Perspectives on International Relations and World History Unit 4 An Overview of Twentieth Century IR History

Perspectives on International Relations and World History Unit 4 An Overview of Twentieth Century IR History Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Perspectives on International Relations and World History Unit 4 An Overview of Twentieth Century IR History to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Perspectives on International Relations and World History Unit 4 An Overview of Twentieth Century IR History Question Answer can be of great value to excel in the examination.

Perspectives on International Relations and World History Unit 4 An Overview of Twentieth Century IR History

Join Telegram channel

Perspectives on International Relations and World History Unit 4 An Overview of Twentieth Century IR History Notes cover all the exercise questions in UGC Syllabus. The Perspectives on International Relations and World History Unit 4 An Overview of Twentieth Century IR History provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

An Overview of Twentieth Century IR History

POLITICAL SCIENCE

PERSPECTIVES ON INTERNATIONAL RELATIONS And World History

আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু বিশ্ব ইতিহাসৰ ধাৰণাসমূহ

1. প্রথম বিশ্বযুদ্ধই সৃষ্টি কৰা প্রধান ঘটনাৱলী বর্ণনা কৰা। 

[Describe the main events responsible for the out break of the First World War]

Ans: ১) প্রথম মহাযুদ্ধৰ পূৰ্বে ইউৰোপ দুটা সৈন্য শিবিৰত বিভক্ত হৈ পৰিছিল। ১৭৮৯ চনত জার্মানীয়ে অষ্টীয়া, হাঙ্গেৰীৰ লগত এক চুক্তিত আবদ্ধ হৈছিল। সেইদৰে ১৮৮২ চনত ইটালীয়েও অস্ট্রো জামনি চুক্তিত আবদ্ধ হৈ ত্রিপোল চুক্তি [Triple Alliance] গঠন কৰিছিল। ইয়াৰ ফলত ফ্ৰান্স আৰু ৰাছিয়াই এই চুক্তিত যোগদান দিয়াৰ পৰা বঞ্চিত হ’ল। জার্মানীয়ে ৰাছিয়াৰ ওপৰত গুৰুত্ব নিদিয়াৰ কাৰণে ৰাছিয়াই ফ্ৰান্সৰ লগ হৈ ১৮৯৪ চনত আন এখন চুক্তিত আবদ্ধ হ’ল। সেই সময়ত ইউৰোপৰ আন এটা শক্তি ইংলেণ্ড অকলশৰীয়া হৈ আছিল আৰু সেয়ে ইংলেণ্ডে জাৰ্মানীৰ লগত মিত্ৰতাৰ চুক্তিত আবদ্ধ হ’বলৈ বিচাৰিছিল। কিন্তু জার্মানীয়ে এই বিষয়ে আগ্ৰহ প্ৰকাশ নকৰাত বিটেইনে ১৯০২ চনত জাপানৰ লগত এক চুক্তিত আবদ্ধ হয়। অৱশ্যে পিছত ১৯০৭ চনত ৰাছিয়াৰ লগতো আন এক চুক্তিত আৱদ্ধ হয়। জার্মানীয়ে এই সময়ছোৱাৰ ভিতৰতে তাকীকো নিজৰফলীয়া কৰিবলৈ সক্ষম হয়। গতিকে দেখা যায় ১৯১৪ চনৰ আগতেই ইউৰোপত জাৰ্মানীৰ নেতৃত্বত অষ্টিয়া, হাঙ্গেৰী, ইটালী আৰু তুর্কী একেলগ হৈ এক যুদ্ধ শিবিৰত পৰিণত হয়। আনহাতে, আনটো শিবিৰত ইংলেণ্ড, ফ্রান্স, ৰাছিয়া আৰু জাপান অন্তর্ভুক্ত হয়। এই দুটা সামৰিক জোঁটৰ মাজত হোৱা পাৰস্পৰিক সংঘর্ষ আৰু গোপন চুক্তিয়ে অৱশেষত প্রথম মহাযুদ্ধৰ পথ সূচনা কৰাত ইন্ধন যোগায়।

(২) প্রথম বিশ্বযুদ্ধৰ আন এটা উল্লেখযোগ্য কাৰণ হ’ল- জার্মানীৰ সম্রাট দ্বিতীয় উইলিয়ামৰ চৰিত্ৰ । দ্বিতীয় উইলিয়াম এজন বৰ উচ্চ অভিলাষী ব্যক্তি আছিল। তেওঁ জার্মানীক কেনেকৈ বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি শক্তিশালী জাতি হিচাপে প্রতিষ্ঠা কৰিব পাবে তাৰ বিষয়ে চিন্তা কৰিছিল। তেওঁ বিশ্ব ক্ষমতা নাইবা পৰাজয় এনে নীতিত বিশ্বাসী আছিল। দ্বিতীয় উইলিয়াম আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ ক্ষেত্ৰত কোনো বিষয়তে মোকাবিলা কৰাৰ পক্ষপাতী নাছিল। তেওঁ ইংৰাজসকলৰ প্ৰতিও এক বৰ দুৰ্বল মত পোষণ কৰিছিল। তেওঁ ধাৰণা কৰিছিল যে বিটেইনে জামনীৰ সকলো দাবী মানি ল’ব আৰু তেওঁলোকে কেতিয়াও জার্মানীৰ বিৰুদ্ধে যুদ্ধ নকৰে। কিন্তু দ্বিতীয় উইলিয়ামৰ ইংৰাজসকলৰ প্ৰতি থকা এই ধাৰণা শুদ্ধ নাছিল।

৩) বিশ্বযুদ্ধৰ অন্য এটা কাৰণ হ’ল সামৰিকতাবাদ। প্রথম বিশ্বযুদ্ধৰ সময়ত ইউৰোপৰ কেউখন অগ্রণী ৰাষ্ট্ৰই সামৰিক দিশত নিজকে সজ্জিত কৰি তুলিছিল। বিশেষকৈ জার্মানী, ইংলেণ্ড আৰু ফ্ৰান্সৰ দৰে ৰাষ্ট্ৰ সামৰিক শক্তি লেখত ল’বলগীয়া আছিল। জাৰ্মানীৰ নৌশক্তি অদ্বিতীয় আছিল। সমান্তৰালভাৱে ইংলেণ্ডৰ নৌশক্তিও আগবাঢ়ি গৈছিল। বৃহৎ শক্তিকেইটাৰ সামৰিক আৰু নৌশক্তি দিনক দিনে বাঢ়ি গৈছিল আৰু ইয়ে ইউৰোপত এক যুদ্ধৰ পৰিৱেশ ৰচনা কৰিছিল।

৪) প্রথম বিশ্বযুদ্ধৰ অন্য এটা কাৰণ আছিল জাতীয়তাবাদ আৰু প্রতিযোগিতামূলক দেশপ্রেম। এখন ৰাষ্ট্ৰক ভালপোৱাটোৱেই অন্য এখন ৰাষ্টক ঘৃণা কৰাৰ পৰিৱেশ ৰচনা কৰে। জার্মানীক ভালপোৱাটোৱে ফ্রান্সক ঘৃণা কৰাটো বুজাইছিল। চাৰ্বিয়াৰ জাতীয়তাবাদে চার্বিয়া আৰু অষ্ট্ৰিয়া, হাঙ্গেৰীৰ মাজত তিক্ততাপূর্ণ পৰিৱেশ ৰচনা কৰিছিল। চার্বিয়াৰ জাতীয়তাবাদৰ বাবেই অস্ট্রিয়া-হাঙ্গেৰীৰ আর্কডিউক ফ্রাঞ্চিছ ফার্ডিনাগুক ১৯১৪ চনত হত্যা কৰা হৈছিল।

৫) অর্থনৈতিক সাম্রাজ্যবাদ প্রথম বিশ্বযুদ্ধৰ অন্য এটা কাৰণ আছিল। অর্থনৈতিক সাম্রাজ্যবাদে আন্তঃৰাষ্ট্ৰীয় শত্ৰুতাৰ সৃষ্টি কৰিছিল। প্ৰতিখন ৰাষ্ট্ৰয়েই পৃথিৱীৰ চুকে-কোণে নিজ নিজ সাম্ৰাজ্যৰ বিস্তাৰ কৰিব বিচাৰিছিল। এন হোৱাৰ ফলত ৰাষ্ট্ৰসমূহৰ মাজত তিক্ততা আৰু শত্ৰুতাৰ মনোভাব বৃদ্ধি পাইছিল। নিজৰ নিজৰ আশিত ৰাষ্টসমূহৰ সুৰক্ষা আৰু নিজ নিজ প্ৰভাৱাধীন এলেকাৰ সম্প্ৰসাৰণে ৰাষ্ট্ৰসমূহৰ মাজত শত্ৰুতাৰ ভাব বৃদ্ধি কৰিছিল। ইতিমধ্যে গ্রেট ব্রিটেইনৰ নিয়ন্ত্ৰণত থকা বজাৰ দখলৰ কাৰণে যেতিয়া জার্মানীয়ে চেষ্টা চলালে তেতিয়া দুয়ো দেশৰ মাজত শত্রুতা বৃদ্ধি পালে। গ্রেট বিটেইনে জার্মানীক তেওঁলোকৰ আশিত অঞ্চলসমূহ বা বজাৰসমূহ এৰি দিবলৈ মান্তি নহ’ল। কিন্তু জার্মানীয়ে যিকোনো মূল্যৰ বিনিময়ত তেনে অঞ্চলসমূহ দখলৰ চেষ্টা কৰাৰ ফলতেই যুদ্ধ অৱশ্যম্ভাৱী হৈ পৰিল। সেই সময়ত আকৌ ৰাষ্ট্ৰসমূহৰ মাজত শুল্ক সম্পৰ্কীয় যুদ্ধও সূচনা হৈছিল। ইয়াৰ ফলত সম্পৰ্ক বেয়াৰ ফাললৈ ধাৱিত হৈছিল।

৬) যুদ্ধৰ অন্য এটা কাৰণ আছিল বাতৰি কাগজে বিষাক্ত কৰি তোলা জনমত। প্ৰায়েই বাতৰি কাগজসমূহে অন্য ৰাষ্ট্ৰৰ ঘটনাসমূহক ভুলকৈ ব্যাখ্যা কৰি জাতীয়তাবাদী চিন্তা-চৰ্চাক বেছিকৈ গঠন কৰাত সহায় কৰিছিল। ৰাষ্ট্ৰদূতসকলে আৰু কেবিনেট মন্ত্রীসকলে বাতৰি কাগজসমূহৰ এনে চৰিত্ৰৰ কথা। স্বীকাৰ কৰিছিল। তেওঁলোকে কৈছিল। যে, যদিহে অন্য ৰাষ্টই তেওঁলোকৰ বাতৰি কাগজৰ ওপৰত নিয়ন্তণ কৰে তেতিয়া তেওঁলোকে নিজ নিজ ৰাষ্ট্ৰৰ বাতৰি কাগজক নিয়ন্ত্রণ কৰিব। দুখন ৰাষ্ট্ৰৰ বাতৰি কাগজে ৰাষ্ট্ৰ দুখনৰ মাজত থকা মতপার্থক্যসমূহৰ অতিৰঞ্জিত ব্যাখ্যা দাঙি ধৰি পৰিবেশ দূষিত কৰি তুলিছিল। এই প্ৰসংগত বিচমাৰ্কে কৈছিল, “Every country is held at some time to account for the windows broken by its pressÊ, the bill is presented some day or other in the shape of hostile sentiments in the other country”

৭) ফ্ৰান্সৰ জনসাধাৰণৰ দৃঢ়তাও প্রথম বিশ্বযুদ্ধৰ অন্য এটা কাৰণ আছিল। কাৰণ ১৮৭১ চনত জাৰ্মানীয়ে ফান্সৰ আলচাক আৰু লোৰেইন নামৰ দুটুকুৰা সমৃদ্ধিশালী অঞ্চল কাঢ়ি লৈছিল। ফ্ৰান্সৰ চৰকাৰে এই দুই অঞ্চল লাভ কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল। ফৰাচী জনসাধাৰণে তেওঁলোকৰ হেৰোৱা অঞ্চল পুনৰুদ্ধাৰৰ প্ৰচেষ্টাত জাৰ্মানীৰ প্রতি শত্রুতাৰ মনোভাব গ্ৰহণ কৰিছিল। এই অঞ্চল দুটা ঘূৰাই পোৱাৰ অন্তৰালত অর্থনৈতিক উদ্দেশ্যও আছিল। কাৰণ দুয়োটা অঞ্চলেই খনিজ পদাৰ্থৰ দিশত সমৃদ্ধিশালী আছিল আৰু এই দুয়োটা অঞ্চলৰ খনিজ সম্পদক লৈয়েই জাৰ্মানীৰ ওঁদ্যোগিক বিকাশ সম্ভৱ হৈছিল। গতিকে শত্ৰুৰ হাতত এনে সম্পদশালী অঞ্চল এৰি দিবলগীয়া হোৱাটো ফ্ৰান্সৰ জনসাধাৰণৰ কাৰণে অসহনীয় যন্ত্রণাস্বৰূপ আছিল। অৱশ্যে জামনীয়ে মৰক্কোৰ ওপৰত হস্তক্ষেপ নকৰাহেঁতেন ফ্রান্স উল্লিখিত দুয়োটা অঞ্চল হেৰুৱাৰ বেদনা অনুভৱ নকৰিলেহেঁতেন কিন্তু জাৰ্মনীয়ে মৰক্কোৰ ওপৰত কৰা হস্তক্ষেপে ফ্ৰান্সৰ শত্ৰুতা দুগুণে বৃদ্ধি কৰিলে আৰু ইয়াৰ ফলতেই যুদ্ধৰ পটভূমি তৈয়াৰ হ’ল।

৮) প্রথম বিশ্বযুদ্ধৰ অন্য এটা কাৰণ হ’ল- আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰিবলৈ কোনো আন্তঃৰাষ্ট্ৰীয় সংগঠন নথকাটো। বিভিন্ন ৰাষ্ট্ৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত এক অৰাজক অৱস্থাহে সেই সময়ত বিৰাজ কৰিছিল। সকলো বিষয়েই গোপন আছিল আৰু সকলো মানুহৰে বোধগম্য হোৱা নাছিল। আনকি কূটনীতি ইমানেই গোপনে পৰিচালিত হৈছিল যে, একেখন মন্ত্রীসভাৰে সদস্যসকলেও সেই বিষয়ে গম পোৱা নাছিল। আইন সভাসমূহো এনেধৰণৰ কুটনীতিৰ বিষয়ে অজ্ঞ আছিল। যদিওবা ১৯০৬ চনতেই ছাৰ এডৱাৰ্ড গ্রেয়ে ফ্রান্স আৰু গ্রেট ব্রিটেইনৰ মাজত নৌ আৰু সামাৰিক আলাপ-আলোচনাৰ ভিত্তিত চুক্তি হৈছিল, তেনে চুক্তি বা আলোচনাৰ বিষয়ে কেবিনেটে গম পাইছিল ১৯১২ চনত আৰু ১৯১৪ চনত সংসদে সেই বিষয়ে জানিব পাৰিছিল। গোপন কুটনীতিয়ে মানুহৰ মাজত বহু পৰিমাণে দুর্বোধ্যতাৰ সৃষ্টি কৰিছিল আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ক্ষেত্ৰত অন্ধকাৰ সৃষ্টি কৰিছিল। ঠগ, প্ৰবঞ্চনা, দুর্নীতি আদিৰে বৈদেশিক কার্যালয়সমূহ পৰিপূৰ্ণ হৈ পৰিছিল আৰু ইউৰোপৰ দেশসমূহৰ মাজৰ সম্পৰ্ক তেনে এক অন্ধকাৰাচ্ছ পৰিৱেশত পৰিচালিত হৈছিল।

৯) “আন্তঃৰাষ্ট্ৰীয় আইন আৰু নৈতিকতা” সম্পৰ্কীয় নীতি নিয়মসমূহ থাকিলেও, নিয়মসমূহৰ কাৰ্যকৰীকৰণৰ বাবে কোনো সংগঠন বা অনুষ্ঠান নাছিল। ১৮৯৯ আৰু ১৯০৭ চনৰ হেগ সন্মিলনত বহুবোৰ নীতি-নিয়ম প্ৰস্তুত কৰা হৈছিল যদিও সেইসমূহ বহুবিলাক ৰাষ্ট্ৰই নিজ নিজ স্বাৰ্থত ব্যৱহাৰ কৰিছিল। ৰাষ্ট্ৰবোৰে নিজকে সার্বভৌম বুলি ভাবিছিল আৰু আন্তঃৰাষ্ট্ৰীয় বাধ্যবাধকতাসমূহৰ জৰিয়তে নিয়ন্ত্রিত হোৱাটো নিবিচাৰিছিল। ইটালী ত্ৰিপুল এলায়েঞ্চৰ সদস্য হোৱা সত্ত্বেও ১৯০২ চনত ফ্রান্স আৰু ১৯০৯ চনত ৰাছিয়াৰ লগত চুক্তিবদ্ধ হৈছিল। এনেবিলাক ঘটনাই প্রথম বিশ্বযুদ্ধৰ পৰিৱেশ ৰচনা কৰিছিল।

১০) যুদ্ধৰ অন্য এটা কাৰণ হ’ল ইটালীয়ে ট্ৰেণ্টিনো উদ্ধাৰৰ বাবে কৰা প্ৰচেষ্টা। কাৰণ এই অঞ্চলটোত ইটালীৰ নাগৰিকে বসাবাস কৰিলেও অঞ্চলটো অষ্টিয়া-হাঙ্গেৰীৰ দখলতহে আছিল। ফলস্বৰূপে ইটালীয়ে উক্ত অঞ্চল দখলব কাৰণে চেষ্টা কৰিছিল আৰু এনে চেষ্টাৰ ফলত ইউৰোপত যুদ্ধৰ পৰিৱেশ গঢ় লৈ উঠিছিল। তদুপৰি আদিয়াটিক সাগৰ দখলৰ প্ৰচেষ্টাত অষ্ট্ৰীয়া-হাঙ্গেৰীৰ লগত ইটালীৰ সংঘাত চলি আছিল।

১১) যুদ্ধৰ অন্য এটা কাৰণ কাৰণ হ’ল, পূব ইউৰোপৰ সমস্যা। বহুবিলাক কাৰকে বলকান অঞ্চলৰ পৰিৱেশ অশান্ত কৰি ৰাখিছিল। তুকীৰ অপশাসনে অশান্তিৰ সৃষ্টি কৰিছিল। সংমিতঙৰিত জনসংখ্যা থকা মেচিডনিয়া অঞ্চলৰ নিয়ন্তণক লৈ গ্ৰীচ, চাৰ্বিয়া আৰু বুলগেৰিয়াৰ মাজত প্ৰতিদ্বন্দ্ববিত চলিছিল। চাৰ্বিয়াৰ ৰাজনীতিক লৈ ৰাছিয়াই আগ্ৰহ প্ৰকাশ কৰিছিল। বিশেষকৈ ১৯০৮-০৯ চনৰ বচনিয়াৰ সংকটত ৰাছিয়া জড়িত হৈ পৰিছিল। তদুপৰি অষ্ট্ৰো-জামনি শক্তিয়ে গ্ৰহণ কৰা পূবলৈ আগবাঢ়ি যোৱা নীতিয়ে পৰিস্থিতি অধিক জটিল কৰি তুলিছিল।

১২) বচনিয়া আৰু হার্জোগোভিনা প্রদেশ দুখনেও বলকান এলেকাত উত্তেজনা বৃদ্ধি কৰিছিল। ১৮৭৮ চনত বার্লিন কংগ্ৰেছে এই দুখন প্রদেশ অষ্টিয়া-হাঙ্গেৰীৰ হাতত অৰ্পণ কৰিছিল। অষ্টিয়া-হাঙ্গেৰীক কেৱল এই দুখন প্ৰদেশ শাসন কৰিবৰ কাৰণেহে কৰ্তৃত্ব দিছিল, কিন্তু প্রদেশ দুখন সংলগ্ন কৰাৰ কোনো কর্তৃত্ব দিয়া নাছিল। ১৯০৮ চনত অষ্টিয়া হাঙ্গেৰীৰ এই প্ৰদেশ দুখন একপক্ষীয়ভাৱে অষ্ট্ৰীয়া-হাঙ্গেৰীৰ লগত সংলগ্ন কৰিছিল। ইয়াৰ ফলত চাইব্ৰেৰীয়াই অষ্টিয়া- হাঙ্গেৰীৰ এই কাৰ্যৰ তীব্র বিৰোধিতা কৰিছিল। সেইদৰে বচনিয়া-হাৰজোগোভিনাৰ জনসাধাৰণেও তেওঁলোকৰ নিজ প্রদেশ অস্ট্রিয়া-হাঙ্গেৰীৰ কবলৰ পৰা মুক্ত কৰিবৰ কাৰণে দাবী কৰিছিল। এই ক্ষেত্ৰত তেওঁলোকে ছাইবেৰিয়াৰ পৰা সাহায্য লাভ কৰাৰ বাঞ্ছা কৰিছিল। অৱশেষত অষ্টিয়া-হাঙ্গেৰী প্রদেশ দুখন লৈ সংঘর্ষ হয়।

ইউৰোপ মহাদেশৰ ৰাষ্ট্ৰবোৰ এখন যুদ্ধৰ বাবে প্ৰায় সাজু হৈ আছিল। সকলো ধৰণৰ আধুনিক অস্ত্র-শস্ত্ৰ সংগ্ৰহ কৰি যুদ্ধ এখন আৰম্ভ কৰিব পৰা উপযুক্ত কাৰণৰ বাবে বাট চাই আছিল। ফার্ডিনাণ্ড আৰু তেওঁৰ পত্নীক হত্যা কৰা কাৰ্য যুদ্ধখনৰ বাবে তৎকালীন কাৰণ হৈ পৰিল।

2. দ্বিতীয় বিশ্বযুদ্ধৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা? 

Ans: দ্বিতীয় বিশ্বযুদ্ধৰ কেইটামান বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। এই বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল—

১) যুদ্ধ আৰম্ভ হোৱাৰ লগে লগেই যুদ্ধত জড়িত প্রায় কেইখন বিশেষ বিশেষ ৰাষ্ট্ৰত কেতবোৰ দেশপ্রেমিক প্রতিবাদ দেখা গৈছিল। জার্মানী, ইংলেণ্ড আদি ৰাষ্ট্ৰত এনে প্রতিবাদ দেখা পোৱা গৈছিল।

২) দ্বিতীয় বিশ্বযুদ্ধ এখন সম্পূৰ্ণ যুদ্ধ আছিল। যুদ্ধৰ আৰম্ভণিৰ পৰাই প্ৰায় প্ৰতিজন নাগৰিকেই যুদ্ধৰ লগত জড়িত হৈ পৰিছিল। সময় বাগৰাৰ লগে লগেই যুদ্ধৰত ৰাষ্ট্ৰ সকলো নাগৰিকেই যুদ্ধ বিষয়টোৰ সৈতে প্রত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ পৰিছিল। আনকি ইংলেণ্ডৰ মহিলাসকলেও যুদ্ধত বীৰত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল। অন্য এটা দিশৰ পৰাও যুদ্ধখনক সম্পূর্ণ যুদ্ধ বুলিব পাৰি। কাৰণ বিশ্বৰ কোনো এটা অঞ্চলেই যুদ্ধখনৰ পৰা আঁতৰি থাকিব পৰা নাছিল। সৰু অঞ্চল, মহানগৰ বা বনভূমি পর্যন্ত সকলোতে যুদ্ধ সংঘটিত হৈছিল। সকলো ফালেই ধ্বংসকার্য সম্পন্ন হৈছিল।

৩) যুদ্ধই যিহেতু সমগ্র বিশ্বকে সামৰি লৈছিল, সেইহেতু যুদ্ধখনৰ কৌশলো আছিল বিশ্বজনীন। আনকি যুদ্ধৰ কাৰণে ব্যৱহাৰ কৰা সঁজুলিসমূহ বিশ্বৰ যিকোনো স্থানলৈকে সঠিক সময়ত প্ৰেৰণ কৰা হৈছিল। এনে যুদ্ধ কৌশল ৰুজভেল্ট আৰু চাৰ্চিল আৰু ষ্টেলিনে উদ্ভাৱন কৰিছিল। ৰুজভেল্ট আৰু চাচিলে ১৯৪১ চনৰ আগষ্ট মাহত আৰু ১৯৪৩ চনৰ জানুৱাৰী মাহত মিলিত হৈছিল। এই তিনিওজন বিশ্বনেতাই ১৯৪৩ চনৰ নৱেম্বৰ মাহত তেহৰাণত মিলিত হৈছিল।

৪) দ্বিতীয় বিশ্বযুদ্ধ প্রথম বিশ্বযুদ্ধৰ পৰা বস্তুগত দিশত পৃথক আছিল। প্রথম বিশ্ব যুদ্ধৰ এক বিশেষ বৈশিষ্ট্য আছিল বাংকাৰ যুদ্ধ কৌশল। কিন্তু দ্বিতীয় বিশ্বযুদ্ধত এনে কৌশল ব্যৱহাৰ হোৱা নাছিল। ফৰাচীসকলে দ্বিতীয় বিশ্বযুদ্ধত নিজ দেশৰ সীমাৰেখা মেগিনট লাইনত থিয় হৈ কৰিছিল। কিন্তু জার্মানীয়ে বেলজিয়ামৰ পৰাই ফৰাচী আক্রমণ। কৰে। দ্বিতীয় বিশ্বযুদ্ধখন এখন ভ্রাম্যমাণ যুদ্ধও আছিল। জার্মানীয়ে এক গতিসম্পন্ন যুদ্ধ কৌশল অবলম্বন কৰি মাত্র ৪ সপ্তাহতেই পোলেণ্ড অধিকাৰ কৰিছিল। হলেণ্ডক মাত্র ৪ দিনত আৰু বেলজিয়ামক ১৫ দিনত দখল কৰিছিল। এইখন যুদ্ধত ধ্বংস কার্যও এক বৃহৎ হাৰত হৈছিল। সাধাৰণ নাগৰিকে এক বৃহৎ হাৰত মৃত্যুৰ মুখত পৰিছিল। যুদ্ধত আঘাতপ্রাপ্ত লোকৰ সংখ্যা বৃদ্ধি পালেও উন্নত চিকিৎসা ব্যৱস্থাই এনে আঘাত প্রাপ্তসকলক সাহায্য প্রদান কৰিছিল।

৫) দ্বিতীয় বিশ্বযুদ্ধৰ এক অর্থনৈতিক দিশো দেখা যায়। কাৰণ স্থল সৈন্য, নৌ সৈন্য আৰু বিমান সৈন্যসকল কল-কাৰখানাৰ শ্ৰমিকসকলৰ ওপৰত নিৰ্ভৰশীল হৈছিল আৰু শ্ৰমিকসকল আকৌ নিৰ্ভৰশীল হৈছিল কেঁচামালৰ ওপৰত। অর্থাৎ এই যুদ্ধখনত সকলো কেঁচাসামগ্ৰী আৰু কল-কাৰখানা জড়িত হৈ পৰিছিল।

৬) যুদ্ধখনৰ অন্য এটা বৈশিষ্ট্য হ’ল— এই যুদ্ধখন ধর্মযুদ্ধ সদৃশ হৈ পৰিছিল। ৰুজভেল্টে যুদ্ধখন চাৰিটা স্বাধীনতা ৰক্ষাৰ কৰাৰ কাৰণে কৰিছিল বুলি ঘোষণা কৰিছিল। বিশেষকৈ ভীতিৰ পৰা মুক্ত, বিচৰা বস্তুটো পোৱাৰ স্বাধীনতা, উপাসনাৰ স্বাধীনতা আৰু ৰাজনৈতিক স্বাধীনতা। ১৯৪১ চনৰ আগষ্ট মাহত আটলান্টিক চন্দৰ মতে, “We are fighting against evil thing.” । একেধৰণৰ ঘোষণা ষ্টেলিন আৰু হিটলাৰেও কৰিছিল। এইখন যুদ্ধত প্ৰচাৰে বিশেষ ভূমিকা লৈছিল। যিহেতু যুদ্ধখন আদর্শগত কাৰণতে হৈছিল, গতিকে প্ৰচাৰে বিশেষ ভূমিকা পালন কৰিছিল। জাৰ্মানীত গোৱেবলচে আৰু বিটেইনত বি.বি.চি. য়ে প্ৰচাৰ কাৰ্যত আগভাগ লৈছিল।

৭) দ্বিতীয় বিশ্বযুদ্ধই পাৰিবাৰিক জীৱনতো প্রভাৱ পেলাইছিল। শত্রুপক্ষৰ ধনী-দুখীয়া সকলো পৰিয়ালেই আক্রান্ত হৈছিল। যুদ্ধৰত দেশৰ জনসাধাৰণে যুদ্ধখনৰ দ্বাৰা খুব বেছিকৈ আক্ৰান্ত হৈছিল। বোমা বৰ্ষণৰ সময়ত পত্নী পতিৰ পৰা আৰু শিশুসকল পিতৃ-মাতৃৰ পৰা পৃথক হৈ পৰিছিল।

3. প্রথম মহাযুদ্ধৰ কাৰণসমূহ ব্যাখ্যা কৰা। ইয়াৰ ফলাফলবোৰ কি কি? [Explain the causes of the First World War. What are its consequences ]

Ans: প্রথম বিশ্বযুদ্ধ ১৯১৪ চনৰ পৰা ১৯১৯ চনলৈ চলিছিল। । এই বিশ্বযুদ্ধখন কেৱল এটা কাৰণত বা একেদিনাই সংঘটিত হোৱা নাছিল ঊনৈশ শতিকাৰ পৰা ইউৰোপত বিৰাজ কৰা ৰাজনৈতিক পৰিস্থিতিৰ পৰিণতিতে এই বিশ্বযুদ্ধ সংঘটিত হৈছিল । ইউৰোপৰ শক্তিশালী দেশ সমূহ নিজৰ শ্রেষ্ঠত্ব প্রমানৰ প্ৰতিযোগিতাত নামি পৰিছিল । জার্মানী, অস্ট্রিয়া, হাংগেৰী আৰু ইটালীয়ে একত্ৰিত হৈ ত্রিৰাষ্ট্ৰীয় মৈত্রী চুক্তি স্বাক্ষৰ কৰিছিল । ইয়াৰ বিপৰীতে ইংলেণ্ড, ফ্রান্স আৰু ৰাছিয়াৰ ত্ৰিৰাষ্ট্ৰীয় সৌহার্দ্য চুক্তিৰ দ্বাৰা একত্ৰিত হৈছিল। এইদৰে ত্ৰিৰাষ্ট্ৰীয় মৈত্রী আৰু ত্ৰিৰাষ্ট্ৰীয় সৌহার্দ্য চুক্তিৰ দ্বাৰা ইউৰোপৰ দেশ সমূহ দুটা শক্তি গোষ্ঠীত বিভক্ত হৈ পৰিছিল । প্রথম বিশ্বযুদ্ধৰ কাৰণ সমূহ তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি —

(১) উগ্র জাতীয়তাবাদ : জাতীয়তাবাদৰ বিকাশ প্রথম বিশ্বযুদ্ধৰ এক অন্যতম কাৰণ আছিল । ফৰাছী বিপ্লৱৰ প্ৰভাৱত ঊনৈশ শতিকাত ইউৰোপত জাতীয়তাবাদৰ বিকাশ ঘটিছিল । ইটালী আৰু জাৰ্মানীৰ একত্ৰীকৰণৰ সময়ত জাতীয়তাবাদী ভাৱধাৰাৰ বিকাশে যথেষ্ট প্রভাৱ

পেলাইছিল। ই বিভিন্ন জাতিসমূহৰ জাতীয় গৌৰৱ জগাই তোলাৰ লগতে প্রতিখন দেশে নিজক আনতকৈ শ্রেষ্ঠ বুলি ভৱাত অনুপ্রাণিত কৰিছিল। এনে জাতীয়তাবাদী মনোভাব ইমান বৃদ্ধি পাইছিল যে প্রতিখন দেশে নিজক লৈ দম্ভালিপূর্ণ ঘোষণা কৰিছিল। প্রতিবেশী দেশসমূহৰ এনে মনোভাৱৰ ফলত ইউৰোপত জাতীয়তাবাদে উগ্ৰ ৰূপ ধাৰণ কৰিছিল। উগ্র জাতীয়তাবাদে দেশসমূহৰ মাজত প্রতিযোগিতা সৃষ্টি কৰিছিল। ইংলেণ্ড আৰু জাৰ্মানীৰ মাজৰ নৌ বাহিনীৰ প্ৰতিযোগিতাই তীব্র ৰূপ ধাৰণ কৰিছিল। উগ্র জাতীয়তাবাদৰ ফলতেই এছিয়া, আফ্ৰিকা আৰু বলকান অঞ্চলত থকা ঔপনিবেশিক শক্তি সমূহৰ মাজত কাজিয়াৰ সুত্রপাত হৈছিল। জাতীয়তাবাদী ভাৱধাৰাৰ বিকাশৰ ফলতে বলকান জাতিসমূহে একত্ৰিত হৈ বলকান অঞ্চলত তেঁওলোকৰ আধিপত্য বিস্তাৰৰ সবিধা বিছাৰিছিল। এনেদৰেই উগ্র জাতীয়তাবাদী ভাৱধাৰাই ইউৰোপৰ দেশসমূহক উত্তেজিত কৰি তুলিছিল ।

(২) গোপন চুক্তি : প্রথম বিশ্বযুদ্ধৰ আন এক উল্লেখযোগ্য কাৰণ হৈছে ইউৰোপৰ বিভিন্ন দেশসমূহৰ মাজত স্বাক্ষৰিত হোৱা গোপন চুক্তি সমূহ | প্ৰথম অৱস্থাত এই চুক্তি সমূহ প্রতিৰক্ষামূলক আৰু শান্তি ৰক্ষাৰ বাবে কৰা হৈছিল। ১৮৭৯ চনত জার্মানীয়ে অষ্ট্ৰিয়া-হাংগেৰীৰ লগত দ্বি-ৰাষ্ট্ৰীয় মৈত্রী চুক্তি স্বাক্ষৰ কৰিছিল যদিও ১৮৮২ চনত ইটালীয়ে ইয়াত যোগ দিয়াত ই ত্ৰিৰাষ্ট্ৰীয় মৈত্রী চুক্তিত ৰূপান্তৰিত হৈছিল। আনহাতে ৰাছিয়া, ফ্রান্স আৰু ইংলেণ্ড একত্ৰিত হৈ ত্রিৰাষ্ট্ৰীয় সৌহার্দ্য নামৰ চুক্তি স্বাক্ষৰিত কৰিছিল। এনেদৰে ইউৰোপৰ দেশ সমূহ দুটা শক্তি গোটত বিভক্ত হৈছিল যি প্রথম বিশ্বযুদ্ধ আসন্ন কৰি তুলিছিল।

৩) অর্থনৈতিক কাৰণ : প্রথম বিশ্বযুদ্ধৰ আন এক প্ৰধান কাৰণ আছিল ইউৰোপীয় দেশসমূহৰ মাজত হোৱা অৰ্থনৈতিক প্রতিদ্বন্দিতা। বিশেষকৈ নতুন বৈদেশিক বজাৰ, কেঁচামালৰ উৎস, পুঁজিবিনিয়োগ ক্ষেত্ৰ আৰু উপনিবেশ স্থাপন আদি বিষয়ক কেন্দ্ৰ কৰি এনে প্রতিদ্বন্দ্ববিতা আৰম্ভ হৈছিল। এনে প্রতিযোগিতাত জার্মানীৰ অগ্রগতি দেখি গ্ৰেট ব্ৰিটেইন শংকিত হৈ পৰিছিল। জার্মানীৰ এনে উত্থান সহ্য কৰিব নোৱাৰি ব্রিটেইন জার্মানীৰ প্ৰধান শত্রুৰূপে থিয় দিছিল। এনে অর্থনৈতিক প্রতিযোগিতাৰ ফলত দুয়োখন দেশৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল। পিছলৈ মিত্ৰ ৰাষ্ট্ৰসমূহেও পৰম্পৰ মিত্ৰ ৰাষ্ট্ৰসমূহক সমর্থন দিয়াৰ ফলত এনে সংঘৰ্ষই তীব্রতৰ ৰূপ ধাৰণ কৰিছিল ।

৪) সামৰিক শক্তিৰ উত্থান : সামৰিক শক্তিৰ উত্থান প্রথম বিশ্বযুদ্ধৰ এক প্ৰধান কাৰণ আছিল। ইউৰোপৰ দেশ সমূহ দুটা ভাগত বিভক্ত হোৱাৰ পাছত দুয়োপক্ষৰে পৰস্পৰৰ প্ৰতি ভয় সংদহ আৰু ঈৰ্ষা যথেষ্ট পৰমাণে বৃদ্ধি পাইছিল। এনে সন্দেহৰ ফলত প্ৰতিধন ৰাষ্ট্ৰই। নিজৰ নিৰাপত্তাৰ কাৰণে সামৰিক শক্তি বৃদ্ধি কৰিছিল। এনে সামৰিক প্রতিযোগিতাই যুদ্ধৰ পৰিৱেশ ৰচনা কৰিছিল।

৫) জার্মানী আৰু ইংলেণ্ডৰ মাজৰ শত্ৰুতা : সাম্রাজ্যবাদ আৰু ঔপনিবেশবাদক কেন্দ্র কৰি জার্মানী আৰু ইংলেণ্ডৰ মাজত তীব্র প্ৰতিযোগিতা আৰম্ভ হৈছিল। প্রথম অৱস্থাত ইংলেণ্ড ইৰোপৰ অন্যতম শক্তিশালী দেশ আছিল যদিও পৰবৰ্তী কালত জার্মানীৰ উত্থানে ইংলেণ্ডক শংকিত কৰি তুলিছিল। বিষেশকৈ জার্মানীৰ নৌবাহিনীৰ উত্থানে ইংলেণ্ডক শংকিত কৰি তুলিছিল। জার্মানীৰ নৌশক্তি বৃদ্ধি আৰু জাৰ্মানীৰ সম্রাটে জার্মানী অতি শীঘ্ৰে কেৱল ইউৰোপৰ নহয়, সমগ্র বিশ্বৰে শীৰ্ষস্থানৰ ৰাষ্ট্ৰ হ’ব বুলি ঘোষণা কৰাৰ পাছত জার্মানী আৰু ব্রিটেইনৰ মাজৰ প্রতিদ্বন্দ্বিতাই যুদ্ধৰ পৰ্যায় পায়।

৬) ফ্রান্সৰ প্রতিশোধ পৰায়ণ মনোভাব : ১৮৭০ চনৰ ফ্ৰেংক প্ৰুছিয়ান যুদ্ধত জার্মানীৰ হাতত ফ্রান্স পৰাজিত হৈ আলছাচ আৰু লৰেইন হেৰুৱাবলগীয়া হৈছিল। ফ্রান্সে এই ক্ষতি সহজভাবে মানি লব পৰা নাছিল। জার্মানীক অকলশৰীয়া কৰাৰ উদ্দেশ্যে ফ্রান্সে ইংলেণ্ড লগত মিত্ৰতা স্থাপন কৰিছিল আৰু সুবিধা পালেই জার্মানীৰ পৰা নিজৰ হৰুৱা অঞ্চল উদ্ধাৰ কৰিবলৈ সুযোগৰ অপেক্ষা কৰি আছিল। 

৭) ইটালীৰ আকাংক্ষা : ঊনৈশ শতিকাৰ অন্যান্য ইউৰোপীয় দেশসমূহৰ দৰে ইটালীয়ে নিজৰ আকাংক্ষা পূৰণ কৰিব বিছাৰিছিল। ইটালীৰ ভাষা-ভাষী লোকৰ বাসস্থান ট্ৰায়েষ্ট আৰু ট্রেন্টিন নামৰ অঞ্চল দুটা অষ্ট্ৰিয়া-হাংগেৰীৰ পৰা উদ্ধাৰ কৰিব বিছাৰিছিল। ইটালীয়ে এই আকাংক্ষা পূৰণৰ কাৰণে জার্মানীৰ লগত মিত্ৰিতা স্থাপন কৰিছিল। এনে পৰিস্থিতিত অষ্ট্ৰিয়া আৰু ইটালীৰ মাজৰ সম্পৰ্কৰ অৱনতি হৈছিল।

৮) আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অভাৱ : প্রথম বিশ্বযুদ্ধৰ আগলৈকে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক ৰক্ষা কৰাৰ কাৰণে কোনো আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান বা সংস্থা গঠিত হোৱা নাছিল। ইউৰোপৰ প্ৰতিখন বাষ্ট্ৰই সমূহীয়া স্বাৰ্থৰ বিপৰীতে ব্যক্তিগত স্বাৰ্থ পূৰণৰ চেষ্টাত অধিক আগ্রহী আছিল। ১৮৯৯ আৰু ১৯০৭ চনত দুবাৰকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সংস্থা খুলিবৰ কাৰণে দুখন সন্মিলনৰ আয়োজন কৰা হৈছিল যদিও ই সফল হোৱা নাছিল। গতিকে কোনো ৰাষ্ট্ৰৰ ওপৰত কাৰো নিয়ন্ত্ৰন নথকাৰ কাৰণে বেমেজালিৰ সৃষ্টি হৈছিল।

৯) তৎকালীন কাৰণ : অষ্ট্ৰিয়াৰ যুৱৰাজ আর্কডিউক ফ্রান্সিছ ফার্ডিনাগুক ১৯১৪ চনৰ ১৮ জুন তাৰিখে বচনীয়াৰ ৰাজধানী ছাৰাজেভ’ত ব্লেক হেণ্ড নামৰ এটা গোপন সংগঠনে হত্যা কৰিছিল। অষ্ট্ৰিয়াই এই ঘটনাৰ বাবে চার্বিয়াৰ কেইজনমান উচ্চপদস্থ বিষয়া জড়িত আছিল বুলি দাবী কৰিছিল। এই হত্যাকাণ্ডৰ প্ৰতিশোধ ল’বলৈ অষ্ট্ৰিয়াই জার্মানীৰ সহায় বিচাৰে। অষ্ট্ৰিয়াই জার্মান প্ৰশাসনৰ লগত আলোচনা কৰি চাৰ্বিয়ালৈ এক চৰম পত্ৰ প্ৰেৰণ কৰে কেইটামান দাবী উত্থাপন কৰে আৰু অতি শীঘ্ৰে দোষী ব্যক্তি সকলক অষ্ট্ৰিয়াৰ হাতত অৰ্পণ কৰিবলৈ কয়। চাৰ্বিয়াই কিছুমান দাবী মানি লৈছিল যদিও অপৰাধী সকলক হস্থান্তৰ কৰিবলৈ অপৰাগতা প্রকাশ কৰাত ক্ষুব্ধহৈ অষ্ট্ৰিয়াই চাৰ্বিয়াৰ বিৰুদ্ধে ১৯১৪ চনৰ ২৮ জুলাই তাৰিখে যুদ্ধ ঘোষণা কৰে। এনে পৰিস্থিতিত ৰাছিয়া চাৰ্বিয়াৰ সহায়ৰ কাৰণে আগুৱাই অহাত অষ্ট্ৰিয়াৰ সহায়ৰ বাবে জার্মানী আগুৱাই আহে। এইদৰে ইখনৰ পিছত সিখন মিত্ৰৰাষ্ট্ৰ এই যুদ্ধত জড়িতহৈ পৰইছিল যি লাহে লাহে প্রথম বিশ্বযুদ্ধৰ ৰূপ লৈছিল।

4. ৰাষ্ট্ৰপতি উড্র উইলছনৰ চৈধ্যদফীয়া শান্তি প্ৰস্তাৱৰ বিষয়ে বিতং বিশ্লেষণ আগবঢ়োৱা [Explain in details President Woodrow Wilson’s Fourteen point peace proposal.]

Ans: (১) সকলো আন্তর্জাতিক সন্ধি ৰাষ্ট বিলাকৰ মাজতমুক্তভাৱে আলোচনা কৰি গ্ৰহণ কৰিব লাগে। আন্তর্জাতিক বিষয় আলোচনা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত কোনো গোপন চুক্তি উচিত নহয়।

(২) যুদ্ধ আৰু শান্তি সময়তেই সাগৰীয় বাণিজ্য নৌ-পৰিবহণ মুক্ত থাকিব লাগিব৷ অৱশ্যে কোনোধৰণৰ সন্ধি বা চুক্তি পালন কৰাৰ দিশত আন্তৰ্লাতিক বাধা থাকিলে কথাবোৰ সুকীয়া হ’ব।

(৩) যিবিলাক ৰাষ্ট্ৰই শান্তি প্রতিষ্ঠা আৰু সুৰক্ষা কৰিবলৈ বিচাৰে তেনে ৰাষ্ট্ৰ ক্ষেত্ৰত যিমানদূৰ সম্ভৱ বেহা বেপাৰৰ কাৰণে কোনো অৰ্থনৈতিক বাধা আৰোপ কৰিব নালাগে।

(৪) জাতীয় ৰাষ্ট্ৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সামৰিক অস্ত্র-শস্ত নিম্নতম সীমালৈ হাস কৰিব লাগিব।

(৫) উপনিৱেশ সম্পর্কে যিবিলাক দাবী আছে, সেইবিলাক নিৰপেক্ষভাৱে বিচাৰ কৰি সিদ্ধান্ত ল’ব লাগে। এই ক্ষেত্ৰত কেৱল উপনিবেশ শাসকসকলৰদ্বাৰা বিবেচনা নকৰি ইয়াৰ জনসাধাৰণৰ মতামত ল’ব লাগে।

(৬) কছিয়াৰ ভূ-খণ্ডৰ পৰা  বিদেশী সেনাবাহিনী অপসাৰণ কৰিব লাগিব আৰু সেই দেশক ইচ্ছামতে ৰাষ্ট্ৰীয় নীতি গ্রহণ কৰি বিশ্বৰ ৰাজনৈতিক অনুষ্ঠানত যোগদান কৰিবলৈ সুবিধা।

(৭) বেলজিয়ামৰ পৰাও সৈন্য অপসাৰণ কৰি পূৰ্বৰ পৰা আন ৰাষ্ট্ৰ লগতে যি সার্বভৌমত্ব উপভোগ কৰি আহিছে তাক ভোগ কৰিবলৈ সুবিধা দিব লাগে।

(৮) ফ্ৰান্সৰ ভূ-খণ্ড মুক্ত কৰি দিব লাগিব আৰু আক্ৰমণ কৰা অঞ্চলবোৰ পুনৰ ফ্ৰান্সক ঘূৰাব লাগিব আৰু প্ৰুচিয়াই [Prussia] ফান্সক আলচাক লোৰেইন নামৰ প্ৰদেশৰ ক্ষেত্ৰত যি অন্যায় কৰিছিল সেইয়া শুধৰাই দিবলৈ ব্যবস্থা কৰিব লাগিব।

(৯) জাতীয়তাবাদৰ ভিত্তিত ইটালীৰ সীমান্ত পুনৰ নিৰ্দ্ধাৰণ কৰিব লাগে।

(১০) অষ্টিয়া-হাঙ্গেৰীৰ জনসাধাৰণ স্বাধীনভাৱে উন্নতি লাভ কৰিবলৈ সুবিধা দিব লাগিব।

(১১) চাইবেৰিয়াক সাগৰলৈ যোৱা পথ এটা দি চাইবেৰিয়াৰ পৰা সৈন্যবাহিনী অপসাৰণ কৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। তদুপৰি মনটেনিগ্ৰো আৰু ৰুমানিয়াৰ পৰা সৈন্য অপসাৰণ কৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে।

(১২) অটোমান সাম্ৰাজ্যৰ তুৰস্ক অঞ্চলৰ সাৰ্বভৌমত্ব নিশ্চিত কৰিব লাগিব আৰু সেই সাম্ৰাজ্যৰ অন্যান্য অঞ্চলৰ স্বায়ত্ত শাসন। ব্যৱস্থা প্ৰদান কৰাৰ উপৰি সকলোকে জাহাজেৰে যাতায়াত চলাব পৰা সুবিধা দিব লাগব। তদুপৰি ডাৰ্ডেনিলিছ প্ৰণালীটো আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিৰ বাবে মুকলি কৰি ৰাখিব লাগিব।

(১৩) পেলিচ লোক বসবাস কৰা এলেকাক লৈ এখন স্বাধীন পোলেণ্ড গঠন কৰিব লাগে। তদুপৰি সাগৰৰ লগত যোগাযোগ ৰক্ষা কৰিবৰ কাৰণে মুক্ত নির্দিষ্ট পথ দিয়াৰ ব্যৱস্থা কৰিব লাগে।

(১৪) বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰক লৈ এটা আন্তর্জাতিক সংঘ গঠন কৰি ডাঙৰ-সৰু সকলো ৰাষ্ট্রে আঞ্চলিক সমতা আৰু স্বাধীনতা নিশ্চিত কৰিব লাগে।

5. বিশ্বশান্তিৰ আধাৰ হিচাপে উইলছনৰ বিভিন্ন শান্তি প্ৰস্তাৱ তথা আঁচনিৰ এক সমালোচনাত্মক মূল্যায়ন দাঙি ধৰা। [Critically evaluate Wilson’s various peace proposals and programmes as the basis of world peace.]

Ans: সমালোচকসকলে মত প্ৰকাশ কৰিছে যে, উইলচনৰ শান্তি আঁচনিত কিছুমান অসন্তোষীয়া ব্যৱস্থা আছিল। যিবোৰ পিছৰ ২০ টা বছৰত লাহে লাহে প্রকাশ পাইছিল। অৱশ্যে সেইবোৰ বিষয় শান্তি সন্মিলনতো বিভিন্ন সময়ৰ বিতৰ্কত প্ৰকাশ পাইছিল। কিন্তু চূড়ান্ত ৰূপত সন্ধি স্বাক্ষৰ কৰাৰ সময়ত তেনেবোৰ সমস্যা সম্পূৰ্ণৰূপে নিষ্পত্তি হোৱা নাছিল। হয়তো তেনেবোৰ কাৰণতেই পেৰিছৰ শান্তিৰ ব্যৱস্থা বিশ্বত বেছি দিন নাথাকিল।

দ্বিতীয়তে, উইলছনৰ প্ৰক্তাৱত সন্নিবিষ্ট হোৱা নীতিবোৰ সাধাৰণ আদর্শবাদী [General Idealism] আৰু বহুক্ষেত্ৰত সিবিলাক অস্পষ্ট আছিল। সেয়েহে হয়তো সিবিলাকক সম্পূৰ্ণৰূপে কার্যক্ষেত্ৰত ৰূপায়িত কৰোঁতে অসুবিধা হৈছিল।

তৃতীয়তে, যুদ্ধৰ লক্ষ্য সম্পৰ্কে থকা ধাৰণাও স্থিৰ নাছিল। যুদ্ধৰ গতি অনুসৰি সিবিলাক পৰিৱৰ্তন হৈছিল। লগতে কূটনৈতিক কার্য কলাপ, নেতৃবৃন্দৰ পৰিৱৰ্তন, জার্মানীৰ কাৰ্যাৱলী গোপন চুক্তি আদিয়ে নানা সময়ত পৰিৱৰ্তন ঘটাইছিল। ফলত যুদ্ধৰ লক্ষ্য আৰু শান্তি স্থাপনৰ প্ৰস্তাৱৰ মাজত কোনো ধৰণৰ মিল থকা দেখা নাছিল।

চতুৰ্থতে, বৃহৎ শক্তি আৰু মিত্রশক্তিৰ ৰাষ্টবোৰৰ মাজত থকা গোপন চুক্তিবোৰেও পেৰিছৰ শান্তি সন্মিলন আৰু উইলচনৰ শান্তিৰ প্ৰস্তাৱত নানা ধৰণে অসুবিধাৰ সৃষ্টি কৰিছিল। ফলস্বৰূপে চূড়ান্তৰূপৰ সন্ধি আৰু শান্তিৰ ব্যৱস্থাত তেনে গোপন চুক্তিবোৰৰ বাবে কিছুমান সুৰুঙা বা সুযোগ ৰাখিবলগীয়া হৈছিল।

পঞ্চমতে, উইলছনৰ ১৪ দফীয়া প্ৰস্তাৱৰ উদ্দেশ্য বহুমুখী আছিল যদিও এইবিলাক প্ৰকৃততে প্ৰচাৰ কাৰ্যৰ কাৰণেহে প্ৰস্তুত কৰা হৈছিল। 

ষষ্ঠতে, প্ৰস্তাৱবিলাকৰ কাৰ্যকাৰিতা বিশেষকৈ ৰাষ্ট্ৰবিলাকৰ নেতৃত্ব আৰু কূটনীতিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰিছিল।

শেষত, উইলচনৰ প্ৰস্তাৱসমূহে কিছুমান ক্ষেত্ৰত অসুবিধাৰো সৃষ্টি কৰিছিল। কিয়নো প্ৰস্তাৱসমূহ গ্ৰহণ কৰোঁতে মিত্রশক্তি আৰু পৰাজিত শক্তিবোৰৰ মাজত নিজ নিজ স্বার্থই ক্রিয়া কৰিছিল। সেয়েহে, আমি ক’ব পাৰোঁ যে, যদিও তেওঁৰ প্ৰস্তাৱসমূহে শান্তিৰ ভেটি স্থাপন কৰিছিল, তদুপৰি কাৰ্যক্ষেত্ৰত শান্তি ব্যৱস্থাত বৃহৎ শক্তিসমূহৰ সংঘাতপূর্ণ মনোভাব আৰু নিজ নিজ ৰাষ্ট্ৰীয় স্বাৰ্থই নানা ধৰণে বাধাৰ সৃষ্টি কৰিছিল। সমালোচকসকলৰ মতে, উইলচনক আদর্শবাদৰ প্রতীক আৰু অগ্রগামী দূত বুলি স্বীকৃতি দিয়া হৈছিল যদিও বাস্তৱ জগতৰ ক্ষমতাৰ বাবে চলা সংগ্ৰাম আৰু জটিল ৰাজনীতিয়ে অতি কম সময়ৰ ভিতৰতেই সিবিলাক পাহৰি গৈছিল।

6. ভাৰ্চাই সন্ধিৰ মূল চৰ্তসমূহৰ মূল্যায়ন কৰা। এই সন্ধিয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সূত্ৰপাত কৰিছিল বুলি তুমি ভাবানে? আলোচনা কৰা।[Evaluate the main provisions of the Treaty of Versailles. Do you think that this Treaty initiated the Second World War Discuss]

Ans: ভাৰ্চাই সন্ধিখনৰ সম্পৰ্কত কেতবোৰ দোষ-ত্রুটি থাকিলেও বিশ্বশান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এই চুক্তিখনৰ গুৰুত্ব কোনো প্ৰকাৰে অস্বীকাৰ কৰিব নোৱাৰি।

অৱশ্যে ভার্চাই সন্ধিৰ সফলতা বা বিফলতাৰ বিষয়ে আলোচনা কৰিবলৈ লোৱাৰ পূর্বেই আমি এটা কথাত নিশ্চিত হ’ব লাগিব যে, ভার্চাই সন্ধিখন ন্যায়সংগত আছিল নে নাই? এই প্রশ্নৰ উত্তৰ নিৰ্ভৰ কৰিব আমি ন্যায়সংগত শব্দৰ অৰ্থ বুজি পোৱাৰ ওপৰত। যদি ন্যাসংগত শব্দৰ অৰ্থই উইলচনৰ বক্তব্যৰ সঠিক কাৰ্যকৰণক বুজায় তৈতিয়া হ’লে নিঃসন্দেহে ভাৰ্চাই সন্ধি জামনীৰ কাৰণে সম্পূর্ণ অন্যায় এক সন্ধি আছিল। কাৰণ উইলচনৰ বক্তব্যসমূহত উল্লেখ কৰা হৈছিল যে ভাৰ্চাই সন্ধিত জার্মানী আৰু মিত্রশক্তিৰ স্বাৰ্থক সমানেই সুৰক্ষিত কৰা হ’ব; কিন্তু বাস্তৱিকতে তেনে কাম কৰা নহ’ল। বৰং যুদ্ধখনৰ মুক্ত অভিযুক্ত হিচাপে জার্মানীক বিবেচনা কৰি দেশখনক এনেদৰে ভাগ ভাগ কৰি দুৰ্বল কৰা হ’ল যে, অনাগত বহু বছৰলৈ জার্মানীয়ে এটা শক্তি হিচাপে মূৰ দাঙি উঠিব নোৱাৰিব। উইলচনৰ শান্তি প্রস্তাৱৰ প্ৰতি জার্মানীয়ে জনোৱা সামৰিক বহুতো নেতাই সন্দেহৰ দৃষ্টিৰে চাইছিল। তেওঁলোকে মত প্ৰকাশ কৰিছিল যে, জার্মানীৰ সঁহাবিৰ মূল কাৰণ হ’ল তেওঁলোকৰ ওপৰত আহিব পৰা সম্ভাব্য পৰিণতি।

ভাৰ্চাই সন্ধিৰ ওপৰত এনেধৰণৰ মন্তব্য থাকিলেও সন্ধিখনৰ কেতবোৰ যোগাত্মক দিশে আছিল। সেইসমূহ এনেধৰণ―

১) এই চুক্তিখনৰ ফলতেই বিশ্বৰ জনগণক দ্বিতীয় এখন মহাযুদ্ধৰ ভয়াৱহতাৰ পৰা প্ৰায় দুটা দশক কাল ৰক্ষা কৰিবলৈ সক্ষম হৈছিল।

২) চুক্তিখনে এইটোও প্রমাণ কৰিলে যে একনায়কত্ববাদী শাসন ব্যৱস্থা স্থায়ী হ’ব নোৱাৰে। হিটলাৰ, মুছোশিনী আদিয়ে একনায়কত্ববাদী শাসক হিচাপে এসময়ত প্ৰতিপত্তি লাভ কৰিছিল যদিও তেওঁলোকৰ সেই শক্তি দ্বিতীয় বিশ্বযুদ্ধৰ সময়লৈকে অব্যাহত আছিল। দ্বিতীয় মহাযুদ্ধৰ পিছত প্ৰায়বোৰ দেশতে একনায়কত্ববাদী শাসনৰ পৰিৱৰ্তে গণতন্ত্রহে প্ৰতিষ্ঠা কৰা দেখা গ’ল।

৩) ভাৰ্চাই সন্ধিৰ আত্মনিৰ্দ্ধাৰণৰ নীতিয়ে বহুতো ডাঙৰ আৰু সৰু দেশক স্বাধীনতা অর্জন কৰাত সহায় কৰিছিল।

৪) জাতি সংঘৰ দুৰ্বলতাই বিশ্বত আন এটা শক্তিশালী সংস্থা প্ৰতিষ্ঠা কৰাৰ পথ প্ৰশস্ত কৰে। জাতি সংঘৰ পিছতে ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হয় আৰু

ৰাষ্টসংঘই বিশ্বত শান্তি প্রতিষ্ঠাৰ লগতে অন্যান্য বহুতো মানব অধিকাৰ আৰু কল্যাণমুখী কামত ব্ৰতী হ’বলৈ সক্ষম হৈছিল।

৫) চুক্তিখনৰ সপ্যে থকা আন এটা যুক্তি হ’ল যে, ইয়াৰ উদ্দেশ্যে আছিল বিশ্বশান্তি নিশ্চিত কৰাটো। কিন্তু বিভিন্ন দেশৰ সন্মতি আৰু অনুমোদন নোহোৱাকৈ বিশ্বশান্তি কাৰ্যসূচীবিলাক কার্যত ৰূপায়িত কৰিব পৰা নগল’হেঁতেন। কিন্তু চুক্তিখনে বিশ্বশান্তিৰ সকলো কাৰ্যসূচী সফল কৰিব নোৱাৰিলেও বহু ক্ষেত্ৰত ই কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হৈছিল।

৬) চুক্তিখনৰ সম্পৰ্কত কিছুমান সমালোচকে কিছু সমালোচনা কৰিলেও যি পৰিস্থিতিত বিজিত দেশকেইখনে জাৰ্মানীৰ লগত চুক্তি স্বাক্ষৰ কৰিবলগীয়া হৈছিল। সেই পৰিস্থিতিত মিত্রশক্তি গোষ্ঠীয়ে জাৰ্মানীৰ প্ৰতি অধিক কঠোৰ দৃষ্টিভংগী গ্ৰহণ কৰাটো কোনো অস্বাভাৱিক নাছিল।

7. দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণসমূহ আলোচনা কৰা। [Discuss the causes of the Second World War.]

Ans: শক্তি থাকিলে সংঘর্ষ অৱধাৰিত। বিশ্বখন সৃষ্টিৰ আদিকালৰে পৰাই নিজৰ নিজৰ প্ৰভূত্ব বিস্তাৰৰ বাবে বিশ্বৰ শক্তিসমূহৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটি আহিছে। আৰু এই সংঘর্ষই বিশ্বত ব্যাপক ধন-জনৰ ক্ষতি কৰি আহিছে। বিশ্বত এখন দেশৰ লগত আন এখন দেশৰ প্ৰায়ে যুদ্ধ সংঘটিত হৈ থাকে। কিন্তু এই যুদ্ধসমূহৰ উপৰিও এতিয়ালৈকে বিশ্বত দুখন প্রলয়ংকাৰী যুদ্ধ সংঘটিত হৈ গৈছে য’ত বিশ্বৰ অধিকাংশ দেশেই জড়িত হৈ পৰিছিল। এই যুদ্ধই আছিল বিশ্বযুদ্ধ বা মহাযুদ্ধ। ইতিহাসৰ পাতত আমি দুয়োখন যুদ্ধকে প্রথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধ বুলি জানো। বিশ্বযুদ্ধ, এই শব্দটিতে যেন এক অনাহুত ভয়াৱহতা লুকাই আছে। বিশ্বযুদ্ধই এক ধ্বংসাত্মক পৰিস্থিতিৰ অৱতাৰণা কৰে যি পৰিস্থিতিত বিশ্ববাসী এবাৰ নহয় দুবাৰ সন্মুখীন হৈছে।

দ্বিতীয় বিশ্বযুদ্ধ আছিল বিশ্বত আজিলৈকে সর্বাত্মক ধ্বংস হোৱা এখন যুদ্ধ যি যুদ্ধত পাৰমাণৱিক শক্তিৰো ব্যৱহাৰ হৈছিল। দ্বিতীয় বিশ্বযুদ্ধত পক্ষ আছিল দুটা—

১) ফ্রান্স-ইংলেণ্ড-আমেৰিকা-ৰাছিয়া নেতৃত্বাধীন মিত্ৰ শক্তি আৰু 

২) জার্মানী-জাপান-ইটালী নেতৃত্বাধীন এক্সিছ অর্থাৎ অক্ষীয় শক্তি। দ্বিতীয় বিশ্বযুদ্ধই বিশ্বখনৰ ৰূপেই সলনি কৰি পেলাইছিল আৰু সেই পৰিৱৰ্তন অর্থনৈতিক, ৰাজনৈতিক, সামৰিক, বৈজ্ঞানিক, সামাজিক আদি সকলো ক্ষেত্ৰতে পৰিলক্ষিত হৈছিল। প্রথম বিশ্বযুদ্ধ সংঘটিত হৈছিল ১৯১৪ ৰ পৰা ১৯১৮লৈ। আৰু এই বিশ্বযুদ্ধ শেষ হোৱাৰ মাথোঁ কুৰি বৰ্ষৰ পাছতেই বিশ্বত সূচনা হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ। ১৯৩৯ চনৰ ১ ছেপ্টেম্বৰৰ দিনা জার্মানীয়ে পোলেণ্ডৰ ওপৰত অতর্কিতে আক্রমণ কৰে আৰু সেইদিনাই দ্বিতীয় বিশ্বযুদ্ধৰ ৰণভেৰী বাজিছিল শতিকাৰ খলনায়ক এডলফ হিটলাৰৰ হাতত। দ্বিতীয় বিশ্বযুদ্ধৰ অভিধাৰে বিশ্বত আৰম্ভ হৈছিল এক সামৰিক আক্ৰমণ আৰু প্ৰত্যাক্ৰমণৰ ।

দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণ :

দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হোৱাৰ অন্তৰালত বহুতো কাৰণ অন্তৰ্নিহিত আছে। দ্বিতীয় বিশ্বযুদ্ধৰ সৃষ্টি কৰাত অৰিহণা যোগোৱা এই কাৰণসমূহ হৈছে—

১) ভাৰ্চাই সন্ধিৰ অপমানজনক চৰ্তসমূহ :

প্ৰায় ১৫৬৫ দিন জুৰি বিশ্বৰ মহাশক্তিসমূহৰ মাজত প্ৰথম বিশ্বযুদ্ধ চলিছিল আৰু এই যুদ্ধৰ শেষত শান্তি স্থাপনৰ বাবে সকলো বিজয়ী আৰু বিজিত দেশসমূহৰ প্ৰতিনিধিসকলৰ মাজত পেৰিছত শান্তি আলোচনা হৈছিল। এই শান্তি সন্মিলনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সন্ধি আছিল-মিত্র শক্তি আৰু জাৰ্মানীৰ মাজত স্বাক্ষৰিত ভাৰ্চাই সন্ধি। এই সন্ধিৰ চৰ্তসমূহ আছিল অত্যন্ত অবিবেচকী,নীতিপৰায়ণ আৰু প্রতিহিংসাত্মক।

ভাৰ্চাই সন্ধিয়েই মূলতঃ দ্বিতীয় বিশ্বযুদ্ধৰ বাবে এক পটভূমি সৃষ্টি কৰিছিল। এই সন্ধি আছিল দৰাচলতে জার্মানীৰ প্ৰতি এক চূড়ান্ত মিথ্যাচাৰ। এই সন্ধিৰ ফলত জার্মানীয়ে নিজৰ সকলো উপনিৱেশ হেৰুওৱাৰ লগতে নিজৰ দেশৰ কিছু অঞ্চলো মিত্রশক্তিক দিব লগা হৈছিল। আৰু মিত্রশক্তিক জার্মানীয়ে অকলেই ৬,৬০০ মিলিয়ন পাউণ্ড ষ্টাৰলিং ক্ষতিপূৰণ দিবলগা হৈছিল। এনেসমূহ অসহনীয় তথ্যা অসম্মানজনক চৰ্তই জার্মানসকলৰ মনত এক ক্ষোভৰ উদ্‌গীৰণ ঘটাইছিল। আৰু সেই ক্ষোভৰ এক জ্বলন্ত বর্হিপ্রকাশ আছিল দ্বিতীয় বিশ্বযুদ্ধ।

২) বিশ্ব শান্তি স্থাপনত জাতিসংঘৰ ব্যৰ্থতা :

দ্বিতীয় বিশ্বযুদ্ধ সৃষ্টিত অৰিহণা যোগোৱা আন এক কাৰক হৈছে বিশ্বশান্তি স্থাপনৰ ক্ষেত্ৰত জাতিসংঘৰ চূড়ান্ত ব্যৰ্থতা। প্রথম বিশ্বযুদ্ধৰ পৰিসমাপ্তি ঘটাৰ পাছতেই ১৯২০ চনত বিশ্ব শান্তি স্থাপনৰ লক্ষ্যৰে জাতিসংঘ নামৰ এক আন্তঃৰাষ্ট্ৰীয় অভিভাৱক সংগঠন গঠন হৈছিল। কিন্তু জাতিসংঘৰ কিছুমান অবিবেচকী সিদ্ধান্ত তথা পক্ষপাতিত্বমূলক আচৰণৰ বাবে ই ক্ৰমাৎ দুৰ্বল হৈ পৰিছিল আৰু ই নিজৰ নিৰ্দিষ্ট লক্ষ্য সাধনত অসফল হৈছিল। প্রথম কথা,আমেৰিকা যুক্তৰাষ্ট্ৰ জাতিসংঘৰ সদস্য ৰাষ্ট্ৰ নাছিল। দ্বিতীয় কথা,জাতিসংঘক ইংলেণ্ডৰ দৰে শক্তিশালী দেশসমূহে নিজৰ আঙুলিৰ ওপৰত নচুৱাইছিল। তৃতীয় কথা,জাতিসংঘৰ নিজৰ কোনো সৈন্যদল নাছিল বাবে বিশ্বৰ দেশসমূহৰ উগ্ৰ আগ্ৰাসনমূলক আচৰণ ই ৰোধিব পৰা নাছিল। এইসমূহ দুৰ্বলতাৰ বাবে জাতিসংঘই নিজৰ উদ্দেশ্যত উপনীত হ’ব পৰা নাছিল আৰু বিশ্ব দ্বিতীয় বিশ্বযুদ্ধৰ দৰে বিভীষিকাৰ দিশে ঢাল খাইছিল।

৩) ইটালীত বেনিট’ মুছলিনীৰ নেতৃত্বত ফেচিবাদৰ উত্থান :

প্রথম বিশ্বযুদ্ধ অন্ত পৰাৰ কেইবছৰমানৰ পাছতেই ইটালীত বেনিট’ মুছলিনীৰ নেতৃত্বত ফেচিবাদী শাসনৰ অভ্যুত্থান ঘটিছিল। আৰু এই অভ্যুত্থানৰ অন্তৰালতে আছিল প্রথম বিশ্বযুদ্ধৰ অন্তত মিত্রশক্তিৰ আন সদস্যগণে ইটালীৰ প্ৰতি পোষণ কৰা অনীহাসূচক ভাৱ। প্রথম বিশ্বযুদ্ধৰ অন্তত বিজয়ী পক্ষত থাকিও কিন্তু ইটালীয়ে একো লাভ কৰা নাছিল।

বৰঞ্চ লাভ কৰিছিল অপমান। এইসমূহৰ ফলশ্ৰুতিতেই ইটালীত ফেচিবাদৰ উত্থান ঘটে। আৰু ই হৈ উঠে দ্বিতীয় বিশ্বযুদ্ধ সৃষ্টিৰ এক অন্যতম কাৰক। ইটালীৰ ফেচিবাদী শাসক বেনিট’ মুছলিনীয়ে উগ্ৰ সাম্রাজ্যবাদেৰে বিশ্বত ইটালীৰ প্রভুত্ব স্থাপনৰ চেষ্টা কৰিছিল আৰু জার্মানী-জাপানৰ সৈতে লগ হৈ আন আন গণতান্ত্রিক দেশবোৰৰ লগত সংঘর্ষ লিপ্ত হয়। ইয়ে দ্বিতীয় বিশ্বযুদ্ধ সৃষ্টিৰ বাট মুকলি কৰে।

(৪) জার্মানীত একনায়কত্ববাদী শাসক এডলফ হিটলাৰৰ আবির্ভাৱ :

দ্বিতীয় বিশ্বযুদ্ধ সৃষ্টিৰ ক্ষেত্ৰত মূল জগৰীয়া হৈছে এডলফ হিটলাৰ। হিটলাৰৰ আত্মগৌৰৱী মনোভাৱৰ ফলতে বিশ্বক্ষয়ী এই দ্বিতীয় বিশ্বযুদ্ধৰ সূচনা হয়। ১৯৩৩ চনত হিটলাৰৰ নেতৃত্বাধীন “নাজী দল” জার্মানীৰ ক্ষমতাত অধিষ্ঠিত হয়। ক্ষমতাত অধিষ্ঠিত হৈয়েই হিটলাৰে জাৰ্মানীত একনায়কত্ববাদৰ সূচনা কৰে। ভাৰ্চাই শান্তি চুক্তি ভৰিবে গছকি হিটলাৰে নিজৰ সাম্রাজ্যবাদী লালসাৰ দ্বাৰা লালায়িত হৈ নতুন নতুন দেশ জয় কৰি নিজৰ দেশত চামিল কৰে আৰু সকলোৰে প্ৰতি অংগুষ্ঠ প্রদর্শন কৰে আৰু ই হৈ পৰে বিশ্ব ধ্বংসকাৰী দ্বিতীয় বিশ্বযুদ্ধ সৃষ্টিৰ এক অন্যতম কাৰক।

৫) বিশ্বৰ দেশসমূহৰ অস্ত্ৰৰ বাবে সৃষ্টি হোৱা প্ৰতিযোগিতা :

প্রথম বিশ্বযুদ্ধৰ পৰৱৰ্তী কালতে বিশ্বৰ দেশবিলাকৰ মাজত নতুন নতুন অস্ত্র উদ্ভাৱন তথা অস্ত্ৰ ক্ৰয়ৰ প্ৰতি প্রতিযোগিতাৰ সৃষ্টি হয় আৰু ইয়ে দ্বিতীয় বিশ্বযুদ্ধ সৃষ্টিত প্রভূত বৰঙনি যোগায়। এনেদৰেই বিশ্বলৈ নতুন নতুন অস্ত্ৰৰ আগমন ঘটে আৰু দেশবিলাকে নিজৰ নিজৰ সামৰিক বাহিনী তথা অস্ত্রবল বৃদ্ধি কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰে আৰু ইয়েই সূচনা কৰে দ্বিতীয় বিশ্বযুদ্ধৰ বাবে এক পৈণত পৰিবেশ।

এনেবোৰ কাৰণেই বিশ্বৰ দেশবিলাকক দুটা পৃথক শিবিৰত বিভক্ত কৰি বিশ্বত দ্বিতীয় বিশ্বযুদ্ধৰ সূচনা কৰে আৰু ই হয় বিশ্ব ধ্বংসকাৰী এটা কাৰক যিয়ে এটা প্ৰজন্মক অন্ধকাৰৰ গৰ্ভলৈ ঠেলি দিলে। মুঠৰ ওপৰত দ্বিতীয় বিশ্বযুদ্ধ আছিল দুখনমান নির্দিষ্ট সাম্রাজ্যবাদী দেশৰ ক্ষমতাৰ লালসাৰ এক পৰিণাম যাৰ ফল ভোগ কৰিছিল সমগ্ৰ বিশ্বই আৰু সেয়ে ই আখ্যা পাইছিল দ্বিতীয় বিশ্বযুদ্ধ।

8. দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণ আৰু পৰিণতি সম্বন্ধে আলোচনা কৰা। [Explain the causes and consequences of Second World War.]

Ans : দ্বিতীয় বিশ্বযুদ্ধ ১৯৩৯ চনৰ পৰা ১৯৪৫ চনলৈ চলিছিল। এই বিশ্বযুদ্ধখন কেৱল এটা কাৰণত বা একেদিনাই সংঘটিত হোৱা নাছিল। প্রথম বিশ্বযুদ্ধৰ পৰা ইউৰোপত বিৰাজ কৰা ৰাজনৈতিক পৰিস্থিতিৰ পৰিণতিতে এই বিশ্বযুদ্ধ সংঘটিত হৈছিল। এই যুদ্ধৰ কাৰণ সমূহ তলত আলোচনা কৰা হ’ল—

১) ভাৰ্ছাই সন্ধিৰ অমানৱীয় চৰ্ত সমূহ : দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হোৱাৰ এক প্ৰধান কাৰণ আছিল ভাৰ্ছাই সন্ধিৰ অমানৱীয় চৰ্ত সমূহ। এই সন্ধিখন মিত্র শক্তি অর্থাৎ বিজয়ী সকলে বিজিত বা পৰাজিত দেশ জাৰ্মানীৰ লগত স্বাক্ষৰ কৰিছিল। এই চুক্তি এক প্ৰকাৰৰ হুকুমনামাৰ নিচিনা আছিল, কাৰণ মিত্রশক্তিয়ে জাৰ্মানীৰ প্ৰতিনিধিৰ লগত আলোচনা নকৰাকৈয়ে এই চুক্তি স্বাক্ষৰ কৰিবলৈ বাধ্য কৰাইছিল। এই চুক্তিৰ চৰ্ত সমূহ জাৰ্মানীৰ কাৰণে অতি অপমানজনক আৰু কঠোৰ আছিল। বহু ক্ষেত্ৰত এই অমানৱীয় চৰ্ত সমূহ পূৰণ কৰা জাৰ্মানীৰ কাৰণে প্ৰায় অসম্ভৱ আছিল। জার্মান সকলে এই চুক্তিক জাতীয় অপমান তথা প্ৰতাৰণাৰ প্ৰতীক হিচাপে গণ্য কৰিছিল। এই অপমানৰ পোতক তুলিবলৈ জার্মানীত নাৎসী পাৰ্টিৰ উত্থান হৈছিল আৰু এই পাৰ্টিয়ে হিটলাৰৰ  নেতৃত্বত জার্মানীত একনায়কত্ববাদ প্রতিষ্ঠা কৰিছিল । জার্মানীত প্ৰতিষ্ঠা হোৱা এই হিটলাৰৰ এই একনায়কত্ববাদী শাসনে দ্বিতীয় বিশ্বযুদ্ধৰ সূচনাত মুখ্য ভূমিকা লৈছিল। ভার্চাই সন্ধিয়ে প্রতিজন দেশপ্রেমিক জার্মান লোকৰ মনত প্রতিহিংসা আৰু প্ৰতিশোধৰ ভাব জগাই তুলিছিল। এনে পৰিস্থিতিত হিটলাৰে গ্ৰহণ কৰা আক্রমণাত্মক নীতিয়ে দ্বিতীয় বিশ্বযুদ্ধৰ পথ প্রসস্থ কৰি তুলিছিল। 

২) অর্থনৈতিক সংকট : অর্থনৈতিক সংকট দ্বিতীয় বিশ্বযুদ্ধৰ আন এক উল্লেখযোগ্য কাৰণ আছিল। প্রথম বিশ্বযুদ্ধৰ পিছত দেখা দিয়া অর্থনৈতিক সমস্যা সমূহ শান্তি চুক্তি আৰু জাতিসংঘই দূৰ কৰিব পৰা নাছিল। তাৰ পৰিবৰ্তে অৰ্থিক সংকটে গভীৰ ৰূপহে ধাৰণ কৰিছিল। এই সংকট বৃদ্ধি পাই ১৯২৯-৩০ চনত ‘অর্থনৈতিক মহাসংকটে’ দেখা দিছিল। এই সংকটে বিশ্বৰ মুদ্ৰাব্যৱস্থা আৰু সাম্রাজ্যবাদী বজাৰ অৰ্থব্যৱস্থা একেবাৰে পংগু কৰি পেলাইছিল। এই সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ বিশ্বৰ পুঁজিবাদী দেশসমূহৰ মাজত পুনৰ সম্প্ৰসাৰণ তথ্য ঔপনিবেশিকতাবাদ আৰু সাম্রাজ্যবাদৰ প্ৰতিযোগিতা আৰম্ভ হৈছিল। আনহাতে, জার্মানী, জাপান আদি দেশসমূহত এনে অর্থনীতিৰ বিৰুদ্ধে উগ্র জাতিয়তাবাদৰ বিকাশ হৈছিল । এই জাতিয়তাবাদ আৰু সম্প্ৰসাৰণবাদে দ্বিত্বীয় বিশ্বযুদ্ধৰ সূচনাত অৰিহণা যোগাইছিল।

৩) উগ্র জাতিয়তাবাদ : উগ্র জাতিয়তাবাদৰ বিকাশ দ্বিত্বীয় বিশ্বযুদ্ধৰ এক অন্যতম কাৰণ আছিল । প্রথম বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত ইউৰোপীয় দেশসমূহত জাতিয়তাবাদে গা কৰি উঠিছিল । উদাহৰণ স্বৰূপে আষ্ট্ৰিয়া, ছেক’শ্লাভাকিয়াৰ ছুডেটানভূমি, ডানজিগ’, প’লিশ্ব কৰিড’ৰ, মেমেল আদি জার্মানভাষী লোকৰ বসতিস্থানসমূহক হিটলাৰে জাৰ্মানীৰ ‘তৃতীয় ৰাইক’ৰ অন্তর্ভুক্ত কৰিব বিছাৰিছিল। মুছোলিনিৰ নেতৃত্বত ফেচিষ্ট ইটালীয়ে কেছিয়া, নাইচ, ছেভয় আদি দখল কৰি সকলো ইটালীয় লোকৰ নতুন ‘বিমুক্ত ইটালী’ গঠন কৰাৰ প্ৰস্তুতি চলাইছিল। ইউৰোপৰ অন্যান্য দেশসমূহতো জাতীয়তাবাদে গা কৰি উঠাৰ লগতে ১৯১৩ চনৰ পৰা ১৯২০ চনৰ ভিতৰত হেৰুৱা নিজ নিজ ৰাজ্যসমূহ উদ্ধাৰ কৰিব বিছাৰিছিল। এনে জাতীয়তাবাদৰ পৰাই সামৰিক অভিযান আৰম্ভ হৈ বিশ্বযুদ্ধৰ পৰ্যায় পাইছিলগৈ।

৪) সাম্রাজ্যবাদৰ বিকাশ : সাম্রাজ্যবাদ দ্বিতীয় বিশ্বযুদ্ধৰ এক অন্যতম কাৰণ আছিল। পূর্বতে গ্রেট ব্রিটেইন, ফ্রান্স, আমেৰিকা আদি দেশসমূহে বৃহৎ সাম্রাজ্যবাদী শক্তি হিচাপে প্রতিষ্ঠা লাভ কৰিছিল। প্রথম বিশ্বযুদ্ধৰ পাছৰ পৰা জার্মানী, ইটালী, জাপান আদি দেশসমূহেও সাম্রাজ্য বিস্তাৰ নীতি গ্রহণ কৰিছিল। হিটলাৰে ১৯১৪ চনৰ পূৰ্বৰ জার্মান সাম্রাজ্যবাদৰ আৰ্হিত সাম্রাজ্য বিস্তাৰৰ আঁচনি হাতত লৈছিল । আনহাতে ফেচিষ্ট ইটালীয়েও সাম্রাজ্যবাদী নীতি গ্ৰহণ কৰিছিল। কিন্তু জার্মানী আৰু ইটালীৰ এনে নীতি বিৰুদ্ধে থিয় দিছিল গ্রেট বৃটেইন, ফ্রান্স আদি দেশসমূহে। ফলত ইউৰোপীয় এই দেশসমূহৰ মাজত বিভিন্ন অজুহাতত বিবাদ আৰম্ভ হৈছিল। এছিয়া মহাদেশতো সাম্রাজ্যবাদৰ বিকাশ হৈছিল। জাপানে ‘এছিয়া কেৱল এছিয়াবাসীৰ বাবেহে’ ধ্বনি তুলিছিল। জাপানে এছিয়া আৰু দক্ষিণ-পশ্চিম মহাসাগৰৰ পৰা পশ্চিমীয়া সাম্রাজ্যবাদী শক্তি সমূহক অপসাৰিত কৰিব বিছাৰিছিল। এনে দৰে সাম্রাজ্যবাদৰ প্ৰতিদ্বন্দ্বিতাত বিশ্বৰ শীর্ষ স্থানীয় দেশসমূহৰ মাজত বিবাদৰ সুত্রপাত হৈ পাছলৈ বিশ্বযুদ্ধৰ পৰ্যায় পাইছিল।

৫) শান্তি চুক্ত ভংগ : পেৰিচ শান্তি সন্মিলনৰ পিছত যি সমূহ চুক্তি স্বাক্ষৰিত হৈছিল সেই চুক্তিৰ চৰ্তসমূহ বিজয়ী শক্তি সমূহে বিজিত শক্তি সমূহৰ ওপৰত জোৰকৈ জাপি দিয়া চৰ্তহে আছিল। এই চুক্তিসমূহ বিজয়ী শক্তি সমূহে একপক্ষীয়ভাবে প্রস্তুত কৰিছিল আৰু পৰাজিত দেশসমূহক এই চৰ্তসমূহ মানি লবলৈ বাধ্য কৰাইছিল। কিন্তু সময় বাগৰাৰ লগে লগে পৰাজিত দেশসমূহে বিভিন্ন অজুহাতত এই চৰ্ত সমূহ ভংগ কৰিছিল। বিষেশকৈ জার্মানীত হিটলাৰৰ নেতৃত্বত নাৎসীসকলে আৰু ইটালীত মুছোলিনিৰ নেতৃত্বত ফেচিষ্ট সকল শক্তিশালী হৈ উঠাৰ পিছত তেওঁলোকে শান্তি চুক্তিৰ চৰ্ত মানি লবলৈ অস্বীকাৰ কৰিছিল। তদুপৰি যুদ্ধ নিবাৰণ আৰু অস্ত্র-শস্ত্ৰৰ সীমিতকৰণ নীতি এই দুয়োখন দেশে মানিবলৈ অস্বীকাৰ কৰিছিল । ফলত বিশ্ববাসী আন এখন যুদ্ধৰ ফালে ক্ৰমে অগ্ৰসৰ হৈছিল।

৬) জাতিসংঘৰ ব্যৰ্থতা : জাতিসংঘৰ ব্যৰ্থতা দ্বিত্বীয় বিশ্বযুদ্ধৰ আন এক অন্যতম কাৰণ আছিল। প্রথম বিশ্বযুদ্ধৰ অন্তত জাতিসংঘ প্ৰতিষ্ঠাৰ প্ৰধান উদ্দেশ্য আছিল আন্তঃৰাষ্ট্ৰীয় শান্তি প্রতিষ্ঠা কৰা আৰু আন্তঃৰাষ্ট্ৰীয় বিবাদৰ আলোচনাৰ মাধ্যমেৰে শান্তিপূর্ণ সমাধানৰ পথ উদ্ভাৱন কৰা। কিন্তু লাহে লাহে এই লক্ষ্যত জাতিসংঘ ব্যৰ্থ হৈছিল। প্ৰথম অৱস্থাত জাতিসংঘই দুই এটা সৰু-সুৰা বিবাদৰ শান্তিপূর্ণ মিমাংসা কৰিছিল যদিও পাছলৈ বহুতো দেশে জাতিসংঘৰ সদস্যপদৰ পৰা অব্যাহতি লৈ সামৰিক প্ৰস্তুতি আৰম্ভ কৰিছিল।

১৯৩১ চনত জাপানে মাঞ্চুৰীয়া অধিকাৰ কৰোতে জাতীসংঘই কেৱল এই ঘটনাৰ নিন্দা জনাইয়ে নিজৰ দায়িত্ব সামৰিছিল । ১৯৩৬ চনত ৰাইন অঞ্চল পুনঃঅস্ত্ৰীকৰণ কৰি জাৰ্মানীয়ে ভাৰ্ছাই আৰু ল’কাৰ্ণো চুক্তি উলংঘা কৰিছিল । এইবাৰো জাতীসংঘই কেৱল নিন্দাহে জনালে৷ ১৯৩৫ চনত ইটালীয়ে ইথিঅপিয়া আক্ৰমণ কৰাৰ সময়তো জাতিসংঘৰ ভূমিকা আছিল তেনেই দুর্বল। ফলত বহুতো ৰাষ্ট্ৰ অসন্তুষ্ট হৈ জাতিসংঘ ত্যাগ কৰিছিল। ১৯৩৮ চনত মাত্ৰ ৰাছিয়া, ইংলেণ্ড আৰু ফ্রান্স জাতিসংঘৰ সদস্য হৈ থাকিল। জাতিসংঘৰ ব্যৰ্থতাৰ ফলত বিশ্বশান্তিৰ পৰিবৰ্তে বিশ্বযুদ্ধৰ পথহে অধিক সুচল হৈ পৰিছিল।

৭) দুই শিবিৰ গঠন : প্রথম বিশ্বযুদ্ধৰ অন্তত বিভিন্ন দেশৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি উঠিছিল। এনে মৈত্রীপূর্ণ সম্পৰ্কৰ প্ৰধান কাৰণ আছিল সামূহিক নিৰাপত্তা, আঞ্চলিক নিৰাপত্তা আৰু সাম্রাজ্যবাদী আকাংক্ষা। ১৯৩৭ চনত ইটালী, জাপান আৰু জাৰ্মানীৰ মাজত মিত্রতা স্থাপন হৈছিল। এই মিত্রশক্তিক ৰোম-বাৰ্লিন-টকিঅ’ অক্ষ হিচাপে জনা গৈছিল। আনহাতে হিটলাৰৰ পৰা ৰক্ষা পাবলৈ ফ্রান্স আৰু ইংলেণ্ড পোলেণ্ডৰ লগত মিত্ৰতা কৰিছিল। জাৰ্মানীৰ বিপক্ষে ৰাছিয়া, ৰুমানিয়া, যুগশ্ল’ভাকিয়া, ছেক শ্ল’ভাকিয়া আদি দেশসমূহেও এই মিত্ৰতাত যোগ দিছিল। ফলত বিশ্বৰ শক্তিশালী দেশসমূহ পুনৰাই দুই ভাগত বিভক্ত হৈ পৰিছিল। এই দুই শিবিৰৰ মাজৰ প্ৰতিদ্বন্দ্বিতা দ্বিত্বীয় বিশ্বযুদ্ধৰ এক ঘাই কাৰণ।

৮) তৎকালীন কাৰণ : ৰাছিয়াৰ লগত ‘অনাক্রমণ চুক্তি স্বাক্ষৰ কৰাৰ পিছত ১৯৩৯ চনৰ ১ চেপ্টেম্বৰ তাৰিখে জার্মান সেনাবাহিনীয়ে পোলেণ্ড আক্ৰমণ কৰে। জার্মানীক বাধা দিবৰ বাবে পোলেণ্ডৰ লগত কৰা পূৰ্বৰ চুক্তি অনুসৰি ফ্ৰান্স আৰু গ্রেট বৃটেইন আগবাঢ়ি আহে। ১৯৩৯ চনৰ ৩ চেপ্টেম্বৰ তাৰিখে ফ্ৰান্স আৰু গ্রেট বৃটেইনে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ লগে লগেই দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণী হয়। গতিকে দেখা যায় যে জাৰ্মানীৰ পোলেণ্ড আক্রমণেই দ্বিতীয় বিশ্বযুদ্ধৰ তৎকালীন কাৰণ আছিল ৷

9. নাজীবাদ আৰু ফেচীবাদৰ মাজৰ প্ৰভেদ নিৰূপণ কৰা। [Distinguish between Nazism and Fascism]

Ans: ফেচীবাদ আৰু নাজীবাদৰ লক্ষ্য আৰু উদ্দেশ্যসমূহৰ বেলিকা নিম্নোক্ত সাদৃশ্যসমূহ পৰিলক্ষিত হয়—

(১) সর্বাত্মকবাদী শাসন ব্যৱস্থাৰ প্ৰতি বিশ্বাস কৰে।

(২) গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতি আওকণীয়া মনোভাব পোষণ কৰা।

(৩) দুয়োটা ভাবাদর্শই বিশ্বাস কৰে যে সর্বোচ্চ কর্তৃত্ব সম্পন্ন সত্বা হিচাপে ৰাষ্ট্ৰই ব্যক্তিৰ মৌলিক অধিকাৰ আৰু স্বাধীনতা নিয়ন্ত্রণ কৰিব তথা হস্তক্ষেপ কৰিব পাৰে।

(৪) ‘এক দল-এজন শাসক’ নীতিত দুয়োবিধ ভাবাদর্শই বিশ্বাসী।

(৫) জাতীয়তাবাদ আৰু সাম্রাজ্যবাদৰ প্রতি আগ্রসী তথা আক্রমণাত্মক মনোভাৱ।

(৬) ফেচীবাদ আৰু নাজীবাদ উভয়েই ৰাষ্ট্ৰীয় স্বার্থক আহিলা হিচাপে গণ্য কৰে।

(৭) উভয়েইজাতীয়তাবাদী, সাম্যবাদ বিৰোধী আৰু অগণতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰতি অকুণ্ঠ সমর্থন আগবঢ়ায়।

10. ফেচিবাদ কি? ফেচিবাদৰ উত্থানৰ কাৰকসমূহ পৰীক্ষা কৰা। [What is Fascism Examine the causes led to the rise of Fascism-]

Ans : ফেচীবাদ হৈছে এক তীব্র জাতীয়তাবাদী সাম্যবাদ বিৰোধী  আৰু অগণতান্ত্রিক আন্দোলন যি ইটালী আৰু জাৰ্মানীত স্বেচ্ছাচাৰী শাসনৰ এক আৰ্হি হিচাপে ক্ৰিয়া কৰিছিল।

ফেচীবাদৰ বিকাশত অৰিহণা যোগোৱা কাৰণসমূহ :

নিম্নোক্ত কাৰকসমূহে ইটালীত ফেচীবাদৰ উত্থানত অৰিহণা যোগাইছিল—

(১) ভাৰ্ছাই চুক্তিৰ প্ৰতি অসন্তুষ্টি : প্রথম বিশ্বযুদ্ধৰ সময়ছোৱাত তুককী আৰু জাৰ্মানীৰ ভূ-খণ্ড দখল কৰাৰ হেতু ইটালীয়ে মৈত্রী অংশ গ্ৰহণ কৰিছিল। কিন্তু ভাৰ্ছাই চুক্তিৰ জৰিয়তে ইটালীয়ে দক্ষিণ টাইৰল আৰু ট্ৰেন্টিনো আৰু দল মাটিয়াৰ উপকূলীয় অঞ্চলৰ ভূমি খণ্ড লাভ কৰিবলৈ সক্ষম হৈছিল। জার্মান আৰু তুর্কী ওপনিৱেশিক সাম্রাজ্যৰ এটা অংশও লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। এনেদৰে ভাৰ্ছাই চুক্তিৰ প্ৰতি ইটালীৰ চৰম ক্ষোভৰ বহিপ্ৰকাশৰ ফলশ্রুতিতেই ফেচীবাদৰ উত্থান ঘটিছিল।

(২) অর্থনৈতিক সংকট : প্রথম বিশ্বযুদ্ধৰ সময়ত ইটালীত মানৱ জীৱন আৰু সম্পদ বিস্তৰ ক্ষতি সাধন হৈছিল। যুদ্ধৰ পিছত সেনা বাহিনীৰ বহু লোক নিবনুৱা হৈ পৰিছিল। ব্যৱসায়-বাণিজ্যত ধ্বংসাত্মক পৰিস্থিতিয়ে বৃহৎ হাৰত নিৱনুৱা জনগণৰ সৃষ্টি কৰিছিল। ইটালীত খাদ্য শস্যৰো অভাৱনীয় হাৰত নাটনিয়ে দেখা দিছিল।

(৩) ৰাজনৈতিক অস্থিৰতা : ইটালী একাধিক সংযুক্ত চৰকাৰৰ দ্বাৰা পৰিচালিত হৈছিল আৰু ফলস্বৰূপে ইটালীত চৰকাৰী নীতি আঁচনিবিলাকৰ কোনো ধৰণৰ ধাৰাবাহিকতা নাছিল। চৰকাৰে নিবনুৱা, ধৰ্ণা আৰু সংঘৰ্ষৰ দৰে সমস্যাৰাজিৰ সমাধান কৰিবলৈ ব্যৰ্থ হৈছিল।

(৪) শ্রেণী সংঘাত : যুদ্ধৰ সময়ছোৱাত সাধাৰণ জনতাক তেওঁলোকৰ অৰ্থনৈতিক প্রয়োজনীয়তাসমূহ পূৰণ কৰাৰ ওপৰত গুৰুত্ব দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল; কিন্তু পৰবৰ্তী সময়ত এই প্রতিশ্রুতিসমূহ সম্পূৰ্ণৰূপে আওকাণ কৰা হৈছিল আৰু নিৰীহ জনতাক বিতুষ্ট কৰি তুলিছিল৷ এনেদৰে জনগণে সাধাৰণ জনতাৰ হাতত চৰকাৰক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা ন্যস্ত থকাটোৰ পোষকতা কৰিছিল।

(৫) সমাজবাদ বা সাম্যবাদৰ ভাবুকি : সাম্যবাদৰ দ্বাৰা অনুপ্রাণিত হৈ কৃষকসকলে জমিদাৰসকলৰ পৰা কৃষি ভূমি কাঢ়ি লৈছিল আৰু শ্রমিকসকলে ধর্মঘট সংগঠিত কৰিছিল আৰু ইয়াৰ জৰিয়তে বৃহৎ উদ্যোগ কল-কাৰাখানাবিলাক দখল কৰিছিল। উদ্যোগপতিসকলে শ্রমিক সংগঠনৰ ঐক্যবদ্ধ শক্তি দেখি চিন্তিত হৈছিল আৰু শান্তি স্থাপন কৰিব পৰাকৈ এখন শক্তিশালী চৰকাৰ গঠনৰ পোষকতা কৰিছিল। সেয়েছে। তেওঁলোকে ফেচীবাদৰ উত্থানৰ ক্ষেত্ৰত বিত্তীয় সহযোগিতা আগবঢ়াইছিল। 

(৬) জাতি সংঘৰ ব্যৰ্থতা : সম্মিলিত জাতিসংঘ দূর্বল বুলি প্রমাণিত হৈছিল আৰু ই একনায়কত্ববাদৰ উত্থানক প্ৰতিৰোধ কৰিবলৈ অপাৰগ হৈছিল।

(৭) মুছোলিনীৰ নেতৃত্ব : মুছোলিনী এক সন্মোহিনী ব্যক্তিত্বৰ অধিকাৰী আছিল। তেওঁ তেওঁৰ বক্তব্যসমূহত ইটালীৰ অতীত গৌৰৱ আৰু যশস্যাক প্রশংস। কৰিছিল আৰু তেওঁ দেশৰ নাগৰিকসকলৰ বিশ্বাস আৰু সমর্থন আদায় কৰিবলৈ সক্ষম হৈছিল।

11. নাজীবাদ কি? নাজীবাদ সৃষ্টি হোৱাৰ কাৰকসমূহ আলোচনাকৰা। [What is Nazism Examine the factors led to the rise of Nazism ]

Ans: জার্মানীত নাজীবাদৰ উত্থানৰ ক্ষেত্ৰত কেতবোৰ কাৰকে বিশেষভাৱে অৰিহণা যোগাইছিল। এই কাৰকবিলাকৰ বিষয়ে তলত আলোচনা কৰা হ’ল―

জার্মানীত নাজীবাদৰ উত্থানৰ কাৰকসমূহ :

(১) ভাৰ্ছাই চুক্তি : জার্মানীক ইয়াৰ ভূ-খণ্ডৰ এক বৃহৎ অংশ ফ্রান্স, পোলেণ্ড, বেলজিয়াম আৰু ডেনমার্কক দিবলৈ বাধ্য কৰোৱা হৈছিল। জার্মনীৰ বিদেশত থকা সম্পদাজি (ঔপনিবেশসমূহ) যুদ্ধৰ মাজভাগতে মিত্রশক্তিৰ ৰাষ্টসমূহৰ মাজত ভাগ-বাটোৱাৰা কৰা হৈছিল। জাৰ্মানীক ৩৩ বিলিয়ন ডলাৰ ক্ষতিপূৰ্ণ ব্যয় দিবলৈ বাধ্য কৰোৱা হৈছিল আৰু জামনি সেনাবাহিনীৰ মুঠ শক্তি এক লাখ স্থিৰ কৰা হৈছিল।

উল্লেখ্য যে ভাৰ্ছাই চুক্তিৰ চৰ্তাৱলীৰ প্ৰতি জাৰ্মানসকলে তীব্র অসন্তুন্টি ব্যক্ত কৰিছিল আৰু সেয়েহে তেওঁলোকে ইয়াৰ প্ৰতিশোধ ল’বলৈ অধীৰ আগ্ৰহেৰে এক সুযোগৰ অপেন্যাত আছিল। হিটলাৰে জার্মানসকলৰ এই আৱেগক শোষণ কৰিছিল আৰু জাৰ্মানসকলক ভাৰ্ছাই চুক্তিখনক আৱৰ্জনাৰ দস্তুমত মজুত ৰাখিবলৈ উৎসাহিত কৰাৰ লগতে জার্মান সাম্রাজ্য পুনৰুদ্ধাৰ আৰু হেৰুওৱা উপনিৱেশ পুনৰুদ্ধাৰ কৰিবলৈ অনুপ্রাণিত কৰিছিল।

(২) সাম্যবাদৰ সম্প্ৰসাৰণৰ প্ৰতি আশংকা : ৰাছিয়াৰ বলশ্বেভিক বিপ্লৱৰ পিছত জামনীত সাম্যবাদৰ প্ৰভাৱ তাৎপর্যপূর্ণভাৱে বৃদ্ধি পাইছিল৷ সাম্যবাদীসকলে নিজকে ফলপ্রসূভাৱে সংঘবদ্ধ কৰি তোলাৰ লগতে Reichstagৰ ভালে সংখ্যক আসন লাভ কৰিবলৈ সক্ষম হৈছিল। সেয়েহে হিটলাৰে জনগণক এই বুলি সকিয়নী দিছিল যে জাৰ্মনীৰ সাম্যবাদীসকল তেওঁলোকৰ ৰাছিয়ান গৰাকী সকলৰ দাসলৈ পৰিণত হ’ব আৰু সাম্যবাদীসকলৰ আজ্ঞাক অনুসৰণ কৰিব।

(৩) অর্থনৈতিক সংকট : ভাৰ্ছাই চুক্তিৰ কঠোৰ চৰ্তাৱলীৰ পৰিপ্ৰেক্ষিতত জার্মানীয়ে কৃষিজাত উৎপাদন, ওপনিৱেশ, বৈদেশিক বিনিয়োগ বাণিজ্যিক চুক্তি ইত্যাদিৰ বেলিকা জীয়াতু ভুগিবলগীয়া হৈছিল। বিদেশী ৰাষ্টবিলাকে জার্মান সামগ্ৰীসমূহৰ বিপৰীতে বাণিজ্যিক শুক্ল ধার্য কৰিছিল আৰু নিবনুৱা লোকৰ সংখ্যাও যথেষ্ট হাৰত বৃদ্ধি পাইছিল।

(৪) সামৰিক জাতীয়তাবাদৰ পুনৰুখান : জার্মানসকলে অধিকাৰ আৰু স্বতন্ত্ৰতাৰ প্ৰতিপত্তি আৰু যশস্যাক অগ্রাধিকাৰ প্ৰদান কৰিছিল। আৰু সেয়েহে জাৰ্মানীসকলে গণতান্ত্রিক সংসদীয় ব্যৱস্থাৰ সৈতে পুনঃমিলিত হ’ব পৰা নাহিল। শক্তিশালী সাহসী শাসকেহে জার্মানৰ অতীত গৌৰৱ আৰু যশস্যা পুনৰুদ্ধাৰ আৰু সাম্যবাদৰ ক্রমবৰ্দ্ধিত জনপ্রিয়তাক প্ৰতিহত কৰিব পাৰি বুলি জাৰ্মানসকলে বিশ্বাস কৰিছিল।

হিটলাৰে জাৰ্মনসকলক অতীত গৌৰৱ আৰু যশস্যা পুনৰুদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু জনগণে মুক্ত অস্ত্র-শস্ত্ৰৰে হিটলাৰক স্বাগতম জনাইছিল।

(৫) শক্তিশালী বিৰোধীৰ অভাৱ : নাজী বাহিনীয়ে কোনো ধৰণৰ শক্তিশালী প্ৰতিবোধকৰ সন্মুখীন হোৱা নাছিল আৰু নাজীবাদৰ জনপ্রিয়তা তুংগত উপনীত হৈছিল।

(৬) ইহুদীবাদৰ অপ প্ৰচাৰ : নাজী বাহিনীয়ে ইহুদীবাদীসকলক বিশ্বাসঘাতক বুলি বৰ্ণনা কৰিছিল। তেওঁলোকে ইহুদীসকলে যুদ্ধৰ সময়ত মিত্রশক্তিৰ সৈতে ষড়যন্ত্ৰ আৰু জাৰ্মানীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহ কৰাৰ আশংকা ব্যক্ত কৰিছিল। তেওঁলোকে জার্মানসকলক কৈছিল যে জার্মান অর্থনীতিত আধিপত্য বিস্তাৰকাৰী ইহদীসকলৰ দ্বাৰা চলোৱা শোষণৰ কাৰণে তেওঁলোকৰ জীৱন দুর্বিষহ হৈ পৰিছিল।

(৭) স্বেচ্ছাসেৱী সেনা বাহিনী গঠন : ভাৰ্ছাই চুক্তিৰ আধাৰত জার্মানীৰ সেনা বাহিনী তৎপর্যপূর্ণভাৱে সংকুচিত কৰা হৈছিল আৰু এক বুজন সংখ্যক জার্মান সৈন্যক সেনাবাহিনীৰ পৰা ইস্তফা দিয়াইছিল। হিটলাৰে এই গোটেই সৈন্যসকলক সংঘবদ্ধ কৰি স্বেচ্ছাসেৱী সেনাবাহিনী গঠন কৰিছিল আৰু তেওঁলোকে দলৰ সেনা হিচাপে সেৱা আগবঢ়াইছিল। স্বেচ্ছসেৱী সেনাবাহিনীৰ সদস্যসকলে নাজীদলৰ কাৰ্য আঁচনিৰ প্ৰচাৰ কৰাৰ লগতে দলৰ স্বাৰ্থ সুৰক্ষাৰ হ’কে কাম কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top