Philosophical Foundations of Education Unit 3 ভাৰতীয় দৰ্শনৰ সম্প্ৰদায়সমূহ আৰু শিক্ষাত ইয়াৰ প্ৰভাৱ

Philosophical Foundations of Education Unit 3 Indian Schools of Philosophy and their Influences in Education | ভাৰতীয় দৰ্শনৰ সম্প্ৰদায়সমূহ আৰু শিক্ষাত ইয়াৰ প্ৰভাৱ Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Philosophical Foundations of Education Unit 3 Indian Schools of Philosophy and their Influences in Education | ভাৰতীয় দৰ্শনৰ সম্প্ৰদায়সমূহ আৰু শিক্ষাত ইয়াৰ প্ৰভাৱ to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Philosophical Foundations of Education Unit 3 Indian Schools of Philosophy and their Influences in Education | ভাৰতীয় দৰ্শনৰ সম্প্ৰদায়সমূহ আৰু শিক্ষাত ইয়াৰ প্ৰভাৱ Question Answer can be of great value to excel in the examination.

Philosophical Foundations of Education Unit 3 ভাৰতীয় দৰ্শনৰ সম্প্ৰদায়সমূহ আৰু শিক্ষাত ইয়াৰ প্ৰভাৱ

Join Telegram channel

Philosophical Foundations of Education Unit 3 Indian Schools of Philosophy and their Influences in Education | ভাৰতীয় দৰ্শনৰ সম্প্ৰদায়সমূহ আৰু শিক্ষাত ইয়াৰ প্ৰভাৱ Notes cover all the exercise questions in UGC Syllabus. The Philosophical Foundations of Education Unit 3 Indian Schools of Philosophy and their Influences in Education | ভাৰতীয় দৰ্শনৰ সম্প্ৰদায়সমূহ আৰু শিক্ষাত ইয়াৰ প্ৰভাৱ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

ভাৰতীয় দৰ্শনৰ সম্প্ৰদায়সমূহ আৰু শিক্ষাত ইয়াৰ প্ৰভাৱ

EDUCATION

PHILOSOPHICAL FOUNDATION OF EDUCATION

শিক্ষাৰ দাৰ্শনিক ভিত্তি

Very Short Question:

প্ৰশ্নঃ 1. ভাৰতবৰ্ষৰ আটাইতকৈ প্ৰাচীন দৰ্শন কি ? 

উত্তৰঃ বৈদিক দৰ্শন । 

প্ৰশ্নঃ 2. মন্ত্ৰ শব্দটোৰ উত্পত্তি ক’ৰ পৰা হৈছিল ? 

উত্তৰঃ সংস্কৃত শব্দ ‘মনন’ (Manan)ৰ পৰা । 

প্ৰশ্নঃ 3. বেদৰ আটাইতকৈ শেষ অংশটোৰ নাম কি ? 

উত্তৰঃ উপনিষদ বা বেদান্ত । 

প্ৰশ্নঃ 4. উপনিষদ শব্দটোৰ উত্পত্তি ক’ৰ পৰা হৈছিল ?

উত্তৰঃ সংস্কৃত শব্দ ‘সদ’ৰ পৰা উত্পত্তি হৈছিল, যাৰ অৰ্থ হ’ল ‘জ্ঞান’ বা সত্য় । 

প্ৰশ্নঃ 5. ভাৰতীয় দৰ্শনৰ কোনটো সম্পৰ্দায়ক পূৰ্ব মীমাংসা বিলি জনা যায় । 

উত্তৰঃ মীমাংসা । 

প্ৰশ্নঃ 6. যোগ শব্দটো কি ধাতুৰ পৰা আহিছে ? 

উত্তৰঃ যোগ শব্দটো যুঁজ ধাতুৰ পৰা আহিছে । যোগ মানে সম্পূৰ্ণভাৱে চিত্তবৃত্তি নিৰোধ কৰা । 

প্ৰশ্নঃ 7. যোগ দৰ্শনৰ প্ৰতিষ্ঠাতা কোন ? 

উত্তৰঃ পতঞ্জলি যোগ দৰ্শনৰ প্ৰতিষ্ঠাতা আছিল । 

প্ৰশ্নঃ 8. যোগ দৰ্শন কি ? 

উত্তৰঃ যোগ দৰ্শন ভাৰতীয় দৰ্শনৰ মুখ্য় সম্প্ৰদায়কেইটাৰ ভিতৰত আস্তিক বা বৈদিক দৰ্শনৰ অন্তৰ্ভূক্ত । আস্তিক অথবা বৈদিক সম্প্ৰদায়ৰ ভিতৰত ন্যায়, বৈশোষিক, সাংখ্য়, যোগ, মীমাংসা আৰু বেদান্ত দৰ্শন অন্তৰ্ভুক্ত হৈ আছে । এই ছটা সম্প্ৰদায়ক একেলগে ষড়দৰ্শন বুলিও অভিহিত কৰা হয় । 

প্ৰশ্নঃ 9. যোগ দৰ্শনৰ প্ৰধান বিষয়বস্তু কি ? 

উত্তৰঃ যোগ দৰ্শনৰ প্ৰধান বিষয়বস্তু হৈছে মোক্ষ লাভৰ উপায় নিৰূপণ কৰা । 

প্ৰশ্নঃ 10. যোগ দৰ্শনৰ পিতৃ হিচাপে কাক অভিহিত কৰা হয় ? 

উত্তৰঃ মহৰ্ষি পতঞ্জলীক । 

প্ৰশ্নঃ 11. ‘যোগ’ শব্দৰ উত্পত্তি ক’ৰ পৰা হৈছিল ? 

উত্তৰঃ মূল সংস্কৃত শব্দ’যোজ’ শব্দৰ পৰা উত্পত্তি হৈছিল, যাৰ অৰ্থ হ’ল সংযোজন কৰা । 

প্ৰশ্নঃ 12. যৌগ চৰম লক্ষ্য় কি ? 

উত্তৰঃ আত্ম মুক্তি অৰ্থাত্ মোক্ষ ।

প্ৰশ্নঃ 13. ভাৰতীয় দৰ্শনত থকা জ্ঞান সম্বন্ধীয় ধাৰণাবোৰ কি কি ? 

উত্তৰঃ চাৰিটা সেই কেইটা হ’ল- ধৰ্ম, অৰ্থ, কাম আৰু প্ৰমা । 

প্ৰশ্নঃ 14. বৈদিক সম্প্ৰদায় কাক কয় ? 

উত্তৰঃ বৈদিক কৰ্তৃত্বত বিশ্বাস কৰা ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়ক বৈদিক সম্প্ৰদায় বোলা হয় । 

প্ৰশ্নঃ 15. ভাৰতীয় দৰ্শনৰ কোনটো সম্প্ৰদায় জড়বাদৰ সমৰ্থক ? 

উত্তৰঃ চাৰ্বাক দৰ্শন । 

প্ৰশ্নঃ 16. যোগ দৰ্শনৰ প্ৰথম গ্ৰন্থখন কি ?

উত্তৰঃ যোগ সূত্ৰ হ’ল যোগ দৰ্শনৰ প্ৰথম গ্ৰন্থ । 

প্ৰশ্নঃ 17. যোগ দৰ্শনমতে জ্ঞান তিনি প্ৰকাৰৰ কি কি ? 

উত্তৰঃ যোগ দৰ্শনৰ মতে জ্ঞান তিনি প্ৰকাৰৰ- প্ৰত্য়ক্ষ, অনুমান আৰু শব্দ । 

প্ৰশ্নঃ 18.  বৌদ্ধ দৰ্শনত ত্ৰি-শৰণ মানে কি ? 

উত্তৰঃ বুদ্ধং শৰণং গচ্ছামি 

ধৰ্মং শৰণং গচ্ছামি 

সংঘং শৰণং গচ্ছামি । 

প্ৰশ্নঃ 19. দৰ্শন মতে পঞ্চনীল মানে কি ? 

উত্তৰঃ আহিংসা, ব্য়ভিচাৰ নিষেদ, মিছা কোৱা নিষেধ, চোৰ কৰা নিষেধ আৰু মদ্য়পান নিষেধ । 

প্ৰশ্নঃ 20. বৌদ্ধ দৰ্শনৰ মতে চাৰিটা শ্ৰেষ্ঠ বা আৰ্থ সত্যৰ এটা উল্লেখ কৰা । 

উত্তৰঃ মানৱ জীৱন দুখেৰে ভৰা । 

প্ৰশ্নঃ 21. বৌদ্ধ শিক্ষাৰ এটা লক্ষ্য় উল্লেখ কৰা । 

উত্তৰঃ আষ্টমাৰ্গ পালন কৰি মানৱ জীৱনৰ মুক্তিৰ পথ নিৰ্বাণ লাভ কৰা । 

প্ৰশ্নঃ 22. বৌদ্ধ শব্দৰ অৰ্থ কি ? 

উত্তৰঃ সাৰ পোৱা । 

প্ৰশ্নঃ 23. ভাৰতীয় দৰ্শনত কেইটা সম্প্ৰদায় আছে ? 

উত্তৰঃ ভাৰতীয় দৰ্শনে এক শ্বাশ্বত নৈতিক ব্যৱস্থাত বিশ্বাস কৰে । 

প্ৰশ্নঃ 24. বেদান্তৰ আক্ষৰিক অৰ্থ কি ? 

উত্তৰঃ বেদান্তৰ আক্ষৰিক অৰ্থ বেদৰ অন্ত । 

প্ৰশ্নঃ 25. ব্ৰহ্ম সম্পৰ্কে থকা মতকেইটা কি কি ? 

উত্তৰঃ ব্ৰহ্ম সম্পৰ্কে থকা মতকেইটা হ’ল- সগুণ ব্ৰহ্ম আৰু নিৰ্গুণ ব্ৰহ্ম । 

প্ৰশ্নঃ 26. বেদান্ত দৰ্শনৰ মূল ভেটি কি ? 

উত্তৰঃ উপনিষদ ব্ৰহ্মসূত্ৰ আৰু ভাগৱদীতা- এই তিনিওটাই হৈছে বেদান্ত দৰ্শনৰ মূল ভেটি । 

প্ৰশ্নঃ 27. অদ্বৈতবাদী চিন্তাৰ উল্লেখ প্ৰথমে ক’ত পোৱা যায় ? 

উত্তৰঃ খকবেদত প্ৰথম অদ্বৈতবাদী চিন্তাৰ উদ্ভাৱ হয় । 

প্ৰশ্নঃ 28. বিশিষ্ট দ্বৈত বেদান্তৰ প্ৰতিষ্ঠাপক কোন ? 

উত্তৰঃ ৰামানুজ বিশিষ্ট দেবৈত বেদাত্তৰ প্ৰতিষ্ঠাপক । 

প্ৰশ্নঃ 29. মায়া মানে হৈছে যাদুকৰী শক্তি । কোনখন উপনিষদত এই কথাটো কোৱা হৈছে ? 

উত্তৰঃ বৃহদাৰণ্য়ক উপনিষদত এই কথাটো কোৱা হৈছে । 

প্ৰশ্নঃ 30. মায়াৰ ধাৰণাৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ মায়াৰ ধাৰণাৰ এটা উদাহৰণ হ’ল ৰছী আৰু সাপৰ ভ্ৰম । আন্ধাৰত ৰছীডালক সাপ বুলি ভবা হয় । 

প্ৰশ্নঃ 31. মায়া শব্দটিৰ লগত জড়িত থকা শব্দ দুটা কি কি ? 

উত্তৰঃ মায়া শব্দটিৰ লগত জড়িত থকা দুটা শব্দ হ’ল ভ্ৰম বা মিছা । 

প্ৰশ্নঃ 32. ৰামানুজনৰ মতে ব্ৰহ্মৰ স্বৰূপ কি ? 

উত্তৰঃ ৰামানুজনৰ মতে ব্ৰহ্ম পৰম সত্তা । ব্ৰহ্ম অদ্বৈত, কিন্তু ভেদবিশিষ্ট । 

প্ৰশ্নঃ 33. ৰামানুজনে সমৰ্থন কৰা স্কুলটোৰ নাম কি ? 

উত্তৰঃ ৰামানুজে সমৰ্থন কৰা স্কুলটোৰ নাম বিশিষ্ট দ্বৈতবাদ । 

প্ৰশ্নঃ 34. বুদ্ধ দৰ্শনৰ প্ৰবৰ্তক কোন আছিল ?

উত্তৰঃ  বুদ্ধ দৰ্শনৰ প্ৰবৰ্তক আছিল গৌতম বুদ্ধ । 

প্ৰশ্নঃ 35. বুদ্ধ দৰ্শনৰ প্ৰথমটো আৰ্য সত্য কিহৰ লগত জড়িত ? 

উত্তৰঃ বুদ্ধ দৰ্শনৰ প্ৰথমটো আৰ্য মানুহৰ দুখৰ স্বৰূপৰ লগত জড়িত । 

প্ৰশ্নঃ 36. বুদ্ধ দৰ্শনৰ ভাগকেইটা কি কি ? 

উত্তৰঃ  বুদ্ধ দৰ্শনৰ ভাগকেইটা হ’ল হীনযান আৰু মহাযান । 

প্ৰশ্নঃ 37. হীনযান সম্প্ৰদায় কাক বোলে ? 

উত্তৰঃ হীনযান সম্প্ৰদায় কেৱল নিজৰ বাবেহে নিৰ্বাণ লাভ কৰাৰ নিৰ্দেশ আছে । 

প্ৰশ্নঃ 38. মহাযান মানে কি ? 

উত্তৰঃ মহাযান সম্প্ৰদায়ে বিশ্বাস কৰে যে নিৰ্বাণ কেৱল নিজৰ বাবে নহয়, শুদ্ধ জ্ঞানত অৱতীৰ্ণ হ’বৰ বাবে দুখ সকলোৰে বাবে নিৰ্বাণৰ প্ৰয়োজনীয়তা আছে । 

প্ৰশ্নঃ 39. নিৰ্বাণ অৰ্থ কি ? 

উত্তৰঃ নিৰ্বাণৰ অৰ্থ হ’ল বন্ধন আৰু পুনৰ্জন্মৰ মুক্তি পোৱা । 

প্ৰশ্নঃ 40. ত্ৰিপিটকৰ অৰ্থ কি ? 

উত্তৰঃ শিক্ষাৰ তিনিটা পালি মানে ত্ৰিপিটক । 

Short Question:

প্ৰশ্নঃ 1. ‘যোগ’ৰ অৰ্থ কি ?

উত্তৰঃ সৰল অৰ্থত ‘যোগ’ মানে হ’ল দেহ আৰু মনক আত্মাৰ লগত সংযোগ কৰা । আন এটা অৰ্থত আত্মাক পৰমাত্মাৰ লগত একাত্মকৰণ কৰাটোৱেই হ’ল যোগ । যোগৰ প্ৰকৃত অৰ্থ হ’ল জন্ম আৰু মৃত্যুৰ বন্ধনৰ পৰা নুক্তি লাভ কৰি আত্মাক পৰমাত্মাৰ লগত বিলীন কৰি দিয়া কাৰ্য ।

প্ৰশ্নঃ 2. যোগ দৰ্শনৰ মতে ব্যক্তিৰ মনৰ দুটা অৱস্থাৰ কথা উল্লেখ কৰা ।

উত্তৰঃ ১) ক্ষিপ্ত নাইবা অস্থিৰ

২) বিক্ষিপ্ত নাইবা বিকৰ্ষিত ।

প্ৰশ্নঃ 3. যোগ দৰ্শনৰ শিক্ষাৰ লক্ষ্যক কেইটা ভাগত ভাগ কৰিব পাৰি ?

উত্তৰঃ দুটা ভাগত । সাধ্য আৰু সাধন ।

প্ৰশ্নঃ যম যোগ মানে কি ?

উত্তৰঃ যম হ’ল ইচ্ছা শক্তি নিয়ন্ত্ৰণৰ অনুশীলন । চিন্তা, কৰ্ম আৰু কথাৰ দ্বাৰা কাকো আঘাত নকৰাৰ অনুশীলন ইয়াৰ অন্তৰ্ভুক্ত । হিংসা, মিছা কথা, চুৰি কাৰ্য, কামনা আৰু লোভৰ পৰা আঁতৰি থকা যম যোগৰ মূল লক্ষ্য ।

প্ৰশ্নঃ 4. ন্যায় দৰ্শন আৰি বেদান্ত দৰ্শনৰ প্ৰৱৰ্তক কোন ?

উত্তৰঃ ন্যায় দৰ্শনৰ প্ৰৱৰ্তক গৌতম মুনি আৰু বেদান্ত দৰ্শনৰ প্ৰৱৰ্তক আছিল ব্যাসদেৱ ।

প্ৰশ্নঃ 5. যোগ দৰ্শনৰ প্ৰকাৰ কেইটা কি কি ?

উত্তৰঃ যোগ দৰ্শনৰ প্ৰকাৰ কেইটা হ’ল –

১) জ্ঞান যোগ

২) ভক্তি যোগ ।

৩) কৰ্মযোগ ।

৪) ৰাজ যোগ ।

প্ৰশ্নঃ 6. প্ৰাণায়াম মানে কি ?

উত্তৰঃ প্ৰাণায়াম হ’ল প্ৰাণ অথবা শ্বাস-প্ৰশ্বাসৰ নিয়ন্ত্ৰণ । ই অকল শাৰীৰিক স্বাস্থ্য ৰক্ষাৰ বাবেই নহয়, মানসিক একাগ্ৰহতা আৰু ধ্যানৰ বাবেও সহায়কাৰী ।

প্ৰশ্নঃ 7. সমাধি মানে কি বুজা ?

উত্তৰঃ সমাধি মানে হ’ল মন বা আত্মাৰ সেই থিতি বা অৱস্থান, য’ত মনা আত্মা ধ্যানৰ বিষয়বস্তুৰ মাজত সম্পূৰ্ণৰূপে বিলীন হৈ পৰে । যোগ দৰ্শনে সমাধিৰ জৰিয়তে মোক্ষ পাপ্তি হয় বুলি বিশ্বাস কৰে ।

প্ৰশ্নঃ 8. যোগ দৰ্শনৰ মতে শিক্ষকৰ দুটা কৰ্তব্য উল্লেখ কৰা ।

উত্তৰঃ যোগ দৰ্শনৰ মতে শিক্ষকৰ দুটা কৰ্তব্য হৈছে –

১) যোগ দৰ্শনৰ মতে শিক্ষকৰ কেৱল তত্ত্বজ্ঞানেই নহয়, ব্যৱহাৰিক জ্ঞানে প্ৰদান কৰিব লাগে ।

২) শিক্ষকৰ জ্ঞান শক্তি, ইচ্ছাশক্তি আৰু কৰ্মশক্তি প্ৰবল হোৱাটো বাঞ্চনীয় ।

প্ৰশ্নঃ 9. যোগ দৰ্শন মতে শিক্ষা ব্যৱস্থাত অনুশাসন কেনে হ’ব লাগে ?

উত্তৰ- যোগ দৰ্শনৰ মতে শিক্ষা ব্যৱস্থাত অনুশাসন তলত দিয়া ধৰণে হ’ব লাগে –

১) যোগ দৰ্শনৰ মতে দেহ আকু মনক অনুশাসিত কৰাই শিক্ষাৰ মূল উদ্দেশ্য ।

২) শিক্ষক-শিক্ষাৰ্থী উভয়েই শিক্ষা আহৰণৰ বাবে শাৰীৰিক, মানসিক আৰু বৌদ্ধিক ৰূপত অনুশাসিত হোৱাটো অতি প্ৰয়োজনীয় ।

প্ৰশ্নঃ 10. যোগ দৰ্শনৰ মতে শিক্ষাৰ দুটা লক্ষ্যৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰঃ যোগ দৰ্শনৰ মতে শিক্ষাৰ দুটা লক্ষ্য হ’ল –

১) শিক্ষাৰ্থীসকলক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দুখ বিপত্তিৰ পৰা মুক্তকৰণ ।

২) মানৱ প্ৰকৃতিৰ জ্ঞান আম্বেষণ কৰা ।

প্ৰশ্নঃ 11. যোগ দৰ্শনৰ মতে শিক্ষণৰ দুটা পদ্ধতিৰ কথা উল্লেখ কৰা ।

উত্তৰঃ যোগ দৰ্শনৰ মতে শিক্ষণৰ দুটা পদ্ধতিৰ হৈছে-

১) চিত্তবৃত্তি নিৰোধ অথবা মানসিক অস্থিৰতা বোধকৰণ আৰু ধ্যান হ’ল যোগ দৰ্শনে আগবঢ়োৱা আটাইতকৈ গুৰুত্বপূৰ্ণ পদ্ধতি ।

২) একাগ্ৰচিত্তে মনঃসংযোগ জ্ঞান অৰ্জনৰ অন্য এক গুৰুত্বপূৰ্ণ পদ্ধতি ।

প্ৰশ্নঃ 12. বেদান্ত শব্দৰ অৰ্থ কি?

উত্তৰঃ বেদান্ত শব্দটো দুটা শব্দৰ সংমিশিত ৰূপ । ‘দেব’ অৰ্থাৎ যাৰ অৰ্থ হ’ল ‘জ্ঞান’ আৰু অন্ত যাৰ অৰ্থ হ’ল লক্ষ্য । ইয়াত জ্ঞানৰ অৰ্থ হ’ল পৰমাত্মাৰ লগত আমাৰ নিজৰ শুদ্ধ প্ৰকৃতিৰ জ্ঞান ।

প্ৰশ্নঃ 13. বেদান্ত দৰ্শনৰ দুটা উপ-বিভাগৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰঃ বেদান্ত দৰ্শনৰ দুটা উপ-বিভাগ হৈছে –

ক) অদ্বৈত । আৰু

খ) বিশিষ্ট অদ্বৈত ।

প্ৰশ্নঃ 14. বেদান্ত দৰ্শনৰ মতে শিক্ষাৰ দুটা লক্ষ্যৰ বিষয়ে উল্লেখ কৰা ?

উত্তৰঃ ১) জ্ঞান অৰ্জন আৰু উপলব্ধিৰ ওপৰত গুৰুত্ব ।

২) ঈশ্বৰ ভক্তি আৰু ধাৰ্মিকতাৰ সমাৱেশ ।

প্ৰশ্নঃ 15. বৌদ্ধ দৰ্শনৰ মতে চাৰিটা আৰ্য সত্যৰ দুটা উল্লেখ কৰা ?

উত্তৰঃ বৌদ্ধ দৰ্শনৰ মতে চাৰিটা আৰ্য সত্য হৈছে-

১) মানৱ জীৱন দুখেৰে ভৰা ।

২) সকলো দুখৰেই কাৰণ থাকে ।

প্ৰশ্নঃ 16. সম্যক বাক্য বুলিলে কি বুজা ?

উত্তৰঃ সম্যক বাক্য মানে বৌদ্ধ দৰ্শনত মিছা, টুটুকীয়া আৰু কটু বচনৰ পৰা সত্যৰ আঁতৰত থকা । ইয়াৰ পৰিৱৰ্তে সদায় সত্য কথা । কোৱা আৰু সত্যৰ আশ্ৰয় লোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে । বৌদ্ধ দৰ্শন মতে সত্যৰ ঊৰ্ধ্বত আন কোনো ধৰ্ম নাই ।

প্ৰশ্নঃ 17. সম্যক ব্যায়াম বুলিলে কি বুজা ?

উত্তৰঃ বৌদ্ধ দৰ্শন মতে সম্যক ব্যায়াম হ’ল ইন্দ্ৰিয়ৰ ওপৰত সংযমশীল হোৱা । বেয়া বা অহিত চিন্তা প্ৰতিৰোধ, ভাল চিন্তা উদ্ৰেক কৰাৰ যত্ন বা চেষ্টা, ভাল বা সুস্থিৰ চিন্তাক প্ৰতিপালন কৰাৰ প্ৰচেষ্টাই হ’ল সম্যক ব্যায়াম ।

প্ৰশ্নঃ 18. বৌদ্ধ দৰ্শন মতে শিক্ষাৰ উদ্দেশ্য কি ?

উত্তৰঃ বৌদ্ধ দৰ্শনমতে যি জ্ঞানে মানুহক সুন্দৰ জীৱন-যাপন কৰিবলৈ শিকায় সেয়ে শিক্ষা । মানুহৰ চৰিত্ৰ গঠনত সহায়ক হোৱা সকলো জ্ঞানেই বৌদ্ধ দৰ্শন মতে প্ৰয়োজনীয় । বৌদ্ধ দৰ্শনৰ আধাৰত বৈদিকোত্তৰ সময়ত সুবিশাল ভাৰতৰ লগতে বিশ্বৰ অন্যান্য দেশতো বিকশিত শিক্ষা প্ৰণালী গঢ় লৈ উঠিছিল ।

প্ৰশ্নঃ 19. বৌদ্ধ দৰ্শন মতে শিক্ষাৰ দুটা লক্ষ্য উল্লেখ কৰা ?

উত্তৰঃ বৌদ্ধ দৰ্শন মতে শিক্ষাৰ দুটা লক্ষ্য হৈছে-

১) সামাজিক আৰু ব্যৱসায়িক দক্ষতা বিকাশৰ লগতে আধ্যাত্মিকতাৰ বিকাশ .

২) সু-জ্ঞান. সদাচাৰ আৰু সজকৰ্মৰ প্ৰতি শ্ৰদ্ধা বা বিশ্বাসৰ মনোভাবৰ বিকাশ ।

প্ৰশ্নঃ 20. বৌদ্ধ দৰ্শন মতে পাঠ্যক্ৰম ৰচনাৰ দুটা নীতি উল্লেখ কৰা ।

উত্তৰঃ বৌদ্ধ দৰ্শন মতে পাঠ্যক্ৰম ৰচনাৰ দুটা নীতি হৈছে-

১) সম্যক অথবা শুদ্ধ ৰূপত জীৱিকা অৰ্জনৰ কৌশলৰ জ্ঞান ।

২) বৌদ্ধ সাহিত্যৰ অধ্যয়ন ।

প্ৰশ্নঃ 21. বৌদ্ধ দৰ্শনত প্ৰয়োগ কৰা দুটা শিক্ষণ পদ্ধতিৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰঃ বৌদ্ধ দৰ্শনত প্ৰয়োগ কৰা দুটা শিক্ষণ পদ্ধতি হৈছে –

১) মৌখিক পদ্ধতি অথবা অধ্যাপকৰ বক্তৃতা আৰু ব্যাখ্যা ।

২) অধ্যাপকৰদ্বাৰা ৫/৬ জনীয়া সৰু সৰু শিক্ষাৰ্থী গোটক শিক্ষাদান ।

প্ৰশ্নঃ 22. ভাৰতীয় দৰ্শন নটা সম্প্ৰদায়েৰে গঠিত । এই সম্প্ৰদায়বোৰ কি কি ?

উত্তৰঃ ভাৰতীয় দৰ্শনত নটা সম্প্ৰদায় আছে । যেনে- ন্যায়, বৈশেষিক, সাংখ্য, যোগ, মীমাংসা, বেদান্ত, চাৰ্বাক, বুদ্ধ আৰু জৈন দৰ্শন ।

প্ৰশ্নঃ 23. ভাৰতীয় দৰ্শন বুলিলে কি বুজা যায় ?

উত্তৰঃ ভাৰতীয় দাৰ্শনিক চিন্তা বুজাবলৈ সংস্কৃত শব্দ দৰ্শন ব্যৱহাৰ কৰা হয় । দৰ্শন শব্দটিৰ অৰ্থ হ’ল – অৰ্থসত্য বা তত্ত্বৰ দৰ্শন । আকৌ সত্যৰ দৰ্শন শব্দটিয়ে পৰম প্ৰকৃত স্বৰূপ সম্বন্ধে হোৱা প্ৰত্যেক্ষ উপলব্ধিক বুজায় । প্ৰত্যেক্ষ উপলব্ধিয়েই হ’ল তত্ত্ব দৰ্শন । ভাৰতীয় চিন্তাবিদসকলে বিভিন্ন উপায়েৰে পৰম সত্য দৰ্শনৰ বাবে প্ৰয়াস কৰিছিল । এনে প্ৰয়াসৰ ফলস্বৰুপে ভাৰতীয় দাৰ্শনিক সম্পৰ্দায়সমূহ বিকাশিত হৈছিল ।

ভাৰতভূমিত উৎত্তি হৈ বিতাশ লাভ কৰা বিভিন্ন দাৰ্শনিক চিন্তাধাৰাকেই ভাৰতীয় দৰ্শন বোলা হয় । প্ৰাচীন তথা আধুনিক সকলো ভাৰতীয় চিন্তাবিদৰ দাৰ্শনিক চিন্তনক ই সামৰি লয় । ভাৰতীয় দৰ্শনক হিন্দু দৰ্শন বুলিও কোৱা হয় । হিন্দু শব্দটিৰ অৰ্থ ভাৰতীয় বুলি ধৰিলে এই কথাটো গ্ৰহণযোগ্য হ’ব । ধৰ্মীয় দৃষ্টিৰে ভাৰতীয় দৰ্শনক বুজিবলৈ গ’লে সি স্পষ্টতঃ ভ্ৰমজনক হ’ব । বৌদ্ধ আৰু জৈন এই দুটা ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়ে হিন্দু ধৰ্মানুগামীয়ে প্ৰতিষ্ঠা কৰা দৰ্শন নহয় । বৈদিক কৰ্তৃত্ব জড়বাদী চাৰ্বাক সম্পৰ্দায়ে স্বীকাৰ নকৰে ।

ভাৰতীয় দাৰ্শনিক চিন্তাৰ উৎপত্তি অতি প্ৰাচীন । দৰাচলতে বৈদিক যুগতেই ভাৰতীয় দৰ্শনৰ আৰম্ভণি হৈছি । প্ৰাচীন ভাৰতীৰ কবিসকলে মানুহৰ প্ৰকৃত স্বৰুপ কি? মানুহে বসবাস কৰা জগতৰ প্ৰকৃত স্বৰূপ কি? মানৱ জীৱনৰ শেষ পৰিণতি কি ? ইত্যাদি প্ৰশ্নৰ উত্তৰ বিচাৰিছিল । এনেকোৱা চিন্তনৰ ফলস্বৰূপে ভাৰতবৰ্ষত চিন্তাৰ বিভিন্ন ধাৰণাই বিকাশ লাভ কৰিছিল আৰু পিচলৈ দৰ্শনৰ বিভিন্ন সম্প্ৰদায়ৰূপে প্ৰতিষ্ঠিত হৈছিল । ভাৰতীয় দৰ্শনৰ মুঠ নটা সম্প্ৰদায় আছে । তাৰ ভাতৰত ছটা সম্প্ৰদায় আস্তিক বা বৈদিক আৰু তিনিটা সম্প্ৰদায় নাস্তিক বা অ-বৈদিক । ভাৰতীয় আস্তিক সম্প্ৰদায়কেইটা হ’ল-ন্যায়, বৈশেষিক, সাংখ্য, যোগ, মীমাংসা আৰু বেদান্ত । এই সম্প্ৰদায়বোৰে বেদান্ত বিশ্বাস কৰে । ভাৰতীয় দৰ্শনৰ নাস্তিক সম্প্ৰদায়কেইটা হ’ল – চাৰ্বাক, জৈন আৰু বৌদ্ধ । এই সম্প্ৰদায়বোৰে বেদন্ত বিশ্বাস নকৰে ।

প্ৰশ্নঃ 23. বেদান্ত দৰ্শন কি?

উত্তৰঃ সাধাৰণতে বেদান্ত দৰ্শন বুলিলে আমি উপনিষদসমূহৰ দৰ্শনক বুজিব লাগিব । উপনিষদসমূহকেই বেদান্ত হিচাপে অভিহিত কৰা হয় । এই উপনিষদসমূহ হৈছে বেদৰ অন্তৰ্ভাগ যাক অৰণ্যক বুলিও কোৱা হয় ।

প্ৰশ্নঃ 24. বৌদ্ধ দৰ্শনৰ আঠটা পথ কি কি?

উত্তৰঃ শুদ্ধ দৃষ্টি, শুদ্ধ সংকল্প, শুদ্ধ বাক, শুদ্ধ আচৰণ, শুদ্ধ আজীৱ, শুদ্ধ প্ৰচেষ্টা, শুদ্ধ স্মৃতি, শুদ্ধ সমাধি।

প্ৰশ্নঃ25. ভাৰতীয় দৰ্শনৰ বৈশিষ্ট্যবোৰ কি কি ?

উত্তৰঃ ভাৰতীয় দৰ্শনৰ বৈশিষ্ট্যবোৰ হ’ল-

১) ব্যৱহাৰিক প্ৰয়োজন বোধ ।

২) আধ্যত্মিক অসন্ত্তষ্টি ।

৩) জাগতিক আৰু নৈতিক নিয়মত বিশ্বাস ।

৪) মানৱ কেন্দ্ৰিকতা ।

৫) জ্ঞানৰ ওপৰত গুৰুত্ব ।

৬) বন্ধন আৰু মুক্তিত বিশ্বাস ।

৭) দুখেৰে আৰম্ভণি আৰু ইয়াৰ নিবাৰণৰ উপায় নিৰ্দেশনা ।

প্ৰশ্নঃ 26. বেদান্ত দ্ৰ্শনৰ প্ৰস্থানত্ৰয় কি কি ?

উত্তৰঃ উপনিষদ, ভাগৱতগীত আৰু ব্ৰহ্মসূত্ৰক একেলগে বেদান্ত দৰ্শনৰ প্ৰস্থানত্ৰয় বোলা হয় ।

প্ৰশ্নঃ 27. ব্ৰহ্ম সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা ।

উত্তৰঃ ব্ৰহ্মই হৈছে একমাত্ৰ সত্য, জগতখন মিছা আৰু জীৱাত্মাসমূহ ব্ৰহ্মৰ পৰা পৃথক নহয় । শংকৰৰ দেবান্ত দৰ্শনৰ মূল তত্ত্ব হৈছে যে ব্ৰহ্মই একমাত্ৰ সত্য, এই বিশ্বজগত ব্ৰহ্মৰেউ অৱভাস মাত্ৰ আৰু এই অৱভাসৰ মূল কাৰণ হৈছে মায়া । শংকৰৰ দৰ্শন মূল বিষয়বস্তু হৈছে ব্ৰহ্মজ্ঞান । ব্ৰহ্ম সদায় একে আৰু অপৰিবৰ্তনীয় ই সত্য আৰু ইয়াত কোনো বিৰুদ্ধে ভাব নাই । ই সৎ বা সত্য ।

প্ৰশ্নঃ 28. যোগ দৰ্শনে শৌক্ষিক ক্ষেত্ৰত কেনেধৰণে সহায় কৰিব পাৰ্ উল্লেখ কৰা ।

উত্তৰঃ শিক্ষা ক্ষেত্ৰত যোগৰ অনুশীলনে আচৰণ আৰু ব্যক্তিত্বত বিশেষ ধৰণে প্ৰভাৱ পেলাব পাৰে –

১) শিক্ষাৰ্থীৰ ইচ্ছাশক্তি বৃদ্ধিত সহায় কৰে ।

২) শিক্ষাৰ্থীৰ অধ্যাৱসায়ৰ বিকাশ সাধন কৰে ।

৩) অন্তৰাত্মৰ বিষয়ে শিক্ষা আৰু প্ৰশিক্ষণ প্ৰদান কৰে ।

৪) একাগ্ৰতা আৰু নৈতিক অনুশাসনৰ প্ৰশিক্ষণ প্ৰদান কৰে ।

৫) সৃষ্টিশীল সচেতনতাৰ বিকাশ সাধন কৰে ।

৬) শিক্ষাৰ্থীৰ বিশিষ্ট গুণ তথা প্ৰতিভাৰ বিকাশ সাধন কৰে ।

প্ৰশ্নঃ 29. যোগ দৰ্শনৰ মতে চাৰিটা শিক্ষাৰ লক্ষ্য উল্লেখ কৰা ।

উত্তৰঃ যোগ দৰ্শনৰ মতে চাৰিটা শিক্ষাৰ লক্ষ্য হৈছে ।

১) মানৰ ব্যক্তিত্বৰ সৰ্বাত্মক বিকাশ সাধন কৰা ।

২) শিক্ষাৰ্থীসকলক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দুখ-বিপত্তিৰ পৰা মুক্তকৰণ ।

৩) শিক্ষাৰ্থীৰ নৈতিক অনুশীলন আৰু বিকাশ সাধন কৰা ।

৪) মানৱ প্ৰকৃতিৰ জ্ঞান অন্বেষণ ।

প্ৰশ্নঃ 30. যোগ দৰ্শন মতে পাঠ্যক্ৰম ৰচনাৰ নীতি কেনে হোৱা উচিত ?

উত্তৰঃ যোগ দৰ্শনত কোনো তেনে সুনিৰ্দিষ্ট পাঠ্যক্ৰমৰ বিষয়ে উল্লেখ কৰা নাই তথাপিও এই দৰ্শনৰ মূল নীতিসমূহৰ আধাৰত তলত দিয়া বিষবোৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব পাৰি –

ক) শিক্ষাৰ্থীৰ মনোদৈহিক বিকাশ প্ৰশিক্ষণ ।

খ) শৰীৰতত্ত্ব, মনোবিজ্ঞান আৰু সমাজ বিজ্ঞানৰ বিষয়সমূহ ।

গ) নৈতিক শৰীৰ তন্ত্ৰ, মানৱ প্ৰকৃতি অধ্যায়ন, প্ৰকৃতি জগতৰ গুপ্ত ৰহস্য তথা নীতিসমূহ ইত্যাদি ।

প্ৰশ্নঃ 31. যোগ দৰ্শনে শিক্ষণৰ কেনেধৰণৰ পদ্ধতিসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ?

উত্তৰঃ যোগ দৰ্শনে শিক্ষণৰ তলত দিয়া পদ্ধতিসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰে –

ক) চিত্তত-বৃত্তি ৰোধকৰণ অথবা মানসিক অস্থিৰতা ৰোধকৰণ আৰু ধ্যান হ’ল যোগ দৰ্শনৰ অতি গুৰুত্ব পদ্ধতি ।

খ) একাগ্ৰচিত্তে মনঃসংযোগ জ্ঞান অৰ্জনৰ অন্য এক গুৰুত্বপূৰ্ণ পদ্ধতি ।

গ) বিষবস্তুৰ অধ্যয়নৰ বাবে আনুক্ৰুমিক অথবা খোপে খোপে আগবঢ়া পদ্ধতিৰ ওপৰতো যোগ দৰ্শনে গুৰুত্ব প্ৰদান কৰা ।

ঘ) যিকোনো বিষয়বস্তু অধ্যয়নৰ বাবে বৈজ্ঞানিক দৃষ্টিদান যোগ দৰ্শনৰ আনএটাও গুৰুত্বপূৰ্ণ পদ্ধতি ।

প্ৰশ্নঃ 32. মনৰ পাঁচটা স্তৰ কি কি ?

উত্তৰঃ যোগ দৰ্শনৰ মতে মৰন পাঁচটা স্তৰ থাকে । বিকৰ্ষণৰ পৰ্যায়ৰ ওফৰত নিৰ্ভৰ কৰি এই পাঁচটা স্তৰ হ’ল –

ক) ক্ষিপ্ত অথবা অস্থিৰ ।

খ) মধু অথবা জ্ঞানহীন ।

গ) বিক্ষিপ্ত অথবা বিকৰ্ষিত ।

ঘ) একাগ্ৰ অথবা একচিত্ত ।

ঙ) নিৰুদ্ধ অথবা মানসিক সন্তেষিত অৱস্থা ।

প্ৰশ্নঃ 33. যোগ দৰ্শনৰ মতে বিশ্বব্ৰহ্মাণ্ডৰ পাণচটা মূল সত্য কি ?

উত্তৰঃ যোগ দৰ্শনৰ মতে বিশ্বব্ৰহ্মাণ্ডৰ পাণচটা মূল সত্য হৈছে-

ক) ঈশ্বৰ –যাক সৰ্বশক্তিমান হিচাপে অভিহিত কৰা হয় ।

খ) জীৱ –ব্ৰহ্মাণ্ডৰ সকলো জীৱিত প্ৰাণীয়েই ইয়াত অন্তৰ্ভুক্ত ।

গ) প্ৰকৃতি- বৈষয়িক সম্পদৰাজি ।

ঘ) কাল – কাল হ’ল অনন্ত সময় ।

ঙ) কৰ্ম- সকলো জীৱই কৰা কাৰ্য বিশেষ ।

প্ৰশ্নঃ 34. যোগৰ পাঁচটা সম আচৰণ বুলিলে কি বুজা ?

উত্তৰ- যোগৰ পাঁচটা সম আচৰণ হ’ল-

ক) অহিংসী — অৰ্থাৎ আনৰ প্ৰতি দৈহিক, মানসিক আৰু আৱেগিক হিংসাৰ পৰা বিৰত থকা ।

খ) সত্য — সত্য হৈছে যিকোনো পৰিৱেশ বা পৰিস্থিতিতে সত্য থৰ পৰা বি। কিন্তু যোগৰ ক্ষেত্ৰত মানসিকভাৱে অসহ্যৰ পৰা আঁতৰি থকা বা ফাঁকি নিদিয়া বুজায় ।

( গ ) অষ্টেয় — চুৰি কাৰ্য পৰিহাৰ কৰা । কিন্তু যোগৰ ক্ষেত্ৰত মানসিকভাৱে অসহ্যৰ পৰা আঁতৰি থকা বা ফাঁকি নিদিয়া বুজায় ।

ঘ) ব্ৰহ্মচৰ্য — ব্ৰহ্মচৰ্য হ’ল নিজৰ শৰীৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখি জ্ঞান, গৰিমা তথা শক্তি আহৰণ কৰা ।

ঙ) অপৰিগ্ৰহ — অপৰিগ্ৰহ হ’ল প্ৰয়োজনাধিক বিষয়ৰ পৰা আঁতৰি থকা আৰু নিজকে মায়া-মোহৰ পৰা মুক্ত কৰি ৰখা ।

প্ৰশ্নঃ 35. যোগ দৰ্শনৰ মতে নিয়মৰ পাঁচটা বিধান উল্লেখ কৰা ।

উত্তৰঃ যোগ দৰ্শনৰ মতে নিয়মৰ পাঁচটা বিধান হৈছে-

ক) শৌচ- ব্যক্তিৰ বাহ্যিক তথা আভ্যন্তৰীণ পৰিবেশত কিছুমান দূষিত পদাৰ্থ থাকে যাৰ ফলত মানসিক দিশ প্ৰভাৱাত্বিত হয় ।

খ) সন্তোষ- অপ্ৰাপ্তিৰ বাবে অসন্তোষ বা হাহাকাৰ নকৰাকে সন্তোষ বুলি কোৱা হয় ।

গ) তাপস- প্ৰতিগৰাকী ব্যক্তিয়েই তাপসৰ জৰিয়তে আত্মানুশাসন আৰু ইচ্ছাশক্তি বৃদ্ধি কৰিব পাৰে ।

ঘ) স্বধ্যায়- মানৱ জীৱনৰ বিভিন্ন ঘটনা-পৰিঘটনাৰ মাজেৰে পৰিচালিত হৈ ধ্যানৰ যোগেৰে ঐচ্ছৰিক শক্তিৰ স্বৰূপ উপলব্ধি কৰা কাৰ্যই হ’ল স্বধ্যায় ।

ঙ) ঈশ্বৰ প্ৰণিধান – ত্যাগ, আৰাধনা আৰু সৰ্বশক্তিমানৰ ওচৰত নিজকে সমৰ্পণ কৰাই হ’ল ঈশ্বৰ প্ৰণিধান।

প্ৰশ্নঃ36. যোগ দৰ্শন মতে শিক্ষণ ব্যৱস্থাত শিক্ষকৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰঃ যোগ দৰ্শন মতে শিক্ষণ ব্যৱস্থাত শিক্ষকৰ ভূমিকা হৈছে-

ক) যোগ দৰ্শনৰ মতে শিক্ষকে অকল তত্ত্বজ্ঞানেই নহয়, ব্যৱহাৰিক জ্ঞানো প্ৰদান কৰিব লাগে ।

খ) শিক্ষকসকলৰ জ্ঞান শক্তি, ইচ্ছা শক্তি আৰু কৰ্ম শক্তি প্ৰবল হোৱাটো বাঞ্চনীয় ।

গ) যোগ দৰ্শন মতে শিক্ষকে এজন বিজ্ঞানীৰ ৰূপত ভূমিকা পালন কৰিব লাগে ।

ঘ) শিক্ষাৰ্থীসকলৰ শিক্ষকৰ প্ৰতি সম্পূৰ্ণ সমৰ্পিত হোৱা উচিত কিয়নো যোগ দৰ্শনৰ মতে শিক্ষক অবিহনে শিক্ষাৰ্থীয়ে কোনো জ্ঞান অৰ্জন কৰা সম্ভৱ নহয় ।

প্ৰশ্নঃ 37. যোগ দৰ্শনে কেনেধৰণৰ অনুশাসনৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ? ব্যাখ্যা কৰা ।

উত্তৰঃ যোগ দৰ্শনে তলত দিয়া ধৰণৰ অনুশাসনৰ ওপৰত গুৰুত্ব প্ৰদান কৰে –

১) যোগ দৰ্শন ৰ মতে শিক্ষা আৰু অনুশাসন একে প্ৰক্ৰিয়া, অনুশাসন অবিহনে শিক্ষা অসম্ভৱ।

২) অনুশাস হ’ল যৌগিক অনুশীলনৰ গুৰুত্বপূৰ্ণ মাধ্যম ।

৩) শিক্ষক তথা শিক্ষাৰ্থী উভয়েই শিক্ষা আহৰণ আৰু প্ৰদানৰ বাবে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক ৰূপত অনুশাসিত হোৱাটো প্ৰয়োজন ।

৪) শৰীৰ আৰু মনক অনুশাসিত কৰাই যোগ দৰ্শনৰ মতে শিক্ষাৰ মূল উদ্দেশ্য ।

প্ৰশ্নঃ 38. বেদান্ত দৰ্শন মতে আত্মা কি ? ব্যাখ্যা কৰা ।

উত্তৰঃ বেদান্ত দৰ্শনৰ মতে পৰমাত্মাই আমাৰ হৃদয়ত আত্মাৰূপে বাস কৰে । মানৱ আত্মা বা ব্ৰহ্ম হ’ল অভিন্ন । এই আত্মাৰ জন্ম বা মৃত্যু নাই । আত্মা আমাৰ ব্যৰ্থতাৰ লগত জড়িত নহয় । আমাৰ দেহ মানসিক অস্থিৰতা, ৰোগ শোক, নিৰাশা বা অজ্ঞানতাপদ্বাৰা আত্মা প্ৰভাৱিত নহয় । বেদান্তৰ মতে বিশুদ্ধ সম্পূৰ্ণ আৰু সীমাহীন আত্মা হ’ল ব্ৰহ্মাৰ অংশ । ঊশ্বৰৰ শ্ৰেষ্ঠ মন্দিৰ হ’ল মানৱ হৃদয় অথবা আত্মা । বেদান্ত দৰ্শনৰ মতে মানৱ জীৱনৰ লক্ষ্য হ’ল নিজ দিব্য প্ৰকৃতিৰ অনুভৱ বা উপলব্ধি কৰা ।

প্ৰশ্নঃ 39. অদ্বৈত বেদান্ত আৰু জ্ঞান মীমাংসা বুলিলে কি বুজা ?

উত্তৰঃ অদ্বৈত বেদান্ত অনুসৰি মানুহে বাহ্যিক বা বাহিৰ জগতখনকে স্বয়ং সম্পূৰ্ণ বুলি ভাবে আৰু ইয়াৰ অনৱ্তৰালত নিহিত থকা ব্ৰহ্মাণুক দেখা নাপায় । মানুহৰ নাম, ৰূপ আৰু শৰীৰক স্বয়ং সম্পূৰ্ণ ব্যক্তিত্ব বুলি ভাবে কিন্ত ইয়াৰ মাজত নিহিত থকা আত্মা, যি ব্ৰহ্মৰ ৰূপ তাক চিনি নাপায় । কিন্তু বাহ্যিক বিশ্ব, যাক নেক্ মানুহে সত্য আৰু বাস্তৱ বুলি ভাবে, প্ৰকৃততে সি কিন্তু অসত্য আৰু অবাস্তৱ । ব্যৱহাৰিক দৃষ্টিকোণৰ পৰা ইয়াক ব্ৰহ্মাণ্ড বোলা হয় । এই বাহ্য জগত পৰিৱৰ্তনশীল আৰু ইয়াত দেখা পোৱা প্ৰকৃতি হ’ল মিছা । ইয়াকে বেদান্ত দৰ্শনত মায়া বোলে । মায়াৰ তুলনা হয় আকাশৰ ডাৱৰৰ লগত, যি সূৰ্যক সাময়িকভাৱে ঢাকি ৰাখে, কিন্তু ডাৱৰ আঁতৰিলে দেখা যায় সূৰ্য সদায়েই আকাশত বিদ্যমান ।

বেদান্ত দৰ্শন অনুসৰি সকলো বিষয়বস্তুৰে আধাৰ হ’ল ব্ৰহ্ম । ব্ৰহ্মই হ’ল বাস্তৱ সত্য, পৰম জ্ঞান আৰু অনন্ত সত্তা । ই হ’ল পৰম জ্যোতি । ব্ৰহ্ম অপৰিৱৰ্তনীয় আৰু ব্ৰহ্মাণ্ডৰ কাৰক। এই বাস্ৱ অবিহনে ব্ৰহ্মাণ্ডৰ ব্যাখ্যা অসম্ভৱ ।

প্ৰশ্নঃ 40. বেদান্ত দৰ্শনৰ মতে শিক্ষাৰ লক্ষ্য তেনে হোৱা উচিত? বৰ্ণনা কৰা ।

উত্তৰঃ বেদান্ত দৰ্শনৰ মতে শিক্ষাৰ লক্ষ্য তলত দিয়া ধৰণৰ হোৱা উচিত-

১) জ্ঞান অৰ্জন আৰু ব্যক্তিগত জীৱনত তাৰ উপলব্ধি বেদান্ত দৰ্শনৰ মতে শিক্ষাৰ প্ৰথম লক্ষ্য ।

২) চিত্ত-বৃত্তি বা অস্থিৰতাক দমন কৰি অন্তৰাত্মাৰ বিকাশ সাধন কৰাটো শিক্ষাৰ এটা প্ৰধান লক্ষ্য ।

৩) বেদান্ত দৰ্শনৰ মতে শিক্ষাৰ্থীসকলৰ সৎ চৰিত্ৰ গঠন শিক্ষাৰ অন্য এটা গুৰুত্বপূৰ্ণ লক্ষ্য ।

৪) ব্ৰত, যজ্ঞ, উপাসনা, ধৰ্মীয় আচাৰ আদি পালনৰ মাজেৰে ঈশ্বৰ ভক্তি আৰু ধাৰ্মিক মনোভাবৰ জন্ম দিয়াটো শিক্ষাৰ আন এক গুৰুত্বপূৰ্ণ লক্ষ্য ।

৫) নাগৰিক আৰু সামাজিক কৰ্তব্য পালনৰ বিকাশ সাধন কৰাটো এই বেদান্ত দৰ্শনৰ মতে শিক্ষাৰ আন এক লক্ষ্য ।

প্ৰশ্নঃ 41. বেদান্ত দৰ্শনৰ মতে পাঠ্যক্ৰমত সন্নিৱিষ্ট বিষয়সমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ বেদান্ত দৰ্শনৰ মতে প্ৰাথমিক পৰ্যায়ৰ পাঠ্যক্ৰমত বৈদিক মন্ত্ৰোচ্চাৰণ, স্মৰণ, পঢ়া আৰু লিখা, ভাষা-সাহিত্য আৰু ব্যাকৰণ অন্তৰ্ভূক্ত হয় । শিক্ষাৰ উচ্চ পৰ্যায়ৰ পৰা বিদ্যা অথবা আধ্যাত্মিক বিষয় আৰু অপৰা বিদ্যা অথবা লৌকিক বিষয় দুয়োটাই অন্তৰ্ভূক্ত হয় । গতিৰে বেদান্ত দৰ্শনৰ মতে পাঠ্যক্ৰমত পাৰমাৰ্থিক বি,য়বোৰৰ লগতে দৰ্শন, সাহিত্য, ধৰ্ম, কলা, গণিত, সমাজ বিজ্ঞান, জ্যোতিবিজ্ঞান, ইতিহাস, তৰ্কশাস্ত্ৰ, ভৌতিক শাস্ত্ৰজ্ঞান আদি বিষয়সমূহ অন্তৰ্ভুক্ত হয় .

প্ৰশ্নঃ 42. বেদান্ত দৰ্শন মতে শিক্ষা ব্যৱস্থাত শিক্ষকৰ ভূমিকা কেনে ধৰণৰ ? চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ বেদান্ত দৰ্শনৰ মতে শিক্ষক বা গুৰু অবিহনে শিক্ষণ কাৰ্য সম্পূৰ্ণ নহয় । গুৰু-শিষ্যৰ সম্পৰ্ক অতি আধ্যাত্মিক বিকাশ গুৰুৰ তত্বাৱধানতহে সম্ভৱ হয় । শিক্ষাৰ্থীৰ আচাৰ-আচৰণত সজ-অভ্যাস, সজ-আচৰণ, নৌতিক চৰিত্ৰৰ বিকাশ ঘটোৱা গুৰুসকলৰ প্ৰধান দায়িত্ব । পৌৰাণিক কালত লিখিত পুথিৰ অভাৱত গুৰুৰ বাণী নতুন মৌখিক ব্যাখ্যা অবিহনে শিক্ষা আছিল । গতিকে শিক্ষা ব্যৱস্থাও আছিল শিক্ষকপ্ৰধান বা গুৰুসকলেই সৰ্বেসৰ্বা আছিল । গুৰুৰ নিৰ্দেশনা আখৰে আখৰে পালন কৰাটো আছিল শিষ্যসকলৰ প্ৰধান কৰ্তব্য ।

প্ৰশ্নঃ 43.  বৌদ্ধ দৰ্শন মতে শিক্ষাৰ লক্ষ্য কি ? ব্যাখ্যা কৰা ।

উত্তৰঃ বৌদ্ধ দৰ্শনৰ মতে শিক্ষাৰ লক্ষ্য হ’ল –

ক) সামাজিক আৰু ব্যৱসায়িক দক্ষতা বিকাশৰ লগতে আধ্যাত্মিকতাৰ বিকাশ ।

গ) বৌদ্ধ দৰ্শন মতে শিক্ষাৰ অন্য এক প্ৰধান লক্ষ্য হ’ল প্ৰজ্ঞা আৰু বুদ্ধিমত্তাৰ বিকাশ ।

ঘ) শিক্ষাৰ আন এটা উল্লেখযোগ্য লক্ষ্য হ’ল ব্য়ক্তিত্বৰ সু-সামঞ্জস্য বিকাশ ।

ঙ) আন এটা লক্ষ্য হ’ল সুজ্ঞান, সদাচৰ আৰু কৰ্মৰ প্ৰতি শ্ৰদ্ধা আৰু বিশ্বাসৰ মনোভাৱ বিকাশ।

প্ৰশ্নঃ 44. বৌদ্ধ দৰ্শনে কেনেধৰণৰ শিক্ষণ পদ্ধতি গ্ৰহণযোগ্য বুলি বিবেচনা কৰে । আলোচনা কৰা ?

উত্তৰঃ বৌদ্ধ দৰ্শনে তলত দিয়া ধৰণৰ শিক্ষণ পদ্ধতি গ্ৰহণযোগ্য বুলি বিবেচনা কৰে-

১) মৌখিক পদ্ধতি বা অধ্যাপকৰ বত্তৃতা আৰু ব্যাখ্যাৰ ওপৰত গুৰুত্ব দিয়ে ।    

২) অধ্যাপকৰদ্বাৰা কঠিন পাঠৰ আলোচনা আৰু ব্যাখ্যা ।

৩) অধ্যাপকসকলৰদ্বাৰা পাঁচ-ছয়জনীয়া সৰু সৰু শিক্ষাৰ্থী গোটক শিক্ষাদান ।

৪) আন এক গুৰুত্বপূৰ্ণ পদ্ধতি হ’ল সাক্ষ বা প্ৰত্যক্ষ অভিজ্ঞতা আহৰণ ।

প্ৰশ্নঃ 45. শিক্ষা লাভৰ বাবে বৌদ্ধ দৰ্শনত কেনে ধৰণৰ অনুশাসন মানি চলা হয় । ব্যাখ্যা কৰা ।

উত্তৰঃ বৌদ্ধ দৰ্শনত শিক্ষা লাভৰ বাবে কঠোৰ অনুশাসন বিধান দিয়া আছে । এই দৰ্শনৰ মতে সংযম আৰু নিয়ম অবিহনে শিক্ষা গ্ৰহণ সম্ভৱ নহয় । প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে সংযমী হৈ সাধাৰণ জীৱন-যাপনৰ মাধ্যমেৰে কঠোৰ নিয়ম মানি শিক্ষা গ্ৰহণ কৰাটো বাধ্যতামূলক । বিলাসীতাৰ স্থান বৌদ্ধ দৰ্শনত মুঠেই নাই । বৌদ্ধ দৰ্শনত অনুশাসনৰ বাবে তপস্যা আৰু সংযমৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে । এই দৰ্শনৰ মতে আত্ম অনুশাসনেই হ’ল প্ৰকৃত অনুশাসন । অনুশাসন শিক্ষাৰ্থীসকলৰ অন্তৰাল ধীৰে ধীৰে জাগৃত হৈ উঠিব লাগে । কিন্তু শিক্ষাৰ্থীসকলে যাতে কোনো প্ৰকাৰে ভূল পথত ভৰি নিদিয়ে তাৰ ওপৰত তীক্ষন নজৰ সততে ৰখা হয় ।

প্ৰশ্নঃ 46. বৌদ্ধ দৰ্শন মতে শিক্ষকৰ ব্যৱস্থাত শিক্ষকৰ ভূমিকা কেনে হ’লে আলোচনা কৰা ।

উত্তৰঃ বৌদ্ধ দৰ্শনত শিক্ষকৰ স্থান অতি মহত্বপূৰ্ণ । প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবেই শিক্ষক বা গুৰু অপৰিহাৰ্য । বৌদ্ধ দৰ্শন অনুসৰি এই দৰ্শনৰ চাৰি আৰ্য সত্যক উপলব্ধি কৰিব পৰাজন আৰু যিজনে অষ্টাংগমাৰ্গৰ অনুশালনৰ মাধ্যমত জীৱন-যাপন কৰিবলৈ সক্ষম তেনে লোকেহে শিক্ষক হোৱাৰ বাবে উপযোগী বুলি গণ্য কৰা হয় । বৌদ্ধ দৰ্শনত দুই ধৰণৰ শিক্ষকৰ ৰল্পনা কৰা হয় – আচাৰ্য, যি শিক্ষাৰ্থীসকলক অনুশাসিত কৰে আৰু ফৰাধ্যায়, যি অধ্যয়ন আৰু অধ্যাপনা কৰে । এগৰাকী আছাৰ্যৰ অধীনত কেবাগৰাকী উপাধ্যায় থাকে আৰু একোজন উপাধ্যায়ৰ অধীনত বহুতো সৰু সৰু শিক্ষাৰ্থীৰ গোট থাকে । উপায়ধ্যায়সকলে অধ্যয়নৰ লগত অধ্যাপনা কৰে আৰু আচাৰ্যই শিক্ষক তথা শিক্ষাৰ্থীসকলক অনুশাসিত কৰে । বৌদ্ধিক দৰ্শন মতে শিক্ষকসকলৰ মাজত উচ্চ নৈতিক স্থিতি আৰু উচ্চ মানসিক স্থিতি অতি আৱশ্য়কীয় গুণ। ব্যাখ্যা , প্ৰশ্নোত্তৰ তথা অন্যান্য পদ্ধতিৰ সহায়ত নিৰ্বাণ প্ৰাপ্তিৰ বাবে শিক্ষকসকলে শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰে । 

প্ৰশ্নঃ  47. যোগৰ ধাৰণাৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা । 

উত্তৰঃ সাংখ্য দৰ্শনৰ মতে শৰীৰযুক্ত মুক্ত আত্মাই হ’ল জীৱাত্মা । জ্ঞানেন্দ্ৰিয়, মন, অহংকাৰ আৰু বুদ্ধিৰ দ্বাৰা গঠিত সূক্ষ্ম শৰীৰৰ লগত এই জীৱাত্মা বিশেষভাৱে সম্বন্ধিত । স্বৰূপতে আত্মা শুদ্ধ চৈতন্যময় । ই মন বা চিত্তৰ সীমিত অৱস্থাৰ পৰা মুক্ত । কিন্তু অবিদ্যাবশতঃ ই  নিজকে চিত্ত বুলি ভুল কৰে । চিত্ত হৈছে প্ৰকৃতিৰ প্ৰথম অভিব্যক্তি, য’ত স্বত্ব গুণে ৰজ আৰু তম গুণৰ ওপৰত প্ৰধান্য বিস্তাৰ কৰে । সেয়ে ই স্বচ্ছ । কিন্তু যদিও ই অচেতন, পুৰুষৰ সান্নিধ্যত থকা বাবে পুৰুষৰ চৈতন্যপ্ৰভা, স্বচ্ছ বুদ্ধিৰ ওপৰত পৰে আৰু ই চেতন যেন ধাৰণা হয় । যেতিয়া চিত্ত কোনো বিষয় বস্তুৰ লগত জ্ঞানেন্দ্ৰিয়ৰ মাধ্যমেদি সম্বন্ধিত হয়, তেতিয়া ই সেই বিষয়বস্তুৰ আকাৰ ধাৰণ কৰে । এই চিত্তৰ পৰিবৰ্তনকে বৃত্তি বুলি কোৱা হয় । চিত্তই ধাৰণা কৰা এই পৰিবৰ্তনীয় আকাৰসমূহৰ মাধ্যমেদিয়েই পুৰুষে পৃথিৱীৰ বিষয়-বস্তুৰ জ্ঞান অৰ্জন কৰে । এইক্ষেত্ৰত পুৰুষৰ কোনো পৰিবৰ্তন বা পৰিণাম নহয় । তথাপি ই চিত্তৰ বিভিন্ন পৰিবৰ্তিত অৱস্থাত প্ৰতিফলিত হয় । 

প্ৰশ্নঃ 48. যোগৰ স্বৰূপ আৰু আকাৰৰ বৰ্ণমা কৰা । 

উত্তৰঃ যোগ শব্দটোৰ নানা প্ৰকাৰৰ অৰ্থ পোৱা যায় । ‘যুঁজ’ ধাতুৰ পৰা যোগ শব্দটো আহিছে । যোগ ধাতুৰ অৰ্থ সংযোগ কৰা ষ গতিকে ইয়াৰ অৰ্থ বিভিন্ন হ’ব পাৰে – 

ক) আত্মা-পৰমাত্মাৰ সংযোগ হ’ব পাৰে । 

খ) চিত্তৰ একাগ্ৰতা বিধানো হ’ব পাৰে । 

গ) চিত্তবৃত্তি নিৰোধ কৰাও হ’ব পাৰে । 

যোগ শবেদৰ অৰ্থ সম্পূৰ্ণভাৱে চিত্তৰ বৃত্তি নিৰোধ কৰা । চিত্তবৃত্তিক নিৰোধ কৰিবৰ বাবে মনৰ একাগ্ৰতাৰ বিশেষ প্ৰয়োজন আৰু মনৰ একাগ্ৰতা অৱস্থাকে যোগ বুলি কোৱা হয় । যেগ দৰ্শনত ‘যোগ’ শব্দক পুৰুষ বা আত্মা আৰু ধকৃতিৰ মাজত থকা পাৰ্থক্য বুজাবলৈ ব্যৱহাৰ কৰা হৈছে । যোগ পদ্ধতিৰ লক্ষ্য হৈছে বা আত্ম আৰু প্ৰকৃতিৰ মাজত থকা বিভেদ জ্ঞানত উপনীত হোৱা । ইয়াক বিবেক খ্যাতি বুলি জনা যায় । যোগ দৰ্শনত কি উপায়াৰে আত্মা আৰু অনাত্মা ভেদ জ্ঞানত উপনীত হ’ব পাৰি তাৰ উল্লেখ আছে । যোগৰ মতে, ঈশ্বৰ হৈছে এক বিশেষ প্ৰকাৰৰ আত্মা বা পুৰুষ, যি সদা মুক্ত আৰু সৰ্বজ্ঞ । 

এই পৃথিৱীত সকলোতে দুখ নিহিত হৈ আছে । প্ৰকৃতিৰ পৰা উদ্ভৱ হোৱা দুদ্ধি বা চিত্তই এই দুখৰ উত্পত্তিস্থান । চিত্ত হৈছে প্ৰকৃতিৰ প্ৰথম অভিব্যক্তি । সেয়ে যি বস্তু চিত্তৰ সান্নিধ্যলৈ আহে, তাৰে আকাৰ চিত্তই কাৰণ কৰে । এই চিত্ত অনবৰত পৰি বৰ্তিত হৈ থাকে । মনৰ এই পৰিবৰ্তনসমূহহেই হ’ল জ্ঞান । দুখ হ’ল চিত্তৰ এক আকৃত্তি । সম্পূৰ্ণ চিত্তবৃত্তি নিৰোধেই হ’ল যোগৰ সংজ্ঞা । 

শৰীৰযুক্তত মুক্ত আত্মাই হ’ল জীৱাত্ম । জ্ঞানেন্দ্ৰিয়, মন, অহংকাৰ আৰু বুদ্ধিৰ দ্বাৰা গঠিত সূক্ষ্ম শৰীৰৰ লগত এই জীৱাত্মা বিশেষভাৱে সম্বন্ধিত । আত্মা শুদ্ধ চৈতন্যময় । ই মন বা চিত্তৰ সীমিত অৱস্থাৰ পৰা মুক্ত । চিত্ত হৈছে প্ৰকৃতিৰ প্ৰথম অভিব্যক্তি, য’ত সত্ব গুণে ৰজ আৰু তম গুণৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰে । সেয়ে ই স্বচ্ছ । চিত্ত যদিও অচেতন, পুৰুষৰ সান্নিধ্যত থকা বাবে পুৰুষৰ চৈতন্য প্ৰভা, স্বচ্ছ বুদ্ধিৰ ওপৰত পৰে আৰু ই চেতন যেন ধাৰণা হয় । যেতিয়া চিত্ত কোনো বিষয়বস্তুৰ লগত জ্ঞানেন্দ্ৰিয় মাধ্যমেদি সম্বন্ধিত হয়, তেতিয়া ই সেই বিষয়বস্তুৰ আকাৰ ধাৰণ কৰে । এই চিত্তৰ পৰিবৰ্তনকে বৃত্তি বুলি কোৱা হয় । এই ক্ষেত্ৰত পুৰুষৰ কোনো পৰিবৰ্তন বা পৰিণাম নহয় । তথাপি ই যিহেতু চিত্তি বিভিন্ন পৰিৱৰ্তিত অৱস্থাত প্ৰতিফলিত হয়, সেইবাবে ইয়াৰ পৰিৱৰ্তন আছে যেন লাগে । 

প্ৰশ্নঃ 49. বৌদ্ধ দৰ্শন কি ? বৌদ্ধ দৰ্শনৰ মূল নীতিসমূহ কি কি ? 

উত্তৰঃ বৌদ্ধ দৰ্শন মূলতঃ গৌতম বুদ্ৰ দ্বাৰা প্ৰচালিত ধৰ্মতৰ পৰাই উত্পত্তি হোৱা বুলি ক’ব পাৰি । জন্মসূত্ৰে ৰাজপুত্ৰ হোৱা সত্ত্বেও মানৱ জীৱনৰ দুখ কষ্ট দেখি গৌতমে গৃহত্যাগ কৰি তুস্যাত মগ্ন হয় । মানৱ জীৱনৰ দুখ কষ্টৰ কাৰণ উপলব্ধি আৰু সেইবোৰৰ পৰা মুক্তি লাভৰ উপায় সম্পৰ্কে এনে তপস্যাৰ দ্বাৰা জ্ঞান লাভ কৰি দুদ্ধদেৱ মানে পৰিচিত হৈ পৰে তেওঁ । মূলতঃ গৌতমে বুদ্ধত্ব লাভ কৰি যি জ্ঞান আৰু দাৰ্শনিক মত প্ৰচাৰ কৰিবলৈ লয় সেয়াই হৈছে বৌদ্ধ দৰ্শনৰ মূল ভেটি । বৌদ্ধ দৰ্শনৰ মৌলিক কথাখিনি বৌদ্ধ ধৰ্মৰ তিনিখন পিটকত সুন্দৰভাৱে লিপিবদ্ধ হৈছে । বৌদ্ধধৰ্মৰ মূল ধৰ্মগ্ৰন্থ অৰ্থাত্ পিটক তিনিখন হৈছে বিনয় পিটক, সুত্ত পিটক আৰু অভিধৰ্ম পিটক । এই তিনিখন পিটকক একেলগে ত্ৰিপিটক বোলে । বুদ্ধ মূলতঃ আছিল এজন ধৰ্মীয় গুৰু । গতিকে তেওঁক ধৰ্প্ৰচাৰক আৰু নৈতিক শিক্ষাৰ গুৰু হিচাপেহে অধিকভাৱে জনা যায় । 

মানুহৰ বাস্তৱ জীৱনৰ সমস্যা আৰু কৰ্মাৰাজিৰ লগত তেওঁৰ চিন্তা আদৰ্শ আৰু নৈতিক শিক্ষাৰ ওচৰ সম্বন্ধ আছিল । জীৱনৰ বাস্তৱ সমস্যাৰাজিৰ পৰা আঁতৰি গৈ গভাৰ দাৰ্শনিক চিন্তা আদৰ্শ আৰু তত্ত্বৰ প্ৰতি বুদ্ধৰ বিশেষ কোনো আকৰ্ষণ থকা দেখা নাযায় । 

জীৱনৰ বাস্তৱ সমস্যাসমূহ অনুধাৱন কৰি নিজৰ জ্ঞান অভিজ্ঞতাৰে এইবোৰৰ বিচাৰ-বিশ্লেষণ আগবঢ়োৱাৰ ক্ষেত্ৰত বুদ্ধই আগভাগ লৈছিল । অৰ্থাত্ জীৱনৰ বাস্তৱতা উপলব্ধিকেই বৌদ্ধ দৰ্শনৰ মূল নক্ষ্য় হিচাপে অভিহিত কৰিব পাৰি । 

বৌদ্ধ নৈতিকতাৰ মুখ্য বিষয় হৈছে মানুহৰ জীৱনৰ চাৰিটা আৰ্যসত্য । সেয়ে হ’ল- 

১) জীৱন মানেই দুখ ভোগ; অৰ্থাত্ মানৱ জীৱনত দুখ আছে । 

২) এই দুখৰ কাৰণ আছে । 

৩) জীৱনৰ দুখ নিৰোধ অথবা নিবৃত্তি কৰিব পাৰি, আৰু 

৪) দুখ নিৰোধ বা নিবৃত্তি কৰাৰ পথ বা উপায়ো আছে । 

প্ৰশ্নঃ 50. বেদান্ত দৰ্শন বুলিলে কি বুজা ? 

উত্তৰঃ শাব্দিক অৰ্থত বেদান্তই বেদৰ অন্ত বা শেষ বিজায় । প্ৰথমে বেদান্তই মুখ্যতঃ উপনিষদ নিৰ্দেশ কৰিছিল । প্ৰথম অৰ্থন উপনিষদৰ প্ৰমাণে বেদান্ক । বেদান্তৰ আৰু এটি নাম হ’ল উত্তৰ মীমাংসা । তৰ্কৰ মাধ্যমেৰে যি শাস্ত্ৰৰ সহায়ত উপনিষদ বোধগম্য হয়, সেয়ে উত্তৰ মীমাংসা বা বেদান্ত । দ্বিতীয় অৰ্থত, যি মীমাংসাৰ মূলত প্ৰমাণৰূপে উপনিষদ থাকে, সেয়ে বেদান্ত । গতিকে বেদান্তৰ মুখ্য অৰ্থ হ’ল উপনিষদ । বিভিন্ন দিশৰ-পৰা উপনিষদক বেদৰ অন্ত বা বেদান্ত বুলি ক’ব পাৰি । 

বৈদিক সাহিত্যৰ সৰ্বশেষ স্তৰ হ’ল ফৰনিষদ । বেদৰ চাৰিটা অংশ আছে । সংহিতা, ব্ৰাহ্মণ, অৰণ্যক আৰু উপনিষদ- এই তিনিটাকে একত্ৰিত কৰি ইশ্বৰৰ প্ৰকাশিত বাণী বুলি কোৱা হয় আৰু ব্যপকতৰ অৰ্থত বেদ বোলা হয় । শ্ৰুতি বা বৈদিক সাহিত্য মুখ্যতঃ উপনিষদে বেদান্তৰ তাত্পৰ্য উপলব্ধি কৰাৰ কাৰণে সমহিতাৰ মূল বক্তব্য জনা প্ৰয়োজন বিভিন্ন সম্প্ৰদায়ৰ মাধ্যমেৰে বেদান্ত দৰ্শনৰ ক্ৰমবিকাশ হৈছে । শংকৰাচাৰ্যই অদ্বাত বেদান্তৰ প্ৰধান পৃষ্ঠপোষক । 

প্ৰশ্নঃ 51. উপনিষদক কিয় বেদান্ত বোলা হয় ? 

উত্তৰঃ বিভিন্ন কাৰণত উপনিষদক বেদান্ত বোলা হয় । তাৰ ভিতৰত উল্লেখযোগ্য কাৰণবোৰ হ’ল- 

ক) ৰচনাৰ ফালৰ পৰা উপনিষদ বৈদিক যুগৰ শেষৰ সৃষ্টি, য’ত দাৰ্শনিক তত্ত্বৰ আলোচনাকৰা হৈছে । 

খ) পাঠবিধি অনুসৰি উপনিষদৰ স্থান সৰ্বশেষত । মানুহে সকলো সাংসাৰিক বন্ধনৰ পৰা মুক্ত হৈ জীৱনৰ শেষ কালত দাৰ্শনিক জ্ঞানৰ বাবে উপনিষদ অধ্যয়ন কৰে । 

গ) উপনিষদতে দাৰ্শনিক চিনাতৰ পূৰ্ণ বিকাশ ঘটিছে । বৈদিক চিত্তাৰ চৰম প্ৰকাশ হিচাপেও উপনিষদক বেদান্ত বোলা হয় । 

প্ৰশ্নঃ 52. ব্ৰহ্মৰ প্ৰকৃতি সম্পৰ্কে চমুকৈ আলোচনা কৰা । 

উত্তৰঃ ব্ৰহ্ম সত্য, ক্ষান আৰু অনন্ত স্বৰূপ । ব্ৰহ্ম সদায় একে আৰু অপৰিৱৰ্তনীয় । ই সত্য আৰু ইয়াত কোনো বিৰুদ্ধে ভাব নাই । ই সত্ বা সত্য । 

সাধাৰণ অৰ্থত জ্ঞান হৈছে জ্ঞাতা আৰু জ্ঞেয়ৰ সম্বন্ধ । ব্ৰহ্ম হৈছে এনে জ্ঞান, যিটো বিষয় আৰু বিষয়ী বা জ্ঞাতা আৰু জ্ঞেয়ৰ উৰ্ধ্বত জ্ঞান ব্ৰহ্মৰ গুণ নহয় । ব্ৰহ্ম নিজেই জ্ঞানস্বৰূপ । 

ব্ৰহ্ম, অনন্ত আৰু অশেষ । স্থান, কাল আৰু কাৰ্যকাৰণ সূত্ৰৰ পৰা ব্ৰহ্ম সদায় মুক্ত। ব্ৰহ্মৰ কোনো উত্পত্তিও নাই, পৰিণতিও নাই । কাৰণ ব্ৰহ্ম অনন্ত । বৰ্হ্ম হৈছে সত্, চিত্ আৰু আনন্দ । সত্, চিত্ আৰু আনন্দ ব্ৰহ্ম গুণ নহয় । ব্ৰহ্ম নিজে সচ্ছিদানন্জ স্বৰূপ । 

ব্ৰহ্ম সত্, অৰ্থাত্ ব্ৰহ্ম সত্য আৰু ব্ৰহ্ম কেতিয়াও মিছা হ’ব নোৱাৰে । ব্ৰহ্ম চিত্ত অৰ্থাত্ স্বপ্ৰকাশ । ব্ৰহ্ম আনন্দস্বৰূপ । আনন্দ মানে সুখ নুবুজায় । সুখ ব্ৰহ্মৰ গুণ নহয় । ব্ৰহ্ম নিজেই আনন্দ স্বৰূপ । 

53. চমুটোকা লিখাঃ 

ক) অদ্বৈত বেদান্ত 

উত্তৰঃ বেদান্ত দৰ্শনৰ বিভিন্ন সম্প্ৰদায় আছে । তাৰ ভিতৰত শংকৰাচাৰ্যৰ অদ্বৈত বেদান্ত উল্লেখযোগ্য । শংকৰাচাৰ্যকেই অদ্বৈত্বাদৰ প্ৰতিষ্ঠাতা বুলি কোৱা হয় । কিন্তু শংকৰৰ জন্মৰ বহু আগতেই অদ্বৈতবাদত আৱিৰ্ভাৱ হৈছিল । ই হৈছে ভাৰতৰ প্ৰাচীন গ্ৰন্থ, যেনে- ঋকবেদৰ সময়ৰ পৰা আৰম্ভ কৰি লাহে লাহে সম্প্ৰসাৰিত হোৱা এক সম্প্ৰদায় । ঋকবেদতেই প্ৰথম অদ্বৈতবাদী চিন্তাৰ উদ্ভৱ হয় আৰু সমগ্ৰ ভাৰততে সম্প্ৰসাৰিত হৈছিল । 

অদ্বৈতবাদৰ প্ৰথম নিদৰ্শন পোৱা যায় গোড় পাদকাৰিকাত । আচাৰ্য গৌড়পাদ শংকৰাচৰ্যৰ গুৰুৰ গুৰু আছিল । গোড়পাদৰ মাণ্ডুক্যকাৰিতাত অদ্বৈতবাদৰ মূল তত্ত্বখিনি সুন্দৰকৈ প্ৰকাশিত হৈছে । শংকৰাচাৰ্যৰ দৰ্শনৰত পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় দৰ্শনৰ আধ্যমিক, নৈতিক, ধাৰ্মিক আদি সকলো দিশতে এক অদ্বৈত ভাৱধাৰাৰ পূৰ্ণৰূপ পাই বিকশিত হৈছিল । শংকৰাচাৰ্যক অদ্বৈত বেদান্তৰ প্ৰধান পৃষ্ঠপোষক আখ্যা দিব পাৰি । 

খ) শংকৰৰ মায়া সম্পৰ্কে থকা ধাৰণাঃ 

উত্তৰঃ শংকৰাচাৰ্যৰ দৰ্শনত মায়াৰ ধাৰণাই এক তাত্পৰ্যপূৰ্ণ স্থান দখল কৰিছে । শংকৰাচাৰ্যৰ মতে মায়া ব্ৰহ্মত নিহিত শক্তি । ই ব্ৰহ্মৰ দ্বাৰা আশ্ৰিত আৰু সম্পূৰ্ণৰূপে ব্ৰহ্মৰ ওপৰত নিৰ্ভৰশীল । মায়া অনাদি । ইয়াৰ অৰ্থ এয়ে যে কোন সময়ৰ পৰা মায়া ক্ৰিয়াশীল হয়, তাক জানিব নোৱাৰি । মায়াৰ প্ৰকৃতি অনিৰ্বচনীয় । ই সতো নহয় অসতো নহয় । সেয়েহে ইয়াৰ প্ৰকৃতি পদ বা বচনৰ দ্বাৰা বৰ্ণনা কৰিব নোৱাৰি । মায়াৰ দুটা কাৰ্য-আৱৰণ আৰু বিক্ষেপ । প্ৰথম কাৰ্যৰ দ্বাৰা মায়াই ব্ৰহ্মৰ প্ৰকৃত স্বৰূপ ঢাকি দিয়ে আৰু দ্বিতীয় কাৰ্যৰ দ্বাৰা ব্ৰহ্মৰ ঠাইত অসত্ জগত নিক্ষেপ কৰে । মায়াৰ প্ৰকৃতি হ’ল অজ্ঞানতা আৰু সেয়ে প্ৰকৃত জ্ঞানৰ সহায়ত ইয়াক দূৰ কৰিব পাৰি । মায়া সদৰ্থক । ইয়াৰ অৰ্থ এয়ে যে মায়া কেৱল এক নঞৰ্থক নীতি নহয়। সতৰ ঠাইত অসততাক নিক্ষেপ কৰিব পৰা সদৰ্থক কাৰ্য মায়াই সম্পাদনা কৰে । 

গ) ৰামানুজনৰ মায়া সম্পৰ্কে থকা ধাৰণা। 

উত্তৰঃ ৰামানুজনৰ ,দৰ্শনত মায়াই ঈস্বৰৰ এক বাস্তৱ শক্তিক সূচিত কৰে । ৰামানুজে বিশ্বাস কৰে যে ঈশ্বৰে মায়াৰ শক্তিৰে এই বিচিত্ৰ জগতৰ সৃষ্টি কৰিছে । চিত্ আৰু অচিত্ নামে দুই অংশ উপাদানৰূপে ইটমৰত বিদ্যমান । সৃষ্ট প্ৰ্যাত ঈশ্বৰৰ চিত্ আৰু অচিত্ অংশৰ ৰূপান্তৰ ঘটি যথাক্ৰমে জীৱজগত আৰু জড়়গতৰ উত্পত্তি হৈছে । সেইকাৰণে ৰামানুজৰ বাবে জীৱ আৰু জড় ঊশ্বৰ সদৃশ সত্ আৰু এই জগত সৃষ্টিকাৰী শক্তিৰূপে মায়াও সত্ । মায়াৰ সমাৰ্থক হিচাপে অবিদ্যা শব্দটো ব্যৱহাৰ হয় অবিদ্যা হ’ল অজ্ঞানতা, যাৰ প্ৰভাৱত জীৱই নিজকে জড়ৰ সৈতে একাত্ম বুলি বিবেচনা কৰে । এনেকুৱা ধাৰণাই জীৱৰ বন্ধনৰ কাৰণ । 

প্ৰশ্নঃ 54. ব্ৰহ্ম আৰু জগতৰ মাজত থকা সম্পৰ্কটো চমুকৈ লিখা । 

উত্তৰঃ ব্ৰহ্ম জগতৰ মূল আধাৰ ইয়াৰ অৰ্থ হ’ল ব্ৰহ্মই জগতৰ উত্পত্তিৰ হেতু আৰু ব্ৰহ্মই জগতৰ আশ্ৰয় । ৰামানুজৰ মতে, এই জগতৰ জীৱজন্ত সকলোবোৰ ব্ৰহ্মই দুই অংশ চিত্ আৰু অচিত্ ৰূপান্তৰৰ ফলত উদ্ভৱ হৈছে । প্ৰাণহীন জড় বস্তু আৰু চেতন জীৱাত্মাবোৰ ব্ৰহ্ম নিৰ্ভৰ, কিন্তু ব্ৰহ্মৰ দৰেই সত্ । ব্ৰহ্ম জগতত অন্তৰ্ৱতী আৰু একেদৰে জগতৰ অন্তৱৰ্তীও । জগতৰ প্ৰত্যেক বস্তুতে ঈশ্বৰ বা ব্ৰহ্ম বৰ্তমান । সেই অৰ্থত ঈশ্বৰ অন্তৱৰ্তী । অন্তৱৰ্তী ঈশ্বৰে জগত পালন আৰু নিয়ন্ত্ৰণ কৰে । ঊশ্বৰ  অন্তৱৰ্তী, কিয়নো জগতৰ সৰ্বোচ্চ নিয়ন্তা হিচাপে ঈশ্বৰে ইয়াক অতিক্ৰম কৰে । 

ব্ৰহ্ম জগতৰ আধাৰ আৰু কাৰণ যদিও জগতৰ অশুদ্ধি বা অপূৰ্ণতাই ব্ৰহ্মক স্পৰ্শ কৰিব নোৱাৰে । ব্ৰহ্ম বা ঈশ্বৰ পৰম পুৰুষৰূপে মানৱৰ উপাসনাৰ সৰ্বোচ্চ বিষয় । মানুহৰ ধৰ্মীয় অনুভূতি তথা আশা-আকাংক্ষা পূৰ্ণ ৰূপত উপলব্ধিহয় ঐশ্বৰিক ব্যক্তিত্বত । ৰামানুজৰ মতে, পৰম পুৰুষ ঈশ্বৰে বৈকুন্ঠত বাস কৰে । শক্তি আৰু দয়াৰ প্ৰতীক লক্ষ্মী বা শ্ৰী ঈশ্বৰৰ দৈৱী সহধৰ্মিণী । ধৰ্মীয় দৃষ্টিভংগী ব্যৱহাৰ কৰা বাবেই ৰামানুজৰ ব্ৰহ্ম বা ঈশ্বৰক পৰম সত্তা আখ্যা দিয়া হয় । 

প্ৰশ্নঃ 55. ভাৰতীয় দৰ্শন বুলিলে কি বুজা যায় ?

উত্তৰঃ ভাৰতীয় দাৰ্শনিক চিন্তা বুজাবলৈ সংস্কৃত শব্দ দৰ্শন ব্যৱহাৰ কৰা হয় । দৰ্শন শব্দটিৰ অৰ্থ হ’ল – অৰ্থসত্য বা তত্ত্বৰ দৰ্শন । আকৌ সত্যৰ দৰ্শন শব্দটিয়ে পৰম প্ৰকৃত স্বৰূপ সম্বন্ধে হোৱা প্ৰত্যেক্ষ উপলব্ধিক বুজায় । প্ৰত্যেক্ষ উপলব্ধিয়েই হ’ল তত্ত্ব দৰ্শন । ভাৰতীয় চিন্তাবিদসকলে বিভিন্ন উপায়েৰে পৰম সত্য দৰ্শনৰ বাবে প্ৰয়াস কৰিছিল । এনে প্ৰয়াসৰ ফলস্বৰুপে ভাৰতীয় দাৰ্শনিক সম্পৰ্দায়সমূহ বিকাশিত হৈছিল ।

ভাৰতভূমিত উৎত্তি হৈ বিতাশ লাভ কৰা বিভিন্ন দাৰ্শনিক চিন্তাধাৰাকেই ভাৰতীয় দৰ্শন বোলা হয় । প্ৰাচীন তথা আধুনিক সকলো ভাৰতীয় চিন্তাবিদৰ দাৰ্শনিক চিন্তনক ই সামৰি লয় । ভাৰতীয় দৰ্শনক হিন্দু দৰ্শন বুলিও কোৱা হয় । হিন্দু শব্দটিৰ অৰ্থ ভাৰতীয় বুলি ধৰিলে এই কথাটো গ্ৰহণযোগ্য হ’ব । ধৰ্মীয় দৃষ্টিৰে ভাৰতীয় দৰ্শনক বুজিবলৈ গ’লে সি স্পষ্টতঃ ভ্ৰমজনক হ’ব । বৌদ্ধ আৰু জৈন এই দুটা ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়ে হিন্দু ধৰ্মানুগামীয়ে প্ৰতিষ্ঠা কৰা দৰ্শন নহয় । বৈদিক কৰ্তৃত্ব জড়বাদী চাৰ্বাক সম্পৰ্দায়ে স্বীকাৰ নকৰে ।

ভাৰতীয় দাৰ্শনিক চিন্তাৰ উৎপত্তি অতি প্ৰাচীন । দৰাচলতে বৈদিক যুগতেই ভাৰতীয় দৰ্শনৰ আৰম্ভণি হৈছি । প্ৰাচীন ভাৰতীৰ কবিসকলে মানুহৰ প্ৰকৃত স্বৰুপ কি? মানুহে বসবাস কৰা জগতৰ প্ৰকৃত স্বৰূপ কি? মানৱ জীৱনৰ শেষ পৰিণতি কি ? ইত্যাদি প্ৰশ্নৰ উত্তৰ বিচাৰিছিল । এনেকোৱা চিন্তনৰ ফলস্বৰূপে ভাৰতবৰ্ষত চিন্তাৰ বিভিন্ন ধাৰণাই বিকাশ লাভ কৰিছিল আৰু পিচলৈ দৰ্শনৰ বিভিন্ন সম্প্ৰদায়ৰূপে প্ৰতিষ্ঠিত হৈছিল । ভাৰতীয় দৰ্শনৰ মুঠ নটা সম্প্ৰদায় আছে । তাৰ ভাতৰত ছটা সম্প্ৰদায় আস্তিক বা বৈদিক আৰু তিনিটা সম্প্ৰদায় নাস্তিক বা অ-বৈদিক । ভাৰতীয় আস্তিক সম্প্ৰদায়কেইটা হ’ল-ন্যায়, বৈশেষিক, সাংখ্য, যোগ, মীমাংসা আৰু বেদান্ত । এই সম্প্ৰদায়বোৰে বেদান্ত বিশ্বাস কৰে । ভাৰতীয় দৰ্শনৰ নাস্তিক সম্প্ৰদায়কেইটা হ’ল – চাৰ্বাক, জৈন আৰু বৌদ্ধ । এই সম্প্ৰদায়বোৰে বেদন্ত বিশ্বাস নকৰে ।

Essay Type Question: 

প্ৰশ্নঃ 1. যোগৰ প্ৰকাৰ কেইটা আৰু কি কি ? ব্যাখ্যা কৰা । 

উত্তৰঃ প্ৰাটান দৰ্শনৰ ওপৰত ভিত্তি কৰি যোগক চাৰিটা ভাগত ভাগ কৰা হৈছে । সেইবোৰ হ’ল- জ্ঞান যোগ, ভক্তি যোগ, কৰ্মযোগ আৰু ৰাজযোগ বা অষ্টাংগ যোগ। চৰ্চাকাৰীসকলৰ মতে এই চাৰি ৰাজযোগ বা সংমিশ্ৰিত কৰাই হৈছে প্ৰধান ধৰ্ম । 

জ্ঞানযোগ- জ্ঞানযোগ হ’ল জ্ঞান, গুণ নিৰীক্ষণ আৰু সামগ্ৰিক আচৰণৰ লগত জড়িত যোগ । মানৱ জীৱনৰ অশুদ্ধ পথবোৰ আঁতৰাই নিজকে সুন্দৰ আৰু আত্মোপলব্ধিৰ বাবে সাজু কৰাই জ্ঞানযোগ । ইয়াৰ বাবে প্ৰয়োজন হয় আত্মবিশেষণ আৰু আত্মজ্ঞানৰ মানৱ প্ৰকৃতি সাৱলীলভাৱে চালিজাৰি চাই মনক মুক্ত আৰু যুক্তিপূৰ্ণ কৰি তোলাৰ ক্ষেত্ৰত জ্ঞানযোগে বিশেষভাৱে সহায় কৰে । 

ভক্তিযোগ- ভক্তিযোগ হ’ল ভক্তি ভাবৰ লগত জড়িত । আনৰ প্ৰতি ভক্তি ভাব প্ৰদৰ্শন কৰা, আৱেগ, প্ৰেম, দয়া, আকুতা আৰু ষ্টশ্বৰ বা ভগৱানৰ প্ৰতি আৰাধনা হৈছে ভক্তিমাৰ্গৰ বিশেষ বৈশিষ্ট । ভক্তিযোগত যিকোনো কাৰ্যই ঈশ্বৰৰ প্ৰতি সমৰ্পন কৰি কৰা হয় । সংসাৰ ধৰ্ম সকলো ব্যক্তিৰেই এক নিৰ্দিষ্ট পালন কৰিবলগীয়া ধৰ্ম । ভক্তিযোগত ঈশ্বৰ বাব কোনো বিশেষ শক্তিৰ প্ৰতি সমৰ্পণ কৰি এই আচাৰসমূহ পালন কৰা হয় । 

কৰ্মযোগ- কৰ্মযোগত ব্যক্তিয়ে কৰ্মৰ মাধ্যমেদি ঈশ্বৰৰ প্ৰতি সমৰ্পণৰ ভাবপ্ৰদৰ্শন কৰে । এই যোগত কৰ্ম, আনৰ প্ৰতি সেৱা, নিজৰ প্ৰতি নিৰ্ধাৰিত দায়িত্ব পালন আৰু কৰ্মৰ মাজেৰে মানসিক তৃপ্তি লাভ কৰি ভগৱানৰ নিৰ্দেশ পালন কৰাৰ ওপৰত প্ৰাধান্য দিয়া হয় । কৰ্ম অবিহনে ব্যক্তিৰ কোনো উদ্দেশ্য় সাধন নহয় । কৰ্ম সকলোৰে বাবেই প্ৰয়োজনীয় । নিজ লক্ষ্য়ত উপনীত হ’বলৈ কৰ্মত প্ৰবৃত্ত হোৱাটো আৱশ্য়কীয় কৰ্তব্য় । কৰ্মযোগীয়ে মানসিক দিশৰ উন্নতি সাধন, কৰি আত্মমুক্তিৰ বাবে সাধন কৰে । 

ৰাজযোগ বা অষ্টাংগ যোগ – ৰাজযোগ হ’ল যোগৰ সৰ্বশ্ৰেষ্ঠ স্তৰ । এই যোগক ৰাজযোগ আখ্যা দিয়াৰ প্ৰধান কাৰণ হ’ল যোগীসকলে আধ্যত্মিকতাৰ এনে এক স্তৰ স্পৰ্শ কৰে যি সবাতোকৈ উৰ্ধ্বত । পাৰিপাৰ্শ্বিক স্তৰৰ পৰা আঁতৰি থাকি যোগৰ দ্বাৰা আধ্যাত্মিক স্তৰলৈ গতি কৰা আৰু আত্মাক গোটেই বিশ্বৰ ব্ৰহ্মাণ্ডৰ এক অণুলৈ পৰিৱৰ্তন কৰি মনক মুৰ্ত ইন্দ্ৰিয়ৰ বাহিৰৰ বিৰ্মূত জ্বৰত বিলীন কৰাৰ প্ৰচেষ্টা কৰা হয় । ধ্যানৰ যোগেৰে মনক উচ্চ পৰ্যায়ৰ বিমূৰ্ত অৱস্থালৈ লৈ যোৱাকে ৰাজযোগ বুলি কোৱা হয় । 

প্ৰশ্নঃ 2. যোগ মানে কি ? অষ্টাংগ যোগৰ বিষয়ে বৰ্ণনা কৰা । 

উত্তৰঃ পতঞ্জলীৰ যোগ দৰ্শনৰ সূত্ৰসমূহৰ মাজত যোগ দৰ্শনৰ মৌলিক বিৱৰণ পোৱা যায় । পতঞ্জলীৰ যোগ দৰ্শনৰ সূত্ৰসমূহৰ মতে এই দৰ্শনৰ মূল লক্ষ্য় হ’ল চিত্ত-বৃত্তি নিৰোধ অথবা মানসিক অস্থিৰতা ৰোধকৰণ, যিয়ে ব্যক্তিক সুস্থিৰ ধ্যান আৰু সমাধিৰ স্তৰলৈ লৈ যাব পাৰে । পতঞ্জলীৰ যোগক বাজযোগ বা অষ্টাংগ যোগ নামেৰেও জনা যায়, যি ইয়াক হ’ব যোগৰ পৰা পৃথক কৰে । যোগ দৰ্শনত আধাৰিত সকলো দাৰ্শনিক গোষ্টীয়ে পতঞ্জলী যোগৰ কৰ্তৃত্ব স্বীকাৰ কৰে । পতঞ্জলী অষ্টাংগ যোগে অকল এবিধেই মাত্ৰ শাৰীৰিক আসনক অন্তৰ্ভুক্ত কৰে । 

ক) যম- যম হ’ল ইচ্ছা শক্তি নিয়ন্তৰ্ণ অনুশীলন চিন্তা, কৰ্ম আৰু কথাৰ দ্বাৰা কাকো আঘাত নকৰাৰ অনুশীলন ইয়াৰ অন্তৰ্ভুক্ত । হিংসা, মিছা কথা, চুৰি কাৰ্য, কামনা আৰু লোভৰ পাৰ আঁতৰত থকা যম যোগৰ মূল লক্ষ্য । 

খ) নিয়ম- ই হ’ল নৈতিক সংস্কৃতি, যি সজ অভ্যাস গঠনৰ লক্ষ্য় কৰে । শুদ্ধ আচৰণ, সন্তুষ্টি, আত্মসংযম, অধ্য়য়ন আৰু ঈশ্বৰৰ প্ৰতি সমৰ্পণ এই যোগৰ প্ৰধান লক্ষ্য় । 

গ) আসন- আসন হ’ল সুস্থিৰ আৰু আৰামদায়ক অৱস্থান । যোগিক অৱস্থান বা আসনে শাৰীৰিক চাপ বা কষ্টক নুবুজায়, বৰং ই ব্যক্তিৰ দেহ আৰু মনক নমনীয় কৰি তুলিব পৰা অৱস্থানক বুজায় । আসনে দেহ তথা মনৰ ক্লান্তি দূৰ কৰে, স্নায়ুতন্ত্ৰক আৰাম দিয়ে আৰু মনক অনুশাসন কৰে । 

ঘ) প্ৰাণায়ম- ই হ’ল প্ৰাণ নতুবা শ্বাস-প্ৰশ্বাসৰ নিয়ন্ত্ৰণ । ই অকল শাৰীৰিক স্বাস্থ্যৰক্ষাৰ বাবেই নহয়, মানসিক একাগ্ৰতা আৰু ধ্যানৰ বাবেও উপযোগী । 

ঙ) প্ৰত্যাহাৰ- ই হ’ল ইন্দ্ৰিয়সমূহক বাহ্যিক জগতৰ পৰা প্ৰত্যাহাৰ কৰা নতুবা বাহ্যিক জগতৰ বিষয়বস্তু প্ৰত্যক্ষ কৰাত বাধা আৰোপ কৰি ইন্দ্ৰিয়সমূহক ব্যক্তিৰ আভ্যন্তৰীণ দিশত নিৰ্দেশিত কৰাৰ প্ৰচেষ্টা । 

চ) ধাৰণা- মন বা আত্মাক এক নিৰ্দিষ্ট স্থান বিশেষৰ ওপৰত কেন্দ্ৰীয়ভূত কৰাই হ’ল ধাৰণা । 

ছ) ধ্যান- ইযাৰ অৰ্থ হ’ল গভীৰ চিন্তন নতুবা তপস্য়া . ই হ’ল নিৰন্তৰভাৱে ধ্যানৰ বিষয়বস্তুৰ ওপৰত সুস্থিৰ নিদিধ্যাসন অথবা গবীৰ ধ্যান । পূৰ্ণ ধ্যানৰ স্থিতিত আন কোনো বস্তু অথবা তাৰ স্মৃতি মনত প্ৰবিষ্ট হ’ব নোৱাৰে । 

জ) সমাধি- ই হ’ল মন বা আত্মাৰ সেই স্থিতি, য’ত মন বা আত্মা ধ্যানৰ বি,য়বস্তুৰ মাজত সম্পূৰ্ণ বিলীন হৈ পৰে । যোগ দৰ্শনে সমাধিৰ জৰিয়তে মোক্ষ প্ৰাপ্তি সম্ভৱ হয় বুলি বিশ্বাস কৰে  

প্ৰশ্নঃ 3. যোগ দৰ্শনৰ মতে শিক্ষাৰ লক্ষ্য় কেনে হোৱা উচিত? যোগ দৰ্শনৰ মতে শিক্ষাত শিক্ষাৰ্থীৰ ভূমিকা বৰ্ণনা কৰা । 

উত্তৰঃ যোগ দৰ্শনৰ মতে শিক্ষাৰ লক্ষ্য়সমূহ হ’ল- 

ক) মানৱ শক্তিৰ সৰ্বাত্মক বিকাশ সাধন কৰা । 

খ) শিক্ষাৰ্থীসকলক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দুখ-বিপত্তিৰ পৰা মুক্তকৰণ । 

গ) শিক্ষাৰ্থীসকলৰ নৈতিক অনুশীলন আৰু বিকাশ আন এক গুৰুত্বপূৰ্ণ লক্ষ্য় । 

ঘ) মানৱ প্ৰকৃতিৰ জ্ঞান অন্বেষণ কৰাটো অন্য এক প্ৰধান লক্ষ্য় । 

ঙ) বৈজ্ঞানিক দৃষ্টিভংগীৰ বিকাশৰ লগতে যৌক্তিক আৰু বৌদ্ধিক শক্তিসমূহৰ বিকাশ সাধন কৰা । 

শিক্ষাত শিক্ষাৰ্থীৰ ভূমিকাঃ যোগ দৰ্শনৰ মতে শিক্ষাৰ্থীসকল হৈছে  যোগৰ মূল উপজীব্য়, যিয়ে যোগাসন অনুশীলন কৰে । যোগৰ শিক্ষা লাভ কৰাৰ আগতে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে মনৰ পাঁচটা স্তৰৰ বিষয়ে জ্ঞান অৰ্জন কৰিব লাগিব । সেইকেইটা হ’ল অস্থিৰ, বণিয়া, মুৰ্খ, সচেতন আৰু নিয়ন্ত্ৰিত মন আৰু ইয়াৰ লগতে পাঁচটা অৱস্থা যেনে- প্ৰমাণ, বিপৰ্যয়, বিকল্প, নিদ্ৰা আৰু স্মৃতি । শিক্ষাৰ্থী হ’বলৈ হ’লে যোগৰ মতে তেওঁৰ জ্ঞানৰ প্ৰতি উত্সুকতা থাকিব লাগিব । যিকোনো বিষয়বস্তুত জ্ঞান লাভ কৰিবলৈ আত্ম অধ্যৱসায়, বৈৰাগ্য আৰু কৰ্তব্যপৰায়ণ মনোভাব থাকিব লাগিব । যোগ দৰ্শনৰ মতে প্ৰতিগৰাকী শিক্ষাৰ্থীৰেই সদৃগুম থাকিব লাগিব । শিক্ষাৰ্থীৰ প্ৰধান গুণ হৈছে সদ্ আচৰণ কৰা আৰু নৈতিকভাৱে শক্তিশালী হ’ব পৰাকৈ গুণ আহৰণ কৰা । সত্ চৰিত্ৰৱান হোৱাটো প্ৰতিজন শিক্ষাৰ্থীৰে এক প্ৰধান কৰ্তব্য । যোগ দৰ্শনত বিৰাগত এক বিশেষ প্ৰাধান্য দিয়া হৈছে । ইয়াৰ হ’ল তেওঁলোকৰ কোনো বস্তু নাই । পতঞ্জলীৰ মতে প্ৰতিজন শিক্ষাৰ্খীয়েই নিজৰ মনক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব লাগে আৰু অষ্টাংগ যোগ পালন কৰি ইয়াক সম্ভৱ কৰি তুলিব পাৰি । অষ্টাংগ যোগৰঘাৰা শিক্ষাৰ্থীসকলক কৰ্মযোগী কৰাৰ লগতে তেওঁলোকৰ আৱেগিক দিশবোৰ যেনে- বিশ্বাস, অনুগত্য, উপাসনা আৰু ঈশ্বৰৰ প্ৰতি সমৰ্পণৰ মনোভাৱ জগাই তুলিব লাগে । 

প্ৰশ্নঃ 4. বৌদ্ধ দৰ্শন কি ? বৌদ্ধ দৰ্শনৰ চাৰিটা আৰ্য সত্যৰ বিষয়ে আলোচনা কৰা । 

উত্তৰঃ বৌদ্ধ দৰ্শনক মহান ভাৰতীয় দাৰ্শনিক চিন্তাবোৰৰ মাজৰ এটা হিচাপে গণ্য় কৰা হয় । গৌতম বুদ্ধৰ চিন্তাৰ দৰ্শনক বৌদ্ধ দৰ্শন হিচাপে অভিহিত কৰা হয় । বৈদিক দৰ্শনতকৈ এই দৰ্শন পৃথক যদিও বৌদ্ধ দৰ্শনত বৈদিক দৰ্শনৰ বহখিনি প্ৰভাৱ থকাটো পৰলক্ষিত হয় । বৈদিক দৰ্শনত ঈশ্বৰ বা ভগৱানৰ অস্তিত্বক স্বীকাৰ কৰা হয় আৰু আত্মাৰ মুক্তিৰ বাবে পৰমাত্মাক আৰাধনা কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়, আনহাতে বৌদ্ধ ধৰ্ম মতে জগতত সকলো অস্থায়ী । পৰমাত্মাৰ অস্তিত্বক বৌদ্ধ ধৰ্মই অস্বীকাৰ কৰে । জীৱদেহৰ অস্তিত্বৰ দেহ-মনৰ এক জটিল সংমিশ্ৰণ আৰু ই অস্থায়ী । এই বিশ্বব্ৰহ্মাণ্ড কোনো ঈশ্ৰৰৰ দ্বাৰা সৃষ্ট নহয়, বৰঞ্চ ইয়াৰ আৰম্ভণি আৰু শেষ নাই আৰু নিজ অস্তিত্বত বিদ্যামন । কোনো নিৰ্দিষ্ট পদাৰ্থৰ দ্বাৰা এই বিশ্বজগত গঠিত নহয় । পৃথিৱীখন কিছুমান অস্থায়ী বিষয়বস্তু নাইবা ঘটনা-পৰিঘটনাৰ দ্বাৰা গঠিত । কাৰ্য আৰু কাৰণৰ বাবে সকলো বস্তু বা বিষয়ৰ অস্তিত্ব থাকে । বৌদ্ধ দৰ্শন মূলতঃ মানৱ জীৱনৰ দুখ বা সমস্য়া আৰু ইয়াৰ নিবাৰণৰ উপায় অম্বেষণৰ লগত জড়িত । মানৱ জীৱনত ৰোগ, জৰা ইত্যাদিৰ সমস্যা সমাধানৰ বাবে গৌতম বুদ্ধই কঠোৰ তপস্যাৰ অন্তত ‘বুদ্ধত্ব’ অথবা পূৰ্ণজ্ঞান প্ৰাপ্তি লাভ কৰিছিল । বুদ্ধত্ব লাভ কৰাৰ পিছত বুদ্ধদেৱৰ বাক্য আৰু উপদেশসমূহ শিষ্য়সকলে ত্ৰিপিটক পুথিত সন্নিৱিষ্ট কৰিছিল, যাক বৌদ্ধ ধৰ্মৰ প্ৰধান গ্ৰন্থ বুলি বিবেচনা কৰা হয় । 

১) মানৱ জীৱন যন্ত্ৰণাময়ঃ দুখ হ’ল অসংখ্য যন্ত্ৰণাৰ সমষ্টি আৰু এই সংসাৰত জীৱই জন্মলগ্নৰে পৰাই দুখৰ লগত পৰিচিত হয় । দুখৰ মানসিক অৱস্থাই মানুহক কোনো এটা কামতেই নিষ্ঠাৰে মনোনিৱেশ কৰিবলৈ সুবিধা নিদিয়ে । মানৱ জীৱনত দুখৰ অস্তিত্বই কেতবোৰ বিভ্ৰান্তিৰ সৃষ্টি কৰে । গতিকে এই সংসাৰত মানুহৰ জন্ম হৈ দুখৰ পৰা হাত সাৰিব নোৱাৰে । জন্ম, ৰোগ বৃদ্ধৱস্থা, মৃত্যু- এই সকলোবোৰেই অতি যন্ত্ৰণাময় । ইয়াৰোপৰি বিষয়-বাসনাও যন্ত্ৰণাৰ আন এক কাৰণ । প্ৰেম, বিষয়-আসক্তি-স্বজন, মৰ্যাদা লাভৰ আকাংক্ষা, অসন্তোষ, কাতৰতা, পৰিয়াল. আত্মী-স্বজন এই সকলোবোৰ দুখৰ প্ৰধান কাৰণ । গতিকে মানৱ জাতিৰ অস্তিস্বই হ’ল দুখ আৰু যন্ত্ৰণাময় । 

২) বিষয়-বাসনাৰ প্ৰতি আসক্তিঃ মনৰ অজ্ঞানতাৰ বাবেই মানৰ জীৱনত দুখ-যন্ত্ৰণাৰ উত্পত্তি হয় । বিষয়-বাসনাৰ পৰা মুক্ত হ’ব পাৰিলেই বা উদাসীন হ’ব পাৰিলেই যন্ত্ৰণাৰ কাৰণসমূহ এনে ধৰণৰ শৰীৰৰ প্ৰতি মোহ বৃদ্ধি হ’লে জীৱই দুখ-যন্ত্ৰণাৰ কাৰণসমূহ এনে ধৰণৰ-শৰীৰৰ প্ৰতি মোহ বৃদ্ধি হ’লে জীৱই দুখ ভোগ কৰে, অহং ভাবত মগ্ন হ’লে, কোনো বিষয়ৰ প্ৰতি আসক্তি বৃদ্ধি পালে, আৱেগ-অনুভুতিক গুৰুত্ব প্ৰদান কৰি ব্যক্তিকেন্দ্ৰিক হৈ পৰিলে দুখ-যন্ত্ৰণী ভোগ কৰিবলগীয়া হয় । 

৩) যন্ত্ৰণা উপশমৰ উপায়ঃ মানৱ জীৱনৰ দুখ-যন্ত্ৰণাৰ উপশম ঘটাবলৈ ব্যক্তিয়ে আত্মস্বাৰ্থ ত্যাগ কৰিব লাগিব । বিষয়-বাসনাৰ প্ৰতি মোহ আৰু আসক্তি নোহোৱা কৰিব পাৰিলেই দুখ-যন্ত্ৰণাৰ পৰাও মুক্তি লাঘ কৰিব পাৰি । ব্যক্তিয়ে নিজৰ প্ৰতি স্বাৰ্থপৰ নহৈ আনৰ কল্যাণৰ বাবে কাম কৰিব পাৰিলেই দুখ-যন্ত্ৰণাৰ পৰা উপশম পাব পৰা যায় । 

৪) যন্ত্ৰণা উপশমৰ বানে অষ্টমাৰ্গ পথঃ বাসনা আৰু তৃষ্ণা দমন কৰি মোক্ষ বা নিৰ্বাণ প্ৰাপ্তিৰ বাবে বুদ্ধদেৱে আঠটা মাৰ্গ বা উপায় আৱিস্কাৰ কৰিছিল । এই অষ্টাংগিক মাৰ্গত একাত্ম হৈ নিহিত হ’লে যন্ত্ৰণাৰ পৰা উপশম পাব পাৰি । 

প্ৰশ্নঃ 5. বৌদ্ধ দৰ্শন মতে অষ্টাংগিক মাৰ্গ কেইটা ? সেইবোৰৰ বিষয়ে আলোচনা আগবঢ়োৱা ? 

উত্তৰঃ বৌদ্ধ দৰ্শন মতে অষ্টাংগিক মাৰ্গ হ’ল আঠটা । গৌতম বুদ্ধৰ মতে সংসাৰৰ যাতনাৰ পৰা মুক্তি পাবলৈ প্ৰত্যেক ব্যক্তিয়ে অষ্টাংগিক মাৰ্গ পালন কৰিব লাগে । সেইকেইটা হ’ল- সম্যক দৃষ্টি, সম্যক ব্যায়াম, সম্যক সংকল্প, সম্যক বাক্য, সম্যক কৰ্মান্ত, সম্যক জীৱিকা বা জীৱন, সম্যক স্মৃতি সমাধি । 

সম্যক দৃষ্টিঃ ইয়াৰ অৰ্থ হ’ল জীৱ, প্ৰকৃতি আৰু বাস্তৱতাক তাৰ প্ৰকৃত ৰূপত চোৱাৰ চেষ্টা । এইজগতৰ সকলো বস্তুৱেই যে অস্থায়ী লেইটো শুদ্ধ দৃষ্টিৰে বা সম্যক দৃষ্টিৰে লক্ষ্য় কৰিব পৰা যায় । ইয়াৰ মাজেৰেই অন্তঃদৰ্শন শক্তি লাভ কৰিব পাৰি । 

 সম্যক সংকল্পঃ ই হ’ল ভুল আৰু অনৈতিক চিন্তাৰ পৰা আঁতৰত থকা, শুদ্ধ চিন্তা কৰা। অৰ্থাত্ জাগতিক বাসনা তথা ইচ্ছাৰ পৰিৱৰ্তে আধ্যাত্মিক চিন্তা, অহিংসা, শুভকাংক্ষা আদিৰ মনোভাৱ গঢ় দিয়াৰ চেষ্টা কৰা । গৌতম বুদ্ধই তিনি ধৰণৰ আকাংক্ষাৰ কথা কৈছে । সেইকেইটা হ’ল- ক) আসক্তিৰ পৰা মুক্তি, খ) সদিচ্ছা নাইবা খং-উত্তেজনাৰ পৰা মুক্তি আৰু গ) আনৰ অন্যায় নকৰা । 

  সম্যক বাক্যঃ মিছা, টুটুকীয়া আৰু কটু বচনৰ পৰিৱৰ্তে কেৱল সত্য কথা কোৱা । শুদ্ধ বচনে আনৰ লগত সু-সম্পৰ্ক গঠনত বিশেষ ধৰণে সহায় কৰে । অন্যথা ইয়াৰ পৰা নিজৰ লগতে আনৰো বিপদ হোৱাটো নিশ্চিত । সত্যৰ ঊৰ্ধ্বত কোনো ধৰ্ম নাই । 

সম্যক কৰ্মান্তঃ হিংসা, চৌৰ্য, ব্যাভিচাৰ ৰহিত আৰু নিঃস্বাৰ্থ কৰ্মই হ’ল সম্য়ক কৰ্ম । সম্য়ক কৰ্মই মানৱ দেহক সঠিক পথৰ সন্ধান দিয়ে । মন আৰু দেহৰ সংযোগ অবিহনে সম্য়ক কাৰ্য নিৰ্বাচন কৰাটো সম্ভৱপৰ নহয় । সম্য়ক কৰ্মই শুদ্ধ জীৱন-যাপন কৰাত সহায় কৰে । 

সম্যক জীৱিকা বা জীৱনঃ সম্যক কৰ্মই সম্যক জীৱ-যাপনৰ পথ । সম্যক জীৱন-যাপনৰ অৰ্থ হ’ল সত্ পথেৰে জীৱিকা-নিৰ্বাহ কৰা আৰু সকলোৰে লগত ন্যায় তথা সমদৃষ্টি ৰক্ষা কৰা । বুদ্ধৰ মতে কিছুমান কৰ্মই জীৱন-যাপনৰ পথ অতি কঠিন কৰি তোলে । সেয়ে সম্যক জীৱনত মিছা কথা, ঠগ, প্ৰৱঞ্চনা আদিৰ স্থান নাই । 

সম্যক ব্যায়ামঃ ইন্দ্ৰিয়ৰ ওপৰত সংযম, বেয়া চিন্তা প্ৰতিৰোধ, ভাল চিন্তা উদ্ৰেক কৰাৰ যত্ন আৰু ভাল চিন্তাক বৰ্তাই ৰখাৰ প্ৰচেষ্টাই হ’ল সম্যক ব্যায়াম বা সম্যক প্ৰচেষ্টা । সম্যক ব্যায়ামৰ অন্তৰালত আছে মানসিক ইচ্ছাশক্তি । গতিকে অশুদ্ধ পথৰ পৰা আঁতৰি শুদ্ধ পথৰ সন্ধান বিদলৈ সম্যক ব্যায়াম বা শুদ্ধ প্ৰচেষ্টাৰ প্ৰয়োজন । 

সম্যক স্মৃতি বা মানসিকতাঃ যিবোৰ বিয়বস্তুৱে আমাৰ দেহ-মনক সততে প্ৰভাৱিত আৰু অস্থিৰ কৰিব পাৰে সেইবোৰৰ প্ৰতি নিৰন্তৰ মনোযোগ আৰু প্ৰয়োজনীয় নিয়ন্ত্ৰণৰ চেষ্টাই সম্যক স্মৃতি বা মানসিককতা । কোমো বিষয় বা বস্তু শুদ্ধভাৱে চালিজাৰি চাই যুক্তিপূৰ্ণভাৱে গ্ৰহণ-কৰিলে শুদ্ধ মানসিকতাৰে পৰিচালিত হোৱা বুলি ক’ব পাৰি । এই গুণটো হৈছে জ্ঞানৰ শুদ্ধ পথ । 

সম্যক সমাধিঃ চিত্তৰ একাগ্ৰতাই হ’ল সমাধি । ই হ’ল শুদ্ধ ধ্যান ।  সম্যক সমাধিৰ বাবে ধ্যান কৰাটো অতি প্ৰয়োজনীয় ধ্যানৰ সহায়ত কোনো এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত মন স্থিৰ কৰিব পাৰি । ইয়াৰ অনুশীলনে ব্যক্তিক দৈনন্দিন জীৱনত সকলো বিষয়ৰ ওপৰত মনোযোগ দিবলৈ সহায় কৰে । এনে শুদ্ধ ধ্যানৰ জৰিয়তে মন বা আত্মা ধ্যানৰ বিষয়বস্তুৰ মাজত বিলীন হৈ পৰে, যাৰ মাজেৰে নিৰ্বাণপ্ৰাপ্তি সম্ভৱ হয় ।

প্ৰশ্নঃ 6. বৌদ্ধ দৰ্শনত শিক্ষাৰ লক্ষ্য় কেনেধৰণৰ ? পাঠ্যক্ৰম সন্দৰ্ভত বৌদ্ধ দৰ্শনৰ স্থিতি আলোচনা কৰা । 

উত্তৰঃ গৌতম বুদ্ধই সুন্দুৰ জীৱন-যাপনৰ বাবে প্ৰদান কৰা অষ্টাংগক মাৰ্গৰ আনুশীলনেই বৌদ্ধিক দৰ্শনৰ মতে শিক্ষাৰ মূল লক্ষ্য ইয়াৰ উপৰি শিক্ষাৰ আন আন বিশেষ লক্ষ্যসমূহ হ’ল- 

১) শিক্ষাৰ্থীৰ সূচৰিত্ৰ গঠন কৰা । 

২) সামাজিক আৰু ব্যৱসায়িক দক্ষতা বিকাশ কৰাৰ লগতে আধ্যাত্মিকতাৰ বিকাশ । 

৩) শিক্ষাৰ্থীৰ প্ৰজ্ঞা আৰু দুদ্ধিমত্তাৰ বিকাশ সাধন কৰা । 

৪) শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ সু-সামঞ্জস্যৰ বিকাশ সাধন কৰা । 

৫) সু-জ্ঞান, সদাচাৰ আৰু সজকৰ্মৰ প্ৰতি শ্ৰদ্ধা বা বিশ্বাসৰ মনোভাবৰ বিকাশ । 

বৌদ্ধ দৰ্শন মতে পাঠ্যক্ৰমত চাৰিটা । শ্ৰেষ্ঠ অথবা আৰ্য সত্য অন্তৰ্ভুক্ত হ’ব লাগে । এই চাৰি সত্যৰ অন্তৰ্গত বিশ্ব ব্যৱস্থা, জগতত মানুহৰ স্থা, জগতৰ পৰিৱৰ্তনশীলতা, কাৰ্য-কাৰণ সম্পৰ্ক, জগতত মানুহে পোৱা সুখ-দুখৰ প্ৰকৃতি আৰু অন্য দৰ্শনৰ লগত বৌদ্ধ দৰ্শনৰ তুলনা আদি বিষয়ৰ অধ্যয়ন অন্তৰ্ভুক্ত হয় । ইয়াৰোপৰি আন কিছুমান বিষয় যেনে- 

ক) সম্যক অথবা শুদ্ধ ৰূপত জীৱিকা অৰ্জনৰ কৌশলৰ জ্ঞান । 

খ) বৌদ্ধ সাহিত্যৰ অধ্যয়ন । 

গ) মহাত্মা বুদ্ধ তথা আন মহান লোকৰ জীৱন চৰিত আদিও অধ্যয়ন কৰা হয় । 

বৌদ্ধ বিহাৰ আৰু মঠবোৰত উপৰোক্ত বিষয়সমূহৰ উপৰি আন পাঁচ প্ৰকাৰৰ বিদ্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় । সেইবোৰ হ’ল – 

ক) শব্দ বিদ্যা অৰ্থাত্ ব্যাকৰণ জ্ঞান । 

খ) শিল্প বিদ্যা অৰ্থাত্ উদ্যোগ আৰু কলাৰ বিষয়ে জ্ঞান । 

গ) চিকিত্সা বিদ্যা অৰ্থাত্ ঔষধ বিদ্যা আৰু শৰীৰ জ্ঞান । 

ঘ) হেতু বিদ্যা অৰ্থাত্ তৰ্কশাস্ত্ৰ বিষয়ে জ্ঞান আৰু 

ঙ) আধ্যাত্মিক বিদ্যা অৰ্থাত্ বৌদ্ধ দৰ্শন আৰু অন্য দৰ্শনৰ তুলনামূলক অধ্য়য়ন । 

বৌদ্ধিক শিক্ষা ব্যৱস্থাত প্ৰাথমিক স্তৰত লিখা-পঢ়া-গণনাই আছিল মূল পাঠ্যক্ৰম । উচ্চ শিক্ষাত ধৰ্ম, দৰ্শন, তৰ্কশাস্ত্ৰ, প্ৰকৃতি, অধ্যয়ন, আইন, চিকিত্সা, সামৰিক কলা শিপ্ল কৰা, ব্যৱসায়িক কৌশল আদি বি,য়সমূহ অন্তৰ্ভুক্ত হৈছিল । 

প্ৰশ্নঃ 7. বেদান্ত দৰ্শনৰ বিষয়ে চমুকৈ লিখা । বেদান্ত দৰ্শনৰ উপ-বিভাগসমূহৰ বিষয়ে আলোচনা কৰা । 

উত্তৰঃ বেদান্ত দৰ্শন বিশ্ৰব আটাইতকৈ প্ৰাচীন ধাৰ্মিক আৰু বিস্তৃত দৰ্শনসমূহৰ ভিতৰত অন্যতম । ভাৰতীয় দাৰ্শনিক চিন্তাৰ পৰম উত্কৰ্ষৰ আভাস বেদান্ত দৰ্শনৰ মাজত পোৱা যায় । বেদ আৰু উপনিষদ,মূহ এই দৰ্শনৰ আধাৰ । আদি গুৰু শংকৰাচাৰ্য বেদান্ত দৰ্শনৰ প্ৰথম প্ৰৱৰ্তক । শব্দগত অৰ্থ বিশ্লেষণ কৰিলে দেখা যায় যে বেদান্ত দুটা শব্দৰ সংমিশ্ৰিত ৰূপ- ‘বেদ’ যাৰ অৰ্থ জ্ঞান আৰু অন্ত যাৰ অৰ্থ লক্ষ্য । গতিকে বেদান্ত শব্দৰ অৰ্থ হ’ল জ্ঞানৰ প্ৰতি লক্ষ্য । ইয়াত জ্ঞানৰ লক্ষ্য সীমিত নহয় যাক আমি কিতাপৰ পৰা আহৰণ কৰো । ইয়াত জ্ঞানৰ অৰ্থ হ’ল পৰমাত্মাৰ জ্ঞানৰ লগতে আমাৰ নিজৰ শুদ্ধ প্ৰকতিৰ জ্ঞান । গতিকে বেদান্তৰ অৰ্থ হ’ল আত্মসন্ধানৰ লগতে ঊশ্বৰ অথবা পৰমাত্মাৰ অনুসন্ধান । 

বেদান্ত দৰ্শনৰ উপ-বিভাগসমূহ- 

অদ্বৈতঃ অদ্বৈত হ’ল বেদান্ত দৰ্শনৰ মুখ্য শাখা । এই দৰ্শনৰ মতে ব্ৰহ্ম হ’ল একমাত্ৰ বাস্তৱ আৰু আন সকলো হ’ল ভ্ৰম । 

বিশিষ্ট অদ্বৈতঃ বেদান্ত দৰ্শনৰ এই শাখাৰ প্ৰৱৰ্তক হ’ল আচাৰ্য বৰামানুজ । এই শাখাই অদ্বৈদ বেদান্তৰ দৰেই বিশ্বাস কৰে যে ব্ৰহ্মই হ’ল একমাত্ৰ বাস্তৱ, কিন্তু এই ব্ৰহ্মই বিভিন্ন বৈশিষ্যযুক্ত অথবা সগুন ব্ৰহ্ম । এই দৰ্শনে মূলতঃ ‘অচিত’ ‘চিত’ আৰু ‘স্বৰ’ এই তিনিটা তত্ত্ব অথবা পদাৰ্থৰ অৱস্থিতিৰ কথা স্বীকাৰ কৰে । অচিত হ’ল তেনে পদাৰ্থ, যাৰ কোনো সজাগতা বা চেতনা ৱাথাকে, চিত হ’ল আত্মা যাৰ জীৱ থাকে আৰু যি অনুভৱ কৰিব পাৰে; আৰু ঈশ্বৰ হ’ল পৰমাত্মা চিত আৰু অচিত ঈশ্বৰৰ ওপৰত নিৰ্ভৰশীল । বেদান্তৰ এই শাখাৰ মতে ভক্তি অথবা ঈশ্বৰৰ প্ৰতি সমৰ্পন হ’ল মানুহৰ মুক্তি লাভৰ উপায় । 

দ্বৈতঃ দ্বৈত বেদান্তক ‘তন্ত্ৰবেদ’ আৰু ‘ভদবেদ’ নামেৰেও অভিহিত কৰা হয় । বেদান্তৰ এই শাখাৰ প্ৰৱৰ্তক আছিল মাধৱাচাৰ্য । তেওঁ পৰমাত্মা আৰু ব্যক্তিগত জীৱৰ আত্মাৰ বিভেদীকৰণৰ ওপৰত জোৰ দিছিল । তেওঁৰ মতে জীৱৰ আত্মা নিজ অস্তিত্বৰ বাবে পৰমাত্মাৰ ওপৰত নিৰ্ভৰশীল । পৰমাত্মাই হ’ল এই সমগ্ৰ ব্ৰহ্মাণ্ড আৰু ভৌতিক সংসাৰৰ কাৰণ । 

দ্বৈত-অদ্বৈতঃ ১৩ শতিকাৰ বৈষ্ণৱ দাৰ্শনিক নিম্বাৰক এই দৰ্শনৰ প্ৰৱৰ্তক । এওঁ বিশিষ্ট অদ্বৈত দৰ্শনৰ দৰেই জগতৰ অস্তিত্বক চিত ‘আচিত’ আৰু ‘ঈশ্বৰ’ এই তিনি ভাগত বিভক্ত কৰে। ‘চিত’ আৰু ‘অচিত’ এই দুয়োটাতে গুণ আৰু স্বভাৱ বিদ্যামান, যি ইহঁতক নিগুৰ্ণ ঈস্বৰৰ পৰা পৃথক কৰে । 

শুদ্ধাদ্বৈতঃ বেদান্তৰ এই শাখাৰ প্ৰৱৰ্তক হ’ল বল্লভাচাৰ্য । এওঁৰ মতে ভগৱান শ্ৰীকৃষ্ণই হ’ল তেওণৰ সচ্ছিদানন্দ ৰূপত অমূৰ্ত ব্ৰহ্ম । এই দৰ্শনৰ মতে ভক্তি মাৰ্গেই হ’ল শ্ৰীকৃষ্ণৰ আশীৰ্বাদ প্ৰাপ্তি আৰু মুক্তি লাভৰ একমাতেৰ মাধ্যম । 

অচিত ভেদ-অভেদঃ ভগৱান শ্ৰীকৃষ্ণৰ ভক্ত চৈতন্যদেৱ এই শাখাৰ প্ৰৱৰ্তক । তেওঁ দ্বৈত তথা অদ্বৈত বেদান্তৰ সংশ্লেষণৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু কৈছিল যে আত্ম ভগৱান বা পৰমাত্মাৰ পৰা পৃথক নহয়, নহয়ও । বৰ্তমান সময়ৰ ‘ইচকন’ মন্দিৰ এই দৰ্শনৰ আধাৰত প্ৰতিষ্ঠিত । 

প্ৰশ্নঃ 8. ভাৰতীয় দৰ্শনৰ সাধাৰণ বৈশিষ্ট্যসমূহ সম্পৰ্কে ব্যাখ্যা কৰা । 

উত্তৰঃ পৰম্পৰাগত ভাৰতীয় দৰ্শন ছটা আস্তিক বা বৈদিক আৰু তিনিটা নাস্তিক বা অবৈদিক দাৰ্শনিক সম্প্ৰদায়েৰে পৰিপূৰ্ণ । এই দাৰ্শনিক সম্প্ৰদায়সমূহৰ মাজত বিভিন্ন দিশত পাৰ্থক্য থাকিলেও আটাইৰে মাজত কিছুমান বিষয়ত মিল বা সাদৃশ্য দেখা যায় । এই সাদৃশ্যৰ লক্ষণক ভাৰতীয় দৰ্শনৰ সাধাৰণ বৈশিষ্ট্য বোলা হয় । তলত বৈশিষ্ট্যবোৰ চমুকৈ আলোচনা কৰা হ’ল- 

ক) ব্যৱহাৰিক প্ৰয়োজন বোধঃ প্ৰত্যেক ভাৰতীয় দৰ্শন এটা ব্যৱহাৰিক জীৱন সম্পৰ্কে প্ৰয়োজনবোধৰ পৰা উত্পত্তি হৈছে । তত্ত্ব আলোচনা কৰাৰ উপৰিও ভাৰতীয় দাৰ্শনিক তেওঁলোকৰ গভাৰ ব্শ্বাস আৰু জ্ঞানেৰে জীৱনো পৰিচালনা কৰে । জীৱনক কি ভাৱে নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰিলে পৰমাৰ্শ লাভ হয় সেইটো নিৰ্ণয় কৰাই ভাৰতীয় দৰ্শনৰ মুখ্য উদ্দেশ্য । এনে ব্যৱহাৰিক উদ্দেশ্যত অৱতীৰ্ণ হ’লেও জ্ঞান-বিজ্ঞান, পৰাবিজ্ঞান, তৰ্কবিজ্ঞান আদিৰো বিশদভাৱে আলোচনা কৰিছিল । 

খ) আধ্যাত্মিক অতৃপ্তিঃ চাৰ্বাকৰ বাহিৰে আটাইতকৈ দৰ্শন ,সম্প্ৰদায়তে দেখা যায় যে এক আধ্যাত্মিক অসন্তুষ্টি  সকলোতে অনুভূত হৈছে । জীৱনৰ অপূৰ্ণতা, দুখ-বেজাৰ ভাৰতীয় দাৰ্শনিকৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল । স্বাভাৱিকতে প্ৰশ্ন হয় জগত কি ? জীৱন কি ? দুখ তৃপ্তিৰ ধাৰণাকে বহন । দুখ সম্পৰ্কীয় আলোচনা কৰা বাবে পাশ্চাত্য় দাৰ্শনিকে ভাৰতীয় দৰ্শনক দুখবাদী বুলি সমালোচনা কৰা স্থলো বিচাৰি পাইছিল তাতে । বৌদ্ধ দৰ্শনে ইয়াৰ গভীৰ ব্যাখ্যা আগবঢ়াইছিল । 

গ) বেদ সম্পৰ্কীয় আলোচনাঃ সকলোবোৰ ভাৰতীয় দৰ্শনে বেদ সম্পৰ্কে আলোচনা কৰিছিল । যিবোৰ দৰ্শনে বেদৰ প্ৰমাণ্য স্বীকাৰ মকৰে তেওঁলোকক নাস্তিক দৰ্শন বোলে । আস্তিক আৰু নাস্তিক উভয়ে বেদ সম্পৰ্কে বিচাৰ কৰিহে তাক গ্ৰহণণীয় বা গ্ৰণীয় বা অগ্ৰহ্যমূলক হিচাপে বিবেচনা কৰে । গতিকে সকলো সম্প্ৰদায়ে বেদ আলোচনা কৰিছে । 

ঘ) বিচাৰঃ ভাৰতীয় দৰ্শন বিচাৰবাদী । ই যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত সকলোবোৰ ভাৰতীয় দৰ্শনতে ‘প্ৰমাণ’ সম্পৰ্কে আলোচনা কৰা হয় । অৱশ্যে প্ৰমাণৰ সংখ্যা সম্বন্ধে মতভেদ আছে । কোনো দৰ্শনে এটা, কোনোৱে দুটা, আন কিছুমানে তিনিটা, চাৰিটা, পাঁচটা, ছয়টালৈ প্ৰমাণ স্বীকাৰ কৰে । বেদসমূহক মানি লওঁতে আস্তিক সম্প্ৰদায়সমূহে যুক্ত দৰ্শাই বিচাৰি কৰি সেইবোৰকে গ্ৰহণ কৰে । 

ঙ) সনাতন নৈতিক ব্যৱস্থাৰ অস্তিত্বঃ চাৰ্বকৰ বাহিৰে সকলোবোৰ ভাৰতীয় দৰ্শনে এটা সনাতন নৈতিক ব্যৱস্থাৰ অস্তিত্ব স্বীকাৰ কৰে । নৈতিক ব্যৱস্থাৰ ওপৰত বিশ্বাস থকা কাৰণেই ভাৰতীয় দাৰ্শনিকে ভাবে যে বৰ্তমানে দুখ-কষ্ট পালেও ভৱিষ্যতে দুখ লাভ কৰিব পাৰি । কৰ্মবাদক কৰ্মৰ নৈতিক ফলাফল, অৰ্থাত্ পাপ-পূণ্যৰ সংৰক্ষণ সংক্ৰান্ত নিয়ম বা নৈতিক মূল্যৰ সংৰক্ষণ নিয়ম বুলি কোৱা হয় । 

চ) জন্মান্তৰবাদত বিশ্বাসঃ ভাৰতীয় দাৰ্শনিকৰ জন্মন্তৰবাদত বিশ্বাস আন এক সাধাৰণ লক্ষণ । জন্মান্তৰবাদক কৰ্মবাদৰ অপৰিহাৰ্য অঙ্গ বুলি কোৱা হয় । জীৱই কৰা কৰ্মৰ সকলো ফল বৰ্তমান জীৱনত, শেষ নহ’বও পাৰে । তেওঁ যিহেতু কৰ্মফল ভোগ কৰিব লাগিব । গতিকে আকৌ জন্ম ল’ব লাগিব, এনে বিশ্বাস ভাৰতীয় দাৰ্শনিকে কৰে । 

ছ) বন্ধন, অবিদ্যা আৰু মোক্ষ বা মুক্তিত বিশ্বাসঃ ভাৰতীয় দৰ্শনিকে (চাৰ্বাকসকলৰ বাহিৰে) অবিদ্যাক বন্ধন বা দুখ ভোগৰ মূল কাৰণ বুলি গণ্য কৰে । দুখ আৰু সংসাৰৰ বন্ধনৰ পৰা মুক্তি পাবলৈ হ’লে জগত আৰু আত্মাৰ স্বৰূপ সম্পৰ্কে জ্ঞান লাভ কৰিব লাগিব । বন্ধন বুলি ক’লে জন্ম-মৃত্যুৰ চক্ৰ আৰু তাৰপৰা উত্পত্তি হোৱা দুখ বুজায় । জন্ম-মৃত্যুৰ অবিদ্যাক নাশ কৰিব পাৰি অন্তৰ সত্তাৰ শুদ্ধ জ্ঞানৰ যোগেদি । ধ্যান আৰু নৈতিক পবিত্ৰতাৰে চিত্ত শুদ্ধি কৰি যি জ্ঞান লাভ কৰা যায় – সিয়েই অবিদ্যা ৱাশ কৰে আৰু জীৱই মোক্ষ বা মুক্তি লাভ কৰে । 

জ) অন্তৰ সত্তাঃ চাৰ্বাকৰ বাহিৰে সকলোবোৰ ভাৰতীয় দৰ্শন সত্তাৰ ওপৰত অধিক গুৰুত্ব দিয়ে । আত্ম উপলব্ধিয়েই ভাৰতীয় দৰ্শনৰ প্ৰত্যেক ভাৰতীয় দাৰ্শনিকে অস্তিত্ব স্বীকাৰ কৰে । অৱশ্যে আত্মাৰ সম্পৰ্কে মতানৈক্য আছে । 

এইদৰে ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়সমূহৰ সাধাৰণ বৈশিষ্ট্যসমূহ ভাগ কৰি আলোচনা কৰা যায় । 

প্ৰশ্নঃ 9. উপনিষদক কিয় বেদান্ত বোলা হয় ? আলোচনা কৰা । 

উত্তৰঃ ভাৰতৰ বিভিন্ন দৰ্শন সম্প্ৰদায়ৰ ভিতৰত বেদান্ত দৰ্শনে এক বিশ্ষ্ট স্থান অধিকাৰ কৰিছে। ইয়াক ভাৰতীয় আধ্যাত্মিককাৰ মূল ভেটি বুলিব পাৰি । উপনিষদেই হৈছে বেদা্তৰ দৰ্শনৰ মূল উত্স । বেদান্ত বুলিলে ‘বেদৰ অন্ত’ বোলে । সাধাৰণতে উপনিষদ আৰু বেদান্ত দৰ্শনক সমাৰ্থক হিচাপে ধৰা হয় । সমগ্ৰ বৈদিক চিন্তা-ধাৰাৰ পূৰ্ণ বিকাশ উপনিষদে ঘটিছে । বিভিন্ন কাৰণত উপনিষদক বেদান্ত বোলা হয় । ইয়াৰ কাৰণকেইটা তলত উল্লেখ কৰা হ’ল – 

ক) উপনিষদ হৈছে বৈদিক যুগৰ শেষ ৰচনা । বৈদিক যুগৰ ৰচনাক তিনি প্ৰকাৰত ভাগ কৰিব পাৰি । সংহিতা, ব্ৰহ্মণ আৰু উপনিষদ হৈছে বৈদিক যুগৰ শেষ সৃষ্টি, য’ত দাৰ্শনিক তত্ত্বসমূহৰ বিচাৰ কৰা হৈছে । 

খ) পাঠ্যবিধি অনুসাৰেও উপনিষদৰ স্থান সৰ্বশেষত । ভাৰতীয় সামাজিক ব্যৱস্থাত মানুহৰ জীৱনক চাৰিটা আশ্ৰমত বিভক্ত কৰা হৈছে- ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস । মানুহে প্ৰথমতে ব্ৰহ্মচৰ্য আশ্ৰমত সংহিতা পাঠ কৰিব । গাৰ্হস্থ্যকালত গৃহধৰ্ম অনুসৰি ব্ৰাহ্মণ পাঠৰ নিৰ্দেশ দিয়া হৈছে । সাংসাৰিক কৰ্তব্য সমাপনৰ পিছত জীৱনৰ বিয়লিবেলাত মানুহে উপনিষদ অধ্যয়ন কৰে । 

গ) সৰ্বশেষত উপনিষদতেই বৈদিক চিন্তাৰ পৰিপূৰ্ণ বিকাশ আৰু পৰিণতি লাভ কৰা বুলি ক’ব পাৰি । উপনিষদৰ সাৰতত্ত্ব উপলব্ধি নকৰালৈকে মানুহে পূৰ্ণজ্ঞানী হ’ব নোৱাৰে । বৈদিক চিন্তাৰ চৰম প্ৰকাশ হিচাপে উপনিষদক বেদান্ত বোলা হয় । 

উপনিষদক বেদান্ত বোলা হয়, তথাপি বেদান্ত দৰ্শনে কেৱল উপনিষদক নুবুজায় । যিবোৰ গ্ৰন্থত ব্ৰহ্মজ্ঞানৰ বিষয়ে আলোচিত হৈছে, সেই সকলো গ্ৰন্থই বেদান্ত দৰ্শনৰ অন্তৰ্গত । বেদান্ত দৰ্শনে উপন্ষদৰ লগত ভাগৱদগীতা, ব্ৰহ্মজ্ঞানৰ লগত সকলোধৰণৰ গ্ৰন্থকেই সামৰি লৈছে । উপনিষদ, ভাগৱদগীতা আৰু ব্ৰহ্মসূত্ৰ – তিনিওটাকে একেলগে প্ৰস্থানত্ৰয় বোলা হয় । উপনিষদ ব্ৰহ্মসূত্ৰ আৰু ভাগৱদগীতা- এই তিনিওটাই হৈছে বেদান্ত দৰ্শনৰ মূল ভেটি । 

প্ৰশ্নঃ 10. বৌদ্ধ দৰ্শনৰ মূল শিক্ষা বুলিলে কি বুজা যায় আলোচনা কৰা । 

উত্তৰঃ ভাৰতীয় অবৈদিক দাৰ্শনিক সম্প্ৰদায় তিনিটাৰ ভিতৰত বৌদ্ধ দৰ্শনো অন্যতম । বৌদ্ধ দৰ্শনৰ প্ৰতিষ্ঠাতা আছিল বুদ্ধ । ৰাজপুত্ৰ সিদ্ধাৰ্থ অৰ্থাত্ গৌতম বুদ্ধই অতি কম বয়সতে মানুহৰ জৰা, মৃত্যু, ব্যাধিত কাতৰ হৈ উঠে । দুখনৰ প্ৰধান সমস্যাৰ সমাধানৰ পথ বিচাৰি তেওঁ গৃহত্যাগী হয় আৰু বৌদ্ধত্ব লাভ কৰি প্ৰকৃত সত্য-সম্বন্ধে বাণী প্ৰচাৰ কৰিলে । বুদ্ধেৱে প্ৰচাৰ কৰা দাৰ্শনিক বাণীসমূহ বৌদ্ধ ধৰ্ম হিচাপ পৰিগণিত হ’ল । বৌদ্ধদৰ্শন অনাত্মবাদী আৰু ঈশ্বৰ বিৰোধী । এটা সুস্থ সমাজ জীৱন যাপন কৰাৰ বাবে ইয়াত নৈতিকতাৰ নিয়মাৱলীৰ ওপৰত গুৰুত্ব দিয়া হৈছে । নৈতিকতা আৰু ধৰ্মীয় বাণীসমূহৰ সমন্বয়ত বৌদ্ধ দৰ্শনে বিস্তাৰ লাভ কৰিছে । বৌদ্ধ দৰ্শনে আত্মাৰ নিত্যতা স্বীকাৰ নকৰে, কাৰ্যতাৰণ নিয়ম বা প্ৰতীত্যসমূত্পাদত বিশ্বাস কৰে, সকলো বস্তুকে নিত্য পৰিৱতনশীল বুলি বিশ্বাস কৰে । 

বৌদ্ধ দৰ্শনৰ বাবে বৌদ্ধশাসনসমূহেই প্ৰধান গৰহ । সাধাৰণভাবে বৌদ্ধশাস্ত্ৰ তিনিটা ভাগত বিভক্ত । যেনে- সূত্ৰ, বিনয় আৰু অভিধৰ্ম । এইবোৰক একেলগে ত্ৰিপিটক বুলি জনা হৈছিল । ইয়াৰ উপৰিও ধন্মপ্দ প্ৰাচীন বৌদ্ধ পুথি ।

বৌদ্ধ ধৰ্মক হীনযান আৰু মহাযান সম্প্ৰদায় নামে দুটা ভাগ কৰা হৈছে । হীনযান প্ৰাচীন আৰু গোড়া মতবাদ । মহাযান নতুন আৰু উদাৰ মতবাদ । অৱশ্যে বহু পণ্ডিতৰ মতে এই দুটা সম্প্ৰদায়ৰ মাজত বিশেষ বিৰোধ নাই । বুদ্ধদেৱৰ মহাপ্ৰয়াণৰ পিছত বুদ্ধবাণীৰ তাত্বিক ব্যাখ্যা কৰিবলৈ হীনযান আৰু মহাযান ভিত্তিত চাৰিটা বৌদ্ধ দাৰ্শনিক সম্প্ৰদায় প্ৰতিষ্ঠা হয় । সেইবোৰ হ’ল মাধ্যামিক, যোগাযোগ, সৌত্ৰান্তিক আৰু বৈভাষিক । ইয়াৰ প্ৰথম দুটা শাখাৰ উত্পত্তি হৈছে পাৰমাৰ্থিক তত্তবৰ ওপৰত ভিত্তি কৰি । দ্বিতীয় দুটা শাখা জ্ঞান ,ম্বন্ধীয় । ইয়াৰ দাৰ্শনিক সিদ্ধান্ত হ’ল জ্ঞান কেনেকৈ লাভ কৰিব পৰা যায় ? ইত্যাদি 

গৌতম বুদ্ধই গভীৰ চিন্তাৰ পিছত চাৰিটা মহান জ্ঞান লাভ কৰিছে । সেয়া হ’ল মানৱ সংসাৰত দুখ আছে, দুখৰ কাৰণ আছে, দুখৰ নিবৃত্তি আছে আৰু দুখ নিবৃত্তিৰ উপায়ো আছে । ইয়াৰ উপৰিও বুদ্ধই দেখুৱাইছে যে জগতৰ কোনো ঘটনাই কাৰণ শূন্যভাৱে অৰ্থাত্ কাৰণ অবিহনে ঘটিব নোৱাৰে । এই ধাৰণাক প্ৰতীত্যসমূত্পাদবাদ বোলা হয় । জগতৰ লোকে দুখ ভোগ কৰাৰ মূলতে হ’ল অবিদ্যা বা অজ্ঞানতা । জগতৰ কোনো বস্তুৱেই স্থায়ী আৰু নিত্য নহয় । বস্তুবোৰ ক্ষণিক পৰিৱৰ্তনশীল এই মতবাদক ক্ষণিকবাদ বা অনিত্যবাদ নামে অভিহিত কৰিছে । বৌদ্ধ দৰ্শনে আত্মাৰ অস্তিতও স্বীকাৰ নকৰে । এই ধাৰণাত অনাত্মবাদ বোলা হৈছে । অজ্ঞানতাৰ পৰা মুক্ত হৈ দুখমুখ হ’ব পৰা অৱস্থাও বৌদ্ধ দৰ্শনে ব্যাখ্যা কৰিছে । এই অৱস্থাক নিৰ্বাণ বোলা হৈছে । 

প্ৰশ্নঃ 11. যোগ দৰ্শনৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা । 

উত্তৰঃ পতঞ্জলি যোগ দৰ্শনৰ প্ৰতিষ্ঠাতা আছিল । যিসকলে আত্মাক দেহ ইন্দ্ৰিয়, মনৰ বন্ধনৰ পৰা মুক্ত এটা স্বজন সত্তাৰূপে উপলব্ধি কৰিব বিচাৰে, সেইসকলৰ কাৰণে যোগ দৰ্শন অতি আৱশ্যকীয় । পতঞ্জলিয়ে ৰচনা কৰা কাৰণে যোগ দৰ্শনক ‘পতঞ্জলি দৰ্শন’, বুলিও কোৱা হয় । এই দৰ্শনৰ প্ৰথম গ্ৰন্থ হ’ল যোগসূত্ৰ । ইয়াৰ চাৰিটা অংস আছে । প্ৰথম ভাগত সমাধিৰ স্বৰূপ আৰু লক্ষ্যৰ বিষয়ে আলোচনা কৰা হৈছে । দ্বিতীয় ভাগত এই লক্ষ্যত উপনীত হোৱাৰ উপায়সমূহৰ ব্যাখ্যা কৰা হৈছে, তৃতীয় পাদত যোগ সাধনাৰ উপায়েৰে লাভ কৰা অলৌকিক শক্তিৰ বিষয়ে আলোচনা কৰা হৈছে । চতুৰ্থ পাদত মোক্ষৰ বিষয়ে আলোচনা কৰা হৈছে । 

যুঁজ ধাতুৰ পৰা যোগ শব্দটো আহিছে । যোগ ধাতুৰ অৰ্থ সংযোগ কৰা । ইয়াৰ বিভিন্ন চিত্তবৃত্তি নিৰোধ কৰাও হ’ব পাৰে । পতঞ্জলিৰ দৰ্শনত যোগ শব্দৰ অৰ্থ সম্পূৰ্ণভাৱে চিত্তৰ বৃত্তি নিৰোধ কৰা । চিত্তবৃত্তিক নিোধ কৰিবৰ বাবে মনৰ একাগ্ৰতাৰ বিশেষ প্ৰয়োজন আৰু মনৰ এই একাগ্ৰতা অৱস্থাকে যোগ বুলি কোৱা হয় । যোগ দৰ্শনত যোগ শব্দক পুৰুষ বা আত্মা আৰু প্ৰকৃতিৰ মাজত থকা পাৰ্থক্য বুজাবলৈ ব্যৱহাৰ কৰা হৈছে । যোগক ঈশ্বৰবাদী পদ্ধতি বুলি কোৱা হয়, কাৰণ ইয়াত ঈশ্বৰৰ অস্তিত্ব মানি লোৱা হৈছে । যোগৰ ঈশ্বৰবাদী পদ্ধতি বুলি কোৱা হয় । কাৰণ ইয়াত ঈশ্বৰৰ অস্তিত্ব মানি লোৱা হৈছে । যোগৰ মতে- ঈশ্বৰ হৈছে এক বিশেষ প্ৰকাৰৰ আত্মা বা পুৰুষ, যি সদা মুক্ত আৰু সৰ্বজ্ঞ । 

এই পৃথিৱীত সকলোৰে দুখ নিহিত হৈ আছে । প্ৰকৃতিৰ পৰা উদ্ভৱ হোৱা বুলি বা চিত্তই এই দুখৰ উত্পত্তিস্থল । চিত্ত হৈছে প্ৰকৃতিৰ প্ৰথম অভিব্যক্তি । সেয়ে যি বস্তি চিত্তৰ সান্নিধ্যত আহে, তাৰ আকাৰ চিত্তই ধাৰণ কৰে । এই চিত্ত অনবৰত পৰিবক্তিত হৈ থাকে । মনৰ এই পৰিৱৰ্তনসমূহেই হ’ল জ্ঞান । দুখটোও হ’ল চিত্তৰ এক আকৃতি । সেয়ে দুখৰ অৱসান ঘটাবলৈ হ’লে চিত্তৰ পৰিৱৰিতন সমূহকো নাইকিয়া কৰিব লাগিব । এইকাৰণেই সম্পূৰ্ণ চিত্তবৃত্তি নিৰোধেই হ’ল যোগৰ সংজ্ঞা । 

প্ৰশ্নঃ 12. যোগ দৰ্শনৰ মতে শিক্ষাৰ লক্ষ্য় কেনে হোৱা উচিত? শিক্ষাৰ্থীৰ ভূমিকা বৰ্ণনা কৰা । 

উত্তৰঃ যোগ দৰ্শনৰ মতে শিক্ষাৰ লক্ষ্য়সমূহ হ’ল- 

ক) মানৱ শক্তিৰ সৰ্বাত্মক বিকাশ সাধন কৰা । 

খ) শিক্ষাৰ্থীসকলক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দুখ-বিপত্তিৰ পৰা মুক্তকৰণ । 

গ) শিক্ষাৰ্থীসকলৰ নৈতিক অনুশীলন আৰু বিকাশ আন এক গুৰুত্বপূৰ্ণ লক্ষ্য় । 

ঘ) মানৱ প্ৰকৃতিৰ জ্ঞান অন্বেষণ কৰাটো অন্য এক প্ৰধান লক্ষ্য় । 

ঙ) বৈজ্ঞানিক দৃষ্টিভংগীৰ বিকাশৰ লগতে যৌক্তিক আৰু বৌদ্ধিক শক্তিসমূহৰ বিকাশ সাধন কৰা । 

শিক্ষাত শিক্ষাৰ্থীৰ ভূমিকাঃ যোগ দৰ্শনৰ মতে শিক্ষাৰ্থীসকল হৈছে  যোগৰ মূল উপজীব্য়, যিয়ে যোগাসন অনুশীলন কৰে । যোগৰ শিক্ষা লাভ কৰাৰ আগতে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে মনৰ পাঁচটা স্তৰৰ বিষয়ে জ্ঞান অৰ্জন কৰিব লাগিব । সেইকেইটা হ’ল অস্থিৰ, বণিয়া, মুৰ্খ, সচেতন আৰু নিয়ন্ত্ৰিত মন আৰু ইয়াৰ লগতে পাঁচটা অৱস্থা যেনে- প্ৰমাণ, বিপৰ্যয়, বিকল্প, নিদ্ৰা আৰু স্মৃতি । শিক্ষাৰ্থী হ’বলৈ হ’লে যোগৰ মতে তেওঁৰ জ্ঞানৰ প্ৰতি উত্সুকতা থাকিব লাগিব । যিকোনো বিষয়বস্তুত জ্ঞান লাভ কৰিবলৈ আত্ম অধ্যৱসায়, বৈৰাগ্য আৰু কৰ্তব্যপৰায়ণ মনোভাব থাকিব লাগিব । যোগ দৰ্শনৰ মতে প্ৰতিগৰাকী শিক্ষাৰ্থীৰেই সদৃগুম থাকিব লাগিব । শিক্ষাৰ্থীৰ প্ৰধান গুণ হৈছে সদ্ আচৰণ কৰা আৰু নৈতিকভাৱে শক্তিশালী হ’ব পৰাকৈ গুণ আহৰণ কৰা । সত্ চৰিত্ৰৱান হোৱাটো প্ৰতিজন শিক্ষাৰ্থীৰে এক প্ৰধান কৰ্তব্য । যোগ দৰ্শনত বিৰাগত এক বিশেষ প্ৰাধান্য দিয়া হৈছে । ইয়াৰ হ’ল তেওঁলোকৰ কোনো বস্তু নাই । পতঞ্জলীৰ মতে প্ৰতিজন শিক্ষাৰ্খীয়েই নিজৰ মনক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব লাগে আৰু অষ্টাংগ যোগ পালন কৰি ইয়াক সম্ভৱ কৰি তুলিব পাৰি । অষ্টাংগ যোগৰঘাৰা শিক্ষাৰ্থীসকলক কৰ্মযোগী কৰাৰ লগতে তেওঁলোকৰ আৱেগিক দিশবোৰ যেনে- বিশ্বাস, অনুগত্য, উপাসনা আৰু ঈশ্বৰৰ প্ৰতি সমৰ্পণৰ মনোভাৱ জগাই তুলিব লাগে । 

প্ৰশ্নঃ13. বৌদ্ধ দৰ্শন কি ? বৌদ্ধ দৰ্শনৰ আৰ্য সত্যৰ বিষয়ে আলোচনা কৰা । 

উত্তৰঃ বৌদ্ধ দৰ্শনক মহান ভাৰতীয় দাৰ্শনিক চিন্তাবোৰৰ মাজৰ এটা হিচাপে গণ্য় কৰা হয় । গৌতম বুদ্ধৰ চিন্তাৰ দৰ্শনক বৌদ্ধ দৰ্শন হিচাপে অভিহিত কৰা হয় । বৈদিক দৰ্শনতকৈ এই দৰ্শন পৃথক যদিও বৌদ্ধ দৰ্শনত বৈদিক দৰ্শনৰ বহখিনি প্ৰভাৱ থকাটো পৰলক্ষিত হয় । বৈদিক দৰ্শনত ঈশ্বৰ বা ভগৱানৰ অস্তিত্বক স্বীকাৰ কৰা হয় আৰু আত্মাৰ মুক্তিৰ বাবে পৰমাত্মাক আৰাধনা কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়, আনহাতে বৌদ্ধ ধৰ্ম মতে জগতত সকলো অস্থায়ী । পৰমাত্মাৰ অস্তিত্বক বৌদ্ধ ধৰ্মই অস্বীকাৰ কৰে । জীৱদেহৰ অস্তিত্বৰ দেহ-মনৰ এক জটিল সংমিশ্ৰণ আৰু ই অস্থায়ী । এই বিশ্বব্ৰহ্মাণ্ড কোনো ঈশ্ৰৰৰ দ্বাৰা সৃষ্ট নহয়, বৰঞ্চ ইয়াৰ আৰম্ভণি আৰু শেষ নাই আৰু নিজ অস্তিত্বত বিদ্যামন । কোনো নিৰ্দিষ্ট পদাৰ্থৰ দ্বাৰা এই বিশ্বজগত গঠিত নহয় । পৃথিৱীখন কিছুমান অস্থায়ী বিষয়বস্তু নাইবা ঘটনা-পৰিঘটনাৰ দ্বাৰা গঠিত । কাৰ্য আৰু কাৰণৰ বাবে সকলো বস্তু বা বিষয়ৰ অস্তিত্ব থাকে । বৌদ্ধ দৰ্শন মূলতঃ মানৱ জীৱনৰ দুখ বা সমস্য়া আৰু ইয়াৰ নিবাৰণৰ উপায় অম্বেষণৰ লগত জড়িত । মানৱ জীৱনত ৰোগ, জৰা ইত্যাদিৰ সমস্যা সমাধানৰ বাবে গৌতম বুদ্ধই কঠোৰ তপস্যাৰ অন্তত ‘বুদ্ধত্ব’ অথবা পূৰ্ণজ্ঞান প্ৰাপ্তি লাভ কৰিছিল । বুদ্ধত্ব লাভ কৰাৰ পিছত বুদ্ধদেৱৰ বাক্য আৰু উপদেশসমূহ শিষ্য়সকলে ত্ৰিপিটক পুথিত সন্নিৱিষ্ট কৰিছিল, যাক বৌদ্ধ ধৰ্মৰ প্ৰধান গ্ৰন্থ বুলি বিবেচনা কৰা হয় । 

১) মানৱ জীৱন যন্ত্ৰণাময়ঃ দুখ হ’ল অসংখ্য যন্ত্ৰণাৰ সমষ্টি আৰু এই সংসাৰত জীৱই জন্মলগ্নৰে পৰাই দুখৰ লগত পৰিচিত হয় । দুখৰ মানসিক অৱস্থাই মানুহক কোনো এটা কামতেই নিষ্ঠাৰে মনোনিৱেশ কৰিবলৈ সুবিধা নিদিয়ে । মানৱ জীৱনত দুখৰ অস্তিত্বই কেতবোৰ বিভ্ৰান্তিৰ সৃষ্টি কৰে । গতিকে এই সংসাৰত মানুহৰ জন্ম হৈ দুখৰ পৰা হাত সাৰিব নোৱাৰে । জন্ম, ৰোগ বৃদ্ধৱস্থা, মৃত্যু- এই সকলোবোৰেই অতি যন্ত্ৰণাময় । ইয়াৰোপৰি বিষয়-বাসনাও যন্ত্ৰণাৰ আন এক কাৰণ । প্ৰেম, বিষয়-আসক্তি-স্বজন, মৰ্যাদা লাভৰ আকাংক্ষা, অসন্তোষ, কাতৰতা, পৰিয়াল. আত্মী-স্বজন এই সকলোবোৰ দুখৰ প্ৰধান কাৰণ । গতিকে মানৱ জাতিৰ অস্তিস্বই হ’ল দুখ আৰু যন্ত্ৰণাময় । 

২) বিষয়-বাসনাৰ প্ৰতি আসক্তিঃ মনৰ অজ্ঞানতাৰ বাবেই মানৰ জীৱনত দুখ-যন্ত্ৰণাৰ উত্পত্তি হয় । বিষয়-বাসনাৰ পৰা মুক্ত হ’ব পাৰিলেই বা উদাসীন হ’ব পাৰিলেই যন্ত্ৰণাৰ কাৰণসমূহ এনে ধৰণৰ শৰীৰৰ প্ৰতি মোহ বৃদ্ধি হ’লে জীৱই দুখ-যন্ত্ৰণাৰ কাৰণসমূহ এনে ধৰণৰ-শৰীৰৰ প্ৰতি মোহ বৃদ্ধি হ’লে জীৱই দুখ ভোগ কৰে, অহং ভাবত মগ্ন হ’লে, কোনো বিষয়ৰ প্ৰতি আসক্তি বৃদ্ধি পালে, আৱেগ-অনুভুতিক গুৰুত্ব প্ৰদান কৰি ব্যক্তিকেন্দ্ৰিক হৈ পৰিলে দুখ-যন্ত্ৰণী ভোগ কৰিবলগীয়া হয় । 

৩) যন্ত্ৰণা উপশমৰ উপায়ঃ মানৱ জীৱনৰ দুখ-যন্ত্ৰণাৰ উপশম ঘটাবলৈ ব্যক্তিয়ে আত্মস্বাৰ্থ ত্যাগ কৰিব লাগিব । বিষয়-বাসনাৰ প্ৰতি মোহ আৰু আসক্তি নোহোৱা কৰিব পাৰিলেই দুখ-যন্ত্ৰণাৰ পৰাও মুক্তি লাঘ কৰিব পাৰি । ব্যক্তিয়ে নিজৰ প্ৰতি স্বাৰ্থপৰ নহৈ আনৰ কল্যাণৰ বাবে কাম কৰিব পাৰিলেই দুখ-যন্ত্ৰণাৰ পৰা উপশম পাব পৰা যায় । 

৪) যন্ত্ৰণা উপশমৰ বানে অষ্টমাৰ্গ পথঃ বাসনা আৰু তৃষ্ণা দমন কৰি মোক্ষ বা নিৰ্বাণ প্ৰাপ্তিৰ বাবে বুদ্ধদেৱে আঠটা মাৰ্গ বা উপায় আৱিস্কাৰ কৰিছিল । এই অষ্টাংগিক মাৰ্গত একাত্ম হৈ নিহিত হ’লে যন্ত্ৰণাৰ পৰা উপশম পাব পাৰি । 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top