Perspectives on Public Administration Unit 4 Public Policy

Perspectives on Public Administration Unit 4 Public Policy Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Perspectives on Public Administration Unit 4 Public Policy Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Perspectives on Public Administration Unit 4 Public Policy Question Answer can be of great value to excel in the examination.

Perspectives on Public Administration Unit 4 Public Policy

Join Telegram channel

Perspectives on Public Administration Unit 4 Public Policy Notes cover all the exercise questions in UGC Syllabus. The Perspectives on Public Administration Unit 4 Public Policy provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Public Policy

POLITICAL SCIENCE

Perspectives on Public Administration লোক প্ৰশাসনৰ প্ৰেক্ষাপটসমূহ

Very Objective Type Questions

1. What do you mean by ‘Participation’?

Ans: সাধাৰণ অৰ্থত অংশ গ্ৰহণৰ অৰ্থ হ’ল “জনগণৰ জীৱন নিৰ্বাহৰ দিশত প্ৰভাৱ বিস্তাৰ কৰা বিভিন্ন আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক স্বার্থ জড়িত কাৰ্যকলাপত জনসাধাৰণ জড়িত হোৱাৰ এক প্রক্রিয়া” [Participation in general means that process wherein people are closely involved in economics, Social,cultural and political affairs which affect their lives]

চৰকাৰৰ বিভিন্ন স্তৰত গ্ৰহণ কৰা বিকাশশীল কার্যকলাপবোৰৰ বিভিন্ন দিশ আৰু প্ৰক্ৰিয়াত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত এখন সমাজৰ সদস্যসকলে স্বেচ্ছামূলকভাৱে অংশ লোৱা কার্যকলাপসমূহকে ‘অংশগ্রহণ’ [Participation) শব্দটোৱে প্ৰকাশ কৰে।

2. One objective of ‘People’s Participation”?

Ans: (ক) উন্নয়নৰ আঁচনিসমূহ বা প্রকল্পসমূহ অধিক ফলপ্রসূভাৱে প্রস্তুত তথা কাৰ্যকৰী কৰা। উন্নয়নৰ আঁচনি বা প্রকল্পসমূহ প্ৰস্তুতকৰণ বা কাৰ্যকৰীকৰণত জনসাধাৰণৰ অংশগ্ৰহণ নাথাকিলে ই অধিক ফলপ্রসূ হ’ব নোৱাৰে। গতিকে জনসাধাৰণৰ কল্যাণৰ স্বাৰ্থতেই প্ৰশাসনীয় আঁচনি বা প্রকল্পপমূহত জনগণৰ অংশ গ্ৰহণৰ প্ৰয়োজন আছে।

3. Define Participation.

Ans: ওৱেবষ্টাৰ থায়েৰ নিউ ইণ্টাৰনেশ্যনেল ডিক্সনেৰীৰ মতে, অংশ গ্ৰহণৰ অৰ্থ হ’ল কোনো কার্যত সক্রিয়ভাৱে জড়িত হৈ পৰে। [participation means’ the action or state of taking part of something actively.]

আৰ. কে. ভাটনগৰৰ মতে, ‘জনগণৰ অংশগ্ৰহণৰ সাধাৰণ অর্থ হ’ল এক প্ৰক্ৰিয়া, য’ত নাগৰিকে তেওঁলোকৰ জীৱনক প্ৰভাৱিত কৰা আর্থিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক কার্যত নিবিড়ভাবে জড়িত হৈ পৰে। অংশগ্রহণে বর্ধিতপ্ৰভাৱ আৰু নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়ে। সমান্তৰালভাৱে অংশগ্রহণে বর্ধিতভাৱে জড়িত হোৱাটোক বুজায়। [“Participation in general means the process where in people are closely involved in economic, social, cultural and political affairs, which affect their lives, participation requires increased in-fluence and control, it also simultaneously call for an increased involvement.”]

4. Define Policy Evaluation?

Ans: Thomas Pyesৰ মতে, “মূল্যায়নকৰণ হৈছে লোক নীতিৰ পৰিণতি বিষয়ক শিক্ষা।” [Evaluation is learning about the consequences of Public Policy]|

ইৰা শ্বাৰখানস্কি (Ira Sharkansky)ৰ মতে, “লোক নীতি মূল্যায়ন হৈছে যাক উদ্দেশ্য কৰি নীতি যুগুত কৰা হৈছে তেওঁলোকৰ ওপৰত আঁচনিৰ বিষয়বস্তু আৰু পৰিণতিৰ মূল্য নির্ণয় কৰা।” [The Evaluation of Public Policy is an attempt to assess the content and effect of Policy on those for whom it is intended] |

জে.এচ হলীৰৰ মতে, “নীতি মূল্যায়ন হৈছে ৰাষ্ট্ৰীয় কর্মসূচী (নীতি আঁচনি)ৰ সামগ্রিক কার্যকাৰিতাৰ মূল্যায়ন বা সাধাৰণ উদ্দেশ্য পূৰণ বা উমৈহতীয়া লক্ষ্য সাধনৰ অৰ্থে দুই বা ততোধিক আঁচনিৰ আপেক্ষিক কার্যকাৰিতাৰ মূল্যায়ন” (Policy Evaluation is the assessment of the overall effectiveness of a national programme (Policy Programme) in meeting the objectives or assessment of the relative effectiveness of two or more programmes in meeting common objectives) 

ডেভিদ নাডিমিয়াছৰ মতে, “নীতি মূল্যায়ন গবেষণা হৈছে চলমান নীতিসমূহ আৰু ৰাজহুৱা আঁচনি বিলাকে নিদ্ধাৰিত লক্ষ্যৰাজিত উপনীত হ’ব পাৰিছে নে নাই তাৰ বস্তুনিষ্ঠ, পদ্ধতিগত, অভিজ্ঞতাজনিত পৰীক্ষণ [Policy Evaluation Research is the objective Systematic, Empirical Examination of the effects that ongoing policies and public programmes have on their targets in-terms of the goals they are mean to achieve].

5. Meaning of ‘Decentralisation’?

Ans: গণতান্ত্ৰিক ৰাষ্ট এখনৰ প্ৰশাসন ব্যৱস্থাৰ এটা প্ৰধান সমস্যা হ’ল – প্রশাসনিক ক্ষমতা আৰু কৰ্মৰ বিভাজন সুনিশ্চিত কৰা। এই বিভাজনসমূহ এনেদৰে হোৱা উচিত যাতে প্রশাসনিক সুবিধাসমূহ প্ৰশাসনৰ সকলো স্তৰলৈকে অৰ্থ একেবাৰে উৰ্দ্ধতম পৰ্যায়ৰ পৰা তৃণমূল পর্যায়লৈ উপলব্ধ হয়। সাধাৰণতে, বিকেন্দ্ৰীকৰণে প্ৰশাসনৰ বিভিন্ন স্তৰত ক্ষমতা আৰু কৰ্তৃত্বক বিভাজন কৰাক বুজায়। কেন্দ্ৰীয় কৰ্তৃপক্ষৰ পৰা আঞ্চলিক আৰু আঞ্চলিক কর্তৃপক্ষৰ পৰা স্থানীয় কর্তৃপক্ষলৈ ক্ষমতা আৰু কতৃত্বৰ ক্রমানুসাৰে হস্তান্তৰকৰণ বা বিতৰণকৰণৰ প্রক্রিয়াকে বিকেন্দ্ৰীকৰণ বুলি কোৱা হয়। গণতন্ত্ৰৰ মূল মন্ত্ৰ হ’ল ক্ষমতাৰ বিকেন্দ্ৰাকৰণ অৰ্থৎ নিজৰ হাতত ক্ষমতাসমূহ কেন্দ্ৰীভূত কৰাৰ পৰিৱৰ্তে একেবাৰে তৃণমূল পর্যায়লৈকে ক্ষমতাবিলাক হস্তান্তৰ কৰিব লাগে।

সাধাৰণ অৰ্থত ‘বিকেন্দ্ৰীকৰণ’ হ’ল এক ৰাজনৈতিক প্ৰক্ৰিয়া, যাৰ জৰিয়তে প্ৰশাসনীয় কৰ্তৃত্ব, ৰাজহুৱা সম্পদৰাজি আৰু দায়বদ্ধতা কেন্দ্রীয় চৰকাৰৰ অভিকৰণসমূহৰ পৰা। একেবাৰে নিম্নস্তৰৰ চৰকাৰী সংস্থাবিলাক আৰু ব্যক্তিগতখণ্ডৰ সংস্থাবিলাক লৈ হস্তান্তৰিত কৰাক সূচায়। সাধাৰণতে, বিকেন্দ্রীকৰণৰ অৱধাৰণাই আনুষ্ঠানিক বিকেন্দ্ৰীকৰণ, কৰ্মচাৰীৰ বিকেন্দ্ৰীকৰণ, কাৰ্যৰ বিকেন্দ্ৰীকৰণ, পুঁজিৰ বিকেন্দ্রীকৰণ আৰু ক্ষমতা বা স্বতন্ত্রতাৰ বিকেন্দ্রীকৰণক সূচায়।

6. In which year Balwant Rai Mehta Committee was formed?

Ans: 16 January 1957.

7. Mention one of the root causes for the failure of Rural Development in India.

Ans: Students do yourself.

8. The Community Development Programmed was launched in 1952/1957/1972 | select the correct answer]

Ans: 1952.

9. The Grow More Food Campaign [GMFC] was launched in 1943/1952/1953 | Select the correct answer

Ans: 1952.

10. Article 29/40/73 of the Indian Constitution mentioned about Panchayati Raj system for India. [select the correct answer]

Ans: Article 73.

Short type questions 

1. Types of People’s Participation.

Ans: জনসাধাৰণৰ অংশ গ্ৰহণৰ প্ৰকাৰ : সাধাৰণতে প্রশাসনত জনসাধাৰণে দুই ধৰণে অংশগ্রহণ কৰে প্রত্যক্ষ বা পৰোক্ষভাৱে কোনো সংস্থা বা অনুষ্ঠানৰ সদস্য বা নেতা হিচাপে সেই সংস্থা বা অনুষ্ঠানৰ জৰিয়তে সম্পাদন কৰা। কাম-কাজৰ জৰিয়তে অংশ গ্ৰহণ কৰা কাৰ্যক প্রত্যক্ষ অংশ গ্রহণ আৰু কোনো সংস্থা বা অনুষ্ঠানৰ বাহিৰত থাকি সেই সংস্থা বা অনুষ্ঠানৰ কাম-কাজ পৰিচালনা কৰাত সহায় কৰিলে পৰোক্ষ অংশ গ্রহণ বোলা হয়।

প্রশাসনত জনসাধাৰণৰ অংশ গ্ৰহণক দুটা দিশৰ পৰা চাব পাৰি—

(১) আঁচনি প্রস্তুতকৰণত অংশগ্রহণ : সাধাৰণতে গণতান্ত্রিক চৰকাৰত আঁচনি বা প্রকল্প প্রস্তুতকৰণৰ সময়ত জনসাধাৰণৰ প্ৰত্যক্ষভাৱে অংশ গ্ৰহণৰ সুযোগ নাথাকে তথাপি সুস্থ জনমত গঠনৰ জৰিয়তে বা অন্য উপায়েৰে আঁচনি প্রস্তুতকৰণত বিস্তাৰ কৰিব পাৰে।

(২) আঁচনি ৰূপায়ণত অংশগ্রহণ : যদিও আঁচনি প্রস্তুতকৰণৰ সময়ত জনসাধাৰণে প্রত্যক্ষভাবে অংশ গ্রহণ কৰিব নোৱাৰে তথাপি আঁচনি ৰূপায়ণৰ সময়ত জনসাধাৰণে বিশেষভাৱে অংশ গ্ৰহণৰ সুযোগ লাভ কৰে।

ফাউৰিৰ মতে প্রশাসনত জনসাধাৰণৰ অংশ গ্রহণ চাৰি ধৰণে গঠন হয়—

(ক) গণতান্ত্রিক অংশগ্রহণ (Democratic Participation).

(খ) সামাজিক প্রতিবাদ (Social Protest). 

(গ) সম্প্ৰদায়ৰ উন্নয়ন (Community Development).

(ঘ) আঁচনিত অংশ গ্রহণ ( Programme Participation).

কে. কৌথৰেছনৰ মতে অংশ গ্রহণ তিনি প্রকাৰৰ–

(১) অনা-অংশগ্রহণমূলক : জনসাধাৰণে চৰকাৰৰ সিদ্ধান্তগ্রহণ প্রক্রিয়াত অংশ গ্রহণ কৰাৰ পৰিৱৰ্তে চৰকাৰী বিষয়া বা বিশেষজ্ঞসকলেহে অংশ গ্ৰহণ কৰে।

(২) আংশিক অংশগ্রহণ : জনসাধাৰণে প্ৰশাসনৰ সিদ্ধতি গ্রহণ প্রক্রিয়াত স্বেচ্ছকৃতভাৱে অংশ গ্ৰহণ নকৰি খাদ্যৰ বাবে, নগদ ধন বা অন্য সুবিধা লাভৰ বাবেৱ অংশ গ্ৰহণ কৰাক আংশিক অংশ গ্রহণ বোলা হয়।

(৩) স্বাভাৱিক অংশ গ্রহণ : জনসাধাৰণে প্ৰশাসনৰ আঁচনি বা প্রকল্পৰ পৰিকল্পনা, কাৰ্যকৰীকৰণ আৰু মূল্যায়ন প্রক্রিয়াত সক্রিয়ভাৱে অংশ গ্ৰহণ কৰা।

জি. এন. প্রেটলিৰ মতে জনসাধাৰণে পৰিচালনাত বিভিন্ন অংশ গ্রহণ কৰিব পাৰে―

(১) নিজকে সষ্টম কৰি ৰখা : জনসাধাৰণে চৰকাৰৰ বাহিৰৰ অনুষ্ঠানবিলাকত যোগদান কৰি অনুষ্ঠান বিলাকৰ উন্নয়ন সাধনৰ জৰিয়তে ৰাষ্ট্ৰ জনসাধাৰণৰ বিকাশত অৰিহণা যোগাব পাৰে। যিকোনো উন্নয়নমূলক কামৰ বাবে নিজকে সাজু কৰি ৰাখি প্ৰশাসনৰ উদ্দেশ্য পূৰণত সহায় কৰিব পাৰে।

(২) যুটীয়াভাবে অংশ গ্রহণ : প্রচলিত আন্তঃক্রিয়া মূলক পদ্ধতিৰ ওপৰত জনসাধাৰণে পৰস্পৰৰ মাজত আলোচনা বিলোচনা কৰি নতুন আঁচনি প্ৰস্তুত কৰাত সহায় কৰাৰ উপৰিও প্ৰচলিত ব্যৱস্থাক শক্তিশালী কৰাত সহায় কৰিব পাৰে।

(৩) কাৰ্যকৰণৰ বিষয়ত অংশ গ্রহণ : জনগণে কোনো গোট গঠন কৰি প্ৰকল্প ৰূপায়ণৰ উদ্দেশ্যসমূহ পূৰণৰ বাবে যিবিলাক প্রকল্প গ্রহণ কৰে, সেই প্রকল্পসমূহত অংশ গ্ৰহণ কৰি সামাজিক উন্নয়নৰ বাবে সেৱা আগবঢ়াব পাৰে। সাধাৰণতে, আঁচনি পৰিকল্পনাৰ সময়তে নহয় বৰঞ্চ আঁচনি ৰূপায়ণতো জনসাধাৰণে অংশ গ্ৰহণ কৰি প্ৰশাসনৰ উদ্দেশ্যে পূৰণত সহায় কৰিব পাৰে।

(৪) পার্থিব লাভালাভৰ বাবে অংশ গ্রহণ : সম্পদৰ যোগান ধৰিও জনসাধাৰণে প্ৰশাসনত অংশ গ্ৰহণ কৰিব পালে। উদাহৰণস্বৰূপে আহাৰ,নগদ ধন বা আন বস্তুগত সাহাৰ্যৰ বিনিময়ও জনগণে শ্রমদান, কৰিও প্ৰশাসনত অংশ গ্রহণ কৰিব পাৰে।

(৫) আলোচনা-বিলোচনাৰ দ্বাৰা অংশ গ্রহণ : জনসাধাৰণে ইজনে সিজনৰ লগত প্ৰশাসনৰ বিভিন্ন দিশসমূহৰ ওপৰত আলোচনা-বিলোচনা কৰি প্ৰশাসনৰ কাম-কাজ পৰিচালনাত সহায় কৰিব পাৰে। এনে আলোচনা-বিলোচনা বিলাকত সাধাৰণতে প্রশাসনৰ সমস্যা আৰু সমাধানৰ উপায় বিলাকৰ ওপৰত আলোচনা হয় আৰু জনসাধাৰণৰ আলোচনাৰ পৰা প্ৰশাসনীয় সংস্কাৰ সাধনৰ ক্ষেত্ৰত সহায়ক হয়। অৱশ্যে এনেধৰণৰ আলোচনা-বিলোচনা, সিদ্ধান্ত গ্রহণ বা ৰূপায়ণৰ সময়ত প্রশাসনে অংশ গ্ৰহণ কৰাৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা নাই।

(৬) তথ্য যোগানৰ জৰিয়তে অংশ গ্রহণ : বিভিন্ন গৱেষকে প্ৰশাসনৰ বিভিন্ন দিশবিলাকৰ ওপৰত কৰা গৱেষণাৰ প্ৰশ্নসূচী বা ক্ষেত্র অধ্যয়নৰ সময়ত দিয়া উত্তৰসমূহৰ জৰিয়তে জনসাধাৰণে পৰোক্ষভাৱে হ’লেও প্রশাসনত অংশ গ্ৰহণ কৰিব পাৰে কাৰণে জনসাধাৰণে প্ৰশাসন প্ৰক্ৰিয়াত প্রত্যক্ষভাৱে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলেও গৱেষকসকলৰ গৱেষণাৰ জৰিয়তে প্ৰশাসনীয় দিশত নতুন সিদ্ধান্ত গ্রহণৰ ক্ষেত্ৰত সহায় কৰিব পাৰে।

(৭) নীৰৱ অংশ গ্রহণ : জনগণে প্রশাসনত কি ঘটি আছে বা কি হ’বলৈ গৈ আছে এইবিলাকৰ ওপৰত মতামত ব্যক্ত কৰিও অংশ গ্রহণ কৰিব পাৰে। যদিও এনেধৰণৰ মতামতে প্রশাসনত প্রত্যক্ষভাবে প্রভাব বিস্তাৰ কৰিব নোৱাৰে তথাপি এনেধৰণৰ মতামতবিলাকে প্রশাসনৰ লগত জড়িত ব্যক্তিসকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ নকৰাকৈ নাথাকে।

2. Objectives of People’s Participation.

Ans: নাগৰিকৰ অংশগ্ৰহণৰ উদ্দেশ্যসমূহ তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি— 

(ক) উন্নয়নৰ আঁচনিসমূহ বা প্রকল্পসমূহ অধিক ফলপ্রসূভাৱে প্ৰস্তুত তথা কাৰ্যকৰী কৰা। উন্নয়নৰ আঁচনি বা প্রকল্পসমূহ প্রস্তুতকৰণ বা কার্যকৰীকৰণত জনসাধাৰণৰ অংশগ্রহণ নাথাকিলে ই অধিক ফলপ্ৰসূ হ’ব নোৱাৰে। গতিকে জনসাধাৰণৰ কল্যাণৰ স্বাৰ্থতেই প্রশাসনীয় আঁচনি বা প্রকল্পসমূহত জনগণৰ অংশ গ্ৰহণৰ প্রয়োজন আছে।

(খ) উন্নয়নৰ আঁচনিবিলাকত অতিৰিক্ত সম্পদৰাজিৰ ব্যৱহাৰৰ স্বাৰ্থতেই উচিত প্রশাসনত জনসাধাৰণৰ অংশগ্ৰহণৰ ব্যৱস্থা কৰা।

(গ) প্রশাসনত জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে দৰিদ্ৰ লোক তথা মহিলাসকলক সৱলীকৰণ কৰি ৰাষ্ট্ৰ বিকাশ সাধনত ভূমিকা লোৱা। 

(ঘ) ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ উদ্দেশ্যক বাস্তবায়িত কৰাৰ লগতে জনসাধাৰণৰ সমস্যাসমূহ জনসাধাৰণে নিজে সমাধা কৰা। আৰু

(ঙ) প্রশাসনত জনসাধাৰণে অংশগ্ৰহণ কৰি গণতন্ত্ৰৰ ভৈটি সুদৃঢ় কৰা।

3. Importance of People’s Participation.

Ans: প্রশাসনত জনসাধাৰণৰ অংশগ্ৰহণৰ গুৰত্ব : 

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ মতে, গণতন্ত্ৰ হৈছে জনসাধাৰণৰ দ্বাৰা গঠিত, জনসাধাৰণৰ কাৰণে,জনসাধাৰণৰ চৰকাৰ। আব্রাহাম লিংকনৰ গণতন্ত্রৰ সংজ্ঞাৰ পৰাই প্ৰশাসনত নাগৰিকৰ অংশগ্ৰহণৰ গুৰুত্ব উপলব্ধি কৰিব পাৰি। যিহেতু গণতন্ত্র হ’ল জনসাধাৰণৰ চৰকাৰ গতিকে গণতন্ত্ৰ বৰ্তি থাকিবৰ বাবেই প্রশাসনত জন অংশগ্রহণ অত্যাৱশ্যকীয় । চৰকাৰী সিদ্ধান্তগ্রহণ প্রক্রিয়াত জনগণে অংশগ্রহণ কৰিবলৈ অপাৰগ হোৱা মানে গণতন্ত্রক অৱজ্ঞা কৰা। ভাৰতবৰ্ষৰ দৰে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আৰ্থ-সামাজিক ব্যৱস্থাৰ পৰিৱৰ্তন আনিব বিচৰা দেশ বিলাকৰ ক্ষেত্ৰত প্ৰশাসনত স্থানীয় অংশগ্রহণ আৰু সহযোগিতা নিতান্তই প্রয়োজনীয়।

জয়প্রকাশ নাৰায়ণে “Participatory Democracy” শীর্ষক গ্ৰন্থত কৈছিল, ‘যদিহে জনসাধাৰণে অনুভৱ নকৰে যে চৰকাৰে নহয়, তেওঁলোকেহে দেশক আগবঢ়াই সফল হ’ব নোৱাৰে।

ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ কাৰণেও গণতান্ত্রিক প্ৰক্ৰিয়াত ৰাইজৰ অংশগ্রহণ অপৰিহাৰ্য। প্রশাসনত নাগৰিকৰ অবিৰত অংশগ্রহণে নাগৰিক সকলক বুজাই দিয়ে যে চৰকাৰখন তেওঁলোকৰ নিজা চৰকাৰ আৰু এই ধাৰণা প্ৰশাসনৰ সফলতাৰ অন্যতম চৰ্ত বুলি গণ্য কৰা হয়। এই ধাৰণ বিকাশৰ ফলত জনসাধাৰণে চৰকাৰৰ বিভিন্ন কাৰ্যসূচীত সহযোগিতা কৰাৰ মানসেৰে আগবাঢ়ি অহাৰ স্থল দেখা যায়। ক্ষমতা বিকেন্দ্ৰীকৰণ বুলিলে কেৱল জনসাধাৰণৰ হাতলৈ ক্ষমতা হস্তান্তৰ কৰাকে নুবুজায়। ইতিমধ্যে উল্লেখ কৰি অহা হৈছে যে, বিকেন্দ্ৰীকৰণ বুলিলে পাঁচটা বিষয়ৰ বিকেন্দ্ৰীকৰণ বুজায়—

(১) পুঁজি হস্তান্তৰকৰণ।

(২) কামৰ হস্তান্তৰকৰণ।

(৩) বিভাগ হস্তান্তৰকৰণ।

(৪) কাম কৰাৰ স্বাধীনতা হস্তান্তৰকৰণ। আৰু

(৫) বন্ধুসুলভ ভাৱে কাম কৰাৰ মানসিকতা হস্তান্তৰকৰণ।

ওৱাকলে [Oakley] মতে, প্রশাসনত জনসাধাৰণৰ অংশ গ্ৰহণৰ কিছুমান সুবিধা আছে। ইবিলাক হৈছে―

(১) কাৰ্যদক্ষতা বৃদ্ধি : কাৰ্যদক্ষতা বৃদ্ধি কৰাৰ উপৰিও ৰাষ্ট্ৰীয় সম্পদৰ সদ্ব্যৱহাৰ হোৱাতো নিশ্চিত কৰে।

(২) কাৰ্যকৰীকৰণ : জনসাধাৰণৰ প্ৰশাসনত অংশ গ্রহণে বিশেষকৈ আঁচনি প্রস্তুতকৰণ, কাৰ্যকৰীকৰণ তথা তদাৰকীকৰণৰ ক্ষেত্ৰত সহায় কৰে। চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে গ্ৰহণ কৰা উন্নয়নমূলক আঁচনি বা প্রকল্পসমূহ সফল ৰূপায়ণ হোৱাৰ ক্ষেত্ৰত প্ৰশাসনত জন অংশগ্রহণে অৰিহণা যোগায়।

(৩) আত্ম-বিশ্বাস বৃদ্ধি : জনসাধাৰণৰ আত্মবিশ্বাস বৃদ্ধিৰ বাবেও প্ৰশাসনীয় কাম-কাজত জনসাধাৰণৰ অংশ গ্ৰহণৰ প্ৰয়োজনীয়তা আছে। জনসাধাৰণৰ প্ৰশাসনত অংশ গ্রহণে পৰ নিৰ্ভৰশীলতাৰ মনোভাৱ আঁতৰাই স্বাৱলম্বী হোৱাৰ মানসিকতা গঢ়ি তোলে। প্রশাসনত অংশ গ্রহণে জনসাধাৰণৰ সজাগতা বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে ৰাষ্ট্ৰখনৰ উন্নয়ন প্রক্রিয়াক নিয়ন্ত্রণ কৰাৰ সুযোগ দিয়ে।

(৪) সমাজৰ সকলো শ্ৰেণীৰ উন্নতি সাধন : উন্নয়ন মানে ৰাষ্ট্ৰখনত বসবাস কৰা। সকলো শ্ৰেণীৰ বিশেষকৈ পিছপৰা শ্ৰেণীৰ কল্যাণ সাধন কৰা। চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰি জনসাধাৰণৰ কল্যাণ সাধনৰ চেষ্টা কৰিলেও জনসাধাৰণৰ অংশ গ্ৰহণ নথকাৰ বাবে বহু সময়ত আঁচনিসমূহ বিফল হৈছে আৰু আঁচনি বা প্রকল্পসমূহৰ সুফল কিছুমান নিৰ্দিষ্ট শ্ৰেণীৰ লোকৰ হাতত কেন্দ্ৰীভূত হোৱা পৰিলক্ষিত হয়। জনসাধাৰণৰ প্ৰশাসনত অংশ গ্রহণ অবিহনে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ কল্যাণ সাধনৰ তথা সমবিকাশ সম্ভৱ নহয়।

(৫) বহনক্ষমতা : সাধাৰণতে, উন্নয়নমূলক কাম-কাজসমূহ চৰকাৰ বা কোনো দাতা অভিকৰণে যে সম্পাদন কৰে। অভিজ্ঞতাৰ ফালৰ পৰা দেখা যায় যে বিভিন্ন দাতা সংস্থাসমূহে কাৰ্যকৰী কৰা আঁচনিসমূহ যথাযোগ্য উন্নতি সাধনত বিফল হয় বা যিকোনো সময়তে বন্ধ কৰিব পাৰে। চৰকাৰে সম্পাদন কৰা কাম কাজসমূহো জন অংশগ্রহণ নাথাকিলে সফল হ’ব নোৱাৰে। গতিকে ক’ব পাৰি যে চৰকাৰীভাৱে সম্পাদন কৰা আঁচনি বা দাতা সংস্থাসমূহে সম্পাদন কৰা কাৰ্য সফল হ’বলৈ হলে প্রাথমিক চৰ্তই হ’ল আঁচনিসমূহত জনসাধাৰণৰ অংশ গ্রহণ।

আন এটা দিশৰ পৰাও প্রশাসনত জন অংশ গ্ৰহণৰ প্ৰয়োজন আছে। প্রশাসনীয় কাম-কাজত জন অংশ গ্রহণে প্রশাসন আৰু জনসাধাৰণৰ মাজত থকা পার্থক্য দূৰ কৰে। প্ৰশাসন কাৰ্য্য সফল হ’বলৈ হ’লে জনসাধাৰণ আৰু প্ৰশাসনৰ মাজত ঘনিষ্ঠ সম্পর্কৰ প্রয়োজন। এনেদৰে জনসাধাৰণৰ প্ৰশাসনত অংশ গ্রহণে জনসাধাৰণ আৰু আঁচনিসমূহ সফল ৰূপায়ণ হোৱাত সহায় কৰে।

4. Policy Implementation.

Ans: ৰূপায়ণকৰণ নীতি নিদ্ধৰিণৰ পৰৱৰ্তী আৰু অত্যন্ত গুৰুত্বপূর্ণ পৰ্যায়। ৰূপায়ণকৰণ অবিহনে যিকোনো চৰকাৰী নীতি বা আঁচনি মাত্র এটুকুৰা কাগজ হৈয়েই থাকিব আৰু সেয়া অপ্রয়োজনীয় আৰু বৃথা প্রচেষ্টা হৈয়েহে ৰ’ব। প্ৰকৃততে, কেতবোৰ নিদ্ধাৰিত লক্ষ্য আৰু উদ্দেশ্য সাধনৰ নিমিত্তেহে চৰকাৰী নীতি, আঁচনিসমূহ নিৰ্ধাৰণ কৰা হয়। নীতি কাৰ্যকৰীকৰণে লোক নীতিক কৰ্ম আৰু বাস্তবতালৈ পৰ্যবেসিত কৰে। ই কেৱল এটা কাৰ্য আৰু লোক নীতিৰ কাৰ্যকৰী প্ৰয়োগ যিয়েই নেকি বিচৰা ফল আৰু সমাজৰ বা নিৰ্দ্ধাৰিত গোটৰ বাবে সু-ফল আদায় কৰে।

ৰূপায়ণকৰণ হৈছে লোক নীতি আঁচনিৰ সন্নিবিষ্ট কর্ম আঁচনিৰ কাৰ্যকৰী অংশ। চৰকাৰে লোক নীতি নিৰ্দ্ধৰিণ কৰাৰ সময়ত ইয়াৰ ৰূপায়ণৰ প্ৰক্ৰিয়া আৰু সময়সীমাও নিদ্ধৰিণ কৰি দিয়ে।

চৰকাৰৰ সকলো লোক নীতিআঁচনি কাৰ্যকৰীকৰণৰ দায়িত্ব আৰু কৰ্তব্য লোক প্রশাসনৰ হাতত ন্যস্ত থাকে। তদুপৰি লোক নীতিসমূহত নিৰ্দ্ধৰিণ কৰা লক্ষ্য আৰু উদ্দেশ্যসমূহ যাতে ফলপ্রসূভাৱে নিশ্চিত কৰা হয় তাৰো লোক প্রশাসনে নিশ্চয়তা প্রদান কৰিব লাগে। আঁচনিনীতি ৰূপায়ণকৰণ কার্য নীতি আৰু ইয়াৰ প্ৰয়োগৰ মাজত এখন সেতুস্বৰূপ হৈ পৰে যিয়েই নেকি প্ৰশাসনক লোক নীতিৰ হিতাধিকাৰী বা নিৰ্দ্ধাৰিত গোটৰ ওচৰ চপাই নিয়াত সহায় কৰাৰ লগতে নীতিৰ নিৰ্দ্ধাৰিত লক্ষ্য আৰু উদ্দেশ্যৰ দিশত ফলবর্তী হোৱাৰ ক্ষেত্ৰত সঠিক পথৰ নির্দেশনা প্রদান কৰে।

নীতি কাৰ্যকৰিকৰণ প্ৰক্ৰিয়াত নিম্নোক্ত দিশসমূহ জড়িত—

(১) এক স্পষ্ট আৰু পদ্ধতিগতভাৱে নীতি নির্দেশনা আৰু প্ৰয়োগিক কৰ্ম আঁচনি জাৰী কৰা।

(২) পৰিচালনৰ গোটবিলাক গঠন কৰা আৰু ব্যক্তিসকলক আৰোপিত কৰ্ম সম্পাদন কৰাৰ বাবে দায়িত্ব ন্যস্ত কৰা।

(৩) সংশ্লিষ্ট বিষয়াসকলক সকলো প্রয়োজনীয় তথ্য পাতিৰ যোগান ধৰা আৰু তেওঁলোকৰ মাজত যোগাযোগ আৰু সমন্বয় সাধনৰ এক দক্ষ ব্যৱস্থাৰ নিশ্চয়তা প্ৰদান কৰা।

(৪) আঁচনি কার্যকৰীকৰণৰ বাবে সকলো যাবতীয় সম্পদ প্রয়োজনীয়।

(৫) নীতি ৰূপায়ণকৰণৰ এক অনুসূচী যুগুত কৰা কাৰ্য আঁচনিৰ পদ্ধতিগত কার্যকাৰিতা আৰু সমগ্ৰ ৰূপায়ণকৰণৰ প্ৰক্ৰিয়াটোক সংগঠিত কৰি চলাই নিয়া।

(৬) ৰূপায়ণকৰণ প্ৰক্ৰিয়াৰ তদাৰকীকৰণ ব্যৱস্থাৰ বিকাশ আৰু পৰিচালনা কৰা আৰু লক্ষ্যত উপনীত হোৱাৰ প্ৰক্ৰিয়াটো তৰান্বিতকৰণৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা।

(৭) ৰূপায়ণকৰণ কাৰ্যৰ লগত জড়িত সকলো বিষয়া কৰ্মচাৰী আৰু অভিকৰণৰ কাৰ্যকলাপ সমূহৰ অবিৰত মূল্যায়ন আৰু সমন্বয় সাধন।

এনেদৰে,নীতি ৰূপায়ণকৰণত এলানি কার্যকৰী সিদ্ধান্ত আৰু লোক নীতিক বাস্তবায়িত কৰি তোলাৰ লগত জড়িত সকলো কার্যক্রমণিকা সম্পর্কিত।

5. Types of Decentralisation.

Ans: বিকেন্দ্ৰীকৰণৰ প্ৰকাৰ [Types of Decentralisation] বিকেন্দ্ৰীকৰণ মূলত পাঁচ প্ৰকাৰৰ :

(১) প্রশাসনীয় বিকেন্দ্ৰীকৰণ।

(২) কার্যগত বিকেন্দ্ৰীকৰণ।

(৩) ৰাজনৈতিক বিকেন্দ্ৰীকৰণ।

(৪) ভৌগলিক বিকেন্দ্ৰীকৰণ। আৰু

(৫) বিত্তীয় বিকেন্দ্রীকৰণ।

(১) প্রশাসনীয় বিকেন্দ্রীকৰণ : প্রশাসনীয় বিকেন্দ্ৰীকৰণে সংগঠনসমূহৰ প্ৰশাসনিক অধিক্ৰমত অধঃস্তন বিষয়া কৰ্ম্মচাৰীসকললৈ কতৃত্বৰ বিকেন্দ্ৰীকৰণক বুজায়। ই অধীনস্থ গোটবিলাকলৈ ক্ষমতা আৰু কধিলীৰ বিকেন্দ্ৰীকৰণৰ অৰ্থও বহন কৰে। প্ৰশাসনীয় বিকেন্দ্ৰীকৰণে চৰকাৰৰ বিভিন্ন পৰ্যায়ত ৰাজহুৱা সেৱাসমূহ প্ৰদান কৰাৰ বাবে কতৃত্ব, দায়বদ্ধতা আৰু বিত্তীয় সম্পদৰাজিৰ পুনঃবিতৰণৰ পোষকতা কৰে। আঁচনি প্রস্তুতকৰণ আৰুকাৰ্যকৰীকৰণৰ লগত স্থানীয় নিকায় সমূহক জড়িত কৰণৰ লগতে এই ক্ষেত্ৰত নির্বাচিত প্রতিনিধি আৰু সধংশ্লিষ্ট চৰকাৰী কৰ্ম্মচাৰীৰ ভূমিকাক প্রশাসনীয় বিকেন্দ্ৰীকৰণে দোঁহাৰে। প্ৰশাসনীয় বিকেন্দ্ৰীকৰণৰ অধীনত অংশগ্রহণমূলক আঁচনি নিৰ্ধাৰণ, আঁচনি গ্ৰহণ, কাৰ্যকৰীকৰণ, তদাৰকীকৰণ, সমন্বয় সাধন, স্বচ্ছতা সমর্থন ব্যৱস্থা ইত্যাদি বিষয়সমূহৰ লগতে ই বিলাকৰ দক্ষতাৰ দিশটো নিৰীক্ষণ কৰা হয়। প্রশাসনীয় বিকেন্দ্ৰীকৰণ তিনিটা ৰূপত হ’ব পাৰে—

(ক) নিঃকেন্দ্রীকৰণ : নিঃকেন্দ্ৰীকৰণে সিদ্ধান্ত গ্ৰহণৰ কৰ্তৃত্ব আৰু বিত্তীয় আৰু ব্যৱস্থাপনা সম্বন্ধীয় দায়বদ্ধতাসমূহ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পৰ্যয়িত পুনঃ বিতৰণক বুজায়। নিঃকেন্দ্ৰীকৰণক বিকেন্দ্ৰীকৰণৰ আটাইতকৈ দুৰ্বল ৰূপ বুলি অভিহিত কৰা হয়।

(খ) ভাৰাপৰ্ণ : ভাৰাপৰ্ণৰ জৰিয়তে সিদ্ধান্তগ্রহণ আৰু ৰাজহুৱা কাৰ্যৰ প্ৰশাসনৰ দায়বদ্ধতা কেন্দ্ৰীয় চৰকাৰৰ পৰা (কেন্দ্ৰৰ ওচৰত সম্পূর্ণভাৱে নিয়ন্ত্রিত নোহোৱা কিন্তু কেন্দ্ৰৰ ওচৰত দায়বদ্ধশীল) অৰ্দ্ধ স্বতন্ত্র সংগঠন বিলাকলৈ হস্তান্তৰকৰণক বুজায়।

(গ) হস্তান্তৰকৰণ : হস্তান্তৰকৰণ ব্যবস্থাত স্থানীয় চৰকাৰবিলাকে প্ৰয়োগ কৰিবলগীয়া কৰ্তৃত্বৰ পৰিধি আইনৰদ্বাৰা স্বীকৃত থাকে। ইয়াৰ অন্তৰালতে ৰাজনৈতিক বিকেন্দ্ৰীকৰণৰ ধাৰণাটো নিহিত হৈ আছে।

(২) কাৰ্যগত বিকেন্দ্ৰীকৰণ : ইয়াৰ অৰ্থ হ’ল বিশেষীকৃত বিভাগ বা গোট সমূহলৈ কাৰ্যৰ বিকেন্দ্ৰীকৰণ। কাৰ্যগত বিকেন্দ্ৰীকৰণে বিষয় বিশিষ্ট কাৰ্যৱলী স্থানীয় চৰকাৰসমূহলৈ হস্তান্তৰকৰণক বুজায় ৷ ইয়াৰ অধীনত কাৰ্যৰ হস্তান্তৰ আৰু কাৰ্যৱিলীৰ আন্তঃস্তৰীয় সীমা নির্দিষ্টকৰণৰ বিষয়ে আলোকপাত কৰা হয়। গতিকে ক’ব পাৰি যে বিশেষ বিশেষ খণ্ড বা দপ্তৰ সমূহলৈ কাৰ্যৰ বিতৰণ কৰা ব্যৱস্থাটোক কার্যগত বিকেন্দ্রীকৰণ বোলা হয়। একোটা বিভাগে নিজৰ উপ- শাখাসমূহলৈ কার্য সম্পাদনৰ দায়িত্ব অর্পণ কৰিব পাৰে। কিন্তু মূল দপ্তৰটোৱে সম্পূর্ণ নিজাববীয়াকৈ ইয়াৰ ফলাফলৰ দায়িত্ব মূৰ পাতি ল’ব লাগিব৷

(৩) ৰাজনৈতিক বিকেন্দ্ৰীকৰণ : উচ্চস্তৰীয় ৰাজনৈতিক গোটৰ হাতত কেন্দ্রীভূত হৈ থকা ৰাজনৈতিক ক্ষমতা আৰু কাৰ্যৱলী অধঃস্তন ৰাজনৈতিক গোটবিলাকলৈ হস্তান্তৰকৰণৰ লগত জড়িত। ৰাজনৈতিক বিকেন্দ্রীকৰণ ব্যৱস্থাত সৱলীকৰণৰ জৰিয়তে জনসাধাৰণক সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াৰ অংশীদাৰ হোৱাৰ সুযোগ প্রদান কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ পৰা গণতান্ত্রিকভাৱে জনগণৰ প্ৰতিনিধিৰ দ্বাৰা গঠিত স্বতন্ত্র আৰু স্থানীয় গোটবিলাকলৈ ক্ষমতা আৰু দায়বদ্ধতা হস্তান্তৰকৰণ কার্যকে ৰাজনৈতিক বিকেন্দ্ৰীকৰণে সূচিত কৰে। স্থানীয় নিকায় বিলাকৰ নিৰ্বাচন, স্থানীয় গোট বিলাকৰ ৰাজনৈতিক মর্যাদা, জন অংশগ্রহণ আৰু দায়বদ্ধতা আদি বিষয়বিলাক ইয়াত অধ্যয়ন কৰা হয়। গতিকে কব পৰা যায় যে ৰাজনৈতিক বিকেন্দ্ৰীকৰণ চৰকাৰী সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াত নাগৰিক আৰু তেওঁলোকৰ প্রতিনিধি বৰ্গৰ বৰ্ধিত ক্ষমতাৰ লগত সম্পর্কিত চৰকাৰী নীতি নিৰ্দ্ধাৰণ আৰু কাৰ্যকৰীকৰণ প্ৰক্ৰিয়াক প্ৰভাৱিত কৰিব পৰাকৈ জনগণ আৰু তেওঁলোকৰ প্ৰতিনিধিক অধিক ক্ষমতা ন্যস্ত কৰি অংশগ্রহণমূলক পৰিচালনৰ সূচনা কৰাই ৰাজনৈতিক বিকেন্দ্ৰীকৰণৰ মূল লক্ষ্য। অর্থাৎ কেন্দ্ৰৰ ৰাজনৈতিক ক্ষমতা আৰু কার্য নিম্ন স্তৰৰ ৰাজনৈতিক গোটবিলাকলৈ সম্প্ৰসাৰিত কৰা কাৰ্যবোৰেই বিকেন্দ্ৰীকৰণ। এনে প্ৰকাৰৰ বিকেন্দ্ৰীকৰণক ৰাজনৈতিক বিকেন্দ্রীকৰণ বোলা হয়।

(৪) ভৌগলিক বিকেন্দ্রীকৰণ : ভৌগলিক বিকেন্দ্ৰীকৰণে কেন্দ্ৰৰ পৰা ৰাজ্যিক চৰকাৰৰ ক্ষেত্রীয় বিভাগ সমূহলৈ ক্ষমতা আৰু কাৰ্যৱলী বিকেন্দ্রীভূতকৰণ আৰু ৰাজ্যিক চৰকাৰৰ ক্ষেত্রীয় বিভাগৰ পৰা পৰষয়িক্রমে মাণ্ডলিক আৰু জিলা পৰ্যায়ৰ ক্ষেত্ৰীয় প্ৰাধিকাৰী লৈ বিকেন্দ্ৰীকৰণ কৰাক সূচায়। এনে ব্যৱস্থাই স্থানীয় প্রয়োজনানুসাৰে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত তৎপৰতা আনি দিয়ে। ক্ষেত্র কাৰ্যৱলীসমূহলৈ ক্ষমতা বিতৰণ কৰিলে মূল কাৰ্যালয়ৰ ওচৰত নাথাকিলেও এই কাৰ্যৱলীসমূহলৈ কতৃত্ব আৰু ক্ষমতাৰ সুপ্ৰয়োগ কৰিব পাৰে। এনেদৰে ক্ষেত্ৰ ভিত্তিত কৰা বিকেন্দ্রীকৰণকে ভৌগলিক বিকেন্দ্ৰীকৰণ আখ্যা দিয়া হয়।

(৫) বিত্তীয় বিকেন্দ্ৰীকৰণ : দায়বদ্ধতা বিকেন্দ্ৰীকৰণৰ অন্যতম মূল উপকৰণ। স্থানীয় চৰৰকাৰ আৰু বেচৰকাৰী সংস্থাবিলাকে বিকেন্দ্রীভূত কাৰ্যৱলী ফলপ্রদভাৱে সম্পাদন কৰিবলৈ হলে সংশ্লিষ্ট চৰকাৰ বা গোটবিলাকৰ পৰ্যাপ্ত পৰিমাণৰ ৰাজহৰ বিষয়টো বিবেচনা কৰাটো অত্যন্ত প্রযোজনীয় । বিত্তীয় বিকেন্দ্রীকৰণে স্থানীয় নিকায়সমূহৰ বিভতীয় অৱস্থা টনকীয়াল কৰাৰ অৰ্থে কৰ, কাটল ধার্য কৰা, পুজি সংগ্ৰহ আৰু ব্যয় সম্পর্কীয় ক্ষমতা এই গোটবিলাকলৈ হস্তান্তৰকৰণৰ লগত জড়িত, যাতে স্থানীয় প্রয়োজন অনুসৰি আঁচনি নিৰ্ধাৰণ আৰু কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত স্থানীয় নিকায়বিলাকে বিত্তীয় স্বতস্তুতী উপভোগ কৰিব পাৰে। ভাৰতৰ বেলিকা পঞ্চায়ত বিলাকৰ বিত্তীয় সামথতা বৃদ্ধি কৰিবলৈ হলে ৰাজ্য চৰকাৰৰ দ্বাৰা পঞ্চায়ত আৰু পৌৰ শাসিত সংস্থাবিলাকলৈ পুঁজি হস্থান্তৰকৰণৰ আৱশ্যকতা আছে। স্থানীয় প্রয়োজন অনুসৰি আঁচনি যুগুত কৰাৰ লগতে যাৱতীয় পুজি তথা ব্যয় নিৰ্দ্ধাৰণ কৰিবলৈ পঞ্চায়ত আৰু পৌৰ শাসিত গোটবিলাকৰ বিত্তীয় স্বতন্ত্রতা অতিকৈ প্ৰয়োজনীয়। স্থানীয় নিকায়বিলাকৰ দ্বাৰা কৰ সংগ্ৰহ, পঞ্চায়ত আৰু পৌৰ- স্বশাসিত গোটবিলাকৰ নিজা আয়, ৰাজ্য চৰকাৰৰ পৰা স্থানীয় গোটবিলাকলৈ পুজি হস্তান্তৰকৰণ, স্থানীয় প্রয়োজন অনুসৰি পঞ্চায়ত আৰু পৌৰ স্ব-শাসিত গোটবিলাকৰ দ্বাৰ। পুঁজিৰ ব্যয় এই সকলোবিলাক বিষয় ইয়াত অধ্যয়ন কৰা হয়।

6. Administrative Decentralisation.

Ans: (ক) প্রশাসনীয় বিকেন্দ্রীকৰণ : প্রশাসনীয় বিকেন্দ্ৰীকৰণে সংগঠনসমূহৰ প্ৰশাসনিক অধিক্ৰমত অধঃস্তন বিষয়া কৰ্ম্মচাৰীসকললৈ কতৃত্বৰ বিকেন্দ্ৰীকৰণক বুজায়। ই অধীনস্থ গোটবিলাকলৈ ক্ষমতা আৰু কাযধিলীৰ বিকেন্দ্ৰীকৰণৰ অৰ্থও বহন কৰে। প্ৰশাসনীয় বিকেন্দ্রীকৰণে চৰকাৰৰ বিভিন্ন পৰ্যায়ত ৰাজহুৱা সেৱাসমূহ প্রদান কৰাৰ বাবে কতৃত্ব, দায়বদ্ধতা আৰু বিত্তীয় সম্পদৰাজিৰ পুনঃবিতৰণৰ পোষকতা কৰে। আঁচনি প্রস্তুতকৰণ আৰু কাৰ্যকৰীকৰণৰ লগত স্থানীয় নিকায় সমূহক জড়িত কৰণৰ লগতে এই ক্ষেত্ৰত নিৰ্বাচিত প্রতিনিধি আৰু সংশ্লিষ্ট চৰকাৰী কৰ্ম্মচাৰীৰ ভূমিকাক প্রশাসনীয় বিকেন্দ্ৰীকৰণে দোঁহাৰে। প্ৰশাসনীয় বিকেন্দ্ৰীকৰণৰ অধীনত অংশগ্রহণমূলক আঁচনি নিৰ্ধাৰণ, আঁচনি গ্ৰহণ, কাৰ্যকৰীকৰণ, তদাৰকীকৰণ, সমন্বয় সাধন, স্বচ্ছতা সমর্থন ব্যবস্থা ইত্যাদি বিষয়সমূহৰ লগতে ই বিলাকৰ দক্ষতাৰ দিশটো নিৰীক্ষণ কৰা হয়। প্ৰশাসনীয় বিকেন্দ্রীকৰণ তিনিটা ৰূপত হ’ব পাৰে—

(খ) নিঃকেন্দ্ৰীকৰণ : নিঃকেন্দ্ৰীকৰণে সিদ্ধান্ত গ্ৰহণৰ কৰ্তৃত্ব আৰু বিত্তীয় আৰু ব্যৱস্থাপনা সম্বন্ধীয় দায়বদ্ধতাসমূহ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পৰ্যায়ত পুনঃ বিতৰণক বুজায়। নিঃকেন্দ্ৰীকৰণক বিকেন্দ্ৰীকৰণৰ আটাইতকৈ দুৰ্বল ৰূপ বুলি অভিহিত কৰা হয়।

(গ) ভাৰাপৰ্ণ : ভাৰাপৰ্ণৰ জৰিয়তে সিদ্ধান্তগ্রহণ আৰু ৰাজহুৱা কাৰ্যৰ প্ৰশাসনৰ দায়বদ্ধতা কেন্দ্ৰীয় চৰকাৰৰ পৰা (কেন্দ্ৰৰ ওচৰত সম্পূর্ণভাৱে নিয়ন্ত্রিত নোহোৱা কিন্তু কেন্দ্ৰৰ ওচৰত দায়বদ্ধশীল) অৰ্দ্ধ স্বতন্ত্র সংগঠন বিলাকলৈ হস্তান্তৰকৰণক বুজায়।

(ঘ) হস্তান্তৰকৰণ : হস্তান্তৰকৰণ ব্যবস্থাত স্থানীয় চৰকাৰবিলাকে প্ৰয়োগ কৰিবলগীয়া কৰ্তৃত্বৰ পৰিধি আইনৰদ্বাৰা স্বীকৃত থাকে। ইয়াৰ অন্তৰালতে ৰাজনৈতিক বিকেন্দ্ৰীকৰণৰ ধাৰণাটো নিহিত হৈ আছে।

7. Functions of Policy Evaluation.

Ans: (১) নীতি মূল্যায়নৰ দ্বাৰা নীতি কার্যকাৰীকৰণ আৰু তাৰ প্রকৃত কর্ম দক্ষতা সম্বন্ধে বিশ্বাসযোগ্য তথ্য আহৰণ কৰাত সহায়ক হয়।

(২) মূল্যায়ন নীতি-নিধৰিকসকলৰ দ্বাৰা বাছনিকৃত লক্ষ্য আৰু উদ্দেশ্যৰ গুৰুত্ব অধিক প্রকট কৰি তোলে।

(৩) মূল্যায়ন হৈছে সকলো কর্মকর্তৰি বাবে এক শিক্ষণ অনুশীলন। ই ভাল-বেয়া, শুদ্ধ-অশুদ্ধ সকলো ধৰণৰ তথ্য প্রদান কৰাৰ লগতে ভৱিষ্যতে গ্ৰহণ কৰিব লগা নীতি সম্বন্ধে সঠিক নির্দেশনা প্রদান কৰে।

(৪) নীতি মূল্যায়নে সমগ্ৰ আঁচনি পদ্ধতি আৰু ইয়াৰ কৰ্ম পদ্ধতিৰ বিশেষণ কৰে। ইবিলাকৰ সফলতা, বিফলতা, অপযণতিতা আৰু ভৱিষ্যতৰ বাবে এক অভিজ্ঞতা প্ৰদান কৰে।

(৫) নীতি মূল্যায়নৰ জৰিয়তে নীতি প্ৰক্ৰিয়াত বিশেষতঃ নীতিৰ কাৰ্যকৰীকৰণৰ বেলিকা যাৱতীয় সংশোধন কৰাৰ ক্ষেত্ৰত নীতি কতপিকলক সক্ষম কৰি তোলে।

(৬) নীতি মূল্যায়নৰ দ্বাৰা নীত্য আঁচনিৰ সামাজিক উপযোগিতাৰো এক সঠিক মূল্যায়ন কৰা সম্ভব হয়।

8. Policy Evaluation.

Ans: নীতি প্ৰক্ৰিয়াৰ নীতি মূল্যায়ন এক অতি গুৰুত্বপূৰ্ণ পৰ্যায়। দৰাচলতে, মূল্যায়নকৰণে নীতিৰ সংজ্ঞায়িত লক্ষ্য আৰু উদ্দেশ্যৰাজি পূৰণৰ ক্ষেত্ৰত কিমানদূৰ অগ্ৰসৰ হৈছে তাৰ প্ৰকৃতি আৰু বিস্তৃতি নিৰূপণৰ লগতে নীতিৰ উপযোগিতা পৰিমাপণৰ বেলিকা এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। নীতি আঁচনিৰ মূলনীতিসমূহ লক্ষ্যৰজি আৰু সফলতাৰ নৈব্যক্তিক বিশেষণৰ লগতে নীতি প্ৰক্ৰিয়াৰ মূলতঃ নীতি নিৰ্দ্ধৰণ আৰু কাৰ্যকৰীকৰণৰ লগত জড়িত বিষয়া তথা মানৱ সম্পদৰাজিৰ কৰ্মৰাজিৰ মূল্যায়নকৰণৰ লগত মূল্যায়ন প্রক্রিয়াটো জড়িত। চৰকাৰৰ বিভিন্ন আঁচনি, প্রকল্পসমূহ নিৰ্দিষ্ট নিদ্ধাৰিত গোটৰ আর্থ-সামাজিক উন্নয়ণৰ বাবে ৰূপায়ণ কৰা হয়। প্ৰতিটো আঁচনিৰ বাবে নিৰ্ধাৰিত পুঁজি আবণ্টন কৰা হয়। সেই পুঁজিৰে নিৰ্দিষ্ট কার্য এক নিৰ্ধাৰিত সয়মৰ ভিতৰত সমাধা কৰাৰ ব্যৱস্থা কৰা হয়। মূল্যায়ন বুলিলে নির্দিষ্ট আৱণ্টিত পুঁজি খৰচ কৰা হৈছেনে নাই? যাৰ উদ্দেশ্যে ধন ব্যয় কৰা হৈছে তেওঁলোক উপকৃত হৈছেনে নাই? প্রকল্পবোৰৰ গুণগত মানদণ্ড সঠিক হৈছেনে নাই? নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত কাৰ্য সম্পাদন হৈছেনে নাই ইত্যাদি প্রশ্নৰ উত্তৰবোৰৰ সমীক্ষা কৰাটোক বুজায়। মূল্যায়নৰ যোগেদি কাৰ্যৰ মানদণ্ড, কৃতকার্যতা, বিফলতাসমূহৰ পুনৰ পৰ্যালোচনা কৰা হয়।

9. Objectives of Public Policy.

Ans: উন্নয়নশীল ৰাষ্ট্ৰত বাঢ়ি অহা ৰাজহুৱা প্ৰয়োজন আৰু চাহিদাৰ পৰিপ্ৰেক্ষিতত আৰু ক্ৰমবৰ্দ্ধিত অন্য প্রৱণতা, যেনে―

প্রযুক্তিৰ জটিলতা, সামাজিক সংগঠন, ওদ্যোগীকৰণ আৰু নগৰীকৰণৰ ফলত ৰাজহুৱা খণ্ডৰ সুযোগ দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। উন্নয়নশীল দেশসমূহৰ চৰকাৰৰ বাঢ়ি অহা জটিল কৰ্মৰাজীৰ সৈতে ৰাষ্ট্ৰনিৰ্মাণ আৰু আৰ্থ-সামাজিক উন্নয়নৰ ফলত লোক নীতিৰ সুযোগ দিনে দিনে বৃদ্ধি পাইছে। সম্প্ৰত এখন চৰকাৰ কেৱল শাস্তি ৰক্ষকেই নহয়, বিবাদ নিষ্পত্তিকাৰী আৰু জনসাধাৰণৰ দ্ৰব্য আৰু দৈনিক সেৱাসমূহৰ যোগান ধৰোঁতা, আনকি ই মুখ্য সংস্কাৰকো তথ্য আর্থ-সামাজিক কাৰ্যসূচীৰ প্ৰধান নির্ণয়িক আৰু প্রধান অর্থ যোগান ধৰোঁতা। তদুপৰি, ই আর্থিক উদ্যোগ আৰু উন্নয়নৰ প্ৰধান অনুঘটকো।

বহু উন্নয়নশীল দেশত ৰাষ্ট্ৰীয় উন্নয়ন বৃদ্ধি কৰিবলৈ, শেহতীয়া আৰু গ্ৰহণ আৰু সুবিধা দিয়া, ৰাষ্ট্ৰীয় উৎপাদন বৃদ্ধি কৰ।, মানৱ সম্পদ আৰু অন্যান্য সম্পদৰ সদ ব্যৱহাৰ আৰু জীৱন ধাৰণৰ মান উন্নীত কৰা আদি বিষয়ক লৈ চৰকাৰৰ ওপৰত বৃহৎ চাপ থাকে। এনে প্রবৃত্তি আৰু উন্নয়নে সেয়ে লোক নীতিৰ আকাৰ আৰু সুবিধাসমূহ বৃদ্ধি কৰে। লোক নীতিৰ পৰিসৰ অতি ব্যাপক ‘লোক নীতিয়ে প্রায় সকলো দিশতে জনগণৰ জীৱন যাত্রাক স্পৰ্শ কৰি যায়। ব্যক্তিগতকৰণৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি পাই অহাৰ লগে লগে আৰু বাহিৰৰ পৰা অহা অভিকৰণৰ সমূহৰ পৰিপ্ৰেক্ষিতত উন্নয়নশীল দেশ বিলাকতো দ্রুত পৰিবর্তন সম্ভব হয়। বর্তমান লোক নীতি অন্যান্য ক্ষেত্রলৈকো যেনে প্রতিৰক্ষা, পৰিৱেশ সংৰক্ষণ, চিকিৎসা সেৱা আৰু স্বাস্থ্য, শিক্ষা, গৃহনির্মাণ, কৰ সংগ্ৰহ, মুদ্রাস্ফীতি, বিজ্ঞান আৰু প্ৰযুক্তি আৰু আনুষংগিক বহুতো খণ্ডলৈয়ো সম্প্ৰসাৰিত কৰা হৈছে।

10. Principles of People’s Participation.

Ans: (ক) মানুহে গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰা সমস্যাসমূহক কেন্দ্ৰ কৰি সংঘবদ্ধ হয় আৰু এই সমস্যাসমূহ সমাধানৰ কাৰণে পৰিকল্পিতভাৱে আগবাঢ়ি যোৱাটো বিচাৰে।

(খ) নিজ নিজ স্থানীয় পৰিৱেশ আৰু পৰিস্থিতিক কেন্দ্ৰ কৰি স্থানীয় জনসাধাৰণে যুক্তিনিষ্ঠ সিদ্ধান্ত গ্রহণ কৰে।

(গ) জন অংশগ্রহণৰ প্ৰমাণ হিচাপে আৰু বিকাশৰ কাৰণে প্ৰয়োজনীয় ব্যৱহাৰ কৰিবলৈ প্ৰয়াস কৰে।

(ঘ) যিকোনো প্রকল্প ফলৱৰ্তী হ’বলৈ হ’লে প্ৰকল্পৰ পৰা পাব পৰা সা-সুবিধাৰ পৰিমাণ, গুণ আৰু বিতৰণৰ ওপৰত স্থানীয় নিয়ন্ত্ৰ প্রয়োজনীয়তা আছে।

11. Characteristics of Public Policy.

Ans: লোক নীতিৰ বোশষ্ট্য : লোক নীতিৰ উপৰোক্ত অর্থ আৰু সংজ্ঞাবিলাক ভালদৰে বিশ্লেষণ কৰিলে লোকনীতিৰ কেতবোৰ বৈশিষ্ট পৰিলক্ষিত হয় যিবিলাকে নেকি লোকনীতিৰ প্ৰকৃতি প্রতিফলন কৰে । এইবিলাকৰ বিষয়ে তলত আলোচনা কৰা হ’ল—

(১) লোক নীতিবিলাক সদায় ৰাজহুৱা পৰিক্ৰমা আৰু ৰাজহুৱা উদ্দেশ্যক সূচায় : ৰাজহুৱা/ৰাজস্ব নীতিবিলাক সদায় ৰাজহুৱা পৰিক্ৰমা, প্রয়োজনীয়তা, উদ্দেশ্য তথা দাবীসমূহৰ লগত জড়িত। ব্যক্তিগত সংস্থা তথা ব্যক্তিৰ ব্যক্তিগত পৰিক্ৰমাসমূহৰ পৰা লোকনীতিসমূহ সম্পূৰ্ণৰূপে পৃথক। ব্যক্তিগত পৰিক্ৰমাসমূহৰ বিপৰীতে ৰাজহুৱা পৰিক্ৰমাসমূহৰ সৈতে সম্পর্কিত লোকনীতিসমূহ জনস্বাৰ্থৰ উদ্দেশ্যৰ দ্বাৰা নিৰ্দেশিত আৰু পৰিচালিত হোৱা দেখা যায়।

(২) লোক নীতিসমূহ উদ্দেশ্যধৰ্মী আৰু ফলাফল অভিমুখী : লোক নীতিসমূহ সদায় উদ্দেশ্যধৰ্ম্ম আৰু ফলাফল অভিমুখী কেতবোৰ সিদ্ধান্ত আৰু কৰ্ম্মসূচীৰ সমষ্টিগত ৰূপ। লোক নীতিবিলাক লক্ষ্যহীন আচৰণ তথা তদর্থ সিদ্ধান্ত নহয়। প্ৰতিটো ৰাজস্ব নীতিয়েই উদ্দেশ্যধৰ্ম্মা আৰু ফলাফল ভিত্তিক। ইবিলাক কোনো এক সংজ্ঞায়িত লক্ষ্য তথা লক্ষ্যৰাজি পূৰণৰ লক্ষ্যৰে নিৰ্দ্ধাৰণ কৰ। হয় আৰু ই হৈছে এক ফলাফলভিত্তিক কৰ্ম্মসূচী।

(৩) লোক নীতি হৈছে নীতি নিৰ্দ্ধাৰকসকলৰ নীতি বিষয়ক সিদ্ধান্তৰ এক সমষ্টি : লোক নীতি বুলিলে এক নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত লোক প্রশাসক সকলে কোনো এক নির্দিষ্ট বিষয় বা সমস্যা বা লক্ষ্য সাধনৰ বাবে গ্ৰহণ কৰা কাৰ্য বা সিদ্ধান্তৰ আহিলাক সূচায়। ই পৃথক, তদৰ্থ আৰু অনা-সম্পর্কিত সিদ্ধান্তৰ গোট নহয়। লোকনীতি সমূহ হৈছে নীতি নিদ্বাৰিকসকলৰ সম্পর্কিত নীতি বিষয়ক সিদ্ধান্তসমূহ আৰু কেতবোৰ নীতিৰ সমষ্টিগত ৰূপ।

(৪) জনস্বাৰ্থ, ৰাজহুৱা দাবী বা জনগণৰ প্ৰয়োজনীয়তাই হৈছে লোক নীতিসমূহৰ প্ৰধান ভিত্তি : লোক নীতিবিলাক জনগণৰ দাবী, প্রয়োজনীয়তা আৰু জনগণৰ স্বাৰ্থৰ ভিত্তিত নিৰ্দ্ধাৰণ কৰা হয়। লোক নীতিবিলাক সদায় জন স্বাৰ্থৰ আধাৰত প্ৰতিষ্ঠিত আৰু জনস্বাৰ্থৰ নিশ্চয়তা প্ৰদানৰ লক্ষ্যৰে এই নীতিবিলাক কার্যকৰী কৰা হয়। চৰকাৰৰ অভিকৰণসমূহ আৰু চৰকাৰী প্ৰাধিকাৰীসকলৰ দ্বাৰা চৰকাৰী নীতিসমূহ যুগুত কৰা হয়। অৱশ্যে এই ক্ষেত্ৰত চৰকাৰী সংস্থাবিলাকে কেতবোৰ বেচৰকাৰী সংস্থা, স্বার্থন্বেষী গোটৰ পৰা সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ গ্ৰহণ কৰা পৰিলক্ষিত হয়।

(৫) লোক নীতিবিলাক হৈছে কেতবোৰ সামূহিক সিদ্ধান্ত গ্ৰহণৰ ফলশ্ৰুতি : লোক নীতি হৈছে নীতি নিৰ্দ্ধৰিক সকলে সমূহীয়া সিদ্ধান্ত গ্ৰহণৰ জৰিয়তে সংজ্ঞায়িত কৰা কাৰ্যসূচী । এই নীতি নিদ্ধৰিণ প্ৰক্ৰিয়াত কেতবোৰ চৰকাৰী প্ৰাধিকাৰী, চৰকাৰী সংস্থা তথা সংগঠন জড়িত হৈ থাকে। এই বিষয়া তথা সংস্থাবিলাকে সামূহিকভাৱে লোক নীতিৰ সংজ্ঞায়িত লক্ষ্য আৰু উদ্দেশ্য অনুসাৰে কার্য পৰিচালনা কৰে। আন কথাত ক’বলৈ হ’লৈ, লোক নীতি হৈছে চৰকাৰী প্ৰাধিকাৰী আৰু কর্তৃপক্ষৰ কাৰ্যকলাপৰ এক সূচী বা আৰ্হি স্বৰূপ।

(৬) লোক নীতি হৈছে এক নির্দিষ্ট নীতিগত কর্মসূচী : লোক নীতি সদায় এক সংজ্ঞায়িত আৰু পৰিকল্পিত কর্মসূচী। ইয়াৰ লগত সদায় এক নীতিগত আৰু নির্দিষ্ট কর্মসূচী জড়িত হৈ থাকে যি নেকি সম্পূর্ণৰূপে সাধাৰণ আৰু অৰ্থহীন নহয়। ই কেতিয়াও এক আগগুৰিহীন নীতি নহয়। ই এক দৃঢ় আৰু অবিৰতভাৱে ধর্মমতানুসাৰে কৰ্মসূচীও নহয়। এই নীতিবিলাকৰ প্ৰয়োগিক দিশৰ বেলিকা কেতবোৰ নমনীয়তাৰ পৰিসৰ পৰিলক্ষিত হয়।

(৭) লোক নীতি বিলাকে প্রশাসকসকলে জনস্বাৰ্থৰ প্ৰতি লক্ষ্য গ্ৰহণ কৰা চৰকাৰৰ পছন্দক প্রতিফলিত কৰে : চৰকাৰে ইয়াৰ প্ৰায়োগিক কার্য ক্ষেত্ৰত যি পছন্দ কৰে বা সিদ্ধান্ত গ্রহণ কৰে সেয়াই হৈছে লোক নীতি। এই নীতিবিলাক চৰকাৰৰ হৈ প্ৰশাসকসকল অর্থাৎ চৰকাৰী প্ৰাধিকাৰী, বিষয়া কর্তৃপক্ষ, নীতি নিৰ্ধাৰক আৰু সিদ্ধান্ত গ্রহণ কতসিকলে যুগুত কৰে।

(৮) সু-সংজ্ঞায়িত আৰু সীমাংসিত পদ্ধতিৰ অৱলম্বন : লোক নীতিবিলাক হৈছে সু-সংজ্ঞায়িত আৰু মীমাংসিত পদ্ধতি। লোক নীতিসমূহ হৈছে নীতি নিৰ্দ্ধাৰকসকলৰ মাজৰ আলাপ-আলোচনা, তথ্যৰ বিনিময় আৰু কেতবোৰ যুক্তিগত পছন্দৰ ফলশ্ৰুতি স্বৰূপ।

(৯) আইনগত বা সাংবিধানিক ভিত্তি : এখন চৰকাৰৰ দ্বাৰা প্ৰণোদিত লোক নীতিবিলাক সদায় ৰাষ্ট্ৰ কোনো এক আইন বা একাধিক আইন নতুবা ৰাষ্ট্ৰ সাংবিধানিক আইনৰ আধাৰত প্ৰতিষ্ঠিত হয়।

(১০) লোক নীতিবিলাক ইতিবাচক বা নেতিবাচক হ’ব পাৰে : জনগণৰ প্ৰয়োজনীয়তা আৰু সমস্যাক কেন্দ্ৰ কৰি গ্ৰহণ কৰা চৰকাৰী ক্যাৱিলী তথা পদক্ষেপৰ লগত লোক নীতিসমূহ জড়িত থাকিলে তেনেবিলাক লোক নীতিক ইতিবাচক লোক নীতি বুলিব পাৰি। আনহাতে, যেতিয়া কোনো লোক নীতি চৰকাৰী বিষয়া কৰ্মচাৰী সকলে কার্যতঃ বলবৎ কৰাৰ পৰা বিৰত থাকে তেনে লোক নীতিক নেতিবাচক লোক নীতি বুলি অভিহিত করা হয়।

(১১) লোক নীতি বিলাক চৰকাৰী বিষয়াসকলৰ ওপৰত প্রভুত্বজ্ঞাপক আৰু বাধ্যতামূলক চৰিত্ৰৰ আৰু তেওঁলোকে এই নীতিবিলাক ৰূপায়ণ কৰিব লোক নীতি বিলাকে চৰকাৰী বিষয়াসকলে সম্পাদন কৰিবলগীয়। কাৰ্যৰ নিৰ্দেশনা প্রদান কৰে। লোক নীতিসমূহ হৈছে চৰকাৰৰ এক কতৃত্ববাদী আৰু বাধ্যতামূলক সিদ্ধান্ত যিবিলাক সিদ্ধান্ত চৰকাৰে লোক নীতিৰ সংজ্ঞায়িত লক্ষ্য আৰু উদ্দেশ্যত উপনীত হোৱাৰ অৰ্থে কাৰ্যকৰী কৰে।

(১২) লোক নীতিবিলাক আইনৰ দমনমূলক শক্তিৰ দ্বাৰা সমৰ্থিত : যিহেতু লোক নীতিবিলাক সদায় আইনৰ ভিত্তিত প্রতিষ্ঠিত, সেয়ে এই নীতিবিলাক সদায় কতৃত্বসূচক আৰু বাধ্যবাধকতামূলক। এই নীতিবিলাক ৰাষ্ট্ৰ দমনমূলক ক্ষমতাৰ সৈতে সম্পর্কিত। এই নীতিবিলাক ৰাষ্ট্ৰ সকলে নাগৰিক চৰকাৰী বিষয়া আৰু অনা চৰকাৰী বিষয়াৰ ওপৰত বলবৎ যোগ্য।

এনেদৰে বিশ্লেষণ কৰি চালে ক’ব পাৰি যে লোক নীতিবিলাক হৈছে এক সংজ্ঞায়িত নীতিগত কর্মসূচী যিবিলাক নেকি চৰকাৰী বিষয়াসকলে কেতবোৰ নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্যত উপনীত হোৱাৰ বাবে নিৰ্দ্ধাৰণ আৰু ৰূপায়ণ কৰে। চৰকাৰে জনগণ আৰু তেওঁলোকৰ সমাজ ব্যৱস্থাৰ আৰ্থ-সামাজিক সাংস্কৃতিক বিকাশৰ লক্ষ্যৰ নিশ্চয়তা প্ৰদানৰ বাবে গ্ৰহণ কৰা কেতবোৰ কাৰ্যব্যৱস্থাৰ ফলশ্ৰুতিয়েই হৈছে এই লোক নীতিসমূহ । সেয়ে কোৱা হয় লোক নীতি বিলাক হৈছে কেতবোৰ নির্মীয়মান নমনীয়তাৰ সৈতে লক্ষ্য অভিমুখী কর্মসূচী ।

Essay type questions

1. What is People’s Participation Discuss its types.

Ans: সাধাৰণ অৰ্থত অংশ গ্ৰহণৰ অৰ্থ হ’ল “জনগণৰ জীৱন নির্বাহৰ দিশত প্ৰভাৱ বিস্তাৰ কৰা বিভিন্ন আর্থ-সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক স্বার্থ জড়িত কার্যকলাপত জনসাধাৰণ জড়িত হোৱাৰ এক প্রক্রিয়া” (Participation in general means that process wherein people are closely involved in economics, Social cultural and political affairs which affect their lives] |

চৰকাৰৰ বিভিন্ন স্তৰত গ্ৰহণ কৰা বিকাশশীল কার্যকলাপবোৰৰ বিভিন্ন দিশ আৰু প্ৰক্ৰিয়াত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত এখন সমাজৰ সদস্যসকলে স্বেচ্ছামূলকভাৱে অংশ লোৱা কার্যকলাপসমূহকে ‘অংশগ্রহণ’ 

 [Participation) শব্দটোৱে প্ৰকাশ কৰে।

সংজ্ঞা : প্রশাসনত জনসাধাৰণৰ অংশগ্ৰহণৰ বিষয়ত বিভিন্ন ৰাজনৈতিক চিন্তাবিদ তথা সংস্থাসমূহে বিভিন্নধৰণৰ সংজ্ঞা আগবঢ়াইছে। অক্সফোর্ড ডিক্সনেৰীৰ মতে, জন অংশগ্ৰহণ হৈছে জনসাধাৰণৰ দ্বাৰা কোনো এক কার্যত অংশগ্রহণ কৰা বা জড়িত হৈ পৰা।

ওৱেবষ্টাৰ থায়েৰ নিউ ইণ্টাৰনেশ্যনেল ডিক্সনেৰীৰ মতে, অংশ গ্ৰহণৰ অৰ্থ হ’ল কোনো কার্যত সক্রিয়ভাৱে জড়িত হৈ পৰে। [participation means’ the action or state of taking part of something actively.]

আৰ. কে. ভাটনগৰৰ মতে, ‘জনগণৰ অংশগ্ৰহণৰ সাধাৰণ অৰ্থ হ’ল এক প্রক্রিয়া, য’ত নাগৰিকে তেওঁলোকৰ জীৱনক প্রভাৱিত কৰা আর্থিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক কার্যত নিবিড়ভাবে জড়িত হৈ পৰে। অংশগ্রহণে বর্ধিতপ্রভাব আৰু নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়ে। সমান্তৰালভাবে অংশগ্রহণে বর্ধিতভাবে জড়িত হোৱাটোক বুজায়। [“Participation in general means the process where in people are closely involved in economic, social, cultural and political affairs, which affect their lives, participation requires increased in-fluence and control, it also simultaneously call for an increased involvement.”]

ইউনেস্কৰ মতে, অংশগ্ৰহণৰ অৰ্থ হ’ল প্ৰগতিৰ দ্বাৰা হোৱা লাভৰ যথাযোগ্য বিতৰণৰ দৰে কিছুমান উমৈহতীয়া লক্ষ্য সমাধা কৰাৰ লক্ষ্যেৰে সামূহিক আৰু অবিৰাময় বহনক্ষম কার্যকলাপত জড়িত থকা কার্য [“Participation means collective sustained activity for the purpose of achieving some common objectives, specially non equitable distribution of the benefit of development.”]

ৰাষ্ট্রসংঘই বিভিন্ন সময়ত লোৱা কিছুমান প্রস্তাৱত উন্নয়নৰ ক্ষেত্ৰত প্রশাসনত জনসাধাৰণৰ অংশ গ্ৰহণৰ তিনিটা দিশৰ কথা উল্লেখ আছে উন্নয়নৰ আঁচনি প্রস্তুতকৰণ, উন্নয়নৰ আঁচনিসমূহত জনসাধাৰণৰ অৱদান আৰু উন্নয়নৰ আঁচনিসমূহৰ লাভালাভত জনগণৰ অংশ গ্রহণ আদি।

জনসাধাৰণৰ অংশ গ্ৰহণৰ প্ৰকাৰ : সাধাৰণতে প্রশাসনত জনসাধাৰণে দুই ধৰণে অংশগ্রহণ কৰে প্রত্যক্ষ বা পৰোক্ষভাৱে। কোনো সংস্থা বা অনুষ্ঠানৰ সদস্য বা নেতা হিচাপে সেই সংস্থা বা অনুষ্ঠানৰ জৰিয়তে সম্পাদন কৰা। কাম-কাজৰ জৰিয়তে অংশ গ্ৰহণ কৰা কাৰ্যক প্রত্যক্ষ অংশ গ্রহণ আৰু কোনো সংস্থা বা অনুষ্ঠানৰ বাহিৰত থাকি সেই সংস্থা বা অনুষ্ঠান কাম-কাজ পৰিচালনা কৰাত সহায় কৰিলে পৰোক্ষ অংশ গ্ৰহণ বোলা হয়।

প্ৰশাসনত জনসাধাৰণৰ অংশ গ্ৰহণক দুটা দিশৰ পৰা চাব পাৰি―

(১) আঁচনি প্রস্তুতকৰণত অংশগ্রহণ : সাধাৰণতে গণতান্ত্রিক চৰকাৰত আঁচনি বা প্রকল্প প্রস্তুতকৰণৰ সময়ত জনসাধাৰণৰ প্ৰত্যক্ষভাৱে অংশ গ্ৰহণৰ সুযোগ নাথাকে তথাপি সুস্থ জনমত গঠনৰ জৰিয়তে বা অন্য উপায়েৰে আঁচনি প্রস্তুতকৰণত বিস্তাৰ কৰিব পাৰে।

(২) আঁচনি ৰূপায়ণত অংশগ্রহণ : যদিও আঁচনি প্রস্তুতকৰণৰ সময়ত জনসাধাৰণে প্রত্যক্ষভাবে অংশ গ্রহণ কৰিব নোৱাৰে তথাপি আঁচনি ৰূপায়ণৰ সময়ত জনসাধাৰণে বিশেষভাৱে অংশ গ্ৰহণৰ সুযোগ লাভ কৰে।

ফাউৰিৰ মতে প্রশাসনত জনসাধাৰণৰ অংশ গ্রহণ চাৰি ধৰণে গঠন হয়—

(ক) গণতান্ত্রিক অংশগ্রহণ (Democratic Participation).

(খ) সামাজিক প্রতিবাদ (Social Protest). 

(গ) সম্প্ৰদায়ৰ উন্নয়ন (Community Development).

(ঘ) আঁচনিত অংশ গ্রহণ (Programme Participation).

কে. কৌথৰেছনৰ মতে অংশ গ্রহণ তিনি প্রকাৰৰ–

(১) অনা-অংশগ্রহণমূলক : জনসাধাৰণে চৰকাৰৰ সিদ্ধান্তগ্রহণ প্রক্রিয়াত অংশ গ্রহণ কৰাৰ পৰিৱৰ্তে চৰকাৰী বিষয়া বা বিশেষজ্ঞসকলেহে অংশ গ্ৰহণ কৰে।

(২) আংশিক অংশগ্রহণ : জনসাধাৰণে প্ৰশাসনৰ সিদ্ধতি গ্রহণ প্রক্রিয়াত স্বেচ্ছকৃতভাৱে অংশ গ্ৰহণ নকৰি খাদ্যৰ বাবে, নগদ ধন বা অন্য সুবিধা লাভৰ বাবেৱ অংশ গ্ৰহণ কৰাক আংশিক অংশ গ্রহণ বোলা হয়।

(৩) স্বাভাৱিক অংশ গ্রহণ : জনসাধাৰণে প্ৰশাসনৰ আঁচনি বা প্রকল্পৰ পৰিকল্পনা, কাৰ্যকৰীকৰণ আৰু মূল্যায়ন প্রক্রিয়াত সক্রিয়ভাৱে অংশ গ্ৰহণ কৰা।

জি. এন. প্রেটলিৰ মতে জনসাধাৰণে পৰিচালনাত বিভিন্ন অংশ গ্রহণ কৰিব পাৰে―

(১) নিজকে সষ্টম কৰি ৰখা : জনসাধাৰণে চৰকাৰৰ বাহিৰৰ অনুষ্ঠানবিলাকত যোগদান কৰি অনুষ্ঠান বিলাকৰ উন্নয়ন সাধনৰ জৰিয়তে ৰাষ্ট্ৰ জনসাধাৰণৰ বিকাশত অৰিহণা যোগাব পাৰে। যিকোনো উন্নয়নমূলক কামৰ বাবে নিজকে সাজু কৰি ৰাখি প্ৰশাসনৰ উদ্দেশ্য পূৰণত সহায় কৰিব পাৰে।

(২) যুটীয়াভাবে অংশ গ্রহণ : প্রচলিত আন্তঃক্রিয়া মূলক পদ্ধতিৰ ওপৰত জনসাধাৰণে পৰস্পৰৰ মাজত আলোচনা বিলোচনা কৰি নতুন আঁচনি প্ৰস্তুত কৰাত সহায় কৰাৰ উপৰিও প্ৰচলিত ব্যৱস্থাক শক্তিশালী কৰাত সহায় কৰিব পাৰে।

(৩) কাৰ্যকৰণৰ বিষয়ত অংশ গ্রহণ : জনগণে কোনো গোট গঠন কৰি প্ৰকল্প ৰূপায়ণৰ উদ্দেশ্যসমূহ পূৰণৰ বাবে যিবিলাক প্রকল্প গ্রহণ কৰে, সেই প্রকল্পসমূহত অংশ গ্ৰহণ কৰি সামাজিক উন্নয়নৰ বাবে সেৱা আগবঢ়াব পাৰে। সাধাৰণতে, আঁচনি পৰিকল্পনাৰ সময়তে নহয় বৰঞ্চ আঁচনি ৰূপায়ণতো জনসাধাৰণে অংশ গ্ৰহণ কৰি প্ৰশাসনৰ উদ্দেশ্যে পূৰণত সহায় কৰিব পাৰে।

(৪) পার্থিৱ লাভালাভৰ বাবে অংশ গ্রহণ : সম্পদৰ যোগান ধৰিও জনসাধাৰণে প্ৰশাসনত অংশ গ্ৰহণ কৰিব পালে। উদাহৰণস্বৰূপে আহাৰ,নগদ ধন বা আন বস্তুগত সাহাৰ্যৰ বিনিময়ও জনগণে শ্রমদান, কৰিও প্ৰশাসনত অংশ গ্রহণ কৰিব পাৰে।

(৫) আলোচনা-বিলোচনাৰ দ্বাৰা অংশ গ্রহণ : জনসাধাৰণে ইজনে সিজনৰ লগত প্ৰশাসনৰ বিভিন্ন দিশসমূহৰ ওপৰত আলোচনা-বিলোচনা কৰি প্ৰশাসনৰ কাম-কাজ পৰিচালনাত সহায় কৰিব পাৰে। এনে আলোচনা-বিলোচনা বিলাকত সাধাৰণতে প্রশাসনৰ সমস্যা আৰু সমাধানৰ উপায় বিলাকৰ ওপৰত আলোচনা হয় আৰু জনসাধাৰণৰ আলোচনাৰ পৰা প্ৰশাসনীয় সংস্কাৰ সাধনৰ ক্ষেত্ৰত সহায়ক হয়। অৱশ্যে এনেধৰণৰ আলোচনা-বিলোচনা, সিদ্ধান্ত গ্রহণ বা ৰূপায়ণৰ সময়ত প্রশাসনে অংশ গ্ৰহণ কৰাৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা নাই।

(৬) তথ্য যোগানৰ জৰিয়তে অংশ গ্রহণ : বিভিন্ন গৱেষকে প্ৰশাসনৰ বিভিন্ন দিশবিলাকৰ ওপৰত কৰা গৱেষণাৰ প্ৰশ্নসূচী বা ক্ষেত্র অধ্যয়নৰ সময়ত দিয়া উত্তৰসমূহৰ জৰিয়তে জনসাধাৰণে পৰোক্ষভাৱে হ’লেও প্রশাসনত অংশ গ্ৰহণ কৰিব পাৰে কাৰণে জনসাধাৰণে প্ৰশাসন প্ৰক্ৰিয়াত প্রত্যক্ষভাৱে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলেও গৱেষকসকলৰ গৱেষণাৰ জৰিয়তে প্ৰশাসনীয় দিশত নতুন সিদ্ধান্ত গ্রহণৰ ক্ষেত্ৰত সহায় কৰিব পাৰে।

(৭) নীৰৱ অংশ গ্রহণ : জনগণে প্রশাসনত কি ঘটি আছে বা কি হ’বলৈ গৈ আছে এইবিলাকৰ ওপৰত মতামত ব্যক্ত কৰিও অংশ গ্রহণ কৰিব পাৰে। যদিও এনেধৰণৰ মতামতে প্রশাসনত প্রত্যক্ষভাবে প্রভাব বিস্তাৰ কৰিব নোৱাৰে তথাপি এনেধৰণৰ মতামতবিলাকে প্রশাসনৰ লগত জড়িত ব্যক্তিসকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ নকৰাকৈ নাথাকে। সাধাৰণতে, প্ৰশাসনত জনসাধাৰণৰ অংশ গ্ৰহণ তিনি ধৰণৰ―

(১) ৰাজনৈতিক অংশগ্রহণ।

(২) প্রশাসনত অংশগ্রহণ আৰু 

(৩) সামাজিক অংশগ্রহণ।

(১) ৰাজনৈতিক অংশগ্রহণ : ৰাজনৈতিক অংশগ্রহণৰ ধাৰণাটো মৌলিক, কিয়নো এখন সমাজৰ আটাইতকৈ উচ্চ আৰু ব্যাপক সংগঠিত শক্তি হ’ল ৰাষ্ট্ৰ। ৰাষ্ট্ৰ কার্যকলাপে জনসাধাৰণক ব্যাপকভাবে প্রভাবিত কৰে। গতিকে ৰাষ্ট্ৰ কাৰ্যকলাপত অংশগ্ৰহণ কৰাটো অতি প্রয়োজনীয়। গণতান্ত্রিক ৰাষ্ট্ৰত এই অংশগ্রহণ জনসাধাৰণৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় চৰ্ত। ৰাজনৈতিক অংশগ্রহণে সেই স্বেচ্ছকৃত কাৰ্যসমূহক বুজায় যাৰ জৰিয়তে এখন সমাজৰ নাগৰিকসকলে চৰকাৰৰ বিভিন্ন পৰ্যায়ৰ শাসক শ্ৰেণীক নির্বাচন কৰাৰ কাৰ্যত অংশগ্ৰহণ কৰে বা অংশগ্রহণৰ সুবিধা লাভ কৰে আৰু প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেওঁলোকক চৰকাৰী নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়ায়। [Political participation refers to these voluntary activities by which the members of a society take part in the selection of rulers at different levels of the government directly or indirectly associate themselves in the process of formulating a public policy]

ৰাজনৈতিক অংশগ্ৰহণৰ বিভিন্ন দিশসমূহ – 

(১) ভোটদান কার্যত অংশগ্রহণ।

(২) চৰকাৰী পদবীত নিযুক্তি লাভ কৰা।

(৩) ৰাজহুৱা সভাত উপস্থিত থকা। 

(৪) কৰ, ৰাজহ আদায় দিয়া।

(৫) ৰাষ্ট্ৰ ওপৰত নির্ভৰশীল হোৱা। 

ব্যক্তিৰ ৰাজনৈতিক অংশগ্রহণ সমাজত বৰ্তি থকা ৰাজনৈতিক পদ্ধতিৰ ওপৰতে বহু পৰিমাণে নিৰ্ভৰ কৰে। ৰাজনৈতিক অংশ গ্ৰহণৰ মাত্রা গণতান্ত্রিক শাসন ব্যৱস্থাত অত্যধিক হোৱা দেখিবলৈ পোৱা যায়।

(২) প্রশাসনত অংশ গ্রহণ : গণতান্ত্রিক শাসন ব্যবস্থা প্রবর্তিত থকা এখন দেশত জনসাধাৰণে চৰকাৰী সিদ্ধান্ত গ্ৰহণ আৰু কাৰ্যকৰীকৰণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ যথোপযুক্ত সুবিধা লাভ কৰে। প্ৰশাসনত জনসাধাৰণৰ অংশগ্ৰহণৰ মান্যতা প্ৰদানৰ বাবে বিস্তৃত ৰূপত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত বিকেন্দ্ৰীকৰণৰ প্ৰয়োজন। প্রশাসনত নাগৰিকৰ অংশগ্ৰহণ বিভিন্ন ৰূপত উপলব্ধি কৰিব পাৰি। ই সকলো কাৰ্যক সাঙুৰি লয়; যাৰ জৰিয়তে প্রশাসন প্রক্রিয়াত বা ব্যৱস্থাত নাগৰিক জড়িত হ’ব পাৰে। এনে কাৰ্যবোৰ হ’ল যেনে— নীতি নির্ধাৰণত অংশগ্রহণ, কাৰ্যকৰী কৰণত অংশগ্রহণ, আঁচনি, প্রকল্পবিলাকৰ মূল্যায়ন কৰা আদিত অংশগ্রহণ।

নাগৰিকসকল সার্বভৌম আৰু তেওঁলোকে নিজৰ ভাগ্য নিজে নিয়ন্ত্রণ কৰিব পাৰে। এই ধাৰণাৰ ওপৰত প্ৰশাসনত নাগৰিকৰ অংশগ্রহণ প্রতিষ্ঠিত। বর্তমান পঞ্চায়তীৰাজ ব্যৱস্থাৰ অধীনত জনসাধাৰণে প্ৰশাসনত সক্রিয় অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে। ৭৩ নং সংবিধান সংশোধনৰ পিছত স্থানীয় স্বায়ত্ব শাসিত গোটে নীতি নিৰ্ধাৰণত প্ৰধান ভূমিকা গ্ৰহণ কৰিব পাৰে। জনসাধাৰণৰ মতামতৰ ওপৰত, গাঁও সভা আৰু গাঁও পঞ্চায়তত আঁচনি আৰু নীতি গ্ৰহণ কৰিব পাৰে। আঁচনি কাৰ্যকৰী কৰা, মূল্যায়ন কৰা, তদাৰক কৰা ইত্যাদি প্ৰশাসনীয় কামত তৃণমূল পৰ্যায়ৰ স্বায়ত্তশাসিত গোটসমূহে জনসাধাৰণৰ মতামতৰ ভিত্তিত প্ৰশাসনীয় কাৰ্যত অংশ গ্ৰহণ কৰে। বৰ্তমান মহিলাসকলে, অনুসূচিত জাতি-জনজাতি লোকসকলে দৰিদ্ৰ শ্ৰেণীৰ লোকে প্ৰশাসনীয় কার্যত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে।

(৩) সামাজিক অংশগ্রহণ : সামাজিক অংশগ্ৰহণৰ অৰ্থ ব্যাপক। সমাজৰ অৰ্থনৈতিক প্ৰগতি, সামাজিক ন্যায়, ৰাষ্ট্ৰীয় স্বাৰ্থ আদিকে ধৰি বিভিন্ন সামাজিক প্রমূল্য বিলাকৰ দ্বাৰা প্ৰভাৱান্বিত হোৱা সমাজৰ নাগৰিক সকলৰ বুজাপৰা, দায়বদ্ধতা, কাৰ্য ব্যৱস্থাৰ চিনাক্তকৰণ আদিৰ ওপৰত সামাজিক অংশগ্রহণ নিৰ্ভৰ কৰে।

সামাজিক অংশগ্ৰহণৰ এক প্ৰধান উপায় হ’ল সামাজিক প্রতিবাদ, যি সিদ্ধান্ত গ্রহণ প্রক্রিয়াক প্ৰভাৱান্বিত কৰে। সামাজিক প্রতিবাদ এক কৌশল আৰু ইয়াৰ যোগেদি সামাজিক কার্যকলাপত অংশগ্ৰহণ কৰিব পাৰি।

সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বিকাশৰ বাবে জনসাধাৰণৰ একাংশ লোকে প্রতিবাদ সাব্যস্ত কৰি আহিছে। প্রতিবাদ সাব্যস্ত কৰাৰ লগত জনসাধাৰণৰ অংশগ্রহণ জড়িত থাকে। মহিলাসকলৰ, শিশুসকলৰ, অনুসূচিত জাতি- জনজাতিসকলৰ, দুৰ্বল পিছপৰা লোকৰ অৰ্থনৈতিক অনগ্ৰসৰতা আৰু সামাজিক বৈষম্যৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি অহা হৈছে। এনে প্রতিবাদবোৰত জনসাধাৰণৰ অংশগ্ৰহণ প্রকাশ পায়।

প্রশাসনত জনগণৰ অংশগ্ৰহণৰ আৰ্হি নিৰ্ধাৰক/ধৰণ : সংসদীয় গণতান্ত্রিক চৰকাৰত প্ৰশাসন যন্ত্ৰ জনসাধাৰণৰ ওচৰত দায়বদ্ধ থাকে যদিও জনসাধাৰণে সকলো সময়তে প্রশাসন যন্ত্রক নিয়ন্ত্রণ কৰিব নোৱাৰে। জনসাধাৰণ প্ৰশাসনীয় দিশত সচেতন তথা সুসংগঠিত নোহোৱাৰ বাবে প্ৰশাসন যন্ত্ৰক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কিছু বিফল হৈছে। কিন্তু জনসাধাৰণ অসচেতন বা সু-সংঘবদ্ধ নহ’লেও প্রশাসন যন্ত্ৰ ওপৰত জনসাধাৰণৰ একেবাৰে নিয়ন্ত্ৰণ নাই বুলি ক’ব নোৱাৰি, কাৰণ জনসাধাৰণে নির্বাচিত কৰা প্রতিনিধিক লৈয়ে চৰকাৰ গঠন হয়, যাৰ জৰিয়তে জনসাধাৰণৰ কল্যাণ সাধনৰ বাবে ৰাষ্ট যন্ত্ৰই কাম-কাজ সম্পাদন কৰে।

অধ্যাপক এছ এন মিশ্ৰৰ মতে, পৰিচালনাত নাগৰিকৰ অংশগ্ৰহণৰ উপায় মূলত: চাৰি ধৰণৰ―

১) সিদ্ধান্ত গ্রহণত অংশগ্রহণ।

২) সিদ্ধান্ত কার্যকৰীকৰণত অংশগ্রহণ।

৩) তদাৰকীকৰণ আৰু মূল্যায়নমূলক কার্যত অংশগ্রহণ। আৰু 

৪) বিকাশ বা উন্নয়নৰ সুফলবিলাকৰ ভাগ-বাটোৱাৰাৰ ক্ষেত্ৰত অংশগ্রহণ।

(১) সিদ্ধান্ত গ্রহণত অংশগ্রহণ : পৰিচালনাত জনগণৰ অংশগ্ৰহণৰ অর্থে আঁচনি প্রস্তুত আৰু সিদ্ধান্ত গ্রহণ কার্য স্থানীয় পর্যায়লৈ বিকেন্দ্ৰীকৰণ কৰিব লাগিব। যেতিয়া জনসাধাৰণে নিজৰ সমস্যাবিলাকৰ বিষয়ে অৱগত হ’ব আৰু স্থানীয় প্রশাসনৰ ওপৰত অবিৰতভাৱে ক্ষমতা প্ৰয়োগ আৰু নিয়ন্ত্ৰণ অব্যাহত ৰাখিব তেতিয়াহে উন্নয়ন ক্ষিপ্ৰ হ’ব। তদুপৰি অংশগ্রহণে জনগণক সংঘবদ্ধ কৰা আৰু নিজৰ বাবে চিন্তা উদ্ৰেক কৰাত সহায় কৰে। জনসাধাৰণৰ সুবিধাৰ বাবে চৰকাৰ প্ৰৰণোদিত আঁচনি, পৰিকল্পনা বিলাকত জনসাধাৰণৰ অংশগ্রহণে তেওঁলোকৰ আৰ্থ সামাজিক সচেতনতা বৃদ্ধিত অৰিহণা যোগায়। আঁচনি প্ৰস্তুতকৰণত জনসাধাৰণৰ অংশগ্ৰহণ বিকেন্দ্রীকৰণ ব্যৱস্থাই কার্যকৰী কৰাত সহায় কৰে। জনসাধাৰণে সমস্যা চিনাক্তকৰণত, সমস্যা সমাধানৰ প্ৰস্তাৱ গ্ৰহণত অগ্ৰাধিকাৰ দিলে আৰু প্ৰকল্প প্রস্তুতকৰণত অংশগ্ৰহণ কৰিলে সিদ্ধান্ত গ্রহণত অংশগ্ৰহণ কৰিছে বুলিব পাৰি। অর্থাৎ Problem identification – সমস্যা চিনাক্তকৰণ

Proposal Adoption – সমাধানৰ প্ৰস্তাৱ গ্রহণ

Priority Selection – অগ্ৰাধিকাৰ নিৰ্ধাৰণ কৰা

Project Adoption – প্রকল্প গ্রহণ

এই চাৰিটা বিষয়ত কতৃত্ব প্ৰয়োগ কৰিবলৈ জনসাধাৰণে আগবাঢ়ি আহিলে সিদ্ধান্ত গ্রহণত অংশগ্ৰহণ হোৱা বুলিব পাৰি।

(২) আঁচনি আৰু প্রকল্পবিলাকৰ কাৰ্যকৰীকৰণত ৰাইজৰ অংশগ্রহণ : এইটো নিশ্চিত যে জনসাধাৰণ যেতিয়া কোনো এক বিষয়ৰ লগত জড়িত হয় তেওঁলোকে নিজকে সংঘবদ্ধ কৰি ল’ব পাৰে। তদুপৰি জন অংশগ্রহণে সামাজিক সচেতনতা বৃদ্ধি কৰাৰ লগতে আঁচনিবিলাকক গতিশীলতা প্ৰদান কৰে। গ্রাম্য এলেকাবিলাকত বহু আঁচনি, প্রকল্প, ভূমিহীন শ্ৰেণীৰ স্বাৰ্থৰ প্রতিকূলে হোৱা দেখা যায়। সেয়েহে গ্রাম্য এলেকাৰ বাবে প্ৰৱৰ্তন কৰা বিভিন্ন উন্নয়নমূলক আঁচনি, প্রকল্পবিলাকৰ কাৰ্যকৰীকৰণত হিতাধিকাৰী সকলৰ (গ্ৰাম্য দৰিদ্ৰ) অংশগ্রহণ অন্যতম চৰ্ত।

আঁচনি কাৰ্যকৰীকৰণত জন অংশগ্রহণে উন্নয়নক অধিক ফলপ্রসূ কৰি তুলিব পাৰে। দৰিদ্ৰ জনগণৰ সার্বিক কল্যাণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে। আঁচনিৰ বাবে ধনো ধার্য কৰা হয়। গতিকে জনসাধাৰণৰ বাবে যুগুতোৱা আঁচনি কাৰ্যকৰী কৰি তোলাত জনসাধাৰণ তৎপৰ হৈ অংশগ্ৰহণ কৰিলেহে আঁচনিৰ সফল ৰূপায়ণ সম্ভৱ হয়। জনসাধাৰণে বিভিন্ন আঁচনিবিলাকৰ বিষয়ে জানিবলৈ আগ্রহান্বিত হ’লে উন্নয়নমূখী আঁচনিবিলাক কিমানদূৰ আগবাঢ়িছে, যিমান পৰিমাণৰ ধন ধার্য কৰ। হৈছিল সেই পৰিমাণৰ পুঁজি খৰচ কৰা হৈছেনে নাই ইত্যাদি বিষয়ে জনসাধাৰণে জনাৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিলে কাৰ্যকৰীকৰণত জনসাধাৰণৰ অংশগ্ৰহণ অধিক ফলপ্রসূ হয়। অন্যথাই সুবিধাবাদী শ্ৰেণীৰ কবলত পৰি আঁচনি কাৰ্যকৰীকৰণ বাধাপ্রাপ্ত হোৱাৰ আশংকা নুই কৰিব নোৱাৰি।

(৩) তদাৰকীকৰণ আৰু মূল্যায়নত অংশগ্ৰহণ : জন অংশগ্ৰহণৰ অন্য এক আৰ্হি হৈছে আঁচনি কাৰ্যকৰীকৰণক তদাৰকীকৰণ আৰু মূল্যায়ন কৰা। আঁচনি এখন কেৱল কার্যকৰী কৰিলেই পযপ্তি নহয়। কেনেদৰে কাৰ্যকৰী কৰা হৈছে, আঁচনি অনুসৰি কাৰ্যকৰী কৰা দ্বাৰা উপকৃত হৈছেনে নাই ইত্যাদি বিভিন্ন বিষয় আঁচনি কাৰ্যকৰীকৰণৰ লগত জড়িত থাকে। প্রকৃত হিতাধিকাৰীসকলে আঁচনিৰ সুফল লাভ কৰিব লৈছেনে নাই, নির্মাণ কার্যত ব্যবহৃত সামগ্ৰীৰ মান কেনে ইত্যাদিৰ বিষয়ত জন অংশ গ্রহণ নিতান্তই প্রয়োজন। জনসাধাৰণে যেনেকৈ আঁচনি প্রস্তুতকৰণ আৰু কাৰ্যকৰীকৰণত আগ্রহ দেখুৱাব লাগে তেনেকৈ আঁচনিৰ তদাৰক আৰু মূল্যায়ন প্রক্রিয়াটো আগ্ৰহী হৈ অংশগ্ৰহণ কৰিব লাগে। সাধাৰণতে, জনসাধাৰণৰ এই ক্ষেত্ৰত অনীহা আৰু আগ্রহ কম হোৱা পৰিলক্ষিত হয়। কিন্তু অবিৰাম তদাৰকীকৰণ ব্যৱস্থা আৰু আঁচনি কাৰ্যকৰীকৰণও মূল্যায়নত জনসাধাৰণৰ সক্রিয় অংশগ্ৰহণৰ জৰিয়তে চৰকাৰী আঁচনিৰ সফল ৰূপায়ণ সম্ভৱ হৈ পাৰে। তদাৰকী ব্যৱস্থা আৰু মূল্যায়ন ব্যৱস্থাৰ দ্বাৰা জনসাধাৰণে আঁচনি কাৰ্যকৰীকৰণত হোৱা দোষ ত্রুটিসমূহ আৰু সমস্যাবোৰ আঙুলিয়াই দিব পাৰে। তদাৰকী আৰু মূল্যায়নকৰণ ব্যৱস্থা থাকিলে আঁচনিসমূহৰ অগ্ৰগতিৰ বিষয়ে যথাযথ তথ্য লাভ কৰিব পাৰি। সম্পদৰ সদ ব্যৱহাৰৰ ক্ষেত্ৰতো জন অংশগ্রহণে অৱদান যোগাব পাৰে। বর্তমান ভাৰতৰ গ্ৰাম্য আৰু নগৰীয়া স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থাত জনসাধাৰণে আঁচনি ৰূপায়ণত তদাৰকী আৰু মূল্যায়ন কৰাৰ ক্ষমতা লাভ কৰিছে। ইয়াৰ দ্বাৰা চৰকাৰী বিষয়াসকলক দায়বদ্ধ কৰি তুলিব পাৰি। জনসাধাৰণ সচেতন হ’লে তদাৰকী আৰু মূল্যায়ন ব্যৱস্থাৰ দ্বাৰা সুবিধাবাদী শ্ৰেণীৰ অসৎ অভিপ্ৰায়ক বাধা প্রদান কৰিব পৰা যায়। তদাৰকীকৰণ সমিতি, নির্মাণ সমিতি গঠন কৰি অভিজ্ঞ লোকৰ মাজৰ পৰা মূল্যায়ন সমিতি গঠন কৰি, সামাজিক হিচাপ পৰীক্ষণ ব্যৱস্থাৰ দ্বাৰা, তথ্য জনাৰ অধিকাৰ প্ৰয়োগ কৰি জনসাধাৰণে তদাৰকী ব্যৱস্থাত অংশ গ্রহণ কৰিব পাৰে। প্ৰসংগক্রমে উল্লেখ কৰি যোৱাটো সমুচিত হ’ব যে তদাৰকী ব্যৱস্থাত জন অংশগ্ৰহণৰ ক্ষেত্ৰত কেৰেলা ৰাজ্য অধিক আগবঢ়া।

(৪) বিকাশৰ সুফল ভাগ বটোৱাৰাৰ ক্ষেত্ৰত অংশগ্রহণ : প্রশাসনত জনসাধাৰণৰ উন্নয়নমূলক কার্যত অংশ গ্ৰহণৰ এটা প্রধান নিৰ্ধাৰক হ’ল বিকাশ বা উন্নয়নৰ লাভাংশ বিতৰণ। লাভাংশ বিতৰণ বুলিলে চৰকাৰে ৰূপায়ণ কৰা আঁচনিসমূহৰ যোগেদি কল্যাণ সাধন উপযুক্ত লোকৰ মাজত যথাযোগ্য বিতৰণক বুজায়। গতিকে চৰকাৰৰ আঁচনি বা প্রকল্পসমূহৰ যথাযথ কাৰ্যকৰীকৰণত জন অংশগ্রহণে আঁচনি বা প্রকল্পসমূহ যথাযথভাৱে ৰূপায়ণ কৰাত সহায় কৰে। এই ক্ষেত্ৰত বলৱন্ত ৰায় মেহতা কমিটীৰ প্ৰতিবেদনৰ প্ৰসংগ আঙুলিয়াই দিব পাৰি ‘যোতিয়ালৈকে আমি স্থানীয় স্বাৰ্থৰক্ষাৰ বাবে, স্থানীয় সমস্যা সমাধানৰ বাবে, স্থানীয় লোকৰ প্ৰয়োজন আৰু ইয়াৰ সপক্ষে ধন খৰচ কৰাৰ নিশ্চয়তা প্রদান কৰিব নোৱাৰো, যেতিয়ালৈকে স্থানীয় প্রশাসনক যথাযোগ্য ক্ষমতা আৰু বিভৰ যোগান দিব পৰা এক প্রতিনিধিত্বমূলক আৰু গণতান্ত্রিক অনুষ্ঠান গঢ়ি তলিব নোৱাৰো তেতিয়ালৈকে আমি স্থানীয় অঞ্চলৰ উন্নতিৰ বাবে স্থানীয় লোকৰ স্থানীয় সহযোগিতা আশা কৰিব নোৱাৰো। সেয়ে কোৱা হয় যে- জনসাধাৰণৰ প্ৰশাসনৰ উন্নয়নমূলক কার্যত অংশ গ্রহণৰ এক প্ৰধান নিৰ্দ্ধৰৰিক হ’ল বিকাশ বা বিকাশৰ সুফল ভাগ বটোৱাৰ ক্ষেত্ৰত অংশ গ্রহণ।

2. Examine the importance of People’s Participation in administration.

Ans: প্রশাসনত জনসাধাৰণৰ অংশগ্ৰহণৰ গুৰত্ব : 

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ মতে, গণতন্ত্ৰ হৈছে জনসাধাৰণৰ দ্বাৰা গঠিত, জনসাধাৰণৰ কাৰণে,জনসাধাৰণৰ চৰকাৰ। আব্রাহাম লিংকনৰ গণতন্ত্রৰ সংজ্ঞাৰ পৰাই প্ৰশাসনত নাগৰিকৰ অংশগ্ৰহণৰ গুৰুত্ব উপলব্ধি কৰিব পাৰি। যিহেতু গণতন্ত্র হ’ল জনসাধাৰণৰ চৰকাৰ গতিকে গণতন্ত্ৰ বৰ্তি থাকিবৰ বাবেই প্রশাসনত জন অংশগ্রহণ অত্যাৱশ্যকীয় । চৰকাৰী সিদ্ধান্তগ্রহণ প্রক্রিয়াত জনগণে অংশগ্রহণ কৰিবলৈ অপাৰগ হোৱা মানে গণতন্ত্রক অৱজ্ঞা কৰা। ভাৰতবৰ্ষৰ দৰে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আৰ্থ-সামাজিক ব্যৱস্থাৰ পৰিৱৰ্তন আনিব বিচৰা দেশ বিলাকৰ ক্ষেত্ৰত প্ৰশাসনত স্থানীয় অংশগ্রহণ আৰু সহযোগিতা নিতান্তই প্রয়োজনীয়।

জয়প্রকাশ নাৰায়ণে “Participatory Democracy” শীর্ষক গ্ৰন্থত কৈছিল, ‘যদিহে জনসাধাৰণে অনুভৱ নকৰে যে চৰকাৰে নহয়, তেওঁলোকেহে দেশক আগবঢ়াই সফল হ’ব নোৱাৰে।

ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ কাৰণেও গণতান্ত্রিক প্ৰক্ৰিয়াত ৰাইজৰ অংশগ্রহণ অপৰিহাৰ্য। প্রশাসনত নাগৰিকৰ অবিৰত অংশগ্রহণে নাগৰিক সকলক বুজাই দিয়ে যে চৰকাৰখন তেওঁলোকৰ নিজা চৰকাৰ আৰু এই ধাৰণা প্ৰশাসনৰ সফলতাৰ অন্যতম চৰ্ত বুলি গণ্য কৰা হয়। এই ধাৰণ বিকাশৰ ফলত জনসাধাৰণে চৰকাৰৰ বিভিন্ন কাৰ্যসূচীত সহযোগিতা কৰাৰ মানসেৰে আগবাঢ়ি অহাৰ স্থল দেখা যায়। ক্ষমতা বিকেন্দ্ৰীকৰণ বুলিলে কেৱল জনসাধাৰণৰ হাতলৈ ক্ষমতা হস্তান্তৰ কৰাকে নুবুজায়। ইতিমধ্যে উল্লেখ কৰি অহা হৈছে যে, বিকেন্দ্ৰীকৰণ বুলিলে পাঁচটা বিষয়ৰ বিকেন্দ্ৰীকৰণ বুজায়—

(১) পুঁজি হস্তান্তৰকৰণ।

(২) কামৰ হস্তান্তৰকৰণ।

(৩) বিভাগ হস্তান্তৰকৰণ।

(৪) কাম কৰাৰ স্বাধীনতা হস্তান্তৰকৰণ। আৰু

(৫) বন্ধুসুলভ ভাৱে কাম কৰাৰ মানসিকতা হস্তান্তৰকৰণ।

ওৱাকলে [Oakley] মতে, প্রশাসনত জনসাধাৰণৰ অংশ গ্ৰহণৰ কিছুমান সুবিধা আছে। ইবিলাক হৈছে―

(১) কাৰ্যদক্ষতা বৃদ্ধি : কাৰ্যদক্ষতা বৃদ্ধি কৰাৰ উপৰিও ৰাষ্ট্ৰীয় সম্পদৰ সদ্ব্যৱহাৰ হোৱাতো নিশ্চিত কৰে।

(২) কাৰ্যকৰীকৰণ : জনসাধাৰণৰ প্ৰশাসনত অংশ গ্রহণে বিশেষকৈ আঁচনি প্রস্তুতকৰণ, কাৰ্যকৰীকৰণ তথা তদাৰকীকৰণৰ ক্ষেত্ৰত সহায় কৰে। চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে গ্ৰহণ কৰা উন্নয়নমূলক আঁচনি বা প্রকল্পসমূহ সফল ৰূপায়ণ হোৱাৰ ক্ষেত্ৰত প্ৰশাসনত জন অংশগ্রহণে অৰিহণা যোগায়।

(৩) আত্ম-বিশ্বাস বৃদ্ধি : জনসাধাৰণৰ আত্মবিশ্বাস বৃদ্ধিৰ বাবেও প্ৰশাসনীয় কাম-কাজত জনসাধাৰণৰ অংশ গ্ৰহণৰ প্ৰয়োজনীয়তা আছে। জনসাধাৰণৰ প্ৰশাসনত অংশ গ্রহণে পৰ নিৰ্ভৰশীলতাৰ মনোভাৱ আঁতৰাই স্বাৱলম্বী হোৱাৰ মানসিকতা গঢ়ি তোলে। প্রশাসনত অংশ গ্রহণে জনসাধাৰণৰ সজাগতা বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে ৰাষ্ট্ৰখনৰ উন্নয়ন প্রক্রিয়াক নিয়ন্ত্রণ কৰাৰ সুযোগ দিয়ে।

(৪) সমাজৰ সকলো শ্ৰেণীৰ উন্নতি সাধন : উন্নয়ন মানে ৰাষ্ট্ৰখনত বসবাস কৰা। সকলো শ্ৰেণীৰ বিশেষকৈ পিছপৰা শ্ৰেণীৰ কল্যাণ সাধন কৰা। চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰি জনসাধাৰণৰ কল্যাণ সাধনৰ চেষ্টা কৰিলেও জনসাধাৰণৰ অংশ গ্ৰহণ নথকাৰ বাবে বহু সময়ত আঁচনিসমূহ বিফল হৈছে আৰু আঁচনি বা প্রকল্পসমূহৰ সুফল কিছুমান নিৰ্দিষ্ট শ্ৰেণীৰ লোকৰ হাতত কেন্দ্ৰীভূত হোৱা পৰিলক্ষিত হয়। জনসাধাৰণৰ প্ৰশাসনত অংশ গ্রহণ অবিহনে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ কল্যাণ সাধনৰ তথা সমবিকাশ সম্ভৱ নহয়।

(৫) বহনক্ষমতা : সাধাৰণতে, উন্নয়নমূলক কাম-কাজসমূহ চৰকাৰ বা কোনো দাতা অভিকৰণে যে সম্পাদন কৰে। অভিজ্ঞতাৰ ফালৰ পৰা দেখা যায় যে বিভিন্ন দাতা সংস্থাসমূহে কাৰ্যকৰী কৰা আঁচনিসমূহ যথাযোগ্য উন্নতি সাধনত বিফল হয় বা যিকোনো সময়তে বন্ধ কৰিব পাৰে। চৰকাৰে সম্পাদন কৰা কাম কাজসমূহো জন অংশগ্রহণ নাথাকিলে সফল হ’ব নোৱাৰে। গতিকে ক’ব পাৰি যে চৰকাৰীভাৱে সম্পাদন কৰা আঁচনি বা দাতা সংস্থাসমূহে সম্পাদন কৰা কাৰ্য সফল হ’বলৈ হলে প্রাথমিক চৰ্তই হ’ল আঁচনিসমূহত জনসাধাৰণৰ অংশ গ্রহণ।

আন এটা দিশৰ পৰাও প্রশাসনত জন অংশ গ্ৰহণৰ প্ৰয়োজন আছে। প্রশাসনীয় কাম-কাজত জন অংশ গ্রহণে প্রশাসন আৰু জনসাধাৰণৰ মাজত থকা পার্থক্য দূৰ কৰে। প্ৰশাসন কাৰ্য্য সফল হ’বলৈ হ’লে জনসাধাৰণ আৰু প্ৰশাসনৰ মাজত ঘনিষ্ঠ সম্পর্কৰ প্রয়োজন। এনেদৰে জনসাধাৰণৰ প্ৰশাসনত অংশ গ্রহণে জনসাধাৰণ আৰু আঁচনিসমূহ সফল ৰূপায়ণ হোৱাত সহায় কৰে।

3. Arguments in favor of Decentralisation, Demerits of Decentralisation.

Ans: বিকেন্দ্ৰীকৰণৰ সপক্ষে যুক্তি : প্ৰশীসনীয় সংগঠনৰ প্ৰতিটো স্তৰতে সিদ্ধান্ত ল’ব পৰা কৰ্তৃত্ব থকা ব্যৱস্থাটোৱেই হৈছে বিকেন্দ্ৰীকৰণ। বিকেন্দ্ৰীকৰণৰ গুণাৱলী তলত উল্লেখ কৰা হ’ল—

(১) প্ৰশাসনীয় সংগঠনৰ বিকেন্দ্ৰীকৰণৰ নীতিটো গণতান্ত্রিক। এই নীতিৰ আধাৰত পৰিচালিত সংগঠনত বিকেন্দ্ৰীকৰণৰ জৰিয়তে প্রশাসনে জনকল্যাণকামী কার্যসমূহ অধিক ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰিব পাৰে।

(২) প্রশাসন বা সংগঠনক অধিক সক্ৰিয় কৰি তোলাৰ ক্ষেত্ৰতো বিকেন্দ্ৰীকৰণ নীতিৰ প্ৰয়োজনীয়তা আছে, কিয়নো বিকেন্দ্ৰীকৰণৰ অৱধাৰণাই সংগঠনৰ বিভিন্ন গোটবিলাকক নিজস্ব সুবিধাৰ অৰ্থে অৰ্থত স্থানৰ প্ৰয়োজন অনুসাৰে নীতিৰ পৰিৱৰ্তন কৰাৰ সুবিধা লাভ কৰে। ভিন্নমুখী সামাজিক পৰিৱেশত প্ৰশাসনীয় সংগঠনে ভিন্ন ভিন্ন সমস্যাৰ সন্মুখীন হয় আৰু নতুন নতুন কৰ্তব্য আৰু দায়িত্ব পালন কৰিবলগীয়া হয়। এনেধৰণৰ নতুন দায়িত্ব আৰু কৰ্তব্য সম্পাদন কৰাৰ ক্ষেত্ৰত বিকেন্দ্ৰীকৰণ নীতিৰ নিতান্তই প্ৰয়োজনীয়তা আছে।

(৩) বিকেন্দ্রীভূত প্রশাসনীয় ব্যৱস্থাত জনগণে আঞ্চলিক আৰু তৃণমূল পৰ্যায়ৰ প্ৰশাসনিক কার্যত প্রত্যক্ষভাৱে অংশগ্ৰহণৰ সুযোগ লাভ কৰে। এনে প্ৰশাসনীয় নীতিত স্থানীয় জনগণৰ সমস্যা, আশা আকাংক্ষা আদি সুন্দৰভাৱে প্ৰতিফলিত হয়।

(৪) বিকেন্দ্রীভূত প্রশাসনীয় ব্যৱস্থাত বিভিন্ন স্থানীয় গোটবিলাকৰ মাজত কৰ্তব্য আৰু দায়িত্ব পালনৰ এক সুস্থ প্রতিযোগিতামূলক পৰিৱেশৰ সূচনা হয়। প্ৰতিটো স্থানীয় গোটে দক্ষতা সহকাৰে কাৰ্য সম্পাদন কৰি সুনাম অর্জন কৰাৰ প্ৰয়াস কৰে। কৰ্তব্য পালনৰ ক্ষেত্ৰত হোৱা এনে প্রতিযোগিতামূলক পৰিৱেশে ফলপ্রদভাৱে কার্য সম্পাদনৰ নতুন নতুন পথ উদ্ঘাটন কৰাত অৰিহণা যোগায়।

(৫) বিকেন্দ্রীভূত প্রশাসনীয় সংগঠনত প্রশাসনে ক্ষিপ্ৰতাৰে কাৰ্য সম্পাদনা কৰিব পাৰে। সংগঠনৰ সকলো স্তৰতে কার্য সম্পাদনৰ বেলিকা কৰ্তৃত্ব প্ৰয়োগৰ সুবিধা থকাৰ বাবে আমোলাতান্ত্রিক ব্যৱস্থাত থকাৰ দৰে ইয়াৰ ‘ৰঙা ফিতাৰ মেৰপাকনাথাকে। ফলস্বৰূপে, প্রশাসনীয় সিদ্ধান্ত গ্ৰহণত জটিলতাৰ সৃষ্টিৰ আশংকা নাথাকে।

‘বিকেন্দ্ৰীকৰণ’নীতিৰ আলোকপাত কৰি ডিমক আৰু ডিমকয়ে বিকেন্দ্ৰীকৰণৰ তিনিটা গুণৰ বিষয়ে উল্লেখ কৰিছে। এই গুণকেইটা হৈছে নিম্নোক্ত ধৰণৰ—

(১) বিকেন্দ্ৰীকৰণ নীতিৰ দ্বাৰা আঞ্চলিক বা স্থানীয় গোটসমূহে অধিক স্বতন্ত্রতা লাভ কৰে আৰু জনসাধাৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।

(২) কার্যক্ষেত্ৰ পৰিসৰ সীমিত হোৱাৰ ফলত প্ৰশাসনৰ লক্ষ্য আৰু পদ্ধতি সম্পর্কে এক সম্যক জ্ঞান আহৰণ কৰি দ্ৰুত গতিৰে কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হয়।

(৩) প্ৰশাসনৰ উৰ্দ্ধতম স্তৰৰ কাৰ্য আৰু দায়িত্বৰ হেঁচা হাস কৰাৰ ই এক উপযুক্ত মাধ্যম।

বিকেন্দ্ৰীকৰণৰ নীতিৰ ব্যৱহাৰিক দিশটোৰ ওপৰত আলোকপাত কৰি কোচেন আৰু ডিউটচ যে মন্তব্য কৰিছে যে বিকেন্দ্ৰীকৰণ নীতিয়ে পৰিৱেশৰ সৈতে মানুহ আৰু সামগ্রী অনুকূল কৰি তোলাত যথেষ্ট অৱদান আগবঢ়ায়। জে. চি. চার্লচওৱৰ্থৰ মতে, বিকেন্দ্ৰীকৰণ নীতিৰ সৈতে কৰ্মচাৰীসকলৰ নৈতিক দিশটো জড়িত হৈ আছে। বিকেন্দ্রীভূত প্রশাসন ব্যৱস্থাত কৰ্মচাৰী আৰু জনগণৰ মাজত পোনপটীয়া সম্পর্ক স্থাপন হোৱাৰ ফলত সংগঠনৰ কৰ্মচাৰীসকলৰ মাজত এক মানসিক পৰিৱর্তনে দেখা দিয়ে যিয়ে নেকি প্রশাসনীয় সংগঠন একোটাৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাত অৰিহণা যোগায়।

এনেদৰে বিশ্লেষণ কৰি চালে ক’ব পাৰি যে আধুনিক গণতান্ত্রিক সমাজ ব্যৱস্থাত বিকেন্দ্রীকৰণৰ নীতিয়ে এক গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰিছে। প্ৰশাসনৰ প্ৰতি জন-সচেতনতা আৰু জন-উদ্যোগ বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই নীতি অতীব প্রয়োজনীয়।

বিকেন্দ্ৰীকৰণৰ দোষসমূহ : বিকেন্দ্রীভূত প্রশাসনীয় সংগঠনৰ কেতবোৰ আঁসোৱাহ পৰিলক্ষিত হয়। তলত এইবিলাকৰ বিষয়ে আলোচনা কৰা হ’ল—

(১) প্রশাসনীয় নীতিৰ সমৰূপতাৰ অভাৱ : বিকেন্দ্রীভূত প্রশাসনত নীতিৰ সমৰূপতাৰ অভাৱ পৰিলক্ষিত হয়। বিষয়া প্ৰশাসন,হিচাপ ৰক্ষণ আৰু পৰীক্ষা, পদোন্নতি, জনসম্পৰ্ক ৰক্ষা আদি প্রশাসনীয় দিশসমূহত সমৰূপতাৰ আৱশ্যক কিন্তু বিকেন্দ্রীভূত প্রশাসন ব্যৱস্থাত প্ৰশাসনৰ প্ৰতিটো স্তৰতে থকা স্বতন্ত্ৰতা আৰু কৰ্তৃত্বৰ বাবে সমৰূপতা নীতি গ্রহণ কৰা সম্ভৱ নহয়।

(২) সমন্বয় সাধনৰ সমস্যা : বিকেন্দ্রীভূত প্রশাসনীয় সংগঠনৰ ওপৰত বিভিন্ন স্তৰত স্থানীয় সংস্থা আৰু কেন্দ্রীয় সংস্থাৰ মাজত বিৰোধ ভাৱৰ সৃষ্টি হ’ব পাৰে। এনেধৰণৰ বিৰোধ ভাবে স্থান পালেই সংগঠনৰ সমন্বয় ৰক্ষা কৰাত এক জটিল সমস্যাই দেখা দিয়ে।

(৩) পৰিকল্পনা আৰু বাজেট প্রস্তুতকৰণত অসুবিধা : প্ৰশাসনীয় সংগঠনৰ বিকেন্দ্ৰীকৰণৰ নীতিয়ে পৰিকল্পনা আৰু বাজেট প্রস্তুতকৰণৰ ক্ষেত্ৰত অসুবিধা সৃষ্টি কৰাৰ আশংকা থাকে। তদুপৰি কৰ সংগ্ৰহ আৰু হিচাপ পৰীক্ষণৰ ক্ষেত্ৰত বিকেন্দ্ৰীকৰণৰ ব্যৱস্থা অনুপযোগী বুলি বিবেচিত হয়।

(৪) ব্যয়বহুলতা : বিকেন্দ্রীভূত প্রশাসন ব্যৱস্থা অধিক ব্যয়বহুল। এনে প্ৰশাসনত একে ৰকমৰ কাৰ্য সম্পাদনৰ বাবে বহুতো পৰ্যায়ৰ প্রশাসনীয় গোট সৃষ্টি কৰাৰ বাবে বিষয়া কৰ্ম্মচাৰীও অধিক সংখ্যক নিয়োগ কৰিবলগীয়া হয়।

(৫) কাৰ্যকৰীকৰণৰ ব্যৰ্থতা : বিকেন্দ্ৰীকৰণৰ ৰূপায়ণৰ ক্ষেত্ৰত ই প্ৰায়েই বাধাগ্রস্ত হয়। বিকেন্দ্রীভূত সংস্থাসমূহক দায়িত্ব দিয়াৰ লগে লগে সেই দায়িত্ব পালন কৰাৰ বাবে আৱশ্যকীয় আর্থিক সচ্ছলতা বা স্বাধীনতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব।

(৬) প্রশাসনত প্ৰভাৱশালী গোষ্ঠীৰ হস্তক্ষেপৰ আশংকা : কেতিয়াবা আকৌ আন এক বিশেষ কাৰণত প্রশাসন ব্যৱস্থাক বিকেন্দ্ৰীকৰণ কৰিলেও উদ্দেশ্য সফল নহয়। সেয়া হ’ল স্থানীয় বা আঞ্চলিক পৰ্যায়ত প্ৰভাৱশালী গোষ্ঠী বা ব্যক্তিৰ দ্বাৰা প্ৰশাসন ব্যৱস্থাত হোৱা হস্তক্ষেপ। এনে অৱস্থাত প্ৰভাৱগোষ্ঠীৰ স্বাৰ্থ পূৰণৰ অৰ্থেহে শাসন ব্যৱস্থা চালিত হোৱা দেখা যায়।

4. What is people’s participation. Discuss the problems of People’s Participation in administration.

Ans: সাধাৰণ অৰ্থত অংশ গ্ৰহণৰ অৰ্থ হ’ল “জনগণৰ জীৱন নিৰ্বাহৰ দিশত প্ৰভাৱ বিস্তাৰ কৰা বিভিন্ন আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক স্বার্থ জড়িত কাৰ্যকলাপত জনসাধাৰণ জড়িত হোৱাৰ এক প্রক্রিয়া” [Participation in general means that process wherein people are closely involved in economics, Social, cultural and political affairs which affect their lives]

চৰকাৰৰ বিভিন্ন স্তৰত গ্ৰহণ কৰা বিকাশশীল কার্যকলাপবোৰৰ বিভিন্ন দিশ আৰু প্ৰক্ৰিয়াত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত এখন সমাজৰ সদস্যসকলে স্বেচ্ছামূলকভাৱে অংশ লোৱা কার্যকলাপসমূহকে ‘অংশগ্রহণ’ [Participation) শব্দটোৱে প্ৰকাশ কৰে।

সংজ্ঞা : প্রশাসনত জনসাধাৰণৰ অংশগ্ৰহণৰ বিষয়ত বিভিন্ন ৰাজনৈতিক চিন্তাবিদ তথা সংস্থাসমূহে বিভিন্নধৰণৰ সংজ্ঞা আগবঢ়াইছে। অক্সফোর্ড ডিক্সনেৰীৰ মতে, জন অংশগ্রহণ হৈছে জনসাধাৰণৰ দ্বাৰা কোনো এক কার্যত অংশগ্ৰহণ কৰা বা জড়িত হৈ পৰা।

ওৱেবষ্টাৰ থায়েৰ নিউ ইণ্টাৰনেশ্যনেল ডিক্সনেৰীৰ মতে, অংশ গ্ৰহণৰ অৰ্থ হ’ল কোনো কার্যত সক্রিয়ভাৱে জড়িত হৈ পৰে। [participation means’ the action or state of taking part of something actively.]

আৰ. কে. ভাটনগৰৰ মতে, ‘জনগণৰ অংশগ্ৰহণৰ সাধাৰণ অর্থ হ’ল এক প্ৰক্ৰিয়া, য’ত নাগৰিকে তেওঁলোকৰ জীৱনক প্ৰভাৱিত কৰা আর্থিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক কার্যত নিবিড়ভাবে জড়িত হৈ পৰে। অংশগ্রহণে বর্ধিতপ্ৰভাৱ আৰু নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়ে। সমান্তৰালভাৱে অংশগ্রহণে বর্ধিতভাৱে জড়িত হোৱাটোক বুজায়। [“Participation in general means the process where in people are closely involved in economic, social, cultural and political affairs, which affect their lives, participation requires increased in-fluence and control, it also simultaneously call for an increased involvement.”]

ইউনেস্কৰ মতে, অংশগ্ৰহণৰ অৰ্থ হ’ল প্ৰগতিৰ দ্বাৰা হোৱা লাভৰ যথাযোগ্য বিতৰণৰ দৰে কিছুমান উমৈহতীয়া লক্ষ্য সমাধা কৰাৰ লক্ষ্যেৰে সামূহিক আৰু অবিৰাময় বহনক্ষম কার্যকলাপত জড়িত থকা কার্য [“Participation means collective sustained activity for the purpose of achieving some common objective’s, specially non equitable distribution of the benefit of development.”]

ৰাষ্ট্ৰসংঘই বিভিন্ন সময়ত লোৱা কিছুমান প্ৰস্তাৱত উন্নয়নৰ ক্ষেত্ৰত প্রশাসনত জনসাধাৰণৰ অংশ গ্ৰহণৰ তিনিটা দিশৰ কথা উল্লেখ আছে উন্নয়নৰ আঁচনি প্ৰস্তুতকৰণ, উন্নয়নৰ আঁচনিসমূহত জনসাধাৰণৰ অৱদান আৰু উন্নয়নৰ আঁচনিসমূহৰ লাভালাভত জনগণৰ অংশ গ্ৰহণ আদি।

পৰিচালনাত নাগৰিকৰ অংশগ্ৰহণৰ সমস্যা: ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ প্ৰশাসনৰ ক্ষেত্ৰত দেখা দিয়া এক প্রধান সমস্যা হ’ল জন অংশগ্ৰহণৰ সমস্যা। প্রশাসন কাৰ্যত জনসাধাৰণৰ যথোপযুক্ত অংশগ্ৰহণৰ অভাৱ দেখা যায়। ইয়াৰ অন্তৰালত বহুতো কাৰণ আছে। তলত ইবিলাকৰ আলোচনা কৰা হ’ল—

(১) নিৰক্ষৰতা আৰু অজ্ঞতা : জনসাধাৰণৰ নিৰক্ষৰতা আৰু অজ্ঞতা পৰিচালনাত নাগৰিকৰ অংশগ্ৰহণ আৰু সহযোগিতা অভাৱৰ প্ৰধান কাৰণ৷

ভাৰতৰ দৰে উন্নয়নশীল দেশবিলাকত নিৰক্ষৰ লোকৰ সংখ্যা স্বাভাৱিকতেই বেছি দেখা যায়। যিহেতু জনসাধাৰণ নিৰক্ষৰ। তেওঁলোক সমান্তৰালভাৱে অজ্ঞ। প্রশাসনত এনে এক অজ্ঞ আৰু নিৰক্ষৰ শ্ৰেণীৰ লোকৰ পৰা অংশগ্ৰহণৰ আশা কৰিব নোৱাৰি। সেয়েহে নিৰক্ষৰ আৰু অজ্ঞ লোকসকলে প্রশাসনত অংশগ্ৰহণ কৰিবলৈ সক্ষম নহয়। ফলস্বৰূপেই নিৰক্ষৰতা আৰু অজ্ঞতাই প্ৰশাসনত অংশগ্ৰহণ কৰিবলৈ সক্ষম নহয়। ফলস্বৰূপেই নিৰক্ষৰতা আৰু অজ্ঞানতাই প্রশাসনত নাগৰিকৰ অংশগ্ৰহণৰ ক্ষেত্ৰত প্ৰধান অন্তৰায় ৰূপে দেখা দিয়ে। জনসাধাৰণৰ সৰহ সংখ্যকেই আঁচনিবোৰৰ কথা নাজানে। আঁচনিৰ দ্বাৰা কেনেদৰে লাভৱান হ’ব নাজানে অজ্ঞতাৰ বাবে তেওঁলোকে নিজৰ অধিকাৰ আৰু ক্ষমতা প্রয়োগ কৰিবলৈ সমর্থ নহয়। অভাব অভিযোগ কাৰ ওচৰত উত্থাপন কৰিব লাগে, কাৰ দ্বাৰা উপকৃত হ’ব এনেবোৰ কথা নজনাৰ ফলত অংশগ্রহশত আগ্রহ প্রকাশ নকৰে। অৱশ্যে বর্তমান জনসাধাৰণ আগতকৈ অধিক সনত্ৰিয় হৈছে। শিক্ষাৰ প্ৰসাৰ আৰু জনজাগৰণৰ যোগেদি এনে সমস্যাৰ আংশিক সমাধান সম্ভৱপৰ হ’ব।

(২) দৰিদ্ৰতা : উন্নয়নশীল ৰাষ্ট্ৰ বিলাকত প্রশাসনত নাগৰিকৰ অংশগ্ৰহণৰ অভাৱৰ অন্য এক কাৰণ হ’ল দৰিদ্ৰতাৰ সমস্যা। ভাৰতৰ বর্তমানেও প্রায় শতকৰা ৩৫ ভাগ লোক দৰিদ্র সীমাৰেখাৰ তলত বসবাস কৰে। যিহেতু তেওঁলোক দৰিদ্ৰ, গতিকে তেওঁলোকে বিভিন্ন প্রশাসনীয় কামত অংশগ্ৰহণ কৰাৰ পৰিৱৰ্তে জীৱন ধাৰণৰ ন্যূনতম প্রয়োজনখিনি আহৰণতহে গুৰুত্ব দিয়ে। ফলস্বৰূপে, প্রশাসন ব্যৱস্থা জনগণৰ পৰা পৃথক হয় আৰু তেতিয়াই প্ৰশাসনত নাগৰিকৰ অংশগ্ৰহণ সম্ভৱপৰ হৈ নুঠে। দৰিদ্ৰতাৰ কবলত থকা জনসাধাৰণে অন্ন, বস্তু আৰু বাসস্থানৰ সন্ধানত ব্যস্ত থাকিব লাগে। সেই কাৰণে তেওঁলোকে বিভিন্ন আঁচনিৰ লগত বা চৰকাৰী ব্যৱস্থাত অংশগ্ৰহণৰ সুযোগ নাপায়। আজৰি পালেও বহু সময়ত তেওঁলোকে চৰকাৰী ব্যৱস্থাই কিবা পৰিৱৰ্তন আনিব পাৰিব বুলি ধৰি নলয়। দৰিদ্ৰ সকলে সামাজিকভাৱে সংঘবদ্ধ হলে বিভিন্ন চৰকাৰী আঁচনিৰ দ্বাৰা উপকৃত হ’ব পাৰিলেও তেওঁলোকে বিভিন্ন কাৰণত অংশগ্ৰহণৰ পৰা বিৰত থাকে।

(৩) ৰাজনৈতিক সজাগ সচেতনতাৰ অভাৱ : নিৰক্ষৰ আৰু অজ্ঞ লোকসকল ৰাজনৈতিকভাৱে সজাগ সচেতন নহয়। ৰাজনৈতিক জ্ঞানৰ অবিহনে ৰাজনৈতিক সচেতনতা নাগৰিকৰ জাগি উঠিব নোৱাৰে। জনসাধাৰণৰ ৰাজনৈতিক সচেতনতাৰ অবিহনে নাগৰিকৰ প্ৰশাসনত ৰাজনৈতিক অংশগ্ৰহণ সম্ভৱপৰ হৈ নুঠে। ৰাজনৈতিক সজাগতা আৰু সচেতনতা ৰাজনৈতিক অংশগ্ৰহণৰ পূৰ্ব চৰ্ত। জনসাধাৰণে যদি অনুধাবন কৰে যে প্রশাসনত তেওঁলোকৰ আৰ্থিক অৱস্থাৰ উন্নতি সাধন কৰিবলৈ তেওঁলোকে নিজে আগ-ভাগ লৈ ৰাজনৈতিকভাৱে সংগঠিত হ’ব লাগে তেতিয়া হলে তেওঁলোকে ৰাজনৈতিক কার্যত অংশগ্ৰহণ কৰিব। কিন্তু এনে সচেতনতাৰ অভাৱৰ বাবেই গ্রামোন্নয়ন সম্ভব হৈ উঠা নাই।

(৪) প্ৰশাসনৰ পৰা নাগৰিকক নিসংগকৰণ : প্ৰশাসনত নাগৰিকৰ অংশগ্ৰহণৰ ক্ষেত্ৰত দেখা দিয়া ই এক জটিল সমস্যা। আজিকালি উন্নয়নশীল দেশবিলাকত জনসাধাৰণে প্ৰশাসনৰ পৰা ফালৰিকাটি আহিছে। যিহেতু প্রশাসনৰ পৰা তেওঁলোকে কল্যাণমূলক সেৱা আশা কৰিব নোৱাৰে, গতিকে প্ৰশাসনৰ ওপৰত নাগৰিক সকলে বিশ্বাস আৰু আস্থা হেৰুৱাই পেলাইছে। [The are unheard and unattended by the administration. Consequently, they developed a psychology to alienate themselves from the administration since they are little in number, so they are unheard and unattended by the administration]. তেওঁলোকৰ অভাৱ অভিযোগৰ প্ৰতি চৰকাৰে উদাসীন হ’লে জনসাধাৰণে অৱশেষত এক বিচ্ছিন্ন ধাৰণা গ্ৰহণ কৰে। তেওঁলোকৰ সংখ্যা কম আৰু সুসংঘবদ্ধ নহয় বাবে চৰকাৰে তেওঁলোকৰ আশা-আকাংক্ষাৰ প্ৰতি সততে মনোযোগ নিদিয়ে।

(৫) প্রশাসন সম্পর্কে জ্ঞানৰ অভাৱ : জনসাধাৰণ যিহেতু অজ্ঞ আৰু নিৰক্ষৰ, তেওঁলোকৰ প্ৰশাসনীয় জ্ঞানৰ অভাৱ। কেনেকৈ প্ৰশাসন পৰিচালিত হয়, প্ৰশাসনৰ পৰা তেওঁলোকে কি লাভ কৰিব পাৰে, এইবোৰ সৰহভাগ জনসাধাৰণে নাজানে। এনেদৰে প্ৰশাসনীয় জ্ঞানৰ অভাৱ থকা লোকৰ পৰা কেনেকৈ সম্পূর্ণ অংশগ্রহণ আশা কৰিব পাৰি? বিভিন্ন সমস্যা সমাধানৰ বাবে কাৰ কাষ চাপিব লাগিব, কি কি প্ৰক্ৰিয়াৰ মাজেদি আগবাঢ়িব লাগিব, প্রশাসনে কি কৰিব পাৰে কি কৰিব নোৱাৰে- এইবোৰৰ বিষয়ে জনসাধাৰণ অজ্ঞ হোৱাৰ বাবে কামত অগ্ৰসৰ হ’ব নোৱাৰে।

(৬) সাধাৰণ শ্ৰেণীৰ নাগৰিকসকলৰ প্ৰতি আমোলাসকলৰ উদাসীন দৃষ্টিভংগী : জনসাধাৰণৰ প্ৰতি আমোলা বিষয়াসকলৰ উদাসীন দৃষ্টিভংগীৰ বাবেও প্রশাসনত নাগৰিকৰ অংশগ্রহণত সমস্যাই দেখা দিছে। চৰকাৰী বিষয়া সকলে বিভিন্ন উন্নয়নমূলক আঁচনিবিলাকৰ কাৰ্যকৰীকৰণত সাধাৰণ শ্ৰেণীৰ লোকসকলৰ লগত সহযোগিতা নকৰে। আমোলাসকলে সাধাৰণ শ্ৰেণীৰ লোকসকলৰ তুলনাত নিজকে উচ্চ বুলি গণ্য কৰে। সেয়েহে জনসাধাৰণে প্রশাসন ব্যৱস্থাৰ ওপৰত নিজৰ আস্থা হেৰুৱাইছে।

(৭) দুর্নীতি : প্রশাসনত নাগৰিকৰ অংশগ্ৰহণৰ অভাৱ হোৱাৰ অন্যতম কাৰণ হ’ল দুৰ্নীতি গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি যেনে – IRDP, JRY, NREGA আদি গ্রহণ কৰিছে। যদিও দুৰ্নীতিমূলক ব্যৱস্থাৰ বাবেই জনসাধাৰণে সেই আঁচনিবিলাকৰ সফল ৰূপায়ণত অংশগ্ৰহণ কৰিব পৰা নাই। প্ৰশাসনীয় ব্যৱস্থাত দুৰ্নীতিৰ পয়োভৰ অধিক। ৰাজনীতিবিদ সকল কাৰিকৰী আৰু প্রযুক্তিগত দিশত বিশেষজ্ঞ নহয় বা তেওঁলোকৰ এই বিষয়ত সম্যক জ্ঞান নাথাকে, সেয়েহে এনে বিষয়ত অভিজ্ঞ আমোলাসকলৰ পৰা ৰাজনীতিজ্ঞ সকলে সহায় ল’ব লাগে। এনে কাৰণত আমোলাসকলে দুৰ্নীতিপৰায়ণ কামত প্রবৃত্ত হয়। আঁচনিৰ লগত জড়িত জটিল বিষয় বিলাকত জনসাধাৰণো অজ্ঞ। বহু সময়ত আমোলা বিষয়াসকলে ৰাজনীতিবিদ আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰি দুৰ্নীতিত লিপ্ত হয়। বহু সময়ত ৰাজনীতিবিদ আৰু আমোলা বিষয়াৰ মাজত অবৈধ সম্পর্ক গঢ়ি তুলি আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ শুনা যায়। আমোলা বিষয়াৰ দুৰ্নীতিয়ে কেতিয়াবা চৰম পৰ্যায় পায়গৈ। চৰকাৰৰ সকলো বিভাগতে দুর্নীতিয়ে শিপা মেলিছে। বহুসময়ত দৌষী ধৰা পৰে, শাস্তি দিয়া হয় কিন্তু বাস্তৱত আঁচনি ৰূপায়ণ কৰা নহয়। চৰকাৰৰ দ্বাৰা নিয়োজিত তদন্ত আয়োগবিলাকে দুর্নীতি সংঘটিত হোৱাৰ প্ৰমাণ দিয়ে।

(৮) আমোলাসকলৰ উদাসীন দৃষ্টিভংগী : চৰকাৰী আমোলা বিষয়াসকলে জনসাধাৰণৰ উন্নয়নৰ বাবে কাৰ্য আঁচনি প্রস্তুতকৰণ, কাৰ্যকৰীকৰণ আৰু তদাৰকীকৰণ প্ৰক্ৰিয়াত জনসাধাৰণক জড়িত কৰাৰ বাবে যেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইদৰে ব্যৱস্থা গ্ৰহণ নকৰে। আমোলাসকলে সাধাৰণ জনসাধাৰণতকৈ নিজকে উচ্চ জ্ঞান কৰে বাবে তেওঁলোকে উন্নয়নী প্ৰক্ৰিয়াত জনসাধাৰণক জড়িত কৰিব নোখোজে। জনসাধাৰণেও আমোলাসকলৰ এই উদাসীন মনোভাৱৰ বাবে প্ৰশাসনত অংশ গ্ৰহণৰ ক্ষেত্ৰত আগ্রহী নহয়।

(৯) প্ৰশাসনত ৰাজনীতিবিদৰ অপ্রয়োজনীয় হস্তক্ষেপ : প্রশাসনীয় কাম-কাজ সম্পাদনৰ সময়ত ৰাজনীতিবিদৰ অপ্ৰয়োজনীয় হস্তক্ষেপ হোৱাৰ বাবে জনসাধাৰণে আশা কৰা ধৰণে প্ৰশাসনৰ পৰা লাভান্বিত হ’ব পৰা নাই; যাৰ বাবে প্ৰশাসনৰ ওপৰত জনসাধাৰণৰ আস্থা লাহে লাহে কমিবলৈ লৈছে। বহু সময়ত ৰাজনীতিবিদৰ অপ্ৰয়োজনীয় হস্তক্ষেপৰ বাবে জনসাধাৰণৰ ইচ্ছাৰ বিপৰীতে প্রশাসন যন্ত্র চালিত হোৱাত জনসাধাৰণৰ প্ৰশাসন যন্ত্রত অংশ গ্রহণ সীমিত হৈ পৰিছে।

(১০) জনসাধাৰণক প্রশাসনীয় কাম-কাজত অংশ গ্ৰহণ কৰাৰ ক্ষেত্ৰত আগ্রহ সৃষ্টিত ব্যৰ্থতা : ৰাষ্ট্ৰখনৰ দৰিদ্ৰ আৰু অজ্ঞ লোকসকলক প্রশাসনীয় কাম-কাজত অংশ গ্ৰহণৰ ক্ষেত্ৰত আগ্রহ সৃষ্টি কৰাৰ ক্ষেত্ৰত প্রশাসন যন্ত্র বিফল হোৱাৰ বাবেও জনসাধাৰণৰ প্ৰশাসনীয় কাম কাজত অংশ গ্রহণ নিশ্চিত হোৱা নাই। বহু জনসাধাৰণৰ প্ৰশাসনত অংশ গ্ৰহণৰ ইচ্ছা থকাৰ পাছতো অজ্ঞতা তথা সজাগতাৰ অভাৱৰ বাবে তেওঁলোক প্রশাসনীয় কাম-কাজত অংশ গ্ৰহণৰ ক্ষেত্ৰত বিফল হৈছে। প্রশাসনে এই ক্ষেত্ৰত জনসাধাৰণক অংশ গ্রহণৰ বাবে যাবতীয় ব্যবস্থা গ্রহণ কৰি জনসাধাৰণক প্রশাসনত অংশ গ্রহণ কৰাৰ ক্ষেত্ৰত আগ্রহান্বিত কৰাত ব্যর্থ হোৱাৰ বাবেও প্রশাসনত জন অংশগ্ৰহণৰ ক্ষেত্ৰত বাধা আহি পৰিছে।

ওপৰত উল্লেখ কৰা সমস্যাসমূহৰ বাবেই প্রশাসনত জন অংশগ্রহণ আশানুৰূপ ধৰণে হোৱা নাই।

5. What is meant by Public Policy Implementation. Discuss its features and Importance.

Ans: ৰূপায়ণকৰণ নীতি নিৰ্দ্ধাৰণৰ পৰৱৰ্তী আৰু অত্যন্ত গুৰুত্বপূর্ণ পর্যায়। ৰূপায়ণকৰণ অবিহনে যিকোনো চৰকাৰী নীতি বা আঁচনি মাত্র এটুকুৰা কাগজ হৈয়েই থাকিব আৰু সেয়া অপ্রয়োজনীয় আৰু বৃথা প্রচেষ্টা হৈয়েহে ৰ’ব। প্ৰকৃততে, কেতবোৰ নিৰ্দ্ধাৰিত লক্ষ্য আৰু উদ্দেশ্য সাধনৰ নিমিত্তেহে চৰকাৰী নীতি, আঁচনিসমূহ নিৰিণ কৰা হয়। নীতি কাৰ্যকৰীকৰণে লোক নীতিক কৰ্ম আৰু বাস্তবতালৈ পৰ্যবেসিত কৰে। ই কেৱল এটা কাৰ্য আৰু লোক নীতিৰ কাৰ্যকৰী প্রয়োগ যিয়েই নেকি বিচৰা ফল আৰু সমাজৰ বা নিৰ্দ্ধাৰিত গোটৰ বাবে সু-ফল আদায় কৰে।

ৰূপায়ণকৰণ হৈছে লোক নীতি আঁচনিৰ সন্নিবিষ্ট কর্ম আঁচনিৰ কার্যকৰী অংশ। চৰকাৰে লোক নীতি নিৰ্দ্ধৰিণ কৰাৰ সময়ত ইয়াৰ ৰূপায়ণৰ প্ৰক্ৰিয়া আৰু সময়সীমাও নিদ্ধৰিণ কৰি দিয়ে।

চৰকাৰৰ সকলো লোক নীতি আঁচনি কাৰ্যকৰীকৰণৰ দায়িত্ব আৰু কৰ্তব্য লোক প্রশাসনৰ হাতত ন্যস্ত থাকে। তদুপৰি লোক নীতিসমূহত নিৰ্দ্ধৰিণ কৰা লক্ষ্য আৰু উদ্দেশ্যসমূহ যাতে ফলপ্রসূভাৱে নিশ্চিত কৰা হয় তাৰো লোক প্রশাসনে নিশ্চয়তা প্রদান কৰিব লাগে। আঁচনি নীতি ৰূপায়ণকৰণ কাৰ্য নীতি আৰু ইয়াৰ প্ৰয়োগৰ মাজত এখন সেতুস্বৰূপ হৈ পৰে যিয়েই নেকি প্রশাসনক লোক নীতিৰ হিতাধিকাৰী বা নিৰ্দ্ধাৰিত গোটৰ ওচৰ চপাই নিয়াত সহায় কৰাৰ লগতে নীতিৰ নিৰ্দ্ধাৰিত লক্ষ্য আৰু উদ্দেশ্যৰ দিশত ফলৱৰ্তী হোৱাৰ ক্ষেত্ৰত সঠিক পথৰ নির্দেশনা প্রদান কৰে।

নাতি কাৰ্যকৰাকৰণ প্ৰক্ৰিয়াত নিম্নোক্ত দিশসমূহ জড়িত—

(১) এক স্পষ্ট আৰু পদ্ধতিগতভাৱে নীতি নির্দেশনা আৰু প্ৰয়োগিক কৰ্ম আঁচনি জাৰী কৰা।

(২) পৰিচালনব গোটবিলাক গঠন কৰা আৰু ব্যক্তিসকলক আৰোপিত কর্ম সম্পাদন কৰাৰ বাবে দায়িত্ব ন্যস্ত কৰা।

(৩) সংশ্লিষ্ট বিষয়াসকলক সকলো প্রয়োজনীয় তথ্য পাতিৰ যোগান ধৰা আৰু তেওঁলোকৰ মাজত যোগাযোগ আৰু সমন্বয় সাধনৰ এক দক্ষ ব্যৱস্থাৰ নিশ্চয়তা প্ৰদান কৰা।

(৪) আঁচনি কার্যকৰীকৰণৰ বাবে সকলো যাবতীয় সম্পদ প্রয়োজনীয়।

(৫) নীতি ৰূপায়ণকৰণৰ এক অনুসূচী যুগুত কৰা কাৰ্য আঁচনিৰ পদ্ধতিগত কার্যকাৰিতা আৰু সমগ্ৰ ৰূপায়ণকৰণৰ প্ৰক্ৰিয়াটোক সংগঠিত কৰি চলাই নিয়া।

(৬) ৰূপায়ণকৰণ প্ৰক্ৰিয়াৰ তদাৰকীকৰণ ব্যৱস্থাৰ বিকাশ আৰু পৰিচালনা কৰা আৰু লক্ষ্যত উপনীত হোৱাৰ প্ৰক্ৰিয়াটো তৰান্বিতকৰণৰ বাবে যাৱতীয় পদক্ষেপ গ্রহণ কৰা।

(৭) ৰূপায়ণকৰণ কাৰ্যৰ লগত জড়িত সকলো বিষয়া কৰ্মচাৰী আৰু অভিকৰণৰ কাৰ্যকলাপ সমূহৰ অধিৰত মূল্যায়ন আৰু সমন্বয় সাধন।

এনেদৰে,নীতি ৰূপায়ণকৰণত এলানি কার্যকৰী সিদ্ধান্ত আৰু লোক নীতিক বাস্তবায়িত কৰি তোলাৰ লগত জড়িত সকলো কার্যক্রমণিকা সম্পর্কিত।

6. Give some suggestions for increasing Peoples Participation in administration.

Ans: প্ৰশাসনত নাগৰিকৰ বৰ্ধিত অংশগ্ৰহণৰ বাবে পৰামৰ্শাৱলী: প্রশাসনত নাগৰিকৰ অংশগ্ৰহণ বৃদ্ধি কৰিবৰ বাবে তলত উল্লেখ কৰা ব্যৱস্থাৱলী গ্ৰহণ কৰাৰ প্ৰয়োজন—

প্রথমতে, জন সচেতনতা বৃদ্ধি : জনসাধাৰণক চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি আৰু প্ৰকল্প বিলাকৰ বিষয়ে সজাগ সচেতন কৰি তুলিব লাগিব। গ্রাম্য অঞ্চলবিলাকত সজাগতা শিবিৰ আৰু কৰ্মশালা আদি এই ক্ষেত্ৰত সঘনে অনুষ্ঠিত কৰিব লাগে যাতে চৰকাৰে গ্ৰহণ কৰা কাৰ্য ব্যৱস্থাৰ বিষয়ে জনসাধাণ সজাগ সচেতন হৈ থাকে।

দ্বিতীয়তে, সংশ্লিষ্ট কর্তৃপক্ষই অঞ্চলবিলাকৰ কোনো আঁচনি কাৰ্যকৰী কৰাৰ পূৰ্বেই সেই অঞ্চলৰ জনসাধাৰণৰ লগত আলোচনা কৰিব লাগে আৰু তেওঁলোকক সমস্যাৰ বিষয়ে অৱগত কৰাব লাগে আৰু সেই সমস্যাৰ ভিত্তিত আঁচনিৰ আৰ্হি প্ৰস্তুত কৰি তাক কার্যকৰী কৰিব লাগে।

তৃতীয়তে, সাধাৰণতে হিতাধিকাৰীসকলক উপযুক্ত প্রশিক্ষণ দি প্রশিক্ষণ প্রাপ্ত কৰি তুলিব লাগে যাতে বিভিন্ন আঁচনিৰ আধাৰত তেওঁলোকক প্ৰদান কৰা সম্পদৰাজিৰ সদ্ব্যৱহাৰ কৰিব পাৰে।

চতুৰ্থতে, শিক্ষাৰ প্ৰসাৰ সাধন : শিক্ষাৰ বিস্তাৰ কৰাৰ জৰিয়তে জনসাধাৰণক অধিকভাৱে শিক্ষিত কৰি তুলিব লাগে যাতে তেওঁলোকে চৰকাৰ প্ৰণোদিত নানান উন্নয়নমূলক আঁচনিবিলাকৰ প্ৰস্তুতকৰণ, কাৰ্যকৰীকৰণ আদিৰ বিষয়ে জ্ঞাত হোৱাত সহায়ক হয়।

পঞ্চমতে, কর্তৃপক্ষ আৰু জনসাধাৰণৰ মাজত সম্পর্ক স্থাপন কৰা : প্ৰশাসনত নাগৰিকৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে ল’ব লগা অন্য এক ব্যৱস্থা হ’ল— কর্তৃপক্ষ আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ব্যৱধান হ্ৰাস কৰা। বিভাগীয় কর্তৃপক্ষই জনসাধাৰণৰ চিন্তাধাৰা, আবেগ অনুভূতিৰ বিষয়ে অবগত হ’ব লাগে। জনসাধাৰণে প্ৰশাসনীয় পৰিকল্পনা, আঁচনিবিলাকৰ কাৰ্যকৰীকৰণত অংশগ্ৰহণ তথা সহযোগিতা আগবঢ়াব লাগে। সিদ্ধান্ত গ্রহণ প্রক্রিয়াত ৰাইজে অংশগ্রহণ কৰিব লাগে। এই ক্ষেত্ৰত কৰ্তৃপক্ষই বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগে। প্রশাসনৰ ওপৰত ৰাইজৰ আস্থা আৰু বিশ্বাস পুনৰ উভতি আহিলেহে, প্রশাসনে সফলভাবে কার্য সম্পাদন কৰিব পাৰিব।

ষষ্ঠতে সংবাদ মাধ্যমবিলাকৰ ভূমিকা : স্থানীয় প্রশাসনত জন অংশগ্রহণ আৰু সহযোগিতা বৃদ্ধিৰ বাবে সংবাদ মাধ্যমবিলাকেও বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগে। দৈনিক বাতৰি কাকত বিলাকে বিভিন্ন ধৰণৰ লেখা, প্রবন্ধ পাতি প্ৰকাশ কৰিব লাগে। ইয়াৰ উপৰিও দূৰদৰ্শন, অনাতীৰ কেন্দ্র আদি বিলাকেও বিভিন্ন উন্নয়নমুখী কার্যসূচী জনসাধাৰণৰ মাজত প্ৰচাৰৰ ব্যৱস্থা কৰিব লাগে।

সপ্তমতে, অনা-চৰকাৰী সংগঠনবিলাকৰ ভূমিকা : স্থানীয় প্রশাসনত ৰাইজৰ অংশগ্ৰহণ বৃদ্ধিৰ ক্ষেত্ৰত স্বেচ্ছাসেৱী সংগঠনবিলাকৰ গ্ৰহণ কৰিবলগীয়া দায়িত্ব আৰু কৰ্তব্য আছে। গ্রামোন্নয়নক কেন্দ্ৰ কৰি ভাৰতৰ বিভিন্ন ৰাজ্যত ভালেমান অনাচৰকাৰী সংগঠন গঢ়ি উঠিছে। এই সংগঠনবিলাকে ৰাইজৰ মাজত চৰকাৰ প্ৰণোদিত বিভিন্ন আঁচনি, প্রকল্পবিলাকৰ বিষয়ে সজাগ আৰু সচেতনতা বৃদ্ধিৰ হকে কাম কৰিবলৈ আগবাঢ়ি অহা উচিত।

অষ্টমতে, চৰকাৰৰ ভূমিকা : উন্নয়নৰ আঁচনিবিলাকক জনসাধাৰণৰ আঁচনি ৰূপত গঢ়ি তোলা, প্রশাসনীয় কার্যকলাপত স্থানীয় ৰাইজৰ অংশগ্রহণ বৃদ্ধিৰ বাবে চৰকাৰে গ্ৰাম্য এলেকাত শুদ্ধ ৰূপত আনুষ্ঠানিক আন্তঃগাঁথনি, পঞ্চায়তীৰাজ অনুষ্ঠান গঢ়ি তোলা উচিত। ৰাজনৈতিক দৃষ্টিভংগীৰে বা কেৱল ভোট লাভৰ আশাৰে ঘোষণা কৰা আঁচনিৰ মূল্য কম। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা আঁচনি ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰৰ ইচ্ছা শক্তিৰ প্ৰয়োজন হয়। চৰকাৰৰ ইচ্ছাশক্তি নাথাকিলে কোনো এক আঁচনি ফলপ্ৰসূ হ’ব নোৱাৰে। চৰকাৰৰ ইচ্ছাশক্তি থাকিলেহে উন্নয়নৰ আঁচনিবিলাক কার্যকৰী কৰাত সফল হয়। চৰকাৰে আমোলাসকলক আঁচনি ৰূপায়ণ কৰিবলৈ ইচ্ছা শক্তি জগাই তুলিব লাগিব।

দুর্নীতি নিবাৰণ : প্ৰশাসনৰ বিভিন্ন স্তৰত সংঘটিত দুর্নীতিৰ বাবে জনসাধাৰণৰ প্ৰশাসনৰ ওপৰত আস্থা নোহোৱা হৈ পৰিছে। গতিকে চৰকাৰে অৱতীয় ব্যৱস্থা গ্ৰহণ কৰি দুর্নীতি নির্মূল কৰিব পাৰিলে জনসাধাৰণৰ প্ৰশাসনৰ ওপৰত আস্থা বৃদ্ধি পায় আৰু তেওঁলোকে প্রশাসনীয় কাম-কাজত অংশ গ্ৰহণৰ বাবে আগবাঢ়ি আহিব বুলি আশা কৰিব পাৰি।

ৰাজনীতিবিদৰ অপ্ৰয়োজনীয় হস্তক্ষেপ বন্ধ কৰা : প্ৰশাসনৰ বিভিন্ন স্তৰত ৰাজনীতিবিদৰ অপ্রয়োজনীয় হস্তক্ষেপ বন্ধ কৰিবলৈ যত্নপৰ হোৱা উচিত।দলীয় স্বাৰ্থৰ উৰ্ধত থাকি জনসাধাৰণৰ কল্যাণৰ বাবে ৰাজনীতিবিদসকলে কাম-কাজ সম্পাদন কৰিলে জনসাধাৰণেও প্রশাসনীয় কাম-কাজত সহযোগিতা আগবঢ়াব বুলি আশা কৰিব পাৰি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top