আমাৰ প্ৰয়োজন – Our Needs (বায়ু, পানী, মাটি, খাদ্য, আশ্ৰয়, বস্ত্ৰ)

আমাৰ প্ৰয়োজন – Our Needs (বায়ু, পানী, মাটি, খাদ্য, আশ্ৰয়, বস্ত্ৰ – Air, Water, Soil, Food, Shelter, Clothes) is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for আমাৰ প্ৰয়োজন – Our Needs (বায়ু, পানী, মাটি, খাদ্য, আশ্ৰয়, বস্ত্ৰ – Air, Water, Soil, Food, Shelter, Clothes).

Join Telegram channel

আমাৰ প্ৰয়োজন – Our Needs

3. মাটি (Soil) :

মাটিৰ গুৰুত্ব (Importance of Soil):- পৃথিৱীৰ খোলাটোৰ স্থলভাগৰ ওপৰৰ তৰপটোত মাটি থাকে। অৱশ্যে মেৰু অঞ্চলত সেই মাটি বৰফে ঢাকি ৰাখে, মৰুভূমি অঞ্চলত সেই মাটি বালিময় আৰু মালভূমি তথা বহুতো পাহাৰ-পৰ্বত অঞ্চলত মাটিৰ উপৰিভাগ শিলাময়। বালি, বোকা, পলস, পানী, বায়ু আৰু অন্যান্য ভালেমান জৈৱ আৰু অজৈৱ পদাৰ্থৰ এক জটিল সংমিশ্ৰণৰ ফলত মাটি বা ভূমিভাগ গঠিত হয়। শিলৰ অৱক্ষয় ঘটি মাটি উৎপন্ন হয়। মাটিত থকা জৈৱ পদাৰ্থসমূহৰ কাৰণে তাত নানা প্ৰকাৰৰ অণুজীৱ আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱ বাস কৰিব পাৰে। মাটিৰ উপৰিভাগৰ সাৰুৱা অংশটোৰ নাম হিউমাছ (humus); এই সাৰুৱা ভাগটো ঘন মুগা বৰণৰ। উদ্ভিদ আৰু প্ৰাণী দেহৰ পচন ঘটি এই সাৰুৱা ভাগটো গঠিত হয়। এই মিউমাছ অংশতে খেতি-বাতি হয়, নানা তৰহৰ গছ-গছনি গজে। উদ্ভিদে মাটিৰপৰা পুষ্টি লাভ কৰে। 

মানুহৰ কাৰণে মাটি হৈছে এবিধ গুৰুত্বপূৰ্ণ সম্পদ। মাটিৰ ওপৰতে মানুহে ঘৰ বান্ধে, কল-কাৰখানা বহায়, ৰাষ্টা-ঘাট বান্ধে, দলং সাজে আৰু যে কিমান কাম কৰে। সাৰুৱা মাটি খেতি কৰি নানা খাদ্য শস্য, ফল-মূল আদি উৎপন্ন কৰা হয়। মাটিত গছ-বন গজে, হাবি-জংঘল হয়; সেইবোৰত নানা প্ৰাণীয়ে বাস কৰে, নানা তৰহৰ পক্ষী, সৰীসৃপ আদিয়ে বাস কৰে। হাবি-বনে সেই প্ৰাণীবোৰক আশ্ৰয় দিয়ে আৰু তাৰেপৰা প্ৰাণীয়ে নিজৰ খাদ্য আহৰণ কৰে। হাবিৰপৰা মানুহে মূল্যবান কাঠ আৰু আন আন সামগ্ৰী পায়। 

মাটিতে থাকে বিভিন্ন বিভিন্ন ধাতুৰ আকৰিকৰ ভাণ্ডাৰ, বিভিন্ন খনিজাত পদাৰ্থৰ ভাণ্ডাৰ, কয়লা তথা খাৰুৱা তেল আৰু গেছৰ ভাণ্ডাৰ আৰু মাটিৰ তলতে থাকে ভূতল জলৰ ভাণ্ডাৰ। মাটিত থকা নানা প্ৰকাৰৰ কীট-পতংগ আৰু বেক্টেৰিয়াবোৰে খাদ্য-শৃঙ্খলত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মাটিৰ এইবোৰ বিশেষ গুণৰদ্বাৰা সাব্যস্ত হয় যে মানুহৰ বাবে মাটি এবিধ অমূল্য সম্পদ।

পৃথিৱীৰ উপৰিভাগত প্ৰায় 13,393 নিযুত হেক্টৰ (এক হেক্টৰ= 100 আৰ, 1 আৰ=100 বৰ্গমিটাৰ) মাটি আছে আৰু এই পৰিমাণ হৈছে ভূ-পৃষ্ঠৰ মুঠ পৃষ্ঠকালিৰ প্ৰায় 20%। কিন্তু মুঠ ভূমি ভাগৰ প্ৰায় 11% ভাগতহে খেতি কৰিব পাৰি।

মাটিৰ প্ৰকাৰ আৰু গঠন (Types of Soil and Soil Formation):- মাটিৰপৰা মানুহে খাদ্য, বস্ত্ৰ, আশ্ৰয় আৰু ইন্ধন পায় আৰু আন বহুতো সা-সুবিধা পায় যদিও এইবিধ সম্পদৰ পৰিমাণ অতি সীমিত। মাটিৰ হিউমাছ ভাগ অবিৰতভাৱে গঠন হৈ থাকে যদিও গঠনৰ হাৰ যথেষ্ট লেহেমীয়া। কোৱা হৈছে যে মাত্ৰ 2 ছেণ্টিমিটাৰ ডাঠ হিউমাছ গঠন হওতে 200 ৰ পৰা এহেজাৰ বছৰ লাগিব পাৰে।

ভূমি অৱক্ষয় (Soil Erosion):- ভূ-পৃষ্ঠৰপৰা মাটিৰ ক্ষুদ্ৰ কণাবোৰ বতাহ, পানী, বৰষুণ আদিৰ প্ৰভাৱত আতৰি যোৱাৰ ফলত মাটিৰ তৰপ পাতল হৈ যোৱা প্ৰক্ৰিয়াটোৰ নাম ভূমি অৱক্ষয়; এই প্ৰক্ৰিয়াৰ কাৰণে মাটিৰ উৰ্বৰা শক্তি হ্ৰাস পায়। ভূমি অৱক্ষয় দুই প্ৰকাৰে হ’ব পাৰে-

(1) স্বাভাৱিক অথবা ভূ-তাত্ত্বিক অৱক্ষয় (Normal or Geological Erosion):- স্বাভাৱিক প্ৰাকৃতিক পৰিঘটনাবোৰৰ কাৰণে হোৱা ভূমি অৱক্ষয় এনেদৰে ঘটে ভৌতিক, জৈৱিক পৰিঘটনা আৰু জলচক্ৰসমূহৰ মাজত এক বিশেষ সাম্য অৱস্থা বৰ্তি থাকে আৰু ভূমিৰ নৱীকৰণৰ সৈতে সমতা স্থাপন হৈ থাকে।

(2) ত্বৰান্বিত অৱক্ষয় (Accelerated Erosion):- মানুহৰ বিবিধ কাৰ্যকলাপৰ এনে অৱক্ষয় ঘটে আৰু বতৰৰ কাৰকসমূহৰ কাৰণেও ঘটে। ত্বৰান্বিত অক্ষয়ৰ মানৱ সৃষ্ট কাৰকসমূহ হৈছে:

(ক) নিৰ্বনানিকৰণ।

(খ) কয়লা আৰু অন্যান্য খনিজাত বস্তু উদ্ধাৰৰ কাৰণে কৰা খনন কাৰ্য।

(গ) অধিক মাত্ৰাত চৰণীয়া পথাৰ ব্যৱহাৰ কৰা বা অতিচৰণ (Overgrazing).

(ঘ) নদী বান্ধ নিৰ্মাণ কৰা আৰু মথাউৰি বন্ধা।

ভূমি অৱক্ষয়ৰ বাবে বতৰৰ কাৰকসমূহ হৈছে-

(ক) ধুমুহা, বা-মাৰলি আদি।

(খ) ডাঙৰ বৰষুণ।

(গ) পানীৰ ঢল আৰু বানপানী।

(ঘ) বৰফৰ গলন আৰু হিমবাহৰ গতি।

অৱক্ষয় ৰোধ কৰা পদ্ধতি (Methods of Checking Soil Erosion):- মাটিৰ ওপৰৰ তৰপটো সংৰক্ষণ কৰা আৰু ভূমি অৱক্ষয় ৰোধ কৰাৰ উদ্দেশ্য খেতি কৰাৰ বিবিধ পদ্ধতি অৱলম্বন কৰিব পাৰি; তেনে পদ্ধতিবোৰৰ ভিতৰত আছে-

(ক) সংৰক্ষণশীল হালবোৱা পদ্ধতি:- এই পদ্ধতিত বিশেষ ধৰণৰ যান্ত্ৰিক হাল এনেদৰে ব্যৱহাৰ কৰা হয়।

(খ) কণ্ট’ৰ কৃষি পদ্ধতি (Contour Farming):- এই পদ্ধতিৰে এঢলীয়া মাটিত খেতি কৰিলে বোৱতী পানীৰ কাৰণে হোৱা ভূমি অৱক্ষয় হ্ৰাস পায়।

(গ) ঢাপ পদ্ধতি (Terracing):- বেছি এঢলীয়া মাটিত এই পদ্ধতিৰে খেতি কৰিলে ভূমি অৱক্ষয় নিয়ন্ত্ৰণ কৰিব পাৰি।

(ঘ) বহুতৰপীয়া কৃষি পদ্ধতি (Strip Cropping):- এনে পদ্ধতিত খেতিৰ মাজে-মাজে একোডৰা ঘাহ জাতীয় বা অন্য বন গজিবলৈ দিয়া হয় যাতে ভূমি অৱক্ষয় কম হয়।

(ঙ) এলি ক্ৰপিং (Alley Cropping):- এনে পদ্ধতিত খেতিৰ মাজে-মাজে শাৰী শাৰীকৈ বিশেষ ধৰণৰ গছ ৰোৱা হয়। সাধাৰণ গছ অথবা জোপোহা গছ এইদৰে ৰুলে খেতি উঠাৰ পিছতো ভূমিৰ অৱক্ষয় হ’ব নোৱাৰে।

(চ) বতাহ প্ৰতিৰোধী পদ্ধতি (Wind Breaks or Shelter Belts):- এনে পদ্ধতিত খেতি পথৰ চাৰিসীমাত দীঘলৈ শাৰী পাতি গছ ৰোৱা হয়। গছবোৰে ধুমুহা প্ৰতিৰোধ কৰে, বতাহৰ গতিবেগ কমায় আৰু ফল স্বৰূপে ভূমি অৱক্ষয় যথেষ্ট কম হয়।

ভূমি অৱক্ষয় ৰোধৰ সৰ্বোত্তম উপায় হৈছে মাটি উন্মুক্ত হৈ থাকিব নিদিয়াটো; অৰ্থাৎ যি মাটি ঘাহ-বন, গছ-গছনি আদিয়ে আগুৰি থাকে সেই মাটিৰ অৱক্ষয় নহয় বা হ’লেও একেবাৰে কম হয়।

মাটিৰ প্ৰকাৰ (Types of Soil):- মাটিৰ কণাবোৰৰ আকাৰ ভৌতিক আৰু ৰাসায়নিক গুণাগুণৰ ওপৰত ভিত্তি কৰি ভিন ভিন প্ৰকাৰৰ মাটি আছে। উদাহৰণ:

(ক) বোকা মাটি বা আঠালতীয়া মাটি (Clay):- এই মাটি গধুৰ, ইয়াৰ আঠা আছে আৰু এই মাটিৰে বাচন-বৰ্তন তৈয়াৰ কৰিব পাৰি, কুমাৰে ব্যৱহাৰ কৰে; ইয়াৰে ইটা তৈয়াৰ কৰা হয়।

(খ) বালীয়া মাটি বা ফহফহীয়া মাটি (Sandy Soil):

(গ) পলসুৱা মাটি (Silt): মিহি বালি আৰু বোকা নৈৰ পানীয়ে কঢ়িয়াই তৰপে তৰপে জমা কৰে।

(ঘ) সাৰুৱা পলসুৱা মাটি (Loamy Soil): এই মাটি যথেষ্ট সাৰুৱা; ই আঠালতীয়া মাটি আৰু বালীয়া মাটিৰ সংমিশ্ৰণ; এই মাটিত হিউমাছ থাকে।

(ঙ) বগা মাটি বা খড়ী মাটি (Chalky Soil):- এই মাটিৰ মুখ্য অংশ হৈছে বগা চূণশিল।

ভূমি প্ৰদূষণ, প্ৰভাৱ আৰু নিয়ন্ত্ৰণ (Soil Pollution-Its Impact and Measures to Prevent):- 

ভূমি প্ৰদূষণ:- ভূমি বা মাটিৰ ওপৰত মানুহৰ প্ৰায়বোৰ কাম চলে, মাটিয়ে সৰু-বৰ নানা প্ৰকাৰৰ জীৱৰ বসতি স্থল। গতিকে মাটিত থকা উপাদানবোৰ আৰু মাটিৰ বৈশিষ্ট্য অক্ষত অৱস্থাত থকা উচিত। কিন্তু মানুহৰ কিছুমান ক্ৰিয়া কলাপৰ কাৰণে আৰু আন কিছুমান প্ৰাকৃতিক কাৰণতো মাটিৰ ওপৰত নানা প্ৰকাৰৰ প্ৰতিকূল প্ৰভাৱ পৰিব ধৰিছে; এনে প্ৰতিকূল প্ৰভাৱ ঘটিলে ভূমি প্ৰদূষণ ঘটা বুলি কোৱা হয়।

ভূমি প্ৰদূষণৰ ঘাই উৎসবোৰ হৈছে:-

(ক) ঔদ্যোগিক আৱৰ্জনা (Industrial Solid Wastes).

(খ) নগৰাঞ্চলৰ আৱৰ্জনা (Urban Solid Wastes).

(গ) কৃষিজাত আৱৰ্জনা (Agricultural Solid Wastes).

(ঘ) বজাৰভিত্তিক আৱৰ্জনা (Market Based Solid Wastes).

ভূমি প্ৰদূষণৰ প্ৰভাৱ:-

(ক) মাটিত দম কৰি থোৱা আৱৰ্জনাবোৰ পচি দুৰ্গন্ধ ওলায়, সিবোৰত বেমাৰৰ বীজাণু বিয়পে আৰু পৰিৱেশ প্ৰদূষিত হয়।

(খ) ঔদ্যোগিক আৱৰ্জনাবোৰ কৃষিভূমি, বনাঞ্চল আদিলৈ বাগৰি গৈ সেইবোৰ প্ৰদূষিত কৰে, জলভাণ্ডাৰবোৰো প্ৰদূষিত কৰে।

(গ) প্ৰদূষিত মাটিৰ সাৰ কমি যায়।

ভূমি প্ৰদূষণৰ প্ৰভাৱ নিয়ন্ত্ৰণ:- ভূমি প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে হ্ৰাসকৰণ, পুনৰ চক্ৰীকৰণ আৰু পুনৰ ব্যৱহাৰ (Reduce, Recycle and Reuse) পদ্ধতি ব্যৱহাৰ কৰিব পাৰি।

(ক) গোটা আৱৰ্জনাৰ পৰিমাণ নিম্নতম কৰাৰ যত্ন কৰিব লাগে। কোম্পানীবোৰে বস্তুবোৰ পেকিং কৰোতে যিমান পাৰি কম সামগ্ৰী ব্যৱহাৰ কৰিলে আৱৰ্জনাৰ পৰিমাণ কম হয়।

(খ) চক্ৰীকৰণ পদ্ধতিৰদ্বাৰা আৱৰ্জনাৰপৰা উপযোগী সামগ্ৰী উৎপন্ন কৰিব পাৰি। কাগজ, প্লাষ্টিক, কাচ, এলুমিনিয়াম, সীহ, তাম, দস্তা, ৰূপ, লো আদিৰ বস্তু পুনৰ চক্ৰীকৰণ কৰিব পাৰি।

(গ) বস্তু একোটা মাত্ৰ এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়াতকৈ কেইবাবাৰো ব্যৱহাৰ কৰিলে আৱৰ্জনাৰ পৰিমাণ যথেষ্ট কমে।

কিছুমান বিপদজনক বস্তুৰ আৱৰ্জনা উপযুক্ত পাত্ৰত ভৰাই দ গাতত পুতি থব লাগে; কিছুমান আৱৰ্জনা সময় মতে জ্বলাই থাকিলেও ভূমি প্ৰদূষণ নিয়ন্ত্ৰণত সহায় হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top