Perspectives on International Relations and World History Unit 5 A Cold War and Post Cold War Era

Perspectives on International Relations and World History Unit 5 A Cold War and Post Cold War Era Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Perspectives on International Relations and World History Unit 5 A Cold War and Post Cold War Era to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Perspectives on International Relations and World History Unit 5 A Cold War and Post Cold War Era Question Answer can be of great value to excel in the examination.

Perspectives on International Relations and World History Unit 5 A Cold War and Post Cold War Era

Join Telegram channel

Perspectives on International Relations and World History Unit 5 A Cold War and Post Cold War Era Notes cover all the exercise questions in UGC Syllabus. The Perspectives on International Relations and World History Unit 5 A Cold War and Post Cold War Era provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

A Cold War and Post Cold War Era

POLITICAL SCIENCE

PERSPECTIVES ON INTERNATIONAL RELATIONS And World History

আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু বিশ্ব ইতিহাসৰ ধাৰণাসমূহ

Short Type Questions

1. শীতল যুদ্ধৰ তিনিটা সুফল লিখা ?

Ans : (ক) শীতল যুদ্ধই এছিয়া আৰু আফ্ৰিকাৰ অধিক ৰাষ্ট্ৰ লগ হৈ গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ জন্ম দিয়ে। আৰম্ভণিতে গোষ্ঠীনিৰপেক্ষপ আন্দোলনৰ সদস্য সংখ্যা ২৫ খন আছিল যদিও বৰ্তমান ইয়াৰ সংখ্যা ১২৫ খন। এই আন্দোলনে ইয়াৰ সদস্যভুক্ত ৰাষ্ট্ৰবিলাকৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধি আৰু ৰাষ্ট্ৰীয় সার্বভৌমত্ব ৰক্ষাৰ ওপৰত গুৰুত্ব দিছে।

(খ) দ্বিতীয় মহাযুদ্ধৰ পিছত বৃহৎ শক্তিগোষ্ঠী দুটা শিবিৰত বিভক্ত হোৱাৰ কাৰণে সৰু ৰাষ্ট্ৰবিলাকৰ গুৰুত্ব বৃদ্ধি পায় । কাৰণ প্ৰতিটো বৃহৎ শক্তিগোষ্ঠীয়ে কেনেকৈ ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকক নিজ শিবিৰৰ ফলীয়া কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়াত গোষ্ঠীনিৰপেক্ষ দেশবিলাকৰ গুৰুত্ব বৃদ্ধি পায়।

(গ) সেই অনুপাতে কোনো এক বৃহৎ শক্তিগোষ্ঠীয়ে আন কোনো ক্ষুদ্ৰ ৰাষ্ট্ৰক নিজৰ নিয়ন্ত্রণাধীন কৰাটো বাঞ্ছা নকৰে। কাৰণ তেনে ব্যৱস্থাৰ ফলত তেওঁলোকৰ নিজৰ স্বাৰ্থত ব্যাঘাত জন্মিব। গতিকে বৃহৎ শক্তিগোষ্ঠীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকে কোনো বিপদৰ সন্মুখীন নোহোৱাকৈ নিজৰ অস্তিত্ব বজাই ৰখাটোও সম্ভৱপৰ হৈছিল।

2. শীতল যুদ্ধৰ চাৰিটা কাৰণ উল্লেখ কৰা।[ Explain four causes of Cold War.]

Ans: ভাৱাদৰ্শৰ পার্থক্য : শীতল যুদ্ধৰ এটা প্রধান কাৰণ হৈছে দুই বৃহৎ শক্তিৰ মাজত থকা ভাৱাদৰ্শৰ পাৰ্থক্য আৰু তাৰ পৰা সৃষ্টি হোৱা বিৰোধ ভাৱ।

পাৰস্পৰিক বিৰোধ : দুই বৃহৎ শক্তিৰ মাজত পাৰস্পৰিক বিৰোধ ভাৱৰ বাবেও শীতল যুদ্ধ অনিবাৰ্য হৈ পৰে। দুয়োটা শক্তিয়েই ইটোৱে সিটোক কোনো ক্ষেত্ৰতেই বিশ্বাস নকৰিছিল। অবিশ্বাস আৰু ভয় দুয়া দেশৰ মাজত ইমান দৃঢ় হৈ পৰিল যে যিকোনো কাৰ্য কৰিলেই এখনে আনখনক সন্দেহ কৰে।

পাৰস্পৰিক ভুল মনোভাব : শীতল যুদ্ধৰ আন এটা কাৰণ হ’ল—দুই বৃহৎ শক্তিৰ মাজত সৃষ্টি হোৱা ভুল মানোভাৱ।

অর্থনৈতিক কাৰণ : দুই বৃহৎ শক্তিৰ মাজত চলা শীতল যুদ্ধৰ মূলতে অর্থনৈতিক কাৰণো আছিল।

মানৱ প্রকৃতি : মানৱ প্রকৃতি চিৰন্তন বিধিয়েও দুই ৰাষ্ট্ৰগোষ্ঠীৰ মাজত শীতল যুদ্ধৰ সৃষ্টি কৰে বুলি বহুতে মত প্ৰকাশ কৰে।

এটম বোমাৰ গোপনীয়তা : এটম বোমা আৱিষ্কাৰ কৰাৰ বিষয়টো পশ্চিমীয়া পুঁজিবাদী ৰাষ্ট্ৰগোষ্ঠীয়ে গোপনে ৰখাত ছোভিয়েট ইউনিয়নে বিশ্বাসঘাতকতা কৰা বুলি সিদ্ধান্ত লৈছিল।

3. শীতল যুদ্ধৰ চাৰিটা প্ৰভাৱ বৰ্ণনা কৰা। [ Explain four effects of Cold War.]

Ans: দ্বিতীয় মহাসমৰৰ পৰৱৰ্তী সময়ত আমেৰিকা আৰু ছোভিয়েট সংঘৰ মাজত সৃষ্টি হোৱা শীতল যুদ্ধই যে কেৱল ছোভিয়েট আমেৰিকাৰ মাজত সম্পর্ককে প্ৰভাৱাশ্বিত কৰিছিল এনে নহয়, বৰং আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ সামগ্ৰিকভাৱে পদ্ধতি নির্ণয় কৰাৰ ক্ষেত্ৰত প্রধান নিৰ্ণায়কৰ ভূমিকা পালন কৰিছিল। ছোভিয়েট-আমেৰিকাৰ মাজৰ প্রতিদ্বন্দ্বিতাই আন্তৰাষ্ট্ৰীয় সম্পৰ্কৰ ৰাজনৈতিক, কূটনৈতিক, অর্থনৈতিক, সাংস্কৃতিক, আদৰ্শগত আৰু সামৰিক এই সকলো ক্ষেত্ৰকেই বাৰুকৈয়েই প্ৰভাৱাশ্বিত কৰিছে। একেদৰে পূব ইউৰোপ, পশ্চিম ইউৰোপ, দক্ষিণ পূব এছিয়া, দক্ষিণ এছিয়া বা পশ্চিম এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকা, বিশ্বৰ এই সকলো অঞ্চলকেই শীতল যুদ্ধই স্পৰ্শ কৰি গৈছে। যি কি নহওক, বিশ্বৰ ৰাজনীতিত শীতল যুদ্ধৰ প্ৰভাৱ সম্পৰ্কে নিম্নোক্ত ধৰণে আলোচনা কৰিব পাৰি।

১) সামৰিক মৈত্রী স্থাপন : শীতল যুদ্ধৰ ফলশ্ৰুতিত সামৰিক চুক্তি স্বাক্ষৰ কৰাৰ লগতে আঞ্চলিক সামৰিক সংস্থা গঠন কৰা যুগৰ সূচনা কৰে। শীতল যুদ্ধৰ ফলশ্ৰুতি হিচাপে নাটো, ৱাৰ্শ্ব চুক্তি, চেণ্টো (CENTO), ছিয়েটো, এনজাছ আদিৰ দৰে ভালেমান চুক্তি স্বাক্ষৰ কৰা হৈছিল। মহাশক্তিসমূহৰ ইউৰোপীয় মৈত্ৰী ৰাষ্ট্ৰসমূহৰ নাটো আৰু ৱাৰ্শ্ব চুক্তি সংগঠনৰ লগত একত্ৰিত হৈছিল। আমেৰিকাই এছিয়াৰ মেত্রী ৰাষ্ট্ৰসমূহৰ লগত (CENTO) আৰু (SEATO) চুক্তি আৰু অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ লগতে [ANZUS] চুক্তি ৰূপায়ণ কৰিছিল। এই সামৰিক চুক্তিসমূহে ৰাষ্ট্ৰসংঘৰ গুৰুত্ব হস কৰিছিল যদিও এই সামৰিক চুক্তিসমূহৰ জৰিয়তে শীতল যুদ্ধৰ সময়ত এটা পক্ষই আন এটা পক্ষৰ বিৰুদ্ধে সংগঠিত হৈছিল, তথাপি পৰৱৰ্তী সময়ত সময়ৰ পৰিৱৰ্তনৰ

লগে লগে বিশেষকৈ গোষ্ঠীনিৰপেক্ষ জোঁট সৃষ্টি হোৱাৰ ফলস্বৰূপে এই সামৰিক চুক্তিসমূহৰ প্ৰাসংগিকতা হাস পাই আহিছে।

২) দ্রুত নিঃঔপনিৱেশিকৰণ : নৱ স্বাধীনতা প্রাপ্ত ৰাষ্টবিলাকৰ সংঘ ক্ৰমাৎ বৃদ্ধি পোৱাত প্ৰাচ্য আৰু পাশ্চাত্যৰ মাজত প্ৰত্‌দ্বিন্দ্বিত আন এক গুৰুত্বপূর্ণ প্ৰভাৱ। এই ৰাষ্ট্ৰবিলাকক পৰৱৰ্তী সময়ত তৃতীয় বিশ্বৰ ৰাষ্ট্ৰ [Third World Nation] বুলি অভিহিত কৰা হয়। তৃতীয় বিশ্বৰ ৰাষ্টবিলাকৰ সংখ্যা ক্রমাৎ বৃদ্ধি পোৱাটোৱেই তেওঁলোকৰ ৰাজনৈতিক শক্তিৰ প্ৰধান ভিত্তি। সাধাৰণতে এই নিঃউপনিৱেশিকৰণ প্ৰক্ৰিয়াটো দ্বিতীয় মহাসমৰৰ পিছৰ পৰাই আৰম্ভ হৈছিল যদিও পশ্চিমীয়া সাম্রাজ্যবাদৰ ওপৰত সমাজবাদী শিবিৰ আক্রমণ আৰু সমাজবাদী শক্তি আৰু তৃতীয় বিশ্বৰ ৰাষ্টবিলাকৰ মাজৰ ৰাজনৈতিক মিত্ৰতাই নিঃউপনিৱেশীকৰণ প্ৰক্ৰিয়াটো অধিক তীব্রতৰ কৰি তুলিছিল। উল্লেখযোগ্য যে, তেনে ধৰণৰ ৰাজনৈতিক মিত্রতাই এক গ্রহণযোগ্য ৰাজনৈতিক সংগঠন আৰু নিয়ন্ত্ৰণৰ ৰূপত সাম্ৰাজ্যবাদক নিঃবিধিসম্মত কৰি তোলাৰ প্ৰভাৱ পেলায়।

৩) দ্বি-কেন্দ্ৰিক ক্ষমতাৰ গাঁথনি : ছোভিয়েট আমেৰিকাৰ মাজত প্রতিদ্বন্দ্বিতা বিশ্বৰ ৰাজনৈতিক ব্যৱস্থাত পেলোৱা আন এক গুৰুত্বপূৰ্ণ প্ৰভাৱ হৈছে ক্ষমতাৰ গাঁথনিৰ পৰিৱৰ্তন। এই পৰিৱৰ্তন বিশ্বৰ দুই মহাশক্তিৰ মাজত অর্থনৈতিক আৰু সামৰিক ক্ষমতাৰ বিচৰণৰ লগত জড়িত। দ্বিতীয় মহাসমৰৰ অন্ত হোৱাৰ লগে লগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বত অপ্রতিদ্বন্দ্বীত শক্তি হিচাপে অভ্যুত্থান ঘটিছিল। কিন্তু ছোভিয়েট ইউনিয়ন এক মহাশক্তি ৰূপে আৱিৰ্ভাৱৰ লগে লগে এই পৰিস্থিতিৰ পৰিৱৰ্তন ঘটিছিল। ফলত বিশ্বৰ ৰাজনীতিত ক্ষমতা বিতৰণৰ এক নতুন গাঁথনিৰ উন্মেষ ঘটিছিল। যাক দ্বি-কেন্দ্ৰকতাবাদী ক্ষমতাৰ গাঁথনি (এফালে আমেৰিকা আৰু ইয়াৰ মিত্ৰশক্তি ৰাষ্টসমূহ আৰু আনফালে ছোভিয়েট ইউনিয়ন আৰু ইয়াৰ মিত্ৰশক্তি ৰাষ্টসমূহ) হিচাপে নামকৰণ কৰা হৈছিল। বিশ্ব ক্ষমতাৰ এই অৱয়ৱটোকে দ্বি-মেৰুবাদ বুলি কোৱা হয়, য’ত নেকি এফালে আমেৰিকা আৰু ইয়াৰ মৈত্ৰী শক্তি আৰু আনফালে ছোভিয়েট ইউনিয়ন আৰু ইয়াৰ মিত্রশক্তি ৰাষ্ট্ৰকেইখনে এক বিপৰীত মেৰুত অৱস্থান কৰিছিল। পাৰস্পৰিক শত্রুতাৰ পবন সংঘাত আৰু আপাত সংঘৰ্ষ প্রকৃত অভিযোজন নামেৰে জনাজাত ছোভিয়েট আমেৰিকাৰ প্ৰতদ্বন্দ্বধতৰ সমান্তৰালভাৱে এই ক্ষমতাৰ নতুন অৱয়ৱটোৱে গতি কৰিছিল।

৪) তিক্ততাপূর্ণ বাতাৱৰণ : শীতল যুদ্ধৰ কাৰণবশতঃ বিশ্বৰ বাতাৱৰণ তিক্ততা, পাৰস্পৰিক সন্দেহ আৰু পাৰস্পৰিক শত্ৰুতাৰে পৰিপূর্ণ আছিল। যদিও দ্বিতীয় মহাসমৰ ১৯৪৫ চনত অৱসান হৈছিল, তথাপি বাস্তৱ ক্ষেত্রত বিশ্বত শান্তি স্থাপন হোৱা নাছিল। শীতল যুদ্ধৰ সময়ছোৱাত বিশ্বৰ ৰাজনীতি সাময়িক সংকট আৰু যুদ্ধৰ ভাবুকিৰে বৈশিষ্ট্যপূর্ণ আছিল। এক বিশ্ব (য’ত নেকি পৃথিৱীৰ সকলো মানুহে শান্তিপূর্ণভাৱে বাস কৰিব পাৰে) গঠনৰ সপোন মৰীচিকাত পৰিণত হৈছিল। বিশ্বৰ বৃহৎ ৰাষ্ট্ৰবিলাকে তেওঁলোকৰ নিজস্ব শিবিৰৰ স্বাৰ্থত সকলো বিষয়ৰ চিন্তা-চৰ্চা কৰিবলৈ ধৰিলে। ৰাষ্ট্ৰসংঘৰ মজিয়াত মানৱতাৰ সহায়ৰ বাবে চিন্তা-চৰ্চা কৰাৰ লগতে উপায় উদ্ভাৱন কৰাৰ পৰিৱৰ্তে অবিৰতভাৱে বহুদিকদশী প্রতিদ্বন্দ্বিতাত লিণ্ডু হৈছিল আৰু ইয়াৰ ফলশ্ৰুতিত ৰাষ্ট্ৰসংঘ এক বাৰ্তালাপৰ দোকান [Talking Shop] আৰু জনমত প্ৰকাশৰ মঞ্চত পৰিণত হৈছিল। অৱশ্যে আদর্শগতভাৱে সমস্যাসমূহ বিশ্লেষণ কৰাৰ ফলত ৰাষ্টসংঘই সমস্যা সমাধানত বিশেষ সফল হ’ব পৰা নাছিল।

4. শীতল যুদ্ধৰ সময়ত ঘটা বিভিন্ন ঘটনাৱলী আলোচনা কৰা। 

Ans: শীতল যুদ্ধৰ কালত বিভিন্ন ঘটনাৱলী সংঘটিত হৈছিল। তাৰে ভিতৰত কিউবা মিছাইল সংকট, বার্লিণ সংকট আৰু কোৰিয়া সংকটেই প্রধান।

(ক) কিউবা মিছাইল সংকট : আমেৰিকা যুক্তৰাষ্ট্ৰৰ চুবুৰীয়া দেশ কিউবাত সাম্যবাদী চৰকাৰে শাসন কৰিছিল। পুঁজিপতি আমেৰিকা স্বাভাৱিকতে কিউবাৰ প্ৰতি সন্দিহান হৈ পৰে। কিউবায়ো যিকোনো সময়তে আমেৰিকা আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হয় বুলি ছোভিয়েট ৰাছিয়াৰ সৈতে এক সু-সম্পর্ক গঢ়ি তোলাৰ প্ৰচেষ্টা চলায়। লস্বৰূপে আমেৰিকাৰ আক্ৰমণণ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে ছোভিয়েট ৰাছিয়াই কিউবাত ক্ষেপণাস্ত্ৰৰ ঘাটি স্থাপনৰ কাম কৰাৰ বাবে নৈ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছিল।

(খ) কোৰিয়া সংকট : দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ছোভিয়েট ৰুছিয়া আৰু আমেৰিকাই জাপানৰ পৰা কোৰিয়াৰ দায়িত্বভাৰ গ্ৰহণ কৰে। দুয়োখন ৰাষ্ট্ৰই কোৰিয়াত এখন গণতান্ত্রিক চৰকাৰ গঠন কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছিল যদিও নির্বাচনকেন্দ্রিক বিষয়সমূহৰ ক্ষেত্ৰত ঐকম্য মতত উপনীত হ’ব পৰা নাছিল।

(গ) বার্লিন সংকট : পট্‌দাম সন্মিলনৰ সিদ্ধান্ত মর্মে জার্মেনিক চাৰিটা ভাগত ভাগ কৰি ছোভিয়েট ৰুছিয়া, আমেৰিকা, ইংলেণ্ড আৰু ফ্রান্সে দায়িত্বভাৰ ভগাই লৈছিল। ছোভিয়েট ৰুছিয়া আছিল পূৱ জার্মানিৰ দায়িত্বত আৰু বাকী তিনিখন ৰাষ্ট্ৰই পশ্চিম জার্মানিৰ দায়িত্ব ভগাই লৈছিল।

(ঘ) কর্জেগ সংকট : প্রায় ৮০ বছৰ বেলজিয়ামৰ শাসনাধীন হৈ থকাৰ পিছত ১৯৬০ চনত কর্জেগৱে স্বাধীনতা লাভ কৰে। স্বাধীন কৰ্জোত সামাজিক সংঘৰ্ষৰ উদ্ভৱ হোৱাৰ উপৰি সেনা বাহিনীৰ মাজত বিদ্রোহে দেখা দিছিল।

5. শীতল যুদ্ধৰ কালত দেখা দিয়া কেইটামান বৈশিষ্ট্য আলোচনা কৰা। 

Ans: শীতল যুদ্ধৰ কালত দেখা দিয়া কেইটামান বৈশিষ্ট্য হৈছে―

(১) আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্বৰাজনীতিত অদ্বিতীয় বৃহৎ শক্তি হৈ থাকিল।

(২) দ্বিপাক্ষিক আৰু গোষ্ঠী ৰাজনীতিৰ অন্ত পৰে।

(৩) সমাজবাদৰ প্ৰসাৰতাৰ প্ৰতি থকা আশংকাৰ পৰা পাশ্চাত্যৰ ৰাষ্ট্ৰসমূহ মুক্ত হ’ল।

(৪) দ্বিপাক্ষিক সামৰিক প্ৰতিদ্বন্দ্বিতাত বিশ্ব ৰাজনীতিৰ পৰা নাইকিয়া হয়।

Essay Type Questions 

1. শীতল যুদ্ধৰ সংজ্ঞা দি ইয়াৰ কাৰকবিলাক আলোচনা কৰা। [What do you mean by Cold War.  Discuss the causes of Cold War.] 

Ans: ফ্রাংকেলৰ মতে, সাম্যবাদ আৰু গণতান্ত্রিক আদৰ্শ আৰু ইয়াৰ পৃষ্ঠপোষক ৰাছিয়া আৰু আমেৰিকাৰ মাজত সৃষ্টি হোৱা বিৰোধৰ লগত জড়িত ঘটনাসমূহকে শীতল যুদ্ধ বুলিব পাৰি।

ওৱাল্টাৰ ৰেমণ্ডৰ মতে, শীতল যুদ্ধ হৈছে আমেৰিকা আৰু ছোভিয়েট সংঘৰ মাজত চলা আদর্শগত প্রতিদ্বন্দ্বিতা। 

অধ্যাপক কিমৰ মতে, শীতল যুদ্ধৰ সংজ্ঞা আগবঢ়োৱাটো জটিল যদিও আমেৰিকা আৰু ৰাছিয়াৰ মাজত সৃষ্টি হোৱা বিৰোধৰ পাৰস্পৰিক আৰু উৎকণ্ঠাময় পৰিৱেশকেই শীতল যুদ্ধ বুলিব পাৰি।

লুইছ হেয়য়ে লিখা গ্রন্থ “The Cold War as History” ত শীতল যুদ্ধক প্রবল উত্তেজনাময় পৰিস্থিতি বুলি উল্লেখ কৰিছে আৰু ইয়াক সশস্ত্র প্রত্যক্ষ যুদ্ধতকৈ অধিক বিপজ্জনক বুলি কোৱা হৈছে। শীতল যুদ্ধত অৱতীৰ্ণ হোৱা ৰাষ্ট্ৰবোৰে সমস্যাৰ সঠিক সমাধান নকৰি কূটনীতিৰ সহায়ত অধিক জটিল কৰি তোলে।

শীতল যুদ্ধৰ কাৰণ :

ভাৱাদর্শব পার্থক্য : শীতল যুদ্ধৰ এটা প্ৰধান কাৰণ হৈছে দুই বৃহৎ শক্তিৰ মাজত থকা ভাৱাদৰ্শৰ পাৰ্থক্য আৰু তাৰ পৰা সৃষ্টি হোৱা বিৰোধ ভাৱ।

পাৰস্পৰিক বিৰোধ : দুই বৃহৎ শক্তিৰ মাজত পাৰস্পৰিক বিৰোধ ভাৱৰ বাবেও শীতল যুদ্ধ অনিবাৰ্য হৈ পৰে। দুয়োটা শক্তিয়েই ইটোৱে সিটোক কোনো ক্ষেত্ৰতেই বিশ্বাস নকৰিছিল। অবিশ্বাস আৰু ভয় দুয়া দেশৰ মাজত ইমান দৃঢ় হৈ পৰিল যে যিকোনো কাৰ্য কৰিলেই এখনে আনখনক সন্দেহ কৰে।

পাৰস্পৰিক ভুল মনোভাব : শীতল যুদ্ধৰ আন এটা কাৰণ হ’ল—দুই বৃহৎ শক্তিৰ মাজত সৃষ্টি হোৱা ভুল মানোভাৱ।

অর্থনৈতিক কাৰণ : দুই বৃহৎ শক্তিৰ মাজত চলা শীতল যুদ্ধৰ মূলতে অর্থনৈতিক কাৰণো আছিল।

মানৱ প্ৰকৃতি : মানৱ প্ৰকৃতি চিৰন্তন বিধিয়েও দুই ৰাষ্ট্ৰগোষ্ঠীৰ মাজত শীতল যুদ্ধৰ সৃষ্টি কৰে বুলি বহুতে মত প্ৰকাশ কৰে।

এটম বোমাৰ গোপনীয়তা : এটম বোমা আৱিষ্কাৰ কৰাৰ বিষয়টো পশ্চিমীয়া পুঁজিবাদী ৰাষ্ট্ৰগোষ্ঠীয়ে গোপনে ৰখাত ছোভিয়েট ইউনিয়নে বিশ্বাসঘাতকতা কৰা বুলি সিদ্ধান্ত লৈছিল।

2. শীতল যুদ্ধৰ সংজ্ঞা দিয়া। বিশ্বৰ ৰাজনীতিত শীতল যুদ্ধৰ প্ৰভাৱ সম্পর্কে আলোচনা কৰা।[What do you mean by Cold War Discuss the impact of Cold War on International Politics.]

Ans: ফ্রাংকেলৰ মতে, সাম্যবাদ আৰু গণতান্ত্রিক আদৰ্শ আৰু ইয়াৰ পৃষ্ঠপোষক ৰাছিয়া আৰু আমেৰিকাৰ মাজত সৃষ্টি হোৱা বিৰোধৰ লগত জড়িত ঘটনাসমূহকে শীতল যুদ্ধ বুলিব পাৰি।

ওৱাল্টাৰ ৰেমণ্ডৰ মতে, শীতল যুদ্ধ হৈছে আমেৰিকা আৰু ছোভিয়েট সংঘৰ মাজত চলা আদর্শগত প্রতিদ্বন্দ্বিতা।

অধ্যাপক কিমৰ মতে, শীতল যুদ্ধৰ সংজ্ঞা আগবঢ়োৱাটো জটিল যদিও আমেৰিকা আৰু ৰাছিয়াৰ মাজত সৃষ্টি হোৱা বিৰোধৰ পাৰস্পৰিক আৰু উৎকণ্ঠাময় পৰিবেশকেই শীতল যুদ্ধ বুলিব পাৰি। 

লুইছ হেয়য়ে লিখা গ্রন্থ “The Cold War as History” শীতল যুদ্ধক প্রবল উত্তেজনাময় পৰিস্থিতি বুলি উল্লেখ কৰিছে আৰু ইয়াক সশস্ত্র প্রত্যক্ষ যুদ্ধতকৈ অধিক বিপজ্জনক বুলি কোৱা হৈছে। শীতল যুদ্ধত অৱতীৰ্ণ হোৱা ৰাষ্ট্ৰবোৰে সমস্যাৰ সঠিক সমাধান নকৰি কূটনীতিৰ সহায়ত অধিক জটিল কৰি তোলে।

দ্বিতীয় মহাসমৰৰ পৰৱৰ্তী সময়ত আমেৰিকা আৰু ছোভিয়েট সংঘৰ মাজত সৃষ্টি হোৱা শীতল যুদ্ধই যে কেৱল ছোভিয়েট আমেৰিকাৰ মাজত সম্পর্ককে প্রভাৱাশ্বিত কৰিছিল এনে নহয়, বৰং আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ সামগ্ৰিকভাৱে পদ্ধতি নিৰ্ণয় কৰাৰ ক্ষেত্ৰত প্ৰধান নিৰ্ণায়কৰ ভূমিকা পালন কৰিছিল। ছোভিয়েট আমেৰিকাৰ মাজৰ প্ৰতিদ্বন্দ্বিতাই আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ৰাজনৈতিক, কূটনৈতিক, অর্থনৈতিক, সাংস্কৃতিক, আদৰ্শগত আৰু সামৰিক এই সকলো ক্ষেত্রকেই বাৰুকৈয়েই প্ৰভাৱাশ্বিত কৰিছে। একেদৰে পূব ইউৰোপ, পশ্চিম ইউৰোপ, দক্ষিণ-পূর্ব এছিয়া, দক্ষিণ এছিয়া বা পশ্চিম এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকা, বিশ্বৰ এই সকলো অঞ্চলকেই শীতল যুদ্ধই স্পৰ্শ কৰি গৈছে। যি কি নহওক, বিশ্বৰ ৰাজনীতিত শীতল যুদ্ধৰ প্ৰভাৱ সম্পৰ্কে নিম্নোক্ত ধৰণে আলোচনা কৰিব পাৰি।

১) সামৰিক মৈত্রী স্থাপন : শীতল যুদ্ধৰ ফলশ্ৰুতিত সামৰিক চুক্তি স্বাক্ষৰ কৰাৰ লগতে আঞ্চলিক সামৰিক সংস্থা গঠন কৰা যুগৰ সূচনা কৰে। শীতল যুদ্ধৰ ফলশ্ৰুতি হিচাপে নাটো, ৱাৰ্শ্ব চুক্তি, চেণ্টো (CENTO), ছিয়েটো, এনজাছ আদিৰ দৰে ভালেমান চুক্তি স্বাক্ষৰ করা হৈছিল। মহাশক্তিসমূহৰ ইউৰোপীয় মৈত্ৰী ৰাষ্ট্ৰসমূহৰ নাটো আৰু ৱাৰ্শ্ব চুক্তি সংগঠনৰ লগত একত্ৰিত হৈছিল। আমেৰিকাই এছিয়াৰ মেত্রী ৰাষ্ট্ৰসমূহৰ লগত (CENTO) আৰু (SEATO) চুক্তি আক অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ লগতে [ANZUS] চুক্তি ৰূপায়ণ কৰিছিল। এই সামৰিক চুক্তিসমূহে ৰাষ্ট্ৰসংঘৰ গুৰুত্ব হস কৰিছিল যদিও এই সামৰিক চুক্তিসমূহৰ জৰিয়তে শীতল যুদ্ধৰ সময়ত এটা পক্ষই আন এটা পক্ষৰ বিৰুদ্ধে সংগঠিত হৈছিল, তথাপি পৰৱৰ্তী সময়ত সময়ৰ পৰিৱৰ্তনৰ লগে লগে বিশেষকৈ গোষ্ঠীনিৰপেক্ষ জোঁট সৃষ্টি হোৱাৰ ফলস্বৰূপে এই সামৰিক চুক্তিসমূহৰ প্ৰাসংগিকতা হাস পাই আহিছে।

২) দ্রুত নিঃঔপনিবেশিকৰণ : নৱ স্বাধীনতা প্রাপ্ত ৰাষ্টবিলাকৰ সংঘ ক্ৰমাৎ বৃদ্ধি পোৱাত প্ৰাচ্য আৰু পাশ্চাত্যৰ মাজত প্ৰত্‌দ্বিন্দ্বিত আন এক গুৰুত্বপূৰ্ণ প্ৰভাৱ। এই ৰাষ্ট্ৰবিলাকক পৰৱৰ্তী সময়ত তৃতীয় বিশ্বৰ ৰাষ্ট্ৰ [Third World Nation] বুলি অভিহিত কৰা হয়। তৃতীয় বিশ্বৰ ৰাষ্টবিলাকৰ সংখ্যা ক্রমাৎ বৃদ্ধি পোৱাটোৱেই তেওঁলোকৰ ৰাজনৈতিক শক্তিৰ প্ৰধান ভিত্তি। সাধাৰণতে এই নিঃউপনিৱেশিকৰণ প্ৰক্ৰিয়াটো দ্বিতীয় মহাসমৰৰ পিছৰ পৰাই আৰম্ভ হৈছিল যদিও পশ্চিমীয়া সাম্ৰাজ্যবাদৰ ওপৰত সমাজবাদী শিবিৰ আক্ৰমণ আৰু সমাজবাদী শক্তি আৰু তৃতীয় বিশ্বৰ ৰাষ্টবিলাকৰ মাজৰ ৰাজনৈতিক মিত্ৰতাই নিঃউপনিৱেশীকৰণ প্ৰক্ৰিয়াটো অধিক তীব্রতৰ কৰি তুলিছিল। উল্লেখযোগ্য যে, তেনে ধৰণৰ ৰাজনৈতিক মিত্রতাই এক গ্রহণযোগ্য ৰাজনৈতিক সংগঠন আৰু নিয়ন্ত্ৰণৰ ৰূপত সাম্ৰাজ্যবাদক নিঃবিধিসন্মত কৰি তোলাৰ প্ৰভাৱ পেলায়।

৩) দ্বি-কেন্দ্ৰিক ক্ষমতাৰ গাঁথনি : ছোভিয়েট আমেৰিকাৰ মাজত প্রতিদ্বন্দ্বিতা বিশ্বৰ ৰাজনৈতিক ব্যৱস্থাত পেলোৱা আন এক গুৰুত্বপূৰ্ণ প্ৰভাৱ হৈছে ক্ষমতাৰ গাঁথনিৰ পৰিৱৰ্তন। এই পৰিৱৰ্তন বিশ্বৰ দুই মহাশক্তিৰ মাজত অর্থনৈতিক আৰু সামৰিক ক্ষমতাৰ বিচৰণৰ লগত জড়িত। দ্বিতীয় মহাসমৰৰ অন্ত হোৱাৰ লগে লগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বত অপ্রতিদ্বন্দ্বীত শক্তি হিচাপে অভ্যুত্থান ঘটিছিল। কিন্তু ছোভিয়েট ইউনিয়ন এক মহাশক্তি ৰূপে আবিৰ্ভাৱৰ লগে লগে এই পৰিস্থিতিৰ পৰিৱৰ্তন ঘটিছিল। ফলত বিশ্বৰ ৰাজনীতিত ক্ষমতা বিতৰণৰ এক নতুন গাঁথনিৰ উন্মেষ ঘটিছিল। যাক দ্বি-কেন্দ্রকতাবাদী ক্ষমতাৰ গাঁথনি (এফালে আমেৰিকা আৰু ইয়াৰ মিত্ৰশক্তি ৰাষ্টসমূহ আৰু আনফালে ছোভিয়েট ইউনিয়ন আৰু ইয়াৰ মিত্রশক্তি ৰাষ্টসমূহ) হিচাপে নামকৰণ কৰা হৈছিল। বিশ্ব ক্ষমতাৰ এই অৱয়ৱটোকে দ্বি-মেৰুবাদ বুলি কোৱ হয়, য’ত নেকি এফালে আমেৰিকা আৰু ইয়াৰ মৈত্রী শক্তি আৰু আনফালে ছোভিয়েট ইউনিয়ন আৰু ইয়াৰ মিত্ৰশক্তি ৰাষ্ট্ৰকেইখনে এক বিপৰীত মেৰুত অৱস্থান কৰিছিল। পাৰস্পৰিক শত্রুতাৰ পবন সংঘাত আৰু আপাত সংঘৰ্ষ প্রকৃত অভিযোজন নামেৰে জনাজাত ছোভিয়েট আমেৰিকাৰ প্ৰতিন্দ্ব্ধতৰ সমান্তৰালভাৱে এই ক্ষমতাৰ নতুন অৱয়ৱটোরে গতি কৰিছিল। 

৪) তিক্ততাপূর্ণ বাতাৱৰণ : শীতল যুদ্ধৰ কাৰণবশত: বিশ্ব বাতাবৰণ তিক্ততা, পাৰস্পৰিক সন্দেহ আৰু পাৰস্পৰিক শত্ৰুতাৰে পৰিপূৰ্ণ আছিল। যদিও দ্বিতীয় মহাসমৰ ১৯৪৫ চনত অৱসান হৈছিল, তথাপি বাস্তৱ ক্ষেত্ৰত বিশ্বত শান্তি স্থাপন হোৱা নাছিল। শীতল যুদ্ধৰ সময়ছোৱাত বিশ্বৰ ৰাজনীতি সাময়িক সংকট আৰু যুদ্ধৰ ভাবুকিৰে বৈশিষ্ট্যপূর্ণ আছিল। এক বিশ্ব (য’ত নেকি পৃথিৱীৰ সকলো মানুহে শান্তিপূর্ণভাৱে বাস কৰিব পাৰে) গঠনৰ সপোন মৰীচিকাত পৰিণত হৈছিল। বিশ্বৰ বৃহৎ ৰাষ্ট্ৰবিলাকে তেওঁলোকৰ নিজস্ব শিবিৰৰ স্বাৰ্থত সকলো বিষয়ৰ চিন্তা-চৰ্চা কৰিবলৈ ধৰিলে। ৰাষ্ট্ৰসংঘৰ মজিয়াত মানৱতাৰ সহায়ৰ বাবে চিন্তা-চৰ্চা কৰাৰ লগতে উপায় উদ্ভাৱন কৰাৰ পৰিৱৰ্তে অবিৰতভাৱে বহুদিকদশী প্রতিদ্বন্দ্বিতাত লিণ্ডু হৈছিল আৰু ইয়াৰ ফলশ্ৰুতিত ৰাষ্ট্ৰসংঘ এক বাৰ্তালাপৰ দোকান [Talking Shop] আৰু জনমত প্ৰকাশৰ মঞ্চত পৰিণত হৈছিল। অৱশ্যে আদর্শগতভাৱে সমস্যাসমূহ বিশ্লেষণ কৰাৰ ফলত ৰাষ্ট্ৰসংঘই সমস্যা সমাধানত বিশেষ সফল হ’ব পৰা নাছিল।

3. ছোভিয়েট ইউনিয়ন কিয় দ্বি-খণ্ডিত হৈছিল বুজাই লিখা? 

Ans: বিশ্বৰ দ্বিতীয় বৃহৎ শক্তি ছোভিয়েট ইউনিয়ন ভাঙোনৰ অন্তৰালত কেইবাটাও কাৰণ অন্তনিহিত হৈ আছে। সেই বিষয়ে তলত বিশদভাৱে আলোচনা কৰা হ’ল—

(১) গর্বাচেভে যিবিলাক সংস্কাৰ সাধনৰ পদক্ষেপ গ্ৰহণ কৰিছিল বা প্রশাসনীয় শিথিলতা আনিব বিচাৰিছিল সেইবোৰ অতি ধীৰ গতিৰে আগবাঢ়িছিল। ইয়াৰ ফলশ্ৰুতিত জনসাধাৰণ ধৈৰ্য্যচুতৰ লগতে হতাশাগ্রস্ত হৈ পৰিছিল। কাৰণ তেওঁলোকৰ মতে, এনে লেহেম গতিত কামবোৰ আগবাঢ়িলে তেওঁলোকে আশাপ্রদভাৱে লাভৱান্বিত নহ’ব।

আনহাতে, সাম্যবাদী দলৰ সদস্যসকলে ইয়াৰ সম্পূর্ণ বিপৰীত ধৰ্মী মতামত পোষণ কৰিছিল। তেওঁলোকে অনুধাৱন কৰিছিল যে গর্বাচেভে সংস্কাৰমুলক নীতিসমূহৰ জৰিয়তে তেওঁলোকৰ ক্ষমতা আৰু সুবিধাসমূহ হাস কৰিব।গর্বাচেভে অতি ক্ষিপ্ৰতাৰে এই সংস্কাৰমূলক পদক্ষেপসমূহ আৰম্ভ কৰিছিল। যাৰ বাবে গর্বাচেভে সকলো পক্ষৰ পৰা জনসমর্থন হেৰুৱাৰ উপক্ৰম হৈছিল।

(২) ৰাছিয়া, বাল্টিক প্রজাতন্ত্র (ইষ্টোনিয়া, লাটভিয়া, লিথুৱানিয়া) ইউক্রেইন, জর্জিয়া আদিকে ধৰি ছোভিয়েট ইউনিয়নৰ অংশ হিচাপে থকা বিভিন্ন প্রজাতন্তুবোৰৰ মাজতে গঢ়িলৈ উঠা জাতীয়তাবাদ আৰু সৰ্বভৌমত্ব লাভৰ প্ৰতি থকা আশা-আকাংক্ষাও ছোভিয়েট ইউনিয়নৰ পতনৰ আন এক কাৰণ।

(৩) ঐতিহাসিক কাৰণবশত : ছোভিয়েট ইউনিয়নৰ কেতবোৰ স্বাধীন প্রজাতন্ত্র একত্ৰিত হৈছিল। এই প্রজাতন্ত্ৰবোৰৰ মাজৰ আভ্যন্তৰীণ সমস্যাৰাজিয়েও ছোভিয়েট ইউনিয়নৰ পতনৰ অন্যতম কাৰক হিচাপে দেখা দিছিল।

(৪) ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ অন্যতম কাৰণ আছিল মধ্য এছিয়াত জাতীয়তাবাদীসকলৰ বিক্ষোভ। ছোভিয়েট ইউনিয়নৰ আন আন প্রজাতন্ত্ৰৰ সৈতে মধ্যএছিয়াৰ প্ৰজাতন্ত্ৰবিলাকৰ থকা জাতিগত আৰু ধৰ্মীয় পার্থক্য তথা অর্থনৈতিক অনগ্ৰৰসৰতাই ছোভিয়েট ইউনিয়নৰ ভাঙোনত যথেষ্টভাৱে অৰিহণা যোগাইছিল।

(৫) ছোভিয়েট ইউনিয়নৰ অংশীদাৰ স্বৰূপ তথা পূব ইউৰোপৰ অঞ্চল, ইউক্রেইন আৰু জর্জিয়াৰ জাতীয়তাবাদীসকলৰ মতে তেওঁলোকে মধ্য এছিয়াৰ প্ৰজাতন্তবিলাকক ছোভিয়েট ইউনিয়নৰ অংশীদাৰ কৰি ৰখাৰ কাৰণবশতঃ অধিক উচ্চ হাৰত অর্থনৈতিক সাহার্য প্রদান কৰিবলগীয়া হৈছিল। ইয়ো হোভিয়েট ইউনিয়নৰ পতনৰ আন এটা কাৰণ।

4. ছোভিয়েত ইউনিয়নৰ খণ্ডিতকৰণৰ পৰিণতিসমূহ কি কি?

Ans: ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণ আৰু পূৱ ইউৰোপৰ সমাজবাদী ব্যৱস্থাৰ অৱসানে বিশ্বৰ ৰাজনীতিত এক গভীৰ প্ৰভাৱ পেলাইছিল। ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পৰিণতিসমূহ তলত আলোচনা কৰা হ’ল—

প্রথমতে, ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ ফলশ্ৰুতিত বিশ্বৰ দুই বৃহৎ শক্তি ক্ৰমে আমেৰিকা যুক্তৰাষ্ট আৰু ছোভিয়েট ইউনিয়নৰ মাজত থকা সমাজবাদী আৰু পুজিবাদীৰ আদৰ্শগত সংঘাতৰ অৱসান ঘটিল। দুই মহা শক্তিৰ মাজৰ আদৰ্শগত সংঘাতৰ বাবে গোটেই বিশ্বখন দুটা সামৰিক গোষ্ঠীত পৰিণত হৈছিল আৰু দুয়োটা গোষ্ঠীয়ে পাৰমাণৱিক অস্ত্ৰ আহৰণত নিয়োজিত হৈছিল। গতিকে ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ ফলশ্ৰুতিত সশস্ত্ৰীকৰণৰ প্ৰতিযোগিতা বন্ধ হ’ল আৰু বিশ্বত শান্তিৰ এক নতুন প্রক্রিয়া স্থাপন হ’ল।

দ্বিতীয়তে, ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ পৰিণতিস্বৰূপে বিশ্বত যি ক্ষমতা সম্পৰ্কীয় সম্বন্ধ চলিছিল সেই সময়ৰ পৰিৱৰ্তন হৈছিল। বিশ্বৰ দুই বৃহৎ শক্তিৰ মাজত চলা শীতল যুদ্ধৰ অৱসনৰ পিছত বিশ্বৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতি দ্বৈত প্ৰকৃতিৰ হৈ পৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই সমগ্ৰ বিশ্বৰ ওপৰত আধিপত্য বিস্তাৰ কৰণৰ জৰিয়তে এক-মেৰুবাদ প্ৰৱৰ্তন কৰাৰ আংশকা নাইবা বিভিন্ন ৰাষ্ট বা ৰাষ্ট গোষ্ঠীয়ে আন্তর্জাতিক ৰাজনীতিত প্ৰভাৱশালী ভূমিকা পালন কৰি বহু মেৰুবাদৰ ব্যৱস্থা প্ৰৱৰ্তনৰ আশংকা ব্যক্ত কৰা হৈছিল।

বিশ্বৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতিলৈ সম্প্রতি লক্ষ্য কৰিলে দেখা যায় যে ১৯৯১ ত ছোভিয়েট ইউনিয়নৰ পতনৰ পাছত বিশ্ব ৰাজনীতিৰ পৰা দ্বি-মেৰুবাদৰ অৱসান ঘটি আমেৰিকা যুক্তৰাষ্ট বিশ্বৰ একমাত্র বৃহৎ শক্তি ৰাষ্ট্ৰ হৈ পৰে। বর্তমান সমগ্র বিশ্বতে আমেৰিকা যুক্তৰাষ্ট্ৰত প্রচলিত পুঁজিবাদী অর্থনৈতিক ব্যৱস্থাই আধিপত্য বিস্তাৰ কৰিছে। বিশ্ব বেংক, আন্তর্জাতিক মুদ্রা নিধি আদিয়ে যিহেতুকে বিশ্বৰ বিভিন্ন ৰাষ্টক  সাহাৰ্য প্ৰদান কৰে, সেয়েহে এই অনুযানবোৰ বিশ্বৰ ৰাষ্ট্ৰবোৰৰ মুখ্য পৰামৰ্শদাতা হৈ পৰিছে। বৰ্তমান ৰাজনৈতিকভাৱে উদাৰনৈতিক গণতন্ত্র জনগণৰ ৰাজনৈতিক জীৱনৰ সৰ্বশ্ৰেষ্ঠ উপায় হিচাপে পৰিগণিত হৈ পৰিছে।

তৃতীয়তে, ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ পিছত বহুত নতুন নতুন স্বাধীন ৰাষ্ট্ৰৰ সৃষ্টি হৈছে। এই প্রত্যেক নব্য স্বাধীনতাপ্রাপ্ত ৰাষ্টৰে নিজস্ব আশা- আকাংক্ষা আছে। বিশেষকৈ বাল্টিক আৰু পূৱ-ইউৰোপৰ ৰাষ্টসমূহে ইউৰোপীয় সংঘত যোগদান কৰি দক্ষিণ আটলান্টিক চুক্তি সংগঠনৰ অংশীদাৰ হোৱাৰ পোষকতা কৰাৰ সমান্তৰালভাৱে মধ্য এছিয়াৰ ৰাষ্ট্ৰসমূহে ৰাছিয়াৰ লগত থকা সু-সম্পর্ক বজাই ৰাখি পশ্চিমীয়া আমেৰিকা যুক্তৰাষ্ট আৰু চীনৰ সৈতেও সম্পর্ক স্থাপন কৰিব বিচাৰে। 

গতিকে ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ পিছত বিশ্বৰ ৰাজনীতিত নিজৰ নিজৰ স্বাৰ্থ ৰক্ষা আৰু অৰ্থনৈতিক তথা ৰাজনৈতিক সুবিধা গ্ৰহণৰ বাবে বহুতো নতুন নতুন নায়কৰ আবিভবি হৈছে। 

5. What are the causes of cold War? critically discuss the effects of cold war on international relation.

Ans: দুই বৃহৎ শক্তিৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু শান্তিপূর্ণ সহঅৱস্থানৰ নীতি ব্যৱস্থাবোৰ পুনৰ ১৯৭৯ চনত সংঘাতপূর্ণ অৱস্থালৈ গতি কৰিলে। ১৯৭৯ চনৰ ডিচেম্বৰ মাহত শীতল যুদ্ধই নতুন ৰূপ লয়। ৰাষ্ট্ৰনেতা আৰু লেখকসকলে সেই অৱস্থাটোক শীতল যুদ্ধ নামেৰে নামকৰণ কৰিছে।

দুয়োপক্ষই সহ-অৱস্থানৰ নীতি ঘোষণা কৰিছিল যদিও ক্ষমতা আৰু বিশ্বত বৃহৎ শক্তিৰূপে পৰিগণিত হোৱাৰ চেষ্টা দুই বৃহৎ শক্তিয়েই অব্যাহত ৰাখিছিল। ক্ষমতা বৃদ্ধিৰ এক বিশেষ পদক্ষেপ লৈ ছোভিয়েট ইউনিয়নে আফগানিস্তানৰ বিষয়ত হস্তক্ষেপ কৰি তাত ছোভিয়েট সমর্থক চৰকাৰ গঠন কৰাৰ কৌশল কৰে। হস্তক্ষেপ নীতি আৰম্ভ কৰা মাত্রেই ৱাশ্বিংটন চৰকাৰ সচেতন হৈ পৰিল আৰু ইমান দিনে চলি থকা মাজে সময়ে শান্ত হোৱা শীতল যুদ্ধই নতুন শীতল যুদ্ধৰ ধাৰণ কৰিলে। শান্তিপূর্ণ সহ-অৱস্থানৰ পৰিৱৰ্তে পুনৰ সংঘাতপূর্ণ অৱস্থা আৰম্ভ হ’ল আৰু এখনে আনখন ৰাষ্ট্ৰক স্পষ্টভাৱে দোষাৰোপ কৰিবলৈ ধৰিলে।

১৯৭৭ চনত উভয় পক্ষৰ মাজত থকা আক্রমণাত্মক অস্ত্র-শস্ত্র সীমিতকৰণ চুক্তিৰ সময়সীমা শেষ হৈছিল যদিও তাৰ বিধানবোৰ পালন কৰাৰ চেষ্টা চলি আছিল। আনহাতে নতুন শীতল যুদ্ধৰ অৱসান ঘটাবলৈও ৰাষ্ট্ৰনেতাকেইজনে আলোচনা অব্যাহত ৰাখিছিল। ১৯৭৯ চনত মার্কিন ৰাষ্ট্ৰপতি কাৰ্টাৰ আৰু ছোভিয়েট ৰাষ্ট্ৰপতি ব্রেজনেভাত মাজত SALT II চুক্তি স্বাক্ষৰ হয়। এই চুক্তিৰ বিধানমতে দুই বৃহৎ শক্তিয়ে পাৰমাণৱিক অস্ত্র-শস্ত্ৰ বৃদ্ধিৰ ক্ষেত্ৰত ১৯৮৫ চনৰ ডিচেম্বৰ মাহলৈকে সীমাবদ্ধতা আৰোপ কৰিলে। ৰাষ্ট্ৰপতি কাৰ্টাৰে চুক্তিখন মার্কিন সংবিধানৰ বিধি অনুসৰি চিনেটলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰিলে। কিন্তু ছোভিয়েট ইউনিয়নে সেই সময়ত আফগানিস্তানত সামৰিক হস্তক্ষেপ চলাই থকাত মার্কিন চিনেটে চুক্তিখনত অনুমোদন নজনালে। আনহাতে ৰাষ্ট্ৰপতি কাৰ্টাৰ প্ৰশাসনে বিশ্বজুৰি মানৱ অধিকাৰ সপক্ষে প্ৰচাৰ কাৰ্য চলোৱাত ছোভিয়েট প্ৰশাসনে পুনৰ নতুনকৈ সন্দেহ কৰিবলৈ ধৰিলে। তেনে পৰিস্থিতিত সহ-অৱস্থানৰ নীতিৰ পৰিৱৰ্তে দুয়ো পক্ষৰ মাজত শীতল যুদ্ধই নতুন ৰূপ লয়।

ছোভিয়েট ইউনিয়নে আফগানিস্তানৰ পৰা সেনা অপসাৰণ নকৰাত, লগতে আফ্ৰিকা আৰু কিউবাত সেনা বাহিনী ৰখাত আমেৰিকাৰ সন্দেহ বৃদ্ধি হয়। তেনে পৰিস্থিতি চলি থকাত মাৰ্কিন ৰাষ্ট্ৰপতি ৰোনাল্ড ৰিগেনে অন্তৰীক্ষ যুদ্ধৰ ভাবুকি দিয়ে। সমগ্ৰ বিশ্বৰ ৰাষ্ট্ৰবোৰ সচেতন হৈ পৰে। কাৰণ তেনে এখন অন্তৰীক্ষ যুদ্ধ আৰম্ভ হ’লে অর্থনৈতিক ক্ষেত্রকে ধৰি জীৱজগতৰ তথা পৰিৱেশ আদিৰ ভয় লগা ৰূপ হ’ব বুলি বিশ্বজুৰি বিভিন্ন বিতর্ক হৈছিল।

নতুন শীতল যুদ্ধই তৃতীয় এখন মহাদ্ধৰ গতি লোৱাত তৃতীয় বিশ্বৰ প্ৰায়বোৰ ৰাষ্ট্ৰকে ধৰি ইউৰোপৰো কিছুমান ৰাষ্ট্ৰৰ পুঁজিবাদী ৰাষ্ট্ৰৰশোষণ মুক্ত হোৱাৰ নীতি গ্ৰহণ কৰে। আনকি অতি কম সময়ৰ ভিতৰতেই সেইবোৰ ৰাষ্ট্ৰই সামৰিক চুক্তি, ক্ষমতাৰ সংগ্ৰাম আদিৰ পৰা মুক্ত হৈ গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰি শান্তিপূর্ণ পৰিৱেশ গঢ়ি অর্থনৈতিক দিশত আত্মনির্ভৰশীল হোৱাৰ চেষ্টা কৰিলে। আনকি ছোভিয়েট ইউনিয়নৰ নতুন ৰাষ্ট্ৰপতি মিখাইল গর্বাচেভে শীতল যুদ্ধৰ পৰিৱৰ্তে পাৰস্পৰিক সহযোগিতাৰ নীতি ঘোষণা কৰিলে। নেতাগৰাকীৰ নতুন ৰাজনৈতিক চিন্তাধাৰাত ক্ষমতাৰ ভাৰসাম্য আৰু সংগ্ৰামৰ পৰিৱর্তে আন্তঃৰাষ্ট্ৰীয়বাদ, সশস্ত্ৰীকৰণৰ পৰিৱৰ্তে নিৰস্ত্ৰীকৰণ আদি নীতি ঘোষণা হয়। লগতে তেওঁ শান্তিপূর্ণ সহঅৱস্থান আৰু সকলো ৰাষ্ট্ৰৰ বাবে সমনিৰাপত্তাৰ গুৰুত্ব দিয়ে। আমেৰিকাই প্রথমে গর্বাছেভৰ নতুন ৰাজনৈতিক নীতিত সন্দেহ কৰিছিল যদিও পিছত তেওঁৰ নিষ্ঠাৰ নীতিক সমর্থন আগবঢ়াইছিল। ফলস্বৰূপে দুই বৃহৎ শক্তিৰ মাজত গঢ়ি উঠা বুজাবুজিৰ নতুন পৰিৱেশত শীতল যুদ্ধ বহু দূৰ শান্ত হৈছিল। তেনে এক পৰিৱেশত শান্তি স্থাপনৰ দিশত আগবঢ়াত সেই সময়ত চলি থকা উপসাগৰীয় যুদ্ধৰ সমাপ্তি হয় আৰু কোৱেৰ্টৰ পৰা ইৰাকৰ সেনাবাহিনী অপসাৰণ কৰে। ছোভিয়েট ইউনিয়ন আৰু পশ্চিম ইউৰোপৰ সম্পৰ্কৰ উন্নতি সাধন, পূব-জার্মানীৰ আৰু পশ্চিম জার্মানীৰ পুনৰ মিলন আদি শান্তি স্থাপনৰ ভালেমান গুৰুত্বপূর্ণ কার্য সম্পূর্ণ হয়।

১৯১৯ চনৰ জুলাই মাহত গর্বাচেভ আৰু মার্কিন ৰাষ্ট্ৰপতি জৰ্জ বুশ্বৰ মাজত স্বাক্ষৰ হোৱা ঐতিহাসিক চুক্তিয়ে শীতল যুদ্ধৰ অৱসান আনে। অৱশ্যে সেই চুক্তিৰ বিধান আনুষ্ঠানিকভাৱে ১৯৯২ চনৰ ফেব্ৰুৱাৰী মাহতহে কৰা হৈছিল। এইখিনিতে উল্লেখ কৰিব লাগিব যে ১৯১৯ চনৰ শেষৰ সময়ছোৱাত ছোভিয়েট ইউনিয়নত গুৰুত্বপূৰ্ণ ঐতিহাসিক ৰাজনৈতিক পৰিৱৰ্তন ঘটিছিল। আভ্যন্তৰীণ ৰাজনৈতিক সংকটৰ চৰম পৰ্যায়ত ১৯৯১ চনৰ ডিচেম্বৰ মাহত ছোভিয়েট ইউনিয়নৰ যুক্তৰাষ্ট্ৰীয় সংগঠন বিচ্ছিন্ন হৈ পৰিছিল। বিভিন্ন ধৰণৰ আভ্যন্তৰীণ সমস্যাৰ মাজত ৰুছিয়াৰ নতুন ৰাষ্ট্ৰপতি জৰ্জ বুশ্বৰ লগ হৈ আনুষ্ঠানিকভাৱে শীতল যুদ্ধৰ অৱসানৰ ঘোষণা কৰে। চমুতে ক’বলৈ

হ’লে কুৰি শতিকাত দুই বৃহৎ ৰাষ্ট্ৰগোষ্ঠীৰ মাজত প্ৰায় পঞ্চাশ বছৰ ধৰি চলা শীতল যুদ্ধ আৰু নতুন শীতল যুদ্ধৰ ১৯৯২ চনত একলগেই পৰিসমাপ্তি ঘটে।

6. শীতল যুদ্ধ হ্রাস পোৱাৰ কাৰণসমূহ কি কি?

Ans: (ক) বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰবিলাকে এইটো ভালকৈ উপলব্ধি কৰিলে যে বৰ্তমান বিজ্ঞানৰ প্ৰসাৰতাৰ কাৰণে অত্যাধুনিক সমৰ অস্ত্ৰ শস্ত্ৰ আৱিষ্কাৰ হোৱাৰ ফলত যুদ্ধৰ গুৰুত্ব প্রায় নোহোৱা হৈ পৰিছে। এতিয়া কোনো এখন দেশে প্ৰয়োগ কৰা বোমাই বিশ্বৰ ধ্বংস ওচৰ চপাই আনিব পাৰে।

(খ) সমৰ অস্ত্র-শস্ত্ৰৰ প্ৰতিযোগিতা কৰাটো বৰ্তমান সময়ত অতি ব্যয়বহুল। সাধাৰণ দেশবিলাকৰ কাৰণে নিজ দেশৰ ৰাজহৰ অধিকাংশ সামৰিক বাজেটত ব্যয় কৰাটো সম্ভৱপৰ নহয়। আনকি বিশ্বৰ দুটা শক্তিক প্রতিনিধিত্ব কৰা আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ কাৰণেও অস্ত্র-শস্ত্র প্রতিযোগিতাত অধিক ব্যয় কৰাটো সমস্যা হৈ পৰিছে। এনে পৰিস্থিতিত বৃহৎ শক্তিগোষ্ঠীৰ মাজত শীতল যুদ্ধৰ প্ৰভাৱ হ্রাস পোৱাটো কোনো অস্বাভাৱিক নহয়।

(গ) শীতল যুদ্ধৰ প্ৰভাৱ হ্রাস পোৱাৰ আন এটা উল্লেখযোগ্য কাৰণ হ’ল চীনৰ প্ৰতি আমেৰিকাৰ স্বীকৃতি দান। চীনে ১৯৪৯ চনতে এখন প্ৰজাতন্ত্ৰ গঠন কৰি বিশ্বৰ ভিতৰত এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিলেও এই দেশখনক ১৯৭১ চনৰ আগলৈকে আমেৰিকাই স্বীকৃতি প্ৰদান কৰা নাছিল। ইয়াৰ ফলত ৰাষ্ট্ৰ দুখনৰ মাজত উত্তেজনা বৃদ্ধি পাইছিল। কিন্তু ১৯৭১ চনত আমেৰিকাই চীনক স্বীকৃতি প্ৰদান কৰাৰ লগতে চীনে ৰাষ্ট্ৰসংঘৰো নিৰাপত্তা পৰিষদত স্থায়ী সদস্যপদ লাভ কৰে। সেই অনুপাতে ১৯৭৭ চনত ভিয়েটনামো ৰাষ্ট্ৰসংঘৰ সদস্য হয়। চীনে ৰাষ্ট্ৰসংঘৰ সদস্যপদ লাভ কৰাৰ লগে লগে দেশখনৰ আমেৰিকাৰ লগত থকা সম্পর্কও বহুপৰিমাণে উন্নত হয়।

(ঘ) বিশ্ব জনমতেও শীতল যুদ্ধৰ প্ৰভাৱ হ্ৰাস কৰাত বিশিষ্ট অৱদান যোগাই আহিছে। আমেৰিকা, ৰাছিয়া আদি দেশৰ নিউট্রন বোমাৰ নিচিনা মাৰাত্মক বোমা তৈয়াৰ কৰাৰ সমাৰ্থ্য থাকিলেও বিশ্ব জনমতৰ হেঁচাত পৰি তেনে ধৰণৰ বোমা তৈয়াৰ কৰাৰ পৰা তেওঁলোক বিৰত থাকিবলগীয়া হৈছে। আনকি এই দুয়োখন দেশে নিবস্ত্ৰীকৰণৰ ওপৰত অধিক প্রাধান্য দি মধ্যম দূৰত্বৰ ক্ষেপণাস্ত্র হ্রাস কৰাৰো সিদ্ধান্ত গ্রহণ কৰিছে।

(ঙ) এটা সময়ত ছোভিয়েট মৈত্রীগোষ্ঠী বিশেষকৈ কমিউনিষ্ট শাসিত দেশবিলাক অধিক কঠোৰ শাসনৰ দ্বাৰা নিয়ন্ত্ৰিত হৈছিল যদিও বর্তমান পোলেণ্ড, চেকোশ্লোভেকিয়া, পূর্ব জার্মানী, ৰোমানিয়া, হাংগেৰী আদি দেশৰ ওপৰত ছোভিয়েট ৰাছিয়াৰ তেনে প্ৰভাৱ নাই। ইয়াৰ ফলত সেইবিলাক দেশক কেন্দ্ৰ কৰি শীতল যুদ্ধ চলাই থকাৰ স্থলো সীমিত হৈ পৰিছে।

(চ) শীতল যুদ্ধৰ প্ৰভাৱ হ্রাস পোৱাৰ আন এটা গুৰুত্বপূৰ্ণ কাৰণ হ’ল যে ইউৰোপত থকা আমেৰিকাৰ পশ্চিমীয়া মৈত্ৰীগোষ্ঠীৰ দেশবিলাকে তেওঁলোকৰ আভ্যন্তৰীণ ক্ষেত্ৰত আমেৰিকাৰ অধিক নিয়ন্ত্রণ সমৰ্থন নকৰে। আগতে এই দেশবিলাকে কমিউনিষ্ট সম্প্ৰসাৰণৰ প্ৰতি ভয় খাই আমেৰিকাৰ সাহায্যৰ ওপৰত নিৰ্ভৰ কৰিছিল। কিন্তু পিছত পশ্চিমীয়া দেশবিলাকে এইটো ভালদৰে উপলব্ধি কৰিব পাৰিলে যে তেওঁলোকৰ ৰাজনীতি আৰু অৰ্থনীতি ক্ষেত্ৰত আমেৰিকাৰ হস্তক্ষেপ এক ভয়ৰ কাৰণ হ’ব পাৰে আৰু এনে ধাৰণাৰ বশৱৰ্তী হৈ চিয়াটোৰ সদস্যপদ উঠাই লয়। আন কিছুমান পশ্চিমীয়া দেশেও উপলব্ধি কৰিছিল যে এনে মৈত্রী চুক্তিয়ে তেওঁলোকৰ স্বাৰ্থৰ ৰক্ষণাবেক্ষণ নিদিয়ে।

(ছ) শীতল যুদ্ধ অৱসান ঘটাৰ তৎকালীন কাৰণ ছোভিয়েট ইউনিয়নৰ পতন। ৰাষ্ট্ৰপতি গর্বাচভৰ ‘পেৰেষ্টাইকা’ আৰু ‘গ্লাচনস্ত’ নীতিৰ ফলত ছোভিয়েট ৰাষ্ট্ৰৰ পতন ঘটি পোন্ধৰখন নতুন প্রজাতন্ত্রৰ সৃষ্টি হ’ল। ইয়াৰ ফলত শীতল যুদ্ধৰো অৱসান হ’ল।

(জ) গোষ্ঠীনিৰপেক্ষ আন্দোলনেও শীতল যুদ্ধ প্রশমিত কৰাত ইন্ধন যোগায়। এই আন্দোলনৰ সদস্যৰ সংখ্যা ক্রমান্বয়ে বৃদ্ধি পোৱাত বিশ্ব জনমতক প্ৰভাৱান্বিত কৰি শীতল যুদ্ধৰ প্ৰভাৱ সীমিত কৰিবলৈ সক্ষম হৈছিল। গোষ্ঠীনিৰপেক্ষ আন্দোলনে আমেৰিকাক ভিয়েটনাম যুদ্ধৰ কাৰণে কটু সমালোচনা কৰিছিল। সেইদৰে ছোভিয়েট ৰাছিয়াৰ আফগানিস্থানত হস্তক্ষেপো গোষ্ঠীনিৰপেক্ষ আন্দোলনে সমর্থন কৰা নাছিল।

(ঝ) বৃহৎ শক্তিগোষ্ঠীয়ে পৰমাণু শক্তি আন ৰাষ্ট্ৰবিলাকেও আহৰণ কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি নিজ কৰ্তৃত্ব সীমিত কৰিবলৈ সাজু হৈছিল। বৃহৎ শক্তিগোষ্ঠীয়ে এই ধাৰণা কৰিছিল যে ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্যৰাষ্ট্ৰ কেইখনৰ উপৰি এছিয়া আৰু আফ্ৰিকাৰ আন কিছুমান দেশে পৰমাণু শক্তি আহৰণ কৰিলে বিশ্ব ৰাজনীতিত তেওঁলোকৰ একাধিপত্য নোহোৱা হ’ব। গতিকে তেওঁলোকে নিজেই এইক্ষেত্ৰত নিৰস্ত্ৰীকৰণত আগভাগ ল’বলৈ বাধ্য হৈছিল।

7. শীতল যুদ্ধ উপশম হোৱাৰ কাৰণসমূহ উল্লেখ কৰা। শীতল যুদ্ধৰ পৰৱৰ্তীকালত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰকৃতিৰ পৰিৱৰ্তন হৈছে বুলি তুমি ভাবানে? আলোচনা কৰা।

Ans: শীতল যুদ্ধ উপশম ঘটাৰ কাৰণ বহুতো আছে। সেই কাৰণবিলাক তলত দিয়াৰ দৰে আলোচনা কৰিব পাৰি।

(ক) বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰবিলাকে এইটো ভালকৈ উপলব্ধি কৰিলে যে বৰ্তমান বিজ্ঞানৰ প্ৰসাৰতাৰ কাৰণে অত্যাধুনিক সমৰ অস্ত্র-শস্ত্র আৱিষ্কাৰ হোৱাৰ ফলত যুদ্ধৰ গুৰুত্ব প্রায় নোহোৱা হৈ পৰিছে। এতিয়া কোনো এখন দেশে প্ৰয়োগ কৰা বোমাই বিশ্বৰ ধ্বংস ওচৰ চপাই আনিব পাৰে।

(খ) সমৰ অস্ত্র-শস্ত্ৰৰ প্ৰতিযোগিতা কৰাটো বৰ্তমান সময়ত অতি ব্যয়বহুল। সাধাৰণ দেশবিলাকৰ কাৰণে নিজ দেশৰ ৰাজহৰ অধিকাংশ সামৰিক বাজেটত ব্যয় কৰাটো সম্ভৱপৰ নহয়। আনকি বিশ্বৰ দুটা শক্তিক প্রতিনিধিত্ব কৰা আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ কাৰণেও অস্ত্র-শস্ত্র প্রতিযোগিতাত অধিক ব্যয় কৰাটো সমস্যা হৈ পৰিছে। এনে পৰিস্থিতিত বৃহৎ শক্তিগোষ্ঠীৰ মাজত শীতল যুদ্ধৰ প্ৰভাৱ হ্রাস পোৱাটো কোনো অস্বাভাৱিক নহয়।

(গ) বিশ্ব জনমতেও শীতল যুদ্ধৰ প্ৰভাৱ হ্ৰাস কৰাত বিশিষ্ট অৱদান যোগাই আহিছে। আমেৰিকা, ৰাছিয়া আদি দেশৰ নিউট্রন বোমাৰ নিচিনা মাৰাত্মক বোমা তৈয়াৰ কৰাৰ সামর্থ্য থাকিলেও বিশ্ব জনমতৰ হেঁচাত পৰি তেনে ধৰণৰ বোমা তৈয়াৰ কৰাৰ পৰা তেওঁলোক বিৰত থাকিবলগীয়া হৈছে। আনকি এই দুয়োখন দেশে নিবস্ত্ৰীকৰণৰ ওপৰত অধিক প্রাধান্য দি মধ্যম দূৰত্বৰ ক্ষেপণাস্ত্র হ্রাস কৰাৰো সিদ্ধান্ত গ্রহণ কৰিছে।

(ঘ) এটা সময়ত ছোভিয়েট মৈত্রীগোষ্ঠী বিশেষকৈ কমিউনিষ্ট শাসিত চেকোশ্লোভেকিয়া, পূব জার্মানী, ৰোমানিয়া, হাংগেৰী আদি দেশৰ ওপৰত ছোভিয়েট ৰাছিয়াৰ তেনে প্ৰভাৱ নাই। ইয়াৰ ফলত সেইবিলাক দেশক কেন্দ্ৰ কৰি শীতল যুদ্ধ চলাই থকাৰ স্থলো সীমিত হৈ পৰিছে।

(ঙ) শীতল যুদ্ধ অৱসান ঘটাৰ তৎকালীন কাৰণ ছোভিয়েট ইউনিয়নৰ পতন। ৰাষ্ট্ৰপতি গির্বাচভৰ পেৰেষ্টাইকা আৰু গ্লাচনস্ত নীতিৰ ফলত ছোভিয়েট ৰাষ্ট্ৰৰ পতন ঘটি পোন্ধৰখন নতুন প্রজাতন্ত্রৰ সৃষ্টি হ’ল। ইয়াৰ ফলত শীতল যুদ্ধৰো অৱসান হ’ল।

(চ) গোষ্ঠীনিৰপেক্ষ আন্দোলনেও শীতল যুদ্ধ প্রশমিত কৰাত ইন্ধন যোগায়। এই আন্দোলনৰ সদস্য সংখ্যা ক্রমান্বয়ে বৃদ্ধি পোৱাত বিশ্ব জনমতক প্রভাৱান্বিত কৰি শীতল যুদ্ধৰ প্ৰভাৱ সীমিত কৰিবলৈ সক্ষম হৈছিল। গোষ্ঠীনিৰপেক্ষ আন্দোলনে আমেৰিকাক ভিয়েটনাম যুদ্ধৰ কাৰণে কটু সমালোচনা কৰিছিল। সেইদৰে ছোভিয়েট ৰাছিয়াৰ আফগানিস্থানত হস্তক্ষেপো গোষ্ঠীনিৰপেক্ষ আন্দোলনে সমর্থন কৰা নাছিল।

(ছ) ৰাষ্ট্ৰবিলাকৰ মাজত পূৰ্বৰ দ্বি-কেন্দ্রিক ব্যৱস্থাৰ সলনি বহুকেন্দ্ৰিক ব্যৱস্থা হোৱাৰ ফলত বৃহৎ দুই শক্তিগোষ্ঠীৰ কৰ্তত্বও বহু পৰিমাণে হ্রাস পোৱাত আমেৰিকা, ছোভিয়েটৰ উপৰি ব্ৰিটেইন, চীন, ফ্রান্স, জার্মানী আদি ৰাষ্ট্ৰ প্ৰভাৱশালী হৈ পৰিল।

সেইদৰে সাম্যবাদী ৰাষ্ট্ৰবিলাকৰ ভিতৰতো ৰাছিয়াৰ কৰ্তৃত্বক আওকাণ কৰিব পৰা শক্তিও উদ্ভৱ হ’ল। এই ক্ষেত্ৰত সাম্যবাদী ৰাষ্ট্ৰ আলবেনিয়া, যুগোশ্লাভিয়াৰ নাম উল্লেখযোগ্য।

(জ) শীতল যুদ্ধৰ প্ৰভাৱ হ্রাস পোৱাৰ এটা গুৰুত্বপূৰ্ণ কাৰণ হ’ল যে ইউৰোপত থকা আমেৰিকাৰ পশ্চিমীয়া মৈত্ৰীগোষ্ঠীৰ দেশবিলাকে তেওঁলোকৰ আভ্যন্তৰীণ ক্ষেত্ৰত আমেৰিকাৰ অধিক নিয়ন্ত্ৰণ সমর্থন নকৰে।

(ঝ) শীতল যুদ্ধৰ প্ৰভাৱ হ্রাস পোৱাৰ আন এটা গুৰুত্বপূৰ্ণ কাৰণ হ’ল চীনৰ প্ৰতি আমেৰিকাৰ স্বীকৃতি দান।

শীতল যুদ্ধৰ পৰৱৰ্তীকালত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰকৃতিৰ পৰিৱৰ্তন হৈছে বুলি নাভাবো। তাৰ কেইটামান দিশ উল্লেখ কৰা হ’ল-

(ক) আন্ত:ৰাষ্ট্ৰীয় ৰাজনীতি বুলিলে ৰাষ্ট্ৰসমূহৰ চৰকাৰবোৰে ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰাজনৈতিক সমস্যা সমাধান কৰোঁতে ক্ষমতাৰ দ্বাৰা পৰিচালিত হৈ ৰাজনৈতিক চাল-কৌশল আৰু কূটনীতিৰে যি এক জটিল সম্পর্ক গঢ়ি তোলে তাকেই বুজায়। আনহাতে আক্তৰাষ্ট্ৰীয় সম্পর্কই অধ্যয়নত বিভিন্ন ধৰণৰ দল, জাতি, ৰাষ্ট্ৰ, জনগোট, অঞ্চল, চৰকাৰ, মৈত্রী, মহাসংঘ, আন্তজাতিক সংগঠন, ধর্মীয় আৰু সাংস্কৃতিক সংগঠন আদিকো সামৰি লয়। 

(খ) আন্তঃৰাষ্ট্ৰীয় সম্পর্কৰ বিষয়বস্তু আন্তজার্তিক ৰাজনীতিৰ বিষয়বস্তুতকৈ সীমিত। সেইকাৰণে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিক আন্তজার্তিক ৰাজনীতিৰ অংশ বুলি কোৱা হয়।

(গ) আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক ৰাজনীতিৰ লগত আন সমাজ বিজ্ঞানৰ লগতো জড়িত থাকিব পাৰে। কিন্তু আন্তজার্তিক ৰাজনীতি প্ৰধানকৈ ৰাজনীতি বিষয়ৰ লগত জড়িত থাকে।

(ঘ) আন্তজার্তিক ৰাজনীতিৰ ক্ষেত্ৰ ৰাষ্ট্ৰবিলাকৰ স্বাৰ্থৰ প্ৰাধান্য লাভ কৰে। ৰাষ্ট্ৰবিলাকে সেই স্বাৰ্থ পূৰণৰ কাৰণে প্রত্যক্ষ ব্যৱস্থা গ্রহণ কৰিব লাগে। ৰাষ্ট্ৰবিলাকে নিজ স্বার্থ পূৰণৰ কাৰণে বিশ্বাসঘাটকতা, ষড়যন্ত্র আদিত লিপ্ত হ’ব পাৰে। কিন্তু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত | কিছুমান নৈতিক নিয়ম পালন কৰা হয়। যদি কোনো নাগৰিকে ৰাষ্ট্ৰৰ আইন বাইয়াৰ পৰম্পৰাগত নীতি ভংগ কৰে, তেন্তে তেনেলোকৰ ওপৰত ৰাষ্ট্ৰই শাস্তিমূলক ব্যবস্থা গ্রহণ কৰিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top