A petition to the chairman of Zila Parishad for installing a tube – well | জিলা পৰিষদৰ অধ্যক্ষ বা সভাপতিলৈ টিউবৱেল বহুৱাবলৈ জনোৱা আবেদন পত্ৰ

জিলা পৰিষদৰ অধ্যক্ষ বা সভাপতিলৈ টিউবৱেল বহুৱাবলৈ জনোৱা আবেদন পত্ৰ।

Join Telegram channel

মাননীয় মহাশয়,

কামৰূপ – জিলা পৰিষদৰ অধ্যক্ষ/ সভাপতি,

গুৱাহাটী, অসম।

তাৰিখ: ১১/১১/২০১১

বিষয়: জিলা পৰিষদৰ অধ্যক্ষ বা সভাপতিলৈ টিউবৱেল বহুৱাবলৈ জনোৱা আবেদন পত্ৰ।

মহাশয়,

বিনীত নিবেদন এই যে কামৰূপ (মহানগৰ) জিলাৰ অন্তৰ্গত কৰাইগুৰি গাঁৱৰ আমি প্ৰায় ৩ হাজাৰ বাসিন্দাই বহু দিনৰ পৰাই খোৱা পানীৰ অভাৱত কষ্টেৰে জীৱন কটাবলগীয়া হৈছে। বেছি ভাগ মানুহে পুখুৰী, দোং আদিৰ পৰাহে খোৱা পানী সংগ্ৰহ কৰি খাব লাগে। ফলত বেছিভাগ মানুহৰে জণ্ডিচ, গ্ৰহণী আদি পানীৰ পৰা উদ্ভৱ হোৱা বেমাৰ আদি হৈ থাকে।

গতিকে দয়ালু মহোদয়ৰ ওচৰত কৰাইগুৰি গাঁৱৰ হাজাৰ দুখীয়া, কৃষিজীৱী লোকৰ এটাই অনুৰোধ যাতে গাওঁখনত অন্তত এটা টিউৱেল বহুৱাই মানুহখিনিৰ অভাৱ কিছু পৰিমাণে হলেও দূৰ কৰে। আপোনাৰ সঋদয়তাৰ বাবে গাওঁবাসী আপোনাৰ ওচৰত চিৰদিন কৃতজ্ঞ থাকিম।

ধন্যবাদেৰে,

আপোনাৰ বিশ্বাসী,

______________

কৰাইগুৰি গাঁৱৰ সমূহ বাসিন্দা

স্থান: কৰাইগুৰি গাওঁ

পো:অ: ধোপগুৰি

জিলা: কামৰূপ (মহানগৰ), অসম।

                                            

A petition to the chairman of Zila Parishad for installing a tube – well.

To

The chairman,

Kamrup Zila Parishad, Guwahati,

Date: 11/11/2011

Sub: A petition to the chairman of Zila Parishad for installing a tube – well.

Respected Sir,

This is our humble submission that we, the inhabitants numbering about 3 thousand of the village Karaiguri under Kamrup (metro) district, have been suffering from acute shortage of potable drinking water for long, people have been collecting drinking water from ponds and small streams with great difficulty. As a result many people do suffer from water-borne diseases like Jaundice and dysentery.

Therefore, it is humble request of the 3 thousand odd inhabitants of Karaiguri village to your honour that by installing a tube-well in the village, the shortage of pure drinking water would be removed. The villagers would be greatly grateful to you for your kind consideration in installing the tube-well.

Thanking you,

Yours faithfully,

_____________

The villagers of Karaiguri

Place: Karaiguri Village

P.O: Dhopguri

Dist: Kamrup (Metro), Assam

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top