Perspectives on Public Administration Unit 2 Theoretical Perspectives

Perspectives on Public Administration Unit 2 Theoretical Perspectives Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Perspectives on Public Administration Unit 2 Theoretical Perspectives Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Perspectives on Public Administration Unit 2 Theoretical Perspectives Question Answer can be of great value to excel in the examination.

Perspectives on Public Administration Unit 2 Theoretical Perspectives

Join Telegram channel

Perspectives on Public Administration Unit 2 Theoretical Perspectives Notes cover all the exercise questions in UGC Syllabus. The Perspectives on Public Administration Unit 2 Theoretical Perspectives provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Theoretical Perspectives

POLITICAL SCIENCE

Perspectives on Public Administration লোক প্ৰশাসনৰ প্ৰেক্ষাপটসমূহ

Very Objective Type Questions

1. Who wrote the book “Economy and Society”?

Ans: Max Weber.

2. Who wrote the book “Political Man”?

Ans: Seymour Martin Lipsey.

3. Who wrote the book “A piece Rate System”? 

Ans: Frederick Winslow Taylor.

4. Define Bureaucracy?

Ans: Students do yourself.

5. Who wrote the book “Principles of Administration”?

Ans: William F. Willoughby.

6. Write the full form of POSDCORB’?

Ans: Planning, Organizing, Staffing, Directing, Co-Ordinating, Reporting and Budgeting.

7. Name one Neoclassical Theorist?

Ans: মানৱ সম্পর্ক।

8. Who wrote the book “Administrative Behavior”?

Ans: Herbert A. Simon.

Very Short Type Questions

1. Factors for the growth of Bureaucracy.

Ans: মেক্স ওৱেবাৰে আধুনিক ৰাষ্ট্ৰ ব্যৱস্থাত আমোলাতন্ত্রৰ বিকাশত অৰিহণা যোগোৱা কেতবোৰ কাৰক আৰু পৰিৱেশক চিনাক্ত কৰি উলিয়াইছে। এই কাৰকসমূহ নিম্নোক্ত ধৰণৰ—

(ক) আধুনিক বৃহৎ আকাৰৰ সংগঠন আৰু নিগমবিলাকৰ বিকাশে সংগঠনবিলাকত আমোলাতন্ত্রৰ বিকাশ আৰু সম্প্ৰসৰণত অৰিহণা যোগাইছিল। আমোলাতন্ত্ৰৰ যিয়েই ত্রুটি নাথাকক কিয়, জটিল প্রশাসনীয় পৰিকাঠামোড় সূচাৰূৰূপে পৰিচালনা কৰিবলৈ আমোলাতন্ত্ৰ অপৰিহাৰ্য।

(খ) সম্প্ৰসাৰিত প্ৰযুক্তিগত জ্ঞানৰ ভূমিকা আৰু আধুনিক প্ৰযুক্তিৰ বিকাশে আমোলাতন্ত্রৰ উত্থানত অৰিহণা যোগাইছে। পুঁজিবাদী কিম্বা সমাজবাদী যিকোনো ৰাষ্ট ব্যৱস্থাতেই উচ্চ পৰ্যায়ৰ সাংগঠনিক দক্ষতা বৃদ্ধিৰ বাবে আমোলাতান্ত্ৰিক বিশেষীকৰণৰ নিতান্তই প্রয়োজনীয়তা আছে।

(গ) ওৱেবাৰে যুক্তি দৰ্শইছিল যে আধুনিক আমোলাতন্ত্ৰৰ বিকাশত পুজিবাদী ব্যৱস্থাইএক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। পুঁজিবাদী ব্যৱস্থাৰ সঠিক কাৰ্যকৰীকৰণৰ বাবে এক সুস্থ সবল ৰাষ্ট ব্যৱস্থা আৰু সু সংঘবদ্ধ প্ৰশাসনৰ নিতান্তই প্রয়োজন। তদুপৰি, পুজিবাদক আমোলাতান্ত্রিক প্ৰশাসনৰ বাবে সর্বোৎকৃষ্ট যুক্তিযুক্ত অর্থনৈতিক ভিত্তি হিচাপে বিবেচনা কৰা হয়।

2. Principles of Scientific Management Theory.

Ans: টেইলৰৰ বৈজ্ঞানিকব্যৱস্থাপনাৰ তত্ত্ববটি চাৰিটা মূল নীতিৰ আধাৰত প্ৰতিষ্ঠিত, সেই নীতিকেইটা হৈছে—

(১) কৰ্মৰ প্ৰকৃত বিজ্ঞান।

(২) কৰ্মচাৰীৰ বৈজ্ঞানিক নির্বাচন আৰু প্ৰশিক্ষণ।

(৩) পৰিচালক আৰু কৰ্মচাৰীৰ মাজত কাৰ্য আৰু দায়িত্বৰ বিভাজন। আৰু

(৪) শ্রমিক আৰু ব্যৱস্থাপনাৰ মাজৰ পাৰস্পৰিক সংযোগ । 

(১) কৰ্মৰ প্ৰকৃত বিজ্ঞান : এক ব্যৱস্থাপনাৰ প্ৰকৃত বিকাশৰ লক্ষ্যই আছিল বৈজ্ঞানিক ব্যৱস্থাপনাৰ প্ৰথমটো নিৰ্দেশক নীতি। টেইলৰে যুক্তি দর্শাইছিল যে ব্যৱস্থাপনা হৈছে এক প্রকৃত বিজ্ঞান যি নির্দিষ্ট আইন, বিধি-বিধান আৰু নীতিৰ আধাৰত প্ৰতিষ্ঠিত। ব্যৱস্থাপনাৰ মূল লক্ষ্য হ’ল নিয়োগকৰ্তাৰ লগতে প্ৰতিজন কৰ্মচাৰীৰ সৰ্বাধিক সমৃদ্ধি ।

নিয়োগকর্তা, কৰ্মচাৰী আৰু উপভোক্তাৰ স্বাৰ্থ আৰু অভিপ্ৰায়ৰ মাজত কোনোধৰণৰ সহজাত বিৰোধ নাথাকে। এই ধাৰণাৰ ওপৰতেই বৈজ্ঞানিক ব্যবস্থাপনা তত্ত্ব প্রতিষ্ঠিত। টেইলৰে অধিক উৎপাদনশীলতাৰ ফলাফল সকলো ৰৈ বাবে অর্থাৎ শ্রমিক, নিয়োগকর্তা আৰু উপভোক্তাৰ বাবে (যেনে-শ্রমিকৰ বাবে উচ্চ হাৰত মজুৰি, ব্যৱস্থাপনাৰ বাবে অধিক মুনাফা আৰু উপভোক্তাৰ বাবে নিম্ন দৰত পণ্য উপলব্ধিকৰণৰ ৰূপত) সমানে উপলব্ধ হ’ব লাগে বুলি মত পোষণ কৰিছিল। এনেদেৰ কৰ্মৰ প্রকৃত বিজ্ঞানে কোনো একোটা সংগঠনক অধিক উৎপাদন, শ্রমিকসকলক অধিক পাৰিশ্ৰমিক লাভ কৰাত সহায় কৰাৰ লগতে সংগঠনটোৰ পক্ষে অধিক মুনাফা আৰ্জন কৰাটো সম্ভৱপৰ কৰি তোলে।

(২) কৰ্মচাৰীৰ বৈজ্ঞানিক নির্বাচন আৰু প্ৰশিক্ষণ : টেইলৰৰ বৈজ্ঞানিক ব্যৱস্থাপনা তত্ত্বই কৰ্মৰ কাৰ্যকৰী কর্মক্ষমতাৰ বাবে যাৱতীয় শাৰীৰিক আৰু বৌদ্ধিক গুণাবলী সম্পন্ন কৰ্মচাৰীসকলৰ বাচনি কৰাৰ প্রয়োজনীয়তাক সজোৰে পোষকতা কৰিছিল। তেওঁ বিশ্বাস কৰে যে প্ৰতিজন শ্রমিকৰে বিকাশৰ সম্ভাৱনীয়তা আছে। সেয়েহে প্রতিজন কর্মচাৰীকে পদ্ধতিগতভাৱে আৰু পুংখানুপুংখভাৱে প্ৰশিক্ষণ প্রদান কৰাৰ ওপৰত টেইলৰে জোৰ দিছিল। কৰ্মচাৰী সকলে যাতে তেওঁলোকৰ স্বাভাৱিক সামর্থ্যতাৰে তেওঁলোকৰ ওপৰত আৰোপিত কার্য নিয়াৰিকৈ সম্পাদন কৰিব পাৰে তাৰ বাবে কৰ্মচাৰী সকলক প্ৰয়োজনীয় সুযোগ প্ৰদান কৰাটো পৰিচালকৰ প্ৰধান দায়িত্ব বুলি টেইলৰে মত প্ৰকাশ কৰিছিল। এই ক্ষেত্ৰত নিয়োগকর্তাই শ্ৰমিকসকলৰ নিশ্চয়তা প্রদানৰ আৱশ্যকতাৰ বিষয়েও টেইলৰে দোহাঁৰিছিল।

(৩) ব্যৱস্থাপনা আৰু কৰ্মচাৰীৰ মাজত কাৰ্য আৰু দায়িত্বৰ সম বিভাজন : পৰম্পৰাগত ব্যৱস্থাপনা তত্ত্বত পৰিচালকে ন্যূনতম দায়বদ্ধতা বহন কৰি সমগ্ৰ দায়বদ্ধতা কৰ্মচাৰীসকলৰ ওপৰত ন্যস্ত কৰা হৈছিল। টেইলৰৰ বৈজ্ঞানিক ব্যৱস্থাপনাৰ অৱধাৰণাই পৰিচালক আৰু কৰ্মচাৰীসকলৰ সম দায়বদ্ধতাৰ পোষকতা কৰে। এই উদ্দেশ্যেৰে তেওঁ পৰিচালক আৰু কৰ্মচাৰীৰ মাজত শ্ৰম আৰু দায়বদ্ধতাৰ এক যথাযথ বিভাজনৰ সজোৰে সমৰ্থন কৰে। এইক্ষেত্ৰত কৰ্মচাৰীসকলৰ কামৰ আধা অংশ ব্যৱস্থাপনাই সম্পাদন কৰা উচিত বুলিও টেইলৰে পৰামৰ্শ আগবঢ়াইছিল। পৰিচালকে তেওঁলোকৰ লগত ৰজিতা খুৱাকৈ পৰিকল্পনা, সংগঠন, নিয়ন্ত্রণ আৰু কৰ্ম পদ্ধতি নিৰ্দ্ধাৰণৰ দৰে কাৰ্যবিলাকৰ দায়িত্ব গ্ৰহণ কৰিব লাগে। কৰ্মৰ বিভাজনে নিশ্চিতভাৱে শ্ৰমিক আৰু পৰিচালকৰ মাজত বুজাবুজি আৰু পাৰস্পৰিক নিৰ্ভৰশীলতাৰ মনোভাৱ জগাই তুলিব।

(৪) কৰ্মচাৰী আৰু ব্যৱস্থাপনাৰ মাজৰ পাৰস্পৰিক সহযোগিতা : টেইলৰৰ বৈজ্ঞানিক ব্যৱস্থাপনাৰ চতুৰ্থটো নীতি অনুসৰি ব্যৱস্থাপনা আৰু কৰ্মচাৰীসকলৰ মাজত সনত্রিয় সহযোগিতা আৰু সৌহাদ্যপূর্ণ সম্পর্ক বার্তাই ৰখা উচিত। দুয়োটা পক্ষৰে মাজত পাৰস্পৰিক বিশ্বাস থাকিব লাগে। এক সুস্থ আৰু অনুকূল বাতাবৰণ গঢ়ি তোলাৰ জৰিয়তেহে দক্ষতা আৰু উৎপাদনশীলতাৰ উত্তৰণ ঘটোৱাতো সম্ভৱপৰ এইক্ষেত্ৰত কৰ্মমাৰী আৰু পৰিচালক উভয়ৰে সমান দায়বদ্ধতা থাকে। প্রতিজন কৰ্মচাৰীৰ সৰ্বাধিক উৎপাদন ক্ষমতাৰ লগতে বৈজ্ঞানিক ব্যৱস্থাপনাই কৰ্মচাৰী আৰু পৰিচালক উভয়ৰে উপাৰ্জন বৃদ্ধি কৰিব। এনেদৰে মূলধন আৰু শ্ৰমৰ মাজৰ সকলোধৰণৰ সংঘাত নিষ্পত্তি হ’ব।

উল্লেখ্য যে উপৰোক্ত চাৰিটা নীতিৰ সংমিশ্রণেই হৈছে বৈজ্ঞানিক ব্যৱস্থাপনাৰ মূল আধাৰ স্বৰূপ। সমসাময়িক সময়ৰ প্ৰেক্ষাপটত বৈজ্ঞানিক ব্যৱস্থাপনা এক বৈপ্লৱিক অৱধাৰণা আছিল। ওদ্যোগিক ব্যৱস্থাপনাৰ সমগ্ৰ দৃষ্টিভঙ্গীটোৱেই এক আমূল পৰিৱৰ্তন সাধন কৰিছিল। ইয়াৰ জৰিয়তে শ্ৰম আৰু পার্থিব সম্পদৰাজিৰ যথাযথ ব্যৱহাৰৰ জৰিয়তে মানৱীয় আৰু পাৰ্থিৱ সম্পদসমূহৰ অপচয় ৰোধ কৰা হৈছিল। কাৰখানা বিলাকত কর্ম পদ্ধতিৰ মান উন্নীতকৰণৰ লগতে কাম কৰাৰ পৰিৱেশৰ উন্নতিৰ ক্ষেত্ৰতো ই সহায় কৰিছিল। শ্ৰমিকসকল উচ্চ হাৰত মজুৰি, উন্নত সংস্থাপন আৰু প্রশিক্ষণ, কাম কৰাৰ সময় হাসকৰণ আৰু কাম কৰাৰ পৰিৱেশৰ উন্নীতকৰণৰ জৰিয়তে বহু পৰিমাণে উপকৃত হৈছিল এনেদৰে বৈজ্ঞানিক ব্যৱস্থাপনা আন্দোলনে ব্যৱস্থাপনাক এক ফলদায়ক সংগঠন গঢ়ি তোলাৰ ক্ষেত্ৰত ফলপ্রসূ নির্দেশনাৰ সন্ধান দিছিল। টেইলৰ আছিল প্রথমজনা ব্যৱস্থাপক চিন্তাবিদ, যিয়ে ব্যৱস্থাপনাৰ পাঁচটা মূল স্বীকাৰ্যৰ সূচনা কৰাৰ লগতে ইবিলাকৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল। এইকেইটা হৈছে ক্ৰমে— গবেষণা, মান, পৰিকল্পনা, নিয়ন্ত্ৰণ আৰু শ্ৰম আৰু ব্যৱস্থাপনাৰ মাজৰ পাৰস্পৰিক সহযোগিতা। উল্লেখযোগ্য যে এই পাঁচটা নীতিয়েই হৈছে যিকোনো সফল ব্যৱস্থাপনাৰ মূল চাবি কাঠি স্বৰূপ।

কুৰি শতিকাৰ আদিভাগত আমেৰিকা যুক্তৰাষ্টত প্ৰশাসনীয় চিন্তাধাৰা আৰু কাম-কাজৰ বেলিকা বৈজ্ঞানিক ব্যৱস্থাপনাই এক গভীৰ প্রভাব পেলাইছিল। এই প্রভাৱ ওদ্যোগিক আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ উপৰিও চৰকাৰী সংগঠনবিলাকলৈও প্ৰসাৰিত হৈছিল। ১৯১০ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি William Howard Trafiৰ নেতৃত্বত অর্থনীতি আৰু দক্ষতা আয়োগ প্ৰতিষ্ঠাৰ ৰূপত বৈজ্ঞানিক ব্যৱস্থাপনা আন্দোলনৰ বহিঃপ্রকাশ ঘটিছিল। এই আয়োগৰ অনুমোদনাৱলীয়ে বৈজ্ঞানিক ব্যৱস্থাপনা আন্দোলনক অধিক জনপ্ৰিয় কৰি তুলিছিল। পৰৱৰ্তী সময়ত গণতান্ত্রিক বিশ্বাস আৰু অসামৰিক সেৱা সংস্কাৰৰ জৰিয়তে প্ৰশাসনীয় দক্ষতা বৃদ্ধিৰ পোষকতা কৰা উদ্ৰ উইলছনে চৰকাৰৰ গণতান্ত্রিক নীতিৰ সৈতে দক্ষতা একত্ৰীকৰণৰ প্ৰয়াস কৰিছিল। টেইলৰে পোষকতা কৰা উৎপাদনশীল কিম্বা ব্যৱস্থাপকীয় প্ৰতিটো কাম কৰাৰ সৰ্বোৎকৃষ্ট উপায়টিক ওদ্যোগিক আৰু চৰকাৰী ব্যৱসায় আৰু ব্যৱস্থাপনাত সমানভাৱে ৰূপায়িত কৰা হৈছিল। এনেদৰে গণতান্ত্রিক নীতি আৰু টেইলৰৰ বৈজ্ঞানিক প্রযুক্তি এই দুয়োটা আমেৰিকাৰ লোক প্রশাসনৰ মূল আধাৰ স্বৰূপে পৰিগণিত হৈছিল।

প্ৰসংগক্ৰমে উল্লেখ কৰাটো সমুচিত হ’ব যে বৈজ্ঞানিক ব্যৱস্থাপনাৰ কৰিছিল। ১৯২০ চনত লেনিনে উৎপাদন বৃদ্ধিৰ উদ্দেশ্যেৰে ৰাছিয়ান ওদ্যোগিক পৰিচালকসকলক বিশেষভাৱে উৎসাহিত কৰিছিল। ১৯৩০-১৯৪০ চনৰ এই প্ৰয়োগৰ জৰিয়তে উৎপাদনশীলতা আৰু দক্ষতা বৃদ্ধিৰ হকে যথেষ্ট প্রচেষ্টা চলোৱা হৈছিল।

3. The merits of Bureaucracy.

Ans: মেক্স ৱেবাৰৰ মতে আমোলাসকলক সাধাৰণতে কিছুমান সুবিধা দিব লাগে। এই সুবিধাসমূহ তলত উল্লেখ কৰা হ’ল—

(১) কৰ্মৰ প্ৰতি সাধুতা | Sincerity towards job] : কার্য পৰিচালনাত আৰু কৰ্তব্য পালনত সাধু লোকসকলক যোগ্যতা অনুসৰি উচ্চ প্রস্থিতি দিব লাগে। তেনে কৰিলে বিষয়াসকলে কর্ম তৎপৰতা বৃদ্ধি হ’ব আৰু প্ৰশাসন সুন্দৰ হ’ব। অসাধু লোকসকলক উচ্চ প্ৰস্থিতিত ৰাখিলে সুফল আশা কৰিব নোৱাৰি। সাধুতা আৰু কৰ্তব্যনিষ্ঠা আমোলাসকলৰ অবিচ্ছেদ্য অংগ।

(২) সাধাৰণ জনসাধাৰণতকৈ উচ্চ প্ৰস্থিতি [Better status than the general public] : আমোলাতান্ত্রিক ব্যৱস্থাত বিষয়াসকলক সাধাৰণ জনসাধাৰণতকৈ উচ্চ প্রস্থিতি প্রদান কৰিব লাগে। তেনে কৰিলে কর্তৃত্বৰ ভিত্তিত বিষয়াসকলে প্রশাসন সু-পৰিচালনা কৰিব পাৰে লগতে আমোলাসকলৰ মানসিকতাও উচ্চ হয়।

(৩) নিযুক্তিত উচ্চনিম্ন সংস্তৰণ [Hierarchical order in Appointment] : আমোলাতন্ত্রত নিযুক্তিৰ ক্ষেত্ৰত উচ্চ-নিম্ন সংস্তৰণ থকাটো বাঞ্ছনীয়। যোগ্যতাৰ ভিত্তিত উচ্চ বিষয়াসকলক নিয়োগ কৰিব লাগে আৰু তেওঁলোকৰ নিম্ন প্ৰস্থিতিৰ কৰ্মচাৰীসকলক নিয়োগ কৰাৰ সুবিধা দিব লাগে।

(৪) পদোন্নতিত সুবিধা [Avenues for Promotion] : আমোলাতান্ত্রিক ব্যৱস্থাত পদোন্নতিৰ সুবিধা থাকিব লাগে। নিম্ন প্ৰস্থিতিৰ বিষয়াসকলক পদোন্নতিৰ জৰিয়তে উচ্চ প্ৰস্থিতি প্রদান কৰিব লাগে। যোগ্যতা, জ্যেষ্ঠতা, সবলতা আৰু উপযুক্ততাৰ ভিত্তিত এনে পদোন্নতি হ’ব লাগে। এই ব্যৱস্থাৰ ফলত বিষয়াসকলৰ কৰ্ম প্ৰেৰণা বৃদ্ধি হয়।

(৫) ৰাজনৈতিক নিযুক্তি (Political Appointment] : আমোলাতন্ত্রত কিছুমান নিযুক্তি ৰাজনৈতিক বিবেচনাৰ [Political consideration] দ্বাৰা হোৱাটো বাঞ্ছনীয়। কেতিয়াবা আমোলাতন্ত্রত বিশেষ জ্ঞান নথকা ব্যক্তিকো উচ্চ প্ৰস্থিতিত থকা দেখা যায়। তেওঁলোকে অজ্ঞতাৰ বাবে কনিষ্ঠসকলৰ সহায় ল’ব লগা হয়। এই অবস্থাই অযোগ্যতাকেই সূঁচায়। আমোলাতন্ত্ৰৰ বাবে ই উপযুক্ত নহয়। গতিকে ৰাজনৈতিক বিবেচনাৰে এনে প্ৰস্থিতিত বিষয়া নিযুক্তি আৰু পদোন্নতি হ’ব লাগে। কিন্তু অযথা ৰাজনৈতিক হেঁচাত উপযুক্ত বিষয়াসকলে কষ্ট ভোগ কৰিব নালাগে। তদুপৰি ৰাজনৈতিকভাবে অযোগ্য লোকৰো নিযুক্তি হ’ব পাৰে। তেনেহ’লে আমোলাতন্ত্র বেছি বিপদাপন্নহে হ’ব পাৰে; গতিকে ৰাজনৈতিক হস্তক্ষেপ যুক্তিসঙ্গত হোৱাটো বাঞ্ছনীয়।

(৬) সুৰক্ষা আৰু অৱসৰৰ পাছত সাহায্য (Security Tenure and Retirement Benefits] : আমোলা ব্যৱস্থাত বিষয়াসকলক সুৰক্ষা দিয়াৰ প্ৰয়োজন। কিয়নো কোনো বিষয়াৰ প্ৰতি ব্যক্তিস্বাৰ্থত বাধা পৰাৰ বাবে কোনো লোক অসন্তুষ্ট হ’ব পাৰে। আকৌ ৰাজনৈতিক নেতাৰ সলনি হ’লেও কোনো লোকে অসন্তুষ্ট বিষয়াৰ ওপৰত শাস্তিৰ ব্যৱস্থা কৰিব পাৰে। তেনে ক্ষেত্ৰত বিষয়াক সুৰক্ষা দিয়াৰ ব্যৱস্থা থাকিব লাগে। তদুপৰি বেমাৰ বা দুৰ্যোগৰ সময়তো ব্যক্তিসকলক সুৰক্ষা দিব লাগে। সকলো কৰ্মচাৰীকে অৱসৰ গ্ৰহণৰ পাছত বৃদ্ধ অৱস্থাত চলিবৰ বাবে প্রভিডেন্ট ফাণ্ড [Provident Fund], পেঞ্চন [Pension]. গ্ৰেছুইটি [Gratuity] আদিৰ ব্যৱস্থা কৰিব লাগে। এনে ব্যৱস্থাৰ ফলত ভৱিষ্যৎ সুবিধা লাভৰ বাবে ব্যক্তিসকলে সুকলমে কার্য সম্পাদনা কৰে।

(৭) স্থায়ী প্রশাসন [Permanency of Administration] : আমোলাতন্ত্রৰ শাসন ব্যৱস্থা স্থায়ী প্ৰকৃতিৰ হ’ব লাগে। সঘনে পদ্ধতিৰ পৰিৱৰ্তন কৰিব নালাগে। মেধা আৰু উপযুক্ত ব্যক্তিক নিম্ন স্থানৰ পৰা উচ্চলৈ পদোন্নতিৰ ব্যৱস্থা থাকিব লাগে। কিন্তু সকলো ব্যক্তিৰে পদোন্নতি উচিত নহয়। পদোন্নতিৰ ফলত একেধৰণৰ প্ৰশাসন সম্ভৱ হয়।

মেক্স ৱেবাৰে উপৰিউক্ত আমোলাতন্ত্ৰৰ প্ৰতি দিয়া ধাৰণাতেই বৰ্তমান বিশ্বৰ প্ৰায়বোৰ শাসন ব্যৱস্থাই চলি আছে। বিটিছ আগমনৰ দিনৰ পৰা ভাৰতবৰ্ষতো আমোলাতন্ত্রই ঠাই পাইছে। আমোলাতন্ত্ৰৰ সু-প্ৰয়োগে দেশৰ শাসন ব্যৱস্থা ফলপ্রসূ কৰিব পাৰে। সেয়ে সু-চৰিত্ৰৱান আৰু কৰ্তব্যজ্ঞান থকা ব্যক্তি আমোলাতন্ত্ৰত থকাটো উচিত।

4. Features of Bureaucracy.

Ans: (১) বিষয়াসকল ব্যক্তিগতভাৱে মুক্ত। বিষয়াসকল কেৱল তেওঁলোকৰ যুক্তিসিদ্ধ বিভাগীয় দায়বদ্ধতাৰ ক্ষেত্ৰতহে সংশ্লিষ্ট কর্তৃপক্ষৰ অধীন।

(২) এক স্পষ্ট সংজ্ঞায়িত অধিক্রমিক সংগঠনৰ উপস্থিতি। 

(৩) প্ৰত্যেকটো কাৰ্যালয়ৰ কাম-কাজসমূহ আইনগতভাৱে সুস্পষ্ট আৰু সু-নির্দিষ্ট।

(৪) বিভিন্ন পদবীবিলাক এক মুক্ত চুক্তিগত সম্পৰ্কৰ দ্বাৰা পূৰণ কৰা হয় । নিয়োগকর্তা আৰু কৰ্মচাৰীসকলৰ মাজত এক চুক্তিগত সম্পর্ক বিদ্যমান। এক কথাত ক’বলৈ গ’লে বিষয়াসকল চুক্তিৰ ভিত্তিত নিযুক্ত হয়।

(৫) বিষয়াসকলক প্রতিযোগিতামূলক পৰীক্ষা বা সাক্ষাৎকাৰ বা দুয়োটা পদ্ধতিৰ জৰিয়তে পেশাগত যোগ্যতা আৰু অৰ্হতাৰ ভিত্তিত বিভিন্ন পদবীত মকৰল কৰা হয়। উল্লেখ্য যে প্ৰাৰ্থীসকলক নির্বাচন কৰা নহয় বাচনিহে কৰা হয়।

(৬) বিষয়াসকলে আর্থিক বেতন আৰু অৱসৰকালীন পেঞ্চন ভোগ কৰে। প্ৰশাসনৰ ক্ৰমোচ্চ শ্রেণীবিভাজন ব্যৱস্থাত পদৰ মৰ্যাদাক্ৰমে বিষয়াসকলৰ দৰমহাৰ নিৰিখ নিৰ্দ্ধাৰণ কৰা হয়। এই ক্ষেত্ৰত পদৰ মৰ্যাদা আৰু বৃত্তিভোগীৰ সামাজিক স্থিতিক প্রয়োজনীয়তাৰ প্ৰতি লক্ষ্য বখাটো বিশেষভাবে প্রয়োজনীয়

(৭) বিষয়াসকলৰ বিৰূদ্ধে নির্দিষ্ট অভিযোগ উত্থাপন আৰু উক্ত অভিযোগৰ সম্পূৰ্ণ অনুসন্ধান নকৰাকৈ পদৰ পৰা অব্যাহতি দিব নোৱাৰি। যেতিয়া কোনো এজন প্ৰাধিকাৰীৰ বিৰুদ্ধে অনুশাসন মূলক ব্যৱস্থা গ্রহণ কৰা হয় তেনে পৰিস্থিতিত প্ৰধিকাৰীজনক আত্মপক্ষৰ সমৰ্থনত যুক্তি আগবঢ়োৱাৰ সুযোগ প্রদান কৰিব লাগে। পৰা অব্যাহতি ল’ব পাৰে।

(৮) প্রাধিকাৰীসকলে তেওঁলোকৰ পদবীটোৰ কাৰ্যসমূহকে পেচা হিচাপে গণ্য কৰিব লাগে। প্ৰাধিকাৰীসকলৰ জেষ্ঠতা আৰু গুণাবলী বা দক্ষতাৰ ভিত্তিত পদোন্নতি হয়। প্ৰাধিকাৰীসকলৰ পদোন্নতি উর্দ্ধতম বিষয়াৰ বিচাৰ- বিবেচনাৰ ওপৰত নিৰ্ভৰ কৰে।

(৯) প্ৰাধিকাৰীসকল তেওঁলোকৰ কাৰ্যালয় পৰিচালনাৰ কঠোৰ আৰু নিয়মিত নিয়মানুবর্তিতা আৰু নিয়ন্ত্ৰণৰ অধীন।

(১০) কার্যালয়টোকে একমাত্র বা প্রধান বৃত্তি হিচাপে বিষয়াসকলে গণ্য কৰে।

এইবিলাকেই হৈছে আমোলাতন্ত্ৰৰ অপৰিহাৰ্য বৈশিষ্ট্য। যিবিলাক বৃহৎ সংগঠনত উক্ত বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয় তেনে সংগঠনক আমোলাতন্ত্র হিচাপে চিনাক্ত আৰু বৰ্ণনা কৰিব পাৰি।

5. Five beliefs of Weberian Bureaucracy.

Ans: আমোলাতন্ত্ৰৰ ভিত্তিস্বৰূপ মৌলিক নীতিবিলাকৰ বিশ্লেষণ কৰিবলৈ যাওঁতে মেক্স ওৱেবাৰে পাঁচটা বিশ্বাসৰ এক তালিকা উল্লেখ কৰিছে যি আমোলাতান্ত্রিক সংগঠনৰ প্ৰধান বুনিয়ািদ স্বৰূপ উল্লেখ্য যে এই পাঁচটা বিশ্বাসে আমোলাতন্ত্ৰৰ এক যুক্তিসিদ্ধ ভিত্তি প্রদান কৰে। এই নীতিসমূহে চৰকাৰৰ কৰ্তৃত্বক বলবৎ কৰিবলৈ আৰু চৰকাৰৰ প্রশাসন পৰিচালনা কৰিবলৈ কিয় এক বিশেষ আইনগত কর্তৃপক্ষ হিচাপে আমোলাতন্ত্ৰ গঠন কৰা হয় আৰু কিনীতিৰ আধাৰত ইবিলাকে কার্য সম্পাদন কৰিব এই সকলোবিলাক প্রশ্নৰ যথাযথ সমাধান সূত্র আগবঢ়ায়।

মেক্স ওৱেবাৰে আগবঢ়োৱা পাঁচটা বিশ্বাসক অধ্যাপক বি. বি. মিশ্রই নিম্নক্ত ধৰণে আলোচনা কৰিছে–

(১) কোনো এক নিগমীয় গোট বা সংগঠনৰ সদস্যসকলৰ পৰা আনুগত্যৰ দাবীৰে চুক্তি বা আৰোপকৰণৰ জৰিয়তে এক আইনী আদর্শ প্রতিষ্ঠা কৰিব পাৰি। একোটা সংগঠনৰ সদস্যসকল নিৰ্ধাৰিত কৰ্তৃপক্ষৰ সম্পৰ্কৰ দ্বাৰা নিৱন্ধিত। উর্দ্ধতম বিষয়া কোন ? অধীনস্থ কোন? কোনে কাক কোন কোন ক্ষেত্ৰত মানি চলিব ? এই সকলোবিলাকো আইনী বিধিৰ দ্বাৰা সংজ্ঞায়িত।

(২) আইন হৈছে বিমুত্ত বিধিসমূহৰ এক সমষ্টি, যি সংগঠনৰ ভিত্তিগত সকলো ধৰণৰ সম্ভাব্য আচৰণৰ ক্ষেত্ৰক সামৰি লৈছে। আইনৰ প্ৰশাসনৰ অৰ্থ হৈছে বিশেষ বিশেষ ক্ষেত্ৰসমূহত এই বিধিবিলাকৰ বলবৎকৰণ।

(৩) আইনীভাৱে কৰ্তৃত্বৰ মৌলিক উৎস হৈছে এক বিশেষ পদত অধিস্থিত থাকি অধীনস্থ কৰ্মচাৰীসকলৰ ওপৰত আদেশ জাৰী কৰিব পৰা ক্ষমতাৰে পুষ্ট এজন প্ৰাধিকাৰীৰ নৈব্যক্তিক আদেশৰ কৰ্তৃত্ব।

(৪) ব্যক্তিয়ে নিগমীয় গোষ্ঠীর সদস্য হিচাপে যি কর্তৃত্বক মানি চলে সেই কর্তৃত্ব আচল অর্থত একমাত্র আইন আৰু আইনৰ আধাৰত সৃষ্ট বিধি।

(৫) কৰ্পৰেট গোষ্ঠীৰ সদস্যসকলে কর্তৃত্বত অধিস্থিত কোনো এজন ব্যক্তিৰ আদেশ মানি চলিলে সেই আনুগত্য ব্যক্তিজনৰ প্ৰতি ব্যক্তিগতভাৱে নহয় বৰং সেয়া বিষয়াজনৰ নৈর্ব্যক্তিক আদেশৰ প্ৰতিহে আনুগত্য । আন কথাত, যুক্তিযুক্তভাৱে সংজ্ঞায়িত কৰ্তৃত্বৰ ক্ষেত্ৰতহে আনুগত্যৰ প্ৰতি এক দায়বদ্ধতা থাকে, যিটো নেকি আদেশৰ ৰূপত ব্যক্তিজনৰ ওপৰত আৰোপ কৰা হয়। বিষয়াসকল আৰু অধীনস্থ কৰ্মচাৰীসকল যুক্তিসিদ্ধ আৰু আইনী কতৃত্বৰ সম্পৰ্কৰ দ্বাৰা যুক্ত। এইনীতিসমূহে আমোলাতন্ত্ৰৰ সংগঠন আৰু কাম-কাজকে অর্ন্তভুক্ত কৰে।

6. Structural features of Weberian Bureaucracy. 

Ans: কাঠামোড়গত বৈশিষ্ট্য :

(১) কৰ্মৰ বিভাজন : ওৱেবাৰৰ আমোলাতান্ত্রিক সংগঠনত কর্মবিভাজনৰ নীতি অনুসৰণ কৰা হয়। অর্থাৎ কামৰ বিভাজন,প্ৰয়োজনীয় দক্ষতা,চৰ্তাৱলী আদিৰ ভিত্তিত কামৰ বিভাজন কৰা হয়। উল্লেখ্য যে কৰ্ম বিভাজনৰ লগতে সংশ্লিষ্ট পদত অধিস্থিত বিষয়াক কার্য সম্পাদনৰ বাবে প্রয়োজনীয় কর্তৃত্ব প্রদান কৰা হয়। অৱশ্যে এই ক্ষেত্ৰত পদাধিকাৰীসকলৰ কাৰ্যদক্ষতাৰ গুণাৱলীক বিশেষভাৱে লক্ষ্য কৰা হয়। সেয়েহে বিভিন্ন কর্মৰ বাবে ভিন ভিন ধৰণৰ কৰ্মদক্ষতা নিৰ্দ্ধৰণ কৰি আমোলাতন্ত্রৰ উদ্দেশ্য সাধনৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হয়।

(২) অধিক্রম : অধিক্রম বা পদানুক্রমিক শ্রেণীবিভাগ ওৱেবাৰৰ আমোলাতান্ত্রিক সংগঠনৰ দ্বিতীয়টো বৈশিষ্ট্য। অধিক্রমিক সংগঠনত উচ্চস্তৰীয় আৰু নিম্নস্তৰীয় কার্যালয় সমূহৰ মাজত এক স্পষ্ট ব্যৱধান থাকে। প্ৰতিটো নিম্নস্তৰীয় কার্যালয় এক উচ্চস্তৰীয় কার্যালয়ৰ পৰিদর্শন আৰু নিয়ন্ত্রণাধীন। পাৰিশ্রমিক ঠিৰাং কৰা হয়। অনুৰূপধৰণে, বিষয়াসকলৰ কৰ্মজীৱনৰ জেষ্ঠতা আৰু গুণগত মানদণ্ডৰ ভিত্তিত তেওঁলোকৰ পদোন্নতি আৰু পেছাগত অগ্ৰগতিৰ প্ৰদান কৰা হয়।

(৩) নিয়মাৱলী : ওৱেবাৰৰ আমোলাতন্ত্রৰ আন এটা মৌলিক উপাদান হ’ল নিয়মাৱলী। প্রতিটো কার্য সম্পাদনৰ উদ্দেশ্যেই লিখিত নিয়মাৱলী থাকে আৰু এই লিখিত নিয়মাবলী সংৰক্ষিত কৰি ৰখা হয়। আমোলাতন্ত্রই বিমূর্ত বিধিসমূহৰ এক ধাৰাবাহিক ব্যৱস্থা অনুসৰি কার্যসম্পাদন কৰে। ব্যক্তিগত পক্ষপাত, স্বজন পোষণ, স্বেচ্ছাচাৰিতাই যাতে সংগঠনৰ কাৰ্যকাৰিতাত কোনোধৰণৰ প্রতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে ওৱেবাৰে নিয়মাবলীসমূহৰ ওপৰত অত্যধিক গুৰুত্ব আৰোপ কৰিছে। কৰ্মচাৰীসকলৰ প্ৰত্যেকটো ব্যক্তিগত নির্দেশনাৰ প্ৰত্যেকটো কাৰ্য অব্যক্তিক লক্ষ্যৰে ন্যায় সংগত হ’ব লাগিব।

7. Behavioral features of Weberian Bureaucracy.

Ans: আচৰণগত বৈশিষ্ট্যসমূহ:

(ক) যুক্তিযুক্ততা : মেক্স ওৱেবাৰৰ আমোলাতন্ত্ৰৰ আৰ্হিৰ লগত যুক্তি সিদ্ধতা আৰু দক্ষতাৰ এক ঘনিষ্ঠ সম্পর্ক বিদ্যমান। ওৱেবাৰে লক্ষ্য কৰিছিল যে আমোলাতন্ত্ৰ হৈছে মানুহৰ ওপৰত অনুজ্ঞাসূচক নিয়ন্ত্রণ সাব্যস্তকৰণৰ সবাতোকৈ যুক্তিযুক্ত আৰু জ্ঞাত উপায় হৈছে আমোলাতন্ত্র। আমোলাতন্ত্রই এক উচ্চস্তৰীয় দক্ষতা আৰ্জন কৰিবলৈ সক্ষম হয়। কিয়নো আকাংক্ষিত লক্ষ্য সাধনৰ ক্ষেত্ৰত ব্যৱহৃত উপায়সমূহ যুক্তিযুক্ত আৰু বস্তুনিষ্ঠভাৱে নিৰ্ধাৰণ কৰা হয়। এনে এক ব্যৱস্থাত নেতৃত্বৰ ব্যক্তিগত ইচ্ছামত পৰম্পৰাগত প্রভাৱসমূহ বিশেষ ফলপ্রসূ নহয়। সম্পূর্ণ বিধি অনুসাৰে এনে ব্যৱস্থা পৰিচালিত হয় য’ত ব্যক্তিগত আৰু বিভাগীয় পৰিক্ৰমাসমূহৰ মাজত এক স্পষ্ট ব্যৱধান নিৰ্ধাৰিত থাকে। সংগঠনৰ ফলাফলৰ গ্রহণযোগ্যতাৰ আপেক্ষিকভাৱে সহজ পদ্ধতিৰ জৰিয়তেও সংগঠনৰ যুক্তি সিদ্ধতা পৰিলক্ষিত হয়।

(খ) উদাসীনতা : আমোলাতান্ত্রিক সংগঠনত ব্যক্তিগত ইচ্ছামত কিম্বা অযুক্তিকৰ আবেগ অনুভূতিৰ কোনো স্থান নাথাকে। ইয়াত সকলোধৰণৰ বিভাগীয় কার্যকলাপ এক উচ্চত্তৰীয় প্রায়োগিক উদাসীনতাৰে ব্যৱসায়িকভাৱে সম্পাদন কৰা হয়। মার্টনৰ মতে, স্বীকৃতিপ্রাপ্ত কর্তৃত্ব আৰু নিয়ন্ত্ৰণৰ ক্ষমতা কোনো পদাধিকাৰীৰ সৈতে সন্নিৱিষ্ট নাথাকে, পদ বিশেষতেই এইসমূহ সন্নিৱিষ্ট কৰা হয়। এইদৰে মে’ ওৱেবাৰে অব্যক্তিক প্রশাসনীয় সম্বন্ধৰ বিষয়ে উল্লেখ কৰিছে।

(গ) নিয়মাভিমুখী : যুক্তিসিদ্ধতা মূলত : বিধি আৰু পদ্ধতি প্ৰণয়নৰ মাধ্যমেৰে আহৰণ কৰিব পাৰি যিয়েই নেকি কৰ্তৃত্ব আৰু আচৰণ বিধিৰ বিভাগীয় ক্ষেত্ৰত স্পষ্টভাৱে সংজ্ঞায়িত কৰে। আমোলাতান্ত্রিক সংগঠনৰ কৰ্মচাৰীসকলে তেওঁলোকৰ ওপৰত আৰোপিত দায়িত্বসমূহ পালন কৰিবলৈ যাওঁতে এই নিয়মাৱলীসমূহক কঠোৰভাৱে অনুসৰণ কৰিব লাগে।

(ঘ) নিৰপেক্ষতা : মেক্স ওৱেবাৰৰ মতে, আমোলাতন্ত্ৰই অৰাজনৈতিক আৰু নিৰপেক্ষভাৱে যি ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতি সেৱা আগবঢ়ায়, সেই শাসন ব্যৱস্থাৰ প্ৰতিয়েই সমর্থন আগবঢ়ায়। আমোলাতন্ত্র মূল্যবোধ নিৰপেক্ষ আৰু আমোলাসকলক যি কার্য সম্পাদনৰ দায়িত্ব ন্যস্ত কৰা হয়। সেই দায়িত্ব পালন কৰিবলৈহে তেওঁলোক দায়বদ্ধ।

8. Principles of Human Relations Theory. 

Ans: মানৱীয় সম্পর্কীয় দৃষ্টিকোণৰ মৌলিক নীতিসমূহ তলত আলোচনা কৰা হ’ল―

(১) একোটা সংগঠনৰ উৎপাদনৰ মাত্ৰা শাৰীৰিক সামর্থ্যৰ দ্বাৰা নহয়, বৰং সামাজিক মান বা আদৰ্শৰ জৰিয়তেহে নিৰ্দ্ধাৰিত হয়। সংগঠনৰ আনুষ্ঠানিক নীতি বা আচৰণে শ্রমিকৰ সামৰ্থ্যতা স্পর্শ নকৰে। শ্ৰমিকৰ নিজস্ব আদৰ্শ আৰু নীতিৰ জৰিয়তেহে উৎপাদনী ক্ষমতা বৃদ্ধি বা সংকুচিত হ’ব পাৰে। মানৱীয় সম্পৰ্কক আওকাণ কৰি কোনো সংগঠনেই কেৱল আনুষ্ঠানিক বিধি-বিধানৰ দ্বাৰা কাৰ্যক্ষম হ’ব নোৱাৰে শ্ৰমিকসকলৰ মাজত গঢ় লৈ উঠা সামাজিক আদর্শ তথা সম্পর্কৰাজি সংগঠনৰে এক অংশ বিশেষ।

(২) সংগঠনত শ্ৰমিকসকলৰ আচৰণ কেৱল মাত্র অর্থনৈতিক সুবিধা কিম্বা পুৰস্কাৰৰ দ্বাৰা নিৰ্দ্ধাৰিত নহয়; এই ক্ষেত্ৰত সামাজিক উপাদানসমূহে এক শক্তিশালী নিৰ্দ্ধাৰিকৰ ভূমিকা পালন কৰে। বহু সংগঠনৰ বেলিকা দেখা যায় যে শ্রমিকসকলৰ ব্যক্তিগত লাভৰ পৰিৱৰ্তে সহকর্মী সকলৰ সৈতে গঢ়ি উঠা বন্ধুত্বসুলভ মনোভাব, সহানুভূতি আদিয়ে বিশেষভাৱে প্ৰাধান্য লাভ কৰে। অধ্যাপক নিগ্ৰোয়ে শ্রমিকসকলৰ এনে আচৰণক সামাজিক নৈতিকতা বুলি অভিহিত কৰিছে। সামাজিক বুজাপৰা তথা পাৰস্পৰিক সহযোগিতাই শ্রমিকসকলক কাম কৰাৰ বাবে উৎসাহ উদ্দীপনা যোগায়।

(৩) মানৱীয় সম্পৰ্কৰ দৃষ্টিভঙ্গী অনুসৰি সংগঠনত শ্ৰমিকসকলৰ দৃষ্টিভঙ্গী তথা প্রতিক্রিয়াশীল আচৰণ ব্যক্তিগতভাৱে নহয়; বৰং সংঘবদ্ধভাৱেহে প্রতিষ্ঠিত হয়। হৰ্থন কাৰখানাত উৎপাদনৰ মাত্ৰাৰ বেলিকা শ্রমিক সকলে ব্যক্তিগতভাৱে সিদ্ধান্ত লোৱাৰ বিপৰীতে সংঘবদ্ধভাৱেহে ঠিৰাং কৰিছিল। উৎপাদনকৃত সামগ্ৰীৰ পৰিমাণ বৃদ্ধি হ’লৈ কাৰখানাত শ্রমিকৰ সংখ্যা হ্রাস কৰা হ’ব বুলি আশংকা কৰিয়েই উৎপাদনৰ এক সাধাৰণ মাত্রা ঠিক কৰাৰ উদ্দেশ্যেৰেই শ্রমিকসকলে নিজৰ কৰ্মৰ নিৰাপত্তাৰ বাবে আৱশ্যকীয় এক নিৰ্দিষ্ট পৰিমাণতে উৎপাদন সীমিত ৰখাৰ বাবে সামূহিক সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল। তদুপৰি শ্ৰমিকসকলে সংঘবদ্ধভাৱে লোৱা এনে সিদ্ধৃতি যাতে ব্যবস্থাপনাৰ দৃষ্টিগোচৰ নহয় তাৰ প্ৰতিও শ্ৰমিকসকলে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছিল। এনে গোপনীয়তা ৰক্ষা কৰাটো শ্ৰমিকসকলৰ এক সামূহিক সিদ্ধান্ত। এনেদৰে মানৱীয় সম্পর্ক তত্ত্বৰ পোষকতা কৰা সকলে শ্রমিকসকলৰ সংঘবদ্ধ চেতনাৰ বিষয়টোত দৃষ্টি নিক্ষেপ কৰিছিল।

(৪) মানৱীয় সম্পর্ক তত্ত্বৰ প্ৰবক্তা এল্টন মেয়ৰ মতে, সামাজিক পুৰস্কাৰ আৰু সামাজিক স্বীকৃতিয়ে শ্রমিকসকলৰ কমেৰ্দাম বৃদ্ধি কৰে। তদুপৰি, শ্রমিকসকলে কর্মস্থলীত সহকৰ্মীসকলৰ পৰা লাভ কৰা সু ব্যৱহাৰ, সহানুভূতি আৰু সহমর্মিতাৰ মনোভাবেও শ্ৰমিকসকলৰ কৰ্মদক্ষতা বৃদ্ধিত অনুপ্ৰেৰণা যোগায়। অনুৰূপ ধৰণে, শ্রমিকসকলৰ সংগঠনৰ প্ৰতি গঢ়ি উঠা আনুগত্যসুলভ মনোভাবেও তেওঁলোকৰ কৰৰ্মেদ্যিম বৃদ্ধিত প্রেৰণা যোগায়। একেদৰে শ্ৰমিকসকলক প্ৰদান কৰা বেতন বা অন্যান্য সা-সুবিধা বিলাকৰ লগতে উৎপাদন বৃদ্ধিৰ সন্দৰ্ভত শ্রমিকসকলৰ মাজত মনোভাবেও শ্রমিকসকলৰ কাম কৰাৰ মানসিকতাক গঢ়ি উঠা সৌহাদ্যপূর্ণ প্রভাৱিত কৰে।

প্রতিজন শ্রমিকেই একোজন সামাজিক ব্যক্তি গতিকে সামাজিক ব্যক্তি হিচাপে কোনো ব্যক্তিয়েই সামাজিক পৰিৱেশৰ পৰা নিলগত থাকি কোনোধৰণৰ উৎপাদনী কামত নিয়োজিত হোৱাটো মুঠেই সম্ভৱপৰ নহয়।

(৫) মানৱীয় সম্পৰ্কৰ তত্ত্ববিদসকলৰ মতে, গণতান্ত্রিক প্রশাসন ব্যৱস্থাৰ দ্বাৰা সংগঠনৰ উৎপাদনশীলতা বৃদ্ধি হয় বুলি হৰ্থন পৰীক্ষাই প্রমাণ কৰে। তেওঁলোকৰ মতে, অধিক তদাৰকীকৰণ বা তত্ত্বাৱধানে শ্রমিকসকলক স্ব-নির্ভৰশীল আৰু আত্মবিশ্বাসী হোৱাত প্রতিবন্ধকতা আৰোপ কৰে। ইয়াৰ পৰিৱৰ্তে এক স্বাধীন-চিতীয়া বাতাবৰণত শ্ৰমিকসকলক কাম কৰাৰ সুযোগ প্রদান কৰিলেহে শ্ৰমিকসকলৰ উৎপাদনৰ মাত্রা বৃদ্ধি পাব।

(৬) মানৱীয় সম্পর্ক তত্ত্ব প্রবক্তাসকলে বুলি মত পোষণ কৰে যে সংঘবদ্ধ আচৰণ বা সামাজিক মান প্রতিষ্ঠাকৰণৰ ক্ষেত্ৰত নেতৃত্বই এক নিণয়িক ভূমিকা গ্রহণ কৰে। নেতৃত্বক অধিক ফলপ্ৰসূ কৰি তুলিবলৈ হ’লৈ শ্ৰমিকসকলৰ মাজত গঢ়ি উঠা বিভিন্ন গোষ্ঠীৰ নেতৃবৃন্দৰ সৈতে সংগঠনটোৰ পৰিচালক মণ্ডলীয়ে এক সৌহাদ্যপূর্ণ সম্পর্ক গঢ়ি তুলি তেওঁলোকক সংগঠনটোৰ লক্ষ্য আৰু উদ্দেশ্যৰাজি সম্পর্কে এক সুস্পষ্ট ধাৰণা প্ৰদান কৰিব লাগে। এনেদৰে সংগঠনৰ শ্ৰমিক আৰু ব্যৱস্থাপনামণ্ডলীৰ মাজত ব্যৱধান একেবাৰে ন্যূনতম কৰিবলৈ কৌশলগত প্ৰচেষ্টা হাতত ল’লেহে দুয়োটা পক্ষৰ মাজত এক নিৰৱচ্ছিন্ন যোগসূত্র স্থাপন হোৱাৰ অৱকাশ থাকে আৰু সংগঠনটোৰ নিৰ্ধাৰিত লক্ষ্য আৰু উদ্দেশ্য ফলৱৰ্তী হোৱাৰ আশা কৰিব পাৰি।

9. Characteristics of Bureaucrats. 

Ans: তলৰ বৈশিষ্ট্যসমূহ লক্ষ্য কৰিলে ৱেবাৰৰ আমোলাতন্ত্ৰৰ বিষয়ে বুজাত সহজ হৈ পৰিব।

(১) আইনগতভাৱে শ্ৰম আৰু কৰ্তৃত্বৰ বিভাজন [Division of Labour and Authority of Law] : যিকোনো এটা প্রশাসন সুচাৰুৰূপে চলিবৰ বাৰে বহুতো ব্যক্তিৰ ওপৰত ক্ষমতাৰ ভাৰ দিব লগা হয়। ব্যক্তিসকলৰ ওপৰত ন্যস্ত কৰা ক্ষমতা আইনসঙ্গত হ’ব লাগিব। ক্ষমতা লাভ কৰা ব্যক্তিসকলেও ক্ষমতাৰ সদ্ব্যৱহাৰ কৰিব লাগিব আৰু তেওঁলোকে নির্দিষ্ট সীমা চেৰাই যাব নোৱাৰিব। তেওঁলোকে কৰিব লগা কামৰ স্পষ্ট নীতি নিৰ্ধাৰণ কৰা হ’ব লাগিব। শাসনকর্তাই বন্ধি দিয়া নীতি-নিয়মৰ মাজেৰেহে বিভিন্ন ব্যক্তিক নিয়োগ কৰিব পাৰি। অৰ্থাৎ নিয়োগৰ পৰা কাৰ্য পৰিচালনালৈকে সকলো কাৰ্য স্পষ্ট নীতিৰে পৰিচালিত হ’ব লাগিব। তেনে ব্যৱস্থাকহে আমোলাতান্ত্রিক ব্যৱস্থা বুলি কোৱা হ’ব।

(২) উচ্চ-নিম্নভাৱে সংস্তৰণ [Hierarchical Order] : আমোলাতন্ত্রত নিয়োজিত হৈ থকা ব্যক্তিসকলক উচ্চ-নিম্নভাৱে সংস্তৰিত কৰা হয়। কোনো ব্যক্তিক একেবাৰে উচ্চস্থান দিয়া হয়। তাৰ পাছতেই আন ব্যক্তিক স্থান দিয়া হয়। কিছুমান ব্যক্তিৰ স্থান সর্বনিম্নত থাকে। এই স্থান অর্হতা বা আন কোনো নীতিৰ দ্বাৰা নিৰ্দ্ধাৰণ কৰা হয়। প্ৰশাসনৰ যিকোনো স্তৰতে এনে সংস্তৰণ দেখা যায়। এনে সংস্তৰণৰ বাবে কাম কৰাত বিশেষ সুবিধা হয়।

(৩) লিখিত নথি-পত্ৰ [Written Documents] : আমোলাতান্ত্রিক ব্যৱস্থাত কাৰ্যালয়ৰ সকলো কাম-কাজ লিখিত নথি-পত্ৰৰ দ্বাৰা কৰা হয়। প্রয়োজন বোধে বেলেগ বেলেগ ফাইল (File] তৈয়াৰ কৰি তাৰ জৰিয়তে কাম কৰা হয়। এই ব্যৱস্থাত নথি-পত্ৰ ব্যৱহাৰ কৰাৰ ফলত দীঘদিন ধৰি কাম-কাজৰ খতিয়ান সংৰক্ষণ কৰি ৰাখিব পাৰি। শাসকৰ সলনি হ’লেও নতুন শাসকে পূৰ্বৰ নথি-পত্ৰ চাই কার্য পৰিচালনা কৰিব। পাৰে; ফলত পূৰ্বৰ ব্যৱস্থাৰ লগত ধাৰাবাহিকতা ৰক্ষা কৰা সহজ হৈ পৰিছে।

(৪) কৰ্মত বিশেষীকৰণ [Specialization in work] : আমোলাতন্ত্রৰ বিভিন্ন বিষয়াসকলক বেলেগ বেলেগ কর্মত নিয়োগ কৰা হয়। বেলেগ বেলেগ ব্যক্তিয়ে সুকীয়া সুকীয়া প্ৰশাসন পৰিচালনা কৰাৰ বাবে প্ৰশাসন বেছ সুবিধাজনক হৈ পৰে। একেজন ব্যক্তিয়ে বিশেষ এটা কামহে কৰিব লগা হোৱাৰ বাবে তেওঁৰ কাম ক্ষিপ্ৰ আৰু নিপুণ হোৱা সম্ভব। সু-শিক্ষা আৰু প্ৰশিক্ষণে আমোলাতান্ত্রিক ব্যৱস্থাত জটিল শাসন প্রণালীকো সহজ কৰি তোলে। একোটা কামৰ প্রতি একোজন মানুহৰ বিশেষ জ্ঞান থকাত আমোলাতান্ত্রিক ব্যৱস্থাই উত্তমৰূপে কাম কৰিব পাৰে। অৱশ্যে কেতিয়াবা বেলেগ বেলেগ বিষয়াৰ মাজেৰে কাম হওঁতে কর্ম সম্পাদনৰ গতি লেহেমীয়া হ’ব পাৰে।

(৫) আইন আৰু সংবিধানসম্মত প্রশাসন [Administration according to laws and constitution] : আমোলাতন্ত্রত প্রশাসন ব্যৱস্থাটো নিৰ্দ্ধাৰিত নীতি আৰু আইনেৰে পৰিচালিত হয়। প্রশাসনত জড়িত সকলো ব্যক্তিয়ে নীতি-নিয়ম আৰু আইনৰ বিষয়ে অৱগত হ’ব লাগিব। বিষয়াসকলে এই আইনসমূহ পুংখানুপুংখ ৰূপে নাজানিলে প্রশাসন চলোৱাত অসুবিধা হৈ পৰে। সেয়ে আমোলাতান্ত্রিক ব্যৱস্থাত বিষয়াসকলে সংশ্লিষ্ট আইনৰ বিষয়ে বিশেষ জ্ঞান আহৰণ কৰিব লাগে। এই জ্ঞানৰ দ্বাৰা তেওঁলোকৰ কৰ্মতৎপৰতা আৰু কৰ্মনিপুণতা বৃদ্ধি পায়।

আমোলতন্ত্র প্রচলিত সমাজত প্রশাসক বিষয়াসকলে নিজৰ নিজৰ প্ৰস্থিতি অনুসৰি কিছুমান কর্তব্য পালন কৰিব লগা হয়। এই দায়িত্ববিলাক চৰকাৰী প্ৰশাসনৰ লগত সমতা ৰক্ষা কৰা বিধৰ হ’ব লাগিব। আমোলাতন্ত্রত জড়িত বিষয়াসকলৰ কেতবোৰ স্বকীয় চৰিত্ৰ, অৰ্হতা আৰু গুণ থাকিব লাগিব। বিশেষ চৰিত্ৰ আৰু গুণ নাথাকিলে তেওঁলোকে সুন্দৰভাৱে আমোলাতন্ত্র পৰিচালনা কৰিব নোৱাৰে। মেক্স ৱেবাৰৰ মতে আমোলাসকলক সাধাৰণতে কিছুমান সুবিধা দিব লাগে। এই সুবিধাসমূহ তলত উল্লেখ কৰা হ’ল—

(১) কৰ্মৰ প্ৰতি সাধুতা [Sincerity towards job] : কার্য পৰিচালনাত আৰু কৰ্তব্য পালনত সাধু লোকসকলক যোগ্যতা অনুসৰি উচ্চ প্রস্থিতি দিব লাগে। তেনে কৰিলে বিষয়াসকলে কর্ম তৎপৰতা বৃদ্ধি হ’ব আৰু প্ৰশাসন সুন্দৰ হ’ব। অসাধু লোকসকলক উচ্চ প্ৰস্থিতিত ৰাখিলে সুফল আশা কৰিব নোৱাৰি। সাধুতা আৰু কৰ্তব্যনিষ্ঠা আমোলাসকলৰ অবিচ্ছেদ্য অংগ।

(২) সাধাৰণ জনসাধাৰণতকৈ উচ্চ প্ৰস্থিতি [Better status than the general public] : আমোলাতান্ত্রিক ব্যৱস্থাত বিষয়াসকলক সাধাৰণ জনসাধাৰণতকৈ উচ্চ প্রস্থিতি প্রদান কৰিব লাগে। তেনে কৰিলে কর্তৃত্বৰ ভিত্তিত বিষয়াসকলে প্রশাসন সু-পৰিচালনা কৰিব পাৰে লগতে আমোলাসকলৰ মানসিকতাও উচ্চ হয়।

(৩) নিযুক্তিত উচ্চনিম্ন সংস্তৰণ [Hierarchical order in Appointment] : আমোলাতন্ত্রত নিযুক্তিৰ ক্ষেত্ৰত উচ্চ-নিম্ন সংস্তৰণ থকাটো বাঞ্ছনীয়। যোগ্যতাৰ ভিত্তিত উচ্চ বিষয়াসকলক নিয়োগ কৰিব লাগে আৰু তেওঁলোকৰ নিম্ন প্ৰস্থিতিৰ কৰ্মচাৰীসকলক নিয়োগ কৰাৰ সুবিধা দিব লাগে।

(৪) পদোন্নতিত সুবিধা [Avenues for Promotion] : আমোলাতান্ত্রিক ব্যৱস্থাত পদোন্নতিৰ সুবিধা থাকিব লাগে। নিম্ন প্ৰস্থিতিৰ বিষয়াসকলক পদোন্নতিৰ জৰিয়তে উচ্চ প্ৰস্থিতি প্রদান কৰিব লাগে। যোগ্যতা, জ্যেষ্ঠতা, সবলতা আৰু উপযুক্ততাৰ ভিত্তিত এনে পদোন্নতি হ’ব লাগে। এই ব্যৱস্থাৰ ফলত বিষয়াসকলৰ কৰ্ম প্ৰেৰণা বৃদ্ধি হয়।

(৫) ৰাজনৈতিক নিযুক্তি (Political Appointment] : আমোলাতন্ত্রত কিছুমান নিযুক্তি ৰাজনৈতিক বিবেচনাৰ [Political consideration] দ্বাৰা হোৱাটো বাঞ্ছনীয়। কেতিয়াবা আমোলাতন্ত্রত বিশেষ জ্ঞান নথকা ব্যক্তিকো উচ্চ প্ৰস্থিতিত থকা দেখা যায়। তেওঁলোকে অজ্ঞতাৰ বাবে কনিষ্ঠসকলৰ সহায় ল’ব লগা হয়। এই অবস্থাই অযোগ্যতাকেই সূঁচায়। আমোলাতন্ত্ৰৰ বাবে ই উপযুক্ত নহয়। গতিকে ৰাজনৈতিক বিবেচনাৰে এনে প্ৰস্থিতিত বিষয়া নিযুক্তি আৰু পদোন্নতি হ’ব লাগে। কিন্তু অযথা ৰাজনৈতিক হেঁচাত উপযুক্ত বিষয়াসকলে কষ্ট ভোগ কৰিব নালাগে। তদুপৰি ৰাজনৈতিকভাবে অযোগ্য লোকৰো নিযুক্তি হ’ব পাৰে। তেনেহ’লে আমোলাতন্ত্র বেছি বিপদাপন্নহে হ’ব পাৰে; গতিকে ৰাজনৈতিক হস্তক্ষেপ যুক্তিসঙ্গত হোৱাটো বাঞ্ছনীয়।

(৬) সুৰক্ষা আৰু অৱসৰৰ পাছত সাহায্য (Security Tenure and Retirement Benefits] : আমোলা ব্যৱস্থাত বিষয়াসকলক সুৰক্ষা দিয়াৰ প্ৰয়োজন। কিয়নো কোনো বিষয়াৰ প্ৰতি ব্যক্তিস্বাৰ্থত বাধা পৰাৰ বাবে কোনো লোক অসন্তুষ্ট হ’ব পাৰে। আকৌ ৰাজনৈতিক নেতাৰ সলনি হ’লেও কোনো লোকে অসন্তুষ্ট বিষয়াৰ ওপৰত শাস্তিৰ ব্যৱস্থা কৰিব পাৰে। তেনে ক্ষেত্ৰত বিষয়াক সুৰক্ষা দিয়াৰ ব্যৱস্থা থাকিব লাগে। তদুপৰি বেমাৰ বা দুৰ্যোগৰ সময়তো ব্যক্তিসকলক সুৰক্ষা দিব লাগে। সকলো কৰ্মচাৰীকে অৱসৰ গ্ৰহণৰ পাছত বৃদ্ধ অৱস্থাত চলিবৰ বাবে প্রভিডেন্ট ফাণ্ড [Provident Fund], পেঞ্চন [Pension]. গ্ৰেছুইটি [Gratuity] আদিৰ ব্যৱস্থা কৰিব লাগে। এনে ব্যৱস্থাৰ ফলত ভৱিষ্যৎ সুবিধা লাভৰ বাবে ব্যক্তিসকলে সুকলমে কার্য সম্পাদনা কৰে।

(৭) স্থায়ী প্রশাসন [Permanency of Administration] : আমোলাতন্ত্রৰ শাসন ব্যৱস্থা স্থায়ী প্ৰকৃতিৰ হ’ব লাগে। সঘনে পদ্ধতিৰ পৰিৱৰ্তন কৰিব নালাগে। মেধা আৰু উপযুক্ত ব্যক্তিক নিম্ন স্থানৰ পৰা উচ্চলৈ পদোন্নতিৰ ব্যৱস্থা থাকিব লাগে। কিন্তু সকলো ব্যক্তিৰে পদোন্নতি উচিত নহয়। পদোন্নতিৰ ফলত একেধৰণৰ প্ৰশাসন সম্ভৱ হয়।

মেক্স ৱেবাৰে উপৰিউক্ত আমোলাতন্ত্ৰৰ প্ৰতি দিয়া ধাৰণাতেই বৰ্তমান বিশ্বৰ প্ৰায়বোৰ শাসন ব্যৱস্থাই চলি আছে। বিটিছ আগমনৰ দিনৰ পৰা ভাৰতবৰ্ষতো আমোলাতন্ত্রই ঠাই পাইছে। আমোলাতন্ত্ৰৰ সু-প্ৰয়োগে দেশৰ শাসন ব্যৱস্থা ফলপ্রসূ কৰিব পাৰে। সেয়ে সু-চৰিত্ৰৱান আৰু কৰ্তব্যজ্ঞান থকা ব্যক্তি আমোলাতন্ত্ৰত থকাটো উচিত।

10. Examine the factors influencing the emergence of Human Relations Approach.

Ans: লোক প্রশাসনত মানৱীয় সম্পর্কীয় দৃষ্টিকোণৰ তাত্বিক আৰু প্ৰয়োগিক দিশৰ উত্থানৰ ক্ষেত্ৰত কেতবোৰ আৰ্থ-সামাজিক কাৰকে বিশেষভাৱে প্ৰভাৱিত কৰিছিল। এই কাৰকসমূহৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ’ল—

(১) ১৯৩০ৰ দশকৰ অৰ্থনৈতিক মন্দাৱস্থা : কুৰি শতিকাৰ দ্বিতীয় আৰু তৃতীয় দশকৰ সময়ছোৱাত পুঁজিবাদী ৰাষ্ট্ৰ বিলাকত উদ্ভৱ হোৱা এক সাধাৰণ সংকটকালীন পৰিস্থিতিৰ সময়তে মানৱীয় সম্পর্ক তত্ত্বইবিকাশ লাভ কৰিছিল। দ্রুত যান্ত্ৰিকীকৰণৰ ফলস্বৰূপে হোৱা বর্ধিত উৎপাদনৰ পৰিপ্ৰেক্ষিতত পুঁজিবাদী ৰাষ্ট্ৰবিলাকত সাধাৰণ সংকটৰ সমস্যাটো অধিক প্ৰকট হৈ পৰিছিল। দ্রুত যান্ত্রিকীকৰণে দৈহিক চাপ সংকোচন ঘটাই মানসিক চাপৰ পয়োভৰ বৃদ্ধি কৰিছিল। এনে পৰিস্থিতিৰ প্রেক্ষাপটত নিয়োগ কর্তসকলে উদ্যোগখণ্ডৰ বেলিকা মনঃস্তাত্বিক আৰু মানৱীয় কাৰকৰ ওপৰত তেওঁলোকৰ দৃষ্টি নিবদ্ধ কৰিবলৈ বাধ্য হৈছিল।

(২) মূলধন নিবিড় শিল্প : এই সময়ছোৱাত শিল্প উদ্যোগসমূহ অধিক মূলধন অবিশ্রান্ত হৈ পৰিছিল। শিল্প উদ্যোগসমূহৰ সা-সৰঞ্জাম ৰাজিৰ ক্ষতিসাধন কৰ্মচাৰীসকলৰ ধৰ্মঘট আৰু উচ্চ পৰিশ্রম এই সকলোবিলাক একচেটিয়া বিস্তৰ ক্ষয়-ক্ষতিৰ একচেটিয়া কাৰক হৈ পৰিছিল। গতিকে এনেদৰে বৃহৎ একচেটিয়া ব্যৱসায়ীসকলে শ্রমিকসকলে যাতে তেওঁলোকৰ কামৰ প্ৰতি এক উৎসর্গিত দৃষ্টিভংগী প্রদর্শন কৰে তাৰ নিশ্চয়তা প্রদান কৰিব বিচাৰিছিল।

(৩) প্রযুক্তিগত অগ্রগতি : প্রযুক্তিৰ অগ্রগতিয়ে ওদ্যোগিক খণ্ডৰ কৰ্মমাৰীসকলৰ দৃষ্টিভঙ্গী, দক্ষতা আৰু শিক্ষাৰ ক্ষেত্ৰত অভূতপূর্ব পৰিৱৰ্তন সাধন কৰিছিল। কৰ্মচাৰীসকলৰ শৈক্ষিক আৰু ব্যক্তিগত দক্ষতাৰ যথেষ্ট উত্তৰণ ঘটিছিল। ফলস্বৰূপে, শ্রমিকসকলে তেওঁলোকৰ কাৰ্যকলাপৰ প্রতি এক মর্যাদাৰ অনুভূতি প্রদর্শন কৰিবলৈ আৰম্ভ কৰিছিল। কৰ্মচাৰীসকলক যাতে মানৱ হিচাপে আচৰণ কৰে আৰু মৰ্যাদা প্রদান কৰে তাৰ বাবে তেওঁলোকে অধিক অটলভাৱে আৰু দৃঢ়তাৰে দাবী কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে শ্ৰমৰ মৰ্যাদা আৰু শ্ৰমৰ দাবীৰ প্রতি এক মানৱীয়তাবাদী দৃষ্টিভঙ্গীৰ পোষকতা কৰিছিল। এনেদৰে উদ্যোগৰ কামৰ পৰিৱেশৰ ক্ষেত্ৰত মানৱীয় দিশটো মনোযোগৰ কেন্দ্রবিন্দু হৈ পৰিছিল।

(৪) টেইলৰবাদৰ বিপৰীতে প্রতিক্রিয়া : টেইলৰৰ বৈজ্ঞানিক ব্যৱস্থাপনাৰ একপক্ষীয় প্ৰকৃতিৰ বিপৰীতে এক প্রতিক্রিয়া হিচপে মানবীয় সম্পৰ্কীয় দৃষ্টিভঙ্গীৰ উত্থান ঘটিছে। টেইলৰবাদ বা বৈজ্ঞানিক ব্যৱস্থাপনাই শ্ৰমৰ উৎপাদনশীলতা বৃদ্ধি কৰা নাছিল, বৰঞ্চ শ্ৰমিকসকলৰ মাজত সংঘাতৰ এক উৎস হিচাপেহে ক্ৰিয়া কৰিছিল। বৈজ্ঞানিক ব্যৱস্থাপনা তত্ত্বই মানৱ হিচাপে শ্ৰমিকসকলৰ প্ৰয়োজনীয়তাৰাজিৰ প্ৰতি আওকণীয়া মনোভাৱ গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত শ্ৰমিকসকলে বৈজ্ঞানিক ব্যৱস্থাপনা তত্ত্বৰ প্ৰতি ভীষণভাৱে ক্ষুব্ধ হৈছিল।

(৫) শ্রেণীবিৰোধ : উন্মেষিত শ্রেণী সংঘাত আৰু শ্ৰেণী বিৰোধেও মানৱীয় সম্পর্ক দৃষ্টিকোণৰ উত্থানৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল। মাৰ্গীয় লেখনিৰাজি, বিভিন্ন দেশবিলাকত গঢ় লৈ উঠা সমাজবাদী আন্দোলনসমূহ আৰু কল-কাৰখানাত কৰ্মৰত শ্ৰমিকসকলে কাম কৰাৰ এক সু-বাতাবৰণৰ অভাৱৰ পৰিপ্ৰেক্ষিতত সন্মুখীন হোৱা যান্ত্ৰণাসমূহে শ্রমিক আৰু নিয়োগকর্তাসকলৰ মাজত শ্রেণী বিৰোধৰ সূত্রপাত ঘটোৱাৰ ক্ষেত্ৰত এক অন্যতম উপকৰণ হিচাপে ক্ৰিয়া কৰিছিল। এই বৰ্দ্ধিত শ্ৰেণী বিৰোধক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তাই লোক প্রশাসনত মানৱীয় সম্পৰ্কৰ দৃষ্টিকোণ উত্থানত অৰিহণা যোগাইছিল। আমেৰিকা যুক্তৰাষ্ট্ৰকে আদি কৰি কেতবোৰ পুঁজিবাদী ৰাষ্ট্ৰত বাণিজ্য সংঘ আন্দোলনবিলাকৰ অটল চৰিত্ৰ আৰু শ্রেণী বিৰোধৰ অৱনতিয়ে মানৱ সম্পর্ক দৃষ্টিকোণৰ উন্মেষণক দ্ৰুততৰ কৰি তুলিছিল।

11. Examine the Elements of Human Relations Approach.

Ans: মানৱীয় সম্পৰ্কৰ দৃষ্টিভঙ্গীৰ সমৰ্থকসকলে তিনিটা উপাদানৰ ওপৰত মনোনিৱেশ কৰিছিল। এই উপাদানকেইটা হৈছে ক্ৰমে – 

(১) ব্যক্তি।

(২) কৰ্মগোটৰ সামাজিক দিশ (অনানুষ্ঠানিক সংগঠন)। আৰু 

(৩) অংশগ্রহণমূলক ব্যৱস্থাপনা।

(১) ব্যক্তি : প্ৰশাসনৰ মানৱীয় সম্পর্ক দৃষ্টিকোণে প্রতিজন ব্যক্তিয়ে পৰস্পৰে পৰস্পৰৰ পৰা পৃথক ধৰাণাটো গ্ৰহণ কৰাৰ পোষকতা কৰে। এইদৃষ্টিভঙ্গীটোৱে প্ৰতিজন ব্যক্তিকেই তেওঁলোকৰ ব্যক্তিগত গুণাৱলী আৰু কামৰ প্ৰতি তেওঁলোকৰদৃষ্টিভঙ্গী তথা মনোভাৱৰ আধাৰত পৃথকীকৰণ কৰে। এই ক্ষেত্ৰত প্ৰতিজন কর্মীয়েই একো একোজন অনন্য ব্যক্তি। প্রতিজন কর্মীয়েই কৰ্মক্ষেত্ৰৰ সামাজিক আৰু যুক্তিযুক্ত দক্ষতা বহন কৰে। প্ৰতিজন কৰ্মচাৰীৰে কৰ্মক্ষেত্ৰক লৈ কেতবোৰ আশা-আকাংক্ষা থাকে। প্রতিজন কর্মীয়েই সংগঠনৰ একোটা অংশগ্রহণকাৰী অংশ বিশেষ। আৰু প্ৰতিজন কর্মীকে তেওঁৰ কৰ্মৰত গোটত নিয়োজিত একোজন মানুহ হিচাপে গণ্য কৰিব লাগে। কর্ম গোটৰ সদস্যসকলৰ মাজৰ কামৰ সম্পৰ্কৰ লগতে মানৱীয় সম্পর্কও প্ৰত্যেকটো সংগঠনৰ বাবেই অতিশয় গুৰুত্বপূর্ণ উপাদান।

(২) কৰ্মৰত গোটবিলাকৰ (অনানুষ্ঠানিক সংগঠন) সামাজিক দিশ : মানৱীয় সম্পর্ক দৃষ্টিকোণে কৰ্মৰত গোটবিলাকৰ দৃঢ় দিশসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। ই মানুহৰ দৃঢ় দিশসমূহৰ ওপৰত দৃষ্টি নিবদ্ধ কৰে।

মানুহৰ প্ৰকৃতগত আৰু প্ৰয়োজনীয়তা অনুসৰি সামাজিক প্রাণী। মানৱ প্ৰকৃতিৰ এই মৌলিক সত্যই প্ৰতিটো সংগঠনৰে চৰিত্ৰ আৰু কাৰ্যকাৰিতাক নিৰূপণ কৰে। একোটা সংগঠনৰ আনুষ্ঠানিক গাঁথনি আৰু কাৰ্যৱলী সংগঠনটোত কৰ্মৰত ব্যক্তিসকলৰ (সমষ্টিগত ৰূপ) অর্থ, কর্মীগোটৰ চৰিত্ৰ আৰুদৃষ্টিভঙ্গীৰ লগতে তেওঁলোকৰ মাজৰ অনানুষ্ঠানিক সম্পৰ্কৰ দ্বাৰা বাৰুকৈয়ে প্রভাবিত হয়।

(৩) অংশগ্রহণমূলক ব্যৱস্থাপনা : মানৱীয় সম্পর্ক দৃষ্টিকোণে সংগঠনৰ শীর্ষ ব্যৱস্থাপনাৰ জৰিয়তে অংশগ্রহণমূলক ব্যৱস্থাপনাৰ উপাদানসমূহৰ পোষকতা কৰে। ব্যক্তি আৰু কৰ্মৰত গোটৰ ওপৰত অংশগ্রহণমূলক ব্যৱস্থাপনাৰ বৰ্দ্ধিত গুৰুত্বৰ পৰিপ্ৰেক্ষিততেই এই মানৱীয় সম্পর্ক তত্ত্বই অংশগ্রহণমূলক ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব প্ৰদানৰ পোষকতা কৰিছিল। মানৱীয় সম্পর্ক দৃষ্টিভঙ্গী অনুসৰি অংশগ্রহণমূলক ব্যৱস্থাপনাৰ অৰ্থ সিদ্ধান্ত গ্রহণ সিদ্ধান্ত গ্রহণত অংশগ্রহণক সূচায়।

12. Critically Evaluate the Human Relations Theory.

Ans: প্ৰশাসনৰ মানৱীয় সম্পর্কৰ দৃষ্টিভঙ্গীটোক বিভিন্ন সমালোচকসকলে বিভিন্ন দৃষ্টিকোণৰ পৰা সমালোচনা কৰা পৰিলক্ষিত হয়―

(ক) সংগঠনৰ অৰ্থনৈতিক দিশক অৱহেলা : মানৱীয় সম্পৰ্কৰ দৃষ্টিভঙ্গীয়ে সংগঠনৰ অর্থনৈতিক দিশটোক অৱহেলা কৰা পৰিলক্ষিত হয়। পিটাৰ এফ ড্ৰাকাৰৰ মতে, মানৱীয় সম্পর্ক তত্ত্বই সংগঠনৰ অর্থনৈতিক আৰু পাৰ্থিৱ দিশসমূহৰ সচেতনতাৰ অভাৱক এক স্পষ্ট ৰূপত প্ৰতিফলিত কৰিছে।

(খ) উপযুক্ত পদ্ধতিৰ ব্যৱহাৰত ব্যৰ্থতা : সমালোচকসকলে এইবুলি যুক্তি দৰ্শাইছে যে মানৱীয় সম্পর্ক দৃষ্টিকোণে ইয়াৰ অভিমতসমূহ পোষণ কৰাৰ ক্ষেত্ৰত এক সঠিক অধ্যয়ন পদ্ধতি অনুসৰণ কৰাত ব্যৰ্থ হৈছে। এই ক্ষেত্ৰত ডেনিয়েল বেলএ যুক্তি দশাইছে যে এল্টন মেয়ৰ মানৱীয় সম্পর্ক দৃষ্টিকোণক পোষকতা কৰি হার্ভাড গোটে গ্ৰহণ কৰা অধ্যয়ন প্ৰণালী আঁসোৱাহপূর্ণ আছিল।

(গ) আনুষ্ঠানিক বিধি বিধানক অৱজ্ঞা : সমালোচকসকলৰ মতে, মানৱীয় সম্পর্ক তত্ত্বই সংগঠনৰ কাৰ্যদক্ষতা বৃদ্ধিত আনুষ্ঠানিক বিধি বিধান, তথা আইনৰ যথাবিহিত সম্বন্ধৰাজিক আওকাণ কৰি কেৱল মাত্র অনৌপচাৰিক সামাজিক সম্বন্ধৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিছে। কিন্তু বাস্তৱ ক্ষেত্ৰত সংগঠনৰ কাৰ্যদক্ষতা বৃদ্ধিৰ বেলিকা আনুষ্ঠানিক সামাজিক সম্বন্ধৰ অপৰিহাৰ্য ভূমিকাক কোনো প্ৰকাৰে অস্বীকাৰ কৰিব নোৱাৰি।

(ঘ) মার্ক্সীয় সমালোচনা : মার্ক্সীয় গৱেষকসকলেও মানৱীয় সম্পর্ক দৃষ্টিকোণক সমালোচনা কৰিছে। তেওঁলোকে বার্ণাডৰ প্ৰৰোচিত কৰণৰ অৱধাৰণাটোক কৰ্মচাৰীসকলক পৰিচালক সকলে শোষণ কৰাৰ অন্যতম আহিলা বুলি গণ্য কৰে। মার্ক্সবাদী সকলে  যুক্তি দৰ্শাইছিল যে মানৱীয় সম্পৰ্ক দৃষ্টিকোণৰ মৌলিক ধাৰণাসমূহ বিশ্লেষণ কৰোতে শ্ৰেণী বিবোধধ ধাৰণটোক যথা গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহয়।

(ঙ) মানৱীয় সম্পর্ক তত্ত্বৰ অন্যতম সমালোচক লান্সবার্গাৰে তেওঁৰ ‘Hawthorne Revisited” শীর্ষক গ্রন্থখনিত তত্ত্বটিক সমালোচনা কৰি যুক্তি দৰ্শাইছে যে এই তত্ত্বই পৰিচালক আৰু শ্ৰমিকৰ মাজৰ সংঘাতপূর্ণ দিশসমূহৰ ওপৰত কোনোধৰণৰ আলোকপাত কৰা পৰিলক্ষিত নহয়। বাস্তৱক্ষেত্ৰত প্ৰায় সকলোবিলাক সংগঠনতে পৰিচালক আৰু শ্ৰমিকৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হোৱাটো স্বাভাৱিক। সংগঠনৰ শ্ৰমিকসকলৰ সমস্যাৰাজি সমাধানৰ বাবে সংঘবদ্ধভাবে মালিকপক্ষৰ লগত বন্দোৱস্তিকৰণ আধুনিক সংগঠনৰ এক উল্লেখনীয় বিষয় হৈ পৰাৰ উপক্ৰম হৈছে।

(চ) মানৱীয় সম্পর্ক তত্ত্বই সংঘীয় প্রতিনিধিত্বৰ ক্ষেত্ৰত মানৱীয় সম্পর্ক ভিত্তিক পৰিদৰ্শকক বিকল্প কৰাৰ চেষ্টা কৰে বুলিও তত্ত্বটিক সমালোচনা কৰা পৰিলক্ষিত হয়।

মূল্যায়ন : লোকপ্রশাসনত সংগঠনৰ মানৱীয় সম্পৰ্কৰ তত্ত্বটিক বিভিন্ন দৃষ্টিকোণৰ পৰা সমালোচকসকলে সমালোচনা কৰিলেও তত্ত্বটিৰ গুৰুত্ব কোনো প্ৰকাৰে অস্বীকাৰ কৰিব নোৱাৰি। এইটো সর্বজন গ্রহণযোগ্য যে সংগঠনৰ মানৱীয় আৰু অনৌপচাৰিক দিশসমূহক উপস্থাপন আৰু গ্রহণযোগ্য কৰি তোলাৰ ক্ষেত্ৰত মানৱীয় সম্পর্ক দৃষ্টিকোণ এক বলিষ্ঠ আৰু সময়-সাপেক্ষে পদক্ষেপ স্বৰূপে বিবেচিত হৈছে। প্ৰশাসনৰ অধ্যয়নৰ বেলিকা মানৱীয় সম্পর্ক দৃষ্টিকোণটো এক সৃজনীশীল আৰু অপৰিহাৰ্য দৃষ্টিকোণ।

প্ৰসংগক্রমে উল্লেখ কৰাটো সমুচিত হ’ব যে সংগঠনৰ মানৱীয় অভিমতৰ গুৰুত্ব একোটা কৰ্মী গোটৰ উৎপাদনশীলতা নিৰ্দ্ধৰিণৰ বেলিকা অনানুষ্ঠানিক সংগঠনৰ ভূমিকাক কোনোৱে অস্বীকাৰ কৰিব নোৱাৰে। প্ৰশাসনীয় সংগঠনৰ বেলিকা এল্টন মেয়ই আগবঢ়োৱা অৱদানে এক বিশেষ তাৎপর্য বহন কৰিছে। ই লোক প্রশাসনৰ এক তত্ত্বৰ বিকাশৰ প্ৰক্ৰিয়াটোক সহায় কৰিছিল। ই প্ৰশাসনক সংগঠনৰ নিম্নস্তৰীয় কৰ্মচাৰীসকলৰ পৰা অধিক প্ৰচেষ্টাৰে উৎকৃষ্ট ফলাফলৰ নিশ্চয়তা গ্ৰাপ্তিৰ ক্ষেত্ৰত সহায় কৰিছিল।

মানৱীয় সম্পর্ক দৃষ্টিকোণৰ পৃষ্ঠপোষক এল্টন মেয় আৰু অনান্য তত্ত্বববিদসকলৰ কৰ্মৰাজিক প্রশংসা কৰি ড্ৰাকাৰে য়ে মন্তব্য কৰিছিল— “The studies are still the best, the most advanced and the most complete works in the field of human relations” | প্রশাসনীয় তত্ত্ববত মানৱীয় সম্পৰ্কৰ অৱধাৰণাৰ ক্ষেত্ৰত অন্যতম প্রতিষ্ঠাপক হিচাপে এল্টন মেয় সদায় চিৰস্মৰণীয় হৈ ৰ’ব।

অৱশ্যে মানৱীয় সম্পর্ক দৃষ্টিকোণটো সংগঠনৰ এক পূণংগ দৃষ্টিকোণ নহয়৷ এই দৃষ্টিকোণটোৰ যুক্তিযুক্ততা আৰু নীতিসমূহৰ বাবে সদায় শ্রদ্ধা প্ৰদৰ্শন কৰা হয়; কিন্তু সংগঠনৰ সকলোবিলাক দিশৰ অধ্যয়নৰ বাবে এই দৃষ্টিকোণটো অনুসৰণ কৰিব নোৱাৰি। একোটা সংগঠনত আনুষ্ঠানিক আৰু অনানুষ্ঠানিক অর্থত যান্ত্ৰিক আৰু মানৱীয় উভয়ধর্মী দিশেই বিদ্যমান। এই দুয়োটা দিশৰ কোনোটোকে আওকাণ কৰিব নোৱাৰি। মানৱীয় সম্পর্ক দৃষ্টিকোণটো অপৰিহাৰ্য, কিন্তু ইয়াৰ কেতবোৰ সীমাবদ্ধতাও আছে। একোটা সংগঠন পৰিকল্পিত আৰু প্ৰতিষ্ঠিত হ ‘লৈহে সংগঠনত মানৱীয় সম্পর্কই বিকাশ লাভ কৰে। অৱশ্যে একে সময়তে সংগঠনৰ বৈজ্ঞানিক ব্যৱস্থাপনা আৰু কৰ্মচাৰীৰ আনুষ্ঠানিক কাঠামোড়ৰ গুৰুত্বকো কোনো প্ৰকাৰে অস্বীকাৰ কৰিব নোৱাৰি।

Essay Type Questions

1. Explain the reasons for its emergence in Public Administration.

Ans: লোক প্রশাসনত মানৱীয় সম্পর্কীয় দৃষ্টিকোণৰ তাত্বিক আৰু প্ৰয়োগিক দিশৰ উত্থানৰ ক্ষেত্ৰত কেতবোৰ আৰ্থ- সামাজিক কাৰকে বিশেষভাৱে প্ৰভাৱিত কৰিছিল। এই কাৰকসমূহৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ’ল—

(১) ১৯৩০ৰ দশকৰ অৰ্থনৈতিক মন্দাৱস্থা : কুৰি শতিকাৰ দ্বিতীয় আৰু তৃতীয় দশকৰ সময়ছোৱাত পুঁজিবাদী ৰাষ্ট্ৰ বিলাকত উদ্ভৱ হোৱা এক সাধাৰণ সংকটকালীন পৰিস্থিতিৰ সময়তে মানৱীয় সম্পর্ক তত্ত্বইবিকাশ লাভ কৰিছিল। দ্রুত যান্ত্ৰিকীকৰণৰ ফলস্বৰূপে হোৱা বর্ধিত উৎপাদনৰ পৰিপ্ৰেক্ষিতত পুঁজিবাদী ৰাষ্ট্ৰবিলাকত সাধাৰণ সংকটৰ সমস্যাটো অধিক প্ৰকট হৈ পৰিছিল। দ্রুত যান্ত্রিকীকৰণে দৈহিক চাপ সংকোচন ঘটাই মানসিক চাপৰ পয়োভৰ বৃদ্ধি কৰিছিল। এনে পৰিস্থিতিৰ প্রেক্ষাপটত নিয়োগ কর্তসকলে উদ্যোগখণ্ডৰ বেলিকা মনঃস্তাত্বিক আৰু মানৱীয় কাৰকৰ ওপৰত তেওঁলোকৰ দৃষ্টি নিবদ্ধ কৰিবলৈ বাধ্য হৈছিল।

(২) মূলধন নিবিড় শিল্প : এই সময়ছোৱাত শিল্প উদ্যোগসমূহ অধিক মূলধন অবিশ্রান্ত হৈ পৰিছিল। শিল্প উদ্যোগসমূহৰ সা-সৰঞ্জাম ৰাজিৰ ক্ষতিসাধন কৰ্মচাৰীসকলৰ ধৰ্মঘট আৰু উচ্চ পৰিশ্রম এই সকলোবিলাক একচেটিয়া বিস্তৰ ক্ষয়-ক্ষতিৰ একচেটিয়া কাৰক হৈ পৰিছিল। গতিকে এনেদৰে বৃহৎ একচেটিয়া ব্যৱসায়ীসকলে শ্রমিকসকলে যাতে তেওঁলোকৰ কামৰ প্ৰতি এক উৎসর্গিত দৃষ্টিভংগী প্রদর্শন কৰে তাৰ নিশ্চয়তা প্রদান কৰিব বিচাৰিছিল।

(৩) প্রযুক্তিগত অগ্রগতি : প্রযুক্তিৰ অগ্রগতিয়ে ওদ্যোগিক খণ্ডৰ কৰ্মমাৰীসকলৰ দৃষ্টিভঙ্গী, দক্ষতা আৰু শিক্ষাৰ ক্ষেত্ৰত অভূতপূর্ব পৰিৱৰ্তন সাধন কৰিছিল। কৰ্মচাৰীসকলৰ শৈক্ষিক আৰু ব্যক্তিগত দক্ষতাৰ যথেষ্ট উত্তৰণ ঘটিছিল। ফলস্বৰূপে, শ্রমিকসকলে তেওঁলোকৰ কাৰ্যকলাপৰ প্রতি এক মর্যাদাৰ অনুভূতি প্রদর্শন কৰিবলৈ আৰম্ভ কৰিছিল। কৰ্মচাৰীসকলক যাতে মানৱ হিচাপে আচৰণ কৰে আৰু মৰ্যাদা প্রদান কৰে তাৰ বাবে তেওঁলোকে অধিক অটলভাৱে আৰু দৃঢ়তাৰে দাবী কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে শ্ৰমৰ মৰ্যাদা আৰু শ্ৰমৰ দাবীৰ প্রতি এক মানৱীয়তাবাদী দৃষ্টিভঙ্গীৰ পোষকতা কৰিছিল। এনেদৰে উদ্যোগৰ কামৰ পৰিৱেশৰ ক্ষেত্ৰত মানৱীয় দিশটো মনোযোগৰ কেন্দ্রবিন্দু হৈ পৰিছিল।

(৪) টেইলৰবাদৰ বিপৰীতে প্রতিক্রিয়া : টেইলৰৰ বৈজ্ঞানিক ব্যৱস্থাপনাৰ একপক্ষীয় প্ৰকৃতিৰ বিপৰীতে এক প্রতিক্রিয়া হিচপে মানবীয় সম্পৰ্কীয় দৃষ্টিভঙ্গীৰ উত্থান ঘটিছে। টেইলৰবাদ বা বৈজ্ঞানিক ব্যৱস্থাপনাই শ্ৰমৰ উৎপাদনশীলতা বৃদ্ধি কৰা নাছিল, বৰঞ্চ শ্ৰমিকসকলৰ মাজত সংঘাতৰ এক উৎস হিচাপেহে ক্ৰিয়া কৰিছিল। বৈজ্ঞানিক ব্যৱস্থাপনা তত্ত্বই মানৱ হিচাপে শ্ৰমিকসকলৰ প্ৰয়োজনীয়তা ৰাজিৰ প্ৰতি আওকণীয়া মনোভাৱ গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত শ্ৰমিকসকলে বৈজ্ঞানিক ব্যৱস্থাপনা তত্ত্বৰ প্ৰতি ভীষণভাৱে ক্ষুব্ধ হৈছিল।

(৫) শ্রেণীবিৰোধ : উন্মেষিত শ্রেণী সংঘাত আৰু শ্ৰেণী বিৰোধেও মানৱীয় সম্পর্ক দৃষ্টিকোণৰ উত্থানৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল। মাৰ্গীয় লেখনিৰাজি, বিভিন্ন দেশবিলাকত গঢ় লৈ উঠা সমাজবাদী আন্দোলনসমূহ আৰু কল-কাৰখানাত কৰ্মৰত শ্ৰমিকসকলে কাম কৰাৰ এক সু-বাতাবৰণৰ অভাৱৰ পৰিপ্ৰেক্ষিতত সন্মুখীন হোৱা যান্ত্ৰণাসমূহে শ্রমিক আৰু নিয়োগকর্তাসকলৰ মাজত শ্রেণী বিৰোধৰ সূত্রপাত ঘটোৱাৰ ক্ষেত্ৰত এক অন্যতম উপকৰণ হিচাপে ক্ৰিয়া কৰিছিল। এই বৰ্দ্ধিত শ্ৰেণী বিৰোধক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তাই লোক প্রশাসনত মানৱীয় সম্পৰ্কৰ দৃষ্টিকোণ উত্থানত অৰিহণা যোগাইছিল। আমেৰিকা যুক্তৰাষ্ট্ৰকে আদি কৰি কেতবোৰ পুঁজিবাদী ৰাষ্ট্ৰত বাণিজ্য সংঘ আন্দোলনবিলাকৰ অটল চৰিত্ৰ আৰু শ্রেণী বিৰোধৰ অৱনতিয়ে মানৱ সম্পর্ক দৃষ্টিকোণৰ উন্মেষণক দ্ৰুততৰ কৰি তুলিছিল।

2. Explain the Problems of Decision Making Approach in Public Administration.

Ans: সিদ্ধান্ত গ্রহণ এক অত্যন্ত জটিল প্রক্রিয়া। সিদ্ধান্ত গ্রহণ প্রক্রিয়াক নিম্নোক্ত সমস্যাৰাজিয়ে অধিক জটিল কৰি তোলে। 

(১) দৈনন্দিন কার্য সমস্যা : চৰকাৰী বা ব্যৱসায়ী সংগঠনৰ দৈনন্দিন কাৰ্যসমস্যাৰ প্ৰাধান্য বাঢ়িলে দীর্ঘকালীন সিদ্ধান্তৰ প্ৰতি আওকাণ কৰা হয় বা স্থগিত ৰখা হয়। দৈনন্দিন কাৰ্যসমস্যাৰ সমাধানত প্ৰশাসকে তেওঁৰ যথেষ্ট সময় ব্যয় কৰে। গতিকে দীর্ঘকালীন সিদ্ধান্ত লোৱা বিষয়ত সময়, মনোযোগ আৰু গুৰুত্ব কমি যায়। ব্যৱসায়ীক সিদ্ধান্ত গ্ৰহণৰ ওপৰত গৱেষণা কৰি দৈনন্দিন কার্যই কেনেকৈ দীর্ঘকালীন পৰিকল্পনাৰ সিদ্ধান্ত লোৱাত বাধা দিয়ে তাক প্ৰমাণ কৰি দেখুৱাইছে। তেওঁ পৰীক্ষামূলক তিনি প্ৰকাৰ প্ৰশাসনীয় কামৰ ওপৰত গৱেষণা কৰিছিল। বিভিন্ন গুদামৰ চলিত বস্তুৰ তালিকাৰ সম্পৰ্কে সংশ্লিষ্ট কেৰাণীৰ যোগাযোগ, কাৰ্যৰ বোজা সমানভাৱে বিতৰণৰ কাৰণে কেৰাণীৰ মাজত গুদামবিলাক আৱশ্যকতা অনুযায়ী ন্যস্ত কৰ। পৰিকল্পনা আৰু কাৰ্য বিধিত উপযুক্ত সালসলনিৰ পৰিকল্পনা কৰা।এই তিনিটা প্ৰশাসনীয় কাম পৰীক্ষাধীন বিষয়াসকলক কৰিবলৈ দিয়া হৈছিল আৰু তেওঁলোকক প্রত্যেকবিধ কামত সমান মনোযোগ দিবলৈও কোৱা হৈছিল।

দৈনন্দিন কার্য, অৰ্থত গুদাম সম্পৰ্কীয় যোগাযোগ কাৰ্যৰ মাত্ৰা পৰীক্ষা কালছোৱাত প্ৰণালীবদ্ধভাৱে বেছি কৰা হয়। এই পৰীক্ষাৰ পৰা দুটা ফলাফল পোৱা গ’ল। দৈনন্দিন কাৰ্যৰ বোজা কম হোৱা সত্বেও আৰু প্রত্যেকবিধ কামত সমান মনোযোগ আৰু সময় দিবৰ কাৰণে পৰামৰ্শ দিয়া স্বতেও, পৰীক্ষাধীন কর্মীসকলে দৈনন্দিন কার্যত অধিক সময় খৰচ কৰিছিল। দ্বিতীয়তে, দৈনন্দিন কাৰ্যৰ বোজা বঢ়াই নিয়াৰ অনুপাতত পৰিকল্পনাৰ কাৰ্যত ব্যয় কৰা সময়ো হাস হৈ আহিল। দৈনন্দিন কাৰ্যৰ চৰম মাত্ৰাৰ বোজা পৰাত পৰিকল্পনা কার্য সমূলি হোৱা নাছিল।

(২) সমাধানৰ কাৰণে সমস্যা নিৰ্দ্ধৰিণ কৰা সমস্যা : দুই-এটা সমাধান কৰিবলগীয়া সমস্যা থাকিলে নিৰ্দ্ধাৰিণৰ সমস্যা নাথাকে। কিন্তু সমাধানৰ কাৰণে সংখ্যাধিক সমস্যা থাকিলে আৰু সমস্যাবোৰ জটিল হ’লে, সমস্যা নিবাৰণৰ সমস্যা আহি পৰে। এজন প্রশাসকে একে সময়তে পৰিকল্পনা কৰা, চৰকাৰৰ লগত যোগাযোগ কৰা, উদ্বোধন কৰা আদি নানা সমস্যাৰ সন্মুখীন হ’ব লগা হয়। দেশৰ পৰিকল্পনা প্রস্তুত কৰোঁতে সমস্যাবিলাকৰ প্রাধান্য নির্ণয় কৰাও জটিল সমস্যা। ইয়াৰ উপৰিও প্ৰভাৱ গোষ্ঠীৰ প্ৰভাৱ, সমান গুৰুত্ব থকা সমস্যাসমূহ, পুঁজিৰ তুলনাত সমাধান কৰিবলগীয়া অধিক সমস্যা ইত্যাদিৰ কাৰণে সমস্যা নিদ্ধৰিণৰ সমস্যা জটিল হৈ পৰে। কল্যাণমুখী বিভিন্ন সেৱাসমূহ যেনে- স্কুল, চিকিৎসালয়, বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা, উচ্চ শিক্ষা, যাতায়ত উন্নয়ন, অধিক লো, সাৰ আদিৰ কাৰখানা ইত্যাদি সমস্যাবিলাকে প্রশাসক সকলক ব্যতিব্যস্ত কৰি তোলে। কোনোটো সমস্যাই কম গুৰুত্বপূৰ্ণ নহয়। সেয়ে তুলনামূলকভাৱে বেছি গুৰুত্বপূৰ্ণ সমস্যাবিলাক নিৰ্দ্ধাৰণ কৰা সম্পৰ্কে সিদ্ধান্ত লোৱাটো প্ৰশাসকৰ কাৰণে এটা জটিল সমস্যা।

(৩) শুদ্ধ সিদ্ধান্ত লোৱাৰ সমস্যা : সাধাৰণতে কার্যবিধি মানি সিদ্ধান্ত লোৱা হয়। নথি-পত্ৰ পৰীক্ষা, সংশ্লিষ্ট বিষয়াৰ পৰীক্ষা আৰু অনুমোদন আদিৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰিলেই সিদ্ধান্ত শুদ্ধ হ’ব নোৱাৰে। কার্যবিধি অনুসৰি গ্ৰহণ কৰাৰ উপৰিও সিদ্ধান্তসমূহ সংগঠনৰ লক্ষ্য পূৰণৰ লগত সম্পর্ক থাকিলেহে শুদ্ধ সিদ্ধান্ত হ’ব পাৰিব।

(৪) পক্ষপাতিত্ব : পক্ষপাতিত্বায়ো শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰাত যথেষ্ট বাধা জন্মায়। সেয়ে পক্ষপাতিত্বহীন শুদ্ধ সিদ্ধান্ত লোৱাটো প্ৰশাসনৰ এটা জটিল সমস্যা। প্রশাসন আৰু জনসাধাৰণৰ প্ৰতি সমানে প্রশাসকৰ দায়িত্ব থাকে । জনসাধাৰণৰ আস্থা ৰাখিবলৈ চেষ্টা কৰি প্ৰশাসনীয় সংগঠনৰ অখণ্ডতা আৰু বিশ্বাস হেৰুৱাটো অনুচিত। সেইদৰে প্ৰশাসনীয় সংগঠন অখণ্ডতা আৰু বিশ্বাস ৰাখিবলৈ চেষ্টা কৰি জনসাধাৰণৰ স্বাথ আওকাণ কৰাটো দায়িত্বহীনতাৰ পৰিচায়ক হ’ব। প্ৰশাসনীয় সংগঠন আৰু জনসাধাৰণৰ প্ৰতি থকা দায়িত্বৰ লগত প্রশাসকে ব্যক্তিগত কাম আৰু অভিমতৰ সামঞ্জস্য ৰাখিব নোৱাৰিলেও পক্ষপাতিত্বহীন সিদ্ধান্ত লোৱাত অসুবিধা হয়। প্রশাসনে বস্তুনিষ্ঠ আৰু পক্ষপাতিত্বহীনভাৱে ৰাজহুৱা স্বাৰ্থৰ হৈ কাম কৰাটো চৰকাৰৰ পক্ষে অধিক গুৰুত্বপূৰ্ণ হৈ আহিছে। জনসাধাৰণেও প্রশাসনৰ এনে নিষ্ঠাবান কাৰ্য আশা কৰাৰ স্বত্ব আছে। 

3. Discuss the principles of Scientific

Management Theory.

Ans: টেইলৰৰ বৈজ্ঞানিকব্যৱস্থাপনাৰ তত্ত্ববটি চাৰিটা মূল নীতিৰ আধাৰত প্ৰতিষ্ঠিত, সেই নীতিকেইটা হৈছে—

(১) কৰ্মৰ প্ৰকৃত বিজ্ঞান।

(২) কৰ্মচাৰীৰ বৈজ্ঞানিক নির্বাচন আৰু প্ৰশিক্ষণ।

(৩) পৰিচালক আৰু কৰ্মচাৰীৰ মাজত কাৰ্য আৰু দায়িত্বৰ বিভাজন। আৰু

(৪) শ্রমিক আৰু ব্যৱস্থাপনাৰ মাজৰ পাৰস্পৰিক সংযোগ। 

(১) কৰ্মৰ প্ৰকৃত বিজ্ঞান : এক ব্যৱস্থাপনাৰ প্ৰকৃত বিকাশৰ লক্ষ্যই আছিল বৈজ্ঞানিক ব্যৱস্থাপনাৰ প্ৰথমটো নিৰ্দেশক নীতি। টেইলৰে যুক্তি দর্শাইছিল যে ব্যৱস্থাপনা হৈছে এক প্রকৃত বিজ্ঞান যি নির্দিষ্ট আইন, বিধি-বিধান আৰু নীতিৰ আধাৰত প্ৰতিষ্ঠিত। ব্যৱস্থাপনাৰ মূল লক্ষ্য হ’ল নিয়োগকৰ্তাৰ লগতে প্ৰতিজন কৰ্মচাৰীৰ সৰ্বাধিক সমৃদ্ধি ।

নিয়োগকর্তা, কৰ্মচাৰী আৰু উপভোক্তাৰ স্বাৰ্থ আৰু অভিপ্ৰায়ৰ মাজত কোনোধৰণৰ সহজাত বিৰোধ নাথাকে। এই ধাৰণাৰ ওপৰতেই বৈজ্ঞানিক ব্যবস্থাপনা তত্ত্ব প্রতিষ্ঠিত। টেইলৰে অধিক উৎপাদনশীলতাৰ ফলাফল সকলো ৰৈ বাবে অর্থাৎ শ্রমিক, নিয়োগকর্তা আৰু উপভোক্তাৰ বাবে (যেনে-শ্রমিকৰ বাবে উচ্চ হাৰত মজুৰি, ব্যৱস্থাপনাৰ বাবে অধিক মুনাফা আৰু উপভোক্তাৰ বাবে নিম্ন দৰত পণ্য উপলব্ধিকৰণৰ ৰূপত) সমানে উপলব্ধ হ’ব লাগে বুলি মত পোষণ কৰিছিল। এনেদেৰ কৰ্মৰ প্রকৃত বিজ্ঞানে কোনো একোটা সংগঠনক অধিক উৎপাদন, শ্রমিকসকলক অধিক পাৰিশ্ৰমিক লাভ কৰাত সহায় কৰাৰ লগতে সংগঠনটোৰ পক্ষে অধিক মুনাফা আৰ্জন কৰাটো সম্ভৱপৰ কৰি তোলে।

(২) কৰ্মচাৰীৰ বৈজ্ঞানিক নির্বাচন আৰু প্ৰশিক্ষণ : টেইলৰৰ বৈজ্ঞানিক ব্যৱস্থাপনা তত্ত্বই কৰ্মৰ কাৰ্যকৰী কর্মক্ষমতাৰ বাবে যাৱতীয় শাৰীৰিক আৰু বৌদ্ধিক গুণাবলী সম্পন্ন কৰ্মচাৰীসকলৰ বাচনি কৰাৰ প্রয়োজনীয়তাক সজোৰে পোষকতা কৰিছিল। তেওঁ বিশ্বাস কৰে যে প্ৰতিজন শ্রমিকৰে বিকাশৰ সম্ভাৱনীয়তা আছে। সেয়েহে প্রতিজন কর্মচাৰীকে পদ্ধতিগতভাৱে আৰু পুংখানুপুংখভাৱে প্ৰশিক্ষণ প্রদান কৰাৰ ওপৰত টেইলৰে জোৰ দিছিল। কৰ্মচাৰী সকলে যাতে তেওঁলোকৰ স্বাভাৱিক সামর্থ্যতাৰে তেওঁলোকৰ ওপৰত আৰোপিত কার্য নিয়াৰিকৈ সম্পাদন কৰিব পাৰে তাৰ বাবে কৰ্মচাৰী সকলক প্ৰয়োজনীয় সুযোগ প্ৰদান কৰাটো পৰিচালকৰ প্ৰধান দায়িত্ব বুলি টেইলৰে মত প্ৰকাশ কৰিছিল। এই ক্ষেত্ৰত নিয়োগকর্তাই শ্ৰমিকসকলৰ নিশ্চয়তা প্রদানৰ আৱশ্যকতাৰ বিষয়েও টেইলৰে দোহাঁৰিছিল।

(৩) ব্যৱস্থাপনা আৰু কৰ্মচাৰীৰ মাজত কাৰ্য আৰু দায়িত্বৰ সম বিভাজন : পৰম্পৰাগত ব্যৱস্থাপনা তত্ত্বত পৰিচালকে ন্যূনতম দায়বদ্ধতা বহন কৰি সমগ্ৰ দায়বদ্ধতা কৰ্মচাৰীসকলৰ ওপৰত ন্যস্ত কৰা হৈছিল। টেইলৰৰ বৈজ্ঞানিক ব্যৱস্থাপনাৰ অৱধাৰণাই পৰিচালক আৰু কৰ্মচাৰীসকলৰ সম দায়বদ্ধতাৰ পোষকতা কৰে। এই উদ্দেশ্যেৰে তেওঁ পৰিচালক আৰু কৰ্মচাৰীৰ মাজত শ্ৰম আৰু দায়বদ্ধতাৰ এক যথাযথ বিভাজনৰ সজোৰে সমৰ্থন কৰে। এইক্ষেত্ৰত কৰ্মচাৰীসকলৰ কামৰ আধা অংশ ব্যৱস্থাপনাই সম্পাদন কৰা উচিত বুলিও টেইলৰে পৰামৰ্শ আগবঢ়াইছিল। পৰিচালকে তেওঁলোকৰ লগত ৰজিতা খুৱাকৈ পৰিকল্পনা, সংগঠন, নিয়ন্ত্রণ আৰু কৰ্ম পদ্ধতি নিৰ্দ্ধাৰণৰ দৰে কাৰ্যবিলাকৰ দায়িত্ব গ্ৰহণ কৰিব লাগে। কৰ্মৰ বিভাজনে নিশ্চিতভাৱে শ্ৰমিক আৰু পৰিচালকৰ মাজত বুজাবুজি আৰু পাৰস্পৰিক নিৰ্ভৰশীলতাৰ মনোভাৱ জগাই তুলিব।

(৪) কৰ্মচাৰী আৰু ব্যৱস্থাপনাৰ মাজৰ পাৰস্পৰিক সহযোগিতা : টেইলৰৰ বৈজ্ঞানিক ব্যৱস্থাপনাৰ চতুৰ্থটো নীতি অনুসৰি ব্যৱস্থাপনা আৰু কৰ্মচাৰীসকলৰ মাজত সনত্রিয় সহযোগিতা আৰু সৌহাদ্যপূর্ণ সম্পর্ক বার্তাই ৰখা উচিত। দুয়োটা পক্ষৰে মাজত পাৰস্পৰিক বিশ্বাস থাকিব লাগে। এক সুস্থ আৰু অনুকূল বাতাবৰণ গঢ়ি তোলাৰ জৰিয়তেহে দক্ষতা আৰু উৎপাদনশীলতাৰ উত্তৰণ ঘটোৱাতো সম্ভৱপৰ এইক্ষেত্ৰত কৰ্মমাৰী আৰু পৰিচালক উভয়ৰে সমান দায়বদ্ধতা থাকে। প্রতিজন কৰ্মচাৰীৰ সৰ্বাধিক উৎপাদন ক্ষমতাৰ লগতে বৈজ্ঞানিক ব্যৱস্থাপনাই কৰ্মচাৰী আৰু পৰিচালক উভয়ৰে উপাৰ্জন বৃদ্ধি কৰিব। এনেদৰে মূলধন আৰু শ্ৰমৰ মাজৰ সকলোধৰণৰ সংঘাত নিষ্পত্তি হ’ব।

উল্লেখ্য যে উপৰোক্ত চাৰিটা নীতিৰ সংমিশ্রণেই হৈছে বৈজ্ঞানিক ব্যৱস্থাপনাৰ মূল আধাৰ স্বৰূপ। সমসাময়িক সময়ৰ প্ৰেক্ষাপটত বৈজ্ঞানিক ব্যৱস্থাপনা এক বৈপ্লৱিক অৱধাৰণা আছিল। ওদ্যোগিক ব্যৱস্থাপনাৰ সমগ্ৰ দৃষ্টিভঙ্গীটোৱেই এক আমূল পৰিৱৰ্তন সাধন কৰিছিল। ইয়াৰ জৰিয়তে শ্ৰম আৰু পার্থিব সম্পদৰাজিৰ যথাযথ ব্যৱহাৰৰ জৰিয়তে মানৱীয় আৰু পাৰ্থিৱ সম্পদসমূহৰ অপচয় ৰোধ কৰা হৈছিল। কাৰখানা বিলাকত কর্ম পদ্ধতিৰ মান উন্নীতকৰণৰ লগতে কাম কৰাৰ পৰিৱেশৰ উন্নতিৰ ক্ষেত্ৰতো ই সহায় কৰিছিল। শ্ৰমিকসকল উচ্চ হাৰত মজুৰি, উন্নত সংস্থাপন আৰু প্রশিক্ষণ, কাম কৰাৰ সময় হাসকৰণ আৰু কাম কৰাৰ পৰিৱেশৰ উন্নীতকৰণৰ জৰিয়তে বহু পৰিমাণে উপকৃত হৈছিল এনেদৰে বৈজ্ঞানিক ব্যৱস্থাপনা আন্দোলনে ব্যৱস্থাপনাক এক ফলদায়ক সংগঠন গঢ়ি তোলাৰ ক্ষেত্ৰত ফলপ্রসূ নির্দেশনাৰ সন্ধান দিছিল। টেইলৰ আছিল প্রথমজনা ব্যৱস্থাপক চিন্তাবিদ, যিয়ে ব্যৱস্থাপনাৰ পাঁচটা মূল স্বীকাৰ্যৰ সূচনা কৰাৰ লগতে ইবিলাকৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল। এইকেইটা হৈছে ক্ৰমে— গবেষণা, মান, পৰিকল্পনা, নিয়ন্ত্ৰণ আৰু শ্ৰম আৰু ব্যৱস্থাপনাৰ মাজৰ পাৰস্পৰিক সহযোগিতা। উল্লেখযোগ্য যে এই পাঁচটা নীতিয়েই হৈছে যিকোনো সফল ব্যৱস্থাপনাৰ মূল চাবি কাঠি স্বৰূপ।

কুৰি শতিকাৰ আদিভাগত আমেৰিকা যুক্তৰাষ্টত প্ৰশাসনীয় চিন্তাধাৰা আৰু কাম-কাজৰ বেলিকা বৈজ্ঞানিক ব্যৱস্থাপনাই এক গভীৰ প্রভাব পেলাইছিল। এই প্রভাৱ ওদ্যোগিক আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ উপৰিও চৰকাৰী সংগঠনবিলাকলৈও প্ৰসাৰিত হৈছিল। ১৯১০ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি William Howard Trafiৰ নেতৃত্বত অর্থনীতি আৰু দক্ষতা আয়োগ প্ৰতিষ্ঠাৰ ৰূপত বৈজ্ঞানিক ব্যৱস্থাপনা আন্দোলনৰ বহিঃপ্রকাশ ঘটিছিল। এই আয়োগৰ অনুমোদনাৱলীয়ে বৈজ্ঞানিক ব্যৱস্থাপনা আন্দোলনক অধিক জনপ্ৰিয় কৰি তুলিছিল। পৰৱৰ্তী সময়ত গণতান্ত্রিক বিশ্বাস আৰু অসামৰিক সেৱা সংস্কাৰৰ জৰিয়তে প্ৰশাসনীয় দক্ষতা বৃদ্ধিৰ পোষকতা কৰা উদ্ৰ উইলছনে চৰকাৰৰ গণতান্ত্রিক নীতিৰ সৈতে দক্ষতা একত্ৰীকৰণৰ প্ৰয়াস কৰিছিল। টেইলৰে পোষকতা কৰা উৎপাদনশীল কিম্বা ব্যৱস্থাপকীয় প্ৰতিটো কাম কৰাৰ সৰ্বোৎকৃষ্ট উপায়টিক ওদ্যোগিক আৰু চৰকাৰী ব্যৱসায় আৰু ব্যৱস্থাপনাত সমানভাৱে ৰূপায়িত কৰা হৈছিল। এনেদৰে গণতান্ত্রিক নীতি আৰু টেইলৰৰ বৈজ্ঞানিক প্রযুক্তি এই দুয়োটা আমেৰিকাৰ লোক প্রশাসনৰ মূল আধাৰ স্বৰূপে পৰিগণিত হৈছিল।

প্ৰসংগক্ৰমে উল্লেখ কৰাটো সমুচিত হ’ব যে বৈজ্ঞানিক ব্যৱস্থাপনাৰ কৰিছিল। ১৯২০ চনত লেনিনে উৎপাদন বৃদ্ধিৰ উদ্দেশ্যেৰে ৰাছিয়ান ওদ্যোগিক পৰিচালকসকলক বিশেষভাৱে উৎসাহিত কৰিছিল। ১৯৩০-১৯৪০ চনৰ এই প্ৰয়োগৰ জৰিয়তে উৎপাদনশীলতা আৰু দক্ষতা বৃদ্ধিৰ হকে যথেষ্ট প্রচেষ্টা চলোৱা হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top