Philosophical Foundations of Education Unit 5 পাঠ্য়ক্ৰম

Philosophical Foundations of Education Unit 5 Curriculum | পাঠ্য়ক্ৰম Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Philosophical Foundations of Education Unit 5 Curriculum | পাঠ্য়ক্ৰম to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Philosophical Foundations of Education Unit 5 Curriculum | পাঠ্য়ক্ৰম Question Answer can be of great value to excel in the examination.

Philosophical Foundations of Education Unit 5 পাঠ্য়ক্ৰম

Join Telegram channel

Philosophical Foundations of Education Unit 5 Curriculum | পাঠ্য়ক্ৰম Notes cover all the exercise questions in UGC Syllabus. The Philosophical Foundations of Education Unit 5 Curriculum | পাঠ্য়ক্ৰম provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

পাঠ্য়ক্ৰম

EDUCATION

PHILOSOPHICAL FOUNDATION OF EDUCATION

শিক্ষাৰ দাৰ্শনিক ভিত্তি

Very Short Question:

প্ৰশ্নঃ 1. লেটিন ভাষাৰ কোনটো শব্দৰ ‘Curriculum’ শব্দটো উত্পত্তি হৈছিল? 

উত্তৰঃ “Currer’ শব্দৰ পৰা । 

প্ৰশ্নঃ 2. “Currer” শব্দৰ অৰ্থ কি ? 

উত্তৰঃ ‘Race Course’ বা দৌৰা । 

প্ৰশ্নঃ 3. পাৰ্চি নানৰ মতে পাঠ্য়ক্ৰম কি ? 

উত্তৰঃ চাৰ পাৰ্চিনানৰ মতে, “শিক্ষাৰ প্ৰধান লক্ষ্য় হৈছে শিশুৰ ব্য়ক্তিত্বক সুস্থভাৱে গঢ় দিয়া । গতিকে শিশুৰ ব্যক্তিত্বক শক্তিশালী কৰি গঢ়ি তুলিবৰ বাবে, শিশুৰ স্ফাভাৱিক অনুৰাগ আৰু অভিৰুচি চৰিতাৰ্থ কৰিবৰ বাবে পাঠ্য়ক্ৰমৰ যোগেদি সুবিধা দিব লাগে ।” তেওঁৰ মতে, “মানৱীয় জীৱনশক্তি আত্ম-প্ৰকাশ কৰি উঠিব পৰা আৰু সমগ্ৰ পৃথিৱীৰ অধিকস্থায়িত্বশালভাৱে তাত্পৰ্যপূৰ্ণ হৈ উঠা সকলোবিধ ক্ৰিয়া অভিজ্ঞতাৰ দৃষ্টিকোণৰ পৰাহে পাঠ্য়ক্ৰমক নিৰীক্ষণ কৰিব লাগে ।” 

(The curriculum should be viewed as various forms of activity that the grand expression of the human spirit and that are of the greatest and most permanent significance to the whole world- Percy Nunn) 

প্ৰশ্নঃ 4. ক্ৰো আৰু ক্ৰোৰ মতে পাঠ্য়ক্ৰম কি ? 

উত্তৰঃ ক্ৰো আৰু ক্ৰোৰ মতে পাঠ্য়ক্ৰমে স্কুলৰ বাহিৰে-ভিতৰে শিক্ষাৰ্থীৰ সেই সকলোবোৰ কাৰ্যসূচীকেই আন্তৰ্ভুক্ত কৰে যিসমূহ কেওঁৰ দৈহিক, মানসিক, আৱেগিক, সামাজিক, আধ্যাত্মিক আৰু নৈতিক বিকাশৰ বাবে সহায়ক হ’ব পাৰে ।” 

(Curriculum includes all the learner’s experiences in or outside school that are included in a programme which has been devised to help him to develop mentally, physically emotionally, socially, spiritually and morally- Crow and Crow) 

প্ৰশ্নঃ 5. সংকীৰ্ণ অৰ্থত পাঠ্য়ক্ৰমক কি বুলি কোৱা হয় ? 

উত্তৰঃ Course of Studies বা নিৰ্ধাৰিত পাঠ্য়কেৰম বুলি কয় । 

প্ৰশ্নঃ 6. কানিংহামৰ মতে পাঠ্য়ক্ৰম কি ? 

উত্তৰঃ কানিংহানৰ মতে, “পাঠ্য়ক্ৰম হ’ল শিল্পীৰ (শিক্ষক) হাতৰ মূল আহিলা যাৰ দ্বাৰা উত্পাদন (শিক্ষাৰ্থী) চিত্ৰবনৰ (বিদ্য়ালয়) আদৰ্শ অনুসৰি (লক্ষ্য় আৰু উদ্দেশ্য়) গঢ়ি তোলা হয় ।”

(Curriculum is a tool in the hands of the artist (teacher) to mold his material (pupils) according to his ideals (aims and objectives) in his studio (School Cunningham) 

প্ৰশ্নঃ 7. ফ্ৰ’বেলৰ মতে পাঠ্য়ক্ৰম কি ? 

উত্তৰঃ ফ্ৰ’বেলৰ মতে, “মানৱ জাতিৰ সমগ্ৰ জ্ঞান অভিজ্ঞতাৰে সাৰাংস স্ফৰূপ অৱস্থাকেই পাঠ্য়ক্ৰম স্বৰূপ বিবেচনা কৰিব পাৰি ।” (Curriculum should be conceived as an epitome of the rounded whole of the knowledge and experience of human race- Froebel) 

প্ৰশ্নঃ 8. পাঠ্য়ক্ৰম ৰচনাৰ এটা নীতি উল্লেখ কৰা । 

উত্তৰঃ জীৱনৰ লগত পাঠ্য়ক্ৰমৰ সংগতি থাকিব লাগে । 

প্ৰশ্নঃ 9. পৰম্পৰাগত পাঠ্য়ক্ৰম কাক বোলে ? 

উত্তৰঃ বিষয়কেন্দ্ৰিক পাঠ্য়ক্ৰমকে পৰম্পৰাগত পাঠ্য়ক্ৰম বোলে । 

প্ৰশ্নঃ 10. টি. ৰেমন্টৰ মতে পাঠ্য়ক্ৰম কি ? 

উত্তৰঃ টি. ৰেমন্টৰ মতে, “পাঠ্য়ক্ৰম হ’ল এখন সমাজৰ ভাৱধাৰা, আশা-আকামক্ষাৰ বহিপ্ৰকাশহে, ব্য়ক্তিবিশেষৰ নহয় । গতিকে ল’ৰা-ছোৱালীক যি শিকোৱা হ’ব সেই বিষয়ে এখনবহল আঁচনি দাঙি ধৰাত সমাজখনৰ অধিকাৰ আছে  আৰু সেইটো কৰিবলৈ হ’লে সেই দিশত জড়িত গুণী-জ্ঞাণী আৰু অভিজ্ঞ লোকসকলৰ পৰামৰ্শ ল’ব লাগিব ।’ (Curriculum is the outward expression of ideas and aspirations of a community, not of an individual and the community haas the right to lay down the broad outlines which instruction shall follow in its schools with fye deference to the opinion of the professional elements as to what constitutes suitable mental food for children. -T. Raymont) 

প্ৰশ্নঃ 11. উগলে আৰু ইভাচৰ মতে, পাঠ্য়ক্ৰম কি ? 

উত্তৰঃ উগলে (Neagley) আৰু ইভানচৰ মতে, “শিক্ষাৰ্থীক শিক্ষণৰ বাঞ্চিত ফলাফল পাৰ্যমানে আয়ত্ত কৰিবৰ কাৰণে বিদ্যালয়ে সুবিধা কৰি দিয়া সমূহ পৰিকল্পিত অভিজ্ঞতাকে পাঠ্য়ক্ৰম বুলি ক’ব পাৰি।” (Curriculum should be defined as all of the planned experiences provided by the school to assist pulish in attaining the designated learning outcomes to the best of their abilities. – Weagley and Evans) 

প্ৰশ্নঃ 12. মনৰোৰ মতে পাঠ্য়ক্ৰম কি ? 

উত্তৰঃ মনৰোৰ মতে, “শিক্ষাৰ লক্ষ্য় পূৰণৰ বাবে বিদ্যালয়ে সদ ব্যৱহাৰ কৰা সকলো অভিজ্ঞতাকেই পাঠ্য়ক্ৰমত অন্তৰ্ভুক্ত কৰিব পাৰি ।” (Curriculum embodies all the experiences which utilised by the school to attain the aims of education. -Monroe) । মনোৰোৱে আকৌ কৈছে- “Curriculum is but the epitomized representation to the child of the cultural inheritance of the rance ।” বিখ্যাত সমাজবাদী দাৰ্শনিক জন ডিউইৰ মতে, “পাঠ্য়ক্ৰম নিৰ্ধাৰণৰ ক্ষেত্ৰত শিশুৰ মানত্তাত্ববিক প্ৰকৃতিয়ে প্ৰাধান্য় পাব লাগে ।” (The psychological nature of child must receive priority in the formulation of curriculum. – John Dewey) 

প্ৰশ্নঃ 13. হনিৰ মতে পাঠ্য়ক্ৰম কি ? 

উত্তৰঃ হনিৰ মতে, “পাঠ্য়ক্ৰমে শিক্ষণ ক্ৰিয়াৰ বাহিৰেও আনেক বিষয় অন্তৰ্ভুক্ত কৰে । শিক্ষাৰ্থীৰ কাৰ্যকলাপ, উত্পাদন প্ৰক্ৰিয়া, কৃতিত্ব মানসিক অনুশীলন, কৰ্মতত্পৰতা সকলো দিশ পাঠ্য়ক্ৰমে সামৰি লয় ।” (Curriculum involves more than the act of learning and quiet study, It involves occupation, production, achievements, exercise, activity etc. – Horne) 

প্ৰশ্নঃ 14. সহঃ পাঠ্য়ক্ৰমিক কাৰ্যাৱলী বুলিলে কি বুজা ? 

উত্তৰঃ সামাজিক জীৱনত নিজকে প্ৰতিষ্ঠা লাভ কৰিবৰ বাবে বিদ্যালয়ৰ পাঠ্য়পুথিৰ বিষয়সমূহৰ জ্ঞানৰ উপৰি শাৰীৰিক, মানসিক উন্নতিৰ বাবে শিক্ষাৰ্থীৰ খেলা-ধূলা, নৃত্য়, গীত, তৰ্ক, সাহিত্য়-চৰ্চা, শৰীৰ-চৰ্চা আদিৰ প্ৰয়োজন আৰু এই গোটেই বিষয়বোৰকেই সহঃপাঠ্য়ক্ৰমিক কাৰ্যাৱলী বোলে । 

প্ৰশ্নঃ 15. এক প্ৰকাৰৰ সহঃপাঠ্য়ক্ৰমৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ শাৰীৰিক বিকাশৰ বাবে কাৰ্যসূচী । 

প্ৰশ্নঃ 16. সাংস্কৃতিক আৰু নন্দনতাত্ত্বিক সহঃপাঠ্য়ক্ৰমিক কাৰ্যাৱলীৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ লোকনৃত্য় বা অভিনয়ৰ চৰ্চা । 

প্ৰশ্নঃ 17. পেইনৰ মতে পাঠ্য়ক্ৰম কি ?  

উত্তৰঃ পেইনৰ মতে, “এখন বিদ্যালয়ে ছাত্ৰৰ ব্যক্তিত্বৰ বিকাশ কৰিবৰ বাবে আৰু তেওঁলোকৰ আচৰণৰ পৰিৱৰ্তন সাধনৰ বাবে নিৰ্বাচন কৰিব পৰা আৰু সচেতনভাৱে সংগঠন কৰিব পৰা সকলোবোৰ পৰিস্থিতিয়েই হৈছে পাঠ্য়ক্ৰম।” (Curriculum consisted of all the Situations the school may select and consciously organize for the purpose of developing the personality of its pupils and for making behavioral changes in them- Payne) 

প্ৰশ্নঃ 18. ভাৰতীয় শিক্ষা আয়োগৰ প্ৰতিবেদনৰ মতে পাঠ্য়ক্ৰম কি ? 

উত্তৰঃ ১৯৬৪-৬৬ চনৰ ভাৰতীয় শিক্ষা আয়োগৰ প্ৰতিবেদন মতে, “বিদ্য়ালয়ে নিজৰ তত্ত্বাৱধানত ছাত্ৰ-ছাত্ৰীক ইয়াৰ ভিতৰত আৰু বাহিৰত আয়ত্ত কৰিবলৈ সুবিধা কৰি দিয়া বিভিন্ন কাৰ্যৰ আটাইবিলাক শৈক্ষিক অভিজ্ঞতাকে সামূহিকভাৱে পাঠ্য়ক্ৰম বুলিব পাৰি ।”  (We conceive of the school curriculum as the totality of learning experience that the school provides for the pulis through all the manifold activities in the school or outside that are carried on under its supervision. – Kothari Commission, 1964-66) 

প্ৰশ্নঃ 19. ফ্ৰেংকলিন ৰবিটৰ মতে পাঠ্য়ক্ৰম কি ? 

উত্তৰঃ ফ্ৰেংকলিন ব’বিট (Franklin Bobbill)ৰ মতে “Curriculum is the entire range of experiences, both directed and undirected, concerned in unfolding the abilities of the individuals.” 

প্ৰশ্নঃ 20. সহঃপাঠ্য়ক্ৰমিক কাৰ্যাৱলীৰ এটা প্ৰয়োজনীয়তা উল্লেখ কৰা । 

উত্তৰঃ শিক্ষাৰ্থীৰ মানসিক উতিকৰ্ষ সাধন আৰু তৃপ্তি লাভ । 

প্ৰশ্নঃ 21. পাঠ্য়ক্ৰম মানে কি বুজা ? 

উত্তৰঃ পাঠ্য়ক্ৰম মানে হ’ল এটা নিৰ্দিষ্ট লক্ষ্য়ত উপনীত হোৱাৰ বাবে সজাই লোৱা পাঠৰ জোট বা গতি । 

প্ৰশ্নঃ 22. পাঠ্য়ক্ৰমৰ প্ৰকৃত অৰ্থ কি ? 

উত্তৰঃ পাঠ্য়ক্ৰমৰ প্ৰকৃত অৰ্থ হ’ল নিশ্চিত লক্ষ্য়ত উপনীত হোৱাৰ অৰ্থে দৌৰিবলৈ লোৱা কিছু আহিলা । 

প্ৰশ্নঃ 23. পাঠ্য়ক্ৰমৰ এটা দোষ লিখা । 

উত্তৰঃ বৰ্তমান শিক্ষা ব্যৱস্থাৰ পাঠ্য়ক্ৰমৰ এটা দোষ হ’ল, ই পুথিগত বিদ্যাত গুৰুত্ব আৰোপ কৰে।

Short Question:  

প্ৰশ্নঃ 1. পাঠ্য়ক্ৰম প্ৰস্তুতিৰ দুটা নীতি উল্লখ কৰা । 

উত্তৰঃ পাঠ্য়ক্ৰম প্ৰস্তুতিৰ দুটা নীতি হ’ল- 

১) পাঠ্য়ক্ৰম মনোবৈজ্ঞানিক সত্য়ৰ ওপৰত প্ৰতিষ্ঠিত হ’ব লাগে । 

২) পাঠ্য়ক্ৰম ব্যক্তিগত বৈষম্য়ৰ প্ৰতি সজাগ হ’ব লাগে । 

প্ৰশ্নঃ 2. মনৰোৰ মতে পাঠ্য়ক্ৰম কি ? 

উত্তৰঃ মনৰোৰ মতে, “শিক্ষাৰ লক্ষ্য় পূৰণৰ বাবে বিদ্যালয়ে সদ ব্যৱহাৰ কৰা সকলো অভিজ্ঞতাকেই পাঠ্য়ক্ৰমত অন্তৰ্ভুক্ত কৰিব পাৰি ।” (Curriculum embodies all the experiences which utilised by the school to attain the aims of education. -Monroe) । মনোৰোৱে আকৌ কৈছে- “Curriculum is but the epitomized representation to the child of the cultural inheritance of the rance ।” বিখ্যাত সমাজবাদী দাৰ্শনিক জন ডিউইৰ মতে, “পাঠ্য়ক্ৰম নিৰ্ধাৰণৰ ক্ষেত্ৰত শিশুৰ মানত্তাত্ববিক প্ৰকৃতিয়ে প্ৰাধান্য় পাব লাগে ।” (The psychological nature of child must receive priority in the formulation of curriculum. – John Dewey) 

প্ৰশ্নঃ 2. ১৯৫২-৫৩ চনৰ মুডালিয়াৰ আয়োগে পাঠ্য়ক্ৰমৰ সংজ্ঞা কেনেধৰণে আগবঢ়াইছে ? 

উত্তৰ- বিদ্য়ালয় আৰু ইয়াৰ শ্ৰেণীকক্ষসমূহ, পুথিভঁৰাল, প্ৰয়োগশালা, কাৰখানা, খেলপথাৰ আৰু অন্য়ান্য় বিবিধ ক্ষেত্ৰত ছাত্ৰ-শিক্ষকৰ সংস্পৰ্শত ছাত্ৰই লাভ কৰা বহুমুখী ক্ৰিয়াৰ সামূহিক অভিজ্ঞতাকেই পাঠ্য়ক্ৰমত অন্তৰ্ভুক্ত কৰা হয় । 

প্ৰশ্নঃ 3. পাঠ্য়ক্ৰমৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা। 

উত্তৰঃ পাঠ্য়ক্ৰমৰ দুটা প্ৰয়োজনীয়তা হৈছে- 

১) শিক্ষাৰ লক্ষ্য় উদ্দেশ্য় যিয়েই নহওঁক কিয়, তাক কাৰ্যকৰী কৰি তুলিব পৰা হয় কেৱল মাথোঁ পাঠ্য়ক্ৰমৰ ক্ৰিয়া আঁচনিৰ যোগেদিহে । 

২) পাঠ্য়ক্ৰমে শিক্ষকৰ শিক্ষাদান আৰু শিক্ষাৰ্থীৰ শিক্ষাগ্ৰহণৰ দিশত পথ প্ৰদৰ্শক স্বৰূপে কাম কৰে । শিক্ষাত উভয়ৰে নিজ নিজ ভূমিকা পাঠ্য়ক্ৰমে নিৰ্ধাৰণ কৰে । 

প্ৰশ্নঃ 4. শিশুকেন্দ্ৰিক পাঠ্য়ক্ৰমৰ দুটা মূল বৈশিষ্ট্য় লিখা । 

উত্তৰঃ শিশুকেন্দ্ৰিক পাঠ্য়ক্ৰমৰ দুটা মূল বৈশিষ্ট্য় হ’ল- 

১) শিশুকেন্দ্ৰিক পাঠ্য়ক্ৰমৰ প্ৰধান বৈশিষ্ট্য় হ’ল যে ইয়াৰ মাধ্য়ম হ’ল খেলা । 

২) পাঠ্য়ক্ৰমৰদ্বাৰা শিশুৰ অন্তনিহিত যোগ্য়তা আৰু প্ৰতিভাসমূহ প্ৰকাশ লাভ কৰিবলৈ স্বাধীনতা প্ৰদান । 

প্ৰশ্নঃ 5. ক্ৰিয়া ভিত্তিক পাঠ্য়ক্ৰমৰ দুটা উদাহৰণ দিয়া । 

উত্তৰঃ ক্ৰিয়া ভিত্তিক পাঠ্য়ক্ৰমৰ দুটা উদাহৰণ হ’ল- 

১) ৰুছোৰ স্বভাৱসুলভ প্ৰাকৃতিক শিক্ষা আৰু বাস্তৱ অভিজ্ঞতা শিশুক প্ৰদান । 

২) মন্টেশ্বৰীৰ ইন্দ্ৰিয় অনুশীলনৰ যোগে হাতে-কামে কৰা প্ৰত্য়েক্ষ শিক্ষা । 

প্ৰশ্নঃ 6. সহপাঠ্য়ক্ৰমিক কাৰ্যাৱলীৰ দুটা উপযোগিতা লিখা । 

উত্তৰঃ সহপাঠ্য়ক্ৰমিক কাৰ্যাৱলীৰ দুটা উপযোগিতা হ’ল- 

১) সহপাঠ্য়ক্ৰমিক কাৰ্যসমূহে ছাত্ৰ-ছাত্ৰীৰ সামাজিক জীৱনৰ বাবে প্ৰয়োজন হোৱা বহল পৰিসৰৰ অভিজ্ঞতা প্ৰদান কৰিব পাৰে । 

২) সহপাঠ্য়ক্ৰমিক কাৰ্যসমূহে ছাত্ৰ-ছাত্ৰীৰ দেহ-মানসিক স্বাস্থ্য় ৰক্ষা কৰি সুস্থ দেহত সুস্থ মন গঢ় দি তোলাত সহায় কৰিব পাৰে । 

প্ৰশ্নঃ 7. যিকোনো দুটা পাঠ্য়ক্ৰমৰ সংজ্ঞা দিয়া । 

উত্তৰঃ চাৰ পাৰ্চি নানৰ মতে, “শিক্ষাৰ প্ৰধান লক্ষ্য হৈছে শিশুৰ ব্যক্তিত্বক সুস্থভাৱে গঢ় দিয়া । গতিকে শিশুৰ ব্যক্তিত্বক শক্তিশালী কৰি গঢ়ি তুলিবৰ বাবে, শিশুৰ স্বাভাৱিক অনুৰাগ অভিৰুচি চৰিতাৰ্থ কৰিবৰ বাবে পাঠ্য়ক্ৰমৰ যোগেদি সুবিধা দিব লাগে।” তেওঁৰ মতে, “মানৱীয় জীৱনশক্তি আত্ম-প্ৰকাশ কৰি উঠা সকলোবিধ ক্ৰিয়া অভিজ্ঞতাৰ অধিক স্থায়িত্বশীলভাৱে তাত্পৰ্যপূৰ্ণ হৈ উঠা সকলোবিধ ক্ৰিয়া অভিজ্ঞতাৰ দৃষ্টিকোণৰ পৰাহে পাঠ্য়ক্ৰমত নিৰীক্ষণ কৰিব লাগে ।” 

(The curriculum should be viewed as various forms of activity that the grand expression of the human spirit and that are of the greatest and most permanent significance to the whole world- Percy Nunn) 

ক্ৰো আৰু ক্ৰোৰ মতে পাঠ্য়ক্ৰমে স্কুলৰ বাহিৰে-ভিতৰে শিক্ষাৰ্থীৰ সেই সকলোবোৰ কাৰ্যসূচীকেই আন্তৰ্ভুক্ত কৰে যিসমূহ কেওঁৰ দৈহিক, মানসিক, আৱেগিক, সামাজিক, আধ্যাত্মিক আৰু নৈতিক বিকাশৰ বাবে সহায়ক হ’ব পাৰে ।” 

(Curriculum includes all the learner’s experiences in or outside school that are included in a programme which has been devised to help him to develop mentally, physically emotionally, socially, spiritually and morally- Crow and Crow) 

প্ৰশ্নঃ 8. যিকোনো দুটা পাঠ্য়ক্ৰমৰ প্ৰকৃতিবোৰ লিখা । 

উত্তৰঃ পাঠ্য়ক্ৰমৰ প্ৰকৃতি (Nature of Curriculum) পাঠ্য়ক্ৰমৰ প্ৰকৃতিবোৰ তলত উল্লেখ কৰা ধৰণৰ- 

১) পাঠ্য়ক্ৰম হৈছে শিক্ষাৰ আৰ্হি তথা আহিলা স্বৰূপ । পাঠ্য়ক্ৰম অবিহনে আনুষ্ঠানিক শিক্ষাৰ কথা চিন্তাই কৰিব নোৱাৰি । 

২) পাঠ্য়ক্ৰম হৈছে শিক্ষাৰ ব্যৱস্থাৰ এক অবিচ্ছেদ্য় আংগ। ই হৈছে শিক্ষাৰ উদ্দেশ্যক বাস্তবায়িত কৰাৰ মূল বিন্দু স্বৰূপ । 

প্ৰশ্নঃ 5. যিকোনো দুটা পাঠ্য়ক্ৰমৰ প্ৰয়োজনীয়তা আৰু তাত্পৰ্য উল্লেখ কৰা । 

উত্তৰঃ পাঠ্য়ক্ৰমৰ প্ৰয়োজনীয়তা আৰু তাত্পৰ্য হ’ল- 

ক) শিক্ষাৰ দৰ্শনক বাস্তৱায়য়িত কৰি তোলাৰ পাঠ্য়ক্ৰমে সহায় ৰে । ই শিক্ষাৰ দৰ্শনক এক ভ্য়ৱহাৰিক ৰূপদান কৰাত বিশেষ ভূমিকা পালন কৰে । 

খ) পাঠ্য়ক্ৰমে আমাৰ শিক্ষাৰ লক্ষ্য়ক বাস্তৱায়িত কৰি তোলে । পাঠ্য়ক্ৰমৰ সহায়তহে শিক্ষাৰ লক্ষ্য়ক শৈক্ষিক ৰূপদান কৰাত সহায় কৰে । 

প্ৰশ্নঃ 6. পাঠ্য়বিষয় বুলিলে কি বুজা ? 

উত্তৰঃ এখন পাঠ্য়ক্ৰমৰ আন্তৰ্গত কোনো এটা নিৰ্দিষ্ট বিষয়ত এক নিৰ্দিষ্ট সময়ৰ ভিতৰত অধ্য়য়ন কৰিবলগীয়া বা সম্পাদনা কৰিবলগীয়া কাৰ্য সম্বলিত যি শৈক্ষিক দলিল । তাকে পাঠ্য়বিষয় বোলা হয় । অৰ্থাত্ নিৰ্দিষ্ট এটা বিষয়ৰ অন্তৰ্গত বিষয়সমূহ শিক্ষক আৰু শিক্ষাৰ্থীয়ে কিমান সময়ৰ ভিতৰত পঢ়াব বা পঢ়িব লাগিব । কেনেদৰে “পঢ়াব বা পঢ়িব লাগিব, কি উদ্দেশ্য আগত ৰাখি পঢ়াব বা পঢ়িব লাগিব, কেনেধৰণৰ ফলাফল লাভ কৰিব লাগিব । কেনেবোৰ কাৰ্য সম্পাদনা কৰিব লাগিব। কেনেধৰণৰ কৌশন অৱলম্বন কৰিব লাগিব, শিকন সম্পদসমূহ কেনেধৰণৰ হ’ব, মূল্যায়ন আৰু গ্ৰেড প্ৰদান কেনেদৰে কৰিব সকলোবোৰ নিৰ্ধাৰণ কৰি প্ৰস্তুত কৰা শৈক্ষিক দলিলেই হৈছে পাঠ্য়বিষয় । এই পাঠ্য়বিষয়ৰ অন্তগ্ৰত পাঠ্য়বোৰ বা উপবিষয় বা বিষয়বস্তুসমূহক পাঠ্যতালিকা বা পাঠ্য়সূচী বোলা হয় । 

প্ৰশ্নঃ 7. জীৱনকেন্দ্ৰিক পাঠ্য়ক্ৰম মানে কি ? 

উত্তৰঃ যি পাঠ্য়ক্ৰমত শিক্ষাৰ্থীৰ জীৱন প্ৰক্ৰিয়া আৰু জীৱন পদ্ধতিৰ ওপৰত গুৰুত্ব দি ব্যক্তি-জীৱনৰ বাবে আৰু ব্যক্তি- জীৱনৰ মাধ্য়মেৰে শিক্ষাক জীৱনধৰ্মী কৰি তোলাৰ প্ৰয়াস কৰা হয়, তেনে পাঠ্য়ক্ৰমক জীৱনকেন্দ্ৰিক পাঠ্য়ক্ৰম বোলা হয় । জন ডিউইৰ মতে শিক্ষা জীৱনৰ প্ৰস্তুতি নহয়, শিক্ষাইজীৱন । এনে পাঠ্যক্ৰমে শিশুৰ জীৱনটোক কেন্দ্ৰ কৰি শিশুৰ প্ৰয়োজন, মনোযোগ, লক্ষ্য়, দক্ষতা আদি পূৰণৰ বাবে শিক্ষা প্ৰক্ৰিয়াক বিকাশমূখী কৰি তোলে । 

অন্যান্য় প্ৰয়োগবাদী দাৰ্শনিকসকলেও জীৱনকেন্দ্ৰিক পাঠ্যক্ৰমৰ ওপৰত গুৰুত্ব আৰোপ কৰে । প্ৰয়োগবাদীসকলৰ মতে চিৰন্তন সতে, আধাত্মিক মূল্যবোধ আদি লাভ কৰাতকৈ সমাজৰ মাজত থাকি বাস্তৱ সমস্যাসমূহৰ বিষয়ে উপলব্ধি কৰি সেই সমস্যাসমূহ সমাধান কৰিব পৰাকৈ অভিজ্ঞতা দান কৰা বিষয়সমূহে পাঠ্যক্ৰমত ঠাই পাব লাগে । 

প্ৰকৃতিবাদী দাৰ্শনিক ৰুছোৱেও শিশু শিক্ষাৰ পাঠ্য়ক্ৰমখন জীৱনকেন্দ্ৰিক হ’ব লাগে বুলি মত পোষণ কৰে । 

প্ৰশ্নঃ 8. এখন শৈক্ষিক পাঠ্যবিষয়ত সন্নিৱিষ্ট যিকোনো দুটা উপাদান উল্লেখ কৰা । 

উত্তৰঃ এখন শৈক্ষিক পাঠ্যবিষয়ত সাতটা প্ৰয়োজনীয় উপাদান নিহিত থাকে । যেনে- 

১) শিক্ষকৰ বাবে তথ্য় বা সম্ভেদ (Instructor Information) 

২) সাধাৰণ বিষয়বস্তুৰ তথ্য বা সম্ভেদ (General course information) 

প্ৰশ্নঃ 9. পাঠ্যবিষয়ৰ যিকোনো দুটা বৈশিষ্ট্য় উল্লেখ কৰা । 

উত্তৰঃ ১) পাঠ্য়বিষয় হৈছে এটা নিৰ্দিষ্ট বিষয়ত এক নিৰ্দিষ্ট সমসয়সীমা (৬ মাহ/১বছৰ) বিতৰত শিক্ষক -শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীয়ে সম্পাদনা কৰিবলগীয়া তথা পঢ়াব আৰু পঢ়িবলগীয়া কৰ্য সম্ফলিত এক শৈক্ষিক দলিল । 

২) পাঠ্যবিষয়বোৰ একো একোটা নিৰ্দিষ্ট বিষয়ৰ বাবে পৃথক পৃথকে প্ৰস্তুত কৰা হয় । 

প্ৰশ্নঃ 10. পাঠ্যক্ৰম আৰু পাঠ্যবিষয়ৰ মাজত থকা যিকোনো দুটা পাৰ্থক্য উল্লেখ কৰা ? 

উত্তৰঃ ১) পাঠ্যক্ৰম হৈছে শিক্ষা ব্যৱস্থাত বা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত শিক্ষাৰ্থীক শিকাবলগীয়া বিষয়সমূহৰ সামগ্ৰিক পাঠ্যবিষয়ৰ সমষ্টি । যেনে-তিনিবছৰীয়া স্নাতক পৰ্যায়ৰ পাঠ্য়ক্ৰম । 

আনহাতে, পাঠ্যবিষয় হৈছে পাঠ্য়ক্ৰমৰ অন্তৰ্গত কোনো এটা নিৰ্দিষ্ট বিষয়ত নিৰ্ধাৰিত  সময়ে সময়ে সমাপ্ত কৰিবলগীয়া কাকতসমূহৰ ভিতৰত থকা পাঠ্যতালিকাৰ সমষ্টিহে মাথোন ।

2) পাঠ্যক্ৰম সকলো শিক্ষকৰ বাবে একে । আনহাতে পাঠ্যবিষয় বিষয় অনুযায়ী আৰু শিক্ষকভেদে বেলেগ বেলেগ । 

প্ৰশ্নঃ 11. পাঠ্য়ক্ৰমৰ সংজ্ঞা দিয়া । 

উত্তৰঃ চাৰ পাৰ্চি নানৰ মতে, “শিক্ষাৰ প্ৰধান লক্ষ্য হৈছে শিশুৰ ব্যক্তিত্বক সুস্থভাৱে গঢ় দিয়া । গতিকে শিশুৰ ব্যক্তিত্বক শক্তিশালী কৰি গঢ়ি তুলিবৰ বাবে, শিশুৰ স্বাভাৱিক অনুৰাগ অভিৰুচি চৰিতাৰ্থ কৰিবৰ বাবে পাঠ্য়ক্ৰমৰ যোগেদি সুবিধা দিব লাগে।” তেওঁৰ মতে, “মানৱীয় জীৱনশক্তি আত্ম-প্ৰকাশ কৰি উঠা সকলোবিধ ক্ৰিয়া অভিজ্ঞতাৰ অধিক স্থায়িত্বশীলভাৱে তাত্পৰ্যপূৰ্ণ হৈ উঠা সকলোবিধ ক্ৰিয়া অভিজ্ঞতাৰ দৃষ্টিকোণৰ পৰাহে পাঠ্য়ক্ৰমত নিৰীক্ষণ কৰিব লাগে ।” 

(The curriculum should be viewed as various forms of activity that the grand expression of the human spirit and that are of the greatest and most permanent significance to the whole world- Percy Nunn) 

ক্ৰো আৰু ক্ৰোৰ মতে পাঠ্য়ক্ৰমে স্কুলৰ বাহিৰে-ভিতৰে শিক্ষাৰ্থীৰ সেই সকলোবোৰ কাৰ্যসূচীকেই আন্তৰ্ভুক্ত কৰে যিসমূহ কেওঁৰ দৈহিক, মানসিক, আৱেগিক, সামাজিক, আধ্যাত্মিক আৰু নৈতিক বিকাশৰ বাবে সহায়ক হ’ব পাৰে ।” 

(Curriculum includes all the learner’s experiences in or outside school that are included in a programme which has been devised to help him to develop mentally, physically emotionally, socially, spiritually and morally- Crow and Crow) 

প্ৰশ্নঃ 11. বিষয়কেন্দ্ৰিক পাঠ্য়ক্ৰম কি ? বুজা লিখা । 

উত্তৰঃ যি পাঠ্যক্ৰমত সাহিত্য়, ব্যাকৰণ, ভূগেল, অংক, বিজ্ঞান, বুৰঞ্জী আদি বিষয়বোৰক মূল ভিত্তি হিচাপে লৈ শিক্ষাদান কৰা হয় তেনে পাঠ্য়ক্ৰমক বিষয়কেন্দ্ৰিক পাঠ্য়ক্ৰম বোলা হয় । এনে পাঠ্য়ক্ৰমত কাৰিকৰী শিক্ষা দানৰ পৰিৱৰ্তে মানসিক শক্তিৰ ব্যৱহাৰৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰা হয় । আদৰ্শবাদী দাৰ্শনিকসকলে বি,য়কেন্দ্ৰিক পাঠ্য়ক্ৰমৰ ওপৰত গুৰুত্ব আৰোপ কৰে । 

আদৰ্শবাদীসকলে শিক্ষাৰ্থীৰ মনত আধ্যাত্মিক চেতনা জগাই তুলি চৰম সত্য় ভগৱানক উপলব্ধি কৰাত সহায় কৰা দিশসমূহক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে বুলি মত পোষণ কৰে । আদৰ্শবাদী দাৰ্শনিক ৰুচ, পি.টি.নান আদিয়ে পাঠ্য়ক্ৰম সম্পৰ্কত মতামত আগবঢ়ায় । আদৰ্শবাদীসকলৰ মতে মানসিক উন্নতি সাধনৰ বাবে সাহিত্য়, অন্তৰ্ভুক্ত কৰিব লাগে । আধ্যাত্মিক চেতনা আৰু মূল্যবোধ জগাই তুলিবৰ বাবে চাৰু কলা, সংগীতস কবিতা, ন্যায় শাস্ত্ৰ, নীতি শাস্ত্ৰ, ধৰ্ম, অধিবিদ্যা আদিক আন্তৰ্ভুক্ত কৰিব লাগে । 

প্ৰশ্নঃ 12. কৰ্মকেন্দ্ৰিক পাঠ্য়ক্ৰম মানে কি বুজা? 

উত্তৰঃ কোনো কৰ্মক কেন্দ্ৰ কৰি জ্ঞান দিয়া পাঠ্য়ক্ৰমত কৰ্মকেন্দ্ৰিক পাঠ্য়ক্ৰম বোলা হয় । আধুনিক মনস্ততত্ত্ববৰ মতে শিশুৰ শিক্ষা নিষ্ক্ৰিয় হোৱাৰ পৰিৱৰ্তে বাস্তৱ জীৱনৰ কৰ্মৰাজিক কেন্দ্ৰ কৰি গঢ়ি উঠা উচিত । কিয়নো সক্ৰিয় শিক্ষাইহে প্ৰকৃত জ্ঞান প্ৰদান কৰিব পাৰে । ৰুচ’, মন্টেছৰী, জন ডিউই, মহাত্মা গান্ধী প্ৰভৃতি শাক্ষাবিদে কামৰ মাজেৰে শিক্ষা দি শিক্ষাক জীৱনক্ন্দ্ৰিক গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আপোৰ কৰিছিল . কৰ্মকেন্দ্ৰিক পাঠ্যক্ৰমৰ দ্বাৰাহে শিশুৰ ইন্দ্ৰিয় অনুশীলন হয়, যি শিক্ষাক ফলপ্ৰসূ আৰু স্থায়ী কৰি তোলে । জন ডিউইৰ কৰ্মকেন্দ্ৰিক নীতিৰ ভিত্তিত কিল’প্ৰেট্ৰিকৰ প্ৰকল্প পদ্ধতি, মন্টেছৰীৰ মন্টেছৰী পদ্ধতি, গান্ধীজীৰ বুনিয়াদী শিক্ষা পদ্ধতিত কৰ্মকেন্দ্ৰিক পাঠ্যক্ৰমত গুৰুত্ব প্ৰদান কৰা হয় । 

প্ৰশ্নঃ 13. শিক্ষাৰ্থীকেন্দ্ৰিক পাঠ্যক্ৰম মানে কি বুজা ? 

উত্তৰঃ যি পাঠ্য়ক্ৰম শিশু বা শিক্ষাৰ্থীৰ বয়স, ৰাপ, ৰুচি, সামৰ্থ আদিলৈ লক্ষ্য় ৰাখি আৰু শিশুৰ চাহিদা পূৰম কৰিব পৰাকৈ যুগুত কৰা হয় তেনে পাঠ্য়ক্ৰমকে শিক্ষাৰ্থীকেন্দ্ৰিক বা শিশুকেন্দ্ৰিক পাঠ্য়ক্ৰম বোলা হয় ।

প্ৰকৃতিবাদী দাৰ্শনিকসকলে শিক্ষাৰ্থীকেন্দ্ৰিক তথা শিশুকেন্দ্ৰিক পাঠ্য়ক্ৰমৰ ওপৰত গুৰুত্ব দিছিল । তেওঁ কৈছিল যে শিশুৰ জন্মজ প্ৰবৃত্তি, ইচ্ছা, খেলা-ধূলা, নৃত্য-গীত আৰু আন আন সহঃপাঠ্য়ক্ৰমিক কাৰ্যাৱলীক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে । শিশুক স্বাধীনতা প্ৰদান কৰি প্ৰকৃত জগতক ইন্দ্ৰিয়  অনুভূতিৰ যোগেদি জানিবৰ বাবে প্ৰকৃতি অধ্য়য়নৰ বিষয়বোৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে । শিশুৰ শৈক্ষিক আৰু মানসিক চাহিদা পুৰণ কৰিব পৰাকৈ বিভাজিত পাঠ্য়ক্ৰম গ্ৰহণ কৰিব লাগে । পাঠ্য়ক্ৰমত গতিশীলতা আৰু পৰিৱৰ্তনশীলতাৰ নীতি গ্ৰিহণ কৰিব লাগে ।  

প্ৰশ্নঃ 13. অভিজ্ঞতাভিত্তিক পাঠ্য়ক্ৰম মানে কি ? 

উত্তৰঃ যি পাঠ্য়ক্ৰমত বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ সংযোজন কৰা হয় আৰু সেইবোৰক শিক্ষাৰ মূল বিষয় হিচাপে ধৰিবলৈ শিক্ষাৰ্থীক শিক্ষণ প্ৰদান কৰা হয়, তেনে পাঠ্য়ক্ৰমক অভিজ্ঞতা ভিত্তিক পাঠ্য়ক্ৰম বোলা হয় । এনে পাঠ্য়ক্ৰমত সন্নিৱিষ্ট জ্ঞান সমূহ শিক্ষামূলক ভ্ৰমণ, বুৰঞ্জীপ্ৰসিদ্ধ স্থানৰ ভ্ৰমণ, কোনো প্ৰত্যক্ষ কৰ্ম সম্পাদনাৰ পৰা লাভ কৰা জ্ঞানমূলক, দক্ষতামূলক আৰু মানসিক অভিজ্ঞতামূলক হ’ব পাৰে । 

ভাৰতীয় শিক্ষা আয়োগৰ ৰিপোৰ্টাক শিক্ষাৰ প্ৰতিটো স্তৰতেই কৰ্ম অভিজ্ঞতা আৰু কৰ্মৰ মাধেমেৰে অভিজ্ঞতা ভিত্তিক পাঠ্য়ক্ৰম প্ৰস্তুত কৰাব নিৰ্দেশ দিছিল । জন ডিউই, মহাত্মা গান্ধী আদি শিক্ষাবিদেও তেওঁলোকৰ শিক্ষানীতিত কৰ্ম অভিজ্ঞতাকেই শিক্ষাৰ ফলপ্ৰসূৰ আৰু মৌলিক উপাদান বহুমুখী অবিহিত কৰিছে । এনে পাঠ্য়ক্ৰমৰ যোগেদি শিক্ষাৰ্থীয়ে বহুমুখী অভিজ্ঞতা লাভ কৰি জ্ঞান আৰু ব্যহাৰিক জীৱনৰ নিবিড় সম্ফন্ধৰ বিষয়ে উপলব্ধি কৰিবলৈ সক্ষম হয় । উলত শিক্ষাৰ্থীৰ দক্ষতা আৰু কৰ্মশক্তিৰ বিকাশ সাধন হয় । 

প্ৰয়োগবাদীসকলে পাঠ্যক্ৰম অভিজ্ঞতা ভিত্তিক হ’ব লাগে বুলি মত পোষণ কৰে । পাঠ্য়ক্ৰমে যাতে শিক্ষাৰ্থীৰ অভিজ্ঞতাৰ পুণৰ নিৰ্মাণ কৰিব পাৰে তাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিব লাগে । শিক্ষাৰ্থীয়ে যাতে কৰ্মৰ মাজেৰে বিজ্ঞান আৰু কাৰিকৰী অন্তৰ্ভুক্ত কৰিব লাগে । 

প্ৰশ্নঃ 14. স্থিতিশাল পাঠ্য়ক্ৰমে কি বুজা ? 

উত্তৰঃ পাঠ্য়ক্ৰমৰ মূল, উদ্দেশ্য়, বিষয়বস্তু বা কাৰ্য দীৰ্ঘদিন ধৰি সালসলনি বা পৰিৱ্ৰ্তন নকৰাকৈ ৰখা পাঠ্য়ক্ৰমক স্থিতিশীল পাঠ্য়ক্ৰম বোলে । বহুতো শিক্ষাবিদে স্থায়ী মূল্যবোধ, চিৰন্তন সত্য় আৰু অপৰিৱৰ্তিত জ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ ফলত পাঠ্য়ক্ৰমক সমৰ্থন কৰে । 

অদৰ্শবাদীসকলৰ মতে শিক্ষাৰ পাঠ্য়ক্ৰম প্ৰস্তুত কৰোতে তলত উল্লেখিত নীতিসমূহৰ ওপৰত বিশেষ গুৰুত্ব আপোৰ কৰিব লাগে । 

১) পাঠ্য়ক্ৰমত মানৱীয় অভিজ্ঞতা দান কৰিব পৰা বিষয়সমূহ অন্তৰ্ভুক্ত কৰিব লাগে । 

২) সত্য়, শিৱ, সুন্দৰৰ আৰাধনাক পাঠ্য়ক্ৰমত অন্তৰ্ভুক্ত কৰি আধ্যাত্মিক চেতনা আৰু আধ্য়াত্মিক মূল্যবোধ জগাই তোলাৰ ওফৰত গুৰুত্ব দিব লাগে । 

৩) দেহ-মন আৰু আত্মাৰ সামগ্ৰীক উন্নতি সাধনৰ ওফৰত গুৰুত্ব আৰোপ কৰিব লাগে । 

৪) পাঠ্য়ক্ৰমত সংজ্ঞানাত্মক, আনুভূতিক আৰু ক্ৰিয়াত্মক বিকাশৰ দিশসমূহৰ অভিজ্ঞতা অন্তৰ্ভুক্ত কৰিব লাগে । 

প্ৰশ্নঃ 15. গতিশীল পাঠ্য়ক্ৰমে কি বুজায় ? 

উত্তৰঃ সমাজ পৰিৱৰ্তনশীল । জ্ঞান, বিজ্ঞান, প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ কাৰণে শিক্ষাৰ বিষয়বস্তু সলনি কৰাটো অতি প্ৰয়োজন । বৰ্তমান সমাজত প্ৰগতি, উন্নতি, পৰিৱৰ্তন নতুন নতুন জ্ঞান-কৌশলৰ উদ্ভাৱন আৰু সৃষ্টিৰ লগত সংগতি ৰাখি সময়ে সময়ে পৰিৱৰ্তন কৰা পাঠ্য়ক্ৰমকে গতিশীল পাঠ্য়ক্ৰম বোলা হয় । প্ৰয়োগবাদী দাৰ্শনিকসকলে গতিশীল পাঠ্য়ক্ৰমক সমৰ্থন কৰে । 

প্ৰয়োগবাদ দৰ্শনে বাস্তৱভিত্তিক আৰু প্ৰয়োজন সাপেক্ষে বিষয়বস্তুসমূহক পাঠ্য়ক্ৰমত অন্তৰ্ভুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰয়োগবাদীসকলে পাঠ্য়ক্ৰমত মানৱ জীৱনৰ বাবে উপযোগী হোৱাকৈ আৰু মানৱ সমস্যা সমাধানত সহায় হোৱাকৈ কাৰিকৰী আৰু বিজ্ঞানসন্মত বিষয়সমূহপাঠ্য়ক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে মত পোষণ কৰে । প্ৰকৃতিবাদী দাৰ্শনিকসকলৰ মতেও পাঠ্য়ক্ৰমখন গতিশীল হ’ব লাগে । 

প্ৰশ্নঃ 16. বিষয়কেন্দ্ৰিক আৰু কৰ্মকেন্দ্ৰিক পাঠ্য়ক্ৰমৰ মাজৰ যিকোনো দুটা পাৰ্থক্য লিখা ? 

উত্তৰঃ বিষয়কেন্দ্ৰিক আৰু কৰ্মকেন্দ্ৰিক শিক্ষাৰ মাজত যথেষ্ট পাৰ্থক্য় দেখা পোৱা যায় । সেই পাৰ্থক্য়সমূহ তলত উল্লেখ কৰা হ’ল- 

১) বিষয়কেন্দ্ৰিক পাঠ্য়ক্ৰম পুথিকেন্দ্ৰিক । ই বিভিন্ন তত্ত্বৰে পূৰ্ণ হৈ থকাৰ বাবে আৰু শিক্ষাৰ্থীৰ মানসিক শক্তি, যেনে-স্মৃশক্তিৰ ওপৰত জোৰ দিয়াৰ বাবে ই ক্ৰমমুখী হয় । 

আনহাতে, কৰ্মকেন্দ্ৰিক পাঠ্য়ক্ৰম হৈছে শিক্ষাৰ্থীকেন্দ্ৰিক । এনে পাঠ্য়ক্ৰমত শিক্ষাৰ্থীৰ শিক্ষাকৰ্মসমূহ তেওঁলোকৰ ইচ্ছা, আগ্ৰহ, আৰু শক্তিয়ে পৰিচালিত কৰাৰ বাবে ই বাস্তৱমুখী হয় । 

২) বিষয়কেন্দ্ৰিক পাঠ্য়ক্ৰমত আগতেই শিক্ষণীয় বিষয়বস্তু নিৰ্ধাৰিণ কৰা হয় । ইয়াত শিক্ষাৰ্থীৰ মানসিক সামৰ্থ্য আৰু প্ৰস্তুতিক আওকাণ কৰা হয় আৰু শিক্ষাৰ্থীয়ে যান্ত্ৰিকভাৱে পুথিগত জ্ঞান আহৰণ কৰিব লগা হয় । 

আনহাতে, কৰ্মকেন্দ্ৰিক পাঠ্য়ক্ৰমত শিক্ষাৰ্থীৰ মানসিক সামৰ্থ্য, যোগ্যতা আৰু আগ্ৰহক প্ৰাধান্য় দি শিক্ষণীয় বিষয়বস্তু নিধৰিণ কৰা হয় । 

প্ৰশ্নঃ 17. পাঠ্য়ক্ৰম আৰু সহ-পাঠ্য়ক্ৰমৰ মাজত থকা পাৰ্থক্যসমূহ উল্লেখ কৰা ? 

উত্তৰঃ সাধাৰণতে বিদ্যালয়তেই শ্ৰেণী বা বৰ্ষ অনুযায়ী সমগ্ৰ পাঠ্য়ক্ৰমক বিভক্ত কৰা হয় । অৰ্থত্ কোনো এটা শ্ৰেণীত এটা বছৰত যি বিশেষ বিশেষ বিষয়বস্তু বা সেই শ্ৰেণীৰ নিৰ্দিষ্ট পঠিতব্য় বিষয়কে পাঠ্য়ক্ৰম বোলা হয় । উদাহৰণস্বৰূপে প্ৰত্য়েক দ্শৰ বিদ্যালয় বা বিশ্ববিদ্যালয়ত ভাষা, সাহিত্য়, ইতিহাস, ভূগোল, বিজ্ঞান, অংক আদি শিকোৱা হয় । সেই বিষসমূহকে পাঠ্য়ক্ৰমিক কাৰ্যাৱলী বোলা হয় । 

আনহাতে যিবিলাক কাম বিদ্যালয়ৰ অভিজ্ঞতাত অন্তৰ্ভুক্ত কৰা হয় অথচ সাধাৰণ পাঠ্য়ক্ৰম অন্তৰ্ভুক্ত কৰা নহয় সেইসমূহকে সহ-পাঠ্য়ক্ৰমিক কাৰ্য বোলা হয় । যেনে- খেলা-ধূলা, বিতৰ্ক, প্ৰদৰ্শনী, সাংস্কৃতিক সভা, ভ্ৰমণ ইত্যাদি । ব্যাপক অৰ্থত অৱশ্য়ে পাঠ্য়ক্ৰম আৰু সহ-পাঠ্য়ক্ৰমিক কাৰ্যৰ মাজত বিশেষ পাৰ্থক্য নাই । দুয়োটাই শিক্ষানুষাঠানৰ পৰিৱেশত শিক্ষাৰ্থীক সু-পৰিকল্পিত অভিজ্ঞতা প্ৰদান কৰে । বৰ্তমান সেয়ে পাঠ্য়ক্ৰম আৰু সহ-পাঠ্য়ক্ৰমিক ক্যাৱিলীক পৰিপূৰক হিচাপেহে গণ্য় কৰা হয় । শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক, সামাজিক, আধ্যাত্মিক, নৈতিক, বৌদ্ধিক ইত্যাদি দিশসমূহৰ সৰ্বতোমুখী বিকাশৰ বাবে দুয়োবিধেই সমানেই গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় । ইয়াৰোপৰি শিক্ষাৰ্থীক গণতান্ত্ৰিক শিক্ষা দিয়া, অৱসৰ সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ শিকোৱা, সামাজিক আৰু আনুভূতিক দিশনৰ বিকাশ সাধন কৰাত দুয়োবিধেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । বাস্তৱবাদীসকলেও গতিশীল পাঠ্য়ক্ৰমৰ ওপৰত গুৰুত্ব আৰোপ কৰে । 

প্ৰশ্নঃ 18. প্ৰচলিত পাঠ্য়ক্ৰম ব্যৱস্থাৰ যিকোনো দুটা দোষ উল্লেখ কৰা ? 

উত্তৰঃ বৰ্তমান প্ৰচলিত পাঠ্য়ক্ৰমৰ বিভিন্ন ধৰণৰ ত্ৰূটি সমালোচনাসকলে দেখুৱাইছে । পাঠ্য়ক্ৰমৰ ত্ৰূটি সম্পৰ্কে তলত আঙুলিয়াই আলোচনা কৰা হৈছে । 

১) পাঠ্য়ক্ৰমৰ উদ্দেশ্য় ঠেক গণ্ডীৰঃ বৰ্তমান পাঠ্য়ক্ৰমখনে শিক্ষাৰ্থীক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ওপৰতহে গুৰুত্ব দিয়ে । এনে পাঠ্য়ক্ৰমে জ্ঞান লাভ কৰাতকৈ মুখস্থ কৰি পৰীক্ষাত ভাল নম্বৰ বেছি গুৰুত্ব দিয়ে । 

২) অত্য়ন্ত পুথিকেন্দ্ৰিকঃ বৰ্তমান পাঠ্য়ক্ৰমখনে শিক্ষাৰ্থীৰ মানসিক গুণাৱলীৰ বিকাশ সাধনৰ পৰিৱৰ্তে পুথিগত জ্ঞানৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে । 

প্ৰশ্নঃ 19. সহঃ পাঠ্য়ক্ৰমিক কাৰ্যাৱলী বুলিলে কি বুজা ? 

উত্তৰঃ শিক্ষাৰ্থীসকলক সামাজিক জীৱনত নিজকে উপযুক্তভাৱে প্ৰতিষ্ঠা কৰিবৰ বাবে বিদ্যালয়ৰ নিৰ্ধাৰিত পাঠ্য়ক্ৰমৰ জ্ঞান আহৰণৰ উপৰিও শাৰীৰিক, মানসিক, আধ্যাত্মিক, বৌদ্ধিক, নৈতিক, সামাজিক ইত্যাদি দিশসমূহৰ উন্নতি সাধৰন বাবে খেলা-ধূলা, নৃত্য-গীত, সাহিত্য় চৰ্চা, ৰীৰ চৰ্চা, আলোচনা চক্ৰ, তৰ্কসভা, অভিনয় ভ্ৰমণ আদি সমাজমূলক তথা আনন্দমূল কাৰ্যাৱলীৰ জৰিয়তে জ্ঞান লাভ কৰাৰ সুবিধা দিব লোগে বুলি বহুতো শিক্ষাবিদে তথা মনোবিসকলে মত পোষণ কৰে । বিদ্যালয়ৰ পাঠ্য়ক্ৰমৰ লগতে এনে দিশসমূহৰ জৰিয়তে বিদ্যালয়ত যোগান ধৰা ব্যাপক পৰিসৰৰ অভিজ্ঞতা প্ৰদান কাৰী কাৰ্যাৱলীসমূহকে সহ-পাঠ্য়ক্ৰমিক কাৰ্য্য়াৱলী বোলা হয় । 

প্ৰশ্নঃ 20. সহঃপাঠ্য়ক্ৰমিকৰ যিকোনো দুটা কাৰ্যাৱলী উল্লেখ কৰা ? 

উত্তৰঃ সুসংহত বিকাশ আৰু বাস্তৱ জীৱনৰ সকলো ক্ষেত্ৰত সুন্দৰ সমাযোজনেহে এজন ব্যক্তিক সম্পূৰ্ণ ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে । সেয়ে পাঠ্য়ক্ৰমিক কাৰ্যাৱলীৰ লগতে সহ-পাঠ্য়ক্ৰমিক কাৰ্যাৱলীৰ প্ৰয়োজনো অপৰিসীম । তলত সহ-পাঠ্য়ক্ৰমিক কাৰ্যাৱলীৰ উপযোগিতা তথা প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা হ’ল- 

১) শাৰীৰিক বিকাশঃ সহ-পাঠ্য়ক্ৰমত অন্তৰ্ভুক্ত খেলা-ধূলা, ব্যায়াম, শৰীৰ চৰ্চা আদিৰ সহায়ত শিক্ষাৰ্থীৰ শাৰীৰিক সুস্থতা আৰু দক্ষতা বৃদ্ধি হৈ শাৰীৰিক বিকাশ সাধন হয় । 

২) জ্ঞান আৰু দক্ষতা লাভঃ সহ-পাঠ্য়ক্ৰমিক কাৰ্যাৱলীৰ অন্তৰ্গত বিভিন্ন খেলা-ধূলা, সাংস্কৃতিক, সামাজিক আদি কামবোৰে শিক্ষাৰ্থীক বাস্তৱ জ্ঞান আহৰণৰ লগতে কামৰ দক্ষতা লাভ কৰাতো সহায় কৰে । 

প্ৰশ্নঃ 21. শাৰীৰিক কাৰ্যাৱলীসমূহ কি কি ? 

উত্তৰঃ শিক্ষাৰ্থীৰ শাৰীৰিক তথ দৈহিক বিকাশৰ বাবে খেলা-ধূলা অতি অপৰিহাৰ্য । এই খেলা-ধূলা বিলাক হ’ল ফুটবল, ক্ৰিতেট, ভলীবল, হকি, বেডমিন্টন, কেৰম, লুডু, টেনিচ, জঁপিওৱা, দৌৰা, চাইকেল দৌৰ,মল্লযুদ্ধ, আসন, ব্যায়াম, সাঁতোৰা, নাওবোৱা, এন চিচি ই ইত্যাদি । এই খেলা-ধূলাসমূহৰ জৰিয়তে শিক্ষাৰ্থীৰ দৈহিক শক্তিবৃদ্ধি, মানসিক আনন্দ, দলগত মনোব-ত্তি, দলৰ প্ৰতি আনুগত্য, অনুশাসন, পাৰস্পৰিক সহযোগিতা আদি ভাৱৰ বিকাস সাধন হয় । 

প্ৰশ্নঃ 22. মানসিক কাৰ্যাৱলীসমূহ কি কি ? 

উত্তৰঃ শিক্ষাৰ্থীৰ দ্বাৰা পৰিচালিত সভা, সন্মিলন, প্ৰদৰ্শনী, তৰ্কসভা, আলোচনা চক্ৰ, বক্তৃতা প্ৰতিযোগিতা, তৰ্কপ্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, সাধু কোৱা, আবৃত্তি, ৰচনা লিখা, সাহিত্য় সভা, উত্তস-পাৰ্বণ পতা, প্ৰাচীৰ পত্ৰিকা, বিদ্যালয়ৰ মুখপত্ৰ আদিব জৰিয়তে তেওঁলোকৰ মাসিক দিশৰ বিকাশ সাধন হয় আৰু আত্মপ্ৰতিষ্ঠা কৰাৰ সুবিধা আৰু প্ৰেৰণা লাভ কৰে । এনে কাৰ্যাৱলীয়ে শিক্ষাৰ্থীৰ আত্মনিৰ্ভৰশীল, সামাজিক আত্ম বিশ্বাসী, সমস্যা সমাধান ক্ষমতা, সচেতন, মানসিক শক্তি আদিৰ সুস্থ উত্কৰ্ষ সাধন কৰে । 

প্ৰশ্নঃ 23. সামাজিক কাৰ্যাৱলীসমূহ কি কি ? 

উত্তৰঃ সামাজিক তথা সমাজ কল্যাণমূলক কাৰ্যাৱলীৰ ভিতৰত বিদ্যালয়ৰ চৌহদ, শ্ৰেণীকক্ষ পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰখা, ৰক্তদান, ৰোগীক শুশ্ৰূষা কৰা, প্ৰাপ্তবয়স্ক শিক্ষা, নিৰক্ষৰতা দূৰীকৰণ কাৰ্যসূচীত অংশ গ্ৰহণ, ৰাস্তাঘাট তৈয়াৰ কৰা, চাফ-চিকুণকৈ ৰখা, মহামাৰী আৰু বানপানীৰ সময়ত সেৱা-সাহায্য আগবঢোৱা, পিছপৰা অঞ্চলত বিদ্যালয়ৰ উন্নতিৰ হকে কাম কৰা, গাওঁ আৰু নগৰত জৰীপ চলোৱা, কেন্টিন খোলা ইত্যাদিয়েই প্ৰধান । এনে কামত অংশগ্ৰহণ কৰিলে শিক্ষাৰ্থীৰ সমাজ প্ৰীতি, দেশপ্ৰেম, ত্যাগৰ মনোভাৱৰ বিকাশ সাধন কৰিব পাৰি । 

প্ৰশ্নঃ 24. সহ-পাঠ্য়ক্ৰমিক কাৰ্যাৱলীৰ সীমাবদ্ধতাসমূহ উল্লেখ কৰা ? 

উত্তৰঃ সহ-পাঠ্য়ক্ৰমিক কাৰ্যাৱলীৰ কেইটামান ক্ৰটি পৰিলক্ষিত হয় । সেইকেইটা হ’ল – 

১) সহ-পাঠ্য়ক্ৰমিক কাৰ্যাৱলীৰ ব্যৱস্থা যদি পাঠ্য়ক্ৰমৰ লগত সংগতি ৰক্ষা কৰি নহয় তেনে ক্ষেত্ৰত ইয়াৰ লক্ষ্য় সফল নহ’ব । 

২) শিকক্ষে শিক্ষাৰ্থীৰলগত সহযোগিতা আগ নবঢ়ালে সহ-পাঠ্য়ক্ৰমিক কাৰ্যাৱলী অৰ্থহীন হৈ পৰিব।

৩) সহ-পাঠ্য়ক্ৰমিক কাৰ্যাৱলীৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশত বাধাৰ সৃষ্টি কৰে। 

৪) ছাত্ৰ-ছাত্ৰীৰ ওপৰত জোৰ-জুলুম বা অত্যধিক হেঁচা প্ৰয়োগ কৰি এনে কাৰ্যাৱলীৰ ব্যৱস্থা কৰিলে শিক্ষাৰ্থী বিপথেহে পৰিচালিত হ’ব । 

৫) সহ-পাঠ্য়ক্ৰমিক কাৰ্যাৱলীয়ে বহু ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ মনত হীনমন্যতাৰ ,সৃষ্টি কৰাও দেখা যায়। 

প্ৰশ্নঃ 25. বিষয়কেন্দ্ৰিক আৰু কৰ্মকেন্দ্ৰিক পাঠ্য়ক্ৰমৰ মাজৰ পাৰ্থক্য সমূহৰ যিকোনো চাৰিটা উল্লেখ কৰা ? 

উত্তৰঃ বিষয়কেন্দ্ৰিক আৰু কৰ্মকেন্দ্ৰিক পাঠ্য়ক্ৰমৰ মাজৰ পাৰ্থক্য সমূহৰ চাৰিটা তলত উল্লেখ কৰা হ’ল- 

১) বিষয়কেন্দ্ৰিক পাঠ্য়ক্ৰম পুথিকেন্দ্ৰিক । ই বিভিন্ন তত্ত্ববৰে পূৰ্ণ হৈ থকাৰ বাবে আৰু শিক্ষাৰ্থীৰ মানসিক শক্তি, যেনে-স্মৃতিশক্তিৰ ওপৰত জোৰ দিয়াৰ বাবে ই কৰ্মমুখী হয় । 

আনহাতে, কৰ্মকেন্দ্ৰিক পাঠ্য়ক্ৰম হৈছে শিক্ষাৰ্থীকেন্দ্ৰিক । এনে পাঠ্য়ক্ৰমত শিক্ষাৰ্থীৰ শিক্ষাকৰ্মসমূহ তেওঁলোকৰ ইচ্ছা, আগ্ৰহ, আৰু শক্তিয়ে পৰিচালিত কৰাৰ বাবে ই বাস্তৱমুখী হয় । 

২) বিষয়কেন্দ্ৰিক পাঠ্য়ক্ৰমত আগতেই শিক্ষণীয় বিষয়বস্তু নিৰ্ধাৰিত কৰা হয় । ইয়াত শিক্ষাৰ্থীৰ মানসিক সামৰ্থ্য় আৰু প্ৰস্তুতিক আওকাণ কৰা হয় আৰু শিক্ষাৰ্থীয়ে যান্ত্ৰিকভাৱে পুথিগত জ্ঞান আহৰণৰ কৰিব লগা হয় । 

আনহাতে, কৰ্মকেন্দ্ৰিক পাঠয়্য়ক্ৰমত শিক্ষাৰ্থীৰ মানসিক সামৰ্থ্য়, যোগ্য়তা আৰু আগৰ্হক প্ৰাধান্য় দি শিক্ষণীয় বিষয়বস্তু নিৰ্ধাৰণ কৰা হয় । 

৩) বিষয়কেন্দ্ৰিক পাঠ্য়ক্ৰমত শ্ৰেণীত শিক্ষকে কৰা শিক্ষাদানৰ ওপৰত অধিক প্ৰাধান্য় দিয়া হয় । 

আনহাতে, কৰ্মকেন্দ্ৰিক পাঠ্য়ক্ৰমত শিক্ষাৰ্থীয়ে স্বভাৱিক পৰিবেশত কৰ্মৰ মাজেৰে জ্ঞান আহৰণৰ ওপৰত গুৰুত্ব দিয়া হয় । 

৪) বিষয়কেন্দ্ৰিক পাঠয়্য়ক্ৰমত শিক্ষাৰ্থীৰ মৰণশক্তিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়  আৰু সেয়ে পৰীক্ষাৰ দ্বাৰা তেওঁলোকৰ আৰ্জিত জ্ঞান পৰিমাপ কৰা হয় । 

কিন্তু, কৰ্মকেন্দ্ৰিক পাঠ্য়ক্ৰমত শিক্ষাৰ্থীৰ বিভিন্ন কামত দেখুওৱা পাৰদৰ্শিতা আৰু সফলতাক পৰিমাপ আৰু মূল্যায়ন কৰা হয় । 

প্ৰশ্নঃ 26. পাঠ্য়ক্ৰম বিভিন্ন শিক্ষাবিদৰ যিকোনো চাৰিটা সংজ্ঞা দিয়া ?

উত্তৰঃ চাৰ পাৰ্চি নানৰ মতে, “শিক্ষাৰ প্ৰধান লক্ষ্য হৈছে শিশুৰ ব্যক্তিত্বক সুস্থভাৱে গঢ় দিয়া। গতিকে শিশুৰ ব্যক্তিত্বক শক্তিশালী কৰি গঢ়ি তুলিবৰ বাবে, শিশুৰ স্বাভাৱিক অনুৰাগ অভিৰুচি চৰিতাৰ্থ কৰিবৰ বাবে পাঠ্য়ক্ৰমৰ যোগেদি সুবিধা দিব লাগে।” তেওঁৰ মতে, “মানৱীয় জীৱনশক্তি আত্ম-প্ৰকাশ কৰি উঠা সকলোবিধ ক্ৰিয়া অভিজ্ঞতাৰ অধিক স্থায়িত্বশীলভাৱে তাত্পৰ্যপূৰ্ণ হৈ উঠা সকলোবিধ ক্ৰিয়া অভিজ্ঞতাৰ দৃষ্টিকোণৰ পৰাহে পাঠ্য়ক্ৰমত নিৰীক্ষণ কৰিব লাগে ।” 

(The curriculum should be viewed as various forms of activity that the grand expression of the human spirit and that are of the greatest and most permanent significance to the whole world- Percy Nunn) 

ক্ৰো আৰু ক্ৰোৰ মতে পাঠ্য়ক্ৰমে স্কুলৰ বাহিৰে-ভিতৰে শিক্ষাৰ্থীৰ সেই সকলোবোৰ কাৰ্যসূচীকেই আন্তৰ্ভুক্ত কৰে যিসমূহ কেওঁৰ দৈহিক, মানসিক, আৱেগিক, সামাজিক, আধ্যাত্মিক আৰু নৈতিক বিকাশৰ বাবে সহায়ক হ’ব পাৰে ।” 

(Curriculum includes all the learner’s experiences in or outside school that are included in a programme which has been devised to help him to develop mentally, physically emotionally, socially, spiritually and morally- Crow and Crow) 

টি. ৰেমন্টৰ মতে, “পাঠ্য়ক্ৰম হ’ল এখন সমাজৰ ভাৱধাৰা, আশা-আকামক্ষাৰ বহিপ্ৰকাশহে, ব্য়ক্তিবিশেষৰ নহয় । গতিকে ল’ৰা-ছোৱালীক যি শিকোৱা হ’ব সেই বিষয়ে এখনবহল আঁচনি দাঙি ধৰাত সমাজখনৰ অধিকাৰ আছে  আৰু সেইটো কৰিবলৈ হ’লে সেই দিশত জড়িত গুণী-জ্ঞাণী আৰু অভিজ্ঞ লোকসকলৰ পৰামৰ্শ ল’ব লাগিব ।’ (Curriculum is the outward expression of ideas and aspirations of a community, not of an individual and the community haas the right to lay down the broad outlines which instruction shall follow in its schools with fye deference to the opinion of the professional elements as to what constitutes suitable mental food for children. -T. Raymont) 

উগলে (Neagley) আৰু ইভানচৰ মতে, “শিক্ষাৰ্থীক শিক্ষণৰ বাঞ্চিত ফলাফল পাৰ্যমানে আয়ত্ত কৰিবৰ কাৰণে বিদ্যালয়ে সুবিধা কৰি দিয়া সমূহ পৰিকল্পিত অভিজ্ঞতাকে পাঠ্য়ক্ৰম বুলি ক’ব পাৰি।” (Curriculum should be defined as all of the planned experiences provided by the school to assist pulish in attaining the designated learning outcomes to the best of their abilities. – Weagley and Evans) 

মনৰোৰ মতে, “শিক্ষাৰ লক্ষ্য় পূৰণৰ বাবে বিদ্যালয়ে সদ ব্যৱহাৰ কৰা সকলো অভিজ্ঞতাকেই পাঠ্য়ক্ৰমত অন্তৰ্ভুক্ত কৰিব পাৰি ।” (Curriculum embodies all the experiences which utilised by the school to attain the aims of education. -Monroe) । মনোৰোৱে আকৌ কৈছে- “Curriculum is but the epitomized representation to the child of the cultural inheritance of the rance ।” বিখ্যাত সমাজবাদী দাৰ্শনিক জন ডিউইৰ মতে, “পাঠ্য়ক্ৰম নিৰ্ধাৰণৰ ক্ষেত্ৰত শিশুৰ মানত্তাত্ববিক প্ৰকৃতিয়ে প্ৰাধান্য় পাব লাগে ।” (The psychological nature of child must receive priority in the formulation of curriculum. – John Dewey) 

হনিৰ মতে, “পাঠ্য়ক্ৰমে শিক্ষণ ক্ৰিয়াৰ বাহিৰেও আনেক বিষয় অন্তৰ্ভুক্ত কৰে । শিক্ষাৰ্থীৰ কাৰ্যকলাপ, উত্পাদন প্ৰক্ৰিয়া, কৃতিত্ব মানসিক অনুশীলন, কৰ্মতত্পৰতা সকলো দিশ পাঠ্য়ক্ৰমে সামৰি লয় ।” (Curriculum involves more than the act of learning and quiet study, It involves occupation, production, achievements, exercise, activity etc. – Horne) 

প্ৰশ্নঃ 27. পাঠ্য়ক্ৰম ৰচনাৰ চাৰিটা নীতি উল্লেখ কৰা ? 

উত্তৰঃ পাঠ্য়ক্ৰম এখ ৰচনা কৰোতে এখন দেশৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক দিশৰ ওপৰত গুৰুত্ব দিব লাগে । প্ৰগতিশীল সমাজৰ লগত খাপ খোৱাকৈ শিক্ষাৰ্থীৰ ক্ষমতা ৰুচি-অভিৰুচি, আশা-আকাংক্ষা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে । দেশৰ ছাত্ৰ-ছাত্ৰীসকলে জাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ যোগ্যতাৰ পৰিচয় দিব পৰাকৈ পাঠ্য়ক্ৰম স্পষ্টকাৰীসকলে প্ৰগতিশীল দৃষ্টিভংগীৰে পাঠ্য়ক্ৰম প্ৰস্তুত কৰিব লগে । পাঠ্য়ক্ৰম ৰচনাৰ মূলনীতিসমূহ তলত আলোচনা কৰা হ’ল- 

১) দাৰ্শনিক নীতিঃ পাঠ্য়ক্ৰম দাৰ্শনিক ভিত্তিত প্ৰতিষ্ঠিত হ’ব লাগে । অৰ্থাত্ পাঠ্য়ক্ৰমৰ মাজেৰে ব্যক্তিৰ সৰ্বাঙ্গীন উন্নতি, সমাজৰ প্ৰয়োজন, ৰাষ্ট্ৰৰ উত্পাদন শক্তিৰ লগত সম্ফন্ধ থকাকৈ ব্যপক দৃষ্টিভঙ্গী গ্ৰহণ কৰি পাঠ্য়ক্ৰম প্ৰস্তুত কৰিব লাগে । 

২) মনোবৈজ্ঞানিক নীতিঃ পাঠ্য়ক্ৰম মনোবিজ্ঞান সন্মত হোৱা উচিত । ব্যক্তিৰ দৈহিক, মানসিক, আনুভূতিক, শিক্ষাৰ্থীৰ ৰুচি-অভিৰুচি, প্ৰকৃতি, দক্ষতা, সামৰ্থ্য আদিৰ প্ৰতি ৰাখি পাঠ্য়ক্ৰম ৰচনা কৰিব লাগে । 

৩) শিশুকেন্দ্ৰিক বা শিক্ষাৰ্থীৰেন্দ্ৰিক (Principle of Child-centredness): পাঠ্য়ক্ৰম শিক্ষাৰ্থীকেন্দ্ৰিক হোৱা উচিত, শিক্ষককেন্দ্ৰিক বা বিষয়কেন্দ্ৰিক নহয় । শিক্ষাৰ্থীক শ্ৰেণীত, খেলপথাৰত, পুথিভঁডাল বা আন্যান্য়ক্ষেত্ৰত মৰম-সহামুভূতিৰে শিক্ষা দিয়াৰ ওপৰত পাঠ্য়ক্ৰমে গুৰুত্ব দিয়া উচিত । 

৪) সমাজকেন্দ্ৰিক নীতি (Principle of community-centeredness): পাঠ্য়ক্ৰম প্ৰস্তুত কৰোঁতে ব্য়ক্তিস্বাৰ্থ আৰু সামাজিক স্বাৰ্থৰ প্ৰয়োজনীয়তালৈ লক্ষ্য় ৰাখিব লাগে । বৰ্তমান এটা শিশু ভৱিষ্য়ত্ সমাজৰ এজন দায়িত্বশীল নাগৰিক । 

প্ৰশ্নঃ 28. প্ৰচলিত পাঠ্য়ক্ৰম ব্যৱস্থাৰ দোষসমূহ কি কি ? 

উত্তৰঃ বৰ্তমান প্ৰচলিত পাঠ্য়ক্ৰমৰ বিভিন্ন ধৰণৰ ত্ৰূটি সমালোচকলকলে দেখুৱাইছে । পাঠ্য়ক্ৰমৰ ত্ৰূটি সম্পৰ্কে তলত আঙুলিয়াই আলোচনা কৰা হৈছে । 

১) পাঠ্য়ক্মৰ উদ্দেশ্য় ঠেক গণ্ডীৰঃ বৰ্তমান পাঠ্য়ক্ৰমখনে শিক্ষাৰ্থীক পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হোৱাৰ ওপৰতহে গুৰুত্ব দিয়ে । এনে পাঠ্য়ক্ৰমে জ্ঞান লাভ কৰাতকৈ মুখস্থ কৰি পৰীক্ষাত ভাল নম্বৰ পোৱাতহে বেছি গুৰুত্ব দিয়ে । 

২) অত্য়ন্ত পুথিকেন্দ্ৰিকঃ বৰ্তমান পাঠ্য়ক্ৰমখনে শিক্ষাৰ্থীৰ মানসিক গুণাৱলীৰ বিকাশ সাধনৰ পৰৱৰ্তে পুথিগত জ্ঞানৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে । 

৩) শিক্ষাৰ্থীৰ প্ৰয়োজন আৰু আগ্ৰহৰ প্ৰতি উদাসীন মনোভাবঃ বৰ্তমান প্ৰচিত পাঠ্য়ক্ৰমখনে শিশুৰ নিজস্ব প্ৰয়োজন অনুযায়ী, শিকাৰ ওপৰত গুৰুত্ব নিদিয়ে । 

৪) জীৱনৰ লগত সংযোগহীনঃ বৰ্তমান পাঠ্য়ক্ৰমখনে শিক্ষা আৰু জীৱনৰ লগত সংযোগ স্থপন কৰাৰ পৰিৱৰ্তে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে । 

প্ৰশ্নঃ 29. সহঃপাঠ্য়ক্ৰমিক চাৰিটা কাৰ্যাৱলী উল্লেখ কৰা ? 

উত্তৰঃ সুসংহত বিকাশ আৰু বাস্তৱ জীৱনৰ সকলো ক্ষেত্ৰতে সুন্দৰ সমাযোজনেহে এজন ব্যক্তিক সম্পূৰ্ণ ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে । সেয়ে পাঠ্য়ক্ৰমিক কাৰ্যাৱলীৰ লগতে সহ-পাঠ্য়ক্ৰমিক কাৰ্যাৱলীৰ প্ৰয়োজনো অপৰিসীম । তলত সহ-পাঠ্য়ক্ৰমিক কাৰ্যাৱলীৰ উপযোগিতা তথা প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা হ’ল –                                            

১) শাৰীৰিক বিকাশঃ সহ-পাঠ্য়ক্ৰমত আন্তৰ্ভুক্ত খেলা-ধূলা, ব্যায়াম, শৰীৰ চৰ্চা আদিৰ সহায়ত শিক্ষাৰ্থীৰ শৰীৰিক সুস্থতা আৰু দক্ষতা বৃদ্ধি হৈ শাৰীৰিক বিকাশ সাধন হয় । 

২) জ্ঞান আৰু দক্ষতা লাভঃ সহ-পাঠ্য়ক্ৰমিক কাৰ্যাৱলীৰ অন্তৰ্গ বিভিন্ন খেলা-ধূলা, সাংস্কৃতিক, সামাজিক আদি তামবোৰে শিক্ষাৰ্থীক বাস্তৱ জ্ঞান আহৰণৰ লগতে কামৰ দক্ষতা লাভ কৰাতো সহায় কৰে । 

৩) আৱেগিক সমতা ৰক্ষাঃ এনে কাৰ্যাৱলীৰ জৰিয়তে শিক্ষাৰ্থীৰ মানসিক ক্ৰিয়াৰ উত্কৰ্ষ সাধন হোৱাৰ লগতে প্ৰয়োজনীয় আৱেগ, অনুভূতিসমূহৰো সংহতি আৰু সমতা ৰক্ষাত সহায় হয় । 

৪) নৈতিক চৰিত্ৰ গঠনঃ এনে কাৰ্যাৱলীয়ে শিশু তথা শিক্ষাৰ্থীক  তেওঁলোকৰ আচৰণ, আদৰ্শ, মনোভাৱ আদিক পৰিৱৰ্তন তথা সংশোধন কৰি সজ গুণ, সজ আচৰণ, সত্ চিন্তা আদি কৰিবলৈ শিকায় আৰু তেওঁলোকৰ সুস্থ নৈতিক চৰিত্ৰ গঠনত অৰিহণা যোগায় । 

প্ৰশ্নঃ 30. পাঠ্য়বিষয়ৰ অন্তৰ্গত বিভিন্ন দৰ্শনৰ ওপৰত ভিত্তি কৰি পাঠ্য়ক্ৰমৰ চাৰিটা প্ৰকাৰ উল্লেখ কৰি আলোচনা কৰা । 

উত্তৰঃ ১) বিষয়কেন্দ্ৰিক পাঠ্য়ক্ৰম (Subject Centred Curriculum) যি পাঠ্য়ক্ৰমত সাহিত্য়, ব্যাকৰণ, ভূগোল, অংক, বিজ্ঞান, বুৰঞ্জী আদি বিষয়বোৰক মুল ভিত্তি হিচাপে লৈ শিক্ষাদান কৰা হয় তেনে পাঠ্য়ক্ৰমত বিষয়কেন্দ্ৰিক পাঠ্য়ক্ৰম বোলা হয় । এনে পাঠ্য়ক্ৰমত কাৰিকৰী শিক্ষা দানৰ পৰিৱৰ্তে মানসিক শক্তিৰ ব্যৱহাৰৰ ওপৰতহে অধিক গুৰুতিব আৰোপ কৰা হয় । আদৰ্শবাদী দাৰ্শনিকসকলে বিষয়কেন্দ্ৰিক পাঠ্য়ক্ৰমৰ ওপৰত গুৰুত্ব আপোৰ কৰে । 

আদৰ্শবাদীসকলে শিক্ষাৰ্থীৰ মনত আধ্য়াত্মিক চেতনা জগাই তুলি চৰম সত্য় ভগৱানক উপলব্ধি কৰাত সহায় কৰা দিশসমূহক পাঠ্য়ক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে বুলি মত পোষণ কৰে । আদৰ্শবাদীদাৰ্শনিক ৰুচ, পি.টি. নান আদিয়ে পাঠ্য়ক্ৰমসম্পৰ্কত মতামত আগবঢ়ায় । আদৰ্শবাদীসকলৰ মতে মানসিক উন্নতি সাধনৰ বাবে সাহিত্য়, অন্তৰ্ভুক্ত কৰিব লাগে । আধ্য়াত্মিক চেতনা আৰু মূল্যবোধ জগাই তুলিবৰ বাবে চাৰু কলা, সংগীত, কবিতা, ন্যায় শাস্ত্ৰ, নীতি শাস্ত্ৰ, ধৰ্ম, অধিবিদ্যা আদিক অন্তৰ্ভুক্ত কৰিব লাগে । 

2) কৰ্মকেন্দ্ৰিকঃ কোনো কৰ্মক কেন্দ্ৰ কৰি জ্ঞান দিয়া পাঠ্য়ক্ৰমক কৰ্মকেন্দ্ৰিক পাঠ্য়ক্ৰম বোলা হয় । আধুনিক মনস্ততত্ত্ববৰ মতে শিশু শিক্ষা নিষ্ক্ৰিয়হোৱাৰ পৰিৱৰ্তে বাস্তৱ জীৱনৰ কৰ্মৰাজীক কেন্দ্ৰ কৰি গঢ়ি উঠা উচিত । কিয়নো সক্ৰিয় শিক্ষাইহে প্ৰকৃত জ্ঞান প্ৰদান কৰিব পাৰে। ৰুচ, মন্টেছৰী, জন ডিউই, মহাত্মা গান্ধী প্ৰভৃতি শিক্ষাবিদে কামৰ মাজেৰে শিক্ষা দি শিক্ষাক জীৱনকেন্দ্ৰিক গঢ়ি তোলাৰ ওপৰত গুৰিত্ব আপৰোপ কৰিছিল । কৰ্মকেন্দ্ৰিক পাঠ্য়ক্ৰমৰ দ্বাৰাহে শিশুৰ ইন্দ্ৰিয় অনুশীলন হয়, যি শাক্ষাক ফলপ্ৰসূ আৰু স্থায়ী কৰি তোলে । জন ডিউই কৰ্মকেন্দ্ৰিক নীতিৰ ভিত্তিত কিল’প্ৰেট্ৰিকৰ প্ৰকল্প পদ্ধতি, মন্টেছৰীৰ মন্টেছৰী পদ্ধতি, গান্ধীজীৰ বুনিয়াদী শিক্ষা পদ্ধতিত কৰ্মকেন্দ্ৰিক পাঠ্য়ক্ৰমত গুৰুত্ব প্ৰদান কৰা হয় । 

৩) শিক্ষাকেন্দ্ৰিকঃ যি পাঠ্য়ক্ৰম শিশু বা শিক্ষাৰ্থীৰ বয়স ৰাপ, ৰুচি, সামৰ্থ আদিলৈ লক্ষ্য় ৰাখি আৰু শিশুৰ চাহিদা পূৰণ কৰিব পৰাকৈ যুগুত কৰা হয় তেনে পাঠ্য়ক্ৰমকে শিক্ষাৰ্থীকেন্দ্ৰিক বা শিশুকেন্দ্ৰিক পাঠ্য়ক্ৰম বোলা হয় । 

প্ৰকৃতিবাদী দাৰ্শনিকসকলে শিক্ষাকেন্দ্ৰিক তথা শিশুকেন্দ্ৰিক পাঠ্য়ক্ৰমৰ ওপৰত গুৰুত্ব দিছিল । শিশুৱে শিক্ষাক শিশুকেন্দ্ৰিক কৰি তোলাৰ ওপৰত গুৰুত্ব দিছিল । তেওঁ কৈছিল যে শিশুৰ জন্মজ প্ৰবৃত্তি, ইচ্ছা, খেলা-ধূলা, নৃত্য-গীত আৰু আন আন সহঃপাঠ্য়ক্ৰমিক কাৰ্যাৱলীক পাঠ্য়ক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে । শিশুক স্বাধীনতা প্ৰদান কৰি প্ৰকৃত জগতৰ ইন্দ্ৰিয় অনুভুতিৰ যোগেদি জানিবৰ বাবে প্ৰকৃতি অধ্য়য়নৰ বিষয়বোৰ পাঠ্য়ক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে । শিশুৰ শৈক্ষিক আৰু মানিক চাহিদা পূৰণ কৰিব পৰাকৈ বিভাজিত পাঠ্য়ক্ৰম গ্ৰহণ কৰিব লাগে । পাঠ্য়ক্ৰমত গতিশীলতা আৰু পৰিৱৰ্তনশীলতা নীতি গ্ৰহণ কৰিব লাগে । 

৪) অভিজ্ঞতাভিত্তি (Experience Based Curriculum): যি পাঠ্য়ক্ৰমত বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ সংযোজন কৰা হয় আৰু সেইবোৰক শিক্ষাৰ মূল বিষয় হিচাপে ধৰিবলৈ শিক্ষাৰ্থীক শিক্ষণ প্ৰদান কৰা হয়, তেনে পাঠ্য়ক্ৰমক অভিজ্ঞতা ভিত্তিক পাঠ্য়ক্ৰম বোলা হয় । এনে পাঠ্য়ক্ৰমত সন্নিৱিষ্ট জ্ঞান সমূহ শিক্ষামূলক ভ্ৰমণ, বুৰঞ্জীপ্ৰসিদ্ধ স্থানৰ ভ্ৰমণ, কোনো প্ৰত্যেক্ষ কৰ্ম সম্পাদনৰ পৰা লাভ কৰা জ্ঞানমূলক, দজ্ঞতামূলক আৰু মানসিক অভিজ্ঞতামূক হ’ব পাৰে । 

ভাৰতীয় শিক্ষা আয়োগৰ ৰিপোৰ্টৰ শিক্ষাৰ প্ৰতিটো স্তৰতেই কৰ্ম অভিজ্ঞতা আৰু কৰ্মৰ মাধ্যেমেৰে অভিজ্ঞতা ভি্তিক পাঠ্য়ক্ৰম প্ৰস্তুত কৰাব নিৰ্দেশ দিছিল । জন ডিউই, মহাত্মা গান্ধী আদি শিক্ষাবিদেও তেওঁলোকৰ শিক্ষানীতিত কৰ্ম অভিজ্ঞতাকেই শিক্ষাৰ ফলপ্ৰসূৰ আৰু মৌলিক উপাদান হিচাপে অভিহিত কৰিছে । এনে পাঠ্য়ক্ৰম যোগেদি শিক্ষাৰ্থীয়ে বহুমুখী অভিজ্ঞতা লাভ কৰি জ্ঞান আৰু ব্যৱহাৰিক জীৱনৰ নিবিড় সম্ফন্ধৰ বিষয়ে উপলব্ধি কৰিবলৈ সক্ষম হয় । ফলত শিক্ষাৰ্থীৰ দক্ষতা আৰু কৰ্মশক্তিৰ বিকাশ সাধন হয় । 

প্ৰয়োগবাদীসকলে পাঠ্য়ক্ৰম অভিজ্ঞতা ভিত্তিক হ’ব লাগে বুলি মত পোষণ কৰে । পাঠ্য়ক্ৰমে যাতে শিক্ষাৰ্থীৰ অভিজ্ঞতাৰ পুণৰ নিৰ্মাণ কৰিব পাৰে তাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিব লাগে । শিক্ষাৰ্থীয়ে যাতে কৰ্মৰ মাজেৰে বিক্ষান আৰু কাৰিকৰী অন্তৰ্ভুক্ত কৰিব লাগে । 

প্ৰশ্নঃ 31. পাঠ্য়ক্ৰম আৰু পাঠ্য়বিষয়ৰ চাৰিটা পাৰ্থক্য় উল্লেখ কৰা ? 

উত্তৰঃ ১) পাঠ্য়ক্ৰম হৈছে শিক্ষা ব্যৱস্থাত বা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত শিক্ষাৰ্থীক শিকাবলগীয়া বিষয়সমূহৰ সামগ্ৰিক পাঠ্য়বিষয়ৰ সমষ্টি । য়েনে-তিনিবছৰীয়া স্নাতক পৰ্যায় পাঠ্য়ক্ৰম । 

আনহাতে, পাঠ্য়বিষয় হৈছে পাঠ্য়ক্ৰমৰ অন্তৰ্গত কোনো এটা নিৰ্দিষ্ট বিষয়ত নিৰ্ধাৰিত সময়ে সময়ে সমাপ্ত কৰিবলগীয়া কাকতসমূহৰ ভিতৰত থকা পাঠ্য়তালিকাৰ সমষ্টিহে মাথোন । 

২) পাঠ্য়ক্ৰম সকলো শিক্ষকৰ বাবে একে । আনহাতে পাঠ্য়বিষয় বিষয় অনুযায়ী আৰু শিক্ষকভেদে বেলেগ বেলেগ । 

৩) পাঠ্য়ক্ৰম শব্দটো লেটিন ভাষাৰ পৰা উতিপত্তি হৈছে । আনহাতে পাঠ্য়বিষয় শব্দটোৰ উত্পত্তি গ্ৰীক ভাষাৰ পৰাহে হৈছে । 

৪) পাঠ্য়ক্ৰমৰ পৰিসৰ ব্যাপক । কিন্তু পাঠ্য়বিষয়ৰ পৰিসৰ ঠেক গুপণ্ডীৰ । 

প্ৰশ্নঃ 32. এখন শৈক্ষিক পাঠ্য়বিষয়ত কেইটা উপাদান সন্নিৱিষ্ট হৈ থাকে ? সেইবোৰ কি কি ? 

উত্তৰঃ এখন শৈক্ষিক পাঠ্য়বিষয়ত সাতটা প্ৰয়োজনীয় উপাদান নিহিত থাকে । যেনে- 

১) শিক্ষকৰ বাবে তথ্য় বা সম্ভেদ (Instructor Information) 

২) সাধাৰণ বিষয়বস্তুৰ তথ্য় বা সম্ভেদ (General course information) 

৩) বিষয়বস্তুৰ উদ্দেশ্যাৱলী (Course objective) 

৪) বিষয়বস্তুৰ কৌশল (Course policies) 

প্ৰশ্নঃ 33. পাঠ্য়বিষয়ৰ যিকোনো চাৰিটা বৈশিষ্ট্য় উল্লেখ কৰা ? 

উত্তৰঃ এখন শৈক্ষিক পাঠ্য়বিষয় নিম্নলিখিত বৈশিষ্ট্য়সমূহ পৰিলক্ষিত হয় । 

১) পাঠ্য়বিষয় হৈছে এটা নিৰ্দিষ্ট বিষয়ত এক নিৰ্দিষ্ট সময়সীমাৰ (৬ মাহ/১বছৰ) ভিতৰত শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীয়ে সম্পাদন কৰিবলগীয়া তথা পঢ়াব আৰু পঢ়িবলগীয়া কাৰ্য সম্ফলিত এক শৈক্ষিক দলিল । 

২) পাঠ্য়বিষয়বোৰ একো একোটা নিৰ্দিষ্ট বিষয়ৰ বাবে পৃথকে পৃথকে প্ৰস্তুত কৰা হয় । 

৩) পাঠ্য়বিষয়বৰোৰ পৰীক্ষা ব’ৰ্ড, শিক্ষা ব’ৰ্ডৰ দ্বাৰা নিৰ্ধাৰিত কৰা হয় আৰু নিৰ্দিষ্ট প্ৰস্তুত কৰা হয়। 

৪) পাঠ্য়বিষয়বোৰ পাঠ্য়ক্ৰমৰ একো একোটা অংশহে  মাথোন । সেয়ে ইয়াৰ পৰিসৰ ঠেক আৰু ই অকো একোটা নিৰ্দিষ্ট বিষয়ৰ মাজতে সীমাৱদ্ধ । 

প্ৰশ্নঃ 34. পাঠ্য়ক্ৰমৰ প্ৰয়োজনীয়তা আৰু তাত্পৰ্য ব্যাখ্যা কৰা । 

উত্তৰঃ পাঠ্য়ক্ৰমৰ প্ৰয়োজনীয়তা আৰু তাত্পৰ্য (Need and significance of Curriculum) :

শিক্ষাৰ্থীৰ ব্যক্তিত্ব গঠনৰ বাবে শিক্ষকৰ কাৰণে পাঠ্য়ক্ৰম অতি প্য়োজনীয় । পাঠ্য়ক্ৰমে বিদ্যালয়, বিশ্ববিদ্য়ালয় আদিৰ শিক্ষাৰ আৰ্হি নিৰ্ধাৰণ কৰে । পাঠ্য়ক্ৰমৰ অবিহনে আনুষ্ঠানিক শিক্ষাক চিন্তাই কৰিব নোৱাৰি । তলত পাঠ্য়ক্ৰমৰ প্ৰয়োজনীয়তা আৰু তাত্পৰ্য সম্পৰ্কে উল্লেখ কৰা হ’ল- 

ক) শিক্ষাৰ দৰ্শনক বাস্তৱায়িত কৰি তোলাত পাঠ্য়ক্ৰমে সহায় কৰে । ই শিক্ষাৰ দৰ্শনৰ এক ব্যৱহাৰিক ৰূপদান কৰাত বিশেষ ভূমিকা পালন কৰে । 

খ) পাঠ্য়ক্ৰমে আমাৰ শিক্ষাৰ লক্ষ্যক বাস্তৱায়িত কৰি তোলে । পাঠ্য়ক্ৰমৰ সহায়তহে শিক্ষাৰ লক্ষ্য়ক শৈক্ষিক ৰূপদান কৰাত সহায় কৰে । 

গ) শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত পাঠ্য়ক্ৰমে পথ প্ৰদৰ্শক হিচাপে কাম কৰে । পাঠ্য়ক্ৰমৰ অবিহে শিক্ষক আৰু শিক্ষাৰ্থী দুয়োপক্ষই শিক্ষা কাৰ্য আগবঢ়াই নিয়াত দোধোৰ-মোধোৰ অৱস্থা আৰু সমস্য়াৰ সন্মুখীন হয় । 

ঘ) পাঠ্য়ক্ৰমে শিক্ষকক শিক্ষাদানৰ বাবে মনোগ্ৰাহী আৰু সুন্দৰ শিক্ষণ পদ্ধতিগ্ৰহণ কৰাত সহায় কৰে । শিক্ষাৰ্থীক কোন স্তৰত কি পঢ়াব, কেতিয়া কি পঢ়াব এই সকলোবোৰ পাঠ্য়ক্ৰমৰ জৰিয়তে নিৰ্ধাৰিত কৰিব পাৰি । 

প্ৰশ্নঃ 35. পাঠ্য়ক্ৰমৰ যিকোনো চাৰিটা প্ৰকৃতি উল্লেখ কৰা ? 

উত্তৰঃ পাঠ্য়ক্ৰমৰ প্ৰকৃতি (Nature of Curriculum)

পাঠ্য়ক্ৰমৰ প্ৰকৃতিবোৰ তলত উল্লেখ কৰা ধৰণৰ- 

ক) পাঠ্য়ক্ৰম হৈছে শিক্ষাৰ আৰ্হি তথা আহিলা স্বৰূপ । পাঠ্য়ক্ৰম অবিহনে আনুষ্ঠানিক শিক্ষাৰ কথা চিন্তাই কৰিব নোৱাৰি । 

খ) পাঠ্য়ক্ৰম হৈছে শিক্ষা ব্যৱস্থাৰ এক অবিচ্ছেদ্য় অংগ । ই হৈছে শিক্ষাৰ উদ্দেশ্য়ক বাস্তবায়িত কৰাৰ মূল বিন্দু স্বৰূপ । 

গ) শ্ৰেণীকক্ষৰ ভিতৰে বাহিৰে শিক্ষাৰ্থীক দিব পৰা বিদ্যালয়ৰ সামগ্ৰিক অভিজ্ঞতাই হৈছে পাঠ্য়ক্ৰম । 

ঘ) পাঠ্য়ক্ৰম হৈছে শিক্ষক-শিক্ষাৰ্থীৰ নিজ নিজ দায়িত্ব আৰু কৰ্তব্য পালনৰ সংকেটদায়ক আৰু সীমা নিৰ্ধাৰক আহিলা । 

Essay Type Question: 

প্ৰশ্নঃ 1. পাঠ্য়ক্ৰম বুলিলে কি বুজা ? 

উত্তৰঃ শিক্ষাৰ লক্ষ্য় আৰু উদ্দেশ্য় নিৰ্দ্ধাৰণ হোৱাৰ পাছত শিক্ষাৰ্থীক যিবোৰ বিষয়বস্তু শিকোৱা হয় সেই বিষয়বস্তুবোকৰে পাঠ্য়ক্ৰম বোলা হয় । পাঠ্য়ক্ৰম শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হ’ল Curriculum । এই Curriculum শব্দটো মূল ‘Currere’ শব্দৰ পৰা লোৱা হৈছে । যাৰ অৰ্থ হৈছে ‘run way’ বা ‘race course’ দৌৰপথ । যাৰ কোনো নিৰ্দিষ্ট লক্ষ্য়ত উপনীত হ’বৰ বাবে অনুসৰণ কৰিবলগীয়া বিষয়বস্তুৱেই হ’ল পাঠ্য়ক্ৰম । 

আভিধানিক অৰ্থত শিক্ষাৰ্থীৰ পঠিতব্য় বিষয়সূচীয়েই হ’ল পাঠ্য়ক্ৰম । অৰ্থাত্ শেৰ্ণী অনুযায়ী নিৰ্দ্ধাকণ কৰা সু-নিৰ্বাচিত বিষয়সমূহকে পাঠ্য়ক্ৰম বোলা হয় । প্ৰত্যেক শিক্ষা স্তৰৰে কিছুমান নিৰ্ধাৰিত পাঠ্য় বিষয় থাকে, যিবৰোৰ নিৰ্ধাৰিত লক্ষ্য়ত উপনীত হ’বৰ বাবে ছাত্ৰ-ছাত্ৰীক শিকোৱা সেইবোৰেই হ’ল পাঠ্য়ক্ৰম এইয়া হৈছে পাঠ্য়ক্ৰমৰ সংকীৰ্ণ অৰ্থ । আধুনিক শিক্ষাবিদ, পণ্ডিত, দাৰ্শনিক, চিন্তাশীল মহান ব্যক্তিসকলে পাঠ্য়ক্ৰমৰ ব্যাপক সজ্ঞা আগবঢ়াই কৈছে যে, পাঠ্য়ক্ৰমে শ্ৰেণীত শিক্ষাৰ্থীয়ে আহৰণ কৰিব লগা বিষয়ৰ উপৰিও স্থুল বা অন্যান্য পৰিবেশত আহৰণ কৰা নিত্য় নতুন বিচিত্ৰ অভিজ্ঞতাকে বুজায় । 

প্ৰশ্নঃ 2. পাঠ্য়ক্ৰম সম্পৰ্কে বিভিন্ন শিক্ষাবিদ, মহান পণ্ডিতসকলে বিভিন্ন সংজ্ঞা আগবঢ়াইছে । সেই সংজ্ঞানবোৰ আগবঢ়োৱা ? 

উত্তৰঃ ক্ৰো আৰু ক্ৰোৰ মতে পাঠ্য়ক্ৰমে স্কুলৰ বাহিৰে-ভিতৰে শিক্ষাৰ্থীৰ সেই সকলোবোৰ কাৰ্যসূচীকেই আন্তৰ্ভুক্ত কৰে যিসমূহ কেওঁৰ দৈহিক, মানসিক, আৱেগিক, সামাজিক, আধ্যাত্মিক আৰু নৈতিক বিকাশৰ বাবে সহায়ক হ’ব পাৰে ।” 

(Curriculum includes all the learner’s experiences in or outside school that are included in a programme which has been devised to help him to develop mentally, physically emotionally, socially, spiritually and morally- Crow and Crow) 

কানিংহানৰ মতে, “পাঠ্য়ক্ৰম হ’ল শিল্পীৰ (শিক্ষক) হাতৰ মূল আহিলা যাৰ দ্বাৰা উত্পাদন (শিক্ষাৰ্থী) চিত্ৰবনৰ (বিদ্য়ালয়) আদৰ্শ অনুসৰি (লক্ষ্য় আৰু উদ্দেশ্য়) গঢ়ি তোলা হয় ।”

(Curriculum is a tool in the hands of the artist (teacher) to mold his material (pupils) according to his ideals (aims and objectives) in his studio (School Cunningham) 

ফ্ৰ’বেলৰ মতে, “মানৱ জাতিৰ সমগ্ৰ জ্ঞান অভিজ্ঞতাৰে সাৰাংস স্ফৰূপ অৱস্থাকেই পাঠ্য়ক্ৰম স্বৰূপ বিবেচনা কৰিব পাৰি ।” (Curriculum should be conceived as an epitome of the rounded whole of the knowledge and experience of human race- Froebel) 

টি. ৰেমন্টৰ মতে, “পাঠ্য়ক্ৰম হ’ল এখন সমাজৰ ভাৱধাৰা, আশা-আকামক্ষাৰ বহিপ্ৰকাশহে, ব্য়ক্তিবিশেষৰ নহয় । গতিকে ল’ৰা-ছোৱালীক যি শিকোৱা হ’ব সেই বিষয়ে এখনবহল আঁচনি দাঙি ধৰাত সমাজখনৰ অধিকাৰ আছে  আৰু সেইটো কৰিবলৈ হ’লে সেই দিশত জড়িত গুণী-জ্ঞাণী আৰু অভিজ্ঞ লোকসকলৰ পৰামৰ্শ ল’ব লাগিব ।’ (Curriculum is the outward expression of ideas and aspirations of a community, not of an individual and the community has the right to lay down the broad outlines which instruction shall follow in its schools with fee deference to the opinion of the professional elements as to what constitutes suitable mental food for children. -T. Reymont) 

উগলে (Neagley) আৰু ইভানচৰ মতে, “শিক্ষাৰ্থীক শিক্ষণৰ বাঞ্চিত ফলাফল পাৰ্যমানে আয়ত্ত কৰিবৰ কাৰণে বিদ্যালয়ে সুবিধা কৰি দিয়া সমূহ পৰিকল্পিত অভিজ্ঞতাকে পাঠ্য়ক্ৰম বুলি ক’ব পাৰি।” (Curriculum should be defined as all of the planned experiences provided by the school to assist pulish in attaining the designated learning outcomes to the best of their abilities. – Weagley and Evans) 

মনৰোৰ মতে, “শিক্ষাৰ লক্ষ্য় পূৰণৰ বাবে বিদ্যালয়ে সদ ব্যৱহাৰ কৰা সকলো অভিজ্ঞতাকেই পাঠ্য়ক্ৰমত অন্তৰ্ভুক্ত কৰিব পাৰি ।” (Curriculum embodies all the experiences which utilized by the school to attain the aims of education. -Monroe) । মনোৰোৱে আকৌ কৈছে- “Curriculum is but the epitomized representation to the child of the cultural inheritance of the race ।” বিখ্যাত সমাজবাদী দাৰ্শনিক জন ডিউইৰ মতে, “পাঠ্য়ক্ৰম নিৰ্ধাৰণৰ ক্ষেত্ৰত শিশুৰ মানত্তাত্ববিক প্ৰকৃতিয়ে প্ৰাধান্য় পাব লাগে ।” (The psychological nature of child must receive priority in the formulation of curriculum. – John Dewey) 

হনিৰ মতে, “পাঠ্য়ক্ৰমে শিক্ষণ ক্ৰিয়াৰ বাহিৰেও আনেক বিষয় অন্তৰ্ভুক্ত কৰে । শিক্ষাৰ্থীৰ কাৰ্যকলাপ, উত্পাদন প্ৰক্ৰিয়া, কৃতিত্ব মানসিক অনুশীলন, কৰ্মতত্পৰতা সকলো দিশ পাঠ্য়ক্ৰমে সামৰি লয় ।” (Curriculum involves more than the act of learning and quiet study, It involves occupation, production, achievements, exercise, activity etc. – Horne) 

পেইনৰ মতে, “এখন বিদ্যালয়ে ছাত্ৰৰ ব্যক্তিত্বৰ বিকাশ কৰিবৰ বাবে আৰু তেওঁলোকৰ আচৰণৰ পৰিৱৰ্তন সাধনৰ বাবে নিৰ্বাচন কৰিব পৰা আৰু সচেতনভাৱে সংগঠন কৰিব পৰা সকলোবোৰ পৰিস্থিতিয়েই হৈছে পাঠ্য়ক্ৰম।” (Curriculum consisted of all the Situations the school may select and consciously organize for the purpose of developing the personality of its pupils and for making behavioral changes in them- Payne) 

১৯৬৪-৬৬ চনৰ ভাৰতীয় শিক্ষা আয়োগৰ প্ৰতিবেদন মতে, “বিদ্য়ালয়ে নিজৰ তত্ত্বাৱধানত ছাত্ৰ-ছাত্ৰীক ইয়াৰ ভিতৰত আৰু বাহিৰত আয়ত্ত কৰিবলৈ সুবিধা কৰি দিয়া বিভিন্ন কাৰ্যৰ আটাইবিলাক শৈক্ষিক অভিজ্ঞতাকে সামূহিকভাৱে পাঠ্য়ক্ৰম বুলিব পাৰি ।”  (We conceive of the school curriculum as the totality of learning experience that the school provides for the pulis through all the manifold activities in the school or outside that are carried on under its supervision. – Kothari Commission, 1964-66) 

ফ্ৰেংকলিন ব’বিট (Franklin Bob bill)ৰ মতে “Curriculum is the entire range of experiences, both directed and undirected, concerned in unfolding the abilities of the individuals.” 

চাৰ পাৰ্চি নানৰ মতে, “শিক্ষাৰ প্ৰধান লক্ষ্য হৈছে শিশুৰ ব্যক্তিত্বক সুস্থভাৱে গঢ় দিয়া । গতিকে শিশুৰ ব্যক্তিত্বক শক্তিশালী কৰি গঢ়ি তুলিবৰ বাবে, শিশুৰ স্বাভাৱিক অনুৰাগ অভিৰুচি চৰিতাৰ্থ কৰিবৰ বাবে পাঠ্য়ক্ৰমৰ যোগেদি সুবিধা দিব লাগে।” তেওঁৰ মতে, “মানৱীয় জীৱনশক্তি আত্ম-প্ৰকাশ কৰি উঠা সকলোবিধ ক্ৰিয়া অভিজ্ঞতাৰ অধিক স্থায়িত্বশীলভাৱে তাত্পৰ্যপূৰ্ণ হৈ উঠা সকলোবিধ ক্ৰিয়া অভিজ্ঞতাৰ দৃষ্টিকোণৰ পৰাহে পাঠ্য়ক্ৰমত নিৰীক্ষণ কৰিব লাগে।” 

(The curriculum should be viewed as various forms of activity that the grand expression of the human spirit and that are of the greatest and most permanent significance to the whole world- Percy Nunn)

বিখ্যাত সমাজবাদী দাৰ্শনিক জন ডিউইৰ মতে, “পাঠ্য়ক্ৰম নিৰ্ধাৰণৰ ক্ষেত্ৰত শিশুৰ মানত্তাত্ববিক প্ৰকৃতিয়ে প্ৰাধান্য় পাব লাগে ।” (The psychological nature of child must receive priority in the formulation of curriculum. – John Dewey) 

হনিৰ মতে, “পাঠ্য়ক্ৰমে শিক্ষণ ক্ৰিয়াৰ বাহিৰেও আনেক বিষয় অন্তৰ্ভুক্ত কৰে । শিক্ষাৰ্থীৰ কাৰ্যকলাপ, উত্পাদন প্ৰক্ৰিয়া, কৃতিত্ব মানসিক অনুশীলন, কৰ্মতত্পৰতা সকলো দিশ পাঠ্য়ক্ৰমে সামৰি লয় ।” (Curriculum involves more than the act of learning and quiet study. It involves occupation, production, achievements, exercise, activity etc. – Horne)

আদৰ্শবাদীসকলৰ মতে, পাঠ্য়ক্ৰমৰ মাজেদি পৰম সত্তাৰ উপলব্ধিয়েই হ’ল শিক্ষাৰ প্ৰধান লক্ষ্য় । গতিকে আমাৰ পূৰ্বপূৰুষৰ সঞ্চিত সংস্কৃতি, জ্ঞানৰ ভাণ্ডাৰ আদিৰ পৰা পাণ্য়ক্ৰমৰ বিষয়বস্তু নিৰ্ধাৰণ কৰিব লাগে । 

বস্তুবাদীসকলৰ মতে, মানুহৰ জীৱন বিচিত্ৰ আৰু পৰিৱৰ্তনশীল গতিকে শিক্ষাৰ পণ্য়ক্ৰম শিক্ষাৰ্থীৰ বাস্তৱ প্ৰয়োজন আৰু চাহিদা পূৰণ কৰিব পৰাকৈ নিৰ্ধাৰণ কৰিব লাগে । 

প্ৰকৃতিবাদীসকলৰ মতে, প্ৰকৃতিগতখনেই হ’ল শিশুৰ শিক্ষাৰ পাঠ্য়ক্ৰম । প্ৰকৃতিবাদী দাৰ্শনিক ৰুছোৰ মত পোষণ কৰে যে, শিশুৱে প্ৰকৃতিৰ কোলাতেই ডাঙৰ দীঘল হৈ তাৰ প্ৰয়োজনীয় জ্ঞান আহৰণ কৰিবলৈ সক্ষম হয় । 

প্ৰয়োগবাদীসকলৰ মতে. শিক্ষাৰ্থীৰ অভিজ্ঞতাকহে পাঠ্য়ক্ৰমত গুৰুত্ব দিব লাগে । প্ৰয়োগবাদী দাৰ্শনিক জন ডিউইৰ মতে, “শিশুক নানা ক্ৰিয়া-কৌশলৰ মাজেৰে অভিজ্ঞ হ’বলৈ উত্সাহিত কৰিব লাগিব । কাৰণ অভিজ্ঞতা অৰ্জনৰ মাধ্য়মেৰেহে শিশুৱে প্ৰকৃত শিক্ষা লাভ কৰিবলৈ সক্ষম হ’ব ।” 

মানৱতাবাদীসকলৰ মতে, শিক্ষাৰ পাঠ্য়ক্ৰম মানুহৰ আশা-আকাংক্ষা, সুখ দুখক কেন্দ্ৰ কৰি নিৰ্ধাৰণ কৰিব লাগে । তেতিয়াহে মানুহে শিক্ষা লাভ কৰিবলৈ সক্ষম হ’ব । 

সমাজবাদীসকলৰ মতে, পাঠ্য়ক্ৰমত এনেবোৰ বিষয় সন্নিৱিষ্ট হ’ব লাগে যিবোৰ শিশুক সামাজিক কৰি গঢি তোলাৰ জ্ঞান প্ৰদান কৰিব । 

মনোবিজ্ঞানীসকলৰ মতে, পাঠ্য়ক্ৰমত জ্ঞান, ভাব আৰু কৰ্ম এই তিনিটা ধাৰা অন্তৰ্ভুক্ত হোৱা উচিত । ভাষা, সাহিত্য়, গণিত আদি, জ্ঞানমূলক কবিতা, গীত, নৃত্য়, অভিনয় আদি, ভাৱমূলক, হস্তশিল্প আৰু কাৰুকাৰ্য আদি কৰ্মমূলক বিষয় পাঠ্য়ক্ৰমত সন্নিৱিষ্ট হ’ব লাগে । 

Q. 3. Write the nature of curriculum. 

পাঠ্য়ক্ৰমৰ প্ৰকৃতিবোৰ লিখা । 

উত্তৰঃ পাঠ্য়ক্ৰমৰ প্ৰকৃতি (Nature of Curriculum) পাঠ্য়ক্ৰমৰ প্ৰকৃতিবোৰ তলত উল্লেখ কৰা ধৰণৰ- 

ক) পাঠ্য়ক্ৰম হৈছে শিক্ষাৰ আৰ্হি তথা আহিলা স্বৰূপ । পাঠ্য়ক্ৰম অবিহনে আনুষ্ঠানিক শিক্ষাৰ কথা চিন্তাই কৰিব নাৱোৰি । 

খ) পাঠ্য়ক্ৰম হৈছে ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংগ । ই হৈছে শিক্ষাৰ উদ্দেশ্যক বাস্তবায়িত কৰাৰ মূল বিন্দু স্বৰূপ । 

গ) শ্ৰেণীকক্ষৰ ভিতৰে বাহিৰে শিক্ষাৰ্থীক দিব পৰা বিদ্যালয়ৰ সামগ্ৰীক অভিজ্ঞতাই হৈছে পাঠ্য়ক্ৰম । 

ঘ) পাঠ্য়ক্ৰম হৈছে শিক্ষক-শিক্ষাৰ্থীৰ নিজ নিজ দায়িত্ব আৰু কৰ্তব্য পালনৰ সংকেটদায়ক আৰু সীমা নিৰ্ধাৰক আহিলা । 

ঙ) পাঠ্য়ক্ৰম হৈছে শিক্ষাৰ্থীক শিকনৰ বাঞ্চিত ফলাফল পৰ্যামানে লাভ কৰিব বাবে শিক্ষানুষ্ঠানে সুবিধা কৰি দিয়া সামগ্ৰীক পৰিকল্পিত অভিজ্ঞতা । 

চ) পাঠ্য়ক্ৰম হৈছে পাঠ্য় তালিকাৰ লগতে শিক্ষকৰ পাঠ্য়দান পদ্ধতি, শিক্ষাৰ্থীৰ অৰ্জিত জ্ঞানৰ মূল্যাংকন পদ্ধতি, পৰীক্ষা ব্যৱস্থা, শিক্ষাৰ্থীয়ে শিক্ষানুষ্ঠানত লাভ কৰা শাৰীৰিক, মানসিক, সামাজিক, আৱেগিক আদি সকলো অভিজ্ঞতাৰ সমষ্টি । 

ছ) পাঠ্য়ক্ৰম হৈছে শিক্ষাৰ্থীয়ে এখন সমাজৰ ভাবধাৰা, আশা-আকাংক্ষাৰ বৰ্হিপ্ৰকাশ ব্যক্তি বিশেষৰ নহয় । 

জ) পাঠ্য়ক্ৰম হৈছে শিক্ষাৰ্থীয়ে শিক্ষানুষ্ঠানৰ পৰিৱেশ অৰ্থত্ শ্ৰেণীকক্ষ, খেলপথাৰ, গ্ৰন্থাগাৰ, ৰসায়নাগাৰ, পৰীক্ষাগাৰ, মঞ্চ আৰু শিক্ষকৰ লগত গঢ়ি উঠা সম্পৰ্কৰ সহায়েৰে আয়ত্ব কৰা বিচিত্ৰ অভিজ্ঞতাৰ সমষ্টি । 

ঞ) পাঠ্য়ক্ৰম একো একোখন শিক্ষানুষ্ঠানৰ সকলো শিক্ষকৰ বাবে একে নহয় । 

ঝ) পাঠ্য়ক্ৰম চৰকাৰ বা বিদ্যালয় বা মহাবিদ্যালয় প্ৰশাসনে নিৰ্ধানণ কৰে । 

ট) একোখন পাঠ্য়ক্ৰম দীৰ্ঘ দিনৰ বাবে ব্যৱহাৰ কৰিব পাৰি । অৰ্থাত্ যেতিয়ালৈ নিৰ্ধাৰিত পাঠ্য়সূচী শেষ নহয় বা শিক্ষাৰ নিৰ্ধাৰিত লক্ষ্য়ত উপনীত নহয় তেতিয়ালৈকে ই চলি থাকে । 

 ঠ) পাঠ্য়ক্ৰম হৈছে শিক্ষানুষ্ঠানৰ শৈক্ষিক আঁচনি পৰিকল্পিত কৰাত সহায় কৰা কিছুমান উপাদানৰ সমষ্টি । 

প্ৰশ্নঃ 4. পাঠ্য়াক্ৰমৰ প্ৰয়োজনীয়তা আৰু তাত্পৰ্য ব্যাখ্য়া কৰা ?

উত্তৰঃ পাঠ্য়াক্ৰমৰ প্ৰয়োজনীয়তা আৰু তাত্পৰ্য (Need and significance of Curriculum) 

শিক্ষাৰ্থীৰ ব্যক্তিত্ব গঠনৰ বাবে শিক্ষকৰ কাৰণে পাঠ্য়ক্ৰম অতি প্ৰয়োজনীয় । পাঠ্য়ক্ৰম বিদ্যালয়, মহাবিদ্যালয় আদিৰ শিক্ষা আৰ্হি নিৰ্ধাৰণ কৰে । পাঠ্য়ক্ৰমৰ অবিহনে আনুষ্ঠানিক শিক্ষাক চিন্তাই কৰিব নোৱাৰি । তলত পাঠ্য়ক্ৰমৰ প্ৰয়োজনীয়তা আৰু তাত্পৰ্য সম্পৰ্কে উল্লেখ কৰা হ’ল – 

ক) শিক্ষাৰ দৰ্শনক বাস্তৱায়িত কৰি তোলাত পাঠ্য়ক্ৰমে সহায় কৰে । ই শিক্ষাৰ দৰ্শনৰ এক ব্যৱহাৰিক ৰূপদান কৰাত বিশেষ ভূমিকা পালন কৰে । 

খ) পাঠ্য়ক্ৰমে আমাৰ শিক্ষাৰ লক্ষ্যক বাস্তৱয়িত কৰি তোলে । পাঠ্য়ক্ৰমৰ সহায়তহে শিক্ষাৰ লক্ষ্য়ক শৈক্ষিক ৰূপদান কৰাত সহায় কৰে । 

গ) শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত পাঠ্য়ক্ৰমে পথ প্ৰদৰ্শক হিচাপে কাম কৰে । পাঠ্য়ক্ৰমৰ অবিহনে শিক্ষক আৰু শিক্ষাৰ্থী দুয়োপক্ষই শিক্ষা কাৰ্য আগবঢ়াই নিয়াত দোধোৰ-মোধোৰ অৱস্থা আৰু সমস্যাৰ সন্মুখীন হয় । 

ঘ) পাঠ্য়ক্ৰমে শিক্ষকক শিক্ষাদানৰ বাবে মনোগ্ৰাহী আৰু সুন্দৰ শিক্ষণ পদ্ধতিগ্ৰহণ কৰাত সহায় কৰে । শিক্ষাৰ্থীক কোন স্তৰত কি পঢ়াব, কেতিয়া কি পঢ়াব এই সকলোবোৰ পাঠ্য়ক্ৰমৰ জৰিয়তে নিৰ্ধাৰণ কৰিব পাৰি । 

ঙ) মানুহৰ অতীত, বৰ্তমান আৰু ভৱিষ্য়তৰ জ্ঞান আৰু অভিজ্ঞতাক সম্পৰ্কিত কৰিব বাবে পাঠ্যক্ৰম অতি প্ৰয়োজনীয় । ই এইসমূহক এক সহ সম্ফন্ধিত ৰথেৰে প্ৰদৰ্শিত হোৱাত সহায় কৰে । 

চ) পাঠ্য়ক্ৰমৰ সহায়ত কোনো এটা বিষয় সংগঠন আৰু পদ্ধতিগত অধ্যয়ন সম্ভৱপৰ হয় ।
ছ) শিক্ষাৰ্থীৰ জ্ঞানৰ মূল্যায়ন আৰু শৈক্ষিক মূল্যায়ন আৰু তেওঁলোকৰ শ্ৰেণীকৰণ আৰু গ্ৰেড নিৰ্ণয় কৰাটো পাঠ্য়ক্ৰমৰ জৰিয়তে সম্ভৱ হয় । 

মুঠ ওপৰত শিক্ষাৰ ক্ষেত্ৰত শিক্ষাক সকলো দিশৰ পৰা সম্পূৰ্ণ কৰি তুলিবলৈ, শ্ৰেণী অনুযায়ী নিৰ্দিষ্ট  বিষয়ৰ সুস্থ শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত পাঠ্য়ক্ৰমৰ গুৰুত্ব অতি তাত্পৰ্যপূৰ্ণ । 

প্ৰশ্নঃ 5. এখন শৌক্ষিক পাঠ্য়বিষয়ত কেইটা উপাদান সন্নিৱিষ্ট হৈ থাকে ? সেইবোৰ কি কি ? 

উত্তৰঃ এখন শৈক্ষিক পাঠ্য়বিষয়ত সাতটা প্ৰয়োজনীয় উপাদান নিহিত থাকে । যেনে- 

১) শিক্ষকৰ বাবে তথ্য বা সম্ভেদ (Instructor Information) 

২) বিষয়বস্তুৰ উদ্দেশ্যাৱলী (Course objective) 

৩) সাধাৰণ বিষয়বস্তুৰ তথ্য় বা সম্ভেদ (General Course information) 

৪) বিষয়স্তুৰ কৌশল (Course policies) 

৫) গ্ৰেড প্ৰদান মূল্যায়ন (Grading resources) 

৬) শিকন সম্প্ৰদায়সমূহ (Learning resources) 

৭) বিষয়বস্তুৰ দিনপঞ্জী (Course calendar) 

মুঠৰ ওপৰত কোনো এটা নিৰ্দিষ্ট বিষয়ৰ শিক্ষা বা প্ৰশিক্ষণৰ বাবে নিৰ্ধাৰিত বিষয়বস্তুবোৰ, উপবিষয়বোৰ আৰু ইয়াৰ লগত জড়িত অন্যান্য সামগ্ৰীৰ বিৱৰ্তণ তথা সাৰাংশকে পাঠ্য়বিলাক বোলা হয় । 

প্ৰশ্নঃ 6. পাঠ্য়বিষয়ৰ বৈশিষিট্যসমূহ আলোচনা কৰা ? 

উত্তৰঃ এখন শৈক্ষিক পাঠ্য়বিষয় নিম্নলিখিত বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয় । 

১) পাঠ্য়বিষয় হৈছে এটা নিৰ্দিষ্ট বিষয়ত এক নিৰ্দিষ্ট সময়সীমাৰ (৬মাহ/১বছৰ) ভিতৰত শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীয়ে সম্পাদন কৰিলগীয়া তথা পঢাব আৰু পঢ়িবলগীয়া কাৰ্য সম্ফলিত এক শৈক্ষিক দলিল । 

২) পাঠ্য়বিষয়বোৰ একো একোটা নিৰ্দিষ্ট বিষয়ৰ বাবে পৃথকে পৃথকে প্ৰস্তুত কৰা হয় । 

৩) পাঠ্য়বিষয়বোৰ পৰীক্ষা ব’ৰ্ডক দ্বাৰা নিৰ্ধাৰিত কৰা হয় আৰু নিৰ্দিষ্ট বিষয়ৰ অভিজ্ঞ অধ্যাপকৰ দ্বাৰা প্ৰস্তুত কৰা হয় । 

৪) পাঠ্য়বিষয়বোৰ পাঠ্য়ক্ৰমৰ একো একোটা অংশহে মাথোন । সেয়ে ইয়াৰ পৰিসৰ ঠেক আৰু ই একো একোটা নিৰ্দিষ্ট বিষয়ৰ মাজতে সীমাৱদ্ধ । 

৫) পাঠ্য়বিষয় হৈছে কোনো এটা নিৰ্দিষ্ট বিষয়ৰ শিক্ষা বা প্ৰশিক্ষণৰ বাবে নিৰ্ধাৰণ কৰা বিষয়বস্তু আৰু ইয়াৰ লগত জড়িত সামগ্ৰী এক সাৰাংশহে মাথোন । 

৬) পাঠ্য়বিষবোৰ শিক্ষক শিক্ষাৰ্থীৰ বাবে নিৰ্দেশনা তথা দাপোন স্বৰূপ । ই শিক্ষাৰ্থীক শিক্ষণীয় বিষয়বস্তু, উদ্দেশ্য, কৌশল, সামগ্ৰী মূল্যায়ন ব্যৱস্থা ইত্যাদি সকলো দিশৰ বিষয়ে জনা আৰু বুজতা সহায় কৰে । 

৭) পাঠ্যবিষয়ে শিক্ষক শিক্ষাৰ্থীক এক নিৰ্দিষ্ট পথ প্ৰদৰ্শন কৰে যাৰ যোগেদি তেওঁলোকে শিকন শিক্ষণ কাৰ্যত সূচাৰুৰূপে অগ্ৰসৰ হ’ব পাৰে । 

৮) পাঠ্য়বিষয়বোৰ বেলেগ বেলেগ শিক্ষকৰ বাবে বেলেগ বেলেগ  হয় । কোনোবা এজন শিক্ষকে পঢ়াবলগীয়া বিষয়টো আন এজনে পঢ়াব নোৱাৰিবও পাৰে । এই ক্ষেত্ৰত শিক্ষকৰ যোগ্যতা, সামৰ্থ, বিষয়বস্তুৰ জ্ঞান আৰু অভিজ্ঞতা, কৌশল, প্ৰশিক্ষণ আদিৰ প্ৰয়োজন হয় । 

৯) পাঠ্য়বিযবোৰ সাধাৰণতে বৰ্ণনাধৰ্মী হয় । 

প্ৰশ্নঃ 7. পাঠ্য়ক্ৰম হৈছে পাঠ্য়বিষয় পাৰ্থক্য (Difference between Curriculum and Syllabus) আলোচনা কৰা ? 

উত্তৰঃ ১) পাঠ্য়ক্ৰম হৈছে শিক্ষা ব্যৱস্থাত বা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত শিক্ষাৰ্থীক শিকাবলগীয়া বিষয়সমূহৰ সামগ্ৰী পাঠ্য়বিষয়ৰ সমষ্টি । যেনে-তিনিবছৰীয়া স্নাতক পৰ্যায়ৰ পাঠ্য়ক্ৰম । 

আনহাতে, পাঠ্য়বিষয় হৈছে পাঠ্য়ক্ৰমৰ অন্তৰ্গত কোনো এঠা নিৰ্দিষ্ট বিষয়ত নিৰ্ধাৰিত সময়ে সময়ে সমাপ্ত কৰিবলগীয়া কাকতসমূহৰ ভিতৰত থকা পাঠ্য়তালিকাৰ সমষ্টিহে মাথোন । 

২) পাঠ্য়ক্ৰম সকলো শিক্ষকৰ বাবে একে । আনহাতে পাঠ্য়বিষয় বিষয় অনুযায়ী আৰু শিক্ষকভেদে বেলেগ বেলেগ । 

৩) পাঠ্য়ক্ৰম শব্দটো লেটিন ভাষাৰ পৰা উত্পত্তি হৈছে । আনহাতে পাঠ্য়বিষয় ব্দটোৰ উত্পত্তি গ্ৰীক ভাষাৰ পৰা হৈছে । 

৪) পাঠ্য়ক্ৰমৰ পৰিসৰ ব্যপক । কিন্তু পাঠ্য়বিষয়ৰ পৰিসৰ ঠেক গুপণ্ডীৰ । 

৫) পাঠ্য়ক্ৰম উদ্দেশ্যধৰ্মী । কিন্তু পাঠ্য়বিষয় বৰ্ণনাধৰ্মী । 

৬) পাঠ্য়ক্ৰম চৰকাৰ বা বিদ্যালয় বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয় প্ৰশাসনে নিৰ্ধাৰণ কৰে । আনহাতে পাঠ্য়বিষয়বোৰ নিৰ্দিষ্ট বিষয় অধ্যাপক বা শিক্ষকে যুগুত কৰে । 

৭) এখন পাঠ্য়ক্ৰম শিক্ষাৰ্থীৰ বাবে প্ৰস্তুত কৰা নহয় । পাঠ্য়ক্ৰমখনে যিহেতু সকলো বিষয় সামৰি লয় আৰু শিক্ষাৰ্থীসকলৰ বাবে সকলো বিষয়ৰ পাঠ্য় তালিকাৰ প্ৰয়োজন নহয় । 

আনহাতে পাঠ্য়বিষয় শিক্ষাৰ্থীৰ বাবে আৰু শিক্ষাৰ্থীক যোগান ধৰিব পৰাকৈ প্ৰস্তুত কৰা হয় । শিক্ষকে পাঠ্য়বিষয়ৰ তালিকা শিক্ষাৰ্থীক যোগান ধৰিব পাৰে যাতে তেওঁলোক বিষয়বস্তুোৰ প্ৰতি অধিক আকৰ্ষিত হয় । 

৮) পাঠ্য়ক্ৰম এখনে আটাইবোৰ বিষয়ক সামৰি লয় । আনহাতে এখন পাঠ্য়বিষয়ে এটা নিৰ্দিষ্ট বিষয়হে সামৰি লয় । 

৯) এখন পাঠ্য়ক্ৰম শৈক্ষিক পৰ্যায়টোৰ শেষলৈকে সামৰি যুগুত কৰা হয় । 

আনহাতে, পাঠ্য়বিষয় এটা এটা বছৰ বা ছমাহ ছমাহৰ (ষাণ্মাসিক পদ্ধতিত) বাবেহে যুগুত কৰা হয় । 

প্ৰশ্নঃ 8. পাঠ্য়ক্ৰম সম্পৰ্কীয় বিভিন্ন চিন্তাধাৰাসমূহৰ বিষয়ে আলোচনা কৰা ? 

উত্তৰঃ সময়ৰ পৰিৱৰ্তনৰ লগে লগে সমাজৰ প্ৰয়োজন, শিক্ষা, দৰ্শন, মনোবিজ্ঞান আদিৰ ধাৰণাৰো পৰিৱৰিতন হছে । ফলত পাঠ্য়ক্ৰমৰ ধাৰণাও সলনি হ’বলৈ ধৰিছে । অতীজতে শিক্ষাৰ্থীয়ে গুৰুগৃহত থাকি ব্যৱহাৰিক শিক্ষা লাভ কৰিছিল । সেয়েহে সংগীত আদি অন্তৰ্ভুক্ত কৰা হৈছিল । বৈদিক যুগত বেদাংগ যেন- শিক্ষা, কল্প, ব্যাকৰণ, নিৰুক্ত, ছন্দ আৰু জ্য়োতিষেই পাঠ্য়ক্ৰমৰ মূল বিষয়বস্তু আছিল । ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাত ধৰ্মই মুখ্য় স্থান লাভ কৰিছিল । বৌদ্ধ যুগত ‘নিৰ্বাণ’ আৰু মুক্তি লাভৰ বাবে বৌদ্ধ ভিক্ষুসকলক ‘সুত্বজ’, বিনয়’ আৰু ধৰ্মৰ শিক্ষা দিয়া হৈছ্ল । খেলা-ধূলাইও এই সময়ত বিশেষ স্থান লাভ কৰিছিল । মুছলমান যুগত আকবৰ আৰু ঔৰংজেৱৰ শালন কালত শিক্ষাৰ পাঠ্য়ক্ৰমত ভাষা, ভূগোল আৰু বুৰঞ্জী অন্তৰ্ভূক্ত কৰা হৈছিল । 

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ দ্ৰূত উন্নয়নৰ ফলত পশ্চিমীয়া চিন্তাধাৰাৰ প্ৰভাৱ ভাৰতীয় শিক্ষা ব্যৱস্থাত পৰিবলৈ ধৰে । আৰ্দশবাদীসকলৰ মতে, পাঠ্য়ক্ৰমৰ মাজেদি পৰম সত্তাৰ উপলব্ধিয়েই হ’ল শিক্ষাৰ প্ৰধান লক্ষ্য । গতিকে আমাৰ পূৰ্বপূৰুষৰ সঞ্চিত সংস্কৃতি, জ্ঞানৰ ভাণ্ডৰ আদিৰ পৰা পাঠ্য়ক্ৰমৰ বিষয়বস্তু নিৰ্ধাৰণ কৰিব লাগে । বস্তুবাদীসকলৰ মতে, মানুহৰ জীৱন বিচিত্ৰ আৰু পৰিৱৰ্তনশীল । গতিকে শিক্ষাৰ পাঠ্য়ক্ৰম শিক্ষাৰ্থীৰ বাস্তৱ প্ৰয়োজন আৰু চাহিদা পূৰণ কৰিব পৰাকৈ নিৰ্ধাৰণ কৰিব লাগে । 

প্ৰকৃতিবাদীসকলৰ মতে, প্ৰকৃতিজগতখনেই হ’ল শিশুৰ শিক্ষাৰ পাঠ্য়ক্ৰম প্ৰকৃতিবাদী দাৰ্শনিক ৰুছোৱে মত ৰোষণ কৰে যে, শিশুৱে প্ৰকৃতিৰ কোলাতেই ডাঙৰ দীঘল হৈ তাৰ প্ৰয়োজনীয় জ্ঞান আহৰণ কৰিবলৈ সক্ষম হয় । 

প্ৰয়োগবাদী সকলৰ মতে, শিক্ষাৰ্থীৰ অভিজ্ঞতাকহে পাঠ্য়ক্ৰমত গুৰুত্ব দিব লাগে । প্ৰয়োগবাদী দাৰ্শনিক জন ডিউইৰ মতে, “শিশুক নানা ক্ৰিয়া-কৌশলৰ মাজেৰে অভিজ্ঞ হ’বলৈ উত্সাহিত কৰিব লাগিব । কাৰণ অভিজ্ঞতা অৰ্জনৰ মাধ্য়ম্ৰ্হ্ শিশুৱে প্ৰকৃত শিক্ষা লাভ কৰিবলৈ সক্ষম হ’ব” । 

মানৱতাবাদীসকলৰ মতে, শিক্ষাৰ পাঠ্য়ক্ৰম মানুহৰ আশা-আকাংশা, সুখ-দুখক কেন্দ্ৰ কৰি নিৰ্ধাৰণ কৰিব লাগে । তেতিয়াহে মানুহে শিক্ষা লাভ কৰিবলৈ সক্ষম হ’ব । 

সমাজবাদীসকলৰ মতে, পাঠ্য়ক্ৰমত এনেবোৰ বিষয় সন্নিৱিষ্ট হ’ব লাগে যিবোৰে শিশুক সামাজিক কৰি গঢ়ি তোলাৰ জ্ঞান প্ৰদান কৰিব । 

মনোবিজ্ঞানীসকলৰ মতে, পাঠ্য়ক্ৰমত জ্ঞান, ভাব আৰু ধৰ্ম এই তিনিটা ধাৰা সন্নিৱিষ্ট হ’ব লাগে । গণতান্ত্ৰিক চিন্তাধাৰা অনুসৰি শিক্ষাত সমতা স্থাপন হ’বলৈ হ’লে ব্যক্তিৰ বিকাশ সাধন হ’ব লাগিব । ইয়াৰ বাবে জাতি, ঘৰ্ম, ভাষা বৰ্ণ নিৰ্বিশেষে সকলোৱে যাতে শিক্ষা লাভ সম সুযোগ লাভ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিব লাগে । সকলোৱে যাতে গণতান্ত্ৰিক নাগৰিকত্বৰ গুণবোৰ আয়ত্ব কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য় ৰাখিব লাগে । 

প্ৰশ্নঃ 5. পাঠ্য়বিধয়ৰ অন্তৰ্গত বিভিন্ন দৰ্শনৰ ওপৰত ভিত্তি কৰি পাঠ্য়ক্ৰমৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰা ? 

উত্তৰঃ ১) বিষয়কেন্দ্ৰিক পাঠ্য়ক্ৰম (Subject Centred Curriculum): যি পাঠ্য়ক্ৰমত সাহিত্য, ব্যাকৰণ, ভূগোল, অংক, বিজ্ঞান, বুৰঞ্জী আদি বিষয়বোৰক মূল ভিত্তি হিচাপে লৈ শাক্ষাদান কৰা হয় তেনে পাঠ্য়ক্ৰমক বিষয়কেন্দ্ৰিক পাঠ্য়ক্ৰম বোলা হয় । এনে পাঠ্য়ক্ৰমত কাৰিকৰী শিক্ষাদানৰ পৰিৱৰ্তে মানসিক দাৰ্শনিকসকলে বিষয়কেন্দ্ৰিক পাঠ্য়ক্ৰমৰ ওপৰত গুৰুত্ব আৰোপ কৰে । 

আদৰ্শবাদীসকলে শিক্ষাৰ্থীৰ মনত আধ্যাতম্ক চেতনা জগাই তুলি চৰম সত্য ভগৱানক উপলব্ধি কৰাত সহায় কৰা দিশসমূহক পায্টক্ৰমত অন্তৰ্ভূক্ত কৰিব লাগে বুলি মত পোষণ কৰে । আদৰ্শবাদী দাৰ্শনিক ৰুচ, পি.টি.নান আদিয়ে পাঠ্য়ক্ৰম সম্পৰ্কত মতামত আগবঢ়ায় । আদৰ্শবাদীসকলৰ মতে মানসিক উন্নতি সাধনৰ বাবে সাহিত্য, অন্তৰ্ভুক্ত কৰিব লাগে । আধ্যাত্মিক চেতনা আৰু মূল্যবোধ জগাই তুলিবৰ বাবে চাৰু কৰলা, সংগীত, কবিতা, ন্যায় শাস্ত্ৰ, নীতি শাস্ত্ৰ, ধৰ্ম, অধিবিদ্যা আদিক অন্তৰ্ভুক্ত কৰিব লাগে । 

২) কৰ্মকেন্দ্ৰিকঃ কোনো কৰ্মক কেন্দ্ৰকৰি জ্ঞান দিয়া পাঠ্য়ক্ৰমক কৰ্মকেন্দ্ৰিক পাঠ্য়ক্ৰম বোলা হয়। আধুনিক মনস্ততত্ত্বৰ মতে শিশুৰ শিক্ষা নিষ্ক্ৰিয় হোৱাৰ পৰিৱৰ্তে বাস্তৱ জীৱনৰ কৰ্মৰাজিক কেন্দ্ৰ কৰি গঢ়ি উঠা উচিত । কিয়নো সক্ৰিয় শিক্ষাইহে প্ৰকৃত জ্ঞান প্ৰদান কৰিব পাৰে । ৰু’, মন্টেছৰী, ডন ডিউই, মহাত্মা গান্ধী প্ৰভৃতি শিক্ষাবিদে কামৰ মাজেৰে শিক্ষা দি শিক্ষাক জীৱনকেন্দ্ৰিক গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । ক্ৰমকেন্দ্ৰিক পাঠ্য়ক্ৰমৰ দ্বাৰাহে শিসুৰ ইন্দ্ৰিয় অনুশীলন হয়, যি শিক্ষাক ফলপ্ৰসূ আৰু স্থায়ী কৰি তোলে । জন ডিউইৰ কৰ্মকেন্দ্ৰিক নীতিৰ ভিত্তিত কিল’প্ৰেট্ৰিকৰ প্ৰকল্প পদ্ধতি, মন্টেছৰীৰ পদ্ধতি. গান্ধীজীৰ বুনিয়াদী শিক্ষা পদ্ধতিত কৰ্মকেন্দ্ৰিক পাঠ্য়ক্ৰমত গুৰুত্ব প্ৰদান কৰা হয় । 

৩) শিক্ষাৰ্থীকেন্দ্ৰিকঃ যি পাঠ্য়ক্ৰম শিশু বা শিক্ষাৰ্থীৰ বয়স, ৰাপ, ৰুচি, সামৰ্থ আদিলৈ লক্ষ্য় ৰাখি আৰু শিশুৰ চাহিদা পূৰণ কৰিব পৰাকৈ যুগুত কৰা হয় তেনে পাঠ্য়ক্ৰমকে শিক্ষাৰ্থীকেন্দ্ৰিক বা শিশুকেন্দ্ৰিক পাঠ্য়ক্ৰম বোলা হয় । 

প্ৰকৃতিবাদী দাৰ্শনিকসকলে শিক্ষাৰ্থীকেন্দ্ৰিক তথা শিশুকেন্দ্ৰক পাঠ্য়ক্ৰমৰ ওপৰত গুৰুত্ব দিছিল । তেওঁ কৈছিল যে শিশুৰ জন্মজ প্ৰবৃত্তি, ইচ্ছা, খেলাৃধূলা, নৃত্য-গীত আৰু আন আন সহঃপাঠ্য়ক্ৰমিক কাৰ্যাৱলীক পাঠ্য়ক্ৰমত অন্তৰ্ভূক্ত কৰিব লাগে । শিশুক স্বাধীনতা প্ৰদান কৰি প্ৰকৃত জগতক ইন্দ্ৰিয় অনুভূতিৰ যোগেদি জানিবৰ বাবে প্ৰকৃতি অধ্যয়নৰ বিষয়বোৰ পাঠ্য়ক্ৰমত অন্তৰ্ভূক্ত কৰিব লাগে । শিশুৰ শৈক্ষিক আৰু মানসিক চাহিদা পূৰণ কৰিব পৰাকৈ বিভাজিত পাঠ্য়ক্ৰম গ্ৰহণ কৰিব লাগে । পাঠ্য়ক্ৰমত গতিশীলতা আৰু পৰিৱৰ্তনশীলতাৰ নীতি গ্ৰহণ কৰিব লাগে । 

৪) অভিজ্ঞতাভিক্তি (Experience Based Curriculum): যি পাঠ্য়ক্ৰমত বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ সংযোজন কৰা হয় । আৰু সেইবোৰক শিক্ষাৰ মূল বিষয় হিচাপে ধৰিবলৈ শিক্ষাৰ্থীক শিক্ষণ প্ৰদান কৰা হয়, তেনে পাঠ্য়ক্ৰমক অভিজ্ঞতা ভিত্তিক পাঠ্য়ক্ৰম বোলা হয় । এনে পাঠ্য়ক্ৰমত সন্নিৱিষ্ট জ্ঞান সমূহ শিক্ষামূলক ভ্ৰমণ, বুৰঞ্জীপ্ৰসিদ্ধ স্থানৰ ভ্ৰমণ, কোনো প্ৰতেযক্ষ কৰ্ণ সম্পাদনৰ পৰা লাভ কৰা জ্ঞানমূলক, দক্ষতামূলক আৰু মানসিক অভিক্ষতামূলক হ’ব পাৰে । 

ভাৰতীয় শিক্ষা আয়োগৰ ৰিপোৰ্টত শিক্ষাৰ প্ৰতিটো স্তৰতেই কৰ্ম অভিজ্ঞতা আৰু কৰ্মৰ মাধ্যেমেৰে অভিজ্ঞতা ভিত্তিক পাঠ্য়ক্ৰম প্ৰস্তুত কৰাব নিৰ্দেশ দিছ্ল । ডন ডিউই, মহাত্মা গান্ধী আদি শিক্ষাবিদেও তেওঁলোকৰ শিক্ষানীতিত কৰ্ম অভিজ্ঞতাকেই শিক্ষাৰ ফলপ্ৰসূ আৰু মৌলিক উপাদান হিচাপে অভিহিত কৰিছে । এনে পাঠ্য়ক্ৰমৰ যোগেদি শিক্ষাৰ্থীয়ে বহুমুখী অভিজ্ঞতা লাভ কৰি জ্ঞান আৰু ব্যৱহাৰিক জীৱনৰ নিবিড় সম্ফন্ধৰ বিষয়ে উপলব্ধি কৰিবলৈ সক্ষম হয় । ফলত শিক্ষাৰ্থীৰ দক্ষতা আৰু কৰ্মশক্তিৰ বিকাশ সাধন হয় । 

প্ৰয়োগবাদীসকলে পাঠ্যক্ৰম অভিজ্ঞতা ভিত্তিক হ’ব লাগে বুলি মত পোষণ কৰে । পাঠ্য়ক্ৰমে যাতে শিক্ষাৰ্থীৰ অভিজ্ঞতাৰ পুনৰ নিৰ্মাণ কৰিব পাৰে তাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিব লাগে । শিক্ষাৰ্থীয়ে যাতে কৰ্মৰ মাজেৰে বিজ্ঞান আৰু কাৰিকৰী অন্তৰ্ভূক্ত কৰিব লাগে । 

৫) স্থিতিশীলঃ পাঠ্যক্ৰমৰ মূল, উদ্দেশ্য, বিষয়বস্তু বা কাৰ্য দীৰ্ঘদিন সালসলনি বা পৰিৱৰ্তন নকৰাকৈ ৰখা পাঠ্য়ক্ৰমক স্থিতিশীল পাট্যক্ৰম বোলে । বহুতো শিক্ষাবিদে স্থায়ী মূল্যবোধ, চিৰন্তন সত্য় আৰু অপৰিৱৰ্তিত জ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ ফলত পাঠ্য়ক্ৰমৰ স্থিতি একে ৰাখিবলৈ যত্ন কৰে । আদৰ্শবাদীসকলে এনে পাঠ্য়ক্ৰমক সমৰ্থন কৰে । 

আদৰ্শবাদীসকলৰ মতে, শিক্ষাৰ পাঠ্য়ক্ৰম প্ৰস্তুত কৰোতে তলত উল্লেখিত নীতিসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব লাগে । 

১) পাঠ্য়ক্ৰমত মানৱীয় অভিজ্ঞতা দান কৰিব পৰা বিষয়সমূহ অন্তৰ্ভূক্ত কৰিব লাগে । 

২) সত্য়, শিৱ, সুন্দৰৰ আৰাধনাক পাঠ্য়ক্ৰমত অন্তৰ্ভূক্ত কৰি আধ্যাত্মিক চেতনা আৰু আধ্যাত্মিক মূল্য়বোধ জগাই তোলাৰ ওপৰত গুৰুত্ব দিব লাগে । 

৩) দেহ-মন আৰু আত্মাৰ সামগ্ৰীক উন্নতি সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে । 

৪) পাঠ্য়ক্ৰমত সংজ্ঞানাত্মক, আনুভূতিক আৰু ক্ৰিয়াত্মক বিকাশৰ দিশসমূহৰ অভিজ্ঞতা অন্তৰ্ভূক্ত কৰিব লাগে । 

৬) গতিশীলঃ সমাজ পৰিৱৰ্তনশীল । জ্ঞান, বিজ্ঞান, প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ কাৰণে শিক্ষাৰ বিষয়বস্তু সলনি কৰাটো অতি প্ৰয়োজন । বৰ্তমান সমাজত প্ৰগতি, উন্নতি, পৰিৱৰ্তন, নতুন নতুন জ্ঞান-কৌশলৰ উদ্ভাৱন আৰু সৃষ্টিৰ লগত সংগতি ৰাখি সময়ে সময়ে পৰিৱৰ্তন কৰা পাঠ্য়ক্ৰমকে গতিশীল পাঠ্য়ক্ৰম বোলা হয় । প্ৰয়োগবাদী দাৰ্শনিকসকলে গতিশীল পাঠ্য়ক্ৰমক সমৰ্থন কৰে । 

প্ৰয়োগবাদ দৰ্শনে বাস্তৱভিত্তি আৰু প্ৰয়োজন সাপেক্ষে বিষয়বস্তুসমূহক পাঠ্য়ক্ৰমত অন্তৰ্বূক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । প্ৰয়োগবাদীসকলে পাঠ্য়ক্ৰমত মানৱ জীৱনৰ বাবে উপযোগী হোৱাকৈ আৰু মানৱ সমস্যা সমাধানত সহায়ক হোৱাকৈ কাৰিকৰী আৰু বিজ্ঞানসন্মত বিষয়সমূহ পাঠ্য়ক্ৰমত অন্তৰ্ভূক্ত কৰাৰ বিষয়ে মত পোষণ কৰে । প্ৰকৃতিবাদী দাৰ্শনিকসকলৰ মতেও পাঠ্য়ক্ৰমখন গতিশীল হ’ব লাগে । 

৭) জীৱনকেন্দ্ৰিকঃ যি পাঠ্য়ক্ৰমত শিক্ষাৰ্থীৰ জীৱন প্ৰক্ৰিয়া আৰু জীৱন পদ্ধতিৰ ওপৰত গুৰুত্ব দি ব্যক্তি-জীৱনৰ বাবে আৰু ব্যক্তি-জীৱনৰ মাধ্য়মেৰে শিক্ষাক জীৱনধৰ্মী কৰি তোলাৰ প্ৰয়াস কৰা হয়, তেনে পাঠ্য়ক্ৰমক জীৱনকেন্দ্ৰিক পাঠ্য়ক্ৰম বোলা হয় । জন ডিউইৰ মতে শিক্ষা জীৱনৰ প্ৰস্তুতি নহয়, শিক্ষাই জীৱন । এনে পাঠ্য়ক্ৰমে শিশুৰ জীৱনটোক কেন্দ্ৰ কৰি শিশুৰ প্ৰয়োজন, মনোযোগ, লক্ষ্য়, দক্ষতা আদি পূৰণৰ বাবে শিক্ষা প্ৰক্ৰিয়া বিকাশমুখী কৰি তোলে । 

অন্যান্য় প্ৰয়োগবাদী দাৰ্শনিকসকলেও জীৱনকেন্দ্ৰিক পাঠ্য়ক্ৰমৰ ওপৰত গুৰুত্ব আৰোপ কৰে । প্ৰয়োগবাদীসকলৰ মতে চিৰন্তন সত্য়, আধ্যত্মিক মূল্যবোধ আদি লাভ কৰাতকৈ সমাজৰ মাজত থাকি বাস্তৱ সমস্যাসমূহৰ বিষয়ে উপলব্ধি কৰি সেই সমস্যাসমূহ সমাধন কৰিব পৰাকৈ অভিজ্ঞতা দান কৰা বিষয়সমূহে পাঠ্য়ক্ৰমত ঠাই পাব লাগে । প্ৰকৃতিবাদী দাৰ্শনিক ৰুছোৱেও শিশু শিক্ষাৰ পাঠ্য়ক্ৰমখন জীৱনকেন্দ্ৰিক হ’ব লাগে বুলি মত পোষণ কৰে । 

৮) অবিচ্ছিন্ন পাঠ্য়ক্ৰমঃ (Undifferential Curriculum): যি পাঠ্য়ক্ৰমত শিক্ষাৰ্থীয়ে জ্ঞান আৰু অভিজ্ঞতাসমূহৰ এক সামগ্ৰিক ৰূপ উপলব্ধি কৰিবলৈ সমৰ্থবান হোৱাকৈ পাঠ্য়ক্ৰমৰ বিষয়সমূহৰ মাজত থকা অন্তনিহিত মৌলুক অবিচ্ছিন্নতাক গুৰুত্ব দিয়া হয় তাকে অবিচ্ছিন্ন পাঠ্য়ক্ৰম বোলা হয় । শিক্ষাৰ্থীক সামগ্ৰীকভাৱে জ্ঞান প্ৰদান আৰু ব্যক্তিৰ সৰ্বাঙমগীন বিকাশ সাধনেই এনে পাঠ্য়ক্ৰমৰ উদ্দেশ্য বাস্তবাদী দাৰ্শনিক হাৰ্বাটে উল্লেখ কৰিছে যে বিভিন্ন বিষয়ৰ মাজত আৰু বিষয়ৰ শাখাবিলাকৰ মাজত সম্পৰ্ক স্থাপন কৰিব লাগে । জন ডিউই, ফ্ৰৱেল, মহাত্মা গান্ধী প্ৰভৃতি প্ৰয়োগবাদী দাৰ্শনিক তথা শিক্ষাবিদসকলে এনে পাঠ্য়ক্ৰমত সমৰ্থন কৰে । 

৯) বহুমুখী পাঠ্য়ক্ৰমঃ যি পাঠ্য়ক্ৰমত শিক্ষাৰ্থীৰ ভিন্নমুখী ৰুচি, অভিৰুচি আৰু প্ৰয়োজনসমূহ পূৰণ কৰিবৰ বাবে বিভিন্ন বিষয়সমূহ সন্নিৱিষ্ট কৰা হয়, তেনে পাঠ্য়ক্ৰমক বহুমুখী পাঠ্য়ক্ৰম বোলা হয় । এনে পাঠ্য়ক্ৰমত সাহিত্যধৰ্মী বিষয়ৰ লগতে সাধাৰণ বিজ্ঞান, কলা আৰু বাণিজ্য ইত্যাদি বিষয়সমূহ অন্তৰ্ভূক্ত কৰা হয় । শিক্ষাতত্ত্ব প্ৰকৃতিবাদী । প্ৰয়োগবাদী, আদৰ্শবাদী দাৰ্শনিকসকলে এনে পাঠ্য়ক্ৰমৰ ওপৰত গুৰুত্ব আৰোপ কৰে । 

১০) গতিশীল পাঠ্যক্ৰমঃ সমাজ পৰিৱৰ্তন শীল । জ্ঞান, বিজ্ঞান, প্ৰযুযোক্তিবিদ্যাৰ উন্নতিৰ কাৰণে শিক্ষাৰ বিষয়বস্তু সলনি কৰাটো অতি প্ৰয়োজন । বৰ্তমান সমাজত প্ৰগতি, উন্নতি, পৰিৱৰ্তন, নতুন নতুন জ্ঞান-কৌশলৰ উদ্ভাৱন আৰু গতিশীল লগত সংগতি ৰাখি সময়ে সময়ে পৰিৱৰ্তন কৰা পাঠ্য়ক্ৰমকে গতিশীল পাঠ্য়ক্ৰম বোলা হয় । প্ৰয়োগবাদী দাৰ্শনিক সকলে গতিশীল পাঠ্যক্ৰমক সমৰ্থন কৰে । 

প্ৰশ্নঃ 6. বিষয়কেন্দ্ৰিক আৰু কৰ্মকেন্দ্ৰিক পাঠ্য়ক্ৰমৰ মাজৰ পাৰ্থক্য সমূহৰ বিষয়ে আলোচনা কৰা? 

উত্তৰঃ বিষয়কেন্দ্ৰিক আৰু কৰ্মকেন্দ্ৰিক শিক্ষাৰ মাজত যথেষ্ট পাৰ্থক্য দেখা পোৱা যায় । সেই পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ’ল – 

১) বিষয়কেন্দ্ৰিক পাঠ্য়ক্ৰম আৰু কৰ্মক্ৰকেন্দ্ৰিক । ই বিভিন্ন তত্ত্বৰে পূৰ্ণ হৈ থকাৰ বাবে আৰু শিক্ষাৰ্থীৰ মানসিক শক্তি, যেনে-স্মৃতিশক্তিৰ ওপৰত জোৰ দিয়াৰ বাবে ই কৰ্মমুখী হয় । আনহাতে, কৰ্মকেন্দ্ৰিক পাঠ্য়ক্ৰম হৈছে শিক্ষাৰ্থীকেন্দ্ৰিক । এনে পাঠ্য়ক্ৰমত শিক্ষাৰ্থীৰ শিক্ষাকৰ্মসমূহ তেওঁলোকৰ ইচ্ছা, আগ্ৰহ, আৰু শক্তিয়ে পৰিচালিত কৰাৰ বাবে ই বাস্তৱমুখী হয় । 

২) বিষয়কেন্দ্ৰিক পাঠ্য়ক্ৰমত আগতেই শিক্ষণীয় বিষয়ূস্তু নিৰ্ধাৰণ কৰা হয় । ইয়াত শিক্ষাৰ্থীৰ মানসিক সামৰ্থ্য আৰু প্ৰস্তুতিক আওকাণ কৰা হয় আৰু শিক্ষাৰ্থীয়ে যান্ত্ৰিকভাৱে পুথিগত জ্ঞান আহৰণ কৰিব লগা হয় । আনহাতে, কৰ্মকেন্দ্ৰিক পাঠ্য়ক্ৰমক শিক্ষাৰ্থীৰ মানসিক সামৰ্থ্য, যোগ্যতা আৰু আগ্ৰহক প্ৰাধান্য দি শাক্ষণীয় বিষয়বস্তু নিৰ্ধাৰণ কৰা হয় । 

৩) বিষয়কেন্দ্ৰিক পাঠ্য়ক্ৰম, শ্ৰেণীত শিক্ষকে কৰা শিক্ষাদানৰ ওপৰত অধিক প্ৰধান্য দিয়া হয় । আনহাতে, কৰ্মকেন্দ্ৰিক পাঠ্য়ক্ৰমত শিক্ষাৰ্থীয়ে স্বাভাৱিক পৰিৱেশত কৰ্মৰ মাজেৰে জ্ঞান আহৰণৰ ওপৰত গুৰুত্ব দিয়া হয় । 

৪) বিষয়কেন্দ্ৰিক পাঠ্য়ক্ৰম শিক্ষাৰ্থীৰ মৰণশক্তিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয় সেয়ে পৰীক্ষাৰ দ্বাৰা তেওঁলোকৰ আৰ্জিত জ্ঞান পৰিমাপ কৰা হয় । কিন্তু, কৰ্মকেন্দ্ৰিক পাঠ্য়ক্ৰমত শিক্ষাৰ্থীৰ বিভিন্ন কামত দেখুওৱা পাৰদৰ্শিতা আৰু সফলতাক পৰিমাপ আৰু মূল্যায়ন কৰা হয় । 

৫) বিষয়কেন্দ্ৰিক পাঠ্য়ক্ৰম শিক্ষাদান আৰু জ্ঞানদানত শিক্ষকে মুখ্য ভূমিকা পালন কৰে । আনহাতে, কৰ্মকেন্দ্ৰিক পাঠ্য়ক্ৰমৰ শিক্ষাগ্ৰহণত শিক্ষাৰ্থীসকলেহে মুখ্য বূমিকা পালন কৰে আৰু সক্ৰিয় অংস গ্ৰহণ কৰে । 

৬) প্ৰত্যেকস্তৰৰ আনুষ্ঠানিক শিক্ষানুষ্ঠানবোৰত বিষয়কেন্দ্ৰিক পাঠ্য়ক্ৰম এক নিৰ্ধাৰিত সময়ত শেষ কৰাৰ নিৰ্দেশনা থাকে । আনহাতে, কৰ্মকেন্দ্ৰিক পাঠ্য়ক্ৰম শেষ কৰাৰ বাবে কোনো নিৰ্ধাৰিত সময় নাথাকে । 

৭) বিষয়কেন্দ্ৰিক পাঠ্য়ক্ৰম যি বিষয়বস্তু নিৰ্বাচন কৰা হয় সেইসমূহে শিক্ষাৰ্থীক সন্তুষ্ট কৰিব নোৱাৰে । আনকি এই পাঠ্য়ক্ৰমে বিষয়বস্তুৰ পাৰস্পৰিক সম্বন্ধ নিৰ্ণয় কৰিব নোৱাৰে আৰি শিক্ষাৰ্থীৰ আগ্ৰহ পোষণ কৰাতো ব্যৰ্থ হয় । আনহাতে, কৰ্মকেন্দ্ৰিক পাঠ্য়ক্ৰমত বিষয়বস্তুৰ নিৰ্বাচন কৰোঁতে শিক্ষাৰ্থীৰ ইচ্ছা অনুযায়ী নিৰ্বাচন কৰা হয় । ফলত তেওঁলোকে কৰ্ম কৰি আত্মনিয়োগ কৰাৰ সুবিধা পায় আৰু কামৰ মাজত সহ-সম্ফন্ধ লাভ কৰি নিজৰ নিজৰ বিকাশ সাধন কৰিবলৈ সক্ষম হয় । 

৮) বিষয়কেন্দ্ৰিক পাঠ্য়ক্ৰম মানসিক উত্কৰ্ষ সাধনত বিশেষ গুৰুত্ব দিয়া হয় । সেয়ে এনে পাঠ্য়ক্ৰমত শাৰীৰিক, সামাজিক আনকি শিক্ষাৰ্থীৰ ব্যক্তিত্ব বিকাশত বিশেষ গুৰুত্ব নিদিয়ে । আনহাতে, কৰ্মকেন্দ্ৰিক পাঠ্য়ক্ৰমত কৰ্মৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ বাবে আৰু কামৰ মাজেৰে অভিজ্ঞতা লাভ কৰাৰ বাবে শাৰীৰিক মানসিক আৰু ব্যক্তিত্বৰ সৰ্বাংগীণ বিকাশ সাধন সম্ভৱপৰ হয়। 

প্ৰশ্নঃ 7. পাঠ্য়ক্ৰম ৰচনাৰ নীতিসমূহ কি কি ? আলোচনা কৰা ? 

উত্তৰঃ পাঠ্য়ক্ৰম এখন ৰচনা কৰোতে এখন দেশৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক দিশৰ ওপৰত গুৰুত্ব দিব লাগে । প্ৰগতিশীল সমাজৰ লগত খাপ খোৱাকৈ শিক্ষাৰ্থীৰ ক্ষমতা ৰুচি-অভিৰুচি, আশা-আকাংক্ষা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে । দেশৰ ছাত্ৰ-ছাত্ৰীসকলে জাতীয় আৰু আন্তঃৰাষ্টীয় পৰ্যায়ত নিজৰ যোগ্যতাৰ পৰিচয় দিব পৰাকৈ পাঠ্য়ক্ৰম স্পষ্টকাৰীসকলে প্ৰগতিশীল দৃষ্টিভংগীৰে পাঠ্য়ক্ৰম প্ৰস্তুত কৰিব লাগে । পাঠ্য়ক্ৰম ৰচনাৰ মূলনীতিসমূহ তলত আলোচনা কৰা হ’ল- 

১) দাৰ্শনিক নীতিঃ পাঠ্য়ক্ৰম দাৰ্শনিক ভিত্তিত প্ৰতিষ্ঠিত হ’ব লাগে । অৰ্থাত্ পাঠ্য়ক্ৰমৰ মাজেৰে ব্যক্তিৰ সৰ্বাঙ্গীন উন্নতি, সমাজৰ প্ৰয়োজন, ৰাষ্ট্ৰৰ উত্পাদন শক্তিৰ লগত সম্বন্ধ থকাকৈ ব্যাপক দৃষ্টিভঙ্গী গ্ৰহণ কৰি পাঠ্য়ক্ৰম প্ৰস্তুত কৰিব লাগে । 

২) মনোবৈজ্ঞানিক নীতিঃ পাঠ্য়ক্ৰম মনোবিজ্ঞান সন্মত হোৱা উচিত । ব্যক্তিৰ দৈহিক, মানসিক, আনুভূতিক, শিক্ষাৰ্থীৰ ৰুচি-অভিৰুচি, প্ৰকৃতি, সামৰ্থ্য, দক্ষতা আদিৰ প্ৰতি দৃষ্টি ৰাখি পাঠ্যকেৰম ৰচনা কৰিব লাগে । 

৩) শিশুকেন্দ্ৰিক বা শিক্ষাকন্দ্ৰিক (Principle of Child-centredness) :  পাঠ্য়ক্ৰম শিক্ষাৰ্থীকেন্দ্ৰিক হোৱা উচিত, শিক্ষককেন্দ্ৰিক বা বিষয়কেন্দ্ৰিক নহয় । শিক্ষাৰ্থীক শ্ৰেণীত, খেলপথাৰত. পুথিভঁড়াল বা অন্যান্যক্ষেত্ৰত মৰম-সহানুভুতিৰে শিক্ষা দিয়াৰ ওপৰত পাঠ্য়ক্ৰমে গুৰুত্ব দিয়া উচিত । 

৪) সমাজকেন্দ্ৰিক নীতি (Principle of Community-centredness) : পাঠ্য়ক্ৰম প্ৰস্তুত কৰোঁতে ব্যক্তিস্বাৰ্থ আৰু সামাজিক স্বাৰ্থৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখিব লাগে । বৰ্তমান এটা শিশু ভৱিষ্যত্ সমাজৰ এজন দায়িত্বশীল নাগৰিক । সেইকাৰণে, শিক্ষাই সমাজৰ এজন সফল ব্যক্তি হিচাপে সাজু কৰি তুলিব লাগে । 

৫) গতিশীলতা আৰু নমনীয়তা নীতি (Principle of Dynamism and Flexibility) : পাঠ্য়ক্ৰমখন স্থিতিশীল নহৈ গতিশীল হ’ব লাগে । কিয়নো পৰিৱেশীয়, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক পৰিৱৰিতনৰ লগত খাপ খোৱাকৈ পাঠ্য়ক্ৰমখনো সময়ে সময়ে পৰিৱৰিতন কৰিব পৰা বিধৰ হ’ব লাগে । 

৬) কৰ্মকেন্দ্ৰিক নীতি (Principle of Activity-Centeredness) : পাঠ্য়ক্ৰমখন কৰ্মকেন্দ্ৰিক হোৱা উচিত। বিভিন্ন কৰ্মৰ মাজেদি শিক্ষাৰ্থীয়ে যাতে অভিজ্ঞতা লাভ কৰিব পাৰে তেনে দিশ তথা বিষয়বোৰহে পাঠ্য়ক্ৰমত সন্নিৱিষ্ট হ’ব লাগে । 

৭) বহুমুখী নীতি (Principle of Multipurpose) : পাঠ্য়ক্ৰমখন বহুমুখী হ’ব লাগে । শিক্ষাৰ্থীৰ ৰুচি, প্ৰতিভা, সামৰ্থ্যই যাতে উপযুক্তভাৱে আত্মপ্ৰকাশৰ সুবিধা পায় তেনে দিশবোৰ পাঠ্য়ক্ৰমত থাকিব লাগে । 

৮) ব্যক্তিগত বৈষ্যমৰ নীতিঃ ব্যক্তিগত বৈষম্য নীতিৰ ওপৰত পাঠ্য়ক্ৰমখন কচিত হ’ব লাগিব । পাঠ্য়ক্ৰমখন প্ৰস্তুত কৰোঁতে প্ৰত্যেক ব্যক্তিৰ সুকীয়া সামৰ্থ, নিজস্ব বৈশিষ্ট, যোগ্যতা, বয়স, ইচ্ছা আকাংক্ষা, বুদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব । 

৯) বৃত্তিমুখী নীতিঃ পাঠ্য়ক্ৰমকন বৃত্তিমুখী হোৱা উচিত । পাঠ্য়ক্ৰমত ভৱিষ্যতে কৰ্মস্থান লাভ কৰি সুন্দৰ জীৱন নিৰ্বাহ বাবে ব্যক্তিক সহায় কৰিব পৰাকৈ বৃত্তিমূলক, শিল্পকলামূক বিষয় অন্তৰ্ভূক্ত কৰা দৰকাৰ । 

০) জীৱনকেন্দ্ৰিক নীতিঃ পাঠ্য়ক্ৰমখন ব্যক্তিৰ বাস্তৱজীৱন আৰু সমাজৰ লগত সঙ্গতি ৰক্ষা কৰা বিধৰ হ’ব লাগে । শিক্ষাৰ্থীয়ে যাতে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক সকলো ক্ষেত্ৰতে সুন্দৰ সন্বন্ধ স্থাপন কৰিব পাৰে তাৰ বাবে তাত্ত্বিক আৰু ব্যৱহাৰিক দিশৰ জ্ঞান দিব পৰা বিষয় পাঠ্য়ক্ৰমত অন্তৰ্ভুক্ত হ’ব লাগে । 

১১) সংৰক্ষণমূলকঃ পাঠ্য়ক্ৰমখন সংৰক্ষণমূলক হোৱাটো বাঞ্চনীয় পূৰ্বপুৰিষৰ সঞ্চিত জ্ঞান, ভাৱধাৰা, আদৰ্শ, সংস্কৃতি, বিশ্বাস আদি নতুন পুৰুষলৈ হস্তান্তৰিত কৰিব পৰাৰ ব্যৱস্থা পাঠ্য়ক্ৰমত থাকিব লাগে । 

১২) সৃজনীমূলকঃ পাঠ্য়ক্ৰমখন সৃজনাত্মক নীতিৰ উপৰত প্ৰতিষ্ঠিত হ’ব লাগে । ছাত্ৰ-ছাত্ৰীৰ সৃজনীমূলক প্ৰতিভাসমূহৰ যথাযথভাৱে বিকাশ কৰিব পৰা বিষয়সমূহ পাঠ্য়ক্ৰমত অন্তৰ্ভক্ত কৰিব লাগে । 

১৩) আন্তঃসম্বন্ধৰ নীতিঃ বিভিন্ন বিষয়সমূহৰ মাজত সহ-সমন্ধ স্থাপনৰ নীতিৰ ওপৰত পাঠ্য়ক্ৰমখন প্ৰতিষ্ঠিত হ’ব লাগে । স্কুলৰ বিভিন্ন বিষয়সমূহ সম্পূৰ্ণ পৃথক পৃথকভাৱে শিকোৱা উচিত নহয় । পাঠ্য়ক্ৰম আৰু কাৰ্যসূচীৰ মাজত সমন্বয় আৰু সংহতি স্থাপন কৰি ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ বাস্তৱিক অভিজ্ঞতাৰ যোগান ধৰা উচিত । 

প্ৰশ্নঃ 8. প্ৰচলিত পাঠ্য়ক্ৰম ব্যৱস্থাৰ দোষসমূহ কি কি ? 

উত্তৰঃ বৰ্তমান প্ৰচলিত পাঠ্য়ক্ৰমৰ বিভিন্ন ধৰণৰ ত্ৰূটি সমালোচকসকলে আলোচনা কৰা হৈছে । 

১) পাঠ্য়ক্ৰমৰ উদ্দেশ্য ঠেক গণ্ডীৰঃ বৰ্তমান পাঠ্য়ক্ৰমখনে শিক্ষাৰ্থীক পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হোৱাৰ ওপৰতহে গুৰুত্ব দিয়ে । এনে পাঠ্য়ক্ৰমে জ্ঞান লাভ কৰাতকৈ মুখস্থ কৰি পৰীক্ষাত ভাল নম্বৰ পোৱাতহে বেছি গুৰুত্ব দিয়ে । 

২) অত্যন্ত পুথিকেন্দ্ৰিকঃ বৰ্তমান পাঠ্য়ক্ৰমখনে শিক্ষাৰ্থীৰ মানসিক গুণাৱলীৰ বিকাশ সাধনৰ পৰিৱৰ্তে পুথিগত জ্ঞানৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে । 

৩) শিক্ষাৰ্থীৰ প্ৰয়োজন আৰু আগ্ৰহৰ প্ৰতি উদাসীন মনোভাবঃ বৰ্তমান প্ৰচলিত পাঠ্য়ক্ৰমখনে শিশুৰ নিজস্ব প্ৰয়োজন অনুযায়ী, শিকাৰ ওপৰত গুৰুত্ব নিদিয়ে । 

৪) জীৱনৰ লগত সংযোগহীনঃ বৰ্তমান পাঠ্য়ক্ৰমখনে শিক্ষা আৰু জীৱনৰ লগত সংযোগ স্থাপন কৰাৰ পৰিৱৰ্তে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে । 

৫) পাঠ্য়বিষয়ৰ মাত্ৰাধিক্যঃ বৰ্তমান পাঠ্য়ক্ৰমত জীৱনৰ কোনো প্ৰয়োজনত নহা কিছুমান বিষয় অন্তৰ্ভূক্ত কৰা হৈছে । ফলত পাঠ্য়ক্ৰমৰ আকৰ্ষণ হাস পাইছে । 

৬) তথ্যপ্ৰধানঃ বৰ্তমান পাঠ্য়ক্ৰমত শিক্ষণীয় বিষয়ক বাস্তৱ ভিত্তিক কৰি তোলাৰ পৰিৱৰ্তে অযথা তথ্য পয়োভৰ বৃদ্ধি কৰি শিক্ষাৰ্থীৰ বাবে দুৰূহ কৰি তুলিছে । 

৭) ব্যক্তি বিভিন্নতাক উপেক্ষাঃ বৰ্তমান পাঠ্য়ক্ৰমখন ব্যক্তিৰ বুদ্ধি, সামৰ্থ্য, মানসিক যোগ্যতা, প্ৰয়োজন, ৰুচি-অভিৰুচি, ইচ্ছা-আকাংক্ষাৰ সামৰ্থ্যক উপেক্ষা কৰি ৰচনা কৰা হৈছে । ফলত এই পাঠ্য়ক্ৰমে ব্যক্তি বিভিন্নতাৰ চাহিদা পূৰণ কৰাত ব্যৰ্থ হৈছে । 

৮) সহঃসম্বন্ধৰ অভাৱঃ বৰ্তমান পাঠ্য়ক্ৰমখনে বিষয়সমূহৰ মাজত সহ-সম্বন্ধ স্থাপন কৰি শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত ব্যৰ্থ্য হোৱা দেখা গৈছে । 

৯) নাগৰিকত্ব শিক্ষাদানৰ অভাৱঃ বিদ্যালয়ৰ শিক্ষাৰ জৰিয়তে ভৱিষ্যতে ছাত্ৰ-ছাত্ৰীসকল এখন গণতান্ত্ৰিক দেশৰ উপযুক্ত নাগৰিক হিচাপে যিখিনি প্ৰয়োজনীয় গুণৰ বিকাশ সাধন কৰিব লাগে সেইসমূহৰ ব্যৱস্থা বৰ্তমান পাঠ্য়ক্ৰমত অভাৱ হোৱা দেখা যায় । 

১০) বৃত্তি শিক্ষাৰ অভাৱঃ বৰ্তমান পাঠ্য়ক্ৰমখনে ভৱিষ্যত্ জীৱনত উন্নত জীৱন নিৰ্বাহ বাবে প্ৰয়োজন হোৱা বৃত্তিমূলক শিক্ষা প্ৰদানত গুৰুত্ব নিদিয়ে ।

১১) গতিহীনঃ বৰ্তমান পাঠ্য়ক্ৰমখন সহজে পৰিৱৰ্তন কৰিব পৰা বিধৰ নহয় । গতিকে পাঠ্য়ক্ৰমে পৰিৱৰ্তিত সমাজৰ প্ৰয়োজনীয়তা পূৰণত ব্যৰ্থ । 

১২) অৱসৰ বিনোদনৰ অভাৱঃ অৱসৰ বিনোদনৰ বাবে অৰ্থাত্ শিক্ষাৰ্থীসকলে আজৰি সময় সুন্দৰভাৱে কটাব বাবে বিশেষ কাৰ্যাৱলীৰ অভাৱ বৰ্তমান পাঠ্য়ক্ৰমৰ আন এটা প্ৰধান ত্ৰূটি ।   

১৩) জাতীয় সংহতি আৰু আন্তৰ্জাতিক বুজাপৰাৰ অভাৱঃ বৰ্তমান পাণ্যক্ৰমে শিক্ষাৰ্থীৰ মমত জাতীয় সংহতি আৰু আন্তৰ্জাতিক বুজাপৰাৰ মনোভাৱ সৃষ্টি কৰিব পৰাকৈ বিষয়বস্তুৰ যোগান ধৰিব পৰা নাই । 

১৪) তাত্বিক আৰু বৌদ্ধিকঃ বৰ্তমান পাঠ্য়ক্ৰমখন অধিক তাত্বিক আৰু বৌদ্ধিকভিত্তিকহে । ই শিক্ষাৰ্থীৰ নৈতিক চৰিত্ৰ গঠনৰ পক্ষপাতী নহয় । 

১৫) সৰ্বাঙ্গীন বিকাশৰ অভাৱঃ বৰ্তমান পাঠ্য়ক্ৰমখন অধিক সংকীৰ্ণ । কাৰণ এই পাঠ্য়ক্ৰমে শিক্ষাৰ্থীৰ সৰ্বাঙ্গীন বিকাশৰ সুযোগ-সূবিধা প্ৰদান কৰাত ব্যৰ্থ আৰু অসমৰ্থ হৈছে ।

প্ৰশ্নঃ 9. সহঃ পাঠ্য়ক্ৰমিক কাৰ্যাৱলীৰ প্ৰয়োজনীয়তা আছে নে ? ব্যাখ্যা কৰা । 

উত্তৰঃ সুসংহত বিকাশ আৰু বাস্তৱ জীৱনৰ সকলো ক্ষেত্ৰতে সুন্দৰ সমাযোজনেহে এজন ব্যক্তিক সম্পূৰ্ণ ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে । সেয়ে পাঠ্য়ক্ৰমিক কাৰ্যাৱলীৰ লগতে সহ-পাঠ্য়ক্ৰমিক কাৰ্যাৱলীৰ প্ৰয়োজনো অপৰিসীম । তলত সহ-পাঠ্য়ক্ৰমিক কাৰ্যাৱলীৰ উপযোগিতা তথা প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা হ’ল- 

১) শাৰীৰিক বিকাশঃ সহ-পাঠ্য়ক্ৰমত অন্তৰ্ভুক্ত খেলা-ধূলা, ব্যায়ম, সৰীৰ চৰ্চা আদিৰ সহায়ত শিক্ষাৰ্থীৰ শাৰীৰিক সুস্থতা আৰু দক্ষতা বৃদ্ধি হৈ শাৰীৰিক বিকাশ সাধন হয় । 

২) জ্ঞান আৰু দক্ষতা লাভঃ সহ-পাঠ্য়ক্ৰমিক কাৰ্যাৱলীৰ অন্তৰ্গত বিভিন্ন খেলা-ধূলা, সাংস্কৃতিক, সামাজিক আদি কামবোৰে শিক্ষাৰ্থীক বাস্তৱ জ্ঞান হৈ শাৰীৰিক বিকাশ সাধন হয় । 

৩) আৱেগিক সমতা কক্ষাঃ এনে কাৰ্যাৱলীৰ জৰিয়তে শিক্ষাৰ্থীৰ মানসিক ক্ৰিয়াৰ উত্কৰ্ষ সাধন হোৱাৰ লগতে প্ৰয়োজনীয় আৱেগ অনুভূতিসমূহৰো সংহতি আৰু সমতা ৰক্ষাত সহায় হয় । 

৪) নৈতিক চৰিত্ৰ গঠনঃ এনে কাৰ্যাৱলীয়ে শিশু তথা শিক্ষাৰ্থীক তেওঁলোকৰ আচৰণ, আদৰ্শ, মনোভাৱ আদিক পৰিৱৰ্তন তথা সংশোধন কৰি সজ গুণ, সজ আচৰণ, সত্ চিন্তা আদি কৰিবলৈ শিকায় আৰু তেওঁলোকৰ সুস্থ নৈতিক চৰিত্ৰ গঠনত অৰিহণা যোগায় । 

৫) দৃষ্টিভংগীৰ প্ৰসাৰতা বিভিন্ন সভা-সমিতি, প্ৰীতিমেন, শিক্ষামূলক ভ্ৰমণ, আলোচনা চক্ৰ, তৰ্কসভা, কুইজ, বনভোজ, এন.চি.চি, এন.এছ.এছ. কাৰ্যসূচী আদিয়ে শিক্ষাৰ্থীসকলৰ মানসিক সংকীৰ্ণতা দূৰ কৰি বহল দৃষ্টিভংগীৰে প্ৰতিটো কথাকে চাবলৈ আৰু প্ৰকৃত জ্ঞান আহৰণ কৰিবলৈ শিকায় । 

৬) সৃজনীশীলপ্ৰতিভাৰ বিকাশঃ এনে কাৰ্যৱলীৰ সহায়ত শিক্ষাৰ্থীৰ নৃত্য প্ৰদৰ্শন কৰা, নীত গোৱা, ছবি অঁকা, গল্প, কবিতা লিখা, মাটিৰ মূৰ্টি গঢ়া, কাঠৰ পুতলা জাতীয়বস্তু বনোৱা, কাগজৰ ফুল, পখিলা, চৰাই আদি সজা ইত্যাদি সৃজনীমূলক প্ৰতিভাৰ বিকাশ সাধন হয় । 

৭) ব্যক্তিত্বৰ সৰ্বাঙ্গীন বিকাশঃ সহ-পাঠ্য়ক্ৰমিক কাৰ্যাৱলীসমূহে ব্যক্তিৰ দেহ মনৰ সৌষ্ঠৱ বৃদ্ধি কৰি ব্যক্তিত্বৰ সৰ্বাঙ্গীণ তথা পূৰ্ণ বিকাশত সহায় কৰে । 

৮) শিশুৰ সহজাতপ্ৰবৃত্তিৰ বিকাশঃ এনে কাৰ্যাৱলীয়ে শিশুৰ সহজাত প্ৰবৃত্তি, যেনে- কৌতূবল, সৃজন, ভংগন, দলবন্ধা, সহানুভূতি, খেলা, অনুকৰণ কৰা আদি প্ৰবৃত্তিবোৰৰ সুস্থ প্ৰকাশ আৰু বিকাশত সহায় কৰে । 

৯) সামাজিক গুণৰ বিকাশঃ সহ-পাঠ্য়ক্ৰমিক কাৰ্যাৱলীয়ে শিশুৰ সামাজিক চেতনা, সহযোগিতা, সহামুভূতিশীলতা, দায়িত্ববোধ, স্বাৰ্থহীনতা আদি সামাজিক গুণসমূহৰ বিকাশ সাধনত অৰিহণা যোগায় । 

১০) শিক্ষক শিক্ষাৰ্থীৰ সম্পৰ্কঃ এনে কাৰ্যাৱলীসমূহে শিক্ষক শিক্ষাৰ্থীসকলৰ মাজত বুজা-বুজি, অন্তৰঙ্গপূৰ্ণ আৰু মধুৰ সম্পৰ্ক গঢ়ি কোলাত সহায় আগবঢ়ায় । 

১১) ছাত্ৰ-ছাত্ৰীক মাজত একতা স্থাপনঃ এনে কাৰ্যাৱলীত যোগদান কৰাৰ ফলত শিক্ষাৰ্থীৰ মনত সহযোগিতা, মৰম, চেনেহ, সহানুভূতি, বন্ধুত্বভাব অৰ্থত্ ‘আমি’ ভাবৰ বিকাশ সাধন হৈ তেওঁলোকৰ মাজত সমতা তথা একতা স্থাপন হয় । 

১২) নেতৃত্ব ভাবৰ বিকাশঃ শিক্ষাৰ্থীয়ে নেতৃত্ব বহন কৰি কাৰ্যাৱলীসমূহ আগবঢ়াই নিয়াত এনে শিক্ষাই সহায় কৰে । 

১৩) বিদ্যালয় আৰু সমাজৰ মাজত সম্বন্ধ স্থাপনঃ বিভিন্ন সামাজিক সেৱামূলক কাৰ্যৰ সহায়েৰে বিদ্যালয় আৰু সমাজৰ মাজত এক নিবিড় সম্বন্ধ গঢ়ি তোলাত সহায় কৰে । 

১৪) সাংগঠনিক মনোভাবৰ বিকাশঃ এনে কাৰ্যসূচীয়ে শিক্ষাৰ্থীক আইন শৃংখলা বজাই ৰাখি নীতি-নিয়মৰ মাজেৰে জ্ঞান আহৰণ কৰাৰ লগতে সাংগঠনিক মনোভাৱৰ প্ৰসাৰ ঘটায় । 

প্ৰশ্নঃ 10. সহঃপাঠ্য়ক্ৰমিক কাৰ্যাৱলীৰ বিভিন্ন প্ৰকাৰ উল্লেখ কৰি আলোচনা কৰা ? 

উত্তৰঃ সহ-পাঠ্য়ক্ৰমিক কাৰ্যাৱলী বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে । শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ সহ-পাঠ্য়ক্ৰমিক কাৰ্যাৱলী অন্তৰ্ভূক্ত কৰা হয় । সেইসমূহৰ চমু বিৱৰণ তলত দাঙি ধৰা হ’ল- 

১) শাৰীৰিক কাৰ্যাৱলীঃ শিক্ষাৰ্থী শাৰীৰিক তথা দৈহিক বিকাশৰ বাবে খেলা-ধূলা অতি অপৰিহাৰ্য । এই খেলা-ধূলা বিলাক হ’ল ফুটবল, ক্ৰিকেট, ভলীবল, হকি, বেডমিন্টন, কেৰম, লুডু, টেনিচ, জঁপিওৱা, দৌৰা, চাইকেল দৌৰ, মল্লযুদ্ধ, আসন, ব্যায়াম, সাঁতোৰা, নাওঁবোৱা, এন চিচি ই ইত্যাদি । এই খেলা-ধূলাসমূহৰ জৰিয়তে শিক্ষাৰ্থীৰ দৈহিক শক্তিবৃদ্ধি, মানসিক আনন্দ, দলগত মনোবৃত্তি, দলৰ প্ৰতি আনুগত্য, আনুশাসন, পাৰস্পৰিক সহযোগিতা আদি ভাৱৰ বিকাশ সাধন হয় ।

২) মানসিক কাৰ্যাৱলীঃ শিক্ষাৰ্থীৰ দ্বাৰা পৰিচালিত সভা, সন্মিলন, প্ৰদৰ্শনী, তৰ্কসভা, আলোচনা  চক্ৰ, বক্তৃতা প্ৰতিযোগীতা, তৰ্কপ্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, সাধু কোৱা, আবৃত্তি, ৰচনা লিখা, সাহিত্য সভা, উত্সৱ-পাৰ্বণ পতা, প্ৰাচীন পত্ৰিকা, শ্ৰেণী পত্ৰিকা, বিদ্যালয়ৰ মুখপত্ৰ আদিৰ জৰিয়তে তেওঁলোকৰ মানসিক দিশৰ বিকাশ সাধন হয় আৰু আত্মপ্ৰতিষ্ঠা কৰাৰ সুব্ধা আৰু প্ৰেৰণা লাভ কৰে । এনে কাৰ্যাৱলীয়ে শিক্ষাৰ্থীৰ আত্মনিৰ্ভৰশীল, সামাজিক আত্ম বিশ্বাসী, সমস্যা সমাধান ক্ষমতা, সচেতন, মানসিক শক্তি আদিৰ সুস্থ উত্কৰ্, সাধন কৰে । 

৩) সামাজিক কাৰ্যাৱলীঃ সামাজিক তথা সমাজ কল্যাণমূলক কাৰ্যাৱলীৰ ভিতৰত বিদ্যালয়ক চৌহদ, শ্ৰেণীকক্ষ পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰখা, ৰক্তদান, ৰোগীক শুশ্ৰূষা কৰা, প্ৰাপ্তবয়স্ক শিক্ষা, নিৰক্ষৰতা দূৰীকৰণ কাৰ্যসূচীত অংস গ্ৰহণ, ৰাস্তাঘাট তৈয়াৰ কৰা, চাফ-চিকুণকৈ ৰখা, মহামাৰী আৰু বানপানীৰ সময়ত সেৱা-সাহায্য় আবগঢ়োৱা, পিছপৰা অঞ্চলত বিদ্যালয়ৰ উন্নতিৰ হকে কাম কৰা, গাওঁ আৰু নগৰত জৰীপ চলোৱা, কেন্টিন খোলা ইত্যাদিয়েই প্ৰধান । এনে কামত অংশগ্ৰহণ কৰিলে শিক্ষাৰ্থীৰ সমাজপ্ৰীতি, দেশপ্ৰেম, ত্যাগৰ মনোভাৱৰ বিকাশ সাধন কৰিব পাৰি । 

৪) সাংস্কৃতিক কাৰ্যাৱলী (Cultural Activities) : শিক্ষাৰ্থীৰ নান্দনিক আৰু সাংস্কৃতিক দিশৰ বিকাশৰ বাবে সংগীত, লোকগীত, লোকনৃত্য, চাৰ্ট, ম়ডেল, চিত্ৰাংকম প্ৰস্তুতকৰণ, বিদ্যালয়ৰ চৌহদৰ সৌন্দৰ্য বৃদ্ধিকৰণ, প্ৰদৰ্শশী, ভাওঁনা, থিয়েটাৰ, কৌতুক, বহুৱালি, অভিনয় আদি কাৰ্যসূচীৰ ব্যৱস্থা কৰিব লাগে । 

৫) শিক্ষামূলক কাৰ্যাৱলী (Academic Activities) : বিদ্যায়লয়ৰ আভান্তৰীণ শাসনকাৰ্যত অংশ গ্ৰহণ, সংবাদপত্ৰ, আলোচনী প্ৰকাশ, সমবায় সমিতি গঠন, আইন-শৃংখলা বজাই ৰখা, বিচাৰ সভা পতা, আভান্তৰীণ শাসন কাৰ্য পৰিচালনা আদি সংগঠন কৰিবলৈ শিক্ষাৰ্থীক সুবিধা দিব লাগে যাতে তেওঁলোকে ভৱিষ্যত্ জীৱনৰ দায়িত্ব নিজে গ্ৰহণ কৰিব পাৰে । 

প্ৰশ্নঃ 11. পাঠ্য়ক্ৰম নীতিসমূহ আলোচনা কৰা ? 

উত্তৰঃ পাঠ্য়ক্ৰম এখন ৰচনা কৰোতে এখন দেশৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক দিশৰ ওপৰত গুৰুত্ব দিব লাগে । প্ৰগতিশীল সমাজৰ লগত খাপ খোৱাকৈ শিক্ষাৰ্থীৰ ক্ষমতা ৰুচি-অভিৰুচি, আশা-আকাংক্ষা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে । দেশৰ ছাত্ৰ-ছাত্ৰীসকলে জাতীয় আৰু আন্তঃৰাষ্টীয় পৰ্যায়ত নিজৰ যোগ্যতাৰ পৰিচয় দিব পৰাকৈ পাঠ্য়ক্ৰম স্পষ্টকাৰীসকলে প্ৰগতিশীল দৃষ্টিভংগীৰে পাঠ্য়ক্ৰম প্ৰস্তুত কৰিব লাগে । পাঠ্য়ক্ৰম ৰচনাৰ মূলনীতিসমূহ তলত আলোচনা কৰা হ’ল- 

১) দাৰ্শনিক নীতিঃ পাঠ্য়ক্ৰম দাৰ্শনিক ভিত্তিত প্ৰতিষ্ঠিত হ’ব লাগে । অৰ্থাত্ পাঠ্য়ক্ৰমৰ মাজেৰে ব্যক্তিৰ সৰ্বাঙ্গীন উন্নতি, সমাজৰ প্ৰয়োজন, ৰাষ্ট্ৰৰ উত্পাদন শক্তিৰ লগত সম্বন্ধ থকাকৈ ব্যাপক দৃষ্টিভঙ্গী গ্ৰহণ কৰি পাঠ্য়ক্ৰম প্ৰস্তুত কৰিব লাগে । 

২) মনোবৈজ্ঞানিক নীতিঃ পাঠ্য়ক্ৰম মনোবিজ্ঞান সন্মত হোৱা উচিত । ব্যক্তিৰ দৈহিক, মানসিক, আনুভূতিক, শিক্ষাৰ্থীৰ ৰুচি-অভিৰুচি, প্ৰকৃতি, সামৰ্থ্য, দক্ষতা আদিৰ প্ৰতি দৃষ্টি ৰাখি পাঠ্যকেৰম ৰচনা কৰিব লাগে । 

৩) শিশুকেন্দ্ৰিক বা শিক্ষাকন্দ্ৰিক (Principle of Child-centeredness) : পাঠ্য়ক্ৰম শিক্ষাৰ্থীকেন্দ্ৰিক হোৱা উচিত, শিক্ষককেন্দ্ৰিক বা বিষয়কেন্দ্ৰিক নহয় । শিক্ষাৰ্থীক শ্ৰেণীত, খেলপথাৰত. পুথিভঁড়াল বা অন্যান্যক্ষেত্ৰত মৰম-সহানুভুতিৰে শিক্ষা দিয়াৰ ওপৰত পাঠ্য়ক্ৰমে গুৰুত্ব দিয়া উচিত । 

৪) সমাজকেন্দ্ৰিক নীতি (Principle of Community-centeredness) : পাঠ্য়ক্ৰম প্ৰস্তুত কৰোঁতে ব্যক্তিস্বাৰ্থ আৰু সামাজিক স্বাৰ্থৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখিব লাগে । বৰ্তমান এটা শিশু ভৱিষ্যত্ সমাজৰ এজন দায়িত্বশীল নাগৰিক । সেইকাৰণে, শিক্ষাই সমাজৰ এজন সফল ব্যক্তি হিচাপে সাজু কৰি তুলিব লাগে । 

৫) গতিশীলতা আৰু নমনীয়তা নীতি (Principle of Dynamism and Flexibility) : পাঠ্য়ক্ৰমখন স্থিতিশীল নহৈ গতিশীল হ’ব লাগে । কিয়নো পৰিৱেশীয়, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক পৰিৱৰিতনৰ লগত খাপ খোৱাকৈ পাঠ্য়ক্ৰমখনো সময়ে সময়ে পৰিৱৰিতন কৰিব পৰা বিধৰ হ’ব লাগে । 

৬) কৰ্মকেন্দ্ৰিক নীতি (Principle of Activity-Centeredness) : পাঠ্য়ক্ৰমখন কৰ্মকেন্দ্ৰিক হোৱা উচিত। বিভিন্ন কৰ্মৰ মাজেদি শিক্ষাৰ্থীয়ে যাতে অভিজ্ঞতা লাভ কৰিব পাৰে তেনে দিশ তথা বিষয়বোৰহে পাঠ্য়ক্ৰমত সন্নিৱিষ্ট হ’ব লাগে । 

৭) বহুমুখী নীতি (Principle of Multipurpose) : পাঠ্য়ক্ৰমখন বহুমুখী হ’ব লাগে । শিক্ষাৰ্থীৰ ৰুচি, প্ৰতিভা, সামৰ্থ্যই যাতে উপযুক্তভাৱে আত্মপ্ৰকাশৰ সুবিধা পায় তেনে দিশবোৰ পাঠ্য়ক্ৰমত থাকিব লাগে । 

৮) ব্যক্তিগত বৈষ্যমৰ নীতিঃ ব্যক্তিগত বৈষম্য নীতিৰ ওপৰত পাঠ্য়ক্ৰমখন কচিত হ’ব লাগিব । পাঠ্য়ক্ৰমখন প্ৰস্তুত কৰোঁতে প্ৰত্যেক ব্যক্তিৰ সুকীয়া সামৰ্থ, নিজস্ব বৈশিষ্ট, যোগ্যতা, বয়স, ইচ্ছা আকাংক্ষা, বুদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব । 

৯) বৃত্তিমুখী নীতিঃ পাঠ্য়ক্ৰমকন বৃত্তিমুখী হোৱা উচিত । পাঠ্য়ক্ৰমত ভৱিষ্যতে কৰ্মস্থান লাভ কৰি সুন্দৰ জীৱন নিৰ্বাহ বাবে ব্যক্তিক সহায় কৰিব পৰাকৈ বৃত্তিমূলক, শিল্পকলামূক বিষয় অন্তৰ্ভূক্ত কৰা দৰকাৰ । 

১০) জীৱনকেন্দ্ৰিক নীতিঃ পাঠ্য়ক্ৰমখন ব্যক্তিৰ বাস্তৱজীৱন আৰু সমাজৰ লগত সঙ্গতি ৰক্ষা কৰা বিধৰ হ’ব লাগে । শিক্ষাৰ্থীয়ে যাতে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক সকলো ক্ষেত্ৰতে সুন্দৰ সন্বন্ধ স্থাপন কৰিব পাৰে তাৰ বাবে তাত্ত্বিক আৰু ব্যৱহাৰিক দিশৰ জ্ঞান দিব পৰা বিষয় পাঠ্য়ক্ৰমত অন্তৰ্ভুক্ত হ’ব লাগে । 

১১) সংৰক্ষণমূলকঃ পাঠ্য়ক্ৰমখন সংৰক্ষণমূলক হোৱাটো বাঞ্চনীয় পূৰ্বপুৰিষৰ সঞ্চিত জ্ঞান, ভাৱধাৰা, আদৰ্শ, সংস্কৃতি, বিশ্বাস আদি নতুন পুৰুষলৈ হস্তান্তৰিত কৰিব পৰাৰ ব্যৱস্থা পাঠ্য়ক্ৰমত থাকিব লাগে । 

১২) সৃজনীমূলকঃ পাঠ্য়ক্ৰমখন সৃজনাত্মক নীতিৰ উপৰত প্ৰতিষ্ঠিত হ’ব লাগে । ছাত্ৰ-ছাত্ৰীৰ সৃজনীমূলক প্ৰতিভাসমূহৰ যথাযথভাৱে বিকাশ কৰিব পৰা বিষয়সমূহ পাঠ্য়ক্ৰমত অন্তৰ্ভক্ত কৰিব লাগে । 

১৩) আন্তঃসম্বন্ধৰ নীতিঃ বিভিন্ন বিষয়সমূহৰ মাজত সহ-সমন্ধ স্থাপনৰ নীতিৰ ওপৰত পাঠ্য়ক্ৰমখন প্ৰতিষ্ঠিত হ’ব লাগে । স্কুলৰ বিভিন্ন বিষয়সমূহ সম্পূৰ্ণ পৃথক পৃথকভাৱে শিকোৱা উচিত নহয় । পাঠ্য়ক্ৰম আৰু কাৰ্যসূচীৰ মাজত সমন্বয় আৰু সংহতি স্থাপন কৰি ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ বাস্তৱিক অভিজ্ঞতাৰ যোগান ধৰা উচিত । 

প্ৰশ্নঃ 12. প্ৰচলিত পাঠ্য়ক্ৰম দোষসমূহ কি কি ? 

উত্তৰঃ বৰ্তমান প্ৰচলিত পাঠ্য়ক্ৰমৰ বিভিন্ন ধৰণৰ ত্ৰূটি সমালোচকসকলে আলোচনা কৰা হৈছে । 

১) পাঠ্য়ক্ৰমৰ উদ্দেশ্য ঠেক গণ্ডীৰঃ বৰ্তমান পাঠ্য়ক্ৰমখনে শিক্ষাৰ্থীক পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হোৱাৰ ওপৰতহে গুৰুত্ব দিয়ে । এনে পাঠ্য়ক্ৰমে জ্ঞান লাভ কৰাতকৈ মুখস্থ কৰি পৰীক্ষাত ভাল নম্বৰ পোৱাতহে বেছি গুৰুত্ব দিয়ে । 

২) অত্যন্ত পুথিকেন্দ্ৰিকঃ বৰ্তমান পাঠ্য়ক্ৰমখনে শিক্ষাৰ্থীৰ মানসিক গুণাৱলীৰ বিকাশ সাধনৰ পৰিৱৰ্তে পুথিগত জ্ঞানৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে । 

৩) শিক্ষাৰ্থীৰ প্ৰয়োজন আৰু আগ্ৰহৰ প্ৰতি উদাসীন মনোভাবঃ বৰ্তমান প্ৰচলিত পাঠ্য়ক্ৰমখনে শিশুৰ নিজস্ব প্ৰয়োজন অনুযায়ী, শিকাৰ ওপৰত গুৰুত্ব নিদিয়ে । 

৪) জীৱনৰ লগত সংযোগহীনঃ বৰ্তমান পাঠ্য়ক্ৰমখনে শিক্ষা আৰু জীৱনৰ লগত সংযোগ স্থাপন কৰাৰ পৰিৱৰ্তে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে । 

৫) পাঠ্য়বিষয়ৰ মাত্ৰাধিক্যঃ বৰ্তমান পাঠ্য়ক্ৰমত জীৱনৰ কোনো প্ৰয়োজনত নহা কিছুমান বিষয় অন্তৰ্ভূক্ত কৰা হৈছে । ফলত পাঠ্য়ক্ৰমৰ আকৰ্ষণ হাস পাইছে । 

৬) তথ্যপ্ৰধানঃ বৰ্তমান পাঠ্য়ক্ৰমত শিক্ষণীয় বিষয়ক বাস্তৱ ভিত্তিক কৰি তোলাৰ পৰিৱৰ্তে অযথা তথ্য পয়োভৰ বৃদ্ধি কৰি শিক্ষাৰ্থীৰ বাবে দুৰূহ কৰি তুলিছে । 

৭) ব্যক্তি বিভিন্নতাক উপেক্ষাঃ বৰ্তমান পাঠ্য়ক্ৰমখন ব্যক্তিৰ বুদ্ধি, সামৰ্থ্য, মানসিক যোগ্যতা, প্ৰয়োজন, ৰুচি-অভিৰুচি, ইচ্ছা-আকাংক্ষাৰ সামৰ্থ্যক উপেক্ষা কৰি ৰচনা কৰা হৈছে । ফলত এই পাঠ্য়ক্ৰমে ব্যক্তি বিভিন্নতাৰ চাহিদা পূৰণ কৰাত ব্যৰ্থ হৈছে । 

৮) সহঃসম্বন্ধৰ অভাৱঃ বৰ্তমান পাঠ্য়ক্ৰমখনে বিষয়সমূহৰ মাজত সহ-সম্বন্ধ স্থাপন কৰি শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত ব্যৰ্থ্য হোৱা দেখা গৈছে । 

৯) নাগৰিকত্ব শিক্ষাদানৰ অভাৱঃ বিদ্যালয়ৰ শিক্ষাৰ জৰিয়তে ভৱিষ্যতে ছাত্ৰ-ছাত্ৰীসকল এখন গণতান্ত্ৰিক দেশৰ উপযুক্ত নাগৰিক হিচাপে যিখিনি প্ৰয়োজনীয় গুণৰ বিকাশ সাধন কৰিব লাগে সেইসমূহৰ ব্যৱস্থা বৰ্তমান পাঠ্য়ক্ৰমত অভাৱ হোৱা দেখা যায় । 

১০) বৃত্তি শিক্ষাৰ অভাৱঃ বৰ্তমান পাঠ্য়ক্ৰমখনে ভৱিষ্যত্ জীৱনত উন্নত জীৱন নিৰ্বাহ বাবে প্ৰয়োজন হোৱা বৃত্তিমূলক শিক্ষা প্ৰদানত গুৰুত্ব নিদিয়ে ।

১১) গতিহীনঃ বৰ্তমান পাঠ্য়ক্ৰমখন সহজে পৰিৱৰ্তন কৰিব পৰা বিধৰ নহয় । গতিকে পাঠ্য়ক্ৰমে পৰিৱৰ্তিত সমাজৰ প্ৰয়োজনীয়তা পূৰণত ব্যৰ্থ । 

১২) অৱসৰ বিনোদনৰ অভাৱঃ অৱসৰ বিনোদনৰ বাবে অৰ্থাত্ শিক্ষাৰ্থীসকলে আজৰি সময় সুন্দৰভাৱে কটাব বাবে বিশেষ কাৰ্যাৱলীৰ অভাৱ বৰ্তমান পাঠ্য়ক্ৰমৰ আন এটা প্ৰধান ত্ৰূটি ।   

১৩) জাতীয় সংহতি আৰু আন্তৰ্জাতিক বুজাপৰাৰ অভাৱঃ বৰ্তমান পাণ্যক্ৰমে শিক্ষাৰ্থীৰ মমত জাতীয় সংহতি আৰু আন্তৰ্জাতিক বুজাপৰাৰ মনোভাৱ সৃষ্টি কৰিব পৰাকৈ বিষয়বস্তুৰ যোগান ধৰিব পৰা নাই । 

১৪) তাত্বিক আৰু বৌদ্ধিকঃ বৰ্তমান পাঠ্য়ক্ৰমখন অধিক তাত্বিক আৰু বৌদ্ধিকভিত্তিকহে । ই শিক্ষাৰ্থীৰ নৈতিক চৰিত্ৰ গঠনৰ পক্ষপাতী নহয় । 

১৫) সৰ্বাঙ্গীন বিকাশৰ অভাৱঃ বৰ্তমান পাঠ্য়ক্ৰমখন অধিক সংকীৰ্ণ । কাৰণ এই পাঠ্য়ক্ৰমে শিক্ষাৰ্থীৰ সৰ্বাঙ্গীন বিকাশৰ সুযোগ-সূবিধা প্ৰদান কৰাত ব্যৰ্থ আৰু অসমৰ্থ হৈছে ।

প্ৰশ্নঃ 5. পাঠ্য়বিষয়ৰ অন্তৰ্গত বিভিন্ন দৰ্শনৰ ওপৰত ভিত্তি কৰি পাঠ্য়ক্ৰমৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰা ? 

উত্তৰঃ ১) বিষয়কেন্দ্ৰিক পাঠ্য়ক্ৰম (Subject Centered Curriculum) : যি পাঠ্য়ক্ৰমত সাহিত্য, ব্যাকৰণ, ভূগোল, অংক, বিজ্ঞান, বুৰঞ্জী আদি বিষয়বোৰক মূল ভিত্তি হিচাপে লৈ শাক্ষাদান কৰা হয় তেনে পাঠ্য়ক্ৰমক বিষয়কেন্দ্ৰিক পাঠ্য়ক্ৰম বোলা হয় । এনে পাঠ্য়ক্ৰমত কাৰিকৰী শিক্ষাদানৰ পৰিৱৰ্তে মানসিক দাৰ্শনিকসকলে বিষয়কেন্দ্ৰিক পাঠ্য়ক্ৰমৰ ওপৰত গুৰুত্ব আৰোপ কৰে । 

আদৰ্শবাদীসকলে শিক্ষাৰ্থীৰ মনত আধ্যাতম্ক চেতনা জগাই তুলি চৰম সত্য ভগৱানক উপলব্ধি কৰাত সহায় কৰা দিশসমূহক পায্টক্ৰমত অন্তৰ্ভূক্ত কৰিব লাগে বুলি মত পোষণ কৰে । আদৰ্শবাদী দাৰ্শনিক ৰুচ, পি.টি.নান আদিয়ে পাঠ্য়ক্ৰম সম্পৰ্কত মতামত আগবঢ়ায় । আদৰ্শবাদীসকলৰ মতে মানসিক উন্নতি সাধনৰ বাবে সাহিত্য, অন্তৰ্ভুক্ত কৰিব লাগে । আধ্যাত্মিক চেতনা আৰু মূল্যবোধ জগাই তুলিবৰ বাবে চাৰু কৰলা, সংগীত, কবিতা, ন্যায় শাস্ত্ৰ, নীতি শাস্ত্ৰ, ধৰ্ম, অধিবিদ্যা আদিক অন্তৰ্ভুক্ত কৰিব লাগে । 

২) কৰ্মকেন্দ্ৰিকঃ কোনো কৰ্মক কেন্দ্ৰকৰি জ্ঞান দিয়া পাঠ্য়ক্ৰমক কৰ্মকেন্দ্ৰিক পাঠ্য়ক্ৰম বোলা হয়। আধুনিক মনস্ততত্ত্বৰ মতে শিশুৰ শিক্ষা নিষ্ক্ৰিয় হোৱাৰ পৰিৱৰ্তে বাস্তৱ জীৱনৰ কৰ্মৰাজিক কেন্দ্ৰ কৰি গঢ়ি উঠা উচিত । কিয়নো সক্ৰিয় শিক্ষাইহে প্ৰকৃত জ্ঞান প্ৰদান কৰিব পাৰে । ৰু’, মন্টেছৰী, ডন ডিউই, মহাত্মা গান্ধী প্ৰভৃতি শিক্ষাবিদে কামৰ মাজেৰে শিক্ষা দি শিক্ষাক জীৱনকেন্দ্ৰিক গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । ক্ৰমকেন্দ্ৰিক পাঠ্য়ক্ৰমৰ দ্বাৰাহে শিসুৰ ইন্দ্ৰিয় অনুশীলন হয়, যি শিক্ষাক ফলপ্ৰসূ আৰু স্থায়ী কৰি তোলে । জন ডিউইৰ কৰ্মকেন্দ্ৰিক নীতিৰ ভিত্তিত কিল’প্ৰেট্ৰিকৰ প্ৰকল্প পদ্ধতি, মন্টেছৰীৰ পদ্ধতি. গান্ধীজীৰ বুনিয়াদী শিক্ষা পদ্ধতিত কৰ্মকেন্দ্ৰিক পাঠ্য়ক্ৰমত গুৰুত্ব প্ৰদান কৰা হয় । 

৩) শিক্ষাৰ্থীকেন্দ্ৰিকঃ যি পাঠ্য়ক্ৰম শিশু বা শিক্ষাৰ্থীৰ বয়স, ৰাপ, ৰুচি, সামৰ্থ আদিলৈ লক্ষ্য় ৰাখি আৰু শিশুৰ চাহিদা পূৰণ কৰিব পৰাকৈ যুগুত কৰা হয় তেনে পাঠ্য়ক্ৰমকে শিক্ষাৰ্থীকেন্দ্ৰিক বা শিশুকেন্দ্ৰিক পাঠ্য়ক্ৰম বোলা হয় । 

প্ৰকৃতিবাদী দাৰ্শনিকসকলে শিক্ষাৰ্থীকেন্দ্ৰিক তথা শিশুকেন্দ্ৰক পাঠ্য়ক্ৰমৰ ওপৰত গুৰুত্ব দিছিল । তেওঁ কৈছিল যে শিশুৰ জন্মজ প্ৰবৃত্তি, ইচ্ছা, খেলাৃধূলা, নৃত্য-গীত আৰু আন আন সহঃপাঠ্য়ক্ৰমিক কাৰ্যাৱলীক পাঠ্য়ক্ৰমত অন্তৰ্ভূক্ত কৰিব লাগে । শিশুক স্বাধীনতা প্ৰদান কৰি প্ৰকৃত জগতক ইন্দ্ৰিয় অনুভূতিৰ যোগেদি জানিবৰ বাবে প্ৰকৃতি অধ্যয়নৰ বিষয়বোৰ পাঠ্য়ক্ৰমত অন্তৰ্ভূক্ত কৰিব লাগে । শিশুৰ শৈক্ষিক আৰু মানসিক চাহিদা পূৰণ কৰিব পৰাকৈ বিভাজিত পাঠ্য়ক্ৰম গ্ৰহণ কৰিব লাগে । পাঠ্য়ক্ৰমত গতিশীলতা আৰু পৰিৱৰ্তনশীলতাৰ নীতি গ্ৰহণ কৰিব লাগে । 

৪) অভিজ্ঞতাভিক্তি (Experience Based Curriculum): যি পাঠ্য়ক্ৰমত বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ সংযোজন কৰা হয় । আৰু সেইবোৰক শিক্ষাৰ মূল বিষয় হিচাপে ধৰিবলৈ শিক্ষাৰ্থীক শিক্ষণ প্ৰদান কৰা হয়, তেনে পাঠ্য়ক্ৰমক অভিজ্ঞতা ভিত্তিক পাঠ্য়ক্ৰম বোলা হয় । এনে পাঠ্য়ক্ৰমত সন্নিৱিষ্ট জ্ঞান সমূহ শিক্ষামূলক ভ্ৰমণ, বুৰঞ্জীপ্ৰসিদ্ধ স্থানৰ ভ্ৰমণ, কোনো প্ৰতেযক্ষ কৰ্ণ সম্পাদনৰ পৰা লাভ কৰা জ্ঞানমূলক, দক্ষতামূলক আৰু মানসিক অভিক্ষতামূলক হ’ব পাৰে । 

ভাৰতীয় শিক্ষা আয়োগৰ ৰিপোৰ্টত শিক্ষাৰ প্ৰতিটো স্তৰতেই কৰ্ম অভিজ্ঞতা আৰু কৰ্মৰ মাধ্যেমেৰে অভিজ্ঞতা ভিত্তিক পাঠ্য়ক্ৰম প্ৰস্তুত কৰাব নিৰ্দেশ দিছ্ল । ডন ডিউই, মহাত্মা গান্ধী আদি শিক্ষাবিদেও তেওঁলোকৰ শিক্ষানীতিত কৰ্ম অভিজ্ঞতাকেই শিক্ষাৰ ফলপ্ৰসূ আৰু মৌলিক উপাদান হিচাপে অভিহিত কৰিছে । এনে পাঠ্য়ক্ৰমৰ যোগেদি শিক্ষাৰ্থীয়ে বহুমুখী অভিজ্ঞতা লাভ কৰি জ্ঞান আৰু ব্যৱহাৰিক জীৱনৰ নিবিড় সম্ফন্ধৰ বিষয়ে উপলব্ধি কৰিবলৈ সক্ষম হয় । ফলত শিক্ষাৰ্থীৰ দক্ষতা আৰু কৰ্মশক্তিৰ বিকাশ সাধন হয় । 

প্ৰয়োগবাদীসকলে পাঠ্যক্ৰম অভিজ্ঞতা ভিত্তিক হ’ব লাগে বুলি মত পোষণ কৰে । পাঠ্য়ক্ৰমে যাতে শিক্ষাৰ্থীৰ অভিজ্ঞতাৰ পুনৰ নিৰ্মাণ কৰিব পাৰে তাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিব লাগে । শিক্ষাৰ্থীয়ে যাতে কৰ্মৰ মাজেৰে বিজ্ঞান আৰু কাৰিকৰী অন্তৰ্ভূক্ত কৰিব লাগে । 

৫) স্থিতিশীলঃ পাঠ্যক্ৰমৰ মূল, উদ্দেশ্য, বিষয়বস্তু বা কাৰ্য দীৰ্ঘদিন সালসলনি বা পৰিৱৰ্তন নকৰাকৈ ৰখা পাঠ্য়ক্ৰমক স্থিতিশীল পাট্যক্ৰম বোলে । বহুতো শিক্ষাবিদে স্থায়ী মূল্যবোধ, চিৰন্তন সত্য় আৰু অপৰিৱৰ্তিত জ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ ফলত পাঠ্য়ক্ৰমৰ স্থিতি একে ৰাখিবলৈ যত্ন কৰে । আদৰ্শবাদীসকলে এনে পাঠ্য়ক্ৰমক সমৰ্থন কৰে । 

আদৰ্শবাদীসকলৰ মতে, শিক্ষাৰ পাঠ্য়ক্ৰম প্ৰস্তুত কৰোতে তলত উল্লেখিত নীতিসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব লাগে । 

১) পাঠ্য়ক্ৰমত মানৱীয় অভিজ্ঞতা দান কৰিব পৰা বিষয়সমূহ অন্তৰ্ভূক্ত কৰিব লাগে । 

২) সত্য়, শিৱ, সুন্দৰৰ আৰাধনাক পাঠ্য়ক্ৰমত অন্তৰ্ভূক্ত কৰি আধ্যাত্মিক চেতনা আৰু আধ্যাত্মিক মূল্য়বোধ জগাই তোলাৰ ওপৰত গুৰুত্ব দিব লাগে । 

৩) দেহ-মন আৰু আত্মাৰ সামগ্ৰীক উন্নতি সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে । 

৪) পাঠ্য়ক্ৰমত সংজ্ঞানাত্মক, আনুভূতিক আৰু ক্ৰিয়াত্মক বিকাশৰ দিশসমূহৰ অভিজ্ঞতা অন্তৰ্ভূক্ত কৰিব লাগে । 

৬) গতিশীলঃ সমাজ পৰিৱৰ্তনশীল । জ্ঞান, বিজ্ঞান, প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ কাৰণে শিক্ষাৰ বিষয়বস্তু সলনি কৰাটো অতি প্ৰয়োজন । বৰ্তমান সমাজত প্ৰগতি, উন্নতি, পৰিৱৰ্তন, নতুন নতুন জ্ঞান-কৌশলৰ উদ্ভাৱন আৰু সৃষ্টিৰ লগত সংগতি ৰাখি সময়ে সময়ে পৰিৱৰ্তন কৰা পাঠ্য়ক্ৰমকে গতিশীল পাঠ্য়ক্ৰম বোলা হয় । প্ৰয়োগবাদী দাৰ্শনিকসকলে গতিশীল পাঠ্য়ক্ৰমক সমৰ্থন কৰে । 

প্ৰয়োগবাদ দৰ্শনে বাস্তৱভিত্তি আৰু প্ৰয়োজন সাপেক্ষে বিষয়বস্তুসমূহক পাঠ্য়ক্ৰমত অন্তৰ্বূক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । প্ৰয়োগবাদীসকলে পাঠ্য়ক্ৰমত মানৱ জীৱনৰ বাবে উপযোগী হোৱাকৈ আৰু মানৱ সমস্যা সমাধানত সহায়ক হোৱাকৈ কাৰিকৰী আৰু বিজ্ঞানসন্মত বিষয়সমূহ পাঠ্য়ক্ৰমত অন্তৰ্ভূক্ত কৰাৰ বিষয়ে মত পোষণ কৰে । প্ৰকৃতিবাদী দাৰ্শনিকসকলৰ মতেও পাঠ্য়ক্ৰমখন গতিশীল হ’ব লাগে । 

৭) জীৱনকেন্দ্ৰিকঃ যি পাঠ্য়ক্ৰমত শিক্ষাৰ্থীৰ জীৱন প্ৰক্ৰিয়া আৰু জীৱন পদ্ধতিৰ ওপৰত গুৰুত্ব দি ব্যক্তি-জীৱনৰ বাবে আৰু ব্যক্তি-জীৱনৰ মাধ্য়মেৰে শিক্ষাক জীৱনধৰ্মী কৰি তোলাৰ প্ৰয়াস কৰা হয়, তেনে পাঠ্য়ক্ৰমক জীৱনকেন্দ্ৰিক পাঠ্য়ক্ৰম বোলা হয় । জন ডিউইৰ মতে শিক্ষা জীৱনৰ প্ৰস্তুতি নহয়, শিক্ষাই জীৱন । এনে পাঠ্য়ক্ৰমে শিশুৰ জীৱনটোক কেন্দ্ৰ কৰি শিশুৰ প্ৰয়োজন, মনোযোগ, লক্ষ্য়, দক্ষতা আদি পূৰণৰ বাবে শিক্ষা প্ৰক্ৰিয়া বিকাশমুখী কৰি তোলে । 

অন্যান্য় প্ৰয়োগবাদী দাৰ্শনিকসকলেও জীৱনকেন্দ্ৰিক পাঠ্য়ক্ৰমৰ ওপৰত গুৰুত্ব আৰোপ কৰে । প্ৰয়োগবাদীসকলৰ মতে চিৰন্তন সত্য়, আধ্যত্মিক মূল্যবোধ আদি লাভ কৰাতকৈ সমাজৰ মাজত থাকি বাস্তৱ সমস্যাসমূহৰ বিষয়ে উপলব্ধি কৰি সেই সমস্যাসমূহ সমাধন কৰিব পৰাকৈ অভিজ্ঞতা দান কৰা বিষয়সমূহে পাঠ্য়ক্ৰমত ঠাই পাব লাগে । প্ৰকৃতিবাদী দাৰ্শনিক ৰুছোৱেও শিশু শিক্ষাৰ পাঠ্য়ক্ৰমখন জীৱনকেন্দ্ৰিক হ’ব লাগে বুলি মত পোষণ কৰে । 

৮) অবিচ্ছিন্ন পাঠ্য়ক্ৰমঃ (Undifferential Curriculum): যি পাঠ্য়ক্ৰমত শিক্ষাৰ্থীয়ে জ্ঞান আৰু অভিজ্ঞতাসমূহৰ এক সামগ্ৰিক ৰূপ উপলব্ধি কৰিবলৈ সমৰ্থবান হোৱাকৈ পাঠ্য়ক্ৰমৰ বিষয়সমূহৰ মাজত থকা অন্তনিহিত মৌলুক অবিচ্ছিন্নতাক গুৰুত্ব দিয়া হয় তাকে অবিচ্ছিন্ন পাঠ্য়ক্ৰম বোলা হয় । শিক্ষাৰ্থীক সামগ্ৰীকভাৱে জ্ঞান প্ৰদান আৰু ব্যক্তিৰ সৰ্বাঙমগীন বিকাশ সাধনেই এনে পাঠ্য়ক্ৰমৰ উদ্দেশ্য বাস্তবাদী দাৰ্শনিক হাৰ্বাটে উল্লেখ কৰিছে যে বিভিন্ন বিষয়ৰ মাজত আৰু বিষয়ৰ শাখাবিলাকৰ মাজত সম্পৰ্ক স্থাপন কৰিব লাগে । জন ডিউই, ফ্ৰৱেল, মহাত্মা গান্ধী প্ৰভৃতি প্ৰয়োগবাদী দাৰ্শনিক তথা শিক্ষাবিদসকলে এনে পাঠ্য়ক্ৰমত সমৰ্থন কৰে । 

৯) বহুমুখী পাঠ্য়ক্ৰমঃ যি পাঠ্য়ক্ৰমত শিক্ষাৰ্থীৰ ভিন্নমুখী ৰুচি, অভিৰুচি আৰু প্ৰয়োজনসমূহ পূৰণ কৰিবৰ বাবে বিভিন্ন বিষয়সমূহ সন্নিৱিষ্ট কৰা হয়, তেনে পাঠ্য়ক্ৰমক বহুমুখী পাঠ্য়ক্ৰম বোলা হয় । এনে পাঠ্য়ক্ৰমত সাহিত্যধৰ্মী বিষয়ৰ লগতে সাধাৰণ বিজ্ঞান, কলা আৰু বাণিজ্য ইত্যাদি বিষয়সমূহ অন্তৰ্ভূক্ত কৰা হয় । শিক্ষাতত্ত্ব প্ৰকৃতিবাদী । প্ৰয়োগবাদী, আদৰ্শবাদী দাৰ্শনিকসকলে এনে পাঠ্য়ক্ৰমৰ ওপৰত গুৰুত্ব আৰোপ কৰে । 

১০) গতিশীল পাঠ্যক্ৰমঃ সমাজ পৰিৱৰ্তন শীল । জ্ঞান, বিজ্ঞান, প্ৰযুযোক্তিবিদ্যাৰ উন্নতিৰ কাৰণে শিক্ষাৰ বিষয়বস্তু সলনি কৰাটো অতি প্ৰয়োজন । বৰ্তমান সমাজত প্ৰগতি, উন্নতি, পৰিৱৰ্তন, নতুন নতুন জ্ঞান-কৌশলৰ উদ্ভাৱন আৰু গতিশীল লগত সংগতি ৰাখি সময়ে সময়ে পৰিৱৰ্তন কৰা পাঠ্য়ক্ৰমকে গতিশীল পাঠ্য়ক্ৰম বোলা হয় । প্ৰয়োগবাদী দাৰ্শনিক সকলে গতিশীল পাঠ্যক্ৰমক সমৰ্থন কৰে । 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top