ব্যক্তিত্ব: ধাৰণা, ব্যক্তিত্বক প্রভাৱিত কৰা উপাদানসমূহ – Personality

ব্যক্তিত্ব: ধাৰণা, ব্যক্তিত্বক প্রভাৱিত কৰা উপাদানসমূহ – Personality – Concept and Factors influencing personality are the Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for ব্যক্তিত্ব: ধাৰণা, ব্যক্তিত্বক প্রভাৱিত কৰা উপাদানসমূহ – Personality – Concept and Factors influencing personality.

ব্যক্তিত্ব: ধাৰণা, ব্যক্তিত্বক প্রভাৱিত কৰা উপাদানসমূহ – Personality

Join Telegram channel

Also, you can read the Assam TET online notes in these sections as per Assam TET Syllabus guidelines. These notes are part of Assam TET All Subject. Here we have given Assam TET ব্যক্তিত্ব: ধাৰণা, ব্যক্তিত্বক প্রভাৱিত কৰা উপাদানসমূহ – Personality – Concept and Factors influencing personality for All notes, You can practice these here.

ব্যক্তিত্ব

CHILD DEVELOPMENT AND PEDAGOGY

ব্যক্তিত্ব (Personality) :- ‘ব্যক্তিত্বৰ ইৰোজী প্রতিশব্দ ‘Personality’ লেটিন ভাষাৰ ‘Persona’ নামৰ শব্দৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হৈছে “ভাৱৰীয়াৰ মুখা” ৷ ৰোমানসকলে নাটকৰ চৰিত্ৰত ভাও দিওঁতে কেতবোৰ মুখা ব্যৱহাৰ কৰিছিল। সেইবাবে নটকৰ ভাৱৰীয়াসকলে মুখাৰ সহায়েৰে বচন উচ্চাৰণ কৰা কাৰ্যক ‘Personare’ আৰু ‘Persona’ বুলি কোৱা হৈছিল৷ ইয়াৰ ক্রমাগত প্রয়োগৰ ফলম্বৰূপে ভাৱৰীয়াজনৰ চৰিত্র প্রকাশ কৰিবলৈ ‘Persona’ শব্দৰ ব্যৱহাৰ হয়। অৱশেষত নাটকৰ পৰিৱৰ্তে ব্যক্তিৰ বাস্তৱ জীৱনত দেখা পোৱা আচৰণসমূহৰ বৈশিষ্ট্যকেই ব্যক্তিত্ব বোলে। 

মনোবিজ্ঞানী আলপৰ্টৰ মতে “সামাজিক উদ্দীপনাসমূহৰ প্রতি ব্যক্তিৰ বৈশিষ্ট্যপূৰ্ণ প্রতিক্ৰিয়া আৰু পৰিবেশৰ সামাজিক গাঁথনিৰ প্রতি তেওঁ কৰা উপযোজনৰ মান বা গুণেই হৈছে ব্যক্তিত্ব। কিম্বল য়ঙে মত প্রকাশ কৰে যে ব্যক্তিত্ব হৈছে ব্যক্তিৰ কেতবোৰ সংগঠিত ভাব, মনোবৃত্তি সংলক্ষণ, মূল্যবোধ আৰু অভ্যাস, যাক তেওঁ আনৰ লগত তথা নিজৰ লগতো আদান-প্ৰদানত এক ভূমিকা আৰু সংস্থিতি স্বৰূপে গঢ় দি তোলে। 

ব্যক্তিত্বৰ বৈশিষ্ট্য :-

(ক) ব্যক্তিয়ে নিজকে পৰিবেশৰ লগত কৰা সমাযোজনতেই ব্যক্তিত্ব প্রকাশ পায়। 

(খ) সমাজৰ মাধ্যমেৰেই বাক্তিত্বই প্রকাশ লাভ কৰে। সমাজৰ বিভিন্ন লোকে এজন লোকৰ ব্যক্তিত্বৰ গুণৰাশি বৰ্ণনা তথা মূল্যায়ন কৰে। 

(গ) ব্যক্তিৰ দৈহিক আৰু মানসিক ক্রিয়াৰ সংযোগত ব্যত্তিত্বই প্রকাশ পায়। 

(ঘ) সমাজ বা জাতি একোটাৰ নিজস্ব বৈশিষ্ট্যৰ দ্বাৰাও ব্যক্তিত্ব প্রভাৱিত হয়। সমাজৰ ধৰ্মীয় পৰিবেশ, কৃষ্টি, সভ্যতা, ৰীতি-নীতি আদিয়ে এজন লোকৰ ব্যক্তিত্ব এক বিশেষ ৰূপত গঢ় দি তোলে। 

(ঙ) ব্যক্তিত্ব হৈছে এজন লোকৰ সমগ্ৰ দেহ-মনৰ ঐক্য, সামঞ্জস্য আৰু সুসংগঠনৰ প্রতীক। 

ব্যক্তিত্বৰ প্রধান তত্ত্বসমূহ :- 

(ক) শ্ৰেণীকৰণ তত্ত্ব।

(খ) সংলক্ষণ তত্ত্ব।

(গ) গেছেলৰ বৰ্ণনামূলক তত্ত্ব। 

(ঘ) ফ্ৰয়েডৰ তত্ত্ব।

(ঙ) মাৰেৰ তত্ব I

ব্যক্তিত্ব : ধাৰণা, ব্যক্তিত্বক প্রভাৱিত কৰা উপাদানসমূহ (Personality–Concept and Factors influencing personality) :- ব্যক্তিত্ব গঢ় দি তোলাত বৰঙণি যোগোৱা শক্তিসমূহেই হৈছে ব্যক্তিত্বৰ উপাদান।এইবোৰ চমুকৈ তলত উল্লেখ কৰা হ’ল–

(ক) দৈহিক উপাদান :- এজন লোকৰ দৈহিক আকাৰ, আকৃতি আৰু বল-শতি আদি ব্যক্তিত্বৰ উপাদানস্বৰূপে সহজেই আনৰ চকুত পৰে। এই উপাদানবোৰ হৈছে দৈহিক গঠন, স্বাস্থ্য, ৰূপ, বাক্‌ ক্ষমতা, গৰিপাটিতা আদি। ইয়াৰ উপৰিও ব্যক্তিৰ স্নায়ৱিক দ্রুততা, গতিশক্তি,অংগ সঞ্চালন ক্ষমতা আৰু ক্ৰিয়া পদ্ধতি গছ্ধতি আদি যাক্তিত্ব গঠনৰ দৈহিক উপাদান স্বৰূপে বিবেচনা কৰা হয়। 

(খ) মানসিক উপাদান :- ব্যক্তিত্বৰ মানসিক উপাদানবোৰৰ ভিতৰত বিভিন্ন মানসিক শক্তি যেনে বুদ্ধি, চিন্তা, যুক্তি, বিচাৰ-ক্ষমতা, স্মৃতি মনোযোগ, আগ্ৰহ আদি উল্লেখযোগ্য ইয়াৰ উপৰিও বৌদ্ধিক উপাদানস্বৰূপে ব্যক্তিৰ উদ্ভাৱন ক্ষমতা, সমস্যা সমাধানৰ ক্ষমতা, সুস্থ সমাযোজন ক্ষমতা আদিয়ে ব্যক্তিত্বৰ গঢ় দি তোলে। 

(গ) আৱেগিক উপাদান :- বিভিন্ন পৰিস্থিতিত ব্যক্তিয়ে অনুভৱ কৰা সুখ-দুখ, ক্ৰোধ, ভয়, হিংসা, ঈৰ্ষা, প্ৰেম, আনদ আদিৰ মজেদিয়ে ব্যক্তিত্বই আত্মপ্ৰকাশ কৰে।

(ঘ) সামাজিক উপাদান :- এজন লোকৰ ব্যক্তিত্ব তেওঁৰ সামাজিক গুণসমূহৰ সচৰাচৰ  মূল্যায়ন কৰা হয় ৷ গৃহ, শিক্ষানুষ্ঠান, সামাজিক অনুষ্ঠান, ভাষা, কৃষ্টি সভ্যতা,ধৰ্ম আৰু সামাজিক ৰীতি-নীতি আদিয়ে ব্যক্তিৰ সামাজিক জীৱন গড় দি তোলে৷ এইবোৰ ব্যক্তিত্বৰ সামাজিক উপাদানৰ অন্তৰ্ভূক্ত৷

শিশুৰ কেতবোৰ বিশেষ সমস্যা জড়িত আচৰণ : কাৰণ আৰু সমাধানৰ উপায় (Common Behavioural Problems of Children: Causes and Remedies) :- শিশুৰ আচৰণজনিত সমস্যাসমূহ স্বাভাৱিকতেই দৈহিক প্রয়োজনমুখী। শিশুৰ দৈহিক সুস্থতা আৰু স্বাস্থ্য ৰক্ষাত ব্যাঘাত জন্মোৱা এই সমস্যাসমূহ এনেধৰণৰ :

(ক) খোৱাৰ সমস্যা :- এইবিধ সমস্যা প্রায় সকলো শিশুৰ ক্ষেত্ৰতে দেখা যায়। শিশুৱে খাবলে নিবিচৰা কাৰ্যই মাতৃক চিন্তিত কৰি তোলে। উল্লেখযোগ্য যে প্ৰতিটো শিশুৰ বাবে নতুন খাদ্যৰ জুতি সহজভাৱে গ্ৰহণ কৰাত সময় আৰু অভ্যাসৰ প্ৰয়োজন হয়। সেয়েহে শিশুক বলপূর্বকভাৱে আহাৰ খুওৱাৰ পৰিবর্তে এক সুস্থ পৰিবেশত খাদ্য খুওৱাৰ অভ্যাস কৰিব লাগে। 

(খ) নিদ্ৰাৰ সমস্যা :- বহুতো শিশুৰ ক্ষেত্ৰত নিদ্ৰাৰ সমস্যাই দেখা নিয়ে। শিশুৰ নিদ্রা কম হ’লে দৈহিকভাৱে অসুস্থ হৈ উঠিব পাৰে। শিশুৰ পৰিৱেশ অশান্ত বা উত্তেজনাজনক হৈ উঠিলেও নিদ্রা হানি হ’ব পাৰে। সেইবাবে এনেবোৰ পৰিস্থিতি পৰিহাৰ কৰা উচিত।

(গ) বিছনাত প্ৰস্ৰাৱ কৰা :- ৪ বছৰৰ ওপৰৰ শিশুৱে বিছনাত নিদ্ৰিত অৱস্থাত প্ৰস্ৰাৱ কৰাটো এটা সমস্যা বুলি ধৰিব পাৰি। বিশেষজ্ঞসকলৰ মতে শিশুৰ এনে কাৰ্যৰ লগত দৈহিক আৰু মনোবৈজ্ঞানিক কাৰণ নিহিত হৈ থকাৰ কথা লক্ষ্য কৰা হয়। শিশুৰ নিদ্ৰা অৱস্থাত প্ৰস্ৰাৱ কৰা কাৰ্যৰ বাবে তাক অভিযুক্ত কৰিব নালাগে বৰং পৰিস্থিতি শান্ত আৰু স্বাভাৱিক কৰি তোলাৰহে প্রচেষ্টা চলাব লাগে। 

(ঘ) কদৰ্যতাৰ সৃষ্টি কৰা :- বিশেষকৈ দেখা যায় যে ২ বছৰৰ পৰা ৪ বছৰ বয়সৰ ভিতৰত কিছুমান শিশুৱে এটা সময়ত তাৰ ক্ৰিয়া আচৰণবোৰ কদৰ্য্যতাপূর্ণ স্বাভাৱিক নীতি-নিয়ম বিৰোধী কৰি তুলি তাৰ দ্বাৰা বয়সস্থসকলৰ মনত অস্বস্তি আৰু বিৰক্তিৰ ভাব সৃষ্টি কৰে। এনেবোৰ কামৰ ভিতৰত কোনো বস্তু ভাঙি পেলোৱা, আনক প্ৰহাৰ কৰা, খেলি-মেলি কৰা, আনৰ কথা নুশুনি নকৰিবলগীয়া কাম কৰা আদি আচৰণ অন্তর্ভুক্ত কৰিব পাৰি। কিন্তু শিশুৰ সুস্থ বিকাশৰ বাবে এনে শিশুক শাস্তি দিয়াৰ পৰিৱৰ্তে তাৰ ক্ৰিয়া আচৰণবোৰ পৰিপাটিকৈ আৰু সুন্দৰভাৱে কৰিবলৈ শিকাব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top