Perspectives on Public Administration Unit 1 Public Administration As a Discipline

Perspectives on Public Administration Unit 1 Public Administration As a Discipline Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Perspectives on Public Administration Unit 1 Public Administration As a Discipline Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Perspectives on Public Administration Unit 1 Public Administration As a Discipline Question Answer can be of great value to excel in the examination.

Perspectives on Public Administration Unit 1 Public Administration As a Discipline

Join Telegram channel

Perspectives on Public Administration Unit 1 Public Administration As a Discipline Notes cover all the exercise questions in UGC Syllabus. The Perspectives on Public Administration Unit 1 Public Administration As a Discipline provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Public Administration As a Discipline

POLITICAL SCIENCE

Perspectives on Public Administration লোক প্ৰশাসনৰ প্ৰেক্ষাপটসমূহ

Very Objective Type Questions 

1. The book “Principle of Public Administration” was written by- Willoughby/Fayol/Follett.

Ans: Willoughby.

2. The Scientific Management Theory was propounded by Taylor/Willoughby/Simon.

Ans: Taylor.

3. Which one of the following is regarded as the father of Public Administration-Wilson/L.D. White/ Simon’

Ans: Wilson.

4. The Integral view of Public Administration was supported by Dimock/Simon/L.D. White.

Ans: Simon.

5. The Book “Introduction to the Study of Public Administration” is written by- L.D. White/ Willoughby/Simon.

Ans: L.D. White.

6. “The Public Administration is the art and science of management as applied to the affairs of State.” This statement was made by Waldo/L.D. White/Luther Gulick.

Ans: Luther Gulick.

7. Public Administration was regarded as Arts by-Ardwick/Domham/Neely.

Ans: Ardwick.

8. The Book “Administrative Behavior” was written by-Taylor/Simon/Elton Mayo.

Ans: Simon.

9. Public Administration was regarded as Science by-Ardwick/Charlesworth/Simon.

Ans: Simon.

10. The book “POSDCORB” was used by Gulick and Ardwick/L.D. White/Simon.

Ans: Gulick and Ardwick.

11. The Managerial view of public Administration was supported by Simon/L.D. White/Luther Gullick.

Ans: L.D. White.

Short Type Questions 

1. Similarities between Public Administration and Private Administration.

Ans: (১) প্রশাসন কার্য পৰিচালনাত থকা সাদৃশ্য: লোক প্রশাসন আৰু বেচৰকাৰী প্ৰশাসন দুয়োবিধতে প্রশাসন কার্য পৰিচালনাৰ কাৰণে একে ধৰণৰ ব্যৱস্থাপকীয় কৌশল ব্যৱহৃত হয়। উদাহৰণস্বৰূপে বাজেট প্রস্তুতি, হিচাপ পদ্ধতি, কর্মী বা শ্রমিক পৰিদর্শন, প্রণালীবদ্ধ পৰিকল্পনা ইত্যাদি। লোক প্রশাসন আৰু বেচৰকাৰী প্ৰশাসনৰ দুয়ে। ব্যৱস্থাপনাতে নিপুণতা আৰু মিতব্যয়িতাৰ কাৰণে ফ্রেডৰিক টেইলৰে উল্লেখ কৰা কাৰ্য সম্পাদনৰ শ্রেষ্ঠতম পদ্ধতিৰ আৱশ্যক হয়।

(২) শ্রমিক সংস্থাপনত থকা সাদৃশ্য: লোক প্রশাসন আৰু বেচৰকাৰী প্ৰশাসন উভয়েই পৰস্পৰে পৰস্পৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা দেখা যায়। দুয়োবিধ প্ৰশাসনৰ মাজত ব্যৱস্থাপকীয় কৌশলসমূহৰ লগতে শ্ৰৰমিকসকলৰো বিনিময় ঘটে। বেচৰকাৰী উদ্যোগটোৰ কৰ্মীসকলক অপসাৰিত কৰা নহয়। কিয়নো তেওঁলোকৰ প্ৰশাসনীয় গুণ বা যোগ্যতাসমূহ ৰাষ্ট্ৰীয়কৰণ কৰাৰ পাছতো আৱশ্যক হৈ পৰে। এই প্ৰসংগত উদাহৰণস্বৰূপে ক’ব পাৰি যে ভাৰতত ইন্দিৰা গান্ধীৰ প্রধানমন্ত্ৰীত্বৰ কালছোৱাত ১৪টা বেংক ৰাষ্ট্ৰীয়কৰণ কৰাৰ পাছত পূৰ্বৰ বেংক কৰ্মীৰ ঠাইত নতুন কর্মী লোৱা বা তেওঁলোকৰ ব্যৱস্থাপকীয় কৌশল পৰিবৰ্তন কৰাৰ প্ৰয়োজন হোৱা নাছিল। এই কৰ্মচাৰীসকলে পূৰ্বৰ দৰেই কার্য পৰিচালনা কৰাৰ সুবিধা লাভ কৰিছিল। চৰকাৰী প্রশাসন আৰু বেচৰকাৰী প্ৰশাসনৰ ব্যৱস্থাপকীয় কৌশলৰ সাদৃশ্য থকাৰ হেতুকে এয়া সম্ভৱ হৈছিল। চৰকাৰী নিগমসমূহৰ প্ৰশাসন বেচৰকাৰী বা ব্যৱসায়িক আৰ্হিৰ ভিত্তিত প্রতিস্থিত। মুনাফা আর্জন কৰিব পৰা বে- চৰকাৰী প্ৰশাসনৰ ব্যৱসায়িক আৰু সংগঠনক প্রয়োগকৰণৰ উদ্দেশ্যেৰেই এই নিগমসমূহৰ প্ৰকৃতি অৰ্ধচৰকাৰী আৰু অৰ্ধ-বেচৰকাৰী কৰা হৈছে। কৰ্মচাৰী নিয়োগ, সেৱা সমূহৰ চৰ্তাৱলী, শ্রমিক কল্যাণ আদিৰ ক্ষেত্ৰতো বে-চৰকাৰী প্ৰশাসনৰ ওপৰত চৰকাৰী প্রশাসনে প্রভাৱ পেলাইছে। 

(৩) অভিপ্রায়ৰ বেলিকা সাদৃশ্য: অভিপ্রায়ৰ ফালৰ পৰা চালেও দুয়োবিধ প্রশাসনৰ মাজত সাদৃশ্য পৰিলক্ষিত হয়। আর্থিক মুনাফা আৰ্জন কৰ। বেচৰকাৰী প্ৰশাসনৰ মূল চালিকা শক্তি। লোক প্রশাসনৰ ক্ষেত্ৰত মুনাফা আৰ্জন কৰা মুখ্য উদ্দেশ্য নহয়। সেয়ে হ’লেও অৱশ্যে বৰ্তমানৰ গণতান্ত্রিক চৰকাৰসমূহে ৰাজহুৱা খণ্ডত উদ্যোগ প্রতিষ্ঠা আৰু পৰিচালনা কৰিবলৈ লোৱা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে এনে প্রতিষ্ঠানসমূহৰ আৰ্থিক আত্ম-নিৰ্ভৰশীলতাৰ অভাৱতে আর্থিক মুনাফা আহৰণৰ ধাৰণাই লোক প্রশাসনতো প্ৰৱেশ কৰিছে। অর্থাৎ ক’ব পাৰি যে অভিপ্ৰায়ৰ ফালৰ পৰাও দুয়োবিধ প্রশাসনৰ মাজত বহু পৰিমাণে সাদৃশ্য বৃদ্ধি পাইছে।

(৪) বৰ্তমানৰ কল্যানকামী ৰাষ্ট্ৰৰ ধাৰণাৰ ফলত এখন আধুনিক সমাজত জনকল্যাণ আৰু সামাজিক প্ৰগতিৰ ক্ষেত্ৰত লোক প্রশাসন আৰু বেচৰকাৰী প্ৰশাসনৰ মাজৰ পাৰস্পৰিক বোধ আৰু সহযোগিতাৰ আৱশ্যকতা আহি পৰিছে।

2. Write four differences between Public Administration and Private Administration.

Ans: (১) অভিপ্রায় : লোক প্রশাসন আৰু বেচৰকাৰী প্ৰশাসনৰ মাজত অভিপ্ৰায়ৰ দিশৰ পৰা স্পষ্ট প্রভেদ দেখা পোৱা যায়। লোক প্ৰশাসনৰ উদ্দেশ্য হৈছে সেৱা কৰা। মুনাফা আৰ্জন কৰা ইয়াৰ প্ৰধান উদ্দেশ্য নহয়। অৱশ্যে কোনো বিশেষ শ্রেণীৰ স্বাৰ্থ পূৰণৰ লগত লোক প্রশাসন জড়িত নাথাকে বুলি কোৱাতো শুদ্ধ হ’ব নোৱাৰে।অৱশ্যে চৰকাৰী নিগম বা উদ্যোগসমূহৰ পৰা আর্জিত মুনাফা কোনো ব্যক্তি বা শ্ৰেণীৰ হাতলৈ নাযায় নতুবা লোকচান হ’লেও জনসাধাৰণৰ আৱশ্যকতাৰ স্বাৰ্থত বন্ধ কৰি দিয়া নহয়। কিন্তু বেচৰকাৰী প্ৰশাসনৰ ক্ষেত্ৰত মুনাফাই মুনাফা অর্জনেই হৈছে প্ৰশাসনৰ মূল চালিকা শক্তি। বেচৰকাৰী প্ৰশাসনৰ মুনাফা সদায় কোনো ব্যক্তি সমষ্টিয়ে ভোগ কৰে। লোকচানৰ সন্মুখীন হৈ কোনো বেচৰকাৰী প্ৰশাসনেই তিষ্ঠি থাকিব নোৱাৰে।

(২) সংগঠন : সংগঠনৰ বিষয়ত লোক প্রশাসন আৰু বেচৰকাৰী প্ৰশাসনৰ মাজত যথেষ্ট মিল থকা সত্বেও ক’ব পাৰি যে লোক প্রশাসনৰ সংগঠন আমোলাতান্ত্রিক আৰু বেচৰকাৰী প্ৰশাসনৰ সংগঠন ব্যৱসায়িক চৰিত্ৰযুক্ত। আমোলাতান্ত্রিক হোৱাৰ ফলত লোক প্রশাসন বেচৰকাৰী প্ৰশাসনৰ তুলনাত নৈব্যক্তিক। বেচৰকাৰী প্ৰশাসনৰ ক্ষিপ্রতা প্ৰশসনীয়। ৰঙাফিতাৰ মেৰ পাকৰ পৰা হোৱা বিলম্বৰ কাৰণে লোক প্রশাসনক প্রায়েই সমালোচনা কৰা হয়।

(৩) আৱশ্যকতা : বেচৰকাৰী প্ৰশাসনৰ কাৰ্যৰ তুলনাত লোক প্ৰশাসনৰ কাৰ্যসমূহ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ্থে অত্যন্ত জৰুৰী। উদাহৰণস্বৰূপে লোক প্রশাসনৰ এনে জৰুৰী কাৰ্যসমূহ নিৰাপত্তা আদি। এনেবিলাক জৰুৰী কামৰ বাবে লোক প্রশাসনৰ কাৰ্যক্ষেত্র বেচৰকাৰী প্ৰশাসনৰ কাৰ্যক্ষেত্ৰৰ তুলনাত অধিক বিস্তৃত।

(৪) ৰাজহুৱা দায়বদ্ধতা : ৰাজহুৱা দায়বদ্ধতাৰ ক্ষেত্ৰত লোক প্রশাসন আৰু বেচৰকাৰী প্ৰশাসনৰ মাজত গভীৰ প্ৰভেদ আছে। যিহেতু, কৰদাতা নাগৰিকসকলৰ ধনেৰে লোক প্রশাসন পৰিচালিত হয়, গতিকে লোক প্রশাসন প্রত্যক্ষভাৱে জনসাধাৰণৰ ওচৰত দায়বদ্ধ । জনস্বার্থ পূৰণ কৰিব নোৱাৰিলে চৰকাৰখনে জনসাধাৰণৰ ওচৰত জবাবদিহি হ’ব লাগে। আনহাতে তুলনামূলকভাৱে বেচৰকাৰী প্ৰশাসনে মালিকীপক্ষৰ স্বাৰ্থত অধিক গুৰুত্ব প্ৰদান কৰে।

3. Point out the basic features of New Public Administration.

Ans: ডুইট ৱাল্ডো আৰু টি গোলেমবিউকীয়ে নতুন লোক প্ৰশাসনৰ বহুতো উল্লেখযোগ্য বৈশিষ্ট্য আগবঢ়াইছে। সেইবোৰ তলত আলোচনা কৰা হ’ল—

(১) সংস্কাৰধৰ্মী : নতুন লোকপ্রশাসন সংস্কাৰধৰ্মা। এইবিধ লোক প্ৰশাসনৰ পৰম্পৰাগত আৰু আধুনিক প্রবেশ পথ তথা পদ্ধতিৰ সু সমন্বয় ঘটোৱাৰ আৱশ্যকতা প্রবক্তাসকলে অনুভৱ কৰে। তেওঁলোকে পৰম্পৰাগত প্ৰশাসনীয় সংগঠনৰ ব্যৱস্থা অব্যাহত ৰাখিব বিচাৰে।

(২) মানৱ জাতিৰ সম্পূর্ণতা লাভত পৰিৱৰ্তনমুখী : নতুন লোক প্রশাসন সংস্কাৰধৰ্মী। এইবিধ লোক প্রশাসনৰ পৰম্পৰাগত আৰু আধুনিক প্ৰৱেশ পথ তথা পদ্ধতিৰ সু-সমন্বয় ঘটোৱাৰ আৱশ্যকতা প্রবক্তাসকলে অনুভৱ কৰে। তেওঁলোকে পৰম্পৰাগত প্ৰশাসনীয় সংগঠনৰ ব্যৱস্থা অব্যাহত ৰাখিব বিচাৰে।

(৩) উদ্দেশ্যভিত্তিক আৰু পৰিৱৰ্তনমুখী : ‘নতুন লোক প্ৰশাসনৰ আন উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ই উদ্দেশ্যভিত্তিক আৰু পৰিৱৰ্তনমুখী। ই প্ৰশাসনৰ নৈতিক উদ্দেশ্যৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে আৰু নৈতিকতাক ইয়াৰ প্ৰধান ভিত্তি হিচাপে গ্ৰহণ কৰে।

(৪) সমতা, স্বতন্ত্রতা, ন্যায় আদি সামাজিক মূল্যবোধত বিশ্বাসী : ‘নতুন লোক প্ৰশাসনৰ সমতা, স্বতস্থতা, ন্যায় ভাতৃত্ববোধ গণতন্ত্র আদি সামাজিক মূল্যবোধৰ সৈতে নিবিড় সম্পর্ক আছে। ই ব্যক্তিৰ কেন্দ্ৰীয় ভূমিকাৰ ওপৰত আৰু সংগঠনৰ নৈতিক মূল্যবোধৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে।

4. Public Administration and Economics.

Ans: লোক প্রশাসন আৰু অৰ্থনীতিৰ মাজত পাৰস্পৰিক সম্পৰ্ক আছে। মুক্ত অর্থনীতিবাদৰ যুগত লোক প্রশাসনৰ অৰ্থনীতিৰ লগত সম্পর্ক নাছিল। কাৰণ, তেতিয়া লোক প্রশাসনৰ পৰিসৰ বৰ সংকীৰ্ণ আছিল। অর্থনৈতিক বিপ্লৱৰ পাছৰ পৰা অৰ্থনৈতিক সমস্যাৰ লগত লোক প্রশাসন জড়িত হ’বলৈ ধৰিলে । বৃহৎ উদ্যোগ স্থাপন, নগৰীকৰণ, উদ্যোগসমূহত হাজাৰ হাজাৰ বনুৱাৰ সংস্থাপন ইত্যাদিয়ে সৃষ্টি কৰা আইন-শৃংখলা, নাগৰিক স্বাৰ্থ ৰক্ষা আদিৰ নতুন সমস্যাৰ দায়িত্ব লোক প্রশাসনে বহন কৰিব লগা হ’ল। ৰাষ্ট্ৰৰ সমৃদ্ধি সুস্থ অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল হোৱাত লোক প্রশাসনে আৱশ্যকীয় অর্থনৈতিক ব্যৱস্থা হাতত ল’বলগীয়া হৈছে। আন্তৰ্জাতিক বজাৰত প্ৰতিযোগিতা কৰাৰ সামৰ্থ নাথাকিলে লোক প্রশাসনে স্বদেশীয় ওদ্যোগবিলাকক সাহাৰ্য আৰু ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব আহি পৰে। দেশৰ ওঁদ্যোগিক বিকাশৰ কাৰণে চালুকীয়া উদ্যোগকো ৰক্ষণাবেক্ষণ দিবলগীয়া হয়। উদাহৰণস্বৰূপে, দেশবাসীৰ স্বাৰ্থৰ কাৰণে ইংলেণ্ডৰ দৰে দেশে দ্বিতীয় মহাসমৰৰ পাছতে কিছুমান উদ্যোগ ৰাষ্ট্ৰীয়কৰণ কৰে। এই ৰাষ্ট্ৰীয় উদ্যোগবিলাক চলোৱাৰ ভাৰ লোক প্রশাসনৰ ওপৰতেই ন্যস্ত কৰা হৈছিল।

যিকোনো দেশৰ ৰাজহ আৰু বিত্তীয় ব্যৱস্থাই দেশৰ অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলায়। অর্থনৈতিক সমস্যাও এতিয়া মূলতঃ প্ৰশাসনীয় সমস্যা বাণিজ্যিক সমতা বা ৰাহি বিনিয়োগ, বিত্তীয় ৭৭ আদি সমস্যাবিলাকৰ সমাধানৰ ব্যৱস্থা লোক প্রশাসনেই ল’ব লাগে। ‘কল্যাণকামী’ ৰাষ্ট হিচাপে প্ৰচুৰ অৰ্থব্যয় আঁচনি গ্ৰহণৰ কাৰণে বিত্তীয় সমস্যাই দেখা দিয়ে। লোক প্রশাসনে এনে বিত্তীয় সমস্যা সমাধানৰ কাৰণে সুস্থ অর্থনৈতিক নীতি আৰু ব্যৱস্থা লোৱাৰ নিতান্তই প্রয়োজন। 

চৰকাৰী উদ্যোগৰ বাহিৰেও এখন দেশত বহুতো বেচৰকাৰী উদ্যোগ থাকে। এইবিলাকৰো কোনো এখন দেশৰ অৰ্থনৈতিক ব্যৱস্থাত গুৰুত্ব কম নহয়। এইবিলাকৰ ওপৰত চৰকাৰৰ নিয়ন্ত্রণ আছে। লোক প্রশাসনৰ জৰিয়তে এইবিলাকক নিয়ন্ত্রণ কৰা হয়।

ৰাষ্ট্ৰ সমৃদ্ধি, উচ্চ জীৱন নিৰ্বাহৰ মানদণ্ড, সুন্দৰ জীৱন লাভৰ কাৰণে লোক প্রশাসন আৰু যৌথ প্রচেষ্টাৰ অনুভৱ কৰা হৈছে। বিশেষকৈ পুঁজিবাদী দেশবিলাকত নীতিহীন অর্থনৈতিক বা অর্থনীতিহীন নীতি বর্তমান যুগত অসম্ভৱ হৈ পৰিছে। সেয়ে অর্থনীতিক আমি এতিয়া ৰাজনৈতিক অর্থনীতি হিচাপেহে পাওঁ। লোক প্রশাসনৰ মুদ্ৰা যোগান, সুদৰ হাৰ, বিনিয়োগ, উৎসাহ মুদ্রাস্ফীতি আৰু জাতীয় অর্থনৈতিক উন্নতি বা অৱনতিৰ বৰঙনি যোগাব পাৰে।

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে লোক প্রশাসন আৰু অর্থনীতিৰ মাজত ঘনিষ্ঠ সম্পর্ক আছে। এটা আনটোৰ ওপৰত নিৰ্ভৰশীল । পুঁজিবাদী দেশৰ ওঁদ্যোগিক ব্যৱস্থাপনা আৰু শ্রমিক সংঘৰ মাজৰ সংঘাতৰ আপোচ মীমাংসাৰ বাবে লোক প্রশাসনৰ কৌশলপূর্ণ হস্তক্ষেপৰ আৱশ্যক।

5. Public Administration and Sociology.

Ans: সমাজশাস্ত্রই মানুহক সামাজিক প্রাণী হিচাপে অধ্যয়ন কৰে। ব্যক্তিয়ে ব্যক্তি হিচাপে, ব্যক্তিগতভাৱে পৰিচিত ক্ষুদ্র সামাজিক সমষ্টিবোৰৰ অংশ হিচাপে, নৈব্যক্তিক বৃহৎ সামাজিক সমষ্টিৰ অংশ হিচাপে আৰু সমস্ত সমাজৰ অংশ হিচাপে জীয়াই থাকিব লাগে।

নিজ স্বার্থ, পৰিয়াল আদিৰ দৰে ঘনিষ্ঠ সম্পর্ক থকা ক্ষুদ্ৰ সমষ্টিৰ স্বাৰ্থ আৰু বৃহৎ সমষ্টিবোৰৰ স্বাৰ্থ ৰক্ষা কৰি, ব্যক্তিয়ে আচৰণ কৰিবলগীয়া হয়। সকলো সামাজিক গোটৰ লক্ষ্য আদর্শ, ৰীতি-নীতি, প্ৰমূল্য আদিৰ লগত খাপ খুৱাই নিজ লক্ষ্য বা আদর্শৰ অনুধাবন

কৰিবলগীয়া হয়। সংৰক্ষিত সামাজিক পৰম্পৰা, আদৰ্শ আৰু প্ৰমূল্যকো সামাজিক প্ৰচেষ্টাৰে পৰিসংশোধিত কৰাৰ দায়িত্ব ব্যক্তিৰেই। সমাজ বিজ্ঞানে সৰু-বৰ সমষ্টিৰে গঠিত সমাজৰ বিৱৰ্তন আৰু ইয়াৰ লগত ব্যক্তিত্ব সম্পর্ক সম্বন্ধে অধ্যয়ন আৰু অনুসন্ধান কৰে।

লোক প্রশাসনো সমাজৰ এক সামাজিক সৃষ্টি। দুয়োটা বিষয়ৰে জনসাধাৰণৰ সৈতে সম্পর্ক আছে। যিসকল ব্যক্তিৰে লোক প্রশাসন। সংগঠন গঠিত হৈছে, তেওঁলোকৰ বহল সমাজখনৰ সভ্য হোৱাৰ উপৰিও আন ক্ষুদ্র সামাজিক সমষ্টিবিলাকৰো সভ্য। লোক প্ৰশাসনৰ সংগঠনৰ প্ৰতি থকা আনুগত্যৰ কাৰণে ব্যক্তিয়ে আন সমষ্টিবোৰৰ প্ৰতি থকা আনুগত্যসমূহৰ বৰ্জন কৰিব নোৱাৰে।

এজন লোক প্রশাসনে সমাজশাস্ত্ৰৰ বিষয়ে ভালদৰে জানিব লাগিব। তেতিয়াহে তেওঁ সামাজিক সমস্যাবিলাক ভালদৰে সমাধান কৰিব পাৰিব। সমাজ বিজ্ঞানৰ পৰা এজন প্ৰশাসকে শ্রেণী, ক্ষমতা, বৃত্তি, পৰিয়াল, জাতি, সামাজিক ময্যদা আদি ধাৰণাৰ বিষয়ে জানিব পাৰে। প্ৰশাসনৰ ওপৰত এইবিলাকৰ যথেষ্ট প্ৰভাৱ পৰে। মেক্স ওৱেবাৰয়ে ‘আমোলাতস্ত্ৰ’ৰ বিষয়ে লিখা ৰচনা লোক প্রশাসনলৈ এক বিশেষ অৱদান বর্তমানে এই তত্ত্বই লোক প্রশাসনত স্থান পাইছে।

লোক প্রশাসন সংগঠনৰ ভিতৰতা পযয়ি, কাম, সহানুভূতি, বিদ্বেষ আদিৰ ওপৰত ভিত্তি কৰি সৰু সৰু গোট বা সমষ্টিৰ সৃষ্টি হয়। এইবিলাক গোটৰ প্ৰতিও ব্যক্তিৰ আনুগত্য থাকে। ব্যক্তিৰ আচৰণৰ ওপৰত এইদৰে ব্যক্তিগত, সামাজিক, সমষ্টিগত, দলীয় আৰু প্ৰশাসনীয় আদর্শ, প্রমূল্য আৰু আনুগত্যই এক দ্বন্দ্বাত্মকৰূপে প্ৰভাৱ বিস্তাৰ কৰে। গতিকে লোক প্রশাসনত প্ৰশাসনীয় সমস্যাৰ অধ্যয়ন কৰোঁতে সমাজবিজ্ঞানীৰ দৃষ্টিকোণেৰে অধ্যয়ন কৰাৰ প্ৰয়োজন আহি পৰে।

সমাজৰ গাঁথনিত সামাজিক স্বাৰ্থ ৰক্ষা কৰাত লোক প্রশাসন এক অপৰিহাৰ্য অংগ। গতিকে সমাজ বিজ্ঞানীসকলেও লোক প্রশাসনক সমাজৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে অধ্যয়ন কৰে।

6. Write short notes on.

[a] Nature of Public Administration.

Ans: ১৮৮৭ চনত প্ৰকাশিত উড়ৰো উইলচনৰ “The Study of Administration” শীর্ষক গ্ৰন্থখনৰ জৰিয়তে লোক প্রশাসনৰ প্রকৃতি সম্পৰ্কীয় অধ্যয়নৰ সূচনা কৰা হয়। তেওঁলোক প্রশাসন আৰু ৰাজনীতিৰ মাজৰ বিভাজন [Politics Administration Dichotomy] শীর্ষক এক চিন্তাৰ জন্ম দিয়ে। তেওঁৰ মতে, ৰাজনীতিৰ লগত লোক প্ৰশাসনৰ কোনো সম্পর্ক নাই। ই সম্পূর্ণ এক স্বতন্ত্র বিষয়। ৰাজনীতিয়ে চৰকাৰী নীতি সিদ্ধান্ত আদি গ্ৰহণ কৰে আৰু লোক প্রশাসনে তেনে নীতি-সিদ্ধান্ত আদি কার্যকৰী কৰে। আন কথাত ক’বলৈ গ’লে, ৰাজনীতি য’তেই শেষ হৈছে তাৰ পৰাই লোক প্রশাসনৰ আৰম্ভ হোৱা বুলি ক’ব পাৰি। তদুপৰি প্ৰশাসনৰ লগত যদি ৰাজনীতি জড়িত থাকে তেন্তে প্রশাসন কার্যত ই দূর্নীতিক প্রশ্রয় দিব। ৰাজনীতি আৰু লোক প্ৰশাসনৰ বিভাজন সম্পৰ্কীয় উদৰ উইলছনৰ ধাৰণাৰ প্ৰতি উইলবি, হোৱাইট, লুথাৰ গুলিক, হেনৰি ফেয়ল আৰু আৰমইক আদিয়ে পোষকতা কৰা দেখা যায়। তেওঁলোকৰ মতে, লোক প্রশাসনৰ নিজস্ব দর্শন, নীতি নিয়ম আছে যিবিলাক ৰাজনীতিৰ পৰা সম্পূর্ণ পৃথক। ৰাজনীতিৰ কর্মক্ষেত্র নীতি-নিৰ্দ্ধাৰণ, আনহাতে প্ৰশাসনৰ কাৰ্যক্ষেত্ৰ হৈছেনীতিৰ কাৰ্যকৰীকৰণ। প্রশাসনত ৰাজনীতিৰ অন্তৰ্ভুক্তিকৰণে কার্যতঃ বেমেজালিৰহে সৃষ্টি কৰে। সেয়ে ৰাজনীতি আৰু প্ৰশাসন পৰস্পৰে পৰস্পৰৰ পৰা পৃথক হ’ব লাগে। এনে পৰিপ্ৰেক্ষিততেই ডুণ্ডইট বালডো য়ে ১৯৪০ চনটোক প্ৰশাসনৰ নতুন আৰু পুৰণি চিন্তাবিদৰ মাজত বিভাজন ৰেখা বুলি অভিহিত কৰিছে।

আন এচাম চিন্তাবিদে লোক প্রশাসন আৰু ৰাজনীতিৰ মাজৰ দ্বি বিভাজন নীতিক মানি ল’ব নোখোজে। তেওঁলোকৰ মতে, প্ৰশাসনৰ পৰা ৰাজনীতিক সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰাটো সম্ভৱ নহয়। যদিহে ৰাজনীতিৰ উদ্দেশ্য নীতি নিৰ্দ্ধাৰণ হয় তেন্তে সেই নীতিৰ আসোঁৱাহসমূহ দূৰ কৰি কেনেকৈ উত্তম ধৰণেৰে নিৰ্দ্ধাৰণ কৰিব পাৰি সেয়া প্রশাসনে স্থিৰ কৰি দিব লাগে। ৰাজনীতি আৰু প্ৰশাসনৰ মাজৰ পাৰস্পৰিক সমন্বয়ৰ ফলতহে প্ৰশাসনৰ মিতব্যয়িতা আৰু কাৰ্যদক্ষতা বৃদ্ধি কৰাতো সম্ভৱপৰ হয়।

লোক প্রশাসনৰ প্রকৃতি সম্পর্কে লুথাৰ গুলিকয়ে ‘POSDCORB’ মতবাদ আগবঢ়াইছে। উল্লেখযোগ্য যে লোক প্ৰশাসনৰ ব্যৱস্থাপনাক কেন্দ্ৰ কৰিয়েই লুথাৰ গুলিকৰ ‘POSDCORB’ মতবাদটিৰ জন্ম হৈছে। লোক প্রশাসনে ব্যৱস্থাপনাৰ উমৈহতীয়া কৌশলসমূহ মানি চলে। এই কৌশলসমূহৰ প্ৰতিটোৰে ইংৰাজী শব্দৰ প্ৰথম বৰ্ণৰ সংযোজনত গুলিকৰ ‘POSDCORB অভিধাটো উদ্ভৱ হৈছে। এই কৌশলসমূহ হৈছে- পৰিকল্পনা [P Planning], সংগঠন [O-Organization], বিষয়া নিয়োগ [S-Staffing], সমন্বয় [Co-Co-ordination], প্রতিবেদন [R-Reporting], আয় ব্যয় নির্ণয় [B-Budgeting]। লুথাৰ গুলিকৰ মতে, এয়া হৈছে প্ৰশাসনৰ যান্ত্ৰিক ব্যৱস্থাপনা আন কিছুমান চিন্তাবিদে গুলিকৰ POSDCORB মতবাদটি সমর্থন নকৰে। এই ক্ষেত্ৰত Lewis Marriamৰ নাম উল্লেখযোগ্য। তেওঁৰ মতে লোক প্রশাসনৰ পৰিসৰৰ ক্ষেত্ৰত POSDCORB মতবাদটিয়ে প্রশাসনৰ উমৈহতীয়া কৌশলসমূহৰ ওপৰতহে গুৰুত্ব দিছে আৰু লোক প্রশাসনৰ বিষয়বস্তুৰাজিৰ প্ৰকৃতি আৰু পৰিসৰক আওঁকাণ কৰা পৰিলক্ষিত হয়। তদুপৰি মতবাদটিয়ে লোক প্রশাসনৰ বৰ্ধিত আৰু ক্ৰমাগতভাৱে সম্প্ৰসাৰিত পৰিসৰৰ বিষয়ে অধ্যয়ন অন্তর্ভুক্ত কৰাত ব্যৰ্থ হৈছে। উদাহৰণস্বৰূপে- জনস্বাস্থ্য, শিক্ষা, আইন-শৃংখলা আদিৰ দৰে বিষয়সমূহৰ ক্ষেত্রত প্রশাসন ব্যৱস্থা পৃথক হোৱাতো স্বাভাৱিক। সকলো ধৰণৰ প্রশাসন ব্যৱস্থাতেই যে ‘POSDCORB’ নীতিটো কাৰ্যকৰী হয়। তাৰ কোনোধৰণৰ নিশ্চয়তা নাই। কোনোৱে বিজ্ঞান, কোনোৱে দুয়োটাৰে সংমিশ্ৰণ বুলি অভিহিত কৰিব খোজে। গ্লেডেন.এল.ডি. হোৱাইট, চাৰ্লছ ওৱৰ্থ আদিৰ দৰে চিন্তাবিদসকলে লোক প্রশাসনক কলা বুলি অভিহিত কৰি যুক্তি দৰ্শাইছে যে অন্যান্য কলাবিলাকৰ নিচিনাকৈ লোক প্রশাসনো এবিধ কলা। লোক প্রশাসনৰ নীতি-নিয়মসমূহৰ চৰম সত্যতা আৰু সৰ্বজনীনতাৰ অভাৱ৷ গতিকে ইবিজ্ঞান নহয়, কলাহে। তেওঁলোকৰ মতে,প্ৰশাসন হৈছে চৰকাৰী নীতিসমূহৰ কাৰ্যকৰীকৰণৰ ব্যৱস্থাপনাৰ কলা।

লোক প্রশাসনক বিজ্ঞান বুলি অভিহিত কৰিব খোজাসকলৰ মতে লোক প্রশাসন এক বিজ্ঞান যাক নেকি এক প্রণালীবদ্ধভাবে অধ্যয়ন কৰা হয়। তদুপৰি লোক প্রশাসনৰ তত্ত্ববিলাক প্ৰণালীবদ্ধ অধ্যয়ন আৰু গবেষণা, পৰীক্ষা- নিৰীক্ষাৰ জৰিয়তে স্থিৰ কৰা হয়। গতিকে লোক প্রশাসনক ‘এক বিজ্ঞান’ বুলি অভিহিত কৰিব পাৰি।

সৰহ সংখ্যক চিন্তাবিদে লোক প্ৰশাসনৰ প্ৰকৃতি সম্পর্কে এই বুলি মত প্ৰকাশ কৰিছে যে লোক প্রশাসন কলাও নহয়, বিজ্ঞানো নহয়, বৰং দুয়োটাৰে সংমিশ্ৰিত ৰূপহে। তেওঁলোকৰ মতে, যেতিয়া বিজ্ঞানসন্মত অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে লোক প্রশাসনে এক উৎকৃষ্ট ব্যৱস্থাপনাৰ দিশ উদ্ভাৱন কৰাত জড়িত হয় তেতিয়া ইয়াক বিজ্ঞান বুলিব পাৰি আৰু যেতিয়া বিজ্ঞানসম্মত অধ্যয়নৰ ভিত্তিত উদ্ভাবিত নীতি-নিয়মসমূহক জনকল্যাণৰ অর্থে বাস্তৱক্ষেত্ৰত প্ৰয়োগ কৰা হয় তেতিয়া তাক ‘কলা’ হিচাবে অভিহিত কৰিব পাৰি। আন কথাত ক’বলৈ গ’লে, লোক প্রশাসন হৈছে সমাজ বিজ্ঞানৰ এক অংশ আৰু সেয়েহে ইয়াত বিজ্ঞান আৰু কলাৰ অপূৰ্ব সমাহাৰ ঘটাতো একো অস্বাভাবিক নহয়। এই নীতিসমূহৰ ওপৰত ভিত্তি কৰিয়েই প্ৰশাসনীয় তত্ত্বসমূহ গঠন কৰা হয়। ১৯শ শতিকাৰ শেষৰ ফালে আমেৰিকাৰ এফ. ডব্লিউ টেইলৰে উদ্ভাৱন কৰা বিজ্ঞানসম্মত গবেষণালন্ধ আৰু তাত্বিক চিন্তাৰ জৰিয়তে চৰকাৰৰ পাৰদৰ্শিতা আৰু মিতব্যয়িতা বৃদ্ধি কৰিব পাৰি।

লোক প্ৰশাসনৰ প্ৰকৃতিৰ আন এক উল্লেখনীয় দিশ হ’ল যে বেচৰকাৰী প্ৰশাসনৰ পৰা ই সম্পূৰ্ণৰূপে পৃথক। লোক প্রশাসন চৰকাৰৰ সম্পূর্ণ নিয়ন্ত্রণাধীন। লোক প্রশাসনত অর্থনৈতিক মুনাফা আহৰণ কৰাতো মূল উদ্দেশ্য নহয়, বৰং ইয়াত চৰকাৰৰ নীতি নির্দেশনা অনুসৰিহে জনস্বাৰ্থৰ হ’কে প্রশাসন পৰিচালনা কৰা হয়।

Essay Type Questions

1. What do you mean by Public Administration. Discuss the importance of the study of Public Administration.

Ans: বর্তমানে গণতান্ত্রিক শাসন ব্যৱস্থাত চৰকাৰৰ প্ৰধান কাম হৈছে জনসাধাৰণৰ কল্যাণ সাধন কৰা। ইয়াৰ উপৰি চৰকাৰে আইন শৃংখলা ৰক্ষা কৰি জনসাধাৰণৰ বিভিন্ন উন্নয়নমূলক কাম সম্পাদন কৰিব পাৰে। জনসাধাৰণক পৰিচালনা কৰিবৰ কাৰণে চৰকাৰে যিবোৰ নীতি, কৌশল পদ্ধতি অৱলম্বন কৰে তাক সাধাৰণ অৰ্থত লোক প্রশাসন বোলে। লোক প্রশাসনৰ দুটা শব্দৰ সমষ্টি— লোক আৰু প্রশাসন। লোক শব্দটোৱে জনসাধাৰণক বুজায় আৰু প্ৰশাসন শব্দটোৱে জনসাধাৰণৰ বাবে চৰকাৰে কাৰ্য পৰিচালনা কৰাৰ কথা বুজায়।

লোক প্রশাসনৰ কেইটিমান সংজ্ঞা হৈছে—

উদ্রো উইলচনৰ মতে, “বিস্তাৰিত আৰু শৃংখলাবদ্ধভাৱে ৰাজহুৱা আইন কার্যকৰী কৰাকে লোক প্রশাসন বোলে।”

এল. ডি. হোৱাইটৰ মতে, “উমৈহতীয়া উদ্দেশ্যত উপনীত হ’বলৈ ব্যক্তিসকলক নির্দেশ দিয়া, সমন্বয় সাধন কৰা আৰু নিয়ন্ত্ৰণ কৰাই হ’ল প্রশাসন।” 

পিনাৰৰ মতে, “লোক-প্ৰশাসন হ’ল ৰাজহুৱা নীতিৰ ৰূপায়ণ কৰিবৰ কাৰণে সমন্বয় সাধনৰ জৰিয়তে কৰা এক সামূহিক প্রচেষ্টা।”

উদ্রো উইলচনৰ পিছত ১৯২৬ চনত উইলোবিয়ে কৈছে যে প্রশাসনৰ কিছুমান নীতি আছে যাৰ বাবে ইয়াক বিজ্ঞান বুলি ক’ব পাৰি। তাৰ পিছত এন. উৰউইকেও মন্তব্য কৰিছে যে, “কিছুমান নিৰ্দিষ্ট নীতিৰ জৰিয়তে কোনো এটা বিশেষ উদ্দেশ্যত মানুহৰ কাৰ্যাৱলী পৰিচালনা কৰা হয়। সকলো ক্ষেত্রতে এই নীতিবিলাক মানি চলিব লাগিব। গতিকে লোক-প্রশাসনক বিজ্ঞান বুলিব পাৰি ৷ চাৰ্লচ বিয়ার্ডেও “লোক প্রশাসনক বিজ্ঞান” বুলি আখ্যা দিছে। নেকলেই “লোক প্রশাসনক বিজ্ঞান হিচাপে স্বীকৃতি দিছে। ডব্লিউ. মি. ডনহামৰ মতে, “লোক প্রশাসনক এবিধ সমাজ বিজ্ঞান বুলিব পাৰি। লোক প্রশাসনক বিজ্ঞান বুলিব পাৰি। কাৰণ —

১. লোক-প্রশাসনত অভিজ্ঞতা আৰু পৰ্যবেক্ষণৰ ওপৰত ভিত্তত কৰি প্ৰশাসনিক নীতি নিৰ্ধাৰণ কৰা হয়। অতীতৰ ভুল-ত্রুটিৰ যাতে পুনৰাবৃত্তি নঘটে লোক প্রশাসনে তাৰ প্রতি দৃষ্টি ৰাখে। অতীতৰ সফলতাই লোক প্রশাসনক বাট দেখুৱায়। প্রশাসনৰ কৰ্তৃপক্ষৰ ভৱিষ্যতৰ কামবিলাক অভিজ্ঞতাৰ ভিত্তিত নিয়ন্ত্রণ কৰা হয়। এই অর্থত লোক প্রশাসন বিজ্ঞান।

২. লোক প্রশাসনৰ পৰ্যালোচনা আৰু বিশ্লেষণৰ বাবে বৈজ্ঞানিক পদ্ধতি বা নিয়মাৱলী প্রয়োগ কৰিব নোৱাৰি। কাৰণ ইয়াক এটা বিশেষ নীতি বা পদ্ধতিৰ মাজলৈ অনাটো সম্ভৱপৰ নহয়। প্রশাসনিক সমস্যাবিলাক বৰ জটিল। এইবিলাক সমাধান কৰিবৰ বাবে বিভিন্ন ধৰণৰ কৌশলৰ প্ৰয়োজন। সেয়েহে এই সমস্যাবিলাক সমাধানৰ বাবে কোনো নীতি বা আইন ৰচনা কৰিব নোৱাৰি। ই লোক প্রশাসনক বিজ্ঞানৰ শাৰীত পেলোৱাত বাধাৰ সৃষ্টি কৰিছে।

৩. লোক প্রশাসনে দিনক দিনে নিশ্চয়তা আৰু সঠিকতা লাভ কৰিব পাৰিছে। লোক প্রশাসনক এটা নির্দিষ্ট নীতিৰ দ্বাৰা সঠিক পথত পৰিচালনা কৰিব পাৰি। ইয়াত আগৰ দৰে অনিশ্চয়তা নাই। এজন প্ৰশাসকে বিশ্লেষণৰ জৰিয়তে বিজ্ঞানসন্মতভাৱে তেওঁৰ সিদ্ধান্তবিলাক গ্ৰহণ কৰিব পাৰে আৰু ভৱিষ্যতৰ প্ৰশাসনৰ বাট মুকলি কৰিব পাৰে।

৪. বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশে লোক-প্ৰশাসনক বিজ্ঞানৰ শাৰীত পেলোৱাত যথেষ্ট সহায় কৰিছে। যোগাযোগ মাধ্যমৰ উন্নতিৰ ফলত গোটেই বিশ্বৰ দেশবিলাকৰ প্ৰশাসনৰ কাৰ্য সম্পর্কে সহজে জ্ঞান লাভ কৰিব পাৰি। লোক প্রশাসনৰ তুলনামূলক অধ্যয়নৰ দ্বাৰা এই বিষয়টোক অধিক বিজ্ঞানসন্মত কৰিব পাৰি।

এতেকে দেখা যায় যে বিভিন্ন কাৰণত লোক-প্ৰশাসনক কিছুমানে বিজ্ঞানৰ মৰ্যাদা দিব বিচাৰে। লোক-প্ৰশাসনৰ অধ্যয়ন প্ৰণালী আৰু প্রশাসনিক প্ৰক্ৰিয়াৰ যে যথেষ্ট উন্নতি হৈছে সেই বিষয়ে সন্দেহ নাই। লোক প্রশাসনত যে বিজ্ঞানৰ কিছুমান গুণ আছে সেইটো ঠিক। কিন্তু এইটো ঠিক যে লোক প্রশাসন প্রকৃত বিজ্ঞান নহয়। ই প্রাকৃতিক বিজ্ঞানৰ মৰ্যাদা লাভ কৰিব নোৱাৰে। ইয়াক এবিধ সমাজ বিজ্ঞানহে বুলিব পাৰি।

লোক প্রশাসনৰ গুৰুত্ব :

মানুহে সভ্য জীৱনৰ পাতনি মেলাৰ পৰাই লোক প্রশাসনে মানৱ জীৱনত এক গুৰুত্বপূর্ণ স্থান দখল কৰি আহিছে। লোক প্রশাসনে মানুহৰ জীৱন-সম্পত্তি আদিৰ সুৰক্ষা প্ৰদান কৰাৰ উপৰি ই মানুহৰ সামগ্রিক উন্নয়ন আৰু বিকাশ সাধন কৰে। আকৌ লোক প্রশাসনক গণতন্ত্রৰ ভেটি বুলি গণ্য কৰিব পাৰি। গণতন্ত্ৰৰ স্থায়িত্ব, সফলতা, সামাজিক ন্যায় আদি ধাৰণাসমূহ লোক প্রশাসনৰ প্ৰসাৰতাৰ ওপৰতেই নিৰ্ভৰ কৰে। লোক প্ৰশাসনৰ গুৰুত্ব সম্পর্কে তলত চমুকৈ আলোচনা কৰা হ’ল—

(ক) ব্যক্তিৰ নিৰাপত্তা : সমাজত সভ্য জীৱন যাপন কৰিবলৈ হ’লে ব্যক্তিৰ নিৰাপত্তা অতি প্রয়োজন। আইনৰ যথাৰ্থ প্ৰয়োগৰ যোগেদি লোক প্রশাসনে ব্যক্তিক সামাজিক নিৰাপত্তা প্রদান কৰে। এনে নিৰাপত্তাৰ পৰিৱেশত থাকি ব্যক্তিয়ে নিজৰ বিকাশ কৰাৰ সুবিধা লাভ কৰে। অন্যহাতে যিসকল অর্থনৈতিক আৰু সামাজিকভাৱে পিছপৰা তেনে লোকেও প্রশাসনীয় সুৰক্ষা আৰু বিশেষ সুবিধাৰ যোগেদি নিজৰ উন্নতি কৰাৰ সুযোগ সুবিধা লাভ কৰে।

(খ) নীতি নির্ধাৰণ : লোক প্রশাসনে চৰকাৰক প্ৰয়োজনীয় নীতি নিৰ্ধাৰণ কৰাত সহায় কৰে। নীতি নিৰ্ধাৰণত প্রয়োজনীয় তথ্যপাতি যোগান ধৰাৰ উপৰিও কেনেধৰণৰ নীতি সময় সাপেক্ষে হ’ব তাৰ পৰামর্শ লোক প্রশাসনে চৰকাৰক প্ৰদান কৰে। যিহেতু প্ৰশাসনৰ লগত জড়িত ব্যক্তিসকল প্ৰায়বোৰ দিশত অভিজ্ঞ আৰু প্ৰশিক্ষণপ্রাপ্ত ব্যক্তি তেওঁলোকৰ সহায় আৰু পৰামৰ্শ অবিহনে চৰকাৰে উপযুক্ত নীতি নিৰ্ধাৰণ কৰাত ব্যৰ্থ হ’ব।

(গ) নীতি ৰূপায়ণ : চৰকাৰে গ্ৰহণ কৰা নীতি আঁচনি আদি কার্যত ৰূপায়ণ কৰাৰ দায়িত্ব লোক প্রশাসনৰ। চৰকাৰৰ হৈ সম্পূৰ্ণ প্রশাসন যন্ত্ৰটো লোক প্রশাসনে পৰিচালনা কৰে যাৰ ওপৰত জনসাধাৰণৰ কল্যাণ আৰু চৰকাৰৰ সফলতা বা বিফলতা নিৰ্ভৰ কৰে।

(ঘ) জনস্বার্থ পূৰণ : আধুনিক কল্যাণকামী ৰাষ্ট্ৰ এখনত এটা সুন্দৰ জীৱন-যাপন কৰিবলৈ ব্যক্তিক শিক্ষা, জনস্বাস্থ্য, যাতায়ত যোগাযোগ, কর্মসংস্থাপন, উপযুক্ত আৰু প্ৰয়োজনীয় বস্তুৰ যোগান, প্ৰতিৰক্ষা, ন্যায় আদিৰ বিশেষভাৱে প্রয়োজন। এনে বিশেষ প্রয়োজনসমূহ লোক প্রশাসনৰ যোগেদি পূৰণ কৰা হয়।

(ঙ) কল্যাণকামী ৰাষ্ট্ৰৰ ব্যাখ্যা : বর্তমান বিশ্বৰ প্ৰায়বিলাক ৰাষ্ট্ৰই কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাটো গ্ৰহণ কৰিছে। কল্যাণকামী ৰাষ্ট্ৰই সদায় জনস্বার্থক অগ্রাধিকাৰ প্ৰদান কৰে। ইয়াক সুৰক্ষিত কৰিবৰ বাবে চৰকাৰে যিসমূহ আঁচনি প্রকল্প হাতত লয় তাক নিষ্ঠাসহকাৰে সম্পাদন কৰাৰ দায়িত্ব লোক প্রশাসনৰ।

(চ) প্ৰশাসনৰ ধাৰাবাহিকতা : এখন ৰাষ্ট্ৰত বিশেষকৈ দুইধৰণৰ কার্যপালিকা থাকে— ৰাজনৈতিক কাৰ্যপালিকা আৰু অৰাজনৈতিক কাৰ্যপালিকা। ৰাজনৈতিক কাৰ্যপালিকাৰ নিৰ্বাচনৰ যোগেদি সময়ে সময়ে পৰিৱৰ্তন হ’ব পাৰে। কিন্তু অৰাজনৈতিক কাৰ্যপালিকাই ৰাজনৈতিক কাৰ্যপালিকাৰ অনুপস্থিতিত প্ৰশাসনৰ ধাৰাবাহিকতা ৰক্ষা কৰে।

(ছ) জনসংযোগ : লোক প্রশাসনে চৰকাৰ আৰু জনসাধাৰণৰ মাজত সংযোগ স্থাপন কৰে। যিহেতু জনসাধাৰণে চৰকাৰত অংশগ্ৰহণ কৰা ব্যক্তিসকলৰ লগত সততে যোগাযোগ কৰিব নোৱাৰে। সেয়েহে জনসাধাৰণে তেওঁলোকৰ অভাৱ-অভিযোগ, দাবী আদি প্ৰশাসনৰ যোগেদি চৰকাৰক জ্ঞাত কৰে। চৰকাৰে লোক প্রশাসনৰ সহায়ত জনসাধাৰণৰ এনে সমস্যাসমূহ মীমাংসা কৰাৰ চেষ্টা কৰে।

(জ) সমাজ পৰিৱৰ্তন : সমাজৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত লোক প্রশাসনে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। সমাজৰ পৰা অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক বৈষম্য নাইকিয়া কৰি এখন সুস্থিৰ সমাজ গঢ়ি তোলাত ই সহায় কৰে। ইয়াৰোপৰি প্ৰশাসনে আইন প্রয়োগৰ যোগেদি সমাজৰ পৰা অস্পৃশ্যতা, ধর্মান্ধতা, গোড়ামী, কুসংস্কাৰ, অন্ধবিশ্বাস আদিৰ দৰে সামাজিক ব্যধিসমূহ নাইকিয়া কৰি এখন গতিশীল সমাজ গঢ়াৰ পোষকতা কৰে।

(ঝ) পৰিকল্পনা আৰু ৰাষ্ট্ৰৰ উন্নয়ন : ৰাষ্ট্ৰৰ সম্পদ আৰু ৰাজহৰ সদব্যৱহাৰ নিৰ্ভৰ কৰে পৰিকল্পনাৰ ওপৰত। সময় সাপেক্ষে হ্রস্ব আৰু দীর্ঘম্যাদী পৰিকল্পনা যথাযথভাৱে ৰূপায়ণ আৰু গ্ৰহণ কৰিব পাৰিলেহে এখন দেশৰ উন্নতি হ’ব। উপযুক্ত পৰিকল্পনা আৰু আঁচনি গ্ৰহণ কৰিব পাৰিলেহে ৰাষ্ট্ৰখনৰ কৃষি, বাণিজ্য, শিক্ষা, স্বাস্থ্য, যাতায়ত, যোগাযোগ, প্ৰতিৰক্ষা, কর্ম সংস্থাপন, সম্পদৰ উপযুক্ত প্রয়োগ আদি দিশসমূহত বিকাশ তথা উন্নতি কৰিব পৰা যাব।

(ঞ) জন আস্থা : বর্তমান সময়ত লোক প্রশাসনে জনসাধাৰণৰ আস্থা লাভ কৰিবলৈ সক্ষম হৈছে। কাৰণ লোক প্রশাসনৰ জৰিয়তে জনসাধাৰণে দৈনন্দিন সন্মুখীন হোৱা সমস্যাসমূহ সমাধান হোৱাটো সম্ভৱ হৈ উঠিছে।

উপৰোক্ত আলোচনাৰ পৰা দেখা যায় যে বর্তমান সময়ত কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাই প্ৰসাৰ লাভ কৰাৰ লগে লগে লোক প্ৰশাসনৰ দায়িত্ব আৰু কৰণীয় কার্যও দিনক দিনে বৃদ্ধি পাব লাগিছে। স্থানীয় সমস্যাৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় আদি সকলো পৰ্যায়ৰ সমস্যাৰ লগত লোক প্রশাসন জড়িত হৈ পৰিছে। সেয়েহে সাম্প্রতিক সময়ত লোক প্রশাসনৰ গুৰুত্ব বাঢ়িছে।

2. Discuss critically the study of Public Administration as an Art or Science.

Ans: বর্তমান সমাজ আৰু সভ্যতা বিজ্ঞান আৰু শিল্প বিজ্ঞানব দ্বাৰা বিপুলভাৱে প্ৰভাৱান্বিত। স্থল, জল আৰু আকাশত দ্রুত যান্ত্রিক পৰিবহণ, ডাক-তাঁৰ, অনাতীৰ, টেলিফোন, টেলিভিছন, আন্তঃৰাষ্ট্ৰীয় যোগাযোগৰ কৃত্রিম উপগ্রহ ইত্যাদিৰো আগৰ বহল পৃথিৱীখনৰ এখন ক্ষুদ্ৰ পৃথিৱীলৈ ৰূপান্তৰ কৰিছে। যোগাযোগৰ অসীম প্ৰগতিৰ কাৰণে লোক প্রশাসনে ৰাষ্ট্ৰ প্ৰতিটো কোণৰ লগত প্রত্যক্ষ সম্পর্ক স্থাপন কৰিবলৈ সক্ষম হৈছে।

বিজ্ঞানৰ আবিষ্কাৰৰ ফলত শিল্প, বিপ্লৱ, কৃষি বিপ্লৱৰ আদিৰ সূচনা হৈছে। তদুপৰি জনসংখ্যা বৃদ্ধিৰ লগে লগে বহুতো সমস্যাই দেখা দিছে। এই সমস্যাবিলাক সমাধান কৰিবলৈ বিজ্ঞানে সকলো প্ৰকাৰে সহায় কৰিছে। লোক প্রশাসনে বৈজ্ঞানিক উপায় অবলম্বন কৰি জনসাধাৰণৰ অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক সমস্যাবিলাক সমাধান কৰাত বহুতো পৰিমাণে কৃতকার্য হৈছে। বিজ্ঞানৰ সহায় অবিহনে এই সমস্যাবিলাকে জটিল ৰূপ ধাৰণ কৰিলেহেঁতেন।

আন এটা দিশৰ পৰাও লোক প্রশাসনৰ লগত বিজ্ঞানৰ সম্পৰ্ক আছে। বিজ্ঞানৰ বিভিন্ন আবিষ্কাৰৰ ফলত লোক প্রশাসনৰ কামৰ বোজা বহু পৰিমাণে হাস পাইছে। উদাহৰণস্বৰূপে এটা সময়ত প্ৰায়বিলাক চৰকাৰে বহুতো কৰ্মচাৰী নিযুক্তি দি প্ৰশাসনীয় বিভিন্ন কাম সম্পাদন কৰিব লাগিছিল। কিন্তু টাইপ ৰাইটাৰ, কম্পিউটাৰ, হিচাপ কৰা যন্ত আদি আৱিষ্কাৰ হোৱাৰ ফলত প্ৰশাসনত তেনে যন্তৰ ব্যৱহাৰ কৰি কম সংখ্যক কৰ্মচাৰীৰ দ্বাৰা অতি কম সময়ৰ ভিতৰতে জটিল কামবিলাক সমাধান কৰিবলৈ সক্ষম হৈছে।

বিজ্ঞানে লোক প্রশাসনক আন্তর্জাতিক বুজাপৰা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতি কৰাৰ বাবে এতিয়া লোক প্রশাসনে আন দেশৰ সৈতে মত বিনিময় কৰিব পাৰে আৰু কিবা বিষয়ত ভুল বুজাবুজি হ’লে সেইবিলাক আঁতৰ কৰিব পাৰে। বৈজ্ঞানিক আৱিষ্কাৰৰ ফলত লোক প্রশাসনে আন দেশত সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত ঘনিষ্ঠ সম্পর্ক স্থাপন কৰিব পাৰিছে। বিজ্ঞানৰ অভূতপূর্ব আৱিষ্কাৰ, যেনে-এটম বোমা, হাইড্রজেন বোমা, ৰকেট আদিৰ দ্বাৰা মুহূৰ্তৰ ভিতৰতে বিশ্ব ধ্বংস কৰিব পাৰে। কিন্তু এনে বিশ্ব ধ্বংসকাৰী মাৰণাস্ত্ৰ অধিকাৰী ৰাষ্ট্ৰ বিশ্বত কেইখনমানহে আছে। গতিকে এনে ধ্বংসকাৰী অস্ত্ৰৰ গৰাকী দেশ কেইখনক সেইকেইখন দেশৰ লোক প্রশাসনে তেনে অস্ত্র-শস্ত্র প্ৰয়োগৰ পৰা বিৰত ৰাখিব লাগিব । আনকথাত মাৰণাস্ত্ৰ প্ৰয়োগ কৰি বিশ্ব ধ্বংস কৰা নাইবা যুদ্ধৰ বিভীষিকাৰ পৰা বিশ্ববাসীক ৰক্ষা কৰা ভূমিকাও লোক প্রশাসনেই পালন কৰিব লাগে।

যি কি নহওক, ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে বিজ্ঞান আৰু আধুনিক প্রযুক্তিৰ যুগত লোক প্রশাসন আৰু বিজ্ঞানৰ মাজত অভূতপূর্ব সম্পর্ক আছে, যি সম্পর্ক এটাক বাদ দি আনটোৰ ওপৰত কেতিয়াও নির্ভৰ কৰিব নোৱাৰি।

3. Distinguish between Public Administration and Private Administration.

Ans: (১) অভিপ্রায় : লোক প্রশাসন আৰু বেচৰকাৰী প্ৰশাসনৰ মাজত অভিপ্ৰায়ৰ দিশৰ পৰা স্পষ্ট প্রভেদ দেখা পোৱা যায়। লোক প্রশাসনৰ উদ্দেশ্য হৈছে সেৱা কৰা। মুনাফা আৰ্জন কৰা ইয়াৰ প্ৰধান উদ্দেশ্য নহয়। অৱশ্যে কোনো বিশেষ শ্রেণীৰ স্বাৰ্থ পূৰণৰ লগত লোক প্রশাসন জড়িত নাথাকে বুলি কোৱাতো শুদ্ধ হ’ব নোৱাৰে। অৱশ্যে চৰকাৰী নিগম বা উদ্যোগসমূহৰ পৰা আর্জিত মুনাফা কোনো

ব্যক্তি বা শ্ৰেণীৰ হাতলৈ নাযায় নতুবা লোকচান হ’লেও জনসাধাৰণৰ আৱশ্যকতাৰ স্বাৰ্থত বন্ধ কৰি দিয়া নহয়। কিন্তু বেচৰকাৰী প্ৰশাসনৰ ক্ষেত্ৰত মুনাফাই মুনাফা অর্জনেই হৈছে প্ৰশাসনৰ মূল চালিকা শক্তি। বেচৰকাৰী প্ৰশাসনৰ মুনাফা সদায় কোনো ব্যক্তি সমষ্টিয়ে ভোগ কৰে। লোকচানৰ সন্মুখীন হৈ কোনো বেচৰকাৰী প্ৰশাসনেই তিষ্ঠি থাকিব নোৱাৰে।

(২) সংগঠন : সংগঠনৰ বিষয়ত লোক প্রশাসন আৰু বেচৰকাৰী প্ৰশাসনৰ মাজত যথেষ্ট মিল থকা সত্বেও ক’ব পাৰি যে লোক প্ৰশাসনৰ সংগঠন আমোলাতান্ত্ৰিক আৰু বেচৰকাৰী প্ৰশাসনৰ সংগঠন ব্যৱসায়িক চৰিত্ৰযুক্ত। আমোলাতান্ত্রিক হোৱাৰ ফলত লোক প্রশাসন বেচৰকাৰী প্ৰশাসনৰ তুলনাত নৈব্যক্তিক। বেচৰকাৰী প্ৰশাসনৰ ক্ষিপ্রতা প্ৰশসনীয়। ৰঙাফিতাৰ মেৰ পাকৰ পৰা হোৱা বিলম্বৰ কাৰণে লোক প্রশাসনক প্রায়েই সমালোচনা কৰা হয়।

(৩) আৱশ্যকতা : বেচৰকাৰী প্ৰশাসনৰ কাৰ্যৰ তুলনাত লোক প্ৰশাসনৰ কাৰ্যসমূহ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ্থে অত্যন্ত জৰুৰী। উদাহৰণস্বৰূপে লোক প্রশাসনৰ এনে জৰুৰী কাৰ্যসমূহ নিৰাপত্তা আদি। এনেবিলাক জৰুৰী কামৰ বাবে লোক প্রশাসনৰ কাৰ্যক্ষেত্র বেচৰকাৰী প্ৰশাসনৰ কাৰ্যক্ষেত্ৰৰ তুলনাত অধিক বিস্তৃত।

(৪) ৰাজহুৱা দায়বদ্ধতা : ৰাজহুৱা দায়বদ্ধতাৰ ক্ষেত্ৰত লোক প্রশাসন আৰু বেচৰকাৰী প্ৰশাসনৰ মাজত গভীৰ প্ৰভেদ আছে। যিহেতু, কৰদাতা নাগৰিকসকলৰ ধনেৰে লোক প্রশাসন পৰিচালিত হয়, গতিকে লোক প্রশাসন প্রত্যক্ষভাৱে জনসাধাৰণৰ ওচৰত দায়বদ্ধ । জনস্বার্থ পূৰণ কৰিব নোৱাৰিলে চৰকাৰখনে জনসাধাৰণৰ ওচৰত জবাবদিহি হ’ব লাগে। আনহাতে তুলনামূলকভাৱে বেচৰকাৰী প্ৰশাসনে মালিকীপক্ষৰ স্বাৰ্থত অধিক গুৰুত্ব প্ৰদান কৰে।

(৫) আচৰণৰ সমৰূপতা : লোক প্রশাসনত আচৰণৰ সমৰূপতা দেখা যায়। ইয়াত ব্যক্তিগত মৰম, ঘৃণা, স্বজন প্রীতি, পাৰস্পৰিক শত্রুতা আদি বিবেচনাৰ বিষয়বস্তু নহয়। আনহাতে, বেচৰকাৰী প্ৰশাসনত আচৰণৰ সমৰূপতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা নহয়। কোনো বিশেষ ব্যক্তিৰ প্ৰতি বিশেষ অনুগ্রহ প্রকাশ কৰাৰ ক্ষেত্ৰত কাৰো বাধা প্ৰদান কৰাৰ অধিকাৰ নাথাকে। উদাহৰণস্বৰূপে, এজন ডাকঘৰৰ কৰ্মীয়ে কোনো গ্রাহকৰূপে বাকীত বস্তু ক্রয় বিক্রয় কৰিব নোৱাৰে। কিন্তু ব্যক্তিগত ব্যৱসায়ী এজনে গ্ৰাহকসকলৰ মাজত বাকীত সামগ্রী ক্রয় বিক্ৰয় কৰাৰ সুবিধা দিব পাৰে।

(৬) জনসম্পর্ক : জন সম্পৰ্ক ৰক্ষা কৰা নীতিৰ ক্ষেত্ৰতো চৰকাৰী আৰু বেচৰকাৰী প্ৰশাসনৰ মাজত প্ৰভেদ পৰিলক্ষিত হয়। বেচৰকাৰী প্রশাসনে জনসাধাৰণৰ সন্তুষ্টিৰ বাবে কাম কৰে যদিও জনসাধাৰণৰ ওপৰত কতৃত্ব প্ৰয়োগ কৰিব নোৱাৰে। আনহাতে গণতান্ত্রিক চৰকাৰ ব্যৱস্থাত কাৰ্যপালিকাৰ অংশ হিচাপে লোক প্রশাসন পৰোক্ষভাৱে হ’লেও জনসাধাৰণৰ ওচৰত দায়বদ্ধশীল আৰু জনসাৰ্বভৌমত্বৰ ওচৰত দায়বদ্ধ থাকি ই কেতবোৰ বিষয়ত বিধিগতভাৱে ক্ষমতাৰ প্ৰয়োগ কৰিব পাৰে।

(৭) পক্ষপাতিত্বমূলক আচৰণৰ পাৰ্থক্য : বেচকাৰী প্ৰশাসনত মনোবিজ্ঞানৰ মতামত বিবেচনা কৰা নহয়। আনহাতে, লোক প্রশাসনৰ ক্ষেত্ৰত প্ৰতিজন ব্যক্তিকেই সাধাৰণতে বিনা অনুগ্ৰহৰে বিবেচনা কৰিব লগা হয়। অর্থৎ লোক প্রশাসনে সমৰূপতা দেখুৱাব নোৱাৰিলে বা পক্ষপাতিত্বমূলক আচৰণ প্ৰদৰ্শন কৰিলে কিছু সমালোচনাৰ সন্মুখীন হ’ব লাগে। আনহাতে, বেচৰকাৰী প্ৰশাসনৰ ক্ষেত্ৰত পক্ষপাতিত্বমূলক আচৰণৰ বাবে সমালোচনাৰ সন্মুখীন হ’ব নালাগে।

(৮) বিত্তীয় ব্যবস্থাপনাৰ ক্ষেত্ৰত থকা পাৰ্থক্য : বিত্তীয় ব্যৱস্থাপনাৰ ক্ষেত্ৰত দেখা যায় যে বিত্তীয় ক্ষেত্ৰত লোক প্রশাসনৰ নিজা নিয়ন্ত্রণ

নাথাকে। লোক প্রশাসনৰ বিত্তীয় ব্যৱস্থা বিধানমণ্ডলৰ প্রত্যক্ষ নিয়ন্তণাধীন। বিধান মণ্ডলে বিনিয়োজন বিধেয়কৰ জৰিয়তে অনুমোদন কৰা পুঁজিহে কাৰ্যপালিকা বিভাগে ব্যয় কৰিব পাৰে। একেদৰে ধার্য কৰি দিয়া পুঁজিহে কাৰ্যপালিকা বিভাগে ব্যয় কৰিব পাৰে। একেদৰে ব্যয় কৰিবলগীয়া পুঁজি আহৰণ কৰিবলৈয়ো বিধানমণ্ডলে বিত্তীয় আইনৰ জৰিয়তে কাৰ্যপালিকাক কৰ্তৃত্ব প্রদান কৰিব লগ হয়। ইয়াৰ পৰিৱৰ্তে বেচৰকাৰী প্ৰশাসনৰ ক্ষেত্ৰত বিত্তীয় ক্ষমতা চৰকাৰী প্ৰশাসনৰ দৰে পৃথক কৰা নহয়।

(৯) অধিকাৰ বা প্রতিযোগিতাৰ ক্ষেত্ৰত পার্থক্য : লোক প্ৰশাসনৰ কাৰ্যসমূহ সম্পূৰ্ণৰূপে বা প্ৰায়েই একাধিকাৰ হোৱ দেখা যায়। আনহাতে, বেচৰকাৰী প্ৰশাসনত কাৰ্যসমূহ সমান্তৰাল বা প্রতিযোগিতামূলক৷ ইয়াত সকলো বিষয়তে এক প্রতিযোগিতাৰ বাতাবৰণ দেখা যায়।

(১০) কৰ্মীৰ কৰ্মসংস্থাপনৰ নিৰপত্তাৰ ক্ষেত্ৰত পাৰ্থক্য : কৰ্মীৰ কর্মসংস্থাপনৰ নিৰাপত্তাৰ দিশৰ পৰা বিবেচনা কৰিলে দেখা যায় যে লোক প্রশাসনত কৰ্মচাৰীৰ চাকৰিৰ নিৰাপত্তা আছে। চৰকাৰীভাৱে তেওঁলোকে বহু সা-সুবিধা উপভোগ কৰিবলৈ সক্ষম। আনহাতে,চৰকাৰী প্ৰশাসনৰ নিচিনাকৈ বেচৰকাৰী প্ৰশাসনত কৰ্মীৰ চাকৰিৰ নিৰাপত্তা নাথাকে। তদুপৰি দেখা যায় যে লোক প্রশাসনত প্রশাসকসকলে নিয়মানুসাৰে পদোন্নতিৰ সুবিধা লাভ কৰে। আনহাতে, বেচৰকাৰী প্ৰশাসনৰ ক্ষেত্ৰত প্ৰশাসকসকলৰ পদোন্নতিৰ কোনো নীতি-নিয়ম নাথাকে।

(১১) জনসেৱা : জনসেৱাই লোক প্রশাসনৰ স্থান আৰু মৰ্যাদাক বেচৰকাৰী প্ৰশাসনৰ তুলনাত অধিক উচ্চ শিখৰলৈ উন্নীত কৰিছে।

(১২) সংসদীয় গণতান্ত্রিক চৰকাৰ ব্যৱস্থাত মন্ত্ৰীমণ্ডলীয় দায়বদ্ধতাৰ কাৰণবশত : লোক প্রশাসনে পূৰ্ব দৃষ্টান্তৰ পৰা বিৰত থাকিব নোৱাৰে। তদুপৰি সকলো নথি পত্র সযত্নে ৰখাৰ ক্ষেত্ৰত সজাগ আৰু সতর্ক হোৱা বাঞ্চনীয়। আনহাতেদি বেচৰকাৰী প্ৰশাসনত এনে সতর্কতা আৱশ্যক নহয়।

(১৩) লোক প্ৰশাসনৰ কাৰ্যপন্থাসমূহ ৰাষ্ট্ৰৰ বৰ্তমান আৰু ভৱিষ্যত দুয়োটা দৃষ্টিকোণৰ পৰা বিচাৰ কৰি হাতত লোৱা হয়। ইয়াৰ পৰিৱৰ্তে বেচৰকাৰী প্ৰশাসনত ৰাষ্ট্ৰৰ বৰ্তমানৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি কাৰ্যপন্থা হাতত লোৱা পৰিলক্ষিত হয়।

4. Discuss the “Integral” and “Managerial” views of the Nature of Public Administration.

Ans: প্ৰশাসনৰ সংজ্ঞাৰ অসংহত আৰু ব্যৱস্থাপকীয় মত : কোনো নীতি কাৰ্যকৰীকৰণ বা নিৰ্দ্ধাৰিত লক্ষ্য পূৰণৰ উদ্দেশ্যে সংগঠিত, সমন্বিত আৰু নিয়ন্ত্রিত জনগণে সম্পাদন কৰা সমূহ কার্যকলাপকে প্রশাসন বোলা হয়। কিন্তু উদেশ্যযুক্ত সামূহিক কার্যসমূহক ‘প্রশাসন’ বুলি অভিহিত কৰোতে দুটা মতৰ সৃষ্টি হোৱা দেখা যায়। সেই মত দুটা হৈছে- 

(১) অখণ্ডিত বা সংহত মত । আৰু 

(২) ব্যৱস্থাপকীয় মত।

প্ৰথমটো অর্থৎ অখণ্ডিত মত অনুসৰি সামুহিক উদ্দেশ্য পূৰণৰ বাবে প্ৰয়োগ কৰা সমগ্ৰ কাৰ্যব্যৱস্থাই প্ৰশাসনৰ সংজ্ঞা অন্তর্ভুক্ত। অর্থাৎ, এজন শীর্ষতম ব্যৱস্থাপকৰ পৰা আৰম্ভ কৰি সাধাৰণ পিয়ন বা চকীদাৰলৈকে প্ৰশাসনত জড়িত সকলো লোকেই প্ৰশাসনৰ অন্তৰ্ভুক্ত এককথাত ক’ব পাৰি যে কায়িক, কেৰাণী, কাৰিকৰী আৰু ব্যৱস্থাপকীয় কাৰ্যসমূহেই প্ৰশাসন’৷ এনেদৰে সংহত মতবাদে প্ৰশাসনক অত্যন্ত বহল কাৰ্য বুলি মত প্ৰকাশ কৰে। বহু চিন্তাবিদে প্ৰশাসনৰ সংজ্ঞা সম্পৰ্কীয় সংহত মতবাদটোক সমর্থন কৰিলেও ইয়াক সম্পূৰ্ণৰূপে শুদ্ধ বুলি মানি ল’ব নোৱাৰি। উমৈহতীয়া লক্ষ্যত উপনীত হ’বৰ বাবে সম্পাদন কৰা সকলো কার্যকে প্রশাসন’ আখ্যা দিব নোৱাৰি। এজন সাধাৰণ শ্ৰমিকৰ কাৰ্যাৱলীক প্ৰশাসন’ বুলি ক’ব নোৱাৰি।

আনহাতেদি ব্যৱস্থাপকীয় মতটোৱে কেৱল ব্যৱস্থাপকীয় কার্যসমূহকে প্রশাসন’বুলিব খোজে। আনৰ কাৰ্যকলাপ পৰিচালনা, নিয়ন্ত্ৰণ কৰা আৰু সমন্বয় সাধন কৰা কাৰ্যসমূহ ব্যৱস্থাপকীয় কাৰ্য আৰু এই ব্যৱস্থাপকীয় কার্যসমূহ উচ্চপদস্থ বিষয়াসকলে সম্পাদন কৰে। ব্যৱস্থাপকীয় মত অনুসৰি এওঁলোকৰ কাৰ্যসমূহেই ‘প্রশাসন’। উদাহৰণস্বৰূপে, এজন কেৰাণী বা চকীদাৰৰ পৰিচালনা, নিয়ন্ত্রণ বা সমন্বয় সাধনৰ কাম নাথাকে। সেয়েহে তেওঁলোকৰ কাৰ্যসমূহো প্রশাসন হ’ব নোৱাৰে। কেৱলমাত্ৰ প্ৰশাসকসকলৰ কাৰ্যসমূহক প্ৰশাসন’ বুলি অভিহিত কৰা মতটোৱেই হৈছে প্ৰশাসনৰ ব্যৱস্থাপকীয় মত। লুথাৰ গুলিকৰ সৃষ্ট ‘POSDCORB’ মতবাদে প্ৰশাসনৰ ব্যৱস্থাপকীয় মূল কাৰ্যসমূহক বুজায়। P আখৰে Planing বা পৰিকল্পনা, O আখৰে Organisation বা সংগঠন, S আখৰে Staffing বা বিষয়া নিয়োগ, -Co-Co-ordination বা সমন্বয় R আখৰে Reporting বা প্রতিবেদন, B আখৰে Budgeting বা আয়-ব্যয় নির্ণয়ক বুজায়। সাধাৰণতে প্ৰশাসকসকলে এই সমূহ কাম সম্পাদন কৰে।

প্ৰশাসনৰ সংজ্ঞা সম্পৰ্কীয় ব্যৱস্থাপকীয় দৃষ্টিভংগীটোৱে প্ৰশাসনৰ এক সংকীর্ণ অর্থ প্রকাশ কৰে। উমৈহতীয়া লক্ষ্যত উপনীত হ’বৰ কাৰণে সম্পাদন কৰিবলগীয়া নানা কার্যকলাপসমূহ অ-ব্যৱস্থাপকীয় আৰু ব্যৱস্থাপকীয় হিচাপে চিনাক্ত কৰাতো কিছু জটিল। গতিকে প্ৰশাসনৰ এক সর্বগ্রহণযোগ্য সংজ্ঞা আগবঢ়াবলৈ হ’লৈ অখণ্ডিত আৰু ব্যৱস্থাপকীয় দুয়োটা মতবাদৰেই ভাব সংযোগ ঘটোৱাৰ আৱশ্যকতা আছে। হেনৰি ফেয়লয়ে ১৯১৬ চনত তেওঁৰ “Industrial and General Administration’ শীর্ষক গ্ৰন্থখনৰ জৰিয়তে কোনো এক প্রশাসনত নিম্নতম কৰ্মীৰ পৰা আৰম্ভ কৰি কাৰ্যপালিকা বা ব্যৱস্থাপকলৈকে সকলোৱেই কম-বেছি পৰিমাণে প্রশাসন কার্যত অংশগ্ৰহণ কৰে বুলি বিশ্লেষণ কৰি দেখুৱাইছে। প্ৰশাসনীয় কাৰ্য বুলি কওঁতে ফেয়লে POCCO অর্থাৎ পৰিকল্পনা [P-Planning], সংগঠন [O- Organisation], নির্দেশ [Co-Command], সমন্বয় [Co-Co-ordination ] আৰু নিয়ন্ত্রণক বুজাইছে। প্ৰশাসনীয় কার্যত অংশগ্ৰহণ কৰোতে নিম্ন কর্মীয়েও কম মাত্রাত এনেবিলাক প্রশাসনীয় কার্যই সম্পাদন কৰে। তেওঁ বিশেষণ কৰি দেখুৱাইছে যে উচ্চ পৰ্যায়ৰ বিষয়াজনে যদি শতকৰা ৬০ ভাগ প্রশাসনীয় কার্য সম্পাদন কৰে তেন্তে নিম্নস্তৰৰ কৰ্মচাৰী এজনে শতকৰা ১০ ভাগৰ ১৫ ভাগহে প্রশাসনীয় কার্য সম্পাদন কৰে।

যি কি নহওক, ওপৰৰ আলোচনাৰ পৰা এইটো প্রতীয়মান হয় যে আলোচ্য দুয়োটা মতৰেই যুক্তিযুক্ততা আছে। কিন্তু এটাক গ্ৰহণ কৰি আনটো ত্যাগ কৰিলে প্ৰশাসনৰ এক বিকৃত ৰূপ পোৱাৰহে সম্ভাৱনা আছে। প্রশাসনীয় প্রক্রিয়াৰ বিশেষ কৌশলৰ ওপৰত ব্যৱস্থাপকীয় মতটোৱে জোৰ দিছে। আনহাতে, অখণ্ডিত মতটোৱে প্ৰশাসনীয় প্রক্ৰিয়াৰ সামগ্রিক ৰূপটোকে প্রতিফলিত কৰিছে।

5. What do you mean by Public Administration. Discuss the nature and scope of Public Administration.

Ans: বর্তমানে গণতান্ত্রিক শাসন ব্যৱস্থাত চৰকাৰৰ প্ৰধান কাম হৈছে জনসাধাৰণৰ কল্যাণ সাধন কৰা। ইয়াৰ উপৰি চৰকাৰে আইন শৃংখলা ৰক্ষা কৰি জনসাধাৰণৰ বিভিন্ন উন্নয়নমূলক কাম সম্পাদন কৰিব পাৰে। জনসাধাৰণক পৰিচালনা কৰিবৰ কাৰণে চৰকাৰে যিবোৰ নীতি, কৌশল পদ্ধতি অৱলম্বন কৰে তাক সাধাৰণ অৰ্থত লোক প্রশাসন বোলে। লোক প্রশাসনৰ দুটা শব্দৰ সমষ্টি – লোক আৰু প্রশাসন। লোক শব্দটোৱে জনসাধাৰণক বুজায় আৰু প্ৰশাসন শব্দটোৱে জনসাধাৰণৰ বাবে চৰকাৰে কাৰ্য পৰিচালনা কৰাৰ কথা বুজায়।

লোক প্রশাসনৰ কেইটিমান সংজ্ঞা হৈছে—

উদ্রো উইলচনৰ মতে, “বিস্তাৰিত আৰু শৃংখলাবদ্ধভাৱে ৰাজহুৱা আইন কার্যকৰী কৰাকে লোক প্রশাসন বোলে।”

এল. ডি. হোৱাইটৰ মতে, “উমৈহতীয়া উদ্দেশ্যত উপনীত হ’বলৈ ব্যক্তিসকলক নির্দেশ দিয়া, সমন্বয় সাধন কৰা আৰু নিয়ন্ত্ৰণ কৰাই হ’ল প্রশাসন।” 

পিনাৰৰ মতে, “লোক-প্ৰশাসন হ’ল ৰাজহুৱা নীতিৰ ৰূপায়ণ কৰিবৰ কাৰণে সমন্বয় সাধনৰ জৰিয়তে কৰা এক সামূহিক প্রচেষ্টা।”

উদ্রো উইলচনৰ পিছত ১৯২৬ চনত উইলোবিয়ে কৈছে যে প্রশাসনৰ কিছুমান নীতি আছে যাৰ বাবে ইয়াক বিজ্ঞান বুলি ক’ব পাৰি। তাৰ পিছত এন. উৰউইকেও মন্তব্য কৰিছে যে, “কিছুমান নিৰ্দিষ্ট নীতিৰ জৰিয়তে কোনো এটা বিশেষ উদ্দেশ্যত মানুহৰ কাৰ্যাৱলী পৰিচালনা কৰা হয়। সকলো ক্ষেত্রতে এই নীতিবিলাক মানি চলিব লাগিব। গতিকে লোক-প্রশাসনক বিজ্ঞান বুলিব পাৰি ৷ চাৰ্লচ বিয়ার্ডেও “লোক প্রশাসনক বিজ্ঞান” বুলি আখ্যা দিছে। নেকলেই “লোক প্রশাসনক বিজ্ঞান হিচাপে স্বীকৃতি দিছে। ডব্লিউ. মি. ডনহামৰ মতে, “লোক প্রশাসনক এবিধ সমাজ বিজ্ঞান বুলিব পাৰি। লোক প্রশাসনক বিজ্ঞান বুলিব পাৰি।

6. What is meant by New Public Administration. Examine its basic features.

Ans: সাধাৰণতে আলোড়ণ, উত্তেজনা, অস্থিৰতা, বিশৃংখলা আদিৰ পৰিণতিত সমাজত নতুনত্বৰ সৃষ্টি হয়। কিন্তু এনে নতুনত্বৰ ভাব আবেগবোৰ কেতিয়াবা পৰস্পৰ বিৰোধী হৈ পৰে আৰু সামাজিক মূল্যবোধৰ নতুনত্বৰ সৃষ্টি হয়। ইয়াৰ ফলত বহু সময়ত কেতবোৰ শিক্ষণীয় বিষয়ৰ গতি আৰু বিষয়বস্তুৰো পৰিৱৰ্তন সাধিত হ’ব পাৰে। অনুৰূপ এক পৰিস্থিতিৰ সৃষ্টি হৈছিল মার্কিন যুক্তৰাষ্ট্ৰত ১৯৬০ৰ দশকত। সেই সময়ছোৱাত দেশখন চৰকাৰৰ সংকটাবস্থা, ভিয়েটনামৰ যুদ্ধত লিপ্ত হোৱাৰ ফলত সৃষ্টি হোৱা ধন-জনৰ ক্ষয়ক্ষতি, অসন্তুষ্ট মানসিকতাৰ সমস্যা; দ্রুত নগৰীকৰণ, বর্ণবৈষম্য, অসামৰিক সেৱাৰ আন্দোলন আদি এশ এবুৰি নানা সমস্যাৰ জৰ্জৰিত হৈ পৰিছিল। সেইবোৰ প্ৰকৃততে আমেৰিকা যুক্তৰাষ্ট্ৰ সমাজ আৰু ৰাষ্ট্ৰ। ব্যৱস্থাৰ আভ্যন্তৰীণ ৰুগ্ন অৱস্থাৰ বাহ্যিক প্রতিফলনহে আছিল। এনে সমস্যাবোৰ সমাধান কৰাত ৰাজনৈতিক আৰু প্ৰশাসনীয় ব্যৱস্থাৰ অকৃতকার্যতাৰ ফলত সমস্যাবোৰৰ সমাধানৰ উপায় পৰিস্কৃত হোৱা নাছিল। চৰকাৰৰ এনে নিঠৰুৱা অৱস্থাত চৰকাৰে গ্ৰহণ কৰা নীৰৱ দৰ্শকৰ ভূমিকা আৰু প্ৰশাসনৰ মাধ্যমত দেশৰ সন্মুখত আহি পৰা সমস্যাসমূহৰ সমাধানৰ পথ ৰুদ্ধ হৈ পৰা বুলি অনুভৱ কৰা মার্কিন যুক্তৰাষ্ট্ৰৰ কেতবোৰ ৰাজনৈতিক নেতা আৰু সমাজ বিজ্ঞানীয়ে লোক প্রশাসন ব্যৱস্থাৰ তাত্বিক দিশৰ কেতবোৰ পৰিৱৰ্তন আৰু সংস্কাৰৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। তেওঁলোকে চৰকাৰৰ প্ৰচলিত অনুষ্ঠানসমূহ নতুন ৰূপত গঢ় দিয়াৰ আৱশ্যকতাও উপলব্ধি কৰিছিল। সেইসকল স্বনামধন্য ব্যক্তিৰ প্ৰচেষ্টাতে ১৯৬৮ চনত লোক প্রশাসনত সংযোজিত হৈছিল এটি নতুন দিশ যাক “নব্য লোক প্রশাসন” [New Public Administration] বুলি কোৱা হয়।

ডুইট ৱাল্ডো আৰু টি গোলেমবিউকীয়ে নতুন লোক প্ৰশাসনৰ বহুতো উল্লেখযোগ্য বৈশিষ্ট্য আগবঢ়াইছে। সেইবোৰ তলত আলোচনা কৰা হ’ল—

(১) সংস্কাৰধৰ্মী : নতুন লোকপ্রশাসন সংস্কাৰধৰ্মা। এইবিধ লোক প্ৰশাসনৰ পৰম্পৰাগত আৰু আধুনিক প্রবেশ পথ তথা পদ্ধতিৰ সু সমন্বয় ঘটোৱাৰ আৱশ্যকতা প্রবক্তাসকলে অনুভৱ কৰে। তেওঁলোকে পৰম্পৰাগত প্ৰশাসনীয় সংগঠনৰ ব্যৱস্থা অব্যাহত ৰাখিব বিচাৰে।

(২) মানৱ জাতিৰ সম্পূর্ণতা লাভত পৰিৱৰ্তনমুখী : নতুন লোক প্রশাসন সংস্কাৰধৰ্মী। এইবিধ লোক প্রশাসনৰ পৰম্পৰাগত আৰু আধুনিক প্ৰৱেশ পথ তথা পদ্ধতিৰ সু-সমন্বয় ঘটোৱাৰ আৱশ্যকতা প্রবক্তাসকলে অনুভৱ কৰে। তেওঁলোকে পৰম্পৰাগত প্ৰশাসনীয় সংগঠনৰ ব্যৱস্থা অব্যাহত ৰাখিব বিচাৰে।

(৩) উদ্দেশ্যভিত্তিক আৰু পৰিৱৰ্তনমুখী : ‘নতুন লোক প্ৰশাসনৰ আন উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ই উদ্দেশ্যভিত্তিক আৰু পৰিৱৰ্তনমুখী। ই প্ৰশাসনৰ নৈতিক উদ্দেশ্যৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে আৰু নৈতিকতাক ইয়াৰ প্ৰধান ভিত্তি হিচাপে গ্ৰহণ কৰে।

(৪) সমতা, স্বতন্ত্রতা, ন্যায় আদি সামাজিক মূল্যবোধত বিশ্বাসী : ‘নতুন লোক প্ৰশাসনৰ সমতা, স্বতস্থতা, ন্যায় ভাতৃত্ববোধ গণতন্ত্র আদি সামাজিক মূল্যবোধৰ সৈতে নিবিড় সম্পর্ক আছে। ই ব্যক্তিৰ কেন্দ্ৰীয় ভূমিকাৰ ওপৰত আৰু সংগঠনৰ নৈতিক মূল্যবোধৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে।

(৫) সমাজৰ অনগ্ৰসৰ আৰু অসহায় শ্ৰেণীৰ কল্যাণ সাধনৰ এক আহিলা হিচাপে নতুন লোক প্রশাসন : ‘নতুন লোক প্রশাসন’ৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট হৈছে ই সমাজৰ অনগ্ৰসৰ আৰু অসহায় শ্ৰেণীৰ লোকৰ কল্যাণ সাধন কৰে। ই সামাজিক তত্ত্বাৱধান আৰু নিয়ন্ত্ৰণৰ সঁজুলি হিচাপে গণ্য কৰে আৰু লগতে গণতান্ত্রিক মানবীয় লক্ষ্যত উপনীত হোৱাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে।

(৬) আমোলা বিষয়াৰ সক্ৰিয়তাৰ ওপৰত বিশ্বাসী : নতুন লোক প্ৰশাসনে নিৰপেক্ষ আমোলাতন্ত্ৰৰ ধাৰা মানি নলয় আৰু আমোলাসকলক সামাজিক পৰিৱৰ্তনৰ বাহক হিচাপে ব্যৱহাৰ কৰাৰ পৃষ্ঠপোষকতা কৰে। এই প্ৰশাসনৰ মতে আমোলাসকলে যথেষ্ট সক্রিয় ভূমিকা গ্ৰহণ কৰা উচিত আৰু জনসাধাৰণে কি বিচাৰে আৰু কেতিয়া বিচাৰে তেনে কথাবোৰৰ বিষয়ে নিজৰ মনোভাৱ প্ৰকাশৰ সুবিধা লাভ কৰিব লাগে।

(৭) প্রাসংগ্রিক, মূল্যবোধ সমতা আৰু পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব প্রদান : নতুন লোক প্ৰশাসনৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে যে ই প্রাসংগিকতা, মূল্যবোধ সমতা আৰু পৰিৱৰ্তন এই চাৰিটা নীতিৰ ওপৰত গুৰুত্ব দিয়ে যাৰ জৰিয়তে এটা জাতিৰ সামগ্রিক উন্নয়নৰ দিশত যথেষ্ট সহায়ক হয়।

(৮) ৰাজনীতি আৰু প্ৰশাসনৰ প্ৰভেদৰ বিৰোধী : ‘নতুন লোক প্ৰশাসনে ৰাজনীতি আৰু প্ৰশাসনৰ সম্পূৰ্ণ প্ৰভেদক স্বীকাৰ নকৰে আৰু ৰাজনীতিৰ সৈতে প্ৰশাসনৰ সম্পৰ্ক মানি লয়। ই ৰাজনীতি আৰু প্রশাসন দুয়োটাই সম বুলি প্ৰতিপন্ন কৰে।

(৯) পৰম্পৰাগত লোক প্রশাসনৰ সৈতে জড়িত গোড়ামিত অবিশ্বাসী : নতুন লোক প্রশাসনে পৰম্পৰাগত ভাৱধাৰাৰ সৈতে জড়িত কেতবোৰ গোড়মিৰ গ্ৰহণযোগ্যতা মানি নলয়। উদাহৰণস্বৰূপে উল্লেখ কৰিব পাৰি যে ই প্ৰশাসনত পাৰদৰ্শিতা আৰু মিত্যব্যয়িতাৰ ঠাইত সামাজিক পাৰদৰ্শিতা আৰু সেৱাৰ দ্বাৰা পূৰণ কৰাৰ প্ৰয়াস কৰে।

(১০) বাস্তৱ আৰু মূল্যবোধৰ বিভেদহীনতা : নতুন লোক প্ৰশাসনৰ এটা উল্লেখযোগ্য বৈশিষ্ট হ’ল ই মূল্যবোধ আৰু বাস্তৱৰ ওপৰত অভেদ্যতা ৰক্ষা কৰিব বিচাৰে। ই প্ৰকৃত মূল্যবোধ আৰু বাস্তৱ দৃষ্টিভংগীৰ ওপৰত সমতা ৰক্ষা কৰাৰ প্ৰয়াস কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top