এই শ্ৰেণীৰ ভোটাৰ সকলে পুঁজিবাদৰ প্ৰতি সমৰ্থন জনোৱা ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰে। 

৬) পৰিয়াল আৰু বন্ধুগোষ্ঠীৰ প্ৰভাৱ : ভোটদাতাৰ ৰাজনৈতিক আচৰণ নিৰ্ণয় কৰাত পৰিয়াল আৰু বন্ধুগোষ্ঠীৰ ভূমিকাও কম নহয়। আন আন দেশৰ নিচিনা আমাৰ দেশতো পৰিয়ালৰ সদস্য সকলে পাৰিবাৰিক, ৰাজনৈতিক ধাৰাৰ প্ৰতি সমর্থন জনায়। কিছুমান পৰিয়াল কোনো নিৰ্দ্দিষ্ট ৰাজনৈতিক দলৰ লগত জড়িত থাকিব পাৰে। এনে ধৰণৰ পৰিয়ালৰ সদস্যই সেই ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ প্রতি সমর্থন জনায়। সেইদৰে বন্ধু-বান্ধৱ সকলৰ প্ৰভাৱেও ভোটাৰৰ ৰাজনৈতিক আচৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। কিন্তু সাম্প্ৰতিক কালত ভোটাৰৰ ৰাজনৈতিক আচৰণ নিয়ন্ত্ৰণৰ বিষয়ত পৰিয়ালৰ প্রভাৱ হ্রাস পাই আহিছে। একোটা পৰিয়ালৰ সদস্যই বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতি সমর্থন জনোৱাৰ উদাহৰণ আছে।

৭) দলীয় কাৰ্যসূচী : ৰাজনৈতিক দলসমূহৰ কাৰ্যসূচীৰ ভিত্তিতো কিছুমানে ভোটদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। নিৰ্বাচনৰ আগতে ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। এই ইস্তাহাৰত দলৰ নীতি আৰু কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰা থাকে। শিক্ষিত আৰু ৰাজনৈতিক ভাৱে সচেতন ভোটাৰে দলৰ কাৰ্যসূচী, নিৰ্বাচনী প্ৰতিশ্ৰুতি আৰু দলৰ আগৰ কাৰ্য-কলাপ আদি বিশ্লেষণ কৰি ভোটদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ১৯৭১ চনৰ নিৰ্বাচনত ইন্দিৰা গান্ধীৰ “গৰীৱি হটাও” ধ্বনিয়ে ভোটাৰ সকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল। সেইদৰে ১৯৮৯ চনৰ নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলৰ ব্যৰ্থতা আৰু চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰা দুৰ্নীতিৰ অভিযোগে ভোটাৰ সকলক নতুন দলৰ ওপৰত শাসনৰ দায়িত্ব দিবলৈ প্ৰেৰণা যোগাইছিল।

৮) নেতাৰ ভাৱমূর্তি : দলীয় নেতা সকলৰ ব্যক্তিগত ভাৱমূর্তিয়েও ভোটাৰৰ ৰাজনৈতিক আচৰণ নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰে। উদাহৰণস্বৰূপে প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ ভাবমূর্তিয়ে কংগ্ৰেছ দলক জয়লাভ কৰাত সহায় কৰিছিল। সেইদৰে কাশ্মীৰত শ্বেখ আব্দুলাৰ ভাবমূর্তিয়ে নেচনেল কনফাৰেন্স দলৰ কৃতকার্যতাৰ প্ৰধান সম্বল আছিল । এনেবোৰ উদাহৰণৰ পৰা সিদ্ধান্তলৈ আহিব পাৰি যে নেতৃস্থানীয় ব্যক্তিৰ ব্যক্তিত্বই ভোটাৰ সকলৰ ৰাজনৈতিক আচৰণ নিৰ্ণয় কৰাত গুৰুত্বপুর্ণ ভূমিকা গ্ৰহণ কৰে।

৯) ৰাজনৈতিক আদর্শ : দলীয় ৰাজনৈতিক আদৰ্শয়ো ভোটাৰ সকলৰ ৰাজনৈতিক আচৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। কোনো ৰাজনৈতিক দলে সমাজৰ দ্ৰুত পৰিৱৰ্তন বিচাৰিব পাৰে, কোনো দলে হয়তো ৰক্ষণশীল নীতিৰ প্ৰতি সমর্থন জনাব পাৰে, কোনো দলে গণতন্ত্ৰৰ প্ৰতি সমর্থন জনাব পাৰে, আৰু কোনো দলে হয়তো ফেচীবাদী ব্যৱস্থাৰ প্ৰতি সমর্থন জনাব পাৰে। কোনো দলে ধৰ্মনিৰপেক্ষ নীতিৰ প্ৰতি সমর্থন জনাব পাৰে। দলৰ এই আদর্শই ভোটাৰ সকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। কিন্তু দলীয় আদৰ্শই আমাৰ দেশৰ ভোটাৰ সকলৰ ওপৰত কিমানদূৰ প্ৰভাৱ বিস্তাৰ কৰে, সেই বিষয়ত বিতৰ্কৰ অৱকাশ নথকা নহয়। 

১০) আন আন উপাদানৰ প্রভাৱ : ওপৰত উল্লেখ কৰা উপাদান সমূহৰ উপৰিও আন আন কিছুমান উপাদানেও ভোটাৰৰ আচৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে।

প্ৰথমতে, ভোটাৰৰ বয়সৰ ওপৰতো তেওঁলোকৰ আচৰণ নিৰ্ভৰ কৰে। সাধাৰণতে বয়সস্থ লোকসকল ৰক্ষণশীল স্বভাৱৰ; সেয়েহে তেওঁলোকে আগতে যি দলৰ প্রতি সমর্থন জনাইছিল, পিছতো সেই দলৰ প্ৰতি সমর্থন জনায়। কিন্তু কম বয়সৰ ভোটাৰ সকলে সমাজৰ দ্ৰুত পৰিৱৰ্তন বিচাৰে; সেয়েহে তেওঁলোকে সমাজৰ দ্ৰুত পৰিৱৰ্তন সমৰ্থন কৰা ৰাজনৈতিক দলৰ সমৰ্থনত ভোটদান কৰে।

দ্বিতীয়তে, পুৰুষ আৰু মহিলাৰ মাজত থকা প্ৰভেদেও ভোটাৰৰ আচৰণৰ ওপৰত নিয়ন্ত্রণ চলায়। সাম্প্রতিক কালত মহিলা সকল তেওঁলোকৰ অধিকাৰৰ বিষয়ে সচেতন হৈ উঠিছে। মহিলা ভোটাৰে মহিলাৰ অধিকাৰ ৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া দলৰ প্ৰাৰ্থীৰ প্ৰতি ভোটদান কৰে। সেইদৰে মহিলা প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰাৰ তেওঁলোকৰ প্ৰৱণতা থাকে।

তৃতীয়তে, শিক্ষায়ো ভোটাৰৰ আচৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। শিক্ষিত ভোটাৰে ভোটদানৰ প্ৰতি আগ্ৰহ প্ৰকাশ নকৰিলেও তেওঁলোকে সাধাৰণ ভোটাৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।

চতুৰ্থতে, ভোটাৰৰ নিৰ্বাচনী আচৰণ নিয়ন্ত্ৰণ কৰাত ধনৰ ভূমিকাও কম নহয়। যি প্ৰাৰ্থীয়ে ভোটাৰ সকলক ধন নাইবা অন্যান্য সামগ্রী দি সন্তুষ্ট কৰিব পাৰে, তেনে প্ৰাৰ্থীৰ জয়লাভ কৰাৰ সম্ভাৱনা থাকে।

পঞ্চমতে, আঞ্চলিক আৰু জাতীয় স্বার্থয়ো ভোটদাতাৰ আচৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। কোনো অঞ্চলৰ ভোটাৰে আঞ্চলিক দলৰ প্ৰতি সমর্থন জনালেও কেন্দ্রীয় নির্বাচনত আন ৰাজনৈতিক দলৰ প্ৰতি সমর্থন জনাব পাৰে।

ষষ্ঠতে, কিছুমান ভোটাৰে কোনো দলৰ প্ৰতি সমর্থন নজনায়। দলীয় চৰকাৰৰ কৃতকার্যতা বিচাৰ কৰি এই শ্রেণীৰ ভোটাৰে ভোটদান কৰে। এই শ্ৰেণীৰ ভোটাৰক Floating Voters হিচাপে জনা যায়। নিৰ্বাচনৰ ফলাফল নিৰ্ণয় কৰাত এই শ্রেণীৰ ভোটাৰৰ ভূমিকাও কম নহয়।

শেষত, স্থানীয় সমস্যা, দলৰ ভিতৰত দেখা দিয়া ভাঙোন আৰু তৎকালীন ৰাজনৈতিক ঘটনায়ো ভোটাৰৰ আচৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। উদাহৰণস্বৰূপে ১৯৮৪ চনৰ নিৰ্বাচনত ইন্দিৰা গান্ধীৰ আকস্মিক মৃত্যুই কংগ্ৰেছক জয়লাভ কৰাত সহায় কৰিছিল।

ওপৰত উল্লেখ কৰা বিভিন্ন উপাদানে ভোটাৰৰ ৰাজনৈতিক আচৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে যদিও কোনটো উপাদানৰ প্রভাৱ কিমান তাক সঠিক ক’ব নোৱাৰি। ভোটাৰ সকল কোনো নিৰ্দ্দিষ্ট উপাদানৰ জৰিয়তে সদায় পৰিচালিত নহয়। পৰিৱেশ আৰু পৰিস্থিতিৰ পৰিৱৰ্তনৰ লগে লগে ভোটাৰৰ আচৰণৰো পৰিৱৰ্তন হ’ব পাৰে। বিভিন্ন সময়ত বিভিন্ন উপাদানে ভোটদাতাৰ আচৰণৰ ওপৰত নিয়ন্ত্রণ চলায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top