A petition to the DSP (Deputy Superintendent of Police) to arrest miscreant/ anti – social element | অপৰাধী ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী উপ অধীক্ষকলৈ (ডি.এচ.পি) লিখা আবেদন পত্ৰ

অপৰাধী ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী উপ অধীক্ষকলৈ (ডি.এচ.পি) লিখা আবেদন পত্ৰ।

Join Telegram channel

মাননীয় ডি.এচ.পি মহোদয়,

চান্দমাৰী গুৱাহাটী।

সমীপেষু,

তাৰিখ: ০২/০৩/২০১০

বিষয়: অপৰাধী ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী উপ অধীক্ষকলৈ (ডি.এচ.পি) লিখা আবেদন পত্ৰ।

মাননীয় মহোদয়,

সন্মানপূৰ্বক আপোনাৰ জ্ঞাতাৰ্থে জনাব খোজোঁ যে মই জু নাৰাংগী ৰোডৰ এজন স্থায়ী বাসিন্দা। পৰিয়ালসহ মই এই অঞ্চলত যোৱা বিশ বছৰ ধৰি বাস কৰি আহিছোঁ। এই অঞ্চলতে কালু নামৰ দুৰ্দান্ত প্ৰকৃতিৰ সমাজ-বিৰোধী লোক এজনে সদায়ে অধিক মদ্যপান কৰি অশান্তি সৃষ্টি কৰি আহিছে। কোনোবাই তাক কিবা কলেও মাৰধৰ কৰিবলৈ খেদি আহে।

যোৱা কালি আমাৰ গেটৰ সন্মুখত গালি-গালাজ কৰি থকাত মই তাক সেই ঠাইৰ পৰা আতৰি যাবলৈ কোৱাত অবাইচ অবাইচ মাত মাতি মোক আৰু মোৰ পত্নীক গালি-গালাজ কৰে। মোৰ পুত্ৰই এই কাৰ্য্যৰ প্ৰতিবাদ কৰাত কালুৱে তেওঁক বৰ বেয়াকৈ প্ৰহাৰ কৰে।

এই বিষয়ে মই চান্দমাৰী থানাত অভিযোগ দিয়াত থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই অভিযোগ ল’বলৈ অস্বীকাৰ কৰিলে। চান্দমাৰী থানাই উপযুক্ত ব্যৱস্থা নোলোৱাৰ বাবেই কালুৰ অতপালি দিনক দিনে বৃদ্ধি পাইছে।

গতিকে দয়ালু মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা যেন কালুৰ অসামাজিক কাৰ্য্যকলাপৰ বিষয়ে এটা নিৰপেক্ষ তদন্তৰ নিৰ্দেশ দিয়ে আৰু অঞ্চলটোৰ বাসিন্দাৰ মূৰ কামোৰণি দূৰ কৰে।

অশেষ কৃতজ্ঞতাৰে,

ইতি আপোনাৰ বিশ্বাসী

শ্ৰীহৰেন্দ্ৰনাথ দাস

স্থান: চান্দমাৰী, গুৱাহাটী-৭৮১০০৩

A petition to the DSP (Deputy Superintendent of Police) to arrest miscreant/ anti – social element.

To

The D.S.P

Chandmari division,

Guwahati- 781 003

Date: 02/03/2010

Subject: A petition to the DSP (Deputy Superintendent of Police) to arrest miscreant/ anti – social element.

Respected Sir,

With due respect, I would like to state for your kind information that I am a permanent resident of Zoo-Narengi Road. I have been living in this locality with my family for last 20 years. A miscreant/anti-social element named Kalu with ferocious nature has been creating nuisance in the locality after getting heavily drunk. None dares telling him anything because he takes up a fight.

It happened that yesterday he was creating nuisance in front of my gate and shouting abusive and vulgar words. When I told him to go away from my gate he started scolding me and my wife with most filthy languages. At this, my son protested and as a consequence he was badly man-handled by Kalu.

When I had been to Chandmari Police station to lodge FIR, the O.C. had refused to accept any complaint. It is a fact that the Chandmari Police station has failed to take appropriate steps on Kalu for which his nuisance has been increasing day by day.

I, therefore, request your honour kindly to order an inquiry regarding the anti-social activities of Kalu and pray to take a firm stand on him so as to relieve the affected inhabitants of the locality.

With gratitude,

Yours faithfully,

Shri Harendra Nath Das.

Place: Chandmari,

Guwahati – 781 003

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top