Philosophical Foundations of Education Unit 2 শিক্ষাত দৰ্শনৰ ভূমিকা

Philosophical Foundations of Education Unit 2 Role of Philosophy in Education | শিক্ষাত দৰ্শনৰ ভূমিকা Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Philosophical Foundations of Education Unit 2 Role of Philosophy in Education | শিক্ষাত দৰ্শনৰ ভূমিকা to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Philosophical Foundations of Education Unit 2 Role of Philosophy in Education | শিক্ষাত দৰ্শনৰ ভূমিকা Question Answer can be of great value to excel in the examination.

Philosophical Foundations of Education Unit 2 শিক্ষাত দৰ্শনৰ ভূমিকা

Join Telegram channel

Philosophical Foundations of Education Unit 2 Role of Philosophy in Education | শিক্ষাত দৰ্শনৰ ভূমিকা Notes cover all the exercise questions in UGC Syllabus. The Philosophical Foundations of Education Unit 2 Role of Philosophy in Education | শিক্ষাত দৰ্শনৰ ভূমিকা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

শিক্ষাত দৰ্শনৰ ভূমিকা

EDUCATION

PHILOSOPHICAL FOUNDATION OF EDUCATION

শিক্ষাৰ দাৰ্শনিক ভিত্তি

Very Short Question:

প্ৰশ্নঃ 1. দৰ্শন হৈছে জ্ঞানৰ মতবাদ অথবা বিজ্ঞান- সংজ্ঞাটো কোনে আগবঢাইছিল ? 

উত্তৰঃ ফিকটে । 

প্ৰশ্নঃ 2. দৰ্শন হৈছে চৰম ভাৱদৰ্শৰ বিজ্ঞান- উক্তিটো কোনে আগবঢাইছিল ? 

উত্তৰঃ হেগেলে । 

প্ৰশ্নঃ 3.  দৰ্শন শব্দৰ ইংৰাজী প্ৰতিশব্দ ;Philosophy” শব্দটো মূলতঃ কোন ভাষাৰ পৰা উত্পত্তি হৈছিল ? 

উত্তৰঃ গ্ৰীক ভাষাৰ পৰা । 

প্ৰশ্নঃ 4. গ্ৰীক ভাষাৰ কোন দুটা শব্দৰ পৰা “Philosphy’ শব্দটোৰ উতপত্তি হৈছিল ? 

উত্তৰঃ Philos আৰু ‘Sophia’ শব্দৰ পৰা । 

প্ৰশ্নঃ 5. Philos শব্দৰ অৰ্থ কি ? 

উত্তৰঃ প্ৰেম বা অনুৰাগ । 

প্ৰশ্নঃ 6. “Sophia’ শব্দটো অৰ্থ কি ? 

উত্তৰঃ জ্ঞান । 

প্ৰশ্নঃ 7.  জাৰ্মান দাৰ্শনিক ফিকটে দৰ্শন কি হিচাপে উপস্থাপন কৰিছিল ? 

উত্তৰঃ জ্ঞানৰ বিজ্ঞান হিচাপে । 

প্ৰশ্নঃ 8. অধিবিদ্যা শব্দটো পোনপ্ৰথমবাৰৰ বাবে কোনগৰাকী দাৰ্শনিকে প্ৰয়োগ কৰিছিল ? 

উত্তৰঃ গ্ৰীক দাৰ্শনিক এৰিষ্টট’লে । 

প্ৰশ্নঃ 9. দৰ্শনৰ উত্পত্তিৰ এটা কাৰণ উল্লেখ কৰা । 

উত্তৰ) আধ্যাত্মিক স্পৃহা । 

প্ৰশ্নঃ 10. মূল্যবিদ্যা বা ‘Axiology’ শব্দটো কোন ভাষাৰ পৰা উত্পত্তি হৈছিল ? 

উত্তৰঃ Axios শব্দৰ পৰা । 

প্ৰশ্নঃ 11. Axios শব্দৰ অৰ্থ কি ? 

উত্তৰঃ ‘Value বা প্ৰমূল্য় । 

প্ৰশ্নঃ 12. দৰ্শনৰ এটা প্ৰকৃতি বা বৈশিষ্ট উল্লেখ কৰা । 

উত্তৰঃ দৰ্শন বৌদ্ধিক আৰু ব্যৱহাৰিক জ্ঞানাৰ্জনৰ প্ৰচেষ্টা । 

প্ৰশ্নঃ 13. মূল বিদ্যাৰ বিষয়বস্তু কি ?

উত্তৰঃ মূল বিদ্যাই প্ৰমূল্যৰ স্বৰূপ, উত্স, প্ৰকাৰ আৰু প্ৰমূল্যৰ অৱস্থান সম্পৰ্কে আলোচনা কৰে । 

প্ৰশ্নঃ 14. জ্ঞান মীমাংসাৰ ইংৰাজী প্ৰতিশব্দ ‘Epistemology’ শব্দটো কোন ভাষাৰ পৰা উত্পত্তি হৈছিল ? 

উত্তৰঃ গ্ৰীক ভাষাৰ পৰা । 

 প্ৰশ্নঃ 15. গ্ৰীক ভাষাৰ কোন দুটা শব্দৰ পৰা ‘Epistemology’ শব্দটো উত্পত্তি হৈছিল ? 

উত্তৰঃ ‘Episteme আৰু Logos’ শব্দ দুটাৰ পৰা । 

প্ৰশ্নঃ 16. ‘Episteme শব্দৰ অৰ্থ কি ? 

উত্তৰঃ Knowledge বা জ্ঞান । 

প্ৰশ্নঃ 17. Logos শব্দৰ অৰ্থ কি ? 

উত্তৰঃ আলোচনা বা বিদ্যা । 

প্ৰশ্নঃ 18. ‘Metaphysics’ বা অধিবিদ্যা শব্দটো কোন ভাষাৰ পৰা উত্পত্তি হৈছিল ? 

উত্তৰঃ গ্ৰীক ভাষাৰ পৰা । 

প্ৰশ্নঃ 19. কি কি শব্দৰ পৰা ‘Metaphysics’ শব্দটোৰ উত্পত্তি হৈছিল ? 

উত্তৰঃ ‘Meta’ আৰু ‘Physika’ শব্দ দুটাৰ পৰা । 

প্ৰশ্নঃ 20. ‘Meta’ শব্দৰ অৰ্থ কি ? 

উত্তৰঃ পিছত

প্ৰশ্নঃ 21. Physika শব্দৰ অৰ্থ কি ? 

উত্তৰঃ পদাৰ্থ বিদ্যা । 

প্ৰশ্নঃ 22. অধিবিদ্যাৰ আন এটা নাম কি ? 

উত্তৰঃ তত্ত্ববিদ্যা । 

Short Notes: 

প্ৰশ্নঃ 1. দৰ্শনৰ বুত্পত্তিগত অৰ্থ লিখা । 

উত্তৰঃ দৰ্শন শব্দৰ ইংৰাজী প্ৰতিশব্দ ‘Philosophy’ শব্দটো মূলতঃ গ্ৰীক ভাষাৰ দুটা শব্দ Philos আৰু Sophia শব্দৰ পৰা উত্পত্তি হৈছিল । Philos শব্দৰ অৰ্থ হ’ল প্ৰেম বা অনুৰাগ আৰু Sophia শব্দৰ অৰ্থ হ’ল ‘জ্ঞান’ । গতিকে Philosophy শব্দৰ অৰ্থ হ’ল জ্ঞানৰ প্ৰতি থকা অনুৰাগ। জগত আৰু জীৱৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰাই হ’ল দৰ্শনৰ প্ৰধান উদ্দেশ্য । 

প্ৰশ্নঃ 2. দৰ্শন মানে কি বুজা ? 

উত্তৰঃ দৰ্শন (Philosophy) শব্দটো গ্ৰীক ভাষাৰ “Philosophia” শব্দৰ পৰা আহিছে । এই Philosophia শব্দটো দুটা শব্দৰ পৰা উত্পত্তি হৈছে । সেই দুটা হ’ল Philos আৰু Sophia ইয়াৰে Philos মানে হ’ল “ভালপোৱা” আৰু Sophia মানে “জ্ঞান” । গতিকে জ্ঞানৰ প্ৰতি ভাপোৱাই হৈছে দৰ্শন । 

গডফ্ৰি থমচনৰ মতে, দৰ্শন হৈছে কোনো এটা প্ৰশ্নৰ অবাধে আৰু সংক্ষিপ্ত নকৰাকৈ সমগ্ৰভাৱে চোৱা । ইয়াৰ যোগেদি লক্ষ্য় আৰু উদ্দেশ্য়ক পৰ্য্য়বেক্ষণ কৰা হয়, কেৱল পদ্ধতি আৰু উপায়সমূহক নহয়, আৰু প্ৰথম বিষয়ৰ পোহৰেৰে দ্বিতীয় বিষয়ৰ অনুসন্ধান কৰা হয় । 

দাৰ্শনিক চিচাৰোৰ মতে, “ দৰ্শন হৈছে সকলো কালৰেই মাতৃস্বৰূপ” ।

প্ৰশ্নঃ 3. শিক্ষাৰ ক্ষেত্ৰত দৰ্শনৰ ভূমিকা আলোচনা কৰা । 

উত্তৰঃ দৰ্শন আৰু শিক্ষাৰ মাজত থকা সম্পৰ্ক অতি প্ৰগাঢ় । দৰ্শনে মানৱ জীৱন তথা শিক্ষাৰ লক্ষ্য় নিৰ্ধাৰণৰ কৰে আৰু শিক্ষাই সেই লক্ষ্য়ত উপনীত হোৱাত সহায় কৰে । সেই কাৰণেই কোৱা হয় যে শিক্ষা হ’ল দৰ্শনৰ প্ৰয়োগিক দিশ আৰু দৰ্শন হ’ল শিক্ষাৰ তাত্ত্বিক দিশ । শিক্ষাৰ বিভিন্ন ক্ষেত্ৰ আৰু বিষয়সমূহৰ অন্তৰালত দৰ্শন নিহিত হৈ থাকে । দৰ্নেই শিক্ষাৰ সমগ্ৰ ক্ষেত্ৰখনত উদ্ভৱ হোৱা সকলো প্ৰকাৰৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে । উদাহৰণ হিচাপে ক’ব পাৰি যে শিশুক শিক্ষা প্ৰদান কৰিব লাগে নে নালাগে, য়দি লাগে তেন্তে কিয় লাগে, কেনেধৰণৰ  শিক্ষা দিব লাগে, কাৰদবাৰ দিব লাগে, শিক্ষাৰ পদ্ধতিসমূহ কেনেধৰণৰ হোৱা উচিত আদি অনেক প্ৰশ্নৰ উত্তৰ দৰ্শনে প্ৰদান কৰে । ইয়াৰোপৰি অনুশাসন, স্বাধীনতা, কোনো বিষয় শিক্ষণৰ যুক্তিশুক্ততা আদি প্ৰশ্নসমূহো সকলোধৰণৰ বিষয়বোৰতেই দাৰ্শনিক প্ৰভাৱ বিৰাজ কৰে । দৰ্শনে শিক্ষাক প্ৰভাৱিম্বিত কৰে আৰু শিক্ষাই দাৰ্শনিক দৃষ্টিভংগীক নিয়ন্ত্ৰিত কৰে । সেইবাবেই দৰ্শন আৰু শিক্ষাক পৰম্পৰ ওপৰত নিৰ্ভৰশীল বুলি কোৱা হয় ।  

প্ৰশ্নঃ 3. দৰ্শন আৰু শিক্ষাৰ লক্ষ্য় চমুকৈ ব্যাখ্য়া কৰা । 

উত্তৰঃ সমাজত বসবাস কৰা লোকসকলৰ জীৱনৰ লক্ষ্য়ৰ ওফৰত ভত্তি কৰি তেওঁলোকৰ শিক্ষাৰ লক্ষ্য় নিৰ্ধাৰণ কৰে । সমাজৰ লোকসকলৰ জীৱনৰ লক্ষ্য়সমূহ আকৌ সমাজত প্ৰচলিত দৰ্শনৰ ওপৰত ভিত্তি কৰিয়েই নিৰ্ধাৰিত হয় । এইক্ষেত্ৰত দাৰ্শনিক জন ডিউইয়ে কৈছিল যে শিক্ষাৰ লক্ষ্য়সমূহ নিৰ্ধাৰণৰ লগতে দৰ্শন জডিত হৈ থাকে । বিশ্বৰ আন দেশবোৰৰ শিক্ষা ইতিহাসলৈ লক্ষ্য় কৰিলেও, সেই ৰাষ্ট্ৰসমূহৰ সেই সময়ৰ প্ৰচলিত জীৱন দৰ্শনৰ দ্বাৰা শিক্ষাৰ লক্ষ্য় প্ৰভাৱিত হোৱাৰ প্ৰমাণ পোৱা যায় । এনেধৰণৰ কাৰণতেই প্ৰয়োগবাদী দৰ্শনত বিশ্বাসী সমাজৰ শিক্ষাৰ লক্ষ্য় আদৰ্শবাদী সমাজত বিশ্বাসী সমাজতকৈ পৃথক হোৱা দেখা যায় । 

প্ৰশ্নঃ 4. পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ ক্ষেত্ৰত দৰ্শনৰ ভূমিকা আলোচনা কৰা । 

উত্তৰঃ পাঠ্যক্ৰমে শিক্ষাৰ্থীক শিক্ষাৰ লক্ষ্য় উপনীত হোৱাত সহায় কৰে । আনহাতে শিক্ষাৰ ৱক্ষ্য়ই পাঠ্যক্ৰম নিৰ্ধাৰণ কাৰ্যক প্ৰভাৱিত কৰে । শিক্ষাৰ লক্ষ্য়সমূহ যিহেতু দৰ্শনে নিৰ্ধাৰণ কৰে, গতিকে পাঠ্যক্ৰম নিৰ্ধাৰণ কৰা কাৰ্যটোও দৰ্শনৰেই । সমাজত প্ৰচলিত জীৱন দৰ্শনৰ ওপৰত শিক্ষাৰ ৱক্ষ্য় নিৰ্ভৰশীল আৰু শিক্ষাৰ ওফৰত পাঠ্যক্ৰম নিৰ্ভৰশীল । 

দাৰ্শনিক চিন্তিৰ ভিন্নতাৰ লগে লগে পাঠ্যক্ৰমৰ ধাৰণাও পৃথক হোৱা দেখা যায় । প্ৰকৃতিবাদ দৰ্শনৰ মতে, শিশুৰ বৰ্তমান অভিজ্ঞতা, আগ্ৰহ, অভিৰুচি, সক্ষমতাৰ ভিত্তিত পাঠ্যক্ৰম ৰচনা হ’ব লাগে । আনহাতে, আদৰ্শবাদী দাৰ্শনিকসকলে শিশুসকলক জীৱনৰ উচ্চ আদৰ্শৰ শিক্ষা দিবলৈ নীতিশান্ত, ধৰ্ম, সাহিত্য আদি বিষয়ৰ অধ্য়য়নক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰে । আনহাতে প্ৰয়োগবাদী দাৰ্শনিকসকলে ব্যৱহাৰিক তথা বাস্তৱ জীৱনৰ লাগতিয়াল বিষয়ৰ আন্তৰ্ভূক্তিৰ ওপৰত জোৰ দিয়ে । 

প্ৰশ্নঃ 5. দৰ্শনৰ উত্পত্তি ক’ৰ পৰা হৈছিল ? 

উত্তৰঃ প্ৰথমে দৰ্শন উত্পত্তি হৈছিল বিস্ময়ৰ পৰা । সূৰ্যোদয়, সূৰ্য্য়ান্ত, ৰ’দ, বৰষুণ, ঋতু পৰিৱৰিতন, ভূমিকম্প, সূৰ্যগ্ৰহণ, চন্দ্ৰগ্ৰহণ, জোৱাৰ ভাটা আদি প্ৰভৃতিৰ নানান পৰিঘটনাৰ হেতু উদঘাটন কৰাৰ প্ৰচেষ্টাৰ ফলতেই দৰ্শন সৃষ্টি হয় । 

কেৱল বিস্ময়ৰ পৰাই যে দৰ্শনৰ উত্পত্তি হৈছে এনে নহয়, দৰ্শনৰ উত্পত্তি সশয়ৰ পৰাও হৈছে । বিজ্ঞানৰ অন্তঃসাৰশূন্য় আৰু গীৰ্জৰ ধৰ্মযাজকসকলৰ সংগতিবিহীন শিক্ষাই মধ্য়যুগত ইউৰোপৰ বহুতো চিন্তাশীল মানুহৰ মনত সংশয়ৰ সৃষ্টি কৰিছিল আৰু তেওঁলোকক নতুন পদ্ধতি চিন্তা কৰিবলৈ প্ৰেৰণ যোগাইছিল । 

বিস্ময় আৰু সংশয়ৰ লগতে দৰ্শনৰ উত্পত্তিৰ স্থল হিচাপে মানুহৰ পাৰ্থিৱ জীৱনৰ দুখ-দুৰ্গতি নাশ কৰাৰ পথ আৱিস্কাৰ কৰাৰ চিন্তা চৰ্চাকে অন্তৰ্ভুক্ত কৰিব পাৰি । 

প্ৰশ্নঃ 6. দৰ্শনৰ মূল কাৰ্য দুটা উল্লেখ কৰা । 

উত্তৰঃ দৰ্শনৰ মূল কাৰ্য দুটা হ’ল- ব্যাখ্যা আৰু মূল্য়াংকন । 

প্ৰশ্নঃ 7. দৰ্শনৰ দুটা প্ৰকৃতিবা বৈশিষ্ট উল্লেখ কৰা । 

উত্তৰঃ দৰ্শনৰ দুটা প্ৰকৃতি বা বৈশিষ্ট হ’ল – 

ক) জীৱন আৰু জগতৰ লগত জডিত চিৰন্তন সমস্যাসমূহক সমাধানৰ প্ৰচেষ্টাই হ’ল দৰ্শন । 

খ) দৰ্শন হ’ল এক যুক্তিপূৰ্ণ ব্যাখ্যা আৰু মূল্য় নিৰ্ধাৰক । 

প্ৰশ্নঃ 8. শিক্ষাত দৰ্শনৰ দুটা গুৰুত্ব উল্লেখ কৰা । 

উত্তৰঃ শিক্ষাত দৰ্শনৰ দুটা গুৰুত্ব হৈছে- 

ক) দৰ্শনৰ কাৰণেই পাঠ্য়ক্ৰম তথা পাঠ্য়সূচীৰ বিষয়সমূহ অন্তৰ্ভুক্ত কৰাত সহজ হৈ পৰিছে । 

খ) যিহেতু দৰ্শন হৈছে চিন্তা আৰু কাৰ্যৰ উত্তম পথ, গতিকে কেনেকুৱা শিক্ষা পদ্ধতি অৱলম্বন কৰিলে শিক্ষা ব্যৱস্থা ফলপ্ৰসূ হ’ব, তাৰ ব্যৱস্থা দৰ্শনৰ সহায়ত লাভ কৰিব পাৰি । 

প্ৰশ্নঃ 9. দৰ্শনৰ প্ৰধান বিভাগ বা শ্ৰেণী কেইটা কি কি ? 

উত্তৰঃ ক) জ্ঞান মীমাংসা (Epistomology)

খ) তত্ত্ববিজ্ঞান (Metaphysics) 

গ) প্ৰমূল্য়বিদ্য়া (Axiology) 

প্ৰশ্নঃ10.  শিক্ষা দৰ্শন পৰিধিৰ দুটা দিশ উল্লেখ কৰা । 

উত্তৰঃ শিক্ষা দৰ্শনৰ পৰিধিৰ দুটা দিশ হৈছে – 

ক) শিক্ষাৰ লক্ষ্য় আদৰ্শসমূহৰ বিশ্লেষণ । 

খ) শৈক্ষিক প্ৰমূল্য় অধ্য়য়ন । 

প্ৰশ্নঃ 11. দৰ্শন আৰু শিক্ষাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা । 

উত্তৰঃ শিক্ষা আৰু দৰ্শন ইটো সিটোৰ লহত বিশেষভাৱে সম্বন্দযুক্ত । দৰ্শনে আমাক লক্ষ্য়টো নিৰ্ধাৰণ কৰি দিয়ে আৰু শিক্ষাই লক্ষ্য়ত উপনীত হোৱাত অৰ্হণা যোগায় । দৰ্শম হ’ল চিন্তা আৰু শিক্ষা হ’ল কৰ্ম । দৰ্শনৰ সহায় কনোলোৱাকৈ শিক্ষাৰ কলা অসম্পূৰ্ণ বুলি মতপোষণ কৰিছে দাৰ্শনিক ফিচটেই । মহান শিক্ষাবিদ হ’ল মহান দাৰ্শনিক । 

প্ৰশ্নঃ 12. শিক্ষা দৰ্শনৰ অৰ্থ ব্যাখ্য়া কৰা । 

উত্তৰঃ শিক্ষা দৰ্শন হ’ল শিক্ষা প্ৰক্ৰিয়া আৰু ইয়াৰ লগত জডিত সমস্যাসমূহৰ দৰ্শন ভিত্তিক অধ্য়য়ন । শিক্ষা দৰ্শনৰ মূল বি,য়বস্তু হ’ল শিক্ষা আৰু ইয়াৰ পদ্ধতি হ’ল দাৰ্শনিক । শিক্ষা দৰ্শন হ’ল সাধাৰণ দৰ্শনৰ এক প্ৰয়োগিক শাখা । দৰ্শনৰ এই প্ৰয়োগিক শাখা শিক্ষা-দৰ্শনে তত্ত্বৰ্শন, জ্ঞান মীমাংসা, প্ৰমূল্য়বিদ্য়া আদিৰ পৰা ইয়াৰ বি,য়নস্তু আহৰণ কৰে আৰু দৰ্শনৰ চিন্তাশীল, নিৰ্দেশাত্মক আৰু বিশ্লেষণাত্মক পদ্ধতিৰে শিক্ষাৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰে । শিক্ষাৰ দুটা দিশ যেনে- তাত্বিক আৰু প্ৰয়োগিক দিশত দাৰ্শনিক পদ্ধতিসমূহৰ প্ৰয়োগেই শিক্ষা দৰ্শন । শিক্ষা প্ৰকৃতি, উদ্দেশ্য়, বিষবস্তু, পদ্ধতি আৰু শিক্ষকৰ ভূমিকাৰ বিষয়ে দাৰ্শনিক চিত্তাৰ আধাৰত শিক্ষা দৰ্শনে সিদ্ধান্ত গ্ৰহণত সহায় কৰে । আনহাতে, শিক্ষা বিভিন্ন ব্যৱহাৰিক দিশত নিৰ্দেশনা প্ৰদান কৰা আৰু তাত্ত্বিক জ্ঞান বিকাশৰ ক্ষেত্ৰত দৰ্শনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । চমুকৈ ক’বলৈ হ’লে, শিক্ষা দৰ্শন হ’ল এক দাৰ্শনিক প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াই দাৰ্শনিক দৃষ্টিভংগী আৰু দাৰ্শনিক পদ্ধতিৰ সহায়ত শৈক্ষিক সমস্যাৰ সমাধা আৰু দাৰ্শনিক সিদ্ধান্তত উপনীত হোৱাৰ প্ৰয়াস কৰে । 

প্ৰশ্নঃ 13. শিক্ষা দৰ্শনৰ প্ৰকৃতি চমুকৈ বৰ্ণনা কৰা । 

উত্তৰঃ শিক্ষা দৰ্শনৰ সততে চকুত পৰা প্ৰতৃতিসমূহ হ’ল- 

ক) শিক্ষা দৰ্শনে শিক্ষাৰ লক্ষ্য়, উদ্দেশ্য়, পাঠ্য়ক্ৰম আদি নিৰ্ধাৰণত সহায় কৰে আৰু শিক্ষা ব্যৱস্থাৰ সামগ্ৰীক দিক্দৰ্শন কৰে । 

খ) শিক্ষা দৰ্শন কিছুমান বিয়বস্তুৰ সমষ্টি নহয়, ই হ’ল শিক্ষা প্ৰত্কিয়াক বিশ্লেষণ আৰু নিৰ্দেশনা প্ৰদান কৰাৰ এক পদ্ধতিহে । 

গ) শিক্ষাৰ তাত্ত্বিক আৰু প্ৰয়োগিক দিশত দাৰ্শনিক চিন্তা আৰু পদ্ধতিৰ প্ৰয়োগেই শিক্ষা দৰ্শন । 

ঘ) শিক্ষা দৰ্শন হ’ল সাধাৰণ দৰ্শনৰ দৰেই এক আদৰ্শনিষ্ঠ বা মান নিৰ্ণায়ক বিষয় । 

ঙ) দৰ্শন বৌদ্ধিক আৰু ব্য়ৱহাৰিক জ্ঞানাৰ্জনৰ প্ৰচেষ্টা । 

প্ৰশ্নঃ 14. শিক্ষা দৰ্শনৰ পৰিধি চমুকৈ আলোচনা কৰা । 

উত্তৰঃ শিক্ষা দৰ্শনৰ পৰিসৰৰ ভিতৰত নিমোক্ত বিষয়সমূহ অন্তৰ্ভুক্ত হোৱা দেখা যায়- 

১) শিক্ষাৰ লক্ষ্য়-আদৰ্শসমূহৰ বিশ্লেষণঃ দাৰ্শনিকসকলে ভিন ভিন সময়ত আগবঢোৱা শিক্ষাৰ লক্ষ্য়-আদৰ্শসমূহ বিশ্লেষণাত্মক মূল্য়ায়ন শিক্ষা দৰ্শনৰ পৰিসৰৰ ভিতৰুৱা । 

২) মানৱ প্ৰকৃতিৰ ব্য়াখ্য়াঃ কলা আৰু বিজ্ঞানৰ বিভিন্ন বিষয়ৰ অদধ্য়য়ন আৰু সংশ্লেষণৰ আধাৰত মানৱ প্ৰকৃতিৰ ব্য়াপক আৰু দাৰ্শনিক চিত্ৰ ফপস্থাপনৰ পৰিসৰৰ অন্তৰ্গত । 

৩) শৈক্ষিক প্ৰমূল্য়ৰ অধ্য়নঃ প্ৰমূল্য়সমূহৰ অধ্য়য়ন স্বাভাৱিকতে বিমূৰ্ত আৰু দৰ্শনভিত্তিক শিক্ষা দৰ্শনে প্ৰমূল্য়সমূহক পদানুক্ৰমিক ৰূপত সজায় । কিয়নো দাৰ্শনিক প্ৰমূল্য়সমবহৰ পৰাই শৈক্ষিক প্ৰমূল্য়সমূহ উদ্ভৱ হয় । 

৪) জ্ঞান মীমাংসাৰ তত্ত্বসমূহৰ আলোচনাঃ শিক্ষা হ’ল জ্ঞান অৰ্জনৰ প্ৰক্ৰিয়া, গতিকে শিক্ষা আৰু জ্ঞান ওতপ্ৰেতভাৱে জডিত । জ্ঞানৰ উত্স, সীমা, বৈশিষ্ট্য় আৰু জ্ঞান অৰ্জনৰ উপায়সমূহৰ আলোচনা শিক্ষাৰ প্ৰয়োজনীয় বিষয়বস্তু, যিবোৰ আলোচনা দৰ্শনৰ জ্ঞান মীমাংসা শাখা অন্তৰ্ভুক্ত ।  

প্ৰশ্নঃ 15. দৰ্শন আৰু শিক্ষণ পদ্ধতি সম্পৰ্কে চমু আলোচনা আগবঢ়োৱা ।

উত্তৰঃ শিভা ব্যৱস্থাত শিক্ষণৰ পদ্ধতিসমূহে শিক্ষক, শিক্ষাৰ্থী আৰু শিক্ষণীয় বিষয়বস্তুৰ মাজত এক যোগসুত্ৰ স্থাপন কৰে । প্ৰতিগৰাকী দাৰ্শনিকেই ব্যক্তিগত দাৰ্শনিকক চিন্তাৰ ওপৰত ভিত্তি কৰি শিক্ষণৰ একো একোটা বিশেষ পদ্ধতি আগবঢ়ায় বা ব্যৱহাৰৰ পোষকতা কৰে । সেইবাবেই দাৰ্শনিক চিন্তাৰ ভিন্নতাৰ বাবেই শিক্ষণ পদ্ধতিৰ ক্ষেত্ৰত ভিন্নতা দেখা পোৱা যায় । এনেধৰণৰ শিক্ষণৰ পদ্ধতিসমূহৰ কিছুসংখ্যক হয় শিক্ষাৰ্থীকেন্দ্ৰিক আৰু কিছুসংখ্যক হয় শিক্ষককেন্দ্ৰিক ।

প্ৰকৃতিবাদত বিশ্বাসী দাৰ্শনিকসকলে শিশুকেন্দ্ৰিক তথা খেলাভিত্তিক পদ্ধতি ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ বিপৰীতে প্ৰয়োগবাদত বিশ্বাসী দাৰ্শনিকসকলে সমাজকেন্দ্ৰিক তথা প্ৰকল্প পদ্ধতি ব্যৱহাৰ কৰাৰ ওপৰত বিশেষ প্ৰদান কৰিছিল । আদৰ্শবাদত বিশ্বাসী দাৰ্শনিকসকলে আকৌ শিক্ষককেন্দ্ৰিক শিক্ষণ পদ্ধতি ব্যৱহাৰ কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল । আধুনিক যুগৰ দাৰ্শনিকসকলে শিক্ষাৰ্থীসকতলৰ স্বাভাৱিক কাৰ্য আৰু আগ্ৰহক ভিত্তি হিচাপে লৈ শিক্ষাৰ্থীসকলৰ শিক্ষা প্ৰদান কৰাত অধিক গুৰুত্ব আৰোপ কৰে । সেইবাবেই সাম্প্ৰতিক সময়ত দলগত, সহযোগিতামূলক, পাৰস্পৰিক পদ্ধতিসমূহ সঘনাই ব্যৱহাৰ হোৱা দেখা যায় ।

প্ৰশ্নঃ 16.  শিক্ষকৰ ভূমিকা পালনত দৰ্শনে কেনেধৰণে সহায় কৰে আলোচনা কৰা ।

উত্তৰঃ প্ৰতিগৰাকী শিক্ষকেই প্ৰকৃততে একোজন দাৰ্শনিক । শিক্ষা প্ৰক্ৰিয়াত শিক্ষকসকলৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। শিক্ষাৰ্থীসকলৰ ব্যক্তিত্বত সৰ্বাধিক প্ৰভাৱ পেলোৱা আৰু শিক্ষাৰ্থীসকলৰ জীৱনৰ গতি সলনি কৰি নতুন জীৱন প্ৰদান কৰাত শিক্ষকৰ ভূমিকা অনন্য । এনে দায়িত্বত গভীৰভাৱে পালনৰ ক্ষেত্ৰত শিক্ষসকলক দৰ্শনৰ গভীৰ জ্ঞান আৰু সুস্থ জীৱন দৰ্শন কৰাত শিক্ষকৰ ভূমিকা অনন্য । এনে দায়িত্ব গভাৰভাৱে পালনৰ ক্ষেত্ৰত শিক্ষকসকলক দৰ্শনৰ মাজেৰে প্ৰকাশ পায় । সেয়ে শিক্ষাৰ লক্ষ্য, পাঠ্যক্ৰম, শিক্ষণ পদ্ধতিসমূহৰ সবলতা-দুৰ্বলতা আৰু গ্ৰহণযোগ্যতাৰ বিচাৰ কৰোঁতে শিক্ষকসকলৰ দাৰ্শনিক চিন্তা আৰু বিশ্বাসে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । বিশ্বাসী শিক্ষকসকলে শিক্ষাৰ্থীৰ আধ্যাত্মিক বিকাশত সহায় কৰাৰ বাবে তেওঁলোকক উত্সাহিত তথা সহায় কৰিব পৰাকৈ ভূমিকা পালন কৰে । প্ৰকৃতিবাদত বিশ্বাসী দৰ্শনে শিক্ষকক পৰোক্ষ ভূমিকা আৰু তেওঁৰদ্বাৰা পৰোক্ষ শিক্ষা পৰিৱেশ বা প্ৰয়োজনীয় পৰিৱেশ ৰচনাৰ ওপৰত গুৰুত্ব দিয়ে । একেদৰে প্ৰয়োগবাদ দৰ্শনৰ মতে, শিক্ষকৰ ভূমিকা হ’ব লাগে বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শকৰ । সেয়ে সদায় এক নিৰ্দিষ্ট শিক্ষা দৰ্শনৰদ্বাৰা প্ৰভাৱিত হৈ নিজৰ নিজৰ ভূমিকা পালন কৰা দেখা যায় । 

প্ৰশ্নঃ 17. দৰ্শনে শিক্ষকক কেনেদৰে সহায় কৰে ? 

উত্তৰঃ সংকীৰ্ণ অৰ্থত শিক্ষকে এটা বিষয় পঢুৱাই, ব্যাপক অৰ্থত শিক্ষকে শিক্ষাৰ্থীৰ ব্যক্তিত্বক গঢ় দিয়ে । এটা বিষয় পঢুৱাবৰ কাৰণে সেই বিষয়টোৰ জ্ঞানেই যথেষ্ট । কিন্তু ব্যক্তিত্ব গঢ বিবৰ কাৰণে বহুতো বিষয়ক জ্ঞান, সেই বিলাকৰ পাৰস্পৰিক সম্বন্ধ আৰু এটা দাৰ্শনিক দৃষ্টিভংগীৰ প্ৰয়োজন শিক্ষকে দৰ্শনৰ বিভিন্ন মতবাদ অধ্য়য়ন কৰি সেইবিলাকৰ গূঢ়াৰ্থ উপলব্ধি কৰিব লাগিব, তেহে তেওঁ বুজি পাব শিক্ষাৰ্থীৰ সম্পূৰ্ণ বিকাশত তেওঁৰ বিষয়োৰ বৰঙণি আৰু বিদ্যালয়ৰ বিভিন্ন কাৰ্যকলাপৰ প্ৰকৃত অৰ্থ কি ? শিক্ষকজনে মানুতাত্ত্বিক, জৈৱিক, মনস্তাত্বিক, আধ্যাত্মিক আৰু দাৰ্শনিক আদি আটাইবিলাক দিশৰ পৰা বুজিবলৈ চেষ্টা কৰা উচিত । নহ’লে তেওঁ শিক্ষাৰ্থীক সামগিজীক ৰূপত কেতিয়াও দেখিবলৈ সক্ষম নহ’ব আৰু ফলত তেওঁ শিক্ষক জীৱন অসাৰ্থক হ’ব । শিক্ষকজন আশাবাদী নে নিৰাশাগাদী, তেওঁৰ পদ্ধতি ইতিবাচক নে নেতিবাচক, তেওঁ আদৰ্শবাদী নে জড়বাদী এইবিলাক কথা তেওঁৰ দাৰ্শনিকদৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰশীল আৰু এইবিলাকে শিক্ষাৰ্থীৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পেলায় । 

প্ৰশ্নঃ 18. শিক্ষাত দৰ্শনত গুৰুত্বৰ বিষয়ে আলোচনা কৰা । 

উত্তৰঃ শিক্ষা এঠা সামাজিক প্ৰক্ৰিয়া সমাজ জীৱনৰ বিকাশ আৰু প্ৰগতিত শিক্ষাই মুখ্য় ভূমিকা পালন কৰে । শিক্ষাই মানৱ জীৱন, সমাজ, সংস্কৃতি, সভ্যতা আদি সকলো ক্ষেত্ৰলৈ গতিশীল পৰিৱৰ্তন কঢ়িয়াই আনে । 

সমাজ জীৱনত মানুহৰ জীৱন, সংস্কৃতি, সভ্য়তাৰ লগত জড়িত সকলো সমস্য়াৰে কাৰণ প্ৰকৃতি সম্বন্ধে দৰ্শনে পুংখানুপুংখ ভাৱে আলাপ-আলোচনা কৰে । দৰ্শনে শিক্ষাৰ সহায়ত মানুহৰ জীৱন, সমাজ, সভায়তা, সংস্কৃতিৰ লগত জড়িত সমস্যাসমূহৰ সমাধানৰ বাবে প্ৰয়োজন হোৱা সকলো মৌলিক তথা তাত্ত্বিক  চিন্তাৰ বিকাশ সাধনৰ বাবে অহোপুৰুষাৰ্থ কৰে । দৰ্শনে শিক্ষাৰ ক্ষেত্ৰলৈ মানৱ জীৱন, সমাজ, সংস্কৃতি, সভ্যতাৰ পৰিৱৰ্তনৰ বাবে প্ৰয়োজনীয় সকলো তাত্ত্বিক জ্ঞানৰ যোগান ধৰে । শিক্ষাৰ উত্স হৈছে দৰ্শন । দৰ্শনে শিক্ষাৰ সহায়ত সকলো চিন্তা, তত্ত্ব, নতুন জ্ঞান-অভিজ্ঞতা, মানৱ জীৱন, সমাজ, সংস্কৃতি, সভ্যতা আদিৰ অংগ কৰি তোলাৰ  প্ৰচেষ্টা চলায় । দৰ্শনৰ ক্ষেত্ৰৰ পৰা শিক্ষাই সফল সমল লাভ কৰে আৰু মনোবিজ্ঞাননৰ পদ্ধতি তথা শিক্ষা প্ৰযুক্তিবিদ্য়াৰ সা-সঁজুলি সমূহৰ সহায়ত শিক্ষাৰ নিজৰ লক্ষ্য় সাধনৰ দিশলৈ আগবাঢ়ি যায় । এনে ভাৱে শিক্ষাৰ ক্ষেত্ৰত দৰ্শনৰ গুৰুত্বৰ বিশয়ে মূল্যাংকন কৰাৰ সময়ত আমি ক’ব পাৰো যে দৰ্শনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ শিক্ষাই মানৱ জীৱনৰ কল্যাণৰ বাবে, মানৱ সমাজৰ প্ৰগতি আৰু বিকাশৰ বাবে, সংস্কৃতিৰ ওত্তৰণৰ বাবে আৰু সভ্য়তাৰ গতিশীলতাৰ বাবে একো বিশেষ কাৰ্য সম্পাদন কৰিব নোৱাৰে । দৰ্শন অবিহনে শিক্ষা এটা অন্ধ প্ৰচেষ্টা হিচাপে পৰিগণিত হ’বই বাধ্য ।  

Essay Type Question: 

প্ৰশ্নঃ 1. দৰ্শন বুলিলে কি বুজা ? দৰ্শনৰ সংজ্ঞা উল্লেখ কৰা । 

উত্তৰঃ অসমীয়া দৰ্শন শব্দটোৰ ইংৰাজী প্ৰতিশব্দ ‘’ শব্দটো মূলতঃ গ্ৰীক ভাষৰ Philos আৰু Sophia শব্দ দুটাৰ পৰা উত্পত্তি হৈছে । Philos শব্দৰ অৰ্থ হ’ল ‘প্ৰেম’ বা ‘ভালপোৱা’ বা ‘অনুৰাগ’ আৰু Sophia শব্দৰ অৰ্থ হ’ল জ্ঞান বা প্ৰজ্ঞান । গতিকে Philosophy শব্দৰ অৰ্থ হ’ল প্ৰজ্ঞা বা জ্ঞানৰ প্ৰতি থকা অনুৰাগ । জগত আৰু জীৱনৰ প্ৰকৃত স্বৰূপ অন্বেষণ কৰাই হ’ল দৰ্শনৰ মূল উদ্দেশ্য । 

আনহাতে, ভাৰতীয় দৰ্শনত, দৰ্শন শব্দটো মূল সংস্কৃত ‘দৃশ’ ধাতুৰ পৰা উত্পত্তি হোৱা বুলি কোৱা হয়, যাৰ প্ৰকৃত অৰ্থ হ’ল ‘প্ৰকৃত সম্ভাৰ দৰ্শন’ বা ‘প্ৰকৃত তত্ত্বৰ দৰ্শন’ । ইন্দ্ৰিয় প্ৰত্য়েক্ষৰ সহায়ত পৰম সত্তাৰ স্বৰূপ অনুসন্ধান কৰি জগত আৰু জীৱনৰ যুক্তিনিষ্ঠ বিচাৰ-বিশ্লেষণ আৰু তাৰ মূল্য নিৰ্ধাৰণ কৰাটোৱেই হ’ল দৰ্শন । সত্য অম্বেষণৰ নিৰন্তৰ প্ৰচেষ্টাই দৰ্শন অথবা দাৰ্শনিক চিন্তাধাৰাৰ জন্ম দিয়ে । যিকোনো দাৰ্শনিক অনুসন্ধানৰ মূল ভিত্তি হ’ল প্ৰজ্ঞাৰ প্ৰেম . সত্য় আৰু বাস্তৱৰ প্ৰকৃতি অধ্য়য়ন আৰু আনুসন্ধানেই দৰ্শনৰ বিষয়ৱস্তু । ই হ’ল মানুহ, প্ৰকৃতি আৰু ব্ৰহ্মাণ্ডৰ প্ৰকৃতি অনুধাৱন কৰাৰ এক নিৰন্তৰ প্ৰচেষ্টা । জ্ঞান, মীমাংসা (Epistemology), তাত্ত্ববিজ্ঞান (Metaphysics), আদি হ’ল দৰ্শনৰ প্ৰধান বিভাগ।  

দৰ্শনৰ সংজ্ঞাঃ

দৰ্শন সম্বন্ধে বিভিন্ন সময়ত দাৰ্শনিকসকলে ভিন ভিন দাৰ্শনিক সংজ্ঞা আগবঢ়াইছে । কিছুসংখ্যক দাৰ্শনিকৰ মতে দৰ্শন হ’ল ‘বিশ্বব্ৰহ্মাণ্ডৰ অধ্যন’, কিছুসংখ্যকৰ মতে ‘মানৱ জ্ঞানৰ’ আৰু আন কিছুমানৰ মতে ‘ধাৰণাসমূহৰ ব্যক্যা । তলত কেইটামান উল্লেখযোগ্য সংজ্ঞা আগবঢ়়োৱা হ’ল –

১) ইমানুৱেল কান্টৰ মতে- ‘দৰ্শন হ’ল বিজ্ঞান আৰু সজ্ঞানৰ আলোচনা’ ।

২) হাৰ্বাৰ্ট স্পেনচাৰৰ মতে – “দৰ্শন হ’ল সম্পূৰ্ণৰূপে সু-সংবদ্ধ জ্ঞান’ ।

৩) হেগেলৰ মতে- ‘দৰ্শন হৈছে চৰম ভাৱাদৰ্শৰ বিজ্ঞান’ ।

৪) পলচেনৰ মতে- ‘দৰ্শন হৈছে সকলো বৈজ্ঞানিক জ্ঞানৰ সমষ্টি’ ।

প্ৰশ্নঃ 2. শিক্ষা দৰ্শন মানে কি ? দৰ্শন আৰু পাঠ্যক্ৰমৰ মাজত কেনেধৰণৰ সম্পৰ্ক আছে ব্যাখ্যা কৰা ।

উত্তৰ- চিন্তাবিদ নোডিংছ (Noddongs)ৰ মতে – শিক্ষা দৰ্শন মানে শিক্ষা আৰু ইয়াৰ সমস্যাসমূহৰ দৰ্শন ভিত্তিত অধ্যয়ন, ইয়াৰ মূল বিষয়বস্তু শিক্ষা আৰু দৰ্শনৰ পদধতিসমূহেই ইয়াৰ পদ্ধতি ।’ শিক্ষা দৰ্শন মানে হ’ল শিক্ষা ব্যৱ্য়স্থা তথা ইয়াৰ লগত জড়িত আন সমস্য়াসমূহৰ দৰ্শনভিত্তিক অধ্য়য়ন কৰা । শিক্ষা দৰ্শনৰ প্ৰধান বা মূল বিষয়বস্তু হ’ল শিক্ষা আৰু ইয়াৰ পদ্ধতি হ’ল দাৰ্শনিক । শিক্ষা দৰ্শন হ’ল সাধাৰণ দৰ্শনৰ এক প্ৰায়োগিক শাখা । শিক্ষাৰ তত্ত্বগত  আৰু প্ৰায়োগিক দিশত দাৰ্শনিক পদ্ধতিসমূহ প্ৰয়োগেই হ’ল শিক্ষা দৰ্শন । শিক্ষাৰ বৈশিষ্ট, প্ৰকৃতি, উদ্দেশ্য়, পদ্ধতি, বিষবস্তু আৰু শিক্ষকসকলৰ ভূমিকাৰ বিষয়ে দাৰ্শনিক চিন্তাৰ আধাৰত শিক্ষা দৰ্শনে সিদ্ধান্ত গ্ৰহণত সহায় কৰে । দাৰ্শনিক কেতবোৰ ব্যৱহাৰিক দিশত নিৰ্দেশনা প্ৰদান কৰা তথা তাত্বিক জ্ঞানৰ বিকাশৰ ক্ষেত্ৰত শিক্ষা বিষোশ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । মুঠতে কটব পাৰি যে শিক্ষা দৰ্শন হ’ল এক দাৰ্শনিক প্ৰক্ৰিয়, যি প্ৰক্ৰিয়াই দাৰ্শনিক দৃষ্টিভংগী আৰু দাৰ্শনিক দৃষ্টিভংগী আৰু দাৰ্শনিক পদ্ধতিৰ সহায়ত শৈক্ষিক সমস্যাসমূহৰ সমাধন আৰু দাৰ্শনিক শিক্ষান্তত উপনীত হোৱাত বিশেষভাৱে সহায় কৰে । 

দাৰ্শনিক নোডিংছৰ (Noddings)ৰ মতে- শিক্ষা দৰ্শন হ’ল শিক্ষা আৰু ইয়াৰ সমস্যাসমূহৰ দৰ্শনভিত্তিক অধ্য়য়ন, ইযাৰ কেন্দ্ৰীয় বিষয়বস্তু শিক্ষা আৰু দৰ্শনৰ পদ্ধতিসমূহেই ইয়াৰ পদ্ধতি । 

শিক্ষা দৰ্শনৰ প্ৰকৃতিঃ 

ক) শিক্ষা দৰ্শন সাধাৰণ দৰ্শনৰ এটি প্ৰয়োগিক শাখা । দৰ্শনৰ প্ৰধান ভাগ তিনিটা, তত্ত্বদৰ্শন, জ্ঞান মীমাংসা আৰু প্ৰমূল্য়বিদ্য়া । 

খ) শিক্ষাৰ তাত্ত্বিক আৰু প্ৰায়োগিক দিশত দাৰ্শনিক চিন্তা আৰু প্ৰয়োগেই শিক্ষা দৰ্শন । 

গ) সাধাৰণ দৰ্শনৰ দৰেই শিক্ষা দৰ্শন এক আদৰ্শনিষ্ঠ বা মান নিৰ্ণায়ক বিষয় । 

ঘ) শিক্ষা দৰ্শনে শিক্ষাৰ লক্ষ্য়, উদ্দেশ্য়, পাঠ্য়ক্ৰম আদি নিৰ্ধাৰণত সহায় কৰা আৰু শিক্ষা ব্যৱস্থাৰ সামগ্ৰিক দিশ দৰ্শন কৰে । 

ঙ) শিক্ষা দৰ্শন কিছুমান বিষয়বস্তুৰ সমষ্টি নহয়, ই হ’ল শিক্ষা প্ৰক্ৰিয়াক বিশ্লেষণ আৰু নিৰ্দেশনা প্ৰদান কৰাৰ এক পদ্ধতি মাত্ৰ । 

চ) শিক্ষা দৰ্শনৰ প্ৰকৃতি মুক্ত ধৰণৰ অৰ্থাত্ ইয়াৰ বিষয়বস্তু অথবা পৰিধি কেনে হোৱা উচিত সেই সন্দৰ্ভত সব্বজনীন মত দেখা নাযায় । 

প্ৰশ্নঃ 3. দৰ্শন আৰু অনুশাসন বুলিলে কি বুজা ? শিক্ষা প্ৰক্ৰিয়াত দাৰ্শনিক দৃষ্টিৰে শিক্ষকৰ ভূমিকা কেনে হোৱা উচিত ? 

উত্তৰঃ প্ৰতিগৰাকী ব্য়ক্তিতথা প্ৰতিখন সমাজৰ প্ৰচলিত দাৰ্শনিক চিন্তাধাৰাই সেইখন সমাজৰ শিক্ষাৰ ক্ষেত্ৰত অনুশাসনৰ প্ৰকৃতি কেনেধৰণৰ হ’ব, তাক নিৰ্ধাৰণ কৰাত মুখ্য় ভূমিকা পালন কৰে । বিভিন্ন ধৰণৰ দাৰ্শনিক চিন্তাৰ ভিন্নতাৰ বাবেই অনুশাসনৰ অৰ্থ আৰু অনুশাসন ৰক্ষাৰ উপায়বোৰৰ ক্ষেতেৰত ভিন্নতা পৰিলক্ষিত হয় । উদাহৰণস্বৰূপে ক’ব পাৰি যে প্ৰকৃতিবাদত বিশ্বাসী দাৰ্শনিকসকলে মুক্ত অনুশাসন আৰু অবাধ স্বাধীনতা প্ৰদানৰ পোষকতা কৰে, আনহাতে আদৰ্শবাদত বিশ্বাসী দাৰ্শনিকসকলে স্কুল কঠোৰ অনুশাসন মানি চলাত গুৰুত্ব আৰোপ কৰে । অনুশাসনৰ ক্ষেত্ৰত শিক্ষা ব্য়ৱস্থাত তিনিটা প্ৰধান তত্ত্বৰ প্ৰভাৱ বিশেষভাৱে পৰিলক্ষিত হয় আৰু সেইকেইটা হ’ল- অৱদমনবাদ, প্ৰভাৱবাদ আৰু মুক্তিবাদ । এই দাৰ্শনিক তত্ত্ববোৰৰ ওফৰত ভিত্তি কৰিয়েই বিদ্য়ালয়ত অনুশাসন সম্পৰ্কীয় সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয় । গতিকে, ক’ব পাৰি যে অনুশাসনৰ বিষয়টো মূলতঃ দাৰ্শনিক বিষয় আৰু ইয়াত সেইবাবেই দৰ্শনৰ সুস্পষ্ট আৰু শক্তিশালী প্ৰভাৱ থকাটো পৰিলক্ষিত হয় । 

শিক্ষা প্ৰত্ৰিয়াত শিক্ষকসকলৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ । প্ৰতিগৰাকী শিক্ষকেই একোজন দাৰ্শনিক । শিক্ষাৰ্থীসকলৰ ব্যক্তিত্বত সৰ্বাধিক প্ৰভাৱ পেলায় এই শিক্ষকসকলেই আৰু শিক্ষাৰ্থীসকলক নতুন জীৱন দান কৰে । সেইবাবেই শিক্ষকতাৰ দৰে মহান দায়িত্ব সূচাৰুৰূপে পালন কৰা ৰ বাবে শিক্ষকসকলক দৰ্শনৰ গভীৰ জ্ঞান আৰু তাৰ আধাৰত সুস্থ জীৱন দৰ্শনৰ অতি প্ৰয়োজন হয় । এগৰাকী শিক্ষকৰ জীৱন দৰ্শনৰ লগতেই শিক্ষা চিন্তা আৰু বিশ্বাসে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ইয়াৰোপৰি শিক্ষাৰ তাত্বিক তথা ব্যৱহাৰিক ক্ষেত্ৰতসমূহত শিক্ষক এগৰাকীয়ে সন্মুখীন হোৱা প্ৰায় সকলো প্ৰশ্নৰে উত্তৰ লাভ কৰিবলৈ সক্ষম হয় দাৰ্শনিক চিন্তাধাৰাৰ মাজত । 

শিক্ষা দৰ্শনৰ মূল নীতিসমূহৰ বিভিন্নতাৰ ওপৰত ভিত্তি কৰি শিক্ষকসকলৰ বিভিন্ন ধৰণৰ ভূমিকা নিৰ্ধাৰিত হয় ষ উদাহৰণ স্বৰুপে ক’ব পাৰি যে প্ৰকৃতিবাদত বিশ্বাসী দৰ্শনে শিক্ষাৰ ক্ষেত্ৰত শিক্ষকসকলে পৰোক্ষ ভূমিকা পালনৰ ওপৰত আৰু শিক্ষাৰ বাবে প্ৰয়োজনীয় পৰিৱেশ ৰচনাৰ ওপৰত গুৰুত্ব দিয়ে । প্ৰয়োগবাদ দৰ্শনৰ মতে- শিক্ষকৰ দায়িত্ব হ’ব লাগে ব্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শকৰ । আদৰ্শবাদত বিশ্বাসী দৰ্শনে শিক্ষাৰ্থীৰ আধ্য়ত্মিক বিকাশত শিক্ষাৰ্থীক সহায় কৰাৰ বাবে তেওঁলোকক উত্সাহিত আৰু প্ৰভাৱিত কৰিব পৰাকৈ শিক্ষকৰ শক্তিশালী ভূমিকা পালনৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰে । গতিকে শিক্ষকসকলে এক নিৰ্দিষ্ট শিক্ষা দৰ্শনৰ আধাৰত প্ৰভাৱিত হৈ নিজ কৰ্তব্য আৰু দায়ুত্ব পালন কৰাটো পৰিলক্ষিত হয় । 

প্ৰশ্নঃ 4.  শিক্ষাত দৰ্শনৰ প্ৰকৃতি বিষয়ে আলোচনা কৰা । 

উত্তৰঃ শিক্ষা দৰ্শনৰ প্ৰধান কাম হৈছে শিক্ষাৰ ক্ষেত্ৰলৈ মৌলিক চিন্তা-চেতনাৰ প্ৰৱেশ ঘটোৱা । শিক্ষাৰ প্ৰধান কাম হৈছে জীৱন যাপনৰ বাবে প্ৰয়োজনীয় সকলো মানৱীয় প্ৰতিভাৰ বিকাশ সাধনৰ বাবে অবিৰত সহায় আগবঢ়োৱা । জীৱনৰ বাস্তৱতা উপলব্ধি কৰি এটা প্ৰণালীবদ্ধ জীৱন যাপন কৰাৰ বাবে মানৱীয় প্তিভাৰ বিকাশ সাধন কৰা শিক্ষাৰ আন্যতম প্ৰধান দায়িত্ব । এটা সামাজিক প্ৰক্ৰিয়া হিচাপে সমাজত মানুহৰ স্থান অধিক দৃঢ় কৰি তোলাৰ বাবে প্ৰয়োজন হোৱা সকলো মৌলিক গুণৰ বিকাশ সাধনৰ পথ প্ৰশ্স্ত কৰি টোলাটো শিক্ষাৰ বিশিষ্ট দায়িত্ব দৰ্শনৰ কাম হৈছে এটা শৃংখলাবদ্ধ জীৱন যাপনৰ বাবে সকলো মানৱীয় প্ৰতিভাৰ বিকাশ সাধন কৰি সমাজৰ কল্য়াণৰ বাবে কাম কৰিবলৈ মানুহক প্ৰ্তুত কৰি তোলাৰ কাৰণে প্ৰয়োজন হোৱা বাবে প্ৰয়োজন অনুসৰি সকলো তাত্বিক চিন্তাৰ বিকাশ সাধন কৰি শিক্ষাৰ সহায়েৰে সামাজিক ক্ষেত্ৰত সেইবোৰ প্ৰয়োগ কৰাৰ পত প্ৰশ্ত কৰি তোলে । দৰ্শনে মানুহৰ জীৱনৰ পৰিৱৰ্তনৰ বাবে প্ৰয়োজনীয় সকলো মৌলিক তত্ত্ব শিক্ষাৰ ক্ষেত্ৰলৈ আগবঢ়াই দিয়ে । অৰ্থাত্ শিক্ষাই দৰ্শনৰ ক্ষেত্ৰকনৰ পৰা সকলো তাত্বিক চিন্তাধাৰা নিজৰ ক্ষেত্ৰলৈ আগুৱাই আনে । চিন্তাবিদ হৰ্ণে (Home) তেওঁৰ ‘Idealistic Philosophy of Education শীৰ্ষক প্ৰবন্ধত মানৱ বিশিষ্ট ক্ৰিয়া-কলাপৰ কথা ব্য়াখ্য়া কৰি কৈছে, “The mind of man is struggling with the Universe,’ অৰ্থাত্ মানুহৰ মনে বিশ্বজগত্ৰ লগত সংগ্ৰাম কৰি আছে । শিক্ষা দৰ্শনৰ কাম আৰু প্ৰকৃতি হৈছে জাগতিক ঘটনাৱলীৰ প্ৰকৃত বাস্তৱ বা সত্য়তা সম্পৰ্কে নিখুঁত জ্ঞান আহৰণ কৰি জীৱন প্ৰক্ৰিয়াক প্ৰণালীৱদ্ধভাৱে বিকাশৰ গতিৰে আগবাঢ়ি যোৱাত প্ৰয়োজনীয় সহায় আগবঢ়োৱা । বিশ্বজগত্ৰ নানা ৰহস্য়ৰ বাস্তৱ প্ৰকৃতি উপলব্ধি কৰাৰ বাবে মানুহৰ মনে অবিৰত ভাৱে প্ৰচেষ্টা চলাই আহিছে । সত্য়ৰ স্বৰূপ উপলব্ধিৰ সহায়েৰে জীৱনৰ অৰ্থ উপলব্ধি কৰাৰ কাৰ্য সমাধা কৰাৰ প্ৰচেষ্টা চলায় । শিক্ষা দৰ্শনৰ মূল প্ৰকৃতি হৈছে পৰিৱৰ্তনশীল জীৱন আৰু সামাজিক প্ৰক্ৰিয়াৰ লগত অতি সহজ ভাৱে সমাযোজন কৰিব পৰা ধৰণেৰে মানুহক যোগ্য় কৰি তোলাৰ বাবে প্ৰয়োজনীয় সকলো তিন্চা-চৰ্চাৰ উদ্ঘাটন, নতুন চিন্তা চৰ্চাৰ বিকাশ আৰু জ্ঞানৰ নৱীকৰণ প্ৰক্ৰিয়া গতিশীল কৰি তোলাৰ বাবে সকলো জ্ঞানৰ সমল বিচাৰি লোৱা । জীৱনৰ সকলো মৌলিক সমস্যা সমাধান কৰাৰ বাবে প্ৰয়োজন হোৱা জ্ঞানৰ সমল গোটাই লোৱা প্ৰক্ৰিয়াত সকলো প্ৰকাৰে সহায় আগবঢ়োৱাৰ বাবে শিক্ষা দৰ্শনে আহোপুৰুষাৰ্থ কৰে । মানৱ প্ৰতিভাৰ বিকাশৰ বাবে শক্তিশালী আহিলা হিচাপে শিক্ষাৰ বিকাশ সাধনৰ বাবে সকলো প্ৰকাৰে সহায়-সহযোগিতা আগবঢ়োৱাটো শিক্ষা দৰ্শনৰ মৌলিক কাম . 

প্ৰশ্নঃ 5. দৰ্শন আৰু শিক্ষাৰ মাজত থকা সম্বন্ধৰ বিষয়ে আলোচনা কৰা । দৰ্শন অবিহনে শিক্ষাৰ কলা অসম্পূৰ্ণ- আলোচনা কৰা । 

উত্তৰঃ দৰ্শন আৰু শিক্ষাৰ মাজৰ সম্বন্ধঃ “দৰ্শন” আৰু “শিক্ষা” যদিও দুয়োটা পৃথক পৃথক বষয় তথাপি ইহঁতৰ দুটাৰ মাজত এক গভীৰ সম্বন্ধ আছে । এই দুই বিষয়ৰ সম্বন্ধ অতি নিবিড় । বহল দৃষ্টিকোণৰ পৰা শিক্ষা বিষয় হাছে দৰ্শনৰেই অংগস্বৰূপ । দৰ্শনে স্থিৰ কৰি দিয়া লক্ষ্য় আৰু উদ্দেশ্যসমূহ কেৱল মাত্ৰ শিক্ষাৰ যোগেদিহে বাস্তৱত কাৰ্যকৰী কৰিব পাৰি । দৰ্শনৰ অবিহনে শিক্ষাৰ কলা অসম্পূৰ্ণ । 

দৰ্শনৰ কাৰ্যকৰী অথবা ব্য়ৱহাৰিক দিশটোকেই আমি শিক্ষা দৰ্শন বুলি ক’ব পাৰো । দৰ্শনৰ অধ্য়য়নে আমাক জ্ঞানৰ ব্য়াপকতাৰ প্ৰতি আকৰ্ষিত কৰি তুলিব তাৰ প্ৰতি গভীৰ অনুভৱ প্ৰদান কৰে । এনে অনুভৱ আমাৰ জীৱনত বাস্তৱ ৰূপ দান কৰাত শিক্ষাই প্ৰয়োজনীয় ভূমিকা গ্ৰহণ কৰে । দৰ্শনৰ যোগেদি স্থিৰ কৰা ৰদ্ধতি গ্ৰহণ কৰিব লাগে । শিক্ষাৰ যোগেদি প্ৰয়োজনীয় কাৰ্য্যসূচী আৰু আঁচনি গ্ৰহণ নকৰিলে জীৱনৰ দৰ্শন দৰ্শন হৈয়ে ৰ’ব । সেয়েহে জীৱনৰ লক্ষ্য আদৰ্শৰ দ্বাৰা প্ৰস্তুত কৰি তোলা ব্যক্তিৰ চিন্তা-দৰ্শন কাৰ্যকৰীকৰণৰ ব্যৱস্থাৰে শিক্ষা দৰ্শন গঢ় লৈ উঠিছে । দৰ্শনক জীৱনৰ চিন্তামূলক দিশ আৰু শিক্ষাৰ দৰ্শনক তাৰ বাস্তৱায়নৰ দিশ বুলি বিবেচনা কৰিব পাৰি । দৰ্শনে তাৰ ওপৰত নিৰ্মাণকাৰ্য সম্পাদনা কৰে । দৰ্শন আৰু শিক্ষা সেয়েহে আমাৰ জীৱনৰ নিকট সম্বন্ধ ৰক্ষা কৰে । অথবা ওতপ্ৰোতভাৱে জড়িত থকা দুটা দিশ । দৰ্শনৰ অভাৱত শিক্ষা এক অন্ধ প্ৰচেষ্টা আৰু ভ্ৰান্তিমূলক কাৰ্যত পৰিণত হৈ উঠিবলৈ পাৰে । দৰ্শন আৰু শিক্ষাক সেয়েহে পৃথকভাৱে বিবেচনা কৰিব নোৱাৰি । 

শিক্ষাৰ বাস্তৱ ক্ষেত্ৰৰ পৰা বিবেচনা কৰিলেও এই কথাৰ সত্যতা আমি সহজে অনুভৱ কৰি উঠিব পাৰে । উল্লেখযোগ্য যে প্ৰতিজন মহান দাৰ্শনিকেই একো একোজন মহান শিক্ষাবিদ। তেওঁলোকৰ চিন্তা-দৰ্শন শিক্ষাৰ যোগেদি বাস্তৱ আৰু কাৰ্যকৰী ৰূপায়দান কৰি তুলিছে । উদাহৰণস্বৰূপে দাৰ্শনিক প্লেটোৱে তেওঁৰ আদৰ্শবান দৰ্শন শিক্ষাৰ সাংস্কৃতিক আঁচনিৰ দ্বাৰা ব্য়ক্ত কৰি তুলিছে । দাৰ্শনিক ৰুচোৱে তেওঁৰ প্ৰকৃতিবাদৰ আদৰ্শ ‘নেতিবাচক অথবা প্ৰাকৃতিক শিক্ষা’ব্যৱস্থাৰ যোগেদি কাৰ্যকৰী কৰি তুলিছে । এনেবোৰ উদাহৰণৰ পৰা এই কথা স্পষ্ট হৈ উঠে যে শিক্ষা-দৰ্শন হৈছে দৰ্শনৰ বাস্তৱ আৰু কাৰ্যকৰী দিশ যাৰ যোগেদি দাৰ্শনিকসকলে জীৱনক সুস্থ আৰু সুন্দৰভাৱে গঢ় দি তোলাৰ আঁচনি প্ৰস্তুত কৰিছে । 

দৰ্শনৰ অবিহনে শিক্ষাৰ কৰা অসম্পূৰ্ণঃ সাধাৰণতে দৰ্শনক সকলো কলাৰেই মাতৃস্বৰূপ বুলি কোৱা হয় । শিক্ষাও হৈছে এক কলা । গতিকে দৰ্শন হৈছে শিক্ষাৰ মাতৃস্বৰূপ । যিদৰে মাতৃৰ অবিহনে শিশুৰ প্ৰকৃত বিকাশ সম্ভৱ হ’ব নোৱাৰে, ঠিক সেইদৰে দৰ্শনৰ অবিহনে শিক্ষাৰ প্ৰকৃত বিকাশ সম্ভৱ নহয় । বাহ্যিক দৃষ্টিকোণৰ পৰা চালে দেখা যায় যে দৰ্শন আৰু শিক্ষা দুটা সুকীয়া বিষয় । কিন্তু আভ্যন্তৰীণ দৃষ্টিকোণৰ পৰা চালে দেখা যায় যে দৰ্শন আৰু শিক্ষাৰ মাজত এক গভীক এৰাব নোৱাৰা সম্পৰ্ক আছে । শিক্ষাৰ লক্ষ্য় আৰু উদ্দেশ্য় আমাৰ সময়োপযোগীকৈ স্থিৰ কৰিবৰ বাবে দৰ্শন সহায় আমাক সদায় লাগে । আমি আমাৰ ভৱিষ্য়ত্ বংশধৰ সকলৰ মানৱ সভ্য়তা, সংস্কৃতিৰ কোনবোৰ উপাদানৰ লগত পৰিচয় কৰাই দিয়া উচিত তাৰ সিদ্ধান্ত আমি দৰ্শনৰ পৰাহে পাব পাৰো । তদুপৰি শিক্ষা ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে গ্ৰহণযোগ্য় পদ্ধতি নিৰ্বাচনৰ ক্ষেত্ৰতো শিক্ষকসকলে দাৰ্শনিক বিচাৰ-বিবেচনাৰ সহায় লয় । শিক্ষা ক্ষেত্ৰত চাৰিটা প্ৰধান দিশ যেনে-লক্ষ্য় নিৰ্দ্ধাৰণ, পাঠ্য়ক্ৰম, প্ৰস্ততকৰণ, শিক্ষণ পদ্ধতি গ্ৰহণ আৰু অনুশাসনৰ নীতি নিৰ্ধাৰণৰ বাবেও শিক্ষাবিদসকলক সদায় দৰ্শনৰ প্ৰয়োজন হয় । মুঠৰ ওপৰত দৰ্শনেহে শিক্ষাৰ কাৰ্যকাৰিতাত এক সামগ্ৰীক দৃষ্টি দান কৰে । ইয়াৰ অবিহনে শিক্ষা কৰা অসম্পূৰ্ণ । দৰ্শনৰ অভাৱত শিক্ষা এক অন্ধ প্ৰচেষ্টা আৰু ভৰত্তিমূলক কাৰ্য্য়ত পৰিণত হ’বলৈ সেয়েহে দাৰ্শনিকফিটছে কৈছে যে ‘দৰ্শনৰ সহায় নোলোৱাকৈ শিক্ষা কলা অসম্পূৰ্ণ ।”  

প্ৰশ্নঃ 6.  শিক্ষকৰ ভূমিকা পালনত দৰ্শনে কেনেধৰণে সহায় কৰে আলোচনা কৰা ।

উত্তৰঃ প্ৰতিগৰাকী শিক্ষকেই প্ৰকৃততে একোজন দাৰ্শনিক । শিক্ষা প্ৰক্ৰিয়াত শিক্ষকসকলৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। শিক্ষাৰ্থীসকলৰ ব্যক্তিত্বত সৰ্বাধিক প্ৰভাৱ পেলোৱা আৰু শিক্ষাৰ্থীসকলৰ জীৱনৰ গতি সলনি কৰি নতুন জীৱন প্ৰদান কৰাত শিক্ষকৰ ভূমিকা অনন্য । এনে দায়িত্বত গভীৰভাৱে পালনৰ ক্ষেত্ৰত শিক্ষসকলক দৰ্শনৰ গভীৰ জ্ঞান আৰু সুস্থ জীৱন দৰ্শন কৰাত শিক্ষকৰ ভূমিকা অনন্য । এনে দায়িত্ব গভাৰভাৱে পালনৰ ক্ষেত্ৰত শিক্ষকসকলক দৰ্শনৰ মাজেৰে প্ৰকাশ পায় । সেয়ে শিক্ষাৰ লক্ষ্য, পাঠ্যক্ৰম, শিক্ষণ পদ্ধতিসমূহৰ সবলতা-দুৰ্বলতা আৰু গ্ৰহণযোগ্যতাৰ বিচাৰ কৰোঁতে শিক্ষকসকলৰ দাৰ্শনিক চিন্তা আৰু বিশ্বাসে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । বিশ্বাসী শিক্ষকসকলে শিক্ষাৰ্থীৰ আধ্যাত্মিক বিকাশত সহায় কৰাৰ বাবে তেওঁলোকক উত্সাহিত তথা সহায় কৰিব পৰাকৈ ভূমিকা পালন কৰে । প্ৰকৃতিবাদত বিশ্বাসী দৰ্শনে শিক্ষকক পৰোক্ষ ভূমিকা আৰু তেওঁৰদ্বাৰা পৰোক্ষ শিক্ষা পৰিৱেশ বা প্ৰয়োজনীয় পৰিৱেশ ৰচনাৰ ওপৰত গুৰুত্ব দিয়ে । একেদৰে প্ৰয়োগবাদ দৰ্শনৰ মতে, শিক্ষকৰ ভূমিকা হ’ব লাগে বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শকৰ । সেয়ে সদায় এক নিৰ্দিষ্ট শিক্ষা দৰ্শনৰদ্বাৰা প্ৰভাৱিত হৈ নিজৰ নিজৰ ভূমিকা পালন কৰা দেখা যায় । 

প্ৰশ্নঃ 7. দৰ্শনে শিক্ষকক কেনেদৰে সহায় কৰে ? 

উত্তৰঃ সংকীৰ্ণ অৰ্থত শিক্ষকে এটা বিষয় পঢুৱাই, ব্যাপক অৰ্থত শিক্ষকে শিক্ষাৰ্থীৰ ব্যক্তিত্বক গঢ় দিয়ে । এটা বিষয় পঢুৱাবৰ কাৰণে সেই বিষয়টোৰ জ্ঞানেই যথেষ্ট । কিন্তু ব্যক্তিত্ব গঢ বিবৰ কাৰণে বহুতো বিষয়ক জ্ঞান, সেই বিলাকৰ পাৰস্পৰিক সম্বন্ধ আৰু এটা দাৰ্শনিক দৃষ্টিভংগীৰ প্ৰয়োজন শিক্ষকে দৰ্শনৰ বিভিন্ন মতবাদ অধ্য়য়ন কৰি সেইবিলাকৰ গূঢ়াৰ্থ উপলব্ধি কৰিব লাগিব, তেহে তেওঁ বুজি পাব শিক্ষাৰ্থীৰ সম্পূৰ্ণ বিকাশত তেওঁৰ বিষয়োৰ বৰঙণি আৰু বিদ্যালয়ৰ বিভিন্ন কাৰ্যকলাপৰ প্ৰকৃত অৰ্থ কি ? শিক্ষকজনে মানুতাত্ত্বিক, জৈৱিক, মনস্তাত্বিক, আধ্যাত্মিক আৰু দাৰ্শনিক আদি আটাইবিলাক দিশৰ পৰা বুজিবলৈ চেষ্টা কৰা উচিত । নহ’লে তেওঁ শিক্ষাৰ্থীক সামগিজীক ৰূপত কেতিয়াও দেখিবলৈ সক্ষম নহ’ব আৰু ফলত তেওঁ শিক্ষক জীৱন অসাৰ্থক হ’ব । শিক্ষকজন আশাবাদী নে নিৰাশাগাদী, তেওঁৰ পদ্ধতি ইতিবাচক নে নেতিবাচক, তেওঁ আদৰ্শবাদী নে জড়বাদী এইবিলাক কথা তেওঁৰ দাৰ্শনিকদৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰশীল আৰু এইবিলাকে শিক্ষাৰ্থীৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পেলায় । 

প্ৰশ্নঃ 8. শিক্ষা দৰ্শন মানে কি ? দৰ্শন আৰু পাঠ্যক্ৰমৰ মাজত সম্পৰ্ক আছে ব্যাখ্যা কৰা ।

উত্তৰ- চিন্তাবিদ নোডিংছ (Noddongs)ৰ মতে – শিক্ষা দৰ্শন মানে শিক্ষা আৰু ইয়াৰ সমস্যাসমূহৰ দৰ্শন ভিত্তিত অধ্যয়ন, ইয়াৰ মূল বিষয়বস্তু শিক্ষা আৰু দৰ্শনৰ পদধতিসমূহেই ইয়াৰ পদ্ধতি ।’ শিক্ষা দৰ্শন মানে হ’ল শিক্ষা ব্যৱ্য়স্থা তথা ইয়াৰ লগত জড়িত আন সমস্য়াসমূহৰ দৰ্শনভিত্তিক অধ্য়য়ন কৰা । শিক্ষা দৰ্শনৰ প্ৰধান বা মূল বিষয়বস্তু হ’ল শিক্ষা আৰু ইয়াৰ পদ্ধতি হ’ল দাৰ্শনিক । শিক্ষা দৰ্শন হ’ল সাধাৰণ দৰ্শনৰ এক প্ৰায়োগিক শাখা । শিক্ষাৰ তত্ত্বগত  আৰু প্ৰায়োগিক দিশত দাৰ্শনিক পদ্ধতিসমূহ প্ৰয়োগেই হ’ল শিক্ষা দৰ্শন । শিক্ষাৰ বৈশিষ্ট, প্ৰকৃতি, উদ্দেশ্য়, পদ্ধতি, বিষবস্তু আৰু শিক্ষকসকলৰ ভূমিকাৰ বিষয়ে দাৰ্শনিক চিন্তাৰ আধাৰত শিক্ষা দৰ্শনে সিদ্ধান্ত গ্ৰহণত সহায় কৰে । দাৰ্শনিক কেতবোৰ ব্যৱহাৰিক দিশত নিৰ্দেশনা প্ৰদান কৰা তথা তাত্বিক জ্ঞানৰ বিকাশৰ ক্ষেত্ৰত শিক্ষা বিষোশ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । মুঠতে কটব পাৰি যে শিক্ষা দৰ্শন হ’ল এক দাৰ্শনিক প্ৰক্ৰিয়, যি প্ৰক্ৰিয়াই দাৰ্শনিক দৃষ্টিভংগী আৰু দাৰ্শনিক দৃষ্টিভংগী আৰু দাৰ্শনিক পদ্ধতিৰ সহায়ত শৈক্ষিক সমস্যাসমূহৰ সমাধন আৰু দাৰ্শনিক শিক্ষান্তত উপনীত হোৱাত বিশেষভাৱে সহায় কৰে । 

দাৰ্শনিক নোডিংছৰ (Noddings)ৰ মতে- শিক্ষা দৰ্শন হ’ল শিক্ষা আৰু ইয়াৰ সমস্যাসমূহৰ দৰ্শনভিত্তিক অধ্য়য়ন, ইযাৰ কেন্দ্ৰীয় বিষয়বস্তু শিক্ষা আৰু দৰ্শনৰ পদ্ধতিসমূহেই ইয়াৰ পদ্ধতি । 

শিক্ষা দৰ্শনৰ প্ৰকৃতিঃ 

ক) শিক্ষা দৰ্শন সাধাৰণ দৰ্শনৰ এটি প্ৰয়োগিক শাখা । দৰ্শনৰ প্ৰধান ভাগ তিনিটা, তত্ত্বদৰ্শন, জ্ঞান মীমাংসা আৰু প্ৰমূল্য়বিদ্য়া । 

খ) শিক্ষাৰ তাত্ত্বিক আৰু প্ৰায়োগিক দিশত দাৰ্শনিক চিন্তা আৰু প্ৰয়োগেই শিক্ষা দৰ্শন । 

গ) সাধাৰণ দৰ্শনৰ দৰেই শিক্ষা দৰ্শন এক আদৰ্শনিষ্ঠ বা মান নিৰ্ণায়ক বিষয় । 

ঘ) শিক্ষা দৰ্শনে শিক্ষাৰ লক্ষ্য়, উদ্দেশ্য়, পাঠ্য়ক্ৰম আদি নিৰ্ধাৰণত সহায় কৰা আৰু শিক্ষা ব্যৱস্থাৰ সামগ্ৰিক দিশ দৰ্শন কৰে । 

ঙ) শিক্ষা দৰ্শন কিছুমান বিষয়বস্তুৰ সমষ্টি নহয়, ই হ’ল শিক্ষা প্ৰক্ৰিয়াক বিশ্লেষণ আৰু নিৰ্দেশনা প্ৰদান কৰাৰ এক পদ্ধতি মাত্ৰ । 

চ) শিক্ষা দৰ্শনৰ প্ৰকৃতি মুক্ত ধৰণৰ অৰ্থাত্ ইয়াৰ বিষয়বস্তু অথবা পৰিধি কেনে হোৱা উচিত সেই সন্দৰ্ভত সব্বজনীন মত দেখা নাযায় । 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top