Perspectives on Public Administration Unit 5 Major Approaches in Public Administration

Perspectives on Public Administration Unit 5 Major Approaches in Public Administration Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Perspectives on Public Administration Unit 5 Major Approaches in Public Administration Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Perspectives on Public Administration Unit 5 Major Approaches in Public Administration Question Answer can be of great value to excel in the examination.

Perspectives on Public Administration Unit 5 Major Approaches in Public Administration

Join Telegram channel

Perspectives on Public Administration Unit 5 Major Approaches in Public Administration Notes cover all the exercise questions in UGC Syllabus. The Perspectives on Public Administration Unit 5 Major Approaches in Public Administration provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Major Approaches in Public Administration

POLITICAL SCIENCE

Perspectives on Public Administration লোক প্ৰশাসনৰ প্ৰেক্ষাপটসমূহ

Very Objective Type Questions

1. Good Governance has nothing to do with Rule of Law. (Yes/No)

Ans: Yes.

2. Political Stability is an essential component of Good Governance. (Yes/No)

Ans: Yes.

3. RTT is in operation in India. (Yes/No)

Ans: Yes.

4. Define Governance.

Ans: বিশ্ব পৰিচালনা আয়োগ [World Governance Commission] ৰ মতে “পৰিচালনা হ’ল ব্যক্তি আৰু অনুষ্ঠান (চৰকাৰী আৰু বে-চৰকাৰী) ইবিলাকৰ উমৈহতীয়া পৰিক্ৰমাসমূহৰ ব্যৱস্থাপনা কৰাৰ এক সমষ্টি মাথোন। ই এক ধাৰাবাহিক প্ৰক্ৰিয়া যাৰ জৰিয়তে সংঘাত আৰু ভিন্ন স্বাৰ্থ সমূহ নিৰাময় কৰ। হয় আৰু লগতে সহযোগিতামূলক ভাৱে কার্য সম্পাদন কৰা হয়। ই ব্যক্তিৰ আশা-আকাংখ্যা পুৰণাৰ্থে আনুষ্ঠানিক প্রতিষ্ঠান আৰু ব্যৱস্থাৰ সৱলীকৰণত গুৰুত্ব দিয়ে আৰু লগতে ব্যক্তি আৰু প্ৰতিষ্ঠানৰ স্বাৰ্থত ঐক্যমতত উপনীত হ’ব পৰাকৈ অনানুষ্ঠানিক দিশৰ ব্যৱস্থাপনা কৰে। মুঠৰ ওপৰত ক’বলৈ হ’লে, ‘পৰিচালনা’ বর্তমান এক স্বতন্ত্র প্রশাসনীয় সত্বালৈ পর্যবেসিত হৈছে [“Governance’ is the sum of many ways individuals and institutions, public and private, manage their common affairs. It is a continuing process through which conflicting or diverse interests may be accommodate and cooperative action taken. It includes formal institutions and regimes empowered to enforce compliance as well as informal arrangements that people and institutions either have agreed to or perceive to be their interest”]

6. What is Good Governance?

Ans: সু-শাসন হৈছে আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সাহিত্যত ব্যৱহৃত এক অভিধা যিয়েই নেকি মানৱ অধিকাৰৰ উপভোগৰ নিশ্চয়তা প্রদান কৰাৰ বাবে ৰাজহুৱা অনুষ্ঠান প্রতিষ্ঠানসমূহে কিদৰে ৰাজহুৱা বিষয়সমূহ আৰু ৰাজহুৱা সম্পদৰাজি পৰিচালনা কৰে তাৰ সবিশেষ আগবঢ়ায় [Good Governance/ is a term in international development literature to describe how public institutions conduct public affairs and manage public resources in order to guarantee the realisation of human rights] সু-শাসনৰ অৱধাৰণাটি কার্যকৰী অর্থনীতি আৰু ৰাজনৈতিক সংস্থাসমূহৰ সৈতে অফলপ্ৰসূ অর্থনীতি বা ৰাজনৈতিক সংস্থাসমূহৰ তুলনা নকৰাৰ এক আৰ্হি হিচাপে উদ্ভাৱিত হোৱা বুলিব পাৰি [The concept of Good Governance emerges as a model to compare ineffective economics or political bodies with viable economies and Political bodies]

7. Who coined the term “Globalization”?

Ans: Theodore Levitt

8. Define Globalization.

Ans: এডভার্ড এছ হাৰমেনৰ মতে “বিশ্বায়ন মানে আন্তঃৰাষ্ট্ৰীয় পৰিসীমা অতিক্রম কৰি সংঘটিত পৰিচালনা আৰু পদ্ধতিৰ সম্প্ৰসাৰণ। একে সময়তে ই হৈছে অবিৰতভাৱে সম্প্রসাৰিত আৰু সমান্তৰালভাৱে পৰিৱৰ্তিত হৈ থকা সুযোগ সুবিধা আৰু অর্থনৈতিক সম্পর্ক। (Globalisation is the expansion across inter-national borders of management and process. At the same time, it is a condition of facilities and economic releation which is constantly expanding and is simultaneously changing”) I

আর্নল্ড টয়েনবিৰ মতে “বিশ্বায়নৰ অৰ্থ প্রভাৱশালী কেন্দ্ৰৰ লগত একত্রীকৰণ, বহুপাক্ষিক প্রক্রিয়া নহয়” (“Globalisation means intergration into the dominant Centre not a multilateral process”)

9. Mention one positive impact of Globalization.

Ans: ১) উন্নয়নশীল ৰাষ্টসমূহৰ বাবে লাভজনক : বিশ্বায়নে বহু উন্নয়নশীল ৰাষ্ট্ৰৰ দৰিদ্ৰতা নির্মূল কৰি ৰাষ্ট্ৰবিলাকৰ ঘৰুৱা অৰ্থনীতিৰ সৱলীকৰণৰ ক্ষেত্ৰত অৱদান যোগাইছে। দুখীয়া ৰাষ্ট্ৰবিলাকৰ অৰ্থনীতিৰ লগত উন্নত ৰাষ্ট্ৰবোৰৰ অৰ্থনীতিৰ একীভূতকৰণে দুখীয়া ৰাষ্ট্ৰবিলাক জনগণৰ জীৱন নিৰ্বাহৰ মানদণ্ড উন্নীত কৰাৰ সুযোগ প্রদান কৰিছে। চীন, ভাৰতবৰ্ষ, মেস্কিকো আৰু হাংগেৰী আদি বহুবিলাক ৰাষ্ট্ৰই যাতে নিজা নিজা জনমূৰি আয় বৃদ্ধি কৰিব পাৰে তাৰ বাবে বিশ্ব বজাৰৰ পৰা যাৱতীয় সুবিধা লাভ কৰিব পৰাকৈ বিশ্ব বজাৰৰ নীতি-নিৰ্দেশনাৰ লগত সামঞ্জস্য ৰাখি ৰাষ্ট্ৰীয় নীতি, আঁচনি আৰু সংগঠন আদি প্ৰস্তুত কৰি লৈছে।

10. One negative impact of Globalization.

Ans: ১) ৰাষ্ট্ৰীয় সার্বভৌমত্বৰ ওপৰত কু-প্রভাৱ: বহু চিন্তাবিদে মত পোষণ কৰিছে যে বিশ্বায়নে ৰাষ্ট্ৰীয় সার্বভৌমত্বৰ ওপৰত অশুভ প্ৰভাৱ পেলায়। সার্বভৌমত্বৰ একাত্মকবাদী তত্ত্বটিৰ সমর্থকসকলে ৰাষ্ট্ৰৰ সাৰ্বভৌম শক্তি অবিভাজ্য বুলি যুক্তি দৰ্শাইছিল। কিন্তু বিশ্বায়ন নীতিৰ পৰিপ্ৰেক্ষিতত সার্বভৌমত্বৰ এই দিশটো বেয়াকৈ প্ৰভাৱিত হৈছে। বিশ্বায়নৰ বাবে কোনো ৰাষ্ট্ৰই নিৰংকুশ সার্বভৌমত্বৰ দাবী কৰিব নোৱাৰে।

11. One characteristics of Globalization.

Ans: ১) বিশ্বায়ন এক অর্থনৈতিক প্রক্রিয়া: বিশ্বায়ন মূলতঃ এক অর্থনৈতিক প্ৰক্ৰিয়া য’ত প্ৰতিখন ৰাষ্ট্ৰ ঘৰুৱা অর্থনীতিক সম্পূর্ণভাৱে মুক্ত কৰি দিয়া হয় আৰু ইয়াৰ ফলশ্রুতিত উৎপাদন, বিতৰণ আৰু বিনিময় এই সকলোবিলাকেই বজাৰ অৰ্থনীতিৰ স্বাভাবিক নীতি নিয়মত পৰিণত হয়। এনেদৰে বিশ্বায়নে ৰাষ্ট্ৰ এখনৰ ঘৰুৱা অর্থনীতি বিশ্ব অৰ্থনীতিৰ লগত একীভূত কৰাৰ পোষকতা কৰে। সেয়ে বিশ্বায়ন বুলিলে মূলতঃ অর্থনৈতিক কার্যকলাপৰ বিশ্বায়ন বুলি অভিহিত কৰা হয়। অর্থাৎ ই হৈছে এক অর্থনৈতিক আন্দোলন, যাৰ জৰিয়তে প্রতিখন ৰাষ্ট্ৰই আন্তঃৰাষ্ট্ৰীয় বজাৰত নিজা ব্যৱসায় বাণিজ্য মুক্তভাৱে চলাই যাব পাৰে।

12. Who coined NPM?

Ans: Isaac Z. Schlueter.

13. Write the full form NPM? 

Ans: New Public Management.

14. Write the full form of OECD.

Ans: The Organisation for Economic Co-operation and Development.

15. What is 3Es of NPM.

Ans: The new public management aims at 3Es ―economy, efficiency and effectiveness i.e.

16. Who wrote the book “Reinventing

Government”?

Ans: David E. Osborne & Gaebler Ted.

Short Type Questions

1. Any four features of Good Governance? 

Ans: (ক) নাগৰিকৰ মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতাৰ প্রতি সম্মান প্রদর্শন কৰা।

(খ) নিজৰ জীৱনক প্রভাৱান্বিত কৰিব পৰা যিকোনো ধৰণৰ সিদ্ধান্তৰ ক্ষেত্ৰত জনগণক মত প্ৰকাশৰ অধিকাৰ বা সুযোগ প্রদান কৰা।

(গ) সিদ্ধান্ত গ্ৰহণকাৰীক দায়বদ্ধশীল কৰি তোলাৰ ক্ষেত্ৰত জনগণৰ সক্ষমতা।

(ঘ) ব্যক্তিগত আৰু সামাজিক জীৱনত সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াত পুৰুষ মহিলা উভয়েৰে সম অংশগ্ৰহণ।

2. Suggest measures for strengthening Democracy through Good Governance?

Ans: সু-শাসনৰ উপাদানসমূহ বিশ্লেষণ কৰিলে দেখা যায় যে গণতান্ত্রিক ব্যৱস্থাক শক্তিশালী কৰিবৰ বাবে সু-শাসনৰ অতিকৈ প্রয়োজন। জন অংশগ্রহণ, আইনৰ শাসন, স্বচ্ছতা, প্রতি উত্তৰ, সহমত / ঐক্যমত সমতা আৰু অৰ্ন্তভূক্তিকৰণ, ফলদায়ক আৰু দক্ষতা দায়বদ্ধতা আদি হ’ল সু-শাসনৰ প্রধান উপাদান। অন্যহাতে এই উপাদান সমূহেই হ’ল গণতান্ত্রিক ব্যৱস্থাক শক্তিশালী কৰাৰ অন্য উপায়। এই উপাদানসমূহ অবিহনে কোনো সমাজত গণতান্ত্রিক ব্যৱস্থা শক্তিশালী কৰা সম্ভৱ নহয়। আন কথাত ক’বলৈ হ’লে সু-শাসনেই হ’ল গণতন্ত্রক শক্তিশালী কৰাৰ প্ৰধান উপাদান।

গণতান্ত্রিক ব্যৱস্থা শক্তিশালী হ’বলৈ হ’লে শাসন ব্যৱস্থা উৎকৃষ্ট হ’বই লাগিব। অথ সু-শাসন হ’ল গণতন্ত্রক ব্যৱস্থাক শক্তিশালীকৰণ অন্যতম চর্ত। গণতান্ত্রিক ব্যৱস্থাক শক্তিশালী কৰিবলৈ হ’লে ই সু শাসন ব্যৱস্থাৰ বিভিন্ন উপাদানসমূহ যেনে- আইনৰ অনুশাসন, মুক্ত আৰু নিকা সংবাদ মাধ্যম, শক্তিশালী বিৰোধী দল সংগঠন, স্বতন্ত্র চৰকাৰী অনুষ্ঠান যেনে- মানৱ অধিকাৰ আয়োগ, দুর্নীতি নিবাৰক শাখা, নির্বাচনী আয়োগ থকাটো খুবেই প্রয়োজন। এই অনুষ্ঠানসমূহে নাগৰিকসকলৰ মানৱ অধিকাৰ সুৰক্ষা আৰু ৰক্ষণা-বেক্ষণা দিয়াৰ উপৰিও চৰকাৰৰ স্বচ্ছতা আৰু দায়বদ্ধতা সুনিশ্চিত কৰাত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে। চৰকাৰৰ স্বচ্ছতা আৰু দায়বদ্ধতা সু-শাসনৰ বাবে যিমান গুৰুত্বপূৰ্ণ গণতান্ত্রিক ব্যৱস্থাক শক্তিশালী কৰাৰ ক্ষেত্ৰতো সিমান গুৰুত্বপূৰ্ণ। যি কি নহওক, গণতন্ত্র আৰু সু-শাসনৰ মাজত থকা সম্পৰ্ক তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি।

মানৱ অধিকাৰৰ সুৰক্ষা প্ৰদান কৰাটো সু-শাসন ব্যবস্থাৰ অন্যতম লক্ষণ। ইয়াৰ বাবে নাগৰিকৰ অধিকাৰ আৰু স্বাধীনতাসমূহ সংবিধানত লিপিবদ্ধ থকাটো প্রয়োজন। সু-শাসনৰ বাবে নাগৰিক সকলৰ ৰাজনৈতিক আৰু পৌৰ অধিকাৰসমূহ বিশেষকৈ জীৱনৰ অধিকাৰ আৰু মতামত প্ৰকাশৰ অধিকাৰ আটাইতকৈ গুৰুত্বপূর্ণ যি সমাজত নাগৰিকসকল তেওঁলোকৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হয়। সেই সমাজ গণতান্ত্রিক ভাৱে শক্তিশালী বুলি ক’ব নোৱাৰি। সেয়ে এক সুস্থ গণতন্ত্ৰৰ বাবে নাগৰিকসকলে তেওঁলোকৰ অধিকাৰ আৰু স্বাধীনতাসমূহ মুক্তভাবে উপভোগ কৰিব পাৰিব লাগিব।

সু-শাসনৰ বাবে যিদৰে জনঅংশগ্ৰহণৰ প্ৰয়োজন ঠিক তেনেদৰে গণতান্ত্রিক ব্যৱস্থাক শক্তিশালী কৰিবলৈ শাসন প্ৰক্ৰিয়াত জনসাধাৰণৰ সক্রিয় অংশগ্ৰহণৰ প্ৰয়োজন। বিশেষকৈ তৃণমূল পৰ্যায়ত জনসাধাৰণৰ অংশগ্ৰহণৰ যোগেদি চৰকাৰৰ কার্যক্রম, নীতি আৰু সিদ্ধান্তৰ সঠিক ৰূপায়ণত সহায় কৰি গণতান্ত্রিক ব্যৱস্থাক শক্তিশালী কৰাত অৰিহণা যোগায়। শাসন প্রক্রিয়াত জনসাধাৰণৰ অংশগ্ৰহণ দুইধৰণে হ’ব পাৰে ব্যক্তিগতভাৱে আৰু সংঘবদ্ধভাৱে। ব্যক্তিগতভাৱে বাতৰি কাকতৰ নিজৰ মতামত প্ৰকাশ কৰি গণতান্ত্রিক ব্যৱস্থাক শক্তিশালী কৰে। ঠিক সেইদৰে সংঘবদ্ধভাৱে তেওঁলোকে সামাজিক তথা ব্যৱসায়িক দল গঠন কৰি চৰকাৰ যন্ত্ৰক স্বেচ্ছাচাৰী হোৱাত বাধা প্ৰদানৰ দ্বাৰা গণতান্ত্রিক ব্যৱস্থাক শক্তিশালী কৰাত অৰিহণা যোগায়। অৱশ্যে এই জন অংশগ্ৰহণৰ যোগেদি গণতান্ত্রিক ব্যৱস্থাটোক শক্তিশালী কৰাতো নিৰ্ভৰ কৰে জনসাধাৰণৰ ৰাজনৈতিক সচেতনতা আৰু শিক্ষাৰ মানদণ্ডৰ ওপৰত।

সু-শাসনৰ বাবে ভিন্ন মতামতৰ ওপৰত গুৰুত্ব দিয়া হয়। গণতান্ত্রিক ব্যৱস্থাকো শক্তিশালী কৰাৰ বাবেও ভিন্ন স্বার্থক প্রতিনিধিত্ব কৰিব পৰাকৈ ভিন্ন মতামতৰ ওপৰত গুৰুত্ব দিয়াটো প্রয়োজন। এইটো কোৱা হয় যে সু-শাসন ব্যবস্থা বহুদলীয় ব্যবস্থাতহে সম্ভব। এক দলীয় ব্যৱস্থাত সু-শাসনৰ কথা চিন্তা কৰিব নোৱাৰি। কিয়নো, এক দলীয় ব্যবস্থায় নাগৰিকসকলৰ বিকল্প পছন্দ নাথাকে। ফলত, ই গণতান্ত্রিক ব্যৱস্থাক শক্তিশালী কৰাৰ পৰিৱৰ্তে দুর্বলহে কৰে। এই বহুদলীয় ব্যৱস্থাই চৰকাৰৰ একচেটীয়া স্বেচ্ছচাৰী শাসনৰ পৰিবর্তে সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত সময়মতে নির্বাচন অনুষ্ঠিত কৰি সমাজৰ বিভিন্ন স্বার্থক তথা শ্রেণীক প্রতিনিধিত্ব কৰাৰ সুবিধা দিয়ে। 

শাসন ব্যৱস্থা ভালদৰে পৰিচালনা কৰিবৰ কাৰণে আৰু এক সুৰক্ষিত গণতন্ত্ৰৰ বাবেও ক্ষমতাৰ পৃথকীকৰণ নীতি এখনি চলাটো আৱশ্যক। বিধানমণ্ডল, কার্যপালিকা আৰু ন্যায়পীলিকা মাজত ক্ষমতাৰ পৃথকীকৰণৰ যোগেদি তিনিওটা অংগৰ মাজত ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰাটো দৰকাৰ যাতে চৰকাৰৰ কোনো এটা অংগই অধিক শক্তিশালী হৈ নাগৰিকৰ অধিকাৰ আৰু স্বাধীনতাত অযথা হস্তক্ষেপ কৰিব নোৱাৰে। সেয়েহে এক সুস্থ গণতন্ত্ৰৰ বাবে চৰকাৰৰ এই তিনিওটা অংগৰ ক্ষমতা আৰু কাৰ্যাৱলী পৃথক হোৱাটো অতি প্রয়োজনীয়।

দুর্নীতি হ’ল গণতন্ত্ৰ আৰু সু-শাসনৰ প্ৰধান অন্তৰায়। দুর্নীতিয়ে সু শাসন ব্যৱস্থাৰ প্ৰধান হেঙাৰ হিচাপে থিয় দিয়াৰ লগতে ই গণতন্ত্ৰৰ অস্থিৰতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে। সাধাৰণতে দেখিবলৈ পোৱা যায় যে উন্নয়নশীল তথা জনবহুল ৰাষ্ট্ৰসমূহত দুৰ্নীতিৰ পয়োভৰ বেছি। এই দুর্নীতিয়ে এনে ৰাষ্ট্ৰসমূহৰ গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি অস্থিৰতা আনি দিছে। তদুপৰি এই ৰাষ্ট্ৰসমূহত সমানেই দেখা দিয়া অতিমাত্ৰা আভ্যন্তৰীণ সংঘাত, দৰিদ্ৰতা, জন বিস্ফোৰণ আদি গণতান্ত্রিক পন্থাৰ বিপৰীতে কাম কৰি গণতান্ত্রিক ব্যৱস্থাক বিজ্ঞগামী কৰি তুলিছে। সেয়েহে গণতন্ত্রক শক্তিশালী কৰিবলৈ হ’লে দূর্নীতি আওৰাবই লাগিব আৰু এই দুর্নীতি নাইকিয়া কৰিবৰ বাবে প্ৰশাসনত স্বচ্ছতাৰ প্ৰয়োজন। কিয়নো স্বচ্ছতাই হে চৰকাৰী নীতি, কায্যক্ৰম আৰু তথ্যৰ স্পষ্টতা প্ৰদান কৰি চৰকাৰ বিষয়া কৰ্মচাৰীসকলক দুৰ্নীতিৰ দ্বাৰা আঁতৰত ৰাখি সু-শাসনৰ যোগেদি গণতান্ত্রিক ব্যৱস্থাক শক্তিশালী কৰাত অৰিহণা যোগায়।

সু-শাসন আৰু এখন গণতন্ত্ৰৰ আন এক উল্লেখযোগ্য নীতি হ’ল সমতা নোহোৱাকৈ গণতন্ত্র প্রতিষ্ঠা কৰিব নোৱাৰি, অথ যি সমাজত সমতা নাই তেনে সময়ত গণতন্ত্র নাই বুলিয়েই ক’ব পাৰি। সু-শাসনৰ বাবে যিদৰে সমতাৰ প্ৰয়োজন ঠিক সেইদৰে গণতান্ত্রিক ব্যৱস্থাক শক্তিশালী কৰিবৰ বাবে সমাজৰ বিভিন্ন শ্রেণীৰ মাজত সকলো দিশত সমতা প্রতিষ্ঠা কৰাটো বাঞ্চনীয়। সামাজিক বৈষম্য, শোষণ, অসমতা আদিয়ে ভোৰতাৰ সমাজ এখনে গণতান্ত্রিক ব্যৱস্থাক দুৰ্বল কৰাই নহয়; ই গণতন্ত্ৰৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস নাইকিয়া কৰে। সেয়েহে সু-শাসন আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ শক্তিশালী কৰিবৰ বাবে সমাজৰ বিভিন্ন শ্রেণীক আৰু বিশেষকৈ সমাজৰ দুৰ্বল আৰু অবহেলিত শ্ৰেণীৰ লোক সকলক সমভাৱে সুযোগ-সুবিধা প্রদান কৰাটো অতি দৰকাৰ। সমাজ এখনৰ শাসন ব্যৱস্থা আৰু গণতান্ত্রিক অৱস্থা কেনেকুৱা হ’ব সেয়া সমাজখনৰ জনসাধাৰণৰ ওপৰত বাৰুকৈ নিৰ্ভৰ কৰে। কিয়নো উৎকৃষ্ট শাসন ব্যৱস্থা লৰ্ধ হ’বলৈ হ’লৈ আমাক ভাল জনপ্রতিনিধিৰ প্রয়োজন । ভাল জনপ্রতিনিধি আকৌ সু-নাগৰিকৰ দ্বাৰাহে নিৰ্বাচিত কৰিব পৰা যায়। সেয়েহে সু-শাসন সৃষ্টি কৰাৰ দায়িত্ব জনসাধাৰণৰ হাততহে। সাধাৰণতে জন প্রতিনিধি আৰু আমোলাসকলে দুর্নীতিত লিণ্ড হয় কাৰণ তেওঁলোকে এইটো ভালদৰে জানে যে জনসাধাৰণ ক্ষমতাহীন আৰু অজ্ঞ। আনহাতেদি তেওঁলোকৰ হাতত ক্ষমতা আছে আৰু এনে অজ্ঞ লোক সকলক সহজে প্রলোভিত কৰিব পৰা যায়। ঠিক সেইদৰে জন প্রতিনিধি আৰু আমোলা বিষয়া সকলে যদি এইটো উপলব্ধি কৰে যে জনসাধাৰণ সতৰ্ক আৰু জ্ঞানী আৰু তেওঁলোকক সহজে প্রলোভিত কৰিব পৰা নাযায়। তেন্তে নিশ্চিতভাবে বিষয়া কৰ্মচাৰীসকলে দুর্নীতি আৰু অনৈতিক কাম-কাজত লিণ্ড হোৱাৰ পৰা আঁতৰত থাকিবলৈ বাধ্য হয়। জনপ্রতিনিধি আৰু বিষয়া আমোলাসকলৰ প্রতি জনসাধাৰণৰ এনে সতর্ক দৃষ্টিয়ে গণতান্ত্রিক ব্যৱস্থাক শক্তিশালী কৰাত গুৰত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে। 

3. Distinction between Governance and Government.

Ans: চৰকাৰ আৰু পৰিচালনাৰ মাজত পাৰ্থক্য : চৰকাৰ আৰু পৰিচালনা— দুয়োটাই কোনো অনুষ্ঠান প্রতিষ্ঠান আৰু ৰাষ্ট্ৰ কৰ্তৃত্ব প্ৰয়োগৰ লগত জড়িত থকা হেতুকে কেতিয়াবা দুয়োটা অভিধাকো একেটা অৰ্থত ব্যৱহাৰ কৰা হয় যদিও চৰকাৰ আৰু পৰিচালনাৰ মাজত কিছুমান মৌলিক পার্থক্য আছে। চৰকাৰ আৰু পৰিচালনাৰ মাজত থকা পার্থক্যসমূহ তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি—

(১) চৰকাৰ হ’ল এটা সংস্থা যি এক ব্যক্তি সমষ্টিৰ দ্বাৰা গঠিত হয় আৰু কৰ্তৃত্বশীল ক্ষমতা প্রয়োগৰ যোগেদি ৰাষ্টখনৰ প্ৰশাসন কাৰ্য পৰিচালনা কৰে। আনকথাত, বর্তমান সময়ত যিহেতু বিশ্বৰ প্ৰায় সংখ্যক ৰাষ্ট্ৰই গণতান্ত্ৰিক ৰাষ্ট্ৰ সেয়ে এনে ৰাষ্টসমূহ চৰকাৰৰ দ্বাৰা পৰিচালিত হয় যি যিয়েই নেকি দেশৰ জনসাধাৰণৰ পৰা এক নিৰ্দিষ্ট সময়ৰ বাবে জনগণক সেৱা কৰিবৰ বাবে দায়িত্ব লাভ কৰে।

আনহাতেদি, পৰিচালনাৰ ধাৰণাই চৰকাৰৰ কাৰ্যকলাপক বুজায় । সাধাৰণ অৰ্থত, পৰিচালনা হ’ল সাৰণ বা ৰাষ্ট্ৰ পৰিচালনা কৰা এক প্ৰক্ৰিয়া। আন কথাত, পৰিচালনা হ’ল চৰকাৰৰ দ্বাৰা সৃষ্ট আইন আৰু বিধি যি এক নিৰ্ধাৰিত আমোলাতন্ত্ৰৰ দ্বাৰা প্ৰয়োগ কৰা হয়। অর্থাৎ পৰিচালনা হ’ল নিৰ্ধাৰিত আইন আৰু বিধি অনুযায়ী আমোলাতন্ত্ৰ আৰু জন প্রতিনিধিৰ দ্বাৰা চৰকাৰৰ হাতত ন্যস্ত থকা ক্ষমতাৰ প্রয়োগ। 

(২) পৰিচালনাৰ তুলনাত চৰকাৰৰ পৰিধি সংকীর্ণ। কিয়নো চৰকাৰ ব্যৱস্থাটো অকল আনুষ্ঠানিকতা আৰু ৰাষ্ট্ৰব্যৱস্থা লগতহে জড়িত।

আনহাতেদি, চৰকাৰ তুলনাত পৰিচালনাৰ পৰিধি ব্যাপক। কিয়নো পৰিচালনা কেৱল চৰকাৰী অনুষ্ঠানবিলাকৰ কাম-কাজৰ মাজতে সীমাবদ্ধ নাথাকে। অর্থ পৰিচালনা এনেবিলাকৰ এক অপৰিহাৰ্য্য বিষয় যি চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ উপৰিও সকলোধৰণৰ বে-চৰকাৰী অনুষ্ঠান প্রতিষ্ঠান আৰু স্বাৰ্থ-গোষ্ঠী বে-স্বার্থ-গোষ্ঠী আদি সকলোৰে কাৰ্যকলাপক সাঙুৰি লয়।

(৩) পৰিচালন প্রক্রিয়াত চৰকাৰী নীতি-নিয়ম প্রয়োগ কৰিবৰ বাবে চৰকাৰী কৰ্তৃত্বৰ প্ৰয়োজন হয়। চৰকাৰ হ’ল পৰিচালনাৰ বাবে এক প্রয়োজনীয় অৱস্থাহে। কিন্তু এই চৰকাৰ পৰিচালনাৰ বাবে এক প্রয়োজনীয় অৱস্থাহে। কিন্তু শাসন কার্য পৰিচালনা কৰাৰ কেৱল মাত্র এটা অনুষ্ঠানহে।

(৪) চৰকাৰ হ’ল এলেকা ভিত্তিক এক অনুষ্ঠান যিয়ে কর্তৃত্বশীল সিদ্ধতি গ্রহণ কৰে (যাৰ বাবে এক সাংবিধানিক বা আইনী কতৃত্ব থাকে) যি নেকি ইয়াৰ চাৰিসীমাৰৰ ভিতৰত থকা বাসিন্দা আৰু ব্যৱসায়ৰ ওপৰত বাধ্যতামূলক। [Government is a territory leased body that makes authoritative decisions for which it has constitutional and legislative authority that are binding on Residents and business within its boundaries]

আনহাতেদি পৰিচালনা হ’ল এনে এক প্রক্রিয়া, যাৰ যোগেদি সামাজিক ফলাফলসমূহ প্রভাৱিত কৰাৰ উপৰিও অর্থনৈতিক, সামাজিক, পৰিৱেশগত আৰু অন্যান্য গুৰুত্বপূৰ্ণ ফলাফলসমূহ প্ৰভাৱান্বিত কৰাৰ উদ্দেশ্য সিদ্ধান্ত কৰা হয় (Governance is the process through which decisions are made that intended to affect social outcomes, including economic, social, environmental and other important outcomes] 

(৫) চৰকাৰ হ’ল সীমিতসংখ্যক অংশগ্রহণকাৰীৰ এক অনুষ্ঠান য’ত অসামৰিক সেৱাৰ বিষয়াসকল, নির্বাচিত জনপ্রতিনিধিসকল আৰু কিছুমান প্রভাৱশালী আৰু স্বার্থন্বেষী গোষ্ঠীয়ে অংশগ্রহণ কৰে।

আনহাতেদি, পৰিচালনা হ’ল বৃহৎ সংখ্যক অংশগ্রহণকাৰীৰ এক প্রক্রিয়া য’ত অসামৰিক সেৱাৰ বিষয়াসকল, নির্বাচিত জনপ্রতিনিধিসকল আৰু কিছুমান প্রভাব গোষ্ঠী আৰু স্বার্থন্বেসী গোষ্ঠীৰ উপৰিও আন কিছুমান অ-ৰাষ্ট্ৰীয় উপাদান যেনে – বেচৰকাৰী অনুষ্ঠান সমাজ, নাগৰিক সমাজ আদিও অংশগ্রহণ কৰে।

(৬) চৰকাৰ যন্ত্রই উৰ্দ্ধতম পক্ষৰ পৰা অধঃস্তনপক্ষলৈ আৰু কেতিয়াবা অধঃস্তন পৰা উৰ্দ্ধতম পক্ষ আৰ্হিত কার্য সম্পাদন কৰে।

আনহাতেদি, পৰিচালনা প্ৰক্ৰিয়াই বহুস্তৰীয় পদ্ধতিত কাম কৰা দেখা যায়।

(৭) চৰকাৰ হ’ল কাৰ্যালয় কর্তৃত্ব আৰু পৰিচালনা কৰা আদিৰ লগত জড়িত থকা এক অনুষ্ঠান।

আনহাতেদি, পৰিচালনা হ’ল চৰকাৰে পৰিচালনা কৰা বা নেতৃত্বৰ যোগেদি সামাজিক আশা-আকাংক্ষা প্রতিফলিত হোৱাকৈ সিদ্ধান্ত গ্রহণ কৰা এক প্রক্রিয়া।

(৮) চৰকাৰ হ’ল জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত এক অনুষ্ঠান। দেশ বিশেষে চৰকাৰ বেলেগ বেলেগ হ’ব পাৰে যেনে-গণতান্ত্রিক চৰকাৰ, ৰাজতন্ত্র, স্বৈৰতন্ত্ৰ চৰকাৰ ইত্যাদি। কিন্তু সকলোবোৰ চৰকাৰৰেই উদ্দেশ্যে হ’ল ৰাষ্ট্ৰ যন্ত্ৰক সুকলমে পৰিচালনা কৰা।

আনহাতেদি, পৰিচালনা হ’ল চৰকাৰৰ কাম-কাজ পৰিচালনা কৰা এক প্ৰক্ৰিয়া যি চৰকাৰ এখন গঠন হোৱাৰ পিছতহে আৰম্ভ হয়। গতিকে পৰিচালনা হ’ল শাসিত চৰকাৰৰ দ্বাৰা সফলভাবে নীতি-নিয়ম ৰূপায়ন কৰাৰ এক প্ৰক্ৰিয়া। পৰিচালনা কৰা চৰকাৰৰে এটা অন্যতম কাম।

(৯) চৰকাৰ হ’ল এক প্ৰকাৰৰ সংগঠনহে। আনহাতে, পৰিচালনা হ’ল সংগঠনটোৰ গঠন, দায়িত্ব, কর্তৃত্ব আৰু দায়বদ্ধতাৰ এক প্রক্রিয়া । পৰিচালনা উৎকৃষ্টও শাসনও হ’ব পাৰে নিকৃষ্ট শাসনও হ’ব পাৰে, যিটো নিৰ্ভৰ কৰে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰাত চৰকাৰখনে কিমানখিনি সফল হৈছে। শাসন ভাল আৰু বেয়াৰ ওপৰত ভিত্তি কৰি জনসাধাৰণে চৰকাৰ এখনক পুনৰ ক্ষমতাত অধিষ্ঠিত কৰিব পাৰে বা ক্ষমতাৰ পৰা ক্ষমতাচুত্য কৰিব পাৰে।

(১০) চৰকাৰ হ’ল ৰাষ্ট্ৰ এখনৰ ভিতৰত থকা এক অনুষ্ঠান যি ৰাষ্ট্ৰখনৰ শাসন সংক্রান্তীয় সকলোবিলাক দিশ পৰিচালনা কৰে।

আনহাতে পৰিচালনা হ’ল ৰাষ্ট্ৰ এখনৰ শাসন সংক্রান্তীয় সকলো দিশ কিদৰে পৰিচালনা কৰা নিয়াৰিকৈ এক প্ৰক্ৰিয়াৰ।

(১১) চৰকাৰ হ’ল এক নিৰ্দিষ্ট সময়ৰ বাবে ৰাষ্ট এখন শাসন আৰু নিয়ন্ত্ৰণ কৰা এক জন প্রতিনিধিৰে গঠিত এক অনুষ্ঠান। চৰকাৰ হ’ল ৰাষ্ট্ৰখনৰ ক্ষমতা আৰু কৰ্তৃত্ব প্ৰয়োগ কৰা এক মাধ্যম । আনহাতে, পৰিচালনা হ’ল চৰকাৰৰ এই ক্ষমতা আৰু কৰ্তৃত্ব জনসাধাৰণ আৰু ৰাষ্টখন পৰিচালনা কৰাৰ কাৰণে কিদৰে প্ৰয়োগ কৰা হৈছে তাৰ এক প্রক্রিয়া।

চৰকাৰ আৰু শাসনৰ মাজত কিছুমান পার্থক্য থাকিলেও এটাই আনটোৰ লগত ওতপ্রোতভাবে জড়িত। উৎকৃষ্ট পৰিচালনা হ’ল চৰকাৰৰ লক্ষ্য আৰু চৰকাৰ হ’ল এনে (সু) পৰিচালনা সুনিশ্চিত কৰাৰ প্ৰধান অনুষ্ঠান। যদি চৰকাৰ এখনে ইয়াৰ শাসন কাৰ্য ভালদৰে পৰিচালনা কৰে তেন্তে সেই চৰকাৰ খনে পুনৰাই শাসন কৰাৰ ক্ষমতা লাভ কৰিব পাৰে। সেয়ে ক’ব পাৰি যে চৰকাৰ আৰু পৰিচালনাৰ মাত এক ঘনিষ্ঠ সম্পর্ক আছে।

4. Goals of NPM

Ans: নতুন লোক ব্যৱস্থাপনাই পৰম্পৰাগত লোক প্রশাসনৰ সাক্ষ্য আৰু বৈশিষ্ট্যসমূহ নাকচ কৰে। ই লোক প্রশাসনক অধিক্রমিক যুক্ত, সাংগঠনিক কেন্দ্ৰীয়কৰণ বিধিগত কার্য, আমোলাতান্ত্রিক পৰিকাঠামোড়ৰ আবেষ্টনীৰ পৰা মুক্ত কৰিব বিচাৰে ইয়াৰ বিপৰীতে নহয় লোক পৰিচালনাই নিম্নোক্ত লক্ষ্যসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে—

(১) লোক প্রশাসনে লোক ব্যৱস্থাপনা হিচাপে কাম কৰা।

(২) লোক প্রশাসনত ব্যৱসায়িক ব্যৱস্থাপনাৰ কৌশলসমূহৰ প্ৰকাশ কৰা।

(৩) দক্ষতা, কার্যক্ষমতাৰ মূল্যায়ন আৰু পৰিমাপণ।

(৪) ফলাফল অভিমুখী কাৰ্য, পদ্ধতিৰ নমনীয়তা বিকেন্দ্রীকৰণ, নিঃআমোলতান্ত্রিকীকৰণ।

(৫) লোক ব্যৱস্থাপনাৰ প্ৰতিযোগিতামুখীস্বৰূপ।

(৬) সম্পদৰাজিৰ দক্ষ আৰু উৎপাদনশীল ব্যৱহাৰ।

(৭) লোক সেৱাসমূহ আৰু জনগণক সুফলসমূহ প্ৰদান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰণেৰে সম্প্রদায় অভিমুখীকৰণ। 

(৮) সমাজ আৰু অৰ্থনীতিৰ পৰিৱৰ্তনৰ উত্তৰণ। 

(৯) মিতব্যয়িতা দক্ষতা আৰু কাৰ্যকাৰিতা নতুন লোক ব্যৱস্থাপনাৰ তিনিটা মৌলিক লক্ষ্য। 

(১০) লোক প্রশাসনক বজাৰ অভিমুখীকৰণ।

(১১) সু-পৰিচালনা, পৰিৱৰ্তন আৰু সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপকৰণ। 

5. Features of NPM

Ans: R. A. W. Rhodes যে নতুন লোক ব্যৱস্থাপনাৰ নিম্নোক্ত বৈশিষ্ট্যসমূহৰ বিষয়ে উল্লেখ কৰিছে–

(১) ব্যৱস্থাপনা, কার্যদক্ষতাৰ মূল্যায়ন আৰু দক্ষতাৰ ওপৰত আলোকপাত।

(২) লোক আমোলাতন্ত্রক অভিকৰণসমূহলৈ বিভক্তকৰণ (বিকেন্দ্রীকৰণ)।

(৩) অৰ্দ্ধবজাৰৰ ব্যৱহাৰ আৰু প্ৰতিযোগিতাৰ জোৰদাৰ চুক্তিত আবদ্ধ (নতুন লোক ব্যৱস্থাপনাত বজাৰ দৃষ্টিভঙ্গী আৰু প্ৰতিযোগিতামূলক অৱস্থা)।

(৪) মিত্যবয়িতা আৰু কাৰ্যকাৰিতা।

(৫) নিৰ্দ্ধাৰিত ফলাফল সীমিত সময়ৰ চুক্তি (নি

আমোলাতান্ত্রিকীকৰণ) বিত্তীয় উৎসাহ আৰু ব্যৱস্থাপনাৰ স্বাধীনতা। 

Essay Type Questions 

1. Explain the different components of Good Governance.

Ans: সু-পৰিচালনাৰ মৌলিক উপাদান/ বৈশিষ্ট্য সমূহ [Key elements of Good Governance]: সুশাসনৰ অৱধাৰণাটো মূলতঃ এক গতিশীল আৰু বিৱর্তনমূলক ধাৰণা। ১৯৯০ দশকৰ আৰম্ভণিৰে পৰাই সু-শাসনৰ ধাৰণাটো এক অবিৰত আলোচ্যমান বিষয় হিচাপে চিত হৈ আহিছে।

সুশাসনৰ উপাদান সম্পৰ্কত বিশ্ব বেংকৰ বাখ্যা : ১৯৯০ দশকৰ আগভাগতে বিশ্ব বেংকে সংজ্ঞায়িত কৰা সু-শাসনৰ বৈশিষ্ট্যউপাদান সমূহ নিম্নোক্তধৰণৰ—

(১) জনসাধাৰণৰ দ্বাৰা ৰাজনৈতিক ব্যবস্থা গ্রহণযোগ্যতা আৰু ৰাজনৈতিক ক্ষমতাৰ বলৱৎকৰণক বৈধতা প্ৰদানৰ বাবে নিয়মিত নিৰ্বাচিনক সামৰি ৰাজনৈতিক দায়বদ্ধতা। 

(২) পৰিচালনাৰ প্ৰক্ৰিয়াত বিভিন্ন সামাজিক অর্থনৈতিক সাংস্কৃতিক আৰু বৃত্তিগত গোষ্ঠীবিলাকৰ অংশগ্ৰহণ তথ্য সহযোগিতা।

(৩) মানৱ অধিকাৰৰ সুৰক্ষা, সামাজিক ন্যায় প্রতিষ্ঠা আৰু শোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ ৰোধকৰণৰ অৰ্থে আইনৰ অনুশাসন আৰু স্বতন্ত্র ন্যায়পালিকাৰ ব্যৱস্থাৰ আধাৰত প্রতিষ্ঠিত এক আইনগত কাঠামোড়।

(৪) সেৱাৰ গুণগত মান, স্বেচ্ছধীন ক্ষমতাৰ অপপ্ৰয়োগ আৰু তাহীনতাৰ সম্পৰ্কত চৰকাৰী কাৰ্যালয় বিভাগসমূহৰ লগতে বিষয়াসকলৰ দ্বাৰা সম্পাদিত কাৰ্যাৱলীৰ তদাৰকীকৰণ আৰু নিয়ন্ত্ৰণৰ এক ব্যৱস্থা নিশ্চিতকৰণৰ হকে আমোলাতান্ত্রিক দায়বদ্ধতা। 

(৫) চৰকাৰী নীতি নিৰ্ধাৰণ, সিদ্ধান্ত গ্রহণ, চৰকাৰৰ দক্ষতাৰ তদাৰকীকৰণ আৰু মূল্যায়নকৰণৰ বাবে প্ৰয়োজনীয় তথ্য আৰু মত প্ৰকাশৰ স্বাধীনতা।

(৬) এক সুস্থ (দক্ষ আৰু ফলপ্ৰদ) প্ৰশাসনীয় ব্যৱস্থা।

(৭) চৰকাৰ আৰু নাগৰিক সমাজৰ মাজৰ সহযোগিতা।

সু-পৰিচালনাৰ উপাদান সম্পৰ্কত অর্থনৈতিক সহযোগিতা আৰু বিকাশৰ সংগঠনৰ ব্যাখ্যা :

(ক) চৰকাৰৰ বৈধতা।

(খ) চৰকাৰৰ ৰাজনৈতিক আৰু প্ৰশাসনিক প্ৰাধিকাৰীসকলৰ দায়বদ্ধতা।

(গ) নীতি নিৰ্ধাৰণ আৰু জনগণক সেৱা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ কাৰ্যদক্ষতা। আৰু

(ঘ) মানৱ অধিকাৰ আৰু আইনৰ অনুশাসনৰ প্ৰতি সন্মান প্ৰদৰ্শন।

সু-পৰিচালনাৰ উপৰোক্ত চাৰিটা উপাদানৰ ক্ষেত্ৰত অর্থনৈতিক সহযোগিতা আৰু বিকাশৰ সংগঠন য়ে চৰকাৰী কৰ্তৃপক্ষৰ তিনিটা অপৰিহাৰ্য কাৰ্যাৱলীৰ বিষয়ে উল্লেখ কৰিছে। 

এইকেইটা হৈছে ক্ৰমে—

(ক) অর্থনৈতিক কার্য সম্পাদনৰ এক উপযুক্ত পৰিৱেশ গঢ়ি তোলা।

(খ) সু-ফল সমূহ বিতৰণৰ নিদ্বাৰিকসমূহ ঠিৰাং কৰা আৰু 

(গ) শাসক আৰু শাসিতৰ মাজৰ সম্পৰ্কৰ স্বৰূপ নিৰ্দ্ধৰিণকৰণ।

আৱাসিক সন্মিলনে আগবঢ়োৱা সু-পৰিচালনাৰ উপাদানসমূহ:

১৯৯৬ চনৰ আৱাসিক সন্মিলনে আগবঢ়োৱা সু-শাসনৰ মূল উপাদানসমূহ হৈছে ক্ৰমে—

(১) দায়বদ্ধতা।

(২) স্বচ্ছতা।

(৩) অংশগ্রহণ।

(৪) আইনৰ অনুশাসন।

(৫) চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠানসমূহৰ অংশগ্রহণ।

১৯৯৭ চনৰ সন্মিলিত ৰাষ্টসংঘ উন্নয়ন আঁচনিত সু-পৰিচালনাৰ নিম্নোক্ত উপাদান সমূহৰ বিষয়ে উল্লেখ কৰা হৈছিল– 

(১) অংশগ্রহণ।

(২) আইনৰ অনুশাসন।

(৩) স্বচ্ছতা।

(৪) উত্তৰ দায়ী।

(৫) সহমতভিত্তিক।

(৬) সমন্যায়।

(৭) দক্ষতা আৰু ফলপ্রদ প্রশাসন।

(৮) দায়বদ্ধতা 

যি কি নহওক, সু-পৰিচালনাৰ উপাদান সম্পৰ্কীয় উপৰোক্ত মতামত সমূহৰ আধাৰত সু-পৰিচালনাৰ মূল উপাদান বুলি ক’লে নিম্নোক্ত দিশ কেইটালৈ আঙুলিয়াব পাৰি―

(১) নাগৰিকসকলৰ সৰ্বাংগীন কল্যাণ সাধনৰ স্বাৰ্থত ৰাষ্ট্ৰৰ পৰিক্ৰমাসমূহৰ ব্যৱস্থাপনা।

(২) ৰাষ্ট্ৰীয় সংবিধান আৰু মানৱ অধিকাৰ সম্পৰ্কীয় চুক্তিপত্ৰসমূহত বর্ণিত সকলোবিলাক অধিকাৰ প্ৰতিজন নাগৰিকৰ বাবে উপভোগ্য কৰি তোলা।

(৩) প্ৰতিজন নাগৰিকৰে ৰাজনৈতিক সামাজিক আৰু অর্থনৈতিক জীৱনৰ উন্নতি সাধন কৰা।

(৪) ৰাষ্ট্ৰৰ শাসন ব্যৱস্থাৰ আনুষ্ঠানিকীকৰণ।

(৫) দক্ষ, ফলপ্রসূ, উত্তৰদায়ী, স্বচ্ছ আৰু দায়বদ্ধশীল গণতান্ত্রিক পৰিচালনা।

ওপৰৰ বিস্তৃত আলোচনাৰ অন্তত: আমি ক’ব পাৰো যে সু-পৰিচালনা বুলিলে মূলতঃ শাসনৰ পাঁচটা বিশেষ দিশৰ কথা সূচায়। 

2. What is meant by Good Governance?

Analyse the significant features of it.

Ans: সু-শাসন হৈছে সিদ্ধতিগ্রহণ আৰু কাৰ্যকৰীকৰণৰ এক প্রক্রিয়া। সু-শাসনে শুদ্ধ সিদ্ধন্তি গ্ৰহণ কৰাৰ নিমিত্তে সবেত্তিম সম্ভাব্য প্রক্রিয়াক বুজায়। সু-শাসন হৈছে চৰকাৰৰ এক দৃষ্টিভংগী যি ন্যায় বিচাৰ আৰু শান্তি প্ৰতিষ্ঠাৰ এক পদ্ধতি যুগুতোৱাৰ বাবে প্ৰতিশ্রুতিবদ্ধ যিয়েই নেকি ব্যক্তি অধিকাৰ আৰু নাগৰিক অধিকাৰসমূহৰ ৰক্ষণাবেক্ষণ দিয়ে।

সু-শাসন হৈছে আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সাহিত্যত ব্যৱহৃত এক অভিধা যিয়েই নেকি মানৱ অধিকাৰৰ উপভোগৰ নিশ্চয়তা প্রদান কৰাৰ বাবে ৰাজহুৱা অনুষ্ঠান প্রতিষ্ঠানসমূহে কিদৰে ৰাজহুৱা বিষয়সমূহ আৰু ৰাজহুৱা সম্পদৰাজি পৰিচালনা কৰে তাৰ সবিশেষ আগবঢ়ায় [Good Governance/ is a term in international development literature to describe how public institutions conduct public affairs and manage public resources in order to guarantee the realisation of human rights] সু-শাসনৰ অৱধাৰণাটি কার্যকৰী অর্থনীতি আৰু ৰাজনৈতিক সংস্থাসমূহৰ সৈতে অফলপ্ৰসূ অর্থনীতি বা ৰাজনৈতিক সংস্থাসমূহৰ তুলনা নকৰাৰ এক আৰ্হি হিচাপে উদ্ভাৱিত হোৱা বুলিব পাৰি [The concept of Good Governance emerges as a model to compare ineffective economics or political bodies with viable economies and Political bodies]

সু-পৰিচালনা সম্পৰ্কীয় উপৰোক্ত বিস্তৃত আলোচনাৰ পৃষ্ঠভূমিত সু-শাসনৰ বৈশিষ্ট্যসমূহ নিম্নোক্তধৰণে ফঁহিয়াই চাব পাৰি―

(১) অংশগ্রহণমূলক : চৰকাৰৰ সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াত পুৰষ মহিলা উভয়ৰে সক্রিয় অংশগ্রহণ কাৰ্যক সু-পৰিচালনাৰ অন্যতম পূর্ব চৰ্ত বুলি ক’ব পাৰি। এই অংশগ্রহণ পোনপটীয়াও হ’ব পাৰে নতুবা তেওঁলোকৰ স্বাৰ্থৰ প্ৰতিনিধিত্ব কৰা বিধিগত অন্তবর্তী অনুষ্ঠানসমূহ বা প্রতিনিধিবর্গৰ জৰিয়তেও হ’ব পাৰে। অৱশ্যে প্রসংগক্রমে এইটো উল্লেখ কৰা সমুচিত হ’ব যে প্রতিনিধিত্বমূলক গণতন্ত্ৰৰ অৰ্থ এইটো নহয় যে সমাজৰ সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াত অৰক্ষিত শ্রেণীৰ উদ্বেষ ক্ষেত্র বিবেচনা কৰা হ’ব। অংশগ্রহণ সদায় অৱগত আৰু সংগঠিত হোৱা আৱশ্যক। ইয়াৰ অর্থ সংগঠিত নাগৰিক সমাজ আৰু সংঘবদ্ধ হোৱাৰ অধিকাৰৰ বহিঃপ্রকাশ। কোনো এক চৰকাৰী সিদ্ধান্ত কৰি তোলাৰ ক্ষেত্ৰত জনগণৰ সমৰ্থন আৰু সহায় সহযোগিতাৰ প্রয়োজন হয়। প্রশাসনত প্রতিনিধিত্ব, দীয়িত্বশীলতা আৰু দায়বদ্ধতাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ লগে লগে প্রশাসন প্রক্রিয়াত জনসাধাৰণৰ অংশগ্রহণ অত্যাবশ্যকীয় হৈ পৰে। জনসাধাৰণৰ অংশগ্ৰহণ ফলপ্রসূ কৰি তোলাৰ বাবে কিছুমান পৰিকল্পিত পথৰ ব্যৱস্থা কৰাৰো প্ৰয়োজন হয়। তদুপৰি জনসাধাৰণক প্রশাসন প্রক্রিয়াৰ সৈতে জড়িত কৰাৰ ফলত জনসাধাৰণৰ তথ্য জনাৰ অধিকাৰৰ গুৰুত্ব বৃদ্ধি পায়। প্রশাসনত জনসাধাৰণৰ অংশগ্ৰহণৰ কেইটামান সুবিধা আছে— 

(১) প্রশাসনৰ প্রতিনিধিত্ব আৰু দায়বদ্ধতাৰ মাত্রা বহুগুণে বৃদ্ধি পাব।

(২) প্রশাসন আৰু জনসাধাৰণৰ মাজত এক বুজাবুজিৰ পৰিৱেশ সৃষ্টি কৰাৰ উপৰিও সমাজৰ ওপৰত এক সংঘবদ্ধ প্রভাব পেলায়।

(৩) প্ৰশাসনৰ বিধিগত দায়িত্বৰ সৈতে নৈতিক দায়িত্ব সংযোজিত হয়।

(৪) প্রশাসকৰ কৰ্তব্যপৰায়ণতাৰ প্রবণতা বৃদ্ধি পায় আৰু জনসাধাৰণক আইনৰ প্রতি আনুগত্যশীল কৰি তোলে।

(২) আইনৰ অনুশাসন : আইনৰ অনুশাসন সু-পৰিচালনাৰ অন্যতম উল্লেখনীয় বৈশিষ্ট্য তথা পূৰ্বচত। সু-পৰিচালনাৰ অন্যতম উল্লেখনীয় বৈশিষ্ট্য তথা পূর্ব চর্ত। সু-পৰিচালনাৰ বাবে আইনৰ কাঠামোড় আৰু ভিত্তি সদায় নিৰপেক্ষ আৰু যুক্তিসম্মত ধাৰণাৰ আধাৰত প্ৰতিষ্ঠিত হোৱা উচিত। আইনৰ দৃষ্টিত সকলো সমান হোৱাৰ লগতে আইন বলবৎকৰণৰ প্ৰক্ৰিয়া দ্রুত হোৱাৰ ওপৰতে ইয়াৰ সফলতা বহু পৰিমাণে নিৰ্ভৰ কৰে। মানৱ অধিকাৰ, ন্যায়, সমতা স্বতন্ত্রতা আদি প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত আইনী সাহাৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। উল্লেখ্য যে আইনৰ নিৰপেক্ষ বলৱৎকৰণৰ বাবে এক স্বতন্ত্র বিচাৰ-বিভাগ আৰু এক নিৰপেক্ষ আৰু দুর্নীতি মুক্ত নিৰাপত্তা আৰক্ষী বাহিনীৰ নিতান্তই প্রয়োজন।

(৩) স্বচ্ছতা : প্রশাসনিক স্বচ্ছতা সু-পৰিচালনাৰ আন এক উল্লেখনীয় চৰ্ত। স্বচ্ছতাৰ অৰ্থ হ’ল গৃহীত সিদ্ধপ্তি আৰু উক্ত সিদ্ধপ্তি কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত যথাযথ বিধিৰ অনুসৰণ। তদুপৰি স্বচ্ছতাই সকলো তথ্যৰ মুক্ত আদান প্রদানক সূচায়। তথ্যসমূহ সহজে বোধগম্য হ’ব লাগে। সিদ্ধান্ত গ্রহণ আৰু ইয়াৰ প্ৰয়োগৰ ক্ষেত্ৰত স্পষ্টতা আৰু সঠিক আইন-কানুনক অনুসৰণ কৰাৰ লগতে যিসকলৰ বাবে সিদ্ধান্ত গ্রহণ আৰু ৰূপায়ণ কৰা হয় তেওঁলোকে যাতে মুক্ত আৰু প্রতক্ষ্যভাৱে তথ্যৰ আহৰণ আৰু উপলব্ধি কৰিব পাৰে তেনে এক ব্যৱস্থাক বুজায়। স্বচ্ছতাই প্রয়োজনীয় তথ্যৰ সহজতে বোধগম্য হ’ব পৰাকৈ তথ্যৰ যোগান ধৰা প্ৰক্ৰিয়াকে বুজায়। তথ্যৰ এনে স্বচ্ছতাৰ যোগেদিহে সু- শাসনৰ আশা কৰিব পাৰি।

প্রশাসনিক স্বচ্ছতা নাগৰিকৰ তথ্য জনাৰ অধিকাৰৰ আইনগত বলৱৎকৰণৰ জৰিয়তে অধিক সৱলীকৰণ কৰি তুলিব পৰা যায়। চৰকাৰৰ সিদ্ধতি গ্রহণ আৰু চৰকাৰী নীতি কার্যকৰীকৰণৰ বেলিকা স্বচ্ছতাই অনিশ্চয়তা দূৰীকৰণৰ লগতে চৰকাৰী বিষয়া কৰ্ম্মসৰীসকলক দূর্নিতীত নিমজ্জিত হোৱাত বাধা প্রদান কৰিব বুলি অনুমান কৰা হয়। এনেদৰে স্বচ্ছতাই সু-পৰিচালনাৰ ভেটি নিৰ্ম্মাণ কৰাত সহায় কৰে।

(৪) উত্তৰদায়ী প্রশাসন : সু-পৰিচালনাৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য হৈছে যে ই হৈছে উত্তৰদায়ী প্রশাসন। অথ প্রশাসনে জনগণৰ অভাৱ অভিযোগৰ প্ৰতি তাৎক্ষণিকভাৱে মনোযোগ দিয়া আৰু তেনে অভাব অভিযোগৰ নিষ্পত্তিকৰণৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰিব লাগে। আন কথাত ক’বলৈ হ’লে, প্রশাসনে সকলো শ্ৰেণীৰ জনগণক সন্তুষ্ট কৰিব পৰাকৈ সেৱা আগবঢ়োৱাৰ লক্ষ্য আগত ৰাখিব লাগে। এইক্ষেত্ৰত প্রশাসনে কেতবোৰ বিশেষ দিশৰ প্ৰতি সততে দৃষ্টি বখাটো প্রয়োজন। যেনে-স্থানীয় নিকায়সমূহৰ নিয়মিত নির্বাচন, বিকেন্দ্রীভূত পৰিকল্পনা, বিষয়া প্রশাসন আৰু প্ৰশিক্ষণ ব্যৱস্থাৰ উন্নতি সাধন কৰা,প্রশাসনিক কার্য পদ্ধতিৰ শিথিলতা কর্তব্য আৰু দায়িত্বৰ সংজ্ঞা দাঙি ধৰা, কর্মক্ষেত্ৰৰ পৰিৱেশৰ উন্নয়ন সাধন ইত্যাদি। উল্লেখ্য যে জনগণৰ প্ৰতি দায়বদ্ধতা, দায়বদ্ধশীল প্রশাসন, ৰাষ্ট্ৰ আৰু সমাজৰ সহযোগিতামূলক প্রচেষ্টাইহে দক্ষ আৰু দায়বদ্ধশীল প্রশাসন গঢ়ি তুলিব পাৰে। এইক্ষেত্ৰত প্ৰয়োজন হয় – 

(১) চৰকাৰৰ নীতি আৰু আদৰ্শৰ প্ৰতি জনগণৰ সমৰ্থন।

(২) নাগৰিকৰ সহযোগিতামূলক প্ৰচেষ্টাৰ আধাৰত গঢ়ি উঠা প্ৰশাসনীয় কৰ্তৃত্ব। আৰু 

(৩) গুণগত আৰু সমৰ্থবান লোকসেৱকৰ ভূমিকা।

(৫) সহমতভিত্তিক বা ঐক্যভিত্তিক : সু-পৰিচালনাৰ বাবে জনসাধাৰণৰ সহমতৰ প্ৰয়োজনীয়তা আছে। বিভিন্ন আলাপ আলোচনা অন্ততঃ উপনীত হোৱা এক্যমৰ বিপৰীত সস্থিতিগ্ৰহণ কৰা কাৰ্যই সু-পৰিচালনাৰ নিশ্চয়তা প্রদান নকৰে। যিহেতু প্রশাসনত জন অংশগ্রহণ। যথেষ্ট গুৰুত্বপূর্ণ, গতিকে এই অংশগ্রহণ সহমতৰ আধাৰত হোৱাটো নিতান্তই প্রয়োজনীয় । সু-পৰিচালনা হ’ল এনে এক প্রচেষ্টা যি ভিন্নতাপূর্ণ স্বাৰ্থৰ মাজত এক ঐক্যমতত উপনীত হোৱাৰ বাবে চেষ্টা কৰে। সু পৰিচালনাৰ এনে প্ৰচেষ্টাই সমাজত বিভিন্ন স্বাৰ্থৰ মাজত হোৱা সংঘাত প্রশমিত কৰি তোলে।

(৬) ন্যায়পৰায়ণতা আৰু সকলোৰে অর্ন্তভুক্তি : সু-পৰিচালনাৰ বাবে জনসাধাৰণৰ সহমতৰ প্ৰয়োজনীয়তা আছে। বিভিন্ন শ্রেণীৰ মাজত সমতা আৰু সমাজৰ মূলসুঁতিলৈ সকলোৰে অন্তর্ভুক্তিকৰণ হ’ল সু-পৰিচালনাৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য। সমাজ এখনৰ উন্নতি নিৰ্ভৰ কৰে সমাজ খনত থকা বিভিন্ন শ্রেণীৰ মাজত থকা সদস্যসকলে নিজকে সমাজৰ মূলসূতিৰ পৰা বৰিভূত নহয় বুলি কৰা উপলব্ধিৰ ওপৰত। সেয়েহে ইয়াৰ বাবে সমাজৰ সকলো গোষ্ঠীকে বিশেষকৈ সমাজৰ দুৰ্বল শ্ৰেণীৰ লোক সকলৰ উন্নতিৰ বাবে সকলোধৰণৰ সুযোগ সুবিধা দিয়াটো অতিকৈ প্ৰয়োজন। এক কথাত ক’বলৈ হ’লৈ, আৰ্থ সামাজিক আৰু ৰাজনৈতিক ন্যায় প্রতিষ্ঠা কৰা সু-পৰিচালনাৰ লক্ষ্য হোৱা উচিত।

(৭) দক্ষ প্রশাসন : দক্ষতা বুলিলে প্রাপ্ত সম্পদৰাজিৰ সৰ্বোত্তম ব্যৱহাৰৰ জৰিয়তে প্রশাসন তথা প্ৰশাসনীয় প্রতিষ্ঠানসমূহে লাভ কৰিব পৰা সৰ্বোকৃষ্ট ফলাফলক সূচায়। দক্ষতাই এক কৰ্ম্মপটু তথা নিপুণ প্ৰশাসনীয় পদ্ধতিক সূচিত কৰে। দক্ষ প্রশাসনৰ বাবে প্ৰশাসনৰ প্ৰতিটো পৰ্যায়তে দক্ষতাৰ সূচক প্রশাসনীয় ব্যৱস্থাসমূহ কার্যকৰী কৰিব লাগে। অৱশ্যে মূল প্রশাসক গৰাকী দক্ষ হ’লেই সামাজিক প্রশাসন ব্যৱস্থাটো দক্ষ হোৱা নুবুজায়। প্ৰশাসনৰ প্ৰতিটো স্তৰতে দক্ষতা নিৰূপণৰ কাৰকসমূহ অন্তনির্হিত থাকিব লাগিব। সু-পৰিচালনাৰ প্ৰেক্ষাপটত কৰাটোও সুচায়। এনেদৰে দক্ষতাই প্রশাসনক গতিশীলতা প্ৰদান কৰে। 

(৮) দায়বদ্ধতা : ‘দায়বদ্ধতা অভিধাটো ১৮৫৩ চনত পোন প্ৰথমবাৰৰ বাবে বিত্তীয় প্ৰশাসনৰ পৰিপ্ৰেক্ষিতত প্ৰয়োগ কৰা হৈছিল অৱশ্যে পৰবর্তী সময়ত লোক প্রশাসনৰ দায়িত্ব আৰু কৰ্ম্মপৰিধি ক্ৰমাৎ বৃদ্ধি পোৱাত চিন্তাবিদসকলে প্ৰশাসনৰ আন আন দিশসমূহ সামৰি ব্যাপক অৰ্থত দায়বদ্ধতাৰ ধাৰণাটো বাখ্যা কৰিবলৈ লয়। অৱশ্যে দীয়বদ্ধতা লোক প্রশাসনৰ কাৰ্য সম্পাদনৰ পৰৱৰ্তী পৰ্যায়ৰ দিশহে। কিন্তু কার্য সম্পাদনৰ পৰৱৰ্তী পৰ্যায়ৰ দিশ হ’লেও যদি এজন প্রশাসক তেওঁৰ নিজৰ দায়বদ্ধতা সম্পর্কে সজাগ হয় তেন্তে সেই সজাগতাই তেওঁৰ ব্যৱহাৰ আৰু দৃষ্টিভংগী নিয়ন্ত্রিত কৰিব। প্রসংগক্রমে উল্লেখ কৰাটো সমুচিত হ’ব যে প্রশাসনিক দায়বদ্ধতাৰ প্ৰধানকৈ দুটা দিশ আছে— ৰাজনৈতিক আৰু প্ৰশাসনিক দিশ ৰাজনৈতিক দিশ সম্পর্কে ক’বলৈ যাওঁতে সংসদীয় গণতন্ত্ৰৰ বিষয়ে উল্লেখ কৰিব পাৰি। সংসদীয় গণতন্ত্রিক শাসন ব্যৱস্থাত মন্ত্রীপৰিষদখন সংসদৰ মজিয়াত জনসাধাৰণৰ ওচৰত জনপ্রতিনিধিৰ জৰিয়তে উত্তৰদায়ী হয়। মন্ত্রীসকলে সংসদত নিজৰ কাৰ্যৰ খতিয়ান দিবলৈ বাধ্য হয়।

3. Role of Civil Society in the era of Globalization.

Ans: নাগৰিক ধাৰণাটো পুৰণি যদিও ১৯৮০ দশকৰ পৰাই সমাজ বিজ্ঞানৰ আলোচনাৰ মাজলৈ আহে। বিশেষকৈ গণতন্ত্ৰৰ উত্থান আৰু বিশ্বায়ন প্ৰক্ৰিয়াৰ প্ৰাকক্ষণত নাগৰিক সমাজে গ্ৰহণ কৰিবলগীয়া ভূমিকাই সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। নাগৰিক সমাজ ধাৰণাটো এক জটিল ধাৰণা হোৱাৰ বাবে ইয়াৰ এক স্পষ্ট ব্যাখ্যা আগবঢ়োৱাটো টান। নাগৰিক সমাজ এক বহল ধাৰণ। হিচাপে ই ৰাষ্ট আৰু ব্যক্তিগত খণ্ডৰ মাজত এক তৃতীয় পক্ষ হিচাপে অৱস্থান কৰে। যাৰ ফলস্বৰূপে বহুত সংগঠন আৰু অনুষ্ঠান প্রতিষ্ঠান যেনে শ্রমিক সংঘ, ৰাজনৈতিক দল, ধর্মীয় অনুষ্ঠান আৰু সংঘ, বৃত্তিগত সংগঠন, ব্যবসায়িক সংগঠন, সম্প্রদায় আর্থ-সামাজিক গোট, সামাজিক আন্দোলনৰ দল-সংগঠন, স্বাধীন সংবাদ মাধ্যম, বেচৰকাৰী সংগঠন, গ্ৰাহক সুৰক্ষা সন্থা, শৈক্ষিক প্রতিষ্ঠান, শিক্ষক-অবিভাবক সন্থা, সমবায় সংগঠন, দানশীল অনুষ্ঠান, সাহাৰ্য সস্থা, অধিকাৰ সংগঠন, কৃষক সহা, মহিলা সংগঠন আদি সকলোবোৰ নাগৰিক সমাজৰ অংশ হিচাপে বিবেচনা কৰা হয়।

সামগ্রিক দৃষ্টিত নাগৰিক সমাজ হ’ল পৰিয়াল আৰু ৰাষ্ট্ৰ মাজত থকা সকলো সংগঠন আৰু অনুষ্ঠান প্রতিষ্ঠান য’ত ইয়াৰ সদস্য ভর্তি আৰু কাৰ্যকলাপ স্বেচ্ছাকৃত প্ৰকৃতিৰ হয়। আন কথাত নাগৰিক সমাজ হ’ল এক স্বেচ্ছাসেৱী সংগঠন যাৰ কাৰ্যাৱলী আৰু নীতি নিয়মাৱলী সমাজ গঠনত প্ৰভাৱ বিস্তাৰ কৰাৰ কাৰণে চেষ্টা কৰে। সেয়েহে নাগৰিক সমাজক চৰকাৰী আৰু ব্যৱসায়িক সংগঠন সমূহৰ পৰা পৃথক বুলি জনা যায়। আনকি নাগৰিক সমাজক আধুনিক সমাজ ব্যৱস্থাৰ বহুত সমস্যাৰ সমাধানৰ এক উপায় বা পন্থা হিচাপেও গণ্য কৰা হয়।

নাগৰিক সমাজে সমাজ এখনক সঠিক পথেৰে পৰিচালনা কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। নাগৰিক সমাজৰ ৰাষ্ট্ৰ এখনৰ প্ৰতি থবা এনে সামাজিক দায়বদ্ধতাৰ প্ৰচেষ্টাক বিশ্বায়নে অন্য এক মাত্রা প্রদান কৰিছে। বিশ্বায়নে নাগৰিক সমাজৰ কৰ্ম পৰিধি আৰু কৰ্ম প্ৰকৃতি দুয়োৰে পৰিবৰ্তন সাধন কৰিছে। নাগৰিক সমাজে বিশ্বায়ন প্ৰক্ৰিয়াৰ যোগেদি সথানীয় সমস্যা আৰু বিষয়সমূহ বিশ্ব দৰবাৰত উপস্থাপন কৰাত অগ্রণী ভূমিকা গ্ৰহণ কৰে। আন কথাত বিশ্বায়নে নাগৰিক সমাজক স্থানীয় সমস্যা সমাধানৰ সুবিধা প্ৰদান কৰি নাগৰিক সমাজৰ সামাজিক দায়বদ্ধতা বৃদ্ধি কৰাত অৰিহনা যোগায়। বিশেষকৈ গণতান্ত্রিক ৰাষ্ট্ৰত নাগৰিক সমাজে ব্যক্তিৰ ব্যক্তিগত লক্ষ্যত উপনীত হোৱাত সহায় কৰাৰ উপৰিও ৰাজনৈতিক আৰু সামাজিক জীৱনত তেওঁলোকৰ উৎসাহজনক অংশগ্রহণ সুনিশ্চিত কৰে।

নাগৰিক সমাজ ৰাষ্ট্ৰ আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা এক পৃথক তথা তৃতীয় পক্ষ হিচাপে ৰাষ্ট নীতি নিৰ্দ্ধাৰিণ প্ৰক্ৰিয়াত আৰু বজাৰ ব্যৱস্থাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰাৰ যোগেদি বিশ্বায়ন প্রক্রিয়াৰ গতিপথ নিয়ন্ত্রণ কৰিবলৈ সক্ষম হৈছে। নাগৰিক সমাজে বিশ্বায়নৰ ক্ষতিকাৰক আর্থ-সামাজিক ৰাজনৈতিক আৰু পৰিয়ালগত প্ৰভাৱসমূহক প্রত্যাহ্বান জনাই জনমত সৃষ্টি কৰি আহিছে। বিশেষকৈ বিশ্বায়নৰ দ্বাৰা প্রভাৱিত মানৱ অধিকাৰ, গণতন্ত্র, শিক্ষা আদি বিষয়ত উন্নয়নশীল ৰাষ্টসমূহে সম্মুখীন হোৱা সমস্যাৰাজীৰ বিষয়ে জনমত সৃষ্টি কৰি মানৱীয় প্ৰমূল্যবোধ ৰক্ষাৰ্থে নাগৰিক সমাজে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বিশ্বায়ন প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰভাৱিত হৈ ৰাষ্ট্ৰই যিবোৰ নীতি গ্রহণ কৰে তাৰ দ্বাৰা যাতে নাগৰিকৰ মানৱ অধিকাৰ, স্বাধীনতা অৰু মানবীয় প্ৰমূল্যবোধ লাঘব নহয় তাৰবাবে নাগৰিক সমাজে তেনে নীতিৰ বিৰুদ্ধাচাৰণ কৰাৰ উপৰিও এনে ক্ষেত্ৰত চৰকাৰ যাতে স্বেচ্ছাচাৰীভাৱে ক্ষমতা প্রয়োগ কৰিব নোৱাৰে তাৰ প্ৰতি নাগৰিক সমাজে চোকা নজৰ ৰাখে। অর্থাৎ বিশ্বায়নৰ ফলস্বৰূপে ৰাষ্ট্ৰ পৰিৱৰ্তিত ভূমিকাৰ পৰিপ্ৰেক্ষিতত নাগৰিক সমাজেৰ ৰাষ্ট্ৰৰ সিদ্ধান্তগ্রহণ প্ৰক্ৰিয়াত নাগৰিকৰ অংশগ্রহণ গণতান্ত্রিকৰণ মানৱ অধিকাৰৰ সুৰক্ষা আৰু নাগৰিকৰ মৌলিক প্রয়োজনীয়তা সমূহ পূৰণৰ ক্ষেত্ৰত এক আপোচহীন স্থিতি গ্ৰহণ কৰে।

বিশ্বায়নে বিশ্বৰ বিভিন্ন অনুষ্ঠান আৰু সংগঠনৰ গাৰ্থনিগত সংস্কৰণৰ যোগেদি কিছুমান আন্তর্জাতিক বিত্তীয় আৰু ব্যৱসায়ীক অনুষ্ঠানৰ স্বাধীনতা আৰু ক্ষমতা বৃদ্ধি কৰিছে যদিও সেই অনুপাতত এনে অনুষ্ঠানসমূহৰ সামাজিক দায়বদ্ধতা বৃদ্ধি হোৱা নাই যিটো বিশ্বৰ বিভিন্ন পণ্ডিতে এক বিপদজনক অৱস্থা বুলি বিবেচনা কৰি আহিছে। এনে পৰিস্থিতিত নাগৰিক সমাজে বিশ্বৰ এনে বিত্তীয় অনুষ্ঠানসমূহৰ বৰ্ধিত ক্ষমতা তথা স্বাধীনতা আৰু সামাজিক দায়বদ্ধতাৰ মাজত এক ভাৰসাম্য অৱস্থাৰ সৃষ্টি কৰাত যথেষ্ট অৰিহণা যোগাই আহিছে।

বিশ্বায়ন প্রক্রিয়াই এনে এক অর্থনৈতিক ব্যৱস্থাৰ সৃষ্টি কৰিছে য’ত উন্নত ৰাষ্ট্ৰসমূহে প্রভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হয়। আনকি এই উন্নত ৰাষ্ট্ৰসমূহে এনে অর্থনৈতিক ব্যৱস্থাৰ যোগেদি দুখীয়া ৰাষ্ট্ৰসমূহক কিছুমান বিশেষ অর্থনৈতিক সা-সুবিধাৰ পৰা বঞ্চিত কৰাৰ কাৰণে কিছুমান দিশত সংৰক্ষণশীল নীতি কৰা দেখা যায়। উদাহৰণস্বৰূপে যিবোৰ দুখীয়া ৰাষ্ট্ৰই আন্তর্জাতিক মুদ্ৰা নিধি [IMF] আৰু বিশ্ব বেংকৰ পৰা ঋণৰ সহায় ল’ব লগা হৈছে এনে ৰাষ্ট্ৰসমূহক জনকল্যাণৰ শিতানত ইয়াৰ খৰচৰ পৰিমান কম কৰিবৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছে। ঠিক সেইদৰে ৰাষ্ট যন্ত্ৰইও ইয়াৰ বজাৰ ব্যৱস্থাই যাতে মানৱীয় প্রমূল্যবোধ আপোচ নকৰে তাক ৰাষ্ট্ৰই সুনিশ্চিত কৰে যদিও বহু ক্ষেত্ৰত ৰাষ্ট্ৰই কিছুমান নিৰ্ধাৰিত স্বাৰ্থৰ দ্বাৰা প্ৰভাৱিত হৈ কাম কৰে বা তেতিয়া জনসাধাৰণৰ স্বাৰ্থৰ পৰপন্থী হৈ কাম কৰিব পাৰে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নাগৰিক সমাজ ৰাষ্ট আৰু বজাৰৰ পৰা এক পৃথক অনুষ্ঠান হিচাপে নাগৰিক সমাজ এনে বজাৰ আৰু ৰাষ্ট্ৰ ব্যৱস্থাৰ পৰা জনস্বার্থক সুৰশষিত কৰাত এক অদ্বিতীয় ভূমিকা গ্ৰহণ কৰে। তদুপৰি বিশ্বায়নৰ পৰা প্ৰভাৱিত এনে ৰাষ্ট্ৰৰ চৰকাৰখনক এক দায়িত্বশীল আৰু মানৱ অধিকাৰৰ ৰক্ষাকর্তা হিচাপে গঢ়ি তোলাত নাগৰিক সমাজে এক অবিভাৱকৰ ভূমিকা গ্রহণ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top