পৰিণীতা বৰঠাকুৰ জীৱনী – অসমীয়া অভিনেত্ৰী | Parineeta Borthakur

পৰিণীতা বৰঠাকুৰ | Parineeta Borthakur Essay in Assamese | Biography of Parineeta Borthakur in Assamese | পৰিণীতা বৰঠাকুৰ বিষয়ে জীৱনী | পৰিণীতা বৰঠাকুৰ বিষয়ে ৰচনা | পৰিণীতা বৰঠাকুৰৰ চমু পৰিচয়।

Join Telegram channel

অসমৰ পৰা গৈ মুম্বাইৰ সাংস্কৃতিক জগতখনত সবল ভাবে খোজ দিয়া পৰিণীতা বৰঠাকুৰ (Parineeta Borthakur) কেৱল মাত্ৰ এগৰাকী শক্তিশালী অভিনেত্ৰীয়েই নহয় তেওঁ এক সুৰীয়া কন্ঠৰো অধিকাৰী ব্যক্তি।

পৰিণীতা বৰঠাকুৰ

পৰিণীতা বৰঠাকুৰ জীৱনী | Parineeta Borthakur Biography

নামপৰিণীতা বৰঠাকুৰ (Parineeta Borthakur[1])
জন্ম চন১৯৮৭ চন
জন্ম স্থানদুলীয়াজান
পৰিয়ালপিতৃৰ নাম – প্ৰবিণ বৰঠাকুৰ
মাতৃৰ নাম – ৰিনা বৰঠাকুৰ
স্বামী – গৌতম চক্ৰৱৰ্তী
শিক্ষাস্কুলীয়া শিক্ষা কেন্দ্ৰীয় বিদ্যালয়, দুলিয়াজানৰ পৰা, তাৰ পৰৱৰ্তী উচ্চ শিক্ষা ক্ৰমান্বয়ে – কটন কলেজ, গুৱাহাটী আৰু মুম্বাইৰ ছ’ফিয়া কলেজ (স্নাতক ডিগ্ৰী), মুম্বাই বিশ্ববিদ্যালয় (স্নাতকোত্তৰ-বিষয়: দৰ্শনশাস্ত্ৰ) লাভ কৰে।  
বঁটা১) লিমকা ফ্ৰেশ্ব ফে’চ ৰাণাৰ – আপ, ২০০৫
২) জ্যোতিৰূপা জইণ্ট মেডিয়া এৱাৰ্ড্‌ছ (নায়ক বোলছবিৰ বাবে)

Also Read: জীৱনী: হৰিশংকৰ ব্ৰহ্ম- প্ৰথমজন অসমীয়া মুখ্য নিৰ্বাচন আয়ুক্ত | Harishankar Brahma

পৰিণীতা বৰঠাকুৰ প্ৰাৰম্ভিক জীৱন 

পিতৃৰ কৰ্মসূত্ৰে তৈলনগৰী দুলীয়াজানত জন্মগ্ৰহণ কৰা পৰিণীতা বৰঠাকুৰে এক সাংস্কৃতিবান পৰিয়ালত শৈশৱ অতিবাহিত কৰিছিল। পিতৃ প্ৰবিণ বৰঠাকুৰ আৰু মাতৃ ৰিনা বৰঠাকুৰ আছিল  সাংস্কৃতিবান মনৰ ব্যক্তি। সংগীতৰ প্ৰতি পিতৃ-মাতৃৰ দুয়োজনৰ আছিল দুৰ্বলতা। মাতৃ ৰিনা বৰঠাকুৰে গীত আৰু কবিতা লিখাৰ বিপৰীতে পিতৃ প্ৰবিণ বৰঠাকুৰে গীতত সুৰ দিয়াৰ লগতে কন্ঠদানো কৰে। 

অভিনয় জীৱনৰ আৰম্ভণি

বলিষ্ঠ অভিনয়ৰ লগতে এক কুকিল কন্ঠৰ অধিকাৰী তথা জনপ্ৰিয় গায়িকা, মোহময়ী অভিনেত্ৰী পৰিণীতা বৰঠাকুৰে অভিনয় জীৱন আৰম্ভ কৰিছিল “নৱজীৱন” নামৰ টেলিফিল্মত অভিনয় কৰি। ইয়াৰ পিছত পৰিণীতা বৰঠাকুৰে থমকি ৰ’ব লগা হোৱা নাই। মুনিন বৰুৱা পৰিচালিত “নায়ক” চলচ্চিত্ৰ খনত অভিনয় কৰি ২০০১ চনত তেওঁ খোজ দিয়ে বোলছবি জগতখনতো। 

জনপ্ৰিয় চলচ্চিত্ৰসমূহ

“বাৰুদ”, “বৰলাৰ সংসাৰ”, “জীৱন বাটৰ লগৰী”, “পলে পলে উৰে মন” আদিত অভিনয় কৰা পৰিণীতা বৰঠাকুৰৰ এখন বহুচৰ্চিত ছবি হ’ল “গানে কি আনে”| 

অসমীয়া সাংস্কৃতিক জগতৰ এক জনপ্ৰিয় আৰু সফল নাম পৰিণীতা বৰঠাকুৰে “চল’ দিল্লী”(Chalo Dilli) , “চাচ বহু ঔৰ চেনচেক্স” (Saas Bahu Aur Sensex), “কোৰবান” (Kurbaan), ”দ্য আণ্ডাৰৱ’ৰ্ল্ড” (The Underworld)  আদি  হিন্দী চলচ্চিত্ৰত অভিনয় কৰি বলিউডত সবল ভাৱে খোপনি পুতিবলৈ সক্ষম হৈছে।

ইয়াৰ উপৰিও ‘মমতা’, ‘চন্দন’, ‘সোণ পৰী’, ‘চি আই ডি’, ‘স্পেচিয়েল স্কোৱাড’, ‘আহত’, ‘কৰমচন্দ’, ‘ নাৰ্গিচ’ (ডি ডি ১), ‘সাৱধান ইণ্ডিয়া’, ‘ক্ৰাইম পেট্ৰল’, ‘প্ৰীতম প্যাৰে ঔৰ ৱ’, ‘স্বৰাগিনী’, ‘বেপনাহ’ আদি হিন্দী জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰাৰ লগতে ষ্টাৰ ভাৰত (Star Bharat) -ত সম্প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিক ‘গুপ্তা চিষ্টাৰচ’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে। অভিনয়েৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা পৰিণীতা বৰঠাকুৰে বহুকেইটা অসমীয়া শ্ৰব্য আৰু ভিডিঅ’ চিডি কেছেটতো কণ্ঠদান কৰিছে।

অসমৰ ইমুৰৰ পৰা সিমুৰলৈ জনপ্ৰিয় হোৱা “গানে কি আনে” চলচ্চিত্ৰ খনৰ এটা  “জানো জানো” শীৰ্ষক জনপ্ৰিয় গীতটিত জুবিন গাৰ্গৰ লগতে কন্ঠ নিগৰাইছিল পৰিণীতা বৰঠাকুৰে।  ইয়াৰ লগতে “পৰিণীতা” নামৰ অসমীয়া এলবাম মুক্তি দিয়া পৰিণীতাই  ২০১১ চনত মুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ  “পলে পলে উৰে মন” নামৰ বোলছবি খনৰ গীতটো কন্ঠদান কৰিছিল।

মেককেইন ফুড্‌ছ (২০১৩),চ্যৱনপ্ৰাশ্ব (২০১৩), চফ’লা (২০১৪) ইত্যাদি বিজ্ঞাপনত অভিনয় কৰা পৰিণীতা বৰঠাকুৰে দম দম দিগা দিগা (ডেন্সিং ইন দ্য ৰেইন, ২০১৪) নামৰ চুটি ছবিখনতো অভিনয় কৰিছে।

প্ৰিয় গায়ক যুৱ-প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গ হোৱাৰ বিপৰীতে অনিন্দিতা পালৰ গীত শুনি ভাল পাই পৰিণীতা বৰঠাকুৰৰে।

Also Read: জীৱনী: ড° ৰাজেন্দ্ৰ প্ৰসাদ – স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি | Rajendra Prasad

সামৰণি

নিজস্ব প্ৰতিভাৰে অসমৰ লগতে মুম্বাইৰ সাংস্কৃতিক জগতখনত উজ্বলি থকা পৰিণীতা বৰঠাকুৰ স্ব-নিৰ্ভৰশীল নাৰীৰ এক অন্যতম উদাহৰণ। কেৱল মাত্ৰ নিজৰ কৰ্ম আদৰ্শৰ প্ৰতি দৃষ্টি ৰখা পৰিণীতাই কঠোৰ অধ্যাৱয়াসৰ জৰিয়তে বৰ্তমান জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। অসমীয়া নৱ – প্ৰজন্মৰ এক আদৰ্শ তথা অসমৰ গৌৰৱ হ’ল দক্ষতাৰে, প্ৰতিভাৰে নিজৰ পৰিচয় দিয়া পৰিণীতা বৰঠাকুৰ।

Also Read: জীৱনী: জৱাহৰলাল নেহৰু – স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধান মন্ত্ৰী | Jawaharlal Nehru

FAQ

১) পৰিণীতা বৰঠাকুৰ কোন?

উঃ- অসমৰ পৰা গৈ মুম্বাইৰ সাংস্কৃতিক জগতখনত সবল  ভাবে খোজ দিয়া পৰিণীতা বৰঠাকুৰ (Parineeta Borthakur) কেৱল মাত্ৰ এগৰাকী শক্তিশালী অভিনেত্ৰীয়েই নহয় তেওঁ এক সুৰীয়া কন্ঠৰো অধিকাৰী ব্যক্তি।

২) পৰিণীতা বৰঠাকুৰৰ জন্ম কʼত হৈছিল?

উঃ- দুলীয়াজানত।

৩) পৰিণীতা বৰঠাকুৰে জ্যোতিৰূপা জইণ্ট মেডিয়া এৱাৰ্ড্ কিহৰ বাবে পাইছিল? 

উঃ- নায়ক বোলছবিৰ বাবে।

৪) পৰিণীতা বৰঠাকুৰে প্ৰথমে কʼত অভিনয় কৰিছিল?

উঃ- “নৱজীৱন” নামৰ টেলিফিল্মত।

৫) পৰিণীতা বৰঠাকুৰৰ স্বামীৰ নাম কি?

উঃ- গৌতম চক্ৰৱৰ্তী।

৬)  পৰিণীতা বৰঠাকুৰৰ পিতৃ কোন?

উঃ- প্ৰবিণ বৰঠাকুৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top