Political Process of India Unit 1 ৰাজনৈতিক দল আৰু দলীয় পদ্ধতি

Political Process of India Unit 1 ৰাজনৈতিক দল আৰু দলীয় পদ্ধতি Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Process of India Unit 1 ৰাজনৈতিক দল আৰু দলীয় পদ্ধতি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Process of India Unit 1 ৰাজনৈতিক দল আৰু দলীয় পদ্ধতি Question Answer can be of great value to excel in the examination.

Political Process of India Unit 1 ৰাজনৈতিক দল আৰু দলীয় পদ্ধতি

Join Telegram channel

Political Process of India Unit 1 ৰাজনৈতিক দল আৰু দলীয় পদ্ধতি Notes cover all the exercise questions in UGC Syllabus. The Political Process of India Unit 1 ৰাজনৈতিক দল আৰু দলীয় পদ্ধতি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

6. Bharatiya Janata Dal

Ans: ভাৰতীয় জনতা দল : ক্ষমতাত অধিষ্ঠিত হোৱাৰ দুই বছৰৰ পিছতেই জনতা দলৰ ভিতৰত অন্তদ্বন্দ্ব আৰম্ভ হয় আৰু দলৰ ভিতৰত উপদলীয় চক্রই গা কৰি উঠে। ফলস্বৰূপে জনতা দলৰ বিশিষ্ট নেতা অটলবিহাৰী বাজপেয়ীৰ নেতৃত্বত ১৯৮০ চনত ভাৰতৰ ৰাজনৈতিক মঞ্চত এটা নতুন দলে আত্ম প্রকাশ কৰে। এই দলটো ভাৰতীয় জনতা দল নামে পৰিচিত। ১৯৮০ চনৰ ৬ এপ্রিল তাৰিখে এই দলটোৰ জন্ম হয়। অটল বিহাৰী বাজপেয়ীক এই দলৰ প্ৰথম সভাপতি নিৰ্বাচিত কৰা হৈছিল।

ভাৰতীয় জনতা দলৰ মুল ভিত্তি হ’ল— জাতীয়তাবাদ, ধৰ্মনিৰপেক্ষতা আৰু সমাজবাদ। গান্ধীবাদী নীতি, বিকেন্দ্রীয় ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষমতাৰ ওপৰত এই দলে অকুণ্ঠ সমর্থন আগবঢ়ায়। ই গণতান্ত্ৰিক আদৰ্শ আৰু নীতি কাৰ্যকৰী কৰিবলৈ দৃঢ় প্রতিজ্ঞাবদ্ধ।

১৯৮০ চনৰ সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা দলে দলৰ নীতি আৰু লক্ষ্য ঘোষণা কৰে। ভাৰতীয় জনতা দল কংগ্ৰেছ দলৰ একনায়কত্ববাদৰ ঘোৰ বিৰোধী। এই দলে জাতীয়তাবাদ, জাতীয় সংহতি, গণতন্ত্র, প্রত্যক্ষ ধৰ্মনিৰপেক্ষতাবাদ আৰু গান্ধীবাদী সমাজবাদত বিশ্বাসী। এই দলে সমাজৰ সামগ্রিক কল্যাণ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ই কৃষিৰ উন্নয়ন আৰু সামগ্রিক সংস্কাৰ সাধন, দৰিদ্ৰতা নির্মূল, গাৱঁলীয়া অঞ্চলত খোৱাপানীৰ যোগান, থকা ঘৰৰ ব্যৱস্থা, স্বাস্থ্য ব্যৱস্থা আৰু পৰিয়াল পৰিকল্পনা, কর্মমুখী শিক্ষা ব্যৱস্থা, মাতৃ মংগলৰ ব্যৱস্থা, ডেকা শক্তিক কৰ্মৰ যোগান, ৰাজহুৱা আৰু ব্যক্তিগত উভয় ক্ষেত্ৰৰ শিল্প উন্নয়ন আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈদেশিক ক্ষেত্ৰত ভাৰতীয় জনতা দলে স্বাধীন আৰু প্ৰকৃত গোষ্ঠীনিৰপেক্ষ নীতি সমৰ্থন কৰে। নিজৰ জাতীয় সত্তা অটুট ৰাখি বিশ্বশান্তি প্রতিষ্ঠাত এই দল আগ্রহী। এই দলে ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ লগত বন্ধুত্ব ভাৱৰ জৰিয়তে সহায় সহযোগিতা কামনা কৰে।

ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত ভাৰতীয় জনতা দলৰ উৎপত্তি বিশেষ তাৎপর্যপূর্ণ। ভাৰতৰ সামাজিক তথা ৰাজনৈতিক ব্যৱস্থাৰ সংস্কাৰ সাধন ইয়াৰ প্ৰাথমিক উদ্দেশ্যে। নৱম সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা দলে ব্যাপক জনপ্রিয়তা অৰ্জন কৰিছে।

এই দলে প্ৰকাশ কৰা দলীয় ইস্তাহাৰত তলত দিয়া বিষয় সমূহক এই দলৰ উদ্দেশ্যে আৰু লক্ষ্য হিচাপে ঘোষণা কৰা হয়।

১) বাবৰি মছজিদৰ কোনো অন্যায় নোহোৱাকৈ অযোধ্যাত ৰামমন্দিৰ নিৰ্মাণ কৰা হ’ব।

২) সৰু সৰু ৰাজ্যবোৰৰ উন্নতিৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

৩) সমাজৰ পিছপৰা শ্ৰেণীৰ লোকৰ উন্নতিৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

৪) জনসাধাৰণৰ জীৱনৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হ’ব।

৫) শক্তিশালী কেন্দ্ৰীয় চৰকাৰ প্ৰতিষ্ঠাৰ লগতে ৰাজ্যসমূহকো শক্তিশালী কৰিবলৈ চেষ্টা কৰা হ’ব।

৬) সংবিধানৰ পৰা ৩৭০ নং অনুচ্ছেদ বাদ দিয়া হ’ব।

৭) জনসাধাৰণৰ অংশ গ্ৰহণেৰে চৰকাৰীখণ্ডৰ উদ্যোগ সমূহত উৎপাদন বৃদ্ধিৰ চেষ্টা কৰা হ’ব।

৮) নিৱনুৱা সমস্যা লাঘৱ কৰাৰ চেষ্টা কৰা হ’ব।

৯) ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰি স্বকীয় স্ব-শাসিত গোট সমূহক অধিক ক্ষমতা প্রদান কৰা হ’ব। ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত ভাৰতীয় জনতা পাৰ্টিৰ উৎপত্তি বিশেষ তাৎপর্যপূর্ণ।

ভাৰতত সামাজিক তথা ৰাজনৈতিক ব্যৱস্থাৰ সংস্কাৰ সাধন ইয়াৰ প্ৰাথমিক উদ্দেশ্যে। নৱম সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা পার্টিয়ে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে। ১৯৯১ চনৰ দশম সাধাৰণ নিৰ্বাচনত এই দলে জনসাধাৰণ পৰা অভূতপুর্ব সঁহাৰি লাভ কৰি ভাৰতৰ সংসদত দ্বিতীয় বৃহত্তম ৰাজনৈতিক দল হিচাপে স্বীকৃতি লাভ কৰিছে। লোকসভাৰ দ্বাদশ নির্বাচন ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে বিশেষ গুৰুত্বপুর্ণ হিচাপে বিবেচনা কৰিব পাৰি। লোকসভাৰ একাদশ নিৰ্বাচনৰ পিছত অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিছিল। কিন্তু আন দলে এই দলক সমর্থন নিদিয়াৰ কাৰণে ১৩ দিনৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে পদত্যাগ কৰিবলৈ বাধ্য হয়। লোকসভাৰ দ্বাদশ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্র দল সমূহে সংখ্যাগৰিষ্ঠতা লাভ কৰে। তেলেগু দশম, এ.ডি.এম.কে, আকালী দল, বিজু জনতা দল, তৃণমুল কংগ্ৰেছ আদি আন কিছুমান দলৰ সমৰ্থনত ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰাৰ সুবিধা লাভ কৰে। 

ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম নেতা বাজপেয়ীৰ নেতৃত্বত বি.জে.পি আৰু ইয়াৰ সহযোগী দলসমূহে চৰকাৰ গঠন কৰে। বাজপেয়ীৰ নেতৃত্বত ১৩ মাহ কাৰ্যনিৰ্বাহ কৰাৰ পিছত ১৯৯৯ চনৰ ১৭ এপ্ৰিলত মাত্র এটা ভোটৰ ব্যৱধানত বাজপেয়ী চৰকাৰৰ পতন ঘটে। দহ দিন ধৰি বিৰোধী পক্ষই বিকল্প চৰকাৰ গঠনৰ বাবে প্ৰচেষ্টা চলাই ও ন্যূনতম সংখ্যাগৰিষ্ঠতা সাব্যস্ত কৰিব নোৱাৰাত ৰাষ্ট্ৰপতি কে.আৰ. নাৰায়ণে ২৭ এপ্ৰিলত মন্ত্ৰীসভাৰ পৰামৰ্শমতে লোকসভা ভংগ কৰি নতুন নিৰ্বাচনৰ নিৰ্দেশ দিয়ে। এই নিৰ্বাচনৰ পাছত ভাৰতীয় জনতা পাৰ্টিয়ে আন কিছুমান দলৰ সমৰ্থনত National Democratic Alliance গঠন কৰি কেন্দ্ৰত ক্ষমতাধিষ্ঠত হৈ দেশৰ শাসনৰ দায়িত্ব বহন কৰি আছে।

সাংগঠনিক দিশতো বি.জে.পি দলৰ পৰিৱৰ্তন হৈছে। চৰকাৰ গঠন কৰা সময়ত লালকৃষ্ণ আদৱানীয়ে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল। কিন্তু এজন ব্যক্তি আৰু এটা পদ নীতি অনুসৰণ কৰাৰ ফলত গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা আদৱানীয়ে দলৰ সভাপতি পদ ত্যাগ কৰে। তেঁওৰ ঠাইত কুশাভাই ঠাকৰেক ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। কুশাভাই ঠাকুৰেৰ পিছত লক্ষ্মণ বি.জে.পি ৰ সভাপতি হয়। টেহেলকাৰ প্ৰতিবেদনৰ পিছত বাংগাৰু লক্ষ্মণে পদত্যাগ কৰে আৰু তেওঁৰ ঠাইত জনা কৃষ্ণমূৰ্তিক বি.জে.পি ৰ সভাপতি নিৰ্বাচিত কৰা হৈছিল। দলত অধিক গতিশীলতা অনাৰ কাৰণে ২০০২ চনৰ জুলাই মাহত কৃষ্ণমূৰ্তিৰ ঠাইত ভেংকায়া নাইডুক বি.জে.পি ৰ সভাপতি মনোনীত কৰা হয়। পৰৱৰ্তী সময়ত ৰাজনাথ সিঙক এই দলৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। বৰ্তমান এই দলৰ সভাপতি হ’ল অমিত শ্বাহ। 

চতুৰ্দশ লোকসভাৰ নিৰ্বাচনৰ আগতে চাৰিখন ৰাজ্যত বিধানসভা নির্বাচন অনুষ্ঠিত হৈছিল আৰু ইয়াৰ ভিতৰত তিনিখন ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠনৰ সুবিধা পাইছিল।২০০৪ চনৰ এপ্ৰিল মাহৰ ২০ তাৰিখৰ পৰা মে মাহৰ ১৩ তাৰিখে ভোটগণনা কৰি ফলাফল ঘোষণা কৰা হৈছিল। এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত গঠিত হোৱা এন.ডি.এ শোচনীয়ভাৱে পৰাজয়ৰৰণ কৰে। ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ সহযোগী দলসমূহে মাত্র ১৮৭ খন আসন লাভ কৰিয়ে সন্তুষ্ট থাকিবলগা হয়।

২০০৯ চনৰ পঞ্চদশ লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ সদ্যঘোষিত ফলাফল অনুসৰি ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন এন-ডি-এই ১৫৯ খন আসন লাভ কৰি বিৰোধী পক্ষত অৱস্থান কৰে। অৱশ্যে এই গোটে জনাদেশ মানি বিৰোধী পক্ষ হিচাপে গঠনমূলক ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। এই নিৰ্বাচনত ভাৰতীয় জনতা দলে মাত্র ১১৬ খন আসন লাভ কৰিবলৈ সক্ষম হয়। ২০১৪ চনত নৰেন্দ্ৰ মোডী নেতৃত্বত ভাৰতীয় জনতা দলে ভাৰতবৰ্ষত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় আৰু ২০২০ চনলৈকে ধাৰাবাহিকতা অব্যাহত ৰাখিছে।

7. Communist Party in India.

Ans: স্বাধীনতা সংগ্রাম চলি থকা সময়তে ভাৰতত কমিউনিষ্ট পাৰ্টি বা সাম্যবাদী দল গঠন হৈছিল বুলি ক’ব পাৰি। ছোভিয়েট ৰাছিয়াৰ বিখ্যাত অক্টোবৰ বিপ্লৱৰ ভাবধাৰাই ভাৰতৰ বিপ্লৱী সকলক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল। অৱশ্যে ভাৰতৰ সাম্যবাদী দলে স্বাধীনতাৰ আগেয়ে জাতীয় আন্দোলনত সোমাই পৰাৰ চেষ্টাত বেছি আগবাঢ়িব পৰা নাছিল আৰু জনসাধাৰণকো বেছি আকৃষ্ট কৰিব পৰা নাছিল। ভাৰতৰ সাম্যবাদী দল সংবিধানসন্মত সমাজবাদত একান্ত বিশ্বাসী শ্রমিক, কৃষক আৰু সাধাৰণ শ্রমজীৱি লোকসকলৰ এটা স্বেচ্ছামূলক সংগঠন। কৃষক, শ্রমিক সকলৰ হাতলৈ ক্ষমতা হস্তান্তৰ কৰাটো সাম্যবাদী দলৰ প্ৰধান লক্ষ্য হিচাপে গ্ৰহণ কৰা হৈছে। জনসাধাৰণৰ অত্যাৱশ্যকীয় স্বাৰ্থসমূহক ৰক্ষণা বেক্ষণ দিয়া, জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি, সামাজিক তথা অৰ্থনৈতিক অসমতা দূৰীকৰণ ইয়াৰ অন্যতম লক্ষ্য হিচাপে ঘোষণা কৰা হৈছে।

ভাৰতৰ সাম্যবাদী দল ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী দলৰ আদৰ্শত ১৯২৪ চনত গঠিত হৈছিল। এই দলে ভাৰতত ৰাছিয়াৰ পদ্ধতিত সাম্যবাদী সমাজ ব্যৱস্থা গঠন কৰাৰ মত পোষণ কৰে। বহু উচ্চ শিক্ষিত আৰু অভিজ্ঞ ব্যক্তি এই দলৰ সমৰ্থক। ইয়াৰ উপৰিও কৃষি, শিল্প, ব্যৱসায় বাণিজ্যত নিযুক্ত বহু শ্রমিক এই দলৰ অনুগামী। এই দলৰ বহু নেতৃস্থানীয় ব্যক্তি আগতে কংগ্ৰেছ দলৰ আছিল। কিন্তু পিছত কংগ্ৰেছৰ প্ৰৱৰ্তিত অহিংসা নীতিত আস্থাহীন হৈ ৰাছিয়াৰ অনুসৃত কাৰ্যক্ৰমৰ বিৰাট সাফল্যত আকৃষ্ট হৈ সাম্যবাদী দলত যোগদান কৰে। জনসাধাৰণৰ লগত ই স্থাপন কৰা সম্পৰ্কৰ ফালৰ পৰা বিবেচনা কৰিলে ভাৰতৰ সাম্যবাদী দলে কেইবছৰমানৰ ভিতৰতে দেশৰ দ্বিতীয় বৃহত্তম ৰাজনৈতিক দল হিচাপে পৰিগণিত হবলৈ সক্ষম হৈছিল। 

১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ ফলত ভাৰতৰ সাম্যবাদী দলৰ মাজত অন্তর্দ্বন্দ্ব্ববৰ সূচনা হয়। এটা অংশই ভাৰতৰ ওপৰত দোষাৰোপ কৰি চীনক সমৰ্থন কৰে আৰু আনটো অংশই চীনক আক্ৰমণকাৰী বুলি নিন্দা কৰে। ১৯৬৪ চনৰ জুলাই মাহত বাঁওপন্থী শাখাটোৱে দলৰ পৰা ওলাই আহি এটা নতুন সাম্যবাদী দল গঠন কৰিলে। এই দলটো ভাৰতৰ মাৰ্যাদী সাম্যবাদী দল হিচাপে জনাজাত হৈছিল৷ এইদৰে ১৯৬৪ চনত ভাৰতত দুটা সাম্যবাদী দলৰ সৃষ্টি হৈছিল মাক্সবাদী সাম্যবাদী দল আৰু আনটো ভাৰতীয় সাম্যবাদী দল। কিন্তু ইমানতে অন্তর্দ্বন্দ্বব বিবাদৰ ওৰ পৰা নাছিল। ১৯৬৯ চনৰ পৰা ভাৰতত তিনিটা সাম্যবাদী দলৰ উদ্ভৱ হয়। তৃতীয় সাম্যবাদী দলক ভাৰতৰ মাৰ্ক্সবাদী লেনিনবাদী সাম্যবাদী দল বোলা হয়। মার্ক্সবাদী সাম্যবাদীদলৰ পৰা চৰমপন্থী সকল ওলাই আহি এই দলৰ মাৰ্ক্সবাদী লেনিনবাদী শাখাটো প্ৰতিষ্ঠা কৰিলে।

এই দলৰ নিৰ্বাচনী ইস্তাহাৰত দলৰ কাৰ্যসূচী হিচাপে সাধাৰণতে তলত দিয়া বিষয়সমূহ অন্তর্ভুক্ত কৰা হয়।

১) ভাৰতৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা।

২) ধৰ্মনিৰপেক্ষতা আৰু গণতান্ত্রিক ব্যৱস্থা বজায় ৰখা।

৩) বিছিন্নতাবাদী আৰু সাম্প্রদায়িক কার্য বন্ধ কৰাৰ উদ্দেশ্যে ধৰ্মীয় প্রতিষ্ঠান আৰু ধৰ্মীয় স্থান সমূহৰ অপব্যৱহাৰ বন্ধ কৰা। 

৪) কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজৰ সম্পৰ্কৰ পুনৰ বিচাৰ কৰা।

৫) ৰাজ্যিক চৰকাৰৰ দায়িত্বলৈ অধিক আর্থিক সম্পদ হস্তান্তৰৰ ব্যৱস্থা কৰা।

৬) সংবিধানৰ ৩৬৫ নং অনুচ্ছেদৰ প্ৰয়োগৰ ক্ষেত্ৰত অতি সাৱধানতা অৱলম্বন কৰা।

৭) কৃষক সকলৰ মাজত উদ্বৃত্ত ভূমি বিতৰণ কৰা।

৮) ভূমি সংস্কাৰৰ ব্যৱস্থা কৰা।

৯) কৃষক আৰু শ্ৰমিক সকলে যাতে ন্যায্য মজুৰী পাব পাৰে তাৰ কাৰণে দৰকাৰী আইন ৰচনা কৰা।

১০) কামৰ অধিকাৰক সাংবিধানিক স্বীকৃতি দিয়া।

১১) চৰকাৰী উদ্যোগ সমূহ পৰিচালনাৰ ক্ষেত্ৰত বনুৱাসকলক অংশগ্ৰহণ কৰাৰ সুবিধা দিয়া।

১২) একচেটিয়া ব্যৱসায় আৰু বহুজাতিক সংস্থা সমূহৰ প্ৰাধান্য কমাই অনা।

১৩) সংখ্যালঘু সকলৰ স্বাৰ্থ ৰক্ষাৰ ব্যৱস্থা কৰা।

১৪) অ-গণতান্ত্রিক আইনসমূহক বাতিল কৰা।

১৫) অনুসূচিত জাতি আৰু জনজাতিৰ লোকৰ স্বাৰ্থ ৰক্ষাৰ ব্যৱস্থা কৰা।

১৬) মহিলাৰ ওপৰত কৰা অত্যাচাৰ বন্ধৰ ব্যৱস্থা কৰা।

১৭) গোষ্ঠীনিৰপেক্ষ পৰৰাষ্ট্র নীতিক অব্যাহত ৰখা। 

8. Marxist Party of India.

Ans: চীন-ভাৰত যুদ্ধ সম্পর্কত মতভেদ হোৱাৰ কাৰণে ভাৰতৰ কমিউনিষ্ট দল দুটা ভাগত বিভক্ত হয়। ১৯৬৪ চনৰ বাঁওপন্থী শাখাটোৱে দলৰ পৰা ওলাই আহি মার্ক্সবাদী সাম্যবাদী দল গঠন কৰে। এই দলৰ প্ৰথম সভা অনুষ্ঠিত হয় ১৯৬৪ চনত। কম সময়ৰ ভিতৰত এই দলটোৱে পশ্চিমবংগ আৰু কেৰালাত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়।

আদৰ্শৰ দৃষ্টিভংগীৰে বিচাৰ কৰিলে দুয়োটা কমিউনিষ্ট দলৰ মাজত কিছুমান প্রভেদ দেখা যায়। মার্ক্সবাদী সকলে অন্ধভাৱে ছোভিয়েট কছিয়া নাইবা চীনৰ কমিউনিষ্ট দলক সমৰ্থন কৰা নাই। পৃথিৱীৰ কমিউনিষ্ট আন্দোলন কছিয়াৰ কমিউনিষ্ট দলৰ নেতৃত্বত হোৱা অপৰিহাৰ্য হিচাপে এই দলে মানি লোৱা নাই। তথাপি চীনতকৈ কছিয়াৰ কমিউনিষ্ট দলৰ প্ৰতি এই দলৰ আকৰ্ষণ অধিক যেন লাগে। দ্বিতীয়তে, কছিয়া নাইবা চীনৰ কমিউনিষ্ট দলৰ নীতিক এই দলে অন্ধভাৱে সমৰ্থন নকৰে। তৃতীয়তে, ৰাজনৈতিক উপায় হিচাপে এই দলে শান্তিপুর্ণ নীতিত বিশ্বাস কৰে যদিও আন উপায়ে ভাৰতত সমাজবাদ প্রতিষ্ঠা কৰা সম্ভৱ নহয় বুলিও এই দলে কোৱা নাই। চতুৰ্থতে ভাৰতত এই দলে সাম্যবাদী গণতন্ত্ৰৰ প্ৰচলনৰ প্ৰতি সন্মতি জনাই আহিছে। সংসদীয় গণতান্ত্রিক পদ্ধতিত সমাজবাদ প্রতিষ্ঠা কৰা সম্ভৱ নহলেও ভাৰতত এই নীতি প্ৰচলনৰ ওপৰত এই দলে গুৰুত্ব দি আহিছে। এই দলৰ নিৰ্বাচনী ইস্তাহাৰত এই দলৰ লক্ষ্য আৰু উদ্দেশ্যে সম্পৰ্কে তলত দিয়া নীতিৰ প্ৰতি সন্মান জনোৱা হয়।

১) চৰকাৰৰ স্বৈৰতান্ত্রিক নীতিৰ বিৰোধিতা কৰা।

২) দমনমূলক আইন বাতিল কৰা।

৩) বৰ্তমান চৰকাৰে গ্ৰহণ কৰা অৰ্থনৈতিক নীতি পৰিৱৰ্তন কৰা।

৪) একচেটিয়া আৰু বহুজাতিক সংস্থাৰ প্ৰাধান্য খৰ্ব কৰা।

৫) ভূমি সংস্কাৰৰ ওপৰত গুৰুত্ব দিয়া।

৬) দ্রব্যমূল্য কমাই অনা।

৭) কামৰ অধিকাৰক সাংবিধানিক স্বীকৃতি দিয়া।

৮) নিৱনুৱা সমস্যা সমাধান কৰা।

৯) বিছিন্নতাবাদী আৰু বিভেদকামী আন্দোলন প্ৰতিৰোধ কৰা।

১০) সংখ্যালঘু সকলৰ স্বাৰ্থ ৰক্ষা কৰা।

১১) নিৰক্ষৰতা দূৰীকৰণ কৰা।

১২) অনুসূচীত জাতি আৰু জনজাতিৰ লোকৰ স্বাৰ্থ ৰক্ষা কৰা।

১৩) দুখীয়া সকলৰ কাৰণে বাসগৃহৰ ব্যৱস্থা কৰা।

১৪) গোষ্ঠীনিৰপেক্ষ নীতি অব্যাহত ৰখা।

১৯৬৭ চনত এই দলে নিৰ্বাচনী ইস্তাহাৰত প্ৰচাৰ কৰে যে- এই দল সাম্যবাদী নীতিত বিশ্বাসী। সংসদীয় ব্যৱস্থাৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা কৰাটো এই দলৰ মুখ্য লক্ষ্য। 

১৯৮০ চনৰ নিৰ্বাচনৰ সময়ত মার্ক্সবাদী সাম্যবাদী দলে ৰাজ্যসমূহৰ অধিক স্বতন্ত্রতা আৰু স্বায়ত্ত শাসনৰ দাবী কৰে। অৱশিষ্ট ক্ষমতাও ৰাজ্যসমূহৰ হাতত ন্যস্ত কৰাটো দলে কামনা কৰে । কৰ্মৰ অধিকাৰ, নাগৰিকৰ মৌলিক অধিকাৰ হোৱাটো দলে বিচাৰে।

বর্তমান মার্ক্সবাদী সাম্যবাদী দলৰ জনপ্ৰিয়তা ক্ৰমাৎ হ্রাস পাই থকা যেন অনুমান হয়। সপ্তম, অষ্টম আৰু নৱম সাধাৰণ নিৰ্বাচনত কেন্দ্ৰত এই দলৰ প্ৰতিনিধিত্ব তেনেই হ্রাস পাইছে। ১৯৯১ চনৰ দশম সাধাৰণ নির্বাচনতো এই দলে জনপ্রিয়তা লাভ কৰিব পৰা নাই। ১৯৯৬ চনৰ একাদশ সাধাৰণ নিৰ্বাচনত জনপ্রিয়তা অর্জন কৰিব পৰা নাই। দেৱগৌড়াৰ আৰু গুজৰালৰ নেতৃত্বত গঠিত হোৱা মৰ্চা চৰকাৰত এই দল অংশীদাৰ আছিল যদিও চৰকাৰ গঠনত এই দলে অংশগ্ৰহণ কৰা নাই। দ্বাদশ আৰু ত্ৰয়োদশ নিৰ্বাচনত এই দলে বিশেষ সুবিধা লাভ কৰিব পৰা নাই। ২০০৪ চনত চতুৰ্দশ নিৰ্বাচনত এই দলে ভাল ফল কৰিছে। এই দলৰ শ্রী সোমনাথ চেটার্জী লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হৈছিল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে এই দলে কিছু পৰিমাণে জনপ্ৰিয়তা পুনৰ লাভ কৰিবলৈ সক্ষম হৈছিল। বামপন্থী দল সমূহে সংযুক্ত প্রগতিশীল চৰকাৰক সমর্থন দি আহিছিল। কিন্তু ২০০৮ চনত বামপন্থী দলসমূহে সংযুক্ত প্রগতিশীল চৰকাৰৰ প্ৰতি থকা সমর্থন উঠাই লৈছিল। ২০০৯ চনত পঞ্চদশ নিৰ্বাচনত এই দলে আগৰ নিৰ্বাচন বোৰত থকা জনপ্ৰিয়তা ধৰি ৰাখিবলৈ সক্ষম নহ’ল। ২০১১ চনত অনুষ্ঠিত বিধানসভাৰ নিৰ্বাচনত এই দলে নেতৃত্ব দিয়া বামফ্ৰণ্টৰ চৰকাৰ দলৰ মুখ্য ঘাটি পশ্চিমবংগ আৰু কেৰেলাৰ শাসনৰ পৰা ক্ষমতাচ্যুত হয়।

9. Akali Dal

Ans: আমাৰ দেশৰ আঞ্চলিক দলসমূহৰ ভিতৰত আকালি দল হৈছে আটাইতকৈ পুৰণি দল। আঞ্চলিক দলৰ ভিতৰত এই দলক কৃতকার্য দল হিচাপেও অভিহিত কৰিব পাৰি। ১৯২৪ চনতেই এই দলৰ জন্ম হৈছিল। এই দলে শিখ সকলৰ প্ৰতিনিধিত্ব কৰে বুলি দাবী কৰে আৰু ৰাজনৈতিক ক্ষমতা লাভ কৰি শিখ সকলৰ স্বাৰ্থ ৰক্ষা কৰিব বুলি ঘোষণা কৰে। শিখৰ বাহিৰে আন লোকক এই দলৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা নহয়। সেয়েহে আকালি দলক সাম্প্রদায়িক দল হিচাপে অভিহিত কৰিব পাৰি। ধৰ্ম আৰু ভাষাৰ দোহাই দিয়া এই দলে ইংৰাজৰ শাসনকালত ভালেমান সুবিধা আদায় কৰিবলৈ সমৰ্থ হৈছিল। আনকি স্বাধীনতা লাভ কৰাৰ পিছত কংগ্ৰেছ চৰকাৰৰ পৰা ভালেমান সুবিধা আদায় কৰিছিল। পৰিস্থিতি আৰু পৰিৱেশৰ পৰিৱৰ্তনৰ লগে লগে এই দলে নিজৰ আদৰ্শৰো সলনি কৰে। উদ্দেশ্যে সাধনৰ কাৰণে এই দলে সাংবিধানিক আৰু বৈপ্লৱিক – দুটা পদ্ধতিয়ে অৱলম্বন কৰে।

আকালি দলে ভাষাৰ ভিত্তিত ১৯৬৬ চনত পঞ্জাৱ ৰাজ্য গঠনৰ সুবিধা পাইছিল যদিও এই দলে সকলো বোৰ শিখৰ ভোট লাভ কৰিব পৰা নাছিল। অৱশ্যে ‘Operation Blue Star’ আৰু Delhi Killings’ ৰ পিছত এই দলৰ জনপ্ৰিয়তা কিছুপৰিমাণে বৃদ্ধি হৈছিল আৰু সেয়েহে ১৯৮৫ চনৰ নিৰ্বাচনত ১১৫ খন আসনৰ ভিতৰত এই দলে ৭৩ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিছিল।

দলৰ জন্মৰ পৰাই আকালি দলৰ দুটা প্রধান উদ্দেশ্যে আছিল। এই দলে শিখ সকলৰ ধৰ্ম, ভাষা আৰু সংস্কৃতি ৰক্ষাৰ ওপৰত গুৰুত্ব দি আহিছে। তেওঁলোকে হিন্দু সম্প্ৰদায়ৰ অংশ হিচাপে বিবেচনা নকৰে। দ্বিতীয়তে শিখ সকলৰ স্বকীয়তা ৰক্ষাৰ ওপৰত তেওঁলোকে গুৰুত্ব দি আহিছে। পৰিস্থিতি আৰু পৰিৱেশৰ পৰিৱৰ্তনৰ লগে লগে তেওঁলোকে নিজৰ কৌশলৰো পৰিৱৰ্তন কৰি আহিছে। কেতিয়াবা হয়তো চৰকাৰৰ বিৰোধিতা কৰে আৰু কেতিয়াবা হয়তো চৰকাৰৰ প্ৰতি সমর্থন জনায়। কিন্তু উদ্দেশ্যেৰ পৰা তেওঁলোক আঁতৰি যোৱা নাই। উদ্দেশ্যে সাধনৰ কাৰণে কেতিয়াবা এই দলে আন্দোলনৰ সহায় লয় আৰু কেতিয়াবা সাংবিধানিক উপায় অৱলম্বন কৰে। আন্দোলনমুখী কাম-কাজে দলৰ উদ্দেশ্যে সাধনত সহায় কৰি আহিছে। কিছুমান চিন্তাবিদৰ মতে আকালি দল হৈছে এটা বেলেগ ধৰণৰ দল। এই দলৰ উদ্দেশ্যে হৈছে শিখৰাজ্য পঞ্জাৱ শাসন কৰা। 

আকালি দলৰ কাৰ্যসূচীৰ ভিতৰত কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা, উৎপাদন আৰু বিতৰণৰ ওপৰত চৰকাৰৰ নিয়ন্ত্রণ সাব্যস্ত কৰা, কৃষিৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া, নিৰ্দ্দিষ্ট পর্যায়লৈকে বিনামুলীয়া শিক্ষা ব্যৱস্থাৰ প্ৰচলন কৰা, দেশৰ ভিতৰত খাদ্য সামগ্ৰীৰ সৰবৰাহৰ বিষয়ত থকা বাধা নিষেধ আঁতৰ কৰা, পঞ্জাৱী ভাষাৰ প্ৰচলন থকা অঞ্চল সমূহ পঞ্জাৱ ৰাজ্যত অন্তৰ্ভুক্ত কৰা, ৰাজ্যসমূহক অধিক ক্ষমতা দিয়া আদিয়ে হৈছে প্ৰধান।

আকালি দলে কিছুমান দাবী পুৰণৰ বিষয়ত কৃতকার্যতা লাভ কৰিছে যদিও এই দলৰ দুৰ্বলতা নথকা নহয়। দেখাত বাৰনালা আৰু বাদল- এই দুটা ভাগ আছে যদিও এই দলত আৰু বিভিন্ন ভাগ থকা দেখা যায়। দুটা দলেই শিৰোমণি গুৰুদ্ধাৰ প্ৰবন্ধক কমিটি আৰু Golden Tample-ৰ ওপৰত কৰ্তৃত্ব হেৰুৱাইছে। এই দুটা অনুষ্ঠানৰ ওপৰত সন্ত্ৰাসবাদী সকলৰ নিয়ন্ত্রণ প্রতিষ্ঠা হোৱাৰ ফলত এই দল ভালেখিনি দুৰ্বল হৈ আহিছে। বৰ্তমান প্ৰকাশ সিং বাদলৰ নেতৃত্বত পঞ্জাৱত শিৰোমণি আকালি দলে শাসনৰ দায়িত্ব বহন কৰি আছে।

10. Telegu Desam.

Ans: আমাৰ দেশৰ আঞ্চলিক দলসমূহৰ ভিতৰত অন্ধ্ৰপ্ৰদেশৰ তেলেগু দেশম হৈছে অন্যতম। ১৯৮২ চনত এন.টি.ৰামৰাওৰ নেতৃত্বত এই দলটো প্ৰতিষ্ঠা কৰা হৈছিল। সেই সময়ত অন্ধ্ৰপ্ৰদেশৰ শাসনৰ বিষয়ত বেমেজালিৰ সৃষ্টি হৈছিল আৰু কেন্দ্ৰীয় চৰকাৰেও এই ৰাজ্যখনৰ প্ৰতি সহানুভুতিসুচক মনোভাৱ গ্ৰহণ কৰা নাছিল। ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে নিজৰ ইচ্ছামতে এই ৰাজ্যৰ মুখ্যমন্ত্ৰী নিৰ্বাচন কৰি দিয়াৰ ফলত ৰাজ্যখনৰ স্বায়ত্ব শাসনত বাধাৰ সৃষ্টি হৈছিল। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মতেহে সেই সময়ৰ চৰকাৰে কাৰ্যনিৰ্বাহ কৰিছিল। সেয়েহে ছয় কৌটি তেলেগু লোকৰ আত্মসন্মান ৰক্ষা কৰাৰ উদ্দেশ্যে আৰু মুল্যবোধজড়িত ৰাজনৈতিক শাসন প্রতিষ্ঠা কৰাৰ উদ্দেশ্যে ৰামৰাওৰ নেতৃত্বত এই দলটো গঠন কৰা হৈছিল। ৰামাৰাও আছিল এজন বোলছবিৰ ভাল অভিনেতা। সেয়েহে অন্ধ্ৰৰ জনসাধাৰণৰ ওপৰতো তেওঁৰ প্ৰভাৱ আছিল। ১৯৮৩ চনৰ নিৰ্বাচনত এই দলে সংখ্যাগৰিষ্ঠতা লাভ কৰি অন্ধ্ৰত চৰকাৰ গঠনৰ সুবিধা পাইছিল। ১৯৮৪ চনত এই দলৰ কিছুমান সদস্যই দলত্যাগ কৰাৰ ফলত ৰামাৰাওৰ পৰিৱৰ্তে ভাস্কৰ ৰাওক মুখ্যমন্ত্ৰী হিচাপে নিয়োগ কৰা হৈছিল। এই ঘটনাই সমগ্ৰ ৰাজ্যখনতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু ইয়াৰ ফলত আন্দোলন আৰম্ভ হৈছিল। কিন্তু ভাস্কৰ ৰাওৱে সদনত নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰাত ৰামাৰাওক পুনৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্ত কৰা হৈছিল। ১৯৮৪ চনত ৰামাৰাওৱে পদত্যাগ কৰাৰ ফলত ইয়াৰ পিছৰ বছৰত নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল আৰু এই নিৰ্বাচনত তেলেগু দেশম দলে সদনত বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল। 

ৰামাৰাওক পুনৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছিল। লোকসভাৰ নির্বাচনতো তেলেগু দেশম দলে ভালেমান আসন লাভ কৰিছিল। ৰামাৰাওৱে স্বেচ্ছাচাৰী হিচাপে শাসনকার্য পৰিচালনা কৰিছিল যদিও তেওঁৰ দলে ৰাজ্যৰ জনসাধাৰণৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিল । ৰামাৰাত্তৰ পিছত এই দলত ভাঙোনৰ সৃষ্টি হৈছিল। তেওঁৰ পত্নী লক্ষ্মী পাৰ্বতীয়ে দলৰ নেতৃত্ব বহন কৰিছিল যদিও নিৰ্বাচনত লক্ষ্মী পাৰ্বতীৰ দলে পৰাজয় বৰণ কৰিবলগা হৈছিল। ৰাজ্যৰ আভ্যন্তৰীণ উন্নতিৰ উপৰিও কেন্দ্ৰীয় পৰ্যায়তো এই দলে প্রভাৱ বিস্তাৰ কৰিবলৈ সমৰ্থ হৈছে।

ভোটাৰ ৰাইজক আকর্ষণ কৰিব পৰা সন্মোহিনী শক্তি থকাৰ ফলত ৰামাৰাও আৰু তেওঁৰ দলে নিৰ্বাচনত কৃতকার্যতা লাভ কৰিব পাৰিছিল। আনকি তেওঁৰ বিৰোধিতা কৰা ভাস্কৰ ৰাওৱেও ৰামাৰাওৰ এই গুণ স্বীকাৰ কৰিছিল। সাম্প্ৰতিক কালত এই দলৰ নেতা চন্দ্রবাবু নাইডুৱে এই দলৰ কৃতকার্যতাত ভালেখিনি বৰঙনি যোগাই আহিছে।

জনসাধাৰণৰ উমৈহতীয়া কল্যাণ সাধন কৰাৰ উদ্দেশ্যে এই দলে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই ব্যৱস্থাসমূহেও এই দলক জনপ্ৰিয় কৰাত সহায় কৰিছে। এই দলে গ্ৰহণ কৰা নীতি আৰু কাৰ্যসূচীৰ ভিতৰত দেশৰ জনসাধাৰণৰ ভিতৰত বিশেষকৈ গাঁও অঞ্চলৰ লোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা, প্ৰাইমাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে দুপৰীয়া বিনামুলীয়া আহাৰ যোগান ধৰা, ৰাজ্যৰ কাৰণে অধিক ক্ষমতা দাবী কৰা, মহিলা সকলৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা। তেলেগু ভাষাক ৰাজ্যিক মর্যাদা দিয়া, চৰকাৰী ধন খৰচ কৰাৰ বিষয়ত মিতব্যয়ীতা অৱলম্বন কৰা, শাসনত দুর্নীতি বোধ কৰা, নিৱনুৱা সকলক ভাট্টা দিয়া, বৃদ্ধ সকলক পেন্সন দিয়া আৰু পিছ পৰা সম্প্ৰদায়ৰ লোকৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা আদিয়ে প্রধান।

২০০৪ চনৰ নিৰ্বাচনৰ আগলৈকে চন্দ্রবাবু নাইডুৰ নেতৃত্বৰ এই দলে ৰাজ্যৰ আভ্যন্তৰীণ উন্নতি সাধন কৰাৰ উপৰিও কেন্দ্ৰীয় পর্যায়তো এই দলে প্রভাৱ বিস্তাৰ কৰাৰ সুযোগ লাভ কৰিছিল। কিন্তু ২০০৪ আৰু ২০০৯ চনৰ সাধাৰণ নিৰ্বাচনত এই দলে শোচনীয় ভাৱে পৰাজয়বৰণ কৰাত ৰাজ্য আৰু কেন্দ্ৰৰ ৰাজনীতিত এই দলৰ প্ৰভাৱ কমি আহিছে।

11. National Conference.

Ans: কাশ্মীৰৰ হিন্দু আৰু মুছলমান কিছুমানৰ সহযোগিতাত শ্বেখ আব্দুল্লাই নেচনেল কনফাৰেন্স নামৰ আঞ্চলিক দলতো প্রতিষ্ঠা কৰিছিল। এই দলে এতিয়ালৈকে কাশ্মীৰৰ আশা-আকাংক্ষাৰ বিষয়ে অভিমত প্ৰকাশ কৰি আহিছে। আব্দুল্লাৰ জীৱনৰ উত্থান আৰু পতনৰ লগত জড়িত থকা এই দলটোৰ বিভিন্ন সময়ত উত্থান পতন হৈ থকা দেখা যায়। ১৯৮৩ চনৰ নিৰ্বাচনত শেখ আব্দুল্লাই পুতেক ফাৰুক আব্দুল্লাৰ নেতৃত্বত এই দলে কাশ্মীৰত চৰকাৰ গঠন কৰাৰ সুবিধা পাইছিল। কিন্তু জাতি বিদ্বেষী কামত লিপ্ত হোৱাৰ অভিযোগত এই চৰকাৰক পদচ্যুত কৰি ১৯৮৪ চনৰ আগষ্ট মাহৰ পৰা ১৯৮৭ চনৰ মাৰ্চ মাহলৈ কাশ্মীৰত ৰাষ্ট্ৰপতিৰ শাসন প্রয়োগ কৰা হৈছিল। কিন্তু পিছত কংগ্ৰেছ আৰু এই দলৰ মাজত সহযোগিতাৰ সৃষ্টি হয় আৰু ইয়াৰ ফলত ফাৰুক আব্দুল্লাৰ নেতৃত্বত কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সৰ সদস্যক লৈ সংযুক্ত চৰকাৰ গঠন কৰা হৈছিল।

কাশ্মীৰত কিছুমান পাকিস্তানৰ সমৰ্থকো আছে। কেতিয়াবা কেতিয়াবা এই লোকসকলে নেচনেল কনফাৰেন্সৰ প্ৰতি সমৰ্থন জনায় আৰু কেতিয়াবা কেতিয়াবা এই দলৰ বিৰোধিতাও কৰে। ১৯৪৭ চনৰ পৰা ১৯৫৩ চনলৈ এই লোকসকলে শেখ আব্দুল্লা আৰু নেচনেল কনফাৰেন্সৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছিল। ১৯৫৩ চনৰ পৰা ১৯৭৫ চনলৈ এই দলৰ প্ৰতি সমর্থন জনাইছিল। ১৯৭৫ চনৰ পিছত পুনৰ এই দলৰ বিৰোধিতা কৰিছে। আনকি ফাৰুক আব্দুল্লাই ধৰ্মনিৰপেক্ষতা আৰু কাশ্মীৰক ভাৰতৰ অংগ হিচাপে স্বীকাৰ কৰাৰ সময়তো তেওঁ এই বিষয়ত সতকর্তা অৱলম্বন কৰিবলগা হৈছিল। ফাৰুক আব্দুল্লা আৰু ৰাজীৱ গান্ধীৰ মাজত স্বাক্ষৰ হোৱা চুক্তি আৰু ইয়াৰ ফলত নিৰ্বাচনত ফাৰুক আব্দুল্লাহ জয়লাভ কৰা কাৰ্যকো তেওঁলোকে সমর্থন কৰিব পৰা নাছিল।

কংগ্ৰেছৰ লগত সহযোগিতা কৰি নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছে জয়লাভ কৰিছিল যদিও কিছুমানে সংযুক্ত মন্ত্রীসভাৰ প্রতি সমর্থন জনাব পৰা নাছিল। ফাৰুক আব্দুল্লাৰ মন্ত্ৰীসভাৰ কিছুমান সদস্যই সংযুক্ত মন্ত্রীসভা সমৰ্থন কৰিব পৰা নাছিল। তেওঁলোকে অনুভৱ কৰিছিল যে কংগ্ৰেছৰ ছত্ৰ-ছায়াত তেওঁলোকৰ প্ৰাধান্য ক্ৰমে নাইকিয়া হৈ আহিছে। দলৰ নেতৃস্থানীয় সদস্যৰ লগত আলোচনা নকৰাকৈ কাশ্মীৰ চুক্তি স্বাক্ষৰ কৰা কামকো তেওঁলোকে সমৰ্থন কৰিব পৰা নাছিল। এই বিষয়ত স্থানীয় কংগ্ৰেছ নেতা সকলেও অসন্তুষ্টি প্রকাশ কৰিছিল, কিয়নো এই চুক্তিয়ে কাশ্মীৰত কংগ্ৰেছ প্রাধান্য প্রতিষ্ঠাত প্রতিবন্ধকতাৰ সৃষ্টি কৰিছিল।

কাশ্মীৰৰ ৰাজনীতিত এতিয়াও নেচনেল কনফাৰেন্সে গুৰুত্বপুৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে। এই দলে ধৰ্মনিৰপেক্ষতাৰ প্ৰতি সমৰ্থন জনায় ৷ কাশ্মীৰক ভাৰতৰ অবিচ্ছেদ্য অংগ হিচাপে বিবেচনা কৰে। ইয়াৰ উপৰিও সংবিধানত ৩৭০ নং অনুচ্ছেদ বাহাল ৰখাৰ প্ৰতি সমর্থন জনায়। অর্থাৎ‍ এই দলে কাশ্মীৰৰ বিশেষ মর্যাদাৰ প্ৰতি সমর্থন জনায়। বর্তমান সময়ত ওমৰ আব্দুল্লাৰ নেতৃত্বত ইয়াত নেচনেল কনফাৰেন্সৰ শাসনৰ দায়িত্ব বহন কৰি আছে।

12. Assam Gana Parishad.

Ans: অসমৰ আঞ্চলিক দল বুলিলে সাধাৰণতে “অসম গণ পৰিষদক” বুজায়। এই দলৰ কেইজনমান সদস্যই গণ পৰিষদ ত্যাগ কৰি “নতুন অসম গণ পৰিষদ” নামৰ আন এটা আঞ্চলিক দলৰ সৃষ্টি কৰিছিল যদিও “নতুন অসম গণ পৰিষদে” ৰাজ্যখনৰ শাসনৰ বিষয়ত কোনো গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব পৰা নাই। সাম্প্রতি কালত আঞ্চলিক ৰাজনৈতিক দলসমূহ ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ অংগ হৈ উঠিছে। জাতীয় ৰাজ্যিক আৰু স্থানীয় ৰাজনীতিত আঞ্চলিক দলসমূহে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

বিভিন্ন ৰাজনৈতিক সমস্যাৰ পৰিপ্ৰেক্ষিতত ১৯৮৫ চনৰ শেষ ভাগত “অসম গণ পৰিষদ” নামৰ আঞ্চলিক দল এটাৰ অসমত সৃষ্টি হৈছিল। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ প্ৰায় ছয় বছৰ কাল “অসম ছাত্ৰ সন্থা”ৰ তত্ত্বাবধানত “বিদেশী বহিষ্কাৰ আন্দোলন” চলিছিল। এই আন্দোলনৰ সময়ছোৱাত “ছাত্ৰ সন্থাৰ” সভাপতি আৰু সম্পাদক আছিল ক্রমান্বয়ে প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকন। প্রায় ছয় বছৰ “বিদেশী বহিষ্কাৰ আন্দোলন” চলাৰ পিছত ১৯৮৫ চনৰ আগষ্ট মাহত “অসম চুক্তি” স্বাক্ষৰ কৰা হৈছিল আৰু এই চুক্তি স্বাক্ষৰ হোৱাৰ পিছত “বিদেশী বহিষ্কাৰ আন্দোলন” সাময়িকভাৱে স্থগিত ৰখা হৈছিল। ১৯৮৫ চনৰ অক্টোবৰ মাহত “অসম গণ পৰিষদ” নামৰ আঞ্চলিক ৰাজনৈতিক দলটোৰ জন্ম হৈছিল আৰু পিছত সাধাৰণ নিৰ্বাচনত “অসম গণ পৰিষদে” অসমত চৰকাৰ গঠনৰ সুবিধা পাইছিল।

অসমৰ খিলঞ্জীয়া লোকসকলৰ উপৰিও বিভিন্ন জনগোষ্ঠীৰ লোকৰ পৰা এই দলে সমর্থন লাভ কৰিছিল। অসমীয়া লোকৰ উপৰিও ভৈয়ামৰ জনজাতিৰ লোক, বাগিছাত কাম কৰা বনুৱা, অসমত স্থায়ীভাৱে বসবাস কৰা মুছলমান, বঙালী হিন্দু আৰু বঙালী মুছলমান লোক কিছুমানেও এই দলৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। ফলত নিৰ্বাচনত “অসম গণ পৰিষদে” অসম বিধানসভাৰ ৬৪ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল।

“গণ পৰিষদে” “অসম চুক্তি” কাৰ্যকৰী কৰাৰ ওপৰত বেছি গুৰুত্ব দি আহিছে। এই দায়িত্ব কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ উভয়ে বহন কৰিব লাগিব। কিন্তু, সাম্প্ৰতিক কালত বিভিন্ন কাৰণত “অসম গণ পৰিষদ” আৰু “অসম ছাত্ৰ সন্থা” ৰ মাজত মতভেদৰ সৃষ্টি হোৱা দেখা যায়। ৰাজ্যখনৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত “অসম গণ পৰিষদ” আৰু “অসম ছাত্ৰ সন্থাই নিজৰ নিজৰ দৃষ্টিভংগী সলনি কৰি দেশৰ স্বাৰ্থৰ কাৰণে কাম কৰা উচিত।

১৯৮৫ চনৰ অক্টোবৰ মাহত “অসম গণ পৰিষদ” নামৰ এই আঞ্চলিক দলটোৰ সৃষ্টি হৈছিল। সেই বছৰতে অসমৰ বিধানসভাৰ নির্বাচন অনুষ্ঠিত হৈছিল আৰু এই নিৰ্বাচনত “অসম গণ পৰিষদ” দলে অসম বিধানসভাত নিৰ্‌ংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰাৰ সুবিধা পাইছিল । প্রফুল্ল মহন্তৰ নেতৃত্বত “অসম গণ পৰিষদে” চৰকাৰ গঠন কৰিছিল। “গণ পৰিষদ” চৰকাৰে নিকা, শোষণ-দুৰ্নীতিমুক্ত চৰকাৰ প্ৰতিষ্ঠা কৰিব বুলি আশ্বাস দিছিল। কিন্তু “গণ পৰিষদ” চৰকাৰৰ শাসনকালত শোষণ-দুর্নীতি কমি যোৱাৰ পৰিৱৰ্তে বাঢ়িহে গৈছিল। অসমৰ ভোটাৰ ৰাইজে যি আশাত গণ পৰিষদ দলক চৰকাৰ গঠনৰ ডুবি দিছিল, জনসাধাৰণৰ সেই আশা-আকাংক্ষা চৰকাৰে পূৰণ কৰিব পৰা নাছিল। ইয়াৰ ফলত, “অসম গণ পৰিষদৰ” চৰকাৰৰ প্ৰতি অসমৰ ভোটাৰ ৰাইজৰ আস্থা ক্রমান্বয়ে কমি আহিছিল।

২০০৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ আগমুহূৰ্তলৈকে অসম গণ পৰিষদ দল আৰু ইয়াৰ সহযোগী দলবিলাকে অসমত এইবাৰ চৰকাৰ গঠন কৰাৰ আশা পোষণ কৰিছিল। এই দলৰ সৰহসংখ্যক নেতাই নিৰ্বাচনত সংখ্যাগৰিষ্ঠ আসন লাভ কৰিব বুলি ভাবিছিল। কিন্তু এইবাৰ অসম গণ পৰিষদ দলে বিধানসভাত ২৪ খন আসনহে লাভ কৰিব পাৰিছে। এই দলৰ সহযোগী দলবিলাক নিৰ্বাচনত শোচনীয় ভাৱে পৰাজিত হৈছে। অসম গণ পৰিষদ দলৰ ভিতৰুৱা খেলিমেলি আৰু দলৰ গঠনেও ইয়াৰ অৱস্থা শোচনীয় কৰিছে। অসম গণ পৰিষদ দলত এতিয়াওদলৰ নেতৃত্বৰ সংকট অব্যাহত আছে। এই দলৰ সভাপতি শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী আছিল আৰু এই দলে অসম বিধানসভাত বিৰোধী দলৰ ভূমিকা গ্ৰহণ কৰিছিল।

২০০৯ চনৰ পঞ্চদশ লোকসভাৰ সাধাৰণ নিৰ্বাচনত অসম গণ পৰিষদ দলে ৰাষ্ট্ৰীয় দল ভাৰতীয় জনতা দলৰ সৈতে প্ৰায় নির্বাচনী মিত্ৰতাৰে নিৰ্বাচনত ৬ খন আসনত প্রতিদ্বন্দ্ববিতা কৰি মাত্র এখন আসনত জয়লাভ কৰিবলৈ সক্ষম হয়।

২০১১ চনৰ বিধানসভা নিৰ্বাচনত দলে শ্রী চন্দ্ৰমোহন পাটোৱাৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত ৪ আৰু ১১ এপ্ৰিল তাৰিখত দুটা পৰ্যায়ত নিৰ্বাচনত অংশ গ্রহণ লৰিছিল। কিন্তু এই নিৰ্বাচনত এই দলে শোচনীয় পৰাজয়ৰণ কৰে। এই দলে মাত্র ১০ খন আসনতহে জয়লাভ কৰে।

সমালোচনা : ১৯৮৫ চনৰ নিৰ্বাচনত “অসম গণ পৰিষদে” নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰাৰ সুযোগ পাইছিল। ১৯৯১ চনৰ নিৰ্বাচনত এই দলে পৰাজয়বৰণ কৰি বিৰোধী দলৰ ভূমিকা গ্ৰহণ কৰিছিল। ১৯৯৬ চনৰ নিৰ্বাচনত “অসম গণ পৰিষদ” দলে আন দলৰ সহায়তহে চৰকাৰ গঠন কৰিব পাৰিছিল। ২০০১ চনৰ নিৰ্বাচনত এই দলৰ ভালেমান মন্ত্ৰীপৰ্যায়ৰ লোকে পৰাজয়ৰৰণ কৰিছিল আৰু এই দলে বিৰোধী পক্ষৰ স্থান লাভ কৰিছিল। এই চাৰিটা সাধাৰণ নিৰ্বাচনৰ বিষয়ে বিশ্লষণ কৰিলে দেখা যায় যে “অসম গণ পৰিষদৰ” জনপ্রিয়তা ক্রমান্বয়ে কমি আহিছে। ইয়াৰ কাৰণ হৈছে তলত দিয়া ধৰণৰ —

১) “অসম গণ পৰিষদ” দলৰ বেছিভাগ নেতাই ছাত্র আছিল আৰু “বিদেশী বহিষ্কাৰ আন্দোলনত” অংশ গ্ৰহণ কৰি “গণ পৰিষদ” দলৰ সদস্যভুক্ত হৈছিল। দেশ শাসন কৰাৰ অভিজ্ঞতা তেওঁলোকৰ নাছিল। অৰ্থাৎ ৰাজনীতিত আছিল এই দল সদস্য সকল নতুন।

এনে অৱস্থাত নিজৰ নিজৰ দায়িত্ব দক্ষতাৰে সম্পাদন কৰিব নোৱাৰাত একো আচৰিত হ’ব লগা নাই।

২) দেশ শাসন একপ্ৰকাৰ কলা-বিদ্যাৰ নিচিনা। কলা-বিদ্যাৰ জ্ঞান সকলো ব্যক্তিৰে নথকাৰ নিচিনা “গণ পৰিষদ” দলৰ কিছুমান সদস্যৰো দেশ শাসনৰ অভিজ্ঞতা নাছিল।

৩) ৰাজনীতি কৰা সহজ যদিও ৰাজনীতিবিদ হোৱা সহজ নহয়। ৰাজনীতিবিদ সকলে বৰ্তমানৰ উপৰিও ভৱিষ্যতৰ বিষয়ে চিন্তা কৰে। অৰ্থাৎ ৰাজনীতিবিদ সকলৰ দূৰদৰ্শিতাৰ প্ৰয়োজন। কোনো এটা নীতিয়ে জনসাধাৰণৰ মনৰ ওপৰত কেনে ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে সেই বিষয়ে সতর্ক দৃষ্টি ৰাখিয়ে সিদ্ধান্ত গ্ৰহণ কৰা উচিত। অন্যথাই, ভোটাৰ ৰাইজৰ আস্থা হেৰুওৱাৰ সম্ভাৱনা থাকে। “গণ পৰিষদ” দলে এই দিশৰ ওপৰত গুৰুত্ব দিয়া নাছিল। সেয়েহে, এই দলৰ জনপ্রিয়তা ক্রমান্বয়ে কমি অহা দেখা যায়।

৪) শোষণ আৰু দুৰ্নীতিয়েও এই দলৰ জনপ্ৰিয়তা কমাই অনাত বৰঙনি যোগাইছে। কোনো এজন ব্যক্তি শোষণ, দুর্নীতি আদিত লিপ্ত হৈছে নেকি-সেইটো প্ৰমাণ কৰা টান কাম। কৌটিল্যই অৰ্থশাস্ত্ৰত উল্লেখ কৰা মতে, পানীত সাঁতুৰি থকা মাছে কেতিয়া পানী খায় আৰু কিমান পৰিমাণৰ পানী খায় সেই বিষয়ে প্রমাণ কৰা সহজ নহয়। সেইদৰে কোনো এজন ব্যক্তি শোষণত লিপ্ত হোৱাটো প্ৰমাণ কৰাও টান কাম। তথাপিও, এই দলৰ শাসনকালত শোষণ-দুর্নীতিয়ে যে ঠাই পাইছিল সেই বিষয়ে সন্দেহ নাই।

৫) দলৰ কৃতকার্যতা আৰু ব্যৰ্থতা ভালেখিনি নিৰ্ভৰ কৰে গাঁও ভিত্তিত থকা সংগঠনৰ ওপৰত। এই সংগঠনে নিজৰ নিজৰ অঞ্চলৰ লোকৰ ওপৰত দলীয় প্রভাৱৰ সৃষ্টি কৰাৰ উপৰিও, চৰকাৰ আৰু জনসাধাৰণৰ মাজৰ যোগসুত্ৰ হিচাবেও কাৰ্যনিৰ্বাহ কৰে। কিন্তু, “অসম গণ পৰিষদ” দলৰ গাঁও ভিত্তিত স্থায়ী আৰু শক্তিশালী সংগঠনৰ অভাৱ। গাঁওভিত্তিত শক্তিশালী সংগঠনৰ অভাৱকো এই দলৰ এটা দুৰ্বলতা হিচাপে অভিহিত কৰিব পাৰি।

৬) শেষত, ৰাজ্যখনে সম্মুখীন হোৱা সমস্যা সমাধানত ব্যর্থ হোৱাৰ ফলতো এই দলৰ প্ৰতি জনসাধাৰণৰ আস্থা কমি আহিছে। উগ্রপন্থী সমস্যা সমাধানৰ বিষয়ত ৰাজনৈতিক পদ্ধতি অৱলম্বন নকৰি সৈন্যবাহিনী নিয়োগ কৰা কাৰ্য বহুতে সমৰ্থন কৰিব পৰা নাই। সেইদৰে, বড়ো সকলৰ সমস্যা সমাধান কৰাতো এই দলে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। এইবোৰৰ উপৰিও অর্থনৈতিক অনগ্ৰসৰতা, নিৱনুৱা সমস্যা, বিদেশী প্ৰবজনৰ সমস্যা সমাধান কৰা ব্যর্থ প্রমানিত হোৱাৰ ফলতো এই দলৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে কমি আহিছে। দলৰ সদস্য সকলৰ মাজত সৃষ্টি হোৱা মতভেদেও এই দলৰ জনপ্ৰিয়তা হেৰুওৱাৰ বৰঙনি নোযোগোৱাকৈ থকা নাই।

13. DMK and ADMK.

Ans: ডি.এম.কে আৰু এ.ডি.এম.কে : তামিলনাডুৰ প্ৰধান আঞ্চলিক দল দুটা হৈছে ডি.এম.কে আৰু এ.ডি.এম.কে। ১৯৪৯ চনত আন্নাডুৰাইৰ নেতৃত্বত ডি.এম.কে দল প্রতিষ্ঠা কৰা হৈছিল। দলীয় সংগঠন আৰু প্ৰচাৰ মাধ্যমৰ ওপৰত প্ৰভাৱ থকাৰ কাৰণে আন্নাডুৰাইৰ পিছত এই দলৰ নেতৃত্ব বহন কৰিছিল কৰুণানিধিয়ে। কিন্তু করুণানিধি আৰি চিত্ৰতাৰকা এম.জি. ৰামচন্দ্ৰনৰ মাজত মতভেদৰ সৃষ্টি হোৱাৰ ফলত এই দলত বিভাজনৰ সৃষ্টি হয় আৰু ৰামচন্দ্ৰনৰ নেতৃত্বত এ.ডি.এম.কে নামৰ আন এটা আঞ্চলিক দলৰ সৃষ্টি হয়। ১৯৭২ চনত এই দলটোৰ সৃষ্টি হৈছিল। পিছত এই দলটোক এ.আই.এ.ডি.এম.কে নামে নামাকৰণ কৰা হয়। সাম্প্রতিক কালত এই দল দুটাই তামিলনাডুৰ ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰি আছে। এই দল দুটাই এতিয়াও ব্রাহ্মণ বিৰোধী আৰু উত্তৰ ভাৰত বিৰোধী আদর্শ ত্যাগ কৰা নাই। হিন্দীক ৰাষ্ট্রভাষা হিচাপে জাপি দিয়া নীতিৰো এই দল দুটাই বিৰোধিতা কৰি আহিছে। ৰামচন্দ্ৰনৰ মৃত্যুৰ পিছত এ.আই.এ.ডি.এম.কে দলত বিভাজনে দেখা দিয়ে। এটা ভাগৰ নেতৃত্ব বহন কৰিছিল চিত্রতাৰকা জয়াললিতাই। এই বিভাজনৰ ফলত তামিলনাডুত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হৈছিল আৰু সেয়েহে ৰাষ্ট্ৰপতিৰ শাসন প্ৰয়োগ কৰিবলগা হৈছিল। পিছৰ নিৰ্বাচনত কৰুণানিধিৰ নেতৃত্বত ডি.এম.কে দলে চৰকাৰ গঠন কৰাৰ সুবিধা পাইছিল।

দুটা দলেই তামিলসকলৰ ভাষা-সংস্কৃতি ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিয়ে। এই দলৰ চৰকাৰেই ৰাজ্যখনৰ নাম মাদ্ৰাজৰ পৰিৱৰ্তে তামিলনাডু কৰিছে। বিখ্যাত তামিল লেখক কিছুমানৰ মৰ্যাদাও এই দল দুটাই বৃদ্ধি কৰিছে আৰু ধৰ্মগ্ৰন্থ সমূহৰ ভিতৰত তামিল বেদক সন্মানজনক আসন দিছে। কিন্তু একমাত্র স্থানীয় ভাষা আৰু লোকৰ উন্নতিৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত আন দিশত এই ৰাজ্য বিশেষ ভাৱে আগবাঢ়িব পৰা নাই।

দুটা দলেই সমাজবাদী আৰু গণতান্ত্রিক দৃষ্টিভংগী সমৰ্থন কৰে। দুখীয়া আৰু সমাজৰ পিছ পৰা শ্ৰেণীৰ লোকৰ উন্নতিৰ ওপৰত দুটা দলেই গুৰুত্ব দিয়ে। ভূমিৰ উচ্চতম সীমা নিৰ্ধাৰণ কৰা, সামগ্ৰীৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ প্ৰত্যাহাৰ কৰা, পিছ পৰা শ্ৰেণীৰ লোকৰ প্রতি সহায়-সহযোগিতা আগবঢ়োৱা, লেতেৰা অঞ্চল সমূহ পৰিষ্কাৰ কৰা, গাঁও অঞ্চলৰ লোকৰ কাৰণে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰা আদি নীতিৰ প্ৰতি দুটা দলৰ সমৰ্থন আছে। কৃষক শ্ৰেণীৰ লোকক আর্থিক সাহায্য দিয়া আৰু ঋণদান কৰাৰ উদ্দেশ্যে এই চৰকাৰে প্রয়োজনীয় বিধি-বিধান ৰচনা কৰিছে। স্থানীয় লৰা ছোৱালীক দুপৰীয়াৰ আহাৰ যোগান ধৰা, বৃদ্ধ সকলক পেন্সন দিয়া, শাৰী বিতৰণ কৰা আদি নীতিও এই চৰকাৰে গ্ৰহণ কৰিছে। দুটা দলেই উচ্চ শ্ৰেণীৰ অ-ব্ৰাহ্মণ লোকৰ সমৰ্থনৰ ওপৰত গুৰুত্ব দি আহিছে। জমিদাৰ শ্ৰেণীৰ লোকৰ ভূ-সম্পত্তিৰ নিৰাপত্তা দিয়া নীতিও দুটা দলেই সমৰ্থন কৰে। প্রয়াত মুখ্যমন্ত্ৰী ৰামচন্দ্ৰন আৰু জয়ললিতা চিত্রতাৰকা হোৱাৰ কাৰণে চিনেমাপ্রেমী সকলৰ পৰা এ.আই.ডি.এম.কে দলে সমর্থন লাভ কৰি আহিছে। অৱশ্যে সামাজিক কল্যাণমূলক আঁচনিৰ পৰা উপকাৰ পোৱা দুখীয়া শ্ৰেণীৰ লোকৰ পৰাও এই দলে সমর্থন পাই আহিছে।

14. Janata Dal.

Ans: জনতা দল বা জনতা পার্টি : জনসংঘ, ভাৰতীয় লোকদল, সাংগঠিনক কংগ্ৰেছৰ পৰা ওলাই অহা সদস্য সকল আৰু সমাজবাদী দলসমূহৰ সন্মিলনত ১৯৭৭ চনত ভাৰতৰ ৰাজনৈতিক মঞ্চত এটা নতুন দলৰ উৎপত্তি হয়। এই দলটোৱে “জনতা দল” নাম গ্রহণ কৰে, এই দলটোৱে সৰ্বভাৰতীয় দল হিচাপে স্বীকৃতি লাভ কৰে। এই দলে ১৯৭৭ চনৰ ষষ্ঠ সাধাৰণ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা অর্জন কৰি কংগ্ৰেছৰ ত্ৰিছ বছৰীয়া শাসনৰ অৱসান ঘটাই কেন্দ্ৰত ক্ষমতা দখল কৰে।

জয়প্রকাশ নাৰায়ণৰ নেতৃত্বত জনতা দলে নিৰ্বাচনত অৱতীর্ণ হয়। জনতা দলে নির্বাচনত দলৰ লক্ষ্য আৰু উদ্দেশ্যেৰ বিষয়ে ঘোষণা কৰে যে জনতা দল গণতন্ত্র, স্বাধীনতা আৰু জনসাধাৰণৰ ক্ষমতাৰ সমৰ্থক। এই দল একনায়কত্ববাদৰ ঘোৰ বিৰোধী। দলৰ উদ্দেশ্যে ঘোষণা কৰি কয় যে পূৰ্বৰ চৰকাৰৰ আমোলত জনসাধাৰণৰ যি অধিকাৰ খৰ্ব হৈছে তাক পুনৰ উদ্ধাৰ, সংবাদ পত্ৰ আৰু আদালতৰ স্বতন্ত্ৰতা পুনৰ বাহাল আৰু জনস্বাৰ্থ পৰিপন্থী সকলো ক’লা আইন বাতিলকৰণৰ প্ৰচেষ্টা কৰা। ক্ষমতা লাভ কৰিলে দহ বছৰৰ ভিতৰত নিৱনুৱা সমস্যাৰ অৱসান, গ্রাম্য ভিত্তিত শিল্পোন্নয়ন, গাঁৱলীয়া কুটীৰ শিল্পৰ প্ৰসাৰ প্ৰভৃতি দলৰ ঘোষণাৰ অন্তৰ্গত। ইয়াৰ আন – এটা লক্ষ্য হ’ল মহাত্মা গান্ধীৰ আদৰ্শক অনুসৰণ কৰি সংস্কাৰৰ জৰিয়তে সৰ্বাংগীণ উন্নতিৰ মাধ্যমেৰে সমাজবাদ প্রতিষ্ঠা কৰা। জাতীয় সংহতি, দ্রব্যমূল্য নিয়ন্ত্রণ, নিৱনুৱা সমস্যা সমাধান, আন্তর্জাতিক ক্ষেত্ৰত সকলো ৰাষ্ট্ৰৰ লগতে শান্তি-সম্প্রতি বর্ধন প্ৰভৃতিৰ ওপৰত এই দলে বিশেষ গুৰুত্ব আৰোপ কৰে।

১৯৭৭ চনৰ মাৰ্চ মাহত লোকসভাৰ (ষষ্ঠ) সাধাণ নিৰ্বাচনত জনতা দলে একক সংখ্যাগৰিষ্ঠ আসন লাভ কৰি ক্ষমতাত অধিষ্ঠিত হয়। তেতিয়াৰে পৰা জনতা দলৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাবলৈ ধৰে। বহু বিশিষ্ট কংগ্ৰেছী আৰু অ-কংগ্ৰেছী লোকে এই দলৰ সভ্যপদ গ্রহণ কৰে। কিন্তু দুই বছৰ কাল পাৰ হোৱাৰ লগে লগে বিভিন্ন দলৰ সমন্বয়ত গঠিত জনতা দলৰ ভিতৰত অন্তৰ্দ্ধন্বব আৰম্ভ হয়। দলৰ ভিতৰত উপদলীয় চক্ৰই গা কৰি উঠে। জনতা দলৰ বিশিষ্ট নেতা চৌধুৰী চৰণ সিঙৰ নেতৃত্বত লোকদল আৰু অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত ভাৰতীয় জনতা দলৰ আত্মপ্ৰকাশ হয়।

15. Bharatiya LokDal. 

Ans: ভাৰতীয় লোকদল : চৌধুৰী চৰণ সিঙৰ নেতৃত্বত ভাৰতৰ বিভিন্ন ৰাজনৈতিক দলৰ কিছুমান সদস্য লগ লাগি এটা সৰ্বভাৰতীয় ৰাজনৈতিক দল গঠন কৰিছিল। এই দলটোক ভাৰতীয় লোকদল হিচাপে নামকৰণ কৰা হৈছিল। এই দলে মহাত্মা গান্ধীৰ আদৰ্শ সম্পর্কে কাৰ্যকৰী কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই দলে সমাজতান্ত্রিক সমাজ গঠনৰ ওপৰত গুৰুত্ব দিব বুলি উল্লেখ কৰি দলৰ ইস্তাহাৰত প্ৰকাশ কৰিছিল।

১৯৮০ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত এই দলে নিজৰ ৰাজনৈতিক, সামাজিক আৰু অর্থনৈতিক আদৰ্শ আৰু লক্ষ্যৰ কথা ঘোষণা কৰে। এই দল দেশৰ স্বাৰ্থত সামাজিক পৰিৱৰ্তনত বিশ্বাসী। ইয়াৰ মুখ্য লক্ষ্য হ’ল দৰিদ্ৰ, পিছপৰা কৃষক, শ্রমিক সকলৰ সৰ্বাংগীণ উন্নতি বিধান কৰা, নিকা প্ৰশাসনৰ ব্যৱস্থা কৰা, ৰাজনীতিবি সকলৰ মাজৰ পৰা দুৰ্নীতি মষিমূৰ কৰা, আইন-শৃংখলা সু-সংবদ্ধ কৰা, ন্যায়িক ব্যৱস্থাৰ সংস্কাৰ সাধন, ক্ষমতা বিকেন্দ্রীকৰণ, আন্ত:ৰাজ্যিক পৰিষদৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ বিবাদ নিষ্পত্তি কৰা  ইত্যাদি। বৈদেশিক ক্ষেত্ৰত এই দলে গোষ্ঠীনিৰপেক্ষ নীতি সমৰ্থন কৰে আৰু আলাপ-আলোচনাৰ জৰিয়তে বিশ্ব শান্তি স্থাপনত আস্থা প্রকাশ কৰে।

লোকদল দেশৰ আৰ্থ-সামাজিক পৰিৱৰ্তনত বিশ্বাসী। অর্থনৈতিক পৰিকল্পনাৰ জৰিয়তে জনসাধাৰণক নিম্নতম প্রয়োজনীয়তাখিনি যোগান ধৰা, অপ্রয়োজনীয় বা বিলাসিতাপূর্ণ বয়-বস্তু বোৰ নিষিদ্ধ কৰা, ক্ষুদ্ৰ আৰু মজলীয়া শিল্পৰ উৎপাদনত জোৰ দিয়া, নিৱনুৱা সমস্যা দূৰীকৰণ, গাঁৱলীয়া কৃষিজীৱি সকলৰ কল্যাণৰ অৰ্থে ভূমি ব্যৱস্থাৰ সংস্কাৰ সাধন কৰা ইত্যাদি দলৰ প্ৰধান উদ্দেশ্যে আৰু মুখ্য লক্ষ্য বুলি কোৱা হৈছে।

সামাজিক উন্নয়নৰ ক্ষেত্ৰত এই দলে মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। অনুসূচিত জাতি আৰু জনজাতিৰ উন্নতি সাধন, বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ সম্প্ৰসাৰণৰ জৰিয়তে দেশৰ অগ্ৰগতি লাভ কৰা ইয়াৰ আন এটা লক্ষ্য। শিক্ষা ব্যবস্থা যাতে ৰাজনীতিৰ বাহিৰত থাকি জনসধাৰণৰ নৈতিক চৰিত্ৰ গঠনৰ সহায়ক হ’ব পাৰে তাৰ ওপৰত ই গুৰুত্ব আৰোপ কৰে।

লোকদলৰ সদস্য সকল মহাত্মা গান্ধী প্রবর্তিত আদৰ্শৰ ওপৰত বিশেষ আস্থাবান। মহাত্মা গান্ধী প্রবর্তিত সমাজবাদী ব্যৱস্থা প্ৰৱৰ্তনৰ পক্ষপাতী যদিও, এই দলৰ আদৰ্শ আৰু লক্ষ্য কংগ্ৰেছ দল বা জনতা দলৰ লক্ষ্য আৰু উদ্দেশ্যেৰ লগত প্রায় মিল থকা দেখা যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top